অঙ্গনঃ চতুৰ্থ বছৰ (৫ নং সংখ্যা)


১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 আগষ্ট 2023.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 3
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 5
👉প্ৰৱন্ধ : পৃষ্ঠা-- 6-9
👉ধাৰাবাহিক: পৃষ্ঠা--10
👉অণুগল্প : পৃষ্ঠা -- 11-14
👉অনুবাদ সাহিত্য : পৃষ্ঠা--15-16
👉কবিতা: পৃষ্ঠা--17-33
 👉নীলা খামৰ চিঠি: পৃষ্ঠা--34
  👉অনুভৱ: পৃষ্ঠা--35-36
👉গল্প: পৃষ্ঠা--37-39
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা-- 40

অঙ্গন: পৃষ্ঠাঃ 4
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

এই সংখ্যাৰ বেটুপাতত
প্ৰিয়াংকা মহন্ত, হাৰিয়ানা

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ 5
সম্পাদকীয়ঃ
দাৰ্জিলিং
(দ্যা কুইন অৱ হিলছ্)
 
অসমত যেতিয়া গ্ৰীষ্মৰ প্ৰকোপ বাঢ়ে তেনে সময়তে অসমৰ কিছু সংখ্যক লোকে শীতল ঠাইলৈ ফুৰিবলৈ যায়, তেনে ঠাইত ফুৰি শীতল পৰিৱেশৰ আমেজ লয়। শীতল ঠাই বুলি ক’লেই প্ৰথমেই আমাৰ মনলৈ আহে গুৱাহাটীৰ পৰা প্ৰায় ১০০ কিঃমিঃ দূৰত্বত অৱস্থিত মেঘালয় ৰাজ্যৰ ৰাজধানী শ্বিলঙৰ কথা৷ অসমৰ বহু লোকে ইতিমধ্যে শ্বিলঙত ঘূৰিছে ফুৰিছে, তাৰ জলবায়ুৰ লগত চিনাকি হৈছে৷
একেদৰে অসমৰ গাতে লাগি থকা পশ্চিম বংগৰ এখন উল্লেখযোগ্য জিলা দাৰ্জিলিঙতো এনে সময়ত বহু লোকৰ সমাৱেশ ঘটে৷ কিয়নো শ্বিলঙৰ দৰে ইয়াৰ জলবায়ু শীতল আৰু উপভোগ্য৷শুকুলা মেঘৰ আঁৰে আঁৰে পাহাৰীয়া একাঁ-বেকাঁ পথেৰে ভ্ৰমণ কৰি পৰ্যটকসকলে প্ৰাকৃতিক সৌন্দৰ্যৰ আমেজ লয়।
গুৱাহাটীৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিলে প্ৰায় ৫০৭ কিঃ মিঃ নিলগত অৱস্থিত দাৰ্জিলিং অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ৷ বছৰৰ মাৰ্চৰ পৰা মে মাহ আৰু ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত দেশৰ লগতে বিদেশৰ পৰাও বিভিন্ন পৰ্যটকে দাৰ্জিলিং চাবলৈ যায়।  দাৰ্জিলিঙৰ কেইটামান বিশেষভাবে বৈশিষ্ট্য এনেধৰণৰঃ-
১৷ বতৰ ভাল হ’লে দাৰ্জিলিঙৰ পৰা হিমালয় পৰ্বতৰ সৰ্বোচ্চ উচ্চ শৃংগ এভাৰেষ্ট দেখিবলৈ পোৱা যায়৷
২৷ দাৰ্জিলিঙৰ প্ৰতিটো ভিউ পইণ্ট, প্ৰতিটো কেপশ্বন বহু ধুনীয়া বাবে ইয়াক কুইন অফ হিলছ বুলিও কোৱা হয়৷
৩৷ ইয়াতেই দেশৰ ভিতৰত প্ৰথম ৰোপৱে আৰম্ভ হয়৷
৪৷ দেশৰ ভিতৰৰ লগতে বাহিৰতো দাৰ্জিলিঙ চাহৰ এক বিশেষ মূল্য আছে৷
৫৷ দাৰ্জিলিঙৰ চিৰিয়াখানাত এতিয়াও ৰঙা পাণ্ডা আৰু ক’লা ভালুকৰ দৰে দুৰ্লভ প্ৰজাতিৰ প্ৰাণী আছে৷
দাৰ্জিলিঙত পৰ্যটকে দৰ্শন কৰিব পৰা ঠাইসমূহৰ ভিতৰত টাইগাৰ হিল (য’ৰ পৰা সূৰ্যোদয় বৰ সুন্দৰকৈ দেখা যায়), বাটাচিয়া লুপ, ৰ’ক গাৰ্ডেন, জাপানীছ টেম্পল, পিচ পগোড়া, চিৰিয়াখানা, মেল বজাৰ আদি উল্লেখযোগ্য৷
দাৰ্জিলিঙৰ দৰে অসমতো এনে বহু আকৰ্ষণীয় ঠাই আছে যাৰ জড়িয়তে আমিও দেশী-বিদেশী পৰ্যটকসকলক আকৰ্ষণ কৰিব পাৰোঁ। ইয়াৰ বাবে কেৱল প্ৰয়োজন স্থানীয় লোকসকলৰ লগতে পৰ্যটন বিভাগৰ আন্তৰিক সদ্দিচ্ছা।
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 6
প্ৰৱন্ধঃ
সন্তান পালনত মাকৰ ভূমিকা

ৰমেশ বৰুৱা

সত্য আৰু সংস্কৃতিৰ পৰিপূৰ্ণ ৰূপ-আমাৰ মাতৃ সকলৰ চিৰন্তন চিন্তাধাৰাৰ প্ৰভাব সন্তান সকলৰ ওপৰত অপৰিসীম ৷ নাৰীৰ সাত্ত্বিক গুণ ৰাশিৰ উৎকৰ্ষ আৰু প্ৰসাৰৰ ওপৰতেই সন্তানৰ ভবিষ্যত নিৰ্ভৰ কৰে ৷ মাতৃ সকলে সজ চিন্তন, সুন্দৰ শব্দৰ ব্যৱহাৰ আৰু সৎ কৰ্মৰ প্ৰতি মনোযোগী হ’লেহে সৎ গুণী সন্তানৰ জন্মদাতৃ হ’ব পাৰিব ৷ মাতৃৰ গৰ্ভকো বসুমতী ৰূপে গণ্য কৰিব পাৰি৷ যেনে ধৰণৰ চিন্তাৰ বীজ ইয়াত সিঁচি দিয়া হয়, গৰ্ভাৱস্থাত যেনে ধৰণৰ চিন্তা-চৰ্চাৰে লালন পালন কৰা হয়, সেই হিচাপেই সন্তান জন্ম দিব পাৰে৷ আজিৰ যুগত অনেক ল’ৰা ছোৱালী অসৎ প্ৰকৃতিৰ হোৱা দেখা যায়৷ 
ইয়াৰ মূল কাৰণ সন্তান এটি গৰ্ভত থকা অৱস্থাত মাতৃ সকলে পোষণ কৰা মনোভাৱ৷ সত্যৰ পথ আৰু সৎ চিন্তাইহে সাত্ত্বিকতা প্ৰদান কৰি মহান সন্তানৰ জন্ম দিব পাৰে৷
পূজনীয়া মাতৃ আয্যম্বাৰ সৎ চিন্তনৰ বাবেই শ্ৰীশ্ৰীশঙ্কৰাচায্য জগতগুৰু ৰূপে প্ৰতিস্থিত হৈছিল৷ মাকৰ সাত্ত্বিক চিন্তা চৰ্চাৰ ফল স্বৰূপে এই পৃথিৱীত অনেক মহাপুৰুষৰ আবিৰ্ভাৱ হৈছিল৷ ৰামকৃষ্ণ পৰমহংসদেৱ, বিবেকানন্দ, শঙ্কৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ, গুৰুনানক আদি অনেক মহাপুৰুষ মাক-দেউতাকৰ সাত্ত্বিক চিন্তা সাধনাৰে ফল৷ এগৰাকী মাতৃয়ে কঠোৰ শৃংখলা আৰু নিয়মানুবৰ্তিতা বজাই ৰাখি পবিত্ৰ অন্তঃকৰণেৰে সন্তানক লালন পালন কৰিলেহে সন্তান সুখ লাভ কৰিবলৈ সক্ষম হয়৷ মহাত্মা গান্ধীৰ মাতৃ পুতলীবায়ে সদায় ভগৱৎ চিন্তনেৰে জীৱন অতিবাহিত কৰিছিল৷ মাতৃয়েই জন্মৰে পৰা সন্তানক নৈতিকতাপূৰ্ণ জীৱনবোধৰ বিষয়ে কৰ্তব্যপৰায়ণতাৰ শিক্ষাৰে শিক্ষিত কৰিব লাগে৷ শিশুয়ে জানিতে বা অজানিতে কৰা দোষ ক্ৰুতি বিলাক, অসৎ আচৰণ বিলাকৰ বাবে সৰুৰে পৰা শাস্তিমূলক দৃষ্টান্তৰে বাধা প্ৰদান কৰি, ভাল কাম কৰিলে মৰমৰ অত্যাচাৰৰ লগতে পুৰস্কৃত কৰিব লাগে৷ সন্তান ভাল বা বেয়া হোৱাতো পিতৃ মাতৃৰ মননশীল ভাবধাৰাৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷ গান্ধীৰ মাতৃ পুতলীবাই এগৰাকী কঠোৰ শৃংখলা আৰু নিয়মানুবৰ্তিতা বজাই ৰখা শুদ্ধ-অন্তঃকৰণৰ পবিত্ৰ মহিলা আছিল৷ জনামতে, এবাৰ কুলি চৰাইৰ মাত নুশুনালৈকে তেখেতে অন্ন গ্ৰহন নকৰিবলৈ প্ৰতিজ্ঞাবদ্ধ আছিল৷ এদিন ঘটনাক্ৰমে তেখেতে কুলিৰ মাত শুনা নাছিল৷ কোমল বয়সীয়া গান্ধীয়ে মাকে বেলি দুপৰলৈকে লঘোনে থকা কথাটো সহ্য কৰিব নোৱাৰি, ঘৰৰ পাছফালে গৈ কুলি চৰাইৰ দৰে সুললিত ভাবে কুউউ কুউউউউউউউউউ কৰি, মাকক আহাৰ গ্ৰহন কৰিবলৈ কৈছিল৷ পুতেকে মিছা কথা কোৱা বুলি জানি, কান্দি কান্দি ভগৱানক কৈছিল- হে ভগবান, মই কি পাপ কৰিছিলো যে মোৰ গৰ্ভত এনে এটা মিছলীয়া ল’ৰাৰ জন্ম হ’ল! অসত্যৰ আশ্ৰয় লৈ, মাকৰ অন্তৰত অত্যন্ত আঘাত দিয়া বুজি, উপলব্ধি কৰি সেইদিনাৰ পৰা কেতিয়াও মিথ্যা আচৰণক প্ৰশ্ৰয় নিদিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল৷ সেয়েহে প্ৰতি গৰাকী মাতৃয়ে সন্তানক নৈতিক মূল্যবোধৰ বিষয়ে কতৃত্বপূৰ্ণ শিক্ষাৰে বাল্যকালচোৱাৰ পৰাই শিক্ষিত কৰা অতি প্ৰয়োজন৷ বাল্য অৱস্থাত উপযুক্ত শিক্ষা নোপোৱাৰ ফলত, আজিৰ শিক্ষিত লোকে সমাজৰ কল্যাণৰ কাৰণে, দেশৰ সামূহিক উন্নতিকল্পে কোনো প্ৰগতিশীল কাৰ্য্যত মনোনিৱেশ নকৰে৷
 মহান মাতৃ সকলে সদায়ে তেওঁৰ সন্তানৰ পৰা দেশৰ, দহৰ উপকাৰ হোৱাতো কামনা কৰে৷ মাতৃৰ আশা পূৰ্ণ কৰাৰ মহান মানসিকতা তথা যোগ্যতা থকা লোক সকলেই এদিন মহাপুৰুষলৈ উন্নীত হয়গৈ৷ মহান পুৰুষ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ পশ্চিমবঙ্গৰ এখন গাঁৱত বাস কৰিছিল৷ নিজৰ দৈনিক সামান্য উপাৰ্জনৰে মাকে ল’ৰাৰ খোৱা বোৱাৰ যোগাৰ কৰি, নিজে প্ৰায়ে অনাহাৰে দিন কটাইছিল৷  
পুত্ৰই যাতে এক শান্তিপূৰ্ণ
পবিত্ৰ জীৱন যাপন কৰিব পাৰে তাৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল৷ অনুসন্ধিৎসু, বিদ্যাৰ প্ৰতি প্ৰবল অনুৰাগী, কঠোৰ পৰিশ্ৰমী ছাত্ৰ বিদ্যাসাগৰে নিশা আলিবাটৰ বন্তিৰ পোহৰত অধ্যয়নৰত হৈছিল৷ স্নাতকোত্তৰ হোৱাৰ পাছত বিদ্যাসাগৰ এটা অতি কম দৰমহাৰ চাকৰিত নিয়োগ হৈছিল৷ লাহে লাহে পদোন্নতি হৈ তেওঁ অৱস্থাপন্ন হৈছিল৷ এবাৰ বিদ্যাসাগৰে পূজণীয়া মাকক কোনো বিশেষ ইচ্চা আছে নেকি সোধাত মাকে গাঁৱৰ মানুহ খিনিৰ খোৱাপানীৰ সমস্যাৰ কথা অৱগত কৰাই, গাঁৱৰ মাজত এটা কুৱা খন্দাই দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল৷ মাকৰ আগ্ৰহ তেওঁ তৎকালীন পূৰণ কৰাত, আনন্দত আত্মহাৰা হৈ মাকে কৈছিল : পানীয়েই মানুহৰ প্ৰাণ স্বৰূপ৷ তুমি গাঁওবাসীৰ তৃষ্ণা পূৰণ কৰিছা৷ তোমাৰ দৰে মহান সন্তান জনম দি মই অতিশয় আনন্দিত হৈছোঁ৷ গাঁৱত পঢ়াশালি নথকা বাবে ল’ৰা-ছোৱালীবোৰে ওচৰ চুবুৰীয়া গাঁৱলৈ বহুদূৰ বাটকুৰি বাই যাব লগা হৈছিল৷ মাকৰ আজ্ঞাক্ৰমে বিদ্যাসাগৰে গাঁৱত এখন পাঠশালা স্থাপন কৰি মাকক পৰম আনন্দ দিয়াৰ উপৰিও গাঁৱৰ সকলোৰে প্ৰিয়পাত্ৰ হৈছিল৷ এনেকৈ  
সমাজত অনেক মঙ্গলকামী কাম কৰি মহৎ আদৰ্শৰে নিজৰ জীৱন পবিত্ৰ কৰিছিল৷ মাতৃৰ পবিত্ৰ আশা পূৰণ কৰাতো প্ৰত্যেক সন্তানৰে 
প্ৰথম আৰু প্ৰধান কৰ্তব্য৷
 সাত্বিক ভাবধাৰাৰ অভ্যাস সৰুৰে পৰাই কৰণীয় কৰ্তব্য৷ সৎ ভাৱনাৰ অন্তৰ্নিহিত ক্ষমতাই প্ৰয়োজনীয় শক্তি প্ৰদান কৰি জীৱশ্ৰেষ্ঠক মহান কৰি তোলে৷ এসময়ত চৈতন্য মহাপ্ৰভু তেওঁৰ মাতৃ শচীদেৱীৰ সৈতে এটা মন্দিৰলৈ গৈছিল৷ মন্দিৰত মাতৃৰ কাতৰ প্ৰাৰ্থনা শুনি তেওঁ অভিভূত হৈছিল৷ মাতৃয়ে সকাতৰে কৈছিল : ' হে ভগৱান, তুমি এই জগতৰ সকলোৰে গৰাকী৷ এই শৰীৰ, এই জীৱন আৰু আত্মাৰ তুমিয়েই স্বামী৷ মোৰ প্ৰাৰ্থনা বিলাকো তুমিয়েই ফলৱতী কৰা৷ মোৰ কোনো পাৰ্থিৱ বাসনা নাই৷ মোৰ মাত্ৰ এটাই কামনা- তুমি প্ৰেম স্বৰূপ; প্ৰেমেই আমাৰ জীৱন৷ সেয়ে তোমাক ভাল পাবলৈ মোক শক্তি দিয়া৷ মোক আন একো বস্তু নালাগে'৷ চৈতন্য মহাপ্ৰভুয়ে এনে মহৎ ভাবধাৰা তেওঁৰ মাতৃৰ পৰা পাইছিল৷ মাতৃয়ে অনবৰতে তেওঁক শিক্ষা দিছিল যে ভগৱানৰ এবাৰ কৃপা লাভ কৰিব পাৰিলে ভক্তৰ সকলো দ্বায়িত্ব তেওঁ গ্ৰহন কৰে৷
আচলতে ভাল-বেয়া, পোহৰ-আন্ধাৰ, শুভ-অশুভ সকলো একেলগে ইটো সিটোৰ পৰিপূৰক হৈ থাকে৷ বিপদ আপদ বিলাকে সৎ লোকৰ ভিতৰত থকা সজ গুণ সমূহৰ বৃদ্ধি কৰি মহানতাৰ পথ সহজ সৰল কৰি তোলে৷ মাতৃৰ স্বভাব তথা ভাৱধাৰা সজ আৰু পবিত্ৰ হ’লে তেওঁ আদৰ্শবান সন্তান জন্ম দিবলৈ ভগৱানৰ আশীৰ্বাদপূৰ্ণ দৃষ্টি লাভ কৰিবলৈ সমৰ্থ হয়৷
জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম লাভ কৰাৰ পিছত, মানৱসুলভ গুণবোৰ অনুশীলন কৰি মনুষ্যত্বৰ অধিকাৰ অক্ষুণ্ণ ৰখাতো আমাৰ পৰম কৰ্তব্য৷ কিন্তু এনে গৌৰৱপূৰ্ণ ঐতিহ্য ক্ৰমাৎ হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে৷ আমি মাতৃ আৰু মাতৃভূমিৰ মহানতা উপলব্ধি কৰি, সেই মহানতাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ ন্যায়পৰায়ণাতাৰ আনুগত্য হৈ, মানৱ শৰীৰক মন্দিৰ জ্ঞান কৰি নিজৰ ভিতৰৰ দেৱত্বক পবিত্ৰতাৰে সৰ্বশক্তিমান কৰি গঢ়ি তুলিব লাগিব৷

