নিয়মাৱলী:
১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
6000709096/9127564124/9678696861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
28 ছেপ্টেম্বৰ 2022.
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই।
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন
অঙ্গন: পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা ৫
👉প্ৰৱন্ধ : পৃষ্ঠা ৬-১০
👉প্ৰতিযোগিতা: পৃষ্ঠা ১১-১৫
👉ধাৰাবাহিক: পৃষ্ঠা ১৬
👉অণুগল্প : পৃষ্ঠা ১৭-২০
👉কথাগল্প: পৃষ্ঠা ২১
👉অনুবাদ সাহিত্য : পৃষ্ঠা ২১-২৪
👉কবিতা: পৃষ্ঠা ২৫-৪১
👉নীলাখামৰ চিঠি: পৃষ্ঠা ৪২
👉গল্প: পৃষ্ঠা ৪৩-৪৫
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৬
অঙ্গন: পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
লীনা বৰ্মন
নলবাৰী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।
অঙ্গন: পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ
সময় আৰু আমি
অসমীয়া সাহিত্যত 'সময় আৰু আমি' নামৰ এখন বৰ সুন্দৰ কিতাপ আছে। কিতাপখন লিখিছে সত্যব্ৰত শৰ্মাদেৱে। এই কিতাপখনত উদ্ধৃত এটি কাহিনীয়ে আমাক বাৰুকৈয়ে প্ৰভাৱিত কৰে। কাহিনীটোৰ মূল সাৰমৰ্ম (মূলভাৱ) এনেধৰণৰ―
এবাৰ এজন বিখ্যাত ব্যৱসায়ীয়ে এজন পণ্ডিতৰ ওচৰলৈ গৈ সুধিলে যে যদি আপুনি পাৰে, তেন্তে দিনটোৰ ভিতৰত কিদৰে বেছি কাম কৰিব পাৰি তাৰ এটা উপায় দিয়কচোন। কাৰণ, ব্যৱসায়ীজনে বুজি উঠিছিল যে কেৱল কামৰ জৰিয়তেহে ব্যক্তিয়ে জীৱনত সফলতা লাভ কৰিব পাৰে। তেতিয়া পণ্ডিতজনে এখন উকা কাগজ বিচাৰিলে আৰু ব্যৱসায়ীজনক সেই কাগজখনত দিনটোত কৰিবলগীয়া কামৰ লিষ্ট এখন তৈয়াৰ কৰিবলৈ ক'লে। ব্যৱসায়ীজনেও কথামতেই কাম কৰিলে। পণ্ডিতজনৰ কথামতে আটাইতকৈ দৰকাৰী কামবোৰ লিষ্টৰ প্ৰথমতে লিখিলে। শেষত পণ্ডিতজনে ক'লে যে এতিয়াৰ পৰাই ব্যৱসায়ী জনে লিষ্ট খনৰ মতে কামবোৰ কৰি যাব লাগিব আৰু কাইলৈৰ পৰা এই পদ্ধতিৰে নিতৌ পুৱা এখন লিষ্ট প্ৰস্তুত কৰিব আৰু সেইমতে কাম কৰি যাব। সেইদৰে চাৰি পাঁচ মাহ কাম কৰাৰ পাছত ব্যৱসায়ীজনৰ জীৱনলৈ অবিশ্বাস্য সফলতা আহিল আৰু এই আনন্দতে তেখেতে পণ্ডিতজনক পুৰস্কৃত কৰিলে।
এই পদ্ধতিটোকে ইংৰাজীত to do list বুলি কোৱা হয়। আধুনিক পৃথিৱীৰ ব্যস্ত জীৱন শৈলীত এনে ধৰণৰ উপায়সমূহে ব্যক্তিক জীৱনটো সুন্দৰকৈ চলাই নিয়াত সহায় কৰে। দৈনন্দিন কৰ্ম আঁচনি আৰু সেই আঁচনিৰ সফল ৰূপায়ণকেই আমাৰ জীৱনৰ সফলতা বুলি ক'ব পাৰি। সময়ৰ নিয়ন্ত্ৰণ সম্পৰ্কে এনে বহু নিয়ম আছে যিবোৰ আজিকালি সকলোৱে জানে।
অসমৰ বহু জনপ্ৰিয় কবি, গল্পকাৰেও পূৰ্বতে এনে ধৰণৰ কথাবোৰ নিজৰ সাহিত্য কৰ্মৰ জৰিয়তে প্ৰকাশ কৰিছে।
কিন্তু অতি পৰিতাপৰ কথা যে অসমীয়া সাহিত্যত সময় নিয়ন্ত্ৰণ, ব্যক্তিত্ব বিকাশ, কৰ্মসংস্কৃতি সম্পৰ্কীয় বৰ বেছি কিতাপ নাই। যি দুই এখন অনুবাদ গ্ৰন্থ আছে সেই গ্ৰন্থসমূহেই বজাৰত দপদপাই আছে। এই ক্ষেত্ৰত আমাৰ লেখকসকলে মনোযোগ দিবৰ হ'ল।
আমি গভীৰভাৱে বিশ্বাসী যে একমাত্ৰ গ্ৰন্থ অধ্যয়ন আৰু আত্ম বিশ্লেষণৰ জৰিয়তেহে এটা জাতি সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাব পাৰে।
আশা ৰাখিছোঁ, জীৱন সম্পৰ্কীয় নানা গ্ৰন্থ অসমীয়া ভাষাতো ৰচনা হ'ব আৰু এনেবোৰ গ্ৰন্থই আমাৰ জাতিটোক আগবাঢ়ি যোৱাত অভূতপূৰ্ব সহায় কৰিব।
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861
অঙ্গন: পৃষ্ঠাঃ ৬
প্ৰৱন্ধঃ
একশৰণ নামধর্মত সেৱা ৰসৰ স্থান
শর্মীষ্ঠা বর্মন
নতুন দিল্লী
ৰস বুলি ক'লে আমি সাধাৰণতে ন'টা ৰসকে বুজোঁ ৷ সেইবোৰ যেনে ; ১) আদি ৰস অথবা শৃঙ্গাৰ ৰস , ২) বীৰ ৰস , ৩) ভয়ানক ৰস , ৪) কৰুণ ৰস , ৫) বীভৎস ৰস , ৬) শান্ত ৰস , ৭) হাস্য ৰস , ৮) অদ্ভুত ৰস আৰু ৯) ৰৌদ্র ৰস ৷ এই ন'টা ৰসক নৱৰস বুলি কোৱা হয় ৷
ৰস অবিহনে সাহিত্যৰ অর্থ নাই ৷ ৰস সম্পর্কে বিভিন্ন পণ্ডিতে বিভিন্ন মতামত দাঙি ধৰিছে ৷ আলংকাৰিক বিশ্বনাথৰ মতে , "ৱাক্যং ৰসাত্মকং কাৱ্যম " ৷ অর্থাৎ ৰসাত্মক বাক্যই কাব্য ৷ নাট্যশাস্ত্রৰ প্রণেতা ভৰতৰ মতে " ন ৰসাদৃতে কশ্চিদর্থ প্রৱর্ত্ততে " ৷ অর্থাৎ ৰস অবিহনে কাব্যৰ কোনো অর্থই হ'ব নোৱাৰে ৷
মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা বৰগীতসমূহতো নৱৰসৰ প্রভাৱ আছে ৷ তেৰাসৱে ৰচনা কৰা বৰগীতসমূহ সম্পূর্ণভাৱে নৱৰসেৰে সিক্ত হৈ আছে ৷ সেয়েহে বাণীকান্ত কাকতিদেৱে কৈছিল যে বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত অধিষ্ঠিত ৷ সেই কাৰণে সেইবোৰক বৰগীত বোলা হয় ৷ কালিৰাম মেধি ডাঙৰীয়াও বৰগীতবোৰক Great Song বা Song Solistial বুলি আখ্যা দিছিল ৷ ইংৰাজ কবি হেৰিকেও কেতবোৰ আধ্যাত্মিক ভাৱৰ কবিতা ৰচনা কৰি সেইবোৰৰ নাম দিছিল Noble Number's ৷
যিহেতু আমাৰ বিষয়বস্তু "একশৰণ নামধর্মত সেৱাৰসৰ স্থান " , সেয়েহে আমাৰ আলোচ্য বিষয় হৈছে সেৱাৰস ৷ সেৱাৰসৰ আন এটি নাম ভক্তিৰস ৷ প্রাচীন সংস্কৃত আলংকাৰিকসকলে ভক্তিৰসক স্বীকাৰ কৰা নাই ৷ তেওঁলোকৰ মতে ভক্তিৰস শান্তৰসৰ ভিতৰুৱা ৷ ইয়াৰ মুখ্য কাৰণ হৈছে সেই সময়ৰ ভাৰতীয় শাস্ত্রসমূহত ভক্তিসাহিত্যৰ অনুপস্থিতি ৷ তেতিয়ালৈকে বৈষ্ণৱ সাহিত্যৰ ৰচনা হোৱাই নাছিল ৷ মধ্যযুগীয় বৈষ্ণৱসকলেহে বৈষ্ণৱ সাহিত্যৰ সৃষ্টি কৰি ভক্তিৰস বুলি আন এটি ৰসৰ সৃষ্টি কৰিছে ৷ অৱস্থাভেদে এই ভক্তিৰস পাঁচ প্রকাৰৰ ৷ যেনে ; শান্ত , মধুৰ , সখ্য , বাৎসল্য আৰু দাস্য ৷ আৰু এই দাস্য ভাৱেই হৈছে সেৱাভাৱ বা সেৱাৰস ৷
মহাপুৰুষ মাধৱদেৱে ভক্তিক ৰসময়ী বুলিছে ৷ তেখেতে নামঘোষাত কৈছে ,
"মুক্তিতো নিস্পৃহ যিটো , সেহি ভকতক নমো , ৰসময়ী মাগোহো ভকতি ৷"
প্রকৃততে ৰস সৃষ্টিৰ মূলতে ভাৱৰ কথা আহি পৰে ৷ ভাৱ আহিলেহে ৰসৰ উৎপত্তি হয় ৷ সেইদৰে ভক্তি জন্মিলে ভক্তিৰসৰ সৃষ্টি হয় ৷ একশৰণ নামধর্মত বিষ্ণুৰ ভক্তসকলেই বৈষ্ণৱ ৷ তেওঁলোকৰ উপাস্য দেৱতা একমাত্র ভগৱন্ত কৃষ্ণ ৷ ভক্তসকলে ভক্তিৰসত বুৰ গৈ অনাদি অনন্ত ভগৱন্তক একাকীধৰণে ভক্তি কৰিব পাৰিলেও , অতি যুক্তিযুক্তভাৱে নৱবিধ ভকতিৰে সেৱা অর্চনা আদি কৰি থাকিলেও সর্বশেষ সিদ্ধান্তমতে মাত্র দুই ধৰণেহে ভকতি কৰা দেখা যায় ৷ শাস্ত্রই কৈছে ,
"যদ্যপি ভকতি নববিধ মাধৱৰ।
শ্রৱণ কীর্তন তাতো মহা শ্রেষ্ঠতৰ ৷৷"
ভকতবৈষ্ণৱসকলে যুগধর্ম হিচাপে বিজ্ঞানভিত্তিত যুক্তিসহকাৰে একমাত্র ভগৱন্তৰ সেৱা বা ভকতি ধর্ম মানি চলে ৷ যাগ-যজ্ঞ , পূজা-পাতল নকৰে ৷ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ একশৰণ হৰিনাম ধর্মত শৰণ-ভজন লৈ ভকত হ'লেই ভকতি ৰসৰ জ্ঞান উপজে ৷ ভকতি কৰিবৰ হ'লে শৰণৰ প্রয়োজন ৷ কিয়নো ,
"ভকতিৰ বীজ শৰণেসে নিজ
প্রেমানন্দ তাৰ ফল ৷
শৰণ বিনায় ভকতি কৰয়
আৱা ঘটে যেন জল ৷৷"
বিশেষকৈ কলিযুগত যুগধর্ম একশৰণ নামধর্মইহে ভকতক গতিমুক্তি দিব পাৰে ৷
শঙ্কৰদেৱে কৈছে ,
"সংসাৰ তৰণ পথ আছে অসংখ্যাত ৷
অনেক বিঘিনি তাত দুষ্কৰ সাক্ষাৎ ৷৷
শ্রৱণ কীর্তন কৰি কৃষ্ণক আৰাধে ৷
মহামোক্ষ সাধে আউৰ বিঘিনি নবাধে ৷৷"
গতিকে শৰণ লৈ ভকত হৈ ভকতি ৰসত নিমজ্জ্বিত হ'ব পাৰিলেই চাৰি পুৰুষার্থ সিদ্ধি লাভ হয় ৷
এইবাৰ আমি আলোচনা কৰিম একশৰণ নামধর্মত সেৱাৰসৰ স্থান বা থলি ৷ এই ধর্মৰ মূল থলি হৈছে ; গুৰু , দেৱ , নাম আৰু ভকত ৷ অর্থাৎ গুৰুসেৱা , কৃষ্ণদেৱৰ সেৱা , ভগৱন্তৰ সেৱা আৰু ভকতসেৱা ৷ তাৰ পাছত আহে সমস্ত প্রাণীৰ সেৱা ৷ কাৰণ জগতৰ ঈশ্বৰ সকলোতে আছে ৷ গুৰুজনাই কৈছে ,
"কুকুৰ শৃগাল গদর্ভৰো আত্মাৰাম ৷
জানিয়া সবাকো পৰি কৰিবা প্রণাম ৷৷"
তাৰ পাছত আহে সমস্ত ভূতৰ প্রতি সেৱা বা শ্রদ্ধা , বিশেষতঃ মনুষ্যৰ প্রতি ৷
একশৰণ নামধর্মত সেৱাৰসৰ উদাহৰণ স্বয়ং মাধৱপুৰুষে দি থৈ গৈছে ৷ সেৱাৰ উদাহৰণ , গুৰুসেৱা কৰাৰ জলন্ত নিদর্শন মহাপুৰুষ মাধৱদেৱ ৷ তেখেতে গুৰুসেৱাৰ নিমিত্তে ত্যাগৰ যি নিদর্শন দি থৈ গৈছে সেয়া পৃথিৱীত বিৰল ৷ জীৱনৰ প্রথম অৱস্থাত পৰম শাক্ত পণ্ডিত মাধৱদেৱে দূর্গোৎসৱৰ বাবে ব্যস্ত হৈ থকা অৱস্থাত মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱক লগ পালে ৷ মণিকাঞ্চন সংযোগ হ'ল ৷ মাধৱপুৰুষে গুৰুজনাৰ চৰণত শৰণ লৈ শাক্ত ধর্ম ত্যাগ কৰিলে ৷ আনকি জোৰণ দিয়াৰ পাছতো বিবাহত নবহিলে ৷ গুৰুসেৱাত নিমজ্জ্বিত হৈ পৰিল ৷ গুৰুজনাই যেতিয়া নিজ কন্যাক তেখেতৰ সৈতে বিবাহ দিবলৈ প্রস্তাৱ দিছিল , সেয়াও তেখেতে প্রত্যাখ্যান কৰিছিল ৷ মাধৱ পুৰুষে কৈছিল , "গুৰু দুহিত্রী , সেৱাৰ বন্দিনী " ৷ কথাগুৰুচৰিত মতে গুৰুজনাই কৈছিল , " বৰাৰ পো , গড় বান্ধি যুঁজিলে সজ , প্রাণৰ সংশয় নাই ৷ বিনাগড়ে যুঁজিলে ভয় ৷ " তেতিয়া মাধৱ পুৰুষে উত্তৰ দিছিল , " গড় বান্ধি যুদ্ধ কৰাসকল ক্ষেত্রিয় বুলি কয় , বিনা গড়ে যুঁজিলেহে যুদ্ধাৰু ৷ " মাধৱ পুৰুষৰ কথা শুনি গুৰুজনাই কৈছিল , " যদি তোমাক আৰু কিছুদিন আগত লগ পালোহেঁতেন তেন্তে আমিও ৰামানন্দৰ মাকক বিবাহ নকৰিলোহেঁতেন ৷ "
মাধৱদেৱৰ গুৰুসেৱাৰ আন এটি উদাহৰণ আছে ৷ গণকুচিত এদিন মেঘাচ্ছন্ন গধূলি বেলা গুৰুজনাই স্থান কৰিলে ৷ সেইদিনা কাপোৰ নুশুকায় ৷ পিছদিনা পিন্ধিবলৈ শুকান কাপোৰ নাই ৷ " পাট ভূমি পছৰা যুৰিও অনাবলৈ নহ'ল " , এইবুলি গুৰুজনাই ক'লে ৷ মাধৱ পুৰুষে মনে মনে শুনি আছিল আৰু সকলো শোৱাৰ পাছত তেখেতে গুৰুজনাৰ বাবে কাপোৰৰ যোগাৰ কৰিবলৈ মাজনিশা ওলাই গ'ল ৷ ভয়ঙ্কৰ বৰষুণ , ঠায়ে ঠায়ে কঁকাললৈকে পানী , হাবি , জঙ্ঘল , বোকা , ম'হ , বাঘ , হাতী সকলো নেওচি দিবাকৰ মৰলৰ গৃহ পালেগৈ ৷ দিবাকৰ মৰলে এনেহেন বতৰত মাজনিশা বৰষুণত তিতি-বুৰি অহা মাধৱক দেখি আচৰিত হ'ল ৷ মাধৱদেৱে দিবাকৰ মৰলক বিষয়টো বিৱৰি ক'লে ৷ মৰলে মাধৱক নবীন বস্ত্র সলাবলৈ দি জুই ধৰি গা সেকি গুৰুজনাৰ বাবে বস্ত্রমূৰি দি নৌকাৰে থৈ গ'লহি ৷ পিছদিনা পুৱা যেতিয়া গুৰুজনাক সেই বস্ত্রখনি দিলে গুৰুজনা আচৰিত হ'ল ৷ গুৰুজনাই যেতিয়া জানিব পাৰিলে যে মাধৱ পুৰুষে মাজনিশা তেনেহেন বতৰত বস্ত্রখনি আনিছিলগৈ তেতিয়া তেখেতে ক'লে , " মই কাহানি পাঁচিছো তোমাক ?" মাধৱে ক'লে , " বোলে বাপ , পাঁচিব লাগে কেলেই ? দাস , ভৃত্যে স্বামীৰ কার্য বুজি আমি কৰিবই পাওঁ ৷ " এনেহেন দাস্যভাৱ পৃথিৱীত বিৰল ৷ মাধৱদেৱে "উপদেশতকৈ আর্হি ভাল " কথাষাৰ প্রতিপন্ন কৰি দেখুৱাইছে ৷
মানুহে সদায় মনত দাস্যভাৱ বজাই ৰাখিব লাগে ৷ স্বয়ং বিষ্ণুৱেও সেই উদাহৰণ দিছে ৷ ভৃগুমুনিয়ে যেতিয়া পৰীক্ষা কৰাৰ ছলেৰে বিষ্ণুৰ ওচৰলৈ গৈছিল , আৰু বিষ্ণুৰ বুকুখনিৰ সোঁফালে গোৰ মাৰি দিছিল তেতিয়া বিষ্ণুৱে খং কৰা নাছিল ৷ বৰং ভৃগু মুনিৰ ভৰিখন মোহাৰি পিটিকি কৈছিল , " মোৰ বজ্রসম বুকুত আপোনাৰ কোমল ভৰিয়ে আঘাত পাইছে নেকি ? " এই কথাৰ সাক্ষী হিচাপে বিষ্ণুৰ ৰূপৰ বর্ণনাত আমি বিষ্ণুৰ বুকুৰ সোঁফালে ভৃগুমুনিৰ চৰণ চিহ্ন থকা কথাষাৰ জানিবলৈ পাওঁ ৷ ইয়াতকৈ বিনম্রতাৰ আন কি উদাহৰণ হ'ব পাৰে ?
একশৰণ নামধর্মৰ পৰম উপাস্য দেৱতা স্বয়ং ভগৱান শ্রীকৃষ্ণই সেৱাৰসৰ বহু নিদর্শন দেখুৱাই গৈছে ৷ তেখেতে বাল্যকালত যশোদাৰ হাতেৰে বান্ধ খাই গৈছিল , দধিচোৰ কৰি চোৰৰ ভাও লৈছিল ৷ দুখীয়া নিচলা সুদামাৰ ভৰি পখালিছিল ৷ কৌৰৱৰ ৰাজদৰবাৰত দূতৰ ভূমিকা পালন কৰিছিল ৷ আৰু এইজনা আমাৰ পৰম উপাস্য দেৱতাই কুৰুক্ষেত্রৰ যুদ্ধত অর্জুনৰূপী মানৱক কৈছিল ,
সর্ব্বধর্ম্মান পৰিত্যাজ্য মামেকং শৰণং ব্রজ ৷
অহং ত্বাং সর্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ৷৷
আমিও চকু মুদি আন দেৱ-দেৱীৰ কথা চিন্তা নকৰি , কোনো ফলৰ আশা নকৰি কেৱল তেওঁতেই শৰণ ল'ব লাগে ৷ শ্রীকৃষ্ণই গীতাত কৈছে , কর্ম্যেণ্যবাধিকাৰাস্তে মা ফলেষু কদাচন ৷
আমি এই চিন্তাধাৰাত একান্ত বিশ্বাসী যে যিজনে একান্তমনে ঈশ্বৰৰ নাম ল'ব তেওঁ সদায় সুফল পাবই ৷ সেই সুফল চকুত ধৰা দিয়া সাংসাৰিক সুফল নহ'বও পাৰে , আধ্যাত্মিকভাৱে সুফল পাবই ৷
ইমান সুন্দৰ সেৱাৰসেৰে সমৃদ্ধ এই একশৰণ হৰিনাম ধর্মক আমি বিশ্বদৰবাৰত প্রতিষ্ঠা কৰিবলৈ প্রয়াস কৰিব লাগে ৷ বিশ্বদৰবাৰত প্রতিষ্ঠা কৰাৰ গুৰুদায়িত্ব আনৰ নহয় , কেৱল আমাৰ ৷ এইখিনিতে আফ্রিকাৰ এটি উক্তি মনত পৰিছে ,
" Untill the lions have their own story teller , the history of the hunt will always glorify the hunter "
যেতিয়া সিংহৰ কাহিনী ক'বলৈ নিজৰে কাহিনী কওঁতা থাকিব তেতিয়ালৈকে চিকাৰীসকলৰ চিকাৰৰ কাহিনীয়ে বুৰঞ্জী জিলিকাই থাকিব ৷ আমি নিজৰ story teller হ'ব লাগিব ৷ আমাৰ গুৰুজনাৰ কথা , একশৰণ নামধর্মত থকা সেৱাৰসৰ কথা আমি নিজেই বিশ্বদৰবাৰত প্রচাৰ কৰিব লাগিব ৷
অঙ্গন: পৃষ্ঠাঃ ৭
শ্ৰী ৰাধা চৰিত্ৰ: অসমীয়া বৈষ্ণৱ সাহিত্যৰ স্থান শীৰ্ষক লেখাটো বিশেষ কাৰণৱশত: এই সংখ্যাত প্ৰকাশ কৰিব পৰা নগ'ল। পৰৱৰ্তী সংখ্যাত লেখাটো প্ৰকাশ পাব।
অঙ্গন: পৃষ্ঠাঃ ৮
বংগবন্ধুৰ ঢাকাত কি দেখিলোঁ
চুমিন্দ্ৰ চৌধুৰী
কৰ্ম সূত্ৰে তিনি দিন ধৰি বাংলাদেশৰ ৰাজধানী ঢাকা আৰু ইয়াৰ উপকন্ঠৰ কিছু ঠাই দৰ্শন কৰি উভতনিৰ আকাশী পথত মোৰ কিছু অভিজ্ঞতা লিখি যুগুতালো । মই অৱগত কৰাব বিচৰা এই কথাখিনিয়ে পাঠকৰ দৃষ্টিগোচৰ কৰিব বুলি আশা কৰিলোঁ ।
সাধাৰণতে বাংলাদেশ বুলি ক'লেই আমাৰ ৰাজ্যখনত বাংলাদেশৰ পৰা অনাধিকাৰ প্ৰবজন কৰি থলুৱা লোকৰ মাটি সম্পত্তি দখল কৰি অসমৰ ভাষিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক জীৱনশৈলীক গ্ৰাস কৰি পেলোৱা ধৰ্মীয় গোৰা অপৰিছন্ন মানুহখিনিৰ কথাই মনলৈ আহে । বাংলাদেশৰ পৰা অনাধিকাৰ প্ৰবেশ কৰি অসমৰ শান্তিপূৰ্ণ পৰিবেশ বিঘ্নিত কৰা বাংলাদেশৰ এই প্ৰবজন কাৰী লোক সকলৰ প্ৰতি আমাৰ সদ্ভাৱ নথকাৰ বাবে বাংলাদেশৰ নামটোও আমি শুনিব নিবিচাৰো। তাতে প্ৰবজনকাৰী এইসকল বিদেশীক বহিস্কাৰ কৰিবলৈ গৈ প্ৰাণ হেৰুৱা ৬৮৫ জন বীৰ শ্বহীদৰ কথাই প্ৰতিজন অসমীয়াক আৰু আবেগিক কৰি তোলে । স্বভাৱত আবেগিক আৰু এলেহুৱা অসমীয়াই কথাৰ ফুলজাৰি মৰাক বাদে একো কৰিব নোৱাৰে বুলি প্ৰমাণিত হোৱাৰ পাছত গোজেই গছ হোৱাৰ দৰে প্ৰবজন কৰা এই বাংলাদেশী লোক সমূহে চতুৰতাৰে চৰকাৰী নথি পত্ৰ লৈ থলুৱা হৈ পৰিল। ফলত অসমৰ মাটি কালি এক ইঞ্চিমান নাবাঢ়িল যদিও জনসংখ্যাৰ পৰিমাণ হোৰা হোৰে চক্ৰবৃদ্ধি সুতৰ হাৰত বৃদ্ধি পাইছে । লাহে লাহে কৰ্মবিমুখ অসমীয়াৰ খেতিবাতি আৰু ভেটি বাংলাদেশী লোক সকলৰ হাতলৈ যাবলৈ ধৰিছে । ৰাজনৈতিক মুনাফা লাভৰ কাৰণে তাতে আকৌ কিছুমান পাবত গজা অদূৰদৰ্শী স্বাৰ্থান্বেষী মানৱদৰদী নেতাৰ নেতৃত্ব বিভিন্ন দল সংগঠনে এই প্ৰবজনকাৰী লোক সকলৰ সুৰক্ষা আৰু অধিকাৰৰ বিষয়েহে অধিক চিন্তা কৰা পৰিলক্ষিত হৈছে ।
কিন্তু মোৰ এই তিনি দিনীয়া বাংলাদেশ ভ্ৰমণ কালত দৃষ্টি গোচৰ হোৱা দেশখনৰ সাম্প্ৰতিক সময়ত পৰিবৰ্তিত ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক চিন্তাধাৰা দেখি আচৰিত হৈছিলো ।
ইতিহাস ফঁহিয়াই চালে দেখা যায় বাংলাদেশে অতীজৰ পৰা বহুত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক প্ৰতাহ্বানৰ সন্মুখীন হৈ আহিছে।
এখন প্ৰত্নতাত্ত্বিক গবেষণাৰ প্ৰতিবেদন মতে প্ৰায় চাৰি হাজাৰ বছৰ পূৰ্বে বাংলাদেশত দ্ৰাবিড় আৰু তিব্বত-বাৰ্মিজ লোকে বসবাস কৰিছিল বুলি বিশ্বাস কৰা হয়। পিছলৈ আৰ্যসকলৰ আগমনৰ পিছত খৃষ্টাব্দ চতুৰ্থ শতিকাৰ পৰা ষষ্ঠ শতিকালৈ গুপ্ত বংশই বংগত শাসন কৰিছিল। শশাংকা নামৰ এজন স্থানীয় ৰজাই অতি কম সময়ৰ বাবে অঞ্চলটোত শাসন কৰিছিল যদিও তাৰ পাছত এশ বছৰমান ধৰি এই অঞ্চলটো শাসক বিহীন হৈ আছিল । দেশখনৰ ইতিহাসৰ সেই সময় খিনিক মৎসন্যায় পৰ্ব বুলি কোৱা হয় । ইয়াৰ পাছত বৌদ্ধ ধৰ্মালম্বী পাল বংশই বংগ দখল কৰাৰ পাছত এই দেশখনৰ শাসন ব্যৱস্থা পৰৱৰ্তী চাৰিশ বছৰ শাসন কৰিছিল। প্ৰায় এঘাৰ শ শতিকাৰ অন্তিম ভাগত পাল বংশৰ পতন ঘটাত হিন্দু ধৰ্মালম্বীৰ সেন বংশই বংগ শাসন কৰিছিল। দ্বাদশ শতিকাত সেন ৰাজবংশৰ ৰজা বল্লল সেনে মা দূৰ্গা অনিন্দ্য সুন্দৰ ঢাকেশ্বৰী মন্দিৰ প্ৰতিষ্ঠা কৰাৰ পিছত ৰাজধানীখনৰ হৈ পৰিছিল ঢাকা।
১২০৫-১২০৬ খ্ৰীষ্টাব্দত তুৰস্কৰ মূলৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলিজীয়ে হিন্দু ৰজা লক্ষ্মণসেনক পৰাস্ত কৰি দেশখনৰ শাসন ব্যৱস্থা নিজৰ হাতলৈ নিছিল । ১৫৭৫ চনত টুকাৰোই যুদ্ধত দিল্লীৰ বাদচাহ আকবৰে বংগৰ স্বতন্ত্ৰ শাসক দৌদ খান কাৰানীক পৰাস্ত কৰাৰ পাছতে বংগ মোগল সাম্ৰাজ্যৰ অধীনলৈ গৈছিল । মোগলে বংগ দখল কৰি ঢাকাত বংগৰ ৰাজধানী পাতি ইয়াৰ নাম ৰাখিছিল জাহাংগীৰ নগৰ ।
