অঙ্গনঃ চতুৰ্থ বছৰ (৬ নং সংখ্যা)




১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 আগষ্ট 2023.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 3
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 5
👉প্ৰৱন্ধ : পৃষ্ঠা-- 6-9
👉ধাৰাবাহিক: পৃষ্ঠা--10
👉অণুগল্প : পৃষ্ঠা -- 11-12
👉 এক মিনিটৰ গল্প: পৃষ্ঠা-- 13
👉অনুবাদ সাহিত্য : পৃষ্ঠা--14-16
👉কবিতা: পৃষ্ঠা--17-33
 👉ৰেচিপি: পৃষ্ঠা--34
  👉অনুভৱ: পৃষ্ঠা--35
👉গল্প: পৃষ্ঠা--36-39
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা-- 40

অঙ্গন: পৃষ্ঠাঃ 4
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

এই সংখ্যাৰ বেটুপাতত

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ 5
সম্পাদকীয়ঃ

এইখন মোৰ দেশ

১৫ আগষ্ট, ২০২৩ ৷ ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে এই দিনটোত দেশৰ ভিতৰতে আটাইতকৈ উল্লাসৰ দিন হিচাপে ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰিলে৷ স্বাধীনতা আমাৰ জন্মস্বত্ত অধিকাৰ৷ কিয়নো প্ৰকাশিত এটি তথ্য অনুসৰি ১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈ এই স্বাধীনতা আন্দোলনত অতি কমেও ৩৫ মিলিয়ন [প্ৰায় ৩৫ কোটি] ভাৰতীয় লোকে প্ৰাণ হেৰুৱাইছে৷ তেওঁলোকৰ জীৱনৰ বিনিময়ত আমি জন্মগতভাবেই স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে জন্মগ্ৰহণ কৰিছোঁ৷
       এই স্বাধীনতা আন্দোলনত অসমৰ কনকলতা বৰুৱা, কুশল কোঁৱৰ, মণিৰাম দেৱান, পিয়লি ফুকন, পিয়লি বৰুৱা, তৰুণৰাম ফুকন, ভোগেশ্বৰী ফুকনানী, কৃষ্ণনাথ শৰ্মাকে আদি কৰি বহুজনে প্ৰাণ আহুতি দিছে৷ দেশৰ ৭৭ সংখ্যক এই স্বাধীনতা দিৱসত তেখেতসকলৰ কৰ্মময় জীৱন, দেশপ্ৰেমক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ৷
     ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই আনুষ্ঠানিকভাৱে স্বাধীনতা লাভ কৰিলে৷ কোটি কোটি দেশৰ জনগনে সেই দিনটো আনন্দ উল্লাসৰ দিন হিচাপে পালন কৰিলে৷ কিন্তু প্ৰশ্ন হয়, সেই দিনটোৰ পিছৰে পৰাই আমাৰ সকলো সমস্যাৰ সমাধান ওলালনে ? আমি আশা কৰা মতে চৰকাৰখন নিজৰ মতেই পাতি দেশ শাসনৰ বাঘজৰীডাল যাৰ হাতত অৰ্পণ কৰিলোঁ তেওঁলোকে দেশখন আগবঢ়াই নিয়াত সফল হ’লনে ? আমি আজি বাক স্বাধীনতাৰ পৰা আদি কৰি মানসিকভাবে, সামাজিকভাবে স্বাধীন নে ? এনে হাজাৰ হাজাৰ প্ৰশ্নই দেশৰ জনতাক আজিও চিন্তিত কৰি তোলে৷
কেৱল অসমৰ প্ৰেক্ষাপটতে যদি চোৱা হয়, অসমতেই এতিয়াও এনে বহু দলং, বহু ঐতিহাসিকভাবে প্ৰসিদ্ধ মহল, ৰাস্তা-ঘাট আছে যিবোৰ ইংৰাজসকলে নিৰ্মাণ কৰিছিল৷ স্বাধীনতাৰ ইমান বছৰৰ পাছতো সেই সম্পদসমূহ একেদৰেই আছে৷ তেখেতসকলৰ চিন্তা চৰ্চা এনে পৰ্যায় আছিল, য’ত তেওঁলোকে উপলব্ধি কৰিব পাৰিছিল তাহানিৰ পৰা ১০০ বছৰৰ পিছত ৰাজ্যখনলৈ কেনে পৰিৱৰ্তন আহিব৷ এই কথা উপলব্ধি কৰিয়েই তেওঁলোকে ১৮৩৬ চনত বেপ্তিষ্ট মিছনেৰীসকলে অসমৰ শদিয়াত প্ৰথমটো প্ৰিণ্টিং মেছিন প্ৰতিষ্ঠা কৰিছিল৷ কিয়নো তেওঁলোকে উপলব্ধি কৰিছিল যে কেৱল জ্ঞানৰ জৰিয়তেহে ৰাজ্যখনৰ প্ৰকৃত উন্নয়ণ সম্ভৱ হ’ব আৰু এই জ্ঞানৰ আদান প্ৰদানৰ বাবে প্ৰিণ্টিং মেছিনৰ অতিকৈ আৱশ্যক৷ কিন্তু আজিৰ এই একৈশ শতিকাতো আমি জানো তেওঁলোকৰ নিচিনাকৈ চিন্তা কৰিবলৈ শিকিলোঁ, তেওঁলোকৰ দৰে অধ্যয়নশীল মন এটাৰে কাম কৰিবলৈ শিকিলোঁ ?
সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাদেৱে গোৱাৰ দৰেঃ
‘আমি অসমীয়া, নহওঁ দুখীয়া
বুলি সান্তনা লভিলে নহ’ব৷’
একেদৰে আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক বুলি সান্তনা লভিলেই জানো আমাৰ সকলো সমস্যাৰ সমাধান ওলাব ? কোনো এটা জাতিৰ, কোনো এখন দেশৰ প্ৰকৃত উন্নয়ণ কেৱল কৰ্মৰ জড়িয়তেহে সম্ভৱ৷ সেয়ে আজি জাপানৰ নিচিনা দেশৰ উন্নতিয়ে বিশ্বৰ আগশাৰীৰ দেশবোৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷
গতিকে, এই স্বাধীনতা দিৱসৰ মধুৰ ক্ষণত আমি এটাই প্ৰাৰ্থনা জনাইছোঁ যে
দেশৰ প্ৰতিজন নাগৰিক কৰ্মমুখী হওক, তেওঁলোকে প্ৰত্যেকে একো একোটা কামৰ দায়িত্ব লাভ কৰি সূচাৰুৰূপে পালন কৰক, দেশৰ পৰা নিবনুৱা সমস্যা চিৰদিনৰ বাবে নাইকীয়া হওক৷ কিয়নো, দেশৰ প্ৰতিজন নাগৰিকৰ উমৈহতীয়া প্ৰচেষ্টাতহে আমি উন্নয়ণশীল ৰাষ্ট্ৰৰ পৰা এখন উন্নত ৰাষ্ট্ৰৰ নাগৰিক হিচাপে চিনাকি দিব পাৰিম৷ এয়াই হ’ব প্ৰকৃতাৰ্থত আমাৰ দেশপ্ৰেম৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 6
প্ৰৱন্ধঃ
 ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামত নাৰী

 মীনাক্ষী ৰায় ডাকুৱা
                               
         ইংৰাজী ১৮৫৭ চনৰ মহাবিদ্ৰোহৰ প্ৰাক্কালত ভাৰতৰ ৰাজনৈতিক মানচিত্ৰৰ পৰিবৰ্তন ঘটিছিল দ্ৰুতভাৱে । বিশেষকৈ তেতিয়াৰ বৃটিছ শাসক লৰ্ড ডেলহৌচিৰ স্বত্ব বিলোপ নীতিৰ সাৰ্থক ৰূপায়ণৰ ফলত । প্ৰত্যক্ষ সাবালক বা বৃটিছৰ মনঃপূত উত্তৰাধিকাৰী নথকাত ভাৰতৰ আঠখন দেশীয় ৰাজ্য ইং ১৮৪৮—৫৬ চনৰ মাজত ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত যুক্ত হয় । ফলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যৰ আয়তন বৃদ্ধি পায় । এইবোৰ দেশীয় ৰাজ্যৰ শাসকসকলৰ বাহিৰেও সমগ্ৰ দেশৰ জনসাধাৰণ, কৃষক, শ্ৰমিক, কাৰিকৰ আৰু বিশেষকৈ চিপাহীসকলৰ মাজত নানা কাৰণত বৃটিছ শাসনৰ প্ৰতি স্বাভাৱিক বিদ্বেষৰ লগতে জমা হয় গভীৰ অসন্তোষ । কোম্পানী প্ৰৱৰ্তিত আইন-কানুন, সতীদাহ প্ৰথা, বাল্যবিবাহ প্ৰথা, পৰ্দাপ্ৰথাৰ উচ্ছেদ, হিন্দু বিধৱা বিবাহ আইন, ধৰ্মান্তৰিতসকলৰ পৈত্ৰিক সম্পত্তিত উত্তৰাধিকাৰ, ৰেলপথ আৰু টৈলিগ্ৰাফ স্থাপন, খ্ৰীষ্টান ধৰ্মপ্ৰচাৰকসকলৰ খ্ৰীষ্টধৰ্ম প্ৰচাৰ আৰু ধৰ্মান্তৰিতকৰণ অৰ্থাৎ ভাৰতীয়সকলৰ সমাজ আৰু ধৰ্মজীৱনত বিজাতীয় অনুপ্ৰৱেশ ধৰ্মনাশৰ আশঙ্কাক অধিক বৃদ্ধি কৰে । অৱশেষত গৰু আৰু গাহৰিৰ চৰ্বি মিহলি কাৰ্তুজৰ ব্যৱহাৰ আৰু এনফিল্ড ৰাইফেলৰ প্ৰৱৰ্তনৰ ফলত চিপাহীসকলৰ অসন্তোষৰ বহিঃপ্ৰকাশ ঘটে বঙ্গদেশৰ বেৰাকপুৰ আৰু বহৰমপুৰত আৰু পঞ্জাৱৰ আম্বালাত ।
         সাময়িকভাৱে এই বিদ্ৰোহ দমিত হ'লেও ১৮৫৭ চনৰ মে' মাহত শতদ্ৰুৰ পৰা নৰ্মদালৈকে—এই অঞ্চলত বিদ্ৰোহৰ জুই জ্বলি উঠে ।জনগণৰ এই বিপুল অভ্যুত্থান উত্তৰপ্ৰদেশ, বিহাৰ, হাৰিয়ানা, দিল্লী, ৰাজস্থান আৰু মধ্যপ্ৰদেশত দেখা দিছিল । ইয়াৰ উপৰিও পঞ্জাৱ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু পূৰ্বাঞ্চলৰ কিছু অংশতো এই অভ্যুত্থান ঘটিছিল । এই মহাঅভ্যুত্থানত বহু হিন্দু আৰু মুছলমান নাৰী যোগ দিছিল এককভাৱে বা যৌথ প্ৰচেষ্টাত । এওঁলোকৰ ভিতৰত আছিল অভিজাত শ্ৰেণীৰ পৰা আৰম্ভ কৰি কৃষিজীৱী শ্ৰেণী পৰ্যন্ত সৰ্বস্তৰৰ নাৰী । এই বীৰ ৰমণীসকলৰ ভিতৰত ইতিহাসখ্যাত হৈ আছে অযোধ্যাৰ বেগম হজৰতমহল, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ, ৰামগড়ৰ ৰাণী অৱন্তীবাঈ, ৰাণী টেসিবাঈ, জৈৎপুৰৰ ৰাণী, মহাৰাণী তপস্বিনী, আচগৰী বেগম আৰু বহু সাধাৰণ পৰিবাৰৰ হিন্দু আৰু মুছলমান নাৰী ।
         ১৮৫৭ চনৰ মহাঅভ্যুত্থানৰ প্ৰধান কেন্দ্ৰবিন্দু আছিল লক্ষ্নৌ তথা অযোধ্যা । অযোধ্যাত বৃটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ পতাকা উত্তোলন কৰে বেগম হজৰতমহল । নৃত্যকলাত পাৰদৰ্শিনী এই বেগম আছিল অযোধ্যাৰ সিংহাসনচ্যুত নবাব ওৱাজিদ আলী শাহৰ পত্নী । ১৮৫৬ চনত অযোধ্যা বৃটিছ সাম্ৰাজ্যভুক্ত হ'লে এই ৰাজ্যৰ প্ৰায় ৬০,০০০ অধিবাসী কৰ্মচ্যুত হয় । ক্ষমতাচ্যুত নবাব ওৱাজিদ আলী শাহক বৃটিছ কৰ্তৃপক্ষই কলকাতাত নজৰবন্দী কৰি ৰাখে । নবাবৰ আশ্ৰিত সেনা, আমীৰ-ওমৰাহ আৰু অন্যান্য কৰ্মচাৰীবোৰ কৰ্মহীন হৈ পৰে । এই পৰিস্থিতিত বেগম হজৰতমহল নাবালক নবাব বীৰজিস কাদেৰৰ অভিভাৱিকা হিচাবে প্ৰকৃত ক্ষমতাৰ অধিকাৰিণী হৈ বিদ্ৰোহী বাহিনীক সংগঠিত কৰে । অনমনীয় দৃঢ়তা, অদম্য সংকল্প আৰু ক্ষুৰধাৰ কুটনৈতিক বুদ্ধিৰ জোৰত ১৮৫৭ চনত বৃটিচ কৰ্তৃপক্ষক উপেক্ষা কৰি নাবালক পুত্ৰক অযোধ্যাৰ নবাব বুলি ঘোষণা কৰে । বৃটিছৰ বিৰুদ্ধে পবিত্ৰ যুদ্ধত যোগদানৰ আবেদন জনাই হিন্দু মুছলমান প্ৰজাবৰ্গৰ উদ্দেশ্যে তেওঁ এক ঘোষণা জাৰী কৰে ।
         ১৮৫৭ চনৰ ১০ মে' মিৰাটত বিদ্ৰোহৰ সংবাদত ৩০ মে'অযোধ্যাত বিদ্ৰোহ আৰম্ভ হয় । লক্ষ্নৌ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উন্নত অস্ত্ৰসজ্জাত সজ্জিত বৃটিছ বাহিনীৰ বিৰুদ্ধে বেগমে নিজেই অংশগ্ৰহণ কৰে । মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰত দেশীয় ৰাজন্যবৰ্গৰ আৰু সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ প্ৰতি তেওঁলোকৰ অধিকাৰ আৰু সন্মানৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া হ'লে বেগমে বিপৰীত ঘোষণা জ্ঞাপন কৰে । 
লক্ষ্নৌত বিদ্ৰোহ আৰম্ভ হ'লে বেগমৰ নিৰ্দেশত বিদ্ৰোহীসকলে লক্ষ্নৌ ৰেচিডেন্সী অৱৰোধ কৰে । যুদ্ধত চাৰ হেনৰী লৰেন্স নিহত হয় । ইতিমধ্যে দিল্লীত বিদ্ৰোহীসকলৰ পৰাজয়, কানপুৰত ইংৰাজৰ জয়লাভ, বৃটিছ সেনাপতি আউটৰাম আৰু হেভলকৰ আগমনৰ সংবাদত বেগমৰ মনোবল সামান্য‌ও ক্ষুণ্ণ হোৱা নাছিল । তেওঁ নিজৰ সৈন্যবাহিনীক বেনাৰস, এলাহাবাদ, উত্তৰপ্ৰদেশৰ আজমগড় আৰু জৌনপুৰ দখল কৰাৰ নিৰ্দেশ দিয়ে । ২৫ চেপ্টেম্বৰত বৃটিছ সেনাপতি আউটৰাম আৰু হেভলক ৰেচিডেন্সীৰ প্ৰাথমিক উদ্ধাৰ সাধন কৰে, কিন্তু দুমাহৰ ভিতৰত ইংৰাজে লক্ষ্নৌ পৰিত্যাগ কৰে।
         ১৮৫৮ চনৰ ২৮ ফেব্ৰুৱাৰীত লক্ষ্নৌত আকৌ যুদ্ধ আৰম্ভ হয় । বেগম স্বয়ং যুদ্ধক্ষেত্ৰত সৈন্য পৰিচালনা কৰে । যুদ্ধত বৃটিছ অফিচাৰ নীল নিহত হয় । অৱশেষত পাঁচমাহ ধৰি যুদ্ধ চলাৰ পিছত বৃটিছ সেনাপতি ছাৰ কলিন কেম্পবেল নেপালৰ প্ৰধানমন্ত্ৰী জংবাহাদুৰৰ সাহায্যত লক্ষ্নৌ পুনৰ্দখল কৰে । লক্ষ্নৌৰ পতন হ'লে বেগমে লক্ষ্নৌ পৰিত্যাগ কৰি ফৈজাবাদৰ শেৰিফ মৌলৱী আহমদুল্লাৰ লগত যোগ দিয়ে আৰু শাহজাহানপুৰত প্ৰচণ্ড যুদ্ধত অংশ লয় । বৃটিছ বাহিনীয়ে সমস্ত দিশ ঘেৰি ধৰিলে তেওঁ প্ৰচণ্ডভাৱে যুদ্ধ কৰি ইংৰাজ বাহিনীৰ ব্যুহভেদ কৰি পলাই যাবলৈ সক্ষম হয় । বেগমে অৱশিষ্ট সেনাদল লৈ প্ৰথমে নান্‌পাৰাত আৰু পিছত নেপালৰ তৰাই অঞ্চলত আশ্ৰয় গ্ৰহণ কৰে । তাত নানাচাহেবৰ অৱশিষ্ট সৈন্যদলৰ লগত মিলিত হৈ বৃটিছৰ বিৰুদ্ধে যুদ্ধৰ পৰিকল্পনা কৰিলেও সেয়া নানা কাৰণত কাৰ্যকৰ হৈ নুঠে । নেপালৰ নিৰ্জন পাৰ্বত্য প্ৰদেশত অশেষ দুৰ্ভোগৰ মাজেৰে ১৮৭৯ চনত তেওঁৰ জীৱনৰ পৰিসমাপ্তি ঘটে । মহাঅভ্যুত্থানৰ অন্যতম বীৰাঙ্গনা শ্বহীদৰূপে বেগম হজৰতমহল আজিও ইতিহাসৰ পাতত অমৰ হৈ আছে ।
         ভাৰতৰ ইতিহাসত ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত নাৰীৰ মাজত সকলোৰে উৰ্দ্ধত যিয়ে মস্তক আৰু গ্ৰীবা উন্নত কৰি থিয় হৈছিল, তেওঁ হ'ল ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ । ভাৰতৰ প্ৰথম মুক্তি সংগ্ৰামত ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ আত্মোৎসৰ্গ ইতিহাসপ্ৰসিদ্ধ । ঝান্সী আছিল বুন্দেলখণ্ডৰ এখন মাৰাঠা ৰাজ্য । শাসনকৰ্তা আছিল গঙ্গাধৰ ৰাও—তেওঁৰেই পত্নী আছিল ৰাণী লক্ষ্মীবাঈ । বিবাহৰ আগৰ নাম আছিল মণিকৰ্ণিকা তাম্বে । অপুত্ৰক গঙ্গাধৰ ৰাও মৃত্যুৰ পূৰ্বে (১৮৩৫ চনত) দামোদৰ গঙ্গাধৰ ৰাওক দত্তকপুত্ৰ গ্ৰহণ কৰে । কিন্তু ইংৰাজ শাসক লৰ্ড ডেলহাউচিয়ে স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰি ঝান্সী ৰাজ্য অধিগ্ৰহণ কৰিবলৈ উদ্যোগ লোৱাত ৰাণী লক্ষ্মীবাঈ ঝান্সীৰ অধিকাৰ এৰিবলৈ অস্বীকাৰ কৰে আৰু অমৰ হৈ থকা সেই ঐতিহাসিক উক্তি—"মেৰী ঝান্সী দুংগী নহী"ত কঁপি উঠিছিল বৃটিছ শাসকৰ সিংহাসন । আজীৱন জাতিধৰ্মৰ ভেদাভেদত অবিশ্বাসী এই প্ৰৱল প্ৰভাৱশালী নাৰীৰ শৰীৰচৰ্চা আৰু নিয়মানুৱৰ্তিতা আছিল বাচি থকাৰ মন্ত্ৰ । পাঠানী পোচাক পৰিহিতা এক নাৰী মূৰত বন্ধা পাগুৰি আৰু হাতত তৰোৱাল, দৰবাৰ চম্ভালিছিল নানা বয়সৰ বীৰ পুৰুষসকলক দূৰত ৰাখি । জাতি-ধৰ্ম নিৰ্বিশেষে ৰাণীয়ে গঢ়ি তুলিছিল এক নাৰীবাহিনী । তাৰোপৰি তেওঁ শৈশৱৰ বন্ধু নানাচাহেব আৰু তান্তীয়া টোপীৰ সৈতে শিকিছিল তৰোৱাল চালনা, পিস্তল চালনা, অশ্বাৰোহণ আৰু অন্যান্য কলা-কৌশল ।
         নেতৃত্বৰ সাৱলীল ক্ষমতা, দুঃসাহস, দুৰ্জয় শৌৰ্য, বীৰ্য—যি কেৱলমাত্ৰ এজন পুৰুষৰ বাবেই নিৰ্দ্ধাৰিত এই ভাৱনাক পিছপিনে পেলাই বিদেশী নাগপাশৰ বিৰুদ্ধে প্ৰথম সচেতন বিদ্ৰোহ এক নাৰীৰ হাতত ধৰিয়েই ঘটিছিল । প্ৰতিবাদৰ দৃঢ়তাত, ব্যক্তিত্বৰ উজ্জ্বল মহিমাত, ত্যাগৰ আদৰ্শত সমগ্ৰ পৃথিৱীৰ সমস্ত মানুহৰ মনত ৰাণী লক্ষ্মীবাঈৰ নাম স্বৰ্ণাক্ষৰেৰে লিখা থাকিব ।
         ১৮৫৭ চনৰ মে' মাহত মিৰাটত বিদ্ৰোহ দেখা দিলে জুন মাহত ঝান্সীতো বিদ্ৰোহ আৰম্ভ হয় । সেই সময়ত ৰাণী লক্ষ্মীবাঈ ঝান্সীক ইংৰাজ অধিকাৰমুক্ত কৰি স্বাধীনভাৱে শাসনকাৰ্য পৰিচালনা কৰে । ইংৰাজ আক্ৰমণৰ পৰা দেশক ৰক্ষা কৰাৰ অভিপ্ৰায়েৰে ১৪/১৫ হাজাৰ চিপাহীৰে গঠিত এক সেনাদলক সামৰিক অস্ত্ৰ-শস্ত্ৰেৰে সজ্জিত কৰে । বিদ্ৰোহী বানপুৰ আৰু শাহগড়ৰ ৰজাৰ লগত যোগাযোগ স্থাপন কৰি ইংৰাজৰ বিৰুদ্ধে সশস্ত্ৰ অভ্যুত্থানৰ পৰিকল্পনা কৰে । ১৮৫৮ চনত ৰাণীৰ অনুৰোধত মাৰাঠা বীৰ তান্তীয়া টোপী ২২ হাজাৰ সৈন্য লৈ ঝান্সীৰ ওচৰত অৱস্থিত ইংৰাজ শিবিৰ আক্ৰমণ কৰে । উভয় পক্ষৰ তুমুল যুদ্ধ হয় । ইংৰাজ সেনাপতি চাৰ হিউৰোজ ৰাণী লক্ষ্মীবাঈ আৰু তান্তীয়া টোপীক বেতোৱা নদীৰ তীৰত পৰাজিত কৰি ঝান্সী দখল কৰে (এপ্ৰিল ১৮৫৮) । ইয়াৰ পিছত বিদ্ৰোহী নেতাসকলে কাল্‌পি(Kalpi)ত মিলিত হৈ পুনৰায় যুদ্ধৰ পৰিকল্পনা কৰে । কুঞ্চ(Kunch)ৰ যুদ্ধত পৰাজিত হৈ তেওঁলোক আকৌ কাল্‌পিলৈ ঘূৰি আহে । ১৮৫৮ চনৰ ২৩ মে'পৰ্যন্ত কেবাবাৰো সংঘৰ্ষৰ পিছত বিদ্ৰোহসকলে সিন্ধিয়াৰ ৰাজধানী গোৱালিয়ৰ দখল কৰে আৰু নানাচাহেবক পেশোৱা বুলি ঘোষণা কৰে । মাৰাঠা বিদ্ৰোহৰ বিপদ উপলব্ধি কৰি ইংৰাজ সেনাপতি চাৰ হিউৰোজ ধান্সীৰ ৰাণী আৰু তান্তীয়া টোপীৰ সন্মিলিত বাহিনীক প্ৰথমে মোৰাৰ আৰু পিছত কোটা-কি-সৰাইৰ যুদ্ধত পৰাজিত কৰি গোৱালিয়ৰ দুৰ্গ পুনৰুদ্ধাৰ কৰে । সৈনিক বেশেৰে ৰাণী আৰু তেওঁৰ সহকাৰিণী মুন্দাৰ আৰু মোতিবাঈ নিহত হয় (১৭ জুন, ১৮৫৮) । আত্মমৰ্যাদা বজাই ৰাখিবলৈ আৰু পৰাধীনতাৰ শিকলিৰ পৰা দেশক মুক্ত কৰাৰ বাবে ৰাণী লক্ষ্মীবাঈৰ এই আত্মবলিদান পৰৱৰ্তীকালৰ স্বাধীনতা সংগ্ৰামীসকলৰ মাজত এক সুগভীৰ প্ৰেৰণাৰ সৃষ্টি কৰিছিল ।
         মধ্য ভাৰতত বৃটিছ সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে আপোচহীন সংগ্ৰামত ৰামগড়ৰ ৰাণী অৱন্তীবাঈ লোধীৰ ভূমিকা আছিল খুবেই তাৎপৰ্যমণ্ডিত । ৰামগড় মধ্যপ্ৰদেশৰ মান্দালাত এখন ৰাজ্য । ১৮৫০ চনত ৰামগড়ৰ ৰজা লক্ষ্মণ সিঙৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ বিক্ৰমজিৎ সিং সিংহাসনৰ উত্তৰাধিকাৰী হয় । কিন্তু বিক্ৰমজিৎ সিং আছিল বিকৃতমস্তিস্ক । এই সুযোগত বৃটিছ শাসকপক্ষ ৰাজ্যখন দখল কৰি এজন তহচিলদাৰ নিযুক্ত কৰে আৰু ৰামগড়ৰ ৰাজপৰিয়ালৰ বাবে বছৰেকীয়া ভাতাৰ বন্দোবস্ত কৰে । ৰামগড়ৰ ৰাণী অৱন্তীবাঈ এই ব্যৱস্থাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনায় যদিও ইয়াৰ কোনো ফল নধৰিলে । ১৮৫৭ চনৰ জুলাই মাহত যেতিয়া সমগ্ৰ মধ্যপ্ৰদেশ জুৰি বিদ্ৰোহে দেখা দিয়ে, তেতিয়া মান্দালা আছিল সেই বিদ্ৰোহৰ কেন্দ্ৰবিন্দু । ৰাণী অৱন্তীবাঈয়ে তহচিলদাৰক অপসাৰিত কৰি নিজেই মান্দালা ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰে । ৰাজ্যৰ সৈন্যসংখ্যা বৃদ্ধি কৰি ৰাজ্যখনক চাৰিওফালৰ পৰা সুৰক্ষিত কৰে আৰু প্ৰতিবেশী ৰজাসকলৰ ওচৰত সাহায্যৰ বাবে আবেদন জনায় । সেনাবাহিনী পৰিচালনাৰ দায়িত্ব দিয়া হয় বীৰযোদ্ধা উমৰাঁ সিং লোধীক । ১৮৫৮ চনত বিদ্ৰোহ চলাকালীন সময়ত ৰাণীৰ সেনাবাহিনীয়ে সোহাগপুৰ দখল কৰে । শাহপুৰাত বৃটিছ সেনাপতি কেপ্টেইন ওৱাশিংটনৰ নেতৃত্বাধীন সেনাবাহিনীৰ লগত বিদ্ৰোহীসকলৰ প্ৰচণ্ড সংঘৰ্ষ হয় । এই যুদ্ধত বিদ্ৰোহীসকলে বৃটিছক পৰাজিত কৰি মান্দালাৰ পাৰ্শ্বৱৰ্তী অঞ্চলবিলাক দখল কৰি লয় । যুদ্ধত বহুতো ইংৰাজ সেনা নিহত হয় । কিন্তু শত্ৰুবাহিনীৰ অতৰ্কিত আক্ৰমণত পৰাভূত হৈ ৰাণী আৰু তেওঁৰ সেনাদল মান্দালাৰ পাৰ্বত্য অঞ্চলত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হয় । সোহাগপুৰ আৰু শাহপুৰা বিদ্ৰোহসকলৰ হস্তচ্যুত হয় । ১৮৫৮ চনৰ এপ্ৰিল মাহত ৰাণী দিওৱাৰগড়ৰ যুদ্ধত অতি সাহসেৰে বৃটিছ সেনাবাহিনী আৰু তেওঁলোকৰ অনুগত ৰেওৱাৰাজৰ সেনাদলৰ সৈতে প্ৰচণ্ড যুদ্ধত লিপ্ত হয় । পৰাজয় নিশ্চিত জানি ৰাণীয়ে নিজৰ তৰোৱাল বুকুত বিদ্ধ কৰি যুদ্ধক্ষেত্ৰত প্ৰাণ বিসৰ্জন দিয়ে । বিদেশী অপশাসনৰ বিৰুদ্ধে ৰাণী অৱন্তীবাঈৰ বীৰত্বপূৰ্ণ সংগ্ৰামৰ গৌৰৱময় ঐতিহ্য মধ্যভাৰতৰ গল্প-গাথাত আজিও অমৰ হৈ আছে ।
         ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ আৰু ৰামগড়ৰ ৰাণী অৱন্তীবাঈৰ দৃষ্টান্ত অনুসৰণ কৰি ঝান্সী ৰাজ্যৰ উত্তৰত অৱস্থিত জালাউন ৰাজ্যৰ উত্তৰাধিকাৰিণী আৰু গোপাল ৰাওৰ কন্যা ৰাণী টেসিবাঈ ১৮৫৭ চনৰ মহাবিদ্ৰোহত যোগদান কৰে । ডেলহৌচি প্ৰৱৰ্তিত স্বত্ব বিলোপ নীতিৰ বলি হৈছিল এই ৰাজ্য । বৃটিছ শাসন কৰ্তৃপক্ষ টেসিবাঈৰ উত্তৰাধিকাৰ সংক্ৰান্ত দাবী প্ৰত্যাখান কৰে আৰু তাৰ পৰিবৰ্তে তেওঁক বছৰি বাৰহেজাৰ টকা পেনচন দিয়া হয় । মহাবিদ্ৰোহৰ সমঢ়ত বিদ্ৰোহী মাৰাঠা নেতা তান্তীয়া টোপী ১৮৫৭ চনৰ অক্টোবৰ মাহত জালাউন ৰাজ্যত আহি উপস্থিত হয় । ৰাণী টেসিবাঈ তান্তীয়া টোপীৰ সাহায্যত পুত্ৰ গোবিন্দ ৰাওক জালাউনৰ সিংহাসনত স্থাপন কৰে আৰু নানাচাহেবক তিনিলাখ টকা দিবলৈ প্ৰতিশ্ৰুত হয় । কিন্তু ১৮৫৮ চনৰ ১২ এপ্ৰিলত ঝান্সী ৰাজ্যৰ পতনৰ সংবাদত ৰাণী টেসিবাঈ জালাউন ৰাজ্য পৰিত্যাগ কৰি ইনগামপুৰত আশ্ৰয় গ্ৰহণ কৰে । বৃটিছ চৰকাৰে বিদ্ৰোহত যোগদানৰ অপৰাধত পুত্ৰ গোবিন্দ ৰাওৰ সৈতে ৰাণী টেসিবাঈক সুদূৰ মুঙ্গেৰত নিৰ্বাসন দিয়ে আৰু ৰাণীৰ ভাতা বন্ধ কৰি দিয়ে । বৃটিছ শাসকৰ নিৰ্দেশত ৰাণী টেসিবাঈয়ে বাৰ বছৰকাল কাৰাদণ্ড ভোগ কৰিবলগীয়া হয় ।
         একেই পৰিস্থিতিত জৈৎপুৰৰ প্ৰাক্তন ৰাণীও ১৮৫৭ চনৰ মহাবিদ্ৰোহত অত্যাচাৰী বৃটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে । ইংৰাজ দণ্ডাধীশৰ নিৰ্দেশ উপেক্ষা কৰি তেওঁ সামৰিক অস্ত্ৰ-শস্ত্ৰেৰে সজ্জিত এক বিৰাট বাহিনী লৈ জৈৎপুৰত আহি ঘাঁটি স্থাপন কৰে আৰু নিজৰ ৰাজ্যক বিদেশী শাসনমুক্ত কৰিবলৈ চেষ্টা চলায় । কিন্তু এই চেষ্টা দমন কৰা হয় ।
         ১৮৫৭ চনৰ মহাবিদ্ৰোহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে কানপুৰত বিঠুৰৰ অধিবাসিনী আৰু বিদ্ৰোহী মাৰাঠা নেতা নানাচাহেবৰ পালিতা কন্যা ময়নাৱতী । বিঠুৰত বৈপ্লৱিক কাম-কাজ পৰিচালনা কৰাৰ অপৰাধত বৃটিছে ময়নাৱতীক জীৱন্তে দগ্ধ কৰে ।
         ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অন্যান্য যিসকল সংগ্ৰামী অভিজাত মহিলাৰ নাম পোৱা যায় তাৰ মাজত উল্লেখযোগ্য হ'ল উত্তৰ ভাৰতত বুঁদৰিৰ ঠাকুৰাণী, ৰাণী দিগম্বৰী কোঁৱাৰ আৰু টীকাৰি(গয়া)ৰ ৰাণী । বুঁদৰিৰ ঠাকুৰাণী বিদ্ৰোহীসকলক অৰ্থ দি সাহায্য কৰে আৰু বৃটিছ শাসকৰ বিৰুদ্ধে অস্ত্ৰধাৰণত বিদ্ৰোহীসকলক উৎসাহিত কৰে । ৰাণী দিগম্বৰী অত্যাচাৰী ইংৰাজসকলক ভাৰতৰ পৰা বিতাড়নৰ উদ্দেশ্যে গোৰখপুৰৰ বিদ্ৰোহীসকলৰ লগত যুক্ত হৈ অস্ত্ৰধাৰণ কৰে । টীকাৰিৰ ৰাণী আছিল চিপাহী বিদ্ৰোহৰ নিৰ্ভীক সৈনিক । টীকাৰি আছিল বিদ্ৰোহীসকলৰ প্ৰধান ঘাঁটি । টীকাৰি দুৰ্গক এক দুৰ্ভেদ্য দুৰ্গত পৰিণত কৰি বিদেশী শত্ৰুৰ বিৰুদ্ধে সংগ্ৰাম চলাইছিল টীকাৰিৰ ৰাণী ।
         উত্তৰ ভাৰতত স্বাধীনতাৰ বাবে বৃটিছবিৰোধী সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰে থানাভৱনৰ অন্যতম বিদ্ৰোহী নায়ক কাজী আবদুৰ ৰহিম খানৰ জননী আচগৰী বেগম । তেওঁৰ পুত্ৰ বিদ্ৰোহত যোগদান কৰি মৃত্যুবৰণ কৰিলে মাতা আচগৰী বেগমো সংগ্ৰামত যোগদান কৰি বৃটিছৰ দ্বাৰা জীৱন্তে দগ্ধ হৈ শ্বহীদ হয় ।
         দক্ষিণ ভাৰতত বিদ্ৰোহিনী নেত্ৰী আছিল মহাৰাণী তপস্বিনী । তেওঁ আছিল আৰ্কট ৰাজ্যৰ বেলুড়ৰ সামন্তৰাজ নাৰায়ণ ৰাওৰ কন্যা আৰু ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ ভ্ৰাতুষ্পুত্ৰী । চিপাহী অভ্যুত্থানত যোগ দিয়াৰ অপৰাধত বৃটিছ শাসকে তেওঁক ত্ৰিচিনোপল্লীত বন্দী কৰি ৰাখে । মুক্তিলাভৰ পিছত সংস্কৃত ভাষাত শিক্ষা লাভ কৰি বঙ্গদেশলৈ আহি শিক্ষা প্ৰসাৰৰ বাবে মহাকালী সংস্কৃত পাঠশালা স্থাপন কৰে । তেওঁৰ জীৱনৰ অন্যতম ব্ৰত হয় নাৰীশিক্ষা বিস্তাৰ ।
         চিপাহী বিদ্ৰোহৰ সময়ত ৰাণীমাতা ঝিন্দন পঞ্জাৱক বৃটিছশক্তিৰ কবলৰ পৰা পুনৰুদ্ধাৰৰ বাবে দৃঢ়সংকল্প হয় । ১৮৪৯ চনত দ্বিতীয় ইঙ্গ-শিখ যুদ্ধৰ পিছত তেওঁ পঞ্জাৱৰ পৰা নিৰ্বাসিত হয় আৰু নেপালত বসবাস কৰিবলৈ লয় । মহাবিদ্ৰোহৰ সময়ত তেওঁ নেপালৰ পৰা জম্মু আৰু কাশ্মীৰৰ মহাৰাজৰ লগত একগোট হৈ ইংৰাজসকলৰ বিৰুদ্ধে সংগ্ৰামৰ সংকল্প কৰে । নেপালত বিদ্ৰোহী নেতা নানাচাহেব, বেগম হজৰতমহল আৰু ভাৰতীয় চিপাহীসকলৰ উপস্থিতিৰ কথা জনাই ভাৰতত বিদ্ৰোহীসকলক উৎসাহদান কৰে আৰু তেওঁলোকৰ লগত নিয়মিত যোগাযোগ ৰক্ষা কৰে । কিন্তু ইতিমধ্যে সম্পূৰ্ণ ঘটনাৱলী লাহোৰৰ বৃটিছ কমিছনাৰ মিঃ টেম্পলৰ কৰ্ণগোচৰ হোৱাত বৃটিছ কৰ্তৃপক্ষই ভাৰতৰ বিদ্ৰোহীসকলৰ লগত যাতে তেওঁৰ যোগাযোগ ঘটিব নোৱাৰে তাৰবাবে কঠোৰ ব্যৱস্থা অৱলম্বন কৰে । ফলত ঝিন্দনৰ প্ৰচেষ্টা ব্যৰ্থ হয় । অৱশেষত তেওঁ পুত্ৰ দলীপ সিংহৰ সৈতে ইংলেণ্ডলৈ যায় আৰু তাতেই ১৮৬৩ চনত তেওঁৰ মৃত্যু হয় ।
         ১৮৫৭ চনত উত্তৰ আৰু মধ্য ভাৰতত জাতিধৰ্ম নিৰ্বিশেষে বহু সাধাৰণ ৰমণীও মহাবিদ্ৰোহত যোগদান কৰিছিল । নানা কাৰণৰ সমন্বয়ত বিভিন্ন অঞ্চলত বিক্ষোভৰ স্বতঃস্ফূৰ্ত প্ৰকাশ ঘটিলেও পিছত এই বিদ্ৰোহ সাধাৰণ নৰনাৰীৰ ব্যাপক অসন্তোষৰ কাৰণে পুষ্টিলাভ কৰে । এই বিদ্ৰোহত উত্তৰপ্ৰদেশৰ মুজঃফৰনগৰৰ মুছলমান ৰাজপুত ৰমণী ৰহিমা, গুজৰ পৰিবাৰৰ কন্যা আশা দেৱী, মুছলমান জাঠ পৰিবাৰৰ কন্যা উম্‌দা, জাঠ পৰিবাৰভুক্ত ইন্দৰ কৌৰ, ব্ৰাহ্মণ পৰিবাৰৰ কন্যা শোভা দেৱী, কৃষিজীৱী মম‌্‌ কৌৰ, পাঠান পৰিবাৰভুক্ত ্জামিলা, ৰাজপুত ৰমণী ৰাজ কৌৰ, মুছলমান নাৰী হাবিবা ইংৰাজৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈ শ্বহীদ হয় । উত্তৰপ্ৰদেশৰ মুজঃফৰপুৰ জিলাত আশা দেৱীয়ে এক নাৰীবাহিনী গঠন কৰি ১৮৫৭ চনৰ মহাবিদ্ৰোহত যোগদান কৰে । বৃটিছ সেনাবাহিনীৰ খাদ্যত বিষ মিহলোৱাৰ অভিযোগত ধৃত হ'লে তেওঁক বাটৰ কাষত গছৰ ডালত ওলোমাই ফাঁচী দিয়া হয় । উত্তৰপ্ৰদেশৰ মুছলমান বীৰাঙ্গনা হাবিবাই ইংৰাজৰ বিৰুদ্ধে প্ৰায় আড়াইশ  তৰুণী মহিলা অনুগামিনীৰ সৈতে সংগ্ৰামত অৱতীৰ্ণ হৈ মৃত্যুবৰণ কৰে । মুঠতে ১৮৫৭ চনৰ মহাঅভ্যুত্থানত বহুতো হিন্দু আৰু মুছলমান নাৰীয়ে যোগদান কৰি নিজৰ মাতৃভূমিৰ মুক্তিৰ হকে শ্বহীদ হৈছিল ।

