অঙ্গনঃ তৃতীয় বছৰ (৭ নং সংখ্যা)




নিয়মাৱলী:

১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 ছেপ্টেম্বৰ, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা ৫
👉সংবাদ: পৃষ্ঠা ৬
👉প্ৰৱন্ধ : পৃষ্ঠা ৭-১২
👉ধাৰাবাহিক: পৃষ্ঠা ১৩
👉অণুগল্প : পৃষ্ঠা ১৪-১৮
👉অনুবাদ সাহিত্য : পৃষ্ঠা ১৯-২১
👉কবিতা: পৃষ্ঠা ২২-৩৬
👉নীলাখামৰ চিঠি: পৃষ্ঠা ৩৭
👉ৰেচিপি: পৃষ্ঠা ৩৮
👉অনুভৱ: পৃষ্ঠা ৩৯
👉গল্প: পৃষ্ঠা ৪০-৪২
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৩

অঙ্গন: পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
পৰিস্মীতা পৰাশৰ
দেৰগাঁও, গোলাঘাট।

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা,  মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ

পাঠকৰ মতামত

প্ৰিন্ট মিডিয়াতেই হওক অথবা ডিজিটেল মিডিয়াতেই হওক, একমাত্ৰ পাঠকেহে এজন সৃষ্টিশীল লেখকৰ মান নিৰূপণ কৰে। যিকোনো ভাষাৰ সাহিত্য চৰ্চাত সেয়ে পাঠকক সদায়ে এক বিশেষ স্থান দিয়া হয়। কোৱা হয়, এজন লেখকৰ লেখক হোৱাৰ সাধনা যিমান কঠিন, তাতোকৈও বেছি কঠিন সাধনাৰ প্ৰয়োজন এজন ভাল পাঠক হ'বলৈ। সাধাৰণতে ভাল পাঠকৰ জ্ঞানৰ পৰিসৰ কেতিয়াবা একোজন স্বনামধন্য লেখকতকৈও বেছি হোৱা দেখা যায়। অসমৰ এজন শক্তিশালী গদ্যকাৰ হোমেন বৰগোহাঞিদেৱে তেখেতৰ 'পাঠকৰ টোকাবহী' আৰু' কিতাপ পঢ়াৰ আনন্দ' শীৰ্ষক গ্ৰন্থ দুখনত পাঠকৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃতভাবে কৈ গৈছে। একেদৰে অলপতে আমাৰ অতিকৈ শ্ৰদ্ধাৰ লেখিকা, বাতৰি কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে এটি অনুষ্ঠানত কৈছে যে তেখেতে আজিও এগৰাকী ভাল লেখিকা হ'ব পৰা নাই, কেৱল ভাল পঢ়ুৱৈ হ'বলৈ চেষ্টা অব্যাহত ৰাখিছে। এনেবোৰ উদাহৰণে প্ৰমাণ কৰে যে এজন ভাল লেখক হ'বলৈ, প্ৰথমে আমি ভাল পাঠক হ'বলৈ চেষ্টা কৰা অতিকৈ প্ৰয়োজন।
কোনো এখন বাতৰি কাকত, আলোচনী আদিত আপোনাৰ লেখা এটা প্ৰকাশ হোৱাৰ লগে লগে সাধাৰণতে আপোনালৈ বিভিন্নজন পাঠকৰ ফোন আহে। কোনোজনে আপোনাৰ লেখাৰ লগত সহমত প্ৰকাশ কৰে, কোনোজনে বিৰোধিতা কৰে আৰু কেতিয়াবা কোনোজনে আপোনাৰ লেখাটোৰ মাজত নিজকে বিচাৰি পায়। প্ৰকাশিত বাতৰি কাকত, আলোচনী আদিত আপোনাৰ লেখাটো প্ৰকাশ কৰাৰ ক্ষেত্ৰত প্ৰথমে সম্পাদনা সমিতিয়ে লেখাটোৰ মান নিৰূপণ কৰে আৰু উন্নত মানৰ হ'লে সাধাৰণতে প্ৰকাশ নকৰাকৈ নাথাকে। একেদৰে আজিকালি প্ৰকাশ পোৱা বিভিন্ন ই-আলোচনীৰ ক্ষেত্ৰতো সম্পাদনা সমিতিয়ে বিবেচনা কৰিহে আপোনাৰ লেখাটো প্ৰকাশৰ সিদ্ধান্ত লয়। গতিকে লেখাটোত সাধাৰণতে অপ্ৰাসংগিক কোনো বাক্য, শব্দ অথবা ভাবৰ মিশ্ৰণ ঘটিলে সেয়া সম্পাদনা সমিতিয়ে বাদ দিবলগীয়া হয় আৰু লেখকৰ লগত যোগাযোগ কৰি আলোচনা কৰিবলগীয়া হয়। এইদৰে লেখকে নিজৰ লেখাৰ এটা সঠিক মান নিজেই উপলব্ধি কৰিব পাৰে।
কিন্তু আমি মন কৰিছোঁ, সামাজিক মাধ্যমত সাধাৰণতে মানুহে মতামত আগবঢ়াওতে লেখাটোৰ পৰিৱৰ্তে কেৱল লেখকজনক চকুৰ সন্মুখত ৰাখি একাংশ পাঠকে মতামত আগবঢ়ায়। বহুতৰে ধাৰণা, কবিতাটো একেবাৰেই ভাল হোৱা নাই যদিও কথাখিনি প্ৰকাশ কৰিলে 'দত্তছাৰে' কিমান বেয়া পাব! গতিকে 'বঢ়িয়া ছাৰ' শব্দ দুটাই উত্তম। এইদৰে আমি দত্তছাৰক ভুল বাটেৰে পৰিচালিত কৰিলোঁ। মন কৰিব, দত্ত ছাৰে কিন্তু এটা নিৰপেক্ষ মতামতহে আশা কৰিছিল। এনেদৰেই কিমান সৃষ্টিশীল মন ভুল বাটেৰে পৰিচালিত হৈছে তাৰ কোনো লেখ নাই।
পাঠকৰ নিৰপেক্ষ মতামতে এজন লেখকৰ কলমক এটা গতি দিব পাৰে, লেখকজনে লিখিবলৈ উৎসাহ পাব পাৰে। কিন্তু লেখাটো নপঢ়াকৈ কেৱল ব্যক্তিজনক তোষামোদ কৰিবলৈ আগবঢ়োৱা মন্তব্যই লেখকজনৰ সুন্দৰ ভৱিষ্যত ধ্বংস কৰি পেলাব পাৰে।
পূৰ্বতেই উল্লেখ কৰিছোঁ যে এজন ভাল পাঠক হ'বলৈও সাধনাৰ প্ৰয়োজন। বিশ্বৰ বিভিন্ন সাহিত্যৰ সোৱাদ ল'বলৈ তেখেতক বিভিন্ন ভাষাৰ জ্ঞানৰ প্ৰয়োজন। এজন অধ্যয়নশীল পাঠকে সাধাৰণতে কেতিয়াও লেখা এটা নপঢ়াকৈ মতামত আগ নবঢ়ায়। কেতিয়াও তেনে পাঠকে লেখকক তোষামোদ নকৰে। আমাৰ সমাজখনত তথা আপোনাৰ সামাজিক মাধ্যমৰ একাউন্টত এনে পাঠকৰ সংখ্যা তেনেই নগন্য যদিও তেওঁলোকহে প্ৰকৃতাৰ্থত আপোনাৰ যাত্ৰাপথৰ মূল সংগী।
সাধাৰণতে দেখা যায় যে ইংৰাজী, বাংলা আদি সাহিত্যত যিদৰে পাঠকে লেখকৰ ভুলবোৰ আঙুলিয়াই দিয়ে, একেদৰে অসমীয়া সাহিত্যৰ পাঠকে লেখকৰ ভুলবোৰ আঙুলিয়াই দিবলৈ কেতিয়াবা সংকোচো কৰে। ইয়াৰ মূল কাৰণ হৈছে লেখকজনৰ অহংকাৰ, যি অহংকাৰে লেখকজনক প্ৰতিপদে আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰিছে।
গতিকে এজন লেখক হোৱাৰ লগতে আমি এজন ভাল মানুহ হ'বলৈ সদায়ে চেষ্টা অব্যাহত ৰাখিব লাগিব। নিজৰ লেখাটো যিদৰে আনে মন দি পঢ়িলে আমি সুখ অনুভৱ কৰোঁ, একেদৰে আনৰ লেখাও আমি মনোযোগেৰে পঢ়িবলৈ আগ্ৰহী হ'ব লাগিব।
আশা ৰাখিছোঁ, প্ৰকাশিত কোনো লেখাৰ ক্ষেত্ৰতেই হওক অথবা সামাজিক মাধ্যমৰ কোনো এজন লেখকৰ টাইমলাইনৰ এটা কবিতাই হওক, লেখাটো ভালদৰে পঢ়ি তথা বুজিহে মন্তব্য আগবঢ়াব। কিয়নো, পাঠকৰ এনে নিৰপেক্ষ মতামতেহে আমাৰ সাহিত্যৰ জগতখন চিৰসেউজ হৈ থকাত সহায় কৰিব।
 
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ ৬
প্ৰৱন্ধঃ

গীতাৰ পুৰুষোত্তম যোগত  "উত্তম পুৰুষ"

দুৰ্গেশ্বৰ শইকীয়া

ভগৱান শ্ৰীকৃষ্ণৰ মুখনিসৃত গীতাৰ প্ৰত্যেক যোগৰ মাধ্যমেৰে সখা অৰ্জ্জুনক দিয়া জ্ঞান ভাণ্ডাৰ সৰ্বকালৰ মানৱ জীৱনৰ বাবে সৰ্বোত্তম শিক্ষা। গীতাৰ "পুৰুষোত্তম যোগ" অধ্যায়ত কেনে ব্যক্তিকনো উত্তম পুৰুষ হিচাপে গণ্য কৰা হয় - গীতাৰ এই অধ্যায়ৰ আধাৰত চোৱাৰ প্ৰয়াস কৰা হৈছে।
      এই বিশ্ব ব্ৰহ্মাণ্ডৰ নিয়ন্তা পৰম পুৰুষ ভগৱান। সূৰ্যক কেন্দ্ৰ কৰি সৌৰজগত বৰ্তি থকাৰ দৰেই বিষ্ণু বা ভগৱন্তক কেন্দ্ৰ কৰি সমস্ত চৰাচৰ জগতখন বৰ্তি আছে। সেয়ে, বিষ্ণু বা নাৰায়নৰ নাম সততে স্মৰণ কৰা মানুহৰ এক মূখ্য কৰ্ম হোৱা উচিত। বৈৰাগ্য অৱলম্বন নকৰাকৈও, সাংসাৰিক ধৰ্ম পালন কৰি, সৎ জীৱন যাপনৰ মাজতে ঈশ্বৰ চিন্তা কৰাটোৱেই সংসাৰী লোকৰ ধৰ্ম। ভগৱান যদি এজোপা বৃক্ষ, দেৱ-দেৱতা সকল তাৰ ডাল-পত্ৰ স্বৰূপ। যিদৰে গছৰ গুৰিত পানী দিলে ডাল-পত্ৰই পায়, একেদৰে, অন্য দেৱ-দেৱতাৰ পূজা, যাগ-যজ্ঞ, বলি বিধান নকৰাকৈ এক ভগৱানৰ নাম অন্তৰত জপ কৰিলেই সৰ্ব দেৱতা সন্তুষ্ট হয়। একধ্যানে, একচিত্তে ঈশ্বৰত নিজক সমৰ্পিত কৰা জন উত্তম পুৰুষ। কৃষ্ণই কৈছে - 
" যিটো মূল গোট/জানা মই সিটো
মোত পৰে নাহি কেৱ।
ডাল বুলি যাক/অধক কহিলো
ব্ৰহ্মা আদি দেৱ যত।।"
      সংসাৰ বৃক্ষৰ মূল ঈশ্বৰ বুলি যিজনে নিৰ্ণয় কৰিব পাৰে তেওঁ উত্তম পুৰুষ।
" সংসাৰ বৃক্ষৰ /মূল যে ঈশ্বৰ
দেৱগন ডাল যত।
ইহাৰ নিৰ্ণয় /যিজনে জানয়
জানিবা সেহি মহন্ত।।"
      গতিকে, এই নিৰ্ণয় যিজনে জানি, বুজি কৰ্ম কৰে তেৱেঁই মহন্ত, উত্তম পুৰুষ। বৃক্ষমূল স্বৰূপ ঈশ্বৰক নভজি অন্য দেৱতাৰ পূজা পাতল কৰি মোক্ষ বিচৰাটো অনৰ্থক। কৃষ্ণই অৰ্জ্জুনক বুজাই কৈছে এইদৰে - -
     "যি মূল বৃক্ষৰ/সি ব্ৰহ্ম ঈশ্বৰ
তাহাত নকৰে ৰতি।
অনৰ্থ বৃক্ষক /যাৱত সেৱয়
তাৱদেকে নাহি গতি।"
        চৰাচৰ জগতত ভাল-বেয়া, ন্যায়-অন্যায়, উচিত-অনুচিত, সুকৰ্ম-কুকৰ্ম অনেক আছে। ৰাজহাঁহে পানী মিহলি গাখীৰৰ পৰা কেৱল গাখীৰ ভাগ শুহি লোৱাৰ দৰে উত্তম পুৰুষে ভাল খিনিহে কেৱল গ্ৰহণ কৰি লয়।
      "এমত বিচাৰি/অসাৰক এৰি
মূল ঈশ্বৰক পায়।
যেন ৰাজহংসে/জলে দুগ্ধ মিশ্ৰে
নীৰ এৰি ক্ষীৰ খায়।।"
        আত্মজ্ঞান লাভ কৰি, একাগ্ৰ চিত্তে পৰম ব্ৰহ্মৰ ওচৰত দেহ, মন, আত্মাক সমৰ্পন কৰা জনেই উত্তম পুৰুষ।
       " এহি আত্মজ্ঞানে /ঈশ্বৰক জানে
যাত পৰে আদি নাই।
পুৰুষ উত্তম /নাহিকে উপাম
একাগ্ৰ ভক্তিসে পায়।। "
         ভক্তিজ্ঞান যি আয়ত্ব কৰিছে, তেওঁ সকলোতে জ্ঞানৰ আলোক দেখা পায়, তেওঁ উত্তম পুৰুষ হিচাপে বিবেচিত হয়।
" ভক্তিজ্ঞানে যত্ন কৰি চিন্তে যিটো জন। 
জ্ঞানচক্ষু দেখে সিটো চৈধ্যয় ভূৱন।। "
কৃষ্ণই আকৌ কৈছে - 
" এহিমতে জানি মোত কৰয় ভকতি। 
অনায়াসে ভজি সিটো পাৱয় মুকুতি।।" 
       ব্যক্তিয়ে কেৱল জ্ঞান আহৰণ কৰিলেই নহ'ব, জ্ঞানৰ লগত প্ৰজ্ঞাও আহৰণ কৰিব লাগিব। জ্ঞান আৰু প্ৰজ্ঞাৰ ওপৰত জীৱন দৰ্শন প্ৰতিষ্ঠিত হ'লেহে উত্তম পুৰুষৰ স্থান প্ৰাপ্ত হয়। 
" সফল জনম যাৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত। 
সেহিসে সৰ্বজ্ঞ আতি পৰম পণ্ডিত।। "
        উত্তম জনে কেৱল পৰম পুৰুষ ঈশ্বৰকে সকলোৰে ওপৰত বুলি ভাৱি একচিত্তে তেওঁৰ চৰণত ভজে আৰু মহত্ব লাভ কৰে। 
" নকৰিলো ভেদ মোক এহিমতে জ্ঞানে। 
পৰম পুৰুষ বুলি মোক মাত্ৰ জানে।। 
সাধনা নালাগে কাৰো নকৰোক শ্ৰম। 
মোক মাত্ৰ ভজে জানি পুৰুষ উত্তম।। "
     শেষত অজানিত ভুল ত্ৰুটি  সন্ত জনে ক্ষমাৰ দৃষ্টিৰে চাব। যিহেতু - " পক্ষীসৱ উৰয়, পখা অনুসাৰে।" 


মাজুলী


অঙ্গন: পৃষ্ঠাঃ ৭
শ্ৰী ৰাধা  চৰিত্ৰ: অসমীয়া বৈষ্ণৱ সাহিত্যৰ স্থান

ড॰ মলয়া খাওন্দ, নতুন দিল্লী
(সাহিত্য একাডেমী পুৰস্কাৰপ্রাপ্ত )
 
বঙ্গদেশৰ চৈতন্যদেৱ প্ৰমুখ্যে জয়দেৱ গোস্বামী আদিয়ে ৰাধা কৃষ্ণৰ বিৰল প্ৰেমলীলাক সাহিত্যৰ মাজেদি অমৰ কৰি গ’ল৷ চৈতন্যদেৱৰ আৱিৰ্ভাৱৰ আগতেই চণ্ডীদাসে ৰাধাকৃষ্ণৰ প্ৰেম মাধুৰী জনসাদাৰণে হূদয়ঙ্গম কৰিব পৰাকৈ সুললিত সুৰত বৰ্ণাই গৈছে৷ ৰাধা-কৃষ্ণৰ প্ৰেমলীলা বৰ্ণিত বড়ু চণ্ডীদাসৰ ‘শ্ৰীকৃষ্ণ কীত্তৰ্ন’ গ্ৰন্থখনিক ডঃ বানীকান্ত কাকতিয়ে অসমীয়া বঙালী এই দুই ভাষাৰ এক উমৈহতীয়া স্তৰ বা অৱদান নিদৰ্শন’ বুলি কৈছে৷ ড- সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে এইজন চণ্ডীদাস পৰৱৰ্তী চণ্ডীদাসতকৈ পৃথক ব্যক্তি আৰু এওঁ চতুদৰ্শ শতিকাৰ আগৰ কবি এওঁৰ ৰাধাৰ ৰূপ বৰ্ণনাত আৰু শ্ৰীকৃষ্ণৰ বংশীৰ ধবনিত অধিৰ আকুল হোৱা কৃষ্ণ সৰ্ব্বস্ব প্ৰেমিকাৰ বৰ্ণনাত জয়দেৱৰ গীত গোবিন্দৰ প্ৰভাৱ লক্ষনীয় হৈছে৷
মিথিলাৰ বিপসী নামৰ এক গাঁৱত জন্ম গ্ৰহণ কৰা বিদ্যাপতিক [১৩৬০-১৪৪৮] খ্যাত আছিল-মৈথিলী কোকিল আৰু অভিনৱ জয়দেৱ হিচাপে৷ তেওঁ জয়দেৱৰ ‘গীত গোবিন্দ’ৰ দ্বাৰা প্ৰবাৱাম্বিত হৈ বাদা কৃষ্ণৰ প্ৰেমলীলাক অনন্যতা দান কৰি গ’ল৷ মিথিলাৰ ৰাজবংশৰ লগত অঙ্গাঙ্গীভাৱে জৰিত আছিল এই গৰাকী কবি৷ বিদ্যাপতিৰ পদাৱলীত ৰাধা কৃষ্ণৰ ৰূপ নিৰূপনৰ বিষয়ে ড॰ ভূপেন্দ্ৰ ৰায় চৌধুৰীৰ মন্তব্যও প্ৰণিধানযোগ্য৷
বিদ্যাপতিৰ পদাৱলীত ৰাধা আৰু কৃষ্ণৰ মাজৰ মধুৰ ৰসৰ যি মন্দাকিনী প্ৰবাহিত হৈছে যিয়ে তেওঁৰ কাব্যধাৰাক অধিক মনোগ্ৰাহী কৰি তুলিছে৷ মহাকবি জয়দেৱৰ প্ৰায় তিনি শতক পিছত বিদ্যাপতিয়ে পুনৰ ৰাধাকৃষ্ণৰ অপূৰ্ব প্ৰেমলীলাক অতি মোহনীয় শব্দ ৰূপ ৰসৰ জালত নিৱন্ধ কৰি চিৰদিনৰ কাৰণে অমৰ কাব্য সাহিত্যৰ সৃষ্টি কৰি গ’ল৷
গতিকে ক’ব পাৰি বিদ্যাপতিৰ কোমল কান্ত পদাৱলীৰ নায়ক-নায়িকাই পাৰ্থিৱ জগতৰ উত্তাল প্ৰেম তৰঙ্গত উটি-ভাহি ফুৰিছে৷ চৰিত্ৰাংকনত দেৱত্ব নাই৷ 

আগলৈ...

