১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
6000709096/9127564124/9678696861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 ফেব্ৰুৱাৰী 2024.
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই।
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন
অঙ্গন: পৃষ্ঠাঃ 3
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 5
👉প্ৰৱন্ধ : পৃষ্ঠা-- 6-8
👉ধাৰাবাহিক: পৃষ্ঠা--9
👉অণুগল্প : পৃষ্ঠা -- 10-13
👉 এক মিনিটৰ গল্প: পৃষ্ঠা-- 14-15
👉অনুবাদ সাহিত্য : পৃষ্ঠা--16
👉কবিতা: পৃষ্ঠা--17-35
👉ৰেচিপি: পৃষ্ঠা 36
👉গল্প: পৃষ্ঠা--37-40
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা-- 41
অঙ্গন: পৃষ্ঠাঃ 4
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।
অঙ্গন: পৃষ্ঠাঃ 5
সম্পাদকীয়ঃ
সৰু মানুহৰ মনৰ কথাবোৰ
মানুহ সৰু অথবা ডাঙৰ থাকেনে? যদি সকলো মানুহ সমান তেনেহ’লে সৰু মানুহ ডাঙৰ মানুহ বুলি আমি কিয় মানুহক ভাগ ভাগ কৰিছোঁ? আৰু যদি সকলো মানুহ সমান নহয় কোনবোৰ মানুহক আমি সৰু আৰু কোনবোৰ মানুহক ডাঙৰ মানুহ বুলি ভাবিম? এটা অতি বিতৰ্কিত প্ৰশ্ন৷ বিতৰ্কিত প্ৰশ্ন যদিও সমাজৰ যিসকল ৰাজনৈতিকভাবে শোষণৰ বলি হৈছে, আৰ্থিকভাবে অৱহেলিত হৈছে, শৈক্ষিকভাবে বঞ্চিত হৈছে, সামাজিকভাবে বৰ্জিত হৈছে সাধাৰণতে তেওঁলোককেই এচাম লোকে সৰু মানুহ বুলি কোৱা শুনা যায়৷
সৰু মানুহ যদিও তেওঁলোকৰ শ্ৰম আৰু ত্যাগৰ বলতেই দেশ এখন সূচাৰুৰূপে চলি থাকে৷ অথচ বাৰে বাৰে তেওঁলোকৰ স্বাধীনতাত হস্তক্ষেপ কৰা হয়৷ কৃষকসকলৰ ওপৰতেই দেশৰ সামগ্ৰিক অৰ্থনীতি নিৰ্ভৰ কৰিছে, অথচ তথাকথিত এচাম ৰাজনৈতিক নেতাই তেওঁলোককেই ঢাল হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে৷ ফলত দেশখনত কৃষকসকলে আত্মহননৰ পথ বাচি ল’ব লগীয়া হৈছে৷
অলপতে গুৱাহাটী মহানগৰীত গ্ৰন্থমেলা চলি থকাৰ দৃশ্যঃ আমি গ্ৰন্থমেলা সামৰি নিশা ন মান বজাত চান্দমাৰীৰ পৰা অনুৰাধা অভিমূখে খোজ লৈছোঁ৷ দেখিলোঁ, পদপথৰ দাঁতিতে থকা দাষ্টবিন কেইটা ইমানেই দুৰ্গন্ধময় যে নাক মুখ ৰুমালেৰে বন্ধ কৰিও তত্ নাইকীয়া অৱস্থা৷ পদপথত ক’ৰবাত যদি কটা কুকুৰাৰ নাড়ী ভূড় পৰি আছে আনফালে মানুহৰ মল মূত্ৰৰ অসহ্য দুৰ্গন্ধ৷ প্ৰশ্ন হ’ল, চহৰখন পৰিস্কাৰ কৰি ৰখাৰ দায়িত্ব কাৰ? জনসাধাৰণে উত্তৰ দিব, চৰকাৰী পক্ষই সময়মতে জাৱৰ জোথৰবোৰ লৈ নাযায় আৰু চৰকাৰে ক’ব মানুহৰ নূন্যতম চাফ চিকুণতাখিনিও নাই৷ উত্তৰ তেনেই সহজ৷ আমি প্ৰত্যেকেই যদি নিজেই পৰিস্কাৰ পৰিচ্চন্নতাৰ প্ৰতি সজাগ হওঁ, য’তে ত’তে থু খেকাৰ পেলোৱা, শৌচ প্ৰস্বাৱ কৰা কু-অভ্যাসবোৰ এৰিব পাৰোঁ, নিশ্চিতকৈ সকলোৰে মঙ্গল হ’ব৷
অতিকৈ দুখলগা আচৰিত কথাটো কি জানেনে? সেই দুৰ্গন্ধময় দাষ্টবিনত কোনোবা হোটেলৰ ল’ৰাই পেলাই থোৱা ভাতখিনি বিচাৰি কেইটামান শিশুৱে জাৱৰবোৰ চলাথ কৰাৰ দৃশ্য দেখিলে আপোনাৰ বুকুখন কঁপি উঠিব৷ সেই নিশা আমি ভাত খাব নোৱাৰিলোঁ, কেৱল কণ কণ অকণিকেইটাৰ মুখকেইখনে আমাক বাৰুকৈ আমনি কৰিলে৷ ভাবকচোন, সেই দৃশ্য মহানগৰীৰ একাংশ ভদ্ৰলোকৰ বাবে তেনেই সাধাৰণ হৈ পৰিছে৷ তেওঁলোকে একে উশাহতে সেই কণ কণ ল’ৰা ছোৱালীকেইটাৰ পিতৃ মাতৃৰ পৰা আদি কৰি চৈধ্য গোষ্ঠীৰ ভুলবোৰ আপোনাক কৈ শুনাব পাৰে, অথচ এটা দিনৰ বাবেও সিহঁতক ভাত এসাজ খুৱাব নোৱাৰে৷
অলপতে যোৰহাটৰ পৰা গুৱাহাটীলৈ যাওঁতে বোকাখাটত চাহ একাপ খাওঁ বুলি গাড়ীখন ৰখাইছোঁহে৷ তেনেতে এজন বয়োজ্যেষ্ঠ ব্যক্তি কাষলৈ দৌৰি অহাদি আহিল৷ ক’লে, ‘ভোক লাগিছে৷ ৰুটি খাম৷’ ব্যক্তিগৰাকীক দেখিয়েই বুজিবলৈ বাকী নাথাকিল যে তেখেত এগৰাকী মানসিক ভাৰসাম্য হেৰোৱা ব্যক্তি৷ কাষৰ দোকানীবোৰে ক’বলৈ ধৰিলে, ‘নিদিব দাদা৷ ই সকলোৰে পৰা এইদৰে পইচা লয়৷’ মানুহজনৰ মুখখনলৈ চাই বৰ বেয়া লাগিল৷ ওচৰৰে হোটেল এখনলৈ তেখেতক লৈ গৈ ৰুটিৰ পইচা দি আহিলোঁ৷ চাহকাপ খাই গাড়ীখনত বহিছোঁহে, তেখেতে লৱৰি আহি মোক হাতত থকা ৰুটি আৰু চবজিৰ পেকেটটো দেখুৱাই ক’লে, ‘দাদা ৰুটি পালোঁ৷ খাইছোঁ দেই৷’ বুজি পালোঁ, হোটেলৰ মালিকজনে তেখেতক তাত বহি ৰুটি খাবলৈ নিদিলে৷ সেয়ে তেখেতে হাতত লৈ আহিবলগীয়া হৈছে৷ যিয়েই নহওক, তেখেতৰ প্ৰাপ্তিৰ হাঁহিটোৱে মোকো সুখী কৰিলে৷
ভোক সকলোৰে একেই৷ বৃহৎ অট্টালিকাত শোৱাজনেই হওক অথবা পদপথত শোৱাজনেই হওক৷ গুণী জ্ঞানী কোনোবা পণ্ডিতেই হওক অথবা মানসিক ভাৰসাম্য হেৰুৱাই অনাই বনাই ঘূৰি ফুৰিবলগীয়াজনেই হওক৷ কেৱল ভাবি আচৰিত হওঁ যে কিদৰে এই সৰু সাধাৰণ মানুহবোৰ শিক্ষাৰ পৰা বঞ্চিত হয়, খাদ্যৰ পৰা বঞ্চিত হয়, সমাজৰ পৰাও অৱহেলিত হৈ পৰে৷
দেশ এখন সুন্দৰকৈ পৰিচালিত হোৱাৰ বাবে বিভিন্ন বিভাগ থাকে৷ এই বিভাগসমূহ চলাবলৈ আমাৰ এখন চৰকাৰ আছে৷ চৰকাৰখন আমিয়েই নিৰ্বাচন কৰিছোঁ, অথচ আমাৰ খবৰ ল’বলৈ একাংশ নেতা পালিনেতাৰ হাতত সময় নাই৷
আশা ৰাখিছোঁ, সময় থাকোঁতেই আমি কথাবোৰ উপলব্ধি কৰিবৰ হ’ল৷ দেশৰ প্ৰতিজন নাগৰিক, প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক, প্ৰতিজন নেতা, প্ৰতিগৰাকী সমাজকৰ্মী, বুদ্ধিজীৱী সকলোৱে একেলগে এজনে আনজনৰ সুখ দুখৰ সমভাগী হৈ কাম কৰিবৰ হ’ল৷ তেতিয়াহে আমি এখন সমৃদ্ধিশালী দেশৰ নাগৰিক হিচাপে গৌৰৱ কৰিব পাৰিম৷
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861
অঙ্গন: পৃষ্ঠাঃ 6
প্ৰৱন্ধঃ
সৰস্বতী পূজা আৰু কিছু প্ৰাসংগিক চিন্তা --
মীনা মহন্ত
তেজপুৰ
আৰু মাত্ৰ কেইদিনমানৰ পাছতে সৰস্বতী পূজা ।স্কুল কলেজৰ লগতে গাওঁ সমূহতো অস্থায়ী পূজা মণ্ডপ সাঁজি সৰস্বতী পূজা অতি ধুমধামেৰে পাতিব ।ভাল কথা, পাতিব লাগে ।কাৰণ পূজা পাৰ্বনে এটা জাতিৰ অস্তিত্ব বজাই ৰখাৰ লগতে মানুহৰ মনৰ কলূষতা দূৰ কৰে তাৰ লগে লগে বিভিন্ন জাতি উপজাতিৰ মাজত সম্বন্ধৰ ভেটিটো সুদৃঢ় কৰে ।আমাৰ দিনত এই সৰস্বতী পূজা ভাগ মাথোঁ স্কুল কলেজতে সীমাবদ্ধ আছিল ।পূজাৰ দিনা পুৱাৰ পৰা লঘোনে থাকি নিজৰ পঢ়া ৰূমত, গোঁসাই ঘৰত চাকি বন্তি জ্বলাই স্কুলীয়া পোছাকযোৰ পিন্ধি লগৰীয়াৰ সৈতে নিজৰ নিজৰ স্কুললৈ গৈছিলো ।স্কুলত সৰস্বতী আইৰ মৃন্ময় মুৰ্তিৰ আগত সেৱা সৎকাৰ কৰি আমি ল'ৰা ছোৱালী বোৰে নেগেৰা নাম, দিহা নাম গাই ফুৰ্তি কৰিছিলোঁ ।মনত তেতিয়া কেনে এটি অনুভৱ হৈছিল এতিয়া ঠিক এনেকৈ দুটামান শব্দেৰে প্ৰকাশ কৰিব নোৱিৰিম ।দিনটোৰ অনাহাৰ পেটত যেতিয়া পূজাৰ প্ৰসাদ আৰু খিচিৰি পৰিছিল সেই প্ৰসাদৰ সোৱাদ হাজাৰ বাটি অমৃতেও পূৰাব নোৱাৰে ।যায়কি নহওঁক কালিৰ পূজা আৰু আজিৰ পূজাৰ মাজত এতিয়া বহুত তফাৎ ।নহবৈ বা কিয় ;যুগৰযে পৰিবৰ্তন হ'ল ,মানুহৰ চিন্তা ধাৰাৰ উন্নিতকৰণে সকলোৰে সাকাৰ বদলালে ।শুভ লক্ষণ, সলনি হ'ব লাগে এতিয়া বিজ্ঞানৰ যুগ গতিকে পৰিবৰ্তন আমাৰ কাম্য ।কিন্তু আজিকালি পূজাৰ নামত যি অতি আধুনিকতা আৰু বহুৱালি চলিছে তাত দুআষাৰ নকৈ নোৱাৰিলোঁ ।ছোৱালী বোৰৰ মাজত সৌন্দৰ্য্যৰ প্ৰতিযোগিতা /পূজালৈ এসপ্তাহ থকাৰে পৰা বিউটি পাৰ্লাৰ ,কাপোৰৰ দোকান /কচমেটিকচ দোকানৰ সন্মুখত ভিৰ ।অনলাইন চপিঙৰ কথা নকলোৱেই যেনিবা ।পূজাৰ দিনা মেডিয়াৰ আগত ক'ব লাগিব এয়া কেইদিনৰ প্ৰস্তুতি /শাৰীখন কোন ব্ৰেণ্ডৰ হয় /কাণত পিন্ধা কাণফুলিযোৰৰ দাম কিমান ইত্যাদি ইত্যাদি --।কম দামৰ হ'লে সুন্দৰী সকলে লাজ পোৱাটো স্বাভাৱিক ।এতিয়া কথা হ'ল -- ধনীক শ্ৰেণীৰ মানুহৰ বাবে এয়া মনোৰঞ্জনৰ সমল কিন্তু দিন হাজিৰা কৰা পিতৃ মাতৃৰ বাবে কি হ'ব পাৰে ভাবকচোন। উপায় নাপালে বহুতোছোৱালীয়ে নিষিদ্ধ পন্থাও অবলম্বন কৰিব'লৈ বাধ্য হয় কাৰণ প্ৰতিযোগিতাৰ কথা আছে ।ইয়াৰ দ্বাৰাই মই অসমৰ সংবাদ মাধ্যম সমূহক বিনম্ৰ ভাবে অনুৰোধ জনাওঁ যে -- সৰস্বতী পূজাভাগ পূজা হৈয়ে থাকিবলৈ দিয়ক ইয়াক সৌন্দৰ্য্যৰ প্ৰতিযোগিতা নকৰিব ।সৰস্বতী জ্ঞানৰ হে দেবী সৌন্দৰ্য্যৰ দেবী নহয় ।গতিকে সৌন্দৰ্য্যৰ প্ৰতিযোগিতা পতাতকৈ জ্ঞানৰ ,প্ৰজ্ঞাৰ প্ৰতিযোগিতা পাতক ।যি প্ৰতিযোগিতাৰ দৌৰত আমাৰ ভবিষ্যত প্ৰজন্মৰ প্ৰাণত বিজয়ী হোৱাৰ বাসনা জাগি দুটা নজনা কথা জানিবলৈ আগ্ৰহ কৰে /আমাৰ সন্তানবোৰৰ মাজত লুকাই থকা প্ৰজ্ঞা আৰু প্ৰতিভাৰ সৌন্দৰ্য্য ফুটি উঠে ।তেহে থাকিব আমাৰ সমাজ সংস্কৃতি /তেহে থাকিব আমাৰ দেশৰ ভবিষ্যত।সদৌ শেষত অজানিতে হোৱা ভুলৰ বাবে ক্ষমা ভিক্ষা মাগিলোঁ ।
অঙ্গন: পৃষ্ঠাঃ 7
কবিতা আৰু আবৃত্তি: এক আলোচনা
অসমা তুংখুঙীয়া
কবিতাৰ এটা নিৰ্দিষ্ট সংজ্ঞা নাই । বিভিন্ন জনে বিভিন্ন ধৰণেৰে কবিতাৰ সংজ্ঞা দিব খোজে । মানৱ হৃদয়ৰ পৰা নিৰ্গত হোৱা স্বতঃস্ফুট আৰু মুক্ত প্রকাশেই কবিতা । শব্দৰ নিৰ্বাচন আৰু কোলাত্মকভাৱে পৰিবেশন কৰি এটা উৎকৃষ্ট কবিতা নিৰ্মাণ কৰা হয় । ই এটা শব্দশিল্প । মানৱ জীৱনৰ তিক্ত -সিক্ত আৱেগ-অনুভূতিৰ জীৱন পৰিক্ৰমাত ঘটিত অভিজ্ঞতাৰ নান্দনিক প্রকাশেই কবিতা । কবিৰ মনৰ ভিতৰচ'ৰাৰ বাতাবৰণ কবিতাত বিমূৰ্ত হৈ থাকে । পাঠকে সেই বিমূৰ্ত ভাৱধাৰাক ভিন্ন ধৰণেৰে অনুধাৱন কৰিব পাৰে ।
প্ৰাচীন কবিসকল ভৱিষ্যত দ্ৰষ্টা আৰু নিৰ্মম স্ৰষ্টা আছিল । তেওঁলোকৰ ছন্দোবদ্ধ কবিতাবোৰ সৰ্বত্ৰ বিৰাজমান আৰু সকলো সময়তে আদৰণীয় আৰু গ্রহণযোগ্য ।
মানৱ হৃদয়ৰ সূক্ষ্ম অনুভূতিৰ প্ৰকাশ হিচাপে কবিতাৰ প্ৰকাৰ ভিন্ন । বহুল ভাৱে ইয়াক দুই ভাগত ভাগ কৰা হয় । (ক) মন্ময় বা গীতি কবিতা বা ব্যক্তিনিষ্ঠ । (খ ) তন্ময় বা বস্তুনিষ্ঠ কবিতা । সাধাৰণতে আত্মভাৱনামূলক কবিতা বিলাককে মন্ময় বা ব্যক্তিনিষ্ঠ কবিতা বোলা হয় । ব্যক্তিজনৰ নিজস্ব দৰ্শনক প্ৰতিনিধিত্ব কৰি নিজৰ অন্তৰৰ ভাৱ অনুভূতিক ছন্দময়ী ভাষাৰে প্ৰকাশ কৰা কবিতাই ব্যক্তিনিষ্ঠ কবিতা ।
দ্বিতীয়তে , বস্তুনিষ্ঠ বা তন্ময় কবিতাত সামাজিক ঘটনা পৰিঘটনাৰ ওপৰত প্ৰতিষ্ঠিত হৈ ব্যক্তিগত ভাৱানুৱেগ বা জীৱন দৰ্শনৰ প্ৰত্যক্ষ প্ৰভাৱ নৰখাকৈ লিখা হয় । মহাকাব্য কেইখনকে এই ধৰণৰ কবিতাৰ উদাহৰণ বুলি ক'ব পাৰি ।
কবিতা লিখা , পঢ়া আৰু আবৃত্তিৰ মাজত যথেষ্ট পাৰ্থক্য আছে । আবৃত্তি সম্পৰ্কে বিজ্ঞানসন্মত সংজ্ঞা নাই যদিও আকৰ্ষণীয় ভাৱে বিবৃত্ত কৰা বা কোৱাকে আবৃত্তি বুলিব পাৰি । ইয়াৰ আভিধানিক অৰ্থ মুখস্থ পাঠ । "আবৃত্তি সৰ্ব্বশাস্ত্ৰানাং বোধাদপি গৰীয়সী "অৰ্থাৎ আবৃত্তিৰ বোধ শক্তিয়েই ঘাই কথা । কবিতাই পূৰ্ণতা পায় তেতিয়াই , যেতিয়া কবিতাৰ আবেদন পাঠ বা আবৃত্তিৰ মাজেদি দৰ্শক শ্ৰোতাৰ শ্ৰৱনেন্দ্ৰিয় স্পৰ্শ কৰি অন্তৰৰো অন্তৰথলিত অনুভূত কৰাব পাৰি । পাঠেই পূৰ্ণ কৰে কবিতাৰ জীৱন । ধ্বনি কবিতাৰ আত্মা , শব্দ কবিতাৰ শৰীৰ ,আৰু ৰস কবিতাৰ প্ৰাণ । এই কেউটাৰ বিমূৰ্ত বিকাশ আবৃত্তিৰ যোগেদি প্ৰতিভাত হ'লেই কবিতাই পূৰ্ণতা পায় ।
কবিয়ে কবিতাত নিজকে প্ৰকাশ কৰে ।আবৃত্তিকাৰে নিজৰ উপলব্ধিৰে কবিক শ্ৰোতাৰ ওচৰ চপাই নিয়ে । শব্দক সঞ্জীবিত কৰি ভাৱ আৰু অৰ্থক সঞ্চাৰিত কৰে আবৃত্তিকাৰেহে । সেই ফালৰ পৰা আবৃত্তি এক প্ৰকাৰ সৃজনীশীল শিল্প ।
