অঙ্গনঃ চতুৰ্থ বছৰ (৭ নং সংখ্যা)




১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 আগষ্ট 2023.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 3

এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 5
👉প্ৰৱন্ধ : পৃষ্ঠা-- 6-9
👉ধাৰাবাহিক: পৃষ্ঠা--10
👉অণুগল্প : পৃষ্ঠা -- 11-12
👉 এক মিনিটৰ গল্প: পৃষ্ঠা-- 13
👉অনুবাদ সাহিত্য : পৃষ্ঠা--14-16
👉কবিতা: পৃষ্ঠা--17-33
 👉ৰেচিপি: পৃষ্ঠা--34
 👉অনুভৱ: পৃষ্ঠা--35
👉গল্প: পৃষ্ঠা--36-39
👉 এক মিনিটৰ গল্প: 40
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা-- 41

অঙ্গন: পৃষ্ঠাঃ 4
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ 5
সম্পাদকীয়ঃ

নীৰৱ দৰ্শক

অপ্ৰিয় সত্য যে আমি এনে এটি সময়ৰ সন্ধিক্ষণত  জীয়াই আছোঁ, য’ত নীৰৱে থকাটোকেই সমাজে ভদ্ৰতা বুলি ভাবে৷ এই নীৰৱতাৰ অচিলাৰেই বহুতে অসামাজিক কাম কৰে৷ একেদৰেই কেতিয়াবা আমাৰ সন্মুখত সংঘটিত তেনে অসামাজিক কামবোৰ পৰোক্ষভাৱে আমি সমৰ্থন কৰোঁ৷ 

যেনে--
ৰাতিপুৱাৰ বাতৰি কাকতখনত প্ৰথমে প্ৰকাশিত বাতৰিটোৱেই আপোনাৰ মোৰ দৰে লোকৰ মানসিক জগতখনক বাৰুকৈয়ে জোকাৰি যাব পাৰে।। দহ-বাৰজন ব্যক্তিৰ বিভৎস শৱদেহৰ ফটো। ৰাতিপুৱাই শুই উঠিয়েই কাকতখন পঢ়া মানুহৰ সেই দিনটোৰ মানসিক অৱস্থা কি হ'ব পাৰে সেয়া সহজেই অনুমেয়। অথচ আমি মৌন৷ দূৰদৰ্শনত প্ৰচাৰিত এটি সাধাৰণ বাতৰিকে ঘোষক-ঘোষিকাই ডিঙি ফুলাই ফুলাই ভুলকৈ বাৰে বাৰে অসমীয়া উচ্চাৰণেৰে আপোনাৰ মোৰ শৰীৰৰ প্ৰতি টোপাল তেজ উত্তপ্ত কৰি তুলিব, অথচ আমি মৌন৷ ইউটিউৱেই হওক অথবা ফেচবুকৰ দৰে অন্যান্য সামাজিক মাধ্যমেই হওক, য’ত একাংশ লোকে বিভিন্ন প্ৰকাৰে প্ৰতি ছেকেণ্ডত শিশুক তথা উঠি অহা চামটোক ভয়ংকৰভাৱে বিপথে পৰিচালিত কৰি আছে-অথচ আমি মৌন৷ এনে অজস্ৰ উদাহৰণ আছে য’ত আমি মৌনতাকেই শ্ৰেয় বুলি ভদ্ৰতাৰ মুখা পিন্ধি আছোঁ৷ তাৰ পৰিৱৰ্তে এনে শত সহস্ৰ বিষয়ত আমি প্ৰতিবাদ কৰিবলৈ ৰাস্তালৈ ওলাই আহিছোঁ যি প্ৰতিবাদে আমাৰ সমাজখনত কেৱল উত্তেজনাৰ সৃষ্টি কৰিছে। এনে প্ৰতিবাদে সমাজখনলৈ কোনো ধৰণৰ যোগাত্মক বাৰ্তা কঢ়িয়াই নানে৷

এতিয়া সময় আহি পৰিছে৷ সমাজৰ তথাকথিত এচাম ভদ্ৰলোকে এইদৰেই আমাক ঋনাত্মকভাৱে সদায় পৰিচালিত কৰি থাকিবনে? বিভিন্ন প্ৰচাৰ মাধ্যমে নিজৰ অজ্ঞানতাৰ বাবেই হওক অথবা উদ্দেশ্য প্ৰণোদিতভাৱেই হওক আপোনাৰ মোৰ মানসিক জগতখনক এইদৰে পৰিচালিত কৰিব বিচাৰিলেই আমি তেওঁলোকৰ নিৰ্দেশত উঠা বহা কৰিমনে?

উত্তৰ আপোনাৰ হাতত৷ সিদ্ধান্তও আপোনাৰেই৷

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 6
প্ৰৱন্ধঃ
প্ৰবন্ধ-নিবন্ধ

প্ৰণৱ ফুকন

আমি সকলোৱে নিশ্চয় বাতৰিকাকত/আলোচনী পঢ়োঁ/পঢ়িছোঁ৷ এই সকলোতে আমি বিভিন্ন ধৰণৰ লেখা দেখোঁ৷ ভিন- ভিন প্ৰকাৰৰ গল্প (দীঘল গল্প, চুটি গল্প, অণুগল্প), কবিতা (পদ্য, আধুনিক কবিতা, কথা কবিতা, স্তবক, লিমাৰিক আদি) বাদ দিলে অন্যান্য গদ্যভিত্তিক লেখাক আমি প্ৰবন্ধ বা নিবন্ধ নামেৰে জানো৷ প্ৰশ্ন উঠে এই দুয়োটাই সমাৰ্থক শব্দ নে দুয়োটাৰ মাজত পাৰ্থক্য আছে ? যিদৰে আমি বহুতে ফকৰা আৰু যোজনাক সমাৰ্থক বুলি ভাবোঁ, অথচ দুয়োবিধৰ মাজত যথেষ্ট পাৰ্থক্য আছে, সেইদৰে প্ৰবন্ধ আৰু নিবন্ধৰ মাজতো পাৰ্থক্য আছে নেকি ? মোৰ নিজৰ মনত সন্দেহ থকাৰ বাবে ভাবিলোঁ ইংৰাজী প্ৰতিশব্দ বিচাৰি চাওঁ; পাছে দুয়োক্ষেত্ৰতে পালোঁ এইদৰে: "a writing published in a magazine/ newspaper" ৷ সেই হিচাপে কেৱল প্ৰকাশিত লেখাহে প্ৰবন্ধ বা নিবন্ধ বুলিব পাৰি৷ কিন্তু ই বেছি সন্দেহহে জগালে৷ সেয়ে কেবাজনো শুভাকাংক্ষী অগ্ৰজকো এই কথা সুধি ব্যতিব্যস্ত কৰি যথেষ্ট উপকৃতও হ’লো৷ ইণ্টাৰনেটত কিছু চালি-জাৰি চাই বিচাৰি পোৱা লেখাসমূহৰ ভিতৰত অতি তাৎপৰ্য্যপূৰ্ণ হ’ল ড° বিপুল কুমাৰ বৰুৱাদেৱৰ এটি লেখা "প্ৰবন্ধ/নিবন্ধ নে প্ৰবন্ধ আৰু নিবন্ধ ?" যি কি নহওক, সকলো মিলি যি বুজিলোঁ তাকেই আগবঢ়াইছোঁ৷

উপসৰ্গৰ বিষয়ে আমি সকলোৱে ব্যাকৰণত পঢ়িছোঁ৷ বিভক্তিসমূহ একোটা শব্দৰ পাছত যোগ হৈ বেলেগ- বেলেগ অৰ্থবহ শব্দৰ সৃষ্টি কৰে; ইয়াৰ বিপৰীতে উপসৰ্গসমূহ শব্দৰ পাছত যোগ হৈ বিভিন্ন শব্দৰ সৃষ্টি কৰে৷ আমি ধান শব্দৰ উদাহৰণ লৈ চাওঁ: বিভিন্ন উপসৰ্গৰ সংযোগেৰে আমি পাওঁ প্ৰধান, সন্ধান, বিধান, পৰিধান, অভিধান, আধান আদি বেলেগ- বেলেগ শব্দ৷ সেইদৰে বন্ধ শব্দৰ আগত প্ৰ আৰু নি উপসৰ্গৰ সংযোজনৰ ফলত সৃষ্টি হয় দুটা শব্দ: প্ৰবন্ধ আৰু নিবন্ধ ৷ বন্ধ শব্দৰ অৰ্থ আমি এইদৰে পাওঁ:"কাৰ্য্যক্ষম হৈ নথকা বা চলন্ত অৱস্থাত নথকা/কেওফালে বেৰি আটক কৰা বা হোৱা"৷ অৰ্থাৎ সকলোফালৰ পৰা আবদ্ধ হৈ থাকিলেহে বন্ধ বুলিব পাৰি৷ এই বন্ধ শব্দৰ পৰাই প্ৰবন্ধ আৰু নিবন্ধ শব্দৰ সৃষ্টি হৈছে৷ গতিকে এনে লেখাত কিছু নিয়ম- নীতি যে আছে, ই সহজেই অনুমেয়৷

ড° বৰুৱাই সম্পূৰ্ণ বৈয়াকৰণিক দৃষ্টিভঙ্গীৰে লেখিছে যে "ৰচ্ সকৰ্মক ধাতুৰ অৰ্থ প্ৰস্তুত কৰ্ ৷ লেখ্ ৷ প্ৰস্তুতকৰণ = ৰচনা ৷ যি ৰচে - ৰচক ৷ ৰচয়িতা৷ ৰচয়িত্ৰী৷ যিটো ৰচনা কৰা হৈছে - ৰচিত ৷ এটি বাক্য প্ৰস্তুত কৰাকো আমি বাক্য ৰচনা বোলোঁ ৷ কাব্য, সৃষ্টিশীল আৰু কল্প কাহিনীৰ ৰচনাক একাষৰীয়াকৈ ৰাখি বাকী গহীন চিন্তামূলক, বৰ্ণনামূলক, বৃতান্তমূলক, তথ্যসমৃদ্ধ ৰচনাক আমি প্ৰবন্ধ বা নিবন্ধ বুলি কওঁ ৷" ৰচনা শব্দেৰে যিকোনো সাহিত্যৰ সৃষ্টি বুজুৱা হয়, যেনে গুৰু দুজনাই ৰচনা কৰা কীৰ্ত্তন, দশম, ৰত্নাৱলী, নামঘোষা, তথা গল্প বা কবিতা ৰচনা কৰা, এনেকি স্কুলীয়া জীৱনৰ বাক্যৰচনা আদি৷ তথাপি ৰচনা শব্দই আমাৰ মনলৈ আনে সেই কিছু বিশেষ বিষয়বস্তু, যেনে গৰু, আমাৰ গাঁও, নদী আদিৰ বিষয়ে গদ্যশৈলীত লেখা কোনো লেখা৷ এই ৰচনাৰ কিছু নিয়মো আমাক শিকোৱা হৈছিল:

(ক) বিষয়বস্তুৰ বিষয়ে থুলমূল আভাস,
(খ) সেই সম্পৰ্কে ব্যাখ্যা,
(গ) উপকাৰিতা/অপকাৰিতা আৰু মোখনিত কৰিবলগীয়া/মানি চলিবলগীয়া কিছু কথা৷ 

যদিও গল্প, কবিতা আদিৰ বাহিৰে আন সকলো প্ৰবন্ধ/নিবন্ধ বুলিব পাৰি, তথাপি এই ৰচনাসমূহক প্ৰবন্ধৰ স্থান দিয়া নহয়৷ ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে আমি দেখোঁ যে এনে ৰচনাত তথ্য বা ব্যাখ্যাৰ কোনো মৌলিকতা নাথাকে আৰু আমাৰ হাতত তুলি দিয়া তথ্য আৰু পূৰ্বৰ কিছু ব্যাখ্যাৰ ভিত্তিতেই এনে ৰচনা কৰা হয়৷ সেয়ে ইয়াক মাত্ৰ ৰচনা (essay) বুলিয়েই কোৱা হয়৷ অমি আগতেই গল্প, কবিতা আদি বাদ দি প্ৰবন্ধ বা নিবন্ধৰ কথা আলোচনা কৰাৰ কথা উনুকিয়াইছিলোঁ৷ এতিয়া সহজ ভাষাত ক’ব পাৰোঁ যে মৌলিক তথ্য বা বিশ্লেষণেৰে অথবা দুয়োটাৰে ৰচনা কৰা লেখাকেই প্ৰবন্ধ বা নিবন্ধ বোলা হয়৷

প্ৰবন্ধ বা নিবন্ধ উপস্থাপনত কিছু নিয়ম থাকে:

১) বিষয়বস্তুৰ বিষয়ে চমুকৈ লিখি কৰা সুন্দৰ আৰম্ভণি; 
২) সকলো তথ্যৰ যথাযথ বিশ্লেষণ যাতে বিতৰ্কৰ অৱতাৰণা নহয়; 
৩) একেটা তথ্য বা একে যুক্তিৰ পুনৰাবৃত্তি পৰিহাৰ;
৪) সকলোৱে বুজিব পৰা আৰু অশ্লীতাবিহীন ভাষাৰ প্ৰয়োগ;
৫) সাৱলীল গতি;
৬) যদি কোনো উদ্ধৃতি দিয়া হয়, তেন্তে ই নিৰ্ভুল হোৱা একান্তই প্ৰযোজনীয়
৭) ইতিবাচক নাতিদীৰ্ঘ সামৰণি৷

এই নিয়মবোৰৰ ভিত্তিত আমি ক’ব পাৰোঁ যে তথ্য অনেক সময়ত মৌলিক নহ’বও পাৰে; যেনে বুৰঞ্জীমূলক প্ৰবন্ধত মৌলিক তথ্য সাধাৰণতেই পোৱা নাযায়৷ কিন্তু তথ্য সংগ্ৰহ কৰোঁতে কেৱল একেটা উৎসৰ ওপৰত নিৰ্ভৰ নকৰি অন্যান্য উৎসৰো অধ্যয়নো প্ৰয়োজনীয়৷ সেইদৰে অনেক পুথি আৰু প্ৰবন্ধৰ অধ্যয়নৰ ফলত এক নিৰ্ভুল সিদ্ধান্তত উপনীত হ’ব পৰা যায়৷ এনে নিৰ্ভুল সিদ্ধান্তৰ আকৰ্ষণীয় উপস্থাপনে একোটা প্ৰবন্ধক পাঠকৰ বাবে মনোগ্ৰাহী কৰি তোলে আৰু ফলত পাঠকসকলেও সেই বিষয়ে চিন্তা কৰাৰ খোৰাক পায়৷ প্ৰতিটো প্ৰবন্ধ/ নিবন্ধৰত উৎসৰ বিষয়ে উল্লেখ কৰা অতীব প্ৰয়োজনীয়৷ সেই উল্লেখ লেখাটোৰ শেষত গ্ৰন্থপঞ্জী হিচাপে দিব পাৰি; অথবা কোনো উৎসৰ পৰা লোৱা তথ্যৰ উল্লেখৰ পাছত ব্ৰেকেটত কোনো সংখ্যা বা আখৰেৰে দৰ্শাই প্ৰতি পৃষ্ঠাৰ শেষত বা লেখাটোৰ শেষত সেই উৎসৰ উল্লেখ কৰা উচিত৷ এনে কৰিলে ইচ্ছুক পাঠকেও সেই উৎসৰ বিতং অধ্যয়ন কৰি উপকৃত হ’ব পাৰে আৰু প্ৰযোজনীয়তা অনুভৱ কৰিলে সেই তথ্যৰ বিষয়ে আলোচনাও কৰিব পাৰে৷

ইমান সময়ে কিন্তু আমি মূল কথাটোৰ বিষয়ে কোনো আলোচনা কৰা নাই, কাৰণ প্ৰবন্ধ আৰু নিবন্ধ শব্দ দুটা সমাৰ্থক নে দুয়োটাৰ মাজত পাৰ্থক্য আছে, সেই বিষয়টো তল পৰি আছে৷ আমি আগতেই কৈছোঁ যে বন্ধ শব্দৰ আগত প্ৰ আৰু নি উপসৰ্গৰ প্ৰয়োগৰ ফলতে আমি এই শব্দ দুটা পাওঁ৷ অৰ্থাৎ মূল শব্দটো হ’ল ‘বন্ধ’৷ হেমকোষত এই শব্দৰ অৰ্থ দিয়া আছে “আবদ্ধ, মুক্ত নোহোৱা, ৰুদ্ধ”৷ অৰ্থাৎ এক নিকপকপীয়া বান্ধোনেৰে আবৰা৷ সেয়ে নিশ্চয় প্ৰবন্ধ আৰু নিবন্ধও আমি আগতেই উনুকিওৱা নিয়মৰ বশবৰ্ত্তী৷ এনে নিয়ম মানি উপস্থাপন কৰা লেখাই প্ৰবন্ধ বা নিবন্ধৰ মৰ্য্যাদা পায়৷ চন্দ্ৰকান্ত অভিধানৰ মতে নিবন্ধ শব্দৰ অৰ্থ হ’ল: “(১)বন্ধা, বান্ধ খোৱা, আবদ্ধ: (২) লৰচৰ হ’ব নোৱাৰাকৈ বন্ধা নিয়ম, (৩) লৰচৰ কৰিব নোৱাৰাকৈ বা স্থিৰকৈ বন্ধা কথা, প্ৰতিজ্ঞা, (৪) প্ৰবন্ধ, ৰচনা”৷ শৰাইঘাট অভিধানৰ মতে প্ৰবন্ধৰ অৰ্থ হ’ল: “(১) যত্ন, পুৰুষাৰ্থ; (২) চিন্তা প্ৰকাশ কৰি সৃষ্টি কৰা গদ্য; ৰচনা; নিবন্ধ” ৷ নিবন্ধৰ অৰ্থ দিয়া হৈছে: “(১) স্থিৰকৈ বন্ধা বা লৰচৰ কৰিব নোৱাৰাকৈ বন্ধা নিয়ম; (২) নিৰ্দিষ্ট বিষয়বস্তু সম্পৰ্কে নিৰ্দিষ্ট ধৰণে উপস্থাপন কৰা ৰচনা; প্ৰবন্ধ”৷ দুয়োখন অভিধানৰপৰা এটা কথাই প্ৰতীয়মান হয় যে প্ৰবন্ধ আৰু নিবন্ধৰ মাজত বিশেষ কোনো পাৰ্থক্য নাই৷ প্ৰবন্ধ শব্দই যত্নেৰে তৈয়াৰ কৰা আঁচনি বা পদক্ষেপো বুজায়৷ সেয়ে আমি চৰকাৰে বিভিন্ন ক্ষেত্ৰত কৰা প্ৰবন্ধসমূহৰ কথা পঢ়িবলৈ/ শুনিবলৈ পাওঁ৷ শৰাইঘাট অভিধানে প্ৰবন্ধে শব্দৰো অৰ্থ দাঙি ধৰিছে এইদৰে: “যত্নেৰে, শ্ৰমেৰে, চেষ্টাৰে”৷

গতিকে আমি এই সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে যত্নেৰে তথ্য সংগ্ৰহ কৰি তাৰ যথাযথ বিশ্লেষণেৰে লেখা ৰচনাই হ’ল প্ৰবন্ধ বা নিবন্ধ৷ আপাততঃ দুয়োটা সমাৰ্থক শব্দ আৰু একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠিৰ দৰে৷ আমাৰ ভাষা হৈছে শব্দৰ আকৰ; একেটা ভাব প্ৰকাশ কৰিবলৈ আমি অনেক শব্দ পাওঁ আৰু নিজৰ সুবিধামতে প্ৰয়োগ কৰোঁ৷ তথাপি কোনোৱে ক’ব খোজে যে যি বিষয়বস্তুৰ বিষয়ে অধিক তথ্য সংগ্ৰহ নকৰাকৈ বা যি বিষয়ৰ ওপৰত অধিক গৱেষণা কৰাৰ/ তথ্য সংগ্ৰহ কৰাৰ প্ৰয়োজন নহয় আৰু উপলব্ধ তথ্যৰেই সুন্দৰভাবে বিষয়বস্তু উপস্থাপন কৰি এক সিদ্ধান্তত উপনীত হ’ব পাৰি, তেনে লেখাকে নিবন্ধ বুলিব পাৰি৷ উদাহৰণস্বৰূপে ঋতুভিত্তিক লেখা বা আমি সৰুৰে পৰা দেখি অহা বিবাহসমূহৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰাৰ প্ৰয়োজন নহয়, হয়তো অধিক তথ্য পোৱাও নাযায়; তেনে লেখাকে নিবন্ধ বুলিব পাৰি৷ আনহাতে গৱেষণামূলক বা অনেক তথ্য সংগ্ৰহ কৰি চালিজাৰি চাই শুদ্ধ তথ্য উপস্থাপন কৰি তাৰ ভিত্তিত কোনো সিদ্ধান্তত উপনীত হোৱা বিদ্যায়তনিক লেখা হ’ল অতি প্ৰবন্ধে কৰা অধ্যয়ন আৰু তথ্য সংগ্ৰহৰ ফল৷ এনে প্ৰবন্ধে লেখাৰ বাবেই এই লেখাই প্ৰবন্ধ নাম পায়৷ কিন্তু এনে ধৰণে পাৰ্থক্য বিচৰাৰ কথাত সকলো একমত নহ’বও পাৰে, বিশেষকৈ যিহেতু আভিধানিক অৰ্থৰ ফালৰ পৰা দুয়োটা শব্দ প্ৰায় সমাৰ্থক৷ তথাপি আমি এই কথা দাঙি ধৰি পাঠকক চিন্তাৰ খোৰাক যোগাই আলোচনা সামৰিলোঁ৷