১৭৫৭ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পলাশীৰ যুদ্ধত বংগৰ নবাব চিৰাজদ্দৌলাক পৰাস্ত কৰি বংগৰ শাসনভাৰ লাভ কৰিব সমৰ্থ হৈছিল । ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালতে ১৭৭০ খ্ৰীষ্টাব্দত সমগ্ৰ ভাৰতত সংঘটিত হোৱা মনৱন্তৰ নামেৰে জনাজাত দুৰ্ভিক্ষত প্ৰায় ৩০ লাখ লোকৰ মৃত্যু হৈছিল বুলি কোৱা হয় । ইয়াৰ সৰ্ব সংখ্যক লোক বংগৰ আছিল । ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিপ্লৱৰ পিছত বংগৰ শাসনভাৰ প্ৰত্যক্ষভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ হস্তান্তৰ হোৱাৰ পাছত এজন ভাইচৰয়ক বংগৰ প্ৰশাসনিক দায়িত্বভাৰ প্ৰদান কৰা হৈছিল। ১৯০৫ চনত ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ব বংগৰ সংখ্যাগৰিষ্ঠ মুছলমান বসতি প্ৰধান অঞ্চল সমূহৰ সৈতে বিহাৰ, উৰিষ্যাৰ পোন্ধৰ খন জিলা আৰু অসমক সামৰি ঢাকাত ৰাজধানী পাতি এখন নতুন প্ৰদেশ গঠন কৰিছিল। এই নতুন প্ৰদেশখনৰ সংখ্যাগৰিষ্ঠ লোক মুছলমান সম্প্ৰদায়ৰ আছিল।
পোন প্ৰথমবাৰৰ বাবে চতুৰতাৰে বৃটিছ শাসন ব্যৱস্থাই বংগ বিভাজন কৰি বছৰ বছৰ ধৰি সদ্ভাৱনাৰে ভাৰতত বসবাস কৰি অহা হিন্দু আৰু মুছলমান পৰস্পৰৰ মাজত বিষ বাস্প বিয়পাই দিছিল। এই বিভাজনৰ পৰিণতিত শিয়াল বুদ্ধিৰ বৃটিছ সকলে ভাৰতীয় মুছলমানসকলক ধৰ্মৰ ভিত্তিত নিজস্বভাৱে ৰাষ্ট্ৰীয় সংগঠন গঠন কৰিবলৈ উৎসাহিত কৰিছিল। এইয়াই আছিল বৃটিছৰ ভাৰতীয় নাগৰিক সকলক ধৰ্মৰ ভিত্তিত বিভাজন কৰি স্বাধীনতা সংগ্ৰামক দূৰ্বল কৰি তোলাৰ এক গোপন অভিসন্ধি ।
ইফালে এই বিভাজনৰ সময়ত পশ্চিম বংগত বসবাস কৰা সংখ্যাগৰিষ্ঠ হিন্দু লোক সকল নিজৰ ৰাজ্যখনতে সংখ্যালঘু হৈ পৰিছিল। পাছত ১৯১১ খ্ৰীষ্টাব্দত পশ্চিম বংগৰ হিন্দুসকলৰ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হৈ ভাইচৰয় লৰ্ড হেষ্টিংচে বংগ ভংগ খাৰিজ কৰি বিভক্ত বংগৰ একত্ৰীকৰণ কৰিবলৈ বাধ্য হৈছিল। কিন্তু দূৰ্ভাগ্যজনক ভাৱে ১৯৪৭ চনত স্বাধীনতাৰ প্ৰাক মুহূৰ্তত বংগ প্ৰদেশক আকৌ এবাৰ ধৰ্মীয় আধিপত্যৰ ভিত্তিত বিভাজিত হৈছিল। হিন্দু সংখ্যাগৰিষ্ঠ পশ্চিমবংগ ধৰ্ম নিৰপেক্ষ উদাৰ বিচাৰধাৰাৰ ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে মুছলমান সংখ্যাগৰিষ্ঠ পূৰ্ব বংগ গোৰা ধৰ্মীয় বিচাৰধাৰাৰ পাকিস্তানত অন্তৰ্ভুক্ত হৈছিল। ১৯৫৪ চনত পূব বংগৰ নাম সলনি কৰি পূব পাকিস্তান কৰা হৈছিল যদিও পাকিস্তান চৰকাৰে পূব পাকিস্তানৰ অৰ্থনৈতিক আৰু জনগাঁথনিৰ বিকাশৰ বাবে উদাসীন মনোভাৱ পোষণ কৰিছিল। লাহে লাহে পূব পাকিস্তানৰ জনসাধাৰণ পশ্চিম পাকিস্তানৰ মইমতালিত বিতুষ্ট হৈ পৰিছিল । ১৯৫২ চনত পশ্চিম পাকিস্তানে দেশখনৰ ৰাষ্ট্ৰ ভাষা উৰ্দু বুলি ঘোষণা কৰাৰ পাছত পুব পাকিস্তানত ভয়ংকৰ ভাষা আন্দোলনৰ সূত্ৰ পাত হৈছিল । এই সময়চোৱাত বাংলাদেশৰ ৰাজনীতিত আৱামি লীগ নামৰ এটা বাংলা জাতীয়তাবাদী দলে আত্মপ্ৰকাশ কৰিছিল । এই দলটোৰ নেতৃত্বতে ১৯৬০ৰ দশকৰ মাজভাগত পোন প্ৰথমবাৰৰ বাবে পূব পাকিস্তানক পশ্চিম পাকিস্তানৰ পৰা স্বাধীন কৰাৰ বাবে ছয় দফীয়া আন্দোলনৰ সূচনা হৈছিল । আৱামি লীগৰ নেতা শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত মূৰ দাঙি উঠা এই প্ৰবল আন্দোলনৰ শংকাত ১৯৬৬ খ্ৰীষ্টাব্দত তেওঁক কাৰাগাৰত বন্দী হৈছিল। পুনৰবাৰ ১৯৬৯ চনত আগৰতলা ষড়যন্ত্ৰ গোচৰত শ্বেখ মুজিবুৰ ৰহমান গ্ৰেপ্তাৰ হৈছিল যদিও পূৰ্ব বংগৰ লোক সকলৰ গণ বিদ্ৰোহৰ সন্মুখত তদানীন্তন ৰাষ্ট্ৰপতি আয়ুব খানৰ সামৰিক প্ৰশাসনে মুজিবক মুকলি কৰি দিবলৈ বাধ্য হৈছিল।
১৯৭০ চনত পূব পাকিস্তানৰ উপকূলীয় অঞ্চলত এক সাংঘাতিক ঘূৰ্ণীবতাহৰ ফলত প্ৰায় ৫ লাখ লোকৰ মৃত্যু হৈছিল। এই সময়ত পাকিস্তানৰ কেন্দ্ৰীয় চৰকাৰৰ অসহযোগিতা আৰু উদাসীন আচৰণত বাংলাদেশৰ জনতা ক্ষুব্ধ হৈ পৰিছিল। সেই বছৰতে অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত বাংলাদেশৰ আৱামি লীগে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল যদিও পশ্চিম পাকিস্তানৰ চৰকাৰে নানান অজুহাত দেখুৱাই ক্ষমতা হস্তান্তৰৰ পৰা গা এৰাই চলিছিল। তাৰপাছতে পাকিস্তানৰ তদানীন্তন ৰাষ্ট্ৰপতি জেনেৰেল ইয়াহিয়া খানৰ সৈতে আৱামী লীগৰ শ্বেখ মুজিবুৰ ৰহমানৰ আলোচনা বিফল হোৱাৰ পাছত পশ্চিম পাকিস্তানৰ সেনাই অপাৰেচন চাৰ্চলাইট চলাই বঙালী সকলৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ কৰিছিল। এই অপাৰেচনত পশ্চিম পাকিস্তানৰ সেনাই প্ৰায় ত্রিশ লাখ লোকক নিৰ্দয় ভাৱে হত্যা কৰিছিল আৰু চাৰিলাখ মহিলাক ধৰ্ষণ কৰিছিল। প্ৰাণৰ মমতাত প্ৰায় এক কোটি লোক ভাৰতলৈ পলাই গৈ পশ্চিম বংগ, ত্রিপুৰা, মেঘালয়, বিহাৰ আৰু অসমত আশ্ৰয় লৈছিল। আৱামি লীগৰ অধিকাংশ নেতা ভাৰতলৈ পলায়ন কৰিছিল। বাংলাদেশৰ স্বাধীনতা যোদ্ধাসকলে প্ৰায় ন'মাহ সময় পাকিস্তানী সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ১৯৭১ খ্ৰীষ্টাব্দৰ ডিচেম্বৰত ভাৰতৰ সহায়ত মুক্তি বাহিনী আৰু বাংলাদেশ সেনাই পাকিস্তান সেনাক পৰাস্ত কৰিছিল। পশ্চিম পাকিস্তানৰ জেনেৰেল নিয়াজীয়ে ১৯৭১ চনৰ ১৬ ডিচেম্বৰত মিত্ৰশক্তিৰ সেনাধ্যক্ষ ভাৰতৰ জেনেৰেল জগজিৎ সিং আৰোৰাৰ হাতত আত্মসমৰ্পণ কৰিছিল ।
পশ্চিম পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰি পূৰ্ব পাকিস্তান বাংলাদেশ নামৰ এখন নতুন প্ৰজা গনতান্ত্ৰিক দেশ গঠন হৈছিল। বাংলাদেশত প্ৰথমবাৰৰ বাবে সংসদীয় গণতন্ত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল আৰু শ্বেখ মুজিবুৰ ৰহমানে নৱ গঠিত দেশখনৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৩ চনৰ সংসদীয় নিৰ্বাচনত আৱামি লীগে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কিন্তু সেই বছৰ আৰু ১৯৭৪ চনত পুনৰ দেশজোৰা দুৰ্ভিক্ষই দেশখনৰ অৱস্থা শোচনীয় কৰি তুলিছিল ।
১৯৭৫ চনৰ ১৫ আগষ্টত শ্বেইখ মুজিব আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকক বাংলাদেশৰ সেনাবাহিনী আৰু তেওঁৰ নিজৰ দলৰ একাংশ ৰাজনীতিবিদে বিশ্বাসঘাতক কৰি কৰিছিল। নিজৰ দেশৰ ৰাষ্ট্ৰপিতা তথা বংগবন্ধু খ্যাত শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাত সমগ্ৰ বাংলাদেশ শোকাকুল হৈ পৰিছিল। সৌভাগ্যবশত শ্বেখ মুজিবুৰ ৰহমানৰ বিদেশত থকা দুয়োজনী নাবালিকা কন্যা হাছিনা আৰু ৰেহেনা বাচি গৈছিল। বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জেষ্ঠ পুত্রীয়েই হৈছে বৰ্তমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী । বিগত পোন্ধৰ বছৰ ধৰি সুশাসন প্ৰদান কৰি জনতাৰ বিপুল আস্থাক বিজয় কৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশত চলি থকা বিভিন্ন সৰু ডাঙৰ উন্নয়নশীল প্ৰকল্প আৰু কিছু বিশেষ কথা নিজ চকুৰে দেখি অভিভূত হৈছিলো। নিম্নলিখিত মোৰ সেই চাক্ষুষ অভিজ্ঞতা খিনিকে আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ।
১৷ বৰ্তমান বাংলাদেশৰ জনসংখ্যা হৈছে ১৭ কৌটি আৰু মাটি কালি ১,৪৮,৪৬০বৰ্গ কিলোমিটাৰ । এই মাটি কালিৰ এক তৃতীয়াংশ আকৌ জল নিমগ্ন হোৱাৰ বাবে প্ৰতি বৰ্গ কিলোমিটাৰত জনবসতি অতি ঘন। সেই বাবে ছাফচিকুণতাৰ দিশত দেশখনৰ অৱস্থা অতি শোচনীয়।
২। ২০২১-২২ বিত্তীয় বৰ্ষত বাংলাদেশৰ জনমূৰি আয় ২,৮২৪ ডলাৰ বা ২,৪১,৪৭০ বাংলাদেশী টাকালৈ বৃদ্ধি পাইছে, যিটো যোৱা বিত্তীয় বৰ্ষত (২০২০-২১) ২,৫৯১ ডলাৰ আছিল ।
আনহাতে বৰ্তমান মূল্যত ভাৰতৰ জনমূৰি আয় ২০১৯-২০ চনৰ ১.৩২ লাখ টকাৰ তুলনাত ২০২০-২১ চনত হ্ৰাস পাই ১.২৭ লাখ টকা হৈছিল। স্থিৰ মূল্যত বিগত বৰ্ষত ভাৰতৰ বাৰ্ষিক জনমূৰি আয় পুনৰ হ্ৰাস পাই বিগত ২০২১-২২ বর্ষত ক’ভিড হৈছে গৈ মাত্ৰ ৯১,৪৮১ টকা ।
৩ ৷ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা লাভৰ বাবে বাংলাদেশত ৫৩খন ৰাজহুৱা বিশ্ববিদ্যালয়, ১১২ খন স্বীকৃতিপ্ৰাপ্ত চিকিৎসা মহাবিদ্যালয়, ১০৫খন ইঞ্জিনীয়াৰিং কলেজ, ৩১৯২খন কলেজ আৰু সৰ্বমুঠ ২৩৫০০ খন হাইস্কুল আৰু ১০৮৫১৫ খন প্ৰাথমিক স্কুলৰ লগতে ৬০০০ খন কোৱামি মাদ্ৰাছা আৰু ৭০০০খন আলিয়া মাদ্ৰাছা আছে। আলিয়া মাদ্ৰাছাত বিজ্ঞান, গণিত, ইংৰাজী আৰু বঙালী ভাষা পঢ়ুৱা হয় । আনহাতে কোৱামি মাদ্ৰাছাত অকল ইংৰাজী আৰু গণিত শিকোৱা হয়। ইয়াৰ উপৰিও বাংলাদেশত পাঁচখন টেক্সটাইল বিশ্ব বিদ্যালয় আৰু একচল্লিশ খন টেক্সটাইল কলেজ আছে।
৪৷ বাংলাদেশৰ কপাহী কাপোৰ যথেষ্ট উন্নত মানদণ্ডৰ বুলি জনা যায় । সমগ্ৰ বিশ্বত বাংলাদেশৰ কপাহী কাপোৰৰ চাহিদা বহুত বেছি। অনুকূল জলবায়ুৰ বাবে কপাহো যথেষ্ট উৎপাদন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশে কপাহ আৰু মৰাপাটৰ খেতিৰ বাবে এক সেউজ বিপ্লৱ আৰম্ভ কৰি পৃথিৱীৰ বিভিন্ন দেশলৈ কপাহী কাপোৰ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ।
বিগত সাত বছৰত বাংলাদেশৰ কাপোৰ উদ্যোগে বাৰ্ষিক ৰাজহ ১৯ বিলিয়ন ডলাৰৰ পৰা ৩৪ বিলিয়ন ডলাৰলৈ প্ৰায় ৭৯% বৃদ্ধি হৈছে । ইয়াৰ ফলত দেশখন বিশ্বৰ দ্বিতীয় বৃহত্তম কাপোৰৰ ৰপ্তানিকাৰক হিচাপে পৰিগণিত হৈছে, বাংলাদেশৰ মুঠ ৰপ্তানিৰ আয়ৰ ৮০ শতাংশই এই খণ্ডটোৱে লাভ কৰিছে । হা-মীম হৈছে বাংলাদেশৰ সৰ্বাধিক জনপ্ৰিয় কাপোৰৰ ব্ৰেণ্ড।
৫। তুলনাত্মক ভাৱে দুখীয়া বাংলাদেশৰ ৰাজপথত বিভিন্ন নামী দামী জাপানীজ গাড়ীবোৰ দেখি মনত বহুত প্ৰশ্নৰ উদয় হৈছিল। পাছত গম পাইছিলো যে জাপানৰ ব্যৱহাৰ হোৱা গাড়ী আৰু বিভিন্ন যন্ত্ৰ পাতি বাংলাদেশলৈ আমদানি কৰা হয় । এই গাড়ী আৰু যন্ত্ৰ পাতিবোৰ জাহাজ যোগে জাপানৰ পৰা চিট্টাগঙ বন্দৰলৈ অনা হয়। ঢাকাৰ ওচৰৰ আসুলিয়াত থকা ব্যৱহৃত গাড়ী আৰু যন্ত্ৰ পাতিৰ পাইকাৰী বজাৰ খনত গৈ জাপানৰ নামী দামী গাড়ীবোৰ একেবাৰে পানীৰ দামত বিক্রী হৈ থকা দেখি বুজিছিলো যে বাংলাদেশী সকলে আঠুৱা চাই ঠেং মেলিব জানে।
৭৷ সাম্প্ৰতিক শ্বেখ হাছিনাৰ চৰকাৰে জাপান আৰু মধ্য এছিয়াৰ ধনী দেশ সমূহৰ সহায়লৈ পৰিবহন, শিল্প, শক্তি আদিৰ লগতে দেশখনৰ আন্তঃগাঁঠনিৰ সবলীকৰণৰ বাবে যথেষ্ট আগভাগ লোৱাৰ কথা জানিব পাৰিছিলো । দেশখনৰ শ্বাহ জালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভৰি থৈয়েই ওচৰতে নিৰ্মাণৰত হৈ থকা বিশালাকাৰ আনটো বিমানবন্দৰ দেখিয়েই বুজিব পাৰিছিলো যে বাংলাদেশে প্ৰগতিৰ পথত খোজ পেলাইছে। বিমানবন্দৰৰ পৰা হোটেললৈ আহি থাকোতেই চকুত পৰিছিল ঢাকাৰ তেজগাঁৱৰ মহখালী আৰু কমলাপুৰ হৈ কুটুবখালীৰ সৈতে শ্বাহজালাল বিমানবন্দৰক সংযোগী সাতচল্লিচ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঢাকা এলিভেটেড এক্সপ্ৰেছৱে প্ৰকল্পৰ কাম ।
আসুলিয়াত যোৱাৰ সময়ত দেখিছিলো জাপানৰ সহযোগত উত্তৰা আৰু মোতিজীল সংযোগী বিশ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেত্র ৰেল প্ৰকল্পৰ কাম । আমি যিটো সময়ত কা আন্দোলন কৰি জাপানৰ প্ৰয়াত প্ৰধানমন্ত্ৰী চিনজো আবে অসমলৈ
অহাৰ হেঙাৰ হৈছিলো তেতিয়া তেওঁ বাংলাদেশক মেট্ৰ ৰেল প্ৰকল্প উপহাৰ দি জাপানলৈ উভতিছিল।
মোৰ এই সীমিত বাংলাদেশ ভ্ৰমণ কালত দেশখনত নিৰ্মাণ হৈ থকা ২.৪ গিগাৱাট ৰূপ পুৰৰ একমাত্ৰ পাৰমাণৱিক শক্তি উৎপাদন কেন্দ্ৰটো চোৱাৰো সৌভাগ্য ঘটিছিল।
মুঠৰ ওপৰত তিনিদিন ধৰি ৰাজধানী ঢাকা আৰু ইয়াৰ উপকন্ঠৰ অঞ্চল সমূহত ভ্ৰমণ কৰাৰ সময়ত আমাৰ অসমলৈ প্ৰব্ৰজন কৰা বাংলাদেশী লোক সকলৰ বিপৰীতে ঢাকাত কিছু সংখ্যক মহিলাকহে বোৰ্খা পৰিধান কৰা দেখিছিলো । পুৰুষৰ সমানে সমানে মাৰ্জিত ভাবে শাৰী, চুড়িদাৰ আৰু হিজাব পৰিহিত মহিলা সকল বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈ যোৱা দেখিছিলো। বৰ্তমান বাংলাদেশত নাৰীৰ শিক্ষা আৰু কৰ্ম সংস্থাপনৰ প্ৰতি অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে । বৰ্তমানৰ আৱামী লিগ চৰকাৰখনে যৌন উৎপীড়ন আৰু বিবাহ বিচ্ছেদৰ প্ৰতিৰোধ কৰাৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰা লগতে জন্ম নিয়ন্ত্ৰণৰ আৰু নাৰী সৱলীকৰণ প্ৰতিও সমাজত সচেতনতা জগাই তুলিছে ।
এটা কথা অকপট ভাৱে স্বীকাৰ কৰিব লাগিব যে বাংলাদেশী সকল কঠোৰ পৰিশ্ৰমী । সময়ৰ অপব্যৱহাৰ নকৰি সকলো সময়তে দুপইচা আৰ্জনৰ কথা চিন্তা কৰে । প্ৰতিটো শুকুৰবাৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন যদিও বেচিভাগ বেচৰকাৰী প্ৰতিষ্ঠান খোলা ৰখা দেখা গৈছিল। প্ৰতিস্থান সমূহৰ প্ৰাৰ্থনাৰ গৃহতে কৰ্মচাৰী সকলক নামাজ পাঠ কৰি পুনৰ কামত লাগি যোৱা দেখিছিলোঁ। ধৰ্ম আৰু কৰ্ম দুয়োটাকে সমান্তৰাল কৈ পালন কৰি যোৱা দেখি অনুপ্ৰাণিত হৈছিলো। শুকুৰবাৰে ব্যস্ত ঢাকা মহানগৰীৰ কোনো ৰাস্তা পথত যানযটৰ সৃষ্টি কৰি নামাজ পঢ়া নেদেখিলো। প্ৰায়বোৰ মছজিদত নিয়মানুবৰ্তিতাৰে নামাজ পাঠ কৰা দেখিলো। কোনো মছজিদতে উচ্চ প্ৰাবল্যৰ শব্দত মাইকত নামাজ পঢ়া শুনা নাছিলো । বৰঞ্চ নৱী মহম্মদলৈ কৰা নামাজৰ সৰল আৰু পবিত্ৰ শব্দই মনলৈ পৱিত্ৰতা নমাই আনিছিল।
মোৰ যাত্ৰা কালত দুই এজন বাংলাদেশী নাগৰিকক সাক্ষাত কৰা সময়ত আমাৰ দৰে তেওঁলোকৰ মাজতো অতিথিক আপ্যায়ন কৰা পৰম্পৰা আছে । অতিথিক চাহ জলপান নুখুৱাকৈ নেৰে ।
এইবোৰ দেখি শুনি এটা কথা অনুভৱ কৰিছিলো যে সচৰাচৰ আমি ভবাৰ দৰে বাংলাদেশ খন আজি ইমানো পিছ পৰি থকা নাই।
সাম্প্ৰতিক সময়ত ধৰ্মীয় গোড়ামি পৰা আতঁৰি দেশখনে শিক্ষা, ব্যৱসায়, পৰিবহন, যোগাযোগ, শিল্প আৰু উদ্যোগ, পৰ্যটনৰ বিকাশ প্ৰতি যথেষ্ট আগভাগ লোৱা দেখা গৈছে । বংগবন্ধু তথা বাংলাদেশৰ ৰাষ্ট্ৰপিতা প্ৰয়াত শ্বেখ মুজিবুৰ ৰহমানৰ জ্যেষ্ঠ কন্যা শ্বেখ হাছিনাৰ নেতৃত্ব এসময়ৰ দৰিদ্ৰ দেশ খনে আজি প্ৰগতিৰ দিশত সো সোৱাই আগুৱাই যাব ধৰিছে
। ইয়াৰ পৰা এটা কথা বুজিব পৰা গৈছে যে এখন দেশ বিকাশৰ পথত আগুৱাই যাবলৈ হ'লে এজন দূৰদৰ্শী শাসকৰ লগতে দেশখনৰ নাগৰিক সকলো ধৰ্মীয় গোড়ামিৰ পৰা আঁতৰি আহি দেশৰ উন্নয়ন আৰু বিকাশৰ প্ৰতি সচেতন হোৱাৰ অতি প্ৰয়োজন। আজিৰ প্ৰগতিশীল বাংলাদেশে ধৰ্মীয় আস্থাক দেশৰ বিকাশৰ হেঙাৰ হ'বলৈ নিদি অনুপ্ৰেৰণা আৰু আত্মবিশ্বাসৰ আধাৰ হিচাপে লোৱা উচিত বুলি প্ৰমাণ কৰি দিছে । একমাত্র গোড়া ধৰ্মীয় চিন্তাধাৰাই জীৱনৰ লক্ষ্য নহয় । পৃথিৱীৰ সকলোবোৰ ধৰ্ম গ্ৰন্থতো একমাত্র ধৰ্মীয় হোৱাৰ বিপৰীতে ধাৰ্ম্মিক আৰু কৰ্মমূখী হ'বলৈ উপদেশ দিয়া হৈছে। ৰাষ্ট্ৰধৰ্ম হৈছে পৰম ধৰ্ম গতিকে আহঁকচোন আমি সকলোৱেই ধৰ্মীয় গোড়ামিৰ পৰা আঁতৰি এখন বিকশিত ভাৰত গঠনত নিজৰ সাধ্যাতীত অৰিহণা আগবঢ়াই যাওঁ ।
ধন্যবাদ ।
ঠিকনাঃ
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।
অঙ্গন: পৃষ্ঠাঃ ৯
অসমীয়া ভাষা আৰু নিবনুৱা
জোন হাজৰিকা
অলপদিন আগতে পেট্ৰ'ল পাম্পত পেট্ৰ'ল ভৰাব গ'লো। তেল দিয়া ল'ৰাটোক ক'লো সাতশ উনত্ৰিশ টকাৰ দিয়া । সি কৈছে " কিটনা ? "মই ক'লো সাতশ উনত্ৰিশ। সি হিন্দীত ক'বলৈ ক'লে নক'লো। বেচেৰাই বুজি নাপাই ইজনৰ মুখলৈ চালে, সিজনৰ মুখলৈ চালে। মোৰ পাছৰজনক সি পুনৰ সুধিলে "কিটনা ? " মোৰ পাছৰজনে মোৰ দৰেই ক'লে তিনিশ উনচল্লিছ । পেট্ৰ'ল ডিপোত তেল ভৰাবলৈ অহা প্ৰত্যেকেই কথাটো লক্ষ্য কৰি আছিল। সকলোৱে তেনেধৰণেই পেট্ৰ'ল বিচাৰিলে। এটা সময়ত কাউণ্টাৰৰ পৰা আনএজন মানুহ আহি সকলোকে অসমীয়াতে কথা সুধি পেট্ৰ'ল দিলে । লগৰবোৰক কথাটো ক'লোহি। সিহঁতেও পেট্ৰ'ল ভৰাব আহিলে তেনেদৰেই অসমীয়াত কয়। দুদিনমান আগত তাত পেট্ৰ'ল ভৰাব গৈ দেখিলো অসমীয়া ছোৱালী এজনীয়ে পেট্ৰ'ল দি আছে। অসমৰ এনেকুৱা হাজাৰ হাজাৰটা পেট্ৰ'ল পাম্পত আপোনালোকে অসমীয়াত কথা ক'বলৈ লওকছোন হাজাৰটা তেল দিয়া অসমীয়া ল'ৰা পাব ।
দিনটোত আমাৰ প্ৰত্যেকৰে ভালেমান ফোনকল আহে ।বিভিন্ন কোম্পানীৰ প্ৰমোশ্যনেল কল। বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পানী ,বিভিন্ন সামগ্ৰী নিৰ্মাতা কোম্পানী ,হস্পিটেলিটি,টেলিকম, ডি টি এইচ ,গাড়ী বিক্ৰী তথা এশ এটা কোম্পানীৰ ফোন আহে। সেই কোম্পানীবোৰে কল চেণ্টাৰৰ জড়িয়তে বা নিজা পাব্লিক ৰিলেশ্ব্যন চেণ্টাৰ ,চেলছ এক্সিকিউটিভৰ দ্বাৰা এই ফোনবোৰ কৰোৱাই। উদ্দেশ্য নিজৰ নিজৰ কোম্পানীৰ ব্যৱসায় বিস্তাৰ কৰা। নিজৰ নিজৰ প্ৰডাক্ট বা সেৱা বিক্ৰী কৰাই তেওঁলোকৰ উদ্দেশ্য ।আগতে এনেকুৱা ফোন আহিলে সাধাৰণতে ফোনটো কাটি দিও ।আজিকালি আজৰি সময়ত তেনেকুৱা ফোনকল আহিলে ফোনটো উঠাও। হিন্দী বা ইংৰাজীত সিফালৰ পৰা কথা কোৱা আৰম্ভ কৰে ।মই অসমীয়াতএ কও " সুপ্ৰভাত বা শুভ আবেলি " । ফোনকৰাজনে কিবা বুজি পায়নে নাপাই নাজানো। কিন্তু বাৰে বাৰে একেটাই কথা কয় "Sir are you comfortable in English or Hindi ?