ধ্বনিৰ বাঙ্ময় ৰূপ হ'ল উচ্চাৰণ । আবৃত্তিৰ বাবে আবৃত্তিকাৰৰ উচ্চাৰণশৈলীৰ উপৰি প্ৰয়োজন হ'ব ছন্দ আৰু ৰস সম্পৰ্কে ব্যাপক ধাৰণা । কবিতাক ৰসগ্ৰাহী কৰি পাঠ বা আবৃত্তি কৰোঁতে স্বৰৰ উঠা -নমা (মদুলেচন ) স্বৰতন্ত্ৰীৰ কম্পন কিদৰে কোন ৰসত কৰিব লাগে , সেই সম্বন্ধে আবৃত্তিকাৰৰ ধাৰণা থাকিব লাগে । খং , দুখ,ভয় , ভাৱত কণ্ঠস্বৰৰ প্ৰকাশ বেলেগ বেলেগ হয় ।
আবৃত্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে উচ্চাৰণ । আবৃত্তি কৰোঁতে মুদ্ৰাদোষ অৱশ্যে থাকিব নালাগে । অংগী -ভংগী দেখুৱাব নালাগে । কিয়নো আবৃত্তি কেতিয়াও অভিনয় নহয় । ইয়াত মাথোঁ কণ্ঠস্বৰৰ উঠা -নমাত স্বাসাঘাত শব্দ শক্তিৰ আসক্তি আৰু আকাংক্ষালৈ লক্ষ্য কৰি ছন্দৰ তাল ,লয় , যতি -বিৰাম আদি ৰক্ষা কৰি শ্ৰুতিমধুৰ আৰু ৰসালকৈ পৰিবেশন কৰিব লাগে ।
আবৃত্তি এটা পৰিৱেশ্য কলা । সেয়ে আবৃত্তিৰ বাবে কিছুমান নীতি থকাটো স্বাভাৱিক ।আবৃত্তিক এক স্বতন্ত্ৰ কলা ৰূপে প্ৰতিপন্ন কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ দিশ থকাটো প্ৰয়োজন ।সেইকেইটা হৈছে বৈজ্ঞানিক ভিত্তিৰ চৰ্চা বা কৰ্ষণ আৰু জনপ্ৰিয়তা । পৰিৱেশ্য কলাৰূপে আবৃত্তি পৰিবেশন কৰোঁতে কবি সত্বা আৰু আবৃত্তিকাৰৰ সত্বা এক হৈ যাব লাগিব । অনুশীলনৰ সাধন এই পৰিবেশ্য কলাৰ সৰ্বাত্মক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰিব লাগে ।
সহায়ক গ্ৰন্থ
আবৃত্তি অভিবিন্যাস ,শান্তিছাঁয়া শইকীয়া ।
অঙ্গন: পৃষ্ঠাঃ 8
সংস্কৃতিৰ প্ৰতীক ভেলাঘৰ বা মেজি
নিবেদিতা ভূঞা ৰাজকুমাৰী
নগাঁও
আঘোণৰ সোণগুটি ভঁৰাললৈ আদৰি ভোগ আৰু প্ৰাচুৰ্য্যৰ সমাহাৰৰে অসমীয়া ৰাইজে পালন কৰি আহিছে হেঁপাহৰ ভোগালী বিহু বা মাঘৰ বিহু৷ অসমীয়া জাতিৰ আয়ুসৰেখা স্বৰূপ ভোগালী বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ৷ ভোগৰ উৎসৱ ভোগালী বিহুটিয়ে চহা ৰাইজক দি যায় প্ৰাপ্তি আনন্দ৷ চৌদিশ হৈ পৰে ব্যস্ততা আৰু উখল-মাখলৰ এক মনোৰম পৰিৱেশ৷
ভোগালী বুলি ক’লেই পোনতে আমাৰ মনলৈ আহে মেজি বা ভেলাঘৰৰ কথা ৷ মাঘৰ বিহুৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে উৰুকা অৰ্থাৎ মেজি ৷ 'মেজি' শব্দৰ উৎপত্তি সন্দৰ্ভত বিদ্বৎ সমাজত ভিন ভিন মত পোৱা যায়৷ ড০ মহেশ্বৰ নেওগদেৱে ‘মেজি’ শব্দটো সংস্কৃত ‘মেধা ' শব্দৰ পৰা উৎপত্তি হোৱা বুলি মতপোষণ কৰিছে। বিষ্ণুপ্ৰসাদ ৰাভাই
বড়ো ভাষাৰ ‘মাজি' শব্দৰ পৰা ‘মেজি’ শব্দ আহিছে বুলি কৈছে৷ বড়োসকলে এই উৎসৱক ‘দমাছী’ বুলি কয়। বুৰঞ্জীবিদ ড০ লীলা গগৈদেৱৰ মতে আলপাইনসকলে পূজা কৰা অগ্নিক ‘মেজিক’ মেজাই বুলিছিল, তাৰ পৰা মেজি শব্দটো উৎপত্তি। আন এক তথ্যমতে ' মে-জী ’ শব্দটো মূলতঃ টাইমূলীয় শব্দ ৷ ইয়াত 'মে’ শব্দই তৰ্পণ কৰা আৰু ' জী ’ শব্দই ' ভঁৰাল ’ক বুজায় ৷ অৰ্থাৎ কৃষিকাৰ্য চপাই বা সামৰি ' ভঁৰাল’
(জী)-ক উদ্দেশ্য কৰি আয়োজন কৰা অনুষ্ঠানেই হ’ল মেজী ৷ টাই- আহোমসকলে মেজিক ‘মাইকু-ছোংফাই’ বা 'বাপু মেজি’ বুলি কয়। বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ 'মিডি-য়ে-জি’ৰ পৰা সৃষ্টি 'মেজি’ হৈছে বুলিও জনা যায়। মিডি মানে দেৱতা বা পূৰ্বপুৰুষ, য়ে মানে জুই আৰু জি মানে উৰি যোৱা ৷ "উৰুকা" শব্দটো চুতীয়া ভাষাৰ "উৰুকুবা"ৰ(শেষ হোৱা) পৰা সৃষ্টি হৈছে বুলিও কোনো কোনোৱে কয়৷ কাৰণ পুহ মাহৰ এই অন্তিম দিনটোতে শস্য চপাই শেষ হয়। 'হেমকোষ ' অভিধানৰ মতে 'মেজি ' সংস্কৃত ' মেধা ’ শব্দৰ পৰা সৃষ্টি হৈছে। সংস্কৃতত মেধা শব্দই ' যজ্ঞ’ অৰ্থ ব্যৱহৃত হয় ৷ যজ্ঞ হ’ল বৈদিক মাংগলিকসূচক এক অনুষ্ঠান ৷ মেজি দাহন কাৰ্যত সূৰ্যৰ উত্তৰায়ণ প্ৰশস্তিকৰ্ম সম্পাদন কৰা হয়। আনহাতে ' ভেল’ মানে প্ৰাণহীন শৰীৰক বুজায় ৷
ঐতিহাসিক তথ্যমতে বিহু সংস্কৃতি দক্ষিণ - পশ্চিম চীনৰ পৰা অহা আহোমসকলৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৈ আগমন ঘটা জনগোষ্ঠীয়ে লগত লৈ আহিছিল৷ ' বিহু’ শব্দটো সংস্কৃত ' বিষুবং ’ শব্দৰ পৰা উৎপত্তি হৈছে৷ ইয়াৰ অৰ্থ হ’ল দিন আৰু ৰাতি সমান হোৱা কাল ৷ এই সময়ত সূৰ্যই পৃথিৱীৰ মধ্যৰেখা পাৰ হয়৷ এই সংক্ৰমণ কালচোৱাকে ' সংক্ৰান্তি ’ বোলা হয়৷
পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি দিনা মাঘৰ বিহু উদ্যাপন কৰা হয় ৷ সিদিনা সূৰ্যই মকৰ ৰাশিত অৱস্থান কৰে ৷ সূৰ্যৰ গতি উত্তৰমুৱা হয় বাবে ইয়াক উত্তৰায়ণ সংক্ৰান্তি বা মাঘী সংক্ৰান্তিও বোলা হয়। বৈদিক যুগত মকৰ সংক্ৰান্তিত 'মহাব্ৰত ’ নামৰ এক ধৰ্মীয় অনুষ্ঠান পালন কৰা হৈছিল৷ এই বিষয়ে তৈত্তিৰীয় ব্ৰাহ্মণ আদিত উল্লেখ আছে ৷ ' মহাব্ৰত ’ ত সূৰ্যদেৱতাক পূজা-অৰ্চনা কৰা হয় যাতে সূৰ্য নিজৰ উত্তাপ প্ৰদান কৰি শীতৰ প্ৰকোপৰ পৰা সমস্ত জীৱকুলক ৰক্ষা কৰে৷
মেজিঘৰক ভেলাঘৰ , ধাৰাঘৰ বা হাৰলী ঘৰ
আদি অঞ্চল বিশেষে বিভিন্ন নামেৰে জনা যায় ৷ গাঁৱৰ ডেকা ল’ৰাহঁতে আনন্দ-স্ফূর্তিৰে পথাৰৰ শুকান নৰাবোৰ কাটি এটা সুন্দৰ ঘৰ সাজে। যাক কোৱা হয় মেজিঘৰ বা ভেলাঘৰ। কামৰূপত ইয়াক ‘হাৰলী ঘৰ’ নামেৰে জনা যায়। নামনি অসমত কোনো কোনো অঞ্চলত ইয়াক ‘মেজি পুজি" বা ভেলা পুঁজি’ বুলি কয়। পথাৰৰ নৰা, হাবি বা জংঘলৰ পৰা বাঁহ-কাঠ, শুকান কলপাত, খেৰ আদি সংগ্ৰহ কৰি মেজি সজা হয়। উৰুকাৰ নিশা গাঁৱৰ সকলোৱে মিলি ৰং-ধেমালিৰে ভোজ-ভাত খাই আনন্দ কৰে দোক্মোকালিৰ সময়ত অৰ্থাৎ পিছদিনা কাহিলি পুৱাতে এজনে গা-পা ধুই তামোল-পাণ আৰু অৰিহণা এটা লৈ মেজিটোৰ তলত অৰ্পণ কৰে আৰু জয়ধ্বনি দি অগ্নিদেৱতালৈ প্ৰাৰ্থনা জনাই মেজি জ্বলায়। কণ কণ ল’ৰা-ছোৱালীহঁতে ন-সাজ পৰিধান কৰে ৷ মহিলাসকলে তিল পিঠা, তেল পিঠা, লাৰু ,চিৰা , মিঠৈ ,মাহ কৰাই (ঠাই বিশেষে) আনি প্ৰথমতে জ্বলি থকা মেজিটোলৈ আগবঢ়োৱাৰ পিছতহে উপস্থিত ৰাইজৰ মাজত ভগাই খোৱা হয়। অৱশ্যে মেজি জ্বলোৱাৰ আগতে ল’ৰাহঁতে ভেলাঘৰটো জ্বলাই দিয়ে। মেজি জ্বলোৱাৰ সময়ত স্ততিগীত , মন্ত্ৰ পাঠ , নাম-কীৰ্তন আদি কৰা হয় ৷
“অগ্নি প্রজ্জ্বলিতং বন্দে চতুবৰ্ণ হতাশনম,
সুবৰ্ণ বৰ্ণমমলং জ্যোতি ৰূপায়তে নমঃ ৷”
(-- অগ্নিপুৰাণ )
অগ্নি পূজাক লৈ পণ্ডিতসকলৰ মাজত মতবিৰোধ দেখিবলৈ পোৱা যায়৷ কোনো কোনো পণ্ডিতৰ মতে অগ্নি পূজা আৰ্যসকলৰ দান৷ তেওঁলোকৰ মতে অসমলৈ প্ৰব্ৰজন কৰা আৰ্যসকলেহে প্রথম পুহ-মাঘৰ সংক্ৰান্তিৰ আগদিনা অগ্নি উৎসৱ পালন কৰিছিল। আন এচাম পণ্ডিতৰ মতে অসমত পোনপ্ৰথমে অগ্নি পূজাৰ পৰম্পৰা প্ৰচলন কৰে নেগ্রীতু (নর্দিক) জাতিৰ আংগামী নগাসকলে। অসমত মাঘৰ বিহু উদ্ যাপন কৰা সময়ত উত্তৰ ভাৰতৰ পশ্চিম বঙ্গত পৌষ সংক্ৰান্তিৰ বা মকৰ সংক্ৰান্তি , পাঞ্জাৱত লহ্ৰি ,দক্ষিণ ভাৰতত পংগাল বা পোংগাল, ম্যানমাৰত থিং ইয়ান এবং , বাংলাদেশত মাকৰাইন , নেপালত এবং
গুজৰাটত ঘূড়ি, কম্বোডিয়াত মহাসংক্ৰান ,
আদি উৎসাৱ-পাৰ্বণসমূহ পালন কৰা দেখা যায়৷ চাহ জনগোষ্ঠী লোকসকলে পৌষ সংক্রান্তিত উদ্যাপন কৰা ‘টুচু পৰৱ" অগ্নি পূজাৰ লগত জড়িত ৷
আমাৰ সমাজত ভেলাঘৰ বা মেজি নিৰ্মাণ বিষয়ক লোকবিশ্বাস আৰু জনশ্ৰুতিও আছে ৷ কথিত আছে এবাৰ ভেলা নামৰ নামনি অসমৰ এজন ব্যক্তিয়ে উজনি অসমলৈ আহোঁতে মেজি সজা পৰম্পৰা প্ৰত্যক্ষ কৰি উভতি গৈ নিজৰ ঠাইতো মেজি নিৰ্মাণ কৰে৷ কিন্তু সেইয়া এটি ঘৰ সদৃশ হৈ পৰে ৷ ভেলা নামৰ ব্যক্তিজন নামেৰে পৰৱৰ্তী সময়ত ভেলাঘৰ ৰূপে জনাজাত হয় ৷ আন এক জনশ্ৰুতি অনুসৰি পূৰ্বতে ভেল্লা আৰু ভেল্লী নামৰ এহাল দম্পতী আছিল ৷ তেওঁলোক নিঃসন্তান আছিল ৷ পথাৰৰ গৰখীয়া ল’ৰাবোৰকে নিজৰ সন্তান বুলি ভাবি লৈছিল ৷ সেয়েহে মৃত্যুৰ পিছত গৰখীয়া ল’ৰাহঁতে বুঢ়া-বুঢ়ীক ঘৰটোৰ ভিতৰতেই দাহ-সৎকাৰ কৰিছিল ৷ সিহঁতে বুঢ়া-বুঢ়ীৰ আত্মাৰ সদ্গতি কামনা কৰি ভোজ-ভাত খায় । এই ভোজ খোৱা ঘৰটোৰ নাম ভেলা বুঢ়াৰ ঘৰ অৰ্থাৎ ভেলা ঘৰ হৈ পৰে । সেই পৰম্পৰাক ৰক্ষা কৰি গৰখীয়াসকলে আজিও ভেলাঘৰ সাজি জুই জ্বলাই প্ৰতীকী অৰ্থত সৎকাৰ কৰি ভোজভাত খায় বুলি জনশ্ৰুতি আছে৷ আনহাতে মহাভাৰতৰ বিখ্যাত কুৰুক্ষেত্ৰ যুদ্ধৰ ওঠৰ (১৮) দিন পৰ্যন্ত চলিছিল৷ যুদ্ধৰ অন্তিম দিনা শৰশৰ্যাত থকা পিতামহ ভীষ্মই ইচ্ছামৃত্যু গ্ৰহণ কৰি প্ৰাণ ত্যাগ কৰে ৷ পাণ্ডৱসকলে মকৰ সংক্ৰান্তিৰ দিনটোত তেওঁৰ শৱদেহ বা ভেল দাহন কাৰ্য সম্পন্ন কৰে বাবে ইয়াৰ লগত সংগতি ৰক্ষা কৰি প্ৰতীকী অৰ্থত ভেলাঘৰ দাহন কৰা হয় বুলি ভবা হয়৷ যি কি নহওক,
মাঘৰ উৰুকাৰ নিশা ৰং-ধেমালিৰে ভেলাঘৰত অতিবাহিত কৰা পাছত পুৱালৈ পৰম্পৰাগত ৰীতি-নীতিৰে অগ্নিদেৱতাক পূজা কৰি মেজি জ্বলাই গাঁৱৰ ডেকা-বুঢ়াসকলোৱে মিলি একেলগে বিহুৰ জা- জলপান খায়। এজনে আনজনক মৰম যাঁচে আৰু ডাঙৰে সৰুক আশীর্বাদ দিয়ে ৷ বিহুৰ ৰং-ৰহইচৰ মাজেৰে অসমীয়া জাতিৰ একতা, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল পূৰ্বতকৈ অধিক কটকটীয়া হৈ পৰে৷
অঙ্গন: পৃষ্ঠাঃ 9
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
ৰূপা গগৈ
খণ্ড--১৪
গৌৰৱ ছাৰে কেমেৰামেন জনক ক'লে"--- আহাঁ শেষত সকলোৰে একেলগে ফটো একপি তোলা । সকলোৰে ফটো তুলি ফুৰা কেমেৰামেন জনৰ এইবাৰ চকুত মই পৰিলোঁ। কাৰণ সকলোৰে ফটো তেওঁ তুলিছে কিন্তু ক'তো মোক দেখা পোৱা নাছিল । সকলোৰে একেলগে ফটো তুলি তেওঁ ক'লে"---এই ভণ্টীৰ ফটো একপিও চোন তোলা নহ'ল অকলশৰীয়াকৈ । ইমান ধুনীয়া চিনেৰিবোৰত সকলোৱে ফটো উঠিলে তুমি কেনেকৈ বাদ পৰি ৰ'লা । চাওঁ দিয়া ইয়াতে দুকপিমান মাৰি দিওঁ ।
মই ক'লোঁ"---নাই নালাগে । মোৰ ফটো এনেও বেয়াই উঠে ।
তেওঁ আকৌ ক'লে"--- ইমান ধুনীয়া দীঘল চুলিৰে সৈতে সাইলাখ সীতা দেৱী বুলিয়ে ক'ব মানুহে । প্লিজ , আন নহ'লেও চুলিকোচা দেখাকৈ একপি মান স্মৃতি হিচাপে থাকিব আগলৈ আৰু বেয়া নোপোৱা যদি তোমাৰ সৈতে একপি উঠিব পাৰোঁ মই।
ইফালে উভতিবৰ সময় হ'ল । বেছিকৈ কিনো কৈ থাকিম তেওঁৰ অনুৰোধত হ'ব বাৰু বুলি কোৱাত গুঞ্জনে ক'লে"--- দিয়ক মই তুলি দিছোঁ বুলি তেওঁৰ পৰা কেমেৰা লৈ ফটো তুলিবলৈ ল'লে। পৰাগে কথাটো লক্ষ্য কৰি আছিল মোৰ লগত কেমেৰামেন ল'ৰাজনে ফটো উঠিব বিচৰা কথাটো ভাল পোৱা নাছিল চাগৈ অলপ খং ভাবত কোৱাৰ দৰে নিশাহঁতক ক'লে"--তহঁত কেইজনী লাইনত যা । সিহঁত অ' অ' বুলি কৈ আহি লাইন পতালৈ গুঞ্জনে একপি তুলিলে । তাৰপাছত সিহঁতৰ লগত একপি ফটো তোলা হ'ল ।
গুঞ্জনৰ হাতৰ পৰা কেমেৰাটো লৈ তেওঁ মোক ক'লে"---Thank you ফটো কপি তুলিবৰ দিয়াৰ বাবে । I like your long hair and dreep eyes....So sweet smile ...Your are really very beautiful.... এই যে মই ফটো কপি ল'লোঁ ঘৰত মাক দেখুৱাবলৈহে । মোৰ মাই চুলি দীঘল ছোৱালী বৰ ভাল পায় । কথাষাৰি পৰাগৰ কাণত পৰিছিল । তাৰ খং উঠিছিল যদিও একো কোৱা নাছিল ।
মই হাঁহি এটা মাৰি ক'লোঁ "---অলপ বেছি হ'ল নেকি ৰূপ-গুণৰ বৰ্ণনা ! বাৰু ধন্যবাদ আপোনালৈ ।
আপুনি যে ক'লে"---মাই ভালপায় বুলি কি আপুনি দীঘল চুলি বেয়া পায় নেকি ?