অঙ্গন: পৃষ্ঠাঃ 7
পৰ্যটন ক্ষেত্ৰ মাজুলী

ইন্দুলেখা হাজৰিকা
মাজুলী

বিশ্বত প্ৰচলিত এটা শব্দ পৰ্যটন৷ মানৱ সভ্যতাৰ বিকাশৰ লগে লগে মানুহৰ বাসনাবোৰ ক্ৰমে পূৰ্ণতাৰ দিশে ধাৱিত হয়৷ মৌলিক প্ৰয়োজন সমূহৰ লগতে মানসিক খোৰাকো বিচাৰি অনুসন্ধিৎসু হৈ পৰে৷ সেই বাবেই ইতিহাসে ঢুকি পোৱা দিনৰ পৰাই, একঘেয়ামী জীৱনৰ পৰা আঁতৰি অৱসৰ বিনোদনৰ বাবে এখন দেশৰ পৰা অন্য এখন দেশ বা ঠাইলৈ পৰিভ্ৰমণ কৰিছিল৷ কিন্তু মাত্ৰ সেয়াই তেওঁলোকৰ লক্ষ্য বা উদ্দেশ্য আছিল নে ? তেনে উদ্দেশ্য হোৱা হ’লে কলম্বাচ, ভাস্কোদাগামা, চীনা পৰিবাজক ইউৱেন চাং আদি নতুন নতুন আৱিস্কাৰ উদ্‌ভাৱনো, সাংস্কৃতিৰ দিয়া লোৱা নীতি, ৰাজনৈতিক অৰ্থনৈতিক অৱস্থাৰ উমান পাব নোৱাৰে৷ তেওঁলোকে পৰ্যটন কেৱল আনন্দ বিনোদনৰ বাবে কৰা নাছিল৷ মানুহৰ স্বভাৱজাত বৈশিষ্ট্যৰে নজনা কথা জানিবলৈ নেদেখা বস্তু চাবলৈ, নোপোৱাখিনি পাবলৈ বা দিবলৈ সকলোৰে মাজত জনাই দিবলৈ থকা হাবিয়াসবোৰেও পৰ্যটন ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে ৷ তেনেকৈ বিশ্বৰ পৰ্যটনৰ আওঁতাতে উল্লেখ কৰিব লাগিব, যুগ যুগৰ পৰা মানুহৰ মাজত স্বভাৱজাত হওঁক বা সংস্কৃতিৰ আদান-প্ৰদান কৰি জাহ যোৱা নীতি বা আধুনিক জীৱন শৈলী বিচৰা মানুহৰ তাগিদা পুৰণ আদি কাৰণ হ’ব পাৰে পৰ্যটনৰ ৷ এনে এক বকিয়াইদি ঐতিহ্যৰ ক্ষেত্ৰ মাজুলী পৰ্যটন ক্ষেত্ৰ হিচাবে বা পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ হৈ পৰিছে৷ বৰলুইতৰ বুকুৰ মাজুলী কেৱল শুৱনী তথা সাংস্কৃতিকভাৱে এখন ঐতিহ্যমণ্ডিত ঠায়েই নহয় ই আজৰি সময়ৰ পৰিস্থিতিৰ প্ৰদূষণমুক্ত ঠাই হিচাপেও স্বীকৃত৷ পৰ্যটনৰ আকৰ্ষণকেন্দ্ৰ হোৱাৰ কিছু ব্যতিক্ৰমী কাৰণ নথকাও নহয়৷ যিবোৰৰ কাৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ মনত আলোড়ন সৃষ্টি কৰি নৱ উন্মেষেৰে মাজুলীক সমৃদ্ধ কৰিব পাৰে৷ এনে এক সম্ভাৱণাৰে পুষ্ট কাৰণ সমূহৰ ৰেঙণীৰ আলোকপাত আগবঢ়োৱা হৈছে৷
ক] মাজুলীৰ প্ৰাকৃতিক পৰিৱেশঃ- সন্তুলিত পৰিৱেশৰ ওপৰতে মানুহ আৰু সমস্ত জীৱ বৈচিত্ৰৰে ভৰপুৰ বিনন্দীয়া ধৰণীৰ অস্তিত্ব নিৰ্ভৰ কৰি আহিছে৷ তেনেদৰে এটা গুৰুত্বপূৰ্ণ ভূ-প্ৰাকৃতিক গোট হিচাপে মাজুলী প্ৰাকৃতিক আৰু অ-প্ৰাকৃতিক বা সামাজিক পৰিৱেশৰ এখন অতি উপযোগী কঠীয়াতলি বুলি পৰিগণিত হৈ আছে৷
মাজুলীৰ প্ৰকৃতিক পৰিৱেশৰ বিষয়টো গভীৰ আৰু বিস্তৃত যাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী৷ আজিকোপতি প্ৰদূষণমুক্ত হৈ থকাৰ কাৰণ উদ্যোগ আৰু কল কাৰখানাবিহীন স্থিতি৷
প্ৰাকৃতিক পৰিৱেশ বুলিলে ভৌগলিক অৱস্থান ভূ-প্ৰকৃতি, জলবায়ু, মাটি, নদ-নদী, উদ্ভিদ বা গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকতি আদিকে বুজায়৷ দেশৰ ভূ খণ্ডৰ পৰা বিচিন্ন হৈ থকা এই ঠাইখনে অকলশৰীয়াকৈ নানা প্ৰকৃতিক দুৰ্যোগেৰে বৰ্তি আছে যদিও পৰিবহন আৰু যাতায়ত ব্যৱস্থাত বিপৰ্য্যয়ৰ সন্মুখীন হৈ আহিছে৷ পৰিণতিত পৰ্যটনৰ ক্ষেত্ৰত অৰ্থে সামাজিক দিশত সুফল পোৱা নাই৷ পৰ্বত পাহাৰহীন পৰিৱেশীয় ভূ প্ৰাকৃতিত আছে সমতল ভূমি, সক্ৰিয়প্লাৱন ভূমি, বালিচৰ, চৰ চাপৰি৷ ভূমি ভাগ বাসোপযোগী, চৰ চাপৰিসমূহে অৰ্থ সামাজিক দিশত বিশেষ প্ৰভাৱ পেলাই আহিছে৷
          অন্য এটা উল্লেখনীয় প্ৰাকৃতিক পৰিৱেশীয় কাৰক হৈছে ইয়াৰ জলবায়ু৷ সেমেকা উপক্ৰান্তীয় মৌচুমী বায়ুয়ে বাসিন্দা সকলক শক্তিশালী ভূমিকাৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷ ফলস্বৰূপে পৰ্যটকৰ উপভোগৰ ইয়ো এক সাফল্য বুলিব পাৰি৷ যদিও শীত কালত ধূলিয়ৰী মাজুলী বুলি কোৱা হয় তথাপি ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়৷ জীৱন যাত্ৰাত ব্যাঘাত জন্মাব নোৱাৰে৷ নদ-নদী সমূহক মাজুলীৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়৷ ঘাইকৈ ব্ৰহ্মপুত্ৰ, সোৱনশিৰি, লোহিত, খেৰকটীয়া নদী, উপনদীয়েই হ’ল মাজুলীৰ জীৱন ৰেখা৷ দিয়া লোৱা ৰীতিৰে পৰিৱেশীয় কাৰক এই নদী উপনদীসমূহে সৰ্বতো প্ৰকাৰৰ উন্নয়ণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে৷ খাল বিল জলাহ পিতনি, ডোবাবোৰে জলজ সম্পদৰ উপৰিও দেশী-বিদেশী পৰিবাজী চৰাইৰ ৰম্যভূমি স্বৰূপ৷ ফল স্বৰূপে মনোৰম নিকা পৰ্যটনৰ আকৰ্ষণীয় পৰিৱেশ গঢ়ি উঠিছে৷ তাৰো কিছু বিসংগতিয়ে এই ক্ষেত্ৰত হতাশাৰ সৃষ্টি কৰিছে৷ উপযুক্ত ৰক্ষণাবেক্ষণ, সংৰক্ষণ, কিছুলোকৰ স্বাৰ্থপৰতাৰ বাবে প্ৰয়োগ কৰা, ব্যৱস্থাই কিমান দিন মনোৰঞ্জন বা আৰ্থসামাজিক উন্নয়ণত সফলতা লাভ কৰিব সেয়া সময়ে ক’ব৷
         মাজুলী নদীদ্বীপীয় অঞ্চল হিচাপে ইয়াত স্থানীয় আৰু প্ৰাকৃতিক দুয়োবিধ উদ্ভিদেই থকা দেখা যায়৷ এই উদ্ভিদবিলাকে জীৱন ধাৰণ প্ৰণালীত অৰিহণা যোগায়৷ বিশেষকৈ নাও শিল্প, নানা কুটিৰ শিল্প আদিৰ ভূমিকা অপৰিসীম তেনেকৈ জীৱ-জন্তুৰ ওপৰতো নিৰ্ভৰ কৰি নানা ধৰণে জীৱিকাৰ পথ উলিয়াবলৈ উপযুক্ত প্ৰাকৃতিক পৰিৱেশ আছে৷
খ/ মাজুলীৰ অপ্ৰাকৃতিক পৰিৱেশঃ- প্ৰাকৃতিক পৰিৱেশৰ দৰে অপ্ৰাকৃতিক পৰিৱেশেও মাজুলীৰ পৰ্যটনৰ ক্ষেত্ৰত অনবদ্য ভূমিকা গ্ৰহণ কৰিছে৷ বহুলভাৱে প্ৰভাৱ পৰিছে মানুহৰ জীৱন যাত্ৰাৰ ধৰণ কৰণ, বাসিন্দা সকলৰ কৰ্মধাৰা, জীৱনবোধ আৰু কাৰ্য কলাপত প্ৰভাৱ বিস্তাৰ কৰি সুস্থ পৰিৱেশ গঢ়ি তোলাত সহায়ক হৈছে৷
সামাজিক পৰিৱেশীয় উপাদান জনসংখ্যা ইয়াৰ বিতৰণ গাঁথনি আৰু ঘনত্বই মাজুলীৰ সৰ্বাঙ্গীন বিকাশত বিশেষ তাৎপৰ্যৰে প্ৰভাৱ বিস্তাৰ কৰিছে৷ কম জনসংখ্যা আয়তন অনুপাতে সুন্দৰ সামাজিক পৰিৱেশ গঢ়ি উঠিছে৷ ফলত অবাধে পৰ্যটনৰ ওচৰ চাপিব পাৰিছে৷
বিভিন্ন জনগোষ্ঠীয় লোকৰ মিলনক্ষেত্ৰ ৰূপে মাজুলীক বৃহত্তৰ অসমৰ ক্ষুদ্ৰ সংস্কৰণ বুলি ক’ব পৰা যায়৷ শতকৰা নব্বৈ ভাগ মানুহ গ্ৰাম্য বসতিৰে থাকি নিকা বাতাবৰণ সৃষ্টি কৰিছে৷ সকলো লোকেই এক শৰণ সনাতন ধৰ্ম আৰু ভকতিৰ ডোলেৰে বান্ধ খাই পৰিমাৰ্জিত সামাজিক বাতাবৰণ সৃষ্টি কৰিছে৷
স্বাধীনতাৰ পূৰ্বৰ পৰা মাজুলী পৰ্যটকৰ আকৰ্ষণ স্থল হিচাপে ইতিহাসৰ সম্বলে সোঁৱাৰাই দিয়ে৷ বৈষ্ণৱ সংস্কৃতিৰ স্থান, এটকা মহন্তৰ স্থান, সত্ৰভূমি শংকৰ মাধৱৰ মিলন ক্ষেত্ৰৰূপে মাজুলী পৰ্যটকৰ আকৰ্ষিত ক্ষেত্ৰ৷ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰধান বাহক সত্ৰ সমূহে প্ৰাণকেন্দ্ৰ ৰূপে জয়ধ্বজাৰে স্বকীয়তা বজাই ৰখাত পৰ্যটক সকল অতি আকৰ্ষিত হৈ আছে বৰ্তমানলৈকে৷
চাৰি সংহতিৰ সত্ৰই মাজুলীত প্ৰতিষ্ঠিত হৈ আছে৷ এটা সময়ত ৬৫ খনৰ পৰা ৪০ খন সত্ৰ আছিল৷ বৰ্তমান ৩৬ ৰ পৰা ২৪ খন সত্ৰ থকা বুলিব পাৰি৷ কেইখনমান মূল সত্ৰ পৰ্যটকৰ আকৰ্ষণৰ সত্ৰ হিচাপে তলত উল্লেখ কৰা হৈছে৷
দক্ষিণ পাট সত্ৰঃ- মূল চাৰিখন সত্ৰৰ এখন হৈছে দক্ষিণ পাট সত্ৰ৷ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ শাসন কালত ১৫৭৬ শকৰ পুহ মাহত বনমালী দেৱক আমন্ত্ৰণ কৰি আনি এই সত্ৰ প্ৰতিস্থা কৰা হৈছিল৷ এই সত্ৰৰ প্ৰধান বিগ্ৰহ যাদৱ ৰায়৷ সংস্কৃতত লিখা ১০৩ খিলা পাতৰ ভাগৱত এই সত্ৰৰ প্ৰাচীন আপুৰুগীয়া সম্পদ৷ ইয়াৰ উপৰিও সৰল তুলসী কাঠৰ খুটা, দুশ বছৰীয়া সোণ ৰূপৰ, হাতীদাঁতৰ সঁজুলি, জলঘড়ী, কৃষ্ণ বলোৰামৰ সোণ ৰূপৰ মুকুট আদি সম্পদ সমূহ সংৰক্ষিত হৈ আছে৷ এই সত্ৰৰ অন্যতম প্ৰধান উৎসৱ ৰাস৷ মাজুলীৰ ৰাস উৎসৱৰ বাটকটীয়া ৰাসৰ নাটকখন সত্ৰাধিকাৰ বাসুদেৱ প্ৰভুৱে ৰচনা কৰা৷ সত্ৰৰ এই ৰাস মহোৎসৱত দেশী-বিদেশী অনেক পৰ্যটকেৰে সমাগম ঘটে৷
আউনীআটি সত্ৰঃ- অসমৰ সত্ৰ সমূহৰ ভিতৰত মূল সত্ৰ হৈছে আউনীআটি সত্ৰ৷ ব্ৰহ্ম সংহতিৰ এই সত্ৰখন ১৫৭৫ চনত ৰজা জয়ধ্বজ সিংহই আউনী পাণ কাটি এই সত্ৰ নিৰ্মাণ কৰিছিল৷ প্ৰতিস্থাপক সত্ৰাধিকাৰ আছিল নিৰঞ্জন পাঠক [আতা] কুৰুৱাবাহীৰ পৰা গোবিন্দ মহা প্ৰভুক আনি উপাস্য দেৱতা ৰূপে প্ৰতিষ্ঠা কৰাই মাটি বাৰী পাইক, চমুৱা, সত্ৰৰ নামত অৰ্পণ কৰে৷ এই সত্ৰৰ একাদশ গৰাকী সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী প্ৰভুৱে ছপা যন্ত্ৰ আনি পোন প্ৰথমবাৰৰ বাবে দ্বিতীয়খন সংবাদপত্ৰ “আসাম বিলাসিনী” প্ৰকাশ কৰে৷ পৰ্যটকৰ আকৰ্ষণীয় কেইটামান দিশ হ’লঃ
সত্ৰীয়া চালি নৃত্য সত্ৰীয়া নৃত্য ওজাপালি নতুবা অপ্সৰা নৃত্য, পুতলা নাচ বিভিন্ন পুৰোতাত্বিক সামগ্ৰী সমূহ৷ এই সত্ৰখনত ৫০০ ৰো অধিক সাচিপাতৰ পুথি সংৰক্ষিত হৈ আছে৷ মূল উৎসৱ ৰূপে দেশ বিদেশৰ লোকে লোকাৰণ্য হোৱা পাল নাম৷ পালনামৰ নৌকাখনো উল্লেখযোগ্য সম্পদ৷ প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰা ভাওনা সমাৰোহে মনি কাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হয়৷ বৰ্তমানৰ সত্ৰাধিকাৰ ড॰ পীতাম্বৰদেৱ গোস্বামীয়ে সমন্বয়ৰ বাৰ্তাবাহক ৰূপে সত্ৰীয়া সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি পৰ্যটনৰ এক বাৰ্তা বহন কৰিছে।
বেঙেনাআটী সত্ৰঃ- অন্যতম এখন ৰাজ সত্ৰ হৈছে বেঙেনা আটি সত্ৰ৷ পুৰুষোত্তম ঠাকুৰৰ আজ্ঞা পৰ বৰ বাৰজনীয়া গোটৰ ধৰ্মাচাৰ্য মুৰাৰীদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল৷ এই সত্ৰই ৰাজ অনুগ্ৰহত আপুৰুগীয়া সম্পদ সমূহ পৰ্যটকৰ আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু৷ ফাকুৱা, ৰাস এই সত্ৰৰ প্ৰধান উৎসৱ৷ সোণ পানী চৰোৱা ছাতি বেঙেনাআটি সত্ৰৰ বাবেও বহু পৰ্যটকৰ সমাগম পৰিলক্ষিত হয়৷
গড়মূৰ সত্ৰঃ- ১৫৬৫ খৃষ্টাব্দত প্ৰতিষ্ঠিত ৰজাঘৰীয়া গড়মূৰ সত্ৰ ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা হয়৷ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ আছিল জয়হৰি দেৱ৷ এই সত্ৰৰ বাটচ’ৰা ভাস্কৰ্য্য খোদিত শিল-চিমেণ্টেৰে পৌৰাণিক নিৰ্মাণশৈলীৰে নিৰ্মাতা বংগীয় আৰ্হিৰে থলুৱা শিল্পীৰ হতুৱাই সত্ৰাধিকাৰে বহুতো আপুৰুগীয়া পুথি নামঘৰৰ চৌপাশত থকা পুৰণিকালীয়া বৃক্ষ ইত্যাদি নিৰ্মাণ কৰাই থৈছে৷ পৰ্যটকৰ আকৰ্ষণীয় সমল হিচাপে বৃহৎ চম্পা আৰু বকুলৰ দুজোপা গছে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে৷ ইয়াৰ ওপৰি প্ৰয়াত প্ৰভু পীতাম্বৰ দেৱে নতুন যুগৰ সূচনা কৰি আধ্যাত্মিক গুৰুৰূপে নাথাকি স্বাধীনতা সংস্কৃতিৰ জয়ধ্বজা উৰুৱাই সমাজৰ বাবে নতুন জাগৰণৰ সৃষ্টি কৰিছিল। মাজুলীৰ পৰ্যটনৰ উত্তৰণ ঘটোৱা সকলোবোৰ প্ৰাকৃতিক, অপ্ৰাকৃতিক বা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰৰ যিয়েই নহওক লাগে প্ৰকৃতিয়ে আমাৰ সম্পদ সমূহৰ মূল৷ সেয়ে মাজুলীৰ পৰিৱেশ জন সাধাৰণৰ নিৰাপত্তাৰ কবচ৷ সেই সুৰক্ষাৰ ওপৰতে পৰ্য্যটন ক্ষেত্ৰৰ ব্যাপকতা নিৰ্ভৰশীল৷ ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে মাজুলীবাসী অধিক সচেতন আৰু প্ৰতিক্ষণ অণুক্ষণ তৎপৰ হৈ থকাটো বাঞ্চনীয় অন্যথা বিশ্বৰ ইতিহাসত “বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম খোদিত হৈও মোচ খাবলৈ বেছি সময় নালাগিব৷

অঙ্গন: পৃষ্ঠাঃ 8
জীৱন আৰু সফলতা

ধৰিত্ৰী দেৱী, মৰিগাঁও

মানৱ জীৱন ভাল আৰু বেয়াৰ সমষ্টি ৷ ভাল আৰু বেয়াৰ দ্বন্দ্বৰ মাজেৰেই জীৱনৰ গতি অব্যাহত আছে৷ সমস্যা আছে বাবেই সেইবোৰ সমাধানৰ চেষ্টাও আছে আৰু এই চেষ্টাই জীৱনক গতিশীল কৰি ৰাখিছে৷ কেমুৱে কৈছে -- ‘জীৱনৰ কোনো সমস্যা নাথাকিলে ইয়াক ভালদৰে উপলব্ধি কৰিব নোৱাৰি৷’ এই সমস্যাৰে জৰ্জৰিত জীৱনত অভিজ্ঞতা লাভ কৰা, সংযমেৰে আৰু আমাৰ সৌভাগ্যৰ মুহূৰ্তত হাঁহিবলৈ, দুখ-যন্ত্ৰণাৰে সময়ত কান্দিবলৈ যি ক্ষমতাৰ প্ৰয়োজন, সেই ক্ষমতা আহৰণ কৰি জীৱনক উপভোগ কৰিব লাগে৷ 
           মানুহৰ জীৱন ক্ষন্তেকীয়া৷ এই ক্ষণভংগুৰ জীৱনতে আমি বিচাৰিব লাগিব অন্তহীন সুখৰ ছবি৷ জীৱনত পোৱাতকৈ নোপোৱাৰ সংখ্যাই সৰহ৷ কিন্তু যিকণ পোৱা যায়, তাৰো অসীম মূল্য৷ আমাৰ প্ৰত্যেকৰে জীৱনত হতাশাৰ ছায়া কেতিয়াবা নহয় কেতিয়াবা দেখা বাবেই আহে কঠিন সমস্যা৷ এনেক্ষেত্ৰত ভাগি পৰাটো উচিত নহয়৷ বিশ্বাসক সাৰথি কৰি এইবোৰ পৰিস্থিতিৰ মুখামুখি হ’ব পাৰে, তেনেহ’লে আপুনি সমস্যাক হেলাৰঙে অতিক্ৰম কৰিব পাৰিব৷ গভীৰ আত্মবিশ্বাসৰ ওপৰতে আস্থা ৰাখি দুখময় জীৱনৰ একাকিত্বক অতিক্ৰম কৰি আশাৰ জগতলৈ যাবলৈ স্থিৰ কৰি ৰাখিব লাগে৷ নঞাৰ্থক ভাবনাৰে মানুহৰ সফলতাত বাধা দিয়ে৷ কোনো এটা কামৰ সাফল্যৰ সুযোগ উপস্থিত হোৱাৰ সময়তো আমাৰ সচেতন মনত এই কামটোত কোনো সুফল পোৱা নাযায় বুলি ধাৰণাই পোষণ কৰে৷ ফলত সেই কামটো আধাতে কৰিবলৈ এৰি দিয়ে আৰু হৈ পৰে বিফলতাৰ চিকাৰ৷ জীৱনধাৰাৰ সলনি কৰা শক্তিময় সঠিক চিন্তাধাৰা কামত লগোৱাৰ ক্ষেত্ৰত হোৱা ব্যৰ্থতাৰ বাবেই আমি হতাশাত ভোগো৷ মনলৈ  দুখ আহে৷ যেতিয়া আমি সেই দুৰ্বলতাক চিনি পোৱাত সক্ষম হওঁ, তেতিয়াই সঠিক চিন্তাৰে কাম কৰি সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰোঁ৷
মানুহৰ জীৱনটো বাস্তৱ আৰু সমস্যাবহুল৷ আপোনাৰ জীৱনত সমস্যা আছে বুলি জানি আপুনি সুখীহে হোৱা উচিত৷ কাৰণ কাৰোবাৰ জীৱনত সমস্যা নাথাকিলে সেই জীৱনৰ অৰ্থই নাথাকিব৷ জীৱনত সমস্যা আছে বুলিয়েই ইয়াক আগুৱাই লৈ যোৱাত অসুবিধা নহয়৷ প্ৰাণধাৰণৰ আৰু জীৱনক পৰিচালনাৰ বাবে অল্পবিস্তৰ সমস্যা অতি জৰুৰী৷ পৃথিৱীত একমাত্ৰ সমাধিস্থলৰ বাহিৰে সকলোতে সমস্যা আছেই৷ এজন মানুহে সফলতা লাভ কৰিবলৈ হ’লে নানানটা সমস্যাৰ লগত মোকাবিলা কৰিব লগা হয়৷ সেইবোৰ সমস্যাৰ সমাধানৰ ওপৰতেই মানুহজনৰ সাফল্য নিৰ্ভৰ কৰে৷ সৃষ্টিশীল মন এটাৰে আপুনি জীৱনক পৰিপূৰ্ণতা দিব পাৰে৷ ব্যৰ্থতাৰ কথা বিস্তৃত গতিত গৈ নিৰ্দিষ্ট লক্ষ্য আপোনাৰ সন্মুখত ৰাখি সৎ চিন্তাৰে সৈতে প্ৰাৰ্থনা কৰক আৰু কাম কৰি যাওক৷ আপোনাৰ সফল্য অনিবাৰ্য৷ আপোনাৰ মনটো এক নিৰ্দিষ্ট পদ্ধতিৰে চৰ্তৰ বান্ধোনেৰে বান্ধি ৰাখি ভাল-বেয়া দিশ দুটাৰ বাবে আগৰে পৰা সাজু কৰি ৰাখিব৷ কোনো এটা কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ মনত সাফল্য বা ব্যৰ্থতা যিভাৱে বঢ়াই তোলে, বাস্তৱত আপোনাৰ সেয়ে ঘটিব৷ সেয়ে আপোনাৰ মনক নতুনভাৱে উদ্দীপিত কৰি তুলি নঞৰ্থক  ভাৱনাবোৰ সদৰ্থক ভাবলৈ ৰূপান্তৰিত কৰি তুলিব৷
সমস্যা হ’ল মানুহৰ জীৱনৰ লক্ষ্য৷ প্ৰত্যেকজন মানুহৰ জীৱনতে কম-বেছি পৰিমাণে সমস্যা থাকেই৷ সমস্যা এৰাই পলাই যাবলৈ কেতিয়াও চেষ্টা নকৰিব, বৰং তাৰ লগত সহাৱস্থান কৰক৷ আপুনি দুগুণ উৎসাহেৰে সমস্যা সমাধান কৰিবলৈ উঠি-পৰি লাগিব৷ আচৰিত কথা হ’ল যে সমস্যাৰ সন্মুখীন হৈ পলাবলৈ চেষ্টা নকৰাৰ মাজতেই ইয়াৰ সমাধানো বিচাৰি পোৱা যায়৷ এইক্ষেত্ৰত যিমান সম্ভৱ আপোনাৰ মনটো শান্ত, নিৰুদ্বিগ্ন আৰু স্থিৰ কৰি ৰখাৰ চেষ্টা কৰক৷
জীৱনত উপৰা-উপৰিকৈ বহু সমস্যাৰ সন্মুখীন হ’লেও আপুনি অস্থিৰ নহৈ শান্ত-সমাহিত হৈ যুক্তিপূৰ্ণ চিন্তাৰে সমাধানৰ পথ উন্মক্ত কৰক৷ স্নায়ুৰ তাড়নাত হয়তো আমি তাৎক্ষণিকভাৱে সমস্যা সমাধান কৰিব বিচাৰোঁ, তথাপি ধৈৰ্য ধৰি শান্তভাৱে চিন্তা কৰাটো অত্যন্ত জৰুৰী৷ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি মন কৰিবলগীয়া কেইটামান বিষয় --
[ক] আপোনাৰ জীৱনলৈ অহা সমস্যা সমাধানৰ বাবে আপুনি নীৰৱতা অৱলম্বন কৰক৷ নৰৱতা বা নৈঃশব্দই আপোনাৰ মনৰ চিন্তাধাৰক স্থিৰ প্ৰজ্ঞাৰে উদ্ভাসিত কৰি তুলিব৷ আপোনাৰ ভয় বাতাবৰণ বা মন উদ্বেগেৰে পৰিপূৰ্ণ হৈ থকা সময়ত বিশ্বাস আৰু আস্থাৰ স’তে আপুনি নৈঃশব্দক বৰণ কৰক৷ তেনেহ’লে সমস্যা সমাধানৰ বাবে চিন্তাৰ নিৰ্দিষ্ট চালনা কৰা সম্ভৱ হ’ব৷
[খ] সমস্যা জয়ৰ এটা প্ৰয়োজনীয় বিষয় হৈছে আত্মবিশ্বাস৷ কোনো এটা সমস্যাৰ সন্মুখীন হৈ আপুনি মনত যদি দৃঢ়তাৰে ভাৱে যে সেই সমস্যাটো সমাধান কৰিব পাৰিম, তেনেহ’লে আপুনি নিশ্চিতভাৱে সেই সমস্যা সমাধান কৰিব পাৰিব৷ বিশ্বাসক আপোনাৰ চিন্তাৰ প্ৰৱাহৰ লগত মিলাই দিয়ক৷
[গ] সঠিক চিন্তাৰ দ্বাৰা ব্যৰ্থতাৰ পথৰ পৰা সাফল্যৰ পথলৈ অগ্ৰসৰ হৈ সমস্যা সমাধান কৰক৷ জীৱনৰ ব্যৰ্থতা আৰু সাফল্য খুউব ওচৰা-উচৰি৷ সেয়ে মনৰ গভীৰত নিজৰ বিৰুদ্ধে কাম কৰিবলৈ কষ্ট কৰক৷ নঞৰ্থক সকলো ভাৱনা বাদ দি নিজকে নতুনকৈ উদ্ভাসিত কৰি সমস্যা সমাধান কৰক৷ দেখিব জীৱনত কেতিয়াও হাৰ মানি বিফলতাৰ মালাধাৰি পিন্ধিব লগা নহয়৷
[ঘ] যেতিয়াই আপোনাক কোনো সমস্যাই দেখা দিব, তেতিয়াই প্ৰশান্তিৰ স্পৰ্শৰ সোৱাদ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক৷ সমস্যাক লৈ বিব্ৰত নহ’ব৷ শান্তভাৱে আৰু মুখামুখি হোৱাৰ চেষ্টা কৰক৷ সমস্যাক লৈ বিব্ৰত নহ’ব৷ শান্তভাৱে আৰু মুখামুখি হোৱাৰ চেষ্টা কৰিব৷ শান্ত-সমাহিত ভাৱনা আৰু গভীৰ আত্মমগ্নতাৰে আপোনাৰ সমস্যা সমাধান কৰক৷
[ঙ] আপোনাৰ সন্মুখত যেতিয়া এটা সমস্যা আহি উপস্থিত হয়, আপুনি ঠাণ্ডা মগজুৰে তাৰ বিষয়ে সতৰ্কভাৱে বিশ্লেষণ কৰাৰ চেষ্টা কৰক৷ নিজৰ লগত কথা পাতক, পৰ্যালোচনা কৰক৷ দেখিব আপুনি সমস্যাৰ সমাধান বিচাৰি পাইছে৷
[চ] যুক্তিপূৰ্ণ চিন্তাৰে আপুনি সমস্যা সমাধান কৰাৰ চেষ্টা কৰক৷ কোনো সমস্যাই আপোনাক ধ্বংসৰ গৰাহলৈ লৈ যাব পাৰে বা সফলতাৰ শিখৰত আৰোহণ কৰাই আপোনাক নকৈ গঢ়ি তুলিবও পালে৷ সেয়ে এটা সমস্যা কেনেভাৱে গ্ৰহণ কৰে বা কেনেকৈ সমাধান কৰিব, তাৰ ওপৰতে আপোনাৰ সফলতা নিৰ্ভৰ কৰে৷
[ছ] সমস্যা সমাধানৰ ক্ষেত্ৰত একাগ্ৰতাক আপোনাৰ মনৰ ভিতৰত গাঁঠি লওক৷ এটা কথা ভাৱিবলৈ আৰম্ভ কৰক যে আপুনি এই সমস্যা অতিক্ৰম কৰি জয়ী হ’বই৷ আধ্যাত্মিক আৰু মনস্তাত্বিক দুয়োটা দিশৰে শীৰ্ষত আৰোহণ কৰক৷
[জ] আপোনাৰ জীৱনত হৈ যোৱা বা হ’ব ধৰা সমস্যা বা ঘটনাবোৰ সহজে গ্ৰহণ কৰক৷ উদ্বেগ প্ৰশমিত কৰি পালয়নবাদী মনোভাব নেদেখুৱাব৷ সমস্যাৰ শীৰ্ষত আৰোহণ কৰি ঐকান্তিকভাৱে সমস্যা সমাধান কৰক আৰু জয়ী হ’বলৈ চেষ্টা কৰক৷
উপৰোক্ত এই বিষয়কেইটাৰ ওপৰত মন কৰিলে আপোনাৰ জীৱনৰ সমস্যা সহজে সমাধান কৰিব পাৰিব৷ জীৱনৰ চৰম বিপৰ্যয়তো স্থিতি নেহেৰুৱাই আপুনি নিজকে শক্তিশালী কৰি তোলক আৰু মনত সফলতা-সম্ভাৱনাৰ বীজ ৰোপণ কৰক৷ দেখিব এদিন আপুনি সফল ব্যক্তিৰূপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে৷

