অঙ্গনঃ পঞ্চম বছৰ (৫ নং সংখ্যা)




১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 এপ্ৰিল  2024.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 4
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 6
👉প্ৰৱন্ধ : পৃষ্ঠা-- 7-10
👉ধাৰাবাহিক: পৃষ্ঠা--11
👉অণুগল্প : পৃষ্ঠা -- 12-16
👉 এক মিনিটৰ গল্প: পৃষ্ঠা-- 17-18
👉অনুবাদ সাহিত্য : পৃষ্ঠা--19
👉কবিতা: পৃষ্ঠা--20-36
👉ৰেচিপি: পৃষ্ঠা 37
👉অনুভৱ: পৃষ্ঠা--38
👉গল্প: পৃষ্ঠা--39-45
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা-- 46

অঙ্গন: পৃষ্ঠাঃ 5
অঙ্গন
(মাহেকীয়া ই আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ 6
সম্পাদকীয়ঃ

 নিৰ্বাচন আৰু সমালোচনা

ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশত দুয়োটা নিৰ্বাচনেই গুৰুত্বপূৰ্ণ যদিও লোকসভা নিৰ্বাচনৰ গুৰুত্ব অলপ বেছি যেন বোধ হয়৷ কিয়নো দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীজনৰ দক্ষতা, ভাবমূৰ্ত্তিয়ে আন্তৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰভাব বিস্তাৰ কৰে৷ দেশৰ সৰ্বাংগীন বিকাশত প্ৰধানমন্ত্ৰীজনৰ চিন্তা, দৃষ্টিভংগীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লয়৷
এয়া নিৰ্বাচনৰ সময়৷ ইতিহাসে প্ৰমাণ কৰে যে নিৰ্বাচনৰ সময়তে মন্ত্ৰী, আমোলা, নেতা-পালিনেতাৰ সৰ্বাধিক সমালোচনা হোৱা দেখা যায়৷ যেন, নিৰ্বাচন আৰু সমালোচনা দুয়োটা বিষয় একেলগেই গতি কৰে৷

সমালোচনাই সাধাৰণতে সৰ্বস্তৰৰ লোকক কিঞ্চিত হ’লেও মৰ্মাহত কৰে৷ কিন্তু অলপ দ কৈ ভাবি চালেই বুজিব পাৰি যে জীৱনৰ যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ এই সমালোচনাবোৰে আমাক উচিত সিদ্ধান্ত গ্ৰহণ কৰি কাম কৰি যাবলৈ বাধ্য কৰায়৷ সেয়েহে গণতান্ত্ৰিক দেশত বিৰোধীৰ ভূমিকা খুবেই গুৰুত্বপূৰ্ণ৷

কিন্তু দেখা যায় যে একাংশ নেতা, মন্ত্ৰী, বিষয়াই এনে সমালোচনাক ব্যক্তিগত পৰ্যায়লৈ আনি নিজৰ লগতে আনৰো ক্ষতি কৰে৷ সমালোচনাক ধনাত্মক দৃষ্টিভংগীৰে গ্ৰহণ কৰি দেশৰ স্বাৰ্থত, দহৰ স্বাৰ্থত সকলোৰে মতামতক শ্ৰদ্ধা জনাই কাম কৰি যোৱাতোহে প্ৰকৃততে একোজন মন্ত্ৰীৰ আদৰ্শ হোৱা উচিত৷

আমি একো একোজন সাধাৰণ নাগৰিক হিচাপে দেশৰ সৰ্বস্তৰৰ বিকাশ মনে প্ৰাণে কামনা কৰোঁ৷ আমি গভীৰভাবে বিশ্বাস কৰোঁ যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগতে দেশখনৰ কৃষিভূমিৰ উচিত ব্যৱহাৰেহে প্ৰকৃতাৰ্থত সকলোৰে জীৱনলৈ অৰ্থনৈতিক নিৰাপত্তা আৰু শান্তিৰ নিজৰা বোৱাই আনিব৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 7
প্ৰৱন্ধঃ

ট্ৰেজেডী আৰু কমেডী

(সত্যপ্ৰসাদ বৰুৱাৰ দুটা প্ৰবন্ধৰ সহায় লোৱা হৈছে)

(প্ৰথম খণ্ড)

প্ৰণৱ ফুকন

ট্ৰেজেডী আৰু কমেডী - এই দুটা আমি সচৰাচৰ শুনা শব্দ৷ ট্ৰেজেডী বুলি ক’লেই আমাৰ মনলৈ আহে এক শোকৰ পৰিৱেশ আৰু এখন ক্ৰন্দনশীল মুখ; যেন কৰুণ ৰসৰ সঞ্চাৰ হৈছে চৌদিশে৷ আনহাতে কমেদী শব্দটোৱে আমাক হাঁহি আৰু আনন্দৰ আভাস দিয়ে; সকলো ফালেই যেন হাঁহিৰ খলকনি আৰু এক হাস্যৰসৰ জোৱাৰ৷ আন কথাত ট্ৰেজেডী আৰু কমেডীৰ অৱস্থান দুটা বিপৰীত মেৰুত ৷ মনলৈ প্ৰশ্ন আহে ট্ৰেজেডী আৰু কমেদীৰ সংজ্ঞা ইমানেই সহজনে ? যদি ইমানেই সহজ শ্বেক্সপীয়েৰৰ দৰে মহান নাট্যকাৰৰ নাটক কিয় আজিও সৰ্বজন সমাদৃত ? ৰসৰাজ বেজবৰুৱাৰ হাস্যৰসৰ গল্পসমূহ ইমানেই টুলুঙানে ? নিশ্চয় এই সংজ্ঞাৰ বিস্তৃতিৰ প্ৰয়োজন আছে ৷ সেয়ে ট্ৰেজেডী আৰু কমেডীৰ আলোচনাৰ আৰম্ভণিতে এই দুই ধাৰাৰ প্ৰকৃত সংজ্ঞা জানি লওঁ আহক ৷ যিহেতু এই দুই ধাৰাৰ উল্লেখ সাধাৰণতে নাটকৰ ক্ষেত্ৰতে হয়, সেয়ে আমাৰ লেখাও মূলতঃ নাট সম্বন্ধীয় ৷ অন্যান্য ক্ষেত্ৰত এই দুই শব্দ নাট আৰু নাট্য সাহিত্যৰে সম্প্ৰসাৰণ বুলিব পাৰি৷

ট্ৰেজেডী আৰু কমেডীৰ সংজ্ঞা: ট্ৰেজেডীত মনোজগতত কৰুণা সৃষ্টি হয় আৰু কমেডীত সৃষ্টি হয় আনন্দৰ ভাৱ৷ কিন্তু ট্ৰেজেডীত কেৱল কান্দোন বা কৰুণৰসেই থাকেনে ? তেনে হ’লে দেখোন এখন পূৰ্ণদৈৰ্ঘ্য নাটক তেনেই পেনপেনীয়া হ’ব৷ সেইদৰে কমেদীত যদি কেৱল হাঁহিয়েই থাকিব লাগে তেন্তে নাট্যকাৰৰ সামাজিক দায়িত্বৰ ওপৰতে প্ৰশ্ন উঠিব৷ গতিকে ট্ৰেজেডী আৰু কমেডীৰ বিষয়ে ভালদৰে বুজিবলৈ আমি এই দুই ধাৰাৰ বিষয়ে একাদিক্ৰমে আলোচনা কৰিম৷

খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলৰ পয়েটিকচ নামৰ কিতাপখনেই ট্ৰেজেডীৰ বিষয়ে প্ৰথম কিতাপ বুলিব পাৰি৷ ইয়াৰপৰা বুজিব পাৰি যে এই ধাৰা অতি প্ৰাচীন ৷ প্ৰাচীন গ্ৰীচতে ট্ৰেজেডীৰ ধাৰা আৰম্ভ হৈছিল বুলি অনুমান কৰিব পাৰি৷ সেইদৰে কমেডীও প্ৰথমে লিখা হৈছিল গ্ৰীচতে ৷ ট্ৰেজেডী আৰু কমেডী উভয়ৰে উৎপত্তি ডায়নিচাচ দেৱতাৰ পূজা-পদ্ধতিৰ সৈতে জৰিত বুলি জনা যায় ৷ আমি প্ৰথমে ট্ৰেজেডীৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম৷

ট্ৰেজেডী কি ? পয়েটিকচত এৰিষ্ট’টলে মত প্ৰকাশ কৰিছে যে ট্ৰেজেডী হ’ল জীৱনৰ গহীন, গুৰুত্বপূৰ্ণ আৰু স্বয়ংসম্পূৰ্ণ কাৰ্য্যৰ অনুকৰণ৷ নাটকত চিত্ৰিত কাৰ্য্য বা ঘটনাসমূহ অভিনয় কৰি দেখুৱাব পৰা হ’ব লাগে যাতে ই দৰ্শকৰ অন্তৰত পুতৌ বা ভয়ৰ ভাৱৰ উদ্ৰেক কৰিব পাৰে৷ ফলত দৰ্শকৰ অন্তৰত থকা স্তুপিকৃত এই ভাববোৰ উথলি উঠি ভাবাবেগত অভিভূত কৰে৷ এই ভাবাবেগে দৰ্শকৰ মন পাতলাই দিয়ে৷

 ট্ৰেজেডীৰ ভাগ: এৰিষ্ট’টলৰ মতে ট্ৰেজেডীত ছটা ভাগ থাকে: কাহিনী, চৰিত্ৰ, চিন্তাধাৰা, ভাষা, সঙ্গীত আৰু দৃশ্যসজ্জা৷ ট্ৰেজেডী সফল হয় ভাষা, সংলাপ, সঙ্গীত আৰু দৃশ্য সংযোজনৰ আলমত৷ ট্ৰেজেডীত বৰ্ণিত কাহিনীসমূহ বিচ্ছিন্ন আৰু যোগসূত্ৰবিহীন নহৈ সুপৰিকল্পিত হোৱা উচিত৷ কাহিনীতেই ট্ৰেজেডীৰ উৎস নিহিত থাকে৷ গতিকে কাহিনীয়েই ট্ৰেজেডীৰ প্ৰাণ বুলিব পাৰি৷ ট্ৰেজেডীৰ কাহিনী স্বয়ংসম্পূৰ্ণ আৰু কিছু পৰিমাণে বিস্তৃত হ’ব লাগে৷ অতি চমু কাহিনীও ট্ৰেজেডীৰ বাবে উপযুক্ত নহয়৷ আনহাতে অতি দীঘল কাহিনীও দৰ্শকৰ মনোজগতত সহজে চিত্ৰিত নহয় বাবে ট্ৰেজেডীৰ ৰস আচ্ছাদনত ব্যাঘাত জন্মে৷ সেয়ে অপ্ৰয়োজনীয় কাৰ্য্য-কলাপ বৰ্জন কৰিলেহে কাহিনীৰ সুসামঞ্জস্য ৰক্ষা হয়৷ নায়ক বা নায়িকাৰ দুই শত্ৰুৰ মাজত হোৱা অৰিয়াঅৰিয়ে দৰ্শকৰ মনত কোনো সমবেদনাৰ ভাব নজন্মায়৷ সেইদৰে এজন ধাৰ্মিক মানুহৰ হঠাৎ পতনে দৰ্শকৰ নীতিবোধত আঘাত কৰে৷ গতিকে এনে কাহিনীবোৰ ট্ৰেজেডীৰ বাবে অনুপযুক্ত৷ ট্ৰেজেডীৰ ভাষা বিষয়বস্তুৰ গুৰুত্ব আৰু গাম্ভীৰ্যৰ সৈতে খাপ খোৱা হ’ব লাগে৷

 ভাগ্য বিপৰ্য্যয়: ট্ৰেজেডীৰ প্ৰকৃত ৰস সৃষ্টি হয় নায়ক বা নায়িকাৰ অভাবনীয় ভাগ্য বিপৰ্য্যয়ৰ কাহিনীৰ ভিত্তিত৷ নাটকীয় শ্লেষৰ জৰিয়তে কাহিনীৰ গতি হঠাতে পৰিবৰ্তন কৰা হয়৷ এই পৰিবৰ্তনে দৰ্শকৰ মনলৈ আনে যে সেই চৰিত্ৰৰ জীৱনত এনে হোৱা উচিত নাছিল৷ ফলত দৰ্শকৰ মনত সেই চৰিত্ৰৰ প্ৰতি সহানুভূতি জাগে আৰু ট্ৰেজেডী হিচাপে সেই নাট সফল হয়৷

সত্য প্ৰসাদ বৰুৱাৰ মতে: "ট্ৰেজেডীৰ নায়কে সদায় সৎ-উদ্দেশ্যেৰে ভাল হওক বুলিয়েই কাম কৰি যায়, নিজৰ ওপৰত ন্যস্ত দায়িত্ব, দায়িত্বশীল মানুহ হিচাপে নিয়াৰিকৈ পালন কৰিবলৈ তেওঁ সততে বিচাৰে, কিন্তু তেওঁৰ স্বভাৱগত কিবা ক্ৰুটিৰ কাৰণে সকলো কথা ভালকৈ বিবেচনা কৰি আগবাঢ়ি যোৱাত হঠাতে কেৰুণ লাগে৷ তাৰ ফলতে অৱস্থাৰ মেৰপাকত সোমাই তেওঁ বিচৰণ কৰা ওখ স্তৰৰপৰা ভাৰসাম্য হেৰুৱাই সংকটৰ আৱৰ্তত পৰি যায়৷ এই দ্ৰুটিক যে সদায়ে দোষৰ পৰ্যায়ভুক্ত কৰিব লাগিব তেনে নহয়৷ দৰাচলতে ভাল গুণ  অতিমাত্ৰাত থকাৰ বাবে তেওঁৰ এনে সংকট হ’ব পাৰে৷" দায়িত্বশীল আৰু শক্তিশালী ব্যক্তিত্বৰ হোৱাৰ বাবে নায়কে দায়িত্ব পালনৰ ক্ষেত্ৰত অহা বাধা সাধ্যানুসাৰে আঁতৰাবলৈ চেষ্টা কৰে৷ তাৰ বাবে প্ৰয়োজনবোধে অশেষ কষ্টও হাঁহিমুখে স্বীকাৰ কৰি জীয়াতু ভুগিব লগা হয়৷ সেয়ে মৃত্যু সদায় ট্ৰেজেডীৰ পৰিণতি নহ’বও পাৰে৷ ট্ৰেজেডীৰ নায়কে দুখ-কষ্টৰ তাড়নাত কাঁইটৰ সজ্জা আঁকোৱালি ল’ব লগা হয়; তথাপি তেওঁ পৰাজয় স্বীকাৰ নকৰে৷ এনেবোৰ কথাই তেওঁৰ মানৱীয় দুৰ্বলতা উদঙাই দিয়ে; কিন্তু তেওঁ সকলো সমস্যাৰ সৈতে যুঁজি আগুৱাই যায়৷ ট্ৰেজেডীত ঠাই পোৱা সমস্যাবোৰ জটিল আৰু সহজে সমাধা কৰিব পৰা বিধৰ নহয়৷ সেয়ে ট্ৰেজেডীৰ বিষয়বস্তু সাধাৰণতে জাগতিক মূল্যায়নৰ উৰ্দ্ধত হয়৷ ট্ৰেজেডীৰ ৰচয়িতাই সমস্যাৰ সমাধানৰ সূত্ৰ বিচৰাতকৈ তাৰ বিশ্লেষণৰ ওপৰত অধিক গুৰুত্ব দিয়ে৷ ফলত নাটৰ পৰিবেশ গহীন হৈ পৰে৷ 

 মানসিক সকাহ বা কেথাৰচিচ: ট্ৰেজেডীৰ ঘটনাৱলীৰ ৰূপায়ণে দৰ্শকৰ মনত ভীতি আৰু সমবেদনাৰ ভাৱ উদ্ৰেক কৰে; ফলত দৰ্শকে এনে ঘটনাৰ সন্মুখীন হ’বলৈ সাহস পায়৷ এই ভীতিদায়ক ঘটনাই দৰ্শকক নিজৰ মানৱীয় দুৰ্বলতাবোৰ সংশোধন কৰিবলৈ সঁকীয়াই দিয়ে যাতে তেওঁলোক এনে পৰিস্থিতিত জৰ্জড়িত হ’ব লগা নহয়৷ ঔষধে যেনেকৈ দৈহিক অসুখ-অসুবিধা আঁতৰাই, সেইদৰে ট্ৰেজেডীয়ে ভাব-অনুভূতিৰ কাব্যিক প্ৰকাশৰ জৰিয়তে দৰ্শকৰ অন্তৰৰ স্তুপীকৃত ভাববোৰক সকাহ দিয়াত, অৰ্থাৎ কেথাৰচিচ্‌ত সহায় কৰে৷ ফলত দেহত অধিক মাত্ৰাত গোট খোৱা বিভিন্ন ৰস আৰু ধাতু কমাই ভাৰসাম্য সৃষ্টি কৰি দৈহিক আৰু মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধন কৰে৷

মানসিক সকাহ বা কেথাৰচিচ্‌ৰ ওপৰত এৰিষ্ট’টলকে ধৰি বহুতো সমালোচকে গুৰুত্ব আৰোপ কৰিছে যদিও এৰিষ্ট’টলে নিজেই মন্তব্য কৰিছে যে সকলো সাৰ্থক সাহিত্য সৃষ্টিৰ দৰে ট্ৰেজেডীৰো উদ্দেশ্য আনন্দ দানহে আৰু এই উদ্দেশ্যত সফল হোৱাতেই ট্ৰেজেডী ৰচনাৰ সাৰ্থকতা নিহিত আছে৷ কেথাৰচিচ্‌ৰ জৰিয়তে শিল্পীয়ে দৰ্শকক আনন্দ দিবলৈ সক্ষম হয়৷ কিন্তু সেইবুলি সকলো ধৰণৰ আনন্দ ট্ৰেজেডীৰ জৰিয়তে দিয়া সম্ভৱ নহয়৷ 

 সাৰ্থক অনুকৰণ : সাৰ্থক অনুকৰণে দৰ্শকক আনন্দ দিয়ে৷ সচৰাচৰ দেখি থকা আৰু বিশেষ গুৰুত্ব নিদিয়া কোনো বস্তুৰ অনুকৰণক দৰ্শকে প্ৰশংসা কৰে৷ দুৰ্গেশ্বৰ শৰ্মাদেৱে সেয়ে কৈছিল:

“সদায় চকুৰে দেখা গছপাতটিও
ছবিটিত ভাল হৈ পৰে
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হ’লে প্ৰাণ টানি ধৰে৷”

"ট্ৰেজেডীৰ আনন্দ হৈছে কৰুণ ৰস উন্মেষণৰপৰা হোৱা আনন্দ৷ অৱশ্যে এই কৰুণৰ সৈতে ভয়ানক ৰসো মিহলি হৈ থাকে৷" (সত্যপ্ৰসাদ বৰুৱা)৷ৰচয়িতাৰ প্ৰতিভা, অৰ্থাৎ কবি-প্ৰতিভাৰ ওপৰতে সাৰ্থক অনুকৰণ, ৰসোন্মেষণ, ৰচনাশৈলী, চৰিত্ৰ ৰূপায়ণ আদি নিৰ্ভৰশীল৷ এই প্ৰতিভাৰ পৰশেহে আমাৰ চেতনা আলোড়িত কৰি তামকো সোণৰ চমক দিয়ে৷

 শ্বেক্সপীয়েৰৰ ট্ৰেজেডী : গ্ৰীচৰ গৌৰৱোজ্বল কালছোৱাৰ পাছত থমকি ৰোৱা ট্ৰেজেডীৰ সৃষ্টি পুনৰ উইলিয়াম শ্বেক্সপীয়েৰৰ (1564-1616) হাতত প্ৰাণোচ্ছলা হৈ পৰে৷ অনস্বীকাৰ্য্য যে ইয়াৰ আগতেও অনেকে ট্ৰেজেডী ৰচনা কৰিছিল৷ কিন্তু শ্বেক্সপীয়েৰৰ লিখনিয়েহে দৰ্শকৰ চেতনাক আন্দোলিত কৰি ট্ৰেজেডীক এক গভীৰ মননশীল আৰু আকৰ্ষণীয় ৰূপ দিয়ে৷ এই মহান নাট্যকাৰজনে ৰচনা কৰা ট্ৰেজেডীৰ ভিতৰত উল্লেখনীয় হ’ল: Antony and Cleopatra, Coriolanus, Cymbeline, Hamlet, Julius Caesar, King Lear, Macbeth, Othello, Romeo and Juliet,Timon of Athens, Titus Andronicus, Troilus and Cressida. শ্বেক্সপীয়েৰৰ কেবাখনো বুৰঞ্জীমূলক নাটকতো ট্ৰেজেডীৰ আভাস আছে৷ 

এটা কথা মন কৰিবলগীয়া যে প্ৰাচীন গ্ৰীচৰপৰা আৰম্ভ কৰি শ্বেক্সপীয়েৰ আৰু তেওঁৰ পৰৱৰ্তী নাট্যকাৰসকলে সৃষ্টি কৰা ট্ৰেজেডীসমূহ মূলতঃ নায়ক-নায়িকাৰ চৰিত্ৰভিত্তিক আৰু এই নায়ক- নায়িকাসকল সাধাৰণতে ৰাজকীয় অথবা সম্ভ্ৰান্ত বংশজাত আৰু সকলো মানৱীয় গুণৰ লগতে কিছু পৰিমাণে উচ্চপৰ্যায়ৰ গুণসম্পন্ন৷ সেয়ে তেনে চৰিত্ৰৰ জীৱনলৈ অহা বিপৰ্যয়ে দৰ্শকৰ মনত ভীতিবিহ্বলতা আৰু পুতৌভাৱৰ উদ্ৰেক কৰে৷ কিন্তু নৱন্যাসৰ আৰম্ভণিয়ে ৰাজকীয় শক্তি হ্ৰাস কৰি গণতান্ত্ৰিক শক্তিৰ পথ মোকলাই দিয়ে৷ ফলত আগৰ ট্ৰেজেডীৰ দৰে ৰাজকীয় আৰু সম্ভ্ৰান্তবংশীয়সকলৰ পৰিবৰ্তে বাস্তৱ জীৱনৰ চৰিত্ৰভিত্তিক ট্ৰেজেডী সৃষ্টিৰ প্ৰচেষ্টা আৰম্ভ হয়৷ কিন্তু তাৰ ফলত ট্ৰেজেডীৰ আকৰ্ষণ দৰ্শকৰ কাষত কমি আহে৷ বৰ্তমান পৰিস্থিতিত নাট্যকাৰসকল এখন বৈজ্ঞানিক, ৰাজনৈতিক আৰু সামাজিক সমস্যাৰে জৰ্জড়িত পৃথিৱীৰ সন্মুখীন হৈছে৷ এই পৰিস্থিতিত নাট্যকাৰে লগ পায় মধ্যবিত্ত বা নিম্নবিত্ত বৰ্গীয় সাধাৰণ মানুহ৷ এনে চৰিত্ৰৰ উত্থাপনে এখন পূৰ্ণদৈৰ্ঘ্য ট্ৰেজেডী নাটকত দৰ্শকৰ মন মুহি ৰাখিব নোৱাৰা হ’ল৷ গতিকে এনে এটা ভাব হয় যে এই পৰিবৰ্তিত পৰিৱেশ ট্ৰেজেডী সৃষ্টিৰ বাবে অনুকূল নহয়৷ কিন্তু মানৱ- সত্তাৰ মহত্ত্ব যিহেতু নিঃশেষ হৈ যোৱা নাই, সেয়ে আগলৈ সাৰ্থক ট্ৰেজেডীৰ সৃষ্টি হ’ব বুলি আশা কৰিব পাৰি৷

অঙ্গন: পৃষ্ঠাঃ 8
অসমীয়া জাতীয় জীৱনৰ আপুৰুগীয়া সম্পদ জাপি

ঝৰ্ণালী শৰ্মা বৰকটকী

অসমীয়া জাতীয় জীৱনত জাপিৰ অৰিহণা অধিক। জাপিক অসমৰ সংস্কৃতিৰ প্ৰতীক বুলি বিবেচনা কৰা হয়। অসমৰ জাতীয় উৎসৱ বিহুত জাপি বিশেষ ভাৱে ব্যৱহাৰ কৰা হয়। তদুপৰি তোৰণ, চ'ৰা ঘৰৰ সাজ-সজ্জা, সভাঘৰ , বিয়াৰ ৰভা আদিত জাপি বিশেষ ভাৱে ব্যৱহাৰ হৈ আহিছে। সন্মানীয় লোকক ফুলাম জাপিৰে আদৰাৰ নিয়মো আছে। বিশেষকৈ ভাৰতবৰ্ষ তথা অসমৰ গ্ৰাম্য সমাজৰ লোকসকল কৃষিৰ লগত জড়িত হৈ থাকে, তেওঁলোকে ৰ'দ ,বৰষুণৰ পৰা ৰক্ষা পাবলৈ জাপি ব্যৱহাৰ কৰে। 
   জাপিৰ আবিষ্কাৰ হোৱাৰ আগতে মানুহে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবে গছৰ পাত খেৰৰ চালি, কলপাত আদি ব্যৱহাৰ কৰিছিল। জাপি শিল্পত প্ৰয়োজনীয় কেঁচা সমল কেইবিধ হ'ল তকৌপাত, বাঁহ, বেত, আদিয়েই প্ৰধান। ইয়াৰ উপৰিও বৰ্তমান বিভিন্ন অনুষ্ঠানৰ মঞ্চ শুৱনিৰ বাবে জাপি ওপৰত চুমকী, মখমল কাপোৰ, ৰঙা কাপোৰ, ঊল, ফিটা আদি আঠা লগাই দিয়া পৰিলক্ষিত হয়।        
       বহুতো লোকৰ মতে জাপিৰ প্ৰথম আবিষ্কাৰ চীন দেশত হয় বুলি ভাবে। চীন দেশত ব্যৱহৃত জাপিৰ আকৃতি লাটুমৰ মূৰটোৰ দৰে জোঙা আছিল। চীনৰ পৰাই ভাৰতবৰ্ষ তথা অসমলৈ জাপিৰ প্ৰচলন হ'ল বুলি জনা যায়। অসমৰ জাপিৰ আকৃতি হ'ল পদুম ফুলৰ দৰে। ভাৰতৰ চাৰুকলা আৰু পূজা পাৰ্বনত পদুম ফুলৰ বহুল প্ৰচলন থকা বাবেই সম্ভৱতঃ জাপিৰ আকৃতিও পদুমৰ দৰে গঢ় ল'লে। 
        এই জাপি শিল্পৰ জৰিয়তে বহু লোকে স্বাৱলম্বিতা লাভ কৰিছে। অসমৰ নলবাৰী জিলাত বৰ্তমান মূল্যৱান গ্ৰামীণ কুটিৰ শিল্প হিচাপে স্থান লাভ কৰিছে জাপি শিল্পই। অসমত সকলো মানুহে জাপি ব্যৱহাৰ কৰে। এসময়ত জাপি মান্য হিচাবে ব্যৱহাৰ কৰা হৈছিল। মানুহৰ মান নিৰ্ধাৰণ কৰি জাপি পিন্ধিছিল। ৰজাঘৰীয়া ডা-ডাঙৰীয়া আৰু সত্ৰাধিকাৰ সকলে ভ্ৰমণত বৰজাপি ধৰি যোৱাৰ নিয়ম আছিল । সত্ৰ, নামঘৰ বা ধৰ্মীয় অনুষ্ঠানৰ আগেদি যাব লগা হ'লে জাপি খুলি যোৱা নিয়মো আছিল। সাধাৰণতে আমি জাপি কেইবা প্ৰকাৰৰ দেখিছোঁ। ব্যৱহাৰিক দিশৰ ফালৰ পৰা আমি হালোৱা জাপি, বনুৱা জাপি, গৰখীয়া জাপি, টুপী জাপি আদি দেখিবলৈ পাওঁ। ৰূপ সজ্জাৰ ফালৰপৰা আমি উকা জাপি, ফুলাম জাপি পাওঁ। প্ৰবাদ আছে যে আহোম ৰাজত্বত বৰপাত্ৰগোঁহাই, বৰগোহাঁই, বুঢ়াগোহাঁই আদিয়ে 'সোণৰ চুলাৰে 'পানী জাপি আৰু টুপী জাপি ব্যৱহাৰ কৰিছিল। বৰফুকন, ফুকনসকলে ৰূপৰ চুলাৰ পানী অথবা উকা জাপিও ব্যৱহাৰ কৰিছিল।      
     জাপি অসমীয়া গ্ৰাম্য সমাজৰ অবিচ্ছেদ্য অংগ হলেও উন্নত প্ৰযুক্তি বিদ্যাৰ আৰু যান্ত্ৰিকতাৰ মাজত জাপিৰ ব্যৱহাৰ কমি আহিছে। তথাপিও কোনো কোনো ক্ষেত্ৰত জাপি অবিহনে কোনো কাৰ্য সংঘটিত নহয়। সেয়েহে  অসমীয়া লোক-জীৱনত ব্যৱহৃত হোৱা  অন্যতম আপুৰুগীয়া সম্পদ জাপিক আমি জীয়াই ৰাখিব লাগিব।