তেওঁ অলপ লাজ-সংকোচ কৰি ক'লে"--- না....ই মা....নে ম....ই....য়ো ভালপাওঁ দিয়াচোন ।
নিশাই মোক কাণে কাণে ফুচফুচাই কৈছিল "--- পতিলে পতিলে ঐ । মস্ত চেনি ৰে ! ফটো তুলি থাকোঁতে দিনটোচোন মোৰে পাছত বেছিকৈ পৰিছিল এনেকৈ হেনেকৈ এই ঠাইত ভাল লাগিব এইফালে সেইফালে কৈ ফটো তুলিলে এতিয়া তোক দেখা লগে লগে যে মোক চোন পাত্তাই নিদিয়া হ'ল । কি ৰে তই কিবা গাত মোহনী -চোহনী লগাই থৱ নেকি । চব ৰৈ যায় যে দেখিলেই কি কথাটো ।
হাঃ হাঃ যাহ্ ! এইজনী যে কথা নাই আৰু । কিবোৰ যে কৈ নাথাক । ভৰি বিষত তত্ নাই কেনেকৈ যাম চিন্তাত মৰি আছোঁ । মোৰ যে ভৰিৰ বিষ ইমান বেছি হৈছে ৰীমা, নিশাইহে গম পাইছে । আন কোনেও গম পোৱা নাই । সকলোৱে পাহাৰৰ পৰা উভতি যাবলৈ খোজ দিলে ।
মই ৰীমাক ক'লোঁ---ৰীমা চাচোন ক'ৰবাত কিবা মাৰি বা গছৰ ডাল পৰি থকা দেখ বা । লাখুটিৰ দৰে কিবা এডালত ভৰ দিলে হয়তো খোজ কেইটা দি যাব পাৰিম । নহ'লে অকল এখন ভৰিত খোজ দি যোৱা মোৰ বাবে সম্ভৱ নহ'ব । সোঁ -ভৰিখনত ভৰ দিব নোৱাৰিম মই । আঁঠুৰ ওপৰত অলপ অলপ ফুলি যোৱা যেন লাগিছে ।
নিশাই ক'লে"---ফুলিছে যদি হয়তো ভিতৰত ভালকৈ কিবা এটা হৈছে । গৈ ডাক্তৰক দেখুৱাব লাগিব । এতিয়া তোৰ দোপাট্টা খনে বিষ হোৱা ঠাইত বান্ধি দিওঁ দে বুলি নিশাই এফলীয়া দোপাট্টাই আঠুৰ পৰা ওপৰলৈ অলপ টানি বান্ধি দিলে । ভৰিত দোপাট্ৰাখন মেৰিয়াই থাকোঁতে তাই হিঃ হিঃকৈ হাঁহি হাঁহি কৈ থাকিল আজি এই আকাশ নীলা দোপাট্টাখনৰে ভাগ্য ভাল যেন পাইছোঁ ।
এফাল কাৰোবাৰ মূৰ কপালত এফাল কাৰোবাৰ আঠুত । কিবা লগন লৈ আহিছিল ৰে এইখনে । এতিয়া লাহে লাহে ব'ল পাৰিবি চাগৈ ।
তাইৰ কথা শুনি মোৰ হাঁহি উঠিল । তাইৰ কথাত সঁহাৰি জনাই ক'লোঁ --- এৰা হয় চাগৈ ! পিছে লগন নে ভগন পাছতহে গম পাবি । ভৰিখন বান্ধি লৈ লাহে লাহে খোজ আগবঢ়ালোঁ । ৰীমাই ইফালে-সিফালে কিবা লাখুটিৰ দৰে কিবা পাই নেকি চাই গৈছে । আমাৰ পৰা অলপ আগে আগে বাকীবোৰ । সিহঁতে হৈ হাল্লা কৰি হাঁহি-স্ফূৰ্তিৰে আগবাঢ়িছে । পৰাগে সকলোৰে সমৰ্থন লাভ কৰি আনন্দত মতলীয়া হৈ গান চিঞৰি চিঞৰি গাই গৈছে বাকীবোৰে হাত নচুৱাই সহযোগ কৰিছে------
কোনেনো জানে কাৰ কেতিয়া মন পিছলিব
কাক ভাল লাগিব , কাৰ পৰশত মোৰ হিয়াত তৰা
তিৰবিৰালে , জোনে কথা ক'লে, কোনেনো জানে--
--------------
আকৌ আন এটি গীত আৰম্ভ কৰিলে ----
নি নিলিখোঁ নিলিখোঁ নামটি ঐ কাগজত
ঠি ঠিকনা তোমাৰে ৰাখিছোঁ মই ভিতৰত
নাথাকে যদিহে হিয়াৰে সাঁচতে
লিখি কি লাভ হ'ব কোৱা
থাকিলে এনেও থাকিব
জিৰালে জিৰাব , ফুলিলে ফুলিব পাৰিবা
তুমি মোৰ মনৰে বনত ।
..............
য'তেই বা নোৰোৱা , য'তেই বা নাথাকা
দি যাব শৰতে তোমাৰে ঠিকনা ,
দিয়া বা নিদিয়া মনৰে বতৰা
তাতে কিনো আহে যায়
তথাপি হেঁপাহে সাঁতুৰি থাকিব উলাহে
জীৰোৱা হিয়াৰে চুকত।
পৰাগৰ গান শুনি অৰণ্যৰ চৰাই-চিৰিকতিবোৰেও যেন ৰ' লাগি গান শুনিল । সকলো হুৰমূৰকৈ আগবাঢ়িছে ।
নিশাই ক'লে"---ঐ গান কিন্তু কালৈ গাইছে পৰাগে গম পাইছ নে তহঁতি । মই হ'লে গম পাইছোঁ দেই । গাত লাগি গৈছে একেবাৰে । পিছে গ'মেই পোৱা নাই প্ৰেমৰ আৰম্ভণিতে যে ভৰি ভাঙিছে নে চিগিছে । ঐ কৈ দিওঁ নেকি তাৰ প্ৰিয়তমাই খোজ কাঢ়িব পৰা নাই বুলি ! ঘূৰি ঘূৰি চাই গৈছে যদিও সি ধৰিব পৰা নাই চাগে লেঙেৰাই খোজ দিছে বুলি । এইবাৰ চালে তাক ৰ'ব ক'ম হাঁ ।
মই চিঞৰি উঠিলোঁ এই নালাগে । পাৰিম দে এনেকৈ গৈ থাকিম । তললৈ নামিমহে কেনেকৈ তাকে ভাবিছোঁ । এইডোখৰ বাৰু এনেকৈ যাম ।
ভণিতাই ক'লে"---দুইটাই আকৌ বাগৰি দিবি যি হয় হ'ব । হাঃ হাঃ হাঃ।কৈ আটাইকেইজনীয়ে তাইৰ কথা শুনি হাঁহিল ।
হাঁহিছ ন তহঁতে । মই কিবা পৰোঁ পৰি পৰিছিলোঁ নেকি ! মোৰ এনে হোৱা বাবে বৰ ৰং পাইছ ন তহঁতি । কিমান যে যন্ত্ৰণা সহ্য কৰি আহি আছোঁ মইহে গম পাওঁ । ইয়াত নহৈ ঘৰত বা নিজৰ ৰূমত থকা হ'লে চিঞৰি চিঞৰি কান্দিলোহেঁতেন
তেতিয়া নিশ্চয় বুজি পালিহেঁতেন ।
ৰীমাই অলপ মোৰ অৱস্থা বুজিব পাৰি ক'লে"--- হ'ব চিন্তা নকৰিবি আমিবোৰ আছোঁ নহয় । কিবা এটা কৰিম আৰু । পাহাৰৰ ওপৰতনো কি কৰিব পাৰোঁ ! তাই গছৰ ডাল এটা চকুত পৰাত ৰ' ডাল এটা পৰি থকা দেখিছোঁ বুলি ডালটো আনি মোৰ হাতত দিলে ।
শুকান গছৰ ডালটো লাখুটিৰ দৰে ভেজা দি গৈ পাহাৰৰ পৰা তললৈ নমাৰ ঠাইডোখৰ পালোঁহি ।
আগলৈ...
অঙ্গন: পৃষ্ঠাঃ10
অণুগল্পঃ
জীৱনৰ ইপাৰ সিপাৰ
মীনাক্ষী ৰায় ডাকুৱা
এই চাৰি-পাঁচদিন যেন পৰবাসত কটালে তাপসীয়ে । নিজৰ ঘৰ আৰু দৈনন্দিনতাত ঘূৰি যাব বিচাৰিছে তাই । কিন্তু সম্ভৱ হৈ উঠা নাই । সকলো পূৰ্ণ-অপূৰ্ণতাক লৈ বৰ নিঃসঙ্গতাত জীৱনৰ এয়া আন এক পৰ্ব, যাক তাই পোৱাৰ কোনো অৱসৰ ৰখা নাই । এয়া যেন সংশয়ৰ ভিতৰত তিল তিলকৈ নিজৰেই আত্মবিশ্লেষণ । পাত পাতকৈ নিজকেই বিচাৰি চলাথ কৰা । যি পালে, সেয়া বৰ দুখৰ, বৰ অসহায়ৰ ।
গভীৰ ৰাতি । নাৰ্চিংহোমৰ কেবিনত টোপনি অহা নাছিল তাপসীৰ । কিয় জানো অকলশৰীয়া এই ৰাতি বৰকৈ মনত পৰিছে তাইৰ নীলিমৰ কথা । তাপসীৰ মনত হ'ল তাই যেন এক নিৰ্জন দ্বীপত নিৰ্বাসিতা । দ্বীপৰ তিনিফালে পানীৰ সৰু বৰ ঢউ, এফালে মাটি । তাই নাজানে সেই মাটিৰ টানত তাই দূৰ পৰবাসৰ পৰা আকৌ ঘূৰি যাবনে নাই । তাপসীয়ে দেখিলে দ্বীপৰ তীৰভূমিত নীলিম আহি থিয় হৈ আছে, কিন্তু তাই আগুৱাই যাব পৰা নাই । জীৱনৰ ইপাৰ সিপাৰ এইদৰেই প্ৰত্যেকৰ ওচৰত দূৰত্বত থাকি যায় । আজি-কালি-পৰহি আৰু চিৰদিন ।
গোলকগঞ্জ, ধুবুৰী
ফোননং—৮৭৬১৮৬৫৮৮৫
অঙ্গন: পৃষ্ঠাঃ11
ঠিকনাবিহীন সোণ
ৰীতামণি বায়ন
আজিও ব্যতিক্ৰম নহ'ল। গিৰীয়েক ৰক্তিমে সোণৰ চেইনডাল পিন্ধাই দিয়াৰ লগে লগেই অৰুন্ধতী আঠ বছৰৰ আগৰ সেই দিনটোলৈ উভতি গ'ল -- দাদা, এখন নতুন ঘৰলৈ যাব ওলাইছোঁ। এতিয়া খুলি নিব নালাগে অ'। এপদো অলংকাৰ নিনিয়াকৈ! কি ভাবিব সিহঁতে ! সেইবোৰ চিন্তা কৰি একো লাভ নাই। দেউতাৰ অৱস্থাৰ কথা জানিও ৰক্তিমে তোৰ স'তে বিয়াত বহিল। তাতে আকৌ চেইনডাল বৌয়েৰাৰ। বৌৰ ডিঙিটো সোণেৰে পোত খাই আছে অ' দাদা। এনে স্থলত! ওচৰতে থিয় হৈ থকা বৌয়েকে নিবেদিতাৰ সেই কথাবোৰ শুনি চেইনডাল নিজেই খুলি ল'লে। বিবাহ বাৰ্ষিকীৰ পবিত্ৰ ক্ষণত অতীতৰ কথাবোৰ চকু মুদি পাগুলিয়াই থাকোঁতে কেতিয়া যে ব্ৰহ্মকুমাৰীৰ দীক্ষাৰে দীক্ষিত ককায়েক আহি বৌয়েকৰ ছয় বছৰীয়া মৃত্যু তিথিৰ নিমন্ত্ৰণী পত্ৰখন টেবুলত থৈ গ'ল তাই গ'মেই নাপালে।
বৰপেটা
অঙ্গন: পৃষ্ঠাঃ 12
ভালপোৱাৰ স্ক্ৰীপ্ট
আকাংক্ষা বৰা
হঠাৎ যেন সকলোবোৰ হেৰাই গৈছে
কি হেৰাল আকৌ ?
শব্দবোৰ, ৰংবোৰ, আকুলতাবোৰ, আব্দাৰবোৰ আৰু বহুতো যিবোৰ মই তোমাক বুজাব নোৱাৰিম কেতিয়াও৷
তুমি মোক জানো বুজিবলৈ চেষ্টা কৰিলা ? মই ৰ’দ হ’লেও আপত্তি তোমাৰ, জোনাক হ’লেও আপত্তি তোমাৰ৷
ৰ’দ কিম্বা জোনাক হ’ব নালাগে তুমি অমাৱস্যা হৈয়ে চোৱা এবাৰ৷
কিয় ? আন্ধাৰত এনে কি আছে ?
আন্ধাৰতো জীৱন আছে৷ কোনেও চুব নোৱাৰা এখন পৃথিৱী আছে, দুখবোৰ পিবলৈ মোৰ সংগী আছে, মই মোক আৱৰি ৰাখিব পৰাকৈ এখন আকাশ আছে৷
মোক জানো তুমি সেই আকাশত আহযাহ কৰাৰ সুবিধা দিব নোৱাৰা ?
ওঁহো তুমি ডাৱৰ হ’ব নোৱাৰা, তুমি বৰষুণো হ’ব নোৱাৰা..
তুমি মাথোঁ মোৰ অসম্পূৰ্ণ ভালপোৱাৰ স্ক্ৰীপ্টৰ চৰিত্ৰ হ’ব পাৰিবা৷ তুমি মোৰ বৰ্তমান হ’ব নোৱাৰা, তুমি মোৰ ভৱিষ্যত হ’বও নোৱাৰা, তুমি মাথোঁ অতীত হ’ব পাৰিবা, ধূসৰ ধূসৰ সোঁৱৰণিৰ এখিলা পাত৷
দেৰগাঁও
অঙ্গন: পৃষ্ঠাঃ 13
মুক্তিধাম
মণিকা দেৱী
জুপুকা লাগি বহি থকা ল'ৰাটোৰ ওচৰ চাপি গ'লো "নতুন?"
"হয়।" তলমুৰকৈয়ে উত্তৰ দিলে।
বুজিলোঁ, কথা পাতিব খোজা নাই। প্ৰথম প্ৰথম হয়েই এনেকুৱা। পিছলৈ অভ্যস্ত হৈ যায়।
"ইমান সোনকালে কেনেকৈ...?"
"নিজে অহা নাই, পঠিয়াইছেহে।"
"কোনে ?"
"কোন হ'ব আৰু, ঘৰৰ মানুহেই।" তীব্ৰ বিতৃষ্ণাৰে ক'লে সি।
'নিশ্চয় কথা গুৰুতৰ।' সি নিজে মুখ খোলালৈ বাট চালো।
"সৰুতেই মায়ে এৰি গ'ল। দেউতাই দ্বিতীয় বিবাহ কৰিলে, সাক্ষাৎ তেজীমলাৰ মাক। ভাই এটা জন্ম হ'ল, সিয়ো দুৰ্যোধনেই। তাৰ অধিকাৰ গজগজীয়া কৰিবলৈকে মোক আঁতৰাই পঠিয়ালে।"
"যি হ'ল হ'ল, বাদ দিয়া এতিয়া। ইয়াত খং-ৰাগ, ঘৃণা-ভালপোৱা সকলো অৰ্থহীন। সেইবোৰ সৌ জুইকুৰাতে জাপি দিয়া।"
ৰঙা পৰা চকুহালেৰে সি চাই ৰ'ল দপদপাই জ্বলি থকা তাৰেই চিতাখনৰ পিনে!
অঙ্গন: পৃষ্ঠাঃ 14
এক মিনিটৰ গল্পঃ
সংস্কাৰ
নবীন চন্দ্ৰ মেধি
গোলাঘাট
দূৰৰ পৰাই সি পঢ়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকক দেখা পাই ৰংমনে চাইকেলখনৰ পৰা নামি ৰৈ দিলে । অতীতত বৰষুণ দি থাকিলেও শিক্ষকক দেখা পালে ছাতি জপাই দিয়া ৰংমনে আজিও তাৰ পঢ়াশলীয়া জীৱনৰ গুৰু শৰ্মা ছাৰক দেখা পাই চাইকেলৰ পৰা নামি এদাঁতিত ৰৈ দিলে । ছাৰ ওচৰ পোৱাৰ লগে লগে সম্ভ্ৰমেৰে মাত লগালে আৰু খা খবৰ লৈ ঘৰমুৱা হ'ল । ছাৰে মনে মনে ভাৱিলে ৰংমন এতিয়াও আগৰ দৰেই আছে । শৈশৱতে আহৰণ কৰা সংস্কাৰৰ আদিপাঠ ডাঙৰ হ'লেও অথলে নাযায় ।
কিছুদূৰ আগুৱাই যোৱাৰ পাছত এখন দোকানত আড্ডা পিটি থকা কেইটামান ল'ৰাই ছাৰক দেখা পায়ো মুখেৰে ধোৱা উৰুৱাই চিগাৰেট হুপি বহি থকা দেখা পালে । সিহঁতৰ কোনো ভ্ৰূক্ষেপেই নাছিল । এই দৃশ্য দেখা পাই ছাৰৰ মনটো অলপ বেয়া লাগিল । শৈশৱতে সিহঁতক শিকোৱা মনত আছে বিড়ি চিগাৰেট আদি নাখাবা , ধূম্ৰপান নকৰিবা । ই বেমাৰৰ কাৰণ হ'ব পাৰে । কিন্তু আজি কালি সৰু সৰু ল'ৰা বোৰেও মদ ভাং ধপাত বিড়ি চিগাৰেট আদি খাবলৈ আৰম্ভ কৰিছে । এইবোৰ দেখা পাই ছাৰৰ মনটো বৰ বেয়া লাগিল । ইমান বছৰে আমি কৰা ত্যাগৰ মূল্য কিছুমান ছাত্ৰ ছাত্ৰীয়ে এনেদৰেই দিয়ে । কিন্তু এটা কথা ভাৱি ভাল লাগিল ৰংমনৰ দৰে ভাল ঘৰৰ সংস্কাৰী ল'ৰা এতিয়াও আছে । আচলতে সংস্কাৰেই আদি মূল । এজন ল'ৰাই ঘৰখনৰ পৰাই প্ৰথমে সু আৰু কু সংস্কাৰ আৰ্জন কৰে ।
অঙ্গন: পৃষ্ঠাঃ 15
অনুবাদ কবিতাঃ
THINKING
(Walter D Wintle)
If you think you are beaten, you are;
If you think you dare not, you don’t.