অঙ্গন: পৃষ্ঠাঃ10
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ

খণ্ড ১১

পৰাগ বৰা । মোৰ বাবে হয়তো সদায় এটা মিঠা  সপোন হৈ ৰ'ব । সি হ'ল মোৰ বাবে আকাশৰ চন্দ্ৰমা আৰু মই হ'লোঁ বাওনা । যাক কাষত নিজৰ কৰি পোৱাৰ সপোনহে দেখিব পাৰি কিন্তু কেতিয়াও চুব বা পাব নোৱাৰি । জানো সি মোক সঁচাকৈ বহুত ভালপায় কিন্তু মই ভালপাইয়ো ভালপাওঁ বুলি মুখ খুলি ক'ব নোৱাৰোঁ । তাক দেখুৱাব নোৱাৰোঁ ময়ো যে কিমান ভালপাওঁ তাক । তাৰ সেই গলধনত পৰাকৈ ৰখা ঘন কেঁকুৰা চুলি কপালৰ আগত বতাহত নাচি থকা ঢৌ খেলা চুলি কেইডালি পাতল দাড়িয়ে আৱৰি ৰখা জোনৰ দৰে জিলিকি থকা মুখখনি, এযুৰি সজল নয়ন, এটি দীঘল জোঙা নাক, বহল বুকুৰখনিৰে সৈতে সুঠাম দুবাহু, পদুমৰ পাহিৰ দৰে দুটি ওঁঠত লাগি থকা মিঠা হাঁহিৰে সৈতে কলেজলৈ আহি প্ৰথম মুখামুখি হৈ চকুত চকু পৰোঁতে  তাৰ প্ৰতি আৰ্কষিত হৈ  পৰিছিলোঁ । জনা নাছিলোঁ পৰাগৰো মনত  মোৰ দৰেই একেই অনুভৱ জাগিছিল ।   
         পৰাগৰ দেউতাক হ'ল এজন পুলিচ ইঞ্চপেক্টৰ । ঘৰৰ একমাত্ৰ সন্তান । কোনোদিনে দুখ-অভাৱ, কষ্ট  একো বুজি নোপোৱা ল'ৰাজনে যদি মোৰ বাবে দুখ পাব লগা হয় মই জানো সহিব পাৰিম। মই হ'লো এজনী দুখীয়া ঘৰৰ ছোৱালী । কোনোমতে দেউতাৰ সামান্য উপাৰ্জনত ঘৰখন চলি থাকে । পৰাগ আৰু মোৰ মাজত আকাশ-পাতল পাৰ্থক্য । ঘৰখনত পাঁচটা ল'ৰা-ছোৱালীৰে সৈতে দেউতাৰ সামান্য উপাৰ্জনে চলাটো বহুতো কষ্ট হয় । বি.এ সম্পূৰ্ণ কৰাৰ পাছত হয়তো মোৰ পঢ়া সামৰণি পৰিব। কাৰণ পইচা-পাতিৰ কথা আছে। অকল মোকে পঢ়ালে নহ'ব বাকী ভাই-ভনী কেইটাকো পঢ়াৰ সুযোগ-সুবিধা দিব লাগিব । মোৰ ইচ্ছা থাকিলেইতো জোৰ কৰিব নোৱাৰোঁ আৰু মাক-দেউতাকৰ মনত বি .এ পঢ়া মানে ছোৱালী ডাঙৰ হ'ল উপযুক্ত মানুহ পালে বিয়া দি দায়িত্ব পালন কৰাৰ কথা ভাবে। বেছি বয়স হ'লে দৰা নাপায় তাতে দুখীয়া ঘৰৰ ছোৱালী সহজে কোনোৱে বিয়া নকৰায় বুলি এইবোৰ চিন্তা থাকে বাবে হয়তো উপযুক্ত মানুহ পালে মোকো বিয়া দি দিব তেতিয়া পৰাগে পাৰিব জানো মোক ৰাখি থ'ব বা আপোন কৰি ঘৰলৈ নিবলৈ আৰু যেতিয়া বিয়াৰ কথা ওলাব পৰাগৰ মাক-দেউতাকে দিব জানো সঁহাৰি মোৰ দৰে দুখীয়া ঘৰৰ ছোৱালী বিয়া কৰাবলৈ। বি.এ পাছ কৰি সি বহু দূৰলৈ গুচি যাব পঢ়িবলৈ । আৰু মই ঘৰতে ৰৈ যাম । চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় বুলি কথা এষাৰ আছে যদি সিও আনক পাই মোক পাহৰি যায় তেতিয়া মোৰ কি হ'ব ! জানো সঁচা মৰম-চেনেহ, ভালপোৱাই ধন-সোণ নিবিচাৰে। যেতিয়া প্ৰেমত পৰা যায় তেতিয়া একোৱেই নালাগে। যি কয় তাকে চকু মুদি বিশ্বাস কৰি ল'ব পাৰি। প্ৰেমত কৰা সময়ত প্ৰেমেই সকলোতকৈ উচ্চ বুলি ভবা হয়। সেয়ে চাগৈ কয় প্ৰেম অন্ধ! কিন্তু সময় আৰু পৰিস্থিতিত সকলো সলনি হয়। সৌ সিদিনা প্ৰফেচাৰৰ  প্ৰেমত অন্ধ হৈ গৰিমাই পাছত নিজেই আত্মহত্যা কৰিব লগা হ'ল। কাৰনো মন নাযায় মনে মিলা এজন সংগী বিচাৰি ল'বলৈ। সকলোৱে বিচাৰে ইজনে-সিজনক প্ৰাণভৰি মৰম কৰক, সুখ-দুখৰ প্ৰতিক্ষণত কাষতে থাকক , কেয়াৰ লওক, খং -অভিমান কৰক। আনে বিচৰা দৰে ময়ো বিচাৰোঁ আপোন হিচাপে কাৰোবাক। মোৰো মন যায় হিয়া উজাৰি কাৰোবাক ভালপোৱা যাচিবলৈ মোকো কোনোবাই ভালপাওক পাগলৰ দৰে নিজতকৈ বেছি । কিন্তু এইবোৰ ভাবিবহে পাৰি কাৰ্য্যত কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। ভালপাওঁ বুলি কোৱাটো সহজ কিন্তু জীয়াই ৰখাটো সহজ নহয় । ভয় লাগে এই মৰম-ভালপোৱাবোৰ যদি হেৰাই যায় কেনেবাকৈ তেতিয়া আমি কেনেকৈ জীয়াই থাকিম। সেয়ে প্ৰকাশিত হৈ মৰমবোৰ হেৰাই যোৱাতকৈ অপ্ৰকাশিত ভাৱে অন্তৰত জীয়াই থাকক মৰমবোৰ সেয়ে সদায় মই নীৰৱ ভূমিকা পালন কৰি আহিছোঁ ।
          পৰাগে বাৰু কি লিখি দিছিল কাগজ টুকুৰাত চাবলৈ মন যোৱাত আকৌ কাগজ টুকুৰাটো চুকটোৰ পৰা বুটলি আনি পঢ়ি চালোঁ। পৰাগে লিখিছে ---
      মোৰ প্ৰিয়া
            তুমি নাই একো নাই সকলো খালী। নাজানো ক্লাছত কি বুজাই আছে কাণেৰে একো শুনা নাই । মাথোঁ তোমাৰ ছবি মোৰ চকুৰ আগত। তোমাৰ চিন্তাৰ বাহিৰে মোৰ মনলৈ বেলেগ একো অহা নাই। তুমিতো নাজানা তোমাৰ অবিহনে মোৰ উশাহ লোৱা কিমান কষ্ট হয়। যদিও তুমিও একো নোকোৱা তথাপিও তোমাৰ অনুপস্থিতিত মোৰ মৃত্যু সমতুল্য। যদিও তুমি মোক নাভাবা একো বুলি কিন্তু মই সদায় ভাবো প্ৰতিপল প্ৰতিক্ষণত তুমি মোৰ মাথোঁ মোৰ আৰু মই তোমাৰ কেৱল তোমাৰ হ'ব বিচাৰোঁ ৰূপা কেৱল তোমাৰ। এই ভাবনাতে হয়তো এদিন মই শেষ হৈ যাম । ভালে থাকিবা
 "I LOVE YOU RUPA
                               তোমাৰ              

                        পাগল প্ৰেমিক
                              পৰাগ

     পৰাগে লিখা কাগজ টুকুৰা পঢ়ি আৱেগত চকুলো বৈ আহিল। কাগজ টুকুৰা চুমাৰে ওপচাই বুকুত সাৱটি মনৰ ভিতৰতে ক'লোঁ "---
I......LOVE......YOU.....TOO PARAG.
কিন্তু এইষাৰ পৰাগৰ সন্মুখত পৰাগে শুনাকৈ ক'ব পাৰিম নে কাহানিবা! কেতিয়া আহিব সেই ক্ষণ ...!!
  
আগলৈ...

অঙ্গন: পৃষ্ঠাঃ10
অণুগল্পঃ

উকা সেওঁতা

ড০ আৰমেদা আহমেদ

বিজিত বিবাহিত, ল'ৰা ছোৱালী ছাগে ডাঙৰেই হ'ল। ৰূপা সেই দৰেই থাকিল নিসংগতাক সাৱটি। কেতিয়াবা বাটে-পথে দেখা হৈ দুয়োৰে, সুখ দুখৰ কথা হয় বছ সিমানেই। 
এদিনাখন লগ পাওঁতে হঠাতে বিজিতে সুধিলে তুমি মোক সঁছাকৈয়ে ভাল পাইছিলা নে ? খং অভিমানত তাই একোৱেই ক'ব নোৱাৰিলে, উকা সেওঁতা বাওঁহাত খনেৰে চুই লাহেকৈ বিজিতক ক'লে "মই আহিছোঁ দিয়া ভালে থাকিবাঁ।"

অঙ্গন: পৃষ্ঠাঃ11
মা-মাটি

মীনাক্ষী ৰায় ডাকুৱা

গোলকগঞ্জৰ পৰা গৈ "আশাদীপ"ত যেতিয়া উপস্থিত হ'ল মৃণাল, তেতিয়া ৰান্ধনি বেলিটোৱে মেলানি মাগিব ধৰিছিল। পশ্চিমৰ খিৰিকিৰ কাষত বহি তেতিয়াও যিখিনি দিনান্তৰ পোহৰ অৱশিষ্ট আছিল, সেই পোহৰত ইলাদেৱীয়ে "আত্ম দীপো ভৱ" কিতাপখন পঢ়ি আছিল। আচম্বিতে "মা" বুলি মাতত ঘূৰি চালে তেওঁ । দুচকুত তেওঁৰ বিমূঢ় বিস্ময় । এনে নহয় যে অসময়ত মৃণালৰ উপস্থিতি এই বিস্ময়ৰ কাৰণ । কিন্তু পুতেকৰ মাতত ইমান আকুলতা ইয়াৰ আগতে কেতিয়াও শুনা নাছিল তেওঁ । একাক্ষৰী এই শব্দটো যে ইমান মায়াময় হৈ বুকুৰ ভিতৰখন আলোড়িত কৰি দিব পাৰে ! হাতৰ কিতাপখন থৈ, আধা আন্ধাৰ-পোহৰত থিয় হৈ থকা মৃণালক তেওঁ উৎকণ্ঠাৰে সুধিলে, তোমালোক সকলোৰে ভালনে মৃণাল ? মৃণাল স্তব্ধ, নিৰ্বাক । তেওঁৰ বুকু জুৰি তুমুল এক আলোড়ন। ধীৰে ধীৰে বহি তেওঁ মাকৰ দুয়ো জানুৰ ওপৰত নিজৰ মূৰটো ৰাখিলে।
         ইলাদেৱীয়ে দুহাতেৰে গভীৰ মমতাত পুতেকৰ মূৰটো তুলি নিলে নিজৰ বুকুৰ মাজলৈ । মৃণালে অনুভৱ কৰিলে সেই বুকুত মাতৃত্বৰ প্ৰগাঢ় স্পন্দন । কি যে মায়াময়, কি যে প্ৰশান্তি ! তাৰেই স্পৰ্শত মৃণালৰ বুকুৰ ভিতৰৰ পৰা এক উদ্বেল কৰা ঢৌ আহি কঁপাই দিলে গোটেই শৰীৰ । প্ৰাণপণ চেষ্টাতো সেই ঢৌক বাধা দিব নোৱাৰিলে তেওঁ— চকুৰ কোণ ব‌ই, গাল ব‌ই,  অশ্ৰুৰ ধাৰ বাগৰি পৰিব ধৰিলে ইলাদেৱীৰ তৃষ্ণাৰ্ত বুকুত। গোলকগঞ্জৰ মাটি বোধহয় আদ্ৰ হৈ গৈ আছে নিঃস্ব এজন মানুহৰ শেষ সম্বলখিনিৰে ।

ঠিকনাঃ
গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫

অঙ্গন: পৃষ্ঠাঃ 12
অন্তিম সৎকাৰ

মুনীন্দ্র নাথ পাঠক
8761825315

আহি আহি শ্মশানৰ জপনা মুখত আমাৰ সমদলটো ৰৈ গ'ল। কপালী বেৰৰ ফলক খনত লিখা আছে "আমি লগে ভাগে আহিলো যদিও ইয়াৰপৰা মই অকলে যাম। "
শৱদেহ নমোৱা হ'ল আৰু প্রাৰম্ভিক কাৰ্য্যখিনি সমাপন কৰি মৃতকৰ দেহটো চিতাত তুলি দিয়া হ'ল। সন্তানে মুখাগ্নি কৰিলে। দপ দপকৈ জ্বলি উঠা চিতাজুইয়ে সময়ত শৱদেহ পুৰি শেষ কৰিলে। 
"দাহ কাৰ্য্য শেষ।" শ্মশান ৰক্ষকে মাতি কলে "অস্থি লওকহি " 
"ওঁ" 
চিতা ভশ্মৰ মাজৰ পৰা অস্থি অলপ লৈ বিদেহীক অজান- অচিন জগতলৈ অকলে পঠাই দি আমি উভতিলো। ঘৰত আচাৰ নীতিৰে শ্ৰাদ্ধ আদি পতাৰ পাচত হৃদয়ত কেৱল স্মৃতি সাঁচি ৰাখি অস্থিখিনি কোনোবা পুত ততিনীত উটুৱাই দিব লাগিব বিশাল সাগৰৰ লগত মিলি যাবলৈ।

অঙ্গন: পৃষ্ঠাঃ 13
সাৰথি

অঞ্জনা দেৱী, যোৰহাট

কেও কিছু নোহোৱা মানুহ গৰাকী গিৰিয়েক ঢুকুৱাৰ পৰা ঘৰটোত উপযুক্ত সাৰথিৰ সন্ধানত বছৰ ধৰি অপেক্ষাত আছে। অৱশ্যে কণা বিধাতাৰ কিছু দৃষ্টি পৰাত ,বানপানীৰ সাহায্য বিচাৰি অহা মানুহ এহাল অতি বিশ্বাসভাজন হৈ মানুহ গৰাকীৰ ঘৰত আশ্ৰয় ল'লেহি। এদিন -দুদিনকৈ বৃহৎ পৰিয়াল এটা হৈ গোজেই গজালি মেলি ভাগ্যক ৰূপান্তৰ কৰিলে।
"হাঁয় ! আশ্ৰিত মূৰৰ ওপৰত উঠিল।"
উপায়ান্তৰবিহীন আশ্ৰয় দাতাই বৃদ্ধাশ্ৰমৰ পৰিয়ালটোকে প্ৰকৃত সাৰথি ৰূপে আঁকোৱালি ল'লে।

অঙ্গন:  পৃষ্ঠাঃ 14
অনুবাদ কবিতাঃ

DEATH OF MY CONSCIENCE

(By Ram Jethmalani)
Sometimes in the dark of the night,
I visit my conscience 
To see if it is still breathing,
For it’s dying a slow death every day.
When I pay for a meal in a fancy place
An amount whch is perhaps the monthly income
Of the guard who holds the door open.
And quickly I shrug away that thought,
It dies a little.
When I buy vegetables from the vendor,
And his son ‘chhotu’ smilingly weighs the potatoes,
Chhotu, a small child, who should be 
studying at school. I look the other way,
It dies a little.
When I’m decked up in a designer dress,
The dress that cost a bomb
And I see a woman at the crossing in tatters,
Trying unsuccessfully to save her dignity.
And I immediately roll up my window.
It dies a little.
When I buy expensive gifts for my children,
On return I see half clad children 
With empty stomach and hungry eyes,
Selling toys at red light, I try to save
My conscience by buying some, yet.
It dies a little.
When my sick maid sends her daughter to work,
Making her daughter bunk school
I know I shouid tell her to go back.
But I look at the loaded sink and dirty dishes,
I tell myself that is just for a couple of days.
It dies a little.
When I heard about a rape or murder of a child,
I feel sad, yet a little thankful that it’s not my child.
I cannot look at myself in the mirror.
It dies a little.
When people fight over caste creed or religion,
I feel hurt and helpless, I tell myself
That my country is going to the dogs,
I blame the corrupt politicians,
Absolving myself of all responsibilities.
It dies a little.
When my city is choked, making
Breathing dangerous in smog ridden metropolies,
I take my car to work daily,
Not taking metro, not trying car pool,
One car won’t make a difference, I think.
It dies a little.
So when in the dark of the night,
I visit my conscience, 
And find it still breathing,
I am surprised.
For, with my own hands
Daily, bit by bit, I kill it, I bury it.
…and we call it a living.

মোৰ বিবেকৰ মৃত্যু

(মূল: ৰাম জেঠমালানি
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী )

কেতিয়াবা ৰাতিৰ আন্ধাৰত,
মই মোৰ বিবেকৰ লগত কথা পাতোঁ 
জানিবলৈ, সি বাৰু এতিয়াও জীয়াই আছেনে,
কাৰণ প্ৰতিদিনে সি তিল তিলকৈ মৰি আছে।
যেতিয়া মই বিলাসী স্থানত এসাজ ভাতৰ দাম দিওঁ
সেই দাম হ’ব পাৰে এমাহৰ দৰ্মহা
মোৰ বাবে দুৱাৰ খোলা দুৱৰীজনৰ।
আৰু পলকতে মই সেই ভাৱ জোকাৰি পেলাওঁ,
অকণমান মৃত্যু হয় মোৰ বিবেকৰ।
যেতিয়া মই বেপাৰীৰ পৰা অলপ পাচলি কিনো, 
আৰু তেওঁৰ ল’ৰা ‘ছোটুৱে’ হাঁহিমুখে আলুখিনি জোখে,
‘ছোটু’ এটি সৰু ল’ৰা, যি তেতিয়া থাকিব লাগিছিল
পঢ়াশালীত। মই আনফালে চাওঁ।
অকণমান মৃত্যু হয় মোৰ বিবেকৰ।
মই এযোৰ বহু দামী পোচাকেৰে সজ্জিত হৈ 
ফুৰিবলৈ ওলাই যাওঁতে, আলি কেঁকুৰিত যেতিয়া  
এগৰাকী নাৰীক ছিৰালফটা কাপোৰখনেৰে
নিজৰ লাজ ঢকাৰ চেষ্টাত ব্যৰ্থ হোৱা দেখোঁ,
মই গাড়ীৰ আয়নাখন ততালিকে ওপৰলৈ উঠাওঁ।
অকণমান মৃত্যু হয় মোৰ বিবেকৰ।
মই সন্তানৰ বাবে দামী দামী উপহাৰ কিনি,
ঘুৰি আহোঁতে যেতিয়া অৰ্ধনগ্ন শিশুবোৰে
ক্ষুধাতুৰ পেট আৰু ভোকাতুৰ চাৱনিৰে
পথৰ ৰঙালাইটৰ ওচৰত পুতলা বেচা দেখোঁ,
দুই এটা কিনি মোৰ বিবেকক বচাব খুজিলেও
অকণমান মৃত্যু হয় মোৰ বিবেকৰ। 
মোৰ কাম কৰা মানুহজনীৰ গা বেয়া হোৱাত
স্কুল খতি কৰাই জীয়েকক কামলৈ পঠিয়াই,
মই জানো, তাইক মই ঘুৰাই পঠাব লাগে।
কিন্তু, আগ ৰাতিৰ নোধোৱা কাঁহি-বাতিৰ দ’মটো দেখি
মই নিজকে ক’লোঁ, এয়া মাথোঁ দুদিনমানৰ বাবেহে।
অকণমান মৃত্যু হয় মোৰ বিবেকৰ। 
যেতিয়া মই কোনো শিশুৰ ধৰ্ষণ বা হত্যাৰ কথা শুনো,
দুখ পাওঁ, অথচ, অলপ কৃতজ্ঞ যে শিশুটি মোৰ সন্তান নহয়।
মই দাপোনত নিজৰ মুখ চাব নোৱাৰা হওঁ।
অকণমান মৃত্যু হয় মোৰ বিবেকৰ।
যেতিয়া মানুহে জাতি, পন্থা বা ধৰ্মক লৈ কাজিয়া কৰে
মনত দুখ পাওঁ আৰু অসহায় বোধকৰোঁ, 
নিজকে কওঁ যে মোৰ দেশখন ৰসাতলে গ’ল,
মই ভ্ৰষ্ট ৰাজনীতিকক দোষ দিওঁ
আৰু, নিজকে সকলো দায়িত্ত্বৰ পৰা মুক্ত ৰাখোঁ।
অকণমান মৃত্যু হয় মোৰ বিবেকৰ।
যেতিয়া মোৰ চহৰখন ধোঁৱাৰ বাবে শ্বাসৰুদ্ধ হয়, 
মহানগৰবোৰত উশাহ লোৱাটো হৈ পৰে ভয়াবহ,
মই প্ৰতিদিনে মোৰ গাড়ীৰেই কামলৈ যাওঁ,
‘সমূহীয়া গাড়ী’ অথবা মেট্ৰৰে নহয়,
এখন গাড়ীয়ে একো সলনি নকৰে, মই ভাবোঁ।
অকণমান মৃত্যু হয় মোৰ বিবেকৰ।
সেয়ে, যেতিয়া মাজনিশাৰ আন্ধাৰত
মোৰ বিবেকক বিচাৰি চাওঁ,
সি তেতিয়াও উশাহ লৈ থকা দেখি
 আচৰিত হওঁ।
কাৰণ, প্ৰতি নিয়ত তিল তিলকৈ মই তাক 
হত্যা কৰিছোঁ, সমাধিস্থ কৰিছোঁ।
…আৰু আমি ইয়াকে জীয়াই থকা বোলোঁ।

অঙ্গন:  পৃষ্ঠাঃ 15
A summer poem

Jayanta Mahapatra

Over the soughing of the sombre wind
priests chant louder than ever;
the mouth of India opens.

Crocodiles move into deeper waters.

Mornings of heated middens
smoke under the sun.

The good wife
lies in my bed
through the long afternoon;
dreaming still, unexhausted
by the deep roar of funeral pyres.

[Note: midden = dunghill]

গ্ৰীষ্মৰ এটা কবিতা

মূলঃ জয়ন্ত মহাপাত্ৰ( A summer poem)
ভাবানুবাদঃ সঞ্জীৱ সাগৰ চৌধুৰী

বিষণ্ণ বতাহৰ চোঁ‌চোৱণিতকৈ 
অধিক জোৰেৰে পূজাৰীজনে মন্ত্ৰ মাতে
আৰু খুলি যায় ভাৰতৰ মুখ

ঘৰিয়ালবোৰ গভীৰ পানীলৈ নামি যায়

তপত গোবৰ-ভেৰৰ পুৱাবোৰ
সূৰ্যৰ তাপত উৰি যায় ধোঁ‌ৱা হৈ

পতিব্ৰতা পত্নী
মোৰ বিছনাত পৰি থাকে
গোটেইটো দীঘল দুপৰীয়া
দেখি থাকে সপোন তেতিয়াও
চিতাৰ জুইৰ গভীৰ গৰ্জনতো নোহোৱাকৈ শ্ৰান্ত•••

অঙ্গন:  পৃষ্ঠাঃ 16
ঈশ্বৰ  আৰু বজাৰ

(মূল হিন্দীঃ ঈশ্বৰ ঔৰ বাজাৰ
অনুবাদৰঃ অৰুণিমা শৰ্মা মহাপাত্ৰ)

মানুহে ঈশ্বৰকেই ৰজা বুলি জানে  ,
ৰজাকেই সেই বাবে ঈশ্বৰ বুলি মানে।

এদিনাখন ৰজাই নিজকে 
ঈশ্বৰৰ অধস্তন কৰ্মচাৰী বুলি কৰিলে ঘোষণা 
প্ৰজাৰ সকলো সা-সম্পত্তি 
ঈশ্বৰৰ বুলি কৈ
ভব্য প্ৰাৰ্থনা গৃহ নিৰ্মাণৰ কাম  কৰিলে আৰম্ভ,
পিছে তাৰ ওচৰতেই নিৰ্মাণ কৰিলে 
নিজৰ নামৰ এখন বিশাল বিপনী।

যুগ যুগান্তৰৰ পৰা ভোকাতুৰ হৈ থকা এই
অসুৰক্ষিত নিবনুৱা সকলে বোপা ককাৰ যুগৰ নিজৰ সা-সম্পত্তি 
পুনৰায় দাবী কৰি
সেই ভব্য প্ৰাৰ্থনাস্থলৰ দুৱাৰত
মূৰ দোঁৱাই থাকিল অধীৰ অপেক্ষাত।

মানুহৰ বাবে ঈশ্বৰৰ ওচৰলৈ চপাৰ বাটটো সদায় বাৰু কিয় বজাৰৰ মাজেদিয়েই যায় ?

"আমাৰ এই দুৰ্দশাৰ বিৰুদ্ধে মাত মাতিবলৈ 
আমাক একেলগে সংঘবদ্ধ হৈ মূৰ দাঙি উঠিবই লাগিব
এতিয়াই এই সময়তেই
এয়াই যেন আমাৰ ভবিষ্যত 
এতিয়াৰ অৰ্থই হ'ল এই মুহূৰ্তত। "

পিছে ঠিক সেই সময়তেই 
বিভিন্ন দিশৰ পৰা 
বিভিন্ন ধৰণৰ ঘন্টাধ্বনি
শুনিবলৈ পোৱা গ'ল,
কোনোবাই যেন কৈ গ'ল আৰু জোট বান্ধি সচল হ'লে নচলিব! 
এতিয়া শান্ত হোৱা
এয়া যে প্ৰাৰ্থনাৰ সময়।

অঙ্গন:  পৃষ্ঠাঃ 17
কবিতাঃ

চিলিঙৰ ফেনখন

স্বস্তিকা  ৰাজগুৰু

চাৰিবেৰৰ মাজত আবদ্ধ হৈয়ো
কোনো অভিযোগ নাই,
মাথোঁ নিয়মমাফিক তিনিশ ষাঠি ডিগ্রী
ঘূৰি থাকিব পাৰিলেই হ'ল ,
আচলতে....অভিযোগ নথকা নহয় ,
আছে , বহুত অভিযোগ আছে
কিন্তু শুনিবই বা কোনে ?
ইন্টাৰভিউ দি দি ভাগৰি পৰা ল'ৰাজনে
যেতিয়া একেথৰে বিচনাত পৰি মোলৈ চাই থাকে,
স্বাভিমান বুকুত বান্ধি ঘূৰি ফুৰা ছোৱালীজনীৰ
চৰিত্ৰত সমাজে দাগ সানি দিলে ,
যেতিয়া চকুত একুৰা জুই লৈ মোৰ ফালে আগবাঢ়ি আহে,
কালক এডাল ৰছীৰেই টানি আনিব পাৰিম বুলি ভাবি
যেতিয়া কোনোবাই গাঁঠিটো মোৰ বুকুত সজোৰেৰে মাৰে
যেতিয়া প্ৰতিযোগিতাৰ পৃথিৱীখনত পিছপৰি ৰৈ
কোনোবাই মোক সাৱটি ধৰি
জীৱন আৰু মৃত্যুৰ দুৱাৰদলিত কক্‌বকাই থাকে
তেতিয়া...
তেতিয়া মই কঁপি উঠোঁ,
এই আবদ্ধতাৰ মাজৰ বন্দীত্বৰ সময়ছোৱাত
নীৰৱে থাকি দেখিছোঁ
কোনোবাই দিন-ৰাতি পাহৰি কৰা পৰিশ্ৰম ,
কাৰোবাৰ ব্যৰ্থ প্ৰেমৰ হুমুনিয়াহ,
কোনো ভদ্ৰ পুৰুষৰ ভ্ৰষ্ট স্বৰূপ,
কোনো নষ্ট মহিলাৰ কোমল হৃদয়,
কোনোবাই যদি হুইস্কি ব্ৰাণ্ডি হাতত লৈ
নিজৰ চাক্সেছ চেলিব্ৰেট কৰা দেখিছোঁ,
কোনোবাই আকৌ হাতত চিগাৰেট লৈ
নিজৰ ফেইলিয়াৰক ধোঁৱাত উৰুৱাই দিয়াও দেখিছোঁ,
আৰু দেখিছোঁ এচাম মানুহ
সাইলাখ মোৰ দৰেই,
যিয়ে ক্লাছি লাইফস্টাইলত প্ৰিফাৰেঞ্চ পোৱা
এ. চি. হৈ প্ৰতিযোগিতাত ফেৰ মাৰিবও নোৱাৰে , আৰু
আওপুৰণি বিচনীখন হৈ ভাগৰি থমকি ৰ'বও নোৱাৰে,
মাথোঁ মোৰ দৰেই নিয়মমাফিক তিনিশ ষাঠি ডিগ্রীৰ
তেওঁলোকৰ পৃথিৱীখনত অহৰহ
ঘূৰি থাকিব পাৰিলেই হ'ল,
তাতে তেওঁলোক সুখী।
                                
ঠিকনা - নাহৰকটীয়া

অঙ্গন: পৃষ্ঠাঃ18
বিষণ্ণ দুপৰত

ধীমান বৰ্মন

মানুহৰ ৰাগী লগা 
বুঢ়া তামোলটোৱে দেখা নাছিল

ঘূৰি ঘূৰি সৰি পৰা
বাঁহপাতৰ দুপৰ

নিয়তিৰ এখন চুৰীয়ে
চকলিয়াই আছিল বিষণ্ণতা

বিষণ্ণ দুপৰক তিয়াবলৈ
দুজাক বৰষুণ 

এজাকত তিতিছিলো
এজাকে তিয়াইছিল

ভিতৰৰ পৰা

অঙ্গন: পৃষ্ঠাঃ 19
ভাষা জীৱন্ত বোধিদ্ৰুম

ৰুদ্ৰ সিংহ মটক

শব্দ মোৰ কুসুমিত প্ৰাণৰ পদুম-কলি
হৃদয়ত শান্তি-কল্যাণ-কবিতাৰ বৰ্ণৰাগ
গছে-বিৰিখে এজাক কাতৰ পখী ৰ'দ-প্ৰভাতৰ নীৰৱ    
প্ৰাৰ্থনা

মোৰ ভাষা মোৰ মাত মোৰ দেশৰ
উজ্বল ভৱিষ্যত
আকাশত পাহোৱাল বেলি : তেজত মোৰ পাহমেলা স্বপ্ন, হৃদয়ৰ কোষগ্ৰন্থীত  উজ্জীৱিত একাঁজলি ৰ'দ-সেউজীয়া আশা... 