ঠিকনাঃ
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং- ৯১০১৮৬০৩৫৯ 

অঙ্গন: পৃষ্ঠাঃ 9
ফাগুন আৰু ৰঙৰ উৎসৱ ফাকুৱা

ৰেখামণি চাৰিঙীয়া

এতিয়া আকাশে-বতাহে চঞ্চলা মলয়া। এইয়া শীতৰ বিদায়ী মুহূৰ্ত। হেঁপাহ গাথা এবোজাৰে ব'হাগৰ আগলি বতৰা লৈ এইয়া প্ৰাণ চঞ্চলা ফাগুন। ফাগুনে হৃদয়ৰ উষ্ণতা বঢ়াই উতনুৱা কৰে মন-প্ৰাণ। মহাপয়োভৰেৰে আবিৰ সাধে পলাশ-মদাৰৰ প্ৰস্ফুটিত ৰঙেৰে পুলকিত কৰে মন-প্ৰাণ। পূৰ্ণ যৌৱনা হৈ পৰা মদাৰে আদৰিবলৈ আগতীয়াকৈ সাজু হয় ফাগুনৰ উন্মাদে ভৰা বা ৰিব ৰিব মলয়াৰ। এইয়া ফাগুন, যেন নামেই কঢ়িয়ায় ৰঙৰ বতৰা। ফাগুনৰ এনে এক পৰিৱেশেই লৈ আনে ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ ৰঙেৰে আকাশ-বতাহ হৈ পৰে ৰঙীণ। ফাকুৰ ৰং বোলাই শিশুৰপৰা বৃদ্ধলৈ মতলীয়া হৈ পৰে সকলো।
          ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা ফাকুৱা উৎসৱ পালন কৰা হয়। প্ৰাকৃতিক সৌন্দৰ্য্যৰ অতীৰ গভীৰতাই বাসন্তী মেঘক আহ্বান কৰে। শীত ঋতুক বিদায় দি বসন্তক আদৰি লবলৈ, ৰঙেৰে অসমীৰ ৰঙালীক আদৰাৰ, প্ৰেমৰ বতৰাৰে সেউজীয়া হ'বলৈ ধৰা পৃথিৱীখনক আদৰি লোৱাৰ এয়া ৰঙৰ উৎসৱ।
             সমগ্ৰ ভাৰতবৰ্ষৰ জনজীৱনৰ অনন্য গুৰুত্ব প্ৰদানেৰে পালন কৰা এই উৎসৱ আৰ্য্য-অনাৰ্য্য সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠা উৎসৱ। প্ৰধানত: ভাল শস্যৰ কামনাৰে প্ৰকৃতিৰ বন্দনাক লৈ পালন কৰা হোলী বা ফাকুৱা উৎসৱ মানৱীয় সম্বনয়ৰ বাহক বুলি ক'ব পাৰে। ঠায়ে ঠায়ে দেউল উৎসৱ, দৌল উৎসৱ, ফাকুৱা, ফল্গু উৎসৱ, হোলী, আদি নামেৰে নামাংকিত এই উৎসৱ এক ধৰ্মীয় পৰম্পৰাও। ফাকুৱাই আনি দিয়ে শীতৰ জঠৰতা ভাঙি কৰ্ম প্ৰেৰণাৰ নৱ উদ্যাম।ফাগুন নামেই বহন কৰে ফাকুৱাৰ বতৰা। এই উৎসৱৰ সময়ত চন্দ্ৰ ফাগ্লুনী নক্ষত্ৰত অৱস্থান কৰে বাবে-জ্যোতিষ শাস্ত্ৰই এই মাহটোৰ নাম ফাগুন দিলে।
             প্ৰায় সকলো উৎসৱৰ পৌৰাণিক কাহিনীৰ আলমত সৃষ্টি হয় আৰু যুগে-যুগে তেনে কাহিনীৰ আলমত পালন কৰে উৎসৱসমূহ। ফাকুৱাক লৈয়ো বহুতো পৌৰাণিক কাহিনী আছে।
           ভাৰতীয় পৌৰাণিক শাস্ত্ৰমতে ৰজা ৰঘুৰ ৰাজ্যত দুণ্ডা নামৰ এগৰাকী ৰাক্ষসীয়ে মহাদেৱৰ পৰা অমৰত্বৰ বৰদান প্ৰাপ্ত কৰি লোকসকলক বিশেষ কৰি ল'ৰা-ছোৱালীবোৰক ভক্ষণ কৰিবলৈ আৰম্ভ কৰি দিলে।।তেতিয়া ভয়ভীত প্ৰজাসকলে নিজৰ ভয়ৰ কথা ৰজা ৰঘুক কলে। তেতিয়া ৰজা ৰঘুৱে সুধাত মহৰ্ষি বশিষ্ঠই কলে যে-ভগৱান শিৱৰ বৰদানৰ প্ৰভাৱৰ বাবে-সেই ৰাক্ষসীৰ দেৱতা, মনুষ্য, অস্ত্ৰ-শস্ত্ৰ বা ঠাণ্ডা, গৰম, বা বৰষুণ আদিৰ দ্বাৰা মৃত্যু সম্ভৱ নহয়। কিন্তু মহাদেৱে এয়াও কৈছে যে-খেলি থকা ল'ৰা-ছোৱালীৰ, চিঞঁৰ বাখৰে দুণ্ডা ৰাক্ষসীৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। অন্ত: ঋষিয়ে উপায়ৰ কথা ক'লে যে-ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা শীত ঋতুৰ বিদায় তথা গ্ৰীষ্ম ঋতুৰ আগমন হয়। সেইদিনা সকলো লোক একত্ৰিত হৈ আনন্দ আৰু উৎসাহেৰে হাঁহিব লাগে, গাব লাগে, নাচিব লাগে, হাতচাপৰি বজাব লাগে। সৰু ল'ৰা-ছোৱালীবোৰ বাহিৰলৈ উলায় আহি চিঞঁৰ-বাখৰ কৰিব লাগে।খৰি, শুকান বন, পাত আদি একগোট কৰি মন্ত্ৰ উচ্চাৰণ কৰি জ্বলাব লাগে আৰু অগ্নিৰ পৰিক্ৰমা কৰিব লাগে।ৰজাৰ দ্বাৰা  প্ৰজাসকলৰ লগত এই সকলোবোৰ কাৰ্য্য কৰাত অন্ত: দুণ্ডা নামৰ ৰাক্ষসীৰ অন্ত হ'ল। এনেদৰে ল'ৰা-ছোৱালীবোৰৰ ওপৰৰ পৰা ৰাক্ষসীৰ বাধা তথা প্ৰজাসকলৰ ভয়ৰ নিবাৰণ হল। এইদিনাই "হোলিকা" তথা কালান্তৰত হোলী নামেৰে লোকপ্ৰিয় হ'ল।।
          মহাদেৱ আৰু কামদেৱৰ কথাৰে-
ইন্দ্ৰদেৱে কামদেৱক ভগৱান শিৱৰ তপস্যা ভংগ কৰিবলৈ আদেশ দিলে। কামদেৱে সেই সময়তে বসন্তক মাতিলে আৰু নিজৰ মায়াৰে বসন্তৰ প্ৰভাৱ বিস্তাৰিত কৰিলে। ইয়াৰ দ্বাৰা সকলো জগতৰ প্ৰাণী কামমোহিত হ'ল। কামদেৱে ভগৱান শিৱক মোহিত কৰাৰ এই প্ৰয়াস হোলীৰ লৈকে চলি থাকিল। হোলীৰ দিনা ভগৱান শিৱৰ তপস্যা ভংগ হ'ল।মহাদেৱে ক্ৰোধিত হৈ কামদেৱক ভষ্ম কৰি দিলে আৰু লগতে এই বাতৰি দিলে যে-হোলীত কামনা, মোহ, লোভ, ইচ্ছা, ধন, আদি নিজৰ ওপৰত চিকাৰ হ'বলৈ দিব নালাগে। তেতিয়াৰে পৰা হোলীত বসন্ত উৎসৱ তথা হোলী জ্বলোৱাৰ পৰম্পৰা আৰম্ভ হ'ল। এই ঘটনাৰ পাছত মহাদেৱে মাতা পাৰ্ৱতীক বিবাহ কৰোৱাৰ সন্মতি দিলে। যাৰ বাবে সকলো দেৱী-দেৱতা, শিৱগণ, মনুষ্যৰ মাজত আনন্দৰ যোৱাৰ বিয়পি গ'ল।তেওঁলোকে এজনে আনজনলৈ ৰং চটিয়াই আনন্দ উল্লাহেৰে উৎসৱ পালন কৰিলে। যি আজি হোলীৰ ৰূপত ঘৰে-ঘৰে পালন কৰা হয়।
আনহাতে, বিষ্ণু পুৰাণৰ অনুসৰি-বিষ্ণুবিদ্বেষী দৈত্যৰাজ হিৰণ্যকশিপুৰ, যিয়ে নিজকে ভগৱান বুলি ভাবিছিল। তেওঁৰ পুত্ৰ প্ৰহ্লাদ ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল। সেয়ে পুত্ৰক হিৰণ্যকশিপুৰে অকথ্য নিৰ্যাতন চলাই ক্ষান্ত নহ'ল।কাৰণ প্ৰহ্লাদে কোনোপধ্যেই ভগৱান বিষ্ণুৰ স্থান অসুৰ পিতৃক দিব নোঁৱাৰিছিল আৰু হিৰণ্যকশিপুৰে পুত্ৰ প্ৰহ্লাদক প্ৰাণ দণ্ডৰ আদেশ দিলে।প্ৰথমে প্ৰহ্লাদক পৰ্ৱতৰ ওপৰৰ পৰা পেলাই দিলে। কিন্তু প্ৰহ্লাদৰ মৃত্যু নহল। বিষাক্ত সৰ্পৰ বিষেও প্ৰহ্লাদৰ মৃত্যু আনিব নোঁৱাৰিলে। হাতীৰে গচকালে। তথাপি প্ৰহ্লাদৰ একো অনিষ্ট নহল। শেষত হিৰণ্যকশিপুৰৰ ভগ্নী 'হোলিকা' যিয়ে যাদুবিদ্যাৰ বলত অগ্নিকুণ্ডৰ মাজত অনায়াসে থাকিব পাৰিছিল।তাইক প্ৰহ্লাদক জুইত জ্বলাই মৃত্যুদণ্ড দিবলৈ কলে।হোলিকাই এটা বিৰাট অগ্নিকুণ্ড জ্বলাই প্ৰহ্লাদক নিজৰ কোলাত বহুৱাই লৈ অগ্নিকুণ্ডত প্ৰৱেশ কৰিলে।প্ৰহ্লাদে নিশ্চিত মনে মাথো শ্ৰী হৰিৰ নাম লবলৈ ধৰিলে।ঈশ্বৰৰ নামৰ মহিমাই হোলিকা'ৰ যাদুবিদ্যাৰ প্ৰভাৱ নোহোৱা কৰিলে। প্ৰহ্লাদৰ নোম এডালো অগ্নিয়ে স্পৰ্শ নকৰিলে। সেই অগ্নিকোণ্ডই হোলিকাকহে পুৰি ছাই কৰিলে। হোলিকা'ৰ মৃত্যুত বিষ্ণুভক্তসকলে ভগৱানক প্ৰাৰ্থনা কৰি তেওঁৰ যশ-গুণ কীৰ্তনেৰে ফাগুনী পূৰ্ণিমাৰ দিনা আনন্দ উৎসৱ পাতিলে।হোলিকা জুইত জাহ যোৱা দিনটো আছিল ফাগুনী পূৰ্ণিমাৰ আগৰ দিনটো।তেতিয়াৰে পৰা সেই পূৰ্ণিমা তিথিত পতা আনন্দ উৎসৱক হোলিকা দহন উৎসৱৰূপে প্ৰচলিত হ'ল। পৰৱৰ্তী এই উৎসৱৰ নামৰ কিছু সলনি হৈ-'হোলী' উৎসৱ হৈ পৰিল। প্ৰকৃততে 'হোলিকা দহন' উৎসৱৰ তাৎপৰ্য্য এয়াই যে হোলিকাৰূপী শীতকালটোক শেষ কৰি মানুহে আনন্দ উৎসৱৰ দ্বাৰা বসন্তক আদৰে। শীতক বিদায় দি বসন্তক আদৰা আনন্দ উৎসৱেই হৈছে বসন্ত উৎসৱ।।

তিনিচুকীয়া(অসম)

অঙ্গন: পৃষ্ঠাঃ 10
ৰঙৰ উৎসৱ ফাকুৱা

গীতামণি কলিতা

ৰঙৰ উৎসৱ ফাকুৱা, ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা হয়। এই উৎসৱ মদন পূজাৰ এক আনুসংগিক উৎসৱ। এই উৎসৱক দৌল উৎসৱ, ফাকু, হোলী, ফাল্গূৎসৱ  নামেৰেও জনা যায়। দৌল উৎসৱ হিন্দু সকলৰ আৰাধ্য দেৱতা শ্রী কৃষ্ণক উদ্দেশ্য কৰিয়েই পালন কৰা হয়। শুনিবলৈ পোৱা মতে, দৌল উৎসৱ প্রথমতে শ্রীকৃষ্ণই বৈকুণ্ঠতহে গোপ-গোপী সকলৰ সৈতে  আনন্দত আত্মাহাৰা হৈ খেলিছিল। তাৰপিছত দৌল উৎসৱৰ ৰং-ৰসত মুগ্ধ হৈ মানৱ সমাজে বৈকুণ্ঠৰ পৰা এই উৎসৱক আদৰি আনি প্রথম বৰপেটা ধামত আৰম্ভ কৰিছিল আৰু সেই সময়ৰ পৰাই দৌল উৎসৱ সত্ৰত পালন কৰি আহিছে বুলি শুনিবলৈ পোৱা যায়। 
        দৌল উৎসৱ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত থকা  সৰু-ডাঙৰ সত্ৰ, মন্দিৰত উলহ-মালহেৰে শ্রীকৃষ্ণৰ প্রতি পৰম ভক্তি ভাৱ ৰাখি সাত্ত্বিকতা আৰু পবিত্রতাৰে ধৰ্মীয় পৰম্পৰা অনুযায়ী উদযাপন কৰা দেখা যায়। এই উৎসৱত ভগৱন্তৰ নাম-কীৰ্তন কৰি সুমধুৰ গীত গায় ভক্তগণে এক অনাবিল সুখ লাভ কৰে। ঠাইভেদে তিনি-চাৰিদিনীয়াকৈও দৌল উৎসৱ উদযাপন কৰে। 
           পুৰুষ-মহিলা, ল'ৰা-ছোৱালী, যুৱক-যুৱতী সকলোৱে ৰং-বিৰঙৰ ফাকু সানি আনন্দ উপভোগ কৰে। ইজনে-সিজনলৈ  ৰংবোৰ ছটিয়াই ক্ষনিক সময়ৰ বাবে পাহৰি যায় জীৱনৰ দুখবোৰ। ফাকু উৎসৱত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো একাত্ম হৈ ৰং-বিৰঙৰ আবিৰ খেলে আৰু এই একাত্মতাই সকলোৰে মাজলৈ আনে
অনাবিল প্রশান্তি আৰু অশুভ বোধৰ বিপক্ষে যুঁজিবলৈ সাহস যোগায়। ফাকুৱাৰ ৰঙে   ছালৰ ৰোগ নিৰাময় কৰাৰ লগতে সৌন্দর্য বৃদ্ধি কৰে। ফাকুৱা গুৰি মাটিত পৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হয় বুলি শুনা যায়। 
      গতিকে, হোলী উৎসৱ হ'ল সম্প্রীতিৰ উৎসৱ আৰু এই উৎসৱে মানুহৰ মনবোৰ অধিক সেউজীয়া কৰি তোলাৰ লগতে ভাতৃত্ববোধ আৰু একতাৰ পৰিচয় দিয়ে। ভৱিষ্যতেও যেন নৱ প্রজন্মৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী অধিক প্রকট হৈ উঠে  আৰু ৰং-ৰসৰ আনন্দ চিৰযুগমীয়া হয় তাকে কামনা কৰিলোঁ। 
                    
যোৰহাট, ভাতেমৰা পথ।

অঙ্গন: পৃষ্ঠাঃ 11
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ

খণ্ড ১৬

পৰাগে মোক এনেকৈ অনা দেখি সকলোৱে মোৰ কিবা এটি হ'ল বুলি ভাবি আমাক দেখি কি হ'ল বুলি কৈ আমাৰ ওচৰলৈ আগবাঢ়ি আহিল । যেতিয়া সকলোৱে গম পালে মই ভৰিত দুখ পালোঁ  ইচ্‌ ৰাম, অহ্‌ গড  বুলি কোনো কোনোৱে কোৱা শুনিলোঁ । পৰাগে খোৱা-লোৱা কৰিবলৈ ঠিক কৰা নিদিষ্ট ঠাইত মোক নমাই দিলে । মই কি ভাষাৰে তাক ধন্যবাদ জনাম ভাষা বিচাৰি নাপায় হাত দুখন যোৰ কৰি প্ৰণাম জনোৱা দৰে কৰাত সি খং মিহলি ভাবেৰে ক'লে---
"ভৰি এখনটো হ'ল কিবা  হাত দুখনো বান্ধি থ'ম যাতে মইয়ে ভাতো খোৱাই দিব লগা হোৱাকৈ ।" বুলি বহিবলৈ পাৰি থোৱা ত্ৰিপাললৈ আঙুলিয়াই দেখুৱালে । তাৰ কথা শুনি মোৰ হাঁহি উঠিল । এনেকুৱা পাগল প্ৰেমিক সঁচাকৈ আৰু আছে নে কোনোবা মনতে নিজকে প্ৰশ্ন কৰিলোঁ ! 
ময়োতো এনে এজন পাগল প্ৰেমিক বিচাৰোঁ যি মোৰ প্ৰতি মুহূৰ্ত্তত মোৰ খবৰ ৰাখে , সৰু সৰু কথাত খং কৰে , অভিমান কৰে , যি কথাই কথাই মৰমৰ আব্দাৰ কৰে ! যাৰ হৃদয়ত কেৱল মোৰে প্ৰতিচ্ছবি থাকে তেনে এজন প্ৰেমাস্পদ পালে মই জানো ভাল নোপোৱাকৈ বা সুখী নোহোৱাকৈ থাকিব পাৰোঁ । দিনটোৰ ভিতৰতে সি মোৰ অন্তৰখন দখল কৰি পেলালে । কিন্তু মইতো তাৰ বাবে একো কৰা নাই, কোৱাও নাই তাক ভালপাওঁ নে বেয়াপাওঁ । মোক বাৰু কিয় সি ইমান ভাল পায় পেলালে । যি কাৰণেই নহওক সি যে মোক ইমান ভাল পায় কথাটো জানি মনটো ভাল লাগিল । কিন্তু সেই ভাললগা মই কাৰো আগত কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ ।
মই বহাৰ আগতে অলপ হাত-ভৰি কেইটা ধুই ল'ব লাগিব । কাৰণ উঠোঁতে আৰু বাগৰি পৰোঁতে হাতে -ভৰিৰে ধূলি-বালি লাগি ধূলাৰে বগা হৈ আছিল । সকলোৱে  জিৰ জিৰকৈ  বৈ থকা  নদীখনৰ নিজনি পানীত নামি  মুখ-হাত , ধুই আছে । নদীখনলৈ দুখোজ মান দিলেই মই পাম সেয়েহে লাহে লাহে নদীখনৰ কাষলৈ গ'লোঁ । নদীখনৰ নিজনি পানীত তলৰ শিলবোৰ বৰ ধুনীয়াকৈ জিলিকি আছে । মাজে মাজে বহুত ডাঙৰ ডাঙৰ শিল আছে। নদীখনলৈ লাহেকৈ নামি গ'লোঁ ভৰিখন বেছিকৈ দাঙিব পৰা  নাই বাবে অলপ চোঁচৰাই দিয়াৰ দৰেই দি নদীৰ যুঁৱলিত থকা শিল এটাত বহি ভৰি দুখন পানীত নমাই দিলোঁ । অলপ হাউলীলৈ পানীৰে হাত দুখন ধোলোঁ । আনফালে খানা খাবৰ বাবে সকলো যোগাৰ হৈছে । মোক এনেকৈ শিলৰ ওপৰত বহি ভৰি -হাত ধুই থকা দেখি সৌৰভ , নিলয় , চন্দন , অংকুৰ আহি মোৰ চাৰিওফালে ৰৈ বাকীবোৰক মাতিলে ঐ আহ ঐ সকলো আহ এনেকৈ শিলত বহি পানীত নামি ফটো একপি লওঁ । নিলয়ে ছাৰ-বাইদেউহঁতক মাতি আনিলে নদীলৈ । সকলোকে নিজৰ নিজৰ ধৰণেৰে প'জ দি কেমেৰামেনক মাতিলে । পৰাগে হাতত গীতাৰখনলৈ পানীৰ মাজৰ শিল এটাত বহিলে । ছোৱালীবোৰেও যি যেনেকৈ পাৰে প'জ দি ফটো উঠিল । তেতিয়া আবেলিৰ বেলিটিয়ে হেঙুলীয়া ৰহণ সানিছিল । সূৰুযৰ হেঙুলী আভাই নদীৰ পানীত জিলমিলাই আছিল ।  এক অপূৰ্ব দৃশ্য । সকলোৰে মন ৰোমাণ্টিক কৰি তুলিব পৰা এক বিনন্দীয়া ৰূপ । ফটো তোলাৰ পাছত ছাৰহঁতে এনেকৈ পানীৰ মাজত শিলৰ ওপৰতে বহি এটি গীত গাবলৈ নিলয় আৰু পৰাগক ক'লে"--- চোৱা প্ৰকৃতিৰ এনে মোহনীয় দৃশ্য উপভোগ কৰিবলৈ আমি সদায় সুযোগ নাপাওঁ সেয়ে অলপ এনজয় কৰিব লাগে স্ফূৰ্টি কৰিব লাগে ।" ছাৰহঁতৰ আৰু লগৰবোৰৰ অনুৰোধত পৰাগে  হাতত গীতাৰখনলৈ শিলটোৰ পৰা নামি মোৰ কাষলৈ আহি মুখামুখিকৈ আন এটা শিলৰ ওপৰত বহি সকলোকে সহযোগ কৰিবলৈ কৈ গান গাবলৈ ধৰিলে---
নক'লা কথাটি সুধিছিলোঁ যে মই  
ভাবিনো চালানে কিয় ক'লোঁ যে মই
বোকাত পদুম ফুলে বুলি কোৱা 
মনত আছে মোৰ তুমি কোৱা
বুজিলো এতিয়া কথাটি যে সঁচা ।

মোলৈ চাই চাই গাবলৈ ধৰিলে ---
ফুলে সোণাৰু চোৱাচোন ডালতে ধৰি
মৰমবোৰ মোৰ বাঢ়িছে তোমালৈ আজি
বোঁৱতী নদীক ভেটিব কোনে
মৰমে কাৰো বাধা নামানে 
লৈ যাম তোমাকে মৰমৰ সোঁততে ।

সকলোৱে পৰাগৰ লগত সহযোগ কৰি গ'ল ---
দূৰে দূৰে সোণ নৰ'বা হিয়া জ্বলে
সময়ৰে বান সময়ত মাৰিব লাগে
বোকাতে পদুম মৰহি গ'লে
নাচায় কোনেও তেতিয়া তালে
জানিবা বা বুজিবা  মনতে ৰাখিবা ।

পৰাগে গীতত প্ৰাণ ঢালি মোলৈ চাই এটাৰ পাছত আন এটা গাই থাকিল । গানবোৰ  মোলৈকে গাইছে সেইয়া সকলোৱে বুজিব পাৰি আৰু দুগুণ উৎসাহ দিছে নাচি-বাগি জপিয়াই ইফালে গান শুনি নদীৰ পাৰত ৰান্ধনী দুজন আৰু পিক্‌নিক খাবলৈ অহা অন্য পাৰ্টিৰ ডেকা-বুঢ়া , জীয়ৰী-বোৱাৰী সৰু ল'ৰা-ছোৱালীয়ে আহি হাত তালি বজাই নাচি-বাগি আনন্দত মতলীয়া হ'ল । সঁচাকৈ ইমান এটা সুন্দৰ পৰিবেশত পৰাগৰ কথা ভাবি ময়ো ৰোমাণ্টিক হৈ পৰিছিলোঁ । তালৈ মৰমবোৰ হিয়াত উথলি উঠিছিল । চাওঁ-নাচাওঁকৈ নোচোৱা চলেৰে পৰাগৰ মুখলৈ বাৰে বাৰে চাইছিলোঁ । এনে লাগিছিল যেন তাক সাৱটি ধৰি সকলোৰে আগত চিঞৰি ক'ম "--- I LOVE YOU PARAG...
গীত-মাতৰ মাজেৰেই সকলোৱে খাই-বৈ উভটনি যাত্ৰাৰ বাবে গাড়ীত উঠিবলৈ বস্তু-বাহানি লৈ সাজু হ'লোঁ ।

আগলৈ...

অঙ্গন: পৃষ্ঠাঃ12
অণুগল্পঃ

অপৰাহ্নত অৰুণোদয় 

মীনাক্ষী ৰায় ডাকুৱা

আবেলিপৰত বিকাশ আৰু সুনয়নাই বাগিচাৰ মুকুলিত আম গছজোপাৰ তলত থিয় হৈ আছিল । পৰিণত বয়সৰ দুগৰাকী নাৰী-পুৰুষ গভীৰ দৃষ্টি মেলি ইজনে সিজনলৈ চাই আছিল । সেই দুখন মুখত অতীতৰ কোনো চিহ্ন বিচাৰি পোৱা যাবনে ? বিকাশে ক'লে—"আজিৰ পৰা শেষ হ'ল আমাৰ দীঘলীয়া প্ৰতীক্ষাৰ সময় । ব'লা, আমি নতুনকৈ জীৱনটো আৰম্ভ কৰোঁ সুনয়না ।" উদ্ভাসিত মুখেৰে সুনয়নাই ক'লে, "বিকাশ, ময়ো বিশ্বাস কৰোঁ যে জীৱন যিকোনো বিন্দুৰপৰাই আৰম্ভ কৰিব পৰা যায় । তাৰবাবে বেলেগ কোনো সীমাৰেখাৰ প্ৰয়োজন নাই । মাত্ৰ প্ৰয়োজন দুটি হৃদয়ৰ নিবিড় সংযোগ, গভীৰ টান ।" এইবুলি কৈ সুনয়নাই বিকাশৰ হাতত ধৰি ক'লে—"ব'লা, আমাৰ ঘৰলৈ যাওঁ ।" বিকাশে যেন অনুৰাগিনীৰ আকুল কণ্ঠস্বৰত শুনিবলৈ পালে ৰবীন্দ্ৰসংগীতৰ কলি—
আজ আমার শূন্য ঘরে আসিল সুন্দর
ওগো অনেক দিনের পর ।"
অপৰাহ্নবেলাৰ কোমল ৰ'দ সেই সময়ত আমগছৰ পাতৰ মাজেদি সৰকি দুয়োজনৰ ওপৰত পৰি আছিল মধুবিন্দুৰ দৰে । দুজনৰ দুটি হাত পৰস্পৰে আঁকোৱালি ধৰি আছিল পৰম নিৰ্ভৰতাত ।

গোলকগঞ্জ, ধুবুৰী
ফোননং—৮৭৬১৮৬৫৮৮৫

অঙ্গন: পৃষ্ঠাঃ13
আপোনজন

ফিৰোজা বেগম

ককায়েকক দিয়া শেষ কথাষাৰ ৰাখি ৰবেনে খেতিৰ মাটি টুকুৰা বিক্ৰি কৰি ভতিজা ল'ৰা নিবিৰক ভালকৈ পঢ়াই শুনাই মানুহ কৰিলে ।
বৰ্তমান সি চহৰৰ ধনী মানুহৰ  ভিতৰত এজন ।
কেইটামান লোকেল কণী আৰু দুই কিলোমান জহা চাউল বেগত লৈ ৰবেনে বহুদিনৰ মুৰত নিবিৰৰ খবৰ লবলৈ আহি তাৰ আটক ধুনীয়াকৈ সজা ঘৰটোত উৎসৱ মুখৰ পৰিবেশ দেখিলে । পদুলি মুখত ৰৈ থকা পহৰীজনে ক'লে - "আজি  নিবিৰৰ একমাত্ৰ ল'ৰাৰ বিয়া ।" তাকে শুনি ৰবেনে নিজকে সান্তনা দিলে -" এৰা,  বিয়া এখনত বহুতো যা -যোগাৰ কৰিব লাগে অ' । সি অকলেনো কোনফালে চাব ! সেইবাবেই  সি আপোন মানুহখিনিক বিয়াখনলৈ মাতিবলৈ পাহৰি থাকিলে । "
       
বৰপেটা ৰোড
বৰপেটা

অঙ্গন: পৃষ্ঠাঃ 14
অনুশোচনা

ছৈয়দা অঞ্জুমা আৰা হুছেইন

কুণ্ডন শৰ্মাই গাড়ীৰ স্পীড বঢ়াই দিলে ৷ ৮০, ৯০, ১০০, ১২০  ৷ কাষতে বহি থকা পত্নী সীমাৰ মন ভয়তে কঁপি উঠিল ৷ কিন্তু কুণ্ডনৰ খং ,ক্ষোভ আৰু হতাশা অনুশোচনাৰে ভৰা মুখখন দেখি তেওঁ গিৰিয়েকক গাড়ীৰ গতি অলপ কমাই দিবলৈ ক’বলৈ সাহস কৰা নাই ৷ অবিবাহিতা আৰতি পেহীয়ে সিহঁতলৈ কুণ্ডনৰ মাকৰ শেষ অৱস্থা বুলি ফোন কৰোঁতে সিহঁত সীমাৰ মাকৰ ৬৫ বছৰীয়া ওপজা দিন উদযাপনত ব্যস্ত আছিল গুৱাহাটীৰ এখন বৰ বিলাসবহুল হোটেলত ৷ হাঁহি স্ফুৰ্তিৰে পৰিবেশটো ৰসৰসীয়া হৈ পৰিছিল ৷ আৰতি পেহীৰ ফোনটো পায় কুণ্ডনৰ মনত ভয়ংকৰ ধুমুহা এজাকে জোকাৰি গ’ল ৷ দেউতাকৰ মৃত্যুৰ পাছত যোৰহাটত থকা তাৰ নিজৰ অৰ্থাৎ দেউতাকৰ মাটি ঘৰ বিকি মাকক পেহীকৰ লগত ককাকৰ ভেটিত এৰি অহা কিমান বছৰ হ’ল বাৰু ? হয়তো দহ বছৰ নতুবা তাতকৈও বেছি ৷ দেউতাকৰ ঘৰ মাটি বেচি গুৱাহাটীত নিজে বিলাহেৰে পূৰ্ণ ঘৰ সজাৰ পৰা মাকক চাবলৈ সিহঁত যোৱাই  নাই ৷ কেতিয়াবা সি মাকক চাবলৈ যোৰহাটলৈ যাব বিচাৰিলে সীমাই চিঞৰ বাখৰ কৰি পৰিবেশ একেবাৰে অসহ্যকৰ কৰি তোলে ৷ আজি আৰতি পেহীৰ ফোনটো পায় তাক ডাঙৰ মানুহ কৰাৰ সপোন দেখি নিজৰ পাতৰ মাছ কণী তাৰ পাতত দি দিয়া মাকৰ মুখখনিলৈ মনত পৰি গ’ল ৷ মনত পৰি গ’ল কোনো কাৰণতে তাৰ ওপৰত টোপ পৰিবলৈ নিদিয়া মাকৰ মুখখনি ৷ কুণ্ডনৰ  মনটোৱে হাহাকাৰ কৰি উঠিল ৷ জীৱনৰ এই শেষ সময়ত সি মাকক লগ পাবগৈয়ে লাগিব ৷ মাকক সি ক্ষমা খুজিবই লাগিব ৷ কুণ্ডনে গাড়ীৰ গতিবেগ আৰু বঢ়াই দিলে
তীব্ৰবেগী গাড়ীখন যোৰহাটত সোমাবলৈ আৰু আধা ঘন্টামান লাগিব ৷ 
কুণ্ডনক পেহীয়েকে খবৰ দিয়া নাই মাকে অলপ আগতে শেষ উশাহ এৰি নেদেখা পৃথিৱীলৈ গুচি গ’ল বুলি ৷ কাৰণ মৃত্যুৰ সময়লৈকে জ্ঞান থকা মাকে সেহাই সেহাই আৰতি পেহীক কৈছিল “মোৰ মৃত্যুৰ খবৰটো বোপাইক ঘৰ আহি পালেহে দিবা ৷ কাৰণ সি এতিয়া গাড়ী চলাই আছে ৷"

অঙ্গন: পৃষ্ঠাঃ 15
জীৱিকা 

ডেইজী চৌধুৰী
 গুৱাহাটী

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত টেকেলি পিঠা বেচে বীৰুমতিয়ে। কাণিমুনি পৰতে উঠি ঢেঁকীত পিঠা গুৰি খুন্দি ঘাইপথৰ কাষৰ অস্থায়ী দোকানখনিত পিঠা বেচে তাই। শাৰী শাৰী দোকান কেইখনৰ কাষৰ ঠাই টুকুৰা নাপালে যে তাইৰ দিনটোলৈ চাউল লোণখিনি কিনিবলৈও টকা নোজুৰিব। চৰাইৰ কিচিৰ মিচিৰ কাকলিত তাইৰ টোপনি ভাঙে। শোৱাপাটীত একেটি মাথোঁ পুত্ৰধন বীৰখাঙক এৰি তাই নিত্য নৈমিত্তিক কৰ্ম কৰি ওলাই যায়। গিৰিয়েকে এৰি যোৱা দিন ধৰি তাই বীৰখাঙকে বুকুত সাৱটি দিন নিয়াইছে। ঢেঁকীত পিঠাগুৰি খুন্দি তাই ওলাই আহিল। চৌকা বুলিবলৈও তাইৰ একেটিয়ে আছে। সেয়া ঘৰত ব্যৱহাৰ কৰে, সেইবাবে তাই চুবুৰীৰ কেকুঁৰীটোত কোনোৱে পেলাই থৈ যোৱা টিঙৰ খাং এটিকে বুটলি আনিছিল। যিটোৱে তাইক এতিয়া দুপইচা অৰ্জনত সহায় কৰি আহিছে।ঠাইটুকুৰা পাই লৰালৰিকৈ তাই জুইকুৰা জ্বলালে।ডিচেম্বৰ মাহৰ হাড়কঁপোৱা ঠাণ্ডাত মানুহৰ ৰাস্তাত ফুৰা চকা কমি আহে। গাড়ীত অহা যোৱা কৰা বৰ বৰ চাহাব কি তেওঁলোকৰ ড্ৰাইভাৰ বোৰেও বীৰুমতিৰ দোকানখনলৈ ঘূৰিয়ে নাচায়। তথাপি তাই আশা কৰে, আহক তাইৰ দোকানলৈও গ্ৰাহক, যাতে সিদিনাৰ ভাত দুসাঁজ তাই আৰু বীৰখাঙে লঘোণ দিব নালাগে। ভাৱত তন্ময় হৈ থাকোতে তাইক কোনোবাই মতা যেন পালে। ঘূৰি দেখিলে দুজন অলপ বয়সস্থ ব্যক্তি।তাইক চাহ আৰু পিঠা দুটি দিবলৈ কৈ অলপ আতঁৰত গৈ চিগাৰেট হোপাত ব্যস্ত হ'ল।তেওঁলোকৰ ফালে বৰকৈ মন নিদি তাই পিঠা বনোৱাত ব্যস্ত হ'ল। পিছে ভালকৈ নুশুনিলেও বীৰুমতিয়ে ঠিকে অনুমান কৰিব পাৰিলে যে তেওঁলোকে তাইৰ কথাই পাতিছে। তেওঁলোকৰ চকুৰ চাৱনিয়ে যে তাইক গোটেই মানুহজনীক গিলিছে সেয়া তাই ঠিকেই বুজি উঠিল।স্বয়ংক্ৰিয় ভাবেই তাই পিঠা বনোৱা বাদ দি দখনাৰ মেঠনিটো টানকৈ বান্ধি ল'লে। সঁচাকৈ পতিবিহীন জীৱনত মহিলা এগৰাকীয়ে কেনেবোৰ যে ঘটনাৰ সন্মখীন হ'ব লগাত পৰে সেয়া একমাত্ৰ ভুক্তভোগী নাৰী গৰাকীয়েহে অনুধাৱন কৰিব পাৰে ...

অঙ্গন: পৃষ্ঠাঃ 16
গ্ৰন্থৰ বতৰাঃ

অংকুৰণ প্ৰকাশনৰ দ্বাৰা সদ্য প্ৰকাশিত গ্ৰন্থৰ তালিকা---
গ্ৰন্থসমূহ ক্ৰয় কৰিবলৈ ক্লিক কৰক....


অঙ্গন:  পৃষ্ঠাঃ 17
এক মিনিটৰ গল্পঃ
হেঁপাহৰ বিহু

কৃষ্ণালী দেৱী

 "হওক তেওঁ ,কপৌফুলেৰে আমাৰ বাৰী শুৱনি হ'ল!"
  বাৰীখন এপাক চকু ফুৰাই চোৱা কথাটো আজি কালি যেন তাইৰ অভ্যাসত পৰিণত হৈছে। মৰমীয়ে বাৰীৰ ঢাপৰ কঁঠাল গছ জোপাত লহপহীয়াকৈ ফুলি থকা কপৌফুল জোপা এবাৰ ওচৰৰ পৰা চাই আহোঁ বুলি কেইখোজমান আগুৱাই গৈ থাকোঁতে মনে-মনে কথাকেইষাৰ  কৈ গ'ল । এদিন  মৌ-কুঁৱৰী নাচিবলৈ এই কপৌফুলকে বিচাৰোঁতে কনকেশ্বৰ বৰ দেউতাই কম গালি পাৰিছিলনে বাৰু!" হেঁপাহৰ বিহুটি আহি দেখোন দুৱাৰদলিত ! তাই যদি কপৌফুল, দীঘলতি, মাখিয়তী , বৰহমথুৰী, জেতুকা, থেৰেজু, জেতুলি-পকা , নগাটেঙা, মিৰিকাটেঙা আৰু মাধৈমালতী  অলপ গোটাই নগৰৰ হাটত বেচিবগৈ পাৰে অন্ততঃ  ঘৰখনৰ বিহুৰ খোৰাকীটো কিঞ্চিত হ'লেও ওলাব। নগৰৰ মানুহে একেলগতে আটাইকেইটা বস্তু পালে দাম দিবলৈ চিন্তা নকৰি কিনি  লৈ যাব যে সেই কথাত তাই নিচিন্ত।  বিহু আজিকালি নগৰৰ মানুহেহে যেন ভালদৰে উদযাপন কৰে। উৰুকাৰ দিনটোলৈ তাই মাথোঁ ধৈৰ্য ধৰি ৰ'ল। কথা মতেই কাম তাইৰ। নিজৰ বাৰীত পোৱাখিনিৰ উপৰিও আনৰ বাৰীৰ পৰা খুজি গোটেই কেইপদ বস্তু  গোটাই নগৰৰ হাটত মৰমীয়ে উলিয়াবলৈ পালে কি নাপালেই থৈলা প্ৰায় খালীয়েই হ'ল। যেন একেবাৰে মৰা শৰ ওপৰত শগুণহে পৰিছে! তাইৰ ওচৰত যিহে ভিৰ! সেই ভিৰৰ মাজতে মৰমীয়ে লক্ষ্য কৰিলে তাইৰ ওচৰলৈ কিবা এটা কিনিবলৈ সৰু ছোৱালী এজনী মাকৰ সৈতে আহি দাম-দৰ নিমিলা দেখি গুচি গৈ আঁতৰৰ পৰা মানুহৰ ভিৰ কমালৈ ৰৈ একেথৰে  তাইলৈ চাই আছে। মাক-জীয়েকৰ মুখমণ্ডলত ভাঁহি থকা চাপৰ পৰা মৰমীৰ আৰু তাঁহাতৰ বিষয়ে বুজিবলৈ বাকী নাথাকিল হাত বাউল দি ছোৱালীজনীক ওচৰলৈ মাতি সুধিলে "তোমাক কি লাগে মাইনা ? " তাই তললৈ মূৰ কৰি ক'লে কপৌফুল ।  মৰমীয়ে তাইক এপাহ কপৌফুল আগবঢ়াই দি ক'লে -এইপাহ লোৱা মোক একো দিব নালাগে। ছোৱালীজনীয়ে অলপ ইতঃস্ততঃ কৰি ফুলপাহ লৈ গ'লহি । তাকে দেখি  তাই ভোৰ ভোৰাই কৈ গ'ল সকলোৰে বাবেই বিহু আহে!ধনী-দুখীয়া সকলোৱে হেঁপাহৰ বিহুটিলৈ  কিমানদিনৰ পৰা বাট চাই থাকে। এই হেঁপাহৰ বিহুৰ ৰঙেৰে মন ৰঙাই তুলিবলৈ সামান্য কপৌফুল এপাহনো কিয় অন্তৰায় হ'ব লাগে!!

