অঙ্গন: পৃষ্ঠাঃ ১
ঘোষণা
অংকুৰণ প্ৰকাশনৰ উদ্যোগত আৰু পষেকীয়া ই-আলোচনী অঙ্গনৰ সৌজন্যত আয়োজিত পাণ্ডুলিপি প্ৰতিযোগিতা ২০২৩ ৰ পাণ্ডুলিপি জমা দিয়াৰ অন্তিম তাৰিখ আগন্তুক ২৫ জুনলৈ বঢ়োৱা হৈছে। গতিকে ইচ্ছুক প্ৰতিযোগীসকলক উল্লেখিত তাৰিখৰ আগতে তেওঁলোকৰ পাণ্ডুলিপিসমূহ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
সম্পাদনা সমিতি
পাণ্ডুলিপি প্ৰতিযোগিতা, অংকুৰণ প্ৰকাশন
অঙ্গন: পৃষ্ঠাঃ ২
নিয়মাৱলী:
১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
6000709096/9127564124/9678696861
ইমেইল:
ankuran2014@gmail.com
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই।
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন
অঙ্গন: পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা ৫
👉প্ৰৱন্ধ : পৃষ্ঠা ৬-৮
👉ধাৰাবাহিক: পৃষ্ঠা ৯
👉একমিনিটৰ গল্প : পৃষ্ঠা ১০-১১
👉অণুগল্প : পৃষ্ঠা ১২-১৩
👉অনুবাদ সাহিত্য : পৃষ্ঠা ১৪-১৫
👉কবিতা: পৃষ্ঠা ১৬-৩৫
👉অনুভৱ: পৃষ্ঠা ৩৬
👉 নীলাখামৰ চিঠি: পৃষ্ঠা ৩৭
👉গল্প: পৃষ্ঠা ৩৮-৪০
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪১
অঙ্গন: পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।
অঙ্গন: পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ
বান বিধস্ত অসম
অসমত প্ৰতি বছৰেই বানপানী হয়। মানুহৰ জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি হয়। ইয়াৰ ফলস্বৰূপে অৰ্থনৈতিকভাবে আমাৰ ৰাজ্যখন বহু পিছ পৰি ৰয়। তাৰ পাছতো এয়া আমি সহজ ভাৱে মানি লওঁ। নৈৰ দাঁতিকাষৰীয়া লোকসকলে এইয়া তেওঁলোকৰ দুৰ্ভাগ্য বুলি ভাগ্যক দোষাৰোপ কৰে আৰু বিভাগীয় কৰ্তৃপক্ষ, বিষয়া কৰ্মচাৰীয়ে সমস্যা সমাধানৰ জোৰা টাপলি মাৰি বান বিধস্ত অঞ্চলৰ লোকসকলৰ দুখ কষ্টত ক্ষণিক আৰামৰ মলম সানে।
এইবাৰ বানপানীত অসমৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ জিলা। একেদৰে ধেমাজী, ডিব্ৰুগড়, শোণিতপুৰ, মাজুলী, কামৰূপ, নলবাৰী আদি অন্যান্য অঞ্চলতো বানপানীৰ কবলত বহু লোকে বিনিদ্ৰ ৰজনী কটাইছে। এই বানপানীৰ কবলত পৰি এতিয়ালৈকে অসমৰ ৩০,০০০ তকৈও অধিক লোকৰ জীৱনলৈ বিপৰ্যয় নামি আহিছে। প্ৰায় ২৫ খনতকৈও অধিক গাঁও এতিয়াও পানীৰ তলত আছে।
এই স্বাভাৱিক বানপানীৰ লগতে নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন নগৰ চহৰত আৰম্ভ হৈছে কৃত্ৰিম বানপানী। যি মানুহে নিজেই সৃষ্টি কৰি লৈছে। বৰষুণৰ ফলত চহৰসমূহত জমা হোৱা পানীভাগ নলা-নৰ্দমাৰে বাহিৰলৈ ওলাই যাব নোৱৰাৰ ফলত এইদৰে কৃত্ৰিম বানপানীৰ কবলত পৰি চহৰবাসীয়ে নৰক যান্ত্ৰণা ভুগিবলগীয়া হৈছে।
এতিয়া মূল কথালৈ আহিছোঁ। নৈৰ স্বাভাবিক গতিক কোনে বাধা আৰোপ কৰিছে ? নৈৰ বহন ক্ষমতা কিয় হ্ৰাস পাইছে ? দিনক দিনে নৈয়ে কঢ়িয়াই অনা বিভিন্ন গছ গছনি, মাটি, শিল আদিয়ে নৈসমূহৰ গভীৰতা হ্ৰাস কৰিছে। লগতে বহু লোকে অন্ধবিশ্বাসৰ বলি হৈও নিতৌ বিভিন্ন সামগ্ৰী নৈৰ বুকুলৈ দলিয়াই আছে। গভীৰতা হ্ৰাস পোৱাৰ ফলত নৈৰ বহন ক্ষমতাও কমি আহিছে। ফলত বৰষুণৰ পৰা জমা হোৱা পানীভাগ কঢ়িয়াই নিব নোৱৰি নৈয়ে দুয়ো পাৰ খহাই দাঁতিকাষৰীয়া লোকৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে। গতিকে সময় থাকোঁতেই অসমৰ মূল নৈ-উপনৈসমূহৰ খনন কাৰ্য সম্পাদন কৰা অতিকৈ প্ৰয়োজনীয়। এই কাৰ্য যথেষ্ট ব্যয়বহুল যদিও ইয়াৰ ফলত ৰাজ্যখন চহকী হোৱাৰো বহু সম্ভাৱনা আছে।
আনহাতে কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত চহৰাঞ্চলত গৃহ নিৰ্মাণকে আদি কৰি বিভিন্ন কল-কাৰখানা নিৰ্মাণতো কিছু নীতি নিয়মৰ অতি আৱশ্যক যিয়ে চহৰবাসীক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব। প্ৰতিবছতেই চহৰৰ নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰা অতি আৱশ্যক। এই ক্ষেত্ৰত চৰকাৰৰ লগত জনসাধাৰণে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই সমস্যা সামাধানৰ পথ সুচল কৰাটো অতি আৱশ্যক হৈ পৰিছে।
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861
অঙ্গন: পৃষ্ঠাঃ ৬
প্ৰৱন্ধঃ
জীৱনৰ ৰ'দ আৰু বৰষুণ
ইন্দ্ৰাণী বৰুৱা
সময়ৰ সোঁতত সপোনৰ ডিঙৰা মেলি প্ৰতিজন মানুহেই আগবাঢ়ে জীৱনৰ চলমান গতিত। জীৱন এক প্ৰত্যাহবান , ইয়াক গ্ৰহণ কৰা যন্ত্ৰণা যিদৰে ক্ষয় অথবা ধ্বংসৰ প্ৰতীক ,ঠিক তেনেদৰে যন্ত্ৰণাক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰিলেই ই হ'ব পাৰে সৃষ্টিৰ প্ৰতীক। যদিও জীৱন মনে ভবাৰ দৰে সকলো ক্ষেত্ৰতে সেন্দুৰীয়া আলিৰ দৰে নহয় তথাপি প্ৰতিনিয়ত উপভোগ কৰা প্ৰয়োজন।নহ'লে কোন সময়ত জীৱনৰূপী চলমান নাওখন স্থবিৰ হ'ব সেয়া কোনেও নাজানে। ওপজা দিনধৰি জীৱনৰ প্ৰত্যেকটো স্তৰতে হোৱা পৰিবৰ্তনবোৰ ক্ৰমশঃ বিয়লি বেলাতহে অনুতপ্তৰ সন্মুখীন কৰায় আচলতে জীৱনটোনো কি ? সেয়ে ইতিবাচক দৃষ্টিৰে চোৱাৰ অভ্যাস কৰিছোঁ। প্ৰতিকূল পৰিস্থিতিতো মোকাবিলা কৰি আগবাঢ়ি যোৱাটোৱে আচলতে জীৱন। জীৱনৰ সংজ্ঞা বহুতৰ বাবে বেলেগ বেলেগ। "নানা মুনিৰ নানা মত।" জীৱনলৈ নাভাবিলেও নিবিচাৰিলেও সমস্যা আহিবই। যেনেকৈ পূৰ্ণিমা ভালপাওঁ বুলিয়েই সদায়েই পূৰ্ণিমা নাহে ,আঁউসীও আহিব। জীৱনটো এচেৰেঙা ৰ'দ আৰু বৰষুণৰ সমাহাৰ। প্ৰত্যেক মানুহেই জীৱনত সুখ আৰু দুখৰ সন্মুখীন হয়েই।আনকি ধনী মানুহৰ জীৱনতো দুখ আছে। আনহাতেদি নিৰ্ধনী এজনো হয়তো সুখত থাকিব পাৰে। সুখ আৰু দুখ আপেক্ষিক। সেয়ে সকলো ক্ষেত্ৰতে ইতিবাচক দৃষ্টিৰে চোৱাৰ অভ্যাস কৰি দুখবোৰ পাহৰি জীৱনটো ভালদৰে উপভোগ কৰা প্ৰয়োজন। গ্ৰীক দাৰ্শনিক এৰিষ্টলৰ মতে ,প্ৰত্যেক প্ৰাণীয়ে নিজৰ স্বভাৱৰ চৰম বা পৰম উৎকৰ্ষ সাধন কৰিবলৈ তাড়না অনুভৱ কৰে। এই অৰ্থত মানুহৰ কাৰণে যিবোৰ গুণ আয়ত্ব কৰিব পাৰিলে মানুহ সম্পূৰ্ণভাবে সুখী হ'ব পাৰে। ঈশ্বৰ, সমাজ, ৰাজনীতি , অৰ্থনীতি আদি সকলোৰে হাতত আমাৰ জীৱনৰ মানচিত্ৰ থাকে বুলি আমি ভাবোঁ, যদিও আচলতে আমাৰ জীৱনটো আমাৰ হাততেই। আকাশলৈ চাই শূণ্যতাৰ অনুভৱ কৰোঁ নে বিশালতাৰ --সেয়া নিৰ্ভৰ কৰে একমাত্ৰ আমাৰ ওপৰত।
জীৱন এক শিল্প, যাক প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ধৰণেৰে ৰং ৰূপেৰে সজাই ল'ব পাৰে। মানুহৰ জীৱনৰ ৰং ৰূপবোৰ সম্পূৰ্ণৰূপে নিজৰ মনটোৰ ওপৰত নিৰ্ভৰশীল।জীৱন এক প্ৰত্যাহ্বান ,ইয়াক গ্ৰহণ কৰা যন্ত্ৰণা যিদৰে ক্ষয় অথবা ধ্বংসৰ প্ৰতীক ঠিক তেনেদৰে যন্ত্ৰণাক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰিলেই ই হ'ব পাৰে সৃষ্টিৰ প্ৰতীক। যদিও জীৱন প্ৰত্যেকৰ বাবে দুঃসাহসিক যাত্ৰা হ'লেও প্ৰতিনিয়ত ইতিবাচক দৃষ্টিৰে ল'লে বেছি সফল হ'ব পাৰি।কেৱল জীৱনেই হৈছে এক কলা, যিটো কোনো আগতীয়া প্ৰস্তুতি নোহোৱাকৈ আমি অনুশীলন কৰিবলগীয়া হয়। মানুহে সময়ৰ সৎ ব্যৱহাৰ কৰি অসাধ্য সাধন কৰিব পাৰে। মানুহে সময়ৰ সৎ ব্যৱহাৰ আৰু ইতিবাচক চিন্তা তথা যোগাত্মক কৰ্মৰ জৰিয়তে যি কামেই কৰে তাৰ সফল সমাপ্তি মধুৰ হয়।
মানুহৰ যোগাত্মক চিন্তাৰ সৈতে কৰ্মচেতনাও জড়িত হৈ থাকে। যাৰ বিবেক সুস্থ ,তেওঁ কেতিয়াও নিৰ্স্কমা হৈ থাকিব নোৱাৰে। নিৰ্স্কমা জীৱন গতিহীন অৰ্থাৎ স্থবিৰ। কৰ্ম কৰাই জীৱনৰ প্ৰধান কৰ্তব্য বুলি উপলব্ধি কৰিব পৰা জনেহে জীৱনত সুখী হ'ব পাৰে। গতিকে যি কৰ্তব্যৰ পৰা আঁতৰি থাকে সি প্ৰাপ্তিৰ পৰাও বঞ্চিত হয়। আচলতে যোগাত্মক চিন্তাই মানুহক সাহসী, শক্তিশালী আৰু সৎ হ'বলৈ শিকায় আৰু প্ৰেৰণা দিয়ে। যেতিয়া মানুহৰ মনৰ মাজত ঋণাত্মক চিন্তাই বাহ লয় ,তেতিয়া তেওঁ কৰা চিন্তাবোৰো অহিত হয়। মানুহৰ জীৱনটো কোনো বীজগণিতৰ অংক নহয় যে তাক ফৰ্মূলা প্ৰয়োগ কৰিলেই বিচৰামতে উওৰ পাম। আমি বিচৰাটোৱেই হয়তো কেতিয়াও নহ'ব পাৰে।জীৱনটোত যদি কেৱল পোৱা-নোপোৱাৰ খতিয়ান লৈ থাকো তেতিয়া হ'লে জীৱনৰ ৰংবোৰ উপলব্ধি কৰিব নোৱাৰো। প্ৰাপ্তি-অপ্ৰাপ্তিয়েই মানুহৰ সুখৰ মাপকাঠি নহয়।কোনোবা শীত-তাপ নিয়ন্ত্ৰিত ঘৰত থাকিও সকলো পাৰ্থিৱ সম্পদৰ অধিকাৰী হোৱাৰ পাছতো সুখী হ'ব নোৱাৰে।আকৌ কোনোবা পঁজাঘৰত থাকিও সুখী হ'ব পাৰে। কিন্তু সকলোবোৰ পোৱাৰ পিছতো যেতিয়া মানুহ মৰমৰ পৰা বঞ্চিত হয় তেনে মৰমবিহীন জীৱনেহে অসুখী কৰি তোলে।
পৃথিৱীত এনে কিছুমান মানুহ আছে যি নিজৰ ভাল লগা কৰ্মবোৰ উপলব্দি কৰে।যেতিয়া ভাললগা কৰ্মৰে শান্তি লাভ কৰিলেও এটা সময়ত কিন্তু অনুতাপত দগ্ধ হ'ব লগীয়া হয়। যেতিয়া ভাল লগা কৰ্মই অন্য মানুহৰ অশান্তি নহয়-সেইটোত গুৰুত্ব দিব লাগে। মোৰ ভাল লাগে বুলিয়েই অন্যই বেয়া পোৱা কৰ্মৰ পৰা বিৰত থাকিব লাগিব। মোৰ এই কৰ্মখিনিয়ে চাৰিওফালৰ মানুহক সাময়িক ভাবে অশান্তি দিছে নেকি সেই কথাটোত গুৰুত্ব দিব লাগিব।এদিন হয়তো এই কৰ্মৰ পৰা অনুতপ্ত হ'ব লাগিব। নিজৰ ভাল লগা কৰ্মই যাতে আনকো দীৰ্ঘম্যাদী প্ৰশান্তি দিব পাৰে সেইটোতহে গুৰুত্ব দিব লাগিব। মই কৰা কৰ্মই যাতে আনকো অানন্দ দিব পাৰে আনকি মৃত্যুৰ পিছতো সমাজৰ মানুহে মনত ৰাখিব পাৰে সেইটোতহে গুৰুত্ব দিব লাগে।
