অঙ্গনঃ পঞ্চম বছৰ (২ নং সংখ্যা)




১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 জানুৱাৰী  2024.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 3
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 5
👉প্ৰৱন্ধ : পৃষ্ঠা-- 6-8
👉ধাৰাবাহিক: পৃষ্ঠা--9
👉অণুগল্প : পৃষ্ঠা -- 10-13
👉 এক মিনিটৰ গল্প: পৃষ্ঠা-- 14-15
👉অনুবাদ সাহিত্য : পৃষ্ঠা--16
👉কবিতা: পৃষ্ঠা--17-33
 👉ফেচবুকৰ পৰা: পৃষ্ঠা--34
 👉নীলাখামৰ চিঠি: পৃষ্ঠা--35
👉ৰেচিপি: পৃষ্ঠা 36
👉গল্প: পৃষ্ঠা--37-40
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা-- 41

অঙ্গন: পৃষ্ঠাঃ 4
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
আৰ্হি পাঠঃ শ্যামলী গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ 5
সম্পাদকীয়ঃ
গ্ৰন্থ আৰু গ্ৰন্থমেলা

‘অসমীয়া মানুহে কিতাপ নপঢ়ে৷’ বিশেষকৈ গ্ৰন্থমেলাৰ সময়ত সততে শুনিবলৈ পোৱা এই বাক্যশাৰী কিমানদূৰ সত্য? আমি জানো কেতিয়াবা নিজকে সুধি চাইছোঁ? হয়তো কেতিয়াবা সময় সাপেক্ষে আপুনি, মই, আমি সকলোৱে এই বাক্যশাৰী উচ্ছাৰণ কৰিছোঁ৷ আচলতে অসমীয়া মানুহে কিতাপ নপঢ়ে নে মই কিতাপ নপঢ়ো? অপ্ৰিয় সত্য এয়া যে বহুতৰে কিতাপ পঢ়াৰ অভ্যাস নাই বাবে আনেও কিতাপ নপঢ়ে বুলি ভাবে৷ তথাকথিত উচ্ছ শিক্ষিত বহু লোকেও গ্ৰন্থমেলালৈ আহি এইদৰে কোৱা আমি শুনিবলৈ পাওঁ৷ যদি অসমীয়া মানুহে কিতাপেই নপঢ়ে তেন্তে কিদৰে আজিও কাঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা’ গ্ৰন্থখনৰ হাজাৰ হাজাৰ কপি বিক্ৰী হৈ আছে, কিয় মামনি ৰয়ছম গোস্বামী  বাইদেউৰ লগতে হোমেন বৰগোহাঞি, ড॰ ভবেন্দ্ৰনাথ শইকীয়া, ৰঞ্জু হাজৰিকা, জয়ন্ত মাধৱ বৰা, শান্তনু তামুলী, শান্তনু কৌশিক বৰুৱা, অনুৰাধা শৰ্মা পূজাৰী, মণিকুন্তলা ভট্টাচাৰ্য, প্ৰণৱ কুমাৰ বৰ্মন আদি সন্মানীয় লেখক লেখিকাসকলৰ সকলো কিতাপেই অকল্পনীয়ভাবে বিক্ৰী হৈ আছে? পাঠকে শুনি আচৰিত হ’ব যে বকুল ফুলৰ দৰে আৰু মোৰো এটা সপোন আছে গ্ৰন্থ দুখনে ইতিমধ্যে চল্লিছটাতকৈও অধিক সংস্কৰণ সম্পূৰ্ণ কৰিছে৷ এয়া কোনো ভেল্কীবাজী বা যাদু নহয়৷ এইদৰেই অসমীয়া মানুহে ভাল কিতাপক সন্মান জনায়, কিতাপ কিনে আৰু পঢ়ে৷ যি সময়ত আমি অসমীয়া মানুহে কিতাপ নপঢ়ে বুলি মেলে মিটিঙে কৈ নিজকে অভিজ্ঞ বুলি জাহিৰ কৰি ফুৰিছোঁ সেই সময়তে কোনোবা এখন গ্ৰন্থমেলাত হয়তো এক কোটি টকাৰ কিতাপ বিক্ৰী হৈছে৷
ইয়াৰ লগতে অৱশ্যে আন এটা কথাও আমি নুই কৰিব নোৱাৰোঁ৷ আমি অভিজ্ঞতাৰ পৰা বুজি উঠিছোঁ যে উঠি অহা নৱ প্ৰজন্মৰ একাংশ লেখক-লেখিকাই গ্ৰন্থ এখন প্ৰকাশৰ ক্ষেত্ৰত যি ধৰণৰ গভীৰ অধ্যয়ন আৰু পৰিকল্পনাৰ প্ৰয়োজন সেয়া কৰিবলৈ মুঠেও আগ্ৰহী নহয়৷ যাৰ ফলত সময়ৰ বুকুত তেওঁলোক হেৰাই যায়৷ আমি বুজি উঠিছোঁ যে গ্ৰন্থৰ বজাৰখনত আন সামগ্ৰীৰ বজাৰৰ কোনো নিয়মেই প্ৰযোজ্য নহয়৷ বিষয়বস্তুৰ গভীৰতা, নতুনত্ব, উন্নত গদ্যশৈলী, শুদ্ধ আৰু স্পষ্ট তথ্য অবিহনে গ্ৰন্থৰ বেটুপাত যিমানেই আকৰ্ষণীয় নহওক কিয়, তেনে গ্ৰন্থই বেছিদিন বজাৰত তিষ্টি থাকিব নোৱাৰে৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 6
প্ৰৱন্ধঃ

দুৰ্গাপূজাৰ প্ৰতিমাত ব্যৱহৃত বেশ্যালয়ৰ মাটি
আৰু নানা পৌৰাণিক মত

ডেইজী চৌধুৰী
বঙাইগাঁও

দুৰ্গাদেৱী হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী। মহিষাসুৰৰ দৰে অসুৰক বধিবলৈ জন্ম হৈছিল পৰম শক্তিৰ গৰাকী দুৰ্গা মাৰ। শৰৎ কালত মহালয়াৰ দিনাৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষত মা দুৰ্গাৰ আৰাধনা আৰম্ভ হয়। দুৰ্গাদেৱীৰ প্ৰতিমাৰ নিৰ্মাণকাৰ্য প্ৰায় এক/ডেৰমাহ আগৰে পৰা আৰম্ভ কৰি দিয়ে খনিকৰসকলে। কিন্তু এই প্ৰতিমাসমূহৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হয় বেশ্যালয়ৰ মাটি। শুনিবলৈ আচৰিত হ'লেও এয়াই সত্য।
ভাৰতবৰ্ষত দুৰ্গাপূজাৰ বাবে বিখ্যাত ঠাই হ'ল পশ্চিম বংগ। আজিৰে পৰা প্ৰায় দুশ বছৰ পূৰ্বলৈ দুৰ্গাপূজা কেৱল ধনী ধনী জমিদাৰ সকলেহে পাতিছিল। কিন্তু তাৰ পিছৰ পৰা সৰ্বসাধাৰণ লোক সকলেও দুৰ্গাপূজা পালন কৰা হ'ল। 
বেশ্যালয়ৰ মাটি আৰু দুৰ্গাপূজাৰ প্ৰতিমা নিৰ্মাণক লৈ বহু পৌৰাণিক কাহিনী জড়িত হৈ আছে। কাহিনীমতে এগৰাকী বেশ্যা দুৰ্গাদেৱীৰ পৰম ভক্ত আছিল। মা দুৰ্গা তেওঁৰ পূজাত সন্তুষ্ট হৈ তেওঁৰ প্ৰতিমা প্ৰস্তুত কৰাৰ সময়ত বেশ্যালয়ৰ চোতালৰ মাটি লাগিব বুলি উল্লেখ কৰিছিল। এই ঠাইৰ মাটি অবিহনে দেৱী প্ৰতিমা আধৰুৱা বুলি গণ্য কৰা হয়। পশ্চিম বংগৰ বিখ্যাত ৰেড লাইট এৰিয়া সোণাগাচীৰ বেশ্যালয়ৰ মাটিৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা হয়। দুৰ্গাপ্ৰতিমা বনাবলৈ মূলত গংগাঘাটৰ মাটি, গোমূত্ৰ, গোবৰ আৰু বেশ্যালয়ৰ মাটি দৰকাৰী হয়। প্ৰাচীন কালত মন্দিৰৰ পুৰোহিতে বেশ্যালয়ৰ মাটি খুজি আনিছিল, আজিকালি খনিকৰসকলৰ প্ৰতিমা বনাবলৈ বেশ্যালয়ৰ মাটি খুজি আনে।  
          পুৰাণৰ কাহিনীমতে বেশ্যাসকল দেৱতাসকলতকৈও পৱিত্ৰ। দুর্গা দেৱীক নটা ৰূপত পূজন কৰা হয়। মহালয়াৰ দিনৰ পৰা বিজয়াদশমীলৈকে দেৱী আৰাধনা কৰা হয়। দেৱীৰ নটা ৰূপ হৈছে নৃত্যশিল্পী, কপালিনী, ধোপানী, নপিতানি, ব্রাহ্মণী, শূদ্রাণী, গোৱালিনী, মালিনী আৰু পতিতা। দেৱীৰ নৱম ৰূপটো বেশ্যাৰ প্ৰতিনিধি। অষ্টকন্যা পূজাৰ পিছত দেৱীৰ এই নৱম ৰূপটোক পূজা কৰা হয়। 
          এই প্ৰবাদৰ লগত আন  এক কাহিনী আছে। বিশ্বমিত্র ঋষিয়ে জ্ঞান লাভৰ আশাত কঠোৰ তপস্যা কৰিছিল। দেৱৰাজ ইন্দ্ৰই এই কথাত ভয় খাই সৰগৰ অপেশ্বৰী মেনকাক ঋষিৰ ধ্যান ভংগ কৰিবলৈ পঠিয়াই দিলে। মেনকাৰ দৰে অপ্সৰাই সেই কাম সূচাৰু ৰূপে সম্পাদন কৰিলে। ইয়াৰ পিছৰ পৰা  অপ্সৰাসকলে এই পূজাৰ ভাগ পায়। কোৱা হয় এইবাবে দুৰ্গাপূজাত পতিতালয়ৰ চোতালৰ মাটিৰ যথেষ্ট মহত্ব আছে।

অঙ্গন: পৃষ্ঠাঃ 7
 
শৰৎ তোমাক জনাওঁ স্বাগতম

পবিত্ৰ গায়ন 

"শৰৎ কালৰ ৰাতি অতি বিতোপন । 
ৰাসক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মন ।।" 
       সঁচাকৈ মহাপুৰুষ শংকৰদেৱে কীৰ্তনত কোৱাৰ দৰে শৰৎ ঋতু অতি বিতোপন । অসমীয়া ছয় ঋতুৰ ভিতৰত এই শৰৎ ঋতুকেই ঋতুৰ ৰাণী বুলি কোৱা হয় । গ্ৰীষ্মৰ প্ৰখৰতা সাম কতাৰ লগে লগে প্ৰকৃতিৰ বুকুলৈ নামি আহে শৰৎ । উৎসৱ মুখৰ হৈ পৰে পৃথিৱী । ৰজনী পূৱাৰ কুঁৱলীয়ে  আদৰি আনে শৰৎক । শেৱালী ফুলৰ দলিচাতে যেন জুৰণি লই শৰতে । নিশাৰ স্নিগ্ধ চন্দ্ৰমাৰ ৰূপোৱালী জ্যোতি হৈ পৃথিৱীক জ্যোতিষ্মান কৰি তোলে । আৰম্ভ হয় নানা উৎসৱ । এই শৰততে শ্ৰী ৰাম চন্দ্ৰই লংকাৰ ৰজা ৰাৱণক নিধন কৰিবলৈ ব্ৰহ্মাৰ হতুৱাই দুৰ্গাদেৱী বোধন কৰাই পূজা কৰিছিল বুলি প্ৰবাদ আছে । আন এটি প্ৰবাদ মতে এই শৰত কালতে শ্ৰী ৰাম চন্দ্ৰই লংকা জয় কৰি সীতাক উদ্ধাৰ কৰাৰ পাছত অয্যোধ্যাত প্ৰৱেশ কৰেহি আৰু তাৰ আনন্দতে আয্যোধ্যাত ধূপ- দীপ জ্বলাই আনন্দ উৎসৱ কৰা হৈছিল । তাৰ পৰাই দ্বীপাৱলী বা দীপান্বিতা উৎসৱ আৰম্ভ হয় । 
এই শৰততে দ্বাপৰ যুগত পূৰ্ণিমা জোনাকী ৰাতি যমুনাৰ পাৰত শ্ৰীকৃষ্ণ অনিৰ্বচনীয় মূৰুলী ধ্বনিত আত্মহাৰা হৈ ভক্তবৃদ্ধ পৰমাত্মাৰ লগত বিলিন হ'বলৈ কামনা কৰি ভগৱানৰ চৰণত নৈবদ্য আগবঢ়াইছিল । কৃষ্ণৰ প্ৰেমত আকুল গোপীসকলক সন্তুষ্ট কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই শৰতৰ পূৰ্ণিমা ৰাতিতেই ৰাসক্ৰীয়া কৰিছিল । 
উৎসৱৰ ক্ষেত্ৰত যেনেকৈ শৰতক ৰাণী বুলিব পাৰি ঠিক তেনেদৰে ই অসমীয়া জাতিৰ বাবে পৱিত্ৰ তথা স্বপ্ন ৰচনাৰ ঋতু বুলিব পাৰি । শৰত কালৰ ভাদ মাহেতই শ্ৰীমন্ত শংকৰ দেৱৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ , শ্ৰীমাধৱদেৱৰ তিৰোভাৱ ঘটিছিল । তদুপৰি শিখসকলৰ ধৰ্মগুৰু নানকৰো জন্ম এই শৰৎ কালতেই হৈছিল । শৰত কালত প্ৰকৃতিৰ বুকুখন শস্যৰে উপছি পৰে লখিমীয়ে সেউজীয়া পথাৰত থিত লৈ পৃথিৱীক বিনন্দীয়া কৰি তোলে । এই শৰততে পথাৰৰ লখিমীক পূৰ্ব আদৰণী আৰু মঙ্গল কামনাৰে তুলসী তলত আৰু পথাৰত বন্তী প্ৰজ্বলন কৰি কাতি বিহু উৰ্দযাপন কৰে                                  । শৰৎকালৰ আগমনৰ লগে লগে জাৰ-জহ দুয়োটা সমভাবাপন্ন হয় । দিন ৰাতিও প্ৰায় সমান হয় । চৌদিশে সুনিৰ্মল পৰিৱেশৰ সুচনা কৰে । ৰোগ ব্যাধি আদিও কমি যায় । মানুহৰ মনবোৰো অনাবিল আনন্দৰে ভৰাই তোলে । সেয়ে শৰৎক কেৱল ঋতুয়েই নহয় মানুহৰ জীৱনৰ স্বপ্ন ৰচনা সোণালী সময় তথা এটি অনুমপ ঋতু বুলি আখ্যা দিব পাৰি ।।

ঠিকনাঃ
 মাজুলী

অঙ্গন: পৃষ্ঠাঃ 8
 শৰৎঃ এটি মিঠা কবিতা

দুৰ্গেশ্বৰ শইকীয়া

      " শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন..."(ভূপেন দা) 
   
     ভূপেনদাই গীতেৰে কোৱাৰ দৰেই সঁচাই শৰৎ অনন্য, শৰৎ এক মিঠা শিহৰণ। কাৰোবাৰ বাবে শৰৎ যদি শৰৎ কোঁৱৰ, কাৰোবাৰ বাবে শাৰদী ৰাণী। কাৰোবাৰ অনুভূতিত বগা ডাৱৰৰ পাগুৰি মাৰি, নিয়ৰ মলচা দূবৰি গচকি যদি শৰৎ নামিছে, কাৰোবাৰ অনুভূতিত আকৌ চঞ্চলা চপলা শাৰদী জনীয়ে বালিমাহী আৰু শুভ্ৰ কঁহুৱা ফুলৰ নৃত্যৰ ছন্দে ছন্দে লয়লাস ভংগীমাৰে ধৰাৰ বুকুত খোজ পেলাইছে। কি যে বিচিত্ৰ ৰূপ, বিচিত্ৰ কল্পনা ভিন্ন জনৰ শৰতক লৈ। 

    আকৌ - " আমোলমোল শেৱালিৰ গোন্ধ 
যাওঁ বুলি যাবই নোখোজে চোন...." (হীৰুদা) 
কাৰোবাৰ বাবে শৰৎ এক নুবুজা সাঁথৰ। 
" বজালে আহিনে বাঁহীনে বীণ 
সুৰত পালানে চিন....." (গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা) 
সঁচাই শৰৎ মধুৰ, শৰৎ অনুভূতিৰ এক ভূমিকম্প। উৎসৱৰো মেটমৰা সম্ভাৰ লৈ আহে শৰতে। গ্ৰীস্মৰ দেহা পোৰা উত্তাপ, বৰষাৰ ভয়ংকৰ মূৰ্তি, বিজুলী, বজ্ৰপাতৰ বিভীষিকা দূৰলৈ ঠেলি শান্ত সমাহিত মৃদু সমীৰণৰ বোকোচাত উঠি, গা জুৰাই শৰৎ নামে ধৰালৈ। 

    যান্ত্ৰিক যুগৰ একঘেয়ামীয়ে মানুহক যন্ত্ৰলৈ ৰূপান্তৰ কৰিলেও সাময়িক ভাৱে হ'লেও মানৱ মনক যান্ত্ৰিকতাৰ পৰা মুক্ত কৰি শৰতে দিয়ে মানৱীয় অনুভৱ। দানৱীয়তাৰ ওচৰত হাৰ মানিও মানৱ মনে এই শৰততে অৱগাহন কৰে পূত সলিলত। পণ লয় দানৱক নিপাত কৰাৰ। যমুনাৰ ৰূপালী বালিত, জ্যোৎস্নাবিঢৌত ৰজনীত কৃষ্ণৰ প্ৰাণ মতলীয়া কৰা বাঁহীৰ সুৰে উন্মনা মনত তোলে প্ৰেমৰ জোঁৱাৰ। আধ্যাত্মিক চেতনাই ঢৌ তোলে হিয়াই হিয়াই।
মহাপুৰুষ গুৰুজনাই অনুবাদ কৰা ভাগৱতৰ দশম স্কন্ধতো শৰতৰ অপৰূপ নৈসৰ্গিক শোভাৰ মনোৰম চিত্ৰণে মন পুলকিত কৰি তোলে।
" শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।"
আকৌ -
" ভৈলন্ত উদিত চন্দ্ৰ পুৰ্বদিশ হন্তে
কামাতুৰ স্ত্ৰীৰ যেন সন্তাপ মাৰ্জন্তে।"
অপ্ৰমাদী কবি মাধৱ কন্দলীৰ ৰচনাতো শৰতৰ মোহময় বৰ্ণনা পোৱা যায় - যি বৰ্ণনাই প্ৰতিজন কাব্যপ্ৰেমী আৰু অনুভূতিপ্ৰৱণ মানুহৰ মনত দোলা দি যায়। এক কথাত শৰতৰ বৰ্ণনা যেন কৈ বা লিখি শেষ কৰিব নোৱাৰি। 
    সেয়ে, শৰত যুগে যুগে, প্ৰাণে প্ৰাণে ধ্বনিত হৈ থকা এটি মিঠা মিঠা লগা কবিতা। 

