অঙ্গনঃ পঞ্চম বছৰ (৪ নং সংখ্যা)




১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 মাৰ্চ  2024.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 4
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 6
👉প্ৰৱন্ধ : পৃষ্ঠা-- 7-10
👉ধাৰাবাহিক: পৃষ্ঠা--11
👉অণুগল্প : পৃষ্ঠা -- 12-16
👉 এক মিনিটৰ গল্প: পৃষ্ঠা-- 17-18
👉অনুবাদ সাহিত্য : পৃষ্ঠা--19
👉কবিতা: পৃষ্ঠা--20-36
👉ৰেচিপি: পৃষ্ঠা 37
👉অনুভৱ: পৃষ্ঠা--38
👉গল্প: পৃষ্ঠা--39-45
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা-- 46

অঙ্গন: পৃষ্ঠাঃ 5
অঙ্গন
(মাহেকীয়া ই আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ 6
সম্পাদকীয়ঃ

সুখৰ সংজ্ঞা

এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিজন মানুহেই জীৱনৰ কোনোবা এটা সময়ত নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য হয় “মই সুখীনে?” অথবা জটিল মুহূৰ্তত নিজ পৰিস্থিতিৰ কাৰণ বিচাৰি সুখ দুখৰ এই মায়াজাল নজনাকৈয়ে ভৰি দিয়ে৷ গতিকে, ‘মই সুখীনে?’ প্ৰশ্নটো দিনে দিনে অধিক প্ৰাসংগিক হৈ পৰিছে৷ সুখ আচলতে আনৰ ওচৰত প্ৰকাশ কৰি থকা এটি বিষয় নেকি বাৰু? প্ৰকৃততে সুখী মানুহে নিজৰ সুখৰ কথাবোৰ প্ৰচাৰ কৰি ফুৰেনে? তেনেহ’লে কিয় বাৰু মানুহে আনৰ লগত কথা পতাৰ সময়তেই হওক অথবা ফেচবুক ইনষ্টাগ্ৰাম আদিৰ জৰিয়তে কেৱল নিজৰ সুখৰ [সুখ বুলি ভবা] কথাবোৰকে প্ৰচাৰ কৰি ফুৰে? কেতিয়াবা এনেবোৰ প্ৰশ্নই আপোনাকো ভবাই নোতোলেনে? বাহ্যিকভাৱে তেনেই সাধাৰণ যেন লগা এই কথাবোৰেও কিন্তু আমাৰ চিন্তা চৰ্চা মানসিক জগতখনৰ অৱস্থাক ইংগিত কৰে৷ এনে কথাবোৰৰ জৰিয়তে এটা কথাই প্ৰমানিত হয় যে লাহে লাহে আমি ভোগবাদী মানসিকতাৰ স্বীকাৰ হৈ পৰিছোঁ৷ আমি ভাবিবলৈ লৈছোঁ যে দামী চৌখিন ৰেষ্টুৰেণ্ট এখনত খাবলৈ যোৱা মানেই সুখী মানুহ, পা(ৰ্াত্য সাজ পাৰ পৰিধান কৰি চিনেমাৰ নায়ক-নায়িকাৰ দৰে ফটো উঠিলেই, ব্যায়বহুল গাড়ী এখন ক্ৰয় কৰিলেই বৃহৎ অট্টালিকা এটা সাজিলেই আমি সুখী মানুহ৷ অথচ আজিও আমি এজন মানুহৰ মৃত্যুত তেওঁ বহু লাখটকীয়া কেবাখনো গাড়ী, বৃহৎ অট্টালিকাটো এৰি থৈ গ’ল বুলি নাকান্দো৷ আমি কান্দো, মানুহজন বৰ মৰমীয়াল আছিল বুলি, মানুহজন ভাল গায়ক লেখক সাহিত্যিক, খেলুৱৈ অথবা পৰোপকাৰী আছিল বুলি৷

ইয়াৰ অৰ্থ ভোগেই জীৱনৰ সৰ্বস্ব নহয়৷ জীয়াই থাকিবলৈ আমাক দান-গৰিমা, সু স্বাস্থ্য ধন-সম্পত্তি সকলোবোৰেই লাগিব৷ কিন্তু যিবোৰ ভোগৰ সামগ্ৰী তাৰ সীমা থকা নিতান্তই প্ৰয়োজন৷ অন্যথা আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰিম যে এই ভোগবাদী মানসিকতাৰ উদ্ধৰ্ত এখন সুখৰ পৃথিৱী আছে, আমি অনুভৱ কৰিব নোৱাৰিম যে প্ৰকৃততে মৰম চেনেহ ভালপোৱা দয়া মমতা পৰোপকাৰ এইবোৰৰ মাজতহে সুখে থিতাপি লয়৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 7
প্ৰৱন্ধঃ

অভিনয়
(বিশেষ: এই প্ৰবন্ধত অভিনেতা আৰু নৰ্তক শব্দেৰে পুৰুষ আৰু নাৰী উভয়কে বুজোৱা হৈছে)

প্ৰণৱ ফুকন

(১) ঘৰৰপৰা দুখোজ গৈয়ে মনটো কোঁচ খাই গ’ল - যিজন মানুহক এৰাই চলিব খোজোঁ, তেওঁ সমুখতে৷ জানো তেঁৱো মোক চকু পাৰি দেখিব নোৱাৰে৷ উপায় নাই, দুয়ো বৰ হাঁহি-মাতি দুআষাৰ কথা পাতি আঁতৰি আহি মনতে ক’লোঁ: মোক দেখিব নোৱাৰে আৰু এতিয়া বন্ধুৰ দৰে অভিনয় কৰিছে চোৱা৷ তেঁৱো নিশ্চয় মোৰ কথা তেনেকৈয়ে ভাবিছে৷

(২) বানপানীৰ সময়ত মন্ত্ৰী মহোদয় হেলিকপ্টাৰেৰে ওপৰৰ পৰা চাই মনে মনে বান সাহায্যৰ ধন আত্মসাত কৰাৰ পৰিকল্পনা কৰিছে আৰু টিভিৰ কেমেৰাৰ সমুখত ৰাইজৰ বিলৈত ভাগি পৰিছে; আমি নিজৰ ভিতৰতে মন্তব্য কৰিছোঁ: বেটাৰ এক্টিং চোৱা; ঘঁৰিয়ালৰ চকুপানী টুকি দেখুৱাইছে৷

এনেধৰণৰ ঘটনা আমাৰ জীৱনত সচৰাচৰ ঘটিয়েই থাকে আৰু আমি অভিনয় বা তাৰ ইংৰাজী সমাৰ্থক এক্টিং শব্দটো ব্যৱহাৰ কৰোঁ৷ কিন্তু কেতিয়াবা ভাবি চাইছোঁনে অভিনয় মানে কি ? ইয়াৰ সংজ্ঞা কি ? ই এবিধ কলা হয়নে ? এই প্ৰশ্নবোৰৰ যথাযথ উত্তৰ দিয়া কঠিন৷ আমি মাত্ৰ  নূণ্যতম কথাখিনিহে উনুকিয়াম৷

অভিনয় এক কলা ৰূপেই বিবেচিত হয়৷  বিভিন্ন চৰিত্ৰ ৰূপায়ণৰ বাবে অভিনেতাসকলে তেওঁলোকৰ পঞ্চেন্দ্ৰীয় তথা নিজৰ শাৰীৰিক ৰূপৰ আশ্ৰয় লয়৷ নিজৰ মানসিক অনুভূতি আৰু শাৰীৰিক অঙ্গ- প্ৰত্যঙ্গক সম্পূৰ্ণৰূপে নিৱেশিত কৰি অভিনয়ৰ ভিন-ভিন ৰস প্ৰস্ফুটিত কৰে৷ এই বিষয়ে আমি পাছত কথা পাতিম৷

 অভিনয়ৰ স্তৰ : অভিনয় কলাক তিনিটা স্তৰত ভগাব পাৰি: বাচিক, দৈহিক বা আঙ্গিক আৰু সাত্বিক৷ অভিনেতাৰ সংলাপেই হ’ল মূলতঃ বাচিক অভিনয়ৰ সমল; বাচিক অভিনয়েৰে অভিনেতাই সংলাপৰ লগত খাপ খোৱা আৱেগ ফুটাই তুলিব পাৰিলেহে দৰ্শকক আকৰ্ষণ কৰিব পাৰে৷ মঞ্চ অভিনেতাৰ ক্ষেত্ৰত এই কথা সম্পূৰ্ণৰূপে প্ৰযোজ্য, কাৰণ অভিনেতাৰ সংলাপে শেষৰ শাৰীৰ দৰ্শককো আকৰ্ষণ কৰিব পাৰিব লাগিব৷ সেয়ে এজন সফল অভিনেতাই বাচিক অভিনয় আয়ত্ত কৰোঁতে মাতত সৃষ্টি কৰা বিভিন্নতাৰ (voice modulation) বিষয়ে সজাগ হোৱাৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত প্ৰশিক্ষণ আৰু অভিজ্ঞতাই সহায় কৰে৷

দৈহিক/আঙ্গিক অভিনয় হ’ল শৰীৰৰ অংগ-প্ৰত্যঙ্গৰ ব্যৱহাৰেৰে অভিনেতাই প্ৰকাশ কৰা আৰু সংলাপৰ লগত খাপ খোৱা আৱেগৰ অভিনয়৷ আমি বিভিন্ন সময়ত বিভিন্ন আৱেগ অনুভৱ কৰোঁ আৰু জ্ঞাতসাৰে বা অজ্ঞাতসাৰে আমাৰ অংগ-প্ৰত্যংগ ব্যৱহাৰ কৰোঁ৷ এই সকলো প্ৰত্যক্ষ কৰি অভিনেতাই সফল ভাবে দৈহিক অভিনয়েৰে কাহিনীভাগৰ আৱেগ ফুটাই তোলে৷ এই ক্ষেত্ৰতো প্ৰশিক্ষণ আৰু অভিজ্ঞতাই সহায়ক ৰূপে বিবেচিত হয়৷

সাত্বিক অভিনয়ক এজন অভিনেতাৰ নিপুণতাৰ মাপ-কাঠি বুলিব পাৰি৷ সাত্বিক শব্দৰ আভিধানিক অৰ্থ হ’ল ঐশ্বৰিক বা স্বৰ্গীয়৷ গতিকে সাত্বিক অভিনয় যেন এক অপাৰ্থিৱ সামগ্ৰী, এই ভাব আহিব পাৰে৷ প্ৰকৃততে এই অভিনয়ৰ যোগেদি অভিনেতাই চেষ্টা কৰে কিমান কম প্ৰদৰ্শনেৰে কিমান বেছি প্ৰকাশ কৰিব পাৰি৷ হয়তো এই কথা বুজিবৰ বাবে আমি এটা উদাহৰণ ল’ব লাগিব৷ ধৰক এটা শোকৰ দৃশ্য য’ত অভিনেতাই কৰুণতা প্ৰকাশ কৰিব লাগে৷ তাৰ বাবে কোনো অভিনেতাই হাও-হাওকৈ কান্দি বাচিক অভিনয়েৰে দৰ্শকক সেই কৰুণতাৰ আভাস দিবলৈ চেষ্টা কৰিব৷ আনহাতে কিছু পৰিমাণে প্ৰশিক্ষিত আৰু অভিজ্ঞ অভিনেতাই অশ্ৰুজলৰ ধল আনি দৰ্শকৰ কাষ চাপিবলৈ যত্ন কৰিব৷ কিন্তু সাত্বিক অভিনয়ত দক্ষ অভিনেতাই কেৱল মুখাবয়বলৈ এনে এটা ভাব আনিব যে ই সহজেই দৰ্শকৰ চকুতো চকুলো আনিব৷ সকলো ধৰণৰ অভিনয়ৰ ভিতৰত সাত্বিক অভিনয়েই আটাইতকৈ কঠিন৷ প্ৰশিক্ষণ আৰু অভিজ্ঞতা এই ক্ষেত্ৰত সহায়ক হ’ব পাৰে; কিন্তু অভিনেতাজনৰ নিজা প্ৰচেষ্টা, কাহিনীৰ বাবে প্ৰয়োজনীয় আৱেগ আয়ত্ব কৰাৰ ক্ষমতা আৰু চৰিত্ৰৰ সৈতে একাত্ম হোৱাৰ দক্ষতাৰ ওপৰতেই ই অধিক নিৰ্ভৰশীল৷ এনে অভিনয় কৰিব পৰাজনেই আটাইতকৈ সফল অভিনেতা ৰূপে জিলিকি উঠে; ইয়াত আমি আৰ্থিক সফলতাৰ কথা কোৱা নাই৷

এজন পাকৈত অভিনেতাই চৰিত্ৰভেদে এই সকলো স্তৰৰ অভিনয় কৰিবলগীয়া হয়; কাৰণ জীৱনৰ বিভিন্ন সময়ত তেওঁ বহু ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া হয়; যেনে:

মুখ্য নায়ক/নায়িকা
কৌতুক অভিনেতা
খলনায়ক
চৰিত্ৰ অভিনেতা
অতি কম সময়ৰ বাবে দেখা দিয়া অভিনেতা
সূত্ৰধাৰ
শিশু অভিনেতা
ইত্যাদি

এনে সকলো চৰিত্ৰ ৰূপায়ণ কৰা আৰু তাৰ দ্বাৰা দৰ্শকক আকৰ্ষিত কৰিব পৰাতে অভিনেতাজনৰ কৃতিত্ব৷

অভিনয়ৰ প্ৰকাৰ : নাটকৰ কাহিনী বা পৰিস্থিতি উপস্থাপনত তিনিটা প্ৰকাৰ দেখা যায়: অতি- নাটকীয়, নাটকীয় আৰু নম- নাটকীয়৷ সেইদৰে অভিনয়কো তিনি প্ৰকাৰে ভগাব পাৰি: অতি নাটকীয় অভিনয় (Overacting), নাটকীয় অভিনয় (Acting) আৰু নম-নাটকীয় অভিনয় (Underacting). অতি-নাটকীয় অভিনয়ত অভিনেতাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বাচিক আৰু আঙ্গিক অভিনয়ত গুৰুত্ব দিয়ে আৰু তেওঁৰ অভিনয় সাত্বিক স্তৰলৈ উন্নীত নহয়৷ নাটকীয় অভিনয়ত বাচিক অভিনয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া নহয়, কিন্তু সাত্বিক অভিনয়ৰ স্তৰলৈ আগনাবাঢ়ে৷ আনহাতে নম-নাটকীয় অভিনয়ত সাত্বিক অভিনয়ৰ ওপৰতে অধিক গুৰুত্ব দিয়া হয়৷ সাধাৰণতে বোলছবি জগতত এই তিনিও প্ৰকাৰৰ অভিনয় প্ৰত্যক্ষ হয়৷ প্ৰথম প্ৰকাৰৰ অভিনয়ে সাধাৰণ ৰাইজক আকৰ্ষিত কৰে আৰু হাতচাপৰি আৰু সুহুৰিৰ শব্দত প্ৰেক্ষাগৃহ ৰজনজনাই যায়৷ দ্বিতীয় প্ৰকাৰৰ অভিনয়  উপভোগ কৰিবলৈ কিছু পৰিমাণে সংবেদনশীল হোৱা প্ৰয়োজনীয়; কিন্তু অধিক সংবেদনশীল দৰ্শক এনে অভিনয়ত আকৰ্ষিত নহয়৷ এই শ্ৰেণীৰ দৰ্শকক লাগে নম-নাটকীয় অভিনয়; যিহেতু এনে দৰ্শকৰ সংখ্যা কম, গতিকে এনে অভিনেতা আৰ্থিকভাৱে সিমান সফল নহ’বও পাৰে৷ 

এই কথা অনস্বীকাৰ্য্য যে নাট্যাভিনয়ত কোনো কোনো সময়ত অতি-নাটকীয় অভিনয়ৰ প্ৰয়োজন হয় যাতে কাহিনী বা পৰিস্থিতিৰ আৱেগ দৰ্শকে অনুধাৱন কৰাত সহায়ক হয়৷ কিন্তু টেলিভিচন বা বোলছবিত যিহেতু অভিনেতাৰ প্ৰতিটো অভিব্যক্তিয়েই কেমেৰাৰ জৰিয়তে দৰ্শকৰ চকুত ধৰা পৰে গতিকে অতি-নাটকীয় অভিনয় কিছু আমনিদায়ক হৈ পৰে৷ এই ক্ষেত্ৰতো এটা কথা ক’বই লাগিব: খাটি খোৱা মানুহে দিনটোৰ ভাগৰ পলুৱাই অন্তৰত আনন্দৰ ভাৱ সৃষ্টি কৰিবলৈ অতি-নাটকীয় অভিনয়তহে হাতচাপৰি বজায়৷

অঙ্গন: পৃষ্ঠাঃ 8

পদ্ধতিগত অভিনয় : আজিকালি আমি সতকাই পদ্ধতিগত অভিনয়ৰ (Method Acting) কথা শুনো৷ ই মূলত: পশ্চিমীয়া দেশৰ পৰা অহা এক ধাৰণা৷ এনে অভিনয়ৰ বাবে এজন সুদক্ষ প্ৰশিক্ষকে অভিনেতাজনক বিভিন্ন চৰিত্ৰ ৰূপায়ণৰ বাবে কেনে ধৰণে সাজু হ’ব লাগে, তাৰ প্ৰশিক্ষণ দিয়ে৷ আমেৰিকান অভিনেতা Laurette Taylor-ই এনে অভিনয়ৰ বিষয়ে কৈছিল যে: “ধৰি লওক আপুনি বোকাত লুতুৰিপুতুৰি এজনী কণমানি ছোৱালী দেখি আকৰ্ষিত হ’ল; হয়তো আপোনাৰ ওঁঠত হাঁহিও বিৰিঙি উঠিল৷ কিন্তু কিয় ? কিয়নো সেই শিশুটিয়ে সৃষ্টিৰ আনন্দ  উপভোগ কৰিছে৷ তাই মাটিৰ  পিঠাত মাকে ঘৰত খাবলৈ দিয়া পিঠাৰ গুণ অৰ্পন কৰিছে৷” সেইদৰে এজন পদ্ধতিগত অভিনয়ত প্ৰশিক্ষিত অভিনেতাই সকলো চৰিত্ৰতে জীৱন দান কৰে৷ তাৰ বাবে তেওঁ সম্পূৰ্ণ কাহিনী বুজি তাৰ অন্তৰ্নিহিত ভাবধাৰা হৃদয়ঙ্গম কৰি তেওঁ অভিনয় কৰিবলগীয়া চৰিত্ৰটোৰ পৰিবেশ- পৰিস্থিতিত নিজকে খাপ খুৱাই তাৰ পাছতহে আগবাঢ়ে৷ 

 অভিনয়ৰ ব্যাকৰণ : ভাৰতীয় মান্যতা মতে ব্ৰহ্মাদেৱে ঋকবেদৰ পৰা পাঠ্যবস্তু, সামবেদৰ পৰা গীত, যজুৰ্বেদৰ পৰা অভিনয়, অথৰ্ববেদৰ পৰা ৰস সংগ্ৰহ কৰি নট্যশাস্ত্ৰৰ সৃষ্টি কৰে; সেয়ে নাট্যশাস্ত্ৰক পঞ্চমবেদ বুলি অভিহিত কৰা হয়৷ মহাদেৱে মত পোষণ কৰে যে নৃত্যৰ সংযোজনে নাট্যৰ সৌষ্ঠৱ বঢ়াব; গতিকে তেওঁ তণ্ডু মুনিক নিৰ্দেশ দিয়ে ঋষিসকলক নৃত্য শিক্ষা প্ৰদান কৰিবৰ বাবে৷ তণ্ডু মুনিৰ নামেৰে এই নৃত্যৰ নাম তাণ্ডৱ হয়৷ তাণ্ডৱৰ বিপৰীতে কোমল নৃত্যৰো আৱশ্যকতা আছে বুলি পাৰ্বতীয়ে লাস্য নৃত্যৰ সৃষ্টি কৰে৷ নাট্য আৰু নৃত্যৰ পৰিপূৰক হ’ল গীত আৰু বাদ্য৷ গীত, বাদ্য আৰু নৃত্যৰ মহামিলনত সঙ্গীত প্ৰবাহিত হয়৷ এই আটাইৰে সমাহাৰত ভৰত মুনিয়ে সৃষ্টি কৰে ভৰতনাট্যমৰ৷ এই নৃত্যত পটীয়সীয়ে লাস্যৰ লগতে তাণ্ডৱ নৃত্যৰো প্ৰদৰ্শন কৰে আৰু অন্তৰ্নিহিত ভাৱাবেগ পৰিস্ফূট কৰিবলৈ অভিনয়ৰ আশ্ৰয় লয়; এই অভিনয় নৃত্যপটীয়সীগৰাকীয়ে আঙ্গিক আৰু সাত্বিক অভিনয়েৰে ফুটাই তোলে৷ এই সকলোৰে ব্যাকৰণ হ’ল ভৰত মুনিৰ নাট্যশাস্ত্ৰ৷ নাট্যাভিনয়ৰ বিষয়ে এইখনেই প্ৰথম উল্লেখযোগ্য গ্ৰন্থ৷

আমি জানো যে সাহিত্যত ন বিধ ৰস আছে, যাক নৱৰস বোলা হয়৷ ৰস বুলিলে আমাৰ মনলৈ আহে কোনো ফলৰ পৰা নিৰ্গত হোৱা পনীয়া এবিধ বস্তু য’ত ফলভেদে বিভিন্ন স্বাদ থাকে৷ এই ৰসবোৰ মুখলৈ আনিলে আমাৰ শৰীৰে সুকীয়া-সুকীয়া ধৰণে প্ৰতিক্ৰয়া কৰে৷ সাহিত্যৰ নৱৰসো তেনে যি পাঠকৰ মনত বিভিন্ন প্ৰকাৰে ক্ৰিয়া কৰে৷ এই নৱৰস হ’ল
কামদ্ৰেক কৰা শৃঙ্গাৰ ৰস,
হাঁহিৰ ভাৱ অনা হাস্যৰস,
দুখ/সমবেদনাৰ ভাৱৰ উদ্ৰেক কৰা কৰুণ ৰস, ক্ৰোধ সৃষ্টি কৰা ৰৌদ্ৰ ৰস, বীৰত্বৰ ভাব প্ৰদৰ্শোৱা বীৰ ৰস, ভয়/ সংশয়ৰ আবেগৰ ভয়ানক ৰস, বিতৃষ্ণাজনক আবেগৰ বীভৎস ৰস, আশ্চৰ্য্যৰ ভাৱ অনা অদ্ভূত ৰস, সৌম্য-সমাহিত শান্ত ৰস।
ভৰত মুনিয়ে অভিনয়ৰ যোগেদি এই সকলো ৰস পৰিস্ফুট কৰাৰ ওপৰত গুৰুত্ব দিছে৷ এই ধাৰা পাছলৈ মঞ্চাভিনয় আৰু ক্ৰমে বোলছবি তথা টিভি জগতলৈ প্ৰশমিত হয়৷ আজিও এই ধাৰা অক্ষুন্ন হৈ আছে৷
ইয়াৰ উপৰিও মঞ্চৰ আকাৰ আৰু প্ৰকাৰ, অভিনেতাজন কোন ঠাইত ঠিয় হ’লে দৰ্শকৰ বাবে অভিনয়ৰ ৰস উপলব্ধি কৰাত সহায়ক হ’ব, আদি কথাও  অভিনয়ৰ ব্যাকৰণত বৰ্ণিত আছে৷ তদুপৰি অভিনেতাৰ voice modulation-ও অভিনয়ৰ ব্যাকৰণত বিশেষ স্থান লাভ কৰে৷ সুদক্ষ প্ৰশিক্ষকে এই সকলো বিষয়ে অভিনেতাক প্ৰশিক্ষিত কৰে৷ তদুপৰি প্ৰখ্যাত নাট্যকাৰসকলৰ আৰু প্ৰাচীন তথা মধ্যযুগৰ নাটকসমূহ পাঠ কৰি অভিনেতাই চৰিত্ৰসমূহ যথাযথ ৰূপায়ণ কৰাৰ বিষয়ে নিজৰ মনত ধাৰণা কৰা অতীব প্ৰয়োজনীয়৷

 শিল্পী ৰূপে অভিনেতা : যিজনে মানসিক অনুভূতি সুস্পষ্ট কৰি ফুটাই তুলিব পাৰে, তেওঁকে শিল্পী বুলিব পাৰি৷ এজন শিল্পীয়ে মানসপটত অঁকা এখন চিত্ৰ নিজৰ ভাৱাবেগেৰে প্ৰকাশ কৰে৷ সেই ভাৱাবেগ বা সেই মানসিক চিত্ৰ কেতিয়াবা এটি কাহিনী, পঠন, স্বগতোক্তি, নৃত্য নাটিকা, নাটক, কবিতা আদি যিকোনো এটা হ’ব পাৰে, যাৰ যোগেদি শিল্পীয়ে আত্মপ্ৰকাশ কৰে৷  

নৰ্তকৰ দৰে অভিনেতায়ো শৰীৰ সঞ্চালনৰ জৰিয়তে ভাৱধাৰা প্ৰকাশ কৰে৷ কিন্তু নৰ্তকৰ তুলনাত অভিনেতাই অধিক মাত-কথা আৰু মুখাবয়ৱৰ দৰে অন্যান্য শাৰীৰিক ক্ৰিয়াৰো ব্যৱহাৰ কৰে৷ নৰ্তকে অঙ্গ সঞ্চালন আৰু মুখাবয়ৱৰ অভিব্যক্তিৰ বাহিৰে সাধাৰণতে মুখৰ মাত আদিৰ প্ৰয়োগ নকৰে৷ 