মই হিন্দী বা ইংৰাজী কথা খিনিযে বুজি নাই পোৱা তেনে নহয়। উত্তৰটোও হিন্দী বা ইংৰাজীত দিব পাৰো। কিন্তু অসমীয়াত কও।অসমীয়াত কথা ক'বলৈ কও ।কাৰণ মোৰ প্ৰয়োজনতটো সিহঁতক ফোন কৰা নাই যে মোৰ মাতৃভাষা বাদ দি বেলেগ ভাষাত কথা পাতিম। এটা সময়ত সিহঁতে ফোনটো কাটি দিয়ে আৰু হিন্দী বা ইংৰাজীতে কয় যে "আপোনাৰ সৈতে অতি সোনকালেই অসমীয়াত যোগাযোগ হ'ম " ।কেতিয়াবা কেতিয়াবা দুই তিনিদিন পাছত অসমীয়াত পুনৰ কলবেক কৰে।
কথাটো দেখাত সাধাৰণ। কিন্তু সাধাৰণ নহয়। প্ৰত্যেকজন অসমীয়া মানুহে যদি এনেধৰণৰ ফোনকলবোৰত অসমীয়াত কথা পাতিবলৈ লয় দেশৰ প্ৰত্যেকটো কোম্পানীত এজন হ'লেও অসমীয়া যুৱক যুৱতী চাকৰিত ৰাখিব যি অসমীয়া মানুহৰ সৈতে যোগাযোগ কৰিব। আজিকালি এনেও অনলাইনত সামগ্ৰী আৰু সেৱা বিক্ৰী বহু বাঢ়ি গৈছে। গুজৰাট, হাৰিয়ানা,দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আজি হ'ল গোটেই দেশৰ ব্যৱসায় বাণিজ্য নিয়ন্ত্ৰণ কৰি ৰখা ঠাই। এই অঞ্চলৰ ভাষা ব্যৱহাৰ কৰি সকলোতে নিজৰ সামগ্ৰী বা সেৱা বিক্ৰী কৰে । মোক কোনোবাই বস্তু বিক্ৰী কৰিব আৰু সিহঁতে মোৰ ভাষাত কথা পাতিব নোৱাৰে সেইটো আকৌ কেনেকুৱা কথা ।
ঘৰুৱা বস্তু আনিবলৈ দোকান গ'লো।দোকানীজন অসমীয়াই । দোকানীজনক বুট আধা কেজি দিবলৈ ক'লো। দোকানীজনে দোকানত কাম কৰা ল'ৰাটোক ক'লে " চানা হাফ কিলো " । মই ক'লো মোক বুটহে লাগে। দোকানীজনে হাঁহি ক'লে ইহঁতি (কাম কৰা ল'ৰাটো)চানা বুলিহে কয়। মই ক'লো আপুনি লিখোতেও চানাহে লিখিছে কিন্তু। এতিয়া মই দোকানত গ'লে বুট আধা কিলো বুলিয়েই জুখিবলৈ কয় ।বুট বুলিয়েই লিখে ।
নিজৰ ভাষাটোক সন্মান সহকাৰে ব্যৱহাৰ কৰাতহে অসমীয়াৰ জাতীয়তাবোধ আছে। কেৱল ভাষা গ'ল ভাষা গ'ল বুলি ক'লেই অসমীয়া ভাষা ৰক্ষা নহয় ।
ঠিকনাঃ
নাট্যশিল্পী তথা আকাশবাণী নগাঁও কেন্দ্ৰৰ ঘোষক জোন হাজৰিকা
অঙ্গন: পৃষ্ঠাঃ ১০
ইংলেণ্ডৰ মহাৰাণী দ্বিতীয় এলিজাবেথ
মালবিকা শৰ্মা
মহাৰাণীৰ সম্পূৰ্ণ নাম আছিল এলিজাবেথ আলেকজেণ্ড্ৰা মেৰী। তেওঁৰ জন্ম ২১ এপ্ৰিল ১৯২৬ চনত আৰু মৃত্যু ৮ ছেপ্টেম্বৰ ২০২২ চনত। তেওঁ ১৯৫২ চনৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ২০২২ চনৰ মৃত্যুলৈকে যুক্তৰাজ্য আৰু অন্যান্য কমনৱেলথ ৰাজ্যৰ ৰাণী আছিল আৰু মৃত্যুৰ সময়লৈকে ইয়াৰে ১৫ খনৰ ৰজা হিচাপে নিযুক্ত আছিল। তেওঁৰ ৭০ বছৰ ২১৪ দিনৰ ৰাজত্বকাল যিকোনো ব্ৰিটিছ ৰজাৰ ভিতৰত আটাইতকৈ দীঘলীয়া আৰু ইতিহাসৰো আটাইতকৈ দীঘলীয়া ৰাজত্ব, ফ্ৰান্সৰ চতুৰ্দশ লুইৰ পিছত।
মহাৰাণী এলিজাবেথৰ ৰাজত্বকালত উল্লেখযোগ্য পৰিঘটনাসমূহৰ ভিতৰত আছে ১৯৫৩ চনত এলিজাবেথৰ ৰাজ অভিষেক আৰু ১৯৭৭, ২০০২, ২০১২, আৰু ২০২২ চনত ক্ৰমে ৰূপালী, সোণালী, হীৰা, আৰু প্লেটিনাম জয়ন্তী উদযাপন। বিশেষকৈ তেওঁৰ সন্তানৰ বিবাহৰ বিচ্ছেদ, ১৯৯২ চনত আৰু ১৯৯৭ চনত তেওঁৰ প্ৰাক্তন বোৱাৰী ডায়েনাৰ (প্ৰিন্সেছ অৱ ৱেলছ) মৃত্যুৰ পিছত তেওঁ মাজে মাজে গণতান্ত্রিক আৱেগ আৰু সংবাদ মাধ্যমৰ সমালোচনাৰ সন্মুখীন হৈছিল। অৱশ্যে প্ৰজাৰ সমৰ্থনৰ কাৰণে যুক্তৰাজ্যৰ ৰাজতন্ত্ৰত তেওঁ জীৱনৰ শেষলৈকে জনপ্ৰিয় ৰাণী হৈ আছিল।
এলিজাবেথৰ মৃত্যু হয় ৯৬ বছৰ বয়সত এবাৰডিনশ্বাইৰৰ বালমোৰল কেছলত আৰু তেওঁৰ পিছত তেওঁৰ ডাঙৰ পুত্ৰ তৃতীয় চাৰ্লছৰ ৰাজত্ব হয়।
ইংলেণ্ডৰ মহাৰাণীৰ মৃত্যু হ’ল। মৃত্যুৰ সময়ছোৱাত ৰাজপ্ৰাসাদৰ আগত ম্ৰিয়মান প্ৰজাই মহাৰাণীৰ বাবে প্ৰাৰ্থনা কৰি আছিল। মৃত্যুৰ সময়ত আকাশত দুডালকৈ ৰামধেনুৰ আবিৰ্ভাৱে এক স্বৰ্গীয় পৰিবেশৰ সৃষ্টি কৰিছিল।
ঠিকনাঃ
ভূৱনেশ্বৰ
অঙ্গন: পৃষ্ঠাঃ ১১
ফেচবুক গোট অঙ্গনত অনুস্থিত বিভিন্ন প্ৰতিযোগিতাত স্থান প্ৰাপ্ত প্ৰবন্ধ আৰু কবিতাঃ
প্ৰথম
অন্ধবিশ্বাসৰ আবৰ্তত আধুনিক সমাজ
মৌচুমী বৰঠাকুৰ গোস্বামী
যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় , বিজ্ঞানে যিবোৰ ধাৰণা অসত্য বা অযুক্তিকৰ বুলি প্ৰমাণিত কৰে ,সেই ভুল ধাৰণা সমূহেই হৈছে অন্ধবিশ্বাস। পৰিবেশৰ অবাঞ্চিত বিশৃংখলিত প্ৰদূষণে আমাৰ চৌপাশৰ মানুহৰ সুস্থ জীৱন ধাৰণৰ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে, ঠিক একেদৰে অন্ধবিশ্বাসে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় সম্পৰ্কসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে।
যিসকল লোকে বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা অৰ্থহীন বুলি প্ৰমাণ হোৱা পিছতো কোনো এটা বিষয়কে খামুচি ধৰি থাকিব বিচাৰে সেইসকলেই অন্ধবিশ্বাসী৷ বাহ্যিকভাৱে আধুনিক সাজ-পাৰ পিন্ধিলেও, অন্ধবিশ্বাসত ডুব গৈ থকা ঠেক মানসিকতাৰে পৰিপুষ্ট মানুহৰ সংখ্যাই আমাৰ সমাজখনৰ অগ্ৰগতিত বাধা প্ৰদান কৰে। আজিৰ শতিকাতো আমাৰ আধুনিক সমাজখনতো অন্ধবিশ্বাস প্ৰসাৰতাই গ্ৰাস কৰি ৰাখিছে।
অন্ধবিশ্বাস সৰ্বসাধাৰণৰ মাজত প্ৰচলিত হৈ থকাৰ মূল কাৰণ হৈছে - জ্ঞানৰ অভাৱ যাৰ বাবে মানুহ কু-সংস্কাৰ, অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়।
ভ্ৰমণে মানুহৰ মনৰ পৰিধি বহল কৰে, ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাব বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। যাৰ ফলত পুৰণিকলীয়া নীতি-নিয়মতে তেওঁলোক আৱদ্ধ হৈ থাকে, কিছু সংখ্যক জনসাধাৰণৰ অন্ধবিশ্বাসী হৈ থকাৰ ই এটা অন্যতম কাৰণ। বৈজ্ঞানিক দৃষ্টিভংগীক স্বীকাৰ নকৰা লোক সকলে খোজে প্ৰতি অন্ধবিশ্বাসৰ বলি হৈ পৰে।
আমাৰ দৈনন্দিন জীৱনতো এনে বহু অন্ধবিশ্বাসৰ উদাহৰণ পৰিলক্ষিত হয়,
ৰাতিপুৱা শুই উঠি চোতালত এটা শালিকা দেখিলেই আমাৰ দিনটোৰ আৰম্ভণি অশুভ বুলি ভবা লোক আমাৰ মাজতে আছে। কিন্তু যুক্তিসন্মতভাৱে যদি আমি সিহঁতক দেখুৱাও যে এটা শালিকা দেখা প্ৰতিটো দিন আমাৰ বেয়াকৈ পাৰ হোৱা নাই বা দুটা দেখা দিনবোৰো সদায় ভাল হোৱা নাই। কেতিয়াবা যদি আকস্মিক ভাবে মিলিও যায় সেয়া কোনো যুক্তিৰ বিষয় হ'ব নোৱাৰে।
গাড়ীখন চলাই যাওঁতে সন্মুখেৰে মেকুৰী এটা পাৰ হৈ গলে বহুজনে গাড়ী বন্ধ কৰি দিয়ে বা অলপ পাছলৈ গৈ হে পুনৰ চলাবলৈ আৰম্ভ কৰে। বেছিসংখ্যক লোকৰ মতে মেকুৰী অমংগলীয়া প্ৰাণী।সেয়ে কিবা দুৰ্ঘটনা হোৱাৰ আশংকাত এনে ব্যৱহাৰ কৰে বুলি জনা যায়। কিন্তু ইয়াৰ কোনো যুক্তিগত প্ৰমাণ নাই।
সমাজত নাৰীৰ প্ৰতি অৱজ্ঞা আৰু বৈষম্যও অন্ধবিশ্বাসৰেই ফল।
আমি যিমানেই আধুনিক হৈছো তথাপিও আমাৰ মাজৰে কিছু লোকে সমাজত বিধৱা মহিলা এগৰাকী বা সন্তানহীন মহিলাৰ ক্ষেত্ৰত যিমান বাধা নিষেধ কৰে বা মাঙ্গলিক কৰ্মৰ পৰা আতঁৰাই ৰাখে। কিন্তু সেই একে নিয়ম পত্নীহাৰা পুৰুষজনৰ ক্ষেত্ৰত কেতিয়াও দেখা নেযায়। সমাজত সৃষ্টি হোৱা বিভিন্ন অযুক্তিকৰ ধাৰণাবোৰৰ অন্যতম ডাইনী বিশ্বাস , যি মূলত মহিলাৰ লগতেই জড়িত। সাধাৰণতে ডাইনী বুলি অভিযুক্ত কৰাসকল প্ৰায়ে মহিলা। এই কু-প্ৰথাৰ আঁৰত কাম কৰে অনগ্ৰসৰতা , ঈৰ্ষা , ব্যক্তিগত , সামাজিক তথা ৰাজনৈতিক ষড়যন্ত্ৰ ইত্যাদি ভিন্ন কাৰকে।
অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত সজাগতা হ'ল এটা শক্তিশালী আহিলা। অন্ধবিশ্বাসৰ ফলতে এখন ঘৰ বা এখন সমাজ ধ্বংস হৈ যাব পাৰে ।
বিদ্যালয়ৰ পাঠ্যক্ৰমত এনে বিষয় অন্তৰ্ভুক্ত কৰা উচিত যাতে ছাত্ৰ- ছাত্ৰীয়ে অন্ধবিশ্বাস, কুসংস্কাৰৰ ভয়াবহতা সৰুৰে পৰা বুজি উঠে। সমাজত অন্ধবিশ্বাসৰ প্ৰতি প্ৰতিবাদী বৈজ্ঞানিক দৃষ্টিভংগীমূলক সজাগতা অনাৰ চেষ্টা কৰিব লাগে। জনসাধাৰণৰ মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিৰ্মূল কৰাৰ বাবে বৈজ্ঞানিক চিন্তাধাৰাৰে সুস্থ মানসিকতা গঢ় লৈ উঠাটো অত্যন্ত প্ৰয়োজন। যুক্তিগত প্ৰমাণৰ তথ্য লৈ থিয় দিব পৰাকৈ সাহ কৰিব পৰা এক নৱপ্ৰজন্ম সুস্থ সমাজ ব্যৱস্থাৰ বাবে বৰ্তমান সময়ত অপৰিহাৰ্য অংগ। অন্যথা অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ বাবে এক মাৰাত্মক ব্যাধি হৈয়েই ৰ'ব। একে সময়তে নৱপ্ৰজন্মক প্ৰয়োজন নৈতিক , সাংস্কৃতিক , মানৱীয় গুণেৰে পৰিপুষ্ট এক সামাজিক দায়বদ্ধতাৰো। যাৰ ফলত অন্য দেশবোৰৰ দৰে আমাৰ সমাজব্যৱস্থাও উন্নত হ'ব পাৰে আৰু নিৰপৰাধী বহুতো ব্যক্তিয়ে যাতে সমাজত বিনাদ্বিধাই কৰ্মমুখী হৈ জীয়াই থাকিবলৈ সক্ষম হয়।
ঠিকনাঃ
দুলীয়াজান।
অঙ্গন: পৃষ্ঠাঃ ১২
দ্বিতীয়
অন্ধবিশ্বাসৰ আবৰ্তত আধুনিক সমাজ
নিৰুপমা শইকীয়া
অন্ধবিশ্বাস হ'ল যুক্তিৰ ওপৰত প্ৰতিস্থিত নোহোৱা ধাৰণা বা বিশ্বাস, অথাৎ বিজ্ঞানে যিবোৰ ধাৰণা, ঘটনা ,বিশ্বাসক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে। অন্ধবিশ্বাস শব্দটো ইংৰাজী প্ৰতিশব্দ "superstition"। লেটিন শব্দ " stare" পৰা আহিছে ।অন্যহাতে আধুনিক সমাজ বুলি ক'লে সমাজৰ পুৰণিকলীয়া ভাৱধাৰাৰ
পৰা আঁতৰি বৈজ্ঞানিক চিন্তা ধাৰাৰ জৰিয়তে লোৱা বাস্তৱমৃখী সিদ্ধান্তৰ এক
স্বৰূপ ।
ভগৱানে সৃষ্টি কৰা জীৱৰ ভিতৰত মানুহেই বোলেই শ্ৰেষ্ঠ জীৱ, কিন্তু আজি একৈশ শতিকাত মানুহক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যিমানেই নতুনত্ব দিয়ক কিয়, এতিয়াও বহুসংখ্যক লোক অন্ধবিশ্বাসৰ কৰাল গ্ৰাহৰ পৰা মুক্ত নহয়।যাৰ ফলস্বৰূপে, নিজৰ নিজৰ ঘৰখনলৈ বিশৃংখলতা অনাৰ লগতে দয়া, ক্ষমা, মৰম, চেনেহ আদি মানৱীয় প্ৰমূল্যবোধত ক'ৰবাত নহয় নিশ্চয় আঘাত সানিছে লগতে ইয়াৰ বিষবাস্প সমাজলৈও বিয়পি পৰিছে। বৰ্তমানেও আমাৰ সমাজখন অন্ধবিশ্বাসৰ আবৰ্তত থকাৰ মুখ্য কাৰণ সমূহ এনেধৰণৰ,
শিক্ষা-দীক্ষাৰ অভাৱৰ ফলত সমাজৰ মানুহৰ মাজত অন্ধবিশ্বাস, কু-সংস্কাৰ আদিয়ে গা কৰি উঠিছে ।কিয়নো, এখন সমাজৰ সকলো মানুহ সমানে শিক্ষিত নহয় যাৰ ফলস্বৰূপে এতিয়াও অন্ধবিশ্বাসৰ প্ৰভাৱ পৰা দেখা যায় ।
বিজ্ঞানসন্মত তথা যুক্তিবাদী চিন্তা-ধাৰাৰ অভাৱৰ বাবেই সমাজৰ একাংশ লোক এতিয়াও অন্ধবিশ্বাসী হৈ আছে ।
উন্নত মানদণ্ডৰ যাতায়াতৰ অসুবিধা হোৱাৰ হেতুকে ভিতৰুৱা অঞ্চলৰ মানুহে বাহিৰৰ
অঞ্চলৰ মানুহৰ মাজত সমতা ৰখা, মত বিনিময় কৰা, চাল-চলন, আচাৰ-ব্যৱহাৰ আদিৰ সমন্ধ ৰখাৰ পৰা বিৰত থকা ফলত পুৰণি-কলীয়া চিন্তা-ধাৰা বোৰকে খামুচি ধৰি থকাৰ বাবে অন্ধবিশ্বাসৰ পৰা এতিয়াও মুক্ত নহয় ।
সমাজৰ এচাম সুবিধাবাদী ব্যক্তিৰ নেতৃত্বৰ
বাবে অন্ধবিশ্বাস গা কৰি উঠিছে। ধৰ্মীয় বিশ্বাসৰ নামত অন্ধবিশ্বাস, কুসংস্কাৰ, সাম্প্ৰদায়িক সংঘৰ্ষ, সমাজত শ্ৰেণীবিভাজন আদিৰ সৃষ্টি কৰি মানুহৰ মাজত অন্ধবিশ্বাসৰ সৃষ্টি কৰিছে ।
সমাজত পুৰণি কালৰে পৰা চলি অহা পৰম্পৰা, লোকাচাৰ আদিবোৰ জন্মৰ পৰাই দেখি অহা ফলত কিছুমান অন্ধবিশ্বাস, এটা সময়ত অভ্যাসত পৰিণত হোৱা দেখা গৈছে ।উদাহৰণস্বৰূপে, যাত্ৰা কৰোঁতে পাছৰ পৰা মাতিলে অশুভ, মেকুৰীয়ে চিঞৰিলে অশুভ, জেঠী মানুহৰ গাত পৰিলে স্থান ভেদে অশুভ । ভূত-পেত, গছ-গছনি মাজতো অশুভ শুভ কথা প্ৰায়েই শুনি আহিছোঁ।
বিজ্ঞানৰ যুগতো জোতিষ বিদ্যাৰ ওপৰত অগাধ বিশ্বাস। ইয়াৰ উপৰিও আজিও মানুহে ডাক্তৰ পৰিৱৰ্তে বেজৰ ওচৰলৈ গৈ তাবিজ, মাদুলি, জৰা-ফুঁকা আদি ওপৰত বিশ্বাস কৰে । বিগত দিনৰ "ক'ৰ'না " মহামাৰী হওঁতে বহুত জনা-বুজা মানুহে ডাক্তৰ ওচৰলৈ নোযোৱা
কাহিনী আমি দূৰদৰ্শনত নিজ চকুৰে দেখিলোঁ । আকৌ, "ডাইনী "ৰ কথা নকলেও হ'ব নিশ্চয় । আজি বিশ দিন মানৰ আগতে দূৰদৰ্শনত ডাইনী বুলি নিৰ্দোষীক কৰা অত্যাচাৰ দেখা পাছত বুজি পালোঁ যে ডাইনী প্ৰাদুভাৱ বৰ্তমানেও শেষ হোৱা নাই ।
ওপৰত কেইটামান কাৰণ হে চমুকৈ বৰ্ণনা কৰিলো। কিন্তু এইবোৰৰ নিবাৰণৰ ব্যৱস্থাও আমিয়েই ল'ব লাগিব। এই ক্ষেত্ৰত ল'ব পৰা পদক্ষেপবোৰ হ'ল,
সমাজৰ শিক্ষিত লোক সকল একগোট হৈ জনগণক সজাগ কৰিবৰ বাবে সজাগতা সভা পাতিব লাগিব। প্ৰয়োজন সাপেক্ষে বাটৰনাট ,সভা-সমিতি আদি পাতিব লাগিব ।
চৰকাৰী পক্ষই অকণমান সহযোগ কৰিব পাৰে, অন্ধবিশ্বাস কেনেকৈ দূৰ কৰিব পাৰি তাৰ বাবে কিছুমান পাঠ পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰিব পাৰে। স্কুলত ছাত্ৰ -ছাত্ৰীক অন্ধবিশ্বাসৰ সম্পৰ্কে সৰুৱে পৰাই আমাৰ সন্মানীয় শিক্ষাগুৰু সকলে যদি যুক্তি সহকাৰে বুজাই দিয়ে নিশ্চয় উঠি অহা প্ৰজন্মই অন্ধবিশ্বাসৰ ওপৰত শুদ্ধ সিদ্ধান্ত ল'ব পাৰিব।
ওপৰত উল্লেখ কৰা দিশ সমুহ চালি-জাৰি চাই এটা সিদ্ধান্তত উপনীত হ'ব পাৰি, মানুহে যি মুহূৰ্তত অন্ধবিশ্বাসনো কি, তাক জানি -বুজি এক বিজ্ঞান সন্মতভাৱে সিদ্ধান্ত ল'ব তেতিয়াহে ঘৰখনেই হওক বা সমাজখনেই হওক উন্নতিৰ দিগন্তলৈ ঢাপলি মেলিব অন্যথা অন্ধবিশ্বাস পৃথিৱীত বোজা ৰূপেই পৰিগণিত হ'ব।
ঠিকনাঃ
ডুমডুমা (তিনিচুকীয়া)।
অঙ্গন: পৃষ্ঠাঃ ১৩
তৃতীয়
অন্ধবিশ্বাসৰ আবৰ্তত আধুনিক সমাজ
অঞ্জনা উজীৰ চাহা
সমগ্ৰ পৃথিৱীতে বিজ্ঞানৰ অগ্ৰগতিৰ মাজতো সাম্প্ৰতিক সময়ত এটা জ্বলন্ত সমস্যা হৈছে-"অন্ধবিশ্বাস"। বৰ্তমান আধুনিক যুগতো অন্ধবিশ্বাসৰ সৈতে আমি ইমানেই অভ্যস্ত হৈ পৰিছো যে ইয়াৰ উপস্থিতি সম্পৰ্কে আমি সজাগ নহওঁ। ই এক ক্ষতিকাৰক মানসিকতাই সোঁচৰা ব্যাধিৰ দৰে আগুৰি ধৰিব ধৰিছে আমাৰ সমাজ জীৱন। ইয়াৰ মূলতেই হ'ল-ৰক্ষণশীল সমাজ বৰ্ত্তাই ৰখাৰ অঘোষিত ষড়যন্ত্ৰ। বিভিন্ন প্ৰচাৰ মাধ্যমত যুক্তি আৰু বিজ্ঞান মনস্কতাৰ সলনি অন্ধবিশ্বাস, কু-সংস্কাৰৰ বহুল প্ৰচাৰৰ জৰিয়তে সমাজখনক স্থিতাৱস্থাৰ মাজতে আৱদ্ধ কৰি ৰাখিবলৈ বৰ্তমানে এচামে প্ৰয়াস কৰি আহিছে।
অন্ধবিশ্বাস হ'ল-যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য, অমূলক বুলি প্ৰতিপন্ন কৰে সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাসে প্ৰেম, মানৱতা, মমতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলূষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। ৰাধাকৃষ্ণণে সেয়ে অন্ধবিশ্বাস, কু-সংস্কাৰক পৃথিৱীৰ আটাইতকৈ গধূৰ বোজা বুলি অভিহিত কৰিছিল। ডাইনী, সোপাধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছুলোকে এই বিষয় দুটাক লৈ প্ৰায়ে উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহুলোকে বিশ্বাসো কৰি লয়। ইয়াৰ মূলতে কিছু অসৎ প্ৰবৃত্তিৰ লোকৰ ন্যস্ত স্বাৰ্থসিদ্ধি কৰা। এই প্ৰবৃত্তিৰ লোকবোৰে ইমান চতুৰালিৰে অন্ধবিশ্বাসবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও সেইবোৰ বিশ্বাস কৰি লয়। যাৰ দ্বাৰা নিজ স্বাৰ্থ সিদ্ধি হয়।
বৰ্তমান অত্যাধুনিক সমাজখনতো অন্ধবিশ্বাস, কু-সংস্কাৰ প্ৰচলনে সমাজখনক পশ্চাদপদ কৰি ৰাখে। ডাইনী বুলি উৰাবাতৰি প্ৰচাৰৰ ফল স্বৰূপে বহুতো বৰ্বৰ ঘটনা সংঘটিত হৈ আহিছে। সেই ক্ষেত্ৰত সৰহ সংখ্যকেই মহিলাই আক্ৰান্ত হোৱা দেখা যায়। অন্ধবিশ্বাসে এখন সমাজৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে। মানৱ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱীত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে অন্ধবিশ্বাসে। অন্ধবিশ্বাসে চিন্তাৰ দিগন্তক প্ৰসাৰিত নকৰে। সেয়ে এনেবোৰ অন্ধবিশ্বাস আমাৰ মাজৰপৰা আঁতৰাবলৈ হ'লে সমাজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। মানুহৰ মনবোৰে যাতে সকলো কথা বৈজ্ঞানিক দৃষ্টি ভংগীৰে বিবেচনা কৰি চাব পাৰে তাৰ বাবে উপযুক্তভাৱে শিক্ষিত কৰি তুলিব পাৰিব লাগিব। অন্যান্য সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্বিক জাগৰণৰো সৃষ্টি কৰিব লাগিব। অন্ধবিশ্বাসৰ কোনো বৈজ্ঞানিক সত্যতা নাই। অন্ধবিশ্বাসে আৱৰা জীৱন কেতিয়াও বিপদমুক্ত সুখী জীৱন নহয়। প্ৰতি মুহূৰ্ততে ধন-জন হানি হোৱাৰ উপৰিও অপমানিত হোৱাৰ ভয় থাকে। বৰ্তমান সময়ত ই ইমানেই বেছি হৈ পৰিছে যে ইয়াৰ ফলত পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে নানান অঘটন, হত্যাকাণ্ড ,আত্মহত্যা আদি হ'ব লাগিছে। এনে অন্ধবিশ্বাস আমাৰ সমাজত যুগ যুগ ধৰি চলি আহিছে, তাৰে কিছুমান বৰ অনিষ্টকাৰী নহয় যদিও সেইবোৰে নতুন নতুন পোখা মেলি বাঢ়ি গৈ আছে। যুক্তি তথ্য অবিৰত ভাৱে প্ৰয়োগ কৰি মানুহৰ মনৰপৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাস্তৱিক চিন্তা কোনো এতিয়ালৈকে পাঠ্যপুথিত সন্নিৱিষ্ট হোৱা নাই। স্কুলীয়া দিনতে ছাত্ৰ-ছাত্ৰীৰ কোমল মনত প্ৰথিত অন্ধবিশ্বাসবোৰে মানুহৰ জীৱনৰ বাকী সময়ছোৱাতো প্ৰভাৱ পেলাইছে। সৰুৰেপৰা অন্ধবিশ্বাসবোৰৰ সৈতে সংপৃক্ত হৈ থকা জীৱন প্ৰণালীক এক পৰিক্ৰমাৰ মাজেৰে আহি কেতিয়া আমাৰ চিন্তা-চেতনা বিকল কৰি তোলে আমি আঁত ধৰিব নোৱাৰো। পৰম্পৰাৰ নামত ধৰ্ম্মীয় গোড়ামিৰ বৃদ্ধি বিশেষভাৱে মন কৰিবলগীয়া। গ্ৰহ বিচাৰ, জ্যোতিষ ৰত্ন ধাৰণ, মাদুলি পৰিধান, বেজ-ওজাৰৰ দ্বাৰা বেমাৰৰ চিকিৎসা, বলি পূজা, গছ পূজা, সাপ পূজা, শিল পূজা, বৰষুণৰ বাবে ভেকুলীৰ বিয়া তথা নদ-নদীৰ পূজা-অৰ্চনা বৰ্তমানেও আমাৰ সমাজৰ এক নিয়মীয়া ঘটনা। নিৰক্ষৰতা ইয়াৰ এটা কাৰক হলেও, নিৰক্ষৰ সকলক সজাগ কৰিব পৰাকৈ আমাৰ শিক্ষিত লোকো নিজেই কিমান সজাগ, লক্ষণীয়। গ্ৰন্থ বিপনি সমূহত আজিকালি গ্ৰন্থৰ বিক্ৰি নগণ্য, কিন্তু পঞ্জিকা বিক্ৰিয়ে অভিলেখ গঢ়ে।
বিজ্ঞানক অগ্ৰাহ্য কৰিলেও বিজ্ঞানে তাৰ স্থিতিৰ পৰা আঁতৰি নাহে। এই সত্যটো উপলদ্ধি কৰি নতুন প্ৰজন্মই বৈজ্ঞানিক মানসিকতাৰে আগুৱাই নিবলৈ সু-সংগঠিতভাৱে আগবাঢ়ি আহি অন্ধকাৰচন্ন পৃথিৱীক পোহৰাই তুলিব লাগিব।
অঙ্গন: পৃষ্ঠাঃ ১৪
তৃতীয়
অন্ধবিশ্বাসৰ আবৰ্তত আধুনিক সমাজ
মালবিকা দেৱী
অন্ধবিশ্বাস হৈছে আমাৰ সমাজ বাবে এক প্ৰত্যাহ্বান স্বৰূপ মনৰ ব্যাধি। শৰীৰত অন্য বেমাৰ হ'লে চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ খাই নিৰ্মূল কৰিব পৰা যায়। কিন্তু বৰ্তমান আধুনিক সমাজখনত অন্ধবিশ্বাস নামৰ এই অচিনাকি বেমাৰ টোৱে সমাজৰ প্ৰায় সংখ্যক লোককে গ্ৰাস কৰিছে। এতিয়া লৈকে অন্ধবিশ্বাস নামৰ এই বেমাৰটো চিকিৎসা কৰাৰ কোনো ঔষধ ওলোৱা নাই। ই হৈছে মনৰ বেমাৰ। গতিকে আমি ইয়াক নিজে নিজেই নিৰ্মূল কৰিব লাগিব। বাহিৰৰ মানুহে কৈ কেতিয়াও ইয়াক নিৰ্মূল কৰিব নোৱাৰে। আমি নিজৰ মন আৰু সামাজৰ পৰা ইয়াক সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিব পাৰিলেহে আমি এখন অন্ধবিশ্বাস মুক্ত সুস্থ আৰু নিকা সমাজ আশা কৰিব পাৰিম।
বিশেষকৈ আমাৰ আধুনিক সমাজৰ প্ৰায় সংখ্যক মানুহেই অন্ধবিশ্বাসৰ কবলত হোৱা দেখা গৈছে। বৰ্তমান আমাৰ আধুনিক সমাজখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত ইমান দূৰ আগুৱাই যোৱাৰ পাছতো মানুহে বেমাৰ হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ বিপৰীতে ভূত ,প্ৰেতাত্মা আৰু ডাইনী বিশ্বাস কৰি জৰা ফুকা কৰিবলৈ এৰা নাই। জাত পাতৰ বিচাৰ কৰি উচ্চ নীচৰ ভেদ ভাব ৰখাও দেখা যায়। বিশেষকৈ সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তি সকলে নিজৰ মৰমৰ জীয়েক জনীয়ে মৰমেৰে আগবঢ়াই দিয়া আহাৰ মুঠি দূৰৰে কথা চাহ কাপ খাবলৈও চিন্তা কৰে।
বৰ্তমান একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ইমান দূৰ আগুৱাই যোৱাৰ পাছতো সৌ সিদিনা বিশ্বজুৰি হোৱা ক'ৰ'না মহামাৰীৰ সময়ত মৃত্যুৰ ধ্বংস যজ্ঞৰ যি কৰুণ দৃশ্য আমাৰ চকুৰ সন্মুখত দেখিবলৈ পাইছিলো, সেই সময়ত আমি সকলোৱেই অন্ধ বিশ্বাসৰ বলি হৈছিলো। কাৰণ সেই সময়ত আমাৰ মনত ধাৰণা হৈছিল যে, ক'ৰ'ণা ভেকচিন ল'লে দুবছৰৰ পিছতে মৃত্যু হ'ব বা ই আমাৰ স্বাস্থ্যৰ হানি কৰিব বা ভেকচিনত দামৰীৰ তেজ ব্যৱহাৰ আদি। ফলত বহু লোকে ভেকচিন গ্ৰহণৰ পৰা বিৰত আছিল। গতিকে আমি আধুনিক বুলি যিমানেই কৈ নুফুৰো কিয় আমি আমাৰ মন আৰু সামাজৰ পৰা অন্ধবিশ্বাস নামৰ এই শব্দটো সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিব পাৰিলেহে আমি এখন অন্ধবিশ্বাস মুক্ত সুস্থ নিকা আধুনিক সমাজ আশা কৰিব পাৰিম।
অঙ্গন: পৃষ্ঠাঃ ১৫
প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত কবিতা
দুণৰিত চাকি জ্বলিছে
গৌৰী দেৱী
বতাহ জাকক ৰ'বলৈ কোৱা চোন
শলিতাডাল আগুৱাই দিয়া নাওমান ...