ঠিকনাঃ
অৱসৰপ্রাপ্ত অধ্যাপিকা, অসমীয়া বিভাগ, দিল্লী বিশ্ববিদ্যালয়

অঙ্গন: পৃষ্ঠাঃ ৮

 পর্যটকৰ অন্যতম আকর্ষণ থলী ঐতিহ্যমণ্ডিত গৌৰীপুৰ চহৰৰ  "গণেশ আখৰা" মন্দিৰ 

অজয় বৰুৱা


    ভাৰতৰ বহু সাংস্কৃতি কীর্তিস্তম্ভ, ঐতিহ্য আৰু সৃজনশীল প্রতিভাৰ সাক্ষ্য বহন কৰা লগতে পুৰণিকলীয়া ইতিহাস সংপৃক্ত, সংস্কাৰ-সংস্কৃতিৰে মহীয়ান, ঐতিহ্যমণ্ডিত চহৰ গৌৰীপুৰ।ঐতিহ্যমণ্ডিত ধুবুৰী জিলাৰ অন্যতম চহৰ গৌৰীপুৰ।শিল্পকলা, লোককৃষ্টি, শিক্ষা, সাহিত্যৰ কেন্দ্রভূমি ইতিহাস প্রসিদ্ধ গৌৰীপুৰ চহৰ। পশ্চিম অসমৰ ধুবুৰী জিলাৰ মাজ মজিয়াত অৱস্থিত সাংস্কৃতিকৰ প্ৰাণকেন্দ্ৰ স্বৰূপ গৌৰীপুৰ চহৰ। নানা ভাষা-ভাষী, বিভিন্ন ধৰ্ম আৰু জনগোষ্ঠীয় লোকৰ মিলন ভূমি, গোৱালপৰীয়া লোক-কৃষ্টিৰ প্ৰাণকেন্দ্ৰ গৌৰীপুৰ চহৰ। উনবিংশ শতিকাৰ মাজভাগত অর্থাৎ ১৮৫০ চনত(প্রায়) গৌৰীপুৰ ইষ্টেটৰ জমিদাৰ ৰাজা বাহাদুৰ প্ৰতাপ চন্দ্ৰ বৰুৱাই ৰঙামাটি পৰা উঠি আহি গৌৰীপুৰত নিবাস পাতে তথা জমিদাৰীৰ সদৰ স্থানান্তৰিত কৰে। জমিদাৰ পৰিয়ালৰ কুলদেৱী মহামায়া অর্থাৎ গৌৰীৰ নামৰ পৰাই ঠাইখনৰ নামকৰণ গৌৰীপুৰ হয় বুলি বিশ্বাস। প্ৰায় এশ বছৰীয়া গৌৰীপুৰৰ (১৮৫০/১৮৫৬ ৰ পৰা ১৯৫২ চনলৈ) ইতিহাসত জমিদাৰৰ ৰাজত্ব আছিল। সংস্কাৰক, বিদ্যোৎসাহী জমিদাৰ সকলৰ পৃষ্ঠপোষকতাত শিক্ষা-সংস্কৃতি, শিক্ষা-শাস্ত্র, সংগীত-কৃষ্টি, ক্ৰীড়া, সামাজিক সকলো ক্ষেত্ৰতে গৌৰীপুৰ জাকত জিলিকা হৈছিল। এই গৌৰীপুৰতে  জন্ম হৈছিল ভাৰতীয় চলচিত্র জগতৰ আধুনিকতাৰ বাটকটীয়া, দেশ -বিদেশত খ্যাতি লাভ কৰা প্রবাদ পুৰুষ 'দেৱদাস' খ্যাত প্রমথেশ বৰুৱা। য'ত জন্ম হৈছিল গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী পদ্মশ্রী  প্রতিমা বৰুৱা পাণ্ডে। মন্দাস্রোতা গদাধৰ নৈ পাৰত অৱস্থিত ঐতিহ্যমণ্ডিত এই গৌৰীপুৰ চহৰৰ মাজ মজিয়াতে আছে "সিদ্ধিদাতা গণেশ" ৰ বিশাল মূর্ত্তি স্থাপিত ঐতিহাসিক মন্দিৰ "গণেশ আখৰা"। এই মন্দিৰটো গৌৰীপুৰ ৰজাৰ দিনতে স্থাপন কৰা। এই গৌৰীপুৰলৈ ৰজাই ৰঙামাটিৰ পৰা ৰাজধানী স্থানান্তৰিত কৰি  শাসনৰ সুবিধার্থে পৰিকল্পিত ভাৱে সজাই লৈছিল। য'ত আছিল ব্রাহ্মণ-পুৰোহিত, পাত্র-মন্ত্রী, তহচিলদাৰ, দেৱান, শিক্ষক, ধোৱা, নাপিত, বৰকন্দাজ আদি থকা-খোৱা সকলো সুবিধা। হাতী-ঘোঁৰা, গৰু সকলো ৰখাৰো আচুতীয়া ঠাই কৰি দিছিল। গৌৰীপুৰ ৰজাই ৰখা মাল বা মল্লবীৰ সকলে দৈনিক শৰীৰ চর্চা, কচৰৎ বা ব্যায়াম তথা আখৰাৰ বাবে নিদিষ্ট কৰি ঠাই দিছিল।এনেদৰে নিদিষ্ট ঠাইত কচৰৎ বা আখৰা কৰা শব্দটো মানুহৰ মুখে মুখে চলি থাকিল। অর্থাৎ গৌৰীপুৰ নগৰ স্থাপনৰ কালৰ পৰাই মল্লযুজ, লাঠিখেল আখাৰা আদিৰ লগতে এই মল্লসকল, লাঠিয়াল, পালোয়ান, কুস্তীবীৰ বা অন্যান্য মানুহ বিলাকে শৰীৰ চৰ্চা লগতে দূৰ-দূৰণিৰ পৰা অহা তীর্থযাত্রী, সাধুসন্ত আদিয়ে জিৰণি লৈছিল আৰু দেৱ-দেৱতাক-ভগৱানক আৰধনা বা উপাসনা কৰিবলৈ স্থাপন কৰিলে "সিদ্ধিদাতা গণেশ" মূর্ত্তি। পৰৱর্ত্তী সময়ত ইয়েই নাম পালে "গণেশ আখৰা"। আৰম্ভণিতে মন্দিৰ গৃহ কেঁচা আছিল। সাধাৰণ‌ এখন চালিৰ তলত পূজা-অর্চনা বহু বছৰ চলি আছিল। কিন্তু বর্তমান বিশিষ্ট ব্যক্তি আৰু  ৰাইজৰ দান-বৰঙণিৰে আধুনিক শৈলীৰ মন্দিৰ নিৰ্মাণ কৰিলে। দৃষ্টিনন্দন, মনোমুগ্ধকৰ প্রাসাদোপম এই মন্দিৰটোত এতিয়া আছে ধর্মশালা, অতিথি গৃহ আৰু  বিবাহ ভৱন। গণেশ আখাৰাৰ পূব দিশত আছে সংস্কৃত ভাষা চৰ্চাৰ কেন্দ্ৰস্থল 'গৌৰীপুৰ তাৰিণীপ্রিয়া সংস্কৃত চতুষ্পাঠী'। পূব দিশে নাতি দূৰৈত আৰু আছে ঐতিহাসিক গৌৰীপুৰ ৰজাৰ দূর্গামন্দিৰ , কালী মন্দিৰ আৰু  মহামায়া খেলপথাৰ। দক্ষিণ দিশে গাতে লাগি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামর্ধমৰ অনুগামী পুৱা গধূলি নাম কীৰ্তন কৰিব পৰা গৌৰীপুৰ নামঘৰ। ইয়াৰ দ্বাৰা গুৰুজনাৰ আদৰ্শ প্রচাৰ-প্রসাৰ কৰি আহিছে গৌৰীপুৰৰ একাংশ বাপ-বান্ধৱে। দক্ষিণ -পশ্চিত আছে শুভ্ৰ আটকধুনীয়া মন্দিৰ "গৌৰীপুৰ সৎসংগ মন্দিৰ" আৰু গৌৰীপুৰ হৰিসভা মন্দিৰ । সৎসংগ মন্দিৰত শ্রীশ্রী ঠাকুৰ প্রৱতিত মার্গত পুৱা-গধূলি নাম-কীর্তন কৰা হয়। উত্তৰ দিশত আছে  গৌৰীপুৰ ৰজাৰ কুলদেৱী মহামায়া আৰু মদনমোহন মন্দিৰ।


         নান্দনিক সৌন্দৰ্যৰে ভৰপূৰ 'গণেশ আখৰা'। মন্দিৰৰ চৌহদত আমগছ, জলফাই, মহুৱা, বিভিন্ন ফলৰ গছ, ফুলৰ গছ, সেউজীয়া দলিছা সদৃশ বন আদিৰে ভৰি আছে। আগতে ইয়াত থকা মহুৱা গছ আৰু আম গছক  হিন্দু সম্প্রদায়ৰ ল'ৰা-ছোৱালী বিয়া হ'লে পূজা দি দৰা-ক‌ইনাই আশীৰ্বাদ লৈছিল। গৌৰীপুৰ চহৰৰ মাজ মজিয়াত যদিও গৌৰীপুৰৰ পৰা ৰূপচী বিমান বন্দৰ হৈ কোকোৰাঝাৰলৈ যোৱা পথটোৰ বাওঁফালে গাতে লাগি আছে এই গণেশ আখৰা মন্দিৰটো । মন্দিৰ চৌহদত প্ৰৱেশ কৰা আগতে এখনি আদৰণি তোৰণ আছে। তোৰণখনৰ ওপৰত দুয়োফালে দুটা হাতীৰ পোৱালি মালা এধাৰিকৈ লৈ স্বাগতম জনাই আছে। ইয়াৰ উপৰিও তোৰণৰ দুয়োফালে হাতত লাঠি লৈ আৰু মূৰত পাগুৰি বান্ধি এক বিশেষ ভংগীমাত থিয় হৈ আছে দুটা দাৰোৱান তথা প্রহৰীৰ স্বৰূপ মূৰ্তি । চৌহদত প্ৰবেশ কৰিয়েই এক প্ৰশান্তি আৰু আধ্যাত্মিক ভাৱত নিমগ্ন হৈ যাব পৰা পৰিবেশ। গণেশ আখাৰাৰ পূৱ দিশত পূজা অৰ্চনা, যাগ-যজ্ঞ কৰা মূল আখাৰা বা মন্দিৰটো। শুভ্ৰ মাৰ্বল পাথৰৰে নিৰ্মিত মন্দিৰটোত প্রৱেশ কৰিলেও দুটা হাতী পোৱালী শুৰ দাঙি থিয় হৈ স্বাগতম তথা শুভ বাৰ্তা দি আছে। শুভ্ৰ খটখটি পাৰ হৈ ডাঙৰ ওলোমাই থোৱা তিলিঙা পোৱা যায়। মন্দিৰত সোমাই প্ৰশান্তিৰে মন-প্রাণ ভৰি যায়। মন্দিৰৰ ভিতৰত আছে সুবিশাল এটি গণেশৰ মূৰ্তি। যিটো সুদূৰ জয়পূৰৰ পৰা অনা মাৰ্বল পার্থৰৰ ।মূর্তিৰ ওপৰত আছে পিতলৰ ছাতি সদৃশ পাত্ৰ যিয়ে মূর্তিটোক ছাঁ দি আছে। গণেশ মূৰ্তিৰ বাওঁ ফালে একে শাৰীতে আছে নাৰায়ণ শিলা আৰু  লাড্ডু গোপাল (ভগৱান শ্ৰীকৃষ্ণৰ সৰু সৰু মূর্তি লগতে সৰু ডাঙৰ বহু কেইটা ক'লা শিল)। সোঁ-ফালে আছে ক্ৰমে এখন সৰু বিশ্রামৰ আহিলা (সৰু পালেং বা বিছনা), শক্তিৰ দেৱী দুৰ্গাৰ মূর্তি  আৰু পৱন পুত্ৰ হনুমানৰ মূর্তি।গোটেইকেইটা মূৰ্তি এখন ছন্দ্রতাপৰ তলত একে শাৰীতে ৰখা হৈছে। সন্মূখত দুগচি পিতলৰ প্ৰজ্বলিত চাকি। প্ৰতিদিনে দুবাৰকৈ গণেশৰ পূজাৰ লগতে তাত থকা দেৱ-দেৱী সকলকো স্নান, ফোট আদি দি ফুল, ধূপ-ধূণাৰে পূজা কৰা হয়। দিনত তিনিবাৰকৈ ভোগ দিয়া হয়। সন্ধিয়া আৰতি কৰা হয়। আৰতি কৰিবৰ সময়ত প্ৰয়োজনীয় বাদ্যবোৰ এক আধুনিক যন্ত্রৰ দ্বাৰা একে লগে মন্ত্রৰ লগে লগে বজোৱা হয়। যিটো শুনিবলৈ বৰ সুমধুৰ। মন্দিৰ সু-উচ্চ চূড়াত আছে দুটা পিতলৰ কলহ, তাৰ ওপৰত ওলোটাকৈ লাটুম সদৃশ পাত্ৰ এটা, পিতলৰ চাটি সদৃশ আহিলা এটা আৰু শেষত পিতলৰ ঔম চিহ্নটো। গোটেই মন্দিৰটো সুন্দৰ কাৰু কার্যখচিত।


          গনেশ আখাৰাত উৎসৱ হিচাপে সাধাৰণতে গনেশৰ পূজা বিভিন্ন সময়ত আৰম্বপূর্ণভাৱে পালন কৰা হয়। ইয়াত মাহত দুদিনকৈ গনেশ চতুৰ্থী পালন কৰা হয়। ইয়াৰ উপৰিও বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অর্থাৎ "প্ৰাণ প্রতিষ্ঠা" দিৱসটো প্রতিবছৰে ২২ ফেব্রুৱাৰীত ডাঙৰকে হুম- যজ্ঞৰে পালন কৰা হয়। ২০১৭ চনৰ ২২ ফেব্ৰুৱাৰীত এই নৱ নিৰ্মিত মন্দিৰটো শুভ উদ্বোধন হৈছিল। এই উৎসৱটো পুৰণি গণেশ আখাৰা অথাৎ মন্দিৰটো পৰা নতুনটোলৈ অহা এই বিশেষ দিনটো। ইয়াৰ উপৰিও প্ৰতি বছৰে গণেশ মন্দিৰত ভাদ মাহৰ শুক্লা চতুর্থীত গণেশ পূজা উদ্‌যাপন কৰা হয়। দুই তিনিদিন ধৰি এই পূজা বিভিন্ন সম্প্রদায়ৰ মানুহে  শৃংখলাবদ্ধভাৱে উদ্‌যাপন কৰে। উচ্চ-নীচ, ভেদ-ভাৱ নোহোৱাকৈ এই পূজাত সকলোৱে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰে। এইবাৰো অহা ৩১আগষ্ট আৰু ১ চেপ্তেম্বৰ তাৰিখে দুদিনকৈ শ্রীশ্রী গণেশ মন্দিৰ আখৰাৰ প্রাঙ্গনত বর্ণ্যাঢ্য কার্যসূচীৰে গণেশ চতুৰ্থী উদ্‌যাপন কৰিব।য'ত যজ্ঞ, পুষ্পাঞ্জলি, প্ৰাসাদ বিতৰণকে ধৰি চিত্রাঙ্কন প্ৰতিযোগিতা আৰু আৰতি প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব। পূর্ব্বতে টিনপাতৰ এটি ঘৰত 'গণেশ দেৱতাৰ' মূৰ্ত্তি ৰখা হৈছিল। জমিদাৰি বিলপৰ ফলত পৃষ্ঠপোষকতাৰ লগত পূর্বৰ গৌৰৱে ৰজাদিনীয়া সেই গৃহটো এটা সময়ত খুটাবোৰ বেয়া হৈ যোৱাত আৰু ঘৰটো উৱলি যোৱাৰ বহু বছৰৰ পিচত গৌৰীপুৰ ভক্ত প্ৰাণ ৰাইজৰ দান-বৰঙণি, আৰু দ‌ই এজন বিশেষ ব্যক্তিৰ পূর্ণ সহযোগিতাৰ ফলত গছে আখাৰাই বৰ্তমানৰ ৰূপ পাইছে। মন্দিৰ তথা গোটেই আখাৰাটো জৰাজীর্ণ দৈন্যদশা চাই বিশিষ্ট দানশীল আৰু উদাৰ ব্যৱসায়ী বিজয় জৈনদেৱে পুনৰুদ্ধাৰৰ বাবে আধুনিক শৈলীৰ মন্দিৰ নির্মাণৰ সংকল্প লৈ তেওঁৰ অকুণ্ঠ অৰ্থ সাহাৰ্য্য দি গণেশ আখাৰাক বর্তমানৰ ৰূপ দিয়ে। আটক ধুনীয়া ফুল-ফলৰ বাগিছা, বিজুলী বাতিৰে অপৰূপ সৌন্দৰ্য্য পোৱা উদ্যান, মনোমুগ্ধৰ শান্ত সমাহিত মন্দিৰৰ পৰিবেশ।ইয়াত আছে বিবাহ ভৱন, অতিথিশালা, ধর্মশালা, প্রেক্ষাগৃহ , অফিচ। মন্দিৰৰ কাৰুকার্য, ব্যৱস্থাপনাই সততে দর্শনাথীক আকর্ষিত কৰে আৰু গোটেই দিনটো দর্শনার্থীৰ  ভিৰ হৈ থাকে। 
       প্ৰতিদিনে গণেশ আখাৰাত পূজা অনুষ্ঠিত হয়। নানা ঠাইৰ ভক্ত সকল আহি ইয়াত সভক্তিৰে পূজা, নৈবেদ্য আগবঢ়াই মনোকামনা পূৰ্ণ হ'বলৈ সেৱা জনায়। ইয়াৰ উপৰিও দূৰ দূৰণিৰ পৰা মানুহ আহি বিয়া, অন্নপ্রসন্ন, জন্মদিন আদিকে ধৰি বিভিন্ন ধৰণৰ উৎসৱ  ইয়াত পাতে।সেয়ে ক'ব পাৰি ধুবুৰী জিলাৰ ঐতিহ্যমণ্ডিত গৌৰীপুৰ চহৰৰ এই গণেশ আখাৰা ভক্তি নিবেদনৰ লগতে আনন্দ বিনোদন স্থানলৈ পর্যবসিত হৈছে। নামনি অসমৰ গৌৰীপুৰৰ পৰ্যটন মানচিত্ৰত প্রথম দ্ৰষ্টব্য স্থান হিছাপে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

অঙ্গন: পৃষ্ঠাঃ ৯

উৰিষ্যাৰ সাবিত্ৰী অমাৱস্যা ব্ৰত

মালবিকা শৰ্মা


ব’হাগ মাহৰ সংক্ৰান্তি অথবা জেঠ মাহৰ সংক্ৰান্তিত উৰিষ্যাত সাবিত্ৰী অমাৱস্যা ব্ৰত পালন কৰা হয়। এই ব্ৰত বা পূজা সধৱা নাৰীসকলে স্বামীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে পালন কৰে। এই ব্ৰত পালন কৰাৰ পিছত এটা প্ৰচলিত কাহিনী আছে। সেই কাহিনীৰ সম্পৰ্কে আমি জানো চোন আহক।
         একালত মদ্ৰ নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যৰ ৰজা অশ্বপতিৰ কোনো সন্তান নাছিল। সেয়ে তেওঁ পত্নীৰ সৈতে সাবিত্ৰী দেৱীৰ আৰাধনা কৰিবলৈ আৰম্ভ কৰে। চৈধ্য বছৰ ব্ৰত পালন কৰাৰ পাছত ৰজা ৰাণীৰ ওপৰত সন্তুষ্ট হৈ দেৱীয়ে এক সৰ্বসুলক্ষনাযুক্ত পুত্ৰী প্ৰাপ্ত কৰাৰ সৌভাগ্য প্ৰদান কৰে। ৰজা ৰাণীয়ে বৰ আগ্ৰহেৰে জীয়েকৰ নাম সাবিত্ৰী ৰাখে আৰু চাওঁতে চাওঁতে সাবিত্ৰী বিবাহৰ উপযুক্ত হৈ পৰে। ৰজাই সাবিত্ৰীৰ বিবাহৰ কথা চিন্তা কৰা দেখি সাবিত্ৰীয়ে পিতাকৰ ওচৰত শাল্ব দেশৰ ৰাজ্যচ্যুত ৰজা দ্যুমৎসেনৰ পুত্ৰ সত্যবানক মনেৰে পচন্দ কৰা বুলি জনায়। অশ্বপতিয়ে নাৰদ মুনিক সত্যবানৰ বিষয়ে সোধাত নাৰদ মুনিয়ে কয় তেওঁৰ পিতৃ মাতৃ দুয়ো অন্ধ আৰু সকলোতকৈ ডাঙৰ কথা সত্যবানৰ বিবাহৰ এবছৰত  মৃত্যু যোগ আছে । এই কথা শুনি অশ্বপতিয়ে সত্যবানৰ সৈতে সাবিত্ৰীক বিবাহ দিবলৈ আপত্তি কৰে যদিও সাবিত্ৰীৰ জেদৰ ওচৰত হাৰ মানি বিবাহ দিবলৈ বাধ্য হয়। অতি কম সময়তে সাবিত্ৰী শহুৰেকৰ ঘৰৰ সকলোৰে প্ৰিয়পাত্ৰী হৈ পৰে যদিও গিৰিয়েকৰ আসন্ন মৃত্যুৰ কথা ভাৱি চিন্তিত হৈ থাকে। বিয়াৰ এবছৰ পুৰিবলৈ মাত্ৰ তিনিদিন বাকী থাকোতে সাবিত্ৰীয়ে তিনিদিন উপবাসে থাকি ব্ৰত পালন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। শাহু শহুৰৰ অনুমতি লৈ সাবিত্ৰীয়ে সত্যবানৰ সৈতে জংঘলৰপৰা কাঠ আৰু ফল আনিবলৈ যায়। সন্ধিয়া হৈ অহাত সত্যবানে অসুস্থ অনুভৱ কৰি সাবিত্ৰীৰ কোলাত মূৰ থৈ শুই পৰে আৰু অলপ সময়ৰ ভিতৰতে দেহত্যাগ কৰে। সিদিনা কৃষ্ণ চতুৰ্দশী থকাত চাৰিওপিনে অন্ধকাৰে আগুৰি আছিল। সেই অন্ধকাৰৰ মাজতো সাবিত্ৰীয়ে সত্যবানৰ মূৰটো কোলাত লৈ একান্ত মনেৰে সাবিত্ৰী দেৱীৰ নাম জপ কৰিবলৈ আৰম্ভ কৰে আৰু চাওঁতে চাওঁতে সাবিত্ৰীৰ দেহৰপৰা এক ধৰণৰ জ্যোতি বাহিৰ হৈ চৌদিশ আলোকিত হৈ পৰে। সত্যবানৰ প্ৰাণবায়ু নিবলৈ অহা যমৰাজক দেখি সাবিত্ৰীয়ে যমৰাজৰ স্তুতি কৰিবলৈ ধৰাত যমৰাজে সন্তুষ্ট হৈ সাবিত্ৰীক তিনিটা বৰ দান দিয়ে। সাবিত্ৰীয়ে তেতিয়া শাহু শহুৰৰ চকুৰ জ্যোতি, শহুৰেকৰ ৰাজ্য আৰু পিতৃ অশ্বপতিৰ বাবে শতপুত্ৰৰ বৰ বিচাৰে। যমৰাজে তথাস্তু বুলি কৈ সত্যবানৰ প্ৰাণবায়ু লৈ যাব ধৰাত সাবিত্ৰীয়ে পিছে পিছে যমৰাজৰ স্তুতি কৰি আহিবলৈ ধৰে। যমৰাজে সন্তুষ্ট হৈ আৰু এটা বৰ দান কৰাত সাবিত্ৰীয়ে সত্যবানৰ সৈতে শত পুত্ৰ লাভ কৰিবলৈ আশীৰ্বাদ বিচাৰে। যমৰাজে তথাস্তু বুলি আকৌ যাবলৈ ধৰাত সাবিত্ৰীয়ে তেওঁৰ পিছে পিছে আহিবলৈ ধৰে। আকৌ কি হ’ল বুলি যমৰাজে সোধাত সাবিত্ৰীয়ে বিনম্ৰতাৰে কয়- প্ৰভু, আপুনি মোক শত পুত্ৰৰ জননী হ’বলৈ আশীৰ্বাদ দিছে। মোৰ স্বামীৰ প্ৰাণবায়ু লৈ গ’লে এই বৰ সফল হ’ব কেনেকৈ আৰু আপোনাৰো ধৰ্ম ৰক্ষা কিদৰে হ’ব ? এই কথা শুনি লজ্জিত যমৰাজে সত্যবানৰ প্ৰাণদান কৰি দুয়োকে আশীৰ্বাদ কৰি গুচি যায়।
       এনেদৰেই সাবিত্ৰীয়ে সাবিত্ৰী দেৱীৰ ব্ৰত পালন কৰি স্বামীৰ প্ৰাণ ঘূৰাই পায়। এই বিশ্বাসৰ ওপৰতে উৰিষ্যাৰ নাৰী সকলে স্বামীৰ দীৰ্ঘায়ু আৰু সংসাৰৰ মংগলৰ বাবে এই ব্ৰত পালন কৰে।