অন্যান্য পৰিবেশ্য কলাৰ শিল্পীৰ দৰে অভিনেতায়ো আৱেগ প্ৰকাশ কৰে আৰু তাৰ যোগেদি দৰ্শককো সেই আৱেগ অনুভৱ কৰাবলৈ প্ৰয়াস কৰে৷ তেওঁ মঞ্চ, টেলিভিছন অথবা বোলছবিত কৰা অভিনয়ৰ জৰিয়তে সকলো দৰ্শকক নিজ কলাৰ অংশ কৰি লয় যাতে দৰ্শকে নিজকে সেই পৰিবেশ- পৰিস্থিতিৰ অংশীদাৰ যেন অনুভৱ কৰে৷ কিন্তু অভিনেতাই যদি নিজকে দৰ্শকৰ আগত প্ৰয়োজনাধিক সময় থকাৰ প্ৰয়াস কৰে, তেন্তে এক আমনিজনক পৰিস্থিতিৰ সৃষ্টি হৈ সম্পূৰ্ণ বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷ অভিনেতাই উপস্থাপন কৰা কলা যিহেতু বাস্তৱিক কৰি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে, সেয়ে দৰ্শকে অভিনয় কলা তেনেই সহজ আৰু চিত্ৰাংকন বা লেখনৰ লগত শাৰী পূৰাব নোৱাৰা ধৰণৰ বুলি ভাবিবলৈ ধৰে৷ বহুতো লোকৰ বাবে চিত্ৰ, লেখন আৰু পৰিৱেশ্য কলাতকৈ অভিনয় কলা নিম্ন মানদণ্ডৰ৷ 

এজন সুপ্ৰশিক্ষিত অভিনেতাই তেওঁৰ কলা অতি সহজ কৰি তোলে৷ প্ৰকৃততে তেওঁ নিজৰ কলা এনেদৰে প্ৰদৰ্শন কৰে যে দৰ্শকে এই কলা অতি সহজসাধ্য যেন অনুভৱ কৰে৷ যিসকল অভিনেতা এক দীৰ্ঘকাল এই কলাৰ লগত জৰিত হৈ আছে, তেওঁলোকৰ বিভিন্ন চৰিত্ৰ ৰূপায়নৰ অভিজ্ঞতা থাকে৷ ফলত তেওঁলোকে এই সকলো পৰিবেশ- পৰিস্থিতি আৰু চাৰিত্ৰিক বৈশিষ্ট্যৰ সৈতে পৰিচিত হৈ পৰে৷ গতিকে একোটা চৰিত্ৰ ৰূপায়নত তেওঁলোক সিদ্ধহস্ত হৈ পৰে আৰু তেওঁলোকৰ প্ৰদৰ্শনত দৰ্শক একাত্ম হৈ পৰে৷ সেই সময়ত অভিনেতাজন ব্যক্তিগত চাৰিত্ৰিক বৈশিষ্ট্যৰ উৰ্দ্ধত উঠি ৰূপায়ণ কৰা চৰিত্ৰত সোমাই পৰে; ফলত দৰ্শকে অভিনেতাজনক নেদেখে, দেখে তেওঁ ৰূপায়ণ কৰা চৰিত্ৰটোকহে৷ কিন্তু দৰ্শকে যদি চৰিত্ৰৰ পৰিবৰ্তে অভিনেতাজনৰ নিজস্ব ৰূপ অনুভৱ কৰে, তেন্তে তেওঁৰ অভিনয় সফল নহয়৷

এজন অভিনেতা যেতিয়া চৰিত্ৰটোৰ সৈতে একাত্ম হৈ পৰে আৰু সেই চাৰিত্ৰিক বৈশিষ্ট্য নিজৰ ব্যক্তিত্বত ফুটাই তোলে তেতিয়া দৰ্শকৰ বাবে অভিনেতাজনেই সেই চৰিত্ৰটি হৈ পৰে৷ ফলত দৰ্শকে ভাবে যে অভিনেতাজনে নিজৰ ব্যক্তিত্ব ৰূপায়িত কৰিছে৷ ইয়াৰ সঠিক মূল্যায়ন এজন সংবেদনশীল ব্যক্তিয়েহে কৰিব পাৰে আৰু তাতেই নিহিত থাকে অভিনয়ৰ কৃতিত্ব৷ 

চিত্ৰশিল্পী, লেখক বা আন তেনে শিল্পীৰ শিল্পৰ তুলনাত মঞ্চ অভিনেতাৰ শিল্প আজি কিছুদিন আগলৈকে ক্ষন্তেকীয়া আছিল, কাৰণ সেই শিল্প এখন নাটক মঞ্চস্থ কৰাৰ সময়লৈকেহে জীৱিত থাকে৷ গতিকে এই অভিনেতাসকলৰ শিল্পৰ পৰিধি আছিল সংকুচিত৷ বৰ্তমানে অৱশ্যে এই অভিনয়কো যুগমীয়া কৰাৰ উপায় আহিছে; ফলত অভিনেতাজনৰ কলাই বহুল পৰিধিৰ দৰ্শকক আকৰ্ষিত কৰিব পাৰে৷ আনহাতে আগেয়ে মঞ্চাভিনয় যিহেতু তাৎক্ষণিক আছিল, গতিকে অভিনেতাৰ মুখাবয়ৱত ফুটি উঠা আৱেগ সহজে দৰ্শকৰ চকুত নপৰে৷ কিন্তু ইণ্টাৰনেটৰ জৰিয়তে সকলো ধৰণৰ অভিনয়ৰ খুটিনাটি পৰীক্ষা কৰাৰ থল আহি পৰে৷ গতিকে অভিনেতাই সকলো সময়তে ৰূপায়ণ কৰা চৰিত্ৰৰ সৈতে অঙ্গাঙ্গী সম্বন্ধ স্থাপন কৰিব পাৰিলেহে সুখ্যাতি লাভ কৰিব পাৰে৷

অঙ্গন: পৃষ্ঠাঃ 9
গোলাপ প্ৰেম আৰু সৌন্দৰ্য্যৰ প্ৰতীক

ৰেখামণি চাৰিঙীয়া

কাৰোবাৰ হাতৰ পৰশতে প্ৰাণ পাই যি পাহ সৌন্দৰ্য্যময়ী ফুলে ওৰণিৰে পৰিবৃতা ন-কইনাৰ দৰে শ্যামলী পাতৰ তলেদি চাই ভূৱন-ভোলোৱা সেই লাজুকী হাঁহিটো মাৰি মৰততে এখন স্বৰ্গ ৰচনা কৰিব পাৰে, সেই পাহ ফুলেই হৈছে-গোলাপ।যাৰ বিষয়ে-ইতিমধ্যে কবি ৰঘুনাথ চৌধাৰীদেৱে সঠিক ৰূপত বৰ্ণনা কৰি থৈ গৈছে।এক অসামান্য সৌন্দৰ্য্যৰ অধিকাৰী বাবেই-গোলাপ হৈছে ফুলৰ ৰাণী। অসমৰ প্ৰায় সকলো মানুহৰ ঘৰৰ বাগিচাতেই হওক বা টাবতেই হওক এজোপা হলেও গোলাপ থাকিবই। ইয়ো অসমীয়া মানুহৰ এক স্বতঃস্ফূৰ্ত সৌন্দৰ্য্যৰেই প্ৰকাশ।কাৰণ-অলংকাৰিক উদ্ভিদ হিচাবে গোলাপৰ স্থান আটাইতকৈ ওপৰত। গোলাপৰ পাপৰিৰ তুলনা শিশুৰ সুকোমল শৰীৰ অথবা সুন্দৰী গাভৰুৰ নিমজ-চিকুণ গালৰ লগতহে একমাত্ৰ কৰিব পাৰি।
গোলাপক ইংৰাজীত ৰ'জ আৰু হিন্দীত গুলাব বোলা হয়। Rose(গোলাপ)ৰ Genus(বৰ্গ)হৈছে Rosa আৰু Family(পৰিয়াল)হৈছে Rosaceae। সাধাৰণ গোলাপৰ বৈজ্ঞানিক নাম হৈছে-Lunariaa mmua গোলাপৰ এশতকৈও বেছি সংখ্যক speices(প্ৰজাতি) পৃথিৱীত দেখিবলৈ পোৱা যায়। গোলাপ এবিধ জোপোহা, লতাজাতীয় বা বগুৱা বাই যোৱা উদ্ভিদ। গোলাপৰ গা-গছ আৰু ডালত এবিধ জোঙা কাঁইট থাকে।ফুলবিলাক ডাঙৰ আৰু সুসজ্জিত। গোলাপৰ বেছিভাগ প্ৰজাতিৰেই আদি বাসস্থান হৈছে-এছিয়া। অতি কম সংখ্যক প্ৰজাতিয়েহে অতীতত ইউৰোপ, উত্তৰ-আমেৰিকা, উত্তৰ-পশ্চিম আফ্ৰিকা আদিত বিস্তৃত হৈ আছিল।ইয়াৰ পাতবোৰ গা-গছৰ পৰা একান্তভাৱে ওলায়।সাধাৰণতে পাতবোৰ ৫ চে.মিটাৰৰ পৰা ১৫ৰ চে.মি. মান দীঘল হয়। বেছিভাগ গোলাপেই হৈছে-পৰ্ণমোচী। দক্ষিণ-পূৱ এছিয়াৰ কেইটামান বিশেষ প্ৰজাতিৰ গোলাপহে মাত্ৰ চিৰ সেউজ শ্ৰেণীৰ অন্তৰ্ভুক্ত।
Rose নামটো লেটিন শব্দ Rosa ৰ পৰা আহিছে।গোলাপ ফুলৰ আদি ৰং বগা, হালধীয়া। প্ৰাকৃতিকেই হওক বা বৰ্ণ সংকৰেই হওক প্ৰধানকৈ সৌৰভ আৰু সৌন্দৰ্য্যৰ বাবেই ইয়াৰ সৃষ্টি। Rose Sericea ৰ প্ৰতি শাৰীত চাৰিটাকৈ ফুলৰ পাহি আৰু তাৰ বাহিৰে বাকী প্ৰজাতিসমূহৰ ফুলত প্ৰতি শাৰীত পাঁচটাকৈ ফুলৰ পাহি থাকে।
প্ৰধানকৈ গোলাপ ফুল বাগিচাত ৰোৱা হয় যদিও ঘৰৰ ভিতৰতো টাব প্লেন্ট হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি। বাণিজ্যিক সুগন্ধি আৰু বাণিজ্যিক কাট ফ্লাৱাৰ ক্ৰপছ হিচাবেও ই ব্যৱহৃত। নৈসৰ্গিক দৃশ্য সুন্দৰ কৰিবৰ বাবে-হেজ হিচাবেও গোলাপৰ ব্যৱহাৰ কৰিব পাৰি। ফুলৰ তোৰা, গৃহ সজ্জাৰ সামগ্ৰী হিচাবেও ই অনবদ্য।।ঔষধ হিচাবে বিশেষকৈ চকু আৰু ছালৰ সুস্থতাৰ বাবে গোলাপক ব্যৱহাৰ কৰি যথেষ্ট সুফল পোৱা গৈছে। সেয়ে-বিভিন্ন প্ৰসাধন সামগ্ৰী আৰু সৌন্দৰ্য্যৰ থেৰাপি কিছুমানত গোলাপ ব্যৱহাৰ কৰা হয়।কোনো কোনো সুস্বাদু খাদ্য বস্তুতো আজিকালি গোলাপৰ ফ্লেভাৰ দিয়া হয়। প্ৰাচীন যুগত বেবিলনৰ শূন্যৰ বাগিচাতো গোলাপে নন্দন কানন সৃষ্টি কৰি পৃথিৱীৰ সপ্তম আশ্চৰ্য্যৰ অন্তৰ্ভুক্ত হৈ আছিল।
সৌন্দৰ্য্যৰ ৰাণী ক্লিঅ'পেট্ৰাই সৌন্দৰ্য্য চৰ্চাত গোলাপৰ পাপৰি ব্যৱহাৰ কৰাৰ লগতে গোলাপ প্ৰিয় তেওঁৰ প্ৰেমিক মাৰ্ক এন্টনিক আকৰ্ষণ কৰিবলৈ গোটেই বাসগৃহটোৱেই গোলাপৰ পাহিৰে সুসজ্জিত ৰাখিছিল।সেয়ে এন্টনিয়ে পাছত যতেই গোলাপৰ সুগন্ধি পাইছিল তাতেই ক্লিঅ'পেট্ৰালৈ মনত পেলাইছিল। ৰোমৰ অভিজাত শ্ৰেণীৰ মহিলাসকলেও অতীজৰপৰাই ছালৰ বলি-ৰেখাসমূহ দূৰ কৰিবৰ বাবে-গোলাপ ফুলক ব্যৱহাৰ কৰি আহিছে। এই ৰোমানসকলে ৩৫বছৰ নিযুত আগতে এইবিধ উদ্ভিদক চিনাক্ত কৰি প্ৰথমে ইয়াৰ নাম দিছিল-Rosa Gallica । পাছতহে ইয়াৰ নাম Rose হিচাবে নামাকৰণ কৰা হ'ল।ৰোমানসকলৰ বিয়াই আনকি দৰা-কইনাই শিৰত গোলাপৰ মুকুটহে পৰিধান কৰিছিল বুলি জনা যায়।
গ্ৰীক উপাখ্যানসমূহৰ মতে প্ৰেমৰ দেৱী এফ্ৰ'ডাইটয়ে নিজৰ চকুৰপানী আৰু প্ৰেমিক এডনিছৰ তেজৰ পৰা গোলাপ সৃষ্টি কৰিছিল। পাছত ৰোমানসকলে এওঁকেই দেৱী ভেনাছ হিচাবে প্ৰতিষ্ঠিত কৰিলে আৰু গোলাপক চিহ্নিত কৰিলে প্ৰেম আৰু সৌন্দৰ্য্যৰ প্ৰতীক হিচাপে।লোকবিশ্বাস অনুসৰি আদিতে গোলাপ গছ আছিল কাঁইটবিহীন আৰু ফুলৰ ৰং আছিল প্লাৱন বগা। এবাৰ এই ভেনাছৰে পুত্ৰ কিউপিডে গোলাপৰ উদ্যানত ভ্ৰমণৰত অৱস্থাত মৌ-মাখিৰ কামোৰাত তেওঁ মৌটোৰ প্ৰতি এডাল শৰ মাৰি পঠিয়ালে।সেই শৰডালৈ মৌটোক নিবিন্ধি বিন্ধিলে এজোপা গোলাপ গছক।সেয়ে-তেতিয়াৰে পৰা গোলাপৰ গছত কাঁইট গজিল বুলি কোৱা হয়। তাৰ পাছত আকৌ এদিন দেৱী ভেনাছে গোলাপৰ উদ্যানত ঘূৰি ফুৰোঁতে ভৰিত এডাল গোলাপৰ কাঁইটে বিন্ধাত দেৱীৰ ভৰিৰ ৰক্ত কণিকাই বগা গোলাপৰ পাহি স্পৰ্শ কৰিলে আৰু তেতিয়াৰে পৰা বগা গোলাপৰ ৰং ৰঙা হ'ল বুলি ধাৰণা কৰা হয়।
আকৌ আৰৱীসকলৰ আখ্যান মতেও এসময়ত সকলো গোলাপেই আছিল বগা। এদিন এটা নাইটিংগেল চৰায়ে এপাহ বগা গোলাপ দেখা পাই ফুলপাহৰ প্ৰেমত হাবাথুৰি খালে। তাৰ পাছত সুললিত কন্ঠেৰে গান গাই গাই আহি ফুলজোপাক ধাৰাসাৰে শোণিত নিগৰাবলৈ ধৰিলে আৰু তেতিয়াৰে পৰাই বগা গোলাপৰ ৰং ৰঙা হ'ল।
আমাৰ অসমতো অতীজৰে পৰা আজিলৈকে গোলাপৰ চাহিদা কম নহয়।ইয়াতো সুকোমল অনুভূতিৰ ব্যক্তিসকলৰ কেতিয়াবা গোলাপৰ কাঁইটীয়া ডালে বতাহত দোঁ খাই আহি কলিজাটোৰ এফাল চিঙি নিবলৈ ধৰেহি।।

তিনিচুকীয়া

অঙ্গন: পৃষ্ঠাঃ 10
জীৱন জীয়াৰ সংগ্ৰাম আৰু
  মোৰ সাহিত্য অনুৰাগ

ৰুমী কলিতা দত্ত

অসম এখন কৃষিপ্ৰধান ৰাজ্য । কৃষিয়েই কৃষকৰ প্ৰাণ । কৃষকসকলে বহু কষ্টৰে মাটি চহাই কৃষিৰ বাবে প্ৰস্তুতি চলাই আহিছে । ৰ'দ-বৰষুণকো নেওচি হাড়ক মাটি কৰি তেজক পানী কৰি কৃষকসকলে সংগ্ৰাম কৰে । চিৰাল ফটা ৰ'দকো আওকান কৰি ভৰদুপৰীয়া যেতিয়া কৃষকজন পথাৰত ব্যস্ত হৈ পৰে, তেতিয়া মানুহজনৰ গোটেই শৰীৰটো  ক'লা পৰিবলৈ ধৰে, ঘামবোৰ সৰ্বশৰীৰত বাগৰি ফুৰে। ভাগৰে জুমৰি ধৰা শৰীৰত গাৰ চোলাটোৱে ভৰ সহিব নোৱাৰি কেতিয়াবা ফিচিকিবলৈও লয়। লগতে খং নামৰ চণ্ডালটোৱে বাৰুকৈয়ে খোপনি পুতিবলৈ ধৰে।
বৰ্তমান সাৰ আৰু বীজৰ চৰাদামে কৃষক সকলক বৰ অসুবিধাত পেলাইছে । বাঘৰ  উৎপাতত, আৰু মূল্য নোহোৱাৰ বাবেও, কৃষকে গৰু পুহিবলৈ এৰি দিয়াত , খেতিত দিবলৈ গোবৰৰ অভাৱ হৈছে। ফলত মাটিৰ উৰ্বৰা শক্তি ক্ৰমাৎ হ্ৰাস হৈ যাবলৈ ধৰিছে। । কোনো কোনো ঠাইত  কৃষকক চৰকাৰে দুই-এটকা সাহায্য দিছে যদিও , সেই টকাৰে  কৃষকসকলে প্ৰয়োজন পূৰাব নোৱাৰে । আমাৰ মাজতে বহু  কৃষকে কিন্তু এই সুবিধাৰ পৰা বঞ্চিত হৈ থকা দেখিবলৈ পাওঁ ।
কৃষকসকলে  বছৰে  বছৰে নিজৰ পুঁজি অথবা কাৰোবাৰ পৰা ধাৰে টকা লৈ এই খেতিবিলাক কৰি আহিছে । বানপানীয়ে প্ৰতিবছৰে কৃষকক জুৰুলা কৰিলেও, গৰাখহনীয়াত ঘৰ-বাৰী জাহ গ'লেও, কৃষকে চৰকাৰৰ সুবিধাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয় । 
ডিব্ৰুগড় জিলাৰ আমাৰ ২ নং কেন্দুগুৰি গাওঁখনিও তাৰেই উদাহৰণ । বৰ্তমানে  কৃষকসকলে ধান খেতিক গুৰুত্ব নিদি ৰবিশস্য কৰিবলৈ লোৱাৰ বাবে কিছু উন্নতি হৈছে। অতিকৈ পিছপৰা গাওঁখনত ,য'ত এটা আলিবাটো নাছিল, সেই গাওঁখন আজি ৰবিশস্যৰ জৰিয়তে সফলতাৰ দিশে ধাৱমান ।
যদিও বছৰে বছৰে কৃষকসকল ৰুষ্ট প্ৰকৃতিৰ ধ্বংসলীলাত জুৰুলা হয়, বাৰিষা বানপানীয়ে শস্যবোৰ ধুই লৈ যায়, আৰু খৰালি খৰাঙত সকলো মৰি যায়, তথাপি আমি কৃষকসকলে কঁকালত টঙালি বান্ধি আঠুৰ মূৰত সোণ নিবিচাৰি সাধ্যানুযায়ী খেতিবাতি কৰি আহিছোঁ। ঘৰৰ সকলোৱে পৰিশ্ৰম কৰাৰ লগতে বহু কৃষকে আনকো জড়িত কৰি উপাৰ্জন পথ দেখুৱাব পাৰিছে ।
কিন্তু বৰ্তমানে দেখা গৈছে কৃষকসকল বহু সমস্যাৰ সন্মুখীন হৈ খেতিৰ প্ৰতি ধাউতি কমাবলৈ বাধ্য হ'বলগীয়া হৈছে ।  কাৰণ বান্দৰৰ অতপালি, বিবিধ চৰাইৰ  উৎপাতত খেতিবোৰ উছন যাব ধৰিছে,  পুৰুষজন নহ'লে মহিলাসকলে গৈ পথাৰত ৰখীয়া হ'বলগীয়া হৈছে। তাৰোপৰি সকলোতে পানী যোগান ধৰিব নোৱাৰাৰ বাবে খেতিবোৰ নষ্ট হৈ গৈছে।  অতি  নিম্ন দৰত পাচলি বিক্ৰী কৰাৰ বাবে নিজৰ  মূলধন কেইটাও ঘূৰাই পাবলৈ কৃষকসকল অসমৰ্থ ।
ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষকক এখন ভাল বজাৰৰ লগতে কেইটামান বৃহৎ আকাৰৰ শীতলীগৃহৰ বৰ প্ৰয়োজন অনুভৱ কৰা হৈছে। চৰকাৰে কৃষকসকলক অনতিপলমে প্ৰয়োজনীয় সামগ্ৰীসমূহ বিতৰণ কৰিলে কৃষকসকলে যথেষ্ট সকাহ পাব বুলি মই ভাবোঁ।
চৰকাৰে কেইখনমান   সৌৰশক্তি চালিত (চ'লাৰ) বৃহৎ পানী যোগান আঁচনিৰ ব্যৱস্থা কৰা হ'লে গাঁৱৰ পৰা প্ৰতিদিনে বহু কুইন্টল পাচলি উজনি, মধ্য অসমলৈ যোগান ধৰিব পৰা গ'লহেঁতেন । ঠায়ে ঠায়ে দুই-এখন যদিওবা বহোৱা দেখা যায়, সেইবোৰ উচিত স্থানত বহাই প্ৰয়োজনীয় পাইপেৰে বিতৰণ কৰিব পাৰিলে কৃষক সফল হ'ব। তাৰে বহুকেইখন ব্যক্তি বিশেষে একক কৃষকৰ সম্পত্তিৰ দৰে হৈছে। আনে তাৰ পানীৰ ভাগ নাপায়। 
ঋতু বিশেষে, প্ৰতিদিনে ২০ৰ পৰা ৫০ কুইন্টল বিলাহী এই গাঁৱত ছিঙা হয়। লগতে যথেষ্ট পৰিমাণৰ অন্যান্য ৰবি শস্য। কিন্তু বজাৰৰ মূল্য একেবাৰে কম হোৱাৰ বাবে কৃষকে এই বিক্ৰী নোযোৱা পাচলিবোৰ গৰু-ছাগলীক খাবলৈ মেলি দিছে, নাইবা নৈত উটুৱাই দিছে। 
চৰকাৰে আমাৰ এই অঞ্চলত বৃহৎ আকাৰৰ চ'লাৰ(সৌৰচালিত)গভীৰ নলীনাদৰ লগতে বৃহৎ বৃহৎ শীতলীগৃৃহ স্থাপন কৰিলে আমাৰ কৃষক সকল যথেষ্ট উৎসাহিত হোৱাৰ লগতে উপকৃতও হ'ব । চৰকাৰে এই শস্যবোৰ ধানৰ দৰে সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিলে কষ্টৰ শইচ আবৰ্জনাৰ দৰে পেলাব নালাগিব।
বৰ্তমান আমাৰ গাৱঁৰ পৰা  কেৱল বিলাহীয়েই নহয়, সৰিয়হ , মটৰ, আলু, কবি, বীনৰ লগতে অন্যান্য পাচলিও বহু পৰিমানে উৎপাদন কৰা হয়। তথাপি কৃষক আজিও  জুৰুলা...কিয় বাৰু...?         
মই এগৰাকী কৃষিজীৱি মহিলা হৈ কৃষিৰ মাজতে বিচাৰি পাওঁ জীৱনৰ আনন্দ । এই পোৱা নোপোৱাৰ হিচাববোৰৰ মাজত মোৰ  কলমৰ নিবেৰে নিগৰি নিগৰি বয় কবিতাৰ ছন্দ। ভাষাটোক  জীয়াই ৰাখিবলৈ অহৰ্নিশে  চেষ্টা কৰি লিখি যাওঁ মই গীত, কবিতা, স্তৱক, লিমাৰিক, গল্প, অণুগল্প আৰু প্ৰৱন্ধ ।
পাৰোঁ বা নোৱাৰোঁ নাজানোঁ,  তথাপি চেষ্টা কৰোঁ শিকিবলৈ। মই মোৰ ভাষা-সংস্কৃতিক ভালপাওঁ, আৰু ভালপাওঁ মোৰ দেশমাতৃক । সেয়ে এখন ভাল সমাজ সৃষ্টি কৰি নৱপ্ৰজন্মক আগুৱাই নিবলৈ মই যত্নপৰ হওঁ। বিভিন্ন
কবিয়ে মোক বিভিন্ন নাম উপহাৰ দি সৃষ্টি কৰাইছে অনেক কবিতা। এয়া যেন মোৰ বাবে আশীৰ্বাদ । মই
কাঁইটীয়া জীৱনৰ দুৰ্গম পথৰ যাত্ৰী । সেয়ে জীয়াই থাকিবলৈ সংগ্ৰাম কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে বহু কাম কৰিবলৈ মন যায় । সমাজৰ কেইটামান সাহিত্য গোট পৰিচালনা কৰি মই বহু কথা শিকিব পাৰিছোঁ। কৃষিৰ জৰিয়তে পোৱা যৎসামান্য ৰাহী ধনেৰে চাৰিখন কাব্য গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছোঁ। 
ঐ- "বাইদেউ আপুনি দিহিংপৰীয়া কবি ।"
গুৱাহাটীত থকা মোৰ এজন বৰদেউতাই মোক কৈছিল -"তুমি এপাহ বনফুল , জানানে ? আগবাঢ়ি যোৱা ।" সেয়ে মই কিতাপখনৰ নাম দিলোঁ 'দিহিংপৰীয়া বনফুল'।
চতুৰ্থখন-- "অনুভৱৰ আছুতীয়া ৰং"। হৃদয়ৰ আছুতীয়া ঠাইত তোলপাৰ লগাই থকা অনুভৱবোৰত জীৱনৰ ৰং ছটিয়াই উকা কাগজৰ পৃষ্ঠাত সজাবলৈ ধৰিলোঁ। সেয়ে হয়তো সৃষ্টি হ'ল এই নামটো।
মই  আপোনালোকৰ একাঁজলি আশীৰ্বাদ লৈ সাহিত্য জগতত  আগ বাঢ়িছোঁ।  নিজৰ ভাষাটোৰ প্ৰতি মোৰ ভালপোৱা থকা বাবেই মই জনা-নজনাকৈ সৃষ্টি কৰি থাকোঁ । কৃষিৰ জৰিয়তে স্বাৱলম্বী হৈ  নিজৰ সৃষ্টিৰাজীক  সংৰক্ষণ কৰাৰ প্ৰবল ইচ্ছা থাকিলেও কেতিয়াবা আমি সফলতা লাভ কৰিব নোৱাৰোঁ।
বিভিন্ন সমস্যাৰ মাজত পাৰ কৰি অহা সময়বোৰে মোক সংগ্ৰাম কৰিবলৈ শিকালে। পিতৃ-মাতৃৰ বুকুৰ মাজত আশ্ৰয় ল'বলৈ নোপোৱা এই জীৱনটোৱে আজিও মৰমৰ বাবে হাহাকাৰ কৰি থাকে। পাৰ হৈ যোৱা সময়বোৰ,স্মৃতিবোৰ জীৱনৰ ছাঁ হৈ লগে লগে ফুৰে। মোৰ বুকুত ঠাই লোৱা অমানিশাবোৰ খেদি পঠাবলৈ  সৃষ্টি হয় যন্ত্ৰণাৰ উচুপনি ।সামাজিক চিন্তা -  চেতনাবোৰে খোপনি লয়, তাৰে কবিতাৰ মাধ্যমেৰে সুস্থ জীৱনবোধৰ ছবি দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। জীৱন নাটৰ ভাৱৰীয়া হৈ নতুনক আদৰাৰ যৎপৰোনাস্তি চেষ্টা ।   
জীৱনৰ গোপন গ্ৰন্থত সৰা শেৱালিৰ গোন্ধ লৈ চৰ্চা কৰি যাওঁ, ভাষাটোক জীয়াই ৰাখিবলৈ , কবিতা প্ৰেমত মাতাল হৈ পৰিছে এই দিহিংপৰীয়া বনফুল।
সফলতা নমাই আনে কৰ্মই, নাঙলৰ সীৰলুতে সৃষ্টি হয় নতুনৰ গঁজালি।  কৃষক পথাৰলৈ নগ'লে মাটিডৰাই ওফন্দ পাতে, নহয় নে ? সৃষ্টিবোৰ ভঁৰালত জমা হ'লেই কৃষকে হাঁহি মাৰে। গোঁজেই গঁজালি হৈ পথাৰখন ভৰি পৰে। সেইদৰেই এই অনুভৱবোৰেই মোক প্ৰেৰণা দিয়ে । সাহিত্য জগতত হওক কৃষিৰ দৰে সাহিত্যৰ নৱজাগৰণ।

