অঙ্গনঃ চতুৰ্থ বছৰ (৩ নং সংখ্যা)



নিয়মাৱলী:

১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ 10 জুলাই 2023.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা ৫
👉প্ৰৱন্ধ : পৃষ্ঠা ৬-৯
👉ধাৰাবাহিক: পৃষ্ঠা ১০
👉এক মিনিটৰ গল্প: পৃষ্ঠা ১১-১২
👉অণুগল্প : পৃষ্ঠা ১৩-১৫
👉অনুবাদ সাহিত্য : পৃষ্ঠা ১৬
👉কবিতা: পৃষ্ঠা ১৭-৩৫
👉অনুভৱ: পৃষ্ঠা ৩৬
👉 অণুগল্প: পৃষ্ঠা ৩৭
👉গল্প: পৃষ্ঠা ৩৮-৪০
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪১

অঙ্গন: পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ


প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ

তুলনাত্মক কথাবোৰ

         আমাৰ সমাজখনত যেতিয়াই প্ৰথম এটি শিশুৰ বোধ শক্তিৰ বিকাশ হয় তেতিয়াই শিশুটিয়ে তুলনাত্মক কথাবোৰৰ সন্মুখীন হ'বলগীয়া হয়। এনেধৰণৰ কথাবোৰৰ জড়িয়তে অধিকাংশ পিতৃ-মাতৃয়ে প্ৰথমে শিশুটিক মানসিকভাবে ভাৰাক্ৰান্ত কৰি তোলা দেখা যায়।
"শৰ্মাৰ ল'ৰাক দেখা নাই, পঢ়া শুনাত কিমান চোকা! পৰীক্ষাত কিমান নম্বৰ পাইছে মনত নাই ? আৰু তই ? কেৱল টলৌ টলৌকৈ ঘূৰি ফুৰিবি।"
এনেধৰণৰ কথা বতৰাবোৰে আমাৰ উঠি অহা প্ৰজন্মটোক কিদৰে হতাশগ্ৰস্ত কৰিছে সেই সম্পৰ্কে আমাৰ ভাবিবলৈ আহৰি নাই। আনকি কোনো কোনো ক্ষেত্ৰত শিশুৰ মানসিকতা এনেকুৱা পৰ্যায় পাইছেগৈ য'ত শিশুটিয়ে পৰীক্ষাৰ নম্বৰক লৈ অসন্তুষ্ট হৈ চৰম সিদ্ধান্তও লোৱা দেখা গৈছে। অথচ আমি সকলোৱে জানো যে জীৱনত সফল হোৱাৰ ক্ষেত্ৰত এনে নম্বৰৰ তালিকাখনৰ বিশেষ অৰিহণাও নাথাকে।
            কেৱল শিশুৰ ক্ষেত্ৰতেই যে তুলনাত্মক কথাবোৰে ঋণাত্মক প্ৰভাৱ পেলায় তেনে নহয়। জ্যেষ্ঠ সকলৰ ক্ষেত্ৰতো ই সমানেই ক্ৰিয়া কৰে। বৰ্তমান আমাৰ মাজত প্ৰচলিত বিভিন্ন সামাজিক মাধ্যম, বিভিন্ন দল-সংগঠন আদিৰ ক্ষেত্ৰতো এই তুলনাত্মক চিন্তাবোৰে ব্যক্তিৰ সামাজিক তথা পাৰিবাৰিক জীৱনতো প্ৰভাৱ পেলোৱা দেখা গৈছে। সৰুতেই আনে আমাক এনে তুলনাত্মক চিন্তাধাৰাৰ লগত চিনাকি কৰোৱাৰ ফলত আমি ডাঙৰ হৈ নিজেই নিজক আনৰ লগত তুলনা কৰি হতাশগ্ৰস্ত হৈ পৰো, মানসিক সুখ-শান্তি নিমিষতে হেৰোৱাওঁ। এনে উদাহৰণ বিচাৰিলে আমাৰ চৌপাশেই অলেখ পোৱা যাব। কোনো এজন ব্যক্তিৰ দামী পোছাক, গাড়ী ঘৰ আদি দেখি নিজক তেখেতৰ লগত তুলনা কৰি নিমিষতে সকলো সুখ শান্তিক বিসৰ্জন দি হতাশগ্ৰস্ত হৈ পৰা ব্যক্তিৰ উদাহৰণ আমাৰ সমাজত হাজাৰ হাজাৰ আছে।
গতিকে, সময় থাকোঁতেই আমাৰ চিন্তা চৰ্চা, প্ৰকাশভংগী আদি দিশবোৰ শুদ্ধ প্ৰয়োগত গুৰুত্ব দিয়া প্ৰয়োজন। অন্যথা সৰু সৰু যেন লগা কথাবোৰেই আমৰ সমাজলৈ অশুভ বাৰ্তা কঢ়িয়াই আনিব‌।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ ৬
প্ৰৱন্ধঃ

কিত্তুৰ চিন্নম্মা-
(দ্বিতীয় খণ্ড)

প্ৰণৱ ফুকন

           শিৱলিঙ্গৰুদ্ৰ চৰ্জাই পুত্ৰ তুলি লোৱা: শিৱলিঙ্গৰুদ্ৰ চৰ্জাৰ স্বাস্থ্য দিনক দিনে বেয়াৰ ফালে ঢাল খাইছিল৷ আনহাতে তেওঁ অপুত্ৰক আছিল; সেয়ে তেওঁ বিশ্বাসী বিষববীয়াসকলৰ লগত কোনো নিকট সম্বন্ধীয় লোকৰ পুত্ৰক নিজ পুত্ৰ আৰু উত্তৰাধিকাৰী হিচাপে গ্ৰহণ কৰাৰ কথা আলোচনা কৰে৷ ইফালে ব্ৰিটিছে কিত্তুৰৰ ওপৰত শেনচকু ৰাখিছিল৷ বেলগাঁৱৰ ব্ৰিটিছ আয়ুক্ত মি. থেকাৰেই শিৱলিঙ্গৰুদ্ৰৰ স্বাস্থ্যৰ বিষয়ে মিছা সমবেদনা দেখুৱাই কিছু ঔষধ লৈ দেখা কৰিবলৈ আহে ৷ শিৱলিঙ্গই কিন্তু পুত্ৰ তুলি লোৱাৰ কোনো কথা থেকাৰেৰ আগত নক’লে ৷ ইয়াৰ পাছতে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত উচ্চপদস্থ বিষয়াসকলৰ সহায়ত মস্তমাৰাদিৰ বালাপ্পাগৌড়াৰ পুত্ৰ শিৱলিঙ্গপ্পাক নিজৰ উত্তৰাধিকাৰী কৰি লোৱাৰ সিদ্ধান্ত লৈ থেকাৰেলৈ এখন চিঠি লিখি ভৱিষ্যতে শিৱলিঙ্গপ্পাৰ সৈতে যোগাযোগ ৰখাৰ বাবে অনুৰোধ কৰে ৷ কিন্তু ইয়াৰ পাছৰ দুমাহ হঠাতে তেওঁৰ স্বাস্থ্যৰ উন্নতি হোৱাত সেই চিঠি পঠিওৱা নহয়৷ দুমাহ পাছত শিৱলিঙ্গৰুদ্ৰ চৰ্জাৰ স্বাস্থ্য অতি বেয়া হৈ পৰাত  শিৱলিঙ্গপ্পাক আনুষ্ঠানিকভাবে উত্তৰাধিকাৰী হিচাপে অভিষেক কৰি চৱাই মল্লচৰ্জা নামেৰে নামকৰণ কৰা হয়৷

ৰাণী চিন্নম্মা কিত্তুৰৰ ভৱিষ্যতৰ বাবে চিন্তিত আছিল; সেয়ে তেওঁ সকলো উচ্চপদস্থ বিষয়াক অভিষেকত উপস্থিত থাকিবলৈ অনুৰোধ কৰে৷ মল্লচৰ্জাই দুমাহ আগতে লেখা চিঠিখন কন্নুৰ মল্লপ্পা আৰু চৰ্দাৰ মল্লপ্পাৰ জৰিয়তে থেকাৰেলৈ পঠিওৱা হয়৷ এই দুজন বিষয়াৰ মনত কিন্তু বিশ্বাসঘাটকতাই বাহ লৈছিল৷ দুমাহ আগৰ দিনাংক দেখি থেকাৰেৰ মনত সন্দেহ ওপজে৷ ইফালে সেইদিনাই মল্লচৰ্জাই ইহলীলা সম্বৰণ কৰে৷ থেকাৰেই ডঃ বেলক কিত্তুৰলৈ গৈ সকলো বুজ ল’বলৈ পঠিয়ায়৷ ডঃ বেলে মল্লচৰ্জাৰ মৃত্যুৰ কথা প্ৰতিবেদনত উল্লেখ কৰে৷ দুমাহ আগৰ চিঠিৰ বিষয়ে সন্দেহ ব্যক্ত কৰিয়েই থেকাৰেই কিত্তুৰলৈ আহি প্ৰাসাদত সকলোকে মুকলিকৈ সাৱধানবাণী শুনাই যে ব্ৰিটিছে অচিৰেই কিত্তুৰ অধিকাৰ কৰিব৷

কিত্তুৰত বিজয়ধ্বজা: ৰাণী চিন্নম্মাই তেওঁৰ বিশ্বাসী উচ্চপদস্থ বিষয়াসকলৰ লগত ব্ৰিটিছৰ কিত্তুৰ অধিকাৰৰ হুমকিৰ বিষয়ে আলোচনা কৰে৷ সকলোৱে একমত হয় যে যুঁজৰ বাবে সাজু হৈ থকা উচিত৷ প্ৰবাদ আছে যে সেই ৰাতি ৰাণীৰ সপোনত তেখেতৰ প্ৰয়াত স্বামী মল্লচৰ্জাই কয় যে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজত তেঁৱেই নেতৃত্ব দিব লাগিব৷ পুৱা সপোনৰ সকলো কথা তেওঁৰ ফটফটীয়াকৈ মনত আছিল৷ তেওঁ সকলো উচ্চপদস্থ বিষয়াক সজাগ কৰে আৰু ৰাজ্যখনৰ সকলো ফালে ব্যস্ততা পৰিলক্ষিত হয়৷ থেকাৰেই এই সংবাদ লাভ কৰি অনুৰোধ কৰাত অন্যান্য ঠাইৰপৰাও ব্ৰিটিছৰ সেনা কিত্তুৰৰ দিশত অগ্ৰসৰ হয় আৰু অক্টোবৰৰ মাজভাগত আহি কিত্তুৰৰ উপকণ্ঠত বাহৰ পাতি যুঁজৰ প্ৰস্তুতি চলাই যায়৷

২১ অক্টোবৰৰ পুৱা থেকাৰেই তেওঁৰ দুজন কটকীৰ জৰিয়তে কিত্তুৰৰ সেনাধক্ষ্য চৰ্দাৰ গুৰুচিদপ্পালৈ আদেশ পঠিয়াই যে কিত্তুৰে যদি ১৭ খন গাঁও ক্ষতিপূৰণ হিচাপে ব্ৰিটিছক এৰি দি চুক্তি কৰে তেন্তে ব্ৰিটিছ সেনাই আক্ৰমণ নকৰে৷ কিন্তু গুৰুচিদপ্পাই এই আদেশ সম্পূৰ্ণৰূপে অগ্ৰহ্য কৰি জনাই যে তেওঁ কেৱল ৰাণী চিন্নম্মাৰ আদেশহে পালন কৰে৷ থেকাৰে তেওঁৰ অশ্বাৰোহী বাহিনীক কিত্তুৰৰ দুৰ্গ আক্ৰমণ কৰিবলৈ আদেশ দিয়ে৷ কিন্তু গুৰুচিদপ্পাই নিজৰ সেনা সাজু কৰি ৰাখিছিল আৰু ব্ৰিটিছ সেনাৰ আক্ৰমণ বিফল কৰি খেদি পঠিয়ায়৷ কিত্তুৰৰ সেনাই দুৰ্গৰ দুৱাৰ বন্ধ কৰি দিয়ে৷ কিছু সংখ্যক ব্ৰিটিছ বিষয়া আৰু সেনাই পৰিয়ালসহ কিত্তুৰৰ ৰাইজৰ ঘৰত আশ্ৰয় লয়৷ কিত্তুৰৰ সেনাই খানাতালাচী চলাই তেওঁলোকক ৰাণী চিন্নম্মাৰ সমুখলৈ লৈ আহে৷ ৰাণীয়ে সেনাসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ কিন্তু মহিলা আৰু শিশুসকলক মুকলি কৰি অতিথি গৃহলৈ নিবলৈ আৰু ভালদৰে সোধপোচ কৰিবলৈ আদেশ দিয়ে৷ তেওঁ নিজেই শিশুসকলক মৰম কৰি অভয় প্ৰদান কৰে৷

ৰাণী চিন্নম্মাৰ মহানুভৱতাৰ বাতৰি পাই থেকাৰেৰ মন তেওঁৰ প্ৰতি শ্ৰদ্ধাৰে উপচি পৰিল৷ থেকাৰেই ৰাণীক দেখা কৰিব খুজি ২১ অক্টোবৰ, ১৮২৪-ত বাতৰি পঠিয়ালে৷ কিন্তু ৰাণীয়ে অসুস্থতাৰ অজুহাত দেখুৱাই অনুৰোধ প্ৰত্যাখ্যান কৰে আৰু দুৰ্গৰ দুৱাৰ বন্ধ কৰি দিয়া হয়৷ তত্ৰাচ থেকাৰেই আৰু এদিন বাট চালে; কিন্তু ফল নধৰিল৷ তৃতীয় দিনা পুৱা থেকাৰেই বাতৰি পঠিয়াই যে তেওঁ আৰু এঘড়ী (২৪ মিনিট) সময় বাট চাব; তেতিয়াও দুৰ্গৰ দুৱাৰ নুখুলিলে বিস্ফোৰকেৰে দুৱাৰ ভাঙি পেলোৱা হ’ব৷ বাহিৰত ব্ৰিটিছৰ সেনা সষ্টম হৈ থাকিল৷ এঘড়ী শেষ হোৱাৰ লগে লগে দুৰ্গৰ দুৱাৰ সশব্দে খোল খালে আৰু কিত্তুৰৰ অশ্বাৰোহী তথা পদাতিক সৈন্য তীব্ৰবেগে ব্ৰিটিছ সেনাৰ ওপৰত জপিয়াই পৰিল৷ ব্ৰিটিছ সেনাই উশাহ সলাবলৈ নৌপাওঁতেই বহুতো সৈনিকৰ মৃত্যু ঘটিল আৰু বাচি থকাসকল পিচুৱাই গ’ল৷ দুৰ্গৰ ওখ মঞ্চ (rampart)-ত শুকুলা ঘোঁৰাত উঠি সম্পূৰ্ণ সমৰসজ্জাৰে হাতত তৰোৱাল লৈ নিখুঁতভাৱে যুদ্ধ পৰিচালনা কৰা ৰাণী চিন্নম্মা যেন আছিল সাক্ষাৎ ৰণচণ্ডী দুৰ্গাৰ অৱতাৰ! কথা বিষম দেখি থেকাৰে ঘোঁৰাত উঠি ৰাণীৰ ফালে আগুৱাই আহিল; কাৰণ তেওঁ জানিছিল চিন্নম্মাক বশ কৰিব পাৰিলেই কিত্তুৰ সেনাই মনোবল হেৰুৱাব৷ তেওঁক অহা দেখি ৰাণীৰ দেহৰক্ষী সাধুনৱাৰ বাল্লাপ্পাই গুলি চলালে৷ অব্যৰ্থ লক্ষই থেকাৰেৰ হৃদয় বিদাৰি গ’ল আৰু তেওঁ ধৰাশায়ী হ’ল৷ লগে লগে কিত্তুৰৰ বহুতো সেনাই থেকাৰেৰ শৰীৰ খণ্ড- বিখণ্ড কৰিলে; এজন নিগ্ৰো সেনা (দৰাচলতে নিগ্ৰোমূলজ চিদ্দী বা হাবচী নামৰ শ্যামবৰণীয়া সম্প্ৰদায়ৰ) ৰাম হাবচীয়ে থেকাৰেৰ মূৰটো যাঠি এডালত লৈ সকলো ফালে থেকাৰেৰ মৃত্যুৰ সুখবৰ জনালে৷ কিত্তুৰত উৰিল বিজয়ধ্বজা৷ ২৩ অক্টোবৰ, ১৮২৪ তাৰিখটো ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লেখা উচিত; কিন্তু পৰিতাপৰ কথা যে খুব কমসংখ্যক ইতিহাসবিদেহে কিত্তুৰ আৰু এই তাৰিখটোক প্ৰাধান্য দিছে৷

ব্ৰিটিছৰ আক্ৰমণৰ বাবে কিত্তুৰৰ প্ৰস্তুতি: যুঁজত জয়ী হৈ ৰাণী চিন্নম্মাই গুৰুচিদ্দপ্পা আৰু অন্যান্য সহযোগীসকলৰ লগত চৌকীমথত উপস্থিত হৈ স্বামীজীৰ আশীৰ্বাদ লৈ গোপন কক্ষত পুৱাৰ যুঁজৰ বুজ লৈ গম পালে যে সেই অঞ্চলৰ সকলো ব্ৰিটিছ বিষয়া আৰু বিশ্বাসঘাটক বিষয়া কেইজন ধৰাশায়ী হৈছিল৷ ৰাণীয়ে চাৰিদিনৰ আগতে সেই অঞ্চলৰ আটাইতকৈ প্ৰতাপী ৰজা কোল্হাপুৰৰ ৰজালৈ সহায় বিচাৰি কটকী পঠিয়াইছিল৷ কিন্তু তেওঁৰ পৰা কোনো সঁহাৰি অহা নাছিল৷ এই পৰাজয়ৰ পাছত যে ব্ৰিটিছ মনে মনে বহি নাথাকে আৰু কিত্তুৰৰ তুলনাত ব্ৰিটিছ অধিক শক্তিশালী এই কথা বুজা গৈছিল৷ গতিকে ব্ৰিটিছৰ লগত মিত্ৰতা কৰিবলৈ যুদ্ধবন্দী ব্ৰিটিছ অসামৰিক বিষয়া দুজনক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয় যাতে তেওঁলোকে এনে ব্যৱহাৰৰ উল্লেখ কৰি বাতৰি পঠিয়ায়৷ সেই মতে দুয়োকে অভয় প্ৰদান কৰি জনোৱা যায় যে তেওঁলোকে নিজৰ ওপৰৱালা বিষয়ালৈ বাতৰি পঠোৱাত কোনো বাধা নাই৷ 

পৰাজয় আৰু থেকাৰেৰ মৃত্যুৰ বাতৰি পাই বেলগাঁৱৰ ব্ৰিটিছ মুখ্যালয়ে বোম্বাই প্ৰেছিডেঞ্চীৰ গভৰ্ণৰ আৰু বেল্লাৰীত থকা সেনাৰ অধীক্ষকলৈ কিত্তুৰ আক্ৰমণৰ বাবে সেনা সষ্টম কৰি ৰাখিবলৈ অনুৰোধ জনায়৷

হুবলীৰ উপকণ্ঠত সেনা সষ্টম কৰি ৰাখি ৰাণী চিন্নম্মাই এজন কটকী ধাৰৱাৰত ব্ৰিটিছৰ লগত আলোচনা কৰিবলৈ পঠিয়ায়৷ দাক্ষিণাত্যৰ ব্ৰিটিছ আয়ুক্ত চেপলীনে কিত্তুৰৰ প্ৰতিনিধিৰ লগত আলোচনা চলাই যাবলৈ সিদ্ধান্ত লয় যাতে সেনাবাহিনী মোতায়েনৰ বাবে সময় পোৱা যায়৷ মি. ইডেন নামৰ এজন বিষয়াক বেলগাঁৱৰ অস্থায়ী ৰাজনৈতিক প্ৰতিনিধি নিয়ুক্ত কৰি কিত্তুৰৰ সৈতে আলোচনা চলাই যোৱাৰ ভাৰ দিয়া হয়৷

প্ৰত্যাক্ৰমণৰ অজুহাত: ইফালে ৰাণীৰ আদেশ মতে মলপ্ৰভা নদীৰ নাওবোৰ বুৰাই দিয়া হয় যাতে ব্ৰিটিছ সেনা সহজে পাৰ হৈ কিত্তুৰলৈ আহিব নোৱাৰে৷  যুদ্ধবন্দী অসামৰিক বিষয়া ষ্টিভেনছনে চেপলিনলৈ চিঠি লিখি জনায় থেকাৰেৰ অদূৰদৰ্শিতা আৰু দাম্ভিকতাৰ বাবেই এই অৱস্থাৰ সৃষ্টি হ’ল৷ ২৭ অক্টোবৰ তাৰিখে শিৱলিঙ্গপ্পাৰ অভিষেকৰ আয়োজন কৰা হয় যাতে কিত্তুৰৰ সিংহাসনৰ উত্তৰাধিকাৰী পোৱা যায়৷ কাৰণ ব্ৰিটিছে Doctrine of Lapses  নামৰ আইনৰ জৰিয়তে উত্তৰাধিকাৰী বিহীন ৰাজ্যবোৰ অধিগ্ৰহণ কৰিছিল৷ কিত্তুৰ আৰু উপকণ্ঠ অঞ্চলত সেই সময়তে ঘটা কিছু ব্ৰিটিছ বিৰোধী ঘটনাৰ বাবে ব্ৰিটিছ প্ৰশাসনে চিত্ৰদুৰ্গাত থকা ব্ৰিটিছ সেনাৰপৰাও সহায় বিচাৰে ৷