ঠিকনাঃ
ফোননং—৮৭৬১৮৬৫৮৮৫

অঙ্গন: পৃষ্ঠাঃ 7
 
অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী

আকাংক্ষা বৰা, দেৰগাঁও

চন্দ্ৰপ্ৰভা শইকীয়ানী হৈছে সদৌ অসম প্ৰাদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠাপক, অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক, স্বাধীনতা সংগ্ৰামী, প্ৰথিতযশা সাহিত্যিক তথা সমাজ সংস্কাৰক৷ নাৰীমুক্তি আৰু সমাজ সংস্কাৰৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা শইকীয়ানী অসমীয়া জাতীয় জীৱনৰ অগ্নিকন্যা স্বৰূপ৷ এইগৰাকী বিদূষী নাৰীৰ জন্ম হৈছিল বৰ্তমানৰ বজালী জিলাৰ দৈশিঙিৰী গাঁৱত ১৯০১ চনৰ ১৬ মাৰ্চত৷ সৰুৰে পৰাই তেওঁ বেলেগ সাঁচত গঢ়া ছোৱালী আছিল। সেই সময়ত কন্যা সন্তানৰ শিক্ষা-দীক্ষাৰ ওপৰত সমাজৰ ভিন ভিন বাধা আছিল কিন্তু শইকীয়ানীৰ শিক্ষানুৰাগী পিতৃ-মাতৃৰ বাবেই তেখেতে প্ৰাথমিক শিক্ষা সাং কৰে৷ ইয়াৰ পাছত বাটকুৰি বাই মজলীয়া শিক্ষাগ্ৰহণৰ বাবে ভনীয়েক ৰামেশ্বৰীৰ সৈতে কৈঠালমূৰীৰ ল’ৰাৰ এম. ভি. স্কুলত নামভৰ্তি কৰে৷ ১৯১৪ চনতে তেওঁ নাৰী শিক্ষাৰ জাগৰণৰ বাট মুকলি কৰিছিল। তেওঁৰ নিজাববীয়াকৈ স্ত্ৰী শিক্ষাৰ স্কুল গঢ়ি তোলে আৰু এই স্কুলখনেই তেওঁৰ জীৱনলৈ আমূল পৰিৱৰ্তন কঢ়িয়াই আনে৷ বিদ্যালয় পৰিদৰ্শক নীলকান্ত বৰুৱাই স্কুল পৰিদৰ্শন কৰিবলৈ আহি তেওঁৰ অসীম সাহস আৰু শিক্ষাৰ প্ৰতি থকা অগাধ ধাউতিৰ বাবে তেওঁক ভনীয়েকৰ সৈতে নগাঁৱৰ মিশ্যন স্কুলত পঢ়াৰ ব্যৱস্থা কৰাৰ লগতে জলপানিও প্ৰদান কৰে৷ নাৰীৰ মনত সমাজ সচেতনতাৰ ভাব গঢ়ি তোলাত তেওঁ অহৰহ প্ৰচেষ্টা চলাই গৈছিল আৰু নিজেও উদাহৰণ হৈ উদ্বুদ্ধ কৰিছিল৷ নগাঁওত পঢ়ি থকা কালছোৱাতে স্কুল কৰ্তৃপক্ষৰ এটা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু ৰাজহুৱা আন্দোলনৰ ভাবুকিত স্কুল কৰ্তৃপক্ষই তেওঁলোকৰ সিদ্ধান্ত সলনি কৰিছিল। এজনী দুখীয়া হিন্দু ছোৱালীৰ ধৰ্মান্তকৰণ প্ৰক্ৰিয়া স্কুল কৰ্তৃপক্ষ জড়িত হোৱাৰ বাবেই শইকীয়ানীয়ে ইয়াৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই ক্ষেত্ৰত তেওঁ সফলো হৈছিল। এয়াই আছিল অন্যায়ৰ বিৰুদ্ধে তেওঁৰ প্ৰথম যুঁজ৷ নগাঁৱৰ মিশ্যন স্কুলৰ পৰা নৰ্মাল ট্ৰেইনিং পাছ কৰি ১৯১৮ চনত শইকীয়ানীয়ে তেজপুৰৰ এখন মজলীয়া বিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয়। এই সময়ছোৱাতে তেওঁ অমিয় কুমাৰ দাস, জ্যোতিপ্ৰসাদ আগৰৱালা আদি ব্যক্তিৰ সান্নিধ্য লাভ কৰে। স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক জ্যোতিপ্ৰসাদ আগৰৱালাই শইকীয়ানীক স্বেচ্ছাসেৱিকা সকলৰ কুচকাৱাজ শিকোৱাৰ দায়িত্ব দিছিল। কেৱল নাৰী শিক্ষাৰ বাবেই নহয়, শিশু আৰু বিশেষ ভাবে সক্ষম লোকৰ হকেও শইকীয়ানীয়ে কামকাজ কৰাত আগভাগ লৈছিল। মাদক দ্ৰব্য নিবাৰণ, কুটীৰ শিল্প স্থাপন, পুথিভঁৰাল স্থাপন, মৰাপাটৰ সামগ্ৰী তৈয়াৰ কৰা প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি সমাজৰ হকে যথেষ্ট অৰিহণা যোগাইছিল৷ তেজপুৰত থকা সময়তে তেওঁ দণ্ডিনাথ কলিতাক লগ পায় আৰু দুয়ো দুয়োৰে প্ৰতি আকৰ্ষিত হয় আৰু প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে৷ কিন্তু সেই সময়ৰ সমাজে এই সম্পৰ্ক স্বীকৃতি নিদিয়াত গন্ধৰ্ব প্ৰথা অনুসৰি তেওঁলোক বিবাহপাশত আবদ্ধ হয়। কিন্তু সমাজে এই সম্পৰ্ককো স্বীকৃতি দিয়া নাছিল৷ দণ্ডিনাথ কলিতা সমাজ তথা পৰিয়ালৰ স্বাৰ্থত শইকীয়ানীৰ জীৱনৰ পৰা আঁতৰি যায়। তেওঁলোকৰ সম্পৰ্কৰ চিনস্বৰূপে এটি পুত্ৰ সন্তানৰ জন্ম হয়, সাহসিকতাৰে তেওঁ বিবাহ বহিভূৰ্ত সন্তানক জন্ম দিলে আৰু অকলেই সেই সন্তানটোৰ সমস্ত দায়িত্ব মূৰ পাতি লয়৷ 
       ১৯২০ চনত তেজপুৰত অনুষ্ঠিত হোৱা ছাত্ৰ সন্মিলনৰ বৈঠকত কানি নিবাৰণৰ সপক্ষে অমিয় কুমাৰ দাসৰ বক্তব্য সমৰ্থনত ভাষণ প্ৰদান কৰে৷ সেই সময়ৰ সমাজ ব্যৱস্থাত এগৰাকী নাৰীয়ে বিশাল ৰাজহুৱা সভাত ভাষণ দিয়াটো সঁচাই বিৰল৷ তেনে বিশাল জনসমুদ্ৰৰ সন্মুখত ভাষণ দিয়া প্ৰথম অসমীয়া নাৰী হয়টো চন্দ্ৰপ্ৰভা শইকীয়ানী৷ ১৯২১ চনত তেওঁ মহাত্মা গান্ধীৰ সংস্পৰ্শ লাভ কৰাৰ পাছৰে পৰা স্বাধীনতা সংগ্ৰামত নামি পৰে আৰু খদ্দৰ কাপোৰ  পিন্ধি গান্ধীজীৰ আদৰ্শ প্ৰচাৰত লাগিল। অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনত তেওঁ প্ৰতিনিধি নিৰ্বাচিত হৈ অস্পৃশ্যতা আৰু জাতিভেদ প্ৰথাৰ বিৰুদ্ধে অগ্নিময় বক্তৃতা প্ৰদান কৰি বিভিন্ন শ্ৰোতাৰ  লগতে অম্বিকাগিৰী ৰায়চৌধুৰী প্ৰমুখ্যে বহু কেইজন স্বাধীনতা সংগ্ৰামীক মুগ্ধ কৰিছিল৷ ইয়াৰ উপৰি ১৯১৯ চনত বৰপেটাৰ কীৰ্ত্তন ঘৰত নিম্ন বৰ্গৰ লোকৰ প্ৰৱেশৰ দাবী উত্থাপন কৰিছিল। ১৯২৫ চনত নগাঁওত ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত মহিলাৰ বাবে বাঁহৰ পৰ্দাৰ (চিক) আঁৰত বহাৰ ব্যৱস্থা কৰাৰ বিৰুদ্ধে তেওঁ তীব্ৰ প্ৰতিবাদ কৰিছিল৷ তেওঁৰ উদাত্ত আহ্বানত বাঁহৰ পৰ্দা ভাঙি সকলো মহিলা বাহিৰলৈ ওলাই আহিছিল৷ এইদৰেই শইকীয়ানীয়ে নাৰীসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সচেতন কৰি তুলিবলৈ চেষ্টা কৰিছিল।  অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰা আৰু গান্ধীজীৰ আদৰ্শ প্ৰচাৰ কৰাত বৃটিছ চৰকাৰে বাধা দিয়াৰ বাবে তেওঁ শিক্ষয়িত্ৰী পদৰ পৰা অব্যাহতি লৈছিল৷ তেওঁ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে কাৰাবাৰণ কৰিবলগীয়াও হৈছিল৷ তেওঁ স্বাধীনতা আন্দোলনৰ ভেটি তৃণমূল পৰ্যায়লৈকে জাগ্ৰত কৰিবৰ বাবে পুৰুষৰ সমানে সমানে অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে অগ্নিময়ী বক্তব্যৰে ৰক্ষণশীল সমাজৰ নাৰীসকলক উদ্বুদ্ধ কৰি তুলিছিল৷ জীৱনৰ কঠিন বাস্তৱ তথা সংগ্ৰামৰ মাজতো তেওঁৰ কলম স্থবিৰ হৈ পৰা নাছিল৷ ১৯২৯ চনত “আৱাহন” তেওঁৰ কেইবাটাও আলোড়ণকাৰী লেখা প্ৰকাশ পাইছিল৷ ইয়াৰোপৰি তেওঁ মহিলা আলোচনী “ঘৰজেউতি” ত বিভিন্ন নাৰী সম্পৰ্কীয় আলোচনা প্ৰকাশ পাইছিল। ১৯৩৭ চনত তেওঁৰ প্ৰথম উপন্যাস “পিতৃভিঠা” প্ৰকাশ হৈছিল। নাৰীসকলৰ মাজত গণচেতনা জগাই তুলিবলৈ “অভিযাত্ৰী” সম্পাদনা কৰি উলিয়াই৷ ইয়াত তেওঁ নাৰীমুক্তি আৰু সমাজ সংস্কাৰৰ ভিন ভিন লেখা প্ৰকাশ পাইছিল। তেওঁ অনুধাৱন কৰিছিল যে শিক্ষা, প্ৰকৃত জ্ঞান আৰু সমাজসেৱা অবিহনে দেশৰ সমস্যাৰ কেৰোণ আঁতৰোৱাটো কঠিন৷ সেয়ে তেওঁ নাৰীসমাজক এনে দিশসমূহৰ বিষয়ে সজাগ কৰি তুলিবলৈ নিৰলস প্ৰচেষ্টা চলাইছিল৷ বৈষম্যপূৰ্ণ সমাজ জীৱনত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ স্বাৰ্থত তেওঁ জীৱন উচৰ্গা কৰিছিল। তেওঁ আছিল অপৰাজিত এক সত্তা। বিনোৱা ভাবেৰ সহযোগী হৈ ভূ-দান আন্দোলনত তেওঁ অন্ত:কৰণেৰে জড়িত হৈ পৰিছিল। ১৯৭২ত শইকীয়ানীয়ে লাভ কৰিছিল “পদ্মশ্ৰী” সন্মান। ২০০২ চনত তেওঁৰ নামত এটা ডাক টিকট জাৰী কৰি সন্মানিত কৰা হৈছিল। উত্তৰ-পূব ভাৰতত নাৰী শিক্ষাৰ প্ৰচাৰৰ বাবে কামৰূপত চৰকাৰী পলিটেকনিক তেওঁৰ নামত নামকৰণ কৰা হয়। ইয়াৰ উপৰিও তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ (Chandrprabha Saikiani Centre for Women's Studies) স্থাপন কৰা হয়৷ 
তেওঁৰ দৰে বিদূষী, বিপ্লৱী, সমাজ সংস্কাৰক, মানৱতাবাদৰ প্ৰবক্তা নাৰীৰ জীৱনী অন্যান্য ভাৰতীয় ভাষালৈ অনুদিত নোহোৱাতো পৰিতাপৰ বিষয়৷ ১৯৯৩ চনত বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে শইকীয়ানীৰ জীৱনৰ ওপৰত “অভিযাত্ৰী” শীৰ্ষক উপন্যাসখন লিখি উলিয়াই আৰু ১৯৯৬ চনত এই উপন্যাসখনে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। পিছত প্ৰদীপ্ত বৰগোঁহাইয়ে 'অভিযাত্ৰী: ৱান লাইফ মেনি ৰিভাৰ্চ' নাম দি উপন্যাসখন ইংৰাজী ভাষালৈ অনুবাদ কৰে৷ “অভিযাত্ৰী” উপন্যাসখন চিনেমাৰ চিত্ৰৰূপ দিয়াৰ ক্ষেত্ৰত চিত্ৰনাট্যৰ কাম আগবাঢ়িছিল যদিও প্ৰযোজকৰ অভাৱত চিনেমাখন আজিকোপতি হৈ উঠা নাই৷ ইতিহাসৰ পথিকৃত এইগৰাকী বিদূষী নাৰীক আমি কিমান মনত ৰাখিছো ? ওৰে জীৱন নাৰী শিক্ষা, বাল্য বিবাহ বন্ধ আদিৰ দৰে বিষয়ত সজোৰে প্ৰতিবাদ কৰি অহা এইগৰাকী মহিলাৰ জন্ম-মৃত্যু তিথিত কেৱল মাল্যাৰ্পণ, এগজ বন্তি অৰ্পণতে দায়িত্ব সামৰিলে জানো হ’ব ? চন্দ্ৰপ্ৰভা শইকীয়ানী আজি আমাৰ মাজত নাই৷ কিন্তু তেওঁৰ অদম্য সাহস, ইচ্ছাশক্তি, কৰ্মস্পৃহা আদি গুণ যুগে যুগে অনুকৰণীয় হৈ ৰ’ব৷ প্ৰকৃতাৰ্থত তেওঁ আছিল এগৰাকী অগ্নিকন্যা, অসমৰ নাৰীবাদী আন্দোলনৰ ধ্বজাবাহী, বিপ্লৱৰ মূৰ্ত প্ৰতীক৷

