অঙ্গনঃ তৃতীয় বছৰ (৮ নং সংখ্যা)




নিয়মাৱলী:

১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
 13 অক্টোবৰ 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা ৫
👉প্ৰৱন্ধ : পৃষ্ঠা ৬-৯
👉প্ৰতিযোগিতা: পৃষ্ঠা ১০-১৫
👉ধাৰাবাহিক: পৃষ্ঠা ১৬
👉অণুগল্প : পৃষ্ঠা ১৭-১৯
👉অনুবাদ সাহিত্য : পৃষ্ঠা ২০-২২
👉কবিতা: পৃষ্ঠা ২৩-৪১
👉অনুভৱ: পৃষ্ঠা ৪২
👉গল্প: পৃষ্ঠা ৪৩-৪৫
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৬

অঙ্গন: পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
ৰিছা শইকীয়া, তেজপুৰ।
কেমেৰাঃ যিশু গগৈ, মেকআপঃ অনিমা শইকীয়া

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ

শাৰদীয় চিন্তা

শৰৎ মানেই কঁহুৱাৰ নাচোন, তলসৰা শেৱালিৰ সুবাস, সুন্দৰ জলবায়ু। যেন পৃথিৱীখন সৰগলৈ ৰূপান্তৰিত হয়। এই শাৰদীয় বতৰতে দেৱী দুৰ্গাৰ পূজা অনুষ্ঠিত হয়, মানুহৰ মনবোৰ প্ৰশান্তিৰে ভৰি পৰে। কবি সাহিত্যিক সকলেও যেন এই শাৰদীয় নৈসৰ্গিক দৃশ্যৰাজিক কলমেৰে ধৰি ৰাখিবলৈ অপ্ৰাণ চেষ্টাত ব্ৰতী হৈ পৰে। ভাবিয়েই ভাল লগা শাৰদীয় বতৰৰ কথা কৈ শেষ কৰিব নোৱাৰি।
শৰতৰ এই অপূৰ্ব সৌন্দৰ্যৰ মাজতেই দুটি অতিকৈ গুৰুত্বপূৰ্ণ বিষয় এই লেখাটিৰ জৰিয়তে প্ৰকাশ কৰিবলৈ যত্ন কৰা হৈছে।
এক।
 দেৱী দুৰ্গাৰ আৰাধনা মানেই প্ৰকৃতাৰ্থত এক আধ্যাত্মিক পৰিৱেশ, ঈশ্বৰৰ প্ৰতি মানৱৰ সেৱা তথা ভক্তিৰ বহিঃপ্ৰকাশ। ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লগতে আনকি বিদেশত থকা ভাৰতীয় সকলৰ মাজতো এই পূজাই বিশেষ মৰ্যদা লাভ কৰে। কিন্তু এই পূজাৰ নামতেই যেন এচাম লোকৰ মাজত আৰম্ভ হয় অঘোষিত প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতা জাকজমকতাৰ প্ৰতিযোগিতা, কোনটো পূজা মণ্ডপ কিমান বৃহতাকাৰে সজা হল তাৰ প্ৰতিযোগিতা। জাকজমকতা মানেই অৰ্থৰ অপচয়, ক্ষন্তেকীয়া আনন্দ। পূৰ্বৰে পৰা পূজাৰ নামত প্ৰচলিত চান্দা প্ৰথাৰে সংগ্ৰহ কৰা বৃহত পৰিমাণৰ পূজি এইদৰে জাকজমকতাৰ নামতেই খৰচ কৰা উচিত নে? কথাষাৰ চিন্তণীয়।
দুই।
ঋতুৰ পৰিৱৰ্তন এক স্বাভাৱিক পৰিঘটনা। এই পৰিৱৰ্তন প্ৰাকৃতিক পৰিৱেশ তথা জলবায়ুৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বিগত কেইটামান বৰ্ষৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো যি হাৰত জলবায়ুৰ পৰিৱৰ্তন হৈছে এয়া অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। অসমত এইবাৰ যি সময়ত বৰষুণৰ প্ৰয়োজন হৈছিল সেই সময়ত খৰাং বতৰে ৰাইজক জুৰুলা কৰিলে, ইয়াৰ পিছতে হঠাতে অহা বৰষুণে বানপানী আৰু কৃত্ৰিম বানৰ সৃষ্টি কৰি প্ৰায় সমগ্ৰ অসমবাসীক জলা কলা খুৱালে আৰু তাৰ পাছতেই খেতিয়কে খেতি পথাৰলৈ নামিবলৈ লওতেই পুনৰ বৰষুণ নাইকিয়া হৈ থাকিল। লাহে লাহে ৰাজ্যখনত বৰষুণৰ পৰিমাণ কমি আহিছে। প্ৰয়োজনতকৈ অধিক উষ্ণতাই মানুহৰ জীৱন ধাৰণত বৰকৈ প্ৰভাৱিত কৰিছে। এই প্ৰভাৱ ঋতুসমূহতো পৰিছে।
অপ্ৰিয় সত্য যে আমি আমাৰ কৰ্মফল ভূগিছোঁ। জধে মধে গছ কাটি, পৰ্বত পাহাৰ খান্দি, বনৰীয়া জীৱ-জন্তু ধ্বংস কৰি, নৈৰ স্বাভাৱিক গতিক ৰোধ কৰি আমি আধুনিক হোৱাৰ প্ৰতিযোগিতাত নামিছোঁ। এইদৰে আমি চিৰসেউজ পৃথিৱীখন বসবাসৰ অনুপযুক্ত কৰি তুলিছোঁ।
কথাবোৰ চিন্তা কৰিবৰ হ’ল। চিন্তা কৰি কাৰ্যব্যৱস্থা হাতত ল’বৰ হ’ল। তেহে আমি ভৱিষ্যত প্ৰজন্মটোৰ বাবে এই সুন্দৰ গ্ৰহটো একেদৰে থৈ যাব পাৰিম।
 