নিজস্ব শৈলীয়ে নিজৰ মনটোক সুস্থ কৰি ৰাখিলে হয়তো গোটেই পৃথিৱীখনৰ লগতে চিন্তাধাৰাবোৰো সুন্দৰ হ'ব। এই যে দ্ৰুতগতিত বৃদ্ধি পায় অহা মানসিক অস্থিৰতাৰ কাৰণ সমূহ বিচাৰ কৰিবলৈ হ'লে প্ৰথমতে মনলৈ আহে দ্ৰুতগতিত বৃদ্ধি পোৱা মানুহৰ নতুন জীৱনশৈলী বা জীৱন সংগ্ৰামৰ পদ্ধতিটো ইমানেই কঠিন হৈছে যে আমি জীয়াই থাকিবৰ বাবে চিন্তা কৰিবলগীয়া হৈছে। মানুহে পেটৰ ক্ষুধা নিবাৰণৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হ'ল। ফলত তেওঁলোকে শিল্পকলা, সাহিত্য নাটক এইবোৰৰ পৰা আঁতৰি পেটৰ ভোক নিবাৰণৰ যুদ্ধত জঁপিয়াই পৰাৰ ফলত মানুহৰ জীৱনৰ আচল মাদকতাৰ পৰা ফালৰি কাটি আহিব লগা হোৱাত মানসিক দ্বন্দ্বত ভূগিবলগীয়া হৈছে। মানুহ জীৱশ্ৰেষ্ঠ হৈও আজি এনে দুৰ্দশা। কিন্তু চৰাই-চিৰিকটি আৰু জীৱজন্তুলৈ লক্ষ্য কৰিলে দেখা যায় যে -মুৰ্গীজনীয়ে সৰুৰে পৰা পোৱালীবোৰক আহাৰ খুটি খাবলৈ বা জীৱনৰ আখৰা শিকায়। কিন্তু মানুহৰ বেলিকা কি শিকাইছে-সন্তানক সৰুৰে পৰা জীৱনটোনো কি --তাক বুজিবলৈ এখন প্নেটফৰ্ম দিব লাগে। সঁচা জীৱনটোৰ পৰা আঁতৰাই একুৰিয়ামৰ মাছৰ দৰে কিম্বা বয়লাৰ মুৰ্গীৰ দৰে ৰাখিছে। কোনোবাই আকৌ ঘৰলৈ আলহি আহিলে মাক-দেউতাকে ইংৰাজীত Rhymes টো গাই দিয়া বুলি মাক-দেউতাকৰ মানসিক সন্তুষ্টিৰ বাবে সন্তানক চাৰ্কাছৰ বহুৱা হিচাপে তৈয়াৰ কৰিছে। সিহঁতৰ নিজৰ ভাল লগা,বেয়া লগাৰ পৰা আঁতৰাই বেলেগ এখন পৃথিৱীত স্থান দিয়াৰ লগতে মানসিক অস্থিৰতাত পিছত ভূগিবলগীয়া হয়।
ক'ত জানো পঢ়িছিলোঁ--পাহৰিছোঁ, জ্ঞানৰ হেনো তিনিটা পৰ্যায় আছে।
প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰিলে মানুহ অহংকাৰী হয় আৰু নিজে সকলো কথাই জানে বুলি ভাবে ।
দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰিলে মানুহ নম্ৰ হয় আৰু শিকিবলৈ আগ্ৰহ দেখুৱায় ।
তৃতীয় পৰ্যায়ত প্ৰৱেশ কৰিলে নিজৰ ভুল উপলব্ধি কৰিব পাৰে । বহুত জানিলেও তেতিয়া নিজে একো নাজানো বুলিয়েই ভাবে।
ঠিকনাঃ
প্ৰবক্তা ,ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ।খেলমাটি,উওৰ লখিমপুৰ
অঙ্গন: পৃষ্ঠাঃ ৭
জ্যোতি-কাব্য চিন্তা
ৰমেশ বৰুৱা
“লুইতৰ পাৰৰ অগ্নিসুৰ” জ্যোতিপ্ৰসাদ আগৰৱালা একেৰাহে নাট্যকাৰ, সঙ্গীতজ্ঞ, চলচ্চিত্ৰ আৰু নাট প্ৰযোজক/পৰিচালক আৰু সৰ্বাত্মক বিপ্লৱী যদিও দৰাচলতে এজন বিপ্লৱী কবি৷ পৰিবাৰিক পৰিবেশৰ ঈশ্বৰ প্ৰদত্ত প্ৰভাৱত জ্যোতিপ্ৰসাদে উত্তৰাধিকাৰী সুত্ৰে লাভ কৰিছিল কাব্য- কলা- সংস্কৃতিৰ প্ৰতি ঐশ্বৰিক ধাউতি৷ সেই সময়ত “বিপ্লৱেই উন্নতিৰ সিংহদ্বাৰ”- ইয়াৰ গুঢ়াৰ্থ অন্তঃকৰণেৰে উপলব্ধি কৰি; জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু ইতিহাসৰ লগত একাত্মবোধ, জনগণৰ প্ৰতি আন্তৰিকতাপূৰ্ণ দায়বদ্ধতা, ভাষা আৰু শব্দ প্ৰয়োগৰ ওজঃস্বিতা, মানবীয়তা, পৌৰুষদীপ্ত আৰু যৌৱন উদ্দীপক দৃপ্ততা তেখেতৰ কাব্য প্ৰতিভাৰ অনন্য বৈশিষ্ট্য৷ গীতসমূহৰ কথা, সুৰ আৰু পৰিবেশনত ভাব আৰু অনুভূতিৰ অপূৰ্ব সমন্বয়; শব্দ, অৰ্থ আৰু ব্যঞ্জনাৰ মাধুৰ্য্যৰে শিশুকে আদি কৰি সৰ্বস্তৰৰ ব্যক্তিৰ জীৱনৰ সমুজ্জ্বল প্ৰকাশ৷
শিশু সাহিত্যৰ যুগান্তৰকাৰী স্ৰষ্টা জ্যোতিপ্ৰসাদে প্ৰাণষ্পৰ্শী সাৱলীলতাৰে আৰু অনন্যসাধাৰণ চিত্ৰময়তাৰে ফুলকুমলীয়া মনৰ সংবাদ গুৰু গম্ভীৰতাৰে প্ৰকাশ কৰিছিল :
“সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে
সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে৷"
শিশুৰ কৌতুহলী মন, যুক্তিৰ উৰ্ধৰ অবাক পৃথিৱীখনৰ লগত তেওঁ নিবিড়ভাবে একাত্ম হৈছিল:
“....আইতাৰ থাপনাত
ফুলৰ শৰাই পাতি
চাকি দিওঁ গধূলি
সেৱা কৰি ৰৈ থাকো
লাড়ুৱা গোসাঁইটিয়ে লাড়ু এটা
মোকো আনি খাবলৈ দিবহি বুলি৷”
সূক্ষ্ম পৰ্য্যবেক্ষন নহ'লে এনে কবিতা লিখা অসম্ভৱ:
“ ডাঙৰ যেতিয়া হ’ম
ইমানবোৰ পুতলা আনিম
দেউতাৰ চন্দুকৰ পইছা সোপাকে নি
গোটেই বজাৰৰ পুতলা কিনিম৷"
শিশুৰ সহজ সৰল মনৰ তাৎপৰ্যপূৰ্ণ স্বপ্নীল কল্পনা:
“মা মোৰ সপোনটো মিছা বুলি
ভাবিছা নেকি বাৰু ? মিছা নহয় মা
সাক্ষী আছে সেই তিনিটা গাৰু৷”
নিমাত যেন লগা অৰণ্য খনৰ খাঁজে খাঁজে বিচাৰি পাইছিল প্ৰকৃতিৰ বিচিত্ৰ ধ্বনি; ধ্বনিৰ বৈচিত্ৰ্যপূৰ্ণ জগত খনক যাদুকৰী ভাষাৰে তুলি ধৰিছে:
“ৰুণ ৰুণি জুন জুনি মউ পৰুৱাৰ
দহিকতৰাৰ গীত সা ৰে গা ৰে পূৰ
বতাহ পাতত লগা ছিগা ভগা সুৰ৷”
যুগস্ৰষ্টা কলাকাৰ জ্যোতিপ্ৰসাদৰ অন্তৰৰ নিভৃত কোণৰ অনুভূতিয়ে আছিল সৃষ্টিৰ উৎস৷ দুষ্কৃতিৰ বিৰুদ্ধে যুজি, কলাৰ মাজেদি জীৱনতো সুন্দৰ কৰি, মানুহক মানুহ কৰাৰ আন্তৰিকতাৰেই তেওঁ গীত লিখিছিল:
“ছবি অঁকা শিল্পী নহওঁ মই
যদিও আকোঁ ছবি
গান কবিতাৰ শিল্পী নহওঁ
যদিও মইয়ে কবি
কলাৰ মাজত যদিও প্ৰকাশ মোৰ
জীৱন কলাক ধন্য কৰি
মানুহকেই মানুহ কৰি থৈ যাবলৈ
বাস্তৱৰেই কেন্দ্ৰস্থলিত লৈছো স্থিতি
যুজিবলৈ দুৰ্ঘোৰ দুষ্কৃতি৷”
পৰাধীনতাৰ গ্লানি আৰু দাৰিদ্ৰৰ হতাশাৰে ক্লেদাক্ত মাতৃভূমিৰ সমস্যাই তেওঁৰ শিল্পীসুলভ মনটোক অহৰ্নিশে কষ্ট দিছিল:
“মোৰ গানত জ্বলে শতযুগৰ কত অভিমান
মোৰ গানে বিচাৰে
চিৰদুখীয়াৰ চিৰ পৰিত্ৰাণ৷”
অন্তৰাত কৈছে:
“মোৰ অস্থিৰে মই ৰচিছো বজ্ৰ গান
প্ৰলয়িনী মোৰ জাগিছে ছন্দ কৃতান্ত মূৰ্তিমান
গানেৰে মই বিশ্বজীৱন কৰি আছো আহ্বান৷”
জ্যোতিপ্ৰসাদৰ যৌৱন কালত ৰচিত গীতসমূহত যুক্তাক্ষৰ যৎকিঞ্চিৎহে ব্যৱহাৰ কৰিছিল:
“শিল্পী অ’ মোৰ কবি অ’ মোৰ
জাগ অ’ জনৰঞ্জন
তোৰ চকুত জ্বলে বিশ্বপূজাৰ
অৰুণ ৰঙা অঞ্জন৷”
আকৌ ক’ৰবাত প্ৰকাশিচে:
“মোৰ ছন্দ মৃদু মন্দ
তাত কুৰুবক কুন্দ ফুলে
তাত নতুন দিনৰ ইন্দ্ৰধনু জ্বলে৷”
ছন্দ আৰু ধ্বনিৰ অভূতপূৰ্ব সংযোগ মন কৰক:
“বাৰিষাৰ বৰষুণ কিনো কৱ গুণ গুণ
কিনো গাৱ ৰুণ্ ৰুণ্
কি বজাৱ ৰুণ্ জুন্
বাৰিষাৰ বৰষুণ৷”
অশুভ শক্তিৰ লগত হোৱা দ্বন্দ্বই জীৱন যাত্ৰাৰ বিকাশৰ পথ মুকলি কৰে; মানসিক সংঘাতে নৱতম শক্তিৰ সূচনা কৰে:
“হে মোৰ সকলো শত্ৰু তোক নমস্কাৰ
তোক বন্ধু ৰূপেহে চাওঁ
তোৰে সতে মোৰ সংঘাত লাগি
মোৰ জীৱনতে সুন্দৰ প্ৰকাশ পাওঁ
মোৰ প্ৰতিভাৰ নুফুলা ফুলৰ
শতপাহি বিকশাওঁ
তোক বন্ধু ৰূপেহে চাওঁ
প্ৰতি সংঘাতে নতুন শক্তি পাওঁ৷”
১৯৩১ চনৰ এপ্ৰিল মাহ৷ ন-দুৱাৰৰ বিৰাট ৰায়ত সন্মিলনত এদল যুৱকক ৰাতিৰ ভিতৰতে গান শিকাই, ৰাতিকো দিন কৰি সমস্বৰে গোৱাইছিল:
“আই আই আই
লুইতৰ পাৰৰে আমি ডেকা ল’ৰা
মৰিবলৈ ভয় নাই মৰিবলৈ ভয় নাই
মুকুতি বেদিৰ মহান মেজিৰ
নেজাল ফিৰিঙতি চাই
পুৰোহিতো যদি থিতাতে আঁতৰি
এনেতে মূৰ্চ্ছা যায়
আমি আগে বাঢ়ি ডিঙি পাতি পাতি
তেজেৰে বলিশাল যামে বোলাই৷”
কৰাচিত বহা কংগ্ৰেছ অধিবেশনত, সেই সময়ৰ তৰুণ নেতা জৱাহৰলাল নেহৰুৰ উদ্দীপ্ত ভাষণে নবীন মনবোৰ উতলা কৰিছিল৷ জ্যোতিপ্ৰসাদে সেই বাতাবৰণতে সেৱা দলৰ স্বেচ্ছাসেৱক সকলৰ কাৰণে ভাৰত প্ৰসিদ্ধ গীত জুৰিলে:
“বিশ্ব বিজয়ী নৱ জোৱান
বিশ্ব বিজয়ী নৱ জোৱান
শক্তিশালী ভাৰতৰ
ওলাই আহাঁ ওলাই আহাঁ
সন্তান তুমি বিপ্লৱৰ৷”
বিপ্লৱী জনতাক সময়তে সকিয়নী দিছিল:
“দেশত শত্ৰু ভাষাত শত্ৰু
কলা সংস্কৃতিত সঙ্গীত শিল্পত
সোমাল শত্ৰু তোৰ ভিতৰত
শত্ৰু আহিছে বেয়া বতৰত
মণিকূট গৈ পোৱাৰ আগতে
সমূলে নিপাত কৰ৷”
সুৰৰ জিঞ্জিৰিৰে বন্ধা শিল্পী মনটোৱে জনতাক জাগ্ৰত কৰিছিল:
“জনতা তোৰ প্ৰাণৰো প্ৰাণত
মনৰো মনত শিল্পী যে মই
লুকাই আছো লুকাই আছো
তোৰ সপোনৰ কত ছবিত
কত যে ফুল বাছো
লুকাই লুকাই আছো৷”
গান্ধীজীক মনেপ্ৰাণে মহা বিপ্লৱী ৰূপে গ্ৰহণ কৰি কৈছিল- “জীৱনৰ সকলো ক্ষেত্ৰতেই অহিংসা প্ৰয়োগ কৰিব পাৰিলে মানৱ সংস্কৃতিৰ পূৰ্ণ বিকাশ হ’ব৷”
শান্তি, মৈত্ৰী আৰু প্ৰীতিৰ মালা ধাৰি পিন্ধাই সুন্দৰৰ দেৱতাক অঞ্জলি যাচিছিল:
“ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে
এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ৷”
সেই সুৰতে সুৰ মিলাই গালে:
“সোণমূলীয়া সংস্কৃতিয়ে
পোহৰ দিয়ে এই পৃথিৱীত
সোণৰ জীৱনৰ৷”
জ্যোতিপ্ৰসাদৰ জীৱনশৈলী আছিল একোটা অন্তৰঙ্গ উচ্ছাসৰ সমষ্টি৷ অনুভূতি তীব্ৰ হ’লে সেইটোৱে ছন্দোময়ী প্ৰাঞ্জল ভাষাৰ কাব্যিক ৰূপ লয়; তাত সুৰৰ মূৰ্ছনাই প্ৰাণ ধালে৷
১৯৩২ চনৰ ২৬ জানুৱাৰীৰ দিনা গুৱাহাটীৰ এখন সভাত দহ মিনিটৰ ভিতৰতে গীত ৰচি সুৰ দি গাইছিল:
“কোন ক’ত আছ আহ অ’ সমনীয়া
সন্মুখত হ' থিয়
মাতৃপূজাৰ ভাগ ল’বলৈ
বেলি কৰ কিয় ?