ভাষা সৌন্দৰ্যৰ মুকুতা ,শব্দবোৰ শিলৰ বুকুৰ 
মণিক
নে মোৰ ধমনীৰ বিজুলীবুলীয়া তেজত
চকু টিপিয়াই থকা শিল্পময় শাৰী শাৰী শোভিত চাকি
কোনেও নেদেখা সোণৰ খনিত মোৰ দুৰ্লভ আৱিস্কাৰ  !

ছায়া নহয় চকুলোৰ নিৰ্বাক ছৱিও নহয়
ভাষা জীৱন্ত বোধিদ্ৰুম : ডালে-পাতে জাতিস্কাৰ জীৱন, হৃদয়ত ৰামধেনুবৰণীয়া কবিতাৰ স্থাপত্য
সাৰস্বত সাহিত্যৰ কালহীন সৌধ

ভাষা মোৰ প্ৰসাৰিত প্ৰেম, মোৰ প্ৰগাঢ় স্বাভিমান
স্বদেশৰ আকাশত অহোৰাত্ৰ
           জ্বলি থাকে
মোৰ দীপ্ত প্ৰাণৰ এজাকমান জাগ্ৰত 
জোনাকী, অতন্দ্ৰ প্ৰহৰী সেউজীয়া জোন

অঙ্গন: পৃষ্ঠাঃ 20
সমৰকৌশল

নিহাল গগৈ

নদীখনে ভাগ কৰা গাঁও দুখনত
পূৰ্বে, এখনে গীত জুৰিলে, আনখনে নাচিছিল।
এতিয়া প্ৰতিধ্বনিত্ব হয় 
মাথো আক্ৰোশ আৰু বৰ্বৰতা

তেনেদৰে
মোৰ মনটিও দুভাগ হৈ পৰিছে, 
এফালে যদি আছে কপটতা
আনফালে সৃষ্টি হয় উল্লাস
সেয়াও কৃত্ৰিমতা।

মোৰ মনত নতুবা গাঁও দুখনত
সাকোঁডাল সাজিবলৈ এজোপা বাঁহৰ প্ৰয়োজন
বাঢ়নীখনত যে উঁই-পৰুৱাৰ অবাধ বিচৰণ...

অঙ্গন: পৃষ্ঠাঃ 21
ৰং দে ৰং দে তোৰ মোক

ৰাজেন বড়া

তোৰে মোৰে নিগূঢ় সম্পৰ্ক নিভৃতৰ
তোৰ ৰঙে ৰঙাই
তোৰ ৰঙে জ্বলাই
তোৰ ৰঙে উজলাই
ঢেলা হৈ ধেলপোঙা নকৰিবি
ঢিমা হৈ নকৰিবি ঢিমাতেতালা
বাকীবোৰ ৰং যিমানেই নহওক
ৰং দে মোক তোৰ
তুমৰলি মুমূৰ্ষুক টঙাবলৈ তই হ মোৰ তেজত
যি নাই মাখন ভোগী বালীৰ তেজত
আৰ্ত তৃষাৰ্তৰ আৰ্তনাদ নাশিবলৈ
শংখ নিনাদ শুনি তীখাৰ ধাৰ হ’বলৈ
হ’বলৈ উত্তপ্ত শিখা
টিমকটো জ্বলাই জ্বলি উঠক 
ৰক্তাভ ৰক্তবৰ্ণ তোৰ
তোৰ মোৰ নিগূঢ় সম্পৰ্ক নিভৃতৰ
মোৰ তেজ তই হ
মোৰ তেজ জুই হ
তই মোৰ প্ৰিয় ৰং ৰঙা...

অঙ্গন:  পৃষ্ঠাঃ 22
অকণমান ভাৱনা শিশু শ্ৰমিকজনলৈ

বিজয়া গগৈ

হেৰাই থাকিল দুভৰিৰ খোজ
বাটৰ ববচা বনত।

বাউসীত গজি উঠা ডেউকাযোৰ!
 উৰিবলৈ নহ'লেই
 বৃন্তচ্যুত কৰা হ'ল।
 চিলনীবোৰেও চাই আছিল
 থপিয়াই নিবলৈ।

বুকুচাত শিল বান্ধি সাতুৰিবলৈ
হুৰাই দি মেঘহীন আকাশত
অগ্নি বৰষে।

অথলে গ'ল আইৰ নিচুকনি গীত,
"হাতীত উঠি পানীৰাম ঘৰলৈ যায়
আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়।"

ঠিকনাঃ
ৰহা, নগাঁও

অঙ্গন:  পৃষ্ঠাঃ 23
স্বীকাৰোক্তি

পাপু মজুমদাৰ

অস্পষ্ট হাতেৰে
সময়ে লিখিছিল
সময় নোহোৱাৰ কথা, 
বৰষুণৰ ভিৰত
মই যেন নীৰৱে হেৰুৱালো
আমাৰ নীৰৱতা.... 
সৃজা, 
তুমি আৰু মোৰ মাজত
গঢ়ি উঠা দূৰত্বই
আজি আকৌ যেন চিঞৰি ক'লে-
তুমি মোৰ সপোন আছিলা
আৰু
মই তোমাৰ বাবে খন্তেকীয়া 
প্ৰয়োজন, 
আমাৰ মাজত একোৱেই নাছিল
যি আছিল
সেয়া কেৱল মিঠা প্ৰলোভন--
সুন্দৰ লেফাফাৰ আঁৰত
এটি কুৎসিত মন, 
আন একোৱেই নাছিল
তোমাৰ মাজত.... 
এয়াই মোৰ স্বীকাৰোক্তি
তোমাৰ বাবে ধ্বংস কৰা
সময়ৰ ওচৰত ! 

ঠিকনাঃ
নগাঁও, অসম
ফোনঃ ৯৮৬৪২০১৭৭৯
২৮ আগষ্ট ২৩

অঙ্গন: পৃষ্ঠাঃ 24
পঁচা

আলফুল নেওগ

ৰঙৰ দুপৰীয়ালৈও ৰাতি নামে
কাঠফুলাৰ বুকুৰ বিষটো উজাই আহিলে

এপিয়লা আন্ধাৰেৰে
এজাক বগলী আকাশত উৰা দেখিলে
পথাৰৰ বুকুখন উৰুঙা লাগে

মই সেই নিশাটোতহে
ভৰুণ ৰাতিটো বাকি দিওঁ
যি নিশাত আন্ধাৰতকৈও ঘোপমৰা মই 

ঠিকনাঃ
জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়
পঞ্চম ষান্মাষিক ,অসমীয়া বিভাগ 
ডাক - ফুলপানীছিগা , ৭৮৫৬৮৩
জিলা - শিৱসাগৰ
ফোন - ৯৩৯৫৩৯৭০২৪

অঙ্গন: পৃষ্ঠাঃ 25
নৈ পৰীয়া বান

অনুপ কুমাৰ বড়ো

ব'লা  ভটিয়নি সোঁতত নাও বাওঁ।
য'ত সুখৰ কোনো বিভ্ৰান্তি নাই
য'ত তাহানিৰ দুখবোৰ
কিছু শান্ত।
 
ব'লা ভটিয়াই যাওঁ।
উভতি জিৰণি লওঁগৈ
জাক হেৰুৱাই পক্ষীৰ কোলাহলত
আবেলিৰ তেজীৰঙা সপোনবোৰত।
য'ত এৰি অহা মাৰ নিচুকণী গীত
বসন্তৰ দৰেই তেতিয়াও সতেজ।

ব'লা কিছু উভতি খোজ লওঁ।
প্ৰেমৰ প্ৰথম সংজ্ঞা
বকুল ফুলৰ মালাত গুঠো।
লজ্জাত অথবা কুণ্ঠাত
সেন্দুৰীয়া আমৰ ফাকু সানো।

ব'লা কিছু পিছুৱাই লওঁ।
হয়তো নাথাকিব পাৰে 
নিবিড় বাসনাৰ ঠিকনাত
নৱপ্ৰভাত।
হেৰুৱাব পাৰে অতীতৰ ঠিকনা
চেষ্টা জানো নোৱাৰি  কৰিব ?
অনুভৱ কৰিবলৈ
নিভাঁজ আবেগৰ পুষ্পসজ্জাত
সপোনেই য'ত জীৱনৰ অৰ্ধআকাশ।

ব'লা ভটিয়নি দিশত যাওঁ
কাৰণ
বৰ্তমান নৈ পৰীয়া বান।
য'ত কেৱল সংগ্ৰাম।

ঠিকনাঃ
সোণাপুৰ
7002956171

অঙ্গন: পৃষ্ঠাঃ 26
সাহসিকতা

সংগীত ফুকন


শুনা মাজনী!
ফুল নহৈ ফুলন দেৱী হোৱা
হাতৰ জেটুকাক ধুই পেলুৱা....
অস্ত  উঠোৱা যুজিবলৈ শিকা।

শুনা মাজনী!
দ্ৰোপদী নহয়  লক্ষ্মীবাই হোৱা
কৃষ্ণৰ পৰা সহাই নিবিচাৰি... নিজৰ ৰক্ষা নিজেই কৰা।

শুনা মাজনী!
সীতা নহয় মা কালী হোৱা লাঞ্চনা,তিৰস্কাৰ, শোষনৰ বলি নহবা.. 
অসুৰ  আৰু অত‍্যাচাৰৰ শিৰচ্ছেদ কৰি  তাৰ ৰক্তৰে স্নান কৰা।


জাগা মাজনী!
অন্ধ, নিলৰ্জ নিষ্ঠুৰ সমাজৰ 
শকুনি, দুৰ্যোধন, দুশানক চল নিদিবা।
দুনাই পাশা খেলৰ বলি নহবা।

শুনা মাজনী !
অস্ত উঠাই লোৱা
ৰাম নাহে  তোমাক সদায় ৰাৱণৰ পৰা বচাবলে
হাজাৰ হাজাৰ  ৰাৱন আছে ৰৈ
কাৰ সতে যুজিবা

শুনা মাজনী !
চকুলো মোহাৰি পেলোৱা।
কলা কণা, বোবা আৰু বহুৰূপী ৰাইজৰ 
নিজৰ ৰক্ষা নিজেই কৰা

লাজ আৰু চকুৰ পানী ত‍্যাগ কৰি
হাতত অস্ত তুলি লোৱা

শুনা মাজনী....
দ্ৰৌপদী নহয় মা কালী হোৱা...

অঙ্গন: পৃষ্ঠাঃ 27
আশাহীন

ময়ূৰী বৰা

মইটো আকাশ নহয় বিশলতাক সামৰি 
দুৰ দিগন্ত লৈ বিয়পি পৰিম
মইটো সাগৰ নহয় গভীৰতালৈ গৈ 
সকলো কষ্ট বুকু পাতি লম
ময়ো মানুহ এক তেজ মঙহৰ
মোৰো এখন অন্তৰ আছে
মোৰো এধানি মন আছে
তেজো ৰঙা সপোনবোৰৰ পৰা
আতৰি আহিব নোৱাৰো
আতৰি আহিম তোমাৰ পৰা
যত নাই তোমাৰ অস্তিত্ব
আছে মথো মোৰ এটি মন
উকা উকা হেঙুলীয়া বেলিৰ দৰে
আবেলিৰ বেলিকা অস্ত যোৱাৰ দৰে।

অঙ্গন: পৃষ্ঠাঃ 28
কি দৰকাৰ ?

বিনিময় দাস 

মোৰ চন্দ্ৰ চোৱা কি দৰকাৰ ?
যদি পূৰ্ণি‍‍‍মাৰ দৰে তাই হাঁহে !
মোৰ সাগৰ চোৱা কি দৰকাৰ ?
যদি প্ৰে‍‍‍মৰ উত্তাল তৰঙ্গ‍‍‍ত তাই ভা‍ঁহে !
মোৰ আকাশ চোৱা কি দৰকাৰ ?
যদি তাই দিগন্ত বিস্তৃত হৃদয়  মোৰ সম্মু‍‍‍খত ৰাখে !
মোৰ দাপোণ চোৱাৰ কি দৰকাৰ ?
যদি নিজ হৃদয়ত তাই সদায় মোৰ ছবি আঁকে !
মোৰ ৰামধেনু চোৱাৰ কি দৰকাৰ ?
যদি মোৰ মনত‌ তাই ঢালে সাত ৰঙৰ সপোন !
মোৰ উৰন্ত চৰাই চোৱাৰ কি দৰকাৰ ?
যদি তাই মোৰ মন আকাশত উৰি উৰি মোক কৰে আপোন !
মোৰ অৰণ্য চোৱা কি দৰকাৰ ?
যদি তাই ডাৱৰৰ দৰে চুলি গোচা মোৰ মুখৰ ওপৰত থয় !
মোৰ পাহাৰ চোৱা কি দৰকাৰ ?
যদি পাহাৰৰ দৰে দৃঢ়তাৰে প্ৰে‍‍‍ৰণা দি জীৱনক আৱৰি লয় !
মোৰ ফুল চোৱা কি দৰকাৰ ?
যদি তাই মৰমসনা সুগন্ধ বিয়পায় মোৰ জীৱনত !
মোৰ ইতিহাস পঢ়া কি দৰকাৰ ?
তাই যদি মোক স্মৃতিতে ধৰি ৰাখে 
মোৰ মৰণত ।

ঠিকনাঃ
নগাঁও/অসম

অঙ্গন: পৃষ্ঠাঃ 29
আহিনৰ আগমন

ৰাতুল চেতিয়া ফুকন

এখন কুমাৰী পথাৰ
আৰু তাৰ সেউজীয়া আঁচল।
সেই বাটেৰেই হেনো আহিন আহে
বছৰে বছৰে।
মেঘৰ মাদল বজাই
বৰষুণ জাক আঁতৰি যায়
নিয়ৰৰ বাট মুকলাই ।
একেটা বাটেৰে আহিন আকৌ আহিল
শেৱালী দুবৰিৰ গোপন
মিতিৰালি চাবলৈ।
ঋতুৰ পৰা ঋতুলৈ
বাগৰ সলাই উৎসৱৰ বতৰা দিবলৈ ।

অঙ্গন: পৃষ্ঠা 30
ঐ ঠেলাৱালা বুলি নামাতিব

ৱাহিদ আহমেদ

ঠেলাখন চলাওঁ বুলিয়েই মোক 
ঐ ঠেলাৱালা বুলি নামাতিব 
ঠেলাখন কিয় চলাই আছোঁ বুলি 
আপুনি সুধিছে নে ?
ইউনিভাৰচিটিৰ চাৰ্টিফিকেট কেইখন
ফাইলতে ৰাখি থৈছোঁ 
চাব বিচাৰিলে ক'ব 
দেখুৱাই দিম ৷
ঠেলাখন চলাম এই সপোন মোৰ নাছিল
ঠেলাখন মোৰ জীৱিকাৰ উপায় হ'ব 
এই কথা মই কাহানিও ভবা নাছিলোঁ 
তথাপিও ঠেলাখনত লিখা হ'ল মোৰ ভাগ্য 

ঠেলাখনত মই ভৱিষ্যতৰ সোণালী সপোন দেখোঁ
ঠেলাখনত মই জীৱনৰ গান লিখোঁ
ঠেলাখনত মৃত আত্মাৰ মৰমবোৰ লৈ ফুৰোঁ
আৰু ঠেলাখনত সংগ্ৰামী জীৱনৰ
বহুত তিতা মিঠা অভিজ্ঞতা লৈ থাকোঁ
কিয় জানে ?
শৰীৰ ঘামবোৰ মচি মচি গামোচাখন তিতি যায় 
আকৌ সেই গৰমতে শুকাই যায় 
ৰাতিপুৱা চাহৰ লগত শুকান ৰুটি দুখন খাই 
গধূলি লৈকে গ্ৰাহকৰ অপেক্ষাত 
গগৈ হাৰ্ডৱেৰৰ দোকানৰ কাষত বহি থাকোঁ
বহনি নোহোৱাকৈ যেতিয়া ঘৰলৈ যাওঁ 
গেষ্ট্ৰিকৰ জ্বলনিত কিবা খাবলৈ আৰু মন নাযায় 
দুপৰীয়া সাজ যোগাৰৰ বাবে বজাৰলৈ যাওঁ
কিন্তু কালি যে ভাড়া এটকাও নাপালোঁ 
আপুনি খোৱা ৰেষ্টুৰেণ্টখনত 
সোমাবলৈ আমাৰ ভয় লাগে 
অহা জনমত হয়তো এই আশা পূৰণ হ'ব 

খেতি কৰিবলৈ মোৰ মাটি নাই 
বন্ধকত লগাম বুলি ক’বলৈ মানুহ গৰাকী ঢুকাল
দেউতাই সম্পত্তি বুলিবলৈ ঠেলাখনে এৰি গৈছে
আই এতিয়া বৃদ্ধা
বিছনাত পৰি যেনেতেনে উশাহ লৈ আছে 
ঠেলাখন লৈ ওলাই যাওঁতে 
ঔষধৰ নামকেইটা পকেটত লৈ যাওঁ
দৰৱৰ দামটো সুধিলে মনে মনে কান্দো
ঘৰত গৈ আইক কি বুলি কম 
ডাক্তৰ চাহাবে মোৰ ব্যৱসায়ৰ কথা নাজানে 

মই ঠেলা লৈ সদায় এই ৰাস্তাৰে অহা-যোৱা কৰোঁ
মোক নীলা চাৰ্টটো সদায় পিন্ধা দেখিছে
আপুনি মোক চিনি নাপায় নাজানে কোনো কথা নাই
ঐ ঠেলাৱালা বুলি নামাতিব
মোৰ কথা জানিলে আপুনি নিশ্চয় শান্তি নাপাব 
সময় পালে এবাৰ ২০০০ চনৰ মেট্ৰিকৰ 
কুৰি জনীয়া ষ্টেণ্ডৰ তালিকাখন চাব 
নামটো দেখা পাব ।

ঠিকনাঃ
কাটাৰ, ডোহা
+97431204571
wahidahmed511@yahoo.com

অঙ্গন:  পৃষ্ঠাঃ 31
এই যাত্ৰা শেষ ক’ত
                
প্ৰৱীণ ৰাজবংশী
                    
মাথোঁ অনুভৱ
মাথোঁ সৃষ্টিৰ নিভাঁজ শব্দ
আছে কিছু বিষাদৰ ভাষা
কোনে জানে তোমাৰ সপোন
ক’ত বা দিন ক’ত বা ৰাতি 

মনত আছে অলেখ অযুত
জোনাকী দেশৰ জোনাকৰ ৰং
নেদেখা কোনো সীমনাৰ বাসনা
বেলি ওলাবলৈ দিয়া প্ৰভাততে
জীপাল হ'বলৈ দিয়া কবিতাৰ 
সেউজীয়া সতেজ শব্দৰ পথাৰখন ৷

নাহিবা ধুমুহা হৈ 
দুপৰ নিশা অজানিতে
অলপটো অপেক্ষা কৰা
শব্দৰবোৰ প্ৰাণ পাই উঠক
অনুভৱবোৰে খিলখিলাই হাঁহি উঠক ৷

নিদিবাচোন শব্দৰে 
বিষাদৰ ৰং চতিয়াই অজানিতে
অলপতো অপেক্ষা কৰা 
সঁজাল হ’বলৈ দিয়া মনৰ কোঠালিটো
কবিতা কবিতা প্ৰতিটো নিভাঁজ ভাষা 
ৰাতি পুৱাবলৈ আৰুনো কিমান বাকি
এই যাত্ৰা শেষ ক’ত  নাজানো (ৰাজ)৷৷

অঙ্গন: পৃষ্ঠা 32
নদী ভঙ্গ লোকৰ দুৰাৱস্থা

জাহান ভূঞা 
           
গৰাখহনীয়াৰ অপ্ৰতিৰোধ্য(?)আগ্ৰাসনত
চৰ-চাপৰি বাসিন্দা প্ৰতি বছৰেই আক্ৰান্ত ,ক্ষতিগ্ৰস্ত,
নদীৰ ভাঙোন তীব্ৰতৰ হোৱাৰ 
বাৰ্তাত কঁপি উঠে হৃদয়,
বাঢ়ে হৃদপিণ্ডৰ স্পন্দন,
বিয়পে সৰ্বস্ব হেৰুৱাৰ শংকা, ভয় ভীতি,
দুশ্চিন্তা, হতাশাত ভোগে দিন-ৰাতি,
অনিশ্চয়তাৰ এন্ধাৰে ছানি  ধৰে 
জীৱনৰ অদূৰ ভৱিষ্যত,
নাইকিয়া হয় মনৰ শান্তি, টোপনি।
নদীৰ বিধ্বংসী ভাঙোনৰ উপদ্ৰৱত 
নৈ পৰীয়া লোকে মাটি ভেটি  হেৰুৱাই 
ভূমিহীন, গৃহহীন, নিঃস্ব হয়,
সপৰিয়ালে টালি টোপলা লৈ
ভিন্ন ঠাইলৈ বাধ্য হয় স্থানান্তৰিত হ'বলৈ ,
অস্থায়ী শিবিৰ, মথাউৰি আদিত থিতাপি লয়,
অনাহাৰ ,অৰ্ধাহাৰে দিন  কটায়,
জীৱনলৈ নামি আহে দুখ দুৰ্দশা অবৰ্ণনীয় ।
জীৱন, জীৱিকা, কৰ্মসংস্থাপন বিচাৰি 
চহৰ-নগৰ, ভিন্ন প্ৰান্তলৈ ঢাপলি মেলে,
কুলিগিৰি, দিনহাজিৰা কৰে,
ঠেলা ,ৰিক্সা, অটো চলায়,
অস্বাস্থ্যকৰ পৰিবেশত থাকে,
নিম্ন মানৰ জীৱন নিৰ্বাহ   কৰে।
দুৰ্ভগীয়া নদী ভঙ্গ লোকৰ  তাতেও
দুঃখ দুৰ্দশাই সঙ্গ নেৰে,
সমস্যাৰ অক্টোপাছে মেৰিয়াই ধৰে ।
সংকীৰ্ণ মনোভাৱাপন্ন, উগ্ৰ প্ৰাদেশীকতাবাদী,
প্ৰতিক্ৰিয়াশীল ,সাম্প্ৰদায়িক, বিভেদকামী,
দুষ্কৃতি কাৰীয়ে বাটে পথে ,কৰ্মস্থলীত
অপ্ৰত্যাশিত ভাৱে আক্ৰমণ  কৰে,
শাৰীৰিক, মানসিক অত্যাচাৰ কৰে,
নিৰ্যাতন, নিপীড়ন ,হাৰাশাস্তিৰ সন্মুখীন হয় ,
ঘৃণাৰ দৃষ্টিৰে তুচ্ছ তাচ্ছিল্য, উপহাস কৰে,
বিদ্ৰূপ বাণীৰে থকা সৰকা  কৰে,
হিংসা বিয়পায়, অপমান  অপদস্থ কৰে,
ভাৰতীয় হোৱাৰ পিছতো  বিদেশী,
বাংলাদেশী বুলি অপবাদ  দিয়ে,
অপ প্ৰচাৰ কৰে, আৰ্থিক ক্ষতি কৰে।
বৰ্ণিত কৰ্ম কাণ্ডত ক্ষত বিক্ষত হয় হৃদয়,
কলিজাত গজালে বিন্ধা দি বিন্ধে,
শোক দুখত ম্ৰিয়মান হয়,
আহত পখীৰ দৰে অসহ্য যন্ত্ৰণা 
সহিব নোৱাৰি অন্তৰাত্মা ছটফটায়, 
উচুপি উচুপি কান্দে নীৰৱে,
নয়ন  যুগলত  বিন্দু  বিন্দু
অশ্ৰুপুষ্প ফুলে, নিজৰা বয়,
পূৰ্ব পুৰুষ, ভাগ্যক দোষাৰোপ কৰে,
বিষাদৰ মূষলধাৰ বৰষুণত তিতি 
তিতি জীৱন কটায় নীৰৱে ,
মনৰ আকাশত ৰামধেনু বুলীয়া
সপোনবোৰৰ চৌদিশত
অঙ্কুৰিত হয় হতাশাৰ বননি  ।
চৰ চাপৰি বাসী , নৈ পৰীয়া লোকে
শয়নে সপোনে,  ধ্যানে জাগৰণে
দুৰ্বিসহ জ্বলা যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ,
নদী ভঙ্গত আক্ৰান্ত নহবলৈ,
সৃষ্টি কৰ্তাক প্ৰাৰ্থনা কৰে,
জন সেৱক, কতৃপক্ষক  আবেদন 
নিবেদন  কৰে, স্মাৰক পত্ৰ   দিয়ে;
কিন্তু গৰাখহনীয়া সৰ্বত্ৰ অব্যাহত আছে 
তথাপিও নদী ভঙ্গ আক্ৰান্ত লোকে
জীয়াতু ভুগিও জীয়াই আছে ।

অঙ্গন: পৃষ্ঠাঃ 33
সময়ৰ ৰণভেড়ী

ৰঞ্জন গোস্বামী 

জীঘাংসু সময়ে খেদি ফুৰে সকলোকে।
ঘৃণাবোৰ চৌদিশে পৰিছে উপচি।
ক্ৰোধৰ দাবানলে দহি নিয়ে, 
বিষাদগ্ৰস্ত মানুহৰ আৱেগ গাথা।

প্ৰেমৰ অভিনয়েৰে কাৰ গোলাপী ওঁঠত,
আঁকি লয় বিদ্ৰুপৰ দূৰুহ ভাষা ?
যেন তীখাৰ শাণ দিয়া সুকোমল হাঁহি ।

ক্ৰোধত পতিত প্ৰতিজন হৈ পৰে,
মিছিলৰ মাজটো নি:সঙ্গ।
বুকু শালি যোৱা নিৰ্জনতাত হেৰাই সকলো ।
বাকৰুদ্ধ জনৰ বুকুত নি:শব্দে  পৰি ৰয়,
বেথাৰ হাজাৰ হুমুনিয়াহ ।

অঙ্গন: পৃষ্ঠাঃ 34
ৰেঙণি

মিনতি মহন্ত 

কেতিয়াবা জোনটো ডাঙৰ হৈ
গছৰ ফেৰেঙণিতো বহেহি ;
কোনেনো যায় ৰাতি চাবলৈ :
কিছুমান উপকথা শুনিবহে পাৰি ।
দেখিবলৈ নোপোৱাকৈ -
অভিমানী কাহিনীবোৰত- 
নোহোৱা
নোপজা
অনেক মন্তব্য  !