অঙ্গন: পৃষ্ঠাঃ 8
 মহীয়ানৰ দৃষ্টিত আৰু সৃষ্টিতঃ
ভগৱতীপ্ৰসাদ বৰুৱা

ৰমেশ বৰুৱা

প্ৰকৃতিৰ অমোঘ নীতিৰ কবলত পৰি অকালতে দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক আকোৱালি লোৱা, অনন্য সাধাৰণ সাহিত্য- ৰসিক, অসমীয়া আৰু ইংৰাজী সাহিত্যৰ লগতে ৰবীন্দ্ৰ-সাহিত্যৰ অন্যতম অনুৰাগী; ধীৰ, স্থিৰ, গম্ভীৰ আৰু সদা প্ৰফুল্লিত প্ৰকৃতিৰ, সমসাময়িক ছাত্ৰ সমাজত সৰবৰহী, অসমীয়া নীৰৱ শ্যেলী ভগৱতীপ্ৰসাদ বৰুৱা, অসমীয়া প্ৰথম অভিধান প্ৰণেতা যাদুৰাম ডেকা বৰুৱাৰ আজুনাতি, ৰাধিকাপ্ৰসাদ বৰুৱাৰ বৰপুতেক আৰু নামজ্বলা গীতিকাৰ পাৰ্বতিপ্ৰসাদ বৰুৱাৰ ককায়েক৷ ১৯০০ চনৰ মে’ মাহত শিৱসাগৰ জিলাৰ সোণাৰিত জন্ম গ্ৰহণ কৰা এইজনা মহান অসমীয়া ১৯৩৩ চনৰ ১৪ অক্টোবৰত দূৰ্ঘটনাগ্ৰস্ত হৈ সপৰিয়ালে মৃত্যুক সাৱটি লয়৷ ছাত্ৰ অৱস্থাত বেণুধৰ শৰ্মাৰ সহযোগত “জেউতি“ নামৰ আলোচনী আৰু ১৯১৮ চনত মেট্ৰিক পৰীক্ষা দি উঠি “ভুমুকি“ আলোচনীৰ সম্পাদনাৰ দায়িত্ব লৈছিল৷
এইগৰাকী প্ৰবাদপুৰুষৰ অকাল মৃত্যুত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ২৬-১০-৩৩ তাৰিখে সম্বলপুৰৰ পৰা পাৰ্বতি প্ৰসাদ বৰুৱালৈ লিখা চিঠিত দুখ প্ৰকাশ কৰি কৈছিল: ভগৱতীপ্ৰসাদ বৰুৱাৰ সপৰিবাৰে এনে আকস্মিক হৃদয়বিদাৰক মৃত্যুৰ বাতৰি শুনি মৰ্মাহত হ’লো৷ মোৰ মনৰ মাত হৰিল৷ শোক প্ৰকাশ কৰিবলৈ ভাষা নাই৷ উস কি দূৰ্ঘটনা! ..... ভগৱতী প্ৰসাদ মোৰ মৰম আৰু শ্ৰদ্ধাৰ ডেকা ল’ৰাৰ শাৰীৰ৷ হায়! ঈশ্বৰে কেনেকৈ এনে এখন সোণৰ সংসাৰ খন্তেকতে মষিমূৰ কৰিলে৷
 শেৱালি কবি ৰত্নকান্ত বৰকাকতি দেৱ যদিও বয়সত ভগৱতীপ্ৰসাদতকৈ তিনি বছৰমানৰ জ্যেষ্ঠ, মাজতে পঢ়া এৰাৰ কাৰণে কলিকতাৰ কলেজত এক শ্ৰেণীৰ তলত আছিল৷ প্ৰথম দিনা কলিকতাৰ ৰাজপথত লগ পাওঁতে, তেওঁৰ মনোভাৱ “ভগৱতী স্মৃতি”ত প্ৰকাশ কৰিছে: ... আচৰিত কথা, মোৰ হীনতাবোধ সেই সৌম্য দৰ্শনত তৎক্ষণাত উচ্চতাবোধতহে পৰিণত হ’ল৷ মোতকৈ বৰুৱাদেউ তেতিয়া কলেজৰ হিচাপে এবছৰৰ ওপৰত৷ কিন্তু মোলৈ তেওঁৰ যি লজ্জা- বিনম্ৰ সুকোমল ভাব কথায় বতৰাই ফুটি উঠিল, সি সঁচাকৈয়ে মোক মন্ত্ৰমুগ্ধৰ দৰে কৰিলে আৰু তেতিয়াৰ পৰা তেওঁলৈ হৃদয়ৰ কিবা এটা বিশেষ আকৰ্ষণত আকৃষ্ট হৈ পৰিলো৷ সেইদিনা তেওঁৰ লগত কি কথাবতৰা হৈছিল- তাৰ আগগুৰি একো মনত নাই৷ কেৱল জীৱন যে প্ৰতি মুহূৰ্ততে নতুন, প্ৰতি মুহূৰ্ততে অভিনৱ, এই তত্ত্ব টোকে কোনোবা এজন দাৰ্শনিকৰ ভাষাৰে মই কোৱা মনত পৰে এনেকৈ- “we can bathe in the same river once only.” - অৰ্থাৎ আমি একেখন নৈতে এবাৰহে অৱগাহন কৰিব পাৰো৷ 
সতীৰ্থতাৰ তীৰ্থ হৈছে জীৱনৰ গভীৰ মিলনকুঞ্জত, হৃদয়ৰ সুমধুৰ ঐক্যতন্ত্ৰত৷ বৰুৱাদেৱ আছিল বৰকাকতিদেৱৰ এজন অনবদ্য সতীৰ্থ৷ দুয়ো একেলগে পৰিক্ৰমণ কৰিছিল- মানৱ হৃদয়ৰ মহামিলনৰ তীৰ্থ- ৰবীন্দ্ৰনাথৰ কাব্যতীৰ্থত৷ বিশ্বকবিৰ ভাব ভাষা, চিন্তা কল্পনা, সত্য সৌন্দৰ্যক কেন্দ্ৰ কৰি ঘূৰি ফুৰা দুটি সগোত্ৰী মন যেন সূৰ্য্যক প্ৰদক্ষিণ কৰি ঘূৰা দুটি সৰু গ্ৰহ৷
বৰকাকতিদেৱে অকপটে স্বীকাৰ কৰিছে- বৰুৱাদেৱ আছিল এজন নীৰৱ ভাবুক আৰু সাহিত্যৰসজ্ঞ৷ লেখক হিচাপে কিমানদূৰ কি আছিল ভালকৈ জানিবলৈ অৱসৰকে নাপালো৷ কাৰণ তেওঁৰ প্ৰকাশিত কোনো “লেখা“ দেখা পোৱা নগ'ল৷ কিন্তু সাহিত্যৰসজ্ঞ হিচাপে তেওঁৰ জ্ঞানৰ পৰিধি অসমীয়া সাহিত্য চেৰাই গৈও ইংৰাজী আৰু বঙলা সাহিত্যৰ বিশেষকৈ ৰবীন্দ্ৰ সাহিত্যলৈকে যে জুৰিছিল, এইটো তেওঁৰ লগত ভালকৈ পৰিচিত শিক্ষিত সাহিত্যিক মাত্ৰেই স্বীকাৰ নকৰি নোৱাৰিব৷ বৰুৱাদেৱক কেইবাদিনো সুধিছিলো- বৰুৱা আপুনি লেখিব কেতিয়া ? তেওঁ মৃদু হাঁহিৰে একেটা উত্তৰ দিছিল- এদিন লেখিম৷ “সবুজ পত্ৰ“ৰ দৰে অসমীয়াত এখন কাগজ উলিয়াম যেতিয়া-
তাত আপুনি ৰবীন্দ্ৰনাথৰ ভাও দিব তেতিয়া৷
বৰকাকতিদেৱৰ ভাষাৰেই- তেওঁৰ নামটোৰ এটা সাৰ্থকতা লক্ষ্য কৰিছিলো যে তেওঁ ইমান প্ৰখৰ বুদ্ধিসম্পন্ন ডেকা হৈও মুঠেই চঞ্চল নাছিল৷ সদায় ধীৰ গম্ভীৰ আৰু প্ৰফুল্ল৷ ....তেওঁৰ যি উৎকৰ্ষপ্ৰাপ্ত মনৰ দীপ্তি আৰু হৃদয়ৰ গভীৰ প্ৰশান্তি জ্বলি উঠা দেখিছিলো, সি সঁচাকৈয়ে মোৰ পক্ষে এটা উপভোগৰ বস্তু আছিল৷
বৰুৱাদেৱে কৈছিল- কালিদাস, চেক্সপিয়েৰ বা ৰবীন্দ্ৰনাথৰ দৰে পৃথিৱীত সকলো মানুহে কাব্যৰ অমৰ মূৰ্তিৰে চিৰকলীয়া দান দি যাব নোৱাৰে, কিন্তু প্ৰত্যেক মানুহেই সদায় পৰিবেষ্টিত হৈ থকা তেওঁৰ প্ৰিয় পৰিয়াল আৰু বন্ধু বান্ধবক হৃদয়ৰ বিমল সৌৰভৰে আমোদিত কৰি থাকে৷ এইজনা মহান আত্মাই ভৰবয়সত পুত্ৰ ভাৰ্য্যা সমন্বিতে দিচাং নৈৰ বুকুত সলিল সমাধি লাভ কৰিলে৷ নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!
 ইন্দ্ৰধেনুৰ কবি ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াই তেখেতৰ “স্মৃতি তৰ্পণ“ আৰম্ভ কৰিছে এনেদৰে: ভগৱতীপ্ৰসাদ বৰুৱাক সন্ধালনিকৈ হয়তো সদৌ অসমীয়া ৰাইজে নাজানে; কিন্তু জানিবৰ অলায়ক নিশ্চয় নহয়, জানিবলৈ তেওঁ ইচ্ছা কৰি সুবিধা নিদিলে বুলিহে৷ তেওঁ সেই সুবিধা দিয়া হ’লে অসমীয়া ৰাইজে ঘাইকৈ অসমীয়া সাহিত্য সমাজে তেওঁক এনেদৰে চিনিলেহেঁতেন যে প্ৰত্যেকেই তেওঁক হেঁপাহত কেতিয়াও এৰিব নোৱাৰিলেহেঁতেন আৰু তেওঁৰ এই আকস্মিক হিয়া বিদৰি যোৱা মৃত্যু কাহিনীত এনেদৰে সকলো জয় পৰিলেহেঁতেন যে মোৰ বিশ্বাস, ঈশ্বৰে নকৰক, বৰ্তমান তৰপৰ ভিতৰত তেনে আন এজনৰ নাম তুলনা দিবলৈ ভালেখিনি ভাবিব লাগিব৷ মই জনাৰ ভিতৰত বাহিৰে ভিতৰে সকলোপিনে প্ৰকৃত শিক্ষিত আৰু সাহিত্যানুৰাগী সম্ভ্ৰান্ত অসমীয়া পৰিয়াল এওঁলোকৰ দৰে কেইটা আছে আঙুলি মূৰত লেখত ওলাব পাৰে৷ জোনাকীৰ কালৰ পৰা আজিলৈকে ওলোৱা প্ৰায় সকলো সাহিত্য পুথি, আলোচনী আৰু ইংৰাজী বঙলা আদি ভাষাৰ শ্ৰেষ্ঠতম গ্ৰন্থবোৰ অতি যতনেৰে ৰখা এখন ঘৰৰ কথাহে মই জানো৷ সেইয়ে ঁ ভগৱতীপ্ৰসাদ বৰুৱাৰ ঘৰ৷ ভগৱতী মোৰ সহপাঠী আৰু সাহিত্য সেৱাৰ হৰিভকত স্বৰূপ; কিন্তু এই সন্মন্ধটো বাহিৰত অলপ বিচিত্ৰভাবে প্ৰকাশ পাইছিল৷ তেতিয়া দুয়ো কবিতা লিখিছিলো, সচাঁ;
কিন্তু তাকে তেওঁ লুকুৱাই, মই দেখুৱাই৷ সেইদেখি মই হ’লো কবি, তেওঁ হ’ল অকবি (তেওঁৰ ভাষাৰেই)৷ ..... সেইবুলি সাহিত্যৰ গুণত বা জ্ঞানত  মই ভগৱতীতকৈ শ্ৰেষ্ঠ আনকি তেওঁৰ সমান বুলিও মই বাস্তৱতে ভাবিবলৈ সাহ কৰিব নোৱাৰো৷ তেওঁৰ সাহিত্যৰ অন্তৰ্দৃষ্টি- বহিৰ্দৃষ্টি, তেওঁৰ সুৰুচিবোধ মোৰ সদায় হেঁপাহৰ বস্তু হৈ থাকিব৷ তেওঁ সাৰথি হৈ মোক যিখিনি সহায় কৰিলে, সেই সহায় জীৱনত আৰু কাৰোপৰা পাবলৈ আশা কৰা নাই, কৰিব নোৱাৰো৷
ভগৱতীপ্ৰসাদৰ পবিত্ৰ হিয়া আৰু মহৎ আত্মাৰ সাক্ষী তেওঁৰ সেই সুন্দৰ মুখশ্ৰী আৰু সেই মিঠা হাঁহিটি৷ শিৱসাগৰত সেই সময়ত সাহিত্যৰ ৰেণেছা যুগ৷ “পুৱা“ “ভূমুকি“ “জেউতি“ “মালতী“ আদি হাতেলিখা আলোচনী আৰু “বিমলালয়“ সভা আছিল সেই জাগৰণৰ কেন্দ্ৰ স্বৰূপ৷ “জেউতি“ কাকত চলিছিল ভগৱতী আৰু বেণুধৰ শৰ্মাৰ আন্তৰিক সহযোগত৷ “বিমলালয়“ৰ সম্পাদকৰ কামো ভগৱতীয়ে ভালেমান দিন চলাইছিল৷ সুমাৰ্জিত কবিতা আৰু গদ্য ৰচনাৰ বাহিৰেও ভগৱতীপ্ৰসাদৰ বন্ধু বান্ধবলৈ লিখা সাধাৰণ চিঠিবোৰো অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ৷ 
ডিম্বেশ্বৰ নেওগদেৱে ভগৱতীপ্ৰসাদৰ ওপৰত যুগতোৱা “অসমীয়া নীৰৱ শ্যেলী“ শীৰ্ষক নিবন্ধত কৈছে— সাহিত্যসেৱা ল’ৰাৰ ধেমালি বা নিবনুৱাৰ বন নহয়, ইযে সাধনাৰ ধন- এই কথাও প্ৰথমে বুজো ভগৱতীৰ পৰাই৷ ভগৱতীক এদিন কথা প্ৰসঙ্গত কৈছিলো- তেওঁৰ কবিতা আৰু প্ৰবন্ধবোৰ বাঁহীত উলিয়াবলৈ৷ তেতিয়া তেওঁ কৈছিল- মোৰতো সাহিত্যৰ তেনে কোনো সাধনা নাই৷ অথচ বিনয়ৰ পৰকাষ্ঠা দেখুৱাবলৈ নহয়, সৰল অন্তৰেৰে মই স্বীকাৰ কৰো, সেই ভগৱতীপ্ৰসাদৰ সাহিত্যৰ যোগ্যতা মই আজিলৈকে আৰ্জিব পৰা নাই৷ ডেকা অসমীয়া সাহিত্যসেৱী সকলৰ মাজত ভগৱতীৰ সমকক্ষ সাহিত্যৰ চৰ্চা আৰু বাতৰি থকা কেইজন আছে, মই ক’ব নোৱাৰো৷ সেইদেখিহে মনত সদায় এইভাব হয়, সাহিত্যৰ প্ৰতিভা আৰু প্ৰকৃত সম্বল থকা সকলো লোকেই যে সাহিত্য ক্ষেত্ৰলৈ নামে সেইটো নহয়, অনেক সময়ত অধিক প্ৰতিভা আৰু শক্তিসম্পন্ন লোকেও, সাহিত্য নদীৰ পাৰত থাকি, ক্ষীণ শক্তিৰ লোক সকলৰ সাঁতোৰাৰ ধেমালি চাই৷ এনে এজন ডেকাৰ আকস্মিক অভাৱনীয় মৃত্যুত, অসমীয়া সাহিত্যই এই “fair pledges of a fruitful tree”ৰ হানিত কি হেৰুৱালে তাক ভাবি নাচায় নোৱাৰিব৷ মহাকবি মিল্টনৰ অমোঘ বাক্যৰে ক’বলৈ গ’লে- “They also serve who only stand and wait.”
 কলিকতাত কলেজৰ হোষ্টেলত একেলগে থকা নলে-গলে লগা বন্ধু গোপাল হালদাৰে “ভগৱতীপ্ৰসাদ স্মৰণে“ শীৰ্ষক বাৰ্তাত কৈছিল: ...দুঃসাহস সে বয়সে কম থাকেনা; তাই বাংলা ছেড়ে তাতে ইংৰাজীতেও কলম চালনা কৰতে বাধেনি৷ ভাষাৰ ভুলভ্ৰান্তি ভাবেৰ আতিশয্য- কে কৰে তাৰ পৰোয়া ? কিন্তু যত দূৰ মনে পড়ে ভগৱতীপ্ৰসাদেৰ মাত্ৰাজ্ঞান সাহিত্যবোধ ওৰূপ দুষ্কৰ্মে তাকে এগিয়ে দিত না৷ সংযত বুদ্ধি ও সাহিত্যবোধ তখনকাৰ ছিল তাঁৰ আপন বৈশিষ্ট্য৷
অসমীয়া ভাষা সাহিত্যৰ স্বনামধন্য পণ্ডিত ড° মহেশ্বৰ নেওগে দুখ প্ৰকাশ কৰি কৈছে: ..... ভগৱতীপ্ৰসাদেও তেওঁৰ ৩২ বছৰ বয়সত আমাক স্থায়ী কাব্য বা সাহিত্য দি যাব পাৰিলেহেঁতেন৷ এতিয়া আমাৰ হাতত তেওঁৰ যিখিনি বস্তু আছে, তাৰ বেচিভাগেই শিশু ৰচনা৷ তাৰ মাজতো কিন্তু আমি বিশেষ এটা স্পন্দন পাওঁ, যি স্পন্দন উৎফুল্ল হোৱা হ’লে হয়তো অভিনৱ সৃষ্টি দিলেহেঁতেন৷ ভগৱতীপ্ৰসাদৰ কথা- ৰচনাত নিজস্ব এক ভঙ্গি আছিল, যাৰ চিনাকি হেৰুৱা টান৷ তেওঁৰ চিঠি বিলাকৰ ভিতৰত যিখিনি সংৰক্ষিত হৈছে, সেইখিনিয়েই ভগৱতীপ্ৰসাদৰ চিনাকি দিব৷ তেওঁৰ চিঠি বিলাকৰ মাজত এক অপূৰ্ব সুষমা আছে৷ তেওঁৰ চিন্তা, আদৰ্শ, জ্ঞানস্পৃহা, সৌন্দৰ্যস্পৃহা, কাব্য সাহিত্যৰ আদৰ্শ আদিৰ কথাও তেওঁ এই চিঠি বোৰতেই অন্ততঃ ইঙ্গিতত কৈ গৈছে৷ তেওঁ সমালোচক হ’বলৈ ঘিণ কৰো বুলি কৈও মৰমৰ বন্ধু ডিম্বেশ্বৰ নেওগৰ কবিতাৰ গুণাগুণ সুক্ষ্ম ভাবে ফঁহিয়াই দিছিল৷ সৰুসুৰা মেলতো এইদৰে কবিতাৰ দোষগুণ বিশ্লেষণ কৰা তেওঁৰ এটি স্বভাৱ আছিল৷ 
মুঠতে ভগৱতীপ্ৰসাদ বৰুৱা হ’ল তেওঁৰ নিজৰে অতি প্ৰিয় এজুপি অশোক গছ; তাত থোপাথোপকৈ বছৰি ফুল ন’ধৰিলেও কথা নাই; কিন্তু সেই ফুল ধৰিবৰ ক্ষমতা থাকিব লাগিব আৰু যদি এথোপা কেতিয়াবা ফুলে, সি চাৰিওকাষ ৰূপেৰে জকমকাই, গোন্ধেৰে মলমলাই তুলিব লাগিব৷ তাৰুণ্যতে তেওঁক আমি হেৰুৱালো৷ তেওঁ মাথোন এক বিৰল ব্যক্তিত্বৰ, এক বিৰল ৰুচিবোধৰ আৰু এক কবিৰ গভীৰ সম্ভাৱনাৰ আশা, এটি সৰু বন্ধুমহলৰ মাজত এৰি থৈ গ’ল৷ দিচাঙৰ চকুপানীয়ে আমাক সেই তৰুণ, সেই বিৰল ব্যক্তিত্ব, সেই অবিৰল ৰুচিবোধ আৰু বিৰল কবিত্বৰ সম্ভাৱনা কোনো দিন ঘূৰাই নিদিয়ে৷
প্ৰথিতযশা সাহিত্যকৰ্মী ড° নগেন শইকীয়াদেৱৰ দৃষ্টিত : প্ৰকৃতিৰ আৰু মানুহৰ মনৰ সৌন্দৰ্য মুগ্ধ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছিল তেওঁ, ৰবীন্দ্ৰনাথৰ কবি প্ৰতিভাৰ প্ৰতি সশ্ৰদ্ধ অনুৰাগ অনুভৱ কৰি বাট বুলিবলৈ আৰম্ভ কৰিছিলহে মাথোন৷ তেওঁৰ মাজত লাহে লাহে সাৰ পাই উঠিব খোজা কবি প্ৰতিভাৰ ফুল কলিটিৰ সৌন্দৰ্য আৰু সৌৰভ তেওঁ এৰি থৈ যোৱা কেইটিমান ৰচনাৰ মাজতে দেখোনেদেখোকৈ এতিয়াও দেখিব পাৰি আৰু জাননেজানকৈ অনুভৱ কৰিব পাৰি৷ সেই কেইটি কবিতাই আমাৰ আধুনিক কাব্য সাধনাৰ এটি পথৰ সংকেত দান কৰে৷ সেই সংকেত সৰু হ’লেও আতৰাই থ’ব লগা নহয়৷ ভগৱতীপ্ৰসাদৰ ছাত্ৰাৱস্থাৰ গদ্য ৰচনা কেইটিৰ মাজতো তেওঁৰ মনৰ গঢ়ৰ উমান পাব পাৰি৷ তেওঁৰ মনৰ সঠিক উমান দিব পৰা আন এপদ বস্তু হ’ল- তেওঁৰ চিঠি পত্ৰ৷ সকলোবোৰ চিঠিপত্ৰ নাপালেও যি কেইখন পোৱা গৈছে, তাৰ মাজতে তেওঁৰ ব্যক্তিত্বৰ নেদেখা কোণ এটি জিলিকি উঠিছে৷
স্বনামপ্ৰসিদ্ধ গীতিকাৰ  পাৰ্বতিপ্ৰসাদ বৰুৱাদেৱে নিজেই জ্যেষ্ঠ ভাতৃৰ ৰচনা সমূহ গোটাই প্ৰকাশ কৰাৰ আচনি লৈছিল৷ তেখেতৰ মৃত্যুয়ে সেই কাম অসম্পূৰ্ণ কৰি থৈ গ’ল৷ চৰকাৰৰ ওপৰঞ্চি দান লৈ ড° মহেশ্বৰ নেওগ দেৱে যিদৰে অসম সাহিত্য সভাৰ বাবে গুৱাহাটীত “ভগৱতীপ্ৰসাদ বৰুৱা ভবন” নিৰ্মাণ কৰালে, তেনেদৰেই “ভগৱতীপ্ৰসাদ বৰুৱা” গ্ৰন্থ খনিৰো প্ৰকাশৰ মুখ দেখুৱালে৷