শুৱনি প্ৰকৃতি শুৱাই থকা
অসম দেশৰে ছোৱালী অ’ ”
এনেতে ভনীয়েকে ক’লেহি “মই গান নাগাওঁ, মোৰ লাজ লাগে“
উত্তৰত জ্যোতিয়ে অন্তৰা সজালে:
“পাছে পৰি পৰি থাক কিয়
অসম দেশৰে ছোৱালী অ’
ভাৰতবৰিষ বিয়পি জ্বলিলে
যুঁজৰ অগ্নি শিখা
অসমীয়া তই টোপনি নেৰিলি
কিনো ভাগ্যৰ লিখা অ’
কিনো ভাগ্যৰ লিখা৷”
উদাত্ত কণ্ঠৰে তেওঁ এদিন কৈছিল: “আজি আমাৰ সাৰথি হৈছে সংস্কৃতি আৰু শত্ৰু হৈছে দুষ্কৃতি”
জনতাৰ অন্তৰত থকা শিল্পী মনক উদ্দেশ্যি তেওঁ বজ্ৰকণ্ঠেৰে গাইছিল:
“জনতা তোৰ প্ৰাণৰো প্ৰাণত
মনৰো মনত শিল্পী যে মই
লুকাই লুকাই আছো
তোৰ সপোনৰ কত ছবিত
কত যে ফুল বাঁছো
লুকাই লুকাই আছো৷”
আকৌ কৈছে-
“তোৰ আন্ধাৰক নাশিবলৈ
তোৰ বুকুতেই বিপ্লৱী হৈ জাগিম
পোহৰলৈ তোক নিবলৈ
তোৰেই পূজা নিতৌ পাতি
তোৰেই আশীষ মাগিম৷”
অসূয়া অপ্ৰীতি অসত্য অন্ধকাৰ নিৰ্মুল কৰি, নতুুন বিশ্ব গঢ়িবলৈ বদ্ধপৰিকৰ অন্তৰাত্মাৰে তেওঁ সমগ্ৰ বিশ্বৰ মানৱ জাতিক জাগ্ৰত কৰিবলৈ গাইছিল:
“আজি জাগিল জনশতাব্দী
আহ অ’ যত আলোকবাদী
অপ্ৰমাদী পোহৰৰে
জোনাকী বসন্ত জগাই
জ্বলা জ্বলা শিল্পী অ’
মোৰ বিশ্ব দীপালী জ্বলা৷”
বিশ্বৰ দলিত জনতাৰ সৈতে এক হৈ যোৱাৰ আন্তৰ্জাতিক দৃষ্টিভঙ্গী লক্ষ কৰক:
“মই কিন্তু শিল্পী প্ৰাণে
গাঁৱৰ গণ্ডিতো থাকি
উপজিয়ে হৈ আহোঁ বিশ্ব নাজৰিক৷”
সংস্কৃতিৰ প্ৰতিষ্ঠাই তেওঁৰ জীৱনৰ লক্ষ্য আছিল৷ নতুন মানৱ তন্ত্ৰক তেওঁ প্ৰণতি জনাইছিল:
“তোৰ সুৰৰ বিজুলী বয়
শিল্পীৰ তেজ হৈ
হেৰ মৃত্যু সম সত্য তই
হেৰ দুনিৰ্বাৰ সনাতন বন্ধু! নমস্কাৰ৷”
জনতাৰ সৈতে একাত্ম হৈ কৈছে:
“মই, মই পৃথিৱীৰে জনতাক
মই ৰূপে দেখি
মই হৈও, মই আমি হওঁ৷”
স্বাধীনতা সংগ্ৰামৰ ভৰপক সময়ত কৈছিল:
“বুৰঞ্জীৰ আৰু এক মহাসংক্ৰান্তিত
কবিতাই ল’লে আহি অচিনাকি ৰূপ
বিপ্লৱী ছন্দৰে ছন্দায়িত৷”
আন্তৰিক অথচ মৰ্মন্তুদ ভাষাৰে জনতাক অনুৰোধ কৰি কৈছে:
“মই কোৱা সেই
জোনাকী সাধু নেপাহৰিবি
বুকুৰ তেজেৰে লিখা গান মোৰ
চকুৰ পানীৰে নমচিবি
চকুৰ পানীৰে লিখা গান মোৰ
আলৈআথানি নকৰিবি৷”
নিজেই শিশু হৈ দেশ জননীক কাতৰ আহ্বান জনাইছে:
“তোৰ চোতালত আই
নতুনৰ গীত গাই
নতুনৰ তালখোল বজাই বজাই
পৃথিৱীৰে ৰজনজনাই
দেখুৱাম দেখুৱাম
নতুন দিনৰ জনজীৱনৰ নৃত্য
মই নতুন দিনৰে ল’ৰা৷”
অসমীয়া ঢোল খোল ভোৰতাল তকা পেঁপা কৰতাল ইত্যাদিৰে ভাৰতৰ আৰু পশ্চিমৰ বাদ্যযন্ত্ৰৰ মধুৰ সমাবেশ ঘটাই অসমীয়া সঙ্গীতৰ “সুৰ সমলয়“ৰ এক নতুন ৰূপৰ সন্ধান দি গ’ল৷ বিশ্ব সংস্কৃতিৰ অন্যতম উপাসক হিচাপে তেওঁ গীত জুৰিছিল:
“সোণমূলীয়া সংস্কৃতিয়ে
পোহৰ দিয়ে এই পৃথিৱীত
সোণৰ জীৱনৰ৷”
কিমান ক’ম, কিমান লিখিম এইজনা সুন্দৰৰ পূজাৰীৰ কথা- অলেখ সৃষ্টি, অন্তহীন স্মৃতি!
প্ৰকৃতিৰ অমোঘ নীতি! এদিন এইজনা ক্ষণজন্মা অনন্তবিজয়ী পুৰুষ নৰিয়া পাটীত পৰিল৷ শৰীৰ ৰুগ্ন হ’লেও মন আছিল আকাশলংঘী৷ শৰীৰে হেনো মনক অবচেতন অৱস্থাতো কৰায়ত্ত কৰিব পৰা নাছিল৷ বিদায় মূহূৰ্তত কৈছিল: “আজিৰ যুগ গণযুগ৷ আজিৰ কাল ক্ৰান্তিকাল৷ আজিৰ সংস্কৃতি হাতুৰী আৰু হলধৰৰ সংস্কৃতি৷”
মোৰে সপোনৰে, মোৰে ভাৰতৰে চিৰসুন্দৰৰ উপাসক জনাই মৃত্যুৰ শেতেলিত বিশ্বদেৱতাক বন্দনা কৰি হয়তো সেহাই সেহাই গাইছিল:
“মাৰযোৱা বেলিটিৰ
জিলিঙনি লেপি মই
নতুন পুৱাৰ ছবি চাওঁ
মহাভাৰতৰ বাটে
পৃথিৱীৰ সবাহলৈ যাওঁ৷”
সৌন্দৰ্যৰ আজীৱন পূজাৰী সেই প্ৰবাদপুৰুষ, কবি সত্তাক তেওঁৰ কবিতাৰেই চিন্তা কৰিবৰ মন যায়:
“মানৱৰ কল্পনাৰ সীমান্ত ভেদি
যি ৰাজ্য অনন্তত শেষ
সেয়ে মোৰ ৰাজ্য
তাৰ নাম জ্যোতি দেশ৷”
অঙ্গন: পৃষ্ঠা ৮
কিত্তুৰ চিন্নম্মা
(প্ৰথম খণ্ড)
প্ৰণৱ ফুকন
উপক্ৰমণিকা: ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰে যুঁজি দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিয়া বীৰাঙ্গনা বুলিলেই মনলৈ আহে ঝাঁচীৰ ৰাণী লক্ষ্মীবাইৰ নাম৷ কিন্তু ইয়াৰো ৩৩ বছৰ আগতে ১৮২৪ চনত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি অমৰত্ব পোৱা এগৰাকী ৰাণীৰ নাম হয়তো আমি বহুতেই নাজানো! এইগৰাকীয়েই আছিল কিত্তুৰৰ ৰাণী চিন্নম্মা, যিগৰাকী কিত্তুৰ চিন্নম্মা বুলিয়েই জনাজাত হয়৷ আজি আমি তেওঁৰ অমৰগাঁথা গাবলৈ ওলাইছোঁ ৷
কিত্তুৰৰ বিষয়ে: কিত্তুৰ হ’ল কৰ্ণাটক ৰাজ্যৰ উত্তৰ পশ্চিম প্ৰান্তত অৱস্থিত বেলগাৱী (পূৰ্বৰ বেলগাওঁ) জিলাত অৱস্থিত কিত্তুৰ তালুকৰ সদৰ৷
(কান্নাড়া ভাষাত চিন্না মানে সৰু আৰু নাৰীৰ নামত আম্মা যোগ দিয়া হয় ৷ সেয়ে ঘৰৰ সৰু জীয়ৰী হ’ল চিন্নম্মা৷)
কিত্তুৰ ৰাজ্যৰ বিষয়ে একাষাৰ: কিত্তুৰ প্ৰকৃততে এখন স্বাধীন ৰাজ্য নাছিল; কাষৰীয়া মাৰাঠা, মোগল অথবা টিপু চুলতানৰ দৰে প্ৰতাপী ৰজাই একোটা অঞ্চলৰ শাসনৰ ভাৰ কোনো বিশ্বাসী লোকক দি তাৰ বিনিময়ত কৰ লৈছিল৷ এনে ভূখণ্ডক দেশগত আৰু শাসকসকলক দেশাই বোলা হৈছিল৷ দেশাইসকলে প্ৰায় স্বাধীনভাবেই নিজৰ অঞ্চল শাসন কৰিছিল আৰু মূল ৰাজ্যৰ ৰজা যদি কিছু দুৰ্বল হয়, তেতিয়া দেশাইসকলে সম্পূৰ্ণ ৰজাৰ দৰে শাসন চলাইছিল৷ তেওঁলোকে ডাঙৰ- ডাঙৰ প্ৰাসাদ সজাই আৰু নিজৰ ৰাজধানীৰ চৌপাশে গড় মৰাই নিকপকপীয়া কৰিছিল৷ দেশাইসকলে নিজা সৈন্যবলো গঠন কৰিছিল; দুখন চুবুৰীয়া ৰাজ্যৰ ৰণত দেশাইসকলে কোনো এখনক সৈন্যেৰে সহায় কৰিব লাগিছিল৷ কিত্তুৰো আছিল তেনে এখন ‘ৰাজ্য’ আৰু কিত্তুৰৰ দেশাই পৰিয়াল প্ৰজাবাৎসল্যৰ বাবে প্ৰজাৰপৰা ৰজাৰ মৰ্য্যাদা লাভ কৰিছিল৷
কিত্তুৰৰ ৰাজবংশ: ১৫৮৫ চনত কিত্তুৰৰ ৰাজবংশ স্থাপনা কৰিছিল হিৰে-মল্লাছেট্টী আৰু চিক্ক-মল্লাছেট্টী (হিৰে মানে ডাঙৰ আৰু চিক্ক মানে সৰু) নামৰ মহীসুৰ ৰাজ্যৰ সাগৰৰ বাসিন্দা দুজন ভ্ৰাতৃয়ে৷ তেওঁলোকে বিজাপুৰৰ আদিলশ্বাহী ৰজালৈ বিশ্বসনীয় সেৱা আগবঢ়োৱাৰ বাবেই কিত্তুৰ দেশাগত দিয়া হয়৷ ইয়াৰ দেশায়ে মোগল সম্ৰাট ঔৰঙ্গজেৱক সহায় কৰি অষ্টাদশ শতিকাৰ আৰম্ভনিতে কিছু সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৭৪৯ চনৰপৰা ১৭৮২ চনলৈকে কিত্তুৰৰ ৰজা আছিল ৱীৰপ্পাগৌড়া চৰদেশাই৷ ১৭৭৯ চনত পেছোৱা পৰশুৰাম ভাওৱে যুদ্ধ জয় কৰি চৰদেশাইক বন্দী কৰে৷ কাৰাবন্দী অৱস্থাতে তেওঁ ১৭৮২ চনত শেষনিশ্বাস ত্যাগ কৰে৷ তেওঁৰ মৃত্যুৰ পাছত মল্লচৰ্জা নামৰ এজন নিকট সম্বন্ধীয় যুৱকক চৰদেশাইৰ পৰিয়ালে বিধিগতভাৱে পুত্ৰৰ মৰ্য্যাদা দি কিত্তুৰৰ দেশাই নিযুক্ত কৰে৷ মল্লচৰ্জাৰ প্ৰথম পত্নী ৰুদ্ৰাম্মা তল্লুৰৰ দেশাই পৰিয়ালৰ জীয়ৰী আছিল আৰু যুদ্ধনীতি আৰু ৰাজনীতিত বিচক্ষণতা দেখুৱাইছিল৷ তেওঁ ফাৰ্চী ভাষাও জানিছিল আৰু টিপু চুলতানৰ লগত বিনিময় হোৱা মল্লচৰ্জাৰ পত্ৰসমূহ তেঁৱেই লেখি দিছিল৷ চিন্নম্মা আছিল মল্লচৰ্জাৰ দ্বিতীয়া পত্নী৷
মল্লচৰ্জা:মল্লচৰ্জা ১৭৮২ চনৰপৰা ১৮১৬ চনলৈকে কিত্তুৰৰ দেশাই আছিল৷ সেই সময়চোৱা আছিল কিত্তুৰৰ সোণালী যুগ৷ সেই সময়ত দক্ষিণ ভাৰতত মহীসুৰৰ নবাব হায়দৰ আলি আৰু পাছত তেওঁৰ পুতেক টিপু চুলতান, মহাৰাষ্ট্ৰৰ পেছোৱা, বিজাপুৰৰ আদিলশ্বাহী বংশৰ নবাবসকল আৰু হায়দৰাবাদৰ নিজামৰ মাজত সদায়েই ক্ষমতাৰ অৰিয়াঅৰি চলিছিল৷ অন্যান্য সৰু-সুৰা ৰাজ্যৰ ৰজাসকলেও নিজৰ-নিজৰ ক্ষমতা বিস্তাৰ কৰিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাছিল৷ ইয়াৰ সুবিধা লৈ বিদেশৰপৰা বেপাৰীৰ ৰূপত অহা ব্ৰিটিছ, ফৰাচী আৰু পৰ্ত্তুগীজসকলেও ভাৰত অধিকাৰ কৰিবলৈ চেষ্টা কৰিছিল; এই ক্ষেত্ৰত ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী আটাইতকৈ সফল আৰু শক্তিশালী হৈ উঠিছিল৷
