যোৰহাট পকামূৰা চাৰিআলি নিবাসী সন্মানীয় শ্ৰীযুত বিনন্দ শৰ্মা পূজাৰীদেৱৰ প্ৰায় ৭ বছৰীয়া ঐকান্তিক নিৰলস সাধনা আৰু অংকুৰণ প্ৰকাশনৰ প্ৰায় দুবছৰীয়া পৰিশ্ৰমে অৱশেষত স্বীকৃতি লাভ কৰিলে। শ্ৰদ্ধাৰ পাঠকসকলক জনাবলৈ পাই আমি অত্যন্ত সুখী আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে শ্ৰীযুত শৰ্মা পূজাৰী দেৱে মূল সংস্কৃত শ্ৰীমদ্ভাগৱতৰ ওঠৰ হাজাৰ শ্লোকৰ সংখ্যানুক্ৰমিকভাবে কৰা অসমীয়া সৰল গদ্যানুবাদ 'শ্ৰীমদ্ভাগৱত কথা' নামৰ পুথিখনে শ্ৰীশ্ৰী আউনিআটি সত্ৰৰ পৰা ২০২২ বৰ্ষৰ ভক্তিমূৰ্তি শ্ৰী শ্ৰী দামোদৰ দেৱ বঁটা লাভ কৰিছে যিখন পুথি অংকুৰণ প্ৰকাশনৰ জৰিয়তে পৰিৱেশন আৰু মুদ্ৰণ কৰা হৈছিল। উল্লেখ্য যে সংস্কৃত শ্ৰীমদ্ভাগৱতমৰ মহাপুৰুষজনাই কৰা পদানুবাদৰ পিছত অসমীয়া ভাষাত সম্পূৰ্ণ মূল সংস্কৃতৰ পৰা কৰা এইখনেই প্ৰথম সৰল গদ্যানুবাদ। এই ছেগতে সন্মানীয় শৰ্মা পূজাৰী দেৱলৈ অংকুৰণ প্ৰকাশনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱা হ'ল। আগ্ৰহী পঢ়ুৱৈ সকলে পুথিখনৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰিব।
0 Comments