If you like to win, but think you can’t,
It’s almost almost a cinch you won’t.
If you think you’ll lose, you’re lost,
For out of the world we find
Success begins with a fellow’s will-
It’s all in the state of mind.
If you think you’re outclassed, you are;
You’ve got to think high to rise;
You’ve got to be sure of yourself before
You can ever win a prize.
Life’s battles don’t always go
To the stronger or faster man;
But soon or late the man who wins,
Is the one who thinks he can.
ভাবশক্তি
(মূল: ৱাল্টাৰ ডি উইণ্টল
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)
তুমি যদি ‘হাৰিম’ বুলি ভাবা, তুমি হাৰিছাই;
দু:সাহসী ‘নহওঁ’ বুলি ভাবিলে, তুমি হ’বই নোৱাৰা;
তুমি জিকিব খুজিছা, কিন্তু ভাবা যে তুমি নোৱাৰিবা,
এইটো প্ৰায়, প্ৰায় নিশ্চিত যে তুমি জিকিব নোৱাৰা।
পৰাজিত হ’ম বুলি ভাবি ল’লে, পৰাজয়েই হ’ব;
কিয়নো, আমি এই বিশ্বত কেউফালে দেখোঁ
ইচ্ছাশক্তিয়েই সকলোৰে সফলতাৰ আৰম্ভণি-
এই সকলোবোৰ মানসিক অৱস্থাৰ অন্তৰ্গত।
যদি ভাবা তুমি যোগ্যতাৰ বাহিৰত, সেয়াই তুমি;
উধাবৰ বাবে তুমি আকাশলৈ চাব লাগিব;
আত্ম বিশ্বাস জাগৃত কৰিব পাৰিলেহে
কেতিয়াবা বঁটা জিকিব পাৰিবা।
জীৱন যুঁজত সদায়েই শক্তি অথবা
দূৰন্ত গতিৰেই জয়লাভ কৰা নাযায়
আজিয়েই বা কাইলৈ সেই জনেইহে জিকিব,
যাৰ থাকে অদম্য ইচ্ছা জয়ী হোৱাৰ বাবে।
(আমেৰিকান কবি ৱাল্টাৰ ডি উইণ্টল উনৈশ শতিকাৰ শেষ আৰু কুৰি শতিকাৰ আৰম্ভণিৰ কবি বুলি জনা যায়। তেওঁৰ ‘THINKING’ নামৰ কবিতাটো ১৯০৫ চনৰ Unity নামৰ এখন কলেজ আলোচনীত প্ৰকাশ পাইছিল।পিচলৈ ১৯১৬, ১৯২৭, ১৯৩১, ১৯৩৭ আৰু ১৯৪০ চনত বিভিন্ন কাকত/আলোচনীত কবিতাটো প্ৰকাশ হৈছিল।কিন্তু, এই কবিজনৰ জীৱন সম্পৰ্কে বিশেষ একো জনা নাযায়।)
অঙ্গন: পৃষ্ঠাঃ 16
A Summer Poem
Jayanta Mahapatra
Over the soughing of the sombre wind
priests chant louder than ever;
the mouth of India opens.
Crocodiles move into deeper waters.
Mornings of heated middens
smoke under the sun.
The good wife
lies in my bed
through the long afternoon;
dreaming still, unexhausted
by the deep roar of funeral pyres.
এটি গ্ৰীষ্মৰ কবিতা
মূল কবিতা: কবি স্ব: জয়ন্ত মহাপাত্ৰ
ভাৱানুবাদ: অৰুণিমা শৰ্মা মহাপাত্ৰ।
বিষাদগ্ৰস্ত বতাহৰ সো-সোৱনিতকৈয়ো
উচ্চস্বৰে মন্ত্ৰ মাতে পুজাৰীজনে,
খোল খাই যায় ভাৰতৰ মুখগহ্বৰ,
ঘৰিয়ালবোৰ নামি যায়
পানীৰ অতি গভীৰলৈ।
উষ্ণ গোময় স্তুপৰ পুৱা
সূৰ্য্যৰ উত্তাপত ধোঁৱা হৈ উৰি যায়।
মোৰ পতিব্ৰতা প্ৰিয়া পত্নী লয়লাসে শায়িত অন্তিম শয্যাত।
দীর্ঘ এটি দুপৰীয়া জুৰি তেতিয়াও মাথো সপোন দেখি থাকে ,
চিতাৰ জুইকুৰাৰ তীব্ৰ আগ্ৰাসনতো মুঠেও ক্লান্ত নোহোৱাকৈ•••
অঙ্গন: পৃষ্ঠাঃ 17
কবিতাঃ
নীলমণি ফুকন সমীপেষু
ৰুদ্ৰ সিংহ মটক
শব্দ শব্দ শব্দ, আদিগন্ত ঢৌ আৰু ঢৌ
ঢৌতে বিধৌত নীলা কলচীয়া ঢৌ
শব্দ বৰ্ণ গন্ধ, অনুভূতিৰ ৰ'দ-বাখৰুৱা চিত্রকল্প
নে জোনাকৰ মায়া কবিৰ আঙুলিৰ বৰ্ণৰাগ
শব্দৰ তেজে-ফুলে জীৱন-বাঁহী, হেজাৰ সুৰৰ সেউজ
সৰণি
বিন্দুতে সিন্ধু বিন্দুতে মহাসিন্ধু, চেতনাৰ সৰিৎ
সাগৰ,---হিৰণ্যগৰ্ভা
শঙ্খ শঙ্খ আৰু শঙ্খ
কৰ্ণকুহৰত সুশ্ৰুত শব্দোৎসৱ
অথচ যেন ক'তো নাই অমৃত ,--শব্দৰ তেজত, আইৰ স্তনত , নীলবর্ণ ঢৌৰ মিনাৰ ভাঙি উঠি অহা সমুদ্রস্তনিত
তড়িৎ জোনাকত
পৃথিবীৰ সমস্ত হলাহল পি
নীলকণ্ঠ কবি নীলমণি
বেলি পৰোঁ পৰোঁ আকাশ ডুবু-ডুবু
মোৰ চকুৰ মণিত ছয়াময়া সাত সৰগৰ
জোন
অঙ্গন: পৃষ্ঠাঃ18
বছৰৰ শেষৰ শনিবাৰটো
ৰণ্জিত গগৈ
জীৱনৰ পৰা বহু বিদায় দিয়াৰ দৰেই
বছৰৰ শেষৰ শনিবাৰটোত থিয় হৈ ভাবিছো
বিদায় দিবলৈ ছাগৈ এতিয়াও
বহুত কিবা কিবি আছে
আন্ধাৰে-আলোকে৷
কোনোবা এদিন সোণালী দিগন্তৰ পুৱাটোও
জীৱনৰ পৰা পাৰহৈ গৈ
যদিহে মোকেই নিঠৰুৱা কৰি তোলে
তেতিয়াতো দোষ দিবা কাক
কাৰ সিয়ান হাতৰ পৰশত আকৌ
ঠন ধৰি উঠিব জীৱনৰ কোমল পুৱাবোৰ
যি মোক অহৰহ সজীৱ আৰু তৰুণ কৰি ৰাখিছিল
ঘাত-প্ৰতিঘাতৰ কত বঙীয়া ভাঙি;
হে সময়,
তোমাক বিদায় মানেই
মোৰ সপোনৰ তামৰঙী ঘোঁৰাৰ খোজবোৰ
ক’ৰবাত এৰি অহাৰ আকুল আৱেগে
থিয়া থি তোলে বুকুখন৷
আৱেগতে ওঁঠত ইমান আৰাও
কাহানিও শুনা নাই
নিজ মাতত নিজে
ছাই ৰঙী এটা জীৱনৰ আদি পাঠত
কোনেও সুৱাগুৰি নুতুলিলে
কাহানিও কাৰো হাতে
এই বুলি জানো হুমুনিয়া পাৰিব পাৰিছোঁ
কোনো দিন কাৰোবাৰ মুখলৈ চাই;
গ’ল যেনিবা জীৱনটো ধূলি উৰা বাটে
আৰু বা কেইজনে গ’লে
তাৰোতো হিচাপত লাগে কিমান আউল
সকলো বিদায়ৰ পাছতো
জীৱনটো পুনৰ জীপাল কৰি লওঁ
নিজৰ মাজৰ পৰা নিজাকৈ
কালিৰ কথাই ধৰা
কিমান আশাৰ পাছতো
হতাশা নহাকৈ নাথাকে
কোনোবাখিনিত জীৱনৰ
বছৰৰ শেষৰ শনিবাৰটো
আৰু জীৱনত কাহানিও নাপাওঁ
এই বুলি জানো উবুৰিখাই পৰিব পাৰিছোঁ
জিকাফুলিয়া জীৱটোকে দুচকুত ধিয়াই
দেশ আৰু জাতিৰ সপোনবোৰ
ক’ৰবাত সপোন সপোন হৈয়ে থাকি যায়
কত এৰি আহিলোঁ আৰু কতক এৰিম
তাৰটো হিচাপ নাই মোৰ দিনলিপিৰ পৃষ্ঠাত
কাইলৈ এটা নতুন পুৱা আহিব
কাইলৈ পৰা সিয়েই জীৱনৰ স্মৃতি
হালি পৰা জীৱনৰ শেতেলিত
ময়ো ক’ৰবাত এদিন হেৰাই যাম
মোৰ বাবে মোক কোনোৱে আহিব বিচাৰি
দীঘলীয়া এটা উপত্যাকক ক’ৰবাত এৰি
কোনেও নাজানো৷
আবেলিৰ দীঘলীয়া ছাঁটোৰ দৰে
ভেঁজ এটাত আমেজ এটা আছে
জীৱনটোৰ দৰে৷
সেয়ে হেৰুওৱাই ও জীৱনটোক হেৰোৱাব নোৱাৰো
বছৰৰ শেষ শনিবাৰটোৰ দৰে
মিঠা লগা জীৱনৰ মাদকতাখিনি৷
অঙ্গন: পৃষ্ঠাঃ 19
বিশ্বৰত্ন
নৰহৰি চুতীয়া
পৃথিৱীখন হাতৰ তলুৱাত লৈ যাযাবৰী হৈ তুমি ঘূৰি ফুৰিছিলা পূবৰ পৰা পশ্চিমৰ চোতালত ।
সূৰ্যটো মূৰৰ ওপৰত তুলি লৈ বিচাৰি গৈছিলা তুমি
আন্ধাৰৰ আকাশত শুই থকা এমুঠি নীলা পোহৰ ।
সিহঁতৰ বুকুৰ মাজত হৈ পৰিছিলা তুমি
ৰঙা -নীলা -সেউজীয়া এটি গান - মানুহৰ গান ।
প্ৰচণ্ড ৰ'দৰ উত্তাপত ঘাম গিলি খোৱা হাতুৰীটোৰ সৈতে তুমি কথা পাতিছিলা
আঁকি দিছিলা সিহঁতৰ ঘৰ্মাক্ত দেহাত এবাতি ৰঙা জোনাক ।
তুমি চৰাই হৈ উৰিছিলা প্ৰতিখন আকাশত
গছ হৈ গজিছিলা প্ৰতিখন অৰণ্যত
সিঁচি দিছিলা প্ৰান্তে প্ৰান্তে সেউজীয়া শীতল সুবাস ।
তেজপুৰ
অঙ্গন: পৃষ্ঠাঃ 20
ক'লৈ গৈ আছো আমি
ৰীতা বৰুৱা
ক'লৈ গৈ আছো আমি
আগুৱাইছো নে পিছুৱাইছো !
নিকৃষ্টতাৰ সকলো সীমা
অতিক্ৰম কৰিছো
মূৰ দাঙি থাকিব
পাৰিছা জানো মেৰীকম
দুহাতত দেশৰ নিচান তুলি ল'ব
পাৰিছা জানো ছানু
বসুমতীৰোচোন আজি
ফাট্ মেলা শৰীৰ
মানুহতো নহওঁ আমি !
জন্তুৰ শাৰীত বহিলেও আমাক
লথিয়াব কিজানি...
অঙ্গন: পৃষ্ঠাঃ 21
জাতিএৰা বনৰ কাহিনী
ৰাজেন বৰা
ক্ষমা কৰিবা ৰহিমন
বুজিও তোমাক,বুজাব নোৱাৰিলোঁ মনক
জাতিএৰা বনৰ জানানে জীৱন-কাহিনী
ময়ো নেজানো বিজ্ঞানটো
জাতিএৰাই জাত এৰি ধান হৈছিল,
নে ধানে এৰি মান
হৈছিল জাতিএৰা বন........
.......................................
মোৰ অনাক্ষৰী বিধবা দুখুনী আয়ে কেনেকৈ জানিছিল
শুকুৱাই মোহাৰি দিলে জাতিএৰা বনৰ গুটিৰ ভিতৰতো থাকে তিলমান খুদকন
সেই যে তাহানিতে কঙাল কাতিৰ এদিন দুপৰীয়া খুজি অনা গুড় এধানেৰে আয়ে সিজাই দিছিল জাতিএৰা বনৰ ৰহীপাহ কণ
দুদিনৰ লঘোনীয়া পেটত
সেয়া আছিল যেন অমৃতৰ জুৰণি
তালৈকে মনত পৰি
ইমান ভোগৰ উপচাৰৰ মাজতো
গোটেই দিনটো আজি ভেটিব পৰা নাই
যুৰীয়া হ্ৰদৰ পাৰ ভাঙি বোৱা দুখনি দুখৰ নদী
বিয়লিৰ একাকিত্বত এনেকৈয়ে চাগে’ বিহু হয় বিহ
পৰি আছোঁ দুফালে দুটি ৰোগীয়া বুঢ়া বুঢ়ী
দৈয়ে নুশুজে, ক্ৰীমে হেঙায়, মাছে মঙহে টেঙায়
তথাপিও দুৰ্ভোগৰ ভোগালী
“ ৰহিমন মন কী দুখ মন মে' হী ৰখৈ গুই
শুনকে ইঠলৈগেঁ সব কোই, বাঁত ন লে'গে কোই“
ক্ষমা কৰিবা কবি ৰহিমন
বুজিও তোমাক, বুজাব নোৱাৰিলোঁ মনক...
অঙ্গন: পৃষ্ঠাঃ 22
ৰবাব
পল্লৱী গগৈ বুঢ়াগোঁহাই
ঘিলাচকলীয়া ধানৰ মুঠিৰ
তলত জেক উঠা মাটিৰ খলাবমা
চপৰানি ঢাকিবলৈ নৰাৰ এমুঠন গোট।
শুকান নৰানিত সাৰ-সুৰ
নোহোৱাকৈ পৰি থাকে,
কজলাবুলীয়া
পনীয়লী বিষাদৰ ছেই।
গোলাপী ৰবাবৰ বাবেই
নৰানিৰ বুকু মধুময় মৌ-বন।
ৰবাবৰ স্ফিতোদৰা বক্ষ,
হাত মেলিলেই যেন
কলপাতত সুখৰ ভোগজৰা লৈ
এপৰ ৰৈ থাকে ৰবাবৰ জুতি।
আঘোণৰ সোণগুটি শইচৰ পথাৰ
কিম্বা আঘোণ সেৰুৱা নৰানি,
যেনিয়েই যাওঁ ৰবাবৰ
ওলমি থকা ফিৰফিৰিয়া
গোলাপী ৰঙৰ ৰাগি।
এই যেন
ৰ'দৰ মুখৰ হালিজালি দেহৰ
ভাগৰজুৰোৱা সহজ ধেমালি।
অঙ্গন: পৃষ্ঠাঃ 23
আৱেগৰ অনুভুতি ২.০
বিব্ৰত অনুপল মৰাণ
কাহানিও নভবা বহু কথাই কোৱা হ'ল
অথচ কম বোলা বহু কথাও চোন কোৱা নহ'ল।
মনত সাঁচি ৰখা কথাবোৰ এতিয়া আৱেগ হ'ল
সপোনবোৰ দেখোন এতিয়া আশা হৈ ৰ'ল।
মন ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই চালে দেখোঁ
বহু সপোন আধৰুৱা হৈয়ে ৰ'ল!
মোৰ প্ৰতি তোমাৰ বহু অভিযোগ জন্ম হ'ল।
গোপন আলাপ অপ্ৰকাশিত ভালপোৱা
সাঁচি ৰখা কিছু আৱেগ অব্যক্ত বহু কথা।
এন্ধাৰত হুমুনিয়াহৰ সতে চকুলো হৈ সৰে
অলীক সপোনৰ তত্ববোৰ কবিতা হৈ ভাহে।
ভাল লগা শব্দবোৰে শিকলি সাজি
তেতিয়া মই কবি হৈ যাওঁ।
আবতৰীয়া ফাগুনৰ পলাশ বিচাৰি
কোনোবা অসীমত হেৰাওঁ।
তুমি জানো জানা ?
মোৰ লেলিহান শিখাডাল নুমাই যোৱাৰ কথা !
তুমি জানো বুজা ?
বুকুত কঢ়িয়াই লৈ ফুৰা ভালপোৱাৰ গভীৰতা !