দিনত--
প্ৰখৰ ৰ'দৰ তাপ ,
প্ৰকৃতিৰ মলয়া থমকি ৰয় ।

ইচাত- বিচাত 
ভঙা পাটিৰ শেঁতেলিত :

কুকুৰাৰ ডাক আৰু কাউৰীৰ মাত ;
তল পেলাই কৃষকৰ দৌৰ ,
পলকতে দুখৰ ঠিকনা এৰি -
মাটিৰ হালিচাতো চহাবই লাগিব ।

নিদ্ৰা বিহীন নিশাটোৰ কথা 
গামোচাৰ দোঁৰোলত বান্ধি ।।

খিৰিকিখন খুলি দিয়া---
সোমাই আহক ন- প্ৰভাতীৰ
এচেৰেঙা কোমল পোহৰ ;
আঁতৰি যাওক সমস্ত কলুষতা।

অঙ্গন:  পৃষ্ঠাঃ 35
এদিন আহিবি

ফুলুমা নাথ
ৰঙিয়া

এদিন আহিবিচোন মোৰ শুকাই
যোৱা নিজৰা দুটিৰ পানী হৈ৷
এদিন আহিবিচোন বানে ধুই নিয়া
মোৰ উদং পথাৰখনত সেউজীয়া বিলাবলৈ৷
এদিন আহিবিচোন মোৰ মৌনতাৰ
সৈতে মৰমৰ ফাকু খেলিবলৈ৷
এদিন আহিবিচোন মোৰ ক’লা পৰি যোৱা
ওঁঠ দুটিত গোলাপী সানিবলৈ৷
এদিন আহিবিচোন মোৰ উকা কপালত
ৰঙা জোনটি হৈ৷
এদিন আহিবিচোন জীৱন যুঁজত
যুজি যুজি ভাগৰি পৰা মোৰ
নিথৰ দেহটোৰ বগা কাপোৰখন হৈ৷
সেইদিনা কিন্তু আহি মোৰ জ্বলি থকা
চিতাৰ জুইকুৰাক
বৰষুণ হৈ আঁকোৱালি ল’বলৈ৷

অঙ্গন:  পৃষ্ঠাঃ 36
ৰেচিপিঃ

প্ৰণিতা দাস
বৰপেটা
আমিষ 
আফু(পুষ্ট) আৰু বাদামেৰে মাছ 

উপকৰণ:-
১/মাছ ৪ পিচ
২/আফু ১ চামুচ
৩/বাদাম এমুঠি
৪/আদা এটুকুৰা
৫/নহৰু ১ টা
৬/পিয়াজ ১টা
৭/নিমখ জোখমতে
৮/মিঠাতেল জোখমতে
৯/কেচা জলকীয়া ৪ টা
১০/জিৰা গুৰি ১ চামুচ
১১/ধনীয়াৰ গুৰি ১ চামুচ
১২/তেজপাত ২ খিলা
১৩/শুকান জলকীয়া ২ টা
১৪/গোটা জিৰা কেইটামান
১৫/হালধি জোখমতে 

প্ৰণালী:-
আফু আৰু বাদাম তিয়াই থৈ মিক্সিত পেষ্ট বনাই ল'ব । আদা নহৰুৰ পেষ্ট বনাই ল'ব। পিয়াঁজ জলকীয়া কাতি ল'ব। মাছ কেইপিচ ভাজি উঠাই থ'ব। ৰৈ যোৱা তেলত গোটা জিৰা, তেজপাত, শুকান জলকীয়া দি পিয়াজ, আদা নহৰুৰ পেষ্ট কেচা জলকীয়া দিব অলপ ভাজি লৈ তাত আফু আৰু বাদামৰ পেষ্টটো দি নিমখ হালধি দি ভালদৰে ভাজি ল'ব। তাৰ পাছত অকণমান পানী দি উতলাই ভাজি থোৱা মাছখিনি দিব , তাৰ পাছত জিৰা গুৰি ধনীয়াৰ গুৰি দি অলপ গ্ৰেভী হলে নমাই পৰিৱেশন কৰিব।

অঙ্গন:  পৃষ্ঠাঃ 37
গল্প

প্ৰেমৰ ফৰ্মুটি

নিৰুপমা ডেকা 

ফেছবুক একাউণ্টটো খুলি লৈ তাত হিৰ’ মাফিক ফটো এখন প্ৰফাইলত চিপকাই দি এফালৰ পৰা যত মানে ধুনীয়া ছোৱালী-বোৱাৰী আছে সকলোলৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াই এক্সেপ্ত কৰালৈ বাট চাই থাকিল ধনেশ্বৰে ৷ অৱশ্যে ফেছবুকত তাৰ নামটো ধ্বনী কাশ্যপ বুলিহে দিছে ৷ এই যে ধনেশ্বৰ জাতীয় নামবোৰ, কম বেকৱাৰ্ড নে ৷ ধুই পেলাবৰ মন যায় তাৰ এই নাম দিয়া বাবে মাক-বাপেক হালক ৷ পিছে ধুবলৈ এতিয়া মাক-বাপেক হালেই নাই ৷ সিপুৰীলৈ গ’লেহে দিব এচাট লগ পালে ৷ এনে এটা নাম দি তাক যিখন লাজত পেলাই থৈ গৈছে সেই কথা কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয় ৷ 

   যিয়েই নহওক টকা-পইচাৰে মাক-বাপেকে তাক দুখত পেলাই থৈ যোৱা নাই ৷ পিছে খুড়াকৰ হাতত ছাবি-কাঠি ৷ তাক হিচাপ মতেহে চলিবলৈ দিয়ে ৷ পঢ়া-শুনাত সি ইমান বেয়া নহয় বাৰু ৷ গাঁৱৰ ল’ৰা হিচাপে প্ৰথম বিভাগত পাছ কৰাটো ভাল ল’ৰাৰ তালিকাতে পৰে ৷ সি ৰৈ আছিল তাৰ ওঠৰ বছৰ হোৱালৈ ৷ কাৰণ সি টকা-পইচাৰ অধিকাৰ তেতিয়াহে পাব ৷ কলেজত নাম লগাই সি এতিয়া পূৰ্ণ পৰ্যায়ৰ ডেকা ল’ৰা হ’ল ৷ খুড়াকে তাক এটা ভাল মোবাইল দিয়াৰ উপৰিও মাহেকত পকেট খৰচ বুলিও কেইটামান টকা দিয়া হৈছে ৷ সি পকেট খৰচৰ নামত দিয়া টকা কেইটা সযতনে ৰাখি আছে ৷ নিজেও যি টি কৈ খৰচ নকৰে আৰু তাৰ লগৰ নিকাম্মা বন্ধুহঁতৰ লগতো খৰচ নকৰে ৷ বহুতে তাক চিকটা বুলি হাঁহে ৷ হাঁহিলে হাঁহক ফৰ্ক নপৰে তাৰ ৷ কাৰণ সি সেই টকা তাৰ প্ৰেয়সীক লৈ ডেটিং মাৰিব যাওঁতে খৰচ কৰিব বুলি দৃঢ় প্ৰতিজ্ঞ ৷ কিন্তু কাহিনীটো হ’ল সি কলেজৰ ধুনীয়া ছোৱালীবোৰক টাৰ্গেট কৰি লাগি থাকোঁতে আনে থপিয়াই লৈ যায় ৷ তাৰ সন্মুখতে সিহঁতৰ হাঁহি আৰু ডেটিং ৷ সি দুখতে কিমান য়ে বিলাপ গাই ৰাতি শোৱা পাটীত পৰি তাৰ হিচাপ নাই ৷ হিন্দী চিনেমা চাই চাই অলপ মাৱালী টাইপ কথা-কাণ্ডও শিকি লৈছে ৷ আজিকালিৰ ছোৱালী সেই কিবা গাঁৱলীয়া টাইপ ল’ৰা পছন্দ নকৰে বুলি সি দেখি শুনি ধাৰণা কৰি লৈছে ৷ গাঁৱৰ ছোৱালীচব তাৰ পছন্দৰ নহয় ৷ মডাৰ্ণ লুক এটা হ’লেহে ভাল লাগে ছোৱালীবোৰ ৷ সেয়ে সি বাচি বাচিহে ছোৱালীত নজৰ দিয়ে ৷ কলেজতো আঙুলি মূৰত গণিব পৰা তেনে ছোৱালীৰ সংখ্যা ৷ সেয়ে অৱশেষত সি ফেছবুকতে তাৰ মানস কন্যাৰ অনুসন্ধানত  নামিল ৷ বয়সো অলপ বঢ়াই দিলে ৷ ষ্টুডেণ্ট যদিও লগতে বীজনেচমেন বুলিও উল্লেখ কৰি থ’লে ৷ কাৰণ টকা নথকা ল’ৰাক কোনো ছোৱালীয়ে পাট্টা নিদিয়ে সি জানে ৷ সকলো জানি বুজিয়েই সি সাজু হৈছে ৷ হাকূটি লগাই নহয় ফৰ্মুটিয়াই হে সি প্ৰেমিকা সৰাব ৷ অৰ্থাৎ এজনীতে সি লাগি নাথাকে ৷ সুবিধাজনক সকলোতে ফৰ্মুটিয়াব আৰু য’তেই প্ৰেম ৰস সৰিব তাতেই ৰস পান কৰিব ৷ আৰু এঠাইতে আঠা লাগি নাথাকে সি ৷ সকলোবোৰৰে ইনবক্সত সি প্ৰেম প্ৰেম ভাবৰ মৌ বৰষিব ৷ কি ক্ৰিচাৰে আৰম্ভ কৰি তোমাৰ হাঁহিটোলৈ গৈ লাহে লাহে কি ড্ৰেছ পিন্ধি ভাল পোৱা আৰু লাহেকৈ এতিয়া কি পিন্ধি আছা চাওঁ এবাৰলৈ যাব পাৰিলে আৰু কি লাগে ৷ প্ৰেমৰ গাড়ী চলি যাব ৷ মাজে মাজে অনলাইনত গিফ্ট এটা দুটা দিব পৰা অকাড তাৰ আছেই ৷ অৱশ্যে লগ পাবলৈ সকলোকে নকয় ৷ লগ পোৱা বোৰৰ যিহে ভাইৰেল ভিডিঅ’, সেইবোৰৰ পৰা শিকনি পাই থৈছে ৷ প্ৰেম কৰিব কিন্তু মুৰ্খামি নকৰে ৷ বিশেষ ধৰণে ভাল লগা এজনী পালেহে সি ফৰ্মুটিয়াবলৈ বাদ দিব আৰু হাকূটি লৈ বহি যাব জীৱন পথাৰত সৰাবলৈ ৷ অৱশ্যে বিশেষ হোৱাজনী বোৱাৰী যাতে নহয় তালৈও মন দিব সি ৷ আনৰ সংসাৰত আউল লগাই সংসাৰ কৰাৰ পক্ষপাতী নহয় সি ৷ তাতে আকৌ সেই বিদেশৰ পৰা প্ৰেমত মচগুল হৈ এমাডিমা দুই চাৰিটা ল'ৰা-ছোৱালী লৈ আনিবলৈ হ’লে আধ্যাই ঢুকাব ৷ খুড়াক-খুড়ীয়েক নিসন্তান বাবে সিয়েই সকলো তেওঁলোকৰ ৷ পিছে যিহে খুড়াক তাৰ তেনে এজনী চপালে তাক আৰু অহা জনীক শূলত বিন্ধাই ৰাইজক ক’ব মোক ফাছী দিলেওঁ দিয়ক ৷ গতিকে সি সাৱধান হৈ হে সকলো কৰিব ৷

   একাউণ্ট খোলাৰ দহ দিন মানতে বেছ কিছু বন্ধু পালে সি ৷ সি তাৰ অধম বন্ধুবোৰক এড কৰিব খোজা নাই এই একাউণ্টটোত ৷ দৰকাৰ হ’লে সিহঁতৰ বাবে আন এটা খুলিব ৷ নহ’লে কি ঠিক এই অধম কেইটাই তাক ফেছবুকত কি বুলি বা মন্তব্য দি দিয়ে ৷ সজাত নাইকিয়া কেইটাক সকলো কথা ক’ব নোৱাৰি ৷ কাৰণ কলেজত হওঁ হওঁ কৈ আগবঢ়া দুজনীমানক এনেকুৱা পাঠ পঢ়ালে যে সিহঁতে পিছলৈ টাৰ ফালে ভুলতেও ঘূৰি নোচোৱা হ’ল ৷ যিয়েই নহওক তাৰ ডেকা বয়স প্ৰেম বিহীনে কটাব লগীয়া হোৱাটো তাৰ যৌৱনৰ প্ৰতি চৰম অপমান হ’ব ৷ সেয়ে সি এটা সুন্দৰ পৰিকল্পনা কৰি লৈছে যে সি যিমান দৰ্কাৰ  সিমান ফৰ্মুটি মাৰিব ৷ যিহেতু মিছাৰ পাহাৰ গঢ়ি হ’লেও মন জয় কৰাৰ সুবিধা দিছে আৰু সেই সুবিধা বুঢ়াবোৰেও ল’বলৈ সংকোচ কৰা নাই, তেন্তে তাৰ দৰে ডেকা এটাই কিয় নল’ব !

ৰাতি পঢ়া-শুনা সামৰি সি তাৰ ফৰ্মুটি অভিযানত নামি পৰে ৷ ফেছবুকত কোনে কি প’ষ্ট কৰিছে সেইবোৰ লৈ তাৰ মতলব নাই ৷ সি চিধাই মেছেঞ্জাৰলৈ যায় আৰু আৰম্ভ কৰে এটা এটা মেছেজ কেবাজনীলৈ—

“ Ki krisa ”
“vat kla ne”
“eta xuba ne”
“pls alp ktha pto aha na...”

অঙ্গন:  পৃষ্ঠাঃ 38
সেই বাট কেতেকী ফুলাৰ বাট

গীতালি শৰ্মা
ধেমাজি

মৰা পাৰ পোৱালিৰ দৰে স্তন দুটা সস্তীয়া ব্লাউজটোৰ ভিতৰত লাজ লাজকৈ সামৰি থলে তাই৷ তালৈ মূৰ তুলি নোচোৱাকৈয়ে আগবঢ়াই দিয়া চকীখনত বহোঁতেও সি কিন্তু তাইলৈকে চাই ৰ’ল, পলক নেপেলোৱাকৈ ৷ সি বিমূঢ় , বিস্মিত হ’ল ! কোনে ক’ব এইজনী মাত্ৰ পঁচিশ বছৰীয়া যুৱতী বুলি৷ মাত্ৰ দহ বছৰ আগৰ সেই নিটোল চেহেৰাৰ ৰংগোলী এয়া নহয় ! সি বিচাৰি অহা ৰংগোলী এয়া নহয় । নাঃ
তাৰ বুকুখন বিষাই আহিল ৷ তাক কাষ্টমাৰ বুলি ভুল কৰি পুনৰ সহজ হ’বলৈ বৰ বেছি সময় নালাগিল তাইৰ ৷ সি তাইলৈকে চাই ৰ’ল একেথৰে।  শেঁতা পৰা ৰং, শুকান চেহেৰা , চেপেটা বুকুু আৰু এযোৰ ফটা ৰসহীন ওঁঠ ! এইযোৰ ওঁঠত কি সঁচাকৈ মধু বিচাৰি পোৱা যায় ? তাৰ যেন অলপ ঘিণ লাগিল !
“তোৰ গাৰ্‌হকবোৰে তোক চুমা খায়নে ৰংগোলী ? ”
-অতৰ্কিতে মুখৰ পৰা ওলাই অহা প্ৰশ্নটোত সি নিজেই হতবাক হ’ল ৷
তাই উচপ খাই নুঠিল । নিৰ্বিকাৰভাৱে কৈ উঠিল-
“ওপৰ সে কি মত্‌লব্‌ জানোৱাৰহঁতৰ ৷ বাকী সৱ্‌তো ঠিকেই পায় ৷ কিছুমানে মোৰ বেয়া চেহেৰাতো  কাপোৰেৰে ঢাকি লয় ”-শ্লেষমিশ্ৰিত হাঁহি এটা মাৰি নিৰ্লজ্জভাবে কৈ উঠিল তাই ৷ হাঁহিটোৱে তাক বিন্ধি গ’ল ৷
“ব’ল মোৰ লগত ৷ তোক মই নিবলৈ আহিছোঁ এই নৰকৰ পৰা ৷”
“বক্‌ৱাছ কথা এইবোৰ ৷ গুচি যা । মোৰ বিজিনেছ টাইমত তই থাকিলে পিৰব্লেম হয় ৷”- তাৰ বিনয়ৰ পৰিৱৰ্তে তাইৰ পৰা উৰি অহা কঠোৰ শব্দবানে কোবাই গ’ল তাক । ভাল নেলাগিল তাৰ। হৰিজন বস্তিৰ আৱৰ্জনাৰ গোন্ধ আৰু তাই থকা খুপৰিটোৰ কেঁচেমা গোন্ধ ক’ৰ’বাত যেন একাকাৰ হৈ পৰিছিন । 
ৰংগোলীলৈ তাৰ সঁচাই ঘিণ লাগিল ৷ এটি আহত পখীৰ দৰে ধৰফৰাই  সি ওভটি আহিল তাইৰ পৰা ৷ তাই নথকা দিনবোৰত তাইক বিচাৰি সি বলিয়াৰ দৰে ঘূৰি ফুৰিছিল। কিন্তু ৰেড্‌ লাইট এৰিয়াৰ শাৰী শাৰী জুপুৰিৰ বন্ধ দুৱাৰৰ সিপাৰে তাইক দেখাৰ কল্পনাও কৰা নাছিল ৷ তাইক ওভতাই অনাৰ সংকল্প লৈছিল ৷আচৰিত ! এতিয়া সি অতি শীতল মস্তিষ্কৰে কথাবোৰ ভাবিব পাৰিছে আৰু তাইৰ অবিহনেই  ঘৰলৈ ওভতি খোজ লৈছে ৷ কি মতলবী জিন্দেগী ! দূৰৈৰ হৰিজন বস্তিৰ পৰা তেতিয়াও নিত্তনৈমিত্তিক হুলস্থূল চিঞৰ বাখৰ ভাঁহি আহিছে ৷ পুৰুষ কণ্ঠৰ অশ্লীল গালিগালাজ আৰু মাৰ পিতৰ সমান্তৰালকৈ মাইকী মানুহৰ প্ৰাণ কাতৰ আৰ্তনাদৰ শব্দত ৰাতিৰ শায়িত আকাশ বতাহ যেন গধুৰ হৈ পৰিছে । শুনিলে এনে ভাৱ হয় মদাহী গিৰিয়েক অথবা ককায়েকৰ অত্যাচাৰত হৰিজন বস্তিৰ কোনোবা ৰাধা, ৰুক্মিণী, নতুবা পদ্মিনী চাগৈ ইতিমধ্যেই মৃতদেহত পৰিণত হৈছে ৷ কিন্তু পিছদিনা পুৱাৰ শান্ত সোম্য পৰিবেশৰ মাজত আগৰাতিৰ সেই কালধুমুহাজাকৰ চিনমোকাম নাথাকে ৷ ৰাধা ৰুক্মিণীৰ হাঁহি থকা মুখবোৰে শুকান বালিয়ে পানী শুহি লোৱাৰ দৰেই শুহি লয় সকলো ৷ দুখ কষ্ট যন্ত্ৰণা অপমান সকলো ৷ ৰাতি ডিঙিলৈকে সস্তীয়া মদ গিলি টেঁটু ফালি ফালি ঘৈণীয়েকবোৰৰ ওপৰত ৰজাৰ ভাও দিয়া পুৰুষবোৰে দিনৰ বেলিকা তেনেই নিৰ্জু ৷ কামে কামে ওলাই যায় আৰু এগালমান টকাৰে মদে মাংসই গিলি সন্ধিয়া পুনৰ ৰজা হৈ ওভটে ৷ এইটোৱেই সিহঁতৰ দিনচৰ্যা ৷ ওচৰৰ সভ্য সমাজৰ বাসিন্দাই কাণ দুখন সোপা মাৰি নাক মুখ বিকটাই মাথোঁ উচ্চাৰণ কৰে---
“এই চুইপাৰসোপা, এই মেটৰ সোপা---মৰিব নজনাৰ জাত---!”
দূৰৈৰ হট্টগোলবোৰ কিছুপৰ শুনি থাকি সি খিৰিকীখন বন্ধ কৰি আতৰি আহিল ৷ ৰংগোলীক সি ইয়াতকৈও লেতেৰা ঠাইত এৰি থৈ আহিছে ৷ এইবোৰৰ পৰা সি বহু আতৰত। তাৰ মালিক চৌখিন আৰু সুবাস প্ৰিয় লোক ৷ ঘৰৰ বাহিৰে ভিতৰে অজস্ৰ সুগন্ধি ফুলৰ গছ ৷ অনবৰতে ধূপ-ধূনাৰে সুবাসিত প্ৰকাণ্ড ঘৰ এখনৰ দ্বিতীয়জন বাসিন্দা সি ৷ ৰান্ধনী আৰু বনকৰা মানুহদুজনী সন্ধিয়াতে যায়গৈ ৷ ৰাতি তাৰ চিকিৎসক তথা সাহিত্যিক মালিকে ভাগৰুৱা শৰীৰটো আমোলমোলাই থকা বিচনা এখনত এৰি দিয়ে ৷ তেওঁৰ জীৱনত সুবাস ঢালি দিয়াৰ দায়িত্ব তাৰ ।