ভূৱনেশ্বৰ
      

অঙ্গন:  পৃষ্ঠাঃ ১০

কোচ-মান্দাই : কোচ জনগোষ্ঠীৰ এটি প্ৰধান ফৈদৰ বিষয়ে
চমু আভাস 

ডেইজী চৌধুৰী
                           
ভাৰতবৰ্ষৰ পূৱ অঞ্চলৰ অন্যতম ভূমিপুত্ৰ কোচ জনগোষ্ঠীৰ লোকসকল।প্ৰাগৈতিহাসিক যুগত অসমকে আদি কৰি ইয়াৰ সীমামূৰীয়া অঞ্চলবোৰ কোচ হাজো, কোচ বিহাৰ ইত্যাদি নামেৰে জনা আছিল। এই বিষয়ে ছাৰ এডৱাৰ্ড গেইটৰ 'অসম বুৰঞ্জী'ত বিস্তৃতভাৱে উল্লেখ আছে। 
অসমৰ প্ৰাচীন ভূমিপুত্ৰ কোচসকলৰ প্ৰধান ফৈদ হ'ল- কোচ মান্দাই।প্ৰচলিত কথামতে, প্ৰাচীনতম জনগোষ্ঠী কোচসকলে নিজকে বুজাবলৈ মান্দাই শব্দটো ব্যৱহাৰ কৰিছিল।স্বনামধন্য লিখক শ্ৰীযুত কমল নাৰায়ণ কোচৰ, 'A Concise Lexicon of Koch Mandai Language' গ্ৰন্থত উল্লেখ আছে যে- " ভাৰতবৰ্ষৰ বিভিন্ন নদী যেনে সৰস্বতী, ইচামতি, তাপ্তি, লাওতি , তিস্তা ইত্যাদি কোচ সকলোৰ পানীৰ প্ৰতিশব্দ 'তি' বা 'তিকা' প্ৰত্যয়ৰে ৰূপান্তৰিত নাম বুলি কিছুমান গৱেষকে ক'ব খোজে। কাৰণ বড়ো সকলোৰ পানী বুজোৱা প্ৰতিশব্দ দি বা দৈৰে দিখৌ, দিচাং, দিক্ৰং ইত্যাদি নাম হোৱাটো কোনেও নুই কৰিব নোৱাৰে ।

            কোচ মান্দাই সকল ইণ্ডো-মংগোলীয় বংশোদ্ভৱ আৰু ভাষা তিব্বত বৰ্মা ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত। কোচ মান্দাই যদিও কোচ জনগোষ্ঠীৰ ফৈদ তথাপি এওঁলোকৰ পোচাক বেলেগ হয়। মহিলাসকলে পিন্ধা পোচাকযোৰক দাফনা আৰু পুৰুষৰ পোচাকক লেংটি বোলে। গাৰো সমাজৰ দৰে এই কোচ মান্দাই সমাজখন মাতৃপ্ৰধান। জন্মৰ পিছৰে পৰা সন্তানে মাতৃৰ উপাধি গ্ৰহণ কৰাৰে পৰা আদি কৰি মাতৃক ঘৰৰ মুৰব্বী হিচাপে মানি চলে। এওঁলোকে ব্যৱহাৰ কৰা লিপিটোৰ নাম হাইলা নাগৰি(Haila Nagari)। খাদ্যাভাস অন্য জনগোষ্ঠীৰ সৈতে একে যদিও এওঁলোকে ভাত পচাই তাৰ পৰা কলহ মদ বা কাচা হাড়িৰ মদ প্ৰস্তুত কৰে। ইয়াক দ'ৰা বুলিও কোৱা হয়। কোচ সকলোৰ আন এটা ফৈদ কোচ ৰাজবংশীসকলে মাঘবিহুক 'পুষণা' কোৱাৰ লেখিয়াকৈ কোচ মান্দাইসকলে 'হাংৰাই' বুলি কয়। হাইলা নাগৰি লিপিমতে স্বৰবৰ্ণ সমূহৰ 'ও', 'ঔ' আৰু ব্যঞ্জনবৰ্ণৰ 'ঙ','ট', 'ঃ' ইত্যাদিৰ অসমীয়া ভাষাৰ বৰ্ণৰ সৈতে মিল আছে।বড়োসকলে সিজু গছক উপাস্য দেৱতা হিচাপে লৈ বাথৌপুজা কৰাৰ দৰে কোচ মান্দাই সকলে সিজুগছত গাৰাম খেদাই পূজা কৰে।তেওঁলোকৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ হ'ল- 'খেৰাম'।অলংকাৰ হ'ল-'হাচলি'। অস্ত্ৰ হ'ল-'খাটাই'।
 তলত কেইটিমান কোচ মান্দাই শব্দৰ অসমীয়া ভাঙনি দিয়া হ'ল -

আঙা-মই
নাআ-তুমি
চি-পানী
ফা-দেউতা
বেন-মা
দমচিক-ছোৱালী
 ইত্যাদি ।


অঙ্গন: পৃষ্ঠাঃ ১১

আণ্টিৰ পৰা মাহীলৈ 

জোনালী গগৈ

যোৱাকালি সন্ধিয়া মোৰ ল'ৰাৰ লগৰ দুটা ল'ৰা আহিছিল । এটা প্ৰায়েই আহি থাকে । আনটো প্ৰথম আহিছে । প্ৰায়ে আহি থকাটোৰ  নাম ৰৌহন। তাৰ দেউতাকৰ লগত আমাৰ এওঁৰ আগৰেপৰা চিনাকী । একেলগে চাকৰি।  আহিয়েই সি মোক  সুধিলে , আণ্টি ভালনে ? 
উমম , ভাল ভাল । তোমাৰ খবৰ কেনে বুলি ময়ো সুধিলো । ভালেই  বুলি ক'লে । নতুনকৈ অহা লগৰটোৰ লগতো চিনাকী হ'লো । কথা পাতি গম পালো তাৰ দেউতাককো এওঁ চিনি পালে।
মই ৰৌহনক ক'লো , 
তোমাক কথা এটা কওঁ দেই , মোক আণ্টি  বুলি নক'বা । মাহী , পেহী  আমাৰ ইমান ধুনীয়া সন্ধন্ধবোৰ আছে । মাহী বুলিয়ে ক'বাচোন  মোক। সি অঁ অঁ বুলি কৈ হাঁহিছে । কৈ লৈ ভাবিছো ,  সি নেপালী সম্প্ৰদায়ৰ । অসমীয়াৰ মাজতে থকা  বাবে এই সম্বন্ধবোৰ শুনিছে । তথাপি মই ক'লো আমাৰ মাকৰ ভনীয়েকক মাহী দেউতাকৰ ভনীয়েকক পেহী আৰু  মাকৰ লগৰ হ'লে আমৈ বুলি কয় । তোমালোকৰ আক'  আইতাকক আমৈ কয় ! সি হয়  বুলি ক'লে। আকৌ ক'লো  এই সম্বন্ধবোৰ এৰি অকল তোমালোকেই নহয় আজিকালি চবেই আণ্টি আংকল  ক'বলৈ ধৰিছে। হয়নে নহয় কোৱাচোন ? লগত অহা ইটোকো ক'লো , তুমিও  মাহী বা পেহী বুলি ক'বা দেই ।  ( পিছত গম পালো সিটোও নেপালী হয় )। দুয়োটাই হয় হয় বুলি মোৰ কথাৰ শলাগ ল'লে । 

                সিহঁতৰ লগত কথা পাতি থাকোতেই সিহঁতৰ লগৰ  আৰু এটা ওলালহি , তাক চিনি পাওঁ। মাককো লগ পাইছোঁ।  কিন্তু সি প্ৰথম আহিছে আমাৰ ঘৰলৈ । আহিয়েই আণ্টি ভাল বুলি সুধিলে । তাৰ কথা শুনি বাকী দুটাই হাঁহিব ধৰিলে। সি আচৰিতেই হৈছে কিয় বা হাঁহিলে বুলি । মই একো ক'বলৈ নাপালোৱেই ৰৌহনে চিধাই ক'লে আণ্টিক আণ্টি নক'বি , মাহী  বুলি  ক'বি । গোটেই কেইটাই হাঁহিছে । মোৰো হাঁহি উঠিল । তাৰ নাম লিয়ন । মই লিয়নক ক'লো , ইহঁতক আমাৰ সম্বন্ধবোৰ শিকাইছোঁ । তুমি মাহী ক'ব নালাগে , তোমাৰ মা মোৰ লগৰে আমৈ বুলি ক'বা । সিও  গগৈ  সেয়ে ক'লো , আমাৰ ইমান ধুনীয়া সম্বন্ধবোৰ আছে কিয় আণ্টি আংকল ক'ব লাগে ন !  সিও হাঁহি হাঁহি উম বুলি শলাগ ল'লে। আগতে মাহীদেউ , আপাদেউ,  নিচাদেউ এইবোৰ আছিল । আজিকালি দেউবোৰ উঠি গৈছে । তোমালোকেই যদি নোকোৱা এই সম্বন্ধবোৰ এদিন নাইকিয়াই হৈ যাব । আমাৰ ল'ৰাই কথা শুনি বৰ ভাল পোৱা নাই । ভাবিছে লেকচাৰ আৰম্ভ হৈ গ'ল। যেতিয়াই আহিলেও বিভিন্ন বিষয়ৰ ওপৰত কথা কওঁ বুজাওঁ যে ! 

           সিহঁতক কথা পাতিবলৈ দি মই পাকঘৰলৈ আহিলো । অলপ পিছতে ৰৌহনে আহি ক'লে , আণ্টি , অহ নহয় মাহী চাহ একাপ খাম । কৈ সি নিজেই হাঁহিত ৰ'ব পৰা নাই । ময়ো হাঁহি ক'লো , এতিয়াহে ভাল লাগিছে একেবাৰে নিজৰ নিজৰ লাগি গৈছে । আকৌ সুধিলো গাখীৰ চাহ খাবানে লাল চাহ ! সি গাখীৰ চাহ খাম কোৱাত ধুনীয়াকৈ ইলাচী দি চাহ দুকাপ বনালো । বাকীকেইটাই চাহ নাখায়। ৰৌহন আৰু মোৰ কাৰণে বনালো। ৰৌহন ল'ৰাটো খোলা হাঁহিমুখীয়া । মোৰ ল'ৰাৰ একেবাৰে  বিপৰীত । আমাৰ ল'ৰাই  বিনা প্ৰয়োজনত  কথা  নকয় । হাঁহিটোও সেই বেজবৰুৱাদেৱে  কোৱাৰ দৰে এপাচি শাকত এটা জালুকৰ দৰে । 

         এওঁৰ লগত পাতিছো তাৰ  লগৰ আহিছে চাহ বনাবলৈ সিহে ক'ব লাগে । সি আলহীৰ দৰে বহি আছে ৰৌহনে চাহ খুজি খাইছে । এনেকুৱা ল'ৰাবোৰকে মৰম লাগি যায় । 

             সিহঁতে অলপ সময় থাকি যাবলৈ ওলাল । তিনিওটাই মাহী যাওঁ , মাহী যাওঁ কৰিলে । এওঁক আকৌ ক'লে আংকল যাওঁ । মই বোলো মোক মাহী কৈছা যেতিয়া এওঁক মহা ক'ব লাগিব নহয় । ৰৌহনে হাঁহি হাঁহি ক'লে , আংকলক আংকল কৈয়ে  ভাল লাগিছে । গোটেইকেইটাই হাঁহিব ধৰিলে । 

            বৰ্তমান সময়ত আমি সকলোৱে  দেখিছোঁ শুনিছো যে ল'ৰা ছোৱালীয়ে কাৰোবাক সম্বোধন কৰিবলগীয়া হ'লে  আংকল আণ্টি বুলিয়ে কয়। প্ৰায়ে দেখিছোঁ  মাক দেউতাকে নিজেই শিকায় । কিয় ভাবি নাপায় এই সম্বন্ধবোৰ ক'বলৈ এৰোঁতে এৰোঁতে এদিন হেৰাই যাবগৈ। সেইদিনা কেশৱ ফুকনদেৱে লিখিছে বঙহৰদেউ ,গোঁহাইদেউ, আইদেউ এই সমন্ধবোৰ  হেৰাই  যাব ধৰিছে ।  আচলতে  কাক কি  সম্বোধন কৰিব লাগে আমাৰ সন্তানক শিকোৱাৰ দায়িত্ব আমাৰ । আমি যদি আমাৰ সন্তানক শিকাওঁ নিশ্চয় শিকিব । মোৰ সন্তানকো শিকাইছোঁ মোৰ লগৰবোৰক আমৈ ক'বলৈ , বয়স চাই অনুমান কৰি  মাহী, পেহী, খুড়া, বৰদেউতা আদি ক'বলৈ। যদি  কি ক'ব লাগে নাজানে নিজেই সুধিব লাগিব  আপোনাক মই কি বুলি সম্বোধন কৰিম । এইদৰে মই মোৰ সন্তানক শিকাইছোঁ  । 

            আহক আমি সকলোৱে  আমাৰ সন্ধন্ধবোৰ  ধৰি ৰাখি সম্পৰ্কবোৰ মধুৰ কৰোঁ  আৰু আমাৰ সন্তানক শিকোৱাৰ দায়িত্ব লওঁ। 

ঠিকনাঃ
ডিব্ৰুগড়।


অঙ্গন: পৃষ্ঠাঃ ১২
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত প্ৰেমৰ আলাপ...

ৰূপা গগৈ, লখিমপুৰ

(খণ্ড ২)

বাহিৰত বৰষুণৰ শব্দত সাৰ পাই ঘড়ীটোলৈ চালোঁ। সময় পুৱা ছয় বাজিছে । বৰষুণ দিয়াৰ বাবেই ভালেই পালোঁ। সৰুৰে পৰাই মোৰ এলেহুৱা স্বভাৱ এটা আছে। সেয়ে ভাবিলোঁ আৰু অকণমান শুই লওঁ। হাইস্কুলত পঢ়ি থকালৈকে কিন্তু দেৰিলৈকে শোৱাৰ ইচ্ছা থাকিলেও শুব পৰা নাছিলোঁ। কাৰণ পিতৃ-মাতৃৰ যিহে কাঢ়া শাসন― সময়ত বিচনাৰ পৰা উঠিবই লাগিব। সময়ত উঠি মুখ -হাত ধুই চাহ খাই কিতাপ পঢ়িবলৈ বহিবই লাগিব।

এতিয়া ডাঙৰ হ'লোঁ, কলেজত পঢ়িছোঁ। গতিকে মোক কোনে পায়! নিজৰ ইচ্ছামতে শোৱা -খোৱা, পঢ়া। অৱশ্যে এই তিনিটা কামৰহে হেৰফেৰ অলপ হৈছে। কিন্তু বাকী কোনো কথা, কামত মইমতালি কৰা নাছিলোঁ আৰু কৰিবও নোৱাৰোঁ। কাৰণ, মাক ভয় নকৰিলেও অলপ ভয় নকৰিলেও, পিতৃক বহুত ভয় কৰোঁ। দেউতাৰ আগত হাঁহিবলৈও আমাৰ ভয় লাগিছিল।  আজিৰ দৰে সেই সময়ত মোবাইল ফোন নাছিল যে বিচনাৰ পৰা উঠিয়েই আপোনজনক হাই, হেল্ল", ডিয়েৰ মাই চুইট হাৰ্ট , ডাৰ্লিং গুড মৰ্ণিং বুলি ক'বলৈ বা বৰষুণৰ বতৰত হেড্‌ফোন লগাই কথা পাতি শুই থাকিবলৈ।

এলেহুৱা মানুহ, তাতে বৰষুণৰ বতৰ। আজি কলেজলৈকে নাযাও বুলি ভাবি কাণে-মূৰে কাপোৰ লৈ শুই থাকিলোঁ।
আমি তিনিজনী ৰিমা, নিশা আৰু মই একেলগে  থাকোঁ । সিহঁত দুজনী দুদিন হ'ল, ঘৰলৈ যোৱা । আজি সিহঁত আহিব। আহিলে আৰু মোৰ শান্তি নাই। কিমান যে কথা, হাঁহি-ধেমালি,  উৎপাত... মোৰ সহ্য নহয়। কাৰণ মৌনতা মোৰ প্ৰিয় ভাষা। সিহঁত দুজনী থকাহ'লে মই এনেদৰে সাৰপাই আকৌ শুব নোৱাৰিলোহেঁতেন।

বৰষুণজাক সময়ে সময়ে ডাঙৰ হৈ আহিছে বাবে মই আকৌ টোপনি গ'লোঁ। বৰষুণ কেতিয়া এৰিলে গমেই নাপালোঁ । যেতিয়া সাৰ পালোঁ এঘাৰ বাজি বিশ মিনিট গৈছে । সেয়ে চাগৈ পেটৰ কেচু-কুৰ্মটি কেইটাই অলপ কলং -মলং কৰিবলৈ ধৰিছে। বিচনাৰ পৰা নামি ব্ৰাচডালত কলগেট অকণ লগাই দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিলোঁ । মোক এই ভৰ দুপৰীয়াখন দাঁত  ব্ৰাচ কৰা দেখি ওচৰতে থকা আন এঘৰৰ ভাড়াতীয়া  অনিমা বাইদেউৱে মাত দিলে "--- কি হ'ল ৰূপা? বৰষুণ বতৰ পাই খুউব শুলা নেকি ! কলেজ নগ'লা ? মই হাঁহি এটি মাৰি  ক'লোঁ"--- উমম বতৰৰ সুযোগ গ্ৰহণ কৰিলোঁ ।

দুই মান বজাত ভাত কেইটামান খাই উঠি ভাবিলোঁ কলেজলৈ নগ'লো যেতিয়া অকণমান পঢ়োঁ বুলি হাতত কিতাপখন লৈ বিচনাত  পৰিলোঁ । মোৰ আকৌ চকীত বহি কিতাপ পঢ়াৰ অভ্যাস নাই । শুই শুই কিতাপ পঢ়াটো মোৰ এক প্ৰকাৰৰ অভ্যাস বুলি ক'ব পাৰি । এনেতে অনিমা বাইদেউ খালে ঐ বুলি কৈ চিঞৰ এটা মৰা শুনি একেজাপে বাহিৰৰ পালেগৈ কি হ'ল বুলি । দৌৰি গৈ দেখিলোঁ, বাইদেউৰ আঠ আৰু ছয় বছৰীয়া  দুটা ল'ৰা দুটা খেলি থাকোঁতে কিবা কথাত খং উঠিলত ভায়েকে ককায়েৰ গালৈ কটাৰী এখন দলিয়াই দিলে আৰু ককাইয়েৰ বাউসীত লাগি তেজ নিগৰিবলৈ ধৰিছে। মাকে কি হ'ব এতিয়া, কি কৰোঁ বুলি ধৰফৰাই উঠিল। সৰুটোৱে ককায়েকৰ তেজ ওলোৱা দেখি মাকে মাৰিব বুলি ভয়তে দৌৰি আহি মোৰ ওচৰ পালেহি। সিহঁতে জানে মোৰ ওচৰত থাকিলে মাক-দেউতাকে কেতিয়াও নামাৰে। নাজানো, সৰু সৰু ল'ৰা-ছোৱালীবোৰে মোক কিয় ইমান ভাল পায়! বৰ সহজতে সিহঁতে মোৰ লগ লয় । মই তাক সাৱটি ধৰি ক'লোঁ, ‘এনেদৰে দাদালৈ কিয় কটাৰীখন দলিয়াই দিছা? এয়া বেয়া কাম কৰিছা তুমি। আজিৰে পৰা তেনে নকৰিবা দেই। বাৰু ভয় নকৰিবা, মাইয়ে তোমাক নামাৰে। মই এতিয়াই তোমাৰ দাদাক ঔষধ লগাই দিম, কাইলৈ ভাল হৈ যাব । মাকে পুতেকৰ কটা ঘা ডোখৰ তেজবোৰ মোহাৰি কাপোৰ এটুকুৰাৰে হাতখন বান্ধি দেউতাকক ক'লে, ‘ওচৰৰ ফাৰ্মাচীখনলৈ লৈ যাওক কিবা এটা কৰি দিব।‘ মই ক'লোঁ, ‘ৰ'বচোন, বৰকৈ চিন্তা নকৰিব। মই কিবা এটা কৰিছোঁ।‘ এইবুলি বাৰীৰ পাছফালে গৈ বনগছ এজোপাৰ পাত কেইখিলা মান চিঙি আনি পিহি লৈ ততালিকে তাৰ বাউসীত ভালকৈ বান্ধি দিলোঁ। দৰৱ বান্ধি দিয়াৰ কিছু সময়ৰ পাছতে তাৰ তেজ ওলোৱা বন্ধ হ’ল। বাইদেউক ক’লো, ‘ফাৰ্মাচীলৈ যাব পাৰে, কিন্তু নগ'লেও এই দৰৱে কাইলৈ ঘা শুকুৱাই দিব।

আবেলি হ'ল। বতৰতো পুৱাৰ ভাগত বৰষুণ দিয়া বাবে সেমেকা হৈ আছিল। ইহঁত দুজনীও আহি পোৱাহি নাই। কেতিয়াবা পায়হি! মই দুৱাৰখন বন্ধ কৰি আনদিনাৰ দৰেই খেলপথাৰ খনৰ ফালে ওলাই গ'লোঁ।

আগলৈ...