অঙ্গন: পৃষ্ঠাঃ 9
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ

খণ্ড ১৩

       ভৰিখন বিষাইছে যদিও পৰাগৰ মৰম আন্তৰিকতাবোৰে যেন ভৰিৰ বিষ লঘু কৰি তুলিছে । ধৈৰ্য্য ধৰি আকৌ লাহে লাহে পাহাৰৰ ওপৰলৈ উঠিলোঁ । ওপৰত সিহঁতবোৰে আমালৈ ৰৈ আছে । পৰাগে সিহঁতক চিঞৰি ক'লে"--- তহঁত আগুৱাই ব'ল আমি গৈ আছোঁ । মই ৰীমাহঁতক হাতেৰে ৰৈ দিবলৈ ইংগিত দিলোঁ । কাৰণ ভৰিখনৰ বিষলৈ চাই কাৰোবাৰ হাতত ধৰিব লগা হ'ব পাৰে সেয়ে সিহঁতক ৰ'বলৈ ক'লোঁ । এবাৰ পৰি যি হ'ল এইবাৰ আৰু পৰাগৰ গাত ধৰিব নোৱাৰোঁ দেই । ভগৱান সাহস দিয়া যাতে ভালদৰে নিজেই খোজ দি আগুৱাব পাৰোঁ বুলি মনতে ভাবি ওপৰলৈ গৈ আছোঁ । পৰাগে মোক এবাৰ সকীয়নি দিলে"--- চাবা ভালকৈ । ছাৰ-বাইদেউহঁত আৰু বাকী লগৰবোৰ পাহাৰৰ আধাতকৈ বেছি ওপৰ পালেগৈ । আমি আৰু পৰাগহঁতৰ সৈতে বহু তলত আছোঁ । যিমানে ওপৰলৈ উঠিছোঁ ভৰিখনৰ বিষ বেছি হৈ আহিছে । তথাপিও সিহঁতৰ আগত লাজৰ পৰা হাত সাৰিবলৈ দাঁত -মুখ কামুৰি গৈ ৰীমাহঁতৰ ওচৰ পালোঁগে । এতিয়াও ছাৰহঁতক লগ পাবলৈ আধাঘণ্টাতকৈ বেছি সময় লাগিব । মই নোৱাৰিম যেন অনুভৱ হৈছে । কিন্তু ইয়াততো ৰৈ থাকিব নোৱাৰোঁ হেলনীয়া হৈ । সমতল ঠাই পাবলৈ বহুত বাকী । সমতল ঠাই পালেও এই জংঘলৰ মাজত তাত অকলে ৰৈ থকাটোও সম্ভৱ নহয় । সিহঁতেও মোক এৰি যাব নোৱাৰোঁ । ছেঃ আজি মোক  কিহে পাইছিল আহিবলৈ । নহা হ'লেই ভাল আছিল । এইবোৰ চিন্তা কৰি আৰু অলপ ওপৰলৈ উঠিলোঁ । পৰাগ মোৰ পাছত । মোক এৰি আগবাঢ়ি যাব পাৰে যদিও যোৱা নাই  । সমীৰ ,চন্দন , সৌৰভ,  অংকুৰহঁতে পৰাগক কৈছে "--- পৰাগ জংঘলেই মংগল " ! নে কি কৱ ! ভাল আজি চিনেমাৰ চুটি দৃশ্য এটি চুটিং হোৱাৰ দৰে হ'ল দেই । ওপৰৰ পৰা চাই কিছু ভাল লাগিছিল  । সকলোৱে হয় হয় সঁচাকৈ বুলি হাঁহি হাঁহি বগাই গৈ আছে । পৰাগে ক'লে"---চিনেমা কাহিনী নে ৰিয়েল বাস্তৱ কাহিনী পাছত গম পাবি । এতিয়া ওপৰলৈ ব'ল । ছাৰহঁতে চাগৈ এইকেইটা ক'ত মৰিল গৈ বুলি ভাবিছে । অৱশেষত যেনেতেনে ওপৰ পালোঁগৈ । পাহাৰৰ ওপৰৰ পাই জংঘলৰ মাজেৰে লাহে লাহে খোজ দি আগবাঢ়িলোঁ । তাৰ মাজে মাজে গুঞ্জনে ফটো তুলি গ'ল । ছাৰহঁত আমাতকৈ বহুদূৰ আগবাঢ়িল । তেওঁলোকে কোন দিশে গ'ল আমি একো ধৰিব নোৱাৰিলোঁ । তথাপিও জংঘলৰ মাজে মাজে আমি গৈ থাকিলোঁ । খোজৰ ভৰত ভৰিখনৰ বিষ বেছি হৈ আহিছিল । ফলত লেঙেৰাই খোজ দিব লগা হোৱাত সকলোতকৈ পিছ পৰি গ'লোঁ ।
          মই ৰীমাক ক'লোঁ "--- তহঁত যা মই ইয়াতে থাকোঁ । ভৰিখনত দুখ পালোঁ বৰ বেছিকৈ বিষাইছে । মই আৰু যাব নোৱাৰোঁ । পানী বটলটো দেচোন পিয়াহ লাগিছে । তহঁত ঘূৰি অহালৈ মই ইয়াতে থাকোঁ । এইফালে তহঁত ঘূৰি আহিবি ।" 
      মোৰ কথা শুনি ৰীমাই  ক'লে"--- তই পাগলী হোৱা নাইতো । এই পাহাৰৰ ঘন জংঘলত কি কি ওলাব পাৰে তই নাজান নে ! কেনেকৈ বিচাৰি পাম তোক এৰি গ'লে ক'চোন । ইমান গভীৰ জংঘলত কোন ঠাইত তোক এৰি গ'লোঁ কেনেকৈ মনত থাকিব তইয়ে কচোন । অকল বনৰীয়া জীৱ-জন্তুৱে নে ইয়াত যে পাহাৰীয়া আদি , ডফলা , বড়ো আদি মানুহবোৰ ঘূৰি ফুৰে কোন বাপেৰে পাই মাসং নেফানেফ কৰিব গম নাপাবি । কোনে ক'লৈ লৈ যাব । ধেমালি পাইছ নে । এহ্‌ ! এনেকৈ কৈছে যেন তাইৰ বাপেকৰ চিনাকি বাৰীখনহে যেনিবা । 
         তাই কোৱা কথাখিনিও মিছা নহয় । 
       এ হ'ব থ' আৰু নালাগে ক'ব। কিমান বিষ হৈছে মইহে জানো । 
     তই যদি দুখ পাইছিলি ওপৰলৈ কিয় আহিলি তইচোন উভতি গৈ গাড়ীতে বহি থাকিব গৈ পাৰিলি হয় । 
     তেতিয়া অকণমান বিষ হৈছিল । ইমানকৈ দুখ পাইছোঁ বা বিষ হ'ব বুলি জনা হ'লে নাহিলোহঁতেন।
     ঠিক আছে মোৰ বাউসীত ধৰি ল আৰু বেছি নাই অকণমান গ'লেই নিজৰাটো পাম গৈ । 
    নিশাহঁত আৰু পৰাগহঁত আমাতকৈ অলপ আগবাঢ়িল । মই খোজ দিব নোৱাৰাৰ বাবে ৰীমাৰ বাউসীত ধৰি লাহে লাহে আগবাঢ়িলোঁ । অৱশেষত পাহাৰৰ পৰা বৈ অহা নিজৰাৰ আৰু সুৰংগৰ কাষ পালোঁগৈ । সকলোৱে ফটো তোলাত ব্যস্ত । কোনোবাই নিজৰা পানীৰ বৈ থকা দৃশ্যৰ লগত , কোনোবাই বৈ যোৱা বোঁৱতী সোঁতত , কোনোবাই ধুনীয়া ধুনীয়া সেউজীয়া পৰিবেশৰ লগত , কোনোবাই ডাঙৰ ডাঙৰ শিলবোৰত উঠি বহিলৈ নানা প'চ ধৰি ফটো তোলাত ব্যস্ত । পাহাৰৰ ওলমা দলংত পৰাগহঁতে ছাৰ-বাইদেউহঁতৰ লগত ফটো তোলাত ব্যস্ত । মাজে মাজে ছাৰ-বাইদেউহঁতে সকলোকে সাৱধান বাণী শুনাই থাকে । মই ভৰিৰ বিষত খোজ দিব নোৱাৰি নদীৰ ওখ গৰাত গছৰ ছাঁত বহি সকলোৰে ৰং , ধেমালি , হাঁহি-স্ফূৰ্তি চাই থাকিলোঁ । সঁচাকৈ প্ৰকৃতিৰ সৃষ্টি ইমান বিনন্দীয়া চাৰিওফালে অকল সেউজীয়া সেউজীয়া । কিমান গছ-বন , তৰু-তৃণ -লতাৰে ধৰণীখন মনোমোহাকৈ সজাই ৰাখিছে । তাতে গছে-বনে নানান পক্ষীৰ সুমধুৰ  মাত ।  মনতে সৃষ্টিকৰ্তাক এবাৰ ধন্যবাদ জনালোঁ। 
           মই এনেকৈ অকলে বহি থকা হঠাৎ অংকুৰে দেখি চিঞৰিলে ঐ ৰূপা কি কৰি আছা অকলে তাত বহিলৈ ! আহাঁ ফটো উঠোঁ । মই নাই মই নুঠোঁ ; তোমালোকে উঠাচোন । অংকুৰে মতা শুনি পৰাগৰ তেতিয়াহে চকু পৰিল মই বহি আছোঁ বুলি । সি ভাবিছিল মই নিশাহঁতৰ লগত নিজৰাত গৈ খেলি ফটো তুলি আছোঁ বুলি । দেখাৰ লগে লগে সি মোৰ কাষলৈ দৌৰি আহিল । 
      কি হ'ল তোমাৰ ? মোক বেয়া পাই আছা ন অথনি ঘটনাটোৰ বাবে ! কিন্তু মনত ৰাখিবা সঁচাই 
তোমাক মই ভালপাওঁ আৰু ভালপাই থাকিম । তোমাৰ উত্তৰৰ বাবে যিমানদিন ৰ'ব লাগে সিমান দিনেই অপেক্ষা কৰিম ।  এই পাহাৰ এই নিজৰাক সাক্ষী কৰি ক'লো"--- শুনা  I Love you Rupa ...Do you Love me ? 
         পৰাগৰ চিঞৰটো পাহাৰ আৰু নিজৰাত ঠেকা খাই বাৰে বাৰে প্ৰতিধবনি হৈ থাকিল --- I love you Rupa ...Do you love me ? I love you Rupa ...Do you love me ?
        প্ৰতিধবনি শুনি সকলোৱে হাঁহি হাঁহি আমাৰ ফালে চালে । মই ছাৰ-বাইদেউহঁতৰ আগত লাজত  মৰি যাওঁ যেন লাগিল । লাজতে দুই হাতে মুখ ঢাকি ধৰিলোঁ ।
        চন্দন , সৌৰভ , অংকুৰ , গুঞ্জনহঁত  দৌৰি আমাৰ কাষ পালেহি । ঐ কি সঁচাকৈ নেকি আমি সকলোৱে শুনা প্ৰতিধবনিটো । বাঃ বন্ধু বাঃ ।congratulations Parag and Rupa  চাওঁ চাওঁ আজি তহঁতৰ প্ৰ'পজ টাইমৰ আমি লকেলগে ফটো এখন লওঁ  । ঐ  পৰাগ ওচৰলৈ আহি দে । অ' অ' ৰেডি , ৰেডি , ৰেডি  আ' বঢ়িয়া । সিহঁত কেইটাৰ সৈতে কেইকপি মান ফটো গুঞ্জনে তুলিলে । গুঞ্জনে ক'লে"  মই বাদ পৰি গ'লোঁ বে ! এই সমীৰ তই আহ মোৰ সৈতে দুখনমান তুলি দে বুলি কেমেৰাটো সমীৰৰ হাতত তুলি দিলে । এফালে গুঞ্জন এফালে পৰাগ বাকীকেইটা পাছত ৰৈ ফটো তুলিলে । 
            সময় দুই বাজিল । আমাৰ উভতিবৰ সময় হ'ল ! মোৰ চিন্তা বাঢ়িল কেনেদৰে ইমান খোজ কাঢ়িম । ছাৰ-বাইদেউহঁত মোৰ কাষৰ পোৱাত তেখেতলোকৰ মুখলৈ মই চাব পৰা নাছিলোঁ । ছাৰ-বাইদেউহঁতে মোলৈ চাই হাঁহি হাঁহি  ক'লে"--- আজি ৰূপাৰে সৌভাগ্য । ইমান সুন্দৰ সেউজীয়া পৰিবেশত সকলোৰে আগত অপেন প্ৰ'প্ৰজ পাইছা তাকো পৰাগৰ দৰে ইমান ভাল ল'ৰাজনৰ পৰা । কিন্তু এনেকুৱা সুযোগ সকলোৰে ভাগ্যত নিমিলে । ইও এক আমাৰ সকলোৰে বাবে সোণালী স্মৃতি হৈ ৰ'ব  তোমালোকলৈ আমাৰ সকলোৰে তৰফৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল । "  সকলোৱে হাত চাপৰি বজালে । যেন এখন ৰাজহুৱা সভাত সভাপতিৰ ভাষণৰ সামৰণিত হাত চাপৰি বজাইছে । মাথোঁ পৰাগক কোৱা শুনিলোঁ Thank you so much  my respected sir and madam With All  my lovely friends.  
         মই কাৰো চকুলৈ চাব পৰা নাই আনকি পৰাগৰ মুখলৈ । এইবোৰ হোৱাৰ পাছত তাৰনো মুখৰ ৰং কেনে হৈছে ভাবৰ প্ৰতিক্ৰিয়া চাওঁ বুলিও চকু তুলি চাব নোৱাৰিলোঁ । কিবা এটা বুজাব নোৱাৰা আবেগত হিয়াখনি তোলপাৰ লাগিছিল ।

আগলৈ...

অঙ্গন: পৃষ্ঠাঃ10
অণুগল্পঃ
মাতৃৰ বেদনা

শ্ৰী ৰূপৰেখা ঠাকুৰ।

           উস্ মানুহবোৰ বাৰু সঁচাকৈ শিক্ষিত হৈছেনে। মালতী খুড়ীয়ে বিচনাতে শুই কথাবোৰ ভাবি আছে। আমাৰ দিনত শিক্ষা দীক্ষা বেছি নাথাকিলেও মাক দেউতাকক সকলোৱে শ্ৰদ্ধা কৰিছিল। বৃদ্ধ বয়সত অকলে এৰা নাছিল। এতিয়া ল'ৰা-ছোৱালী শিক্ষিত হৈ কাকো সময় দিব নোৱাৰা হ'ল। মাক দেউতাকবোৰ অকলশৰীয়া হ'ল। টিভিৰ বাতৰিবোৰে মালতী খুড়ীৰ মনত ভয়ৰ ভাব জগাই তুলিছে। আগৰ দৰে ওচৰ চুবুৰীয়াকো দেখিবলৈ নাইকিয়া হ'ল। তিনিদিন জ্বৰৰ বাবে বিচনাতে শুই আছে পানী এটুপি দিবলৈ কোনো নাই। তিনি পুত্ৰক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে।তিনিজনেই বাহিৰত থাকে। আজি মালতী খুড়ীৰ কথা ভাবিবলৈ এজন পুত্ৰৰো সময় নাই। আজিৰ সমাজত শিক্ষিত মানে কি মালতী খুড়ীয়ে বুজি নাপালে। মালতী খুড়ীৰ দৰে মাতৃৰ বেদনা বুজিবনে তথাকথিত শিক্ষিত সমাজে !
       
         দেৰগাঁও।

অঙ্গন: পৃষ্ঠাঃ11
অন্য এক মহিষাসুৰমৰ্দিনী

মীনাক্ষী ৰায় ডাকুৱা,
                                 
         "একাদশী"ৰ ভাসানী মেলা । গোলকগঞ্জত গঙ্গাধৰ নদীৰ পাৰ লোকে লোকাৰণ্য । মেলা পৰিচালনা কমিটীৰ এজন সদস্য হিচাবে ময়ো অস্থায়ী শিবিৰত বহি, কেতিয়াবা ইফালে-সিফালে ঘূৰি পৰিচালনাত স্থানীয় দণ্ডাধীশ শ্ৰীমতী দীপশিখা মহন্তক সহায় কৰি আছোঁ । এখনৰ পিছত আন এখনকৈ সুচাৰুৰূপে আৰু সুশৃংখলাৱদ্ধভাৱে প্ৰতিমা বিসৰ্জন হৈ আছে । এইদৰে আঠচল্লিছখন প্ৰতিমা বিসৰ্জন হৈ গ'ল । সৰ্বশেষত ঊণপঞ্চাছ নং প্ৰতিমা বিসৰ্জনৰ সময়ত কেইটামান উদণ্ড ল'ৰাই আসক্ত অৱস্থাত বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ কৰিলে । শ্ৰীমতী মহন্ত‌ই তেওঁলোকক শান্ত কৰাৰ বাবে চেষ্টা কৰিলে যদিও পৰিস্থিতি স্বাভাৱিক হোৱাৰ সলনি তেওঁলোকৰ উদ্ভণ্ডালি সীমা চেৰাই গ'ল । তেতিয়া ৰণৰঙ্গিনীৰূপেৰে কঠোৰ হাতেৰে শান্তি আৰু আইন-শৃংখলা ৰক্ষাৰ বাবে প্ৰথমে আৰক্ষীক আৰু পিছত অৰ্দ্ধ-সামৰিক বাহিনীক লাঠি চাৰ্জ কৰিবলৈ আদেশ দিলে । লাঠি চাৰ্জৰ ফলত সিহঁত লেবেজান হৈ পৰিল । প্ৰতিমা বিসৰ্জনৰ ওৰ পৰাত ম‌ই ঘৰলৈ যাবলৈ বুলি শ্ৰীমতী মহন্তক মাত লগালোঁ । কিন্তু ই কি ! বিজুলী চাকিৰ পোহৰত ম‌ই স্পষ্টকৈ দেখিলোঁ শ্ৰীমতী মহন্তৰ ক্ৰোধান্বিত মুখ আৰু দুচকুৰ কোণত মুকুতাৰ দৰে টলমল কৰিছে অশ্ৰুবিন্দু । মোৰ মনত ভাৱ হ'ল—মহাদেৱী দুৰ্গা যেন সন্তানৰ অধৰ্মীয়-কুকৰ্মৰ বাবে এফালে কঠোৰ শাস্তি দিছে, আনফালে আকৌ মাতৃস্নেহত বিগলিত হৈ সন্তানৰ বাবে কৰুণাধাৰা বোৱাই দিছে । অন্য এক মহিষাসুৰমৰ্দিনীক দৰ্শন কৰি মোৰ অন্তৰ শ্ৰদ্ধাত ভৰি গ'ল ।