অঙ্গন: পৃষ্ঠাঃ 7
কিতাপ পঢ়াৰ আনন্দ

আকাংক্ষা বৰা, দেৰগাঁও

প্ৰতিজন ব্যক্তিৰে কোনো এক বিষয়ত ৰুচি থাকে সেয়া হয়তো সংগীত, নৃত্য, বা কিতাপ পঢ়া বা অন্যান্য বিষয়ো হ’ব পাৰে৷ ইয়াক আমি সহজ অৰ্থত নিচা বা ৰাপ বুলি ক’ব পাৰো। কিতাপ পঢ়াও এনে এক প্ৰকাৰৰ নিচা৷ এখন কিতাপে এজন ব্যক্তিক জ্ঞান দিয়াৰ লগতে ব্যক্তিজনৰ মনত ন ন ভাবৰ উদ্বেগ ঘটায়৷ কিতাপ পঢ়াৰ আনন্দই মানুহ এজনক সকলো সময়তে সুস্থ সবল কৰি ৰখাৰ লগতে মানুহ এজনক সক্ৰিয় কৰি ৰখাত সহায় কৰে৷ জ্ঞানৰ বিকাশৰ বাবেই যে কিতাপ পঢ়াৰ দৰকাৰ সেইটো নহয় ব্যক্তিগত উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত ই এক মুখ্য ভূমিকা পালন কৰে৷ 
“Reading is important. If you know how to read, then the whole world opens up to you.”  আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ উক্তিৰ পৰা অনুধাৱন কৰিব পাৰি অধ্যয়নৰ গভীৰতা৷ গ্ৰন্থ অধ্যয়ন মানৱ সভ্যতা উত্তৰণৰ এক গুৰুত্বপূৰ্ণ সমল। প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমান অধ্যয়নৰ পৰিৱেশ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে৷ কিন্তু এটা কথা লক্ষণীয় যে অধ্যয়ন চৰ্চাৰ অবিহনে সমাজ এখনত সুস্থ বৌদ্ধিক পৰিৱেশ গঢ় লৈ নুঠে৷ ব্যক্তিগতভাৱে এটা কথা অনুভৱ কৰা যায় যে যদিওবা বৰ্তমানৰ পৰিৱৰ্তনশীল পৃথিৱীখনত ই বুক, অডিঅ’ বুক আদিৰ দৰে ডিজিটেল গ্ৰন্থই প্ৰসাৰতা লাভ কৰিছে যাৰ বাবে ছপা গ্ৰন্থৰ জগতখনলৈ কিছু প্ৰত্যাহ্বান আহিছে৷ কিন্তু ছপা গ্ৰন্থৰ যি মাদকতা সেয়া যেন ই বুক অথবা অডিঅ’ বুকত মাদকতা উপলব্ধি কৰিব পৰা নাযায়। এয়া অনুভৱ ব্যক্তিভেদে বেলেগ হোৱাটো অস্বাভাৱিক নহয় যিহেতু সময়ৰ লগতে ৰুচিৰ পৰিৱৰ্তন হয়৷ কিতাপৰ গুৰুত্ব ব্যাখ্যা কৰি ফৰাচী দাৰ্শনিক ভলটেয়ৰে কৈছিল- “পৃথিৱীখন শাসন কৰে কেৱল কিতাপে, অন্তত: পৃথিৱীৰ সেইবোৰ জাতিক কিতাপে শাসন কৰে, যিসকলৰ লিখিত সাহিত্য আছে৷ বাকী আনবোৰ জাতি ধতৰ্ব্যৰ ভিতৰত নপৰে৷” কিতাপ হ’ল আমাৰ প্ৰকৃত বন্ধু, যি বন্ধুৱে আমাক সহায় কৰে, পৰামৰ্শ দিয়ে আৰু আন্ধাৰ বাটৰ মাৰ্গদৰ্শন কৰে৷ এজন বন্ধুৱে আপোনাক প্ৰতাৰিত কৰিব পাৰে কিন্তু এখন কিতাপে কেতিয়াও সেই কামটো কৰিব নোৱাৰে। জীৱনৰ ভিন ভিন সময়ত ভিন ভিন কিতাপৰ প্ৰতি আসক্ত হোৱা যায়। কিতাপ পঢ়াৰ অভ্যাসটো কেতিয়া গঢ় লৈ উঠিল সঠিকভাৱে মনত নাই যদিও ঘৰৰ ওচৰে-পাজৰে অনুষ্ঠিত হোৱা গ্ৰন্থমেলালৈ যেতিয়া মা-দেউতাৰ হাতত ধৰি গৈছিলো তেতিয়াই এক অনামী আকৰ্ষণে চুই গৈছিল। পাঠ্যক্ৰমৰ বাহিৰে জীৱনৰ প্ৰথমখন বাহিৰা কিতাপ যতদূৰ সম্ভৱ “বুঢ়ী আইৰ সাধু” আছিল৷ বিভিন্ন ধৰণৰ শিশু আলোচনী, জীৱনীমূলক গ্ৰন্থ স্কুলীয়া পৰ্য়ায়ত পঢ়িবলৈ লৈছিলো৷ ইয়াৰ পাছৰ পৰ্যায়ত বিভিন্ন বিষয়ৰ কিতাপ, উপন্যাসে পঢ়া টেবুলত ঠাই পাবলৈ ধৰে৷ কিছুমান কিতাপৰ বিষয়বস্তু বা কিছুমান গল্প, উপন্যাসৰ চৰিত্ৰই এক এৰাব নোৱাৰা সাঁচ বহাই থৈ গৈছে মনত সময় বাগৰিলেও যেন স্মৃতিৰ কোঠালিত সেয়া সজীৱ হৈ আছে আৰু চিৰদিন থাকিব। 
পাঠ্যক্ৰমৰ বোজা বাঢ়ি অহাৰ লগে লগে বাহিৰা কিতাপ পঢ়া কিছুপৰিমাণে হ্ৰাস পাইছিল যদিও সুৰুঙা উলিয়াই ইয়াৰ মাজে মাজে চলি থাকিছিল এই অভ্যাস৷ কেতিয়াবা কোনো এখন কিতাপৰ প্ৰতি এনেকুৱা এটা টান হৈছিল যে পৰীক্ষালৈ তিনি-চাৰিদিন বাকী থকা অৱস্থাতো সেই বিশেষ কিতাপখন শেষ হ’লেহে যেন মনটোৱে শান্তি পাব এনে পৰিৱেশ-পৰিস্থিতি হৈছিল৷ বিজ্ঞজনে এনেই কৈ যোৱা নাই “ So many books, so little time” সঁচাকৈয়ে মৃত্যুৰ আগমুহূৰ্তলৈকে হয়তো জ্ঞান অৰ্জনৰ প্ৰক্ৰিয়াটো শেষেই নহ’ব৷ সেয়া লাগিলে কিতাপৰ দ্বাৰা লাভ কৰা জ্ঞানেই হওক বা অন্যান্য মাধ্যমৰ জৰিয়তেই হওক৷ কিতাপ পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰি৷ আনুষ্ঠানিক শিক্ষাজীৱন সামৰণি মৰাৰ পাছত কৰ্মজীৱনৰ আৰম্ভণি হয়, পুনৰ ব্যস্ততাপূৰ্ণ হৈ পৰিল জীৱনৰ বাট। গ্ৰীষ্মবন্ধই যেন এক সুযোগ প্ৰদান কৰিলে কিতাপ পঢ়াৰ। এনেকুৱা নহয় যে বাকীচোৱা সময়ত কিতাপ পঢ়িব পৰা নাযায়, বিভিন্ন ব্যস্ততাই সেই আহৰিৰ পৰা ক’ৰবাত বঞ্চিত কৰি ৰাখে। শেহতীয়াকে গ্ৰীষ্মবন্ধত সাৰথি হোৱা কেইখনমান কিতাপৰ এক চমু আভাষ দিয়াৰ চেষ্টা কৰিলোঁ- 
 
১) জিগলো-ৰশ্মিৰেখা ভূঞা 
“জিগলো” শব্দৰ অৰ্থ পুৰুষ বেশ্যা৷ মৰনৈপৰীয়া গাঁৱৰ সুদৰ্শন আৰু মেধাৱী যুৱক আকাশ “জিগলো” হোৱাৰ কাহিনী এই উপন্যাসখনত চিত্ৰায়ণ কৰা হৈছে। জিগলো এক বাস্তৱধৰ্মী উপন্যাস। কি পৰিস্থিতিত আকাশ নামৰ যুৱকজনে জিগলোৰ দৰে বৃত্তি গ্ৰহণ কৰিব লগা হয় তাৰে কৰুণগাঁথা এই উপন্যাসত উপস্থাপন কৰা হৈছে। অসমীয়া সাহিত্যত বেশ্যাক লৈ বিভিন্ন গল্প, উপন্যাস ৰচনা কৰা হৈছে। কিন্তু পুৰুষ বেশ্যাৰ জীৱনশৈলীক লৈ এনে সাহিত্য অসমীয়া সাহিত্যত বিৰল বুলি ক’লেও নুই কৰা নহ’ব৷ এগৰাকী নাৰী হৈ এজন পুৰুষৰ দৃষ্টিৰে এখন উপন্যাস লিখি উলিৱাটো সহজসাধ্য কাম নহয় যদিও জিগলোৰ লেখিকাই এই কাম সফলভাৱে কৰিবলৈ সক্ষম হৈছে৷ জিগলোৰ বিষয়ে উপস্থাপন কৰোতে পাশ্চাত্য দেশৰ জিগলোৰ বিষয়েও লেখিকাই ব্যাখ্যা আগবঢ়াইছে৷ মূল কাহিনীটোক মহত্ত্ব দিয়াৰ খাটিৰত বহু কেইটা উপকাহিনীৰ সংযোজন কৰি প্ৰেমৰ সৰগীয় দিশটো উন্মোচন কৰি পাঠকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে৷ সহজ সৰল শব্দ প্ৰয়োগ, গ্ৰাম্য আৰু চহৰৰ পৰিৱেশৰ সুন্দৰ বৰ্ণনা, চৰিত্ৰ চিত্ৰণ আদি আটাইবোৰ দিশে উপন্যাসখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ সামগ্ৰিক ভাৱে বিশ্লেষণ কৰিলে এনেধৰণৰ অগতানুগতিক কাহিনীয়ে পাঠকৰ মনত অনুসন্ধিৎসু প্ৰদান কৰাৰ এক সুযোগ দিয়াত সহায়ক হৈ উঠে৷ উপন্যাস খনৰ কেইটামান ভাল লগা বাক্য তুলি ধৰাৰ প্ৰয়াস কৰিলোঁ-
১) জীৱন ৰহস্যময়, তাতোতকৈও ৰহস্যময় সেই সময়, যি জীৱনটোক সলনি কৰি দিয়ে৷
২) সেউজীয়াই জীৱনৰ ৰং নহয়, যিদৰে ভাললগা মানেই প্ৰেম নহয়৷
৩) য'ত আমি থমকি ৰওঁ, তাৰ পৰাই আৰম্ভ হয় এখন নতুন পৃথিৱী৷
৪) কাষত পোৱাৰ অযুত হেঁপাহৰ পিছতো তুমি মোৰ জীৱনে স্পৰ্শ কৰিব নোৱাৰা এটি পবিত্ৰ প্ৰাৰ্থনা৷
৫) সময়ে লিখে জীৱন নামৰ উপন্যাস। অনিশ্চয়তাত ডুবি থাকি খোজ দিওঁ অচিন পথেৰে, সময়ৰ সৈতে৷

২) মহাঅৰণ্য- অনুজ বৰুৱা
জনপ্ৰিয় আলোচনী “প্ৰান্তিক” ৰ পাতত ধাৰাবাহিকভাৱে মহাঅৰণ্য উপন্যাসখন প্ৰকাশ পাইছিল। সহজ সৰল ভাষা, চৰিত্ৰ চিত্ৰণৰ উপযুক্ততা, স্থান নিৰ্বাচন আদিয়ে উপন্যাসখন সুখপাঠ্য কৰি তুলিছে৷ জীৱনটো যেন মহাঅৰণ্যৰ দৰে একো অসুবিধা নাই কিন্তু সমাধান বিচাৰি ফুৰা যায়। অনুজ বৰুৱাদেৱৰ কালজয়ী উপন্যাস “মহাঅৰণ্য”ত সন্নিৱিষ্ট হৈছে অবিনাশ, গীতি, বৰ্ণালীৰ জীৱনৰ গান৷ এজন শিক্ষিত অট’চালকৰ ৰূপত অবিনাশ নামৰ চৰিত্ৰটো সঠিককৈ অংকন কৰাৰ লগতে বৰ্ণালী চৰিত্ৰটোৰ যোগেদি জীৱনত সময় অনুসৰি উপযুক্ত সিদ্ধান্ত ল’ব পৰা দিশটো লেখকে সুন্দৰভাৱে ফুটাই তুলিবলৈ সক্ষম হৈছে৷ অট’চালক এজনৰ সামাজিক স্থিতি কেনেকুৱা হ’ব পাৰে সেয়া সকলোৰে জ্ঞাত৷ মধ্যবিত্ত সমাজ কিম্বা নিম্নবিত্ত সমাজখনেও এজন সাধাৰণ অট’চালকক মূল্য নিদিয়ে। এইক্ষেত্ৰত অভিজাত সমাজৰ কথা নকলোৱেই বা৷ অসমীয়া সমাজত স্ব-নিয়োজনৰ পথ উলিয়াই ল’লেও যেন এচাম ৰৈ থাকে ইতিকিঙৰ মেটমৰা ভাৰ এখন লৈ৷ কেৱল চৰকাৰী বিষয়া এজনহে সমাজৰ উচ্চ আসনৰ গৰাকী তেনে এক ধ্যান ধাৰণা অতীজৰ পৰা চলি আহিছে৷ এনে এক সমাজ ব্যৱস্থাত অবিনাশ নামৰ চৰিত্ৰটোৰ যোগেদি অট’চালকৰ বৃত্তি গ্ৰহণ কৰিও জীৱনত কেনেদৰে আগবাঢ়ি যাবলৈ সক্ষম হয় সেয়া সুন্দৰভাৱে প্ৰকাশ কৰিছে৷ সংঘাত নো কাৰ জীৱনত নাথাকে ? প্ৰত্যেকৰে জীৱন সংঘাতেৰে ভৰা ইয়াৰ মাজতে জীৱনৰ গান গাই যাব পৰাতো সফলতা। অবিনাশ হ’ব পাৰে অট’চালক কিন্তু যি জীৱনবোধৰ পৰিচয় এই চৰিত্ৰটোৰ জৰিয়তে লেখকে তুলি ধৰিছে সেয়া সঁচাই অনুপম৷ উপন্যাসখনৰ বৰ্ণালী চৰিত্ৰটোও এক অন্যতম শক্তিশালী চৰিত্ৰ। জীৱনত হাজাৰ ধুমুহাই কোবাই যোৱাৰ পাছতো সুস্থিৰ হৈ সমস্যাবোৰ সাহসেৰে সমাধান কৰাৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছিল। ঠিকে তেনেদৰে বাসৱী চৰিত্ৰৰ যোগেদি লেখকে এটি দায়িত্বশীল মনৰ পৰিচয় তুলি ধৰিছে। কেৱলমাত্ৰ এইকেইটা চৰিত্ৰই নহয় প্ৰত্যেকটো চৰিত্ৰৰ মাজেদি লেখকে সমাজলৈ একোটা বাৰ্তা প্ৰদান কৰিছে। অবিনাশৰ এক আদৰ্শগত নিটোল প্ৰেমৰ সুদৃঢ় প্ৰকাশভংগীয়ে উপন্যাসখনৰ গতিময়তাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷
 
৩) জতুগৃহ- লীনা শৰ্মা 
“জতুগৃহ” কিতাপখনৰ নামটো শুনিলেই মহাভাৰতৰ কাহিনীলৈ মনত পৰি যায় নহয় নে! গ্ৰীষ্মবন্ধত পঢ়িবলৈ গোটাই লোৱা কিতাপৰ টোপোলাৰ এইখন তিনি নম্বৰৰ আছিল। “জতুগৃহ” উপন্যাসৰ কাহিনীৰ জুমুঠিটো ১৯৬২ চীনা—ভাৰত যুদ্ধৰ পৰা আৰম্ভ হৈ সামৰণি পৰিছে একৈশ শতিকাৰ আদিভাগত। ৬২চনৰ চীনা যুদ্ধৰ ভয়াৱহ পৰিস্থিতি, অসম আন্দোলন আদিৰ দৃশ্যপট উপন্যাসখনত বৰ্ণনা কৰা হৈছে। সমাজৰ চিত্ৰ, মানুহৰ ভিন ভিন ৰূপ, গুপ্তহত্যাৰ দৰে প্ৰসংগ উপন্যাসখনত প্ৰতিফলিত হৈছে। গুপ্তহত্যাৰ সময়চোৱাত সাধাৰণ জনতাই সন্মুখীন হোৱা বীভিষীকাময় পৰিবেশ, আলফা, ছালফা আদিৰ সমস্যাৰ সাৱলীল ভাৱে উপস্থাপন কৰিছে। প্ৰভাত সিং নামৰ চৰিত্ৰটোৰ জৰিয়তে সেই সময়ৰ আৰক্ষীৰ নিষ্ঠুৰতাৰ ছবিখন তুলি ধৰিছে। আন আন চৰিত্ৰ উদাহৰণস্বৰূপে জুনু, মাক-দেউতাক, ককা-আইতা, ৰঞ্জিতা, লীলা পেহী আদি চৰিত্ৰৰ মাজেৰে সমাজৰ বিচিত্ৰ ৰূপ অংকন কৰিছে। লীলা পেহীৰ চৰিত্ৰটোৰ যোগেদি সেই সময়ত চিনেমাত অভিনয় কৰিবলৈ গৈ সন্মুখীন হোৱা সমস্যা, সমাজৰ দৃষ্টিত অৱহেলিত হৈ ৰোৱাৰ এক দিশ প্ৰকাশ হৈছে। লেখিকাই উপন্যাসখনত সমতাৰ কথা কৈছে৷ জাতি-ভেদৰ এখন সমাজৰ কথা কৈছে৷ “জতুগৃহ” নামটো যেন উপন্যাসখনৰ লগত সাৰ্থক হৈ পৰিছে৷ যিহেতু উপন্যাসখনৰ মূল নায়িকাই তেওঁৰ ঘৰখন পাতোতেই ঘৰখন চাৰখাৰ হৈ পৰে ঠিক যেন মমৰ ঘৰৰ দৰে। জ্যোতিপ্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এই উপন্যাসখন লেখিকাৰ উৎকৃষ্ট সৃষ্টি। 