তেজপুৰ

অঙ্গন:  পৃষ্ঠাঃ 18
অনুভৱ

নাৰী দিৱস

কিমান গৰাকী নাৰী সুখী‌ নিজৰ জীৱনক লৈ 

অনিমা বৰা, যোৰহাট

এদিন নাৰী দিৱস পাতিলেই নাৰীক সন্মান কৰা নুবুজাই। সভা সমিতিবোৰত নাৰীক উচ্চাসন দিয়া মানেই নাৰীক আপুনি সন্মান কৰা বুজাব নে।হয় এগৰাকী নাৰী কাৰোবাৰ মাতৃ পত্নী ভগ্নী আদৰৰ জী সেই কথাটো চিৰন্তন সত্য। যি নাৰীৰ গৰ্ভত ধাৰন কৰা সন্তানে অচিনাকি চিনাকি কোনো ছোৱালী বোৱাৰীক যেতিয়া অশ্লীল ইংগিত দিয়ে ।মাল ৰ লগত তুলনা কৰে ।কথাই প্ৰতি অশ্লীল বিশ্লেষণ আগবঢ়ায়।আমি কি বুজিম বা বুজিব আপোনালোকে। ভাবি চাইছেনে যুগে যুগে যত নাৰীক পূজা কৰা হয় সেই নাৰীয়ে সদায় অপমানিত হৈ আহিছে আহিব আৰু অনাগত দিনত কি হ'ব আজিৰপৰাই সচেতন হ'বৰ হ'ল।
এগৰাকী কন্যা সন্তান বৰ্তমান পৰিস্থিতিত জন্ম হোৱাটোৱেই যে পাপ তেনে ধাৰণা হৈছে যেতিয়া ৭০বছৰীয়া বৃদ্ধৰ হাতত ধৰ্ষণৰ বলি হয় ।নিজৰ ঘৰখনতে যাৰ সুৰক্ষা নাই। সন্ধিয়াৰ আগে আগে ঘৰ সোমাবাহি মাজনী সেই বাক্যটো আজিও যেন কানত বাজে। হয় কন্যা সন্তান সদায় বন্ধন ,মুক্ত হয় সেই অনুপাতে ল'ৰা সন্তান ।পুত্ৰ কন্যা সন্তানৰ মাজত বিভাজন সদায়ে সমাজে কৰে ।ঘৰখনত এটা ল'ৰা সন্তান জন্ম দিবলৈ অপাৰগ হোৱা ক'ত বোৱাৰী শাহুৰ মানসিক নিৰ্যাতনৰ বলি হৈছে।যৌতুকৰ নামত কিমান জনী বোৱাৰী য়ে ঘৰুৱা হিংসাৰ বলি হৈছে ।প্ৰেমৰ নামত কিমান ছোৱালীয়ে আত্মহত্যা কৰিছে ।
কিমান দুৰ্ভগীয়া আমি বোৰ ন
আমি দহমাহ দহদিন গৰ্ভত ধাৰন কৰি এটি সন্তান জন্ম দিও কিমান যন্ত্ৰনা । তাৰপাছত আঙুলিত ধৰি পৃথিৱীখন চিনাকি কৰি দিও ।প্ৰতিখোজতে আমাৰ সহাৰি আটাইতকৈ বেছি। তথাপি আমি অৱহেলিত সকলোতে কিয় ? কেঁচুৱাৰ পৰা আটোলটোলকৈ ডাঙৰ কৰা সন্তানে যেতিয়া খুটি খাব পৰা হয় পাহৰি যায় নিজৰেই ভেটি।আইৰ বুকুৰ উমত ডাঙৰ হোৱা লৰাটোৱে এটা ফোন কলতেই সামৰে দায়িত্ব। বৃদ্ধ আশ্ৰমত থবলৈ যো জা কৰে ।সেই সন্তানে পাহৰি যায় অতীত।মাত্ৰ বৰ্তমানটোক লৈয়েই আজিৰ সন্তান ব্যস্ত ।

এতিয়া এটা প্ৰশ্ন আপোনালোকলৈ

১)নাৰী সমাজ সুৰক্ষিত হয়নে ?
২)প্ৰেমৰ নামত অশ্লীলতাৰ সীমা পাৰ হোৱা পুৰুষৰ ওচৰত আপুনি নিজকে কিমান দূৰ সুৰক্ষা অনুভৱ কৰে?
৩)নাৰীৰ দেহক লৈ পুৰুষৰ কামুকতাৰ অন্ত নাই।
সঁচাকৈ নাৰী দিৱস পাতি নাৰী সকলক অপমান কৰা হোৱা নাই নে? 
        
নাৰী হ'ল ত্যাগৰ প্ৰতীক ,মমতাময়ী ।নাৰী এখন মুক্ত আকাশ তেওঁকো অলপ উৰিবলৈ দিয়ক নিজৰ মতে ।সংসাৰৰ ওজৰ আপত্তি মাৰোতে ই বয়স পাৰ হৈ যায় জীৱনটো ক উপভোগ কৰাৰ। নিজৰ বুলিবলৈ একোৱেই নাথাকে নাৰীৰ। আনকি যিখন ঘৰ তেওঁৰ লাৱনি হাতেৰে সজাই কোনোবা মূহুৰ্তত সেই অধিকাৰ কনো নাথাকে । শিক্ষিত হৈও আজিৰ সমাজে নাৰীক বিভিন্ন সময়ত বিভিন্ন কাৰণত সমালোচনাই থকা সৰকা কৰে । অৱশ্যে এটা কথা নাৰী সকল সচেতন হোৱা উচিত ।আজি কিছু নাৰীয়ে নিজৰ বাহ্যিকতা দেখুওৱাত কৃপনালী কৰা নাই । সামাজিক মাধ্যমত বিভিন্ন সময়ত মুক্ত দেহ‌ প্ৰদৰ্শন কৰাটোৱেই যেন প্ৰধান কাম হৈ পৰিছে । ক'ৰবাত নহয় ক'ৰবাত আমি অলপ নিজকে জগৰীয়া অনুভৱ নহয়নে বাৰু । সচেতন হ'বৰ হ'ল নাৰী সমাজ। আমিয়েই সুবিধা দিছো আমাক সমালোচনা কৰিবলৈ ।
উন্মুক্ত যৌনতা আজি নাৰী সমাজৰ লক্ষ্য হোৱা উচিত নহয়।সেইয়া স্বাধীনতাও আমাৰ কাম্য নহয়। 

অঙ্গন:  পৃষ্ঠাঃ 19
অনুবাদ কবিতাঃ

ON AGING
(By Maya Angelou)
When you see me sitting quietly,
Like a sack left on the shelf,
Don’t think I need your chattering.
I’m listening to myself.
Hold! Stop! Don’t pity me!
Hold! Stop your sympathy!
Understanding if you got it,
Otherwise I’ll do without it!
When my bones are stiff and aching,
And my feet won’t climb the stair,
I’ll only ask one favor:
Don’t bring me no rocking chair.
When you see me walking, stumbling,
Don’t study and get it wrong.
’Cause tired don’t mean lazy
And every goodbye ain’t gone.
I’m the same person I was then.
A little less hair, a little less chin
A lot less lungs and much less wind.
Ain’t I lucky I can still breath in.

বাৰ্দ্ধক্য

(মূল: ‘On Ageing’ by Maya Angelou
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

যেতিয়া তুমি মোক নি:শব্দে বহি থকা দেখা,
কোনো আলমাৰীৰ খাপত পৰি থকা মোনাৰ দৰে,
নাভাবিবা মই শুনিব খোজো তোমাৰ লাগ-বান্ধহীন কথা।
মই শুনি আছোঁ মোৰ নিজৰে কথা ।
সাৱধান ! ৰ’বা ! মোক পুতৌ নকৰিবা !
ৰ’বা ! তোমাৰ অনুকম্পা বন্ধ কৰা ! 
মই বুজিছোঁ যে তুমি ধৰিব পাৰিছা, 
অন্যথা ইয়াৰ অবিহনেই মোৰ হ’ব!
যেতিয়া মোৰ হাড়বোৰ ঠৰঙা লাগি বিষাব,
আৰু মোৰ ভৰিয়ে খটখটি বগোৱাত অসমৰ্থ হ’ব,
মই বিচাৰিম মাথোঁ এটাই অনুগ্ৰহ:
মোলৈ আগ নবঢ়াবা চকা লগোৱা চকীখন। 
যেতিয়া মোক খোজ কাঢ়োতে উজুটি খোৱা দেখা,
তাকে নিৰীক্ষণ কৰি ভুল ধাৰণা নল’বা।
কাৰণ, ভাগৰুৱা মানেই নহয় এলেহুৱা।
আৰু, প্ৰতিটো বিদায়ো নহয় শেষৰটো বিদায়।
মই অতীতৰ সেই একেজনেই ব্যক্তি।
অলপ পাতল হোৱা চুলি, অলপ সোমোৱা থুঁতৰি
বহু সৰু হাও-ফাঁও আৰু নিচেই কম বতাহ।
নহওঁ নে মই ভাগ্যবান যে চলি আছে মোৰ শ্বাস-প্ৰশ্বাস। 

(মায়া এঞ্জিল’উ (১৯২৮-২০১৪) আমেৰিকাৰ এগৰাকী কৃষ্ণাংগী সাহিত্যিক আৰু সমাজ কৰ্মী আছিল।তেওঁ দাসত্ব প্ৰথাৰ ঘোৰ বিৰোধী আৰু কৃষ্ণাংগ সকলৰ নাগৰিক অধিকাৰ কৰ্মী আছিল। তেওঁৰ লিখনীসমূহত ঘাইকৈ কৃষ্ণাংগসকলৰ সামাজিক দূৰাৱস্থাৰ প্ৰতিফলন ঘটিছিল। বাল্যকালত, আঠবছৰ বয়সত ঘটা এক ঘটনাৰ ফলত এঞ্জিল’উ পাঁচবছৰৰ বাবে মূক হৈ পৰিছিল আৰু তেৰবছৰ বয়সতহে তেওঁ পুনৰ কথা কৈছিল। বহুতো ঘাত-প্ৰতিঘাতৰ মাজেৰে ডাঙৰ হৈ, জীৱিকাৰ বাবে বহু সংঘাত কৰিব লগা হৈছিল।তেওঁ মাৰ্টিন লুথাৰ কিং(জুনিয়ৰ)ৰ সহযোগী হিচাপে কাম কৰাৰ উপৰিও ঘানা আৰু ইজিপ্তত সাংবাদিকতাও কৰিছিল।দুজনকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এঞ্জিল’উক চিনেটৰ বাবে মনোনীত কৰিছিল। ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ শপত সমাৰোহত তেওঁ ‘On The Pulse Of Morning’ শীৰ্ষক কবিতা পাঠ কৰি, আমেৰিকাৰ দ্বিতীয় এনে ব্যক্তি হিচাপে পৰিগণিত হৈছিল।)

অঙ্গন:  পৃষ্ঠাঃ 20
কবিতাঃ

নিস্তব্ধতা বোৰে শুব নিদিয়ে কবিক

পূৰবী শইকীয়া বৰুৱা, চৰাইদেউ

উদং পথাৰৰ
ধু ধু শূন্যতা
পথাৰো কাতৰ
চিৰাচৰিত নিস্তব্ধতাবোৰে
শুব নিদিয়ে কবিক
 
এক নাম নজনা বাটেৰে কবি গুচি যায়
নাজানে এই যাত্ৰাৰ শেষ ক'ত
দৈনন্দিনতাত আত্মগোপনৰ
তীব্ৰ লালসাই
মগজুটোক চিৰাচিৰ কৰা 
এখন যুঁজ

যেন কিছু সময় নিজক লুকুৱাই ৰখাৰ
ইচ্ছাৰে বন্দী 

শিকোৱা  হোৱা নাছিল কবিক
পোনপটীয়া উ ত্তৰ আশা কৰা  মিছা
উত্তৰত সদায় ওলমি থাকে
হয় বা নহয় 

কোন ক'ত কিয় বিখ্যাত
এইবোৰ তাহানিতে পঢ়া
সাধাৰণ জ্ঞানৰ বিষয়
এতিয়া খবৰ সময়তকৈ বেগী

ক্লান্ত কবিয়ে আশ্ৰয় বিচাৰি লয়
নদীৰ পাৰত
বৈ যোৱাৰ  তৃষ্ণাত আতুৰ
স্থবিৰতা কোনেও ভাল নাপায়
অথচ ৰৈ যোৱাৰ ইচ্ছা সকলোৰে জাগে
কিছু ক্ষণ অকলশৰে!

অঙ্গন: পৃষ্ঠাঃ 21
ৰাজমাইৰ ৰূপহী 

পৰিস্মীতা পৰাশৰ

নিমুক্ত পখী মই 
পশ্চিমৰ আকাশত
বাট চাওঁ হেপাহঁৰ জোনটি লৈ
অকলশৰীয়া নিসংগ তৰাটি হৈ...!!

দুখ আওৰাই 
সুখ মেৰিয়াই 
ভূল লেখি লেখি যাও
এই পাৰে নৈৰ
হেৰুৱা হেপাঁহ 
সিপাৰে যদি পাওঁ..!!

বৰষুণৰ টোপালত কাঁচিয়লি জিলিঙণি 
উৰি যোৱা সপোন মোৰ আকাশী চিলনী !!

পকা থেকেৰাৰ চহৰখনি  তাতে আকৌ
ডালিমগুটিয়া যেন শাৰী শাৰী আট্টালিকা
নাজানো 
কিহৰ আনন্দত ইমান খৰিকাজাঁই ফুলা..!!

ৰাজমাই বাগিচাৰ মই ৰূপহী 
বুকুত নচুৱাই অচিন সুহুৰি
আহিনক সাক্ষী কৰি
এডৰা কবিতা লিখো 
দিহিঙ পাটকাই একাকাৰ কৰি..!!

অঙ্গন: পৃষ্ঠাঃ 22
সৰাপাত

ৰাজেন বৰা

সৰাপাতৰ মাতক নুবুলিবা বিননি কিম্বা উচুপনি
তাকে কৈ বৃক্ষৰ প্ৰতি কৰা  সৰাপাতৰ ত্যাগক নস্যাৎ নকৰিবা
বৃক্ষক বচাবলৈকে ৰুক্ষ শুষ্ক তৃষাৰ্ত শীতত
সজাবলৈকে সেউজীয়া বসন্ত বাহাৰ
সৰি পৰি হয় সৰাপাত
নুবুলিবা সৰাপাতে জুনুকা বজায়
নতু নেপুৰ পিন্ধি নিজকে নৃতাৰতা সাজে উলাহতে
জীৱন জঙ্গম জিনি সৰাপাত ধ্যানস্থ তপস্বী
আৱৰ্জনা ভাবি সৰাপাতক নিদিবা জ্বলাই
মাটিৰ বুকুত সৰাপাত সাৰ হ’ব খোজে বৃক্ষৰ বাবেই
সৰি পৰি মাটিক সাৱটি
বালিত আঁকিব খোজে আপোন ছবিটি
দি যাব খোজে নৱ পল্লৱিত নতুন গছক
অন্তিম কণ বুকুৰ নিৰ্যাস
বিৱস্বান তাপে বিৰঞ্জিতা , মাতৰিস্বা ছাপে বিতাড়িতা সৰাপাতৰ দৰেই
কাল যৱন পৱনে ধৰাশায়ী কৰা
এই যে অনাদৃত অৱহেলিত বৃদ্ধ সকল
সাৰুৱা কৰিব খোজে সিবিলাকে সমাজক
হাঁহি বিৰিঙাব খোজে প্ৰজন্মৰ দুচকুত
সৰাপাতৰ দৰেই শুকান বৃদ্ধ দধিচীৰ অস্থিৰে নিৰ্মিত হওক
অজ্ঞান অসূয়া নাশৰ অমোঘ অস্ত্ৰ
কৃচ কুব্জ কৃচ্ছ্ৰ কৃষ প্ৰতিজন বৃদ্ধ যেন
ত্যাগৰ প্ৰতিভু একোখিলা সৰাপাত ৷

টোকা : মাতৰিস্বা (বতাহ) , বিৱস্বান( সূৰ্য)

অঙ্গন: পৃষ্ঠাঃ 23
কবিতা  

প্ৰণৱ কুমাৰ গগৈ 

সুখ-দুখৰ
শব্দ এজাক আহি 
মোৰ 
বুকুতে সোমাই....!!

বুকু খুচৰি
উৰি যায়
মোৰ তেজ-মঙহৰ
এটা 
কবিতাৰ চৰাই...! 

নকছাৰি ।

অঙ্গন:  পৃষ্ঠাঃ 24
সাঁকো…

প্ৰশান্ত কুমাৰ দত্ত
  
মোৰ তেজ পানী ঘাম খাই জীয়াই থকা
চোলাটো যদিওবা টাপলি মৰা
তথাপিও মোৰ পিঠিৰ ৰ'দক হাত পাতি 
সি বিলায় বিশ্বাসৰ উত্তাপেৰে বন্ধা তাৰ ভালপোৱা…

ভালপোৱা এনেকুৱাই
চকুত চকু থৈ ক'ব নোৱৰা
ছাঁ-পোহৰৰে ছৈ দিয়া ৰ'দ বৰষুণত তিতিও নিতিতা 
বুকুৰ ভিতৰৰ গোপন কবিতা…।

দুলীয়াজান

অঙ্গন:  পৃষ্ঠাঃ 25
ব'হাগ আহি পালেহি

প্ৰিয়ংকা চমুৱা 

কুলিৰ মাতত জাননী দি
ফাগুনী বাটেৰে চ'তৰ বৰদৈচিলা গৰকি 
ব'হাগ আহি পালেহি
কপৌ পাহিৰে নাচনীৰ খোপাটি শুৱনি কৰোঁ বুলি।

চোতালৰ হুঁচৰিৰ ৰঙীন ক্ষণত
ঢুলীয়া ডেকাৰ ঢোলৰ মাতত 
ন'কৈ সপোন ৰচে নাচনীয়ে...
ফুলাম গামোচাৰ ভাঁজত চেনাইক
মৰম যাচে এই ব'হাগতে।

গছে বনে সেউজী ৰং সানি
গীত গায় যেন মধু মিলনৰে
এই ব'হাগতে হৃদয়ৰ সকলো মৰম উজাৰি
মোৰ নাচনী জনীৰ কপালত আঁকি দিমগৈ যেন
সেন্দুৰেৰে এটি ৰঙা জোন।

মোৰ হেঁপহুৱা কলিজা ব'হাগী আবেগত কঁপে 
সেন্দুৰ ৰঙী হিয়াৰ ভালপোৱা আঁকোৱালি
মোৰ পদুলিৰ নাহৰ গৰকি 
জোন যেন মুখখনিত 
ভালপোৱাৰ গোলাপী আভা সানি
তাই বাৰু আহিবনে ব'হাগী বোৱাৰী জনি হৈ...!!!

ঢকুৱাখনা, লখিমপুৰ

অঙ্গন: পৃষ্ঠাঃ 26
কবিতা

প্ৰণীতা গগৈ

কলমতিয়াই থকা হালধীয়াক
জোনটোৰ পৰা থপিয়াই
পানী মিঠৈ দিলে
কাকুতি কৰি হাতবোৰ
আহি থকা দেখিলো

দিন গোপনে যায়
অথচ শেষ নহয় দুপৰীয়া
বেলিফুলৰ ছাঁত
সী লয় আস্থাৰঙী চোলা

হৃদয়ৰ বিলাপ কোনে শুনে ?
চকুত পানী-শিলৰ পাহাৰ

দিনলিপিৰ পদ‍্য আওৰাই
শেলুৱৈত খোপনিৰ
সমীকৰণ বিচাৰে খোজবোৰে

মাটি মন তৃপ্ত হয়
এটি প্ৰাৰ্থনাত।

অঙ্গন: পৃষ্ঠাঃ 27
সন্ধিক্ষণ

বিজয়া গগৈ

এদিন মুকুতা বিচাৰি সাগৰৰ কাষলৈ গৈছিলোঁ
উবুং-আবাং কৰি ঘূৰি ফুৰোতে
আইয়ে ক'লে,
সোণো আঁঠুতে নেপায়।

এবাৰ বুৰ মাৰি চালোঁ 
শুদা হাতেৰে ওলাই অহাত
আইয়ে বুজালে মুকলিতে মুকুতা নাথাকে।

দুবাৰমান আকৌ সাগৰত
সোমাই -ওলাই চালোঁ।
মনটো ফৰকাল নেদেখি আইয়ে শুনালে
শামুকবোৰ বামত নাথাকে অ' বোপাই।

ভাবিলোঁ তলৰ মাটি ওপৰ কৰি
ঘাঁহ-বন আঁতৰোৱাও সহজ নহয়।
পুনৰ বুৰ মাৰিলোঁ গভীৰ সমুদ্ৰলৈ
শামুকেও বৰ কষ্টৰে মুকুতা লুকুৱাই থয়।

অন্তহীন প্ৰত্যাক্ষা
গভীৰ ধ্যান
অপৰিসীম সাহস
দীঘলীয়া পৰিক্ৰমা
অসীম কষ্ট
কোনটোনো কমকৈ লাগে  শামুকে মুকুতা সৃষ্টি কৰিবলৈ?

মুকুতা হাততে পাবলৈ
টুলুঙা হাবিয়াস বিভ্ৰান্তিকৰ নহ'বনে বাৰু ?

আইসকলে বহু কথাই জানে
নিৰক্ষৰ হ'লেও।

অঙ্গন: পৃষ্ঠাঃ 28
এৰিব খুজিও এৰিব নোৱাৰি যাক

পূৰৱী ফুকন 

কেতিয়াবা একান্ত‌ই বিচাৰি থকা
মানুহজন বিচাৰি নেপাওঁ
নিংসগতাই কুৰুকি কুৰুকি খোৱা
মোৰ অস্তিত্বৰ কথা ক‌ওঁ বুলিও নেপাওঁ তেওঁক
কেতিয়াবা এনে লাগে যেন
বহু কাল যুঁজি যুঁজি ক্লান্ত হৈ পৰা ম‌ই দিকভ্ৰান্ত নাৱিক 
ম‌ই যেন পৃথিৱীখনৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ
তধা লাগি চাই ৰ‌ওঁ দূৰৈৰ নীলিম আকাশ

ঠোটত আখৈফুটা সেউজীয়া চৰাইটোৱে
ঘৰলৈ যোৱাৰ বাট পাহৰে 
বন্ধকীত পৰি ৰয় জীৱন

কʼবলগীয়া বহু কথা কোৱা নহ'ল
কʼত যে হেৰুৱালো তেওঁক
ঠিক ফাগুন অহাৰ আগে-আগে 
সৰাপাতৰ শুকান বুকু গচকি 
দুখৰ ব্লাউজ এটা পিন্ধি  দুচকুত বৰষুণ সামৰি
এৰি আহিলো তেওঁক তেওঁৰ প্ৰিয় চহৰত
তেওঁক সুখী হʼবলৈ ম‌ই কʼব নোৱাৰিলোঁ
কিয়নো উকা দুহাত , উদং বুকু এখনেৰে কি বুলিনো দিওঁ  জীয়া ফাঁকি এটা
যে তোমাক এৰি অহা বাটত পেলাই থৈ আহিছিলোঁ দুটোপাল চকুলো, 
তুমি গচকিলা নে নাই ম‌ই নেজানিলো !

হেজাৰ এন্ধাৰ 
বন্ধ কোঠা ৰুক্ষ জীৱন
এতিয়াও ম‌ই চিগাৰেটৰ ধোঁৱা উৰুৱাওঁ, ঠিক আমি যে চুপতি মাৰি ধোঁৱাবোৰ পান কৰিছিলো সেইদৰে
তুমি নাই বুলি জানিও
ধোঁৱাবোৰে পকোৱা কুণ্ডলিত  তোমাৰ মুখখন খেপিয়াওঁ
বিশ্বাস কৰা  তুমি যে কৈছিলা - "চিগাৰেট নেখাবা, তোমাৰ কলিজাত ঘাঁ লাগিব "
আৰু যে কৈছিলা চিগাৰেটৰ সলনি কৌৰফুল খাবা ,তাৰ সুগন্ধত মোৰ চেতনাৰ জলছৱি কলাত্মক হʼব
তুমি জানা, এতিয়া এই সকলোবোৰ ৰʼদ জিলমিল একোটা স্মৃতি 
স্মৃতিবোৰ বৰ নিলাজ ,
মন গʼলেই সময় অসময় নুবুজি ঠুনুকা মোৰ কলিজা ঠেকেচি 
দখল কৰে এনেইও কোঙা মন
মনৰ অস্থিৰতা দূৰ কৰিবলৈকে কেতিয়াবা আকৌ
কিতাপ পঢ়োঁ ,কেতিয়াবা উপন্যাস , কেতিয়াবা আত্মজীৱনী
কি আচৰিত ভিন্ন ৰূপত কলা তিল যেন শাৰীবোৰৰ মাজত 
তোমাক দেখোঁ আৰু তেতিয়া কিতাপখন জপাই থ‌ওঁ
হঠাৎ এক্কেবাৰে প্ৰেক্টিকেল হৈ যাবলৈ "দাস কেপিতেল" পঢ়োঁ 
হৈ যাব খুজো বৰষুণ অহাৰ আগৰ ধুমুহা 
হিচাপ কৰোঁ ইমানদিনে খাই খাই জীয়াই থকা মোৰ শৰীৰ,
আৰু কবিতা !
কবিতা মোৰ প্ৰৱাসিত তেজৰ কণ কণ হেজাৰ কণিকা , যাৰ অবিহনে চলন্ত  উশাহ মোৰ স্তব্ধ 
এৰিব খুজিও এৰিব নোৱাৰি যাক

যদিওবা পুৱা "পাৱে পৰি হৰি" ৰে আৰম্ভ কৰি 
সন্ধিয়া "ব্ৰহ্মা আদি কৰি" ৰে দিনটোক বিদায় জনাওঁ
তথাপিও তৰপ তৰপকৈ ঢাকি থোৱা
বুকুৰ কেচা‍ঁ ঘাঁ টুকুৰা বিষত, জ্বৰত  
ধুমুহাত চিৰাছিৰ  হয়
বৰ যন্ত্ৰণা , জানা বৰ যন্ত্ৰণাদায়ক

নতুন বুলিবলৈ একো নাই
আজি টিপ চাকি পোহৰত চগা হʼবলৈ বৰ মন গৈছে
থকা হʼলে কʼলোহেঁতেন
তুমি টিপ চাকি হোৱা ! হʼবা নে ?
ম‌ই চগা হ‌ওঁ !!!

চূণপোৰা শিৱসাগৰ

অঙ্গন: পৃষ্ঠাঃ 29
এজাক বৰষুণত তিতিম আহাঁনা

ৰুমী চাংমাই

কৃষ্ণচূড়াৰ কুঁহিপাতত যৌৱনা ফাগুণ
পলাশী ৰঙেৰে ৰাঙলী হৈ
আকাশো হয় বাউল

ৰিবৰিব পচোৱাৰ উন্মনা পৰশত
সৰাপাতৰ যন্ত্ৰণা
গচকত হেৰাই ঠিকনা
নতুনৰ বাবেই যে সুগন্ধি বাসনা

ফাগুণ হেনো আমাৰ বাবেই !!!

তুমিও আহানা এবুকু সুবাস হৈ
এমুঠি উশাহ লৈ
এটি সেউজীয়া সপোন হৈ

তিতিম দুয়ো একেলগে 
মৰমৰ বৰষুণজাকত
বুকুৱে বুকুৱে উজুৱাই লম
একাঁজলি বিশ্বাস
য'ত থাকিব মৰম, আন্তৰিকতা আৰু
মাথোঁ ভালপোৱা

আৰু......
উদ্বাউল আকাশে বাকি দিব
বাৰিষাৰ প্ৰথমজাক বৰষুণ...

আমি কিন্তু সঁচাকৈ তিতিম  দেই,,,
তিতি তিতি লিখি যাম ৰাধাচূড়াৰ হাঁহিত
কম্পিত ওঁঠৰ অকথিত কাহিনী !!

অঙ্গন: পৃষ্ঠাঃ 30
ঠিকনা 

কবিতা গগৈ 

মন গলেও
লিখিব নোৱাৰো
কবিতা...

মোৰ 
হাতত যে নাই 
ইয়াৰ 
স্থায়ী ঠিকনা...!!

অঙ্গন: পৃষ্ঠাঃ 31
নীলা কেনভাছত ‌তোমাৰ ছবি

ফুলুমা নাথ, ৰঙীয়া

আজিও বন্দী জানা তুমি মোৰ নীলা কেনভাছত
বহুত অজুহাত দেখুৱাই যাওঁ বুলিয়ে গুচি গল
বাস্তব বোৰক‌ অবাস্তৱ কৰি
কুৰিট বছৰেই হ'ল
মোৰ চকুত তুমি ধৰা নিদিয়া
তথাপিটো পৰা নাই জানা মুক্ত মনে মোৰ হৃদয়ৰ পৰা
তোমাক বিদায় দিব ।‌
তুমি মৰমত দিয়া ৰঙা কামীজটো আজিও
আটোমটোকাৰিকৈ সজাই‌ থৈছোঁ
শুনিছোঁ, আগতকৈয়ো‌ হেনু ধুনীয়া হৈছা তুমি
চল্লিশটা বসন্তই চুই যোৱা মোৰ জীৱন যৌৱনৰ
একমাত্ৰ সঙ্গী হৈছে
কচাৰী পাৰাৰ বগা পানী টুপী
তুমি যেতিয়া শান্তিৰ টোপনি মাৰা
মই তেতিয়া চকুপানীৰ সৈতে খেলা কৰোঁ
বিচ্ছেদৰ বিৰহ বেদনাত নিজকে শেষ কৰাৰ ন ন সপোন ৰছো
কিন্তু নোৱাৰোঁ জানা
আইৰ সেঁতা পৰা চকুহাল, ক্ষীণাই যোৱা শৰীৰটো
কঁপি থকা হাত দুখনে যেতিয়া মোৰ চকুপানীক শোষন কৰে
তেতিয়া ময়ো হৈ পৰো এটি অজলা শিশু ।
আইৰ কোলাত মূৰ থৈ শুই যাও এটি নিষ্পাপ শিশু দৰ।
তোমাৰ স্মৃতিৰ আচোৰত ক্ষত বিক্ষত মোৰ হৃদয়ৰ কেঁচা ঘাঁবোৰে
আইৰ অন্তৰত বাৰুকৈ দুখ দিয়ে
কেনেকৈ বুজাম মোৰ আজলী আইক
সেই ঘাঁবোৰ শুকুৱাৰ যেন কোনো দৰব নাই।
আগতে ভাল পাইছিলো জোনাক
এতিয়া কিন্তু ভয় লাগে জোনাকলৈ
নাজানো কি যাদু কৰিলা তুমি
এতিয়া কিন্তু ভাল লাগে মোৰ এন্ধাৰ
কাৰণ এন্ধাৰত বিচাৰি পাওঁ তোমাৰ ঠিকনা
সেয়েহে চাগে আজিও বন্দী তুমি মোৰ নীলা কেনভাছত।

অঙ্গন: পৃষ্ঠাঃ 32
ৰেচিপিঃ
পাপৰৰ তৰকাৰী 



ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও

ৰেচিপি:  প্ৰথমতে চাৰিখন মান পাপৰ মচমচীয়াকৈ  সেকি ল'ব । সেকা পাপৰ‌ কেইখন সৰু সৰু টুকুৰা কৰি ভাঙি ল'ব । এতিয়া অলপ মান ক্ৰীম লৈ‌ ভাল দৰে ফেটী ল'ব লাগিব চাহ চামুচেৰে ১+১/২ ধনীয়া গুৰি, ১/২ হালধি গুৰি , ১/২ ৰঙা জলকীয়া গুৰি, আৰু ১/৪ গৰম মচলা গুৰি  ক্ৰীমৰ   লগত ভালদৰে মিলাই ল'ব। এতিয়া কেৰাহীত তেল গৰম কৰি তাত এখিলা তেজপাত কেইটামান গোটা জিৰা‌ ২ টা ৰঙা জলকীয়া আদা নহৰু আৰু পিয়াঁজ বতা‌ তাত মিহলাই ভালদৰে ভাজি ল'ব ।এতিয়া ফেটী লোৱা ক্ৰীম  খিনি তাৰ লগত মিলাই ভালদৰে লৰাই দিব  অকণমান নিমখ দি জুখ মতে পানী দি উতলিবলৈ দিব।এতিয়া ভাঙি লোৱা পাপৰ খিনি‌ তাত  দি দিব এচামুচ ঘি দি নমাই থ'ব।

অঙ্গন: পৃষ্ঠাঃ 33
অনুভৱঃ

অনুভৱৰ বুলনি...