কিন্তু সঁচাকৈ সুবাসিতনে তাৰ জীৱন ! শৰীৰৰ নিম্নাংশৰ ঘাবোৰ কিছু শুকাইছে ৷ সি লাহে লাহে আৰু অলপ মলম সানি দিলে ৷ ৰিম্‌ ৰিম্‌ কৈ ধৰা বিষটোৰ সমান্তৰালকৈ তাৰ মনচক্ষুত এখন ঘৃণিত মুখ দুলিবলৈ ধৰিলে ৷ থুঃ
এসোপা থুইৰ স’তে যেন সি সেই লেতেৰা মুখখনকো দূৰলৈ চতিয়াই দিলে ! 
নাঃ, আজি এইবোৰ কথা নাভাবে ৷ আজি ৰংগোলীৰ কথা ভাবিব ৷ কিন্তু কিয় ভাবিব ৰংগোলীৰ কথা ? তাইলৈতো তাৰ ঘিণ লাগিছে ! এৰি থৈ আহিছে তাইক তাইৰ নিজস্ব জীৱনত ! 
আসঃ কথাবোৰ ভবাৰ দৰেই যদি হৈ গ’লহেঁতেন ৷
ৰংগোলীৰ চেপেটা বুকুৰ ভিতৰৰ দৰদ আৰু শুকান ওঁঠৰ মৌখিনিৰ ক’ৰবাত আজি সি বেছিকৈ বান্ধ খাইহে আহিল নেকি ?
“নাঃ---”-সি মূৰটো জোৰেৰে জোকাৰি দিলে ৷ এইবোৰৰ পৰা সি বহুত আতৰত ।
ৰংগোলীৰ কথা মনলৈ অহাৰ লগে লগে যোৱা পঁচিশটা বছৰে গোট মাৰি থকা এসোপা লাগবান্ধ নোহোৱা ছবি তাৰ চকুৰ সন্মুখেৰে পাৰ হ’বলৈ ধৰিলে ৷ তাৰ হাতত অপাৰ সময়। জীৱনৰ ৰেকৰ্ডাৰত বেয়াকৈ ফচি যোৱা ৰিল এসোপাৰ খেলিমেলি জঁটবোৰ ভাঙিবলৈ ধৰিলে সি ৷ এই বেসুৰা জিন্দেগীৰ ফুল ইস্তপ্‌ লাগে তাক ৷ 
বস্তিত থকা দিনবোৰত চুইপাৰ কলনিৰ এই দৈনন্দিন চিঞৰ বাখৰবোৰ তাৰ ভাল নেলাগিছিল ৷ লাজ পাইছিল সি তাৰ জ্ঞাতি কুটুম্বৰ এই ব্যৱহাৰত ৷ পলিথিনেৰে আৱৰা হাঁহৰ গৰালৰ দৰে সৰু সৰু খুপৰিবোৰৰ অন্ধকাৰ আৰু চৌদিশৰ আৱৰ্জনাময় পাৰিপাৰ্শ্বিকত উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল তাৰ ৷ সি অনেকবাৰ পলোৱাৰ কথা ভাৱিছিল ৷ কিন্তু কেৱল এখন মুখে প্ৰতিবাৰেই তাৰ বাট ভেটি ধৰিছিল ৷ সেইখন ৰংগোলীৰ মুখ ৷ একেটা পৰিবেশত তাৰ সৈতে একেলগে ডাঙৰ হোৱা , একেলগে হাঁহিবলৈ কান্দিবলৈ শিকা তাৰ প্ৰায় সমবয়সীয়া ৰংগোলী ৷ ৰংগোলীৰ কথা মনত পৰাত তাৰ মুখখন পুনৰ খং , দুখ নে  নিজৰ প্ৰতি আক্ৰোশত বিকৃত হৈ পৰিল ৷
যি দুৰ্গন্ধময় খুপৰিৰ মাজতো  সি কেৱল তাইৰ বাবে বান্ধ খাই আছিল, এতিয়া এই সুদৃশ্য ঘৰৰ বিশাল আৱেষ্টনীত তাইৰ বাবেই তাতোকৈ বিষম , আৰু কদৰ্যময় বোকাত সি লোতপোত হৈ পৰি ৰ’ল ৷ এখন নৰকৰ পৰা উদ্ধাৰ পাইও সি এতিয়া অন্য এখন নৰকৰ বাসিন্দা ৷ স্বইচ্ছাই ৷ স্বজ্ঞানে ! 
বেৰত ওলোমাই ৰখা ঘড়ীটোৱে ৰাতি বাৰ বজাৰ সংকেত দি পুনৰ নৈশব্দত হেৰাই গ’ল । মালিক আজি সোনকালে ওভতি অহাৰ আশা নাই ৷ নিজৰ কথা ভাবিব পৰাকৈ সি আজি স্বাধীন। তাৰ চিন্তা পুনৰ হৰিজন বস্তিৰ খুপৰিবোৰৰ অন্ধকাৰলৈ ওভতি গ’ল ৷
         ৰাজহুৱা বজাৰ এলেকাৰ নিচেই কাষতে লাগি থকা চৰকাৰী মাটিদোখৰৰ শাৰী শাৰী খুপৰিবোৰত কোনে আনি সিহঁতৰ মানুহবোৰক বহুৱাইছিল সেয়া সি নাজানে ৷ হয়তো তাৰ মাক বচন্তীয়েও নাজানিছিল ৷ মাকে কোৱামতে বাপেকে মাকৰ লগত বিহাৰৰ পৰা আহি ইয়াৰে এটা খুপৰি দখল কৰি লোৱাৰ সময়ত বচন্তী যথেষ্ট সৰু আছিল ৷ সৰু খুপৰিবোৰ আৰু তাৰ ভিতৰত সোমাই চিঞৰবাখৰ কৰি থকা মানুহবোৰ হেনো তাৰো আগৰ পৰাই আছিল ৷ কাষতে লাগি থকা ৰাজহুৱা আৱৰ্জনাৰ দ’মটো বচন্তীহঁত সৰু থাকোতেও আছিল ৷ সৰু আছিল ৷ বচন্তীহঁতৰ জীৱনৰ সমান্তৰালভাৱে দ’মটোও ডাঙৰ হৈ আহিল ৷ বজাৰৰ পেলনীয়া জাৱৰ , প্লাষ্টিক , পলিথিন, কেঁচুৱাৰ গু-মুত , মহিলাৰ নেপকিনৰ কদৰ্য্যতাত গধুৰ হৈ পৰিছিল বতাহ ৷ নগৰীয়া লোকে নাকত ৰুমালৰ সোপা দি দৌৰি পাৰ হোৱা বিভৎসতাৰ মাজত  সিহঁতে কিন্তু সহজভাৱে উশাহ সলাইছিল ৷ সিহঁত যেন বাধ্য আছিল ৷ বচন্তীৰ মাক এদিন মৰিল ৷ হস্পিতালত চাকৰি কৰা বুলি ফিটাহি মাৰি ঘূৰি ফুৰা ৰাজকুমাৰৰ হাতত মদৰ বটল এটাৰ বিনিময়ত জীয়েকক গতাই দি বাপেকে দেচলৈ পলাই গ’ল । ৰাজকুমাৰৰ মৰম বচন্তীৰ জীৱনত বেচিদিন একচেটিয়া হৈ নাথাকিল ৷ ফুল্‌ৱাক ঘৰ সোমোৱাৰ দিনাই সাত বছৰীয়া তাক সামৰি বচন্তী বেলেগকৈ থাকিবলৈ ল’লে ৷ তাৰ বাবে এইটো সাধাৰণ ঘটনা হৈ নাথাকিল ৷ তাৰ সৰু কলিজাটো মাকৰ বাবে মোচৰ খাই উঠিছিল ৷ ফুলৱাই লগত লৈ অহা আগৰ ফালৰ জীয়েক ৰংগোলীক দেউতাকে মৰম কৰা দেখি সি ঈৰ্ষাত দহিছিল ৷ ৰংগোলীয়ে ভাল কাপোৰ পিন্ধিছিল ৷ ভাল বস্তু খাইছিল ৷ চৰকাৰী স্কুলখনলৈ গৈছিল ৷ চুইপাৰপট্টিত তাই সকলোৰে চকুত লাহে লাহে  হিৰ’ইন হৈ উঠিছিল ৷ সি নিৰাপদ দূৰত্বৰ পৰা মাথোঁ চাই ৰৈছিল সকলো ৷ হয়তো বচন্তীৰ বুকুতো জ্বলিবলৈ আৰম্ভ কৰিছিল একুৰা জুই অহৰহ ! 
        গিৰিয়েকৰ পৰা আতৰি অহাৰ দিন ধৰি বচন্তীয়ে সদায় ৰাতিপুৱা ঘাইপথ আৰু দৈনিক বজাৰ এলেকাৰ ঝাড়ুমৰা কামটো কৰিছিল ৷ দিনৰ কাম দিনতে শেষ কৰিছিল। নিশাৰ সময়কণ কেৱল মাক আৰু পুতেকৰ । বাপেকৰ অভাৱ অনুভৱ কৰাৰ সুযোগ তাই পুতেকক দিব নোৱাৰে কেতিয়াও ৷
নাঃ। সিহঁতৰ বৰ্তমানক অপমান কৰা মানুহটোক  সিহঁতে মনত নেপেলায় ৷ 
কিন্তু সতিনীয়েক ফুলৱা আৰু ৰংগোলীৰ সাজসজ্জা , জীৱনধাৰাই যেন বচন্তীৰ গালত এপাত চৰ সোধাই গ’ল ৷ সিহঁতৰ প্ৰতি নিৰ্লিপ্ততাৰ ভাও দিব নোৱাৰিলে তাই ৷ সি  মন কৰিলে মাকৰ কামলৈ ওলাই যোৱাৰ সময়টো সলনি হৈছে ৷ ৰাতিপুৱাৰ পৰিৱৰ্তে গধূলি ওলাই যোৱা মাক দোভাগ ৰাতিহে ওভটি আহিছে ৷ মাকৰ সেই পৰিচিত ধূলি আৰু ঘামৰ উহুমা গোন্ধৰ ঠাই সলাই বহি লোৱা  সস্তীয়া পাৰ্‌ফিউমৰ উগ্ৰ গোন্ধটো তাৰ নাকত বৰ ভাল নালাগিল। তথাপি সি সুখী ৷ মাকে নতুন চাকৰি পাইছে ৷ দামী পোচাক , দামী খানা , হাতত নতুন মোবাইল ফোন ৷ সিহঁত ধনী হৈছে । ফুলৱাই দেখাকৈ বচন্তীয়ে মোবাইল টিপে, ৰংগোলীয়ে দেখাকৈ নতুন বেগ, নতুন জোতা পিন্ধি সি চৰকাৰী স্কুললৈ যায় ৷ বচন্তীৰ দৰেই ক’ৰবাত যেন তাৰ প্ৰতিশোধো পূৰণ হৈছে ৷ কিন্তু তাৰ বুকুত সোনকালেই ৰংগোলীলৈ অকণ সহমৰ্মিতাৰ সৃষ্টি হ’ল ৷ স্কুলৰ শিক্ষকে হকে বিহকে চাফাইৰ নামত সিহঁত দুটাৰ হতুৱাই পায়খানা চাফা কৰাবলৈ ধৰিছিল ৷ 
“কৰ কৰ, এইটোতো  তহঁতৰেই কাম ৷”
মাষ্টৰৰ কথাই বুকুত বিন্ধিছিল তাৰ ৷ ৰংগোলীৰ হাতৰ পৰা ঝাড়ু আৰু ফেনাইলৰ বটল কাঢ়ি লৈছিল সি ৷ চকুল্‌ নাযাওঁ বুলি জিদ্‌ ধৰা ৰংগোলীক টানি টানি স্কুললৈ লৈ যোৱাটো তাৰ দিনচৰ্যা হৈ পৰিছিল ৷ সিহঁত ডাঙৰ হৈ আহিছিল ৷ ফুলৱা আৰু ৰাজকুমাৰৰ গৃহকন্দল বাঢ়ি আহিছিল ৷ সভ্য সমাজৰ পৰা বেয়া বেমাৰ গাত লৈ অহা বচন্তীয়ে বিচনা লৈছিল ৷ আবৰ্জ্জনাৰ দ’মটো ক্ৰমান্বয়ে ওখ হৈ আহিছিল ৷ জাবৰ খুচৰি ফুৰা চ্ছিল্লৰ্‌ পাৰ্টিৰ হাতত প্ৰায়েই উঠি আহিছিল জীয়া পুতলাৰ মৰা শৰীৰৰ টুকুৰা ! জীৱনৰ কদৰ্যতাত ভাঙি পৰা ৰংগোলীয়ে তাৰ বহল কান্ধৰ আশ্ৰয় লৈছিল ৷ সিহঁতে সপোন দেখিছিল ৷
নাঃ---৷
এই গত্তৰ জীৱনৰ পৰা পলাব সিহঁত ৷
কিন্তু ক’ত ?
ডাষ্টবিনৰ কচ্‌ৰা , বাটৰ জাবৰ , বাজাৰৰ  গেলা , পায়খানাৰ গু , হস্পিতালৰ তেজ-পূজ---সৱ এই গত্তৰে বুকুত বান্ধি লয় ! আৰু এই লেতেৰা গত্তৰক পিঠিত তুলি সিহঁতে কঢ়িয়াই ফুৰে পীৰিৰ পিছত পীৰি ৷ সিহঁত য’লৈকে যাব , এই গত্তৰবোৰ --- নৰ্দমাবোৰ---ওকালি অহা গোন্ধবোৰ পিছে পিছে যাব ৷
কাৰণ সিহঁত চুইপাৰ !
সভ্য সমাজৰ বাসিন্দাই ছয় হাত আতৰৰ পৰাই সিহঁতৰ সৈতে কামৰ বন্দোৱস্ত কৰে ৷ নাকত ৰুমাল লয় ৷
নাঃ ৷ এইটো কি জৰুৰী নেকি সিহঁতেও সেই একেই কপাল লৈ আহিব ? সিহঁতৰ জীৱনত কি ৰৌশনী নহ’ব ?
বচন্তী মৰিল ৷ ফুলৱা গুচি গ’ল ৷ আৰু এদিন হঠাৎ ৰংগোলীও হেৰাই থাকিল ৷
গত্তৰ জীৱনৰ পৰা পলাব বিচৰা তাক আৰু তাইক ভাগ্যই কচ্‌ৰাবোৰৰ মাজলৈ , আৰু মাজলৈ ঠেলি পঠিয়াই দিলে ৷ তথাপি আশা হেৰুওৱা নাছিল সি । চহৰৰ নামী চিকিৎসক সাহিত্যিকজনৰ চকু পৰিল তাৰ ওপৰত আৰু তাক তেওঁৰ সুগন্ধময় ঘৰলৈ লৈ আহিল ৷ তাৰ মুখত হেৰোৱা হাঁহিটো ঘূৰি আহিল । সি আকৌ পঢ়িব ৷ মালিকৰ দৰে ডাঙৰ মানুহ হ’ব । চাফা কাম কৰিব ৷ ৰংগোলীক বিচাৰি উলিয়াব ৷ 
গত্তৰ---নলা---নৰ্দমা--- ?
নাঃ---সেইবোৰ কাহানিবাই দেখা বেয়া সপোন মাত্ৰ ৷
এতিয়া তাৰ চাৰিওফালে পোহৰেই পোহৰ ৷ ফুলৰ সুগন্ধ  ৷ সপোনৰ সুবাস !
কিন্তু সঁচাকৈ পোহৰময় , সুগন্ধময় হৈ থাকিলনে তাৰ জীৱন !
আঃ---। 
শৰীৰৰ নিম্নাংশৰ কেঁচা ঘা টুকুৰাই বাস্তৱলৈ ঘূৰাই আনিলে তাক ৷ কেকাই উঠিল সি । প্ৰতিনিশা তাৰ শৰীৰৰ ওপৰত চলা বিজলুৱা দুৰ্গন্ধময় অত্যাচাৰবোৰ সুঁঁৱৰি ঘামি উঠিল সি ৷ এটা মুখাপিন্ধা সম্ভ্ৰান্তৰ হাতোৰাত লজ্জিত, অপমানিত হোৱা তাৰ জীৱনটো বচন্তীতকৈ , ৰংগোলীতকৈ কম যন্ত্ৰণাময় নে ? এই লজ্জিত যাত্ৰাৰ শেষ ক’ত ! ক’ত হেৰাল তাৰ পোহৰৰ সপোন ৷ নতুন জীৱনৰ সপোন !
এযোৰ শুকাই যোৱা ওঁঠ ! কৰাল মৰা মুখ ৷ কোটৰত সোমোৱা চকু ---এয়াটো সি নহয় ৷ ৰংগোলীয়ে যেন তালৈ চাই খিলখিলাই হাঁহি উঠিছে ৷ 
নহয় নহয় , এয়া কোনোপধ্যেই সি নহয় ! আইনাত নিজৰ প্ৰতিবিম্ব দেখি সি থৰ্‌থৰ্‌কৈ কঁপিবলৈ ধৰিলে ৷ নহয় ৷ সমগ্ৰ ঘৰটোৱেই যেন কঁপিবলৈ ধৰিলে ! সুগন্ধিত সুবাসিত ঘৰটো লাহে লাহে চুইপাৰপট্টিৰ লেতেৰা আৱৰ্জনাৰ দ’মটোত পৰিণত হ’বলৈ ধৰিলে ! আৰু এটা প্ৰকাণ্ড দুৰ্গন্ধময় কুমজেলেকুৱা সেই আৱৰ্জনা ভেদি ওলাই আহিল ৷ বিজলুৱা শুংবোৰ জোকাৰি তাৰ ফালে ক্ৰমান্বয়ে খেদি আহিল---
সি দৌৰিবলৈ ধৰিলে---
হেৰোৱা উশাহবোৰ বিচাৰি---
আপোন মানুহবোৰ বিচাৰি দৌৰিবলৈ ধৰিলে---৷
হৰিজনবস্তিলৈ আৰু বেছিদূৰ নাই---
ৰংগোলীৰ খুপৰিলৈও আৰু বেছিদূৰ নাই--!

