অঙ্গনঃ চতুৰ্থ বছৰ (৪ নং সংখ্যা)



নিয়মাৱলী:

১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
28 জুলাই 2023.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 3
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা-- 5
👉প্ৰৱন্ধ : পৃষ্ঠা-- 6-9
👉ধাৰাবাহিক: পৃষ্ঠা--10
👉এক মিনিটৰ গল্প: পৃষ্ঠা -- 11-12
👉অণুগল্প : পৃষ্ঠা -- 13-16
👉অনুবাদ সাহিত্য : পৃষ্ঠা--17-18
👉কবিতা: পৃষ্ঠা--19-31
 👉নীলা খামৰ চিঠি: পৃষ্ঠা--32
👉গল্প: পৃষ্ঠা--33-38
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা-- 39

অঙ্গন: পৃষ্ঠাঃ 4
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ
সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ


প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ 5
সম্পাদকীয়ঃ
নিগনি দৌৰ

পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম৷ কল্পনা কৰকচোন, এই পৃথিৱীখন যদি একেদৰেই থাকিলহেঁতেন, আমি সকলো যদি একেটা অৱস্থাতেই ৰৈ থাকিলোহেঁতেন! এয়া সম্পূৰ্ণৰূপে অবাস্তৱ, অসম্ভৱ৷ কিন্তু তাৰ লগতে এয়াও ধ্ৰুৱ সত্য যে এই পৰিৱৰ্তনবোৰৰ প্ৰতিটো পৰিৱৰ্তন আমাৰ বাবে উপযোগী নহ'বও পাৰে৷ তেনে এটি পৰিৱৰ্তনকে আমি “নিগনি দৌৰ” বুলি অভিহিত কৰিব বিচাৰিছোঁ৷
আমি সকলোৱে নিজৰ ঘৰৰ ভিতৰতে হওক বা আনৰ ঘৰতেই হওক নিগনি দৌৰ প্ৰত্যক্ষ কৰিছো৷ নিগনিটোৱে ইমান বেগেৰে আমাৰ কাষেৰে দৌৰি যায়, আমি ধৰিবই নোৱাৰোঁ৷ কিন্তু আচৰিত কথা, নিগনিটোৱে ইমান বেগেৰে দৌৰি যায় যদিও তাৰ নাথাকে কোনো নিৰ্দিষ্ট লক্ষ্য, নাথাকে কোনো পৰিকল্পনা৷ যাৰ ফলত নিগনিটোৱে প্ৰায়েই বিফল হয়৷
এতিয়া মূল কথালৈ আহোঁ৷ শইকীয়াই বিয়া পতা এবছৰ হৈছেহে মাত্ৰ৷ ঘৈণীয়েকে ক’লে-দেখা নাই বৰুৱাৰ ঘৈণীয়েকে আজিকালি কেনেদৰে বজাৰ কৰিবলৈও ড্ৰাইভাৰৰ সৈতে গাড়ীখন লৈহে যায়৷ দিনটোত এবাৰো কিজানি ভৰি দুখন মাটিত পৰিবলৈ নিদিয়ে৷ সেয়াহে জীৱন। গোটেই পৃথিৱীখন সলনি হৈছে, মানুহে মঙ্গল গ্ৰহটো ভৰি দিলে আৰু আপুনি এতিয়াও সেই পুৰনা স্কুটাৰখনকে চলাই অফিচলৈ অহা যোৱা কৰে৷ মই আৰু কিমান ক’ম আপোনাক? নিজৰ গাড়ী এখন নহ’লে কিমান অসুবিধা হয় আপুনি এবাৰ ভাবি চাইছেনে? “ঘৈণীয়েকৰ কথা শুনি শইকীয়া তলকা মাৰি বহি থাকে৷ কিন্তু কিমান দিনলৈ তেনেকৈ থাকিব? আজিকালি সৰু সুৰা  দুই এটা কথাতেই ঘৈণীয়েকে শইকীয়াক পৰিৱৰ্তনৰ বুৰঞ্জী পঢ়ুৱায়, শইকীয়াই মনোকষ্ট পায়৷ গতিকে শইকীয়াৰ হাতত এটাই উপায় আছে― 'নিগনি দৌৰ’৷
আৰম্ভ হৈ গ’ল শইকীয়াৰ নিগনি দৌৰ৷ মাহেকত মাত্ৰ কেইটকামান দৰমহা পোৱা শইকীয়াই ঘৈণীয়েকৰ মৰমৰ অত্যাচাৰত সিদ্ধান্ত লৈ পেলালে যে আগন্তুক ছমাহত তেখেতে গাড়ীখন কিনিব৷ দামী গাড়ী হেনো শইকীয়াৰ পত্নীৰ খুব ভাল লাগে। ঘৈণীয়েকে আজিকালি সদায় ৰাতি শইকীয়াক কয়-
“আপুনি গাড়ীখন অনাৰ দিনা মই আনন্দতে পাগল হৈ যাম জানানে?
ইফালে শইকীয়াৰ হিচাপ মিলি নাহে৷ ঘৈণীয়েকে নাক বজাই শুই থকাৰ পৰত তেখেতে গোটেই ৰাতিটো উজাগৰে থাকি গাড়ীৰ বাজেট মিলাবলৈ চেষ্টা কৰে৷ তেখেতৰ স্বাস্থ্যৰ হানি হয়, হতাশাই আগুৰি ধৰে। মাজে মাজে নিজৰে ওপৰতে ধিক্কাৰ জন্মে, অতি সহজে বহু ধন সম্পত্তি লাভৰ স্বপ্ন দেখে৷
শইকীয়া, কেৱল এটা উদাহৰণ৷ সমাজৰ গৰিষ্ঠ সংখ্যক লোকেই তেনে নিগনি দৌৰত দৌৰি দৌৰি ভাগি পৰিছে বুলি মনে ধৰে৷ কোনোৱে সম্পত্তি লাভৰ দৌৰত, কোনোৱে জনপ্ৰিয় হোৱাৰ দৌৰত, কোনোৱে মিছা সপোন এটিৰ পিছত দৌৰি ফুৰিছে।
গতিকে, আহকচোন আমি নিজৰ সীমাৱদ্ধতাৰ বিষয়ে জানো। আনক দেখি নিজস্বতাক বিসৰ্জন দি যিকোনো কাম কৰাৰ পৰা আঁতৰি থাকোঁ। আমি সুখী হ’ব পৰাকৈ আমাৰ হাতত বহুখিনিয়েই থাকে, যিদৰে দুখী হ’ব পৰাকৈও আমাৰ হাতত বহু বস্তু নাথাকে৷ আমি সদায় থকাখিনিৰেই হাঁহিবলৈ যত্ন নকৰোঁ কিয়? তাৰ মানে এয়াও নহয় যে আমাৰ কোনো হাবিয়াস, কোনো আশা-আকাংক্ষা নাই৷ নিশ্চয় আছে৷ কিন্তু তাৰ বাবে নিৰ্দিষ্ট পৰিকল্পনাও থকা প্ৰয়োজন।
উল্লেখ্য যে বৈষয়িক প্ৰাপ্তি এটা ক্ষণস্থায়ী সুখ মাথোন৷ মৰম-ভালপোৱা, বিশ্বাস-আত্মীয়তা এইবোৰ হৈছে চিৰস্থায়ী সুখ৷
এতিয়া আমি নিজেই নিৰ্বাচন কৰিব লাগিব, কোনবিধ সুখক আমি অগ্ৰাধিকাৰ দিম। আমি বুজিব লাগিব যে নিগনি দৌৰত আমি বিফল হোৱাৰ সম্ভাৱনাই অধিক।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 6
প্ৰৱন্ধঃ

মনৰ দিগন্তৰে সফল হোৱাৰ মন্ত্ৰ শিকোঁ আহক

প্ৰিয়ম ৰাগিণী

জীৱন এনে এটা বিষয় আৰু ইয়াৰ পৰিসৰ ইমানেই বহল যে জীৱনৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি।মানৱ জীৱন এটা লাভ কৰি পৃথিৱীলৈ অহাৰ পাছত মানুহে এই পৃথিৱীত কৰা ভাল কামেৰে নিজৰ নাম অক্ষুণ্ণ ৰাখি কাললৈ খিয়াতি ৰাখি থৈ যাব পাৰে।আমি মানুহবোৰ বিবেকৰ দ্বাৰা পৰিচালিত হৈ কৰ্ম কৰি জীৱনত আগুৱাবলৈ চেষ্টা কৰোঁহক ।সেয়ে আমি পৰাপক্ষত বেয়া কৰ্মৰ পৰিবৰ্তে ভাল কৰ্মৰেহে নিজক চিনাকি দিব লাগে।কিন্তু আজিৰ সাম্প্ৰতিক প্ৰেক্ষাপটত মানুহবোৰ আচলতে মানুহ হৈ আছেনে?নিতৌ সংঘটিত হোৱা ন ন কৰ্মকাণ্ডবোৰে বাৰু আমাৰ মানুহচামৰ মানসিকতা যে দিনে দিনে নিম্নগামী হৈ পৰিছে তাকেজানো প্ৰতিপন্ন কৰা নাই?কৰ'বাত কোনোৱাখিনিত আমিবোৰ উজুতি খাইছোঁ।সততা, সৰলতা,বিশ্বাস ,মৰম ,আন্তৰিকতা,সদভাৱ সদপ্ৰীতিবোৰ কৰ'বাত হেৰুৱাই পেলাইছোঁ।অথচ আমি যদি বিশ্লেষণ কৰি চাওঁ তেনে বিচাৰি পাম জীৱন বৰ সুন্দৰ।জীৱন মধুময়।যদিহে কোনোবাই জীৱনৰ মাদকতাৰ ৰস পাণ কৰা নাই তেনেহ'লে তেওঁৰ জীৱন সাৰ্থক নহয় বুলি ভাবি লবলৈ আমি বাধ্য।সেয়েহে মানুহে এই জীৱন কালচোৱাত সফল হ'বলৈ বাৰে বাৰে চেষ্টা কৰে।জীৱন পথচোৱা কণ্টকাকীৰ্ণ বুলি জানিও জীৱনক জানিবলৈ,জীৱনটোক বুজিবলৈ যত্ন কৰাটোৱে মানুহৰ প্ৰধান কৰ্তব্য আৰু ধৰ্ম হৈ পৰে।জীৱনৰ সমুখত আহি পৰা দুখ যন্ত্ৰনা একাষৰীয়াকৈ থৈ নিজৰ জীৱনটোক ভাল পাবলৈ শিকে।বাৰে বাৰে জীৱনৰ প্ৰেমত পৰে।মানুহৰ জীয়াই থকাৰ হেঁপাহ,মৰম, সুখ সাফল্যই মানুহৰ জীৱনলৈ আনি দিয়ে এক অনাবিল আনন্দ।
     জীৱন সুন্দৰ বুলি ভাবি লোৱা যায় সেইসকলৰ বাবেহে যাৰ জীৱনত যন্ত্ৰনা নাই কিন্তু তাৰ পৰিবৰ্তে এচাম মানুহ অহৰহ যন্ত্ৰনাত লুটি পুটি হৈ থাকে।যদি যন্ত্ৰনাক একাষৰীয়াকৈ থৈ জীৱনক বিশ্লেষণ কৰোঁ তেনে সুখ শান্তি আনন্দবোৰৰ সমষ্টিক লৈ আগুৱাই যাওঁতে মনৰ মাজত যি আহ্লাদিত আত্মিক আনন্দই মনত খোৰাক যোগায় আচলতে সেইয়াই সফলতা।সেইয়াই জীৱনৰ নিৰ্মোহ বিশ্লেষণ।আমি মানুহ শ্ৰেণীয়ে ভাবি ল'ব লাগিব যে জীৱন মানেই সুখ আৰু দুখৰ সমষ্টি ,প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মিশ্ৰণ।দুয়োটা বস্তুৰ সহঅৱস্থানতহে আমি গতি কৰি থাকোঁ।কিন্তু জীৱনৰ পথচোৱাত সিংহভাগ মানুহে কেৱল যন্ত্ৰনাখিনিৰ হিচাপ নিকাচ বেছিকৈ কৰি থকাৰ বাবে অসুখী অনুভৱৰ পৰিমাণ বেছি হৈ পৰে।তাতকৈ আমি ভাবি ল'ব লাগিব দুখ থকাৰ বাবে সুখৰ অনুভূতিৰ প্ৰয়োজন আছে।সুখ থকাৰ বাবেই দুখৰ উপলব্ধি কৰিব পাৰোঁ।মুঠৰ ওপৰত যি কথাই মনত ইতিবাচক প্ৰভাৱ পেলায় সেই ভাৱনাক আগত ৰাখি আগুৱাই মানৱ জীৱনক সাৰ্থক ৰূপ দিয়াটোতে মানুহ অহৰহ ব্ৰতী হ'ব লাগে তেতিয়াহে মানুহ আচলতে সফল হয়।দুখ দুখ বুলি হাত সাৱটি বহি থাকিলে সুখে আহি কেতিয়াও ভীৰ নকৰেহি।জীৱন অতি ৰহস্যময়,এক নুবুজা সাঁথৰ।তাৰ মাজতো কিন্তু আমি জীৱনক জীৱন কৰি গঢ়ি তুলিব লাগিব ।আমি জীৱনক ভিন্ন দৃষ্টিকোণৰপৰা ভিন্ন ভিন্ন ব্যাখ্যা আগবঢ়াওঁ।কাৰোবাৰ মতে জীৱন সুন্দৰ আন কাৰোবাৰ মতে জীৱন দুখৰ।কোনোবাই কয় জীৱন হৈছে প্ৰেমৰ সংগীত।কাৰোবাৰ মতে জীৱন এক নুবুজা সাঁথৰ।তথাপি যেন জীৱন হৈছে মানুহৰ বাবে স্ৰোতস্বিনী নদী।এই নদী নিৰবধী।তাৰ মাজতে মনৰ দিগন্ত প্ৰসাৰি লাভ কৰিব পাৰি সফলতাৰ উচ্চ শিখৰ। সুখ দুখ-যন্ত্ৰনা মানৱ জীৱনত থাকিবই ।তাৰ মাজতে জীৱনক জীৱন কৰোঁ আহক।সুৰীয়া জীৱনৰ বাট কাটি ক্ষণিক সময়ৰ  জীৱনটোক কৰি তোলো অৰ্থবহ।ইতিবাচক চিন্তা চৰ্চাৰে মনৰ দিগন্ত প্ৰসাৰি আগুৱাই যাওঁ বলক।নেতিবাচক চিন্তাধাৰাই মানুহৰ মনক কৰি তোলে যন্ত্ৰনাময়।ইতিবাচক চিন্তাই মানুহৰ মনক কৰি তোলে সুখময়।এই কথা জানিও কিয়নো পিচ হুহকি দুখবোধক জীৱন কটাওঁ?সময় সলনি হৈছে।সুখ বিচাৰি পোৱা উৎস বহুত আছে।তাক বিচাৰি নিজ নিজ কৰ্মদক্ষতাৰে নিজৰ জীৱন পথত আগুৱাই জীৱনক মহামূল্যৱান কৰি তোলো আহক। সাংসাৰিক যাত্ৰাপথত সৰু সৰু খঙ ৰাগ অভিমানবোৰ অৰ্থহীণ বুলি ভাবি তাৰ বিকল্প হিচাপে এৰাধৰা মনোবৃত্তি গ্ৰহণ কৰোঁ আহক।সকল কথা ধৰি থাকিলে নিজৰ কৰ্তব্য পথৰপৰা দেখোণ পিচলি পৰি অহৰহ সেই সৰু কথাবোৰে মন মগজুক আক্ৰান্ত কৰি ৰাখি ঠেক পৰিসৰত আপোনাক সীমাবদ্ধ কৰি ৰাখিব।তাৰ পৰিবৰ্তে কথাবোৰ যুক্তিসহকাৰে ভাবক।সমস্যা য'ত হৈছে অনুসন্ধান কৰি সমাধানৰ পথ বিচাৰি লওক।মনটোক কলুষ কালিমাৰ পৰা মুক্ত ৰাখক। আনৰ ভাল বেয়াৰ বিচাৰক হ'বলৈ যোৱা,আনৰ কুৎসা ৰটনা কৰা বদনাম কৰা কথাবোৰত পৰাপক্ষত ভাগ ল'ব নালাগে।আনে ল'লেও নিবাৰণ কৰাত অগ্ৰণী ভূমিকা লওক।আমাৰ সমাজত এচাম মানুহ আছে কেৱল আনৰ দোষ খুচৰো খুচৰোকৈয়ে থাকে।কিন্তু সেয়ে নকৰি দোষবোৰক সমালপচনা নকৰি ভাল গুণবোৰকো শ্ৰদ্ধা কৰিবলৈ শিকিব লাগে।নিজে যিমান ইতিবাচক হ'ব সিমানে আপুনি জনমানসত উজ্বলি উঠিব।নিজে সমালোচনাত ভাগ ল'লে নিজেও সমালোচিত হোৱাৰ ভয় থাকে।মনক সৱল নেতৃত্ব দিব পৰাটো নিজৰ লগত কথা।মনৰ দিগন্ত নিজৰে বহল নহ'লে আনক বহ'ল হ'বৰ বাবে উপদেশ দিয়া বৃথা প্ৰয়াসৰ লগতে হাঁহিয়াতৰো পাত্ৰ হোৱা যায়।সময় যেহেতু সলনি হৈছে।সময়ক অপচয় কৰি সময় কটোৱাৰ দিন উকলি গৈছে।নিজকক সমাজত উজ্বলাই নুতুলিলে আনে আহি আপোনাৰ হাতত ধৰি আগুৱাই নিনিয়েহি।নিজৰ কৰ্মদক্ষতা ইচ্ছা শক্তি,একাগ্ৰতা,উচ্চাকাংক্ষা সকলো নিজৰ আয়ত্বৰ ভিতৰত ৰাখি জীৱনত সফল হ'ব পৰাজনেই আচল মানুহ।জীৱনত সফল হোৱা সহজ নহয়।সফল হ'বৰ বাবে বহু বাধাবিঘিনী থাকে।তাৰ মাজতে আমি জীৱন জীয়াব লাগে।

অঙ্গন: পৃষ্ঠাঃ 7
ভক্ত শুক্লধ্বজ, বৃন্দাবনী বস্ত্র আৰু বীৰ চিলাৰায় 

উলুপী কাকতী, নতুন দিল্লী

ভূৱনেশ্বৰী আইদেৱে সন্ধিয়া মন্দিৰা বজাই শুৱলা সুৰৰে গীত গায় | স্বামী শুক্লধ্বজে মনোমুগ্ধ হৈ শুনে | এদিন তেওঁ সুধিলে, " তুমি এনে সুন্দৰ গীত যে গোৱা সেইবোৰ কোনে ৰচনা কৰা ?" ভূৱনেশ্বৰী আইদেৱে ক'লে, " মোৰ পিতৃৰ জ্যেষ্ঠ ভ্ৰাতা পৰম ধাৰ্মিক বৈষ্ণৱ শ্ৰেষ্ঠ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা |"
শুক্লধ্বজে এই কথা শুনি পৰম আগ্ৰহ সহকাৰে ভাৰ্য্যাৰ পৰা তেখেতৰ বিষয়ে গম ল'লে | তাৰ পিচত মহাপুৰুষজনাক লগ পাবলৈ প্ৰবল ইচ্ছা বেকত কৰি মহাপুৰুষজনাক অনাবলৈ নাৱেৰে দূত পঠিয়াই দিলে | দূতে শুক্লধ্বজৰ আজ্ঞা শুনাই অতি সম্ভ্ৰম সৎকাৰ কৰি শংকৰদেৱক লৈ আহিলেগৈ | শুক্লধ্বজেও আদৰ সমাদৰ কৰি শংকৰদেৱক তেওঁৰ নগৰতে থকাৰ ব্যৱস্থা কৰিলে | সময়ত মল্লনাৰায়ণ ৰজাই ভ্ৰাতা ' চোট ৰাজা' শুক্লধ্বজৰ পৰা শংকৰদেৱৰ কথা শুনি তেখেতক দেখা কৰাৰ প্ৰস্তাব দিলে | শুক্লধ্বজে শংকৰদেৱক ৰজা মল্লনাৰায়ণৰ ওচৰলৈ লৈ গ'ল | ৰজাই তেওঁক পৰম আদৰ সন্মান জনাই অনেক ক্ষণ শাস্ত্রৰ আলোচনা কৰিলে | ৰজাই বিষ্ণু - বৈষ্ণৱৰ কথা, বৈকুণ্ঠৰ বিবৰণ, বৃন্দাবনৰ বৃতান্ত, শ্ৰীকৃষ্ণ আৰু গোপ গোপিনীসকলৰ বিৱৰণ সুধিলত মহাপুৰুষজনাই সকলো তন্ন তন্নকৈ ৰজাক বিৱৰি ক'লে | তাৰ পাছত শুক্লধ্বজ আৰু মল্লনাৰায়ণ ৰজাই নম্ৰভাবে বৃন্দবনখন পটত দেখুৱাব পাৰে যদি অতিশয় আনন্দ লাভ কৰিব বুলি ক'লে | এই কথা শুনি শংকৰদেৱে ৰজাক ক'লে যে কাপোৰৰ পট বোৱাৰ নিমিত্তে নানা বৰণীয়া সুতাৰ দিহা কৰিলে নিশ্চয় কেইমাহ মানৰ ভিতৰত সেই পট প্ৰস্তুত কৰিব পৰা যাব | ৰজাই সন্তোষ লভি আৱশ্যকীয় সামগ্ৰীৰ যোগানৰ ব্যৱস্থা কৰিলে | তাঁতীকুচি আদি ৰাজ্যৰ খণ্ডৰ ওপৰত শংকৰদেৱক অধিকাৰ প্ৰদান কৰি পাটবাউসীতে বাৰভূঞা পদত অভিষেক কৰিলে আৰু সেইখণ্ড ৰাজ্যৰ পালন শাসনৰ ক্ষমতা দিলে | ককায়েক নৰনাৰায়ণ  (মল্লনাৰায়ণ) ৰজাৰ এই কথাত শুক্লধ্বজ আনন্দিত হ'ল |  তেখেতৰ পত্নী,  ৰামৰায় আতাৰ জীয়ৰী ভূৱনেশ্বৰী আইৰ সতে শৰণ দিবলৈ অনুনয় বিনয় কৰাত মহাপৰুষজনাই দূয়োকে শৰণ দিলে |
      পাটবাউসীত শংকৰদেৱে তাঁতী সকলক ৰজাৰ আদেশৰ কথা শুনায় আৰু  বৃন্দাবনীয়া কাপোৰ ব'বলৈ লগাই দিয়ে | এই কথাৰ বিষয়ে বহলাই পিচত লিখা হ'ব | সেই হিচাবে আমাৰ অসম গৌৰৱ বৃন্দাবনী বস্ত্র প্ৰস্তুত কৰাৰ হোতা ভক্ত শুক্লধ্বজেই নহয় জানো ?
              শংকৰদেৱে ভকতসকলক লগতলৈ তীৰ্থ ভ্ৰমণ কৰি উভতি আহি বেহাৰ পাই ঘাটত নাও লগালত শুক্লধ্বজে মহাপুৰুষজনক আনি আগৰবাৰ আহি থকা ফুলনিবাৰীৰ বাহাতে থাকিবলৈ ব্যৱস্থা কৰিলে | 
শুক্লধ্বজৰ সৈতে ভূৱনেশ্বৰী আইক আদিকৰি এশ গৰাকী ৰাণীয়ে প্ৰত্যেকে  একোসাজ কাপোৰ, ধন আৰু একোধাৰ ফুলৰ মালা  শংকৰদেৱৰ সন্মুখত থৈ মহাপুৰুষজনাক সেৱা জনালে | সকলোকে  এধাৰীকৈ মালা সমাদৰে দি যোৱাৰ পাচত দুধাৰী মালা ৰৈ যোৱাত নিজে পিন্ধি ল'লে |সেই এশগৰাকীয়েও প্ৰাৰ্থনা কৰি ধৰ্মক ধৰিলে | ৰজা নৰনাৰায়ণৰ আজ্ঞা মতে শুক্লধ্বজে সন্ধৰা কাজীৰ কলবাৰীৰ কলগছবোৰ কাটোৱাই সেই স্থানতে হাতীবাৰী নামঘৰ, মনিকূচ আদি সজাই মহাপুৰুষজনাৰ থকাৰ ব্যৱস্থা কৰালে | তাতে ডেৰ বছৰমান কাল থাকি সৎ কথা আলোচনা কৰিলে |
তাৰ পিচত ১৪৯০ শকত ভাদৰ শুক্লা দ্বিতীয়া তিথিত দিনৰ ডেৰ প্ৰহৰত মহাপুৰুষ শংকৰদেৱে নশ্বৰ দেহ পৰিত্যাগ কৰি বৈকুণ্ঠ প্ৰয়াণ কৰিলে | ভক্ত শুক্লধ্বজে শৱদাহৰ বাবে আৱশ্যকীয় বিস্তৰ ঘিউ, চন্দন-অগৰ কাঠ ৰাজভঁৰালৰ পৰাই পঠিয়ালে |
এইয়া ভক্ত শুক্লধ্বজৰ কাহিনী ,যিজনা ভক্তৰ বাবেই অসম গৌৰৱ বৃন্দাবনী বস্ত্রৰ প্ৰস্তুত হৈছিল |
           এইবাৰ  শুক্লধ্বজৰ চিৰ পৰিচিত ৰূপ বীৰ চিলাৰায়ৰ বিষয়েও চমুকৈ  উনুকীয়াই লওঁ | কমতাপুৰৰ কোঁচ বংশৰ মহা প্ৰতাপী মহাৰাজ বিশ্বসিংহ (১৫২৩-১৫৭৭) আৰু মহাৰাণী পদ্মাৱতীৰ তৃতীয় পুত্র আছিল শুক্লধ্বজ | পূৰ্ণিমা তিথিত জন্ম গ্ৰহণ কৰা আৰু গাৰ বৰণ উজ্জ্বল বগা হোৱাৰ বাবে নাম ৰখা হৈছিল শুক্লধ্বজ | উচ্চ শিক্ষা লাভ কৰিবলৈ ককায়েক মল্লদেৱৰ সৈতে বাৰনাসীলৈ গৈছিল | তাত বিভিন্ন বিষয়ত---- সংস্কৃত ব্যাকৰণ , সাহিত্য, আইন, জ্যোতিষবিদ্যা আদিৰ লগতে যুদ্ধবিদ্যাৰো জ্ঞান আহৰণ কৰে | কাশীত ব্ৰহ্মানন্দ নামৰ এজন সাধক তপস্বী পণ্ডিতৰ ওচৰত শাস্ত্রাদি অধ্যয়ণ কৰিছিলে |
খ্ৰীঃ১৫৩৪ চনত মল্লদেৱে নৰনাৰায়ণ নাম লৈ কোঁচ ৰাজপাটত উঠি ৰজা হ'ল | আৰু অনুজ শুক্লধ্বজক  যুৱৰাজ পাতিলে | যুৱৰাজ  শুক্লধ্বজ এজন অতি বাহুবলী আৰু যুদ্ধবিদ্যাত পাৰ্গত আছিল | তেওঁৰ বাহুবলেই নৰনাৰায়ণ ৰজাৰ ৰাজ্যত মূলশক্তি আছিল | আহোম ৰজাৰ সৈতে ১৫৪৬ চনত  নিকৰাই  নৈৰ পাৰত এক ঘোৰ ৰণ হৈছিল | যুদ্ধত তেতিয়াৰ আহোম ৰজা চুক্লেনমুং ( গড়গঞা ৰজা) ঘটিল আৰু ৰজাই নৰনাৰায়ণলৈ নিজৰ জীয়ৰী এগৰাকীক বিবাহ দি সন্ধি  স্থাপন কৰে | আহোম ৰজাৰ লগত মিত্রতা কৰাৰ পিচত  শুক্লধ্বজক হিড়িম্বেশ্বৰ ৰাজ্য আক্ৰমণ কৰিবলৈ পঠালে | শুক্লধ্বজে নিজ পৰাক্ৰমে হিড়িম্বা বা ডিমাপুৰৰ কছাৰী ৰজাক যুদ্ধত পৰাজয় কৰি নৰনাৰায়ণৰ তলতীয়া কৰে |কছাৰী ৰাজ্য কোঁচৰাজ্যৰ শৰণীয়া কৰাৰ পাচত মনিপুৰৰ ৰজাই শুক্লধ্বজৰ বাহুবলক সম্ভেদ পাই যুদ্ধ নকৰাকৈয়ে ২০,০০০ টকাৰ ৰূপ ,১০০০ সোণৰ মোহৰ আৰু ১৪ টা হাতীৰে পেচকচ্  পঠিয়াই কোঁচ ৰজাৰ সৈতে সন্ধি কৰিলে | তাৰ পাচত জয়ন্তীয়া ৰজাক ৰণত হত্যা কৰি ৰজাৰ পুতেকক পিতৃৰ সিংহাসনত স্থাপন কৰি কৰতলীয়া ৰজা পাতিলে | জত্রন্তীয়া ৰাজ্যৰ অন্তৰ্গত খৈয়াম ৰাজ্যৰ ৰজা বীৰ্য্যৱন্তই যুদ্ধ নকৰি বহু মূল্যবান পেচকচ দি বশ্যতা  স্বীকাৰ কৰি কৰতলীয়া হ'ল | তাৰ পাচত ডিমূৰীয়া ৰাজ্য আক্ৰমণ কৰি ৰজাক বন্দী কৰি আনে।
        ডিমুৰীয়াৰ পিছতে শ্ৰীহট্ট ৰজাৰ লগত দহদিন তুমুল যুদ্ধত চিলাৰায় উণ্মত্তহৈ চিলনি উৰাৰ দৰে উৰি খোলা তৰোৱালৰে শ্ৰীহট্টৰ ৰজাক নিজ হাতোৰে কাটি খণ্ড বিখণ্ড কৰিলে | তেওঁৰ চিলা উৰা দি উৰি কৰা ৰণ কৌশলৰ বাবে শুক্লধ্বজ চিলাৰায় হৈ পৰিল |
১৫৬২ আৰু ১৫৬৩ চনত চিলাৰায়ে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰে | স্বৰ্গদেউ যুদ্ধত হাৰে | সদৌ শেষত গৌড়দেশ আক্ৰমণ কৰিবলৈ নৰনাৰায়ণ ৰজাই চিলাৰায়ক পঠিয়ায় | শ্ৰীহট্টত কোঁচ সৈন্যবাহিনী  একেবাৰে জুৰুলা হোৱাৰ বাবে গৌড় ৰজাৰ তেজী সৈন্যৰ  আগত তিকিব নোৱাৰিলে | কিন্তু  চিলাৰায়ে অসংখ্য শত্রু সৈনিকৰ মাজত সোমাই সিংহ বিক্ৰমৰে যুদ্ধ দিলে যদিও বীৰ চিলাৰায় বন্দী হ'ল |
         গৌড়ৰজাৰ মাতৃক সৰ্প দংশনৰ ফলত মৃতপ্ৰায় অৱস্থাৰ হয় | চিলাৰায়ে বন্দী অৱস্থাতে মাতৃগৰাকীক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰে | সেই কথাত কৃতজ্ঞ হৈ ৰজাই চিলাৰায়ক মুক্তি প্ৰদান কৰে | চিলাৰায়ৰ বন্দীৰ সময়তে ১৫৫৩ চনত গৌড়ৰাজ্যৰ সেনাপতি কালাপাহাৰে (কালাঁচাদ) অসম আক্ৰমন কৰি কামাখ্যা মন্দিৰকে আদি কৰি অনেক দেৱ দেৱীৰ মন্দিৰ ভাঙি চূৰ্ণ কৰে | পিচত ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে সেইবোৰ পুনৰ নিৰ্মাণ কৰে | তাৰ দুবছৰমানৰ পাচত দিল্লীৰ সম্ৰাট আকবৰৰ সেনাপতি মানসিংহই গৌড়দেশ জয় কৰে , এই ছেগতে চিলাৰায়ে গৌড়ৰাজ্য মোগলৰ সৈতে সমানে ভাগ কৰি লয় |
        এনে সময়তে বসন্তৰোগত আক্ৰান্ত হৈ ১৫৭৭ চনত গঙ্গাৰ পাৰত অসমৰ এইজনা মহাবীৰ চিলাৰায়ে ইহ লীলা সম্বৰণ কৰে |