১৭৮৫ চনত টিপু চুলতানে কিত্তুৰ, নৰগুড আৰু ৰামদুৰ্গ অধিকাৰ কৰে৷ পেছোৱাই নিজামৰ লগত মিলি টিপুৰ সেনাক আক্ৰমন কৰে আৰু কিত্তুৰৰ দুৰ্গৰ বাহিৰে আন সকলো ঠাইৰপৰা টিপুৰ সেনাক খেদি পঠিয়ায়৷ কিত্তুৰত টিপুৰ সহকাৰী বদ্ৰুজ জামান খানে টিপুৰ নামত শাসন কৰি ইয়াৰ মল্লচৰ্জাক মাত্ৰ বছৰেকীয়া মাননি দি ৰাখে৷ কিন্তু ১৭৯২ চনৰ শ্ৰীৰঙ্গাপট্টনা চুক্তি অনুসৰি মাৰাঠা সামাজ্যৰ সীমা তুঙ্গভদ্ৰালৈকে বিস্তাৰ কৰা হয় আৰু কিত্তুৰ পেচোৱাৰ দখললৈ আহে৷ নতুনকৈ আহৰণ কৰা ঠাইবোৰৰ শাসনৰ ভাৰ পৰে পৰশুৰাম ভাওৰ ওপৰত৷ তেওঁ কিত্তুৰৰ দেশাইক মাননি দি ৰখাৰ ব্যৱস্থা কৰে৷ ১৮০০ চনত বীৰ দণ্ডু ৱাঘে মাৰাঠা সেনাক পৰাস্ত কৰে৷ পাছত ৩০ জুলাই, ১৮০০-ত ব্ৰিটিছ সেনাপতি ৱেলেছলি আহি কিত্তুৰৰ পৰা অনতিদূৰৰ মুনলিৰ যুদ্ধত ৱাঘক ঘটুৱাই খেদি পঠিয়ায়৷
শ্ৰীৰঙ্গাপট্টনাৰ চুক্তিৰ সময়ৰেপৰা ব্ৰিটিছৰ লগত পেচোৱাৰ মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল; ফলত কিত্তুৰৰ দেশায়েও সেই পথকে অনুসৰণ কৰিবলগীয়া হৈছিল৷ ১৮০২ চনত ৱেলেছলিয়ে পেচোৱাক পুনৰ্সংস্থাপনৰ বাবে পুণালৈ যাওঁতে কিত্তুৰৰ দেশায়ে তেওঁক অস্ত্ৰ-সৈন্য-ঘোড়া আদিৰে সহায় কৰিবলগীয়া হৈছিল৷ কিত্তুৰৰ শাসনভাৰ লোৱাৰ সময়ত মল্লচৰ্জা আছিল এজন ১৭ বছৰীয়া কিশোৰ৷ তেওঁ যুদ্ধবিদ্যাত পাৰ্গত আছিল৷ তেওঁ কিত্তুৰৰ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ দক্ষিণ দিশত টিপু চুলতান আৰু উত্তৰ দিশত পেচোৱাৰ সৈতে যুঁজিবলৈ বাধ্য হৈছিল৷
কিন্তু ১৮০৪ চনত কিত্তুৰৰ দেশাইৰ প্ৰতিপত্তি দেখি পেচোৱাই ব্ৰিটিছক অনুৰোধ কৰে যাতে দেশাইক বিতাৰিত কৰা হওক; কিন্তু জেনেৰেল ৱেলেছলি মান্তি নহ’ল৷ তথাপি ১৮০৯ চনত মল্লচৰ্জাই পেচোৱাক বছৰি কৰ দি কৰতলীয়া হ’বলৈ সন্মত হয়৷ মল্লচৰ্জাক নিজৰ সেনাৰ বাবে বছৰি অনুদান দিয়াৰো বন্দোবস্ত কৰা হয়৷
মল্লচৰ্জাই সাহিত্য-সংস্কৃতি আদি সকলো বিষয়তে উদগণি দিছিল৷ কিত্তুৰৰ ৰাজবংশই হিন্দুধৰ্মৰ শৈৱ মতবাদৰ ভিত্তিত স্থাপিত ৱীৰশৈৱ পন্থা পালন কৰিছিল৷ (ৱীৰাশৈৱ মতবাদ মনা লোকসকলক লিঙ্গায়ত বুলিও কোৱা হয়, কাৰণ তেওঁলোকে কঁকালত ধাতুৰ শিৱলিঙ্গ ধাৰণ কৰে৷) মল্লচৰ্জাই অনেক ৱীৰশৈৱ মথ স্থাপনত সহায় কৰিছিল৷ কিত্তুৰত ইয়াৰ মূল মথ আছিল কালমথ৷ এই মথৰ স্বামীজীসকল আছিল কিত্তুৰ ৰাজবংশৰ ধৰ্মগুৰু৷ এই স্বামীজীসকলে প্ৰশাসনৰ বিভিন্ন দিশতো ৰাজবংশক উপদেশ দিছিল আৰু যিকোনো সমস্যাৰ সন্মুখীন হ’লে কিত্তুৰৰ ৰাজবংশ স্বামীজীৰ কাষলৈকে গৈছিল৷ আজিও এই মথৰ গুৰুত্ব কমি যোৱা নাই৷ কিত্তুৰ চহৰৰ অনতিদূৰত অৱস্থিত আছিল কালমথৰ সহকাৰী মথ চৌকীমথ য’ত আছে বহুতো কক্ষ যিবোৰ চাৰিওফালে ডাঙৰ প্ৰাচীৰেৰে আৱৰা আৰু প্ৰহৰী মোতায়েন কৰিব পৰা হৈছিল৷ সেয়ে কোনো গোপন বৈঠকত বহিবলৈ কিত্তুৰৰ ৰাজবংশই এই মথলৈ ঢাপলি মেলিছিল৷
মল্লচৰ্জাৰ মৃত্যুৰ পৰবৰ্ত্তী সময়: ১৮১৬ চনত মল্লচৰ্জাৰ মৃত্যুৰ পাছত পুত্ৰ শিৱলিঙ্গৰুদ্ৰ চৰ্জা দেশাই হয়৷ তেওঁ ৰাজনীতিতকৈ সাহিত্য-সংস্কৃতিলৈ বেছি আকৰ্ষিত আছিল আৰু নিজেও কান্নাড়া ভাষাত তিনিখনকৈ পুথি ৰচনা কৰিছিল৷ তদুপৰি তেওঁ মহীসুৰৰপৰা এজন পণ্ডিত আনি দৰ্শনবিদ্যাৰ শিক্ষা গ্ৰহণ কৰি পাণ্ডিত্য লাভ কৰিছিল৷ এই সময়চোৱাত শাসনৰ ভাৰ ক্ৰমান্বয়ে আহি পৰিছিল ৰাণী চিন্নম্মাৰ হাতত৷ ৰাজসভাৰ বিষয়াসকলো দুটা পৰস্পৰ বিৰোধী পক্ষত বিভক্ত হৈ পৰিছিল৷ চৰ্দাৰ গুৰুচিদ্দপ্পাৰ নেতৃত্বত এটা দল আছিল সম্পূৰ্ণৰূপে চিন্নম্মাৰ অনুগত৷ আনহাতে ভেঙ্কটৰাও আৰু মল্লপ্পা চেট্টীৰ দৰে কিছু বিষয়া নিজৰ সুবিধাৰ বাবে আছিল ব্ৰিটিছৰ সহযোগী৷ ব্ৰিটিছেও ছলে-বলে কিত্তুৰ অধিকাৰ কৰিবলৈ এইসকল বিষয়াক উচটাই থাকিল৷
১৮১৭-১৮ চনত ব্ৰিটিছৰ লগত পেচোৱাৰ সম্পৰ্ক ক্ৰমে অবনতি ঘটাত সমগ্ৰ অঞ্চল দখল কৰাৰ বাবে দাক্ষিণাত্যৰ ব্ৰিটিছ আয়ুক্ত এলফিনিষ্টোনে ১৮১৭ চনৰ নবেম্বৰ মাহত কিত্তুৰৰ দেশাইৰ সহায় বিচাৰে৷ মাৰাঠাসকলৰ দখলত থকা বেলগাঁৱৰ দুৰ্গ ব্ৰিটিছে ১৮১৮ চনৰ মাৰ্চ মাহত আক্ৰমণ কৰি অধিকাৰ কৰে৷ এই আক্ৰমণত সহায় কৰি কিত্তুৰৰ দেশাই ব্ৰিটিছৰ প্ৰিয়পাত্ৰ হ’বলৈ চেষ্টা কৰে৷ কিন্তু ধাৰৱাড়ৰ আয়ুক্ত মন্ৰোৱে শিৱলিঙ্গ লিঙ্গচৰ্জাক এখন চুক্তিত চহী কৰিবলৈ বাধ্য কৰে৷ এই চুক্তি অনুসৰি চৰ্জাই খানপুৰত ব্ৰিটিছৰ সেনা-বাহিনী ৰাখিবলৈ সেই অঞ্চল এৰি দি বাকী অঞ্চল নিজৰ দখলত ৰাখি বছৰী ১৭৫০০০ টকাৰ কৰ দিব লগা হয়৷
ৰাণী চিন্নম্মাই হৃদয়েৰে এই চুক্তিৰ চৰ্ত্ত মানি ল’ব খোজা নাছিল৷ সেয়ে তেওঁ কালমথৰ স্বামীজীৰ লগত আলোচনা কৰি স্বামীজীৰ উপদেশ মতে ধৈৰ্যেৰে বাট চাই ৰয়৷ ব্ৰিটিছেও ৰাণীৰ গতি-বিধি লক্ষ্য কৰি আছিল আৰু আশা কৰিছিল তেওঁ নিশ্চয় আক্ৰমণাত্মক কাৰ্য্যপন্থা হাতত ল’ব আৰু ব্ৰিটিছে সেই সুবিধাতে কিত্তুৰ দখল কৰিব৷ কিন্তু ৰাণীৰ ধৈৰ্য্যৰ খেলাত ব্ৰিটিছো বিমোৰত পৰিল৷ ৰাণী আছিল প্ৰশাসন তথা যুদ্ধবিদ্যাত নিপুণ৷ ৰাজসভাত তেওঁ অতি দক্ষতাৰে পৌৰাহিত্য কৰি যথাযথ সিদ্ধান্ত লৈছিল৷ ফলত তেওঁৰ খ্যাতি চতুৰ্দিশে বিয়পি পৰে আৰু কিত্তুৰ পুনৰ বিকাশৰ দিশত আগবাঢ়ে৷ কিত্তুৰৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ দূৰত্বত মুখ্য কাৰ্য্যালয় পাতি থকা ব্ৰিটিছে কিত্তুৰ আক্ৰমণ কৰাৰ সুবিধা উলিয়াবলৈ অভিযোগ আনে যে কিত্তুৰত দুষ্টচক্ৰই বাহৰ পাতিছে৷ এই অভিযোগ সম্পূৰ্ণ মিছা আছিল বাবে ৰাণী চিন্নম্মাই ভ্ৰূক্ষেপ নকৰিলে৷ এনে আভিয়োগত দাক্ষিণাত্যৰ অন্যান্য ৰজা আৰু শাসনকৰ্ত্তাসমূহো ব্ৰিটিছৰ প্ৰতি ক্ষুন্ন হয়৷ সকলো একেলগ হ’লে ব্ৰিটিছৰ নিজৰে অৱস্থা শোচনীয় হ’ব বুলি শঙ্কা কৰি ব্ৰিটিছ এই যাত্ৰাত পিছ হুঁহকিল৷
ৰাণী চিন্নম্মা: মল্লচৰ্জা আৰু চিন্নম্মাৰ হৃদয় বিনিময় আৰু বিৱাহৰ বিষয়ে বহু মালিতা ৰচিত হৈছিল৷ মল্লচৰ্জা দক্ষিণৰ দেশাইসকলৰ অঘোষিত নায়ক আছিল৷ টিপু চুলতান আৰু পেচোৱাৰ মাজৰ সঘনে হোৱা সংঘৰ্ষৰ ফলত দুয়োপক্ষ দুৰ্বল হৈ পৰিছিল আৰু তাৰেই সুবিধা লৈ বিদেশী শক্তিসমূহে, বিশেষকৈ ব্ৰিটিছে ৰাজ্য বিস্তাৰ কৰাৰ চেষ্টা চলাইছিল৷ মল্লচৰ্জাই এই কথা সমূলি ভাল পোৱা নাছিল৷ সেয়ে গোপনে তেওঁ দেশাইসকলক একত্ৰিত কৰিবলৈ এই সৰু-সৰু ৰাজ্যবোৰ ভ্ৰমণ কৰিছিল৷ এনে এক ভ্ৰমণত তেওঁ চাঙ্গলি ৰাজ্যৰ কাকাতিৰ কাষত বাহৰ পাতে৷ সেই সময়ত এটা নৰখাদক বাঘে তাৰ ৰাইজক বিব্ৰত কৰি তুলিছিল৷ মল্লচৰ্জা এজন ভাল চিকাৰী আছিল বাবে ৰাইজৰ অনুৰোধত তেওঁ বাঘ চিকাৰ কৰিবলৈ ওলায়৷ তেওঁ নিক্ষেপ কৰা বাণে বাঘৰ শৰীৰ বিদ্ধ কৰে৷ কিন্তু বাঘৰ কাষলৈ গৈ তেওঁ দেখে বাঘৰ শৰীৰত দুডাল বাণ আৰু কাষত ঠিয় হৈ আছে এগৰাকী অস্ত্ৰ-শস্ত্ৰেৰে সুসজ্জিতা ২২ বছৰীয়া যুৱতী৷ এইগৰাকীয়েই আছিল চাঙ্গলিৰ শাসক ধুল্লপ্পাগৌড়া দেশাইৰ জীয়ৰী, চিন্নম্মা৷ সেয়া আছিল ১৮০০ চনৰ কথা৷ পাছদিনা মল্লচৰ্জাই ধুল্লপ্পাগৌড়া দেশাইক লগ ধৰি ব্ৰিটিছৰ বিৰুদ্ধে একগোট হোৱাৰ কথা আলোচনা কৰি পাছত চিন্নম্মাৰ প্ৰসংগ উথ্থাপন কৰে৷ ধুল্লপ্পাগৌড়াই এনে এজন জোঁৱাই পাই লগেলগে মান্তি হয়৷ মল্লচৰ্জাই চিন্নম্মাক তেওঁৰ প্ৰথমা পত্নী ৰুদ্ৰম্মাৰ বিষয়ে জনায়৷ যিহেতু ৰাজপৰিয়ালসমূহত বহুবিৱাহৰ প্ৰথা বিদ্যমান আছিল, গতিকে চিন্নম্মাই ৰুদ্ৰম্মাক নিজৰ ডাঙৰ বায়েকৰ দৰে সন্মান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ অচিৰেই দুয়োৰে বিৱাহ সম্পন্ন হয় আৰু মল্লচৰ্জাই চিন্নম্মাক লগৰী কৰি কিত্তুৰলৈ গমণ কৰে৷
চিন্নম্মাই নিজৰ প্ৰতিশ্ৰুতি মতে ৰুদ্ৰম্মাক সন্মান দেখুৱাই যায়; তেওঁ ৰুদ্ৰম্মাৰ দুয়ো পুত্ৰ শিৱলিঙ্গৰুদ্ৰ চৰ্জা ওৰফে বাপু চাহেব আৰু ৱীৰৰুদ্ৰ চৰ্জা ওৰফে বাবা চাহেবক নিজৰ পুত্ৰ শিৱবাসৱৰাজ ওৰফে বালা চাহেবৰ সমানেই মৰম কৰিছিল৷ চিন্নম্মাই প্ৰস্তাৱ দিয়ে যে বাপু চাহেবক যুৱৰাজৰ পদবী দিয়া হওক৷ নিয়তিৰ লিখন মতে কিছুদিনৰ অসুস্থতাত বাবা চাহেবৰ মৃত্যু হয়৷ কিছুদিনৰ পাছতে বালা চাহেবেও এই পৃথিৱী এৰি যায়৷ গতিকে বাপু চাহেবেই যুৱৰাজ হয়৷