মি. ইডেন ধাৰৱাড়ত উপস্থিত হৈ ২৬ আৰু ২৭ তাৰিখে কিত্তুৰৰ কটকীৰ সৈতে আলোচনা কৰি ২৮ তাৰিখে বেলগাঁৱলৈ উভতি যায়৷ ইতিমধ্যে ষ্টিভেনছনৰ চিঠি আহি পাইছিল; কিত্তুৰৰ কটকীয়ে জনায় যে ব্ৰিটিছ সেনা বেলগাঁও আৰু মুগতখান- হুবলীৰ সলনি কিত্তুৰৰ পৰা দূৰত য়েনাগীত মলপ্ৰভা পাৰ হৈ বাহৰ পাতিব পাৰে৷ কিত্তুৰৰ কটকীৰ লগত হোৱা আলোচনা বিশেষ ফলপ্ৰসূ নোহোৱাত চিন্তিত গভৰ্ণৰে হায়দৰাবাদকে ধৰি সকলো ফালে বাতৰি পঠিয়াই সেনা বিচাৰে৷ 

চিন্নম্মাই পুনৰ এজন কটকী ধাৰৱাড়লৈ পঠিয়ায়৷ ৪ নৱেম্বৰত কিত্তুৰৰ কটকীয়ে ধাৰৱাড়ৰ ভাৰপ্ৰাপ্ত আয়ুক্ত মন্‌ৰোক লগ ধৰে৷ পাছদিনা চিন্নম্মাই যুদ্ধত বন্দী হোৱা ব্ৰিটিছৰ ৪০ জন সামৰিক বিষয়াক মুকলি কৰি এক সুস্থ বাতাৱৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰে৷ মন্‌ৰোৱে ৰাণীলৈ চিঠি লিখি দুয়োজন অসামৰিক বিষয়াক মুকলি কৰি দিয়াৰ প্ৰয়োজনীয়তাৰ কথা কয়৷ ১২ তাৰিখে ৰাণী চিন্নম্মা আৰু শিৱলিঙ্গৰুদ্ৰৰ পত্নী ৰাণী ৱীৰৱ্ৱাই উত্তৰত জনায় যে থেকাৰেই কিত্তুৰক কৰা অপমানৰ ফলত বাধ্য হৈ যুদ্ধত লিপ্ত হ’ব লগীয়া হৈছিল৷ অন্যথা কিত্তুৰে কেতিয়াও ব্ৰিটিছৰ বিৰোধিতা কৰিবলৈ নিবিচাৰে৷ মন্‌ৰোৱে চিঠিখন চেপলীনলৈ পঠিয়ায়৷ ইফালে ব্ৰিটিছে সকলো দেশাইক জনাই যে উত্তৰাধিকাৰী নথকাৰ বাবেই ব্ৰিটিছে কিত্তুৰ অধিকাৰ কৰিবলৈ বাধ্য হৈছে৷

বোম্বাই আৰু পুণেৰ পৰাও ব্ৰিটিছ সেনা আহি সাজু হোৱাৰ কথা চিন্নম্মাই গম পায়৷ ইফালে কোল্হাপুৰৰ ৰজাই কিত্তুৰক সহায় কৰাৰ উদ্দেশ্যে সেনাবাহিনী লৈ যাত্ৰ কৰে৷ সকলো অনুগত শাসকৰ সেনাৰে চেপলীন ২২ নৱেম্বৰত বেলগাঁও পালেহি৷ ২৫ তাৰিখলৈ ব্ৰিটিছৰ সমৰসজ্জা সম্পূৰ্ণ হয় আৰু তিনি দিশৰ পৰা কিত্তুৰ আক্ৰমণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়৷ ৩০ নৱেম্বৰত ধাৰৱাড়, বেলগাঁও আৰু খানাপুৰৰ পৰাও ব্ৰিটিছ সেনা আহি কিত্তুৰৰ কাষত উপস্থিত হয়৷ মানলিত বাহৰ পতা কোল্হাপুৰৰ ৰজালৈ ৰাণী চিন্নম্মাই বাৰ্তা পঠিয়ায়৷ পাছে কটকীক ব্ৰিটিছে বাধা প্ৰদান কৰে; ফলত কিছু গুলিবৰ্ষণ হয় আৰু দুজন ব্ৰিটিছ বিষয়াৰ মৃত্যু হয় আৰু ব্ৰিটিছে কিত্তুৰ আক্ৰমণৰ অজুহাত লাভ কৰে৷ 

কিত্তুৰৰ পতন: কিত্তুৰৰ কটকীয়ে আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে; কিন্তু চেপলীনে ১ ডিছেম্বৰৰ সন্ধিয়াৰ ভিতৰত কিত্তুৰ সেনাই আত্মসমৰ্পণ নকৰিলে আক্ৰমণৰ ভাবুকি দিয়ে৷ পাছদিনা তেওঁ ৰাণীলৈ বাৰ্তা পঠিয়াই যে দুয়োজন অসামৰিক বিষয়াক অচিৰেই মুকলি কৰি নিদিলে কিত্তুৰৰ সেনাক কচুকটা দিয়া হ’ব৷ কটকীয়ে ব্ৰিটিছৰ পৰা প্ৰতিশ্ৰুতি আদায় কৰে যে দুয়োজনকে মুকলি কৰি দিলে আক্ৰমণ কৰা নহয়; গতিকে দুয়োজনক মুকলি কৰি দিয়া হয়৷ দুয়োজন বিষয়াই কিত্তুৰৰ লগত নৰম ব্যৱহাৰ কৰাৰ অনুৰোধ কৰে৷ 

২ ডিছেম্বৰৰ পুৱা বিস্ফোটক সামগ্ৰীৰে ভৰা এখন ৰেল মাদ্ৰাজৰ পৰা আহি পায়। লগে লগে চেপলীনে প্ৰতিশ্ৰুতি পাহৰি কিত্তুৰে আত্মসমৰ্পণ নকৰিলে আক্ৰমণ কৰা হ’ব বুলি জনায়৷ দুয়োগৰাকী ৰাণীয়ে পত্ৰযোগে পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা চেপলীনক সোঁৱৰাই দিয়ে৷ কিন্তু কোনো ফল নধৰিল৷ আনহাতে কটকীৰ আলোচনা বিফল হোৱাত ৰাণীয়ে যুদ্ধৰ প্ৰস্তুতি কৰাৰ সিদ্ধান্ত লয়; কোল্হাপুৰৰ ৰজাৰ সহায়ো পোৱা যাব বুলি আশা কৰা হ’ল৷ সিফালে ২৫০০০ ব্ৰিটিছ সেনাই কিত্তুৰৰ আন এক দুৰ্গ কেম্মানামাৰাডি ঘেৰি ধৰে৷ গোটেই দিনটো খণ্ডযুদ্ধ কৰি কিত্তুৰৰ প্ৰতিজন সেনাই কেবাজনো ব্ৰিটিছ সেনাক হত্যা কৰিহে মৃত্যুবৰণ কৰে৷ সন্ধিয়ালৈ কেম্মানামাৰাডিৰ পতন ঘটে৷ ৪ তাৰিখে ব্ৰিটিছে গদ্দামাৰাদি আক্ৰমণ কৰে৷ গুৰুচিদ্দপ্পাই সেনাধ্যক্ষতা কৰি পৰাক্ৰমেৰে যুদ্ধ দি যায়৷ ৰাণীয়ে বীৰাংগনাৰ দৰে দুৰ্গ ৰক্ষা কৰি যায়৷ কিন্তু ব্ৰিটিছে উৎকোচ দি কিত্তুৰৰ কিছু লোকৰ জৰিয়তে কিত্তুৰৰ অস্ত্ৰাগাৰৰ বাৰুদ অকামিলা কৰি পেলায়৷ ফলত হয় কিত্তুৰৰ পতন৷ কেইজনমান বিষয়া প্ৰাণৰক্ষা কৰি পলায়ন কৰে৷ ৰাণী চিন্নম্মাই লগত ৰাণী ৱীৰৱ্ৱা আৰু নিজৰ বোৱাৰী জানকীবাইক লৈ দুৰ্গ এৰি যাবলৈ চেষ্টা কৰি বিফল হয় আৰু তিনিও ব্ৰিটিছ সেনাৰ হাতত বন্দী হয়৷ ৫ তাৰিখে পুৱা কিত্তুৰত ইউনিয়ন জেক্‌ উত্তোলন কৰা হয়৷

ইতিহাসৰ ওৰণি: কিত্তুৰৰ দুৰ্গ আৰু প্ৰাসাদ ৰাইজৰ আশাৰ প্ৰতীক আছিল বাবে ব্ৰিটিছে দুয়োটা ভাঙি পেলোৱাৰ সিদ্ধান্ত লয়৷ কোষাগাৰ আৰু অস্ত্ৰাগাৰ হাত কৰি আন সকলো বস্তু নিলাম কৰা হয়৷ তিনিওগৰাকী ৰাণীক কিত্তুৰ দুৰ্গত এসপ্তাহ ৰাখি কিত্তুৰ ব্ৰিটিছক সমৰ্পণ কৰাৰ ঘোষণাপত্ৰত জোৰকৈ চহী আদায় কৰি বেলহোঙ্গালাৰ দুৰ্গলৈ প্ৰেৰণ কৰা হয়৷ ৰাণী চিন্নম্মাই পূজা-পাতলতে সময় কটাবলৈ ধৰে৷ বন্দী জীৱনতে স্বাধীনতাপ্ৰেমী ৰণীগৰাকীৰ ১৮২৯ চনৰ ২ ফেব্ৰুৱাৰীত মৃত্যু হয়৷ কিছুদিনতে জানকীবাইৰো মৃত্যু হয়৷ এনেকৈয়ে কিত্তুৰ আৰু ৰাণী চিন্নম্মা লুকাই পৰে ইতিহাসৰ ওৰণি আঁৰত৷

সহায়ক গ্ৰন্থ:  Kittur Chinnamma by Sadashiva Wodeyar (NBT)


অঙ্গন: পৃষ্ঠাঃ ৭

  অসমীয়া কাব্য সাহিত্যত চনেট কবিতাৰ চমু আভাস

ঝৰ্ণালী শৰ্মা বৰকটকী

          অসমীয়া কাব্য সাহিত্যৰ গীতি কবিতাৰ এটি উল্লেখযোগ্য ভাগ হৈছে চনেট । এই কবিতা সমুহ প্ৰথম সৃষ্টি হৈছিল পাশ্চাত্যত। 
           ইংৰাজী ʼচনেটʼ শব্দটো ইটালীয় চনেটো (sonetto) শব্দৰ পৰা আহিছে। চনেটো শব্দৰ অৰ্থ হৈছে মৃদু ধ্বনি। অৰ্থাৎ বিষয় আৰু ভাৱৰ ঐক্য ইয়াত প্ৰতিফলিত হোৱা দেখা যায়। ইয়াৰ  বঙলা আৰু অসমীয়া ৰূপান্তৰক চতুদৰ্শপদী কবিতা বোলা হয়। মাইকেল মধুসূদন দত্তই বঙলা সাহিত্যত প্ৰথমে চতুদৰ্শপদী কবিতা আৰম্ভনি কৰে। অসমীয়া আৰু বঙলা কবি সকলে মাইকেল মধুসূদন দত্তক অনুকৰণ কৰিহে চতুদৰ্শপদী কবিতা লিখিবলৈ আৰম্ভ কৰে।
           ইংৰাজ কবি ৱৰ্ডছৱৰ্থে 'sconr not the sonnet' নামৰ চনেটত কৈছে সঁচাৰ কাঠিয়েই চনেট। 
শ্বেইকছপীয়েৰে তেওঁৰ হৃদয়ৰ দ্বাৰা উন্মোচন কৰিছিল আৰু বাঁহীৰ লগত চনেটক তুলনা কৰিছিল।
            বহুতেই চনেটক চতুদৰ্শপদী কবিতা বুলি আখ্যা দিলেও প্ৰকৃততে চতুদৰ্শপংক্তিক কবিতাহে।
ইয়াত এটি মাত্ৰ ভাৱ  অনুভুতিৰ প্ৰবাহ থাকে।ছন্দগত বিভাজন আৰু ভাৱগত বিভাজনৰ মিল থাকে। চনেটৰ ভাৱ সংবেদনশীল আৰু ভাষা পোন ।
          অসমীয়া চনেট দুটা ভাগত ভাগ কৰা হৈছে
(ক)  পেট্ৰাকীয় ছনেট বা ইটালীয় ধ্ৰুপদী চনেট।
( ক) ইংৰাজী ৰোমান্তিক চনেট বা শ্বেইকছপীয়েৰৰ চনেট।
          চনেটত মুঠতে চৈধ্যটা শাৰী থাকে। প্ৰথম আঠশাৰী অষ্টপদিকা আৰু পিছৰ ছয়শাৰী ষট্ পদিকা বোলা হয়। অষ্টপদিকাত ভাৱৰ ইঙ্গিত দিয়া দেখা যায় আৰু ষট্ পদিকাত   সেইয়া বাখ্যা কৰা হয়। অষ্ট পদিকাৰ চাৰি শাৰী প্ৰত্যেক ভাগৰ নাম চৌপদিকা আৰু ষট্ পদিকাৰ তিনি শাৰীৰ প্ৰত্যেক ভাগৰ নাম ত্ৰিপদিকা। এই শাৰীবোৰৰ ছন্দ প্ৰকৰণ সাধাৰণতে কখখক, কখখক, গঘঙ,গঘঙ, নাইবা কখখক, কখখক, গঘ গঘ, গঘ।
অৱশ্যে শ্বেইকছপীয়েৰৰ চনেটে এই নিয়ম মানি চলা নাই, এই চনেট অলপ সুকীয়া । এই চনেটত ভাৱগত সৌন্দৰ্যৰ মিল সুন্দৰকৈ প্ৰতিফলিত হৈছে । ইয়াত সামৰণি যুগ্মকটোৱে চনেটৰ সমস্ত সৌন্দৰ্য কেন্দ্ৰীভূত হৈ থকা দেখিবলৈ পোৱা যায়। অসমীয়া সাহিত্যত হেমচন্দ্ৰ গোস্বামীৰ ʼপ্ৰিয়তমাৰ চিঠি ʼ প্ৰেট্ৰাকীয় চনেটৰ প্ৰথম নিদৰ্শন আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ ʼকবিতাʼ শ্বেইকছপীয়েৰ চনেটৰ প্ৰথম নিদৰ্শন।
          এই চনেট কবিতাৰ আলোচনাৰ পৰা ইয়াকে বুজা হৈছে যে ইয়াৰ ভাৱগধুৰ হʼলেও বুজাত অসুবিধা নহয় সেয়ে চনেটক আত্মবানী বুলিও কʼব পাৰি। এই চনেট সমূহে অসমীয়া সাহিত্যৰ জগতলৈ এক নতুন ধাৰাৰ সুচনা কৰিলে।

(সহায়ক গ্ৰন্থ- সাহিত্য সমীক্ষা , লেখক মহেশ্বৰ নেওগ , হেমন্ত কুমাৰ শৰ্মা
সাহিত্য-উপক্ৰমণিকা লেখক ডঃ মহেন্দ্ৰ বৰা।

ঠিকনাঃ
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং - ৯১০১৮৬০৩৫৯.


অঙ্গন: পৃষ্ঠাঃ ৮

সমকামিতাৰ ধাৰণা ইয়াৰ ইতিহাস আৰু প্ৰাচীন কালৰ পৰা বৰ্তমানলৈ ভাৰতবৰ্ষত সমকামিতাৰ বৈধতা।

মিনাক্ষী কলিতা

বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ মানুহ অথবা জীৱ জন্তু প্ৰত্যেকৰে এক সহজাত চাৰিত্ৰিক বৈশিষ্ট্য। এই চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰা ফালৰি কাটি কেতিয়াবা কোনো ব্যক্তি বা জীৱই নিজৰ সৈতে একে লিংগৰ কাৰোবাৰ প্ৰতি শাৰিৰীক, প্ৰেম তথা আবেগিক ভাৱে আকৰ্ষিত হৈ পৰে। তেনেকুৱা ব্যক্তি বা জীৱক সমকামী বুলি কোৱা হয়।
           সমকামিতা একপ্ৰকাৰৰ যৌন অভিমুখিতা, প্ৰেম অভিমুখিতা আৰু এটা আকৰ্ষণভিত্তিক পৰিচয়। ইয়াৰ ইংৰাজী প্ৰতিশব্দ Homosexuality; যিটো শব্দ গ্ৰীক ভাষাৰ Homo (সমধৰ্মী বা একে ধৰণৰ) আৰু লেটিন শব্দ Sexus (যৌনতা) ৰ পৰা সৃষ্টি হৈছে। সমকামিতাৰ প্ৰকৃত কাৰণ সম্পৰ্কে এতিয়ালৈ কোনো নিশ্চয়তা দিব পৰা নাই যদিও জিনগত, হ'ৰমনগত আৰু পৰিবেশৰ কাৰকসমূহৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলত এনে এক অৱস্থাৰ সৃষ্টি হয় বুলি বিজ্ঞানীসকলে কয়।
           সমকামিতা মূলতঃ দুই প্ৰকাৰৰ 'গে' আৰু 'লেছবিয়ান'। সমকামী পুৰুষসকলক 'গে' বুলি কোৱাৰ বিপৰীতে সমকামী নাৰীসকলক 'লেছবিয়ান' বুলি কোৱা হয়। তিনিটা অৱস্থাৰ মাজেৰে সমকামী লোকসকলে 'Coming Out' অৰ্থাৎ নিজক প্ৰকাশ কৰে। প্ৰথম তেওঁলোকে একে লিংগৰ সৈতে সম্পৰ্কত আহিবলৈ দৃঢ় হয়, দ্বিতীয়তে তেওঁলোকে আন ব্যক্তিৰ আগত নিজক 'গে' বা 'লেছবিয়ান' বুলি প্ৰকাশ কৰে আৰু শেষত একে লিংগৰ ব্যক্তি এজনৰ সৈতে সামাজিকভাৱে সম্পৰ্কত আহি ব্যক্তিজনৰ সৈতে একেলগে বাস কৰে। সমকামী ব্যক্তিৰূপে আত্মপ্ৰকাশ কৰা লোকসকলে প্ৰতিবছৰে ১১ অক্টোবৰ তাৰিখে 'National Coming Outday' পালন কৰে।
          মানৱ সমাজৰ বিভিন্ন স্তৰত বিভিন্নৰূপে সমকামিতাৰ অস্তিত্ব পোৱা যায়। কোনো কোনো ঠাইত সমকামী যৌনাচৰণৰ চৰ্চা গুপ্ত বিনোদন হিচাপে আকৌ কোনো ঠাইত সংস্কৃতিৰ অংশ হিচাপে সমকামিতা উদযাপন কৰা হয়। প্ৰাচীন গ্ৰীচৰ পাইদেৰাস্ত্ৰিয়া, এৰাস্তেচ আৰু এৰূমেনোচৰ সম্পৰ্ক সমূহ ইয়াৰে ভিতৰত উল্লেখযোগ্য।
             প্ৰাচীন কালৰ বহু সাহিত্যতো সমকামিতাৰ নিদৰ্শন পোৱা যায়। হোমাৰৰ বৰ্ণিত আকিলিচ আৰু পেট্ৰ'ক্লুচৰ সম্পৰ্ক, প্লেটোৰ দাৰ্শনিক গ্ৰন্থ 'চিম্পোজিয়াম'ত ফায়াডেৰাছ, পছানিয়াছ, এগাথন, এৰিষ্ট'ফেনেছ এৰিস্কিমাচুছৰ নানা মন্তব্য আৰু ছক্ৰেটিছৰ লগত আলকিবিয়াডচৰ প্লেটোনিক সম্পৰ্কত বহু বিশেষজ্ঞই সমকামিতাৰ দৃষ্টান্ত হিচাপে প্ৰদৰ্শন কৰে।
           ইতিহাসৰ প্ৰায় সকলো সময়তে সমকামী আচৰণক অসামাজিক হিচাপে বিবেচনা কৰি অহা হৈছে। এতিয়াও অধিকাংশ সমাজ আৰু চৰকাৰ ব্যৱস্থাত সমকামী আচৰণক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে সমকামী যৌনাচাৰৰ দ্বাৰা সন্তান জন্ম সম্ভৱ নহয়, যাৰ ফলত মানুহৰ বংশৰক্ষা অসম্ভৱ।
তাৰোপৰি পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মই সমকামী যৌনাচৰণ নিষিদ্ধ কৰিছে।
         ভাৰতৰ প্ৰধান ধৰ্ম বিশ্বাসত সমকামিতাৰ অৱস্থান ক'ত তাক লৈ গৱেষক সকলৰ মাজত দ্বিমত আছে। কোনো কোনোৰ মতে প্ৰাচীন হিন্দু সমাজত সমকামিতা কেৱল প্ৰাসংগিক আছিল তেনে নহয়; বৰং গ্ৰহণীও আছিল। খাজুৰাহো, অজন্তা-ইলৰাৰ ভাস্কৰ্য, প্ৰাচীন ভাৰতীয় গ্ৰন্থত কিছুমান সমলিংগৰ উল্লেখ আৰু সমকামৰ আভাস, বিভিন্ন সমকামিতাৰ লক্ষণ বহনকাৰী চৰিত্ৰ আদিয়েই ইয়াৰ সত্যতাকে প্ৰমাণ কৰে।
              বৰ্তমান ভাৰতবৰ্ষত সমকামিতা বৈধ নে অবৈধ সেয়াও এক ডাঙৰ প্ৰশ্ন।‌ সম্প্ৰতি ভাৰতবৰ্ষত সমকামিতাক যিদৰে একেআষাৰে অবৈধ বুলি ক'ব নোৱাৰি ঠিক তেনেদৰে একে আষাৰে বৈধ বুলি কোৱাও কঠিন। ২০০৯ চনত দিল্লী উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায় মতে, "প্ৰাপ্তবয়স্ক সকলৰ মাজত সন্মতিক্ৰমে সমকামিতাৰ আচৰণ অপৰাধৰ আওতাত নপৰে।" অৰ্থাৎ এই ৰায় মতে ভাৰতত সমকামিতা বৈধ। কিন্তু ইয়াৰ পিছত ২০১৩ চনৰ ১১ ডিচেম্বৰ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ে সমকামিতাক পুনৰ অবৈধ বুলি ঘোষণা কৰে আৰু ৩৭৭ ধাৰা (৩৭৭ ধাৰা অনুসৰি সমকামিতা আৰু পায়ুমৈথুন শাস্তিযোগ্য ফৌজদাৰী অপৰাধ) অব্যাহত ৰাখে। বিভিন্ন দল সংগঠন, অনুষ্ঠান আৰু ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত এই ধাৰাৰ অৱসান ঘটাবলৈ পুনৰ বিচাৰ আবেদন জনাইছে যদিও বৰ্তমানো এই ধাৰা উচ্চতম ন্যায়ালয়ৰ পুনৰ বিচাৰৰ অধীনত।
           ২০১৮ চনৰ ৬ চেপ্তেম্বৰ তাৰিখে উচ্চতৰ ন্যায়ালয়ৰ পাঁচজন সংবিধানিক বিচাৰপীঠে ভাৰতৰ দণ্ডবিধি আইনৰ দফা ৩৭৭ পাৰ্শ্বীয়ভাৱে অসংবিধানিক হিচাপে ৰায়দান কৰে। এই ৰায়দানৰ মতে, " দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মাজত ঘটা যৌন কাৰ্য্য অপৰাধ নহয়।" এই ৰায়দান কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইন্দু মলহোত্ৰাই কয়, " ইতিহাসে এই সম্প্ৰদায়ৰ লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা খোজা উচিত। সমকামিতা মানৱ যৌন অভিমুখিতাৰ অন্যতম অংশ। ভাৰতৰ সকলো নাগৰিকৰ আত্মসন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে। পৰস্পৰ সহমতিৰ দ্বাৰা দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মাজত ঘটা যৌন কাৰ্য্য অপৰাধ নহয়।"
প্ৰেম অভিমুখিতা বা যৌন অভিমুখিতা যিয়েই নহওক কিয় কিন্তু মানুহ হিচাপে প্ৰত্যেকে সমান। সেয়েহে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত ব্যক্তিসকলৰ যিদৰে নিজ ইচ্ছামতে জীয়াই থকাৰ অধিকাৰ আছে সেইদৰে সমকামী ব্যক্তিসকলেও সেই একে অধিকাৰ পোৱা উচিত। তাৰোপৰি সমকামী ব্যক্তি সকলক আমি অন্য দৃষ্টিৰে চায় তেওঁলোকক ঠাট্টা ইতিকিং কৰাতকৈ মানুহ হিচাপে সমব্যৱহাৰ কৰাটোহে বেছি যুক্তিসংগত।