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ ৬
প্ৰৱন্ধঃ
শৈশৱৰ বঁকিয়াৰে শাৰদীয় দুৰ্গা পূজা

ছৈয়দা আঞ্জুম আৰা হুছেইন

“আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন
জোনাকত ওপঙি কিহবাৰে ৰাগী
কেনেবা কৰিলে মন
বুকুৰে বান্ধৈ ঐ কেনেবা কেনেবা মন “ (পাৰ্ৱতী প্ৰসাদ বৰুৱা )

টোপাটোপে নিয়ৰ সৰিছে ৷ চেঁচা বতাহ এছাটিয়ে জুৰ পেলাইছেহি  দেহ _মন ৷ পদূলিত শেৱালিৰ আমোলমোল সুগন্ধই নষ্টালজিক কৰি তুলিছে মন ৷ ফুটফুটীয়া চোলাটো পিন্ধি দৌৰি দৌৰি উভতি যাম যেন মোৰ শৈশৱৰ দিনবোৰলৈ ৷ পুৱা হ’লেই কোঁচ ভৰাই  বুটলিম চোতাল শুৱাই  সৰি থকা তল সৰা  শেৱালি৷ বনগুটিৰ ঠাৰিত আৰু সূতা ভৰাই থোৱা বেজীৰে সেই ফুলেৰে মালা গাঠিম ৷ বাৰে বাৰে উশাহেৰে উজাই ল’ম  শেৱালিৰ মিঠা  মিঠা সুবাস  ৷ মায়াময় আবেলি চিলা হৈ উৰা শুকুলা ডাৱৰ ফালি উৰি যোৱা জাকপতা বগলী দেখি হাত বাউলি  দি লগৰীয়া স’তে গীত জুৰিম _“বগলী বগা ফোঁট দি যা //বগলী বগা ফোঁট দি যা_ _” ৷ আৰু __ _ আৰু নিজৰ নিজৰ আঙুলিৰ নখত বিচাৰিম বগলীৰ পাখিৰ কিমানটা ফোঁট সৰি পৰিল আহি ? হাততসাৰে _ভৰিতসাৰে চোপেচাপে গৈ আলফুলকৈ জোপোহা আৰু বনত পৰা সৰু সৰু জিঞা ধৰিম আৰু খিলখিল হাঁহিৰে সিহঁতক আকৌ উৰুৱাই দিম আকাশৰ বুকুলৈ 
     নিয়ৰ সৰা ৰাতিবোৰতেই দেখােন আকাশেদি উৰি যায় দূৰ_ দূৰণিৰ পৰা অহা  শৰালিজাক ডেউকা কোবাই ,অচিনা এটি মাতেৰে মনত অবুজ শিহৰণ জগায় ৷ এৰি অহা ল’ৰালিত  পিৰালিতে বহি জোনাক ভৰা আকাশ খনলৈ চাই চাই জোনৰ বুকুত জুমি জুমি যে বিচাৰিছিলোঁ মৃগপশু হালি ,বৰকৈ মনত পৰিছে আজি ৷ আইয়ে কৈছিল__“ শৰালিজাক উৰিলে ,নিয়ৰ পৰিলে ,শেৱালি সৰিলেই দেৱী দুৰ্গাই  ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক লগত লৈ ধৰালৈ নামি আহে অসুৰক বধ কৰি মানুহৰ অপায়-অমঙ্গল দূৰ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে ,ঐশ্বৰ্য-বিভূতি আৰু শিক্ষা-দীক্ষাৰে আমাৰ জীৱন সুন্দৰ কৰি তুলিবৰ বাবে ৷ সঁচাকৈয়ে আইয়ে কোৱাৰ সময়তেই আমাৰ সৰু চহৰখনলৈ পূজাৰ সুন্দৰ সময়ৰ সমাবেশ ঘটিছিল ৷ উৎসৱ উৎসৱ লগা পৰিবেশ এটাই আমাৰ হিয়া-মন আহ্লাদিত কৰি তুলিছিল ৷ দুৰ্গা পূজাৰ মণ্ডপকেইখন ইমান সুন্দৰকৈ যে সজাই তোলা হৈছিল ! দূৰৈৰ পৰা ভাঁহি অহা দেৱী বন্দনাৰ গুৰুগম্ভীৰ সুৰে আমাৰ শিশু মনত জাগ্ৰত কৰিছিল ভয়-ভক্তিভৰা এক অবুজ শিহৰণ ৷ 