৪) অনুৰাধাৰ দেশ- ফনীন্দ্ৰকুমাৰ দেৱচৌধুৰী 
“অনুৰাধাৰ দেশ” উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৮৯ চনত৷ এই কিতাপখন ভ্ৰমণ কাহিনীৰূপে প্ৰান্তিক আলোচনীত প্ৰকাশ হৈছিল যদিও পিছত উপন্যাসলৈ ৰূপান্তৰিত হয়৷ উপন্যাসখনত বৰ্ণনা কৰা হৈছে সমুদ্ৰপৃষ্ঠত ৰিগ স্থাপনেৰে তৈল সন্ধান কৰাৰ প্ৰক্ৰিয়াৰ বিস্তৃত বিৱৰণ তথা মানৱ জীৱনৰ অলেখ সুখ-দুখৰ গাঁথা৷ অনুৰাধাৰ দেশ যেন এনে এখন দেশ য’ত স্থান নাই জড়তা অনাআত্মীয়তাৰ৷ ব্যস্ততাৰ মাজতো তেওঁলোকে জানে আত্মীয়তাৰ পৰিভাষা। এইখন দেশৰ বাসিন্দা অৰুণাভ, অনুৰাধা, অৰুণিমা বাইদেউ, ডেনিছ, মিছেছ ডালভি, নীৰেণ, ৰূপালীৰ দৰে লোক। উপন্যাসখনৰ যোগেদি লেখকে সেই সময়ৰ ভূৱনেশ্বৰ চহৰ, পাৰাদ্বীপ বন্দৰৰ কথা উল্লেখ কৰিছে৷ উপন্যাসখন পঢ়ি মই সঁচাকৈয়ে আপ্লুত হ’লো, উপন্যাসখনত জীৱনবোধৰ যি ৰং চিত্ৰায়ণ কৰা হৈছে সেয়া আদৰণীয়। যিকোনো কামত কৃতকাৰ্য হ’বলৈ হ’লে অধ্যৱসায়ৰ প্ৰয়োজনীয়তা সম্পৰ্কে উপলব্ধি কৰোৱাত লেখক সক্ষম হৈছে, ইয়াৰোপৰি প্ৰেম যেনেদৰে সৃষ্টিৰ কাৰক ঠিক তেনেদৰে ই ধ্বংসৰ কাৰকো হৈ উঠিব পাৰে৷ উপন্যাসখনৰ আন এটা চকুত লগা দিশ হ’ল পুৰুষ আৰু মহিলা চৰিত্ৰৰ সম বিস্তাৰণ, সতেজ বাক্যগাঁথনি৷ শেষত লেখকৰ ভাষাৰে “অনুৰাধাৰ কোনো দেশ নাই, অনুৰাধা এই পৃথিৱীৰ নাৰী৷”

হোমেন বৰগোহাঞি দেৱে এষাৰ কথা কৈছিল- “যি মানুহক এবাৰ কিতাপৰ নিচাই পাইছে সেই মানুহক আন একো নিচাই তলাব নোৱাৰে৷” সঁচাই কিছুমান কিতাপে আমাৰ ওপৰত অদ্ভুত ধৰণে প্ৰভাৱ পেলাই৷ কিতাপ পঢ়াৰ আনন্দ, কিতাপ উপহাৰ পোৱাৰ আনন্দ, কিতাপ উপহাৰ দিয়াৰ আনন্দ, এটা আনটোতকৈ মহান৷ আমি সকলোৱে কিতাপ পঢ়িব লাগে নিজৰ ৰুচিবোধ অনুসৰি৷ কিতাপ জীৱনটো উপভোগ কৰাৰ এক উৎকৃষ্টতম সম্বলস্বৰূপ। কিতাপে আপোনাক বা মোক দিব পাৰে প্ৰচ্ছন্ন সুখৰ সন্ধান৷ মানুহে নিজৰ জীৱনটো মেৰামতি কৰিবলৈ কিতাপ পঢ়াটো অতীব প্ৰয়োজন, নিজেই পঢ়ক আৰু আনকো পঢ়ুৱাওক৷

অঙ্গন: পৃষ্ঠাঃ 8
চাইল্ডলাইন গুৱাহাটী

কৰবী বৰ্মন কলিতা 

সমাজসেৱাৰ এক অনন্য নিদৰ্শন -  চাইল্ডলাইন গুৱাহাটী । আজিৰ বিশাল ধৰাৰ বুকুত , এজাক নিষ্পাপ শিশুৰ কোলাহল প্ৰায়েই শুনিবলৈ পোৱা যায় । ৰূঢ় বাস্তৱৰ নিষ্ঠুৰতাই কন্দুৱাই সিহঁতক । প্ৰায় নিউজ চেনেল আৰু বাতৰি কাকতত উপলব্ধ এনেবোৰ খবৰ । শিশুৰ সুৰক্ষাক লৈ , শিশুৰ প্ৰতিপালন পৰামৰ্শকলৈ আলোচনা বিলোচনাত ব্যস্ত সামাজিক দায়বদ্ধতাত জড়িত লোকসকলৰ  হাততেই সিহঁত শোষিত । ক'ত নিৰাপত্তা ?  
বাস্তৱ জীৱনৰ অৰ্থনৈতিক সংকটৰ বলি হৈ বা ৰুগ্ন আৰু ভগ্ন পৰিয়ালৰ তাড়নাই এচাম শিশুক বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলৈ বাধ্য কৰাইছে । সেয়া অঘৰী শিশু , শিশু শ্ৰমিক অথবা দেহ ব্যৱসায়ৰ চিকাৰ হোৱা শিশুৱেই হওক ।
শিশুৰ পৰিচৰ্যা আৰু নিৰাপত্তা অধিকৰণ, ২০০০ খনক শিশুহিতৈষী ব্যৱস্থা গ্ৰহণ কৰি শিশুৰ সৰ্বোত্তম স্বাৰ্থৰ কথাত গুৰুত্ব প্ৰদান কৰি ,নিৰাপত্তাৰ প্ৰয়োজন হোৱা শিশুৰ নিৰাপত্তা , বিকাশ আৰু পুন:সংস্থাপনৰ বাবে প্ৰণয়ন কৰা হৈছে । শিশু কল্যাণ সমিতিয়ে এই বিষয়বোৰত নজৰ দিয়ে। আনহাতে বালক ন্যায় বোৰ্ডে  ,আইনৰ চকুত দোষী কিশোৰ- কিশোৰী সম্বন্ধীয় বিষয়সমুহৰ প্ৰতি লক্ষ্য ৰাখে । চাইল্ডলাইন হ’ল - সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰয়োজন থকা শিশুসকলৰ বাবে ২৪ ঘন্টাই উপলব্ধ এটা ৰাষ্ট্ৰীয় বিনামূলীয়া জৰুৰীকালিন ফোন সেৱা অথবা ব্যৱস্থা । চাইল্ডলাইন হ’ল ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ এক প্ৰকল্প ।এই সেৱাৰ গুৰিধৰোতা সংস্থাটো হ’ল - চাইল্ডলাইন ইন্দিয়া ফাউণ্ডেচন । সংশ্লিষ্ট ৰাজ্য চৰকাৰ , বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ,ইউনিচেফ , শিক্ষানুষ্ঠান আৰু যৌথ সংস্থাসমূহৰ লগত ই অংশীদাৰ হিচাপে কাম কৰে ।  চাইল্ডলাইন গুৱাহাটীয়ে শিশু বিষয়ত প্ৰয়োজন হোৱা সেৱা আগবঢ়োৱা যেনে - যদি কোনো শিশুক পৰিত্যক্ত অথবা হেৰুৱা অৱস্থাত উদ্ধাৰ কৰিছে , যদি শিশুক অকলশৰীয়া ভীতিগ্ৰস্ত অৱস্থাত পদপথত পাইছে , যদি কোনো শিশু মানুহৰ অত্যাচাৰৰ বলি হৈছে আৰু যদি ১৪ বছৰৰ তলৰ কোনোবা শিশুক শিশু শ্ৰমিকৰূপে নিয়োগ কৰা গৈছে। তেন্তে বিনামূলীয়া ১০৯৮ নম্বৰত ফোন কৰি চাইল্ডলাইনৰ সেৱা লাভ কৰিব পাৰে ।
        এতিয়ালৈ চাইল্ডলাইন  গুৱাহাটীয়ে , বহুত শিশু সংক্ৰান্তীয় গোচৰৰ সেৱা আগবঢ়াই নিৰ্যাতিত শিশুক উদ্ধাৰ কৰি সমাজ সেৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । ইয়াৰ উপৰিও শিশুৰ সুৰক্ষা তথা বাসস্থানৰ বাবে সমাজ কল্যাণ বিভাগৰ অধীনস্থ জালুকবাৰীস্থিত শিশুগৃহ , ভাৰতীয় শিশু কল্যাণৰ অধীনস্থ ৰূপনগৰস্থিত কল্যাণী নিবাসগৃহসমূহে বিভিন্ন সেৱা আগবঢ়াই আহিছে আৰু বিপদগ্ৰস্ত শিশুৰ বাবে সুৰক্ষিত আশ্ৰয় স্থল প্ৰদান কৰিছে ।

অঙ্গন পৃষ্ঠাঃ 9
নীৰৱতাৰ দ্বীপ মেৰবিল আৰু ইয়াৰ কিছু আভাস

ডেইজী চৌধুৰী, বঙাইগাঁও
 
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ অন্তৰ্গত চাচনিত অৱস্থিত এক প্ৰকল্প হৈছে 'মেৰবিল ইকো টুৰিজিম প্ৰজেক্ট' বা 'মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প'। এই টুকুৰা ঠাই নীৰৱতাৰ দ্বীপ ৰূপেও খ্যাত। ডিব্ৰুগড় টাউনৰ পৰা মেৰবিললৈ দূৰত্ব প্ৰায় ৭৪ কিলোমিটাৰ। বিভিন্ন চৰাই, জলজ পক্ষীৰ কলৰৱেৰে আৱৰা ঠাইডোখৰলৈ যোৱাৰ সৌভাগ্য হৈছিল চলিত বৰ্ষৰ জানুৱাৰী মাহত। শীতৰ ৰ'দজাকৰ কোমল আমেজকণ লৈ মেৰবিললৈ যোৱাৰ পৰত অনুভৱ কৰিছিলো ঠাইটুকুৰাৰ নীৰৱতাক। মূল তোৰণখনৰ পৰা কিছুদূৰ গৈ টিকট লৈ আগবাঢ়িছিলো মেৰবিলৰ ভিতৰলৈ। ৰাস্তাৰ কাষৰ গছবোৰত ওলমি আছিল বহুতো বান্দৰ। মেৰবিল প্ৰকল্পৰ ভিতৰচৰাত বান্দৰ, শহাপহুৰ উপৰিও আছে এডাল প্ৰকাণ্ড অজগৰ। তদুপৰি কাষৰ হাবিখনতো বিভিন্ন জীৱ-জন্তুৰ বাসস্থান বুলি জানিব পাৰিলো। ইয়াৰ ভিতৰত পৰ্যটক নিবাসৰ ব্যৱস্থাও আছে। গোটেই ঠাইডোখৰ চাবলৈ ধুনীয়াকৈ ভিউ পইণ্ট বনাই দিয়া আছে। লগতে আছে এখন ৰেষ্টোৰা, ইয়াতে জন্মদিন উদযাপন কৰিব পৰাকৈ সুবিধা কৰি দিয়া হৈছে। কোনোবাই নৌকা বিহাৰ কৰিব বিচাৰিলেও কৰিব পাৰে। মুকলি মঞ্চ এখনো ধুনীয়াকৈ পতা আছে। মুঠতে গোটেই পৰিৱেশটোৱে চকুত লগা। ঠাইটুকুৰাৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত মেৰবিলৰ কৰ্মীসকলে চকু ৰখাৰ উপৰিও ইয়াৰ কাষৰ স্থানীয় লোকসকলো এইক্ষেত্ৰত যথেষ্ট সজাগ। মাদক দ্ৰব্য মুক্ত এলেকাটোত বন্য জীৱবোৰে নিশ্চিন্ত মনে বিচৰণ কৰিব পাৰে। ইয়াৰ ভিতৰত আছে এখন শিশু উদ্যান। অন্য ঠাইত সাধাৰণতে চকুত পৰা আই লাভ গুৱাহাটী বা আই লাভ বঙাইগাঁৱৰ বিপৰীতে এই উদ্যানখনত থকা বাক্যশাৰী 'মোৰ প্ৰিয় মেৰবিল' এ মনটো ভৰাই তুলিলে। সোঁতৰ বিপৰীতৰ চিন্তাৰ ফচল যেন এইশাৰী বাক্য। 
মানৱসৃষ্ট এইসমূহৰ পৰা আঁতৰি যদি লোকপ্ৰবাদৰ দিশলৈ চাঁও তেন্তে এই মেৰবিল প্ৰকল্পৰ ভিতৰতে আছে এক সুন্দৰ কাহিনী। প্ৰবাদমতে, এই টুকুৰা ঠাইতেই শ্ৰীৰাম আতা নামে এজন গোঁসাই আছিল। আইটি নামে তেওঁৰ জীয়েকজনী জলদেৱতাৰ চকুত লগাত আইটিক তেওঁ বিয়া পাতিব বিচাৰিলে। কিন্তু গোঁসাইয়ে এই প্ৰস্তাৱ নাকচ কৰাত খঙতে জলদেৱতাই পানীৰ সুঁতিৰ সৃষ্টি কৰি গোঁসাইজনাৰ ঘৰটোকে মেৰিয়াই ধৰে। তেতিয়াৰ পৰা এই ঠাইটুকুৰা মেৰবিলৰূপে খ্যাত হ'ল। যিডোখৰ ঠাইত জলদেৱতাই ভুমুকি মাৰি পানীৰ সৃষ্টি কৰিছিল সেইটুকুৰা ঠাই ভুমুকমুখ নামে জনা যায়। ভুমুকমুখক মেৰবিল উৎপত্তিৰ প্ৰথম ঠাই বুলি জনা যায়। এতিয়া ইয়াত জলদেৱতা, তেওঁৰ নাওখন আৰু আইটিৰ প্ৰতিমূৰ্তি এটি বনাই নিতৌ পুৱা আৰু গধূলি পুজা কৰা হয়। জনপ্ৰবাদ মতে যিখন নাৱত উঠি জলকোঁৱৰে আইটিক বিয়া কৰাবলৈ আহিছিল সেইখন এতিয়াও মেৰবিলত পোত খাই আছে ! ইয়াৰ উত্তৰ দিশে আছে অন্য এখন উদ্যান। 
মেৰবিলখনৰ সোঁমাজত আছে ৯৩৩ আয়তনৰ এটি দ্বীপ। ইয়াৰ পাৰত আছে প্ৰায় ১০০ বিঘামান মাটি! লগতে পানীকালি পৰিমাণ প্ৰায় ৬৪৫ বিঘা। ইয়াৰ কাষৰ অৰণ্যখন বিভিন্ন উদ্ভিদেৰে ভৰা। নানা বনৌষধিৰে ভৰপূৰ ঠাইটুকুৰাত বহুতো বনৰীয়া জীৱৰ ৰম্যভূমি। মেৰবিলত আহোম যুগৰ কিছু কিছু চাপ বিদ্যমান। ডিব্ৰুগড়ৰ কাষৰ যোৰহাট, শিৱসাগৰ আদি ঠাইৰ মানুহে যেতিয়া ইয়াত বসতি স্থাপনৰ বাবে গৈছিল তেতিয়া ৰাস্তা-ঘাট বনোৱাৰ সময়ত আহোম ৰজা দিনীয়া 
মৈদাম, পুৰণি মুদ্ৰা, কলহ, আদি আৱিস্কাৰ কৰিছিল। ইয়াৰ পৰা এই টুকুৰা ঠাই আহোমসকলৰ বাসস্থান বুলি ভবাৰ লগতে পিছলৈ অসমত হোৱা ডাঙৰ ভূমিকম্প, মানৰ আক্ৰমণত আহোমসকল এই ঠাইৰ পৰা উঠি যোৱা বুলি ভবাৰ থল আছে! 
২০১০ চনৰ ২৬ ছেপ্তেম্বৰত মেৰবিলৰ শুভাৰম্ভনি কৰা হয়। ১৯৩০ ৰ পৰাই মেৰবিলৰ সপোন দেখা চাচনিবাসী ৰাইজৰ সপোনে যেন বাস্তৱ ৰূপ পালে। বিগত ১৩ বছৰ ধৰি মেৰবিলখনে পৰ্যটকক দি আহিছে এক অনাবিল প্ৰশান্তি। দুবছৰ আগৰ পৰা এই অঞ্চলত অনুষ্ঠিত হৈ আহিছে মেৰবিল উৎসৱৰ । তদুপৰি অইলে এই প্ৰকল্পৰ দ্বাৰা চাচনিৰ স্থানীয় ৰাইজক বিনামূলীয়া স্বাস্থ্যসেৱা, স্বাস্থ্যপৰীক্ষা আগবঢ়াইছিল। কৃষি উন্নয়নৰ বাবে সহায় কৰাৰ লগতে আত্ম সহায়ক গোটসমূহৰ দ্বাৰা পশু-পক্ষী পালনতো সহায় কৰিছিল। নাহৰকটীয়া প্ৰেছ গীল্ডে বৃক্ষৰোপন কৰিছিল। ভালেকেইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে দান কৰা গছপুলিয়ে মেৰবিলত শোভা বৰ্ধন কৰি আছে। বৰ্তমান এই পৰিৱেশ প্ৰকল্পৰ সভাপতি মণিমাণিক গগৈদেৱৰ এই প্ৰকল্পলৈ যথেষ্ট অৱদান আছে। গোটেই প্ৰকল্পটোৰ কাম সুচাৰুৰূপে পৰিচালনা কৰাত চাচনিৰ প্ৰতিখন গাঁৱৰ ৰাইজৰ সহায় সহযোগিতা শলাগিবলগীয়া। শীতকালত পৰিভ্ৰমী চৰাই আহি ঠাইডোখৰ মুখৰিত কৰি তোলে। হাজাৰ হাজাৰ কামচৰাই আহে।
বহুদিনৰ পৰা শুনি থকা মেৰবিলৰ পৌৰাণিক আখ্যান তথা মানৱসৃষ্ট কাৰুকাৰ্য সমূহে পৰ্যটকসকলক হাত বাউল দি যে মাতে সেয়া ধুৰূপ। প্ৰকৃতি তথা মানৱসৃষ্ট এই বিনন্দীয়া সৌন্দৰ্য যেন বিশ্বৰ চুকে কোণে প্ৰচাৰিত হয় তাৰে কামনা কৰিলোঁ।

অঙ্গন: পৃষ্ঠাঃ10
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ

(খণ্ড ৯)