অঙ্গন:  পৃষ্ঠাঃ 39
বকুল ফুলৰ দৰে

শেৱালী নাথ, কামৰূপ

বতাহ বলে ৷ আমি অনুভৱ নকৰোঁ ৷ কিন্তু আমাৰ যেতিয়া দুখ লাগে বা আমাৰ যেতিয়া বেছিকৈ সুখানুভূতি জাগে তেতিয়া আমি বতাহক চুই চাব বিচাৰোঁ ৷ উপলব্ধি কৰিব বিচাৰোঁ বা অনুভুত সুখৰ সৈতে আন এজনৰ উপস্থিতি অনুমেয় কৰিব বিচাৰোঁ ৷
ৰাতি এপৰলৈকে বাহিৰত থকা ৰঘুৱে আজি অলপ সোনকালে ঘৰলৈ আহিছে ৷ ফিৰফিৰীয়া বতাহজাকে তাকো চুই গৈছে ৷ জেঠমহীয়া গৰম ৷ বতাহত শাঁত পৰিছে গোটেই দেহটো ৷ চাৰ্টটো খুলি কান্ধত লৈ আহিছে ৷ নিজৰে ঘাঁমৰ গোন্ধ বতাহত বেছিকৈ নাকত লাগিছে ৷
মুখখন ঘুৰাই দিলে সি ৷ পথাৰখনত পানী হৈছে ৷ কঠীয়া সিঁচিবৰ কাৰণে বোকা কৰিছে কিজানি ৷ কেঁচা মাটিৰ গোন্ধ এটাও উৰি আহিছে ৷ স্পীডব্ৰেকাৰটোত লাহেকৈ ব্ৰেকডাল টানি ধৰিলে ৷ গাটো জোকাৰি গ’ল ৷ কেৰিয়াৰত আছে দহটা পাণ ভৰাই অনা এটা চিমেণ্টৰ বস্তা ৷ চাইকেলখন লৈ নন্দুহঁতৰ পদুলিমুখ পাওঁতে বাওঁহাতৰ ব্ৰেকডাল অলপ টানি ধৰিলে । চাইকেলখন ৰোৱা নাই। কিন্তু গতিবেগ কমিছে ৷ লগে লগে হেন্দেলত ওলোমাই অনা মাংসৰ টোপোলাটো লৰচৰ কৰি তাৰ আঁঠুত লাগিব খুজিছে ৷ হাতখনেৰে টোপোলাটো নলৰাকৈ ধৰিলে অলপ সময় ৷ লোকেল মূৰ্গী খাই তাৰ ডাঙৰ ছোৱালীজনীয়ে বৰ ভাল পায় ৷ লগতে মছলাৰ পেকেট কেইটাও টোপোলাটোতে আনিছে ৷ আন গোন্ধবোৰক উফৰাই ফুৰফুৰীয়া গোন্ধ এটাই এইবাৰ তাৰ নাকতে বহি ল’লে ৷ হয়তো নন্দুৰ ঘৈণীয়েকে পাঁচফোৰণ দি দাইল তেল মাৰিছে ৷ গোন্ধটো সি আগতে ভাল নাপাইছিল ৷ কিন্তু এতিয়া পায় ৷ কিছুমান গোন্ধে বিশেষ ব্যক্তি কিছুমানক কঢ়িয়াই লৈ ফুৰে ৷ বিশেষকৈ ফোৰণৰ এই গোন্ধটোত মাকক পায় সি ৷ বাছত বা ডি,আই কেইখনত উঠি পাণৰ বেপাৰৰ কাৰণে গুৱাহাটীলৈ গ’লে, অকণমান দূৰৰ গাঁৱখনৰ পৰা অহা ৰহিমকাইৰ বিড়িৰ গোন্ধটোত আইতাকক বিচাৰি পায় ৷ গেলা মদত দেউতাকক ৷ কৰবীৰ চাদৰৰ আঁচলত মুখখন মচিলে মাকৰ কাপোৰৰ পৰা অহা মা’ মা’ গোন্ধটো সি বিচাৰি ফুৰে ৷
নাপায় ৷
বকুলৰ গোন্ধটোত ?
ধপধপাই এটা চৰাই বকুলডালৰ পৰা উৰি গ’ল ৷
নিশাচৰ ৷
নিশাচৰ চৰাইয়ে জানে এন্ধাৰক খুটিয়াই চাবলৈ ৷ এন্ধাৰ তাৰ ভাল লাগে ৷ বহুত ভাল লাগে ৷ ৰাতিলৈ অপেক্ষা কৰিছিল আগতে ৷ এতিয়া নাই ৷
চাইকেলখনৰ পৰা নামি বকুলডালৰ ওপৰৰ ফালে এনেয়ে চালে ৷ আজিয়েই নহয় ৷ এইখিনি পালেই তাৰ সকলো ভাগৰ পলোৱা যেন লাগে ৷ বকুলডালে তাৰ ভাগৰ কান্ধপাতি কমাই দিয়ে ৷
দীঘলীয়া পদুলিটোৰে সোমাই আহোতে তাৰ ঘৰৰ পৰায়ো ফোৰণৰ গোন্ধটো উফৰি আহে ৷ 
আগতে সি মাকে দাইলত ফোৰণ দিলে বাতিটো জোৰেৰে ঠেলি মাকৰ চকুলৈ চাইছিল ৷ তাৰ লগে লগে দেউতাকৰ ৰঙা চকুযুৰিয়ে মাকলৈ তহতহকৈ কাঁড় এপাতে খুচিছিল ৷ ভয়তে মাকে পুনৰবাৰ ৰঘুৰ কাঁহীৰ কাষলৈ বাতিটো ঠেলি দিছিল নাইবা বাকি দিছিল ভাতৰ ওপৰতে ৷
“সোনকালে উঠি যা’ ৷”চেপা ধমকনি ৷
সন্ধিয়া হ’লে মাকে যি থাকে তাকে  ৰান্ধিবাঢ়ি চাৰিটাকৈ ল’ৰাৰ আগত দিবলৈ লৰাঢপৰা কৰে ৷
“সোনকালে শুই থাকগৈ ৷”
তাৰ বাহিৰে আন একো নাথাকে ৷ ৰঘুৰ বাহিৰে সকলোৰে হোমৱৰ্ক থাকে। আবেলিতে মাকে চোতালত ডাঙৰ ঢাৰিখন পাৰি দিয়ে ৷
“ওমম, কাৰ কি পঢ়িবলৈ আছে পঢ়ি ল’ ৷ লিখিবলৈ আছে যদি লিখি ল’ ৷ নোৱাৰিলে মোক সুধিবি ৷”
নোৱাৰিলেও সিহঁতে কিন্তু মাকক একো নোসোধে ৷ কাৰণ জানে, মাকে যে পঢ়িব বা লিখিব নোৱাৰে ৷ ৰঘুৱে অলপ টলকা মাৰি থাকে ৷ লিখা পঢ়াটো তাৰ বাবে ডাঙিব নোৱাৰা বোজা ৷ তাৰ সলনি সি পথাৰলৈ গৈ হালৰ পিছত ঘুৰিব পাৰে ৷ মৰণা মাৰিলে ৰঙাৰ নেজত ধৰি ঘুৰঘুৰকৈ ঘুৰাই থাকিব পাৰে ৷ বাকীকেইজনে ৰঙাৰ ভয়তে কাষ চাপিব নোৱাৰে ৷ 
সমনীয়াবোৰৰ উকিয়ে জনাই দিছে তাক, বাকীবোৰ আহি জানৰ মুখত তাৰ বাবে ৰৈ আছে ৷ তাৰ শৈশৱ ৰবাবটেঙাৰ বলৰ স’তে ৷ বৰশীৰ আগত ভেকুলীৰ টোপটোত এজেবা থুই মাৰি দলনিত পেলাই দিয়ে ৷ হাফপেণ্টটো ধৰি ৰখা মৰাপাটৰ ৰচীতে ঢেঁকীয়া এডাল কাণেৰে সুমুৱাই মুখেৰে ওলোৱা ঠাৰিডালত মাছৰ তেজেৰে ৰাঙলী হৈ থাকে ৷ তথাপিও কাৱৈ বা চেং কেইটাই মাজে মাজে ফিচাকেইখন জোকাৰি জীয়াই থকাৰ উমান দিয়ে ৷ আমনি লাগিলে কলজোক দালৰ দুয়োমুৰে ধৰি টানি দিলে ৰাবাৰ এডালৰ দৰে হয় ৷  কেতিয়াবা জোকলৈ ভয় কৰা নন্দুৰ গালৈ দলিয়াই ভয় খুৱায়। তাৰ লগতে বাকীবোৰে গিৰ্জনি মাৰি হাঁহে ৷ কেঁচুৰ টোপ বা বৰলৰ টোপেই হওক মাটি অকণৰে কেতিয়াবা হাতখন ধুই টকৌ বা মধুৰিআমটো আটায়ে ভগাই খায় । এইয়েই তাৰ শৈশৱ ৷
আমৰ তল, জামৰ তলত তাৰ সোনালী শৈশৱে অগাদেৱা কৰে ৷ সেয়ে কিতাপ বহীত সি শৈশৱ বিচাৰি নাপায় ৷ 
সদায় সদায় নতুন নতুন বুদ্ধি পাঙিব লাগে চোতালৰ পৰা পলাবলৈ ৷ এবাৰ ইজনৰ কিতাপখন টানে, আনবাৰ ডাঙৰ ককায়েকৰ কলমটো লুকুৱাই থয় ৷ বা ফলিখনত লিখি থকা পকোৱা ফলাখন ঘপককৈ মছি দিলে তাৰ ওপৰৰ ককায়েকজনৰ ৷ গুৰুত্ব নিদিয়া যেন পালে সৰু ককায়েকৰ চুলিকোছাত ধৰি টান মাৰে ৷ এটা সময়লৈ মনে মনে থাকিলেও শেষত সমস্বৰে চিঞৰি উঠে বাকী তিনিওজনে ৷
“মা’ !”
হাতত যি পায়,তাকে লৈ মাকে সিহঁতৰ ওচৰ পায়হি ৷ কেতিয়াবা বাঢ়নীটাৰকে দাঙে ৷ বা চোতালত ফালি থোৱা বাঁহৰ সুতাটো ফালি থোৱা খৰি এডাল । নাইবা কাথিটোতে থকা জাতিবাঁহৰ তমালৰ মুঠিটোকে লৈ ৰঘুলৈ চোঁচা মাৰে ৷ 
সি সেইটোকে বিচাৰে ৷ চানা খুড়াকহঁতৰ দোঘোৰাটোৰে সি বাটলৈ দৌৰ মাৰে ৷ মাকৰ আগতে সেই দোঘোৰাটোত বৰষুণৰ পানী জমা হৈ থকা পানীদোঙাত পিছল খাই কেইবাদিনো চিতভোলোঙা খাই পৰিছে ৷ 
“এইটো মৰিল ৷ ই মৰিলেও মই শান্তি পালোহেঁতেন !” বুলি একেই চোঁচা লয় ৷ সেউজীয়া মেখেলাখন কঁকালত সোচা মাৰি ৷ নাই মাকে তাক এদিনো ধৰিব নোৱাৰিলে ৷ দৌৰে সি ৷ বাঁহৰ বেৰখনৰ হলাকেইছটা সোলোকঢোলোক ৷ একেজাপে পাৰ হওঁতে ভৰিৰ গছক লাগি মেটমেটাই ভাঙি পৰে ৷
“ই খালে খালে বুলি” মাকে দৌৰি সেইখিনি পায়গৈ ৷ বৰষুণ পৰি বৰমাহা পৰা হলাবোৰ তুলি ধৰিলেই ভাঙি পৰে ৷ বেৰাখন মেৰামতি কৰিব লগা হৈছে ৷ পচিছে এফালৰ পৰা ৷ এবছৰ পাৰ হৈছে ৷ এনেয়ো খুলি পৰিলহেঁতেন ৷ কিন্তু ৰঘুৰ কাৰণে খুলি পৰা বুলি মাকে এবকলা দিয়ে ৷ নহ’লে যে শাহুৱেকে গম পালে মাকৰ চৌধ্য পুৰুষ উজাৰি গালি পাৰিব ৷ কচু খাই জন্ম দিয়া বুলি দাঁত নথকা ঠৰুৱা দুইটাকে কৰচি্ কৰচি্ গালি পাৰিব ৷ সেলেঙি বৈ যায় কোৱাৰিৰে ৷ জানকী বুঢ়ীয়ে মেখেলাখন জোকাৰি মেথনিটো ভালদৰে মাৰে ৷ গামোছা এখন বা দুমুৰীয়া এখনেৰে কঁকালত গাঠিটো দিলেহে বুঢ়ীয়ে আটাহ পাৰিবলৈ বল অকণ পায় ৷ খুন্দনাত তামোল খুন্দে ৷ খটখট উঠা শব্দটো দুটা দোঘোৰা পাৰ হৈ নন্দুহঁতৰ ঘৰ পায়গৈ ৷ বোৱাৰীয়েকক বলে নোৱাৰিলে তামোলখনত বেছিকৈ চূণ চাধা দি খুন্দি পেলায় ৷ হালধিৰ পাত এটা চিঙি আনে টান মাৰি ৷  ৰৈ যোৱা খুন্দা তামোলখিনি খুন্দনাটোৰ পৰা ঘোটালি পাতটোত থৈ তমালৰ বতুৱা অকণমানেৰে বান্ধে ৷ ইফালেসিফালে চাই বাৰন্দাৰ নৰাৰে চিলোৱা ছালখনৰ কামি এচটাৰ তলত লুকুৱাই থয় ৷ নোৱাৰে লুকুৱাই থবও ৷ ৰঘুৰ পিটপিটাই থকা চকুৰপৰা সাৰি যাব নোৱাৰে ৷ বেছিকৈ গালিয়ো পাৰিব নোৱাৰে ৷ কাৰণ পাত চাধা বা তাংখুখিনি সি যোগাৰ কৰি নিদিলে দিওতা নাই ৷ কোনোৱে নেদেখাকৈ ৰঘুৱে আইতাকৰ ফালি এচটাৰে বন্ধা খোপাটোৰ পৰা আধাদুখৰীয়া বিড়িখৰা টানি নিওতে ফালিচটাও কেতিয়াবা লাগি যায় ৷ মাকে দেখিলে গালি পাৰে ৷ কিন্তু চৌকাৰ কাষত বিড়ি হোপা মাৰিলে সংগী ৰঘুৱেই হয় ৷ আইতাকে তেতিয়া গালি নাপাৰে ৷ ডাঙৰ তিনিটাই এই দৃশ্য দেখিলে, মাকক কয়গৈ ৷ তেতিয়াহে আইতাকে উধাইমুধাই ৰঘুক গালি পাৰে ৷ মাকৰ গালি বা আইতাকৰ গালিয়ে তাক উতলাব নোৱাৰে ৷ এযোৰ চকুৱে তাৰ সৰ্বশৰীৰত পিৰপিৰণি তোলে ৷
খৰিকোচা লবলৈ মাকে এইবাৰ চাদৰখনো পেছ মাৰি লয় ৷ নগৰবেৰাৰ লতা এডালকে সাউতকৈ টানি পাতবোৰ চৰচৰকৈ টানি দূৰলৈ দলিয়াই দিয়ে ৷
নভঙাকৈ থকা আনডাল হলায়ো ইফালেসিফালে চাই টানি আনি ভৰি এখনেৰে হেঁচা মাৰি এটা জোখত ভাঙি পেলায় ৷ খৰিকোচা কাষত লয় ৷ ক’লা ক’লা বৰমাহা ধৰা খৰিবোৰে আশী সূতাৰ চাদৰখনত কঁকালতে এডৰা লাগে ৷ গালিবোৰ ৰঘুকে পাৰি হাতৰে দাঙি পাকঘৰৰ কাঠিটোতে জোৰক পেলাই থয় ৷ হ’লেও ভাতকেইটা সোনকালে হ’ব; মাকৰ আনন্দ লাগে ৷ আনন্দ প্ৰকাশ কৰিবলৈ মাকে নাজানে ৷ খঙতে দেখা মাকৰ মুখত ল’ৰাকেইটাই হাঁহি আজিলৈকে দেখা নাই ৷ সিহঁতলৈ কৰা খং আৰু দেউতাকলৈ কৰা ভয়, এই দুয়োটাহে সিহঁতে দেখিছে ৷ মাকৰ খং উঠা দেখি তিনি নম্বৰ ভবানন্দই জোৰ জোৰকৈ অসমীয়া কিতাপত থকা পদ্যটো মাতে ৷
“তিনিবৰণীয়া জাতীয় পতাকা
নীল আকাশত নাচে,
ওপৰে গেৰুৱা মাজত শুকুলা 
তলত শ্যামল আছে ৷
বগাৰ মাজত অশোক চক্ৰৰ
চিত্ৰ জিলিকি ৰয়,
আমাৰ জাতীয় পতাকাখনিৰ
কদাপি নহয় ক্ষয় ৷”(কবি নৱকান্ত বৰুৱা)
এক নম্বৰ নিত্যানন্দই তাক “শ্যামল” মানে কি সোধে ৷
ভবানন্দই ভয়ে ভয়ে মাকৰ মুখলৈ চায় ৷
মাকৰ চকুত খং দেখে সি ৷
মাকৰ কালৈ খং উঠে সি নাজানে ৷
ৰঘুলৈ উঠে নে হলাকেইছটা দেখি আইতাকে মাকক যে গালি পাৰি আছে বাবে খং উঠে নে, নে অকণমান পিছত জুৱা খেলি ঢলংপলংকৈ ঘৰ সোমোৱা দেউতাকলৈ উঠে নাজানে !
এইবাৰ দুই নম্বৰ শিবানন্দই পূৰণৰ নেওতাখনৰ পাঁচৰ ভাগটো মাকে শুনাকৈ মুখস্থ মাতে ৷ “শ্যামল” মানে কি উত্তৰটো নজনাকৈয়ে নিত্যানন্দই এইবাৰ শিবানন্দক ছয়ৰ ভাগটো মুখস্থ মাতিবলৈ কয় ৷
“সদায় সদায় পাঁচৰ ভাগটো যে মাতি থাক’ এইবাৰ ছয়ৰ ভাগটো মাতি দেচোন মোৰ আগত ! সিয়ো মাকৰ মুখলৈ চাই সেপঢুকি সেমেনাসেমেনি কৰে ৷ 
“নামাতা কিয় ছয়ৰ ভাগটো ?”
হঠাতে ফৰকাল বতৰত মৰা ঢেৰেকনিটো যেন লাগে মাকৰ মাতটো ৷ মাকৰ মাতটোৱে আইতাকৰ মাতটো তল পেলায় ৷
সি সেহাই সেহাই মাতে “ছয়ে একগুণ ছয় ৷ ছয় দুগুণ বাৰ’, ছয় তিনিগুণ তেৰ ---”
মাকে ভুল ধৰিব নোৱাৰে ৷ কিন্তু মাকৰ খঙটো কমে ৷ টেমেনা টেমেনি থকা চিলভাৰৰ খৰাহীটোত জুখি জুখি চাৰিটেমা চাউল ওপৰমুৱাকৈ লৈ বাহিৰলৈ আহে। দুৱাৰদলিৰ পৰা উভতি পুনৰবাৰ মাটিৰ কলহটোত হাতখন ভৰাই তলিত লগা চাউলৰ পৰা নাৰিকল তেলৰ টেমাটোৰে আধাটেমা চাউল বেছিকৈ লয় ৷ ৰাতিপুৱাই উঠিয়েই ৰঘুক পইতা ভাত অকণমান লাগে ৷ পুৱালৈ ভাত অকণমান নৰলে তাইৰ বৰ দুখ লাগে ৷
সাঁকোখনৰ পৰা চাউলকেইটা ভালদৰে ধুলে ৷ এসপ্তাহে দিয়া বৰষুণৰ বাবে পানীয়ে সাঁকোখন চুইছে ৷ জাপানী মাছৰ জাকটোৱে কিবা খাবলৈ পাব বুলি ওচৰ চাপি আহে ৷ কেতিয়াবা দুই এটা মাছৰ পোৱালি খৰাহিটোতো উঠে ৷ ক’লা ক’লা মূৰকেইটাৰে কাপকৈ কাপকৈ থাকে।  মৰম লাগে মাকৰ ৷ কাপোৰ আচাৰোতে আচাৰোতে মিছমিছিয়া হোৱা বাকলছটাত খৰাহিটো থৈ তাই মুখহাতবোৰ ভালদৰে ধোঁৱে ৷ চেগুণডাল ফালি তক্তাবোৰ জোৰ কৰি ৰঘুৰ দেউতাকে বিক্ৰী কৰিছিল ৷ বাকলাখনহে ৰৈছে ৷ মানুহটোলৈ তাইৰ খং নকমে ৷  মনটো ভালে থাকিলে মাকে লাক্স চাবোন অকণমানো মুখখনত ঘঁহি ফলফলীয়া কৰে ৷ চাবোন লাগিলে দুৰ্গাপূজাৰ দশমীৰ দিনাখনে অনা খাৰুযোৰ ওলাই দৌৰ মাৰিব বিচাৰে ৷ হাতখনত উজাই টানকৈ লয় পিছলি ওলাই যাব নোৱাৰাকৈ ৷ হয়তো মুখধোৱা পানী পৰিবও পাৰে বুলি চাউলকেইটা আকৌ এবাৰ ধোৱে ৷ আনখন হাতেৰে পুখুৰীৰ পাৰৰ চাঙখনৰ পৰা কোমোৰা জালিটো চিঙি মাকে পাকঘৰতে থয় ৷ সকলো কাম কৰি ধুনাৰ বাতিটো পদুলিমুখলৈকে লৈ মাকে কাষৰে পাৰ হৈ যোৱা নন্দুক দেখি ৰঘুৰ কথা সোধে ৷
“নন্দু আমাৰ ইয়াক দেখিছিলিনি তই’ ৷” সমনীয়া ল’ৰা সকলোৱে জানে ৰঘুৰ বাহিৰে এইখিনি সময়ত বাকী তিনিওজনে যে পঢ়ি থাকে ৷ 
চোতালত বাকী তিনিওজনে সন্ধিয়াৰ প্ৰাৰ্থনা গায় ৷ আইতাকেও কাষতে বহি বাঁহৰ বিচনীখনেৰে মাজে মাজে দীঘলকৈ তিনিওৰে গাত বা লগাকৈ বিছি থাকে ৷
“ৰঘুপতি ৰাঘৱ ৰাজা ৰাম ৷
পতিত পাৱন সীতা ৰাম ৷
ঈশ্বৰ আল্লা তেৰে নাম সৱকো সনমতি দে ভগৱান ৷”
আইতাকে ঘোষাৰ পদ এটা আওৰাই থকা সময়খিনিত মাকে ৰঘুৰ ভৰিত ক’লা পৰা ময়লাবোৰ গুচাবলৈ ভোলৰ জাৱৰটোত খাৰ চাৱনৰ টুকুৰা এটা লৈ ঘঁহি থাকে ৷ পানীখিনি এবাৰ হাতেৰে ফালি পৰিষ্কাৰ পানীৰে গাটোকে ধুৱাই দিয়ে ৷ হাফপেণ্টটো মাকে তললৈ টান মৰা দেখি সি উজাই ধৰে ৷ মাকলৈ অলপ অলপ লাজ লগা হৈ আহিছে ৷ অকণমান আগতে সলাই বাঁহৰ তাৰডালত থোৱা মাকৰ চাদৰখনকে দুজাপ কৰি তাৰ কঁকালত মেৰাই দিয়ে ৷ মাকে সকলো দেখে যদিও কাপোৰখন থকাৰ বাবে তাৰ লাজ নালাগে ৷
বৰঘৰৰ কাথিটোত উঠোতে ৰঘুক বাকীকেইটাই দেখাকৈ ঢকা এটা মাৰি দিয়ে মাকে ৷
“ভালে ভালে ভিতৰলৈ যা’ তই । দেউতাৰে আহক আজি, শিক্ষা এটা দিয়াব লাগিব তোক ৷” বাকীকেইটায়ো জানে মাকৰ এইটো যে পুৰণি ডাইলগ ৷
তিনি নম্বৰটোৱে পোতক তুলিবলৈ দেউতাক অহাৰ পিছত মাকক কথাটো মনত পেলাই দিয়ে। মাকৰ বাঘঢকা এটা খাই বাবে মনত পেলাই নিদিয়া হ’ল ৷
তাপ মাৰে সেইভাজে ৷
ভাত খোৱাৰ পিছত আটাইকেইটাই পঠালিকৈ শোৱে মাকে লগত অনা বনচোমৰ পালেঙখনত ৷ গাৰুকেইটাৰ হৈ বা বিচনীখনৰ বাবে সিহঁতৰ মাজত কাজিয়া লাগে ৷ দেউতাকে নুশুনাকৈ সিহঁতে কথা কটাকটিত বলে নোৱাৰিলে মাৰামাৰিয়ো কৰে ৷ বিচনাৰ কাপোৰ দলিওৱা দলি কৰা শুনিলে দেউতাকে গুজৰি উঠে ৷
“ৰঘু, যাব লাগিবনে মই ?”
ৰঘুৰ বাহিৰে সাৰসুৰ নোহোৱা নহয় বাকীকেইজনৰ ৷
সি উঠি বহে ৷ 
দৰজাৰ দাঙডালকে লৈ দৰজাৰ কাষত ৰৈ থাকে ৷ কেতিয়াবা মাকে সি তাক তেনেকৈয়ে দেখা পায় ৷ হাতৰ পৰা সেইডাল থৈ টানি আনি বিচনাত উঠাই দিয়ে ৷ জানে ৰঘুৱে যে দেউতাকলৈ ভয় নকৰে ৷ সেয়ে মাকৰ ভয় বেছিকৈ লাগে ৷ 
টানি আনি বুকুৰ মাজত লয় তাক ৷ 
চকু মুদি থাকিলেও সি জানে মাকে যে উঠি এতিয়া দেউতাক থকা আনটো কোঠালৈ যাব ৷
মাকে হয়তো জানে আটাইকেইটাইয়ে চকুমুদি আছে ৷ দেউতাকক মাকে পতিয়ন নিয়াব বিচাৰে যে আটাইকেইটাই টোপনি গৈছে ৷ দেউতাকে জানে মাকে যে মিছা কৈছে ৷ তথাপিয়ো দেউতাকেও পতিয়ন যায় ৷ হয় গোটেইকেইটা ল’ৰাইয়ে টোপনি গৈছে ৷ৰাতিপুৱা ৰঘুৱে কিন্তু মাকক কাষতে পায় ৷
ৰাতিপুৱা একেই থাকে দেউতাকৰ পকা আঙঠা হেন চকুযুৰি ৰাতি শোৱাৰ আগতে দেখাৰ দৰে ৷ বিনাদোষতে মাকে চৰ ভুকুটো সদায়ে খায় ৷ সেইসময়ত ৰঘুৰ দেউতাকৰ চকুযুৰি ঘোটালি বাহিৰ কৰিবলৈ মন যায় ৷ সি মাকৰ আগত থিয় হয়গৈ মানে বাকী তিনিটাই সেই ঠাইৰপৰা নোহোৱা হয় ৷ দাঁত কৰচি তাৰ সন্মুখত ফেপেৰি পতা দেউতাকৰ সন্মুখত অৱশেষত ফণাভঙা সাপৰ দৰে ফোচফোচনি তুলি থিয় হৈ থাকে ৷
“চকু নমা তই, নমা ৷”
কাণখন মুচৰি দিওতে তাৰ জপৌপৌৱা চুলিকোছা আগফালে কপালতে পৰে ৷ এটা চকু ঢাক খালেও, চুলিৰ ফাঁকেৰে আনটো চকু দেউতাকৰ দৰেই জ্বলে ৷ পকা আঙঠাৰ দৰে নহয় ৷ ফুকাই ফুকাই কেঁচা খৰিৰে মাকে ভাত ৰন্ধা আধাদুখৰীয়া খৰিৰ দৰে ৷ অলপ পিছত নিজে নিজে আঙঠাৰ ৰঙ, মৰা আঙঠা হয় ৷ 
কিমান সময় লাগিছিল তাৰ ?
কিমান সময় লাগিছিল তাৰ সেই আঙঠাৰ টিকটিকিয়া ৰঙা ৰঙ, ক’লা হ’বলৈ ?
দহবছৰীয়া সেই জধলামধলা ল’ৰাটোৰ দুচকু নীলা হ’বলৈ পোন্ধৰ, বিশ বছৰ লাগিছিল ৷ গভীৰ দুচকুত সৰু চৰাই এটা ডুব যাব পৰাকৈ সাগৰ হোৱাৰ আগতেই দেউতা সিপুৰীলৈ গৈছিল ৷
মাকে হাঁহিছিল ৷
ৰুপিত মাটি দুপুৰা বিক্ৰী কৰি মাকে ৰঘুক বাদে তিনিওজনকে শিক্ষিত কৰিছিল ৷
চাইকেলৰ মাত শুনি আঠবছৰীয়া ছোৱালীজনী বাহিৰলৈ আহিছে ৷ তাইৰ হাতত কিটকেট দুটা আৰু মাংসৰ টোপোলাটো তুলি দিয়ে ৷
“দেউতা, ডাক্তৰণী পেহী আহিছে ৷”
“কোন ?” সি বুজি নাপালে ৷ পানৰ বস্তাটো বাৰন্দাতে থৈ ভিতৰলৈ যাবলৈ বিচাৰে ৷
“আপুনি বাহিৰে বাহিৰে দমকলতে গাটো ধুই আহকগৈ ৷ বাইদেউৰ আগত এনেকৈ যাব নালাগে ৷”
সি কৰবীৰ কথা নুশুনি ভিতৰলৈ সোমাই যায় ৷
চকীখনত বহি আছে ডা° জাহ্নৱী গোস্বামী ৷ সিহঁতৰ কাষত ওখকৈ ওৱালৰ সিপাৰে থকা ৺বাণীকান্ত গোস্বামীৰ ছোৱালী ৷ গুৱাহাটীত মেডিকেল কলেজত কৰ্মৰত আৰু গুৱাহাটী নিবাসী উকীল বিভাস গোস্বামীৰ পত্নী ৷
“জাহ্নু ?----তই ?”
তাই নুশুনে ৷ তাইৰ নবছৰীয়া ল’ৰা ৰাজে চাৰিবছৰীয়া ৰঘুৰ সৰু ছোৱালীজনীৰ ফ্ৰকটোত ধৰি টানি থকাই তাইয়ো অশান্তি পাইছে ৷
“জাহ্নু ?”
“অ’ তই আহিলি ?” সাৰ পায় তাই চকামকাকৈ ৷ ৰঘুৱে তাইৰফালে চাই থাকে ৷ উত্তৰ দিব নোৱাৰে ৷ কৰবীয়ে  ৰঘুক ইংগিত দিয়ে গাটো ধুই আহিবলৈ ৷ সিও ভাৱে দিনটো কষ্ট কৰি আছে যেতিয়া গাটোকে ধুই ল’ব ৷
“তই বহচোন ৰঘু, এদিন গা নোধোৱাকৈ থাকিলে একো নহয় ৷” সি কিবা এটা ভাবি অকল হাত ভৰিকেইখনকে ধুই জাহ্নৱীৰ লগত চাহকাপ খালে ৷ জাহ্নৱীৱে অনা মিঠাই কেইবিধৰ নাম কৰবীয়ে নাজানে ৷ ৰঘুৰ ককায়েকহঁতে অনা মিঠাইকেইটাৰ সোৱাদতকৈ এইকেইটাৰ সোৱাদ বেছি ৷ কৰৱীয়ে সৰু ছোৱালীজনীক চিঙি চিঙি মিঠাই খুৱাই থাকে ৷ জাহ্নৱীৰ ল’ৰা ৰাজে মনোযোগেৰে চাই থাকে ৷ তাক মাকে বা সিহঁতৰ ঘৰত থকা ননী বাইদেৱেকে সকলো বস্তু চামুচেৰে খাবলৈ শিকাইছে ৷ হাতত বহুত বিজাণু থাকে ৷ খোৱাবস্তু হাত নোধোৱাকৈ একো খাব নালাগে ৷ কৰোনা ভাইৰাছ অহাৰেপৰা হাত ধোৱাৰ পৰিমাণটো বেছি হৈছে ৷ লগতে চেনিটাইজাৰটো থাকে ৷ সি মাকৰ মুখলৈকে চাই আছে ৷ মাক আৰু পাপাকে বাহিৰৰ পৰা আহিলে বাথৰুমত গা পা ধুইহে তাক চুব পাৰে ৷ সেইজনী মাকে ৰঘু আংকলক এদিন গা নোধুলেও হ’ব বুলি বহিবলৈ কৈছে ? মাক্স নাই কাৰোৰে মুখত ৷ ঘৰৰ বাৰন্দাত চেনিটাইজাৰ নাই ৷ তাৰে সমনীয়া ছোৱালীজনীয়ে হাতখন এনেয়ে এবাৰ পানীৰে ধুই হাতেৰে মিঠাই খাইছে ৷ সিয়ো চামুচখন এৰি হাতেৰে মিঠাই খায় ৷ মিঠাইৰ ৰস হাতেৰে বৈ তাৰ স্পৰ্টিংটোৰ ভিতৰেৰে বৈ গৈছে ৷ জাহ্নৱীয়ে দেখা নাই ৷ কৰৱীয়ে দেখিছে ৷ ডাঙৰ ষ্টীলৰ বাতিটোত পানী লৈ ৰাজৰ হাতখন ধুৱাই চাদৰখনেৰে মছি দিয়ে ৷
“হাই জিনিয়াচ, কি খবৰ” বুলি ৰঘুৱে ৰাজৰ গালখনত এটা আঙুলিৰে টোকৰ দিয়ে ৷”হাঁহি এটা মাৰে ৷ মাখন হেন চেহেৰাটোত হাঁহিলে তাৰ গালখনত টোল এটা পৰে ৷ তাৰ চিনাকি ৷ সি মামাকৰ লগত ইয়ালৈকে কেতিয়াবা আহে ৷ মাকক অহা কেতিয়াও দেখা নাই ৷ মাকে এৰাতিয়েই বেছিকৈ থাকে ৷ তাৰ মন গ’লে থবলৈ আহে বা নিবলৈ আহে ৷
“কাইলৈ তুমি মোক বন্দুক মাৰিবলৈ শিকাবা ?”
“বন্দুক ?” জাহ্নৱীয়ে আচৰিত হৈ ৰঘুৰ ফালে চালে !
“কেটেপা ৷ যোৱাবছৰ এমাহ থকাকৈ যে ইয়ালৈ আহিছিল, মইয়েই এদিন কেটেপা মৰা শিকিইছিলোঁ ৷ চৰাই এটা মাৰিবলৈ বৰকৈ ধৰিছিল ৷ এতিয়া চৰাইচিৰিকটি মাৰিব নোৱাৰোঁ ৷ সেয়ে পুনৰ আহিলে চৰাই মাৰিবলৈ শিকাম বুলি কৈ পঠিয়াইছিলোঁ ৷ মায়ে মোক গালি পাৰিছিল ৷ আৰু এমাহমান থাকিলে বোলে সৰুকালৰ ৰঘু কৰি পঠাই দিলোহেঁতেন ৷ একেই বোলে তোৰ ৰাজো, মোৰেই নিচিনা ৷ সেয়ে জিনিয়াচ বুলি মাতোঁ ৷ বেয়া পাইছ’ নেকি তই ?”
“জিনিয়াচ নহয়, ৰাজক তই জুনিয়ৰ বুলি মাতিবি  ৷”
“তাৰমানে ?”
“একো নহয় ৷ আমি এতিয়া যাওঁ, ৰাতি হ’ল ৷” 
এমাহ তাই বিভাসৰ স’তে দিল্লীলৈ গৈছিল ৷ “তাজ” হোটেলত থকা এমাহে তাইৰ ল’ৰা ৰাজে ৰঘুৰ স’তে চাইকেলত উঠি অৰঙে দৰঙে ঘুৰি ফুৰিছিল ৷ 
পিছদিনাখনে ৰঘুহঁতৰ পৰিয়ালটোক জাহ্নৱীয়ে তাইৰ মাকৰ ঘৰখনলৈ ভাত খাবলৈ মাতে ৷ 
কৰবীয়ে ৰঘুৰ মুখলৈ চাই ৷
“আমি তহঁতৰ ঘৰখনত ভাত খালে তহঁতৰ জাত নাযাব ?” ৰঘুৱে তাইৰ চকুৱেচকুৱে চাই সোধে ৷ কাৰণ সিহঁত কায়স্থ উপাধিৰ । নিম্ন বৰ্গৰ ৷ কাম কৰি দিওতে এদিন ৰঘুক ভাত খাবলৈ দিছিল জাহ্নৱীৰ মাকে  ৷ এদিনেই খাইছিল ৷ জাহ্নৱীৰ আইতাকে তাক কাঁহীখন ধুই থৈ আহিবলৈ কৈছিল ৷  সি কাঁহীখনকে সকলোৰে আগত দলিয়াই দিছিল ৷ 
“এইখনৰো জাত গ’ল ৷ নতুনকৈ কিনি লবি।” জাহ্নৱীয়ে সেইদিনা ৰঘুৰ চকুত জুই দেখিছিল ৷ তাৰপাছত কোনোৱে তাক ভাত খোৱাৰ কথা ক’বলৈ সাহস কৰিব পৰা নাই ৷
“জাত যোৱা মানুহবোৰ এতিয়া নাই নহয় ৷ দহবজাৰ আগতে ৰাজৰ শোৱাৰ অভ্যাস ৷ আমি যাওঁ ৷” 
ৰঘুৱে কৰবীক কয় আজি তাৰ পহৰাৰ পাল্লা থকা বুলি ৷ খানা হ’ব ৷ সি আজি ইয়াতে ভাত নাখায় ৷
“আপুনি দেখোন পহৰাৰ পাল্লা থাকিলে খানা নাখায় ৷ আজি কিয় খাব ?”
“এনেয়ে ৷” 
“যাওঁ আমি ৷ আহিবি তঁহতে মই ৰৈ থাকিম ৷”
ৰঘুই একো ক’ব নোৱাৰে ৷ সম্পূৰ্ণ দহবছৰৰ মূৰত তাইৰ সৈতে আজি মুখামুখি হৈছে ৷ ক’বলৈ একো নাই ৷
ৰঘুক এৰি কৰবীয়ে জাহ্নৱীক আগবঢ়াই সিহঁতৰ গেটলৈকে আগবঢ়াই থয় ৷ 
ৰাজে যোৱাৰ সময়ত সৰু ছোৱালীজনীৰ চুলিকোছা টানি থৈ যায় ৷ কান্দে তাই ফেকুঁৰি ফেকুঁৰি ৷ ৰঘুৰ ফালে চাই চকু এটা টিপিয়াই ৰাজে দৌৰে ৷ জাহ্নবীয়ে ৰাজক ধৰিব নোৱাৰে ৷ ৰঘুই হাঁহি হাঁহি সৰুজনীক কোলাত লৈ বাৰান্দাত নিচুকাই থাকে ৷ 
ৰাতি দহবজাৰ পিছত ৰঘুহঁতৰ বাৰান্দাৰ পৰা দেখা জাহ্নৱীৰ ৰুমৰ লাইটটো আজি জ্বলি উঠে ৷ সুদীৰ্ঘ দহবছৰৰ পিছত দহবজাৰ পিছতো আজি লাইট জ্বলিছে ৷ সেইটো জাহ্নৱীৰ ৰুম আছিল ৷ বিয়াৰ কেইদিনমান পিছৰ পৰা সেইটো ৰুমত তাই থকা নাই ৷ কোনোবাই সন্ধিয়াতে এবাৰ দুবাৰ জ্বলাই পুনৰ বন্ধ কৰি থয়। আন্ধাৰত ডুবি থাকে এফাল ৷ ঘৰটোৰ ৷ 
কেতিয়াবা হৃদয়ৰ আন এটা কোঠালিও এনেকৈ এন্ধাৰত ডুবি থাকে ৷ এবাৰ বন্ধ কৰি আনবাৰ জ্বলাই দিলে ৷ চকু যায় ৰঘুৰ ৷ তিনিবাৰ ! তাৰ পিছত একেবাৰে বন্ধ হয় ৷
সি দিনটো পিন্ধি থকা চাৰ্টটোকে সুমুৱাই লোৱা দেখি কৰবীৰ খং উঠে ৷ ইমান জধলা বুলি গালি পাৰে ৷ দহবজাৰ পৰা এঘাৰবজালৈকে সি চোতালতে ঘুৰাঘুৰি কৰি থাকে ৷
“আমি দৰজা দিওঁনে” বুলি সোধা কৰবীক উত্তৰটো সি দিব নোৱাৰিলে ৷ ছমাহ আগতে মাক ঢুকুৱাৰ পৰা কৰবীয়ে অকলে থাকিবলৈ ভয় কৰে৷
সম্পূৰ্ণ দহবছৰৰ মূৰত সি ইমান ওখ ওৱালখন বগাই জাহ্নৱীহঁতৰ কেম্পাছত ভৰি দিছে ৷ আগতে ভয় কৰিবলৈ জাহ্নৱীৰ দুজন ককায়েক, দেউতাক আছিল ৷ আজি অকলশৰীয়া মাকৰ বাহিৰে কোনো নাই ৷ হাইস্কুলৰ শিক্ষক দেউতাক ঢুকাল ৷ দুয়োজন ককায়েকে চাকৰি কৰা ঠাইতে ঘৰসংসাৰ পাতিলে ৷ জপিওৱাৰ পিছতে সি পিছফালৰ খোলা দৰজাখনৰ কাষত বহি থকা তাৰ জাহ্নুক দেখিলে ৷ 
একেই আছে তাৰ জাহ্নুজনী ৷
সি একে আছে ৷
আকাশৰ জোন তৰাবোৰো একে ঠাইতে আছে ৷
সময়হে একে নাই ৷ তাৰ চল্লিশবছৰ হৈছে যদি জাহ্নুৰ উনচল্লিছ বছৰ ৷ জাহ্নু আগতকৈ দেখিবলৈ বেছি ধুনীয়া হৈছে ৷ গাত অলপ অলপ চৰ্বি জমা হৈছে ৷ দেখিছে সি তাইৰ চকুত তাই আজিয়ো সুখী নহয় ৷
আকাশত কলংকহীন পূৰ্ণ চন্দ্ৰ ৷ 
এটুকুৰা মেঘেহে আহি বাৰে বাৰে চন্দ্ৰটোক ঢাকিব খুজিছে ৷ এখুজি দুখুজিকৈ জাহ্নুৰ কাষলৈ সি আহিছে জাহ্নুৱে সাৱটি ধৰিছে তাক ৷ 
“মই এতিয়া তোৰ হৈ থকা নাই জাহ্নু ৷”
”মইয়ো তোৰ হৈ থকা নাই ৷”
অথচ দুয়োৱে এতিয়াও ইজনেসিজনৰ হৈয়েই আছে ৷ তাই পাৰেমানে তাৰ কেঁচা ঘাঁমবোৰ শুহি ল’ব বিচাৰিছে ৷ দিবলৈ তাৰ এই শৰীৰৰ ঘাঁমখিনিয়েই আছে বাবে তাইক দেখি আজি গা নোধোলে ৷ কৰবীয়ে তাৰ এই ঘাঁমৰ গোন্ধ সহ্য কৰিব নোৱাৰে ৷ যেতিয়াই তাৰ জাহ্নুলৈ মনত পৰে নিজৰ কেঁচা গোন্ধলৈ আনখন বিচনাত শুই থাকে ৷ এদিন দুদিনলৈ সি গাত লৈ ফুৰে তাৰ জাহ্নুক ৷
স্বাস্থ্য সচেতন, বিভাসৰ গা মচা টাৱেলখনেই শ্বেয়াৰ নকৰা ডা° জাহ্নৱী গোস্বামীয়ে ৰঘুৰ গোন্ধটো বিচাৰি উদ্বাউল হৈ থাকে ৷ আনকি বিভাসে ডিউটিৰ পৰা অহাৰ পিছত চাৰ্টটো ওৱাচিন মেছিনত দিয়াৰ আগতে বহুদিন শুঙি শুঙি চাইছিল ৷ পিছত বেছিনলৈ গৈ তাইৰ ওকালি ওকালি অৱস্থা কাহিল হৈছিল ৷ জাহ্নুৰ এই আলিংগনৰ মতলীয়া সুৱাস কৰবীৰ শৰীৰত সি বিচাৰে ৷ এটা ভাগৰুৱা শৰীৰত সদায় কঢ়িয়াই ভাগৰুৱা মন এটা ৷ তাৰ পিছতো শৰীৰৰ পৰা কেঁচা ঘাম ওলাবলৈ সকলো কামেই কৰে। 
দুয়ো দুটা নদীৰ পাৰ ৷
পাৰত কঁহুৱা ফুলাই গতি কৰি আছে মাজত প্ৰেমৰ চাদৰ এখন বোৱাই ৷ একেলগ হ’বলৈ সিহঁতে কেতিয়াও নিবিচাৰিলে ৷ বিচাৰিলে যে সেইটো নদী হৈ থাকিব নোৱাৰে ৷
সৰ্পিল গতিৰে নদীৰ দৰে জীৱনে গতি কৰে ৷ নদীৰ দুয়োপাৰে সভ্যতা গঢ়ি উঠে ৷
আজি দহবছৰ একমাহ ছয়দিনৰ মূৰত তই মোক কিয় বিচাৰি আহিছ’ ?
“তোক বিচাৰি অহা নাই নহয় ! কেনেকৈ জানিলি তোক বিচাৰি অহা বুলি !”
“তোৰ চকুৱে কৈছে ৷ তই মোক সেয়ে গা ধুবলৈ নিদিলি ৷”
“কেইদিনমানৰ পৰা তোলৈ বৰকৈ মনত পৰি আছে ৷ সকলো বান্ধোন এৰি আহিছোঁ এবাৰ । মই পাপ কৰিছো নেকি ৰঘু ?”
“পাপ পূৰ্ণৰ কথা কিতাপৰ পাততহে আছে ৷ তইহে জানিবি ৷ মই মেট্ৰিকটোকে পাছ কৰিব নোৱাৰিলোঁ ৷”
তাই হাতত ধৰি তাক ৰুমৰ ভিতৰলৈ লৈ আহে ৷ ঢাকনিখন গুছাই ভাতৰ কাঁহীখনৰ ৷ আইতাকে কাঁহীখন ধুবলৈ দিয়াৰ দিনাৰ পৰা জাহ্নুৰ বিয়ালৈকে তাক এইখন ঘৰত ভাত খুৱাব কোনোৱে নোৱাৰিলে ৷ তাইয়েই হাতখন ধুৱাই তাক ভাত দুগৰাহ খুৱাই দিয়ে ৷ সকলো বান্ধোন কাটি কৰি দুয়ো আজি মুকলি হৈছে ৷ পিয়াহত আতুৰ হৈ থকা তৃষ্ণাতুৰ চৰাই দুয়ো ৷ সৰুতে গেজেপনি মৰা সেই বাহনিডৰাৰ তলত যে সিহঁতে লুকাই আছিল দিনটো ৷ এপাকত সি আহি পাকঘৰৰ পৰা ভাত নি তাইক খুৱাই দিছিল হাফপেণ্টটোত হাতখন মছিয়েই ৷ সেইজনী জাহ্নুক একেখন হাতেৰে ভাত অলপ খুৱাই দিলে । কথাপাতিলে সেই সৰুছোৱালীজনী হৈয়েই তাৰ বুকুতে মূৰটো পেলাই ৷ সকলোবোৰ নষ্টালজিক ৷ এৰি অহা দিনৰ কথা ৷ মৰম কৰে তাইক বিভাসে ৷ ভাল পাইয়েই দুয়োৱে বিয়া হৈছে ৷ কৰবীকো ভাল পাইয়েই পলুৱাই আনিছে ৰঘুৱে ৷ ইজনেসিজনৰ প্ৰেমকাহিনীৰ প্ৰথম শ্ৰোতা দুয়োৱে ৷
এপাকত আন এটা ৰুমত আইতাকৰ সৈতে শুই থকা ৰাজলৈ তাই আঙুলিয়াই দিয়ে ৷  
“জুনিয়ৰ ৰঘু ৷ তোৰ নামৰ “ৰঘুৰাজ”ৰ পৰা “ৰাজ”টো মই তোক নোসোধাকৈয়ে লৈছোঁ ৷ একেই তোৰ দৰে দস্যু।”
ৰঘুৱে বিশেষ বুজি নাপায় ৷ “ৰাজ” নামটো স্কুলতহে লিখিছিল ৷ হ’লেও টোপনি যোৱা ৰাজক সি আনটো ৰুমৰপৰা চাই থাকে।
সিহঁতৰ শৰীৰৰ ভোক আঁতৰিছে ৷ দুয়ো সুখী সিহঁতৰ জীৱন সংগীৰ পৰা । সুখী কৰিবলৈ অহৰহ চেষ্টায়ো কৰে ৷
পোহৰ হোৱাৰ আগে আগে ৰঘুৱে ঘৰলৈ যায় ৷ জাহ্নুক এৰি আহোতে তাৰ কেনেবা কেনেবা লাগে ৷ বুকুখনত বিষ এটা উঠে ৷ আৰু হেনো তাই নাহে ৷ মনত পৰিলে ফোন কৰিবলৈ তাইৰ কাৰ্ড এখন তাৰ হাতত দিয়ে ৷
“তোৰ চকুকেইটা দেখা নাপালে তোৰ কথা বুজি নাপাম ৷”
“তোৰ চকুযুৰি মোৰ লগতে আছে ৷”
“কেনেকৈ ?”
“আজিৰ পৰা ভাবি থাকিবি ৷ বুজি পোৱাৰ দিনাখনে মোক তই ফোন কৰিবি ৷” তাই পাৰ্চৰ পৰা কাগজ এটুকুৰা দেখুৱায় ৷
“তোৰ লাভলেটাৰ !”
“তোলৈ মোৰ মনত পৰে ৷” কটনত বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ পিছতে তাই যেতিয়া হোষ্টেলৰ পৰা আহিছিল সি তাৰ শালিকা ঠেঙীয়া আখৰেৰে তাইক কাগজ টুকুৰা  দিছিল ৷ তেতিয়া সি স্কুললৈ যাবলৈ একেবাৰে বাদ দিছিল ৷
দুয়োৱে হাঁহিছিল সেইদিনা ৷
আজি দুয়োৱে কান্দিলে ৷
কাৰ্ডখন টকাকেইটাৰ মাজত থৈ বাৰন্দাত থ’লে ৷ গা ধুলে সি পানী মাৰি মাৰি দমকলৰ পাৰতে ৷ আজিৰপৰা সদায় গা ধুব ৷ ঘাঁম ওলালেই গা ধুব ৷
“আপোনাৰ চাৰ্টটো ?
চাৰ্টটো ক’লৈ গ’ল ?”
“ক’ৰবাত খুলি থৈ পাহৰিলোঁ ৷”
“ভালেই হ’ল চাৰ্টটো পুৰণি হৈছে ৷ নতুনকৈ এটা কিনি আনিব ৷” বাঢ়নীটোৰ চৰত চৰতকৈ উঠা শব্দটো তাৰ বুকুতে লাগিছেহি ৷
“তোৰ চাৰ্টটো মই লৈ যাম ৷ চাৰ্টটোত লাগি থকা গোন্ধটোৱে ইয়ালৈকে নহাকৈ ৰাখিব মোক ৷” নিজে বুটাম খুলি জাহ্নুৱে ৰঘুৰ চাৰ্টটো খুলি পেলাইছিল।  শেষবাৰৰ বাবে তাইক সাৱটি ধৰিছিল ৷
সি মৰম কৰিব নাজানে ৷ কৰবীয়ে মাজে মাজে কয় ৷ তাৰ মৰম কৰিব নজনা ওঠে জাহ্নুৰ বুকু ভৰাই তোলে ৷
এমাহ পাৰ হৈ গ’ল ৷
সেইদিনাৰ দৰেই আজি চতুৰ্দশপদী জোনাক ৷
চন্দ্ৰটোৱে আজি পোহৰ বিলাব খোজা নাই ৷ এমাহ আগৰ পৰা উঠা বিষটো আজি তাৰ বেছি হৈছে ৷ ভাত খোৱাৰ পিছত সি বাহিৰতে ইফালেসিফালে ঘুৰি আছে ৷ জাহ্নুৰ বিয়াৰ দিনালৈকে সিহঁতে গমেই পোৱা নাছিল ইজনেসিজনক যে ভালপায় ৷
“তইয়ে মোৰ কইনা ৷ ব’ল আমি বিয়া হওঁ ৷”পুৰৈ শাকৰ পকা গুটিৰ সেওতা ৰাঙলী কৰি দিছিল ৷ বকুলফুলৰ মালা গাঁথি ইজনেসিজনক পিন্ধাই দিছিল ৷ মেজিৰ জুইৰ চাৰিওফালে হাতত ধৰি সাতপাক ঘুৰিছিল ৷ এদিনতে সম্পূৰ্ণ হোৱা নাছিল বিয়াখন ৷ গোটেই শৈশৱছোৱাই লাগিছিল ৷ জনা হোৱাৰ পিছত দুয়োৱে আঁৰে আঁৰে ৰৈ গৈছিল ৷ পঢ়া বাদ দি সি গাড়ীৰ হেন্দিমেন হ’বলৈ গুছি গৈছিল ৷
দেউতাক ঢুকুৱাৰ পিছত জাহ্নুক নেদেখি নন্দুক সুধিছিল তাইৰ কথা ৷ ইতিমধ্যে তাৰ ককায়েক কেইজনে কলেজত পঢ়ি আছিল ৷
হোষ্টেলৰ পৰা আহি জাহ্নুৱে সিহঁতৰ দেউতাকৰ খবৰ ল’বলৈ গৈছিল ৷ সি কাগজ টুকুৰাত লিখি তাইৰ হাতত দিছিল ৷
তাৰপিছত ?
সিহঁতে দেখাদেখিকৈ কথা পাতিলে ঘৰৰ মানুহে বেয়া পোৱা হ’ল ৷ সেয়ে ৰাতি দহবজাৰ পিছত ওৱাল পাৰ হৈ তাইৰ ৰুমলৈ যায় ৷ সি কৈ যায় কৰবীক ভালপোৱাৰ কথা ৷ তাইয়ো কয় বিভাসৰ কথা ৷ তাইৰ হাতত তুলি দিয়ে আমলখি, মধুৰিআম, শিলিখা কেইটামান হোষ্টেললৈ লৈ যাবলৈ ৷ চাকৰি পোৱাৰ পিছতে তাইৰ বিয়া হৈ গুছি যোৱাৰ পৰা সি ক’তো শান্তি  নোপোৱা হ’ল ৷ তাইৰো ঠিক তেনেকুৱাই ৷ ঢাপলি আহে তাই ঘৰলৈ ৷ ইতিমধ্যে মাজৰাতিহে ঘৰ সোমাৱা কৰিছিল সি ৷ মাকে ৰৈ ৰৈ তালৈ পৰ দিয়ে ৷
ৰাতিটো লাইট জ্বলাই, বন্ধ কৰি তাই ৰুমত পুনৰ ৰঘুৰ বাবে সেইদিনা ৰৈ থাকে ৷ মাজৰাতি সি আহি ওলায়হি ৷ বান্ধোনৰ সকলো সীমা পাৰ কৰিলে সেইদিনা ওখ দেৱালখনৰ দৰে ৷ চেতনা অহাৰ পিছত কোনোদিনে মুখ নোচোৱাৰ প্ৰতিশ্ৰুতিৰে দুয়োৱে পাছৰাতি এৰাএৰি হৈছিল ৷ দুদিন পিছতে সি কৰবীক ঘৰ সুমুৱাইছিলহি ৷
গোমা হ’লেও আকাশফালি পোহৰে বাট বিচাৰিবলৈ ধৰে ৷ “জুনিয়ৰ, জুনিয়ৰ !” “তাৰ দুচকু তাইৰ লগত৷” 
দৰজাখুলি কীৰ্ত্তনঘোষা খনৰ পৰা কাৰ্ডখন উলিয়াই লয় ৷ মাজৰ পৰা ওলাই পৰে চেপেটা লেৰেলি যোৱা বকুলফুলৰ মালা এধাৰি ৷ 
দুয়োটা লৈ বাহিৰৰ চকীখনত শিল হৈ বহি পৰে ৷ বুকুৰ বিষটো তাৰ বেছি হয় ৷ মোহাৰি দিয়ে নিজে নিজে৷
সি আজি জাহ্নুলৈ ফোন কৰিব ৷
তাপ মাৰে ৷
সি কি কথা পাতিব ?
মনত পৰিছে বুলি ক’ব ৷
ক’বলৈ দেখোন তাৰ শব্দই নাই ৷ গোটেইবোৰ শব্দ তাই কাহানিবাই সামৰি লৈ গৈছে ৷
“দেউতা বৰতাৰ ফোন !” ডাঙৰজনীয়ে ফোনটো তাৰ হাতত দিয়ে ৷
ডা° নিত্যানন্দয়ো গুৱাহাটী মেডিকেল কলেজতে কাম কৰে ৷ কভিড ডিউটিত থকা বুলি কালি কথা পাতি উঠিছিল ৷ তাক এতিয়াও ককায়েকহঁতে এৰি দিয়া নাই ৷ অভাৱ নোপোৱাকৈ ৰাখিছে মৰমেৰে, টকাৰে ৷
“ক’ !”
“বেয়া খবৰ এটা আছে ৷
: জাহ্নৱীৰ কভিড ডিউটিৰ পিছত তাইৰো কভিড পজিটিভ হৈছিল ৷” দুয়ো ভায়েকৰ বুকুৰ ধপধপনি বাঢ়িছে ৷
“তাৰপাছত ?”
শব্দহীন মিছাইল ৷ বুকুৰ বিষটো তীব্ৰৰ পৰা তীব্ৰতৰ হয় ৷
“জাহ্নুৱে ৰাতি তোক এৰি গুছি গ’ল একেবাৰে ৷”