(তথ্য সংগ্ৰহ: ইন্টাৰনেট)

নলবাৰী


অঙ্গন পৃষ্ঠাঃ ৯

প্ৰকৃত শিক্ষাৰ ভেটি

বীৰেশ্বৰ ৰাভা
              
          সভ্যতাৰ বুৰঞ্জীত ভাৰতৰ অৱদান অতি গৌৰৱেৰে স্মৰণ কৰিবলগীয়া। গভীৰ মননশীলতাৰ ফলত প্ৰাচীন ভাৰতবৰ্ষই জীৱনৰ ৰহস্য সম্পৰ্কে বহু ধৰণৰ সম্ভেদ দি থৈ গৈছে। যি জাতিৰ চিন্তাশক্তি ইমান উন্নত আছিল, তাৰ শিক্ষানীতিও যে অতি উচ্চ আছিল সেই কথা সহজে অনুমান কৰিব পাৰি। শিক্ষা সম্পৰ্কে ভাৰতবৰ্ষৰ একমাত্ৰ লক্ষ্য আছিল প্ৰত্যেক ব্যক্তিকে অনুসন্ধানৰ কাৰণে উপযুক্ত কৰি তোলা , প্ৰত্যেকৰে নিজ নিজ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি বিকাশৰ সম্পূৰ্ণ সুযোগ দান কৰা।
          ইয়াৰ কাৰণে আমি আমাৰ মনক প্ৰথমে সংঘৱদ্ধ আৰু আত্ম সচেতন কৰি তুলিব লাগিব। তেতিয়াহে আমাৰ দেশত শিক্ষাই ফল ধৰিব। ছাত্ৰ-ছাত্ৰীৰ মনত কৌতুহল নাথাকিলে শিক্ষকৰ লগত কোনো সম্পৰ্কও স্থাপন নহয় আৰু শিক্ষকৰ ভাবসমূহৰ প্ৰতি কোনো বিশেষ অনুৰাগ নজন্মে। জ্ঞানৰ প্ৰতি আগ্ৰহ থাকিলেহে শিক্ষাৰ্থীৰ মন শিক্ষকৰ প্ৰতি আকৃষ্ট হয় আৰু শিক্ষকৰ উপদেশ-বাণীৰ তাৎপৰ্য গ্ৰহণ কৰি নিজৰ সৃজনী প্ৰতিভাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব পাৰে। নিজৰ হাতৰ আঙুলিবোৰ ফাঁক কৰি ৰাখিলে সেই হাতেৰে একো দিবও নোৱাৰি আৰু ল'বও নোৱাৰি। মনৰ বিক্ষিপ্ত ভাবসমূহক যেতিয়া সু-সংলগ্ন কৰি তুলিব পৰা যায় তেতিয়াহে অধিক ভাবাস্পদ আহৰণৰ কাৰণে আৰু ভাব বিতৰণৰ কাৰণে মানুহৰ মন উপযুক্ত হৈ উঠে আৰু তেতিয়াহে জ্ঞানৰ ৰস মনৰ ফাঁকে ফাঁকে নিজৰি নোযোৱাকৈ হৃদয়ৰ গভীৰতম প্ৰদেশ স্পৰ্শ কৰি কোমলাই তুলিব পাৰে।
          সৃজনী প্ৰতিভা বিকাশ সাধনাৰ কাৰণে উপযোগী পৰিৱেশ তৈয়াৰ কৰাই শিক্ষা দানৰ প্ৰধান কাম। মানুহৰ মনোজগতৰ লগত বহিৰ্জগতৰ নিবিড় সম্পৰ্ক আছে। পাৰিপাৰ্শ্বিকতাৰ সংশোধন নহ'লে মানুহৰ ভাব-চিন্তাবোৰ ঠন ধৰি উঠিব নোৱাৰে। জাতীয় সংস্কৃতিৰ পটভূমিতহে জাতীয় চিন্তাধাৰাই ৰূপ লয়। জাতীয় সংস্কৃতিৰ নিৰবিচ্ছিন্ন স্ফটিক ধাৰাৰ পৰা স্বাভাবিকভাবে অপৰিহাৰ্য গতিত যি জলধাৰা নিগৰি আহে, সেয়াই প্ৰকৃত শিক্ষা। এনে শিক্ষাইহে জাতীয় জীৱনৰ জীৱন্ত আৰু বৰ্দ্ধিষ্ণু ৰূপৰ প্ৰকৃত পৰিচয় দিব পাৰে। এই শিক্ষাৰ গতি স্বাভাৱিক আৰু ইয়াৰ ফল অতিশয় হিতকাৰী। তদুপৰি, আমাৰ শিক্ষা ব্যৱস্থাৰ সৈতে পূৰ্ণতৰ জীৱনৰ ঘনিষ্ঠ সংস্পৰ্শ থকা উচিত। সামাজিক, অৰ্থনৈতিক, মানসিক, আনুভৌতিক আৰু পাৰমাৰ্থিক--এই সকলো ধৰণৰ ভাব গ্ৰহণৰ বাবে শিক্ষাৰ্থীসকলৰ মন উপযুক্ত হৈ থাকিব লাগে। আমাৰ শিক্ষাৰ কেন্দ্ৰ স্থানবোৰৰ লগত সমাজৰ অঙ্গাঙ্গি সম্বন্ধ থকাটো উচিত। শিক্ষানুষ্ঠানবোৰে যেতিয়া সামাজিক জীৱনৰ প্ৰতিটো অঙ্গৰ লগতে সহযোগ স্থাপন কৰে, তেতিয়া সমাজৰো ৰূপ পৰিৱৰ্তন হয় আৰু প্ৰকৃত জ্ঞান আহৰণৰ বাটো সুগম হৈ উঠে।

ফোনঃ ৯৮৬৪০-১৬৯৯৮


অঙ্গন: পৃষ্ঠাঃ ১০
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
ৰূপা গগৈ  
(যোৱা সংখ্যাৰ পিছৰ পৰা)

খণ্ড ৭
 
           কালিলৈ আৰমানৰ বাৰ্থ ডে' আছে । আৰমানহঁতৰ ঘৰলৈ এদিনো যোৱা নাই সেয়ে আৰমানৰ মাক-দেউতাকে আমাক তেওঁলোকৰ ঘৰলৈ  নিমন্ত্ৰণ জনাইছে । মনতে ভাবিলোঁ কালিলৈ এটা ভাল সুযোগ নিশ্চয় পাম আৰমানৰ মাক আৰু সপোনৰ মাকৰ মাজত কি সম্পৰ্ক আছে জানিবলৈ । পিছে কেনেকৈ জানিম বা কাক সুধিম কথাষাৰ আৰু কি বুলিনো সুধিম ! ছেঃ এইটো এটা সমস্যা হ'ল। সোধোঁ বুলিতো যাকে-তাকে যি টি কথা গপহকৈ সুধিব নোৱাৰি । মই যদি সপোনত দেখি এনেধৰণৰ কথা সোধা বুলি গম পাই মোকচোন আৰমানৰ ঘৰৰ মানুহে পাগলী বুলিহে ভাবিব । মহা চিন্তাত পৰিলোঁ । এ' হ'ব দে ;  যি হয় হ'ব আৰু দেখা যাওক । সপোনহে সঁচা যে হ'বই লাগিব বুলিতো কথা নাই । কিজানি মোৰ নিজৰে অচেতন মনৰ কিবা ভ্ৰম হ'ব পাৰে । 
          কলেজৰ পৰিবেশ গমগমীয়া হৈ আছে । মুখে মুখে সকলোৰে নানান কথা চলিছে। গৰিমাৰ কথাটোকলৈ। গৰিমাই আত্মহত্যা কৰিছে প্ৰফেচাৰৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্কৰ বাবে । তদন্ত প্ৰক্ৰিয়াত ধৰা পৰিছিল সকলো । গৰিমাক মিছা প্ৰতিশ্ৰুতিৰে প্ৰচেফাৰে তাইৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছিল । কিন্তু গৰিমাই সকলো প্ৰতিশ্ৰুতি সঁচা বুলি ভাবি প্ৰফেচাৰৰ হাতত নিজক এৰি দিছিল । যাৰ শেষ পৰিণতিত তাই আত্মহত্যাৰ পথ বাচি ল'ব লগা হ'ল । গৰিমাই যেতিয়া গম পাইছিল তাই অবৈধ সন্তানৰ মাক হ'বলৈ ওলাইছে তেতিয়া তাই প্ৰফেচাৰক বিয়া কৰাবলৈ জোৰ কৰিছিল । কিন্তু প্ৰফেচাৰে বিয়া কৰাবলৈ অমান্তি হৈ  তাইক গৰ্ভপাত কৰাবলৈ কৈছিল । গৰিমাই সেই কথাত মান্তি হোৱা নাছিল । পাছলৈ তাই বুজি পাইছিল যে প্ৰফেচাৰে মৰম ভালপোৱা আবেগ -অনুভূতিবোৰক লৈ ইমানদিনে খেল হে খেলি আছিল । মিছাকৈ তাইক নানান ৰঙীণ সপোন দেখুৱাইছিল । মৃত্যুৰ দিনা সন্ধিয়া পৰত  তাই প্ৰফেচাৰৰ কোনো কথা নুশুনি প্ৰফেচাৰৰ ঘৰত নিজেই সোমাই ল'বলৈ গৈছিল । তেতিয়া সেই কথা প্ৰফেচাৰৰ পত্নীয়ে গম পাই গ'ল যে গৰিমাৰ লগত তেওঁৰ স্বামীৰ অবৈধ প্ৰেমৰ কথা । লগে লগে ঘৰখনত পতি-পত্নীৰ মাজত কাজিয়া  সৃষ্টি হয় । সেই খঙতে প্ৰফেচাৰে গৰিমাক অশ্লীল ভাষাৰে তাইক গালি পাৰিলে । মিছা অপবাদ জাপি মোৰ সংসাৰত বিহ ঢালিবলৈ আহিছ বুলি তেওঁলোকৰৰ ঘৰৰ পৰা তাইক গটিয়াই উলিয়াই দিলে । তাই  দিশাহাৰা হৈ পৰিছিল । ইমানবোৰ লাঞ্ছনা ভূগি তাই কেনেকৈ জীয়াই থাকিব । ঘৰৰ মানুহৰো সকলো সন্মান তাইৰ বাবে ধ্বংস হ'ল । এইবোৰ কথা ভাবি ভাবি তাই উপায়হীন হৈ অৱশেষত এনে চৰম সিদ্ধান্ত বাচি ল'লে । এই সকলোবোৰ কথা তাই মৃত্যুৰ পূৰ্বে চুই চাইড নোটত লিখি থৈ গৈছিল । কিন্তু সকলো সত্য প্ৰমাণ আইনৰ ওচৰত মিছা বুলি দেখুৱালে । ধনৰ বলত প্ৰফেচাৰে কেচখন সকলো ওলট-পালট কৰি পেলালে। আইনৰ দৃষ্টিত প্ৰফেচাৰ নিৰ্দোষী বুলি প্ৰমাণ কৰি হাত সাৰিল । ওলোটাই  গৰিমাৰ ঘৰৰ মানুহৰ ওপৰত মানহানি গোচৰ তৰিল । দুখীয়া ঘৰৰ মানুহ আইনৰ লগত ন্যায় বিচাৰি যুঁজ কৰিবলৈ সামৰ্থ্য নাই । এনেকৈ ধনৰ বলত আইনৰ সুৰুঙাৰে কত ডাঙৰ অপৰাধ কৰিও অপৰাধী নিৰ্দোষী বুলি প্ৰমাণ হৈ বাচি যায় । এনে প্ৰভাৱশালী ব্যক্তিৰ হাতত আৰু কিমানজনী গৰিমাৰ মৃত্যু হৈছে আৰু মৃত্যুক সাৱটি ল'ব লগা হয় ঠিক নাই । 
         আজি আৰমানৰ বাৰ্থ ডে । মনত সপোনৰ ওৰ বিচাৰি পোৱা আশাৰে আৰমানহঁতৰ ঘৰলৈ তিনিওজনী  যাবলৈ ওলালোঁ । তিনিওজনী খোজেৰে গৈ থাকিলোঁ । সিহঁত দুজনীয়ে কিবা-কিবি কথা পাতি গৈছিল । মই নীৰৱে শুনি গৈ থকা বাবে নিশাই বাউসীত হাতখন থৈ ক'লে" --- কি হ'ল ৰে তোৰ ? একেবাৰে নিমাতী হৈ গৈছ যে ! কেনেবাকৈ প্ৰেম-চেম চক্ৰত পৰা নাইতো। কথাষাৰ কৈ দুইজনীয়ে হাঁহিলে ।  
: হেই আৰু বেলেগ কথা নাই হা ! অকল প্ৰেম ! প্ৰেম কৈ থাক যে ।  মই খং কৰি ক'লোঁ   
: ক'বতো নোৱাৰি । তই কিমানৰ মনত দিৱানী হৈ আছ আমিতো জানো ন' ! বেচেৰা দিৱানা কেইটালৈয়ে বেয়া লাগে অ' ইমান আও কঠুৱা এজনীৰ প্ৰেমত সিহঁত পৰিব লাগে নে বাৰু ! আমাকতো সিহঁতে এবাৰ প্ৰ'পজ কৰি চাব পাৰে হেঁতেন । আমি কি দেখাত বেয়া নে কিহত বেয়া । তেতিয়া গম পালেহেঁতেন সিহঁতৰ দিৱানীজনীতকৈ আমি কম নহয় নে কি কৱ অ' নিশা ।  ৰীমাই হাঁহি মাৰি ক'লে 
:  অঁ অঁ তো । ঐ পৰাগ বুলাতো কিন্তু কিছু ধুনীয়া ৰে ! ইমান ধুনীয়া ল'ৰাটো আজি দুবছৰে এওঁৰ পিছত পৰি আছে যে কথাটো কি বাৰু ! ৰীমা তই-মই গম নোপোৱাই গোপনে ইলো ইলো চলি থকা নাইতো ।
: ইমান যদি মন যায় ভাল লাগে নিজে সেই কেইটাক পতাই নলৱ কিয় ? নে ক'বলৈ সাহস নাই ভালপাওঁ বুলি হাঁ ! ঠিক আছে কাইলৈ কলেজত মইয়ে ক'ম কোনজনীয়ে কোনটোক ভালপাৱ কৈ দিবি মোক । মই ঠিক কৰি দিম । 
: অ' আই সঁচাকৈ নে । হাঃ হাঃ কৈ দুজনীয়ে হাঁহি ক'লে "আমাৰ বাবে ক'বলৈ গৈ নিজে ভালপাওঁ বুলি যদি মুখৰ পৰা ওলায় যায় তেতিয়া কি কৰিবি ! এনেওঁতো তোৰ দিৱানা হৈয়ে আছে । তই যদি কেনেবাকৈ ...
কথা পাতি পাতি আমি আৰমানহঁতৰ ঘৰ পালোগৈ । আৰমান আৰু দেউতাকে আমাক গেটৰ মুখৰ পৰাই আগবঢ়াই নি ৰূমত বহিবলৈ দিলে । আৰমান আহি আমাৰ তিনিজনীও কোচে কোচে বাগৰি ফুৰিল । আৰমানৰ দেউতাক আৰু ঘৰৰ সকলোৰে লগত  আমি পৰিচয় হ'লো । মোৰ মনত কেৱল এটাই চিন্তা যে আৰমানৰ মাকৰ আচল পৰিচয় জনাতো । আৰমানৰ দেউতাক এজন উচ্চ পদস্থ চৰকাৰী বিষয়া । তেখেতৰ দেউতাক এজন অৱসৰপ্ৰাপ্ত হাইস্কুলৰ প্ৰধান শিক্ষক। মাতৃও এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ।  ঘৰখনত আৰমানৰ ককা-আইতা , মাক-দেউতাক , আৰমান আৰু পপী ( আৰমানক চোৱা-চিতা কৰা ছোৱালীজনী) । 
      এখনি আঢ্যৱন্ত  ঘৰৰ সন্তান আৰমান । বৰ আলাসত তাক তুলিছে । সকলোৰে নয়নৰমণি আৰমান । পপী আৰমানৰ মুখেৰে তেওঁলোকে  আমাৰ কথা শুনি থাকে । নাম কেইটা জানিছিল যদিও আমাক নামৰ সৈতে সিদিনাহে চিনাকি হৈছিল । তেখেতলোকৰ আচাৰ-ব্যৱহাৰে আমাক মোহিত কৰিলে । সেয়ে হয়তো তেনে এটি সু- পৰিবেশত থাকিয়েই আৰমানে সহজে সকলোকে তাৰ মৰম লগা ব্যৱহাৰে মুগ্ধ কৰি আপোন কৰি ল'বলৈ শিকিছে । তেখেতলোকৰ লগত  সিদিনা প্ৰথম দেখাদেখি হৈছোঁ যদিও আমাৰ কোনো অনুভৱ নহ'ল যে অলপ আগলৈকে আমি অচিনাকি বা অপৰিচিত আছিলো। আৰমানে খাওঁতে-শুওঁতে সদায় মোৰে নাম লয় বোলে । কিমান কি যে কৈ থাকে । কিবা কৰি থাকিলেও খেলিলেও ৰূপা বা বুলি মাজতে নামটো লৈ থাকে । সেয়ে তেওঁলোকৰ আৰমানৰ মুখত আমাৰ নাম শুনি শুনিয়েই তেখেতলোকৰ মনত আমিও কিবা চিনাকি হৈ পৰিছিলো। আমাক পাই আৰমানৰ গাত তত্‌ নাই । কিমান যে কি আনি দেখুৱাইছে খেলা বস্তু , ছবিৰ কিতাপ  ইত্যাদি । মোক হাতত ধৰি টানি লৈ গোটেই ঘৰখনৰ ৰূমবোৰ দেখুৱালে । তাৰ এই ব্যৱহাৰবোৰ আমাৰ মৰমবোৰ দেখা পাই ঘৰৰ সকলোৱে আচৰিত হ'ল কোনো সম্পৰ্ক নথকাকৈ কেনেকৈ ইমান আপোন হৈ পৰিলো বুলি । 
: তোমাক যে কি বুলি ধন্যবাদ জনাম ভাষা নাই । তোমাক পোৱাৰ পৰা ল'ৰা বহুত জনা-বুজা হৈ গ'ল । তুমি যি কোৱা সেইমতেই ঘৰত আহি কৰেহি । সঁচাকৈ আমি বহুত সুখী যে কোনো আত্মীয় নহ'লেও তোমাক এনেকৈ পায় ল'ৰা যে ইমান সুখী আৰু স্ফূৰ্তিত থাকে সেয়ে বহুত ভাল লাগে । তোমাৰ ওচৰত এই মৰমৰ বাবে আমি সদায় ধাৰুৱা হৈ থাকিম । একোৰে নোৱাৰিম তোমাৰ এই মৰমৰ ধাৰ পৰিশোধ কৰিব ।
: এনেকৈ কৈ মোক কিয় লাজ দিছে বাৰু, এনেকৈ নক'ব। মৰম জানো ধাৰলৈ দিব পাৰি। ময়ো নাজানো আৰমানৰ লগত ইমানকৈ কেনেকৈ আপোনতকৈ আপোন হৈ পৰিলোঁ । তাৰ কিবা এটা ভাল লাগিছে মোক ; মইও তাক সেই ভাললগাৰে মৰম কৰিছোঁ সিমানেই ।  
          তেওঁলোকৰ লগত হাঁহি-ধেমালিৰে কথা-বতৰা পাতি বহুত সময় পাৰ কৰিলোঁ । কিন্তু কথা-বতৰাৰ মাজতো কিবা এটা অনুমান কৰিব পাৰোঁ নেকি বুলি অলপ সৰ্তক হৈ থাকিলোঁ । কিন্তু কোনো ধৰণৰ কথা-বতৰা , আচাৰ-ব্যৱহাৰত আৰমানৰ নিজৰ মাক নহয় বুলি ভাবিবই নোৱাৰি । কি কৰোঁ ইয়াত আহি কিবা এটা গম পাম বুলি ভাবিছিলোঁ তাকো একো নাপালোঁ । সিহঁত দুজনীক তেখেতলোকৰ লগত কথা পাতিবলৈ কৈ আৰমানৰ লগত অকণমান ধেমালি কৰাৰ চলেৰে ঘৰৰ ৰূমবোৰত থকা ফটোবোৰ চালোঁ । কিন্তু একো নাপালোঁ কিবা সন্দেহ জাগিব লগীয়াকৈ এখনো ফটো নাই । তাৰ পৰা বাহিৰলৈ গৈ বাৰীৰ চুক-কোণবোৰ চালোঁ কিজানি মৰিশালী আছে নেকি ক'ৰবাত । নাই বাৰীখন সৰু যদিও ইমান সুন্দৰকৈ  চাফ-চিকুণ কৰি থৈছে তাত মৰিশালি থাকিলেও কোনোৱে ধৰিবই নোৱাৰে । কিবা এটা সপোনৰ উৱাদিহ্‌ পাম বুলি ক্ষীণ আশা এটি কৰিছিলোঁ  সেই আশা মিছা হ'ল। সকলোৰে পৰা বিদায়লৈ আমি ৰূমলৈ আহিলো। 
           আৰমানহঁতৰ ঘৰৰ পৰা আহোঁতেই প্ৰায় সন্ধিয়া নামিছিল । তিনিজনীয়ে মুখ-হাত ধুই ধূপ-চাকি জ্বলাই আজৰি হৈছোঁহে তেনেতে আন ৰূমত থকা  ভাড়াতীয়া অনিমা বাইদেউৱে।আহি ক'লে "তোমালোকৰ কোনোবা এগৰাকী আজি মোৰ লগত থাকিবলৈ ব'লাচোন । আজি তেখেত নাই ঘৰলৈ গৈছে । কাইলৈহে আহিব । 
: ল'ৰা দুটাৰ সৈতেচোন থাকিব পাৰিব । আকৌ লগ কেলৈ লাগেনো ?  
: অ' মই নোৱাৰোঁ অকলে সিহঁতকলৈ থাকিব । বৰ ভয় লাগে । তোমালোক কোনোবা এজনী লগত থাকিলে মোৰ সাহস হ'ব । নহ'লে ৰাতিতো টোপনিয়েই যাব নোৱাৰিম ।
: ৰিমাই মাত দিলে অ' আই দুটাকৈ ল'ৰাৰ মাক হ'ল তথাপিও ইমান ভয় নে ? আমাক দেখা নাই আপুনি কেতিয়াবা কেতিয়াবা এজনীয়ে থাকোঁচোন ।
: এই তোমালোকে নাজানা যে সেইকাৰণে পাৰা । 
      মই বাইদেউৰ কথাষাৰত কিবা এটা যে ভয় লগা কথা ক'ব তাৰ  ইংগিত পায় ক'লো
" হ'ব  বাইদেউ সিহঁত দুজনী থাকক মই থাকিম গৈ" মোৰ কথা শুনগ বাইদেউৰ কথা সিমানতে ৰৈ গ'ল ।
          