অঙ্গন পৃষ্ঠাঃ 9
  
ৰক্ষা বন্ধন বা ৰাখী বন্ধন

মালবিকা শৰ্মা, ভুবনেশ্বৰ

“ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয়,
ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত আত্মীয়তাৰ বান্ধোন।”

ভাই আৰু ভনীৰ পবিত্ৰ বন্ধনক সন্মান জনাই আমাৰ দেশত পালন কৰি অহা এক সুন্দৰ উৎসৱ হৈছে সুৰক্ষা বন্ধন বা ৰাখী বন্ধন। শাওণ মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত এই উৎসৱ ভাই-ভনীৰ ইজনে সিজনৰ প্ৰতি থকা গভীৰ মৰম, চেনেহ আৰু সুৰক্ষাৰ প্ৰতীকৰূপে পালন কৰা হয়। এই উৎসৱে কেৱল ভাই-ভনীৰ মাজত বন্ধন সুদৃঢ় কৰাই নহয়, পৰিয়ালৰ ভিতৰত একতা, মৰম আৰু সন্মানৰ ভাৱো জগাই তোলে। এটা সম্পৰ্কৰ বাবে আনুগত্য, বিশ্বাস আৰু সমৰ্থনৰ মূল্যবোধৰ সোঁৱৰণী হিচাপে ৰাখী বন্ধনে কাম কৰে। সুৰক্ষা বন্ধন অথবা ৰাখী বন্ধনে পৰিয়াল সমূহক একত্ৰিত কৰি ভাই-ভনীৰ আত্মীক বন্ধনৰ তাৎপৰ্য্যক শক্তিশালী কৰে। ৰাখী বন্ধন হৈছে মৰমৰ অবিচ্ছেদ্য বান্ধোনৰ উদযাপন , আনন্দ আৰু সুখ কঢ়িয়াই অনা এক পৰম্পৰা।

এই ৰক্ষা বন্ধন পৰম্পৰাৰ উৎপত্তি দেৱ-দেৱীৰ যুগৰ পৰাই আৰম্ভ হৈ আহিছে। এটা জনপ্ৰিয় কিংবদন্তি অনুসৰি দ্ৰৌপদীয়ে ৰজা শিশুপালক হত্যা কৰিবলৈ যুঁজি থাকোতে ভগৱান শ্ৰীকৃষ্ণৰ হাতত নিজৰ শাৰীৰ এটুকুৰা ফালি বান্ধি দিছিল। ভগ্নীৰ মৰমৰ বান্ধোনত বান্ধ খাই ভগৱান শ্ৰীকৃষ্ণই তেওঁক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

আন এটা কিংবদন্তি মতে দানৱ আৰু দেৱতাৰ যুদ্ধ চলি থাকোতে দেৱতাসকল পৰাজিত হোৱাৰ ভয়ত বৃহস্পতিৰ কাষলৈ সাহায্য বিচাৰি গৈছিল। বৃহস্পতিৰ আগত দেৱতাসকলে কৈ থকা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি এডাল ৰেচমৰ সূতাক মন্ত্ৰ শক্তিৰে মন্ত্ৰপুতঃ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিছিল। সেই দিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল । সেয়ে হয়তো তেতিয়াৰ পৰাই ৰাখী বন্ধনৰ পৰম্পৰাৰ জনমানসত প্ৰচলিত হৈ অহা বুলি বিশ্বাস কৰা হয়।

মধ্যযুগীয় ইতিহাসত এজন ভায়েকে ভনীয়েকক দিয়া প্ৰতিশ্ৰুতিৰ আন এটা উল্লেখযোগ্য কাহিনীও আছে। গুজৰাটৰ বাহাদুৰ শ্বাহৰ আগ্ৰাসনৰ সময়ত মেৱাৰৰ ৰাণী কৰ্ণৱতীয়ে সম্ৰাট হুমায়ুনৰ ওচৰলৈ ৰাখী পঠিয়াই তেওঁৰ সাহায্য বিচাৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে মোগল শাসকেও ৰাখীৰ মান ৰাখিয়েই নিজৰ সামৰিক অভিযান পৰিত্যাগ কৰি ৰাণীক সহায়ৰ হাত আগ বঢ়াইছিল।

সেইদৰে বংগ বিভাজনৰ সময়ত কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বংগৰ হিন্দু আৰু মুছলমানসকলৰ মাজত ঐক্য আৰু প্ৰেমৰ ভাৱ জগাই তুলিবলৈ ৰাখী মহোৎসৱ অথবা গণ সুৰক্ষা বন্ধন উৎসৱ আৰম্ভ কৰিছিল। ইংৰাজসকলে আমাৰ সমাজ বোৰৰ পৰম্পৰা আৰু একতা বিঘ্নিত কৰা চেষ্টাৰ প্ৰতিকাৰ হিচাপে তেওঁ এই পৰম্পৰাৰ আৰম্ভণি কৰিছিল বুলিও জনা যায় ।

ৰাখী বা ৰক্ষা বন্ধনৰ পবিত্ৰ দিনটোত ভনীয়েকে ককায়েক আৰু ভায়েকৰ কপালত তিলক বা ফোঁট লগাই আৰতি কৰি ককায়েক বা ভায়েকৰ সোঁ হাতত ৰাখী বান্ধে সিহঁতৰ পবিত্ৰ সম্পৰ্কক স্মৰণ কৰে । ইয়াৰ বিনিময়ত ভায়েক বা ককায়েকে মৰমৰ ভনীয়েকক বিশেষ উপহাৰৰে আনন্দিত কৰাৰ লগতে যিকোনো পৰিস্থিতিত ভনীয়েকক যত্ন লোৱা আৰু ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

ভাৰতৰ বিভিন্ন ঠাইত সামান্য আঞ্চলিক তাৰতম্যৰে এই ৰাখী বা ৰক্ষা বন্ধন পালন কৰা হয়। উদাহৰণ স্বৰূপে মহাৰাষ্ট্ৰত ৰক্ষা বন্ধন উৎসৱটো সাগৰ দেৱতা বৰুণৰ পূজাৰ বাবে উৎসৰ্গিত কৰা হয় আৰু লগতে "নাৰালী পূৰ্ণিমা" উদযাপন কৰা হয়। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত ভনীয়েকে নিজৰ ভায়েক বা ককায়েকৰ উপৰিও দেউতাকৰ হাততো পবিত্ৰ সূতা বন্ধাৰ এটি প্ৰথা চলি আহিছে। এই আঞ্চলিক পৰম্পৰাৰ ভিন্নতাই ভাৰতত সুৰক্ষা বন্ধন , ৰক্ষা বন্ধন অথবা ৰাখী বন্ধনৰ সামগ্ৰীক উদযাপনে একতা আৰু বৈচিত্ৰতাই সকলোকে সাঙুৰি ৰাখিছে । 

(তথ্য সংগ্ৰহ-গুগল)

অঙ্গন: পৃষ্ঠাঃ10
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ

খণ্ড ১০

      ৰুমলৈ আহি সিহঁত দুজনীক ক'লোঁ "--- আজি মই কলেজলৈ  নাযাওঁ । ক্লাছত দিয়াবোৰ নোট কৰি আনিবি । 
মই নাযাওঁ বুলি ক'বলৈহে পালোঁ দুয়োজনীয়ে কামোৰ দিবলৈ আৰম্ভ কৰিলে ।
      কি হ'ল ? ভয় কৰিছ চাগৈ ! তোৰ দিৱানা কেইজনক আমাক ঠিক কৰি দিব লাগে বুলি ন । কালিতো কৈছিলি আজি দুয়োজনীকে ঠিক কৰি দিম বুলি । তই আক্‌ নগলে সিফালে কলেজত কাৰ কাৰ মন নবহিব জানই নহয়। জানি-বুজি বাৰু সিহঁতক কিয় ইমান জ্বলাই মাৰ অ' তই । নালাগে নালাগে দে তোৰ দিৱানাবোৰ তোৰে হৈ থাকক । কলেজলৈ ওলা ঐ'। বাকী  সুৰজিত আৰু চন্দনৰ কথা বাৰু অলপ বেলেগ কিন্তু পৰাগৰ কি হ'ব তোক নেদেখিলে । বেচেৰাটো তই কলেজলৈ নোযোৱা দিনা তাৰ কি অৱস্থা হয় আমিহে জানো ! গেটৰ মুখত তোক দেখা পালেহে তাৰ উশাহটো আহে বোলে । আজি যদি নাযায় আমাক যে কিমান কি সুধিব কিয় নাহিলে, গাৰ ভাল নাই নেকি, ঘৰলৈ গ'ল নেকি, তাই ৰাতি কেইটাত শুৱে, পুৱা কেইটাত উঠে, আজি কি খাই আহিছে তাই ? উসঃ ৰাম কিমান যে মৰম , ইমান কেয়াৰ অ'। এইফালৰ পৰা সদায় ইতিবাচক সঁহাৰি পোৱা আশাত কিমান যে ধৈৰ্য্যৰে অপেক্ষা কৰিছে । ইমান কেয়াৰ লোৱা প্ৰেমিক আমি নাপাওঁ ৰে । 
         তহঁতৰ হ'ল নে কৈ ! হ'ল যদি কলেজলৈ যা । মই নাযাওঁ বুলি কৈ গা ধুবলৈ বাৰ্থৰূমলৈ গ'লো । গা ধুই আহি দুৱাৰখন মাৰি বিচনাত পৰিলোঁ । মনটোত আকৌ নতুন চিন্তাই বাহ ল'লে । মই দেখা সপোনটোৰ সৈতে অনিমা বাইদেৱে কোৱা কথাখিনি প্ৰায় মিল আছে ।কিন্তু এইটোহে মই দেখা নাপালোঁ ক'ত বন্দী কৰি থৈছিল । কথাটো বেছিকৈ পাক লগা হৈ গৈ আছে । কি কৰোঁ একো ভাবি পোৱা নাই । কিবা এটাটো সমাধান উলিয়াবই লাগিব । অলপ  হয়তো পলম হ'ব পাৰে । যেতিয়ালৈকে এই সপোনৰ কথাটোৰ সমাধান উলিয়াব নোৱাৰোঁ তেতিয়ালৈকে এই কথাষাৰি নিশা আৰু ৰীমাক নজনাওঁ । নহ'লে চব ওলট-পালট কৰি পেলাব । যি কি নহওক অনিমা বাইদেউৰ পৰা কিবা এটা হ'লেও গম পালোঁ । আজিৰ পৰা মালিকৰ ঘৰৰ সেই কোঠাটোলৈ লক্ষ্য কৰিব লাগিব সঁচাকৈ আন্ধাৰ হৈ থাকে নে নাথাকে । কথাবোৰ ভাবি থাকোঁতে অৱশেষত টোপনি গ'লোগৈ ।
             ঐ ৰূপা , ঐ দুৱাৰখন খোল । শোৱাৰ আগতে দুৱাৰখন হুক লগাই থৈছিলোঁ বাবে বাহিৰৰ পৰা নিশা , ৰীমাই চিঞৰি আছে । সিহঁতৰ মাতত সাৰ পালোঁ । উঠি গৈ দুৱাৰখন খুলি চকু-মুখ ধুই ল'লোঁ । সিহঁত দুজনীয়ে ক'লে"----বাপৰে ইমান শুলি যে ক'ব নোৱাৰাকৈ । ভাত খোৱাই নাইচোন । তোক কিহে পালে ঐ । ইফালে কোনোবাই চিন্তা সাগৰত ডুব গৈ আছে কিয় নাহিল কিবা হৈছে নেকি বুলি ! মই দুয়োজনীলৈ অলপ খং ভাবে চোৱাত মনে মনে থাকিল । নিশাই সহজভাবে ক'লে"--- ভালেই হ'ল দে' এতিয়া তিনিওজনীয়ে একেলগে খাম ।
           তিনিওজনীয়ে ভাত খাই উঠিলোঁ । আজি ক্লাছ হ'ল নে নাই ! কি দিলে নোট কৰি আনিছ নে ! দেচোন চাওঁ বুলি মই কোৱাত নিশাই খৰধৰকৈ বেগৰ পৰা এটুকুৰা কাগজ উলিয়াই দিলে ।
: মই সুধিলোঁ কি এইখন ?
:ক্লাছৰ নোট ।
: আজি কাগজৰ টুকুৰাত নোট কৰিলি যে কি নোট বুক এজনীও নিয়া নাছিলি নেকি !
: নিছিলোঁ । কিন্তু আমি নোট নকৰিলোঁ । এলাহ লাগিল লিখিবলৈ । সেয়ে ...!
: সেয়ে কি ?
: সিহঁত তিনিটাক ক'লোঁ "তহঁতৰ প্ৰেয়সী আজি নাহিল যে ক্লাছৰ নোট লিখি নিবলৈ কৈছে তহঁতে লিখি দিবি কোনে দিয় হাঁ । আমি দি দিম গৈ । 
: পাগল চব । তহঁতে নিলিখ নাই আকৌ সিহঁতক কিয় ক'ব লাগে বুলি খঙতে কাগজ টুকুৰা মোহা মাৰি চুকলৈ দলিয়াই দিলোঁ। মই ক'লোঁ --- চা সিহঁতে মোক ভালপায় সেইয়া মই জানো । কিন্তু মই সিহঁতক ভালপাওঁ সহপাঠী বন্ধু হিচাপে প্ৰেমিক হিচাপে নহয়।।সেইয়া তহঁত দুজনীয়ে জান আৰু সিহঁতকো কৈছোঁ সেই কথা । তেনেস্থলত এইবোৰ বাৰে বাৰে পাকে প্ৰকাৰে মোক কিয় কৈ থাক বাৰু ! কথাবোৰ নুবুজিলে বৰ খং উঠে মোৰ । 
     মোৰ কথা শুনি সিহঁত দুয়োজনীয়ে হাঁহিলে। কিমান মিছা মাতিবি তই ক'চোন । কিমান আৰু তই নিজক ফাঁকি দিবি । আমি কি নাজানো বুলি ভাবিছ নেকি হাঁ ! তই যে মনে মনে পৰাগক ভালপাৱ । বাকী সুৰজিত আৰু চন্দনৰ কি হ'ব কথাটো গম পালে সেয়েহে তই মুখখুলি কোৱা নাই পৰাগক ভালপাওঁ বুলি । কাগজ টুকুৰা মেলি নাচালি যে কি আছিল ! পৰাগে লিখি দিছিল ঐ । পঢ়ি চাবি হাঁ ।
: হে----- ই ! কি বকিছ  তহঁত  দুজনীয়ে এইবোৰ ! না ---- ই , ম------ই     কা -----কো ৱে ই  ভা ----- ল ----- না-----পা--------ওঁ ।
  
আগলৈ...

অঙ্গন: পৃষ্ঠাঃ11
অণুগল্পঃ
সন্মান

মনিকা দেৱী

আজি খোজকাঢ়ি নহয়, ল'ৰাটোৰ চাইকেলতে স্কুললৈ আহিলো।
গানৰ কলি এটা গুণগুণাই কামবোৰ কৰি গ'লো।
"টং টং টং"____
বেলটো বজাই দিয়াত ল'ৰা-ছোৱালীবোৰে প্ৰাৰ্থনাৰ বাবে শাৰী পাতিলেহি, মোৰ ল'ৰাও। ময়ো পিছফালে থিয় হৈ উৎসাহেৰে প্ৰাৰ্থনা গালো।
"বাঃ নন্দ, আজি বৰ স্ফূৰ্টিত আছা দেই।" হেডচাৰে ক'লে। হাঁহি এটা মাৰি শলাগি থলো।নকৰিম কিয় স্ফূৰ্টি,__
'এতিয়াৰ পৰা ল'ৰা সৈতে একেলগে চাকৰি কৰিম; মই চকিদাৰ, সি শিক্ষক। হ'লেও তাৰ কোনো সংকোচ নাই। ৰাতিপুৱাই সিহে ক'লে "দেউতা, আজিৰ পৰা মোৰ লগতে যাব পাৰিবি।"

মৰিগাঁও।
7002966163


অঙ্গন: পৃষ্ঠাঃ12
 সকাহ

জুৰী বৰুৱা

"অ' খুড়ীদেউ ! লওক এই কেইটা!"
"অহ্‌ ! দিয়া দিয়া ! লৈয়েই আহিছা যদি ভালেই কৰিলা।সি বিচাৰিয়েই আছিল আজি।"
বেগটোৰ ভিতৰৰ পৰা তাই ৰুমালেৰে বান্ধি অনা টোপোলাটো খুড়ীয়েকলৈ আগবঢ়াই দিওঁতে দুয়োগৰাকীয়েই সকাহ অনুভৱ কৰিলে।
ইউনিৰ্ফম পৰিহিত ভতিজাকে গাড়ীৰ ভাড়া যোগাৰ হোৱাৰ বাবে আৰু খুড়ীয়েক, পুতেকৰ ভাতৰ কাঁহীখনত লোকেল মূৰ্গী ডিমৰ চাহিদাটো পূৰণ হোৱাৰ বাবে।
 