অঙ্গন: পৃষ্ঠাঃ 11
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ

খণ্ড ১৫

এজন দুজনকৈ তললৈ নামিবলৈ ধৰিলে । গছৰ ডালত ভেজা দি অহা দেখি কেমেৰামেনজন মোৰ ওচৰত আহি ৰৈ সুধিলে---কি হ'ল তোমাৰ ? এনেকৈ আহিলা যে ! ক'ত কেনেকৈ দুখ পালা ? 
     মোৰ অৱস্থাৰ বাবে মোৰ সকলোৰে আগত অকনমান লাজো লাগিছে। কি কৰোঁ উপায় নাই বুঢ়ী মানুহৰ দৰে গছৰ ডালটো ধৰি বাওঁ ভৰিখনত ভৰ দি ৰৈ আছোঁ। আগতে বাকীসকল নামি লওক বুলি ।    
           কেমেৰামেনজনৰ কথাত মই উত্তৰ দিবলৈ নাপাওঁতেই নিশাই ক'লে"--- ওপৰলৈ উঠা আগতে চিনেমাৰ এখনৰ প্ৰথমটো দৃশ্যত শ্বুটিং কৰিছিল তেতিয়া আঘাত পালে । এতিয়া আকৌ নামোতে দ্বিতীয় খণ্ডৰ হ'ব চাগৈ । মূল নায়কে গমেই পোৱা নাই এতিয়ালৈকে নায়িকা যে আঘাতপ্ৰাপ্ত ।
       নিশাই কথাখিনি যেনেকৈ ক'লে" একো  বুজি নাপায় কেমেৰামেনজন মোৰ মুখলৈ চাই থাকিল । তেওঁ ক'লে"--- কথাটো কি মানে !
        নাই তেনেকুৱা একো কথা নহয় ইমানকৈ ভাবিলৈও । উজুটি খাই পৰিলোঁ তেতিয়া  অলপ দুখ পাইছিলোঁ । ওপৰলৈ উঠিলোঁ আৰু বহুখিনি খোজ কাঢ়িলোঁ যে অলপ বিষাইছে সেইবাবে ভৰিখনত ভৰ নিদিওঁ বুলি এনেকৈ ...মই কথাষাৰি কৈ শেষ কৰিব নাপালোঁ ।
         তেওঁ ক'লে"---ইচ্‌ ৰাম ! আগেয়ে গম পোৱা হ'লে খোজ কাঢ়িব নিদি মইয়ে দাঙি আনিলোহেঁতেন । বাৰু এতিয়া কেনেকৈ নামিবা ! বহু কষ্ট হ'ব নহ'য় । মোৰ হাতত ধৰি লোৱা মই ধৰি তোমাক নমাই নিম চিন্তা নকৰিবা বুলি মোলৈ হাত মেলিছিলহে পৰাগে আহি মোৰ হাতত থাপ মাৰি ধৰি মোৰ চকুলৈ চাই ৰ'ল । পৰাগৰ দুচকুত দেখিছিলোঁ খং ,মৰম, অভিমান ,দুখ আবেগ মিহলি হৈ এখনি নদীয়ে ঢৌ খেলি আছে । পৰাগে মোৰ হাতত ধৰা দেখি কেমেৰামেনজনে একো নামাতি মোলৈ চাই ক'লে"--- সাৱধানে লাহে লাহে নামিবা বুলি কৈ তেওঁ নামি গ'ল । মই মৌন হৈ ৰ'লোঁ কেতিয়াও ভবা নাছিলোঁ যে পৰাগে মোক এনেকৈ আহি ধৰিবহি বুলি । 
 ইটোৱে-সিটোৱে চকুলৈ বুজা-নুবুজাৰ চাৱনিৱে চাই ৰ'লোঁ । ইতিমধ্যে বাকীবোৰ নামি শেষ হৈছে এতিয়া পৰাগহঁত নিশা , ৰীমা আৰু মই আছোঁ । সিহঁত দুজনী মোৰ বাবেই পাছত নামিবলৈ ৰৈ আছিল । আমাৰ দুয়োটাকে এনেকৈ চকুলৈ চাই থকা দেখি গুঞ্জনে ওহোঁ বুলি গলখেকাৰি মাৰিলে । সিহঁত আটাইকেইটাই হাঁহি মাৰিলে । তেতিয়াহে চকুৰ পৰা চকু আঁতৰাই পৰাগে দুখ আৰু খং মিহলি মাতেৰে ক'লে"--- যদি ইমান দুখ পাইছিলা মোক কিয় কোৱা নাছিলা । মইতো ভবা নাছিলোঁ খোজ কাঢ়িব নোৱাৰি ভৰিৰ বিষত পাহাৰৰ ওপৰত বহি আছিলা বুলি। ভাবিছিলোঁ মোৰ কথাত বেয়া পাই বহি আছিলা বুলি । ইমান বিষলৈ ইমান কষ্টৰে খোজ দি আহিলা হা এবাৰ ক'ব নোৱাৰিলা মোক । উস্‌! বুলি দুখ প্ৰকাশ কৰিলে ।
      মই কি ক'ম ভাবি পাৰ নোপোৱা হ'লোঁ । কি সঁচাকৈ ই মোক ইমান ভালপায় নে ! ইমান মৰম ভালপোৱা বাৰু কেতিয়াৰ পৰা মোলৈ সাঁচি ৰাখিছিল ! আজি একেদিনাই যে ইমান মৰম উদঙাই দিছে। তাকে ভাবি অবুজ চাৱনিৱে তালৈ মই চাই ৰ'লোঁ ।
        ঐ কি ক'ৰ এতিয়া ! এনেকৈ ইটোৱে-সিটোক চাই থাকিবিনে ইয়াতে । আমাৰ নামিবৰ হ'ল নহয় । আহ পাছত চাবি কিমান চাৱ । নহ'লে ইয়াতে ৰাতি হ'ব আজি বুলি অংকুৰ , সমীৰহঁতে মাতিলে ।
        নিশা , ৰীমা আৰু তহঁত ব'ল নাম বুলি কৈ মোৰ হাতৰ পৰা গছৰ ডালটো পেলাই দি পৰাগে সাউৎতকৈ মোক তাৰ দুহাতত পথালিকৈ তুলি লৈ সিহঁতৰ পাছে পাছে নামিবলৈ ধৰিলে । 
        মই নিজেই আচৰিত হৈ  পৰিলোঁ তাৰ কাণ্ড দেখি । কেনেকৈ সাহস কৰিলে মোক কোলাতলৈ তললৈ নামিবলৈ । মোৰ ভয়ত বুকুখন কঁপিবলৈ ধৰাত নালাগে মই পাৰিম মোক নমাই দিয়া বুলি ক'লোঁ ।মোৰ কোনো কথাত গুৰুত্ব নিদি খুপনি পুতি সাৱধানে খোজ দি তললৈ নামি আহি থাকিল । তাৰ এনে কাণ্ড দেখি ৰীমাই পৰাগকক জোকালে ওঁ প্ৰেমিক হ'লেই নহ'বতো  দায়িত্বও পালন কৰিব পাৰিব লাগিব তেতিয়াহে প্ৰমিক বুলি ক'ব পাৰি । তাইৰ কথা শুনি নিলয়ে ক'লে"--- হয় ! হয় । মই ইমান গধুৰ দায়িত্ব পালন কৰিব নোৱাৰোঁ বাবে আজিলৈ কাৰো প্ৰেমত পৰা নাই । এইয়া দেখিছই নহয় একেদিনাই কিমান জ্বালা পাইছে । নিলয়ৰ কথা শুনি মোৰো হাঁহি উঠিছিল । সিহঁত আটাইকেইটাই হিঃ হিঃ হিঃকৈ হাঁহিল । 
         অৱশেষত বহু কষ্টৰে পৰাগে মোক তললৈ নমাই আনিলে । তল পোৱাৰ লগে লগে ক'লোঁ --- চাওঁ নমাই দিয়া লাহে লাহে এইডোখৰ যাব পাৰিম । এনেকৈ দেখিলে সকলোৱে তোমাক হাঁহিব ।
       হাঁহিলে হাঁহক তাৰ পৰা কি হ'লনো ! মই মোৰ প্ৰেয়সীক দাঙি আনিছোঁ । মোৰ প্ৰেয়সীৰ বাবে মই জীৱন দিব লগা হ'লেও দিবলৈ ৰাজী আছোঁ । কাৰো কথা মই নুশুনো । তোমাৰ বাহিৰে মোৰ আৰু একোৱেই শ্ৰেষ্ঠ হ'ব নোৱাৰে । ইমান যে কষ্ট ভূগি খোজ কাঢ়ি আহিলা মোক কিয় নজনালা ! আজিৰ পৰা তোমাৰ প্ৰতিটো দায়িত্ব মোৰ । তুমি কি কোৱা কি ভাবা নাজানো । কিন্তু তুমি মোৰ , তুমি মোৰ ! আৰু মই তোমাৰ ... ?

আগলৈ...

অঙ্গন: পৃষ্ঠাঃ12
অণুগল্পঃ

গৰম গৰম চ্চাই

ছৈয়দা আঞ্জুম আৰা হুছেইন

পুহ মাহ। হাড় কঁপোৱা জাৰ।পুৱতি নিশা উকি এটা মাৰি সৰু ষ্টেচনটোত ৰে'লখন ৰৈ যোৱাৰ লগে লগে দহ বছৰীয়া অমিতে চাহৰ কেটলিটো আৰু শুকান কেক্‌ কেইটুকুৰামান লৈ ৰে'লখনলৈ উঠি গ'ল।
: "এই চ্চাই চ্চাই, গৰম চ্চাই" যাত্ৰীৰ ডবাৰ মাজেৰে চিঞৰি চিঞৰি অমিতে গ্রাহকক আকৰ্ষণ কৰাৰ চেষ্টা কৰিলে।  দুই এজন যাত্ৰীয়ে তাক ওচৰলৈ মাতিলে। গৰম চাহৰ গিলাচবোৰ গ্রাহকলৈ আগবঢ়াই দি সি মনৰ ভিতৰতে জুকিয়াই চালে "আৰু কেই গিলাচ চাহ বিক্ৰী কৰিব পাৰিলে বাৰু নিউমোনিয়াত উশাহ যাওঁ যাওঁ হোৱা বেমাৰী দেউতাকক চহৰৰ ডাক্তৰক দেখুৱাব পাৰিবগৈ ?"
সৰু ষ্টেচন, ৰে'ল বেছি সময় নৰয়। উকি এটা পুনৰ মাৰি ৰে'লে গতি কৰিবলৈ লওঁতেই অমিত লৰালৰিকৈ ৰে'লৰ পৰা নামি আহিল। পকেটত গোট খোৱা খুচুৰা পইচা কেইটা চুই চালে। আৰু "কিছু পইচা লাগিব " অমিতে মনতে ভাবিলে। সৰু  টিং এখনৰ ওপৰতে মাটিৰে সাজি লোৱা চৌকাটোৰ ওপৰত চাহৰ কেটলিটো উঠাই দি সি পাছৰ ৰে'লখনলৈ বাট চাই ৰ'ল। গাত মাথোঁ এটা পাতল পুৰণি চোলা আৰু শুদা ভৰিৰে "গৰম চ্চাই " বিক্রী কৰি আনৰ গা গৰম কৰা অমিতৰ দহ বছৰীয়া দেহাটো পুহ মহীয়া ঠাণ্ডাই মহতীয়াই পেলালে। আহিব লগীয়া ৰে'লখনলৈ বাট চাই সি থকথককৈ কঁপি থাকিল চাহৰ কেটলিটো গৰম দি।

অঙ্গন: পৃষ্ঠাঃ13
বিৰহ

বাবুল ভূঞা

মালবিকাৰ চিঠিখনে কাল আন্ধাৰ নমাই আনিছিল মনোজ বৰুৱাৰ জীৱনলৈ ,বহু চেষ্টা কৰিও চিঠিখনৰ সকলো কথা তেওঁ পঢ়িব পৰা নাছিল ৷ পঢ়া কিতাপৰ মাজত চিঠিখন ভৰাই ৰাখি তেওঁ মাথোঁ ভাবিলে, মৰম ভালপোৱাবোৰ মানুহৰ ইমানেই ঠুনুকানে কাৰোবাৰ সপোনো যে ই ভাঙি দিব পাৰে পলকতে ৷

অঙ্গন: পৃষ্ঠাঃ 14
তৈল মৰ্দন

বিজিত কুমাৰ ভৰালী

এইবাৰো তাই বিধবা পেন্সনটো নাপালে। কিবা বোলে আধাৰ নম্বৰটো ভুল আছিল। প্ৰত্যেক বাৰে শুদ্ধ কৈ আধাৰ কাৰ্ড জমা দিয়াৰ পাছতো ভুল আহেনে ? কথাবোৰ পাগুলী থাকোঁতেই বিপত্নীক পঞ্চায়তৰ সভাপতিৰ বন্ধ কোঠাৰ পৰা মনোৰমাই কাপোৰ যোৰ ঠিক থাক কৰি ওলাই অহা দেখা পালে।

তেজপুৰ

অঙ্গন: পৃষ্ঠাঃ 15
তলসৰা গন্ধৰাজৰ সুবাস

মীনাক্ষী ৰায় ডাকুৱা

প্ৰশান্ত তুমি ? চিন্তিনীৰ মাতত সমুখৰ মানুহজনৰ চকুত অবাক দৃষ্টি । চিন্তিনীৰ ফালে চাই প্ৰশ্ন কৰিলে, "আপুনি মোক কিবা কৈছে ?" "নাই কোৱা"—বুলি কৈ চিন্তিনীয়ে খিৰিকিৰে বাহিৰলৈ চকু ঘূৰাই নিলে । বাহিৰৰ পোহৰ-আন্ধাৰৰ ফালে চাই তাই স্বস্তিৰ নিশ্বাস পেলালে । দেখাত ইমান মিল যদিও মানুহজন প্ৰশান্ত নহয় । যৌৱনৰ একেবাৰে শেষৰ সোপানবিলাকত উপনীত হৈ তাই বুজি পাইছে—তাইৰ মনৰ পৰা প্ৰশান্ত মুঠেই হেৰাই যোৱা নাই । বাৰিষাৰ গঙ্গাধৰৰ দৰে সি আজিও তাইৰ হৃদয় প্লাৱিত কৰি দিব পাৰে । চলন্ত বাছৰ মাজত চিন্তিনীয়ে হঠাৎ এৰি অহা ভালপোৱাৰ তীব্ৰ গোন্ধ পালে। গভীৰ আৱেশত তাই চকু দুটা মুদি দিলে ।

গোলকগঞ্জ, ধুবুৰী 
ফোন—৮৭৬১৮৬৫৮৮৫

অঙ্গন: পৃষ্ঠাঃ 16
ভোক

শিৱ প্ৰসাদ ৰাভা হাদু

অ’ মা! মা! বোলা আমিও উৰুকাৰ ভোজভাত খাওঁ ৰাইজৰ লগত? মোক ৰঞ্জুয়ে মাতিছে৷মই যাওঁ দেই মা?”- বুলি কংকণে মাকক ক’লে আৰু কংকণৰ মাকে ভোজভাত খোৱাৰ কথা শুনাৰ লগে লগে উগাৰ আহি একোকে ক’ব নোৱাৰি নাকে মুখে বমি কৰি পেটত হাত দি কোনোমতে ঘৰত সোমাই ধোকধোক পানী খালে আৰু পেটৰ ভোক নিমিষতে নোহোৱা হৈ কৰবালৈ গুচি গ’ল৷

ছাটাবাৰী;গোৱালপাৰা

অঙ্গন:  পৃষ্ঠাঃ 17
এক মিনিটৰ গল্পঃ

ফেশ্বন
 
চন্দনা হীৰা

সৰু সৰু কথাতে জীণু আৰু শাহুৱেকৰ প্ৰায়ে বাক্ বিতণ্ডা‌ হয়। ইয়াৰ  কাৰণ হ'ল জীণুমাৰ একমাত্ৰ ছোৱালী পংখী । তাই এইবাৰ কলেজ পাইছে। সিহঁত দেউতাকৰ চাকৰিসূত্ৰে বৰ্তমান চহৰতে থাকে। আইতাকো সিহঁতৰ লগতে থাকে। আইতাক এগৰাকী অৱসৰপ্ৰাপ্ত আদৰ্শ বান শিক্ষয়িত্ৰী। তিনিটাকৈ ল'ৰা ছোৱালীক পঢ়াই শুনাই স্বাৱলম্বী কৰা এগৰাকী সফল মাতৃ। তিনিটাকৈ ল'ৰা‌ ছোৱালীৰ বিচৰা ধৰণে একোটাকৈ চাকৰি আছে। পংখীৰ দেউতাক ঘৰৰ ডাঙৰ। তেওঁ জলসিঞ্চন বিভাগৰ অভিযন্তা। দ্বিতীয়টো ল'ৰা মেডিকেল কলেজৰ‌ অধ্যক্ষ। ছোৱালী জনী নাম থকা কলেজ‌ এখনৰ অধ্যাপিকা।মুঠতে ল'ৰা-ছোৱালীৰ ফালৰ পৰা তেওঁ বিচৰা ধৰণে সুখী। সত্তৰ বছৰ বয়সতো মনৰ উদ্যমেৰে লিখা মেলা কৰি আছে। ঘৰৰ সৰু সুৰা কাম বিলাকতো বোৱাৰীয়েকক সহায় কৰি দিয়ে।
বৰপুত্ৰ নথকা সময়ত শাহু বোৱাৰীৰ প্ৰায়ে দাঁতে ওঁঠে লাগে। আজিও সেয়ে হ'ল। আবেলি সময়ত পংখীৰ বান্ধৱী এগৰাকী আহিছিল। বান্ধৱী জনী যোৱাৰ সময়ত পংখীয়ে একেবাৰে চুটি হাফ্পেন্ট আৰু হাত চুটি টপ্ এটা পিন্ধি তাইক আগবঢ়াবলৈ বাহিৰলৈ ওলাই  গৈছিল। এই কথাত খং উঠি শাহুৱেকে বোৱাৰীয়েকক ক'লে -
: হেৰা জীণু, তাই চুটি  পোছাকযোৰ পিন্ধি যে বাহিৰলৈ গৈছে তুমি মানা কৰিব নোৱাৰিলানে ? গাভৰু ছোৱালী এজনীক মাকে চকু দিয়াটো  নিতান্তই প্ৰয়োজন।
শাহুৱেকৰ কথা শুনি জীণুমাই টপৰাই উত্তৰ দিলে- "মা আপুনি এটা কথাতে কিয় লাগি থাকে ? আজিকালি সকলো ছোৱালীয়ে চুটি ড্ৰেছেই পিন্ধে।"
: পিন্ধে বুলি ক'লে নহ'ব নহয়। মাইকী বা ছোৱালী মানুহে সদায় সংযত পোছাক পিন্ধিব লাগে। তাৰোপৰি স্থান কাল বিশেষে নিজৰ পোছাক যোৰ পিন্ধাটো অত্যন্ত জৰুৰী। কাৰণ সাজ পোছাকে মানুহৰ ব্যক্তিত্ব প্ৰকাশ কৰে।
: মা আপুনি নুবুজে আজিকালি এইবোৰ ফেশ্বন হয়। কিছুমান ড্ৰেছ পিন্ধিলে দেখাত খুৱ স্মাৰ্টযেন লাগে।
: থোৱাহে স্মাৰ্টনেছৰ কথা মোক নিশিকাবা। নিজৰ দেহৰ আধা অংশ উলিয়াই ফেশ্বন দেখালেহে হয়নে ? নিজৰ দেহাটো আবুৰত ৰাখি স্মাৰ্টনেছ দেখাব নোৱাৰি নেকি ? আমাৰ মহীয়সী নাৰীসকলে মূৰত ওৰণি লৈ সমাজৰ আগস্থান দখল কৰিবলৈ সক্ষম হোৱা নাছিলনে ? কস্তুৰবা, মাদাৰ টেৰেছা, প্ৰতিমা পাণ্ডে বৰুৱা , নলিনীবালাদেৱী আদিলৈ চোৱাচোন । তাৰোপৰি   ইন্দিৰা গান্ধী, প্ৰতিভা দেৱী সিং পাটিলে মূৰত ওৰণিলৈ দেশ শাসন কৰা নাছিল জানো ? কি তেতিয়া তেওঁলোকৰ‌ স্মাৰ্টনেছটো নাইকিয়া হৈ গৈছিল নেকি ? বৰঞ্চ তেওঁলোক আমাৰ ভাৰতীয় নাৰীৰ আদৰ্শহে হৈ থাকিল। গতিকে মই এইবোৰ ভাল দেখা নাই বোৱাৰী। স্বাধীনতা থাকিল বুলিয়েই অপসংস্কৃতিবোৰ চপাই লোৱাটো উচিত নহয়।তোমালোকে আনৰ সংস্কৃতিবোৰ লৈ কিয় ভাল পোৱা, মই সেইটোহে বুজি নাপাওঁ। নিজৰ জাতীয় স্বকীয় সত্তাক পাহৰণিৰ গৰ্ভত বিলীন হ'বলৈ দি নিজে গৌৰৱ বোধ কৰিছা।
     ঠিক তেতিয়াই পংখীয়ে মাত লগালে-"আইতা মই দুৱাৰৰ আঁৰৰ পৰাই তোমালোকৰ সকলো কথা শুনি আছো। মই আৰু আজিৰ পৰা তুমি বেয়া পোৱা কোনো ড্ৰেছেই নিপিন্ধো । অসমীয়া তথা ভাৰতীয় সমাজে গৌৰৱবোধ কৰিব পৰা ড্ৰেছহে পিন্ধিম হ'বনে আইতা ?"
      পংখীৰ কথা শুনি আইতাকে তাইক মৰমেৰে সাৱটি ধৰি কপালত চুমা এটি আঁকি দিলে।

ঠিকনাঃ
বঙৰা পাছনীয়া পাৰা মজলীয়া বিদ্যালয়

অঙ্গন:  পৃষ্ঠাঃ 18
স্বাধীনতা : এটি আশা

নবীন চন্দ্ৰ মেধি
গোলাঘাট

নতুনকৈ গোমটি দোকান এখন আৰম্ভ কৰিছে সি । বহুবছৰ ধৰি এখন অপ্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত কিবা এটা ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰিবলৈ লৈছিল । কিমান দিন আৰু এনেদৰে ভেঞ্চাৰ স্কুলৰ চাকৰি কৰিম । নিজাববীয়াকৈ স্বাধীন ব্যৱসায় এটাকে কৰো বুলি সিদ্ধান্ত ল'লে । মুলধনক লৈহে সমস্যা হৈছিল । 
অৰ্ধাংগিনীয়ে তেওঁক ক'লে - 
কামতো আগতে আৰম্ভ কৰি চাওক চোন । যদিহে ব্যৱসায় চলে তেন্তে লাহে লাহে বহলাই গ'লে নহ'ব জানো ? 
কথাষাৰ মিছা নহয় । একেবাৰতে বহুত মুলধন খটুৱাই লোৱাতকৈ প্ৰথমতে কম টকাৰে আৰম্ভ কৰা যাওক । একেদিনাই বহুত বেছি বিক্ৰী নহয় । লাহে লাহে ৰাইজে গম পাব । বিক্ৰী বাঢ়ি গৈ থাকিব আৰু পুঁজিৰ সমস্যা সমাধান হৈ পৰিব । 
             দিন বাৰ ঠিক কৰি বেকাৰ জীৱনৰ জ্বালা যন্ত্ৰণা অন্ত পৰক বুলি ভাৱি সোমবাৰৰ দিনটোতেই দোকানৰ শুভাৰম্ভ কৰাৰ বাবে সিদ্ধান্ত ল'লে । আগদিনাখনেই দোকানৰ সা-সামগ্ৰীসমূহ কিনি আনিছিল । দোকানৰ ঘৰ বেৰ মচি কাচি পৰিস্কাৰ কৰা হ'ল । 
অৱশেষত নিৰ্দিষ্ট দিনটো আহি পালেহি । ৰাতিপুৱা সাত বজাত দুয়ো একেলগে দোকানলৈ ওলাই গ'লো । অৰ্ধাংগিনীয়ে সৰু সৰু ল'ৰা ছোৱালী কেইটামানক পায়স অকণমান খোৱালে । তাৰ পিছত বিদ্যালয়লৈ সৰু সৰু ল'ৰা ছোৱালী থ'বলৈ অহা  তেওঁৰ ছাত্ৰী এগৰাকীয়ে টিফিনৰ বাবে কিবা এটা কিনিলে । দোকানৰ শুভাৰম্ভ হ'ল । এতিয়া আগন্তুক দিনসমূহৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব । 
       ভেঞ্চাৰ স্কুলৰ চাকৰি কৰি পোৱা ছাৰ সন্মানতকৈ স্বাধীনভাৱে দোকান এখন দি দোকানী বুলি মতা সন্মান যথেষ্ট বেছি যেন অনুভৱ হ'ল । পৰিয়ালৰ ভৰণ পোষণৰ ব্যৱস্থা কৰিব পৰা উপায় এটা সৰু হ'লেও সন্মানীয় যেন লাগে । কাৰণ চৰকাৰৰ মুখলৈ বাট চাই চাই পেটত গামোচা বান্ধি জীয়াই থকাৰ আনন্দতকৈ স্ব-ৰোজগাৰ বহুত বেছি ভাল । চৰকাৰৰো মূৰৰ কামোৰণি দূৰ হৈ পৰে । এটা আশাৰ সঞ্চাৰ হ'ল । দোকানৰ ভিতৰত বহি বহি তেওঁৰ এই কথাবোৰেই মনলৈ আহিবলৈ ধৰিছিল ।

অঙ্গন:  পৃষ্ঠাঃ 19
অনুবাদ কবিতাঃ

The Arrow and The Song

H W Longfellow

I shot an arrow into the air,
It fell to earth, I knew not where;
For, so swiftly it flew, the sight
Could not follow it in its flight.
I breathed a song into the air,
It fell to earth, I knew not where;
For who has sight so keen and strong
That it can follow the flight of song?
Long, long afterward, in an oak
I found the arrow, still unbroke;
And the song, from beginning to end,
I found again in the heart of a friend.