মই তোমাৰ একপক্ষীয় প্ৰেমিক
তুমি মোৰ ভালপোৱা।
তুমি মোৰ নহলেও মই তোমাক ভাল পাই থাকিব পাৰো
হয়তো এই কথা তুমি নাজানা।
অঙ্গন: পৃষ্ঠাঃ 24
নতুন বনাম পুৰণি
বন্দনা সন্দিকৈ
যিটো আজি নতুন
সেইটো কাইলৈ পুৰণি
প্ৰতিদিনেই নতুন
প্ৰতিদিনেই পুৰণি
আৱিষ্কাৰ হয় নতুন
বিলীন হয় পুৰণি
জীৱনত নতুন কথা বা পুৰণি কথা
হেৰুৱা আৰু পোৱা
পোৱা আৰু হেৰুৱা
মুদ্ৰাৰ ইপিঠি-সিপিঠি
সংসাৰৰ ধাম-খুমিয়াত
হেৰাই হেৰাই বিচাৰি পাওঁ
এটা দিন পুৰণি হ'বলৈ আগবাঢ়ে
এটা নতুন দিন অহাৰ অপেক্ষা
সুৰুঙাত -
নিজকে প্ৰস্তুত কৰোঁ
স্বাগতম জনাবলৈ নতুনক
জীৱন এনেকুৱাই
নিতে নতুন
নিতে পুৰণি ।।
অঙ্গন: পৃষ্ঠাঃ 25
বিশ্বৰত্ন
নৰহৰি চুতীয়া
পৃথিৱীখন হাতৰ তলুৱাত লৈ যাযাবৰী হৈ তুমি ঘূৰি ফুৰিছিলা পূবৰ পৰা পশ্চিমৰ চোতালত ।
সূৰ্যটো মূৰৰ ওপৰত তুলি লৈ বিচাৰি গৈছিলা তুমি
আন্ধাৰৰ আকাশত শুই থকা এমুঠি নীলা পোহৰ ।
সিহঁতৰ বুকুৰ মাজত হৈ পৰিছিলা তুমি
ৰঙা -নীলা -সেউজীয়া এটি গান - মানুহৰ গান ।
প্ৰচণ্ড ৰ'দৰ উত্তাপত ঘাম গিলি খোৱা হাতুৰীটোৰ সৈতে তুমি কথা পাতিছিলা
আঁকি দিছিলা সিহঁতৰ ঘৰ্মাক্ত দেহাত এবাতি ৰঙা জোনাক ।
তুমি চৰাই হৈ উৰিছিলা প্ৰতিখন আকাশত
গছ হৈ গজিছিলা প্ৰতিখন অৰণ্যত
সিঁচি দিছিলা প্ৰান্তে প্ৰান্তে সেউজীয়া শীতল সুবাস ।
তেজপুৰ
অঙ্গন: পৃষ্ঠাঃ 26
আপোন মানুহ
প্ৰণৱ কুমাৰ গগৈ
মোৰ চৌদিশে আছে
আপোন মানুহ....
মানুহবোৰে আজি
লগেভাগে এসাজ খাইছে ...
শুকান নৰা পাৰি
ইজনে-সিজনৰ কাষত
কাষ চাপি বহিছে...
ৰাতিটো ল'ৰাহতে
গীত-মাতে কটাব
হয়তো সিহঁতে
আপোনাৰ বাৰীত সোমাই
টহিলং কৰিব...
বিহুবুলি
সিহঁতক আপুনি
বেয়াকৈ নকব
আপোনাক ভাল পাই বাবেহে
এই ধেমালি...
মাঘ বিহু মানেই
অলেখ ধেমালি...
যাৰ নাম ভোগালী...
এই ভোগালীৰ মেজি জুইয়ে
পুৰি ছাঁই কৰক
অসুখ-অশান্তি....
সমাজলৈ আহক
সুখৰ ৰেঙণি
বুকুত বাঢ়ক প্ৰেম
হৃদয়ৰ পৰা হৃদয়লৈ মেলক
সম্প্ৰীতিৰ শিপা ...
হে ঈশ্বৰ ...
আমাক কুশলে ৰাখা...!!
অঙ্গন: পৃষ্ঠাঃ 27
সুখ ফুল
ৰানু বৰুৱা গগৈ
জুই ফুলা নিশাত
উৰিব দুখ
উৰিব দুখে পোৰা দিন
পেটৰ ভোকক গাপ দি দি
পুৱাই তাপ
মাঘ এটি সুখ ফুলা কবিতা
জাৰৰ উকলা সংজ্ঞাত
লিখা ভাষাৰ বৰ্ণন
কুঁৱলীৰ পুৱাত হেৰুৱা পোহৰ
নামি অহা সুখ ফুল
ৰ'দে বল বন্ধা
দিন অহাত পানীত বল বাঢ়ে
মুকলিত ঢৌ উঠা
পুহৰ শেষ সমীকৰণ ।
অঙ্গন: পৃষ্ঠাঃ 28
নতুন ডায়েৰীত ৰং বিৰঙৰ ফুল
কল্যাণী ডেকা
নভবাকৈ, নজনা কৈয়ে
এজাক ধুমুহা আহিল জীৱনলৈ,
অকস্মাতে অহা ধুমুহা জাকত,
ডায়েৰীখন উৱলি গ'ল ,
উকা কাগজত চিয়াহীৰ ৰং ,
মাথোঁ ৰং হৈ ৰ'ল।
উৱলি যোৱা ডায়েৰীখন থলো আঁতৰাই ,
মনৰ পৰা স্মৃতিবোৰ দিলোঁ দলিয়াই,
যত আছিল মাত্ৰ দুখ আৰু বেদনা,
চকুপানী চিঁয়াহী আৰু হৃদয়ৰ উকা পৃষ্ঠা,
মাথোঁ লিপিবদ্ধ হৈছিল অন্তৰৰ অব্যক্ত ব্যথা।
জীৱনৰ ধুমুহা আৰু উৱলি যোৱা ডায়েৰীৰ পৃষ্ঠা,
এইবোৰে দিলে নতুন প্ৰেৰণা,
নতুন ডায়েৰীত আঁকিলো ৰং বিৰঙৰ ফুল,
কল্পনাৰ কাৰেঙৰ ছাবি হৃদয়ৰ কোঠাত ৰাখিলোঁ,
মন ফুলনিত ফুলিল অনেক ফুল,
জীৱনৰ ছাবি আনৰ হাতত দি
নকৰিবা জীৱনত ভুল ,
ধুমুহাজাকে শিকাই গ'ল।
ফুল ফুলক হৃদয়ত,
ফুল ফুলক ডায়েৰীত,
ফুলেৰে স্বাগতম জনালোঁ নতুন বছৰক,
ফুল ফুলক জীৱনত,
ৰ'দ,বতাহ, বৰষুণ, ধুমুহা সকলোতে ,
থাকিব ৰং বিৰঙৰ ফুল ফুলি,
এই ফুল জীৱনৰ,
এই ফুল হৃদয়ৰ,
এই ফুল ধুমুহাৰ শেষৰ, নৱ জনমৰ।
গুৱাহাটী ২৮
অঙ্গন: পৃষ্ঠাঃ 29
স্বাগতম নৱবৰ্ষ
ৰুমী কলিতা দত্ত
শীতৰ এখিলা শুকান পাতত
ৰ'দালিয়ে মেলা পাতে
পুৱতি নিশা সুৰৰ মায়াৰে
কুঁৱলীয়ে সাজে-কাচে ।
সুবিশাল নৈৰ বুকুত
কুঁৱলীৰ কি যে খেলা
দোকমোকালিতে বিৰিখৰ পক্ষীয়ে
জনাই প্ৰভাতী শুভেচ্ছা ।
নৱবৰ্ষ তুমি আকৌ আহিলা
এখন সঞ্জীৱনী নদী হৈ
ঘড়ীটোৱে সময়ৰ সংকেত
দি যায় টিক্টিক্কৈ ।
শীতে সকলোকে সাবটি ধৰে
ব্যস্ততাবোৰে লগ নেৰে
যেতিয়া জুইকুৰা দপ্দপ্কৈ জ্বলে
তেতিয়াই নৱবৰ্ষই ভূমুকি মাৰে
শীতে বিচাৰে অলপ উত্তাপ
যুঁজ দিয়ে নিয়ৰৰ সতে
ঢিমিক-ঢামাককৈ জ্বলি থাকে
সন্ধিয়াৰ বন্তি ঘৰে ঘৰে ।
নৱবৰ্ষই নতুনৰ সাজ পিন্ধি
নিমন্ত্ৰণী পত্ৰ বিলাই থাকে
ডায়েৰীৰ পৃষ্ঠা মেলিলেই জানা
সময়ৰ সুৰীয়া সুৰ ভাঁহে ।
গাঁও--২ নং কেন্দুগুৰি
ডাক-ধমন
জিলাডিব্ৰুগড়
৯৩৬৫৩৭৫৩০৩
অঙ্গন: পৃষ্ঠা 30
অকণমান ভাৱনা
বিজয়া গগৈ
শিয়ালবোৰ নোহোৱা হ'ল
শিয়ালৰ হুৱাবোৰ
অমাতৰ মাত হ'ল।
ওলাইনো ক'ৰ পৰা,
শিয়ালৰ গোন্ধেই পাবলৈ
নাই।
নিমাওমাও হাবিখনে বাৰু
ভাবেনে এবাৰ
শিয়ালৰ আৰাওহীন
অৰণ্যৰ দুখৰ কথা!
কথাবোৰ এদিন পুৰণি হ'ল।
আকাশখন অসীম নীলা হয়
কিন্তু উকা,
শগুণে আজিকালি সভা নাপাতে।
ওখ গছত বাহ সাজিবলৈও দেখুন
শগুণবোৰ নায়েই।
নানা প্ৰৱন্ধে
শগুণবোৰ মাৰি পেলোৱা হ'ল ।
হাবিত থাকিবলৈ কোনোৱে নাই
গতিকে অৰণ্যবোৰ নোহোৱা হ'লেও
কি ক্ষতি হয় ?
তাকে ভাবি গুণি ৰজা -প্ৰজা
সকলোৱে বিবস্ত্ৰা কৰিবলৈ বেয়া নাপালে
আই বসুমতীক।
সেউজ আভৰণ্য আঁতৰাই আজি
নিতে নৱ আয়োজনেৰে ধৰ্ষিতা হ'ল
সেউজ অৰণ্য খনি।
ৰহা।
৯১০১৪৭৮৭৩৩
অঙ্গন: পৃষ্ঠাঃ 31
পতানী কুঁৱৰী
ৰীনা বুঢ়াগোহাঁই বৰুৱা
কাৰ ৰোষৰ বলী হ'লো মই
সোণালী ধাননিত লমালমে আছিলো ওলমি
সৌন্দৰ্য বৰ্দ্ধন কৰি |
গৃহস্থই ঘৰলৈ আনিলে চপাই
ভৰিৰে গচকি মোহাৰি
পদূলি মূখতে মোক দিলে সমাধি |
'পতানটি লৈ যোৱা
ধানটি থৈ যোৱা' বুলি
গোটা শিলেৰে চেঁপা মাৰি
মোক দিলে পেলাই
ভঁৰালত বোলে মোৰ স্থানেই নাই |
মই অক্ষম পতানী কুঁৱৰী
বীৰ্যহীনা মই
গুৰুতো নলগা ভকততো নলগা
কেৱল ব্যাপকতাতহে মই |
জাঁজী, শিৱসাগৰ
অঙ্গন: পৃষ্ঠা 32
ভোগালী
ডা: বিজুজ জাহান মঙলদৈয়া
ফুটফুটীয়া ফ্ৰকটোৰে "মাঘৰ বিহু আহিল মাইনা মাঘৰ বিহু আহিল"
নাচি থকা কণমানিজনীৰ ৰীল বনাই সুখী মাকগৰাকীলৈ ওলগ ভোগালী বিহুৰ বাবে
খানাপাৰা ফাৰ্মগেটৰ পদূলিমুখত মাছৰ ভোগালী মেলাৰ ৰীল জানো কোনে বনালে নে নাই
ফজৰৰ আজানৰ সময়ৰ আগৰে পৰা দৌৰা ঢপৰা
শাৰী পাতি বহা মাছৰ দোকানবোৰত মাছবোৰৰ গুণগুণনি
মানুহবোৰৰ গুণগুণনিয়েও এটি ধুনীয়া সুৰৰ সৃষ্টি কৰিছে,
তুমি পছিশ কিলো নে বিশ কিলো, অকলে নে ভগাই ল'বা ..পাছজনে ভগাই ল'ম
মাছ জুখি মাখি ডম্বৰুকাই, ৰহিম, আছাদহঁতৰো ত'ত নাই গাত
আজি কিমান টকাৰ বিক্ৰী হ'ব, কিমান টকাৰ হ'ল বাৰু..
ক'ৰ পৰা আহিছিল মাছখিনি
অসমৰ, কলিকতাৰ, হায়দৰাবাদৰ
কিমান টকা আজি ওলাই গ'ল অসমৰ পৰা...
কিমান টকা
সংখ্যাটো লিখিব পৰা জোখৰ নে
অসমৰ বিল, অসমৰ পুখুৰী, অসমৰ নদীৰ মাছবোৰ কিমান ওজনৰ
হাউলীৰ মাছ, খাৰুপেটিয়াৰ মাছ
কাৰ কিমান ওজন
বাহিৰলৈ কিমান পঠিয়ালে মাছ...
আৰু বঢ়াব পাৰিব ছাগে মাছৰ উৎপাদন
যতন লৈ আৰু বেছি ওজন বঢ়াব পৰা যাব ছাগৈ মাছবোৰৰ ..
উজানবজাৰৰ ঘাটতো আজি মাছৰ ভোগালী মেলা চলিছে ..
নলবাৰীৰ পৰা আহি ডিম্পুইও মাছ কিনিছে,
ভোগালীৰ ভোগালী নামত আমাৰ অসমৰ পইছাখিনি অসমতে ৰোৱাৰ ব্যৱস্থা এটা হোৱাহেঁতেন...
অসমৰ পানীখিনিৰ অলপ সদ ব্যৱহাৰ হোৱাহেঁতেন..
খানাপাৰা, গুৱাহাটী।
১৪ জানুৱাৰী ২০২৪
পুৱা ১১:২৩ মিনিট
অঙ্গন: পৃষ্ঠাঃ 33
ভোগালী
ৰেখা বৰ্মন
৩৬৫ দিন বাটকুৰি বাই
মোৰ আইৰ দৰে আপোন হৈ
বুকুৰ ভিতৰলৈ সোমাই আহিলে ভোগালী
উৰুকাৰাতিৰ ভোজ ভাতৰ মহলা মৰা কথাবোৰে
পুহ মহীয়া পথাৰৰ গেৰুৱা নৰাৰ ভেলা ঘৰটো
ঘনাই মনলৈ আনে ।
ঠৰঙা ঠৰঙা জাৰত কঁপি
তোমাৰো বুকুৰ ভিতৰলে' সোমাই আহে নে ?
তুমি ও বাৰু কেতিয়াবা কেতিয়াবা হেৰাই গৈছানে ?
জহা - বৰ্ণি - বোকাৰ আমোলমোলীয়া হেঁপাহৰ ভিৰত !
তোমাৰো বুকুত উঠা নমা নহয় নে নাচনী জৰী ?
দৌৰি নুফুৰে নে বাৰু
তোমাৰো কেঁচা কেঁচা চকুৰ দুপতাত
জুহালত আলচা প্ৰেমৰ কথাই ;
উভতি নাহে নে ?
ভোগালীৰ বৰ্ণাঢ্য ৰাগীত মাতাল হোৱা উৰুকাৰাতি
আৰু সেই স্বৰ্ণময় ল'ৰালি !