ঠিকনাঃ
মেলামৰা, গোলাঘাট
পিন:৭৮৫৭০২
ফোন-৬০০০৯৪৬০৭৭


অঙ্গন: পৃষ্ঠাঃ 13
এক মিনিটৰ গল্পঃ

মহাৰাণী 

নিৰু মণি দেৱী

        "দাদা, তোৰ লগৰ যে বৰুণ দা তাক আমাৰ ঘৰলৈ আহিবলৈ নিদিবি ।"
       "কিয় ? তোক কিবা কৈছে নেকি ?"
       "নাই কোৱা । কিন্তু মোৰ তাৰ চাল চলন অলপো ভাল নালাগে। এতিয়া যাকে তাকে ঘৰলৈ লৈ নাহিবি । "
        "হ'ব দে। তাইহে মানুহ চিনি পায় । তাইৰ আদেশমতে হে ঘৰ চলে !! মহাৰাণী !"
    :দাদা, ভিতৰলৈ সোমাই নাহিবি । পিছফালে আহ ।
   :কিয় এইখন তোৰ হে ঘৰ নেকি ? তোৰ কথা মতেই আমি চলিব লাগিব নেকি ?
    :জীৱনত ঘৰ সাৰি পাইছ ?ঘৰ কেনেকৈ মচে জান ? আঠু কাঢ়ি কাঢ়ি পেটত হেঁচা দি দি কিমান কষ্ট হয় বুজি পাৱ ? মই দুদিন নহ'লেই ঘৰখন গৰু গোহালি কৰি পেলাৱ ,একদম ভিতৰ নোসোমাবি বুলি কৈছোঁ।
: হ'ব দে। তাইৰ আদেশমতে হে চলিব লাগে !
"ভণ্টি , মোৰ পেন্টটো কি হ'ল ?"
"ধুই দিছিলোঁ, শুকোৱা নাই ।"
"কাক সুধি ধুইছিলি ? এতিয়া মই কি পিন্ধি যাওঁ ?"
 "প্ৰত্যেক দিনাই ওলাই গ'লে হে হয় নে ? মই সপ্তাহৰ মূৰত হে ঘৰৰ পৰা ওলাই যাওঁ, দেখা নাই । আৰু ৰহ চোন, কাক সুধি বুলি ক'লি যে! জীৱনত কাপোৰ ধুই পাইছ ?আলনা সামৰি পাইছ ? ঘামৰ গোন্ধ ওলালেও কাপোৰ এটা তিয়াই নিদিয়, সদায় সদায় কাপোৰ ধুই ধুই মোৰ নখ কিটা ভাঙি ভাঙি নাইকিয়া হ'ল, ধুই দিয়া যেন পাইছ !আজিৰ পৰা নিজৰ কাপোৰ নিজে ধুই ল'বি ।"
 "এহ, হ'ব দে। তোৰ মতেই হ'ব দে । তয়েই ধুই দিবি দে।এনেয়ে কৈছোঁ হে ।"
: ভণ্টি, সন্ধিয়া সময়ত অকলে ক'লৈ যাৱ ?
:দোকানলৈ । কিয় ?
:কি আনিব লাগে মোক দে। ছোৱালী মানুহ অকলে এতিয়া যাব নালাগে।
:কি হ'ব গ'লে। মোৰ সাহস নাই বুলি ভাবিছ নেকি ?
:কথা নকবি। দিন কাল কেনেকুৱা মই ঘুৰি ফুৰাটোৱে হে জানো ,তই এইবোৰ কি বুজিবি ?
: হ'ব দে নাযাওঁ । তাৰ কথাই কথা । এনে লক্ষ্মণটো ওলাইছে! যেতিয়াই তেতিয়াই লক্ষ্মণ ৰেখা ।
"ভণ্টি, কালি কাৰ লগত ওলাই গৈছিলি ? কোন ল'ৰা সেইটো ? যাৰে তাৰে লগত ঘুৰি নুফুৰিবি। মই বেয়া পাওঁ।"
: কি হ'ব গ'লে ? মই ইমান দুৰ্বল নহয় । "
: উত্তৰ নিদিবি, ঘৰৰ ছোৱালী ঘৰতে থাকিবি। ক'ৰবালৈ যাব লগীয়া হ'লে মোক ক'বি। "
:দাদা, ইমান দিনে ঘৰৰ বাহিৰ ওলাবই নিদিয় । কেতিয়াবা ক'ৰবালৈ গ'লেও লগত লৈ যাৱ । আজি কোলাত তুলি আনি পদূলি মুখত এৰি দিছ, বেলেগৰ লগত গুচি যাবলৈ !! 
:আজি এইদৰে উলিয়াই দিবলৈকে ইমান বছৰে ঘৰৰ ভিতৰত সযতনে সোমোয়াই ৰাখিছিলোঁ । উলিয়াই দিলেও মোৰ মৰম আৰু আশীৰ্বাদ সদায় তোৰ লগত থাকিব ।
: নাকান্দিব দাদা , আপোনাৰ ঘৰৰ ৰাজকুমাৰী আজিৰ পৰা মোৰ ঘৰৰ মহাৰাণী হ'ল। এতিয়াৰ পৰা আপোনাৰ দায়িত্ব মই পালন কৰিম ।

ঠিকনা:
গাওঁ:পহুপুৰি
পো: অ: দীঘলদৰি(ৰহা)
জিলা: নগাঁও (অসম)
পিন:৭৮২১০৩
ফোন নং:৯৩৬৫৭৬২৪২৯

অঙ্গন: পৃষ্ঠাঃ 14
অনুবাদ কবিতাঃ

THE BLACK MAN’S SON

(By Oswald Durand, written in Haitian Creole language) 
(Translated to English by Edna Worthlay Underwood)

As Lise however my mother was white
-Her eyes were blue where sleeping tears gleamed,
Whenever she blushed or in fear or delight
-Pomegranates burst into bloom it seemed.
Her hair was gold too! In wind and the light
-It covered her forehead where pale grief dreamed.
My father was blacker than I. Yet deemed
-Sacred their union the Church and right.
Behold, strange contrast, on her white breast
-A child as golden and brown as the maize,
Ardent too as the sun in our land always.
-I, orphan, loved Lise at youth’s intensest,
But her face grew pale at such words from me,
-The black man’s son held a terror you see.

 কৃষ্ণাংগৰ সন্তান
(মূল: The Black man’s Son by Oswald Durand  অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী )

লিজে’ৰ দৰেই মোৰ আইও আছিল শ্বেতবৰ্ণী
-তেওঁৰ দুই নীলা চকুত জিলমিলাইছিল নিদ্ৰালস চকুলো,
লাজুকী হাঁহি, ভয় বা আনন্দত ৰঙা হোৱা তেওঁৰ দুগাল দেখি
-এনে লাগিছিল যেন পকা ডালিমৰ গুটিয়ে হাঁহিছে।
তেওঁৰ চুলি কোঁচাও সোণালী আছিল! বতাহ আৰু পোহৰত
  -ঢাকি ৰাখিছিল কপালখন য’ত শেঁতা দুখে সপোন ৰচিছিল। 
মোৰ দেউতা মোতকৈ ক’লা আছিল। তথাপি ভাবিছিল
-তেওঁলোকৰ মিলন গীৰ্জাৰ দৰে পৱিত্ৰ আৰু শুদ্ধ। 
মন কৰাঁ, আচৰিত বৈপৰীত্য, তেওঁৰ শ্বেত স্তনযুগলত
-এটি শিশু, গোমধানৰ গুটি হেন সোণালী আৰু মুগা ৰঙীয়া,
উগ্ৰও, আমাৰ পথাৰৰ ওপৰত সদায় দেখা সূৰ্যটোৰ দৰে। 
-মই, মাউৰা, লিজে’ক গভীৰ ভাল পাইছিলো যৌৱনৰ তীব্ৰতাত,
কিন্তু, মোৰ প্ৰেম নিবেদনত শেঁতা পৰিছিল তেওঁৰ মুখৰ বৰণ,
-কৃষ্ণাংগৰ সন্তান মানেই যে আতংক, জানাইচোন!

(অচৱাল্ড ডুৰাণ্ডৰ জন্ম ১৮৪০ চনত কেৰেবিয়ান দ্বীপপুঞ্জৰ দেশ হাইটিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰায় ১৯০০ মাইল দক্ষিণৰ হিস্পানিঅ’লা নামৰ দ্বীপৰ দুই তৃতীয়াংশত হাইটি আৰু  আন এক তৃতীয়াংশত ডমিনিকান ৰিপাব্লিক দেশ দুখন অৱস্থিত।ডুৰাণ্ডে হাইটিৰ ক্ৰেয়ল(Haitian Kreyol) ভাষাৰ উপৰিও ফৰাচী ভাষাতো কবিতা লিখিছিল।দুখীয়া পৰিয়ালৰ হোৱা বাবে তেওঁ মজদূৰী কৰি জীৱিকা আৰ্জন কৰি নিজৰ পঢ়া খৰচ উলিয়াইছিল আৰু নিশাৰ ভাগতহে কবিতা লিখিছিল।প্ৰাথমিক স্তৰত সাংবাদিকতা কৰি পিচলৈ এখন কাকতৰ পৰিচালক হোৱাৰ উপৰিও ৰাজনীতিতো জড়িত হৈছিল।জনসাধাৰণে তেওঁক হাইটিৰ শ্বেক্সপিয়েৰ আখ্যাৰে সন্মানিত কৰিছিল। তেওঁ ১৯০৬ চনত মৃত্যুৰ সময়লৈকে কবিতা লিখিছিল। উপৰোক্ত কবিতাটো এড্‌ণা ৱৰ্থলে আণ্ডাৰউডৰ দ্বাৰা অনূদিত ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে)

অঙ্গন:  পৃষ্ঠাঃ 15

आराधना

कवियित्री सुभद्रा कुमारी चौहान

जब मैं आँगन में पहुँची,
पूजा का थाल सजाए।
शिवजी की तरह दिखे वे,
बैठे थे ध्यान लगाए॥

जिन चरणों के पूजन को
यह हृदय विकल हो जाता।
मैं समझ न पाई, वह भी
है किसका ध्यान लगाता?

मैं सन्मुख ही जा बैठी,
कुछ चिंतित सी घबराई।
यह किसके आराधक हैं,
मन में व्याकुलता छाई॥

मैं इन्हें पूजती निशि-दिन,
ये किसका ध्यान लगाते?
हे विधि! कैसी छलना है,
हैं कैसे दृश्य दिखाते??

टूटी समाधि इतने ही में,
नेत्र उन्होंने खोले।
लख मुझे सामने हँस कर
मीठे स्वर में वे बोले॥

फल गई साधना मेरी,
तुम आईं आज यहाँ पर।
उनकी मंजुल-छाया में
भ्रम रहता भला कहाँ पर॥

अपनी भूलों पर मन यह
जाने कितना पछताया।
संकोच सहित चरणों पर,
जो कुछ था वही चढ़ाया॥

আৰাধনা

মূল হিন্দীঃ স্ব: সুভদ্ৰা কুমাৰী চৌহানৰ
অনুবাদঃ অৰুণিমা শৰ্মা মহাপাত্ৰ

পূজাৰ বাবে পুষ্পপাত্র সজাই
চোতালত যেতিয়া মোৰ পৰিল চৰণ
মহাদেৱৰ সদৃশ মূৰ্তি ধৰি
বহি আছিল তেওঁ ধ্যানতেই মগন।

যাৰ চৰণত অঞ্জলি যাচিবলৈ
মন মোৰ হৈছিল আকুল ব্যাকুল,
নাজানো তেওঁৰ হৃদয়খনো
কাৰ বাবে নো হৈছিল বিয়াকুল?

সম্মুখতে বহি ৰ'লো মই 
চিন্তিত মই কুণ্ঠিত হৈ
কোন বাৰু এওঁৰ আৰাধ্য ?
ব্যাকুল ভাবে জানিবলৈ।

দিনে নিশাই মই যে এওঁকেই পূজোঁ, 
এওঁ বাৰু কাৰ ধ্যানত মগ্ন?
হে বিধাতা! এয়া কি ছলনা! 
এই  দৃশ্য যে মই নকৰোঁ কামনা।

এটা সময়ত তেওঁৰ সমাধি ভাঙিল,
চকুযুৰি তেওঁৰ মেল খালে 
স্মিত হাঁহিৰে মোক আদৰিলে,
মধুৰ স্বৰত বচন শুনালে।

"সাধনা আজি মোৰ হ'ল সফল,
আহিলা তুমি মোৰ ওচৰলৈ"
-তেওঁৰ শীতল মধুৰ ছাঁত 
গুচিল মনৰ ভ্ৰম যত মোৰ।

মনৰ ভুল চিন্তাবোৰৰ বাবে 
কিমান যে হ'ল মনত মোৰ অনুশোচনা
সংকুচিত মনেৰে তেওঁৰ চৰণতেই,
কৰিলোঁ যে মই  অৰ্ঘ্য ৰচনা।

অঙ্গন:  পৃষ্ঠাঃ 16
নাজানো বুৰঞ্জীৰ পুনৰাবৃত্তি ঘটে নেকি

(মূল : য়েহুদা আমিখাই
অনুবাদ : ৰুদ্ৰ সিংহ মটক)

মই নাজানো বুৰঞ্জীৰ পুনৰাবৃত্তি ঘটে নেকি
কিন্তু মই জানো তোমাৰ হ'লে তেনে একো নঘটে।

মোৰ মনত পৰিছে সেই চহৰখন দুভাগ হৈছিল,
মাথো ইহুদী আৰু আৰবসকলৰ মাজতে নহয়;
এনেকি মোৰ আৰু তোমাৰ মাজতো ,
যদিও আমি তাত একেলগেই আছিলো।

আমি নিজকে এক ডেঞ্জাৰ জ'ন কৰি পেলাইছিলো,
আমি আমাক ভয়াবহ এক জতুগৃহ সদৃশ কৰি পেলাইছিলো
বহুদূৰৰ সেই উত্তৰৰ মানুহবোৰৰ দৰেই,
যি নিজকে গঢ়ি তুলিছিল মৃত্যুশীতল বৰফৰ 
বিৰুদ্ধে, নিৰাপদ এক উমাল বাসগৃহ হিচাপে।

চহৰখন আজি একেলগ হ'ল ,
কিন্তু আমি আৰু তাত একেলগ হ'ব নোৱাৰিলোঁ।

এতিয়াহে বুজিলো মই
বুৰঞ্জীৰ পুনৰাবৃত্তি কাহানিও নহয়, যিদৰে
মই সদায়েই জানিছিলো তোমাৰো নহয়।


অঙ্গন:  পৃষ্ঠাঃ 17
কবিতাঃ
কাৰো দুখত দুখী হ'ব নোৱাৰোঁ আমি

ৰীতা বৰুৱা

কাৰো দুখত দুখী হ'ব নোৱাৰোঁ আমি
অথচ সুখত অসুখী হওঁ

আনৰ দোষ খোঁচৰাত পাকৈত আমি
নিজৰ দোষ খুঁচৰিলে
হওঁ খড়্‌গহস্ত

নেতিবাচক কথাৰ চৰ্চাত সৰৱ ভূমিকা লওঁ
সমালোচনাৰ কাঁইটেৰে খুঁচি-বিন্ধি
থকাসৰকা কৰোঁ হৃদয়
ইতিবাচক কথা
গুৰুত্বহীনতাৰ জতুগৃহত জাহ যায়

আলসুৱা মেঘ হৈ 
সপোনৰ সাতোৰঙী আকাশত ওপঙি ফুৰোঁ
সপোনৰ সাধনা কেইজনে কৰোঁ

আৰু দুখৰ ঈশ্বৰক দেই গৈ
শিলৰ ঈশ্বৰত সঁপি দিওঁ সমস্ত
নিজ নিজ সপোন পূৰাবলৈ

কাৰো দুখত দুখী হ'ব নোৱাৰোঁ আমি
অথচ সুখত অসুখী হওঁ


অঙ্গন:  পৃষ্ঠাঃ 18

শতাব্দীৰ গান
                      
বিমল কুমাৰ শৰ্মা

শোণিতৰ সেন্দূৰীয়া আলিয়ে
চৌপাশ জয়াল কৰে
ৰেডক্লিফ গাঢ় হয়
বাৰুদৰ ঘ্ৰাণত
চেতনা জাগ্ৰত হয়
কাৰাগাৰত আহত সৈনিকৰ
জিজ্ঞাসাই উন্মাদ কৰে কুৰুক্ষেত্ৰ
বিপৰ্য্যস্ত বাপুজীৰ শীৰ্ণ 
দেহ নিথৰ হয়,
মাতাল অনুৰাগত ৰংচুৱা
স্বদেশৰ খণ্ডিত শৌৰ্য্য
পদদলিত, পক্ষাঘাতাক্ৰান্ত। 

ইতিহাস উপেক্ষিত,
পাৰস্য আৰু আফগানৰ
সভ্যতা নতুবা বৰ্বৰতা,
মহাদেশীয় ক্ৰুৰতাই কঢ়িয়াই
ৱাশ্বিংটনৰ ক্ষেপনাস্ত্ৰ
ভূপতিত কোৰিয়ান উপকূলত।
জ্বলি থাকে বহ্নিশিখা
শৰণাৰ্থী শিশুৰ ছিৰিয়া,
ভাগ্য, দুৰ্ভিক্ষৰ গ্ৰাসত।

সপোন হেৰায়,
লেবাননী গাভৰুৰ 
নীলাভ নয়নত হতাশাৰ অশ্ৰু
উপেক্ষিত হয় চেগুৱেভাৰা,
ইথাৰত আজিও ভাহে
ফেচীবাদী হিটলাৰৰ গান
নস্যাৎ হয় নৱপ্ৰভাত
জেৰুজালেম নাইবা পেলেষ্টাইনৰ।

কৃষ্ণাংগী কিশোৰীৰ আহ্বানত
প্ৰাণ পাই আমাজানে,
বন্দিত মেণ্ডেলাই দেখুৱাই
সহস্ৰাব্দৰ সপোন 
লুণ্ঠিত মানৱতাৰ নতুন গান বাজে
জোহান্সবাৰ্গত...।

জাগ্ৰত চিলিয়ে নিলিখে 
নেৰুদাৰ কবিতা...
মেলি নিদিয়ে দুহাত
দিগন্ত প্ৰসাৰী;
উটি যায় জীৱন
ভাহি আহে আকাশ
বাজি থাকে একেই গান
নেপথ্যত চলি থাকে 
উদ্দাম চাকিৰাৰ দৃশ্যায়ণ।

হেজাৰ নিশাৰ চিৎকাৰত
ৰঙীণ হয় বেলুচিস্তানৰ হৰতাল
ধৃতৰাষ্ট্ৰৰ অভিনয়ৰ আখৰা চলে,
ৰাষ্ট্ৰসংঘ, জেনেভা অথবা হোৱাইট হাউচত।
ঘূৰি নাহে সোণালী ইতিহাসৰ
স্পেনিছ আৰ্মাডা,
শেষ হয় জাভি, ইনিয়েষ্টাৰ
সোণালী শিল্প,
গ্ৰাছক'ৰ্টত মৰীচিকা খেদে নাডালে,
সংঘবদ্ধ কাটালনিয়াৰ হৰ্ষোল্লাসত
কঁপি উঠে মাদ্ৰিড।

সাগৰৰ অশান্ত বক্ষত
সংগ্ৰামী বৃদ্ধই নাগায় জীৱনৰ গান
জীৰ্ণ শৈশৱ, শীৰ্ণ কৈশোৰে পাহৰাই
হেমিংৱেৰ সাঁচিপাতৰ ৰূপোৱালী অক্ষৰ।

সংগ্ৰামে সুঁতি সলায়;
হাঙৰৰ চোকা দাঁতে 
বিদীৰ্ণ কৰে সংগ্ৰামী সত্তা। 
উন্মোচিত হয় সংকীৰ্ণ বিপ্লৱৰ
জঘন্য ট্ৰেজেডি।

অথৰ্ব মানৱে লিখে
ধ্বংসৰ শ্লোগান...
পৰি ৰয় অজস্ৰ,
হৃদয়ৰ গান....
দিঠকৰ গান....
প্ৰণয়ৰ গান....
সপোনৰ গান.....।

ঠিকনাঃ
গাওঁ - বৰক্ষেত্রী বৰ্ণি      ডাকঘৰ - বনগ্ৰাম
থানা - বেলশৰ
জিলা - নলবাৰী (অসম) ভ্রাম্যভাষ - ৭০০২৫১৭৬৯৭

অঙ্গন: পৃষ্ঠাঃ19

আঁচোৰ

অত্ৰেয়ী গোস্বামী

মানুহ এজন আহি আছিল
আহি আহি তেওঁ ছাঁ এটাৰ সন্মুখত ৰৈ দিলে
দুয়ো কথা পাতিলে 
শেষত গম পালে ছাঁটো মানুহজনৰ নাছিল৷

নিজৰ ছাঁ বিচাৰি তেওঁ উভতি গ’ল
ওভতনি পথত বিৰাট শূইন এটা পৰি আছিল৷
হঠাতে যেন তেওঁৰ চেতনা জাগিল
তেওঁ বুজিলে—এয়াটো পথ নহয়,
মানুহ উভতিব নোৱাৰে৷

ক্ৰমশঃ এটা সত্যৰ দিশে খোজবোৰ গৈ থাকিল
আচলতে গৈ থাকিল নে আহি থাকিল
সেয়া নিৰ্ণয় কৰিব নোৱাৰি৷

বহু যুগৰ অন্তত তেওঁৰ উত্তৰসুৰীয়ে অনুমান কৰিলে
সেই খোজৰ মানুহজন তেতিয়া নাছিল৷
যেতিয়া আছিল তেতিয়া তেওঁৰ একো নাছিল
যেতিয়া নাছিল তেতিয়াহে তেওঁ সম্পূৰ্ণ হৈছিল৷

মানুহজনে নিজক থৈ গৈছিল
মানুহজনে তেওঁৰ বুকুৰ আঁচোৰ এডোখৰ থৈ গৈছিল৷

খোজবোৰৰ লেখ-জোখ নাথাকে
মিছাৰ বাহিৰে সকলো জুই
সঁচাবোৰ চেঁচা পৰিব নোৱাৰে
খোজবোৰ কিন্তু মাজে মাজে বৰফ হয়৷

মানুহজনৰ এটা বাট আছিল
সেই বাটৰ গাঁতবোৰ তেওঁ নিজে পুতিছিল,
তেওঁৰ খোজলৈ চোৱা মানুহবোৰে 
গাঁতবোৰ দ কৰি দিছিল,
তেওঁৰ মুখলৈ চোৱা মানুহে তেওঁৰ হাতলৈ চাইছিল
মুখলৈ চোৱা মানুহ আছিল এজন
তেওঁ আছিল দাপোণৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব৷

মানুহজনৰ আঁচোৰ ডোখৰ
দাপোণত ঘাঁ হৈ থাকি গ’ল৷

অঙ্গন: পৃষ্ঠাঃ20

পহৰাদাৰ

ৰাজেন অসমীয়া

নিশাৰ চকিদাৰ
পৰে পৰে ঘণ্টা কোবাই
ৰাতিটো থাকোঁ হুৰাই
মন পথাৰৰ টঙিৰ ৰখীয়া মই
কোৰ কোবাই খেদি থাকোঁ সোণগুটি গিলা চৰাই
হালধীয়া অচিন চৰাইয়ে যে ৰাতিৰ এন্ধাৰত আহি বাওধান খায়
হালধীয়া সপোন এটা খেদি
জীৱনৰ কি যে লটিঘটি
প্ৰায়ে পাহৰি যাওঁ আমি
হালধীয়াই যে সেউজৰ শেষ পৰিণতি
মন হালধীয়া , বেহা হালধীয়া, দেহা হালধীয়া , বেলা হালধীয়াৰ বতৰ
হালধীয়া বিষাদ বেলাড মচি
হালধীয়া খকুৱা মিডাচ খেদি
ঘণ্টা কোবাই পৰে পৰে
কোৰ কোবাই ডাঁৰে ডাঁৰে
নিশাৰ চকিদাৰ, টঙিৰ ৰখীয়া
সেউজীয়া সপোন সজাই
এন্ধাৰ খেদা নিশাৰ চকিদাৰ মই
হালধীয়াৰ মিছা নিচা ফটোৱা কোৰ কোবোৱা টঙিৰ ৰখীয়া মই...