অঙ্গন: পৃষ্ঠাঃ ১৩

অণুগল্পঃ

অভিন্ন

ইন্দুলেখা হাজৰিকা

'' সুখী হৈ থাক আই '' কথা ষাৰ স্পষ্টকৈ ক'ব পৰা কৈ ধৈৰ্য নাছিল মাকৰ। পেহীয়েকে বুকুৰ মাজৰ পৰা ছোৱালী জনী ধৰি ধৰি লৈ গ'ল।কোনোবা এজনীয়ে মাকৰ হাতত তুলি দিয়া চেলেং চাদৰ খনে দুৱাৰ মুখ আৰ কৰি দিলে। এবাৰ সোঁফালে গৈ বাওঁফালে আন এখন ঘৰলৈ উলিয়াই দিয়া ছোৱালী জনী চেলেং খনে চকুৰে হে নেদেখা কৰিছে। পচিশটা বছৰ বুকুৰ মাজত ৰখা ছোৱালী জনী যে অভিন্ন সেয়া মাকে হে জানে...


মাজুলী।


অঙ্গন: পৃষ্ঠাঃ ১৪

দিনবোৰ সমানে নাযায়

ৰীতামণি বায়ন

এ. চি. এচ বিষয়া ৰত্না বৰকটকীয়ে কৰ্তব্যৰ পৰা কিছু সময় অব্যাহতি পালেই চকুদুটা মুদি অৱচেতন মনত শুই থকা ভাববোৰৰ স'তে কথা পাতিবলৈ ধৰে। চকুৰ সন্মুখত ভাহি উঠে চাউলবিহীন জুহালৰ উতলা পানী শুহি শুহি বাষ্প হোৱা দৃশ্য, গৰমৰ বন্ধত ঠিকাদাৰ খুড়ায়েকৰ ঘৰলৈ গৈ ফেনৰ বতাহৰে গা জুৰাব বিচাৰি খুড়ীয়েকৰ কেনেকৈ হুটা মাত শুনিব লগা হৈছিল ইত্যাদি। সেইদিনাখন কিমান সময় এইবোৰ কথা পাগুলি আছিল তাই গমেই নাপালে । হঠাৎ কাৰোবাৰ কণ্ঠস্বৰত তাই সম্বিত ঘুৰাই পালে। বাইদেউ, সোমাই আহিব পাৰিম নেকি ? পিছমুখ দি থাকিয়েই ৰত্নাই ক'লে --- আহাঁ। কোৱাচোন কিয় আহিছা ? তিৰোতাগৰাকী হুকহুকাই কান্দি ক'লে -- আপোনাৰ ঘৰত কাম কৰা মানুহৰ প্ৰয়োজন আছে নেকি ? কন্ঠস্বৰটো শুনি তাই চকীখন ঘূৰাই নোলোৱাকৈ নোৱাৰিলে।"ফেন নোহোৱা মানুহৰ গৰম বেছি" - বহুবছৰ ধৰি ৰত্না বৰকটকীক অৱচেতন মনত যন্ত্ৰণা দি থকা এই বাক্যটিৰ যেন আজি মৃত্যু হ'ল।

অধ্যাপিকা, বৰপেটা ছোৱালী মহাবিদ্যালয়

অঙ্গন: পৃষ্ঠা ১৫

জীৱন চক্ৰ

ঝৰ্ণালী শৰ্মা বৰকটকী

          বিছনা খনত শুবলৈ আহি ৰমেনে তাক বুকুৰ মাজলৈ টানি আনিলে। ৰমেনৰ বুকুৰ মাজত সোমাই  নিৰ্ভয়ে  টোপনিত লালকাল দিলে সি।
         এইবাৰ ৰমেনে তাৰ মুখখনলৈ চালে শুধ বগা ধুতি খনেৰে কিমান নিচিন্তমনে শুই আছে। দেশ দুনীয়াৰ একো খবৰে বুজি পোৱা হোৱাই  নাই, সময়তকৈ আগতেই এই ধুতিখন সি পিন্ধিব লগা হ'ল। 
কিমান আৰু দুখ কষ্ট সহ্য কৰিব লাগিব। কণা বিধতাই কেতিয়ানো  চকু মেলি চাব চাওঁতে চাওঁতে সিহঁতৰ তিনিজনীয়া পৰিয়ালটো দুজনীয়া হ'ল। তথাপিও কিয় জানো ৰমেনে মানি ল'ব পৰা নাই এই সত্যটো। বাৰে বাৰে মনটো হাহাকাৰ কৰি উঠে। মাজনিশা উঠি গৈ খিৰিকীখন মেলি দিয়ে কিজানিবা তাই আহে হিয়াৰ আমঠুটোক বিচাৰি।

ঠিকনাঃ
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং-৯১০১৮৬০৩৫৯.

অঙ্গন: পৃষ্ঠাঃ ১৬

সমল

পল্লৱী গগৈ বুঢ়াগোহাঁই
                                       
     জীৱনটো একেবাৰে সহজ। কিছুমানে ভুল দিশেৰে গৈ নিজক শুদ্ধ বুলি ভাৱে, সহজ প্ৰাপ্তিৰে জীৱনৰ জোখ-মাখ চলে। প্ৰাচুৰ্যতাৰ নিত্য চমকত বিজুলীৰ সঞ্চাৰে ৰঙীণ হয় এঘড়ী এঘড়ী সময়। কিছুমানে আকৌ শুদ্ধ দিশেৰে গৈ নিজকে অসহায় অনুভৱ কৰে,‌ লাঞ্চনা আৰু কৌতুহলমিশ্ৰিত চাৱনিবোৰে গো-গ্ৰাসে সামৰিব খোজে জীৱনৰ স্পৰ্শানুভূতি।  আচলতে দুয়োটাই আপেক্ষিকভাৱে সময়ৰ সতে ভঙা-গঢ়াৰ খেল খেলে। পথ নতুবা চিন্তা সলনি কৰিলেই অন্ত পৰে অহৈতুক কোলাহলৰ।
       নীৰাই বিবেকৰ আঁচলখন জোৰেৰে কান্ধত মেৰাই লয় খহি নোযোৱাকৈ।‌ হায়াৰ চেকেণ্ডেৰীৰ টেট  পৰীক্ষাত বহিম বুলি কিনা কিতাপকেইখন সামৰি  আলমাৰিৰ চেলফত চকুত নপৰাকৈ ভৰাই দিয়ে। সৰুকৈ গঢ়ি লোৱা মানুহজনৰ প্ৰতিষ্ঠানটোত ইমানদিনে থকাৰ দৰেই জীৱনটো বগুৱা বাই যাব খুপি খুপি এৰাবাটৰ সমল বুটলি।

ঠিকনাঃ
কলেজ ৰ'ড, আমগুৰি

অঙ্গন: পৃষ্ঠাঃ ১৭

চিৰন্তনী আকাংক্ষা

মীনাক্ষি ৰায় ডাকুৱা
                                  
         বাহিৰত কলিং বেলটো বাজি উঠিল । দুৱাৰখন মেলি মন্দিৰাই প্ৰিয়বান্ধৱী অৰ্পিতাক বাৰাণ্ডাত থিয় হৈ থকা দেখিলে । বিকানীৰত থকা অৰ্পিতাই বহুদিনৰ পিছত মাকৰ ঘৰলৈ আহি বাল্যবান্ধৱী মন্দিৰাৰ লগত দেখা কৰিবলৈ আহিছে । পুৰণি দিনৰ নানা ধৰণৰ কথা-বতৰা, গল্পৰ মাজতে অৰ্পিতাই ক'লে—"মোৰ বিয়া দিয়া ছোৱালী দেৱস্মিতা বিকানীৰতে এখন মহাবিদ্যালয়ত অধ্যাপনা কৰি আছে । কেইমাহমান আগতে মোৰ টান নৰিয়া হোৱাত তাই আহি দিনে-ৰাতিয়ে মোৰ কাষত থাকি সেৱা-শুশ্ৰূষা কৰিছে । পেচাদাৰ নাৰ্চ বা আয়াৰ মাজত সেই আন্তৰিকতা নিশ্চয় নাথাকিলেহেঁতেন, নহয়নে মন্দিৰা ? 
         গোধূলি অৰ্পিতা গুচি যোৱাৰ পিছত মন্দিৰা গোঁসাইঘৰত গৈ বহিল । কিন্তু কাণত বাজি থাকিল অৰ্পিতাৰ কথাবিলাক । আজি এই পৰিণত বয়সত বাৰে বাৰে তাই অন্যমনস্ক হ'ব ধৰিলে । ডিঙিৰ কাষত কিবা দেখোন ঠেলি উঠি আহিছে । জীৱনত কোনো লৌকিক পুৰুষক তাই বৰণ কৰা নাই । অপাৰ্থিৱ জগৎস্বামীয়েই তাইৰ নিত্য সহচৰ । কিন্তু নাৰীৰ যি চিৰন্তন জননীসত্বা, সন্তান-বাৎসল্যৰ যি মহিমাময়ী মূৰ্তি, সেয়া তাইৰ ওচৰত থাকি গৈছে অনুদ্‌ঘাটিত । মন্দিৰাৰ কণ্ঠৰপৰা ইমানদিনৰ পিছত হঠাৎ উৎসাৰিত হ'ল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত "কীৰ্তন ঘোষা"ৰ পদ—
         "এহিমতে ব্ৰজে আনন্দে হৰি ।
         কৰন্ত ক্ৰীড়া শিশুৰূপ ধৰি ।।
         
         কিবা জানে মায়া মোৰ তনয় ।
         কৰিব নোৱাৰোঁ একো নিশ্চয় ।।"

গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫


অঙ্গন: পৃষ্ঠাঃ ১৮

অনুবাদ সাহিত্যঃ

 ENCOUNTER

(By Czeslaw Milosz)

We were riding through frozen fields
In a wagon at dawn
A red wing rose in the darkness
And suddenly a hare ran across the road
One of us pointed to it with his hand.
That was long ago.
Today neither of them is alive
Not the hare, nor the man
Who made the gesture.
O’ my God, where were they
Where were they going
The flash of a hand,
Streak of movement,
Rustle of pebbles.
“I ask not out of sorrows
But in wonder”.

এনকাউণ্টাৰ 

(Encounter by Czeslaw Milosz
অনুবাদ: প্রাণ কৃষ্ণ গোস্বামী)

শীতৰ কাহিলি পুৱাতে
গোটমৰা বৰফৰ পথাৰেদি
ৰে'লৰ ডবাটোত আমি আগবাঢ়ি গৈছিলোঁ,
দূৰ আকাশত আন্ধাৰ ফালি
এখন তেজৰঙা ডেউকা উৰিছিল ৷
হঠাৎ  আমাৰ বাট কাটি
দৌৰি গ'ল এটি শহা
আৰু, আমাৰ মাজৰ এজনে
আঙুলিয়ালে সেই শহাৰ দিশে।

বহুদিন পাৰ হ'ল …
আজি আৰু সিহঁত কোনো নাই
সেই শহা
আৰু আঙুলিওৱা মানুহজনো।

হে প্ৰভু ৷ তেওঁলোক ক'ত 
ক'লৈ গৈছিল তেওঁলোক
বিজুলীক চমক যেন এখন হাত,
খোজত উফৰি পৰা
এটি ক্ষুদ্ৰ পাথৰ,
ক'ত হেৰাল এই সকলো ?

এয়া দুখত বিচলিত মোৰ প্ৰশ্ন নহয়,
মোৰ হতচকিত মনৰ হে…৷

( পোলেণ্ডীয় কবি  চেছল' মিল'জৰ জন্ম ১৯১৯ চনৰ ৩০ জুন  আৰু তেওঁৰ মৃত্যু হয় ২০০৪ চনৰ ১৪ আগষ্টত ৷ তেওঁ একেৰাহে কবি, প্ৰবন্ধকাৰ ,অনুবাদক আৰু এজন  ডিপ্ল'মেট আছিল ৷ দ্বিতীয় মহাযুদ্ধৰ ওপৰত লিখা 'The World ' তেওঁৰ একুৰি কবিতাৰ এখন বিখ্যাত সংকলন ৷ মহাযুদ্ধৰ পিচত তেওঁ পেৰিচ আৰু আমেৰিকাত পোলেণ্ডৰ সাংস্কৃতিক প্ৰতিনিধি আছিল আৰু ১৯৫১ ত তেওঁ পোলেণ্ড ত্যাগ কৰি আমেৰিকাৰ শৰণাপন্ন হয় ৷ ১৯৫৩ চনত প্ৰকাশিত তেওঁৰ প্ৰবন্ধ সংকলন" The Captive Mind' ষ্টেলিনবাদৰ বিৰুদ্ধে এক মহৎ গ্ৰন্থৰূপে পৰিগণিত হয় ৷ পশ্চিমীয়া দেশত সাহিত্যৰ অনেক সন্মান লাভ কৰাৰ উপৰিও তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰে ৷)

কাহিলিপাৰা গুৱাহাটী
মো:+৯১ ৭০০২৪০৯৬৫৫


অঙ্গন:  পৃষ্ঠাঃ ১৯

আকাশলীনা

মূল বাংলাঃ জীবনানন্দ দাশ 
অনুবাদঃ সপ্তর্ষি বর্ধন 

সুৰঞ্জনা, তাত নাযাবা তুমি ,
ন'কবা কথা সৌ ডেকাৰ লগত ,

উভতি অহা সুৰঞ্জনা , 
নক্ষত্ৰৰ ৰূপালী জুই ভৰা নিশাত।
উভতি অহা এই পথাৰত , ঢৌৱে 

উভতি অহা হৃদয়ত মোৰ ,
দূৰৰ পৰা দূৰলৈ - আৰু দূৰ 
ডেকাৰ লগত তুমি আৰু নাযাবা ।

কি কথা তেওঁৰ লগত ? তেখেতৰ লগত 

আকাশৰ আঁৰৰ আকাশলৈ 
মাটিৰ দৰে তুমি আজি 
তেওঁৰ প্ৰেম ঘাঁহ হৈ আহে।

সুৰঞ্জনা, 
তোমাৰ হৃদয় আজি ঘাঁহ ,
বতাহৰ সিপাৰে বতাহ-
আকাশৰ সিপাৰে আকাশ ।


অঙ্গন:  পৃষ্ঠাঃ ২০

কিছু  মায়া  ৰৈ গ'ল 

মূল বাংলাঃ শক্তি চট্টোপাধ্যায়   
অনুবাদঃ মাধুৰী কলিতা চৌধুৰী 

আকাশৰ পূৱ দিশে জুই 
জ্বলিছে  
নুমুৱাবই  লাগিব।

যদি  পাৰো এতিয়াই 
নুমাব  লাগিব,
বৰ বেছি  পলম হৈ গৈছে,
বতাহ  বলিছে 
জুই বিয়পিবলৈ দেৰি নাই
প্ৰান্ত আৰু প্ৰান্তৰলৈ।
            

ঠিকনাঃ             
Marigold Enclave 
Housefed city Bus 
Stoppage, Behind Union
Bank of India  ,Dispur Basistha Path, Dispur,
Guwahati--781006
Phone number-98643
28458


অঙ্গন:  পৃষ্ঠাঃ ২১

কবিতাঃ

সাঁথৰ 

জিতেন নৰহ

হাতত এটা সেমেকা দিন লৈ 
বৰষুণৰ গীত শুনি শুনি 
নিবনুৱা বেলি ওলাই যায়
হাতত সাৰে ভৰিত সাৰে

বেলিৰ ছাঁৰ ছাল পোৰে 
যি অনবৰতে বেলিৰ 
দোষ খুঁচৰি অনুশোচনা 
আৰু সংশোধনৰ 
পথ প্রশস্ত কৰে

চিঞৰি উঠে 
আটাহ পাৰে __
আঙুলিৰ ফাকেৰে 
সময় সৰে 
সময় সৰে  ...

সময়ৰ আদি পাঠ দিয়া
নিথৰ-নিস্তেজ বেলি 
হালধীয়া‌ত ডুবি মৰে...


অঙ্গন: পৃষ্ঠাঃ ২২

ইয়ালৈ তুমি নাহিবা সৌদামিনী

বিমান শইকীয়া

ৰাতিটো কাতি হওঁতে এটা সূৰ্য প্ৰসৱ হয়
নৈমিত্তিক ছন্দৰে বাট কাটি আগুৱাই
নদীৰ পানীত জলকেলিৰ নাঙঠ সময়
তধা লাগি সাক্ষী হৈ ৰওঁ
অথচ প্ৰতিদিনেই আমি আলচ কৰোঁ
একেজন ঈশ্বৰক ভাগকৰি ভগাই লওঁ
ধুনীয়া কথাবোৰ বুকুত গুজি ল’ব নোৱাৰাকৈ
আমাৰ দেহত মেৰখায় থাকে একোখন গড়ৰ ছাল

নোদোকা শিয়ালেৰে শুৱনি  সভাত নীলা শিয়ালেই ৰজা
ফুলৰ মালা গলত আঁৰি দিয়া আড়ম্বৰ এখন ছবি
তোষামোদৰ গান শুনি চাপৰি বজোৱা ধৃতৰাষ্ট্ৰ সময়

ঔৰে গ'ল খজুৱাই ঔৰে গ'ল টেঙাই
ওৰ পৰা কথাবোৰ ওৰকে নপৰে
আচলতে মহাকাব্য এখন ভুলকৈ লিখা হ’ল
সকলোৱে বাল্মীকি হ’ব বিচাৰে পুনঃ লিখিব খোজে ৰামায়ণ

ওখোৰামোখোৰা কথাবোৰ
যেন এখন অসমান সমতল
ওখ হোৱাৰ প্ৰতিযোগিতাৰে জৰাসন্ধ সময়
ওন্দোলাই আনিছে আকাশখন
এই যেন খহিব এজাক দোপালপিটা ৰঙা বৰষুণ ৷

ইয়ালৈ তুমি নাহিবা সৌদামিনী
প্ৰেমৰ ৰাগ আওৰাবলৈও নৈ খনৰ গৰাটো খহিছে৷
বিচাৰিব পৰাকৈ সাগৰ তলিৰ শংখ পৰ্যাপ্ত পোহৰৰ অভাৱ
বুদ্ধক বিচাৰি যাব পৰাকৈ এতিয়া ৰাতিবোৰ নিৰাপদ নহয় ৷

২২টীয়ক

অঙ্গন:  পৃষ্ঠাঃ ২৩

পৰিশ্ৰান্ত হৃদয়ক এন্ধাৰৰ পৰিচৰ্যা 

ৰাজেন বৰা

ঔজ্জ্বল্যৰ ঐন্দ্ৰজালিক জাটিঙ্গাত জোটাপোটা খাই পৰোঁ নিতে
নিশাৰ কিযে লাহৰি হাতৰ সাদৰী পৰশ !
দিনান্তৰ সমস্ত ক্লান্তি নাশি
নৈশব্দৰ নিবিড় নিচুকনিৰে নিচুকাই নিকা কৰে দেহমন মোৰ ৷
প্ৰলোব্ধিত প্ৰতাৰিত -প্ৰৱঞ্চিত প্ৰাণ
পৱিত্ৰ জলধিত কৰি স্নান,
নিৰ্মোহ নিষ্কলুষ নিৰহংকাৰেৰে প্ৰবুদ্ধ হৈ
প্ৰতি প্ৰত্যুষতে জোৰে প্ৰাঞ্জল প্ৰভাতৰ গান ৷
 দিনৰ দীনৰ দৈন্যতা বিতাড়ি
নিশাৰ নিভৃত নিকুঞ্জত 
প্ৰষ্ফুটিত হয় প্ৰতিখন হৃদয়ত
প্ৰেমময় স্বপ্ন নিশিৰাণী
প্ৰিয়তম সমাজিকৰ সাজোনত উজ্জীৱিত হওঁ প্ৰতিটো ৰাতিৰ বুকুতে
গুপুতে বুকুতে ৰাতি
সিঁচি দিয়ে কোনে আহি প্ৰেম মাধুকৰী 
কোনেও গাব নোৱাৰে নিশাৰ দৰে নিচুকনি
কোনেও নিৰাই কৰিব নোৱাৰে দেহমন নিকা
যিদৰে চহায় মৈয়ায় সমান কৰে দুখেহে
এন্ধাৰ হেনো দুখৰেই প্ৰতীক,
ৰাতিও এন্ধাৰ,
(আৰু) দুখ মোৰ বুকুৰ বান্ধৱ
কিযে আচৰিত সুখৰ দিনৰ বান্ধৱ 
লোধোপধোপ চিনাজোক
পেট ভৰিলেই এৰা দিয়ে
দুখে দুখ দিও মলম সানে
তদ্ৰুপ ৰাতিৰ এন্ধাৰে তাৰে...


অঙ্গন:  পৃষ্ঠাঃ ২৪

বিৰিখে জানো শূন্যত শিপায়

দিলীপ কুমাৰ বৰুৱা

আহিবাচোন এদিন ,আমি দুয়ো একেলগ হৈ
ৰ'দৰ মুখৰ এজাক বৰষুণত তিতিম
চেগুণ পাতৰ পোছাক পিন্ধি আদিম মানুহৰ দৰে উদ্দাম নৃত্য কৰিম

গোলকীয় উষ্ণতাৰ বিৰুদ্ধে এক সবল প্ৰতিবাদ
কৰিম মুকলি আকাশৰ তলত

আজিকালি দেখোন
বৃক্ষ ৰোপণৰ নামত
হৰলুকি হয়
ৰাজ ভঁৰালৰ বোজন অংকৰ ধন
ভাৱ হয় যেন,
সিহঁতে এখন অৰণ্যহে পাতিলে

আচলতে,
মানুহৰ বুকুত এখন অৰণ্য নহলে
বিৰিখে কাহানিও শূন্যত নিশিপায়
ৰ'দে পোৰা দুগালত গোলাপ-জল লগালেও
দেহৰ উষ্ণতা নকমে

মাথোঁ এটি কাতৰ অনুৰোধ তোমাৰ প্ৰতি
হে, সুহৃদ

আমি দুয়ো একেলগ হৈ
ৰ'দৰ মুখৰ এজাক বৰষুণত তিতিম
আহিবাচোন এদিন।


অঙ্গন:  পৃষ্ঠাঃ ২৫

গোলপীয়া নিচা

নিৰুজ তামুলী  ফুকন

ভাল লগা কামবোৰেই
এদিন নিচা হৈ পৰে
তেতিয়া ভাল লগাবোৰে
ভালপোৱাৰ পোচাক পিন্ধে
সৰুতে বৰশী বোৱাটো
নিচা আছিল
সাগৰ সদৃশ হোলাটোত
ভোক পিয়াহ হৰণ কৰা নিচা,
আঘোণৰ পথাৰত
লেচেৰি বুটলি ফুৰাটোও 
নিচাই আছিল 
আইৰ গালিলৈ কেৰেপ নকৰাও নিচা,
নাহৰ ফুল গোন্ধোৱা
ঋতুমতী সময়ে
গম নোপোৱাকৈয়ে
প্ৰেমৰ ঘৰ সাজিলে
মই হ'লো
কাচোনমতী
লাহে লাহে
নিচাবোৰ গোলপীয়া হ'ল
বাসনাৰ বৰষুণত
হেৰালে হৃদয়
আৰু এতিয়া---
জটিলতাৰ জলছবিত 
হেঁপাহ  পুৰি খাই
শেষ নিশাৰ প্ৰহৰীৰ
ৰঙা চকু হ'ল
পতাযোৰ বৰ
ভাগৰুৱা !
   
