অঙ্গনঃ চতুৰ্থ বছৰ (৯ নং সংখ্যা)




১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
13 অক্টোবৰ 2023.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 3
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 5
👉প্ৰৱন্ধ : পৃষ্ঠা-- 6-10
👉ধাৰাবাহিক: পৃষ্ঠা--11
👉অণুগল্প : পৃষ্ঠা -- 12-15
👉 এক মিনিটৰ গল্প: পৃষ্ঠা-- 16
👉অনুবাদ সাহিত্য : পৃষ্ঠা--17-18
👉কবিতা: পৃষ্ঠা--19-37
 👉ৰেচিপি: পৃষ্ঠা--38
👉গল্প: পৃষ্ঠা--39-42
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা-- 43

অঙ্গন: পৃষ্ঠাঃ 4
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ 5
সম্পাদকীয়ঃ

এয়া গ্ৰন্থৰ বতৰ

অসমত প্ৰায় অক্টোবৰ-নৱেম্বৰ মাহৰ পৰাই বিভিন্ন স্থানত গ্ৰন্থমেলাসমূহ আৰম্ভ হয়৷ ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে ১৯৭৮ চনতেই নগাঁৱত প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল৷ পৰৱৰ্তী পৰ্যায়ত অসম প্ৰকাশন পৰিষদকে আৰম্ভ কৰি অসমৰ ভিন্ন প্ৰান্তৰ স্থানীয় লোকসকলেও এই গ্ৰন্থমেলাৰ আয়োজন কৰি কিতাপক পাঠকৰ কাষ চপাত অভূতপূৰ্ব সহযোগিতা আগবঢ়ালে৷ এই প্ৰথাই আমাক কিতাপ পঢ়াৰ এটা সুন্দৰ ব্যৱস্থা কৰি দিলে আৰু ন ন লেখক লেখিকাসকলক জন্ম দিলে৷

গ্ৰন্থৰ এই সোণালী সময়খিনিলৈ লাহে লাহে গ্ৰন্থৰ প্ৰকাশকসকল, লেখক-লেখিকাসকল আৰু পাঠক-পাঠিকাসকলে অধীৰ আগ্ৰহেৰে বাট চাই থকা হ’ল৷ উল্লেখৰ প্ৰয়োজন যে গ্ৰন্থমেলা বুলিয়েই বহুতে কিতাপ কিনাৰ এটা পৰিকল্পনা যুগুত কৰিলে, কিতাপ সংগ্ৰহ কৰিলে আৰু প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়ত পঢ়িম বুলিও কিতাপ সাঁচি ৰাখিলে৷

গ্ৰন্থমেলাসমূহত লাহে লাহে অসমীয়াৰ লগতে অন্যান্য ভাষাসমূহৰ গ্ৰন্থও উপলব্ধ হ’ল৷ এই পদ্ধতিয়ে বিশ্বৰ মানবিশিষ্ট সাহিত্যৰ লগত অসমীয়া পঢ়ুৱৈক চিনাকি কৰালে আৰু অসমৰ বাহিৰৰ প্ৰকাশনসমূহক আৰ্থিক সহযোগিতা আগবঢ়ালে৷ ইয়াৰ লগতে অৱশ্যে অসমীয়া লেখক লেখিকাৰ সৃষ্টিশীল প্ৰতিভালৈ আহি পৰিছে এক যোগাত্মক প্ৰত্যাহ্বান৷ কিয়নো লাহে লাহে কিছুসংখ্যক অসমীয়া পাঠক জ্ঞানৰ অন্বেষণত ইংৰাজী অথবা বাংলা সাহিত্যৰ আশ্ৰয় ল’বলগীয়া হৈছে৷ এই পাঠকসকলৰ মানসিক প্ৰয়োজনক সন্মান জনাই তেওঁলোকৰ বাবে হাতত কলম তুলি লোৱা বিষয়টো আজিৰ প্ৰজন্মৰ লেখক-লেখিকাসকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব৷

আমি আশাবাদী, পাঠকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সমাজখনক সততাৰে আগুৱাই নিয়াৰ স্বাৰ্থত নৱ প্ৰজন্মৰ লেখক-লেখিকাসকলে হাতত কলম তুলি ল’ব আৰু তেওঁলোকৰ কলমেৰে আৰু উন্নতমানৰ লেখাৰ জন্ম হ’ব৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 6
প্ৰৱন্ধঃ
 
অণুগল্প

প্ৰণৱ ফুকন

আজিকালি বাতৰিকাকতৰ সাহিত্য পৃষ্ঠা চালেই অথবা যিকোনো সাহিত্যবিষয়ক আলোচনীৰ পাত লুটিয়ালেই আমাৰ চকুত ধৰা দিয়ে এক বা একাধিক অণুগল্পই ৷ আধুনিক  লেখকসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে, কিয়নো অতি কম শব্দত প্ৰকাশ কৰা এই অণুগল্পবোৰে সহজেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে ৷

অণুগল্পৰ আৰম্ভণি: অণুগল্পৰ আৰম্ভণি কেতিয়া আৰু ক’ৰ পৰা হ’ল এই কথা সঠিককৈ কোৱা টান ৷ ১৯ শতিকাত অনেক লেখকে ৰূপকথা আৰু উপকথাৰ (Fables) জন্ম দিছিল ৷ এই ক্ষেত্ৰত সহজেই মনলৈ আহে আমি শৈশৱত পঢ়া টলষ্টয়ৰ সাধু আৰু ঈচপৰ সাধুৰ নাম ৷ সেই সময়চোৱা আছিল সাহিত্যৰ বিভিন্ন ধাৰাৰ উৎপত্তিৰ সময় ৷ সেই সময়তে সৃষ্টি হৈছিল নীতিকথামূলক (Parables) আৰু কূটাৰ্থক (Allegorical) ৰচনা ৷ এই কালচোৱাতে অণুগল্পয়ো পোহৰৰ মুখ দেখিছিল বুলি ধৰা হয় ৷ ইংৰাজী ভাষাৰ সাহিত্যিকসকলৰ মাজত এনে লেখা জনপ্ৰিয় হৈ উঠে; এনে লেখাক অনেকেই অনেক নাম দিছে, যেনে Atomic Stories আৰু Flash Fiction. ইয়াৰে দ্বিতীয়টো নাম অধিক জনপ্ৰিয় ৷ যেনেদৰে সস্তিয়া কাগজত ছপোৱা কিতাপক Pulp Fiction বোলা হয়, তেনেকৈ এনে গল্পকো Flash Fiction বোলা হ’ল। কিয়নো ই এক বিশেষ মুহূৰ্তৰ কোনো ঘটনা বা ভাৱৰ অভিব্যক্তি ৷ ইয়াৰ আন এক কাৰণ হ’ব পাৰে যে অনেক বিখ্যাত লেখকে এই শৈলীক  Pulp Fiction-ৰ দৰেই হেয় জ্ঞান কৰিছিল ৷ সাধাৰণতে Earnest Hemingway-ৰ "For sale: baby shoes, never worn" গল্পটিকে Flash Fiction-ৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে ধৰা হয় ৷ মাত্ৰ ছটা শব্দত এই গল্পটিয়ে এক বিশাল ভাৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷ আন এটা অতি সুন্দৰ Flash Fiction হ’ল Joyce Carol Oates-ৰ Widow’s First Year. মাত্ৰ চাৰিটা শব্দৰ এই গল্পটো এনে: “I kept myself alive.” ইয়াত এগৰাকী বিধৱাৰ জীয়াই থকাৰ সংগ্ৰাম পৰিস্ফুট হৈছে ৷

ক্ৰমান্বয়ে অণুগল্প অন্যান্য ভাষালৈও শিপায় আৰু সকলো ভাষাতে যথেষ্ট অণুগল্পৰ সৃষ্টি হয় ৷ বৰ্তমান অসমীয়াতো অনেক লেখকে অণুগল্প লেখিবলৈ যত্ন কৰিছে আৰু অনেক সফলো হৈছে ৷ কিন্তু এতিয়াও কিছু বিখ্যাত লেখকে এই শৈলীক তুচ্ছ জ্ঞান কৰা পৰিলক্ষিত হয় ৷ যি কি নহওক, অণুগল্পৰ সৃষ্টি বৰ্তমান যুগৰ এক অৱধাৰিত সত্য ৷

অণুগল্প কি ?:- এই কথা অতি সহজতে কোৱা সম্ভৱ নহয় ৷ ইয়াৰ গুণাগুণ বিবেচনা কৰিলে আমি এনেদৰে অণুগল্পৰ বিষয়ে কিছু বিন্দু দেখা পাওঁ ৷

(১) অণুগল্প সাহিত্যৰ এক নতুন শৈলী ৷ আজিৰ ব্যস্ত জগতৰ বাবে এই গল্পবোৰ সহজপাঠ্য ৷

(২) অণুগল্প হ’ল "অনাদি- অনন্ত"; অৰ্থাৎ চুটিগল্পৰ দৰে ইয়াৰ কোনো আৰম্ভণি আৰু সামৰণি নাই ৷

(৩) এটা বিশেষ মুহূৰ্তৰ এক বিশেষ ঘটনা/ মনৰ ভাৱ অণুগল্পত প্ৰকাশ পায় ৷ 

(৪) অণুগল্পত চুটিগল্পৰ বীজ অঙ্কুৰিত হৈ থাকে; এটা অণুগল্প পঢ়ি পাঠকৰ মনত তাৰ আগৰ আৰু পাছৰ ঘটনা কি হ’ব পাৰে, এনে এটা ভাৱে দোলা দি যায় ৷ সেই ভিত্তিত পাঠকে নিজৰ মনত বা কাপ-মৈলামলৈ একোটা চুটিগল্প লেখি উলিয়াব পাৰে ৷ এটা অণুগল্পৰ পৰা কমেও দুটা গল্প অথবা চুটিগল্পৰ সৃষ্টি কৰাৰ থল থাকিব লাগে, নহ'লে ই মাথোঁ কোনো পৰিঘটনাৰ খবৰৰ ৰূপ ধাৰণ কৰিব। 

(৫) এটা অণুগল্পৰ আগৰ বা পাছৰ ঘটনা কল্পনা কৰি পাঠকে এক বা একাধিক অণুগল্পৰো সৃষ্টি কৰিব পাৰে ৷ কিন্তু এই ক্ষেত্ৰত কিছু অসুবিধাৰো সৃষ্টি হ’ব পাৰে ৷ প্ৰথম কথা, এনে অণুগল্পক সম্পূৰ্ণ মৌলিক বুলি ক’ব নোৱাৰি ৷ দ্বিতীয়তে, প্ৰথম অণুগল্পৰ আধাৰত লেখা দ্বিতীয়টো অণুগল্পই প্ৰথম গল্পটোৰ আৰম্ভণি বা সামৰণিৰ দিশ দেখুৱাই দিয়ে; বিশেষকৈ পাছৰ ঘটনা কল্পনা কৰি লেখা অণুগল্পই প্ৰথম গল্পটোৰ সামৰণি মাৰে ৷ ফলত দুয়োটা অণুগল্পৰ সংমিশ্ৰণত পাঠকৰ বাবে এক চুটিগল্পৰ ৰূপ লয় ৷ আমি আগতেই কৈছোঁ যে অণুগল্পৰ কোনো সামৰণি নাথাকে ৷

(৬) যিদৰে অণুগল্পত চুটিগল্পৰ বীজ থাকে, সেইদৰে প্ৰতিটো চুটিগল্পয়ো এক বা একাধিক অণুগল্পৰ সমল কঢ়িয়াই আনে, যাৰ ভিত্তিত পাঠকে অণুগল্পৰ সৃষ্টি কৰিব পাৰে ৷

(৭) এটা অণুগল্পৰ আধাৰত সৃষ্ট অণুগল্প/চুটিগল্পত মূল অণুগল্পৰ ভিত্তি স্বীকাৰ কৰা অতীব প্ৰয়োজনীয় ৷ চুটিগল্পৰ পৰা সৃষ্ট অণুগল্পৰ ক্ষেত্ৰতো এই কথা খাতে ৷ কাৰণ মৌলিক সৃষ্টিৰ ওপৰত স্ৰষ্টাৰ সম্পূৰ্ণ অধিকাৰ থাকে ৷ ই এক অস্থাৱৰ সম্পত্তি ৰূপে পৰিগণিত হয়, যাক বিদ্যায়তনিক সম্পত্তি (Intellectual Property) বোলা হয় আৰু স্ৰষ্টাৰ অধিকাৰক Intellectual Property Right বোলা হয় ৷ আধুনিক বিদ্যায়তনিক সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ বাবেও আইন প্ৰবৰ্ত্তন কৰা হৈছে, আৰু এই সকলো আইন সাঙুৰি Intellectual Property Rights Acts বুলিব পাৰি ৷ এনে পৰিস্থিতিত মিছাতে মৌলিকতাৰ দাবী কৰি গল্পকাৰে নিজকে বিপদৰ মুখলৈ ঠেলি দিয়ে; কাৰণ মূল লেখকে আইনৰ সহায়  লোৱাত কোনো বাধা নাই ৷  সেয়ে এই পথত সাৱধানে বাট বুলিব লাগে ৷  

(৮) অণুগল্পৰ ভাৱাৰ্থ বা মূল ভাৱ অব্যক্ত হৈয়ো পাঠকৰ মনত সেই ভাৱৰ জোৱাৰ আনিলে অণুগল্পই সফলতা লাভ কৰে ৷

(৯) অণুগল্পত শব্দৰ যথাযথ প্ৰয়োগ কৰি অতি কম শব্দতে ঘটনা বা ভাৱ প্ৰকাশ কৰাই হ’ল অণুগল্পৰ বৈশিষ্ট্য ৷

(১০) যিহেতু এনে গল্পসমূহ চুটি অথবা শব্দ সংখ্যা কম সেয়ে গল্পটোৰ চৰিত্ৰৰ বা তাৰ স্থিতি সম্পৰ্কে বহলাই বিৱৰণ দিয়াৰ পৰা আঁতৰি থকাৰ প্ৰয়োজন আহি পৰে, কাৰণ তেনে কৰিলে বহু সময়ত ই আমনিদায়ক হৈ পৰাৰ সম্ভাৱনা থাকে। সাধাৰণ ভাষাত ক'বলৈ হ'লে 'কোন, ক'ত, কিয় বিখ্যাত' সেয়া অপ্ৰয়োজনীয়। তেনেদৰে এনে গল্পসমূহত পাৰিলে দুটাতকৈ অধিক চৰিত্ৰৰ সৃষ্টি কৰাৰ পৰা আঁতৰি থকাৰ প্ৰয়োজন, অন্যথা পাঠকে গল্পটো বুজাত অসুবিধা আনিব পাৰে।

(১১) অণুগল্পৰ আন এটা বিশেষত্ব হ’ল: যথাসম্ভৱ অণুগল্প প্ৰথম পুৰুষত লেখা উচিত যাতে ই পাঠকৰ মানসপটত লগেলগে ক্ৰিয়া কৰে ৷

(১২) অণুগল্পৰ শিৰোনাম গল্পটিৰ ভাৱ প্ৰকাশত সহায়ক হোৱা উচিত ৷ Widow's First Year ইয়াৰ এটা সুন্দৰ উদাহৰণ ৷

 (১৩) অণুগল্পই পাঠকক আৰম্ভণি আৰু সামৰণিৰ বিষয়ে ভৱাই তুলিবলৈ সক্ষম হ’ব লাগে; অন্যথা ই এটা মুহূৰ্তৰ পৰিঘটনাৰ বৰ্ণনা মাত্ৰ হৈ পৰে ৷

অঙ্গন: পৃষ্ঠাঃ 7
দুর্গাপূজা আৰু ইয়াৰ অন্তর্নিহিত কিছু কথা

পৰিণীতা কলিতা
( সহ সম্পাদিকা অঙ্গন)
ফোন: ৯১২৭৫৬৪১২৪
                        
ভাৰতৰ অন্যতম গুৰুত্বপূর্ণ ধৰ্মীয় উৎসৱ হৈছে দুর্গাপূজা ৷ দুর্গাপূজাক দুর্গোৎসৱ বুলিও কোৱা হয় ৷ শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম ত্ৰিপুৰা বিহাৰ ঝাৰখাণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সকলেও দুৰ্গা পূজা অতি উলাহেৰে পালন কৰে।
দুৰ্গা পূজা হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ উপাসনাৰ উৎসৱ। এই উৎসৱক নৱৰাত্ৰী বুলিও জনা যায় ৷ পুৰণি সময়ৰে পৰা অসম ৰাজ্যকে ধৰি বিহাৰ, উৰিষ্যা,পশ্চিমবংগ,ঝাৰখণ্ডত দুৰ্গা পূজা বহুলভাৱে উদযাপন কৰা হয় ৷ উত্তৰ ভাৰতত দুর্গাপূজাক নৱৰাত্ৰী হিচাপে পালন কৰা হয়। 
আহিন মাহৰ শুক্লা প্রতিপদ তিথিৰ পৰা আৰম্ভ কৰি নৱমী তিথিলৈ দেৱীক যি নটা ৰূপত দেৱীক পূজা কৰা হয়। এই নটা দিনত দুৰ্গাদেৱীক নটা বিশেষ বিশেষ ৰূপত পূজা কৰা হয়। উল্লিখিত নটা দিনক ‘নৱৰাত্ৰি’ আৰু দেৱীৰ নটা ৰূপক ‘নৱদুৰ্গা’ বুলি কোৱা হয়। দুর্গাদেৱীৰ এই নটা ৰূপ হৈছে—
শৈলপুত্রী
ব্রহ্মচাৰিণী
চন্দ্রঘণ্টা
কুষ্মাণ্ডা
স্কন্দমাতা
কাত্যায়নী
কালৰাত্ৰি
মহাগৌৰী
সিদ্ধিদাত্ৰী

শৈলপুত্রী
দুর্গাপূজাৰ প্রথম ৰূপটো হৈছে -শৈলপুত্রী ৷ হিমালয়ৰ কন্যাৰূপে জন্মগ্রহণ কৰা বাবে এওঁক শৈলপুত্রী হিচাপে জনা যায় ৷ শৈলপুত্ৰীৰ আক্ষৰিক অৰ্থ হৈছে পৰ্বতৰ জীয়ৰী ৷ তেওঁক সতী, ভৱানী, পাৰ্বতী বা হেমৱতী নামেৰেও জনা যায়।  প্ৰকৃতিৰ পৰম স্বৰূপ হিচাপেও তেওঁক গণ্য কৰা হয়।

প্রবাদমতে "শৈলপুত্ৰী"  পূৰ্বজন্মত দক্ষ ৰজাৰ কন্যাৰূপে জন্মগ্ৰহণ কৰিছিল ৷ তেতিয়া তেওঁৰ নাম আছিল “সতী”। ভগৱান শংকৰৰ সৈতে তেওঁৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে। পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিছিল ।  সতীয়ে পিতৃ-গৃহলৈ গৈ দেখিলে যে, তাত  চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাবহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠাত তেওঁ তৎক্ষণাত তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰী ৰূপে পৰৱৰ্তী জন্ম গ্ৰহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্ৰী”নামেৰে জনাজাত হ’ল।  
বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা। 

ব্ৰক্ষ্মচাৰিণী

মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “বেদস্তত্ত্ব তপো ব্ৰহ্ম ” ৷

হিমালয়ৰ তাত পুত্ৰী ৰূপে উৎপন্ন হোৱাত নিজৰ  পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেওঁ অতি ঘোৰ তপস্যা কৰিছিল । তেনে দুষ্কৰ তপস্যাৰ বাবে তেওঁক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল ৷
 ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায়। জীৱনৰ কঠিন সংঘাত বোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয়।

চন্দ্ৰঘণ্টা

চন্দ্ৰঘণ্টা  হৈছে দেৱী পাৰ্বতীৰ (দুৰ্গা) তৃতীয় ৰূপ। চন্দ্ৰঘণ্টাৰ অৰ্থ হৈছে "যাৰ অৰ্ধ চন্দ্ৰ আকৃতিৰ ঘণ্টা আছে।" দেৱীৰ তৃতীয় নয়ন সদায় মুক্ত অৱস্থাত থাকে আৰু তেওঁ সদায় ৰাক্ষসৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাজু থাকে। তেওঁক চন্দ্ৰখণ্ড, চণ্ডিকা বা ৰণচণ্ডী বুলিও জনা যায়। মা চন্দ্ৰঘণ্টাৰ শৰীৰৰ বৰণ সুবৰ্ণৰ দৰে উজ্জ্বল ৷ মা চন্দ্ৰঘণ্টা হৈছে দশভুজা ৷ এই দহোখন হাত খৰ্গ ,বাণ আদি অস্ত্ৰ-শস্ত্ৰৰে বিভূষিত ৷ ঘণ্টাৰ নিচিনা প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে ৷ তেওঁৰ এখন হাত বৰদা মুদ্ৰা অৰ্থাৎ আশীৰ্বাদৰ ভঙ্গী বা অভয়মুদ্ৰাত থাকে । তেওঁ বাঘ বা সিংহৰ ওপৰত আৰোহণ কৰে । মা চন্দ্ৰঘণ্টাৰ বাহন হ’ল সিংহ । তেওঁৰ বাহনে সাহসিকতাক প্ৰতিনিধিত্ব কৰে । দেৱী দুৰ্গাৰ এই ৰূপটোক নৱৰাত্ৰিৰ তৃতীয় দিনটোক অধিক মহত্ব দিয়া হয় ৷

কূষ্মাণ্ডা

মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কূষ্মাণ্ডা। নিজৰ মৃদু–মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে। কু', 'উষ্ম' আৰু 'অণ্ড' - এই তিনিটা শব্দৰে তেওঁৰ নামটো গঠিত হৈছে ৷ যাৰ অৰ্থ হ'ল- যথাক্ৰমে সামান্য উষ্ম অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড ৷নৱৰাত্ৰিৰ চতুৰ্থ দিনটোত কুষ্মাণ্ডাৰ আৰাধনা কৰা হয়। তেওঁ স্বাস্থ্য, সম্পত্তি আৰু শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস আছে ৷  আঠখন হাত থকাৰ বাবে দেৱী কুষ্মাণ্ডা অষ্টভূজা দেৱী বুলিও আখ্যা দিয়া হয়। তেওঁৰ জপমালাত সকলো সিদ্ধি আৰু নিধি প্ৰদানৰ শক্তি আছে বুলি কোৱা হয় ৷ এখেতৰ বাহন হ’ল সিংহ। সংস্কৃত ভাষাত কূষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা। বলি সমূহৰ ভিতৰত কোমোৰা-বলি এখেতৰ আটাইতকৈ প্ৰিয়।

স্কন্দমাতা

মাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। তেওঁৰ নামটো 'স্কন্দ'ৰ পৰা আহিছে । যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ। নৱদুৰ্গাৰ এগৰাকী হিচাপে নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা কৰা হয় । এখেতৰ বাহন হ’ল, ‘ময়ূৰ’ বা ম’ৰা চৰাই। সেইকাৰণে ‘ময়ূৰ-বাহন’ নামেৰেও অভিহিত। এই ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ উক্ত পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত।
স্কন্দমাতাৰ হাত চাৰিখন ৷ তিনি চকুৰ গৰাকী স্কন্দমাতা দেৱীৰ বাহন হৈছে সিংহ ৷ তেওঁৰ এখন হাত অভয়মুদ্ৰা ভংগীমাৰে দেখুওৱা হয় আৰু  আন এখন হাতেৰে নৱজাত পুত্ৰ স্কন্দক কোলাত ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰে । দেৱীৰ বাকী দুখন হাতত সাধাৰণতে পদুমফুল থাকে ৷ দেৱীক প্ৰায়ে পদুমৰ ওপৰত বহি থকা দেখুওৱা হয় বাবে তেওঁক কেতিয়াবা পদ্মাসনী দেৱী বুলিও কোৱা হয় ।

কাত্যায়নী

মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যয়নী”। এখেতৰ নাম ‘কাত্যায়নী’ হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ—
বামন পুৰাণৰ মতে,মহিষাসুৰৰ প্ৰতি দেৱতাসকলৰ ক্ৰোধৰ ফলত তেওঁলোকৰ শক্তিয়ে সন্মিলিত জ্যোতিকণাৰ ৰূপ লয় ৷এই জ্যোতিকণাসমূহ কাত্যায়ন ঋষিৰ আশ্ৰমত পূঞ্জীভূত হোৱাত ঋষিয়ে ইয়াক প্ৰকৃত ৰূপ প্ৰদান কৰে ৷ সেয়ে কাক্ত্যায়নী দেৱীক কাত্যায়ন ঋষিৰ নামেৰেই তেওঁৰ জীয়ৰী হিচাপে জনা যায় ৷
আনহাতে,স্কন্ধ পুৰাণৰ মতে দেৱতাসকলৰ অবিৰত কোপৰ পৰা তেওঁৰ জন্ম হয় আৰু সিংহৰ পিঠিত উঠি মহিষাসুৰ বধৰ পৰ্যায় পাইছিলগৈ ৷ ইয়াৰ উপৰিও দেৱী ভাগৱত পুৰাণ আৰু মাৰ্কণ্ডেয় পুৰাণতো কাত্যায়নী দেৱীৰ মাহাত্ম্যৰ কথাৰ উল্লেখ পোৱা যায় ৷ 

কালৰাত্ৰি

মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্ৰি’ ৰূপে জনাজাত। কালৰাত্ৰি হৈছে নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয় ৷ দেৱী ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ ৷ কিন্তু তেওঁ ভক্তক সদায় শুভ ফল হে প্ৰদান কৰে। তাৰ কাৰণে এখেতৰ আন এটা নাম হ’ল ‘শুভঙ্কৰী’। 
খ্ৰীষ্টপূৰ্ব ৩১৩৭ -৩০৬৭ ৰ সময়ছোৱাত ৰচিত হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ সৌপ্তিকা পৰ্বত দেৱী কালৰাত্ৰিৰ উল্লেখ পোৱা যায় ৷ এই আখ্যানমতে পাণ্ডৱ আৰু কৌৰৱসকলৰ যুদ্ধত দ্ৰৌণাচাৰ্যক চল কৰি বধ কৰা হয় ৷ তেতিয়া তেওঁৰ পুত্ৰ অশ্বস্থামাই ইয়াৰ পোতক তুলিবৰ বাবে যুদ্ধৰ নীতি-নিয়ম ভংগ কৰি কুৰু শিবিৰত প্ৰৱেশ কৰি  নিদ্ৰিত হৈ থকা বিজয়ী পাণ্ডৱসকল বুলি ভুল কৰি তেওঁলোকৰ পুত্ৰ পাঁচজনক শিৰশ্ছেদ কৰে ৷ এই হত্যাকাণ্ডৰ ঠাইতে এডোখৰ ৰক্তবৰ্ণ পৰিধান কৰি ৰঙা পৰা চকুৰে খড়্গহস্ত বিকট ৰূপত কালৰাত্ৰিৰ আৰ্ৱিভাৱ হয় ৷ 

মহাগৌৰী

মা দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’। এখেত সম্পূৰ্ণৰূপে গৌৰ বৰ্ণা। এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ, চন্দ্ৰ আৰু কুন্দ ফুলৰ সৈতে দিয়া হয়। মান্যতা অনুসৰি এখেত হ’ল আঠ বছৰীয়া। 

মহাগৌৰীক চতুৰ্ভূজা ৰূপত চিত্ৰায়িত কৰা হয়। দেৱীৰ এখন সোঁহাত অভয় মুদ্ৰাত থাকে আৰু আনখনত তেওঁ ত্ৰিশূল ধাৰণ কৰে। তেওঁৰ এখন বাওঁহাতত এটা ডম্বৰু থাকে আৰু আনখন বৰদা মুদ্ৰাত থাকে ৷ তেওঁ শুকুলা বৃষভৰ পিঠিত আৰোহণ কৰে। তেওঁ সাধাৰণতে শুকুলা বস্ত্ৰ পৰিধান কৰে।

মহা অষ্টমীৰ এই দিনটোত দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়। পৌৰাণিক কথা অনুসৰি, কঠোৰ তপস্যা কৰি দেৱী দুৰ্গাই গৌৰ বৰ্ণ প্ৰাপ্ত কৰিছিল বাবে তেওঁৰ নাম মহাগৌৰী পৰে। শাস্ত্ৰ অনুসৰি দেৱী মহাগৌৰীৰ পূজা কৰিলে ভক্তসকলে ধন, ঐশ্বৰ্য আৰু সুখ সাধনৰ বৃদ্ধি হয়। 

সিদ্ধিদাত্ৰী

মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল,- ‘সিদ্ধিদাত্ৰী’। এখেতে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। অসুৰৰ অত্যাচাৰৰ পৰা পৃথিৱীক মুক্ত কৰিবলৈ মা দুৰ্গাই এই অৱতাৰ লৈছিল বুলি বিশ্বাস কৰা হয় ৷ 
মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু ৱশিত্ব-সিদ্ধি এই আঠ বিধ। ব্ৰহ্মবৈবৰ্ত পুৰাণৰ শ্ৰীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে। সেইবোৰৰ নাম-

১.অণিমা, ২.লঘিমা, ৩.প্ৰাপ্তি, ৪.প্ৰাকা্ম্য, ৫.মহিমা, ৬.ঈশিত্ব, ৭.সৰ্ৱকামাৱসায়িতা, ৮.সৰ্বজ্ঞত্ব, ৯.দূৰ শ্ৰৱণ, ১০.পৰকায়প্ৰৱেশন, ১১.বাক্ সিদ্ধি, ১২.কল্পবৃক্ষত্ব, ১৩.সৃষ্টি, ১৪.সংহাৰ কৰণ সামৰ্থ্য, ১৫.অমৰত্ব, ১৬.সৰ্ব নায়কত্ব, ১৭.ভাৱনা আৰু ১৮.সিদ্ধি।
প্ৰবাদ আছে যে,মা সিদ্ধিদাত্ৰীৰ কৃপাতভগৱান শংকৰৰ আধা দেহ দেৱীৰ আছিল বুলি কোৱা হয় ৷ ইয়াৰ বাবেই তেওঁৰ ' অৰ্দ্ধনাৰীশ্বৰ ' ৰূপে জনা যায় ৷
ইয়াৰ পিচতে দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয় । নানা বাদ্য-ভাণ্ডাৰে শােভাযাত্রা কৰি কোনাে নদীত বা জলাশয়ত দেৱীৰ প্রতিমা উটুৱাই দিয়া হয় ।

References :
1/ Collected from wikipedia
2/ ৰচনা বিচিত্রা -ধৰ্ম্ম সিংহ ডেকা
3/ মহিষাসুৰ, সঞ্জয় ভূঞা, বৰ্তমান পত্ৰিকা