অঙ্গন: পৃষ্ঠাঃ21
তামিল

কিশোৰ মনজিৎ বৰা

শিপা নেৰা মানুহ
ডাল-পাতো আকাশ বিয়পা

ধুতীখনক সন্মান কৰা মানুহ

ফুলক খোপাত পিন্ধাই
মেঘক চমক দিয়া জীয়ৰী

তামিল
বুকুৰ হাড়ৰ কলমেৰে
ভাষা লিখা মানুহ


অঙ্গন: পৃষ্ঠাঃ 22
স্বাধীনতা     

ড০আৰমেদা আহমেদ

স্বাধীনতাৰ অৰ্থ বিচাৰি
অভিধানৰ পৃষ্ঠা লুটিয়াই চাওঁ
কোৱাৰ নাই স্বাধীনতা
শুনাৰ কি দৰে থাকিব!!! 
দুচকুৰে কি দৰে চাব পাৰিম ধৰা
তাতো ওলমি আছে
বিয়াগোম তলা,
ভোকাতুৰ উদৰ
পোছাকেৰে ঢাক খোৱা।
পৰিয়ালৰ শতৰুৱে
ঘুমটি ভাঙে, 
জঠৰ পৰি যোৱা জিভাখন
ৰামধেনু বৰণীয়া কৰোঁ, 
কথা কোৱা বাৰণ
মাথোঁ ৰঙৰ বাহাৰ।
স্বাধীনতা মাথোঁ
তিনি বৰণীয়া পতাকা,
তিনি ৰঙৰ অৰ্থ পাহৰি
উৰুৱাওঁ বছৰৰ
দুটা বিশেষ দিনত।
স্বাধীনতা মোৰ বাবে
এখন জাতীয় পতাকা।


অঙ্গন:  পৃষ্ঠাঃ 23
স্বাধীনতা 

মণিকা গগৈ শইকীয়া

হে শ্বহীদ প্ৰণামো তোমাক
স্বাধীনতা দিৱসৰ মংগল উৰুলিৰে উপচাওঁ
কলুষতাই ঢাকি থোৱা আকাশ 
যুক্তাক্ষৰবোৰ আওঁৰাবলৈ শিকোতেই 
শুনিছিলো পিতাইৰ মুখেৰে 
স্বাধীনতাৰ কথা ,
আৰু তেতিয়াৰে পৰা 
মোৰ মন মগজুৰে  
বগোৱা বাই আহে 
স্বাধীনতাৰ এডাল তেজৰঙা শিপা ।
স্বাধীনতা  -----
য'ত থাকে আপোচবিহীন সত্তা
সাহস ,ত্যাগ আৰু শান্তিৰ নিচানখনেই
প্ৰগতিৰ বাৰ্তা বাহক ।
যদিও আমাৰ হাতে হাতে
গুজি দিয়া হ'ল ত্ৰিৰংগ পতাকা 
তথাপি আমি যেন আজি পৰাধীনতা ,
আজিকালি সঘনে দেখোঁ 
আইয়ে পিৰালিত বহি 
নিৰলে উচুপি উচুপি কন্দা ,
বৃদ্ধাশ্ৰমত লিখি দিয়া হ'ল
ৰুগীয়া পিতৃ মাতৃৰ নতুন ঠিকনা ।
ফুট গধূলিতে পেপুৱা লাগে 
মানৱতা  ,
লোলুপ দৃষ্টিৰ ৰোষত 
বাৰে বাৰে ধৰ্ষিতা হয় নাৰীসত্তা
তেনে আজি কাৰ স্বাধীনতা ।
মিথ্যাচাৰ , ব্যভিচাৰ 
আৰু যে কত অংগীকাৰ 
বঙহে বঙহৰ কাঢ়ি নিয়ে অধিকাৰ ,
কবিৰ কলমক ৰুধিবলৈ 
কৰা হয় অহৰহ চেষ্টা 
সততাৰ এচলীয়া চালিত 
জ্বলিব জানো প্ৰগতিৰ শলিতা 
সেয়াই নেকি স্বাধীনতা
ভুক্তভূগী জনতাৰ ।


অঙ্গন:  পৃষ্ঠাঃ 24

শূণ্য নাটঘৰত

দুৰ্গেশ্বৰ শইকীয়া 
মাজুলী

কামিজৰ জেপত
কঢ়িয়াই লৈ ফুৰোঁ এটা
জোনাক ৰাতিৰ গান
যি গানৰ সুৰে সুৰে
নাচিছিলোঁ বহুদিন, বহুৰাতি। 
যি গানৰ সুৰে সুৰে বৈছিল 
বন্ধুত্বৰ, ভাতৃত্বৰ অমল ফল্গুধাৰা। 
কথা পাতিছিলোঁ 
দেশৰ, মাটিৰ আৰু মানুহৰ 
বুকুৱে বুকুৱে গজিছিল 
শাৰদী জোনাকৰ অনুভৱী শতদল, 
অনামী সপোনৰ পম খেদি 
ফুলিছিল প্ৰেমৰ ৰঙা গোলাপ। 
সেই সুৰত মগন হৈ থাকোঁতেই 
ভোজঘৰৰ পৰা এজন এজনকৈ 
মেলানি মাগিলে 
সুৰে সুৰে মগন হৈ থকা 
হিৰণ্ময় ৰ'দৰ মানুহবোৰ, 
পৰি আছে খালি পিয়লাবোৰ 
আৰু 
চিগাৰেটৰ খালি পেকেটত 
দুখৰ কবিতা লিখি 
এতিয়া মই 
শূণ্য নাটঘৰৰ বিফল ভাৱৰীয়া।


অঙ্গন: পৃষ্ঠাঃ 25
শাওণৰ ভৰুণ পথাৰ 

নিজৰা বৰ্মন ডেকা

শাওণৰ ভৰুণ পথাৰত কাঁচিয়লি ৰ'দালি 
ডাৱৰৰ ফাঁকেৰে মাৰেহি ভুমুকি, 
বোকাময় পথাৰত ৰিমঝিম ৰিমঝিম বৰষুণ 
যেন ৰোৱনীৰ আনন্দৰ চকুপানী ।
কৃষকৰ আশাৰ সোণগুটি লৈ
শাওণ নামি আহে ধৰালৈ
আশাবাদী কৃষকৰ 
সীৰলুৱে সীৰলুৱে সিঁচা কঠীয়াবোৰ
প্ৰাণ পাই উঠে লহপহীয়াকৈ  ।
বৰ্ষাৰ পৰশত গাভৰু হ'ব 
গুজি গুজি ৰোৱা ধানৰ কঠীয়া
আনন্দত গীত গায় গৰখীয়া ডেকা , 
শাওণৰ পথাৰ হ'ব শস্য সম্ভৱা 
সোণগুটি ধাননি হ'ব সোণাৰু ফুলীয়া।
শাওণৰ পথাৰত আবেলিৰ বেলিটিয়ে 
সিঁচি দিয়ে সেন্দুৰীয়া ৰ'দালি 
দূৰ দিগন্তত জোনটিৱেও সিঁচিলে জোনাক 
শাওণৰ পথাৰ ঢাকি
চিৰ সেউজ হৈ উঠিল প্ৰকৃতি ৰাণী ।


অঙ্গন: পৃষ্ঠাঃ 26
অদ্বৈত

ড°তেজসা কলিতা

আহত গছ ডালৰ ঠিক তলত
সেইদিনাও ৰৈ আছিলা তুমি মোলৈ,
মই চাইছিলোঁ তোমালৈ এবাৰ
অপলক দৃষ্টিৰে তুমিও যে চাই আছিলা মোলৈ।

হৃদয়ৰ ভাষা নিগৰিছিল চাৰি চকুৰ আকুলতাৰে
মৌন হৈ ৰৈছিলোঁ‌ তুমিও, ময়ো,
কিমান বছৰ বাগৰি গ'ল বাৰু
এবছৰ, দুবছৰ...ওহোঁ‌ চাগৈ পোন্ধৰ বছৰ।

সময় বাগৰি দিনবোৰ বছৰ হ'ল
অব্যক্ত অনুভূতিবোৰ তেনেকৈয়েই ৰৈ গ'ল, 
পাহৰণিৰ গৰ্ভত পুতিব পাৰিলোঁ‌নে সেই অনুভৱক
আজিওযে ৰিঙিয়াই ফুৰে সেই সপোন হৃদয়ত।

মই, তুমিৰ পৰা আমি হোৱাৰ সেই আশাবোৰ
আজিও যে একেই আছে হৃদয়ত,
মোৰ প্ৰতিটো প্ৰাৰ্থনা, প্ৰতিটো আৰাধনাত
বৈ থাকা তুমিয়েই আজিও হৈ অন্তৰৰ আহ্বান।

মোৰ আত্মালৈ বিয়পি থকা তোমাৰ সেই সত্তা
চাগৈ এনেকৈয়েই বৈ থাকিব শৰীৰত থকালৈ আত্মা,
আত্মাৰ জানো হয় মৃত্যু, থাকে কোনো অন্ত
তেনেহ'লে জানো সম্ভৱ মুক্ত হোৱা এই অনুভৱৰ পৰা ?

গোপনে গোপনে বুকুত অনায়াসে বৈ যাব
প্ৰেমৰ এই নৈখন অনাদি, অনন্ত কাললৈ,
প্ৰতি জনমে ভিন্ন শৰীৰেৰে তোমাৰ প্ৰেমতেই হৈ ৰ'ম মগ্ন 
দ্বৈততাৰ পাৰ ভাঙি হৈ ৰ'ম যুগে যুগে দুয়ো অদ্বৈত।

গুৱাহাটী

অঙ্গন: পৃষ্ঠাঃ 27
হেঁপাহ 

প্ৰণৱ কুমাৰ গগৈ

এতিয়া আমাৰ 
এটা দীঘলীয়া হেঁপাহ...
তুমি মোৰ 
মই তোমাৰ....

হেঁপাহবোৰ
বাঢ়ি থাকে বুকুত
সপোন 
গজি উঠে চকুত....!! 

কোনোকালে
নাভাঙিবা  আমাৰ
আন্তৰিকতাৰ সাঁকো  
যেন 
চিৰদিন-চিৰকাল 
একেলগে থাকো .....!!

অঙ্গন: পৃষ্ঠাঃ 28
অনুভৱ 

ৰুলী বৰা 
 
তোমাৰ ৰসাল কথাবোৰত 
মই বিচাৰি পাওঁ
সেই মাদকতা...

যি মাদকতাই 
মোক দিব হয়তো 
জীয়াই থকা প্ৰেৰণা...

তুমি মোৰ নোহোৱা যদিও 
মই এদিন...
তোমাতেই বিলীন কৰি দিম
মোৰ হৃদয়ৰ
সমস্ত ভালপোৱা...!! 

নকছাৰি

অঙ্গন: পৃষ্ঠা 29
ডাকোৱাল 

দিপ্তী মনি গোস্বামী
                                    
হেৰা মোৰ অভিমানী প্ৰিয়া
তোমাকেই মাতিছোঁ অথনিৰ পৰা 
মাত এষাৰ দিয়া মোৰ ডাকোৱাল খুৰা !

বুজিছোঁ ম‌ই তোমাৰ হৃদয়ৰ বেথা 
দেখিছোঁ ম‌ই তোমাৰ কৰুণ গাঁথা
কেঁচা কলিজাত লগা সেই ঘা টুকুৰাৰ কথা।

তোমাৰ চাইকেলৰ কেৰিয়াৰত সগৌৰৱেৰে নচা
ৰঙীলী পমিলিয়ে ইনাইচে বিনাইছে
অলক্ষিতে পাই নীলা খামৰ বিচ্ছেদৰ বতৰা !

তোমাৰ জোতা পোছাকেও ৰিঙিয়াই কৈছে
উদ্ধাৰ কৰা আমাক গহ্বৰ ভিতৰৰ পৰা
জনসমাজত পুণৰ বিলোৱা আমাৰ সংস্কৃতিৰ বতৰা 

সেই দেখি শুনি তুমি আজি ম্ৰিয়মান
বেজাৰ ভৰা মুখত এমোকুৰা হাঁহি ফুলাবলৈ
বিচাৰি পোৱা নাই বিকল্পৰ।‌

দুখ নকৰিবা মোৰ আজলী প্ৰিয়া,
আকৌ এদিন ভাল দিন আহিব দিয়া 
শাঁত পৰিব তোমাৰ আকুল হিয়া।

মোবাইল ফোনৰ এ'প বিলাকত গঢ়ি উঠা
আঠাহীন মৰম আন্তৰিকতাবোৰে এদিন আমুৱাব
আকৌ তোমাৰ পৰিত‍্যক্ত বাকছবোৰত
নীলা খামবোৰ উভৈনদী হ'ব।

অঙ্গন:  পৃষ্ঠাঃ 30
শিৰোনামবিহীন

প্ৰণৱ জ্যোতি শৰ্মা

চৌদিশে কেৱল তুমি তুমি
তুমিতো জানা
কিহৰ ৰাগীত মোৰ কবিতা জন্মে ?
নীলবৰণীয়া তোমাৰ
চকুৰ চাৱনিত ?
মদনৰ ধেনু সদৃশ
চেলাউৰীৰ ভংগীমাত ?
নে সেই তোমাৰ
 চঞ্চল হাঁহিত ?
তোমাক fb ,whtsapp ত
মুখখনি চাই ৰোৱাৰ পৰত
হাজাৰ প্ৰশ্ন মোৰ আহে
তুমি নীল আকাশৰ তলত 
 তলমূৰকৈ থকাৰ পৰত
তোমাৰ মুখত থকা
উজ্জ্বলতাই মোক কাবু কৰে ৷
কবিতাৰ উৎস মোক নিবিচাৰিবা ৷
মোৰ কবিতাৰ উৎস মোৰ
প্ৰেমিকা ৷
তোমাৰ বাবে পাৰ কৰা
প্ৰতিক্ষণেই মোৰ কবিতাৰ উৎস ৷
ৰাগী কেৱল তুমি ৷
শিৰোনামবিহীন তুমি ৷

নাৰায়্ণপুৰ

অঙ্গন: পৃষ্ঠা 31
সূৰুযৰ ৰঙা কিৰণ

গণেশ চন্দ্ৰ কছাৰী
(পহৰ) তিতাবৰ

ব’লাচোন মাৰোঁগৈ ভেটা নিষিদ্ধতাৰ
কিমাননো বহিকৰ্মবোৰ
চকুৰে চাই কাণেৰে শুনি 
নিজক ফাঁকি দিয়া
নাই জানো তোমাৰ আত্ম-সন্মান
জীয়াই আছা পৰমুখাপেক্ষী হৈ !

তুমি যে মোৰ মই তোমাৰ
এনে ভালপোৱা নাইনে তোমাৰ
তথাপি কিয় অহংবৈৰী মনোবৃত্তি
ভায়ে ভায়ে তেজৰ পিপাসু সূৰ্যৰ চকু !

এইবোৰকে তোমালোকক ক’বলৈ পালে 
উতলি উঠে মোৰ সমগ্ৰহ সত্তা
ৰৈ থকাৰ বান্ধ হেৰাই যায় 
চেতনাহীন ভাবে উদক ভেটা ৰখীয়া দিব নোৱাৰোঁ
অকৰ্মক কৰ্ম বুলি ভাবি !!

অঙ্গন: পৃষ্ঠাঃ 32
ত্ৰিৰংগ পতাকাৰ  ৰং

ৰুমী কলিতা দত্ত

হাতত ত্ৰিৰংগ পতাকা লৈ 
আমি গাওঁ স্বাধীনতাৰ জয়গান
ভাৰত মাতৃৰ আশীষ লৈ 
বিজয়ৰ ধ্বজা উৰুৱাওঁ 
কত জোৱানৰ মৃত্যুৱে পৰাধীনতাৰ শিকলি চিঙি  দিলে
এই মৃত্যু অপৰাজেয় হৈ ৰ'ল ।

বন্দে মাতৰম, বন্দে মাতৰম 
সুৰীয়া কণ্ঠস্বৰ 
একতাৰ ডোলেৰে
প্ৰগতিৰ পথেৰে 
বিজয়ৰ ধ্বজ্জা উৰুৱাওঁ ।

শত শ্বহীদৰ তেজৰ নৈ বোৱাই
ভাৰত স্বাধীন হ'ল
প্ৰাণ-আহুতি দি শ্বহীদ কিয় হেৰাই গ'ল।

দেশ মাতৃক সেৱা জনাই
কত বীৰংগনাই
তেজেৰে নৈ বোৱাই
পৰাধীনতাৰ শিকলি চিঙি
ত্ৰিৰংগ পতাকা উৰুৱাই ।

সুজলা-সুফলা শস্য-শ্যামলা  আই তুমি
স্বাধীনতাৰ শিকলিয়ে মেৰিয়াই
গায় সকলোৱে জয়গান 
কেঁচা মাটিৰ গোন্ধ পাওঁ 
ত্ৰিৰংগ পতাকাৰ তেজাল ৰং বোলোৱা 
একতাৰ গীত গাওঁ ।

অঙ্গন: পৃষ্ঠাঃ 33
সময় হ'ল এপ্ৰিল

খগেন ভৰালী

এপ্ৰিল ইজ দ্যা এনচিয়েণ্ট মেৰিণাৰ' ক্ৰূৱেলেষ্ট মান্থ্!

এপ্ৰিল বৰ নিষ্ঠুৰ!
তাতোকৈ বিপ্লবী নিষ্ঠুৰ মানুহ!

স্বাধীনতা ও লাগে, যুদ্ধ ও বিচাৰে।
ইয়ো মানুহ, 'মেন এণ্ড মেচিন '
একৈশ শতিকাৰ!

আশ্বাসত নিদানে থাকে তৰি,
অশ্বগন্ধাৰ শত সহস্ৰ জনৰ শতদল গুঞ্চ চৰণে পখালো ধৰি।

ৰাজনীতিৰ চক্ৰান্ত
দুষ্ট জনৰ কামনা পুৰ কৰি।

এয়াই সমাজ, ৰাজনীতি, দেশ, জাতি- মাটি - ভেঁটি।

গণতন্ত্ৰত সৰ্বত্ৰে ঢোল -পেঁপা বীভৎস দুৰ্নীতি;
মোৰ আই, তোৰ দেশৰ কোলাত লওঁ এঘূমুতি।

বৰ বহল পৃথিবীখন,
নাজানিলো কোনো কালে
সাঁতোজাপ ঠেক সাঙীখন।

অঙ্গন:  পৃষ্ঠাঃ 34
ৰেচিপি



তিনি ৰঙৰ চৰবত


প্ৰণিতা দাস, বৰপেটা
 

কৰ্দৈৰ চৰবত
নেমুৰ চৰবত
দুপৰটেঙাৰ চৰবত

কৰ্দৈৰ চৰবত

দুটা কৰ্দৈৰ কাতি লৈ মিক্সিত পেষ্ট কৰি তাৰ লগত পানী মিহলাই চেনি , কলা নিমখ , বগা নিমখ আৰু এটোপাল কমলা ফুডকালাৰ দি ভালদৰে মিহলাই পৰিৱেশন কৰিছোঁ ।

নেমুৰ চৰবত

নেমু এটাৰ ৰস উলিয়াই এগিলাচ পানীত দি চেনি নিমখ দি মিহলাই পৰিৱেশন কৰিছোঁ ।

দুপৰটেঙাৰ চৰবত

দুপৰটেঙাৰ পাত কেইখনমান ভালদৰে ধুই কাতি মিক্সিত পেষ্ট কৰি লৈ তাৰ লগত নেমুৰ ৰস , চেনি , নিমখ মিহলাই পৰিৱেশন কৰিছোঁ ।


অঙ্গন:  পৃষ্ঠাঃ 35
অনুভৱ :

ভাগৱত পাঠ আৰু সামাজিক মাধ্যমৰ সমালোচনা

বিষাদ ৰঞ্জন বৰবৰা

বৰ্তামান সময়ত চচিয়েল মিডিয়াই সমাজৰ সকলো দিশতে এক বিশেষ স্থান গ্ৰহণ কৰিছে। চিনেমা, চুটি ছবি, ৰীল, সংগীত, কবিতা আবৃত্তি, গল্প পাঠ, নীলাখামৰ চিঠি পাঠ আদিৰ উপৰিও সম্প্ৰতিক সময়ত YouTube ত দিহা নাম, নাগাৰা নাম, বিয়া নাম আৰু চন্দন কোঁৱৰ, প্ৰাণজিত গগৈ আদিৰ দৰে বৈষ্ণৱপ্ৰাণ বাপ সকলে সুমধুৰ কণ্ঠেৰে ভাগৱত পাঠৰ কিছু ভিডিঅ' আপ্লুদ কৰিছে। যি সমূহৰ পৰা মনোৰঞ্জনকে আদি কৰি ভক্তিভাৱত কিছু সময় কিছু লোকে ভাগৱত পাঠো শুনি মন শান্ত কৰে। এতিয়া কথা হ'ল যিদৰে সামাজিক মাধ্যমত এই সমূহে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিছে সেই দৰে বহু লোকে ইয়াৰ জৰিয়তে এই ভিডিঅ' সমূহৰ সমালোচনাও কৰা দেখা গৈছে। আজি মোৰ এই অনুভৱটি লিখাৰ উদ্দেশ্যও হৈছে এই সমালোচনাৰ বিষয় বস্তু।
      কথা হ'ল আমাৰ প্ৰতিজন লোকৰ প্ৰতিটো সত্তাৰে এটা নিজস্বতা আছে আৰু সেই অনুপাতে আমাৰ পচন্দ-অপচন্দ বোৰৰো পাৰ্থক্য আছে। আজি কিছু দিনৰ পৰা ফেচবুকত এই ভাগৱত পাঠক লৈ কিছু লোকক কিছু নেতিবাচক কথা কৈ থকা দেখিবলৈ পোৱা গৈছে। এতিয়া কথা হ'ল যি দৰে সামাজিক মাধ্যম সকলোৰে বাবে এখন খোলা মঞ্চ তাত কি দিব লাগে নেলাগে তাক সম্পাদনা কৰিবলৈ কোনো এখন সম্পাদনা সমিতি নাই। সেয়ে যাৰ যি ভাল লাগে বা যাৰ যি মন যায় আপ্লুদ কৰে। সেইয়া আপুনি চাই বা নেচাই আপোনাৰ কথা। 
          কথা হ'ল আজি কিছু দিনৰ পৰা দেখি অহা বা সমালোচনাৰ সন্মুখিন হৈ অহা বা সমালোচনা কৰাৰ বিষয়টো হ'ল ভাগৱত পাঠ। এই ভাগৱত পাঠৰ জৰিয়তে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক দুজনা গুৰুৱে বৈষ্ণৱী সকলক দি যোৱা কিছু আদৰ্শ বা ধৰ্মীয় মতবাদ কওক বা ধৰ্মীয় নীতি। ভাগৱত ধৰ্মত গুৰু দুজনাই কোৱা মতে ভগৱান এজনেই। সেয়েহে বৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ হ'ল " এক দেৱ এক সেৱ একক বিনে নাই কেৱ।" এই আদৰ্শৰ মতে চলিবলৈ যাওঁতে  বৈষ্ণৱ ধৰ্মী লোক সকলে মূৰ্তি পূজা কৰা বা তেনে পূজাত অংশ গ্ৰহণ কৰাৰ পৰা আঁতৰি থাকিব লাগে। কলি যুগত বোলে নামেই শ্ৰেষ্ঠ। গতিকে কলি যুগৰ মনুষ্যই ভগৱানৰ নাম ল'লেই মুক্তি পায়। সেয়ে এই যুগত হোম, যাগ, যঞ্জ আদি কৰাৰ প্ৰয়োজন নাই। এই মতবাদ প্ৰচাৰ কৰিবলৈ যাও‍ঁতে গুৰু দুজনাই ভাগৱতৰ বিভিন্ন অধ্যায়ত এই কথাখিনি ব্যাখ্যা কৰিছে। 
          এতিয়া কথা হ'ল ভাগৱতৰ এই কথাখিনিকে পাঠেকী সকলে বিভিন্ন ধৰ্মীয় অনুষ্ঠানত ভাগৱত পাঠ কৰি ব্যাখ্যা কৰে আৰু সামাজিক মাধ্যমত বিভিন্ন প্ৰকাৰে এই ভিডিঅ' সমূহ ভাইৰেল হয়। আৰু তাতে কিছু লোক ক্ষোভীত হৈ সনাতন ধৰ্মক অপমান কৰা হৈছে বা তেনেধৰণৰ কথা কৈ এই পাঠেকী সকলক সমালোচনা কৰে। কিন্তু এই সমালোচনাৰ সম্পৰ্কত মোৰ ক'ব লগা কথাষাৰ এইয়ে যে ভাৰতবৰ্ষ যিহেতু ধৰ্মনিৰপেক্ষ দেশ। এই দেশত আপুনি যি ধৰ্মতে শৰণ ল'ব খোজে ল'ব পাৰে। তেনে স্থলত বৈষ্ণৱ ধৰ্মালম্বী লোক সকলে তেওঁলোকৰ মানসিক প্ৰশান্তিৰ বাবে ভাগৱত পাঠ।শুনি তাক YouTube ত ভাইৰেল কৰিলে বুলিয়ে কেনেকৈ সনাতন ধৰ্মক অপমান কৰা হ'ল। মোৰ ক'ব লগা কথা এইটোৱে যে যদি আপোনাৰ ভাগৱত পাঠ ভাল লাগে তেন্তে শুনক আৰু যদি ভাল নেলাগে নুশুনিব। মিছাকৈ ভাটৌৰ দৰে মুখষ্ঠ কৰি, টকা লৈ আদি আৰ্টিকুল লগাই এই সকল বাপক কিয় সমালোচনা কৰিব লাগে ? শুদ্ধ মন আৰু শুদ্ধ বিচাৰৰ দ্বাৰা আমি ধনাত্মক হওঁচোন আহক। হ'কে বিহ'কে সমালোচনাৰ পাতনি মেলাতকৈ কথাৰ তাৎপৰ্য আৰু প্ৰয়োজনীয়তাৰ বিষয়ে অধ্যয়ন কৰিলেই চাগে সকলো কথাৰ গুহাৰ্থ বুজি পাম। কথাতে কয় বোলে "সকলো ফালৰ পৰা জ্ঞান আহৰণ কৰা। কিন্তু তাৰ ভালখিনিক ৰাখি বেয়াখিনি আঁতৰাই পেলোৱা।" আমিও তাকেই কৰোঁ আহক।