ঠিকনাঃ
গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫

অঙ্গন: পৃষ্ঠাঃ 12
সঞ্জীৱনী 

ৰীতামণি বায়ন 

বাইদেউ, উঠচোন সোনকালে। কি হ'ল ? এই মাজৰাতি তই মোক চুলিত ধৰি উঠাবলৈ আহিছ !  হুলস্থুল নকৰিবি। এইমাত্ৰ কামটো কৰিছে। মানে! আগতে তই কটাৰিখন আৰু চকী এখন লৈ বাহিৰলৈ আহ। চোৰ আহিছে নেকি ? দেউতাক জগাই দি আকৌ। মই যাব নোৱাৰো। দেউতাক টোপনিৰ পৰা উঠাই দিবলৈকে তোক উঠাইছোঁ। মই অকলে নোৱাৰিম অ'।

         বৰপেটা

অঙ্গন: পৃষ্ঠাঃ 13
অবাস্তৱ

মনিকা দেৱী
 
 "বৰ ভোক লাগিছে অ'বোৱাৰী, ভাতকেইটামান দেচোন।"
  খপজপাই উঠিলোঁ, দুপৰীয়া ভাতঘুমতি অকন মাৰিছিলোহে.....!
"আপুনি ভাল পোৱা আটাইবোৰ ব্যঞ্জণেই ৰান্ধিছোঁ মা, তৃপ্তিৰে খাব।" ঠাইকণ মোহাৰি ভাতসাজ আগবঢ়াই দিলোঁ। পিছলৈ নোচোৱাকৈ বাৰীৰ চুকৰ নিৰ্দিষ্ট ঠাইকণৰ পৰা আঁতৰি আহিলো।

মৰিগাঁও
7002966163

অঙ্গন:  পৃষ্ঠাঃ 14
এক মিনিটৰ গল্পঃ

দুৰ্গা

ঝৰ্ণালী শৰ্মা বৰকটকী

জীৱনৰ প্ৰতিটো দিনেই সংগ্ৰাম কৰি পাৰ কৰা মানুহজনীয়ে হ'ল দুৰ্গা। দুৰ্গাৰ দুচকুত এতিয়া আনবৰতে বৰষি থাকে একুৰা জ্বলন্ত জুই। এই জুইকুৰা তাই মহিষাসুৰটোক দমন কৰিব পাৰিলেহে হয়তো...। 
           আজি নৱমী পুৱাৰে পৰা দুৰ্গা ব্যস্ত। বগা কাপোৰ যোৰ সলাই আজি ৰঙা কাপোৰ এযোৰ পিন্ধি তাই ওলাই আহিছে। পাৰিলে আজিয়েই তাই শেষ সিদ্ধান্ত এটা ল'ব "ঐ দুৰ্গা আজি দেখোন সূৰ্য পশ্চিম ফালে ওলাল, আহিবিনেকি ? আমি আছোঁ নহয় পিছে তোৰ মনত আছে চাগে জীয়েৰাৰ কথা  মোৰ কথা নুশুনা বাবে কি হ'ল...!"

মানুহজনৰ কথা শুনি তাইৰ চকুকেইটা জ্বলি উঠিল। আজি যদি এই শেনটোক তাই শেষ কৰিব নোৱাৰে ,তাইৰ জীয়েকৰ আত্মাই শান্তি নেপাব। তাই হাতত থকা মেচি দাখন এবাৰ ভালকৈ চাই ল'লে। এখোজ দুখোজকৈ তাই মানুহজনৰ ওচৰলৈ আগুৱাই গ'ল। কাষৰ পূজাঘৰত তেতিয়াও বলিবিধান চলি আছে। কুকুৰা, ছাগলী বলি দিয়া শব্দৰ লগতে উৰুলি ঘন্টা ধ্বনিয়ে গোটেই পৰিবেশটো মুখৰিত হৈ পৰিছে।
দুৰ্গা লাহে লাহে মানুহজনৰ ওচৰৰ পৰা আঁতৰি আহি হাতত থকা তেজেৰে ৰাঙলী হোৱা মেচি দাখন পানী ডোঙাটোলৈ দলিয়াই দি  ঘৰমুৱা হ'ল। তেনেতে পূজা থলীৰ পৰাই ভাহি আহিল 
" যা দেবী শক্তি ৰূপেন সংস্থিতা 
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ"
হয়তো অলপ পিছতে ব্ৰেকিং নিউজ এটা টেলিভিছনৰ পৰ্দাত ভাঁহি আহিব স্বনামধন্য সমাজ সেৱক, ৰাজনীতিবিদ, শ্ৰী দামোদৰ চলিহাক দিনদুপৰতে কোনোবা দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰিলে।

ঠিকনাঃ
তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ
ফ'ন নং - ৯১০১৮৬০৩৫৯.

অঙ্গন:  পৃষ্ঠাঃ 15

আন্দোলন

বিষাদ ৰঞ্জন বৰবৰা

 : কথাটো তোমালোকে যিমান সহজ ভাৱে লৈছা, প্ৰকৃততে কিন্তু ইমান সহজ নহয়। চিত্ৰহঁতৰ কথাৰ মাজত চিত্ৰৰ দেউতাক মি. ৰাজখোৱাই মাত লগালে।
             সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য কৰি চিত্ৰ আৰু আন ছাত্ৰ নেতা সকলে গণ আন্দোলনৰে সমস্যা সামাধানৰ কথা পাতি থকাৰ মাজতে একালৰ অসম আন্দোলনৰ সক্ৰিয় সদস্য অৱসৰ প্ৰাপ্ত শিক্ষক মি. ৰাজখোৱাৰ হস্তক্ষেপ।
: নিজৰ অধিকাৰৰ বাবে বহু সময়ত আন্দোলন বা তেনে কাৰ্য কৰিব লাগে আৰু আমি কৰি আহিছো। কিন্তু তোমালোকে এটা কথা মন কৰিছানে ? এই আন্দোলন আৰু বন্ধবোৰৰ পৰা বাৰু আমাৰ কিবা লাভ হৈছেনে ? অসম আন্দোলনত আমি আঠশ তিৰাশীজন বীৰ পুৰুষক হেৰুৱালো। এতিয়া আকৌ সেই প্ৰন্থা ল'লে আকৌ যে সিমান জন সহোদৰক নেহেৰুৱাম তাৰ কিবা মানে আছেনে ? আচল কথাটো হ'ল আমি কিয় বাৰে বাৰে ভাষাৰ সংকট, অস্তিত্বৰ সংকটৰ দৰে সমস্যা সমূহৰ মুখামুখী হওঁ। তাৰ স্থায়ী সমিধান নাই নে ? প্ৰকৃত কথা কিন্তু এইটোহে বোপাহঁত। আজি আন্দোলন কৰি তোমালোকে এটা সমস্যাৰ সামাধান কৰিবা কালিলৈ কিন্তু অন্য এটাই মূৰ দাঙি উঠিব। গতিকে আমি এই সমস্যা সমূহৰ স্থায়ী সামাধান হে বিচাৰিব লাগে।
: কিন্তু কেনেকৈ দেউতা ? কথাৰ মাজতে চিত্ৰই মাত লগালে।
: অঁ বৰ্তা কেনেকৈ ? আজিলৈকে তাৰেই পথ বিচাৰি আছো কিন্তু ......
: এই কিন্তুটোৱে ডাঙৰ কথা ৰঞ্জন। ৰঞ্জনৰ কথা শেষ নহওঁতেই ৰাজখোৱাই মাত লগালে। "তোমালোকে মন কৰিছানে আমি বগা ভাত দি কাউৰীক নিমন্ত্ৰণ কৰোঁ। গতিকে বগা ভাত দেখিলে কাউৰী আহিবই। এতিয়া কাউৰী নহাটো কৰিবলে হ'লে ভাত দিব নেলাগিব।"
: তেন্তে আমাৰ কাম কি ? প্ৰশ্নটো কৰি সকলোৱে ৰাজখোৱাৰ মুখলে চালে
: কাম .. কাম তেনেই সহজ। আমি স্বনিৰ্ভশীল হ'ব লাগিব। এই বন্ধ-চন্ধবোৰ ত্যাগ কৰি আমি কৰ্মমুখী হ'ব লাগিব। তোমালোকে দেখিছা দুখীয়া নিচলাবোৰক সকলোৱে হেচা মাৰি ধৰে কিন্তু সমৃদ্ধিশালী লোকক তেনে হেচা প্ৰয়োগ কৰা দেখিছানে ? কথাটো তাতেই, আমি এই আন্দোলন বা বন্ধ সংস্কৃতিৰ পিছত দৌৰি ফুৰোঁতে আমাৰ ভিতৰ চৰা একেবাৰে দুৰ্বল হৈ পৰিছে আমি আৰ্থিক ভাৱে তেনেই দুৰ্বল। গতিকে আমাৰ সমস্যা অনেক। সেই বাবে মই কওঁ তোমালোকে নিজেও স্বাৱলম্বী হোৱা আৰু সৰ্বসাধাৰণ জনতাকো এই কথা বুজাই দিয়া যে আমি পণ কৰোঁ যি কাম কৰিম আমি নিজেই কৰিম আনৰ সহায়ত নহয়। ভাৰত স্বাধীন আন্দোলনৰ খাদী বস্ত্ৰ প্ৰয়োগ, লোণ অমান্য আন্দোলন আদিয়ে জানো তাকেই শিকোৱা নাই। মনত ৰাখিবা খাবলে নেপালে ঘৰৰ কুকুৰেও ঘৰ এৰে। তেন্তে এই কাউৰীবোৰ সাধাৰণ কথা।
            মি. ৰাজখোৱাৰ কথা একান্তমনে শুনি থকা নিলয়ে মাত লগালে " বৰ্তা এই পথত আপুনি আমাক সহায় কৰিবনে ?" 
: অঁ কিয় নকৰিম । ক' মই কি কৰিব লাগে ?
:আপোনাৰ নৈ কাষৰ মাটিখিনি আমাক দিয়ক ।আমি তাত কুঁহিয়াৰ খেতি কৰি গুৰ উপাদনেৰে প্ৰথম পদক্ষেপ লওঁ। কিয়নো উপদেশত কৈ আৰ্হি ভাল।
                কথাষাৰ কোঠাটোত প্ৰতিধ্বনিত হৈ উঠিল। মি. ৰাজখোৱাই ভূপেন মামাৰ "আমি অসমীয়া নহওঁ দুখীয়া বুলি" গীতটো জোৰেৰে বজায় দিলে।

যোৰহাট

অঙ্গন:  পৃষ্ঠাঃ 16
অনুবাদ কবিতাঃ

দুই দুৰ্গাৰ কাহিনী
(মূল বাংলা: ৰক্তিম সাহা
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী )

এগৰাকী দুৰ্গা ধৰালৈ আহি কৰিব অসুৰ নাশ
আনগৰাকী দুৰ্গাৰ গোটেই জীৱন বন্ধ ঘৰত বাস
এগৰাকী দুৰ্গাই মণ্ডপে মণ্ডপে আনন্দ উল্লাস আনে
আনগৰাকী দুৰ্গাৰ দুখ দেখিও সকলো নীৰৱে থাকে
এগৰাকী দুৰ্গাৰ মহিমা অপাৰ মহিষ মৰ্দিনী ৰূপে
আনগৰাগী দুৰ্গাৰ অনেক বাধা এখোজ দিয়াৰ আগে
এগৰাকী দুৰ্গাৰ অস্ত্ৰ হাতে হাতে নাম হয় দশভূজা
অনগৰাকীৰো দহোটা হাত কিন্তু সকলো হাতেই বন্ধা 
এগৰাকী দুৰ্গাই ধৰালৈ আনে মাতৃস্নেহৰ জোৱাৰ
আনগৰাকী দুৰ্গা অনায়াসে হয় ভ্ৰুণ হত্যাৰ চিকাৰ
এগৰাকী দুৰ্গা হাতী ঘোঁৰা অথবা নাৱত বহি আহে
আনগৰাকী দুৰ্গাক এচিড ঢালি পোৰে অসুৰৰ জাকে
এগৰাকী দুৰ্গা ধৰালৈ নামিলে মন উলাহত নাচে
আনগৰাকী দুৰ্গাৰ যন্ত্ৰণা দেখিলে বুকুৰ কঁপনি উঠে
এগৰাকী দুৰ্গাক সমস্ত মানুহে পূজা অৰ্চনা কৰে
আনগৰাকী দুৰ্গাক ধৰ্ষণ কৰি হাঁহে অসুৰৰ দলে
এগৰাকী দুৰ্গা যাৰ পূজাত মন প্ৰাণ নাচি উঠে
আনগৰাকীয়ে সকলোৰে পৰা অৱহেলা পাই কান্দে
আৰু নহ’ব এনে ঘোৰ অন্যায় মা দুৰ্গাৰ প্ৰতি
নতুন ৰূপেৰে জাগা হে মা বিলোৱা নতুন জ্যোতি
অনেক হ’ল মাতৃ বোধন অনেক কুমাৰীৰ পূজা
সকলোৰে ঘৰত নতুন ৰূপত জাগা হে দশভূজা,
জাগা হে দশভূজা।

অঙ্গন:  পৃষ্ঠাঃ 17
কবিতাঃ
জীৱনৰ সেউজীয়াবোৰ 

ৰণ্‌জিত গগৈ 
 
ডালিমনাই শুহি থকা গছৰ দৰেই
জীৱনটোৰ সেউজীয়াবোৰ যেন
ক’ৰবালৈ গুচি গৈছে
কমোৱা তুলা উৰাদি উৰি উৰি 

ভালপোৱাৰে লিৰিকি বিদাৰি
তেওঁৰ হাতখন চুই চোৱাৰ পাছৰে পৰাই
পিঠিলৈকে হাউলি পৰা আকাশখন

এতিয়া আৰু সেই আকাশ হৈ থকা নাই
যি বোজাৰ ভৰত হেৰোৱাই পেলাইছিলোঁ 
এদিন দিক্‌বিদিক

সেই মৰুময় পৃথিৱীৰ পৰা
এদিন অকলে উভতি আহোঁতে
ছাঁ এটা হৈ কোনেই বা লাগি আছিল
মোৰ সোঁৱে কি বাঁওৱে
সকিয়াই উকিয়াই

চকা-চমকাকে গধূলি গাঁৱৰ বাটত
তোমাক দেখোঁ কি নেদেখোঁতেই
তামোল গছৰ আগৰ পৰা চুচৰি
ছেলছেলনি খাই পৰা গাৰ ছালখনৰ 
চেক্‌চেকনিৰ দৰেই
মনটো কিবা চেক্‌চেকাই আছে
বহুদিনৰ পৰা দুখে- ভাগৰে

উশাহ এটা ল’বলৈ খুজি ভাবিছোঁ
দীঘল দীঘল হৈ আহিছে নে চুটি চুটি

চিকুণাই চকলিয়াই চোতালখনতে
চেনেহৰ বীজ এহালিচা সিঁচৰতি কৰি দিব লাগিব
শৈশৱৰ দিনবোৰৰ দৰে

আহে যদি আহকচোন
উফাল-জোফাল খাই গুচি যোৱা 
দিনবোৰ ঘৰলৈকে ঘূৰি, 
ডিঙিৰ টিলিঙাৰে গোহালিলৈ উভতি অহা 
গৰুৰজাকটোৰ পিঠিত উঠা হেঙুলীয়া বেলিটো

কিমান দিনযে একেলগে দেখা নাই

বহুবোৰ কথাই ভাবিলে
ভাল লাগি যায় মনটো
হেঁপাহৰ ৰহ্‌ঘৰাটো যেন চপ্‌চপিয়া হৈ পৰে

অঙ্গন: পৃষ্ঠাঃ18
তৰ্জনী তুলিকা

ৰাজেন অসমীয়া

 মৰি যাওঁ মৰি যাওঁ যেন লাগে মনত পৰিলে আজিও 
অশৰীৰী অনুভৱক শৰীৰী শব্দৰে ৰূপ দিয়া তোমাৰ সেই প্ৰথম প্ৰণয় -পত্ৰ,
মোৰ বামহস্ত তলুৱাত তোমৰ সোঁ হস্ত তৰ্জনী তুলিকাৰ বোল,
গোৰোহা কম্পাছেৰে বালিৰ বহীত অঁকা ফুল,
সদ্যস্নাতা ইউকেলিপ্তাছ তন্বী তৰুণীৰ লৱণু কোমল ছাল ফুটাই অঁকা প্ৰেমৰ আঁহতপতীয়া  সাংকেতিক চিহ্ন , 
তৰুণী দুচকুৰ বিজুলী ৰেঙণি... 
উস! কিযে নিৰ্ঘাত নিৰ্মম মাৰণাস্ত্ৰ
অনুভূত হৈছিল
সেয়ে চাগে’ আছিল মোলে’ তোমাৰ
সস্নেহ প্ৰেমৰ পাৰপত্ৰ ৷
কোনে জানো এদিন এঠা সনা কথাৰে কৈছিল
“ কামলৈ ওলাই যাওঁতে
দুৱাৰ ডলীত পৰা তোমাৰ খোজৰ তলৰ এচিকুট ধুলি শিৰত সানি
দিনান্তত তুমি ঘুৰি অহালৈ
এবুকু আশা লৈ থাকিম ৰৈ“ বুলি
যেন কোনো এক অপ্ৰকাশিত উপন্যাসৰ অপঠিত প্ৰেমৰ এটি পৃষ্ঠা, এটি পঞ্চম সুৰী গীতৰ অন্তৰা................ 

এজাক কালধুমুহা,
অথাই সাগৰৰ মাজ,
বাৰ্মুডা ট্ৰেয়েঙ্গলৰ পকনীয়া,
কোন অপকেন্দ্ৰিক অতিমাত্ৰিক টানত গতিবেগ লভিলা তুমি পলায়ন বেগৰ
আৰু অতল গহ্বৰলৈ খহি পৰিলোঁ মই
মোৰ বাওঁ হাতৰ তলুৱাত এতিয়াও লুকাই লুকাই লিখোঁ কতবাৰ
“ জোনমন ,জোনমন , জোনমন..... ''
বিয়লিৰ বলুকাত সায়াহ্নৰ ছায়াচিত্ৰ লেখি
কিনো অৰ্থহীন মায়াবৃত্ত আঁকি আছোঁ মই
ক্ষণিকৰ এটি মাথোঁ স্পৰ্শ
যেন এক শিলৰ ৰেখ
তৰ্জনী তুলিকাৰ এটি সাঁচ
ইমান দুৰ্যোগতো ,ইমান বিতৃষ্ণাতো 
কেনেকৈ অন্তৰে নিৰলে সাঁচি ৰাখে অজ্ঞাতে অক্ষতে নিভৃততে
প্ৰথম প্ৰেমৰ পাৰপত্ৰ...