অঙ্গন পৃষ্ঠাঃ 8
মহালয়াৰ তাৎপৰ্য আৰু দুৰ্গোৎসৱ

নিবেদিতা ভূঞা ৰাজুমাৰী, নগাঁও

শক্তিৰ উপাসনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অংগ৷ এই অৱধাৰণাটো বেদৰ বুকুতে পোখা মেলে৷ পুৰাণৰ যুগত বেদৰ দেৱীয়ে স্বৰূপ লাভ কৰে৷ শক্তিবাদে সৃষ্টিৰ আদিশক্তিক বা আদ্যাশক্তিক পৰম সুন্দৰী প্ৰকৃতি ৰূপত কল্পনা কৰি আহিছে৷ এই আদ্যাশক্তিয়ে [Primordial energy] বিশ্ব-ব্ৰহ্মাণ্ড স্ৰজন কৰিছে৷ তেওঁকে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰো জন্মদাত্ৰী বুলিও ভবা হয় আৰু আদ্যাশক্তিয়ে হ’ল মা দুৰ্গা৷ মা দুৰ্গা নাৰীশক্তিৰ প্ৰতীক৷ তেওঁৰ অনেক ৰূপৰ ভিতৰত দেৱী দুৰ্গা প্ৰধান৷
ভাৰতবৰ্ষত শক্তি [দেৱী] আৰাধনাৰ সুপ্ৰাচীন পৰম্পৰা বিদ্যমান৷ ঘাইকৈ পশ্চিমবংগ, অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আদি ৰাজ্যসমূহত অতি ধুমধামেৰে প্ৰতিবছৰে শাৰদীয় দুৰ্গোৎসৱ উদ্‌যাপন কৰি অহা হৈছে৷ দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্তত আৰম্ভ হয় পিতৃপক্ষ আৰু দেৱীপক্ষ৷ দেৱীপক্ষ আৰম্ভ হোৱা পূৰ্বৰ অমাৱস্যাটোত পিতৃপক্ষ পালন কৰা হয় আৰু এই পিতৃপক্ষত পালনীয় ক্ৰিয়াকৰ্ম অনুষ্ঠান ভাগেই হৈছে মহালয়া৷ মহালয়াৰ গুৰুত্ব হিন্দুধৰ্মত অপাৰ৷ এয়া হিন্দু সনাতন ধৰ্মৰ পিতৃ পুৰুষক [পূৰ্বপুৰুষক] পূজা-অৰ্চনা কৰা এক উৎসৱ বা অনুষ্ঠান৷ মহালয়া শব্দটোৰ অৰ্থ হ’ল - মহান আলয় বা আশ্ৰয়৷ ইয়াত মহান আলয় অৰ্থত দেৱী দুৰ্গাক বুজাইছে৷ তেওঁ হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী, সৰ্বগুণময়ী, সৰ্বশক্তিমান, সৰ্বকাৰ্যকাৰিণী, অপৰাজেয়া স্বৰূপা৷ আন এক মত অনুসৰি মহালয়াৰ তাৎপৰ্য হ’ল ‘মহা’ মানে ‘পৰম’ আৰু ‘লয়’ মানে বিলীন হোৱা৷ ‘মহালয়া’ এটা সম্পূৰ্ণ সমাসবদ্ধ শব্দ৷ আনহাতে ‘তিথি’ হ’ল স্ত্ৰীলিংগবাচক শব্দ৷ সেই হিচাপে স্ত্ৰীলিংগলৈ পৰিৱৰ্তন ঘটি মহালয়া হৈছে বুলি ক’ব পাৰি৷ কোনো কোনো পণ্ডিতে ‘লয়’ শব্দই তৰংগ বা Wave ক বুজাব বিচাৰে৷ অৰ্থাৎ য’ৰ পৰা আকৰ্ষণ-বিকৰ্ষণ শক্তিৰ সৃষ্টি হয়৷ সেই ফালৰ পৰা যি পৰমতত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য’ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া৷ গতিকে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম গতি পায়৷ সেই মৃত-ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল-ভাগী হয়৷ শব্দগত তাৎপৰ্য ফালৰ পৰা আন এচাম পণ্ডিতে ক’ব খোজে যে পিতৃপক্ষৰ সময়চোৱাত পিতৃপুৰুষসকলে উত্তৰ পুৰুষৰ পৰা পূজা-অৰ্চনা পাবৰ হেতুকে ধৰাধামলৈ অৱতৰণ কৰে আৰু উত্তৰ পুৰুষে এই সময়ত তৰ্পণ হিচাপে অৰ্চনা আগবঢ়ায়৷ বৈদিক যুগৰ পৰা হিন্দু সমাজত পিতৃঋণ বিষয় এটি পৰম্পৰাগতভাৱে চলি আহিছে৷ ধাৰণা কৰা হয়, পিতৃ ঋণ পিতৃযজ্ঞ জৰিয়তেহে পৰিশোধ কৰিব পাৰি৷ পিতৃঋণ পৰিশোধৰ হেতু অতীজৰে পৰা মহালয়াৰ দিনা পিতৃ পুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা ৰীতি-নীতি প্ৰচলিত হৈ আহিছে আৰু কোনো মৃত ব্যক্তিৰ শ্ৰাদ্ধ-শান্তি কৰিলে তেওঁৰ আত্মাৰ মোক্ষ প্ৰাপ্তি হয় অৰ্থাৎ জন্ম-মৃত্যু কৰ্মবন্ধনৰ পৰা মুক্তি লাভ কৰে বুলি এক দৃঢ় বিশ্বাস আমাৰ মাজত আজিও আছে৷
কথিত আছে যে মহালয়াৰ দিনা দেৱতা অসুৰৰ মাজত সংঘৰ্ষ হৈছিল৷ এই দিনটোতে দেৱীক চক্ষুদান কৰা হয়৷ চক্ষুদানৰ অৰ্থ হ’ল দেৱীয়ে মৃন্ময়ী [মৃৎ বা মাটিৰে সজা] পৰা চিন্ময়ী [চিৎ অৰ্থাৎ চৈতন্য স্বৰূপ] ৰূপ পৰিগ্ৰহণ কৰা৷ বহল দৃষ্টিৰে যদি  আমি বিশ্লেষণ কৰিব বিচাৰোঁ তেন্তে দেখিম যে মহালয়াৰ অন্তৰ্নিহিত অৰ্থ হ’ল - অশুভ শক্তিৰ বিনাশ আৰু শুভশক্তিৰ বিজয়৷ আনহাতে, ‘দ’-আখৰে দৈত্য নাশ, ‘উ’-কাৰে বিঘ্ননাশক, ‘ৰ’ অৰ্থাৎ ৰেফে [ ৰ্ ] ৰোগ নাশক ‘গ’ - আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শতৰু  নাশক বুজাব খোজে৷ অৰ্থাৎ দৈত্য, বিঘ্ন [বিঘিণি], ৰোগ, পাপ আৰু শতৰু ভয়ৰ পৰা যিয়ে ৰক্ষা কৰে তেৱেই দুৰ্গা৷ লোক-সমাজত বিশ্বাস কৰা হয় মহালয়া দিনা স্বয়ং দেৱী-দেৱতাসকল পূজাৰ বাবে জাগ্ৰত হয়৷ সেয়ে পিতৃপুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱা উদেশ্যে মহালয়াৰ শ্ৰাদ্ধ আয়োজন কৰা হয়৷ প্ৰেতপক্ষৰ সময়ত মহালয়া পালন কৰা হয়৷ মহালয়াৰ পাছতে দেৱীপক্ষ আৰম্ভ হয় আৰু ইয়াৰ লগে লগেই একপ্ৰকাৰ দুৰ্গা পূজাৰ পৰিৱেশৰ শুভাৰম্ভ হয় বুলি ক’ব পাৰি। আধ্যাত্মিক তাৎপৰ্যৰ ফালৰ পৰা মহালয়াৰ দিনা ধৰাৰ বুকুলৈ আগমন ঘটে দাক্ষায়ণী৷ এই বিশেষ দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ উৎসৱ শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ প্ৰাক্‌-মুহূৰ্তত লৌকিক নিয়ম চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক আবাহন জনোৱা হয়৷ ভক্তৰ কাতৰ আবাহনত কৈলাসৰ পৰা দশপ্ৰহৰণ ধাৰিণী দেৱী দুৰ্গাৰ সন্তানসহিতে [লক্ষ্মী, সৰস্বতী, গনেশ, কাৰ্তিক প্ৰভূতি] ভূমিভাগলৈ আগমন ঘটে৷ শংখ, ঘণ্টা, দবাৰ ধ্বনিৰে দেৱীস্তুতি, দেৱী বন্দনাৰে মুখৰ হৈ পৰে আকাশ-বতাহ৷ পৱিত্ৰ হৈ পৰে সমস্ত বায়ুমণ্ডল৷
“জাগা দুৰ্গা, জাগা দশপ্ৰহৰণ ধাৰিণী
অভয়াশক্তি বলপ্ৰদায়নী তুমি জাগা ...”
অৱশ্যে দুৰ্গোৎসৱ দুভাগে অনুষ্ঠিত হয়৷ শাওণ আৰু আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা পালন কৰা হয়৷ চ’ত অৰ্থাৎ বসন্ত কালত অনুষ্ঠিত দুৰ্গা পূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত৷ শাৰদীয় দুৰ্গা পূজাক অকালবোধন বুলিও কোৱা হয়৷ ইয়াৰো আছে অন্য এক গূঢ়াৰ্থ৷ আহোম যুগত বাসন্তী দুৰ্গা পূজাৰ প্ৰচলন আছিল, বাসন্তী কালত পূজিতা দুৰ্গাক ভিন্ন নামেৰে জনা গৈছিল, যেনে - কামাখ্যা, কেচাঁইখাইতী, তাম্ৰেশ্বৰী, দীঘেশ্বৰী, বাঘ্ৰেশ্বৰী, সিদ্ধেশ্বৰী, টুক্ৰেশ্বৰী, জয়ন্তশ্বৰী, বুঢ়ীগোসানী আদি উল্লেখযোগ্য৷
“ব’হাগ মাহতে ৰাম যজ্ঞ আৰম্ভিলা
লাখে লাখে মুণিগন হঠাতে আসিলা৷”
[ৰামৰ বাৰমাহী গীত]
মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধত কৰ্ণৰ মৃত্যুৰ পিছত তেওঁৰ আত্মা স্বৰ্গলৈ গমন কৰে৷ কৰ্ণ আছিল পৰম দানশীল ব্যক্তি৷ সেয়ে তেওঁ দাতাকৰ্ণ নামেৰে প্ৰসিদ্ধ৷ স্বৰ্গত তেওঁক খাদ্য হিচাপে সোণ, ৰত্ন আদি দিয়াত কৰ্ণ আচৰিত হ’ল আৰু নিজৰ জিজ্ঞাসা দূৰ কৰিবলৈ স্বৰ্গাধিপতি ইন্দ্ৰক [কোনো কোনো কাহিনী মতে যমৰজা] তাৰ কাৰণ সুধিলে৷ তেতিয়া ইন্দ্ৰই ক’লে কৰ্ণই সমগ্ৰ জীৱন সোণ, ৰত্ন দান কৰিছিল, কিন্তু পিতৃপুৰুষৰ উদ্দেশ্যি কোনোদিনে খাদ্যবস্তু আগবঢ়োৱা নাছিল৷ জিজ্ঞাসা দূৰ হোৱাত কৰ্ণই ইন্দ্ৰৰ অনুমতি সাপেক্ষে ষোল্ল দিনৰ বাবে পৃথিৱীলৈ যায়৷ তাত তেওঁ যথাবিহিত নিয়ম অনুসৰি পিতৃপুৰুষক অন্ন, জল ইত্যাদি আগবঢ়ায়৷ এই পক্ষটো পিছলৈ পিতৃপক্ষ ৰূপে পৰিচিত হয়৷ আনহাতে, কুৰুক্ষেত্ৰ মহাৰণত অৰ্জুনৰ হাতত পিতামহ ভীষ্মৰ পৰাস্ত হয়৷ সেই সময়ত দক্ষিণায়ন চলি আছিল৷ দক্ষিণায়নৰ সময়ত যমলোকৰ দুৱাৰ খোলা থাকে, কিন্তু বিষ্ণুলোকৰ দুৱাৰ বন্ধ থাকে৷ দক্ষিণায়ন শেষ হ’লে উত্তৰায়ণ আৰম্ভ হয় আৰু বিষ্ণুলোকৰ দুৱাৰ উন্মুক্ত হয়৷ বিষ্ণুলোকলৈ যোৱাৰ আকাঙ্খাত ভীষ্মই শৰশয্যাত থাকে আৰু উত্তৰায়ণ আৰম্ভ হোৱালৈ অপেক্ষা কৰে৷ শেষত উত্তৰায়ণ আৰম্ভ হোৱাত ভীষ্মই ইচ্ছামৃত্যু বৰণ কৰে৷ উত্তৰায়ণৰ শেষ কৃষ্ণপক্ষটিয়ে হ’ল পিতৃপক্ষ৷ এই সময়তে পূৰ্বপুৰুষক তৰ্পণ কৰা নিয়ম৷ মহালয়াৰ পোন্ধৰটা তিথিৰ নাম একাদিক্ৰমে - প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী আৰু অমাৱস্যা৷
দেৱী দুৰ্গাৰ উৎপত্তি সম্পৰ্কতো বিভিন্ন পৌৰাণিক, পুৰাতাত্ত্বিক, ঐতিহাসিক সমল পোৱা যায়৷ ভাৰতীয় সংস্কৃতিত দুৰ্গা গোসাঁইনীয়ে প্ৰাক-ঐতিহাসিক কালৰ পৰাই বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে৷ পুৰাতাত্বিক সমল অনুসৰি দেৱীৰ বিভিন্ন ৰূপৰ মূৰ্তি চতুৰ্থ শতিকা পৰা ভাৰতবৰ্ষৰ নানা অঞ্চলত পোৱা গৈছে৷
প্ৰাক-ঐতিহাসিক যুগৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰে আনুষ্ঠানিকভাৱে পোন প্ৰথমে কামাখ্যা দেৱীৰ পূজা-অৰ্চনা আৰম্ভ কৰিছিল৷ এই কামাখ্যা দেৱী কাল, পাত্ৰ, ক্ষেত্ৰ আৰু প্ৰয়োজনীয়তা অনুসৰি দুৰ্গা, চামুণ্ডা চণ্ডী, যুগমায়া, মহামায়া, মহিষাসুৰমৰ্দিনী, মহাকালী, জগতমাতা, মা জগদম্বা, শৈলপুত্ৰী, উমা, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিদাত্ৰী ইত্যাদি শত-সহস্ৰ নামে যুগে যুগে পূজিতা হৈ আহিছে৷ অসমত দুৰ্গা পূজাৰ শুভাৰম্ভ ঘটে আহোম যুগত।

অঙ্গন পৃষ্ঠাঃ 9
শিক্ষক ছাত্ৰ আৰু অভিভাৱকৰ সম্পৰ্ক কেনে হোৱা উচিত ?

প্ৰিয়ম ৰাগিনী

       যিহেতু মই নিজে এগৰাকী শিক্ষয়িত্ৰী৷ গতিকে এই বিষয়ত মোৰ ক’বলগীয়া বা লিখিবলগীয়া বহুতো আছে আৰু লিখিবলৈ পালে নিশ্চিতভাবে আহ্লাদিত হ’ম৷ মোৰ সহকৰ্মীসকলৰ মোৰ প্ৰতি সদায়ে এটি প্ৰশ্ন থাকে৷ আপোনাৰ শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীসকলে কিয় ইমান নীৰৱতাৰে কথাবোৰ শুনি থাকে বাৰু আমাৰ ক্লাছত আমি ছাত্ৰ-ছাত্ৰীক নিয়ন্ত্ৰণ কৰিবই নোৱাৰোঁ দেখোন৷ কথাষাৰ শুনি মোৰ ভালো লাগে যে মই শিক্ষয়িত্ৰী হোৱাৰ ক্ষেত্ৰত নিজকে সফল বুলি ভাবো আৰু আনেও স্বীকৃতি দিয়াৰ লগতে স্বীকাৰো কৰে৷ শিক্ষকতাই হ’ল একমাত্ৰ বৃত্তি যি বৃত্তিয়ে আন সকলো বৃত্তিকে গঢ় দিব পাৰে৷ এয়াও এক অন্য ডাঙৰ কথা৷ কথাষাৰ ধ্ৰুৱসত্য৷ শিক্ষক হ’বৰ বাবে যোগ্যতা নিতান্তই প্ৰয়োজনীয়৷ বহু শিক্ষকক ছাত্ৰ-ছাত্ৰীয়ে অৱমাননা কৰে, অৱজ্ঞা কৰে বা সমালোচনা কৰে৷ ইয়াৰ মূলতে হ’ল শিক্ষকজনে কোনোবাখিনিত ছাত্ৰ-ছাত্ৰীৰ মনোভাব বিশ্লেষণ কৰাত বা সিহঁতৰ সৈতে মন:সংযোগ ঘটোৱাত চৰমভাবে ব্যৰ্থ হয় বুলিয়ে মই কম৷ শিক্ষক হ’ল বুলিয়ে যে ৰুক্ষ হ’ব লাগিব, নহ’লে ছাত্ৰছাত্ৰীয়ে মূৰৰ ওপৰত উঠি নাচিব বুলি ভবা কথাৰ বিপৰীতে যদি শিক্ষকে মৰমৰ অনুশাসনেৰে ছাত্ৰ-ছাত্ৰীৰ মন জয় কৰিবলৈ চেষ্টা কৰে তেতিয়াহে শিক্ষকজন সফল হৈছে বুলি ক'ব পৰা যায়৷ তাৰোপৰি কিছু শিক্ষকে শ্ৰেণীকক্ষ এটাত প্ৰৱেশ কৰি পঢ়োৱাৰ সময়ত কেৱল চোকা, তীক্ষ্‌ণ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ ওপৰতহে দৃষ্টিনিক্ষেপ কৰে৷ এইটো এজন ভাল শিক্ষকৰ লক্ষণ কেতিয়াও হ’ব  নোৱাৰে৷ ভাল শিক্ষক সেইজনহে যিজনে শ্ৰেণীকক্ষৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে সমদৃষ্টি নিক্ষেপ কৰি নিজৰ জ্ঞানৰ ভাণ্ডাৰটোৰপৰা জ্ঞানখিনি বিলাবলৈ যত্ন কৰে৷ কাৰণ শ্ৰেণীকক্ষ এটাৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ  বুজিবপৰা ক্ষমতা সমান কেতিয়াও নহয়৷ গতিকে শিক্ষকে ছাত্ৰৰ মনৰ ভাব বুজি মৰমেৰে বুজাবলৈ যত্ন কৰা উচিত৷ চোকা ছাত্ৰ-ছাত্ৰীকেইজন এনেও চোকাবুদ্ধিৰ হয়৷ সিহঁতক বৰ বেছিকৈ গুৰুত্ব দি কম চোকা ছাত্ৰ-ছাত্ৰীক কম গুৰুত্ব প্ৰদান কৰি বদনামী বা বেয়া শিক্ষক হোৱাতকৈ শ্ৰেণীটোৰ সকলো ছাত্ৰ-ছাতীৰ ওপৰত সমান গুৰুত্ব দি ভাল শিক্ষক হোৱাটোহে শিক্ষকৰ মূল দায়িত্ব হোৱা উচিত৷ শিক্ষক এডাল মমৰ দৰে৷ যি নিজে জ্বলি আনক জ্ঞানৰ পোহৰ বিলাই সেই কথা আমি সকলোৱে জানো৷ শিক্ষকৰ বডিলেংগুৱেজ বা শাৰীৰিক চাল চলন, গতিবিধি, কথোপকথন ভংগীয়ে ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষণ কৰে৷ কথা সুন্দৰকৈ উপস্থাপন কৰিব জনাটো এটা উত্তম কলা৷ সেই কলাক এজন শিক্ষাগুৰুৱে আয়ত্ব কৰি ল'ব লাগে বুলি মই ভাবো৷ ভাল গুণী শিক্ষকক ছাত্ৰই শ্ৰদ্ধা কৰে গতিকে সেই শিক্ষকে শ্ৰেণীকক্ষতে হওক বা অন্য মুহূৰ্ততে হওক ছাত্ৰ-ছাত্ৰীসকলক কোৱা কথা ছাত্ৰ-ছাত্ৰীয়ে আজীৱন মনত ৰাখে৷ ছাত্ৰই ভালপোৱা, শ্ৰদ্ধা কৰা শিক্ষকৰ কথা ছাত্ৰই অভিভাৱকসকলক কয়৷ তেতিয়া অভিভাৱকেও শিক্ষকক ভাল পাবলৈ লয়, শ্ৰদ্ধা কৰিবলৈ লয়৷ ই শিক্ষকজনৰ বাবে এক ইতিবাচক দিশ৷ ছাত্ৰৰ লগতে অভিভাৱকেও যেতিয়া শিক্ষকৰ গুণ বখানিব তেতিয়াই শিক্ষকজন শিক্ষক হিচাপে সফল হৈছে বুলি ক'ব পাৰি৷ এজন শিক্ষকৰ বাবে ইয়াতকৈ আৰু ডাঙৰ কথা কি হ’ব পাৰে৷ আজি কালি এনেও শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্ক মধুৰ হোৱা দেখা যায়৷ পূৰ্বৰ এছাৰি প্ৰয়োগ কৰি শিক্ষা দিয়া পদ্ধতি সলনি হ’ল৷ এছাৰিৰ আগত বিদ্যা এতিয়া সাধু কথা৷ এই আওকলীয়া নীতি সলনি হৈ একপ্ৰকাৰ ভাল হৈছে বুলি ক'ব পাৰি৷ কাৰণ বিদ্যালয়ত সৌকাৰ কোব, বেত্ৰাঘাতৰ ভয়ত আজিৰ ছাত্ৰই বিদ্যালয় নোযোৱাৰ সিদ্ধান্ত ল’লেহেঁতেন৷ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে শিকিবৰ বাবেহে যায়৷ শ্ৰেণীকক্ষত শিক্ষক জন বা শিক্ষয়িত্ৰীগৰাকী ছাত্ৰ এজনৰ বাবে কেতিয়াও ত্ৰাসৰ কাৰণ হৈ পৰিব নালাগে৷ নমনীয় মনোভাবেৰে নিজৰ জ্ঞাণ বিলাই ছাত্ৰক দেশৰ নাগৰিক কৰি গঢ়ি তোলাটো শিক্ষকৰ ধৰ্ম হোৱা উচিত৷ ঘৰত গুৰু গোঁসাই নমনা সন্তানে শিক্ষকৰ কথা শিলৰ ৰেখাৰদৰে মানে৷ গতিকে শিক্ষকে ছাত্ৰৰ মন মগজুত ভাল বীজ সংৰোপণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰা উচিত৷

অঙ্গন: পৃষ্ঠাঃ10
আমাৰ অভ্যাস

মৃদুলা শৰ্মা

         অভ্যাস বুলিলে ভাল, বেয়া, বহুতেই হ’ব পাৰে ৷ তাতে ভাল অভ্যাস হোৱা ভাল৷ কথাতে কয় ‘‘ অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ” আমাৰ দৈনন্দিন কাম-কাজ, ব্যৱহাৰ আদি আমাৰ অভ্যাসত পৰিণত হয়৷ যেনেকৈ গৈ থাকোতে  কোনোবা সন্মানীয় ব্যক্তিক বা সমনীয়াক দেখিলে  এমোকোৰা হাঁহিৰে নমস্কাৰ, সুপ্ৰভাত আদি কৈ সম্ভাষণ জনোৱাও এটা অভ্যাস৷ 
সৰুতে মা, পিতা, শিক্ষাগুৰুসকলে কোৱা মনত আছে যে বেয়া অভ্যাসবিলাক এৰিব লাগে৷ “সদায় ভাল অভ্যাস কৰিবা” সেই বিলাক বহুত দৰকাৰী কথা আছিল৷ আমাৰ জীৱনৰ অভ্যাসবিলাক সৰুৰেপৰা গঢ়ি উঠে৷ আমি ভাল অভ্যাস কৰিলে আমাৰ সংস্কাৰত থাকি যাব৷ আমাৰ অভ্যাসবিলাক আমাৰ কাম-কাজ ব্যৱহাৰত প্ৰকাশ পাব৷ মুখেৰে গাই থকাৰ দৰকাৰ নাই যে মোৰ এই অভ্যাস, সেই অভ্যাস আদি৷ গাই ফুৰাও বেয়া অভ্যাস৷ ইঘৰ সিঘৰত বেলেগৰ কথা বেয়াকৈ আলোচনা কৰি ফুৰাও ভাল অভ্যাস নহয়৷ জীৱনত আমি গম নোপোৱাকৈ এনে কিছুমান কু-অভ্যাস গঢ়ি তোলো যে মৰাৰ দিনলৈকে এৰিব নোৱাৰি৷ বেয়া অভ্যাসৰ আৰম্ভণিতে ঘৰৰ, পৰিয়ালৰ, মানুহে বুজাই এৰুৱাবলৈ যত্ন কৰিব লাগে৷ ভাল অভ্যাসৰ গৰাকী হৈ আনকো ভাল অভ্যাস শিকাব লাগে৷ ভাল অভ্যাস থকা ব্যক্তিৰ প্ৰতি মানুহ  আকৰ্ষিত হয় আৰু আনে অনুকৰণ কৰে৷ 
বহুতৰে জীৱনত নানা ধৰণৰ কু-অভ্যাস নথকা নহয়৷ তাক কৈ শেষ কৰিব নোৱাৰি৷ সেইবিলাক আমি নিজে গম নোপোৱাকৈ চলি থাকে৷ যেনে  খাওঁতে হৰপ হৰপ শব্দ কৰা, ধম ধম কৈ খোজকঢ়া, যেনি তেনি পিকোৱা, গাড়ী ৰখায় ৰাস্তাৰ মাজত পিকোৱা, গাড়ীৰে গৈ থাকোতে গাড়ীৰ  ভিতৰৰ পৰা কল আদি বাকলি দলিওৱা আদি আদি কৈ শেষ নহয়৷ 
         কোনো কোনোৱে কয়, “মোৰ এইটো অভ্যাস, কি কৰিম” কিন্তু যত্ন কৰি  থাকিলে লাহে লাহে এৰিব  পৰা হয়৷ অভ্যাস এক  exciage হিচাপে লৈ বাৰে বাৰে একেতা কামকে একে ধৰণে কৰি থাকিলে অভ্যাস হৈ যায়৷ নকল কৰা অভ্যাস আমাৰ আছেই৷ কৰোবাৰ চুলিৰ ষ্টাইল, কাপোৰৰ ষ্টাইল আদি৷ যদি আমি আনৰ ভাল অভ্যাস নকল কৰো তাৰ পৰাহে লাভ হ’ব৷ যেনে কাৰোবাৰ যদি ভাল ব্যৱহাৰ দেখোঁ৷ কথা কোৱা মধুৰতা আদি৷ ভাল পৰিবেশ ভাল সমাজ এখন পাবলৈ ভাল অভ্যাস থকা বৰ প্ৰয়োজন৷ মুঠতে এইটো ভালদৰে জনা উচিত যে আমি যি অভ্যাস কৰো সেইবিলাক যদি কেতিয়াবা বুঢ়া বয়সত সকলোবিলাক পাহৰিও যায়, তথাপি অভ্যাসবশত কৰা কাম বিলাক বাৰে বাৰে হৈ থাকে৷ কেতিয়াও নাপাহৰে৷

অঙ্গন: পৃষ্ঠাঃ11
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ

খণ্ড ১২

পৰাগৰ কথা ভাবি এটি ভাললগা মিঠা আবেগত মনটো পুলকিত হৈ পৰিল । মনটো উৰা মাৰিলে সেইটো দিনলৈ যিদিনা পৰাগে মোক ভালপোৱাৰ কথা প্ৰকাশ কৰিছিল। কথাষাৰি মনত পৰাৰ লগে লগে নষ্টালজিক হৈ পৰিলোঁ । 
            ফেব্ৰুৱাৰী মাহৰ পাঁচ তাৰিখ আছিল। সিদিনা আমি কলেজৰ স্নাতক প্ৰথমবৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলোৱে গেৰুকামুখত পিক্‌নিক খাবলৈ গৈছিলো । ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি আছিল বাবে দুখন বাচ লোৱা হৈছিল । আমাৰ লগত সুজাতা, মৌচুমী বাইদেউ আৰু দীপৰঞ্জন, গৌৰৱ আৰু সুশান্ত ছাৰহঁত গৈছিল । অংকুৰ, চন্দন, পৰাগ, নিলয়, গুঞ্জন, সৌৰভ, অমৰ সিহঁত কেইটা আমাৰ বাচখনত উঠিল। অংকুৰ হ'ল এজন ভাল চিত্ৰকৰ, সৌৰভ, পৰাগ, নিলয় সিহঁত তিনিটা গায়ক । বহুত ভাল গীত গায় আৰু সুন্দৰকৈ বাদ্যযন্ত্ৰও বজাব জানে। আনহাতে গুঞ্জন ফটোগ্ৰাফাৰ তাৰ ফটো তোলাত চখ। সেয়ে তাৰ বেগত অনবৰতে কেমেৰাটো লৈ ফুৰে। অমৰ হ'ল ঢোলবাদক সেয়ে আজি বনভোজ থলীত বিহু মাৰিবলৈ ঢোলটো লৈ গৈছিল। যাত্ৰা আৰম্ভ কৰাৰ লগে লগে সিহঁতৰ নাচ-গান, বাদ্যযন্ত্ৰ বজাবলৈ আৰম্ভ কৰি দিলে । নানান হাঁহি-ধেমালিৰ স্ফূৰ্তিৰ  মাজেৰে গৈ অৱশেষত গন্তব্যস্থান পালোগৈ । 
           সকলোৱে গাড়ীৰ পৰা নামিলো। ছাৰহঁতে আৰু ছাত্ৰ কেইজনমানে খোৱা-লোৱা  কৰিবলৈ এডোখৰ নিদিষ্ট ভাল ঠাই নিৰীক্ষণ কৰি আহিল। পানীৰ সুবিধা অনুসৰি নদীৰ পৰা অলপ দূৰত এডোখৰ ঠাই ঠিক কৰা হ'ল। সকলোৱে হাতে-কামে  ৰন্ধা-বঢ়া কৰিবৰ বাবে আৰু বহিবৰ বাবে সুবিধা কৰাত লাগি গ'ল। ৰন্ধা-বঢ়া কৰিবৰ  বাবে কলেজৰ হোষ্টেলৰ পৰাই ৰান্ধনী দুজনক লগত নিয়া হৈছিল বাবে ৰন্ধা-বঢ়া কামত আমি লাগিব নালাগে । মাথোঁ শাক-পাচলিবোৰ ধুই কাটি দিলেই হ'ব। এইবোৰ ঠিকমতে যোগাৰ হোৱাৰ পাছত সকলোৱে বহি একেলগে চাহ-ব্ৰেড, ডিম খাই ফুৰিবলৈ যাবলৈ সাজু হ'ল। পাহাৰৰ ওপৰলৈ উঠি অলপ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ যোৱা হওক বুলি ছাৰ-বাইদেউহঁতে সকলোকে জনালে। তোমালোকে পাহাৰ বগাওঁতে সাৱধান হ'বা যাতে পিছলি নপৰা। পানী বটল লৈ লোৱা। পিয়াহ লাগিলে য'ৰে-তৰে পানী নাখাবা । আৰু প্ৰতিমুহূৰ্তত সাৱধানে খোজ দিবা। সকলো একেলগে থাকিবা কোনো লগৰ পৰা আঁতৰি নাযাবা । এতিয়া হ'ল নে ! ওকে ব'লা যাত্ৰা আৰম্ভ কৰোঁ। ৰান্ধনী দুজনে ৰন্ধা-বঢ়া কামত লাগি থাকিল আমি সকলোৱে আগবাঢ়িলোঁ। আমাৰ লগত দুজন কেমেৰামেনকো লৈ যোৱা হৈছিল। সকলোৱে একেলগে কেইখনমান ফটো তোলা হ'ল। আনফালে ফটোগ্ৰাফাৰ গুঞ্জনে ভিন্ন ভিন্ন ভংগীত সকলোৰে ফটো তুলি আগবাঢ়িছে ।
              নদীৰ পৰা বালিচৰৰ ওপৰে ওপৰে এক-ডেৰ কিলোমিটাৰমান খোজ কাঢ়ি পাহাৰৰ কাষ পালোঁগৈ । ছাৰ-বাইদেউহঁতে সকলোকে আকৌ এবাৰ ক'লে---"বি কেয়াৰফুল এণ্ড টেক কেয়াৰ এভ্ৰিৰিবডি। ওকে ষ্টাৰ্ট নাউ" বুলি কৈ ছাৰহঁত আগে আগে আৰু আমি পাছে পাছে সকলোৱে পাহাৰ বগাবলৈ আৰম্ভ কৰিলোঁ। সকলোৰে মনত স্ফূৰ্তি। আনন্দমনেৰে বগুৱাবাই ওপৰলৈ উঠিছে । ৰীমা, নিশা, দীপিকা, ৰশ্মি, ভনিতা আৰু মই আমি কেইজনী একেলগে ওপৰলৈ উঠি গৈছিলো। কেতিয়াবা গছৰ পুলি, ঠাল-ঠেঙুলিত ধৰি কেতিয়াবা মাটিত ধৰি এনেকৈ বগাই ওপৰলৈ গৈ আছোঁ । তলৰ পৰা খুউব সম্ভৱ আঠ-ন ফুট মান বগাই ওপৰলৈ উঠিছিলো হঠাৎ মোৰ সোঁভৰিখন পিচলি যোৱাত  আনখন ভৰিৰেও খুপনি দিবলৈ নাপাওঁতেই হাতেৰে ধৰি ওপৰলৈ উঠিবলৈ লোৱা গছ পুলিটোও গুৰিতে চিগি আহিল। আ বুলি চিঞৰটো মাৰি বাগৰি আহিলো তললৈ । আমাৰ পাছে পাছে পৰাগ , অমৰ, অংকুৰ, সৌৰভ, সমীৰহঁত পাহাৰৰ ওপৰলৈ উঠি আহিছিল। মোৰ চিঞৰ শুনি আৰু বাগৰি পৰাত কোনোবা এজনে মোক থাপমাৰি ধৰাত দুয়োটাই বাগৰি বাগৰি পাহাৰৰ তলিত পৰিলোগৈ। বাকীবোৰে মোক বাগৰি পৰা দেখি কোনে কি কৈছিল একো শুনা নাছিলোঁ ।আমি দুয়োটাই ইটোৱে-সিটোক সাৱটি ধৰি তলত পৰিছিলোঁ। কিন্তু তেতিয়ালৈকে জনা নাছিলোঁ মোক কোনে ধৰিছিল। মই বহুত ভয় খাইছিলোঁ বাবে মুখৰ মাত হেৰাইছিল আৰু চকু মুদি আছিলোঁ। দুয়োটাই এনেকৈ একমিনিট মান আছিলো। হঠাৎ মই ক'ত বুলি চকু মেলি চাই দেখোঁ পৰাগে মোৰ মুখলৈ চাই আছে আৰু তাৰ বুকুৰ ওপৰত মই । মোক সাৱটি ধৰা ভাগতে বালিচৰত দুয়োটা পৰি আছো। মোৰ আকাশ নীলা দোপাট্টাখনে আমাৰ দুয়োৰে মুখখন ঢাকি বতাহত নাচি আছিল। মই খকমক্‌কৈ টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে পৰাগক হাতে এৰি তাৰ বুকুৰ মাজৰ পৰা আঁতৰিব লওঁতেই পৰাগে  ক'লে "আৰু অলপ সময় এনেকৈ থাকা না বহুত ভাল লাগিছে" বুলি কৈ দুহাতে জোৰকৈ সাৱটি ধৰি আকৌ ক'লে "এনেকৈ নমৰালৈকে তোমাক বুকুত সাৱটি জীয়াই থাকিব খুজোঁ। প্লিজ তুমি না নকৰিবা। আজিৰ দৰে তোমাৰ গোটেই জীৱনৰ ভাৰ মই কান্ধত তুলি ল'ব বিচাৰোঁ।" এইবোৰ কি হৈছে বুলি ভয় আৰু লাজতে মোৰ মুখ শেঁতা পৰি গৈছিল । বুকুৱে সঘনে ধক্‌ ধক্‌ কৰিবলৈ লাগিল। মই সামান্য খং প্ৰকাশ কৰি তাৰ দুবাহুৰ পৰা মুক্ত হ'ব লওঁতেই তপকৈ মোৰ ওঁঠত এটি চুমা আঁকি  এৰি দি পাহাৰৰ ওপৰলৈ চাই দুহাত মেলি চিঞৰিলে "আই লাভ ইউ; আই লাভ ইউ ৰূপা।" 
       আমাৰ এই কাণ্ডবোৰ পাহাৰৰ ওপৰৰ পৰা মোৰ লগত থকা কেইজনী আৰু পৰাগৰ লগৰ কেইটাই চাই হাঁহি আছিল। যেতিয়া পৰাগে আই লাভ ইউ ৰূপা বুলি চিঞৰি কৈছিল সিহঁতে শুনা পাই হাত চাপৰি বজালে ।কোনোবাই বুঢ়া আঙুলি দেখাই সৰ্মথন কৰিলে। মোৰ অৱস্থা কাহিল। কি কৰোঁ লাজে-ভয়ে উশাহ বন্ধ হৈ পৰোঁ পৰোঁ। কাইলৈ ইহঁতে গোটেই কলেজত মোৰ আৰু পৰাগৰ কথাৰে তোলপাৰ লগাব। ভাগ্য ভাল সি চুমা খোৱা দেখা নাপালে দোপাট্টাখনে আমাৰ মুখ দুখন ঢাকি বতাহত নাচি আছিল বাবে । 
             পৰাগৰ মনত স্ফূৰ্তি দেখি মই আচৰিত হৈ পৰিছিলোঁ। ই বাৰু এই মুহূৰ্তত কিবা আৱেগিক হৈ কৈছে নে আগৰ পৰা মোৰ প্ৰতি তাৰ এই ভাব আছিল। হঠাৎ দেখা পালোঁ পৰাগৰ কপালৰ পৰা তেজ বাগৰি আহিছে । তোমাৰ তেজ ওলাইছে বুলি কোৱাত সি হাতেৰে মোহাৰি চোৱাত গম পালে কপালখনৰ বাওঁ চুকত জোঙা কিবা টুকুৰা এটা খুচ খাই সোমাই আছে । মই চাওঁ বুলি ওচৰলৈ চাপি গ'লোঁ। কপালৰ চুকত সোমাই থকা টুকুৰাটো আঙুলিৰে চেপা মাৰি ধৰি টানি উলিয়াই দিয়াত আৰু জোৰেৰে তেজবোৰ বৈ আহিল। মই লৈ থকা আকাশ নীলা দোপাট্টা খনৰ মাজতে ফালি মুখেৰে ফুৱাই আগ এটাৰে তেজ আৰু বালিবোৰ মোহাৰি জোৰকৈ দোপাট্টাফালে কপালৰ ঘাঁ টুকুৰা মেৰিয়াই বান্ধি দিলোঁ। 
       পৰাগে ক'লে "সদায় এনেকৈ মোৰ মৰম কৰি কেয়াৰ লৈ থাকিবানে ! আজি যদি তোমাৰ কিবা হ'লহেঁতেন তেতিয়া মোৰ কি হ'লহেঁতেন বাৰু ! অলপ সাৱধানে খোজবোৰ দিব লাগে । ছাৰ-বাইদেউহঁতে কৈছিলেই কথাষাৰ। অৱশ্যে পৰাৰ বাবে ভালেই হ'ল অন্তত মনৰ কথাষাৰ কোৱাৰ সুযোগ পালোঁ। মই মুখেৰে একো নামাতিলো। পৰাগে মোৰ চুলিকোচাত বাগৰি আহোঁতে লগা গছৰ পাত-সৰু সৰু কূটাবোৰ হাতেৰে আঁতৰাই দিলে। মই মুখেৰে একো নকৈ মোৰ হাতৰে তাৰ হাতখন চুলিৰ পৰা আঁতৰাই দিছিলোঁ যদিও আঁতৰাই নিনিলে । দুয়ো আকৌ ওপৰলৈ বুলি আগবাঢ়িব লওঁতে মই সোঁ ভৰিখনত বিষ এটা অনুভৱ কৰিলোঁ। মই এখোজ ৰৈ দিয়া বাবে পৰাগে সুধিলে "তুমি ক'ৰাবত দুখ পালা। চাওঁ চাওঁ ক'ত দুখ পালা বুলি ওচৰ চাপি আহিল। মই সহজ হ'ব পৰা নাছিলোঁ তাৰ আগত । সেয়েহে ক'লোঁ " নাই ক'তো দুখ পোৱা নাই।" ব'লা বুলি কৈ খোজ দি আগবাঢ়িলোঁ । যিমানেই খোজ দিছোঁ সিমানেই ভৰিৰ বিষ বেছিকৈ অনুভৱ কৰিছোঁ।
 
আগলৈ...