জ্যোতিস্মান জীৱনৰ জোনাক
নামি অহা পদুলীটোত
শেৱালিজোপা ফুলিছে ...
সোণসেৰীয়া জেতুকা পাতেৰে
আঁকিলো আঁউসীৰ ৰাতিটোত
আল্পনা পোহৰৰ ..
তুমি বহুত দূৰত ৰৈ গ'লা জানানে ..
আৰু মই ....
ৰৈ গ'লো সোণালী আকাশী লতা হৈ ..
বগাই যাবলৈ নাছিল
বৰণীয়া হৃদয়ৰ
ৰূপালী পখিলাৰ
পাহিৰে সজোৱা এডালি
সেউজ জখলা .....
শীতাৰ্ত সন্ধিয়াত
দুণৰিত মাটিৰ চাকিৰ পোহৰ
সপ্ত আয়তীৰ কলহত পানী ...
জলভৰি যশোদা ..
পিছলিব ভৰি চাবা ..
নিয়ৰ সৰিছে শেষনিশাৰ ..
জনক নন্দিনীৰ বিদায় বেলাত
চকুলো ...
বনবাসী জীৱন যে ভাগ্যৰ
লিখন .......
দুণৰিৰ চাকি জ্বলিছে ..
অতীতৰ ভস্ম সানি ভূমিষ্ঠ
বৰ্ত্তমানৰ সবুজ দোকমোকালি ..
ৰঙাবেলি ..কুঁহুমৰঙী
ৰাতিপুৱাত
কু্ঁৱলীৰ চাদৰ ..
সেন্দুৰীয়া আকৰ........
ঠিকনাঃ
তেজপুৰ
অঙ্গন: পৃষ্ঠাঃ ১৬
ধাৰাবাহিকঃ
নিষিদ্ধ কোঠাত প্ৰেমৰ আলাপ...
ৰূপা গগৈ, লখিমপুৰ
(খণ্ড ৩)
যোৱা সংখ্যাৰ পিছৰ পৰা
আৰমানৰ লগত কথা পতাৰে পৰা সদায় আবেলি আৰমান, মই আৰু পপী চাহা নামৰ আৰমানক ফুৰাবলৈ অনা ছোৱালীজনী একেলগে ফুৰিবলৈ যোৱা হ'লোঁ। এইদৰেই লাহে লাহে আৰমানৰ লগত মোৰ সম্পৰ্ক গভীৰ হৈ পৰিছিল। সি আহিয়েই মোৰ গালত চুমা এটি দিব, আৰু তাৰ দাবী যে মই তাক দুখন গালত দুটা চুমা দিব লাগিব। সি মোৰ কোচত বহি ইটো -সিটো সুধি থাকিব আৰু মই তাক চৰাই, গছ-গছনি, জোন-বেলি-তৰা, আকাশ, নদী আদিৰ বিষয়ে ক'ব লাগিব। পাছলৈ আবেলি তাক ওচৰতে থকা শিলচটাৰ ওপৰতে বহি কাগজ , পেঞ্চিল লৈ আখৰ লিখিবলৈ, ছবি আঁকিবলৈ, গান গাবলৈ শিকালোঁ। মোৰ একান্ত বাধ্য ছাত্ৰৰ দৰে মই যেনেকৈ কওঁ সি তেনেদৰেই কামবোৰ কৰি যায়। ফুটাব নোৱাৰা আখৰ বা শব্দবোৰ পালে চকু দুটা মুদি অকণমানি ওঁঠ দুটিৰে জোঙা নাকটো কোঁচাই ক'ব― এহ্ !
সন্ধিয়া পৰত ঘৰলৈ ওভতাৰ পৰত তাক মই আগবঢ়াই দিব লাগিব। তাৰ এই মৰম আকলুৱা স্বভাৱটোৱে তাৰ প্ৰতি মোক বেছিকৈ আৰ্কষিত কৰিবলৈ ধৰিলে। পাছলৈ ৰিমা আৰু নিশাহঁতৰ লগতো তাৰ বন্ধুত্ব গঢ়ি উঠিল । প্ৰতি দেওবাৰে আহি পুৱাৰ পৰা সন্ধিয়ালৈ আমাৰ ৰূমতে সিহঁত খেলি থাকেহি, যেন তিনিজনীৰে নয়নমণি হৈ পৰিল আৰমান।
এদিন আমি তিনিওজনী খোজ কাঢ়ি কলেজলৈ গৈ আছিলোঁ । হঠাৎ শিল এটাত উজুটি মাৰি মোৰ চেণ্ডলপাতৰ ফিটা এডাল চিঙি থাকিল । সিহঁত দুজনীয়ে উজুটি খাই পৰি মৰিব ধৰা দেখি হাঁহিত ৰ'ব পৰা নাই । মই খঙতে ক'লোঁ, "কি হ'লনো তহঁতৰ এনেকৈ হাঁহিবলৈ ? মই মৰিছোঁ তহঁতে ভাল পাইছ ন । পা পা মোৰ বেয়া হ'লেতো দুইজনীয়ে ভালেই পাৱ । সদায় মোৰ বেয়াতো কামনা কৰ বাবে এতিয়া এনেকুৱা হ'ল । অলপ অভিমানী হৈ ক'লোঁ । মোৰ কথা শুনি দুয়োজনীৰ মুখৰ হাঁহি সৰিল । নিশাই ক'লে
: অ' চাওঁ । অ' তোৰ চেণ্ডেল চিগিলে চোন । কেনেকৈ যাবি এতিয়া ! চিগা চেণ্ডেলপাত দেখি নিশাই কপালত হাত দি ক'লে।
: হ'ব দে আজি খালী ভৰিৰে কলেজলৈ ব'ল । ৰিমাই ক'লে
: ইহ্ কি যে কৈছ তই ! নালাগে ৰূমলৈকে উভতি যাগৈ চোঁচৰাই চোঁচৰাই খোজ দিবি।
হঠাৎ ৰিমাই কিবা ভাবি ৰাস্তাৰ দাঁতিতে থকা মানুহ এঘৰলৈ দৌৰি সোমাই গ'ল । নিশা আৰু মই আচৰিত হৈ চাই থাকিলোঁ । মানুহ ঘৰৰ পদুলি মুখতে এজোপা নাৰিকল গছ আছিল । মানুহৰ নজৰ নালাগিবলৈ নে বেছিকৈ নাৰিকল লাগিবলৈ চিগা চেণ্ডেলবোৰ গছত আঁৰি থয় । সেই নাৰিকল জোপাত কেইবাপাতো চেণ্ডেল আঁৰি থৈছিল । ৰিমাই তালৈ গৈ নিচিগা চেণ্ডল এপাত লৈ আনি মোক ক'লে
: হুুঁ ' এইপাতৰ সৈতে পিন্ধি ল! দুপাত থাকিলেই হ'ল ভৰিত কোনে চাবনো ।
তাইৰ কাণ্ড দেখি আমাৰ হাঁহি উঠিল ।
: পাগলি হ'লি চাগৈ ! মানুহ ঘৰে যদি দেখিছে আমাক কি ভাৱিব আৰু তয়ে পিন্ধিবি কেতিয়াবা তোৰ চেণ্ডল চিগিলে। বেগতে ভৰাই ল'।
: হ'ব দে ! মই এনেয়ে এইখন কৰি মৰিলোঁ । তাই ঠেহ ধৰিলে।
মই তাইৰ মনৰ অৱস্থা বুজি তাইক সান্তনা দিবলৈকে ক'লোঁ
: চা তই কষ্ট কৰিলি ঠিক, কিন্তু এইপাত যে লেতেৰা আৰু কোনে পিন্ধা আৰু কিমানদিন হ'ল আঁৰি থোৱা ঠিক নাই । এইপাত পিন্ধি ভৰিৰ বেমাৰ লগাই লোৱাৰ বাদে একো বেলেগ কাম নহ'ব । মই বেমাৰ চপাই নলওঁ ভাই ! তই আৰু বেয়া পালেও উপায় নাই ।
ইফালে নিশাই চেণ্ডল দুপাত মিলাই চাই হাঁহিত ৰ'ব পৰা নাই ।
: এই চাচোন চা এইযোৰ এনেকৈ পিন্ধিলে ভাওনা কৰিবলৈ ওলোৱা নিচিনা লাগিব ঐ ।
ৰিমাই নিশাৰ হাতৰ পৰা চেণ্ডেল পাত লৈ ক'লে "দে' মই পিন্ধিম।" তাই ৰুমালেৰে চেণ্ডলপাত মোহাৰি মোহাৰি ভোৰভোৰালে "বেমাৰ হয় যি হয় হ'ব । কলেজলৈতো যাবই লাগিব । খালী ভৰিৰেও যাব নোৱাৰ যোগাৰ কৰি দিলেও নিপিন্ধ । হুুঁ,"
ৰিমাই নিজেই দুযোৰৰ দুপাত পিন্ধি মোলৈ তাইৰ চেণ্ডেলযোৰ আগবঢ়াই দিলে । এইজনীৰ এনে স্বভাৱবোৰৰ বাবে তাইক বহুত ভাল লাগে । আমি কলেজ পালোঁ গৈ। সকলোৱেৰে দৃষ্টি ৰিমাৰ ভৰিলৈ । কিন্তু তাই কাৰোলৈ লক্ষ্য নকৰি ক্লাছত সোমালগৈ ।
কলেজৰ পৰা ঘূৰি আহোঁতে ক'লোঁ "বহুত বহুত ধন্যবাদ দেই । মোৰ বাবে ইমানখিনি কৰাৰ বাবে ।"
: লগৰী কিহৰ যদি এইকণ কৰিব নোৱাৰোঁ ।
: ওঁ হয়তো । এইজনীয়ে একো বুজি নাপায় । নিশাই সুৰতে সূৰ মিলালে
: হ'ব দে । তহঁতৰো হ'লে মই কৰিম নহয় । পিছে নাৰিকলৰ মালিকে ভাবিব কাৰ বা ইমান চেণ্ডলপাতৰ অভাৱ হৈ আছিল !
আমি তিনিও জনীয়ে হাঁহি দিলো। আমি ইটো-সিটো কথা পাতি হাঁহি হাঁহি কেতিয়া ৰূম পালোঁহি গমেই নাপালোঁ ।
ৰাতি তেতিয়া বাৰ মান বাজিছিল । নিশা আৰু ৰিমা মোতকৈ সদায় অলপ পলমকৈ শোৱে । হঠাৎ মই বাহিৰত কাৰোবাৰ কান্দোন শুনিলোঁ । মাজৰাতি কোনে কান্দিছে বুলি অলপ ভয় লাগিল । সিহঁত দুজনীলৈ চালোঁ মোতকৈ দেৰিকৈ শোৱে বাবে সিহঁত টোপনি যোৱা বেছি সময় হোৱা নাই সেয়ে ঘোৰ টোপনিত । সিহঁত দুইজনী একেলগে এখন বিচনাত আৰু মই অকলে এখন বিচনাত শোওঁ । কান্দোনটো কোনফালৰ পৰা আহিছে বুলি ভালকৈ কাণ পাতিলোঁ । এনেকুৱা লাগিল যেন আমাৰ ৰূমৰ বাহিৰত ৰৈ কোনোবাই কান্দিছে । ভয়তে গাৰ নোম শিয়ঁৰি আহিল । কোন হ'ব পাৰে বাৰু ! এই ৰাতিখন । আকৌ ভালকৈ কাণপাতি শুনিছোঁ সঁচাকৈ কোনোবাই কান্দিছে নে মই কিবা সপোন দেখিছিলোঁ !
আগলৈ...
অঙ্গন: পৃষ্ঠাঃ ১৭
অণুগল্পঃ
পথ প্ৰদৰ্শক
দীপালী স্বৰ্গীযাৰী বৰুৱা
জাউৰিয়ে জাউৰিয়ে পৰা হাতচাপৰিৰ মাজত তাই হাঁহি মুখে মঞ্চলৈ উঠি গৈছিল । তাইৰ অনুবাদ পুথিখনে অনুবাদ সাহিত্য শিতানৰ শ্ৰেষ্ঠ বঁটা পাবলৈ সক্ষম হৈছে ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তাই কৈছিল , তাইৰ এই সফলতাৰ আঁৰত পিতৃ মাতৃৰ উপৰিও তাইক অষ্টম মান শ্ৰেণীতে কবিতা অনুবাদ কৰিবলৈ উৎসাহ যোগোৱা বিদ্যালয়খনৰ শিক্ষকজনৰ কথা । সুখ -দুখৰ মিশ্ৰিত অনুভূতি এটাই তাইৰ মনত দোলা দি গ'ল আৰু অজানিতে তেওঁলোকৰ প্ৰতি ভক্তিত মূৰ দোঁ খাই গ'ল ।
আজিৰ এই সুখৰ মুহূৰ্তত তেখেতলোকৰ এজনো নাই যাক তাই কৃতজ্ঞতা জনাব পাৰে ।
ঠিকনাঃ
নাজিৰা
7002782258
অঙ্গন: পৃষ্ঠাঃ ১৮
বিভ্ৰান্তি
লখিমী কাকতি।
মালৱিকা আজি শিল পৰা কপৌ জনীৰ দৰে একে ঠাইতে বহু সময় ধৰি বহি আছে । তাইৰ এঘাৰ বছৰীয়া ছোৱালী জেউতিৰ মুখত যিবোৰ কথা শুনিলে তাই ভাৱিবই নোৱাৰে যে এনে ঘটনা তাইৰ জীৱনত ঘটিব। ৰুগীয়া শহুৰ-শাহুয়েকক পৰিচৰ্যা কৰা, পাঁচ বছৰীয়া ল'ৰা মাইনাক ডাঙৰ-দীঘল কৰা, স্বামী নৰেনক সময় মতে খোৱা-বোৱা দিয়া আদিকে কৰি ঘৰৰ সকলো কামেই নিয়াৰিকৈ তাই কৰি গৈছিল।তাৰোপৰি সমাজৰ অনুষ্ঠান বোৰতো কম বেছি পৰিমানে জড়িত আছিল।
জেউতি পঢ়াৰ প্ৰতি বৰ ধাউতি। মাকে তাইৰ পঢ়া-শুনাত ভালদৰে চাবলৈ সময় নোপোৱাত জেউতিক পেহীয়েকৰ ল'ৰা তুষাৰৰ ওচৰলৈ পঠিয়াই দিয়ে। মাকে কয়,"তুষাৰ দাদা এনেয়ে আছে, তাতে সি পঢ়া-শুনা জনা ল'ৰা, তাৰ পৰাই দুটামান কথা শিকি ল।" তাৰ ওচৰত পঢ়া এসপ্তাহ মানহে হৈছিল, এদিন তুষাৰে মৰম কৰাৰ চলেৰে জেউতিক বৰ জোৰেৰে সাৱটি ধৰিলে। তাই চিৎকাৰ কৰিহে মুকলি হৈ আহিব পাৰিলে আৰু মাকক সকলো কথা বিৱৰি ক'লে।মালৱিকাই ভাৱিলে তুষাৰৰ এইয়া বাৰু কিহৰ ইংগিত ?
ঠিকনাঃ
পো.অ.:আমগুৰি
জিলা:শিৱসাগৰ
পিন নম্বৰ:৭৮৫৬৮০
ফোন নম্বৰ:৯৮৫৯৩৫৪৭৬৪
অঙ্গন: পৃষ্ঠা ১৯
বৃদ্ধকালীন জন্মদিন
ৰীতামণি বায়ন
পয়সত্তৰ বছৰত ভৰি দিয়া নীলকান্ত হাজৰিকাৰ মনটো বিষাদৰ ক'লা ডাৱৰে আজি যেন আগুৰি ধৰিছে। পুত্ৰ, ঘৈনীয়েক সকলোকে হেৰুৱাই নব্বৈ বছৰীয়া অবিবাহিতা বৃদ্ধা বায়েকজনীৰ স'তে ৰোগাক্ৰান্ত নীলকান্তই কোনোমতে জীৱনটো চলাই আছে। চকী এখনত বহি আজিৰ এই বিশেষ দিনটোৰ কথা ভাবি অতীত সুঁৱৰি থাকোতেই তেওঁৰ চকুৰ সন্মুখত কেইটামান চাবি দিয়া খিলখিলাই হাঁহি থকা পুতলা , বেলুন, ছবি অঁকাৰ বিভিন্ন সঁজুলি, ৰঙবিৰঙৰ বিভিন্ন ছাৰ্ট- পেন্ট, প্ৰেয়সীয়ে গোলাপ ফুলৰ সৈতে উপহাৰ দিয়া প্ৰেম পত্ৰখন চকুৰ আগত জিলিকি উঠিল। কি অবৰ্ণনীয় সেই শৈশৱ , কৈশোৰ আৰু যৌৱনৰ মাদকতা... !
হঠাৎ অহা বৰষুণজাকৰ শব্দত তেওঁ সম্বিত ঘুৰাই পাই দেখিলে বায়েকজনীয়ে বগা কাগজৰে মেৰিয়াই কিবা এটা তেওঁৰ পিনে আগবঢ়াই দি ক'লে-- "সময়ত খাব লাগে।"
বৰ আগ্ৰহেৰে নীলকান্তই পেকেটটো খুলি চাই দেখিলে তেওঁৰ ঔষধৰ মিনি ফাৰ্মাচীৰ বেগখন !
ঠিকনাঃ
অধ্যাপিকা
বৰপেটা ছোৱালী মহাবিদ্যালয়, বৰপেটা।
অঙ্গন: পৃষ্ঠাঃ ২০
হেৰোৱা সময়
মীনাক্ষি ৰায় ডাকুৱা
বোৱাৰীয়েক কাবেৰীৰ কথা শুনি চন্দ্ৰনাথে আৰু একো নক'লে । এতিয়া কথা কোৱাৰ সময় নহয় । অৱসৰপ্ৰাপ্তসকলে বাক্সংযম ৰখা উচিত । চন্দ্ৰনাথৰ বৃন্দাবন হ'ল বাৰাণ্ডাত পাতি থোৱা ইজিচেয়াৰখন । বাৰাণ্ডালৈ আহি তেওঁ নীৰৱে তাতেই বহিল । স্মৃতিমেদুৰতাত ভৰি আহিল দুটি চকু । সময়ৰ সোঁতত সকলো হেৰাই যায় । হেৰাই যায় অতি সহজেই । নতুনক ঠাই দিবলৈ অক্লেশে পুৰণি বস্তুবোৰ "এণ্টিক" হৈ যায় । আকাশত ঘন ক'লা মেঘ দেখি চন্দ্ৰনাথ শোৱনিকোঠালৈ উঠি আহিল । নাতি ৰেয়ান আহি তেওঁৰ কাষত থিয় হ'ল । আজি বহুদিনৰ পিছত বৰষুণ দিছে । অসহ্য গৰমৰ পৰা মুক্তি । চন্দ্ৰনাথে নাতিল'ৰাক কোলাত তুলি লৈ তাৰ মূৰত নিজৰ হাতখন ফুৰাই দিলে । বহুদিনৰ পিছত এটি বুকুভৰা আনন্দৰ শ্বাস ওলাই আহে তেওঁৰ ভিতৰৰ পৰা । হেৰাই গৈও যি সময়ৰ সোঁতত হেৰাই নাযায়, সেয়া এই চিৰন্তন ভালপোৱা । গভীৰ এক প্ৰশান্তিত চন্দ্ৰনাথৰ অন্তৰখন ভৰি গ'ল ।
গোলকগঞ্জ, ধুবুৰী
ফোননং—৮৭৬১৮৬৫৮৮৫
অঙ্গন: পৃষ্ঠাঃ ২১
কথা গল্পঃ
নিৰাশাৰ মাজতো আশা
জোনালী গগৈ।
: বাইদেউ, মই আজি সোনকালে যাম ।
ছোৱালীজনীক অকলে এৰি থৈ আহিছো।
: কিয় ? ঘৰৰ বাকী মানুহবোৰ ক'ত গ'ল ?
: কিনো ক'ম বাইদেউ , মোৰ দুখৰ কথা কিমান শুনিব।
: বুজি পাইছো মীনা , লীলাকান্তৰ আকস্মৃিক মৃত্যুৱে তহঁতৰ ঘৰখনলৈ কেনেদৰে অমানিশা নমাই আনিছে নকলেও বুজি পাওঁ ।
: কথা সেইটো নহয় বাইদেউ । মিণ্টুৱে আজি অলপদিনৰ পৰা বৰ অশান্তি কৰি আছে। তাৰ উৎপাতত থাকিব নোৱাৰি মা বাবা গাৱঁলৈ গুচি গ'ল।
: কি কৰিছে সি ? ইমান গহীন গম্ভীৰ মুখৰ মাত নাইকিয়া ল'ৰাটোৱে।
: কি কৰা নাই বাইদেউ । মদ, ভাং, চিগাৰেট চব খাবলৈ শিকিলে। সদায় পইচা বিচাৰি অশান্তি কৰি থাকে। এতিয়া ঘৰৰ বস্তু বিক্ৰী শেষ কৰিছে।
: ইচ ৰাম, তই ইমানদিনে মোক কথাবোৰ কোৱা নাছিলি কিয় ? ওঁঠ চেপিলে গাখীৰ ওলোৱা ল'ৰাটোৱে কেনেকৈ শিকিলে এইবোৰ !
: বাপেকটো থকালৈকে চব ভালে আছিল। মেট্ৰিক পৰীক্ষা বেয়া কৰাৰ পিছতে পঢ়া এৰিলে । ওচৰৰ ৰতন কাইটিয়ে বাপেকে কাম কৰা পানী ফেক্টৰীতে কামত সুমুৱাই দিছিলে।
গম পাওঁ নহয়। তাৰ পিছত।
: তাতে লগ কেইটামান পালে । সিহঁতৰ লগতে মদ খাবলৈ শিকিলে। দিনে ৰাতিয়ে মদতে ডুবি থাকে। প্ৰথম এমাহৰ দৰমহা পাই চব পইছা মদ খাই শেষ কৰিলে। এনেকৈ ড্ৰাগছ নে কি খাবলৈ ল'লে। সেইবোৰ খাবলৈ টকা বহুত লাগে। ছাগলী এজনী পুহিছিলো সিয়েই বিক্ৰী কৰিলে। কাহঁৰ কাহী দুখন মান আছিলে তাকো বেচিলে। আজিকালি ভাং খায় । শুনিছো ভাং হেনো সস্তাতে পায়।
: তাক মোৰ ওচৰলৈ লৈ আহিবি। সি কি কৰি আছে গম পোৱা নাই। জীৱনটো ধ্বংসৰ মুখলৈ নিজেই ঠেলি দিছে বুজি পোৱা নাই।
তাক বুজাব নোৱাৰি বাইদেউ। খঙটো বহুত বেছি হৈছে। ঘৰৰ বস্তু ভাঙি শেষ কৰিছে। কালি মোক মাৰিবলৈ খেদি আহিছে।
:;নাকান্দিবি মীনা, তোৰ দুখ মই ভালকৈ উপলব্ধি কৰিছো। তাক খঙেৰে নহয় মৰমেৰে বুজাব লাগিব।
: তাক বুজাব নালাগে । সেইদিনা ছাৰক কৈ থকা শুনিছিলো। এইবোৰ বস্তু খোৱা আৰু বিক্ৰী কৰা মানুহবোৰক পুলিচে ধৰিছে বুলি। পাৰিলে তাকো জেলত ভৰাই থ'বলৈ কৈ দিয়কচোন।
: কেৱল তাক জেলত ভৰাই থলেই সমস্যাৰ সমাধান নহয়। তাক কেনেকৈ সৎ পথলৈ আনিব পাৰি সেইটোহে চিন্তা কৰিব লাগিব।
: তাক লৈ মই অকণো চিন্তা নকৰো । ভগৱানক খাটিছো সোনকালে তাক মাৰি নিয়ক। কৰবাত গাড়ীৰে চেপি মাৰিলেও মাৰক । চিন্তা মোৰ ছোৱালীজনীক লৈ। কালি ইয়াৰপৰা যোৱাৰ পাছত দেখিলো লগৰ কেইটা আনি ঘৰতে মদ খাই জুৱাৰ আড্ডা পাতিছে। যিবোৰ ঘটনা ঘটি আছে। ককায়েক হ'লেও মই তাক বিশ্বাস নকৰো। ছোৱালীজনীক যদি
: তই একেবাৰে ঠিক কৈছ' মীনা । এই মদ, ভাং, ড্ৰাগছৰ কবলত পৰি মিণ্টুৰ নিচিনা ল'ৰাৰ কাৰণে আজি কত' মাক দেউতাকৰ মনত সুখ শান্তি নোহোৱা হৈছে। কেৱল ল'ৰাই নহয় ছোৱালীয়েও এইবোৰ খাবলৈ লৈছে। ধৰ্ষণৰ নিচিনা ঘৃণনীয় কাণ্ডবোৰো এই কাৰণেই বেছি হৈছে। তই চিন্তা নকৰিবি। সমস্যা আছে যদি সমাধানো আছে । মিণ্টুৰ কিবা এটা ব্যৱস্থা কৰিম মই। আজিকালি বহুত এন জি অ' ,ফাউণ্ডেচন আছে । ড্ৰাগছ আসক্ত ল'ৰা ছোৱালীক চিকিৎসা কৰে। কাউন্সেলিঙৰ দ্বাৰা সুস্থ কৰি তুলিছে। আৰু ভাল কথা কি জাননে ? এসময়ত মিণ্টুৰ দৰেই ড্ৰাগছ খাই নিজৰ জীৱন ধ্বংস কৰা মানুহেই এটা ফাউণ্ডেচন চলাই আছে। তোৰ দৰে আৰু বহুতো মাতৃৰ চকুত চকুপানীৰ সলনি মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।
: মোৰ ল'ৰাটোও ভাল হৈ যাব নেকি বাইদেউ ?