ৰুদ্ৰম্মা দিনক দিনে দাৰ্শনিক আৰু ধৰ্মীয় আলোচনাৰ প্ৰতি আকৰ্ষিত হয়; কালমথৰ স্বামীজীৰ লগত সঘনে এনে আলোচনা চলে৷ ফলত ৰাজনীতিৰ ক্ষেত্ৰখন চিন্নম্মাৰ বাবে মুকলি হৈ পৰে৷ তেওঁ কোনো অন্যায় আৰু উৎপীড়ন সহ্য কৰিব নোৱাৰিছিল৷ ফলত তেওঁ স্বামী মল্লচৰ্জা আৰু ৰাইজৰ প্ৰিয় হৈ পৰিল৷ ইতিমধ্যে মাৰাঠা আৰু ব্ৰিটিছৰ টনা-আঁজোৰাত কিত্তুৰৰ প্ৰশাসনতো খেলিমেলিৰ সৃষ্টি হৈছিল৷ চিন্নম্মাই মল্লচৰ্জাক প্ৰশাসনিক আৰু ৰণকৌশলৰ সকলো দিশত সহায় কৰি যায়৷ সেনাবাহিনীৰ লগত তেওঁৰ আছিল নিকট সম্বন্ধ৷ সেয়ে মল্লচৰ্জাৰ মৃত্যুৰ পাছৰ আঠ বছৰ চিন্নম্মাই ৰাজ্যৰ প্ৰশাসনিক সকলো কামৰ পৰিদৰ্শন সুকলমে কৰি যায়; শিৱলিঙ্গৰুদ্ৰ চৰ্জা মাথোঁ নামত কিত্তুৰৰ দেশাই হৈ থাকে, প্ৰকৃত ক্ষমতা আছিল ৰাণী চিন্নম্মাৰ হাতত৷
ক্ৰমশঃ
অঙ্গন: পৃষ্ঠাঃ ৯
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
ৰূপা গগৈ
খণ্ড ৬
: ৰূপা ---- ৰূপা
: ওঁ, কোননো ?
: মই
: কোন মই ?
: মই চুনু
: কোন চুনু ? মই চিনি নাপাওঁ তোমাক !
: ইচ্ ; মনে মনে কোৱা ।
: মনে মনে কিয় ক'ম ? মইতো তোমাক চিনি নাপাওঁ বুলি কৈছোঁ নাপাওঁ । আঁতৰি যোৱা তুমি মোৰ ওচৰৰ পৰা । কি লাগে তোমাক ? কি বিচাৰি আহিছা ?
: প্লিজ , হাতযোৰ কৰিছোঁ মোক সহায় কৰা ।
: সহায় তোমাক ! মই । কি সহায় কৰিব লাগে ? তাকো তুমি অচিনাকি । নোৱাৰোঁ মই সহায় কৰিব । যোৱা বেলেগৰ ওচৰত সহায় বিচৰাগৈ।
: মোক না নকৰিবা তুমি । মোৰ বহুত কষ্ট হৈছে । মোক সিহঁতে বন্দী কৰি থৈছে । মোৰ কথাখিনি শুনা । মই উশাহ ল'ব পৰা নাই , আজি চাৰি বছৰে মই শান্তিত শোৱ পৰা নাই । মোৰ কষ্ট হৈছে , মোৰ কষ্ট হৈছে । মোক বচোৱা ৰূপা ; মোক বচোৱা । মই আন্ধাৰত আছোঁ । মই চাৰি বছৰৰে পোহৰ দেখা নাই । সিহঁতে মোক বন্দী কৰি থৈছে । মোক সহায় কৰা ৰূপা ; সহায় কৰা ।
: কি বকিছা এইবোৰ ? কোনে ক'ত বন্দী কৰি ৰাখিছে তোমাক ? কোন সিহঁত ?
: আহাঁ, ৰূপা আহাঁ । দুৱাৰখন খুলি ওলাই আহাঁ । মোক ক'ত বন্দী কৰি থৈছে চাই যোৱা ।
: নাযাওঁ বুলি কৈছোঁ নাযাওঁ মই । কোৱা তোমাক কোনে বন্দী কৰি থৈছে ।
: মোক কথা দিয়া তুমি মোক সহায় কৰিবা নে ?
: যদি নকৰোঁ তেতিয়া ?
: মই আৰমানক লৈ যাম । তোমাৰ মৰমৰ আৰমানক । আৰমানে তোমাক বহুত ভালপায় আৰু তুমিও তাক বহুত মৰম কৰা নহয় ।
: কি ? নাই ! নাই ! নিনিবা আৰমানক । তুমি কোন হয় আৰমানক নিবলৈ ।
: মই আৰমানৰ মাক ।
: কি ?
: অ' মই আৰমানৰ মাক চুনু । মোক সিহঁতে মাৰি পেলালে । মোক বন্দী কৰি থৈছে !
: ঐ , এইবোৰ কি পাগলামি বকিছ তই ! আৰমানৰ মাক , আকৌ মাৰি পেলালে এবাৰ ক'বি বন্দী কৰি থৈছে । যা বুলিছোঁ যা মোৰ ওচৰৰ পৰা ।
: ঠিক আছে যাওঁ । কিন্তু আকৌ আহিম । মোক সহায় নকৰিলে আৰমানক লৈ যাম বন্দী কৰি থ'ম মোৰ লগত হাঃ হাঃ হাঃ হাঃ হাঃ বুলি দাঁত নিকটাই বিকট মুখৰ এজনী ছোৱালী দুৱাৰখনৰ ফালে ওলাই গুচি গ'ল।
: তাইৰ ৰূপ দেখি ভয়তে নাই নি নি বি বুলি চিঞৰ এটা মাৰি সাৰ পাই গ'লোঁ । সাৰ পাই ইফালে-সিফালে চালোঁ কাকো নেদেখিলোঁ । সিহঁত দুজনী মোৰ চিঞৰত সাৰপাই গ'ল । তেনেকৈ চিঞৰা বাবে সিহঁতেও ভয় খালে । হয়তো মাতটো বহুত বেয়াকৈ ওলাইছিল । মই মানে সপোনহে দেখি আছিলোঁ ।সঁচাকৈ কোনোবাই বাস্তৱত মোৰ লগত পাতি থকাৰ দৰে লাগিছিল । সপোনত দেখা ভয়ংকৰ মুখখন চকুৰ আগত ভাহি আহিল । নাই বুলি চিঞৰি দুচকু হাতেৰে ঢাকি ধৰি কঁপিব ধৰিলোঁ । সিহঁত দুজনীয়ে মোক সাৱটি ধৰি সুধিছে কি হ'ল ? কিবা বেয়া সপোন দেখিছিলি নেকি ? মই সিহঁতক জোৰকৈ খামুচি হাতত ধৰি থাকিলোঁ । মই সিহঁতক একো ক'ব পৰা নাই । ক'লে জানোচা সপোনত দেখাজনী সঁচাকৈ আগত ওলাই দিব । ভয়তে মনে মনে থাকিলোঁ । নিশাই মোক পানী এগিলাচ দিলে খাবলৈ । সিদিনা ৰাতি ময়ো নুশুলোঁ সিহঁতকো শোৱ নিদিলোঁ । শুলে জানোচা আকৌ দেখা পাম বুলি ভয়তে নুশুলোঁ ।
ৰাতি পুৱাল । মোৰ লগতে সিহঁত দুজনীৰো টোপনি ক্ষতি হ'ল । নিশাই আদা ,জালুক দি ডাঠকৈ লাল চাহ তিনিওজনীলৈ তিনি কাপ বাকি আনিলে ।
: ৰিমাই ক'লে " খাই দে" টোপনি জাল আঁতৰিব ।
: নিশাই ক'লে"--- ঐ , তই সঁচাকৈ কচোন ৰাতি তোৰ কি হৈছিল । আগদিনা ৰাতি শব্দত সাৰ পালোঁ । তেতিয়া তই বাৰ্থৰূমলৈ গৈছিলি । পুৱালৈ একো নকৈ মণি কাইটিক কিবা সুধি আছিলি । কিবা মানুহে ৰাতি কন্দা কথা । আজি আকৌ নাই নাই ! নিনিবি কৈ চিঞৰিলি । কেচটো কি ? সঁচা কথা কচোন ! হৈছে কি তোৰ ! তই যদি সঁচা কথা নকৱ পাছত কিবা হ'লে আমাক দুঃখিব নোৱাৰিবি কিন্তু এতিয়াই কৈ দিলোঁ ।আকৌ কিবা নহ'বলগীয়া কিবা হ'লে সকলোৱেতো প্ৰথম আমাৰ দুজনীকে ধৰিব ।
মই কথাটো সিহঁতক কওঁ নে নকওঁ একো ভাবি নাপালোঁ । ক'লে সিহঁতে ভয় খাব আৰু ভয়ত ৰাতি শোব নোৱাৰিব । সেয়ে ইমান গভীৰকৈ নকৈ পাতলকৈ হাঁহি এটি মাৰি কৈ থ'লোঁ --- তেনেকুৱা চিন্তা বা ভয় কৰিব লগা একো কথা নহয় অ ' । বেয়া সপোন বুলি ক'ব নোৱাৰি । আৰমানক মৰম কৰোঁ যে সেয়ে সপোনত দেখা পাইছিলোঁ কোনোবা মানুহ এজনীয়ে আৰমানক লৈ যাম বুলি কৈছিল । তাকে দেখি চিঞৰিছিলোঁ নাই নিনিবি বুলি সিমানেই । ৰিমাই মোৰ কথাত থাপ মাৰি ধৰি ক'লে " তই মিছা মাতিছ । তই ইমান ভয় খাইছিলি কিয় ?" মই ক'লো " সপোনহে সপোনত কি নহয়নো । সৰু কথাটোও কিবা ডাঙৰ যেন লাগিব পাৰে । মৰমৰ বস্তু এটা কোনোবাই লৈ যাম বুলি ক'লে ভয় নালাগিব নেকি । আৰমানক নিম বুলি কোৱা বাবে মোৰো ভয় লাগিছিল আক্ । মই সিহঁতৰ ওচৰৰ পৰা আঁতৰি গ'লোঁ ।"
কি হৈছে এইবোৰ ভাবি একো পাৰ নোপোৱা হ'লোঁ । আগৰাতি কন্দা মানুহজনী , কলেজৰ ঘটনা , আজি আকৌ আৰমানৰ মাকক মাৰি পেলালে , চাৰি বছৰে বন্দী কৰি থৈছে । মই সহায় কৰিব লাগে । কি এইবোৰ আচলতে কি হ'ব লৈছে মোৰ লগত কি ঘটিছে একো পাত্তা নোপোৱা হ'লোঁ । কথাবোৰ মনত পাগুলিয়াই পাগুলিয়াই থাকি নিজকে পাগলী হোৱা যেনহে লাগিল । অৱশেষত ভাবিলোঁ আৰমানৰ মাকক লগ কৰিব লাগিব । তেতিয়া মই দেখা সপোন আৰু আৰমানৰ মাক আৰু সপোনত দেখা আৰমানৰ মাক চুনুৰ মাজত কি মিল অমিল আছে তেতিয়া হয়তো কিবা এটা উপলব্ধি কৰিব পাৰিম ।
আগলৈ
অঙ্গন: পৃষ্ঠাঃ ১০
একমিনিটৰ গল্পঃ
এটি অভিমানি প্ৰেম কাহিনী
প্ৰীতিৰেখা দাস
শীতৰ এটি হেঙুলিয়া আবেলি তুমি আৰু মই খোজ কাঢ়ি আছিলো এটি নিৰ্জন পথেৰে । পথৰ দুয়ো কাষে শাৰী শাৰী কৈ ফুলি আছিল অনেক সোণাৰু । সোণাৰু পাহিৰে হালধীয়া হৈ পৰা পথেৰে খোজ কাঢ়ি মই অভিভূত হৈ পৰিছিলো আৰু তুমি .. তুমি নীৰৱে আছিলা । বহু সময় নীৰৱতাৰ পিছত হঠাতে তুমি কৈছিলা । "আজি ৰাতিৰ ট্ৰেইনত মই কলিকতালৈ যাম । তাৰ পৰা প্লেনত কানাডা আৰু হয়তো তোমাক লগ নাপাবও পাৰো ।"
তোমাৰ কথা কেইশাৰী এপাট বিষাক্ত শেল হৈ শানি ধৰিলেহি বুকু । যেন চিঁয়ৰি উঠিম মই । নাযাবা অভিলেষ মোক এৰি থৈ নাযাবা । তোমাৰ অবিহনে বৰ কষ্ট হ'ব মোৰ। বহুত... বহুত ভাল পাওঁ তোমাক । তোমাক এৰি থাকিব নোৱাৰো মই । এনেকৈ ক'ব মন গৈছিল তোমাক । কিন্তু ক'ব নোৱাৰিলো মই । কৈ উঠিলো "বাহ অভিলেষ বহুত ভাল খবৰ । ভালদৰে থাকিবা । ইয়ালৈ উভতি আহিলে লগ কৰিবা আকৌ । পাহৰি নাযাবা । বেষ্ট অফ লাক ।" দুচকু বহল কৰি তুমি মোলৈ চাইছিলা। মই দেখিছিলো লাহে লাহে তোমাৰ চকুযুৰি ভৰি আহিছে । এইমাত্ৰ যেন সৰি পৰিব তোমাৰ দুচকুৰে দুটোপাল নিয়ৰ ।l বুজিছিলো মোৰ কথা শুনি বিষাদত গধূৰ হৈ পৰিছিল তোমাৰ বুকু । তুমি ছটফটাইছা, অস্থিৰ হৈ উঠিছা । কাৰণ তুমিও বিচাৰিছিলা মই বাধা দিওঁ তোমাক । যেন সাৱটি ধৰি কৈ উঠিম নোৱাৰা, তুমি মোক এৰি কৈলকো যাব নোৱাৰা অভিলেষ । আকুলতাৰে যেন কৈ উঠিম নিদিওঁ যাব তোমাক। কিন্তু মোৰ হাঁহি থকা ওঁঠ চিন্তাবিহীন মুখ দেখি তোমাৰ খং উঠিছে ,অভিমানি হৈ পৰিছা তুমি । খং আৰু অভিমানত তুমি খৰ খোজেৰে মোৰ কাষৰ পৰা আঁতৰি গুচি গ'লা । আৰু মই ... মই নিস্বল হৈ থিয় হৈ থাকিলো একে ঠাইতে । তোমাৰ প্ৰতিটো অভিমানি খোজে ভাঙি গুৰি কৰি নিছিল মোৰ হৃদয়ৰ কাৰেং । সেই কথা তুমি নাজানিলা । আৰু নাজানিলা বাবেই তুমি গুচি গ'লা দূৰলৈ । বহু দূৰলৈ । আৰু মই ৰৈ থাকিলো অভিলেষ । আজিও তোমালৈ বাট চাই । ৰৈ থাকিলো...