আগলৈ...

অঙ্গন:  পৃষ্ঠাঃ ১১
এক মিনিটৰ গল্পঃ

ভোগমন দাইটিৰ পৰিবেশ দিৱস

দুৰ্গেশ্বৰ শইকীয়া

                 ৫ জুন, সমগ্ৰ বিশ্বই এই দিনটো পৰিবেশ দিৱস হিচাপে পালন কৰে। পুৱা হাততে গছপুলি দুটামান লৈ কাষৰীয়া বিদ্যালয় খনলৈ গৈ আছোঁ। তাতে আজি আমাৰ সংঘৰ সৌজন্যত বৃক্ষৰোপন কাৰ্যসূচীৰ লগতে এখন সজাগতা সভা হ'ব। গৈ থাকোঁতে দেখিলোঁ ভোগমন দাইটিয়ে ৰাস্তাৰ কাষত দহটামান বেৰা দি গছপুলি ৰুই আছে। দাইটিক মাত লগালোঁ  
: বৰ ভাল লাগিছে দাইটি। ইমান ধুনীয়াকৈ পুলিবোৰ ৰুইছা।"
: এৰা, কৰোঁ কামটো মাজে সময়ে। পিছে, তইনো কোনফালে ওলালি বা ?
   দাইটিক থোৰতে কথাটো ক'লো। পিছে, কদো বাহতহে জুই দিলোঁ। দাইটি জাঙুৰ খাই উঠিল।
: কতা নিধক, তহঁতে প্ৰকৃতিখনক সজাইছ নে ধ্বংস কৰিছ ?
: কিয় তেনেকৈ ক'লা দাইটি ?
: নক'ম ? একশ বাৰ ক'ম। তহঁতে মানুহক দেখুৱাই পুলি দুটামান ৰুই ফটো উঠিবি আৰু সেই ফেচবুক নে তেচবুকত, কাগজত দি, সভা পাতি বাহ্ বাহ্ ল'বি। হেৰ', এতিয়ালৈকে এনেকৈ ৰোৱা কেইজোপা গছ ডাঙৰ হ'ল হিচাপটো দেচোন।
: মানে--মানে দাইটি......
: চুপ, কি মানে মানে কৰি আছ ? আচলতে তহঁতে গছবোৰ ধ্বংসহে কৰি আছ। এটা কথা কচোন - ধৰি ল, এখন জিলাত একুৰি সংগঠনে দহটাকৈ পুলি ৰুলে। গোটেই ৰাজ্যখনত কিমান পুলি ৰুলে হিচাপ কৰচোন। ৰোৱাৰ পাছত কেইটা পুলি সংগঠনবোৰে প্ৰতিপাল কৰি ডাঙৰ কৰিলে ? প্ৰতি বছৰে কিমান হাজাৰ পুলি ধ্বংস হ'ল ? হেৰ, গজা জেগাতে থকা হ'লে তাৰে সৰহভাগ ডাঙৰ নহ'লহেঁতেন নে ? বোপাই অ' - এইবোৰ মানুহক আভুৱা ভৰা কাৰবাৰ এৰ। কাষৰ ইচকুল দুখনৰ হেড পণ্ডিতক সুধিবি - ভোগমনে কেনেকৈ ইমানবোৰ গছ ডাঙৰ কৰিলে। অৱশ্যে, তেওঁলোকেও মোক সহায় কৰিলে।
      মোৰ অৱস্থা কাহিল। কেনেকৈ পলাব পাৰোঁ চেলু বিচাৰোঁতেই দাইটিয়ে ক'লে - ৰুব যদি খুজিছই, এই ৰাস্তাৰ কাষতে ৰো। মোৰ ঘৰত বনাই থোৱা বেৰা আছে, মই লৈ আহোঁ ৰ'। পুলিকেইটা অন্ততঃ ময়ে চোৱা-চিতা কৰিম। পুলিকেইটা অন্ততঃ বাচিব।
মই কোনোমতে সেপ ঢুকি ক'লো-হ'ব দা - - ই--টি।


অঙ্গন: পৃষ্ঠাঃ ১২

গাগিনীৰ প্রেম

বীণাপানি পাঠক

            মিলন ক্লান্তি আঁতৰাবলৈ দুয়ো যেতিয়া জিৰণি লৈছিল মতাটোৱে মাইকী গাগিনীজনীলৈ চাই কলে "তোমাক উৎফুল্লিত দেখা গৈছে যদিও মই নিজকে দূৰ্বল আৰু নিশকতীয়া যেন অনুভৱ কৰিছোঁ প্ৰিয়তমা "
        যুৱতী গাগিনীজনীয়ে প্রত্যুৰ দিলে "মতা গাগিনী
মাইকী গাগিনীতকৈ সচৰাচৰ দুৰ্বল। মিলনৰ বাবে তুমি ক্লান্ত হৈছা, মোৰ পিচে বৰ ভোক লাগিছে। "
: অলপ জিৰাই লওঁ ৰবা। ডালে পাতে ঢ়েৰ পোক পৰুৱা আছে। দুয়ো উদৰ পূৰাই খাম"      
: ৰবা, তোমাৰ অঙ্কুৰণেৰে মোৰ গৰ্ভত স্থিতি  লোৱা আমাৰ কণীবোৰৰ বিষয়ে ভাবিছা ? কণীৰ পুষ্টিৰ বাবে প্ৰয়োজন মতা গাগিনীৰ মূৰৰ , যিয়ে গাভিনী গাগিনীৰ ভোকো নিবাৰণ কৰে। 
: তাৰমানে? 
: প্ৰতিটো মতা গাগিনীৰ 
মৃত্যু হয় গৰ্ভধাৰণ কৰা গাগিনীৰ হাতত। সেয়ে প্ৰজাতি ৰক্ষাৰ বাবে গাগিনীৰ পৰম্পৰাগত নিয়মেৰে মই তোমাক খাবলৈ সাজু হৈছো। আহা প্রিয়তম মোৰ বুকুৰ মাজত শুইলোৱাহি।
: ওহোঁ, মই মৰিব নোখোজো। এই বুলি মতা গাগিনীটোৱে উৰি পলাল যদিও মাইকীজনীয়ে খেদি খেদি তাক ধৰি পেলালে আৰু তাৰ 
সকলো প্রতিৰোধ প্ৰতিহত কৰি লৈ তাই তাৰ ওপৰত বহি ল'লে "দূখ নকৰিবা প্ৰিয়তম, দুদিন আগ পাচ। ময়ো নমৰাকৈ নাথাকো। পৰজনমত লগ হওঁ নহওঁ বেলেগ কথা আমাৰ কণী ফুটি ওলোৱা পোৱালিৰ তেজ মঙহত বহু   প্ৰজন্মলৈ আমি দুয়ো একেলগে উমলি থাকিম। "
 এই বুলি সান্ত্বনা দি মাইকীটোৱে মতা গাগিনীটোৰ মূৰটো চোবাই খাবলৈ ধৰিলে। 

(অলপতে প্ৰকাশ পোৱা নাথান বার্ক আৰু হেগৠ হ'লবেল নামৰ দুজন প্ৰাণী বিজ্ঞানীৰ গবেষণা পত্রৰ তথ্যৰ ভিত্তিত)   
         
ফোন নম্বৰ  8761956622


অঙ্গন: পৃষ্ঠাঃ ১৩

অণুগল্পঃ

     গধূলিৰ ছাঁ

                              মীনাক্ষী ৰায় ডাকুৱা                                

         কালি ৰাতিৰ পৰাই এটি কথাও পতা নাই তৃষ্ণাই বিদ্যুতৰ লগত । আঠত্ৰিছ বছৰ একেলগে সংসাৰ কৰিও বিদ্যুতক বুজি নাপালেনে তৃষ্ণাই ? সেইটো দুখেই মনৰ মাজত কুৰুকি আছে । বৰ অভিমান হ'ল বিদ্যুতৰ । তৃষ্ণাতো আগতে এনেকুৱা নাছিল । চাওঁতে চাওঁতে বয়স যে ক'ত আহি উপস্থিত হ'ল ! এই বয়সত হেনো সকলো পৰিৱেশ আৰু মানুহৰ সৈতে সঙ্গতি মিলাই চলিব লাগে । বিদ্যুতে জানে—"Adjustment is the mother of peace." অভিমান এৰি তৃষ্ণাক টোপনিৰ পৰা জগাই দিওঁ বুলি ভাবি উঠিবলৈ ল‌ওঁতেই চমকি উঠিল বিদ্যুৎ । অবাক কাণ্ড, নেমুচাহৰ কাপ হাতত লৈ দুৱাৰমুখত থিয় হৈ আছে তৃষ্ণা । হয়তো তাইও কালি ৰাতি ভালকৈ টোপনি যাব পৰা নাই । বিদ্যুতে কিবা এষাৰ ক'বলৈ ধৰোতে তৃষ্ণাই লৰালৰিকৈ চাহৰ কাপটো বিদ্যুতৰ হাতত দিলে । বহুদিনৰ পিছত বিদ্যুতৰ পিঠিত নিজৰ মুখখন ঘঁহি চালে তৃষ্ণাই । এয়া প্ৰেম-ভালপোৱা আৰু মায়া-মমতাৰ বহুত ঊৰ্দ্ধত । এক অনাস্বাদিত জগতৰ স্বাদ আৰু তৃপ্তিৰ অনুভৱত অন্তৰ ভৰি গ'ল বিদ্যুতৰ ।

ঠিকনাঃ
গোলকগঞ্জ ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫


অঙ্গন: পৃষ্ঠাঃ ১৪

চুঙা চাই সোপা

ৰাজু বনিয়া 

: হেৰি বৰুৱানী! বৰ লাজৰ কথা জানানে ? কালি দেখিছোঁ আমাৰ গোটৰ সভানেত্ৰী শইকীয়ানীৰ পুতেকে কাপোৰত ফুল বাচি আছে । 
: বৰ ধুনীয়া ফুল বাচে জানে !আপোনাক যে যোৱাবাৰ বিহুত চাদৰ এখন দিছিলোঁ, মনত পৰিছে নে ?
: পৰিছে পৰিছে! কিয় নপৰিব, ইমান ধুনীয়া ফুল চাই থাকিলে চাই থাকিব মন যায় ৷ মৰমতে মই সাঁচি ৰাখিছোঁ নিপিন্ধাকৈ৷
:হয় নেকি ? সেই কাপোৰযোৰ শইকীয়ানী পুতেকেই কিন্তু ফুল বাচিছিল৷
          বৰুৱানী কথাষাৰ শুনি হাজৰিকানীয়ে তলমূৰ কৰি তাৰ পৰা আঁতৰি গ’ল৷
                          
ঠিকনাঃ
লখিমপুৰ,আমতলা
৮০৯৯৪৩১২৭৬


অঙ্গন: পৃষ্ঠাঃ ১৫

দুটি অণুগল্প

নিবেদিতা দাস দত্ত

১/ অন্ধবিশ্বাস


         তাইৰ বাবে এটোপাল এটোপাল তেজ এতিয়া বহুত মূল্যৱান। সেউজীয়া শাক-পাচলি খোৱাৰ উপৰিও তাইক লঘোনে কেতিয়াও নাৰাখিবি । ঘৰুৱা ডাক্তৰজনে শহুৰ দেউতাকক কৈ পঠোৱা কথাষাৰ শেষ নহওতেই, গাঁৱৰে আইতাগৰাকী মাত লগালে; তাই এতিয়া নোৱাৰে, অম্বুবাচীৰ সময়ত এই মানুহে লঘোনে থাকিব লাগে।

২/ সপোন

         হায়াৰ ছেকেণ্ডাৰীত ষ্টেণ্ড। সফলতাৰ মাৰ্কশ্বিট দেখি, থকা ঘৰটোৰ বাদেই সকলো বন্ধকত দি দেউতাকে বিদেশলৈ পঠাই দিলে অৰুনক লাইন এটা লবলৈ... তাৰ সপোন পূৰণ হ'লে এদিন সি সকলো মুকলাই ল'ব।


অঙ্গন: পৃষ্ঠাঃ ১৬

অনুবাদ কবিতাঃ

ON PRAYER

(Czeslaw Milosz)

You ask me how to pray to someone who is not
All I know is that prayer constructs a velvet bridge
And walking it we are aloft, as on a springboard,
Above landscapes the colour of ripe gold
Transformed by a magic stepping of the sun.
That bridge leads to the shore of Reversal
Where everything is just the opposite and the word ‘is’
Unveils a meaning we hardly envisaged.
Notice: I say we; there, everyone, separately,
Feels compassion for others entangled in the flesh
And knows that if there is no other shore
We will walk that aerial bridge all the same.

প্ৰাৰ্থনাৰ বিষয়ে
(মূল: ‘On Prayer’ by Czeslaw Milosz
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

তুমি মোক সুধিছা কেনেকৈ কৰোঁ প্ৰাৰ্থনা অদেখা জনক 
মই মাথোঁ জানো যে প্ৰাৰ্থনাই সাজে এক মখমলী সেতু
আৰু তাত খোজ দি আমি ওপঙো, যেন এচটা ওলোমা কাঠত,
সূৰুযৰ যাদুভৰা খোজে পকা-সোণ বৰণীয়া কৰা 
ভূ-পৃষ্ঠৰ নৈসৰ্গিক দৃশ্যৰ ওপৰত।
সেই সেতুৱে লৈ যায় নৈখনৰ সিটো পাৰলৈ
য’ত সকলোবোৰ মাথোঁ বিপৰীত আৰু ‘হয়’ শব্দই
আমাৰ কল্পনাতীত এক অৰ্থৰ দুৱাৰ মুকলি কৰে।
মন কৰাঁ : মই কওঁ আমি; মানে, প্ৰত্যেকে, সুকীয়াকৈ,
সমব্যথী হওঁ মঙহেৰে বান্ধখোৱা আন সকলোৰে প্ৰতি 
আৰু জানো, যদিহে নাপাওঁ আন কোনো পাৰ 
আমি খোজ কাঢ়িম সেই ওপঙা সেতুৰেই ।

(পোলেণ্ডীয় কবি চেছল’ মিল’জৰ জন্ম ১৯১১ চনৰ ৩০ জুন  আৰু তেওঁৰ মৃত্যু হয় ২০০৪ চনৰ ১৪ আগষ্টত। তেওঁ একেৰাহে কবি, প্ৰৱন্ধকাৰ অনুবাদক আৰু এজন ডিপ্ল’মেট আছিল।দ্বিতীয় মহাযুদ্ধৰ ওপৰত লিখা ‘The World’ তেওঁৰ একুৰি কবিতাৰ এখন বিখ্যাত সংকলন।মহাযুদ্ধৰ পিচত তেওঁ পেৰিচ আৰু আমেৰিকাত পোলেণ্ডৰ সাংস্কৃতিক প্ৰতিনিধি আছিল আৰু ১৯৫১ত তেওঁ পোলেণ্ড ত্যাগ কৰি আমেৰিকাৰ শৰণাপন্ন হয়।১৯৫৩ চনত প্ৰকাশিত তেওঁৰ প্ৰৱন্ধ সংকলন ‘The Captive Mind’ ষ্টেলিনবাদৰ বিৰুদ্ধে এক মহৎ গ্ৰন্থ ৰূপে পৰিগণিত হয়।পশ্চিমীয়া দেশত সাহিত্যৰ অনেক সন্মান লাভ কৰাৰ উপৰিও ১৯৮০ চনত তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰে।)


অঙ্গন:  পৃষ্ঠাঃ ১৭

কবিতাঃ

যি অহৰহ বাজি থাকে
এটা বাঁহীৰ দৰে
 
ৰণ্‌জিত গগৈ 

হাবি ভাঙি এজাক চৰাইৰ কিৰিলিৰ দৰে
সকলো হোৱাহ’লে
কাৰ কিটো লোকচান হ’লহেঁতেন৷

আয়ে মৰমতে মতা মাতটোতকৈ
মিঠা কিবা এটা কাৰোবাৰ আছেনে?

যি অহৰহ বাজি থাকে
এটা বাঁহীৰ দৰে
যি পোহৰাই থাকে
আয়ে নিতৌ গোসাঁই ঘৰত জ্বলাই থকা 
চাকিৰ পোহৰৰ দৰে৷

ধুনীয়া এটা সপোনক 
কোনেনো ভাল নোপোৱাকৈ থাকিব পাৰে ?
চ’তৰ শেষৰ দিনবোৰৰ দৰে
তুমি আতুৰ হৈ পৰিছানে কেতিয়াবা?

আবেলিৰ আকাশ মানেই কবিতা
নদীৰ বুকুত ভাহি আহে জীৱনৰ গান
গছৰ পাতত ওলমি থাকে হেঁপাহৰ
গোপন জুনুকা

আইৰ কেঁচা খৰিৰ জুহালৰ পৰা
কোঁচ-মুঁচ খাই অহা সপোনবোৰ
আকৌ লহ্‌পহাই উঠে

সৰিয়হ ফুল হৈ যায়
এজাউৰি হাঁহি
য’ত বাখৰ খটুৱা থাকে
সুখৰ দিনৰ এজাক চিনাকি চৰাইৰ মাত ৷


অঙ্গন:  পৃষ্ঠাঃ ১৮

আহাঁ নহ'লে!

নিভা ফুকন চেতিয়া

আহাঁ নহ'লে 
কিছু সময় ওচৰা-ওচৰিকৈ বহোঁ
দুটামান আয়ুষ্মান শব্দ বিনিময় কৰোঁ

তুমি-মই যিখন পৃথিৱীৰ সপোন দেখিছিলোঁ
এইখন, সেই পৃথিৱী নহয়

এই পৃথিৱী স্বাৰ্থপৰ
বন্ধা আছে আইন, সূৰ্যাস্তৰ

যি টুকুৰা আধা খোৱা আপেল 
সেই টুকুৰাই প্ৰেম
বাকী অনুভূতি ইটা, বালি, চিমেণ্ট ...

ভয় লাগিছে
আমিও যদি হৈ যাওঁ 
কেৱল নিজকেই সাৱটি, নিজলেই অপলক চাই থকা
শামুকৰ দৰে

আহাঁ নহ'লে
কিছু সময় ওচৰা-ওচৰিকৈ বহোঁ 
মনৰ কথা অক্লেশে পাতোঁ
অট্টাহাস্যত ফাটি পৰোঁ

কি ঠিক কোন দিনাবা 
এইখন পৃথিৱীৰ মেৰপেঁচত সোমাই পৰো! 