অঙ্গন: পৃষ্ঠাঃ 8
সফলতাৰ আঁৰৰ সংগ্ৰাম
 
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি,অসম
দূৰভাষ:-৮৬৩৮০৯৮৯২২
 
নিজ জীৱন কালত একোৱেই কৰিবলৈ সক্ষম নোহোৱা ব্যক্তি অৰ্থাৎ যেতিয়া জীৱনত প্ৰগতিৰ পথ বিচাৰি নাপাওঁ তেতিয়া আমি মনে মনে আমাৰ জীৱনক ব্যৰ্থ বুলি ভাবিবলৈ আৰম্ভ কৰোঁ। কিন্তু ইয়াতে কথা এটা হ'ল, যিসকল লোক আমাৰ দৃষ্টিত বহুত সফল বুলি আমি কল্পনা কৰো। আচলতে তেনেকুৱা লোকসকলেও নিজ নিজ দৃষ্টিত ব্যৰ্থ বুলি মনতে কল্পনা কৰি লোৱা বহুতো উদাহৰণ আমাৰ মাজতে দেখিবলৈ পোৱা যায়। গতিকে মোৰ মতে সফলতা আৰু অ-সফলতাৰ কোনো এটি নিৰ্দিষ্ট সংজ্ঞা দিয়াটো আমাৰ বাবে বহুতো কঠিন। তথাপিও আমি সাধাৰণতে জন্ম গ্ৰহণ কৰাৰ সময়ত যি অবস্থাত আছোঁ তাৰ তুলনাত আমি যদি জীৱনত আৰু অধিক আগুৱাই যাবলৈ সক্ষম হৈছোঁ তেন্তে সমাজৰ দৃষ্টিত এজন সফল ব্যক্তিয়ে বুলি ধৰি লোৱা হয়। ইয়াৰ ঠিক বিপৰীত হ'লে সমাজৰ দৃষ্টিত এজন অসফল ব্যক্তি বুলি ধৰি লোৱা হয়। এই ক্ষেত্ৰত নিজ নিজ দৃষ্টিকোণত কিছু অন্তৰ আহি পৰা স্বাভাৱিক।
এতিয়া কথা হ'ল, যিবোৰ মানুহ নিজ দৃষ্টিকোণৰ উপৰিও সমাজৰ দৃষ্টিতো এজন অ-সফল ব্যক্তি তেনেধৰণৰ লোকসকলৰ জীৱন কালৰ কাহিনী আমাৰ বাবে কিমান লাগতীয়াল হ'ব পাৰে তাক আমি হয়তো কল্পনা কৰিব নোৱাৰোঁ। আচলতে ব্যৰ্থ জীৱনৰ কাহিনী কোনেনো লুটিয়াই চাব বিচাৰিব নহয় জানো?। মুঠতে আমি সকলোৱে ভাবোঁ এজন সফল ব্যক্তিৰ জীৱনীৰ অধ্যয়নৰ জৰিয়তে আমিওঁ হয়তো সফলতাৰ শিখৰত অতিক্ৰম কৰিবলৈ সক্ষম হ'ম। সফল ব্যক্তিৰ ডায়েৰী বোৰত কিছু বিফলতা, সংঘৰ্ষৰ দিশবোৰ আঙুলিয়াই দিয়া নিশ্চয় থাকে। কিন্তু আজিৰ তাৰিখত তেওঁলোক হয়তো বহুত সফল নহয়নে ?। এনেধৰণৰ সফল ব্যক্তিৰ জীৱন ডায়েৰীৰ পৰা আমি নিশ্চয় বহুতো শিক্ষা আহৰণ কৰিবলৈ সক্ষম হওঁ। কিন্তু আমি সফল ব্যক্তিৰ জীৱনীৰ পৰা আহৰণ কৰা শিক্ষাক কিদৰে সফলতাপূৰ্বক ভাবে আমাৰ জীৱনলৈ নমাই আনিব পাৰোঁ তাৰেই প্ৰকৃত শিক্ষাবোৰ অৰ্থাৎ সফলতাৰ আঁৰৰ সংগ্ৰাম কিমান মহত্বপূৰ্ণ হয় সেই সকলোখিনি বিষয় আমি এজন ব্যৰ্থ মানুহৰ জীৱনৰ পৰা পোৱা যায়। 
সচৰাচৰ আমি সফলতাৰ ডায়েৰী বহু অধ্যয়ন কৰো বা মানুহৰ মুখে মুখে কাহিনীৰ মাধ্যমেৰে আমি প্ৰতিজনে শুনিবলৈ পাওঁ। কিন্তু পৰাপক্ষত আমি সফলতাৰ কাহিনী শুনাৰ উপৰিও সফলতাৰ আঁৰত সংগ্ৰাম খিনি লুটিয়াই চাবলৈ চেষ্টা কৰি যাব লাগে। কাৰণ সেই এজন ব্যৰ্থ মানুহৰ জীৱনৰ পৰা পাব পাৰে আপোনাৰ জীৱনৰ প্ৰকৃত সফলতাৰ চাবিকাঠি ।গতিকে    সংসাৰত বিস্তাৰ কৰা প্ৰতিজন ব্যক্তিৰ জৰিয়তে আমি জ্ঞান আহৰণ কৰি যাব পাৰোঁ। গতিকে আপুনি কাৰ জৰিয়তে কেনেকৈ জ্ঞান আয়ত্ত কৰিবলৈ সক্ষম হৈছে এই সকলোবোৰ কথা কেৱল আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে।

অঙ্গন পৃষ্ঠাঃ 9
বুৰঞ্জী মূলক লেখাঃ
 
মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক "চেংগিজ খান"
 
বীৰেশ্বৰ ৰাভা
 
চেংগিজ খানৰ জন্ম হৈছিল ১১৬২ চনৰ ১৮ আগষ্টত আৰু মৃত্যু হয় ১২২৭ চনত। চেংগিজ খান হ'ল মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মহান খান হিচাপে পৰিচিত। যি সাম্ৰাজ্য তেখেতৰ মৃত্যুৰ পিছতো বিশ্বৰ ইতিহাসৰ সৰ্ববৃহৎ ভৌগোলিক ভাৱে সংযুক্ত সাম্ৰাজ্যত পৰিণত হ'ল। তেখেত উত্তৰ-পূৱ এছিয়াৰ কেইবাটাও জনগোষ্ঠীক এক কৰি শাসনলৈ আহিল। সাম্ৰাজ্য স্থাপন কৰি নিজকে "চেংগিজ খান" ঘোষণা কৰাৰ পাছত তেখেতে ইউৰেছিয়াৰ সিংহ ভাগ দখল কৰিলে। তেখেতৰ জীৱনকালত চাৰা খিটাই, কৌকেচাচ, খোৱাৰাজমিয়ান, পশ্চিম শ্বিয়া আৰু জিনৰ বিৰুদ্ধে অভিযান চলোৱা হ'ল। এই অভিযানসমূহত দেখা গৈছিল সাধাৰণ মানুহৰ নৰসংহাৰ। মৃত্যুৰ পূৰ্বে তেখেত মধ্য এছিয়া আৰু চীনৰ বৃহৎ অংশ দখল কৰিবলৈ সক্ষম হ'ল। সামৰিক সফলতাৰ উপৰিও খানক কেইবাটাও কৰ্মৰ বাবে স্মৰণ কৰা হয়। তেখেতে উইঘুৰ লিপিক মংগোল সাম্ৰাজ্যৰ আনুষ্ঠানিক লিখন পদ্ধতিৰ বাবে চয়ন কৰিছিল। খানৰ সাম্ৰাজ্যত গুণৰ আধাৰতেই প্ৰায় পদোন্নতি প্ৰদান কৰা হৈছিল। ধাৰ্মিক সহিষ্ণুতাৰ বাবেও খানৰ শাসন জনাজাত। চেংগিজ খানে উত্তৰ-পূব এছিয়াৰ কেইবাটাও জনগোষ্ঠীক এক কৰিছিলে। বৰ্তমানে মংগোলিয়াৰ লোকে তেখেতক মংগোলিয়াৰ জনক আখ্যা দিয়ে। চেংগিজ খানৰ সামৰিক অভিযানসমূহত প্ৰায় নৰসংহাৰ দেখা যায়। তেখেতক সেয়েহে অনেকে নৰসংহাৰী শাসক জ্ঞান কৰে। খানক পিচে চিল্ক পথক এক ৰাজনৈতিক শক্তিৰ তলত আনি বেপাৰ-বাণিজ্যত সুবিধা কৰাৰো শ্ৰেয় প্ৰদায় কৰা হয়। ই উত্তৰ-পূব এছিয়া, মুছলিম দক্ষিণ-পশ্চিম এছিয়া আৰু খ্ৰিষ্টীয় ইউৰোপৰ মাজত বাণিজ্যিক সম্পৰ্ক গঠনত সহায়ক হ'ল।
          মৃত্যুৰ পূৰ্বে চেংগিজ খানে অগেডেই খানক নিজৰ উত্তৰসূৰী ঘোষণা কৰিলে। পাছলৈ তেখেতৰ নাতিসকলে এই সাম্ৰাজ্যক কেইবা ভাগতো ভগাই ল'লে। ১২২৭ চনত পশ্চিম শ্বিয়াক পৰাস্ত কৰাৰ পাছতে খানৰ মৃত্যু ঘটে। তেখেতৰ আগ্ৰহতে, তেখেতৰ মৃত দেহ মংগোলিয়াৰ কোনো চিহ্নবিহীন শ্মশানত পুতা হ'ল। তেখেতৰ বংশধৰসকলে এই সাম্ৰাজ্যক প্ৰায় সম্পূৰ্ণ ইউৰেছিয়াত বিস্তাৰ কৰিলে। সমগ্ৰ চীন, কোৰিয়া, কৌকেচাচ, মধ্য এছিয়া আৰু দক্ষিণ-পশ্চিম এছিয়া আৰু পূব ইউৰোপৰ উল্লেখনীয় ভাগ মংগোল সাম্ৰাজ্যৰ দখললৈ আহিল। কেইবাটাও অভিযানত পূৰ্বৰ দৰেই নৰসংহাৰ দেখা পোৱা গ'ল। সেয়েহে মংগোল সাম্ৰাজ্য আৰু চেংগিজ খানক প্ৰায় স্থানীয় বুৰঞ্জীসমূহত ভয়াৱহ আখ্যা দিয়া হয়।

ফোনঃ ৯৮৬৪০-১৬৯৯৮

অঙ্গন: পৃষ্ঠাঃ 10
ধাৰাবাহিকঃ
(যোৱা সংখ্যাৰ পিছৰ পৰা)

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
 ৰূপা গগৈ

(৮ নং খণ্ড)

আৰমানহঁতৰ ঘৰ গৈ পালোগৈ । আৰমান আৰু দেউতাকে আমাক গেটৰ পৰাই আগবঢ়াই নি ৰূমত বহিবলৈ দিলে । আৰমান আহি আমাৰ তিনিজনীৰ কোচে কোচে বাগৰি ফুৰিল।আৰমানৰ দেউতাক আৰু ঘৰৰ সকলোৰে লগত  আমি পৰিচয় হ'লোঁ । মোৰ মনত অকল এটাই চিন্তা যে আৰমানৰ মাকৰ আচল পৰিচয় জনাতো । আৰমানৰ দেউতাক এজন অৱসৰপ্ৰাপ্ত হাইস্কুলৰ প্ৰধান শিক্ষক। মাতৃও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী। ঘৰখনত কেৱল আৰমানৰ ককাক-আইতাক, মাক-দেউতাক, আৰমান আৰু পপী ( আৰমানক চোৱা-চিতা কৰা ছোৱালীজনী)।
বৰ আলাসত তাক তুলিছে আৰমানক । সকলোৰে নয়নৰমণি আৰমান । পপী আৰমানৰ মুখেৰে তেওঁলোকে  আমাৰ কথা শুনি থাকে । নাম কেইটা জানিছিল যদিও আমাক নামৰ সৈতে সিদিনাই চিনাকি হৈছিল । তেখেতলোকৰ আচাৰ-ব্যৱহাৰে আমাক মোহিত কৰিলে । সেয়ে হয়তো তেনে এটি সু- পৰিবেশত থাকিয়েই আৰমানে সহজে সকলোকে তাৰ মৰম লগা ব্যৱহাৰে সহজে মুগ্ধ কৰি আপোন কৰি ল'বলৈ শিকিছে । তেখেতলোকৰ লগত  সিদিনা প্ৰথম দেখাদেখি হৈছোঁ যদিও আমাৰ কোনো অনুভৱ নহ'ল যে তেওঁলোক অলপ আগলৈকে অচিনাকি বা অপৰিচিত আছিলোঁ । আৰমানৰ মুখত সদায় খাওঁতে-শুওঁতেও অকল মোৰে নাম লয় বুলে । কিমান কি যে কৈ থাকে । কিবা কৰি থাকিলেও খেলিলেও ৰূপা বা বুলি মাজতে নামটো লৈ থাকে । সেয়ে তেওঁলোকৰ আৰমানৰ মুখত আমাৰ কথা নাম শুনি শুনিয়েই তেখেতলোকৰ মনত আমিও কিবা চিনাকি হৈ পৰিছিলোঁ। আমাক পাই আৰমানৰ গাত তত্‌ নাই । কিমান যে কি আনি দেখুৱাইছে খেলা বস্তু , ছবিৰ কিতাপ  ইত্যাদি । মোক হাতত ধৰি টানি লৈ গোটেই ঘৰখনৰ ৰূমবোৰ দেখুৱালে । তাৰ এই ব্যৱহাৰবোৰ আমাৰ মৰমবোৰ দেখা পাই ঘৰৰ সকলোৰে আচৰিত হ'ল কোনো সম্পৰ্ক নথকাকৈ কেনেকৈ ইমান আপোন হৈ পৰিলোঁ বুলি ।
তেওঁলোকে ক'লে-"তোমাক যে কি বুলি ধন্যবাদ জনাম ভাষা নাই । তোমাক পোৱাৰ পৰা ল'ৰা বহুত জনা -বুজা হৈ গ'ল । তুমি যি কোৱা সেইমতেই ঘৰত আহি কৰেহি । সঁচাকৈ আমি বহুত সুখী যে কোনো আত্মীয় নহ'লেও তোমাক এনেকৈ পায় ল'ৰা যে ইমান সুখী আৰু স্ফূৰ্তিত থাকে সেয়ে বহুত ভাল লাগে । তোমাৰ ওচৰত এই মৰমৰ বাবে আমি সদায় ধৰুৱা হৈ থাকিম । একোৰে নোৱাৰিম তোমাৰ এই মৰমৰ ধাৰ পৰিশোধ কৰিব ।
মই ক'লোঁ--- এনেকৈ কৈ মোক কিয় লাজ দিছে বাৰু ! এনেকৈ নক'ব আৰু । মৰম জানো ধাৰলৈ দিব পাৰি নে । মইও নাজানো আৰমানৰ লগত ইমানকৈ কেনেকৈ আপোনতকৈ আপোন হৈ পৰিলোঁ । তাৰ কিবা এটা ভাল লাগিছে মোক ; মইও তাক সেই ভাললগাৰে মৰম কৰিছোঁ সিমানেই ।  
তেওঁলোকৰ লগত হাঁহি-ধেমালিৰে কথা-বতৰা পাতি বহুত সময় পাৰ কৰিলোঁ । কিন্তু কথা-বতৰাৰ মাজতো কিবা এটা অনুমান কৰিব পাৰোঁ নেকি বুলি অলপ সৰ্তক হৈ থাকিলোঁ । কিন্তু কোনো ধৰণৰ কথা-বতৰা , আচাৰ-ব্যৱহাৰত আৰমানৰ নিজৰ মাক নহয় বুলি ভাবিবই নোৱাৰি । কি কৰোঁ ইয়াত আহি কিবা এটা গম পাম বুলি ভাবিছিলোঁ তাকো একো নাপালোঁ ।   সিহঁত দুজনীক তেখেতলোকৰ লগত কথা পাতিবলৈ কৈ আৰমানৰ লগত অকণমান ধেমালি কৰাৰ চলেৰে ঘৰৰ ৰূমবোৰত থকা ফটোবোৰ চালোঁ । কিন্তু একো নাপালোঁ কিবা সন্দেহ জাগিব লগীয়াকৈ এখনো ফটো নাই । তাৰ পৰা বাহিৰলৈ গৈ বাৰীৰ চুক-কোণবোৰ চালোঁ কিজানি মৰিশালী আছে নেকি ক'ৰবাত । নাই বাৰীখন সৰু যদিও ইমান সুন্দৰকৈ  চাফ-চিকুণ কৰি থৈছে তাত মৰিশালি থাকিলেও কোনো ধৰিবই নোৱাৰে । কিবা এটা সপোনৰ উৱাদিহ্‌ পাম বুলি ক্ষীণ আশা এটি কৰিছিলোঁ  সেই আশা মিছা হ'ল  । সকলোৰে পৰা বিদায়লৈ আমি ৰূমলৈ আহিলোঁ ।
আৰমানহঁতৰ ঘৰৰ পৰা আহি পোৱাৰ পাছতে সন্ধিয়া নামি আহিল । তিনিজনীয়ে মুখ-হাত ধুই ধূপ-চাকি জ্বলাই আজৰি হৈছোঁহে তেনেতে আন ৰূমত  থকা  ভাড়াতীয়া অনিমা বাইদেউ আহি ক'লে"--- তোমালোকৰ কোনোবা এগৰাকী আজি মোৰ লগত থাকিবলৈ ব'লাচোন । আজি তেখেত নাই ঘৰলৈ গৈছে । কাইলৈহে আহিব ।
ঃনিশাই ক'লে"--- ল'ৰা দুটাৰ সৈতেচোন থাকিব পাৰিব । আকৌ লগ কেলৈ লাগে নো ?
ঃঅনিমা বাইদেউ ক'লে"--- অ" মই নোৱাৰোঁ অকলে সিহঁতকলৈ থাকিব । বৰ ভয় লাগে । তোমালোক কোনোবা এজনী লগত থাকিলে মোৰ সাহস হ'ব । নহ'লে ৰাতিতো টোপনিয়েই যাব নোৱাৰিম ।
ঃৰিমাই মাত দিলে অ আই দুটাকৈ ল'ৰাৰ মাক হ'ল তথাপিও ইমান ভয় নে ? আমাক দেখা নাই আপুনি কেতিয়াবা কেতিয়াবা এজনীয়ে থাকোঁচোন ।
ঃ অনিমা বাইদেউৱে ক'লে"--- এই তোমালোকে নাজানা যে সেইকাৰণে পাৰা ।
মই বাইদেউৰ কথাষাৰত কিবা এটা যে ভয় লগা কথা ক'ব তাৰ  ইংগিত  বুজিব পাৰি ক'লো"---
হ'ব  বাইদেউ সিহঁত দুজনী থাকক মই থাকিম গৈ বুলি কোৱাত বাইদেউৰ আৰু কথা সিমানতে ৰৈ গ'ল ।

ক্ৰমশ...

অঙ্গন:  পৃষ্ঠাঃ 11
এক মিনিটৰ গল্পঃ
মৃণ্ময়ী

ৰাজলক্ষ্মী বৰঠাকুৰ

খৰ ধৰ কৈ সাজি পাৰি আইনাখনত এবাৰ চকু ফুৰাই যাবলৈ বুলি বাহিৰলৈ ওলাই আহি কিবা ভাবি তাই খন্তেক সময়ৰ বাবে থমকি ৰ'ল । পিছলৈ উভতি চাই তাই কাম কৰা বাই ৰঙিলীক ক'লে "তুমি মোৰ বাবে আজি ৰৈ থাকিব নালাগে। মোৰ অহাত অলপ পলম হ'ব।" এইবুলি কৈ তাই খৰ ধৰ কৈ গাড়ীত বহিল। তাই কিবা ভাবত বিভোৰ হৈ থকা কাৰণে কেতিয়ানো গন্তব্য স্থান পালেগৈ গমেই  নাপালে।  "ইমান কৈ কি ভাবি আহিছা গাড়ীৰ পৰা নানামা নেকি ?" বন্ধু অসীমৰ কথা শুনি মৃণ্ময়ীয়ে লাহেকৈ হাঁহি এটা মাৰি গাড়ীৰ পৰা নামি গ'ল। গাড়ীৰ পৰা নামিয়ে তাই নতুন কৈ সজা ঘৰ খনলৈ এবাৰ চকু ফুৰাই অসীমৰ লগত ভিতৰলৈ সোমাই গ'ল। ভিতৰলৈ সোমাই তাইৰ মনটো এক বুজাব নোৱাৰা আবেগেৰে ভৰি পৰিল। আজি তাইৰ সপোনবোৰ বাস্তবত পৰিণত হোৱাৰ বাবে তাইৰ মনটো আনন্দৰে ভৰি পৰিছে। ইমান খিনি লৈকে আগবাঢ়ি যোৱাত সহায় কৰা ব্যক্তি জনলৈ মনত পেলাই মনটো বেদনাৰে ভৰি পৰিল। সৰুতে মাতৃ হাৰা হোৱা মৃণ্ময়ীয়ে ভৰ বয়সতে দেউতাককো হেৰুৱাই নিঠৰুৱা হৈ পৰিছিল। আপোন মানুহ খিনিয়েও তাইক গা এৰা দিছিল। নিঠৰুৱা হৈ পৰা মৃণ্ময়ীয়ে কি কৰিম কি নকৰিম ভাবি নিৰুপাই হৈ এটা আশ্রয় গৃহত আশ্রয় ল'লে। ভগৱান হয়তো তাইৰ প্ৰতি সুপ্রসন্ন আছিল। সেই
আশ্রয় গৃহৰ জন্মদাতা পিতৃস্বৰূপ হৰি প্রসাদ বৰুৱা নামৰ ব্যক্তি জনে তাইক আশ্রয় গৃহত আশ্রয় দিলে আৰু তাইৰ অভিভাৱকৰ দায়িত্ব ললে। তাইক ভাগি যাবলৈ নিদি উচ্চ শিক্ষাৰে শিক্ষিত কৰি নিজৰ ভৰিত নিজে থিয় হোৱাৰ সাহস আৰু প্রেৰণা দিলে। যাৰ কাৰণে 
আজি এগৰাকী সফল মহিলা উদ্যোগপতি  হিচাপে তাই নিজকে পৰিচয়  দিবলৈ সক্ষম হৈছে। তাইৰ মনত আজি অপাৰ আনন্দ কিয়নো তাই য'ত থাকি নিজৰ সপোনবোৰ বাস্তবত পৰিণত কৰিছিল। সেই আশ্রয় থলি আজি তাই সকলো সা-সুবিধাৰে নতুনকৈ গঢ়ি তুলিলে। তাইৰ এই মহৎ উদ্দেশ্যত বন্ধু অসীমেও সহায়ৰ হাত আগবঢ়ালে। মৃণ্ময়ী দৃঢ় প্রতিজ্ঞ হ'ল যাৰ কোনো আশ্রয় নাই সেই আশ্রয়হীন লোকসকলক আশ্রয় গৃহত থকাৰ সুবিধা দি তেওঁলোকৰ উন্নতিৰ  কাৰণে  আজীৱন চেষ্টা কৰি যাব।