ঠিকনাঃ
আমগুৰি নগৰ -ৱাৰ্ড নং ১
শিৱসাগৰ
ফোন নং 9859330480


অঙ্গন: পৃষ্ঠাঃ ২৬

বিগলিত সময়

ৰেখা বৰকটকী
   
নিশা হ'লে মোৰ দৰে তুমিও
 সাৰে থাকিবা...
দেখিবা, বুকুত ওমলে এজাক পাখিলগা সময়
ঘণ্টা আৰু মিনিটৰ  যুগলবন্দীত 
সময়ক ধৰি ৰখাৰ অনবদ্য প্ৰয়াস !
এটি এটি ক্ষণ গো-গ্ৰাসে গিলা
কণ কণ কাঁটাবোৰ ভাগৰুৱা হ'লেও  
সময়জানো স্থবিৰ ?
এৰা! সিহঁত ওৰে নিশা অতন্দ্ৰ প্ৰহৰীৰ দৰে
নিজ কৰ্তব্যত বন্দী
পৃথিৱীৰ ৰহঘৰা সময় হেলাৰঙে পী খোৱা
স্থিতপ্ৰজ্ঞ চিপাহী সিহঁত ..
ওলোমা সপোনৰ পিছ লোৱা মানুহবোৰ অশলাগী,
সময়ক আজুঁৰি খায়!
অনুভৱৰ তৰ্জমাৰে কিন্তু সময়বোৰ
বৰ বেগবান.. বৰ ক্ষণভঙ্গুৰ !
হেঁপাহৰ আউল ভঙাৰ যুদ্ধৰো বিৰাম নাই
জীৱন ঘড়ীৰ সময়বোৰ বৰ চতুৰ
চমকতে ভাঙে কাঁচৰ হৃদয়
পলকতে কাঢ়ি সুখৰ সময়
বুকুত সামৰে অজস্ৰ ৰাগিনী 
সাক্ষী মাথো জীৱন বৈতৰণীৰ...
 
যোৰহাট

অঙ্গন:  পৃষ্ঠাঃ ২৭

কাব্যকলা

ৰেখা ৰাণী বৰ্মণ

সুখৰ অনুস্বৰৰ সোঁতত
কবি কুলৰ শব্দৰ ঝংকাৰ উঠিল
তোমাৰ নীলা আমন্ত্ৰণত---

তোমাৰ মন্ত্ৰপুত সমুজ্জ্বল যাত্ৰাত
মহাকাব্যৰ মোহনাত অনুভৱৰ ইস্তাহাৰ খুলি
শব্দ , ছন্দ , ভাষাই আখৰাৰ প্ৰেমত মুগ্ধ হ'ল
প্ৰসৱিত হ'ল সময়ৰ অমৰ অমৃত ফুল 

কিছুমান শব্দই গৈ আলোকত 
মহাক্ষণৰ মহাভাগৰ মহা আলোড়ণ কৰিলে সঞ্চাৰ
কিছুমানৰ  সমুদ্ৰৰ ঢৌত মহাকল্পৰ অবিৰাম বৰ্ষা পাত
কিছুমান শব্দই বাৰিষাৰ চোলাটো পিন্ধি
ধূলিয়ৰি ফাগুন চ'তৰ গেৰুৱা অৰণ্যক
পিন্ধালে সেউজ বসন
কিছুমানে মৃত্যুৰ কমাৰশালত গৈ
মৃত্যু , আমৃত্যু আৰু আত্মহত্যাৰ ৰচিলে মহাকাব্য
কিছুমান শব্দ গ'ল য'ত আৰম্ভ হৈছিল
শাওণৰ গাভৰু পথাৰৰ ৰোমাঞ্চ
তাতেই উদ্ভাসিত হৈছিল আঘোণৰ হৃদয় জুৰোৱা স্বৰ্ণ স্বপ্ন

কিছুমান শব্দৰ ৰাগীত মাতাল হৈছিল অনুভৱ
জ্ঞানৰ পোহৰ হৈ উভতি আহি
খুলি দিছিল আমাক উত্তৰ পুৰুষৰ দুৱাৰ
এনেকৈয়ে শব্দবোৰে ঋতুয়ে ঋতুয়ে
বৰ্ষাঘন দিন ৰাতি আৰু হাড় কপোৱা শীতত
গায় নতুন সৃষ্টিৰ গীত
তোমাৰ বিৰামহীন প্ৰেৰণাত সৰি পৰে আদিতম কাব্যিক ভাষা
সেই মহাকাব্যৰ মহাতত্বৰ তুমিও এটা ৰসাল কবিতা
তোমাৰ গতিশীল সময়ৰ ভূগোলৰ মানচিত্ৰত
মোৰো হ'বলৈ বৰ মন যায় 
দুখৰ দিনৰ অথবা সুখৰ দিনৰ 
এটা জীয়া কবিতা !!

জিলা : নলবাৰী ( অসম )
গাওঁ :বেলশৰ। থানা : বেলশৰ
ডাকঘৰ : বেলশৰ
পিন নম্বৰ : 781304

অঙ্গন:  পৃষ্ঠাঃ ২৮

দিচাং

ৰুমী চাংমাই

সভ্যতাৰ ইতিহাস ৰচি
তুমি বৈ আছা নদী
বহু কাহিনী সামৰি

নাম তোমাৰ দিচাং

পাটকাইৰ বুকুৰ পৰা 
বৈ আহি তুমি
অসম অৰুণাচলৰ সীমা চুই
দিল্লি নাম লৈ 
নামৰূপৰ দিল্লিঘাটেৰে আহি
স্পৰ্শিলা সাপেখাতি সংৰক্ষিত বনাঞ্চল
বাটে বাটে ৰচিলা বহু কাহিনী
কাৰোবাক যদি দিলা জীৱন
কাৰোবাক কৰিলা সৰ্বস্বান্ত
শীতত সমাহিতা শান্ত তুমি
বাৰিষাৰ গৰ্জনত যেন উন্মাদ সংহাৰিনী
চকুলোৰ নিজৰা বোৱাই
লংপতিয়াৰ বুকুৰে বৈ
মিলিত হ'লা টিমকৰ দুবাহুত

এনেকৈয়ে বৈ বৈ আহি
গঢ়িলা সমন্বয়ৰ হেতু
জাতি জনগোষ্ঠীৰ
নহলেনো টাওকাক নদীৰ বুকুলৈ 
মেলানে ঢাপলি...

তাতো থমকি নৰৈ চফ্ৰাই নদীৰ সতে
মিতিৰালি পাতি
ভটিয়াই ঢাপলি মেলিলা
নঙলামৰালৈ
তাৰপৰাই ৰজাবাৰী ৰাষ্ট্ৰীয় ঘাইপথেৰেহে
আখৈফুটীয়াৰ বিপৰীতত
লগ হ'লা পালেঙী জানত
ক্ষান্ত নাথাকিলা তুমি তাতো
আকৌ ডিমৌ নদীৰ লগ হৈ
ঢাপলি মেলিলা ব্ৰহ্মপুত্ৰৰ বুকুলৈ
দিচাংমুখৰ

আজি মুখৰিত দিচাংমুখ
তোমাৰ পাৰতে গঢ়িল কত ঘৰ
ভাগিল কত সংসাৰ
উটি গ'ল তোমাৰ বুকুত
কত বিৰহৰ হা-হুমুনিয়াহ
জাহ গ'ল কত সপোনৰ কাৰেঙ---

হয়তো ওমলি আছে আজিও কত
ভালপোৱাৰ কাহিনী

সকলোবোৰৰে তুমিয়েতো সাক্ষী!

তোমাৰ পাৰতে বালিঘৰ সাজি
পাৰ হ'ল কতজনৰ শৈশৱ কৈশোৰ
বনভোজৰ কথা নকলোৱেইবা

তোমাৰ বুকুতে ওপঙি ফুৰা নাইনে
ঐনিতমৰ সেই বুকু ভগা সুৰ
মিচিং গাভৰুৰ বুকুৰ বেথা কিম্বা
ডেকাহঁতৰ প্ৰেমিক বাঁহীৰ সুৰ

সভ্যতাৰ সমন্বয় ঘটাই
তুমি বৈ থাকা নদী যুগে যুগে যুগান্তৰলৈ...

অঙ্গন: পৃষ্ঠাঃ ২৯

শব্দ

ৰমেশ চন্দ্ৰ ৰায় 
               
কেইদিনমান ধৰি
কেইটামান শব্দ মোৰ ওচৰে-পাজৰে বৰকৈ ঘূৰা-ঘূৰি কৰি থাকিবলৈ লৈছে

শব্দকেইটা নহ'লে কথা পাক নাখায়
সেলেঙী নালাগে 

কবিতা নিসিজে 

হাতত মোবাইলটো ল'লেই শব্দকেইটাই মোৰ ফালে চাবলৈ লয়
পি চিত বহিলেতো কথাই নাই আন কাকো পাৰিলে আহিবলৈকে নিদিয়ে

কলম পুৰণি হ'ল
আখৰৰ  বিয়াগোম পাকবোৰ পাহৰি থাকিলোঁ 
পকেটত দুটা কলম ৰখা মানুহজনে
চহীটোৰ বাবেও বেলেগৰ কলম বিচাৰোঁ 

তোমাৰ কি হ'ল নাজানোঁ 
খবৰ ল'বলৈ সময় ক'ত
মোবাইলে খবৰ লয় নিজে নিজে
পেটত ভৰাই ৰাখে তোমাৰ অফিচিয়েল বাৰ্থডেৰ বাৰ্তা 

মইনো কোন
পৃথিৱীখনেই এটা গতত চলিছে 
কেইটামান শব্দতেই কথাৰ পাক
কেইটামান শব্দতেই সেলেঙী 

অথবা কবিতা


অঙ্গন: পৃষ্ঠাঃ ৩০

দেউতা অ' মোক বাইক এখন লাগে 

পাৰিজাত বৰুৱা 

খৰকৈ যাবলৈ দেউতা  
মোক  বাইক এখন লাগে 
 লগৰ ল'ৰাই দেউতা গাড়ীকে কিনিলে ।
সিহঁতৰ সময়বোৰ পিছপৰি থাকে 
বাইকৰ চকাদুটা যিমানে ঘূৰে 
চকুৰ আগত সপোনে সিমানেই নাচে 
সময়ক পিছপেলাই সিহঁত আগবাঢ়ে । 
মোৰ বৰ বেয়াহে লাগে 
দেউতা ,  বৰ  বেয়াহে লাগে । 
আজিকালি লাইন বাছত কোননো উঠে ?
হেঁচা-ঠেলা কৰিবলৈ  কিবা  ভালেই নালাগে ।
হয়নে বাপু , মোৰ ৰেলী চাইকেলখন ভালেই আছে 
তেল-টেঙা দিলেই খৰকৈ চলে 
তাহানিতে পামচাৰ টিউবটোহে লাগে 
বাপু , নগেনৰ দোকানতে মেৰামতি কৰ 
তয়ো ধৰ ময়ো ধৰো
 টকাহে এতিয়া গোটাচেৰেক লাগে।
(ওলাল বাপুৰ বাপেক কান্ধত ৰেলীখন লৈ) 
হো - হোৱাই পাৰ হয়  হেজাৰ গাড়ী - মটৰ 
ইমান মানুহৰ ভীৰ  তাতে হৈ -চৈ 
কথাটোনো কি ! 
ৰাজপথে গুমগুমাই  
কোনোবাই কাণ উনাই 
বোলে নগেনৰ পুতেকটো গ'ল
চলন্ত বুলেটে আৰু বা কাক কাক মহতিয়াই ! 
এয়া , এয়া তেজৰ নৈ 
মূৰত নাছিল ল'ৰাৰ হেলমেটোও 
উৰি গ'ল বুলেট , পৰি ৰ'ল  নিথৰ দেহ 
কাৰ বুকুত খুন্দিয়ালে  অদৃশ্য হাতে 
বাপেকৰ এটি পো , মাকৰ দেহলাও 
পৰি আছে ৰাস্তাত নিমাতে নিৰলে 
সপোন থমকে 
 আলাসৰ ল'ৰা কেঁচা তেজত ওপঙে । 

বাপু মোৰ , কথাটো শুন 
খৰকৈ যোৱা গাড়ীয়ে ৰাখিলে সময় , হয়নে ? 
হয়নে বাপু ? 
বোলো হয় , হয় ...
নাৰাখিলে  প্ৰাণ কিন্তু  নগেনৰ পুতেকৰ । 
বাপুৰ ঠেহ লাগিল , ওফন্দা মুখত হাঁহি নুফুটিল । 
দিম লাগেই  যদি তোকো কিনি , নহ'বি আথানি-আবানি 
দুবিঘা ৰ'দঘাই মাটিৰ মূৰে এখন পাবি 
চলাবি , চলাবি  , কলেজত পঢ়িবি 
ডাঙৰ মানুহ হবি 
পিন্ধিবি সেই  "হেলমেট" বোলা টুপি 
লাহে লাহে যাবি ,  
লাহে লাহে যাবি বাপু মোৰ 
জীৱনটো  কিন্তু  এবাৰহে পাবি
শুনিছনে , জীৱনটো কিন্তু এবাৰহে পাবি ।


অঙ্গন: পৃষ্ঠাঃ ৩১

বুকুত গান এটা গজিছে

অজিত বৰা

বুকুত গান এটা গজিছে
গানটোত তৰুৱা কদম এজুপিয়ে বাহ বান্ধিছে
সুগন্ধিময় হৈ পৰিছে গানটো

ৰাতিৰ নিৰ্জনতাত বাঁহী এটিয়ে মোক 
প্ৰায়ে মাতি থাকে
মই এতিয়া বহু দূৰণিত অ' বাঁহী
গান এটাক মই লালন কৰি  লৈ ফুৰিছোঁ
বুকুত মোৰ গান এটা গজিছে

আজিকালি কথাবোৰ বৰকৈ পাহৰা হ'লো
পাহৰি থাকোঁ কেতিয়াবা নিজকেও
হয়তো ইও এক অসুখৰে উপসৰ্গ
সেইবুলিয়েই মই মানুহটো অসুখীও নহয়
বুকুত মোৰ গান এটা গজিছে

যোৱা ৰাতি তেওঁ আহিছিল 
হাতৰ আঙুলিকেইটি তেওঁৰ আজিও ধুনীয়া হৈয়ে আছে
বহুদিনেই হ'ল আমি এষাৰো কথা পতা নাই

তেওঁৰ আঙুলিকেইটিয়ে মোৰ সৈতে বহু কথাই পাতিছিল
পাহিকটা আঙুলিৰ ভাষা মই বুজি পাওঁ
তেওঁ মোৰ ভাগৰুৱা বুকুখন চুই চাই কৈছিল
তুমি আজিও কবিতাৰ দৰে কোমল হৈয়ে আছা
মোৰ ভাল লাগিছিল

মই ভাগৰা নাই 
বুকুত মোৰ গান এটা গজিছে।।


অঙ্গন: পৃষ্ঠাঃ ৩২

মাটিৰ শেৱালি 

কমলকুমাৰ জৈন

জুৰিলি যে
প্ৰাণৰো মনৰো গান
জিভা তিতিয়াই 

চকুৰ পানীৰে লুণীয়া সোৱাদ 
মাজে মাজে নেদেখা হওঁ বাট

চাওনে সুধি তোমাক এবাৰ
নিসৰ্গ মিতিৰালিৰ 

তুমিয়ো ময়ো 
মাটিৰ শেৱালি
মাটিৰ মানুহ


অঙ্গন: পৃষ্ঠা ৩৩

আলান্ধু

"গুচাই থাকিলে নহৰুৰ কোঁহেই নাই।"

কটাক্ষ কৰি আইতাই আইলৈ
চাই কৈছিল।

তেতিয়া আইতাই ধুতি কাপোৰ পিন্ধিছিল।
আইতাই আমাক ৰামায়ণ, মহাভাৰতৰ কথাবোৰ সাধুৰ দৰে কৈছিল
কুন্তী- কৰ্ণৰ কথাও।

অগণিত বেলি উদয় হৈ অস্ত গ'ল
জোন মৰি আকৌ ওলোৱাৰ সংখ‍্যাও
গণি শেষ নহয়।

সংসাৰ ধৰ্মত xx-xy ক্ৰমজোমৰ কথা
পঢ়িলোঁ, বুজিলোঁ।
   
তথাপিও আমি মানুহযে
জ্ঞানক গাঁতত পুতি থওঁ।

ওৰণিৰে মুখ ঢাকি
 দুহাত মেলি 
সেৱা ধৰা গৰাকীক কওঁ
"পুত্ৰৱতী" হোৱা।

সযময়ৰ লগত মানুহ আগুৱাই নগ'ল।

লেৱৰেটৰীত হেনো ভ্ৰুণ পৰীক্ষাবোৰ
চলিয়ে আছে
আজিও।

  ঠিকনাঃ     
 ৰহা, নগাঁও


অঙ্গন:  পৃষ্ঠাঃ ৩৪

ব্ৰেকিং নিউজ 

মৃদুলা দেৱী

সিদিনা পুৱতি নিশাতে 
অভাৰব্ৰীজখনৰ তললৈ
আগশাৰীৰ নিউজ চেনেলৰ 
ৰিপ'ৰ্টাৰজন আহিছিল এটি দুটি
মুখৰোচক ব্ৰেকিং নিউজ বনাবলৈ।

এজন এজনকৈ পদপথৰ
বাসিন্দাৰ সাক্ষাৎকাৰ লৈ
যেতিয়া তাইৰ ওচৰ পায়
বিস্ফোৰিত নেত্ৰে তাইলৈ
চাই পুৱাতেই নিজে এটি
ব্ৰেকিং নিউজ হোৱাৰ ভয়ত
দৌৰি গৈ অলপ দূৰত
ৰাখি থোৱা ক'লা গ্লাচ লগোৱা
গাড়ীখনত উঠি নিমিষতে
আঁতৰি গ'ল।

তাই যে নিৰ্বাক হৈ ৰ'ল
হঠাৎ সম্বিত ঘুৰি অহাত
তাইৰ নীলাকৈ চকুজুৰি
অগ্নি ষ্ফুলিংগ হৈ জিলিকি
উঠিল
তাই অৱস ভাবে বহি পৰিল 
 আঠুত  মূৰ গুজি।

আউলী বাউলী চুলি কোঁচাই
সৰ্বমুখ ঢাকি ধৰিছে
তাই নিজৰ চুলিবোৰ
নিজেই আজুৰি চিঙিছে
চাদৰৰ আঁচলেৰে পদুমৰ
পাপৰি যেন ওঁঠ দুটি
ঘনে ঘনে মোহাৰিছে
কিবা যেন লাগি আছে।

ওঁঠ ফাটি তেজবোৰ 
টোপে টোপে পৰিছে
গোটেই গাতে তাই
তেজবোৰ সানিছে
তাই দেখিছে তাইৰ মৰমৰ
চহৰখন এটা প্ৰকাণ্ড অজগৰৰ
পেটত সোমাই পৰিছে লাহে লাহে 
গছবোৰ হালধীয়া হৈ গৈছে।

সেউজীয়া মানুহবোৰ
নীলা হৈ পৰিছে
চৰাইবোৰ বাহ এৰি
দুৰলৈ গুচি গৈছে
এজাক‌ ঢোৰা কাউৰী
মাত্ৰ চহৰখনত উৰি ফুৰিছে
ধোঁৱা বৰণীয়া আকাশখনত
 ৰঙা তেজৰ চেকুৰা।

ঠিকনাঃ
মাজুলী


অঙ্গন: পৃষ্ঠা ৩৫

কাহিনী

কাজল লতা মেধি

দুপৰ নিশা স্মৃতিৰ জোঁৰ ডাল জ্বলাই  চম্পাৱতীয়ে পিট্‌পিটাই বিচাৰি ফুৰে
উল্কাপিণ্ডৰ দৰে সময়ৰ বালিত 
পোঁত গৈ থকা সেই কাহিনীবোৰ!

সেই বহুতো কাহিনীৰ তাই মাথোঁ
পাতনিহে পঢ়িছিল
উপসংহাৰত বা কি লিখিলে!

আঃ কাহিনীবোৰে যে 
চকুত আঁকি লৈছিল প্ৰেমৰ জুইফুল!
বুকুত গুঁজি লৈছিল 
হেঁপাহৰ তেজৰঙা গোলাপ!
শিৰত পিন্ধিছিল 
বিৰহৰ কেক্‌টাছৰ শিৰোস্ত্ৰাণ!

পিছে, কোন বিধাতাই বাৰু এতিয়া
সেই কাহিনীবোৰৰ ওঁঠত আঁকি দিলে 
অশৰীৰী শব্দৰ আলাপ!
সময়ৰ গহ্বৰৰ পৰা সিহঁতে
নিজেই চিঞৰি চিঞৰি কেতিয়াবা 
গাই শুনায় তাইক
সিহঁতৰ সেই পোঁত যোৱা
কাহিনীবোৰৰ বিলাপ!

চম্পাৱতীয়ে মাথোঁ
বুকুত দুখৰ শিল বান্ধি লৈ 
কাহিনীবোৰ এটি এটিকৈ শুনি যায়
আৰু হাতৰ ঠাৰিত তাইৰ
অজানিতে গঁজি উঠে
কবিতাৰ এখনি ছাঁইৰঙী ধূসৰ অৰণ্য!