অঙ্গন: পৃষ্ঠাঃ12
অণুগল্পঃ
শূণ্যস্থান
             
মীনাক্ষী ৰায় ডাকুৱা

কাইলৈ ম‌ই গুৱাহাটীলৈ যাম•••।
এয়া দেখোন অতি সহজেই ঘটনাটো নিষ্পত্তি হৈ গ'ল । সাবিত্ৰীদেৱীয়ে ভাবিছিল, পুতেক হেমন্ত আৰু বোৱাৰী অঞ্জনাই তুমূল আপত্তি কৰিব । তেওঁক যাবলৈ দিবলৈ কোনোপধ্যেই মান্তি নহ'ব । হয়তো মনৰ কোনত এনেকুৱা এক দুৰ্বল ভাৱনা-চিন্তা আছিল। নহ'লেনো কালি ৰাতি তেওঁৰ গাৰু ইমানবাৰ তিতি যায়নে ? 
     ট্ৰেনখন গৈ আছে দ্ৰুতগতিৰে । সাবিত্ৰীদেৱী গৈ আছে এক অকলশৰীয়া ভ্ৰমণত । হয়তো চিৰদিনৰ বাবে । উচ্চশিক্ষিতা হ'লেও তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত কিণ্ডাৰগাৰ্টেণ স্কুলত বয়সীয়াল গভৰ্নেচ হিচাবে যোগদান কৰিব । শূণ্যস্থান ক'তো চিৰদিন শূণ্য নাথাকে—অঞ্জনাৰ কথাবোৰ বুকুৰ মাজত বাজি আছে । ট্ৰেইনৰ গতিৰ তালে তালে সেই শব্দছন্দ‌ই যেন উঠি আহিছে, শূণ্যস্থান শূণ্য নাথাকে । সাবিত্ৰীদেৱীয়ে মনতে আওৰালে—শূণ্যস্থান সঁচাকৈয়ে শূণ্য নাথাকে অঞ্জনা । এইকথা তোমালোকৰ ক্ষেত্ৰত যিদৰে সত্য, মোৰ ক্ষেত্ৰতো ঠিক একেদৰেই সত্য । মোৰ বুকুৰ এই শূণ্যতা নিশ্চয় এদিন পূৰণ হৈ যাব । শূণ্যস্থান যে চিৰদিন শূণ্য নাথাকে—নাথাকে ।

ঠিকনাঃ
গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫

অঙ্গন: পৃষ্ঠাঃ 13
বৈপৰীত্য

জুৰী বৰুৱা

"মই থাকোঁতেই তহঁতক চিজিল কৰি যাব বিচাৰিছোঁ৷ নহ’লে মোৰ আত্মাই শান্তি নাপাব ৷"
কৰ্মসূত্ৰে বিভিন্ন ঠাইত থকা পিতৃহীন পুতেক কেইজনক অসুস্থ মাকে খবৰ দি মাতিলে।
বৰ পুত্ৰই মাত দিলে "মাটি-বাৰী সা-সম্পত্তি এইবোৰ একে জেগাতেই থাকিব৷ আমিহে কোন দিনা নাপাত্তা হ’ম এই দুনিয়াৰ পৰা তাৰ কোনো উৱাদিহ নাই ৷ গতিকে মোৰ হ’লে লোভ, মোহ এইবিলাক একো নাই ৷"
"তোৰ নামত মই বাৰীৰ কাষৰ মাটি দুবিঘা থৈছো৷"
মাকৰ কথাষাৰ শেষ হ'বলৈ নৌপাওঁতেই বৰ পুত্ৰই পুণৰ কঁপালখন কোঁচাই তপৰাই মাত দিলে "ইমান চেচুকৰ মাটিবোৰ মই নলওঁ দেই!"

মেলামৰা, গোলাঘাট
পিন-৭৮৫৭০২

অঙ্গন: পৃষ্ঠাঃ 14
ভোক

হীৰক কলিতা
নলবাৰী

দুয়োখন হাততে ক'লা দাগ বান্ধিছে , প্ৰখৰ ৰ'দত ডিঙি শুকাই গৈছে , উশাহটো যে ক'ৰবাত ৰৈ গৈছিল । শৰীৰৰ ঘামবোৰ টোপা টোপে বৈ গৈছে । ঠেলাখনৰ চকা কেইটাও প্ৰায় ৰৈ গৈছিল , তথাপিও মানুহজন আগুৱাই গৈ আছে। কাৰণ দৈহিক ক্লান্তিতকৈ তেওঁৰ পেটৰ উত্তাপ বেছি...

অঙ্গন:  পৃষ্ঠাঃ 15
কুলভ্ৰষ্ট

প্ৰশান্ত দত্ত

বিয়াৰ দুদিনমান পিছৰ পৰাই সি মোক দেখিব নোৱাৰা হ’ল ৷ মাক বুলি চিনি নোপোবা হ’ল। 
“শুনিছেনে ? ল’ৰা আঁতৰি গ’ল ৷ তাক বুজাব আপুনি ৷ নহ’লে বৃদ্ধ কালত বৃদ্ধাশ্ৰমৰ বাসিন্দা হ’ব লাগিব“
“ৰাতি কথা পাতিম বাৰু ৷ এতিয়া বৃদ্ধাশ্ৰমলৈ যাওঁ মাক ল’গ ধৰিবলৈ ৷"

গুৱাহাটী


অঙ্গন:  পৃষ্ঠাঃ 16
এক মিনিটৰ গল্প

দুখৰ ছবি

লখিমী কাকতি

     শিক্ষয়িত্ৰী নন্দিনীৰ ৰুগীয়া দেউতাকৰ কথাবোৰ আজি বৰকৈ মনত পৰিছে। আজি দেউতাক ঢুকুৱা এবছৰ হৈছে। তিথি মতে শ্ৰাদ্ধ আদিৰ কামবোৰ আগতীয়াকৈ হৈ গ'ল। এবছৰৰ আগৰ কথা, গৰম বন্ধত তাইৰ পাঁচ বছৰীয়া ল'ৰাটোৰ সৈতে মাকৰ ঘৰত এসপ্তাহ মান থাকি  দেউতাকক পৰিচৰ্যা কৰিম বুলি ভাবিছিল। বৰ্তমান তাইৰ উচ্চ শিক্ষিতা ভনীয়েক দুজনীয়ে এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰি ঘৰখন চলাই আছে। মাক এগৰাকী সুগৃহিনী। দেউতাকে এখন চাহ বাগিচাত বৰ কেৰাণী পদত কাম কৰি অৱসৰ লৈ ঘৰতে আছিল। সেই সময়তে তেখেতৰ ডিঙিত কৰ্কট ৰোগ হৈ অৱস্থা শোচনীয় হোৱা বাবে ডাক্তৰে ঘৰতে পৰিচৰ্যা কৰিবলৈ পৰামৰ্শ দিছিল। দেউতাকৰ পৰিচৰ্যাত মাক-ভনীয়েক সম্পূৰ্ণ ব্যস্ত হৈ পৰিছিল। দেউতাকে ভালদৰে খোৱা-বোৱা কৰিব নোৱাৰাৰ বাবে শুকাই-ক্ষীণাই যাবলৈ ধৰিছিল। দেউতাকক দেখি নন্দিনী শোকত ভাগি পৰিছিল। দুদিন মান পাছতে নন্দিনীৰ বিশেষ কামৰ বাবে ঘূৰি যাবলগীয়া হোৱাত মাকে ভাত কেইটা ৰান্ধি তাইক খাবলৈ দিছিল। দেউতাকে বিছনাৰ পৰাই তাইলৈ চাই আছিল। যেতিয়া তাইৰ চকু দেউতাকত নিৰ্বন্ধ হ'ল, দেউতাকে আকাৰে ইংগিতেৰে পেটৰ ভোকৰ কথা তাইক ক'বলৈ ধৰিলে। ইমান ভোকত দেউতাক জৰ্জৰিত হৈ থকা দুখৰ ছবিটিয়ে নন্দিনীৰ অন্তৰত বাৰুকৈয়ে আঘাত কৰিলে। তাইৰ দুধাৰে লোতক বাগৰি আহিল। অজানিতে তাইৰ মুখৰ পৰা উচ্চাৰণ হ'ল--"হে প্ৰভু দেউতাক উদ্ধাৰ কৰা।"

আমগুৰি
ফোন নম্বৰ:৯৮৫৯৩৫৪৭৬৪

অঙ্গন:  পৃষ্ঠাঃ 17
অনুবাদ কবিতা

আগ্নেয়গিরি
  
সুকান্ত ভট্টাচাৰ্য্য

কখনো হঠাৎ মনে হয়
আমি এক আগ্নেয় পাহাড়।
শান্তির ছায়া-নিবিড় গুহায় নিদ্রিত সিংহের মতো
চোখে আমার বহু দিনের তন্দ্রা।
এক বিস্ফোরণ থেকে আর এক বিস্ফোরণের মাঝখানে
আমাকে তোমরা বিদ্রূপে বিদ্ধ করেছ বারংবার
আমি পাথরঃ আমি তা সহ্য করেছি।

মুখে আমার মৃদু হাসি,
বুকে আমার পুঞ্জীভূত ফুটন্ত লাভা।
সিংহের মতো আধ-বোজা চোখে আমি কেবলি দেখছি
মিথ্যার ভিতে কল্পনার মশলায় গড়া তোমাদের শহর,
আমাকে ঘিরে রচিত উৎসবের নির্বোধ অমরাবতী,
বিদ্রূপের হাসি আর বিদ্বেষের আতস-বাজি–
তোমাদের নগরে মদমত্ত পূর্ণিমা।

দেখ, দেখ
ছায়াঘন, অরণ্য-নিবিড় আমাকে দেখ;
দেখ আমার নিরুদ্বিগ্ন বন্যতা।
তোমাদের শহর আমাকে বিদ্রূপ করুক,
কুঠারে কুঠারে আমার ধৈর্যকে করুক আহত,
কিছুতেই বিশ্বাস ক’রো না–
আমি ভিসুভিয়স-ফুজিয়ামার সহোদর।
তোমাদের কাছে অজ্ঞাত থাক
ভেতরে ভেতরে মোচড় দিয়ে ওঠা আমার অগ্ন্যুদ্‌গার,
অরণ্যে ঢাকা অন্তর্নিহিত উত্তাপের জ্বালা।

তোমার আকাশে ফ্যাকাশে প্রেত আলো,
বুনো পাহাড়ে মৃদু-ধোঁয়ার অবগুণ্ঠন:
ও কিছু নয়, হয়তো নতুন এক মেঘদূত।
উৎসব কর, উৎসব কর–
ভুলে যাও পেছনে আছে এক আগ্নেয় পাহাড়,
ভিসুভিয়স-ফুজিয়ামার জাগ্রত বংশধর।
আর,
আমার দিন পঞ্জিকায় আসন্ন হোক
বিস্ফোরণের চরম, পবিত্র তিথি।।

আগ্নেয়গিৰি

(মূল বাংলা: সুকান্ত ভট্টাচাৰ্য্য
অনুবাদ: অৰুণিমা শৰ্মা মহাপাত্ৰ)

কেতিয়াবা হঠাতেই এনে ভাব হয়,
মই যেন এটি আগ্নেয় পাহাৰ।
শান্তিৰ ছায়া নিবিড় গুহাত এটি যেন নিদ্ৰিত সিংহ। মোৰ দুচকুত বহু দিনৰ তন্দ্ৰা।
এটা বিষ্ফোৰণৰ পিছত আন এটা বিষ্ফোৰণ হোৱালৈ
 মাজৰ সময়খিনিত, 
তোমালোকৰ বিদ্ৰূপে মোক বিন্ধিছে বাৰম্বাৰ,
 প্ৰস্তৰখণ্ডৰ দৰেই মই সহিছোঁ সদায়।
ওঁঠত মোৰ হাঁহি মৃদু মৃদু
বুকুত জ্বলে মোৰ পুঞ্জীভূত গলিত লাভা।
সিংহৰ দৰে আধামেলা চকুৰে চালে দেখা পাওঁ কেৱল মিছাৰ ভেটীত কল্পনাৰ মচলাৰে গঢ়ি উঠা তোমাৰ চহৰক।
মোৰ বাবেই আয়োজিত হোৱা উৎসৱৰ নিৰ্বোধ অমৰাৱতী, 
বিদ্ৰূপৰ হাঁহি আৰু বিচ্ছেদৰ আতচবাজী, 
তোমাৰ নগৰত এতিয়া মদমত্ত পূৰ্ণিমা।
হেৰা এবাৰ চোৱাহি আহাঁ!
ছায়া ঘন অৰণ্য নিবিড় !
মোলৈ চোৱা,
চাই যোৱা আহি!
মোৰ নিৰুদ্বেগ বন্যতা।
তোমাৰ চহৰে মোক কৰে বিদ্ৰূপ,
কুঠাৰাঘাতত ধৈৰ্য্য আজি মোৰ আহত ,
কোনোমতেই বিশ্বাস নকৰা যেন,
মই ভিছুভিয়াছ্- ফুজিয়ামাৰ
সহোদৰ।
অজ্ঞাতেই থাকক তুমি নজনাকৈয়ে,
মোৰ ভিতৰত পাক খাই খাই উঠি অহা অগ্নুৎদ্গাৰ, 
অৰণ্যে আবৰা মোৰ অন্তৰ্নিহিত উত্তাপৰ জ্বালা।
তোমাৰ আকাশ ম্নান হয় মৰহি যোৱা প্ৰেত পোহৰত,
বনৰীয়া পাহাৰত দেখোঁ ধুৱঁলিৰ অৱগুণ্ঠন,
সেয়া ছাগৈ নতুন এক মেঘদূতৰ আগমন,
কৰা উৎসৱ বলিয়া হোৱা উৎসৱত,
পাহৰি যোৱা পিছফালে পৰি থকা এক আগ্নেয় পাহাৰক,
ভিছুভিয়াছ্-ফুজিয়ামাৰ জাগ্ৰত বংশধৰক,
মোৰ দিন পঞ্জিকাত আসন্ন হওক,
বিস্ফোৰণৰ চৰম ,পবিত্ৰ পূণ্যতিথি।

অঙ্গন:  পৃষ্ঠাঃ 18
HER HAND

(Jayanta Mahapatra)

The Little girls hand is made of darkness
How will I hold it ?
The streetlights hang like decapitated heads
Blood opens that terrible door between us
The wide mouth of the country is clamped in pain
while its body writhes on its pain of nails
The little girl has her raped body
for me to reach her 
The weight of my guilt is unable
to overcome my resistance to hug her 

 তাইৰ হাত
(মূল: জয়ন্ত মহাপাত্ৰ
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

সৰু ছোৱালীজনীৰ হাতখন আন্ধাৰেৰে বনোৱা
মই সেইখন কেনেকৈ ধৰিম ?
পথৰ বন্তিবোৰ শিৰচ্ছেদ হোৱাৰ দৰে ওলমি আছে
তেজে খুলি দিছে আমাৰ দুয়োৰে মাজৰ ভয়াৱহ দুৱাৰখন
দেশৰ বৃহৎ মুখ খনত দুখৰ শলখা লাগিছে
যেতিয়া শৰীৰটোৱে গজালে বিন্ধা যন্ত্ৰণাত চেঙালুটি পাৰিছে
সৰু ছোৱালীজনীৰ ধৰ্ষিত শৰীৰটোহে আছে
মই গৈ পোৱালৈ
মোৰ দুখৰ বোজাও অসমৰ্থ হৈছে
তাইক আকোঁৱালি ল’ব নোখোজা মোৰ মনটো জয় কৰিবলৈ।        

(কবি জয়ন্ত ভট্টাচাৰ্যক ভাৰতীয় ইংৰাজী কবিতাৰ এগৰাকী বাট কটীয়া বোলা হয়। ১৯২৮ চনৰ অক্টোবৰত উৰিষ্যাৰ কটকত তেওঁৰ জন্ম হৈছিল। পদাৰ্থ বিজ্ঞানৰ স্নাকোত্তৰ হৈ তেওঁ শিক্ষকতাকে পেশা হিচাপে লৈ উৰিষ্যাৰ ভালে কেইখন কলেজত চাকৰি কৰিছিল।তেওঁ ষাঠিৰ দশকৰ পৰাই ইংৰাজী গল্প আৰু কবিতা লিখিছিল যদিও দেশৰ বাহিৰতহে প্ৰথমে প্ৰকাশ পাইছিল। এ কে ৰামানুজন, পাৰ্থসাৰথি আৰু জয়ন্ত মহাপাত্ৰই পিছলৈ ভাৰতৰ ইংৰাজী কবিতাৰ ভেটি গঢ়োতা ‘ত্ৰিমূৰ্তি’ হিচাপে খ্যাতি লাভ কৰিছিল। ১৯৮১ চনত ‘ৰিলেচনশ্বিপ’ নামৰ কবিতাপুথিৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। আচলতে ‘ৰিলেশ্বনশ্বিপ’  এটা দীঘল কবিতাহে। ইংৰাজী কাব্য সাহিত্যত সাহিত্য একাডেমী বঁটা লাভ কৰা তেওঁ প্ৰথম ভাৰতীয়। তেওঁৰ কবিতাৰ পৃষ্ঠভূমি উৰিষ্যা হ’লেও দৰিদ্ৰতা, সামাজিক শোষণ আৰু দুৰৱস্থা মুখ্য বিষয় বস্তু আছিল। দেশৰ উপৰিও বিদেশৰ বহু নামজ্বলা সংকলনত তেওঁৰ কবিতা অন্তৰ্ভুক্ত হৈছিল।২০০৯ চনত তেওঁক পদ্মশ্ৰী প্ৰদান কৰা হৈছিল, যি সন্মান তেওঁ ২০১৫ চনত দেশত অসহিষ্ণুতাৰ প্ৰতিবাদত ঘুৰাই দিছিল। যোৱা ২৪ আগষ্ট ২০২৩ ত তেওঁৰ মৃত্যু হয়।)

অঙ্গন: পৃষ্ঠাঃ19
কবিতাঃ

সময়

জুৰি গোস্বামী শৰ্মা

বুকুৰ বৰপেৰাত সাঁচতীয়া সপোনৰ ভিৰ
ককবকাই সপোনে বিৰ দি নাপায় বাট,

মুকলি আকাশখন কেতিয়াবাই হেৰাল
শব্দৰ ধনেশ পখী এতিয়া নিপাল দিছে ।

জিলমিল তৰাবোৰ
মুঠি মুঠি জোনাকবোৰ
এতিয়া যেন অট্টালিকাৰ ওপৰত পৰি
আৰ্তনাদ কৰে,

জোনাকী পৰুৱাই আজিকালি 
সবাহ নাপাতে
মুকবধিৰ দৃষ্টিৰে কেৱল চাই ৰয় জীৱনে
সৰি পৰা সময়ৰ হাঁহি ।

ঠিকনাঃ
   পাঠশালা (জ্যোতিনগৰ)
   জিলা-- বৰপেটা (অসম)
   ডাকসূচাংক--৭৮১৩২৫
    ভ্ৰাম্যভাষ--৬৯০১৩৪৭৪৩৮


অঙ্গন: পৃষ্ঠাঃ 20

আপোনাক এদিন ক'ৰবাত দেখিছিলোঁ

অজিত বড়া
 
আপোনাক এদিন ক'ৰবাত দেখিছিলোঁ
ক'ত দেখিছিলোঁ আপোনাক ! 
আপোনাক এদিন ক'ৰবাত হাঁহি থকা দেখিছিলোঁ
সুমথিৰা আবেলিটোৰ সৈতে আপুনি সিদিনা হাঁহিছিল
আবেলিটো আপোনাৰ হাঁহিত ঠন্‌ধৰি উঠিছিল
আবেলি আবেলি গোন্ধটো বতাহত পিয়াপি দি ফুৰিছিল

আপোনাক হাঁহি থকা দেখি সিদিনা 
বলুকাত এজাক বালিমাহীয়েও হাঁহিছিল
সেই হাঁহিত নৈৰ কোমলতা আছিল
এখনি সুকোমল হাতৰ স্পৰ্শ আছিল

নৈ এখনে তেতিয়া হয়তো আপোনাক আবৃত কৰি ৰাখিছিল
আপুনি আকৌ এবাৰ জীয়া যৌৱনটোক লাহেকৈ চুই চাব খুজিছিল
হাঁহি এটিৰে নিজকে যাপন কৰাৰ দূৰ্বাৰ বাসনা জাগিছিল

আপুনি আকৌ এবাৰ প্ৰেমত পৰিছিল
কাৰ প্ৰেমত পৰিছিল আপুনি ! 
পকা জৰা আৰু ৰবাবৰ সেই ফুৰফুৰিয়া গোন্ধটোৰ প্ৰেমত
হেলচ, থেৰেজু, জেতুলিপকাৰ ঠানিবোৰৰ প্ৰেমত
নে একা বেঁকা সেই হাবিতলীয়া কেঁচা বাটটোৰ প্ৰেমত!

আপুনি জীয়া অতীতটোৰ প্ৰেমত পৰিছিলনেকি
তগৰেৰে আমোলমোল সেই দীঘল পদূলিটোৰ প্ৰেমত
নে আশাভৰা চকুৰে এখনি সৰল মুখৰ প্ৰেমত!

আপুনি সেই উমাল ৰ'দচেৰেঙাৰ প্ৰেমত পৰিছিলনেকি
উশাহঘন তেজাল দুপৰটোৰ প্ৰেমত
নে সেই চৰাইজনীৰ বৰণীয়া পাখিৰ প্ৰেমত!

নিশ্চিতভাৱে আপোনাক এদিন ক'ৰবাত দেখিছিলোঁ
ক'ত দেখিছিলোঁ আপোনাক! 
নগৰৰ উপকন্ঠৰ কোনো এক প্ৰান্তত
নে দীনতাৰ বিৰূদ্ধে যুঁজি থকা এখন অন্তহীন যুঁজত

আপুনি আবেলিটোক বুকুত বান্ধি সিদিনা হাঁহি হাঁহি যুঁজিছিল
আপোনাক সিদিনা আবেলিটোৰ সৈতে হাঁহি থকা দেখিছিলোঁ।।

অঙ্গন: পৃষ্ঠাঃ 21
এই যে জীয়াই আছোঁ

ৰণ্‌জিত গগৈ 

এই যে জীয়াই আছোঁ
সিওতো কম ডাঙৰ কথা নহয়

মেলিবই নোৱাৰি চকু ৰৌৰৌৱাই জ্বলে
উনাবই নোৱাৰি কাণ ভম্‌ভমাই উঠে

মাটি পোৰা গোন্ধ এটাই
গিজ্‌গিজাই উঠে বুকুখন
চৌপাশে এতিয়া ইমান আৰাও
ওৰেটো দিন কি দৰে হাঁহাঁকাৰ কৰি
চৎফটাই থাকোঁ কোনে পতিয়াব

মাটিৰ মানুহখিনি এদিন মাটিৰ বাবেই
মাটি হৈ যাব তাৰ বাবে কাৰ কি আহে যায়?

কান্ধত যি ভাৰ কোনোবাই তুলি দিলে
যাৰ কোনো সুগন্ধি নাই আছে মাথোঁ
ভাৰ বব নোৱৰা ডিঙিৰ সেপ্‌

তাৰ পাছতো জানো ৰিঙিয়াই মতা মাতটোৰ দৰে
ক’ৰবাত সোৱাদৰ সীমনা আছে
মাজ পথাৰৰ অকলশৰীয়া গছৰ পাতে 
সুহুৰিয়াই উঠাৰ দৰে

তথাপি ভালপোৱাৰ অচিলাৰে
আমি জীৱনটোক ভালপাওঁ
নিজৰ দৰে নিজৰ আবুৰে

জীৱনৰ প্ৰতি মোহ এটা আছে বাবেই
জীৱনটো আজিও জীৱন হৈ আছে
লাগক বা নালাগক আনৰ চকুত থান-থিত
আজিও ধূলিয়ৰি বাটে-ঘাটে উৰি থাকে
উলাহ উধনীয়া চিত

এই যে শেৱালি সৰা বাটবোৰ
কহুঁৱা ফুলা চাপৰিবোৰ
আদিগন্তজুৰি বিয়পি থকা মিঠা মিঠা সুবাস এটা
ক’ত কেনেকৈ হেৰুৱাওঁ কোৱা?

মইতো মাটিময় আৰু মোৰ সাতামপুৰুষীয়া পূৰ্বপুৰুষ
যি মাটিক ভাল পাই আহিছে কত শতিকাজুৰি
তেওঁলোকৰ তেজৰ ধাৰবোৰক আকৌ জক্‌জকাই নিদিবা
ৰক্তৰে ৰঞ্জিত দুহাত ক’ৰবাত দলিয়াই থৈ তেওঁলোকেই আমাক  
আমাৰ নিচিনাকৈ সজাই তুলিছে আতোলতোল কৰি

মাটিৰে সুবাসিত কৰি শেৱালি সৰা বাটবোৰৰ 
মাটি মাটি গোন্ধবোৰ বুকুত সঁপি 
তেওঁলোক গ’ল গৈ কোন কাহানিতে
তথাপি তাৰ ৰেশ বুকুত আজিও সজীৱ৷

অঙ্গন: পৃষ্ঠাঃ 22

বৃন্দাবন 

প্ৰণৱ কুমাৰ গগৈ 

তোমালৈ 
বৰ মনত পৰিছে...
বুকুৰ দুখবোৰ 
মচি দিবানে.....
হৃদয়ৰ আন্তৰিকতাৰে  !! 

মই সদায় 
তোমাৰ কাষতে থাকিম
দুখৰ দিনত 
সুখৰ সুহুৰি বজাই...

যেন বৃন্দাবনত
ৰাধা আৰু কাণাই....!! 

ভ্ৰাম্য: ৮০১১১৩৫৩৯১

অঙ্গন:  পৃষ্ঠাঃ 23

মণিপুৰৰ শান্তিহৰণ

মুহাম্মাদ আফজাল

পদপথত বস্ত্ৰহৰণ,
পথাৰত গণধৰ্ষণ।

উৰ্বৰতাৰ সতীত্বহৰণ,
মানৱতাৰ মৃত্যুবৰণ।

সৃষ্টিৰ ক্ৰন্দন,
প্ৰলয়ৰ চিত্ৰাংকন।

জাগা, জাগা, হে নিৰ্বাক নেতা, 
জাগা, জাগা, হে দুৰ্বল জনতা,
কৰা, কৰা দস্যু দমন,
ঘূৰি আহক শান্তিৰ বাতাৱৰণ।

ঠিকনাঃ 
মৈৰাবাৰী, মৰিগাঁও, অসম।
ভ্ৰাম্যভাষঃ ৯৫০৮১-৫৩৮০২

অঙ্গন:  পৃষ্ঠাঃ 24

মনৰ দোলনিত 

বাবুল ভূঞা

 কুঁৱলী পুৱাতে মই
 শুনিছিলো সিদিনা
 তুমি আহিবা বুলি
  মনৰ দুৱাৰ মোৰ
  ৰাখিছিলো খুলি
  বিষাদৰ ডাৱৰ ঠেলি
  তোমাৰ আগমনত     
  সাৰ পাই উঠিছিল
  মোৰ মন ফুলনিৰ 
  মৰহি যোৱা 
  ফুলৰ কলি
 পখিলা ভোমোৰাই
 হাঁহিছিল উলাহত
 আহিছিল সিহঁতৰ
 দুপাখি মেলি
 সপোন ৰঙীন মোৰ
 কল্পানাবোৰ 
 আছিল দুচকুত খেলি
 
  মন মন্দিৰত আছিল জানা
 আশাৰ চাকিবোৰ জ্বলি ...৷৷

 ডুলীয়াজান, 
ডিব্ৰুগড় অসম

অঙ্গন: পৃষ্ঠাঃ 25

নাৰী

ৰাজলক্ষ্মী বৰঠাকুৰ 

দুটা আখৰেৰে লিখা মাথোঁ এটি শব্দ 
যাৰ মাজত লুকাই আছে অন্তহীন প্রেম প্রেৰণা, সৌন্দর্য আৰু ত্যাগ। 
নাৰী ,তুমি যে বিভিন্ন নামেৰে বিভূষিতা 
মাতৃ ৰূপৰে তুমি মমতা ময়ী 
ভগ্নী ৰূপৰে তুমি সাহসৰ প্রতীক আৰু 
পত্নী ৰূপত তুমি প্রেম আৰু প্রেৰণা দায়িনী 
য'ত জীৱনৰ সন্ধান কৰা হয়, সম্পূর্ণতাৰে 
যিগৰাকীয়ে জীৱন পৰিপূৰ্ণ কৰি তুলিব পাৰে
তেওঁৱেই নাৰী। 
নাৰী, তুমি সৃষ্টিৰ আধাৰ। 
নাৰী তুমি মহিমা ময়ী 
সেইয়ে তুমি প্রকৃতি স্বৰূপা তোমাৰ অবিহনে আধৰুৱা 
এই সংসাৰ! 

দেৰগাঁও

অঙ্গন: পৃষ্ঠাঃ 26
জীৱনৰ অৰ্থ

শ্রী জ্যোতি বৰুৱা 
                        
স্মৃতিৰ ভাঁজে ভাঁজে
অনুভৱ গাভৰু হয় ...
কেতিয়াবা কেতিয়াবা মৌনতাময়
শব্দৰ লগত মিতিৰালি পাঁতো 
আৰু, 
চেলেকি  চাওঁ এৰি অহা দিনবোৰ , 
তাতেই বিচাৰি ফুৰোঁ
জীৱনৰ আচল অৰ্থ ...। 

যোৰহাট

অঙ্গন: পৃষ্ঠাঃ 27
দু:সময়

ৰিণ্টু টায়ে

নাজানো এতিয়া, কেতিয়া কাৰ ক'ত শেষ হয় ?
ভদ্ৰতাৰ মুখা পিন্ধা কৃত্ৰিম অভিনয়
এতিয়া দুঃসময়---

কেতিয়াবা দেখা পাওঁ
 বাটে-পথে দুই-এজন

মৃদুভাষী হাস্যমধুৰ বদন
হ'ব পাৰে হঠাৎ ওন্দোলা মেঘৰ গৰ্জন।

নাজানো কেতিয়া কি ৰূপ লয় ?