ঠিকনাঃ
দুলীয়াজান


অঙ্গন:  পৃষ্ঠাঃ ১৯

সহযোদ্ধা মোৰ 

(উৎসৰ্গ  : নিকোলাই গিয়েন)

ৰুদ্ৰ সিংহ মটক

তোমাৰ কলমটোকো যেতিয়া শিকাব পাৰিছা 
কেনেকৈ জঁপিয়াই পৰিব লাগে পোছাকী
বিপ্লৱীহঁতৰ  ওপৰত

আৰু  খুলি দিব পাৰি সিহঁতৰ  মুখা

নিজেই যেতিয়া তুমি শিকাই ল'ব পাৰা শব্দবোৰক
জোকৰ মুখত চূণ দিয়াৰ নিপুণ কৌশল

মই আনন্দিত হোৱাৰেই কথা
হে মোৰ বিশ্বস্ত সহযোদ্ধা ! 

কাৰণ আমি খুব সোনকালেই
গাম --

সোণ-সেন্দুৰীয়া 
প্ৰভাতৰ গান  ।


অঙ্গন: পৃষ্ঠাঃ ২০

ইত্যাদি

ৰণ্টু টায়ে

 নদীৰ প্ৰেমত বাৰুকৈয়ে পৰিলো---
মোবাইলৰ প্ৰেমত 
পৰাৰ আগতে 
নদীৰ প্ৰেমত
মই পৰিছিলো।

নদীৰ পাৰত বহিছিলো
পানীৰ সোঁতত বৈ যোৱা
ঢৌবোৰ চাই ভাল পাইছিলো।

আহিন মহীয়া কঁহুৱা ফুলিলে
আকাশত সন্ধিয়া শৰালি উৰিলে
কিবা যেন ভাল লাগে
ক'ব নোৱাৰো
আপোন বিভোৰ হৈ
একান্তমনে নদীৰ পাৰত
বহি  কত কথা পাতিলো নদীৰ স'তে

তেতিয়া মোবাইফোনৰ
বাপেক-মাকবোৰ 
মোৰ দৰে
ডেকা-জীয়ৰী
বিয়া-বাৰু  হোৱা নাই 
তেতিয়া দিনৰ কথা

" নৈৰে ঘাটত 
আকৌ এবাৰদেখা হ'ম দেই দিখৌ নৈৰেঘাটত "

বনগীত গোৱা
ম'হৰ পিঠিত  উঠি
বাঁহীত সৰাপাতৰ বৰষুণ বিচাৰি ফুৰা

ইত্যাদি---


অঙ্গন:  পৃষ্ঠাঃ ২১

সঞ্জীৱনী সুধা 

মনচুমী কলিতা নাথ

এজাক সপোন যেন বৰষুণত
তিতোঁ বুলিয়েই তিতিলোঁ 
দুহাত মেলি সাৱটি ল'লো
মোৰ হৃদয়ৰ গভীৰতাত 
মোৰ গালে মুখে চুমা খাই  
বুকুৱেদি বৈ গৈ 
তিয়াই গ'ল মোৰ সৰ্বশৰীৰ 

এচাটি মৃদু সমীৰণে চুই থৈ গ'ল 
এটি মিঠা সুবাস বিয়পায়
দেহে মনে এক অনামী শিহৰণ 

হাত পাতি পি খালো বৰষুণৰ এচলু 
এইয়া কি 
কেৱল বৰষুণ ? 
ওঁহো নহয়,
এইয়া বায়ু, মাটি, পানী 
এইয়া আকাশ, ডাৱৰ, বেলি 
এইয়া শস্য, পথাৰ, অৰণ্য, নদী ।

বৰষুণৰ স'তে সেউজীয়া অভিন্ন 
প্ৰকৃতিৰ স'তে সম্পৰ্ক আজন্ম 
বৰষুণ জীৱজগতৰ শিপা 
বৰষুণ জীৱনৰ সঞ্জীৱনী সুধা।

 ঠিকনাঃ
যোৰহাট


অঙ্গন:  পৃষ্ঠাঃ ২২

নজনাকৈ

নীলাঞ্জনা গগৈ

নজনাকৈয়ে
নুবুজাকৈয়ে
তুমি মোৰ আৰু মই তোমাৰ
বুকুৰ আপোন হৈ ৰ'লোঁ...

সম্প্ৰতি, কলিজাত
এজাক অনামী বৰষুণৰ গুণগুণনি...


অঙ্গন:  পৃষ্ঠাঃ ২৩

ৰাধা

অনুপ কুমাৰ বড়ো

ৰৈ যাওঁক সময়...
আধৰুৱা সপোনবোৰ 
দস্তাবেজত পূৰ্ণ হোৱাৰ মাদকতা
আবেলিৰ  ৰাঙলীক সামৰি লৈ।
ৰৈ যাওঁক হালধীয়া বোৰ...
য'ত তুমিময় সন্ধাত
চিনাকী হোৱা গছজোপাত
হৃদয় এৰি অহাৰ বাসনা।
যদিও আধৰুৱা সংজ্ঞাৰে বিভূষিত
আধৰুৱা প্ৰেমৰো আছে মহত্ব।
নীল আকাশৰ সীমনাত ৰৈ
তুমি নুসুধিবা...
অনুভৱৰ জোৱাৰত ভালপোৱা কিমান!!!
চালে দেখিবাই
তোমাৰ প্ৰতিচ্ছবিৰে
তুমি মোৰ হেঁপাহৰ ৰাধা।।।

ঠিকনাঃ
সোণাপুৰ; কামৰূপ(ম)
৭০০২৯৫৬১৭১


অঙ্গন: পৃষ্ঠাঃ ২৪

কি সুৰ বাজি উঠে

জেপোলিন ৰাজকুমাৰী

ঘৰমুৱা পক্ষীজাক এতিয়া
নীৰৱ দূৰত্বত অৱস্থান

এনে বেলাই কাৰো গমগতি নলয় ;
কাৰো দৰকাৰ নপৰে 
ডাকোৱালৰ বৰণীয়া হেঁপাহ

তোৰ ঘৰ , মোৰ ঘৰ 
মোৰ ঘৰ , তোৰ ঘৰকৈ মাথোঁ
চিলা উৰি ফুৰে---

সৰাপাতৰ বিয়ানাম গাই

মচিব নোৱাৰাকৈ কি সুৰ বাজি উঠে 
শুনিব নুখুজিও বাউলী বতাহ চাটি

বহু সময়ত ধ্যানমগ্ন যোগী...

বিশাল আকাশী লতাৰে  মেৰঘৰ

কি আছিল বাৰু 
দীঘলীয়া বাটটোৰ শিৰোনাম

শেষাৰ্ধৰ !!!

অঙ্গন:  পৃষ্ঠাঃ ২৫

ভালপোৱা

জাহ্নৱী কাকতি

(১)
সকলো শেষ হৈ যোৱাৰ পাছতো থাকি যায়
-- ভালপোৱা
(২)
গৰমত শীতল বতাহ এছাটি
-- ভালপোৱা
(৩)
ধ্বংসৰ পাছতো যি চিৰ-নতুন
-- ভালপোৱা
(৪)
পোৱা নোপোৱাৰ য'ত নাথাকে লেখ
-- ভালপোৱা।


অঙ্গন:  পৃষ্ঠাঃ ২৬

পথভ্ৰষ্ট পখীৰ অতপালি

ৰুমী চাংমাই বৰুৱা

এইমাত্ৰ চুই থৈ গ'ল এচাটি বতাহে
বৰ উৎশৃংখল---
বৰগছ জোপাই চকুলো টোকে

ভাৰখন থব পৰাকৈ কান্ধবোৰ
নহয় সবল

এজাক পথভ্ৰষ্ট পখীৰ অতপালিত
বুকু বিষত শোৱ নোৱাৰে সৰা পাতবোৰ

ধমণীবোৰ সোলোক- ঢোলোক 
বিকাৰগ্ৰস্ত
ভৱিষ্যত এটাৰ কল্পনা কৰিব নোৱাৰাকৈ

বলীয়া বতাহত নিজক উৰুৱাই দি
কিশলয়বোৰৰ
কলিজাবোৰত এচিডৰ বোলনি

অকালতে মৰহে পুষ্পিত কলি

বতাহচাটিয়ে একো নামানে
শিষ্টাচাৰ এটা ভাষণ মাথোঁ

মৌনতাৰ কোলাহলত অসহায়
সৰাপাত---


অঙ্গন: পৃষ্ঠাঃ ২৭

বৰষুণজাকত এবৰষুণ হৈ...

মাতু হাজৰিকা

অৰণ‍্যখনলৈ বহাগ অহাৰ আগেয়ে
বলিয়া বতাহত
সৰাপাতবোৰ যেনিবা চৰাইহে,
হুৰহুৰাই উৰি যায়।
নাজানোঁ,
আকাশ ঢুকি পোৱাৰ হেঁপাহ নে সেউজীয়া গুচি যোৱাৰ দুখ !

জীৱনটো জটিল
গছবোৰৰ জীৱনো
জটিল আকাশখনক কোনেও নাজানে ,
কেতিয়া ডাৱৰে লুকাভাকু খেলে
কেতিয়াবা ৰ'দে দহে।

জীৱন জীয়াৰ এখন খেল
খেলখন জানোঁ মাথোঁ মানুহৰ বাবে ?
প্ৰকৃতিওযে ইয়াৰ অংশীদাৰ, 
সেয়েহে প্ৰকৃতিৰ প্ৰেমত সকলো মচগুল
ব‍্যতিক্ৰম নহয় ময়ো,

সেউজীয়া সাজত
সোণাৰুৰ হালধীয়া ফুলত 
ময়ো মোক হেৰুৱাওঁ
হৰহৰাই অহা বৰষুণজাকত
এবৰষুণ হৈ...।।


ঠিকনা --- 
সূৰ্যপুৰ তিনিআলি, পাভৈ পথ 
পোঃঅঃ-বিশ্বনাথ চাৰিআলি 
জিলা-শোণিতপুৰ
পিন-৭৮৪১৭৬


অঙ্গন: পৃষ্ঠাঃ ২৮

বন্ধুত্বৰ এনাজৰী

পাপৰি দাস

এখন চেলফি বা ফটো আৰু
তলত এটা কেপচন
"Friend's Forever,"
শেষ হৈ যায় জানোঁ...?
ভাল লগা সময়বোৰ ইমান যে
সোনকালেই পাৰ হৈ যায়...
   
কেতিয়াবা অভিমানত মুখেৰে,
চুপতা-চুপতি লাগি মুখ ফুলাই....
অলপ সময়লৈ নমতা-নমতিকৈ থকা অভিমানবোৰ!

হাতৰ কনিষ্ঠ আঙুলিৰে 'কাট্ৰি' দি.... 
ইজনীয়ে-সিজনীক নামাতো বুলি,
দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ  
খন্তেকতে আকৌ পাহৰি যোৱা...

বন্ধুত্বৰ সম্পৰ্কটো এনেকুৱাই চাগে..... 
পৰিৱৰ্তীত সময় আৰু পৰিৱেশক নেওচি
অপৰিৱৰ্তীত এডাল নিচিগা জৰী বন্ধুত্ব।

ঠিকনাঃ
বৰপেটা।


অঙ্গন: পৃষ্ঠাঃ ২৯

ইপাৰ সিপাৰৰ সুৰ

 শর্মীষ্ঠা বর্মন

সদায়ে সীমনাৰ পহৰাত কটোৱা উজাগৰী নিশাবোৰ জুকিয়াই লওঁ
শ্বহীদী ঔৰসৰ সঁচবোৰ মাটিত পুতি থওঁ
সদায়ে এৰুৱাই দিওঁ আই-পিতাইৰ 
বুকুৰ বেজাৰৰ কৰাল...

সিপাৰৰ পৰাও ৰিণিকি ৰিণিকি অাহে
মাতৃৰ উদং বুকুৰ উচুপনিৰ সুৰ 
পুত্রৰ শেষ যাত্রাত পিতাইহঁতৰ হুমুনিয়াহবোৰ...

সিপাৰৰ সুৰ ইপাৰৰ দৰেই হয়নে কৰুণ ?

......আৰু কিমান বাকী
 কাৰগিল, উৰি, পুলৱামা, গলৱানবোৰ.....?


অঙ্গন: পৃষ্ঠাঃ ৩০

কবিতাৰ ছন্দেৰে...

ৰেখা বৰকটকী

বৰষুণ হৈ নিগৰা তেজত 
আত্মাৰ বিলাপ
তেজ ,ঘাম , চকুলোৰ স্ফুলিংগত একোটি নিপোটল কবিতাই
হামৰাও কাঢ়ে....
আন্ধাৰে গিলি খোৱা শব্দহীন চিঞৰবোৰ
বৰষুণৰ নিচুকণিত কলমতিয়ায়।
পুৱাৰ ৰ'দ কাঁচিয়লিত জিৰায়  
ভাগৰুৱা জীৱনে
ইয়াতো জানো কবিৰ সাৰ্থকতা ?
দিনৰ পোহৰত কবিতাৰ হাত-ভৰি বন্ধা
আকাশলৈ বহুদূৰ, নৈ খনো নিৰ্বাক
কল্পনাৰ তেজীঘোঁৰা ক্লান্তিত অৱস!
ভাৱ-বন্যাই  শব্দৰ লেকাম টানি
তচনচ কৰে কবিৰ মৃন্ময় সপোন!
তথাপি কবিৰ কথকতা 
অহোপুৰুষাৰ্থ দিনে- নিশাই
অবাধ কৰ্ষণেৰে চিন্তাৰ অজস্ৰ মালিতা
কবিতাৰ জন্মলগ্নৰ বাবে দোভাগ ৰাতি কিয় ?
পলস পৰিছে কবিতাৰ বুকুত...
কাৱৈ মাছ উজুৱাদি উজোৱা 
শব্দবোৰে
উজান দিব কৃষ্ণকায় নদীৰ 
কজলা পানীত
সাঁতুৰি ফুৰা দুষ্ট ডৰিকণা জাকৰ দৰে ...


অঙ্গন: পৃষ্ঠা ৩২

তাত এটা জীৱন আছিল 

ৰিয়া হাজৰিকা শৰ্মা

আধুনীকতাৰ অৰ্থ নোবুজা সময়ৰ বেলিকা
বাই-ভনী, দাদা-ভাইটি মিলি পিতাইৰ হোটেলৰ আড্ডা 
ৰং-তামাচাৰে মূধচ কঁপাই
সৰু সৰু অভিমানত 
মচি থোৱা বেৰৰ মাটি এৰাই যোৱা
সেই সময়বোৰ বৰ ভাললগা
লগৰ দুটামান গোট খালেটো ক'বই নালাগে
ঠিক, দলনিৰ পোনাৰ দৰে । 

ছয় বজাত বিচনা এৰি 
বাৰীয়ে বাৰীয়ে শিলিখা-আমলখি -জলফাই  বিচাৰি ফুৰা
আলু পিটিকা দালিৰেই ভাতৰ  মজিয়া হাঁহিৰে ভৰা
সেই দিনবোৰতেই এটা জীৱন আছিল
কাৰ যে উচতনিত 
পৰিস্থিতিয়ে সকলো গ্ৰাস কৰিল
পৰিপেক্ষিতত: জীৱনবোৰ যন্ত্ৰ হৈ পৰিল!!


অঙ্গন:  পৃষ্ঠাঃ ৩৩

জীৱনৰ চাকনৈয়া

ইমৰান হুছেইন
 
সময়বোৰ বৰ গতিশীল 
সংকোচবিহীন ভাৱে আগবাঢ়ি যায় ,
তথাপি প্ৰতিটো দিন অপেক্ষাৰত হৈ ৰওঁ
কিজানিবা পাওঁৱেই সেই সহনশীল উত্তৰটি ।

কেতিয়াবা বৰ ভয় হয় 
পাহি‌ মেলা‌ সপোনবোৰ যদি 
সময়ৰ সোঁতে ম্লান কৰি পেলায় !
হয়টো নিৰুত্তৰ হৈ ৰ'ম মই ।
আৰু জীৱনত আৰ্জিলোনো কি , 
সেয়া হৈ পৰিব এক বৃহৎ প্ৰশ্নবোধক ! 
বাস্তৱতাৰ সিপাৰে থকা 
সুগন্ধি মালাৰে সজা স্বপ্নবোৰ ;
হয়তো মৰহি যাব । 

আকৌ কেতিয়াবা জটিলতাৰ চক্ৰবেহুৰ বুকুত 
জীৱনত নিজক হেৰুৱাৰ ভয় হয় ।
স্বপ্নৰ পম খেদি অজান পৃথিৱীত 
ভুমূকি মৰাৰ ভয় ।

জিলা- নলবাৰী
ফোন -৬০০২২৬৪৭১৮



অঙ্গন: পৃষ্ঠা ৩৪

ৰ'দ হৈ জ্বলা মানুহবোৰৰ হৃদয়ৰ উত্তাপ বেছি 

দীপালী বৰুৱা

ৰ'দ হৈ  জ্বলা মানুহবোৰে
প্ৰতিদ্বন্দিতা কৰিব নোখোজে ৰ'দৰ স'তে
প্ৰতিদ্বন্দিতা কৰিব নোখোজে বৰষুণৰ স'তেও
ভোকৰ ভাতমুঠিৰ যোগাৰতেই
নিপাত যায় সমস্ত জীৱন
ৰ'দ- বৰষুণৰ স'তে সিহঁতৰ আজন্ম সহবাস 
দুঃখৰ ধুমুহাত উভালি পৰিব খুজিলেও
খামুচি ধৰি থাকে ভৰিৰ তলৰ মাটি
ৰ'দ হৈ জ্বলা মানুহ বোৰৰ হৃদয়ৰ উত্তাপ 
বেলিৰ উত্তাপতকৈ বহুত বেছি।।

ঠিকনাঃ
উত্তৰ লক্ষীমপুৰ


অঙ্গন: পৃষ্ঠাঃ ৩৫

 মানুহ
              
ৰিতুপৰ্ণ শৰ্মা

মনৰ নিজানত ভুমুকি মাৰিছে
সাঁচি থোৱা গোপনীয় স্মৃতিবোৰ 
আউলি বাউলি হৈ যোৱা স্মৃতিবোৰ 
হৃদয়ৰ এক নিৰ্জন কোণৰ
কোলাহলৰ ঢৌৰ প্ৰবাল সোঁতত
সঞ্চাৰিত বিদ্যুৎ তড়িৎ গুঞ্জন 
অবিভক্ত মনৰ দুই সাঁকোত 
দুভৰিৰ থৰক বৰক খোজ
উকা পৃষ্ঠাৰ ডাৱৰীয়া প্ৰলেপ সনা
পক্ষীৰ আকাশ চুম্বন 
অতিৰঞ্জিত কল্পনাৰ ছত্ৰছাঁয়াত
থান বান হৈ যোৱা
স্মৃতিবোৰ নকৈ সজোৱাৰ প্ৰতিশ্ৰুতিৰে 
মনৰ ডেউকাখন সাজু কৰি ৰাখিছোঁ
দিগন্তৰ সিটো পাৰত 
য'ত বিচাৰি পাওঁ 
পোৱা নোপোৱাৰ নিৰিবিলিৰ আউসী
  
ঠিকনাঃ                 
বেলতলা , চাৰ্ভে ,                   
 সমন্বয় পথ 
 দুৰভাষ :  ৯৭০৭০৭৫৮৪৪
 পিন : ৭৮১০২৮


অঙ্গন: পৃষ্ঠাঃ ৩৬
অণুগল্পঃ

 ভঙা সপোন

ৰুণজুন সভাপণ্ডিত কলিতা 

           মানৱী অফিচলৈ আহি টেবুলৰ ওপৰত থকা নতুন ফাইলকেইটা এটাৰ পাছত আনটো চাবলৈ আৰম্ভ কৰিলে। কোনটো বেছি সোনকালে লাগিব সেই অনুযায়ী কামবোৰ শৃংখলাৰে কৰি যোৱা তাইৰ নিয়ম। 
তাইৰ এনে দায়িত্বজ্ঞানৰ বাবে অফিচৰ সকলোৱে ভাল পায়। পঁচিশ বছৰৰ চাকৰি জীৱনত তাই কামৰ বাবে কাৰো পৰা একো বেয়াকৈ শুনিব লগা হোৱা নাই। বৰঞ্চ প্ৰশংসা লাভ কৰিছে। 
            অফিচত নতুনকৈ দুজনমানে যোগদান কৰিছে। তেওঁলোকক তাইৰ কাষত বহি তাইৰপৰা শিকি কাম কৰিবলৈ দিছে। সিহঁতে মানৱীৰ ধৈৰ্য্য আৰু সহিঞ্চুতা দেখি আচৰিত হয়। দুমাহ তাইৰ লগত কাম কৰি সিহঁতৰ নিজৰ বায়েক যেন লগা হ'ল। গোটেই কেইটাৰ ভিতৰত ৰমেন বৰ কথকী। সি এদিন তাইক সুধিলে, "বাইদেউ, আপুনি ইমানদিন এই অফিচত কাম কৰি আছে, সকলো অহা যোৱা কৰি আছে, আপুনি কিয় কিবা নতুন কথা নাভাবি চলি আছে, কেনেকৈ সম্ভৱ হৈছে ?" তাই তাৰ কথা শুনি একো উত্তৰ নিদিলে যদিও অতীতৰ কথাবোৰ  মনলৈ আহিল। তাই হায়াৰচেকেণ্ডাৰী পাছ কৰি কলেজত নাম ভৰ্তি কৰাৰ দিনা দুৰ্ঘটনাত মাক-দেউতাকৰ মৃত্যু হোৱাত দেউতাকৰ অফিচত কেৰাণী হিচাপে যোগদান কৰিলে। ভায়েক আৰু ভনীয়েকক পঢ়াই-শুনাই ডাঙৰ কৰা স্বাৰ্থত নিজৰ সপোনবোৰ ভাঙি পেলালে। এতিয়া ভায়েক ভনীয়েক দুয়োটাই উচ্চ পদস্থ চৰকাৰী বিষয়া হৈ বিয়া বাৰু কৰাই সংসাৰ কৰিছে। তাই সেই একে ঠাইতে ৰৈ গ'ল, ভাগ্যই অংকন কৰা তাইৰ ফটোফ্ৰেমত। 