অঙ্গন:  পৃষ্ঠাঃ 40
এক মিনিটৰ গল্প

নেদেখা জুইৰ ধোঁৱা

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও

মৈত্ৰী‌ আৰু‌ নন্দিনী দুয়োজনী বান্ধৱী সৰুৰ  পৰা একে লগে ডাঙৰ দীঘল হৈছিল আৰু একেলগে পঢ়া -শুনা কৰিছিল। সিহঁত দুয়োজনীৰ  সম্পৰ্কটো  বায়েক -ভনীয়েকৰ দৰে । নন্দিনীৰ দেউতাক সৰুতে ঢুকোৱাৰ বাবে বান্ধৱী মৈত্ৰীৰ দেউতাককে নিজৰ দেউতাকৰ দৰে ভাবিছিল আৰু তেখেতেও তাইক নিজৰ ছোৱালী মৈত্ৰীৰ দৰে মৰম কৰিছিল। মেত্ৰিক পৰীক্ষাত সফলতাৰে  উত্তীৰ্ণ হোৱাৰ পিছত দুয়োজনীয়ে একেখন কলেজতে নামভৰ্তি কৰিলে।
কলেজত লগ পোৱা বন্ধু -বান্ধৱী সকলৰ ভিতৰত আশীষৰ  লগত সিহঁতৰ ভাল বন্ধুত্ব গঢ়ি উঠিল। এই বন্ধুত্ব পাছলৈ নন্দিনী আৰু আশীষৰ মাজত প্ৰেমৰ ৰূপ ললে। পঢ়া -শুনা শেষ হোৱাৰ পাছত সিহঁত নিজ নিজ কৰ্মত  ব্যস্ত হৈ পৰিল। তাৰ মাজতে নন্দিনীৰ মাকে নন্দিনীৰ আগত তাইৰ বিয়াৰ কথা ওলিয়ালে। মোৰো বয়স হৈ আহিছে সেইয়ে সময় মতে এজন উপযুক্ত পাত্ৰ চাই তোমাক বিয়া দিয়াৰ কথা ভাবিছোঁ । তেতিয়া তাই মাকক আশীষৰ  কথা ক'লে আৰু আশীষৰ বাদে বেলেগৰ লগত বিয়াত নবহো বুলি ক'লে। মাকে এই কথাত মান্তি হোৱা নাছিল। কাৰণ আশীষ মধ্যবিত্ত পৰিয়ালৰ ল'ৰা আৰু তাই হ'ল চহৰৰ বিখ্যাত উকীল মনোৰমা চৌধুৰীৰ একমাত্ৰ কন্যা। শেষত নন্দিনীয়ে উপাই নাপাই আশীষৰ লগত ঘৰৰ পৰা আঁতৰি আহি বিয়াত বহিব‌ লগা হ'ল। এই‌ ক্ষেত্ৰত মৈত্ৰী আৰু মৈত্ৰীৰ ঘৰ খনে তাইক সকলো ক্ষেত্ৰতেই সহযোগিতা কৰিছিল আৰু নন্দিনীৰ বিয়াত মাক মনোৰমা চৌধুৰী উপস্থিত থকা নাছিল সেই কাৰণে মৈত্ৰী‌ৰ মাক- দেউতাকে বিয়াৰ সকলো দায়িত্ব লৈ আশীষ আৰু নন্দিনীৰ বিয়া পাতি দিলে।নন্দিনী আৰু মৈত্ৰীৰ আগৰ পৰা সপোন আছিল একেখন ঘৰলৈকে বিয়া হোৱা সেইয়ে নন্দিনীয়ে সিহঁতৰ বিয়াৰ পাছত আশীষৰ ভা‌য়েক শ্লোক আৰু মৈত্ৰীৰ বিয়াৰ কথা আশীষৰ আগত ক'লে। আশীষ এই কথাত একমত হ'ল। কিন্তু আশীষৰ মাকৰ মৈত্ৰী‌ক ৱোৱাৰী কৰি আনিবলৈ অলপো মন নাছিল। আশীষ আৰু নন্দিনীৰ কথা পেলাব নোৱাৰি এই বিয়াত সন্মতি দিছিল। সিহঁতে ভবাৰ দৰে সিহঁতৰ সকলো সপোন বাস্তৱত পৰিণত হৈছিল। হঠাৎ যেন সিহঁতৰ সুখত নিয়তিৰ চকু পৰিল। আশীষৰ বন্ধু ৰাহুলৰ নিমন্ত্ৰণ পাই আটাইয়ে ৰাহুলৰ ঘৰলৈ গৈছিল। সেই দিনা বতৰো অলপ বেয়া 
আছিল। সিহঁতৰ ঘৰলৈ উভতি আহোঁতে যথেষ্ট পলম হৈছিল । সিহঁত অহা গাড়ীখন যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাত পতিত হয় আৰু বেছি কৈ আঘাত পোৱা শ্লোকৰ থিতাতে মৃত্যু হয়। আশীষৰ মাকৰ মৈত্ৰীৰ  প্ৰতি অকণো ভাল ভাব নাছিল। পুত্ৰৰ মৃত্যুৰ বাবে মাকে মৈত্ৰীকে দোষাৰূপ কৰিলে। সুবিধা বুজি আশীষৰ মাকে মৈত্ৰী আৰু নন্দিনীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিলে। মাকে সদায় উচতাই  থকাৰ কাৰণে নন্দিনীয়ে মৈত্ৰী‌‌ আৰু আশীষক সন্দেহ কৰিবলৈ ললে। সিহঁতৰ মাজত সৰু সৰু কথাত কাজিয়াৰ সূত্ৰপাত হ'ল। মৈত্ৰীৰ বাবে নন্দিনী আৰু আশীষৰ মাজত এনে হোৱা দেখি তাইৰ বেয়া লাগিল ।তাইৰ কাৰণে যে সিহঁতৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে সেইয়ে তাই সিহঁতৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ললে। তাই আশীষক তাইৰ বাবে এটা চাকৰি যোগাৰ কৰি দিয়াৰ কথা ক'লে। সেইয়ে আশীষে তাৰ বন্ধু ৰাহুলৰ ওচৰলৈ মৈত্ৰীক লৈ গৈছিল নন্দিনীয়ে এই কথা গম পোৱা নাছিল। মাকৰ উচতনিত ঘৰলৈ অহাৰ পাছত মৈত্ৰীক আশীষৰ লগত সম্পৰ্ক থকা বুলি কৈ নন্দিনীয়ে মৈত্ৰীক বেয়াকৈ অপমান কৰিলে। নন্দিনীৰ বুকুত ওমি‌ ওমি জ্বলি থকা জুই‌ কোৰাই  ভয়ংকৰ ৰূপ ললে। লাজে অপমানে জৰ্জৰিত হৈ আশীষৰ বাধা নামানি মৈত্ৰী ঘৰৰ পৰা ওলাই গ'ল।

অঙ্গন: পৃষ্ঠা 41
শেষ পৃষ্ঠাৰ লেখাঃ

আপোনাৰ এণ্ড্ৰয়দ ফোনটো বন্ধু নে শত্ৰু ?

মানুহৰ অনুসন্ধিৎসু মনটোৰ বাবেই মানুহে প্ৰতিটো ক্ষণত নিজকে নতুন নতুন ৰূপত আবিস্কাৰ কৰিবলৈ সক্ষম হৈছে। যাৰ ফলশ্ৰুতিত আদিম বৰ্বৰ জীৱন শৈলী ত্যাগ কৰি মানুহে সভ্যতাৰ পোহাৰ মেলি জীৱন নিৰ্বাহ কৰিবলৈ ল'লে। মানুহে সভ্যতাৰ দিশত অগ্ৰসৰ হোৱাৰ পৰাই বিজ্ঞানৰ নৱ নৱ আৱিস্কাৰে মানুহক আৰু অনুসন্ধিৎসু কৰি তুলিলে যাৰ পৰিপেক্ষিতত আমি সৌৰজগতৰ দিশেও মন মেলিব পৰা হ'লো। এই বিজ্ঞানৰ উত্তৰণৰ ফলতেই সম্প্ৰতি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান ৩ ক অৱতৰণ কৰাই ভাৰতে বিশ্বৰ প্ৰথমখন দেশ হিচাপে নিজকে প্ৰতিস্থা কৰাৰ লগতে চন্দ্ৰপৃষ্ঠত ভৰি থোৱা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে খ্যাতি অৰ্জন কৰিলে। এই বিজ্ঞানৰেই অনন্য উপহাৰ এণ্ড্ৰয়দফোন। যি আজি আমাৰ বাবে আলোচ্যৰ বিষয় হৈ পৰিছে।
         এটা তেনেই সাধাৰণ যন্ত্ৰ এণ্ড্ৰয়দ মোৱাইলফোন। যাৰ সহজ ব্যৱহাৰে বৰ্তমান যেন পৃথিৱীৰ পৰিসৰ কমাই আনিছে। মনৰ দৰেই তীব্ৰবেগী এণ্ড্ৰয়দে মুহূৰ্ততে বিশ্বৰ যিকোনো ঠাইত আমাক উপস্থিত কৰাব পাৰে বা যিকোনো ব্যক্তিৰ সৈতে প্ৰতক্ষ্যদৰ্শী হৈ বাৰ্তালাপ কৰাব পাৰে। ফলত আমি সহজতে খবৰ বাৰ্তাৰ পৰা আদি কৰি বিভিন্ন বিষয়ত জ্ঞান আহৰণ কৰিবও পাৰিছো। কিন্তু কথা হ'ল আমি ইয়াৰ সঠিক ব্যৱহাৰ কৰিব পাৰিছোনে ? 
          বৰ্তমান সময়ত সমাজত সংঘতিত বিভিন্ন সমাজ বিৰোধী কাৰ্যকলাপ সমূহ বহু শতাংশ আমাৰ এণ্ড্ৰয়দ ফোনৰ সম্পৰ্কত অজ্ঞানতা বা অপব্যৱহাৰৰে ফল। যাৰ ফলত আত্মসন্মান হানি হোৱাৰ লগতে বংশ-পৰিয়াল, মিতিৰ-কুটুমৰো মৰ্যদা হানি হৈছে। এচাম চতুৰ ব্যক্তিৰ চতুৰালিত কিছু লোভী বা অজ্ঞানী লোক প্ৰতি দিনে এই এণ্ড্ৰয়দ ফোনটোৰ বাবেই বন্দী হৈ পৰিছে। তেওঁলোকে নিজৰ স্বাৰ্থপূৰণৰ বাবে নানান প্ৰলোভনেৰে এই লোক সকলক প্ৰলোভীত কৰি হয়তো নিজৰ লগত লৈ গৈছে নহ'লেবা ব্লেকমেইলিং কৰি বহু ক্ষতি কৰিছে। ফলত বহু লোকে আত্মহত্যাৰ দৰে পথো বাচি ল'বলৈ বাধ্য হৈছে। আকৌ কিছু লোকে ঘৰ-সংসাৰ এৰি পলাই গুচি গৈছে বা কিছু লোকে নতুনকৈ সংসাৰ পাতিছে। এটা সাধাৰণ আৱিস্কাৰ আৰু তাৰ বিস্তাৰিত প্ৰভাৱে চাওকচোন মানৱ সমাজত কিদৰে বহুল প্ৰভাৱ পেলাইছে।
          ওপৰত কৈ অহাৰ দৰে এই এণ্ড্ৰয়দ ফোনটোৰ ভাল গুণো যথেষ্ট আছে আৰু সেই ভাল গুণে ভালক ভালৰ পৰা বহু ভাললৈ পৰিবৰ্তনো কৰিছে। গতিকে মই শিৰোনামত প্ৰশ্ন কৰাৰ দৰে আমি ব্যৱহাৰ কাৰী সকলে আহকচোন নিজকে এবাৰ প্ৰশ্ন কৰোঁ যে "এণ্ড্ৰয়দ ফোনটো মোৰ বন্ধু নে শত্ৰু ?" উত্তৰ আপুনি নিজেই পাব আৰু সেই উত্তৰৰ গইনা লৈ আহকচোন নিজক পৰিবৰ্তন কৰাৰ লগতে ঘৰখন, বংশটো,  সম্বন্ধবোৰৰ লগতে  সমাজখনলৈও শোভ বাৰ্তা কঢ়িয়াই আনি মানৱ জীৱনক প্ৰকৃত মূল্য প্ৰদান কৰোঁ।
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
6000709096

অঙ্গন:  পৃষ্ঠাঃ 42


Post a Comment

0 Comments