ঠিকনাঃ
বাংগালোৰ
অঙ্গন: পৃষ্ঠাঃ ১১
সিদ্ধান্ত
ড° ৰমেশ কুমাৰ কাকতি
কবি তথা সু-সাহিত্যিক মানুহ গৰাকীৰ বিষয়ে বহুতে বহুত ধৰণৰ কথা কোৱা ৰতন বৰুৱাই শুনিছে ৷ মানুহ গৰাকীৰ বিষয়ে ইমানবোৰ মানুহে কথা কোৱা বাবে বৰুৱাৰ মনত এক উৎসুকতাৰ জন্ম হ’ল ৷ কোনোবাই কৈছে, মানুহ গৰাকী বৰ খঙাল ৷ কোনোবাই কৈছে, তেওঁ মাথোন নিজৰ কথাহে বুজি পায় ৷ আনৰ কথা বুজিবলৈ যত্ন নকৰে ৷ আন এজনে হয়তো কৈছে যে তেওঁ সত্য শুদ্ধ আৰু সততাৰ ওপৰত বিশ্বাসী ৷ গতিকে কাৰোবাৰ ক্ষেত্ৰত সত্য শুদ্ধ আৰু সততাৰ অভাৱ দেখিলে তেওঁ প্ৰতিবাদ কৰে ৷
সাহিত্য সাধনাত ব্যস্ত ৰতন বৰুৱাৰ বন্ধুত্বৰ তালিকাত মানুহ গৰাকীৰ নামটো বৰুৱাই বহুবাৰ দেখিছে ৷ কিন্তু মেচেজ কৰি চিনাকি হোৱাৰ কথাটো এবাৰো ভৱা নাই ৷ কিন্তু আজি ৰতন বৰুৱাৰ এটা কবিতা পঢ়ি মানুহ গৰাকী ইমানেই মন্ত্ৰমুগ্ধ হ’ল যে মেচেজিঙৰ জৰিয়তে ফোন নম্বৰটো বিচৰাত বৰুৱাই ফোন নম্বৰটো দিলে ৷
প্ৰায় এঘন্টা সময় কথা পাতি ৰতন বৰুৱা এটা সিদ্ধান্তলৈ আহিল যে নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি সচেতন কোনো মানুহেই ভাষা সংস্কৃতিৰ লগতে জাতীয় সামাজিক ব্যৱস্থাৰ অপপ্ৰয়োগক সহজে মানি ল'ব নোৱাৰে ৷
ঠিকনাঃ
লক্ষীমপুৰ, উত্তৰ লক্ষীমপুৰ
অঙ্গন: পৃষ্ঠাঃ ১২
অণুগল্পঃ
অতীত অভিজ্ঞতাৰ পুনৰুদ্ধাৰ
ৰীতামণি বায়ন
চল্লিছ বছৰ পিছতো শিক্ষয়িত্ৰী ইন্দানীৰ জীৱনৰ স'তে সংঘটিত ঘটনাৰ পুনৰাবৃত্তি হ'ব বুলি তাই কল্পনা কৰিব পৰা নাছিল। মেধাবী ছাত্ৰী শিখাক কাষলৈ মাতি আনি পাচশ' টকীয়া নোটখন হাতৰ মুঠিত গুজি দি ক'লে-- পিক্নিকৰ গাড়ী অহাকালি ৰাতিপুৱা সাত বজাত। যেনেতেনে আহিবা, নগ'লে মোৰ আত্মাই অশান্তি পাব। কথাখিনি কৈ ইন্দানীয়ে চকুদুটা মুদি দিলে। লগে লগেই বুকুত লুকুৱাই থোৱা দুঃসহ পাহৰিব নোৱাৰা এক স্মৃতিৰ স'তে বিলীন হৈ গ'ল---
পিতৃৰ অসহায় মুখখনি -- দহটকীয়া নোটখন-- উপায়ন্তৰ-- উপায়-- চোতালত থকা উৰহী গছডাল-- প্ৰতিকেজি এটকা-- চাৰিঘন্টা চিঙি-- কৃতকাৰ্য।
বৰপেটা
অঙ্গন: পৃষ্ঠাঃ ১৩
ৰূপকথাৰ দেশ
মীনাক্ষী ৰায় ডাকুৱ
দুজন সৰু ল'ৰা । বয়স সিহঁতৰ ন বছৰ । অতি উচ্চবিত্ত ঘৰৰ দেৱৰ্ষি আৰু সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ দিপুল । দুয়ো একেলগে পঢ়ে, দুয়োৰে মাজত বৰ বন্ধুত্ব । দেৱৰ্ষিৰ অসুখৰ কথা জানিব পাৰি দিপুল তাক চাবলৈ আহিল । তাৰ লগত কিছুসময় থাকি কথা-বতৰা পাতি দিপুল গুচি গৈছে । দেৱৰ্ষি আহি চাৰিমহলাৰ তাৰ কোঠালিৰ খিৰিকিৰ কাষত থিয় হৈ বাটলৈ চালে । দিপুলে ককাকৰ হাতত ধৰি খোজকাঢ়ি কাঢ়ি গৈ থাকোতে ককাকক মূৰটো লৰাই কিবা কৈ আছে । একদৃষ্টিৰে তেওঁলোকৰ ফালে চাই থাকে দেৱৰ্ষি । চাই থাকোতে সম্পূৰ্ণ অজান এক মধুৰ জগতত নিজকে হেৰুৱাই পেলায় সি । যি জগতত এটি ন বছৰৰ ল'ৰাই তাৰ ককাকৰ হাতত ধৰি কথাপাতি খোজকাঢ়ি যায় । পঢ়াৰ পিছত ককাকৰ কোলাত বহি ৰূপকথাৰ গল্প শুনে । যি জগতত টোপনিয়ে আমনি কৰিলে দেউতাকে ল'ৰাক কোলাত বহুৱাই লৈ গল্প কয় আৰু মাকে মুখত ভাত খুৱাই দিয়ে । যি জগতত গভীৰ নিশা টোপনি ভাগি গ'লে মাকৰ উশাহৰ শব্দ শুনা যায় । শৰীৰত অনুভৱ হয় মাকৰ শৰীৰৰ উত্তাপ । এক আকুলতা ভৰা মা মা গোন্ধই আকৌ টোপনি নিয়ায় । বাস্তৱত কোনোদিনে নোপোৱা সেই স্বপ্নময় মায়া ৰাজ্যত নিজকে হেৰুৱাই পেলায় দেৱৰ্ষিকে ।
ঠিকনাঃ
গোলকগঞ্জ
ধুবুৰী
ফোননং—৮৭৬১৮৬৫৮৮৫
অঙ্গন: পৃষ্ঠাঃ ১৪
অনুবাদ সাহিত্যঃ
FEAR
(By Khalil Gibran)
It is said that before entering the sea
a river trembles with fear.
She looks back at the path she has traveled,
from the peaks of the mountains,
the long winding road crossing forest and villages.
And in front of her,
she sees an ocean so vast,
that to enter there seems
nothing more than to disappear forever.
But there is no other way.
The river cannot go back.
Nobody can go back.
To go back is impossible in existence.
The river needs to take the risk
of entering the ocean
because only then will fear disappear,
because that’s where the river will know
it’s not about disappering into the ocen,
but of becoming the ocean.
ভয়
(মূল: FEAR by Khalil Zibran
অনুবাদঃ প্ৰাণ কৃষ্ণ গোস্বামী)
কোৱা হয় যে-
সাগৰত মিলিত হোৱাৰ আগে আগে
ভয়তে নদীৰ কঁপনি উঠে।
নদীখনে উলটি চায় বৈ অহা বাটটোলৈ,
গিৰী-শিখৰৰ পৰা নিগৰিত হৈ, গাঁও-ভূঁই
আৰু অৰণ্যৰ মাজেৰে পাৰ হৈ অহা
অকোৱা-পকোৱা পথটো।
আৰু এতিয়া নদীখনে সমুখত দেখে,
এক বিশাল বিস্তৃত সমুদ্ৰ,
য’ত মিলিত হোৱাটো, অনন্ত কালৰ বাবে
বিলুপ্তিৰ বাহিৰে আন একো নহয়।
কিন্তু নাইযে আন কোনো বিকল্প
নদীখন যে নোৱাৰে উভতি ব’ব।
কোনোৱেই উভতি যাব নোৱাৰে।
নিজ অস্তিত্বৰ পৰা উভতি যোৱাটো অসম্ভৱ।
নদীখনে এই বিপদক মানি লৈ
সাগৰত মিলিত হ’বই লাগিব
কাৰণ, তেনে কৰিলেহে ভয়ৰ শেষ হ’ব,
কাৰণ, তেতিয়াহে নদীয়ে জানিব যে
এইটো সাগৰত বিলীন হোৱাৰ কথা নহয়,
নিজেই সাগৰ হোৱাৰ হে।
(বিখ্যাত কবি-সাহিত্যিক-চিত্ৰশিল্পী খলিল জিব্ৰানৰ জন্ম ১৮৮৩ খৃষ্টাব্দত লেবাননৰ এটা দুখীয়া খৃষ্টান পৰিয়ালত হৈছিল। তেওঁৰ কৈশোৰ অৱস্থাতেই পৰিয়ালটো আমেৰিকালৈ উঠি গৈছিল।১৯০৪ চনত তেওঁ এখন চিত্ৰ প্ৰদৰ্শনী পাতে। ইয়াৰ পিচত দুবছৰ তেওঁ পেৰিছত চিত্ৰশিল্পৰ অধ্যয়ন কৰে।১৯১২ চনৰ পৰা তেওঁ নিউইয়ৰ্কত নিগাজীকৈ থাকিবলৈ লৈ শিল্প আৰু সাহিত্য চৰ্চাত মনোনিৱেশ কৰে। আৰম্ভণিতে জিব্ৰানে আৰবী ভাষাত লিখিছিল যদিও ১৯১৮ চনৰ পৰা তেওঁ কেৱল ইংৰাজীতেহে লিখিবলৈ লয়। তেওঁৰ ভালেখিনি গ্ৰন্থৰ ভিতৰত ১৯২৩ চনত প্ৰকাশিত ‘The Prophet’ এখন বিখ্যাত আৰু বিশেষ ভাবে সমাদৃত গ্ৰন্থ।চিত্ৰশিল্পী হিচাপেও তেওঁ বিশেষ খ্যাতি লাভ কৰিছিল।বিশ্বৰ বিভিন্ন সংগ্ৰহালয়ত তেওঁৰ সাতশতকৈও অধিক চিত্ৰ সংৰক্ষিত হৈ আছে।১৯৩১ চনৰ এপ্ৰিলত, মাত্ৰ ৪৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।)
অঙ্গন: পৃষ্ঠাঃ ১৫
তুমি শুধু পঁচিশে বৈশাখ ?
বিষ্ণু দে
তুমি কি কেবল-ই স্মৃতি, শুধু এক উপলক্ষ্য, কবি?
হরেক উৎসবে হৈ হৈ
মঞ্চে মঞ্চে কেবল-ই কি ছবি?
তুমি শুধু পঁচিশে বৈশাখ
আর বাইশে শ্রাবণ?
কালবৈশাখীর তীব্র অতৃপ্ত প্রতিভা,
বাদলের প্রবল প্লাবন
সবই শুধু বৎসরান্তে একদিনেই নির্গত নিঃশেষ?
অপঠিত, নির্মনন, নেই আর কোনও আবেদন?
সাবিত্রীর ক্ষিপ্রকর বিভা
আমাদের দুঃস্থ চির গোধূলিতে ম্রিয়মাণ?
তোমারই কি ছিল এই নিরানন্দ ভঙ্গুর স্বদেশ
আলোহীন, অন্ধকারহীন, আপন সত্তা’র থেকে পলাতক
নিস্তব্ধ থাকার ভয়ে, একার সংশয়ে, জনতা’র অপমানে,
নিত্য রুচি-ক্ষয়ে ক্ষয়ে অসুন্দর?