আশ্বৰ্যকৰ ভাওৰীয়াৰে ভিৰ এই জনতাৰ সদন।

ইয়াত মানুহ কথা পাতিবলৈ ভয় ,
নাজানো কেতিয়া কাৰ সৰলতাক
কোনে দুৰ্বলতা বুলি লয় ?
নাজানো কোন কেতিয়া কাৰ আক্ৰমণৰ বলি হয় ?
এতিয়া দুঃসময়---

ইয়াত জুখি-মাখি যি কথা নকয়,
উভয়চৰী ঘঁৰিয়ালৰ পৰা জীৱন সংশয় !

ইয়াত কোনেও কাকো বিশ্বাসত নলয়।
যদি কাৰোবাৰ স্বাৰ্থৰ পৰিপন্থী হয়
দুঃশাসনৰ ৰক্তপান সংলাপটি
ভীমৰ পৰিৰ্বতে শকুনিয়ে মুখত লয়!
এতিয়া দু:সময়---

ঠিকনাঃ
চৰাইদেউ, অসম

অঙ্গন: পৃষ্ঠাঃ 28
অন্তিম ইচ্ছা

বিজয়া গগৈ

    মোলৈ তোৰ মনত পৰিব
    অতি স্বাভাৱিক ;
    সংযোগ হৈ থকা নাড়ীডাল 
    বিছিন্ন কৰাতহে,
    নহ'লেচোন মন একেটাই।

    পৰক দে মনত
    মোৰো মনত পৰিছিল
     আইলৈ 
তুলসী তলত শুৱাই দিয়াৰ আগলৈকে ।
    মোৰ আইৰো মাকলৈ মনত পৰিছিল
    কথাই প্ৰতি মাকৰ কথা কৈছিল 
     সামান্য দুখতেচোন 'আইঔ' বুলিহে
     মাতিছিল।

     মনত পৰি থাকিব, 
     শয়নে-সপোনে দেখোন আহিয়ে থাকিম।
     নাকান্দিবলৈ নকওঁ,
     চকুপানী সাময়িক সন্তাপৰ শীতল ছাঁয়া।

    তৰপ পৰিব সময়ৰ জোখাৰে মনক ঢাকি।
    সংগোপনে থিতাপি ল'ম তোক
    আমনি নকৰাকৈ।

    জীৱন পথত ৰণডংকা বাজিলে 
    বিচাৰিবি মোক। 
মই এটি সাহস হৈ
    পোহৰাই তুলিম তোৰ এন্ধেৰুৱা পথ।

   জগত এনেকুৱাই অহা আৰু যোৱা
   মাজতে মাথো ওমলা বনত
   জীৱনৰ খেলা।
তাকে লৈ যামগৈ যেতিয়া
   পাহৰিব নোৱাৰিবি খেলাৰ 
   সঙ্গ দিয়াৰ কথা।

   আমিযে একত্ৰে আছিলোঁ
    অভিন্ন হৈ
   কেৱল নাড়ীডাল বিছিন্ন কৰা হৈছিল।

অঙ্গন: পৃষ্ঠাঃ 29
সোঁৱৰণি

ৰাজেন অসমীয়া

অনাঘ্ৰাত কৌমাৰ্যৰ আচ্ছাদন খুলি
নিৰন্ধ্ৰ এন্ধাৰতো নিৰলে নিজানে
আঁহে পাহে ফুলি উঠে ৰাতিফুলা ফুল
ৰাতি ফুলা ফুলৰ সুবাসে আহি
ধন্য কৰেহি মোৰ মূক মৌন নিঃসঙ্গ লগন
পৰিস্মিত পাপৰিৰে
সুস্মিত সুৰভিৰে
বিস্মিত বিস্মৃতিৰ ওৰণি গুচাই
নিভৃত নিকুঞ্জ মোৰ অকাৰ্পণ্য উপহাৰেৰে দিয়ে উপচাই
শেৱালি, বকুল, গুটিমালি আৰু কত ৰাতি ফুলা ফুল
ৰাতিৰে ৰাতিটো মোৰ
গোন্ধে আমোলমোল
প্ৰিয়াও এপাহি মোৰ ৰাতিফুলা ফুল
নিশাৰ নৈশব্দত নিঘুনী নৈবেদ্য যঁচা ,অমৃত-গৰল সনা
মিঠা মিঠা বিহ ঢলা
অতীতৰ সোঁৱৰণিবোৰো
মায়াবৃত্ত ভাঙি ছায়াচিত্ৰ সাঁজি
অনুকল্প কায়কল্প গঢ়ি তোলা
একোপাহি যেন অশৰীৰী ৰাতিফুলা ফুল
ৰাতি ৰাণী, ৰাতি ৰাণী, ৰাতিফুলা ফুল
যাৰ সংগ সখিত্ব সংসৰ্গত
উদ্ভাসিত হয় মোৰ ঋভুক্ষ-নিসৰ্গ
ছান্দসিক মূৰ্ছনাৰে, সাংগিতিক দ্যুতনাৰে
ৰাতিফুলা ফুলৰ সুবাস ঘঁহি
আহে বৈ জোনাকৰ নৈ...

অঙ্গন: পৃষ্ঠাঃ 30

অনুভুতিৰ টুকুৰা

আকাশ দাস

উৎসাহী মানুহবোৰৰ মাজত মই ৰৈ যাওঁ,
ৰৈ নিজলৈ চাওঁ।
হুমুনিয়াহ কাঢ়ি ওলাই আহোঁ,
নিজৰ মাজত সোমাই আহোঁ।

এনে নহয় যে মই মিলিব নাজানো!
কিন্তু মই খাব নাজানো,
মই শুব নাজানো,
মই পিন্ধিৱ নাজানো!

মোৰ বাবে নদীখন বহল হ'লে ভাল
সৰু হ'লেহে ভয় 
মনটো বাৰে-বাৰে ৰয়!
মই ৰৈ যাওঁ
কাৰোবাৰ ফালে চাই,
কাৰোবাৰ মন পঢ়ি।

সঁচাকৈয়ে যেন
উশাহৰ মাজত জীৱন
যন্ত্ৰণা যাৰ পৰিসৰ!
আৰু তাৰ মাজে-মাজে 
অসংখ্য অনুভুতিৰ টুকুৰা।

নলবাৰী

অঙ্গন: পৃষ্ঠা 31
মই আৰু মোৰ জীৱন...

গীতাশ্ৰী বড়া

আছে জানো ক'ৰবাত কবিতাৰ পৰিধি
শেষ নহয় কেতিয়াও কবিতাৰ পৃথিৱী।
মৰমবোৰে যিদৰে মৰমক বিচাৰে
শব্দবোৰে লগ লাগি তোমাকেই বিচাৰে,
কত যে কবিতাৰ কলি
প্ৰেম-বিৰহৰ বাটেদি
ফুলে কবিৰ মনতে আহি।
কবিতা জানানে তুমি
তুমি যে মোৰ জীৱন লগৰী,
কিদৰে কৰো প্ৰকাশ
এবুকু মৰম তোমালে বুলি।
কিমান যে পঢ়িছোঁ
প্ৰেমৰ জীৱনী...
দুখ বেজাৰত তুমিয়ে সাৰথি।
নিজানত যেতিয়া কৰে আমনি
সুখ-দুখৰ স্মৃতিবোৰে আহি...
জন্ম হয় এটি নতুন শব্দৰ শাৰী।
ভাগি যোৱা হৃদয়ৰ তুমিয়ে লগৰী...
জীয়াই ৰাখা সিহঁতক প্ৰেৰণা দি।
কিমান যে শব্দৰ গাঁথনি...
চুই যায় মনবোৰ তোমাৰ পৃথিৱীত থাকি।
কেতিয়াও নহয় শব্দৰ টনাটনি
নতুন শব্দই সদায় দিয়ে চিনাকি,,
ভালপাওঁ জানা নিজতকৈ বেছি
কেতিয়াও নহয় শেষ কবিতাৰ পৃথিৱী।।

অঙ্গন:  পৃষ্ঠাঃ 32
মানৱতা

অঞ্জনা দেৱী

আকাশত ৰঙা বেলি
আনন্দত আত্মহাৰা
ছটিয়াই যায় দুপাখি মেলি
কুহুমবুলীয়া ৰঙৰ সম্ভাৰ

তোমালোকো উদিত সূৰ্য...
উলাহতে নাচিছা-বাগিছা
নিজ কৰ্মৰে দুভৰি আগুৱাইছা
কৃপণালী মাথোন মানৱতাৰ।
স্বাৰ্থপৰতাৰ সুৰুঙাটো বৃহত্তাকাৰ হৈছে।
যান্ত্রিকতাই মেৰাইছে সময়বোৰ।

হৃদয়ৰ ভাষা পঢ়িবলৈতো
পোহৰ নালাগে...
মাথোঁ লাগে হিয়াৰ এটি 
সূক্ষ্ম অনুভৱ।
হৃদয়ৰ ভাষা হৃদয়তে নাৰাখি
দিয়া নিগৰাই হিয়া উজাৰি।
বিপদত এষাৰি মাত
হৃদয়ত হয় প্ৰাণৰ সঞ্চাৰ।

আইৰ চকু এগাঁতত
সময়ক খামুচি 
পিতাই ৰৈছে নঙলামুখত।
পত্নীৰ গোপন ভাষা 
অন্তৰতে শুকাইছে
মৰমী হেঁপাহবোৰ 
পোত গৈছে হিয়াতে।

চকুৰ পতা জাপ নাযায় দিন-ৰাতি
মাজ নিশা নিৰ্জনতাবোৰৰ 
ফাঁকে ফাঁকে ধুৱলী-কুঁৱলী হয় 
অব্যক্ত হাহাকাৰ।

অন্যায়-অত্যাচাৰ ৰোধি
গাই যাওঁ আহাঁ মিলি সবে
মানৱতাৰ জয়গান
উদিত সূৰ্য্যৰ প্রান্তে প্রান্তে।

যোৰহাট

অঙ্গন: পৃষ্ঠা 33
 
শব্দৰ বিলাপ 

শান্তনা চেলেং

গধূলি হ'লেই
সেউজীয়া যেন লগা অৰণ্যত 
ডাৱৰৰ দেশৰ পৰা
বৰষুণৰ দৰে নামি আহে আন্ধাৰ
ঠিক তেতিয়াই ঘাতক শব্দবোৰে মূৰ দাঙি উঠে
ধাৰাল শব্দবোৰৰ আঘাতত 
মই নিতৌ আহত হওঁ
দুচকুৰে বাগৰে মাথোঁ তেজ

মই জানো ক্ষতি বৃদ্ধি দিব পৰাকৈ 
এই শব্দবোৰৰ বাক-চতুৰ ক্ষমতা নাই 
প্ৰস্তৰ বুকু কাটি লিখে
যুগান্তৰৰ শিলালিপি 

দাৰিদ্ৰতাই আবুৰ কৰি ৰখা এখন পৃথিৱীত
তেজহীন সিহঁতৰ দেহৰ ঘামত
জিলিকি থাকে ভোক
তেজহীন সিহঁতৰ দেহৰ আঘাতত
মই নিতৌ আহত হওঁ
মোৰ অদ্ভূত হেঁপাহ জাগে
শব্দৰ সৈতে একাত্ম হ'বলৈ
সিহঁতৰ চকুত চকুপানী দেখিলে
ক্ৰমশঃ মই খহি পৰোঁ
কিন্তু সিহঁতৰ দুচকুত দেখোঁ
মানুহৰ প্ৰতি থকা ঘৃণা 
ৰাতিৰ ঠিকনা লিখা বাটত 
পাখিত পাখি লগাই 
সিহঁতে কৰে দুখৰ দিনৰ বিলাপ 

 ঠিকনাঃ
 মৰাণহাট পিয়লি নগৰ
 জিলা- ডিব্ৰুগড়

অঙ্গন: পৃষ্ঠাঃ 34
শংকা

সান্ত্বনা বুঢ়াগোহাঁই হাজৰিকা

সূৰ্য্য বিহীন এখন উকা আকাশ
পাৰ ভঙা বেদনাৰে ভাৰাক্ৰান্ত মন
জুই ধোঁ‌ৱাই আকাশ চানিছে চৌদিশ
যেনিয়েই চাওঁ তেনিয়েই শংকা

মানৱতাই এতিয়া অন্তৰীক্ষৰ ক'লা ডাৱৰৰ পৰা মানুহৰ স'তে লুকা-ভাকু খেলে
ওঁঠযুৰি কঁ‌পি উঠে
ভয় হয় পৃথিৱীখনে নিষ্ঠুৰতাৰ কবলত পৰি
হেৰুৱাব নেকি উশাহ-নিশাহ

নাৰী উত্তৰণ ঘটাৰ পাছতো কিয় হয় বাৰে বাৰে লাঞ্ছিতা
নিস্পাপ নাবালিকাজনীও কেতিয়াবা প্ৰাণ আহুতি দি নিশ্চিহ্ন হ'ব লাগে কাল ধুমুহাত

দুচকু তিয়াই বৈ যায় অশ্ৰুৰ নদী
সভ্যতাৰ সংকট কাল
ভয় হয় নিজকে হেৰুওৱাৰ
সেয়ে মই ভীষণ শংকাত ভুগিছোঁ

তথাপি বাৰে বাৰে প্ৰেমত পৰিছো নদীখনৰ, সেউজীয়া পাহাৰটোৰ আৰু নীলা 
আকাশখনৰ
শূন্যতাৰ চক্ৰবেহুৰ মাজতো পূৰ্ণতা বিচাৰি।
 
তিনিচুকীয়া

অঙ্গন: পৃষ্ঠাঃ 35

কবিতা কবিতা 
 
হেৰম্ব চৌধুৰী 

কবিতা -
জীৱনটোৱে দেখোন এটা জীৱন্ত কবিতা। 
য'ত সাৱটি আছে সুখ-দুখ, আনন্দ-বিষাদ, হাঁহি-কান্দোন, ঘাত- প্ৰতিঘাত। 
তাৰ মাজেৰে খুপি খুপি আগবাঢ়ে জীৱন।
তনু নাও বুৰু বুৰু 
তথাপি নহয় গিয়ান। 
ভৱ সাগৰত তলবলকৈ 
আগবাঢ়ে জীৱন।
নিমিষতে শেষ হয় জীৱন, 
তথাপি কিয় 
মায়াত মজি পাহৰি যাওঁ 
জীৱনৰ অৰ্থ, কৰ্ম, বা সত্যক। 
সত্যমেৱ জয়তে জীৱন।

অঙ্গন:  পৃষ্ঠাঃ 36

হেঁপাহ 

দীপালী বৰুৱা
            
গোঁসাই ঘৰৰ প্ৰাৰ্থনাত
আইৰ বুকুৰ পৰা বৈ আহে
এটা সেউজীয়া জীয়া জুৰি ।
ইতিহাসৰ বুকু চুই
প্ৰেম হয় অমিতাভ 
হৃদয়মঞ্জৰীত ৰাগ অনুৰাগ
আৰু গান্ধাৰ ৰাগৰ সাতসৰী।
অ'মোৰ জীৱন
হালি জালি নাচি থাকা
সপ্ত সুৰৰ মূৰ্ছনা তুলি
আৰু মই ডুব যাওঁ
অৰুনাভ অনুৰাগৰ
কোমল ৰাগিনীত।

উত্তৰ লক্ষীমপুৰ

অঙ্গন:  পৃষ্ঠাঃ 37
পাহাৰৰ নামনিত বাগৰি পৰা পকা বেলিটো
  
শর্মীষ্ঠা বর্মন

আবেলিৰ পকা বেলিটোৱে যেতিয়া
আকাশৰ মূধচৰপৰা চুঁচৰি চুঁচৰি 
পাহাৰৰ পিঠিয়েদি বাগৰি
নামনিত ঢলি পৰে
ঠিক তেতিয়াই ছাঁইৰঙী ৰাতিটো 
সাৰ পাই উঠে ৷
বোকাপানী গৰকি অহা
মোৰ মনৰ গুপুত সপোনবোৰেও
ৰাতি ফুলা ফুলৰ গোন্ধত
জীপাল হৈ আখলৰ তাপত 
পকা বেলিটোৰ দৰেই পকিবলৈ ধৰে ৷

সুদূৰৰ পৰা ৰিণিকি ৰিণিকি
ভাহি অহা কোনো অজান শিল্পীৰ
বাঁহীৰ সুৰত দৰিদ্র হৃদয় মোৰ
একেনিশাই চহকী হৈ পৰে ,
অকণো সময় অপচয় নকৰি 
কোলাহলশূন্য শান্ত নিশাক নিহালি কৰি 
নিঃসঙ্গ কলিজাটোক ঢাকি থওঁ ,
ভলুকা বাঁহৰ বেৰৰ জোলোঙাইদি 
গলি গলি বৈ পৰা জোনৰ পোহৰত
দিনজোৰা পৰিশ্রমত নিগৰি পৰা 
মোৰ দেহৰ নিমখীয়া ঘামৰ ঘ্রাণ
দামী সুগন্ধিপানীৰ বটলৰ 
ভিতৰত লাহে লাহে আটক হয়গৈ ,
লগে লগে মনটো উৰা মাৰি গৈ
নিজ হাতে ৰ'দৰ পোহৰত
কংক্রিটেৰে গাঁথি থৈ অহা
অথচ মোৰ হাতে ঢুকি নোপোৱা
সুউচ্চ অট্টালিকাত ওৰে ৰাতি
নিবিড়ভাৱে কটাইগৈ ৷

পুৱতি নিশালৈ খামুচি ধৰি থকা
পকা বেলিটি লাহে লাহে
মোৰ হাতৰ আঙুলিৰ ফাঁকেৰে 
সৰকি গৈ থাকে 
আৰু সৰকি গৈয়ে থাকে ...
লগত কাঢ়ি লৈ যায় মোৰ
ছাঁইৰঙী ৰাতিটো ৷

অঙ্গন পৃষ্ঠা 38
অভিমান

ফুলুমা নাথ, ৰঙীয়া

আজি দেখোন তোলৈ মোৰ বৰকৈ মনত পৰিছে
বুকুৰ বিষটোৱে হৃদয়খনত উজাই আহিছে
মোৰ নয়নযুৰিয়ে মুক্ত আকাশৰ নীলা ৰংবোৰৰ মাজত
তিৰবিৰাই থকা মোৰ মৰমৰ তৰাটিক বিচাৰি ফুৰিছে
মোক দেখি লাজতে চকুমুদি দিয়া তৰাটিয়ে
আজি যেন দুষ্ট হাঁহি এটা মাৰি একেথিৰে চাই ৰৈছে
মোৰ বুকুখনলৈ...
মই ভাগৰি পৰিছোঁ অ’
তই দিয়া মিছা প্ৰতিশ্ৰুতিবোৰৰ সৈতে লুকাভাকু খেলি খেলি
তোৰ লগত মোৰ নামটো জোৰা দিয়াৰ সপোন দেখিছিলোহে
উকা কাগজৰ বুকুত ৰঙা চিঞাহিৰ প্ৰলেপ সানিবলৈ লৈছিলোহে
শব্দবোৰে চোন প্ৰাণ পাই উঠাৰ আগতে মৰহি গ’ল
গভীৰ নিশা তোলৈ থকা অভিমানবোৰ চকুলৈ হৈ নিগৰে
শিতানৰ গাৰুটিয়ে কোনো প্ৰশ্ন নকৰাকৈয়ে
নীৰৱে মোৰ অভিমানবোৰক মৰমেৰে আঁকোৱালি লয়
কেতিয়াবা তয়ো মোৰ ওপৰত অভিমান কৰিবিচোন
তোৰ অভিমানৰ চকুলোবোৰ বৰষুণ হৈ বৈ আহিব৷
পাৰ যদি মোক উটুৱাই লৈ যাবি তোৰ স’তে
আৰু যদি নোৱাৰ’
জীয়াই থকাৰ প্ৰেৰণাকে দি যাবি৷

অঙ্গন পৃষ্ঠা 39
ৰেচিপিঃ

প্ৰণিতা দাস
বৰপেটা


বেচনৰ বৰফি আৰু লাৰু
উপকৰণ-
বেচন ৩০০ গ্ৰাম
চেনি ১৫০ গ্ৰাম
ঘীউ ১০০ গ্ৰাম
চুজি ৫০ গ্ৰাম
ইলাচি ৫/৬ টা
আলমন্ড ৫/৬ টা
প্ৰণালী-: বেচন খিনি চালনিৰে চালি ল'ব । চেনি খিনি মিক্সিত পিহি ল'ব । কেৰাহীত ঘীউ ৬ চামুচ দি গৰম হোৱাত প্ৰথমে বেচন দি জুই কমাই দি ভাজিব , তাৰ পিছত চুজি দিব , ওলপ সময় ভাজি ইলাচি দিব তাৰ পাছত গুৰি কৰা চেনি দি ভাজিব । ওলপ ১৫ মিনিট মান ভজাৰ পিছত আৰু ৪ চামুচ ঘীউ দিব , ভালদৰে ভাজি এখন কাহিত ঘীউ লগাই বেচন খিনি থৈ ঠাণ্ডা হ'বলৈ দিব । ১৫ মিনিট পিছত বৰফিৰ আকাৰত কাতিব । চাইদৰ ৰৈ যোৱা খিনি লাৰু বনাব ।

অঙ্গন:  পৃষ্ঠাঃ 40
গল্প

মৰহা সপোনৰ গজালি

মেৰী শ‌ইকীয়া

"ৰণদাদা  তোমালোকৰ বৰ্তাই যে তোমালৈ আনে ৰঙা ধুনীয়া ফলবিধ সেইবোৰ ক'ত পায়নো ? মোক দেউতাই দৰ্মহা পোৱাৰ দিনা কেতিয়াবা আপেল কেতিয়াবা কল বা কমলা হে আনি দিয়ে। সেইটো আনি নিদিয়েচোন!" সাত বছৰীয়া তাইজনীয়ে  গছজোপাত দেউতাকে মৰমতে বান্ধি দিয়া ঝুলনা খনত ঝুলি ঝুলি দহবছৰীয়া  তাক সুধিছিল।
"সেই ফলটোক স্টবেৰী কয় আকৰী। এবিধ বিদেশী ফল।আমাৰ দেশত বৰকৈ স্টবেৰীৰ খেতি কৰা নহয়। "ঝুলনাখন ঠেলি ঠেলি ৰণে উত্তৰ দিছিল। 
"ম‌ই তোক বাৰু আনি দিম ৰ'।ফ্ৰীজত মায়ে থৈ দিয়া দেখিছিলো।" কৈয়ে ঘৰলৈ বুলি লৰ মাৰে ৰণ।
সাতবছৰীয়া অনুৰ চকুহাল উজ্বল হৈ যায়। স্টবেৰী খোৱাৰ কল্পনাত বিভোৰ হৈ চকুহাল মুদি দিয়ে তাই।
"মোক নোসোধাকৈ ফ্ৰীজৰ পৰা কি উলিয়াইছ ৰণ ? বেয়া হৈছে স্বভাৱবোৰ তোৰ।"
"একো নাই মা। এই অনুজনীয়ে হেনো স্টবেৰী খাই পোৱা নাই । তাইলৈ লৈ যাওঁ দুটামান দেই! বুলি কৈয়ে সি পুনৰ লৰ মাৰিলে তাইৰ ওচৰলৈ। সি শুনিবলৈ নেপালে মাকে কোৱা বাক্যশাৰী, "এলপি স্কুলৰ মাস্টৰৰ  জীয়েকে আকৌ স্টবেৰী হে খায় দেহি। বাপেকে খুৱাব পাৰিব‌ও লাগিব নহয়।"
ৰনে হেঁপাহেৰে খাবলৈ দিয়া ষ্টবেৰী অনুয়ে স্বাদ ললে ঠিকেই। কিন্তু নিশালৈ মাক দেউতাকৰ বহু কথাৰ সন্মুখীন হ'ল ৰন। মৰমৰ চলেৰে মাক দেউতাকে দিয়া উপদেশবোৰ সি ঠিক বুজি নেপালে যদিও এটা নতুন শব্দৰ সৈতে পৰিচয় হ'ল তাৰ। সৰু মানুহ !অনুহঁত সৰু মানুহ! তাৰমানে ৰনহঁত ডাঙৰ মানুহ। কিন্তু ৰনটো অনুতকৈ অলপহে ডাঙৰ! অনু সৰু কিন্তু অনুৰ মাক দেউতাক উমেশ খুৰা আৰু সেউজী খুৰীচোন ডাঙৰ মানুহ। তেন্তে তেওঁলোকক কিয় সৰু মানুহ বুলি ক'লে দেউতাকে ? ভাবি ভাবি বহুদেৰীলৈ টোপনি নাহিল ৰণৰ।

                  ২
"হমেশা তুমকো চাহা অউৰ চাহা কুচ ভী নেহী ,....
তুমহে দিল মে হ্যেয় পূজা পূজা পূজা অউৰ পূজা 
চ ভী নেহী ................."
আবেলি ক্লাছৰ পৰা আহি ৰূমত মোবাইল ফোনত গান শুনি আছিল ধৃতিয়ে।
"সেই ধৃতিবা কি কৰি আছা ?আচ্চা গান শুনিছা! মস্ত ট্ৰেজেদী গানহে শুনা আকৌ তুমি! কি ছোৱালী! ইয়ং গাৰ্ল। নতুন নতুন গান শুনিব লাগে।কিম্মান যে ধুনীয়া ধুনীয়া গান ওলাইছে। কিনো বৰিং পুৰণি গানবোৰ শুনা!"  
ৰূমমেট আদ্যাই ধৃতিক উদ্দেশ্য কৰি কোৱা কথাৰ উত্তৰ দিলে ধৃতিয়ে।
"আচ্চা মেৰি জান । হ'ব বাৰু।তোৰ ভাললগা গানবোৰো শুনিম এদিন। ইমান চিঞৰ বাখৰ কৰি আছে যে ,কি হ'ল কচোন বাৰু।"
"তোমাৰ লগত টপ চিক্ৰেট কথা এটা আছিল ক‌ওনে ? "আদ্যাই কথাই প্ৰতি টপ চিক্ৰেট বুলি কোৱাটো তাইৰ  অভ্যাস। নিজতকৈ দুবছৰ জুনিয়ৰ আদ্যাক ধৃতিয়ে খুউব মৰম কৰে। তাইৰ প্ৰতিটো আবদাৰ পূৰণ কৰে বায়েকৰ দৰে। স্বভাৱতে চট্‌ফটিয়া আদ্যাৰ নিজৰ বায়েক নাই।হোষ্টেলৰ প্ৰথম দিনটোত ঘৰলৈ মনত পৰি হুৰাহৰে কন্দা আদ্যাক ধৃতিয়ে চম্ভালি নোলোৱা হ'লে হয়তো তাই উভটি গ'লগৈ হেঁতেন ঘৰলৈ।সেইদিন ধৰি দুইজনী এটা আত্মিক বান্ধোনত বান্ধ খাই পৰিল।
"কচোন বাৰু তোৰ টপ চিক্ৰেটটো। কোনোবা চিনিয়ৰৰ প্ৰেমত পৰিছ চাগৈ ? নহ'লে কোনোবা এটা নতুন ক্ৰাছ..."
"ৱেইট ৱেইট ধৃতি ডাৰলিং।দিচ টাইম মোৰ নহয় কোনোবা বেলেগৰহে লভ এট ফাৰ্ষ্ট চাইট বুজিছা ?"
"কাৰনো লভ এট ফাৰ্ষ্ট চাইট কচোন বাৰু। ময়ো শুনো।"
"মোৰ দেদাৰ। মানে আদি দেদাৰ !" পৰম উৎসাহেৰে কৈ গ'ল আদ্যাই।
"অ আচ্চা। ভাল কথা। এতিয়া বিয়াখন পতাৰহে কথা আৰু ন' ? বিয়া খাবলৈ মাতিবি দেই তোৰ আদি দেদাৰ!" ধৃতিয়ে আদ্যাই কোৱাৰ দৰে সুৰটো নকল কৰি ক'লে।
"এস ৰ'বানা ছোৱালী জনী কোন নোসোধা নেকি ?" তপৰাই কলে আদ্যাই।
"মই নুসুধিলেও ত‌ইটো কবি‌য়েই" ধৃতিৰ ব্যংগাত্মক উত্তৰ।
"কৈ দিওঁ ? শ্বক্ নালাগেতো তোমাৰ ?"
"মোৰ শ্বক্ কিয় লাগিব আকৌ!" ধৃতিয়ে অন্যমনস্কতাৰে ক'লে।
"দ্য গাৰ্ল ইজ নন আদাৰ দেন ইউ ধৃতি ডাৰলি্ং"।
আদ্যাই কোৱাতকৈও দুগুন শ্বক্ লাগিল ধৃতিৰ।
"ধেমালি নকৰিবি আদ্যা। ইউ ন‌উ এভৰিথিং!"
"ধৃতিবা মৰিচীকা খেদি লাভ নাই। জীৱন দুদিনীয়া।কাৰোবাৰ বাবে জীৱনটো উৎসৰ্গা কৰি কি লাভ যদিহে সেইজনৰ ওচৰত তোমাৰ প্ৰেমৰ কোনো মূল্য‌ই নাই! অতীতক ধিয়াই থাকি কি পাবা তুমি ? কল্পনাৰ জগতখনৰ পৰা ওলাই আহাঁ তুমি ধৃতিবা। চোৱা এটা সুন্দৰ জীৱনে অপেক্ষা কৰি আছে তোমাৰ বাবে। দাদাই তোমাক বহুত ভাল পায় ধৃতিবা। সুখী ৰাখিব সি তোমাক।"
"স্টপ ইট আদ্যা। ত‌ই সকলো জান । তথাপি ত‌ই কিয় মোক কষ্ট দিছ এইবোৰ কৈ। আদি বহুত ভাল ল'ৰা। মোতকৈ হাজাৰ গুণে ভাল ছোৱালী পাব তেওঁ। মোৰ হৃদয়জুৰি কেৱল "সি"আছে। কাকো ভাল পাব নোৱাৰো ম‌ই তাৰ সমান। আদিৰ লগত অন্যায় হ'ব। চ'প্লিজ এই কথাবোৰ মোক নকবি আৰু।"
"অকে। এছ ইউ উইছ ধৃতিবা।"
বিশৃংখল চিন্তা ,অতীতৰ ডুখৰীয়া ছৱি, মাক দেউতাকৰ তাইৰ বাবে কৰা কষ্ট ,ভায়েক অনুপলৰ হেঁপাহেৰে তাইলৈ চাই থকা মুখখন আৰু এবোজা বুজাব নোৱাৰা শোকে ৰাতিটো শুবলৈ নিদিলে তাইক।

                   ৩
           মেট্ৰিকলৈ বেছিদিন নাছিল। সকলো বিষয়ৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল অনুৰ, কেৱল গণিতৰ বাদে। বাকী আটাইবোৰ বিষয় প্ৰিয় তাইৰ। ইংৰাজী তাই ভাল পায় ,সমাজবিজ্ঞানৰ প্ৰতিটো পাঠ তাই পঢ়ি অটাইছে। হিন্দী পঢ়াৰ প্ৰয়োজনেই নাই,পাঠবোৰ জনা আছে, পৰীক্ষাহলতেলিখি যাব উত্তৰ বোৰ । অসমীয়া বিষয়টো তাইৰ আয়ত্ত কৰিছেই ইতিমধ্যেই। জটিল পালেও বিজ্ঞান বিষয়ত তাই অন্ততঃ সত্তৰ শতাংশ নম্বৰ পাব। কিন্তু গণিত বিষয়টোৰ লগত তাইৰ ৰাহি যোৰা নাহে। কোনোমতে বীজগণিত জ্যামিতি আৰু ত্ৰিকোণমিতিৰ অংককেইটা কৰি কৰি মূখস্থ কৰিছে যদিও শ্বেয়াৰ ষ্টক আৰু দালালীৰ অংককেইটাই তাইক জ্বলা কৰা খুৱাইছে। সীমাহীন চেষ্টা কৰিও বিফল হৈছে তাই বাৰে বাৰে। উপায়বিহীন অনুৰ শেষপাত অস্ত্ৰ আছিল ৰণৰ সহায়। ৰণ গণিতত সাংঘাতিক চোকা। ইতিমধ্যে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীত সি ফলাফল ভাল কৰাৰ লগতে গণিতত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। ৰণৰ আশাশুধীয়া প্ৰচেষ্টাত সামান্য উন্নতি কৰিছে অনুয়ে। বিগত বছৰবোৰত অহা প্ৰায়বোৰ অংক ইতিমধ্যেই অনুক কৰাই পেলালে ৰণে।দুইঘন্টা কেনি যায় উমান নেপায় তাই।
ফুলস্কেপ পৃষ্ঠাবোৰত নিজৰ পৰিষ্কাৰ বাখৰহেন আখৰকেইটাৰে খচখচকৈ সি যেতিয়া অংকবোৰ কৰি যায় অপলক নেত্ৰে তাই চাই ৰয় তাক। প্ৰথমে চাফাকৈ কাটি ৰখা দুইহাতৰ নখ, ডাঠ ক'লা চেলাউৰিযুৰিৰ তলত প্ৰখৰ চকুহাল, দুদিনমানৰ আগতে শ্বেভ কৰা বগা গালদুখনত অলপ অলপকৈ ওলোৱা দাঢ়ি খিনিলৈ দৃষ্টি সম্প্ৰসাৰিত হয় তাইৰ। গাঢ় নীলা চাৰ্ট পিন্ধি থকা সুঠাম শৰীৰৰ পৰা ডেনিম পাৰফিউমৰ মিঠা সুবাস এটা তাইৰ নাকলৈ বিয়পে। দুৰু দুৰুকৈ বুকুত এটা কপনি অনুভৱ হয় তাইৰ!নামবিহীন অনুভৱ এটাই চুই যায় তাইক! চিনাকি অথচ ক্ষণিকতে অচিনাকি যেনো লাগি যায় তাক!
"অনু"
"হুম.."
ভয় খাই যায় তাই। মুখৰ ৰং সলনি হয় তাইৰ। পালে নেকি সি তাইৰ বুকুৰ ভিতৰত চলি থকা খিনিৰ উমান! নাই! নাই!পঢ়িবলৈ আহিছে তাই তাৰ ওচৰত। মনৰ ভিতৰত কি হৈছে তাইৰ! জোৰকৰি তাই পঢ়াত মনটো বহুৱাব খোজে।
"অনু ডাঙৰ হৈ কি হম বুলি ভাবিছ ? মানে মেট্ৰিক পাছ কৰি কি পঢ়িবি ? ছায়েন্স নে আৰ্টছ ?"
"আৰ্টছ ৰণদা। মই গণিত টান পাওঁ। আৰ্টছ য়েই পঢ়িম।"
"ঠিক আছে। ভালকৈ পঢ়িবি যিয়েই পঢ়। কিন্তু সপোন সদায় ডাঙৰ দেখিবি । লক্ষ্য স্থিৰ কৰি ল' কি হবি ডাঙৰ হ'লে।" মূৰ দুপিয়াইছিল তাই।
"তাইক ডাঙৰ সপোন নেদেখুৱাবি ৰণ। সপোন ডাঙৰ হ'লে পূৰণ কৰিবলৈ বহুত টকাও লাগিব । ক'ৰ পৰা পাব টকা দেউতাকে ? কোনোমতে পৰিয়ালটো পোহপাল দি আছে উমেশে" ৰণৰ মাক মন্দিৰাই মাত লগাইছিল।
"মা সপোন ডাঙৰ হ'লে পূৰণ কৰাৰ ক্ষমতাও আহি যায়।মনত একাগ্ৰতা থাকিলে  একোয়েই বাধা হ'ব নোৱাৰে মা।" সদায় কৰাৰ দৰে সেইদিনাও মাকৰ লগত তৰ্ক আৰম্ভ হৈছিল ৰণৰ। কেৱল তৰ্ক আছিল জানো সেয়া!মাক মন্দিৰা ই অনুৰ কনমানি মনটো ভাঙিবৰ বাবে কৰাৰ চেষ্টাত বাধা হৈ ঠিয় দিছিল সি।
যিমান পাৰি সিমান খৰকৈ ৰণে হোমৱৰ্ক কৰিবলৈ দিয়া  অংক কেইটা বহীখনত পাতি তাই ঘৰমূৱা হৈছিল। লগত লৈ গৈছিল তাই কোনেও উমান নোপোৱাকৈ কৈশোৰৰ এখন আন্দোলিত আকাশ ! ডেনিম পাৰফিউমৰ মিঠা সুবাসটো নাকত লাগি লৈছিল তাইৰ!
সেইনিশা দালালী ষ্টকৰ অংকবোৰ ,ৰণ আৰু মাকৰ কথাবোৰৰ মাজত পাকঘূৰনী খাই থাকিল অনু। নামবিহীন অনুভৱত মজি মজি টোপনি নাহিল তাইৰ!