কাঁড়ডাল আৰু গানটো

(মূলঃ H W Longfellow
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

মই এডাল কাঁড় মাৰিছিলোঁ আকাশলৈ,
সেইডাল ঘুৰি মাটিত পৰিল, নাজানিলোঁ ক’ত;
কাৰণ, ইমান তীব্ৰবেগী আছিল কাঁড়ডাল, 
চকুৱে মণিব নোৱাৰিলে তাৰ উৰণ পথ।
মই এটা গান গাইছিলোঁ বতাহলৈ,
গানটোও আহি মাটিত পৰিল, নাজানিলোঁ ক’ত;
কাৰণ, কাৰ আছে এনে তীক্ষ্ণ দৃষ্টিশক্তি, যি 
অনুসৰণ কৰিব পাৰে এটা গানৰ গতিপথ।
বহু, বহুদিনৰ মূৰত, এখন হাবিৰ মাজত
মই কাঁৰডাল পালোঁ, তেতিয়াও অভগ্ন ৰূপত;
আৰু গানটো, আৰম্ভণীৰ পৰা শেষলৈ,
মই পুনৰ পালোঁ, এজন বন্ধুৰ হৃদয়ত।

(আমেৰিকান কবি-শিক্ষাবিদ হেনৰী ৱাড্চৱৰ্থ লংফেল’(Henry Wadsworth Longfellow)ৰ জন্ম হয় ১৮০৭ চনত। তেওঁ ভালে কেইবছৰ হাৰ্ভাৰ্দ কলেজত শিক্ষকতা কৰিছিল যদিও, লিখা-মেলা কৰিবৰ বাবেই ১৮৫৪ চনত নিজ ইচ্ছাৰে অৱসৰ লৈছিল। নিজে অসংখ্য কবিতা লিখি এক সৰ্ব সমাদৃত কবি হিচাপে খ্যাতি লাভ কৰিছিল। তেওঁৰ অধিক সংখ্যক কবিতা গীতি-ধৰ্মী আছিল। ইউৰোপীয় তথা পৃথিৱীৰ আন বহু ভাষাৰ কবিতা তেওঁ ইংৰাজীলৈ অনুবাদ কৰিছিল।এনে নিজে আৰু আনে কৰা অনুবাদৰ ‘Poems of Places’ শীৰ্ষক ৩১ খণ্ডৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। ডাণ্টেৰ ‘ডিভাইন কমেডি’ অনুবাদ কৰা তেওঁ প্ৰথম আমেৰিকান আছিল। তেওঁৰ অনুবাদ কাৰ্যক স্বীকৃতি দি, ইংৰাজীৰ বাদে আন ভাষাৰ বাবে হাৰ্ভাৰ্দত “লংফেল’ ইন্ষ্টিটিউট” নামেৰে ১৯৯৪ চনত এক শিক্ষা সংস্থান স্থাপন কৰা হয়। তেওঁৰ নামেৰে যুক্তৰাষ্ট্ৰত ডাক টিকতো উলিওৱা হৈছে। ১৮৮২ চনত তেওঁৰ মৃত্যু হয়।)

অঙ্গন:  পৃষ্ঠাঃ 20
কবিতাঃ
বুকুতে গৰজি উঠা বুকুৰ ধুমুহাজাক 

ৰণ্‌জিত গগৈ 
 
এলাহ উঠন মনটোক
কোনেনো সজীৱ কৰি তোলে
যদিহে জীৱনটোক কোনেও
যুঁজাৰু কৰি নোতোলে৷

চোকত খোৱাজনেইতো
এদিন বুকুত গোৰ এটা মাৰি

চালি এখন তৰে
এচলীয়াকৈ৷

বৰ কৰুণ ভাবে তেওঁ ফালে
চোৱাৰ বাদে আৰু কিয়েইবা কৰিব পাৰি

বুকুতে গৰজি উঠা
বুকুৰ ধুমুহাজাক 
বলাই থকাটোও কেতিয়াবা 
ইমান সহজ নহয়৷

ভবাৰ দৰে ভাবি ভাবি গৈ থকা বাটটো 
কাৰ বাবেনো মসৃণ
লেক্‌লৌ পৰুৱাৰ দৰেই 
এই উটি এই ভাহি

জীয়াই থকাটোও এক উদাসীন কক্‌বকনিৰ বাদে
আৰুনো কি ?

অঙ্গন: পৃষ্ঠাঃ21
ডেৰিডাৰ পক্ষত একাষাৰ

অজিত বৰা

নিশ্চিতভাৱেই ময়ো ডেৰিডাৰ পক্ষত
ডেৰিডাই কৈছিল- 
পুৰণিক টুকুৰা টুকুৰকৈ ভাঙি পেলোৱা হওক
ছিন্ন ভিন্ন কৰি দিয়া হওক অতীতটোক
নিৰ্মাণ হওক পুনৰ প্ৰজ্ঞাৰ এটি নতুন সৌধ
য'ত নাথাকিব একোৱে বন্ধন, বাধ্যবাধকতা
নাথাকিব নৈতিক অনৈতিকতাৰ প্ৰশ্ন

বন্ধু, আপোনাক মই ভাল পাওঁ
ভাল পাওঁ এই কাৰণেই 
কাৰণ মোৰ নিৰ্জু স্বভাৱটোক 
ইতিমধ্যে আপুনি হৃদয়ংগম কৰি ল'ব পাৰিছে

আচলতে নিজেও মই একোৱেই নহয়
আপোনাৰ দৰেই মোৰো এক স্থিতি আছে
ভাললগা, বেয়ালগাৰ অনুভৱ আছে
সৰল হ'লেও আছে এটি সত্তা

আপুনি আছে বাবেই মোৰো এটি পৰিচয় আছে
অন্যথাত একো নাই
পশ্চাদপটত হয়তো মস্ত এটি শূন্য!

সপোন মই সাধাৰণতেই নেদেখোঁ
সপোনৰ পিছে পিছে দৌৰিবলৈ মোৰ সময় নাই 
হয়তো মননত দুই এখন ছবিয়ে আহি কেতিয়াবা ভুমুকি মাৰে
সেয়ে মোৰ বাবে অশেষ 

ইতিমধ্যে মই মোৰ পুৰণি মানুহটোক ভাঙি পেলাইছোঁ
টুকুৰা-টুকুৰ কৰি নিজকে আশ্বস্ত কৰিব পাৰিছোঁ
মোৰ বুকুৰ স্পন্দন এতিয়া মুক্ত বিহংগ
বুকুত এজুপি লঠঙা গছৰ আৰ্ত
এয়ে মোৰ সম্পদ, সহজাত সুখবোধ, 
ব্যৰ্থতা বুলি মোৰ একো নাই......।।

(টোকা: জ্যাক্ ডেৰিডা এগৰাকী ফৰাচী নিৰ্গঠনবাদী দাৰ্শনিক।  জন্মভূমি আলজেৰিয়া হ'লেও পিছলৈ ফ্ৰান্সৰ নাগৰিক। )

অঙ্গন: পৃষ্ঠাঃ 22
মোৰ ভালপোৱাৰ তাজমহল

ৰুদ্ৰ সিংহ মটক

ভালপোৱা সপোনৰ টোপনিত দেখা ছয়াময়া
ফুল এপাহ , নে জীৱন বাটৰ বোকা-পৰাগ ? 

একো নজনাকৈয়ে কলিজাত সানি লওঁ ভালপোৱাৰ বসন্তৰ আতৰৰ সুগন্ধ

উশাহৰ পাল্লাত পল অনুপল ঋতুৰ অহা-যোৱা
পোৱা-নোপোৱাৰ ক্ষণিকৰ হিচাপ

কাৰেইবা সময় আছে কথাবোৰ দ-কৈ ভাৱিবলৈ
সৰি পৰিবলে বাৰু কত পৰ লাগে পুৱাৰ বাগিচাৰ 
ৰঙা-নীলা ফুলবোৰৰ, দুখৰ  দুটোপাল চকুপানীৰ

ভালপোৱা বাৰু কিমান ধুনীয়া, ধুনীয়ানে
কল্পনাৰ কেনভাছত কোনোবা ভেনগগে অঁকা কিনকিন 
বৰষুণৰ ৰামধেনু এছিৰাৰ দৰে ? 
ধুনীয়ানে কলডিলীয়া খোপাৰ কপৌপাহিৰ দৰে ?... 

ভালপোৱাৰ আনন্দ ভালপোৱাৰ বিৰহ :
জেঠৰ বাৰ খৰ বিৰহৰ দেবদাৰু দহনত
জ্বলে জানো আকাশৰঙী পখীজাকৰ ডেউকাৰ নীলা ? 

ভালপোৱা বাৰু কিমান শক্তিশালী ; জ্বলাব পাৰেনে 
ভালপোৱাৰ জোনাকী হাতে এন্ধাৰ পঁজাৰ মম এডাল ? 

ভেটিব পাৰেনে ভালপোৱাই, হৃদয় সাগৰতলিৰ পৰা 
ঢৌ ভাঙি উঠি অহা অবতৰীয়া ধুমুহাজাক ? 

ভাবি অবাক হওঁ ---- কি ৰহস্যময়  
অপাৰ মহিমামণ্ডিত এই ভালপোৱা!

মাৰ্বলৰ তাজমহল এদিন খহি পৰিব মাটিত ;
মোৰ ভালপোৱাৰ তাজমহল হৃদয়ৰ দৰেই ওখ,

হাঁহি থাকিব অনন্তকাল

অঙ্গন: পৃষ্ঠাঃ 23
জীৱন আৰু মৃত্যু বিষয়ক

ৰীতা বৰুৱা

দুখ অবিহনে সুখৰ যিদৰে অৰ্থ নাথাকে
মৃত্যু অবিহনে জীৱনৰো সিদৰে অৰ্থ নাথাকে
জীৱন অবিহনে মৃত্যুৰ

জীৱনে জীৱক যি দিয়ে- ৰং, গতি
মৃত্যুৱে সেয়া দিব নোৱাৰে
মৃত্যুৱে জীৱক যি দিয়ে-পৰম শান্তি, পৰম মুক্তি
জীৱনে সেয়া দিব নোৱাৰে

তথাপিও
জীৱন মানেই মৃত্যু অনিবাৰ্য
মৃত্যুৰ বাবে জীৱন অপৰিহাৰ্য

অদৃশ্য ছায়াৰ দৰে
মৃত্যু জীৱনৰ স'তে সাঙোৰ খাই থাকিলেও 
মৃত্যু জীৱনৰ ছাঁ নহয়
একান্ত আত্মীয় বা প্ৰিয় বন্ধুও নহয়

মৃত্যু জীৱনৰ পৰিণামহে
জীৱন মৃত্যুৰ
আৰম্ভণী গান ।

অঙ্গন: পৃষ্ঠাঃ 24
কবিতা নপঢ়োঁ 

ৰাজেন বড়া

বেয়া নেপাবা
নিজৰ বাহিৰে কোনো দিনে কাৰো কবিতা পঢ়া নাই মই
যিমানেই পঢ়োঁ কবিতাবোৰ
ভাৱত হওঁ বিভোৰ
ভাল পাওঁ, প্ৰেমত পৰোঁ প্ৰতিটো কবিতাৰ
আন কাৰ হ’ব পাৰে 
এই মন প্ৰাণ টানি ধৰা মালিকা লগা হৃদয়ৰ কালিকা লগা কথাবোৰ ?
কবিতা সবিতা মোৰ হিয়াৰ মালিতাবোৰ ?
কবিতাবোৰ দেখোন একোখন দাপোন
দেখোঁ তাত আপোন মুখ, আপোন সপোন
কবিতাবোৰ যেন মোৰ, কেৱল মোৰহে
বেয়া নেপাবা নিশ্চয়
আজন্ম অদ্যাপি যি ভাষাতে ,যি কথাকে নকওক কিয় কবিতাই
তোমালোক সকলোৰে কবিতাতে মই দেখোন নিজকেই দেখোঁ
মই তোমালোকৰ কবিতা নপঢ়োঁ
তোমালোকৰ কবিতাত
মই মোক পঢ়োঁ, মোকে লিৰিকিবিদাৰি চাওঁ
মোৰ নিভৃত নিকুঞ্জৰ নিয়ৰ সিক্ত স্নিগ্ধ ফুলৰ সুকোমল সুস্মিত সুবাসে আমোল-মোল হয় অন্তৰাত্মা মোৰ
তোমালোকৰ কবিতাবোৰ যেতিয়াই পঢ়োঁ
তোমালোকৰ লেখাবোৰত
বাৰে বাৰে মই নিজকে পঢ়োঁ
অদেখা কবিৰ আত্মাৰে পৰিচিতি লভোঁ
তোমালোকৰ কবিতাৰ মই প্ৰেমত পৰোঁ...

অঙ্গন:  পৃষ্ঠাঃ 25
বাউলী ফাগুন

ৰঞ্জু গগৈ
                      
বাউলী ফাগুন আহে গোপনে 
মাঘৰ হাতত ধৰি 
ধূলিয়ৰি বাটেৰে--------
পচোৱা বতাহে নাঙঠ কৰে ফাগুনক
সৰাপাতে ধূলিৰ বুকুত 
মুখ গুজি উচুপি উঠে 
এৰি অহা অতীতৰ 
কাৰোবাৰ স্নেহৰ পৰশ সোঁৱৰি।
নৈ, খাল, বিলে
উদং বক্ষক সাৱটি  
মৌন হৈ পৰে 
বহু আশাৰে বাট চাই 
চিৰ যৌৱনা বসন্তলৈ  ।
বসন্তৰ পৰশে ফাগুনৰ  
শুকান ওঁঠত বিয়পায় মিঠা হাঁহি 
দুচকুত ৰঙা, নীলা, সেউজীয়া 
অলেখ ৰঙৰ তুলিকাৰে ছবি আঁকে ---।
পলাশ ,মদাৰ ফুলৰ ৰঙেৰে 
আকাশ ৰাঙলী হয় ।
সেউজীয়াই গছ-লতিকাক সাবটি ধৰে 
চিনাকী-অচিনাকী পক্ষীয়ে 
আনন্দৰ চুমাৰে উপচায় দিয়ে 
আকাশত শুকুলা মেঘ, কলিয়া ডাৱৰে ধেমালি কৰে ।
ৰিমঝিম বৰষুণত
প্ৰকৃতিয়ে নতুন জীৱনক 
স্বাগতম জনায় ।
গুটি মালতী, খৰিকাজাঁই সুবাসে 
ফাগুন আৰু বসন্তক উন্মাদ কৰে 
বাউলী ফাগুণে পথৰ 
অচিন গাভৰুৰ আঁচল উৰুৱাই 
বসন্তৰ কাষলৈ ঢাপলি মেলে---।

অঙ্গন:  পৃষ্ঠাঃ 26
ৰাজমাইৰ ৰূপহী

পৰিস্মীতা

নিমুক্ত পখী মই 
পশ্চিমৰ আকাশত
বাট চাওঁ হেঁপাহৰ জোনটি লৈ
অকলসৰীয়া নিসংগ তৰাটি হৈ...!!

দুখ আওৰাই 
সুখ মেৰিয়াই 
ভুল লেখি লেখি যাওঁ
এই পাৰে নৈৰ
হেৰুৱা হেঁপাহ 
সিপাৰে যদি পাওঁ..!

বৰষুণৰ টোপালত কাঁচিয়লি জিলিঙণি 
উৰি যোৱা সপোন মোৰ আকাশী চিলনী !!

পকা থেকেৰাৰ চহৰখনি  তাতে আকৌ
ডালিমগুটিয়া যেন শাৰী শাৰী আট্টালিকা
নাজানো 
কিহৰ আনন্দত ইমান খৰিকাজাঁই ফুলা..!

ৰাজমাই বাগিচাৰ মই ৰূপহী 
বুকুত নচুৱাই অচিন সুহুৰি
আহিনক সাক্ষী কৰি
এডৰা কবিতা লিখোঁ 
দিহিং পাটকাই একাকাৰ কৰি..!

অঙ্গন: পৃষ্ঠাঃ 27
জীৱন

শ্ৰীৰূপম জ্যোতি ভূঞা

পিতাই অ' সমাজখনেই সলনি হ'ল
শাওনৰ পথাৰখনো উৰুঙা হৈ ৰ'ল,
বলধী গৰুবোৰ বিক্ৰী হ'ল
আৰু আমাৰ শৰীৰবোৰো ঘূণীয়া হ'ল।
চাকৰি চাকৰি বুলি হাবাথুৰি
এইবাৰ হৰেণৰ পুতেকটোও পগলা হ'ল,
পিতাই মানুহবোৰে নুবুজেই নহয়
চৰকাৰী হে ধন , কৃষি কৰ্মত লাগে হেনো চৰম।
এই সময়বোৰ বেদনাৰ
চাকৰি এটাৰ অভাৱত বহি থকা
ডেকাটোৰ মুখখন চাবই নোৱাৰি,
পঢ়ি শুনি চাকৰিৰ আশাত
কামত নধৰি
ৰোৱাতলি মাতিখিনিও হ'ল আধানাজি।
পিতাই তই চিন্তা নকৰিবি পিতাই
সৰুতে শিকাই দিয়া নাঙলৰ খুটিতো খামুচি
মই থাকিব পাৰিম পিতাই ,
হ'বনো কি হয়তো সমাজৰ সন্মানবোৰ কম হ'ব
তথাপিও পাৰিম পিতাই
নিজৰ ভৰিত থিয় হৈ সুখত থাকিব।

অঙ্গন: পৃষ্ঠাঃ 28
বিভ্ৰম

আকাংক্ষা বৰা

স্মৃতিও এক বিভ্ৰম নহয় নে ?
সকলোবোৰেইতো বিভ্ৰম.. 
মই, তুমি, আমি এই সকলোবোৰ ৷
ভালপোৱাও এক বিভ্ৰম.. 
এই যে মই ৰাধা হ’ব নাই পৰা ঠিক তেনেদৰে তুমি নো কানাই হোৱাৰ বোজা কিয় ল’বা ? 
বোজা ? কানাই জানো বোজা হ’ব পাৰে!
হ’ব পাৰে এই কংক্ৰিটৰ পৃথিৱীত এতিয়া সকলোবোৰ বোজা যেনেই লাগে।৷ সুখৰ সংজ্ঞা বিচাৰি বিচাৰি হাহাকাৰ কৰা মানুহ নামৰ যন্ত্ৰবোৰ কোঙা হোৱা জানো তুমি দেখা নাই ?
কোনোবা জাৰত কোঁঙা হৈছে, কোনোবা ধাৰত কোঁঙা হৈছে..
আৰু তুমি ? 
মই দুখবোৰ OLX ত বিক্ৰী কৰিব নোৱাৰাৰ দুখত কোঁঙা..
সুখবোৰ দেখোন ক্ষণস্থায়ী 
সুখবোৰ আহে মাথোঁ অসুখ হ’বলৈ ৷ 
সুখবোৰ আহে মাথোঁ বিভ্ৰম হ’বলৈ ৷

দেৰগাঁও

অঙ্গন: পৃষ্ঠাঃ 29
দীঘল হাতৰ মানুহ বোৰলৈ মোৰ ভয় লাগে

দীপালী বৰুৱা
                      
মোৰ উচ্চতা পাঁচ ফুট আঠ ইঞ্চি
তথাপি কিন্তু মই বৰ চাপৰ
হাতখনো মোৰ তেনেই চুটি
বহুত কিবা কিবি ঢুকিয়েই নাপাওঁ।
দীঘল হাতৰ মানুহবোৰ দেখিলে অবাক হৈ যাওঁ!
কেনেকৈ ঢুকি পায় সকলোবোৰ!
কেনেকৈ জানে সকলোবোৰ!
কেনেকৈ চিনি পায় ওখ ওখ মানুহবোৰ!
দীঘল হাতৰ ওখ মানুহবোৰে  মাথোন
আঁজুৰি আনিব জানে
দীঘল হাতৰ মানুহবোৰ দেখিলে সঁচাকৈ মোৰ ভয় লাগে।

উত্তৰ লক্ষীমপুৰ

অঙ্গন: পৃষ্ঠাঃ 30
উৎসৰ্গিত কৰিলোঁ এটা ৰাতি

অঞ্জলি দত্ত 

তোমাৰ বাবে উৎসৰ্গিত কৰিলোঁ এটা ৰাতি
দিনটোৰ অপেক্ষাৰ অন্তত এটা কথাও কোৱা নহ'ল
বুজি নোপোৱা কৈ সময়বোৰে উপলুঙা কৰে
হৃদয়ৰ চিনাকী সুৰ এটি মাথোঁ হুমুনিয়াহ হৈ
পাহাৰৰ খঁহি পৰা শিলৰ দৰে নামি আহে
দুকুল উপচাই ৰৈ থকা আশাৰ ফুলবোৰ 
মৰহি লেৰেলি যায় গৈ ওৰে নিশা ভাবি থাকোতে
পাৰ হৈ যায় নিদ্ৰা বিহীন এটা নিশাৰ কদম কলি
তোমাৰ বাবেই উৎসৰ্গিত কৰিলোঁ আৰু এটা ৰাতি

সময় বগলি পাখিত ডেউকা কোবোৱা এটা মিঠা সুৰ
সুৰৰ পানচৈ মোৰ গৰখীয়াৰ বাঁহীৰ ওঁঠৰ পৰশ
সন্ধিয়া ভাঁহি অহা গীতৰ এলবামৰ পুৰণি কলি
ককাৰ মুখৰ সাধু সাধু লগা কথাৰ মহল
ক'ত হেৰাল সীমা আত্মীয় কথা বতৰাৰ জীপাল ধাৰা।
যিবোৰ মোৰ শিৰাই উপশিৰাই বৈ আছে অহৰহ
গভীৰ ভাবনাই লৈ যায় মোক সন্ধিয়াৰ সেই দিনলৈ 
মাজৰাতি আউল লগাই টোপনি হেৰাই মোৰ
সেয়ে উৎসৰ্গিত কৰিলোঁ আৰু এটা ৰাতি

মোৰ দেশৰ জনগণৰ আলৈ-আথানিৰ নাই অন্ত
নিৰাপত্তাহীন নাওৰ বঠা বিহীন গতি
সুখী মানুহৰ সুখৰ পাহাৰ 
দুখ দুৰ্দশাৰ অন্ত নোহোৱাৰ দাৰিদ্ৰতাৰ কামি হা়ড়
যি কাৰণ হ'ল মোৰ টোপনি নহাৰ
সিহঁতৰ বাবেই উৎসৰ্গিত কৰিলোঁ এটা ৰাতি।

খেতি চপোৱাৰ পিছত ৰাম ৰহিমৰ একতাই বল 
দুখ কষ্টৰ মূৰত হাঁহিৰ সমাহাৰ 
সৰু বৰ নাইকীয়া সকলো আপোন অতি মৰমৰ
চিন চাব নোহোৱা হ'ল পথাৰখন আনৰ হ'ল
দুই সহোদৰ নিশ্চিহ্ন হ'ল
পেটৰ জুই কুৰাত কান্দোনৰ ৰোল
সিহঁতৰ বাবেও উৎসৰ্গিত কৰিলোঁ এটা ৰাতি

হাতত তুলিকা লৈ অংকন কৰিলোঁ
মোৰ প্ৰেমৰ দুখৰীয়া ছবিৰ অন্ত নোহোৱা ঠিকনা
কওঁ প্ৰাণ ভৰি ভালপোৱাৰ হৃদয়ৰ আকুলতা 
বুজে নে নুবুজে হাঁহি নে কৃত্ৰিমতা একো ভাও নাপাওঁ
 প্ৰেমৰ সুৰভিৰে চিত্ৰণ কৰোঁ বাস্তৱ ভৰা সত্তা
নতুন প্ৰতিশ্ৰুতিৰে আগবাঢ়ি গলে পাওঁ যেনিবা 
সত্য অনুসন্ধানৰ নতুন প্ৰত্যাশা 
সেয়ে তোমৰ বাবে উৎসৰ্গিত কৰিলোঁ আৰু এটা ৰাতি