অঙ্গন: পৃষ্ঠাঃ 19
হাইকুৰ দৰে

অংকুৰিতা ফুকন

বৰষুণৰ দুপৰত ভাঁহি আহে ব'ৰাগী বাঁহীৰ সুৰ
ডাৱৰৰ আঁৰৰ বেলি উজলে 
গৰখীয়াৰ কপালত…

বাটৰ ভাঁজে লুকুৱাই থয় এটি নতুন কাহিনী
নৱযৌৱনাৰ আঁচলৰ তলত 
ফুলে পাৰিজাত সৰগী সৰগী…

ৰাতিবোৰ গহীন দিনবোৰো জয়াল
চোতালত ফুলে শাৰদী শেৱালী 
কৃষ্ণকায় গৰখীয়া…

হেৰ' প্ৰেম
মৰহিব নিদিবি মাটি পৰশা ফুলবোৰ
এতিয়া যে অশান্ত সময়…

এই জুই
এই জল
দিগবলয়ত প্লাৱন…
    
        দেৰগাঁও

অঙ্গন: পৃষ্ঠাঃ 20
কবিতা কবিতা

হেৰম্ব চৌধুৰী 

কবিতা -
জীৱনটোৱে দেখোন এটা জীৱন্ত কবিতা। 
য'ত সাৱটি আছে সুখ-দুখ,আনন্দ-বিষাদ, হাঁহি-কান্দোন, ঘাত-প্ৰতিঘাত। 
তাৰ মাজেৰে খুপি খুপি আগবাঢ়ে জীৱন।
তনু নাও বুৰু বুৰু 
তথাপি নহয় গিয়ান। 
ভৱ সাগৰত তল বলকৈ 
আগবাঢ়ে জীৱন।
নিমিষতে শেষ হয় জীৱন, 
তথাপি কিয় 
মায়াত মজি পাহৰি যাওঁ 
জীৱনৰ অৰ্থ, কৰ্ম, বা সত্যক। 
"সত্যমেৱ জয়তে"।

অঙ্গন: পৃষ্ঠাঃ 21
যুদ্ধ নালাগে শান্তি লাগে

জিতুমণি হাজৰিকা
                                         
ক'ত  আছা  তুমি  নাৰায়ণ  
তুমি ছাগৈ এই কথা নুবুজা নহয় যে
জ্ঞান কম থকা সৰু সৰু প্ৰাণীবোৰে  
তোমাক সমীহ কৰি চলে
শ্ৰেষ্ঠ বুলি স্ৰজন কৰা মানৱে আজি
তোমাৰ প্ৰতিদ্বন্দী হিচাবে থিয় দিছে !

সৌৱা চোৱা !
গুলী-বাৰুদ, ক্ষেপনাস্ত্ৰৰ আঘাতত
নিঃশেষ হৈছে জীৱন, যৌৱন, আশা, বাসনা
খহি পৰিছে অট্ৰালিকা
খহি পৰিছে মছজিদ, গীৰ্জা
গৃহহীন আজি নিৰীহ প্ৰজা
গৃহহীন দয়ালু যীচু
গৃহহীন ৰুচুল-আল্লা  ;

হায় ! ইজৰাইল
হায়! পেলেষ্টাইন
ইমানতো ক্ষান্ত হোৱা নাই
হেঁপাহ পলোৱা নাই মৰণ যজ্ঞ পাতি ?
তেজৰ নৈয়ে ৰাঙলী কৰিছে  ৰণাংগন
ভাঁহি ফুৰিছে পৰিধি ভাঙি
মধ্যপ্ৰাচ্যৰ দুখৰ চিয়ঁৰ !

আমাক  যুদ্ধ নালাগে 
লাগে মাথোঁ শান্তি
এই ধৰা দুদিনৰ বাবে
কথাটো এবাৰ ভাবি চোৱা ।

মোবাইল নং 9101247712

অঙ্গন:  পৃষ্ঠাঃ 22
আহিনৰ কাব্য

উত্তম লইং      

১) আহিন কথা:-

আহিন মানে পথাৰৰ প্ৰচুৰ সম্ভাৱনাময় এটি ঠিকনা,
আহিন মানেই কৃষকৰ মুখৰ প্ৰস্ফূটিত হাঁহি,
আহিন মানেই পিতাইৰ পথাৰৰ নদন বদন সপোন।

আহিনৰ ফুৰফুৰীয়া বতাহত ধান পাতে পাতে কিনো কথা পাতে,
গোপনে গোপনে কিনো সপোন ৰচে?
আহিন মানেই সেউজীয়া পথাৰ,
আহিন মানেই গেঁৰ ধৰা ধানৰ কঁকাল ভঙা নাচোন

আহিন মানেই নিয়ৰৰ টোপাল
আহিন মানেই কুঁৱলীৰ আস্বাদন ফালি উলাই অহা এচেৰেঙা ৰ'দ

২) শৰৎ বিষয়ক:-

আহিন মানেই শৰৎ বন্দনা এটি ঋতু
শাৰদী কোমল জোনাক,
এই ঋতুতেই  মহিষমৰ্দিনী দেৱী দুৰ্গাক আৰাধনা,
ই এক শাৰদী উৎসৱ,
সকলোৰে মন পুলকিত কৰি বুকুত ফুলি উঠে ভালপোৱাৰ অযুত কৃষ্ণচূড়া

শৰৎ মানেই তলসৰা শেৱালি,
শৰৎ মানেই দুবৰিৰ দলিছাত মুকুতাৰ হাঁহি,
শৰৎ মানেই শেৱালিৰ আমোল-মোল গোন্ধ,
সুবাসিত কৰা চৌপাশ,
পিৰালিত বহি আইতাৰ সাধু শুনাৰ সময়

শৰতৰ মোহনীয়তাই প্ৰতিজনৰ হিয়া মন জুৰায়,
শৰৎ মানেই শুভ্ৰ জোনাক আৰু মুখৰ এমোকোৰা মৌ মিঠা হাঁহি,
বিলৰ পাৰত ফুলি উঠা কঁহুৱা বিৰিণাই উতলা কৰা মন,
শুকুলা মেঘ,
নিৰ্মল আকাশ,
চৌপাশ জোনাক জোনাক।

৯১০১৫৬২৩৪৩

অঙ্গন:  পৃষ্ঠাঃ 23
অপমৃত্যু 

ৱাহিদ আহমেদ

জন্ম হোৱা দেৱশিশুটোৰ ভুল কি 
নাবালকৰ জীৱন কাঢ়ি লোৱাবোৰ
মানুহ নে !!
হাস্পতালৰ বিছনাত খেলি থকা 
শিশু সকল কাৰো শত্ৰু নহয় 
অথচ সিহঁতক হত্যা কৰা হয়

মৃত্যু চিৰসত্য 
তথাপিও মৃত্যু কাৰো কাম্য নহয় 

এই মৃত্যু সহজ নহয় 
এই মৃত্যু প্ৰকৃতিপদত্ত নিয়মৰ অধীন নহয় 
তেজৰ ইতিহাসত 
শিশুৰ তেজ লোৱা 
মানুহবোৰৰ হৃদয়খন কেনেকুৱা 
চকুৰে দেখা পোৱা হত্যাযজ্ঞত
শিশুৰ মৃতদেহ 
আৰু ৰক্তাক্ত পৰিবেশত 
কল্পনাবিলাসিতাৰ সমাজখন কিয় লাগে
মৃত্যুৰ কাৰণ কি 
কোনে বুজাই দিব ?

প্ৰাণহীন কোন সেইজন
জন্ম হোৱাৰ দিনাই জীৱন শেষ কৰে 
মাকৰ মৰম নোপোৱাকৈ শিশুক হত্যা কৰে 
শিশুৰ মুখৰ ভাত কাঢ়ে
মাত নুফুটাকৈ মা বুলি চিঞৰিবলৈ চেষ্টা কৰে 
তেজৰ নৈত উটি যায় 

হাস্নাহানা ফুলাৰ দেশত মৃত্যুৰ কিৰিলি
শান্তিৰ বাকৰিত 
শতাধিকৰ গণকবৰ 
বাৰুদৰ গোন্ধত উশাহ লবই নোৱাৰি 
মৃত্যুয়ে খেদি ফুৰিছে 

কাটাৰ, ডোহা
97431204571
wahidahmed511@yahoo.com

অঙ্গন: পৃষ্ঠাঃ 24
মৃত পৃথিৱীৰ ভবিষ্যৎ বাণী

ৰাতুল চেতিয়া ফুকন

অনুভূতিহীন একোখন হৃদয় বুকুত বান্ধিলৈ
মানুহবোৰ এতিয়া একো একোটা শিল ।
শিলত নগজে
ভাল পোৱাৰ শিপাবোৰ।
সৌৱা প্ৰতিহিংসাৰ বানত উটি যায়
কোলাৰ কেঁচুৱা।
কোন মুখেৰে সুধো 
তোমালোকৰ ভালনে বুলি।
ৰ'দত মেলি থোৱা আন্ধাৰবোৰ
শুকান খৰৰ দৰে ক্ৰমে বাঢ়িবলৈ ধৰিছে
তীক্ষ্ণ নখে যিমানেই আঁচুৰিছে
সিমানেই বাঢ়িছে।
বিকলাঙ্গ সময়ৰ দস্তাবেজ পঢ়ি
নদীবোৰ এতিয়া তেজেৰে বৈছে ।
আকাশে বতাহে কেৱল
এখন মৃত পৃথিৱীৰ ভবিষ্যৎ বাণী ।

চৰাইদেউ

অঙ্গন: পৃষ্ঠাঃ 25
আঘোণ

জিতু মণি ঠাকুৰীয়া

আঘোণ, 
তই আকৌ আহিলি। 
সপোনৰ এধাৰি মালা গুঠিম
এটি দুটি আশা বুকুত বান্ধি
সোণগুটিৰ মুখত হাঁহি বিৰিঙে
ৰঙা বেলিটোলৈ চাই
শাওণৰ সাধুকথা পাতে। 
সেউজীয়া পথাৰৰ মুকুতামণি
শাওণৰ চকুপানী
তোৰ আঁচলখনেৰে দি মচি
কিমান দিনলৈ চাম
মহাজনৰ মুখৰ কৃত্রিম হাঁহি 
কেতিয়া জানো অন্ত পৰিব
খেতিয়কৰ দুগালেৰে বৈ অহা অশ্ৰুধাৰা! 
আঘোণ, 
সপোন তই বহুত দেখুৱালি। 
যেতিয়া যাওঁ তোক ধৰিবলৈ
কিয় যাৱ' তই ডেউকা মেলি ? 
বাৰে বাৰে খাওঁ উজুটি। 
বাধাৰ প্ৰাচীৰ কৃত্রিমতাৰ হাঁহি। 
তথাপিও যেন এটি আশা, 
আঘোণ মানেই সন্তুষ্টিৰ বতৰা।
 
ঠিকনাঃ
গাঁও - লেংটা (জজি) 
ডাক - লোহাৰঘাট
থানা - পলাশবাৰী (মিৰ্জা) 
জিলা - কামৰূপ (গ্ৰাম্য)

অঙ্গন: পৃষ্ঠাঃ 26
শৰতৰ নিশা 

শৰতৰ সন্ধিয়া ধৰণী ধুনীয়া 
চাই থাকো জোনালী আকাশলে' 
শুকুলা ডাৱৰৰ তলে তলে 
এজাক শৰালি উৰি যোৱা 
উৰি উৰি দূৰ দিগন্তত বিলীন হোৱা 

ওপঙি আছে শুকুলা ডাৱৰ 
উপচি আছে জোনৰ পোহৰ 
শুভ্ৰ বৰ্ণ বৈভৱ লৈ শৰৎ নামিলে 
মানৱী হৃদয়ত সুষমা সানিলে 
অনাবিল আনন্দ জীৱন পাৰত 

শেৱালি শৰতৰ শুদ্ধ পুষ্পহাৰ 
কঁহুৱা শৰতৰ শুভ কণ্ঠহাৰ 
ৰূপালী নদী চিকিমিকি বালি 
তৰাৰে বুটা বচা নীলা আকাশ 
মৰতত সৰগীয় অনুভূতি অপাৰ 

দূবৰি দলিচাত উজলে নিয়ৰ 
মন সৰোবৰত আনন্দ লহৰ 
স্নিগ্ধ স্নিগ্ধ শাৰদীয় জোনাক বৃষ্টিৰে 
ধৱল সবল ছন্দিত পল 
চন্দ্ৰাৱলী নিশা জ্যোৎস্না জুৰণীয়া ।

অঙ্গন: পৃষ্ঠাঃ 27                            
হৃদয় গীতি

প্ৰতিভা ৰাজবংশী
   
বৈ থাকা
বৈ থাকা
বৈ থাকা
অ' মোৰ হৃদয় গীতি,
কুলু কুলু সুৰে
জিৰ্‌জিৰ্‌ কৈ
বৈ থাকা
তুমি মোৰ
হৃদয় গীতি,
কোনেও নেদেখা
কোনেও নুশুনা
হিয়াৰ মাজৰ মোৰ
গোপন বীণত
তুমি আহি
আঙুলি বুলালা,
তোমাৰ হাতৰ পৰশত
কঁপি উঠা তাঁৰবোৰে
শব্দৰ ৰাগিণী তুলি
বৈ থাকে একেৰাহে... ।।

অঙ্গন: পৃষ্ঠাঃ 28
বৰষুণৰ শইচ মুগ্ধ সংগীত

পদ্মজ্যোতি বৰদলৈ 

হে মোৰ বৰষুণৰ শইচ মুগ্ধ সংগীত
তোমাৰ দুভৰিৰ নূপুৰৰ গান
আৰু
তোমাৰ সুঘ্ৰাণ
শুই পৰিছে মোৰ 
তেজৰ গভীৰতাৰ পাতালপুৰীৰ নীল নিৰ্জনতাত।

পাতালপুৰীত
এপাহ ব্ৰহ্মকমল ফুলিছে
ব্ৰহ্মকমলৰ গৰ্ভমুণ্ডত তোমাৰ সুৱাগি মৰল।

কপাহ-কোমল মেঘৰ ডেউকা কোবাই
তুমি
মেঘালী চহৰৰ বুকুত
মোৰে লুকা-ভাকু খেলিছা।
আৰু
ওখ পাহাৰ
গৰ্জনমুখৰ সাগৰ
সেউজীয়া বনভূমি 
মৰুভূমিৰ সিপাৰলৈ পাৰি দিছা।।

তুমিতো যোৱাৰ কথা নাছিল।
("যোৱাৰ কথা আছিল যদি আহিছিলা কিয়")
মোৰ কলিজাত শ্ৰাৱন ভাদ্ৰ--!!
তোমাৰ বুকুৰ পৰা
মোৰ বুকুলৈ
আঘোণৰ সুদীৰ্ঘ বাট।

কলিজা-ৰঙা(হৃদয়ৰঙী) 
কৰ্দৈ ফুলবোৰ ফুলিছে
চেঁচা বতাহ এচাটিয়ে ঢৌৱাই আনিছে
পাতালপুৰীৰ
ব্ৰহ্মকমলৰ ঈশ্বৰীয় সুঘ্ৰাণ।

হে মোৰ বৰষুণৰ শইচ মুগ্ধ সংগীত 
তুমি নিৰবধি বাজি থাকিবা 
জন্ম-জন্মান্তৰলৈ
মোৰ হৃদয় তন্ত্ৰীৰ
তেজ-প্ৰেমৰ পৃথিৱীৰ সেউজীয়াত

এখন প্ৰাচীন তানপুৰাৰ এটা মিঠা সুৰ 
কোমল গান্ধাৰ !!

অঙ্গন: পৃষ্ঠাঃ 29
উত্তৰণৰ জীয়া মালাধাৰী

ৰিতুপৰ্ণ শৰ্মা

অফুৰন্ত দুখত নিমজ্বিত
দু‌‌:স্থজনৰ আস্থাহীন অস্তিত্ব
বিৰোধৰ কণ্ঠ ৰোধ কৰিবলৈ
পায় সুযোগ অবিঘ্নিত 
সপোনবোৰ থিতাপি লয়  হৃদয়ত
শব্দ গুণ্ঠিৰ মায়াজালত
অন্তৰীক্ষৰ শব্দৰ জ্যোতিস্কত
চিনাকি সুৰৰ মায়াবী নিশা
স্বপ্নদ্ৰষ্টা স্ফীত দৃশ্যপত
এলান্ধুত ভৱিষ্যত মন্থনত
সমাহত হোৱা অমৃত চেতনা
কলীয়া ডাৱৰৰ এন্ধাৰ মানচিত্ৰ ৰেখাবোৰ
সত্তাৰ উল্লাষত ধূসৰিত অক্ষয় 
ৰৌদ্ৰদগ্দ্বা জীৱনৰ স্বপ্নালুতাৰ চুড়াবোৰ
হঠাৎ দহন অমৃত বাণীৰ
একাকীকত্বৰ মেঘালী চুলিটাৰী
ঊৰ্দ্ধদিশে হয় কেশ বৃক্ষৰ কুঠৰীত।
                 
             ঠিকনাঃ
             বেলতলা গুৱাহাটী
             যোগাযোগ:
             ৯৭০৭০৭৫৮৪৪

অঙ্গন: পৃষ্ঠা 30
হাত বাউলি মাতে
 
জয়ন্ত বৰা

 উৎসৱৰ আনন্দ
 মধুৰ শব্দৰ ঝংকাৰ
 মন ভৰাকান্ত
 তথাপিও মুখত হাঁহি
 অতিথিৰ আগমনত

 কাল সময়ে 
 হাত বাউলি মাতে
 সোধাচোন মোক
 কেনেদৰে আছা বুলি,
 উত্তৰত নিশ্চয়কৈ ক'ম
 ভালদৰেই আছোঁ,
 কাৰণ কলিজাত এতিয়াও
 এসোপা সপোনে 
 ঘৰ বান্ধি আছে 

 সেয়েহে প্ৰশ্ৰয় নিদিওঁ
 কাল সময়ৰ হাত বাউলিক
 আওকাণ কৰোঁ 
 এনে আমন্ত্ৰণক
 কলিজাৰ সপোনত 
 উশাহ উজাই উজাই
 জীয়াই থাকিব বিচাৰোঁ - - -

অঙ্গন:  পৃষ্ঠাঃ 31
কাতিবিহু

ৰেখা ৰাণী বৰ্মন 

তুমি ,মানেইতো
শৰতৰ এটা বিশেষ দিন 
তুমি মানেইতো সংস্কাৰ , সংস্কৃতি 
প্ৰতি ঘৰৰ চোতালে চোতালে 
জ্বলি উঠা সন্ধিয়াৰ এজোপা তুলসী 

গচি গচি বন্তি, ভাগে ভাগে  মাহ-প্ৰসাদ 
আশাৰ পানচৈত পৰম্পৰাৰ  এআচল আশিস 

ধাননিয়ে ধাননিয়ে আলোক-বন্তি
যেন পাৰ হওক আকালৰ দিন  বাঢ়ক সুদিন
ওখ চাকি গচিত জাহ যাওক 
কীট-পতঙ্গ, অপায়-অমঙ্গল, অভিসন্ধি