কোথায় সে প্রতিদিন রূপের রচনা,
সেই নিরন্তর সুন্দরের ধ্যানের উন্মেষ,
অনাত্মীকরণে সদা নিজেকে সে উত্তরণ,
নিরলস জ্ঞানের নিয়ম
কঠিন শিক্ষার শ্রম,
বুদ্ধির নির্ভয় সুভ্র আলোকে আলোকে,
আত্মস্থের স্তব্ধতায় শুদ্ধ অন্ধকারে
শূন্যে শূন্যে ব্যথাময় অগ্নিবাষ্পে দীপ্ত গীতে
চৈতন্যের জ্যোতিষ্কে জ্যোৎস্নায়
উদ্ভাসিত সুদীর্ঘ জীবন,
যেখানে পর্বত ওড়ে আশ্বিনের নিরুদ্দেশ মেঘ,
সন্ধ্যারাগে ঝিলিমিলি ঝিলমের বাঁকা তলোয়ার,
নদীর নুপুরে বাজে নদীর জোয়ার,
শিহরায় দেওদার বন।
তোমার আকাশ দাও, কবি, দাও
দীর্ঘ আশি বছরের
আমাদের ক্ষীয়মাণ মানসে ছড়াও
সূর্যোদয় সূর্যাস্তের আশি বছরের আলো,
বহুধা কীর্তিতে শত শিল্পকর্মে উন্মুক্ত উধাও
তোমার কীর্তিতে আর তোমাতে যা দিকে দিকে
একাগ্র মহৎ,
সে কঠিন ব্রতের গৌরবে,
আমাদের বিকারের গড্ডল ধূলার দিনগত আন্যায়ের কুৎসিতে
শুনি যেন সুন্দরের গান
দেখি যেন একনিষ্ঠ দীর্ঘায়ুর প্রগতির এক ছবি,
সুন্দরের গান যেন শুনি, গাই
দশটায়, পাঁচটার উদ্ভ্রান্ত ট্রাফিকে,
বস্তিতে বাসায় আর বাংলার নয়া কলোনিতে,
জীবিকার জীবনের ভাঙা ধসা ভিতে,
বোম্বাই সিনেমা আর মার্কিনী মাইকে অসুস্থ বৈভবে,
মোরা ক্ষেতে কারখানায় পড়ি যেন জীবনের
সংগ্রামশান্তির স্পষ্ট উপন্যাস,
খুঁজি যেন সকালের সূর্য থেকে সন্ধ্যার সূর্যের হবি
শুনি যেন আমাদের কান্নার অতলজলে অমর ভৈরবী
প্রত্যহের সচেষ্ট উৎসবে,
সহজ অভ্যাস ফেলে সকালে সন্ধ্যায় বারোমাস
বছরে বছরে পড়ে যাই জীবনের স্বাধীন বিন্যাস,
নিভৃত ছায়ায় চৈত্রে শালবনে
তোমার বসন্ত গানে রক্তরাগে হৃদয় স্পন্দনে
আমাদের দিনের পাপড়িতে, জীবনের ফুলে ফলে
ভ্রমরগুঞ্জনে নব পল্লবমর্মরে
গড়ে তুলি আজ কাল,মাসে মাসে, শত বর্ষ পরে
আমাদের প্রতিদিন, কবি।
তুমি কি কেবল-ই স্মৃতি, শুধু এক উপলক্ষ্য, কবি?
হরেক উৎসবে হৈ হৈ
মঞ্চে মঞ্চে কেবল-ই কি ছবি?
তুমি শুধু পঁচিশে বৈশাখ?
আর বাইশে শ্রাবণ?!
তুমি জানো কেৱল পঁচিছ ব'হাগ ?
মূল বাংলাঃ বিষ্ণু দে
অনুবাদঃ অৰুণিমা শৰ্মা মহাপাত্ৰ
তুমি জানো কেৱল স্মৃতি,
তুমি কেৱল এক উপলক্ষ্য মাত্র কবি??
বিভিন্ন উৎসৱত
মঞ্চে মঞ্চে শোভা কৰা ছৱি?
তুমি জানো কেৱল ব'হাগৰ পঁচিছ আৰু শাওণৰ বাইছ তাৰিখ?
কালবৈশাখীৰ তীব্ৰ অতৃপ্ত প্ৰতিভা,
বাৰিষাৰ বাদল দিনৰ
প্ৰবল প্লাৱন,
নে বৰ্ষ অন্ত হ'লে মাত্ৰ এইদিনতেই নিৰ্গত হৈ হোৱা নিঃশেষ?
অপঠিত,নিৰ্মনন,
নাই জানো কোনো আবেদন?
সাবিত্ৰীৰ ক্ষিপ্ৰতৰ বিভা
আমাৰ দুঃস্থ চিৰ গধূলিত ম্ৰিয়মান?
তোমাৰ জানো এইখনেই নিৰানন্দ ভঙ্গুৰ স্বদেশ?
আলোকহীন,অন্ধকাৰহীন, আপোন সত্ত্বাৰ পৰা পলাতক,
নিস্তব্ধ হোৱাৰ ভয়ত, একাকীত্বৰ সংশয়ত, জনতাৰ অপমানত,
দিনে দিনে ৰুচিবোধ ক্ষয় হৈ হয় অসুন্দৰ?
ক'ত নো সেই প্ৰতিদিনৰ ৰূপ ৰচনা,
সেই নিৰন্তৰ সুন্দৰৰ ধ্যানৰ উন্মেষ
অনাত্মীকৰণেৰে সদায়েই নিজকে যিজনে কৰে উত্তৰণ,
নিৰলস জ্ঞানৰ নিয়ম
কঠিন শিক্ষাৰ শ্রম,
বুদ্ধিৰ নিৰ্ভয় শুভ্ৰ আলোকে আলোকে
আত্মস্থৰ স্তব্ধতাৰ শুদ্ধ অন্ধকাৰত
শূণ্যে শূণ্যে ব্যাথাময় অগ্নিবাষ্প দীপ্ত গীতত
চৈতন্যৰ জ্যোতিষ্ক জোৎস্না উদ্ভাসিত সুদীৰ্ঘ জীৱন,
য'ত পৰ্বতে পৰ্বতে উৰি ফুৰে আহিনৰ নিৰুদ্দেশ হোৱা মেঘ,
সন্ধ্যাৰাগৰ জিলমিলনিত দেখোঁ ঝিলমৰ বেঁকা তৰোৱাল,
নদীৰ নুপুৰধ্বনিত বাজে নদীৰ জোৱাৰ,
শিহৰিত হয় দেৱদাৰু বন।
তোমাৰ আকাশখন দিয়া! কবি!!
তোমাৰ দীর্ঘ আশীবছৰৰ,
আমাৰ ক্ষীয়মাণ মানসত ছটিয়াই দিয়া,
তোমাৰ সূৰ্য্যোদয় আৰু সূৰ্য্যাস্তৰ আশীবছৰৰ পোহৰ,
বহুধা কীৰ্তিৰ শ শ শিল্পকৰ্মেৰে উন্মুক্ত প্ৰতিভা
উৰা মাৰিলে তোমাৰ কীৰ্তি তোমাক লৈ দিকে দিকে,
একাগ্ৰ মহৎ,
সেয়া যেন এক কঠিন ব্ৰতৰ গৌৰৱ,
আমাৰ বিকাৰগ্ৰস্ত মনৰ গভীৰৰ ধূলিত,
দিনে নিশাই কৰা অন্যায়ৰ কুৎসিতৰ মাজতো,
শুনিবলৈ পাওঁ যেন এক সুন্দৰৰ গান,
সুন্দৰৰ গীত গাওঁ
দহবজাত, পাঁচবজাত, উদভ্ৰান্ত ট্ৰেফিকৰ মাজত,
বস্তিত , উদ্বাস্তুৰ নতুন কলোনীত,
জীৱিকাৰ বাবেই এই জীৱনৰ ভঙা ছিঙা জহ যোৱা ভেটিত,
বম্বইয়া চিনেমা, মাৰ্কিন মুলুকৰ অসুস্থ বৈভৱত,
আমি কল-কাৰখানা আৰু খেতিপথাৰত পঢ়িবলৈ পাওঁ
যেন জীৱনৰ যুদ্ধ আৰু শান্তিৰ এক স্পষ্ট উপন্যাস,
পুৱাৰ সুৰুজৰ পৰা সন্ধ্যাৰ সুৰুজৰ হবি,
শুনিবলৈ পাওঁ আমাৰ কান্দোনৰ অতল গভীৰত
অমৰ ভৈৰৱী,
প্ৰতি দিনৰ সচেষ্ট সচেতন উৎসৱত,
সহজ অভ্যাসেৰে এৰি থৈ যাওঁ প্ৰভাত-সন্ধ্যা বাৰমাহ,
বছৰে বছৰে পঢ়ি চাওঁ জীৱনৰ স্বাধীন বিন্যাস,
চ'তৰ শালগছৰ বনৰ
নিভৃত ছায়াত,
তোমাৰ বসন্তৰ গানত ৰক্তৰাগেৰে ৰঞ্জিত হয় হৃদয়ৰ স্পন্দন,
আমাৰ দিনবোৰে পাপৰি মেলে ,
জীৱন ভৰে ফুলে ফলে ,
ভোমোৰাৰ গুঞ্জনে নতুন কুহিঁপাতৰ মাজে মাজে
আজিকালি গঢ়ি তোলে
মাহে মাহে শতবৰ্ষ অন্তে
আমাৰ প্ৰতিদিন, কবি!!
তুমি জানো কেৱল স্মৃতি,
তুমি কেৱল এক উপলক্ষ্য মাত্র কবি!!
বিভিন্ন উৎসৱত
মঞ্চে মঞ্চে শোভা কৰা ছৱি!!
তুমি জানো কেৱল ব'হাগৰ পঁচিছ আৰু শাওণৰ বাইছ তাৰিখ?
(এলিয়টৰ একনিষ্ঠ ভক্ত , বাংলাৰ এক দুৰ্বোধ্যতম *কবি স্বৰ্গীয় বিষ্ণু দে* ৰচিত মূল কবিতা *তুমি সুধু পঁচিশে বৈশাখ* ৰ অসমীয়া ভাৱানুবাদ কৰাৰ এক বিনম্ৰ প্ৰয়াস। )
অঙ্গন: পৃষ্ঠাঃ ১৬
কবিতাঃ
ব্যক্তিগত
পৰিস্মীতা পৰাশৰ
সীমাহীন নৈখনিয়ে আজি হঠাৎ সুতি সলালে...
নিসংগতাৰ বালিচৰত
নীৰৱতাই মোক লৈ ইতিকিং কৰিছে....
ভাৱনাবোৰত কেৱল বিৰহৰ চিৎকাৰ...
নিশাৰ শিতানত লোতকৰ সমাহাৰ...!!
সপোনবোৰ সময়ৰ সোঁতত জাহ গৈছে...
আন্ধাৰবোৰে আশাবোৰক কবৰ দিছে....!!
নিস্তব্ধ ভাৱনাই মোক এটি বিষাদৰ চোলা পিন্ধাই....!!
শেষ বুলিলেই শেষ হোৱা পথটোতেই সাজিলো এটা বালিঘৰ....
যদিও পাইছিলো বৰষুণ অহাৰ আগজাননী...
যাওঁ বুলিয়েই গুচি গ'ল উশাহবোৰ বুকু উদং কৰি..
আৰু আজিৰ শব্দ হৈ ৰ'ল...নিৰিবিলি...!!
লিখনিৰ গহবৰত প্ৰতিবাৰেই উচুপি উঠো...
প্ৰতিদিনেই ওজন সহিব নোৱৰা অভিযোগ এটাৰ কবজ পিন্ধো...
আজি উদং বুকু
আপোন হ'ল চকুলো...
এতিয়া মাথোঁ
স্মৃতিৰ সপোনবোৰত নিজকে বিচাৰি যাওঁ
কিজানিবা শৈশৱৰ হাহিঁবোৰ বিচাৰি পাওঁ...!!
অঙ্গন: পৃষ্ঠাঃ ১৭
কবি মহামতি, মই মূৰ্খ অতি
ৰাজেন বৰা
খাঁও নে কাণতে পিন্ধোঁ তোক
খালে নপলাই ভোক
পিন্ধিলে নুগুচে শোক
ইতিহাসে ঢুকি নোপোৱা অনাদি কালৰে
বাখৰুৱা এধাৰ মণিহাৰ
বণিকৰ বিপনীত আজি বজৰুৱা পণ্য
অলমতি বিস্তাৰেণ
স্বৰ্গৰ স্যমন্তক দাম্ভিক প্ৰসেনৰ প্ৰমোদ বিহাৰ
ঔংকাৰ বীগবেঙতে সৃষ্ট সালংকৃত শব্দ-হাৰ
মন্দমতি অধমৰ গলৰ হাঁড়
আগুলি পাগুলি নিকালি
পিন্ধিব খোজোঁ কণ্ঠহাৰ
তত্ৰাচ অল্পমতি নাজানো কিঞ্চিত
খায়ে নে কাণতে পিন্ধে তোক...
অঙ্গন: পৃষ্ঠাঃ ১৮
পৰিবেশ
ৰেখা ৰাণী বৰ্মণ
ৰ'দৰ চিয়াঁহীৰে
বৰষুণৰ শব্দেৰে গাঁথা
এক প্ৰত্যয় গভীৰ ভূগোলৰ
আমৰণ চুক্তি মেদিনীৰ বুকুত।
এআকাশ সৃষ্টি
এসাগৰ আশাই
এদিন উমলিছিল
তাইৰ শীতল বুকুত
লালসাৰ অভিলাসী সন্ধিত সিহঁতে
উন্নতিৰ বৰ্ণিল উদযাপনেৰে
লাহে লাহে নীৰৱে বিলুপ্ত কৰিছিল
জীৱন জীয়া সেউজীয়া হাঁহি
স্বীকৃতি বিহীন সুখৰ প্ৰহৰত
সিহঁতে উপহাৰ দিয়ে
তাইৰ শীতল প্ৰফুল্লিত সুবাসত
এক অনিশ্চিত আন্ধাৰ ভৱিষ্যত
তাই এতিয়াও বিচাৰে
আন্ধাৰে চেৰেলা কৰা
তাইৰ আশাৰ পানচৈত
অলেখ সুস্থিৰ শান্ত মুখ
অগনন সেউজীয়া প্ৰতিশ্ৰুতি
আৰু প্ৰদৰ্শনী ধৰ্মপ্ৰবৃত্তি প্ৰভুত্ব।।
অঙ্গন: পৃষ্ঠাঃ ১৯
লাগ বুলিলে পিতায়ে মোক সকলো দিয়া নাছিল
ৰীতা বৰুৱা
লাগ বুলিলে পিতায়ে মোক
সকলো দিয়া নাছিল
যিদৰে দিছিলোঁ মই তোমাক
লাগ বুলিলেই প্ৰায় সকলো
বিচৰা বস্তুটো নোপোৱাৰ দুখ
মই বুজি পাওঁ
আৰু তুমি দুখ পোৱাটোযে আছিল মোৰ
ভাবনাৰ সিপাৰৰো সিপাৰৰ
বিচৰা বস্তুটো পোৱাৰ হেঁপাহত
মই কঠোৰ শ্ৰম কৰিছিলোঁ
আৰু বিচৰা বস্তুটো আলাসতে পাই
তুমি হৈ পৰিছিলা শ্ৰমবিমুখ
এদিন মই মোৰ ভৰিৰ ওপৰত থিয় দিলোঁ
আৰু তুমি থিয় দিলা মোৰ মূৰৰ ওপৰত
অকল থিয়হে দিলানে
তুমি যে নাচিলাও তাণ্ডৱ
মোৰ দুখ-যন্ত্ৰণাকো নেওচা দি
এতিয়া দুখ-যন্ত্ৰণা, ভয়-শংকাৰ জতুগৃহত
অহৰহ সোমাই থাকি ভাবিছোঁ
নিৰক্ষৰ হৈও পিতা কিমান জ্ঞানী আছিল
অঙ্গন: পৃষ্ঠাঃ ২০
মাত
জৰসিং ইংতি
এইমাত্ৰ তাই গ'লগৈ
হাতৰ মুঠিত দি গ'ল কিবা এক পোহৰ
চিনাকি-অচিনাকী
শংখৰ মাত এটা
কাণত বাজিয়ে থাকিল
সপোনৰ অলেখ ভাৱনাৰ সাগৰ
ৰৈ যাব পৰাকৈ দুচকুৰ বাখৰ
চৰাই-ঘৰ
এৰি যোৱা সময়ৰ ধূসৰতাত একোৱে নাই
বৰ্তমানৰ স্থিৰতাৰ এপলক!