ঠিকনাঃ
গুৱাহাটী।

অঙ্গন: পৃষ্ঠাঃ ৩৬

 নীলাখামৰ চিঠিঃ

  মৰমৰ                               
      বন্ধু,


       আজি বহুদিন হ'ল , তোমাৰ একো খবৰ নাই পোৱা । কেনে আছা ? ভালে থাকা । ভগৱানক প্ৰাৰ্থনা জনাইছোঁ তোমাৰ শৰীৰ -মন ভালে ৰাখক । মোৰনো কি জনাম । ক'লে আকৌ তুমি negative minded বুলি কোৱা ।
       বয়স হৈছে যে , উপায় নাই বুইছা । সিদিনা বাৱন্ন সংখ্যক জন্মদিন হৈ গ'ল । কি হৈছে জানো , একোৱে ভাল নলগা হৈছে । লিখাৰ ক্ষমতাও নাইকিয়া হৈছে । মনত এক প্ৰকাৰৰ নিসংগতা ।
       সমাজত ঘটি থকা দুখদায়ক ঘটনাবোৰে হৃদয়খনত কিবা জোকাৰি যায় । অবাটে যোৱা যুৱ প্ৰজন্মৰ উদাহৰণবোৰ , বেয়া বস্তুবোৰ খাই অকালতে জীৱন হেৰুৱা ধুনীয়া ধুনীয়া ল'ৰাবোৰৰ পৰিয়ালৰ কৰুণ পৰিণতিবোৰ দেখি অন্তৰাত্মাই কান্দি উঠে জানা । কি কৰিব পাৰোঁ ।
      হোমেন বৰগোহাঁইদেৱৰ "তান্ত্ৰিক " নামৰ গ্ৰন্থ খনত উল্লেখ কৰাৰ দৰে মোৰো বাৰু তেনে বেমাৰেই হৈছে নেকি ? কিতাপখন পঢ়িছা নে ?
কিতাপখনৰ এটা চৰিত্ৰ অৰুণ চক্ৰৱতীৰ মুখেৰে এটা বেমাৰৰ কথা ব্যক্ত কৰাইছে লেখকে । বেমাৰটোৰ নাম নিউৰেস্থেনিয়া । এই বেমাৰৰ প্ৰথম আৰু প্ৰধান লক্ষণ হ'ল ---'এই বেমাৰত ভোগা মানুহে যেতিয়াই যি বেমাৰৰ নাম শুনে, বা পঢ়ে ,ঠিক সেই বেমাৰটোৱেই তেওঁকো আক্ৰমণ কৰা বুলি ভাবিবলৈ বাধ্য হয় । এই বেমাৰটোৰ লক্ষণবোৰ ইমান বিচিত্ৰ আৰু ব্যাপক যে ৰোগীয়ে একে সময়তে বহুত বিভিন্ন বেমাৰত ভোগা বুলি কল্পনা কৰাটো একো অন্যায় বা অস্বাভাৱিক কথা নহয় । মূলতে ই হ'ল স্নায়ুৰ বেমাৰ । যিবিলাক মানুহৰ স্নায়বিক উত্তেজনা খুব বেছি ,অথবা যিবিলাক মানুহৰ স্নায়ু -তন্ত্ৰী ৰোগাক্ৰান্ত হৈ দুৰ্বল হৈ পৰিছে, তেওঁলোকেই সাধাৰণতে এই বেমাৰত ভোগে । ইয়াৰ ঘাই লক্ষণ হ'ল অৱসাদ । সামান্য দৈহিক বা মানসিক পৰিশ্ৰম কৰিলেই ৰোগীৰ ইমান ভাগৰ লাগিব যে কোনো কাম কৰিবলৈ মন নাযাব । কোনো কথাতে মনোযোগ দিব নোৱাৰে , সকলো সময়তে অৰ্থহীন ভয় , উদ্বিগ্নতা আৰু বিষণ্ণতাই হেঁচা মাৰি পংগু কৰি ৰাখে । তদুপৰি মূৰ, ডিঙি ,কান্ধ , পিঠি --সকলোতে বিষ, মূৰ ঘুৰণি, বুকুৰ ধপধপনি ,কাণৰ ভিতৰত গুমগুমণি , ক্ষুধাহীনতা, বদহজম, কোষ্ঠ-কাঠিন্য , নিদ্ৰাহীনতা আদি । তেখেতে ক'লে যে --এই বেমাৰৰ আৰু এটা লক্ষণ হৈছে --স্মৃতি শক্তি লাহে লাহে লোপ পাই যায় , বহুতে পাগল হৈ যাম বুলি ভয় কৰে ।"
        বেমাৰৰ কথাই আজিৰ চিঠিখন ভৰিল । বেয়া নাপাবা আৰু মন বেয়া নকৰিবা । মৰিলেও মৰিম । মই মৰিলেও দিন গ'লে ৰাতি হ'ব,
জোন বেলি ওলায়ে থাকিব ।
কবিয়ে কোৱা নাই জানো ? তুমি ভালে থাকা । মন বেয়া হ'লেই সেউজ পথাৰখন চালে ভাল লাগে । ঋতুমতী পথাৰখন ক্ৰমে যৌৱনৰ দুৱাৰদলিত প্ৰৱেশ কৰি সুন্দৰ হৈ উঠিছে । মাজে মাজে দিয়া বৰষুণ জাকে আৰু সেউজ কৰি তুলিছে ।
     বেছি দীঘলীয়া নকৰোঁ । তোমাৰ ব্যস্ততাবোৰ শেষ হ'লে কেতিয়াবা  মোলৈ মনত পেলাবাচোন । জীৱনৰনো আৰু কিমান দিন বাকী আছে । তোমাৰ স্মৰণত স্থান পালে ভাল লাগিব ।
                                                                                      ইতি
একালৰ তোমাৰ বন্ধু ।


অসমা টুংখঙীয়া


অঙ্গন: পৃষ্ঠাঃ ৩৭

ৰেচিপিঃ


নেমুৰ আচাৰ 

বিনু লস্কৰ বৰুৱা

     একেবাৰে সাধাৰণ ভাবে ঘৰতে বনোৱা নেমুৰ আচাৰ।
ইয়াৰ বাবে প্ৰয়োজন সামগ্ৰী

১/চাৰিটা মধ্যমীয়া পকা নেমু
২/কেঁচা-পকা জলকীয়া (নিজৰ জোখমতে)
৩/এডোখৰ আদা
৪/অলপ পাচফোৰণ
৫/নিমখ হালধি জোখমতে

    প্ৰথমেই নেমু কেইটা আৰু জলকীয়া কেইটা ( ঠাৰিৰে সৈতে) ভালকৈ ধুই শুকুৱাই ললোঁ। আদা টুকুৰা বাকলি গুছাই ভালকৈ ধুই শুকুৱাই ললোঁ। এতিয়া নেমু কেইটা আৰু আদাৰ টুকুৰাটো এটা পাত্ৰত সৰু সৰু কৈ কাটি ললোঁ। লগতে জলকীয়া কেইটাও দুই টুকুৰা কৈ কাটি ললোঁ। এইখিনিত জোখমতে নিমখ দি এৰাতি তেনেদৰে ঢাকোন মাৰি থৈ দিলোঁ।পাছদিনা কেৰাহী এটাত তেল গৰম কৰি পাচফোৰণ অলপ দি দুটা শুকান জলকীয়া দি জোখমতে হালধি অলপ দি লৰাই তাতে ৰাতি নিমখত থোৱা নেমু আদাৰ মিশ্ৰণখিনি ঢালি অলপ সময় লৰাই নমাই থলো। হৈ গ'ল গৰমৰ দিনত খাবলৈ ভাল এবিধ নেমুৰ আচাৰ। দুদিনমান ৰ'দত দি লৈ খাব। তেতিয়া নেমুখিনি ভালকৈ সিজি কোমল কোমল হৈ যাব।

অঙ্গন: পৃষ্ঠা ৩৮
অনুভৱঃ
আপুনি ভালে থাকক

উৎপল কুমাৰ চক্ৰৱৰ্তী

মৃত্যু চিৰ শ্বাসত ! বিশ্ব ব্ৰক্ষ্মাণ্ডৰ এক অবুজ সাঁথৰ মৃত্যু ! মৃত্যু এক সাহিত্য...মৃত্যু শ্ৰেষ্ঠ শিল্প !  মৃত্যু মানেই  এক বিৰাট হাঁহাকাৰ, শূন্যতা !  পৃথিৱীৰ সকলো জীৱৰে মৃত্যু অৱধাৰিত যদিও কিছুমান মৃত্যুৱে বৰ বেছিকৈ কন্দুৱাই যায়। সেয়াই স্বাভাবিক আৰু সেয়াই আপোনত্ব! 
     বুদ্ধদেৱে কোৱাৰ দৰে "মৃত্যু ভৌতিক শৰীৰৰ ক্ষন্তেক জিৰণি ।" 
         মোৰ মতে ভগৱানৰ  প্ৰয়োজনীয় ফুলপাহত কেৱল  ভগৱানৰ অধিকাৰ থাকে । পৃথিৱীৰ প্ৰত্যেকে ভগৱানৰ এপাহি ফুল... ৰুইছে তেওঁ, ছিঙিবও তেওঁ । (বিঃদ্ৰঃ :- মই সকলো ক্ষেত্ৰত ভগৱান বিশ্বাসী নহয়)
     ইমানৰ পিছতো আমি হাহাকাৰৰ মাজত জীয়াই থাকিব লাগিব বন্ধু। সকলো ফালেই কোলাহল, পোৱা নোপোৱাৰ জটিল অংকত ব্যস্ত সকলোৱে। কিছুমানে পাইছে কিছুমানে হেৰুৱাইছে। তথাপিও আমি জীয়াই আছো জীয়াই থকাটো আমাৰ নৈতিক অধিকাৰ। বন্ধু সাহসী হওক, বহুত সাহসী  হওক ।  সম্মুখৰ পথবোৰ মুকলি। কেৱল দৌৰিব লাগিব সময়ৰ স'তে। সময় সমাগত দৌৰাৰ সময়, দৌৰিবলৈ সাজু হওক, এয়া জীৱনৰ দৌৰ, দৌৰিব পাৰিলে জিকিব অন্যথা হাৰিব। কঠিন সময়ত দৌৰিব পৰাজনেই উপলব্ধি কৰিব পাৰে "জীৱন মানে কি ?" ভালে থাকক, ভালে থাকিবই লাগিব আপুনি ।  
   অযুত হাহাকাৰৰ  মাজতো অন্ততঃ এবাৰ চিঞৰি চিঞৰি  কওক  
             "জীৱন জিন্দাবাদ"

ঠিকনাঃ
চাপৰ, ধুবুৰী

অঙ্গন:  পৃষ্ঠাঃ ৩৯
গল্পঃ

   জলছবি

ৰীণা বুঢ়াগোহাঁই

             ফুল কুমলীয়া ছোৱালীজনী কিহৰ পৰা কি হৈ গ'ল । চকুৰ আগতে তাইৰ সেই ৰূপ যৌৱন , মুখৰ খিলখিলীয়া হাঁ‌হি , পিন্ধনত চৌখিন , ষ্টাইলত  মসৃণ কুঁ‌হি জনী কিযে হৈ পৰিল ? তাইকহে  বাৰু ভগৱানে  এই কষ্টবোৰ দিবলৈ পালেনে ? কি কৰিব এতিয়া তাই ? সমবেত মানুহখিনিয়ে এনেবোৰ কথাকে পাগুলিবলৈ লাগিলে।
          মাক-দেউতাকৰ আলাসৰ লাড়ু কুঁ‌হি । দেখনত অত্যন্ত সুন্দৰী কুঁ‌হিৰ কোমল কুঁ‌হি মুখখন দেখিলে কোনেও এবাৰ নোচোৱাকৈ নোৱাৰে । এষাৰ মাত দি নিজকে ধন্য কৰিবলৈ সকলোৱে উদ্বাউল হৈ থাকে ।
          সুকুমাৰ দেউতাকৰ অফিচত নতুনকৈ জইন কৰা ইঞ্জিনিয়াৰ । অফিচৰ কিবা কামত এদিন আহিছিল কুঁ‌হিহঁ‌তৰ ঘৰলৈ । চকামকাকৈ তাই দেখিছিল এজন সুদৰ্শন ল'ৰা আহি দেউতাকৰ লগত কথাত ব্যস্ত হৈ আছে । সুকুমাৰেও তাইক দেখা পালে ক্ষন্তেক । লাহে লাহে সুকুমাৰৰ প্ৰয়োজনীয়তা বাঢ়িল তাইৰ দেউতাকৰ লগত। তায়ো বেয়া নাপালে  সুকুমাৰ আহি থকা কথাটোত।
                এনেকৈয়ে এদিন দুয়োটাৰ মনত প্ৰেমৰ তটিনী বৈ গ'ল কোনেও গম নোপোৱাকৈয়ে । লাহে লাহে দেউতাক নাথাকিলেও সুকুমাৰ অহা হ'ল সিহঁতৰ ঘৰলৈ । 
              দেউতাকেও কথাটো গম পালে । কিন্তু নিজৰ স্বাৰ্থৰ খাতিৰতে হয়তো সুকুমাৰক বাধা নিদিলে । ক্ৰমান্বয়ে কুঁ‌হি আৰু সুকুমাৰৰ ভালপোৱাই সাগৰ অভিমুখে গতি কৰিলে বিনাবাধাই । এদিন কৰ্টক সাক্ষী কৰি দুয়োটাই দুয়োটাক নিজৰ কৰি ললে।এইখিনিলৈকে সকলো ঠিকেই আছিল । দুটি  সন্তানৰ  সৈতে সিহঁতৰ সুখৰ সংসাৰ ।সুকুমাৰৰ দায়িত্ব বাঢ়িছে ঘৰ আৰু অফিচ দুয়োঠাইতে । দিনে দিনে নিজৰ কৰ্মৰ জৰিয়তে সুপ্ৰতিস্থিত হৈ পৰিছে সুকুমাৰ । কুঁ‌হি ব্যস্ত হৈ পৰিল ল'ৰা-ছোৱালী দুটাক লৈ । এমাডিমা ল'ৰা-ছোৱালী দুটা চম্ভালোতে কেতিয়াবা তাই ভাগৰি পৰে । তাতে আকৌ অসুখীয়া শহুৰেকৰ আলপৈচান ধৰোতেও তাইৰ যথেষ্ট কষ্ট হয় । কিন্তু তাইৰ কোনো অভিমান নাই । সুকুমাৰৰ দৰে এজন মানুহক স্বামী হিচাপে পাই তাই যথেষ্ট সুখী । দেউতাকেও সময়ে সময়ে তাইৰ খবৰ নোলোৱাকৈ নাথাকে । ইমান এটা স্বাচ্ছন্দ্যময় জীৱন থাকোতে তাই অসুখী হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে।
            কিন্তু হঠাতে যেন কুঁ‌হি আৰু সুকুমাৰৰ জীৱনৰ ছন্দপতন ঘটিল । অসুখীয়া শহুৰেকৰ বেমাৰ বেছি হৈ আহিল । উন্নত চিকিৎসাৰ বাবে তেখেতক বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিলে ডাক্তৰে । কথামতেই কাম । অতি খৰতকীয়াকৈ সুকুমাৰে দেউতাকক লৈ চেন্নাইলৈ গ'ল । অৱশ্যে ঘৰত  কুঁ‌হি আৰু ল'ৰা-ছোৱালী দুটাৰ বাবে সুবন্দবস্ত কৰি যাবলৈ নাপাহৰিলে ।
        প্ৰায় ডেৰমাহ দিন উন্নত চিকিৎসা কৰিয়ো দেউতাকক জীৱিত ভাৱে ঘুৰাই আনিবলৈ সক্ষম নহ'ল সুকুমাৰ । ঘৰলৈ ঘুৰি  আহি দেউতাকৰ ক্ৰিয়া-কৰ্ম কৰি সুস্থিৰ হ'বলৈ বেছ কিছুদিন লাগিল সুকুমাৰৰ । পুনৰ নিজৰ কামত মনোনিবেশ কৰিলে তেওঁ । কিন্তু এদিন অফিচৰ পৰা দুজনমান মানুহে আহি সুকুমাৰক ঘৰত থৈ গ'লহি । তীব্ৰ জ্বৰত মানুহটো থৰথৰকৈ কঁ‌পিছিল । সাধাৰণ জ্বৰ , ভাল হ'ব বুলি ভাবি থাকোতেই দুটা সপ্তাহ পাৰ হ'ল । ভাল হোৱাৰ কোনো লক্ষণ ফুটি নুঠিল । কুঁ‌হিয়ে চকুৰে সৰিয়হ ফুল দেখিলে । কি হ'ল মানুহজনৰ ? একো খাব নোৱাৰে , অসহ্য গা বিষ আৰু তীব্ৰ জ্বৰে মানুহটোক চেপি পেলালে । ডাক্তৰ কবিৰাজৰ সকলো চেষ্টা বিফল হ'ল । কুঁ‌হিৰ দেউতাক আৰু অফিচৰ দুজনমান সহকৰ্মী লগ হৈ সুকুমাৰক বাহিৰলৈ নিয়াৰ সিদ্ধান্ত কৰিলে উন্নত চিকিৎসাৰ বাবে । কুঁ‌হি অসহায় হৈ পৰিল ।
        ল'ৰা-ছোৱালী দুটা মাকৰ হাতত গতাই তায়ো লগতে ওলাল । নাই নাই ! সুকুমাৰক তাই অকলে পঠাব নোৱাৰে । তাই জীৱনৰ সমস্ত ভৰষাৰে তাক ভাল কৰি অনাৰ প্ৰতিশ্ৰুতিৰে দিল্লীৰ এখন চিকিৎসালয়ত  ভৰ্ত্তি কৰিলে । যিমান পাৰি উন্নত পদ্ধতিৰ প্ৰয়োগেৰে চিকিৎসা কৰিবলৈ তাই ডাক্তৰসকলক কাতৰ প্ৰাৰ্থনা কৰিলে । যিকোনো মূল্যৰ বিনিময়ত সুকুমাৰক ভাল কৰি দিবলৈ তাই ভাগে ভাগে অনুৰোধ কৰিলে । নেদেখা জনৰ ওচৰতো তাই খাটনি ধৰিলে, সুকুমাৰৰ জীৱন ভিক্ষা কৰিলে ।
            সুকুমাৰ ক্ৰমান্বয়ে অৱশ হৈ পৰিছে । তাৰ ঢেলা চকুহাললৈ চাই চাই তাই তাক প্ৰতিশ্ৰুতি দিয়ে , তোমাক  ভাল কৰি নিমেই বুলি । কিন্তু অন্তৰত লুকুৱাই থোৱা দুখখিনি তাক জানিবলৈ নিদিয়ে ।
             ইতিমধ্যে সকলো পৰীক্ষা নিৰীক্ষাৰ ৰিপোৰ্ট ডাক্তৰ সকলে পালে । তেওঁলোক বিবুধিত পৰিল । সুকুমাৰৰ ভাল হোৱাৰ লক্ষণ দেখা নগ'ল । সম্পূৰ্ণ পঞ্চলিছ দিন উন্নত চিকিৎসায়ো ফল নধৰিল । সুকুমাৰে শেষ নিশা সেহাই সেহাই কুঁ‌হিক ক'লে । সি বহুত ভুল কৰিলে তাইৰ ওচৰত । দেউতাকক চিকিৎসা কৰিবলৈ চেন্নাইলৈ যাওঁ‌তে প্ৰায় এমাহ সি পতিতালয়লৈ গৈছিল । তাইৰ গভীৰ ভালপোৱা আৰু বিশ্বাসক নস্যাৎ কৰিবলৈ তাক মুহূৰ্তও নালাগিল । গতিকে এতিয়া সি ভগৱানৰ বিচাৰাধীন । ভয়ংকৰ এইডছ ৰোগে ইতিমধ্যে তাক গ্ৰাস কৰি পেলালে । লাহে লাহে সুকুমাৰৰ চকু জাপ খাই আহিল । কুঁ‌হিৰ ভৰিৰ তলৰ মাটি মুহূৰ্ততে তললৈ সোমাই গ'ল । মূৰটো আচণ্ডাই কৰিব ধৰিলে ।
          মানুহৰ মাতত তাইৰ তন্দ্ৰা ভাগিল । কোনে কেনেকৈ তাইক আগুৰি আছে তাই তৎ ধৰিব পৰা নাই । তাই চকু মেলা দেখি আপোনজন আগবাঢ়ি আহিল । "আই অ'  কপালত যি হ'ব লগা আছিল হ'ল । তাৰ মৰিবলৈ উৎপাত হৈছিল সেইকাৰণে এনে অধৰ্মী কাম কৰিলে । তই সুস্থ হৈ উঠ আই । ল'ৰা-ছোৱালী দুটাৰ মুখলৈ চা । সিহঁতক তই মানুহ কৰিব লাগিব "। মাততো তাইৰ চিনাকি । পখিলী পেহীৰেই হ'ব লাগিব । তাৰমানে তাই ঘৰলৈ আহিল ! সুকুমাৰে চৰম প্ৰতাৰণা কৰিলে তাইক । ইমান সুখী দম্পতীৰ অভিনয় কৰি তাইক  সুকুমাৰে নীৰৱে  কৰি গ'ল চৰম বিশ্বাসঘাতকতা । তাইৰ আয়ুস বাৰু কিমানদিন ? সুকুমাৰৰ পথেৰেই তায়ো নিশ্চিত মৃত্যু পথৰ যাত্ৰী  । কাণেৰে বিভিন্ন জনৰ বিভিন্ন কথা  শুনিও তাই নিৰ্জীৱৰ দৰে পৰি আছে । চকুৰ কোণেৰে বাগৰি আহিছে বুকুৰ  সমস্ত দুখৰ ফল্গু ।বিশ্বাসঘাতকতাৰ চূড়ান্ত অপমানত আজি তাই ধৰাশায়ী ।।

ঠিকনাঃ
জাঁজী, শিৱসাগৰ
মোবাইল নং ৮৪০৩৯৩৪৪১৪


অঙ্গন:  পৃষ্ঠাঃ ৪০
  
পোহৰ

চন্দামিতা শৰ্মা

      কোঠাটো  পূৱমুৱা ।  অ'ত ত'ত ঘূণে  খাবলৈ  আৰম্ভ  কৰা  খিৰিকীকেইখনৰ  ফ্ৰেমত  তাই  সাৱধানেৰে  অকণ অকণ কৈ কেৰাচিন  তেল লগাই  গ'ল।  কোঠালীটোত পোহৰ সোমোৱাৰ একমাত্ৰ বাট অৰ্থাৎ সম্মুখফালৰ খিৰিকীখনৰ খিলিটো খুলিবলৈ তাই  হাত আগবঢ়ালে। কেৰেক্ কৈ  শব্দ  কৰি  মেল খোৱা  খিৰিকীখনৰ  মামৰ ধৰিবলৈ আৰম্ভ  কৰা  গ্ৰীলত  হাত থৈ  তাই  ৰুমটোৰ বাকী তিনিখন খিৰিকীৰ ফালে চকু ফুৰালে। টিনপাটৰ টুকুৰাৰে কিবাকৈ ঢাকি  থোৱা,  যাতে লোহাৰ ৰ'ড লগাব নোৱাৰা বাবে বাহিৰৰ চৰাই -চিৰিকতি আদিতকৈও তথাকথিত সুবিধাবাদীৰ হাত সোমাব নোৱাৰে। গাভৰুৰ সাজ পিন্ধা তাইক লৈ মাকৰ বৰ চিন্তা ।
মেলা  খিৰিকিখনৰ মামৰ ধৰিবলৈ আৰম্ভ কৰা  ৰ'ড দুডালত দুয়োহাতেৰে খামোচ মাৰি ধৰি তাই পুৱাৰ  পৃথিৱীখন চালে । এইজাক  ৰ'দ, অথচ সিহঁতৰ তিনি কোঠালীৰ ঘৰটোত পোহৰৰ অভাৱ!
        পোহৰ সোমাবলৈ বাটও থাকিব লাগিব নহয়! চাৰিওপিনে ওখ ওখ দালানে  ক্ৰমান্বয়ে দেখোন চেপি আনিব ধৰিছে সিহঁতৰ সৰু অকণমানি ঘৰটো। তাতে আকৌ পইচাৰ অভাৱত ভেন্টিলেচন আৰু খিৰিকীৰ কেইখনও সম্পূৰ্ণ হৈ উঠা নাই।