গাখীৰতী ধানৰ বুকুত 
কেঁচা সোণ বৰণীয়া সন্তুষ্টিৰ চাদৰ এখনি
গজি উঠে শূণ্যতাত এবৰ্ষৰ দিঠক 
ৰিণি ৰিণি শুনো সিহঁতৰ বিচৰণ
সাক্ষী ৰ'ল শুভ্ৰ আকাশ 

ৰঙিলী-ৰঙমন হতে উৰি ফুৰে কঁহুৱা নচা দি 
পৰম্পৰা, ৰীতি-নীতি ৰ আঁট ধৰি 
তামোল-পাণৰ বাৰী ,  গোহালী, ভঁৰাল, ঢেকীশাল
সকলো খদম- দম, ওলট-পালট 

শূণ্যতাৰ ইপাৰৰ পৰা সিপাৰলৈ দুলি থাকে
সমতা-সম্প্ৰীতি, সৃষ্টিৰ কলফুলীয়া হাঁহি ।।

অঙ্গন: পৃষ্ঠা 32
শেৱালিৰ জীৱন-গাথা

মামণি ডেকা

শৰৎ মানেই স্নিগ্ধতা 
শৰৎ মানেই মিঠা সুৱাস

বাঢ়ি আহে শেৱালিৰ মিঠা সুৱাস
উদাস নিশিপুষ্পাই মুখ গুজে
বালিৰ বুকুত
আৰু
চাব বিচাৰে দ তলিৰ জলছবি বিচাৰে
নিশাৰ নীল নক্ষত্ৰ নিজক বিলীন কৰিব খোজে অন্ধকাৰৰ গভীৰতাত
আকৌ বাজি উঠিল সেই
সপ্ত সুৰৰ ঝংকাৰ 
বাজি উঠিল 
ৰাজকুমাৰী পাৰিজাতৰ বিষাদগ্ৰস্ততা

পাৰিজাত এদিন গভীৰ প্ৰেমত মগ্ন হ'ল সূৰ্যদেৱৰ 
সূৰ্যই ভাল পায়ো এদিন প্ৰতাৰণা কৰিলে পাৰিজাতক
সমস্ত সপোন, আশা হিয়াত বিলীন হ'ল
আত্মহুতি পাৰিজাত ধৰাত নতুন আশা লৈ গজি উঠিল নকৈ
নাম তাইৰ শেৱালি
চৌপাশে বিয়পি পৰিল সুগন্ধিৰে
শেৱালিয়ে প্ৰতিজ্ঞা কৰিলে কোনোকালে সূৰ্য্যদেৱৰ মুখ 
নোচোৱাৰ

সেয়ে আজিও নিশাৰ ৰাণী শেৱালিয়ে নিশিপুষ্পা হৈ সূৰ্যদয়ৰ পূৰ্বে পৰি ৰয় ধৰাত আত্মহুতি হৈ !

অঙ্গন: পৃষ্ঠাঃ 33
অনুভৱৰ দলিচাত - ৯৯ 

প্ৰশান্ত কুমাৰ দত্ত
দুলীয়াজান

জীৱন কি জীৱনে উত্তৰ দিব
সময় কি সময়ে ক'ব
যাত্ৰাৰ শেষ নাই বাবেই
পাৰ হৈ যোৱা বাটেৰেই সূৰ্য আকৌ আহে
ৰাতিৰ বুকুত যৌৱন বাগৰে বাবেই
সমুজ্বল স্বপ্নই প্ৰত্যয়ৰ প্ৰাৰ্থনা কৰে।

অঙ্গন: পৃষ্ঠাঃ 34
ফেচবুকৰ পৰা

ক'লা ৰঙৰ শঙ্খচূড় : অসমৰ এটা নীৰৱ ঘাতক

(ভূক্ত ভোগীঃ পাহাৰী বুঢ়াগোহাঁই 
৩৫ বছৰ
জালুকানিবাৰী
তিতাবৰ, যোৰহাট)

১ জুন, ৰাতিপুৱা ৯:৩০ বজাত আঢ়ৈ বছৰীয়া ছোৱালীজনী মজিয়াত থকা পাটীটোতে খেলি আছিল। কি ভাবি জানো পাহাৰীয়ে ছোৱালীজনীক পাটীটোৰ পৰা আঁতৰাই থৈ, পাটীটোত শুবলৈ লওঁতে পাহাৰীক পিঠিত কিবা এটাই কামোৰা নিচিনা লাগিল। কিনো বুলি চাওঁতে পাটীটোৰ তলত এডাল সাপ আছিল। কিচকিচীয়া ক'লা ৰঙৰ সাপ। ভাগ্যে ছোৱালী জনীক আঁতৰাই থৈছিল। স্বামী বিশ্বজিতে আৰু ওচৰ চুবুৰীয়াই বিষহীন কলা মচোৱা বুলি ভাবিছিল। কাৰণ দংশন কৰা ঠাইত কোনো ধৰণৰ বিষ বা ফুলা বা ছালৰ ৰঙৰ কোনো পৰিৱৰ্তন নাছিল বা কোনো ধৰণৰ অস্বাভাৱিক লক্ষণও নাছিল। স্বামী বিশ্বজিতে সাপডাল ধৰি টেমাত ভৰাই থৈ দিয়ে। পিছত তেওঁ যেতিয়া সাপৰ ফটোটো আমালৈ পঠাইছিল, আমি কলা শঙ্খ চূড় বুলি গম পাইছিলোঁ। অত্যন্ত বিষাক্ত সাপ।
              তাৰ পাছত তেওঁলোকে ওচৰৰ বেজৰ ওচৰত জৰা ফুকা আৰম্ভ কৰি দিয়ে। তেনেকৈ প্ৰায় এক ঘণ্টা সময় অতিক্ৰম হয়। স্বামী বিস্বজিতে ভাবিছিল জৰা ফুঁকাই সৰ্প দংশনৰ চিকিৎসা।তথাপি কিবা এটা ভাবি স্বামী বিশ্বজিতে চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ চিন্তা কৰে।ঘৰলৈ আহি গা পা ধুই যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ বুলি তেওঁলোক ৰাওনা হয়। তেতিয়ালৈকে পাহাৰী সম্পূৰ্ণ সুস্থ। ইতিমধ্যে প্ৰায় তিনি ঘণ্টা পাৰ হৈ যায়।
             যোৰহাট মেডিকেললৈ গৈ থাকোঁতে পাহাৰীৰ ডিঙিৰ বিষ হ'বলৈ আৰম্ভ কৰে, চকুৰে জ্বলা কলা দেখে আৰু বমিও হয়! লাহে লাহে পাহাৰীৰ চকুৰ পতা কেইটা নামি আহিবলৈ আৰম্ভ কৰে। কথা বিষম দেখি চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰী কালীন বিভাগতে ১০ টা এন্টিভেনম বেজী আৰু আনুসংগিক বেজী প্ৰয়োগ কৰি ICU বিছনা খালি নথকাত AG নাৰ্ছিং হোমলৈ স্তানান্তৰীত কৰা হয়।
             যোৱা ফেব্ৰুৱাৰী মাহত ডাঃ চন্দনা ডেকা আমাৰ ডিমৌ চিকিৎসালৈয়লৈ কায়কল্পৰ মূল্যাকণৰ বাবে পৰিদৰ্শন কৰিবলৈ আহিছিল। আমাৰ সৰ্প দংশন কক্ষ আৰু আমাৰ সৰ্প দংশন চিকিৎসাৰ কথাৰও বুজ লৈছিল। ডাঃ চন্দনা ডেকা, যোৰহাটৰ AG নাৰ্ছিং হোমৰ মেডিচিন বিশেষজ্ঞ ডাক্তৰ শৰৎ ভূঞাৰ সহধৰ্মীণী। সেই সূত্ৰে ডাঃ চন্দনাৰ লগত আমাৰ চিনাকি।
           AG নাৰ্ছিং হোমত যেতিয়া ডাঃ শৰৎ ভূঞায়ে পাহাৰীক পৰীক্ষা কৰে, তেওঁৰ প্ৰায় মৃতপ্ৰায় অৱস্থা আছিল।ডাঃ শৰৎৰ লগত ডাঃ চন্দনাৰ যোগেদি আমাৰ কথা হয়। ডাঃ শৰৎতে সাম্ভাব্য ভেন্টি লেচনৰ কথা ভাবি তৎক্ষণাত ICU লৈ স্তানান্তৰীত কৰে। আকৌ ১৫ টা আৰু কিছু সময়ৰ পাছত আৰু ১০টা, সৰ্বমুঠ ৩৫টা সাপে খোটা বেজী পাহাৰীক প্ৰয়োগ কৰা হয় ! লাহে লাহে পাহাৰী সুস্থ হয়। ডাঃ শৰৎ আৰু তেওঁৰ লগত কাম কৰা সকলো স্বাস্থ্য কৰ্মী প্ৰশংসাৰ পাত্ৰ। কাৰণ তেওঁলোকে অতি ক্ষিপ্ৰতাৰে চিকিৎসা প্ৰদান কৰে। 
           আমি আগতেও কৈছোঁ আৰু কৈ থাকিম, সৰ্প দংশনৰ চিকিৎসা কৰিবলৈ কোনোধৰণৰ ICU নালাগে, যদিহে ৰোগী সময় মতে চিকিৎসালয় পায়। আমাৰ এটাই অনুৰোধ সৰ্প দংশন ৰোগীক হস্পিটেলে হস্পিটেলে ঘূৰাই থাকিলে, ৰোগীৰ অত্যাধিক বিপদ হোৱাৰ অৱকাশ থাকে।
              পাহাৰীৰ ক্ষেত্ৰতো কালক্ৰমত ভেন্টিলেচনৰ প্ৰয়োজন নহৈছিল। এন্টিভেনম আৰু ক্রেইট সাপৰ বিশেষ বেজীত সম্পূৰ্ণ সুস্থ হৈছিল। ইফালে ময়ো উচ পিচাই আছিলোঁ! কি বা হ'ল ? প্ৰায় ১ ঘণ্টাৰ পাছত খবৰ আহিল, পাহাৰী সুস্থ হৈছে।
শৰৎ আৰু ডাঃ বন্দনাৰ লগত কথা পাতি স্বামী বিশ্বজিতৰ ফোন নম্বৰ লৈ ৰোগীৰ খবৰ লওঁ। কিন্তু ভূতৰ ওপৰত দানহ পৰাদি, পাহাৰীৰ হাওঁফাওঁৰ নিওমনীয়াও ধৰা পৰে। যা হওক এন্টিবাইটিক্স দিলে সেয়া সম্পূৰ্ণ ৰূপে ভাল হৈ যাব।
          আমাৰ অসম মুলুকৰ বিষাক্ত সাপবোৰ হ'ল
ফেঁটী সাপ, ক্রেইট(শঙ্খ চূড়) সাপ, পিট ভাইপাৰ, ৰঙা মূৰীয়া(Red necked keelback) সাপ আৰু ৰজা ফেঁটী।

ৰজা ফেঁটী সাপৰ দংশন সাধাৰণতে পোৱা নাযায়।কাৰণ ই মস্ত ডাঙৰ সাপ, সাধাৰণতে মানুহৰ লগত ইয়াৰ সংঘাত নহয়।

অসমৰ পিট ভাইপাৰবোৰে মানুহ মাৰিব নোৱাৰে যদিহে, ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শবোৰ আখৰে আখৰে মানি চলে।

ৰঙা মূৰীয়া সাপডালেও এতিয়ালৈকে মানুহ মাৰিব পৰা নাই, যদিহে আমি তাক অযথা আমনি নকৰোঁ।

গতিকে অসম মুলুকত মাত্ৰ দুবিধ সাপেহে মানুহ মাৰি আছে।

ফেঁটী সাপ আৰু ক্রেইট সাপ।

এই দুইটা সাপৰ দংশনত আমাৰ বিভিন্ন ৰোগীসকলে প্ৰমাণ কৰিলে যে এই বিষাক্ত সাপ দুডাল যিমানেই ঘাতক নহওঁক কিয়, ইয়াৰ সম্পূৰ্ণ বৈজ্ঞানিক মেডিকেল চিকিৎসা আছে!

কলা ৰঙৰ শঙ্খচূড়(গ্ৰেটাৰ ব্লেক ক্ৰেইট) এটা অতি বিষাক্ত সাপ। ই নীৰৱে আমাৰ অসম মুলুকৰ বহুত মানুহ মাৰি আছে!

 কাৰণ

১) ই দেখিবলৈ সাইলাখ বিষহীন কলা মচুৱাৰ নিচিনা।বহুতে বিষহীন সাপ বুলি ভাবে।

২) দংশন কৰা ঠাইত কোনো ধৰণৰ বিষ, ফুলা বা ৰঙৰ পৰিৱৰ্তন নাথাকে। ইয়াৰ বিহ দাঁত দুটা ইমানেই সৰু যে আনকি খোটা অংশটোত কোনো ধৰণৰ দাঁতৰ চিহ্ন নাথাকে। সেইকাৰণে ভুক্তভোগী আৰু আত্মীয়ই বিষহীন সাপ বুলি ভাবে।

৩) খোটা ঠাইত কোনো ধৰণৰ লক্ষণ নাথাকে কাৰণে ৰোগী আৰু আত্মীয় চিকিৎসালয়লৈ নাহে। কিন্তু এই সাপৰ বিহটোৱে slow poision হিচাবে কাম কৰে। অৰ্থাৎ বিহটোৱে লাহে লাহে কাম কৰে। আমাৰ অভিজ্ঞতাত ৬ ঘণ্টাৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত ৰোগী গৰাকীৰ স্নায়ু অৱশ কৰি অকামিলা কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ উদাহৰণ আছে। সেইকাৰণে আমি যিকোনো সৰ্প দংশনৰ পাছত ৰোগীক অন্ততঃ ২৪ ঘণ্টা চিকিৎসালয়ত পৰ্যবেক্ষণত থাকিব কওঁ। পাহৰীৰ ক্ষেত্ৰতো প্ৰায় ৬ ঘণ্টাৰ পাছতহে অৱস্থা শোচনীয় হৈছিলগৈ।

৪) যদি কেতিয়াবা কোনো ৰোগীৰ ৰাতিপুৱা শুই উঠি অত্যন্ত পেটৰ বিষ হয় আৰু ৰোগীগৰাকী চিকিৎসালয়লৈ আহে, তেনে ৰোগীক আমি(স্বাস্থ্য কৰ্মী সকলে) এপেণ্ডিক্স, গল ব্লাডাৰ বা আনুসংগিক পেটৰ বেমাৰ বুলি ভাবি চিকিৎসা দিওঁ।কাৰণ লক্ষণবোৰ সাইলাখ তেনেকুৱা থাকে। কিন্তু কেতিয়াবা সেয়া শুদ্ধ নহ'বও পাৰে এবাৰ আমি তেনেকুৱা ৰোগী এজন পাইছিলোঁ, ৰাতিপুৱা শুই উঠিয়েই অত্যন্ত পেটৰ বিষ আৰু বমি হৈছিল !কোনোধৰণৰ সৰ্প দংশনৰ কথা নাছিল। কিন্তু শৰীৰৰ সকলো কাপোৰ খুলি চাওঁতে কঁকালত বিন্দু দুটা দেখা পাওঁ। ঘৰৰ মানুহে ক'লে, তেওঁ ৰাতি খুব গৰম পৰাৰ কাৰণে, মজিয়াতে আঁঠুৱা নতৰাকৈ শুইছিল। লগা লগ আমি ধৰি ললোঁ, সম্ভৱত ক্ৰেইট সাপে টোপনিত মানুহ জনক খোটিছিল। তৎক্ষণাত আমি এন্টিভেনম বেজী দিয়াৰ লগে লগে তেওঁৰ ভাল হৈছিল।তেনেকুৱা বিভিন্ন  অস্বাভাৱিক লক্ষণ হ'ব পাৰে। আমি বেলেগ এটা চিকিৎসা কৰি থাকিম, কিন্তু বাস্তৱিকতে সৰ্প দংশনহে হৈছিল। সেইবাবে এই সাপডালক আমি অতি ৰহস্যময়ী সাপ বুলি কওঁ।
             এই সাপডালে মানুহৰ সান্নিধ্য/উত্তাপ লৈ খুউব ভাল পায়। ই নিশাচৰী সাপ। মানুহৰ উত্তাপ বিচাৰি ই মানুহৰ ঘৰত প্ৰৱেশ কৰে। গৰমৰ ৰাতি কেতিয়াবা আমি পাটী পাৰি আঁঠুৱা নতৰাকৈ মাটিত শুলে, ই আমাৰ গাৰ ওচৰে পাজৰে বহি আমাৰ উত্তাপ লৈ থাকে আৰু আমি উমকে নাপাঁও।টোপনিৰ জালত আমাৰ হাত বা ভৰি বা গাটো তাৰ গাত লাগিলে ই আত্মৰক্ষাত আমাক দংশন কৰে। আমি গমকে নাপাওঁ আৰু টোপনিতে ব্যক্তি জনৰ মৃত্যু হয়। ৰাতিপুৱা আমি যেতিয়া তেখেতক জগাম তেওঁৰ ইতিমধ্যে মৃত্যু হয়। তেতিয়া আমি স্ট্রোক বা হাৰ্ট এটেক হৈ ঢুকাল বুলি ভাবোঁ। কোনো ধৰণৰ বেমাৰ নথকা এজন মানুহ ৰাতিপুৱা বিচনাত মৃত্যু! ভাবিবলৈ টান লাগে নহয় জানো ? কোনে জানে, যদি আমি সেই বিচনাতে আকস্মিকভাবে মৃত্যু হোৱা ব্যক্তিসকলৰ পোষ্ট মৰ্টেম কৰা হেঁতেন, জানোচা শৰীৰৰ কৰবাত দুটা বিন্দু ফোঁট দেখা পাবও পাৰিলোঁ হেতেন! অৰ্থাৎ ই সাপৰ দংশনও হোৱাৰ অৱকাশ আছিল ! এনেকুৱা অনেক উদাহৰণ আমাৰ আছে!
          সেই কাৰণে আমি কওঁ, মাটিত নুশুব, আৰু যদি গৰমত মাটিত শুব মন গৈছে, তেনেহলে আঁঠুৱা তৰি ভালকৈ গুজি শুৱাক।
              পাহাৰীহ‍ঁতৰ ঘৰত সাপডাল চাগে ৰাতিয়ে সোমাইছিল। পোহৰ হোৱাৰ পাছত সম্ভৱত ওলাই যাবলৈ ৰাস্তা নাপাই পাটীটোৰ ভিতৰত লুকাই আছিল। নহলে দিনৰ পোহৰত এই সাপডালে মানুহক দংশন কৰাৰ কোনো উদাহৰণ নাই।

পাহাৰীৰ ঘটনাটোৰ সাৰমৰ্ম হ'ল:

১)পাটী/বিচনা চাদৰ আদি ভালকৈ জোকাৰিহে শুব।
২)যিকোনো সৰ্প দংশন বিষাক্ত সাপৰ দংশন বুলি ধৰি লব। নিজেই সৰীসৃপ বিশেষজ্ঞ হ'ব নিবিচাৰিব।
৩)দংশন কৰা ঠাইটোত কোনো ৰাসায়নিক বা চাবোন আদিৰে নোধোব বা মোহাৰি নিদিব। এনে কৰিলে বিহটো আমি তেজত মিহলি হোৱাত সহায় কৰা হয়।
৪)জৰা ফুকা কৰি আবাবত সময় নষ্ট নকৰিব।
৫)২৪ ঘণ্টা চিকিৎসালয়ত থাকক। যদি ক্ৰেইট সাপ হয়, বিহৰ লক্ষণবোৰ কেতিয়াবা ১২-২৪ ঘন্টা লৈকে নোলাব পাৰে।
৬)অসম মুলুকৰ সকলো বিষাক্ত সৰ্প দংশনৰ সম্পূৰ্ণ মেডিকেল চিকিৎসা আছে ! 
৭)সৰ্প দংশনৰ পাছত আপোনাৰ কৰণীয় মাত্ৰ এটা :  চিকিৎসালয়ত ভৰ্তি। বাকী আমাৰ ওপৰত এৰি দিয়ক।আমি কথা দিছোঁ আপোনাৰ ৰোগীক সম্পূৰ্ণ সুস্থ কৰিবলৈ আমি এঘঢী যুঁজিম।

(শ্ৰীমতী পাহাৰী বুঢ়াগোহাঁই, স্বামী বিশ্বজিত লগতে ডাঃ শৰৎ ভূঞাৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত)।

ধন্যবাদেৰে

ডাঃ সুৰজিত গিৰি
সংজ্ঞাহাৰক আৰু ICU চিকিৎসক
সৰ্প দংশনৰ সামাজিক কর্ম কৰ্তা
শিৱসাগৰ


অঙ্গন:  পৃষ্ঠাঃ 35
নীলাখামৰ চিঠি

প্ৰতি,

       প্ৰিয়....