: হ'ব, কিয় নহ'ব । হতাশ নহ'বি । এটা ফাউণ্ডেচনৰ হৈ কাম কৰা মোৰ চিনাকী মানুহ এজন আছে । মই মিণ্টুৰ কথা পাতিম।
: বাইদেউ , আপুনি মোৰ বহুত ডাঙৰ উপকাৰ কৰিলে । আপুনি, আপুনি মোৰ কাৰণে সাক্ষাৎ ভগৱান ।
: অই, কি কৰিছ, উঠ, উঠ, নাপায়। মই তোৰ নিচিনাই সাধাৰণ মানুহ মীনা। তই বিপদত পৰিছ কাৰণে যি জানো কৈছো। মিণ্টুক সৎ পথলৈ ঘূৰাই আনিবলৈ যি পাৰো সহায় কৰিম। ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবি সদায়। কিবা নহয় কিবা উপায় দেখুৱাব। তই ইমানদিনে কথাবোৰ মোক কোৱা নাছিলি । আজি ছোৱালীজনী অকলে আছে বুলি ক'বলৈ বাধ্য হ'লি। আৰু কথাবোৰ মই জানিলো বাবেই উপায় এটা ওলাল। ভগৱানে নিজে সহায় কৰিবলৈ নাহে। এনেকৈ ৰাস্তা দেখুৱায়, বুজি পালি।
: আপোনাৰ নিচিনা কথা মোক আজিলেকৈ কোনেও কোৱা নাই । মিণ্টুক দেখিলে চবেই লেইলেই চেইচেই কৰে ।
: জানো, আমাৰ সমাজত এচাম মানুহ আছে। অমুকে মদ খায় তমুকে ড্ৰাগছ খায় বুলি আলোচনাহে কৰে। নিজৰ সন্তানো এদিন ইয়াৰ কবলত পৰিব পাৰে বুলি অলপো চিন্তা নকৰে । সময় থাকোতেই আমি প্ৰত্যেকজন অভিভাৱক সজাগ হ'লে ইয়াক আমাৰ সমাজৰ পৰা নাইকিয়া কৰিব পৰা যায়। ওচৰৰ ঘৰত চোৰ হ'লে যেনেকৈ নিজৰ ঘৰতো হ'ব পাৰে বুলি সজাগ হয়। ওচৰৰ ল'ৰা এটা বেয়া পথত ভৰি দিলে নিজৰ ল'ৰাও বেয়া হ'ব পাৰে বুলি কেৱল সজাগ হোৱাই নহয় বেয়াটোক ভাল কৰিবলৈ চিন্তা কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন সুন্দৰ সুস্থ হ'ব।
: আপোনাৰ লগত কথা পাতি আজি মোৰ মনটো পাতল পাতল লাগিছে। বুকুৰ পৰা শিল এচটা যেন খহি পৰিল।
: হ'ব, তই এতিয়া যা। চিন্তা কৰি নাথাকিবি। আৰু ছোৱালীজনীক কাইলৈ তোৰ লগতে লৈ আহিবি।
সমাপ্ত
ঠিকনাঃ
ডিব্ৰুগড়।
অঙ্গন: পৃষ্ঠাঃ ২২
অনুবাদ সাহিত্যঃ
The Confirmation
Edwin Muir
Yes, yours, my love, is the right human face.
I in my mind had waited for this long,
Seeing the false and searching for the true,
Then found you as a traveller finds a place
Of welcome suddenly amid the wrong
Valleys and rocks and twisting roads. But you,
What shall I call you ? A fountain in a waste,
A well of water in a country dry,
Or anything that's honest and good, an eye
That makes the whole world seem bright. Your open heart,
Simple with giving, gives the primal deed,
The first good world, the blossom, the blowing seed,
The hearth, the steadfast land, the wandering sea.
Not beautiful or rare in every part.
But like yourself, as they were meant to be.
স্বীকৃতি
(মূল: The Confirmation by Edwin Muir
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)
হয়, মোৰ প্ৰিয়া, তোমাৰখনেই সঁচা মানৱীয় মুখ।
মানস পটত আঁকি সেই মুখ, কটালোঁ বহুদিন,
দেখি দেখি অলেখ কৃত্ৰিম মুখ, বিচাৰি ফুৰিলোঁ আচল,
তেনেতে যেতিয়া পালোগে তোমাক, এনে লাগিল-
যেন কোনো বাটৰুৱাই পাৰ হৈ শিলাময় পৰ্বত-ভৈয়াম
আৰু এঁকা-বেঁকা পথ, দেখা পালে তেওঁৰ ইপ্সিত স্থল।
কিন্তু তুমি, কি বুলিম তোমাক ? গছ-লতাৰ মাজৰ এটি
জিৰ-জিৰ জলপ্ৰপাত, মৰুভূমিৰ মাজৰ এটি জলাশয়, অথবা
এনে কিবা এটি যি সত্য আৰু শুদ্ধতাৰ প্ৰতীক, এক দৃষ্টি
যিয়ে উদ্ভাসিত কৰে সমস্ত বিশ্ব। তোমাৰ খোলা অন্তৰ,
বিলোৱাৰ সৰলতা, দিয়াই মূখ্য কাম,
প্ৰথমতে সুন্দৰ বিশ্ব, প্ৰস্ফুটিত পুষ্পৰাজি, উৰণীয়া বীজ,
উষ্ম অন্তৰৰ সুস্থিৰ ভূমি, বিস্তৃত সমুদ্ৰ।
নহ’ব পাৰে সুন্দৰ অথবা দূৰ্লভ এই সৰ্বস্ব।
কিন্তু তোমাৰ দৰেই, যি উদ্দশ্যে সৃষ্ট, এই সমস্ত সেয়াই।
(এডউইন মুইৰ এগৰাকী স্কটিছ কবি, ঔপন্যাসিক আৰু নাট্যকাৰ আছিল। ১৮৮৭ চনত বৃটেইনৰ স্কটলেণ্ডৰ অন্তৰ্গত অৰ্কনে নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল। তেওঁ গভীৰ ভাবপূৰ্ণ সৰল কবিতাৰে পাঠকৰ মন জয় কৰিব পাৰিছিল। ১৯২৫ আৰু ১৯৫৬ চনৰ ভিতৰত তেওঁৰ সাতখন কাব্য সংকলন প্ৰকাশ পাইছিল। তেওঁ পত্নীৰ সৈতে মিলি জাৰ্মান সাহিত্যিক ফ্ৰাঞ্জ কাফকা আৰু আন বহু জাৰ্মান লেখকৰ গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰিছিল।১৯৫৫ চনৰ পৰা তেওঁ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত ইংৰাজীৰ প্ৰফেছৰ হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। ১৯৫৭ চনত তেওঁৰ মৃত্যু হয়।)
কাহিলিপাৰা গুৱাহাটী
মো:+৯১ ৭০০২৪০৯৬৫৫
অঙ্গন: পৃষ্ঠাঃ ২৩
सपने - हर किसी को नहीं आते
अवतार सिंह सिद्धू (पाश)
सपने
हर किसी को नहीं आते
बेजान बारूद के कणों में
सोई आग को सपने नहीं आते
बदी के लिए उठी हुई
हथेली के पसीने को सपने नहीं आते
शेल्फ़ों में पड़े
इतिहास-ग्रंथों को सपने नहीं आते
सपनों के लिए लाज़िमी है
झेलनेवाले दिलों का होना
सपनों के लिए
नींद की नज़र होनी लाज़मी है
सपने इसलिए
हर किसी को नहीं आते
সকলোৱে বাবে নাহে সপোন
মূল (হিন্দী): পাশ (অৱতাৰ সিং সন্ধু)
অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন
সপোন
সকলোৱে বাবে নাহে
নিৰ্জীৱ বাৰুদৰ টুকুৰাত
শুই থকা জুইৰ সপোন নাই
বেয়াৰ বাবে ডাঙৰ কৰা
হাতৰ তলুৱাৰ ঘামে সপোন নেদেখে
শ্বেলফত পৰি থকা
ইতিহাসৰ কিতাপত
সপোন নাথাকে
সপোনবোৰ হোৱাটো নিশ্চিত
সহনশীল হৃদয় থকা
সপোনৰ বাবে
নিদ্ৰা অনিবাৰ্য
সপোন এইকাৰণেই
সকলোৱে বাবে নাহে ৷
অঙ্গন: পৃষ্ঠাঃ ২৪
কবির ঔদ্ধত্য
নবারুণ ভট্টাচার্য
গাঢ় আঁধার দুমড়ে ভেঙে কোথায় চলেছিস
আগুন খেতে যাচ্ছি আমি, তোদের বাবার কী
এই দেশেতে কবির জন্ম দগ্ধ অভিশাপ
মাকড়কূলে সিংহ হেন, ভস্মে ঢালার ঘি।
যাবজ্জীবন হেলায় থাকি, প্রসাদ করে তুচ্ছ
জিভের ওপর গনগনে আঁচ কয়লা রেখে দি
মূষিক কবি, শৃগাল কবি ওড়ায় ন্যাড়া পুচ্ছ
আগুন ক্ষেতের শস্য দেহ ভস্মে সঁপে দি।
প্রতিষ্ঠানের প্রসাদ বিষ্ঠা হেলায় ঠেলে ফেলে
কবি থাকেন কাঠের চিতায় এমন আঁকি পট
অবহেলায় অবোধ এবং খেলায় এলেবেলে
কবির চিতায় পাপতরাসী গাথে তাহার মঠ।
কবিৰ ঔদ্ধত্য
মূল বাংলাঃ নবাৰুণ ভট্টাচার্য
অনুবাদঃ অৰুণিমা শৰ্মা মহাপাত্ৰ
ঘিটমিটীয়া এন্ধাৰ বোৰক গচকি ভাঙি ক'লৈনো ওলালি তই ?
".....মই এতিয়া জুই বোৰকে খাবলৈ ওলাইছো,
তহঁত ক'বলৈ কোন ? তহঁতৰ নো কি ?"
এই দেশত কবি হৈ জনম লোৱাটোৱেই যেন এক দগ্ধ অভিশাপ।
শাখামৃগৰ জাকত সিংহ এটা আৰু জুইত ঢলা ঘি।
যাবজ্জীবন থাকোঁ মই অৱহেলাত
মই প্ৰসাদক কৰোঁ তুচ্ছ ।
জিভাত জ্বলা জুই লৈ,
নেগুৰ ল'ৰাই ফুৰা এন্দুৰ কবি, শিয়াল কবিক
জুইৰ পথাৰত শস্য দেহ ভষ্মত জাপি দিওঁ।
প্ৰতিষ্ঠানৰ প্ৰসাদ বিষ্ঠাক হেলাত পেলাই দিওঁ।
কবি কাঠৰ চিতাত শুই থকাৰ আঁকো চিত্ৰপট। খেলত ভাগ নোলোৱা অৱহেলাৰ অবোধ অকণিহঁত,
কবিৰ চিতাৰ পাপবোৰ ধুই গঢ়িলে কবিৰ মঠ ।
অঙ্গন: পৃষ্ঠাঃ ২৫
गुब्बारे
गुलज़ार
इक सन्नाटा भरा हुआ था,
एक गुब्बारे से कमरे में,
तेरे फ़ोन की घंटी के बजने से पहले।
बासी सा माहौल ये सारा
थोड़ी देर को धड़का था
सॉस हिली थी, नब्ज़ चली थी,
मायूसी की झिल्ली आंखों से उतरी कुछ लम्हों को---
फिर तेरी आवाज़ को, आख़री बार "ख़ुदा हाफ़िज़"
कह के जाते देखा था !
इक सन्नाटा भरा हुआ है,
जिस्म के इस गुब्बारे में,
तेरे आख़री फ़ोन के बाद---!!
বেলুন
মূল হিন্দীঃ গুলজাৰ
অনুবাদঃ মঞ্জিত হাজৰিকা
( সহ সম্পাদক অঙ্গন)
মৌনতাৰে আবৰি আছিল,
বেলুনৰ দৰে কোঠাটোত,
তোমাৰ ফোনৰ ৰিং বজাৰ আগতে।
উখুম্ পৰিবেশ এই সকলোবোৰ
অলপ সময়লৈ ধপ্ধপাইছিল
উশাহ লৰিছিল, নাড়ী চলিছিল,
ক্ষণিকৰ বাবে হতাশাৰ পৰ্দাখন আঁতৰিছিল চকুৰ পৰা--
পুনৰ তোমাৰ শব্দটি,শেষ বাৰৰ "ভগৱানে কুশলে ৰাখক "
কৈ যোৱা দেখিছিলোঁ !
এক মৌনতাৰে আবৰি আছে,
শৰীৰৰ এই বেলুনটোত,
তোমাৰ শেষৰ ফোনকলটোৰ পাছত---!!
অঙ্গন: পৃষ্ঠাঃ ২৬
কবিতাঃ
থাওকতে
ছৈয়দা আঞ্জুম আৰা হুছেইন
নিয়ৰৰ কণাই দুৱৰি তিয়ালে
থাওকতেই পিন্ধি লওঁ
বুকুৰ বুটাম খোলা ফুটফুটীয়া চোলা
বনগুটিৰ ঠাৰিত সি সী শেৱালিৰ সুবাস,
আইৰ মৰম সনা চোতালত
জপিয়াই ফুৰোঁ বনফৰিং হৈ
থাওকতেই,
থাওকতেই লগৰীয়াৰ স’তে খিলখিল হাঁহিৰে
বগা বগলীজাকক হাত বাউলি মাতি
আকাশ বতাহ কঁপাই গীত যোৰোঁ
“বগলী বগা ফোঁট দি যা
বগলী বগা ফোঁট দি যা...”
পিচে থাওকতেনো ইমান ডাঙৰ হ'লোনে
ঘৰচিৰিকাৰ কণ কণ পাখি এৰি
গাত মেৰিয়াই ললো
আইয়ে বোৱা ৰিহা...
মেখেলাৰ পাৰিত বনগুটি লাগিলে
আইয়ে এতিয়া বকে...
"আইজনী তই ডাঙৰ হলি
লখিমী হোৱা সময়
দেৱী চঞ্চলা নহয়
দেৱী গাম্ভীৰ্যৰ আঁৰৰ গোসাঁনী।"
থাওকতে,
মোৰ ফুটফুটীয়া চোলা
ৰিহা-মেখেলা হয়
আৰু মই ...
শিকলি পিন্ধা হৰিণী ৷
ঠিকনা:
গুৱাহাটী
অঙ্গন: পৃষ্ঠাঃ ২৭
জীৱন
ড° দিলীপ কোঁৱৰ
মোৰ দুখত -তুমি সমবেদনাৰ সলনি
অৰ্থপূৰ্ণ ভাবে ঈষৎ
হাঁহি মাৰা,
মোৰ সুখ-সমৃদ্ধিত তুমি মাথোঁ
ওঁঠত সৌজন্যতাৰ
বেঁকা হাঁহি আঁকা ;
কিন্তু, কাৰোবাক হহোঁৱালে বা,সাত্বিক দান
কৰিলে- তুমি "ভজো হেন দেৱ যদুপতি" বুলি আত্ম তৃপ্তিৰে
নমস্কাৰ যাচা ।
কথাটো কি !
তুমি কোন,
কি ?
অঙ্গন: পৃষ্ঠাঃ ২৮
এটি সপোন সংগোপনে বাঢ়িছে
ধৰিত্ৰী দেৱী
এটি সপোন সংগোপনে বাঢ়িছে
একলা দুকলাকৈ,
সমগ্ৰ সত্তা বিয়পি
অন্তৰাত্মা কঁপায়,
শিহৰিত কৰি তুলিছে।
সমস্ত প্ৰেম আৰু অগাঢ বিশ্বাসৰ প্ৰীতি উপহাৰ।
পঞ্চামৃতৰ সুগন্ধিৰে
আয়তিৰ উৰুলিৰে,
ওৰণিৰ ফাঁকেৰে লাজ বিয়পাইছে।
সলাজ চাৱনিৰে ভাহি আহিছে
সোণোৱালী অযুত সপোন।
ক্ৰমান্বয়ে পোহৰাই তুলিছে অভ্যন্তৰ।
যি হিয়াৰ স্পন্দন, আত্মাৰ অনুৰণন।
অসীম কষ্টৰ মাজতো
সেন্দুৰীয়া আলোকেৰে উচ্চাৰোহনৰ দীঘল মিছিল।
সৰু সৰু কাপোৰবোৰ বুকুত সাৱটি
কলিজাৰ তেজেৰে গঢ়াৰ সপোনটিৰ অপেক্ষাৰত।
বসন্তই নোৱাই দিয়া ধৰণী সেউজ হৈ উঠাৰ দৰে
অস্থিৰতাৰ মাজেৰে গাঢ় হৈ পৰে মৰমৰ সাঁকো।
স্বপ্নৰ আৱেশত ডুব যায়
হেঁপাহৰ নানা ৰঙী ফাকু।
মাথো চাৰিটা মাহৰ প্ৰতীক্ষাত থাকে
জীৱনৰ এটি নতুন উপহাৰ
প্ৰাপ্তিৰ প্ৰতিশ্ৰুতিৰে...
অঙ্গন: পৃষ্ঠাঃ ২৯
আন্ধাৰ
ৰঞ্জু গগৈ
লাহে লাহে আবেলি বেলিটো হেৰাই গ'ল
সন্ধিয়াৰ বুকুত,
আন্ধাৰৰ বুকুত সন্ধিয়াও হেৰাই গ'ল
মই আশাৰে বাট চাই ৰ'লো আন্ধাৰলৈ
মোৰ সৰু বেলকনিখনত বহি
বহু আশাৰে একাঁজলী মৰমলৈ...
আন্ধাৰে মোক আলফুলে সাৱটি ধৰিলে
মোৰ তন-মন সকলো...
মই দুৰু দুৰুকৈ কঁপি উঠিছিলো,
ক'ৰবাৰ এজাক মলয়া বতাহে
কঢ়িয়াই আনিছিল
খৰিকাজাঁই ফুলৰ সুৱাস,
মই আৰু সোমাই পৰিছিলো আন্ধাৰৰ বুকুত ।
আলফুলে আন্ধাৰে মোৰ চুলিত বুলাই দিছিল মৰমৰ দুখনি হাত,
আৰু ক'লে - পোৱা
নোপোৱাৰ আছে বহুতো দুখ,
মোৰো
এক অস্বাভাৱিক যন্ত্ৰণা...
আমি দুয়ো বহু সময় হেৰাই গৈছিলো দুয়ো দুয়োৰে মাজত।
আকাশত কাঁচিজোনে ভূমুকি মাৰিলে,
যাবৰ পৰত মোৰ দুটি ওঁঠত আন্ধাৰে আঁকি দিলে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰ চুম্বন ,
আন্ধাৰ হেৰাই গ'ল পোহৰৰ বাটত...
অঙ্গন: পৃষ্ঠাঃ ৩০
অদম্য স্পৃহা
মামণি ডেকা
কবিতাৰ শৰীৰত ভিন্ন অলংকাৰ
সোণ ৰূপৰ অংশুমালা
বৰ্ণিল সাজসজ্জাৰে উন্নত ভেশ
হৃদয়ৰ নিভৃত কোণত ৰিপুৰ উত্তাপ কবিতাৰ দেহত
অতল বিস্মৃতিৰ গহ্বৰত
ক্লান্তহীন কবিতা
কবিতা চিৰযৌৱনা
ষোড়শী যৌৱন তীক্ষ্ণ ছন্দ
কবিতা ক্ষুধাৰ্ত
স্বপ্ন বিলাস
সময়ৰ স'তে কবিতাৰ স্নিগ্ধ সান্নিধ্য
বৈ থকা নদীৰ ভাঁজত
মন্দাক্ৰান্তাৰ আহ্বান
নিটোল কবিতাৰ পাতত
জীৱনৰ চুম্বন
কবিতাৰ ষষ্ঠ ইন্দ্ৰিয়ৰ
দীৰ্ঘশ্বাস পুনঃ পুনঃ
কবিতাৰ স'তে কবিৰ
সহবাস আজন্ম--
অঙ্গন: পৃষ্ঠাঃ ৩১
আমাজান এখন নদীৰ নাম
পহৰ তিতাবৰ
লুটুৰিপুটুৰি প্ৰেমৰ ধুলিকণা মই
বিচাৰি ঠিকনা অভিধানৰ
সাঁতোৰিলো সাগৰ সংবিধানিক
সপোন পুৰিৰ মায়াবী ঠিকনাত !
লোভৰ কঁঠীয়াতলিত জিভা লকলকাই
নিজৰ বাদে নেদেখিলা আনক
সুবিধা পাই কেৰাহিৰ মঙহ খালা সমূদায়
এতিয়া পেট ফালি আছা তুমি
পৰলৈ আশীৰ্বদীয়া কৈ !
ৰন্ধে ৰন্ধে শিহৰণ জগাই
কোন শতুৰুৰ চৰণত শৰণাপন্ন
ভালপোৱাৰ ভাৱৰীয়া হৈ !
ৰ’দৰ ছালিত আছেনে সাৰথি
ভৱসমূদ্ৰৰ ডিঙাত নাৱৰীয়া হৈ
চাওতালি নৃত্যৰ ময়ূৰচালি ধৰি
অনুভৱৰ কঠীয়াই চুবলৈ প্ৰশান্ত মহাসাগৰ !
অঙ্গন: পৃষ্ঠাঃ ৩২
সপোনৰ উচুপনি
উৎপল কুমাৰ শৰ্মা
এবুকু আবেগ সাৱটি
পাৰ কৰিলোঁ বহু উজাগৰী ৰাতি
তোমাক লগ পোৱাৰ হেঁপাহ,
তেজৰঙী দলিচাত
ঝুনুক ঝুনুক নূপুৰৰ ধ্বনি তুলি
সোমাই আহিছিলা তুমি
হৃদয়ৰ খোলা দুৱাৰেদি
এমুঠি জোনাক হৈ।
পিছে.........
পাহৰণীৰ গৰ্ভত এৰি দি
হৃদয় জুৰুৱাৰ প্ৰতিশ্ৰুতি
ঢালি দিলা এবুকু বিষ
কলিজা জ্বলাই।
বিশ্বাসঘাটৰ নিৰ্মম আঘাতত
ভাগি গ'ল সপোনৰ ডেউকা
এন্ধাৰৰ পোতাশালত বন্দী
সপোন বোৰে উচুপে
নীৰৱে অকলে অকলে।
ঠিকনাঃ
বোকাখাত
অঙ্গন: পৃষ্ঠাঃ ৩৩
কিহেৰে পূজিম তোমাক
ৰেখা ৰাণী বৰ্মণ
হে স্বনামধন্য ,
বৰ লুইতৰ বৰেণ্য তনয় ভূপেন হাজৰিকা দেৱ
কিহেৰে পূজিম তোমাক ,
কিহেৰে পূজিলে লভিবা সন্তোষ
সমাজতন্ত্ৰৰ মহামন্ত্ৰেৰে ?
নে সাম্যবাদেৰে ?
নে মহাদানৱ জাতিদ্ৰোহীৰ ৰক্তেৰে ?
কি নাছিল তোমাৰ
গীত আৰু গীতি কবিতাত !
যি কাপেৰে তুমি বোৱাইছিলা বিশ্বত
অসমী আইৰ গুণ-গৰীমাৰ মহা পদজল !
ক্লান্ত নহৈছিলা কাহানিও প্ৰেয়সীৰ নিদিয়া মৰমত
নহৈছিলা অশান্ত প্ৰশান্ত সাগৰৰ উৰ্মিমালাত সাঁতুৰী
কেৱল মানুহ হৈ মানুহৰ হৃদয়ৰ পাঠ পঢ়ি গ'লা
জাতি ভেদৰ প্ৰাচীৰ ভাঙি
ঐক্য সম্প্ৰীতিৰ এনাজৰিৰে
ঐতিহ্যৰ মহামিলনৰ তীৰ্থ গঢ়িলা অসমত ,
ৰূপহী কৰিছিলা স্বহীদৰ তেজেৰে ভাৰতী আইক
বিভেদকামীৰ চিতা আৰু কবৰৰ প্ৰশান্তিৰে
আঁকি থৈ গ'লা যাযাবৰী জীৱনৰ কেনভাচত
বৰ্ণিল হুমুনিয়াহ আৰু প্ৰাপ্তিৰ বিভূষণ ,
কথাৰ লালিত্যৰে জিনিলা বিশ্বৰ হৃদয়
সুৰৰ কৰণিৰে মোহিলা হেজাৰ হেজাৰ শ্ৰোতাক
তুমি মানুহক ভাল পোৱা জাতিৰ প্ৰহৰী
সেইবাবেই চাগে বিদেশী বন্ধুকো শুনাইছিলা
দুৰ্ভগীয়া অকলশৰীয়াৰ কান্দোন
হে স্বনামধন্য ,
বৰ লুইতৰ বৰেণ্য তনয় ভূপেন হাজৰিকা দেৱ
কিহেৰে পূজিম তোমাক ,
কিহেৰে পূজিলে লভিবা সন্তোষ !!!
অঙ্গন: পৃষ্ঠাঃ ৩৪
শৰতৰ মালিতা
পল্লৱী গগৈ বুঢ়াগোহাঁই
প্ৰিয় বুলি সংপৃক্ত সকলো
এদিন হেৰাই যায়,
দুহাত মেলি চপাই আনিব নোৱাৰা
সীমাৰ সিপাৰে অদেখা দূৰলৈ।
আন্তৰিকতাৰ
বসন খুলি ইচ্ছাকৃত
অথবা অনিচ্ছা স্বতেও।
ধৰণী শুৱাই নিয়ৰৰ
শুভ্ৰ আঁচলত পেখম ধৰে
ফিৰফিৰিয়া শৰতৰ চিনাকি
শেৱালীৰ আমোলমোল ৰাগি।
এইমাত্ৰ যেন নকইনাই
শৰীৰ শুৱনি কৰি পিন্ধি লোৱা
এপলক ঘন সুগন্ধিৰ সুৰভি।
লয়লাস কঁহুৱাৰ পাহিৰ
সুবাস লাগি সেউজ হয়
হিয়াৰ তেজাল অলি-গলি।
চমকত নাচিব যেন
হাতৰ মুঠিত লুকুৱাই ৰখা
তৰাফুল।
প্ৰতিটোপাল নিয়ৰৰ
স্পৰ্শত সেয়েহে ধন্য
শৰতৰ সজাল ধৰা ধাননি।
অঙ্গন: পৃষ্ঠাঃ ৩৫
দীনতা
অজিত বৰা
কথাবোৰ আজিকালি কমকৈ বুজোঁ
আনকি নিজকে কোৱা কথাবোৰো
ফুলৰ সৈতে সেয়ে প্ৰায়ে মোৰ দ্বন্দ হয়
ফুলে চাগে' সেয়ে মোক অভিমান কৰে
হওঁতে ফুলৰ প্ৰতি অনুৰাগ মোৰ অলপ বেছি
কথাবোৰো আজিকালি বৰকৈ পাহৰোঁ
এয়া মোৰ দীনতা
অচিন ভাগৰ এটাৰ সৈতে যুঁজি থাকোঁ
সেই যুঁজত মই প্ৰায়ে হাৰো
ভাগৰটো বিজয়ৰ গৰ্বত ওফন্দি উঠে
শিৰনত হৈ মই সন্ধিৰ প্ৰস্তাৱ আগবঢ়াওঁ
ভাগৰটোৱে অৱশ্যে মোক বিমুখ নকৰে
কথাবোৰে মোৰ প্ৰায়ে সংগতি হেৰুৱায়
মন যায় কৈ যাওঁ
পিছ মুহূৰ্তে কি ক'লো পাহৰি থাকোঁ
নাম পাহৰোঁ, ধামো পাহৰোঁ
পাহৰোঁনেকি মই নিজকেও!
তোমাৰ কথাবোৰ মনত পেলাবলৈ
মই পাৰ্যমানে চেষ্টা কৰো
তুমি কথা ক'লে মোৰ ভাল লাগে
তোমাৰ কথাবোৰে মোৰ ভিতৰখনক আহিত কৰি তোলে
তোমাৰ সৈতেও মোৰ মাজে মাজে দ্বন্দ হয়
সেই দ্বন্দত মই হাৰি থাকোঁ
মই মোক তোমাক অৰ্পন কৰো
তুমি মোক পুনৰ প্ৰেৰিত কৰা
জানাই তুমি
কথাবোৰো আজিকালি মই কমকৈ বুজোঁ।।
অঙ্গন: পৃষ্ঠাঃ ৩৬
নৈ খনক নুদোষিবা
অঞ্জনা দেৱী
সুবিশাল আকাশখনি
পুৱা-গধূলি জিলিকিছে প্ৰতিচ্ছৱি
এই নদীখনিতে...
এক অমল অনুভূতি।
ক্ষণে তুষ্ট , ক্ষণে ৰুষ্ট
বৈছে অহৰহ কোবাল ধাৰা মুক্ত মনে।
ইয়াৰ দুই তীৰতে উঠিছে গঢ়ি
ভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণত ভিন্ন সংস্কৃতি।
নৈ খনক নুদোষিবা কাহানিও...