অঙ্গন: পৃষ্ঠাঃ12
ফেচবুক ফ্রেইণ্ড

প্ৰীতিৰেখা দাস

গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী বাছখন চলিবলৈ আৰম্ভ কৰিলে । নীলাভে বাহিৰলৈ চালে । বাহিৰত প্ৰসৰ ৰ'দ। গৰম নামিছে চহৰলৈ। কেতিয়া যে ঘৰ পাব সি । Excuse me....
নীলাভে ঘূৰি চালে । ছোৱালী এজনী থিয় হৈ আছে । হয়তো তাৰ কাষৰ ছিটটো তাইৰ। সি অলপ আঁতৰি দিলে । খিৰিকী কাষৰ ছিটটোত বহিলে তাই । সি আঁৰ চকুৰে চালে ছোৱালীজনীলৈ, হালধীয়া ৰঙৰ চুৰিদাৰ এযোৰ পিন্ধি আছে তাই । মুখখন মৰমলগা । হঠাতে তাৰ ভাৱ হ'ল ছোৱালী জনীক সি আগতে কৰবাত দেখিছে । কিন্তু সি মনত পেলাব নোৱাৰিলে ক'ত দেখিছে । তাই বাহিৰলৈ চাই আছে । বাছখন চলি আছে । মনত পেলাব চেষ্টা কৰিলে সি । ক'ত দেখিছে তাইক । তাৰ ভনীয়েকৰ বান্ধৱী বোৰৰ মুখবোৰ মনত পেলালে সি ।নাই সিহঁত কোনো নহয় । পুনৰ ছোৱালীজনীলৈ চালে নীলাভে । বেগৰ পৰা কিতাপ এখন উলিয়াই তাই একান্ত মনে কিতাপখনত মনোনিবেশ কৰিলে । কাণত হেডফোন লৈ সিও চিলাৰ গান এটা শুনিবলৈ ধৰিলে । দুচকু মুদি সি ছিতটোত আউজি দিলে ।
"চিলা মই তোৰ আকাশৰে ...."
কিমান সময়  সি গানৰ আবেশত ভাঁহি আছিল মনত  নাই । আকৌ তাৰ মনলৈ ছোৱালীজনীৰ মুখখন ভাঁহি আহিল । কিয় তাৰ এনেকুৱা লাগিছে যে কাষত বহি থকা ছোৱালীজনীক আগতে কৰবাত দেখিছে । যদি দেখিছে তেন্তে মনত পৰা নাই কিয় ক'ত দেখিছে ... নাই মনত পেলাব নোৱাৰিলে সি । সি ঘূৰি ছোৱালীজনীলৈ চালে । খিৰিকিত মূৰটো থৈয়ে তাই টোপনি গৈছে । বতাহত তাইৰ দীঘল চুলিবোৰ উৰি আছে । বাছখন গৈ আছে । পিছলৈ গৈ আছে গছ গছনি ঘৰ দুৱাৰ ।যোৰহাট পাবলৈ এতিয়াও আৰু বহুত বাকি । নীলাভে এইবাৰ পকেটৰ পৰা নিজৰ মবাইলটো উলিয়াই ফেচবুকটো খুলিলে। এনেই আপডেটবোৰ চাই গৈ থাকিল সি । বন্ধু বোৰে পোষ্ট কৰা ফটোবোৰ চাই থাকিল সি । সঁচাকৈ ফেচবুকে বহুত আমনিদায়ক সময়ৰ পৰা আমাক সকলোকে পৰিত্ৰাণ দিয়ে । ভাবিলে সি । হঠাতে ফেচবুকত আপলোড কৰা ফটো এখনত তাৰ চকু পৰিল । ৰৈ গ'ল সি । বিস্মিতা শৰ্মা । সি ফটোখনৰ পৰা দৃষ্টি আঁতৰাই আনি খিৰিকী মুখত মূৰ থৈ টোপনি যোৱা ছোৱালী জনীলৈ চালে  । হয় এইজনী দেখোন তাৰ ফেচবুক ফ্ৰেইণ্ড বিস্মিতা । এতিয়াহে মনত পৰিল তাৰ । সদায়ে ফেচবুকত দেখা ছোৱালী জনীক নিচে ওচৰৰ পৰা চাই ৰ'ল সি । হঠাতে খকমকাই সাৰ পালে তাই । বাহিৰলৈ চালে এইবাৰ । বেগটো লৈ নামিবলৈ সাজু হ'ল তাই । উচপিচনি লাগিল তাৰ । তাৰচোন মাত দিয়াযে নহ'ল তাইক। ষ্টপেজ এটাত ৰৈ গ'ল বাছখন । খৰধৰ কৈ নামি গ'ল তাই । কি কৰিব নকৰিব কৈ হঠাতে সিও নামি দিলে বাছ খনৰ পৰা । বাছখন  গুচি গ'ল । সি ইফালে সিফালে চালে । দেখিলে বিস্মিতাই  হাত দি অটো এখন ৰখাইছে । বিস্মিতা চিঞৰি মাতিলে সি । তাই ঘূৰি চালে । দৌৰি আহিল সি । বিস্মিতা মই নীলাভ । নীলাভ গোস্বামী । তোমাৰ ফেচবুক ফ্ৰেইণ্ড ।
প্ৰশ্নবোধক দৃষ্টিৰে তাই তাৰ চকুলৈ চালে । প্ৰথমে ময়ো তোমাক চিনি পোৱা নাছিলো । পিছত মনত পৰিল । ৰবা দেখুৱাইছো মবাইলটো উলিয়াই তাৰ প্ৰফাইল পিক্‌চাৰটো দেখুৱালে । মুহূৰ্ততে চিনি পালে তাই। হাঁহি এটি ঢৌ খেলি উঠিল তাইৰ ওঁঠত । অটোৱলাজনে মাতিলে তাইক । তাৰ দেৰি হৈছিল । তাই তেওঁক যাবলৈ দিলে । বিস্মিতা বেয়া নপোৱা যদি কফি একাপ খাবা নেকি মোৰ সৈতে ? দুয়ো কফি হাউচলৈ সোমাই গ'ল। দেখিছানে বিস্মিতা গুৱাহাটীৰ পৰা আমি দুয়ো একেলগে আহিলো । অথচ ইজনে সিজনক চিনি নাপালো । এতিয়া তুমি নামিবৰ সময়ত হে মই তোমাক চিনি পালো । ইয়াতে নেকি ঘৰ তোমাৰ ? নহয় নীলাভ মোৰ ঘৰ গুৱাহাটীতেই । মাহিদেউ থাকে ইয়াতে । তেওঁ স্কুল এখনৰ শিক্ষয়িত্ৰী । মাহিদেউক লগ কৰিব আহিছোঁ । তুমি নীলাভ ? তোমাৰ দেখোন ঘৰ যোৰহাটত ... ইয়াত কি কৰিছা ?
সি হাঁহিলে আৰু কলে তোমাৰ কাৰণে ...তোমাক মাত দিবলৈকে বাছৰ পৰা নামি দিলো মই । কাম এটাত কালিয়ে গুৱাহাটীলৈ গৈছিলো ।
: কি পাগল দেই তুমি ... বিস্মিতাই হাঁহিলে।
: বিস্মিতা তুমি এনেকৈ নামি নিদিয়া হলে মই জানো এতিয়া তোমাৰ সৈতে কফি খাই বহি থাকিব পাৰিলো হেঁতেন আৰু ফটোত সদায়ে দেখা হাঁহিটো ইমান কাষৰ পৰা চোৱাৰ সৌভাগ্য অৰ্জন কৰিবলৈ পাৰিলোঁ হেঁতেননে ! তাৰ কথাত বিস্মিতা লাজত জয় পাৰি গ'ল।
দুয়ো বহুত কথা পাতিলে। সময়বোৰ পাৰ হৈ গৈ থাকিল । ফেচবুকত নপতা বহুত কথা পাতিলে দুয়ো । ইমান বছৰৰ বন্ধুত্বৰ পিছতো ইজনে সিজনৰ বিষযে নজনা বহুত কথায়ে জানি পেলালে দুয়ো । দুপৰীয়া গুচি আবেলি হৈছিল । নীলাভে কলে "তুমি এতিয়া যোৱা বিস্মিতা । মাহীয়ে চিন্তা কৰি থাকিব ।" সি অটো এখন ৰখাই তাইক উঠাই দিলে আৰু কলে "বিস্মিতা তোমাক লগ পাই মোৰ বহুত ভাল লাগিল ।আজিৰ দিনটো মোৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব ।
ৰবা মোৰ ফোন নম্বৰটো লোৱা । মাহিৰ ঘৰ পাইয়ে মোক ফোন এটা কৰিবা । তোমাৰ ফোন পোৱাৰ পিছতহে মই যোৰহাটৰ বাছত উঠিম ।" 
বিস্মিতা গুচি গ'ল । নীলাভে চাই ৰ'ল মাথোঁ । সঁচাকৈ তাৰ বাবে খুবেই মধুৰ আজিৰ দিনটো । ফেচবুকৰ বান্ধবীজনীক এনেকৈ হঠাতে লগ পাই কিবা এক অনন্য অনুভৱৰে ভৰি পৰিছে তাৰ বুকুখন। 
ফেচবুকৰ বন্ধুত্বটো ইমান আত্মিয়তা থাকিব পাৰেনে ? নীলাভক লগ পাই তাইৰো যে বহুত ভাল লাগিল সেই কথাটোচোন কোৱায়ে নহ'ল তাক । তাই ঠিক কৰিলে ঘৰ পায়ে ফোন কৰি প্ৰথম এইয়াকে ক'ব তাই । নিজৰ অজানিতে বেগৰ পৰা মবাইলটো উলিয়ালে তাই । আৰু ফেচবুক খুলি তাইৰ ফ্রেইণ্ড লিষ্টৰ পৰা নীলাভ গোস্বামীৰ প্রফাইলটো উলিয়ালে আৰু আগতে দেখা পোষ্টবোৰ, ফটোবোৰ আকৌ এবাৰ নতুনকৈ চাবলৈ ধৰিলে।

ঠিকনাঃ
বাংগালোৰ

অঙ্গন: পৃষ্ঠাঃ13
অণুগল্পঃ

অতীত মৰহি গ'ল

ৰীতামণি বায়ন

গা বেয়া নেকি? বহীখন জমা দিলা যে! পৰীক্ষা আৰম্ভ হোৱা এঘন্টা হ'লহে মাত্ৰ। আশ্চৰ্য্য প্ৰকাশ কৰি শিক্ষয়িত্ৰী সাধনাই তাইৰ স্কুলৰ সবাতোকৈ জ্ঞানী ছাত্ৰী প্ৰজ্ঞাৰ ফালে চাই সোধাত তাই ক'লে-- মই মুখস্থ লিখিব নোৱাৰো। কিতাপখন পঢ়ি এটা ধাৰণা লৈ তাৰ ভিত্তিত যিখিনি পাৰো লিখিছোঁ। প্ৰজ্ঞাৰ কথা শুনি আন এগৰাকী শিক্ষয়িত্ৰী শিল্পীয়ে সাধনাক ক'ব ধৰিলে-- পাগলৰ লক্ষণবোৰ পৰিস্ফুট হ'ব ধৰিছে। কথাষাৰ শুনি ঈশ্বৰ বিশ্বাসী সাধনা যেন চৈধ্য বছৰ আগলৈ উভতি গ'ল। তাই যেন কাৰোবাৰ মূৰত হাত ফুৰাই আশীৰ্বাদ দি আছে--  চিন্তা নকৰিবা, মূৰটো বেয়া লাগি থকা বাবেই তুমি জানো পাগলী হৈ যাবা ! ঈশ্বৰত বিশ্বাস ৰাখা। সোনকালেই সুস্থ হৈ উঠিবা। কেতিয়াবা ডাক্তৰেও ভুলকৈ ৰিপোৰ্ট দিয়ে। সেইদিনা সাধনাই দিয়া আশীৰ্বাদ ভগৱানে শুনিছিল বাবেই আজি তাই প্ৰজ্ঞাৰ বিৰুদ্ধে এই কথাষাৰ শুনিব লগা হ'ল।
    
ঠিকনাঃ
অধ্যাপক,  বৰপেটা ছোৱালী মহাবিদ্যালয়

অঙ্গন: পৃষ্ঠাঃ14
পদবী

দীপাঞ্জলী তালুকদাৰ, গুৱাহাটী

"মোৰ চাহকাপ সেইখন টেবুলত দিবা" সহকৰ্মীকেইজনে কোৱা কথাষাৰ সি সদায় শুনে।
ৰমেন অলপ ব্যতিক্ৰম; অফিচৰ কামবোৰ একেলগে কৰিলে সোনকালে সফলতা আহিব বুলি তাৰ বিশ্বাস।
"চাহকাপৰ দূৰত্ব লাহে লাহে কমি আহিল।"

অঙ্গন: পৃষ্ঠাঃ 15
বিশ্বাসঘাতক

লখিমী কাকতি

ৰাতুল আৰু ৰুবীৰ যুগ্ম জীৱনৰ আজি এবছৰ হ'ল। এবছৰৰ আগতে আজিৰ দিনটোতে দুয়ো দুয়োকে বুজা-বুজি,মৰম-চেনেহৰ বান্ধোনেৰে সংসাৰ খন আগুৱাই লৈ যাম বুলি অংগীকাৰ কৰিছিল।দিন বাগৰৰ লগে লগে ৰুবীৰ ব্যৱহাৰে ৰাতুলক চিন্তিত কৰি তুলিছিল।প্ৰথম অৱস্থাত ৰাতুল অফিচৰ পৰা অহাৰ পাছত ৰুবীয়ে বৰ সাদৰৰে ৰাতুলক চাহ কাপ যাঁচিছিল। কিন্তু এতিয়া তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখনহে ৰাতুলৰ সন্মুখত ফুটি উঠে।আচলতে কি হৈছে ৰাতুলে একো ধৰিব পৰা নাই।ৰাতুলে ভাবিৱলৈ বাধ্য হ'ল -"ম'বাইলত বাৰু ৰুবীয়ে কাৰ সৈতে ইমানকৈ কথা পাতে।"  সুধিলে কয় -"সেয়া মোৰ প্ৰিয় বান্ধৱী।" কিন্তু আজি তাই যিষাৰ কথা ক'লে ৰাতুলৰ যেন প্ৰাণ বায়ু ওলাই যাব তেনেকুৱা অনুভৱ হ'ল। 
তাইৰ অনিচ্ছা সত্বেও হেনো মাক-দেউতাকৰ অনুৰোধতহে ৰাতুলৰ লগত বিয়াত বহিছিল,তাইৰ প্ৰেমৰ পূজাৰী ৰাতুল নহয়,আন এজনহে।

ঠিকনাঃ
পো.অ. আমগুৰি
জিলা: শিৱসাগৰ
ফোন নম্বৰ:৯৮৫৯৩৫৪৭৬৪

অঙ্গন: পৃষ্ঠাঃ 16
হৃদয় দান
              
মীনাক্ষী ৰায় ডাকুৱা

অম্লানে ভাবি আছিল—মুনিয়াৰ চকুযুৰিৰ প্ৰতিস্থাপনেৰে দৃষ্টি নহয়, যেন নতুন হৃদয় পাইছে তেওঁৰ স্ত্ৰী মালবিকাই । মনৰ ভিতৰত পোহৰ নজ্বলিলে বাহিৰৰ আন্ধাৰ দূৰ হয়নে ? হৃদয়ৰ গভীৰত ভালপোৱাৰ পোহৰেৰে যেতিয়া মানুহে সম্বিত ঘূৰাই পায়, তেতিয়া দূৰ হয় সকলো আন্ধাৰ । বানপানীৰ প্ৰৱল সোঁতৰ দৰে পোহৰৰ বন্যাত তেতিয়া এক লহমাত ভাঁহি যায় ভেদাভেদৰ সকলো আন্ধাৰ । জাতপাত আৰু উচ্চ-নীচৰ সকলো প্ৰাচীৰ ভাঙি তেতিয়া ধূলিস্যাৎ হৈ যায় । আত্মদৰ্শন নহ'লে দৃষ্টি সলনি কৰাৰ পথ পোৱা যায় জানো ? আজি মুনিয়াই ভালপোৱাৰ স্পৰ্শত মালবিকাৰ হৃদয়ৰ চকু পোহৰৰ প্লাৱনেৰে ভৰাই দিছে । মালবিকা আজি ধীমানৰো মাক হ'ব বিচাৰে । নতুন পৃথিৱীৰ পোহৰৰ সন্ধানত হাতে হাত ধৰি গৈ আছে মালবিকাৰ সন্তান প্ৰজ্ঞান আৰু মুনিয়াৰ সন্তান ধীমান—অম্লানে চাই আছে নতুন সূৰ্যোদয়ৰ ফালে ।

ঠিকনাঃ
গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫

অঙ্গন:  পৃষ্ঠাঃ 17
অনুবাদ কবিতাঃ
 
মূল কবিতাটোঃ
भुल जाना
 
मनोज शुक्ला मुन्ताशिर

सवाल एक छोटा सा था
जिसके पीछे ये पूरी जिंदगी बर्बाद कर ली
भुलाऊं किस तरह वो दोनों आंखें
किताबों की तरह जो याद कर ली
भूल जाना,
भूल जाना कि एक लड़का था शायराना सा
कुछ तबीयत से काफ़िराना सा
हंस के सब से मिलता-जुलता था
पर उसके दिल का दरवाजा सिर्फ तुम्हारी दस्तकों पे खुलता था।
भूल जाना,
वो अजीब सा लड़का जो लाल पीली कपड़ों में गुजरता
शक्ल सूरत तो बस यूं ही सी थी पर तुम्हारे लिए रोज बनता संवरता
भूल जाना,
वो कम पढ़ा लिखा था लड़का, जिसकी किताबों से कभी दोस्ती नहीं हुई
पर तुम्हारी आंखें पढ़ने में उससे कभी गलती नहीं हुई
भूल जाना,
वो पागल सा लड़का जो खुद भूलने की आदत से परेशान था, बर्बाद था
पर तुम्हारे हर कुर्ते का रंग उसे जबानी याद था
भूल जाना,
कि वो गांव की मिट्टी की जाया
जब तुम्हारे शहर आया
तो बात-बात पर उसका दिल धड़क उठता
और वो खेत खलिहान में पली उंगलियां तुम्हें छू लेती
तो तुम्हारा बदन कच्चे आम के बगीचों जैसा महक उठता
भूल जाना,
वो जनवरी के सर्दियां, वो चाय के प्याले गुनगुने और वो कहानियां जो तुम ऐसे सुनती थी जैसे कोई बच्चा लोरियां सुने
भूल जाना,
क्योंकि मैं भूल चुका हूं
मैं भूल चुका हूं वो शाम जब मैं सिर्फ तुमसे नहीं अपने आप से भी बिछड़ा था
आज के बाद मेरा इंतजार मत करना ये सुनते ही मेरी घड़ी से वक्त गिर पड़ा था
कुछ शाम के बाद क्या हुआ, मैं कहां गया, कैसे जिया, क्या किया तुमने पूछा नहीं मैंने बताया नहीं
पर यह जान लो वो घड़ी से गिरा हुआ वक्त मुझे बुलाता रहा और मैंने उठाया नहीं
खैर, कल और आज के बीच दुनिया बदल गई
अब इश्क़ में तड़पने की फुर्सत कहां
आंसू बहाने की मोहलत कहां
पर आज भी चाय की हर प्याली तुम्हारा इंतजार करती है
ऐ मेरी दोस्त, मेरे दिल की तड़प, मेरी अधूरी आरजू तेरे हिस्से की शाम आज भी खाली गुजरती है ।

অনুবাদঃ
পাহৰি যোৱা
অৰুণিমা শৰ্মা মহাপাত্ৰ
নতুন দিল্লী

মোৰ সৰু প্ৰশ্ন এটা আছিল,
সেই প্ৰশ্নৰ পম খেদি খেদি
জীৱনটোৱেই যে মোৰ গ'ল মৰহি,
পাহৰোঁ নে কেনেকৈ সেই  মৰমলগা চকুযুৰিৰ চাৱনি
প্ৰেমৰ কিতাপৰ বাক্যবোৰ
তাৰ প্ৰতিটো শব্দই মনত পৰে আজিও মোৰ,
নাই যোৱা যে মই মুঠেও পাহৰি।
তুমি পাহৰি যোৱা!
তুমি পাহৰি যোৱা সেই কবিতা গাই ফুৰা ডেকা প্ৰেমিকজনক,
যি আছিল আপোন পাহৰা স্বভাৱৰ,
হাঁহিমাতি মিলি-জুলি থাকিছিল আটাইৰে লগত,
তুমি টুকুৰিয়ালে হে তাৰ হৃদয়ৰ দুৱাৰখন খোল খাইছিল।
তুমি পাহৰি যোৱা!
তুমি পাহৰি যোৱা সেই অদ্ভুত স্বভাৱৰ ডেকাজনক,
ৰঙা হালধীয়া পখৰা চিখৰা  সাজপাৰ পিন্ধি,
অতি দেখনিয়াৰ হৈছিল তাৰ চেহেৰা,
তোমাক দেখুৱাবলৈ হে তাৰ আছিল যত সাজোনকাচোন।
তুমি পাহৰি যোৱা!
তুমি পাহৰি যোৱা সেই অশিক্ষিত ডেকাজনক
কিতাপৰ লগত যাৰ কেতিয়াও বন্ধুত্বই নাছিল,
পিছে তোমাৰ দুচকুৰ ভাষা পঢ়িছিল সি নিৰ্ভুল ভাবে।
তুমি পাহৰি যোৱা!
তুমি পাহৰি যোৱা সেই পাগল যুৱকজনক
আপোন পাহৰা স্বভাৱৰ বাবে আছিল সি নিজে বৰ অস্থিৰ
লাহে লাহে হৈছিল যে সি নিজেই নিঃশেষ,
পিছে তুমি পিন্ধা প্ৰতিযোৰ সাজপাৰ কি ৰঙৰ
নামবোৰ  আছিল যে তাৰ কণ্ঠস্থ।
তুমি পাহৰি যোৱা!
তুমি পাহৰি যোৱা সেই ডেকাজনক
যি আছিল গাওঁৰ কেঁচামাটিৰ পুতলা,
তাৰ  বাবে বৰ অচিনাকি আছিল,
তোমাৰ এই চহৰখন।
বকু তাৰ সঘনাই ভয়তে কঁপিছিল কিছুমান আশংকা আৰু অজান আতঙ্কত।
সেউজী ধাননি খেতি পথাৰত ওমলা ল'ৰাজনৰ আঙুলিয়ে  পৰশি যেতিয়া  তোমাৰ দেহাত চুই  গৈছিল,
আম্ৰকাননৰ সেউজী আভাত
দেহাত তোমাৰ সুৰভি-সুবাস বিয়পি পৰিছিল।

তুমি পাহৰি যোৱা!
তুমি পাহৰি যোৱা সেই ডেকাজনক
জানুৱাৰী মাহৰ শীতল পুৱাত
গৰম একাপ চাহৰ পিয়লালৈ তোমাক  কোৱা কথাবোৰ সাধুকথাৰ দৰে  শুনিছিলা তুমি মন্ত্ৰমুগ্ধ হৈ ,
যেন কোনোবাই নিচুকণি গীত হে গাইছে তোমাৰ বাবে।
তুমি পাহৰি যোৱা!
তুমি পাহৰি যোৱা সেই ডেকাজনক,
মই তো পাহৰিলোৱেই সেই ৰঙীন সন্ধিয়াবোৰৰ কথা,
যেতিয়া মই মোৰ নিজৰ স্বত্বাক সম্পূৰ্ণভাবে হেৰুৱাই পেলাইছিলোঁ।

মোক কৈছিলা তুমি -"মোৰ বাবে আৰু প্ৰতীক্ষা নকৰিবা",

এই কথাখিনি শুনাৰ লগে লগেই মোৰ হাতঘড়ীটোৰ পৰা  সময়খিনি যেন ছিটিকি গৈ মাটিতে পৰি ৰ'ল।
সিদিনা সন্ধিয়া কি হৈছিল, বাৰু!!
 মই ক'লৈ গলোঁ,কেনেকৈ জীয়াই থাকিলোঁ,
সেয়া তুমিও মোক এবাৰো সোধা নাছিলা,
ময়ো তোমাক একো কোৱা নাছিলোঁ।
পিছে কথা এটা তুমি জানি থোৱা ভাল যে-
 হাতঘড়ীটোৰ পৰা ছিটিকি ওলাই যোৱা সময়খিনিয়ে
বাৰে বাৰেই মোক ৰিঙিয়াই মাতিছিল,
মই  পিছে পৰি থকা সময়বোৰক  আকৌ এবাৰ নললোঁ বুটলি।
ভাল বাৰু!!
কালি আৰু আজিৰ ভিতৰতেই পৃথিৱীখনো যেন বহুত সলনি হ'ল,
বিফল প্ৰেমৰ দুখত ধৰফৰাবলৈ মোৰ ইমান সময়েই  বা ক'ত?
চকুপানী টুকিবলৈও  এধানিমানো সময় যে নাই!
হে মোৰ প্ৰিয়বন্ধু, মোৰ হৃদয়ৰ স্পন্দন, হে মোৰ অসম্পূর্ণ অনুৰোধ,
তোমাৰ বাবেই আচুতীয়াকৈ ৰখা বিশেষ সন্ধিয়াবোৰ
আজিও যে  মই কটাওঁ অকলশৰীয়া হৈ।



অঙ্গন:  পৃষ্ঠাঃ 18

 Sorrows Of The Moon

Tonight the moon dreams in a deeper languidness,
And, like a beauty on her cushions, lies at rest;
While drifting off to sleep, a tentative caress
Seeks, with a gentle hand, the contour of her breast;

As on a crest above her silken avalanche,
Dying, she yields herself to an unending swoon,
And sees a pallid vision everywhere she’d glance,
In the azure sky where blossoms have been strewn.

When sometime, in her weariness, upon her sphere
She might permit herself to shed a furtive tear,
A poet of great piety, a foe of sleep,
Catches in the hollow of his hand that tear,
An opal fragment, iridescent as a star;
Within his heart, far from the sun, it’s buried deep.
 

চন্দ্ৰমাৰ দুখ

( মূল: Sorrows 0f moon by Charles Baudelaire  অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

আজি নিশা এক গভীৰ আলস্যত চন্দ্ৰমাই সপোন দেখিছে,
আৰু, শেতেলিত শায়িত সৌন্দৰ্যৰাণীৰ দৰে, বিশ্ৰামৰতা;
নিদ্ৰাৰ কোলাত ভাহি, বিচাৰে স্তনযুগলৰ আঁহে-পাহে, 
এক আলসুৱা হাতৰ সম্ভাৱনাময় চেনেহ পৰশ।
যেন তেওঁৰ ৰেচমী হিমস্খলনৰ শিখৰত, মৰি মৰি  
এক অন্তহীন মূৰ্ছিতাৱস্থাত নিজকে এৰি দিছে;
আৰু কেউদিশে চকুফুৰাই, তেওঁ দেখে এক শেঁতাপৰা দৃশ্য
ফুলৰ মুকুল সিঁচৰিত নীল আকাশখনিত।
কেতিয়াবা যেতিয়া, তেওঁৰ ক্লান্তিত, নিজৰ 
অলক্ষিতে এটোপাল চকুলো সৰিব দিয়ে, 
এজন নিদ্ৰাহীন, মহান অনুৰাগী কবিয়ে 
হাত পাতি ধৰে সেই অশ্ৰুৰ টোপাল,
এটি মুকুতাৰ টুকুৰা, জিলমিলোৱা এটি তৰা,
সাঁচি থয় সূৰ্যৰ পৰা বহু নিলগত, অন্তৰৰ গভীৰ কোণত।
        ---X---

 (ফৰাছী কবি চাৰ্লচ বোদলেয়াৰ (১৮২১-১৮৬৭) উনবিংশ শতিকাৰ এজন প্ৰসিদ্ধ কবিয়েই নহয়, তেওঁক বিশ্ব সাহিত্যৰ বুৰঞ্জীৰ এক উজ্বল নক্ষত্ৰ বোলা হয়।১৮৫৭ চনত তেওঁৰ প্ৰথম কাব্য সংকলন ‘The Flowers Of Evil’ (ফৰাছী ভাষাত) প্ৰকাশ পায়।১৮৬২ চনত বোদলেয়াৰৰ একুৰি ‘কথা-কবিতাৰ’ এক সংকলন প্ৰকাশ পায়।তেওঁৰ মৃত্যুৰ পিচত মুঠ আঢ়ৈকুৰি ‘কথা-কবিতাৰ’ আন এটা সংকলন প্ৰকাশ কৰা হয়।তেওঁ সেই সময়ৰ এজন আধুনিক আৰু প্ৰগতিশীল(Radical) লেখক আছিল।তেওঁৰ এনে প্ৰগতিশীল ভাৱধাৰাৰ প্ৰভাৱ বিংশ শতাব্দীৰ টি এচ ইলিয়ট আদি বিখ্যাত সাহিত্যিকসকলৰ ৰচনাতো পৰিলক্ষিত হয় বুলি বিজ্ঞসকলে মত পোষন কৰে।)



অঙ্গন:  পৃষ্ঠাঃ 19
কবিতাঃ

কিবা যেন উদং উদং
ৰণ্‌জিত গগৈ

জীৱনটো কাৰ বাবেইনো কিমান দীঘলীয়া
হেলচৰ গুটিত টেঙেচীয়া হৈ উঠা
ল’ৰালিৰ দৰে

গোলঞ্চ ফুলৰ গোন্ধ লৈ লৈ
পদূলি উদুলি-মুদুলি কৰা মানুহবোৰচোন
কোনো কাৰোবাবেই ৰৈ থাকিব নোৱাৰিলে
মনৰ হেঁপাহ এটা
মনত বান্ধি৷

টেঙেচী টেঙাৰ পাতেৰে
গা ফুৰফুৰিয়া কৰি খোৱা
ভাতমুঠিৰ সোৱাদতকৈ সোৱাদ লগা
সময় অকণ আজি আৰু ক’তো বিচাৰি নোপোৱা হ’লোঁ

যেনিবা যোৱাসকল গুচি গ’ল
ঘূৰি নহাৰ বাটে; থকাসকলৰনো 
জীৱনত কিহৰ উজান উঠে
ভুমুকিয়াই ভুকুতিয়াই

কাঁহ পৰি জীন যোৱাকৈ
এজাৰ জোপায়ো যেন
আজিকালি ফুলিব নাজানে 
বেজাৰ লগাকৈ

মনৰ ভিতৰতে গুজৰি গুমৰি
কিহৰ আৰ্তনাদত মৰি থাকোঁ
মাৰি থাকোঁ

ভাতমুঠি মুখত দিওঁ ভোকত নে শোকত
হোহনি বনেৰে ভৰা চোতালখন খেপিয়াই ফুৰো
পিঠিয়া পিঠি দিয়া মাত কথাৰ মাজে মাজে৷

পূৰঠ ঘৰখনৰ চৌপাশে এতিয়া কেৱল
ল’ৰাটোৰ খোজবোৰ বিচাৰি ফুৰো

ডাঁহে ডকাৰ দৰে বুকুখন
হম্‌ হমাই উঠে কিবা যেন উদং উদং
মানুহজনীৰ চকুযুৰিত হঠাত চকু পৰিলে৷

অঙ্গন:  পৃষ্ঠাঃ 20
সাতভনীৰ সাধুকথা 

প্ৰাঞ্জল কুমাৰ লাহন

সাতটা দিন
সাতটা ৰাতি
একে নহয় 

পিচে 
একে আছিল  
একেটা ঘৰতে 
একেটা মনৰে 
সাতোটা দিন-ৰাতি এক কৰি 
সাতোজনী বাই-ভনী

আছিল তেওঁলোকৰ 
একেখন চোতাল 
একেখন আকাশ 
একেটি জোন-বেলি

সাতোভনীৰ কথাবোৰ সাধকুথা হ’ল 

এদিন এদিনকৈ সাতোটা দিনত 
সাতোজনী বাই-ভনীয়ে সলালে মন 
নিজাকৈ সাতোটা ঘৰ সজাবলৈ ল’লে পণ

এদিন এদিন কৈ সাতোটা দিনতেই এক হৈ থকাৰ কথা কৈ কৈ 
বৰ বায়েকে ভাগৰি ভাগৰিও অভিভাৱকৰ দৰেই চেনেহেৰে বুজালে 

কোনেও অকনো নুবুজিলে সাদৰী বায়েকৰ মনৰ কথা, বুকুৰ বেথা 

একেটা মনৰ সাতোজনী বাই-ভনীৰ সাতোটা মন হ’ল 
ঘৰ গুচি বাঁহ তল হ’ল ৷ সাতোখন ঘৰত সাতোটা চৰু হ’ল ৷ 

এদিন ওমলি-জামলি থকা সাতোজনী বাই-ভনীৰ 
একেখনি বৰ চোতাল হ’ল অচিনা শেলাইৰ বসতি 

এতিয়া সাতোজনী বাই-ভনীয়ে যেন 
আনক দেখুৱাবলৈহে কৰে চেনেহা-চেনেহী
ভিতৰি ভিতৰি কথাই প্ৰতি চোন উখনা-উখনি 

সাতোজনী বাই-ভনীয়ে এদিন একেখন পলসুৱা পথাৰতে কৰিছিল 
জীৱনৰ খেতি 
এতিয়া তোৰ বাৰী নে মোৰ বাৰী বুলি চুকতে থাকি বুকুতে কামুৰিবলৈ খেদা-খেদি  

তথাপি সাধুকথাৰ সাতভনীৰ সাতোটা দিনতে সুখৰ বাবেই 
সাতোটা ৰাতি দুখেৰে কটাইও সাত শতৰুৱেও আসৈ নাপাবলৈ 
আজিও আমি কাতৰে প্ৰাৰ্থনা কৰোঁ– 
সাতভনী দূৰে দূৰে থাকিও মনেৰে থাকচোন এক হৈ ৷

অঙ্গন: পৃষ্ঠাঃ 21
সিন্ধুতাই
(হাজাৰ অনাথৰ মাতৃ সিন্ধুতাই চপকালৰ নামত)

জিতেন নৰহ

ফটাকানিত মেৰিওৱা মমতাৰ মূৰ্তিটো 
সেইদিনা দলিয়াই পেলোৱা হৈছিল গোহালিটোত।
ন মাহে গৰ্ভত প্ৰোথিত বীজ এটা 
অংকুৰিত হৈছিল মূৰ্ছিত মূৰ্তিটোৰ পৰা।

চেতনা পাই তাই দেখিলে
ইতৰ বুলি ইতিকিং কৰা গোহালিৰ গাইবোৰে
যতন লৈছে নৱজাত শিশুটিৰ।

তেজ ধোলে উটে মঙহ ধোলে নুটে।
আদিম শৈলাস্ত্ৰৰে ষোল্ল‌বাৰ আঘাত হানি
নাড়ী কাটিলে নৱজাতকৰ ।
আৰু খোজ ল'লে মৃত নগৰীলৈ।

মৃত নগৰীৰ ভূত বুলি ভয়তে মানুহবোৰ 
তাইৰ পৰা আঁতৰি গৈছিল।

মৃত্যু বিচাৰি তাই 
এদিন ওলাই আহিছিল মৃত নগৰীৰ পৰা।
ৰেলৰ চিৰিত মূৰ থৈ অপেক্ষা কৰিছিল শান্তি‌দায়ী মৃত্যুৰ।
মৃত্যুৱেও প্ৰতাৰণা কৰিছিল তাইক।

ধুমুহা‌ত ডাল ভঙা গছ এজোপাই
তাইক দিছিল জীৱনৰ অৰ্থ।
নিজৰ বাবে নহয় 
আনৰ বাবে উচৰ্গা কৰিব লাগে
ফুল-ফল আৰু ছাঁ।

তাই দেখিলে 
নাতিদূৰৈত এটি অনাথ শিশু
প্ৰাণকাতৰে কান্দি থকা। 
তাই দুহাতেৰে তুলি ললে;
আৰু ৰেল ষ্টেচনলৈ খোজ ল'লে।

ৰেলৰ ডবাই ডবাই 
ভিক্ষা মাগি, গান গাই যি পায় 
অনাথহঁতৰ স'তে ভগাই খায়।
এনেদৰে লাহে লাহে তাই
আনাথসকলৰ হৈ পৰিল "মাই"!