অঙ্গন:  পৃষ্ঠাঃ 36

গল্প

অব্যক্ত

“আজি মই ওলালো অ' জোনে জোনালী
             নতুন এঘৰলৈ অ'জোনে জোনালী......
    ............................................"
         ৰভাতলীত সুৰৰ লগে লগে মৌচুমীৰ বুকুখনো মোচৰ খাই উঠিছে। অতবছৰৰ মূৰত তাই যে মৰমৰ ঘৰখন এৰি যাব লাগিব, বিশ্বাস কৰিবলৈকে টান পাইছে। সৌৱা দেউতাক দূৰত বহি আছে দুচকুত অবুজ - অচিনাকী চাৱনি এটা লৈ । কিবা বুজিছেনে বাৰু তেওঁ ? আচৰিত হৈছে চাগৈ ,“আজি বাৰু আইজনীয়ে কিয় ইমান সাজি পাৰি আছে ? ঘৰখনত ইমান মানুহৰ দলদোপ লাগিছে কেলৈ .... "!_ অলেখ নুবুজা প্ৰশ্ন ই ভিৰ কৰিছেহি হয়তু তেওঁৰ মনত ।
                  মৌচুমীৰ আজি বিয়া। নহওঁ নহওঁ বুলি ইমান বছৰ পাৰ কৰাৰ পিছত অৱশেষত তাই বিয়াত বহিব লগা হ'ল ;পৰিয়ালৰ সকলোৰে বুজনিৰ অন্তত।তাইৰ লগৰবোৰ ইতিমধ্যে বিয়া হৈ সন্তানৰ মাক হৈছেগৈ !  তাই বিয়া নহওঁ বুলিয়ে কিমান সম্বন্ধ ওফৰালে ,কিমান মানুহক বিমূখ কৰিলে ,কিন্তু অৱশেষত মাকৰ লগতে পৰিয়ালৰ আটাইবোৰৰ বুজনিত বাধ্য হ'লগৈ । 
         তথাপি এটা কথাই তাইক বিয়া ঠিক হোৱা দিনাৰ পৰাই শান্তিত থাকিব দিয়া নাই । কেনেকৈ ,কেনেকৈ এৰি যায় এই মানুহজনক , কাৰ হাতত দি যায় তেওঁৰ দ্বায়িত্ব ? তেওঁ যে এতিয়া এটা অবোধ শিশুলৈ পৰিবৰ্তন হৈছে ...!! যদিও পৰিয়ালটো ডাঙৰেই ; তাইৰ মাক-দেউতাক , ভায়েক, খুৰাক-খুৰীয়েক , তেওঁলোকৰ জীয়ৰী  সকলো আছে, কিন্তু দেউতাকৰ বাবে- কেৱল আইজনীহে আপোন ,তাই হে তেওঁৰ নিজৰ মানুহ ! বাকীবোৰ অচিনাকী - পৰ । প্ৰায়েই  তেওঁ মৌচুমীক সুধে,“ আমি ইয়াত কিয় আছোঁ ? এইবোৰ ভাল মানুহ নহয় ।ব'ল আমাৰ ঘৰলৈ যাওঁগৈ "। মাকক দেখিলেই খঙত জকজকাই উঠে, অথচ সেইজন মানুহেই আগতে মাকক কিমান মৰম কৰিছিল  । টানকৈ এষাৰ কথাও কৈ পোৱা  নাছিল কোনোদিনে ।  কিন্তু তেওঁৰ মনত আজি পত্নী, পুত্ৰ, ভাতৃ কাৰোৰে অস্তিত্ব নাই।  সকলো বিবৰ্ণ - ধূসৰ হৈ গৈছে !! কেৱল   "আইজনী আইজনী " কৰিয়ে দিনবোৰ গৈ আছে, সেইখনেই একমাত্ৰ চিনাকি মুখ!__
                 প্ৰথমে সৰু- সুৰা কথাবোৰ    পাহৰি ভুল কৰিবলৈ আৰম্ভকৰা  দেউতাকে লাহে- লাহে সকলো পাহৰি পেলাবলৈ লৈছিল । পিছলৈ তেওঁ খোৱা- বোৱা পাহৰা , আপোন মানুহবোৰক অচিনাকী দৃষ্টি দিয়া , ঘৰলৈ যাওঁ বুলি উচপিচাই উঠা  , অনবৰত উদ্বিগ্নতাত থকা আদি নানা ৰকমৰ সমস্যাৰ সৃষ্টি কৰিলে । কোনোপধ্যেই মানুহবোৰে তেওঁক বুজাব নোৱাৰিলে যে এয়া তেওঁৱে সজোৱা ঘৰখন ,এয়া তেওঁৰে পৰিয়াল - পৰিজন । চিনাকী হৈ ৰলগৈ মাথো তাই । আলহী আহিলেই তেওঁ ফুচফুচাই কৈ উঠে, “ইহঁত বৰ বেয়া মানুহ, আইজনী আৰু মোক ধৰি ৰাখিছে।" কেতিয়াবা গেট খুলি  ওলাই যাবলৈয়ো চেষ্টা কৰে তেওঁ ।  উস্ আৰু যে ক'ত কি.....!  কিয় তেওঁ তেনেকুৱা কৰিছিল কোনো প্ৰথম বুজি পোৱা নাছিল। তেওঁক লৈ সিহঁতে নানা সমস্যাত ভূগিব লগা হৈছিল ।  যেতিয়া  চিকিৎসকৰ ওচৰলৈ লৈ যায় তেতিয়াহে গম পালে যে  তেওঁ এলঝেইমাৰ ৰোগৰ চিকাৰ হৈছে , সেয়ে তেওঁৰ মগজুৰ স্মৃতি কোষবোৰ ক্ষয় হৈ হৈ এই অৱস্থাৰ সৃষ্টি হৈছে _  সিহঁতবোৰ যেন স্তব্ধ হৈ পৰিল। 
                         মৌচুমীৰ ভায়েক চাকৰিত যোগদান কৰি ঘৰৰ পৰা আঁতৰি  দুৰৰ চহৰ এখনত থকা  ডেৰবছৰেই হ'ল , কিন্তু সি অলপো দায়িত্বই ল'ব নোৱাৰে । অহুকাণে- পহুকাণে সিহঁতে শুনিবলৈ পাইছে যে  সি নিজৰ বাবে ছোৱালীও ঠিক কৰি থৈছে আৰু ভৱিষ্যতে সেইপিনেই স্থায়ী বাসিন্দা হোৱাৰ আশা  ৰাখিছে । এতিয়া  ঘৰৰ সমস্ত দায়িত্ব তাইৰ। ইফালে দেউতাকৰ এই অৱস্থা । মাককো পৰিস্থিতিয়ে জুৰুলা কৰিছে । সমস্যাৰে জৰ্জৰিত ঘৰখন এৰি তাই বিয়া নোহোৱাৰ সিদ্ধান্ত লবলৈ বাধ্য হৈছিল । কিন্তু আজি ইমান বছৰৰ মূৰত  তাইৰ ভৱিষ্যতৰ কথা বহু  ভাৱি- চিন্তি মাকে তাইক বুজাই - বঢ়াই   অৱশেষত বিয়াৰ বাবে ৰাজী কৰালেগৈ  । তাই সন্মতি দিলে যদিও অনবৰত কিবা যেন দোষী- দোষী ভাল এটাইয়ো তাইক আমনি দি আছে । এইকেইদিন বিয়াৰ আয়োজন দেখি  দেউতাকৰ চকুৰ প্ৰশ্নবোধক চাৱনি বোৰে তাইক শেলৰ দৰে বিন্ধি আছে ।  কি হ'ব , কি কৰিব তাই গুছি গ'লে ? তেওঁৰ বাবে অচিনাকী মানুহৰ এই ঘৰখনত কি অৱস্থা হ'ব!! ‌
                                 আগৰ দেউতাকজন হৈ থকা হলে কি কি যে আয়োজন কৰিলে হয় ! কিমান সুখী হ'লহেতেঁন তাইৰ বাবে । হয়তো এতিয়া লুকাই লুকাই কান্দি থাকিলে হয় জীয়ৰীৰ বিচ্ছেদৰ বেদনাত ,কিন্তু মুখত হাঁহি এটা জিলিকাই আলহী- অতিথিৰ লগত ব্যস্ত হলহেতঁন !! উস্ কেনেকৈ ,কেনেকৈ সহ্য কৰে তাই , কাক দেখুৱায় অন্তৰখন দুফাল কৰি ।কিন্তু তাই যে আজি নিৰুপায় । এই মানুহজনক কোনসতে - কাৰহাতত গতায় যায় বাৰু ?? অসহ্য যন্ত্ৰনাত তাই চটফটাই উঠিল । দুচকুৰে বাধা নমনা দুধাৰ মুকুতামণি বাগৰি আহিল ।.......

দেৱাশ্ৰী দেৱনাথ
কটন ইউনিভাৰ্ছিটি

অঙ্গন:  পৃষ্ঠাঃ 37


আশ্ৰুতি

পিংকী শৰ্মা

 "....সৰ্ব মাংগল্য মাংগল্যে
      শিৱে সৰ্বাথৌ সাধিকে
      চৰণ্যে ট্ৰিয়ম্বকে গৌৰি 
      নাৰায়ণী নমঃ স্তুতে....." 

      একেই শৰৎ কাল, একেই দিন, একেটা পূজা মণ্ডপ! আৰু চাউণ্ডবক্সত বাজিছে একেই বন্দনা! সলনি হৈছে যদি সেয়া বছৰ আৰু হয়তো সন্মুখৰ গৰাকীৰ মন। নে একেই আছে ? সেয়া নাজানে দীক্ষাই। তাই আছেনে একেই ? এই দহটা বছৰত তায়োতো সলনি হৈছে ! সঁচাকৈয়ে হৈছেনে ? মনটোক সলাব পাৰিছে জানো দীক্ষাই ? বন্তি প্ৰজ্বলন কৰা ঠাইডোখৰত জঠৰ হৈ ৰৈছে দীক্ষা আৰু তন্ময়। দুখন ৰুগ্ন হৃদয়ৰ সৈতে দুযোৰ সিক্ত চকুৱে একেথৰে চাই ৰৈছে পৰস্পৰে পৰস্পৰক। বন্তি জ্বলাই থকা সময়ত, অজানিতে সোঁহাতৰ কণিষ্ঠ আঙুলিয়ে তন্ময়ৰ সোঁহাতৰ আঙুলি স্পৰ্শ কৰাৰ পিছৰ পৰাই চেঁচা পৰি ৰৈছে তাইৰ সৰ্বশৰীৰ। একেই আছে তন্ময়। না বেছি ক্ষীণ! না বেছি শকত, না চুলিৰ ষ্টাইল সলাইছে! না ডাড়িৰ! মাথোঁ ধুনীয়া চকুযুৰিৰ ওপৰত আছিল পাৱাৰ থকা এযোৰ ছশমা। বিপৰীতে নাছিল মুখত সেই মিচিকিয়া হাঁহিটো। 
: বাইদেউ হ'ল যদি, অকণ কাষৰী হওক আকৌ ? আমিও চাকি জ্বলাব লাগে নহয়! 

        বাওঁফালে থিয় হৈ ৰোৱা, মহিলা গৰাকীয়ে বিৰক্তি ভাৱ প্ৰকাশ কৰি কোৱা কথাষাৰতহে দীক্ষাৰ ভাৱনাৰ যতি পৰে। উচপ খাই, 
"আপুনি ইয়াতে লগাই দিয়ক" বুলিয়েই আঁতৰি গৈ অইন এডোখৰত কঁপা কঁপা হাতেৰে চাকি জ্বলাব লৈছে। ছশমাৰ আঁৰৰ সজল চকুযুৰিয়ে আজিও তেনদৰেই পলক নেপেলোৱাকৈয়ে চাই ৰয় তাইক। সেইদিনাও আঁতৰি গৈ অইন এঠাইত চাকি জ্বলাইছিল। মাথোঁ আজিৰ বিপৰীতে আছিল মুখত লাজুকী হাঁহি। অজানিতে হুমুনিয়াহ এৰি, চাকি জ্বলাই, দূর্গা মাৰ ওচৰত সেৱা জনাই আঁতৰি গ'ল তন্ময়। গাড়ীৰ ভিতৰত বহি লৈ তন্ময়ে এ.চিটো চলাই দিয়ে। ছীটৰ বেকত আউজি দুচকু লাহেকৈ জপাই দিছে । আনফালে চাকি জ্বলাই থকাৰ মাজতো আঁৰ চকুৰে বিচাৰি চাইছিল তাই তন্ময়ক। কিন্তু নেদেখিলে!

       দূৰ্গা অষ্টমীৰ দিনা মন্দিৰৰ বাহিৰত প্ৰখৰ ৰ'দত ৰৈ ৰৈ আমনি লাগি গৈছিল দীক্ষাৰ! বান্ধৱী মিষ্টি, প্ৰণামী আৰু ৰশ্মিৰ বাবে প্ৰায় আধা ঘণ্টা সময় আগৰ পৰা ৰৈ আছিল। চাৰিজনীয়ে একেলগেই চাকি জ্বলাব। মিষ্টিৰ আদেশ! কোনেও আগ-পিছকৈ নহয়। একেলগে চাকি জ্বলাই দূৰ্গা গোসাঁনীৰ ওচৰত সেৱা জনাব। তাৰ পিছত পুষ্পাঞ্জলীও একেলগে লৈ, মন্দিৰৰ ভোগ গ্ৰহণ কৰি ঘৰাঘৰি হ'ব! পৰিকল্পনা মতেই ৰৈ আছে তায়ো বাকী তিনিজনীলৈ। খঙো উঠে দীক্ষাৰ তিনিওলৈ। ইমান সময় লাগেনে আহি পাওঁতে ? কিছু সময় পিছত দীক্ষাৰ অপেক্ষাৰ অন্ত পৰিল। তিনিও হাঁহি হাঁহি উপস্থিত হয় দীক্ষাৰ সন্মুখত। ওফন্দা মুখখন লৈ সিহঁতক কিমান যে বকিছিল তাই সেইসময়ত ? মিষ্টিকটো সোঁহাতেৰে বাউসিত লাহেকৈ থাপৰ এটাও মাৰিছিল। বিপৰীতে মিষ্টিয়ে হাঁহি হাঁহি
 "হ'ব অ' মাতে! ইমান খং নকৰা আৰু!" বিশেষ ভংগীমাৰে কোৱা কথাষাৰত হাঁহি হাঁহি ভিতৰলৈ সোমাই গৈছিল গোটেই কেইজনী। সকলোতকৈ প্ৰথমে চাকি জ্বলাই হোৱা দীক্ষাৰ হাতত মিষ্টিয়ে গতোৱা তাইৰ ফোনটো বাজিলত, মিষ্টিয়ে চেলাউৰি ওপৰলৈ উঠাই, কোন বুলি সুধিছিল। তেতিয়াই নাকটো কোঁচাই দীক্ষাই কৈছিল সেই সময়ত। 
: কোনোবা তন্ময় দা! 
: তই ৰিচিভ কৰি, কৈ দেচোন! মই যে এতিয়া চাকি জ্বলাই আছোঁ!

         ঘোপা চাৱনিৰে চাই ৰৈছিল তাই মিষ্টিলৈ। কিয়  ৰিচিভ কৰিব দীক্ষাই ফোন ? তাকো অচিনাকি ব্যক্তিয়ে কৰা ফোন! মিষ্টিয়ে চোন নিজেই পিছত কলবেক কৰি ক'ব পাৰিব! গতিকে, মুখ বেকেটাই মিষ্টিৰ ফোনটো মাথোঁ হাতত লৈ থাকিল! হয়তো ইচ্ছা কৰিয়েই মিষ্টিয়েও লেহেমীয়া গতিত চাকি জ্বলাবলৈ লৈছিল তেতিয়া। আনফালে সঘনাই বাজি থকা ফোনটোলৈ চাই, আকৌ এবাৰ আঁতৰৰ পৰাই ইংগিতেৰে ৰিচিভ কৰিব কয় মিষ্টিয়ে দীক্ষাক। মিষ্টিৰ অনুৰোধতে এপাকত অস্বস্তিৰে মুখ কোঁচাই ফোনটো উঠাইছিল দীক্ষাই। 
: মিষ্টি ব্যস্ত আছে! অকণ পিছত ফোন কৰিব কৈছে ? 
         একে উশাহে কৈ সংযোগ বিচ্ছিন্ন কৰিব বিচৰা দীক্ষা! ইথাৰৰ সিমূৰৰ গৰাকীৰ কথাত এক্ষন্তেক ৰৈ গৈছিল তাই।
: তেতিয়ালৈ তুমিয়ে মোৰ সৈতে কথা পাতাচোন ? 
        দীক্ষাৰ  মুখখন কিছু সময়লৈ যেন মেল খায় ৰৈছিল । "আচৰিত ফটুৱা মানুহ" বুলি অন্তৰাত্মাকে কৈ থকাৰ মাজতে পুনৰ শুনিবলৈ পায় তাই চঞ্চল যেন লগা মাতষাৰ! 
: মই তন্ময়! 
: গম পাইছোঁ ! দেখিছোঁ নহয়,  মোবাইল স্ক্ৰীণত নামটো! 
: আচ্ছা! তোমাৰটো ? 
       দুই চেকেণ্ডৰ মৌনতাৰ পিছতেই আকৌ কৈছিল তন্ময়ে।
: নোকোৱা ? কিন্তু মই তোমাৰ নামটো জানো দীক্ষা! 
: কেনেকৈ ? 
         আচৰিত হোৱাৰ বাবেই হয়তো, তাইৰ মাতটো জোৰকৈ ওলাইছিল। পিছমুহূৰ্ততে শব্দ কৰি, হাঁহি কোৱা তন্ময়ৰ কথাষাৰত আচৰিত হোৱাৰ লগতে, অবাক কৰিছিল তাইক! 
"লগ পাই কৈ আছোঁ!" 
তাৰ মানে কি ক'ব বিচাৰিছিল তন্ময়ে ? সেই বিষয়ে সুধিছিল তাই মিষ্টিক! কিন্তু, ওঁঠচেপি হাঁহি "মই কেনেকৈ জানিম ?" বুলি কৈ পাল মাৰি থব বিচাৰিছিল মিষ্টিয়ে। কিন্তু দীক্ষায়ো নেৰিলে মিষ্টিক। নোকোৱালৈ কামোৰ দিয়েই থাকিল। পিছত অস্বস্তিৰে এবাৰ মুখ কোঁচাই কৈ দিছিল মিষ্টিয়ে তাইক সকলো। একেটা শ্বোৰুমত কৰ্মৰত মিষ্টি আৰু তন্ময়। পাৰ হৈ যোৱা বছৰটোৰ শেষৰ দিনা সকলো বন্ধু বান্ধৱী মিলি উদযাপন কৰা নিশাৰ সময়কণ সকলোৱে কেমেৰাত বন্দী কৰি ৰাখিছিল। এদিন শ্বোৰুমৰ ভিতৰত আজৰি সময়ত, মিষ্টিয়ে সহকৰ্মী পংখীৰ সৈতে সেই নিশাৰ পাৰ্টিৰ ফটো আৰু ভিডিঅ' চাই থকাৰ মাজতে, এপাকত তন্ময় হঠাৎ ওচৰলৈ আহি কাঢ়ি লৈছিল মিষ্টিৰ ফোন। 
"কামচুৰ দুজনী! ময়ো চাওঁচোন! কি চাই আছা দুয়ো ?"
তাৰ পিছত তন্ময়ৰ দুচকু যেন মিষ্টিৰ ফোনৰ স্ক্ৰীণখনতে নিবদ্ধ হৈ ৰৈছিল। ঘূৰাই ঘূৰাই ফটোবোৰ চোৱাৰ মাজতে, মোবাইলত আৱদ্ধ হৈ থকা দীক্ষাক দেখুৱাই সুধিছিল তন্ময়ে সেই সময়ত।
: এইজনী দীক্ষা কাশ্যপ হয় ন' ? জি.চি. ৰ পৰা যোৱাবছৰ পাছ আউট হৈছে ! তাই মাজে মাজে কণ্টটেম্প্ৰেৰীও নাচে ন' ? .."  
 
        তন্ময়ৰ মুখেৰে দীক্ষাৰ বায়ো ডাটাখন শুনি অবাক হৈ ৰৈছিল মিষ্টি। কেনেকৈ জানে দীক্ষাৰ বিষয়ে ইমান ? সেয়া জানিবলৈ মিষ্টিয়ে সুধিলত কৈছিল তন্ময়ে। দুটা বছৰ পূৰ্বে দীক্ষাৰ ফেচবুকৰ বন্ধুৰ তালিকাত সোমাইছিল তন্ময় । নাকৰ বাওঁফালে তিল এটা লৈ, মিচিকিয়াই থকা ছোৱালীজনীক তন্ময়ৰ প্ৰথম বাৰ ফটোত দেখিয়ে হয়তো কিবা এটা ভাল লাগিছিল।   এদিনতে গোটেই প্ৰফাইল খোঁচৰি পেলাইছিল তন্ময়ে। দীক্ষাই আপলোড কৰি থোৱা এখন ফটোও নোচোৱাকৈ এৰা নাছিল। প্ৰতিটো পোষ্টতে লাইক, ৰিয়েক্ত কৰিছিল তন্ময়ে। পিছদিনাই মুখত এটা হাঁহি লৈ, মেচেঞ্জাৰত এটা মেচেজ পঠিয়াইছিল। 
"হাই দীক্ষা! কেন উই চ্যেট ?"- 
     বিপৰীতে ৰিপ্লাই নাহিল। নাহিল মানে নাহিলেই । আনকি মেচেজটো চোৱাও নাছিল। কিন্তু, এৰা নাছিল তন্ময়ে দীক্ষাৰ পোষ্টত লাইক কমেণ্ট কৰিবলৈ। সেই কমেণ্টবোৰৰ কেতিয়াবাহে ৰিপ্লাই দিছিল তাই।
       হঠাৎ সহকৰ্মী মিষ্টিৰ ফোনত ফেচবুক জগতৰ আটাইতকৈ ভাললগা ছোৱালীজনীৰ ফটো দেখি, প্ৰশ্নৰ বৰষুণ ঢালিছিল তন্ময়ে মিষ্টিৰ সন্মুখত। দীক্ষা মিষ্টিৰ কোন হয় ? কেনেকৈ চিনি পায় ? মিষ্টিৰ মুখেৰে দুইবান্ধৱীৰ বন্ধুত্বৰ সম্পৰ্ক থকা বুলি গম পোৱা পিছত । মিষ্টিৰ ওচৰত এটাই অনুৰোধ তন্ময়ৰ। দীক্ষাৰ সৈতে এবাৰ  কথা পতাই দিব লাগে ! পাৰিলে মুখামুখিকৈ। মিচিকিয়া হাঁহি মাৰি কৈছিল মিষ্টিয়ে। 
" তাই তোমাৰ সৈতে কথা পাতিব জানো! তথাপিও মই চেষ্টা কৰিম বাৰু।" 
          মিষ্টিৰ মুখেৰে সকলো কথা শুনাৰ পিছত, অজানিতে মিচিকিয়াইছিল দীক্ষাই।কোনোবা ইমান বলীয়া নে তাইৰ বাবে ? উগুলথুগুল মনটো যেন তাই মন্দিৰৰ ভিতৰত স্থিৰেৰে ৰাখিব পৰা নাছিল। নৱমীৰ দিনাও একেই পৰিকল্পনা। কিন্তু, সেইদিনা সকলোতকৈ পলমকৈ উপস্থিত হয় দীক্ষা।  বন্তি প্ৰজ্বলন কৰা ঠাইডোখৰত মিষ্টিৰ বাওঁফালে থিয় হৈ চাকি জ্বলাই থকা দীক্ষাৰ ওচৰতে থিয় হৈ লাহেকৈ দিয়া সেই মাতষাৰত থৰক বৰক লাগিছিল তাইৰ। 
: ফাইনেলি! আজি তুমি মোৰ ওচৰত। দূৰ্গা মায়ে মোৰ প্ৰাৰ্থনা শুনিলে যে! কৌটি কৌটি প্ৰণাম মা তোমাক! 

           সামান্য পৰিমাণে ঘামি থকা দীক্ষাৰ মুখলৈ চাই, বিশেষ ভংগীমাৰে কোৱা তন্ময়ৰ কথাষাৰত দুই ওঁঠ চেপি হাঁহিছিল দীক্ষাই। নুশুনা ভাও জুৰিয়ে, এখন হাতেৰে মিষ্টিৰ হাতখনত ধৰি টানি, ঠাই সলাইছিল দীক্ষাই। লাজুকী হাঁহিটো দুই ওঁঠত ওলোমাই অইন এঠাইত চাকি জ্বলাইছিল। সেইদিনা পুষ্পাঞ্জলী লোৱাৰ সময়তো লোকলৈ কেৰেপ নকৰি, দীক্ষাৰ ওচৰতে বহি লৈছিল তন্ময়ে। মন্দিৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ আগমুহূৰ্তত হঠাতেই দীক্ষাৰ সন্মুখত থিয় হৈ বংগ্যাত্মক সুৰত কোৱা সেই কথা। 
: কেতিয়াবা আমাৰ মেচেজবোৰো চাব লাগে! ইমানো বেয়া ল'ৰা নহয়তো!
: ভাল মানুহে এনেকৈ কৈ নুফুৰে নহয়!