উশাহ বোৰে স্থায়ী ঠিকনা বিচাৰি পায়
ইয়াৰ গভীৰ গৰ্ভত
অজানিতে, অকালতে ,নিৰলে।
দানৱৰ মুখত লুপ্তপ্ৰায় মানৱীয়তা
কেৱল দুৰ্নীতিৰ শিপাডালে মেৰাইছে
দুৱাৰখন স্বার্থপৰতাৰ।
সময়ক তুচ্ছ জ্ঞান কৰি
প্ৰতিশ্ৰুতিবোৰ ফৰ্মুটিয়াই
জীৱনৰ গতিক ৰুদ্ধ কৰি
টনকিয়াল কৰিছোঁ নিজৰ বাট।
পাহাৰ-পৰ্বত ভৈয়াম ভেদি
কেৱল হিয়া ভঙা আৰ্তনাদ।
পাৰিবনে কেতিয়াবা পৰিত্ৰাণ কৰিব
সেই হিয়া আজোৰা কৰুণ বিননিৰ ধাৰ ?
কেতিয়াবা পাৰিবনে কৰিব লুপ্ত
সেই পাৰ ভঙা সজল ধাৰাৰ উৎস ?
ঠিকনাঃ
যোৰহাট
অঙ্গন: পৃষ্ঠা ৩৭
অন্তৰ্দৃষ্টি
অৰ্চনা হালৈ তালুকদাৰ
দোক -মোকালিৰ অৰুণৰ আভাৰে ৰাঙলী আকাশ,
কিমান যে প্ৰতিশ্ৰুতি থাকে
এনে লাগে যেন আজিয়েই পূৰ্ণ হ'ব
জীৱনৰ আকাঞ্চিন অভিলাষ।
এবুকু স্থিৰ নীলাৰে
দুপৰীয়াৰ গগণ
ক'লা মেঘৰ গৰ্জন
প্ৰতিৰোধ কৰাৰ অদম্য আয়োজন।
কেৱল কৰা ,কৰি যোৱা, সৰ্বোচ্চ উজাৰি সপোন বোৰ এতিয়াও অসীমত।
আবেলি ভাগৰি বতাহৰ বোকোচাত গণি গণি
কি কৰিলো, কিমান কৰিলো, কাৰ বাবে কৰিলো
সকলো নিবেদন কৰিলো ,
বিদায় বেলাৰ বেলিটোৰ কাষত।
আন্ধাৰৰ কঁকাল ভাঙি সন্ধিয়াৰ কৌমুদী নাচিলেহি
মোৰ চোতালত,
ভাও ধৰা আত্মা, বন্ধ কোঠাৰ অন্ধ মনবোৰ
জয় কৰিব নোৱাৰে আনকি সৃষ্টিকৰ্তাই।
প্ৰতিশ্ৰুতি বোৰ নিজৰ বাবে হ'ব লাগে,
পোৱা-নোপোৱা
সুখ-দুখৰ সন্মিলিত অনুভূতি বোৰহে প্ৰকৃত সত্য।
অকৃতজ্ঞ ,অপকাৰী জনক প্ৰতিঘাত নহয়,
প্ৰতিটো আঘাত হ'ব লাগে সৃষ্টিৰ উৎস।
ঠিকনাঃ
পাঞ্জাবাৰী, গুৱাহাটী
অঙ্গন: পৃষ্ঠাঃ ৩৮
মোৰ প্ৰিয় শৰৎ
মিতালী শৰ্মা
তোমাৰ বাবে ৰৈ আছোঁ
তুমি আহিবা বুলিয়েই
একুঁকি নিয়ঁৰ সনা শেৱালি
তোমালৈ বুলি ।
ৰিব্ ৰিব্ বতাহে খবৰ বিলালে
জুৰিটিৰ পাৰত হালি জালি কঁহুৱা নাচিব ।
নীলা আকাশৰ শুকুলা মেঘৰ তলত
তোমালৈ বাট চাই ৰ'ম ।
আবেলিৰ চিক্ মিক্ বিজুলী
মোৰ মেঘালী চুলিত সৰি
কাজল সনা দুচকু তিৰবিৰাই
উঠিব , মই ব্যাকুল হৈ
তোমালৈ বাট চাই ৰম ।
তুমি আহিবা যেতিয়া সন্ধ্যা ভাঙিব,
দুৱৰি দলিচাত তেতিয়া শেৱালি সৰিব
সাৱটি ধৰিবা মোক স্নিগ্ধ জোনাকৰ তলত,
ৰূপালী প্ৰেমেৰে সজাম এনিশা।
ঠিকনাঃ
উলুবাৰী গুৱাহাটী
ফোন নম্বৰ-৯০৮৫৩১০৩৫৫
অঙ্গন: পৃষ্ঠা ৩৯
অনুভৱৰ বোকোচাত শৰৎ
মনস্বিনী শৰ্মা
খোজ দিওঁ বুলিও ৰৈ গ'লো
তলসৰা শেৱালিপাহ দেখি,
কাষতে আকৌ
কঁহুৱাৰ চঞ্চলা হাঁহি।
মই জানো তুমি আহিন প্ৰিয়,
আৰু মই সেই আহিনৰে
শৰৎ যেন লগা এটি অনুভৱ।
কুঁৱলীৰ চাদৰ ফালি কঢ়িয়াই অনা
এচমকা ৰ'দৰ মই অভিযাত্ৰী,
বাট মোকলাই দিবা
সাহ হৈ আগবাঢ়িম।
উন্মাদনা আঁতৰায় মাথো নীৰৱতা
গন্তব্যৰ বাবে গতি লোৱা
এয়াটো নহয় ফুলজাৰি,
সাৰে থকা শৰতৰ আকাশত বিচাৰি চাবা
নিভৃত কোণত জিলিকিব খোজা
তৰাৰ আভা।
অনুভৱৰ বোকোচাত অহা
শৰতৰ বাবে সাঁচিবা মিঠা অনুৰণ।
ঠিকনাঃ
স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
ফ'নঃ৭৬৩৭৯৪৫০৭৩
অঙ্গন: পৃষ্ঠাঃ ৪০
শৰৎ
মণিকা গগৈ শইকীয়া
আঙুলিৰ মূৰত ক্ষণ গণি গণি।
বাট চাই আছো
তোমালৈ শৰৎ ,
প্ৰতিটো সন্ধিয়া মোৰ পদূলিৰ
জনাক ফুলা শেৱালি জুপিৰ তলত ।
তুমি আহিবা শৰৎ
জোনাকৰ আঁচল মেৰিয়াই দেহাত ,
শুভ্ৰ কঁহুৱাই হালি -জালি নাচি
আদৰি আনিব তোমাক ।
জিল মিল নিয়ৰেৰে
দূবৰিৰ বুকুত
শেৱালিৰ পাহিবোৰে সিঁচিব সপোন
শৰৎ তোমাৰে কোলাত ,
শুকুলা ডাৱৰেও
নিৰ্মল আকাশৰ বুকুত মেলিব দুহাত ।
কুঁৱলীৰ গুড়ি ফুলৰ পাপৰিবোৰেও
সপোন আঁকিব
হেপাঁহৰ চিকিমিকি ঘাটত ,
আকলুৱা মনটি লৈ
তোমাতেই মুগ্ধহৈ ৰওঁ
জিকিমিকি জোনাকৰ বাটত
শৰৎ তুমি অহাৰ পৰত ।
ঠিকনাঃ
চাবুৱা
অঙ্গন: পৃষ্ঠাঃ ৪১
আকুলতা...
গীতাঞ্জলি বৰ্মন ডেকা
মোৰ দুগালত
ৰং আঁকি দিলা,
অস্পষ্ট সুৰেৰে
চকুৰ টিপনিত
অৰ্থৱহ গীতকে গালা।
ভাবি ভাবি
ভাগৰি পৰিলোঁ,
তলসৰা
শুকান পাতৰ
জৰজৰণিত
বিচাৰি চালোঁ !
অহেতুক
প্ৰীতিৰ বান্ধোনত
হয়তো কৰবাত
চমকি উঠিলোঁ,
নীলা নীলা
চাদৰৰ আঁচলত
বান্ধি ৰাখিব নোৱাৰিলেও
মৰম নদীৰ সাকোখনত
আজিও বান্ধখাই থাকিলোঁ...
আজিও হিয়া
দুৰু দুৰু কঁপে,
প্ৰতিটো খোজে
প্ৰতিটো পল-অনুপলে
আজিও সোঁৱৰাই দিয়ে !
তুমি ভালে থাকা
এইয়া মোৰ বুকুৰ
গভীৰ ভাষা...
স্বপ্ন বিভোৰ নয়নৰ মুগ্ধতাত
মানি লওঁ কেনেকৈ
তুমি নাই বুলি,
তুমি যে কেৱল মাথোঁ
মোৰ সপোনৰ লগৰী...!
ঠিকনাঃ
ৰূপনগৰ গুৱাহাটী
ডাকঘৰ-ইন্দ্ৰপুৰ
জিলা-কামৰূপ (মেট্ৰো)
পিন নং-৭৮১০৩২
ফোন নং-৭০০২২৯৭৯৬০
অঙ্গন: পৃষ্ঠা ৪২
নীলাখামৰ চিঠিঃ
মৰমৰ
চেনাই...
তুমি তুমি লগা আবেলিৰ বতাহজাকে আজি বৰকৈ আমনি কৰিছে জানা! তোমাক নেদেখা , তুমি তুমি লগা সেই মায়াময়তাৰে নিজকে এবাৰ সজোৱাৰ পৰবোৰ আজি এযুগ এবছৰ হল। অস্ত যোৱা ৰাঙলী বেলিক সুধিছিলোঁ বিদায় বেলাত কেনেকৈ ইমান ৰঙীন হব পাৰে! বেলিটোৱে কৈছিল পুনৰ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে নিজকে ৰঙাই তোলোঁ। হয়তো প্ৰতিশ্ৰুতিৰ ৰঙীন আভাই বিদায়ৰ ভৰুণ দুচকুক ৰঙাই তুলিব পাৰে। তুমিও গুচি গৈছিলা এবুকু প্ৰতিশ্ৰুতি দি কৃষ্ণচূড়াৰ বাটেৰে আৰু মই ৰৈ গ'লোঁ তুমি এৰি যোৱা সেই চিনাকি ঘাটত তোমাৰ ৰাধা হৈ। জেতুকা বুলিয়া দুহাতেৰে কেতিয়াবা চুই চাওঁ মোৰ হাচনাহনা সপোনবোৰ। সপোনবোৰে এঙামুৰী দিয়ে, সামৰি থওঁ আহিনৰ আঁচলত । অনুভৱী হিয়াৰ একোণত তোমাকো সামৰি থওঁ । এখোজ দুখোজকৈ আগবাঢ়ি যাওঁ একাকীত্বৰ সেই চিনাকি পথেৰে...
ইতি
তোমাৰ নাহৰ
পঙ্কী বৰা
চকৰধৰা, গোলাঘাট
অঙ্গন: পৃষ্ঠাঃ ৪৩
গল্পঃ
চকুলোৰ ৰং
জোন গগৈ
পিঠিত ফলাখৰিৰ কোবকেইটা পৰাৰ পিছতো তাই জানো এৰিছিল কোনোবাদিনা গিৰিয়েকটোক আলপৈচান ধৰিবলৈ৷ মদাহী গিৰিয়েকটোক মদ খোৱাৰ বাবে প্ৰতিবাদ যে কৰা নাছিল এনে কথাও নহয়৷
যিদিনাই প্ৰতিবাদ কৰিছিল সেইদিনাই তাইৰ পিঠিত উফৰি পৰেহি সেই অসহ্য বিষবোৰ৷ আৰু তাৰ পিছত ছোৱালীজনীৰ মাকজনী মাক হৈ নাথাকে৷ ধৰ্ষিতা হৈ পৰে মদাহীৰ গিৰিয়েকটোৰ হাতত৷
প্ৰতিটো নিশাই যেন অমাৱস্যাৰ নিশাৰ ঘোৰ অন্ধকাৰত ডুব যাব ধৰিছিল ঘৰখন৷ মাকৰ উচুপনিবোৰ আইমানুৰ বুকুত আঠা লগাৰ দৰে লাগি ধৰে৷ আইমানুৱে মাকক বুজনি দিয়ে কিয় সহি থাকিব লাগে এইবোৰ মা ? ছোৱালী হৈ জনম ল’লে সহিবই লাগিব বুলি কোৱা কথাবোৰত আইমানুৱে উচাত মাৰি আঁতৰি আহে৷
পিঠিত বিষটো লৈ মদাহী গিৰিয়েকটোলৈ বিধে বিধে আচাৰ বনায় তাই৷ গিৰিয়েকে খাই ভালপোৱা পুঠিমাছকেইটা একেহাতে বাছি তাই আইমানুক জুইকুৰা ধৰিব কয়৷
ৰঙা আঙঠাৰ জুইকুৰাৰ দৰে আইমানুৰ বুকুৰ ভিতৰখনো জ্বলি থাকে আজিকালি৷ মোক ডাঙৰ হৈ ল’ব দিয়া দেউতা, তাৰ পিছত তুমি মাক হাত উঠাই চাবা বুলি কথাবোৰ তাই মনতে পাগুলি থাকে৷ মাকৰ ঠৰঙা মাতটোত উচপ খাই উঠা আইমানুৱে খৰধৰকৈ মাছকেইটা টাৱাখনত সিজিবলৈ এৰি দি ভুনভুনাই আঁতৰি যায়৷
দপদপাই জ্বলি থকা লাগনিখৰিডাল অঙঠাতে মোচৰ মাৰি তাই ফু মাৰি নুমুৱাই দিয়ে৷ মাকে বুজে আইমানুৰ খং৷ মাছ জ্বলিলেও জ্বলক বুলি এনে ভাৱতে তাই জুইকুৰা দপদপাই জ্বলাই থৈ যায়৷
ডিঙিৰ গুৰিলৈকে খাই উগাৰ এটা মাৰি ভাতৰ পাততে হাত ধোৱা বাপেকটোলৈ দিনক দিনে খঙটো বেছি হৈ আহে আইমানুৰ৷ আৰু মাকজনীয়ে ৰাতি কথাবোৰ পাহৰি দিনৰ দিনটো কিয় দেউতাকক ইমান আলপৈচান ধৰি থাকিব লাগে বুলি তাইৰ ঘোৰ আপত্তি কৰে৷
আইমানু!!
মদাহী হওক যিয়ে হওক সেইটো বাপেৰে আনি নিদিলে ক’ত খাবলৈ পাবি৷ দেখা নাই তই আইমানু বাপেৰে মাছে মঙহে শাকে পাতে বিধে বিধে কেনেকৈ ঘৰলৈ বস্তুবোৰ আনে!
মাকৰ কথাষাৰ আধাৰুৱাকৈ শুনি তাই স্কুলৰ হেডছাৰে পঢ়ি যাব দিয়া পাঠটো আওৰাই থাকিল৷ স্কুলৰ কথাবোৰ মনত পৰিলে তাইৰ বুকুখন জঠৰ হৈ পৰে৷ কেনেকৈ কয় মাকক মদাহী বাপেকৰ জীয়েক বুলি কিমান যে লাজ দিয়ে লগৰবোৰে তাইক৷ একমাত্ৰ সখীয়েক ঝুম্পাৰ বাহিৰে তাইক কোনেও নুবুজে৷ সেয়ে আন লগৰবোৰতকৈ তাইলৈ অকণমান বেছিকৈ মৰম লাগে তাইৰ৷
সৰু সৰু কথাবোৰ গাপ দিওঁতে দিওঁতে তাই বুকুৰ ভিতৰখন গধুৰ হৈ পৰে৷ এবাৰ দেউতাকক খাটনি ধৰিছিল৷ তুমি মদ নাখাবাচোন দেউতা! স্কুলত সৱেই মোক মদাহীৰ জীয়েক বুলি ঠাট্টা কৰে৷ তাৰপাছত দেউতাকে উগ্ৰমূৰ্তি ৰূপ ধাৰণ কৰি হাতত দীঘল দা খন লৈ হাত জোকাৰি জোকাৰি মোৰ ছোৱালীক কোনে জোকাইছ ? সাহ আছে যদি ওলাই আহ ঐ বুলি টেটুফালি চিঞৰা সেই দৃশ্য তাই জানো পাহৰিব পাৰিছিল৷
দেউতাকৰ মদৰ নিচাত ওলোৱা অবাইচ মাতবোৰ অকল তাইৰে লাজ লাগিছিল এনে নহয়, গোটেই গাঁওৰ মানুহবোৰৰে লাজ লাগিছিল৷ দেউতাকৰ হৈ হাল্লাবোৰত গাঁওৰ মানুহবোৰ যে গোটেই ৰাতি টোপনি যাব নোৱাৰিলে ,ইচকুলৰ কান্ধসমনীয়া কেইটাৰ মুখৰপৰা শুনোতে মুখখন যে তাই ক’ত লুকুৱাই থওঁ যেন লাগিছিল ৷ মদপী মানুহৰ ঘৰলৈ ভাল মানুহবোৰ যে নাহে লাহে লাহে তাই বুজা হৈছিলগৈ৷
ওফাইদাং মৰা বাপেকৰ কথাবোৰত গাঁৱৰ কোনো মানুহে জিকিব নোৱাৰিছিল৷ বাপেকে সেই কথাবোৰকে লৈ বাহাদুৰি মাৰে৷ দেখিলি নে আইমানুৰ মাক মোৰ সমান জ্ঞানী মানুহ এইখন গাঁৱত আৰু কোনো নাই৷ সেয়েহে তোক কওঁ মোৰ পিছত তই পে পে কৰি নাথাকিবি৷ কেতিয়াবা খং উঠিলে তোকো মুখ চুখ ভাঙি বেকা কৰি দিম বুলি সমানে দাঁত দুপাৰি কৰচি উঠা বাপেকটোলৈ আইমানুৰ মাকজনী দূৰতে কঁপি থাকে৷
পিছে আইমানুজনীহে মাকতকৈ বেলেগ হ’ল৷ বাপেকক সকিয়াই দিব মন যায় তাইৰ, গাঁৱৰ মানুহে তোমালৈ ভয় নকৰে দেউতা ! তোমাৰ মূৰ্খামিবোৰক মানুহবোৰে গুৰুত্ব নিদিয়ে আৰু এই সাধাৰণ কথাটোকে তুমি বুজি নোপোৱা আৰু অহংকাৰত বুকু ফিন্দাই থাকা৷
দেউতাকক কিবা এষাৰ কোৱা মানে মাকৰ মনত দুখ দিয়া৷ মোৰ ছোৱালী হৈ তই তোৰ দেউতাৰক এনেকৈ ক’ব পৰা হ’লি৷ এইবোৰে শিকালোঁ তোক সৰুৰে পৰা বুলি সেইদিনাখন মাকে কমখন কন্দাকটা কৰিছিল নে! আৰু কান্দি কান্দি শপত দি তাইৰ মুখ বান্ধি পেলোৱা মাকলৈ খঙটো উঠি আহিলেও মাকক যে তাই বেছিসময় বেয়া পাই থাকিব নোৱাৰে৷
দেউতাকে অনবৰতে লথিয়াই মৰিয়াই থকা মাকজনীক তাই জানি শুনি দুখ দিব নিবিচাৰে৷ কেনেকৈ দুখবোৰ নোহোৱা হ’ব মাকৰ ? পঢ়াৰ টেবুলত বহাৰ আগতে আইমানুৱে ভগৱানক প্ৰাৰ্থনা কৰে ৷ দেউতাক মদ নোখোৱা কৰি দিয়া প্ৰভু…থোকাথুকি মাতেৰে দুচকুৱেদি সৰি পৰা গৰম চকুলোবোৰ খৰধৰকৈ হাতৰ তলুৱাৰে মচি লৈছিল তাই৷
মদপী জীয়েকৰ বিশেষণটোৱে জানো কম আছিল নিজকে সৰুৰে পৰা তিলতিলকৈ গঢ় দিবলৈ৷ ইয়াৰ পিছতো আৰু এটা বিশেষণ যোগ হৈছিলহি চুইচাইড কৰাৰ মানুহজনৰ জীয়েক৷
আৰু মাকে মৃত্যুৰ স’তে যুজি থকা বাপেকটোৰ লগত কিমান যে লেদেনা ওকতিছিল৷ ঘৰৰ সৰু খুড়া আৰু বৰদেউতা স’তে দেউতাকক চাবলৈ গ’লে দূৰৰ পৰাই চাই আহিছিল৷ আৰু সেইজন মানুহকে মাকজনীয়ে জীয়াই তুলিবলৈ কি কি যে কৰা নাছিল৷
মাকজনীয়ে হাৰ মনা নাছিল৷ মদপী হ’লেও মোৰ মানুহজনক ওভতাই দিয়া বুলি উচুপনিবোৰে মানুহজনীৰ দুই ওঁঠত ভিৰ কৰিছিলহি৷
দেউতাকৰ মৃতদেহৰ ওপৰত মাকে বুকু চপৰিয়াই কন্দা মানুহজন তাইৰ দেউতাক নহয় বুলি বুজনি দিছিল আইমানুৱে৷ বগা ঢকঢকীয়া দেউতাকৰ ছাঁই বৰণ ধৰা মুখখনলৈ আইমানুৱে ৰ’ লাগি চাই ৰৈছিল৷
আচুতীয়াকৈ থোৱা হস্পিতালৰ চাৰিওকাষে গেলা দুৰ্গন্ধবোৰ হয়তো মাকজনীৰ নাকত লাগিয়েই আহিছিল৷ বহুদিনলৈ একো এটা মুখত দিব নোৱাৰাকৈ ওকালি অহা মাকক দেখি মৃত বাপেকটোলৈ খং এছাট উঠি আহে তাইৰ৷
ইয়াৰ পিছতে মাকজনীৰ জীৱনলৈ ন ন কথাবোৰ যোগ হৈছিলহি৷ দেউতাকক হেৰুৱা দুখে ভৰ কৰা বুকুখনত বৰমাক আইতাকৰ খেচখেচনীবোৰ মাকে মনেমনে শুনি গৈছিল৷ কান্দি কান্দিয়েই মাকে আইমানুক কৈ আছিল তই ভাল মানুহ হ’বি আইমানু, দেউতা নোহোৱা দুখটো তই মোক পাতলাব পাৰিবিনে আইমানু ?
চকুপানী জলঙাইদি মাকজনীয়ে বৰ আশাৰে আইমানুলৈ চাই ৰৈছিল৷ যি গৰাকী মাকৰ বাবে জী আছে তাই সেই মাকৰ চকুত গুজি দিব পাৰেনে আৰু এখন নৈ৷ মাকজনীৰ হাতখন তাই মুঠি মাৰি ধৰি আছিল৷
সময়ে বৰণ সলাই জীৱনে ৰং আনে কথাষাৰ যেন আইমানুৰ জীৱনতো ফলিয়াইছিল৷ সময়ে থুকুচি পেলোৱা সেই মদাহীৰ জীয়েক আইমানুজনী ডাক্তৰ হৈ উভতি অহা খবৰটো গোটেই গাঁৱখনতে ৰজনজনাই উঠিছিল৷
নিউজ চেনেলবোৰে কেমেৰাটো ঘূৰাই পকাই আইমানুক খবৰ লোৱাত ব্যস্ত হৈ পৰা চোতালখনত লোকে লোকাৰণ্য হৈ পৰিছিল৷
মাকজনীয়ে হাঁহি হাঁহি কান্দি থকা তাই দূৰৰ পৰাই লক্ষ্য কৰি আছিল৷ এই চকুলোৰ ৰং আজি বেলেগ অ’ আইমানু বুলি মাকজনীয়ে হাঁহি হাঁহি আকাশমুৱা হৈ চাই থাকিল৷
ঠিকনাঃ
দুলীয়াজান
অঙ্গন: পৃষ্ঠাঃ ৪৪
গংগাটোপ
হিৰণ্য কুমাৰ ভূঞা
যদিওবা মোৰ চুলি পকিছে , চকুত +২ .৫.. পাৱাৰৰ শচমা, কিন্তু মই এদিনো ভবা নাই বা খ্যাল কৰা নাই, মই কেইটা বসন্ত পাৰ কাৰিলো । মোৰ দেহাটো চৰ্বি নাই বাবে ক্ষীণ আৰু দেখাত ওখ । মনেৰে মই এজন চফল ডেকা ; উৰন্ত পক্ষীৰ দৰে মোৰ মন । সদাই ফুল চাৰ্ট, লং পেন্ট পিন্ধো ; তাকো বিনা ইষ্টিত নহয় । কাপোৰ কানিৰে ফিট ফাট যদিও ১/২ মাইল মান খোজ কাঢ়িলেই বা দুই মহললৈ স্টেয়াৰ কেচেৰে বগালেই ফোপনি ধৰে । কিন্তু মই মাইন নকৰো ।
লগৰবোৰে মোক লগ পালেই , ভালৰি লগাই লগায়েই নেকি কয় -" এভাৰ গ্ৰীন মেন "। মোৰ বুকু ১ ইঞ্চি মান ফুলে ।
সমন্ধীয় ককাই ,বাই ,ভনী বা আন চিনাকি কোনোৱে লগ পালেই কয় -" একেবাৰে চফল ডেকা হৈ আছ । টিপচ্টো দেছোন তোৰদৰে যৌৱন ধৰি ৰাখিবলে " । সেইদিনা মোৰ বুকু ২ ইঞ্চি মান ফুলে ।
ধুনীয়া বস্তু দেখিলে মই বৰ আকৰ্ষিত হওঁ । বিশেষকে ধুনীয়া ছোৱালী দেখিলে মই বেছ আকৰ্ষিত হওঁ, আৰু নয়ন ভৰি চাওঁ । দাদা বুলি মাতিলে বৰ ভাল লাগে, বুকুখন ৩ ইঞ্চি মান ফুলে আৰু সেইকাৰণে দাদা বুলি মতাতো বিচাৰোঁ । আংকোল বুলিলে খুব খং উঠে ।
মুঠতে, মই চফল ডেকা, বয়স কিমান হৈছে নাভাবো । ৪০ বছৰৰ আশে-পাশে বুলি ভাবি মই গংগাটোপ হৈ থাকো।
বাৰিষাৰ বতৰ । খুব বৰষুণ । ৰাস্তা পানীৰে উপচি পৰিছে । চিটিবাছ কোনোমতে চলিছে। যাব লাগে ফাচি বজাৰৰ পৰা ছয় মাইল মানে ঘৰলে । ফাচি বজাৰলে আহিছিলো । বিশেষ একো কাম নাছিল, কেইবাদিনো ঘৰত সোমাই আমনি লগাত, সৰু বস্তু দুটা মান অনাৰ চলেৰে । বৰষুণৰ বতৰ, গতিকে হাফ চাৰ্ট, তাকো ঘৰতে পিন্ধি থকা দিঙিৰ ওচৰৰ গুদাম ( বুটাম) চিঙি থকা আৰু পলিচ নথকা পুৰণা চেণ্ডল যোৰকে পিন্ধি আহিছিলো । লাখটকীয়া হৈ পানবজাৰ বাছষ্টেণ্ডলৈ কিনকিনিয়া বৰষুণত তিতি আহি চিটিবাছ এখনত ফোপাই যোপাই উঠি দেখিলো ধুনীয়া ধুনীয়া সন্দিকৈ নে কটনৰ ছোৱালী চিট ভৰ্তি । মনটো ভাল লগাই নহয় বুকু ওফন্দি উঠিল । বাছত উঠি ফোপাই ফোপাই থিয় হোৱা দেখি কাষৰ চিটৰ ধুনীয়া ছোৱালীজনীয়ে মোলৈ ছোৱাত মনতো 'কিবা' কৰি যাওঁতেই থিয় হৈ কলে - " আংকোল আপুনি ইয়াতে বহক । " মনটোসেমেকি গ'ল আৰু ক'লো -" বহা বহা সেইটো তোমালোকৰ চিট "। "নহয় আংকোল আপুনি এই বয়সত ফোপাই ফোপাই থিয় হৈ যাব নোৱাৰিব । আমি গাভৰু ছোৱালী থিয় হৈয়ে যাব পাৰিম "- তাই কলে । বৰ দুখেৰে- মহিলাৰ বাবে ৰিজাৰ্ভ চিটতে বহিলো !