নিজৰ কলিজাৰ টুকুৰা‌টো মিশ্ব্যনত দান দি
তাই হৈ পৰিল অনাথৰ মাই।
ভাষণ দি ৰেচন গোটাই
ভৰণ-পোষণ দিলে হাজাৰ অনাথৰ।

সোণ পুৰি জিলিকি উঠাৰ দৰে
জীৱনে দৰ্শন শিকোৱা
সংগ্ৰামে মানৱতাৰ পাঠ শিকোৱা
সময়ে কবি কৰি তোলা
মমতাময়ী সেই গৰাকী মহীয়সী মাই সিন্ধুতাই
সিন্ধুতাই চপকাল।

অঙ্গন:  পৃষ্ঠাঃ 22
যন্ত্ৰণা

প্ৰণৱ কুমাৰ গগৈ

তোমাৰ দৰে
মোৰ বুকুতো এখন হৃদয়
আছে...

যি মোক কন্দোৱাই
মানুহৰ দুখত মানুহৰ বাবে...

তুমিও যদি
মানুহক ভাল পাবলৈ শিকা
শোৱ নোৱাৰিবা কোনো এটা ৰাতি...

যন্ত্ৰণাত হাউলি পৰিব
বুকুৰ ভিতৰৰ ঘৰ...

অহৰহ তুমি
বুটলি ফুৰিবা আপোনজনৰ খবৰ ...!!

অঙ্গন:  পৃষ্ঠাঃ 23
ঈৰ্ষাত জ্বলা ঈশানৰ জুই

ৰাজেন অসমীয়া

মীনা কৰা মিনাৰ্ভাৰ অনামিকাৰ আঙুঠিটোত
ঈৰ্ষাৰ ইস্পাট নে প্ৰেমৰ প্ৰলেপ সেয়া
 বিজুলী সূতাৰ একাঢ়নি তোলোঁতেই ব’
আৰ্কেনীৰ তাঁতশালত কূটিল অভিশম্পাত
গান্ধীৰ মানচেষ্টাৰত এতিয়া
মকৰাজালত মলিয়ন পাট মেজাঙ্কৰি
মদালসা মিনাৰ্ভাৰ পিৰিচ পিলেট বাগৰি
সৰি পৰিলেই যেনিবা এপিয়লা প্ৰেমৰ ফটিকা
মাটিৰ বস্তু মাটিলৈ
তাতে কিটো হ’ল
কাৰ দৈৱাসাহোন তল গ’ল
গোটেইখন ৰৌজাল-বৌজাল হ’ল
মিনাৰ্ভা মোৰ প্ৰেম নহয়
আৰ্কেনী মোৰ পুতৌ নহয়
জোনৰ জলঙাত মলঙা মমতাৰ
মায়া মাণিক খোজা মানুহ মই
আকাশ বতাহ বায়ু পানী মাটিৰ ভাল পোৱাতে নিয়ত মত্ত মগন
বিনিময় বিহীন বেহা
কিমাচৰ্যম তাতো যদি অত অন্তৰায়..

অঙ্গন: পৃষ্ঠাঃ 24
সোণাৰুৰ হাঁহি

দেৱযানী পূজাৰী

বৰষা ঋতু নামে যেতিয়া,
সোণাৰুৰ হালধীয়া বোৰ
ডালে ডালে ফুলে ৰমক জমককৈ 
ক'ত ৰহন চৰাই
থোপা থুপি ফুল বোৰে 
দুগুনে জেউতি চৰাই।
তোমাৰ  দুচুকুত হৰিণী নয়ন দেখি
তোমাৰ ওঁঠৰ  নুবুজা ভাষা বোৰে
নোকোৱাকৈ থকা কথাবোৰে
পদুম ফুলৰ দৰে
তোমাৰ চকু জুৰিয়ে
মায়াময়  ৰূপালী জোনাকৰ স'তে 
তোমাৰ লাহী পাহী দেহাটি
শত শত ৰহন সানি
সোণাৰুৰ হালধীয়া বোৰে
মোৰ সপোন বোৰ ৰঙীন কৰে।
নীলা আকাশখনি,
কাজল সনা ডাৱৰৰ
আৱৰি ধৰেহি
সজল ধৰালৈ
সপোন যেন লগা সন্ধিয়াতে
মুষলধাৰ এজাক বৰষুণ নামি আহে।
সেই সোণাৰু বুলীয়া যেন হাঁহিটোতে।

ঠিকনাঃ- ডিগবৈ 
ফোন নং :- 6003910784

অঙ্গন: পৃষ্ঠাঃ 25
মই অৰণ্যৰ মানুহ

শ্ৰী সঞ্জীৱ গগৈ

নিশাহত এৰি দিওঁ 
কত ভালপোৱা বনৰ পক্ষীৰ গান ৷
উশাহত সামৰি থওঁ 
কত ভালপোৱা সেউজীয়া প্ৰেমৰ বান ৷৷
    
নদীয়ে নদীয়ে উজাই যাওঁ মই 
পাহাৰে পাহাৰে বগাই যাওঁ 
কত বনফুলৰ মালা গাঁথো ৷
বনৰ পক্ষী সতে খেলোঁ 
মই নপৰো ভাগৰি 
মই অৰণ্যৰ মানুহ ৷

কত বৃক্ষবোৰ ফুলে 
হালোতে জালোতে 
মই মতলীয়া হওঁ৷
কত ফলবোৰ পকে
আমোল মোলাওঁতে 
মই মুগ্ধ হওঁ ৷৷

উশাহত লাগে যাক 
তাক মই সংৰক্ষণ কৰোঁ 
খাবলৈ লাগে যাক 
তাক মই সংৰক্ষণ কৰোঁ 
থাকিবলৈ লাগে যাক 
তাক মই সংৰক্ষণ কৰোঁ ৷৷
   
মই প্ৰকৃতিৰ মানুহ 
মই অৰণ্যৰ মানুহ 
গছ মই ভাল পাওঁ 
গছ মোৰ ভগৱানতকৈও শ্ৰেষ্ঠ 
পৰম   সত্য ৷৷

                
১নং মূৰফুলানী
কলবাৰী চুক

অঙ্গন: পৃষ্ঠাঃ 26
দানৱৰ ৰক্ত

অনুপ কুমাৰ বড়ো

সপোনৰ বিযুক্ত লগনত
ভমকাই সুখৰ দাহন
সিক্ত শিতানে ক'ব
বিৰহ কিমান।
আপুনি মই অনুভৱ কৰিবলৈ
মানৱ জানো হয়?
আমি দুখ কৰো!
কিন্তু আমিও চোন দোষী?
সাহস অথবা সময়
এৰা নাই।
সিদিনা সুৰাৰ ৰাগীত বাগৰা মানুহজন
এৰা মানুহ!
কিন্তু ময়ো তথাকথিত ভদ্ৰ
উঠাই দিওঁনো কিয়!
মই অমানৱৰ উপমা।
বাট পথ অলেখ
ঘটনা দুৰ্ঘটনাও অলেখ
কিন্তু সহায়!
সহায় কৰোঁতা!
উন্মাদ বিবেক
উন্মাদ বিবেকৰ চিন্তাত
আমি মোট সলাই ফুৰা সৰ্প।
বাস্তৱত সকলো সহজ;
গণপ্ৰহাৰ; ধৰ্ষণ; অম্লৰ আক্ৰমন
কৰাই কৰিব
দেখাই তুলিব
দুদিন চলিব তাৰেই ধাৰা।
বুজিব কোনে বুজাব কোনে
সকলোৰে গাত দানৱৰ ৰক্ত।
উকা ঘৰ ; উকা কোলা;
উকা কপালৰ শিৰ!
প্ৰগতিৰ খোজত বিবেক বধিৰ।

সোণাপুৰ; কামৰূপ(ম) 
৭০০২৯৫৬১৭১

অঙ্গন: পৃষ্ঠাঃ 27
ভালপোৱাৰ বৰষুণ

থৈবি দেবী

বহু দিনৰ মূৰত মোৰ বুকুলৈ
নামি আহিল এজাক বৰষুণ।

মোৰ পৰা তোমাৰ হৃদয়লৈ
ভাবনাৰ অন্বেষণত।

তোমাৰ লিহিৰী আঙুলিৰ স্পৰ্শৰ মায়াজালেৰে,
চঞ্চলা হৈ উঠিল মোৰ প্ৰতিতো মুহূৰ্ত।

মই জানো, তুমিও তিতিছা।
উদাসী সন্ধিয়া,
মোৰ ভাল পোৱাৰ বৰষুণ জাকত।

তুমিতো বৰষুণৰ গান,
ৰ'দৰ চকুলো,
মোৰ ভালপোৱাৰ প্ৰথম স্পৰ্শ।

উপচাই পেলোৱা 
তোমাৰ স্পৰ্শৰে মোৰ গাভৰু শৰীৰ

অনুভবৰ মাদকতাৰে,
হেৰুৱাই পেলাওঁ নিজকে তোমাৰ মাজত...

নামি আহক মোৰ হৃদয়লৈ
তোমাৰ অনুভবৰ‌ গুন গুন গান।
সেউজীয়া হৈ পৰক মোৰ বুকুৰ চৌপাশ।

অঙ্গন: পৃষ্ঠা 28
প্ৰাপ্তিৰ হৰ্ষধ্বনি

সীতা দেৱী

সেউজীয়া সপোনৰ কলৰোল,
মিঠা প্ৰেমৰ মৌপিয়া ৰূপ।
জীয়া অনুভৱৰ সোণাৰু বুলীয়া হাঁহি,
নিস্বাৰ্থ শীতল ছাঁয়া ,
তোমাৰ আন্তৰিকতাত।
তোমাৰ উজ্জ্বল চকু জুৰিত স্পষ্ট প্ৰেৰণাৰ
তেজস্বীনী নৈ।
বিশ্বাসৰ ছন্দোময় নৃত্যত
আশাৰ অনাবিল তান।

তুমি মোৰ উজাগৰি নিশাৰ
শান্তিৰ নিজৰা...!
তুমি মোৰ...
বহাগৰ কুঁহিপাত,
মৰমৰ সঁচা চানেকি,
সুন্দৰ স্মৃতিৰ অন্তহীন যাত্ৰা ।
জোনাকীৰ জোনাক তুমি ,
মোৰ জীৱন ৰথৰ অমোঘ অনুভূতি,
তুমি প্ৰাপ্তিৰ হৰ্ষধ্বনি।।

বিহপুৰীয়া, লখিমপুৰ।

অঙ্গন:  পৃষ্ঠাঃ 29
বিশ্বাস

ৰীণা দত্ত

পৰিচয় বিহীন ঘৰবোৰৰ 
নাথাকে বিশ্বাসৰ দুৱাৰ
বন্ধহৈ থাকে খিৰিকী 

চকুৰ উত্তাপত জ্বলে ক'ত কথা
সাৰে থাকে ক'ত নিশা
থমকি ৰয় ক'ত মাত্ৰা

কৃত্ৰিমতাৰ দোমোজাত
বিনষ্ট হয় হৃদয়ৰ সমস্ত ভালপোৱা
ব্যাকুল হয় বুকুৰ আশা

অশান্ত আচোঁৰত আঁত হেৰুৱাই
ঘৰবোৰ মৰি মৰি জী উঠে
প্ৰেমৰ জুইত বিশ্বাস জ্বলে

পৰিচয় বিহীন অহংকাৰত
উঁইচিৰিঙাৰ পাখি গজে
পোহৰ নাশি নামি আহে আঁন্ধাৰ

চৰ্চাত ঘৰবোৰ বতাহ হয়
বৰষুণৰ একোটা টোপাল
ৰ'দালীৰ লয়লাস

বিশ্বাসে পখালে সুখৰ ওঁঠ
পৰে পায় আশ
ঘৰবোৰ হয় বনবাস।

অঙ্গন: পৃষ্ঠা 30
প্ৰেমিক কবিজন
( প্ৰিয় কবি নৱকান্ত বৰুৱাদেৱক সোঁৱৰি)

মিনা মহন্ত

হালধীয়া শাওণ এটা বুকুত থাপি 
মানুহ জন গ'লগৈ
অৰুন্ধতীৰ প্ৰেমত গাভৰু আবেলি এটা বিচাৰি হাবাথুৰি খোৱা কবিজনে বুকুৱে বুকুৱে 
সাজি গ'ল একোটি নিগাজি ঘৰ--- 
পাঁচ ফুট তিনি ইঞ্চি জকাটো প্ৰতিজন সেউজীয়া মানুহে সাঁচি থ'লে হিয়াৰ চ'ৰা ঘৰত আলফুলে --
এতিয়া 
ক্ষয়ৰ শংকা নাই --
জীৱনৰ নাই নোপোৱাৰ বেদনা 
কেৱল মাত্ৰ 
জীৱন জীয়াৰ তাড়না,
অনায়াস বিসৰ্জনৰ তীব্ৰ বাসনা।

প্ৰিয় কবি,
সেমেকা পোহৰে সোৱৰাই দিয়া তোমাৰ স্মৃতি 
ৰৈ ৰৈ বাজে আজিও হিয়াত আমাৰ
তেজ ফুটো, সুগঢ়ি, শুভ্ৰ বসনেৰে পাল্কি শোৱাই সাহিত্যৰ ৰণুৱা ঘোৰাৰ লেকাম টানি টানি যুদ্ধ জয়ৰ হাঁহিৰে সেই  
ৰাজকুমাৰ হেন চেহেৰাৰ মানুহজন 
কেনেকৈ পাহৰিম তোমাক।

শুনিছোঁ 
প্ৰেম নাথাকিলে হেনো হিয়াত খৰিকাজাঁই নুফুলে
নুফুলে গোলাপ ---
সেয়েহে
অৰুন্ধতীৰ বগা পিতত 
চেলেও পাতি জোকৰ সাৱত দেখি 
তোমাৰ বুকুত বেপেৰুৱা সুৰ এটা ৰৈ ৰৈ বাজিছিলনে তেতিয়া
প্ৰেমৰ পানছৈত উঠি সাগৰ ভ্ৰমণৰ বাসনা জাগিছিলনে তেতিয়া তোমাৰ হিয়াত ---

তুমি গুচি গ'লা অৰুন্ধতীৰ খোপাৰ ভাঁজে ভাঁজে 
লুকাই থকা আবেলি আবেলি গোন্ধ এটাৰ  পম খেদি 
আৰু আমাৰ চোতালত উৰি থাকিল আজিও 
তোমাৰ পদুলিৰ সদ্য প্ৰস্ফুটিত বকুল ফুলৰ ফুৰ-ফুৰীয়া সুবাস।
আজিও প্ৰাণভৰি ঘ্ৰাণ লওঁ তাৰ।
সাৰে থাকে আজিও জোন তোমাক ধিয়ায় 
সাৰে থাকে ফুল, তৰা, 
পখীৰ কাকলিত মুখৰিত হোৱা সেই চিনাকি নদীৰ ঘাট
তোমাৰ বাবে কবি 
তোমাৰ বাবে।

অঙ্গন: পৃষ্ঠাঃ 31
অনাথ

মনময়ূৰী কলিতা

অনাথ..  
আশাবোৰ শেঁতা পৰা,  হাঁহি নিষেধাজ্ঞা 
হাঁহিৰ কাহিনী যেন পাপত গজা ।

অনাথ..   
থকাত পৃথিৱীখন গোটেই থাকে , ঘৰ বুলিবলে একো নাথাকে !

অনাথ .. 
বিবৰ্ণ ৰূপৰে বন্ধা জঁকা হোৱা সপোনৰ সমাধিত মৃত হৈ জী থকা এটি সত্তা 

অনাথ .. 
এটি জীয়া সাধুৰ সংমিশ্ৰণ

অনাথ..  
ইটাভাটাৰ মাজতো দুৰ্ভগীয়া ধোঁৱাখিনি

অনাথ..  
ক'বলৈ সহজ কৰাটো টান য'ত সাঁথৰ হৈ ৰয় সমাজ

অনাথ..  
লেলিহান শিখাৰ মাজতো ভাঁহি আহে চেঁচা সুৰ, যি সুৰ অব্যক্ত

অনাথ..  
য'ত বাজি থাকে অহৰহ দোষৰ বাদ্য , 
দোষৰ কাৰণ কি  অজ্ঞাত ৰহস্য!!

ঠিকনাঃ
আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

অঙ্গন: পৃষ্ঠাঃ 32
নীলাখামৰ চিঠি

মৰমৰ
...
মৰম ল'বা। আশাকৰোঁ, তুমি কুশলে আছা। বহুদিনেই হ'ল, তোমাৰ খবৰ নোপোৱা। সেয়েহে কলমৰ আশ্ৰয় লবলগীয়া হ'ল। মই জানো, বৰ্তমানৰ হোৱাটচএপ ফেচবুকৰ সময়ত মই এইদৰে চিঠি লিখা কথাটোৱে তোমাক আমনি দিছে। কিন্তু কি কৰিম কোৱা। আধুনিক যুগৰ যান্ত্ৰিক জীৱন এটাৰ পৰা মই আতৰি থাকি ভাল পাওঁ। এই কথা তুমিও জানা।
আজি তোমাক এটা প্ৰশ্ন সুধিবৰ বৰ মন গৈছে। আচলতে এই প্ৰশ্নটো সুধিবলৈ মোক পৰিস্থিতিয়ে বাধ্য কৰাইছে। সম্পৰ্কবোৰ বাৰু এনেকুৱাই নে? য'ত প্ৰতিটো কথা, প্ৰতিটো বিষয় বিনিময় প্ৰথাৰে বিবেচনা কৰা হয়। অন্ততঃ তোমাৰ মোৰ মাজত থকা আত্মিক সম্পৰ্কটোক তুমি এইদৰে বিবেচনা কৰিবা বুলি কেতিয়াও ভবা নাছিলোঁ। কেৱল তোমাৰ পৰা আতৰি থাকিলেই তুমি সুখী হ'বা বুলি কোৱা কথাষাৰ যে সম্পূৰ্ণ তোমাৰ মনে সজা আছিল সেই কথা তোমাক পুনৰবাৰ সোঁৱৰাই দিয়াৰ প্ৰয়োজন জানো আছে, কোৱা।
ঈশ্বৰ যিদৰে অদৃশ্য, একেদৰেই অদৃশ্য এই ভালপোৱা। যিদৰে আমি ঈশ্বৰক হৃদয়ত ৰাখিছোঁ একেদৰেই মোৰ ভালপোৱাখিনিকো মই মোৰ হৃদয়তেই থাপিত কৰিছিলোঁ। দুচকু মুদিলেই যাৰ মুখখনিয়ে মোক আজিও আমনি কৰে সেই গৰাকীয়েই তুমি। তাৰ পাছতো মই প্ৰমাণ দিব লগীয়া হ'ল মোৰ প্ৰেমৰ, ভালপোৱাৰ। তুমি কেৱল যুক্তিৰে মোক থকা সৰকা কৰিলা, তোমাৰ কাষত ছাঁটোৰ দৰে লাগি থাকিব নোৱৰাটোৱেই মোৰ চৰম দুৰ্বলতা বুলি বাৰে বাৰে মোক অপমানিত কৰিলা। অথচ, মই আশা কৰিছিলোঁ তুমি বুজি পাবা মোক। তুমি অন্ততঃ মোক তোমাৰ হৃদয়ৰ আভ্যন্তৰত অনুভৱ কৰিবা, দুচকু মুদি জীৱনৰ সমস্ত প্ৰাপ্তিৰে ক'ব পাৰিবা যে পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী মানুহগৰাকী তুমি। পিছে মোৰ ধাৰণা ভুল আছিল।
পুনৰবাৰ কৈছোঁ, মলিয়ন বাবেই পুৰণি পোছাকযোৰ পেলাই নিদিবা। এতিয়াও সময় আছে, পোছাকযোৰ ধুই পখালি পিন্ধিলে তোমাক আটাইতকৈ বেছি ধুনীয়া দেখিম।
তোমাৰ উত্তৰ বাবে বাট চাই ৰলো।
তোমাৰ
.....
 