সুৰজিৎ নেওঁগ
       
আমাৰ স্মৃতিত অনুভৱৰ এটি অলিখিত পৃষ্ঠা থাকে। এই অনুভৱে আমাৰ মনৰ দুৱাৰত প্ৰায়েই টুকুৰ মাৰে। প্রতিক্ষণে, প্রতি মুহূৰ্ততে ই চৌপাশৰ প্ৰতিটো দিশৰ ওপৰতেই এক নিজস্ব দৃষ্টিভঙ্গী নিক্ষেপ কৰে। এই অনুভৱে আমাৰ মনক নীৰৱে বহু কথাই কৈ যায়। শব্দৰে সামৰিব নোৱাৰা কথাবোৰ অনুভৱে আঁকোৱালি লয়। মনৰ গভীৰতাত এই অনুভৱবোৰে অনুভূতিৰ কাৰেং সাজিবলৈ লয়। কল্পনাৰ ৰহনে সেই কাৰেঙত যেন সোণত-সুৱগা চৰায়। মুঠতে আমাৰ জ্ঞাতে বা অজ্ঞাতে আমাৰ মাজত যেন প্ৰতিক্ষণেই জন্মিব খোজে সীমাহীন অনুভৱ। উল্লেখিত নিম্নোক্তি বোৰো ঠিক তেনে কিছুমান অগভীৰ অনুভৱ। মোৰ মনৰ সীমনাত, অনুভৱৰ তাগিদাত নীৰৱে সৃষ্টি হোৱা ভাৱৰ এক অৱলোকন। শব্দৰে সজোৱা এইয়া এক নিশব্দৰ সজ্জন।  চাবচোন এবাৰ চকু ফুৰাই আপুনিও। কিজানিবা ক'ৰবাত কিবা মিলেই দেখা পায় আপোনাৰ সৈতে মোৰ অনুভৱ বোৰক। 

(এক)

জীৱননো কি ? জীয়াই থকাৰ ৰম্যভুমিয়েইটো জীৱন। নে নহয়! একোবাৰ ভাবকচোন আপুনিও, যে আপোনাৰ বোধেৰেনো জীৱন মানে কি? 
বুজিছোঁ, আপুনি হয়তো ভাবিছে জীৱন মানে সংগ্ৰাম। অৱশ্যে নোহোৱাও নহয়। কিয়নো আমি সৰুৰে পৰাই শুনি আহিছোঁ যে জীৱনৰ অন্য এক নামেই হৈছে সংগ্ৰাম। কিন্তু ভাৱি চাইছেনে কেতিয়াবা কিহৰ বাবে আমাৰ এই নিৰ্ভিক সংগ্ৰাম ? এই সংগ্ৰামৰ পটভূমিয়েই বা কি! 
প্ৰায়েই প্ৰাপ্তি বিচাৰি অপ্ৰাপ্তিৰ সন্মুখত মৌনতাৰে সৃষ্টি হয় আমাৰ কেতবোৰ নিৰৱ সংগ্ৰাম। এই নীৰৱতাৰ মাজতো ভাগৰৰ অৱকাশ ঘটে। ক্ৰমান্বয়ে যুঁজাৰু মনটো হৈ পৰে ভাগৰুৱা। তেনে এটি ক্ষণত অকণমান সাহস মিশ্ৰিত উৎসাহ বিচাৰি আমাৰ মনবোৰ উদগ্ৰীৱ হৈ পৰে। এনেহেন সময়তেই মনে বিচাৰে আমাৰ বিশেষজনৰ উপস্থিতি। 
সঁচাকৈ এনে এজন বিশেষ মানুহ থাকিব লাগে জীৱনত। ভাগৰুৱা মনটোক কাৰোবাৰ সান্নিধ্যত জিৰণিৰ বাবে সপি দিব পৰাকৈ এজন বিশ্বাসী বিশেষ মানুহৰ বৰ দৰকাৰ। চকুলোৰ মাজেৰে নিগৰিব খোজা অব্যক্ত বিষাদখিনিৰ পৰশ ল'বলৈ আৰু হাঁহিৰ আঁৰৰ কাহিনীবোৰৰ সোৱাদ ল'বলৈ জীৱনত এজন বিশেষ মানু্হৰ বৰ প্ৰয়োজন। হাঁহি হাঁহি ভালে আছোঁ বুলি কোৱাৰ পাছটো যি নেকি আকৌ সোধে -"সঁচাকৈ ভালে আছা জানো তুমি!" । তেওঁ অনন্য বহুতৰ মাজত। তেওঁৰ পৰা জানো লুকুৱাই ৰাখিব পাৰিব আপুনি হাঁহি হাঁহি ভালে নথকাৰ কাৰণ! নোৱাৰে নিশ্চয়। কিয়নো তেওঁ বিশেষ আপোনাৰ বাবে। তেওঁ কোন, আপোনাৰ সৈতে তেঁওৰ কি সম্পৰ্ক সেয়া আপোনাৰ অনুভৱে ক'ব।  কেতিয়াবা হয়তো সম্পৰ্কবোৰৰ কোনো নাম নাথাকে। তথাপিও সময়ৰ সোঁতত স্থিৰতাৰে বৰ্তি থাকে এই সম্পৰ্কবোৰ। কিয়নো তেওঁ বিশেষ আপোনাৰ বাবে। হয়তো কেতিয়াবা বন্ধুৰ ৰূপত, নতুবা কোনো তেজৰ প্ৰবাহত আৰু অন্যথা হৃদয়ৰ আহ্বানত গঢ়ি উঠে এই বিশেষ সম্পৰ্কবোৰ। তেওঁৰ জীৱনত আপুনি বিশেষ হয় নে নহয় সেইয়া তেওঁৰ মাজত এৰি দিয়ক, আপুনি মাথোঁ মনত ৰাখক যে তেওঁ আপোনাৰ জীৱনত বিশেষ। ভাঙি যাব নিদিব আপোনাৰ এই মধুৰ আলিংগনক। আপোনাৰ বিৰক্তিক প্ৰশান্তিৰ ৰূপ দিব তেওঁ। সেয়ে আকৌ এবাৰ কওঁ যে জীৱনত লাগে এনে এজন বিশেষ মানুহ । সঁচাকৈ লাগে।
 
(দুই)

আমাৰ মনৰ মাজত এনে কিছুমান কথা থাকে, যিবোৰক ঠিক গোপন বুলি ক'ব নোৱাৰি কিন্তু গোপনীয়তাৰ আঁচলেৰে ইয়াক সদায় আৱৰি ৰখা হয়। অৱশ্যে কাকো জানিবলৈ নিদিয়া এই কথাবোৰো কেতিয়াবা ব্যক্তি বিশেষে কাৰোবাৰ আগত অনৰ্গল ভাৱে কৈ যাবলৈ বৰকৈ মন যায়। কওঁ কওঁ লাগি থকা কথাকেইটা কাৰোবাক ক'বৰ বাবেই প্ৰায়েই আমি সুযোগৰ অপেক্ষাত ৰওঁ... উচ পিচাই থকা মনটোক বিন্ধি থকা আখৰহীন কথাবোৰকে পাগুলিয়াই সময়ৰ গতিতেই আমিও গণো ব্যস্ততাৰ ক্ষণ। এইদৰেই বাগৰি যায় সময় ,, বাগৰিব ধৰা সময়বোৰেও কেতিয়াবা কঢ়িয়ায় আনে সুযোগৰ সোণালী সোপান। ইফালে আকৌ আমাৰ মাজতে চলে নিৰৱতাৰ তুমুল প্ৰস্তুতি। মনৰ মাজতে দোলা দিয়া শব্দবোৰ জুকিয়াই লৈ আমি ৰৈ থাকোঁ গভীৰ উৎসুকতাৰে। কিন্তু কাৰোবাৰ কাষ চপাৰ লগে লগেই ইমান এক প্ৰতিক্ষাৰ অন্ততো ক'ব থকা কথা খিনি ক'বলৈ মুখ মেলিও প্ৰায়েই ৰৈ যোৱা হয়, জিভাৰ কেঁকুৰিত শব্দৰ টুকুৰাবোৰ পৰস্পৰে খুন্দা খায় মুখৰ ভিতৰতেই উফৰি পৰে। অপ্ৰকাশ্য কথাবোৰ প্ৰকাশৰ আগতেই হেৰাই যায় নিশব্দতাৰ আঁৰত। শব্দৰ মায়াজালখনো ৰৈ যায় অভেদ্য ৰূপত। এয়া যেন নৈমিত্ৰিক। নাজানো বাৰু সেয়া কেৱল মোৰেই নে আপোনাৰো হয়!! কিন্তু মোৰ অনুভৱে যিমান দূৰ কয় যে আপুনিও হয়তো ব্যতিক্ৰম নহয়!.. নহয় জানো?? পিছে ভাষাৰ ৰূপ নোপোৱা অনাখৰী পৰিভাষা বোৰেও অনুভৱৰ বুৰঞ্জীত সাফল্যৰ ইতিহাস ৰচে। সময়ৰ প্ৰকোপত স্বয়ং সময়েই আকৌ বাগৰ সলাই.. নোকোৱা কথাখিনি আকৌ এবাৰ নোকোৱাকৈয়ে থাকি যায়। গোপন কৰিব নোখোজা কথাবোৰো প্ৰকাশৰ পৃষ্ঠাত বাৰে বাৰেই দেখোন গোপন হৈয়ে ৰৈ যায়...! 

(তিনি)

কিবা এটা এনেই ভাল লাগে তেতিয়া, যেতিয়া কাৰোবাক খবৰ সোধাৰ পাছত প্ৰত্যুত্তৰ আহে  "ভালেই... তোমাৰ ?".... । এই সাধাৰণ যেন লগা শব্দ দুটিয়েও মুহূৰ্তৰ বাবে আমাৰ মন বোৰ ভৰাই তুলিব পাৰে। কিয় জানে ?... প্ৰেমৰ বাবে। কাৰোবাক সুপ্ৰভাত জনোৱাৰ পাছত দিনটো শুভ হওক বুলি কোৱা কথাষাৰেও যেন অন্য এক পৰিতৃপ্তি বিলাই দিব পাৰে মনত। আকৌ কাৰোবাৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত যে তেওঁ কৈ দিয়ে লগ পায় ভাল লাগিল.. উফ্ কি এক অদ্ভুত উল্লাহ। এনে লাগে যেন তেওঁক যদি কিছুপৰ ৰাখি থব পৰা হ'লে!! দুখত থকা সময়কণত যে কাষৰ পৰা ভাঁহি আহে এটি মৰম সনা মৃদু কণ্ঠ "মই আছোঁ" শুনিয়েই যেন মনৰ মাজত কিবা এটা প্ৰাপ্তিৰ শিহৰণ জাগে। দুখত শুকাই কড়াল বন্ধা ওঁঠ জুৰিটো হাঁহি কণাৰ ৰূপত অন্য এক বিশেষ আনন্দ ফুটি উঠে, নহয় জানো ? এইয়াই প্ৰেম...  শব্দৰ ভাষাৰে সজোৱা একো-একোটি নিৰৱ প্ৰেম। এই প্ৰেম তেনেকুৱাই। ভাল লগা বোৰ ইয়াত কেৱল মাথোঁ এটি হাঁহি হৈয়ে সৰে। এই শব্দৰ প্ৰেমত প্ৰায়বোৰ মানুহেই দিশ ভ্ৰান্ত হয়। অবুজন জনেও বুজি পায় এই প্ৰেমৰ সজীৱতা। শব্দৰ প্ৰেমিকে সদায় শব্দৰে ভৰা আকুলতা বিচাৰে। নিৰৱতাৰ পৰিভাষা শব্দৰ প্রেমিকে নুবুজে। পিছে আপুনিও বাৰু কেতিয়াবা পৰিছেনে এনে কিছুমান শব্দৰ প্ৰেমত ? মই কিন্তু প্ৰায়েই পৰো।

(চাৰি)

অজুহাত দেখুৱাই আমাৰ কাষৰ পৰা আঁতৰি যোৱা জনতকৈ অজুহাতবোৰ আঁতৰ কৰিবলৈ কাষলৈ চাপি অহা জন নিশ্চয়কৈ বহুত বেছি প্ৰিয়। আকৌ যাওঁ বুলিয়েই গুচি যোৱা জনতকৈ ধৈৰ্য ধৰি কিছুপৰ ৰৈ যাব পৰা ব্যক্তিজনো মানুহৰ মনে সজা জখলাত এখাপ হলেও ওপৰত থাকে সদায়।
মৰমিয়াল মানু্হজনে কেতিয়াও কাৰোৰে পৰা মৰমভিক্ষা খুজিব লগা নহয়।মানুহৰ মৰমক শ্ৰদ্ধা কৰিব জনা জনৰ স্থান সদায় সকলোৰে হৃদয়ত থাকে। মানুহক সংগ দিয়া ব্যক্তিজনেও কোনোকালেই জীৱন বুৰঞ্জীত নিসংগতাৰ ইতিহাস ৰচিব লগা নহয়। আনৰ আবেগক মূল্য দিব জনা ছোৱালীজনী বা ল'ৰাটোৰ আবেগৰ লগত খেল খেলিবলৈও সিমান সহজতে সাহস নকৰে কোনেও। আনৰ সুখত সুখী হ'ব পৰা জনেও জীৱন সাগৰত দুখৰ বঠা বাব লগীয়া নহয়। লোভী জনৰ তুলনাত লোভ নকৰা জনৰ মানসিক শান্তি বহুগুণেই বেছি। প্ৰতিশোধৰ জুইকুৰাত দহি পুৰি মৰাতকৈ ক্ষমা কৰি প্ৰতিপক্ষক মুক্তি দিব পৰা জনে ইমান এটা অস্বস্তিবোধত ভুগিব লগা নহয়। 
চাবলৈ গ'লে কথাবোৰ সহজ, তেনেই পৰিষ্কাৰ। কিন্তু ইয়াৰ প্ৰায়োগিক বাস্তৱ একেবাৰেই মসৃণ নহয়। আমি সকলো জানো, বুজিও পাওঁ... কিন্তু নুবুজাৰ ৰণাংগনত বাৰে বাৰে পাছ পৰি ৰৈ যাওঁ। কেৱল মই বা আপুনিয়েই নহয়, মানুহ মাত্ৰেই আমি প্ৰতিজনেই তেনেকুৱা। নহয় জানো ?? বাৰু দিয়ক....ভাল হওক আপোনাৰ, তাৰোপৰি ভালে থাকক তেওঁ... যি জনে আনক দেখুৱাবলৈ ভাল হোৱাৰ অভিনয় নকৰে। বৰঞ্চ মনৰ আকুলতাৰে প্ৰতি খোজতেই আনৰ ভাল হোৱাটো বিচাৰে।


ঠিকনা - ফিল'বাৰী, 
জিলা - তিনিচুকীয়া (অসম)

অঙ্গন:  পৃষ্ঠাঃ 34
প্ৰেম, মোৰ জীবনৰ এক অনন্য অনুৰাগ 
             
 শ্ৰী প্ৰবীণ বৰা

( মোৰ অনুভৱৰ পৃষ্ঠাবোৰ মেলি দিয়াৰ আগতে ক'ব লগা কিছু কথা : মোৰ অনুভৱবোৰ মনৰ মাজত দোলা দি ওলাই আহোঁতে বহুতো বিখ্যাত কবিৰ কবিতাৰ পংক্তি আপোনা - আপুনি ওলাই আহিল ,সেইবোৰ নিলিখাকৈ নোৱাৰিলোঁ । গতিকে তেখেত সকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে )

(এক)

"  ডিব্ৰু বিশ্ববিদ্যাল়ত অধ্যয়নৰত মেলেং পৰীয়া গাভৰু জনীলৈ ( লিখাৰ সময় ২০১১ চন জুন মাহ) :"

        এতিয়া তুমিটো নোহোৱা মোৰ
          জীৱনৰ লগৰী
          অথবা প্ৰেমিকাও -----
  : হয় মই নজনাকৈয়ে তুমি গুচি গৈছিলা বহু দূৰলৈ আৰু ----
           মোক নোকোৱাকৈয়ে 
              তুমি
          আনৰ হৈ পৰিছিলা
          মই জানিছিলো
          গোলাঘাটৰ
          দিচৈ পৰীয়া
         মিচিং গাভৰু জনীৰ মুখৰ পৰা

   তুমি বিশ্বাস কৰিবানে ! মই আচৰিত হৈছিলোঁ , মই বিশ্বাসেই কৰা নাছিলোঁ তাইৰ কথাষাৰত, কিন্তু হয় ---  ডিব্ৰু বিশ্ববিদ্যাল়ৰ নাহৰবোৰে তোমাক হয়তো পাহৰাই দিলে জয়সাগৰৰ কথা -- পাহৰাই দিলে ব্ৰহ্মপুত্ৰ পৰীয়া ডেকাটোৰ কথা । 
         বিশ্বাস কৰা 
         মই এতিয়াও
     তোমাৰ আজন্ম নিৰবধি প্ৰেমিক 
          : অৱশ্যে কথাবোৰ আমি বুজা বুজিৰেই শেষ কৰিব বিচাৰিছিলো যদিও মই এতিয়াও অশান্ত , এতিয়াও মই তোমাক অতীতৰ দৰেই ভালপাওঁ। মোক এৰি তুমি সুখী নোহোৱাৰ দৰে তোমাক এৰি ময়ো তোমাৰ দৰেই অসুখী। পাৰিবানেকি কথাবোৰ একেদৰেই পুনৰ চিন্তা কৰিব ! আৰুনো কি কম তুমিতো জানাই কোনোবাই কোৱা কথাষাৰ --" আবেগক নিৰ্মম ভাৱে অবদমিত কৰিলে জ্ঞানী হ'ব পৰা যায় কিন্তু সুখী হ'ব পৰা নাযায় " 
     জ্বলি থকা মম ডালৰ দৰেই মই লাহে লাহে নি:শেষ হৈ পৰিছোঁ অকল তুমি নাই বাবেই ,
        তুমি মোৰ হোৱা হলে 
       পাহৰি পেলালোহেঁতেন
       চিৰদিনলৈ
       চুনামীৰ কথা 
       কিন্তু 
       এতিয়া যে 
       অহৰহ বৈ আছে দুখৰ চুনামী    
        মেলেংৰ পৰা ব্ৰহ্মপুত্ৰলৈ
        ক্ৰমশ
        নিৰবধিকৈ....…
         : প্ৰায় চাৰিটা বছৰে আমাৰ সম্পৰ্ক আৰু তাৰ পাছতো....! আচলতে কি জানা, কাৰোবাক পাহৰিব নোৱাৰাকৈ মানুহৰ জীৱনলৈ প্ৰেম এবাৰেই আহে; সেইয়ে হয়তো আজিও পাহৰিব পৰা নাই তোমাক । স্নাতকোত্তৰ ডিগ্ৰীটোৰ বাবে তুমিয়েই উৎসাহিত কৰিছিলা অথচ ডিগ্ৰীটো সু-খ্যাতিৰে পোৱাৰ সময়ত সুখৰ ভাগ কৰিবলৈকোঁ তুমি নাছিলা মোৰ কাষত ।
    মোতকৈ ধুনীয়া সম্ভ্ৰান্ত আৰু ভাল ল'ৰা পাব পৰা কিন্তু মোৰ দৰে তোমাক ভাল পাব পৰা ল'ৰা ! ই যে একেবাৰে অসম্ভৱ ।
    চোৱাচোন তুমি মোক ইমান avoid কৰিছিলা আৰু মই তোমাক পাগলৰ দৰে ভাল পাইছিলো। তুমি কোৱা প্ৰতিটো কথাই অলপো নভবাকৈয়ে বিশ্বাস কৰিছিলোঁ, তোমাৰ প্ৰতিটো সিদ্ধান্তই বিনা প্ৰতিবাদে আঁকোৱালি লৈছিলো অকল তোমাক ভালপোৱাৰ স্বাৰ্থত.. ।
      তুমি তোমাৰ জীৱনৰ বাটত ভালদৰে খোজ দিবা আৰু সদাই মনত ৰাখিবা , " সুখ আৰু আৰাম দুয়োটাই বেলেগ বস্তু, আৰামকে সুখ বুলি কেতিয়াও মানি নলবা ।
       তুমি ভবাৰ দৰেই সকলো 
        কৰা হৈছিল
       তুমি কোৱাৰ দৰেই সকলো
       ভবা হৈছিল
       অথচ, মোৰ নিঠৰুৱা হৃদয়ক
       ৰক্তাত কৰি
      তুমি উৰুৱালা বিচ্ছেদৰ পতাকা।
     মোক এৰি যোৱাই তোমাৰ যদিহে
   একান্ত কামনা আছিল, তেতিয়াহলে
  তুমি নহা হলেই ভাল আছিল ।"

অঙ্গন:  পৃষ্ঠাঃ 35
গল্পঃ

দহন 

চন্দনা ভাগৱতী

গভীৰ নিশা। সময় ঘড়ীত এক কি দুই বাজিছে। ঘুটুংকৈ হোৱা এটা শব্দত পূৰ্ণিমা চক্‌ খাই উঠিল। তাই হাতত সাৰে ভৰিত সাৰে বিচনাৰ পৰা উঠি আহিল আৰু পাকঘৰত হোৱা যেন পোৱা শব্দটোৰ উমান লৈ সেইফালে চাই তাই আজি আকৌ বিচুৰ্টি খালে। তাই কি দেখিছে এইবোৰ !
: দেউতা ? কি কৰিছে ? দেউতা, অৰ্থাৎ দৰশথ ডেকা।ঘৰখনৰ মালিক। তাই এইখন ঘৰত ভৰি থোৱাৰ দিনা তাইক তেওঁ দেউতা বুলি মাতিব দিছিল। সেয়ে তাইৰো তেওঁ দেউতা। দেউতাকে কুকাৰৰ ঢাকনি খুলি থাল এখনত ভাত বাঢ়ি লৈছে।
: বৰ ভোক লাগিছে অ' পূণিমা আইজনী । কণ্ঠত যেন অনুনয়ৰ সুৰ...
তাই নিৰৱে দেউতাকলৈ কিছু সময় চাই ৰ'ল। দেউতাকেও তাইলৈ চাই অবাক হৈ ৰ'ল।পূৰ্ণিমাই তেওঁৰ হাতৰ পৰা থালখন আনি ৰৈ যোৱা যি আছিল তাকে গৰম কৰি ডাইনিঙত বহি খাবলৈ দিলে।দেউতাকেও তৃপ্তিৰে ভাতখিনি খাই বিচনালৈ যাব বিচৰাত তাই বিচনালৈ নি শোৱাই থৈ আহিল । তাৰ পিছত পূৰ্ণিমাই কাহী-বাতিখিনি সামৰি পুনৰ বিচনালৈ গ'ল। আজিকালি দেউতাকৰ এনে ধৰণৰ অবান্তৰ কাম কিছুমান হৈয়ে থাকে। আজিৰটো আৰু কিছু অবান্তৰ। আজি কেইবাদিনো ধৰি তাই লক্ষ্য কৰিছে-তেওঁৰ কথা-বতৰাতো কিছু পৰিবৰ্ত্তন ঘটিবলৈ লৈছে। সদায় দেখি থকা বস্তুবোৰৰ নামো মাজে মাজে পাহৰি গৈছে। কিছু সময় আগতে কোৱা কথাবোৰ আৰু কৰা কামবোৰ মনত নথকা হৈছে। ঘৰলৈ কোনোবা আলহী আহিলেও বেয়া পায়।এদিন অহা আলহীকো সদায় সদায় ইমানকৈনো কেলৈ আহিব লাগে বুলি কটু কথা শুনায়। চচমা যোৰ পিন্ধি থকা অৱস্থাতো সেই যোৰকে বিচাৰি হাহাকাৰ কৰি ফুৰে।কেতিয়াবা নিজৰ ৰূমটোৰ দৰ্জাখন ক'ত আছে বুলি বিচাৰি বিচাৰি পয়মালৰ সৃষ্টি কৰে। নিজৰ কোঠাটো পাহৰি বাথৰূম বা পাকঘৰত সোমায়।আনকি চাহ-ভাত খাইয়ো নখোৱা বুলি কোৱাতো তেওঁৰ অভ্যাসত পৰিণত হ'ল।এদিনাখনৰ কথা, তেওঁ কাপোৰ-কানিবোৰ বান্ধি মনে মনে বহু দূৰলৈ গৈ ঘৰলৈ ঘূৰি আহিবই পৰা নাছিল।কন্দৰ্পইহে ওচৰ-চুবুৰীয়াৰ সহায় লৈ পুলিচত খবৰ দি ঘৰলৈ ঘূৰাই আনিব লগা অনা হ'ল। মাজে মাজে ওচৰত কোনো মানুহ নাথাকিলেও ঘৈণীয়েক ৰমলাৰ কথা কৈয়েই থাকিব। গাঁৱৰ ঘৰৰ কথাবোৰো কৈ কৈ কেতিয়াবা আমোদ কৰিব। ৰমলাৰ বাবে দুখ কৰিব। ৰমলা তেওঁৰ পত্নী। ৰমলাৰ বাবেই এই ঘৰ-সংসাৰ। কিমান যে আটোম-টোকাৰিকৈ ঘৰখন সজাইছিল। কিন্তু ভালদৰে উপভোগেই কৰিব নোৱাৰিলে তাই । প্ৰেচাৰৰ টেবলেট খাই থকা স্বত্বেও কি জানো হ'ল--!হঠাতে স্ত্ৰোক হৈ মোক অকলশৰে এৰি গুচি গ'ল বুলি প্ৰায়ে আক্ষেপ কৰি থাকিব।
      মাজে মাজে ৰমলা অ' ৰমলা বুলি পূৰ্ণিমাকে মাতি থাকিব। এটাৰ পিছত এটাকৈ তেওঁৰ এনে বিসংগতিয়ে ঘৰখনত বৰ অশান্তিৰ সৃষ্টি কৰিছিল। মনোকষ্টত ভূগিছিল পিছে কন্দৰ্পটোহে। সি তাৰ জীৱনত দশৰথ ডেকাক নিজৰ পিতৃ বুলি জ্ঞান কৰি আহিছে। নকৰিবনো কিয়--?তাক ডেকাই জীৱন দিছে।বানপানীত মাক-দেউতাক উটি যোৱাৰ পিছত গাঁৱৰ হৰি মাষ্টৰে তাক যি ডেকাৰ ওচৰত থৈ গৈছিল। তেতিয়াৰ পৰা ডেকাইও তাক নিজৰ সন্তানৰ দৰেই মৰম কৰিছে। গতিকে সি তেওঁক কেতিয়াও অবহেলা কৰিব নোৱাৰে। আনকি তাৰ বিয়াখনো নিজ ঘৰতে পাতি পূৰ্ণিমাকো ইয়াতে ঠাই দিছে।সেয়ে তাৰ তেওঁক লৈ বৰ কষ্ট হয়। সি নিজেই তেওঁক লৈ গৈ ডক্টৰক দেখুৱাইছে। চিকিৎসা কৰিছে। ডক্টৰক দেখুওৱাত ডক্টৰে তেওঁৰ ৰোগৰ লক্ষণবোৰ শুনাৰ পিছত সকলো কথাই বুজাই দিছে।এই লক্ষণবোৰ হেনো সাধাৰণতে এলজেইমাৰ ৰোগৰ লক্ষণ। এলজেইমাৰ ৰোগ হৈছে একপ্ৰকাৰৰ স্নায়বিক ৰোগ। ইয়াৰ প্ৰধান লক্ষণ হৈছে শেহতীয়া ঘটনাৱলী সোঁৱৰণ কৰাত অসুবিধা হোৱা। ৰোগৰ প্ৰাবল্য বৃদ্ধি হোৱাৰ লগে লগে এনেবোৰ সমস্যাই দেখা দিয়ে।ইয়াৰ বাবে পৰিয়ালৰ লোক খুবেই সচেতন হোৱা দৰকাৰ।আদৰ যত্নৰ অতি প্ৰয়োজন এনে ৰোগীৰ ক্ষেত্ৰত।নিয়মিতভাবে মানসিক আৰু শাৰীৰিক ব্যায়াম কৰিলে আৰু এই ঔষধ কেইটা সেৱন কৰিলে এই ৰোগৰ সম্ভাৱনাৰ পৰা বহুখিনি হ্ৰাস পোৱা যাব।কন্দৰ্প আৰু পূৰ্ণমাইও ডক্টৰে কোৱা ধৰণেই সকলো কৰি গৈছে। কিন্তু, নিজ পুত্ৰ-বোৱাৰীৰ পৰা সদায় যে তেওঁ লাঞ্চনা গঞ্জনাহে পায় আহিছে। কেৱল টকা-পইচা, সা-সম্পত্তিৰ কথাই সিহঁতক মূৰত কামুৰি থাকে।
       মাজনিশা হঠাতে সাৰ পায় উঠাৰ বাবে পূৰ্ণিমাৰ বহু সময় ধৰি অলপো টোপনি নহাকৈয়ে বিচনাখনত বহু সময় জঠৰ হৈ পৰি থকাৰ সময়তে এটা সময়ত তাই লাহে লাহে তন্দ্ৰাচ্ছন্ন হৈ পৰিবলৈ ধৰিলে আৰু শেষনিশা তাইৰ চকুৰ আগত ভাহি উঠিছিল কিছুমান অসংলগ্ন ছবি। সৰুতে দেউতাকক হেৰুৱা পূৰ্ণিমাইও দশৰথ ডেকাকে দেউতাক বুলি মানি পাৰ্যমানে তেওঁক সন্তুষ্টি দিবলৈ চেষ্টা কৰি আহিছে। শুশ্ৰুষাৰ অকনো ক্ৰুটি কৰা নাই তাই এই মুহূৰ্তলৈকে। চিলমিলকৈ অহা টোপনীতে যেন তাই দেখিবলৈ পাইছে দেউতাকৰ লগত কাৰোবাৰ খুব টনা-আজোৰা।তাই চিঞৰিছে, অথচ চিঞৰিব পৰা নাই।
    জীৱনক লৈ দশৰথ ডেকাৰ আজি যেন ভীষণ ভাগৰ লাগিছে। বয়সে কোঙা কৰা ডেকাৰ এনেও চৌপাশক লৈ কোনো সজাগতা নাই। ঘৰ ঘৰ বুলি অ'ত শ্ৰম কৰি বিলীন কৰি দিয়া ঘৰখনৰ নামত পালেই বা কি ? এই বুঢ়া বয়সত তেওঁৰ ওচৰত নিজৰ পুতেক-বোৱাৰীয়েকৰ ছাঁটোকে দেখিবলৈ নাপায়।ডাঙৰ পুতেক-বোৱাৰীয়েকে বেলেগে ভাৰাঘৰত থাকে।বোৱাৰীয়েকজনী যিহে একেবাৰে যেন মেমচাহাব।খোৱা-পিন্ধাৰ ধৰণ কি চাবা।গিৰিয়েকটোৱেও তাইৰ আঙুলি ঠাৰত নাচি থাকে।সম্পত্তিৰ ভাগ লাগে বুলি সিদিনা ডাঙৰ পুতেকে বাপেকক যিবোৰহে কথা শুনাই থৈ গ'ল। বাপেকৰ সেইদিনাৰ পৰা মগজটো অলপ বেছিকৈ লৰিছে।আনফালে সৰু পুতেকে অলৌ-তলৌকৈ দিহিঙে-দিপাঙে ঘূৰি ফুৰোতেই যায়। ভাল কৰ্মসংস্থান এটা নাই। সৰু-সুৰা কাম কৰিলেও উন্নতি কৰিব পৰা নাই। কেৱল দেউতাকৰ পৰা টকাসোপা নিয়ে আৰু খৰচ কৰে। ৰাতি প্ৰায়ে ঢলংপলংকৈ সি দেৰিকৈয়ে ঘৰলৈ আহে।কেতিয়াবা বাহিৰতে থাকে।আজিতো সি ঘৰলৈ অহাই নাই। সেইলৈও বাপেকটোৰ সদায় চিন্তা। তেওঁ নহ'লে বা সি কেনেকৈ কি কৰিব ? তেওঁৰ নিজৰেই বা কি গতি হ'ব ? ৰোগ-ব্যাধিৰ সময়ত তেওঁক প্ৰতিপাল বা কৰিবই কেনেকৈ ? নিজে থকালৈকে ভোকৰ ভাতমুঠিৰ ঠিকেই জোগাৰ হ'ব ? এনে ভীতিয়েই ডেকাৰ মনত বাৰুকৈয়ে থিতাপি ল'লে। নিজৰ নহ'লেও পূৰ্ণিমাই অৱশ্যে তেওঁৰ বৰ যত্ন লয়।
মাজে মাজে ডেকাই মনটো টান কৰি লয়।তথাপি, ঘৈণীয়েকৰ স্মৃতিয়ে তেওঁক পুনৰ দুৰ্বল কৰি পেলায়।ঘৈণীয়েক ঢুকোৱাৰ প্ৰায় ৮ বছৰমানেই হ'ল। ঘৈণীয়েক ঢুকুৱাৰ পিছৰে পৰা দৰাচলতে এনে এটি প্ৰচণ্ড ভয়ে তেওঁৰ মনত অগা-ডেৱা কৰি আছিল। কিয়নো, ঘৈণীয়েকেই ঘৰখনৰ সমস্তবোৰকে আৱৰি লৈছিল।তেওঁৰ নিজাকৈ একো চিন্তাই কৰিব লগা হোৱা নাছিল।চাকৰিৰ টকাকেইটাৰ কেনেকৈ কি খৰচ কৰিব লাগে সকলো দায়িত্ব ঘৈণীয়েকেই চম্ভালি লৈছিল। আনকি তেওঁৰ সামান্য গাটো গৰম হ'লেও দৰৱ পাতি কেতিয়া কেনেকৈ খাব, ল'ৰা দুটাৰ আপডাল সকলোবোৰ কেনেকৈযে সামৰি লৈছিল, এতিয়া ভাবিলে তেওঁ আচৰিত হৈ পৰে।
   ঃ উস--! পুৱাৰাতি তেওঁৰ বুকুখন ঢপঢপাবলৈ ধৰিলে।এটা প্ৰচণ্ড বিষ আহি কলিজাটোতে যেন কামোৰ মাৰি ধৰিলেহি। তেওঁ এখন হাতেৰে বুকুখন হেচা মাৰি ধৰি  কিবা ক'ব বিচাৰিছে। মাতটো ফুটি ওলোৱা নাই।
         আনকালে দশৰথ ডেকাই ৰাতিপুৱা সূৰ্য উদয়ৰ লগে লগে আগফালৰ বাৰাণ্ডাত বহি সূৰ্যোদয়ৰ মোহনীয় দৃশ্য উপভোগ কৰি কিছুসময় নিৰৱে কটায়।সূৰুযৰ সাতোৰঙী আভাৰ সৈতে মেঘৰ মিতিৰালি আৰু বিচ্ছুৰিত পোহৰৰ বৰ্ণালী চাই ডেকাই জীৱনৰ ভাল-বেয়া বহুতো কথা স্মৰণ কৰে।পূৰ্ণিমাই দিয়া চাহকাপ খাই তাইৰ লগতো কিছু কথাৰ ভাগ-বতৰা কৰে।
পূৰ্ণিমাই চকামকাকৈ সাৰ পাই কিনো দেখিলে বুলি বিচনাৰ পৰা উঠি আহি মুখ হাত ধুই চাহ বাকি দেউতাকলৈ  বুলি লৈ আহিল। কিন্তু, আজি পূৰ্ণিমাই দেউতাকক বিচনাৰ পৰা নুঠা দেখি হতবম্ব হ'ল।তাই দেউতাকক মাতিব গৈ একো সাৰ-সুৰ নপোৱাত তাইৰ গাটো জিকাৰ খাই উঠিল। অজান ভয়ত তাই কঁপিব ধৰিলে। গিৰিয়েকক চিঞৰি বিচনাৰ পৰা টানি উঠাই দিলে। ওচৰ-চুবুৰীয়াও গোট খালে। কোনোবা ডক্টৰৰ ওচৰলৈ গ'ল। কোনোবাই এম্বুলেন্সত খবৰ দিলে, আন কোনোবাই পুতেকহঁতক খবৰ দিয়াৰ কথা ক'লে। অৱশেষত পুতেকহঁত আহি পোৱাৰ আগতেই বিচনাত পৰি থকা ডেকাৰ নিথৰ দেহটোক দুজনমানে দাঙি নি চোতাল পোৱালেগৈ।
কককককককককককককককককককককককককককককককককককককককককককককক
অঙ্গন:  পৃষ্ঠাঃ 36
সাঁথৰ