"ৰ'দ জাক  ভালকৈ  নোপোৱা হ'লো। মানুহবোৰেনো ইমান  ওখ ওখ দালান সাজিব লাগেনে?" ৰুমটোৰ একোণত সৰুকৈপাতি লোৱা থাপনাখনৰ সম্মুখত চাকি এগচাকি জ্বলোৱাৰ পিছত  তাইৰ কাষলৈ আহি মাকে ক'লে । 
" মা, কি কৰিবা, ষ্টেটাছ চিম্বল । হাতত প্ৰয়োজনাধিক টকা , গতিকে কি কৰিব আৰু! "  সিহঁতৰ ঘৰৰ প্ৰায় সীমাতে তিনিটা মানুহ বাস কৰা  তিনিমহলীয়া ঘৰটোলৈ চাই  তাই ক'লে । বিৰক্তি আৰু খঙত কথাষাৰ কৈ তাই পুনৰ আকাশলৈ চালে। 
        দেউতাক কায়িকভাৱে নোহোৱা হোৱাৰ কিছুদিন পিছতে সিহঁতৰ ঘৰৰ সীমা ঠেলি প্ৰকাণ্ড অট্টালিকা নিৰ্মাণ কৰা মানুহঘৰৰ বাবে  মনত ঘৃণাৰ বাদে একো পুহি ৰাখিব নোৱাৰে ।
'দেউতা মোৰ" মুখতে বিৰবিৰালে তাই।
চৰাইৰ ডেউকাৰ দৰে মৰম আৰু নিৰাপত্তাৰ আবেষ্টনীৰে ঢাকি ৰখা মানুহজন কেনেকৈযে আতঁৰি গ'ল! বুকুত ইমান ডাঙৰ বেমাৰ এটা লৈ তেওঁ কেনেকৈ আছিল বা গম নোপোৱাকৈ ? যেতিয়া গম পালে তেতিয়াটো বহু বেছি দেৰি হৈ গৈছিল । দুৰাৰোগ্য বেমাৰটোৱে ভিতৰি ভিতৰি কেঁকোৰাৰ দৰে খুলি খুলি খাই আহিছিল অথচ সংসাৰৰ দায়িত্ব, পৰিয়ালৰ দায়িত্বই  আৰু নিজৰ প্ৰতি উদাসীন হৈ থকা স্বভাৱটোৱে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিলে। 
অনবৰতে হাঁহি ধেমালিৰে ভৰি থকা ঘৰখনত সিহঁতে বাৰু কিয় এবাৰো গম নাপালে  সিহঁতৰ ঘৰৰ লাইখুটা যে  উভালি পৰিবলৈ ওলাইছে।  

" আইমানু ঘড়ীত সাত বাজি গ'ল। " খিৰিকীৰে আকাশলৈ চাই চাই দেউতাকৰ কথা ভাবি থকা তাই মাকৰ কথাত জোৰকৈ মুখত হাঁহি এটা বিৰিঙাই মাকক সাৱট মাৰি ধৰিলে। কি যে আচৰিত ধৰণৰ উত্তাপ  মাকৰ গাৰ! পৃথিৱীৰ সকলো দুখ কষ্ট পাহৰিব পৰা এক নিৰ্ভৰযোগ্য আৰু নিৰ্ভেজাল আশ্ৰয় ।

"ঘৰৰ দায়িত্ব কান্ধ পাতি ল'ব পৰাকৈ ইমান ডাঙৰজনী হ'লি অথচ সৰুৰ স্বভাৱটো নগ'ল। আজি দেউতাৰ থকা হ'লে! " 

মাকে সদায় এনেকুৱাই কৰে। যিকোনো সুখ দুখৰ কথাতে শেষত গৈ দেউতাকৰ প্ৰসংগ টানি আনি এসোঁতা কান্দে।   

" মা, নাকান্দিবাচোন। দেউতাইচোন কান্দিলেহে বেয়া পাইছিল, তেওঁ বেয়া পোৱা  কামটো নো কিয় কৰা।"  আলফুলকৈ মাকৰ চকুপানীখিনি মচি দি মাকৰ গালত লাহেকৈ চুমা এটা খাই তাই কৈ উঠিল। একেথিৰে তাইৰ মুখলৈ চাই ৰোৱা মাকক একো নোকোৱাকৈৈ তাই আঁতৰি আহিল। তাই জানে সৰু থাপনা খনৰ সম্মুখত জ্বলি থকা  চাকিগছিৰ পিনে চাই মাকে উচুঁপি উচুঁপি তাইৰ আৰু ভায়েকৰ জীৱন পোহৰাই তুলিবৰ বাবে পুনৰ প্ৰাৰ্থনা কৰিব।

আৰু তাই ?

গা-ধোৱা ঘৰৰ পানীৰ টেপৰ পৰা সৰসৰকৈ সৰা পানীৰ সোঁতত নিজৰ চকুপানী বৈ যাবলৈ দিব।

" বা , সোনকাল কৰ। ময়ো ওলাই যাম। " ভায়েকে চিঞৰি কোৱা কথাত ইমান পৰে  দেউতাকৰ কথা মনত পেলাই  উচুপি থকা তাই সচকিত হৈ উঠিল। লৰালৰিকৈ কাপোৰ কেইটা থুকুচি গাত পানী ঢালি গা-ধোৱাঘৰৰ পৰা ওলাই আহিল।

" এইকেইদিন নগ'লে নহয় নে ? পৰীক্ষা ওচৰ চাপিছে দেখোন। " ডাঁৰত কাপোৰ মেলি থকাৰ পৰাই ভায়েকক সুধিলে।

ঘৰৰ অভাৱৰ জোৰা মাৰিবলৈ মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱা সৰু ল'ৰাটোৱে ওচৰৰে দুজন ল'ৰাক গণিত পঢ়াই দিয়ে । 
" আজি শেষ কৰিম,  মানে সিহঁতক পঢ়ুৱাব লগা খিনি শেষ হৈছে। কিন্তু পইচাকিটা পাবলৈ আছে আৰু সিহঁতৰ যদি  কিবা খোকোজা আছে  সেই খিনিও চাই দি আহিম।  " সদায় জুখি মাখি কথা কোৱা আৰু বয়সতকৈ বেছি দায়িত্ববোধ থকা ভায়েকৰ  নতুনকৈ দাড়ি ঠুটিয়াবলৈ লোৱা মুখলৈ তাই এপলক মৰমেৰে চাই ৰ'ল।

" আইমানু, আহ আকৌ। ভাত দিছোঁ ।" মাকৰ চিঞৰ শুনি ততালিকে ভিজা চুলিখিনি গামোচা এখনেৰে মচি মচি  ঘৰৰ ভিতৰ সোমাল।  
           আলুগুটি এটাৰে সৈতে গৰম ভাতখিনি খাই তাই সাজু হ'ল , দিনটোৰ ব্যস্ততাপূৰ্ণ সময়ৰ বাবে।
" মা, টিফিন বাটিটো দিয়া। মোৰ কিন্তু আজি অফিচৰ পৰা আহোতেঁ অলপ দেৰী  হ'ব।" সদায়েই কৰাৰ দৰে  আজিও মাকৰ হাতৰ পৰা  আচাৰ অকণৰ সৈতে দুখন ৰুটি ভৰোৱা টিফিন বাটিটো  কোম্পানীৰ পৰা দিয়া  প্ৰকাণ্ড বেগটোত ভৰাই লৈ তাই  মাকক মাত লগালে । 
" ই  অলপ আগবঢ়াই থৈ আহক দে ।" 
দেউতাকৰ মৃত্যুৰ পিছত  কিয় জানো মাকৰ মাতটো আগতকৈ দুৰ্বল হৈ পৰিছে  ! 
" নালাগে মা, সি এতিয়া অকণমান ওলাই মানে টিউচনলৈ যাব। লেঠাবোৰ শেষ কৰি আহক। পৰীক্ষা ওচৰ চাপিছে এতিয়া কেৱল পঢ়াৰ হে সময়। মই পাৰিম।"
তাই  বুজে   মাকৰ চিন্তা ।  
কিন্তু তাইনো কোন সতেৰে  ভায়েকক কয় তাৰ পুৰণি  চাইকেলখনেৰে তাইক  আগবঢ়াই থ'বলৈ,  চাইকেলখনে দুজনটো দূৰৈৰ কথা এজনকো ভালদৰে টানিবলৈ সক্ষম নহয়। নামত মহানগৰীৰ বাসিন্দা হ'লেও  , সিহঁত থকা ঠাইৰ পৰা  চিটিবাছ ষ্টেণ্ডৰ  দূৰত্ব  প্ৰায়  আঢ়ৈ কিলোমিটাৰ। নতুনকৈ  অহা ওচৰ চুবুৰীয়াবোৰৰ  নিজৰ নিজৰ বাহন আছে , গতিকে সমস্যা নাই। 
কোম্পানী এটাত সৰু চাকৰি  কৰা দেউতাকে কেতিয়াবাই কম পইচাতে মাটি এডোখৰ  কিনি তিনিকোঠালীৰ ঘৰটো  সাজিছিল বুলিহে ন'হলেটো  সিহঁতৰ অৱস্থা কি হ'লহেঁতেন ভাবিলে তাইৰ মূৰ ঘুৰাই যোৱাৰ উপক্ৰম হয় । যোৱা দুবছৰ আগলৈকে সকলো  ঠিকেই  চলি আছিল  কিন্তু  সেই বেমাৰটোৱে দেউতাকক  শেষ কৰাৰ পিছত যোৱা  দুবছৰে সমস্ত ঘৰৰ দায়িত্ব  এতিয়া তাইৰ কান্ধত।কোম্পানীৰ সৰু চাকৰিয়াল দেউতাকে যথেষ্ট কষ্ট কৰি সিহঁতৰ যিমান পাৰে সিমান অভাৱ দূৰ কৰিছিল। কিন্তু  বেমাৰটোৱে কাল ৰূপ ধাৰণ কৰি সিহঁতৰ ভেঁটিটোৰ বাবে সকলো গ্ৰাস কৰি পেলাইছে ।
তথাপি তাই যিমান পাৰে সিমান চেষ্টা কৰিছে নিজৰ  দায়িত্ব পালন কৰিবলৈ।গ্ৰেজুৱেট হোৱা বাবে বৰ্তমান কৰ্মৰত কোম্পানীটোত তাই  কিবাকৈ মূৰ গুজিছে। বিভিন্ন  ৰকমৰ বস্তুৰ লগতে বিশেষ কিছুমান উৎসৱ পাৰ্বণ, পাৰ্টি  আদিত ঘৰ আদি সুন্দৰকৈ  হৰেক ৰকমৰ লাইটেৰে আলোকিত কৰাৰ দায়িত্ব লোৱা এই কোম্পানীটোত  তাইৰ কাম কৰি বেয়া লগা নাই। কাম কৰা আৰু পইচা লোৱা এয়াই কোম্পানীৰ মুলমন্ত্ৰ। আগতে  তাই  কোম্পানীৰ অফিচতে কাম কৰিছিল। কিন্তু কথা কোৱাৰ দক্ষতাৰ লগতে ডিজাইন আদিতো তাইৰ দক্ষতাৰ উমান পাই বৰমুৰীয়াই আজিকালি তাইক বেলেগ বেলেগ দায়িত্বও প্ৰদান কৰিছে । কষ্ট হ'লেও  উৎসাহিত হৈ কাম কৰিছে , কাৰণ তাইৰ যোগ্যতাৰ বলত হাতলৈ দুইপইচা বেছিকৈ অহাৰ বাট মুকলি হৈছে। চিটি বাছত উঠি  কিবাকৈ চিট এটা দখল  কৰি অফিচলৈ যোৱাৰ সময় খিনিত কথাবোৰ মনতে পাগুলি পাগুলি তাই অফিচত সোমাল।
         অফিচত সোমাইয়ে ৰিপোৰ্টিং কৰি নিজৰ যাৱতীয় কামখিনি শেষ কৰিলে।  টিফিনত নিয়া ৰুুটি দুুুুখন আচাৰ আৰু পানী এবটলৰ  সৈতে দৌৰাদৌৰিকৈ খাই কান্ধত বেগটো ওলমাই লৈ আগতীয়াকৈ এপইন্টমেন্  লৈ থোৱা এগৰাকী উচ্চপদস্থ  বিষয়াৰ ঘৰলৈ ৰাওঁনা হ'ল। 
         পৰহিয়ে তাইৰ লগত ফোনত যোগাযোগ হৈছিল,  একমাত্ৰ জীয়াৰীৰ বাৰ্থদে  উপলক্ষে ঘৰত পাৰ্টি এটা  ৰাখিব আৰু সেয়েহে গোটেই  ঘৰটোক চকুত লগাকৈ  সজাই দিব লাগে। আজি তেখেতসকলৰ ঘৰখনত ক'ত কি  ডেকোৰেশ্যন হ'লে ভাল হ'ব সেই সকলোখিনি চাই মেলি  যাব লগতে খৰচৰ আধা অংশও তেখেতে পেমেন্ট  কৰিব। তাইৰ মনটো হঠাতে  উৎফুল্লিত হৈ পৰিল। আজি  তাইৰ প্ৰমোচনৰ কথাও  অফিচত ওলাইছে । আনহাতে দিবলগীয়া  চেকখনৰ পৰা তাইও বিশ  পাৰছেন্ট পাব। সংখ্যাটো মনতে ভাবি মনটো ভাল লাগি গ'ল । টিনপাটেৰে ঢাকি থোৱা খিৰিকীকেইখনও ঠিক কৰিব পৰা যাব। চিলিং নথকা সিহঁতৰ ঘৰটোত এইবাৰ  চিলিং লগাব পৰা যাব। চিলিংৰ কাম হ'লে তাত কেইটামান উজ্বল পোহৰৰ লাইট লগাব! ৰ'দ ভালকৈ সোমাব নোৱাৰা সিহঁতৰ   ঘৰটো পোহৰেৰে ভৰি  পৰিব ! সুন্দৰ কল্পনাৰে  দুচকুত আঁকি লোৱা সপোনটোৰে ভৰি পৰা মনটোৰে মানুহঘৰৰ সম্মুখত অটোএখনৰ পৰা নামিলে।
          গেটখন খুলিয়েই তাইৰ চকু থিয় হৈ গ'ল, "বাহ , ইমান  সুন্দৰ ঘৰ ! ইমান উজ্বল ! চাৰিওপিনে দেখোন  পোহৰেই পোহৰ!"
তাইক দেখি দৌৰি অহা  চকীদাৰ জাতীয় মানুহ জনক  তাই সুধিলে "ককাই, মিচেছ  স্বাতী শইকীয়া মেডাম  আছেনে ? "
" নাই, বাইদেউ নাই। থানালৈ  গৈছে"। মানুহজনৰ কথাত তাই স্পষ্টত: আচৰিত হ'ল।
"থানালৈ ? কিন্তু মোৰ আজি  তেওঁৰ লগত চাৰিবজাত এপইন্টমেন্ আছিল। এয়া চাওক।" মিচেছ স্বাতী শইকীয়াৰ চহী থকা কাৰ্ড এখন মানুহজনলৈ আগবঢ়াই দি তাই ক'লে।
"কি ক'ব আৰু ডাঙৰ    মানুহৰ কথা। আপুনি  আহিছে যেতিয়া বহক  ভিতৰতে।" মানুহজনৰ কথাত  কিবা ৰহস্যৰ গোন্ধ পালে  তাই।
" ছে: কি বা হ'ল ? ডাঙৰ  মানুহ কিবা কাম আছে ছাগে।  মোৰনো কি ! সজাবলগীয়া     ঠাইখিনি ভালকৈ চাই, চেকখন ল'বহে লাগে।" মনতে কথাখিনি ভাবি তাই  কলিংবেলত হাত থ'লে । 
" আপুনি" লাইট এণ্ড ডেকৰেচন"ৰ পৰা আহিছে  নেকি ?" সুসজ্জিত ড্ৰইংৰুমৰ  দৰ্জাখন খুলি দি প্ৰায় তাইৰ  সমবয়সীয়া ছোৱালী এজনয়েতাইক পোনচাটেই সুধিলে  ।

" ওঁ হয়, পিছে আপুনি ? "

" মই ইয়াতে থাকো। বাইদেউৱে আপুনি আহিব  বুলি ফোন কৰি জনাইছে।  আপোনাক দিবলৈ এটা লেফাফা দি গৈছে। অকণমান  বহক মই লৈ আহোঁ ৰ'ব। "
ছোৱালীজনী ভিতৰলৈ  সোমাই যোৱাত তাই চাৰিওফালে চকু  ফুৰালে, ইমান সুন্দৰকৈ  সজোৱা ৰূম! কিমান যে  সুখত থাকে ইয়াৰ  মানুহবোৰে ! কিন্তু তাইক  মাতি, তেখেত ক'লৈ গ'ল ?  ছে: তেখেতে যদি কামটো  কেনচেল কৰে তেতিয়া কি হ'ব ?" অলপ আগলৈকে উৎসাহিত হৈ থকা মনটো  হঠাতে জঁই পৰি গ'ল।  

" এইটো লওক।" লেফাফা  এটা তাইলৈ আগবঢ়াই দি  ছোৱালীজনীয়ে ক'লে ।
লেফাফাটো খুলি চেকখনত লিখা থকা সংখ্যাটো দেখি  তাইৰ চকু থিয় হৈ গ'ল। 
" কিন্তু আজি দেখোন    ফিফটি পাৰচেন্টহে দিয়া  কথা আছিল ?ইয়াত দেখোন সম্পুৰ্ণ পইচা লিখা  আছে ?" হতবাক হৈ  তাই ছোৱালীজনীক ক'লে ।

" মই এইবোৰ একো নাজানো । মই ইয়াতে কাম হে ক'ৰোঁ। " ছোৱালীজনীয়ে স্পষ্টকৈ উত্তৰ দিলে।
" কিন্তু মই তেখেতকহে লগ  পাব লাগিছিল। পৰহিলৈ  হ'বলগীয়া বাৰ্থদে পাৰ্টিৰ  বিষয়ে আলোচনা কৰিবলৈ।"তাই ছোৱালী জনীৰ পিনে  চাই ক'লে।

" কিন্তু মাইনা দেখোন   কালিয়েই তাইৰ বয়ফ্ৰেণ্ডৰ  লগত গুচি গৈছে । নিজৰ একমাত্ৰ জীয়াৰী, কাম- বন নথকা এটাৰ লগত পলাই  যোৱা বাবে, ছাৰে বাইদেউক  যথেষ্ট মাৰধৰ কৰিছে।  আজি সেয়েহে কেচ দিবলৈ  বাইদেউ থানাত গৈছে। কিমান সহিব আৰু সহ্যৰো এটা সীমা থাকে নহয় ।"

" কি...?"  বিস্ফোৰিত নেত্ৰেৰে  তাই চিঞৰি উঠিল  ।

"বাইদেউ বৰ ভাল মানুহ।  পিছে বহুত দুখ।ছোৱালীজনীক ইমান মৰম কৰে কিন্তু। তাই হৈছে উতনুুৱা আৰু গুৰু গোঁসাই নমনা  বিধৰ। ছাৰৰটো কথা নোকোৱাই ভাল। আধা দিন    বিজনেচৰ নামত বাহিৰত থাকে আৰু ঘৰত থকা  কেইদিন বন্ধুৰ লগত মদ খাই  স্ফূৰ্তি কৰে ।" থোকাথুকি  মাতেৰে কোৱা ছোৱালীজনীৰ কথাত একো নকৈ, চেকখন  টেবুলৰ ওপৰত থৈ তাই  যাবলৈ ওলাল। 

হঠাতে ৰিং হৈ উঠা মোবাইলৰ স্ক্ৰীনত স্বাতী শইকীয়াৰ  নাম্বাৰ দেখি তাই আচৰিত হৈ পৰিল। ফোনটো ৰিচিভ কৰি  তাই কোনোমতে ক'লে "হেল্লো"

"তুমি ঘৰলৈ আহিছা নহয়। চেকখন নোলোৱাকৈ নাযাবা  কিন্তু।" তাই কি ক'ম কি নক'ম  ভাবি থাকোতে পুনৰ সিফাল পৰা ভাহি আহিল এটা  অদ্ভুত শীতল কন্ঠ। "তোমালোকৰ তাত জীৱনৰ এন্ধাৰ গুচাই পোহৰাব পৰা  কিবা উপায় নাইনে ?" একো  উত্তৰ নিদি তাই লাহেকৈ  ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰি দিলে। ছোৱালীজনীক  মাত লগাই তাই খৰধৰকৈ  ওলাই আহিল, নোৱাৰি ইমান  আন্ধাৰত থাকিব।তাইক পোহৰ লাগে ! অলপ আগলৈকে তাইৰ মনত চাৰিওফালে উজলি থকা  ঘৰটোৰ আন্ধাৰত তাই একো নেদেখা যেন অনুভৱ হ'ল। কোবাকুবিকৈ তাৰ পৰা ওলাই গেটখন খুলি তাই  বাহিৰলৈ আহি দীঘলকৈ উশাহ এটা লৈ ঘৰলৈ বাট  পোনালে। 
          বাঁহৰ গেটখনৰে তাই নিজৰ ঘৰটোত সোমোৱাৰ  লগে লগে মাকে সদায়েই  তুলসীৰ তলত জ্বলোৱা চাকিগছিৰ পোহৰত, ইমান পৰে আন্ধাৰ হৈ থকা মনটো  পোহৰেৰে ভৰি পৰিল।  
হাত মুখ ধুই পঢ়ি থকা  ভায়েকৰ মূৰত হাত বুলাই দি  মাকৰ লগত সন্ধিয়াৰ চাহকাপ খাবলৈ বহিল।  এখন হাতেৰে মাকৰ হাতখন  খামুচি তাই ক'লে " মা  , আমাৰ ঘৰটোত চিলিং  লগোৱাৰ আগতে দুখনমান  ভালকৈ ভেন্টিলেচন লগাম দিয়া‌ সঁচা পোহৰ আহিবলৈ  বাট দিব লাগিব।"
" কিন্তু, তইচোন ইমানদিনে তোৰ পচন্দমতে চিলিংখনত সৰু সৰু উজ্জ্বল লাইট লগাম বুলিহে ভাবিছিলি, নহয় জানো ? " মাকে আচৰিত হৈ তাইক সুধিলে ।