আকাশ বৰা
যোৰহাট

অঙ্গন:  পৃষ্ঠাঃ 33
গল্পঃ
হেৰোৱা সপোন বিচাৰি
 
ড° তেজসা কলিতা

অকলশৰীয়া জীৱনটো মোৰ খুবেই প্ৰিয়। জীৱনৰ আধা সময় প্ৰায় অকলেইতো কটালোঁ। জীৱনটো হাবিয়ে জংঘলে, দেশে বিদেশে ঘূৰি ফুৰতেই গ’ল। কিমান যে অভিজ্ঞতা গোটালোঁ। কিন্তু কেতিয়াবা কেতিয়াবা অকলশৰীয়া অনুভৱ নকৰাওঁ নহয়। বিশেষকৈ কোনো কোনো মুহূৰ্তত এখন মুখে বৰকৈ আমনি কৰেহি। অৱশ্যে আৰু কেতিয়াবা লগ পোৱাৰ আশা, কামনা একোৱেই নকৰোঁ, কাৰণ অকলশৰীয়া জীৱন যে মোৰ প্ৰিয়। কাঞ্চন বৰুৱা মোৰ বৰ প্ৰিয় লেখক। তেওঁৰ নপঢ়া কিতাপ চাগৈ মোৰ নায়েই। 'মৃত বিহঙ্গ' খন যে মোৰ খুবেই প্ৰিয়। কিন্তু নিজে সদায় মুক্ত বিহঙ্গ হৈয়েই থাকিলোঁ। পেচাও তেনেকুৱাই বাচিলোঁ যেতিয়া ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ হোৱাৰ সিদ্ধান্ত লৈছিলোঁ ঘৰৰ মানুহে ভয়েই খাইছিল ছোৱালী মানুহেও এনেবোৰ কাম কৰেনে বুলি ভাবি। কিন্তু মই জানো বেলেগৰ কথাৰে চলা মানুহ। সিদ্ধান্ত ললোঁ যেতিয়া ললোঁয়েই আৰু। অ’হ কলিং বেল বাজিল চোন। কোনবা আহিল এইটো সময়ত? কিন্তু দুৱাৰ খন খুলি সমুখত যাক দেখিলোঁ, মই উশাহ লবলৈ পাহৰি থাকিলোঁ অলপ সময়। আজি পুৰণি কথা বোৰ ভাবি থকা বাবে ভ্ৰম দেখিছোঁ নেকি বাৰু মই? এইয়া কেনেকৈ সম্ভৱ? বিশ বছৰ পিছত মোৰ নিচেই কাষত চোন…,
: পাহৰিলা নেকি মোক? ভিতৰলৈ নামাতা? নিজেই সোমাই আহিলোঁ আৰু।
আগন্তুকৰ মাতত হে বাস্তবলৈ উভতিলোঁ। মোলৈ ৰৈ নাথাকি, সেইজনাই মিছিকিয়াই হাঁহি চোফা খনত বহিয়েই ললে চোন। একেই জবৰজংটোয়ে হৈ আছে মানে। ময়ো আহি কাষৰ চোফা খনতে বহিলোঁ যদিও মুখেৰে চোন মাত উলিয়াবই পৰা নাই। কেৱল তাৰ মুখ খনলৈহে চাই আছোঁ।
: কি চাইছা? ময়েই হয়। বিশ্বাস হোৱা নাই? কৈছিলোঁ নহয় এদিন তোমাক বিচাৰি উলিয়ামেই। এতিয়া মোক মানিলানে?
: পৃথিৱীখন যে সচাঁকৈয়ে ইমান সৰু মই ভবাই নাছিলোঁ আগতে কেতিয়াও। ইমান বছৰ পিছত যে এনেকৈ এদিন তোমাক আকৌ কেতিয়াবা লগ পাম মই যে কল্পনাও কৰা নাছিলোঁ। মই ইমান বছৰে মোৰ মাজতে জীয়াই আছোঁ। নিজৰ মতে খাইছোঁ, ঘূৰিছোঁ, ফুৰিছোঁ। মই অকলে এই যাযাবৰী জীৱন কটাই অতিকৈ সুখত আছিলোঁ। পঞ্চল্লিছ বছৰ হ’ব মোৰ এইবাৰ। কিন্তু বিশ বছৰ পিছত তুমি আকৌ ক’ৰ পৰা ওলালাহি আহি আজি।
: তোমাৰ কাৰণে হ'ব পাৰে সৰু এই পৃথিৱীখন। কিন্তু মোৰ কাৰণেটো অন্তই হ'ব নোখোজা এখন বিশাল মহাসাগৰ। প্ৰায় বিশ বছৰৰ অপেক্ষাৰ অন্ত পৰিল আজি। তুমি নাজানা তোমাক এবাৰ চাবলৈ কেনেকৈ ধৰফৰাই আছিলোঁ মই। আৰু আজি অৱশেষত অন্ত যে পৰিল সেই অপেক্ষাৰ। উফ্! ইমান শান্তিৰ অনুভৱ মোৰ কাহানিও হোৱা নাছিল।
: ভালে আছানে তুমি? বিয়া পাতিলানে? সুখীতো তুমি? ল'ৰা-ছোৱালীৰ কি খবৰ? অ'হ! তোমাৰ দাড়িবোৰ পকিলে চোন? বুঢ়া হ'বলৈ ধৰিছাই তুমি? তোমাৰ পত্নীৰ ভাল নহয়?
: আৰু কিমাননো প্ৰশ্ন নকৰা তুমি? বাপৰে...! বয়সৰ লগত অলপ গহীন হ’লা হয়, কিন্তু বিশেষ একোয়েই সলনি নহ’লা তুমি। আৰু কি ক'লা, মোৰ দাড়ি পকিছে আৰু মই বুঢ়া হৈছোঁ? তোমাতকৈ প্ৰায় দুবছৰ সৰু মই। মনত আছে নে তোমাৰ?
: আছে সকলো মনত আছে। এটা এটা পল মনত আছে। এক মুহূৰ্তৰ বাবেও ভুলতেও চোন পাহৰিব নোৱাৰিলোঁ। মোৰ কি স্মৃতিশক্তি এতিয়াও ভালেই আছে সম্পূৰ্ণ। মই তোমাৰ নিচিনা বুঢ়ী হোৱা নাই নহয়। মই কি তুমি নাজানেই।
: ভালদৰে জানো তুমি কি। এগৰাকী আজিৰ তাৰিখত প্ৰসিদ্ধ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ। নহয় জানো? সেইটোতো তুমি বিশ বছৰ আগতেওঁ আছিলা আৰু যিহে দমত কৈছিলা, ভয়েই খাই গৈছিলোঁ ভাই। নতুন কথা কি হ’ল ইয়াত? তোমাৰ সেই বনৰীয়া স্বভাৱটোৰেইতো প্ৰেমত পৰিছিলোঁ বেয়াকৈ, আৰু এনেকৈ পৰিছিলোঁ যে আজিলৈ ওলাই আহিব পৰা নাই। কিন্তু আচল কথাটো হ’ল তুমি যে আজিও ইমান বেছি ধুনীয়া হৈ আছা? জংঘলে জংঘলে ঘূৰি ঘূৰি চোন বেছি আকৰ্ষণীয়হে হৈছা। আজিও আকৌ বৰ বেয়াকৈ পৰিলোঁ নহয় তোমাৰ প্ৰেমত। কি কৰোঁ কোৱানা? এইবাৰ চাগৈ এৰি থৈ যাবই নোৱাৰিম তোমাক।
: বুঢ়া হৈয়ো আজিও একেই আছা তুমি। এম. এচ. চি. পাছ কৰিয়েই পি. এইছ. দি. কৰিব অহা তেইছ বছৰীয়া ল’ৰাটোয়ে হৈ আছা। তেতিয়াও কমখন আমনি কৰিছিলা নে মোক? এতিয়া অন্ততঃ আৰু আমনি নকৰিবা। তোমাৰ পৰিয়ালে এইবোৰ কথা গম পালে কি হ’ব এবাৰ ভাবি চাবা। আমি আমাৰ সীমাৰ পৰিধি পাৰ হোৱা অনুচিত।
: মোৰ পৰিয়ালত কেৱল মোৰ মা আছে আৰু মায়ে তোমাৰ কথা জানে। মোৰ বিয়াৰ বাবে প্ৰস্তুত কৰিব নোৱাৰি তোমাক যাতে সোনকালে লগ পাওঁ তাৰ বাবে প্ৰাৰ্থ্না কৰিছিল সদায়, সেইবাবেই চাগৈ লগ পালোঁ তোমাক আজি। মই সেইদিনাও কৈছিলোঁ মই তোমাক কেতিয়াও পাহৰিব নোৱাৰিম আৰু আজিও তাকেই কম। বিশ বছৰ আগতে যেনেকৈ ভাল পাইছিলোঁ তোমাক, আজিও পাওঁ। আৰু তুমি হাজাৰ মানা কৰিলেও মই ভালকৈ জানো যে তুমিও মোক ভাল পোৱা। তেতিয়াও পাইছিলা আৰু আজিও পোৱা।
তাৰ কথাবোৰে সচাঁকৈ মোৰ মুখৰ মাত হৰিল। এষাৰোতো মিছা কোৱা নাছিল সি। সি আজিও মোৰ বাবেই বিয়া নপতাকৈয়ে থাকিল? কি আচৰিত মানুহ। মই বাৰু তাক এৰি আহি ভুল কৰিলোঁ নেকি? বিশ বছৰ আগৰ কথাবোৰ লাহে লাহে মনলৈ বৰ বেয়াকৈ আহিব ধৰিছে আজি। মনত পৰি গল মানাহত কটোৱা বিশ বছৰ আগৰ সেই দিন কেইটা যেতিয়া মোৰ বয়স আছিল মাত্ৰ পঁচিশ বছৰ আৰু তাৰ বয়স আছিল তেইছ বছৰ...
নতুনকৈ ফটোগ্ৰাফীৰ ক’ৰ্চটো শেষ কৰি সৰু আলোচনী এখনত ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ হিচাপে সোমাইছিলোঁ। তাৰেই কিছু কামত গৈছিলোঁ মানাহলৈ। এফালৰ পৰা মোৰ ভাল লগাবোৰ বন্দী কৰি লৈছিলোঁ কেমেৰাত। এটা সময়ত বেঁকী নদীৰ পাৰত অলপ জিৰণি লৈছিলোঁ আৰু নদী খনৰ নৈসৰ্গিক দৃশ্যত আপোন পাহৰা হৈ নিজৰ মাজতেই গুণগুণাই কিমান সময় জানো বহি আছিলোঁ। কিন্তু হঠাৎ…
: ওহ মা! এতিয়াই মৰিলোঁ হয়। কেমেৰাটো পৰিলেই হয় এতিয়াই। খোজ কাঢ়িব নজনা মানুহ বোৰে হাবিয়ে বননিয়ে ঘূৰি ফুৰিব নালাগে নহয়। এইবোৰ মানে চাহাবৰ পুতেক
কোনোবাই আহি হঠাতে বেয়াকৈ খুন্দা মাৰি দিলত শিলতেই থেকেচা খাই পৰিলোঁ বেয়াকৈ আৰু কোনোমতে মই কেমেৰাটোক নপৰাকৈ ধৰি থাকিলোঁ। মোৰ কেমেৰাটো মোৰ প্ৰাণ, মোৰ প্ৰেম, মোৰ জীৱন, মোৰ সকলো। আজিও মই মোৰ কেমেৰাটোৰ লগত অনিষ্ট হোৱাতকৈ নিজৰে কিবা হ’লেও চাগৈ মই সহ্য কৰি লম। াৰু জীৱনৰ প্ৰথম কেমেৰাটো মই কষ্ট কৰি এক এক পইচা সাঁচি কিনিছিলোঁ হঠাৎ মুখৰ আগত মোলৈ আগ বঢ়াই দিয়া হাতখন দেখিহে চাগৈ প্ৰথম চাইছিলোঁ ল’ৰা জনলৈ। ক্ষীণকৈ নিয়মীয়া উচ্চতাৰ চছমা পিন্ধা এখন মৰম লগা মুখ। মোলৈকে চাই আছে বেচেৰাই।
: আগতে উঠি লোৱা চোন। তাৰ পিছত চাহাবৰ পুতেকেক বাকি ৰোৱা গালি কেইটা দিবা।
তাৰ হাঁহি থকা মুখখন দেখি বেয়াকৈ খং উঠিছিল সেইদিনা। মোক কি অবলা নাৰী বুলি ভাবিছে নেকি? নিজে উঠিবলৈ চেষ্টা কৰিহে মন কৰিছিলোঁ যে ভৰি খনত অলপ দুখ পোৱাৰ লগত শিলত লাগি অলপ তেজো ওলাইছিল। উঠিব খুজিও বহি গ’লো মই।
: হাতখন দিলে অবলা নাৰী হৈ নোযোৱা দিয়া। দুখ পালে ময়ো সহায় ললোঁ হয়। কি ছোৱালীহে তুমি? ভৰিত তেজ ওলাইছে আৰু কেমেৰাটো সাবটি বহি আছা। উঠাচোন আগতে।
: বেছি বেছি দেখুৱাই নাথাকিবা দেই। জান না পেহ্‌ছান মে তেৰা মেহ্‌মান। কামোৰৰ এক্‌চেচ্‌ মানে। মোৰ এনে অৱস্থা কাৰ কাৰণে হ’ল? শান্তিত বহি আছিলোঁ, জানো এই মানুহবোৰ ক’ৰ পৰানো ওলাইহি? নালাগে মোক কাৰো সহায়। আতঁৰা। মই নিজে উঠিম।
: নমস্কাৰ মিচ বীৰাঙ্গণা। যি কৰা কৰা আৰু। অলপ সহায় কৰিব বিচাৰিছিলোঁ। কিন্তু বাপৰে… কি যে ছোৱালী? মুখ মানে দিছে আৰু ভগৱানে। তাতকৈ মানাহৰ বাঘ কেইটায়েই চাগৈ অলপ শান্ত প্ৰকৃতিৰ।
সেইয়াই আছিল প্ৰথম চিনাকি আমাৰ। চিনাকিনো কি প্ৰথম যুদ্ধ আমাৰ। কিন্তু মইতো জনা নাছিলোঁ যে অহা সাত দিন এইজনা মহাপুৰুষে আঠা লাগি থাকিবহি মোৰ লগত আৰু সেই সাত দিনৰ স্মৃতি গোটেই জীৱনলৈন...
পিছদিনা ৰাতিপুৱা উঠি দৌৰাদোৰিকৈ ল’জটোৰ দাইনিং ৰুমত ব্ৰেকফাস্ত কৰিব সোমাই প্লেট খন ল’বলৈ ধৰিছিলোঁহে মাত্ৰ আৰু লাগিল নহয় খুন্দা কাৰোবাৰ লগত। কিলাকুটিটো মোহাৰি মোহাৰি প্লেটখন লবলৈ লওতেই চিনাকি মাত এটা আহি কাণত পৰিলহি।
: আই এম এক্সত্ৰিম্লি চ’ৰি মিচ্‌ বীৰাঙ্গণা। সচাঁকৈ দেখা নাছিলোঁ তোমাক।
: সদায় ধুমুহাৰ নিচিনাকৈ কিয় আহা। অলপ চাৰিওফালে চাই খোজ কাঢ়িব নোৱাৰা নেকি?
মই প্লেতত অলপ খোৱা বস্তু লৈ সমুখৰ টেবুল খনত বহিছিলোঁহে, মহাশয় আহি বহিলেই নহয় কাষত।
: তুমি বৰ এটা মই ইয়াত বহাটো পচন্দ কৰা নাই বুলি জানো বাৰু, কিন্তু আৰু এখন টেবুলো খালী নাই। গতিকে উপাই নাই।
মই কোনো উত্তৰ নিদি মনে মনে খোৱাৰ যত্ন কৰিছিলোঁ। সহ্য নহ’ল নেকি মহাশয়ৰ সেইয়া, সেইকাৰণে নিজেই আৰম্ভ কৰিছিল আকৌ।
: আজি দেৱীৰ মৌন ব্ৰত যে? কিবা এটা অদ্ভুত লাগিছে চোন। মানে প্ৰচণ্ড ধুমুহা এজাকৰ আগজাননী নহয়তো?
: চিকাক মাৰিলে নিজৰ হাতহে গোন্ধায়।
: কি? বীৰাঙ্গনাৰ আৱিৰ্ভাৱ হ’ল মানে।
মই চকু কেতিয়া তেলেকা কৰি চাওঁতে হোহোৱাই হাঁহিছিল সি। নাজানো কিয়, কিন্তু মোৰচোন খং উঠাৰ সলনি মৰমহে লাগিল তালৈ। এইবাৰ অলপ গহীনকৈ মই সুধিলোঁ,
: ফুৰিব আহিছা নেকি ইয়ালৈ? কাৰ লগত আহিছা?
: তুমি চোন ইমান ভালকৈ খং নকৰাকৈ কথা কবও জানা? চ’ৰি চ’ৰি ধেমালি কৰিছোঁ। আকৌ দেৱী দুৰ্গাৰ ৰূপ ধাৰণ নকৰিবা। অ’ ফুৰিবই আহিছোঁ, কিন্তু অকলে। মোৰ এইবাৰ এম. এচ. চি. শেষ হ’ল আৰু কেইদিনমান আগতে পি. এইচ. দি. ত সোমাইছোঁ। অলপ মনটোক ফ্ৰেচ্‌ কৰি লওঁ যুদ্ধ খনৰ আগত। আৰু তুমি? তুমি অকলে অকলে কি কৰি আছা ইয়াত?
: কিয় মই অকলে ফুৰিবলৈ আহিব নোৱাৰো নেকি? তুমিহে আহিব পাৰা নেকি?
: নহয় মানে, সেইটো কোৱা নাই, সুধিছোঁহে তোমাক।
: হ’ব দিয়া খং নাই উঠা। এনেই কৈছোঁ। মই আচলতে এগৰাকী ৱাইল্ড লাইফ ফটো’গ্ৰাফাৰ। মই মোৰ মাস্তাৰ্চ কৰি উঠি দুবছৰৰ ফটোগ্ৰাফীৰ ক’ৰ্চ এটা কৰিলোঁ আৰু কেইমাহ মান আগতে আলোচনী এখনত সোমালোঁ। সেইকাৰণে আহিছোঁ।
যেতিয়া তাৰ আগত নিজৰ বৃত্তিৰ কথা কৈছিলোঁ, নিজৰ অজানিতেই চোন কিবা এটা যেন নিজৰ ওপৰতেই গৌৰৱ উপজিছিল মোৰ। তাৰ মুখ খন চালোঁ, উজ্জ্বলি উঠিছে। কিয়, তাৰ কাৰণ ধৰিব পৰা নাছিলোঁ। এইবাৰ সি কলে,
: সচাঁকৈ...! মাই গড্‌...! মোৰ চোন বিশ্বাসেই হোৱা নাই। কালি তাৰমানে আমাৰ জীপৰ ড্ৰাইভাৰ জনে তোমাৰ কথায়ে কৈছিল? শুনানা ময়ো এইকেইদিন প্লিজ তোমাৰ লগতেই ফুৰিম দেই। মই আচলতে পৰিৱেশ বিজ্ঞানৰ ছাত্ৰ। মোৰ স্তাদি এৰিয়া মানাহ। ৰিচাৰ্চৰ আগতে এটা সৰু ফিল্ড স্তাডীয়েই হৈ যাব। প্লিজ। অ’হ তোমাৰ নামটো কি? সুধিবই পাহৰিছিলোঁ। মোৰ নামটো…

অঙ্গন:  পৃষ্ঠাঃ 34
 
: তোমাৰ নামটো জানিনো মই কি খাৰ খাম? তুমিয়েইবা মোৰ নামটো জানি কি কৰিবা। তোমাৰ লগত বন্ধুত্ব কৰাৰ মোৰ কোনো পৰিকল্পনা নাই বৰ্তমান। কিবা সচাঁকৈ জানিব বা শিকিব খুজিছা যদি পাৰিবা বাৰু মোৰ লগত থাকিব, কিন্তু তোমাৰ এই ফটুৱামীবোৰ নহ’ব মোৰ লগত। আৰু এটা কথা, মোৰ কাৰণে সময় মানে কিন্তু সময়েই। এক চেকেণ্ডো মই তোমালৈ ৰ’ব নোৱাৰিম। বুজিছানে নাই কথাটো?
: এশ শতাংশ মেডাম। কেৱল মোক তুমি তোমাৰ লগত থাকিব দিয়া। তোমাৰ কেমেৰা, বেগ, সকলো মই কঢ়িয়াই লৈ ফুৰিম।
: মোৰ কেমেৰাটো যেন ভুলতেও চুবলৈ সাহস নকৰা। সেইটো মোৰ জান হয়।
: বাপৰে! এইটো বয়সত ছোৱালী বোৰৰ জান বয়ফ্ৰেণ্ডহে হয়, তোমাৰ বয়ফ্ৰেন্দ কিন্তু তামাম হেণ্ডচাম দেই। মোৰ হিংসায়েই লাগিছে। কি লাকিও ই, বিশ বছৰীয়া ছোৱালী জনীৰ ডিঙিত চৌবিছ ঘণ্টাই ওলমি থাকিব পায়।
: কোনে কলে মোৰ বয়স বিশ বছৰ বুলি। পঁচিশ বছৰ হৈছে মোৰ। অলপ ভাবি চিন্তি কথা কবা। আৰু এই  কথাবোৰ কৈ থাকিলে কিন্তু নোৱাৰা মোৰ লগত থাকিব। কৈ দিলোঁ।
: ধেমালি বুজি নোপোৱা নেকি তুমি অলপো। তুমি মোতকৈ দুবছৰ ডাঙৰ চোন। দেখিলে ইমান টিকলীজনী যেন লাগে। অলপো বোৰ নকৰো দিয়া তোমাক।
কিবা এটা সচাঁকৈয়েই মৰম লাগি গৈছিল ল’ৰাটোলৈ মোৰ। সেই কেইদিন দিন যে কিমান অনাই-বনাই ঘূৰিলোঁ গোটেই মানাহত। মোৰ নামটো সুধি সুধি বলিয়া কৰি দিছিল মোক। কিন্তু কিয় জানো মোৰ নামটো ক’বলৈ মনেই নগ’ল তাক, না তাৰ নামটো জানিবলৈ মন গ’ল মোৰ। কিমান যে কথা পাতিলোঁ সেই কেইদিন। আধা দিনটো বেচেৰাৰ মোৰ গালি খাওঁতেই পাৰ হৈছিল। ডিচেম্বৰ মাহৰ হাড় কপোৱা ঠাণ্ডাটো ৰতিপুৱা সাত বজাৰ মানাহ খন জীপাল হৈ উঠিছিল তাৰ কথা আৰু হাঁহিত। ল’জৰ ওচৰলৈ আহি যোৱা ময়ূৰ আৰু জংঘলী কুকুৰা বোৰে দুয়োৰে মন ৰাতিপুৱাই মোহিত কৰিছিল প্ৰত্যেক দিনাই। সদায় এবাৰ বেঁকী নদীৰ পাৰত বহি জিৰািছিলোঁ দুয়ো। এবাৰ সি হাতত গছৰ ডাল এডাল লৈ গছ বোৰত মাৰি গৈ থাকোতে কোনে অধিকাৰ দিলে গছ বোৰক ইমান অত্যাচাৰ কৰিব বুলি কম খং কৰিছিলোঁনে তাক? মন কৰিছিলোঁ মোৰ কথাতচোন সি পলক দৃষ্টিৰে মোলৈ চাই আছিল। তাৰ চকুত প্ৰথম বাৰ দেখিছিলোঁ এক অদ্ভুত আকুলতা। চাই থাকিব নোৱাৰি চকু ঘূৰাই দিছিলোঁ। আকৌ এবাৰ এজনী বনৰীয়া চৰাইৰ ভৰি খন ভাঙি থকা দেখি মোৰ কোঁচত তুলি লৈ কান্দি দিছিলোঁ আৰু ভৰি খন পানীৰে ধুই ৰুমাল খনেৰে বান্ধি লগত লৈ আহিছিলোঁ জংঘলৰ বনৰীয়া জীৱ জন্তুয়ে খাই পেলাব বুলি। সেইদিনাও তাৰ চকুত মোলৈ একেই আকুলতাই দেখিছিলোঁ আৰু সেইদিনাও মই মোৰ চকু আতঁৰাই আনিছিলোঁ। চাগৈ মোৰ ভয় লাগিছিল ক'ৰবাত নিজকে হেৰুৱাই পেলাম বুলি। এই সাত দিনত এক বুজাব নোৱাৰা বান্ধোনত বান্ধ খাবলৈ ধৰিছিলোঁ দুয়ো। দেওবাৰে আমি দুয়ো নিজৰ নিজৰ গন্তব্য স্থানলৈ উভতি যোৱাৰ কথা আছিল। শুক্ৰ বাৰে ৰাতি ব’ন ফাইৰৰ ওচৰত বহুত দেৰিলৈ বহি আছিলোঁ দুয়ো। এনে এটা ৰাতি, যিটো পাহৰা চাগৈ আমাৰ এটাৰ বাবেও সম্ভৱ নাছিল। কিমান সময় যে নিৰৱে আছিলোঁ দুয়ো। কিন্তু হঠাৎ সি উঠি আহি মোৰ কাষত বহিছিল আৰু হঠাৎ মোৰ হাত খনত আলফুলকৈ সাৱতি ধৰিছিল। ধককৈ উঠিছিল বুকুখন। কি হৈছিল বুজা নাছিলোঁ কিন্তু হাতখন আঁতৰাই আনিবলৈও চোন মন যোৱা নাছিল। সি সেই একেই আকুলতাৰেই মোলৈ চায় মাত্ৰ সুধিছিল,
: আজিও নোকোৱা নামটো? পৰহিৰ পৰা দুয়ো দুই মুখে যাম। কেনেকৈ লগ পাম তোমাক? মইতো ল’জৰ মালিকক গৈ তোমাৰ ৰুম নম্বৰটো কলেই তোমাৰ নামটো গম পাম, কিন্তু তোমাৰ মুখেৰে শুনিব বিচাৰিছোঁ এবাৰ।
: ৰুমটো মোৰ নামত নাই। লগৰ ল’ৰা এজনে বুক কৰি দিছে, তাৰ নামতেই আছে। জানিব নালাগে দিয়া নামটো। কিছুমান সম্পৰ্কৰ এটা নিজা মাদকতা আছে। মোৰ চোন এনেকৈয়েই ভাল লাগিছে। এনেও মই হৈছোঁ অস্থিৰ, জংঘলী প্ৰাণী। আজি ইয়াত, কাইলৈ তাত। ধৰি ৰখা অসম্ভৱ। এইকেইদিন যে একো বান্ধোন নোহোৱাকৈ অনাই-বনাই ঘুৰি ফুৰিলোঁ, মন খুলি কথা পাতিলোঁ একো চৰ্ত নোহোৱাকৈ, এজনে আনজনৰ পৰিচয় নজনাকৈ ইয়াতকৈ ভাল লগা জানোঁ কিবা থাকিব পাৰে পৃথিৱীত কোৱা?
: সচাঁ কথা কবলৈ গ’লে তোমাক এৰি আৰু মই চাগৈ নোৱাৰিম থাকিব। গোটেই জীৱনৰ কাৰণে বান্ধ খাব নোৱাৰোঁ নে আমি?
মই তাৰ কথাত আচৰিত হৈ পৰিছিলোঁ। কি কৈছিল ল’ৰাজনে? এজনে আনজনৰ বিসয়ে একোৱেই নজানাকৈ জানো এনেকৈ কাৰোবাক সাত দিনৰ চিনাকিতেই ভাল পাব পাৰি? চাগৈ খন্তেকীয়াকৈ মোৰো ভাল লাগিব ধৰিছিল তাক। কিন্তু গোটেই জীৱনলৈ এটা বান্ধোনত…… নাই নাই মই কেতিয়াও নোৱাৰোঁ। অসম্ভৱ মোৰ বাবে। তাতে আকৌ সি মোতকৈ দুবছৰ সৰু। জোৰকৈ হাতখন আতঁৰাই আনিছিলোঁ তাৰ হাতৰ পৰা ।
: চিনিয়েই নাপাওঁ ভালকৈ এজনে আনজনক। এতিয়াও বহুত সৰু আছা তুমি। অলপতো মেচিয়োৰ্দ হোৱা। মই নোৱাৰোঁ একো বান্ধোনত থাকিব। তাতে আকৌ তুমি মোতকৈ সৰু। তোমাৰ ঘৰৰ মানুহে কি ক’ব?
: তুমি নুবুজিলেও মই জানো তুমিও মোক ভাল পোৱা। আৰু মইহে বিয়া পাতিম তোমাক, তাত মোৰ ঘৰৰ মানুহে কি ক’ব লগা বা কৰিব লগীয়া আছে। মই জীৱনত মোৰ মতেহে চলিম। নামানিলে সৱকে এৰি দিম।
: চেলিউট কৰিলোঁ তোমাক মি° মজনু। দুদিনৰ চিনাকি ছোৱালী জনীৰ বাবে নিজৰ মা-দেউতাকো এৰি দিবা। স্বাৰ্থপৰতাৰো এটা সীমা থাকে। আৰু তুমি আশা কৰা যে মই তোমাক ভাল পাব লাগে। জানো এই পেনপেনীয়া প্ৰেমিকবোৰক। মোৰ বমি আহিব খোজে। ভাল পাওঁ ভাল পাওঁ বুলি কৈ দুদিন মান পিছতেই এইটো নকৰিবা, এইটো নিপিন্ধিবা, তালৈ নাযাবা আৰম্ভ হৈ যায়। নোৱাৰোঁ মই তেনেকৈ থাকিব। মোৰ কাৰণে অকলশৰীয়া জীৱনেই ভাল। মই সদায় স্বাধীন হৈ থাকিব খোজোঁ। বান্ধোনত কোনোপধ্যেই নোৱাৰোঁ মই থাকিব। উশাহ বন্ধ হৈ মৰি যাম চতফতাই। তুমি অলপ মেচিয়োৰ্দ হৈ নিজৰ লগত মিলা ছোৱালী এজনীক বিয়া কৰাই ধুনিয়াকৈ সংসাৰ পাতি থাকিবা। এনেইও দুদিন পিছত মোক পাহৰিবাই। আজি ৰাতিৰ পিছত চাগৈ আৰু আমি কেতিয়াও লগ নাপাম। মই কাইলৈ ৰাতিপুৱাই যামগৈ।
: কিন্তু আমিতো দেওবাৰেহে যোৱা কথা আছিল? পলাব খুজিছা তুমি নিজৰ পৰাই।
: মই শুবলৈ যাওঁ। গুদনাইট! শুভকামনা থাকিল তোমাৰ ভৱিষ্যতলৈ থাকিল।
: তোমাক মই ভাল পাওঁ। তোমাৰ সকলো ভাল পাওঁ। তোমাৰ স্বাধীনতাও। কিন্তু তুমিহে মোক অলপো বুজি নাপালা। চেষ্টায়ে নকৰিলা অলপো। আজি কথা দিলোঁ তোমাক যে এদিন নহয় এদিন তোমাক বিচাৰি উলিয়ামেই আৰু তুমি নিজেই বুজি পাবা সেইদিনা খন যে মই মেচিয়োৰ্দ হয় নে নহয়। সেইদিনা কিন্তু তুমি মোৰ পৰা পলাব নোৱাৰিবা।
: অ’ল দা বেস্ত
সেই বুলি কৈয়েই মই নিজৰ ৰুমলৈ দৌৰিলোঁ আৰু ল’জৰ মেনেজাৰক ৰাতিপুৱা চাৰিতা বজাতে এখন টেক্সি ঠিক কৰিব দি পিছ দিনা ৰাতিপুৱাই গুচি আহিলোঁ মানাহৰ পৰা। সি কোৱাৰ দৰে চাগৈ নিজৰ পৰা পলাই আহিছিলোঁ। জীৱনটো মই বিচৰা ধৰণেৰেই কটালোঁ। বিয়া বাৰু মোৰ বাবে নাছিলেই, কিন্তু তাক মই সদায় প্ৰতিতো মুহুৰ্ততে বুকুত কঢ়িয়াই ফুৰিছিলোঁ আৰু আজি ইমান বছৰৰ পিছত সি মোৰ সমুখত মোৰ দ্ৰয়িংৰূমত এনেকৈ বহি আছে। নামটো তাৰ মই আজিও নাজানো। কিমান সময় জানো নিজৰ মাজতেই ডুবি থাকিলোঁ, কিবা ভাবিছে সি? কিবাকৈ মাতটো উলিয়াই ক’লোঁ,
: বহা তুমি অলপ, মই চাহ কৰোঁ তোমালৈ।
উঠি যাব খোজতেই হঠাৎ মোৰ সোঁহাতখনত ধৰি তাৰ একেবাৰে কাষতেই বহাই দিলে মোক। এই বয়সটো চোন নিজৰ হৃদস্পন্দন নিজে শুনিছোঁ। চকুত সেই বিশ বছৰ আগৰ একেই আকুলতাৰে মোলৈ মাত্ৰ চাই আছে সি। আজিও সেই চকুহাললৈ চোৱাৰ শক্তি নাই মোৰ। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগতেও চাগৈ ইমান বেয়াকৈ কঁপা নাছিলোঁ মই। হাতখন নেৰাকৈয়ে সি ক’লে,
: কৈছিলোঁ নহয় তোমাক এদিন বিচাৰি উলিয়ামেই। আজি তুমি মোৰ পৰা আজি পলাব নোৱাৰিবা। পাহৰিলা নেকি? মই কিন্তু আজিও এটা কথাও পাহৰা নাই।
কোনোমতে মাতটো উলিয়াই এইবাৰ মাত্ৰ মই ক’লোঁ,
: ক’তনো পলালোঁ? চাহ কৰিবহে গৈছিলোঁ। বেছি নক…
মোৰ ওঁঠৰ ওপৰত থোৱা তাৰ আঙুলিটোৱে মোৰ কথাষাৰ আধৰুৱা কৰিয়েই থ’লে। মই আজি ঠিকে থাকিম নে? উচ্চ ৰক্তচাপৰ সমস্যা নাই মোৰ, কিন্তু কিয় জানো কাণ দুখন ইমান বেয়াকৈ গৰম হৈ কিবা এটা ভাবিব পৰা শক্তি ক’ত হেৰালগৈ আজি। সমুখত সিংহ দেখিয়ো কেতিয়াও ইমান বেছিলৈ কঁপা মনত নপৰে মোৰ।
: চাহ খাবলৈ পাগলৰ নিচিনাকৈ তোমাক বিচাৰি বিচাৰি আহিছোঁ নেকি মই? সদায় পলায়েই থাকিবা নেকি? কিমান আৰু নিজকে ফাঁকি দিয়া তুমি? মোৰ জীৱনৰ হেৰাই যোৱা সপোনটো মাত্ৰ তুমি আৰু তুমিয়েই। আজি মোৰ কি নাই, এটা ভাল চাকৰি, সম্পত্তি, সমাজত ভাল নাম…। কিন্তু মোৰ মনটো আজিও বিশ বছৰ আগৰ মানাহৰ সেই ৰাতিটোতেই ৰৈ গ’ল। এখোজো আগুৱাব নোৱাৰিলোঁ মই। আৰু মই ভালদৰে জানো তুমিও প্ৰতি মুহুৰ্ততে বিচাৰি ফুৰা তোমাৰ হেৰোৱা সপোনটো কেৱল ময়েই হয়। ইমান সফল হোৱাৰ পিছতো এদিনো জানো মোক মনত নেপেলোৱাকৈ থাকিব পাৰিলা? কোৱা। কোৱানা মিচ্‌ ৰক্তিমা দত্ত।
এইবাৰ মোৰ চকুদুটা ডাঙৰকৈ মেল খালে। আচৰিত নহৈ নোৱাৰিলোঁ… মহাশয়ে মোৰ নামটো কেনেকৈ গ’ম পালে?
: ইমান আচৰিত হোৱাৰ কোনো প্ৰয়োজন নাই। চোৱা এই বাতৰি কাকতখন। জিলিকি আছা চোন…… মিচ্‌ ৰক্তিমা দত্ত, বেস্ত ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ অ’ব দা ইয়াৰ... ভগৱানৰো মোলৈ দুখ লাগিছিল চাগৈ, সেইকাৰণে মোক সহায় কৰিবলৈ তোমাকেই এই পুৰস্কাৰটো দিয়াই দিলে।
আকৌ জোৰেৰে হাঁহিলে সি। আজি যেন হাঁহিবোৰ বন্ধই নহ’ব তাৰ। ময়ো ভালকৈ বুজিলোঁ যে এইবাৰ মুক্ত বৃহঙ্গৰ লেগাম লগাৰ সময় আহি পালে, কিন্তু আজি যে মই নিজেই বিচাৰোঁ সেইয়া। আজি মই মোৰ নিজৰ আগতেই হাৰি গৈ সচাঁকৈয়েই চোন সুখী হৈছো। তাৰমানে ময়ো বাৰু সচাঁকৈয়ে তাক বিচাৰি আছিলোঁ নেকি অত বছৰে। মোৰ হেৰোৱা সপোন মানে সিয়ই আছিল নেকি যাক মোৰ অৱচেতন মনে প্ৰতি পল, প্ৰতি মুহুৰ্ততে বিচাৰি ফুৰিছিল? এই বিশ বছৰত কিমান বাৰ যে মানাহলৈ গইছোঁ হিচাপ নাই। তাকে বিচাৰিয়ে নহয় জানো। নাই আৰু নপলাওঁ মই কলৈকো। এইবাৰ মোৰো তাৰ বুকুৰ উমত জিৰণি ল’বলৈ মন গৈছে।
: ঐ কি ভাবি আছা ছোৱালী, অ’হ চৰী মানে মোৰ হ’ব লগা মানুহজনী, মানে মোৰ মানুহজনী? তোমাৰ মানুহজনৰ নামটো জানিবলৈ এতিয়াও মন যোৱা নাই তোমাৰ?
: কোৱাই নাই তুমি।
একো নকয় মাত্ৰ তাৰ আই কাৰ্ড খন মোৰ সমুখত দাঙি ধৰিলে মহাপুৰুষে। আইডেন্তিটি কাৰ্ডখন দাঙি ধৰিলে মোৰ সমুখত। ড° ৰক্তিম দত্ত, সহকাৰী অধ্যাপক, পৰিৱেশ বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়। ৰক্তিম দত্ত? হে প্ৰভু! তাৰ নামটো দেখি নহহাঁকৈ নোৱাৰিলোঁ মই। এইবাৰ লাহেকৈ মোৰ কঁকালত ধৰি তাৰ কাষলৈ চপাই আনিলে মোক। মই প্ৰস্তুত নাছিলোঁ। হঠাৎ গহীন হৈ পৰিলোঁ মই।
: ঐ ভগৱানেও আমাক এজনক আনজনৰ বাবেই বনালে। নাম পৰ্যন্ত একেই দিলে। খালী তুমিহে মোক ইমান বছৰে জ্বলালা বেয়াকৈ। আৰু ৰ’ব নোৱাৰোঁ দেই। বিয়া কেতিয়া পাতিবা কোৱা?
: মোৰ কিন্তু পঞ্চল্লিছ বছৰ হৈছে মনত ৰাখিবা। মাক-চাক হ’ব নোৱাৰিম মই, কৈ দিলোঁ।
নাৰ্ভাছ হৈ মুখেৰেনো কি ওলালে গ’মেই নাপালোঁ। এতিয়াহে মন কৰিছোঁ বপুৰাই চোন মিচিকি মিচিকি হাঁহি আছে।
: মই বিয়া কেতিয়া পাতিবাহে সুধিছিলোঁ, তুমি মাক হোৱালৈ গ’লা। মৰম কৰিব দিবা মানে ন?
কাণ মূৰ গৰম হৈ গ’ল। এই পগলাটোৰ পৰা আৰু শান্তি নাই, একে কোবে তাক থেলা মাৰি আঁতৰি আহিলোঁ তাৰ ওচৰৰ পৰা।
: যিহকে পোৱা তাকেই বলকি নাথাকিবা দেই। এক্কেটা ঘুচাত মূৰ ভাঙি দিম, কৈ দিছোঁ।
: উফ্‌! কিমান বছৰৰ পিছত যে তুমি মোৰ আটাইতকৈ পচন্দৰ বীৰাঙ্গণা ৰূপটো দেখুৱালা, এতিয়াহে ভাল লাগিছে মনটো। পিছে কিহেৰে ভাঙিবা? তোমাৰ কেমেৰাটোৰে?
: মোৰ কেমেৰাটোৰ নাম নলবা দেই।
: নলওঁ নলওঁ নলওঁ কলিজা। সেইটোক গোসাঁই ঘৰত থাপনাত থৈ সদায় পুৱা গধূলি পূজা কৰিম। হ’বনে এতিয়া। কি যে হ’ব নহয় তোমাৰ…
এই বুলি কৈয়েই আকৌ টানি আনি মোক সুমুৱাই ল’লে তাৰ বুকুৰ মাজত.
: মোক যদি ভগৱানেও কয় যে তুমি মাক হ’ব নোৱাৰা মই বিশ্বাস নকৰোঁ। যি জনী ছোৱালীয়ে গছ কেইজোপাক কোবালেওঁ সহ্য কৰিব নোৱাৰে, এটা বনৰীয়া পক্ষীৰ দুখো চাব নোৱাৰে, তাইৰ মাজত যদি মাতৃত্ব নাই, তাই যদি মাক হ’ব নোৱাৰে, তেনেহ’লে কোন হ’ব? কোনে ক’লে মাক হ’বলৈ এটা ভ্ৰুণ নিজৰ উদৰত কঢ়িয়াব লাগে বুলি। নিজৰ পেটত কঢ়িয়োৱা সন্তানোকো জাবৰৰ দমত পেলাই থৈ যায় মানুহে। নিজৰ সন্তানকোতো কেইটামান টকাৰ কাৰণে বেছি দিয়ে মানুহে, সেইবোৰ জানো মাক হয়? মাতৃত্ব এক আৱেগ এক অনুভূতি, এটা অন্তৰৰ বিশেষ গুণ। মাডাৰ টেৰেছাৰ নিচিনা মাতৃ কেই গৰাকী ওলাব কোৱা? মাক হ'বলৈ কিছুমান বিশেষ গুণ লাগে, যেনে মৰম, আদৰ, প্ৰেম, দয়া, যত্ন, যাৰ অভাৱ তোমাৰ অন্ততঃ নাই। ই সদায় দৈহিক বা জৈৱিকেই হ’ব লাগে বুলি কোনো কথা নাই নহয়। মাডাৰহুড, ইন ফেক্ত, পেৰেন্তহুড ইজ আ ছইচ। আমাক মা-দেউতা মাতিবলৈ নিশ্চয় কোনোবা ৰৈ আছে. বুজিলা? এই শুনানা, কিন্তু আমি মা-দেউতা হোৱাৰ আগতে হ’নিমুনলৈ মানাহলৈ যাম দেই। হ’বনে? সেইটো ল’জতেই থাকিম।
অলপ দেৰি চাই ৰ’লোঁ তাৰ চকু দুটিলৈ। এই ল’ৰাটোয়ে কিমান বেছি গভীৰকৈ ভাবিব পাৰে কথাবোৰ, আৰু মোক বাৰু কিমান ভাল পায়? এটা এটা কথা বুকুত কঢ়িয়াই ফুৰিছে ইমানদিনে… আৰু কেতিয়াও হেৰাই যাবলৈ নিদিও মই মোৰ সপোনক… কেতিয়াও নিদিওঁ।
: মিচেচ্‌ ৰক্তিমা দত্ত……. কি ভাবি আছা ইমানকৈ?
: মই তোমাৰ মিচেচ্‌ নহয়। মিচেচ্‌ মানে মিচত্ৰেচ্‌, যাৰ ওপৰত এজন মাস্তাৰ থাকে। তাৰ মানে মিচত্ৰেচ্‌ সদায় মাস্তাৰৰ অধীন। সেইটো মই কেতিয়াও নহওঁ। মনত ৰাখিবা ভালকৈ, ৱাইফ্‌ বুলি কোৱা বেয়া নাপাওঁ। কিন্তু মিচত্ৰেচ্‌…. নো ৱে……
: নহয় দিয়া তুমি মোৰ মিচেচ্‌। ময়েই তোমাৰ মিচেচ্‌ হ’ম দিয়া। হ’বনে? আইঐ প্ৰভু! কাৰ প্ৰেমত পেলালা মোক? মোক চকু মেলি চাবা প্ৰভু… ঐ শুনানা আমি এজনী ছোৱালী আৰু এটা ল’ৰা তুলি ল’ম হা। ছোৱালী জনীৰ নাম বীৰাঙ্গণা আৰু ল’ৰাটোৰ নাম স্বাধীন থ'ম। কেনে হ’ব?
হোহোৱাই হাহিঁ দিলোঁ এইবাৰ মই। এইবাৰ নিজে সোমাই পৰিলোঁ মোৰ মানুহ জনৰ বুকুত, হয় মোৰেই মানুহ এইজন। মোৰ জনম জনমৰ লগৰী, ৰক্তিমাৰ ৰক্তিম। সিও জোৰেৰে সাবটি ধৰিলে মোক। এইয়া যে সপোন সামৰাৰ সময়…. কেতিয়াও হেৰাবলৈ নিদিয়া সপোন সামৰাৰ সময়…. আৰু জোৰেৰে সাৱটি ধৰিলোঁ মই তাক…. প্ৰশান্তিত চকু হাল মুদ খাই গ’ল মোৰ। কাণত মাত্ৰ বাজি ৰ’ল দূৰৰ পৰা ভাঁ‌হি অহা মোৰ প্ৰিয় গীত এটাৰ কলি……
ফাগুন বৰণ
নিবিড় লগন
হেৰোৱা কবিতাৰ
কলতান কলতান...      