              ৪
       সিহঁতৰ সৰু অসম আৰ্হিৰ ঘৰটোৰ ড্ৰয়িংৰুমত এফালে বহি আছে আদি , আদ্যা  আৰু  মাক দেউতাক।আনফালে দেউতাক আৰু ভায়েক পল। পাকঘৰত মাকৰ লগত চাহৰ যোগাৰ কৰিছিল তাই।
"ল'ৰা ছোৱালীয়ে কথা পাতিছেই। আমাৰ আপত্তি নায়েই। গতিকে কথাবোৰ আগবঢ়াব পাৰি আৰু। নে কি কয় শ‌ইকীয়া ?"
"এৰা আমাৰনো কি আপত্তি থাকিব! মাত্ৰ আমাৰ ছোৱালীৰ লোকসেৱা আয়োগৰ পৰীক্ষাটো দি আজৰি হ'লেই বিয়াখনৰ তাৰিখ ল'ব পৰা যাব। তাই সৰুৰে পৰা এইটো সপোন।গতিকে আমি মাজত বাধা হ'ব খোজা নাই।" আদিৰ দেউতাকৰ প্ৰশ্নৰ সমিধানত ক'লে দেউতাকে।
পাকঘৰৰ পৰাই কথাবোৰ শুনি বুকুৰ ভিতৰৰ ধপধপনিবোৰ তীব্ৰৰ পৰা তীব্ৰতৰ হ'বলৈ ধৰিলে ধৃতিৰ।জীৱনে কি গতি ল'ব খুজিছে তাইৰ? বিচাৰিছে জানো এনে হোৱাটো তাই ? মন মস্তিষ্কৰ এনে সংঘাট পূৰ্বতে কোনোকালে হোৱা নাছিল তাইৰ। মনৰ ভিতৰত হাজাৰটা চিন্তা ই ক্ষণিকতে ঢৌ তুলিব ধৰিলে। ঠিক যিদৰে সাগৰত ধুমুহাই উত্তাল তৰংগৰ সৃষ্টি কৰে। বিগত মাহকেইটাত তাইৰ সৈতে হোৱা ঘটনাৰাজীয়েও একপ্ৰকাৰ আলোড়িত কৰি তুলিছে তাইক। বাৰেবিংকৰা ভাবনাই জুৰুলা কৰিলে তাইক।
"মাজনী চাহ পৰিব এতিয়া। কি ভাবি আছ ?" মাকৰ মাতত বাস্তৱলৈ উভটি আহিল ধৃতি।
"অ' মা হৈছে আৰু। কাপ কেইটা ট্ৰেখনত সজাই দিয়াচোন।" কন্ঠত জড়তা লৈ কথাষাৰ কলে ধৃতিয়ে।
বাৰীৰ এটা চুকত পুখুৰীটো। কাষতে অকনমান জেগাত দেউতাকে  শাক পাচলিৰ খেতি কৰিবলৈ মাটি চহাই থৈছে। পাতলীয়া বৰষুণ জাকৰ অন্তত ধুলিবোৰ সামৰ খাই চৌপাশখন পৰিষ্কাৰ হৈ পৰিছে। ঘৰচিৰিকা চৰাইকেইটামানে তাতে কিবা বুটলি খাই আছিল। একধ্যানে ঘৰচিৰিকা কেইটালৈ চাই আছিল তাই।
"ধৃতি তুমি কিবা কবা নেকি ?মানে এইযে ঘৰদুখনে আমাৰ যে বিয়া ঠিক কৰিছে। তোমাৰ কিবা আপত্তি নাইটো ? মই বিচাৰোঁ তোমাৰ মনত যদিহে কিবা প্ৰশ্ন আছে বা মোক লৈ কিবা জানিব লগা আছে তুমি মোক সুধিব পাৰা।" আদি অৰ্থাৎ আদিত্য‌ই সুধিলে  তাইক।
"নাই নাই। মোৰ একো সুধিবলগীয়া নাই। আদ্যাই সকলোখিনি কৈছেই মোক।" 
"তথাপি একো নোসোধা মোক ?"এটা কাম কৰা নেক্সট চানডে যদি ফ্ৰী আছা ৰেডি হৈ থাকিবা অলপ ফুৰি আহিম।"
"চৰী আদি মোৰ অলপ পঢ়িব লগা আছে। ওলাই যাব নোৱাৰিম" ধৃতিৰ চমু উত্তৰ।
"ইটছ অকলে। ন প্ৰব্লেম। বেলেগ এদিন যাম দিয়া" আদিয়ে কথাটো পাতলাবলৈ ক'লে।
আদিহঁত যোৱাৰ পিছত ভাব সাগৰত ডুবি থাকিল তাই বহুপৰ। কি কৰি আছে তাই।কিয় শাস্তি দিছে ল'ৰাটোক তাই ? দোষেইবা কি তাৰ ? নে তাইৰ সপোনটো পূৰ নোহোৱাৰ খং জাৰিছে তাৰ ওপৰত ? ভুল কৰিছে তাই । অন্যায় কৰিছে তাই । কোনো অধিকাৰ নাই তাইৰ আনক দুখ দিয়াৰ। না আপোনভোলা মাক দেউতাক হালক না আদিক।
সিটো এটা ভাল ল'ৰা। উচ্চশিক্ষিত ,ভাল পৰিয়ালৰ একমাত্ৰ ল'ৰা। কি অভাৱ আছে তাৰ ? সুন্দৰ সুশ্ৰী চেহেৰা, এটা আকৰ্ষণীয় চাকৰি। হাজাৰজনী ছোৱালী ৰৈ আছে তালৈ। উচিত হোৱা নাই তাইৰ তাৰ প্ৰতি এনে ৱ্যৱহাৰ। কৈ পেলাব নেকি তাই আদিক সকলো ? নাই নাই মাক দেউতাকৰ সন্মান হানিকাৰক একো কৰিব নোৱাৰে তাই।
হৃদয় আৰু মগজুৰ  যুঁজখনত শুব নোৱাৰিলে তাই নিশাটো।

                     ৫
         সৰু চহৰখনত ডাঙৰ খবৰটো খুউব সোনকালেই বিয়পি পৰিছিল। বিজিত বৰুৱাৰ পুতেকে অনুৰণন বৰুৱাই কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিছে। মুহূৰ্ততে খবৰটো জুইৰ দৰে বিয়পি পৰিল।বাতৰি কাকত ,নিউজ চেনেল বোৰ ব্যস্ত হৈ পৰিল তাক লৈ।
মন গৈছিল অনুৰ এবাৰ তাক দেখা কৰিবলৈ, ভালদৰে কাষৰ পৰা শুভ কামনা যাচিবলৈ, তাৰ সেই সুখৰ মুহূৰ্তটোত সুখবোৰ ভগাই ল'বলৈ! কিন্তু কঠোৰ বাস্তৱে তাইৰ দুভৰিত যেন শিকলি পিন্ধাই দিছিল।
"উমেশ ছোৱালীক শাসন কৰিবা। বেছি উৰিবলৈ নিদিবা। বেছিকৈ উৰিলে মুখ থেকেচা খাবলৈ বেছি পৰ নালাগে। মোৰ ল'ৰাৰ সৈতে ইমান হলি গলি কিহৰ ? এতিয়া আৰু ইহঁত সৰু হৈ থকা নাই। কিছুমান কথা শিকাবলৈ আৰু সময় নাই।ল'ৰা মানুহৰ একো নাই। ছোৱালী মানুহৰ বদনাম হ'লে সহজে মোচা নাখায়। তাতে তোমালোকৰ দৰে সৰু মানুহৰ ছোৱালী। সেউজীকো কথাবোৰ তাইক বুজাই দিবলৈ কবা।"
কঠোৰ মুখৰ মানুহজনীয়ে প্ৰয়োজনতকৈও অধিক কঠোৰতাৰে কথাখিনি কৈ পেলাইছিল সহজ সৰল মানুহ জনক স্কুলৰ পৰা মতাই নি।নিৰ্বাক নিস্পন্দ হৈ শুনি ৰৈছিল মানুহজনে কথাবোৰ।উৱাদিহ একো পোৱা নাছিল কিহৰ বাবে বৰুৱানীয়ে তেওঁক তেনেকৈ শুনালে। বুজি পাইছিল তাই। ভালদৰেই বুজি পাইছিল।
বৰ্ষণমুখৰ দিনটোত ইজাকৰ পিছত সিজাক বৰষুণ দি আছিল। তাতে বলিয়া বতাহজাকেও আমনি কৰিছিল। ৰণে চাবলৈ শিকোৱা ডাঙৰ সপোনটোৰ নিচা বেয়াকৈ লাগিছিল অনুৰ। ডিগ্ৰীৰ পাঠ্যক্ৰমৰ লগতে সমান্তৰাল কৈ প্ৰস্তুতি চলাই গৈছিল তাই প্ৰতিযোগিতামুলক পৰীক্ষাৰ বাবে। বিশ্ব অৰ্থনীতিৰ শেহতীয়া তথ্য এটাৰ সন্ধানত অনু গৈছিল ৰণহঁতৰ ঘৰলৈ। কলেজ লাইব্ৰেৰী ,ডিচট্ৰিক্ট লাইব্ৰেৰীত বিচাৰি নোপোৱা কিতাপ, আলোচনী, জাৰ্ণালবোৰ ৰণেই যুগুটাই দিছিল তাইক। তথ্য সমৃদ্ধ প্ৰায়বোৰ কিতাপৰ সংগ্ৰহ  আছিল তাৰ হাতত। হাতৰ ছাটিটো উৰুৱাই ভাঙি পেলাইছিল বলিয়া বতাহজাকে। তিতি বুলি জুৰুলি জুপুৰী হোৱা অনু দৌৰি গৈ সোমাইছিলগৈ ৰণৰ কোঠাত। গাৰ পৰা টোপটোপকৈ পৰা পানীয়ে টাইল লগোৱা মজিয়াখন ভিজাই পেলাইছিল। মজিয়াত পিছলৈ খাই নিজক চম্ভালিব নোৱাৰি অনু পৰিছিলগৈ মজিয়াত বহি পেপাৰ কাটিং কৰি থকা ৰণৰ গাৰ ওপৰত।অনুৰ ভিজা শৰীৰৰ মাজেদি এটা লহমাত যেন প্ৰৱাহিত হৈ গৈছিল হাজাৰ ভল্টৰ বিদ্যুৎ!
এক লহমা ! মাথোন এক লহমাত যেন সমৃদ্ধ হৈ পৰিছিল তাই ! এটা লহমাত যেন প্ৰাপ্তি ৰে প্ৰাচুৰ্যময় হৈ পৰিছিল তাই ! প্ৰথম বাৰৰ বাবে  হৈছিল চিনাকি চাৰি চকুৰ মিলন! খপজপকৈ উঠিব লওঁতেই দেখিছিল তাই দুৱাৰদলিত পকা অঙঠাৰ দৰে খঙত জ্বলি থকা আন এহাল চকু। সহিব নোৱাৰি আঁতৰাই নিছিল তাই দৃষ্টি। 
"এই বেঙীজনীয়ে খোজ কাঢ়িবলৈ শিকাই নাই মা। ডিগ্ৰী লবৰ হ'ল ,খোজ কেইটা দিব নাজানে। পৰি ধৰি  দাতকেইটা সৰিলে হৈছে আৰু..!" ৰণৰ কথাষাৰীৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ আঁতৰি গৈছিল তেওঁ।
আঁতৰি আহিছিল তাই তাৰ পৰা, সিহঁতৰ ডাঙৰ মানুহৰ জগতখনৰ পৰা। নোৱাৰে তাই দেউতাকক কৰা অপমান সহিব। কেতিয়াও নোৱাৰে।হয়টো মন্দিৰা বৰমাকে কোৱা কথাটোৱে সঁচা আছিল । তাইৰ ডাঙৰ সপোন দেখাটোয়েই ভুল আছিল। পঢ়া শুনা বেছিকৈ কৰিব লৈছিল আগতকৈ। মাক দেউতাক ভায়েককলৈ তাইৰ কনমানি জগতখনত ব্যস্ত হৈ পৰিছিল। কিন্তু আজি পুনৰ হেঁপাহ জাগিছে তাইৰ তাক এপাক চোৱাৰ, এষাৰ কথা বিনিময় কৰাৰ। উদাসীন ৰাতিটোয়ে আজিও শুবলৈ  নিদিলে তাইক।

‌                ৬
       পছিশবছৰীয়া ইতিহাসত কল্পনাৰ বৰঘৰত হেঁপাহৰ ফাকুগুৰিৰে এখনেই মাত্ৰ ছৱি আঁকিছিল সি। যাক সি আজীৱন বুকুত লৈ ফুৰিছে, চেনেহজৰীৰে হিয়াৰকোনত বান্ধি ৰাখিছে কোনেও চুব নোৱাৰাকৈ, চাব নোৱাৰাকৈ!কাহানিও কাৰোৰে আগত  প্ৰকাশ নকৰাকৈ সংগোপনে  ৰাখিছিল সি তাৰ শৈশৱৰ বন্ধুত্বক, কৈশোৰৰ প্ৰথম অনুভৱ, যৌৱন আৰু জীৱনৰ প্ৰথম আৰু অন্তিম প্ৰেমক।ভয় লাগে তাৰ ভীষণ ভয় লাগে জানোছা তাৰ বুকুৰ উমান পালে মচি দিয়ে  কোনোবাই তাৰ হেঁপাহৰ ছৱিখন। বুজি পায় সি নিবিচাৰে তাৰ মাক দেউতাকে সি বিচৰা জীৱন সংগী। ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ মাজত জীৱন কটোৱা মাক দেউতাকে বুজি নাপায় সহজ সৰল মানুহৰ জীৱন ,আৱেগ অনুভুতি, মৰম চেনেহ ইজনে সিজনৰ বাবে কৰা ত্যাগৰ ভাষা। "Time is great healer and a greatest revealer" এই  আপ্ত বাক্য শাৰীত বিশ্বাস ৰাখে ৰণে। সময়ত সকলো ঠিক হ'ব বুলি অন্তৰেৰে বিশ্বাস কৰি আহিছে সি। কিন্তু বিগত কিছুদিন ধৰি তাৰ আশ-পাশৰ জগতখনত চলি থকা ঘটনাৰাজীয়ে যেন  বিচলিত কৰি তুলিছে তাক, ধীৰে ধীৰে ভাঙি আনিছে তাৰ অটল বিশ্বাসক। ঘুনুক ঘানাককৈ শুনিছিল সি তাইৰ বিয়া ঠিক হোৱাৰ খবৰ মাকৰ মুখত। প্ৰথমে বিশ্বাস হোৱা নাছিল তাৰ। কিন্তু মাকৰ মুখত বিৰিঙা সন্তুষ্টিৰ হাঁহিয়ে বুজাই দিছিল তাক কথাটোৰ সত্যাসত্য। চকুৰ আতৰ হ'লে মনৰো আতৰ হয়। হয়টো যোৱা কেইটা মাহত প্ৰয়োজনতকৈ অধিক নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়াৰ বাবেই হয়তো সিহঁতৰ মাজৰ অদৃশ্য সম্পৰ্কটোও সামান্য শিথিল হৈ পৰিছিল। তথাপিও নিজতকৈও তাৰ বিশ্বাস আছিল তাইৰ ওপৰত। ৰৈ আছিল সি সেই দিনটোৰ প্ৰতীক্ষাত যেতিয়া সি দেউতাকৰ আভিজাত্যতাৰ পৰিচয় গুচাই সম্পূৰ্ণ নিজা পৰিচয় গঢ়ি তুলিব আৰু অনুক চিৰদিনলৈ নিজৰ কৰি ল'ব। কিন্তু তাৰ জীৱনৰ সবাতোকৈ ডাঙৰ সফলতাত অনুয়ে এবাৰো তাক দেখা নকৰাৰ কথাটোৱে তাক সাংঘাতিক দুখ দিলে।  সকলো পায়ো ৰিক্ত হৈ ৰ'ল তাৰ জীৱন। সি ঠিৰাং কৰিলে আৰু কেইটামান দিনৰ পিছতেই সি গুচি যাবগৈ তাইৰ পৰা বহু দূৰলৈ। উত্তৰাখণ্ডৰ মুচৌৰীত তাৰ ট্ৰেইনিং পিৰিয়ড আৰম্ভ হ'ব শীঘ্ৰেই।দুবছৰৰ বাবে গুচি যাব সি।আমনি নকৰে আৰু সিহঁতক।
কঠোৰতম সিদ্ধান্তটো ল‌ওঁতে পলম নকৰিলে সি কিন্তু  সিদ্ধান্তটোয়ে তাক শুবলৈ নিদিলে।

                   ৬
"মাজনী ক'ত আছে ? বিজিত বৰতাৰৰ এক্সিডেন্ট হ'ল।মৰ্নিংৱাক কৰিব যাওঁতে মাইল্ড ষ্ট্ৰোক এটা হৈ নলাত পৰি গৈছিল। দেউতাৰে দেখা পাই পোনে পোনে নাৰ্ছিংহোমলৈ গ'ল। মই মন্দিৰা বৰমাৰ লগত নাৰ্ছিংহোমতে  আছো"! এপাক আহচোন।
মাকৰ ফোনকলটো পাই আদিৰ লগত বিয়াৰ কাৰ্ড আনিবলৈ যোৱা তাই আদিক তাতে এৰি উধাতু খাই নাৰ্ছিং হোম পাইছিলগৈ। গৈয়ে প্ৰথমে ৰণক দেখিলে তাই। কিবা এটা সুধিব খোজোতেই আঁতৰি গৈছিল সি। তাইৰ প্ৰতি এনে উপেক্ষা সহ্য নহ'ল তাইৰ।এষাৰো বাক্য বিনিময় নকৰাকৈ মাক আৰু মন্দিৰা বৰমাকৰ কাষ পাইছিলগৈ । প্ৰথমবাৰৰ বাবে মানুহগৰাকীৰ দুচকুত তাইৰ আৰু তাইৰ পৰিয়ালটোৰ প্ৰতি খং আৰু ঘৃণাৰ সলনি অনুকম্পা আৰু কৃতজ্ঞতা প্ৰত্যক্ষ কৰিলে তাই।
"ডাক্তৰে চিন্তাৰ কাৰণ নাই বুলি কৈছে মাজনী। চিন্তা নকৰিবি। এদিন অৱজাৰভেশ্যনত ৰাখি কাইলৈমানে ৰিলিজ দিব বৰতাৰক।" মাকৰ কথাষাৰৰ আশ্বস্ত হ'ল তাই।
আদিৰ ফোন অহাত বাহিৰলৈ ওলাই আহিল তাই।
বিয়াৰ কাৰ্ডখিনি হাতত দি যাবলৈ ওলোৱা আদিয়ে তাইক এবাৰ কাৰ্ডখন ঠিক আছে নে চাবলৈ ক'লে। কাৰ্ডখন মেলি আচৰিত হোৱাৰ পাল তাইৰ।" অনুধৃতি ৱেডছ্ অনুৰণন" সোণালী বৰণৰ আখৰকেইটাৰ চকু থৈ বিশ্ময়ত হতবাক হ'ল অনু।
"লগ কৰিছিলো ম‌ই ৰণক। আদ্যাই সকলো কৈছিল মোক। প্ৰথম বাৰৰ বাবে হিয়াখন খুলি দিছিল ৰণে মোৰ আগত। ভাল পায় সি তোমাক মনত পৰাৰে পৰা। তোমাৰ বাহিৰে সি কাৰো কথা ভাবিব নোৱাৰে ধৃতি ! মই ইমান নীচ হ'ব নোৱাৰো দেই তোমাক ৰণৰ পৰা কাঢ়ি ল'বলৈ। তুমি ৰণৰ আছিলা সদায় ৰণৰে হৈ থাকিবা। সুখী হোৱা দুয়ো । Wish you a very happy and beautiful life ahead. বাই ধৃতি।"
কথা কেইটা কৈ গুচি গৈছিল আদিত্য । একেস্থানতে বহুপৰ ৰৈ আছিল তাই। বিশ্বাস হোৱা নাছিল কথাবোৰ। মৰহা সপোনটোত গজালি মেলিব ধৰিছিল ধীৰে ধীৰে। আৰু তাই ৰণক বিচাৰি ওলাইছিল।হাজাৰটা কথাই উথপথপ লগাইছিল তাইৰ মুখত।বহুদিন কথা পতা হোৱা নাছিল তাইৰ তাৰ সৈতে।

গোলাঘাট
ফোন ৭০০২৮১৫১৪১

অঙ্গন:  পৃষ্ঠাঃ 41
আবিয়ৈ ছোৱালী

নিৰুপমা ডেকা
  
           প্ৰমিলা বাই গোটেই গাঁওখনৰে এটা চিনাকি আৰু প্ৰিয় নাম ৷ কিছুমান কথাত তাই সমালোচিত হৈ পৰে যদিও সকলোৱে কিন্তু তাইক মৰমেৰেই আবৰি ৰাখে ৷ মহেশ্বৰী আৰু প্ৰমিলা বাই এল পি ইস্কুলত একেলগে পঢ়া লগৰী ৷ দুয়ো ষষ্ঠ শ্ৰেণীত উঠালৈ লগৰবোৰে কলেজত নাম লগালে ৷ তাকে দেখি দুয়োৰে মন বেয়া হৈ গ’ল আৰু এদিন বিদ্যাৰ মন্দিৰ ভাগত চাকি বন্তি জ্বলাই সেৱা এভাগ কৰি বিদায় ল’লে দুয়ো ৷ মহেশ্বৰীৰ সৰু পেহীয়েকে গুৱাহাটীতে কাম কৰি ইতিমধ্যে তাত থাকিবলৈ লৈছিল । ভতিজীয়েকৰ পঢ়া-শুনাৰ প্ৰতি নমস্কাৰ জনোৱা কথা গম পাই লগত লৈ গুচি গ’ল এবাৰ মাঘ বিহুত আহোঁতে ৷ তেতিয়াৰ পৰাই প্ৰমিলা তেনেই অকলশৰীয়া হৈ পৰিল ৷ প্ৰমিলাৰ এখন ভৰি সৰুতে পলিঅ’ হৈ চিচা হৈ গৈছিল ৷ তাই সেইখন ভৰি চুচৰাই চুচৰাই খোজ কাঢ়ে ৷ কামে বনে তাই বৰ পাকৈত ৷ সেয়ে গাঁওখনৰ যাৰ ঘৰতে নোৱাৰা হয় (মানে গাঁৱৰ মহিলাসকলৰ যাৰেই মাহেকীয়া ঋতুস্ৰাৱ হয়), তাৰ ঘৰত তাইৰ চাৰিদিনৰ এপইণ্টমেণ্ট হৈ যায় ৷ কেতিয়াবা দুটা দুটা চাকৰি চম্ভালি তাই চলিব লগীয়া হয় ৷ তাই মহেশ্বৰীক জনোৱা মতে গাঁৱৰে কেইবাটাও ডেকা তাইৰ প্ৰেমত ডুবি আছে ৷ দুজনমানেতো গাঁৱৰ ধুনীয়া মুখৰ ছোৱালীবোৰৰ তুলনা দি তাইক কয় যে তোৰ ফিগাৰক কোনোবাই পাত্তা পাব নেকি ? তোৰ লাহী দেহা, তোৰ কঁকাল, তোৰ বুকু...৷ মহেশ্বৰীয়ে তাইক ৰখাই কয় তেনে কথা কোৱাবোৰৰ কথাত ভোল নাযাবি বুজিছ ৷ সিহঁতে তোৰ দেহাটো পোৱাৰ ধাণ্ডাতহে এইবোৰ কয় ৷ মোক পেহীয়ে এইবোৰ ভালকৈ বুজাইছে ৷ কি চহৰ কি গাঁও সকলোতে এনে ধাণ্ডাৰ মানুহে ভৰি পৰি আছে ৷ 

   তাই পিছে মহেশ্বৰীৰ কথাবোৰ তাইলৈ হিংসাতে কোৱা বুলিয়েই ধৰি লয় কাৰণ তাইৰ ৰূপৰ লগত মহেশ্বৰীয়ে কোনো পাত্তাই নাপায় ৷ সেই বুলি তায় মহেশ্বৰীক বেয়াও নাপায় ৷ বন্ধুত্বৰ এনাজৰী দুয়োৰে কপকপীয়া ৷ মহেশ্বৰীৰ পৰামৰ্শক পিছ দিয়ে তাই আৰু নঞৰ্থক কথাত গুৰুত্ব নিদি সেই প্ৰেমিকসকলৰ কথাতে মন দি নিজকে সুখী কৰি ৰাখে তাই ৷ কাদ কৰি ঘটা টকাৰে তায়ো মহেশ্বৰীৰ দৰে এটা ডাঙৰ মোবাইল কিনি লৈ তাত ফেছবুক, হোৱাটচ্ এপ খুলি ইনবক্সতে প্ৰেমৰ সোৱাদ অকণ ল’বলৈ শিকি লৈছে তায়ো ৷ অৱশ্যে তাই স্থিৰ মনৰ ছোৱালী ৷ বেয়া ধাণ্ডালৈ তাই নাযায় ৷ অকলশৰীয়া জীৱনটোৰ অলপ পূৰ্ণতা আৰু একাকিত্ব আঁতৰাবলৈহে তাই দুই এজনৰ লগত পৰিচয় হৈ কথা পাতিছিল ৷ পিছে ভাৰ্চুৱেল নহয় বাস্তৱতে এদিন এদিন কৰি দুদিনমানত ঘটা ঘটনা কিছুমানে তাইৰ মনটো জোকাৰি গ’ল ৷ মহেশ্বৰীৰ কথাবোৰ মিছা নহয় ৷ সিহঁতৰ দৰে আবিয়ৈ ছোৱালীবোৰ কিছুমানৰ বাবে ভোগৰহে সামগ্ৰী ৷ প্ৰেমৰ মায়াজাল ৰচি অসহায় হৰিণীৰ দৰে তাত ফচাই লৈ সিহঁতৰ মঙহ খাবলৈ ৰৈ থকা নৰখাদক সমাজত চকুৰ আগতেই পিতপিতাই আছে ৷

    গাঁৱৰ এঘৰ ধনী মানুহৰ ঘৰৰ বিয়া ৷ গাঁৱৰ কিবা সকাম নিকাম মানেই প্ৰমিলাৰ আহৰি নাই তায়েই মেইন মানুহ ৷ ল’ৰাৰ বিয়া ৷ ৰাতি দৰাৰ লগতো যাব লাগিব তাই ৷ ব’হাগমহীয়া গৰম ৷ সেয়ে সন্ধিয়াৰ পৰা ইটোসিটো দৌৰাদৌৰি কৰি তাই ঘামিজামি গৈছিল ৷ ৰাতি দৰাৰ লগত যোৱাৰ বাবে গা ধুবলৈ বুলি তাই ঘৰলৈ আহিবলগীয়া হ’ল ৷ ৰাতিৰ কথা লগত তাইক চাই নয়ন জুৰাই বুলি কোৱা হেমধৰ কেৰাণীৰ পুতেকটোকে লগ ধৰি লৈ আহিল তাই ঘৰলৈ ৷ ঘৰত বৃদ্ধা মাকত বাদে কোনো নাই, বাকীবোৰ সকলো বিয়াঘৰত ৷ তাই তাক বাহিৰা ৰূমটোতে বহিবলৈ দি মূলঘৰটোত সোমাল আৰু বুকুত মেখেলা এখন মেৰিয়াই বাৰীৰ ফালে কলৰ পাৰতে পানী ঢালিবলৈ ধৰিলে ৷ হঠাৎ তাইক কোনোবাৰ পাছ ফালৰ পৰা জপতিয়াই ধৰিলে এখন হাতেৰে আৰু এখন হাতেৰে মুখত সোপা দি চুপ চুপ মই বুলি ক’লে ৷ তাইৰ বুজিবলৈ বাকী নাথাকিল সেয়া কোন ৷ সি লাহে লাহে ক’লে আহ তোক পথালি কোঁচত আলহী বহা ৰূমলৈ লৈ যাওঁ ৷ কোনেও একো গম নাপাব বুজিছ ৷ এই কথা তোৰ আৰু মোৰ মাজতে থাকিব ৷ তোক দেখিলেই মোৰ কিবা লাগি যায় বুজিছ ৷ আজি সেয়ে পুৱাৰ পৰাই সুবিধা বিচাৰি আছিলোঁ ৷ তই লগ ধৰি আনোঁতে মই বুজি পালোঁ তোৰো মন আছে ৷ তই ইচ্ছা কৰিলে মই তোক এনেকৈ মৰম দি থাকিম প্ৰমিলা ৷ চাবি মই মৰম এনেদৰে কৰিম যে তোৰো ভাল লাগিব মোৰো ৷ তই এনে মৰম পোৱা নাই চাগে, মই এনে মৰম কৰি পাইছোঁ আমাৰ চিনাকি বৌ এজনীক ৷ তেওঁ মোৰ মৰম বৰ ভাল পায় ৷ তেওঁ মোক মাতি থাকে, পিছে তেওঁলৈ মোৰ হেঁপাহ নাই, তেওঁক মৰম কৰি থাকিলেও তোলৈহে মনত পৰে । তাই কোনোমতে তাৰ হাতৰ মেৰটো খুলিলে আৰু মুখৰ পৰা হাতখন এৰুৱাই আয়ৌ মা কিবা এটা দেখা যেন পাইছোঁ বুলি চিঞৰ মাৰি দিলে ৷ মাকে হাতত চাকিগছ লৈ ক’ত কি দেখিলি বুলি ওলাই আহোঁতে সি লৰ মাৰি ওচৰৰ কলগছজোপাৰ আঁৰ লৈ বহি দিলে ৷ তাই দৌৰি অহা দি আহি জানো পায় বাৰীৰ ফালে হোৱা খচমচনি এটাত ইমান চখ খালোঁ ৷
         এহ্ একো নাই দে শিয়াল আছিল চাগে ৷ বল বল ওলা, ময়ে তোক আগবঢ়াই দি আহোঁ ৷ সেই বুলি মাকে নিজেও ভাল কাপোৰ এসাজ কাঠৰ পুৰণা পেৰাটোৰ পৰা উলিয়াই পিন্ধি ল’লে ৷ তাইৰ মনটোৰ সকলো উৎসাহ নাইকিয়া হৈ গ’ল ৷ তাই সাধাৰণ ভাবে কাপোৰ এযোৰ পিন্ধি বিয়াঘৰ পালেহি মাকৰ লগত ৷ সকলোৱে তাইক তেনেকৈ দেখি আচৰিত ৷ দৰাৰ লগত যাবলৈ তাই যিহে সাজিকাচি আহে আৰু আজি এনেদৰে কিয় আহিছে তাই ৷ তাই বিয়াঘৰ পায়েই সকলোফালে চকু ঘূৰালে নাই হেমধৰ ঠিকাদাৰৰ পুতেক নাই তাত ৷ গাঁৱৰ সৰু-ডাঙৰ, ছোৱালী-বোৱাৰী সকলোৰে মাজত তাই প্ৰিয় ৷ যাবলৈ ওলাই নহা বুজি তাইক সিহঁতে সুধিবলৈ আৰম্ভ কৰিলে যে কিয় তাই নাযায় ! তাইৰ দুখত চকু দুটা চলচলীয়া হৈ পৰিল ৷ যাবলৈ নোপোৱা নিজৰ মনৰ ভাবক তাই নুলুকাই মাত্ৰ ক’লে তাইৰ পেটটো কিবা চিকুটি বিকুটি আছে ৷ বিষাইছেও সেয়ে যাব নোৱাৰিব ৷ তাইৰ নোযোৱা সিদ্ধান্তত আৰু কেবাজনীও নোযোৱা হ’ল ৷ সৰু কেইজনীমানক মাকহঁতে তাই নগ’লে নপঠিওৱা হ’ল ৷ সৰুসুৰা হাহাকাৰ এখনেই লাগিল ৷ অৱশেষত দৰাৰ ককায়েকে গেছৰ আৰু পেট চিকুটাৰ দৰৱ আনি তাইৰ হাতত দিলে ৷ মুঠতে তাই যাবই লাগিব ৷ এনে আদৰবোৰৰ মাজতে তাই নিজকে পাহৰি থাকে ৷ তাইৰ নিজৰ বুলিবলৈ বুঢ়ী মাকজনী আছে, মদাহী ককায়েক এটা আছে আৰু দন্দুৰী বৌৱেক এজনী আছে আৰু আছে ককায়েক-বৌৱেকৰ ভাগৰ  তাইৰ হিয়াৰ আমঠু ভতিজাক এটা ৷ হওঁতে ভতিজাকটোৱেই তাইৰ সকলো ৷ তাৰ নামতে সকলো খৰচ কৰে তাই, যিমান কৰিলেও তাই ককায়েক-বৌৱেকৰ আদৰ নাপায়, সিহঁতৰ বাবে তাই গলগ্ৰহ ৷ আবিয়ৈ ছোৱালী মানেইতো ঘৰৰ বোজা ৷ কিন্তু এই যে গাঁওখনৰ মানুহবোৰৰ লগত তাইৰ কিমান আপোন সম্পৰ্ক আছে হিচাব নাই, তাই বহুতকে বাইদেউ, মাহী, পেহী, খুড়ী, ডাঙৰ মা বুলি সাবটি ধৰি চলিছে আৰু তাইক বহুতে বাইদেউ, মাহী, পেহী বুলি সাবটি লৈছে ৷ মাত্ৰ এজনৰ প্ৰতাৰণাৰ বাবে তাই ইমানবোৰ আপোন মানুহক দুখ দিব নোৱাৰে ৷ তাই পুনৰ দুজনীমানক লগত লৈ ঘৰলৈ গ’ল আৰু আগৰ সেই ৰচকী প্ৰমিলাজনী হৈ বিয়াঘৰৰ ইতিমধ্যে সাজু হৈ ৰৈ থকা বাছখনত বহি পৰিল ৷ কোনে কিমান তাইক দিছে তাই হিচাপ নকৰে, তাই কিমান দিছে তাৰে লেখ ৰাখিহে তাই সুখী হয় ৷ সিদিনা মনতে মহেশ্বৰীক সুঁৱৰিলে, সঁচাকৈয়ে তাই ঠিকে কৈছিল ৷ 