অঙ্গন: পৃষ্ঠাঃ 31
হেঙুলী আভা

দিপ্তী মণি গোস্বামী
                                     
কাঁচিয়লী ৰ'দে পোহাৰ মেলাৰ প্ৰাকক্ষণত
উদিত সূৰুযে সিঁচা হেঙুলী আভাত
ৰঙীন হয় লঠঙা বৃক্ষৰ শিৰৰ মুকুট।

অস্তমৃত সূৰুযৰ সৈতে প্ৰতিযোগিতাত, 
দূৰদৰ্শী ভাৱনাই খেলা কৰে হৃদয়ত ;
পুৱাৰ প্ৰথম কিৰণৰ হাঁহি ফুটা ওঁঠত।

আগুৱাই যায় ভাৱনাৰ নৈখন কোবাল গতিত,
পিছুৱাই যায় আন্ধাৰবোৰ বন্ধ তলাৰ ভিতৰত;
মৃত সপোনবোৰে পাখি মেলে এজাক পৰীৰ মাজত।

ঠন ধৰে ধুমুহাই বিধ্বস্ত কৰা শুকান পথাৰত,
আশাৰ সুখবোৰ ফুলি উঠে এজাক জীপাল বৰষুণত;
পাৰ হোৱা দুখবোৰ লেৰেলে প্ৰভাতী কিৰণৰ ৰ'দত।

লখিমপুৰ (লালুক)
৬০০১৫৭৪৫০৭

অঙ্গন: পৃষ্ঠাঃ 32
কবিতা কবিতা 

হেৰম্ব চৌধুৰী

কবিতা -
জীৱনটোৱে দেখোন এটা জীৱন্ত কবিতা। 
য'ত সাৱটি আছে সুখ-দুখ, আনন্দ, বিষাদ, হাঁহি, কান্দোন, ঘাত- প্ৰতিঘাত। 
তাৰ মাজেৰে খুপি খুপি আগবাঢ়ে জীৱন।
তনু নাও বুৰু বুৰু 
তথাপি নহয় গিয়ান। 
ভৱ সাগৰত তল বলকৈ 
আগবাঢ়ে জীৱন।
নিমিষতে শেষ হয় জীৱন, 
তথাপি কিয় 
মায়াত মজি পাহৰি যাওঁ 
জীৱনৰ অৰ্থ, কৰ্ম, বা সত্যক। 
সত্যমেৱ জয়তে জীৱন।

অঙ্গন: পৃষ্ঠা 33
বেলি উঠা সপোন

প্ৰণীতা গগৈ

বেলি উঠা সপোনটো লাগি আছে
চকুৰ পতাত
ফেঁহুজালি বুকোচাত আহে
হৃদয় কঁপোৱা সুৰ
নীৰৱ চৰাই এটাৰ 
পিছে-পিছে

অ' সময় ৰৈ যা
ৰ'দ অকণ বান্ধি লও
তিতা চোলাটোত

বাখৰ সাচি থোৱা কথাবোৰ
ওমলি থাকে
সোণপৰুৱা নচুৱাই

বেথা লাগে
এঠা বাঢ়ে
হাতৰ টিপত গজে
আদৰুৱা মাতৰ নিমাত ঢেঁকিয়া।

চৰাইদেউ

অঙ্গন:  পৃষ্ঠাঃ 34
নিৰ্বাসন

জ্যোৎস্না ৰানী বেগম 

ফু মাৰি উৰুৱাই দিয়া মোৰ 
বকুল ফুলা  হাতখন 
মাটিত বাগৰি পৰিলোঁ বুলি 
উভতিও নাচালা 
সেয়েহে আজিকালি 
সখিয়তী সন্ধিয়াবোৰে তোমাৰ অপক্ষাত নাথাকে ৰৈ 
নাবাজে প্ৰেমৰ সুহুৰি 
চকুৰ পানীখিনি তোমাক লুকুৱাবলৈ 
 চাৰ্লি চেপলিনৰ দৰে 
ময়ো বৰষুণত খোজ কাঢ়ি ভাল পাওঁ 
সেই বাবেই ওপৰত পিন্ধি থকা সাজযোৰ 
 সদায়ে ৰঙীন পিন্ধোঁ
কেতিয়াও নোসোধোঁ এতিয়া তোমাক 
কেনে আছা ক'ত আছা তুমি 
নতুবা 
সুখৰ বাঁহী কাৰ লগত বজোৱা 
তুমি ভবাৰ দৰে যে ময়ো নহয়
মইটো শ্বেখ ফৰিদৰ অভিশাপত 
মাটিত বাগৰি পৰা বগলীজনী নহয়
আৰু 
কালডাকিনী চৰাইজনীও নহয়
তোমাৰ চহৰত গৈ কান্দি কান্দি বাউলী হ'ম?
কিমান আঘাত বুকুত বিন্ধিলে দুগাল 
তিয়াই চকুলো বাগৰে 
সেয়াও তোমাক কʼব নিবিচাৰোঁ 
মই হ'ব বিচাৰোঁ ইউকেৰ ৱেলচৰ 
পাইন গছজোপা 
ধুমুহাত ভাঙি পৰাৰ পিছতো 
চাইমন ৰাউৰকে শিল্পী হাতেৰে 
জীৱন্তে ৰূপ দিয়াৰ দৰে 
মোকো তোমাৰ চহৰৰ পৰা নিৰ্বাসন দিলেও 
চাইমন ৰাউৰকে পুনৰ পাইন জোপাক নতুন ৰূপত সজাই দিয়াৰ দৰেই 
ময়ো মোক আকৌ সজাই লম নতুন ৰূপেৰে 
মোৰ দৰ্শনে কয়
জীৱনৰ অসম্পূৰ্ণতাতকৈ কি থাকিব পূৰ্ণাঙ্গ প্ৰাপ্তি 
সেয়ে ---
তুমি এবাৰো নুসুধিবা
মই কেনেকৈ জীয়াই আছোঁ?

পাঞ্জাবাৰী, গুৱাহাটী

অঙ্গন: পৃষ্ঠা 35
নিৰ্লজ্জতাও হেনো এক শিল্প 

অবিনাশ দত্ত

পাখি লগা নীলাজ নিশা
ঘড়ীৰ টিক টিক শব্দত উৰি যাব খোঁজে বাৰে বাৰে
থাপ মাৰি আনি সোমোৱাই থ'ম
তিতি থকা চাদৰৰ ভাজত
বাট হেৰুৱাকে ,

নিয়ৰবোৰ দেখোন তোমাৰ চকু পতাত ওলমি আছে
সাগৰীয় নিমখীয়া তপত মুকুতা হৈ
তিৰবিৰ
তিৰবিৰ,
ওঁহো......
চকু নুমুদিবা 
নুমুদিবা চোন  চকুযুৰি
ঘপকে নোহোৱা হ'ব মদৰুৱা জুনুকা
বাজি থাকক দিয়া
যিমান পৰলৈকে বাজি থাকে লৰি লৰি !  

সৌ দূৰৈত নৈ ঘাটৰ কুন্থন শুনিছানে
নাঁওখনে ঘাটত খুন্দিয়াইছেহি হ'বলা!
সেই নাঁওতেই মোৰ শোভাযাত্ৰা
ইমূৰৰ পৰা সিমূৰলৈ নিমখৰ নৈত
তোমাৰ সৈতে,
এতিয়া যদি নৌকা বিহাৰত
কঁপা কঁপা মাতেৰে তুমি মোক সোধা
প্ৰেম কি!
ভালপোৱা কি!
মোৰ উওৰ ঠিক আগৰ দৰেই
প্ৰেম আন্তৰিকতা আৰু নিৰ্লজ্জতা.........

নিৰ্লজ্জতাও হেনো এক শিল্প
আদিম, অতি প্ৰাচীন;

ক্লান্ত ভৱনাত
শ্ৰান্ত নাৱৰীয়া
অনুক্ত নিশ্বাসৰ ভাষা
গাত চাদৰ মেৰিয়াই
চুপি চুপি 
নোহোৱা হৈছে নীলাজ নীলা নিশা।।

অঙ্গন: পৃষ্ঠাঃ 36
উপলব্ধি

ৰুবী বৰুৱা

সূতা টানিবা যিমান চিঙিব সিমান
গতিকে নকৰিবা সূতাৰ অপমান
দিন ৰাতি উকলিব
সূতাডাল তেনেকৈয়ে থাকিব
নকৰিবা সূতাৰ লাঞ্চনা বাঞ্চনা
প্ৰীতিভৰা স্নেহৰ দুলেৰে ৰাখা মেৰিয়াই।
বেলিমাৰ নাযাওঁতে বান্ধি লোৱা সূতাৰ গাঁঠি,
সময় উকলি অন্ধকাৰ নামিলে পাবা অশান্তি।
সময়ৰ সূতা সময়তে পকোৱা
তেহে ভবিষ্যতৰ ফল সন্মুখতে পাবা।

মিছা, নগাওঁ

অঙ্গন: পৃষ্ঠাঃ 37
ৰেচিপিঃ
মেয়নিজ মাটন 
প্ৰঞ্জল দত্ত


উপকৰণ - ১/ছাগলী মাংস ৩০০ গ্ৰাম 
২/মেয়নিজ ৩ টেবুল চামুচ 
৩/মিঠাতেল ১ টেবুল চামুচ
৪/ আলু ৩ টা
৫/ বিলাহী ২ টা 
৬/ পিয়াজ ৩ টা
৭/ আদা-নহৰু বটা 
৮/ নিমখ সোৱাদ অনুযায়ী
৯/ হালধিগুৰি আধা চামুচ
১০/ চেনী আধা চামুচ
১১/ গৰম মচলা-জিৰা-মিট মচলাৰ পেষ্ট 
১২/ ধনীয়া পাত কেইখিলামান 

প্ৰণালী - মাংসখিনি প্ৰথমে ধুই ল'ব মেয়নিজেৰে ১৫ মিনিট মেৰিনেট কৰি ল'ব। কেৰাহীখনত তেল দি গৰম হ'বলৈ দিব। কাটি লোৱা পিয়াজখিনি দি সোণালী ৰং হোৱাকৈ ভাজি নমাই থ'ব। সেইখিনি তেলত কাটি থোৱা আলু আৰু বিলাহীখিনি ভাজিব। ভাজি লোৱা পিয়াজখিনি ঠাণ্ডা হ'লে মিক্সিত দি গ্ৰাইণ্ড কৰি ল'ব। এতিয়া তেলত মাংসখিনি দি নিমখ, হালধি, চেনী, মচলাৰ পেষ্ট, গ্ৰাইণ্ড কৰা পিয়াজখিনিও লগতে দি দিব। কিছুদেৰি ভাজি লৈ জোখ অনুযায়ী পানী দি ঢাকনি মাৰি সিজিবলৈ দিব। সোৱাদৰ বাবে গোটা নহৰু এটা দিব পাৰে। মাংসখিনি সিজিলে তাত ধনীয়া পাতখিনি কাটি দি গৰমে গৰমে ৰুটিৰ সৈতে পৰিৱেশন কৰক।

অঙ্গন:  পৃষ্ঠাঃ 38
অনুভৱঃ

মৰমৰ উপাদান

গীতামণি কলিতা

বুজাপৰাই হ'ল.. মৰমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। বুজাপৰা নহ'লে কোনো কামতে কৃতকার্যতা লাভ কৰা দেখা নাযায়, লাগিলে সেইকাম ডাঙৰেই হওঁক বা সৰুৱেই হওঁক। বুজাপৰাৰ অভাৱত এখন ঘৰৰ এটা পৰিয়াল কেতিয়াও সুন্দৰ আৰু সুখী হোৱা দেখা নাযায়। আজিকালি দেখিবলৈ পোৱা যায় বুজাপৰাৰ অভাৱত সৰু সৰু কথাতেই মনোমালিন্য হয়, যাৰ ফলত পতি-পত্নী, এটা পৰিয়াল, এখন সমাজ, ওচৰ-চুবুৰীয়া, বংশ-পৰিয়াল , মিতিৰ-কুটুম, প্রেমিক-প্রেমিকা, বন্ধু-বান্ধৱ আদিৰ মাজৰ মৰমৰ তথা বিশ্বাসৰ এনাজৰী ডাল পলকতে থানবান হয়। গতিকে, আমি ভুল বুজাবুজি সৃষ্টি হোৱাৰ আগতেই যদি সকলোৱে মৰমৰ মাজেৰে  সুস্থিৰ চিন্তাৰে বুজাবুজিলৈ আহি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া নিশ্চয় কোনো কামতেই অসফল হোৱা দেখা নাযাব। সেয়ে.. আমাক সুন্দৰ আৰু সুখেৰে জীয়াই থাকিবলৈ মৰমৰ সমানেই বুজাপৰাৰো অতি প্ৰয়োজন।
             
যোৰহাট, ভাতেমৰা পথ(নেইমচৰ সমীপত) 
ডাক-আৰ.আৰ.এল
পিন নং-৭৮৫০০৬
ফ'ন নং-৮৮৭৬৩৩২৪০৯

অঙ্গন:  পৃষ্ঠাঃ 39
গল্পঃ


ভালপোৱাৰ গান আলফুলীয়া

মুনমী চেলেং
: কি হ'ল, নামাত ?
: উহু... 
: সচাকৈ নামাতটো ?
: নামাতো বুলিছো নামাতো
: ঠিক আছে। নালাগে মাতিব। 
সি বহি থকাৰ পৰা ঘপহকৈ উঠিবলৈ লওতেই তাই তাৰ হাতখন জোৰকৈ ধৰি কৈ উঠিল
: আৰে, বহছোন । একেবাৰে নুবুজ অ' তই !
অভিমানবোৰ  অভিমান হৈয়েই ৰয়। নৈ পাৰৰ সুবাসী বতাহত পমি ৰয় তাইৰ অভিমানৰ পনীয়া ৰং।


ৰঙালী বিহুত তাই নিজ হাতেৰে বোৱা গামোচাখন মাক আৰু খুৰীয়েকৰ পৰা লুকুৱাই তাৰ ডিঙিত দি ক'লে ,, 
মই নিজেই বৈছো। ফুলটো অলপ সৰু ! কিন্তু ধুনীয়া। 
: অহ্ হয় নেকি। পিছে, কবিতাই দিয়া ৰূমালখনো তাই নিজেই ফুল কৰা বোলে।
হাঁহি ভৰা মুখখন তাইৰ আপোনাআপুনি জাপ খাই যায়। 
তাৰ হাতত থকা ৰূমালখনৰ ৰঙা ফুলপাহৰ দৰেই তাইৰ বুকুখনো ৰাঙলী হৈ পৰিছে।
এৰা, তাক বৰ বেয়াকৈ বুকুত সোমোৱাই ল'লে তাই,,,,, 


: ঘৰৰ বগৰী , পকেটতে আছিলে কেইটামান। খাবি নেকি ল ।
হেঁপাহেৰে হাত পাতি লয় তাই। 
টিউচন কৰি অহা বাটতে এটা এটাকৈ তাৰ লগত কথা পাতি গোটেইকেইটা খাই শেষ কৰিলে তাই। 
নঙলা মুখ পাওতেহে তাইক বিদায় দি সি চাইকেলত উঠিল। যাওতে কৈ গ'ল,,,,
' কাইলৈ গুছি নাযাবি । একেলগে যাম দুয়োটা। ' 
বুকু ভৰি আহে তাইৰ । 
টেঙা বগৰী কেইটা মিঠা বুলি কোৱা সোৱাদ এতিয়াহে বেছিকৈ পালে তাই। 
ৰাতিলৈ ভাতকেইটাও খাব নোৱাৰিলে । দাঁতবোৰ ইমান সিৰসিৰাইছে ! 


মেট্ৰিক ৰ ডেওনা পাৰ কৰি সি চহৰলৈ যাব বোলে। সৰু মোমায়েকৰ তাতে ঘৰ। তাত থাকিয়েই পঢ়িব সি, চহৰৰ কলেজত।  
আৰু তাই, গাঁৱতে । 
সময়ে পাত লুটিয়াই গ'ল। এধানি এধানিকৈ তাইৰ মৰমবোৰো খুপি ৰ'ল। আজিকালি সি ঘৰলৈ আহিলেও তাইৰ মাতিবলৈ আপচোছ লাগে দেখোন।  আগতকৈও অলপ গহীন হ'ল যে! 
কিন্তু সেই চাৱনি সলনি নহ'ল । যি চাৱনিত তাই আজিও জুৰ পৰে। 

কলেজৰ ডেওনাখনো দুয়োটাই পাৰ কৰিলে। 
সি চহৰত , তাই গাঁৱত। 

মাজতে এবাৰ খবৰ পালে , তাৰ কোনোবা অফিছত চাকৰি হৈছে বোলে। ভাল লাগিল তাইৰ। পিছে, এতিয়াৰ পৰা তাক আৰু বেছিকৈ দেখা নাপাব চাগে তাই। চাকৰিয়াল মানুহ, ক'ত ঘৰলৈ আহিবলৈ সময় পাব ! 
চিকিমিকি সন্ধিয়াটো কিন্তু বাৰান্দাৰ বাঁহৰ খুটাটোত আউজি তাই নঙলামুখলৈ ঠিকেই চাই থাকে। 
বৰকৈ আমনি কৰে যে তাৰ মুখখনে!


পঢ়া সামৰি দুই তিনিটা মান টিউচন নিজেই গোটাই ল'লে তাই। তাঁতশালটো চোকা তাই। চিলাই কৰিবলৈ পালেও একো নালাগে। ব্যস্ততাৰে ভৰা দিন এতিয়া তাইৰ। হ'লেও নৈ পাৰৰ কথাবোৰ মনত নপৰাকৈ নাথাকে তাইৰ। 

মাজতে সি আহি নিজেই খবৰ দিলে , ঘৰৰ মানুহে বেয়াকৈ ধৰিছে এইবাৰ। বিয়া খন‌ পাতি হে যাব বোলে এইবাৰ। দুই এদিনতে ছোৱালীৰ ঘৰলৈ যাব মাকহ'ত।
 আৰু একো নুশুনা হ'ল তাই। বুকুৰ ধপধপনিয়ে তাৰ কথাবোৰ তল পেলায় দিলে যে! তাক তাতে এৰি ভিতৰ পালেহি তাই। নোৱাৰে শুনি থাকিব এয়া তাই। কোনোপধ্যেই নোৱাৰে। 
‌মাকহতেই সেইদিনা তাক সুধপোচ কৰিলে। তাই আৰু ওলাই নগ'ল। 
 ভালপোৱা জনৰ মুখত আনৰ নাম কেনেকৈ শুনে তাই। 

 
দুদিন ধৰি তাইৰ খাৱন শোৱন নাই। শেতা পৰি গৈছে গোটেই জনী। বলেৰেহে কামবোৰ কৰি আছে। ক'বনো কাক। শুনিব কোনে। হয়তো এই কাহিনী, বুকুতে শুকাব।

দুপৰীয়া বিছনাতে পৰি থাকোতেহে কাৰোবাৰ হাঁহিৰে , নিৰ্জন ঘৰখন ৰজনজনাই যোৱাত কাণখন‌ উনালে তাই। 
ঠিকেই, কোনোবা আহিছে। হাঁহিছে, সকলোৱে হাঁহিছে। মাত্ৰ তাইহে.......
: জোন, তনয়ৰ মাক দেউতাক আহিছে। আহছোন অলপ ওলাই। কি যে জাধলীজনী হৈ আছ। চুলিখিনি আছুৰি আহ অলপ। 
মাকে মাতি থৈ গ'লহি । 
কিয় বা আহিছে। নিশ্চয় বিয়ালৈ মাতিবলৈকে আহিছে চাগে। এই দিন দেখিবলৈহে বাকী আছিল।
তাইৰ মনত চিন্তাৰ পৰিধি বাঢ়ি গ'ল।
 কোনোমতে নিজকে স্থিৰ কৰি তেওঁলোকৰ সন্মুখলৈ ওলাই আহিল তাই। 
কিন্তু এয়া কি , 
তাইৰ মূৰে গায়ে হাত ফুৰাই তনয়ৰ মাকে দেখোন আৰ্শীবাদহে দিছে! একো বুজিব নোৱাৰি ইফালে সিফালে চাওতেহে মাকে ক'লে ,
'আজলীজনী, তেনেই সাদৰী। গমেই পোৱা নাই তাই। বোৱাৰী কৰি নিম তোমাক। মোৰ ঘৰখন পোহৰাই ৰাখিবলৈ।' 
 
সপোন সপোন যেন লাগিছে গোটেই ঘটনাৱলী। ই কেনেকৈ সম্ভৱ ?
অসম্ভৱোটো নহয়! 
পিছে , সি সেইদিনা দেখোন বেলেগ কিবাহে কৈছিল। 
আৰু 
আৰু যে সি , আজিলৈকে মুখ খুলি এবাৰো নক'লে দেখোন, তাই শৈশৱৰে পৰা শুনিবলৈ ৰৈ থকা সেই মন প্ৰাণ জুৰোৱা কথাশাৰী•••


 'মই তোক ভাল পাওঁ জোন।'
পিছফালৰ বাৰান্দাতে বহি আকাশৰ জোনবাইজনী চাই থকা জোনজনীৰ এইবাৰ হে লাজটোৱে মেৰাই ধৰিলে। 
হ'লেও , অভিমানী মনটোৱে যে নামানে।
আজি দেখোন‌ বেছিকৈ অভিমান কৰিবলৈ মন গৈছে। 
তাইৰ পিছফালেই ৰৈ আছে সি। 
নাই , তাই চাব পৰা নাই।
অভিমান আৰু লাজে সমানে থেকেচিছে তাইক।
বহাৰ পৰা উঠি যাব খোজোতেই তাইৰ হাতখন জোৰকৈ ধৰি ক'লে সি ,, 'আৰে বহছোন। একেবাৰে নুবুজ অ' তই।' 

দুখন কলিজাৰ ৰাগ অভিমান চকুলোবোৰ নিৰৱে সৰিছে আজি। প্ৰানময় হৈ উঠিছে আহ্লাদিত গধূলি। জোনবাইজনী বেছিকৈ উজ্জলিছে আজি...