মুনমী চেলেং

ৰঙানদীৰ মথাউৰিটোতে বহি আছে দুয়োটা।
: এবাৰটো কৈ চা , বিয়ালৈ কেইদিন আছে হিচাপ আছে নে ? 
           এক মুহূৰ্তও তাত ৰৈ নাথাকিল সি। ভালে কেইদিনৰ মূৰত আজি সি বৰুনক লগ পাইছিল। বহুত কথাই পাতিবলৈ আছিল । কিন্তু ? সি জানে বিয়ালৈ মাজত আৰু মাত্ৰ এমাহ  আছে।  হিচাপ সি ঠিকেই ৰাখিছে। আনৰ আগত অভিনয়ো সি ঠিকেই কৰিছে। বাৰে বাৰে মাথোঁ ধৰা পৰে বৰুন আৰু তাইৰ সন্মুখতহে।
তাইৰ সেই ধুনীয়া চকুজুৰিলৈ নোচোৱা কিমান দিন হ'ল সেই হিচাপহে তাৰ ওচৰত নাই। 
ফোপাইছে সি। খঙেই নে বেজাৰতে কিমান দূৰ খোজকাঢ়ি আহিল সি নিজেই নাজানে। যাওঁতে, বৰুনৰ বাইকখনতে গৈছিল।

 আলিৰ মূৰতে ৰৈ দিলে সি। ওচৰতে থকা সৰু ঘুমটিখনৰ পৰা পানী একবটল কিনি ঘোটঘোটকৈ পি ল'লে। 

: আহ্

 একো নামাতি বৰুনৰ পিছফালে বহি ল'লে সি। 
বৰুনৰ সৈতে এষাৰো কথা নপতাকৈ সি আহি ঘৰৰ সন্মুখত নামিলহি। 

: শুনচোন, বেয়া নাপাবি। কথা দিছিলোঁ তোক এই বিষয়ে একো কথাই নুলীয়াও বুলি। তথাপিও নোৱাৰিলোঁ থাকিব। তহঁতি দুয়োটা এক হোৱাটো বিচাৰো অ'।
 
: কেনেকৈ ?
 জপনাখন খুলি ঘৰলৈ সোমাই যোৱা দৰ্শনে ঘূৰি চাই ওলোটাই তাকহে প্ৰশ্ন কৰিলে।
: কেনেকৈ ? কেনেকৈ সম্ভৱ এইয়া ? নাপায় সোণকন, নাপাই এনেকৈ ভাবিব। বিয়ালৈ কেইটা দিন আছে জাননে ? বাপেৰে কলিজাটো টানি আনি চুবাব। 
        শেষৰ কথাষাৰ ফুচফুচাই ক'লে তাইক আইতাকে। যেনেকৈ সৰুতে প্ৰায়েই তাইক ভয় খুৱাইছিল এইষাৰ কথা কৈয়েই আৰু তাইয়োটো ভয় খাইছিল! 
মাকৰ কথা এদিনো নৰজিল ঘৰখনত। নিমাখিত মাকজনীয়ে প্ৰতিটো কথাতেই আজ্ঞা ল'ব লগা হোৱা কথাটোৱে আজিও খুন্দিয়াই মাৰে তাইক। বাপেকৰ ওপৰত আইতাকে যি এষাৰ মাত মাতে তাকো বহুত চালিজাৰিহে। সকলো দেউতাকেই সিদ্ধান্ত লোৱা দেখি আহিছে। তথাপিও মানি ল'লেহেঁতেন তাই দেউতাকৰ মতবোৰ। কিন্তু মানে কেনেকৈ ? স্বাৰ্থপৰৰ দৰে লোৱা অটল সিদ্ধান্তবোৰ, সৰুৰে পৰা তাইৰ বিৰুদ্ধে লোৱা সিদ্ধান্তবোৰ, মাকৰ পৰিশ্ৰমী মনটোক ওলাই কৰি নিস্কৰ্মী আখ্যা দিয়াৰ সিদ্ধান্তবোৰ, তাইৰ বহুত মন থকাৰ পিছতো স্নাতক ডিগ্ৰী লোৱাৰ পিছত আৰু কিতাপৰ মুখ চাব নোৱাৰ বুলি কিতাপৰ আলমীৰাটোত তলা লগাই দিয়া সিদ্ধান্তবোৰ।
তাইকে দেখুওৱাই মৰমৰ ভায়েকটোক তাৰ অনিচ্ছা সত্বেও গুৱাহাটীলৈ পঢ়িবলৈ পঠিওৱা সিদ্ধান্তটো। উফ্ আৰু একো ভাবিব পৰা নাই তাই। কিবাকে সাহস অলপ গোটাই আইতাকক কৈ পেলাইছিল আজি তাই মনত বাজি থকা কথাটো। তাইৰ এইকেইদিন ৰাতি টোপনি নহাৰ সপোনটোৰ কথা।
কিন্তু আইতাকো দেখোন অসমৰ্থ। শেষত গৈ দেখোন দেউতাকতেই ৰ'লগৈ। দেউতাকে যে নামানে তাই জানে। হ'লেও শেষ এটা প্ৰচেষ্টা, আইতাকৰ জৰিয়তে। দেউতাকে আইতাকৰ কথা চালিজাৰি কিবা এটা সিদ্ধান্ত লয়েই বা ! 
: তুমি মোৰ কথা ভাবাছোন আইতা। ভালপোৱাজনক এৰি কেতিয়াও নজনা এজনক কেনেকৈ আকোঁৱালি লওঁ। 
: মোক আৰু একো নকবি , একো নুশুনো মই।
         কাণ দুখনত দুহাতেৰে চেপা দি  আইতাকজনী কোবাকুবিকৈ ওলাই গ'ল ৰুমটোৰ পৰা। চকুৰ পৰা নিগৰা লুণীয়াখিনি দুহাতেৰে মোহাৰি একপ্ৰকাৰৰ জঠৰ হৈ পৰিল তাই।

               ভালপোৱাৰ সুবাসে  দুখন কলিজাক একেলগে মেৰিয়াই ল'ব খোজোতেই দেখোন সিঁচৰিত হৈ পৰিল কলিজাৰ টুকুৰাবোৰ। চাৰি চকুৰ ভাষাবোৰে পাহি মেলাৰ সময়তেই মেলানি মাগিব নেকি ভালপোৱাই ? 
নানা চিন্তাই জুমুৰি দি ধৰিছেহি তাক। চকু মুদিলেই সন্মুখত তাই। তাইৰ সেই ধুনীয়া চকুহাল। তিৰবিৰাই থকা চকুহাল। তাক ভালপোৱা চকুহাল। মৰম এনেদৰেই আহেনে জীৱনলৈ ? সুকুমল বতাহ হৈ হৃদয়ত জোনাকীৰ ৰং সানি তীব্ৰ জোৱাৰ হৈ হৃদয়ৰ সেতু ভাঙি যাবলৈ ?পাৰিবনে সি তাইক পাহৰি পেলাব। পাৰিবনে তাইৰ বিয়াৰ দিনটোলৈ অপেক্ষা কৰিব। 
         একেজাপে উঠি বহিল সি । বিচনাৰ কাষৰ খিৰীকিখন খুলি দিলে। জোনাক নিশা। লগে লগেই এছাটি বতাহে গালে মুখে কোবাই পাৰ হৈ গ'ল ।
কি কৰা যায়। কিবাকে মৰসাহ গোটাই তাইৰ মাক দেউতাকৰ আগত ক'বগৈ নেকি !  সি যে তাইক ভাল পায়। চিৰজীৱনৰ কাৰণে নিজৰ কৰিব বিচাৰে। যদিও উত্তৰ সি ভবাৰ দৰে নাপায়। এবাৰটো চেষ্টা এটা কৰি চাব পাৰে সি। 
মনতে জুকিয়াই ল'লে সি কথাখিনি। ক'বগৈ, হয় ক'বই লাগিব সি। নহ'লে যে গোটেই জীৱন সি নিজকে মাফ্ কৰিব নোৱাৰিব। দেউতাকে অৱসৰ ল'বলৈ মাত্ৰ তিনিটা বছৰ আছে। পঢ়া সামৰি চাকৰি বিচাৰি ঘূৰি নুফুৰি ঘৰৰ সন্মুখৰ ৰাস্তাৰ সিপাৰৰ মাটিখিনিতে ব্ৰইলাৰ ফাৰ্মখন খুলিছিল। লাভ যথেষ্ট তাৰ। ঘৰৰ পদুলিতে দেউতাকে দোকানঘৰ এটাও বনাই দিলে। স্কুলৰ পৰা আহি দেউতাকো বহে প্ৰায়ে দোকানত। সি ভীষণ ব্যস্ত । 
টকা পইছাৰ অভাৱ ঘৰখনত নাই বুলিও ক'ব নোৱাৰি। কিন্তু সি আৰু মাক দেউতাকে মিলি সুন্দৰকে ঘৰখন চলাই নিচে, সচৰাচৰ মধ্যবিত্ত পৰিয়ালৰ দৰেই। এইসময়ত তিনিজনীয়া পৰিয়ালটো চাৰিজনীয়া হ'লে হয়তো বৰ এটা বিশেষ অসুবিধাও নহ'ব। 
কথাবোৰ পাকঘূৰণি খাই তাৰ চাৰিওফালে ঘূৰি ফুৰিল।
আজিও হয়তো এনেদৰেই পাৰ কৰিব লাগিব ৰজনী। টোপনি ভালদৰে নমৰা আজিটো ভালে কেইদিন হ'ল। 

            তাই প্ৰায় দৌৰি আহিল। কোঠাটোৰ পৰা ওলোৱা গোজৰনিবোৰে অথনিৰে পৰা তাইক আৰু আইতাকক আতংকত ৰাখিছিল। জানিছিল তাই। এনেকুৱা এটা দৃশ্যই দেখিবহি তাই। পেপুৱা লাগি আছে মাকজনী। সম্ভৱতঃ দেউতাক আগমুহূৰ্তত ওলাই গৈছে কোঠাৰ পৰা। 
: তই এইবোৰ কি কৰিবলৈ ওলাইছ সোণকন ? 
মাকৰ পোনপটীয়া প্ৰশ্নত আজি তাই থত্‌মত খালে। 
: কি হ'ল মা । কি কৰিলোনো মই ? কথাষাৰ সুধিয়েই সাৱটি ধৰিলহি তাই মাকক।‌ তাইৰ মূৰত লাহেকৈ হাত ফুৰাই মাকে কৈ গ'ল 
: বনপুখুৰীৰ ধনবৰ চকীদাৰৰ পুতেকৰ সৈতে তোৰ বিয়া কোনোপধ্যেই হ'বলৈ নিদিয়ে দেউতাৰে আৰু মই , মোৰ নিচিনা এটা জীৱন তোক কেতিয়াও গঢ়িবলৈ নিদিওঁ।
মাকৰ কথাত আগতে কেতিয়াও নুশুনা এক দৃঢ়তা আছিল। মাকেও এনেকৈ ক'ব পাৰে নে ? লাহেকৈ মাকক সুধিলে তাই
: তুমি কেনেকৈ জানিলা এইবোৰ কথা মা ?
: তই কি ভাবিছিলি, তোৰ মনটোৰ কথাও মই নাজানিম ? সকলো কথাই খুলি ক'ব মোৰ আগত অথচ এই কথাষাৰ নক'লি। নে তোৰ নিজৰ ওপৰতো সন্দেহ আছে ?
: মা ....!
: আজি দুপৰীয়া দৰ্শন আহিছিল। 
: কি ? আচৰিত হৈ চিঞৰি উঠিল তাই। 
: তোৰ মুখৰ পৰা শুনিবলৈ পাম বুলি ভাবি থকা কথাষাৰ দৰ্শনৰ মুখৰপৰাহে শুনিবলৈ পালো।  সি ভয়াতুৰ নহয় তোৰ আৰু মোৰ নিচিনা। বহু খিনি কথাই বুজাই গ'ল আজি সি মোক। দেউতাৰক লগ নাপালে। পোৱা হ'লেও একেখিনি কথাই হেলাৰঙে ক'লেহেতেন। যেনেকৈ মোৰ চকুত চকু থৈ কৈ গ'ল। 
: মই কি কৰো মা। দেউতাৰ মুখত কথা ক'বলৈ যে মোৰ সাহসেই নাই।
: একো কৰিব নালাগে। মাত্ৰ আইতাৰে যি কয় সেয়াই কৰ। 
আকৌ আচৰিত হোৱাৰ পাল তাইৰ। আইতাকে আকৌ কি কৰিব। ভালদৰে জানে তাই আইতাকে যে, দেউতাকে ঠিক কৰা সেই ঘোচখোৰ দালালটোকে বিয়া কৰাবলৈ ক'ব। 
: কালিলৈ আবেলি মোৰ লগত ৰঙানদীৰ পাৰলৈ ওলাবি। নতুনকৈ সজা দলংখন চামগৈ। অলপ সময় মথাউৰিত খোজ কাঢ়িম। যাওঁতে তই, মই আৰু বাপেৰৰ ড্ৰাইভাৰটো যাব। আহোঁতে মই আৰু সি হে ঘূৰি আহিম। পোন আঙুলিৰে ঘী নোলালে আঙুলি বেকা কৰিবই লাগিব। 
          দুৱাৰ মুখতে ৰৈ আইতাকে কোৱা কথাখিনি তাইৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈছে। আচলতে একো বুজিবই পৰা নাই তাই , দেউতাকৰ বিপৰীতে যাব পৰাকৈ মাক আৰু আইতাক কেতিয়াৰ পৰা ইমান সাহসী হ'ল। এইয়া দেখোন তাইৰ কাৰনে এক অবুজ সাঁথৰ!

অঙ্গন:  পৃষ্ঠাঃ 37
ব্যৰ্থ হৃদয়তো মেলিব ৰঙা কলি

পিংকী শৰ্মা

"ডান!" 

মেহেন্দী বুলোৱা হাতদুখন চকুৰ সন্মুখলৈ আনি চাইছে চক্ৰিকাই। পোনপ্ৰথমে তাইৰ চকু যায় আৰ্টিষ্ট গৰাকীক মনে মনে হাতৰ তলুৱাত আঁকি দিব কোৱা, 'R' আখৰটোলৈ। দুচকু পলক জপাই ক্ষীণ নিশ্বাসটো এৰিলে চক্ৰিকাই। অকস্মাতে বুকুত গধুৰ কিহবাই হেচুকি ধৰাৰ দৰেই লাগে তাইৰ! দুচকু এবাৰ পলক জপাই দিয়াৰ পিছতে চকু যায় হাতৰ তলুৱাৰ মাজভাগত লিখা আন এটি নামলৈ, "হৰ্ষিত"! 
কিছুদিনৰ পৰা ভাল লাগিব লোৱা এটা নাম, হৰ্ষিত! তেন্তে ইংৰাজীৰ R আখৰটো ? "ৰণবিজয়"! "R" আখৰটোৰে আৰম্ভ হোৱা এটা নাম ! কেৱল নামেই নে এইটো ? ৰণবিজয় ! উশাহৰ গতি সলনি কৰা এটা নাম। চক্ৰিকাৰ শৰীৰৰ শক্তি হ্ৰাস কৰা এটা নাম ! ভালপোৱাৰ এটা নাম ৰণবিজয়। বুকুৰ ঢপঢপনি বঢ়োৱা এটা নাম, ৰণবিজয় ! বহু চেষ্টা কৰিও তাই মনৰ পৰা আঁতৰাব পৰা নাই এই নামটো। হয়তো কেতিয়াও নোৱাৰিব! নহলেনো আজিও হাতত তাই মেহেন্দীৰে লিখেনে ৰণবিজয় নামটোৰ প্ৰথম আখৰটো! 
"মেহেন্দী আঁকিলে মোৰ নামৰ ফাৰ্ষ্ট লেটাৰটো লিখিবা দেই চক্ৰ! চাবা কিমান কাঢ়া ৰং উঠিব!" -
ৰণবিজয়ে কৈছিল তাইক এদিন! তেতিয়াৰ পৰাই তাই মেহেন্দী আঁকিলে "R" আখৰটো লিখেই। ৰণবিজয়ে ভালপোৱাবোৰ কৰিবলৈ এতিয়াও এৰা নাই তাই। আজিও লিখাইছে আৰ্টিষ্ট গৰাকীৰ হতুৱাই। 
" উসঃ  ৰণ!" - স্বগতোক্তি কৰি স্বস্তিৰ নিশ্বাস এৰে চক্ৰিকাই। তাৰ পিছত দৃষ্টি নিক্ষেপ কৰি ৰয় মেহেন্দীৰে অঁকা "R" আখৰটোৰ ওপৰত। 

..... এডুকেচনৰ ক্লাচটোত বিৰক্তিৰে উপস্থিত থাকিল যদিও, অধ্যাপক ওলাই যোৱাৰ পিছমুহূৰ্ততে চক্ৰিকাৰ প্ৰিয় বান্ধবী  বৈভৱীৰ হাতখনত ধৰিয়েই বেগাবেগিকৈ খোজ আগবঢ়াইছিল গাৰ্লচ ক'মন ৰুমৰ দিশে।  সোঁফালে থকা বাথৰুমলৈ গৈয়ে চক্ৰিকাৰ বৈভৱীলৈ প্ৰশ্ন। 
: তোৰ তাত চেনিটেৰী পেড আছে নেকি ? মোৰ পিৰিয়ডছ ষ্টাৰ্ট হ'ল ৰে! মই এইবাৰ আনিব পাহৰিলোঁ! 
        অস্বস্তিত এবাৰ মুখ কোঁচাই দিয়ে বৈভৱীয়ে । 
: ইমান ইৰেচপনচিবল কিয় ? আৰু মোৰ তাত কিয় থাকিব! মোৰ পিৰিয়ডছৰ সময় হোৱা নাই নহয়! 

       এইফালে চুৰিদাৰৰ কুৰ্টীত দাগ লগাৰ ভয়! তাৰোপৰি পেটৰ বিষটোৱেও লগ দিয়ে। অস্বস্তিত চক্ৰিকাই শব্দ কৰি নিশ্বাসটো এৰাৰ পিছতে, বৈভৱীয়ে, তাইলৈ চাই, চিন্তা নকৰিবলৈ কয়। তাৰ পিছত চক্ৰিকাক তাতেই ৰ'বলৈ কৈ, লৰালৰিকৈ বাহিৰলৈ ওলাই যায় বৈভৱী। কলেজৰ পৰা অলপ দূৰত থকা দোকানখনৰ পৰা ষ্টেফ্ৰিৰ পেকেট এটা ক্ৰয় কৰি আকৌ উভতি আহে চক্ৰিকাৰ ওচৰলৈ। পেটটো বৰকৈ বিষাই থকা বাবে বাকী থকা এটা ক্লাচ নকৰি, ঘৰলৈ যাবলৈ সাজু হৈছিল চক্ৰিকা। আনফালে চক্ৰিকা অবিহনে বৈভৱীয়েও কলেজত নাথাকে বুলি একেলগে প্ৰস্থান কৰে।  বাট পাৰ হ'বলৈ ফুটপাথৰ কাষৰত থিয় হৈ থকা। দুই বান্ধৱীৰ মাজত চক্ৰিকাৰ, সেইটো পাৰৰ যাত্ৰীৰে ভৰা বাছবোৰ দেখি মূৰটো আৰু বেছি গৰম হয়। পাৰিবিনে যাব ? আনফালে, আকৌ পেটৰ বিষ ক্ৰমান্বয়ে বাঢ়িব লৈছিল। দুই ওঁঠ চেপি বৈভৱীৰ হাতখন জোৰকৈ ধৰি লোৱা চক্ৰিকালৈ কৰুণ চাৱনিৰে বৈভৱীয়ে  চাই, ধৈৰ্য্য ৰাখিবলৈ ইংগিত দিয়ে মাথোঁ। তেতিয়াই উত্তৰ দিশৰ পৰা আহি থকা বগা চুইফটখন হঠাতেই বৈভৱী আৰু চক্ৰিকাৰ সন্মুখত ৰখাইছিল। ভয়ত কণ্ঠ শুকাই যোৱা যেন হৈছিল দুয়োৰে সেইমুহূৰ্তত । নহবয়ে বা কিয় ? আকস্মিক ভাৱে কোনোবাই সন্মুখত গাড়ী ব্ৰেক মাৰিলে, কলিজা ওলাই অহা যেন অনুভৱ হ'বই। সেই সময়ত খিৰিকীৰ গ্লাচখন নমাই "বৈভৱী" বুলি মাতষাৰ দিয়া সেই যুৱকজনৰ মাতত সকাহৰ নিশ্বাস এৰি, বুকুত হাতখন থৈছিল বৈভৱীয়ে। 
: একদম কাৰেক্ত টাইমত এণ্ট্ৰি মাৰিছা ৰণ দা! মোৰ বেষ্টিৰ গাটো ভাল নহয়, জানা ? বাছবোৰ দেখিছাই !  বলানা ! এইক ঘৰত ড্ৰপ কৰি দিম!"
       বৈভৱীৰ প্ৰস্তাৱত আচৰিত হৈ চাইছিল তাইলৈ চক্ৰিকাই । হয়, চক্ৰিকাৰ বাবে চিন্তা কৰে বৈভৱীয়ে। কিন্তু সেইবুলিয়েই লোকক এনেকৈ কষ্ট দিব পাৰিনে ? তাকো নজনা, নিচিনা ল'ৰাজন! বৈভৱীৰ হাতখনত ধৰি লৈ বাধা দিয়াৰ হেতুকে কৈছিল চক্ৰিকাই।
: নালাগে নেকি ! আমি বাছত যাব কিয় নোৱাৰিম ?
: চুপ থাকচোন ! মই জানো নহয়, তোৰ অৱস্থাটো! কেনেকৈ পাৰিবি ?
          চিন্তাৰে পৰিপূৰ্ণ ধমক সেয়া!  জোখতকৈ বেছি চিন্তিত হৈ পৰিছিল বৈভৱীহে। এৰা, প্ৰিয় বান্ধৱী ঋতুমতী হৈ পেটৰ বিষ সহি থকাটো বৈভৱীয়ে জানো নাজানে ? নিজতকৈ বেছি বৈভৱীৰ মনৰ অস্থিৰতাৰ উমান পাই, সামান্যকৈ হাঁহে চক্ৰিকাই । ইতিমধ্যে ড্ৰাইভিং ছীটৰ পৰা নামি পিছৰ দুৱাৰখন খুলি দিছিল, ছয় ফুটীয়া যুৱকজনে। যাৰ নাম ৰণবিজয় অহুজা ! প্ৰায়ভাগে হয়তো ৰণ বুলিয়েই মাত লগাইছিল !  সেয়ে  বৈভৱীয়েও ৰণ দা বুলিয়েই সম্বোধন কৰে। গাড়ীত বহিবলৈ ইতস্ততঃ কৰা বাবেই বৈভৱীয়ে লাহেকৈ চক্ৰিকাৰ কাণৰ ওচৰত ফুচফুচাই কোৱা সেই কথা।
: আৰে বহনা ! এয়া আমাৰ নেইবাৰ অহুজা আঙ্কলৰ ল'ৰাহে ! একো নহয়। তোক পদূলি মুখত নমাই, ময়ো গাড়ীতে ঘৰলৈ যাব পাৰিম! বাছত ঢাক্কা খাই যাবলৈ মন নাই ৰে! 
        শেষৰফালে অস্বস্তিৰে মুখ কোঁচাই কোৱা, বৈভৱীক কিবা এষাৰ কোৱাৰ আগতে! বৈভৱীয়ে চক্ৰিকাৰ হাতত ধৰি প্ৰায় টানি নিয়াৰ দৰে গাড়ীৰ ভিতৰলৈ লৈ গৈছিল তাইক! চলন্ত গাড়ীৰ ভিতৰত যন্ত্ৰণাত থকা চক্ৰিকাই হয়তো তেতিয়া মন  কৰা নাছিল ৰেয়াৰ ভিউ মিৰৰখনলৈ। সেই সময়ত মনেই কৰা নাছিল, গাড়ী চলোৱাৰ মাজতো এহাল চকুৱে যে ঘনাই তাইকেই চাইছিল! ওৰে বাটটো ৰণবিজয়ে ব্লুটথৰ সহায়ত  হিন্দী আৰু ইংৰাজীতে কাৰোবাৰ সৈতে কথা পতা বাবেই, দুই বান্ধৱীও কথাত ব্যস্ত হৈ পৰিছিল। কথা বিশেষ একো নাই। মাথোঁ বৈভৱীয়ে বাৰে বাৰে এটায়ে সোধে। 
"বৰকৈ বিষাইছে নেকি ? এই পিৰিয়ডছবোৰ বৰ জ্বালা ৰে! হৈছ' হ ! পেট বিষডাল আকৌ কিয় জোৰা হৈ আহিব লাগে ? ঘৰলে গৈ শুই থাকিবি বুইছ' ? হট ৱাটাৰৰ বেগটো পেটত লগাই সেক দিবি!" 
আৰু যে কি কি নকৰিবলৈ কোৱা নাছিল বৈভৱীয়ে তাইক ! বিৰক্তি লগাৰ লগতে হাঁহিও উঠিছিল তাইৰ। এসময়ত পদূলিমুখত গাড়ীখন ৰখোৱাৰ পিছমুহূৰ্ততে, দুৱাৰখন আধা মেলি, নামি লব বিচৰা চক্ৰিকা, এষাৰ মাতত ৰৈছিল। 

: বাই ! মিছ...?

: চক্ৰিকা! 

: নাইচ ! মাইচেল্ফ ৰণবিজয়! 

: য়াহ, আই ন'! 

: টেক কেয়াৰ

      ঈষৎ হাঁহিৰ সৈতে নামি লৈছিল চক্ৰিকা। বৈভৱীকো বিদায় দিয়ে।
" বৈদ্য এটিটিউড থাকিব বুলি ভাৱিছিলো ! বাট হি ইজ নাইচ !" মুখৰ ভিতৰতে বিৰবিৰায় চক্ৰিকাই। দুই ওঁঠত মিচিকিয়া হাঁহি লৈ, ঘৰলৈ খোজ লৈছিল চক্ৰিকা।

     কিছুদিন পিছত কলেজত ক্লাছ নথকা বাবে ক'মন ৰুমত বহি, বৈভৱীৰ মুখেৰে শুনিবলৈ পাইছিল চক্ৰিকাই! সেইদিনা হেনো ৰণবিজয়ে বৈভৱীক, চক্ৰিকাৰ বিষয়ে সুধিছিল! বৈভৱীৰ মুখেৰে চক্ৰিকাৰ কিছু কথা জনাৰ পিছতে ৰণবিজয়ে বেঁকাকৈ হাঁহি "পাৰফেক্ত ফৰ মি" বুলি কোৱা কথাষাৰ! তেতিয়া বৈভৱীৰ মুখেৰে কথাষাৰ শুনি চক্ৰিকাৰ কাণ দুখন গৰম হোৱা যেন অনুভৱ হৈছিল। এক ভাললগা মিঠা অনুভৱ! সেই সময়ত চক্ৰিকাৰ ৰঙা পৰা দুগাল বৈভৱীয়ে দুয়োখন হাতেৰে চিকুটি তাইক জোকোৱা,
" ভালেই হব ! মোৰ বেষ্টি, মোৰ ঘৰৰ ওচৰলৈকে যাব! বেষ্টি ভাবি (বৌ) হ'ব!" 
: যাহ এইজনী। যি টি কৈ নাথাকচোন ! এনেই হয়তো ভাল লাগিছে মোক দেখিবলৈ! সেয়ে তেনেকৈ কৈছে ! বৰ বেছি নাভাৱিবি ! মই এইবোৰ ভাল নাপাওঁ। 
       লাহেকৈ ঢকা মাৰি, লাজুকীয়া হাঁহি মাৰি কোৱা চক্ৰিকাৰ ফালে চাই, চুটি নিশ্বাস এৰি, তাইৰ হাতখন ধৰিছিল বৈভৱীয়ে। খুব গহীন সুৰে বুজাই কৈছিল বৈভৱীয়ে চক্ৰিকাক। ৰণবিজয়ে সঁচাকৈয়ে চক্ৰিকাক লৈ সপোন দেখিবলৈ লৈছিল। সেইদিনাৰ পৰা এনেকুৱা এটা দিন যোৱা নাছিল ! য'ত ৰণবিজয়ে বৈভৱীক দেখিলেই নোকোৱাকৈ নাছিল,
," মোৰ বিষয়ে কবাচোন চক্ৰিকাক! মই তাইৰ সৈতে কথা পাতিব বিচাৰোঁ!" 
বুকু বৰ জোৰকৈ ঢপঢপায় চক্ৰিকাৰ। কি কথা পাতিব ৰণবিজয়ে ? ক্লাচমেট হওক, নাইবা আন ল'ৰাৰ সৈতে কথা পাতিছে তাই আগে-পিছেও! কাৰোবাৰ পৰা মিছড হোৱা নোটছ বিচাৰি, নাইবা কাৰোবাৰ সহায় বিচৰাৰ উদ্দেশ্যৰে। আকৌ কেতিয়াবা কথা পাতিছিল, আচলতে গালি পাৰিবলৈ! কাৰোবাৰ অদৰকাৰী, অন্যায়ী কথাবোৰত হকা-বধা কৰাৰ উদ্দেশ্যৰে ধমকিৰ সুৰে পাতিছিল কথা। তাৰ বাহিৰেটো আন একো কথা পতা নাই ল'ৰাৰ সৈতে। তেনেস্থলত ৰণবিজয়ৰ সৈতে কি কথা পাতিব ?
লাজ এটাই বেৰি ধৰিছিল যেন চক্ৰিকাক ! সেয়ে বৰ বিশেষ নাভাবি তাই ৰণবিজয়ৰ সৈতে কোনো কথা নাপাতে বুলি স্পষ্টকৈ কৈ দিছিল! কিন্তু সেয়া ভাল কৰিলে নে বেয়া ? সেইসময়ত যে চক্ৰিকা সঁচাকৈয়ে বিবুদ্ধিত পৰি ৰৈছিল।---
        বৈভৱীৰ বাৰ্থডে পাৰ্টিত আন বন্ধু-বান্ধৱীতকৈ চক্ৰিকা আগতেই বৈভৱীৰ ঘৰত উপস্থিত হৈছিল । তাকো ৰাতিপুৱাৰ পৰা ফোনত বৈভৱীয়ে কামোৰ দি থকা বাবেই। সন্ধিয়া কেক কাটি হোৱা পিছত গোটেই বন্ধু-বান্ধৱীৰ সৈতে চক্ৰিকাও চোফাত বহি লয়। অৱশ্যে কিছু কিছুৱে চকীত বহি লয়। খোৱালৈ সময় থকা বাবেই আটায়ে কথা পাতি আছিল। তাৰ মাজত চক্ৰিকাই নিজৰ মোবাইল ফোনটোহে চোৱাত ব্যস্ত আছিল। কেক কটা সময়ত উঠা চেল্ফিকেইখন মান বাছি বাছি ফেচবুকত আপলোড কৰাৰ লগতে হুৱাটচ এপ ষ্টেটাচতো লগায় তাই। মাজতে এবাৰ ফোনটো হাতৰ মুঠিত ৰাখি মূৰতুলি চোৱাত, উচপ খাই উঠে চক্ৰিকা। চাপৰ, কাচৰ টেবুলখনৰ বিপৰীত দিশত চক্ৰিকাৰ মুখামুখিকৈ চকী এখনত বহি ৰৈছিল ৰণবিজয় অহুজা। বুকুখনৰো যে কি হয় সেই সময়ত ! ৰণবিজয় নামটো মনলৈ আহিলেই জোৰকৈ ঢপঢপাই! তেনেস্থলত সন্মুখত বেঁকা হাঁহিটোৰে তাইলৈ চাই থকা নামটোৰ গৰাকীজনক দেখি, উশাহ ঘনেই হৈছিল নে চুটি! একো ধৰিব পৰা নাছিল চক্ৰিকাই সেই সময়ত। 
: মনত আছে ন' ? সেইদিনা যে..
: অ' আছে! 
       কেনেবাকৈ ঈষৎ হাঁহিৰ সৈতে কৈ, আকৌ দুচকু ফোনটোৰ ওপৰত ৰাখে।  উদ্বিগ্নতাত মোবাইলৰ স্ক্ৰীণখনত যি টি টেপ কৰিছিল চক্ৰিকাই। মাজতে এবাৰ মূৰ তুলি, চাই দেখে। ৰণবিজয়ে তেতিয়াও চাই ৰৈছিল চক্ৰিকাকেই। 
" ইমান কিয় চাই থাকিব লাগে ? তেওঁৰ লাজ নাই বুলি! মোকো লাজ নাইকিয়া বুলি ভাৱিছে নেকি ?" - স্বগতোক্তি কৰি, ওঁঠচেপি হাঁহিছিল তাই। আচলতে মিঠা হাঁহিটো লুকুৱাবলৈ চেষ্টাহে আছিল সেইয়া। এপাকত লাহেকৈ উঠি, ৰণবিজয়লৈ নোচোৱাকৈ বৈভৱীক বিচাৰি আঁতৰি যায় চক্ৰিকা। কালৈকো কেৰেপ নকৰা ছোৱালীজনীয়ে বাৰ্থডে পাৰ্টিত ৰণবিজয়ৰ পৰা পলাই ফুৰিছিল। ভয় নহয়! চাগৈ লাজত। একো এটা যেন ভালকৈ খাবও পৰা নাছিল চক্ৰিকাই। পাৰ্টি শেষ হোৱা পিছত, বৈভৱীক মাত লগাই বিদায় লোৱা সময়তো ৰণবিজয়লৈ ইচ্ছা কৰিয়ে চোৱা নাছিল তাই। অথচ চক্ৰিকাৰ পৰা এষাৰ মাত পোৱাৰ আশাৰে, বৈভৱীৰ ওচৰতে থিয় হৈ আছিল ৰণবিজয়। নিৰাশ হৈ অপলক নেত্ৰেৰে, আঁতৰি যোৱা চক্ৰিকালৈ চাই ৰোৱা ৰণবিজয়ে অকস্মাতে উচ্চস্বৰে মাত লগাই

: চক্ৰিকা, এক মিনিট ?

      মিচিকিয়া হাঁহিটো মাৰি, ৰৈ গৈছিল চক্ৰিকা।! মাথোঁ ঘূৰি চোৱা নাছিল। লৰ মাৰি, চক্ৰিকাৰ ওচৰ পোৱা ৰণবিজয়ে ঘন উশাহৰ সৈতে ৰৈ ৰৈ কৈছিল সেই সময়ত। 

: কথা আছে ! এট লিষ্ট, গেইটৰ ওচৰলৈকে তোমাৰ লগত খোজকাঢ়ি যাব পাৰিম ন' ?