" নালাগে  মা, মোক সচাঁ পোহৰ লাগে " 

একো নুবুজি, তাইক কিবা এটা সুধিবলৈ বিচৰা  মাকৰ কান্ধত মূৰটো গভীৰ  প্ৰশান্তিৰে পেলাই দি তাই  ভাবিলে কোনো ধৰণৰ কৃত্ৰিমতাৰ প্ৰলেপ নথকা  মৰম, বুুজাবুুুজি আৰু  বিশ্বাসেহে জীৱন পোহৰায়,  টকা পইচাই নহয়। 'সচাঁ পোহৰ' সোমাই, বিয়পিবলৈ সৰু সুৰুঙা এটাই যথেষ্ট ।


অঙ্গন:  পৃষ্ঠাঃ ৪১

বৰকুঁৱৰী

প্ৰণৱ ফুকন

"আজি আকৌ আহিল দেখোন বুঢ়ীজনী; কেই বছৰমান শান্তিৰে আছিলোঁ ৷" মুখৰ ভিতৰতে ভোৰভোৰালে যদিও নিৰদাই সবৰে আগত মৰমেৰেই মাতিলে: "পেহী আহিলি ৷ আহ, আহ, নিজৰ ঠাইত বহহি ৷" বুলি নিৰদাই নিজৰ পাচিটো অকণমান চোঁচৰাই নিজেও সামান্য দূৰত বহিল ৷ বুঢ়ীজনী মানে ৰূপহী নিৰদাৰ সম্বন্ধীয়া পেহীয়েক ৷ তাই অকালতে বাৰী হওঁতে ৰূপহীয়েই তাইক সাহস দি বজাৰত মাছ বেচিবলৈ আনিছিল ৷ সবকে চিনাকি কৰি দিছিল তাইৰ নিজৰ ভতিজাক বুলি ৷ সেয়ে নিৰদাই বজাৰত কেতিয়াও অসুবিধা পোৱা নাছিল ৷ 
              ৰূপহী আৰু জোনাদৈয়ে একেলগে মাছ বেচিবলৈ আৰম্ভ কৰিছিল ৷ হওঁতে ৰূপহী জোনাদৈতকৈ বহুত সৰু; বিয়াও পলমকৈ হৈছিল ৷ তাইৰ গাৰ বৰণটো অলপ মোটা, সেয়ে দৰা ওলোৱা নাছিল ৷ পাছত কিছু বয়সীয়া হৰেণলৈকে দিলে ৷ হৰেণৰ বয়সেই বেছি নহয়, মানুহটো হাপানি বেমাৰীও ৷ সেয়ে বহুতে তাৰ পৰা মাছ কিনিবলৈ বেয়া পায় ৷ বিয়াৰ পাছত কেবা বছৰো ৰূপহীয়ে যত্ন লোৱাত জেনিবা হৰেণৰ অলপ শ্ৰীবৃদ্ধি হ’ল ৷ তেতিয়ালৈ তাই জোনাৰ লগত বজাৰলৈ যাবলৈ আৰম্ভ কৰিছিল আৰু সৰু চহৰখনত বগী বাই আৰু কলী বাই হৈ পৰিছিল ৷ 
          এদিন ৰূপহীয়ে জোনাদৈক লাজ-লাজকৈ ক’লে তাই হেনো দুমাহমান গা ধোৱা নাই ৷ ক’বলৈহে পালে, জোনা একেবাৰে ৰূপহীৰ মাক হৈ পৰিল; সকলোখিনি চোৱা-চিতা কৰাৰ দায়িত্ব যেন তেওঁৰেই ৷ আৰু সময়ত ৰূপহীয়ে এটা ল’ৰা পালে, নাম থ’লে প্ৰেমকান্ত ৷ হৰেণেও যেন নতুন জীৱন এটাহে পালে; মুখত হাঁহিলৈ ঘৈণীয়েকক সকলো কামতে সহায় কৰি দিয়ে ৷ প্ৰেম অলপ ডাঙৰ হোৱাত হৰেণে তাৰ সকলো দায়িত্ব লৈ ৰূপহীক সাহস দি জোনাৰ লগত পুনৰ বজাৰলৈ পঠালে ৷
         ৰূপহীক দেখিয়েই বজাৰৰ দোকানী-পোহাৰীবোৰে সকলোৱে আহি তাইক মাত দিলেহি ৷ তাইৰ নিয়মীয়া গ্ৰাহক গঙ্গাৰাম দাসে তাইক দেখি ক’লে : "বাই, তোমাক দেখি বৰ ভাল লাগিছে ৷" জোনাই খোঁচ মাৰি ক’লে: "আমালৈ পাহৰিলেই নে ?" গঙ্গাৰামে হাঁহি এটা মাৰি ক’লে: "নাই, নাই, তুমিতো  বজাৰৰ বৰকুঁৱৰী আৰু এই বাই চমুৱা কুঁৱৰী ৷" দুয়োজনীয়ে মাত্ৰ বুজিলে যে যাৰ দেমাকী বেছি তেওঁ বৰ-কুঁৱৰী আৰু আনজনী চমুৱা কুঁৱৰী ৷ এনেয়েও মানুহজনৰ কথা বুজা টান, কিতাপ-পত্ৰ এসোপামানৰ ভিতৰতে সোমাই থাকে ৷
            ল’ৰাটোৰ পাঁচ বছৰ হোৱাত তাক স্কুলত নাম লগাই দিলে ৷ প্ৰেমে এলপি স্কুল পাচ কৰি হাইস্কুল পোৱাৰ পাচতহে লেঠা লাগিল - তাৰ পঢ়া- শুনাত মুঠেও মন ন'বহে ৷ প্ৰতিটো শ্ৰেণীতে ৰৈ ৰৈ এসময়ত শ্ৰেণীৰ বাকী ল’ৰাবোৰ তাতকৈ বহুত সৰু বুলি স্কুললৈ যাবলৈ লাজ পোৱা হ’ল ৷ তাৰ চিন্তাতে বাপেকটো আকৌ বেমাৰী হ’ল ৷ প্ৰেমৰ বয়স ওঠৰ বছৰমান হওঁতে ৰূপহীৰ অনুৰোধত মাছৰ ঘাটৰ বিষয়া দ’তৰামে তাক সহায়ক কৰি ল’লে ৷ তাৰ বয়স কুৰি বছৰমান হওঁতে মাকে বিয়াৰ কথা উলিয়ালে ৷ সি গৰ্‌গৰাই উঠিল: "এই কেইটা টকাৰে এজনীক আনি খুৱামেই নে পিন্ধামেই ?" বোৱাৰীৰ মুখ নেদেখাকৈ হৰেণে চকু মুদিলে ৷ ইতিমধ্যে জোনাদৈয়ো সিফলীয়া হৈছিল ৷ গতিকে এদিন নিৰদাক লগত নি বজাৰত থিতাপি লগালে ৷ অলপ দিনৰ পাছত যেনিবা কণা বিধিয়ি চকু মেলিলে; দ’তৰামৰ চেষ্টাত ফেৰী ঘাটৰ টিকট দিয়া আৰু হিচাপ ৰখাৰ চাকৰিটো প্ৰেমই পালে ৷ আৰু এদিন মাকক আগলৈ বজাৰলৈ যাব নালাগে বুলি ক’ব পৰা হ’ল ৷ সেই সুযোগতে ৰূপহীয়ে আকৌ বিয়াৰ কথা ক’লে ৷ সি মাত্ৰ "তই যি কৰ, কৰ" বুলি আঁতৰি গ’ল ৷ 
         ৰূপহীয়ে কাষৰে গাঁৱ এখনৰ জুৰি নামৰ ছোৱালী এজনীক বোৱাৰী কৰি আনিলে ৷ বছৰটো ঘূৰে মানে নাতি এগোটো হ’ল; নাম থলে কৃষ্ণকান্ত ৷ ল’ৰা লহপহকৈ বাঢ়ি আহিল; পাছে পুতেক-বোৱাৰীয়েকৰ কাজিয়া-পেচালো বাঢ়ি আহিল ৷ ৰূপহীয়ে কিবা এটা ক’লেও জুৰিয়ে শাহুৱেকৰ লগতো মুখ পাতি লয় ৷ প্ৰথমতে প্ৰেমই কাজিয়াৰ কাৰণ একো বুজি পোৱা নাছিল ৷ সি তাইক সুখী কৰিবলৈ, তাইৰ মন ভাল লগাবলৈ চেষ্টাৰ ত্ৰুটি নকৰিলে; কিন্তু জুৰি যেন একোতে সন্তুষ্ট নহয় ৷ কৃষ্ণৰ প্ৰতিও ক্ৰমান্বয়ে জুৰি উদাসীন হৈ পৰিল; ঘৰত যেন তাইৰ মনেই নবহে ৷ ৰূপহীয়ে গোটেই দিনটো কৃষ্ণক ৰাখে আৰু ঘৰৰ কামো কৰে ৷ জুৰি অকলেই নৈৰ ঘাটলৈ পানী আনিবলৈ যায় আৰু বহু দেৰীলৈকে ঘূৰি নাহে ৷ কেতিয়াবা জেং খৰি দুডালমান আনোগৈ বুলি কৈ সকলো কাম-বন এৰি দৌৰ মাৰে ৷ ৰূপহীৰ মনটো গোন্ধালে যদিও তাই প্ৰেমক একো নক’লে ৷
           ইফালে প্ৰেমেয়ো ভাৱি উৱাদিহ নাপালে ক’ত কি ভুল হ’ল ? পাছে কেবাদিনো জুৰিৰ গাঁৱৰ যোগেনক কোবাকুবিকৈ চাইকেল মাৰি যোৱা সি পাছফালৰপৰা দেখিলে ৷ 'তাৰ মানে এই অঘাইটংটো ঘূৰি আহিল ৷' মাজতে কোনোবা ছোৱালীৰ লগত লেটিপেটি কৰি কেইবছৰমান ক’ৰবালৈ গৈছিল বুলি প্ৰেমই শুনিছিল ৷ পাছে গাঁৱৰ মানুহে কথাটো ওলাবলৈ নিদিলে ৷ যোগেনৰ চাইকেল গৈ আলি কেকুৰি পাই মানে জুৰিও যেন সেই সময়তে নদীৰ পানী লৈ বা জেং খৰি দুডালমান লুৰি ঘৰ সোমাইহি ৷ গোটেই কথাবোৰ জুকিয়াই চাই প্ৰেমৰ মনতো সন্দেহ হ’ল যদিও মাকে-পুতেকে  ইটোৱে সিটোক একো নক’লে ৷
          কৃষ্ণক স্কুলত নাম লগাবৰ হ’লত জুৰি আৰু প্ৰেমৰ কাজিয়া তুঙ্গত উঠিল ৷ সদায় ৰাতি আইতাকেই কৃষ্ণক বুকুত সুমুৱাই শুৱাই থয়, নহ’লে জুৰিৰ যিখনহে থেকেঁচনি ৷ ৰূপহীয়ে বুজিলে প্ৰেমই কৃষ্ণক স্কুললৈ পঠোৱাৰ কথাই কৈছে, কিন্তু তাৰ কথাত বোৱাৰীয়েক একেবাৰে ৰাজি নহয় ৷ ৰূপহীয়ে অৱশ্যে সিহঁতক একো নুসুধিলে ৷ এদিন পুৱা চাহ খাই-খাই প্ৰেমই জুৰি আৰু মাকৰ আগত কৃষ্ণৰ স্কুললৈ যোৱাৰ কথা উলিয়ালে ৷ মাকে তালৈ চাই থকা দেখি প্ৰেমই ক’লে যে কৃষ্ণক স্কুলততো নাম লগাই দিবই লাগিব ৷ পুৱা সি চাকৰিলৈ যাওঁতে অকণমান সোনকালে ওলাই তাক লগত লৈ যাব পাৰিব, পাছে দুপৰীয়া আনিবলৈ ফেৰীঘাটৰ পৰা আহৰি নাপাব ৷ ৰূপহীয়ে এইবাৰ সুধিয়েই পেলালে: তেন্তে তহঁত মাক-বাপেক দুটাই কি ভাৱিছনো ? 
প্ৰেমই ক’লে: 'মানে মইহে কৈছোঁ ৷ গাঁৱৰে নিৰদাতো বজাৰলৈ যায়েই; জুৰিও যদি তাইৰ লগতে যায়, তেন্তে হিচাপটো মিলি যায় ৷' জুৰিয়ে মাত্ৰ প্ৰেমলৈ চাই থাকিল, একো নামাতিলে ৷
ৰূপহীয়েহে ক’লে: 'বৰ ভাল কথা দে ৷ আমিওতো তেনেকৈয়ে ল’ৰা পঢ়ুৱাইছিলোঁ ৷' এইবাৰ জুৰি জ্বলি-পকি উঠিল; মাক-পুতেকলৈ এনেকৈ চালে যেন দুয়োটাকে পুৰি ছাঁই কৰি পেলাব ৷ 'ল’ৰা পঢ়ুৱাবলৈ যদি ইমানেই মন, বুঢ়ীনো নিজেই নাযায় কেলে’ ?' বুলি কৈ চাহৰ বাটিটো থেকেঁচা মাৰি থৈ উছাত মাৰি ওলাই গ’ল ৷ প্ৰেমই মূৰ তল কৰি বহি থাকিল ৷ ৰূপহীয়ে গোঁসাই ঘৰৰ মুখতে আঠু ল’লে আৰু কৃষ্ণক সাৱটি ধৰি কেইসোঁতামান কান্দিলে ৷ কিন্তু তাৰ পাছতে কিবা এটা হেস্তনেস্ত কৰিবই লাগিব বুলি শপত খালে ৷
          সেই ৰাতি জুৰিয়ে হাতত সাৰে ভৰিত সাৰে দুৱাৰ খোলা গম পায়ো প্ৰেমই টোপনিৰ ভাও জুৰি থাকিল ৷ সি একেবাৰে অতিষ্ঠ হৈ পৰিছিল ৷ পুৱা মাকক ক’লেগৈ: "তাই গ’লগৈ ৷" ৰূপহীয়ে সুধিলে: "যোগেন ?" প্ৰেমই একো নক’লে ৷ ৰূপহীয়ে ক’লে: "ৰবি ৷" তাই বহুত দিনৰ পাছত মাছৰ খৰাহিটো নমাই আনি প্ৰেমৰ হাতত দিলে বোলে দ’তৰামৰ পৰা মাছ দুটামানকে আনি দে ৷ প্ৰেম ঘূৰি আহে মানে তাই গাটো তিয়াই ল’লে; কৃষ্ণকো ধুৱাই- পখলাই সাজু কৰিলে ৷
         বজাৰ পাই নিৰদাই এৰি দিয়া ঠাইকণত ভালদৰে বহি লৈ নিৰদাক ক’লে: "বুজিছ আই, এইখন বজাৰৰ মই বৰকুঁৱৰী আৰু তই চমুৱা কুঁৱৰী ৷"
  

অঙ্গন: পৃষ্ঠা ৪২
শেষ পৃষ্ঠাৰ লেখাঃ

মানৱ জীৱনত খাদ্যৰ প্ৰভাৱ

            জীৱ মাত্ৰেই খাদ্যৰ প্ৰয়োজন। খাদ্যৰ অবিহনে জীৱ জাতি তিস্তি থকাটো সম্ভৱ নহয়। খাদ্যভাস অনুসৰি জীৱ জগতক অন্নভোজী, মাংসভোজী আৰু তৃণভোজী এই তিনিটা ভাগত ভাগ কৰা হৈছে। পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ্থে ভগৱানে জীৱক ভিন্ন ৰূপত স্বৰ্জন কৰিছে। ইয়াৰে মানুহক আমি অন্নভোজী তথা সৰ্বভোজী বুলি ধৰি লৈ মূল দুটা ভাগত ভাগ কৰিব পাৰোঁ, মাংসভোজী আৰু নিৰামিষভোজী। 
            শাস্ত্ৰত উল্লেখ কৰা মতে খাদ্যৰ গুণ তিনিটা। ১/ সত্ত্ব গুণী খাদ্য ২/ ৰজ গুণী খাদ্য আৰু ৩/ ত্বম গুণী খাদ্য। 
১/ সত্ত্ব গুণী খাদ্য:- সত্ত্ব গুণী খাদ্য হৈছে শুদ্ধ পাত্ৰত শুদ্ধ ভাৱে শুদ্ধ দব্যৰে ৰন্ধা খাদ্য। য'ত তেল, মা-মচলাৰ প্ৰয়োগ নকৰাকৈ ৰন্ধা হয়। যাক ঈশ্বৰকো অৰ্পন কৰিব পাৰি।
২/ ৰজ গুণী খাদ্য:- ৰজ গুণী খাদ্য হৈছে নানা ধৰণৰ মা-মচলা প্ৰয়োগ কৰি ৰন্ধা খাদ্যৰ লগতে মুখৰ ৰুচিবোধত টেঙা, তিতা, জলা ইত্যাদি খাদ্য।
৩/ ত্বম গুণী খাদ্য:- ত্বম গুণী খাদ্য হৈছে মুখৰ তৃপ্তিৰে মানৱ শৰীৰৰ উদৰ পূৰণৰ বাবে ৰন্ধা খাদ্য। যেনে মাছ, মাংস, কণী ইত্যাদি।
                শাস্ত্ৰত উল্লেখ আছে যে ভোজন শুদ্ধ হ'লেহে মন শুদ্ধ হয় আৰু মন শুদ্ধ হ'লেহে কৰ্ম সৎ হয়। সেয়েহে নৱ দম্পতিয়ে বিবাহৰ পিছত বা শৰণ লোৱা প্ৰথা বৈষ্ণৱ ধৰ্মত প্ৰচলন আছে। এই শৰণৰ প্ৰক্ৰিয়াত পুৱা বিছনা এৰাৰ পৰা ৰন্ধন-পকৰণ আদিত কি কি নিয়ম পালন কৰিব লাগে তাক সুন্দৰ কৈ বুজাই দিয়া হয়। সেয়ে বৈষ্ণৱ ধৰ্মাৱলম্বী লোক সকলে শৰণ লোৱাৰ পিছত হে ন-বোৱাৰীক ৰান্ধনী ঘৰটো এৰি দিয়ে। সাত্ত্বিক আহাৰে আমাৰ মন, মগজু আদি শান্ত কৰি ৰাখে। সেয়েহে সাত্ত্বিক আহাৰ গ্ৰহণ কাৰীয়ে ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি ধৰ্যসহকাৰে আৰু শান্তিপূৰ্ণ ভাৱে কোনো এটা বিষয়ৰ সম্পৰ্কে চিন্তা কৰিব পাৰে। তেওঁলোক মানসিক ভাৱে উন্নত, ধীৰ-স্থিৰ,আত্মসংযমী আৰু সৎ চিন্তাৰ গৰাকী হয়। আনহাতে ত্বামসিক আহাৰ গ্ৰহণ কাৰী লোক সকল সাধাৰণতে উগ্ৰ স্বভাৱৰ হয়। তেওঁলোকে ক্ৰোধৰ ওপৰত বিবেকৰ ৰাজত্ব চলাব নোৱাৰে। ফলত ধৰ্যহীন, খঙাল, অনুশাসনহীন হৈ পৰে। উদাহৰণ স্বৰূপে আমি তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণীৰ মাজৰ পাৰ্থক্যখিনি বিচাৰ কৰি চাব পাৰো হক্‌।
            বৰ্তমান যুগত আমাৰ খাদ্যাভাসৰ যথেষ্ট পৰিবৰ্তন হৈছে। শাস্ত্ৰ কথা মতে বিচাৰ কৰি চালে হয়তু আমাৰ খাদ্যাভাসৰ পৰিবৰ্তনৰ বাবেই আমাৰ মন, মগজু, ৰক্তচাপ, হৃদপিণ্ড আদিৰ কাৰ্যৰ ক্ষেত্ৰখনত পৰিবৰ্তন আহি পৰিছে। ফলত নিজৰ শৰীৰ বা ঘৰখন বা সমাজৰ ক্ষেত্ৰত নানান সমস্যাই দেখা দিছে। সেয়েহে আমি ত্বামিক আহাৰ যথা সম্ভৱ কম কৰি তাক শত্ৰু জ্ঞান কৰি ক্ৰমান্বয়ে জীৱন শৈলীৰ পৰা আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰিব লাগে। যিহেতু খাদ্যৰ পৰাই দেহত ৰসৰ সৃষ্টি হয়। আকৌ ৰসৰ পৰা তেজ। সেইদৰে তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জাশক্তি, মজ্জাশক্তিৰ পৰা বীৰ্য আৰু বীৰ্জৰ পৰা প্ৰাণীৰ সৃষ্টি হয়। গতিকে আমাৰ শৰীৰ সৃষ্টিত খাদ্যৰ গুৰুত্ব অধিক। সেয়ে আমি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত অধিক সচেতন হোৱাৰ প্ৰয়োজন। শেষত ব্ৰহ্মদেৱে দেৱতা সকলক কোৱা এষাৰি কথাৰে আজিৰ লেখাটি সামৰিব খুজিছোঁ

" আৰু ব্ৰহ্ম বচন বুলিলা যেন মত।
যজ্ঞৰ সহিতে প্ৰজা স্বজিলা পূৰ্ব্বত।।
বৃষ্টি দ্বাৰা অন্নহোৱে জানিবা সাক্ষাত
অন্ন হস্তে শুক্ৰ ৰূপে প্ৰজা হোৱা জাত।"
 
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
ম'বাইল নং 6000709096

অঙ্গন:  পৃষ্ঠাঃ ৪৩




Post a Comment

0 Comments