অনিমা বাইদেউ ল'ৰা দুটাৰ সৈতে আৰু মই অকলে এখন বিচনাত একেটা ৰূমতে শুলোঁ । বিচনাত পৰি লৈ চকু মুদিব পৰা নাই । মনতো নানান ভাবনাই আগুৰি ধৰিছে । আজিকালি দিনকাল সলনি হ'ল । সঁচাবোৰ মিছা হয় মিছাবোৰ সঁচা হয় টকাৰ বলত । ধন থাকিলে আইনৰ সুৰুঙাৰে দোষীসকল সাৰি যায় আৰু নিৰ্দোষীয়ে শাস্তি ভূগে। গৰিমাহঁতৰ ঘৰখনৰ লগতো আজি একেই পৰিস্থিতি হ'ল। ধনৰ অভাৱত প্ৰতিবাদ কৰিব নোৱাৰি ভাগ্যৰ লিখন বুলি মানি ল'বলৈ বাধ্য হ'ল । উস্‌ঃ কি দুৰ্ভগীয়া দুখীয়াৰ জীৱনবোৰ । আনফালে এটা দুঃস্বপ্নই মোক খুলি খুলি খাইছে । কিয় বাৰু সপোনটোৰ লগত যেন এটা নিষ্ঠুৰ বাস্তৱ জড়িত হৈ আছে যেন ভাব এটাই মগজুত ক্ৰিয়া কৰি আছে । সেয়ে মই ইয়াৰ প্ৰকৃত ঘটনা কাৰণ উলিয়াব নোৱাৰালৈকে হয়তো শান্তিত শুব নোৱাৰিম । টোপনি নহা বাবে বাগৰ সলাই ইকাটি-সিকাটি কৰি আছোঁ । এবাৰ অনিমা বাইদেউক কথাটো সুধিব মন গৈছিল তেওঁ নিশাহঁতৰ আগত "তোমালোকে নাজানা বুলিহে" কোৱা কথাষাৰি কিনো আছিল । কিন্তু তেওঁক সুধিব লৈও ৰৈ গ'লোঁ জানোচা কথাবোৰ ক'লে তেওঁ পুনৰ ভয় ভাব মনত জাগিব । সেয়ে নুসোধাকৈ এনেই চকু মেলি কিবা-কিবি ভাবি পৰি থাকিলোঁ । সপোনটো দেখাৰ পৰাহে অনুমান কৰিছোঁ ৰাতি টোপনি নাহিলে কিমান যে অশান্তি হয় । কিমান যন্ত্ৰণাদায়ক হয় উজাগৰে পাৰ কৰা ৰাতিবোৰ ।
ৰাতি ক্ৰমে গভীৰ হৈ আহিছে । পৃথিৱীখন নিজানজান হৈ পৰিছে । বতাহত গছ পাত এখিলা লৰিলেও শব্দ হ'ব । টোপনি যাব চেষ্টা কৰিও টোপনি যাব পৰা নাই । ওৱাল ঘড়ীটোলৈ চালো কিমান সময় হৈছে আৰু ৰাতি পুৱাবলৈ কিমান বাকী । নাই এতিয়াও বহুত সময় বাকী ৰাতি বাৰ বাজিছেহে । পানী এগিলাচ খাওঁ বুলি উঠোতেই এটা চিৎকাৰ শুনিলোঁ । কোনোবাই বৰকৈ ভয় লগাকৈ চিঞৰটো মাৰিল। চিঞৰটো শুনি মই বিচনাত বহি ৰ'লোঁ । কোন হ'ব পাৰে ! কেনি চিঞৰটো মাৰিল একো ধৰিব নোৱাৰিলোঁ  । আকৌ শুনো নেকি কাণ পাতিলোঁ নাই আকৌ সেই চিঞৰটো শুনিবলৈ নাপালোঁ । অনিমা বাইদেউ ল'ৰা দুটাৰ সৈতে ধুনীয়াকৈ টোপনি গৈ আছে। মইহে নানান ভাবনাত পৰি ওৰে নিশা সাৰে কটালোঁ।
ৰাতিপুৱাই অনিমা বাইদেউৱে মোৰ মুখলৈ চাই ধৰিব পাৰিলে ৰাতি যে টোপনি যোৱা নাছিলোঁ । তেওঁ ক'লে"--- বিচনা সলনি হোৱা বাবে তোমাৰ টোপনি নাহিল চাগৈ ন । মইয়ো যে এবাৰো গম নল'লো তুমি টোপনি গৈছা নে নাই । বিচনাত পৰাৰ লগে লগে টোপনিয়ে গৈ থাকিলোঁ । বেয়া নাপাবা মোৰ বাবে তোমাক কষ্ট দিলোঁ । "
অহ্‌ অ ' বাইদেউ একো নাই অ। ইয়াত বেয়া পাব লগা কিটো আছে নো ! মোকতো আপুনি কোৱা নাছিল টোপনি নাযাবা বুলি । মইহে ভাবিলোঁ ৰখিবলৈ আহিছোঁ যেতিয়া সাৰেটো থাকিবই লাগিব ন । নে কি কয় আপুনি ? কথাটো সঁচা কৈছোঁ নে মই ! মোৰ কথা শুনি বাইদেউৱে হাঁহি হাঁহি ক'লে"---তুমি মানুহ মাৰিবা দেই । কি যে কোৱা । ঠিক আছে ৰ'বা চাহকাপ আমাৰ ইয়াতে খাই যোৱা । মই চাহ কৰোঁগৈ বুলি বাইদেউ কিট্‌চেন ৰূমলৈ গ'ল । দুয়ো মুখামুখিকৈ চাহ খাবলৈ বহিলোঁ । মই ভাবিলোঁ যি হয় হ'ব ইমান চিন্তাত মৰি থকাতকৈ বাইদেউক কথাটো সুধি চাওঁ । মোলৈ লক্ষ্য কৰি তেওঁ মাত দিলে"--- ৰূপা , চাহ খোৱা ;  ঠাণ্ডা হ'ব এতিয়া । কিনো ভাবি আছা ! তেওঁ তেনেকৈ কোৱা বাবে সুধিবলৈ চল এটি পালোঁ । 
     ঃবাইদেউ মই  কথা এটা সুধিব পাৰোঁ নে  আপোনাক ! 
     ঃ  অঁ সোধা আক্‌ কি কথা ? এইটোনো সুধিব পাৰোঁ নে বুলি সুধিব লাগিছে নে !
     ঃ আপুনি বাৰু কালি সন্ধিয়া নিশাহঁতৰ আগত কি কথা ক'ব বিচাৰিছিল ? মই জানিব পাৰোঁ নেকি ?
    ঃঅ' ৰ'বা ক'ম । তোমালোকে ভয় খোৱা বুলিহে কোৱা নাছিলোঁ সদায় কম কম বুলি ভাবিও নোকোৱাকৈ থাকোঁ । আমাৰ এখেতেও তোমালোকে ভয় কৰিবা বুলি  মোক ক'বলৈ হাক দিয়ে । 
    ঃ বৰ ডাঙৰ কথা । কিন্তু আচল ঘটনাটোৰ বিষয়ে মই একো নাজানো । এই ঘটনাটোৰ আদিৰ পৰা অন্তলৈ সৰ্বিশেষ মণি কাইটিয়ে জানে । কিন্তু কাকো নকয় । 
    ঃ মণি কাইটি ! মণি কাইটিয়ে কি কথা জানেনো ?
    ঃ শুনা মালিকৰ ঘৰৰ ওপৰ মহলৰ দক্ষিণফালে এটা ডাঙৰ কোঠা আছে । কোঠাটো আজি পাঁচ বছৰে হ'বৰ হ'ল বন্ধ কৰি থোৱা । কোঠাটোৰ দুৱাৰখনত পথালিকৈ লোহাৰ লগাই দুই মূৰে দুটা বৰ ডাঙৰ তলা লগাই থৈছে । আৰু আজি চাৰি পাঁচ বছৰে সেই কোঠাতো আন্ধাৰ কৰি থৈছে । তাত কোনো দিনে লাইট নজ্বলাই । তোমালোকে মন কৰিবাচোন সকলোফালে লাইট জ্বলি থাকে । সেই কোঠাটোত লাইট নজ্বলে । সদায় আন্ধাৰেই হৈ থাকে । 
    ঃ কিয় ? কি আছে সেই কোঠাটোৰ ভিতৰত আপুনি জানে নেকি ?
   ঃ ভালকৈ নাজানো । এদিন গাঁৱৰে এগৰাকী মানুহে মোক কৈছিল তাত বোলে কাৰোবাৰ এটা মৃতদেহ বৰ ডাঙৰ লোহাৰৰ বাকচ এটাত ভৰাই থৈছে ।
   ঃ মৃতদেহ ! মই আচৰিত হৈ সুধিলোঁ ! কাৰ মৃতদেহ ?
   ঃ এইবোৰ একো নাজানো । ময়ো লক্ষ্য কৰা নাছিলোঁ । যিদিনা মানুহ গৰাকীয়ে ক'লে"--- সিদিনাৰ পৰা লক্ষ্য কৰোঁ হয় সেই কোঠাটো সদায় আন্ধাৰ হৈ থাকে । এদিন মানুহ গৰাকীয়ে কোৱা কথাটো হয় নহয় প্ৰমাণ চাবলৈ মালিক মালিকনী ঘৰত নাথাকোঁতে মণি কাইটিক লৈ এনেই ঘৰখন চাওঁচোন বুলি চাই আহিলোঁ । সঁচাকৈ মানুহ গৰাকীয়ে কোৱাৰ দৰে কোঠাটো বন্ধ আছিল । মণি কাইটিক এইটো কিয় এনেকৈ বন্ধ কৰি থৈছে বুলি সোধাত একো নাই এনেয়ে পুৰণি বস্তুৰ গুডাম কৰি থৈছে বুলি ক'লে ।
    ঃ গাঁৱৰ মানুহ গৰাকীয়ে কেনেকৈ জানিলে যে তাত কাৰোবাৰ মৃতদেহ আছে বুলি ?
    ঃ গাঁৱৰ দুই এজনী মানুহে সপোনত দেখে বোলে সেই কোঠাটোত কোনোবা এজনী ছোৱালীক বন্দী কৰি থৈছে । তাই বোলে তাইক উদ্ধাৰ কৰিবলৈ তেওঁলোকক সপোনত গৈ কয় ।
 ঃ ই কি আচৰিত ! সঁচাকৈ নে ?
    ঃ অ'  কথাটো সঁচা হ'ব লাগে । কাৰণ মানুহজনীয়ে সপোনত দেখাৰ দৰে কোঠাটো বন্ধ থকাটো সত্য । মই নিজেই চাই আহিছোঁ ।
      ঃ এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে । এটা মৃতদেহ ঘৰৰ কোঠাত বন্দী । কোন হয় ? কাৰ মৃতদেহ ? কেনেকৈ মৰিল । এইবোৰ ওচৰৰ মানুহে একো গম পোৱা নাছিল নে ? 
   ঃ এইবোৰ একো নাজানো । দোভাগ ৰাতি নিজানত মালিকৰ ঘৰৰ সেই কোঠাটোৰ পৰা কোনোবা মাইকী মানুহে কন্দা বহুতে শুনিছে । সেয়ে সেই কথাটো গম পোৱাৰে পৰা মোৰ বহুত ভয় লাগে ৰাতি অকলে থাকিবলৈ । কথাখিনি তুমি সোধাৰ বাবে ক'লোঁ --- কাৰো আগত নক'বা । নহ'লে ঘৰৰ মালিকে কথাবোৰ শুনিলে বেয়া হ'ব ।
     ঃ ঠিক আছে বাৰু কাকো নকওঁ বুলি মই নিজৰ ৰূমলৈ ওলাই আহিলোঁ । 

আগলৈ...

অঙ্গন: পৃষ্ঠাঃ11
অণুগল্পঃ
অনুতপ্ত
 
জুৰী বৰুৱা
 
নিশা তেতিয়া এক বাজিছে। আনদিনাৰ দৰেই আজিও সিহঁত কেইটা কিছু সময়ৰ ব্যৱধানত ঘৰ সোমাইছেহি। আজি ঘৰত কোনো নাই। নিৰ্ভয়ে মানুহ গৰাকীয়ে দুৱাৰখন খুলি দি মুখখন চাদৰেৰে ঢাকি ভিতৰলৈ সোমাই গ'ল।
"কি বনাইছ এইবোৰ ?"
দলিয়াই দিয়া কাঁহীখনৰ শব্দই মানুহগৰাকীৰ কান্ধৰ বিন্ধাইদি গৈ বুকুত বেয়াকৈ বিন্ধিলেগৈ।
"মই যদি সময় থাকোঁতেই বাপেকৰ অগোচৰে ৰাতি দুপৰত দুৱাৰৰ হুকটো খুলি দিয়াৰ অভ্যাসটো এৰিলোহেতেঁন!"

ঠিকনাঃ
মেলামৰা কলেজ।পো:অ:-মেলামৰা।জিলা-গোলাঘাট(অসম)
পিন-৭৮৫৭০২
ফোন-৬০০০৯৪৬০৭৭

অঙ্গন: পৃষ্ঠাঃ12
নাইট কুইন
 
মীনাক্ষী ৰায় ডাকুৱা
                                  
যোৱা আগষ্ট মাহত ম‌ই কেইদিনমানৰ বাবে কিবা এটা জৰুৰী কামত গুৱাহাটীলৈ গৈ জু ৰোডৰ ভাইটিৰ ঘৰত আছিলোঁ । এদিন বান্ধৱী জোনাই সন্ধিয়াৰ আগে আগে ফোন কৰি ক'লে, আমাৰ ঘৰলৈ আহাঁ—ৰুমিমা, পূৰ্ণিমাকো আহিবলৈ কৈছোঁ, এটা দাৰুণ বস্তু দেখুৱাম ।
সন্ধিয়া ঠিক সাত বজাত আমি তিনিও বান্ধৱী একেলগ হৈ জোনাৰ ঘৰত গৈ উপস্থিত হ'লোঁ । গেট খুলি ভিতৰত সোমোৱাৰ লগে লগেই নাকত আহি লাগিল এক অপূৰ্ব সুগন্ধ, এনেকুৱা সুগন্ধ আমি জীৱনত পোৱা নাই । আমাৰ মন-প্ৰাণ যেন জুৰ পৰি গ'ল । জোনাই ঘৰৰ পৰা ওলাই আহি ক'লে, অ' তোমালোক আহি পালা । বাহিৰতে পাতি থোৱা চকী কেইখন দেখুৱাই তাই বহিবলৈ ক'লে । ৰুমিমাই সুধিলে— কি নো কথা, জৰুৰী তলব যে ? জোনাই ক'লে, তোমালোকৰ মনত আছেনে প্ৰায় এবছৰমান আগতে ম‌ই বাগিচাত ফুলৰ পুলি এটা ৰুইছিলোঁ ? পূৰ্ণিমাই ক'লে, খুব মনত আছে । তুমি কৈছিলা সেই ফুল দেখিলে দুখী মানুহৰো দুখ আঁতৰি যায় । সকলো তুচ্ছতা, ক্ষুদ্ৰতা নোহোৱা হৈ যায় । জোনাই ক'লে—ঠিকেই, সেই ফুল ফুলিবলৈ আৰম্ভ কৰিছে, আহাঁ । আমি আগুৱাই গ'লোঁ । দেখিলোঁ একাষত এটা ডাঙৰ টাবত এজোপা লতাজাতীয় গছ—পাতবোৰ ঔটেঙাৰ পাতৰ আকৃতিৰ দৰে ডাঙৰ । কিন্তু খহটা নহয় মোলায়ম, কাষবিলাক ছিঙা ছিঙা । বহল পাতবোৰৰ কাষৰ পৰাই ওলাই আহিছে দীঘল সাপৰ ফণাৰ দৰে ঠাৰি । তাৰেই মূৰত ধকধকীয়া বগা দীঘলীয়া ফুল । মাত্ৰ পাঁচটামান ফুল, পাহিবিলাক এতিয়াও সম্পূৰ্ণ মেলা নাই । তাতেই দশোদিশ চমৎকাৰ গোন্ধত আচ্ছন্ন । আমি সকলোৱেই মুগ্ধতাৰ চৰমত । পূৰ্ণিমাই মুগ্ধ স্বৰেৰে সুধিলে, ফুলটোৰ নাম কি ? জোনাই মৰম লগাকৈ হাঁহি ক'লে, "নাইট কুইন," অসমীয়াত যে কি কয় ম‌ই সঠিক নাজানো । ইমান সুন্দৰ ফুলটোৰ জীৱন কিন্তু মাত্ৰ এক ৰাতিৰহে । এতিয়া ফুলি আছে—সম্পূৰ্ণ ফুলে মানে ৰাতি দহমান বাজিব । তাৰপিছত ৰাতি যিমানেই গভীৰ হ'ব পাহিবোৰ মৰহিবলৈ ধৰিব । ৰাতিপুৱালৈ সম্পূৰ্ণ মৃত । আমাৰ সন্মিলিত দীৰ্ঘশ্বাস পৰিল । আমি অপাৰ বিস্ময়েৰে চাই থাকিলোঁ এটা অদ্ভূত ফুলৰ গোন্ধময় জীৱনৰ পূৰ্ণতা প্ৰাপ্তি । জোনাই ক'লে, আটাইতকৈ দুখৰ কথা, ফুলটোৰ আয়ু ইমান কম যে—
"আয়ু ইমান কম বাবেইতো এই ফুল ইমান মহাৰ্ঘ"—মই ক'লোঁ ।
গোলকগঞ্জ, ধুবুৰী 
ফোন নং—৮৭৬১৮৬৫৮৮৫

অঙ্গন: পৃষ্ঠাঃ 13
মানৱতা

ৰাজু বনিয়া, উত্তৰ লখিমপুৰ

“ৰাইজ! এইবাৰ আমি আমাৰ কলনিৰ দুৰ্গা পূজা ভাগ আৰু নাপাতোঁ৷”
“কিন্ত কিয় সভাপতি ডাঙৰীয়া?”সকলোৱে সুধিলে৷
“প্ৰতিবছৰে পাতি অহা পূজাখন এনেকৈ স্থগিত ৰাখিলে দুৰ্গা মায়ে আমাক দোষ ধৰিব।
“প্ৰবীণৰ কথা শুনি যদুমণিয়ে ক’লে “একো দোষ নধৰে।৷আমি পূজাৰ নামত খৰচ কৰা দুই তিনি লাখ টকাৰে যদি আজি এবছৰে বিছনাত পৰি কিডনী ৰোগত চত-ফটাই থকা মুনমীক যদি এক নতুন জীৱন দিওঁ তেতিয়াও আমাক মা দুৰ্গায়ে আৰ্শীবাদ দিব৷”
যদুমণি কথাষাৰ শুনি সকলোৱে হয়ভয় দি হাত চাপৰি বজালে৷

অঙ্গন: পৃষ্ঠাঃ 14
আইনা
 
প্ৰিয়ম ৰাগিণী
 
ডিঙিত গামোচাখন পিন্ধাই দিয়াৰ পাছত জাউৰিয়ে জাউৰিয়ে হাতচাপৰিৰ কোবত শিল্পীশিখাই  যিটো অনিৰ্বচনীয় আনন্দ লাভ কৰিলে সেইটোৰ সমান সুখ শিল্পীয়ে এৰি অহা জীৱনত কেতিয়াও পোৱা নাছিল।দুআষাৰ বক্তব্য ৰাখিবলৈ দি মাইক্ৰফোনটো আগবঢ়াই দিয়া উদ্যোক্তাজনক ধন্যবাদ দি হাতৰপৰা লৈ আৱেগমিশ্ৰিত থোকাথুকি মাতেৰে ক'লে"মোৰ জীৱনৰ বাবে মা এখন আইনা,মাৰ অহোপুৰুষাৰ্থৰ বাবেই মই আজি মেট্ৰিকত ষ্টেন্ড  কৰিবলৈ সক্ষম হ'লোঁ।
আৰু কথা ক'ব নোৱাৰিলে তাই।আৱেগে হেচা মাৰি ধৰিলে…


অঙ্গন:  পৃষ্ঠাঃ 15
অনুবাদ কবিতাঃ
 
The Confirmation

Edwin Muir

Yes, yours, my love, is the right human face.
I in my mind had waited for this long,
Seeing the false and searching for the true,
Then found you as a traveller finds a place
Of welcome suddenly amid the wrong
Valleys and rocks and twisting roads. But you,
What shall I call you? A fountain in a waste,
A well of water in a country dry,
Or anything that's honest and good, an eye
That makes the whole world seem bright. Your open heart,
Simple with giving, gives the primal deed,
The first good world, the blossom, the blowing seed,
The hearth, the steadfast land, the wandering sea.
Not beautiful or rare in every part. 
But like yourself, as they were meant to be.