এৰা , এতিয়া ভোগবোৰ সলনি হ'ল
অমানুহৰ কৃত্ৰিম লালসাত তৰাফুলীয়া হাঁহিবোৰ
ক্ৰমশ অশ্লীল হৈ পৰিল,
চৌদিশে অনামী ভাইৰাছ বিয়পি পৰিল
ভোগ আৰু নিচাবোৰ
সম্পূৰ্ণ ব্যক্তিগত হৈ পৰিল ।
অঙ্গন: পৃষ্ঠাঃ 34
মৰমৰ ভোগদৈ
অঞ্জনা দেৱী
অ' মোৰ মৰমৰ ভোগদৈ
ৰৈছোঁ নিমাতে তোৰ কাষৰতে
নিসৰ্গৰ পথাৰত
শব্দ মালিতাৰ অন্বেষণত
ফেঁহুজালি ফালি ৰৌদ্ৰস্নানে সানে
তোৰ বুকুত ল'ৰালি ৰহণ
সেউজী সনা গছ-বিৰিখৰ
ৰূপ -লাৱণ্যত
তোৰ কোমল ওঁঠ দুটিত
ফুটি উঠে এসাগৰ হাঁহিৰ ঢৌ
নানা বৰণীয়া পশু-পক্ষীৰ দ'লটি
নাচি-বাগি উলাহতে
তোৰ বিশাল বুকুতেই পূৰাই
পিয়াহৰ আতুৰতা
ৰাঙলী বেলিৰ হেঙুলীয়া ৰংটিয়ে
ঢালি দিয়ে তোৰ মুখখনিত
সেন্দূৰীয়া বোল
চৌদিশে মুখৰিত হয়
এক বৰ্ণিল আকৰ
লাহী কিচ্ কিচিয়া চুলিতাৰি
মোৰ ভাল পোৱা ভৰা নৈ খনি
কৰি তোলে গহীন-গম্ভীৰ।
ৰ'দ-বৰষুণৰ ডেউকা পিন্ধি
অ' মোৰ মৰমী
হৈ থাক চিৰ প্ৰবাহমান
ৰামধেনুৰ সাঁতো ৰঙেৰে সজাই তোল
প্ৰকৃতিৰ বিনন্দীয়া ধৰাখনি।
যোৰহাট
অঙ্গন: পৃষ্ঠাঃ 35
এতিয়া দিন নে ৰাতি…
প্ৰশান্ত কুমাৰ দত্ত
দুলীয়াজান
জ্বলাওঁ বুলিয়েই জ্বলোৱা হয় জুই
শিলত শিল ঘঁহনি খালেহে যে
জুই জ্বলে এনে নহয়…
জ্বলোৱা হয় জুই সেয়েহে জ্বলে জুই
জ্বলে মাটিত
জ্বলে চকুত
জ্বলে তেজত
জ্বলে বুকুৰ আখলত
আখলৰ তলৰ জুই
জীৱনৰ যেন খেলৰ সামগ্ৰী…
জুই জ্বলে জুই নুমায়
জুই জ্বলায় জুই নুনুমায়
জোখ মাপৰ সমীকৰণৰ সূত্ৰবোৰ সঠিক নহলেই
জ্বলোৱা হয় জুই…
চকুৰ নিমখীয়া পানীৰে মচিব নোৱাৰা
স্বৰলিপিবোৰ বুকুত সাবটি
মাছ ধৰা সঁজুলিত বন্দী আমি
মৰিশালিত বুকুৰ আবেগ ভঙা
আমি সময়ৰ প্ৰহৰী
নুসুধিবা
এতিয়া দিন নে ৰাতি…।
অঙ্গন: পৃষ্ঠাঃ 36
ৰেচিপিঃ
টোপোলা ভাত/ সিমা ভাত আৰু গাহৰি লাইৰ জুতি
ডেইজী চৌধুৰী
উপকৰণ- বৰা চাউল নিজ হিচাপত, কলপাত বা তৰাপাত, গাহৰি এপোৱা, লাইপাত, নিমখ জুতি অনুযায়ী, তেল - ১ টেবুল চামুচ, জিৰা বটা এচামুচ, ধনীয়া পাত, আদা নহৰু বটা দুই টেবুল চামুচ, পিয়াজ দুটা, জলকীয়া তিনিটা
প্ৰণালী - বৰা চাউলখিনি ভালদৰে ধুই এৰাতি পানীত তিয়াই থ'ব। পিছদিনা চাউলখিনি ডলা এখনত মেলি শুকোৱাই ল'ব। কলপাত বা তৰাপাত কেইখন জুইত অলপ সেকি লৈ চাউল অলপ অলপ কৈ দি সূতা বা কলপটুৱাৰে টোপোলা আকাৰে বান্ধিব। কেৰাহী বা কুকাৰত বহাই দিব। কেৰাহীত ভালকৈ উতলিলে বা কুকাৰত এটা হুইচেল মৰাৰ পিছত নমাই থ'ব।
গাহৰি লাই ৰেচেপিৰ বাবে পোনতে গাহৰি মাংসখিনি অলপ বইল কৰি ল'ব। কেৰাহী এখনত তেল গৰম কৰি লৈ পিয়াজ দুটা সৰুকৈ কুটি ভাজিব। লগতে জলকীয়া তিনিটাও দিব। এতিয়া মাংসখিনি কেৰাহীত দি দিব। কিছু ভজাৰ পিছত আদা নহৰু বটা আৰু জিৰাগুৰিখিনি দি ভাজি ল'ব। ৰঙা হোৱাৰ পিছত নিমখ দি লাইশাকখিনি হাতেৰে মোহাৰি দিব পাৰে বা সৰুকৈ কাটি দিব পাৰে। কিছু ভজাৰ পিছত ঢাকনি মাৰি লাইৰ পৰা পানী ওলাবলৈ দিব। ইয়াৰ পিছত পচন্দ অনুযায়ী পানী দি ধনীয়া পাত কাটি অকণমান সময় সিজাৰ পিছত টোপোলাভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব।
গুৱাহাটী
অঙ্গন: পৃষ্ঠাঃ 37
গল্পঃ
মদাৰ
অৰ্চনা দত্ত শইকীয়া
সৌজনী মদাৰ আহিছে চা, চা। হয় জানো মদাৰ ? হয়, হয় মদাৰেই হয় । মোৰ চিনি পোৱাত ভুল হ'ব নোৱাৰে। মানুহবোৰৰ মাজত গুণ গুণনী মদাৰক লৈ। ডাঙৰ কাপোৰৰ বেগ এটা চুচৰাই, চুচৰাই মদাৰ গাঁৱৰ মাজে মাজে আগবাঢ়িল। আই ঔ দেহি, কি ছোৱালী জনী কি যে হৈ গ'ল। মদাৰক দেখি কোনোবাই মনতে দুখ কৰিলে। দুই ,এটা কথা উফৰি আহি মদাৰৰ কাণতো পৰিছিল যদিও নুশুনা ভাও জুৰি তাই আগুৱাই গৈ থাকিল। আজি তাই চিনাকি মানুহ বোৰকো অচিনাকী যেন অনুভৱ হ'ল। কাকো মাতিবলৈ মন নগ'ল তাইৰ। ঘৰৰ দীঘলীয়া পদূলিটোত খোজ দিওঁতেই মনত পৰিল মদাৰৰ বিয়াৰ দিনটো। হয়, এইটো পদূলিয়েদিয়ে তাই সেইদিনা কইনা সাজি মনত এসোপা আশা আৰু সপোন লৈ ওলাই গৈছিল জাক জাক উৰুলিৰ মাজেৰে। আত্মীয়সকলে তাইক বুজাইছিল, নাকান্দিবি মদাৰ, কান্দিব নাপায় নহয় । কিন্তু তাই চিঞৰি, চিঞৰি কান্দিছিল আপোন ঘৰখন, আপোন মানুহবোৰক এৰি যোৱাৰ বেদনাত। দেউতাকক সেৱা কৰোঁতেও মদাৰৰ চকুপানী দেখি সকলোৰে চকুত চকুপানী বিৰিঙি উঠিছিল।
বিয়াৰ দিন ঠিক হোৱাৰ পিছতেই গাঁৱৰ মানুহৰ মাজত ভুনভুননী আৰম্ভ হৈছিল। সঁচাকৈ মদাৰৰ বিয়াখন হ'ব গৈ নেকি ? ইতিমধ্যে মদাৰৰ বয়স প্ৰায় চল্লিশৰ দেওনা পাৰ হৈছে। ৰূপ-গুণ বুলিবলৈও তেনেকৈ একো নাই। মদাৰৰ নিচিনা ছোৱালীৰো ভাগ্য ইমান ভাল হ'ব পাৰে আচৰিত ? শুনিছোঁ দৰা ঘৰখন বোলে বৰ ধনী। মাটি, সম্পত্তি, ঘৰ , দুৱাৰ, গাড়ী একোৰে অভাৱ নাই। দৰাৰ নিজৰো ভাল চৰকাৰী চাকৰি আছে। কিন্তু দৰাজনৰহে কিবা অসুখ এটা আছে। আজিকালি সেইটোনো কি ডাঙৰ কথা , টকা, পইচা থকা মানুহ বাহিৰলৈ গৈ চিকিৎসা কৰিলেই ভাল হ'ব। তেনেকৈয়ে বুজাইছিল নৌবৌয়েক জনীয়ে মদাৰক। মদাৰৰ ভাবিব পৰা শক্তি বেছি নাছিল। বয়সে গৰকা ছোৱালী জনীয়ে ইতিমধ্যে ঘৰখনৰ লগতে ওচৰ চুবুৰীয়াৰ পৰাও কথা শুনি শুনি অতিষ্ঠ হৈছিল। দেউতাকে এদিন মদাৰক ওচৰলৈ মাতি কৈছিল, আই ঔ বহুত ভাগ্যৰ ফলতহে এনে এখন ঘৰ পাইছ। মই জীয়াই থাকোঁতে তোৰ সুখৰ সংসাৰখন চাই যাব পাৰিলেই শান্তিৰে চকু মুদিব পাৰিম। সেইদিনাৰ পৰা মদাৰেও আগপাছ ভাবিবলৈ এৰি সুখৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল। কোনোবা, কোনোবাই কৈছিল, মদাৰ পাৰিবি জানো তই ইমান ডাঙৰ মানুহ জনৰ লগত খাব ? তাতে তেওঁ বেমাৰী মানুহ। তেনেবোৰ কথা ওলালেই নৌবৌয়েক জনীয়ে সান্ত্বনাৰ সুৰত কয় , মদাৰ টি. ভি.ৰ চিনেমা, ছিৰিয়েল বোৰত দেখা নাই জানো বিয়াৰ পিছত পত্নীৰ শুশ্ৰূষাত যে কিমান ডাঙৰ, ডাঙৰ বেমাৰো ভাল হৈ যায়। নৌবৌয়েকৰ কথাবোৰেই মদাৰৰ মন মগজুত ক্ৰিয়া কৰে। টকা পইচাৰে ভৰপূৰ ঘৰ এখন যে পাইছে, সেইটো জানো কম কথা। নৌবৌয়েকৰ মামীয়েক গৰাকীৰ কৃপাতেই মদাৰৰ কপাল ফুলিলে। সেই কথাটো ভাবিয়েই নৌবৌয়েকৰ মনে মনে গৰ্ব হয় , মানুহৰ আগতো জহ মাৰে।
এদিন, দুদিন কৈ বিয়াৰ দিন কাষ চাপিল। বিয়াৰ আগতে দৰাজনক এবাৰ চিকিৎসা কৰিবলৈ বাহিৰলৈ নিয়াৰ কথা ওলাল কিন্তু লগত গৈ থাকিবলৈ মানুহৰ অভাৱ । সেইবাবে বিয়াৰ পিছতেই যোৱাৰ সিদ্ধান্ত লোৱা হ'ল।
দবা, শংখ বজোৱা জুৰুণ আহি ৰৈ আছে আদৰোগৈ ওলোৱা....
জুৰুণ আহিল , কইনাও সাজিলে কিন্তু বিয়াৰ দিনা ৰাতিলৈ দৰাজন আহিব নোৱাৰিলে । হঠাতে গা বেয়া হ'ল। কথাটো শুনি কইনা ঘৰত সকলো চিন্তাত পৰিল। অৱশেষত আত্মীয় কুটুম মিলি এটা সিদ্ধান্ত কৰিলে যে বিয়াৰ সকলো নিয়ম হৈ গৈছে আৰু দুয়োঘৰৰ মাজত বুজা বুজি আছে যেতিয়া দৰা নাহিলেও কইনাক সময়মতে বিদায় দিয়া হ'ব। দৰাঘৰৰ পৰা যোৱা চিনাকি আত্মীয় সকলৰ লগতে মদাৰক বিদায় দিলে। সেইসময়ত মদাৰে যেন একো বুজিবলৈ সময়েই নাপালে আচলতে কি হৈ আছে তাইৰ লগত। কইনা লৈ গাড়ীখন আগবাঢ়িল। এটা নতুন পদূলিয়েদি নতুন ঘৰখনত খোজ দিলে মদাৰে। অন্য বিয়াবোৰত দেখাৰ দৰে মদাৰে নিজৰ বিয়াখনত বিশেষ একো অনুভৱ নকৰিলে। হয়তো হঠাতে দৰা গা বেয়া হোৱাৰ বাবে কইনা আদৰা কামবোৰ কৰিব নোৱাৰিলে। তেনেকৈয়ে ভাবি ল'লে তাই। নতুন ঘৰখনত মদাৰক থৈ কইনা ঘৰীয়া মানুহবোৰ ঘৰ মূৱা হ'ল। সেইসময়ত মদাৰে পুনৰ চিঞৰি চিঞৰি কান্দিলে। কিন্তু তাইৰ চকুপানী মুচি দিবলৈ কোনো ৰৈ নাথাকিল। বিয়াৰ দিনাই বিচনা লোৱা মানুহ জনে আৰু পুনৰ মাটিত খোজ পেলোৱা নেদেখিলে মদাৰে। আৰম্ভ হ'ল তাইৰ জীৱনৰ এটা নতুন অধ্যায়ৰ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰখনৰ সম্পূৰ্ণ কামবোৰ কৰাৰ লগতে মানুহ জনৰ শৌচ-প্ৰাসাৱ চাফা কৰা , গা ধোৱাই দিয়া, খোৱাই দিয়া আদি সকলো দায়িত্ব মদাৰৰ ওপৰত। প্ৰথম কেইদিনমান মদাৰৰ উকালি আহিছিল শৌচ - প্ৰসাৱবোৰ চাফা কৰোঁতে। পিছলৈ অভ্যাসত পৰিণত হৈছিল। বিয়াৰ আগতে দেখা সুখৰ সপোনবোৰ, আশাবোৰ একাষৰীয়া কৰি মদাৰ ব্যস্ত হৈ পৰে নিজৰ মানুহজনৰ শুশ্ৰূষা কৰাত। কাণত বাজি থাকে বিয়াৰ আগতে নৌবৌয়েকৰ বুজনি।" পত্নীৰ শুশ্ৰূষাত এদিন বেমাৰী মানুহজন সুস্থ হৈ উঠিব। " সময়বোৰ গৈ থাকিল। বেমাৰী মানুহজনৰ লগত লাগি থাকোঁতে, থাকোঁতে মদাৰে নিজৰ কথা ভাবিবলৈ সময়েই নাপালে। শৌচ-প্ৰাসাৱবোৰ চাফা কৰি, কৰি তাই নিজৰ খোৱা বোৱাবোৰ ভালকৈ কৰিব নোৱাৰা হ'ল। বিয়া হোৱা দিনধৰি মদাৰে ঘৰখনত এটা কথাই অনুভৱ কৰিলে যে , তাইক আচলতে তেওঁলোকে বোৱাৰী কৰি নহয় , এজনী বিনামূলীয়া আয়া হিচাপেহে আদৰি আনিছিল। কাৰণ , সেই ঘৰখনত তাই পত্নী হিচাপে বা বোৱাৰী হিচাপে একোৱেই অধিকাৰ পোৱা নাছিল । বিয়াৰ পিছদিনাই জুৰুণত পিন্ধোৱা কাপোৰ, গহণাকে ধৰি সমস্ত বস্তু তাইৰ পৰা শাহুয়েকে ঘূৰাই লৈছিল।
। তথাপি মদাৰৰ কোনো আপত্তি নাছিল। তাই ভাবিছিল মানুহজন ভাল হৈ উঠিলেই সকলো ভাল হ'ব। তাইৰ আশাবোৰ পূৰ হ'ব। সেই আশাৰেই তাই সকলো সহ্য কৰি গৈছিল আৰু নিজৰ দেউতাককো একোৱেই জানিব দিয়া নাছিল। তাই ভাবিছিল সুখত থাকক তাইৰ আপোনবোৰ তাইৰ সুখত আছে বুলি ভাবিয়েই। চাওঁতে, চাওঁতে বিয়াৰ ছয়টা মাহ পাৰ হৈছিল। এতিয়া মদাৰৰ আগৰ চেহেৰা নাই। নিজকে সজাবলৈ তাইৰ সময়নো পাই ক'ত। ভালকৈ এমুঠি ভোকৰ ভাত কেতিয়া খাইছিল তাই পাহৰিলে। নিজৰ ভাগ্যকেই দোষী তাই কামবোৰ কৰি যায়। এদিন ৰাতি হঠাতে মানুহ জনে উশাহ ল'ব নোৱাৰা হ'ল। মদাৰে চিঞৰ বাখৰ লগালে চিকিৎসালয়লৈ নিবলৈ কিন্তু নিষ্ঠুৰ নিয়তিয়ে তাইক সেই সময় নিদিলে। গ'ল গৈ মানুহজন ওভতি নহাৰ বাটেৰে। মদাৰৰ অজস্ৰ মৰম, শুশ্ৰূষায়ো মানুহজনক ভাল কৰিব নোৱাৰিলে। সেইদিনা কিন্তু মদাৰে কান্দিব পৰা নাছিল। একেথৰে, একে ঠাইতে বহি ৰৈছিল তাই নিঠৰ হৈ পৰা মানুহজন লৈ।
ধুম-ধামেৰেই দহা কাজ হৈ গ'ল। তাৰ পিছত সকলো নিজক লৈ ব্যস্ত হৈ পৰিল। পাহৰি পেলালে সকলোৱে সেই মানুহ জনক। কিন্তু মদাৰৰ কথা কোনে ভাবে, কেনেকৈ পাহৰে ? মানুহজন নোহোৱা হোৱাৰ পৰা যেন ঘৰখনত মদাৰৰ প্ৰয়োজন বোৰো শেষ হৈ আহিল। এদিন শাহুয়েকে আহি মদাৰক ক'লে, শুনা চোন , কথা এটা কওঁ । তুমি নিজৰ ঘৰলৈকে ওভটি যোৱা। এইখন ঘৰত এটা ডেকা ল'ৰা থাকে আৰু তোমাক মই এনেদৰে ৰাখিব নোৱাৰোঁ। কেতিয়াবা কিবা এটা বেয়া ঘটনা হ'লে ঘৰখনৰেই বদনাম হ'ব। তুমিতো জনাই সি মদ খাই। গতিকে বুজিছা নহয় । শাহুয়েকৰ পৰা কথা কেইটা শুনি মদাৰৰ ভৰিৰ তলৰ পৰা মাটিখিনি আঁতৰি যোৱাৰ দৰে লাগিছিল। বিয়াৰ পিছৰ পৰা এবাৰ ভাল বেয়া খবৰ নোলোৱা ঘৰখনলৈ তাই বাৰু কেনেকৈ ওভটি যোৱাৰ কথা ভাবিব পাৰে। উপায়হীন হৈ তাই দেউতাকলৈ খবৰ দিলে । কিন্তু দেউতাকৰ গা বেয়া । কেইবাদিনো ধৰি বিচনাৰ পৰা উঠাই নাই আৰু ককায়েকৰো সময় নাই তাইক আনিবলৈ। সিদ্ধান্ত ল'লে তাই অকলেই ওভতি যোৱাৰ। বেগটো টানি আনি তাইৰ প্ৰয়োজনীয় কাপোৰ কেইটা ভৰাই ল'লে। শেষ বাৰলৈ নিজৰ বুলি ভবা কোঠাটোত তাই চকুফুৰালে। মানুহ জনৰ ফটো খনত সেৱা এটা কৰি মদাৰে ঘৰলৈ যাবলৈ বাধ্য হ'ল।
মদাৰ এই ফ্ৰমখনত চহী এটা কৰি দে সোনকালে। কালিয়ে দাদায়ে আনি থৈছে । নৌবৌয়েকৰ মাতত মদাৰ বাস্তৱ লৈ উভতি আহিল। কিহৰ ফ্ৰম নৌবৌ ? বিধৱা পেঞ্চনৰ। আজিকালি চৰকাৰে বিধৱা সকলকো পেঞ্চন দিয়ে। টকা কেইটা পালে ঘৰখনৰেই কিবা এটা জোৰা মৰিব। মদাৰে ফ্ৰমখন হাতত লৈ নৌবৌয়েকৰ মুখলৈ চালে, এৰা তাইতো এতিয়া বিধৱা।
ক'ৰবাৰ পৰা ভাঁহি আহিল গান এটা , " মদাৰৰে ফুল হেনো পূজাতো নালাগে , লাগে মাথোঁ ৰং সানিবলৈ...