অঙ্গন:  পৃষ্ঠাঃ 40
সমিধান

নিৰুমণি দেৱী , নগাঁও

"মা, পাৰ্চেল এটা আহিছে।"
"পাৰ্চেল ? এই সময়ত আকৌ কি আহিল ? কোনে, কি অৰ্দাৰ দিছিলি ? "
ল'ৰা জনৰ  হাতৰ পৰা  পাৰ্চেলটো লৈ সোণমনিয়ে বাৰান্দালৈ ওলাই অহা মাকৰ হাতত তুলি দিলে। পেকেটৰ ভিতৰত কি আছে জানিবলৈ সি বৰ আগ্ৰহেৰে মাকৰ মুখলৈ চালে।
কিন্তু পাৰ্চেলটো খুলি চোৱাৰ হেঁপাহ আৰু প্ৰয়োজনীয়তা সেইখিনি সময়ত সোণমনিৰ মাকৰ এটাও নাছিল। ভিতৰলৈ গৈ বিছনাৰ ফালে পেকেটটো দলিয়াই দি তেওঁ অন্যমনস্ক হৈ নিজৰ কামত লাগিল গৈ।
পেকেটটো খুলিলৈ সোণমনি আৰু লনি থৰ লাগিল। ঘৰখনৰ প্ৰতিজনেই আহি পেকেটত অহা বস্তু ভাগ এবাৰ লিৰিকি- বিদাৰি চালে । ওচৰৰ ৰিণা আৰু বিনাই কোৱাকুই কৰিলে --
"মানুহ জনীলৈ বৰ দুখ লাগে দেই ! চাকৰিটো পালে যদিও এদিনো ইচ্ছা মতে খৰচ কৰিবলৈ নাপালে। সদায় অভাৱতে থাকিল । "
"কোনোদিনে ভালকৈ এসাজ খোৱা নেদেখিলোঁ।  ল'ৰা ছোৱালীক দামী কাপোৰ এসাজ পিন্ধোৱা বা নিজে নতুন এসাজ পিন্ধা ইমান দিনে তেওঁৰ সপোন হৈয়ে ৰ'ল। "
লনিৰ ওঁঠত সেমেকা হাঁহি এটা বিৰিঙি উঠিল । হওক তেওঁ, বহুত দিনৰ মূৰত মাকে মনে বিচৰা কিবা এটা পাইছে।  ইমান দিনে মাকে চাকৰি কৰি ধন ঘটিলেহে, খৰছ কৰিবলৈটো নাপালেই। পাবনো ক'ৰ পৰা ! মাহটো শেষ নহয়েই এদিন এটাই আনদিনা এটাই সুধিব -- "বাইদেউ দৰমহা পালে ?"
 "পালে গম পাবিয়েই নহয়। মোৰ দৰমহাত প্ৰথম অধিকাৰ তহঁতৰ হে !" 
"কি হ'ল, উত্তৰটো বেঁকাকৈ দিলা যে ! কাম কৰা মানুহক লগে লগে পইচা দিয়াটো মোৰ স্বভাৱ। প্ৰথমতে নিজৰ লেঠা মাৰি ,কাম কৰা মানুহক চোঁচৰাই থাকি মই বেয়া পাওঁ ।" 
সত্যৰ উচ্চ শিক্ষা থকা সত্বেও চাকৰি ভাগ্যত নহ'ল । ঘৈণীয়েকৰ প্ৰথম মাহৰ দৰমহা পোৱাৰ লগে লগেই সেয়েহে সত্যই তেওঁৰ সপোনৰ ঘৰখনৰ কাম আৰম্ভ কৰি ল'লে --পাচঁটা ৰূমৰ এটা বিৰাট আছাম টাইপৰ ঘৰ। 
আনহাতে চাকৰি কৰিও অভাৱত থকা ল'ৰা ছোৱালী দুটাক হেঁপাহ পলুৱাই একো এটা দিব নোৱাৰাটোৱেই বন্তিৰ জীৱনৰ ডাঙৰ দুখ হ'বলৈ ধৰিলে। নিজেও কোনোদিনে মনৰ হেঁপাহেৰে একো এটা ল'ব পৰা নাই । ল'ৰা ,ছোৱালী আৰু ঘৈণীয়েকৰ সপোনবোৰ মোহাৰি পেলাই সত্যই নিজৰ সপোন বাস্তৱ কৰাতহে উঠি পৰি লাগিল। কেতিয়াবা জীয়েকে কয়--  "দেউতা ,আজি মাংস আনিবা দেই। মায়ে আজি দৰমহা পাইছে বোলে !"
"মাজনী, মিষ্ট্ৰিক টকা দিবলৈ আছে নহয়। ঘৰৰ কাম চলি আছে যে হাৰ্ডৱেৰ দোকানতো পইচা দিবলৈ আছে, এইমাহত মাছ মাংস খাব নালাগে দিয়া।"
সত্যই সকলো সময়তে কেৱল ঘৰখনৰ কামবোৰ  শেষ কৰাৰ চিন্তাহে কৰি থাকে। ঘৰৰ কাম আৰম্ভ কৰাৰ পৰা তেওঁৰ কোনো বস্তুৰে প্ৰতি একেবাৰে চখ নাইকিয়া হৈ পৰিল। সত্যৰ এই নিৰাম্বৰতাই বন্তিৰ আটাইতকৈ ডাঙৰ দুখ ।
"হেৰী, ইহঁত দুটাৰ বাবে চুৱেটাৰ দুটা কিনিব লাগিছিল। ইউনিফৰ্মৰ ৰঙা চুৱেটাৰ কিটাকে অনবৰতে পিন্ধাই থাকিবলৈ বেয়া লগা হৈছে। "
"তোমালোক মাইকী মানুহৰ কেৱল কাপোৰ পিন্ধাতেই চখ। হেৰা, মাষ্টৰণী হৈ ভগা- চিগা ঘৰটোত আছা, সোনকালে ঘৰটো সম্পূৰ্ণ কৰাৰ চিন্তা কৰা। হঠাৎ মোৰ কিবা এটা হ'লে ---!"
গিৰীয়েকৰ কথামতেই  বন্তিয়ে মনৰ আশা বুকুত গাপ দি থৈ ঘৰৰ কাম সম্পূৰ্ণ  কৰাত লাগিল। 
ব'হাগ বিহুত মাকৰ ঘৰলৈ যাবলৈ ওলাই থাকোতে বন্তিয়ে হেঁহো নেহোকৈ সত্যৰ ওচৰত লেন্ চেনাই থাকি কৈছিল--"মোৰ যে ক'লা ফুলৰ মূগা কাপোৰ এযোৰ পিন্ধিবলৈ ইমান হেঁপাহ আছে, এইটো জীৱনত পিন্ধিবলৈ পাম নাই জানো ? "
জীৱনত কোনো কথাতে কেতিয়াও আপত্তি নকৰা ঘৈণীয়েকৰ এই কথাষাৰে সত্যৰ অন্তৰখন একেবাৰে তিয়াই পেলালে যদিও  ভেকাহি এটা মাৰি তেওঁ আঁতৰি গ'ল।
ৰাতি বন্তিৰ সেমেকা চকু জুৰিয়ে বাৰে বাৰে সত্যৰ টোপনি ভাঙিলে । গোটেই ৰাতি তেওঁ এটা কথাকে ভাবি থাকিল "ক'লা ফুলৰ মূগা কাপোৰ যোৰৰ কথা উচ্চাৰণ কৰোতেই  ইমান আত্ম সন্তুষ্টি  লাভ কৰা মানুহজনীয়ে দিঠকত কাপোৰ যোৰ পালে চাগৈ একেবাৰে পাগল হৈ যাব ! 
বন্তিয়ে কিন্তু গিৰীয়েকৰ মনৰ উমানকে নাপালে। সদায় খং ৰাগ কৰি মানুহজনক কেটেৰাই মাতি থাকিল।
আজিৰ পাৰ্চেলটোৰ ওপৰত বন্তিৰ একো ধাৰণা নথকাৰ বাবেই দিনটো এবাৰো তেওঁ পেকেটটো খুলি চোৱাৰ কথা নাভাবিলে । ৰাতি শোৱাৰ সময়তহে পেকেটটোলৈ তেওঁৰ মনত পৰিল ।
সোণমনি, পেকেটটো খুলি চাচোন ,কি আছে !দেউতাৰে ঘৰৰ কিবা বস্তু অনলাইনত বুক কৰিছিল চাগৈ ! জীয়াই থাকোঁতে কেৱল ঘৰখনৰ কথাহে বুজি পালে। ইমান ডাঙৰ বেমাৰ এটা মনে মনে পুহি থাকিল, টকা খৰচ হয় বুলি ঔষধ এটা নাখালে, এই গাভৰুতে মোক অকলশৰীয়া কৰি গুচি গ'ল, এতিয়া মৃত্যুৰ পিছতো ঘৰৰ বস্তুয়েই কিবা আহিছে চাগৈ ।  খুলি চাই পিছফালে থৈ দেগৈ যা ।"
থোকাথুকি মাতেৰে দুখ আৰু গভীৰ আক্ষেপত কোৱা মাকৰ কথাকেইটাই এতিয়াহে সোণমনি আৰু লনিক থকা সৰকা কৰিলে। দুয়োটাই  পেকেটটো হাতত লৈ সেমেনা-সেমেন কৰি থাকিল ।
"মা, দেউতাই অনলাইনত অনা বস্তুটো ঘৰৰ সামগ্ৰী নহয়, তোমাৰ হে ।"
"মোৰ ? দেউতাৰৰ জীৱনত মই আছিলোঁ জানো ? মোৰ কথা ভাবিবলৈ তেওঁৰ সময় আছিল নে ?"
বন্তিৰ বুকুখন দুৰুদুৰুকৈ কঁপিবলৈ ধৰিলে । খং,অভিমান, অভিযোগ সকলো আঁতৰাই এইবাৰ বন্তিয়ে পুতেকৰ হাতৰ পৰা পেকেটটো হাত পাতি ল'লে।বুকু ডাঠ কৰি ভিতৰলৈ হাতখন সুমোৱাই দিলে।
বন্তিয়ে আৰু ধৈয্য ধৰিব নোৱাৰিলে। কাৰণ তাই সদায় খং-ৰাগ কৰি থকা মানুহজনে নিজৰ বেমাৰৰ চিকিৎসা নকৰি যোৱা মাহৰ দৰমহাৰে তাইলৈ শুৱালকুছিৰ পৰা একেবাৰে অৰিজিনেল মূগাৰ  ক'লা ফুলৰ কাপোৰ যোৰ অনলাইন বুক কৰিছিল। সেইবাবে বাৰে বাৰে গা অশান্তি হৈ থাকোঁতেও টকাৰ অভাৱত তেখেত ডাক্তৰৰ ওচৰলৈ নগ'ল।
"যেতিয়া পিন্ধিবলৈ মনত হেঁপাহ আৰু উদ্যম আছিল  তেতিয়া কেৱল ঘৰ সাজিলে । এতিয়া ঘৰ সাজিও হ'ল মোৰ কপালো উকা হ'ল। টকা থাকিও, কাপোৰ থাকিও এতিয়া মই পিন্ধিব নোৱাৰোঁ । বেমাৰৰ চিকিৎসা নকৰি  মোক অকলে এৰিথৈ গৈ দেউতাৰে যি দুখ দিলে, জীৱনত কোনো কাপোৰেই, কোনো বস্তুয়েই মোক আৰু সুখ দিব নোৱাৰে ।" মাকৰ কথাত ল'ৰা ছোৱালী দুটাৰ হাঁহিব খোজা ওঁঠ কেইখন সেমেকি গ'ল।    ‌
" লনি , মোৰ মতে মানুহে কোৱাৰ দৰে দেউতাই ভাল কাম নকৰিলে। কাৰণ সা-সম্পত্তি ঘটিবলৈ মাৰ চাকৰি জীৱনটো তেনেই পৰি আছে। কিন্তু মানুহৰ ইচ্ছাবোৰ ,হেঁপাহবোৰ সদায় একেই নাথাকে। বয়সৰ লগে লগে হেঁপাহবোৰো সলনি হয়।  অভাৱ অনাটনৰ মাজতেই ইচ্ছাবোৰো পূৰণ কৰাত  তেখেতে গুৰুত্ব দিব লাগিছিল। সা-সম্পত্তিতকৈ মানসিক শান্তিয়ে মানুহক বেছি সুখ দিয়ে। সুখী মানুহ য'তে ত'তে সুখী। আচাম টাইপ ঘৰ এটা আমাক কিয়নো লাগে ! তাতোতকৈ তেওঁ যদি মাৰ আশাবোৰ পূৰ কৰি নিজৰ বেমাৰৰ উচিত চিকিৎসা কৰিলে হয় !"
লনিয়ে খমখমীয়া মূগাৰ চাদৰ মেখেলা যোৰ হাতত লৈ  মাকৰ বগা সাজ যোৰলৈ চালে।

অঙ্গন:  পৃষ্ঠাঃ 41
আৰু এনেকৈয়ে...

নিৰুপমা ডেকা

“আহচোন নীল পথাৰৰ পৰা গৰু কেইটা আনোগৈ ৷ দেউতা আজি টাউনলৈ গৈছে কিবা বিশেষ কামত ৷ ঘূৰি আহোঁতে পলম হ’ব ৷ সেয়ে আজি গৰু ঘৰ চপোৱাৰ দায়িত্ব মোৰ ৷ মোৰ চোন পথাৰখনলৈ অকলে যাবলৈ ভয় লাগে, সেয়ে তোক মাতিছোঁ ৷”
তাইৰ কথা শুনি নীলে ক’লে "ইমান এবকলা ব্যাখ্যা নকৰিলেও হয় চোন ৷ চিধাচিধি কৈ  দিলেই হয় বল মোৰ লগত বুলি ৷”  নীলৰ কথাত এটা মিচিকিয়া হাঁহি মাৰি ৰিমিয়ে ক’লে “তোক তেনেকৈ অলৈ তলৈ লগ ধৰিব দিগদাৰ লাগে অ’ ৷ বৰমাহঁতে বেয়াও পাব পাৰে ৷ মোৰ মায়ে তহঁতৰ ঘৰত লাচনি-পাচনি কৰি দিয়ে, সেই সূত্ৰে মই কাম কৰা বাইৰ হে ছোৱালী আৰু তই মালিকৰ ৷ তোক কাম কৰোঁৱাৰ অধিকাৰ মোৰ আছে জানো !
: চা এইধৰণৰ কথা মই বেয়া পাওঁ ৷ তই মোৰ হৃদয়ৰ বন্ধু ৷ সৰু কালৰ পৰাই আমি একেলগে খাইছোঁ, খেলিছোঁ, পঢ়িছোঁ, হাঁহিছোঁ. নাচি-বাগি ফুৰিছোঁ ৷ কোনেও আমাক বন্ধুৰ বাদে অন্য দৃষ্টিৰে চোৱা নাই ৷ তই হে এই ডাঙৰ হ’বৰ পৰা কিবা বেলেগ ধৰণে চিন্তা কৰিবলৈ ল’লি ৷
 : নহয় অ', মই ডাঙৰ হ’বৰে পৰা বাসন্তী পেহীয়ে কথাবোৰ অলপ বেলেগ কৈ ক’বলৈ লৈছে ৷ সিদিনা হঠাৎ তহঁতৰ ঘৰৰ ভিতৰলৈ সোমাবলৈ লৈ ৰৈ গ’লোঁ বাসন্তী পেহীৰ কথাত ৷ পেহীয়ে বৰমাক কৈ আছিল আমাৰ নীলক সেই ৰিমিৰ পৰা অলপ আঁতৰত ৰাখিব লাগিব আৰু বৌদেউ ৷ আপোন আপোন ভাবে কোনদিনা নীলৰ বুকুত কামুৰি ধৰিব গমেই নাপাব ৷ তাৰ পিছত আৰু এৰাব নোৱাৰিব কিন্তু ৷ ডেকা মন জুইৰ দৰে ৷ গতিকে... কথাখিনি শুনি মই আৰু তাত ৰৈ নাথাকিলোঁ বুজিছ, ঘৰলৈ গুচি আহিলোঁ ৷
: অ’ সেইকাৰণে তই মুনুকণৰ জন্মদিনৰ দিনা নাহিলি গা বেয়া বুলি ৷
ৰিমি নিমাতে ৰ’ল ৷ এখোজ দুখোজ কৰি দুয়ো পথাৰ পালেগৈ ৷ আহিন মহীয়া পথাৰখনৰ ৰূপটোৱেই বেলেগ ৷ পশ্চিম আকাশত বেলিটো সুমথিৰাৰ দৰে ৰং ল’বলৈ ধৰিছেই ৷ পথাৰৰ ছন পৰি ৰোৱা মাটিখিনিতে ৰিমিহঁতৰ গৰু কেইটা এৰাল দিয়া আছে ৷ মাকে পোৱালিয়ে মিলি চাৰিটা গৰু ৷ গাখীৰখিনি সিহঁতৰ সকাহ ৷ তাকেই বেছি দেউতাকে সিহঁতৰ পঢ়াৰ খৰচ উলিয়াই ৷ গতিকে গৰু কেইজনী সিহঁতৰ বাবে সাক্ষাৎ লক্ষ্মী ৷ 
উভটাৰ বাটত নীলৰ চকু হঠাৎ ৰিমিৰ মুখত পৰিল ৷ পশ্চিমৰ বেলিটোৰ গোটেই মোহনীয়া ৰূপটো যেন তাইৰ মুখতহে ফুটি উঠিছে ৷ তাৰ তাইক কিবা এষাৰ মৰমতে কৈ দিবলৈ মন গৈছিল, কিন্তু সি নিজকে ৰখালে ৷ অলপ গহীন খোজ দি সি গৰু কেইটা খেদি খেদি ৰিমিক পাছ পেলাই আগুৱাই গুচি গ’ল ৷ নীলৰ বান্ধৱী বুলিবলৈ তায়েই একমাত্ৰ, স্কুলত বাকী ছোৱালীবোৰক সি লাজতে মাতিবই নোৱাৰে ৷ তাৰ এই অৱস্থাটোক লৈ সকলোৱে হাঁহে ৷ এনে ক্ষেত্ৰত সি ৰিমিক কোনো কাৰণতে হেৰুৱাব নোখোজে ৷ তাইলৈ হৃদয়ত হেঁপাহ আছে, থাকক, সি আলফুলে সেই হেঁপাহক বুকুতে লুকুৱাই ৰাখিব ৷ কাৰণ তাইৰ দৰে বন্ধুত্বৰ মূল বুজা বন্ধু এগৰাকী পাবলৈ বৰ কঠিন ৷ তাইক মুক্ত মনে মনৰ সকলো কথা ক’ব পাৰে সি, যিখিনি সি তাৰ সহোদৰ বা মাক-দেউতাকক ক’ব নোৱাৰে, সেইখিনিও সি তাইক ক’ব পাৰে ৷ একেলগে দুয়ো ডাঙৰ হৈছে, কিন্তু তাইৰ চিন্তা আৰু সিদ্ধান্তবোৰ তাত কৈ বহুত পৰিপক্ক ৷ কথাবোৰ মনতে ভাবি ভাবি সি সিহঁতৰ গোহালিত গৰুবোৰ সুমুৱাই দিলে ৷ ৰিমিৰ মাকে তালৈ চাই সন্তুষ্টিৰ হাঁহি এটা মাৰি ক’ল
“নীল বোপা বহা, মই চাহ বাকোগৈ ৷ আজি এবিধ বিশেষ পিঠা বনাইছোঁ, সেয়ে চাহ নাখাওঁ বুলি নক’বা ৷
ৰিমিৰ মাকৰ কথা শুনি সি বাৰান্দাতে বহি ল’লে ৷ তেওঁ বনোৱা সকলো তাৰ প্ৰিয় ৷ তেওঁ যিয়েই নবনাওক তালৈ অকণ থ’বই ৷ তেওঁৰ এই মৰম সি ব্যাখ্যা কৰিব নোৱাৰে আনৰ ওচৰত। পেহীয়েকে তাক গোজা মাৰি কয় যে কোনে কি ধাণ্ডা কৰি মৰম দিয়ে নুবুজিলে ডুবিবি বোপা ৷ সি ভাবি নাপাই মাক আৰু পেহীয়েকৰ কি এনে ভয় আছে ৷ কিন্তু ৰিমিয়ে সিদিনা কোৱা কথা কেইটাই তাক সকলো বুজাত সহায় কৰি দিলে ৷ তথাপি সি নিজৰ সম্পৰ্কক সন্মানেৰে জীয়াৰ ৰখাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’ল মনে মনে ৷ সি ৰিমিক প্ৰেমিকাৰ ৰূপত কেতিয়াও কল্পনা কৰা নাই ৷ শুদ্ধতাৰে বন্ধু বুলিহে গ্ৰহণ কৰিছে ৷ এই বন্ধুত্ব যদি কেতিয়াবা প্ৰেমলৈ ৰূপান্তৰিত হয়ো তাৰ তাতে কোনো আক্ষেপো নাথাকে ৷ বৰং সি হয়তো বেছি সুখী মানুহ হৈ জীয়াব পাৰিব ৷ মনতে কিবাকিবি ভাবি সি চাহ দিয়ালৈ ৰৈ থাকিল ৷ চাহ কাপ খাই সি যাবলৈ উঠি ৰিমিক ক’লে "আৰু বেছি দিন নাই মানুহবোৰে আমাক লৈ চিন্তা কৰি থকাৰ ৷ মোৰ আই আই টি কাণপুৰত চিটটো পোৱাৰ খবৰটো পালেই ৰাইজ শান্ত হৈ পৰিব ৷ তয়ো গুৱাহাটীত মনে বিচৰা বিষয়টো লৈ অধ্যয়ন কৰিবলৈ গুচি যাবি ৷ আমাক লৈ চিন্তা কৰা মোৰ ঘৰৰ মানুহকেইজনে বৰ শান্তিৰে থাকিব পাৰিব ৷ কিন্তু মোৰ হে মনত নতুন অশান্তি এটা আৰম্ভ হ’ব ৷ তোক ইমান দিন লগ নোপোৱাকৈ থকাতো বৰ সহজ কথা নহ’ব মোৰ বাবে ৷ তোৰ বাৰু মোলৈ কিমান মনত পৰিব ক’চোন ?”
: থ’ তই মোৰ বাবে এনে কোন নো যে তোক এৰি মোৰ দিন নাযাব ৷ তোৰ বন্ধু কম, মোৰতো এগালমান ৷ তই নহ’লে আন কোনোবা সঙ্গী হৈ পৰিব ৷ জীৱনটোক মই বৰ সহজকৈ ল’ব পাৰোঁ ৷ যিকোনো পৰিস্থিতিৰ লগত খাপ খাই চলাটোৱেই মোৰ ধৰ্ম ৷
ৰিমিয়ে কথাখিনি তাক বৰ সহজ ভাবে ক’লে যদিও ইমান সহজ কথা নাছিল সেয়া তাইৰ বাবে ৷ নীল তাইৰ অভিন্ন বন্ধু ৷ তাৰ অনুপস্থিতিয়ে তাইৰ জীৱনত কি প্ৰভাৱ পেলাব তাই নাজানে, কিন্তু হৃদয়ৰ কোনোবা এটা কোণত সি যে তাইক দুখৰ খামোচ মাৰিব সেয়া ঠিক ৷ 
: হেৰ’ থ’ তোৰ লেকচাৰ ৷ মোৰ জনা আছে, মই নহ’লে তোৰ কি অৱস্থা হয় ৷ গৈ লওঁ ৰহ, তেতিয়া চিঠি লেখি ত’ত নাপাবি ৷ 
দুয়ো মুখ চুপতি মাৰিলে যদিও, ভিতৰত দুয়োৰো প্ৰচণ্ড হাহাকাৰ আৰম্ভ হৈছে ৷ এক অনামী আৱেগ আৰু ভালপোৱাৰে দুয়ো ভিতৰি ভিতৰি ডুব গৈছিল ৷ কিন্তু সেয়া এক সংযত সূতাৰে পেচাই পেচাই মনক বান্ধি পেলালে দুয়ো ৷ সিহঁতৰ সম্পৰ্ক অন্তত সেই সময়ত বন্ধুত্বৰ সম্পৰ্ক ৷ তাৰ উৰ্দ্ধত সিহঁতৰ বাবে একো নাই ৷ সময়ৰ গতিত সি হয়তো অন্য ৰূপে ঢাল খাব পাৰে তাক অস্বীকাৰ সিহঁতে নকৰে ৷ কিন্তু বন্ধুত্বৰ মৃত্যু সিহঁতে কেতিয়াও হ’ব দিব নোৱাৰে ৷ 
অৱশেষত সেই দিনটো আহিল, যিটো দিনৰ ভয়ে ভিতৰি দুয়োকে মাৰি পেলাইছিল ৷ তাই বাৰু গুৱাহাটীতে থাকিব, কিন্তু নীল যে ইমান দূৰলৈ যাবগৈ ৷ আহোঁ বুলি তাইক লগ পাবলৈ সি আৰু আহিব নোৱাৰিব ৷ তথাপি ৰিমিয়ে হাঁহি হাঁহি তাক সকলোৰে আগত ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালে তাৰ মনে বিচৰা আসনখন পোৱা বাবে ৷ সিওঁ তাইক প্ৰতি শুভেচ্ছা জনালে ৷ যোৱাৰ আগদিনা দিনত ৰিমিৰ মাকে মৰমতে নীলক ভাত এসাজ খুৱাবলৈ হেঁপাহেৰে মাতিলে ৷ ভাত খাবলৈ আহি সিদিনা প্ৰথমবাৰলৈ ৰিমিক সাবটি ধৰি নীলে কান্দিলে ৷ তাৰ লগতে ৰিমিয়েও নিজকে ৰখাব নোৱাৰি কান্দিলে ৷ এৰা সহজ নহয় এনে বন্ধুত্বৰ পৰা আঁতৰি থকা ৷ তথাপি জীৱনক গঢ়াৰ স্বাৰ্থত সকলো মানি আগবাঢ়িবই লাগিব ৷ দুয়ো দুয়োকে সকলো খুলি কোৱাৰ আৰু সপ্তাহত অন্ততঃ এদিন ফোনত কথা পতাৰ প্ৰতিশ্ৰুতিৰে বিদায় পৰ্ব সামৰিলে৷
দিনবোৰ সময়ে গৰকি গৰকি আগবঢ়াই লৈ গৈ থাকিল ৷ বন্ধবোৰত নীল আহে আৰু তায়ো আহে ৷ দুয়ো লগ হৈ ঘূৰি ফুৰে ৷ পুৰণা বন্ধুবোৰক লগ কৰে ৷ সময় পালেই  কথা পাতে ফোনত ৷ নীলৰ কলেজত কাৰোবাক ভাল লগা বুলি গম পালে তাই মুখত হাঁহি লৈ কৈ দে কৈ দে বুলি চিঞৰে আৰু তাৰ পিছত নীলক হেৰুৱাব বুলি দুখত কেবা নিশাও টোপনি নমৰাকৈ থাকে ৷ নীলৰো সেই একে ৷ কিবাকৈ যদি তাই কয় ল’ৰা এটা পিছত পৰি আছে ভালো লাগিছে সি চিধাই কয় কাকো নজনাকৈ বিশ্বাসত নল’বি ৷ মই থকা হ’লে সকলো খবৰ লৈ তোক কি কৰিব লাগে ক’লোঁহেঁতেন ৷ এতিয়া ময়ো নাই  সিদ্ধান্ত ভুল নকৰিবি ৷ তাৰ পিছত তাইৰ ফালৰ পৰা যেতিয়া লৈ নুশুনে যে তাই তাক মানা কৰি দিলে তেতিয়া লৈ তাৰ টোপনি শেষ ৷ এনেকৈয়ে দুয়ো দুয়োকে মুখেৰে একো নোকোৱাকৈ প্ৰেমৰ মায়াজালত বান্ধ খাবলৈ ল’লে ৷ প্ৰতিবাৰে সিহঁতে ভাবে এইবাৰ লগ পালে মনৰ সমস্ত কথা খুলি কম ৷ পিছে লগ পোৱাৰ পিছত সেই একেই ভাল বন্ধুৰ দৰে দুয়ো দুয়োৰে লগত সময় পাৰ কৰি গুচি যায় পুনৰ নিজৰ নিজৰ ঠাইলৈ ৷ এনেকৈয়ে পাঁচ বছৰ কেতিয়ানো পাৰ হ’ল দুয়ো গমেই নাপালে ৷ ৰিমিয়ে ইংৰাজী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ নিজৰ পৰিয়াল আৰু অঞ্চলত গৌৰৱ আনিলে ৷ লগতে স্থানীয় কলেজখনৰ আমন্ত্ৰণ মৰ্মে তাত সোমাই পৰিল ৷ কলেজখন চৰকাৰীকৰণ হোৱাটো ইতিমধ্যে খাতাং হৈছে ৷ সেয়ে তাই সেই সুযোগ পাই চিধাই জইন কৰি ল’লে ৷ বাকী পঢ়াবোৰ চাকৰিৰ লগে লগে চলাই যাব ৷ নীলেও তাইক তাকে কৰিবলৈ ক’লে ৷ সিওঁ ওলাই আহি গুৱাহাটীতে কম্পেনীৰ চাকৰি এটাত সোমাল ৷ সি বাহিৰত বহুত চাকৰি পাইছিল যদিও একমাত্ৰ ৰিমিৰ বাবে সি আহি গুৱাহাটীত চাকৰি ল’লে ৷ এতিয়া দুয়োখন ঘৰতে সিহঁতৰ বিয়াৰ সৰব আলোচনা ৷ ৰিমিয়ে ঘৰত আপত্তি কৰি কয় ৰহচোন ঘৰখনৰ বাবে আগতে কিবা কৰি লওঁ ৷ বিয়া দিলে নহ’বগৈও পাৰে ঘৰৰ বাবে একো কৰা ৷ নীলে অৱশ্যে ঘৰত জনাইছে যে তাৰ ফালৰ পৰা ছোৱালী পছন্দ কৰি থোৱা আছে আৰু সি তাইকে বিয়া কৰাব ৷ ফলত তাৰ ঘৰৰ পৰা ছোৱালী চাব যাবলৈ আৰু ঠিক কৰি আহিবলৈ সকলো সাজু ৷ নীলৰ পেহীয়েকে ৰিমিহঁতৰ ঘৰলৈ আহি জনালে সকলো আৰু ৰিমিৰ মাককো ওলাবলৈ ক’লে ৷ ৰিমিয়ে এই কথা শুনি নিজৰ কোঠাত সোমাল ৷ খং অভিমানেৰে তাইৰ মন ভৰি পৰিল ৷ নীলে এনেকুৱা কৰিব বুলি তাই সপোনতো ভাবিব পৰা নাছিল ৷ মুখেৰে ভাল পাওঁ বুলি নক’লেও সিহঁতৰ ভালপোৱা অন্তৰে বুজিছিল বুলিয়েই তাই ইমান দিনে ভাবি আছিল ৷ অথচ... তাই দুখত ভাগি পৰিল ৷ এনেতে নীলে তাইলৈ ফোন কৰিলে ৷ ক’লে পিছদিনা দেওবাৰ গতিকে সি তাৰ পছন্দৰ ছোৱালীজনী ঘৰৰ মানুহক দেখুৱাব হোটেল নন্দিনীত ৷ সকলোকে তালৈ আহিবলৈ জনাইছে সি ৷ তাইৰ মাক-দেউতাক আৰু তাইকো সি যেনেতেনে আহিবলৈ ক’লে ৷ কাৰণ তাইৰ পৰিয়ালটো তাৰ আপোন আৰু সিহঁতক এৰি তাৰ কোনো ভাল কাম হ’বই নোৱাৰে ৷ 
অভিমানত তাইৰ নাকৰ পাহ ফুলি উঠিল ৷ তথাপি গহীন হৈ তাই হ’ব বুলি শান্ত কণ্ঠেৰে কৈ ফোনটো থৈ দিলে ৷ পিছদিনা মাক-দেউতাকক লৈ সি কোৱা ঠিকনাত তাই ওলালগৈ ৷ ৰাতিটো ভাবি তায়ো তালৈ অহা প্ৰস্তাৱবোৰৰ কোনোবা এটা মানি লোৱাৰ কথা ঠিক কৰি ল’লে ৷ কাৰণ তাইৰ পৰিয়ালৰ বাবে তাইৰ জীৱনটো বহুত মূল্যবান ৷ প্ৰেমৰ হতাশাৰ সিহঁতৰ দৰে দুখীয়া মানুহৰ জীৱনত স্থান নাই ৷ জীৱনটোক আগুৱাই নিয়াতহে তাই তাইৰ সামৰ্থ লগাব লাগিব ৷ সকলো উপস্থিত হোৱাৰ পিছত চাহপানী খোৱাৰ ব্যৱস্থা হ’ল ৷ তাৰ পিছত ছোৱালী আহিব বুলি সি ঘোষণা কৰিলে ৷ চাহ খোৱা হোৱাৰ পিছত আহচোন ৰিমি বুলি সি তাইক মাতি অলপ আঁতৰলৈ লৈ গ’ল আৰু তাৰ পৰা খপকৈ তাইৰ হাতখনত ধৰি সকলোৰে সন্মুখত থিয় কৰাই দি ক’লে এয়া মোৰ পছন্দৰ ছোৱালীজনী ৷ তাইক ভালপোৱাত সকলোৰে আপত্তি বাবে মই তাইৰ লগত ভালপোৱাৰ সম্পৰ্ক আজিলৈকে কৰা নাই ৷ কাৰণ মা-পেহীহঁতে আমাৰ ভালপোৱাক ৰিমিৰ চক্ৰান্ত বুলি ক’ব আৰু বৰমাৰ নিভাঁজ মৰমেৰে খুওৱা চাহ-ভাতক খুৱাই ফুচুলাই লোৱাৰ বুদ্ধি খটোৱা বুলি ক’ব ৷ ৰিমিৰ মোৰ প্ৰতি সন্মতি আছে নে নাই মই আজিও নাজানো ৷ এতিয়াহে সুধিম সকলোৰে সন্মুখত ৷ যদি তাইৰ সন্মতি থাকে তেন্তে মই মোৰ পছন্দক মোৰ জীৱন সঙ্গী কৰিম ৷ 
: ক’ ৰিমি তই মোক এই সুযোগ দিবি নে ?
ৰিমিৰ দুগালেৰে ধাৰাসাৰে চকুপানী বাগৰিল ৷ উত্তৰত তাই মাত্ৰ মূৰটো দুপিয়ালে । সকলো নিমাতে ৰ’ল ৷ ভালপোৱাৰ এনে নজিৰ বৰ কম ৷ এনে ভালপোৱাই স্বীকৃতি পোৱাটো সকলোৰে কাম্য ৷ আৰু এনেকৈয়ে শৈশৱ-কৈশোৰৰ অভিন্ন বন্ধুত্বই এদিন ভালপোৱাৰ মাজেৰে যুগ্মজীৱনক আদৰণি জনালে ৷  