             তোমালৈ বুলি একলম...
          
        কেনে আছা তুমি ভালে নে ? মই জানো তুমি ইমানো ভাল নহয় যিমান ভাল আগতে আছিলা। পিছে তোমাৰ মা-দেউতা কেনে আছে ভালে নে ? মই জানো এইবোৰ সোধাৰ অধিকাৰ নাই, তথাপিও হৃদয়ে যে নামানে বৰকৈ আমনি দিয়ে। সেয়ে আজি সন্ধিয়া শীতল মলয়াৰ পৰশত তোমাৰ বাবে এখনি নীলা খামৰ চিঠি লিখিবলৈ ল'লো বহু আবেগেৰে। মই নাজানো তুমি সাধাৰণ ছোৱালীজনীৰ চিঠিখন গ্ৰহণ কৰিবা নে নাই! তথাপিও এবুকু সাহস আৰু আশা লৈ লিখিছোঁ.......।

            ঐ শুনা, তুমি চাগে পাহৰি গৈছা ন সেই দিনটোৰ কথা কিন্তু জানা নে প্ৰিয় মোৰ আজিও স্পষ্টকৈ মনত আছে অলপো পাহৰা নাই। সেইদিনা যে তুমি শৰতৰ শান্ত পৰশ পৰা দুপৰীয়াত এজন অচিনাকী পুৰুষ হৈ আহিছিলা। মই অচিনাকি বুলি ভয় খাইছিলোঁ কিন্তু তুমি মিচিকিয়া হাঁহিৰে ওঁঠৰ আগত মৃদু কণ্ঠেৰে কৈছিলা-"বৰ ভাল লাগে তোমাক, সন্ধিয়াৰ জোনতকৈ ধুনীয়া তুমি"।তোমাৰ কথাষাৰ শুনি মোৰ দুচকুত অশ্ৰু দেখি তুমি কৈছিলা নাকান্দিবা, মই তৰা হৈ তোমাক সুখৰ সাগৰত সাঁতুৰিব দিম। মাথোঁ তুমি মোৰ হোৱা এবাৰ, বৰ ভালপাওঁ তোমাক। মই তেতিয়া খঙেৰে কোৱা কথাত তুমি যে অভিমান কৰি গুচি গ'লা গৈ আজিও নাহিলা। জানা নে প্ৰিয়, সেই প্ৰথম চিনাকিতেই ময়ো তোমাৰ প্ৰেমত পৰিছিলোঁ। সেয়ে আজিও অপেক্ষা কৰোঁ তোমাৰ বাবে।

               তুমি পাৰিলে আহিবা, এতিয়া তৰা হৈ ময়েই তোমাক জোনৰ দৰে উজ্বলাই ৰাখিম। অপেক্ষাৰে আছোঁ, মাথোঁ তোমাৰ বাবে.......।নোকোৱা কথা আজিও ক'ব পৰা নাই বৰ ভালপাওঁ তোমাক প্ৰিয়..........। পাৰিলে অভিমান আঁতৰাই ক্ষমা কৰি আকোঁৱালি ল'বা..........।

                    ইতি
          তোমাৰ অতীতত 
                  ভাললগা
                 শিল্পী দাস

অঙ্গন:  পৃষ্ঠাঃ 36
ৰেচিপিঃ

প্ৰাঞ্জল দত্ত
ডিব্ৰুগড়


স্মকি চিকেন ফ্ৰাই

উপকৰণ -১/ চিকেন এপোৱা
২/ মিঠাতেল ১ টেবল চামুচ
৩/ পিয়াজ ২ টা
৪/ বিলাহী ১ টা কাটি লোৱা
৫/ নিমখ আন্দাজমতে
৬/ হালধি এচামুচ
৭/নহৰু ৭/৮ ফোটা
৮/ খৰিছা অলপ

প্ৰণালী - প্ৰথমে পেনখন ভালদৰে গৰম কৰি লৈ তেল গৰম হ'বলৈ দিব। পিয়াজ দুটা ভালদৰে কাটি লৈ সোণালী বৰণ হোৱাকৈ ভাজিব। মাংসখিনি ভালদৰে ধুই লৈ ভাজিব। অলপ দেৰি ভজা হোৱাৰ পিছত নহৰুখিনি খুন্দি দিব। নিমখ আৰু হালধি দিব। পেনখনত অকণমান পানী ছটিয়াই দিব। তেতিয়া পেনখনত অকণমানকৈ জুই উঠিব(অনভিজ্ঞ সকলে এই কাৰ্যৰ পৰা আঁতৰি থাকিব ) তেতিয়া মাংসখিনিৰ পৰা স্মকি ফ্লেভাৰ ওলাব। বিলাহীখিনি আৰু বাকী থকা খৰিছা খিনি দি জুইৰ ফ্লেম কমাই ঢাকনি মাৰি ৫-৭ মিনিট সিজিবলৈ দিব। তাৰপিছত ঢাকনি গুচাই লৰাই দি গৰমে গৰমে পৰিৱেশন কৰক।

অঙ্গন:  পৃষ্ঠাঃ 37
গল্পঃ

এধানি মৰম 

নিৰুপমা ডেকা

    টিভিৰ পৰ্দাত জিলিকি উঠা নন্দিনীক দেখি ৰীণা ৰৈ থাকিব নোৱাৰিলে ৷ তাই হুক হুকাই কান্দি উঠিল ৷ তাইৰ কান্দোন শুনি ওচৰৰ দুঘৰৰ মানুহখিনি দৌৰি আহিল ৷ সকলোৱে কি হ’ল কি হ’ল বুলি ব্যতিব্যস্ত হওঁতেই টিভিৰ বাতৰিটোত পুনৰ বাজি উঠিল "জীৱনৰ কঠিন সংগ্ৰামক প্ৰত্যাহ্বান জনাই এইবাৰ ইউ পি এছ চিত জিলিকি উঠিল অসম কন্যা নন্দনী চলিহা ৷ আমি আপোনালোকৰ সন্মুখত অতি সোনকালে লৈ আহিম নন্দিনী চলিহাৰ জীৱন সংগ্ৰামৰ এক অনন্য প্ৰতিবেদন ৷"

     নন্দিনী তেতিয়া ঘৰত নাছিল ৷ ওচৰৰে প্ৰাইভেট স্কুল এখনত তাই তেতিয়া কৰ্মৰত ৷ অলপ পিছতে তাইৰ ঘৰলৈ মানুহৰ, সাংবাদিকৰ আৰু স্থানীয় নেতাৰ ভীৰ বাঢ়ি আহিল ৷ নন্দিনীক তাই কাম কৰা বিদ্যালয়ৰ পৰা প্ৰছেচন কৰি ঘৰলৈ লৈ অহা হ’ল ৷ বিভিন্নজনৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি তাই ভাগৰি পৰিল ৷ নিউজ চেনেলবোৰে তাইৰ মাকৰ কান্দোনটো যিমান পাৰে ল’লে ৷ এই চকু পানীয়ে কিমান যে টি আৰ পি বঢ়াব ৷ নন্দিনী সুখী হ’ল যদিও কিবা এটা অশান্তিত যেন চটফটাই উঠিল ৷ তাইৰ এই চটফটনিৰ মূল কাকণ হ’ল দেউতাকৰ পৰিয়ালৰ মানুহবোৰ আহি থকা বুলি পোৱা খবৰটো ৷ যিবোৰ মানুহৰ শুভকামনা তাই কোনো কালে গ্ৰহণ কৰিব নোৱাৰে, সেইবোৰ মানুহ কিয় আহিব লাগে ৷ যিবোৰ মানুহে তাই পৃথিৱীলৈ অহাৰ কথাত ইমান আপত্তি দেখুৱাইছিল, মাক-দেউতাকক অত্যাচাৰ কৰিছিল, সেইবোৰ মানুহৰ মুখ তাই তাইৰ এই ভাল দিনটোত চাব নোখোজে ৷ সেই কথাখিনি তাই তাইৰ মাতৃসম শিক্ষয়িত্ৰী, যিয়ে তাইক আজিৰ এই ঠাই পোৱাত বৌদ্ধিক, মানসিক আৰু আৰ্থিক সহযোগ কৰিছে, তেওঁক ক’লে ৷ শিক্ষয়িত্ৰী তনুজা বৰুৱাই মাত্ৰ তাইক ক’লে যে "আহিব দিয়া তেওঁলোকক ৷ তোমাৰ এই যুদ্ধজয়ৰ আনন্দত তেওঁলোক ধৰাশায়ী হ’ব ৷ তুমি তোমাৰ অমায়িক স্বভাৱেৰে তেওঁলোকক আদৰি সন্মান দেখুৱাবা আৰু তাতেই তেওঁলোকে লাজত ম্ৰিয়মাণ হ’ব আৰু সেই তাহানি কৰা অপৰাধৰ আত্মগ্লানিত জৰ্জড়িত হ’ব ৷ সেয়াই হ’ব তোমাৰ জয় ৷"

    পৰিয়ালৰ মানুহখিনি আহি নন্দিনীক গৰ্বৰে সাবটিছিল, হাঁহিছিল, আনন্দ কৰিছিল আৰু ৰীণাৰ মনত এটা এটা কৈ তাইৰ জীৱনৰ সেই দুৰ্বিষহ দিনবোৰে সাৰ পাই উঠিছিল ৷

—ঐ বেটা নিলাজ, কটা নিধক, কাৰ গেবাৰি খাটি অতপৰ কৰিলি হাঁ ? বেলি মূৰৰ ওপৰ পালেহি আৰু সি বেটাই ঘৈণীয়েকৰ মেখেলাৰ তলত সোমাই থাকি ধৰিবই পৰা নাই ৷ পথাৰলৈ কোন  যাব হাঁ ৷ 

   আঠ মহীয়া গা ভাৰী মানুহজনীৰ গা ধোৱা পানী কুঁৱাৰ পৰা তুলি দি গা-ধোৱা ঘৰত দাঙি দি অহা নিৰেণক মাকে এনেদৰে বেয়া মাতেৰে গালি দিয়াত তাৰ মনটো বেয়া লাগি গ’ল ৷ অকৰা-অজলা মানুহ হ’লেও তাৰ অন্তৰতো ভাল পোৱা আছে ৷ সমাজক সাক্ষী কৰি সি এখন হাত পলিঅ’ৰ বাবে চিচা হৈ পৰা ৰীণাক বিয়া পাতি আনিছে ৷ এইখন ঘৰৰ মানুহবোৰেই অশিক্ষিত নিৰেণৰ বাবে বি এ পাচ ছোৱালী এজনী আনিব পাৰিছে কেৱল তাইৰ হাতখনৰ দুৰ্বলতাৰ বাবে ৷ ৰীণাই ক্ষীণ আপত্তি এটা কৰিছিল, কিন্তু তাইৰ দৰে ছোৱালীৰ কথা ককায়েকহঁতে ক’ত শুনিব ৷ মাক-বাপেক থকালৈকে তাই কেতিয়াও অনুভৱেই কৰা নাছিল যে তাইৰ এখন হাত দুৰ্বল ৷ ঘৰখন আছিল অভাৱহীন ৷ টকা-পইচাৰ লগতে মৰমৰো অভাৱ ৰীণাই পোৱা নাছিল ৷ বাপেকে তাইৰ হাতখন বেয়া বাবেই অধিক মৰম আৰু যত্নত ৰাখিছিল তাইক ৷ তাই পোৱা অসুবিধাবোৰ দূৰ কৰিবলৈ দেউতাকে যিমান পাৰে সিমান চেষ্টা কৰিছিল ৷ কিন্তু হঠাৎ অফিচলৈ গৈ থাকোঁতে বাটত হোৱা দুৰ্ঘটনা এটাত তাইৰ মূৰৰ ওপৰত মুধচ হৈ থকা দেউতাকক হেৰুৱাই পেলাইছিল ৷ তাই বি এ পাছ কৰাৰ পিছত সকলোৱে তাইৰ বিয়াৰ চিন্তা আৰম্ভ কৰে ৷ সকলোতে তাইৰ শিক্ষা, সৌন্দৰ্য সকলোৰে আগত তাইৰ চিচা হৈ পৰা হাতখন বাধা হৈ ঠিয় হয় ৷ অৱশেষত পেহীয়েকৰ চিনাকি পৰিয়াল এটাৰ পৰা প্ৰস্তাৱ আহিল বিয়াৰ ৷ ল’ৰা পঞ্চম মানলৈ বিদ্যালয়লৈ গৈছে ৷ অৱশ্যে সঁচাটো তেওঁলোকে লুকুৱা নাই ৷ ল’ৰা বিদ্যালয়লৈ গৈছিল যদিও পাঁচ বছৰত নিজৰ নামটো লিখিব পৰা নহ’লগৈ ৷ পথাৰ সমাৰৰ কামত বৰ ভাল ৷ ঘৰখনৰ খেতিপথাৰ তেঁৱে চম্ভালি আছে ৷ অলপ অকৰা-অজলা হ’লেও কৰ্মঠ ল’ৰা ৷ ল’ৰা দেখি তাইৰ দুচকুত পানী বৈছিল ৷ তথাপি নিজৰ অসামৰ্থতাক মানি লৈ তাই আৰম্ভ কৰিছিল এক বৰ্ণাব নোৱাৰা দাম্পত্য জীৱন।

     এখন সম্পদেৰে পৰিপূৰ্ণ ঘৰেই পাইছিল তাই ৷ কিন্তু সেই সম্পদত তাইৰ আৰু তাইৰ স্বামীৰ কোনো অধিকাৰ নাছিল ৷ সকলো কথাতে দুয়ো অনুগ্ৰহৰ হাত পাতি বহি ৰ’ব লগীয়া হৈছিল ৷ হাত এখন কমজোৰী তাইৰ ৷ বাকীটো তাই সম্পূৰ্ণ এগৰাকী শিক্ষিতা নাৰী ৷ মানুহজনৰ প্ৰতি তাইৰ কোনো অভিযোগ নাছিল ৷ তেওঁ তেনেকুৱাই ৷ একেবাৰে কম বুদ্ধিৰ মানুহ ৷ ভালপোৱা বুলিবলৈ তেওঁৰ ফালৰ পৰা একো নাছিল যদিও পত্নীৰ প্ৰতি কৰণীয়খিনিত আৱেগ ঢালি তেওঁ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ৷ যেতিয়া তেওঁ গম পাইছিল তেওঁ বাপেক হ’বলৈ ওলাইছে মাকৰ ওচৰত হাত পাতি টকা খুজিছিল তাইৰ বাবে ভালপোৱা খোৱা বস্তু আনিবলৈ ৷ মাকে উপলুঙা কৰি হাঁহিছিল ৷ দুৱাৰৰ আঁৰৰ পৰা তাই সেই দৃশ্য চাই চকুপানী মুচিছিল ৷ দুদিন পিছত তেওঁ তাইলৈ এটোপোলা বুণ্ডিয়া লৈ আহি বৰ আৱেগৰে আগবঢ়াই দিছিল ৷ তাই সুধিছিল
— টকা ক’ত পালে ?
তেওঁ তলমূৰ কৰি লাহেকৈ কৈছিল—
— ধীৰেণৰ চাহ দোকানত সন্ধিয়া বাচন কেইটামান ধুই দিছিলোঁ আৰু তাৰ বিনিময়ত এই বুণ্ডিয়াখিনি আনিছোঁ ৷
এতিয়াৰ পৰা ময়ো বাপেকী হ’বলৈ ওলাইছোঁ যেতিয়া হাতখৰচৰ টকা এনেকৈ উলিয়াই ল’ব লাগিব বুজিছ ৷
   তাইৰ চকুদুটা চকুপানীৰে টুপটুপীয়া হৈছিল ৷ তাই তেওঁক এটা সৰু ল’ৰাৰ দৰে মৰমেৰে চুমা খাইছিল ৷ সি নুবুজি হেই পাগলী হলি নেকি বুলি তাইক লাহেকৈ ঠেলা এটা মাৰি দিছিল ৷ তাৰ পিছৰ পৰা তাইৰ যত্নত মানুহজনে ঘৰখনৰ গালি গালাজবোৰ খায়ো ব্যস্ত হৈ থাকিছিল ৷ শাহুৱেক, ডাঙৰ বৌৱেক আৰু নন্দেকৰ নানা কটু ব্যৱহাৰ আৰু শাৰীৰিক বা মানসিক অত্যাচাৰকো হজম কৰি তাই তাইৰ সন্তানটোক পৃথিৱীলৈ অনাৰ প্ৰস্তুতিত ব্যস্ত আছিল ৷ আশা কৰিছিল তাইৰ অন্ধকাৰ জীৱনৰ পোহৰ শলিতা হৈ উপজিব তাইৰ সন্তান ৷ ঘৰৰ মানুহবোৰে তাইৰ সন্তানটো নষ্ট কৰিবলৈ কৰা প্ৰতিটো চেষ্টাকে তাই বহু সংশয়ৰ মাজেৰে প্ৰতিহত কৰিছিল। সময়ত তাইৰ কোঁচত ফুলি উঠিছিল স্নিগ্ধ এপাহ ফুল ৷ নাম তাইৰ নন্দিনী ৷ ছোৱালীজনীৰ জন্মৰ পিছত ঘৰখন যেন আৰু অসন্তুষ্ট হৈ পৰিল সিহঁতৰ ওপৰত ৷ কাৰণ তাই কেঁচুৱা লৈ আগৰ দৰে ঘৰখনৰ কাম কৰিব নোৱাৰা হ’ল আৰু তেওঁ সন্তানটোক প্ৰয়োজন হোৱা সামান্য বস্তুখিনি যোগাৰ কৰিব নোৱাৰা দুখত ম্ৰিয়মাণ হৈ ঘৰত নিজৰ কামৰ বিনিময়ত টকা বিচৰা হ’ল ৷ দিনৰ দিনটো ঘৰত এজন কাম কৰা মানুহৰ দৰে গেবাৰী খাটি যেতিয়া টকা কেইটামান মাকৰ বা ককায়েকৰ ওচৰত হাত পাতি খোজে তেওঁক দিয়া হয় লপাথপা ৷ লাজ অপমান এজন মুৰ্খ মানুহৰ মনতো থাকে ৷ সেই অপমান সহিব নোৱাৰি এদিন পথাৰলৈ আনি থোৱা কীটা-নাশক দৰৱ খাই পৃথিৱীৰ অন্যায়ৰ নীৰৱ প্ৰতিবাদ কৰি গুচি গ’ল তেওঁ ৷ 