    দিনবোৰৰ লগতে তাইৰ বয়সটো বাঢ়ি গৈ থাকিল ৷ বিয়াৰ বাবে দুই এজনে চাব আহে যদিও লায়কৰ কোনোজনেই তাইক পছন্দ নকৰে ৷ মাকে বাকচ ভৰাই কাপোৰ বৈ থৈছে তাইৰ বিয়ালৈ বুলি ৷ তাইৰো অজস্ৰ হেঁপাহ নিজৰ বিয়াখনলৈ ৷ আহিব কোনোবা ৰাজপুত্ৰ আৰু তাইক ৰাজৰাণী কৰি লৈ যাব ৷ বিয়া-বাৰু বোৰত তাইৰ চকুৱে পিতপিতাই ফুৰে কোনোবাই তাইলৈ নজৰ দিছে নেকি পিছে তাইক ইংগিত দিয়া চকু কিছুমানহে তাই দেখে ৷ প্ৰেমিক নেদেখে ৷ এসময়ত গাঁৱৰ ভনীয়েক এজনীৰ লগত তাই বিহুৰ আখৰালৈ বিহুৰ সময়ত প্ৰায়ে গৈছিল ৷ তাৰে মুখ্য ঢুলীয়াজনে তাইক যেন অলপ প্ৰেমৰ দৃষ্টিৰে চাই তাইৰ এনে লাগিছিল ৷ সি তাইৰ লগত বহু কথা পাতিছিল, হাঁহি-ধেমালি কৰিছিল ৷ তাইৰ বুকুত সপোন এটাই লাহে লাহে নতুনকৈ খোপনি পুতিছিল ৷ তাই তাৰ পৰা চকু আঁতৰাব নোৱাৰা হৈছিল ৷ মহেশ্বৰীক কওঁতে তাই কৈছিল যে তাৰ কথা নাজানো, তই পিছে প্ৰেমত পৰিছ এইটো খাটাং ৷ পিছে কিছুদিন পিছতহে উৰহীৰ ওৰ ওলাল ৷ এদিন তাইক কথা অলপ পাতিবলৈ আছে বুলি ঢুলীয়াজনে লগ কৰিব দিলে ৷ তাইৰ মনত আৰু কোনো সন্দেহ নাছিল সিওঁ তাইক ভাল পাই বুলি ৷ সন্ধিয়া তাই চাৰিআলিলৈ যাওঁ বুলি তাক লগ কৰিব ওলাই গ’ল ৷ দেহা-মন তাইৰ সুবাসিত ৷ আগদিনা ওৰে ৰাতি তাই তাইৰ চিলমিল সপোনত তাৰ বুকুৰ মাজতে নিজক সপি সোমাই থাকিল ৷ নিজকে সুন্দৰকৈ সজাইপৰাই তাই তাক লগ কৰিব গ’ল আৰু চাৰিআলিৰ হোটেলখনৰ পৰা কোনোমতে তাই নিজক চম্ভালি ওলাই আহিল ৷ তাইৰ সপোনটোৱে তাইক কষ্ট দিলে বহুত ৷ আচলতে সেই ঢুলীয়াটোৱে তাই লগত লৈ যোৱা ভনীয়েকজনীৰ বাবেহে তাইৰ হাতত প্ৰেমপত্ৰ এখন দিছিল ৷ হৃদয়ৰ ক্ষতচিহ্নবোৰ যদি কোনোবাই দেখিলেহেঁতেন, তেতিয়াহে তাইৰ দৰে হৃদয়বোৰৰ পোৰণি আনে বুজিলেহেঁতেন ৷ তাই সকলোৰে বাবে হাঁহি হাঁহি কামৰ মাজেৰে সহায় কৰি দিয়ে ৷ সকলোৰে দুখত উচুপি উঠে, খবৰ লৈ ব্যস্ত হৈ পৰে অথচ তাইৰ মনতো কিবা দুখ থাকিব পাৰে বুলি কোনেও এবাৰো সুধিয়েই নাচায় ৷ সঁচাবোৰ তাই কাকো ক’ব নোৱাৰে কাৰণ তাই দুখীয়া ঘৰৰ বিয়াৰ বয়স পাৰ হোৱা ছোৱালী ৷ তেনে কথা ক’লে প্ৰয়োজনৰ শেষত যতমানে বদনামো তাইৰেই হ’ব ৷

   তেতিয়া তাইৰ বয়স চাগে পঁয়ত্ৰিশমান হ’ব ৷ কিন্তু তাইৰ শৰীৰ তেতিয়াও ভৰ যৌৱনা ৷ গাঁৱৰে এঘৰৰ লগত তাইৰ খুব সম্পৰ্ক ৷ সেইখনঘৰত থকা সৰু ল’ৰাটো তাইতকৈ বয়সত কিছু সৰু ৷ সি বিয়া কৰোঁৱা পাঁচ বছৰমান হৈছে তেতিয়া ৷ এদিন সৰুটো ল’ৰা সন্ধিয়া সিহঁতৰ ঘৰ পালেহি আৰু ক’লে "প্ৰমিলা বাইদেউ ব’লাচোন আমাৰ ঘৰলৈ ৷ সীমাও নাই মাকৰ ঘৰলৈ মাইনাটো লৈ দুদিনমান থকাকৈ গৈছে ৷ আজি হঠাৎ মাৰ খুৱ জ্বৰ উঠিছে, গতিকে..."
হ’ব ব’লা, বিপদতে মানুহ লাগে ৷ তাই তালৈ মৰমেৰে চাই ক’লে ৷ মাকক কথাখিনি বুজাই তাই তাৰ লগত ওলাই গ’ল। দ্বিতীয় দিনাও মাকৰ গাটো ভাল নোপোৱা বাবে তাই থাকিবলগীয়া হ’ল ৷ সি সন্ধিয়াৰ পৰাই তাইৰ চাৰিওপিনে ঘূৰি আছে আৰু সুযোগ বুজি সি ক’লে আজি আমি দুয়ো দেৰিকৈ শুম দেই ৷ মই লেপটপটোতে চিনেমা এখন লগাম আৰু দুয়ো চাম ৷ প্ৰস্তাৱটোত তায়ো বেয়া নাপালে ৷ সি তাইতকৈ সৰু হ’লেও সৰু ক্লাছত পঢ়ি থাকোঁতে বৰ গুৰুত্ব দিছিল ৷ সি তাইক পুৰা বুজে বুলি দাবী কৰিছিল ৷ কাৰণ তাইৰ দৰে শৰীৰৰ বিসংগতি তাৰো আছিল ৷ কিন্তু শৰীৰৰ লগতে তাৰ মনৰো যে এনে বিসংগতি আছে তাই সিদিনাহে বুজি উঠিছিল ৷ ৰাতি মাক শুৱাৰ পিছত সি তাইক সিহঁতৰ কোঠাত চিনেমা চাবলৈ মাতি নিলে ৷ তায়ো চিনেমা চোৱাৰ আশাত তাৰ ৰূমত সোমালগৈ ৷ চিনেমা আৰম্ভ হ’ল, কিন্তু ই আকৌ কি ধৰণৰ চিনেমা ৷ মাত্ৰ এহাল মানুহে কথা পাতি পাতি ইজনে সিজনক চুইছে আৰু আলিঙ্গন কৰি চুমা খাইছে ৷ । তাইৰ মনটো গোন্ধালে ৷ মহেশ্বৰীয়ে কোৱা কিবা সেই নীলা ছবিটো নহয় সেইখন ৷ তাই বুজি উঠাৰ আগতে সি তাইক বুকুতে হেচি ধৰি বিচনাত পেলাই দিলে আৰু ক’লে তোক জীৱনত এই সুখ কোনোৱেই নিদিয়ে জান ৷ মই ল’ৰা আৰু মোৰ সা-সম্পত্তি আছে বাবে হাত এখন বেয়া হ’লেও সীমাৰ দৰে ধুনীয়া এজনী ছোৱালী পালোঁ ৷ । তই নাপাৱ বুজিছ ৷ কাৰণ তই এজনী বিকলাংগ দুখীয়া ছোৱালী ৷ সেয়ে তোক মই আধৰুৱা হৈ থাকিব নিদিওঁ ৷ এতিয়াৰ পৰা মই তোক মৰম কৰিম সুবিধা মিলাই আৰু তোৰ ভাগৰ সুখকন ময়ে তোক দিম ৷ তাই জাপ মাৰি উঠি তাৰ গালত এটা পূৰ্ণহতীয়া চৰ মাৰি কৈ উঠিল "নালাগে মোক তহঁতে সুখ দিব, মৰম দিব ৷ মোক দুৰ্বল বুলি সকলোৱে নিজৰ বাসনা পূৰ কৰিব খোজ হা ? মোক লাগেনে তোকহে লাগে এই সুখ হা ? সীমাৰ দৰে এজনী ধুনীয়া ঘৈণীয়েৰ থাকোঁতে চিঃ ৷ তাই গম পালে কেনে আঘাত পাব ক’চোন ! তোৰ সম্পত্তিলৈ তাই চাই অহা নাই, তাইচোন তোক ভাল পাই ঘৰৰ লগত কাজিয়া কৰি তোলৈ আহিছে আৰু তই তাইৰ ভালপোৱাৰ এনে প্ৰতিদান দিছ ? ইমান নৰাধম নে তহঁত ? শৰীৰৰ অলপ বাসনা মনত সামৰি ৰাখি জীয়াব নাজান ৷ মোৰ বিয়া নোহোৱা দুখ ইমান নহয় যিমান তহঁতে মোক বিয়া নোহোৱাকৈ থকা বাবে পদে পদে শৰীৰ বিচাৰি দুখ দিছ ৷ কথাখিনি কৈ কান্দি কান্দি তাই ৰাতিয়েই নিজৰ ঘৰ পালেহি আৰু ঠিক কৰিলে তাই আগলৈ সাৱধান হ’ব লাগিব বুলি ৷ কলিজাৰ এনে কেচা কামোৰ তাই কিমান বাৰ যে খাইছে হিচাপ নাই ৷ কোনোবাই যদি নাটক থিয়েটাৰ চাবলৈ মৰমেৰে লৈ গৈ সময়ত তাইক অপদস্থ কৰিছে, কোনোবাই কাম কৰিবলৈ মাতি অপদস্থ কৰিছে ৷ দুই এবাৰ তাই মুখ খুলি কোৱাত ঘৰৰ বা সমাজৰ মহিলাখিনিয়ে ফেপেৰি পাতি ধৰি নিজৰ পুৰুষজনক ৰক্ষণাবেক্ষণ দিছে আৰু তাইৰ হে শৰীৰৰ আৰু টকাৰ চাহিদা পুৰণৰ সেয়া চলনাৰ জাল বুলি কোৱা হৈছে ৷ এতিয়া তাই নিজে বাঘিণী হ’ব ৷ নিজেতো কামোৰ নাখায়েই আৰু আনকো কামোৰাৰ সুবিধা তাই নিদিয়ে ৷ কোনোবাই কামুৰিলে জপটিয়াই ধৰি বগৰাই পেলাব আৰু সমাজক গটাই দিব তেনে লোকবোৰক ৷ বিয়া নোহোৱাকৈ এই সমাজত চলিবলৈ হ’লে নিজকে বহু বেছি সবল কৰিব লাগিব ৷ চৰকাৰৰ পৰা পোৱা সাহায্যৰ টকাকেইটা জমা হৈ হৈ অলপ মোটা অংক এটা হৈছিল তাইৰ আৰু লগতে আনৰ ঘৰত কাম কৰা মজুৰিবোৰ তাই গোটাই গৈছিল ৷ তাৰে কিবা এটা ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হ’ব লাগিব ৷ আনৰ ঘৰত বন কৰি যি তিক্ততাপূৰ্ণ অভিজ্ঞতা হৈছে আৰু নোৱাৰি সহিব ৷ বিপদত অৱশ্যেই আনক সহায় কৰিব তাই, কাৰণ সেই কামখিনিয়ে তাইক আত্মসন্তুষ্টি দিয়ে ৷ ঘৰৰ ককায়েক-বৌৱেকৰ মনত বোজা হৈ পৰা তাই সেই অৱস্থাৰ পৰা ওলাই আহিব লাগিব ৷ সিহঁতে যাতে এদিন অনুভৱ কৰে তাই বোজা নহয়, আনৰ বোজা কঢ়িয়াব পৰাকৈ তাই সামৰ্থবান ৷ তাঁতশালত পাকৈত তাই ৷ আনৰ ঘৰৰ তাঁতশালৰ যতমানে আউল তায়ে মাৰে গাঁওখনৰ ৷ মাকৰ পৰা পোৱা হাতৰ বিদ্যাভাগকে তাই তাইৰ সৌভাগ্যৰ কৰ্ম কৰি তুলিব ৷ ভবামতেই গাঁৱৰে এগৰাকী শিক্ষিতা আৰু সমাজৰ মহিলাসকলক কৰ্মৰে স্বাধীন হ’বলৈ অনুপ্ৰেৰণা দিয়া সাহসী ছোৱালী লভিতাৰ সহায়ত তাই আগবাঢ়িল জীৱনৰ এখন নতুন যুদ্ধত ৷

   ইয়াৰ পিছৰ পৰাই প্ৰমিলাৰ জীৱনৰ গতি সলনি হৈছিল ৷ এসময়ৰ আনৰ ঘৰৰ কাম কৰা প্ৰমিলা এটা তাঁতশালত তৈয়াৰ কৰা থলুৱা কাপোৰৰ উদ্যোগৰ গৰাকী প্ৰমিলা বাইদেউ হৈ সমাজত প্ৰতিষ্ঠা লাভ কৰিলে ৷ প্ৰমিলাই মৰমৰ লগৰী মহেশ্বৰীকো এসময়ত নিজৰ ব্যৱসায়ৰ অংশীদাৰ কৰি ল’লে ৷ এতিয়া দুজনী আবিয়ৈ ছোৱালী গাঁওখনৰ বা সেই অঞ্চলটোৰ ডেকা ল’ৰাৰ বাবেও উদাহৰণ হৈ পৰিল ৷ আচলতে নিজৰ যোগ্যতাক চিনি সেই যোগ্যতাৰ যুঁজখনত নিজক প্ৰতিষ্ঠা কৰাতহে জীৱনৰ মহত্ত্ব লুকাই থাকে ৷ প্ৰমিলাও সেই মহত্ত্বৰ অধিকাৰী হৈ পৰিল নিজৰ কৰ্মেৰে ৷

অঙ্গন:  পৃষ্ঠাঃ 42
 সপোন যেন লগা..