         মুখত হাঁহিটো তৎক্ষণাত লুকুৱাই, গহীন হোৱাৰ অভিনয় কৰিয়েই, মূৰটো লাহেকৈ দুপিয়াইছিল তাই। তাৰ পিছত মিচিকিয়া হাঁহি মাৰি কটাক্ষ চাৱনিৰে ৰণবিজয়ে চক্ৰিকালৈ চাই, খোজ আগবঢ়াইছিল। লিভিং ৰুমৰ পৰা গেইটৰ বাহিৰলৈ দিয়া খোজকেইটাও সিমানেই ভাললগা আছিল! যিমান তাইৰ, ৰণবিজয়ৰ মুখেৰে ওলোৱা প্ৰতিটো শব্দ শুনি ভাল লাগিছিল। বৰ খুঁহুতীয়া ৰণবিজয় নামৰ ল'ৰাজন। খোলা মনৰ। মনত কথা লুকুৱাই ৰাখিব নাজানে! সেয়ে হয়তো অকস্মাতেই খোলাকৈ মনৰ কথাও ব্যক্ত কৰে।  
" মোৰ তোমাক বহুত ভাল লাগে চক্ৰিকা! ইনফেক্ত, ভাল পায় পেলাইছোঁ মই তোমাক!" 
অবাক হৈ ৰৈছিল চক্ৰিকা। ইয়াৰ পিছত কবয়ে বা কি তাই! ৰণবিজয়ে হঠাৎ এনেদৰে মনৰ কথা কব বুলি ভবা নাছিল। গেইটৰ ওচৰ পায় জঠৰ হৈয়ে ৰৈছিল তাই কিছু সময়। চক্ৰিকাৰ উদ্বিগ্নতাৰ উমান পায়, তাইক সহজ কৰি তোলাৰ বাবে হাতখন ধৰিব বিচাৰিছিল ৰণবিজয়ে। কিন্তু তৎক্ষণাত হাতখন কোঁচাই, হুৰমূৰকৈ আঁতৰি গৈছিল চক্ৰিকা। খং উঠা নাছিল তাইৰ, হয়তো প্ৰথমবাৰলৈ তাইৰ মনত উৎপন্ন হৈছিল, মিঠা মিঠা যেন লগা ভয় এটা। এবাৰলৈও ঘূৰি নোচোৱা চক্ৰিকালৈ চায়েই আকৌ এবাৰ চিঞৰি কৈছিল ৰণবিজয়ে

" বৈভৱীৰ পৰা তোমাৰ নম্বৰটো লৈছোঁৱেই! মই ভাৱো! মই পাৰমিছন পায় গলো। ফোন, মেচেজ কৰিম । সাজু থাকিবা কামোৰটোক সহিবলৈ!" 

        জোৰকৈ ঢপঢপোৱা বুকুত হাতখন থৈয়েই, আগবাঢ়িছিল তাই। কিছু সময় পিছত ঘৰ পোৱা চক্ৰিকাই, মনটো কিন্তু এৰি থৈ আহিছিল বৈভৱীহঁতৰ গেইটৰ ওচৰত। ইমান ভাললগা আছিল সেই মুহূৰ্ত! তাতোকৈ বেছি ভাললগা আছিল নিশা এঘাৰ বজাৰ লগে লগেই অহা অচিনাকি নম্বৰৰ মেচেজটো। 

---"মই জানো! তুমি মোৰ মেচেজৰ বাবে ৰৈ আছা।"

       হয়তো মেচেজটো নব্বৈ শতাংশই সঁচা আছিল। সেয়া আৰম্ভণি আছিল ৰণ আৰু চক্ৰৰ প্ৰেমৰ। স্বীকাৰোক্তি কৰা নাছিল যদিও, ৰণবিজয়ৰ কথাবোৰ আওকাণো কৰা নাছিল তাই। বুজিবলৈ কিবা বাকী আছিল জানো তাৰ! ৰণবিজয়ৰ প্ৰতিটো মেচেজৰ প্ৰত্যুত্তৰ দিবলৈ অকণো সময় লগোৱা নাছিল চক্ৰিকাই। ফোনৰ স্ক্ৰীণখনত "ৰণ" নামটো জিলিকি উঠিলেই, হঠাতেই উজ্বলি উঠা চক্ৰিকাৰ মুখখনৰ দ্বাৰাই প্ৰমাণিত হৈছিল। ৰণবিজয়ৰ বেমাৰটোৱে চক্ৰিকাকো লগ দিছিল। অজানিতে, মচিব নোৱাৰাকৈ তাই হৃদয়খনত লিখি পেলাইছিল এটা নাম। "ৰণবিজয়"! মুখেৰে প্ৰকাশ কৰা নাছিল কিন্তু ,তাইৰ যেন উশাহ হৈ পৰিছিল ৰণবিজয়। যিজন নহলে, তাই চলিব নোৱাৰিব! নোৱাৰিবয়ে তাই। ৰণবিজয়ৰ পচন্দবোৰেই হৈ পৰিছিল চক্ৰিকাৰো পচন্দ! মাথোঁ ৰণবিজয়ৰ দুটা বদভ্যাসে মাজে মাজে খং তোলাইছিল চক্ৰিকাক! সুৰাৰ ৰাগিত মাতাল হোৱা আৰু কেচিন'লৈ গৈ অকাৰণে পইছা উৰুৱাটো। অৱশ্যে চক্ৰিকাৰ ধমকত কিছু পৰিমাণে কমিছিল পিছলৈ মদ আৰু জুৱাৰ ৰাগি। 

: তুমি যদি এইবোৰ নকমোৱা নহয়। আই চুৱেৰ ৰণ ! আঁতৰি যাম তোমাৰ জীৱনৰ পৰা। পাপাই যাৰ লগতে বিয়া দিব বিচাৰে, তাৰ লগতেই বিয়া হ'ম! আৰে, মই বেয়া পাওঁ এইবোৰ। এনেকুৱা মদ আৰু জুৱাৰ আসক্ত লোকসকললৈ মোৰ ভয় লাগে! 

:  চৰি চৰি চৰি! মই সকলো বাদ দিম! মাথোঁ মোক এৰি যাম বুলি নকবা! মই শেষ হৈ যাম।

        চক্ৰিকাক হেৰুৱাৰ ৰণবিজয়ৰ ভয়ৰ উমান পাইছিল তাই। সেই একেটাই ভয় জানো তাইৰো নাছিল ? পিতৃ-মাতৃ হালে চক্ৰিকাক লৈ, অইন সিদ্ধান্ত লোৱাৰ আগতে ! সুযোগ বুজি, এদিন তাই কৈছিল ৰণবিজয় আৰু তাইৰ সম্পৰ্কৰ কথা! প্ৰথমে চক্ৰিকাৰ দেউতাকে অমান্তি হৈছিল যদিও! ৰণবিজয়ে এদিন অভিভাৱকৰ সৈতে চক্ৰিকাৰ ঘৰলৈ আহি বুজাইছিল চক্ৰিকাৰ পিতৃ মাতৃক! অসন্তোষ মনেৰে পিতৃয়ে মানি লৈছিল ল'ৰা, ছোৱালীহালৰ সম্বন্ধটোক! চক্ৰিকাৰ পঢ়া শেষ হোৱাৰ পিছতেই দুয়োখন ঘৰে দুয়োৰে বিয়া পাতি দিয়াৰ কথাও আলোচনা কৰি থয়। 

     দেওবাৰে সন্ধিয়া ৰণবিজয়ৰ সৈতে এপাক ওলাই যোৱাৰ সিদ্ধান্ত লৈছিল চক্ৰিকাই। সেই সময়খিনি আনন্দৰে উপভোগ কৰে চক্ৰিকাই। অৱশ্যে ! ৰণবিজয় ওচৰত থকা মানেই কেৱল আনন্দয়ে। তাত বেয়া লগা সামান্যতমো ওচৰ চাপিব নোৱাৰে। কেৱল মিঠা মিঠা লগা অনুভৱ! দেহত পৰা বিশ্বাসৰ হাতখনৰ পৰশবোৰ! কপাল, গাল আৰু দুই ওঁঠত দিয়া মৰমৰ পৰশবোৰ! আটাইতকৈ প্ৰিয়, জিৰণি লব পৰা ঠাই! ৰণবিজয়ৰ বুকুখন  য'ত কাণখন থলেই তাই শুনে প্ৰিয় পুৰুষৰ হৃদস্পন্দন! সকলো কেৱল ভাললগা! 

: ৰণ! মোক ঘৰত নমাই, তুমি চিধা ঘৰলৈ যাবা! আজি দেৰি হৈ গ'ল ন' ?

: একো নহয়। মইচোন আছোঁৱে তোমাৰ লগত। পাপাই একো চিন্তা নকৰে! 

        খালী পথটো পোৱাৰ লগে লগেই, ৰণবিজয়ে গাড়ীৰ গতিবেগ সামান্য বঢ়াই দিলে। এসময়ত পদূলিমুখত গাড়ীখন ৰখাই! চক্ৰিকাৰ সৈতে ঘৰৰ ভিতৰলৈ গৈছিল ৰণবিজয়! পলম হোৱাৰ বাবে চক্ৰিকাৰ পিতৃ-মাতৃক ক্ষমা বিচাৰিব! শেষত চক্ৰিকাৰ মাক-দেউতাকক মাত লগাই ওলাই অহা ৰণবিজয়ক দুৱাৰ পাৰ হৈ আহি, মাত লগাই চক্ৰিকাই। মিচিকিয়াই হাঁহি আকৌ উভতি আহে ৰণবিজয় তাইৰ ওচৰলৈ। 

: ভালকৈ যাবা। ইমান যে দেৰি হ'ল! তাত আকৌ সেই নিৰিবিলি পথটোৰে যাব লাগিব!

: তেন্তে ৰাখি থোৱা আজি ৰাতিটো তোমাৰ লগত ! মইটো ৰেডীয়েই! 

         চক্ৰিকাৰ শংকা আঁতৰাবলৈ, বেকাকৈ হাঁহি ব্যংগাত্মক সুৰত কোৱা ৰণবিজয়ৰ কথাষাৰত, তাৰ বাউসিত লাহেকৈ থাপৰটো মাৰিয়েই কৈছিল চক্ৰিকাই। 

: ধেৎ এইটো! লাজ নাইকিয়া কৰবাৰ।

       হাঁহি হাঁহি আঁতৰি গৈছিল ৰণবিজয়! সেয়া আছিল ৰণবিজয় আৰু চক্ৰিকাৰ শেষ হাঁহি। কোঠালৈ উভতি অহা চক্ৰিকাই মাথোঁ বিছনাত বহি অপেক্ষা কৰি ৰৈছিল। ৰণবিজয় ঘৰলৈ গৈ পোৱা পিছত এটা ফোন কৰিব বুলিয়েই! মাকে খাবলৈ মতা পিছতো, পিছত খাব বুলিয়েই ওলাই নাহিল! ৰণবিজয়ৰ ফোনলৈ বাট চাই বহু সময় পাৰ হয়। কিন্তু অহা নাছিল মনৰ মানুহজনৰ ফোন! বৰঞ্চ তাই কৰা ফোনৰো উত্তৰ নিদিলে। ৰণবিজয়ে বিচৰাৰ দৰে, নিশাটোৰ বাবে সঁচাকৈয়ে ৰাখি থব লাগিছিল নেকি চক্ৰিকাই তাইৰ ৰণক! কিয় ৰাখি নথলে তাই ? 

"আমাৰ ৰণক মাৰি পেলালে অ' চক্ৰিকা!" 

      পুৱতি নিশা মিষ্টাৰ অহুজাই ফোনত কোৱা কথাষাৰে কাঢ়ি নি আকাশলৈ দলিয়াইছিল যেন চক্ৰিকাৰ প্ৰাণ। ৰণবিজয়ৰ ওচৰলৈহে পঠিয়াইছিল যেন জীয়া শ' টোৰ প্ৰাণটোক।
পুৱতি নিশা বাটৰুৱা এজনে দেখিছিল বাটত ৰৈ আছে এখন গাড়ী। দুৱাৰ মেলা। সৰু সৰুকৈ কেইবাটুকুৰা কাগজ পৰি ৰৈছে গাড়ীৰ ঠিক কাষতে, পথৰ ওপৰত। দিঙিৰে  নিগৰি, সেই কাগজৰ ওপৰেৰে বৈ আছিল এখন ৰাঙলী নদী।  আৰক্ষীয়ে তদন্ত কৰি উমান পাইছিল যে কোনোবা ডকাইতে লুণ্ঠন কৰি, শেষত দিঙি ৰেপি হত্যা কৰিছিল ৰণবিজয় অহুজাক।
 কিয় এনেকুৱা হ'ল ? কেনেকৈ হ'ল ? ৰণ নাই যদি চক্ৰ কেনেকৈ থাকিব! নোৱাৰে! ৰণবিজয় অবিহনে জীয়াই থাকিব নোৱাৰে বুলিলেই আত্মহত্যাৰ চেষ্টা চলাইছিল চক্ৰিকাই। কিন্তু, মৃত্যুৱে আকোঁৱালি নললে তাইক। উভতি নহাৰ বাটৰ লগৰী হিচাপে নিবিচাৰিলে ৰণবিজয়ে চক্ৰিকাক।

" ৰণৰ আত্মাক কষ্ট নিদিবা চক্ৰিকা। ৰণে বেয়া পোৱা কাম তুমি কৰিব নোৱাৰা! সি মুক্তি নাপাব। " - 

       সকলোৰে অনুৰোধ বাণীত মানসিক ভাৱে সম্পূৰ্ণকৈ সুস্থ হ'ব পৰা নাছিল যদিও, কিছু চম্ভালি লৈছিল নিজকে। নিদিয়ে চক্ৰিকাই  ৰণবিজয়ৰ আত্মাক কষ্ট! সি বেয়া পোৱাবোৰ কেতিয়াও নকৰে তাই। তেন্তে হৰ্ষিতৰ সৈতে বিয়া ? সেয়া জানো ভালপাব ৰণৰ আত্মাই। কিন্তু তাই উপায়হীন‌। এবছৰ আগতে পিতৃক কথা দিছিল চক্ৰিকাই। কৰ্কট ৰোগত আক্ৰান্ত হোৱা পিতৃয়ে বিছনাত শুই থকা অৱস্থাতেই নিজৰ শেষ ইচ্ছা ব্যক্ত কৰিছিল। জীয়ৰীৰ উকা শিৰটো ৰাঙলী হলেহে শান্তি পাব তেখেতৰ অন্তৰে।  জীয়ৰীৰ বিয়াৰ পিছতহে মুক্তি লাভ কৰিব হেনো তেখেতৰ শৰীৰৰ লগতে আত্মায়ো। শয্যাশায়ী পিতৃয়ে এটা বছৰে বিছনাত শৰীৰৰ অসহনীয় যন্ত্ৰনাতে আছে। সঁচাকৈয়ে মুক্তি পোৱা নাছিল শৰীৰটোৱে। চাগৈ জীয়ৰীৰ বিয়াৰ পিছতহে মুক্তি লাভ কৰিব, তেখেতৰ যন্ত্ৰণাদায়ক শৰীৰটোৱে। 

     এবছৰ আগতেই চক্ৰিকাৰ অসুস্থ পিতৃ, তথা সকলোৰে সন্মুখত, হৰ্ষিতে তেখেতৰ  আশা পূৰণ কৰাৰ হেতুকে আগবঢ়াইছিল চক্ৰিকালৈ বিয়াৰ প্ৰস্তাৱ। য'ত পিতৃয়েও জীয়ৰীক দুইহাত যোৰ কৰি ভিক্ষা মাগিছিল এই সুখখিনিৰ। সকলোৰে জোৰৰ ফলত, দোষী মনটোৰে ৰণবিজয়ক এবাৰ সোঁৱৰি, অনিচ্ছাকৃতভাৱে মান্তি হৈছিল তাই হৰ্ষিতৰ সৈতে হোমৰ গুৰিত বহিবলৈ। 

: বাঃ! বৰ ধুনীয়াকৈ আঁকি দিছে অ চক্ৰ! 

       প্ৰিয় বান্ধৱী, বৈভৱীৰ মাততহে সম্বিৎ ঘূৰাই পায়, বৰ্তমানলৈ উভতি আহে চক্ৰিকা। সজল হৈ পৰা চকুযুৰিৰে, বৈ যাব দিয়া নাই  চকুলো। স্বস্তিৰ নিশ্বাসটো এৰি, বৈভৱীৰ কথাষাৰ সহমত কৰাৰ হেতুকে মূৰ দুপিয়াইছে চক্ৰিকাই।

: ঐ মেহেন্দীৰ ওপৰত নেমুৰস দিলে হেনো কাঢ়া ৰং উঠে! হৰ্ষ দা...

       চক্ৰিকাৰ হাতৰ তলুৱাত "R" আখৰটো দেখি, এক মুহূৰ্তৰ বাবে ৰৈ যায় বৈভৱী। বুজে তাই প্ৰিয় বান্ধৱীৰ মনটোক। চক্ৰিকাৰ ওচৰ চাপি, বহা বৈভৱীয়ে নম্ৰসুৰে কয় তাইক।

: ছয় বছৰ হৈ গ'ল চক্ৰ ! এতিয়াটো পাহৰিবলৈ চেষ্টা কৰ ৰণ দাক। পৰহিলৈ তোৰ বিয়া! বিয়া হ'বলৈটো সাজু হৈছ' কিন্তু মনটোক কিয় দোমোজাত ৰাখিছ' ? এতিয়াও মুকলি কৰিব পৰা নাই তই তোৰ মনটোক।
 চা! মোক চেল্ফিছ বুলি নাভাৱিবি। কিন্তু ৰণ দাৰ স্মৃতিয়ে তোক কেৱল কষ্ট দি আছে। হৰ্ষ দায়ে তোক ৰণ দাৰ সমানেই ভালপায়। তই যেনেকৈয়ে বিচাৰ' তেনেকৈয়ে সকলো কৰি গৈ আছে। তোৰ মুখৰ হাঁহিটো চাবলৈ অপ্ৰাণ চেষ্টা কৰে হৰ্ষ দায়ে। এটা সুযোগ দেচোন হৰ্ষ দাকো।  ৰণ দা কেতিয়াও উভতি নাহে চক্ৰ ! সেয়া তয়ো জান'! এৰি থৈ গৈছে আমাক তেওঁ। 

: এৰি থৈ যোৱা নাই বৈভু। ৰণ আছে। মোৰ হৃদয়ত আছে! 

: এতিয়া তাত অকণমান ঠাই হৰ্ষ দাকো দে চক্ৰ ! ৰণ দায়ে বেয়া নাপায় নহয়! ৰণ দায়ে, তই সদায় হেপ্পী হৈ থকাটো বিচাৰিছিল। তোৰ এই উদাসী মুখখনে জানো শান্তি দিব ৰণ দাক ? বিয়া হ'বলৈ ওলাইছ' কিয় ? অসন্তুষ্ট মন এটা লৈ বিয়া হোৱাতকৈ, নোহোৱাই ভাল। ৰণ দাক পাহৰাটো হয়তো তোৰ বাবে অসম্ভৱ হ'ব! কিন্তু হৰ্ষ দালৈও মন কৰিবিচোন এবাৰ ! সিও তোৰ সুখৰ বাবে সকলো কৰিব পাৰে। এয়া তোক এজন ককায়েকৰ ভনীয়েকে কোৱা বুলি নাভাৱিবি! এয়া তোৰ প্ৰিয় বান্ধৱীয়েই কৈছে চক্ৰ। তই এনেকৈ থাকিলে আমাৰ ভাল নালাগে!

      হঠাৎ বজা ফোনটো ৰিচিভ কৰি, বৈভৱীয়ে
 " উমম! ৰৈ থাক তাতেই! গৈ আছোঁ।" -বুলি  কৈ চাই ৰৈছে তাই চক্ৰিকালৈ। আকৌ ভাৱনাৰ সাগৰত বুৰ যাব লোৱা চক্ৰিকাৰ গালখন চুই শান্তসুৰে কয় বৈভৱীয়ে। 

: কথাবোৰ ভাৱি চাবি! আৰে, ৰণ দাৰ মাক, দেউতাক যদি তোৰ আৰু হৰ্ষ দাৰ বিয়াখনক লৈ সুখী! তেন্তে, তই কিয় হ'ব পৰা নাই ? চাচোন আণ্টিলৈ! 

       মুখ ঘূৰাই চাইছে, চক্ৰিকাই মিচেৰ্ছ অহুজাৰ ফালে! হয়! সুখী তেখেত! এমাহ আগৰ পৰাই ৰণবিজয়ৰ পিতৃ-মাতৃ ব্যস্ত হৈ পৰে চক্ৰিকাৰ বিয়াখনক লৈ! শয্যাশায়ী পিতৃৰ ভাগৰ সকলো দায়িত্বৰ বোজা পাতল কৰাৰ দায়িত্ব লৈছিল ৰণবিজয়ৰ পিতৃ-মাতৃয়ে। তেওঁলোকৰ সঁচাকৈয়ে বেয়া লগা নাই ?

: ৰণ দা আঁতৰি গৈছে চক্ৰ! এয়াই সত্য! মই তোক ৰণ দাক পাহৰি যাবলৈ কোৱা নাই। মাথোঁ তেওঁৰ স্মৃতিত মনটোক বান্ধি ৰাখিবলৈ মানা কৰিছোঁ। মই আহোঁ! হৰ্ষ দা বাহিৰতে ৰৈ আছে। কাইলৈ আৰু পৰহিলৈ মই দৰাৰ ভনীয়েকহে। কইনাৰ বেষ্টি নহয়! বুজিলি ? নাউ বাই! এণ্ড টেক কেয়াৰ চুইটহাৰ্ট!

        চক্ৰিকাক এবাৰ সাবটি ধৰি, বিদায় লয় বৈভৱী । হৰ্ষিত! বৈভৱীৰ গহীন গম্ভীৰ ককায়েকজন! যিজনে ভনীয়েকৰ বাৰ্থডে পাৰ্টিত চক্ৰিকাক প্ৰথমবাৰ দেখিয়েই হেৰুৱাইছিল নিজৰ মনটোক! প্ৰথম চাৱনিতেই হৰ্ষিতৰ মনৰ দুৱাৰত টোকৰ দিয়া ছোৱালীজনী, চক্ৰিকা! ৰণবিজয়ৰ দৰে বৈভৱীৰ ককায়েকেও চক্ৰিকাৰ বিষয়ে সকলো জানি লোৱাৰ উদ্দেশ্যৰে ভনীয়েকৰ ওচৰ পাইছিল! হয়তো। ৰণবিজয়ৰ দৰে চক্ৰিকাৰ সৈতে সপোন দেখিছিল হৰ্ষিতেও। কিন্তু পলম হৈছিল হৰ্ষিতৰ! চক্ৰিকাৰ হৃদয়ত ৰণবিজয় থকা বুলি গম পোৱা পিছতে সপোন ভাঙি চুৰমাৰ হয় হৰ্ষিতৰ। নিজৰ আশা কৰবালৈ দলিয়াই, ৰণবিজয় আৰু চক্ৰিকাৰ সুখতে সুখী হ'ব বুলিয়েই থিৰাং কৰিছিল সেই সময়ত! কিন্তু, ৰণবিজয়ৰ আকস্মিক মৃত্যুৱে প্ৰায় আধা মৰা কৰি পেলোৱা চক্ৰিকাক দেখি হাহাকাৰ কৰিছিল হৰ্ষিতৰ মনে! এদিন কথাই কথাই হৰ্ষিতে ভনীয়েকক কৈছিল! 

: চক্ৰিকাৰ মনৰ দুখবোৰ আঁতৰাব পৰা হ'লে! তাইৰ ধুনীয়া হাঁহিটো উভতাই দিব পৰা হ'লে!" 

         ভনীয়েকক কৈ পেলাইছিল হৰ্ষিতে নিজৰ মনৰ কথা! অতিকৈ আনন্দিত হৈছিল বৈভৱী, ককায়েকৰ মনৰ কথাবোৰ জনাৰ পিছত। হয়তো বাকী লোকসকলেও আপত্তি নকৰিব! কিন্তু দোমোজাত পৰি ৰৈছিল বৈভৱী! চক্ৰিকাই জানো মানিব ? হঠাৎ চক্ৰিকাৰ পিতৃৰ অসুস্থ শৰীৰৰ খবৰ লবলৈ গৈছিল বৈভৱী আৰু হৰ্ষিত! চক্ৰিকাৰ পিতৃ আৰু কিমান দিনলৈ জীয়াই থাকিব! সেয়া ঈশ্বৰেহে জানে বুলি চিকিৎসক জনে কোৱাৰ পিছত আকৌ এবাৰ ভাগি পৰিছিল চক্ৰিকা! সেই সময়ত চক্ৰিকাক চম্ভালি লোৱা হৰ্ষিতলৈ মন কৰিছিল অসুস্থ পিতৃয়ে! উমান পাইছিল তেখেতেও চক্ৰিকাৰ কষ্টই হৰ্ষিতৰ অন্তৰকো আঘাত কৰে! চাগৈ ঈশ্বৰৰ সংকেতক বুজি উঠিয়েই পিতৃয়ে চক্ৰিকাৰ আগত ব্যক্ত কৰিছিল শেষ ইচ্ছা! য'ত হৰ্ষিতেও মনৰ ইচ্ছা প্ৰকাশ নকৰাকৈ থাকিব নোৱাৰিলে। সেই সময়তে হৰ্ষিতে চক্ৰিকাৰ পিতৃৰ আশা পূৰণ কৰিব বিচাৰে বুলিয়েই, চক্ৰিকাক বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল। শৰীৰৰ বেদনাৰ মাজতে সুখী যেন অনুভৱ কৰিছিল চক্ৰিকাৰ পিতৃয়ে‌। লগতে বুজিছিল তেখেতে! তেখেতৰ এই ইচ্ছাই জীয়ৰীক হয়তো কষ্ট দিব পাৰে! কিন্তু লগতে বিশ্বাস এটাও ওপজিছিল সেইসময়ত! এবাৰ বিবাহৰ বান্ধোনত বান্ধ খালে পাহৰিব চক্ৰিকাই অতীতক। হৰ্ষিতৰ মৰমে হয়তো বাধ্য কৰাব ৰণবিজয়ক পাহৰাই পেলাব! কিন্তু সেয়া অসম্ভৱ! ৰণবিজয়ক পাহৰি যোৱা চক্ৰিকাৰ বাবে অসম্ভৱৰ দৰেই! সেয়ে আজিও মেহেন্দীৰে লিখে তাই ৰণবিজয়ৰ নামৰ প্ৰথম আখৰ! কিন্তু বৈভৱীয়ে কোৱাবোৰো চোন মিছা নহয়! হৰ্ষিতৰ মাজতে কেতিয়াবা কেতিয়াবা তাই বিচাৰি পায় ৰণবিজয়ক! একেই মৰম, একেই চিন্তা! সকলোৰে বাবে গহীন ল'ৰাটোৱে এতিয়া চক্ৰিকাক হঁহোৱাবলৈ কি কি যে নকৰে! তাইক সুখী কৰিবলৈ কত' কিমান চেষ্টা কৰে। মুখেৰে প্ৰকাশ নকৰে চক্ৰিকাই। কিন্তু, অজানিতে  ভাল লাগিব লৈছে তাইৰ হৰ্ষিতক। ৰিক্ত হৃদয়ত, মৰহা গোলাপৰ মাজতো কেতিয়াবা বিচাৰে ৰঙা কলি মেলিবলৈ। 
"তাত অকণমান ঠাই হৰ্ষ দাকো দে চক্ৰ! ৰণ দায়ে বেয়া নাপায় নহয়!" - বৈভৱীয়ে কোৱাৰ দৰে যোৱাকালি মিচেৰ্ছ অহুজায়ো চোন বুজাই  কৈছিল চক্ৰিকাক। 

: মন মাৰি নাথাকিবা চক্ৰিকা! তুমি তোমাৰ ভৱিষ্যতৰ কথা ভাৱা। আকোঁৱালি লোৱা হৰ্ষিতক। ৰণৰ কথা ভাৱি তোমাৰ হবলগীয়া সুখৰ সংসাৰখনত খেলিমেলি নলগাবা! সকলোৱে জানে! আৰু তুমিও জানা! ৰণ এতিয়া বহু দূৰত! আমি ঢুকি নোপোৱাকৈ সৌ আকাশত তৰাটো হৈ আছে আমাৰ ৰণ। উভতি নহাৰ বাটেৰে গুচি গৈছে সি। তুমি হৰ্ষিতৰ সৈতে সুখী হ'বলৈ চেষ্টা কৰা। মই নিশ্চিত, তোমাৰ সুখত, ৰণে কেতিয়াও দুখ নাপায়! জীৱনটো নতুনকৈ আৰম্ভ কৰিলে ৰণে তোমাক কেতিয়াও বেয়া নাপায় চক্ৰিকা! হৰ্ষিত বহুত ভাল ল'ৰা। তোমাৰ বাবে সকলো কৰি থকা ল'ৰাজনক তোমাৰ হৃদয়ত ঠাই দিবলৈ চেষ্টাটো কৰি চোৱা ? ময়ো তোমাৰ মা! এইজনী মাৰ কথাও মানি লোৱা চক্ৰিকা। 

        সকলোৱে সেয়াই বিচাৰে। চাগৈ ৰণবিজয়েও! আকাশৰ চিনাকি তৰাটো বৰকৈ উজ্বলি আছে এইমুহূৰ্তত। 
" ৰণ শৰীৰত উশাহ থকালৈকে তুমি মোৰ হৃদয়ত থাকিবা। তাত অকণমান ঠাই হৰ্ষিতক দিলে, তুমি বেয়া নোপোৱা ন'?"- স্বগতোক্তি কৰি, অপলক চকুযুৰিৰে চাই ৰৈছে চক্ৰিকাই তিৰবিৰাই থকা চিনাকি তৰাটোলৈ। তৰা হৈ থকা ৰণবিজয়েও যেন ইংগিত দিছে , হৰ্ষিতক আকোঁৱালি ল'বলৈ। এৰা, আকোঁৱালি ল'বলৈ চেষ্টা কৰিব চক্ৰিকাই! সামান্য সামান্য ভাললগা বোৰ, ভালপোৱালৈ ৰূপান্তৰ কৰিব। কেৱল সকলোৰে ইচ্ছা পূৰণ নহয়! নিজৰ মনটোত জাগিব লোৱা ইচ্ছা পূৰণ কৰিব তাই। তমসাবৃত বুকুত ধীৰে ধীৰে সুখৰ নৈ বব'! ধীৰে ধীৰেই হৈ যাব তাইৰ দ্বিতীয় প্ৰেম। পুনৰ হাতৰ তলুৱাত থকা হৰ্ষিত নামটোৰ সৈতে "R" আখৰটোৰ ওপৰত দৃষ্টি ৰাখি, প্ৰথমবাৰৰ বাবে চক্ৰিকাই হৰ্ষিতলৈ ফোন লগাই। "হেল্ল" উত্তেজনাপুৰ্ণ হৰ্ষিতৰ মাতষাৰত তাই উশাহ সলাই কয় লাহেকৈ। 

: থেংক ইউ হৰ্ষ! ফোৰ কামিং টু মাই লাইফ! 

          হৰ্ষিত মূক হৈ ৰ'বলৈ এইকেইটা শব্দই যথেষ্ট আছিল। অপ্ৰত্যাশিত ভাৱে হৰ্ষিতে পাইছে যেন সীমাহীন সুখ। এৰা, লাইফে কৈছে তাক, "থেংকচ ফৰ কামিং টু মাই লাইফ"! ইয়াতকৈ বেছি আনন্দ আৰু কি হ'ব পাৰে! চক্ৰিকাৰ হৃদয়ৰ দুৱাৰখন খোল খাব হৰ্ষিতৰ বাবে!  বুকুত মৰহা গোলাপৰ কাষৰতে, পুনৰ মেলিব এটা ৰঙা কলি !