স্বীকৃতি

(মূল: The Confirmation by Edwin Muir
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

হয়, মোৰ প্ৰিয়া, তোমাৰখনেই সঁচা মানৱীয় মুখ। 
মানস পটত আঁকি সেই মুখ, কটালোঁ বহুদিন,   
দেখি দেখি অলেখ কৃত্ৰিম মুখ, বিচাৰি ফুৰিলোঁ আচল,
তেনেতে যেতিয়া পালোগে তোমাক, এনে লাগিল-
যেন কোনো বাটৰুৱাই পাৰ হৈ শিলাময় পৰ্বত-ভৈয়াম 
আৰু এঁকা-বেঁকা পথ, দেখা পালে তেওঁৰ ইপ্সিত স্থল।
কিন্তু তুমি, কি বুলিম তোমাক ? 
গছ-লতাৰ মাজৰ এটি 
জিৰ-জিৰ ঝৰণা, মৰুভূমিৰ মাজৰ এটি জলাশয়, অথবা 
এনে কিবা এটি যি সত্য আৰু শুদ্ধতাৰ প্ৰতীক, এক দৃষ্টি  
যিয়ে উদ্ভাসিত কৰে সমস্ত বিশ্ব। তোমাৰ খোলা অন্তৰ, 
বিলোৱাৰ সৰলতা, দিয়াই মূখ্য কাম, 
প্ৰথমতে সুন্দৰ বিশ্ব, প্ৰস্ফুটিত পুষ্পৰাজি, উৰণীয়া বীজ,
উষ্ম অন্তৰৰ সুস্থিৰ ভূমি, বিস্তৃত সমুদ্ৰ।
নহ’ব পাৰে সুন্দৰ অথবা দূৰ্লভ এই সৰ্বস্ব। 
কিন্তু তোমাৰ দৰেই, যি উদ্দশ্যে সৃষ্ট, এই সমস্ত সেয়াই।
    
(এডউইন মুইৰ এগৰাকী স্কটিছ কবি, ঔপন্যাসিক আৰু নাট্যকাৰ আছিল।১৮৮৭ চনত বৃটেইনৰ স্কটলেণ্ডৰ অন্তৰ্গত অৰ্কনে নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল। তেওঁ গভীৰ ভাবপূৰ্ণ সৰল কবিতাৰে পাঠকৰ মন জয় কৰিব পাৰিছিল।১৯২৫ আৰু ১৯৫৬ চনৰ ভিতৰত তেওঁৰ সাতখন কাব্য সংকলন প্ৰকাশ পাইছিল।তেওঁ পত্নীৰ সৈতে মিলি জাৰ্মান সাহিত্যিক ফ্ৰাঞ্জ কাফকা আৰু আন বহু জাৰ্মান লেখকৰ গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰিছিল।১৯৫৫ চনৰ পৰা তেওঁ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত ইংৰাজীৰ প্ৰফেছৰ হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।১৯৫৭ চনত তেওঁৰ মৃত্যু হয়।)

অঙ্গন:  পৃষ্ঠাঃ 16
আমি যেতিয়া 

মূল বাংলা: আলতাফ হুচেইন
অনুবাদ: বাসুদেৱ দাস

আমি যেতিয়া কোনেও ক'তো যোৱা নাছিলোঁ তেতিয়া আমাৰ গল্প হৈছিল
আমি তেতিয়া কোনেও জনা নাছিলোঁ আমি বহু দূৰ-দূৰণিলৈ গৈছোঁ
ভাবিছিলোঁ একেই লগত আছোঁ, এটা ঘৰত, এখন পাৰ্কত , একেই  নিউমার্কেট

আৰু গল্প হৈছিল 
এজনে আনজনক শুনাইছিলোঁ
এজনে যেতিয়া কৈছিল আনজনে শুনিছিল।

আৰু এতিয়া সমুদ্রৰ পৰা  তিনিমাহ পাছত 
মই উভতি আহিলোঁ
আমাৰ ত্ৰিছ বছৰ বিচ্ছেদৰ পাছত 
আমি একেই লগে গল্প কৈ গৈ আছোঁ,
আৰু
আমাৰ  সমুদ্রৰ হাহাকাৰৰ গল্প 
মাটিৰ প্ৰতিবেশীৰ নৈমিত্তিক সুখ-দুখৰ কাহিনী
হলিগলি 
বতাহত গৈছে মিহলি।

অঙ্গন:  পৃষ্ঠাঃ 17
কবিতাঃ

মা
 
পৰিস্মীতা পৰাশৰ

যান্ত্ৰিকতাৰ মাজত পেৰাটোত ভৰাই থোৱা
তোৰ সাঁচতীয়া মৰমবোৰৰ সুবাস বিচাৰিবলৈ যাওঁতে দ্বিতীয় বেৰৰ বুকু শেলি যোৱা 
গেঙনিৰ শব্দ...!!

তেতিয়াই 
জাপৰ মৰমবোৰ জাপতে  ৰাখি সময়ৰ লগত খোজ মিলাওঁ...!!

এৰা...!!
হাজাৰ চিঞৰিলেও চিলনী আই আজি নাই...
ধৰ্ম সংকতে 
দুখৰ বুজ লবলৈ নিদিয়ে...
দিয়ে মাথোন 
বৰ বৰ মানুহৰ দোলাৰ ভাড়...!!

বিফল হৈছো...!!
যত্নবোৰ আমনিদায়ক হৈ পৰিছে...!
অচিন বিষে কেকোঁৰা চেপা দি চেপিছে...!

এনে লাগে যেন ....
চেঁচা পানীৰ বাটি এটাৰ ওপৰত আশাবোৰ ধাক মাৰি থৈছো...
আৰু  ই ক্ৰমান্নয়ে শূণ্য ডিগ্ৰীলৈ গতি কৰিছে...!!

জান' আই...
আজিকালি যন্ত্ৰণাবোৰ মোৰ বাবে মন্ত্ৰ...!!
সৰুতেই শিকি অহা শিষ্টাচাৰে লক্ষ্মণ ৰেখা পাৰ হ'ব নিদিয়ে...

তোৰ মৰমবোৰ
 জাপতে ৰাখো দে আই...
নহলে
মৰমৰ সুবাস বিচাৰি ফুৰোঁতে  সময়ে মুখ ভেঙুচাই গুচি যাব...

খোজকে মিলাওঁ...!!

অঙ্গন:  পৃষ্ঠাঃ 18
ভয় 

গৌৰী চুবেদাৰ বৰা 
নামৰূপ 

নৈ খনৰ বুকুতে 
গঢ় লৈছিল এটা ব-দ্বীপ 
সাক্ষী কৰি ইতিহাসক 
জলৰঙী সপোন কিছুমানে 
গজালি মেলিছিল চকা মকা পোহৰেৰে 
সপোনবোৰক পুষ্টি দানেৰে 
বাঢ়িছিল এজোপা বৃক্ষ  
লহ্পহ্ কৈ বাঢ়িছিল বৃক্ষৰ শিপা 
ধৰি ৰাখিছিল নৈ পাৰৰ চনকা মাটি 
জাৰে জহে নখহাকৈ !
অনামী বতাহ কেইছাটিয়েও 
নাশিব পৰা নাছিল সপোনৰ হেঁপাহ 
পতনুৱা কৰিব পৰা নাছিল বৃক্ষৰ ঔ-ফুলীয়া বীজ 
কিন্তু ---
এতিয়া ভয় হয় !
জানোছা সপোন আৰু হেঁপাহে  মিলি
কুটি কুটি খাই দুৰ্বল কৰে 
বৃক্ষৰ সাতামপুৰুষীয়া সাহ 
ঠুনুকা কৰি কলিজাখন ! ! 
বাৰে বাৰে শংকিত হওঁ 
কিজানিবা হেৰাই যায় 
ইতিহাসৰ সাক্ষী ! !
অঙ্গন: পৃষ্ঠাঃ19
হৃদয়ত কৃষ্ণচূড়া ফূলিছে

প্ৰকৃতি প্ৰিয়া দত্ত

হৃদয়ত কৃষ্ণচূড়া ফুলিছে
তেজ আৰু ধমনীত ৰঙীন ফুলৰ থোপাবোৰ
উটি ভাঁহি ফুৰিছে!
কোমল সেউজীয়া চিৰিলি চিৰিলি পাতবোৰে
বসন্তৰ জাননী দিছে...
শিপাবোৰে হৃদয়খন আস্থাৰে সাৱটি লৈছে!
মসৃণ গাটোত বাঁহ লৈছে এমুঠি সপোন...
বিশাল আকাশৰ তলত
পৃথিৱীখনক মৰমেৰে সাৱতি
কৃষ্ণচুড়া জোপাই
হৃদয়খন আৱৰি পেলাইছে...
হৃদয়ত কৃষ্ণচূড়া ফুলিছে।।

অঙ্গন: পৃষ্ঠাঃ20
অনাখৰী দলিল

দীপশিখা বৰুৱা, গোলাঘাট
                      
বসন্তৰ এটি দুপৰীয়া!
খোলা খিৰিকীৰে এজাক
অচিনাকি বতাহৰ প্ৰৱেশ।
তপ্ত যৌৱনৰ ক্ৰমোন্নতিত
এজাক অনাকাংক্ষিত বতাহে
গালে মুখে আবিৰ ছটিয়াই
চিনাকি নৈখনিও যেন তাইৰ
লগে লগে যৌৱনা হ'ল।
যৌৱনৰ তৰঙ্গ যেন দিনে দিনে বাঢ়ে
অপুৰঠ উত্তাল তৰঙ্গত
তাই আজি দিশহাৰা
তাই পথভ্ৰষ্ট।

হৃদয়খন যেন এক অনাখৰী দলিল
য'ত স্বাক্ষৰিত হ'ল
তুমি মই এক হোৱাৰ চুক্তি।
দৃষ্টি অবৰুদ্ধ কৰি
মন তনুৰ সমৰ্পণৰ স্বাক্ষৰ কৰি গ'ল
এটাৰ পিছত এটাৰ মধূৰ ক্ষণৰ
কৰি গ'ল নৰ তনুৰে দুয়ো সুখী হোৱাৰ বৃথা স্বাক্ষৰ
তাইৰ বিশ্বাসৰ
বিশ্বাসঘাটক প্ৰেমিকৰ।

কৃত্ৰিম মৰমৰ আবিৰত তাই
বৰ্ণান্ধ ৰূপত মুগ্ধ তাইৰ প্ৰেমিক
নাৱৰীয়া যেন
সমুদ্ৰ গহ্বৰৰ বুভুক্ষু অক্টোপাছ,
পি খাইছিল তাইৰ দ্বীপ্ত যৌৱন।

বিলম্বিত লয়ত গধূলি নামিল
অদৃশ্য হ'ল নৈখন আৰু নাৱৰীয়া

উৱঁলি পৰা ক্ষত-বিক্ষত হৃদয়েৰে
তাই এপাঁহ পূজাৰ অযোগ্য,
মদাৰৰে ফুল যেন
ঘন এই জন অটব্যত।

অবেহেলিত হৈ পৰি ৰল,
হৃদয়ৰ কুন্ধিত
এক মিথ্যা, ব্যৰ্থ বিশ্বাসঘাটকৰ চুক্তিৰ স্মৃতি
এখন অৰ্থহীন অনাখৰী দলিল ৰূপত।
অঙ্গন: পৃষ্ঠাঃ21
শান্ত বতাহ
অশান্ত মন


পিংকি ঠেঙাল

শান্ত বতাহজাকে যেন ক'ৰবাত
ৰৈ ৰৈ বিনাইছে, চকুলু টুকিছে ।
প্ৰদূষণৰ কুঠাৰঘাতে শান্ত বতাহজাকক ক্ৰুদ্ধ কৰিছে
স্বাধীনতাবোৰ যেন খৰ্ব হৈছে
পৰাধীন হৈ পৰিছে
স্বাধীনচেতীয়া বতাহজাক ।

শান্তি বিলোৱা বতাহজাক
হৈ পৰিছে নিজেই অশান্ত,
হৈ পৰিছে ভাগৰুৱা
উদাস আৰু অকলশৰীয়া।
যেন উচুপু উঠিছে অলপ সহাৰি বিচাৰি!
বতাহজাকে যেন টুকিছে চকুপানী।
দৃশ্যমান ধূসৰত আঁকিছে পৰাধীনৰ ছবি ।
মানুহৰ পৰা বিচাৰিছে অলপ সহাৰি।

অঙ্গন: পৃষ্ঠাঃ 22
জোনাক ফুলা সময়ৰ সূৰ্য্যস্তৰ
 
যমুনা দুলু বৈশ্য
শুৱালকুছি

নিৰ্ভেজাল হাঁহিৰে সঞ্জীৱনী উৎস তুমি
আবেলিৰ ভাগৰত সান্নিধ্যৰ
ঘৰ্মাক্ত দেহৰ ক্লান্ত হৃদয়ত
বাজি ৰয় তৰঙ্গ বিলীন।

সময়ৰ অনুভূতিত  অচিনাকি সুৰত
স্বাভিমানে বাঁহ লয় অজানিতে
হেঁপাহৰ  বাট সামৰি আউল লগাই
সুখৰ সংজ্ঞাৰ প্ৰণয়ৰ সপোন।

আলি কেকুঁৰিত পাৰাপাৰহীন
সোণাৰু  বুলীয়া  অনাবিল প্ৰাপ্তিৰ
যিফালে চাওঁ  সিফালেই একে
লৰাঢপৰা উজুটিহে খাওঁ ।

আত্মৰক্ষাৰ স্বাৰ্থৰ তাড়না
নিজক জীয়াই থকাৰ বাবে পৰিশ্ৰম
খেলি থাকে বুকু ভেদি
জীয়াই থকাৰ অৱকাশ  ।

মৌন ব্ৰত হ'লে ভাল বুলি
পাবা পৰিচয় বাস্তৱিকতাত
জীৱন মধুৰ কৰা সৎসঙ্গৰে  জোনাক ফুলা
সময় এয়া যে সূৰ্য্যস্তৰ শব্দৰ দাপোণ।

অঙ্গন:  পৃষ্ঠাঃ 23
আজি মোৰ হৃদয়ত বৰষুণ নামিছে
 
শর্মীষ্ঠা বর্মন

আজি কেৱল মৌনতা অৱলম্বন কৰিম ,
নিশ্চুপ হৈ কেৱল শুনি থাকিম
আকাশখনে প্রাণ ঢালি নমাই অনা
ৰিম-ঝিম বৰষুণৰ শব্দ ৷
 
খৰাং ঠাইডোখৰে মন-প্রাণ
শিলৰ দৰে কঠিন কৰি তুলিছিল ,
খন্তেক আগত আকাশত মেঘে কৰা
বৰষুণৰ আয়োজনৰ উল্লাসত
চৰাই-চিৰিকটিবোৰে
ইমূৰৰ পৰা সিমূৰলৈ উৰি ফুৰিছিল ৷

নিশ্চুপ হৈ আজি বৰষুণৰ টোপালবোৰ
পাষাণ মনৰ কেৰেপে কেৰেপে সোমাবলৈ দিম ৷

মৃদু মৃদু বতাহেও বৰষুণজাকক
মতলীয়া কৰিবলৈ লৈছে ,
ধূলি-মাকতিৰে লিপিট খাই থকা
শুকান গছ-বিৰিখে
বৃষ্টিজলত চপচপীয়া হৈ
লয়লাস নর্তকীৰ দৰে হালিছে-জালিছে ;

আকাশখনে নীলা আৱৰণখন খহাই
বৰষুণৰ সৈতে বোৱাই দি
হৃদয়বোৰ নীলিম কৰিবলৈ লৈছে ,

পাষাণ মনৰ মলিবোৰ ধুই কোমল কৰি
বন্ধ্যা হৃদয় উর্বৰ কৰাত
ব্যস্ত হৈ পৰিছে অযুত বৃষ্টিকণা ৷

হৃদয়ত এতিয়া নীলিম শব্দৰ আদ্দা ৷

আজি মোৰ হৃদয়ত বৰষুণ নামিছে ,
পাষাণ হৃদয় এতিয়া
আকাশৰ নীলাৰ সৈতে আলাপত মগ্ন ৷

নীলা ৰং ৰহিত
গোমা আকাশখন চেলেকিবলৈ
এতিয়া লালায়িত
হৃদয় সাগৰৰ ঢৌৰ গ্রীবা ৷

আকাশৰ নীলাখিনিৰ সৈতে ধৰাশায়ী হোৱা
সলিলৰাশিৰ পৰশত
খৰাং হৈ হিংস্র ৰূপ ধাৰণ কৰা
প্রতিখন হৃদয় হৈ উঠক
নিষ্পাপ পুৱাবোৰৰ দৰে শান্ত ৷

মোৰ ক্নান্ত হৃদয়ত এতিয়া বৰষুণ নামিছে ৷

অঙ্গন:  পৃষ্ঠাঃ 24
ধোঁৱাৰে ধুৱা দেহ
 
ৰিতু ভৰালী, যোৰহাট

বৰষুণৰ টোপাল এটা শুঙি চালোঁ
ধোঁৱাৰে ধুৱা দেহ
পোচাকযোৰ চকু ফুৰালোঁ
চিলাইথোৱা চোলাটো চিলাব লাগিব
ফুটা হোৱাৰ টুকুৰাবোৰ বোলে বাটতে আছে বহুত ফুটা ৰৈ গৈছে এতিয়া (!)