অঙ্গন:  পৃষ্ঠাঃ 35
দ্য মুনলাইট
দ্য টেল অফ এন আনফিনিছড ষ্টৰী...

লক্ষ্মী সন্দিকৈ

: সেইবোৰ বাদ দিয়া এতিয়া । তোমাৰ আধৰুৱা হৈ থকা গল্পটোৰ কনক্লিউজনটো দিব পাৰিলানে অমিতাভ ? সেইটো কোৱা ।
: অহ্‌ ! মোৰ গল্পটোৰ কনক্লিউজন তুমিয়েই দিব লাগিব যেন পাওঁ !
: হোৱাট ? পিছে গল্পটোৰ শিৰোনাম কি ? আই মিন ইটচ্‌ টাইটেল...শিৰোনাম ।
: গুড্‌ কুৱেছন এ.ডি.চি চাহেবা । "দ্যা আনফিনিছড ষ্টৰী " ।অৱশ্যে ইয়াৰ টাইটেল চেঞ্জ হ'ব পাৰে চ' আই এম নট চিয়ৰ অফ দেট নাও ।
লেহেমীয়া গতিৰে গাড়ীখন ৰৈ যোৱাত হঠাৎ অমিতাভৰ ফোনটো বিচ্ছিন্ন কৰি দিয়ে প্ৰাৰ্থনাই।
: আকা...!
ভুল ! ওঁহো ,প্ৰাৰ্থনাৰ দুচকু ভুল হ'ব নোৱাৰে।
মহানগৰীৰ ট্ৰেফিক জামত ফচি থকা তাইৰ গাড়ীৰ পিছৰ ছীটৰ স্বচ্ছ গ্লাছখন তথাপি এবাৰ নমাই ভালকৈ চাই পঠিয়াই । কাষৰ ডেটনা গ্ৰে ৰঙৰ টাটা হেৰিয়াৰখনৰ ড্ৰাইভিং ছীটত বহি থকা সুঠাম শৰীৰৰ ব্যক্তিজনক তাই চিনি পোৱাত অকনো ভুল হোৱা নাই। একেই পৰিপাটি কেৱল মুখত অলপমান ডাঢ়ি । হয়তো দুদিনমান শ্বেভ কৰা নাই। তাইৰ বুকুখনত হেঁচি থোৱা সেই চিনাকি বিষৰ সুৰটোৱে আকৌ গীত জুৰিবলৈ ধৰে ।
আস্‌! কিমান দিন ! কিমান দিনৰ মূৰত দেখিছে তাইৰ বুকুত সযতনে সামৰি লৈ ফুৰা এই সত্তাক স্বচক্ষুৰে। এটা প্ৰাৰ্থনাৰ দৰে আজিও তাইৰ হৃদয় আৱৰি আছে। এৰা, সম্পূৰ্ণ সাতটা বছৰৰ মূৰত।এই সাতটা বছৰত তাইৰ বুকুৰ চিনাকি বিষটোৱে নিজানত বেছিকৈ সুৰ তোলে। এই বুকুৰ নীৰৱ বিষটোৰ লগত তাই আজিকালি ভালকৈয়ে অভ্যস্ত হৈ পৰিছে। সেয়ে তাইৰ দুচকুত সপোন গুজি থৈ যোৱা সেই ব্যক্তিক আজিও থাপি থৈছে তাইৰ বুকুত। হয়তো আজীৱনলৈ থব ড° আকাশ চলিহাক। বৰ্তমান আই.এছ.আৰ.অ'ৰ এজন আগশাৰীৰ বিজ্ঞানী। ইংৰাজী খবৰ কাকতত পাইছিল খবৰটো এৰস্পেচ ছাইনটিষ্ট ড° আকাশ চলিহা আই.আই.টি গুৱাহাটীলৈ অহাৰ কথা ।এটা স্পিছ দিবলৈ।
সমুখৰ ট্ৰেফিকৰ জাম খোল খোৱাত গাড়ীবোৰ আগবাঢ়িল। কাষৰ ছীটত সেই বিদেশী নাৰী আছে নেকি! ইচ্ছা কৰিয়েই চাবলৈ যত্ন নকৰিলে তাই । তথাপি প্ৰাৰ্থনাৰ দুচকুৰ পৰা সেই বিশেষ টাটা হেৰিয়াৰ গাড়ীখন হঠাৎ হেৰাই যোৱাত তাইৰ বুকুখন ধৰফৰাই উঠে। তাইৰ অস্বচ্ছ দুচকুত সমুখৰ পৃথিৱী ধূসৰ হৈ পৰে। ওঁঠযুৰি সজোৰে টিপি ধৰে তাই।জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তিৰ চক্ৰটোত তাই আকৌ এবাৰ ৰৈ যায়। গাড়ীৰ ছীটত মূৰটো হেলান দি দুচকু জপাই দিয়াত মনসপটত ভাঁহি উঠে এৰি থৈ অহা দিন। লগতে দুটোপাল অশ্ৰুজল এই সৰো সৰোকৈ ৰৈ যায় দুচকুৰ বাকৰিত।
: ঐ চোলাটো সী দিলোঁ পিন্ধি ল আৰু শুন স্কুলৰ পৰা বাহিৰে বাহিৰে বনৰীয়া জীৱৰ দৰে অ'ত ত'ত ঘূৰি নুফুৰিবি হ'লে কৈ দিছোঁ। ছোৱালী মানুহ তাতে গাভৰু হলিহি এতিয়া । এই কথাষাৰ তোৰ এই মগজটোত একেবাৰে তলা বন্ধ কৰি সুমুৱাই ল...তোক বুজাই বুজাই মোৰ এই মগজটো ঘোলা হৈ গৈছে একেবাৰে ।
পেহীয়েক উষাই টেলেকা চাৱনিৰে অষ্টম শ্ৰেণীত পঢ়ি থকা প্ৰাৰ্থনাক কৈছিল। মুখখন বিকটাই প্ৰাৰ্থনায়ে স্কুলৰ উনিফৰ্মৰ চোলাটো পিন্ধি আকৌ ৰৈ গৈছিল আধাতে।
: পুনৰ কি হ'ল তোৰ ? স্কুলৰ ঘন্টাই পৰিব এতিয়া দেখুন !
: দেখা নাই জানো তই , চোলাটো বুকুখনৰ ওচৰত নিজেই নিজেই ৰৈ গৈছে ! মই আকৌ কি জগৰটো লগাইছোঁ।
চোলাটো ফটাকণ সীট দিলেও তাইৰ বাঢ়ি অহা বুকুখনত চোলাটো নোসোমোৱা হৈ টাইট হৈ পৰাত 
পেহীয়েকৰ চিন্তাক্লিষ্ট মুখখন ঠিকেই দেখিছিল তাই। এই গৰমৰ বন্ধটোতে  ইমাননো ডাঙৰ হ'লনে তাই! যৌৱনৰ দুৱাৰডলিত ভৰি পেলাইছিল প্ৰাৰ্থনাই। তাকে হয়তো পেহীয়েকে ভাৱি ভাৱি পাৰ নোপোৱা হৈছিল।
: নেযাওঁ দে আজি নহ'লে পেহী ...।
: তেনে কথা ভুলতো নক'বি মানু । স্কুল ক্ষতি কৰিলে   চলিহা ছাৰে আকৌ মোক সুধিব ....তোক লৈ বহুত আশা কৰিছে স্কুলখনে ।
উৎপতীয়া ছোৱালীজনীয়ে তললৈ মূৰ কৰি কিছু শান্ত হৈ মজিয়ালৈ একে থৰে চাই ৰৈছিল। দুটোপাল অশ্ৰুজল দুগালেদি বাগৰি আহি ডিঙিয়েদি বৈ গৈছিল। ক্ষন্তেক আগতে গালি দিয়া পেহীয়েকে আলফুলে তাইৰ গালদুখন পুৰণি চাদৰৰ আঁচলখনেৰে মচি মচি কৈছিল-
: কান্দিছ কিয় কামৰ পৰা ঘূৰি আহি চোলাটোৰ ওপৰৰ চিলাই খুলি ঢিলা কৰি দিম নহয় আৰু শুন, চলিহা ছাৰে তোক বুজি নোপোৱা অংকবোৰ পুতেক আকাশৰ ওচৰলৈ গৈ এইকেইদিনতে বুজি ল'বলৈ কৈছে । এৰা ,সি পঢ়ি থকা ঠাইলৈ গুচি যোৱাৰ আগতে দুদিনমান বুজি নোপোৱা অংক কেইটা তোক চাই দিব পাৰিব ...আজি কাম কৰিবলৈ যাওঁতে ছাৰক তই কাইলৈৰ পৰা যাবি বুলিয়েই কৈ থৈ আহিম বুজিছ ।
: নেযাওঁ মই ।
: কিয় পাগল হৈছ নেকি ! অন্য ঠাইত অংকৰ টিউছন দিবলৈ মোৰ হাতৰ টকায়ে নোজোৰেগৈ । কথাবোৰ বুজিবি। তাতো এনেই পঢ়িব নালাগে কামৰ টকাৰ পৰাই চলিহা ছাৰক কাটি ল'বলৈ দিম বুইছ ।
: চলিহা ছাৰক যিমান ভয় কৰোঁ পুতেকডালক আৰু বেছি ভয় কৰো । যি হে গহীন । মানুহৰ মুখলৈকে নাচায় । হুঁহ নেযাওঁ মই । তেনেকুৱা মানুহৰ পৰা কোনোবাই অংক শিকিব পাৰে নেকি ।
: অ' আকাশ গহীন গম্ভীৰ ল'ৰা নহৈ তোৰ দৰে লোকৰ বাৰীয়ে জংঘলে সোমাই ঘূৰি ফুৰি বগৰী আম চিঙি খাই ফুৰিব লাগিছিল খবৰদাৰ , কাইলৈৰ পৰা তাৰ ওচৰত অংক পঢ়িবলৈ যাবি। মই ঘূৰি আহোঁতে আজি মলয়ৰ দোকানৰ পৰা বহী কলম লৈ আনিম ।
পেহীয়েকৰ ওপৰতে খং এটা উজাই আহিছিল প্ৰাৰ্থনাৰ বৰকৈ। কি জানিছিল পেহীয়েকে সেই ঘটনাটোৰ কথা। তাই তেতিয়া ষষ্ঠমান শ্ৰেণীত। বিদ্যালয়ৰ খেল ধেমালীৰ সপ্তাহত স্কিপিং প্ৰতিযোগীতাত ভাগ লৈ দুবাৰমান জাঁপ দিওঁতেই তাইৰ ইলাষ্টিক ঢিলা হৈ থকা তলৰ সৰু পেনটো কঁকালৰ পৰা খহি পৰাত খেল চাই থকা আটাইমখাই কিমান কিৰিলি পাৰি হাঁহিছিল। তাই সেমেনা সেমেনিকৈ পেনটো ওপৰলৈ উঠাই অৱশেষত উচুপি উঠোতেই দশম শ্ৰেণীৰ এটা ল'ৰাই গোটেই জাককে ধমক দিয়াত তাৰ পৰা সৱ পলাই পত্ৰং দিছিল। ৰৈ গৈছিল দুচকু মচি থকা প্ৰাৰ্থনা আৰু সেই গহীন ল'ৰাটো। আকাশ চলিহা ।
: ঘৰলৈ যোৱাগৈ ।
ঢিলা পেনটো আকৌ সৰি পৰে বুলি ইউনিৰ্ফম চোলাটোৰ ওপৰতে ধৰি দৌৰ দিছিল ঘৰলৈ বুলি।
তেতিয়াৰ পৰাই সেই গহীন ল'ৰাটোৰ সন্মুখিন পৰাপক্ষত নহৈছিল তাই। এনেও মুখত  হাঁহি নথকা গহীন মানুহলৈ তাই ভয় কৰিছিল। অৱশ্যে তেনে মানুহবোৰ তাইৰ  স্বভাৱৰ একেবাৰে বিপৰীত বাবে কিঞ্চিতমানো ভালো নাপাইছিল।
জেদী অলপতে টিঙিচকৈ খং উঠা ছোৱালীজনীক ঘৰৰ ভিতৰতে সুমুৱাই পেহীয়েক উষাই সদায় কাম কৰিবলৈ যোৱা দুঘৰ মানলৈ ওলাই গৈছিল। তাৰ ভিতৰতে এঘৰ প্ৰাৰ্থনাইয়ে পঢ়া গাঁৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ প্ৰিন্সিপাল প্ৰদীপ চলিহাৰ ঘৰখনো আছিল। সেই প্ৰদীপ চলিহাৰে মেধাবী পুত্ৰ মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত দ্বিতীয় স্থানপ্ৰাপ্ত আকাশ চলিহা। ভৱিষ্যতে এজন বিজ্ঞানী হোৱাৰ লক্ষ্য মনতে বান্ধি লোৱা ল'ৰাটো সেই সময়ত IIT মাদ্ৰাছৰ এৰ'স্পেচ ইঞ্জিনিয়াৰিঙৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আছিল।আৰু প্ৰাৰ্থনা সেই বিদ্যালয়ৰ এজনী মেধাৱী ছাত্ৰী হিচাপে ছাৰ বাইদেউসকলে যথেষ্ট মৰম কৰিছিল। বৰ্ডৰ পৰীক্ষা সমূহত সুক্ষাতিৰে পাছ কৰি যোৱাৰ পূৰ্ণ সম্ভৱনাৰ কথা সৱৰে মুখে মুখে আছিল। কিন্তু অংকত অলপ কেঁচা আছিল বাবেই প্ৰদীপ চলিহাই ঘৰত বন কৰিবলৈ যোৱা প্ৰাৰ্থনাৰ পেহীয়েক উষাক আকাশৰ কথাষাৰ নিজেই উলিয়াইছিল।
: ভালকৈ বুজি ন'ললে অংকবোৰ ভুল হৈ গৈ থাকিব। কেতিয়াও শুদ্ধ কৰিব নোৱাৰিবা তুমি ।
: মুখেৰে এটা মাত নেমাতিলে মই কেনেকৈ বুজিম তুমি অংকবোৰ বুজি পাইছানে নাই। অংক শিকিবলৈ যোৱা প্ৰাৰ্থনায়ে এদিনো মূৰ তুলি নোচোৱা বাবে আকাশে ক'বলৈ বাধ্য হৈছিল। অৱশ্যে সি নিজেও খুব জুখি মাখি কথা কোৱা ল'ৰা লগতে সামান্য অন্তৰ্মুখী বুলি কলেও ভুল নহয়। উৎপতীয়া ছোৱালীজনী একেবাৰে শান্ত হৈ পৰিছিল। অকাৰণত নহয় । প্ৰথমতে, স্কুলৰ খেল ধেমালীৰ সেই ঘটনাটোৰ বাবে আকাশৰ সমুখত অসহজবোধ বাৰে বাৰে কৰি উঠিছিল। দ্বিতীয়তে, তাইৰ ঘৰৰ আকাশৰ তৰা গণি গণি বা বৰষুণত তিতি তিতি শুই থাকিব পৰা চালিখন আৰু আকাশৰ ঘৰখনৰ আকাশ পাতাল পাথৰ্ক্যবোৰ ভাৱি থাকোঁতেই গৈছিল।তৃতীয়তে ,আকাশৰ সন্মুখত কি হৈ যায় তাই নিজেই বুজি নাপাইছিল। দুদিনমানতে প্ৰাৰ্থনাৰ উৎপাতবোৰ কমি অনবৰতে শান্ত হৈ থাকিবলৈ লোৱা আচৰণত পেহীয়েক আচৰিত নোহোৱাকৈ থকা নাছিল। দীঘল সমুচ্ছ্বাস এটি এৰি এনিশা কৈছিল তাইক।
: এনেকৈ শান্ত হৈ থাকিবি মানু ....নবৌ ককাইদেউৰ আত্মা দুটিও কমচেকম য'তে আছে ত'তে শান্তিত থাকিব পাৰিব ।
: আজি মাংস কিনিবলৈ টকা হ'ল জানো পেহী ? 
এদিন নিশা মাংস ৰন্ধাৰ গোন্ধ পোৱাত পেহীয়েকক সুধিছিল প্ৰাৰ্থনাই।
: চলিহা ছাৰে তোক আকাশে পঢ়াই দিয়াৰ বাবদ এটকাও কামৰ টকাৰ পৰা নাকাটিলে বুইছ ..সেই স্ফুৰ্তিতে আনিলো দে এপোৱামান...তাতে পুথি খলিহনা কেইটাৰ বাহিৰেনো কি খাওঁ আমি। খা খা জোলকণ ভালকৈ পি খা আৰু ক'ত যুগত বা খাবলৈ পাবি তাৰো ঠিক নাই ।
: বাইদেউ নামক ।
এবছৰৰ আগতে স্বৰ্গগামী হোৱা মৰমৰ পেহীয়েকজনীৰ কথাষাৰ আকৌ এবাৰ প্ৰাৰ্থনাৰ কৰ্ণৰন্ধ্ৰত প্ৰতিধ্বনি হওঁতেই তাইৰ চৰকাৰী গাড়ীখনৰ ড্ৰাইভাৰজনৰ কণ্ঠস্বৰত উচপ খাই দুচকু মেলি দিয়ে। দৰ্জাখন খুলি ৰৈ আছে আদহীয়া মানুহটো।ছীটৰ পৰা ফাইল দুটা হাতত লৈ প্ৰাৰ্থনা ডিষ্ট্ৰিক্ট কমিছনাৰ অফিচলৈ সোমাই যায়।কামৰূপ মহানগৰীৰ ডি.চিৰ স'তে এ.ডি.চি সকলৰ এখন জৰুৰী মিটিং আছে। আঠাইশ বছৰীয়া এ.ডি.চি ড° প্ৰাৰ্থনা বৰা এই মিটিং এটেণ্ড কৰিবলৈ সাজু হৈ আহিছে।নিজৰ আকৰ্ষণীয় ব্যক্তিত্বৰে সহজেই আনক মোহাচ্ছন্ন কৰিব পৰা ড° প্ৰাৰ্থনা বৰাক দেখিলে প্ৰথম দৃষ্টিত কোনেও নকয় তাই পাৰ কৰি থৈ অহা যোৰহাটৰ এখন অখ্যাত গাঁও সেউজপুৰৰ সেই সংঘৰ্ষপূৰ্ণ জীৱন পৰিক্ৰমা। 
মিটিঙখন শেষ কৰি আহি নিজৰ অফিচৰ কেবিনত উপস্থিত হওঁতেই  পিয়নজনে এটা উপহাৰ তাইলৈ আগবঢ়ায় দিয়ে।
: মেডাম এইটো আপোনাৰ নামত আহিছে ।
প্ৰাৰ্থনা অবাক হৈ পৰে। দৰিদ্ৰ সীমা ৰেখা তলৰ বা পিছ পৰা আৰু দুৰ্বল শ্ৰেণীৰ স্ত্ৰী শিক্ষাৰ লগত জড়িত এই স্বচ্ছাসেৱী সংস্থাসমূহক বাৰে বাৰে কৈ আহিছে কোনো উপহাৰ তাইক নিদিবলৈ। তাই মাথোঁ নিজৰ কৰ্তব্য কৰি যাব বিচাৰিছে যাতে তাইৰ দৰে হাজাৰজনী প্ৰাৰ্থনায়ে নিজৰ সপোন পূৰ কৰি পৰিধিবিহীন আকাশৰ তলত মুক্ত ভাৱে দেউকা কোবাই উৰিব পাৰে।মুক্ত ভাৱে হাঁহিব পাৰে আৰু আন হাজাৰজনী তেনে প্ৰাৰ্থনাক অজ্ঞতা আৰু নিৰক্ষতা দূৰ কৰি দুচকুত সপোন গুজি জীয়ন দিব পাৰে। হঠাৎ তাইৰ চকুত পৰে বক্সটোৰ এক বিশেষ স্থানত য'ত ইংৰাজী প্ৰিন্টেড আখৰত লিখা আছে ---
"স্পেছিয়েলী ফৰ ইউ "
উৎসুকতাৰে খুলিয়েই অবাক হৈ পৰে প্ৰাৰ্থনা। এখন কেনভাছ পেইনটিং। এহাল যুৱক যুৱতীয়ে নিশাৰ তৰা ভৰা আকাশলৈ দৃষ্টি দি জোনাকত তিতি আছে। দীঘল চুলিৰ ছোৱালীজনীৰ বিপৰীতে ল'ৰাজন ওখ পাখ সুঠাম শৰীৰৰ। পেইনটিং খনত লিখা আছে ইংৰাজীতে ---
"দ্য মুনলাইট "