হেঙেৰাবাৰী, গুৱাহাটী

অঙ্গন:  পৃষ্ঠাঃ 38
সপোনত যদি কেতিয়াবা মৰীচিকা দেখো

জ্যোতিস্মিতা বৰা

পূৰ্ৱদিশৰ ৰাজ্যখনত বেলিটোৱে দেখা দিছেহি। এতিয়াও কিৰণবোৰ পৃথিৱীত পৰাহি নাই, এটি নিজম কাহিলি পুৱা, মাথোঁ অ'ত-ত'ত শুনা গৈছে পক্ষীৰ কলৰোল। ঘৰচিৰিকা পোৱালিকেইটাই আগফালৰ চোতালখনতে পৰি চিৰ - চিৰাইছে । তাই দৰ্জাখন খুলি ওলাই গৈছে বাহিৰলৈ । মাকে ইতিমধ্যে বাৰী চোতাল সাৰিলে। চোতালতে থকা নামঘৰটোত আইতাকে ধূপ- ধূনা জ্বলাইছে। ধূপৰ সুগন্ধিয়ে দশোদিশ উদ্ভাসিত কৰিছে।  তাই জুইশালৰ পৰা এঙাৰ এটা লৈ দাঁত ঘহিছে। 
:- মাইনা উঠিলি, যা মুখখন ধুই আহ, মই চাহ দিছোঁ খাই অলপ পঢ়। আকৌ স্কুললে যাব লাগিব নহয়।
      চন্দ্ৰানী! চন্দ্ৰানী হাজৰিকা গাঁও খনৰ এটা প্ৰসিদ্ধ নাম। গাওঁ খনৰ অতি দুখীয়া মানুহ, দেউতাক চন্দনৰ একমাত্ৰ জীয়ৰী। কিন্তু তাইক কোনে ৰুদ্ধ কৰিব পাৰিব। নৈ গৈ সাগৰত পৰাৰ দৰে তাইৰ জ্ঞানৰ পৰিধিও সিমনাহীন ভাৱে বৃদ্ধি পাইছে। এইবাৰ দশম শ্ৰেণীৰ ছাত্ৰী। আশা আৰু আকাংক্ষা দেখোন বহুত, আকাশ চুব নোৱাৰাৰ দৰে তাইৰ মনটো কোনেও চুব নোৱাৰে। তাই ভাল কৰিব লাগিব, লাহে লাহে ঘৰটো উৱলি গৈছে তাই বনাব লাগিব। কিন্তু ঘৰটো জানো সিমান দিন থাকিব! নাই ৰ'ব লাগিব! ভাল লগাবোৰ তাইৰ বাবে ৰৈ থাকিব লাগিব। দুখীয়া, কিন্তু আনতকৈ দেখোন বহুত সুখী! মাক , দেউতাক , ককাক , আইতাকৰ মাজত তাইজনী দেখোন বৰ আকলুৱা। গাওঁখনৰ চন্দ্ৰ, সকলোৰে চন্দ্ৰ, তাইৰ নামেই দেখোন গাওঁখন উজ্বল কৰিবৰ বাবে যথেষ্ট; তেন্তে তাই জানো কামেৰে দেখুৱাব নোৱাৰিব!!
      তাই কিতাপ এখন উলিয়াই আনি বাৰাণ্ডাতে বহি ল'লে। ভিতৰত বৰ আন্ধাৰ । সিহঁতৰ সেইফালে এতিয়াও বিজুলীবাতিৰ সংযোগ কৰা নাই। ককাকে ৰেডিঅ'টোত হৰিনাম শুনি আছে। ককাকৰ প্ৰিয় সংগী ৰেডিঅ'টোৱেই। 
      তাই কালি সপোন দেখিলে তাইহেনো মেট্ৰিকত স্থান পাইছে। সকলোৱে তাইক মিঠাই খুৱাইছে। নাই তাই সপোনৰ কথা ভাবি থাকিলে নহ'ব। সেইবোৰ তাই মনৰ ভ্ৰম, মৰীচিকা। 
       ৮ বাজিলেই, তাই লৰালৰিকৈ কিতাপ কেইটা বেগত ভৰাই লৈছে। বেগ এটাও কিনিব লাগিছিল। আজি চাৰিবছৰমান আগতেই কোনোবাই তাইক জন্মদিনত দিছিল বেগটো। তাই কথাখিনি ভাৱি ভাৱি, গা ধুই ভাত খাবলৈ বহিছে। আলু পিটিকা আৰু কালি ৰাতি পানী দি থোৱা ভাত কেইটামান মাকে বাঢ়ি দিছে। তাকে নাকে - মুখে গুজি তাই স্কুললৈ বুলি ওলাইছে।
:- ৰ ৰ মাইনা মই থৈ আহিম গৈ। আজি যদি পাচলি কেইটা বজাৰত বিকিব পাৰোঁ মাছ অকণমান আনিম।
     দেউতাকে কথাখিনি কৈ কৈ তাইক চাইকেলৰ আগফালে উঠাই চাইকেলখন চলাই গৈছে।
       বিদ্যালয়ত সংগীত প্ৰতিযোগিতা আছে আজি। চন্দ্ৰানীয়ে গান গায়। ক্লাছত বহুতে গম পায়, কিন্তু লগৰবোৰৰ পৰা তাই প্ৰেৰণা নাপায়। মনটো বাৰু কেনেকুৱা লাগে, নিজে জনা কাম এটা যদি নিজৰ সন্মুখতে কোনোবাই নাজানে বুলি কৈ দিয়ে তাইক। কেতিয়াবা গলি গলি শেষ হৈ যাবৰ মন যায়। লগৰ বোৰে তাইক শুনাইয়ে বেছিকৈ কয়। তাইৰ বান্ধৱী নাই, কাৰণ তাই যে সিহঁতক একো উপহাৰ নিদিয়ে। নাই নালাগে থাকক, যাৰ যেনেকৈ মন তেনেকৈয়ে থাকক। তাই সদায় তাইজনী হৈ থাকিলেই হ'ব।
      উস! শব্দটোৱে কাণত বৰকৈ বিন্ধিলেহি। কোনে বাৰু তাইৰ নামটো মাইকত লৈ আছে! কিনো হৈ থাকে জানো। হুলস্থুলীয়া পৰিৱেশটোৰ পৰা আঁতৰি অলপ নিজান ঠাইত বহিছিল হে, উপায় নাই। তাই এখোজ দুখুজকৈ উঠি গ'ল।
:- আমাৰ মাজত লুকাই থকা এটা সুপ্ত প্ৰতিভা আজি আপোনালোকৰ আগত দেখুৱাম। এইবাৰ মঞ্চলৈ আহিব চন্দ্ৰানী হাজৰিকা। 
     এহ! বৰ সমস্যা কৰিলে দেই! একো এটা চাই অহা নাই। কি গাব তাই ?
      যেনেতেনে গানটো গাই নামি আহিল মঞ্চৰ পৰা। হাতচাপৰিত সকলোফলেই ৰজনজনাই গৈছে। তাই আৰু ৰৈ নাথাকিল। আকৌ বকুল জোপাৰ তললৈ ঢাপলি মেলিলে।
:- ৱাঃ...আজি চুপাৰ কম্পিউটাৰে দেখোন গান গালে। নিজকে কি বুলি ভাৱা হে! পঢ়াত চোকা হ'ব পাৰ। আজিৰ পৰা ইমান বেসুৰীয়াকৈ গান নগাবি দেই।
:- অহ, তোমাৰ অন্তৰখন দহিছে নেকি। শুনা মোৰ প্ৰতিভাখনি ইমান সস্তীয়াও নহয় যে আনৰ হাঁহিৰ খুৰাক বনাই মই নিজেই কিবা এটা গাই থৈ আহিম গৈ। মোৰ নামটো কোনোবাই দি থৈছিল।
       তাই আৰু ৰৈ নাথাকিল সেইখিনিত আঁতৰি আহিল। মানুহবোৰ তেনেকুৱাই। তাই সেইবোৰ মন দিলে নহ'ব...। 
     ইফালে তাইৰ পৰা এনে এটা প্ৰত্যুত্তৰ পায় প্ৰিয়দৰ্শিনীৰ মুখৰ মাতেই হেৰাল । তাই কেতিয়াও আশা কৰা নাছিল কাৰোবাৰ পৰা এনে এটা উত্তৰ পাবলৈ । স্কুলখনৰ সকলোখিনি ছাত্ৰ-ছাত্ৰীতকৈ ধনী ঘৰৰ হোৱাৰ বাবে তাই অহংকাৰে দিনে দিনে সীমা চেৰাই গৈছে।
           

মানুহৰ গুণ-গুননিত তাই হঠাৎ সাৰ পালে। তাই বিছনাৰ পৰা উঠি গ'ল। কি হৈছে বুলি চাবলৈ লওঁতেই কোনোবাই তাইক সাৱটি ধৰিলেহি। তাই এতিয়াহে গম পাইছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাই ৯৫% ৰে উৰ্ত্তীণ হৈছে। তাই নিজৰে বিশ্বাস হোৱা নাই । আজি সপোন এটা পূৰণ হ'ল তাইৰ। তাইনো বাৰু এনেকৈয়ে শুব লাগেনে। পৰীক্ষাৰ ৰিজাল ওলাবলৈ বহুত দেৰি আছে বুলি তাই অলপ শুই লওঁতেই কেতিয়ানো টোপনি গ'ল গমেই নাপালে। কোনোবাই ফটো মাৰিছে, নিউছ চেনেলৰ মানুহ দুজনমানো আহিছে। তাই কি ক'ব ভাৱি পোৱা নাই। দেউতাকক ক'বলৈ দিলত ক'ব পৰা নাই। দেউতাকে আজিলৈকে আনুষ্ঠানিক ভাৱে একো কৈ পোৱা নাই। মাকে কিবা কিবি কৈছে। বিশ্ববিদ্যালয়ৰ চোকা শিক্ষাৰ্থীসকলৰ ভিতৰত এগৰাকী হোৱাৰ বাবে মাকে কথা ক'ব পাৰে। আজি কেঁচা মাটিৰ ঘৰখনত বিৰ দি বাট নোপোৱা অৱস্থা। তাৰ ওপৰত মানুহৰ কোনো ভ্ৰুক্ষেপ নাই । মুঠতে তাইৰ ৰিজাল্টৰ খবৰ লৈছে গৈছে। সৰু পজাটোত পীড়া আৰু কাঠৰ মুঢ়া কেইটাৰ বাদে একো নাই। মানুহ বেছি ভাগ থিয় হৈ থাকিব লগীয়া হৈছে । নাই নাই তাই চাকৰি কৰিলে কিবা এটা কৰিব লাগিব এনেকৈ নহ'ব আৰু।


ফোনৰ শব্দত তাই সাৰ পালে।
:- হেল্ল'
:- হেল্ল' ড° চন্দ্ৰানী বাইদেউ হয়নে?
:- হয় কওঁকচোন ?
:- আমাৰ কাষৰে ঘৰত...
          মানুহজনৰ কথাখিনি শুনি তাই লৰালৰিকৈ ওলাই প্ৰশান্তক চিঞৰিলে।
:- প্ৰশান্ত গাড়ী ঠিক কৰা, এফালে যাব লাগে।
:- বাইদেউ গাড়ী ৰেডি হৈ আছে।
:- অকে ডেন গ'।
      ইমান সময়ে তাই মানে অতীতৰ কথাখিনি ভাবি আছিল। আজি চন্দ্ৰানী চহৰখনৰ এটি প্ৰসিদ্ধ নাম । এগৰাকী আই এছ বিষয়া। আজি ৰাস্তাৰ কাষত প্ৰিয়দৰ্শিনীৰ মৃত দেহ উদ্ধাৰ কৰা হৈছে। কোনোবাই মাৰি পেলাই থৈ গৈছে। তাই তালৈকে গৈছে। কেছটো তাইয়ে লৈছে...।
    কেতিয়াবা এনেকৈয়ে ভাল লাগে, সপোনত যদি মৰীচিকা দেখে। যদি পাহাৰ বগোৱা সপোন দেখে। কথাবোৰ ঠিক নদীৰ দৰেই শেষ নোহোৱা কাহিনী, এনেকৈয়ে সমাপ্তি ঘটাব লাগে। আৰু তাই আজি সঁচাকৈয়ে পাৰিলে।

অঙ্গন:  পৃষ্ঠাঃ 39
তৃপ্তিৰে এসাঁজ

ড° ৰমেশ কুমাৰ কাকতি

বিয়াৰ দিনধৰি আজিলৈকে ৰতন বৰুৱাই বৰুৱানীক টানকৈ কথা এষাৰ কৈ পোৱা নাই ৷ হাজাৰ হওক, দেউতাকৰ আদৰৰ জীয়েক ৷ দেউতাকে সোনজনী বুলি মাতিছিল ৷ সেয়ে বৰুৱাই সততে বৰুৱানীক অন্তৰত দুখ দিব নিবিচাৰে । বৰুৱাৰ একমাত্ৰ খুলখালি যশোদাজনী অলপ আৰ্থিকভাৱে পিছপৰা ঘৰলৈ পৰিল ৷ তাই মনেৰে বিচৰা ল'ৰা অকণলৈকে তাই বিয়া হ'ব খোজাত ঘৰখনে সেইজন ল'ৰালৈকে বিয়া দিবলৈ বাধ্য হয় বাবে বৰুৱানীয়ে ভনীয়েক যশোদাক বৰ ভাল নেপায় ৷ অকণৰ চৰকাৰী চাকৰি নাই ৷ ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী অকণে প্ৰথমে চৰকাৰী চাকৰি বিচাৰি পাছলৈ ঘৰুৱা উৎপাদন আৰু কৃষিকাৰ্যত মনোনিবেশ কৰাত চৰকাৰী চাকৰিৰ আশা বাদ দিছিল ৷ যশোদাই কিন্তু ভিনদেউ বুলি বৰুৱাক বৰ আদৰ কৰে ৷ বৰুৱাইয়ো যশোদাক মাজে-সময়ে দুই-চাৰিশ টকা দি সৰুসুৰা বিপদত সহায়ৰ হাত আগবঢ়াই ৷ 
            বৰুৱা বহুতদিন যশোদাহতৰ ঘৰলৈ যোৱা নাই বাবে সিদিনা আহোতে যশোদাই বাই-ভিনিহি হালকে ভাত খোৱাকৈ মাতিথৈ গ’ল ৷
বৰুৱাই বৰুৱানীক বুজালে যে গোতেই ঘৰখনৰ ভিতৰতে তাই দুখীয়া৷ গতিকে নগ’লে মানসিক কষ্ট পাব ৷ তাতে যশোদাৰ ল'ৰা-ছোৱালী হালেও জেঠাই-জেঠপেহা বুলিলে হাতলৈ-বাটলৈ চাই থাকে ৷ সেয়েহে বৰুৱা সিহঁতৰ ঘৰলৈ গ’লে হাতত সিহঁতৰ বাবে মিঠাইৰ টোপোলা এটাও লৈ যায় আৰু আহোতে ল'ৰা-ছোৱালী হালৰ হাতত দুই-এশ টকা দি কয়, তোমালোকৰ কলম-পেঞ্চিল কি কি নাই কিনি লবা ৷ বৰুৱানীয়ে অৱশ্যে তেনেকৰাত বৰুৱাক বাধা নিদিয়ে আৰু পেটে-পেটে ভালেই পায় ৷ সেইদিনা পুৱাবেলাতে বৰুৱাহঁত যশোদাৰ ঘৰলৈ ভাতখোৱাকৈ ওলাল ৷ যাওঁতে বাটতে পায় ভাল মাছ এটা জাতিলাও এটা আৰু গোলনেমু দুটামানো ললে ৷ ৰাস্তাৰ এইখিনিতে সোমদিৰি নৈখন চাপৰিৰ মাজেৰে বৈ গৈছে ৷ দুয়োফালে ঘাঁহবনেৰে ভৰা ৷ ৰাতি অহা বৰষুণ জাকত পানী চিপচিপীয়া হৈ থকাত সমগ্ৰ চাপৰিটো বগলীয়ে ভৰি পৰিছে ৷ দৃশ্যটো চাই বৰুৱাই গাড়ী ৰখাই দিলে ৷ বগলীৰ মাজত থকা বৰটোকোলা কেইটা বৰুৱাৰ বৰ ভাল লাগিল ৷ কিমান দিন যে ওচৰৰ পৰা বৰটোকোলা চৰাই দেখা নাই ৷ ক্ষন্তেক সেইখিনিতে জিৰাই পুনৰ গাড়ী চলিল ৷ 
             এইখিনি ঠাইৰ নাম গেদেৰাজান ৷ জানটোৰ নামেৰেই ঠাইদোখৰৰ নামো গেদেৰাজান ৰখা হৈছে ৷ এই জানটোত পুঠি খলিহা আৰু তুৰামাছৰ সংখ্যা ইমানেই বেছি যে ওচৰচুবুৰীয়াই এই নদীৰ মাছেৰেই তৃপ্তিৰে উদৰ পুৰাই ৷ যশোদাহঁতৰ ঘৰতো এইটো জানত মাছ ধৰিবৰ বাবে জাল এখন সদায় থাকেই ৷ গেদেৰাজানৰ মাছৰ সোৱাদ আন ক’তো যে পোৱা নেযায় সেইয়া বৰুৱাই ভালকৈ জানে ৷ যশোদাই বায়েক-ভিনিয়েক আহিব বুলি পদূলিৰ মূখলৈ চাই আছিল ৷ গাড়ীখন দেখিয়েই তাই পদূলিৰ মূখলৈ ওলাই গ’ল ৷ ল'ৰা-ছোৱালী হালো পিছে-পিছে গাড়ীৰ কাষ পালেগৈ ৷ সকলোৱে গাড়ীৰপৰা বস্তুকেইপদ উলিয়াই আনিলে ৷ যশোদাই ভিনিয়েকক অভিমানসূলভ ধমকি দিয়াৰ দৰেই কলে, আপোনাৰ আৰু কাম নাই ?ইমানবোৰ বস্তু কিয় আনিব লাগে ? বৰুৱাই মিহিকৈ ক’লে, হ'ব দিয়া, একো কথা নাই ৷ ভিতৰলৈ নিয়া আৰু সোনকালে ৰন্ধাবঢ়াত লাগি যোৱা ৷ যশোদাই হাতভৰি ধুবলৈ পানী, গামোচা যতনাই বৰুৱাহঁতৰ বাবে চাহএকাপ যোগাৰ কৰিলেগৈ ৷ বহুদিনৰ মুৰত খুলখালিজনীৰ হাতেৰে বনোৱা নাৰিকলৰ লাডু, তিলৰ লাডু, ভাপত দিয়া পিঠা, আৰু ঘৰতে বনোৱা সুস্বাদু কেকৰ সতে চাহকাপ তৃপ্তিৰে খাই থাকোতেই বৰুৱানীৰ হাতৰপৰা চাহৰ কাপটো পৰি কেইবাটুকুৰাও হ’ল ৷ অৱশ্যে ভাগ্য ভাল, বৰুৱানীৰ গাত নপৰি আনটো দিশলৈ পৰিল ৷ ঘটনা দেখি বৰুৱানী ইচ-ইচাই উঠিল আৰু নিজৰ অসাৱধানতাৰ বাবেই তেনে হোৱা বুলি আত্ম-অনুশোচনাত দগ্ধ হ’ল যশোদাই বায়েকৰ অৱস্থাটো দেখি দুখ নকৰিবলৈ কৈ ক’লে, কাপহে, পৰিলে ভাগিবই, সেইটো কি ভাৱিব লগা কথা ? মানুহৰ একো হোৱা নাই নহয়, ৰবাচোন বা, মই বেলেগ একাপ চাহ তোমালৈ বনাই আনোঁ ৷ 
বৰুৱাই সুযোগ বুজি ক’লে, ভালেই হ’ল বুজিছা ? কাপকেইটা পুৰণা হৈছিল ৷ নতুনকৈ কেইটামান আনি লবলৈ টকা কেইটামান তুমিয়েই যাওঁতে মনে মনে দি যাবা ৷ মই নজনাকৈ দিয়াৰ দৰে ৷ লৰালৰিকৈ যশোদাই নতুনকৈ চাহ একাপ আনি বায়েকৰ হাতত তুলি দিলে ৷ বায়েকেও চাহকাপ তৃপ্তিৰে খাই ভাতৰ কামত সহায় কৰি দিবলৈ ভাতৰ চৰু পালেগৈ ৷
বৰুৱাই বাহিৰলৈ আহি বাৰীখন চকুফুৰাই চালে ৷ কমবেছি পৰিমানে সকলো ধৰণৰ পাচলিয়ে সিহঁতৰ বাৰীখন সেউজ কৰি তুলিছে ৷ 
লাই-লফা, মূলা, গাজৰ, ধনীয়া, পালেং, কবি সকলো বিলাক বৰ সুন্দৰ হৈছে ৷ বৰুৱাৰ অতি ভাললগা বনপাচলি খুটৰা কেইজোপামান তেওঁলোকে ৰুই লোৱা দেখি বৰুৱাৰ মনটো ভাল লাগি গ’ল ৷ 
যশোদাই জানে যে খুটৰা বৰুৱাৰ বৰ প্ৰিয় ৷ গতিকে তাই আগতিয়াকৈ খুটৰাশাকৰ ভাজি বনাবলৈ যোগাৰ কৰি থৈছেই ৷ বৰুৱা অকলে অকলে বাৰীত থকা দেখি যশোদাৰ স্বামী অকণে বৰুৱাক পুখুৰীৰ কাষলৈ লৈ গ’ল ৷ বাৰীখন ঠেক অথচ যথেষ্ট দীঘল ৷ বাৰীৰ পিছফালে কঁঠাল লেটেকু পণীয়ল তামোল পান বাঁহ আদি গছেৰে ভৰি আছে ৷ মাজে মাজে আদা আৰু হালধিৰ খেতিও বৰ সুন্দৰ হৈছে ৷ পুখুৰীত হাঁহচৰি থকাত এক সুন্দৰ প্ৰাকৃতিক পৰিবেশে বিৰাজ কৰিছে ৷ অৱশ্যে পুখুৰীত মাথোঁ গৰৈ চেঙেলী মাগুৰ কাৱৈ খলিহনা আৰু পুঠিমাছহে আছে বুলি অকণে বৰুৱাক জানিবলৈ দিলে ৷ অকণৰ মতে হাঁহকেইটাৰ বাবেহে পুখুৰীটো তেনেকৈ ৰখা হৈছে ৷ প্ৰায় পঞ্চাশটা হাঁহ পুহিবৰ বাবে এইটো পুখুৰী উপযুক্ত ৷
হাঁহ কেইটাই অৱশ্যে নাদৰ পাৰটো অলপ লেতেৰা কৰিছে ৷ উপায়ো নাই ৷ সময়ত সিহঁতৰ পৰাই দুইচাৰিটকা উপাৰ্জন হয় ৷ লগতে কণীকেইটাও পোৱা যায় ৷ কাঠফুলাৰ খেতিদৰা দেখি বৰুৱাৰ মনটো উৎকণ্ঠাৰে ভৰি পৰিল ৷ ইমান সুন্দৰকৈ কাঠফুলাবোৰ ওলাইছে ৷ বৰুৱাই জানে যে বৰ্তমান সময়ত কাঠফুলাৰ খেতি লাভজনক ভাৱে কৰিব পাৰি ৷ মানুহজন কৰ্মী হ'লে হাতদুখন ব্যৱহাৰ কৰিব জানিলে সহজে উপাৰ্জন কৰিব পৰাৰ থল যে আমাৰ দেশত বহুত আছে বৰুৱাই আজি নিজচকুৰে প্ৰত্যক্ষ কৰিলে ৷ তেনেতে ভিতৰৰ পৰা মাত আহিল ৷ ভাত সাজু হৈছে ৷ এতিয়া খোৱাৰ সময় ৷ বৰুৱাই নাদৰ পাৰতে হাতমুখ ধুই ভাতৰ পাতত বহিল ৷ সৰুমাছৰ ভাজি, কাঠফুলাৰ ভাজি, খুটৰাৰ ভাজি, লাও বিলাহী আৰু মাছৰ জোলকণৰ সতে বৰুৱাই বহুদিনৰ পিছত তৃপ্তিৰে এসাঁজ খালে ৷ সৰিয়হৰ খাৰলিকণ কিমানদিনযে বৰুৱাই খোৱা নাছিল ৷ 
অৱশ্যে ভেকুৰি তিতাৰ গুটি শুকানকৈ ভাজি খোৱাৰ লোভ বৰুৱাৰ থাকি গ’ল ৷ যশোদাৰ হাতেৰে এইবিধ ভাজি বৰুৱাৰ বৰ প্ৰিয় ৷ বাৰীত কেইবাজোপাতো ডালভৰি লাগি আছিলোঁ ৷ কিন্তু সময়ৰ অভাৱত যশোদাৰ বাবে সেইয়া কৰা সম্ভৱ নহ’ল ৷
সকলোৱে একেলগে বহি বিভিন্ন কথাৰ আড্ডা মাৰি খাওঁতে কিমান সময় হ’ল কোনেও গমেই নেপালে ৷ 
খোৱাবোৱাৰ পিছত ক্ষন্তেক জিৰাই বৰুৱাহত গৃহমুখী হোৱাৰ কথাৰ সময়তে যশোদাই দহোটামান হাঁহৰ কণী, এমুঠি খুটৰা, পলিথিনৰ বেগত অলপমান ভেকুৰিতিতাৰ গুটি, দুসাঁজমানৰ জোখাৰে কাঠফুলা এনেকৈ মস্ত মোনা এটা গাড়ীলৈ আগবঢ়াই দিলে ৷ বৰুৱাইয়ো ল'ৰা-ছোৱালী হালৰ হাতত দুশ দুশ টকা গুজিদি সকলোৰে পৰা বিদায় লৈ গাড়ীৰ চাবি পকাই দিলে ৷

ঠিকনাঃ
লক্ষীমপুৰ, উত্তৰ লক্ষীমপুৰ ৷ ফোন নংঃ ৯৯৫৪৩৯০০৮৩

অঙ্গন:  পৃষ্ঠাঃ 40
আশা

অৰ্চনা দত্ত শইকীয়া

গহীন, গম্ভীৰ, সুন্দৰ সাজ-পোছাক পৰিধান কৰা মানুহ গৰাকীৰ নাম অৰুনিমা ফুকন। পেছাত এগৰাকী শিক্ষয়িত্ৰী। প্ৰায় ৪৫/৪৬ বছৰীয়া শিক্ষয়িত্ৰী গৰাকীৰ কথনশৈলীতো আছে এক সুকীয়া ব্যক্তিত্ব। এই গৰাকী অৰুনিমা বাইদেউক চিনি নোপোৱা মানুহ হয়তো অঞ্চলটোত নোলাব। আনৰ দুখত দোষী হোৱা মানুহ গৰাকীয়ে নিজৰ ভায়েকৰ বিপদৰ সময়ত চাই থাকে কেনেকৈ ? কেনেকৈ সহ্য কৰে যন্ত্ৰণাত চটফটাই থকা ভায়েকৰ মুখখন । টকাৰ বিনিময়তো যেতিয়া ক'তো বিচাৰি পোৱা নাছিল এটা কিড্‌নী দান কৰা এজনো মানুহ ,তেতিয়া এইগৰাকী বায়েকে উপায়হীন হৈ সিদ্ধান্ত লৈছিল নিজৰ এটা কিড্‌নী দান কৰি হ'লেও ভায়েকক জীৱন দিয়াৰ। সেইদিনাৰ পৰা তেওঁৰ মহানতাই সকলোকে আচৰিত কৰিছিল।  সকলোৱে মুখে মুখে প্ৰশংসা কৰি কৈছিল, বায়েক ভায়েকৰ সম্পৰ্কবোৰ অৰুনিমাহঁতৰ দৰে হ'ব লাগে। লাহে, লাহে অৰুনিমাৰ ভায়েক সুস্থ হৈ উঠিল আৰু অৰুনিমাও ডক্টৰৰ পৰামৰ্শ মতে ঔষধ পাতি খাই আগৰ দৰে কাম কৰিব পৰা হ'ল। এদিন কোনোবা এজন বন্ধুৱে তেওঁক সুধিছিল, কিয় তুমি এই সিদ্ধান্ত ল'লা ? তোমাৰ গোটেই জীৱনটো পৰি আছে। ভৱিষ্যতে তোমাৰ কিবা এটা হ'লে কি কৰিবা, কোনে চাব তোমাক ? সেইদিনা অৰুনিমাই হাঁহি হাঁহি মানুহ জনক কৈছিল, মোৰনো ইহঁতৰ বাহিৰে আপোন বুলিবলৈ আছে কোন ? নিজৰ ককাই-ভাইৰ বিপদত যদি অকণমান সহায় কৰিব পাৰিছোঁ সেয়া মোৰেই ভাগ্য ভাল বুলি ক'ব লাগিব আৰু ইহঁতবোৰ থাকোতে মোক কেতিয়াও ভৱিষ্যতে বিপদত পৰিব নিদিয়ে বুজিছে। অৰুনিমাৰ সম্পূৰ্ণ বিশ্বাস আছিল নিজৰ তেজ-মঙহৰ সম্পৰ্ক থকা মানুহবোৰৰ ওপৰত। অবিবাহিত হৈয়ে ৰৈ গৈছিল অৰুনিমা ফুকন।
     সময়ে বাগৰ সলাই, সময়ৰ লগত মানুহৰ মনবোৰো সলনি হয়, সলনি হয় সম্পৰ্কবোৰো। এদিন অৰুনিমা ফুকনে চাকৰিৰ পৰা অৱসৰ ল'লে। আপোন বুলি ভবা মানুহবোৰ নিজৰ নিজৰ পৰিয়ালৰ লগত , নিজৰ কামৰ লগত ব্যস্ত হৈ পৰিল। আগতে উৎসৱ -পাৰ্বণত ভৰি পৰা ঘৰখন এতিয়া নিমাওমাও অৱস্থা। কাৰো আহৰি নাই এবাৰ আহি খবৰ এটা ল'বলৈ, একেলগে বহি এসাজ ভাত খাবলৈ। আজিকালি সময়বোৰ নাযায় -নোপোৱাই যেন লাগে অৰুনিমাৰ। ঘৰখনৰ কাম কৰিবলৈ মানুহ এজন আছে যদিও কিছুমান কাম তেওঁ নিজেই কৰি ভাল পায়। শাকনি বাৰী, ফুলনি বাৰী চাফ-চিকুণ কৰিও বহু সময় ৰৈ যায় তেওঁৰ বাবে। সেয়ে ওচৰৰে কণ কণ ল'ৰা ছোৱালীবোৰক মাতি মাতি কেতিয়াবা তেওঁ কিতাপ পঢ়াই, সাধু কয়। বাৰীৰ ফলমূলবোৰ বিলাই। সিহঁতৰ মুখৰ হাঁহিবোৰ চাই অলপ সময় খেল-ধেমালি কৰি সময়বোৰ পাৰ কৰিব পালেই তেওঁৰ মনটো ভাল লাগে। দেউতাকে সজাই যোৱা বিশাল ঘৰটোত অৰুনিমাৰ আজিকালি বৰ অকলশৰীয়া যেন অনুভৱ হয়। কেতিয়াবা তেওঁ ভাবে এই ঘৰ-মাটি বাৰী বিক্ৰী কৰি ক'ৰবালৈ গুচি যাব। কিন্তু পিছ মুহূৰ্ততে আকৌ ভাবে তেওঁৰ ভৰষাতেইটো ককায়েক ভায়েকহঁতে নিৰ্ভয় মনে বাহিৰত চাকৰি কৰিব পাৰিছে। থাকক, তেনেকৈয়ে সকলো দেউতাকৰ স্মৃতি হৈ। দেউতাকৰ মৰমৰ  ঘৰখনত একো অভাৱ নোহোৱাৰ পিছতো যেন অৰুনিমাক কিবা এটা অভাৱে দিনে দিনে খেদি ফুৰিবলৈ লৈছে আজিকালি। সেয়া হৈছে নিসংগতা। নিসংগতাই কোঁঙা কৰা মানুহ গৰাকী এদিন শাৰীৰিক ভাবে অসুস্থ হৈ পৰিল। ঘৰত কাম কৰা মানুহজনে ককায়েক ভায়েকহঁতলৈ খবৰ দিলে। কিন্তু নিজৰ কৰ্মজীৱনৰ ব্যস্ততাৰ বাবে কেইটামান টকা পঠাই দায়িত্ব সামৰিলে তেওঁলোকে। বহুত বাৰ ডক্টৰক দেখুওৱাৰ পিছতো মানুহগৰাকী আগৰ দৰে সুস্থ হৈ নুঠিল। খোৱা -বোৱাও কমি আহিল। দিনক দিনে মানুহ গৰাকীৰ শাৰীৰিক অৱস্থা বেয়াৰ ফালে ঢাল খালে। কেৱল বিছনাখনতেই পৰি থাকে অৰুনিমা ফুকন। মাজে- মাজে কাম কৰা মানুহজনক সোধে, কোনোবা আহিছে নেকি? ফোন কৰিছে নেকি তেওঁৰ খবৰ ল'বলৈ ? কাম কৰা মানুহ জনে এটাই উত্তৰ দিয়ে , নাই বাইদেউ। এৰা , সকলো বৰ ব্যস্ত, কাৰো সময় নাই কাৰোৰে বাবে। তথাপি কিয় জানো তেওঁ আশা এটি পুহি ৰাখে এবাৰ ভায়েকহঁতে ফোন কৰি হ'লেও সুধিব , " কেনে আছ অৰুবা ? কুশলে আছ নে তই ?" অৰুনিমাৰ আজিও মনত পৰে সেইদিনটো। অস্ত্ৰোপ্ৰচাৰৰ পাছত যেতিয়া ভায়েকে তাইক গবা মাৰি ধৰি কান্দি কান্দি কৈছিল," বাইদেউ তই মোৰ দ্বিতীয় গৰাকী মাতৃ। আজি তই নোহোৱা হ'লে মই জীয়াই থাকিব নোৱাৰিলোঁ হেঁতেন। গোটেই জীৱন মই তোৰ কাষত থাকিম বাইদেউ।" সেইদিনা অৰুনিমাইও চকুলো তুকি ভায়েক মৰম কৰিছিল।কথাবোৰ অতীত হ'ল। এই  কথাবোৰ মনত পৰিলেই অৰুনিমাৰ দীঘল হুমুনিয়াহ এটি সৰি পৰে। মূৰৰ শিতানত ৰখা ফোনটো খেপিয়াই চাই কিজানি তেওঁ নুশুনাকৈ বাজি আছে ফোনটো !