উশাহহীন পৃথিৱীৰ কথকতাত
মাত এটাই উশাহ দিয়া চহৰখনতে
মোৰ কবৰ !
অঙ্গন: পৃষ্ঠাঃ ২১
উত্তৰাধিকাৰী
ঝৰ্ণালী শৰ্মা বৰকটকী
তপত চকুলোত এটি
উশাহ খহি পৰে।
জীৰ্ণ-শীৰ্ণ দেহাৰ
আলৈ অথানি।
কাৰ পোহৰত নুমাব
আন্ধাৰৰ শলিতাডালি।
সপোনবোৰ সপোন
হৈয়ে ৰয়
নিশাবোৰ কোনোবা
দূৰ দিগন্তত বিলীন হয়।
ঠিকনাঃ
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফʼন-৯১০১৮৬০৩৫৯.
অঙ্গন: পৃষ্ঠাঃ ২২
জঙ্গম সময়
জয়ন্তীমালা বৰপূজাৰী
বোকোচাত উঠি সময়ৰ
ঋতু আহে ঋতু যায়
নতুনৰ আনন্দ বিলাই ।
পুৰণিৰ স্মৃতিসৌধ
জ্ঞানৰ ভাণ্ডাৰ তাতে
থয় লুকুৱাই ।
নতুনে খুঁচৰি ফুৰি
সৃষ্টিৰ ৰহস্য
পুৰণিক থৈ হোঁহকাই
বিজ্ঞানৰ জয়গান গায় ।
ইতিহাস সাক্ষী ৰয়।
গতিশীল সময়ক কয়-
আগ বাঢ়াঁ
বাঢ়াঁ আগ।
নাভাবিবা পিছে
"অতীত মৰিল গ'ল
তাৰ কথা অন্ত হ'ল
মনৰ পৰাই তাক দিয়াঁ বিসৰ্জন";
বৰঞ্চ, কদাপিও-
"অতীতক নাযাবা পাহৰি"।
পৰিবৰ্তনশীল জগতত
অতীতৰ বুকু ফালি
উদ্ধাৰি মণি-মৰকত
গঢ় দিয়ে বৰ্তমানে
সুদূৰৰ সোণালী সপোন।
আজিৰ বৰ্তমান
হৈ পৰে কাইলৈ অতীত
আৰু,
ভৱিষ্যতে হৈ বৰ্তমান
নিত্য নতুন ভৱিষ্যতৰ
মোকলায় বাট।
চিৰন্তন পথ
স্পন্দিত হৈ ৰয়,
অহৰহ,
পায়
জঙ্গম সময়ৰ
নিৰাকাৰ নিৰাধাৰ চোঁৱৰৰ
সুৰভিত অময়া পৰশ।
অঙ্গন: পৃষ্ঠাঃ ২৩
নাৱৰীয়া
সবিতা কোঁৱৰ
জীৱন জাঁজী নৈ
টুলুংভুটুং নাও
এমাডিমা সপোনৰ টিপচাকিটি জ্বলাই
বঠা বাই যা
তোৰ শিলৰ চোলা নে
শিলৰ কলিজা
ৰ’দ-বৰষুণ
ধুমুহা - বজ্ৰপাত
চাকনৈয়াত
অহৰহ বাই যাৱ
নাও
নুমাওঁ নুমাওঁ
আশাৰ চাকি
চাকনৈয়াত ঘুৰি ঘুৰি
হৰা-জিকাৰ বাজিত
ভাগৰি নাভাগৰ
অনুৰণিত হৈ থাকে
এটি শোকৰ কবিতা
হেৰুউৱা-হেৰাই যোৱাৰ !
অঙ্গন: পৃষ্ঠাঃ ২৪
ভেজাল
পবিত্ৰ গায়ন
শুদ্ধ কামত , শুদ্ধ পথত ,
আজি কালি নাই আদৰ
দেশত এতিয়া ভেজাল চলিছে
ক'লে আকৌ লাগে জগৰ।
হিংসা , লুণ্ঠনে দেশ চানিছে
চাবলৈ নাই ৰজা ।
ৰাইজৰ চকুৰ টোপনি হৰিছে
কি হ'ব ভবিষ্যতৰ দশা ।
মূল্য বৃদ্ধিয়ে কোঙা কৰিছে
বাহিছে গেছৰ দাম।
মাহেকৰ শেষত কাৰেণ্টৰ বিলেও,
মাৰিছে শতকৰ ওপৰত ৰাণ।
গাড়ী মটৰত উঠিব নোৱাৰি
দিনে বাহিছে ভাড়া ,
খাবলৈ অনা চাউল কেইটাটো
দিব লাগে জি.এছ.টি টকা ।
ইংৰাজে বনোৱা কেলেন্দাৰ খনো
আম্বানীয়ে কৰিলে সলনি,
আঠাইছ দিনতে এমাহ বনালে
ম'বাইলৰ ৰিছাৰ্জৰ মাননি ।
এনে দৰে হ'লে দেশৰ প্ৰজাৰ
কেইদিন থাকিব আয়ু,
আয়ুষ্মান কার্ডে বোলে বেমাৰ ৰোধিব
নাই নুই কৈ কিয় থাকো ।
অঙ্গন: পৃষ্ঠাঃ ২৫
এজনী পাগলী কথাৰে
মমী চাংমাই খাটোৱাল
মোৰ কোনো স্থায়ী ঠিকনা নাই
অঘৰী পক্ষী দৰে কেতিয়াবা বাছ আস্থান
নাইবা ৰাস্তাৰ কাষৰ জিৰণি চ'ৰা ।
কেতিয়াবা ভিক্ষাৰ জোলোঙাৰে
ক্ষণিকৰ বাবে প্ৰসাদোপম অট্টালিকাৰ চাড্ৰ তলত ।
ঐ খেদ খেদ পাগলীক
যা যা ইয়াৰ পৰা
বিড়ম্বনাৰ জ্বালাত খেদি পঠিয়াই
নাই তাতো নাই মোৰ বাবে ঠাই।
হাতত আশাৰ জোলোঙাটো লৈ
পুনৰ ওভতনি খোজ
সহৃদয়তাৰ আকুল পৰিচয়
দুগন্ধময় নৰ্দমাৰ কাষলৈ
তাতেই মোৰ ঠাই।
কেতিয়াবা ভোকৰ তাড়নাত
ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টৰ কাষলৈ যাওঁ....
দামী দামী গাড়ীৰে অহা যোৱা কৰা
মানুহৰ মাজলৈ যাওঁ....
ঐ খেদ খেদ পাগলীক
যা যা ইয়াৰ পৰা
নাই তাতো নাই মোৰ বাবে ঠাই।
মোৰ বাবে সকলো ঠাই চিনাকি
সকলো মানুহে আপোন
তথাপিও মানুহে বাৰু মোক কিয় খেদে ?
সঁচাই মই পাগলী নে ?
নিশাৰ নিৰ্জনতাই আৱৰি ধৰে চৌপাশ
আলিবাটোত মৰিশালি নিস্তব্ধতা
প্ৰভুভক্তৰ ভোক-ভোকনিত ভয়াত্বপ্ৰাণ
আকৌ ওভতনি যাত্ৰা
কান্ধত ভিক্ষাৰ জোলোঙা
দেহ ঢকা মলিয়ন পোচাক
মুক্ত বিহংগৰ খোজেৰে
ঠিকনা বিহীন হৈ ঠিকনা বিচাৰোঁ
নিশাটো আশ্ৰয় থলী
ৰাস্তাৰ কাষৰ জিৰণি চ'ৰা নতুবা বাছ আস্থান ।।
অঙ্গন: পৃষ্ঠাঃ ২৬
জীৱন এনেদৰেই
অসমা তুংখুঙীয়া
নামতি
শব্দৰ শোভাযাত্ৰাত সৌৱা
এজাক তেজৰঙী শব্দ ।
উন্মাদ সময়ৰ মৰীচিকাত
সিহঁতৰ উন্মত্ত কিৰিলি ।
সময়বোৰ বৰ নিলাজ ।
ৰৈ থাকিবলৈ ক'লেও গৈয়ে থাকে ।
পিছে পিছে খেদি যায় শব্দই ।
জীৱন ,সুখ , দুখ ,যৌৱন, বিসংগতি...
সময়ৰ বকিয়াইদি
নীৰৱে বাট বোলে
তুলুং ভুতুং তুলুঙা নাও
ভৰা নদীৰ বুকুৱেদি
নাওখন পকনিয়াত
পাকঘুৰণি খাই মোহনাত
সোমাই পৰে
আৰু তাতেই শব্দই শোভাযাত্ৰা সামৰণি মাৰে ।
অঙ্গন: পৃষ্ঠাঃ ২৭
মই লগ পোৱা আচৰিত শিক্ষকজন
ৰিণ্টু টায়ে
তেওঁৰ পুৰণি বগা কামিজটো
ইতিমধ্যে পিন্ধিয়ে আছিল
মলিয়ন পোছাকতোৱে তেওঁক
লগৰীয়াসকলে চিনি পাইছিল
বুকু উদং ৰাখি
আধা নাঙঠ হৈ তেওঁৰ
জীৱনৰ বেছি সময় পাৰ হৈছিল
হঠাৎ কোনোবাই
উদং বুকু ঢাকিবলৈ
তেওঁৰ পুৰণি বগা কামিজত দুটামান বুটাম
লগাই দিয়াৰ উপদেশ দিছিল
লগতে তেওঁক বাৰে বাৰে বুটাম মাৰিবলৈ
শিকাই দিয়া হৈছিল
তেওঁ কিন্তু নাচোৰ বন্দা
আটাইৰে উদ্বিগ্নতা বাঢ়িছিল
তেওঁৰ অৰ্ধনগ্নতাত---
তেওঁ কৈছিল " নগ্ন দেশত উলংগ হোৱাটো
কিহৰ অপৰাধ ? "
তেওঁক দেশদ্ৰোহীৰ দৰে
আকৌ জেৰা কৰা হ'ল
"তেওঁৰ দেশখন কেনেকৈ নগ্ন ? "
উদং বুকুত হাত থৈ তেওঁ নিৰ্ভীকভাৱে কৈছিল-
" আবেলিৰ ৰঙা বেলিটো সাগৰৰ বুকুত
হেৰাই যোৱাৰ দৰে
তেওঁৰ জীৱনৰ বহুত কিবাকিবি হেনো
হেৰাই গ'ল এইখন দেশত---
স্বীকৃতি, আশা , পৰিচয়, স্বপ্ন ইত্যাদি ।
অঙ্গন: পৃষ্ঠাঃ ২৮
ভালপোৱাৰ প্ৰাৰ্থনা
মণিকা গগৈ শইকীয়া
চাবুৱা
মই তেওঁক ভালপোৱাৰে পৰা
ঈশ্বৰৰ ওচৰত সদাই কৰোঁ প্ৰাৰ্থনা ,
ভালপোৱাৰ মন্ত্ৰোচ্ছাৰণত
উজ্বলি উঠে বুকুৰ থাপনা ।
মই তেওঁৰ দুখৰ দিনৰ ছাতি
আৰু সুখৰ ৰ'দৰ
এটি মিঠা হাঁহি ,
হিয়াৰ দাপোণত
তেওঁৰ সেমেকা মুখখন থাকে ভাঁহি ।
মই তেওঁৰ মনৰ আকাশত
ৰামধেনু হৈ দিওঁ দেখা ,
তথাপি দেখোন তেওঁৰ মনত
নুগুচে খোকোজা ।
মই তেওঁক সোঁধো
তুমি কেনে আছা !
তেওঁ মাথোঁ কয়
"মোৰ বুকুত কেৱল বিষাদৰ ছায়া ।"
মই তেওঁক উপহাৰ দিব খোজো
এটা মৰমৰ চোলা
উৎসৱ-পাৰ্বন নতুবা
জন্মদিনৰ দিনা ,
তথাপি দেখোন তেওঁ নেদেখে
ৰূপোৱালী জোনৰ মায়া ।
তেওঁ মোক এটা
কলম উপহাৰ দিলে
কলিজাৰ চিঞাহীৰে লিখি থাকো অহৰ্নিশে ,
মই তেওঁৰ ক্লান্ত চকুযুৰিক
সোঁধো বাৰে বাৰে
কি ছবি আঁকিলে
তেওঁৰ হেৰুওৱা সপোনবোৰে
পোখা মেলি উঠিব পাৰে ।
তেওঁৰ বুকুৰ গভীৰতাক
জুখি সোঁধো কেতিয়াবা
কিমান উষ্ণতাত বিষাদবোৰ গলিলে
বোৱাব পাৰি হিয়াত
প্ৰেমৰ অলকানন্দা
ঈশ্বৰলৈ একাঁজলি ভালপোৱাৰ প্ৰাৰ্থনা ।
অঙ্গন: পৃষ্ঠাঃ ২৯
কথাবোৰ সেইবাবেই শেষ নহয়…
প্ৰশান্ত কুমাৰ দত্ত
কুমলীয়া পাতবোৰে এদিন হালধীয়া ৰং সানে
যিদৰে ক'লা চুলিত ৰূপোৱালী ৰঙে মিচিকিয়াই হাঁহে
পূবৰ বেলি পশ্চিমলৈ যাবই
ডাৱৰে আৱৰি ধৰিলেও
নীলা আকাশৰ কথাবোৰতেই
পৃথিৱীৰ প্ৰতিটো খোজৰ উত্তৰ আছে
আমি মানুহ হ'ব নোৱাৰিলো বাবেই
ডিঙিৰ ওপৰত মূৰ এটা কঢ়িয়াই লৈ ফুৰিছোঁ…
আনকো মানুহ হ'বলৈ নিদিলোঁ
নিজেও নহ'লো