জাঁজী,জামুগুৰি
শিৱসাগৰ
অঙ্গন: পৃষ্ঠাঃ 38
প্ৰেম নে মৃত্যু
শ্ৰী প্ৰবীণ বৰা
আগফালৰ বাৰন্দাত বহি লৈ মই চিন্তা কৰিলোঁ, যে মাজনীক মই কি উত্তৰ দিম । মাজনী মানে মোৰ একমাত্ৰ ছোৱালী জনীৰ কথা কৈছোঁ । তাইৰ বয়স বৰ্তমান ২২ বছৰ। যোৱাবাৰ হৈ যোৱা ADRE পৰীক্ষাত পাছ কৰি ওচৰৰে স্কুল এখনত কেৰাণী চাকৰি লাভ কৰিছে । মোৰ ঘৰখনত মই আৰু মোৰ একমাত্ৰ ছোৱালীজনীহে । মোৰ পত্নীৰ আজিৰ পৰা প্ৰায় ছয় বছৰৰ আগতেই মৃত্যু ঘটিছে । তেতিয়াৰ পৰাই বহুত মৰমৰ মাজত ডাঙৰ কৰিছোঁ তাইক । পিছে কালিৰ কথাটোৱে মোক বেছ চিন্তিত কৰি তুলিছে। মানে আজি ছয় মাহ মানৰ পৰা মই কৰবাত ওলাই গ'লে চাৰিআলিৰ ওচৰৰ মানুহ কিছুমানে মোক কয় : 'আপোনাৰ ছোৱালীয়ে একেখন স্কুলৰ মাষ্টৰ এজনৰ লগত যে ঘূৰি ফুৰে আপুনি মন কৰিছেনে !' তেতিয়া কথাবোৰ মই ইমান চিন্তা কৰা নাছিলোঁ যদিও কালি মাজনীয়ে যেতিয়া মোক নিজেই ক'লে আৰু ম'বাইলত ল'ৰাটোৰ লগতে থকা মাকৰ ফটোখন দেখুৱালে তেতিয়াহে মোৰ চিন্তা দুগুণ বাহিল। কাৰণ তাই যিটো ল'ৰাক পছন্দ কৰিছে তাৰ মাক মোৰ প্ৰথম পত্নী আছিল । অৱশ্যে সেই কথাটো আজিলৈকে মোৰ ছোৱালীজনীক মই বা তাইৰ মাকে কোৱা নাই যে তাইৰ মাকৰ আগতে মই আন কাৰোবাক বিয়া কৰাইছিলোঁ ।
মই তেতিয়া ডিগ্ৰী পাছ কৰি মাছৰ ব্যৱসায়ত ধৰিছোঁ। গেৰুকামুখৰ ওচৰত আমাৰ ঘৰ । সোৱণশিৰি নদীৰ ওপৰতে সম্পূৰ্ণ নিভৰশীল । দিনটো নদীত জাল মাৰি যিখিনি মাছ পাওঁ তাৰে গধূলি বিক্ৰী কৰি আমাৰ ঘৰখন সুন্দৰ কৈ চলি যায়। ঠিক তেনেকুৱা এটা দিনতে মোৰ দেউতাৰ লক্ষীমপুৰ ঘিলামৰাত থকা বন্ধু এজনৰ পৰা এজনী ছোৱালীৰ খবৰ আহিল । দেউতাই মোক ক'লে, মায়েও বুজালে মই বহু চিন্তা কৰি শেষত মাহঁতৰ কথাত সন্মতি প্ৰদান কৰি অংকিতাক বিয়া কৰালোঁ । ছোৱালীজনী দেখাত বেছ ধুনীয়া আৰু পঢ়াতো বহুত ভাল আছিল । যেতিয়া বিয়া হৈ আহিছিল তেতিয়া তাই উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিছে মাত্ৰ, গতিকে মই বহু চিন্তা কৰি তাইক গোগামুখ কলেজত নাম লগাই পঢ়াৰ ব্যবস্থা কৰি দিলোঁ ।
সময় আৰু সংসাৰ সুন্দৰকৈ চলিছিল যদিও এদিন মোৰ সন্মুখত এটা ডাঙৰ সমস্যাই দেখা দিলে । মানে আমাৰ ওচৰৰে জলবিদ্যুৎ প্ৰকল্প (NHPC) স্থাপন হোৱা থুনুকা পাহাৰৰ ভূমি-স্খলনৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ আটাইকেইটা টাৰনেল বন্ধ হৈ যোৱাৰ ফলত সোণৰ সোৱনশিৰিখন ২৪ ঘণ্টাৰ বাবে একেবাৰে শুকাই নোহোৱা হৈ গ'ল, ফলত তাত থকা মাছ কাছ সকলো মৰি শেষ হৈ গ'ল । পৰিণতিত মোৰ ব্যৱসায় সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। চাৰিওফালে অন্ধকাৰ দেখিলোঁ। ২৪ ঘণ্টাৰ পাছত মৰা সোৱনশিৰিয়ে প্ৰাণ পায় উঠিল যদিও তাৰ বুকু উদং হৈ পৰিল। কাৰণ নদীখনত তেতিয়া মাছ বুলিবলৈ একো নাই ফলশ্ৰুতিত মই দিশহাৰা হৈ পৰিলোঁ ।
ইফালে অংকিতাৰ পঢ়াৰ খৰচ আৰু আনফালে ঘৰ দায়িত্ব । তেনেকুৱা এদিনতে মোৰ মায়ে ক'লে : " বোপাই মাছ ধৰিবলৈ নদীত মাছ নোহোৱা হ'ল গতিকে মোমাই ঘৰৰ পৰা গাহৰী দুজনী মানকে আনি পোহ।
কথাষাৰ ভাবি চালোঁ, ইফালে অংকিতাৰ পঢ়াৰ খৰচ ,আনফালে ঘৰখন ,শেষত আধিলৈ তিনিজনী গাহৰী আনি পুহিলো আৰু লগতে সৰুকৈ এখন মিস্কাৰ দোকান খুলি ললোঁ।
তেনেকৈ অলপ দিন যোৱাৰ পাছত এদিন ৰাতি মোক অংকিতাই ক'লে :" অসম পুলিচৰ চাকৰি ওলাইছে মই ইণ্টাৰভিউ দিওঁ নেকি? "
: ইণ্টাৰভিউ দিয়াত আপত্তি নাই কিন্তু আমাৰ বিয়া পতা দুবছৰ হ'ল গতিকে আমি সংসাৰ কথাও ভাবিব লাগিছিল , মই ক'লো।
: সংসাৰ বহোৱাৰ কথা আমি আৰু দুবছৰ পাছতো ভাবিব পাৰিম কিন্তু মানুহৰ জীৱনলৈ সুযোগ সদায় নাহে , ভগৱানৰ কৃপাত যদি চাকৰি এটা যোগাৰ কৰিব পাৰোঁ তেন্তে তোমাৰ বহুখিনি সহায় হব। "
অংকিতাৰ কথাষাৰ ভাবি চালোঁ তাইৰ কথাষাৰে মোৰ বুকু ভৰি গ'ল, শেষত মই তাইক ইণ্টাৰভিউ বাবে সন্মতি তথা সকলো সুবিধা কৰি দিলোঁ ।
তিনিমাহৰ পাছত চাকৰি ৰিজাল্ট আহিল তাই চাকৰি বাবে চিলেক্ট হ'ল। চাকৰি পালে শিৱসাগৰ সদৰ থানত , দেৰগাঁৱৰ টেইনিং আৰু শিৱসাগৰৰ চাকৰিত জইন কৰি ৰূম ঠিক কৰি দিয়ালৈকে মোৰ আধিৰ গাহৰি তিনিটা আৰু ২ বিঘা মাটি বন্ধকী দিলোঁ । আশা এটাই এতিয়া জীবনটোলৈ শান্তি আহিব ।
তেনেকৈ ছয় মাহ মান পাৰ হৈছিল হে মই অনুভব কৰিলোঁ যেন মোৰ প্ৰতি তাইৰ মৰমবোৰ কমি গৈছে । কিয়নো তাই মোৰ খবৰ লোৱা , ঘৰৰ খবৰ লোৱা কমাই দিছিল । মাজে মাজে সন্দেহ হৈছিল যদিও মই সেইটো প্ৰকাশ কৰা নাছিলোঁ। কাৰণ তাইক মই বহুত ভাল পাইছিলোঁ আৰু সেই বাবে মই একো কোৱা নাছিলোঁ , পিছে এদিন তাই ক'লে মোক : " ৰাজীৱ তোমাৰ লগত আৰু মোৰ ৰিলেচন ৰাখিব মন নোহোৱা হৈ আহিছে ।
: কিয় ? - মই অতিকে আচৰিত হৈ সুধিছিলো তাইক
: কিয়টো বাদ দিয়া কিন্তু এই জীৱনৰ পৰা মই মুক্তি বিচাৰোঁ
মই পাগলৰ দৰে হৈছিলোঁ ।যাৰ বাবে মই মোৰ সকলো বিক্ৰী কৰি সৰ্বসান্ত হ'লো তাই আজি এনে কৰিছে । বহুত বুজাইছিলো তাইক কিন্তু তাই মোৰ একো কথাই শুনা নাছিল । তেনেকৈ বেছি দিন থাকিব লগা নহ'ল, মাত্ৰ তিনিমাহৰ পাছতে মোলৈ আদালতৰ নটিছ আহিল কাৰণ এটাই ডিভোছ । বহু ভাবি চালো কাৰণ কাৰো প্ৰতি ভালপোৱা জোৰ কৰি জগাবও নোৱাৰি আৰু জোৰ কৰি আদায় কৰিবও নোৱাৰি আৰু মোৰ সুখটো তাইৰ সুখতে। গতিকে বুকুত এটুকুৰা শিল বান্ধি ময়ো তাইক আইনী প্ৰক্ৰিয়াৰে মোৰ জীৱনৰ পৰা বিদায় দিলোঁ ।
কিছু দিনৰ পাছত খবৰ পালোঁ তাই বোলে জয়সাগৰৰ কোনোবা ONGC চাকৰি কৰা ল'ৰা এটাৰ লগত বিয়া হ'ল। প্ৰায় তিনি বছৰ অকলশৰীয়াকৈ কটালো । সেই তিনি বছৰত মা দেউতাক হেৰুৱালো আৰু সকলো বন্ধু তথা মিতিৰ কুতুমৰ তাগিদাত মই দ্বিতীয় বিবাহ কৰালো মৌচুমীক আৰু তাইৰে ছোৱালী হ'ল মাজনি ।
: দেউতা, দেউতা বুলি মতা মাজনীৰ মাতত মই স্তম্ভিত ঘূৰাই পালোঁ ।
: দেউতা , ইমান কি চিন্তা কৰি আছা , সেইবুলি তাই লৈ অহা চাহৰ কাপটো মোলৈ আগবঢ়াই মোৰ ওচৰতে বহি ক'লে ,
: দেউতা তুমি মোৰ কথাটো কি ভাবিলা ?
মোৰ চিন্তা দুগুণে বাঢ়িল , কি ক'লে ভাল হ'ব উত্তৰ নোহোৱা হ'ল , কিন্তু ইয়াত মোৰ ছোৱালীজনীৰ জীৱন জড়িত হৈ আছে। গতিকে মই তাইক একো নকলো। : " ৰবা মাজনী মই তোমাক গধূলি উত্তৰ দি আছোঁ " সেইবুলি মই উঠি গ'লো বহাৰ পৰা।
মাজনিও কিছু সময়ৰ পাছত ওলাই গ'ল স্কুললৈ , মই মোৰ মৃত পত্নীৰ ফটোখন হাতত লৈ সুধিলো কোৱা মৌচুমী মই কোনটো উত্তৰ দিলে তুমি আৰু মাজনিয়ে শান্তি পাবা । বহু সময় ফটোখন বুকুত সাৱটি শিল পৰা কপৌৰ দৰে বহি পৰিলোঁ । কোনোবাই যেন মোক কাণে কাণে আহি ক'লে জীৱনত যি গ'ল তাক লৈ দুখ নকৰিবা যি আছে তাক লৈ সুখী হোৱা আৰু তেওঁক সুখী কৰিবলৈ যত্ন কৰা ।
ৰাতি ভাত খাই শুবলৈ যোৱা সময়ত মাজনীয়ে মোক আকৌ সুধিলে , : দেউতা তোমাৰ উত্তৰ বাবে মই ৰৈ আছোঁ ।
মই চিন্তা কৰি চালো কাৰণ অংকিতা মোৰ পত্নী আছিল যদিও মোৰ ছোৱালীজনীৰ পছন্দ ল'ৰাজন মোৰ সন্তান নহয় । অন্যহাতে মই ভালদৰে জানো যে ' আবেগক নিৰ্মম ভাবে অৱদমিত কৰিলে জ্ঞানী হ'ব পৰা যায় কিন্তু সুখী হ'ব পৰা নাযায় ।
সেইহে মই বহু চিন্তা কৰি ক'লো : "মাজনী সামাজিক ভাবে ঢোলে দগৰে মানুহ মাতি মই তোমাক বিয়া দিব পৰা ক্ষমতা মোৰ নাই আৰু মই তোমাক তেনেকৈ দিবও নিবিচাৰোঁ কথাটো তুমি এবাৰ ভাবি চাবা। "
সেইবুলি কৈ মই দুৱাৰখন মাৰি বিছনাত বাগৰ দিলোঁ ।
পিছে মই তাইক কোৱা কথাৰ ইংগিত তাই বুজি পালেনে নাই তাকেহে নাজানিলো। আৰু ময়ো নাজানিলোঁ যে এইয়া প্ৰেমৰ স্বীকৃতি হ'বনে সম্পৰ্কৰ মৃত্যু হ'ব।
অঙ্গন: পৃষ্ঠাঃ 39
হৃদয়ৰ দুটি পাৰ
দীক্ষিতা শৰ্মা
বাছৰ চিটটোত গাটো এৰি দি দুচকু মুদি মূৰটো পেলাই দিলে। বাছত বাজি থকা কিশোৰ কুমাৰৰ গানবোৰৰ তালে তালে চলন্ত বাছখনে দি যোৱা মুকলি বতাহজাক নাকেৰে উযায় গৈ থাকিল তাই নিজৰ কৰ্মস্থলী অভিমুখে। তেনেকুৱাতে হঠাৎ চেগাৰজনে ভাড়াৰ বাবে মতাত হে দুচকু মেলিলে তাই। দৈনন্দিন বাছ যাত্ৰাত চেগাৰবোৰ প্ৰায় চিনাকীয়ে হৈ গৈছিল তাইৰ। এইজনো তাৰ মাজৰে এজন আছিল। সেয়ে তেখেতে ক'লে
: বাইদেউ ভাল নে ?
: ভালেই। আপোনাৰ ?
: আছোঁ ভালে বেয়াই।
ক্ষীণ হাঁহি এটিৰে নিজৰ ভাড়াটো আগবঢ়াই দিলে তাই। কিছুসময় পিছত বাছখন ৰখোৱাত নামি গ'ল নিজৰ গন্তব্য স্থানলৈ। শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনৰ দুৱাৰ দলিত থিয় হৈ প্ৰতি দিনৰ দৰে উশাহটো টানি মুখত চিৰ পৰিচিত হাঁহিটো জোৰকৈ বুলাই লৈ ভিতৰলৈ সোমাই গ'ল তাই। তাই মানে অগ্নিবীনা গোস্বামী। শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী তাই। সকলোৰে বাবে যেন অগ্নিৰ দৰেই উগ্ৰ তাই। জোখতকৈ এটা শব্দও বেছিকৈ নকয়। কাৰো সৈতে বৰ বিশেষ কথা নপতা বাবে ছাত্ৰ-ছাত্ৰীবোৰৰ বাবে অগ্নি বাইদেউ হেনো অগ্নিৰ দৰেই উগ্ৰ বুলি পৰিচিত। কিন্তু সঁচাকৈ উগ্ৰ জানো তাই। নে সময়ে সলাই পেলালে তাইক। এয়াও যে এক সাঁথৰ।
নিজৰ ক্লাছ কেইটা শেষ কৰি ঘৰলৈ বুলি উলাওঁতে কলেজৰ সন্মুখতে হঠাৎ সংঘটিত হোৱা এক্সিডেন্টটো দেখি কিছুসময়ৰ বাবে যেন উশাহবোৰ স্তব্ধ হৈ পৰিছিল অগ্নিবীনাৰ। ল'ৰাজনৰ বৰ বিশেষ একো হোৱা নাছিল যদিও তেখেতৰ হাতত লগা তেজৰ চেকুৰাবোৰ, কপালখন ফাটি ওলাই অহা তেজৰ টোপালবোৰ দেখি বুকুৰ ধপধপনি ক্ৰমান্বয়ে বাঢ়িব লৈছিল অগ্নিবীনাৰ। কপালেৰে বৈ অহা তেজৰ সোঁতটোৰ সৈতে তিৰবিৰাই থকা চকুজুৰিত যেন পুনৰ ডুবি গৈছিল অগ্নিবীনা। ঠিক ৮ বছৰ আগত ডুবি যোৱাৰ দৰে। সাগৰৰ দৰেই গভীৰ সেই চকুজুৰিতে বিচাৰি পাইছিল তাই, তাইৰ বাবে অপৰিসীম মৰম আৰু জীৱনযোৰা নিৰাপত্তা। কিন্তু সেই মৰমবোৰত যেন নজৰ লাগিছিল কাৰোবাৰ। সেয়ে নভবাকৈয়ে আহিছিল এটা অমানিশা। যিটো নিশাই কাঢ়ি নিছিল অগ্নিবীনাৰ ওঁঠৰ হাঁহিটো।
: মেম ! আপুনি কওক চোন এখেতক হস্পিটেল যাবলৈ। আমি কৈ আছো নুশুনে আমাৰ কথা।
হঠাৎ কোনোবাই আহি অগ্নিবীনাৰ ওচৰত কথাখিনি কওঁতে হে সম্বিত ঘূৰি আহিল তাইৰ। নিজকে অতীতৰ পৃথিৱীখনৰ পৰা উভতাই আনি মনটো সুস্থিৰ কৰি তাই ক'লে
: তোমালোক যোৱা। মই এখেতক হস্পিটেল লৈ যাম।
কথাষাৰ কৈ আগুৱাই গ'ল তাই সেই গভীৰ দুচকুৰ গৰাকীজনৰ ওচৰলৈ। সাগৰ কলিতা। সাগৰৰ দৰেই গভীৰ সেই দুচকুৱে তেতিয়াও মাথোঁ তাইলৈ চাইয়ে ৰৈ আছিল। অগ্নিবীনাই আগুৱাই গৈ সাগৰক ক'লে
: ব'লা, হস্পিটেললৈ বেছি দূৰ নহয় ইয়াৰ পৰা।
একো উত্তৰ নিদিয়াকৈ তাইৰ লগত খোজ ল'লে সাগৰে। কিন্তু ভৰি এখনত আঘাট পোৱা বাবে ভালদৰে খোজ দিব পৰা নাছিল সি তাকে দেখি সাগৰৰ হাত এখন নিজৰ কান্ধত ৰাখিব দি নিজৰ হাত খনেৰে তাৰ কঁকালত মেৰিয়াই ল'লে। দুখোজ মান যোৱাৰ পিছতে দুয়োজনে গৈ হস্পিটেল পালে। নাৰ্চ এজনীয়ে দ্ৰেচিং কৰি দি বেণ্ডেজ কৰি দিলে সাগৰক। তেনেদৰে কিছুসময় মৌনতাৰে পাৰ হৈ যোৱাৰ পিছত সাগৰে ক'লে
: তুমি ইয়াত যে! মানে !
: মোৰ সপোনটোৱে ইয়ালৈ আনিলে মোক।
: মানে তুমি ! তুমি সেই কলেজখনত চাকৰি কৰা।
: উম্!
কথাষাৰ শুনি সাগৰৰ মুখৰ হাঁহিটোত যেন অগ্নিবীনাইও ডুব মাৰিছিল। ক্ষীণকৈ হাঁহিছিল তাইও সাগৰৰ লগত। হয়তো ৮ বছৰ পিছত এনেদৰে মনৰ পৰা হাঁহিছিল তাই। তাইলৈ চাই সাগৰে ক'লে
: বস্তু এটা খুজিম দিবা নে ?
: কোৱা।
: তোমাৰ ফোন নম্বৰটো।
সাগৰৰ কথাষাৰত কপালখন কোচ খুৱাই অগ্নিবীনাই তালৈ চাই থাকিল মাথোঁ। তাকে দেখি সাগৰে পুনৰ ক'লে
: দিবা নে ?
: কিন্তু !
: কিন্তু কি ?
: তোমাৰ ঘৰৰ মানুহে গম পালে বেয়া নাপাব জানো!
: তুমি ভবাৰ দৰে তেনেকুৱা কোনো নাইয়ে নহয়, বেয়া পাবলৈ।
: মানে তুমি !