অঙ্গন:  পৃষ্ঠাঃ 36
 
দৰক লাগি ৰৈ যায় প্ৰাৰ্থনাই । দুহাত কি দুভৰিও কঁপি উঠিছে তাইৰ। বুকুখনত আৱেগৰ পাৰাপাৰহীন লহৰ উঠিছে। নিজৰ ৰিভলভিং চেয়াৰখনত বহি দুচকু নিৰ্মিলিত কৰি দিয়ে তাই।আস্‌ ! দুচকুত আকৌ দোলা দি যায় পাৰ হৈ যোৱা অতীতে।
: এইবোৰ কি ?
: আকাশ ...!
কেইমুহূৰ্তমান সম্পূৰ্ণ নিস্তব্ধতা । আচম্বিতে আকাশৰ প্ৰশ্নত প্ৰাৰ্থনা থতমত খাই উঠিছিল।নিজকে বচাবলৈ তাই নিজৰ জিভাখন কামুৰি অপ্ৰাণ চেষ্টা কৰি উঠিছিল--
: আকাশ মানে জোনাক নিশাৰ আকাশখন ভাল পাওঁ যে মই ।
তেতিয়া তাই দশম শ্ৰেণীত আৰু আকাশ ইঞ্জিনিয়াৰিঙৰ শেষ ষান্মাসিকৰ ছাত্ৰ আছিল। চলিহা ছাৰৰ কথামতেই পঢ়া ঠাইৰ পৰা ঘৰত কেইদিনমান থাকিবলৈ যোৱা আকাশৰ ওচৰলৈ গৈছিল নুবুজা অংকবোৰ শিকিবলৈ। কাৰণ মেট্ৰিক পৰীক্ষাও চমু চাপি আহিছিল।অংক বহিখনৰ এখন খালি পৃষ্ঠাত তাই অজানিতে জোনাক নিশাৰ কবিতা এষাৰি লিখি থৈছিল।
: বৰষুণ বেয়া পোৱা নেকি ?
: ভাল পাওঁ যদিও বেয়া পাওঁ বহুত ।
স্তিমিত কণ্ঠস্বৰে কৈছিল তাই।তাইলৈ এক বিস্মিত দৃষ্টিৰে চাই থকা ল'ৰাটোক কেনেকৈ বুজাই তাই। জোনাক নিশাবোৰত যে পেহীয়েক আৰু তাই দুয়োজনী ভালদৰে  শুব পাৰিছিল। ফুটা টিনেৰে সৰিকি অহা জোনাকত তিতি তিতি। আৰু বৰষুণ ! এজাক বৰষুণতে ফুটা টিনেৰে সৰি পৰা তাহাঁতৰ দুকোঠালি ঘৰটো যে বানপানী সাদৃশ্য হৈ পৰিছিল। দিন কি ৰাতি কি । তেনেস্থলত বৰষুণ ভাল পোৱা ছোৱালীজনীয়ে কি যুক্তিত বৰষুণ ভাল পাওঁ বুলি ক'ব।
আন এদিন হঠাতে সুধিছিল তাইক আকাশে--
: কি ৰং প্ৰিয় তোমাৰ ?
: যি কোনো পাতল ৰঙেই ।
যেনেতেনে মাত উলিয়াইছিল তাই। সৰুৰে পৰা ৰং উৰি যোৱা কাপোৰবোৰ পৰিধান কৰাৰ অভস্ত্য প্ৰাৰ্থনাৰ ডাঠ ৰঙবোৰে তাইৰ চকু চাট মাৰি ধৰিছিল। সেইবাবে এদিন তাই অংক পঢ়িবলৈ গৈয়ো উভতি আহিছিল। গুৱাহাটীৰ পৰা যোৱা আকাশৰ মামাকৰ ছোৱালী দুজনীৰ ৰং বিৰঙী কাপোৰবোৰৰ সমুখত তাইৰ ৰং উৰি যোৱা চুৰিদাৰযোৰ দেখি লাজে মষিমূৰ কৰিছিল তাইক। চলিহা ছাৰৰ বাৰাণ্ডাৰ পৰাই একপ্ৰকাৰ দৌৰি ওলাই আহিছিল। দৌৰি আহোঁতে তাইৰ পুৰণিচেণ্ডলযোৰো চিঙিছিল সেই ঘৰখনৰ পদূলিতে। তাইৰ কাণসমনীয়া মামাকৰ ছোৱালী দুজনীৰ তাচ্চিল্য ভৰা হাঁহিবোৰ ভাঁহি আহি তাইৰ কৰ্ণগোচৰ  হৈছিল। পিছে আকাশে ধমকো দিছিল সিহঁতক তেনেদৰে হঁহাৰ বাবে।
পঢ়া স্থলীলৈ যোৱাৰ আগতে এদিন তাইক গহীন কণ্ঠস্বৰত কৈ গৈছিল আকাশে । পঢ়া শুনাবোৰ নিয়মিত কৰি যাবলৈ যিহেতু সকলোৰে আশা আছে তাইৰ ওপৰত। নিজৰ ভৰিত নিজেই থিয় হ'ব পৰাকৈ জীৱনটো ভালদৰে গঢ় দিয়াৰ কথা ।
ড° এ.পি.জে আব্দুল কালামক আদৰ্শ হিচাপে লৈ নিজৰ জীৱনটো গঢ় দিবলৈ অপ্ৰাণ চেষ্টা কৰা ল'ৰাজনে হয়তো তাইৰ হৃদয়ৰ অন্তৰতমত স্থায়ী ঠিকনা কৰি লৈছিল।
সেইবাৰ আকাশ গুচি যোৱাৰ পিছৰে পৰা তাই সম্পূৰ্ণ ৰূপে সলনি হৈ পৰিছিল। চৌদিশে কেৱল ৰিঙা ৰিঙা। পুৱা গধূলি তাইৰ প্ৰাৰ্থনাবোৰত আকাশে স্থান পাইছিল। ভৱামতেই তাই মেট্ৰিক পৰীক্ষাত ডিছটিংশ্যন পাই উৰ্ত্তীণ হৈছিল। কিমান কান্দিছিল উষা পেহীয়েকে।পঢ়া শুনাৰ ক্ষেত্ৰত যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে গাঁৱখনত তাই এক আদৰ্শ হৈ পৰিছিল সকলোৰে বাবে। এইদৰে সুখ্যাতিৰে তাই উচ্চতৰ মাধ্যমিকো উৰ্ত্তীণ হৈছিল । আহিছিল নিজৰ বি.টেক সম্পূৰ্ণ কৰি আকাশ সিহঁতৰ দুটা কোঠালিৰ উৰুখা পঁজালৈ প্ৰথমবাৰ। লাজতে অকণমান দেৰিলৈকে তাই পাকঘৰৰ গোবৰে নতুনকৈ লেপি থোৱা বেৰখনতে চেপেটা লাগি ৰৈ আছিল ।
: আইমানু ওলাই নাহ কিয়!
পেহীয়েকে আনৰ সন্মুখত তাইক আইমানু বুলিছিল।পেহীয়েকৰ মৰ চিঞৰত লাজুকী লতা এডাল হৈ ওলাই যাবলৈ বাধ্য হোৱা প্ৰাৰ্থনা দুৱাৰডলিতে হামখুৰি খাই পৰিছিলগৈ ।
তাই সেমেনা-সেমেনিকৈ ৰৈ থাকোঁতে এক গহীন কণ্ঠস্বৰত কৈছিল আকাশে তাইক--
: সুখী হৈছো তোমাৰ ৰিজাল্টত ।
আকৌ সুধিছিল তাইক--
: ভৱিষ্যতে কি কৰিবলৈ আগ্ৰহ আছে তোমাৰ ?
: সমাজ সেৱা ।
দৃঢ়তাৰে উত্তৰ দিছিল তাই।
হঠাৎ কাৰেন্টটো গুচি যোৱাত ওলমি থকা লাইটৰ বাল্বটো নুমাই গৈছিল। পাকঘৰৰ পৰা পেহীয়েকে টিপ চাকিটো জ্বলাই আনে মানে মাজিয়াত টিনৰ ফুটাবোৰেৰে সৰকি অহা জোনাকে ফুল বাচিছিল। সেই জোনাকৰ পোহৰতে ইটোৱে আনটোলৈ ক্ষন্তেক চাই ৰৈছিল। কি আছিল সেই চাৱনিত !!
অবুজ অথচ গভীৰ ! এছাটি বতাহে লৈ অনা পদূলিৰ জাপতগৰৰ সুগন্ধি হয়তো দুয়ো উজাই লৈছিল।
: দেখিছা আকাশ ,আমি কেনেকৈ জোনাকত তিতি থাকো ....প্ৰথম আহিছা তুমি, আজি ভাল বৰষুণজাক নাহিল নহ'লে...।
বুজিছিল হয়তো আকাশে তাই কিয় জোনাক নিশা ভাল পাওঁ বুলি কৈছিল এদিন। তাৰ মুখখন গম্ভীৰ হৈ পৰিছিল।
গ্ৰেডুৱেশ্যনত তাইৰ ল'ব লগীয়া বিষয়কেইটাৰ পৰা অসম প্ৰশাসনিক সেৱালৈ কেনেদৰে নিজক প্ৰস্তুত কৰিব লাগে এই সকলোবোৰ বিষয়ে তাইক বিশদ ভাৱে বুজাইছিল আকাশে।
: পঢ়াৰ ক্ষেত্ৰত অকনো চিন্তা নকৰিবা তুমি। মই দেউতাৰ লগত কথা পাতিছোঁ ইতিমধ্যে । তোমাৰ লক্ষ্যত উপনিত নোহোৱালৈকে আমি আছোঁ।মই নথকাত দেউতাৰ লগত বিনা দ্ধিধাই আলোচনা কৰিবা সকলো কথা।
সেই মুহূৰ্তত এজন দেৱ পুৰুষৰ দৰে লাগিছিল আকাশক। তাইৰ ঢুলঢুলীয়া দুচকু কেনেকৈ যে সামৰিছিল।বুকুত নীৰৱে কঢ়িয়াই ফুৰা ভাল পোৱা অনুভূতিবোৰৰ লগতে আকাশৰ প্ৰতি শ্ৰদ্ধাত তাইৰ মূৰ দোঁ খাইছিল।পেহীয়েকে দি থৈ যোৱা ৰঙা চাহ কাপ বৰ আদৰেৰে খাইছিল আকাশে সেইদিনা।আছিলনো কি লগত। শুকান বিস্কুট দুখন।
সেইবাৰ তাইৰ হাতত দি থৈ গৈছিল এ.পি.জে আব্দুল কালামৰ "অগ্নিৰ দেউকা " কিতাপখন । লগতে তাইৰ দুচকুত এসোপা সপোন গুজি থৈ গৈছিল।
"Dream is not that which you see while sleeping , it is something that does not let you sleep "
আকাশে ব্যক্ত কৰি থৈ থোৱা এ.পি.জে আব্দুল কালামৰ এই উক্তি তাই শিৰত তুলি লৈছিল। তাইৰ সপোন পূৰ নোহোৱালৈকে তাইক এই উক্তিয়ে শুব দিয়া নাছিল।চলিহা ছাৰৰ সহায়ত তাই সমাজতত্ব বিষয়ত সুখ্যাতিৰে গ্ৰেডুৱেশ্যন সম্পূৰ্ণ কৰি নিজকে অসম প্ৰশাসনিক সেৱাৰ বাবে প্ৰস্তুতি চলাই অৱশেষত পৰীক্ষাত বহিছিল।
সেই তিনিটা বছৰ এখন খৰস্ৰোতা নদীৰ দৰেই আছিল। তাৰ মাজতেই আহিছিল আকাশ দুবাৰ সেউজপুৰলৈ। প্ৰত্যেকবাৰেই তাইৰ সপোনবোৰ পূৰ কৰিবলৈ উৎসাহ দিছিল।
: আকাশদা আপুনি...।
: মোক তুমি বুলিয়ে মাতিবা ।
সিমানতেই সীমাবদ্ধ আছিল সেই সম্পৰ্ক। প্ৰাৰ্থনা বুলিও এদিনো মতা নাছিল তাইক।আকাশৰ দুচকুতো তাইৰ প্ৰতি প্ৰেমৰ এখন গভীৰ সাগৰ দেখিছিল যদিও কেতিয়াও তাইক প্ৰেম নিৱেদন কৰা নাছিল আৰু স্পৰ্শৰ নামত ..আস্‌ ! তাইৰ চিয়াঁহী শেষ হোৱা কলমটোৰ ঠাইত এদিন নিজৰ কলমটো তাইৰ হাতত গুজি দিওঁতেই আঙুলিত হোৱা সেই স্পৰ্শতেই সীমাবদ্ধ আছিল ।
তথাপি তাই একপক্ষীয়ভাৱেই ভাল পাই গৈছিল তাইৰ দুচকুত সপোন গুজি দিয়া ল'ৰাটোক। নীৰৱে। সেই প্ৰেম এক প্ৰাৰ্থনাৰ দৰেই তাইৰ অন্তৰাত্মাত বিয়পি পৰিছিল ক্ৰমাৎ। প্ৰতিদিনেই মনত পেলাইছিল আকাশক তাই।আকাশ তেতিয়া অত্যন্ত ব্যস্ত হৈ পৰিছিল মাদ্ৰাছ আই.আই.টিত এম.টেক ডিগ্ৰী লৈ নিজৰ সপোন পূৰ কৰাত। তাৰ পিছতেই বেঙ্গালুৰুত আই.এছ.আৰ.অ'ত এজন বিজ্ঞানী হিচাপে যোগদান কৰিছিল আকাশে। ড° এ.পি.জে আব্দুল কালামৰ আদৰ্শৰে নিজকে সজাই তুলিব খোজা ল'ৰাটোৰ সপোন পূৰ্ণ হোৱাত প্ৰাৰ্থনাই গাঁৱৰ নামঘৰত গৈ চাকি এগছ জ্বলাইছিল। বুকুত পাৰাপাৰহীন সুখানুভূতি সামৰি দৌৰি গৈছিল তাই চলিহা ছাৰৰ ঘৰলৈ । কিন্তু উভতি আহিছিল এজনী বিধ্বস্ত পখী হৈ । আকাশৰ মাকৰ ৰুক্ষ্য কণ্ঠস্বৰে তাইৰ বুকু ভেদি কঁপাই তুলিছিল ঘৰৰ মূখ্য দুৱাৰদলিতে।
: প্ৰাৰ্থনা আজিৰ পৰা তোক যেন এই ঘৰখনৰ পদূলিটো কেতিয়াও নেদেখোঁ । 
আজিলৈ নুবুজিলে সেই কঠোৰ বাক্যষাৰৰ আঁৰত কি আছিল। তথাপি আকাশৰ মাতৃৰ আদেশ। গধুৰ হৈ পৰা বুকুখনে তেওঁৰ কথা মানি লৈছিল।
ঠিক দুদিমানৰ পিছতে অসম লোক সেৱা আয়োগৰ পৰীক্ষাত প্ৰাৰ্থনা উৰ্ত্তীণ হোৱাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰিছিল। মানুহৰ সমাগম, সম্বৰ্ধনা অনুষ্ঠান যেন শেষ নহৈছিল। পেহীয়েকক সাৱটি ধৰি কেৱল কান্দিছিল তাই। সেইজনী মানুহৰ তাইৰ জীৱনটোত অৱদান কিমান ! পিতৃ মাতৃ হাৰা প্ৰাৰ্থনাৰ জীৱনটো গঢ় দিবলৈকে নিজৰ বিবাহৰ কথা কেতিয়াও নভৱা মানুহজনীক সম্বৰ্ধনা অনুষ্ঠানবোৰত তাইৰ কাষৰ  চকীখনতেই বহুৱাই থৈছিল। যদিও তাইৰ শিক্ষা গুৰু চলিহা ছাৰ সেইকেইদিন তাইৰ লগত ছাঁৰ দৰেই আছিল তথাপি তাইক সপোন গুজি থৈ যোৱা ল'ৰাটোৰ এষাৰ মাত শুনিবলৈ তাইৰ বুকুৱে অহৰহ ধৰফৰাইছিল। 
কেইদিনমানৰ পিছতেই খবৰ পাইছিল আকাশ আমেৰিকা 'নাছা'লৈ কিছুদিনৰ বাবে গুচি যোৱা। তাৰ পিছতেই সেউজপুৰৰ আকাশ বতাহ কঁপাই তোলা খবৰটোৱে তাইক মৃতপ্ৰায় কৰি তুলিছিল।
"আমেৰিকাতে বোলে চলিহা ছাৰৰ পুতেকে কোনোবা বিদেশী মহিলাৰ স'তে বিবাহ পাশত আৱদ্ধ হ'ল।" 
যোৰহাটতে নতুনকৈ চাৰ্কোল অফিচাৰ হিচাপে নিযুক্তি পোৱা প্ৰাৰ্থনাই বুকুত কেতিয়াও নুশুকুৱা এটুকোৰা কেঁচা ঘা সামৰি লৈছিল নীৰৱে। অভিমানে অৱগুণ্ঠিত হৃদয়খনিক পাৰে মানে বুজাইছিল তাই।
"কেতিয়াও দিয়া নাছিল আকাশে একো প্ৰেমৰ প্ৰতিশ্ৰুতি তেতিয়াহ'লে ... বেয়া পাব পাৰি জানো আকাশক... ওঁহো নোৱাৰি.." ।
তথাপি প্ৰতিবাৰেই অবুজন হৈ উঠে তাইৰ দুচকু যদি এই গীত ক'ৰবাত শুনিবলৈ পাই...
"পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা"
বাজি উঠা তাইৰ ফোনটোত বৰ্তমানলৈ ঘূৰি আহে প্ৰাৰ্থনা। অমিতাভ কলিং। ফোনটো ৰিচিভ কৰোঁতেই সিমূৰৰ পৰা ভাঁহি আহে এটি ধেমেলীয়া সুৰ-
: হেই প্ৰাৰ্থনা ! আই উইল বি ৱেইটিং ফৰ ইউ এট দ্যা কফী হাউছ দিছ ইভিনিং ... কোনো ন' নুশুনো কিন্তু আজি। কথা আছে ।
: অ'কে ফাইন ...আই উইল ৰিচ্ছ দেয়াৰ এট ছিক্স ...তাৰ আগতে মোৰ আৰু এখন ইম্পৰ্টেন্ট মিটিং আছে দুটামান এন জি অ'ৰ সৈতে।
: হুমম বুজিছোঁ বুজিছোঁ.... স্ত্ৰী শিক্ষা, নাৰীৰ সুৰক্ষা, সম-অধিকাৰ, সম মৰ্যাদা এটচেট্ৰা এটচেট্ৰা ৰাইট ! 
: অভিতাভ, ঠাট্টা কৰিছা নেকি তুমি মোক ?
: ঠাট্টা ন'ৱে এ.ডি.চি চাহেবা ... ইনফেক্ট আই চেল্যুট ইউ ।
প্ৰাৰ্থনাৰ মুখত বহু দেৰিৰ মূৰত হাঁহি এটা বিৰিঙি উঠে।ড° অমিতাভ চৌধুৰীৰ দৰে ব্যক্তি এজনৰ বিয়াৰ প্ৰপ'জেল ৰিজেক্ট কৰাতো পেহীয়েকে তাইক এটা মূৰ্খামি বুলিয়েই কৈছিল। প্ৰায় তাইৰ সমবয়সীয়া ড° অমিতাভ চৌধুৰী গুৱাহাটীৰ বি.বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা । গুৱাহাটী ইউনিভাৰ্ছিটিত পি.এইছ.ডি কৰি থকাৰ পৰাই বন্ধুত্ব প্ৰাৰ্থনাৰ স'তে। বন্ধুত্ব মানে প্ৰগাঢ় বন্ধুত্ব। আকৰ্ষণীয় ব্যক্তিত্বৰ প্ৰাৰ্থনাক প্ৰথম দৃষ্টিতেই ভাল পাই পেলাইছিল অমিতাভে। অৱশ্যে প্ৰাৰ্থনাৰ মুখেৰে তাইৰ হৃদয় আৱৰি থকা ড° আকাশ চলিহাৰ কথা সকলো গম পাই আজীৱন এজন ভাল বন্ধু হৈ থকাৰ আশ্ৰুতি দিছিল।
: প্ৰেম মানেই কেৱল প্ৰাপ্তি জানো ?
অমিতাভৰ কথাষাৰত নীৰৱে হাঁহিছিল মাথোঁ তাই।
: আৰে তুম নেহী তৌ ঔৰ চাহী।
ভাল পাইছিল তাৰ কথাষাৰ শুনি। ইংৰাজী সাহিত্যৰ মানুহ অলপ বেছিয়েই ৰোমান্টিক হয়তো। তাইৰ দুচকুত সপোন আৰু বুকুভৰাই ভাল পোৱাৰ অনুভূতি গুজি আঁতৰি গুচি যোৱা বিজ্ঞানীজনৰ দৰে নহয়। তাইৰ অপেক্ষাত অভিতাভ জীৱনৰ বাটত থমকি ৰৈ যোৱাতো প্ৰাৰ্থনাই কেতিয়াও নিবিচাৰে।
: কিমানজনী মানুৰ কোঁচ পোহৰে উপচাই দিবি আৰু তই। ভাগৰি যাবি তথাপি দৰিদ্ৰতা শেষ কৰিব পাৰিবি জানো এই দুনিয়াৰ পৰা।অকণমান নিজৰো কথা চিন্তা কৰ মানু। অন্য দিনত নোৱাৰিলেও দেওবাৰবোৰত অলপ জিৰণি লবলৈ ধৰ।
: সকলোৱে যদি আমাৰ নিজৰ কথাকে ভাৱো কেনেকৈ হ'বনো পেহী তইয়ে কচোন।মন আৰু শৰীৰত শকতি থকালৈকে মই কৰি যাম দে।
মৌনতা ভাঙি পেহীয়েকে আকৌ কৈছিল --
: পাৰিবি জানো মানু এই দীঘলীয়া জীৱনৰ যাত্ৰাটো অকলশৰে পাৰ কৰিবলৈ। মই জানো শান্তিত মৰিব পাৰিম তোক এনেকৈ অকলে এৰি থৈ। আকাশে হয়তো এতিয়ালৈ তোক পাহৰিলেই.. তই মিছাতে জীৱনটো ...।
এদিন নিশা শুই থকাৰ অৱস্থাত পেহীয়েকে দীঘল নিশ্বাস এটা এৰি কথাষাৰ আধৰুৱাকৈ এৰিছিল। তাই মাথোঁ উত্তৰ দিছিল-
: প্ৰেম কিয় ইমান গভীৰ হয় পেহী। বুকুৰ পৰা মচিব নোৱাৰাকৈ। আকাশদা মোৰ বুকুৰ ভিতৰলৈকে শিপাই আছে অ'...। তই মোক পাৰিলে ক্ষমা কৰি দিবি  ।
তাইৰ জীৱনটো গঢ় দিয়া মানুহজনীক , সেউজপুৰ গাঁৱত তাইৰ ভৰযৌৱনা গাভৰু দেহাটোত কোনো লুলুপ দৃষ্টিয়ে বগুৱা বাব নোৱাৰাকৈ তাইৰ আগত ঢাল হৈ থিয় দিয়া মানুহজনীক নোৱাৰিছিল মনত দুখ দিবলৈ।
সেই নিশা আন বহু নিশাৰ দৰে প্ৰাৰ্থনাই নিজৰ চৰকাৰী আবাস গৃহৰ খিড়িকীৰে চাই ৰৈছিল তৰা ভৰা আকাশলৈ।পৰিধিবিহীন আকাশখনতে তাইৰ বুকুত শুই থকা আকাশক প্ৰতিবাৰেই বিচাৰি পাইছিল। আৰু আজিও বিচাৰি পায়।
আস্‌ ! নিসঙ্গতা তাই জানো ভাল পায় ?
পেহীয়েকজনী মৃত্যুৰ পিছৰে পৰা আজি এটা বছৰে তাই নিশাবোৰ বৰ অকলশৰীয়া অনুভৱ কৰি উঠে। সিদ্ধান্ত লৈ লয় তাই। তাইৰ কাষত সামৰি ল'ব দুজনীমান অকণমানি আইমানু বা প্ৰাৰ্থনাক। সিহঁতৰ সৰু পেনবোৰ খহি নপৰাকৈ আজীৱন সামৰি থ'ব কাষত ।এইবোৰ ভাৱনাত ডুবি গৈ থাকোঁতেই অমিতাভে অপেক্ষা কৰি থকা সেই নিদিষ্ট ৰেস্তৰাঁখনত উপস্থিত হৈছিলগৈ প্ৰাৰ্থনা। ঠিক ছয় বাজি পাঁচ মিনিট যোৱাত।
বাজি আছিল প্ৰাৰ্থনাৰ বুকুখন কঁপাই তোলা সেই হৃদয়স্পৰ্শী গজলটো  ...
"ৱৌ পিয়াৰ জিছ ক্যে লিয়ে হ্যমনে চৌড় দি দুনীয়া"
: হেই প্ৰাৰ্থনা ...!
বহেগৈ প্ৰাৰ্থনা অমিতাভৰ বিপৰীত চকীখনত। দুকাপ ধুমায়িত কফী ৱেইটাৰ এজনে আহি দুয়োৰে সমুখত আগবঢ়াই থৈ যায়।