অঙ্গন: পৃষ্ঠাঃ 25
তোমাৰ কথাৰে

নিজৰা বৰ্মন ডেকা


সন্ধিয়াৰ আকাশত অযুত তৰালী
চৌদিশে তোলে পোহৰৰ ৰেঙনি
ধৰাৰ বুকুলৈ আনে আশাৰ বাতৰি।
মোৰ হৃদয়ৰ উকা পৃষ্ঠাত
খোদিত হ'ব এখনি ইতিহাস
অবুজ ভাষাত তোমাৰ কথাৰে।
সপোনবোৰ বাস্তৱায়িত কৰিবলৈ
জোন বেলি তৰাৰ দেশত
তোমাৰ কথাৰে যাম বিচাৰি।
বুকুৰ সিপাৰে আছে
মৰমসনা এখনি হৃদয়
তুমি তুমি লগা অনুভৱৰ স্পন্দন।
তোমাৰ কথাৰে নামে প্ৰেমৰ বৰষা
লপথপিয়া হিয়াৰ পথাৰত ফুলে
বিশ্বাসৰ হেজাৰ শতদল ।

অঙ্গন: পৃষ্ঠাঃ 26
শিক্ষক

অনামিকা (সংগীতা )কলিতা, শুৱালকুছি

জ্ঞান আহৰণ কৰাৰ

সঠিক পথ দেখুৱাই

যাৰ এটি নাম শিক্ষক, গুৰু ।
শব্দ যদি পৰম ব্ৰহ্ম  হয়
প্ৰজ্ঞাৰ সাধনাত মানুহ গঢ়াৰ সপোন
প্ৰতিফলিত কৰে ---
সৃষ্টিৰ ইতিহাস  জিপালত মগ্ন ,
দুয়ো পাৰ সমন্বয়ৰ সাঁকো ৰক্ষা কৰে ।
কংক্ৰিটৰ মাজতো শান্তিৰ বাতাবৰণ
হৃদয়ৰ অকণমান অনুভৱৰ নামেই
শিক্ষক, গুৰু।

অঙ্গন: পৃষ্ঠাঃ 27
অনুপম
 
কবিতা হাজৰিকা, গুৱাহাটী
 
চিকুণ ৰাতিপুৱাই
নিৰবতা প্ৰাচুৰ্য্যৰে ভৰা
পৃথিৱী খনৰ এটা
চুকত বিচাৰি ফুৰো
কুৱলীৰ আৰঁত
লুকাই থকা
ৰদ কাচঁলি।
মৰম আকলোৱা
অজান মুলুকত
তোমাক বিছাৰি,বিছাৰি
হাহাকাৰ কৰে
মোৰ মন।
কিজানিবা তোমাক
কাষতে পাওঁ।
দূৰণিত ৰিণিকি ৰিণিকি
শুনিছো কোনোবা
অহাৰ শব্দ।
আঃ কি অনুপম
তোমাৰ ষ্পৰ্শ।
সুন্দৰ হেঙুলীয়া
পুৱাৰ দৰেই
মোৰ মন-প্ৰাণ
আনন্দৰে ভৰি পৰে
তোমাক পাই।
সচাই অনুপম
তোমাৰ ষ্পৰ্শ ।

অঙ্গন: পৃষ্ঠাঃ 28
কবিতা এক অবিনাশী ক'লা
 
মৃদুলা দেৱী, মাজুলী

কবিতা সভ্যতাৰ এক আদিম স্নিগ্ধ তেজাল পুৱা,
নান্দনিক চেতনা সমৃদ্ধ শৈল্পীক মনৰ অবিনাশী ক'লা।
কবিতা জীৱনৰ ছন্দোবদ্ধ বৈচিত্রময় জটিল সৃষ্টি,
ধ্বনি আৰু ভাবৰ এখন কল্লোলিত নদী।
কবিতা নিৰলাত সোঁৱৰা আবেগৰ পাৰ বাগৰা ঢল।
অতীতৰ স্মৃতিৰে ভবিষ্যতৰ সপোন সজায় বৈ যায়,
সৃষ্টি আৰু সমন্বয়ৰ বাৰ্তা লৈ দেশ দেশান্তৰ ।
প্রজন্মৰ পৰা প্ৰজন্মলৈ নৃত্য নতুন ৰূপেৰে চিৰপ্রবাহ মান অনন্ত কাললৈ,
বর্ষা, শৰৎ, শীতৰ মায়াময় ৰাগিত কবিতা
পূর্ণ যৌৱনমতী হয়।
প্রকৃতিৰ তাঁতঘৰত ছন্দোময় শব্দৰে বুটা বাচি যায় নতুন ৰহনেৰে ,
সুখ, দুঃখ, হাঁহি, কান্দোনৰ অলংকাৰেৰে।
কবিতা তপ্ত হৃদয়ৰ বেডুইন চাহাৰা,
পুৰণি ইতিহাসৰ সুৰময়, ছন্দোময় অমৰ কাব্যগাঁথা।

অঙ্গন: পৃষ্ঠা 29
মৃত্যু মা অমৃতম গময়
 
প্ৰকৃতি প্ৰিয়া দত্ত

হে অনাদি অনন্ত সময়,
তুমি হোৱা পৰম মঙ্গলময়।
শিৱ, শিৱ, শিৱ, শিৱ শিৱময়, শুভময়,
তুমি হোৱা জ্যোতিৰ্ময়,পৰম আনন্দময়!
পৰিবৰ্তনৰ মাজতো অপৰিবৰ্তনীয়,
হে শিৱ, তুমি শাশ্বত,
তুমি সনাতন!
তুমি এই জগতৰ,
অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ
পৰম চেতনা।
দিয়া সুভাশীষ,
জগত আপোন কৰা
স্নেহময় শুভ উন্মাদনা...।
ভাবি ভাবি আনন্দত বিভোৰ হও,
যুগ যুগান্তৰৰ ,
জন্ম জন্মান্তৰৰ
তুমি মোৰ পৰম আপোন!
শিৱ ময় চেতনাৰে
হওঁ আমি শিৱময়,
“মৃত্যু মা অমৃতম গময়।”

অঙ্গন:  পৃষ্ঠাঃ 30
শান্ত হোৱা মণিপুৰ
(পৃথিৱীয় আকৌ প্ৰেমত পৰক তোমাৰ)

কংকন শৰ্মা, টিহু

তুমি শান্ত হোৱা,
হে প্ৰিয়তমা, (সুন্দৰী প্ৰেয়সী, মণিপুৰ)।  

সৰল মনৰ তোমাৰ বুকুত দেখোন 
আজি কেবল প্ৰতিশোধ আৰু প্ৰতিশোধ।

তোমাৰ ধুনীয়া সৰু দুটি চকুত 
কিয়নো জ্বলাইছা বাৰুদৰ জুই ?

নিজৰেই হাতেৰে
আপোন গোষ্ঠী-ভাইৰ কাটিছা মূৰ, 
ভাঙিছা কামিহাড়,

প্ৰিয়তম প্ৰেমিকে ভাঙিছে প্ৰেয়সীৰ হৃদয়।

ঘৰবোৰ ঘৰ হৈ থকা নাই,
পদুলিয়ে পদুলিয়ে বিভীষিকাময়।

শাৰী পাতি থোৱা আছে আপোনজনৰ শৱ দেহ।
বতাহত উৰিছে 
কোনোবা আপোন ভাইৰ চিতাৰ ছাই।
হে প্ৰিয়তমা সুন্দৰী প্ৰেয়সী,
আৰুনো কিমান ?
আৰুনো কিমান ?

কিমান জ্বলাবা আপোনজনৰেই চিতা,
কিমান শুহিবা উশাহত, 
বাৰুদৰ বিষাক্ত ধোঁৱা ?

হে প্ৰিয়তমা সুন্দৰী প্ৰেয়সী
শুনিছা জানো কেতিয়াবা ?
প্ৰতিশোধৰ জুইয়ে শান্তিৰ বীজ চটিওৱা।

তোমাৰ খোপাত ফুলি উঠা নাই
তগৰ, চম্পা, মাধৈমালতী।
শান্ত হোৱা হে প্ৰিয়তমা, (সুন্দৰী প্ৰেয়সী, মণিপুৰ)।

তোমাৰ দেহত নাই 
য়াউসাঙৰ উছাহ,
গাভৰু ওঁ‌ঠত নাই লাজুকীয়া হাঁহি।

মিঠা তুলতুলীয়া পনিয়ল বোৰ
পকি আছে ডালত,
তুমি চিঙি অনা নাই।

তোমাৰ শুকান গোলাপী ওঁ‌ঠৰ কাষেৰে
মিঠা আনাৰসৰ ৰস বৈ অহা নাই,

প্ৰতিশোধ'ৰ জুইত তুমি খাব পৰা নাই।
তেজৰ চেকুৰাৰে তোমাৰ দুহাত 
কিয়নো কৰিছা মলিয়ন ?

শান্ত হোৱা
হে প্ৰিয়তমা (সুন্দৰী প্ৰেয়সী, মণিপুৰ)।

ৱাংজিং নহ'লে চাকপিত ধুই লোৱা 
তোমাৰ ৰক্তাক্ত দুহাত,
লিলিফুলবোৰ আকৌ ফুলি উঠক মেঘৰ খোপাত।

পাহাৰৰ জুৰিয়েদি বৈ আহক প্ৰেম,
চঞ্চলা বতাহত বাজি উঠক মানৱতাৰ গান,
উশাহত ভালপোৱাৰ সুঘ্ৰাণ।

হে প্ৰিয়তমা, (সুন্দৰী প্ৰেয়সী, মণিপুৰ)
শান্ত হোৱা।
পৃথিৱীয় আকৌ মতলীয়া হওক তোমাৰ ৰূপৰ,
আকৌ প্ৰেমত পৰক তোমাৰ সৌন্দৰ্য্যৰ।।

(গোষ্ঠী সংঘৰ্ষত জ্বলি উঠা মণিপুৰবাসীলৈ অতি শ্ৰদ্ধাৰে, এই হিংসাৰ জুই অতি সোনকালে মষিমূৰ হোৱাৰ আশাৰে।)

অঙ্গন: পৃষ্ঠা 31
হায় কি বিড়ম্বনা
 
সীতা দেৱী, বিহপুৰীয়া

হিম শীতল তাইৰ উলমি থকা দেহা ,
আউলি বাউলী তাইৰ চুলিটাৰি ,
আগলৈ হাউলি পৰা মুখমণ্ডল
ক্ষত বিক্ষত...
মেল খাই থকা চকু জুৰিত
ভয়াৰ্ত দৃষ্টি।
হালি থকা বাওঁ হাতৰ অনামিকা আঙুলিত
জিলিকি আছিল জোৰোণৰ আঙুঠি।
চিৰাচিৰ শৰীৰৰ সমস্ত কাপোৰ,
গাত লৈ থকা চুৰ্নী খনেৰে তাইৰ দেহা ঢাকিবলৈ ভনীয়েকৰ অপ্ৰাণ চেষ্টা।
মাকৰ গগন ফলা চিৎকাৰত 
হতচকিত কাষতে থকা শালিকা জুৰি,
হয়তো সিহঁতে বুজি পালে,
মানৱ ৰূপী দানৱৰ কুকৰ্মৰ দস্তাবেজ,
আৰু ভুৰুং কৈ উৰি গুচি গ'ল।
তাইৰ দোষ ক'ত ?
কোনেও নাজানে।
দেউতাকৰ বুকু খন বিষাই গৈছিল,
"মাজনী"তোৰ তেজ শুহি শুহি খালে অ'
সিহঁত মানুহ নহয়, পিশাচ....
ককায়েক নিমাত, চকুত জুই জ্বলিছিল ,
আঙুঠি পিন্ধাই যুগ্ম জীৱনৰ সপোন দেখা
পল্লৱৰ সপোন ধুলিসাৎ হৈছিল।
হায় কি বিড়ম্বনা ?
এনেদৰে নহ'ব আৰু,
পৃথিৱীত শান্তি লাগে,
নিপাত যাওঁক নৰখাদক,
নিপাত যাওঁক।।

অঙ্গন: পৃষ্ঠাঃ 32
একপক্ষীয় প্ৰেমিক

বিব্ৰত অনুপল, মৰাণ

তুমি মানেই বৰষা... 
বৰষা মানে প্ৰকৃতিৰ বৰষা নহয়
এইয়া মোৰ প্ৰেমৰ বৰষা। 
প্ৰণয়ৰ সুমধুৰতাবোৰ
ধেৰেকনি হৈ গাজে। 
কিছু মুহূৰ্তে ভালপোৱাবোৰ
ধাৰাসাৰ বৰষুণ হৈ সৰে।
আশাবোৰ এজাক
উন্মাদ বতাহ হৈ উৰে। 
শেষ জাক বৰষুণৰ অন্তত
ৰামধেনু হৈ হাঁহি এটা মাৰা। 

এতিয়া বতৰটো ফৰকাল... 
প্ৰখৰ ৰ'দ জাকত লেৰেলি পৰিছে
ক্লান্ত হৈ পৰি আছে সময়টো। 
গুম-গুমাই অহা বৰষুণ জাকো
কোনোবা খিনিত হেৰাই থাকিল। 
কুৰুৱা বতাহ জাকে উৰুৱাই লৈ গ'ল চাগৈ 
কোনোবা দিকবলয় অসীমলৈ। 
হয়তো আন কাৰোবাৰ হৃদয় জীপাল কৰিবলৈ। 
যোৱা, তুমি গুচি যোৱা এটি বৰষা হৈ যোৱা
আন কাৰোবাৰ হৃদয় জীপাল কৰা। 
তুমি আঁতৰি যোৱাকলৈ মই আক্ষেপ কৰা নাই
মনত পুহা নাই ক্ষোভ নাইবা দিয়া নাই অভিযোগ। 
অনুভৱ হৈছে, আজি পুনৰ এজাক বৰষুণ আহিব
হেঁপাহ পলুৱাই তিতিম... ।

অঙ্গন: পৃষ্ঠাঃ 33
সপোনৰ কথা

অনন্ত কুমাৰ ভূঞা

ধাৰাসাৰ বৃষ্টিপাত,
ঢল বাগৰিছে 
গাভিনী পথাৰে সলাইছে উশাহ,
সপোনৰ কথা গোপনে ৰাখিলা
ক'ম বুলি কিয় নক'লা ! 
বিৰহী মনটো
ঘেৰি ধৰিছে সূৰ্যৰ মৰলে 
ৰিঙা ৰিঙা ভৰ দূপৰীয়া
বিচাৰি পাবানে সপোন কোঁ‌ৱৰ 
কৈ দিবা -- ভাল পাওঁ‌ বুলি
সপোন কোঁ‌ৱৰ ফুলনিৰ
ভাল লগা এপাহি ৰক্ত জৱা ।
লাজুকী চাৱনিৰে
হেঙুলী আভা গাত মেৰিয়াই
এপাহি গোলাপ আৰু ৰক্ত জৱা
যুগল বন্দী হৈ
যোৱা বাটে ঘুৰি আহিবা।

অঙ্গন:  পৃষ্ঠাঃ 34
নীলাখামৰ চিঠি
 
মৰমৰ
           'জীউ'
 
মৰমৰ ল'বা। তুমি কোৱাৰ দৰেই এতিয়া তুমি আৰু মই বহু যোজন দূৰৈত নিলগে জীয়াই আছোঁ। যিদৰে নৈৰ দুয়োটি পাৰ কেতিয়াও লগ নালাগে, একেদৰেই তুমি মই কেৱল পাৰে পাৰে গতি কৰিলোঁ। অথচ কেতিয়াও মিলিব নোৱাৰিলোঁ। মন গ'লেও এতিয়া তোমাক এবাৰ চাবলৈ তোমাৰ কাষলৈ দৌৰি যাব নোৱাৰোঁ। ক'ব নোৱাৰোঁ যে মই বৰ ক্লান্ত হৈ পৰিছোঁ জীউ, তোমাৰ এষাৰী মৰমৰ মাতে মোক পুনৰ জীয়াই তুলিব।
 
আমাৰ জীৱনত সংঘটিত হোৱা প্ৰতিটো কথাই যে আমি বিচৰা ধৰণেই হ'ব তাৰ কোনো মানে নাথাকে জানা। সেয়ে হয়তো অনাকাংক্ষিতভাবেই সকলোবোৰ সংঘটিত হৈ গ'ল।
 
তোমাক কইনাৰ সাজত চোৱাৰ বৰ হেঁপাহ আছিল মোৰ। ভাবিছিলোঁ, যন্ত্ৰণাকাতৰ তোমাৰ জীৱনটোত সকলো দুখ-কষ্ট পাহৰি তুমি সাহসি হৈ আপোনজনৰ লগত বিয়াত বহিবা, সমাজৰখনৰ সকলোকে সাক্ষী কৰি আপোনজনৰ ডিঙিত বৰমালা পিন্ধাবা আৰু মই সেই চেগতেই তোমাক আঁৰে আঁৰে নীৰৱে চাই চকুলো টুকিম! কিন্তু, তুমি অভিমানি হৈ পৰিলা। হয়তো দুগালেদি নিগৰি অহা চকুলোবোৰক বাধা দিব নোৱৰাৰ ভয়তেই এনে এটি সিদ্ধান্ত লৈ পেলালা।
 
সকলোবোৰ বুজো, তোমাক আজিও হৃদয়ত ৰাখিছোঁ। এই সমাজখনে, চৌপাশৰ মানুহবোৰে তোমাক নুবুজিলেও দুখ নকৰিবা জীউ। প্ৰাপ্তিয়ে জীৱনৰ সৰ্বোচ্চ নহয়। তোমাৰ হাঁহিটোৰ মূল্য মোৰ ভালপোৱাতকৈও বহু উৰ্দ্ধত। তুমি কেৱল মোক ভালপোৱাৰেই নহয়, তোমাৰ চিন্তা-বিবেচনা, কথা-বতৰা, সহযোগিতাৰে মোক জীয়াই থাকিবলৈ শিকালা। মোৰ জীৱনটোকেই তুমি নতুন দৃষ্টিভংগীৰে চাবলৈ শিকালা।
 
ভালপোৱা চাগৈ তেনেকুৱাই। তুমি কাষত নাই, অথচ আজিও স্মৃতিৰ মণিকোঠাত তোমাৰ হাঁহিটিয়ে, তোমাৰ সৰু সৰু অভিমানবোৰে মোক তোমাৰ উপস্থিতি বাৰুকৈয়ে উপলব্ধি কৰায়।
কুশলে থাকা জীউ।
যতেই আছা, ভালে থাকা।
 
তোমাৰ
''..............''