কাকলি নেওগ
তিতাবৰ, যোৰহাট

গোট গোট আখৰেৰে নিশিগন্ধাই অভিলাষলৈ অনা ডায়েৰীখনৰ ওপৰত কবিতাৰ পংক্তিটো লিখিলে৷ শব্দৰ গভীৰতা প্ৰকাশ কৰিবলৈ কোনো কোনো ঠাইত তাই ৰঙা চিঞাহীৰো প্ৰয়োগ কৰিলে৷ বাহিৰত চাৰিওদিশে হুলস্থূল৷ বিশেষতঃ ৰাতিপুৱাৰ এই সময়তো হোষ্টেলৰ এটা অতি ব্যস্ততাপূৰ্ণ সময়৷ পুৱা মেজৰৰ ক্লাছ থকা কেইজনীয়ে এই সময়ছোৱাত চিঞৰি বাখৰি গা ধুই ক্লাছলৈ সাজু হয়৷ অন্যদিনা এই হুলস্থূলৰ তায়ো অংশীদাৰ হয়৷ কিন্তু আজিৰ কথা সুকীয়া৷ আজি প্ৰণীতা মেম্‌ৰ  মেজৰৰ ক্লাছটো নাই৷ গতিকে অভিলাষ আৰু তাই কৰি পেলাইছিল সিহঁতৰ বহুদিনীয়া আধৰুৱা আয়োজনটো৷ কলেজৰ সমীপৰ নদীৰ পাৰত লগ হ’ব দুয়ো৷ নিজাকৈ পাৰ কৰিব কিছু ক্ষণ৷
           অতীব সুন্দৰী নহ’লেও একোচা ঘন ক’লা চুলি আৰু সুগভীৰ চকুৰে নিশিগন্ধাক সঁচা অৰ্থত আকৰ্ষণীয় ছোৱালী বুলিব পাৰি৷ প্ৰথম বি.এ ফাষ্ট ইয়াৰত এডমিচন লওঁতেই কলেজৰ সকলোৰে চকুত পৰিছিল তাই৷ কাৰণ তাইৰ শান্ত সমাহিত ৰূপটোৰ লগত খাপ খোৱাকৈ তাইৰ কণ্ঠস্বৰ আছিল অত্যন্ত শুৱলা৷ সেয়ে হয়তো আন দহজনৰ দৰে অভিলাষৰো চকুত পৰিছিল তাই৷ লাহে লাহে দুটা বছৰ পাৰ হ’ল তাইৰ এই কলেজত৷ ক্ৰমে এৰাব নোৱাৰা টান এটাত বান্ধ খাইছে দুয়োটা৷ এপলক তাক নেদেখিলেই যেন বহু কিবা হেৰাই যাব৷
          অৱশ্যে নিশ্চিত ভাবেই নিজ লক্ষ্য উদ্দেশ্যৰ পৰা বিচলিত হোৱা নাই তাই৷ মাকৰ কথাবোৰ যিমান পাৰি ধৰি ৰখাত সদায় যত্নপৰ নিশিগন্ধা৷ কেতিয়াবা খুব মন যায় তাইৰ মাকৰ বুকুত মুখ গুজি তাই আৰু অভিলাষৰ বিষয়ে ক’বলৈ৷ কিন্তু কিবা এটা সংকোচ আৰু অপৰাধবোধে হেঁচা মাৰি ধৰে তাইক৷ জীৱনত যে এয়ে প্ৰথম তাই মাকৰ পৰা কিবা লুকুৱাইছে৷ ফাইনেল ইয়াৰৰ পৰীক্ষাটো দি উঠি তাই ক’ব সকলোবোৰ মাকক৷ মাকেতো আজিলৈকে তাইক একো কথাত মানা কৰা নাই৷ এইটো কথাও নিশ্চয় বুজি পাব৷ কথাটো ভাবি নিশিগন্ধাৰ মনটো মুকলি লাগি গ’ল৷ ততাতৈয়াকৈ গাটো ধুই তাই অভিলাষৰ প্ৰিয় আকাশনীলা চুৰিদাৰ যোৰ পিন্ধি ল’লে৷ 
“ধুনীয়া লাগিছে তোমাক৷” গৈ পোৱা মাত্ৰকে অভিলাষে প্ৰশংসাৰে বুৰাই পেলালে তাইক৷ প্ৰেমাস্পদৰ এষাৰ প্ৰশংসাসূচক কথাই কিদৰে প্ৰাণৰ সঞ্চাৰ কৰিব পাৰে বুকুত৷ 
“বহুত পৰ ৰ’লা নেকি ? আজি ইমান ধুনীয়া বতাহ দিছে ন’৷”
“বেছিপৰ হোৱা নাই নিশি৷ তোমাৰ বাবে যে মই বহু দিন আৰু বছৰ অপেক্ষা কৰিব পাৰিম৷” 
মনটো ভৰি আহিল নিশিগন্ধাৰ ৷ প্ৰেমিকৰ চকুত সুন্দৰ ৰূপত ধৰা দিয়াৰ বাবেইতো তাইৰ যত আয়োজন৷ দিনান্তৰত ‘কফি ডে’ ৰ মায়াময় পোহৰৰ মাজত তাইৰ ভাব হ’ল এনেদৰেই পোহৰেৰে জলমলাই থাকিলে কিমান যে উপভোগ্য হৈ পৰিব জীৱনটো৷ হোষ্টেলৰ গেট পাওঁ পাওঁ হওঁতেই তাইৰ ফোনটো বাজি উঠিল৷ ডাঙৰ মোমায়েকৰ ফোনটো লৈ কিবা ক’বলৈ উদ্যত হওঁতে সিফালৰ পৰা তেখেতৰ গুৰু গম্ভীৰ মাতষাৰ ভাহি আহিল৷
“মাইনা, তোৰ যদি কালিলৈ বিশেষ জৰুৰী ক্লাছ নাই পুৱা ভাগতেই ঘৰলৈ আহিবিছোন৷"
“কিয় মামা ? কিবা জৰুৰী কথা আছিল নেকি ?”
“সময়ত গম পাবি” বুলি কৈ মোমায়েকে ফোনটো কাটি দিলে৷ ভীষণ উদ্বিগ্ন হৈ উঠিল তাই৷ কি ইমান অত্যন্ত জৰুৰী কথা ওলাল যে  মোমায়েকে ৰাতিপুৱাই মাতিছে৷ বহুত গুণাগঁথা কৰি তাই মাকলৈ ফোনটো লগালে৷ চুইচ অফ হৈ আছে৷ কিবা এটা অভিমানে আগুৰি ধৰিলে তাইক৷ ৰাতিৰ ভাতসাজ চুলে মাত্ৰ তাই৷ ৰাতি অভিলাষে দি থকা মেচেজ কেইটাৰো উত্তৰ দিবলৈ ইচ্ছা নগ’ল তাইৰ৷ দেউতাকৰ আকস্মিক মৃত্যুৰ পিছত আজি অ’ত বছৰে তাই আৰু মাক মোমায়েকৰ ঘৰত আছে৷ কোনোদিন মৰম, বস্তু, আদৰৰ কোনোটোৰে অভাৱ অনুভৱ কৰা নাই তাই৷ মাক জীয়েকৰ একান্ত ব্যক্তিগত প্ৰয়োজনবোৰ পূৰণ কৰিবৰ জোখাৰে মাকৰ স্কুলৰ চাকৰিটো যথেষ্ট হৈছে৷ ঘৰৰ অতি জৰুৰী কথা বাৰ্তাৰ আলোচনাত ভাগ ল’বৰ জোখাৰে মোমায়েকৰ ঘৰখনৰ দৃষ্টিত তাই নিচেই সৰু৷ তেনেস্থলত এনে কি জৰুৰী কথা ওলাল যে মোমায়েকে ইমান ততাতৈয়াকৈ তাইক ঘৰলৈ মাতিছে৷
         উগুলথুগুল মন এটা লৈ নিশিগন্ধা পদূলিয়েদি সোমাই আহিল৷ ইমান উৎসৱ মুখৰ হৈ আছে ঘৰখন৷ পাছফালৰ বাৰাণ্ডাত মাক, মোমায়েক আৰু জেঠায়েকহঁতৰ কিবা আলোচনা চলিছে৷ ডাঙৰ মোমায়েকৰ ল’ৰা অহিৰণ আৰু জেঠায়েকৰ ছোৱালী স্নেহা কাষ চাপি আহিল তাইৰ৷ দুয়োটাৰ চকুত এসোপা কৌতুক৷ লাহেকৈ মাকৰ কাষ চাপি তাই অভিমান কৰিলগৈ৷
“কিয় ফোনটো চুইচ অফ কৰি থোৱানো ? অলপো বুজি নোপোৱা কিমান টেনচন হয়৷”
জেঠায়েকে মৰমেৰে তাইক কাষ চপাই আনিলে৷ কালি ৰাতিপুৱাই মাকৰ ফোনটো পৰি বেয়া হোৱাৰ কথা জানিব পাৰি মাকৰ ওপৰত হোৱা তাইৰ খং অভিমান কৰ্পূৰৰ দৰে উৰি গ’ল৷
“আইদেউ, দুদিনৰ পিছত বোৱাৰী হ’বা৷ এই দৰে অভিমান কৰিলে কিতো হ’ব৷” সৰু মামীয়েকৰ কথাষাৰ শুনি তাই প্ৰশ্নবোধক দৃষ্টিৰে মাকলৈ চালে৷
“যাচোন মাইনা৷ এতিয়া ফ্ৰেচ হৈ কিবা এটা খাই ল’৷” বুলি মাকে কোৱা কথাষাৰত তাই মুঠেও পতিয়ন নগ’ল৷ কিয় এনেদৰে সৰু মামীয়েকে কৈছে৷ মাকহঁতে তাইৰ অজ্ঞাতে কিবা আয়োজন কৰা নাইতো৷ কথাবোৰ ভবাৰ লগে লগে মূৰটো তাইৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ তাইৰ অৱস্থাটো দেখি জেঠায়েকৰ মমতা জাগিল তাইলৈ৷ মৰমৰে আৱৰি তেওঁ নিশিগন্ধাক লৈ গ’ল ভিতৰলৈ৷ 
“চা মাইনা৷ তোৰ অজ্ঞাতে আমি একো কৰিব বিচৰা নাই৷ সেইবাবেই তোক মতাই আনিছোঁ৷ তই দুখ নকৰিবি৷ মানুহৰ জীৱনৰ ভৰসা নাই৷ মাৰৰ অসুখটোৰ কথাতো আৰু তোক ক’ব নালাগে৷ তাইৰো ইচ্ছা এটা আছে দেছোন তোক লৈ৷” গাৰুটোতে মূৰটো গুজি জেঠায়েকৰ কথাবোৰ শুনি গ’ল নিশিগন্ধাই৷ কিয়েইবা উত্তৰ দিব তাই তেখেতক৷ মাকৰ অসুখৰ কথা তাইক মনত পেলাই দিয়া নিষ্প্ৰয়োজন৷ কাৰণ অসীম ধৈৰ্য্য আৰু সাহসেৰে তেখেতে আজি তিনিটা বছৰে যুঁজি আছে দুৰাৰোগ্য ৰোগটোৰ সৈতে৷ দুধাৰি অশ্ৰু নিগৰি আহিল তাইৰ দুচকুৰে৷ তাই মাথোন জেঠায়েকক ক’লে, “মোক অলপপৰ অকলশৰে থাকিব দিয়াচোন জেঠাই৷”
         চকুপানীবোৰ মোহাৰি তাই অভিলাষলৈ ফোন লগালে৷ বহুবাৰ ৰিং হোৱাৰ পিছত ফোনটো সি উঠালে৷ আগন্তুক কলেজৰ নিৰ্বাচনৰ কামত ভীষণ ব্যস্ত সি৷ তাইৰ কথাবোৰ শুনি সি ওলোটাই তাইক সহজকে কৈ দিলে মানা কৰি দিয়া বুলি৷ মাকৰ প্ৰসংগটো উলিয়াই বিষয়বস্তুৰ গুৰুত্ব বুজাবলৈ গৈ নিশিগন্ধাৰ ভাব হ’ল সি যেন সময়ৰ দাবীটো বুজি পাবলৈ অপাৰগ হৈছে৷ বৰ অসহায় লাগিল তাইৰ নিজক৷ কি বুলি ক’ব মাকক তাইৰ অন্তৰৰ কথাবোৰ৷ কি বুলিয়ে বা জোৰ দিব অভিলাষক কিবা এটা কৰিবলৈ৷ এতিয়া জীৱনৰ লক্ষ্যপ্ৰাপ্তিৰ পৰা যে বহু যোজন আঁতৰত সিহঁতৰ অৱস্থান৷
         মুখ হাত কেইটা ধুই তাই বাহিৰলৈ ওলাই আহিল৷ বাৰাণ্ডাত বহি চাহ খাই থকা মাকৰ শেঁতাপৰা  মুখখনত এগালমান উজ্জ্বল পোহৰৰ জিলিঙনি৷ মোমায়েক দুইটাই কালিলৈ কিমান মানুহ আহিব কিহেৰে আপ্যায়ন কৰিব তাৰ আলোচনাত ব্যস্ত৷ ভিতৰলৈ সোমাই গৈ তাই ডাঙৰ মামীয়েকৰ শোৱনি কোঠালৈ ভুমুকিয়াই চালে৷ সকলোৱে কালিলৈৰ অভ্যাসগতৰ বাবে ভাগে ভাগে প্ৰেজেণ্ট সমূহ পেক কৰি আছে৷ ইম্মান উচ্ছাস আৰু আনন্দৰ প্ৰয়োভৰ৷ কিমান সুখী হৈছে তাইৰ আপোন মানুহখিনি তাইৰ নতুন জীৱনৰ প্ৰস্তুতিত৷ বুকুখন বিষাই আহিল তাইৰ৷ সৰু মামীয়েকে যতনাই দিয়া জলপানখিনি খাওঁতে কিয় জানো নিশিগন্ধাৰ নিজকে আলহী যেন লাগিল৷ গোটেই সন্ধিয়াটো তাই মাকৰ বুকুৰ ভিতৰত সোমাই থাকিল৷ মাকে দি যোৱা বুজনি আৰু আদৰুৱা মৰমবোৰৰ আগত তাই টু এটাও উচ্চাৰণ কৰিব নোৱাৰিলে৷ নোৱাৰিলে ক’ব ইমান দিনে মাকৰ বুকুত সোমাই ক’ম বুলি পাঙি থকা কথাটো৷ ৰাতি অভিলাষলৈ ক’ৰা ফোনটোত কেমপেনিংৰ নামত তাৰ সীমাহীন ব্যস্ততাত তাৰ অপাৰগতা খিনি যেন জলজলপটপটকৈ ওলাই পৰিল৷ তেন্তে কি অভিলাষ আৰু তাইৰ অনুভূতিবোৰ সিহঁতৰ খন্তেকীয়া আবেগহে আছিল নেকি ? চকুযোৰ জোৰ কৰি মুদি দিলে তাই৷ যেন মুদি দিলেই নাইকিয়া হৈ যাব অসংলগ্ন চিন্তাবোৰ৷
       পিছদিনা ঘৰখনত পুৱাৰে পৰা খদমদম লাগিল৷ সকলোৰে মৰমৰ নিশি মাইনাৰ আজি নতুন আলহী আহিব৷ গতিকে মিতিৰ কুটুম্ব উঠি পৰি আহিছে৷ আলহী অতিথিৰে গিজগিজাই থকা ঘৰখনত নিশিগন্ধাৰ নিজকে বৰ অকলশৰীয়া যেন লাগিল৷ প্ৰায় চাৰে দহমান বজাত কাংক্ষিত আলহী সকল আহিল৷ সৰু মামীয়েক আৰু স্নেহাই আথেবথে পিন্ধাই দিয়া কাপোৰ সাজ পিন্ধি নিশিগন্ধাই চাদৰৰ আগ আঙুলিত পকাই পকাই বহি থাকিল৷ দুবাৰমান অভিলাষলৈ ফোন লগাবলৈ উদ্যত হাতখন তাইৰ অজানিতে কোচ খাই আহিল৷ কিবা যেন দায়িত্ববোধে ভিতৰৰ পৰা তাইক সকীয়াই থাকিল৷ সকলোৰে চিনাকী পৰ্বৰ পিছত নিশিগন্ধাক নিৰ্দিষ্ট ৰুমটোলৈ লৈ অহা হ’ল৷ বয়সস্থ অতি সাদৰি যেন লগা মানুহ এগৰাকীয়ে তাইক কাষত বহুৱাই ল’লে৷ শংকা আৰু মৃদু ভয় ভাব এটাই তাইৰ বুকুখন ভীৰ কৰিলহি৷ সৰুকৈ মাতেৰে মানুহগৰাকীৰ প্ৰশ্নবোৰ উত্তৰ দি থাকোঁতে তাই কেৰাহিকৈ নিৰ্দিষ্ট ব্যক্তিজন লক্ষ্য কৰিলে৷ গম্ভীৰ,স্বাস্থ্যৱান মানুহজন তাইৰ জেঠায়েকৰ ছোৱালী মানুবাৰ ভিনিদেউৰ বয়সৰ৷ আকৌ অজানিতে অভিলাষৰ মুখখন চকুৰ আগত ভাহিল৷ আনুষ্ঠানিকতাবোৰ তেখেতসকলে বৰ বেছি এটা কৰিব বিচৰা নাই৷ যদি দুয়ো পক্ষৰ সন্মতি থাকে তেতিয়া এসপ্তাহৰ ভিতৰত বিয়াৰ তাৰিখ নিশ্চিত কৰিব৷ নিশিগন্ধাৰ আহি থকা ফাইনেল ছেমিষ্টাৰটো তেখেতসকলে গুৰুত্ব দিছে৷ তাই মাত্ৰ নিৰৱে শুনি গ’ল সকলোবোৰ৷ মাজতে তাইৰ হ’বলগীয়া শাহুয়েকে তাইক সুধিলে , “তোমাৰ কিবা অসুবিধা আছে নেকি মাজনী ?” তাই মূৰ জোকাৰিলে,‘নাই’৷ কি সুবিধা বা অসুবিধা হ’ব পাৰে সেয়া চিন্তা কৰিবলৈ মন আৰু মগজুৱে তাইক যে সেই মুহূৰ্তত মুঠেই সহযোগ কৰা নাই৷ দিনৰ ভাত সাজ খাই ব’ই তেওঁলোক পিছবেলালৈ গ’লগৈ৷ 
           ৰাতি বিচনাত মাকে নিশিগন্ধাক বুকুৰ মাজলৈ চপাই আনিলে৷ “মাইনা, তই মোক ভুল নুবুজিবি৷ জানো সিদ্ধান্তবোৰ তোৰ ভাল লগা নাই৷ মোক হয়তো তই স্বাৰ্থপৰ বুলিয়ে ভাবিছ৷ কিন্তু প্ৰত্যেক মাতৃৰ হৃদয়ত নিজ সন্তানক লৈ এনে আশা এটা বুকুৰ একোণত থাকে৷ মোৰ বাবে ভাল লগা কথা এইটোৱে যে তেওঁলোকে তোৰ পঢ়াৰ কথাটো গুৰুত্ব দিছে৷ মোৰ সময়ৰ কি ঠিক৷ আজি আছোঁ কালি নাই৷ ” মাকক জোৰেৰে সাৱটি ধৰিলে তাই৷ তাই নোৱাৰে ভাবিব মাকক স্বাৰ্থপৰ বুলি৷ এইয়া যে তেওঁৰ অধিকাৰ৷ দেউতাক মাক দুয়োজনৰ দায়িত্ব পালন কৰিছে তেওঁ৷ ৰুগীয়া শৰীৰে তেওঁ সদায় তাইৰ প্ৰয়োজনবোৰ পূৰণ কৰিছে৷ তাই মাকৰ একান্ত ইচ্ছাটো পূৰণ কৰিব নোৱাৰিবনে ? নিশ্চয় পাৰিব৷ আলফুলে মাকৰ কপালত চুমা এটা আঁকি তেখেতৰ সেমেকা চকুযুৰি মচি দিলে তাই৷ “এতিয়া শুই থাকা মা৷ তোমাৰ ইচ্ছা মতেই সকলো হ’ব৷ মোৰ একো আপত্তি নাই৷”
          মোমায়েকৰ ল’ৰা অহিৰণৰ লগত নিশিগন্ধাই কলেজলৈ পোনে পোনে গ’লগৈ৷ কলেজৰ সকলো যাবতীয় কাম কৰাৰ পিছতহে তাই হোষ্টেলত এপাক সোমাব৷ কলেজৰ একেচিয়া জোপাৰ তলত ল’ৰাৰ জুমটোৰ মাজত তাই অভিলাষক দেখা পালে৷ গৰম বতাহ এসোপা উজাই আহিল কাণ মূৰ গৰম হৈ উঠিল তাইৰ৷ কাষে কাষে আহি থকা অহিৰণলৈ কেৰাহিকৈ এবাৰ চাই তাই ক’লে, “তই কেণ্টিনতে অলপ পৰ ৰ’গৈ যা৷ মই ফোন কৰি মাতি দিম তোক৷”
কাষ চাপি আহিল অভিলাষ৷ 
“কিবা কামত আহিলা নেকি কলেজলৈ ?” অভিলাষৰ কথা কোৱাৰ ধৰণটোত আহত হ’ল তাই৷ অলপো উৎকণ্ঠা বা অস্থিৰতা নাই তাৰ মাতত৷ অথচ যোৱা দুদিনে কিবা এটা অপৰাধী ভাবত পাৰ হৈছে তাইৰ বিনিদ্ৰ ৰজনী৷
“চোৱা নিশি, মই একো তোমাৰ প্ৰতি ক্ষোভ লৈ থকা নাই৷ কলেজীয়া জীৱনত এনেকুৱা হয়েই ৷ এনিৱে বেষ্ট উইচছেছ ফৰ ইয়ৰ নিউ লাইফ৷” খুব ইচ্ছা গৈছিল তাক এবাৰ জনাবলৈ তাইৰ অসহায় মনৰ অপৰাগতাৰ কথা৷ ক’বলৈ  মন আছিল মাকৰ প্ৰতি থকা তাইৰ দায়িত্ববোধ আৰু মোমায়েকহঁতৰ মৰমৰ সন্মুখত নিৰ্বাক হৈ পৰা তাইৰ অপ্ৰকাশ্য আবেগবোৰ কিদৰে কবৰ দিলে তাই৷ কিন্তু কোৱা নহ’ল৷ তাইৰ সন্মুখত ৰৈ থকা অভিলাষৰ আজিৰ ৰূপটো তাইৰ অজানা৷  তাৰ স্বাভাৱিক আচৰণ আৰু ব্যৱহাৰে তাইক বহুখিনি কথাই ক’লে৷ ধীৰে ধীৰে ডিপাৰ্টমেণ্টলৈ গৈ তাই যাবতীয় কামখিনি কৰি হোষ্টেলৰ সন্মুখ পালেহি৷ ছোৱালীৰ জাকৰ হুলস্থূলত হোষ্টেলৰ চাৰিওদিশ মুখৰ হৈ আছে৷ ভিজিটিং ৰুমত বহি থকা আলহী দুজনক বিভিন্ন  মন্তব্য দি নগুৰনাকতি কৰিছে৷ ভিতৰলৈ সোমাব লৈ তাই খন্তেক তবধ মাৰিলে৷ দুদিনৰ পিছত হয়তো এক সুকীয়া পৰিচয়ৰে তাই হোষ্টেলত প্ৰৱেশ কৰিবহি নাইবা এয়া তাইৰ হোষ্টেলৰ বুকুত শেষ ভুমুকিও হ’ব পাৰে৷ উচ্ছল হাঁহিৰ ফোৱাৰা এটা বতাহত ভাঁহি আহি তাইৰ কাণত পৰিলহি৷ কিমান নিঞ্জাল ছোৱালী জীৱনটো৷ হ’বনে সম্ভৱ তাইৰ বাবে আহি থকা দিনবোৰত ইমান প্ৰাণৱন্ত ভাৱ ভংগীমাৰ৷ কথাবোৰে অজানিতে দুচকু সেমেকাই তুলিলে নিশিগন্ধাৰ৷  নিৰ্দিষ্ট ৰুমটোত প্ৰৱেশ কৰাৰ আগতেই ছোৱালীৰ জাক এটাই তাইক আগুৰি ধৰিলে৷ তাইৰ ৰুমমেটৰ মুখৰে সকলো জানি সিহঁত উদ্গ্ৰীৱ হৈ আছে৷ বুকুখন বৰ সমৃদ্ধ যেন লাগিল তাইৰ৷ কি এক অভিন্ন আবেগেৰে হোষ্টেলৰ বুকুত বান্ধ খাই ভিন্নটি প্ৰাণ৷ অবাধ্য চকুপানীৰ মোহাৰি তাই সিহঁতক কথাবোৰ জনালে৷ জীৱনৰ অবিস্মৰণীয় ক্ষণটি সামৰি সুতৰি তাই ৰুমলৈ সোমাই গ’ল৷ অতি প্ৰয়োজনীয় তাইৰ বস্তু দুবিধ মান সামৰি তাই ৰুমমেট বিদিশাক সাৱটি অস্ফুট স্বৰে কৈ উঠিল, “আজি আৱেলিলৈ বিয়াৰ দিন ল’ব, বিদি৷ তই কিন্তু মোৰ কাষে কাষে থাকিবি দেই!” চলচলীয়া চকুৰে বিদিশাই মূৰ দুপিয়াই সন্মতি দিলে৷
              অহিৰণ ৰৈ আছিল গেটৰ সন্মুখত৷ গাড়ীৰ চিটত বহিয়ে তাই পুনৰাই কলেজৰ তোৰণখনলৈ চাই মনৰ ভিতৰতে কৈ উঠিল,“জীৱনে সুযোগ দিলে আকৌ লগ পাম৷” কলেজৰ পৰা মূল ৰাস্তালৈ সৰু দীঘলীয়া পথটোৰে আহি থাকোঁতে অ’ত ত’ত জুম বান্ধি থকা ল’ৰা ছোৱালীৰ মুখবোৰ দেখি তাইৰ মনটো পুনৰাই অস্থিৰ হৈ উঠিল৷ কিমান যে প্ৰত্যাশাৰে জিলমিলাই থকা একোখন মুখ৷ পূৰ্ণতা পায় নে সকলোবোৰে ? পূৰ্ণতা পাব নে তাই হেঁপেহুৱা সপোনবোৰে তাইৰ বাবে ৰৈ থকা নতুন পৃথিৱীখনত ? পাৰিবনে তাই বয়সৰ তাফাৎ থকা এজন ব্যক্তিৰ সৈতে জীৱনৰ প্ৰতিটো উশাহ ভগাই ল’ব৷ পাৰিবনেই বা তেখেতে হৃদয়ংগম কৰিব তাইৰ অনুভৱী মনটো ? যিজন কল্পনাৰ প্ৰেমিকৰ প্ৰতিচ্ছবিৰ তাই সন্ধান কৰিছিল অভিলাষৰ মাজত, আছেনে ৰৈ তাইৰ বাবে তেনে এজন প্ৰেমিক স্বামী৷ মাক আৰু মোমায়েকহঁতৰ আদৰুৱা ‘মাইনা’জনীৰ খেয়াল খুচীয়ে স্থান পাবনে তাইৰ নতুন জাকৰুৱা ঘৰখনত৷ এনে বহু প্ৰশ্নই চিন্তাক্লিষ্ট কৰি তুলিলে নিশিগন্ধাক৷
          ঘৰৰ সন্মুখত গাড়ীৰ পৰা নমা মাত্ৰকে নিশিগন্ধাৰ বৰ ভাগৰুৱা লাগিল৷ হয়তো অন্তমণ্ডলত চলি থকা ধুমুহা জাকে ভিতৰি ক্লান্ত কৰি তুলিছে তাইক৷ তাই গম পালে ইতিমধ্যেই বিয়াৰ দিন লোৱা হ’ল৷ সিদিনাৰ পৰা পোন্ধৰ দিনৰ অন্তত তাইৰ বিয়া৷ ইমান কমদিনৰ ভিতৰত হ’বলগীয়া বিয়াখনত যাতে একো ক্ৰূটি ৰৈ নাযায় তাৰ বাবে ঘৰখনত খদমদম লাগিছে৷ মাকেও যেন হেৰুৱা ছন্দ ঘূৰাই পাইছে৷ ৰোগকান্ত ভাবটো মুঠেই তেখেতৰ শৰীৰত নাই ৷ মুখ হাত কেইটা ধুই তাই পাছফালৰ বাৰাণ্ডাৰ চুকৰ চকীখনত বহি ল’লে নিলৰে৷ দেহ মনৰ জঠৰতাবোৰ নাইকীয় কৰিবলৈ কিছু একান্ত নীৰবতাৰ প্ৰয়োজন তাইক৷ অভিলাষ আৰু তাইৰ জীৱনৰ নিমিলা অংকটোৰ সূত্ৰ তাই আৰু বিচাৰি নাথাকে৷ সকলো প্ৰশ্নৰ উত্তৰ সহজ হোৱা হ’লে জীৱনটো হয়তো ইমান দুৰ্বোধ্য নহ’লহেঁতেন৷ অৱশ্যে আবেগবোৰে হৃদয়ৰ একোণত আমনি কৰি নথকা নহয়৷ যিহেতু সম্পৰ্কটোৱে তাইক অহৰহ তাগিদা দিছিল এটা সোণোৱালী সপোনৰ পম খেদিবলৈ৷ এতিয়া তাইৰ যাত্ৰা পথৰ সহযাত্ৰী পৃথক হ’ব৷ পৃথক হ’ব সময় আৰু হৃদয়ৰ তাগিদাবোৰ৷ নতুন সম্পৰ্কটোৰ প্ৰতি তাই শ্ৰদ্ধাশীল হোৱাটো যে অতীব প্ৰয়োজন৷ কাৰণ ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব তাইৰ মাকে দিয়া সংস্কাৰ আৰু শিক্ষাৰ সফল পৰীক্ষণ আৰু তাইৰ আহিব লগীয়া জীৱনৰ বুনিয়াদ৷ ক্ৰমে সন্ধ্যা নামি অহা অনুজ্জ্বল পোহৰৰ মায়াময়তাত বুকুত এসাগৰ প্ৰত্যাশা সাৱটি নিশিগন্ধা বাৰাণ্ডাৰ এচুকত বহি ৰ’ল৷
          জীয়াৰী জীৱনৰ সাজযোৰ সোলোকাই নিশিগন্ধাই বোৱাৰী ৰূপ ল’লে৷ দোকমোকালিতে দিবাকৰ বৰুৱাৰ সহধৰ্ম্মিণীৰ পৰিচয়েৰে তাই তেওঁলোকৰ চোতাল গচকিলহি৷ আকাশখনে সেন্দূৰীয়া আভা এটা বিৰিঙাই তাইক যেন নতুন জীৱনটোলৈ স্বাগতমহে জনালে৷ ডাঙৰ মামীয়েকে আৰু জেঠায়েকৰ মাজত ওৰণিৰ আঁৰত গাড়ীত বহি থকা তাইৰ প্ৰাণটোত মৃদু কম্পন এটাৰ সৃষ্টি কৰিলে৷ দিবাকৰৰ মাকে কলতলত আদৰাৰ মুহূৰ্তত অজানিতে তাইৰ তপকে দুটোপাল চকুপানী সৰি পৰিল৷ মাকৰ মুখখনে অগা-ডেৱা কৰিলে তাইৰ চকুৰ আগত৷ তাইৰ আবেগবোৰ ওৰণিৰ ফাঁকেৰে হয়তো ধৰা পেলালে তাইৰ অনুভৱী মামীয়েক জনীয়ে৷ তাইৰ কাণৰ কাষত ফুচফুচাই তেখেতে কৈ উঠিল,“ নাপায় মাইনা৷ এয়া শুভ ক্ষণ৷ নাকান্দিবা৷” মামীয়েকৰ কথাত নিজকে সুস্থিৰ কৰি ল’লে নিশিগন্ধাই৷ এনে বহু পায় নাপায় তাই এতিয়া প্ৰাধান্য দিয়াৰ সময় যে সমাগত৷
          ৰভাৰ তলেৰে নতুন ঘৰখনলৈ সোমাই যাওঁতে নিশিগন্ধাই ওৰণিৰ ফাঁকেৰে ঘৰখনলৈ চালে৷ পনিয়লী বেৰৰ পুৰণি আৰ্হিৰ ঘৰখনে যেন তাৰ নিজা গাম্ভীৰ্যতাৰে তাইক স্বাগতম জনালে৷ মান দানৰ পৰ্বটো অলপ দীঘলীয়া হ’ল৷ পাঁচটা সন্তানৰ নুমলীয়া পো দিবাকৰ৷ তিনিটা ককায়েক আৰু একমাত্ৰ বায়েকজনীৰ পৰিয়ালৰ সহিতে মিতিৰ কুটুমৰ পৰিসৰো বহল৷ তাইৰ লগত দুদিন থাকিবলৈ অহা জেঠায়েকৰ জীয়েক স্নেহাই কলমটিয়াই বহি থাকিল৷ মাজতে কোনোবা এগৰাকীয়ে যাঁচি যোৱা চাহ মিঠাই নিশিগন্ধাৰ লাজ আৰু সংকোচৰ ভৰত ডিঙিয়েদি নসৰকিল৷ গা পা ধুই আজৰি হোৱাৰ পাছত তাইক থবলৈ অহা কন্যা ঘৰীয়াৰ লগত তাইকো ভাত খাবলৈ দিলে৷ তাই মাথোন লিৰিকিবিদাৰি থাকিল৷ সেই সময়ত অলপ সময়ৰ পিছত উভতি যাবলগীয়া মামীয়েক জেঠায়েকৰ চিন্তাইহে তাইক ঘেৰি ধৰিলে৷ পাৰিবনে তেওঁলোকৰ অনুপস্থিতত তাই নৱ পৰিণীতাৰ নীতিনিয়ম বোৰ চম্ভালিব৷ স্নেহাৰ ওপৰত ভৰসা কৰিবলৈ তায়ো যে অপৰিপক্ক নিচেই৷ মনৰ থোতামোজাবোৰ একাষৰীয়া কৰি তাই তেওঁলোকক বিদায় দিবলৈ প্ৰস্তুত হ’ল৷
“পাৰিম বুলি ভাবিলে সকলো সম্ভৱ মাইনা৷ তই ধীৰে ধীৰে কৰিবি৷ খৰখেদা কৰিলে আউল লাগিব কামত৷ বাকী তেওঁলোক বুজন মানুহ৷ যত্ন ল’ব তোৰ৷” জেঠায়েকৰ কথাকেইটাত মূৰ দুপিয়াই শলাগিলে তাই৷ তাইৰ ঢুলঢুলিয়া দুচকু প্ৰত্যক্ষ কৰি মামীয়েকে তাইক বুকুত সামৰি ল’লে৷ মামীয়েকৰ মৰমৰ উত্তাপত তাইৰ মনটো কিছু সুস্থিৰ হ’ল৷ তেওঁলোক যোৱাৰ পিছতে নকৈ পতা বিচনাখনত স্নেহা লালকাল দি শুই পৰিল৷ লাহে লাহে কইনা চোৱা মানুহৰ সোঁত ববলৈ ধৰিলে৷ কোনো দিন ইমান মানুহৰ আগত কথাৰ বিনিময় কৰি নোপোৱা নিশিগন্ধা ভাগৰুৱা হৈ পৰিল৷ গ্ৰাম্য সৰল ভাবমূৰ্ত্তিয়ে  মানুহ বিলাকে কৰা তাইৰ ৰূপৰ প্ৰশংসা ইমান মুখামুখিকৈ পায় তাইক এসোপা লাজে আগুৰি ধৰিলে৷ বাৰে বাৰে চাহৰ ট্ৰে লৈ আলহি আপ্যায়ন কৰা তাইৰ মেখেলাত যঁট লাগিল৷ প্ৰতিবাৰে খোৱা জোট-পোটবোৰ প্ৰত্যক্ষ কৰি শাহুৱেকে মৰমেৰে তাইক মানা কৰিলে খৰখেদা কৰিবলৈ৷ ঠিক জেঠায়েকে সোঁৱৰাই যোৱাৰ দৰে৷
আলহীৰ জঞ্জালৰ পৰা সামান্য আহৰি হৈ দুই নম্বৰ বৌয়েকে যতনাই দিয়া গৰম পানীকনলৈ তাই বাথৰুমত সোমালে৷ গৰমপানীৰ পৰশত টনটনাই থকা ভৰিদুটাত যথেষ্ট সকাহ অনুভৱ কৰিলে নিশিগন্ধাই৷ বাথৰুমৰ পৰা ওলাইয়ে তাইৰ পিছফালৰ চোতালৰ সংলগ্ন বাৰীখনত চকু পৰিল৷ যথেষ্ট আহল বহল৷ বাৰীৰ কাষতে লগলাগি আছে সেউজীয়া ধাননিখন৷ যেন এখন সেউজীয়া মখমলৰ দলিচাহে৷ সন্মোহিত ব্যক্তিৰ দৰে নিশিগন্ধা কিছু আগুৱাই গ’ল৷ আহিনৰ প্ৰতিশ্ৰুতি সনা পথাৰ দৰা আবেলিৰ সেন্দূৰীয়া আভাই মায়াময়কৈ সজাই তুলিছে৷ চকু দুটা মুদি দিলে তাই৷ আস! কি নিৰ্ভেজাল সুঘ্ৰাণৰে ভৰপূৰ দৃশ্য৷ লিখি শেষ কৰিব নোৱাৰা যেন এটা অসম্পূৰ্ণ কবিতাহে৷
“অকলে অকলে কি কৰিছা, মাজনী ?” দিবাকৰৰ মাকৰ মাতত সচকিত হৈ উঠিল নিশিগন্ধা৷
“নাই, ইমান যে ভাল লাগিছে পথাৰখন৷ ইমান সেউজীয়া৷ এয়া আপোনালোকৰ পথাৰ নকি ?” সামান্য হাঁহিলে দিবাকৰৰ মাকে৷
“আপোনালোকৰ নহয়৷ আমাৰ বুলি ক’বা৷ বাৰীৰ  ঢাপৰ পৰা সৌ চুকটোলৈকে আমাৰ সীমা৷” আচৰিত হ’ল নিশিগন্ধা৷ কিদৰে ইমান সেউজীয়াৰ মাজত নিৰ্দিষ্ট ঠাই টুকুৰা নিৰূপণ কৰি দেখুৱাইছে তেখেতে৷ শুভ্ৰ সাজ পৰিহিত মানুহগৰাকীলৈ চালে তাই৷ গহীন গম্ভীৰ মুখখনৰ চকুদুটা অতিকে সুগভীৰ৷ পাৰিবনে তাই দখল কৰিব এইগৰাকী মাতৃৰ মনৰ আদৰুৱা কোঠালি ? সম্ভৱ হৈ উঠিবনে মাকৰ বুকুত মুখ গুজি কৰা আব্দাৰবোৰ তেখেতৰ বুকুত সোমাই কৰিবলৈ ? হাতে হাত ধৰি চিনাকী কৰাই দিবনে তেখেতে তাইৰ অপৰিচিত পৃথিৱীখনৰ সৈতে ? আছেনে বাৰু লুকাই সপোনৰ তাই পৃথিৱীখন সুবিশাল এই চাৰিসীমাত ?
             এজন অচিনাকী মানুহৰ সৈতে হাতে হাত ধৰি সপোনৰ পম খেদি ন জীৱনৰ আৰম্ভণি কৰা নিশিগন্ধাৰ আজি তিনিটা দিন হ’ল৷ এই তিনিটা দিনত অতি সাবধানেৰে তাই প্ৰতিটো কাম কৰি গৈছে৷ স্বামী দিবাকৰৰ সৈতে অতি প্ৰয়োজনীয় কথাবোৰৰ বাহিৰে বিশেষ কথাবাৰ্তা তাইৰ হোৱা নাই৷ স্বভাৱসিদ্ধ এজন গম্ভীৰ ব্যক্তি দিবাকৰ৷ প্ৰকৃতাৰ্থত এখন যৌথ পৰিয়াল বুলি ক’লে মনলৈ অহা সকলো দৃশ্যই ঘৰখনত সুলভ৷ ৰাতিপুৱাৰ মজিয়াত বহি খোৱা চাহ কাপৰ পৰা ৰাতিৰ ভাত সাজলৈকে পাৰ কৰা প্ৰতিটো পৰ্ব একোটা উদযাপনৰ দৰে৷ যদিও নিশিগন্ধাৰ মোমায়েহঁতৰ ঘৰখন যৌথ ভাবে আছিল বহুত যেন তাফাৎ আছিল ইয়াৰ সৈতে৷ মামীয়েকহঁতে ৰাতিপুৱা আৰু গধূলিৰ গাখীৰ বিস্কুট বা চাহ কাপ ভাগে ভাগে টেবুলে টেবুলে সিহঁতক দি গৈছিল৷ ইয়াত সেয়া সুকীয়া৷ চাহ ভাত খাবলৈ সকলো মজিয়াত একেলগে বহে৷ কোনো সংকোচ বা জড়তা নথকা কি যে এক বৰ্ণিল অনুভৱ৷ ভাল লাগিছে এই পৰিৱেশ তাইৰ৷ কিবা এটা অজনা সুখত যেন ভৰুণ চাৰিওফালে৷
           আজি দিনটোৰ বাবে নিশিগন্ধাহঁত ঘৰলৈ যাব৷ খবৰটোত আটাইতকৈ বেছি আনন্দ পালে স্নেহাই৷ যথেষ্ট অন্তমুখী ছোৱালী জনী দিবাকৰৰ ককায়েকৰ ল’ৰা ছোৱালী কেইটাৰ স’তে সহজ হ’ব পৰা নাই৷ মাইনা বায়েকৰ মৰমৰ তাগিদাত দুদিন যেনে তেনে কটালে আৰু! বৌয়েক কেইজনীয়ে ভাগে ভাগে উপহাৰৰ টোপোলাবোৰ তাইক যুগুতাই দিছে৷ আজি তাই দিবাকৰ বৰুৱাৰ সহধৰ্ম্মিণী ৰূপে মোমায়েকৰ ঘৰখনলৈ যাব৷ প্ৰায় এঘাৰ মান বজাত শাহুৱেকক সেৱা এটা জনাই তাই ভতিজাক দুটা, স্নেহা আৰু দিবাকৰৰ সৈতে গাড়ীত উঠিল গৈ৷ দীঘলীয়া পদূলিৰে মোমায়েকৰ ঘৰখনলৈ সোমাই যাওঁতে তাইৰ বুকুত মৃদু কম্পন এটা অনুভূত হ’ল৷ 
‘আহিলি মাইনা’ বুলি মাকে বুকুত সোমোৱাই লওঁতে তাইৰ এনে লাগিল যেন বহু যুগ যুগান্তৰৰ অন্তত শীতল ছাঁ এটুকুৰাত আশ্ৰয়হে লৈছে তাই! অথচ আগতে এমাহ হোষ্টেলত থাকি উভতি আহোঁতেতো এনে অনুভৱ হোৱা নাছিল৷ সকলোৱে চাহ খাই উঠাৰ পিছত তাই আৰু দিবাকৰে মোমায়েকহঁতক উপহাৰবোৰ আগবঢ়ালে৷ মামীয়েকহঁতে কিছু নিবিড়কৈ মাতি নি তাইৰ পৰা নতুন ঘৰখনৰ কিছু উমান লোৱাৰ চেষ্টা চলালে৷ ‘সকলো ঠিকে আছে’ বোলা নিশিগন্ধাৰ আশ্বাসভৰা কথাষাৰত তেওঁলোকৰ মুখবোৰ পোহৰ হৈ পৰিল৷ খাই বৈ আজৰি হয় মানে প্ৰায় ডেৰটামান বাজিল৷ উভতাৰ সময়ত অস্তিমিত সূৰ্যটোৰ দৰেই নিশিগন্ধাৰো মনটো ম্লান পৰি আহিল৷ নতুন সম্পৰ্ক আৰু দায়িত্বৰ ভৰত পুৰণিবোৰ যেন তুলাচনীত ক’ৰবাত ওলমি ৰ’ল৷ 
          সদ্যহতে নিশিগন্ধাৰ ৰন্ধা বঢ়াৰ দায়িত্ব নাই৷ সেয়ে ঘৰৰপৰা আহিয়ে তাই ভৰি হাত কেইটা ধুই ৰুমৰ কাপোৰকানিবোৰ জাপিবলৈ আৰম্ভ কৰিলে৷ দিবাকৰো কিছুসময়ৰ পিছত ৰুমলৈ সোমাই আহিল৷ সোমাইয়ে তেখেতে একাষে থকা কাৰ্টুন এটা চপাই আনিলে৷ আৰু কাৰ্টুনটোৰ ভিতৰৰপৰা এখন এখনকৈ কিতাপ উলিয়াই ৰুমৰ টেবুলত পৰিপাটিকৈ জাপি গ’ল৷ নিশিগন্ধাই খুব ভাল দৰে চিনি পালে সেয়া তাইৰ কিতাপবোৰ৷ স্থানুৰ দৰে ৰৈ থকা তাইক উদ্দেশ্য কৰি দিবাকৰে ক’লে, “এমাহ দিন ক’লেজৰ পৰা আঁতৰত থকা মানে কিতাপৰ পৰা বিচ্ছিন্ন থকাতো নুবুজায়৷ অন্যান্য কাম কাজৰ লগতে এইবোৰো নিয়মিত কৰি যাবা৷” একান্ত বাধ্য ছাত্ৰীৰ দৰে তাই মাথোন অঁ বুলি শলাগিলে৷ ৰাতি ভাতখোৱা মজিয়াত তাই সকলোৰে অলক্ষিতে দিবাকৰক লক্ষ্য কৰিলে৷ পৰিমিত আচাৰৰ দিবাকৰক দেখিলে দেখোন অনুমান কৰিব নোৱাৰি তেখেতৰ অনুভূতিশীলতাৰ কথা৷ তেন্তে কিদৰে আজি তাইৰ পঢ়া কথালৈ তাই উদ্বিগ্ন হৈ থকাৰ ভু পালে তেখেতে ? সংশয়বোৰ লাহে লাহে যেন দূৰ হ’বলৈ ধৰিছে তাইৰ৷ একান্ত নিজস্বকৈ তাইৰ মনৰ ভু ৰখা মানুহো আছে তাৰমানে৷ 
“এই কেইদিন সকলোৰে যথেষ্ট শাৰীৰিক মানসিক পৰিশ্ৰম হৈছে৷ সোনকালে শুই যোৱা৷” বুলি দিবাকৰে কোৱা কথাষাৰত যথেষ্ট সকাহ বোধ কৰিলে নিশিগন্ধাই৷ বিনা দ্বিধাবোধেৰে তাই দিবাকৰৰ কাষত শুই পৰিল৷ কাষতে শুই থকা দিবাকৰলৈ চালে তাই৷ দুদিন আগলৈকে অচিনাকী এই মানুহজনে কি এনে প্ৰত্যয় তাইৰ মনত জগালে যে আজি বিনা সংকোচে তাই তেখেতৰ শয্যাসঙ্গিনী হ’ব পাৰিছে৷ নেজানে তাই আৰু জনাৰ ইচ্ছাও নহ’ল তাই৷ মাত্ৰ ক্ৰমে তন্দ্ৰালস তাইৰ দুচকুত  সেউজীয়া সপোন এসোপাই ভীৰ কৰিলহি৷
লাহে লাহে নতুন ঘৰখনত নিশিগন্ধাৰ জড়তাবোৰ আঁতৰ হৈছে৷ খুব স্বাভাৱিক ভাবে তাই ইফাল সিফাল কৰিছে জাকৰুৱা ঘৰখনত৷ ভাগ লৈছে তেওঁলোকৰ কথাবাৰ্তা আৰু সৰু সৰু দৈনন্দিন উদযাপনবোৰত৷ দিবাকৰো খুব ভাল বন্ধু হৈ উঠিছে তাইৰ৷ আচলতে সুখ বা সুখী হোৱাৰ বাবে কোনো নিৰ্দিষ্ট উপপাদ্য নাই৷ কাৰোবাৰ এখোজ পিছলৈ আৰু কাৰোবাৰ এখোজ আগলৈ ৷ নিৰূপিত হ’ব পাৰে এনেদৰেই হয়তু সুখ আৰু সুখী জীৱনৰ পৰিভাষা৷ যি শাহুয়েকৰ গম্ভীৰ মুখখনে তাইক চিন্তাক্লিষ্ট কৰি তুলিছিল সেয়া যে জাকৰুৱা ঘৰখনৰ ভেটি সুদৃঢ় কৰি তোলাৰ উৎস তাই বুজি উঠিছে৷ তাই বুজি উঠিছে কিদৰে গ্ৰাম্য সৰল তাইৰ সৈতে বয়সৰ তাফাৎ থকা বৌয়েকহঁতৰ মনত মৰম আৰু আদৰবোৰ থূপ খাই আছে৷ আৰু দিবাকৰ ? তাইৰ সদা সচেতন ব্যক্তিজন ? 
কালিলৈ তাই হোষ্টেললৈ যাবগৈ৷ দুদিন আগতে যি হোষ্টেলৰ বুকুলৈ পুনৰাই ঘূৰি নোযোৱাৰ ভয়ে খেদি ফুৰিছিল তাইক, আজিচোন তাইৰ কিঞ্চিত ইচ্ছা যোৱা নাই এই ঘৰখন এৰি যাব৷ বৌয়েকহঁতে ভাগে হোষ্টেলত খাবলৈ যোগাৰ কৰি দিয়া পিঠা পনা আৰু শাহুয়েকৰ মৰমৰ বুজনিবোৰে তাইৰ মনটো দেখোন সেমেকাই তুলিছে৷ ইমান কষ্ট হৈছে এই মানুহবোৰ, এই সেউজীয়া আৰু সহৃদয়তাবোৰ এৰি যাবলৈ৷ ৰাতিৰ ভাত সাজ তাই মাত্ৰ চুলে৷ অভিজ্ঞ শাহুয়েক জনীয়ে হয়তো উমান পাইছিল তাইৰ মনৰ ধুমুহা জাকৰ৷ সেয়ে ব্যতিব্যস্ত হৈ উঠা ঘৰখনৰ বাকী সদস্যখিনিক তেখেতৰ স্বভাৱসুলভ গহীনতাৰে তেখেতে কৈছিল,“গধুৰ মনেৰে খালে হজম নহ’ব৷ জোৰ কৰি নুখুৱাবা তাইক৷” তলমূৰকৈ ভাত খাই থকা দিবাকৰলৈ চালে তাই৷ তাই অনুভৱ কৰা টানবোৰ অনুভৱ কৰিছেনে তেঁৱো৷
ৰাতি বিচনাত পৰি নিশিগন্ধাই দিবাকৰলৈ চালে৷ মুখখনত যৎসামান্য চিন্তাৰ ভাব৷
“দুদিন দেৰিকে যাওঁ নহ’লে৷” অনুমতি বিচাৰি তাই তেখেতলৈ চালে৷
“আবেগিক নহ’বা নিশি৷ ইতিমধ্যে যথেষ্ট ক্ষতি হৈছে তোমাৰ৷ সিদ্ধান্ত সলনি নকৰিবা৷”
দিবাকৰৰ কথাষাৰত হতাশ হ’ল নিশিগন্ধা৷ দুচকুৰে তপত বন্যা বৈ আহিল তাইৰ৷ সামান্য কাষ চাপি আহিল দিবাকৰ৷ সোমোৱাই ল’লে তাইক তাৰ বাহু বেস্তনিত৷ 
“এনেকুৱা নকৰিবা নিশি৷ যদিওবা বয়সত তুমি মোতকৈ সৰু, প্ৰেমৰ আধুনিক পৰিভাষা নাজানো, কিন্তু মন মগজুৰে পত্নীৰ স্বীকৃতি দিছো তোমাক৷ গতিকে তুমি কান্দিলে কষ্ট পাওঁ মই৷”
কুৰুকি কুৰুকি নিশিগন্ধা সোমাই গ’ল দিবাকৰৰ বুকুৰ মাজলৈ ৷ প্ৰেম আৰু মৰ্যদাৰে এখন সাগৰ গভীৰ প্ৰেমিক হৃদয় উন্মুখ হৈ আছে তাইৰ বাবে৷ ইয়াতকৈ আৰু কি স্বপ্নীল পথ লাগে জীৱনটো আগুৱাই যাবৰ বাবে৷ আলফুলে দিবাকৰে কপালত বুলাই দিয়া তপত স্পৰ্শত নিশিগন্ধাক লাজে হেঁচি ধৰিলে৷ মূৰ দাঁঙি চালেই যেন সৰি পৰিব এসোপা জোনাক৷ বাহিৰত একেধাৰে পৰি থকা বৰষুণৰ ছন্দই সৃষ্টি কৰিছিল এটি সমপৰ্ণৰ কবিতা আৰু দুটি প্ৰেমিক চৰাই সাতুৰিনাদুৰি প্ৰৱেশ কৰিছিল এখন সপোন যেন লগা পৃথিৱীত৷  