অঙ্গন:  পৃষ্ঠাঃ 37
 
: তুমি নিশ্চয় জানা ড° আকাশ চলিহা গুৱাহাটীতে আছে বুলি। আজি মই IITত তেখেতৰ স্পীছ এটেণ্ড কৰি আহিছোঁ প্ৰাৰ্থনা। হোৱাট এ ব্ৰিলিয়েন্ট মেন হি ইজ! হোৱাট এ কেপটিভেটিং পাৰ্চনেলিটি ! বুজিছোঁ তুমি কিয় আজিলৈ পাহৰিব পৰা নাই । তেখেতক এবাৰ লগ কৰা প্ৰাৰ্থনা প্লিজ !
: প্লিজ অমিতাভ মোক ইমান দুৰ্বল নকৰিবা । কি বুলি কম তেওঁক গৈ "মনত আছেনে মোক আকাশদা সেই যে জোনাক ভাল পোৱা..."। এণ্ড নাও হি হেজ গট হিজ অউন ফেমিলি ...তেওঁ ৰোমান্স কৰিব নাজানিলেও মই নিশ্চিন্ত তেওঁ যে এজন ডেদিকেটেড হাজবেণ্ড ...এজন ডেদিকেটেড ফাডাৰ ।
পিছলৈ থোকা-থুকি হৈ পৰে প্ৰাৰ্থনাৰ কণ্ঠস্বৰ।
: এণ্ড ইউ ন' হোৱাট অমিতাভ .. অফিচলৈ যোৱাৰ পথত আজি সম্পূৰ্ণ সাতটা বছৰৰ মূৰত মই তেওঁক দেখা পাইছিলোঁ ।
: অহ্‌ ! বাট আই হেভ নেভাৰ হাৰ্ড এবাউট হিজ ফেমেলি ...হাও ষ্ট্ৰেঞ্জ !
: মে বি বিকজ হি প্ৰিফাৰ্চ এ প্ৰাইভেট লাইফ .... ।
: আজিলৈ তুমি জানিবলৈও ইচ্ছা কৰা নাই তেওঁৰ পৰিয়ালৰ বিষয়ে ?
: ওঁহো ।
দুচকুৰ পৰিধি ভাঙি দুগালেদি বাগৰি অহা চকু পানী তাইৰ কপাহি ৰুমালখনেৰে মোহাৰি কয়। তাইৰ দুচকুৰ পানী অবাধ্য হৈ পৰিছে। কিমান দিনৰ মূৰত যে...।
: আইৰন লেডী গৰাকীক মই এনেকৈ কেতিয়াও চাব নোখোজো প্লিজ ।
তাই মূৰ দুপিয়াই নিজকে সম্বৰণ কৰিবলৈ চেষ্টা কৰে।কি কৰিছে তাই এইবোৰ ! হাঁহিবলৈ চেষ্টা কৰি উঠে।
: মোৰ বিয়া ঠিক হৈছে এ.ডি.চি চাহেবা ।
কথাৰ প্ৰসংগ সলাই অমিতাভে।
: চাছ এ গ্ৰেট নিউজ ! কিমান সুখী হ'লো শুনি অভিতাভ।
হঠাৎ আনন্দত আত্মহাৰা হৈ প্ৰাৰ্থনাই খামুচি ধৰে অমিতাভৰ দুহাত। ঠিক সেই সময়তে ৰেস্তৰাঁৰ ভিতৰত সোমাইছিল ড° আকাশ চলিহা। থৰ হৈ ৰৈছিল প্ৰাৰ্থনা অতৰ্কিতে বুকুত সামৰি ফুৰা আকাশক সমুখত দেখি। সেই একেই গুৰু গম্ভীৰ ৰূপত। তাই লাহেকৈ অমিতাভৰ দুহাতৰ ওপৰৰ পৰা তাইৰ দুহাত আঁতৰাই আনে। তাই অজানিতে চকীখনৰ পৰা উঠি দিয়ে। বাজি থকা গজলৰ শব্দবোৰে দুখন হৃদয়ক চুই গৈছে--
"কিচি নজৰ ক্যৌ তেৰা ইন্তেজাৰ আজ ভী হ্যে"
...
হঠাৎ ৰেস্তোৰাঁখনত এটা মৃদু গম্‌-গমনি সৃষ্টি হয়। সকলোকে আচৰিত কৰি একৈশ বাইশ বছৰীয়া ল'ৰা তিনিটা খৰখেদাকৈ উঠি গৈ প্ৰিয় ছাইনটিষ্টজনৰ পৰা অটোগ্ৰাফ বিচাৰে। অস্বচ্ছ হৈ অহা প্ৰাৰ্থনাৰ দুচকুৰ পৰা হঠাৎ ড° আকাশ চলিহা  হেৰাই যায়। অহাৰ বাটেৰে উভতি যায় তাইৰ প্ৰেম নিবেদন কৰিব নজনা প্ৰেমিকজন।
ভ্ৰম আছিল নেকি তাইৰ দুচকুৰ ! 
সেই গভীৰ চকুযোৰত দেখা অনুৰাগ !
: প্ৰাৰ্থনা প্লিজ দুদিনমান তুমি কামৰ পৰা বিৰতি লৈ অলপ অসমৰ পৰা আঁতৰি যোৱা।
: ক'ত আৰু পলাই ফুৰিম কোৱা তুমি ?
: চামহোৱেৰ ইন এ চিৰিন প্লেচ । ইন দ্যা বছম অফ নেচাৰ ।মাত্ৰ এটা ব্ৰেক ল'বলৈ কৈছোঁ । পলাবলৈ কোৱা নাই প্ৰাৰ্থনা।
হয়তো ঠিকেই কৈছে অমিতাভে। আকৌ উক দিয়া বুকুৰ সেই চিনাকি বিষটোৰ বাবেই তাই যাব লাগিব। যাব তাই দুদিনমান ছুটী লৈ অভিতাভে কোৱাৰ দৰে হাই উৰুমি নথকা কোনোবা প্ৰকৃতিৰ বুকুলৈ য'ত তাই কেৱল আলাপ কৰিব প্ৰকৃতিৰ স'তে। সেউজীয়াৰ স'তে।
দুদিনৰ পিছতেই তাই উপস্থিত হৈছিলগৈ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰুণ নেইনিতাল চহৰত।সমুদ্ৰপৃষ্ঠৰ পৰা  প্ৰায় ৬,৮৩৭ ফুটৰ ওপৰত। হোটেলো ঠিক কৰি দিছিল বন্ধু অমিতাভে।হোটেলৰ বেলকনিত থিয় হ'লেই দুচকুৱে সামৰি ল'ব পাৰে মনোমোহা আৰু শান্ত নেইনিতাল  হ্ৰদ আৰু চৌদিশে আৱৰি থকা এলানি সেউজীয়া পাহাৰ।
এৰা, প্ৰকৃতিয়েও অলেখ কথা কয় প্ৰকৃতি প্ৰেমীয়ে 
বুকুত সামৰিব নোৱাৰাকৈ ।হ্ৰদৰ পৰা অহা ৰিব্‌ৰিব্‌কৈ বলি থকা সমীৰজাকে তাইৰ চুলিত ঢৌ খেলিছে। দুটা ৰুমৰ সংযোগ কৰি থোৱা হোটেলৰ সুপ্ৰশস্ত বেলকনিত থিয় হৈ থাকোঁতে কেতিয়ানো সাজ লাগি ভাঙে তাই খবৰেই নাছিল। শাৰদী নিশাৰ নিৰ্মেঘ আকাশত পাতল কুঁৱলী ফালি তৰাবোৰ তিৰবিৰাই উঠিছে।অদূৰৰ পৰা ভাঁহি আহিছে সন্ধ্যাবন্দনা ।
কিন্তু! পাৰিছেনে সেই বুকুত সামৰি ফুৰা বিষটোৰ উপশম ঘটাবলৈ। ওহোঁ ,নোৱাৰে তাই।বুকুৰ অভ্যন্তৰলৈকে শিপাই থকা এই বিষ যে চিৰদিনৰ বাবে ঘৰ কৰি লৈছে । উশাহৰ পৰা জানো তাই বিচ্ছিন্ন হ'ব পাৰিব জীৱন জীয়াবলৈ।তেন্তে, আকাশ যে তাইৰ প্ৰতিটো উশাহতে নিহিত ! 
আস্‌ ! প্ৰকৃতিৰ কোলালৈ তাই দৌৰি মিছাতেই আহিল।তেওঁক লগ পোৱাৰো নাছিল কোনো প্ৰত্যাসা। উভতি যাব তাই নিজ কৰ্মস্থলীলৈ। সমাজৰ বাবেই কাম কৰি যাব আজীৱন।
"আকাশদা !"
আচম্বিতে বুকুৰ পৰা মুখলৈ উজাই আহিল এই নাম।অস্ফুট ভাৱে ওঁঠযুৰিৰ ফাঁকেৰে ওলোৱা শব্দটো যেন পাহাৰত ঠেকা খাই প্ৰতিধ্বনি হৈ হ্ৰদৰ নিৰ্মল জলৰাশিত লহৰ তুলিছে। কিয় আজি তাইৰ অন্তৰাত্মাই চিঞৰি কৈছে "আকাশ তোৰ কাষতেই আছে প্ৰাৰ্থনা ! "
দুহাতে তাইৰ কাণ দুখন হেঁচুকি ধৰে।
আস্‌!
: প্ৰাৰ্থনা !
এক গুৰু গম্ভীৰ কণ্ঠস্বৰে তাইক নিচেই কাষৰ পৰা যেন মাতিছে! উফ! বাউলী হ'ব এতিয়া তাই ! কিয় আহিছিল ! কিয় আহিছিল এই প্ৰকৃতিৰ বুকুত নিজকে হেৰুৱাই দিবলৈ !
: মই বৰ ক্লান্ত অনুভৱ কৰিছোঁ আকাশদা ...তোমাৰ বুকুত আজি যে মোৰ অকণমান জীৰণি ল'বলৈ বৰকৈ ইচ্ছা হৈছে ।
তাই উচুপি উঠোঁতেই বেলকনিৰ পষ্ট এটাৰ ওপৰতে থোৱা তাইৰ ফোনটো বাজি উঠে। জিলিকি উঠে স্ক্ৰীণত প্ৰিয় বন্ধুৰ নাম। ৰিচিভ কৰোঁতেই ইথাৰৰ সিমূৰৰ পৰা ভাঁহি আহে আনক উজ্জীৱিত কৰিব পৰা সেই চিনাকি কণ্ঠস্বৰ-- 
: হেই প্ৰাৰ্থনা ! তোমাৰ যে সেই প্ৰেম নিবেদন কৰিবলৈ নজনা এৰ'স্পেচ ছাইনটিষ্টজন এতিয়াও যে অবিবাহিত ! তুমি জানো জানা !
কি কৈছে অমিতাভে! প্ৰলাপ কিয় বকিছে সি !
: শুনি আছাতো ! নাও লিছেন প্ৰাৰ্থনা ,তোমাৰ সেই আনৰোমান্টিক ছাইনটিষ্টজন আজিও তোমাৰেই। প্ৰেমৰ বাবে কি নক'ৰে মানুহে ।তুমিতো জানাই। কেতিয়াবা এই প্ৰেমৰ বাবেই মিছাৰ আশ্ৰয় লয়।
তেওঁৰ হৃদয়জুৰি কেৱল তুমিয়েই বৈ আছা এক প্ৰাৰ্থনা হৈ। আচলতে মোতকৈও বহু বেছি ৰোমান্টিক ড° আকাশ চলিহা, দ্যা ৰিনউনড এৰ'স্পেচ ছাইনটিষ্ট অফ্‌ ইণ্ডিয়া ।
কি শুনিছে তাই ! 
সেই বিদেশী মহিলাক বিয়া কৰোৱা বুলি বনজুইৰ দৰে বিয়পি পৰা খবৰ মিছা আছিল ? কিন্তু কিয়  ?অশ্ৰুজল বাগৰি  আহি তাইৰ বুকুত সোমাইছে।
: তোমাৰ ছাইনটিষ্টজন তোমাৰ কাষতেই ক'ৰবাত আছে ।
আকৌ প্ৰলাপ বকিছে সি!
: প্লিজ অমিতাভ ...
তাই চকুহালি ঘূৰাই চাই ভাৱলেশহীন ভাৱে। ৰৈ যায়।ৰৈ যায় তাইৰ সজল দুচকু বেলকনিৰ মধ্য ভাগত।বিস্ফুৰিত নেত্ৰে চাই ৰয় তাইৰ সিৰে সিৰে বৈ থকা সেই সত্তাক ! দুহাত পেন্টৰ জেপত ভৰাই তাইলৈকে চাই ৰৈ আছে। ডিঙিত এখন কম্ফৰ্টাৰ।
"একেইটো আছে তাই ! "
মুখত সেই বিৰল গহীন হাঁহিটো আঁকি তাইৰ দিশে আগুৱাই আহি আছে সেই চিনাকি গুৰু গম্ভীৰ খোজেৰে।তাইৰ আজন্ম প্ৰেমিকজন।
: প্ৰাৰ্থনা !
প্ৰথমবাৰ আকাশৰ মুখত তাইৰ নাম শুনি হয়তো তাইৰ দৰেই কঁপি উঠিছে পাৰ হৈ যোৱা নিশাৰ সুশীতল বা' জাকো। আৱেগে লহৰ তুলিছে তাইৰ বুকুৰ প্ৰতিটো কোণত।আকাশৰ তৰাবোৰৰ দৰেই তাইৰ দুচকুত অশ্ৰুজলৰ তিৰবিৰণি। সেই যুগতে এৰি অহা লাজবোৰেওচোন আহি তাইক খদমদম লগাইছে।ক'ৰবাৰ পৰা উৰি আহিছে জাপতগৰৰ সুগন্ধি। লাস্যময়ী খোজেৰে জোনটো সামান্য ওপৰলৈ উঠিছে। মধুসুধাৰ পৰশত জীপাল হৈ উঠিছে নেইনিতাল হ্ৰদৰ আশ পাশ। ঠিক সেই কেনভাছখনৰ দৰেই জোনাক। তিতিবলৈ সাজু হৈছে নেকি দুটি সত্তা! বিপ্‌ বিপ্‌কৈ প্ৰাৰ্থনাৰ ফোনত এটা মেছেজৰ সংকেত! পুনৰ অমিতাভ ! কম্পিত হাত, সজল দুচকুৰে পঢ়ি চাই আখৰকেইটা--

"হেই প্ৰাৰ্থনা ! আই উইল ফিনিছড মাই আনফিনিছড ষ্টৰী টুনাইট । এণ্ড দ্য টাইটেল উইল বি "দ্য মুনলাইট"।

অঙ্গন:  পৃষ্ঠাঃ 38
অব্যক্ত

দীপশিখা হাজৰিকা বৰুৱা

বুকুৰ মাজত ডায়েৰীখন লৈ নন্দিনীয়ে কান্দোনত ভাগি পৰিল।এসোপা দুখে যেন বুকুখন মুচৰি পেলাইছে। তাই ভৱাই নাছিল যে তাইৰ জীৱনলৈ এনেকুৱা এটা খবৰ আহিব যিটোৱে তাইৰ জীৱনৰ গতি পথেই সলাই দিব। ভাবি পোৱা নাই তাই এই কথা কাক ক'ব, সম্পূৰ্ণ নিথৰুৱা আজি তাই, কি কৰিব মাথোঁ এতিয়া সুঁৱৰিছে অতীতৰ স্মৃতিবোৰ যিখিনি সময় তাই আৰু ৰাজে পাৰ কৰি আহিছল।
আনদিনাৰ দৰে সেইদিনাও ৰাজে পলমকৈ কলেজত সোমাইছেহি। সি নিজৰ ক্লাছ ৰুমৰ পিনে খৰখেদাকৈ খোজ ল'লে। ক্লাছ ৰুমৰ ওচৰ পাওঁতে ৰাজৰ গতি এক মুহূৰ্তৰ বাবে স্তদ্ধ হৈ গৈছিল। সি দেখিলে তাৰ সন্মুখেৰে তিনিজনী ছোৱালী আহি আছিল। তাৰে মাজৰ ছোৱালীজনী অতি মৰম লগা।সি এক মুহূৰ্তৰ কাৰণে তাতে থমকি ৰ'ল। ছোৱালী কেইজনী তাৰ ওচৰেৰে পাৰ হৈ গ'ল, ওচৰত ৰৈ থকা অৰুণাভে মাত লগালে, ইমানকৈ চাই থাকিব নালাগে অ' এতিয়া ক্লাচলৈ যাওঁ ব'ল।অৰুণাভৰ মাতত হে সি সম্বিৎ ঘূৰাই পাই, অৰুণাভক সুধিলে ছোৱালীজনী ক'ৰ অ' ?কাইলৈ সকলো খবৰ পাই যাবি। সেই ধুনীয়াকে ছোৱালীজনী দেখিছ ? ৰাজে অৰুণাভক সুধিলে। তই কোনজনীৰ কথা কৈছনো, মইতো তিনিও জনীকে ধুনীয়া দেখিছোঁ, অৰুণাভে ছোৱালী কেইজনীলৈ চাই ক'লে। সেই মাজৰ জনীৰ কথা কৈছোঁ ৰাজে কলে,অ সেইজনী, মোৰো কিবা ভাল লাগিছে, অ'। কাইলৈ খবৰ পাই যাম।বল, এতিয়া ক্লাছলৈ। সেই ছোৱালীজনীক অৰুণাভে বিচাৰি এটা কোঠালৈ মাতি আনিলে। অৰুণাভে প্ৰশ্ন আৰম্ভ কৰিলে
ঃ কি নাম ?                                   
 ঃ নন্দিনী                                
 ঃ সম্পূৰ্ণ নামটো কোৱা।      
 ঃ নন্দিনী শইকীয়া।
 ঃকিডিপাৰ্টমেণ্ট
ঃ ইংলিছ।
ঃ ঘৰ ক'ত?
ঃ যোৰহাটত
ঃ কোনোৱা আছনে নাই ?
ঃ-----------!                     
: তোমাৰ নাম্বাৰটো দিয়া।                       
তেনেতে ৰাজ আৰু নন্দিনীৰ দুয়োৰে চকুৱে-চকুৱে পৰিল।ইটোৱে সিটোৰ পিনে চাই ৰ'ল। তেনেতে সেই ৰুমলৈ অৰুণাভ আৰু ৰাজৰ বান্ধবী প্ৰিয়া আহিল, সিহঁতক দেখি প্ৰিয়াই চিঞৰি নন্দিনীক কলে তুমি ক্লাছ কৰাগৈ যোৱা।নন্দিনীয়েও লাজ কৰি নিজৰ ক্লাছৰ পিনে খোজ দিলে।ইয়াৰ পিছত কেইবাদিনো ৰাজে নন্দিনীক বিচাৰি ফুৰিছিল যদিও দেখা নাপালে। অৰুনাভেও মনে মনে নন্দিনীক instagram t চাই থাকিছিল কিন্তু ৰাজৰ নন্দিনীৰ প্ৰতি থকা ভালপোৱাই তাক নন্দিনীৰ পৰা আঁতৰি অহাত বাধ্য কৰাইছিল।
এদিন হঠাৎ সি আৰু অৰুনাভে দেখিলে নন্দিনীয়ে লগৰ দুজনীমানৰ লগত হাঁহি হাঁহি কথা পাতি fancy bazar ৰ ফুটপাথেদি আহি আছিল।ওচৰ পাওঁতে আকৌ দুয়োৰে চকুৱে চকুৱে পৰিল। তাই ৰাজৰ পিনে চাই এটি মিচিকিয়া হাঁহি মাৰিলে। মাতো নামাতোকৈ তাইক সি মাত লগালে-নন্দিনী              
: হাই
: হাই।
:চিনি পাইছানে?
: অঁ পাইছোঁ ,কিয় নাপাম? তুমি ইয়াত যে ?
: অঁ এই লগৰ কেইজনীৰ লগত অলপ ওলাই আহিছিলো। 
: তুমি বাৰু দুদিন কলেজলৈ অহা নাছিলা নেকি ?
:কিয় সুধিলা ?
: নহয় মানে, সিদিনা তোমাৰ লগত চিনাকি হোৱাৰ পিছত তোমাক কলেজত দেখা নাই কাৰণে সুধিলোঁ। বেয়া পালা নেকি ?
: নাই, নাই।
: পিছে এতিয়া ক'লৈ যাবা ?
: hostel.
: তোমাৰ ঘৰ ক'ত আছিল ?
 : যোৰহাটত।
: অহ্ যাবা হা, বাই। লগ পাই ভাল লাগিল।
: ওঁম। বাই ।
সেইদিনা দুয়ো বিদায় ল'লে। তাৰ পিছত কলেজত মুখামুখি হ'লে প্ৰথমে মিচিকিয়াই হাঁহি মাৰি- কি খবৰ।
: ক্লাছলৈ যোৱা, ওলালা, এনে ধৰণৰ কথাৰে সিহঁতৰ মাজৰ সম্পকটো কিছু সহজ কৰি ল'লে। ৰাজে ইতিমধ্যে নন্দিনীৰ বিষয়ে বহুতো খবৰ গোটাই লৈছে। তাৰ কাৰণে আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে নন্দিনী single.
কলেজত লগৰ ছোৱালীৰ লগত নন্দিনী আহি থাকোতে ৰাজৰ মুখামুখি হোৱাত মিচিকিয়াই হাঁহি মাৰি ৰাজে সুধিলে--
: ক্লাছ নাই ?
: নাই,অফ্‌ আছে।
: কেণ্টিনলৈ যাওঁ ব'লা।    
 : মোৰ লগৰ কেইজনী আছে নহয়।নাই তই যা। আমি নিজে যাব পাৰিম নহয়। লগৰ কেইজনীয়ে নন্দিনীক জোকাই ক'লে।
:এয়া চোৱা তোমাৰ লগৰ কেইজনীয়েও কৈছে।
: ঠিক আছে, ব'লা।
সেই দিনা কেণ্টিনত সিহঁত দুয়ো বহু সময় ধৰি কথা পাতিলে। পিছৰ দিনবোৰত সিহঁত দুয়োৰে মাজৰ সম্পৰ্কটোবহুখিনি ভাল হ'ল, প্ৰত্যেকদিনায়ে সি প্ৰস্তুতি চলায়, কেনেকৈ সি নন্দিনীক ভাল পোৱাৰ কথা ক'ব। সিএটা  দীঘলীয়া নিশ্বাস এৰিলে আৰু তাৰ মুখৰ পৰা ওলাই আহিল মই তোমাক ভাল পাওঁ নন্দিনী। দহ মিনিটমান কোনেও এটা শব্দ উচ্চাৰণ নকৰিলে ৰাজে নীৰৱতা ভাঙি নন্দিনীক কলে-একো নক'লা যে ?
: আইচ ক্ৰীম খাৱা ? তাই কথা সলনি কৰিলে।
: নাই নাখাওঁ। তুমি মোৰ পিনে চোৱাচোন। 
: মেচমেৰাইজড্‌ হৈ যাম। কথাষাৰ কৈ আৰু তাই অলপো নৰল আৰু  ঘূৰি চাই কলে ক্লাছ আছে এতিয়া।কাইলৈ ক'ম। ইয়াৰ পিছত দুদিন নন্দিনী কলেজলৈ নাহিল। এই কেইদিন লৈ তাৰ উৎসুকতা অভিমান খঙলৈ ৰূপান্তৰিত হৈছে আৰু অৱশেষত ৰাজৰ অপেক্ষাৰ ওৰ পেলাই নন্দিনী কলেজ আহিল। সি তাইক দেখা পাই তাইৰ কাষ চাপিল।
: i have class.
: Nandini, why you are ignoring me ?
: নাই অ' মোৰ গা বেয়া আছিল।    
: how is your health right now ?
: feeling better
 : মোৰ কথাটোৰ উত্তৰ নিদিলায়ে তুমি ?
: কোনটো কথা ?                          
: সকলো কথাৰে উত্তৰ নাথাকে। তুমি বৰ বেছি কৰা নন্দিনী। I have same feelings for you, raj. ময়ো তোমাক ভাল পাওঁ। এনেদৰে দিনবোৰ যোৱাৰ লগে লগে সিহঁতৰ সম্পৰ্ক আৰু গভীৰৰ পৰা গভীৰ হ'বলৈ ধৰিলে।দুয়ো সদায় লগ পাই কথা পাতে দুয়ো অত্যন্ত সুখী। ৰাজে চাকৰিও পালে। কিন্তু নিয়তিৰ চাগে সিহঁতৰ এই সুখ সহ্য নহ'ল ৰাজৰ অসুখ হোৱাত সি ডাক্তৰক দেখুৱালে। ডাক্তৰে তাক পৰীক্ষাৰ বাবে পৰামৰ্শ দিলে।অৱশেষত সি গম পালে যে তাৰ শৰীৰত মাৰাত্মক কেঞ্চাৰে বাহ লৈছে। সি লাহে লাহে হতাশাত ভাগি পৰিব ধৰিছিল আৰু নন্দিনীকো তাৰ  মনৰ পৰা আঁতৰাই পেলাইছিল। সি ফোন কৰি নন্দিনীৰ লগত তাৰ সম্পৰ্ক শেষ কৰিছিল আৰু নন্দিনীয়ে কাৰণ জানিব বিচৰাত সি কৈছিল যে ঘৰৰ পৰা তাৰ কাৰণে অন্য ছোৱালী পছন্দ কৰিছিল। নন্দিনী মুহূৰ্ততে ভাগি পৰিছিল তাই ৰাজক লাহে লাহে পাহৰিবলৈ যত্ন কৰিছিল কিন্তু কেতিয়াবা কাৰোবাৰ হৃদয় ভাগে সেই বেদনা কেৱল তেনেলোকেহে বুজিব পাৰিছে। লাহে লাহে দিন বাগৰিল এদিন তাই ভনীয়েকৰ লগত বজাৰ কৰিবলৈ যাওঁতে shopping mall এটাত অৰুনাভক লগ পাই গ'ল। দুয়োটাই ভাল বেয়া খবৰ লৈ number exchange কৰিলে, লাহে লাহে দুয়োটাৰে মাজত ঘনিষ্ঠতা বাঢ়িল ,অৰুনাভে ৰাজৰ বিষয়ে সকলো কথা জানিছিল  যদিও কোনোদিনে নন্দিনীক গম পাব নিদিলে যে সি সকলোবোৰ কথা জানে।অৰুনাভে এদিন নন্দিনীক বিবাহৰ প্ৰস্তাৱ দিলে ঘৰৰ সকলোৰে মতত অৰুনাভ আৰু নন্দিনীৰ বিবাহ হৈ গ'ল। সেই বিবাহলৈ ৰাজো নিমন্ত্ৰিত আছিল। ৰাজে দুয়োকে বিৰাট ডাঙৰ উপহাৰো দিলে আৰু  নন্দিনীলৈ এটা  বিশেষ উপহাৰ দি কলে এইটো চাবা নন্দিনী। আজি অৰুনাভ আৰু নন্দিনীৰ বিবাহৰ সম্পূৰ্ণ তিনিমাহ হ'ল। হঠাৎ অৰুনাভে ফ'ন কৰিলে নন্দিনীলৈ আৰু ৰাজৰ মৃত্যুৰ খবৰ টো দিলে, ফ'নটো ৰখাৰ পিছত নন্দিনীয়ে ৰাজে তাইৰ বিবাহত দিয়া বিশেষ উপহাৰটো খুলি ডায়েৰীখন পঢ়িলে । পঢ়িয়ে কান্দোনত ভাগি পৰিল। তাই যেতিয়া প্ৰকৃত কথাতো গম পালে তাইৰ নিজৰ ওপৰতে খং উঠিল কিয় যে তাই সঁচা কথাটো জানিবলৈ চেষ্টা নকৰিলে। আজি তাই মাথোঁ কান্দিছে, হেৰুৱাবোৰ জানো কেতিয়াবা ঘূৰি আহে।

অঙ্গন: পৃষ্ঠা 39
শেষ পৃষ্ঠাৰ লেখাঃ
ফেচবুক, ৰীল আৰু অন্যান্য

বৰ্তমানৰ যুগটো হৈছে ইণ্টাৰনেটৰ যুগ। এই যুগত প্ৰতিজন মানুহেই বিভিন্ন প্ৰকাৰে, বিভিন্ন কাৰণবশতঃ ইণ্টাৰনেটৰ সৈতে জড়িত হৈ আছে । এই ইণ্টাৰনেট ব্যৱহাৰৰ লগে লগে মানুহ জড়িত হৈ পৰিছে বিভিন্ন সামাজিক মাধ্যমৰ সৈতে । এই সামাজিক মাধ্যম সমূহৰ ভিতৰত আমাৰ সমাজত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা মাধ্যমটোৱেই হৈছে ফেচবুক। যদিও Instagram, Whats app, Twitter ইত্যাদিৰ প্ৰভাৱো কম নহয়। তথাপিও আমি ক'ব পাৰোঁ যে এই সমূহ সামাজিক মাধ্যমতকৈ বেছি প্ৰভাম্বিত কৰা মাধ্যমটোৱেই হ'ল ফেচবুক।প্ৰতিটো বস্তুৰেই ভাল-বেয়া দুটা দিশ থকাৰ দৰে ফেচবুকো ইয়াৰ ব্যতিক্ৰম নহয়। সাম্প্ৰতিক সময়ত যিদৰে এটা চামে ফেচবুকৰ মাজেৰে সাহিত্য-চৰ্চাৰ পৰা আৰম্ভ কৰি নিজৰ সুপ্ত প্ৰতিভা বিকাশৰ দ্বাৰা বিশ্ব দৰবাৰত নিজৰ চিনাকি দাঙি ধৰিছে। তেনেকৈ আন এটা চামে ফেচবুকৰ অপপ্ৰয়োগৰ জড়িয়তে নিজক বিপথে পৰিচালিত কৰাৰ লগতে পৰিয়ালৰ অন্য সদস্যসকলৰো সন্মান হানি কৰিছে। বহু সময়ত দেখা যায় যে এই ফেচবুকেই বহু পৰিয়াললৈ বিপৰ্যয় মাতি আনিছে। নিজৰ সম্বন্ধক, দায়িত্বক আউকাণ কৰি কেৱল দৈহিক স্বাৰ্থ পূৰণৰ বাবেই বহু ক্ষেত্ৰত বহু লোকে ফেচবুকৰ সহায়ত ভুল পথ বাচি লৈছে। এই সমূহত বিশেষভাৱে অৰিহনা যোগাইছে ফেচবুকৰ জড়িয়তে পৰিচালিত 'ৰীল' সমূহে, য'ত নিজক জনপ্ৰিয় কৰিবলৈ গৈ অশালীনতাৰ আশ্ৰয় লোৱাৰ লগতে অবৈধ সম্পৰ্কৰ দৰে সম্পৰ্কও গঢ়ি উঠিছে।
সকলো সময়তে আমি নৱপ্ৰজন্মকে দোষ দি থাকোঁ। কিন্তু বৰ্তমান এই ৰীলৰ জড়িয়তে নৱবিবাহিত মহিলা, শিশুৰ মাতৃকে আদি কৰি বহু লোক ইয়াৰ কু-প্ৰভাৱৰ স্বীকাৰ হৈছে।
গতিকে আমি ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰীৰ ভাল-বেয়া সকলো দিশ চাইহে ব্যৱহাৰ কৰিব লাগে। 'আনে কৰিছে ময়ো কৰোঁ' বুলি সকলো সময়তে সকলো ধৰণৰ কাৰ্য কৰাটো উচিত নহয়। কৰিবলৈ যোৱা কামটোৰ প্ৰতি বিশেষ জ্ঞান নেথাকিলে তেনে কামত হাত নিদিয়াই ভাল।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
6000709096

অঙ্গন:  পৃষ্ঠাঃ 40


Post a Comment

0 Comments