আকাশ বৰা
যোৰহাট

অঙ্গন:  পৃষ্ঠাঃ 35
অনুভৱ :

গ্ৰীষ্মকালীন কৰ্মশালা

মমী বৰঠাকুৰ

গ্ৰীষ্মকালীন কৰ্মশালাই শিশুসকলৰ মানসিক, শাৰীৰিক বিকাশৰ লগতে এই সময়চোৱাত ছাত্ৰ -ছাত্ৰীসকলে আনন্দ স্ফুৰ্তি কৰা, ৰং - তামাচা কৰা , বন্ধু - বান্ধৱৰ লগত মন খুলি কথা পতা আদি নানা সামাজিক দক্ষতা আহৰণ কৰে।  আজিকালি প্ৰায় বিদ্যালয়সমূহত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা দেখা যায় । এই বছৰ ২০২২ -২৩ বৰ্ষত ' এচ বি অ' এই পাব্লিক স্কুল ' গুৱাহাটীৰ ' সৌজন্যত ৪ৰ্থ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ৪ জুলাইৰ পৰা ৬ জুলাইলৈ গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰা হৈছিল। গ্ৰীষ্মকালীন শিবিৰৰ শেষৰ দিনটোত অৰ্থাৎ ৬ জুলাই তাৰিখে অংশগ্ৰহণকাৰী ছাত্ৰ -ছাত্ৰীসকলে যি যি শিকিলে তাৰ সুন্দৰ প্ৰদৰ্শনৰ আয়োজন কৰা হয়। এই সময়ছোৱাত ছাত্ৰ -ছাত্ৰীসকলে বহুত আনন্দ মনেৰে সময়বোৰ উপভোগ কৰিছিল। ছাত্ৰ -ছাত্ৰীসকলে হস্ত- নিৰ্মিত মৃৎ শিল্পৰ প্ৰদৰ্শনী ,চিত্ৰ প্ৰদৰ্শনী, নৃত্যৰ মাজেৰে কৰা সমৰকলাৰ প্ৰদৰ্শন, সাধুকথাৰ কথন , ফেচ পেইণ্টিং , জুম্বা , সৃষ্টিশীল প্ৰাশ্চাত্য নৃত্যৰ প্ৰদৰ্শনী আদিও দেখুওৱা হয়। ভাষিক আৰু কথন প্ৰশিক্ষণৰ কাৰণে প্ৰশিক্ষক সকলে প্ৰশিক্ষণ দিব আহিছিল, সেই প্ৰশিক্ষণৰ দ্বাৰাও ছাত্ৰ -ছাত্ৰীসকল উপকৃত হ'ল। এই কলা সমূহৰ জৰিয়তে ছাত্ৰ -ছাত্ৰীৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। বিদ্যালয়ৰ চৌহদতে আয়োজিত এই কলা প্ৰদৰ্শনে ক্ষন্তেক সময়ৰ বাবে হ'লেও সকলোকে মুগ্ধ কৰে। ছাত্ৰ -ছাত্ৰীৰ উপৰিও শিক্ষক - শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সহযোগিতাৰ অবিহনে এই শিবিৰৰ পূৰ্ণতা যেন আধৰুৱা হৈ ৰ'ল হেঁতেন। সেয়ে শিক্ষক- শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সহযোগিতাও প্ৰশংসনীয় ।
গুৱাহাটী
ফোন নং - ৮৩৯৯৯৮৬৬১৭

অঙ্গন:  পৃষ্ঠাঃ 36
শাওনৰ পথাৰত কৃষকৰ ব্যস্ততা

ৰাহুল জ্যোতি বৰা

শাওন মাহ মানেই অন্ত নাই কৃষকৰ ব্যস্ততাৰ । অাঘোণৰ সোণোৱালী সোণগুটি চপাবলৈ শাওনতেই পথাৰত ব্যস্ত হৈ পৰে চহা কৃষক-ৰোৱনী । পখৰ ৰ'দ, বৰষুণকো নেওচি কৃষি পথাৰত কপালৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত সেউজীয়া সপোন ৰচে প্ৰত্যেকজন কৃষকে । এই শাওন মাহতে পৰম্পৰাগত ৰীতি-নীতিৰে অাৰম্ভ কৰা হয় ন-ভূঁই ৰোৱা পৰ্ব । বোকাময় পথাৰত জীয়ৰী-বোৱাৰীবোৰে নাঙলেৰে বোকাদিয়া অালটীয়া মাটিত শাৰী-শাৰীকৈ ৰুই যায় অাশাৰ কঠীয়া । ব্যস্ততাময় পথাৰত কোনোৱে যদি পথাৰত অালি দিয়ে, কঠীয়া তোলে অান কোনোৱে মৈ দিয়ে । মুঠতে শাওনৰ উদং পথাৰক সেউজীয়া কৰি তুলিবলৈ ডেকা-বুঢ়াৰ পৰা অাদি কৰি সকলো কৃষকৰ ব্যস্ততাৰ অন্ত নোহোৱা হয় । অাইজোং, বাচমতি, ৰঞ্জিত, সুৱাগমণি, বেটগুটি, মাগুৰি, জহা, বৰা ভিন ভিন জাতৰ কঠীয়া ৰুই অানন্দত মতলীয়া হৈ ৰোৱনীসকলে হাঁচতিত বান্ধি নিয়া তামোলৰ টোপোলাটোৰ পৰা তামোল এখন মুখত ভৰাই জুৰি যায় বিহুনাম, অাইনাম, দিহানাম । ৰ'দ, বৰষুণলৈ ভ্ৰূক্ষেপ নকৰে এইসকল ৰোৱনীয়ে । কুকুৰা ডাকত শোৱা পাটি এৰি কৃষকসকলে মুখত এমোঁকোৰা হাঁহি, মূৰত জাপি, কান্ধত নাঙল-যুঁৱলি, হাতত হালুৱা এছাৰি অাৰু বলধ হালক লৈ ৰাতিপুৱাতে পথাৰলৈ বুলি খোজ দিয়ে । মুঠৰ ওপৰত এক দৃষ্টি নন্দন পৰিৱেশে বিৰাজ কৰে শাওনৰ পথাৰসমূহত ।
            যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত পৰি তাহানিৰ দিনৰ পৰা চলি অহা গৰু হালৰ ব্যৱহাৰ ক্ৰমাৎ কমি অাহিছে । ৰাতিপুৱাই কান্ধত নাঙলখন লৈ ওলাই অহা কৃষকজনে গৰু পিঠিত হালোৱা এছাৰিৰে কোবাই খেদোৱাৰ শব্দত মুখৰ হৈ পৰা পথাৰখনৰ ছবিখন অাজিৰ শাওনৰ পথাৰত দেখিবলৈ দুৰ্লভ হৈ পৰিছে । তথাপিও কৃষিজীৱী খেতিয়কসকলে নতুন প্ৰযুক্তিবিদ্যাৰ সহায়ত মাটি চহ কৰি কৃষিকাৰ্য সুচাৰুৰূপে সম্পন্ন কৰে । জাক জাক ৰোৱনীয়ে অাজিও শাওনৰ ভৰ দুপৰীয়া ক্ষন্তেকো জিৰণি নলৈ একাঠু পানী অাৰু বোকাৰ মাজত সোমাই সৰু বৰ অাঙুলিৰ পৰশেৰে দেহৰ ঘাম মাটিত পেলাই চহ কৰা উদং পথাৰক ভূঁই ৰুই সেউজীয়া ৰূপ দিবলৈ অানন্দ উল্লাসেৰে গাই যায় জীৱনৰ গান । সোণফলা মাটিত প্ৰাণ পোৱা মুঠি মুঠি কঠীয়াই যেতিয়া সেউজীয়া ৰঙলৈ পৰিৱৰ্তিত  হৈ পৰে তেতিয়াই কৃষকসকলৰ দুখ-কষ্টৰ অৱসাদবোৰ অাঁতৰি প্ৰাপ্তিৰ অনাবিল সুখৰ নৈ বয় ।

ঠিকনাঃ
মঙ্গলদৈ, দৰং, অসম
ভ্ৰাম্যভাষ:: ৯৯৫৪৯-১১৫২৮

অঙ্গন:  পৃষ্ঠাঃ 37
গল্প
মুখাগ্নি

নিৰুপমা শইকীয়া

হঠাত কান্দোনৰ ৰোল শুনি মানুহবোৰ খৰধৰকৈ যুগ বৰুৱাৰ ঘৰলৈ যাবলৈ ধৰিলে । দুই- একে কিবাকিবি কৈ আছে,কাৰ নো কি হৈছে কোনেও ত'ত ধৰিব পৰা নাই। বিপিনে মাকক কৈছে, "মা ,মা আপুনি কন্দা কটা কৰি নাথাকিব, মই সকলো চম্ভালি ল'ম"। অ'ত দিনে সতিনীৰ  ল'ৰা বুলি ভাবি থকা বিপিনৰ মুখৰ কথা শুনি কান্দোনত  ভাগি পৰা বৰুৱানীয়ে মানুহৰ  আগত নিজৰ লাজ ঢাকিবলৈ উপায় বিচাৰি নাপাই তল মূৰ  কৰি বহি থাকিল। যুগ বৰুৱাৰ প্ৰথমা পত্নীয়ে ইহ সংসাৰ এৰি যোৱাত উপায়হীন হৈ প্ৰতিমা বৰুৱাক শাহুয়েকে বৰ আশাৰে বিপিনক চোৱা- চিতা কৰাৰ লগতে ঘৰখন ঘৰ হৈ থকাৰ মানসেৰে বিয়া কৰাই  আনে। বিয়াৰ এসপ্তাহ পাৰ হ'ল কি নহ'ল প্ৰতিমা বৰুৱাই  বিপিনক মৰম কৰাতো দূৰৰ কথা তাৰ খোৱা বোৱাতও অকণো গুৰুত্ব নিদিয়া হ'ল। বুঢ়ী আইয়ে বিপিনক বহুত  কষ্টেৰে ডাঙৰ-দীঘল কৰে ।এনেকৈ ঠেলা হেঁচাৰ মাজেদি  পাৰ হৈ গৈ থাকোঁতেই বিপিনে  এদিন মেট্ৰিক পাছ কৰিলে ।অৱশ্যে মাহীমাকৰ এটা ল'ৰা আৰু এজনী ছোৱালী আছে । মাহীমাকে যেনেকৈ বিপিনে মা বুলি মাতিলে নামাতে বা কেতিয়াবা মা বুলিলে ভৎসনা কৰে, ঠিক তেনেকৈ তাৰ  ভায়েক, ভনীয়েকক মাতিলেও  সিহঁতে নিজৰ ককায়েকক    মাতিবলৈ লাজ পায়। কিন্তু  বিপিন বৰ চিধা- চাধা ল'ৰা, আইতাক আৰু দেউতাকে ভাল পোৱাই নহয় গাঁৱৰ সকলো মানুহেই মৰম কৰে ।অত্যন্ত অমায়িক সৎ স্বভাৱৰ ল'ৰা বিপিনে হাল বাই, ঘৰৰ কাম বন কৰি পঢ়া-শুনা  কৰে ,তেনেকৈ ওচৰৰ  কলেজৰ পৰাই বি, এ পাছ  কৰি নিজকে এজন টেট শিক্ষক হিচাপে কৰ্মৰত হ'ল। প্ৰতিমা বৰুৱাই নিজৰ ল'ৰা- ছোৱালীক বাহিৰত পঢ়িবলৈ  পঠিয়াই দিলে। দুয়োটা ল'ৰা-ছোৱালী যি গ'ল আৰু  ঘৰলৈ ঘূৰি নাহিল। বাহিৰতে  নিজৰ পচন্দমতে চাকৰি-বাকৰি, বিয়া-বাৰু  কৰাই সংসাৰ পাতিলে। যোৱা  পোন্ধৰ বছৰে মাত্ৰ এবাৰ নে দুবাৰ ঘৰলৈ আহিছে । দেউতাক যুগ বৰুৱাই  ঘৈণীয়েকৰ কাণ্ড-কাৰখানাবোৰ দেখি  শুনি একো মাত মাতিব  নোৱাৰাৰ চিন্তাতে প্ৰেচাৰ ষ্টক   হৈ বিচনা ল'লে। ইফালে  ককাক আইতাক দুয়োৰে মৃত্যুৰ আগতে গাঁৱৰে সোণপাহীক বিপিনলৈ বিয়া  কৰাই আনে। সোণপাহী আৰু  বিপিনে যুগ বৰুৱাক বহুত  আলপৈচান ধৰে। বেমাৰী  দেউতাকে দুয়োটাকে খুউব মূৰত হাতখন ফুৰাই মুখেদি   কিবাকিবি মাথোন গাই থাকে । নাতিনী জনীও ককাকৰ ওচৰতে বহি থাকে। নিজৰ  শয্যাশাৰী বেমাৰী মানুহটো লৈও বৰুৱানীৰ অকণমানও  মৰম নথকা দেখি ওচৰ-পাজৰৰ মানুহবোৰে  তবধ মানিলে।  অৱশেষত ,দীৰ্ঘ দিন ধৰি  বেমাৰত কেলেপ-কেলেপ কৰি থকা যুগ বৰুৱাই যোৱা  ৰাতি ইহসংসাৰ ত্যাগ কৰিলে । বিদেশত থকা পুতেকে, বোৱাৰীয়েক, জী, জোঁৱাই, নাতি-নতিনা সকলোকে খবৰ  দিছে কিন্তু কাৰোৰে পৰা একো সঁহাৰি এই পৰ্যন্ত পোৱা  নাই। মৃতকক চোঁতালত পেলাই থোৱা একৈশ ঘণ্টা সময় অতিবাহিত হোৱাত  গাঁওৰ ৰাইজে পাকে পতি বৰুৱানীক কৈ আছে বিপিনয়েই মৃতকৰ কাম খিনি  কৰক, আপোনালোক আজৰি   হওঁক, তথাপিও অধীৰে  নিজৰ পুতেকলৈ অপেক্ষা  কৰি আছে বৰুৱানীয়ে। বৰুৱানীয়ে আগৰ পৰাই  বিপিনক সতিনীৰ পুতেকৰ বাদে নিজৰ ল'ৰা বুলি  অন্তৰত ঠাই দিব পৰা নাই। তিনিটা দিনৰ প্ৰতীক্ষাৰ অন্তত  অৱশেষত, নিজৰ পুতেকৰ আশা ত্যাগ কৰি কান্দি-কান্দি  বিপিনক ক'লে, "যা বোপাই তইহে আমাৰ প্ৰকৃত সন্তান, তোক মই চিনিবলৈ বহুত দিন  লাগিল অ', মোক ক্ষমা কৰি দে দেউতাক "মূখাগ্নি" কৰি  শেষ বিদায় দেগৈ" কথাষাৰ কৈ মানুহজনীয়ে হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে ।
ঠিকনাঃ
ডুমডুমা (তিনিচুকীয়া )

অঙ্গন:  পৃষ্ঠাঃ 38
সপোন

নিবেদিতা দাস দত্ত, যোৰহাট

দৰ্জাৰ সিমূৰৰ পৰাই মাকে অনিতাক ক'লে, "বায়েৰক আজি চাবলে আহিব চহৰৰ বিখ্যাত ব্যৱসায়ী অনিল চেতিয়াৰ ভায়েকে। তই কিন্তু ভুলটো বাহিৰত নোলাবি। আগৰ দুবাৰ দেখিছ নহয় তোৰ কাৰণেই হ'বলগীয়া বিয়া ভাঙি থাকিল। সেয়ে এইবাৰ সতৰ্ক হ, নিজকে চঞ্চলামীৰ পৰিচয় নিদিবি।" কঠোৰ ভাষাৰে গলগলীয়াকৈ কথাবোৰ কৈ মাকে কামত লাগিল। 
মাঘৰ মাহ, ঠাণ্ডাটোৱে অলপ আমনি কৰিছে যদিও আহাৰ-শাওন মাহতকৈ ভালেই লাগিছে... উফ্ গৰমটোও অসহ্য, কিন্তু পেনপনীয়া ঠাণ্ডাটোও সহ্য নহয়। মুঠতে এই মনুষ্যৰ ক'তো শান্তি নাই আৰু দেই;
গোহালীৰ গৰুহাললৈ খেৰ যোগাৰ কৰিবলৈ গৈ অনিয়ে ভোৰভোৰালে- ওৱা, মোৰ কি দোষ... বায়ে ওলোৱাত দেৰি হয় বাবে মই চিনাকি হৈ আহোঁ আগতে। তাতেই মোক পচন্দ কৰিবলগীয়া কি আছে। সিহঁতে নাজানে কাক চাবলৈ আহে আৰু কাক পচন্দ কৰি যায়। চঞ্চলা মনৰ গৰাকী অনিতাই কঠোৰ ভাষা, গালি-গালাজ বুজি নাপায়। তাইৰ দৰে সহজ-সৰল বুলি সকলোকে ভাবি লয়। 
     বায়েক মিনতি তেত্ৰিছৰ দেওনা পাৰ কৰিলে। আজিৰ দিনত ইমান বয়সলৈ বিয়া হবলগীয়াকৈ ঘৰত গাভৰু ছোৱালী নাথাকেই। কি কৰিব তাই এতিয়া, ভুলনো ক'ত তাইৰ! আগৰ দুবাৰ হৈ ঘৰত কৈ দিছে তাই, 'মা-দেউতা, ঘৰৰ আটাইয়ে শুনি ল' যদি মোক চাবলৈ আহি অনিক কোনোবাই পচন্দ কৰে তাত মোৰ আপত্তি কৰিবলগীয়া একো নাই। আজিৰ দিনত কোনেও নিবিচাৰে পয়ত্ৰিছৰ আশে পাশে থকা ছোৱালী, তাৰ মাজতেই হৈ যায় কিছুমান ছোৱালীৰ বিয়া; যাৰ আগৰপৰাই ঠিক হৈ থাকে নাইবা ল'ৰা এজনে পচন্দ কৰিব পৰাকৈ আকৰ্ষণীয় গুণ এটা হলেও থাকে। মোৰ তেনে গুণ নাই বাবে হ'বলা দুবাৰকৈ বিয়া ভাঙিলে। 
         ফটফটীয়া নীলা আকাশ ভৰ দুপৰীয়া। লাহে লাহে লাজুকীয়া আবেলিৰ হেঙুলীয়া বেলিৱেও বিদায়  দিবলৈ যেন আগবাঢ়ি আহিছে।
 : আহিলে আহিলে... ৱাও, ৰঙা চুইফট্ লৈ আহিলে। হেণ্ডচাম হ'ব চাগৈ... অনিতাৰ কথাৰ ৰহন শুনি ভিতৰৰ পৰা মাকে চোচৰাই নি ৰুমত বন্ধ কৰি থৈ দিলে। নমস্কাৰ দি সোমাই আহিল ল'ৰা চাৰিজন। ঘৰৰ মানুহখিনিৰ দোধোৰ মোধোৰ অৱস্থা দেখি এজনে মাত দিলে, দৰা এইজন আপোনালোকৰ। অ্ চৰি... মানে মই ক'ব বিচাৰিছোঁ আপোনালোকৰ ছোৱালী চাবলৈ অহাজন এইজনে। আমি কৈছিলো ইমানসোপা ছোৱালী ঘৰলৈ নাযাওঁ বুলি, ই হে নুশুনিলে আমাক টানি আজুৰি আনিলে। 
: নাই নাই একো নাই, মিনতিৰ দেউতাকে খিলখিলাই হাঁহি কৈ উঠিলে। 
: ছোৱালী অহাৰ আগতে তোমালোক আঁতৰিবা দেই, নহলে আমাৰ ছোৱালীৰ বিপদে হ'ব বুলি আইতাকে বাকী তিনিজনক ধেমেলীয়া সুৰতে কৈ দিলে। হ'ব হ'ব আইতা...আমি আঁতৰি দিম।
: বহা, তুমি ইয়াতেই বহা...মিনতি অলপ ফাঁকে ফাঁকে বহিল। কোনো নাই ড্ৰয়িং ৰুমত, সুঠাম যুৱক এজন আৰু মিনতি অকলশৰে। বুজাবুজি হৈ কথা পাতিবলৈ সময় দিছে ঘৰখনে। তোমাৰ মত আছেনে এই বিয়াখনত? ফাগুনৰ বতাহ এজাকত গাত মাহ-হালধি সানিব মন নাই নে তোমাৰ ?ঘৰখনে চাগৈ সকলো কৈছে মই কোন, কি কৰোঁ, ক'ত থাকো...আজি আৰু নতুনকৈ মোৰ পৰিচয়ৰ পাতনি নেমেলো, অকল তোমাৰ উত্তৰ জানিব বিচাৰোঁ। মিনতি আগৰ কেইবাৰ এনেকৈ চাই গৈ আপত্তি কৰা কথাটো কৈ দিলে, নকবনো কিয় এইবাৰো যদি সপোন দেখাই বিয়া ভাগে। বদনামী নহব জানোঁ মিনতি। কথাতে আছে নহয়, নাৰী মৰম আকলুৱা। পুৰুষৰ দুষাৰী মৰমৰ মাতেই চেঁচা কৰি দিব পাৰে নাৰীৰ মমতাময়ী অন্তৰ। যেনেকৈ নাৰীৰ এটোপাল চকুলোৱে গলাই দিব পাৰে পুৰুষৰ কোমল হৃদয়। এনেকৈয়ে চলি আহিছে নাৰী-পুৰুষৰ অন্তহীন যাত্ৰা... 
         ইতিমধ্যে ঘৰৰ মানুহে ল'ৰাজনৰ ইকানে সিকানে বুজনি লৈছে। ভাল ল'ৰা... মিনতিৰ আপত্তি কৰিবলে বেলেগ প্ৰশ্ন নাই। তথাপিও আপোনাৰ সিদ্ধান্তই সকলো বুলি মিনতিয়ে ভিতৰলৈ গ'ল।
       চাহ-জলপান খাই বিদায় লোৱাৰ পৰত ল'ৰাজনে মিনতিৰ দেউতাকক কৈ গ'ল- 'অহা মাহত দিন এটা ঠিক কৰিব, যৌতুক বুলিবলৈ আপোনাৰ ডাঙৰ ছোৱালী মিনতিয়ে সকলো' এগাল যৌতুক, গহনা পাতি গোটাই বিয়া দিব নালাগে, মোৰ সামৰ্থৰে অৰ্থাৎ (দাদাৰ বিশাল সম্পত্তিৰ পৰিচয় নিদিয়াকৈ) যি দি লৈ যাওঁ সেইখিনিত যদি সন্মতি হয় মোৰ ফালৰ পৰা ফাইনেল মিনতিক বিয়া কৰোৱা। অনি, আপোনাৰ সৰু ছোৱালীক মোৰ লগত চিনাকি কৰাই দিব পাৰে, মই সেই পদ্ধতিৰ মানুহ নহয় যে যিগৰাকীক মন দি পলকতে মন ভাঙি আন এগৰাকীক পচন্দ কৰিম। মোৰ মনে নকয় ভনী বুলি ভাবিব পাহৰি অন্তৰ ঘৰখনৰ চুৰমাৰ কৰা। এসময়ৰ প্ৰাক্তন হেডছাৰ বৈকুণ্ঠ বৰুৱাই ল'ৰাজনৰ কথাখিনিত সন্মতি দিলে। আজিৰ দিনত এনেকুৱা এজন ল'ৰাক জোঁৱাই পাবলৈ সৌভাগ্য লাগিব বুলি মিনতিক কপালত চুমা এটি আঁকি বুকুৰ মাজত ল'লে‌।