যোৰহাট ৭৮৫০০১


অঙ্গন: পৃষ্ঠা ৩৭

অনুভৱ

মনৰ খবৰ 

  নিৰুজ তামুলী ফুকন
                  
          
"মন কাগজৰ নাও সাজি সাজি মই উতুৱাও
জীৱন নদীৰ সোঁতে সোঁতে কতনো গীত গাওঁ"- -
  মনৰ লগত জীৱনৰ অংগাংগী সম্পর্কক কোনে অস্বীকাৰ কৰিব পাৰে? মন হ'ল অনুভূতি উদ্ৰেককাৰী এনে এক কায়হীন সত্তা যি সুখ-দুখ, হাঁহি কান্দোনেৰে জীৱনক কৰি তোলে বৰ্ণাঢ্য। মন কৰিলেই চন। স্বৰ্গ, মৰ্ত্য, পাতাল মুহূর্তৰ কথা। ভূত, ভৱিষ্যত, বৰ্তমানলৈ ইয়াৰ অবাধ গতি। আনি দিব পাৰে সুবাস ভৰা অতীত, পাৰি দিব পাৰে সোণোৱালী সপোনৰ সুকোমল দলিচা (মন যায়- -হ'বলৈ, ল'বলৈ পাবলৈ, যাবলৈ- -) আশাৰ  পূৰ্ণতা প্ৰাপ্তিত মনে সন্তুষ্টি লভে।সুখৰ জোৱাৰে জীৱনক ধন্য কৰে।আশাহত হ'লে দুখৰ বন্যাই জীৱনৰ অস্তিত্বকে বিপন্ন কৰে। 
"কেতিয়াবা মইনাজান এনেনো বেজাৰ লাগে টেটু কাটি মৰিবৰ মন"
ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো" -সেইবাবে মানুহৰ প্ৰকৃতি বেলেগ বেলেগ হয়। চিন্তা-ভাৱনাৰ জগত ভিন্ন ভিন্ন হয়। কোনোবা এজন দাৰ্শনিকে কৈছিল ,"মানুহৰ মন পেৰাচুতৰ দৰে খোল খালেহে ক্ৰীয়াশীল হয়। মুকলি মন মুকলি চিন্তাই সৃষ্টিৰ পথাৰত নিতে নতুনৰ উন্মেষ ঘটাব পাৰে। মনৰ জোৰতে ঐকান্তিক সাধনাৰে দূৰ্লভ অমৃতৰ স্বাদ ল'ব পাৰে। মহা বিজ্ঞানী, মহা মনিষী বিশ্ব বৰেণ্য হ'ব পাৰে। 
          মনক তেজী ঘোঁৰাৰ লগত তুলনা কৰা হয়। লেকাম সঠিক ভাবে নধৰিলে বিপদ নিশ্চিত । "ভৰি পিছলে মন পিছলে পিছলে ৰণুৱা ঘোঁৰা - -" "তোৰো মনে গ'লে মোৰো মনে গ'লে কি কৰিব অজাতি কুলে"-অঘটন ঘটিব পাৰে। মনকে শিকাবা মনকে বুজাবা মনকে নিদিবা লাই। লাই পালে কুকুৰ গললৈ জপিয়াই বুলি কোনে নাজানে। 
       মনৰ সঁফুৰা সৰ্বত্ৰে খালী ৰাখিলে বাহিৰা লোকে আজে বাজে বস্তু ভৰাই দিব পাৰে। এনে মন্তব্য জীৱনৰ বাবে হওক সতৰ্কবাণী। কাৰণ মন কলুষিত হ'লে জীৱনৰ মাদকতাই হেৰাব। দেহা ক'লা হ'লে থাকে দুদিনলৈ মন ক'লা হ'লে ভাগে। মন হ'ল আবেগ আৰু বিবেকৰ সমন্বয়কৰ্তা। এফালে ভালপোৱাৰ অপূর্ব আমেজ, মায়াৰ বান্ধোন আনফালে যুক্তি নীতি পাপ পূণ্যৰ বিচাৰেৰে বিবেকৰ বিষাক্ত দংশন। মগজু আৰু হৃদয়ৰ ক্ৰীয়া কৰ্মৰ ভিত্তি হ'ল পঞ্চ ইন্দ্ৰীয়ই যোগান ধৰা তথ্য। চকুৱে নেদেখিলে, নুশুনিলে গোন্ধ, স্বাদ, স্পৰ্শৰ উমান নাপালে মন মগজু হৃদয় সকলো বিকল হ'বলৈ বাধ্য। আত্মীয় জন আঁতৰি থাকিলে সেয়ে কোৱা হয়" চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়"। 
       মন সুস্থ হ'বলৈ হ'লে দেহা সুস্থ হ'ব লাগিব। 
অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক ক্ষেত্রত চল চাতুৰীৰ বাতাবৰণৰ মাজত মনক সুস্থ ৰাখি মানৱ মহত্বৰে জীৱনটো উপভোগ কৰো আহক।

ঠিকনাঃ
আমগুৰি, শিৱসাগৰ


অঙ্গন:  পৃষ্ঠাঃ ৩৮
গল্পঃ

ইন্দ্ৰধনু

দীক্ষিতা শৰ্মা

          ৰঙা দলিচাখন পাৰি বৈশালীক বাকীবোৰ কথা বুজাই থাকোতে হৰ্ষিতাৰ চকু গ'ল দলিচাখনৰ ওপৰেৰে খোজ লোৱা ক'লা চাৰ্ট পৰিহিত ল'ৰাজনলৈ। খোজ দিব নোৱাৰা বৃদ্ধ আইতা এজনীক হাতত ধৰি হলটোৰ ভিতৰলৈ সোমোৱাই আনিছিল ল'ৰাজনে। ইমানবোৰ মানুহৰ মাজত কেৱল সেই ল'ৰাজনৰ হে যে চকু পৰিছিল নে বৃদ্ধ আইতাজনীৰ ওপৰত। নে আনবোৰে দেখিও নেদেখা ভাও ধৰিছিল। কথাবোৰ ভাবি ৰৈ থকা হৰ্ষিতাক গাত হেচুকি দি বৈশালীয়ে ক'লে
: হৰ্ষু কিনো ভাবিব ল'লি আকৌ
: হা ! একো নাই ব'ল কইনা বহা ঠাইখিনিৰ লাইটিংবোৰ এবাৰ চেক কৰোঁ।
             আৱেলি ৫ বজাৰ পৰা বিয়াৰ ৰিচেপচন আৰম্ভ হ'ব । সেয়ে তাৰ আগতেই গোটেই এৰেজমেন্টবোৰ এটা এটাকৈ নিৰীক্ষণ কৰি গ'ল হৰ্ষিতাই। তাইৰ ওপৰত দায়িত্ব অৰ্পন কৰি মানুহঘৰে নিচিন্ত হৈ আছে । তাই অন্তত সেই বিশ্বাস যেনেকৈ নহওক ৰাখিব লাগিব। অৱশ্যে তাই অকলে একো কৰিব নোৱাৰিলে হেঁতেন যদি তাইৰ লগত গোটেই টীমটো নাথাকিল হেঁতেন। টীম মেম্বাৰৰ চাৰ্পোটৰ বাবেই আজি চহৰৰ এজনী জনাজাত ৱেডিং প্লেনাৰ বুলি নাম আছে হৰ্ষিতাৰ। 
            এইখন বিয়া তাইৰ বাবে খুব বিশেষ। কাৰণ এইখন হৈছে চহৰৰ বিখ্যাত ফেচন ডিজাইনাৰ অভিশ্ৰুতি শইকীয়াৰ বিয়া। গতিকে ইয়াত বহুতো নামি দামী মানুহৰ আগমন ঘটিব। এইখন বিয়াৰ সকলো প্লেনিং সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিলে অন্য বহুতো কাম পোৱাৰ সম্ভাৱনা আছে তাইৰ। ইতিমধ্যে যাবতীয় নীতি-নিয়মবোৰ শেষ কৰি কইনাক মেকআপ কৰা আৰম্ভ কৰি দিছিল। হৰ্ষিতাই কইনাৰ ৰূমত সোমাই এফালৰ পৰা সকলো এৰেজমেন্টৰ কথা কৈ গ'ল অভিশ্ৰুতিক। তাইৰ কথা শুনি কইনাই ক'লে
: হ'ব অ' টিকলু। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। এতিয়া যোৱা তুমিও ৰেডী হৈ আহাঁ গৈ। পাৰ্টীত বহুতকে চিনাকী কৰাবলগীয়া আছে তোমাৰ লগত।
: ঠিক আছে বা।
           কথাষাৰ কৈ ৰূমৰ পৰা যাবলৈ ওলোৱাত সেই ক'লা চাৰ্ট পিন্ধা ল'ৰাজন সোমাই আহিল ৰূমলৈ। তাৰ কাষেৰে হৰ্ষিতা পাৰ হৈ যাব লওঁতে অভিশ্ৰুতিয়ে মাত দিলে
: হৰ্ষিতা শুনা চোন। যাবলৈ লোৱা খোজটো পিছলৈ দি তাই ক'লে
: অ' বা ।
: মিমিক কিবা এটা দি থৈছোঁ। তুমি লৈ ল'বা চোন।
: অ'কে বা।
: আৰু আমাৰ এইজনক চিনি পাইচা নে নাই !
              হঠাৎ ল'ৰাজনক দেখুৱাই অভিশ্ৰুতিয়ে কৰা প্ৰশ্নটোত থত্‌মত খালে হৰ্ষিতাই। তাকে দেখি অভিশ্ৰুতিয়ে পুনৰ ক'লে
: এইয়া স্পন্দন। বৰ্তমান টপ টেন ফটোগ্ৰাফাৰৰ ভিতৰত এজন। ফেচবুক, ইষ্টা হিলাই আছে স্পদন শৰ্মাৰ ফটোগ্ৰাফীয়ে।
: এহ্‌ ! তেনেকুৱা একো নহয় বা।
: হয় দে তই উঠোৱা সকলো ফটো বেয়াই। হ'ল নে এতিয়া। বাৰু শুন এয়া হৰ্ষিতা। মানে হৰ্ষিতা শৰ্মা দা ফেমাছ ৱেডিং প্লেনাৰ।
            অভিশ্ৰুতিৰ কথাত দুয়োজনে মাথোঁ মিচিকিয়াই দিলে। তাৰপিছত হৰ্ষিতা গুচি গ'ল ৰূমটোৰ পৰা আৰু স্পন্দনে নিজৰ টীমটোৰ সৈতে অল অভাৰ মেক আপ লুকটোৰ এটা ভিদিঅ' বনোৱাত লাগিল। ৰূমটোৰ পৰা ওলোৱাৰ পিছতে হৰ্ষিতাৰ উশাহবোৰ যেন ঘণ হ'ব ধৰিছিল। স্পন্দন নামটোৱে নজনাকৈয়ে যেন বুকুত শিপাইছিল তাইৰ। অজানা হাঁহি এটিয়ে ঢৌ খেলি গৈছিল হৰ্ষিতাৰ দুই ওঁঠত।
            মিমি মানে অভিশ্ৰুতিৰ ভনীয়েকৰ হাতত হৰ্ষিতালৈ দি থোৱা মেখেলা চাদৰযোৰ হাতত লৈ দুচকুত চকুলো লৈ মিচিকিয়াইছিল তাই। কাৰণ অভিশ্ৰুতিয়ে নিজ হাতে ডিজাইন কৰা ৰঙা পাটৰ কাপোৰ এযোৰ উপহাৰ দিছিল হৰ্ষিতাক ৰিচেপচনত পিন্ধিবলৈ। অভিশ্ৰুতি যদিও আনৰ বাবে বহুত ডাঙৰ ফেচন ডিজাইনাৰ আছিল কিন্তু হৰ্ষিতাৰ বাবে আছিল একেবাৰে নিজৰ বায়েকৰ দৰে। তাই আৰম্ভ কৰা সৰু ব্যৱসায়টো ডাঙৰ কৰাৰ সাহস দিয়া মানুহজনীয়ে অভিশ্ৰুতি। কিয়নো সিঁহতৰ সম্পৰ্ক এতিয়াৰ নহয়, দুয়োজনী লগ পাইছিল কৃষ্ণচূড়াৰ দেশত। সেই তেতিয়াৰ পৰাই আৰম্ভণি দুয়োজনীৰে মৰমেৰে বান্ধ খোৱা সম্পৰ্কটো।
          ৰঙা মেখেলা চাদৰযোৰৰ সৈতে লাইট মেক আপ কৰি ডিঙি আৰু কাণত ব্লেক মেটেলৰ গহনা পিন্ধি ল'লে হৰ্ষিতাই। লগতে গলধনত পৰাকৈ ঘোপাটো বান্ধি ৰঙা গোলাপ দুটামান লগাই ল'লে। তাই ৰেডী হৈ অহালৈ ৰিচেপচন হ'লটো প্ৰায়ভাগ মানুহে ভৰি পৰিছিল। হাতত ডায়েৰিটো লৈ পুনৰ এবাৰ সকলো হৈছে নে নাই চকু ফুৰাই থাকোতে কইনাই মাতিলে তাইক। তাই গৈ অভিশ্ৰুতিৰ ওচৰ পাই ক'লে
: তোমাক কিবা লাগিছিল নেকি বা ?
: এইজনী মানে সকলো সময়তে কেৱল কাম আৰু কাম। অকমান বিয়াখন এঞ্জয়ো কৰ চোন। ৰহ ফটো উঠো দুয়োজনী।
         এইবুলি কৈ স্পন্দক মাতিলে অভিশ্ৰুতিয়ে। হোৱাইট পেন্ট, ব্লেক চাৰ্টৰ সৈতে কেমেৰাটো হাতত লৈ সিহঁতৰ ওচৰলৈ আগুৱাই অহা স্পন্দনক দেখি পুনৰ বুকুখন ধপ্‌ধপাব ধৰিলে হৰ্ষিতাৰ। গালত লগোৱা ব্লাচাৰৰ তুলনাত স্পন্দনৰ আগমনে দুগুন গুলপীয়া কৰি তুলিলে তাইৰ দুগাল। অভিশ্ৰুতিৰ মতে বিভিন্ন প'জ দি ফটো উঠিছিল যদিও দুচকু কিন্তু স্পন্দনৰ ওপৰতে নিবব্ধ হৈ ৰৈছিল হৰ্ষিতাৰ। চুটী চুটী দাঢ়িৰে আৱৰা মুখখনৰ সৈতে ধুনীয়া চকুজুৰিয়ে যেন বহুত কিবা কিবি কঢ়িয়াই ফুৰে তাৰ লগত। ডাঠ চেলাউৰিখিনিৰ লগতে জেল সানি উঠাই থোৱা চুলিবোৰেৰে অপূৰ্ব লাগিছিল তাক। 
           চকুৱে চকুৱে বাৰ্তালাপ কৰোতেই পাৰ হৈ গ'ল গোটেই বিয়াখন। কিন্তু এপলকৰ বাবেও স্পন্দক নোচোৱাকৈ থাকিব নোৱাৰিলে হৰ্ষিতাই। নিজৰ কেমেৰাটোৰ সৈতেই ব্যস্ত ল'ৰাজনক যেন কিবা এটা ভাল লাগি গৈছিল তাইৰ। ইমান মনোযোগেৰে ফটোবোৰ তোলে সি, যেন কেমেৰাটো হাতত থাকিলে পৃথিৱীৰ অন্য কথা মূৰতে নোসোমাই তাৰ। কেমেৰাটোতে যেন সোমোৱাই লৈ ফুৰিছে সি তাৰ জীৱটো।
          বিয়া শেষ কৰি পুনৰ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। হৰ্ষিতাইও নিজৰ কামকলৈ ব্যস্ত হৈ পৰিছিল। কিন্তু মনৰ মাজৰ পৰা আঁতৰাব পৰা নাছিল স্পন্দনক। অভিশ্ৰুতিৰ বিয়াৰ পিছতে বিভিন্নজনে  ৱেডিং প্লেনাৰ ৰূপে হৰ্ষিতাৰ টীমটোক এপইন্ট কৰিছিল। সেয়ে এইকেইদিন সিঁহতৰ অফিচত সীমাহীন ব্যস্ততাই চানি ধৰিছিল। নতুন নতুন হ'ল ডেকোৰেচনৰ আইডিয়া বিচৰাত লাগি গৈছিল সকলোৱে যাতে সিঁহতৰ কামবোৰ ইউনিক হয়। কিন্তু সেই সকলোবোৰৰ পৰা আঁতৰত হৰ্ষিতা যেন ডুবি আছিল নিজৰ অন্য এখন পৃথিৱীত। প্লেনিংৰ কথা লিখিবলৈ মেলি লোৱা ডায়েৰীখনৰ গোটেই পৃষ্ঠা পূৰ কৰি দিছিল তাই অজানিতে এটা বিশেষ নামেৰে
 " স্পন্দন"
" হৰ্ষিতা স্পন্দন শৰ্মা"
            ডায়েৰীখনলৈ লৈ চকু যোৱাত ওঁঠত হাঁহিটো লৈ অন্যমনস্ক হৰ্ষিতাজনীক গাত হেচুকি দি বৈশালীয়ে ক'লে
: কি অ' হৰ্ষু কিনো ভাবি আছ ?
:হাঁ ! কিবা কৈছিলি ?
: নহয় মানে কাৰোবাৰ কেমেৰাৰ লেন্সৰ পৰা ডাইৰেক্ট হৃদয়ৰ লেন্সত সোমাই পৰিলি নেকি তাকেহে সুধিছিলো।
: মা…মানে।
: এবাৰ ডায়েৰীখন চা চোন।
            বৈশালীৰ কথাত হে ডায়েৰীখনলৈ চকু গ'ল তাইৰ। ডায়েৰীখন খৰধৰকৈ জপাই মিচিকিয়াই দি দুহাতেৰে ঢাকি ধৰিলে নিজৰ মুখখন। তাকে দেখি বৈশালীয়ে ক'লে
: হ'ব ইমানকৈ ভাবিব লগা একো নাই। মনত যি আছে চিধাই কৈ দিবি তাক।
: ইমান সহজ নহ'ব অ'।
: কিয়?
: স্পন্দনক দেখি তেনেকুৱা নালাগে। অন্য ল'ৰাবোৰতকৈ সি যেন কিছু পৃথক।
: যি হ'লেও মনৰ কথাবোৰ ক'লে হে কিবা ৰাস্তা ওলাব। নহ'লে কি এনেদৰে মৰি থাকিবি নেকি তই।
: এটা কাম কৰোঁ নেকি ?
: কি ?
: আমি প্লেন কৰা ৱেডিংবোৰত সিঁহতৰ টীমটোক জইন কৰাওঁ। যদি সিহঁতে আপত্তি নকৰে তেন্তে ভৱিষ্যতে আমি ৱেডিং প্লেন কৰাৰ লগতে ফটোগ্ৰাফী টীমটোও প্ৰিফাৰ কৰিম। কেনে হ'ব ?
: আইডিয়াটো বাৰু ভালেই হ'ব। কিন্তু স্পন্দনে মানিব জানোঁ!
          বৈশালীক একো উত্তৰ নিদিয়াকৈ ডাইৰেক্ট স্পন্দনলৈ ফোন লগালে হৰ্ষিতাই। অভিশ্ৰুতিয়ে বিয়াৰ দিনাখনেই দি থৈছিল তাইক স্পন্দনৰ নম্বৰটো। দুবাৰ ৰিং হোৱাৰ পিছত ফোনটো ৰিচিভ কৰিলে সি। অন্য একো কথাৰ অবতাৰনা নকৰাকৈ নিজৰ পৰিচয়টো দি প্ৰস্তাৱটো আগবঢ়ালে হৰ্ষিতাই। কথাটো কওঁতে মনতে দহ বাৰ মান ভগৱানৰ নাম ল'লে তাই। স্পন্দনেও নিজৰ টীম মেম্বাৰৰ সৈতে কথা পাতি তাইক জনাম বুলি ক'লে।
          তেনেদৰেই আৰম্ভণি হ'ল দুয়োজনৰ কথা বতৰাৰ। হৰ্ষিতাৰ প্ৰস্তাৱটোত সন্মতি জনাই স্পন্দনৰ টীমটোও লগ হ'ল হৰ্ষিতাহঁতৰ লগত। দিনবোৰ পাৰ হ'বলৈ ধৰিলে তেনেদৰেই। এদিন নিজৰ ধৈৰ্য্যৰ বান্ধ ধৰি ৰাখিব নোৱাৰি হৰ্ষিতাই বিয়া এখনৰ হলটোৰ পৰা কিছু আঁতৰলৈ মাতি নিলে স্পন্দনক আৰু ক'লে
: মোৰ তোমাৰ লগত কথা অলপ আছিল।
: উম্ কোৱা!
: তুমি ইমান উদাস হৈ কিয় থাকানো ?
:........
: স্পন্দন ! মই তোমাৰ উদাসীনতাত ৰং সানিব বিচাৰোঁ। 
: এয়া সম্ভৱ নহয় হৰ্ষিতা।
: কিন্তু কিয় ?
: ভিতৰলৈ ব'লা কোনোবাই বিচাৰিব পাৰে।
           হাজাৰ চেষ্টাৰ অন্ততো স্পন্দনৰ মুখেৰে কথাবোৰ উলিয়াব পৰা নাছিল হৰ্ষিতাই। বিধ্বস্ত হৃদয়খন লৈ বিয়াত থকাৰ শক্তি নাছিল হৰ্ষিতাৰ সেয়ে কাকো একো নজনোৱা কৈ অফিচলৈ গুচি গৈছিল তাই। গোটেই হলটোত হৰ্ষিতাক বিচাৰি বিচাৰি ক'তো নপোৱাত ৰাস্তালৈ দৌৰিছিল স্পন্দনে কিন্তু তাতও নেদেখিলে তাইক। উপায়হীন হৈ ফোন লগাইছিল তাইলৈ। তাই ৰিচিভ নকৰাত স্পন্দনে মেচেজ দিছিল
"প্লীজ এবাৰ লগ কৰা মোক। মই গৈ আছোঁ আমাৰ অফিচলৈ।"
উত্তৰত লিখিছিল হৰ্ষিতাই
" মইও ইয়াতেই আছোঁ।"
          ঘৰলৈ যাওঁ বুলিও মনটো নোযোৱাত অফিচতে বহি আছিল তাই। কিছুসময় পিছত আহি পাইছিল স্পন্দন। খেলিমেলি চুলিৰে সৈতে ৰঙা পৰা চকুজুৰি দেখি বুকুখন কঁপি উঠিছিল হৰ্ষিতাৰ। স্পন্দনে কান্দিছিল নেকি!! কিয় কান্দিছিল বাৰু সি!! কথাবোৰ ভাবি থাকোতে স্পন্দনে মাত দিলে
: মোৰ জীৱনটো ইমান সহজ নহয় অ'। মোৰ আউল লগা জীৱনটোৱে যাতে তোমাক কষ্ট নিদিয়ে সেয়ে…
: দুয়োজনে মিলি চিজিল লগাব নোৱাৰিম জানোঁ জীৱনটো।
: ভয় লাগে মোৰ। 
: কিয়!!
             স্পন্দনে একো উত্তৰ নিদিয়াত দীঘলীয়া উশাহটো লৈ হৰ্ষিতাই ক'লে
: সুগভীৰ অৰণ্যলৈ যোৱাৰ বাটৰ দৰে তোমাৰ বুকুলৈ যোৱাৰ বাট। ভালপোৱাৰ ৰ'দ এচেৰেঙাই চুব নোৱাৰাকৈ ইমান গভীৰত কিয় নিজকে লুকুৱাই ৰাখিছা ? কি আছে নিভৃতত ? এই সময়তে যদি ৰৈ যাব বিচৰাজনৰ দুহাত খামুচিব নোৱাৰা, জীৱনলৈ আক্ষেপ কৰিবলৈ সাজু হোৱা। ভালপোৱা জানো ইমান সহজে আহে আমাৰ জীৱনলৈ!
            হৰ্ষিতাই শান্তভাবে কোৱা কথা কেইশাৰীয়ে যেন অন্তৰ আত্মা জোকাৰি গ'ল স্পন্দনৰ। জীৱনত সকলোকে হেৰুৱালে সি, সঁচাকৈ এইবাৰ যদি হৰ্ষিতাকো হেৰুৱাই কিহৰ বাবে জীয়াই থাকিব সি। নাই নোৱাৰে সি নিজৰ উশাহত ঠাই দিয়া মানুহজনীৰ পৰা আৰু নিজক আঁতৰাই ৰাখিব। দুচকুৰ তপত লুনীয়াখিনি দুহাতৰ ঠাৰিৰে থেলি সি ক'লে
: ইউনিভাৰ্চিতিৰ পৰাই তোমাক মনত স্থান দি থৈছিলোঁ মই। কিন্তু জনাব সাহস কৰা নাছিলোঁ। দূৰে দূৰে ৰাখিছিলোঁ নিজক। মোৰ দূৰ্ভগীয়া জীৱনটোৰ ছাঁ যেন তোমাৰ জীৱনত নপৰে তাৰ বাবে। কিন্তু এতিয়া হয়তো আৰু নোৱাৰিম। তুমি অবিহনে জীৱনটো কল্পনা কৰিবও ভয় লাগিছে এতিয়া। জীৱনত তিনিটা মানুহে মোৰ বাবে বহুত বেছি মূল্যবান। তাৰে দুজনক হেৰুৱালো আৰু এজনক হেৰুৱাব লাগিলে জীয়াই নাথাকিম। পথ দূৰ্ঘটনা এটাত মা দেউতা দুয়োজনকে হেৰুৱালো, এতিয়া তোমাক হেৰুৱাব পৰা শক্তি নাই মোৰ।
            থোকাথুকি হৈ পৰা স্পন্দনৰ মাতষাৰত নিজকে ৰখাব নোৱাৰিলে হৰ্ষিতাই। একেদৌৰে গৈ স্পন্দনক বুকুৰ মাজত সামৰি ল'লে তাই। সৰু ল'ৰাৰ দৰে উচুপি উঠা স্পন্দৰ মূৰত হাত বুলাই দিলে তাই। সৰ্বশৰীৰতে কঁপনি উঠা স্পন্দনৰ দুগাল দুহাতেৰে আজলি পাতি ধৰি কপালত এটি মৰমৰ পৰশ আঁকি দি অমাৱস্যাই চানি ধৰা স্পন্দনৰ মনৰ আকাশখনত সুখৰ ইন্দ্ৰধনু আঁকিলে হৰ্ষিতাই।