ঠিকনাঃ
জাঁজী,জামুগুৰি
শিৱসাগৰ

অঙ্গন: পৃষ্ঠাঃ 41
অনুবাদ গল্পঃ

কাবুলীৱালা 

মূল--- ৰবীন্দ্ৰনাথ ঠাকুৰ 
অনুবাদ --- পাৰিজাত ‌বৰুৱা 

    মোৰ পাঁচ বছৰীয়া ছোৱালী  মিনিজনী চেলবেলাই নথকাকৈ এক মুহূৰ্তও থাকিব নোৱাৰে । মই অনুভৱ কৰোঁ যে তাইৰ জীৱনৰ সময়খিনিত আজিলৈকে তাই এক মুহূৰ্তও আচলতে নীৰৱতাৰে লোকচান কৰা নাই । তাইৰ এনেবোৰ কথাত মাকজনী বৰ হায়ৰাণ হৈ গৈছিল আৰু তাইৰ  বেলবেলনিবোৰ প্ৰায়ে বন্ধ কৰিবলৈ চেষ্টা কৰিছিল  ।  মই কিন্তু  তেনে কৰা নাছিলোঁ । তাই মনেমনে থকাটো মই অস্বাভাৱিক বুলিহে ভাবিছিলোঁ আৰু  বেছিসময় এনেকৈ নীৰৱ হৈ থাকিলে সহ্যও  কৰিব পৰা নাছিলোঁ । সেয়ে তাইৰ সৈতে মোৰ কথা-বতৰা সদায় বৰ সৰস আৰু প্ৰাণৱন্ত আছিল ।
     এদিন ৰাতিপুৱাই , মই মোৰ নতুন উপন্যাসখনৰ সোতৰ সংখ্যক খণ্ডটো লিখাত ব্যস্ত হৈ আছোঁ , মিনি মনে মনে আহি মোৰ গাত হাতখন থৈ ক'লেহি -- " দেউতা , দেউতা ... আমাৰ গেটৰখীয়া ৰামদয়ালে কাউৰীটোক  'ক্ৰাৱী'  বুলি কয় ... সি একো নাজানে , নহয়নে দেউতা ? জানেনে সি ? "
     মই এই পৃথিৱীখনৰ ভাষা কোৱাৰ পাৰ্থক্যৰ কথা তাইক একোকে ক'বলৈ নাপাওঁতেই তাই আন কথালৈ বগাই গৈ ক'লে ----" দেউতা , দেউতা ...তুমি কি ভাবানো !  ভোলাইযে কৈ থাকে ডাৱৰৰ মাজত সোমাই থকা হাতীটোৱে শুৰেৰে পানীবোৰ মাৰি দিলেই  বৰষুণ দিয়ে ...। "  
     তাৰপিছতে মই উত্তৰটো ঠিকঠাক কৰিবলৈ নাপাওঁতেই আন এটা কথালৈ তাই টোপাকাঁড় যোৱাদি গৈ সুধিলে ---- " দেউতা অ' , মোৰ মা তোমাৰ কি হয়নো ? " 
     মই  মন নগ'লেও  ভুনভুনাই কৈ থ'লো --- মোৰ  মৰমৰ  সৰুজনী খুলশালী ... । "  তাৰপিছতে  তাইক ক'লো ---- যোৱাঁ মিনি , ভোলাৰ লগত অলপমান খেলাগৈ । মই বৰ ব্যস্ত হৈ আছোঁ।

       মোৰ খিৰিকীখনেদি ৰাস্তাটো বহুদূৰলৈকে দেখি থাকে ।  ছোৱালীজনী নিজে  মোৰ ভৰিৰ ওচৰত ঠিক টেবুলখনৰ কাষতে বহি ল'লে । তাই  ভৰি দুখন চপাই আঁঠু দুটাতে ঢোল বজাবলৈ লাগিল । ইফালে  মই তেতিয়া মোৰ উপন্যাসৰ সোতৰ নম্বৰ খণ্ডত গভীৰভাৱে সোমাই  আছোঁ।  মোৰ উপন্যাসৰ নায়ক প্ৰতাপ সিঙে প্ৰেয়সী কাঞ্চনলতাক বাহুত ধৰি ৰাজপ্ৰাসাদৰ তিনিমহলীয়া কোঠাৰ খিৰিকীখনেদি পলাবলৈ  যো-যা কৰোঁতেই  মিনি ঘপৰাই  খেলা-ধুলা   এৰি  প্ৰায় দৌৰাৰ দৰে গৈ   খিৰিকীখনেদি চিয়ঁৰি দিলে ----" কাবুলীৱালা ... কাবুলীৱালা ..." । 
       নিশ্চিতভাবে কাবুলীৱালা এতিয়া ৰাস্তাটোৱেদি পাৰ হৈ যাবলৈ ধৰিছে । তাৰ পিন্ধনত  সিহঁতৰ মানুহবোৰে পিন্ধা মটীয়া ৰঙৰ ঢিলা কামিজ - পায়জামা আৰু দীঘল  পাগুৰিটোৰে পিঠিত এটা ডাঙৰ বেগ আৰু  হাতত এখিনি  টেমাভৰ্তি আঙুৰ , বাদাম  লৈ  ৰাস্তাইদি পাৰ হ'বলৈ  ধৰিছে । 
       মই  তেতিয়া নাজানিছিলোঁ  কাবুলীক দেখি মোৰ ছোৱালী জনীৰ মনৰ অৱস্থা কি হৈছিল । তাই মাথোন তাক ডাঙৰকৈ চিয়ঁৰিছিল ----- -----কাবুলীৱালা ....কাবুলীৱালা ....সি তাইলৈ  ওলটি চালে ।
       মই জানিছিলোঁ ...   "উহঃ " সি এতিয়া আহিবই । মোৰ সোতৰ নম্বৰী খণ্ডটোযে এতিয়া আৰু শেষ নহ'বগৈ  । সি তাৰ  খোজবোৰ আমাৰ ঘৰৰ ফালে পোনালে।  তাই সেই  ওখ-পাখ ভয়ংকৰ মানুহটো  সমুখৰ পৰা দেখি ভয়তে  দৌৰি গৈ মাকৰ ওচৰত লুকাই পৰিল ।  তাইৰ আগৰে পৰা এটা ধাৰণা আছিলেই যে কাবুলিয়ে   তাৰ পিঠিৰ ডাঙৰ বেগটোত   তাইৰ সমান আৰু দুই- তিনিটা ল'ৰা- ছোৱালী ভৰাই থৈছেই । 
       ইফালে কাবুলী আহি মোৰ দুৱাৰমুখ পালেহিয়েই  আৰু মোক হাঁহি এটা মাৰি অভিবাদন জনালে । মোৰ নায়ক- নায়িকাহালক সেইসময়ত এনে  এক মূল্যবান  মুহূৰ্ত্তত অৱস্থান কৰোৱাইছিলোঁ যে সিহঁত হালক এৰি মই এতিয়া কাবুলীৰ পৰা কিবাকিবি কিনিবলৈ উঠি যাওঁনো কেনেকৈ !  ইফালে ছোৱালী জনীয়ে  কাবুলীক মাতিহে আনিছে । 
       
       গতিকে মই ওলাই গৈ তাৰপৰা দুই- চাৰিপদ বস্তু কিনিলোঁ । পিছে  মুখ মেল খাই খাই কথা পাতোঁতে পাতোঁতে    আব্দুৰ ৰহমান , ইংৰাজসকল , ৰাছিয়ানসকল  আৰু‌ তাৎক্ষণিকভাৱে গৈ গৈ ফ্ৰন্টিয়াৰ পলিচিৰ কথাও পাতি পেলালোঁ।  কাবুলী যাবলৈ ওলাল । হঠাৎ ‌সি মোক সুধিলে --- "কণমানিজনী ক'ত গ'ল ? " 
       মই ভাবিছিলোঁ ইতিমধ্যে ‌তাইৰ‌  চাগে ভয় আঁতৰিছে ।   হয় ঠিকেই , তাই আহি মোৰ পিছফালে  ৰৈ মোৰ গাতে লাগি থকা চকীখনত ধৰি  এবাৰ কাবুলীলৈ এবাৰ তাৰ ডাঙৰ মোনাটোলৈ  চাই থাকিল ।  কাবুলীয়ে মোনাৰ পৰা কেইটামান কাজুবাদাম আৰু কিচমিচ তাইলৈ উলিয়াই দিলে । তাইৰ লোভ নালাগিল মাথোন  মোৰ গাতে হেলনীয়া হৈ তাইৰ গাটো আওজাই‌ দি কাবুলীৱালা যোৱালৈ  চাই থাকিল । 
       এয়াই আছিল  আমাৰ ছোৱালী মিনি আৰু কাবুলীৱালাৰ প্ৰথম দেখাদেখি ।  
       
       কেইটামান দিন পাৰ হ'ল ।  এদিন ৰাতিপুৱা বেলাতে মই এফালে যাবলৈ বুলি ওলাই আহি এটা দৃশ্য দেখি  অকল আচৰিত হোৱাই নহয় কঁপিও উঠিলোঁ  । আগফালৰ  বেঞ্চ এখনত ভৰিত ভৰি লগাই  মিনিয়ে হাঁহি হাঁহি  কাবুলিৰ লগত  কথা পাতি একেবাৰে  ক'ব নোৱৰাজনী  হৈ আছে ।   তাইৰ জীৱন কালততো কোনোদিনে এনেকুৱা ধৈৰ্যেৰে কথা শুনা কাহানিও দেখা নাছিলোঁ  ।  মোৰ মুখৰ পৰাতো ওলায়েই গ'ল ---" ভাল বচালা আৰু .... কি পৰিবৰ্তন ..."  তাইৰ  চোলাটোৰ কোচটোত ভালে কেইটা কাজু , কিচমিচ দেখি  মই কাবুলীক সুধিলো --- " কিয় দিছা তাইক ইমানবোৰ ? "  মই জেপৰ পৰা আঠ অনা পইচা এটা উলিয়াই তাক দি নিজৰ কামত  ওলাই গ'লো ।   কাবুলীয়েও পইচাটো  তেতিয়া ৰাখি থ'লে ।   
       এঘন্টামানৰ পিছত ওলটি আহি দেখি  আচৰিত হ'লোহি যে তাইৰ সেই আঠঅনাটোৰ মূল্য মাকজনীয়ে দুগুণ কৰি পেলালে আৰু " ক'ত পালি , কোনে দিলে "  আদি কৈ কৈ তাইক হাৰাশাস্তি কৰি  আছে ।  তাই  আনন্দৰে  মাকক উত্তৰ দিছিল ।  
       "কিনো সুধি থাকা ! কাবুলীৱালাই‌ দিলে‌ অ ' " বুলি  তাই  শেষত  চিঞৰ   এটা দিলে । ময়ো‌ পৰিস্থিতিতো‌ বেয়ালৈ‌ গৈ থকা দেখি  তাইক  মাকৰ ওচৰৰ পৰা  আঁতৰাই  লৈ আহিলোঁ । 
       এনেকৈ এবাৰ দুবাৰ কাবুলীয়ে মিনিক লগ কৰা নাছিল । সি প্ৰায়ে লগ কৰি কৰি তাইক সম্পূৰ্ণ ৰূপে বান্ধৱী কৰি পেলাইছিল ‌। তাইৰ আজিকালি তালৈ অকণো ভয় নালাগে । সিহঁতক হাঁহি হাঁহি ‌কথাপাতি থকা দেখিলে  মইতো‌ সঁচাই আচৰিত খাইছিলোঁ। সিহঁতৰ কথা , মস্কৰাৰ অন্ত নাই । এদিন শৰৎ কালৰ দিন এটাত  তাই তাক সুধিছিল ----" তোমাৰ  সেই ডাঙৰ মোনাটোত কি আছেনো ? "  ।  .... 
    "   ..... কি থাকিব আৰু ... হাতী এটা আছে । "  ৰহমুন কাবুলীৱালাৰ নাকৰ পৰা মাতটো গোঁ- গোঁৱাই ওলাই আহিছিল  আৰু তাই খুব  হাঁহিছিল । এইবোৰ উত্তৰ কেৱল মাথো দুইটাই যে মস্কৰাৰ বাবে কৈছিল সেইটো‌ খাটাং ।   ৰহমুন  কাবুলি জানো কম !    সিনো কিবা চুপ থাকিবনে  !  সি তাইক এনেয়ে সুধিলে --" ঐ  কণমানি জনী  ,  শহুৰৰ ঘৰলৈ কেতিয়া যাবা ? "   
        আগতে  কণমানি  বেংগলী  ছোৱালীবোৰে  শহুৰৰ ঘৰলৈ যোৱাৰ কথাটো শুনিছিল যদিও পিছলৈ একপ্ৰকাৰ শুনাৰ পৰা আঁতৰাই ৰখাই হৈছিল । কাৰণ শহুৰৰ ঘৰলৈ যোৱা মানে যেন এটা শাস্তিৰ নামহে  এই কথাটো সিহঁতে সৰুতেই বুজি পাইছিল ।  ভয়- সংশয় , চিন্তা- আশ্চৰ্য  মুঠেই চিনি নোপোৱা   মিনিয়ে সেইবাবে তাক ওভতাই  সুধিছিল ---- " তুমি তাৰমানে শহুৰৰ ঘৰলৈ  যাবাই  ? "

        ৰহমুনহঁতৰ বাবে "শহুৰৰ ঘৰলৈ যোৱা "  বুলিলে দ্ব্যৰ্থক ধাৰণা । কাৰণ সি জানে যে এইটো জেইললৈ  যোৱাৰ কথা ক'বলৈকে  কোমল অভিব্যক্তি । 
        তাৰ গধুৰ হাতৰ মুঠিটোৰে ৰহমুনে  জোৰেৰে প্ৰহাৰ কৰি যেন সি গতিয়াই  বাহিৰ কৰি দিলে তাৰ কল্পনাত ধৰা দিয়া সেই শহুৰটোক আৰু সি তাইক কৈয়ে দিলে ----" সি আহিলে তাক মই গতিয়াই দিম " । মিনিয়ে তাকে শুনি চিনি-জানি নোপোৱা  মানুহটোক গতিওৱাৰ কথাটোত বৰ চখ কৰি হাঁহিলে। 
        শৰত কালৰ প্ৰথম দিন । এনে দিনবোৰত পুৰণি ৰজা-মহাৰজা সকলে দিগ্বিজয় কৰিবলৈ ওলায়। মই আকৌ এই দিন কেইটাত কলিকতাৰ বাহিৰ নহওঁ আৰু  নিজৰ মন-চিন্তাৰে গোটেই পৃথিৱীখন ঘূৰোঁ। কোনো‌ এখন দেশৰ কথা ভাবিলে তাতে মোৰ মনটো ঘূৰি ফুৰে । ৰাস্তাত বিদেশী লোক এজন দেখা মাত্ৰকে মই তেওঁৰ লগত এটা নেটৱৰ্ক  গঢ়ি পেলাওঁ য'ত  পাহাৰ- পৰ্বত , উপত্যকা , অৰণ্য‌ , এটা দূৰৈৰ ঘৰ আৰু‌ এখন মুক্ত স্বাধীন বহু নিলগৰ ঠাইত বিচৰণ কৰোঁ । সম্ভৱতঃ কল্পনাৰ  ভ্ৰমণৰ পৃথিৱী এখন মোৰ চকুৰ আগেদি বাৰে বাৰে পাৰ হৈ যায় । এই কাবুলিৱালাৰ উপস্থিতি দেখিলে মই তৎক্ষণাৎ ‌পাহাৰ শিখৰৰ ঠেক - সুৰুকিয়া বাটটোৰে গৈ থকা উটবোৰ , পাগুৰিমৰা মানুহবোৰ , বেপাৰীবোৰ , হাতত  জাঠি- জোং লৈ ফুৰা  মানুহ , পুৰণি বন্দুকটো লৈ তললৈ নামি অহা মানুহবোৰ এটি এটিকৈ দেখোঁ ..... ।
        তেনেতে মিনিৰ মাকজনী আহি ক'লে---
        " এইটো মানুহৰ পৰা সাৱধান হ'বা ।" 
        মিনিৰ মাকজনী সঁচাই  দুৰ্ভাগ্যজনকভাবে‌ বৰ  ভয়াতুৰ‌ ।  ৰাস্তাত অলপ কিবা চিয়ঁৰ- বাখৰ শুনিলে‌ ,  মানুহ জুম বান্ধিলে , তৎক্ষণাৎ  মানুহজনীয়ে সিদ্ধান্ত লৈ পেলায় যে এয়া চোৰ , মদাহী‌, সাপ , বাঘ‌, মেলেৰিয়া , পইতাচোৰা , ভূৰপোক  বা ইংৰাজ নাবিকেই  হয় বুলি মন্তব্য কৰে । ইমান দিনে‌ মানুহজনীয়ে এই ভয়বোৰ দমন কৰিব পৰা নাই । মানুহজনীয়ে  ৰহমুনৰ‌  ওপৰত  পূৰা সন্দেহ‌   লৈ‌ থাকে আৰু মোক কাঢ়া নজৰ ৰাখিবলৈ‌ কয় । 
        মই মানুহজনীৰ কথাত কোমলকৈ হাঁহি থওঁ বাবে মোক তেওঁ সোধে ----- " ইছ , ল'ৰা-ছোৱালী অপহৰণ নকৰে নেকি কিবা ...? তেতিয়া হ'লে কাবুলত দাস থকাটো‌ মিছা নেকি ‌? এই ভয়ানক মানুহটোৱে  অকণমানি ছোৱালীজনী লৈ যাব নোৱৰাৰ কি মানে আছেনো ? " 

       মই এই প্ৰশ্নবোৰৰ উত্তৰবোৰ জোৰ দি কৈছিলোঁ যে যেনেকৈ  এইবোৰ একেবাৰে অসম্ভৱ কথা তেনেকৈ এইবোৰৰ সম্ভাৱনাও ক্ষীণ । কিন্তু মোৰ এই আশ্বাসে তেওঁৰ ভয় দূৰ কৰিব নোৱাৰিলে ।  অনিৰ্দিষ্ট  কথা এটাত লাগি কি সতেৰেনো  ৰহমুনক একেবাৰে এই মিলামিছাৰ পৰা  আঁতৰাই দিব  পাৰি !  গতিকে আমাৰ মিনিৰ লগত হলিগলি চলিয়ে থাকিল ।  
       বছৰৰ জানুৱাৰী মাহৰ মাজভাগত ৰহমুন কাবুলী  নিজৰ ঘৰলৈ যায় ।  এই সময়ত সি ঘৰে‌ ঘৰে  অনাদায় পইচা তুলি ফুৰাত ব্যস্ত হয় ।  মিনিৰ ওচৰলৈ নিয়মিত ভাৱে অহা কামটোও‌ সি নকৰাকৈ থাকিব নোৱাৰে । ৰাতিপুৱা নোৱাৰিলে আবেলি বা গধূলি  হ'লেও ‌সি ওলায়হি । কেতিয়াবাতো ময়ে আন্ধাৰে - মুন্ধাৰে  ভয় খাই যাওঁ এই ঢিলা কাপোৰ পিন্ধা হটঙা  বৰটোপোলাৰ  মানুহটো দেখি । অথচ মিনিয়ে একেই হাঁহি একেই  স্বাভাৱিক আনন্দেৰে যেতিয়া কথা পাতে ---- "কাবুলীৱালা , কাবুলীৱালা‌" বুলি মই তেতিয়াহে আশ্বস্ত‌ হৈ‌ পৰোঁ ।  

       এদিন ৰাতিপুৱা সি ঘৰলৈ যাবলৈ ঠিক কৰাৰ দুদিনমানৰ আগত মই মোৰ  কোঠাত  প্ৰুফশ্বীট এটা চোৱাত ব্যস্ত হৈ আছোঁ ।  সময়খিনি বৰ কঠিনভাৱে শীতল আছিল ।  খিৰিকীয়েদি  সোমাই অহা  ৰ'দৰ সামান্য  আগমন কিমান যে সুখকৰ আছিল !  মোৰ দুভৰিত উত্তাপ সিঁচিব পৰাকৈ চহকী এই ৰ'দকণ । পুৱা আঠবজাত‌ মূৰ ঢাকি ঢাকি‌ পথাচাৰীবোৰৰ কিছুমান ঘৰলৈ‌ ওলটিছে । 
        মই হঠাৎ  ৰাস্তাত  কিবা হুলস্থূল শুনি বাহিৰলৈ  চাই দেখিলোঁ  --- এয়া কি আচৰিত ...! ৰহমুনক দুজন পুলিছে হাতকেৰেয়া লগাই টানি নিছে । পিছে পিছে এজাক উৎসুক ল'ৰা- ছোৱালী আগবাঢ়ি গৈছে । কাবুলিৰ কাপোৰত তেজৰ দাগ আৰু পুলিচৰ হাতত‌ এখন চুৰি .... উস্ ... লৰা-লৰিকৈ ওলাই গৈ‌ কথাটোৰ ভু ল'লো। আৰ মুখৰ এটুকুৰা তাৰ মুখৰ এটুকুৰা জোৰা দি গম পালোঁ যে কোনোবাই কাবুলিৰ পৰা ৰামপুৰী শ্বল এখন ধাৰত লৈ এতিয়া পইচা বিচাৰিলত অস্বীকাৰ কৰাত কথা কটা- কটি হৈ কাবুলিৰ খং উঠি চুৰীকে মাৰি দিলে‌। উত্তেজনাময় এই সময়কণত  ধৃত  কাবুলিয়ে  সিজনক এনেবোৰ শব্দেৰে গালি দি আহিছিল যে ক'বলৈ ভাষাই নাই । ইফালে আমাৰ বাৰাণ্ডাৰ পৰা মিনিয়ে দেখি  স্বভাৱসুলভ ভাবে চিঞৰ লগালে ----" কাবুলীৱালা , কাবুলীৱালা ...... "
       ৰহমুনৰ মুখখন উজ্বলি উঠিছিল কিন্তু তেতিয়া তাৰ  পিঠিত বাদাম  আৰু কিচমিচৰ বেগটো নাছিল আৰু  সি  হাতীৰ কথাও পাতিব নোৱাৰিছিল ।  মাথো মিনিয়ে কৈছিল ---- " তুমি শহুৰৰ ঘৰলৈ  যোঁৱা নেকি ? '" ৰহমুনে হাঁহি মাৰি কৈছিল ---- " হয় , মাজনী মই গৈ আছোঁ ..."  
       তাৰ হাতৰ বান্ধটো চাগে তেতিয়া বৰ টান হৈছিল । সি কৈছিল ---" মই সেই শহুৰটোক ভালকৈ গতিয়ালোঁহেঁতেন , কিন্তু ‌মোৰ‌  হাতদুখন বন্ধা ...." মানুহ মাৰিবলৈ চেষ্টা কৰাৰ অপৰাধত ৰহমুনৰ  কেবাবছৰো জেইল হ'ল । 
       সময় বাগৰিল । নিজৰ মতে  সময়ে সকলো সলাই পেলালে । সকলো নিজৰ নিজৰ কামত অভ্যস্ত হৈ পৰিল । ৰহমুন মানুহৰ মনৰ পৰা নোহোৱা হৈ গ'ল ।  আনকি মোৰ ক'বলৈকে লাজ লাগিছে‌ যে মোৰ পাতল মনৰ মিনিজনীয়েও তাইৰ পুৰণি বন্ধুক পাহৰি পেলালে । নতুন নতুন বন্ধুৱে আহি তাইক সংগ দিলে । তাই ডাঙৰ হ'ল । বান্ধৱীৰ লগত সময় খৰচ কৰোঁতেই তাইৰ সময় কমিল । আনকি মোৰ কোঠালৈও তাই আজিকালি ‌কাচিৎহে‌ ভুমুকি মাৰে । ময়ো তাইৰ লগত কম কথা পতা  হ'লো । 
        বছৰবোৰ গুচি গ'ল ।  মিনিও বৰগাভৰু হ'ল  । শৰতৰ পূজাৰ দিনতে আমাৰ মিনিৰ  বিয়াৰ দিন ঠিক হ'ল । দেৱী দূৰ্গা কৈলাশলৈ  ওভতিব । মোৰো ঘৰৰ পোহৰ চপৰাহেন ছোৱালী জনী স্বামীগৃহলৈ যাবলৈ সাজু হৈছে । মোৰ ঘৰখনক আন্ধাৰে বেৰি ধৰিব ।  
        শৰতৰ এই ৰাতিপুৱাটো বৰ উজ্বলি উঠিছে । পাতলীয়া বৰষুণ জাক এৰাৰ পিছত ৰ'দৰ জিলিঙনিবোৰ খাটি সোণ হৈ পৰিছে ।  কলিকতাৰ ‌পথৰ দাঁতিৰ ইটাৰ বেৰবোৰতো‌  এই  ৰ'দৰ চিটিকনি লাগি‌ ধৰিছে ।  ইফালে  চোতালৰ ৰভাৰ বাঁহৰ খুটাবোৰত জিকমিক লাইটবোৰ  জ্বলিয়েই আছে । ঘৰখনত ব্যস্ততাৰ অন্ত নাই ।  মই মোৰ পঢ়া কোঠাত বহি হিচাপ মিলোৱাত ব্যস্ত আছিলোঁ ।  এনেতে কোনোবা এজন আহি‌ মোক সম্ভাষণ জনালে । মই মূৰ তুলি চালোঁ -- অহ , এয়াচোন ৰহমুন কাবুলী ।  প্ৰথমে মই চিনিবই পৰা নাছিলোঁ । তাৰ পিঠিত ডাঙৰ বেগটো আৰু দীঘল চুলিকোচা নাছিল । মুখৰ সেই আগৰ উজ্বলতা নাই । সি মোলৈ চাই হাঁহি দিলে আৰু মই নোপোৱাকৈ  থাকিব পাৰোঁনে  !  
      "  কেতিয়া আহিলা ৰহমুন ? " --- মই সুধিলোঁ । 
    "  কালি সন্ধ্যা মোক জেইলৰ পৰা এৰিলে‌ "--- সি ক'লে । 
    মোৰ কাণত কথাকেইটাই বৰ বেয়াকৈ কোবালে । মই কোনোদিনে এনেকুৱা অপৰাধীৰ লগত কথা পাতি পোৱা নাছিলোঁ।  মোৰ অন্তৰাত্মা নিজতে কুচিমুচি সোমাই যোৱা যেন লাগিল । এবাৰ  ভাবিলোঁ-- আজিহে সি আহিব‌ লাগেনে  ! 

    " আমাৰ বিবাহ অনুষ্ঠান চলি আছে ‌" --- মই ক'লো।
    " মই কণমানিজনীক চাব পাৰিমনে ছাৰ ? অকণমান ...."  সি  ক'লে । 
    সি তেতিয়া ভাবিছিল মিনি আগৰদৰেই দৌৰি আহি তাক ক'ব -----কাবুলীৱালা .... কাবুলীৱালা ...
    সি ভাবি আহিছিল সিহঁতে খুব কথা পাতিব , হাঁহিব , ঠিক আগৰ দৰেই ... 
    কোনোবা এজন মানুহৰ পৰা সি কিবা উপায়েৰে কেইটামান কাজু , কেইটামান কিচমিচ  লৈ কাগজ এখনেৰে মেৰিয়াই  মিনিলৈ লৈ আনিছে । নিজৰতো তাৰ আজি একোৱেই নাই । 

       " আজি আমাৰ ঘৰত বিয়া । তুমি কাকোৱেই লগ কৰিব নোৱাৰিবা ...।" --- মই কোৱাৰ লগে লগে তাৰ মুখখন শুকাই গৈছিল । সি মোলৈ‌ বৰ উদাস চাৱনিৰে চাই পঠিয়ালে । মোক ' গুদমৰ্নিং' বুলি কৈ সি যাবলৈ ওলাল । মোৰ অকণো ভাল নালাগিল । তাক মোৰ আকৌ মাতি দিম যেন লাগিছিল । কিন্তু সি নিজেই ওলটি আহিল । মোৰ নিচেই ওচৰলৈ আহি সি মোৰ হাতখনত  সি লৈ অনা কাগজেৰে মেৰিওৱা টোপোলাটো তুলি দি ক'লে ----" কণমানিলৈ আনিছিলোঁ । দি দিব চোন তাইক ।"  মই সেই টুপুলিটো ল'লো আৰু কিবা এটা মূল্য দিব বিচাৰিলো । সি মোৰ হাতখনত ধৰি ক'লে ---" আপুনি বৰ দয়াবান ,  ছাৰ । আপুনি মোক মনত ৰাখিছে । মোক পইছা নিদিব ,  ছাৰ । আপোনাৰ সৰুছোৱালী জনীৰ নিচিনা মোৰো ঘৰত এজনী সৰু ছোৱালী আছে। মোৰ ছোৱালী জনীলৈ মনত পেলাই মই তাইলৈ কিবা এটা লৈ আনো । মোৰ লাভৰ বাবে নহয় ...."--- এইবুলি কৈ সি পায়জামাটোৰ জেপৰপৰা এখন শোত্ মোচ খোৱা  কাগজ এখন  উলিয়াই আলফুলকৈ খুলি   টেবুলতে মেলি ধৰিলে ।সেইখনৰ ওপৰত জিলিকি পৰিছিল এখন সৰু হাতৰ চাপ । এইখন ফটো বা দ্ৰয়িং   নাছিল । মাথোন চিয়াঁহীৰ কিছুমান দাগ ...সিচঁৰতি হৈ  আছিল। সি তাৰ  জীয়েকৰ হাতৰ  চাপবোৰ  এনেকৈয়ে জেপৰ ভিতৰত লৈ ফুৰিছিল বছৰৰ পিছত বছৰ .... আৰু কলিকতাৰ গলিবোৰত বস্তু বেচি ফুৰিছিল । 
       মোৰ দুচকু সেমেকি‌ উঠিছিল । অকল সেমেকি উঠাই নহয়  পানীৰ লোৰ এটা হৈ দুগালেদি  বৈও আহিছিল । মই পাহৰি গ'লো ফলমূল বেপাৰী ৰহমুনক । সি মোৰ নিচিনা এটা বাপেক ।  দূৰৈৰ পৰ্বতৰ সিমূৰে থকা তাৰ মৰমৰ পাৰ্বতীজনীৰ  সৰু সৰু হাতৰ চাপবোৰে মোৰ কণমানি মিনিজনীক মনত পেলাই দিলে । 
       মই  মিনিক মাতি পঠিয়ালোঁ ।  বহুত আপত্তি আহিল ভিতৰৰ পৰা ।  মই কিন্তু নামানিলোঁ।  ৰঙা চিল্কৰ সাজেৰে কপালত‌ চন্দনৰ ফোঁট লৈ এজনী সুশোভনা  কন্যা হৈ মিনি মোৰ আগত থিয় হ'লহি । 
       কাবুলীয়ে তাইৰ নতুন ৰূপটো দেখি আচৰিত হৈ উঠিল । তথাপি পুৰণি সেই‌ সুৰটোৰে ক'লে ----
       " তুমি শহুৰৰ ঘৰলৈ যোঁৱাই নেকি ...?" 
       এতিয়া মিনিয়ে " শহুৰৰ" অৰ্থ বুজি পায় । তাই তাক একো উত্তৰ নিদিলে । তাই মাথোন তাৰ সমুখত থিয় হৈ থাকিল । কন্যা কন্যা লগা মুখখন যেন কিছু শেঁতা  পৰি গ'ল । 
      মোৰ বৰ ভালকৈ মনত আছে কাবুলী আৰু মিনি লগ হোৱা প্ৰথম দিনটোৰ কথা । বৰ বেয়া লাগিল‌  মোৰ । তাই লাহেকৈ আঁতৰি গ'ল । ৰহমুনে এটা হুমুনিয়াহ এৰি সেই ঠাইতে বহি পৰিল ।  তাৰ মনটো উৰি গ'ল  কাবুললৈ । পাৰ্বতীৰ ওচৰলৈ । সি তাইৰ ওচৰত এনেকৈয়ে নতুন হ'বগৈ  লাগিব । তাইও চাগে বহুত ডাঙৰ হ'ল ।  বিয়া ঘৰত দুন্দুভি বাজি উঠিল । ৰহমুনো কলিকতাৰ  কোনোবা এটা পথত বহি ল'লেগৈ  । তাৰ সন্মুখত উন্মুক্ত আফগানিস্তানৰ বিৰাটাকাৰ‌ পাহাৰবোৰ ...। 
       মই লৰা-লৰিকৈ বেংকৰ চেক এখন উলিয়াই তাৰ ওচৰ পালোগৈ আৰু হাতত চেকখন গুজি দি ক'লো --- " যোৱাঁ ৰহমুন ,  তোমাৰ  ছোৱালীজনীৰ ওচৰলৈ যোৱাঁ ! তোমাৰ লগত হোৱা আজিৰ এই দেখাদেখিয়ে মোৰ ছোৱালীজনীৰ বাবে ডাঙৰ আশীৰ্বাদ হ'ব । "

         মই জানিছিলোঁ , এইখিনি কৰাৰ বাবে মই বিয়াখনৰ কিছু ধুমধাম কমাই আনিব‌ লাগিব‌। বেছি ইলেকট্ৰনিক লাইটবোৰ নজ্বলালেও হ'ব । মিলিটেৰী বেণ্ডপাৰ্টীটো আজি নাথাকিব আৰু ...। মহিলা সকলে মোক অলপ বেয়া পাব পাৰে ! কিন্তু বিয়াৰ ভোজটো মোৰ মনৰ মাজত  উজ্বলি উঠিব । দূৰৈৰ দেশত এজন পৰিয়াল বিছিন্ন পিতৃয়ে নিজৰ পাৰ্বতী জনীক  লগ পাবলৈ গৈ আছে .....গৈ আছে ...গৈ আছে ...!

অঙ্গন: পৃষ্ঠা 42
শেষ পৃষ্ঠাৰ লেখাঃ
মানসিক শান্তি

সাম্প্ৰতিক সময় এক জটিল সময়। এই সময়ত শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলো লোকেই মানসিক চাপ আৰু দুচিন্তাৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈ পৰিছে। জীৱনে কেতিয়া কোন দিশে গতি কৰিব তাৰ কোনো নিশ্চয়তা নোহোৱা এই অভিশপ্ত সময়ত চিন্তাহীন ভাৱে দিন অতিবাহিত কৰিবলৈ আমি যেন অপাৰগ। আটাইতকৈ ডাঙৰ কথা বৰ্তমান সময়ত বিশ্বাসৰ এখন হাত বিচাৰি পোৱাটো বৰ কঠিন। তেজ-মঙহৰ সম্বন্ধৰ পৰা চকু চিনাকীলৈকে এই গোটেই এনাজৰীডালত খুব কম সংখ্যকহে এনে লোক পোৱা যায় যাক আমি বিনা দ্বিধ্যই যনৰ কথা ক'ব পাৰো।
আমি তেতিয়া সৰু, চহৰৰ আও-ভাও আমি নেজানো। কিন্তু গাঁৱত ! প্ৰতি ক্ষণত এজনে আনজনৰ সহায়ৰ বাবে প্ৰস্তুত থকা সেই পৰিবেশ। চাউল-ধানৰ পৰা আৰম্ভ কৰি খেতি-বাতি, বেমাৰ-আজাৰ, কাম-সকাম ইত্যাদি সকলো কামতে গাঁৱৰ ৰাইজে সমান মিলে কামবোৰ সামাধান কৰিছিল। আমি দেখিছিলো আনকি নিজৰ ঘৰৰ ক্ষেত্ৰটো ঘটিছিল যে, কেতিয়াবা যদি ঘৰত তেল অকণ, নিমখ অকণ, হালধি অকণ নোহোৱা হৈছিল কাষৰ ঘৰৰ পৰা গৈ সাউট কৈ লৈ আনিব পাৰিছিলো। কিন্তু আজি কালি এনে দৃশ্য বিৰল। আমি দেখিছিলো, গাঁৱৰ কোনোবা ডেকা যদি খোৱাৰ সময়ত কিবা কাৰণত কাৰোবাৰ ঘৰত  উপস্থিত হয়গৈ তেন্তে তেওঁ ভাতসাঁজ নোখোৱাকৈ আহিব নোৱাৰিছিল। বহু বাৰ মোৰ নিজৰ ক্ষেত্ৰতে এনে ঘটিছিল। কিন্তু বৰ্তমান এনে আন্তৰিকতা দেখিবলৈ খুব কমেহে পোৱা যায়। এই যে আন্তৰিকতা, মৰম-চেনেহ, বিশ্বাস, সহায়-সহানুভূতি এইবোৰে তেতিয়াৰ লোক সকলক মানসিক শান্তি প্ৰদান কৰিছিল। সেইয়া আছিল এজনৰ আনজনৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি, প্ৰেম, সহানুভূতি।
            কিন্তু বৰ্তমান ! বৰ্তমানে আপুনি যদি মানসিক ভাৱে সবল নহয়, কিছু পৰিমাণে আত্মকেন্দ্ৰীক নহয়, কিছু পৰিমাণে স্বাৰ্থপৰ নহয়, কিছু পৰিমাণে কঠোৰ নহয় তেন্তে আপুনি মানসিক শান্তি লাভ কৰিব নোৱাৰিব। আপোনাৰ সামাজিক জীৱনত প্ৰতি ক্ষণতে টনা-আজোৰা, সমালোচনা কৰি থকা আপোনাৰ আপোন যেন লগা মানুহখিনিয়েই আপোনাক শান্তিত থাকিবলৈ নিদিব। আপুনি আপোনাৰ সামাজিক স্থিতি, মান-মৰ্যদা, আত্মসন্মান আদিক লৈয়ে যদি প্ৰতি ক্ষণত ব্যস্ত থাকে বা এই বিষয়ে চিন্তা কৰি থাকে তেন্তে আপুনি এদিন নহয় এদিন মানসিক ভাৱে ভাগি পৰিবলৈ বাধ্য হ'বই লাগিব আৰু আপোনাৰ মানসিক স্থিতিৰ দুৰ্বলতাৰ প্ৰকাশেই হ'ব আপোনাৰ লগতে পৰিয়ালৰ বিপৰ্যয়ৰ কাৰণ। গতিকে অভিজ্ঞতাৰ ফালৰ পৰা, প্ৰত্যক্ষদৰ্শী ৰূপে আৰু আত্মমন্থনৰ দ্বাৰা ইয়াকেই বুজি উঠিছোঁ যে সাম্প্ৰতিক সময়ত আমি একেবাৰে নহ'লেও ৩০% হ'লেও আত্মকেন্দ্ৰীক হ'লেহে আমি এই জটিল সময়ৰ লগতে আগবাঢ়ি গৈ জীৱন অতিবাহিত কৰিব পাৰিম। অন্যথা আত্মদহনৰ ফলত নিজৰ লগতে পৰিয়ালকো বিপদত পেলাই আমি আত্মঘাটি হ'বলৈ বাধ্য হ'ব লাগিব।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
নকছাৰি, যোৰহাট
6000709096

অঙ্গন:  পৃষ্ঠাঃ 43


Post a Comment

0 Comments