উলুবাৰীত ছোৱালীজনী নামি গ'ল আৰু এগৰাকী বোৱাৰী উঠিল । যিহেতু লেডিজ চিট, তেওঁলৈ চিটটো এৰি দিবলে উঠিব খোজোতেই কৈ উঠিল -" আংকোল বহক বহক ; আপুনি এই বয়সত নুঠিব । আপুনি মোৰ দেউতাৰ বয়সৰ ; তাতে বহক । মই থিয় হৈ যাব পাৰিম "। মনটো একেবাৰে পৰি গ'ল ।
৬ মাইল পাই চিধা ঘৰলৈ গৈ, বোৱাৰী নথকাত তেওঁৰ ৰুমত সোমাই আইনা দাৰ্জৰ দাঙৰ গ্লাছ খনত নিজকে এবা চাই দেখিলো - বৰষুণত তিতি মূৰৰ পাতল হৈ যোৱা আধাপকা চুলি কেইডাল চেপেটা হৈ তালু ওলাই আছে । হাফ চাৰ্টৰ ওলাই থকা হাত দুটাৰ সোতোৰা সোতোৰ চাল আৰু দিঙিৰ ওচৰত চাৰ্টৰ গুডাম নথকাত খোলা হৈ বুকুৰ পকা নোম দেখি মনত পৰিল অৱসৰ হোৱা ১৫ বছৰ পাৰ হৈ গ'ল । তথাপিও গপত গংগাটোপ হৈ থকা মই , নিজকে ধিক্কাৰ দিলো - কি কাৰণে বৰষুণ বতৰ বুলি গুডাম নথকা হাফ চাৰ্ট পিন্ধি গৈছিলো আৰু কি দৰ্কাৰ আছিল বৰষুণত ঢৌ উঠাই ৰখা চুলিখিনি তিয়াই চেপেটা হবলে দি ,আধা মাইল খোজ কাঢ়ি আহি চিটিবাছত উঠি আহিবলে । চিটিবাছৰ ছোৱালী আৰু বোৱাৰী দুজনী মনত পেলালত সৰুতে পূজাত দোকানৰ পৰা কিনি অনা বেলুন হাততে ফুটিলে যিদৰে মনটো সেমেকি উঠিছিল তেনেদৰে দৰে মনটো সেমেকি উঠিল।
ঠিকনাঃ
দুলীয়াজান
অঙ্গন: পৃষ্ঠাঃ ৪৫
অমৃতৰ নদী
ববিতা কলিতা
ধন হেনো এতিয়া বাপধন হ'ল। চুলিকোচাৰ সন্মুখত গাঁঠি এটা মাৰি সি গলধনতে পেলাই থ'বলৈ ল'লে। হাফ্ পটলুনৰ ঠাইত এতিয়া পিন্ধে সি বগা ধূতী এখন, উদং গাত মেৰিয়ায় সি হাতে-বোৱা চেলেং-চাদৰ এখন আৰু ডিঙিত আঁৰি লয় ৰাম-কৃষ্ণ লিখা এখন দুহতীয়া।
গুৰু, দেউ, নাম, ভকতৰ নামত শিৰত চাৰি চলু পানী লৈ দিনটোলৈ শুদ্ধি হয় সি।শূন্য সময়তো তাৰ মুখত লাগি থাকে একোফাঁকি হৃদয় জুৰোৱা হৰিনাম।নাম-প্ৰসংগ, ভাগবত পাঠৰ নিচিনা ধৰ্মীয় কাম নাথাকিলে সি কৰাপাটৰ বাহিৰত ভৰি নথয়।
সত্ৰৰ হাটীৰেই বহা এটাত বহি লৈছে সি। একান্ন ভোজন গ্ৰহণ কৰি, নাম- ভটিমা গাই সি দিন কটায় ।তাৰ জীৱন, যৌৱন এতিয়া সত্ৰৰ চাৰিবেৰৰ ভিতৰতে ফুলিছে, ফলিছে, শুকাইছে, লুকাইছে। পাছে একান্ত পৰত ভাবে সি, কিদৰে সি ধন গুচি বাপধন হ'ল।
সোৱণশিৰিৰ পাৰত থকা মিচিং গাঁওখনে ধনক হাত বাউল দি মাতিছিল।গেজেপনি হাবিৰ লুংলুঙীয়া বাটটোৰে সি এখুজি-দুখুজিকৈ আগবাঢ়ি আহিছিল। আহি আহি ৰৈ গৈছিল সি শাৰী পাতি ৰৈ থকা চাংঘৰকেইটাৰ সন্মুখত।বুকুফলা চোলা পিন্ধা মানুহবোৰে তেতিয়া বাঁহৰ জখলাৰে ব্যস্তভাৱে উঠা-নমা কৰিছিল। ধনলৈ কোনেও মন কৰা নাছিল। সিও তেওঁলোকৰ পিনে বেছিপৰ চাই থকা নাছিল। তাৰ পিৰিক-পাৰাক চকুযুৰি ৰৈ আছিল এমিৰ অপেক্ষাত।নতুন খেৰেৰে ছৈ দিয়া ঘৰটোৰ পৰা এমি নামি আহিব। সোৱণশিৰিৰ পাৰৰ বালিচৰত বহি সি এমিৰ সৈতে কথা পাতিব। এমিয়ে ভঙা ভঙা অসমীয়াতে তাক কৈ শুনাব চন্দ্ৰ আৰু সূৰ্যৰ সাধু।
: জানিচা ধন, আমি বোলে চন্দ্ৰ আৰু সূৰ্যৰ বংশধৰ। 'দঞি' হ'ল মাতৃসূৰ্য আৰু "আবু প-ল' পিতৃচন্দ্ৰ। সিহঁত পাহাৰৰ পৰা নামি আহোঁতে বাটতে এটা ডাঙৰ 'জিলি' পাইছিল। 'জিলি মানে কি জানা ?' এমিয়ে তাইৰ কণ কণ চকুযুৰি ধনৰ সন্মুখত জোৰকৈ মেলি ধৰি নাটকীয় ভংগীত সোধে।
: নাজানোঁ। ধনে উত্তৰ দিয়ে।
: নাজানিবিতো। মইতো কোৱাই নাই ন। জিলি মানে মস্ত ডাঙৰ খাল এটা।
এইবাৰ ধনৰ চকুহালো ডাঙৰ হ'ল।
: খালটো দঞিপলয়ে কেনেকৈ পাৰ কৰিলে ? ধনৰ আগ্ৰহ বাঢ়ে।
: সোণৰ আৰু ৰূপৰ জৰীৰে পাৰ কৰিলে আকৌ। এমিৰ মিহি ওঁঠযুৰিত এটি প্ৰসন্নৰ হাঁহি জিলিকি উঠে।
ধনে উলাহত হাতচাপৰি বজাই কৈ উঠে,'আ..স,কেন্নে মজা।'
ধনহঁতৰ ঘৰত দঞিপলৰ পূজা নহয়। এমিক সি কৃষ্ণৰ কথা কৈ শুনায়। সি কেৱল বংশীগোপালৰ কথা জানে।এমিয়ে মুগ্ধ হৈ শুনি থাকে কৃষ্ণৰ কথা। কৃষ্ণৰ কথা শুনি শুনি নিজকে ৰাধাৰ ৰূপত কল্পনা কৰে তাই। কল্পনাত পিছে তাইৰ কৃষ্ণজন ধুঁৱলি-কুঁৱলি হৈ ধৰা দিয়ে।
কথাৰ মাজতো ধনে কাণ উনাই ৰৈ থাকে, নামঘৰত কেতিয়া ডবা বাজে। নামঘৰত গধূলিৰ প্ৰসংগ জুৰাৰ আগতে সি ঘৰ গৈ পাব লাগিব।
ধনে এমিক নৈ পাৰতে এৰি ঘৰ পায়গৈ। অইনদিনাৰ নিচিনাকৈয়ে মাকে সোধে তাক-
: ক'লৈ গৈছিলি ?
আঙুলিত আদাভাঁজ এটা দি সি আসৈ মাতে।
: খেলিবলৈ গৈছিলোঁ।
মিছা মাতিবলৈ ধনৰ বৰ ভয় ।এই ভয়বোৰ তাৰ মূৰত পৰিকল্পিতভাৱে সুমুৱাই দিয়া হৈছিল। 'মিথ্যাচাৰী মানুহ ধাৰ্মিক হ'ব নোৱাৰে। অধৰমী লোকে মুকুতি নাপায়।'
: ধন, গা পা ধুই ধুতীখন পিন্ধি ল'। ধনৰ মাকে লৰালৰি লগায়। সত্ৰৰ পৰা বায়ন বাপ আহিব। ধনে তেওঁৰ পৰা খোলবাদন শিকিব।
: খিত, তাক, ধেই, দাওঁ...।
ধনে সৰু সৰু আঙুলিকেইটাৰে খোলত চাপৰ মাৰে। মাৰিয়েই থাকে।
দিনটোৰ ভাগৰবোৰে ৰাতিহে ধনৰ দুচকুত হেঁচা মাৰি ধৰে।
ভাত নোখোৱাকৈ শুই থাকিল সি। দিনটো টলৌ- টলৌকৈ ঘূৰি ফুৰা বাবে মাকে তাক সিদিনা বৰকৈ বলকিলে। চকুত টোপনিয়ে ভিৰ কৰা বাবে মাকৰ ভোৰভোৰণিবোৰ তাৰ দূৰণিৰ পৰা ভাহি অহা ঐনিতম এফাঁকিৰ দৰেই লাগিল। অস্পষ্ট। দুৰ্বোধ্য।
: প্ৰাতু সময়ে যশোৱা জননী...! নামঘৰৰ পৰা পুৱাৰ বতাহত ভাহি অহা ভটিমাভাগ শুনিহে চকু মেলিলে ধনে। 'কৃষ্ণ' বুলি পৃথিৱীত ভৰি থৈ সি ভাবি থাকিল স্কুল ছুটীৰ পাছত সি আজি এমিক এপাক লগ কৰিবলৈ যাব।
পানীযুঁৱলিৰ পৰা কাঁইটীয়া শিঙৰা এমুঠি বুটলি আনি এমিয়ে ধনৰ হাতত তুলি দিয়ে। ধনে তাইৰ হাতত গুজি দিয়ে মাহ প্ৰসাদৰ টোপোলা এটা। এমিয়ে মাহ চোবাই চোবাই কয় ধনক 'মোৰ ওয়োই কি কয় জানা ? তহঁত বোলে বেলেগ মানুহ। আমাৰ দৰে মিচিং মানুহ নহয়।'
ধনে হেবাঙৰ দৰে চায় এমিলৈ,
: মিচিং মানেনো কি ?
: মি মানে মানুহ। য়াছিং মানে বগা বা ভাল। এমিয়ে জনা কথাটো ক'বলৈ পালে বৰ ভাল পায়।
ধনে শিঙৰা চোবাই চোবাই ভাবি থাকে,
: মইনো কিহত বেলেগ ?মইওচোন 'মি', মইওতো 'য়াছিং'।'
এমিয়ে পাহাৰৰ পৰা নামি অহা জুৰিটিৰ দৰেই খলখলকৈ হাঁহে।
: ধেৎ পগলা। তয় আপং আৰু গাহৰি নোখোৱা ন।
: খাওঁ আকৌ। ধনে আঙুলিত আদাভাঁজ এটা দি নিজক একে দেখুৱাবলৈ আসৈ মাতে।
: ভালতো। তেনেহ'লে তই এইবাৰ লৃগাঙত আহিবি। তোৰ কাৰণে পঃৰ আপং আৰু শুকান গাহৰি আনিম মই।
ধনে ভবা নাছিল তাৰ এটা আসৈয়ে তাৰ জীৱন সলনি কৰিবলৈ গৈ আছিল।
সোৱণশিৰিৰ বালিত সাৰ-সিকতি নোহোৱাকৈ পৰি আছিল ধন। শুকান গাহৰি মুখত ভৰোৱাৰ লগে লগে ওকালি আহিছিল তাৰ। আপং এবাটি খোৱাৰ পিছত সি আৰু ক'ব নোৱাৰে। এমি ভয়তে ধনক তাতে পেলাই থৈ ঘৰলৈ বুলি প্ৰাণেপণে দৌৰ ধৰে।
ৰাতি ধনে নিজক ঘৰৰ বিছনাত পালে। মাকে তেতিয়া মূঢ়া এটাত বহি আঁচলেৰে মুখ ঢাকি উচুপি আছিল।দেউতাকে অস্থিৰভাৱে পায়চাৰি কৰিছিল। সমাজে জানিলে ঘৰ ঘৰোৱাহ সবাকে পৰাচিত কৰাব। তেওঁৰ নামঘৰৰ সাতামপুৰুষীয়া বাবটোও কাঢ়ি নিব। কলংকিত হৈ পৰিব সম্ভ্ৰমশালী ঘৰ এখন।
পিছে কথাটো গাপ দি ৰাখিলেওতো সত্য সলনি হৈ নাযায় ! ধন বিপথে গৈছে। তাৰ ধৰ্মভ্ৰষ্ট হৈছে। তাক সঠিক বাটে অনাৰ ব্যৱস্থা নকৰিলে জানো হয়।
এই কথাই কথা নকয়। ধনক এৰাতি লঘোণ দিয়াই কেৱলীয়া সত্ৰত থৈ আহিবহে লাগে। ধনৰ বাপেকে ৰাতিতেই সিদ্ধান্ত লয়।
সেই দিন ধৰি ধনৰ জীৱন সলনি হ'ল। এৰা ! কেৱল জীৱনহে।
তাল-খোলৰ মাতৰ ফাঁকে ফাঁকে সি ৰিণিকি-ৰিণিকি শুনে "ঐ খাউৱা কাপ্পয়, পেক্কাউৱে দেমাদা লাক্কেপে কে-মাদা-মন" (মইনা নাকান্দিবা। এতিয়া বাহৰ কপৌচৰাইবোৰ উৰি যোৱা নাই)।
উৰি যোৱা নাই কপৌহাল। উৰি যোৱা নাই এমি। কিন্তু উৰিব নোৱাৰাকৈ বন্দী হৈ পৰিছে সি। এই বন্দীত্ব অদৃশ্য।অশৰীৰী। অথচ ভাঙো বুলিয়েই ভাঙিব নোৱাৰি এই বেষ্টনী।
: আতৈ, গুৰুজনাই দেখোন গড় বান্ধি যুঁজ কৰাৰ কথাকেহে কৈ গ'ল!মাধৱদেউকো কমখন বুজালেনে ? নিজে সংসাৰ ধৰ্ম পালন কৰি সমাজক আদৰ্শও দেখুৱালে।
আতৈ তেতিয়া সত্ৰৰ চৌহদত ফুল, তুলসী বুটলি আছিল।বিষ্ণু পদজলৰ বাবে!
: কি হ'ল অ' বাপধন, সাত্বিক জীৱনে আমুৱালেই ?' আতৈৰ গলগলীয়া মাতটোৱে ধনৰ বুকু কঁপালে।
কি উত্তৰ দিয়েনো এতিয়া সি!মিচিং গাভৰু এজনীৰ বাবে সি সত্ৰ এৰিব খুজিছে। সিতো ইয়াকো নাজানে এমিয়ে বা তাক মনত ৰাখিছে নে নাই।বাৎসল্যৰ আবেগবোৰে যৌৱন পোৱাৰ পাছত কেইবালুটি বাগৰ সলায়। এমি শুৱনি ছোৱালী। পঃৰাগৰ ডেকাচাঙলৈ গ'লেতো কোনোবা মিচিং ডেকাই থপিয়াই নিব তাইক।
নিছেই বা!
: কি হ'ল বাপধন। একো উত্তৰ নিদিলা যে ?
: বোলো দুৰাচাৰ মন মোৰ, ৰাম হৰি বোল। ৰাম হৰি ৰাম হৰি ৰাম হৰি বোল। আতৈয়ে সমিধান দি আঁতৰি যায়।
ধনে কঁপালৰ ওচৰত হাতদুখন যোৰকৈ নি 'কৃষ্ণ কৃষ্ণ' বুলিলে।
সাত্বিক জীৱন যাপন কৰিবলৈ হ'লে ৰিপু নিয়ন্ত্ৰণ কৰিবই লাগিব। স্বপ্নৰ বিলাস এৰি সি লাগি যায় চৈধ্য প্ৰসংগৰ কামত।
আতৈয়ে তালৈ আলেঙে আলেঙে চায়। কি মজবুত পেশী তাৰ! সোৱণশিৰিৰ ঘাটলৈকে যায় সি কোবোৱা ডবাৰ মাত। একেলগে আঠযোৰকৈ তাল বজায় সি।মাৰি নেদেখা হোৱাকৈ সি নাগৰাত কোব দিয়ে। এন্ধাৰতেই সি শোৱাপাটী এৰে। পুৱাৰ প্ৰসংগ গাই খোলটোত ধৰে। এই সকলোৰে শেষত তাৰ দুচকুত ভাহি উঠে এক অদ্ভূত শূন্যতা।সেই শূন্যতাৰ উত্তৰ সি কোনো শাস্ত্ৰতে বিচাৰি নাপায়।
বহাত বহি আতৈয়ে ভাবে বাপধনৰ কথা।
: মন কৰিলেই সি এৰিব পাৰে এই কেৱলীয়া সত্ৰ। 'গৃহস্থ সত্ৰ'-ত সোমালে সি আৰু কেৱলীয়া ভকত হৈ থাকিব নালাগে। সংসাৰ ধৰ্ম পালন কৰিও নাম-ধৰ্ম পালন কৰিব পাৰিব। কিন্তু কি কাৰণত জানো সি খুলি কোৱা নাই তাৰ মনৰ কথা।
: জীৱনটো আতৈয়েৰৰ সিধা দাঙিয়েই থাকিবি নে গড়ো বান্ধিবি ? আতৈয়ে ৰগৰ কৰি সোধে ধনক।
ধনে মূৰ খজুৱায়।
: আতৈ, আপুনিওতো মাধৱদেউৰ দৰেই ব্ৰহ্মচাৰ্য পালি থাকিল ওৰেতো জীৱন।আপোনাৰ মনত একো আক্ষেপ নাই ? ধনে সোধে।
: আক্ষেপ ? কাৰ প্ৰতি ?
: নিজৰ প্ৰতি। সমাজৰ প্ৰতি।মানুহে নিজে সজা নিয়মবোৰৰ প্ৰতি।'
: সমাজৰ প্ৰতি আখেজ নাই মোৰ বোপাই। সমাজ নিজা গতিত চলি আছে, চলি থাকিব। মোৰ মনৰ অভিলাষবোৰ পূৰোৱাৰ দায়িত্ব মোৰ। সমাজৰ গ্ৰহণ কৰিব নোৱাৰাখিনিৰ বিৰোধিতা কৰাৰ দায়িত্বও মোৰ। প্ৰভূৱে মোক সময়ত সেই শকতি নিদিলে। দিলেও মই নুবুজিলোঁ। ইয়াৰ বাবে আনক দোষাৰোপ কৰাৰ যুক্তি নাই। আতৈয়ে নিজানত মন খুলি ধনৰ সৈতে কথা পাতে।
কথাৰ মাজৰ কথাবোৰ বুজিলত ফৰকাল হৈ পৰে ধনৰ মন। নিজক আৰু একো অজুহাত নিদিয়াকৈ লৰি যায় সি সোৱণশিৰিৰ পাৰলৈ।
হাবিখন এতিয়া সেৰেঙা।বাটটো এতিয়া ধলধলীয়া।
সি মন কৰিলে মিচিং গাঁওখন উছৱৰ ৰাগিত মতলীয়া হৈ পৰিছে। গঞাসকলে মুৰং ঘৰ সাজিছে। আজি ডেকা গাভৰুজাকে তাতে ৰাতি খপিব। ধনৰ বুকুখন ধৰফৰাই উঠিল। এমিও থাকিব ডেকা-গাভৰুৰ জাকটোত !তাইক থপিয়াই নিব কোনোবা মিচিং ডেকাই !
বুকুফলা চোলা পিন্ধা মানুহবোৰৰ মুখবোৰ এতিয়া চিনিব নোৱাৰাকৈ সলনি হৈছে। শিশুবোৰ ডেকা হৈছে।ডেকাবোৰ বুঢ়া হৈছে।
আৰু এমি ? এমিয়ে কোৱা দঞিপলৰ সাধুবোৰ একেই আছেনে ? নামি আহেনে সোণ-ৰূপৰ জৰীৰে জোন আৰু বেলি ? কেইবাটাও চাংঘৰত দেখোন এতিয়া 'বৰদিন'-ত বৰ বৰ তৰা জিলিকে !
ধনে গণি গণি নিৰ্দিষ্ট চাংঘৰটোৰ সন্মুখত ৰৈ দিলে।বাঁহৰ জখলাৰে ব্যস্ত মানুহবোৰে উঠা-নমা কৰিছে।এমিক এবাৰ দেখে বুলি ৰৈ থাকিল সি বহুপৰ। নাই । এমি এবাৰলৈও ওলাই নাহিল।
কোনো এক মহেন্দ্ৰক্ষণত ধনৰ বহু বছৰৰ অপেক্ষাৰ অন্ত পৰিল।
এমি ওলাই আহিল নিজতকৈ ডাঙৰ এগে গাছৰ এযোৰ পিন্ধি থুপুক থাপাককৈ খোজ দি।
ধনে নিজৰ চকুযুৰি এবাৰ মোহাৰি ল'লে। সি ভুল দেখা নাইতো ! এয়া এমিয়েইনে ?তাইৰ বয়সবোৰ থমকি ৰৈছে।একেই নাক, একেই মুখ। 'মি' 'য়াছিং' !
তাক জুমা-জুমিকৈ থকা দেখিয়েই চাগে ক'লা মিবি গালুক পৰিহিত মিচিং পাহুৱাল ডেকা এজন আহি থিয় হ'ল ধনৰ সন্মুখত।
: কি লাগে ইয়াতে ? ডেকাজনে গৰগৰাই উঠিল।
চক খাই উঠিল ধন। কি লাগে তাক ?
: ঠিকনা এটা লাগিছিল। ধনে কি ক'ব ভাবি নাপালে।
: কি নাম ?
: এমি।
: এমি ! নামটো মুখলৈ অনাৰ লগে লগে বিষণ্ণ হৈ পৰিল মানুহজন।
ধনৰ ফালে চাই তপত হুমুনিয়াহ এটা পেলায় ডেকাজনে।
: এমি এতিয়া 'য়াল' হ'ল। যাবৰ পৰত মোৰ হাতত তুলি দি গ'ল মেঘৰ টোপোলা যেন হানানক।
নামঘৰৰ ডবাটো যেন ধনৰ বুকুতে ধমকৈ বাজি উঠিল।তাৰমানে তাৰ সন্মুখত থকা মানুহজন এমিৰ স্বামী। চাংঘৰৰ পৰা নামি অহা কণমানি ছোৱালীজনী এমি নহয়; এমিৰ জীয়েক হানান।সাইলাখ এমিৰ দৰে তাইৰ চেহেৰা। মুহূৰ্তৰ বাবে সেই চেহেৰাটোৱে তাক লৈ গৈছিল কুৰি বছৰ আগৰ সোৱণশিৰিৰ বালিচৰলৈ। সৰু সৰু হাতৰ মুঠিত একোটা পুৰাং লৈ লৰি অহা ফুটুকী এমিজনী এতিয়া 'য়াল' হ'ল !
: আহ...এমি ! অভিমান কৰিবলৈ, অভিযোগ আনিবলৈ নাথাকিলা তুমি !
ধনে বুজি নোপোৱা হ'ল কোনখিনি কথাত সি বেজাৰ কৰিব ? কিদৰে জানিব সি এমিয়ে তাক মনত কৰিছিল নে নাই। বালিত আধা পোত খাই পৰি থকা ল'ৰাটোৰ কি হ'ল জানিব বিচাৰিছিল জানো তাই !