অঙ্গন:  পৃষ্ঠাঃ 42
অমানিশাৰ বুকুত এটি জোনাকী

প্ৰাণ প্ৰতিমা বড়া 

স্নিগ্ধ জোনাক মোৰ সদায়েই প্ৰিয় ৷ জোনাকৰ জোনালীৰ বুকুত মোৰ মনৰ আৱেগবোৰৰ হিচাপ নিকাচ কৰি ভাল পাওঁ । পূৰ্ণিমাৰ জোনৰ প্ৰেমত পৰোঁ বাবেই হয়তু মোৰ মনটোৱে মুকলি আকাশৰ তলত জিৰণি ল'ব খোজে বাবে বাৰে। মোৰ মনটো তেনেই এক তেজাল ঘোঁৰা । দৌৰিব খুজোঁ মই সময়ৰ হতে ৷ ৰাতি প্ৰায় ১১ মান বাজিছে। মোৰ মনটোৱে জোনাকৰ জোনালীৰ বুকুত উমলিব খুজিছে ৷ নাই নহয় অলপ উলাই যোৱাই ভাল হ'ব ৷ বন্ধু অম্লানলৈ ফোনটো লগালোঁ ৷ ৰাতিৰ সময়ত গাড়ীখন লৈ অকলে উলাই যাবলৈও মনটোৱে নকলে ।অন্তত লগ এটা হ’লে বিন্দাছভাৱে এপাক ঘুৰি আহিব পৰা যায়। মহানগৰীৰ মায়াত বন্দী সকলো ৷ আজৰি সময় যেন মাজৰাতিহে ৷ অন্ততঃ মহানগৰীয়ে অলপ হ’লেও উশাহ পায় মাজনিশা ৷ বেছি ভাবি নাথাকিলোঁ আৰু গাড়ীখন লৈ একে কোবে অম্লানৰ ঘৰ পাই তালৈ ফোন লগালোঁ ৷ সি পোণেপোণে আহি মোৰ গাড়ীৰ ড্ৰাইভিং চিটটো দখল কৰিলে ৷ ময়ো বেয়া পোৱা ভকত নহয় কাষৰ চিটত বহি অন্ততঃ মই জোনাকৰ সৈতে প্ৰেমালাপ কৰিব পাৰিম ৷ সেইসময়ত গাড়ীৰ চাউণ্ডচিচটেমত জুবিনদাৰ কণ্ঠৰ এটি প্ৰিয় গীত বজাই দিলোঁ ৷
’জোনাকে কাণে কাণে আহি ক’লে
নিবিৰ অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ’ ৷

  জুবিনদাৰ এই গীতটিয়ে মোৰ হৃদয়ৰ কোনোবা কোণত খুচি ধৰে ৷ মোৰ মনৰ অনুভৱত এই গীতটোৰ প্ৰভাৱ নথকাও নহয় ৷ অম্লানে গীতটিৰ লগে লগে আওৰাই গ’ল ৷ মোৰ মনে কিন্তু জোনৰ বুকুৰ জোনালীৰ সৈতে প্ৰেমালাপত ব্যস্ত হ'বলৈ ধৰিলে ৷ উফঃ মোৰ আৱেগবোৰ জড়িত এই জোনটিৰ সৈতে, সেই যে আকাশৰ বুকুত জোনটিৰ মিচিকিয়া হাঁহি তেনেই মোৰ প্ৰেয়সীৰ দৰে ৷ জোনাক ৰাতিৰ জোনটিৰ বুকুতে মই তাইৰ আৱেগবোৰ বিচাৰি পাওঁ । কিমান নিষ্পাপ তাইৰ মৰমলগা হাঁহিটো । তাইৰ মোৰ কাষত নাই বাবেই হয়তু মই অনুভৱ কৰোঁ জোনাকৰ জোনালীৰ আৱেগবোৰক৷ চৌদিশে মাথোঁ অনুভৱ কৰোঁ মই তাইৰ উপস্থিতি৷ কিয়নো এই মায়াময় নিশা মোৰ প্ৰেয়সী মোৰ কাষত থকাহেঁতেন সংসাৰৰ সকলোতকৈ সুখী ব্যক্তিজন ময়ে হ’লোহেঁতেন ৷ উফঃ যন্ত্ৰণা ৷ সময়ৰ শৰ সময়ত মাৰিম নোৱাৰাৰ দোষতে হয়তু তাই আজি মোৰ কাষত নাই ৷ ভুল কাৰ ? বাৰে বাৰে নিজৰ মনটোক প্ৰশ্ন কৰোঁ ৷ অলপ মোৰ, অলপ তাইৰ ৷ হয়তু ভাগ্যৰ ৷ ভাগ্য বিধি কোনেও খণ্ডাব নোৱাৰে ৷ উফঃ অসহ্যকৰ বিষ এটাই মোৰ হৃদয়ৰ কোণত মিহিকৈ খোচ এটা মাৰিলে ৷ এই মায়াময় জোনাক ৰাতিৰ প্ৰেমত পাগল মই। তাই মোৰ কাষত নাই যদিও ভগৱানক সদায়েই কওঁ তাই সুখত থাকক ,কিয়নো মই ভালদৰেই অনুভৱ কৰোঁ তাইক ৷ তাই কেতিয়াও বেয়া নাছিল আৰু কেতিয়াও বেয়া নহয় ৷ অতীতে যেতিয়াই খুন্দিয়াই মনত কষ্ট পাওঁ সেয়ে হয়তু মনটো পাতল কৰিবলৈ মই জোনাকৰ লগত সময় কটাই ভাল পাওঁ ৷ অতীতৰ কথাবোৰে আমনি কৰিলে মোৰ নিজৰ ওপৰতে খং উঠে ৷ কেনেবাকৈ অতীতক ঘুৰাই পোৱা হ’লে , উফঃ অসহ্যকৰ অনুভৱ ৷ কথাবোৰ অনুভৱৰ জখলাৰে বগোৱা বাই যোৱাৰ বাবে বৰ আকুলতাৰে চকু দুটা মুদি দিলোঁ । কিমান সময় যে তেনেদৰে পাৰ কৰিলোঁ গমকে নাপালোঁ । 

  ’মই মৰিলোঁ অ, মৰিলোঁ অ,...
  বচোৱা মোক...'

 কোনোবা নাৰী ক্ৰন্দনত মোৰ তন্দ্ৰা ভাগিল ৷ উচপ খাই উঠিলোঁ ৷ দূৰৈৰ পৰা দেখিলোঁ এজন পুৰুষে এগৰাকী মহিলাক টনা-আঁজোৰা কৰি আছোঁ ৷ দৃশ্যটো দেখাৰ লগে লগে মোৰ সৰ্বশৰীৰ খঙত কপিবলৈ ধৰিলে ৷

’ অম্লান গাড়ী ৰখা’

 সেইসময়ত মই কিমান জোৰত চিঞৰিছিলোঁ মই গমকে নাপালোঁ ৷ অম্লানে হয়তু বুজিব পাৰিছিল যে মোৰ সেইসময়ত প্ৰচণ্ড খং উঠিছিল ৷ সি ভালদৰে জানে মোক ,অমানৱীয় কিবা কাম দেখিলে মোৰ খংটো মই কন্ট্ৰোল কৰিব নোৱাৰোঁ ৷ অম্লানে সঁজোৰে গাড়ীত ব্ৰেক মাৰিলে ৷ আমি সেই চিটুৱেচনৰ একেবাৰে কাষত গৈ পালোঁগৈ ৷ কাষ চাপি মই অনুভৱ কৰিলোঁ মহিলাগৰাকী মানসিক ভাৰসাম্য হেৰুৱা এগৰাকী মহিলা ৷ কিয়নো মহিলাগৰাকীৰ আচৰণত একেবাৰে সুস্থিৰতা নাছিল ৷ মহিলাগৰাকীৰ অৱস্থাটো দেখি মোৰ কাপুৰুষটোলৈ অসহ্য খং উঠিল ৷ নিজকে সংযম কৰিব নোৱাৰিলোঁ ৷ গাড়ীৰ পৰা নামিয়ে মই সেই মহান কাপুৰুষজনক পিতিবলৈ আৰম্ভ কৰিলোঁ ৷ কিমান সময় মই তাক পিটিলো মই গমকে নাপালোঁ। অম্লানে মোক অতঁৰাবলৈ বহুত চেষ্টা কৰিও বিফল হ’ল ৷ কাপুৰুষজনে ভয়তে মোৰ ভৰিত পৰি ক্ষমা বিচাৰিছিল ৷ মই মানুহজনক ক্ষমা কৰিব পৰা নাছিলোঁ ৷ মই ধৰিব পাৰিছিলোঁ মই খঙতে কঁপি আছিলোঁ ৷ কিছুপৰ তেনেকৈ সময় কটোৱাৰ পিছত মই মহিলাগৰাকীক ৰাস্তাত বিচাৰিলোঁ । নাই সিমান সময়লৈ মানুহগৰাকী সেই ঠাই পৰিত্যাগ কৰিছিল ।৷

  বহু সময় ধৰি শান্ত হ'ব পৰা নাছিলোঁ । অম্লানৰ অনুৰোধত মই গাড়ীত বহিলোঁ ৷ কিন্তু বাৰে বাৰে এই কথাটোৱে মোক আমনি কৰি থাকিল ।কিয় হয় এনেকুৱা মানুহৰ মানসিকতা ? কিয় ৰাস্তাত থকা মানসিক বিকাৰগ্ৰস্ত এগৰাকীও বাছি যাব নোৱাৰে ? আজি ঠিক সময়ত আমি পালোঁ কাৰণে তাই বাচি গ’ল ৷ কিন্তু দিনক দিনে কিমানৰ ওপৰত এনে অত্যাচাৰ হৈ আছে ? উফঃ কিমান পুৰুষ মায়াময় নিশাৰ সান্নিধ্যত কাপুৰুষ হৈ পৰে! যেতিয়ালৈকে আমি আমাৰ মানসিকতা সলনি কৰিব নোৱাৰিম তেতিয়ালৈকে এনে ধৰণৰ অপৰাধ হৈয়ে থাকিব ।কথাবোৰ চিন্তা কৰি মনটো কিবা গধুৰহৈ পৰিল ৷ গধুৰ ভাৱৰ মনটোৰে সৈতে ঘৰমুৱা হ’লোঁ ৷

গুৱাহাটী

অঙ্গন:  পৃষ্ঠাঃ 43

মেটেকা ফুলৰ হাঁহি...

গৰিমা পাঠক

হঠাতে ৰাণুক এটা জোকাৰ মাৰি তাইৰ কাষৰ পৰা উঠি যায় তাইৰ মানুহটো।
: হুহ, এইকণ সময়তো মৰা কাঠডালৰ দৰে পৰি থাকিব!তিৰোতা কিয় হ'লি যদি শুবই নাজান মতাৰ লগত!"
ভোৰভোৰাই ভোৰভোৰাই তাইৰ কাষৰ পৰা উঠি যোৱা মানুহটোৱে ৰাণুৰ মাহেকীয়া হ'লে শোৱা সৰু বিচনাখনতে পৰি এটা সময়ত নাক বজাই শুই পৰিল পেটুৱা মানুহটো।
নাকৰ পানীয়ে, চকুৰ পানীয়ে একাকাৰ হোৱা ৰাণুই আৰু শুব নোৱাৰিলে।
এয়া জানো প্ৰথম ৰাতি!
বিয়াৰ পাঁচ মাহ হোৱাৰ কোনটো দিন তাইৰ নকন্দাকৈ গৈছে?
এটা সময়ত ছাগে তাইৰ চকুলো নোলোৱা হৈ যাবগৈ।
সদায় মাতাল হৈ মানুহটোৱে তাইৰ মাজৰ তাইজনীক অনুভব নকৰি এটা পশু হৈ পৰে। বখলাই পেলাব খোজে তাইক খঙে ৰাগে।
বুজি নাপায় তাই কিহৰ শাস্তি ভুগিছে এয়া!।গাঁৱৰ সমনীয়া ৰুবুলে প্ৰেমৰ জালত ফচাই ধৰ্ষণ কৰাৰ অপৰাধত নে তাইতকৈ দুগুন বয়সৰ মানুহজনলৈ তেওঁৰ মত নথকা সত্বেও তাইৰ ককায়েকৰ জোৰত বিয়া হোৱাৰ অপৰাধ!
তথাপিও তাই একো নকয়!
মনৰ মাজত উমি উমি জ্বলি থকা জুইকুৰাই যেন তাইক তাহানিতে ছাই কৰি পেলালে।
প্ৰেমিকেই যদি এনেকুৱা হয়! তাৰ পিছতো জানো বিশ্বাস কৰিব পৰা যায় আন কাৰোবাক!
হাতত মানুহজনলৈ বুলি অনা অথচ মানুহজনে নোখোৱা চাহৰ কাপটো লৈ ৰাতিপুৱাই তাইক নমতাকৈ মিললৈ গপগপাই ওলাই যোৱা মানুহজনলৈ তাই চাই ৰ'ল।
 এবাৰ কেৰাহীকৈও নাচালে তাইলৈ। পুনৰ এটা যাতনাৰ দিন কটাবলৈ সাজু হ'ল তাই। কোনো নথকা ঘৰখনত কাক ক'ব, কোনে শুনিব তাইৰ দুখবোৰ।
থাকক। বাকচৰ জপা কাপোৰৰ দৰে সেইবোৰ তাইৰ বুকুত জাপ খায়ে ৰওক।
 সন্ধিয়ালৈ অইন দিনতকৈ সোনকালে হাতত ক'লা পলিথিন এটা ওলোমাই লৈ অনা মানুহজনলৈ লেমৰ চিমনি মচি থকাৰ পৰা ভয়ে ভয়ে চাই ৰ'ল তাই। আজি বা আকৌ কি নাটক কৰে মানুহটোৱে!
: ৰাণু চাওঁ, এইফালে আহ।
মানুহজনৰ মাতত ভয় খাই খৰধৰ কৰোঁতে আঙুলিত চিমনিয়ে অকমান কাটিলেও তাইক। চেকচেকাই উঠিল তাইৰ আঙুলিটো সদায় বুকুখন চেকচেকাই থকাৰ দৰে।
: মাংস অলপ আনিছো ! তোৰ ককায়েৰ আহিব ভাত খোৱাকৈ।ভালকৈ বনাবি।
ককায়েক আহিব!
তাইক খেদি নপঠিয়াইতো ককায়েকৰ লগত!
বৌৱেকে জানো ৰাখিব তাইক!
অজান ভয়ত থৰথৰকৈ কঁপা ৰাণুৰ দুহাতত ধৰি আকৌ মানুহজনে দোহাৰে।
: কি হ'ল অ'? নে ৰুবুললৈ মনত পৰিছে?
এইবাৰ ৰব নোৱাৰি বহুত দিনৰ মূৰত মানুহটোৱে শুনাকৈ ফেকুৰি উঠিল তাই।
: মোক কিয় ইমান শাস্তি দিছে !কটা ঘাত নিমখ ছটিয়াইছে কিয়?
―খং ক্ষোভত কথাখিনি কৈ আগন্তুক বিপদলৈ ভয়ে ভয়ে চাই ৰোৱা ৰাণু আচৰিত হ'ল। অপ্ৰত্যাশিত ভাবে মানুহটোৱে তাইক বুকুৰ মাজত সামৰি লৈছে। নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি
আজি তাইৰ মানুহটোৱে কৈ গ'ল তাইক মনৰ কথাবোৰ।
পিতৃ-মাতৃ হাৰা মানুহটোক আত্মীয়ৰ লগতে লক্ষ্মীজনীয়েও অনাথ বুলি এৰিলে আৰু পিছত ৰাণুকো আনৰ প্ৰেমিকা বুলি জানি ফাটি পৰিছিল সি খঙত!
আজি কামৰ ঠাইত হঠাতে অহা ৰুবুলৰ মুখত তাইৰ প্ৰতি থকা তাচ্ছিল্য আৰু ককৰ্থনাই বুকুখনত গভীৰ তোলপাৰ লগাইছিল মানুহটোৰ। বুজি উঠিছিল তাইৰ বুকুৰ গভীৰৰ যাতনা। মাতি পঠিয়াইছিল ককায়েককো।
ৰাতিলে ভয়ে ভয়ে মানুহটোৰ বুকুত সোমোৱা ৰাণুই সমস্ত মৰমৰ আৱেশেৰে মানুহটোক মেৰিয়াই ধৰিছিল। মানুহটোৰো বুকুখন ভৰুন হৈ পৰিছিল।মৰমেৰে মুখৰ হৈ উঠা কোঠাটোত তেতিয়ালৈ দুপাহ মেটেকা ফুলে অতদিনৰ শোক ভাগৰ এৰি এটাকৈ হাঁহি মাৰিছিল।
সেই হাঁহিত নাছিল হেৰোৱাৰ দুখ, আছিল কেৱল পোৱাৰ অনাবিল আনন্দ।