সমাপ্ত

নলবাৰী
       

অঙ্গন:  পৃষ্ঠাঃ ৩৯
  
 আত্মজা 

মেৰী শ‌ইকীয়া
       
        ১
"মাহী তুমি ইয়াতে অলপ ৰেষ্ট লোৱা। মই  মৌৰ ওচৰতে বহোগৈ। দৰ্কাৰ হ'লে মাতিবা।" ভাগিনীয়েক ৰিধিমাই   অনিমাক কোঠাটোৰ বিছনাখনত বহুৱাই গাৰু এটাৰে পিঠিত ভেজা লগাই ভৰি হাত কেইটা উঠোৱাত সহায় কৰি দি কথাষাৰ ক'লে।
"হ'ব ত‌ই যাচোন। তাই হোমৰ‌গুৰিত অকলে আছে।"
        আজি তেওঁৰ একমাত্ৰ জীয়ৰী মৌ অৰ্থাৎ মৌপিয়াৰ  বিয়া। তেওঁ মানে অনিমা বৰুৱা। জীয়েক মৌক লৈ শ্ৰীমতী বৰুৱাৰ কনমানি সংসাৰখন আজিৰে পৰা একেবাৰে উকা হৈ পৰিব।হাতত বঁটাটো লৈ তেওঁ অভ্যাগতক মাতষাৰ লগাইছে ,প্ৰয়োজনত  তেওঁৰ সেই চিনাকি মিঠা হাঁহিটোৰে সকলোকে সম্ভাষণো জনাইছে, কিন্তু বুকুত অনুভৱ কৰিছে আগেয়ে কাহানিও অনুভৱ নকৰা এক সুতীব্ৰ যন্ত্ৰণা। কেৱল যন্ত্ৰণা বুলিলে ভুল কৰা হ'ব। যন্ত্ৰণা অথচ ভিতৰি তেওঁ সাংঘাতিক ধৰণৰ এটা সুখো অনুভৱ কৰি আছে । সুখ, নিজ কন্যাৰ জীৱনটো বিচৰা ধৰণে গঢ় দিব পৰাৰ। সুখ, নিজ কন্যাই তেওঁক দিয়া কৃতীত্বৰ সুখ।নিজ কন্যাই মনপচন্দৰ জীৱনসংগী লাভ কৰাৰ সুখ ,আৰু আত্মজাক সুপাত্ৰত গটোৱাৰ সুখেও  তেওঁক বিগত সময়চোৱাত আছন্ন কৰি ৰাখিছিল। কিন্তু যিমানেই নিশা বাঢ়ি আহিছে, আলহী অতিথিৰ ভীৰ যিমানেই কমিব ধৰিছে আৰু মৌৰ বিদায়ৰ ক্ষণ যিমানেই  ওচৰ চাপিছে তেওঁৰ বুকুখনত এসোপামান শোকে খুন্দা মাৰিবলৈ আৰম্ভ কৰিছে। অনিমা বৰুৱাৰ মনটোয়ে তেওঁক বাৰে বাৰে যেন সকীয়াই দিছে,"আৰু মাথোন কেইটামান মুহূৰ্ত্ত বাকী! তোৰ বুকুৰ  টুকুৰাটি গুচি যাব তোৰপৰা বহু দূৰলৈ! থাকি যাবি ত‌ই অকলে  নিসংগতাক আপোন কৰি  স্মৃতিবোৰ বুকুত সামৰি"। বাহিৰত  হোমাগ্নি জ্বলিছে, অনিমা বৰুৱাৰ মনত  হাজাৰ স্মৃতিৰ  জলতৰংগ ।

            ২
       প্ৰায় চল্লিশ বছৰ পুৰ্বে মন্মথ বৰুৱাৰ নৱপৰিণীতাৰ ৰূপত তেওঁ আহিছিল সৰু চহৰখনলৈ। গাঁৱৰ পৰিৱেশত জন্ম লৈ গাঁৱৰ বতাহ পানী খাই ডাঙৰ হোৱা অনিমাই চহৰৰ পৰিৱেশত খাপ খাব পৰা নাছিল। মাক পিতাকৰ একমাত্ৰ কন্যাৰূপে আটোল-টোলকৈ ডাঙৰ হোৱা অনিমাই শহুৰ শাহু দুজনীকৈ ননদ আৰু দেওৰেৰে গিজগিজাই থকা পৰিয়ালটোত তেওঁ বৰ অসহায় অনুভৱ কৰিছিল। অৱশ্যে স্বামী মন্মথৰ সহযোগিতা আৰু এজনী অকনমানি ছোৱালীৰ দৰে কৰা মৰমৰ তাগিদাত পৰৱৰ্তী সময়ত এগৰাকী দ্বায়িত্বশীলা বোৱাৰীলৈ উন্নীত হ'বলৈ বেছি সময় নেলাগিল তেওঁৰ। শহুৰ শাহুয়েকৰ আদৰৰ বোৱাৰী হ'লেও ননদ দুজনীৰ বাবে তেওঁ কোনোকালে আপোন হ'ব নোৱাৰিলে। এৰা চকুৰ আগতেই নিজ পিতৃ-মাতৃয়ে আন ছোৱালী এজনীক মৰম কৰিলে কাৰনো ঈৰ্ষা নজন্মিব ? কিন্তু অনিমাৰ দৰে সাদৰী মানৱ দৰদী, পিতৃ মাতৃ, শহুৰ শাহু, স্বামী ননদ দেওৰৰ দ্বায়িত্বৰ প্ৰতি সদা প্ৰস্তুত সদা‌ সজাগ ছোৱালী জনীক মৰম নকৰিব‌ই বা কিয় ? প্ৰকৃততে অনিমাই নিজৰ সজ আচৰণৰ দ্বাৰা সকলোৰে মৰম আদায় কৰি লৈছিল। কিন্তু ধীৰে ধীৰে অনিমাই স্বকীয় গুণগৰিমাৰে আৰ্জিত মৰম চেনেহখিনি হেৰুৱাবলৈ আৰম্ভ কৰিছিল। যেতিয়া তেওঁৰ বিবাহে কেইবাটাও বৰ্ষ গৰকাৰ পিছতো তেওঁ সন্তানৰ মুখ দেখা পাবলৈ সমৰ্থ নহ'ল। ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন জন ডক্টৰৰ চিকিৎসা লোৱা হ'ল, যেই য'তে যেনেকৈ পৰামৰ্শ দিয়ে তেনেকৈয়ে বিবিধ বেজ জ্ঞানীৰ আশ্ৰয় লোৱা হ'ল , শিক্ষিত গুণীজ্ঞানী দম্পতীহাল সন্তান প্ৰাপ্তিৰ তীব্ৰ বাসনাত হৈ পৰিল অন্ধবিশ্বাসী। হাতৰ আঙুলিত ঠাই পালে বেজ কবিৰাজৰ বিধানুসৰি পিন্ধা বিবিধ পাথৰৰ আঙুঠিয়ে।কিন্তু অনিমাৰ ৰিক্ত কোলা ৰিক্তই হৈ ৰ'ল। লগে লগেই যেন সলনি হৈ পৰিল তেওঁৰ প্ৰতি সকলোৰে ব্যৱহাৰ ।সলনি হ'ল পুৰ্বৰ পৰিচয়ো।
এসময়ৰ সকলোৰে আদৰৰ লখিমী বোৱাৰীৰ ঠাইত তেওঁৰ নতুন পৰিচয় হ'ল "বাজী'।বিয়া বাৰু সকাম নিকামত আত্মীয় কুটুম্বৰ প্ৰৱল বাক্য বাণ সহিব নোৱাৰি অনিমাই বেছিভাগ সময় ঘৰতেই সোমাই থকা হ'ল। বিয়া, সকাম ,নামঘৰ, আলি পদুলি সকলোতেই এক অদ্ভূত চাৱনিৰ চিকাৰ হ'বলৈ লৈছিল অনিমা। আনকি ঘৰলৈ অহা কোনোবা আলহীৰ লগত চিনাকী পৰ্বতো "আমাৰ ডাঙৰ বোৱাৰী /ডাঙৰ বৌ ,ল'ৰা ছোৱালী হোৱা নাই" বুলিহে চিনাকি কৰাই দিয়া হ'ল।ৰাংঢালী বোৱাৰীজনী নিমিষতে হাঁহি, মাত- কথাহীন কেৱল কামতে ব্যস্ত থকা যন্ত্ৰ এটালৈ পৰিৱৰ্তন হ'ল।দৰাচলতে সন্তানহীনতাৰ গ্লানি পাহৰিবৰ বাবে তেওঁ কাম  কাজতে লিপ্ত হৈ থকাৰ পণ ল'লে।

              ৩
           সময়বোৰ এদিন ইতিহাস হ'ল। ননদ দুজনীৰ বিয়া হৈ গ'ল । দেওৰ দুজনৰো নিজা নিজা সংসাৰ হ'ল।সন্তান হ'ল। অনিমাৰ শাহু শহুৰেও এদিন ইহ সংসাৰ ত্যাগ কৰিলে। এনেতে এদিন বিবাহৰ তেৰটা বছৰৰ পিছত খৰাং মৰুত যেন ভৰ বাৰিষাৰ ঢল নামি আহিল! বাৰিষাৰ বৰষুণে যেন সজীৱ কৰি তুলিলে পুৰ্বৰ সমস্ত ৰুক্ষতাক! উৰ্বৰ হৈ পৰিল চৌদিশ। বনে বিৰিখে যেন ন কুঁহিপাতে হে  ভুমুকি মাৰিলে। ঈশ্বৰৰ ইচ্ছা হ‌ওক বা আন কোনো অদৃশ্য শক্তিৰ মহিমাৰ বলত ইমান বছৰে উদংহৈ থকা অনিমাৰ কোলালৈ এটি দেৱশিশু আহিল! মন্মথ অনিমাৰ সংসাৰখনলৈ পূৰ্ণতা আনিলে এটি কন্যা শিশুয়ে। নাম ৰখা হ'ল মৌ । মৌপিয়া ! মৌৰ আগমনে তিক্ততা ভৰা  বৰুৱা দম্পত্তিৰ সংসাৰখন মধুময় কৰি তুলিলে আৰু যেন একো আক্ষেপ নাই, ক্ষোভ নাই ঈশ্বৰৰ প্ৰতি! পূৰ্ণতা প্ৰাপ্তিৰে জীপাল হৈ উঠিছিল জীৱন!লগে লগে তেৰ বছৰে বুকুত কঢ়িয়াই লৈ ফুৰা সন্তানহীনতাৰ কলংক‌ও মোচ্ খাই গৈছিল চিৰদিনলৈ।

              ৪
            জীৱনে বৰণ সলায় ঘনে ঘনে! অদৃষ্ট‌ই এহাতে দিয়ে, আনহাতে লৈ যায়!সুখবোৰে খোপনি পুতিবলৈ লৈছিল মাথোন, দুখৰ আগমণ ঘটিল! অফিচৰ পৰা ওভটাৰ পথত নিয়ন্ত্ৰণ হেৰুৱা গাড়ী এখনৰ প্ৰচণ্ড খুন্দাত চূৰ্ণবিচূৰ্ণ হৈ পৰিছিল মন্মথ বৰুৱাৰ নতুনকৈ কিনা গাড়ীখন। লগে লগেই অনিমা আৰু মৌক এৰি অজান পৃথিৱীৰ পথিক হৈছিল মন্মথ। কনমানিজনীয়ে দেউতাক কি দেউতাকৰ মৰম নো কি বুজি পোৱাৰ আগতেই পিতৃহীনা হৈ পৰিল আৰু অনিমা! বিধিৰ নিৰ্মম আঘাটত বিধ্বস্ত হৈ পৰিল অনিমা। ডেৰমহীয়া কেচুৱাজনীক কোলাত বান্ধি কান্দিবলৈও যেন তেওঁ পাহৰি গ'ল। আৰম্ভ হ'ল তেওঁৰ আন এক সংঘৰ্ষময় জীৱন।
"ছোৱালী জনীয়ে আহিয়েই দেউতাকৰ মূৰ খালেহি। ইমান দিনে কেঁচুৱা নাছিল। একো সমস্যাও নাছিল। এতিয়া কেচুৱাটো হোৱাৰ পিছতে এয়া হ'ল। তাতকৈ.......!" স্বামীৰ শ্ৰাদ্ধানুষ্ঠানৰ দিনাই সমবেত ৰাইজৰ মাজত চৰ্চিত কথাবোৰ শুনি ইমান দিনে ধৈৰ্য ধৰি থকা অনিমাই আৰু ৰৈ থাকিব নোৱাৰিলে।কনমানি নিষ্পাপ পুতলাটোক বুকুত সাৱটি সশব্দে কান্দি উঠিছিল তাই। সময়ৰ নিৰ্মম প্ৰহাৰত জুৰুলা হোৱা মানুহজনীয়ে তেতিয়াই সিদ্ধান্ত লৈ পেলাইছিল "নাই তেওঁ এইখন সমাজত আৰু জীয়াই থাকিব নোৱাৰে। ইমান দিনে তেওঁ যিমান লাঞ্ছনা গঞ্জনা সহি আহিছিল সেয়া তেওঁৰ সন্তানক সহিবলৈ নিদি‌য়ে!" জীৱনৰ চৰম মুহূৰ্তটোত এজাক মানুহৰ মাজত থাকিও বৰ নিসংগ অনুভৱ হ'ল অনিমাৰ।
          গুচি আহিছিল তেওঁ সৰু চহৰখন এৰি থৈ! গুচি আহিছিল তেওঁ আপোন হৈও আপোন নোহোৱা মানুহজাকৰ কাষৰ পৰা!অকনমানিজনীয়েই আছিল তেওঁৰ একমাত্ৰ ভৰষা, জীৱন জীয়াৰ প্ৰেৰণা। কম্পেনছেশ্যন গ্ৰাউণ্ডত পোৱা সৰু চাকৰিটোৰেই চলিছিল মৌ আৰু অনিমাৰ দুজনীয়া সংসাৰখন। কিন্তু স্বামী মন্মথৰ সপোনবোৰ সাকাৰ ৰূপ দিবলৈ বদ্ধপৰিকৰ আছিল অনিমা। এখন ভাল বিদ্যালয়ত পঢ়াৰ সমান্তৰালকৈ সংগীত নৃত্যৰ জগতখনতো আগবাঢ়িব খুজিছিল মৌয়ে। তাইৰ ইচ্ছা তাইৰ সপোনক বাস্তৱ ৰূপ দিয়াত কাৰ্পণ্য কৰা নাছিল অনিমাই। কঠোৰ পৰিশ্ৰমে সকলো সম্ভৱ কৰি তুলিছিল।