উত্তৰলৈ সি বেছিপৰ ৰ'বলগীয়া নহ'ল। বাঁহৰ জখলাত উমলি থকা হানানে তাইৰ হাতত মাকে দি যোৱা বংশীগোপাল এটা লৈ জঁপিয়াই জঁপিয়াই আহি ওলাল ধনৰ সন্মুখত।
হানানৰ বাপেকে ক'লে ধনক,'মাকে তাইক সদায় কৃষ্ণৰ সাধু কৈ শুনাইছিল।ৰাসৰ সময়ত তাই হানানৰ কাৰণে বিচাৰি বিচাৰি এই বংশীগোপালটু কিনি আনিছিল।'
ধনৰ মনৰ ক'লা ডাৱৰবোৰ যেন পশ্চিমা বতাহ এছাটি পাই যেনি তেনি উৰি গ'ল। তাৰ বৰ মুকলি মুকলি লাগিবলৈ ধৰিলে। হানানক কোলাত তুলি চুমা এটা খাই উভতি আহিল সি হাবিয়লীয়া বাটটিৰে।
বালিচৰৰ পৰা মুঠিত সুমুৱাই অনা এমিৰ হাঁহিটো কুলু কুলু নিজৰা এটি হৈ বৈ থাকিল তাৰ বুকুত নিৰৱধি।
সত্ৰৰ বহাতে বাকীছোৱা জীৱন কটোৱা বাপধনে বুঢ়া আতৈৰ আগত আৰু কেতিয়াও নুলিয়ালে গড় বান্ধি যুঁজাৰ কথা।
টোকা:-
পুৰাং-তৰাপাতত সিজোৱা টোপোলা ভাত
য়াল-আত্মা
ওয়ো-মা
ঠিকনাঃ
বিলাসীপাৰা, চুবুৰী নং ৮
ডাকঘৰ-হাকামা
জিলা-ধুবুৰী
পিন-৭৮৩৩৪৮
অঙ্গন: পৃষ্ঠা ৪৬
শেষ পৃষ্ঠাৰ প্ৰৱন্ধঃ
আপোনাৰ জীৱনৰ চিন্তা, কৰ্ম আৰু মতাদৰ্শ : চৰ্চা আৰু প্ৰয়োগ
' জীৱন জীৱন বৰ অনুপম '
জীৱনৰ উদ্দেশ্য কি ? এই বিষয়ে বিভিন্ন ধৰণে সুধিব পাৰি। যেনে, আমি ইয়াত কিয় আছোঁ ? মোৰ জীৱনৰ কিবা উদ্দেশ্য আছে নেকি ? বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে আমাৰ জীৱনৰ উদ্দেশ্য হৈছে ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তোলা। জীৱনৰ প্ৰতিটো খোজেই আমাক নতুন নতুন কথা শিকায়, এয়া হৈছে জীৱনৰ পৰা পোৱা অভিজ্ঞতাৰ শিক্ষা।
আমি সকলোৱেই এটা সুন্দৰ, সুখী জীৱন যাপন কৰিব বিচাৰো। কিন্তু আশা কৰিলেই আমি তেনে এটা সুখী জীৱন লাভ কৰিব নোৱাৰো ৷ কাৰণ ,জীৱন সম্পৰ্কে এটি ইতিবাচক দৃষ্টিভংগী থাকিব লাগে। বিশ্বাসৰ মাত্ৰা বঢ়াই সন্দেহৰ মাত্ৰা কমাব লাগে। নিজৰ সামৰ্থ আৰু শক্তিৰ ওপৰত অটল বিশ্বাস ৰাখিব লাগে। ক্ৰোধ, ঘৃণা, ঈৰ্ষা আদি নেতিবাচক ভাবনাক মনৰ পৰা যথাসাধ্যে আঁতৰত ৰাখিব লাগে লগতে এটা উচ্চ মন আৰু আদৰ্শ চৰিত্ৰৰ অধিকাৰী হ’বলৈ চেষ্টা কৰিব লাগে আৰু জীৱনৰ এটা উচ্চ লক্ষ্য থাকিব লাগে। সুন্দৰভাৱে নিৰ্বাচিত এটা লক্ষ্য, অবিচলিত, অগাধ আত্মবিশ্বাস আৰু নেৰানেপেৰা চেষ্টা সফলতা লাভৰ বাবে অতি দৰকাৰ।
আমি যি সমূহ কাম কৰো বা কৰিব লগীয়া হয়, সেই সকলোবোৰ কামতেই সুখী হৈ পৰিব লাগে। কাৰণ আমাৰ জীৱনৰ লক্ষ্য আৰু কৰ্তব্যবোৰ সুখৰ সন্ধানৰ ভিন্ন ৰূপত একো একোটা পদক্ষেপ। আমাৰ মাজৰ বহুতেই ভাবোঁ যে সুখ মাথোঁ জীৱনত উল্লেখযোগ্য কোনো কাম কৰিহে আহৰণ কৰিব পাৰি । সাময়িক বা বস্তুবাদী উপলব্ধিসমূহ কেৱল সন্তুষ্ট জীৱনৰ একোটা উৎস বুলি ধৰা হয়। এই ধৰণৰ উপলব্ধিসমূহৰ বাবে আমি যিমানেই হামৰাও কাঢ়ো, যিমানেই কিবা এটা ভাল হ'ব বুলি আশা কৰোঁ, সিমানেই আমি সুখৰ বাবে হাহাকাৰ কৰোঁ। ই এটা কাহানিও শেষ নোহোৱা সন্ধানী যাত্ৰা আৰু ই কেতিয়াও শেষো নহ'ব । কাৰণ সুখী হোৱাটোৱেই জীৱনৰ শেষ লক্ষ্য নহয়। সুখ হৈছে নিজৰ অভ্যন্তৰৰ সুষম অনুভুতিৰে সৰ্বদায়েই অনুভৱ আৰু আহৰণ কৰা এক প্ৰক্ৰিয়া ।
সুখক জীৱনৰ লক্ষ্য হিচাপে লোৱাৰ সলনি জীৱন যাপনৰ এটা পদ্ধতি কৰি তোলক। জীৱনত ইতিবাচকতাক আদৰণি জনাবলৈ যৎপৰোণাষ্টি চেষ্টা কৰক। আপুনি কৰি সুখ পোৱা কোনো কাম কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপৰ কথা ভবাতকৈ সেই মুহূৰ্তটো অনুভৱ আৰু উপভোগ কৰক জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক, সেই পৰিৱৰ্তনৰ শলাগ লওক আৰু প্ৰতিপালন কৰক। এবাৰ যদি আপুনি সুখ আহৰণ কৰাৰ সলনি সুখত থাকিবলৈ শিকি পেলায়, তেনেহ'লে আপুনি চিৰদিনৰ বাবে সুখী হৈ থাকিব ।
কথাতে কয় "কৰ্মই ধৰ্ম"। কৰ্মক বাদ দি মানুহৰ জীৱন অসাৰ। সেয়ে প্ৰত্যেক মানুহ কৰ্মপ্ৰিয় হোৱা উচিত। নিজৰ যি কৰ্ম, সেয়া সৰু বুলি নাভাবি প্ৰত্যেকটোক ভগৱানৰ আশীৰ্বাদ বুলি লৈ নিজৰ কৰ্ম কৰি যোৱা উচিত।
যিকোনো কাম এটা পেলাই থ’লে এলাহৰ বাবে সি কেতিয়াও সম্পূৰ্ণ হৈ নুঠে। এলাহ যাতে মনত জন্ম পাব নোৱাৰে তাৰ বাবে কাইলৈৰ কাম আজিয়েই, আজিৰ কাম এতিয়াই কৰা উচিত।
আমাৰ জীৱনৰ সবাতোকৈ মূল্যৱান বস্তুটো হ’ল সময়। এই সময়ৰ মূল্য বুজি আমি প্ৰত্যেকেই তাৰ লাভ আৰ্জিবলৈ যত্ন কৰিব লাগে। এলাহপ্ৰিয় মানুহে শুই-বহি আৰাম কৰাটোৱে জীৱনৰ সুখ বুলি ভুল কৰে, তেনে নকৰি তেওঁলোকে প্ৰতিকণ সময়ৰ মূল্য বুজি কৰ্মেৰে ভৰাই ৰখা উচিত। কিয়নো যিয়ে সময়ক মূল্য দিব জানে, তেওঁৰ মূৰত সদায় উজলি থাকে বিজয়ৰ মুকুট।
বিশ্ব ব্ৰহ্মাণ্ডত থকা জীৱৰ ভিতৰত মানুহ হৈছে শ্ৰেষ্ঠ জীৱ। মানুহ এই কাৰণে শ্ৰেষ্ঠতম জীৱ যে মানুহৰ বিচাৰ-বুদ্ধি, ভাল-বেয়া আদি গুণ আছে। ধৰ্ম, কৰ্ম, সহিষ্ণুতা, পৰোপকাৰী, নম্ৰতা, সাধুতা আদি গুণাৱলীৰে বিভূষিত হৈছে মানুহ। সেই কাৰণে মানুহে আচাৰ-ব্যৱহাৰ ভালদৰে কৰাটো নিতান্তই প্ৰয়োজন।
মানুহে জীৱন যাত্ৰাত শান্ত-শিষ্ট মনোভাবেৰে মৰম-চেনেহ আদিৰে অনেকক আপোন কৰি ল’ব লাগে। গতিকে প্ৰতিটো পদক্ষেপত সদা সতৰ্ক থাকি মানুহৰ প্ৰকৃত স্বৰূপ জানিবলৈ কৌশলগত, গুণগত পদ্ধতিৰ প্ৰয়োগ কৰিব লাগে।
মানুহৰ জীৱন যাত্ৰাত সকলোতকৈ প্ৰয়োজনীয় গুণ হ’ল সজ ব্যৱহাৰ।
সজ ব্যৱহাৰ সজ নীতি
ইয়াকে বোলে সদাচাৰ বৃত্তি।।
সজ ব্যৱহাৰ, নম্ৰতাই মানুহৰ ভূষণ বুলি কোৱা হয়। জীৱন যাত্ৰাত বিভিন্ন পৰিৱেশত বিভিন্ন প্ৰকাৰে ঠগ-প্ৰৱঞ্চনাৰ বলি হ’ব লগা হয় মানুহ। ইয়াৰ উপৰি বিভিন্ন ঠাইত বিভিন্ন ধৰণে ৰাগ-খং, মান-অভিমানৰ সৃষ্টি হয় মানুহৰ ব্যৱহাৰৰ ওপৰত। সেই কাৰণে আমাৰ উঠি অহা কণ কণ শিশুসকলক সৰুৰে পৰা সু-অভ্যাস, সজ আচৰণ, সজ কথা, সজ ব্যৱহাৰ, নম্ৰতা আদিৰ অভ্যাস শিকোৱা অতীব প্ৰয়োজন।
কৰ্মই হৈছে জীৱনৰ ভূষণ, কৰ্ম অবিহনে জীৱন মূল্যহীন। জীৱনটো ইমান চুটি যে আমাৰ কৰ্মসমূহ সম্পূৰ্ণ নকৰোতেই আমাৰ যাবৰ সময় হয়। সেয়ে জীৱনটো আলস্য, এলাহৰ মাজত আবদ্ধ নহৈ সজীৱ-সতেজ হৈ নিজা নিজা কৰ্ম কৰি যাব লাগে। তেতিয়াহে আমাৰ মূল্যৱান জীৱনটোৰ অৰ্থ বাস্তৱায়িত হ’ব।
উপনিষদৰ কৰ্মযোগত কৈছে যে, আমি সত্য আৰু ধৰ্মৰ এই কৰ্ষণীয় গুণ দুটা আগত ৰাখি কৰ্ম প্ৰবৃত্তিৰে কাম কৰি এশ বছৰ জীয়াই থাকিবলৈ বাঞ্ছা কৰিব লাগে ৷ কাৰণ, আমি শৰীৰধাৰী মানুহ ৷ আমাৰ কাম কৰাৰ বাহিৰে আন উপায় নাই ৷ কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈও শিকা উচিত ৷ কামো কৰিব লাগে আৰু সেই কামত লিপিত খায়ো নাথাকিবৰ বাবে উপনিষদৰ কৰ্মযোগত উপদেশ দিছে ৷ এয়াই ভাগৱত গীতাৰ কৰ্মযোগৰ বীজতত্ব ৷
ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হ'ল - বেদ ৷ ভাগৱত গীতাই নিষ্কৰ্মাৰ কেলেহুৱা জীৱনধাৰাৰ প্ৰশংসা কেতিয়াও কৰা নাই ৷ ঋকবেদৰ মন্ত্ৰবোৰত আৰু ঋষিসকলৰ প্ৰাৰ্থনাত এক উজ্জ্বল সমৃদ্ধিসময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায় ৷ উপনিষদৰ আধ্যাত্মিক শিখৰতো একে ধৰণৰ জীৱনাদৰ্শৰ নিৰ্দেশ দেখা যায় ৷ এই আদৰ্শও কৰ্ম কৰাৰ আদৰ্শই, কেৱল সেই কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষণ কৰাৰ উপদেশ পোৱা যায় ৷ এই কৰ্ম কৰাৰ কৌশলকে পিছত ভাগৱত গীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰিছে ৷
মতাদৰ্শ ধাৰণাটো ঘাইকৈ মাৰ্ক্সীয় পৰম্পৰাৰ সৈতে জড়িত। প্ৰত্যক্ষ দমনৰ সহায় নোলোৱাকৈ বা ন্যূনতম পৰিমাণে সহায় লৈও কিদৰে সমাজত দমন তথা আধিপত্য বৰ্তাই ৰখা হয় সেই সম্পৰ্কীয় বিশ্লেষণ দাঙি ধৰিবলৈ এই ধাৰণাৰ ব্যৱহাৰ কৰা হয়। আনহাতে, আধুনিক সামাজিক তত্ত্বৰ ভাষিক টাৰ্নটোক প্ৰতিনিধিত্ব কৰে বাগধাৰা ধাৰণাটোৱে। ভাষা আৰু অন্যান্য ৰূপৰ সামাজিক সংকেত-ব্যৱস্থাবিলাকে কেৱল সামাজিক অভিজ্ঞতাকে প্ৰকাশ নকৰে – সিবোৰে বিষয়ীসত্তাৰ নিৰ্মাণত, তেওঁলোকৰ আন্তঃসম্পৰ্কৰ ৰূপ নিৰ্ধাৰণত তথা তেওঁলোকে বসবাস কৰা সামাজিক ক্ষেত্ৰখনৰ গঠনত নিৰ্ণায়ক ভূমিকা পালন কৰে। বিষয়ীসত্তাৰ অস্তিত্ব তথা তেওঁলোকৰ বিভিন্ন সামাজিক পৰিচিতিসমূহৰ উত্থানত ভাষা আৰু আন সংকেত-ব্যৱস্থাবিলাকে কেন্দ্ৰীয় কাৰক হিচাপে কাম কৰে। বাগধাৰা ধাৰণাটোৰ মাধ্যমেৰে সামাজিক বাস্তৱতাৰ এইসমূহ দিশৰ ওপৰত আলোকপাত কৰিব বিচৰা হয়। গতিকে ক’ব পাৰি যে মতাদৰ্শ আৰু বাগধাৰা দুইটা ধাৰণায়েই ভিন্ন দৃষ্টিকোণৰপৰা সামাজিক বাস্তৱতাকে ব্যাখ্যা কৰিব বিচাৰে, আৰু সেই দিশৰপৰা ধাৰণা দুটা ইটো সিটোৰ পৰিপূৰক। তথাপি দুইটাৰ মাজত মৌলিক পাৰ্থক্য আছে। বাগধাৰাই ঘাইকৈ সামাজিক সম্পৰ্ক তথা কৰ্মৰ আভ্যন্তৰীণ আয়তনসমূহৰ ওপৰত আলোকপাত কৰে, বিশেষকৈ ভাষিক আৰু সংকেত-জড়িত (semiotic) আয়তনসমূহৰ ওপৰত। বাগধাৰা একোটা বাহিৰৰ জগতখনৰ সৈতে কিদৰে জড়িত, জীৱন-নিৰ্গত অভিজ্ঞতাৰ বাহিৰত অৱস্থান কৰা শক্তিসমূহে কিদৰে সেই অভিজ্ঞতাসমূহক প্ৰভাৱিত কৰে – সেই সম্পৰ্কে এই ধাৰণাত একপ্ৰকাৰ উদাসীনতা তথা সংশয় অৱলম্বন কৰা দেখা যায়। আনহাতে, মতাদৰ্শৰ ধাৰণাই ঘাইকৈ সামাজিক সম্পৰ্ক তথা কৰ্মৰ বাহ্যিক আয়তনসমূহৰ ওপৰত আলোকপাত কৰে, আৰু সেইবাবে ই বাগধাৰাই অৱজ্ঞা কৰা উক্ত দিশসমূহ সামৰি লয়।
মাৰ্ক্সবাদী পৰম্পৰাত মতাদৰ্শ সম্পৰ্কে ঘাইকৈ দুটা পৰম্পৰা পৰিলক্ষিত হয়। ইগলটনে উক্ত গ্ৰন্থৰ আৰম্ভণিতে সংক্ষেপে এই ধাৰা দুটাক জ্ঞানতাত্ত্বিক আৰু সমাজতাত্ত্বিক বুলি উল্লেখ কৰি লিখিছে : “Roughly speaking, one central lineage, from Hegel and Marx to Georg Lukacs and some later Marxist thinkers, has been much preoccupied with ideas of true and false cognition, with ideology as illusion, distortion and mystification; whereas an alternative tradition of thought has been less epistemological than sociological, concerned more with the function of ideas within social life than their reality or unreality. The Marxist heritage has itself straddled these two intellectual currents, and that both of them have something interesting to tell us will be one of the contentions of the book.” (p. 3)
ইগলটনৰ বক্তব্যটো ইংগিতধৰ্মীহে, তথাপি মাৰ্ক্সবাদী পৰম্পৰাত উক্ত দুইটা ধাৰাৰ তাৎপৰ্যৰ কথা ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। (অৱশ্যে লুকাচ্চক লৈ বহুখিনি জটিলতা আছে, সেই জটিলতাখিনি আলোচনা কৰাৰ অন্তত জৰ্জ লেৰেইনে তেওঁক ইগলটনতকৈ কিছু ভিন্নধৰণে উপস্থাপন কৰিছে।) মতাদৰ্শ সম্পৰ্কে প্ৰসিদ্ধ গৱেষক জৰ্জ লেৰেইনে (যাৰ সেই সম্পৰ্কীয় এখন গ্ৰন্থৰ বিষয়ে ইগলটনে কৈছে : “For those looking for an excellent book-length introduction to the topic of ideology, Jorge Larrain’s ‘The Concept of Ideology’ is difficult to match in historical scope and analytic power.” Eagleton, ibid., p. 233) মাৰ্ক্সবাদী পৰম্পৰাত মতাদৰ্শ সম্পৰ্কে দুটা ধাৰাৰ উপস্থিতিৰ কথা বিস্তাৰিতভাৱে আলোচনা কৰিছে – এটা হ’ল ঋণাত্মক ধাৰণা, আনটো হ’ল ধনাত্মক ধাৰণা। এই দুটাক আমি আন ভাষাত ক্ৰমে সমালোচনাত্মক আৰু সমাজতাত্ত্বিক ধাৰণা বুলিও অভিহিত কৰিব পাৰো। খুব সহজকৈ ক’বলৈ হ’লে, ঋণাত্মক ধাৰণাটোৱে মতাদৰ্শক একধৰণৰ বিকৃতিসাধিত চিন্তাৰ ৰূপত উপস্থাপন কৰে, আনহাতে ধনাত্মক ধাৰণাটোৱে ঘাইকৈ সামাজিক চেতনাৰ নিৰ্মাণৰ ওপৰত গুৰুত্বাৰোপ কৰে। বহু সময়ত এই দুটা ধাৰাৰ কোনোবা এটাহে শুদ্ধ আৰু মাৰ্ক্সীয়, আনটো ভ্ৰান্ত তথা অসিদ্ধ – এনে ধাৰণা চলাবলৈ চেষ্টা কৰা হৈছে। কোনোবা এটা প্ৰান্তৰপৰা যদি ধনাত্মক ধাৰণাটোক নস্যাৎ কৰা হৈছে, ওলোটা প্ৰান্তৰপৰা ঋণাত্মক ধাৰণাটোক নস্যাৎ কৰা হৈছে। মতাদৰ্শক কেৱল একধৰণৰ অৰ্থৰ সৈতে সাঙোৰা আৰু কোনো পৰিবৰ্তনকে স্বীকাৰ নকৰা এনেধৰণৰ একশৈলিক ধাৰণাক তেওঁ স্পষ্টভাৱে ভুল বুলি দৰ্শাইছে। তেওঁ দেখুৱাইছে যে মাৰ্ক্সৰ মতাদৰ্শৰ ধাৰণাটো হ’ল স্পষ্টভাৱে ঋণাত্মক আৰু সমালোচনাত্মক। মাৰ্ক্সৰ মাজত ধনাত্মক ধাৰণাৰ আৱিষ্কাৰ কৰা আৰু তাৰ বাবে তেওঁৰ জীৱনৰ দুটা সময়সীমাৰ মাজত কিবা ‘জ্ঞানতাত্ত্বিক বিযুক্তি’ৰ উদ্ভাৱন কৰাৰ প্ৰচেষ্টাক তেওঁ সমালোচনা কৰিছে। সি যি নহওক, মাৰ্ক্সৰ মতাদৰ্শৰ ধাৰণাটো সামাজিক অন্তৰ্দ্বন্দ্বৰ আচ্ছাদনৰ লগত জড়িত। যেতিয়া মানুহে সমাজৰ অন্তৰ্দ্বন্দ্বসমূহ বাস্তৱ ক্ষেত্ৰত প্ৰেক্টিচৰ জৰিয়তে নিৰীক্ষণ কৰিবলৈ অসমৰ্থ হয়, তেতিয়া তেওঁলোকে সেইসমূহক চেতনাৰ মতাদৰ্শগত ৰূপসমূহৰ মাজেৰে প্ৰকাশ কৰে – মতাদৰ্শগত ৰূপসমূহে অন্তৰ্দ্বন্দ্বসমূহৰ বিশুদ্ধ মানসিক সমাধান দাঙি ধৰি অন্তৰ্দ্বন্দ্বসমূহৰ অস্তিত্ব আৰু চৰিত্ৰক সাৰ্থকভাৱে গোপন কৰি ৰাখে বা ভুলভাৱে উপস্থাপন কৰে। অন্তৰ্দ্বন্দ্বসমূহ গোপন কৰাৰ জৰিয়তে মতাদৰ্শগত বিকৃতিয়ে সেইসমূহৰ পুনৰুৎপাদনত সহায় কৰে আৰু তাৰ মাজেৰেই সি শোষণকাৰী শ্ৰেণীটোৰ স্বাৰ্থ ৰক্ষা কৰে। মাৰ্ক্সৰ এই ধাৰণাৰ পূৰ্ণতম প্ৰকাশ ঘটিছে তেওঁৰ ‘The German Ideology’ গ্ৰন্থত। এই অৰ্থত মতাদৰ্শ হ’ল একে সময়তে এক ঋণাত্মক আৰু সীমিত ধাৰণা। ঋণাত্মক এইবাবেই যে সি সামাজিক অন্তৰ্দ্বন্দ্বৰ বিকৃতিসাধন আৰু ভুল উপস্থাপনক সূচাইছে। সীমিত এইবাবেই যে সি সকলোধৰণৰ ভ্ৰান্তি আৰু বিকৃতিক সামৰি লোৱা নাই। সেইবাবেই স্থূল মাৰ্ক্সবাদে দাঙি ধৰাৰ দৰে মাৰ্ক্সৰ মতাদৰ্শৰ ধাৰণাটোক ভ্ৰান্ত চেতনাৰ ধাৰণাটোৰ সৈতে একাকাৰ কৰিব নোৱাৰি।
ভ্ৰান্ত চেতনাৰ বিপৰীতে গৈ, ধাৰণা বনাম বস্তুৰ সৰল বিভাজনটোক প্ৰতিস্থাপন কৰি এলথুজাৰে মতাদৰ্শৰ পাৰ্থিৱতাৰ বিষয়ে কৈছে। ধাৰণা বস্তুটো কল্পনাপ্ৰসূত নহয়, বস্তুগত – কিয়নো সেইসমূহ খোদিত হৈ থাকে বিভিন্ন সামাজিক গাঁথনি তথা প্ৰেক্টিচৰ মাজত আৰু সেইসমূহে প্ৰকাশ লাভ কৰে ভাষা, আচাৰ-অনুষ্ঠানাদি বস্তুগত সামাজিক ৰূপৰ মাধ্যমেৰে। সেইসমূহৰ নিৰ্দিষ্ট প্ৰভাৱ আছে। কিন্তু ইয়াকে কৰিবলৈ গৈ এলথুজাৰে মতাদৰ্শক বিষয়ীৰ চেতনাৰপৰা স্বাধীন কৰি পেলাইছে। তেওঁৰ মতে, মতাদৰ্শ হ’ল প্ৰতিনিধিত্বকৰণৰ এক ব্যৱস্থা, কিন্তু সৰহ ক্ষেত্ৰতে ইয়াৰ উপস্থাপনাসমূহৰ সৈতে চেতনাৰ কোনো লেনা-দেনা নাই : ইমেজৰ ৰূপত আৰু ধাৰণাৰ ৰূপত, কিন্তু সৰ্বতোপৰি কিছুমান গাঁথনি হিচাপে সেইসমূহ সৰহসংখ্যক মানুহৰ ওপৰত আৰোপিত হয়। বিষয়ীসকলে ধাৰণাৰ সৃষ্টি নকৰে, বৰং মতাদৰ্শইহে বিষয়ীৰ সৃষ্টি কৰে (interpellates)। তেনেহ’লে মতাদৰ্শ বাহিৰৰপৰা মানুহৰ চেতনাত আৰোপিত হয় নেকি ? মতাদৰ্শৰ পাৰ্থিৱতা নিশ্চয় শিল এটা বা মানুহৰ শৰীৰটোৰ দৰে নহয়। তেনেহ’লে বিশেষভাৱে দেখুৱাই দিয়া প্ৰয়োজন, এই পাৰ্থিৱতাৰ চৰিত্ৰ কেনেকুৱা। তদুপৰি বাস্তৱতাক কেৱল পাৰ্থিৱতা বা কায়িকতাৰ মাজতে আবদ্ধ ৰাখিব পাৰিনে ? স্থূল মাৰ্ক্সবাদে দিয়া যান্ত্ৰিক ব্যাখ্যাত যিদৰে সমস্যা আছে, একেদৰে বিপৰীত মেৰুৰ এই ব্যাখ্যাতো সমস্যা আছে। কিন্তু এই সমস্যাৰ সমাধান মাৰ্ক্সৰ নিজৰ ৰচনাৰ মাজতেই পোৱা যায়। ‘The German Ideology’ গ্ৰন্থত চেতনা সম্পৰ্কে যি জটিল ধাৰণা দাঙি ধৰা হৈছে সেয়া স্থূল মাৰ্ক্সবাদৰ অনুকূল মুঠেই নহয়, বৰং বিপৰীতহে। উদাহৰণস্বৰূপে এটা উদ্ধৃতি ল’ব পাৰি :
“Only now, after having considered four moments, four aspects of the primary historical relationships, do we find that man also possess ‘consciousness’, but, even so, not inherent, not ‘pure’ consciousness. From the start the ‘spirit’ is afflicted with the curse of being ‘burdened’ with matter, which here makes its appearance in the form of agitated layers of air, sounds, in short, of language. Language is as old as consciousness, language is practical consciousness that exists also for other men, and for that reason alone it really exists for me personally as well; language, like consciousness, only arises from the need, the necessity, of intercourse with other men. Where there exists a relationship, it exists for me. . . Consciousness is therefore, from the very beginning a social product, and remains so as long as men exist at all.”
–মাৰ্ক্সৰ এই বক্তব্যই চেতনাৰ সৈতে পাৰ্থিৱতাৰ এক বহু আয়তনবিশিষ্ট সম্পৰ্কৰ কথা কৈছে, যিটো স্থূল মাৰ্ক্সবাদৰ যান্ত্ৰিকতা-সৰলীকৰণবিলাকে স্পৰ্শ কৰিব নোৱাৰে। পোনতে তেওঁ পাৰ্থিৱতাৰপৰা পৃথক এক বিশুদ্ধ চেতনাৰ অস্তিত্ব অস্বীকাৰ কৰিছে। কিন্তু তেওঁ যিটো পাৰ্থিৱতাৰ কথা কৈছে সি প্ৰাকৃতিক বা কায়িক বস্তু এটাৰ পাৰ্থিৱতাতকৈ বেলেগ আৰু জটিল। এটা কথা ঠিক যে চেতনাক এক বাহ্যিক দিশৰো প্ৰয়োজন হয় যিটোৰ জৰিয়তে তাৰ সৈতে সংযোগ সাধন কৰিব পাৰি আৰু বুজিব পাৰি, এই অৰ্থতে ভাষাৰ কথাটো আহিছে। ভাষা হ’ল কাৰ্যকৰী চেতনা, পাৰ্থিৱ ৰূপত ভাষাৰ বস্তুগত ৰূপান্তৰণ। কিন্তু চেতনাক কেৱল তাৰ সেই বস্তুগত উপাদানটোৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি – কেৱল বাহ্যিক, বস্তুগত বাস্তৱতাই চেতনাৰ সৰ্বস্ব নহয়। চেতনাৰ আন আন আয়তনো আছে। প্ৰথমতে, পোন প্ৰথমৰপৰাই চেতনা হ’ল এক সামাজিক উৎপন্ন –সামাজিক সম্পৰ্কৰ নেটৱৰ্কসমূহৰ মাজতে চেতনাৰ জন্ম আৰু সেইসমূহৰ মাজতে তাৰ অস্তিত্ব, সামাজিক বিনিময়ৰ প্ৰয়োজনতেই তাৰ উদ্ভৱ হৈছে। দ্বিতীয়তে, মাৰ্ক্সে কৈছে যে য’তেই এটা সামাজিক সম্পৰ্ক আছে সি ব্যক্তিৰ বাবেই আছে – আন ভাষাত, চেতনা আমাৰ নিজৰ মাজতো আছে, ই হ’ল ব্যক্তিৰ অন্তৰ্জীৱনৰ বস্তু। সেইবাবেই চেতনাৰ অস্তিত্ব কেৱল ভাষা আদি বাহ্যিক ৰূপৰ ওপৰতে নিৰ্ভৰ নকৰে, নতুবা ব্যক্তিৰ বাহিৰত অৱস্থান কৰা ই কেৱল সামাজিক বস্তুও নহয় – পোন প্ৰথমৰেপৰাই চেতনা হ’ল ব্যক্তিৰ অন্তৰ্জীৱনৰ বস্তু, বিষয়ীসত্তাৰপৰা অবিভাজ্য বস্তু। গতিকে চেতনা একে সময়তে সামাজিক আৰু ব্যক্তিৰ অন্তৰ্জীৱনৰ সৈতে সম্পৃক্ত। ই বিষয়ীৰ ওপৰত জাপি দিয়া কোনো বাহিৰা বস্তু নহয়, কিয়নো ই ব্যক্তিৰ আভ্যন্তৰীণ। আন কথাত, বাহ্যিক আৰু আভ্যন্তৰীণৰ পানী নসৰকা বিভাজনে আমাক সহায় নকৰে, কাৰণ চেতনা হ’ল একে সময়তে দুয়োটাই। আনহাতে, ‘Theses on Feuerbach’অত স্থূল বস্তুবাদৰ সমালোচনা প্ৰসংগত মাৰ্ক্সে এষাৰ কথা কৈছে এনেকৈ : “The chief defect of all hitherto existing materialism (that of Feuerbach included) is that the thing, reality, sensuousness, is conceived only in the form of the object or of contemplation, but not as sensuous human activity, practice, not subjectively.” ইয়াৰপৰা বুজিব পাৰি যে বাস্তৱ হ’বলৈ বাহ্যিক কায়িকতা বা প্ৰাকৃতিক বস্তু হোৱাটো অপৰিহাৰ্য নহয়। গতিকে চেতনাও বাস্তৱ হ’বলৈ বাহ্যিক বস্তুৰ ৰূপত অৱতীৰ্ণ হোৱাৰ কোনো প্ৰয়োজন নাই। মানৱীয় কৰ্ম নিজেই হ’ল এক বস্তুগত কৰ্ম, আন অৰ্থত – যাক আমি বিষয়ীগত বুলি কওঁ সিও বস্তুগত আৰু বাস্তৱ। (Jorge Larrain, ‘Marxism and Ideology’, p. 103-04) গতিকে স্থূল মাৰ্ক্সবাদৰ ভাব বনাম বস্তুৰ সৰল দ্বৈত ধাৰণাটো ঢোকাত নিটিকে।
কিন্তু এই সৰল দ্বৈত ধাৰণাৰ উদ্ভৱৰো কাৰণ নোহোৱা নহয়। সেই সম্পৰ্কে ৰে’মণ্ড উইলিয়ামছে ‘Marxism and Literature’ গ্ৰন্থৰ সংশ্লিষ্ট পাঠটোত অন্তৰ্ভেদী ব্যাখ্যা দাঙি ধৰিছে। অহৰহ মেটাফিজিক্সৰ বিৰুদ্ধে থিয় দিবলৈ গৈ মাৰ্ক্সে যিটো ভাষাৰ আশ্ৰয় লৈছিল সেই ভাষাটোৱে তেওঁৰ অভিপ্ৰেত গভীৰ অৰ্থটো ঢাকি পেলাইছিল আৰু ফলস্বৰূপে মাৰ্ক্সবাদৰ এক ‘গভীৰ আৰু দেখাত অপূৰণীয় ক্ষতি আৰু বিকৃতি’ ঘটিছিল। ‘reflexes’, ‘echoes’, ‘phantoms’, ‘sublimates’ আদি সৰল পৰিভাষাৰ পুনৰাবৃত্তিৰে গধুৰ মাৰ্ক্সৰ ভাষাটোৱেই সেই ক্ষতিৰ বাট মুকলি কৰি দিছিল। “Consciousness is seen from the beginning as part of the human material social process, and its products in ‘ideas’ are then as much part of this process as material products themselves. This, centrally, was the thrust of Marx’s whole argument, but the point was lost, in this crucial area, by a temporary surrender to the cynicism of ‘practical men’ and, even more, to the abstract empiricism of a version of ‘natural science.’” (p. 60) বাহ্যিক বাস্তৱতা আৰু চেতনাৰ এক অবিভাজ্য প্ৰক্ৰিয়াৰ ধাৰণা দাঙি দিবলৈ যত্ন কৰা মাৰ্ক্সৰ অভিপ্ৰেত অৰ্থটো হেৰাই গৈছিল। ইয়াৰপৰাই স্থূল মাৰ্ক্সবাদী পৰম্পৰাত ভাব বনাম বস্তু, ভাববাদ বনাম বস্তুবাদৰ সৰল দ্বৈত ধাৰণাবিলাকে সাৰ-পানী পাইছিল যাৰ ফলত মাৰ্ক্সবাদৰ চৰ্চাত আহি পৰিছিল যান্ত্ৰিকতা আৰু সংকীৰ্ণতা।
মতাদৰ্শ হ’ল এক বিশ্বদৃষ্টি যিটো অন্তৰ্নিহিত হৈ থাকে কলা, আইন, অৰ্থনৈতিক কৰ্ম আদিকে ধৰি ব্যক্তিগত আৰু সমূহীয়া জীৱনৰ সকলোধৰণৰ অভিব্যক্তিৰ মাজত। কিন্তু মতাদৰ্শ কেৱল এটা ধাৰণাগুচ্ছই নহয়, ই মানুহৰ মনোভাবক গঢ় দিয়ে আৰু কৰ্মৰ বাবে প্ৰেৰণা যোগায়। মতাদৰ্শ হ’ল সামাজিকভাৱে সৰ্বব্যাপ্ত। মতাদৰ্শ হ’ল সেইখন ক্ষেত্ৰ য’ত মানুহে ক্ৰিয়াকৰ্ম কৰে, নিজৰ অৱস্থান সম্পৰ্কে চেতনা আহৰণ কৰে, সংগ্ৰাম কৰে। গতিকে মতাদৰ্শগত ক্ষেত্ৰত আৰু মতাদৰ্শৰ জৰিয়তেই এটা শ্ৰেণীয়ে আন শ্ৰেণীসমূহৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে।
পৰিণীতা কলিতা
সহ সম্পাদক অঙ্গন
টিহু,নলবাৰী (৭৮১৩৭১)
ফোন: ৯৪৩৫৭৫৫৬৮৬
অঙ্গন: পৃষ্ঠাঃ ৪৭
0 Comments