    নন্দিনীক লৈ থাকি গ’ল ৰীণা ৷ পূৰ্বত কৈও তাইৰ ওপৰত অত্যাচাৰ আৰু চৰিল ৷ এদিন খুব পুৱা উঠি তাই ওচৰেৰ তাইৰ দুখ বুজা এগৰাকী পেহীয়েকৰ সহায়ত নন্দনীক লৈ মাকৰ ঘৰলৈ বুলি গুচি আহিল ৷ প্ৰথম কিছুদিন স্বামীহাৰা বুলি তাইক ঘৰখনে ঠাই অকণমান দিলে ৷ তাই মাকৰ ঘৰৰ ওচৰতে থকা ভেন্সাৰ স্কুলখনতে কাম বিচাৰি গ’ল ৷ তাৰে প্ৰধান শিক্ষক তাইৰ দেউতাকৰ বন্ধু ৷ সেই আপাহতে তাই তাত শিক্ষকতাৰ কামটো পালে ৷ 

    জীৱনত ছোৱালীজনী মানুহ কৰাৰ সংগ্ৰামত বাদে আৰু একো নাছিল তাইৰ ৷ তাইৰ আত্মসন্মানে তাইক মাক-বাপেকৰ ঘৰত থকাৰ অনুমতি নিদিয়া হ’ল ৷ কাৰণ তাতো তাই বৌৱেকহঁতৰ পৰা নান কৰ্কৰ্থনা শুনিব লগীয়া হ’ল ৷ ছোৱালীজনীয়ে জন্মীয়ে বাপেকৰ মূৰটো খালে বুলি কোৱা কথাষাৰ সহি তাত থকাটো সম্ভৱ নহয় ৰীণাৰ বাবে ৷ যাৰ বাবে তাই সৰু কৈ ভাড়াঘৰ এটা লৈ এখন প্ৰায় অচল হাত লৈ আৰু লগত এটি ছমহীয়া শিশু লৈ আৰম্ভ কৰিলে এক জটিল জীৱন পৰিক্ৰমা ৷ ভাড়াঘৰটোৰ লগতে এহাল বৃদ্ধ দম্পতী আছিল আৰু সেইহাল মানুহ তাইৰ বাবে হৈ পৰিল এখন মজবুত হাত ৷ ছোৱালীজনী তাই তেওঁলোকৰ লগত নিশ্চিত মনে থৈ যাব পাৰে কামলৈ ওলাই গ’লে ৷ প্ৰাইভেট স্কুলৰ টকা কেইটাৰে নাটে বাবে এল আই চিৰ এজেণ্টৰ কামো আৰম্ভ কৰি দিলে তাই ৷ প্ৰায়খিনি গ্ৰাহক দোকানী তাইৰ ৷ সেয়ে সন্ধিয়া ওলাই যাব লাগে টকা সংগ্ৰহৰ বাবে ৷

   তাইৰ এই অকলশৰীয়া জীৱন সংগ্ৰামত তাই এটা কথা বুজি উঠিলে যে অকলশৰীয়া নাৰী শৰীৰ হৰিণীজনীৰ দৰেই লোভনীয় ৷ বিয়া কৰাবলৈ বা ভাল পাবলৈ এগৰাকী সুন্দৰী নাৰী লাগে, কিন্তু সম্ভোগ কৰিবলৈ প্ৰয়োজন হয় মাত্ৰ এটা নাৰী দেহ ৷ তেনে বেয়া পৰিস্থিতিৰ পৰা নিজৰ স্থিৰতাৰ বাবে তাই নিজক বচাবলৈ সক্ষম হৈছিল ৷ আনকি ঘৰভাড়াৰ মালিক তাইৰ পিতৃসম আৰু সেই লোকজনেও বিভিন্ন কাৰণ উলিয়াই তাইৰ ৰূমত আহি অসহ্যকৰ কথা আৰু দৃষ্টি দিয়ে তাইক ৷ ওচৰৰ ঘৰৰ বৃদ্ধ দম্পতীহালক তাই মনৰ দুখেৰে কথাখিনি কোৱাত ৰীণা আৰু ছোৱালীজনীক তেওঁলোকৰ নিজৰ জী আৰু নাতিনীৰ দৰে ঘৰ চপাই লৈছিল ৷ সেই চাৰিখন হাতৰ লগতে আৰু বহুকেইখন হাতে সিহঁতৰ জীৱনক পৰি যাব নোৱাৰাকৈ ধৰি ৰাখিছিল ৷

    নিজৰ বংশৰ তেজ মঙহ নহ’লেও ৰীণাৰ এটা সম্পূৰ্ণ পৰিয়াল গঢ় লৈ উঠিছিল ৷ শিক্ষয়িত্ৰী তনুজাৰ ঘৰখন তাইৰ যেন দ্বিতীয় ঘৰ ৷ তাতে তাই পাইছিল দুটা আপোন ভাই-ভনীৰ সম্বন্ধ ৷ আচলতে বেয়াৰ সমান্তৰালভাৱে ভাল মানুহ থকা বাবেই এই পৃথিৱীখন আজিও সুন্দৰ হৈ আছে ৷ এধানি জীৱন এটা জীয়াবলৈ এধানি মৰমৰ আলয়ে যথেষ্ট ৷ ধন বা টকা-পইচাতকৈ সেই মৰমৰ মূল্য বহু বেছি ৷ 

    ৰীণাৰ সাক্ষাৎকাৰ লওঁতে তাই এই কথাখিনিকে কৈছিল আৰু পৰিয়াল বুলি সেই আশ্ৰয়দাতা নন্দিনীৰ ককা-আইতাক আৰু শিক্ষয়িত্ৰী তনুজা বৰুৱাৰ পৰিয়ালকে সমাজক চিনাকি কৰি দিছিল ৷

অঙ্গন:  পৃষ্ঠাঃ 38
 চিনাকি

নিৰু মণি দেৱী

     "মা, তুমি হেণ্ডবেগটো তোমাৰ লগত ৰাখিবা । বাকী লাগেজ গুৱাহাটীৰ এয়াৰপৰ্টত পায় যাবা আৰু শুনা, কলকাতাত অলপ সময় ৰখিব কিন্তু তুমি নামি নাযাবা।"

     কবিতা জীৱনত প্ৰথম বাৰ এৰ'প্লেনত উঠিছে। চেন্নাইৰ পৰা গুৱাহাটীলৈ আহিছে । ঈশ্বৰৰ নাম লৈ কিবা কৈ লোকৰ পিছে পিছে গৈ গৈ ফৰমেলিটি  খিনি কোনোমতে শেষ কৰি প্লেনত বহিল। ভয়ে ভয়ে হনুমান চালিচা মাতি মাতি আহি যেনিবা কলিকতা পলেহি । কলিকতা এয়াৰপৰ্ট পোৱাত মানুহবোৰ হৰহৰকৈ উঠা উঠিছে ,নমা নামিছে ।ইজনৰ মুখলৈ এবাৰ , সিজনৰ মুখলৈ এবাৰ চাই  কবিতা বহি থাকিল।
ছোৱালীজনীয়ে তেওঁক কোনোকাৰণতে নামিব দিয়া নাই। হঠাৎ কবিতাই ওপৰৰ পৰা তললৈ চাই দেখে জখলাদালৰ  তলত  এখন গামোচা। তলত ৰৈ থকা বাছখনত উঠিব ধৰা মানুহ এজনৰ কান্ধত অসমীয়া গামোচা। লাজ-মান কাটি কৰি চিঞৰি দিলে-- "অ'  দাদা আপুনি গুৱাহাটীলৈ যাবনে ?"
তেখেতে অসমীয়া কথাষাৰ শুনি ডিঙি মেলি চাই ক'লে "অ, আপুনি ?"
"ময়ো গুৱাহাটীলৈ যাম । এইখনেই নাযাব নেকি?"
"নাযায় নহয়, নামি আহক।"
 তেহে আগপিছ নুগুনি ওপৰৰ খলপাখন খুলি খকামকাকে হেণ্ডবেগটো টান মাৰি আনি কবিতা দুপদুপকে দৌৰ দিলে গামোচাৰ পিছে পিছে। 
গামোচাখনক অনুসৰণ কৰি কৰি কোনোমতে আহি তেওঁ গুৱাহাটী পালেহি। পিছত গালি পাৰোতেহে জীয়েকে টিকটতো ভালকৈ চাই‌ ধৰফৰাবলৈ ধৰিলে। তাতে বোলে লিখাই আছিল প্লেন সলনি হ'ব বুলি। মানে নাম্বাৰ দুটা আছিলেই।
বিদেশত একমাত্ৰ চিনাকি  গামোচাখনেহে কবিতাক ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলে ।

ঠিকনাঃ
ৰহা, নগাঁও
ফোন নং ৯৩৬৫৭৬২৪২৯


অঙ্গন:  পৃষ্ঠাঃ 39
 প্ৰতিফল 

 ৰূপম জ্যোতি ভূঞা

      কাহিনীটোৰ আৰম্ভণি বহু দিনৰ আগৰে তেতিয়া সাগৰ বৰুৱা সৰু আছিল। মাক সুকন্যা আৰু দেউতাক যতিনে তাক ভালকৈ পঢ়িবৰ বাবে বৰ্দিং স্কুলত ৰাখিছিল। প্ৰথমতে সি কেইবাৰমান ঘৰলৈ আহিব খুজিছিল গাঁৱৰ সবাহ ভাওনাত ওচৰ চুবুৰীয়া বিয়া বাৰুত তেতিয়া মাক দেউতাকৰ স্পষ্ট মত নালাগে ঘৰলৈ আহিব পঢ়া খতি কৰি। আকৌ এবাৰ ঘৰলৈ অহাৰ পাছত ওচৰৰ ফ্লিল্ডখনত লগৰ কেইটাই খেলি থকা দেখি তাৰ কোমল মনতো তালৈ উৰা মাৰিছিল সি যাবলৈ ওলাইছিল লগে লগেই মাক সুকন্যা বৰুৱাই কাঢ়াকৈ কৈ উঠিল তালৈ যাব নালাগে সিহঁতবোৰ গাঁৱলীয়া আৰু সেইবোৰৰ লগত বোকা খেলিব নালাগে। বজাৰলৈ গৈ থাকোঁতে বয়সস্থ ৰিক্সাচালক জনে ফোপাই ফোপাই মৰা পেদেলৰ গতি কমি আহোঁতে মাকে কোৱা বহু বাৰ শুনিছে সেই এইবোৰ, টকা কেইটা কিলাই ল'ব কাম হ'লে নাই। আৰু সেই দৰেই ডাঙৰ হ'ল সাগৰ বৰুৱা। মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰা দিনা নিউজ ৰিপৰ্টাৰে গিজগিজাই উঠিছিল সিহঁতৰ ঘৰখন কিন্তু ব্যতিক্ৰম ওচৰ চুবুৰীয়া এজনো নাছিল। তেতিয়া দেউতাকে সাগৰৰ মূৰত হাত ফুৰাই কৈছিল দেখিছা এই গাঁৱৰ পিছপৰা ভূতবোৰৰ পৰা আঁতৰত থকাৰ বাবেই আজি তুমি এনে ৰিজাল্ট এটা কৰিব পাৰিলা।
      সময়বোৰ পাৰ হ'ল সাগৰ বৰুৱা পঢ়িবৰ বাবে গুৱাহাটী পালেগৈ দেউতাকৰ টান নৰীয়া বৰকৈ চাবলৈ বিচাৰিছিল সাগৰৰ মুখখন কিন্তু নাই তাৰ এমাহৰ পাছত পৰীক্ষা ঘৰলৈ নাহে তাৰ হেনো লচ হ'ব। এদিন তাক নেদেখাকৈয়ে দেউতাক ঢুকাল। কাজ কৰ্মৰ বাবে তিনিদিনৰ বাবে ঘৰলৈ আহিছিল ওচৰৰ ৰাইজখনেই সকলো কৰি উদ্ধাৰ কৰিলে।
     তাৰ পিছত আকৌ সময়বোৰ পাৰ হ'ল সাগৰ বৰুৱাৰ চাকৰি হ'ল ঘৰৰ পৰা বহু দূৰত । বহু উচ্চ মান সম্পন্ন বিষয়া। এতিয়া আগতকৈ ব্যস্ততা অলপ বাঢ়িল যাৰ বাবে সপ্তাহৰ মূৰত  মাকলৈ অহা ফোনটো এমাহৰ মূৰত হে আহিবলৈ ধৰিলে। অৱশ্যে মাকক চলিবলৈ টকা পইছাৰ অলপো খেলিমেলি নকৰে। এতিয়া মাক সুকন্যা বৰুৱা গাঁৱৰ ঘৰত অকলসৰীয়া।
    এদিন পাছত মাকৰ ফোনটো বাজি উঠিল সিপাৰত সাগৰ বৰুৱা
: মই
: অ' ক' সোণ
: মই বিয়া পাতিলোঁ
: কি ?
: অঁ মা। তাইৰ ঘৰ হাইদৰাবাদত, মোৰ লগত একেলগে কাম কৰে।
: কিন্তু মই যে তোৰ বিয়াখন ডাঙৰকৈ পাতিম বুলি...
: অহ্‌ স্টপ মা। কিবা ননচেঞ্চৰ দৰে কথাবোৰ নকবা। এতিয়া সেই বিয়া কিবা এইবোৰ কৰিব ইমান সময় নাই। তুমিয়েই কৈছিলা সময়ৰ মূল্য বহুত কথাখিনি কলো। বাই দা ৱেই কালি কৰ্ট মেৰেজ হৈ গৈছে।
         সুকন্যা বৰুৱাই কিবা ক'ব খোজোতেই ফোনটো কাট খাই গ'ল। মনৰ বেজাৰ আৰু চিন্তাত পুৰণি হাফানি বেমাৰটোৱে লগ দিলে। ওচৰ চুবুৰীয়া সিহঁতৰ ঘৰলৈ প্ৰায়ে নাহেই কাৰণ সুকন্যা বৰুৱাই তেওঁলোকক কেতিয়াও ভাল চকুৰে চোৱা নাছিল। বেমাৰ ক্ৰমান্বয়ে বেছি হৈ আহিল সুকন্যাই বাৰে বাৰে সাগৰ বৰুৱাক ফোন কৰি মতাৰ স্বত্তেও তেওঁৰ আহিবৰ সময়ে নহ'ল । প্ৰতিটো দিনেই নানান অজুহাত ।  
         কিছু দিন পাৰ হোৱা পাছত সুকন্যা বৰুৱাৰ ঘৰৰ পৰা কিবা এক গন্ধ বিয়পি উঠিছিল গাঁৱৰ মানুহবোৰ গৈ দেখিছিল সুকন্যা বৰুৱা ইতিমধ্যে কংকাল হৈ পৰিছে। দেহাটো অৰ্ধগলিত অৱস্থাত আছে আৰু আনফালে টেবুলত এখন কাগজ তাত লিখা আছিল
         বহু ভুলৰ শাস্তি পালোঁ হাতে হাতে। তাহানিৰে পৰা সদায় প্ৰতিযোগিতা সুলভ মন এটা সৃষ্টি কৰা। ওচৰ চুবুৰীয়া লগৰ বন্ধুৰ পৰা আঁতৰাই কেৱল কিতাপৰ শিক্ষা দিয়াৰ ফল আজি হাতে হাতে পালোঁ। বেমাৰৰ কথা ল'ৰাটোক কওঁতে সি কৈছিল বুঢ়া বয়সত মোৰ কিবা উৎপাত হৈছে।সময়ত টকা দিছে থাকিব লাগে ভালকৈ। বুজিছো সেই সময়ত যিটো সময়ত এজন শিশুৱে সমাজখন অনুসৰণ কৰে সেই সময়ত মই তাক কেৱল প্ৰতিযোগিতাৰ কথা সোঁৱৰাই তাক জেদি কৰি তুলিলো। অৱশ্যে ভুলবোৰ আমাৰ অভিভাৱকৰ। আজিৰ শিশুৰ বৌদ্ধিক বিকাশত আমাৰ অৰিহণা কেৱল প্ৰতিযোগীতাৰ স্থান লাভৰ উদ্দেশ্যে। নাজানো মোৰ মৃতদেহটো ইয়াত কিমান দিন থাকিব ? যিমান সময়ে থাকিব এইয়া মোৰ পাপৰ পায়চিত্ৰ।ওচৰ চুবুৰীয়া সকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু সকলোকে কেৱল এটা কথা ক'বলৈ বিচাৰিছোঁ এই সময়ত শিশুৰ বৌদ্ধিক মানসিক বিকাশত গুৰুত্ব দিয়ক কিতাপৰ শিক্ষাই এটা চাকৰি হে দিব পাৰিব। কিন্তু এজন মানুহ কৰিব নোৱাৰে। এজন মানুহ হ'বলৈ মানুহৰ মাজত থাকিবলৈ দিয়ক। এই একবিংশ শতিকাৰ এইয়া মোৰ কাহিনী আৰম্ভণি হে আৰু বহু দেখিবলৈ বাকী আছে। সমাজখন সলনি হওক বিশেষকৈ অভিভাৱক সকলৰ মতাদৰ্শ নহলে এদিন মোৰ অৱস্থা হ'ব সেয়া নিশ্চিত।

(লিখকৰ একাষাৰ:- সাম্প্ৰতিক সময়ৰ নৰকংকালৰ কথাটোৱে বৰ গভীৰ ভাবে চুই গৈছিল আৰু তাৰ পাছত মোৰ সাম্যক কাল্পনিক জ্ঞানৰে এটি কাহিনী আগবঢ়ায় দিলোঁ ভুল হ'লে ক্ষমা কৰিব আৰু মই আশাবাদী এই কাহিনী ভাগে আপোনাক নিশ্চয় কিবা এক নতুন অভিজ্ঞতা দিব।)

  ধন্যবাদ


অঙ্গন:  পৃষ্ঠাঃ 40
পৰিয়াল 

নবীন চন্দ্ৰ মেধি

সিদিনা শৰতে আবেলি সময়ত বাইকখন লৈ ঘৰৰ পৰা গাঁৱৰ সিমূৰত থকা জীৱন বীমা নিগমৰ গ্ৰাহক এজনৰ ঘৰলৈ কিস্তি আনিবলৈ বুলি ওলাই গৈছিল । এঘৰ দুঘৰ কৰি ঘুৰি ফুৰোঁতে ঘৰলৈ উভতি আহোঁতে ৰাতি চাৰে সাত বাজিছিল । সি পাহৰি পেলাইছিল তাৰ যে আজি ঘৰত ৰন্ধা বঢ়া কৰিবলৈ মানুহ নাই । ঘৰলৈ আহি পোৱাৰ পিছতেই বকনি আৰম্ভ হৈছিল  

 : আপোনাৰ খবৰ নাই নে কি ,  ৰন্ধা বঢ়া কোনে কৰিব ? ইফালে ল'ৰা ছোৱালী পঢ়া শুনা সময়মতে কৰিব লাগে । নহ'লে পিছদিনা স্কুললৈ গৈ মাৰ পিত খাব লাগে , কাণত ধৰিব লাগে । সময়মতে বোলে ঘৰলৈ উভতি আহোঁ , নাই খবৰ থাকিলেহে । এতিয়া কেইটা বাজিলে গম পায় নে ? 
ল'ৰা ছোৱালীয়ে ভাত খাব কেতিয়া ? 