        মুখ বেকেটাই বিশেষ ভংগীমাৰে কৈ , কাষেৰে পাৰ হৈ গৈছিল দীক্ষা। তন্ময়ক পিছ দিয়াৰ পিছমুহূৰ্ততে বিৰিঙি উঠিছিল মিচিকিয়া হাঁহিটো। ঘৰ পায়েই মেচেঞ্জাৰৰ চ্যেটলিষ্ট চাই গৈছিল দীক্ষাই। এসময়ত চকু পৰিছিল তাইৰ, তন্ময়ৰ নামটোত। মেচেজটো পঢ়িয়েই তাই হাঁহে। সেই সময়তে পঠিয়াইছিল তন্ময়লৈ এটা মেচেজ
" অফ ক'ৰ্চ"
কিছু সময়ৰ পিছত তন্ময়ৰ উত্তৰ আহিছিল
" ৰক্ষা প্ৰভু! ৰিপ্লাইটো বাৰু এইটো জনমতে পালোঁ। 
       হাঁহিৰ ইমোজি দুটা পঠিয়াই আৰম্ভ কৰিছিল কথা। মেচেঞ্জাৰতেই আদান প্ৰদান কৰিছিল পৰস্পৰে পৰস্পৰৰ ফোন নম্বৰ‌। কিছুদিন পিছত সিদ্ধান্ত ল'লে দুয়ো আকৌ লগ হ'ব। ক'ত ? দীঘলীপুখুৰীত। সেই একেই উৎসুকতা তন্ময়ৰ মনত। ৰৈ আছিল তাইলৈ । সময় পাৰ হৈছিল। কিন্তু নেদেখিলে সি দীক্ষাৰ ছাঁটোও। বহু সময় পিছত তন্ময়ৰ ফোনলৈ আহিছিল দীক্ষাৰ ফোন। যাব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছিল দীক্ষাই। তন্ময়ৰ খং উঠিছিল সেই সময়ত । যিহকে পাই তাকেই কৈছিল ফোনত সি দীক্ষাক। দীক্ষাৰ কোনো কথা নুশুনাকৈয়ে সংযোগ বিচ্ছিন্ন কৰিছিল তন্ময়ে। অশান্ত মন লৈ ৰুমত উপস্থিত হোৱা তন্ময়ে, পিছতহে ভাৱিছিল কথাবোৰ। চাগৈ, তাইৰ কিবা সমস্যা ওলাল! সেয়ে হয়তো যাব নোৱাৰিলে! এবাৰ দীক্ষাৰ কথা শুনিব লাগিছিল বুলি তন্ময়ৰ মনত ভাৱ হৈছিল ! ততাতৈয়াকৈ দীক্ষালৈ ফোন লগাইছিল সি। ফোনৰ সেইটো পাৰত দীক্ষাৰ গধুৰ মাতষাৰত অনুমান কৰিছিল তন্ময়ে। কান্দি আছিল দীক্ষাই। হয়তো, তন্ময়ে গালি পৰাৰ বাবে কান্দিছে। কিয় তেনেকৈ গালি পাৰিব লাগে ? কি অধিকাৰত ? বান্ধৱী নে তাতকৈও কিবা বেছি ?  ফোনত তন্ময়ে দীক্ষাক ক্ষমা বিচাৰিছিল, সি কৰা দুৰ্ব্যৱহাৰৰ বাবে। তেতিয়াও কান্দিছিল দীক্ষাই। নাকান্দিবলৈ তন্ময়ে অনুৰোধ কৰি থকাৰ মাজতে শুনিবলৈ পাইছিল অন্তৰত আঘাত কৰা কথাষাৰ।
: মোক আজি চাবলৈ ল'ৰা আহিছিল! 

         সপোন দেখাৰ লগে লগেই এনেকৈ ভাঙেনে কাৰোবাৰ সপোন। হাতুৰিৰে খুব জোৰকৈ বুকুত কোবোৱাৰ দৰে লাগে তাৰ । শূন্য যেন হৈ পৰে তন্ময়ৰ বুকু। কিবা ক'বলৈও নোৱাৰে । দুই ওঁঠ আঠাহে লাগি ধৰে যেন। তথাপিও সি, ধেমালিৰ সুৰত ক'বলৈ চেষ্টা কৰিছিল।
: যাবাগৈ আৰু ন' ? আজি সেইবাবে লগ কৰিবলৈ নাহিলা। হয় ?
: যাম! মই যাব বিচাৰোঁ। কিন্তু তোমাৰ লগত। 

        অবাক হৈ ৰৈছিল যেন তন্ময়। আকৌ সপোন নে কি ? সপোন এনেকৈ দেখেনে মানুহে ? তেন্তে তন্ময়ে কিয় দেখিছে ? নে দিঠক এয়া ? চিকুটি চাইছিল নিজৰ হাতখনতে। চিকুটিত চেকচকোৱা ঠাইও চোন মিঠা মিঠা বিষ যেন লাগে! "সঁচা ?" বুলিয়েই দীঘলীয়া সুৰত সোধা প্ৰশ্নটোৰ উত্তৰটো কিন্তু দীক্ষাই চুটিকৈ আৰু সৰুকৈয়ে কৈছিল। "উমম!" উশাহ সলাই আকুলতাৰে সুধিছিল তন্ময়ে দীক্ষাক। 
: তুমি মোৰ হ'বানে ? 
: উমম! তোমাৰেই মই। 
: তেন্তে! তোমাক চাব অহাজনৰ কি হ'ব ? 
: আন ছোৱালী আছেতো পৃথিৱীত! 
: তোমাৰ ঘৰত মানিব মোক ? 
        নামানে। কোনোপধ্যেই মনাব নোৱাৰিলে তাই! আকোঁৰগোজ বাপেকটোৱে নিদিয়ে তাইক অনাথ আশ্ৰমত শৈশৱ পাৰ কৰা তন্ময়লৈ। তাত আকৌ তাৰ চাকৰিও সেই বেচৰকাৰী। দৰমহাৰ পইছাৰে চাগৈ মাহটোৱেই নুজোৰে। তেনেকুৱা এজনলৈ জীয়ৰীক বিয়া নিদিয়ে, তাইৰ পিতৃয়ে। তেখেতৰ এককথা! চৰকাৰী ছপাশালত কৰ্মৰত,  মৃনাল বৰঠাকুৰলৈহে বিয়া হ'ব লাগিব দীক্ষা! সৰুৰে পৰাই যি বিচাৰে তাকেই দিয়া পিতৃয়ে সেই সময়ত কঠোৰ হৈ তাইৰ সন্মুখত ৰাখিছিল দুটা বিকল্প। 
"দেতাৰৰ প্ৰাণ নে তন্ময় ?" 
বিষৰ বটলটো লৈ দীক্ষাৰ সন্মুখত থিয় হৈ তাইৰ উত্তৰলৈ বাট চাই থকা দেতাকক অচিনাকি যেন  লাগিছিল সেইদিনা। বিৰহৰ চকুলো দুগালেৰে বোৱাই পলক নেপেলোৱাকৈয়ে চাই ৰৈছিল দীক্ষাই পিতৃক। তন্ময়ক পোৱাৰ আশাৰে জানো পিতৃক হেৰুৱাব পাৰিব তাই ? নোৱাৰে। নোৱাৰে তাই পিতৃৰ প্ৰাণ কাঢ়িব! তেনেকৈয়েটো কৈছিল মাহীমাকে। 
"তন্ময়ৰ বাবে তুমি দেতাক মৃত্যুৰ মুখলৈ ঠেলিবা দীক্ষা ?"-  হাৰি গৈছিল তাই পিতৃৰ আগত। আৰু এক অপৰাধী হৈ পৰিছিল তন্ময়ৰ বাবে। 
: মোক ক্ষমা কৰিবা তন্ময়! দেতাক হেৰুৱাব নোৱাৰোঁ। আমি আৰু কেতিয়াও লগ নকৰোঁ। তোমাৰ ওচৰলৈ আহিব নোৱাৰোঁ বুলি প্ৰতিশ্ৰুতি দিছোঁ দেতাক! কিন্তু তোমাকো এটা কথা দিলোঁ। 
দীক্ষা তন্ময়ৰ নহ'লে! আন কৰো নহয়। 

        দূৰ্গা মন্দিৰৰ প্ৰাংগণত, চিৰিত বহিয়ে, তন্ময়ৰ হাতখনত হাত থৈ কথা দিছিল তাই।
: ময়ো!
       বিপৰীতে অপলক চকুযুৰিৰে চাই ৰৈছিল তন্ময়ে মন্দিৰত জ্বলি থকা চাকিলৈ। অনিচ্ছাসত্বেও প্ৰিয়জনৰ অন্তৰত আঘাত দি পিতৃৰ ওচৰলৈ আগবাঢ়িছিল দীক্ষা এটা চৰ্তৰ সৈতে। দীক্ষাই তন্ময়ৰ কাষলৈ আৰু কেতিয়াও নাযায়। কিন্তু, সেইবুলিয়েই তাই আনৰ সৈতে বিয়া নহয়। এই ঠাইৰ পৰা আঁতৰি যাব। মুম্বাইলৈ যাব তাই। নিজৰ প্ৰতিভাৰে এক নতুন পৰিচয় গঢ়ি ল'ব! "কৰিঅ'গ্ৰাফাৰ"! ------
     প্ৰতি বছৰে জন্মভূমিলৈ আহিছিল দীক্ষা। আগতে, এবাৰো দেখা নাছিল তাই তন্ময়ক। আজি দহটা বছৰৰ মূৰত আকৌ দেখে মনৰ মানুহজনক। অথচ, মাত এষাৰো দিব নোৱাৰিলে তাই। সোধাও নহ'ল। মুভ অন কৰিলে নেকি তন্ময়ে ? মন্দিৰত পৰস্পৰে লোৱা আশ্ৰুতি পালন কৰিছেনে ? নে সকলো পাহৰি তন্ময়ে, দীক্ষাৰ ঠাই আনক দিলে ? হঠাৎ খিটিংকৈ ফোনটো বাজিলত উলিয়াই চাইছে তাই । 
" ফাইনেলি! ইমান বছৰৰ মূৰত আজিহে দেখিলোঁ তোমাক! এইটো জনমত আৰু নেদেখিম বুলিয়ে ভাৱিছিলো! জানা ? দহ বছৰৰ মূৰত বহুত সাহস গোটাই মেচেজটো পঠিয়াইছো তোমালৈ। তোমাৰ পৰফমেঞ্চ বোৰ সদায় চাওঁ! এতিয়াও একেই আছা! চাকি জ্বলাই যে আছিলা ? তেতিয়া চুমা এটা খাবলৈহে মন গৈছিল জানা ? এইটো জনমত নহ'ব আৰু ! অহা জনমলৈ পেণ্ডিংত ৰাখি থলো। মই মোৰ কথা ৰাখিছোঁ অ' মোৰ দীক্ষা।" আজীৱন ৰাখিম! ভালে থাকিবা"
        থৰ লাগিছিল দীক্ষাৰ দুচকু ফোনৰ স্ক্ৰীণখনত। অজানিতে দুগালেৰে বৈ থকা নৈ দুখন মচিবলৈও ইচ্ছা নাই । প্ৰত্যুত্তৰত লিখি পঠিয়াবলৈ যেন শব্দও নাই পোৱা আজি, তথাপিও যেন কঁপা আঙুলিৰে লিখিলে,
"ময়ো ৰাখিছোঁ! কাইলৈ সন্ধিয়া সাত বজাত এপাক দীঘলীপুখুৰীলৈ আহিবাচোন ? মাত্ৰ দহ মিনিটৰ বাবে!"-

     বৰ কষ্টত আছে, দহবছৰে প্ৰতিজ্ঞাবদ্ধ হৈ থকা এহাল প্ৰেম পক্ষী। এতিয়া সেই প্ৰতিজ্ঞাক ঠগিব বিচাৰে তাই। অকণমান সময়ৰ বাবে সেই আশ্ৰুতিয়ে জালিৰ আখ্যা পালে জানো কিবা পাপ হ'ব ? চাগৈ নহয়! কেতিয়াও নহয়।

.....সমাপ্ত....
 
ঠিকনাঃ
 হেঙেৰাবাৰী,গুৱাহাটী-০৬


অঙ্গন:  পৃষ্ঠাঃ 38
অপুত্ৰক 

( বহু এনে মাতৃৰ দুখবোৰ অনুভৱ কৰি কম কথাৰে গল্প আকাৰত লিখিলোঁ ৷)

নিৰুপমা ডেকা

    নিৰলাই নিজৰ পেটটোত থপৰিয়াই থপৰিয়াই নিজৰ গৰ্ভটোকেই গালি পাৰিছিল কিয় জন্ম দিয়া ক্ষমতা তেওঁক ভগৱানে দিছিল বুলি ৷ তাতকৈ কাঠবাঁজী হোৱা হ’লেই ভাল আছিল ৷ একো আশা নাথাকিলহেঁতেন ৷ কাৰো বাবে হেঁপাহেৰে ৰৈ নাথাকিলহেঁতেন গাঁৱৰ অকলশৰীয়া ঘৰখনত ৷ স্বামীৰ পেন্সনৰ টকা কেইটা নথকাহ’লে আৰু কি অৱস্থা হ’লহেঁতেন ঠিকনা নাছিল তেওঁৰ ৷ চহৰমুখী হোৱা বোৱাৰীয়েকহঁতে চহৰৰ নিজা ঘৰবোৰত গাঁৱলীয়া শাহুবোৰক আবৰ্জনা বুলিয়েই ভাবে চাগে ৷ নিৰলাৰ তেনে লাগে পুত্ৰ-বোৱাৰীৰ তালৈ থকাকৈ গ’লে ৷ নিজৰ সৰু পঁজাটোত নিজেই ৰাণী ভাবত থকা বাবে হয়তো এনে ভাব তেওঁৰ মনলৈ আহে, একোবাৰ এনেকৈও কথাবোৰ তেওঁ গ্ৰহণ কৰে আৰু জীয়েকক কয় ৷ কিন্তু এইবাৰ তেওঁক পুত্ৰ-বোৱাৰীয়ে দিয়া অপবাদটো সহা তেওঁৰ বাবে বৰ কষ্টকৰ হৈছে ৷ হেঁপাহেৰে কৰি দিয়া সিহঁতৰ সংসাৰৰ বিচ্ছেদৰ কাৰণ তেওঁ হ’ব নোৱাৰে কেতিয়াও ৷ কেতিয়াবা বৰ বেছি দহদিন থকাকৈ যায় তেওঁ ৷ সেয়াও কেৱল অসুখ দেখুৱাবলৈ ৷ সিহঁতৰ সময় নাথাকে গাঁৱলৈ বিহু বা পূজাতো এপাক আহিবলৈ ৷ তাকো তেওঁ মানি লয় ৷ ধন ঘটিছে অলেখ সিহঁতে, সময়নো ক’ত থাকিব ! মাতৃ হৃদয়ত ক্ষমাই থাকে নেকি সদায় ৷ টকা-পইচা খৰচ কৰাৰ, ডাক্তৰৰ তালৈ নিয়াৰ ভগাভগি আৰু অসুবিধাবোৰ দেখি প্ৰতিবাৰেই নাযাওঁ বুলি ঠিক কৰি আহে, কিন্তু পুতেকহঁতে মুখলজ্জাৰ ভয়ত অসুখ হ’লেই লৈ যায় ৷ তেওঁ কেতিয়াও গাঁৱত কথাবোৰ নকয় ৷ সদায় এগৰাকী সুখী মাতৃৰ দৰে অভিনয় কৰি থাকে ৷ কিন্তু মনৰ দুখবোৰ একমাত্ৰ জীয়েক আৰু ভগৱানকে উজাৰি কয় ৷ জীৱনত অবহেলিত হোৱাৰ ইমান কঠিন অভিজ্ঞতা নাছিল নিৰলাৰ ৷ মানুহজনে বৰ আদৰেৰে ৰাখিছিল তেওঁক ৷ সেয়ে এইবাৰ তেওঁ গোঁসাইঘৰত চাকিগছি জ্বলাই নিজকে অপুত্ৰক মাতৃ বুলি স্বীকাৰ কৰি ল’লে আৰু নিজক বচাই ৰখাৰ বাবে সুখী জীৱন জীয়াবলৈ প্ৰতিজ্ঞাবদ্ধ হ’ল ৷ এনেও হাৰ্টৰ অসুখটোৱে কেতিয়া লৈ যায় ঠিকনা নাই ৷ চাকিগছি জ্বলাওঁতে সন্ধিয়া সদায় ইয়াকেই কামনা কৰিছিল যাতে কৰ্ম কৰি চলি থাকিব পৰাহৈ থাকোঁতেই তেওঁৰ উশাহটো বন্ধ হৈ যায় ৷

    এদিন ৰাতিপুৱা ঘৰত সহায় কৰি দিয়া ৰীণাই বাৰে বাৰে আইতা আইতা মাতিও দুৱাৰ খোলাব নোৱাৰাত হাহাকাৰ লগাই দি নিৰলাৰ একমাত্ৰ কন্যাক ফোনটো লগালে ৷ কাৰণ নিৰলা আইতাকে তেওঁৰ কিবা হ’লে ছোৱালীজনীকহে জনাবলৈ দিছে ৷ ফোনটোত কথাখিনি শুনি জীয়েকে শান্তিৰ উশাহ এটা লৈ মাত্ৰ ক’লে— ভগৱানে মাৰ সেৱাটো গ্ৰহণ কৰিলে ৷ মই গৈ আছোঁ ৷ বাকী কাকো খবৰ নিদিবি ৷ মাৰ আত্মাই কষ্ট পাব, কাৰণ তেওঁ দঢ়াইদঢ়াই কৈ গৈছে তেওঁ অপুত্ৰক হিচাপে যাব বিচাৰে ৷

অঙ্গন: পৃষ্ঠা 39
শেষ পৃষ্ঠাৰ লেখাঃ

সুন্দৰ মন এটাইহে জন্ম দিব পাৰে সুন্দৰতা

"সুন্দৰে যে ফুলাৰ মন্ত্ৰ 
আহোৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল
প্ৰভাতে প্ৰভাতে" 
         ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এইটি পংক্তিয়েই সুন্দৰকৈ বুজাই দিছে সুন্দৰতাৰ মূল মন্ত্ৰ। সুন্দৰৰ পূজাৰীয়েহে সুন্দৰতাক ধৰি ৰাখিব পাৰে। নিজৰ লগতে সমাজখনকো সুন্দৰকৈ গঢ়ি তুলিব পাৰে। মনৰ স্বচ্চতাৰে জীৱন গঢ়ি মানৱ সমাজক শিকাই যাব পাৰে জীৱন নিৰ্বাহৰ প্ৰকৃত উদ্দেশ্য। কেৱল নিজৰ মাজতে আৱদ্ধ থাকি, কেৱল নিজৰ কথাকে ভাবি উন্নতিৰ বহু জখলা বগাই যাব পাৰি। কংক্ৰিটৰ সু-উচ্চ অট্টালিকা সাজি সম্পত্তিৰ পাহাৰ গঢ়িব পাৰি। কিন্তু গঢ়িব পাৰিনে প্ৰেম আৰু ভালপোৱাৰ এখন মনোৰম পৃথিৱী ! 
        মানুহ হিচাপে চৌপাশৰ পৰিবেশটোৰ প্ৰতি আমাৰ এক গধুৰ দায়িত্ব আছে। জীৱন নিৰ্বাহৰ বাবে অনুকূল পৰিবেশ এটা গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ বহু কৰণীয় থাকে। কথাতে কয় বোলে "ঘৰৰ আৰু চৌপাশৰ পৰিবেশৰ ওপৰত ভিত্তি কৰিহে শিশুৰ স্বভাৱ-চৰিত্ৰ গঢ় লয়।" তেন্তে আমি আমাৰ ভৱিষ্যতৰ বাবেই কৰিব লগা বহু কৰণীয় আছে। কেৱল নিজৰ মাজতে সীমাবদ্ধ থাকি, নিজৰ আশা-আকাংক্ষা পূৰণৰ বাবে প্ৰতিটো মুহূৰ্তত চিন্তা কৰি থাকিলে মনৰ পৰিসৰ ক্ৰমাৎ ঠেক হৈ আহে। তেনে পৰিস্থিতিত চৌপাশৰ ঘটনা ৰাজিয়ে আমাক আকৰ্ষণ কৰিব নোৱাৰে। ফলত কৰিব লগীয়া বহু কামেই আমাৰ নকৰাকৈ থাকি যায় যি এসময়ত আমাৰেই অনিষ্ট সাধন কৰে। গতিকে বহল মনৰ গৰাকী হৈ বহল ভাৱে কথাবোৰ চিন্তা কৰিলেহে দেখা দিয়া বা ভৱিষ্যতে দেখা দিব লগা সমস্যা সমূহ ধৰা পৰে আৰু সামাধানৰ পথ প্ৰত্যক্ষ হয়।
        ধৰা হওক চুবুৰীটোত অবৈধ সুৰাৰ বিপনী এখন গঢ়ি উঠিছে। যাৰ কু-প্ৰভাৱে ডেকা-বুঢ়াৰ পৰা চেঙেলীয়া চামলৈকে সাঙুৰি লৈছে আৰু মই ভাবিছোঁ  "আনে খাইছে খাৱক মোৰ ল'ৰাই খোৱাগৈ নাই নহয়।" তেতিয়া বাৰু সেই প্ৰভাৱে আহি মোৰ ঘৰতো এদিন ভুমুকি নেমাৰিবনে ! আৰু যদি কঠোৰ নীতিৰে তেওঁলোকক শাস্তি বিহিবলৈ গৈ দেখোঁ মানুহ ঘৰৰ অৱস্থা এনেকুৱা যে তেওঁলোকক পোনচাতেই না বুলি কৈ সমাজৰ কঠোৰ অনুশাসনৰ আঁওতালৈ আনি সামাজিক শাস্তি বিহিবও নোৱাৰি। তেন্তে আমি কি কৰিম ? তেওঁলোকক বাধা দিম নে নিদিম ! এটা সাংঘাতিক জটিল সমস্যা। অৱশ্যে সকলো সমস্যাৰে এটা সামাধানৰ পথ থাকে মাথোঁ তাক বিচাৰি ওলিয়াব পাৰিব লাগে। সেই মানুহ ঘৰে হয়তু অজ্ঞতাৰ বসতঃ বা সহজ উপাৰ্জনৰ কথা ভাবি এনে পথ বাচি লৈছে। কিন্তু আমি তেওঁলোকক তাৰ কু-প্ৰভাৱৰ সম্পৰ্কে সঠিক জ্ঞান দিলে তেওঁলোকে হয়তু বুজি পাব আৰু যদি আমি কওঁ টাউনৰ পৰা মাছ-পুঠি আনি গাঁৱৰ মূৰতে কাটাহি আমি তোমাৰ পৰাই খাম। আমি গাঁওৰ ৰাইজে সিদ্ধান্ত লৈছো। এতিয়া তেওঁ হয়তু সেই ভাগ কৰ্মৰ পৰা আঁতৰি আহিবও পাৰে আৰু এদিন সমাজৰ এজন দায়িত্বশীল নাগৰিক হিচাপে নিজকে গঢ়ি তুলিবও পাৰে!
         ওপৰত কৈ অহাৰ দৰে সহজতে সমস্যা সামাধান কৰিব নোৱাৰি। ইও এক অপ্ৰিয় সত্য। কিন্তু সমাজৰ কল্যাণৰ বাবে চেষ্টা কৰি চোৱাত আপত্তিনো ক'ত ? গতিকে আহকচোন আমি আমাৰ চৌপাশৰ পৰিবেশটোত দেখা দিয়া বিভিন্ন সমস্যাৰ লগত যুঁজ দিবলৈ শিকো। সৰু-সুৰা সমস্যাৰ বাবে চৰকাৰক দোষাৰোপ নকৰি সহজেই সামাধান কৰিব পৰা কাম ভাগ নিজেই কৰোঁ। জাতি, মাটি আৰু ভাষাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমূহৰ সমজুৱা আলোচনা কৰি তাক সামাধানৰ ক্ষেত্ৰত চৰকাৰক অলপ হ'লেও সহায় কৰোঁ। আমাৰ পৰিবেশটো সুন্দৰ কৰিবলৈ, আমাৰ ভৱিষ্যত প্ৰজন্মক এটি সুষ্ঠ-সবল বাতাবৰণ দিবলৈ সুন্দৰ মন এটি লৈ আহকচোন আমি সুন্দৰৰ আখৰা কৰোঁ।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
6000709096

অঙ্গন:  পৃষ্ঠাঃ 40


Post a Comment

0 Comments