              ৫
           আজি এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ প্ৰবেচনাৰী অফিচাৰ মৌপিয়া। ইতিমধ্যেই সংগীতৰ জগতখনত নৱপ্ৰজন্মৰ মাজতো এটা চিনাকী নাম হৈ পৰিছে তাই। স্বকীয় সাধনা আৰু মাকৰ অশেষ ত্যাগ আৰু পৰিশ্ৰমে মানুহ কৰি তুলিলে মৌপিয়াক। সফল বেংক কৰ্মচাৰী জনপ্ৰিয় সংগীত শিল্পী মৌপিয়াৰ আজি বিয়া তেওঁৰেই সহকৰ্মী বেংক বিষয়া অয়নৰ লগত।মৌৰ দৰে অয়নো অকলশৰীয়া মাতৃ আইভিপ্ৰিয়াৰ একমাত্ৰ সন্তান। স্বামীৰে বিবাহ বিচ্ছেদৰ পিছত আইভিপ্ৰিয়াই অকলেই ডাঙৰ কৰিছিল অয়নক। দুই গৰাকী মাতৃয়েই জীৱনৰ কোনোখিনিত যেন ভালেখিনি সাদৃশ্য দেখা পালে। দুইগৰাকী মাতৃয়ে যেতিয়া অয়ন আৰু মৌৰ মাজত এক সুষ্ঠ বুজা বুজি পূৰ্ণ সম্পৰ্ক থকাৰ উমান পালে সোনকালেই সংসাৰখন পাতি দিয়াৰ কথা ভাবিলে। সেই মতেই আজি মৌ অয়নৰ বিয়া। দুদিন মান পিছতেই দুই মাতৃৰ বুকু শুদা কৰি দুয়ো যাবগৈ নিজৰ কৰ্মস্থলী সুদূৰ মুম্বাইলৈ। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত বৰ্তমান কিতাপকে সংগী কৰি লোৱা অনিমাৰ মনত পৰিল কেইদিনমান আগতে মৌয়ে আনি দিয়া খলিল জিব্ৰানৰ কিতাপ খনৰ শাৰীকেইটা "আপোনাৰ সন্তানবোৰ আচলতে আপোনাৰ সন্তান নহয়। তেওঁলোক জীৱনৰ নিজৰ প্ৰতি থকা বাসনাৰ সন্তান। তেওঁলোক আপোনাৰ দ্বাৰা আহিল, কিন্তু আপোনাৰ পৰা অহা নাই। তেওঁলোক  যদিও আপোনাৰ সৈতে আছে তথাপিও তেওঁলোক আপোনাৰ নহয়!" কথাবোৰ ভাবি ভাবি নিজকে বুজাই আছিল অনিমাই। চকুৰ কোনেৰে গৰম চকুলো দুটুপি গালেৰে বৈ অহাৰ উমান পাইছিল তেওঁ। কিমান সময় পাৰ হৈ গ'ল তেওঁ গমকে নেপালে। মৌ অয়নৰ বিয়া হৈ গ'ল চাগৈ। বিদায়ৰ ক্ষণ পালেহি। চেহ্ বহুদেৰী হ'ল।
"মা মা ক'ত আছা ? কি কৰি আছে মা ?" অয়ন আৰু মৌৰ  মাত দুষাৰ একেলগে শুনি খপজপকৈ চকুহাল মচি ললে অনিমাই। "নাই অ' এনেয়েহে বহি আছো । ভাগৰ লাগিছে দিনটো ঘুৰি ঘুৰি। "সিহঁত হাললৈ নোচোৱাকৈয়ে উত্তৰ দিছিল অনিমাই। পাতৰ কাপোৰত খমখমনি আৰু সোনৰ খাৰুত ঝনঝননি তুলি মৌয়ে মাকৰ মুখখন পৰম স্নেহেৰে নিজৰ ফালে ঘূৰাই ল'লে।
"কিয় কান্দিছা মা ? বিয়া দিলা বুলিয়েই মই আনৰ হৈ গলো নেকি ? তোমাৰ মৌ সদায় তোমাৰেই হৈ থাকিব আৰু আমি সদায় একেলগেই থাকিম।"
"মাজনী আজিৰে পৰা তুমি আৰু মোৰ কথা চিন্তা নকৰিবা। ম‌ই থাকিব পাৰিম নহয় অকলে। ৰিধিমা আছেই । মাজে মাজে আহি থাকিব‌ই তাই। এটা নতুন জীৱন আৰম্ভ কৰিছা তুমি। এতিয়াৰ পৰা অয়ন আৰু মাকৰ প্ৰতিহে তোমাৰ দ্বায়িত্ব হোৱা উচিত।এয়াই সংসাৰৰ নিয়ম!" 
অনিমাৰ কথাৰ উত্তৰ অয়নে দিলে,
"নহয়, মা। আপুনি কোনো কাৰণত অকলে থাকিব নোৱাৰে। আমি মুম্বাইত ডাঙৰ ফ্লেট এটা লৈছোয়েই অলৰেডি। মোৰ মা আৰু আপুনি কোনোজনেই ইয়াত অকলে থাকিব নোৱাৰে। মৌ আৰু ম‌ই সিদ্ধান্ত লৈছোয়েই ইতিমধ্যে।"
"অয়ন, তোমালোকৰ সিদ্ধান্ত টোক ম‌ই বেয়া বুলি ক'ব খোজা নাই। তোমাৰ মাক তুমি নিশ্চয় লগত ৰাখা। এইটো তোমাৰ নৈতিক দ্বায়িত্ব আৰু কৰ্তব্য‌ও। কিন্তু বিবাহিতা জিয়ৰীৰ ঘৰত মাক থাকিলে শোভা নাপায় অয়ন। আমি এখন সমাজৰ অংশ। তাত কিছুমান নীতি নিয়ম থাকে।আমি সেই নীতি-নিয়ম ভাঙিব নোৱাৰো। সমাজে কি ক'ব ?"
মাকৰ কথাখিনি শুনি মৌয়ে আৰু থিৰেৰে থাকিব নোৱাৰিলে। অনৰ্গল কৈ গ'ল তাই ইমান দিনে বুকুত দমাই ৰখা ক্ষোভবোৰ...!
"মা কোনখন সমাজৰ কথা কৈছা তুমি ? যিখন সমাজে তোমাক সন্তানহীনতাৰ সময়ছোৱাত কান্ধত হাত থৈ বুজনি দিয়াৰ সলনি বাজী আখ্যা দিছিল। যিখন সমাজে  পৃথিৱীলৈ অহা মাত্ৰ ডেৰমাহ হোৱা কেঁচুৱা এজনীক পিতৃৰ মৃত্যুৰ বাবে দায়ী কৰি অমংগলীয়া আখ্যা দিছিল ?স্বামীহীনা মহিলা এগৰাকীক কনমানি কেঁচুৱাটোৰ সৈতে অকলে জীৱন যুঁজত নামিবলৈ এৰি দিছিল। তুমি সেইখন সমাজৰ কথা কৈছা।তুমি বিচাৰিলেও ম‌ই তোমাক অকলে এৰি যাব নোৱাৰো মা।অয়নৰ মাকৰ প্ৰতি যদি দ্বায়িত্ব আছে কৰ্তব্য আছে, মোৰ তোমাৰ প্ৰতি কিয় নাই মা ? মই তোমাৰ পুত্ৰ হোৱা হ'লে চাগৈ এনেকৈ নকলাহেঁতেন তুমি। ম‌ই তোমাৰ আত্মজা হোৱাটোয়েই মোৰ ভুল নেকি মা ?" শেষলৈ মৌপিয়াৰ মাতটো কপনি এটাত পৰিণত হ'ল। নিজ কন্যাৰ থৰথৰকৈ কপি থকা শৰীৰটো বুকুৰ মাজলৈ চপাই ললে অনিমাই। অয়নকো একেলগে সাৱটি ধৰি বহু পৰ উচুপিলে তেওঁ।
" হ'ব আৰু কান্দিব নালাগে।বলা এতিয়া পায়স অকনমান খাই লোৱা। দিনটো একোয়েই খোৱা নাই নহয় দুয়োটাই।নহ'লে বিয়নীয়ে ল'ৰা ছোৱালী হালক ভোকতে ৰাখিলে বুলি মুম্বাইতো গালি দি থাকিব মোক!" আচলেৰে দুচকু মচি পাকঘৰলৈ  যাওঁতে কৈ গ'ল অনিমাই।   
   
ঠিকনাঃ                                               
গোলাঘাট
ফোন:৭০০২৮১৫১৪১


অঙ্গন:  পৃষ্ঠাঃ ৪০

প্ৰয়োজন

আশা জ্যোতি শইকীয়া 

              ফৰকাল নীলা আকাশখন গীতিৰ বৰ হেঁপাহৰ। খিৰিকীৰ পৰ্দাখন কোঁচাই তাই বাহিৰলৈ চাই দেখিলে ৰ'দালিৰ জিকমিকনিত সন্মুখত থকা ফুলবোৰ কিমান ধুনীয়া লাগিছে । তাৰ ওপৰতে দুটামান পখিলা পৰি আকৌ দুগুন ৰহন চৰাইছে। প্ৰকৃতিৰ কিমান  অপৰূপ সৌন্দৰ্য্যৰে যে ভৰপূৰ এই পৃথিৱীখন।
           গীতি এজনী সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী । মাক দেউতাকৰ একমাত্ৰ ছোৱালী গীতিয়ে কোনো দিন দুখ কষ্ট অনুভৱ কৰা নাছিল । মাক দেউতাকেও তাইক লৈ বহুত সপোন দেখিছিল । গীতিৰ সপোন নিজকে ফেশ্চন ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠা কৰা।
    'প্ৰয়োজন' এখন জনপ্ৰিয় মাৰ্ট। মহিলাৰ প্ৰয়োজনীয় সকলো বস্তুৰ লগতে সকলো ধৰণৰ সাজ- পোচাক চিলোৱা আৰু কিনিবলৈ উপলব্ধ এখন সুন্দৰ মাৰ্ট । স্বত্বাধিকাৰী গীতিমল্লিকা দুৱৰাই নিজে পূৱা মাৰ্টৰ দুৱাৰ খুলি শাৰী চাফ-চিকুন কৰি গনেশৰ থাপনাত চাকি জ্বলাই সেৱা জনায় । মাৰ্টৰ দুৱাৰ মূখত টাবত দুটা সেউজীয়া গছৰ পুলি ৰুইছে পূৱা গধুলি পানী দি সজীৱ কৰি ৰাখিবলৈ যত্ন কৰে। সহায়িকা আছে যদিও এই খিনি কাম নিজে কৰি ভাল পায় । গীতিমল্লিকা এগৰাকী বিউটি পাৰ্লাৰ প্ৰশিক্ষকৰ লগতে বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতিপ্ৰাপ্ত ফেশ্চন ডিজাইনিঙৰ ডিপ্লমাধাৰী। সেয়ে শাৰী, মেখেলা, চাদৰ, কুৰ্টা, লেহেংগা সকলো বিলাকৰ ডিজাইন নিজে কৰে।
             মাক দেউতাকৰ আলসুৱা গীতিমল্লিকা সৰুৰে পৰা বৰ শান্ত স্বভাৱৰ আৰু পৰিপাটি। সুশ্ৰী অমায়িক ছোৱালী জনীক মাক দেউতাকে মৰমতে গীতি বুলি মাতে। 'প্ৰয়োজনৰ' উৰ্পাজিত ধনৰ আধাখিনি গীতিয়ে এখন বৃদ্ধাশ্ৰমত খৰচ কৰে। আশ্ৰমত যেতিয়া নিথৰুৱা বৃদ্ধসকলৰ মূখত অলপ হাঁহি দেখে গীতিৰ হৃদয়খন  মমতাময় প্ৰশান্তিৰে ভৰি পৰে।শিক্ষকতাৰে মহান দান কৰা পিতৃ-মাতৃৰ গীতি অতি বাধ্য সন্তান । সেয়েহে তাই কৰিবলৈ ইচ্ছা কৰাটোত বাধা নিদি প্ৰতি পদক্ষেপতে উৎসাহ দিয়ে।দুগৰাকী সহায়িকা লগত লৈ আৰম্ভ কৰা' 'প্ৰয়োজন' ত আজি পঞ্চাশ গৰাকী নিবনুৱা যুৱতীক সংস্থাপন দিব পাৰিছে ।
           বিশ্ববিদ্যালয়ত চিনাকি হোৱা গৌতমৰ লগত প্ৰেম বিবাহ হৈছিল গীতিৰ।গৌতম এজন বিখ্যাত  ব্যৱসায়িক। গীতিৰ দৰেই গৌতমো মাক দেউতাকৰ একমাত্ৰ সন্তান । তাইৰ সুন্দৰ চকুহাল, ওঁঠত উজ্জ্বল মিচিকিয়া হাঁহি, শিশু সুলভ অভিব্যক্তিয়ে গৌতমক তাইৰ কাষ চপাই নিছিল। সুপুৰুষ গৌতমৰ প্ৰতিও আকৰ্ষিত হৈছিল গীতি আৰু এই প্ৰেমই এদিন বিবাহ  হৈছিল । দুয়োখন ঘৰৰ সন্মতি মৰ্মেই বিয়া ধুমধামকৈ হৈছিল । একমাত্ৰ বোৱাৰী হেতু শাহু শহুৰেও তাইক খুব মৰম কৰিছিল।
      পূৰ্ণিমাৰ পাছত অমাৱস্যা অহাৰ দৰেই দুয়োৰে জীৱনলৈও যেন অমানিশা নামিছিল। বিয়াৰ দুবছৰ পাৰ হোৱাৰ পিছত গীতি আৰু গৌতমে এটা সন্তানৰ কথা চিন্তা কৰিব ধৰিলে । এমাহ দুমাহকৈ কেইবাটাও মাহ পাৰ হোৱাৰ পাছত দুয়ো ঠিৰাং কৰিলে ডাক্তৰৰ ওচৰত চেক-আপ কৰোৱাৰ কথা। ডাক্তৰ ওচৰত সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত যেতিয়া গম পালে কোনোদিনেই তাই মাক হ'ব নোৱাৰে । কান্দি কান্দি ভাগি পৰিছিল তাই। অনুভৱ কৰিছিল নাৰীৰ আচল শক্তিৰেই অভাৱ তাইৰ। এজন আদৰ্শবান স্বামীৰ বুজনিয়েও গীতিক বুজাব পৰা নাছিল । শহুৰ শাহুয়েও তাইক বুজাইছিল হৃদয়ত যেতিয়া ধৈৰ্য্য, প্ৰেম, বিশ্বাস থাকে নিজৰ সন্তান ন'হলেও বহুত সন্তান লাভ কৰিব পাৰি । গীতিয়ে যেতিয়া গৌতমৰ বুকুৰ মাজত সোমাই কান্দিছিল তেতিয়া সি কৈছিল যে আমি এটা বা দুটা সন্তানৰ পিতৃ মাতৃহে হ'লোহেঁতেন । আমি যদি প্ৰেম, বিশ্বাসেৰে হাজাৰ জন নিথৰুৱা পিতৃ মাতৃৰ সন্তান হ'ব পাৰো তেতিয়া কিমান আত্মাই শান্তি পাব ভাবাচোন।
          গীতি ভাগি নপৰি জীৱনত আগবাঢ়ি যাম বুলি প্ৰতি  শ্ৰুতিবদ্ধ হ'ল। স্বামী আৰু দুয়োটা পৰিয়ালৰ আৰ্দশবান পিতৃ মাতৃৰ সহযোগতেই নিজৰ কলা বিশ্বদৰবাৰত দাঙি ধৰিবলৈ গীতিয়ে 'প্ৰয়োজন'ৰ জন্ম দিছিল । অশেষ কষ্ট  আৰু প্ৰচেষ্টাত চহৰৰ ভিতৰত এখন জনপ্ৰিয় মাৰ্টত পৰিণত হৈছে । সপ্তাহৰ ছয় দিন মাৰ্ট খোলা ৰাখি দেওবাৰে বন্ধ ৰাখে যাতে এই গোটেই দিনটো বিদ্ধাশ্ৰমত  কটাব পাৰে।দেওবাৰে ৰাতিপুৱাই শহুৰ শাহু আৰু মাক দেউতাকক লগত লৈ আশ্ৰমলৈ যায় । আশ্ৰমৰ সকলোৰে মূখত হাঁহি বিৰিঙি পৰে গীতিৰ আগমনৰ লগে লগে। পিতৃ মাতৃ সম আশ্ৰমৰ সকলোৱে দেওবাৰৰ দিনটো লৈ আগ্ৰহেৰে বাট চাই থাকে। গীতিয়ে এজন ডাক্তৰ ঠিক কৰি দিছে দেওবাৰে আশ্ৰমলৈ আহে আৰু সকলোকে চেক্আপ কৰি দিয়ে । গীতিয়ে আশ্ৰমৰ লোক সকলৰ লগত প্ৰেম আৰু আন্তৰিকতাৰে যিমান খিনি অভাৱ পূৰাব পাৰিছে বহুতো নিজৰ সন্তানেও হয়তো নোৱাৰে । সঁচাকৈয়ে জীৱনত সন্তান নহ'লেও প্ৰেম আৰু ধৰ্য্য থাকিলে প্ৰশান্তি লাভ কৰিব পাৰি । আশ্ৰমৰ নিথৰুৱা পিতৃ মাতৃ সকলৰ একমাত্ৰ কনাৰলাখুতি গীতিৰ মূখত তৃপ্তিৰ হাঁহি দেখা পাই শাহু শহু আৰু মাক দেউতাকৰ আনন্দতে নয়নেৰে বাগৰি আহিল দুধাৰি তপত চকুলো ।

ঠিকনাঃ
যোৰহাট                                
৯৯৫৪৯৭৭২৪০
          

অঙ্গন: পৃষ্ঠা ৪১
শেষ পৃষ্ঠাৰ লেখাঃ

দিৱস উদ্‌যাপন আৰু অন্যান্য

           মহান মহৰ্ষি সকলৰ জন্ম বা মৃত্যুৰ লগত সংগতি ৰাখি পৃথিৱীৰ প্ৰতিখন দেশৰ প্ৰতিটো জাতিয়েই বিভিন্ন দিৱস উদ্‌যাপন অতীতৰ পৰাই কৰি অহিছে আৰু আগলৈও কৰি যাব। পৃথিৱীৰ জীৱন কাল থকালৈকে হয়তো এই কাৰ্য ভাগৰ অন্ত নপৰিব। কোনো এজন মহান ব্যক্তিৰ নামত উদ্‌যাপন হোৱা দিৱসে তেওঁৰ মহানতাক প্ৰতিনিধিত্ব কৰে। তেখেতৰ কৰ্মৰাজী, সৃষ্টি, চিন্তাৰ বিশালতা, ব্যক্তিত্ব আদিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পিছৰ প্ৰজন্মই লোৱা প্ৰচেষ্টাৰ ফলশ্ৰুতিত সৃষ্টি হয় এই দিৱস সমূহৰ। যাৰ দ্বাৰা আমি তেখেতৰ গুণানোকীৰ্তন কৰাৰ লগতে তেখেতৰ সৃষ্টি সমূহক ৰাইজৰ আগত সুবহু দাঙি ধৰাৰ প্ৰয়াস কৰোঁ। এই ব্যক্তি বিশেষ দিৱস সমূহৰ উপৰিও আমি আৰু বহুতো দিৱস পালন কৰোঁ। এই সকলোবোৰ দিৱসৰে একো একোটা স্বক্ৰীয় বৈশিষ্ট্য আছে আৰু দিৱস উদ‌যাপন সমিতিতে সেই বৈশিষ্ট্য অক্ষুন্ন ৰাখিব পাৰিলেহে ইয়াৰ মৰ্ধদা ৰক্ষা কৰা হয়।
         বিশ্বৰ অন্যান্য জাতি ধৰ্মলম্বী লোক সকলৰ দৰে আমি অসমীয়া জাতিটোৱেও আমাৰ পৰম পূজনীয় মহান মহৰ্ষি সকলক সুঁৱৰি তেওঁলোকৰ নামত আৰু আমাৰ জাতিটোৰ স্মৰণীয় ঘটনা ৰাজিৰ ওপৰত ভিত্তি কৰি বিভিন্ন দিৱস উদ্‌যাপন কৰি আহিছোঁ। যেনে শিল্পী দিৱস, ৰাভা দিৱস, চিলাৰায় দিৱস, লাচিত দিৱস, চ্যুকাফা দিৱস, গুৰু দুজনাৰ তিথি ইত্যাদিৰ উপৰিও শিশু দিৱস, শিক্ষক দিৱস, শ্ৰমিক দিৱস, কৃষক দিৱস, স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, মে' দিৱস, শিশু শ্ৰমিক বিৰোধী দিৱস ইত্যাদি ইত্যাদি। কিন্তু বিচাৰ্য বিষয় হ'ল, এই উদ‌্‌যাপিত দিৱস সমূহৰ কিমান দিৱসক আমি উচিত মৰ্ধদা দিব পাৰিছোঁ ?
            সৌ সিদিনা ২০ জুন তাৰিখে আমি ৰাভা দিৱস উদ্‌যাপন কৰিলোঁ। প্ৰতিটো অনুষ্ঠানৰ কথা নকওঁ কিন্তু বহুতো অনুষ্ঠানে এই দিৱসৰ জৰিয়তে ৰাভা দেৱক প্ৰকৃত সন্মান প্ৰদান কৰিব পাৰিলেনে ? সন্মান দিলেনে তেওঁৰ সৃষ্টি ৰাজিক ? তেখেতৰ কিমান সৃষ্টিয়ে সেইদিনা প্ৰচাৰৰ মুখ দেখিলে ? এনে প্ৰতিটো প্ৰশ্নৰ উত্তৰ বিচাৰি ওলিয়াব পৰা যাবনে কেতিয়াবা ! যদি নোৱাৰে তেনে তেওঁলোকক তেওঁলোকৰ সৃষ্টিক অপমান কৰাৰ অধিকাৰ কোনে দিলে ?
         উপৰোক্ত প্ৰশ্ন সমূহ কিয় কৰিলোঁ বা কিয় কৰিব লগা হ'ল প্ৰকৃতাৰ্থত আজি এই লিখনিৰ মূল কাৰণটো সেইটোৱেই। সৌ সিদিনা সামাজিক মাধ্যমকে আদি কৰি বিভিন্ন নিউজ চেনেলত দেখিলো যে ৰাভা দিৱসৰ নামত কোনো কোনো ঠাইত অদ্ভূত ধৰণৰ নৃত্য প্ৰদৰ্শন কৰা হৈছে ইয়াৰ উপৰি বহু অনুষ্ঠানত সেইদিনা অধুনিক নৃত্য, বিহু নাচ, বিহু গীত, অধুনিক গীত আদিৰেহে নিশাৰ সাংস্কৃতিক সন্ধ্যা আয়োজন কৰা হৈছে । আমাৰ প্ৰতিটো উৎসৱৰে নিজা নিজা বৈশিষ্ট্য আছে। বিহু সন্মিলনত আমি প্ৰায় সকলো ধৰণৰ গীত, নৃত্য প্ৰদৰ্শনৰ সুবিধা পাওঁ। তেন্তে ৰাভা দিৱস, শিল্পী দিৱস আদিৰ দৰে দিৱস সমূহত আমি কেৱল তেওঁলোকৰ সৃষ্টিৰাজীৰ মাজেৰে পালন কৰিব নোৱাৰোঁনে ? তেওঁলোকৰ ইমান সৃষ্টি আছে যে আমি এদিনতে সেই সমূহ পৰিবেশন বা প্ৰদৰ্শন কৰি শেষ কৰিব নোৱাৰোঁ। গীত, নৃত্য, নাটক, চিত্ৰশিল্প, সাহিত্য আদিৰ সৃষ্টিয়ে তেওঁলোক আমাৰ মাজত চিৰ জীৱন্ত। তেন্তে আমি সেই বিশেষ দিনটোত অন্য গীত নৃত্যৰ সহায় লোৱাৰ প্ৰয়োজন কিয় আহি পৰে ? ইয়াৰ উপৰি এজন মহান শিল্পীৰ মৃত্যু বাৰ্ষিকত আমি তেখেতক আনন্দৰ বাবে সোঁৱৰো নে তেখেতৰ মহানতাৰ বাবে সোঁৱৰো ? প্ৰশ্নবোৰ পঠকলৈ ঠেলিলো‌। আহক চোন আমি এই দিৱস সমূহ কেৱল তেওঁলোকৰ সৃষ্টিৰ দ্বাৰাই উদ্‌যাপন কৰি তাক প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰোঁ।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
6000709096
            

অঙ্গন:  পৃষ্ঠাঃ ৪২





Post a Comment

0 Comments