: হেৰৌ চাৰে সাতটা বাজিছেহে । এঘণ্টাৰ ভিতৰত ভাত খাবলৈ হৈ যাব । ইমান চিন্তা কৰিব নালাগে নহয় । 

ডালিমীৰ কথা শুনি তাৰ খং উঠি আহিছিল । গাড়ীখন ভিতৰত ভৰাই সাজপাৰ নসলোৱাকৈয়ে ৰন্ধা বঢ়া কৰিবলৈ ধৰিলে । ভাত কেইটা হয় মানে আলু আৰু পানীলাও ( জাতিলাও) চব্জিখিনিও বহাই দিলেই । চাওঁতে চাওঁতে এঘণ্টাৰ ভিতৰত ভাত খাবলৈ হৈ গ'ল ।    

:  হুঁ তহঁতে ভাত খাই ল' । 

কেটলিটোতে পানী অকণমান বহাই দি সিহঁতক ভাত বাঢ়ি দি  চাৰে আঠ বজাত সকলো সামৰি সুতৰি সাজপাৰ সলনি কৰি ল'লে সি । ইতিমধ্যে মোবাইলৰ চাৰ্জ সম্পূৰ্ণ হৈছিল । এইবাৰ মোবাইল অন কৰি ফেচবুকৰ পৃষ্ঠা লুটিয়াই চালে।

ইতিমধ্যে মাকৰ লগতে ল'ৰা ছোৱালী দুটাই ভাত খাই আহি  মাকৰ লগতে সিটো কোঠাত সোমাল । বাপেকৰ লগত আজি মোবাইল চাবলৈও কোনো এটা নাথাকিল । কি যে স্বাৰ্থপৰ তিৰোতা এজনী পালো । ল'ৰা ছোৱালী দুটাকো তাৰ গতত উঠাবলৈ লৈছে । যা যি কৰ কৰি থাকগৈ । আমিনো কি আৰু চূণৰ টেমিত থকা বাৰীহে । 
আমাৰ প্ৰয়োজন ক'ত লাগে বুলিলে সকলো মুখৰ আগত গোটাই দিয়া মানুহহে । 

শৰতে ইমান দিনে বুজিয়েই পোৱা নাছিল পৰিয়াল মানে কি ? পৰিয়াল মানে হৈছে এজন মতা মানুহে আজীৱন দেহে কেহে লাগি কষ্ট ভোগ কৰি নিজৰ তিৰোতা আৰু ল'ৰা ছোৱালী কেইটাৰ খোৱা বোৱাৰ ওপৰত যত্ন ৰখা । ভাল ভাল সাজপাৰ পিন্ধাই ভাল ভাল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মাহে মাহে টকা খৰচ কৰি পঢ়া শুনা কৰিবলৈ সুবিধা দিয়া , সময় মতে বিদ্যালয়ত থৈ অহা আৰু সময়মতে বিদ্যালয়ৰ পৰা লৈ অনা আৰু কোনো কষ্ট ভোগ কৰিবলৈ নিদিয়াকৈ যাতে এই পৃথিৱীৰ পৰা মেলানি মাগিব পাৰে তাৰ সুবিধা খিনি কৰি থৈ যোৱা । এইখিনিয়েইতো দায়িত্ব । হয় সি এতিয়া ভালকৈ বুজি উঠিছে পৰিয়াল মানে কি ? এতিয়া পৰিয়াল তাৰ বাবে এটা হাৰমালহে । নিজৰ ইচ্ছা অনুসৰি একো এটা কৰিব নোৱাৰি । তাৰ দৰে নিবনুৱা যুৱক এজনে পৰিয়াল এটাৰ ভৰণ পোষণৰ বাবে কিমান কষ্ট কৰিবলগীয়া হৈছে সেই কথা কোনে বুজি পাব । সোতৰ বছৰে শিক্ষকতা কৰিও চৰকাৰী দৰমহা পাবলৈ সক্ষম নোহোৱাত হতাশাত বিদ্যালয় ত্যাগ কৰিব লগা হ'ল । দুবাৰকৈ টেট উত্তীৰ্ণ হৈ থাকিও নিযুক্তিৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱাৰ পাছত মনলৈ কিমান হতাশা আহিব পাৰে এই কথা কাৰো ভাৱি চাবলৈ সময় নাই । মুঠতে উপাৰ্জন কৰি আন আৰু আমি খাওঁ । ক'ত হাজিৰা কৰি আনি সিহঁতক খোৱাব এই কথা সিহঁতে ভাৱি চাইছেনে ? হাজাৰ হাজাৰ টকা ধাৰ কৰি আনি সিহঁতক খোৱাব পিন্ধাব লগা হৈছে সেই কথা সিহঁতে জানো বুজি নাপায় । তথাপি এই ব্যৱহাৰ ! 

বিবাহ বন্ধনত আবদ্ধ নোহোৱাকৈ থকা তাৰ বন্ধুবৰ্গৰ কথা এবাৰ ভাৱি চাই আচৰিত হয় সি । সঁচাই কি যে ভাগ্যৱান সিহঁত । নিজ মাতৃৰ হাতেৰে ৰন্ধা খাদ্য খাই আৰামত দিন পাৰ কৰিছে । কোনো চিন্তা ভাৱনা কৰাৰ প্ৰয়োজন নাই । বিন্দাছ জীৱন   নিৰ্বাহ কৰিছে । ক'ৰবাৰ পৰা ঘৰলৈ ঘূৰি পকি উভতি আহোঁতে আঁতৰৰ পৰাই হাতত কি আনিছে বুলি লক্ষ্য কৰিবলৈ নাই কোনো এগৰাকী স্বাৰ্থপৰ তিৰোতা । নালাগে ভোলাবলৈ দামী দামী উপহাৰ। 

"মাকে চাই মুখলৈ ঘৈণীয়ে চাই হাতলৈ"। সঁচাই আইৰ সমান কোনো হ'ব নোৱাৰে। "আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন ।" দিনটো অলৌতলৌকৈ ঘুৰি ফুৰি ঘৰলৈ উভতি আহোঁতে আঁতৰৰ পৰাই মাকে লক্ষ্য কৰে পুতেকৰ মুখলৈ , ক'ৰবাত কিবা এটা খাই বৈ আহিছে নে লঘোণে ভোকে কটাইছে । 

: বাবা ভৰি হাত ধুই ল' । মই ভাত বাঢ়ি দিওঁ । 

কিন্তু তিৰোতা গৰাকীৰ প্ৰথম চকু যায় হাতলৈ । দিনটো অলৌতলৌকৈ ঘুৰি ফুৰিছে ,  ঘৰলৈ উভতি আহোঁতে ল'ৰা ছোৱালী কেইটালৈ কেইটামান মিঠাইও লৈ আহিব নোৱাৰেনে ? ঘৰত বোলে ঘৈণীজনী দিনটো কাম বন কৰি কৰি ভাগৰি পৰিছে মাছ মাংস অকণমানকে লৈ যাওঁ সেইটো জ্ঞান থাকিলেহে । 

নাই তিৰোতা মানুহৰ এইখিনি আকাল জ্ঞানৰ অভাৱ । বেচেৰাটো দিনটো বা কি কামত ঘুৰি পকি ফুৰিছিল সিদ্ধি হ'ল নে নাই , ক'ৰবাত কিবা এটা খালে নে নাই, পিয়াহত আতুৰ হৈ আছে নেকি ? প্ৰথমে তাৰ খবৰ ৰাখি ঠাণ্ডা পানী এগিলাছকে যদি সন্মুখত আনি যোগান ধৰিলেহেঁতেন ! ধূৰ চালা । 

গিৰিয়েকে বা মতা মানুহজনে নিজৰ জীৱনটো কাৰ বাবে উচৰ্গা কৰে সেই কথা যিজনী তিৰোতাই বুজি নাপায় তেনে এজনী তিৰোতাৰ লগত জীৱন নিৰ্বাহ কৰাতো কিমান কষ্টকৰ সেয়া কেৱল এজন ভুক্তভোগী স্বামীয়েহে বুজিব পাৰে । তাতে যদি হাত উঠাই মাৰিবলৈ খেদি আহে নতুবা গালি দুআষাৰমান আওৰাই দিয়ে এনে কৰিব যেন কপি দা খন লৈ গিৰিয়েকে কাটিবলৈ খেদি ফুৰিছে তাইক, চিঞঁৰ বাখৰ লগাই হুলস্থুলীয়া পৰিবেশ এটাৰ সৃষ্টি কৰিব । তাতকৈ আদি এখোপ চ'ৰা তিৰোতা হয় তেন্তে আৰক্ষীৰ কাষ চাপিব । 

কিছুমান তিৰোতা দেখিবলৈ পোৱা যায় বন্ধন আৰোহণ আদিৰ দৰে গোটৰ বা বেংকৰ পৰা টকা ধাৰে লৈ দামী দামী মোবাইল কিনিব , কাপোৰ কিনিব আৰু মোবাইলৰ ফেচবুক হোৱাটছ এপ আদিত দেহা উদঙাই ককাঁল ভাঙি ভাঙি নাচিব । ডেকা বুঢ়া সকলোৱে বেয়া বেয়া কমেণ্টেৰে গালি বৰষিব আৰু সিহঁতৰ গা সাতখন আঠখন লাগিব । সঁচাই দেই তিৰোতাৰ মন পাবলৈ টান । তাতে আকৌ বোৱাৰী লাভাৰ বোলা কথা এষাৰেও চৰ্চা লাভ কৰিছে । তালৈ চালে বোৱাৰীবোৰক ইমান সুবিধা দিয়া একো ভাল কথা নহয় যেনো লাগে । নহ'লে কোনোবাদিনা ভুৰুংকৈ উৰা মাৰি গ'লে গোটেই জীৱন পস্তাই থাকিব লাগিব । নাই নাই এনেদৰে আৰু চলিব নোৱাৰি । অলপ শাসন কৰিবৰ হ'ল । নহ'লে তিৰোতা যেতিয়া মূৰৰ ওপৰত উঠিব নমাবলৈ বহুত কষ্ট কৰিবলগীয়া হ'ব । কথাষাৰ ভাবি সি মোবাইলটো থৈ ভিতৰলৈ সোমাই গ'ল...।

ঠিকনাঃ
গোলাঘাট 
৮১৩৫৮৭৪৮০৮

অঙ্গন: পৃষ্ঠা 41
শেষ পৃষ্ঠাৰ লেখাঃ

দায়িত্ববোধেহে প্ৰেমৰ সৌন্দৰ্য বঢ়ায়

          "প্ৰেম" সৰগীয় অনুভূতি প্ৰেম। প্ৰেম হেনো কৰা নেযায় প্ৰেম হৈ যায়। নিজৰ অজ্ঞাতে অকস্মাতে, অজানিতে হৈ যাব পাৰে আপোনাৰ প্ৰেম। হৃদয়ত প্ৰেমৰ প্ৰসন্ন অনুভৱে মতলীয়া কৰি তুলিব পাৰে আপোনাক। কোৱা হয় জীৱনত যদি এবাৰো প্ৰেমত পৰা নাই তেন্তে আপুনি জীৱনৰ সৌন্দৰ্যক উপভোগ কৰা নাই। কিন্তু তেনে স্বচ্ছ, নিকা, সৌন্দৰ্যময়, সুন্দৰতম প্ৰেমৰ সুন্দৰতাক আমি বহুতেই প্ৰকৃত মূল্য প্ৰদান কৰি উপভোগ কৰিব পৰা নাই। আজি যেন প্ৰেম আৱদ্ধ হৈ পৰিছে দৈহিক আকৰ্ষণৰ কেন্দ্ৰবিন্দুত। প্ৰেম চৈতন্য, শাশ্বত, চিৰপ্ৰবাহমান অমৃতধাৰা; প্ৰেমতেই জীৱৰ জীৱন প্ৰক্ৰিয়াৰ গতি নিৰ্ভশীল। তথাপিও যেন আমি প্ৰতি মুহূৰ্তত প্ৰেমক উপলুঙা কৰি আহিছো। এটা সময় আছিল প্ৰেমক মানুহে পবিত্ৰ জ্ঞান কৰিছিল। পুৰাতন পৃথিৱীত প্ৰেমক পবিত্ৰ জ্ঞান কৰি ইয়াক প্ৰদান কৰা হৈছিল যথোচিত সন্মান। সেয়ে বহু সময়ত বহু প্ৰেমিকে জীৱন আহুতি দি লিখি গৈছে প্ৰেমৰ অমৃতময় জীৱন গাথা। গতিকে সেই প্ৰেম আৰু প্ৰেমৰ পবিত্ৰতা আজিও আমাৰ বাবে উৎকৃষ্ট নিদৰ্শন।
           প্ৰেমত আস্থা আৰু গতিশীলতা প্ৰদান কৰিবলৈ লাগিব পৰস্পৰে পৰস্পৰৰ প্ৰতি অগাধ বিশ্বাস, সন্মান আৰু দায়িত্ববোধ। এজনৰ প্ৰতি আনজনৰ যি দায়িত্ব আৰু কৰ্তব্য তাক সঠিক ভাৱে পালন কৰিব পাৰিলেহে প্ৰেমে পূৰ্ণতা পায়। কেৱল মুগ্ধ নয়নৰ মুগ্ধতাত ভোলগৈ প্ৰেমাস্পদক প্ৰেম নিবেদন কৰিলেই প্ৰেমত পৰা নুবুজায়। প্ৰকৃত প্ৰেমৰ বাবে অন্তৰ জয় কৰিব পাৰিব লাগিব; হৃদয়ে হৃদয়ক চিনি পাব লাগিব। হৃদয়ে হৃদয়ৰ সৈতে চিনাকি হ'ব নোৱাৰিলে প্ৰেমে পূৰ্ণতা নেপায়। বাহ্যিক সৌন্দৰ্যত মোহিত হৈ প্ৰেম কৰিলে সিও সৌন্দৰ্যৰ দৰেই এদিন ম্লান পৰিব। সময়ে সৌন্দৰ্য কাঢ়ি নিয়াৰ দৰে কাঢ়ি নিব পৰস্পৰৰ প্ৰতি থকা আকৰ্ষণ। সম্প্ৰতি বহু প্ৰেম বিবাহৰ যি পৰিণতি তালৈ মন কৰিলে সেইয়া যে কেৱল কোনো এটা বিশেষ কাৰকৰ প্ৰতি থকা আকৰ্ষণৰ বাহিৰে একো নহয় তাক অতি সুন্দৰকৈ বুজি পোৱা যায়। ওপৰত কৈ অহাৰ দৰে প্ৰেমে যদি সৌন্দৰ্য, ঐশ্বৰ্য আদিৰ কবলত পৰি স্বাধীনতা হেৰুৱাই তেন্তে প্ৰেমৰ পৰিণতি যে অকাল মৃত্যু ই ধ্ৰুৱ সত্য।
          কোনো কোনো ক্ষেত্ৰত কোনো বিশেষ কাৰণত সঁচা প্ৰেমকো হেৰুৱাব লগা হয় বা প্ৰেমত ব্যৰ্থ।হ'ব লগা হয় বা ইচ্ছাৰ বিৰুদ্ধে বিবাহত বহিব লগা হয়। এনে সময়ত অন্তৰৰ গৰাকীৰ বাবে অন্য গৰাকীক যদি আমি এলাগি কৰোঁ বা তাইৰ প্ৰতি পালন কৰিব লগা দায়িত্ব যদি আমি পালন নকৰোঁ সেইয়াও হ'ব সেই গৰাকীৰ প্ৰতি কৰা অন্যায়। প্ৰেমত ব্যৰ্থ হৈ অতীতৰ বাবে বৰ্তমানক আওকান কৰাত কৈ অন্তৰৰ পবিত্ৰ প্ৰেমক পবিত্ৰতা প্ৰদান কৰি দায়িত্ব আৰু কৰ্তব্যৰ মাজেৰে ভালপোৱা বিলাই প্ৰেমক সন্মান প্ৰদান কৰাটোৱেই সঁচা ভালপোৱা। কাৰণ প্ৰেম মানেই বিবাহ নহয় প্ৰেমৰ অন্য নাম ত্যাগ। যদি আমি ত্যাগ কৰিব নোৱাৰো তেন্তে প্ৰেমক সন্মান প্ৰদান কৰিবও নোৱাৰো।
           প্ৰেমেহে জীৱনলৈ শান্তি আৰু সৌন্দৰ্য কঢ়িয়াই আনে। প্ৰেম জীৱন যুঁজৰ বাবে প্ৰেৰণা আৰু সাহস দিয়ে। সঁচা প্ৰেমৰ সৌন্দৰ্যই সলনি কৰি দিব পাৰে জীৱন দৰ্শন, সলনি কৰি দিব পাৰে জীৱন যাত্ৰাৰ পথ। গতিকে প্ৰেমৰ প্ৰতি আমাৰ যি দায়িত্ব তাক পালন কৰিবলৈ শিকাটো অতি প্ৰয়োজন। আহক প্ৰেমক সন্মান কৰোঁ আৰু সুন্দৰ কৰি তোলো আমাৰ জীৱন।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
6000709096

অঙ্গন:  পৃষ্ঠাঃ 42


Post a Comment

0 Comments