: কৈছিলোঁয়ে দেখোন আনিলে তোমাকে আনিম, নহ'লে কাকোয়ে সেই স্থান নিদিওঁ।
উত্তৰ দিব পৰা নাছিল অগ্নিবীনাই মাথোঁ দুচকু উপচি পৰা বিষাদৰ নৈখন কোনোমতে চেপি ৰাখি হস্পিটেলৰ পৰা ওলাই আহিল তাই। সাগৰৰ কথাষাৰ শুনাৰ পিছত আৰু ধৈৰ্য্য নহ'ল তাইৰ সাগৰৰ সন্মুখত ৰ'বলৈ। কোনোমতে ভৰি দুখন চোচৰাই বাছখনৰ ওচৰলৈ গ'ল তাই। ঘৰটোলৈ গৈ পালে হে যেন উশাহটো ঘূৰাই পাব তেনেকুৱা লাগিছিল অগ্নিবীনাৰ।
ঘৰ গৈ পায়ে কাপোৰ নসলোৱাকৈয়ে বিছনাখনত পৰি হেঁপাহ পলুৱাই কান্দিলে তাই। ইমান দিনে বুকুত লৈ ফুৰা বোজাটো আঁতৰাৰ সুখত নে ইমান বছৰ বিনা দোষত সাগৰৰ পৰা আঁতৰত থকাৰ দুখত সেয়া বুজি পোৱা নাছিল তাই। মাথোঁ হিয়া উজাৰি কান্দিছিল তাই। আনফালে হস্পিটেলৰ পৰা অগ্নিবীনা তেনেদৰে আঁতৰি যোৱাত ইমান বছৰ অকলশৰে থকাৰ দুখটোত কৈও যেন দুগুন দুখত ভাগি পৰিছিল সাগৰ। কোনোমতে ঘৰলৈ গৈ নিজকে ৰুমটোত আবদ্ধ কৰি ৰাখিছিল সি।
আঠ বছৰ আগতে হোৱা এটা ভুল বুজাবুজিৰ বাবেই আঁতৰ হৈছিল সাগৰ আৰু অগ্নিবীনা। কলেজীয়া দিনৰ পৰা আৰম্ভ হোৱা প্ৰেম কাহিনীটো সমাপ্ত হৈছিল সেইদিনা, যিদিনা অগ্নিবীনাৰ দেউতাকৰ কথাত সাগৰে বাধ্য কৰাইছিল অগ্নিবীনাক তাৰ পৰা আঁতৰ হ'বলৈ। কাৰণ অগ্নিবীনাৰ দেউতাকে বিচৰা নাছিল সাগৰক তেখেতৰ জোঁৱাই ৰূপত। সেয়ে অগ্নিবীনাৰ দেউতাকৰ কথা পেলাব নোৱাৰি সাগৰে নাটক কৰিছিল অগ্নিবীনাৰ সন্মুখত তাইক অৱহেলা কৰাৰ, তাইক কষ্ট দিয়াৰ। তাকে দেখি অগ্নিবীনাইও আঁতৰি আহিছিল তাৰ ওচৰৰ পৰা। সেই সুযোগতে ঘৰৰ মানুহেও তাইৰ মূৰত সোমাই দিছিল সাগৰৰ বিৰুদ্ধে নানান কথা।
কিন্তু প্ৰেমৰ বোঁৱতী ধাৰাক বাধা দিয়াতো জানো সম্ভৱ। প্ৰিয়জনৰ বিৰুদ্ধে হাজাৰ অভিযোগ শুনিলেও মনৰ সিদ্ধান্তৰ আগত হাৰি যায় সকলো। অগ্নিবীনাৰো তেনেকুৱাই হৈছিল। শাৰীৰীকভাবে সাগৰৰ ওচৰৰ পৰা আঁতৰি আহিছিল যদিও মনৰ মাজত সাগৰকে বুকুত লৈ ফুৰিছিল তাই। সেয়ে হাজাৰ জোৰ কৰিও তাইক বিয়াত বহুৱাব নোৱাৰিলে ঘৰৰ মানুহে। অকলশৰে জীৱনটো কটোৱাৰ সিদ্ধান্ত লৈ তাই মাথোঁ আগুৱাই গৈছিল নিজৰ লক্ষ্য পূৰণৰ দিশে।
সাগৰৰো সেই একেই অৱস্থা হৈছিল। নিজৰ প্ৰাণৰ পুতলাজনীক নিজ হাতে দূৰলৈ পঠিয়াই আত্মগ্লানীত দিনে নিশাই নিজক কষ্ট দিব লৈছিল সি। আগৰ হাঁহিমুখীয়া সাগৰজন যেন ক'ৰবাত হেৰাই গৈছিল। অকল হাঁহিটোৱে নে! মানুহটোও হেৰাই গৈছিল ক'ৰবাত। আঁতৰাই নিচিল সি নিজক সকলোৰে পৰা আৰু কোনোবা অচিন চহৰত নিজৰ অকলশৰীয়া এখন পৃথিৱী সজাই লৈছিল সি অগ্নিবীনাৰ স্মৃতিবোৰ বুকুত সামৰি লৈ। আৰু আজি আঠ বছৰ পিছত তাইক ইমান ওচৰত পাইও এনেদৰে হেৰুৱাই দিয়াত পুনৰ ভাগি পৰিছিল সি।
এদিন দুদিন কৈ পাৰ হৈ গৈছিল এটা সপ্তাহ। নিজৰ দৈনিক ৰুটীনখনৰ মতে যন্ত্ৰৰ দৰে নিজৰ কামবোৰ কৰি গৈছিল যদিও মনটোত সাগৰৰ চিন্তাই পাকঘূৰণি খাই আছিল অগ্নিবীনাৰ। অশান্ত মনটোক শান্ত কৰাৰ কোনো উপায় বিচাৰি নোপোৱাত অৱশেষত ৮ বছৰ ধৰি কন্টেক লিষ্টখনৰ চুকত পৰি ৰোৱা সেই বিশেষ নম্বৰটোত ফোন লগোৱাটো থিৰাং কৰিছিল তাই। কাৰণ তাই জানে সাগৰে আজিও নম্বৰ সলনি কৰা নাছিল। তাই হে খঙতে নিজৰ চিমখন ভাঙি নতুন চিম লৈছিল।
দীঘলীয়া হুমুনিয়াহ এটা এৰি নীৰৱ নিশাৰ নীৰৱতা ভেদি অগ্নিবীনাই ডায়েল কৰিলে সাগৰৰ নম্বৰটো। কলাৰ টিউনত বাজি ৰোৱা গানটো শুনি উচপ খাই উঠিছিল তাই। তাত বাজি আছিল তাহানিতে সি লগাই থোৱা অগ্নিবীনাৰ প্ৰিয় গীতটো
" হিয়াৰে লখিমী, মনৰে মৰমী
সপোনৰে পাহি তুমি, জীৱন জোনাকী…"
গানটো শুনি যেন পুনৰ ডুবি গৈছিল তাই সাগৰৰ সেই বিশাল প্ৰেমৰ সাগৰখনত। দুচকুৰে বাগৰি পৰিছিল দুটোপাল তপত অশ্ৰু। তেনেকুৱাতে ফোনৰ সিটো মূৰৰ পৰা ভাহি আহিছিল মাতষাৰ
: হেল্ল'!
:
: হেল্ল' ! কোনে কৈছে ?
: ভাল পাইছা নে অকমান ?
মৌনতাৰে পাৰ হৈ গৈছিল কিছুসময় ফোনৰ দুয়োপাৰে। উশাহৰ শব্দই দি গৈছিল মাথোঁ দুয়োজনৰে উপস্থিতিৰ উমান। তেনেদৰে কিছুসময় ৰৈ সাগৰে ক'লে
: থেংক ইউ !
: ভাল পাইছা নে নাই কোৱা।
: পাইছোঁ।
: উম্!
: আৰু একো নাই ক'বলৈ!
: নাজানো।
: কথা এটা সোধো ?
: উম্।
: সেন্দুৰ নেদেখিলোঁ যে তোমাৰ শিৰত ?
: আন কাৰোবাক সেই অনুমতি দিয়াৰ প্ৰয়োজনবোধ নকৰিলোঁ।
: কিয় ?
: সেই একেই প্ৰশ্ন যদি ময়ো কৰোঁ!
: উভতি আহিব পাৰিবা নে ?
: দূৰে দূৰেই সুখী হৈ থাকোঁ দিয়া। ওচৰলৈ গ'লে জানোছা আকৌ দূৰ হ'ব লগা হয়।
: কিন্তু।!
: এনেই জুই আৰু পানী জানো কেতিয়াবা এক হোৱা দেখিছা ?
: মানে !
: অগ্নি মানে জুই আৰু সাগৰ মানে পানী।
:
: আমিও তেনেকৈয়ে থাকিম। দূৰে দূৰে এখন হৃদয়ৰ দুটি পাৰ হৈ।
তেনেদৰেই ৮ বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত মাজে মাজে ফোন কৰিব লৈছিল দুয়োজনে। কিন্তু কেতিয়াও লগ কৰা নাছিল দুয়ো দুয়োকে। কাৰণ সন্মুখত দেখিলে যে পুনৰ নিজক সম্ভালিবলৈ অসম্ভৱ হৈ পৰিব দুয়োজনৰ বাবে। সেয়ে এখন বোঁৱতী নদীৰ দুটি পাৰ হৈ ৰৈ গ'ল দুয়োজন আজীৱনৰ বাবে।
নলবাৰী
অঙ্গন: পৃষ্ঠাঃ 40
অন্তৰাত্মা
অনিল চন্দ্ৰ বণিয়া
শৰাধ সমাপ্তিৰ পিছত আজিৰ পৰা ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব মূৰপাতি লোৱাৰ কথা ভাবি ভাবি পতীহীনা সেউতীয়ে পিতৃহীনা দহবছৰীয়া পোনাকণ বাস্তৱক বুকুত সাৱটি লৈ বিছনাত শুই পৰমবহ্মক একান্ত ও সুদৃঢ়বিশ্বাসে স্মৰণ কৰি টোপনি যোৱাৰ চেষ্টা কৰিলে।
শেষ নিশা স্বামী দেৱজিৎ আহি সেউতীৰ কাণে কাণে কৈ গ'ল -
" তুমি চিন্তা নকৰিবা সোণ, মই মৰিলেও মোৰ অন্তৰাত্মা তোমালোকৰ লগতে আছে। নিজৰ ওপৰত বিশ্বাস কৰি জীৱনৰ বাকীখিনি খোজ দিয়া, সফল হ'বা।"
কাষতে শুই থকা দহবছৰীয়া পোণাকণে টোপনিতে কিবা-কিবি ভোৰ-ভোৰাই থকা শুনা পাই সেউতী বিছনাতে উঠি বহিল। তেতিয়া ওৱালৰ ঘড়ীটোৱে পুৱতি নিশাৰ চাৰি বজাৰ সংকেট দিছিল। কোঠাটো ড্ৰিম লাইটৰ পোহৰে উজ্জ্বলি আছিল যদিও সেউতীয়ে বেড চুইচটো অন কৰি দি পোণাকণ বাস্তৱৰ মুখলৈ অবাক দৃষ্টিৰে চাইছিলহে, তেনেতে পোণাকণে উচ্চস্বৰে "দেউতা... বুলি বৰকৈ এটা চিঞৰ মাৰি সি বিছনাত বহি পৰিল আৰু সমূখত মাকক দেখা পাই অলপ ভীতিগ্ৰস্ত হৈছিল যদিও কি হ'ল বুলি সোধা মাক সেউতীৰ মাতষাৰত তাৰ সম্বিত ঘুৰি অহাত মাকক সি সাৱটি ধৰিলে ।
" মা-! দেউতা আহিছিল! কলৈ গ'ল ?
অলপ আগত সেউতীয়েও সপোনতে দেখা পাইছিল দেউতাক দেৱজিতক ! তাই কিছুসময় অপলক চিন্তাৰে কথাবোৰ ভাবি বিছনাতে বহি পৰিল । পোণাকণ বাস্তৱে সপোনত দেউতাকে কৈ যোৱা কথাখিনি মাকক বিৱৰি কোৱাত সেউতীৰ দুধাৰে অশ্ৰুলোতক বাগৰি গ'ল। তাই একমাত্ৰ পুত্ৰ বাস্তৱক সাৱটি ধৰি কান্দি কান্দি ঈশ্বৰক চিন্তা কৰিলে।
কিছুসময় এনেদৰেই পাৰ হ'ল, পুনৰ ওৱাল ফড়ীটোৱে পাঁচ বজাৰ সংকেত দিলে । সেউতীয়ে সোনকালে গাটো ধুই তেওঁৰ প্ৰয়াত দেৱস্বামীৰ আঁৰিথোৱা ফটোখনত ধূপ-ধূনা জ্জ্বলাই শোকস্বৰে প্ৰাৰ্থনা জনাই ক'লে- " হে দেৱস্বামী তোমাৰ শূণ্যতাত এই অভাগিনী তেনেই নিঠৰুৱা অৱলা , তুমি য'তে আছা ত'ৰে পৰাই আহি, যোৱা নিশাৰ দৰে তোমাৰ ভাৰ্য্যা-পুত্ৰক এনেদৰেই দেখা দি মনত শান্তি আৰু সাহস দি থাকিবা " ।
সেউতীয়ে এনেদৰে প্ৰাৰ্থনা কৰি অঁতাই পোণাকণলৈ বুলি খোৱাৰ দিহা কৰিবলৈ বুলি পাকঘৰত সোমাল ।
পুৱা দহমান বজাত কলিং বেলৰ শব্দ শুনি সেউতীয়ে চাদৰৰ আচলেৰে তিতা হাতখন মচি দুৱাৰখন খুলি দি সমুখত থিয় হৈ থকা জীৱন বীমা নিগমৰ এজেণ্টজনক দেখি সুধিলে-
" অহ ! আপুনিহে ! কওকচোন কি কাৰণত আহিলে ?
এল আই চি এজেণ্টজনে মিচিকিয়া হাঁহি এটা মাৰি সেউতীলৈ এটি বগা খাম আগবঢ়াই দি ক'লে-, "এইটো লওক আপোনাৰ হাজবেণ্ড প্ৰয়াত দেৱজিৎ চলিহাৰ মৰনোত্তৰ ভাৱে পাবলগা 'এল আই চি ' ৰ এণ্ডাউমেণ্ট পলিচিৰ দহলাখ টকীয়া চেক ।" সেউতীয়ে হাতখন আগবঢ়াই তেখেতৰ পৰা আলফুলে খামটো গ্ৰহণ কৰি এটা হস্তাক্ষৰ কৰি দি এজেণ্টজনক বিদায় দিলে।
সেউতীৰ অন্তৰাত্মাই প্ৰিয়জনক স্মৰণ কৰি কাষতে থিয় হৈ কথাবোৰ শুনি থকা পুত্ৰ বাস্তৱলৈ চাই এটি দীঘল স্বস্তিৰ নিশ্বাস এৰিলে।।
শ্বিলং, মেঘালয়।
অঙ্গন: পৃষ্ঠা 41
শেষ পৃষ্ঠাৰ লেখাঃ
আপুনি জীৱনত এটাও ভুল নকৰিব
জীৱন কি ? কিছু আশা, কিছু স্বপ্ন, কিছু ভৰসা, কিছু বিশ্বাস। এই আশা আৰু সপোনেই জীৱনৰ চালিকা শক্তি। ভৰসা সাহস। বিশ্বাস ঈশ্বৰ। এই আশা আৰু সপোনৰ পম খেদি আমি আগবাঢ়ি যাওঁ প্ৰতিটো পল-অনুপল, দিন, সপ্তাহ, মাহ, বছৰ, দশক আৰু তাত যদি ভৰসা আৰু বিশ্বাস থাকে তেন্তে জীৱনৰ পথ সুগম হয় । প্ৰতিজন মানুহেই আশাভিত্তিক জীৱনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰে। সৰুতে মা-দেউতাই দেখুৱাই যোৱা সপোনৰ গইনা লৈ শিশুৱে জীৱনত লক্ষ্য বান্ধি লয়। কৃষ্ণই গীতাত কৈছে " তুমি কৰ্ম কৰি যোৱা ফললৈ আশা নকৰিবা। তুমি তোমাৰ কৰ্ম অনুসৰি ফল নিশ্চয় পাবা।" কিন্তু আমি মানুহ। মানুহ হিচাপে আমাৰ কৰ্ম ফল লাভ কৰাৰ হেঁপাহ এটা নিশ্চয়কৈ থাকে। এই হেঁপাহেই আমাক বহু সময়ত ক্ৰোধাম্বিত কৰি তোলে। যদি আমাৰ ফল লাভত কোনোৱে বাধা প্ৰদান কৰে। ফলত এই ক্ৰোধেই হৈ পৰে সমাজৰ বাবে অহংকাৰ আৰু এই অহংকাৰেই ভাঙে ভৰসা। ভাঙে বিশ্বাস।
বৰ জটিল এই জীৱন যাত্ৰা। খোজে খোজে ঘাত-প্ৰতিঘাত, তিৰস্কাৰ, যন্ত্ৰণা, লাঞ্ছনা-বঞ্ছনা, বিশ্বাসঘাতৰ দৰে অস্ত্ৰ সমূহৰ সৈতে সংঘৰ্ষ কৰি কৰি আগবাঢ়ি যাব লাগে। সেই বাবেই জীৱন মানে ৰণাঙ্গন। তুমুল ৰণত ক্ষত-বিক্ষত এই মানৱ দেহা। সৰ্বসাধাৰণৰ পৰা মহান মহৰ্ষি সকললৈকে সকলো লিপ্ত হৈ পৰে এই ৰণাঙ্গনত। আজীৱন এখন যুদ্ধক সংঙ্গী হিচাপে লৈ আগবাঢ়ি যাব লাগে আমি।
" জীৱনত আপুনি এটাও ভুল নকৰিব"। নিৰান্নবৈটা খুব ভাল কাম অৰ্থহীন হৈ পৰে যদি আপুনি জীৱনত এটাও ভুল কৰে। আমি মানুহ, মানুহ মাত্ৰেই ভুল হোৱাটো স্বাভাৱিক আৰু ভুল কৰোঁ বাবেই আমি মানুহ। নহ'লে নিশ্চয়কৈ আমি দেৱতা হ'লো হেঁতেন। কিন্তু নিৰান্নবৈটা ভাল কামক আওকাণ কৰি এটা মাত্ৰ ভুলৰ বাবে কিয় মানুহে ভুগিব লগা হয় নৰক যন্ত্ৰণা ! কিয় জীৱন কালত মানুহৰ ভাল কামৰ হিচাপ ৰখা নহয় ? আৰু সেই একেইজন মানুহৰ মৃত্যুৱে সমাজক মনত পেলাই দিয়ে তেওঁৰ ভাল কামৰ খাটিয়ান।
দ্বাপৰ যুগৰ পৰা কলি যুগলৈকে যদি আমি সকলো কথা চালি জাৰি চাওঁ তেন্তে শ্ৰীৰামচন্দ্ৰ, শ্ৰীকৃষ্ণ (যাক আমি ভগৱান আখ্যা দি পূজা কৰোঁ) তেওঁলোককো মানুহে সমালোচনা কৰিবলৈ এৰা নাই। কলি যুগৰ যীশু, হজৰদ মহ্মদ, শংকৰদেৱ আদি মানুহৰ অত্যাচাৰৰ বলি হৈছিল। কিন্তু মৃত্যুৰ পিছত তেওঁলোক আমাৰ ভগৱান বা গুৰু হ'ল। য়েতিয়া আমাৰ ভগৱানকে আমি লাঞ্ছনা-বঞ্ছনা কৰিবলৈ এৰা নাই তেন্তে য়ুৰি গেগেৰিণ, ছক্ৰেটীজ, ভূপেন হাজৰিকা কেনেকৈ হাৰি যাব আৰু আপুনি, মই ...? আপুনি আৰু মইতো এই সংসাৰৰ ধূলি কণা গতিকে আমাৰ এশটাৰ ষাঠিটাই ভুল বা কিছু কিছুৰ আশীটাও। তেন্তে এই সমাজে জীৱন কালত আপোনাক, মোক এৰিবনে ! প্ৰশ্ন হয় আমি কোন জন স্বয়ং সম্পূৰ্ণ ! যদি নহয় তেন্তে আনৰ দোষ খুচৰি সময় নষ্ট কিয় কৰোঁ ? যদি ভুলৰ শুধৰণিৰ বাবেই ক্ষমাৰ জন্ম তেন্তে আমি আমাৰেই সহোদৰক তেওঁৰ ভুলৰ বাবে ক্ষমা কৰি আহিব লগা দিনৰ বাবে পুনৰ এটা সুবিধা দিব নোৱাৰোঁনে ? শ্ৰীকৃষ্ণই শিশুপালক এশ এটা সুবিধা প্ৰদান কৰিছিল। কিন্তু আমি মানুহে এটা সুবিধা প্ৰদান কৰাৰো আৱশ্যকতা অনুভৱ নকৰোঁ। সামান্য এটা ভুলৰ বাবেই আমি এজনে আনজনক তিৰস্কাৰে জীৱন যন্ত্ৰণাময় কৰি তোলো। গতিকে এইখন সমাজত যদি সমালোচনাৰ সন্মুখিন নোহোৱাকৈ থাকিব খোজে তেন্তে " জীৱনত এটাও ভুল নকৰিব"।
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
6000709096
অঙ্গন: পৃষ্ঠাঃ 42
0 Comments