পাঠশালা।

অঙ্গন:  পৃষ্ঠাঃ 44
এলাগী

বিকাশ শইকীয়া

এখন ভিতৰুৱা গাওঁত নিৰেনে নিজৰ পত্নী আৰু তিনি সন্তানৰ সৈতে আছিল। খুবেই দুখীয়া এটা পৰিয়াল আছিল নিৰেনহ’তৰ। দিনহাজিৰা কৰি কেনেবাকৈ পোহপাল দি আছিল নিৰেনে। নিৰেনে এনে এটা জীৱন জীয়াই থাকি সুখী আছিল যদিও মনত এটাই দুখ আছিল যে তেওঁৰ এজনী ছোৱালী সন্তান আছিল। ছোৱালী সন্তান নিৰেনে কেতিয়াও বিচৰা নাছিল। কাৰণ ছোৱালী থাকিলে এখন ঘৰত খৰচ বহুত হয়। উপযোগী হ’লে তাইক বিয়া দিব লাগিব, লগতে দিব লাগিব যৌতুক। এনেবোৰ কাৰণতেই নিৰেনে নিজৰ জীয়েকক কেতিয়াও মৰম কৰা নাছিল। প্ৰতিদিনাই দেউতাকৰ পৰা টান কথা আৰু বেয়া ব্যৱহাৰ পায় ছোৱালীজনী অৰ্থাৎ শেৱালীও প্ৰায় দুখী থাকিছিল।
নিৰেনৰ পত্নী অৰ্থাৎ ৰীণাই শেৱালীক ইমান বেয়া পোৱা নাছিল যদিও গিৰীয়েকৰ বিপৰিতে গৈ এষাৰ কবলৈ ৰীণাৰ সাহস নাছিল। সেয়ে নিৰেনে যি কৈছিল আৰু কৰিছিল তাকেই মানি লবলৈ বাধ্য আছিল ৰীণা।
তেনেকৈ কেইবাদিনো পাৰ হৈ যায়। শেৱালী নিজৰ দুই ভায়েকৰ সৈতে খুবেই সুখী আছিল। দেউতাক ঘৰত নথকা সময়ত শেৱালীয়ে হাঁহি মাতি থাকিছিল যদিও দেউতাক ঘৰত থকাৰ সময়ত মুখেৰে মাতিবলৈও সাহস নকৰিছিল। কিবা এষাৰ কলেই দেউতাকে মাৰধৰ কৰিছিল শেৱালীক। কেতিয়াবা যদি দেউতাকৰ মুখত হাঁহি দেখে তেতিয়া শেৱালীয়ো সুখী হৈছিল। হয়তো সেইদিনা শেৱালীক দেউতাকে মাৰধৰ নকৰিব।
ইফালে প্ৰতিদিনাই নিৰেনে শেৱালীক লক্ষ্য কৰি থাকিছিল। লহপহকৈ ডাঙৰ হৈ অহা শেৱালীক দেখি নিৰেনৰ ভয় বাঢ়ি গৈ আছিল। আৰু কেইবছৰমান পাৰ হ’লেই শেৱালীক বিয়া দিব লাগিব। কিন্তু শেৱালীৰ নামত ইমান টকা খৰচ কৰিবলৈ নিৰেনৰ ক্ষুদ্ৰ মাত্ৰও ইচ্ছা নাছিল কাৰণ অপ্ৰয়োজনত ইমানবোৰ টকা খৰচ কৰিলে বাকী লৰা দুটালৈ জমা পইচা নাথাকিব। ভেটি ৰখীয়া লৰা দুটাৰ নামত পইচা খৰচ নকৰি এঘৰলৈ উলিয়াই দিয়া ছোৱালীজনীৰ নামত কি যুক্তিত পইচা খৰচ কৰিব নিৰেনে।
তেনেবোৰ কথাই ভাৱি ভাৱি এদিন নিৰেনে এটা সিদ্ধান্ত লয়। তেতিয়া ৰাতি প্ৰায় ২ মান বাজিছিল। ঘৰৰ সকলো গভীৰ নিদ্ৰাত আছিল। কিন্তু চকুত ক্ষুদ্ৰমাত্ৰও টোপনি নাছিল নিৰেনৰ। কাষতে শুই থকা ৰীণাক জগাই দুয়ো বাহিৰলৈ ওলাই যায়।
-কি হৈছে আপোনাৰ ইমান ৰাতি এনেকুৱা কি কথা কবলৈ আছে। যাৰ বাবে আপুনি মোক বাহিৰলৈ মাতি আনিবলগীয়া হৈছে।
নিৰেনে মনত ভাৱি থকা কথাবোৰ কওঁ নকওঁকৈ ৰীণাক কয়। প্ৰথমে ৰীণাই তেওঁৰ তেনে এটা সিদ্ধান্ত মানি লবলৈ ইচ্ছা কৰা নাছিল যদিও পিছলৈ মানি লবলৈ বাধ্য হয়। কাৰণ নিৰেনলৈ কেৱল শেৱালীয়েই নহয় ৰীণায়ো যথেষ্ট ভয় কৰে। গতিকে নিৰেনে যিয়ে সিদ্ধান্ত লয় সেই সকলো সিদ্ধান্ত ইচ্ছা নাথাকিলেও মানি লবলৈ ঘৰখনৰ সকলো বাধ্য।
পিছদিনা শেৱালী শুৱাৰ পৰা উঠি দেখা দৃশ্য যেন এক সপোন তেনে লাগিছিল। মাক দেউতাকৰ শেৱালীৰ বাবে ইমান আদৰ সাদৰ দেখি শেৱালী খুবেই সুখী আছিল। মাক দেউতাকৰ পৰা তাই কেৱল অকণমান মৰম বিচাৰে যি তাই অত বছৰে পোৱা নাছিল। কিন্তু সেইদিনা সকলোবোৰ ভৱাৰ বিপৰিতে আছিল। পুৱাৰ পৰাই দেউতাকে শেৱালীক মৰমেৰে মাত লগাইছিল। মাকেও নিজ হাতেৰে তাইক প্ৰথমবাৰ গা ধুৱাই দিছিল।
-দেউতাৰে আজি তোক কৰবাত ফুৰাবলৈ নিব। তই আমনি নকৰিবি নহ’লে দেউতাৰাৰ খং উঠিব।
-তুমি চিন্তা নকৰিবা মা। মই আমনি নকৰো।
শেৱালীয়ে পিন্ধি ভাল পোৱা গুলপীয়া ৰঙৰ ফ্ৰকটো মাকে পিন্ধাই দিছিল। আধা ভঙা আইনা খনতে কিমান বাৰ যে নিজকে চাইছে শেৱালীয়ে নিজেও নাজানে। ফ্ৰকটো পিন্ধাই মাকে শেৱালীলৈ বুলি দুটা কল আনিবলৈ পাকঘৰলৈ যায়। মাকৰ পিছে পিছে দেউতাকক সোমাই যোৱা শেৱালিয়ে বেৰত কাণ পাতি শুনে।
শেৱালীয়েও বুজি পালে সেইদিনা তাইক সকলোৱে ইমান আদৰ সাদৰ কৰাৰ আঁৰৰ ৰহস্য। কথাষাৰ জানিবলৈ পায় শেৱালীয়ে মনতে বৰ আঘাট পালে। কিন্তু সেই বিষয়ে একোৱেই নজনাৰ দৰে থাকি ৰ’ল শেৱালী।
বাহিৰত দেউতাকে হাতত এখন কোৰ আৰু ককালত এখন খুকুৰি গুজি লৈ শেৱালী ওলাই অহালৈ বাটচাই আছিল। শেৱালীয়ে নিজৰ দুই ভাইক খুবেই মৰম কৰিছিল। সেয়ে দেউতাকৰ লগত ফুৰিবলৈ যোৱাৰ আগত দুই ভাইৰ ওচৰলৈ গৈ হাতত লৈ থকা দুটা কলৰ পৰা এটা কল দুয়োকে ভগাই খাবলৈ দি কয়।
-তহঁতে ভালকৈ থাকিবি। মা দেউতাক আমনি নকৰিবি আৰু পঢ়া শুনাও ভালকৈ কৰিবি। দেউতাই তহঁতৰ বাবেই সদায় চিন্তা কৰি থাকে।
-তই কি আৰু ঘুৰি নাহিবি নেকি?
-ফুৰিবলৈ যাওঁ। ঠাইডোখৰ ভাল লাগিলে আৰু উভতি নাহিবওঁ পাৰোঁ।
দুই ভাইৰ কপালত চুমা খাই শেৱালী ওলাই যায়। পদুলি মুখৰ পৰা মাকে শেৱালীলৈ চাই কান্দিছে। প্ৰথমবাৰৰ বাবে মাকৰ চকুত শেৱালীলৈ থকা মৰম দেখি শেৱালীৰো ভাল লাগিছিল। কিন্তু আতৰৰ পৰা চিঞৰি থকা দেউতাকৰ মাতত শেৱালীয়ে মাকক বৰ বেছি সময় চাই থাকিব নোৱাৰিলে। 
বহু দূৰ গৈ দুয়ো এখন হাবিৰ মাজ পায়। দেউতাকে ইফালে সিফালে চাই অলপ সময়ৰ পিছত হাতত লৈ যোৱা কোৰখনেৰে মাটি খান্দিবলৈ লয়। কাষৰে এজোপা গছৰ তলত শেৱালীয়ে বহি থাকি দেউতাকৰ কাম চাই থাকে। তেনেকৈ প্ৰায় আধা ঘণ্টামান পাৰ হৈ যায়। তেতিয়াও দেউতাকে মাটি খান্দিয়েই থাকে। দেউতাকৰ ভাগৰ লগাত শেৱালী দেউতাকৰ ওচৰলৈ আহি নিজৰ ফ্ৰকেৰে দেউতাকৰ কপালৰ ঘাম মচি কয়।
-তোমাৰ চাগে ভাগৰ লাগিছে। দিয়া মই অলপ খান্দি দিওঁ।
দেউতাকে খঙত শেৱালীক গতা মাৰি কয়।
-তই যে খান্দি দিম কৈছ। তই জাননে এই গাত কিয় খন্দা হৈছে?
-জানো দেউতা। মোক মাৰি এই গাততেই পুটি থৈ যাবলৈ। দিয়া একো নহয় মইয়ে খান্দি দিওঁ অলপ। 
দেউতাকৰ হাতৰ পৰা কোৰখন লৈ আধা খন্দা গাততো খান্দিবলৈ লয় আৰু মাজে মাজে নিজৰ সৈতে জুখি চাই। সেই দৃশ্য দেখি দেউতাকে ৰৈ থাকিব নোৱাৰি শেৱালীক সাৱতি ধৰি পাৰে মানে কান্দে। দেউতাকে কৰিবলৈ ওলোৱা ভুলটো বুজি পায় শেৱালীক ক্ষমা বিচাৰে আৰু অতি মৰমেৰে শেৱালীক আকৌ ঘৰলৈ উভতাই লৈ আনে।

(গুৱাহাটী)
৭০৮৬৫৩১৩৬৮

অঙ্গন: পৃষ্ঠাঃ 45
চন্দ্ৰ কলঙ্ক

ৰীনা বুঢ়াগোহাঁই বৰুৱা

সেইদিনা আছিল ঘোৰ অমাৱস্যাৰ কালৰাত্ৰি । বিয়া হৈ অহা মোৰ বেছি দিন হোৱা নাই । গাৰ মাহ হালধিৰ গোন্ধ ম্লান হোৱাই নাই । গাঁৱৰ ঘৰত এমাহ মানহে থাকি স্বামীদেৱতাৰ ছুটী শেষ হোৱাৰ লগে লগেই মোকো চহৰৰ কোৱাৰ্টাৰলৈ লৈ আহিল । আহি মেলি নতুন ঠাইত নতুন পৰিবেশত এডজাষ্ট হওঁ‌তে বেছ কিছুদিন লাগিল । এওঁ‌ৰ পুলিচ বিভাগত চাকৰি । সময় অসময়ৰ কোনো ধৰা বন্ধা চিনচাব নাই । কেতিয়াবা পুৱাই ওলাই গৈয়ো ৰাতি এপৰতহে সোমায়হি । 
প্ৰথম কেইদিনমান অলপ অখজা লাগিছিল যদিও এতিয়া নিজকে তেওঁৰ ৰুটিনৰ লগত মিলাই ল'বলৈ শিকিছোঁ। তথাপি ৰাতি সোনকালে আহিবলৈ সদায় মোৰ এটা অনুৰোধ থাকে ।দিনটোত তেওঁ সময় পালেই ফোন কৰি খা-খবৰ লৈ থাকে । ওচৰতে থকা তেওঁৰ সহকৰ্মী সকলক অসুবিধা পালে জনাবলৈ কয় । যিহেতু আমি থানা কলনিত থাকো, গতিকে বিশেষ অসুবিধা কিবা হ'ব বুলিও মনলৈ ভাৱ নাহে ।
তথাপি ৰাতিটো বুলিলেই হাতীটো অহা যেন লাগে । অকলে থকা মানুহ । মই সাধাৰণতে সোনকালেই ভাত কেইটা বনাই আজৰি হৈ লওঁ‌ আৰু এওঁ‌ অহালৈকে টিভিৰ আগত বহোঁ‌ । আজি সাতটা মান বজাতে এওঁ‌ ফোন কৰি জনালে আজি বোলে আঁ‌হোতে অলপ পলম হ'ব । কিবা এৰাব নোৱাৰা কেছ এটাত ব্যস্ত থাকিব লাগিব ।দৰ্জা ভালকে বন্ধ কৰি শুই থাকিবলৈয়ো নিৰ্দেশ দিলে ।
অমাৱশ্যাৰ ৰাতি । ইফালে মুষলধাৰ বৰষুণ বাহিৰত । তীব্ৰ বিজুলি আৰু লগে লগেই কাণ তাল মৰা গাজনি । মনটোত কিবা এক অজান আশঙ্কাই দোলা দি গ'ল । কি কৰোঁ কি নকৰোঁ লাগিল । আজিহে তেওঁৰ পলম হ'ব পাৰেনে বাৰু ?  চিঞৰি চিঞৰি কান্দিবৰ মন গ'ল । ঘড়ীত তেতিয়া বাৰটা বাজিছে । হঠাতে কাৰেণ্ট গ'ল । বুকুখন দুৰু দুৰুকৈ কঁ‌পিব ধৰিলে । খেপিয়াই খেপিয়াই বিছনাত উঠিলোগৈ । 
একমুহূৰ্ত । হঠাৎ শুনা পালো দৰ্জাখনত কোনোবাই জোৰেৰে খুন্দিয়াইছে । এবাৰ দুবাৰ তিনিবাৰ । মই ভয়ত জঠৰ হৈ পৰিলোঁ । হাতৰ মোবাইলটোৰ লাইটটো জ্বলাই ভয়ে ভয়ে দৰজাৰ কাষলৈ আহি মাতিলো । কোন ? মোৰ মাতটো যেন অটল গহ্বৰৰ ভিতৰৰ পৰাহে ওলাইছে । কোন ?
বাহিৰৰ পৰা মাত আহিল। "কি কোন কোন কৰি আছা ? মই ।মই তোমাৰ ৰমেন ।" উস্‌ ৰক্ষা । নিজৰ ওচৰতে লাজ পালো । ইমান ভয় খাবলৈ হ'ল কি  ? মোকো চিনি পোৱা নাই ? এইবুলি মই দৰ্জা খোলাৰ লগে লগে হুৰমুৰকৈ এওঁ‌ সোমাই আহিল । ক'লে তিতি জুৰুলি জুপুৰি হৈ আহিছোঁ । তুমি ভয় খাবা বুলিয়েই মই গুচি আহিলো । ব'লা ব'লা । বহুত ৰাতি হ'ল । মই উশাহ সলাই তেওঁৰ লগত ভিতৰলৈ সোমাই গ'লো । কাপোৰ কাণি সলাই আহি তেওঁ শুই পৰিল । ময়ো হৈ যোৱা ভয়ংকৰ মুহূৰ্তৰ কথা পাহৰিবলৈ চেষ্টা কৰি ৰমেনৰ বুকুত মূৰ গুজিলোঁ।নিৰাপত্তাৰ সকলো আচ্ছাদনেৰে তেওঁ মোক সাৱটি ল'লে ।
কিমান সময় শুলো গ'ম নাপালো । হঠাৎ ফোনটোৰ মাতত সাৰ পালো । চকু কেইটা নেমেলাকৈয়ে হেল্ল' বুলি ফোনটো কাণত ল'লো । কিন্তু ফোনত সিফালৰ মাত শুনি মই একে চাটেই বিছনাৰ পৰা উঠি বহিলো । ফোনত মই শুনিলো " কিয় দৰ্জা খোলা নাই ? কিমান সময় মই বাহিৰত ৰখি আছো ? মোৰ মাত শুনি ওচৰৰ মানুহ সকলো ওলাই আহিছে । তোমাৰ হ'ল কি ? ঠিকে আছানে ?" মোৰ কাণৰ ফোন কাণতে থাকিল । বিছনা খনলৈ ভয়ে ভয়ে চালো । ক'ত গ'ল মানুহজন ? কাৰ লগত মই ভয়ংকৰ ৰাতিটো কটালো । বাহিৰত দেখোন এওঁ‌ আহি মাতি আছেহি । হে ভগৱান !
দৰজাখন কেনেকে খুলিলো নাজানো । সন্মুখত এওঁ‌ক দেখি মোৰ মূৰটো চক্ৰাকাৰে ঘুৰিবলৈ ধৰিলে । মোৰ ভৰিৰ তলৰ পৃথিৱীখন তললৈ সোমাই গ'ল ।
মোৰ বিছনাৰ চাৰিওকাষে এগাল মানুহ । মই ক'ত আছো বাৰু । হাতে গায়ে চেলাইনৰ ৰছি বটল উলমি আছে । মোৰ হৈছিল কি ? চকু মেলা দেখি নাৰ্চ গৰাকীয়ে ডাক্তৰক মাতি আনিলে । তেওঁ আহি মোক পৰীক্ষা নিৰীক্ষা কৰি ক'লে "আজি তিনিটা  দিন আপুনি অচেতন হৈ আছিল । কেনে অনুভৱ এতিয়া আপোনাৰ ?" 
মই মনত পেলাবলৈ বিচাৰিলো কি হৈছিল মোৰ । কিন্তু মূৰটো আচন্দাই কৰি আহিল । হাত ভৰি অৱশ হৈ পৰিল ।
ডাক্তৰে কোৱা কথা পুনৰ শুনিবলৈ পালো । "আপুনি মাক হ'ব ওলাইছে । বেয়া চিন্তাবোৰ বৰকৈ মনলৈ নানিব ।"
মই মনত পেলাবলৈ আপ্ৰাণ চেষ্টা কৰিলো । আগতে  কোন কোন দিনা মই এওঁ‌ৰ সলনি তেওঁৰ লগত শুইছিলো বাৰু ? আমাৰ পৰিকল্পনাৰ উৰ্দ্ধত গৈ মই "মা" হ'লো কেনেকৈ ?

জাঁজী-শিৱসাগৰ

অঙ্গন: পৃষ্ঠা 46
শেষ পৃষ্ঠাৰ লেখাঃ

অসমত ভেলেণ্টাইন ডে'ৰ প্ৰাসংগিকতা কিমান ?

কৃষ্টি-সংস্কৃতি, উৎসৱ-পাৰ্বনে দেশ তথা জাতিগত পৰিচয় দাঙি ধৰাত  উল্লেখনীয় ভূমিকা পালন কৰে। আমি জন্মলগ্নৰ পৰা বিভিন্ন উৎসৱ-প্ৰাৱন উৎযাপন কৰি আহিছোঁ। যি সমূহ এটা স্বক্ৰীয় বিশিষ্ট্যৰ দ্বাৰা স্বগুণে মহান। এই উৎসৱ সমূহ পালনৰ দ্বাৰা আমি এটা জাতি একতাৰ এনেজৰীৰে বান্ধখাই থাকো। অসম এখন বিভিন্ন জাতি, জনজাতি, ধৰ্মালম্বী লোকৰ সমন্বয়ৰ ভূখণ্ড। ইয়াত সকলো জাতি জনজাতিয়ে নিজা নিজা উৎসৱ পালনৰ মাজেৰে বৈচিত্ৰৰ মাজত ঐক্যতাৰে বসবাস কৰি আছে। এই জন্মসূত্ৰে লাভ কৰা জাতিগত উৎসৱ সমূহত বৰ্তমানে বহু প্ৰাচ্য বা পাশ্চাত্য সংস্কৃতি তথা উৎসৱে প্ৰভাৱ পেলোৱা দেখা গৈছে। তাৰ ভিতৰত আজি কিছু বছৰৰ পূৰ্বৰ পৰা জনপ্ৰিয় হোৱা ভেলেণ্টাইন ডে' উল্লেখনীয়। বিশেষ ভাৱে ডেকা গাভৰুৰ মাজত জনপ্ৰিয় এই ভেলেণ্টাইন ডে' মূলতঃ ইউৰোপ আৰু আমেৰিকাৰ অৱদান।
           ১৪ ফেব্ৰুৱাৰীত উদ্‌যাপিত ভেলেণ্টাইন ডে' মূলতঃ ছেণ্ট ভেলেণ্টাইন নামৰ এজন সৈনিকৰ নামত উদ্‌যাপন কৰা হয়। ভেলেণ্টাইনক ৪৯৮ খৃষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীত সম্ৰাট ক্লাউডিয়াছে মৃত্যু দণ্ড বিহিছিল। 
              ভেলেণ্টাইন ডে' উদ্‌যাপনৰ কাৰণ যদি আমি ব্যাখ্যা কৰিবলৈ যাওঁ তেতিয়া হ'লে দেখিম যে এসময়ত ইউৰোপত এজন পুৰুষে বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে তাতোধিক নাৰীৰ লগত দৈহিক সম্বন্ধ ৰাখিব পাৰিছিল। যি পৰম্পৰা সেই সময়ত খুব কম সংখ্যক লোকৰ বাহিৰে বাকী সকলোৱে মানি চলিছিল। কিন্তু সেই কম সংখ্যক লোকৰ ভিতৰত ভেলেণ্টাইনেই ৪৭৮ খ্ৰীষ্টাব্দত এই নিয়মৰ বিৰোধীতা কৰিছিল। তেখেতে কৈছিল " আমি ইউৰোপবাসীয়ে পশু প্ৰবৃত্তিৰে যি শাৰীৰিক সম্পৰ্ক ৰাখি আহিছো এইয়া কু-প্ৰবৃত্তি। ইয়াৰ ফলত যৌন ৰোগ হ'ব পাৰে। বহুগামিতাক আমি বৰ্জন কৰিব লাগে আৰু বিবাহ ব্যৱস্থাক গ্ৰহণ কৰিব লাগে। তাৰ পাছত হে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা উচিত আৰু এজন জীৱন-সংগীৰ ধাৰণাত বিশ্বাসী হোৱা উচিত।" ভেলেণ্টাইনে এই কথা ইউৰোপৰ টাৰ্নি চহৰৰ অলিয়ে-গলিয়ে ঘূৰি প্ৰচাৰ কৰিছিল আৰু পিছলৈ তেওঁ গিৰ্জাৰ পাদুৰী হৈছিল। তেখেত গিৰ্জাৰ পাদুৰী হৈ থাকোতেই তেখেতৰ বিচাৰ লোক সকলক জনাবলৈ ধৰিলে আৰু বহু লোকক বিয়াও পাতি দিছিল। তেখেতৰ এই বিচাৰৰ সম্পৰ্কত তেখেতে সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ দৰ্শনৰ কথা কৈছিল আৰু এই দৰ্শন শুদ্ধ বুলি কৈ তেখেতে লোক সকলক তাক অনুসৰণ কৰিবলৈও কৈছিল।  ফলত ভেলেণ্টাইনে ইউৰোপৰ নিয়ম ভংগ কৰাৰ অপৰাধত সেই সময়ৰ সম্ৰাট ক্ল'ডিয়াছে তেওঁক আটক কৰাই জেললৈ প্ৰেৰণ কৰে আৰু ৪৯৮ খ্ৰীষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইনক ফাঁচি দিয়ে।
           ভেলেণ্টাইনৰ মৃত্যুৰ বহু বছৰৰ পিছত ইউৰোপত বিবাহে ৰাজহুৱা মৰ্যদা লাভ কৰিলে। ইয়াৰ পিছৰ পৰ্যায়ত ইউৰোপ আৰু আমেৰিকাৰ বিবাহ প্ৰাৰ্থীসকলে ভেলেণ্টাইনৰ মৃত্যুৰ দিনটোক ( ১৪ ফেব্ৰুৱাৰী) ভেলেণ্টাইন ডে' হিচাপে উদ্‌যাপন কৰিবলৈ ল'লে। ভেলেণ্টাইনৰ এই কাহিনীৰ উপৰিও প্ৰবাদ আছে যে ভেলেণ্টাইনে একাধিক নাৰীৰ লগত সম্পৰ্ক স্থাপন কৰি সেই সময়ৰ ৰোমৰ নিয়ম ভংগ কৰিছিল। সেই সময়ত ৰোমত প্ৰতি ঘৰৰে এজন যুৱক সেনাবাহিনীত যোগদান কৰিব লাগিছিল। আৰু নিয়ম আছিল যে ৰোমৰ সৈনিকে প্ৰেমত পৰাটো বা বিবাহ কৰাটো আছিল নীতি বিৰোধ কৰ্ম। ৰোমত বিশ্বাস আছিল যে সেনাবাহিনীত কৰ্মৰত সৈনিক নাৰীৰ প্ৰতি আকৰ্ষিত হ'লে স্বদেশৰ বাবে নিস্বাৰ্থ ভাৱে কাম কৰিব নোৱাৰিব। গতিকে ৰোমাত সেই সময়ত সৈনিকে প্ৰেম কৰাটো বা বিবাহ কৰাটো দেশদ্ৰোহী অপৰাধ আছিল। এনে অপৰাধকে ভেলেণ্টাইনে কৰি একাধিক নাৰীৰ প্ৰেমত পৰিছিল ফলত ৰাজদ্ৰোহৰ গোচৰত পিছলৈ মৃত্যু দণ্ডৰে দ্বণ্ডিত হৈছিল। দুয়োতা কথাৰ মাজত আকাশ পাতাল প্ৰাৰ্থক্য থাকিলেও এটা কথা ঠিক যে ভেলেণ্টাইন যি সময়ত কাৰাৰুদ্ধ আছিল সেই সময়তে জেলৰ গৰাকীৰ পত্নীৰ প্ৰেমত পৰিছিল আৰু তেওঁলৈ লিখা এখন চিঠিত  "Your Velentain" শব্দটোৱে তাক প্ৰমান কৰিছিল। হয়তু এই কথাটোৰ বাবেই ভেলেণ্টাইনৰ সম্পৰ্কত অবৈধ প্ৰেমত লিপ্ত হোৱা কথাটো প্ৰচলিত। 
             পাশ্চাত্যকৰণৰ প্ৰভাৱত ক্ৰমাগত ভাৱে ভাৰতবৰ্ষৰ লগতে অসমতো ভেলেণ্টাইন ডে' উদ্‌যাপন কৰিবলৈ আৰম্ভ কৰা হ'ল। এইয়া পিছে বহুত পুৰণি নহয়।   ১৯৯১-৯২ বা তাতোতকৈ পিছৰ পৰাহে অসমত ইয়াৰ প্ৰভাৱ পৰিছে। তেতিয়াৰ পৰা বৰ্তমানলৈ ইয়াৰ প্ৰভাৱ অত্যধিক বিস্তাৱ হোৱা দেখা গৈছে। কথা হ'ল ৰোমৰ সেই সময়ৰ কোনো এটা নিয়মেই ভাৰত তথা অসমত প্ৰযোজ্য নহয়। ফলত ভেলেণ্টাইন ডে' উদ্‌যাপন কৰাৰ কোনো কাৰণ বিচাৰি পোৱা নেযায়। অবিবাহিত দৈহিক সম্পৰ্ক ভাৰত তথা অসমৰ নীতি বিৰোধ কৰ্ম। আমাৰ ধৰ্ম গ্ৰন্থত ইয়াৰ তীব্ৰ বিৰোধিতা কৰা দেখা যায় আৰু আমিও তাক পালন কৰিবলৈ বদ্ধ পৰিকৰ। সেইয়ে সেই সময়ত ৰোমৰ নিয়ম ভংগ কৰি বৈবাহিক সম্বন্ধ স্থাপনৰ নিয়ম আমাৰ ইয়াত নতুন কৈ প্ৰচলন কৰাৰ প্ৰয়োজন নাই। গতিকে ভেলেণ্টাইন ডে' উদ্‌যাপনৰো কোনো প্ৰাসংগিকতা নাই।
           এই ভেলেণ্টাইন ডে' উদ্‌যাপনে এচাম পুজীবাদীৰ পুজী সংগ্ৰহত প্ৰত্যক্ষ অৰিহনা যোগাই আহিছে। ভেলেণ্টাইন ডে'ৰ উপলক্ষ্যে ক্ৰয় কৰা বিভিন্ন উপহাৰ সামগ্ৰীৰ বিক্ৰিৰ দ্বাৰা বিদেশী কম্পেনী সমূহ যথেষ্ট লাভাম্বিত হয়। সেই এটা দিনতে প্ৰিয় জনক উপহাৰ দিয়াৰ নামত আমাৰ দেশ তথা ৰাজ্যৰ পৰা কোটি কোটি টকা বাহিৰৰ দেশলৈ ওলাই যায়। যি শুভলক্ষণ নহয়। ইয়াৰ উপৰি ভেলেণ্টাইন ডে'ৰ দিনা বিভিন্ন পৰ্যটন স্থলিত হোৱা অশালিন কৰ্ম কাণ্ডই সমাজৰ শালিনতাত আঘাত কৰে। ফলত নৱপ্ৰজন্ম আৰু অগ্ৰজ সকলৰ মাজত চিন্তাৰ প্ৰভেদ ঘটে। যিটো সমাজ এখনৰ বাবে অতিকৈ অশুভনীয়।
          এই সকলোবোৰ কাৰণ ব্যাখ্যা কৰিলে অসমত ভেলেণ্টাইন ডে' উদ্‌যাপনৰ কোনো প্ৰাসংগিকতা দেখিবলৈ পোৱা নেযায়। গতিকে নৱপ্ৰজন্মই বিষয়টো পৰ্যবেশন কৰি এটা যথাযথ সিদ্ধান্ত গ্ৰহণ কৰাটোহে হ'ব বুদ্ধিমত্তাৰ কাম। যিহেতু এই বৈদেশিক উৎসৱ সমূহৰ উপৰিও আমাৰ বাপতি-সাহোন মৰমৰ অনেক উৎসৱ-প্ৰৱন আছে। সেয়ে আহকচোন আমি আমাৰ উৎসৱ সমূহক আন্তৰিকতাৰে আদৰি লৈ তাৰ মাজেৰে উপভোগ কৰোঁ আনন্দ উল্লাস আৰু পৰম তৃপ্তি।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
নকছাৰি, যোৰহাট
6000709096

অঙ্গন:  পৃষ্ঠাঃ 47


Post a Comment

0 Comments