অঙ্গন:  পৃষ্ঠাঃ 39
আশাৰ এগচি বন্তি

প্ৰণীতা দাস

শাৰদী কোমল জোনাক ৰাতি হাচনাহানা জোপাৰ গোন্ধে চৌদিশে আমোলমোলাইছে , ফৰকাল আকাশৰ জোনটোৰ লগত যেন হাচনাহানা জুপিয়ে হাঁহি হাঁহি কথা পাতিছে । চাৰিওফালে ভীষণ নিস্তব্ধতা , সাৰে আছে মাথোঁ পৰী । ৰাতি যিমানেই গভীৰ হয় সিমানেই যেন তাইক অনুৰাগৰ দেহৰ চিনাকি গোন্ধটোয়ে হাত বাউল দি মাতে । 
অনুৰাগ চলিহা , তাইৰ মৰমৰ ৰাগ । যদিও তাইৰ ওচৰত নাই অথচ তাই সদায় অনুভৱ কৰে ৰাগৰ উপস্থিতি ।এতিয়াও যেন তিতিব তাই ৰাগৰ সৈতে প্ৰেমৰ বৰষুণত ‌। 
সেইদিনা আছিল শৰৎৰ শেৱালিৰ সুবাসেৰে সিক্ত এটি মিঠা আবেলি ,অস্তগামী সুৰুজৰ হেঙুলীয়া আভা চটিয়াই পূব আকাশৰ বেলিটি গৈ পশ্চিম দিগন্তত মেলানি মাগিছিল । চৰাই চিৰিকতি বোৰেও নীড়মুখী যাত্ৰা আৰম্ভ কৰিছিল, লাহে লাহে শেৱালি জোপাও ফুলি জতিস্কাৰ হৈ পৰিছিল , ধৰালৈ ৰজনীৰ আগমন হৈছিল । পূৰ্নিমাৰ উজ্জ্বল জোনৰ পোহৰত দুবৰিত নিয়ৰৰ মুকুতা সৰিছিল । আকাশত পূৰ্নিমাৰ জোনটোয়ে মেঘৰ আঁৰে আঁৰে লুকাভাকু খেলিছিল । ঠিক তেনে এটি নিৰিবিলি সময়ত পৰীহঁতৰ ঘৰলৈ ঘৰভাৰা বিচাৰি আহিছিল ওচৰত থকা বেঙ্কটোৰ ব্ৰাঞ্চ মেনেজাৰ অনুৰাগ চলিহা।
মাক দেউতাকৰ লগত কথা পাতি পিছদিনাই সা-সামগ্ৰীৰে সিহঁতৰ ভাৰাঘৰত থাকিবলৈ লৈছিল। প্ৰথম দেখোঁতেই তাইৰ ভাল লাগি গৈছিল অনুৰাগক । প্ৰথম দেখোঁতেই প্ৰেমত পৰি গৈছিল দুয়ো । লাহে লাহে সিহঁতৰ প্ৰেম বহুত গভীৰলৈ গৈছিল, কম দিনতে বহুত অন্তৰংগ হৈছিল দুয়ো ।  পৰীৰ মাক-দেউতাকেও আপত্তি কৰা নাছিল। স্নাতক পঞ্চম সাষাত্মিকৰ ছাত্ৰী পৰীক বি এ টো পাচ কৰিলেই বিয়া দি আজৰি হোৱাৰ কথা ভাবিছিল মাক দেউতাকে ।
সকলো ঠিকেই চলি আছিল , এদিন অনুৰাগৰ ঘৰৰ পৰা মাকৰ অসুখ বুলি ফোন অহাত হঠাৎ ছুটী লৈ ঘৰলৈ গুচি গৈছিল, কলেজৰ পৰা আহি পৰীয়ে কথাটো শুনিলে যদিও বিশেষ একো ভবা নাছিল। এবাৰ অনুৰাগৰ লগত ফোন কৰি সুধিলে, সি সকলো ঠিকেই থকা বুলি কলে। আগতেও অনুৰাগে ঘৰলৈ গ'লে তাইক ফোন কমকৈ কৰে ।
প্ৰায় এমাহৰ পিছত অনুৰাগ নিজৰ ভাৰাঘৰলৈ উভতি আহিছিল। ঘৰৰ পৰা আহি অনুৰাগে যেন পৰীক উপেক্ষা কৰিবলৈ লৈছে তাইৰ তেনেকুৱা অনুভৱ হ'ল। তাইৰ মৰমৰ ৰাগ তাইৰ পৰা আঁতৰি থাকিবলৈ লৈছে। তাইক এৰাই চলিবলৈ লৈছ। পৰীৰ অনুমান সত্য হ'বলৈ বেছি দিন নালাগিল। এদিন ৰাতিপুৱা অনুৰাগ বাথৰুমত সোমোৱাৰ পিছত তাৰ মোবাইলটো বাৰে বাৰে বাজি থকা শুনি কৌতূহল বশত ফোনটো উঠাইছিল পৰীয়ে। কিন্তু ফোনটো উঠাই স্থানুৰ দৰে হৈ পৰিছিল তাই। কাৰণ ফোনটোৰ সিপাৰে থকা জনী আছিল অনুৰাগৰ নৱবিবাহীত পত্নী তৰালী। অলপ সময় কথা পাতিয়ে তৰালী যে এজনী সহজ সৰল ছোৱালী গম পাই গৈছিল। তৰালীয়ে ঘৰৰ মালিকনীৰ জীয়েকৰ লগত কথা পাতিয়ে সকলো কৈ দিছিল তাইক। কেনেকৈ অনুৰাগৰ মাকৰ পছন্দ মতে বিয়া হৈছিল সিহঁতৰ আৰু কেইদিনমানৰ পিছত অনুৰাগৰ ভাৰাঘৰলৈ আহিব বুলিও কৈছিল। অনুৰাগে আগৰ ভাৰাঘৰটো সলাই নতুন ফ্লেট এটাও ল'ব বুলি কৈছিল তৰালীয়ে। কথাখিনি পাছতে যন্ত্ৰণাত কক্‌বকাইছিল পৰীয়ে, চুৰ্ণ-বিচুৰ্ণ হৈছিল অন্তৰখন । বিষাদ বেদনাত তিলতিলকৈ জ্বলিছিল তাই । ফোনটো ৰাখি দৌৰি ঘৰলৈ গৈছিল পৰী , ৰুমত সোমাই দৰ্জাখন বন্ধ কৰি বিচনাত পৰি হুকহুকাই কান্দে উঠিছিল তাই ।
অনুৰাগে কিয় তাইক বিশ্বাস ঘাটকতা কৰিলে ভাবি পোৱা নাছিল তাই । ভুল হৈ গ'ল তাইৰ , তাই ৰাগক আপোন বুলি ভাবিছিল কিন্তু আপোন হোৱা হ'লে সি কেতিয়াও বিশ্বাস ঘাটকতা নকৰিলে হেঁতেন । তাই নিজেই লাহে লাহে আঁতৰি আহিছিল অনুৰাগৰ জীৱনৰ পৰা । মানুহ বেছি সহজ সৰল হ'ব নালাগে, নহলে সৰলতাৰ সুযোগ লয় , সহজ সৰল হ'লে দুৰ্বল বুলি ভাবি লয় , পৰীৰ জীৱনতো সেয়াই হৈছিল । তাই চকুমুদি বিশ্বাস কৰিছিল তাইৰ মৰমৰ ৰাগক আৰু ৰাগেই বিশ্বাস ঘাটকতা কৰিছিল। তাই মুক্ত কৰি দিছিল অনুৰাগক, এটা মুক্ত বিহংগৰ দৰেই আঁতৰি গৈছিল সি। নতুনকৈ লোৱা ফ্লেটট তৰালীৰ সৈতে নতুন সংসাৰৰ পাতনি মেলিছিল ।
পৰী ব্যস্ত হৈ পৰিছিল নিজৰ জীৱন গঢ়াত। তাইৰ কষ্ট আৰু অধ্যবসায়ৰ ফলত এজনী প্ৰশাসনিক বিষয়া হ'ল । আপোন জনৰ প্ৰতাৰণাও হ'ব পাৰে অনুপ্ৰেৰণা। তাইৰ ক্ষেত্ৰতো সেয়ে হ'ল। তাই কেতিয়াও বিয়াৰ কথা নেভাবিলে। মাক-দেউতাকে তাইক বিয়াৰ কথা কৈ কৈ এই সংসাৰৰ পৰা বিদায় ললে , কাহানিও উভতি নহাৰ বাটেৰে । অনাথ আশ্ৰমৰ পৰা এজনী ছোৱালী তুলি ললে তাই । ছোৱালী জনীৰ নাম ৰাখিলে সুৰশ্মি , তাইৰ আশাৰ সুৰশ্মি , যিজনীয়ে জীৱনটো পোহৰাই তুলিলে তাইৰ। বিয়া নোহোৱাকৈ কনমানি এজনীৰ মাক হৈ পৰিল পৰী। মাক দেউতাকৰ আলসৰ পৰী এতিয়া এজনী মাতৃ হ'ল । মাতৃৰ বুকুৰ উমেৰে ডাঙৰ কৰিব তাইক ।
সময়ে দি যোৱা তিক্ততাৰ পিছতো কেতিয়াবা কোনোবা মূহুৰ্ত হ'ব পাৰে মিঠা । সুখী হ'বলৈ অজস্ৰ টকা পইচা নালাগে, বিচাৰি ল'ব জানিলে সুখবোৰ নিজৰ । ৰাগৰ স্মৃতিবোৰ বুকুত সাৱটি জীৱনৰ বিয়লি বেলাত সুৰশ্মিৰ লগতে অতিবাহিত কৰিব উৰেটো জীৱন। তাই ঠিৰাং কৰিছে যে সুৰশ্মিৰ জৰিয়তে তাই আশাৰ বন্তি গচি জ্বলাই দিব আৰু সেই পোহৰ চৌদিশে মুখৰিত হ'ব আৰু সেই পোহৰৰ বাটেৰে আগুৱাই যাব তাই। 

ঠিকনাঃ
বৰপেটা ৰোড ।

অঙ্গন: পৃষ্ঠা 40
শেষ পৃষ্ঠাৰ লেখাঃ

আকাংক্ষা থাকিলেহে জীৱনৰ সৌন্দৰ্য বাঢ়ে

আকাংক্ষা, মানুহ মাত্ৰেই কিছু আকাংক্ষা থাকে আৰু থকাটো বাঞ্ছনীয়। কাৰণ আকাংক্ষাইহে জীৱনক পৰিচালনা কৰাত সহায় কৰে। প্ৰকৃতাৰ্থত যদি জীৱনটোক পৰ্যৱেক্ষণ কৰা যায় তেন্তে দেখা যাব যে জীৱনৰ মূল চালিকা শক্তিয়েই হ'ল আকাংক্ষা। আকাংক্ষা বিহীন জীৱনৰ গতিহীন। এজন পগলাই যিদৰে জীৱনটোক সজোৱাৰ কথা ভাবিব নোৱাৰে আকাংক্ষাহীন লোক এজনেও ঠিক সেইদৰে জীৱনটো সজোৱাৰ কথা ভাবিব নোৱাৰে। গতানুগতিক ভাৱে "আকালো নাই ভঁৰালো নাই" মানসিকতাৰে জীৱন অতিবাহিত কৰে। গতিকে জীৱনক গতি প্ৰদান কৰিবলৈ হ'লে আকাংক্ষা অতি প্ৰয়োজন।
আকাংক্ষা জন্ম হয় মানুহৰ শৈশৱৰ পৰাই। শৈশৱতে লাভ কৰা কিছু অভিজ্ঞতাই মানুহক জেদী কৰি তোলে। উদাহৰণ স্বৰূপে দুটি শিশুৰ কথাকে ধৰা হওক। এটি শিশু উচ্চ মধ্যবৃত্ত পৰিয়ালৰ আৰু আনটি দৰিদ্ৰ পৰিয়ালৰ কিন্তু দুয়োটি শিশু একেখন গাঁৱৰে। সিহঁতৰ উঠা-বহা, খেলা-ধূলা আদি একে লগে একে ঠাইতে হয়। এতিয়া স্বাভাৱিকতে উচ্চ মধ্যবৃত্ত পৰিয়ালৰ শিশুটিয়ে বিচৰা মতে সকলো ধৰণৰ সামগ্ৰী লাভ কৰাৰ উপৰিও তাৰ অন্যান্য সা-সুবিধা সমূহো  যেনে বিহু আৰু পূজাৰ সময়ত চোলা-কাপোৰ, খেলাৰ সামগ্ৰী, শিক্ষাৰ ব্যৱস্থা ইত্যাদি দৰিদ্ৰ পৰিয়ালৰ শিশুটিতকৈ সুকীয়া হ'ব। ইয়াৰ উপৰিও সমাজত উচ্চ মধ্যবৃত্ত পৰিয়ালৰ শিশুটিৰ স্থানো সুকীয়া হ'ব। অৰ্থাৎ সমাজৰ লোক সকলে শিশুটিক কৰা ব্যৱহাৰ দৰিদ্ৰ পৰিয়ালৰ শিশুটিতকৈ সুকীয়া হ'ব। এতিয়া এই সময়তে সেই দৰিদ্ৰ পৰিয়ালৰ শিশুটিৰ মনত কিছুমান জেদ ভাৱ আৰু আকাংক্ষাই জন্ম লয়। এই যে পোৱা নোপোৱাৰ প্ৰভেদ, মাতৰ প্ৰভেদ, ব্যৱহাৰৰ প্ৰভেদ। এই প্ৰভেদেই জন্ম দিয়ে জেদ ভাৱৰ আৰু সেই জেদ ভাৱেই পৰিচালনা কৰে শিশুটিৰ ভৱিষ্যত জীৱন। 
কেৱল যে নোপোৱাৰ বেদনাতহে আকাংক্ষা জন্মে তেনে নহয়। উন্নতৰ পৰা উন্নত হোৱাৰ হাবিয়াসেও জীৱনৰ গতি নিৰ্ধাৰণ কৰে। লক্ষ্য আৰু উদ্দেশ্যই জীৱন যুঁজত প্ৰেৰণা যোগোৱাৰ দৰে আকাংক্ষাই লক্ষ্য নিৰ্ধাৰণত সহয়া কৰে। আমাৰ জীৱনত প্ৰয়োজন কি ? মই কিহৰ অভাৱ অনুভৱ কৰিছোঁ ? সেই প্ৰয়োজন আৰু অভাৱক পূৰণ কৰিবলৈ হ'লে মই কি কৰিব লাগিব ? মোৰ জীৱনৰ লক্ষ্য কি হোৱা উচিত ? আদিৰ দৰে প্ৰশ্নই এটি শিশুক ভৱিষ্যত জীৱনৰ লক্ষ্য নিৰ্ধাৰণত সহায় কৰে। অতি সংবেদনশীল মন আৰু মগজুৰে প্ৰতিক্ষণতে মানুহক সকীয়াই থাকে আমাৰ প্ৰয়োজনীয়তাখিনিক লৈ। আৰু সেই সকীয়নীয়েই হ'ল আকাংক্ষা যাৰ ফলত আমি সপোন দেখোঁ ভৱিষ্যতৰ। ফলত সপোনৰ পম খেদি আমি লক্ষ্যৰ দিশে আগবাঢ়ো। গতিকে জীৱনত আকাংক্ষা থকাটো নিত্যান্তই বাঞ্ছনীয়। যিদৰে উচ্চাকাংক্ষাই বহু সময়ত জীৱনৰ গতি পথ সলনি কৰি জটিল কৰি তুলিব পাৰে সেই দৰে আকাংক্ষাহীন জীৱন এটাইও মানুহৰ জীৱনৰ গতি মন্থৰ কৰি তুলিব পাৰে। গতিকে জীৱনত সফল হ'বলৈ হ'লে আমাক আকাংক্ষা লাগিবই আৰু আকাংক্ষা থাকিলেহে জীৱনৰ সৌন্দৰ্য বাঢ়ে।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
6000709096

অঙ্গন:  পৃষ্ঠাঃ 41


Post a Comment

0 Comments