অঙ্গন:  পৃষ্ঠাঃ 43

ভালপোৱাৰ ৰঙা ৰং

প্ৰতীক্ষা গোস্বামী 
নলবাৰী

"হেম বৰুৱাৰ 'জাৰৰ দিনৰ সপোন' পঢ়িছা নে অনুৰাধা ?সেইবোৰহে কবিতা!"
"খলিল জিব্ৰানৰ 'প্ৰফেট' পঢ়িবাচোন, কি চাবা শব্দৰ যাদু!!"
"অনুৰাধা, ক্ৰিচেনথিমাম্ কেইজোপাৰ আগবোৰ কাটিং কৰি দিবাচোন, চাবা ডিচেম্বৰ মাহত পাত নেদেখা হৈ ফুলিব।"
"কোৱা অনুৰাধা, কি খাবা ? আজি মই ৰান্ধিম তুমি যিয়েই খাওঁ বুলি কোৱা!"
    এনেদৰেই জীয়ন দি তুলিব খোজে আৰাধ্যই অনুৰাধা নামৰ নিষ্প্ৰাণ মানুহজনীক। লেৰেলি যাবলৈ ধৰা অনুৰাধাজনীৰ বুকুত প্ৰাণ সিঁচিবলৈ প্ৰতিটো মুহূৰ্তই ব্যস্ত হৈ থাকে সি। সিহঁতৰ ফ্লেটটোৰ প্ৰতিটো চুক-কোণ সজাই পেলাইছে আৰাধ্যই অনুৰাধাৰ পছন্দ মতে। তাই ভালপোৱা বিভিন্ন ধৰণৰ ইনডৰ প্ল্যাণ্টেৰে ভৰাই পেলাইছে সি বেলকনি, ড্ৰয়িং ৰুম আৰু লিভিং ৰুমকেইটা। ছুটিৰ দিনবোৰৰ প্ৰতিটো মুহূৰ্ত খৰচ কৰিছে সি তাইৰ নামত। তাইৰ হাতত ধৰি ঘূৰি ফুৰিছে প্ৰতিখন শ্বপিং মল, ৰেস্তোৰাঁ অথবা চিনেমা হলত। অফিচৰ দহোবন পেলাই থৈ লৈ গৈছে তাইক এখন ঠাইৰ পৰা আন এখনলৈ--উৰিষ্যাৰ সাগৰৰ বিস্তীৰ্ণ নীলাভ জলৰাশিৰ পৰা ৰাজস্থানৰ শুষ্ক বলুকাৰ উষ্ম আলিংগনলৈকে! পৃথিৱীৰ প্ৰতি বিন্দু সুখ আনি যেন অনুৰাধাৰ আঁচলত উবুৰিয়াই দিব সি!
    কিন্তু.. অনুৰাধা! অনুৰাধা যেন বিষণ্ণতাৰ এটি সুপ্ৰাচীন উঁহহে ! এক নামহীন বিষাদগ্ৰস্ততাত ডুবি থকা তাইৰ চকুযুৰিয়ে যেন কেৱল চকুলো টুকিবলৈকে শিকিলে!  চাব খুজিলে মাথোঁ এই পৃথিৱীখনৰ যত মানে দুখ-যন্ত্ৰণাবোৰ। আৰাধ্যই বুজে, তাইৰ বিষণ্ণতাৰ আঁৰৰ ক্ষোভ আৰু যন্ত্ৰণাৰ পাহাৰখন বহু ওখ। দুখবোৰ থাকি থাকি গঢ় লোৱা গ্লেচিয়াৰ এখন বুকুত লৈ জীৱন কটোৱাটো কিমান কষ্টকৰ সি বুজে! সেয়ে শুকাই মৰহিব খোজা বিষণ্ণ অনুৰাধাৰ আশে-পাশে জীয়া ভোমোৰা এটি হৈ গুণগুণাই ৰয় সি। এই যেন তাই জী উঠিব--এই যেন পাহ মেলি তাক মেৰিয়াই ধৰিব! 
আশাবোৰ সি বুকুতে গজায়, গুপুতে থয়।
অনুৰাধা সলনি নহয়।
যন্ত্ৰৱৎ সংসাৰ কৰাৰ নামত যিখিনি নকৰিলে নহয়, সেইখিনিয়েই তাই কৰে।
আৰাধ্যৰ সৈতে তাই কথা নকয়, কাজিয়া নকৰে, অভিমান নুজুৰে। 
কেতিয়াও ভুলতেও গুণগুণাই নুঠে চিনাকি গীতৰ কলি।
তাই পঢ়িবলৈ গোটাই থোৱা থাক-থাক কিতাপবোৰত কুমাৰণীয়ে ঘৰ বান্ধে।
কিন্তু আৰাধ্য নাভাগৰে। তাইক ভৰুণ কৰি তুলিবলৈ ৰিক্ত হৈও সি পূৰ্ণতাৰ অভিনয় কৰে। অনুৰাধা অতীষ্ঠ হৈ পৰে কেতিয়াবা। কিয়েইবা প্ৰয়োজন তাইৰ লগত এনেদৰে ব্যস্ত হৈ পৰাৰ ? কিয় মৃত প্ৰেমাস্পদক সুঁৱৰি চকুলো টোকাৰ অধিকাৰকণো কাঢ়ি লোৱা হৈছে তাইৰ পৰা ? কিয় যন্ত্ৰণাই থকা-সৰকা কৰা বুকুত অহৰহ কঢ়িয়াই ফুৰিব লগা হয় তাই আৰাধ্যৰ প্ৰতি কৃতজ্ঞতাৰ মেটমৰা ভাৰখন ? 
মাকে বুজায়, "আৰাধ্যৰ কথা ভাবিয়েই হাঁহি মাতি থাকিবিচোন।"
        আইতাকে কয়,"তোৰ কপাল অ' আই। আৰাধ্যৰ লেখীয়া গুণৰ ল'ৰা এটা যে পাইছ!"
"বা, ভিনদেউৱে কিমান কি কৰে তোৰ বাবে! তই অলপ প্ৰেক্টিক্যেল হ'বলৈ ট্ৰাই কৰচোন!" সেয়া ভনীয়েক দৃষ্টি।
আৰাধ্য, আৰাধ্য, মাথোঁ আৰাধ্য! কিয় অমৰজিতৰ কথা নকয় কোনেও ? কিয় তাৰ নাম নলয় ? ইমান সোনকালেই কেনেকৈ পাহৰি পেলালে সকলোৱে অমৰজিত কৌৰ নামৰ  ল'ৰাটোক ?আৰাধ্য ? সি কিয় পাহৰিলে ? বেষ্ট ফ্ৰেইণ্ড্ নাছিল জানো সি তাৰ ! অমৰজিতৰ প্ৰেয়সী হ'ল বুলিয়েই কেৱল তাইয়েই কিয় সেই হাড়ভঙা স্মৃতিৰ ভাৰ বৈ থাকিবলগীয়া হৈছে ?হয়...! অমৰজিত নামৰ ছটফটীয়া, পাঞ্জাবী ল'ৰাটোৰ প্ৰেমত পৰিছিল তাই। সুদীৰ্ঘ পাঁচটা বছৰ অমৰজিতৰ বুকুৰ এফাল হৈ কটাইছিল তাই। চাকৰিৰ তাগিদাত সিহঁতৰ চহৰখনত থাকিবলৈ লৈছিল অমৰজিতে। অফিচতে প্ৰথম লগ পোৱা তাই তাক। তাৰ পাছত অনুৰাধাৰ ঘৰৰ সৈতেও নিজেই চিনাকি হৈছিলহি সি।
এজাক যেন বৰদৈচিলাহে আছিল সি! দুৰন্ত গতিৰে আহি স্বপ্নৰ নীড় ভাঙি থৈ যোৱা বৰদৈচিলা। ধূসৰতাই ঢকা জীৱনলৈ ছন্দ নমাই অনা বৰদৈচিলা! ৰুক্ষ পৃথিৱীৰ বুকু সেউজীয়াৰে ওপচাই তোলা চ'তমহীয়া বৰষুণজাকৰ দৰেই অমৰজিতে ভৰুণ কৰি তুলিছিল তাইক। এপাহ ৰক্তজৱা হৈ ফুলিছিল অনুৰাধা অমৰজিতৰ বুকুত।সময়ে বোৱতী নৈৰ বাট লৈছিল। অমৰজিতৰ চাকৰি গুৱাহাটীতে পাৰ্মানেণ্ট হৈছিল। অনুৰাধাৰ পছন্দ মতেই ফ্লেট এটাও কিনি পেলাইছিল সি। অমৰজিতৰ মাক- দেউতাক গুৱাহাটীলৈ আহোঁতেই বিয়াৰ কথা চলিছিল দুয়োখন ঘৰতে। ৰঙীণ সপোন এটাই কুঁহ মেলিছিল অনুৰাধা আৰু অমৰজিতৰ প্ৰেমসিক্ত বুকুত। দিন-বাৰ ঠিক হোৱাৰ দিনা অনুৰাধাক অমৰজিতৰ মাকে হাতীদাঁতৰ  সঁফুৰা এটি উপহাৰ দিছিল--"আজ সে মুঝে বেটী ভি মিল গয়ী। অৱ কোই ছিকায়ত নেহী মুঝে ৰব সে।" মৰমতে চুমা খাইছিল মাকে তাইৰ দুগালত। আৱেগত তাইৰ দুগাল তিতিছিল। তাই অমৰজিতলৈ চাইছিল। সিও মুগ্ধতাৰে চাই ৰৈছিল তাইলৈ...!
তাৰ পাছত...
তাৰ পাছত সুখৰ নৈখনে যেন উভতি বাট লৈছিল। অমৰজিত আৰু তাই বিয়াৰ বজাৰ কৰিবলৈ যাওঁতে হঠাতেই এদিন মূৰ ঘূৰাইছিল তাৰ। লগতে প্ৰচণ্ড মূৰৰ বিষ। বহুতো পৰীক্ষা-নিৰীক্ষা চলিছিল। গুৱাহাটীৰ পৰা দিল্লীলৈ ৰেফাৰ কৰা হৈছিল তাক আৰু মাত্ৰ কেইটামান উশাহ বাকী থকা অমৰজিত ঘূৰি আহিছিল পুনৰ গুৱাহাটীলৈ...জীৱনৰ শেষৰ দিনকেইটা অনুৰাধাৰ সান্নিধ্যত কটাবলৈ। 
মৰি গৈছিল তাই..!!
ঠিক তেতিয়াৰে পৰাই....
আজিও অনুৰাধা মৰি মৰিয়েই জীয়াই আছে।
তাই হাৰি গৈছে জীৱনৰ ওচৰত.. অমৰজিতৰ ওচৰত ! তাইক সদায় পূৰ্ণতাৰে জীয়াই থাকিবলৈ শিকাই যোৱা অমৰজিতৰ কথা তাই ৰাখিব পৰা নাই। কেৱলমাত্ৰ তাৰ জেদৰ বাবেই অমৰজিতৰ বন্ধু আৰাধ্যৰ সৈতে বিয়াত বহিল তাই। কিন্তু আম্ৰঠানি-ঘৃতাগ্নিৰ পৱিত্ৰ গোন্ধ লৈ, আকাশৰ জোন-তৰাক সাক্ষী কৰি, তাৰ নামৰ সেন্দুৰ কপালত পিন্ধিও তাই আৰাধ্যক নিজৰ দেহ-মনত ধাৰণ কৰিব নোৱাৰিলে। আৰাধ্যই তাইক আৱৰি ৰাখে। আৰাধ্যই তাইতে যেন ভগৱান দেখে!
সেয়াই সহ্য নহয় তাইৰ। নোৱাৰে তাই আৰাধ্যৰ আদৰ-যতনবোৰ সামৰি ল'ব! তাৰ তাৰুণ্য-কোমল মনটোক নেওচা দি এৰি থৈও যাব নোৱাৰে তাই। সহ্যাতীত জীৱন এটাৰ চক্ৰবেহুত দিনে দিনে সোমাই পৰিছে তাই। নৈয়ে পানী সলোৱাৰ দৰে জীৱনেও ৰূপ সলায়, প্ৰতি পলে!
কেৱল ৰূপ নসলায় অনুৰাধাই । গলি পানী নহয় তাইৰ বুকুৰ গ্লেচিয়াৰখন। অৱশ্যে সলনি হয় আৰাধ্য। হয়... কেইদিনমানৰ পৰা আৰাধ্যৰ পৰিৱৰ্তন চকুত নপৰা নহয় অনুৰাধাৰ। অফিচৰ পৰা আহোঁতেও পলম হয়, ঘৰত থকা সময়খিনিও ফোন বা লেপটপ লৈয়ে ব্যস্ত থাকে। তাইৰ কাষে কাষে ৰোৱা আৰাধ্যৰ ঠাইত তাইক সম্পূৰ্ণ উপেক্ষা কৰি চলিব খোজা এক নতুন আৰাধ্য যেন এয়া! যোৱাকালি তাক ফোনত নাপাই অফিচলৈ ফোন কৰিছিল তাই। সি অফিচত নাছিল। তেন্তে ক'ত আৰাধ্য ? কি লুকুৱাইছে সি তাইৰ পৰা আৰু তাই নিজেও ইমান মূৰ ঘমাইছে কিয় তাক লৈ ? কষ্ট হৈছে কিয় আৰাধ্যই তাইক উপেক্ষা কৰাটো মানি ল'বলৈ ?
       তাইৰ আঁত হেৰোৱা জীৱনটো আৰাধ্যইয়ে সামৰি-সুতৰি ৰাখিছে ইমান দিনে। সেয়ে চাগে' সলনি হোৱা আৰাধ্যক সহজভাৱে ল'ব পৰা নাই অনুৰাধাই।মনটোক এইদৰেই প্ৰবোধ দিয়ে তাই। আৰাধ্য আৰু প্ৰতাৰণা ? ক'ৰবাত যেন মিল নাখায় শব্দ দুটা! যেন দুটি মেৰুত অৱস্থান এই দুই শব্দৰ! কিন্তু!! এই মাত্ৰ নিজ চকুৰে দেখি অহা কথাটো কেনেকৈ বিশ্বাস নকৰিব অনুৰাধাই ? অলস অকলশৰীয়া দিনটোৰ শেষত সন্ধিয়া বজাৰলৈ ওলাই গৈছিল তাই। প্ৰয়োজনীয় দুই এপদ বস্তু কিনি লৈ কফি হাউচত বহিছিলগৈ তাই। যন্ত্ৰণাকাতৰ সন্ধিয়াবোৰে খুব আমনি কৰা হৈছে আজিকালি। আৰাধ্য অবিহনে! কিয় জানো ? অমৰজিতৰ ভাৱনাত যতি-চিহ্ন টানি আৰাধ্য বহি ৰৈছেহি তাইৰ শয়নে-সপোনে। আৰাধ্যক বিচাৰি ফুৰা চকুহাল হঠাতে ৰৈ গৈছিলগৈ কফি হাউচৰ একোণৰ এখন বিশেষ টেবুলত। মুখামুখিকৈ এজনী ছোৱালীৰ সৈতে বহি আছিল আৰাধ্য। তাৰ হাত দুখন ছোৱালীজনীৰ লাহী হাতৰ মুঠিত! অনুৰাধাই এন্ধাৰ দেখিছিল। এচমকা কজলা মেঘে তাইৰ দুচকুৰ জলোচ্ছাসক যেন বাট ভেটি ধৰিছিল। কান্দোন সামৰি কোনোমতে উঠি আহিছিল তাই। আৰুনো হেৰুৱাবলৈ কি থাকে ? দুবাৰকৈ প্ৰেম হেৰুওৱাৰ পিছত! 
       কান্দি-কাটি অস্থিৰ হোৱা অনুৰাধাই সিদ্ধান্ত লৈছিল--আঁতৰি যাব তাই। মৃত্যুমুখী অমৰজিতে আঁটি আঁটি বান্ধি থৈ যোৱা সম্পৰ্কৰ এনাজৰীডালৰ পৰা 
মুক্তি দিব তাই আৰাধ্যক। হৃদয়ৰ নিভৃতত নামহীন অভিমানে ডাঠকৈ চামনি পেলাইছিল। কিয় লুকুৱাব লাগে আৰাধ্যই তাইৰ পৰা ? তায়োতো জানে... সিহঁতৰ মাজত প্ৰেম কোনোকালেই নাছিল। মাথোঁ মৃত্যুপথৰ অভিযাত্ৰী বন্ধুৰ অন্তিম আকূতিৰ বাবেই আৰাধ্যই তাইক আমন্ত্ৰণ জনাইছিল তাৰ জীৱনলৈ । সেই সম্পৰ্কত দায়িত্ববোধ আছিল... প্ৰেম নাছিল। অনুৰাধাই অন্ততঃ তেনেকৈয়ে ভাবে। বেয়া পালেহেঁতেন জানো তাই, আৰাধ্যই আন কাৰোবাক ভাল পাওঁ বুলি ক'লে ? 
       কিছু সুস্থিৰ হৈ বস্তু-বাহানিবোৰ এটা এটাকৈ সামৰিলে অনুৰাধাই। সদ্যহতে ঘৰতেই থাকিবগৈ তাই।ড'ৰবেলটো বাজি উঠিল, আৰাধ্যই হ'ব। কান্দি ৰঙা পৰা চকুৰে দুৱাৰখন খুলি দি গুচি আহিল তাই। খিৰিকীৰ ওচৰত ৰৈ উচুপি উঠিল আকৌ এবাৰ। কিয় আৰাধ্যক এৰি যাবলৈ মন যোৱা নাই তাইৰ ? কিয় মুখ খুলি ক'ব পৰা নাই তাই যাবগৈ বুলি ? 
"অনু, পেকিং কৰিছা যে ?.....ঘৰলৈ যাবা ?"
চকুপানীবোৰে আকৌ বাট পোনাইছিল বুকু ভেদি। জীৱনত প্ৰথমবাৰৰ বাবে আৰাধ্যৰ প্ৰতি আকুলতা অনুভৱ কৰিছে অনুৰাধাই। সকলো পাহৰি যেন বুকুৰ মাজত সোমাবগৈ তাৰ। আৰাধ্য আহি ওচৰতে ৰ'লহি তাইৰ। আলফুলে হাত থ'লে তাইৰ কান্ধত। উঃ...এই স্পৰ্শ! স্পৰ্শতো ইমান আৱেগ থাকে! এইমাত্ৰ যেন বুজিলে তাই। 
আৰাধ্যৰ মুখামুখিকৈ থিয় হৈ আছে অনুৰাধা তাৰ দুচকুত দুচকু থৈ। নে অমৰজিতৰ মৃত্যুৰ পাছত পোন প্ৰথমবাৰৰ বাবে বাস্তৱেৰে মুখামুখি হৈছে তাই ? একো বুজা নাই তাই। বুকুত অভ্যন্তৰত এজাক ধুমুহা বলিছে। আৰাধ্য আচৰিত হৈছে। কোনোদিনে দেখা নাই সি অনুৰাধাৰ এই ৰূপ। বাউসীত ধৰি জোঁকাৰি দিলে সি তাইক। 
"অনু, ঠিকে আছাতো তুমি ? কোৱাচোন কি হ'ল ? গা বেয়া কৰিছে নেকি ?"
উস্ এই চিন্তাবোৰ...এই কেয়াৰবোৰ! 
হেৰুওৱা নাযায়.. হেৰুওৱা নাযায়....
 ‌     আৰাধ্যক সজোৰে সাৱটি সশব্দে কান্দি উঠিল এইবাৰ অনুৰাধাই। 
"মোক এৰি নাযাবা...প্লীজ...প্লীজ....ম..মই জীয়াই নাথাকিম আৰাধ্য।" বিৰবিৰাই কৈ উঠিল তাই। 
আৱেগেৰে তাইৰ চুলিত আঙুলি বুলাই ৰৈ থাকিল আৰাধ্য। অনিচ্ছা সত্ত্বেও কিছুদিন উপেক্ষা কৰিবলৈ বাধ্য হৈছিল সি অনুৰাধাক।আইডিয়াটো ৰাখীয়েই দিছিল। বুজি উঠিছে সি..
সামান্যতম উপেক্ষাইও সাজি দিয়ে কেতিয়াবা দুখন হৃদয়ৰ সাঁকো-বাট..এয়া অনুৰাধা তাৰ হ'ল.. তাৰ বুকুৰ এফাল অমৰজিত নামৰ ছটফটীয়া ল'ৰাটোৰ প্ৰেয়সী তাৰ প্ৰেয়সী-পত্নী হ'ল। 
আৰু ৰাখী ?....
তাৰ প্ৰেয়সী ৰাখীও আন কাৰোবাৰ হ'ব। আজি নহয়তো কাইলৈ। বন্ধু অমৰজিতৰ এটা আকূতিয়েই যথেষ্ট আছিল আৰাধ্য আৰু ৰাখীৰ বাবে...সিহঁতৰ সম্পৰ্কক মৃত্যু দি অনুৰাধাক জীৱন দিয়াৰ প্ৰতিশ্ৰুতি দিবলে'। অনুৰাধাক বিয়া পতাৰ পাছত আজি‌য়েই প্ৰথম লগ কৰিছিল সি ৰাখীক। অনুৰাধাক লৈ শংকাত ভূগিছিল সি।
ৰাখীয়ে আশ্বাস দিছিল...তাই সহায় কৰিব তাক। অনুৰাধা জী উঠিব লাগিব। অমৰজিতক জীয়াই ৰাখিব লাগিব তাইৰ হাঁহিৰ মাজত, যি অমৰজিতে এসময়ত শৰীৰৰ তেজ দি আৰাধ্যৰ মাকক নতুন জীৱন দিছিল..! সৰুতেই দেউতাকক হেৰুওৱা ৰাখীৰ সমস্ত পঢ়া খৰচ বহন কৰিছিল...! 
         আৰাধ্যই দেখিছিল অনুৰাধাক। দেখিছিল ৰাখীৰ আঙুলিৰ মাজত থকা তাৰ দুহাতলৈ চাই যন্ত্ৰণাদগ্ধ হোৱা তাইৰ দুচকুৰ হাহাকাৰ..! সেয়ে দৌৰি আহিছে সি। 
তাইক সামৰি ল'বলৈ!
এতিয়াও তাৰ বুকুৰ মাজতে সোমাই আছে অনুৰাধা। নীৰৱে, নিশ্চলে।
"অনুৰাধা..."
"হমম্....!"
"সেয়া ৰাখী আছিল, মোৰ বেষ্টফ্ৰেণ্ড।"
"উমম.."
"কি হ'ল ? একো নোকোৱা ?"
"জাষ্ট্ ফ্ৰেণ্ড্ ?"
"উহু...গাৰ্লফ্ৰেণ্ড !"
অনুৰাধাই মূৰ তুলি চালে।আৰাধ্যৰ দুচকুত কৌতুক। দুহাতেৰে তাৰ ডিঙিত মেৰিয়াই দুচকু নচুৱাই সুধিলে তাই--
"এক্সট্ৰা মেৰিটেল..?"
"নহয়...আগৰে। পাৰ্মিছন আছে যদি পাৰি এতিয়াও। কি কোৱা ?" 
"চোচ্ না ভী মত্...!" আৰাধ্যক আকৌ জোৰেৰে সাৱট মাৰি ধৰি কৈ উঠিল অনুৰাধাই। 
সকলো কৈছে আৰাধ্যই তাইক। শুনি শুনি জী উঠিছে তাই। আৰাধ্যই দিয়া জীৱন এয়া। অমৰজিতে গঢ়ি থৈ যোৱা জীৱন..! ৰাখীৰ ত্যাগেৰে গঢ় লোৱা জীৱন।
কেৱল লৈয়েই আছিল তাই ইমান দিনে। এইবাৰ তাই দিব। 
আৰাধ্যক প্ৰেমেৰে আৰু ৰাখীক বন্ধুত্বৰ মৰমেৰে ওপচাই পেলাব। আৰু তাই ?
গালে-মুখে কৃষ্ণচূড়াৰ ৰঙা সানি ল'ব এমুঠি।
হয়... সুখী হ'ব অনুৰাধা।

অঙ্গন: পৃষ্ঠা 44
শেষ পৃষ্ঠাৰ লেখাঃ

খং আৰু অহংকাৰ জীৱন বাটৰ সেঙাৰ

          মানুহ ৰিপুত বন্দী। ৰিপুৰ বসৱৰ্তী হৈয়ে মানুহে নানান অপকৰ্ম কৰে। এই ৰিপু অতি শক্তিশালী, ইয়াক বস কৰাটো আমাৰ দৰে সাধাৰণ মানুহৰ বাবে সহজ নহয়। ৰিপুৱে আমাৰ হৃদয়ৰ পৰা বিবেকলৈকে নিয়ন্ত্ৰণ কৰি ৰাখিছে। গতিকে আমি ৰিপুৱে কোৱা মতে প্ৰতিটো কৰ্ম কৰি গৈ থাকো। বহু ক্ষেত্ৰত ভুল বুলি জানিও আমি বিবেকৰ কথা নুশুনি ৰিপুৰ কথাহে শুনো। আজি আলোচনা কৰিবলৈ অনা বিষয় দুটাও ৰিপুৰে অংগ। এই ৰিপুক যে কোনো মানুহেই জয় কৰিব পৰা নাই তেনে নহয়। অধিক সংযম, ধৰ্য, বুদ্ধিমত্তাৰে পৃথিৱীৰ বহু মানুহেই ৰিপুক জয় কৰিছে আৰু এটা অতি সুখী জীৱন যাপন কৰিছে। কিন্তু তাৰ বিপৰীতে আমাৰ দৰে অল্পমতি বহুতেই ৰিপুৰ বসৱৰ্তী হৈ জীৱনত জীয়াতু ভুগিছে। সেয়েহে আজি আমি আমাক সহজে বিপদত পেলোৱা দুই ৰিপু খং আৰু অহংকাৰৰ বিষয়ে অলপ আলোচনা কৰিবলৈ আগ বাঢ়িছো।
          প্ৰতিজন মানুহৰে খং আছে। পৃথিৱীত খং নুঠা মানুহ হয়তো বিচাৰিলে পোৱা নেযাব। কিন্তু এই খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰিনে ? নিশ্চয়কৈ পাৰি। কিন্তু তাৰ বাবে বিবেক আৰু হৃদয়ক সদায় সজাগ কৰি ৰাখিব লাগিব। শাস্ত্ৰত কোৱা হৈছে "খং মানেই চণ্ডাল"। অৰ্থাৎ খং উঠিলে মানুহে চণ্ডালৰ দৰে কৰ্ম কৰে। এই খঙৰ প্ৰকোপত বিবেক শূন্য ভাবে আগ-পিছ একো নভবাকৈ মানুহ এজনে এনে কিছুমান কাম কৰি পেলাই যি মানুহজনৰ গোটেই জীৱনটোৰ বাবে যন্ত্ৰণা দায়ক হৈ পৰে। কিন্তু এইখিনিতে আমি এইটো কথাও লক্ষ্য কৰি যাব লাগিব যে মানুহৰ কেতিয়া খং উঠে আৰু কিয় উঠে ? এই প্ৰশ্নৰ উত্তৰত এটাই কথা ক'ব লাগিব যে যেতিয়া মানুহ এজনৰ অতি মৰমৰ কিবা এটা বস্তু হানি হয় বা মানুহজনৰ অহং ভাৱ যদি বেছি হয়। ইয়াত মৰমৰ বস্তু এটা হানি হোৱা খঙে হয়তো বৰ বেছি বিপদ নঘটাব কাৰণ তেনে ক্ষেত্ৰত মানুহ এজনক সেই বস্তু ঘূৰাই দিলে বা তাৰ মূল্য দিলে বা সেই সম্পৰ্কত মানুহ এজনক কোনোবাই বুজনি দিলে তেওঁ বুজি পাব। কিন্তু যদি মানুহ এজন অহংকাৰী হয়। তেওঁ আশা কৰা মান-মৰ্যদা যদি নেপায় বা তেওঁৰ মইহে ভাৱত যদি আঘাত সনা হয়। তেতিয়া তেনে মানুহৰ যি খং উঠে সেই খঙক নিয়ন্ত্ৰণ কৰাটো কঠিন আৰু তেনে খঙেই হৈ পৰে জীৱন বাটৰ সেঙাৰ।
          এতিয়া কথা হ'ল খং আৰু অহংকাৰ এই দুয়োবিধ ৰিপুৱেই সহযাত্ৰীৰ দৰে আগবাঢ়ে। এটাৰ হাতত ধৰি আনটোৱে ক্ৰিয়া কৰে। গতিকে খং ত্যাগ কৰিবলৈ হ'লে আমি প্ৰথমে অহংকাৰ ত্যাগ কৰিব লাগিব। সাম্প্ৰতিক সময়ত মই ভাৱে অত্যধিক প্ৰাধান্য বিস্তাৰ কৰিছে। গতিকে সামান্য এটা কথাতে আত্মহনন, হত্যা, ধৰ্ষণ, মাৰ-পিট আদিৰ দৰে কাৰ্যই প্ৰতিনিয়ত বাতৰিৰ শিৰোনাম দখল কৰিছে। কিন্তু অতি শক্তিশালী এই ৰিপু সমূহকে প্ৰকৃত যোগগুৰু, সাধক, ঋষি সকলে জয় কৰি শান্তিৰ জীৱন যাপন কৰিছে। কেৱল তেওঁলোক নে পৃথিৱীৰ বহু মানুহে প্ৰণায়ম, মেডিটেচন, যোগ আদিৰ জৰিয়তে দেহৰ লগতে মন শক্তিশালী কৰি তুলিছে। ফলত তেওঁলোকে ৰিপু সমূহক ইচ্ছানুসৰি স্থান কাল পাত্ৰ ভেদে প্ৰয়োগ কৰিব পাৰিছে। সেয়েহে আমি প্ৰকৃত ঋষি সকলৰ দৰে, যোগগুৰু সকলৰ দৰে যোগৰ দ্বাৰা, মেডিটেচনৰ দ্বাৰা, প্ৰণায়মৰ দ্বাৰা আত্মনিয়ন্ত্ৰণৰ জৰিয়তে অহং ভাৱ ( ego) ত্যাগ কৰি খঙাল ( angry) হোৱাৰ পৰা আতৰত থাকিবলৈ চেষ্টা কৰিব লাগে।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
6000709096

অঙ্গন:  পৃষ্ঠাঃ 45



Post a Comment

0 Comments