লগৰীয়া স’তে ঢাপলি মেলিছিলোঁ পূজাৰ মণ্ডপলৈ ৷ পূজাৰ মণ্ডপত প্ৰতিষ্ঠা কৰি থোৱা আদ্যাশক্তি মা দুৰ্গা গোসাঁনীৰ দশভূজা ৰূপ দেখি মন্ত্ৰমুগ্ধ হৈ চাই ৰৈছিলোঁ অপলক নেত্ৰেৰে ৷ দুৰ্গা গোসাঁনীৰ সোঁ কাষত ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী ,সিদ্ধিদাতা গণেশ আৰু বাওঁ কাষত সৰ্বশুক্লা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী ,বীৰ্যৱান দেৱতাৰ সেনাপতি কাৰ্তিকৰ,  মৃণ্ময় শিল্পীৰ হাতৰ পৰশত জীৱন্ত হৈ পৰা অনবদ্য ৰূপে আমাক কৰি পেলাইছিল সন্মোহিত ৷ বেদৰ যুগতেই দেৱৰ্ষিসকলৰ ধ্যান-ধাৰণাৰে সৃষ্টি হোৱা এই দেৱ-দেৱী সকলৰ স্বৰূপ সম্পৰ্কে শিশুকালত আমাৰ বিশেষ একো জ্ঞান নাথাকিলেও তেওঁলোক যে আমাৰ পৰম পূজ্য সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ ৷ পূজাৰ মণ্ডপৰ ধূপ-ধূণাৰ গোন্ধ ,শংখ-ঘণ্টা , ডবা , বৰকাঁহৰ ধ্বনিয়ে চৌদিশ পৱিত্ৰ কৰি তোলাৰ সেই আধ্যাত্মিকভাৱৰ পৰিবেশটোত আজিও অৱগাহন কৰোঁ শাৰদীয় পূজাৰ বতৰত ৷ মনলৈ তেতিয়া একেবাৰেই নাহিছিল  পূজাৰথলীত সমবেত হোৱা লোকসকল কোন কি  সম্প্ৰদায়ৰ ৷ জাতি ,ধৰ্ম ,ভাষা নিৰ্বিশেষে সকলোৱে উপলব্ধি কৰিছিলোঁ পূজাৰ আধ্যাত্মিক ভাৱৰ গভীৰতাৰ লগতে উৎসৱ মুখৰ  এক উচ্ছল জোৱাৰ । এতিয়া অনুভৱ কৰোঁ আহোম স্বৰ্গদেউ সকলৰ দিনতে ৰজাঘৰীয়া সমাদৰ আৰু স্বীকৃতি পোৱা দুৰ্গা পূজা আৰু দেৱী দুৰ্গাৰ দ’ল সমূহ চোৱাচিতা কৰিবলৈ মুছলমান সম্প্ৰদায়ৰ দৌলা পৰিয়ালক দায়িত্ব দিয়াৰ  দূৰদৰ্শিতাৰ কথা যি এই অসমভূমিত সাম্প্ৰদায়িক সম্প্ৰীতিৰ জৰীডাল নিকপকপীয়া কৰিছিল সৌ তাহানিতে ৷
    পূজা মণ্ডপৰ কাষে কাষে শাৰী পাতি বহা দোকানবোৰ আমাৰ আকৰ্ষণৰ আন এক মুখ্য কাৰণ আছিল ৷ দোকানবোৰত ধুনীয়াকৈ পৰিপাটি ভাবে সজাই থোৱা ৰং-বিৰঙৰ বিভিন্ন খেলৰ সামগ্ৰীবোৰে আমাক চুম্বকৰ দৰে আকৰ্ষণ কৰিছিল ৷ ৰঙা-নীলা সৰু ডাঙৰ বেলুন , সাপ বেলুন , পানী বেলুন , গেছ বেলুন , সৰিয়হ ভৰাই বাঁহৰ সৰু কাঠি এডালত বান্ধি দিয়া গোল গোল বেলুন আদি ক’ত যে ধৰণৰ বেলুন ৷ সৰু সৰু ৰঙা-হালধীয়া চশমা , ৰং-বিৰঙৰ সৰু সৰু প্লাষ্টিকৰ ঘড়ী,ইচ...! ইমান যে প্ৰিয় সামগ্ৰী আছিল আমাৰ ৷ মনত পৰে ছয় ইঞ্চিমান দীঘল এডাল মিহি তাৰৰ এটা মূৰত লগাই থোৱা বান্দৰৰ খেলনাটো ৷ তাৰডাল উভটাই ধৰিলে সৰু প্লাষ্টিকৰ বান্দৰটো তললৈ কঁপি কঁপি নামি আহে ৷ বৰ ৰং পাইছিলোঁ এই দৃশ্য চায় ৷ মাহঁতে আমাৰ হাতত দিয়া সীমিত পইচাৰে আমি যি পাৰোঁ নিজৰ নিজৰ ভাল লগা বস্তুবোৰ কিনো ৷ বাদাম ভজা , কেঞাবগৰী , চানাচুৰ আৰু ৰঙা-সেউজীয়া বৰ্গাকৃতিৰ কাঠৰ বাকচত ভৰাই বিক্ৰী কৰা বাঁহৰ কাঠীত লাগি থকা  বগা , ৰঙা , হালধীয়া বৰফবোৰ আমাৰ বৰ প্ৰিয় খাদ্য আছিল পূজাৰ থলীত ৷ আজিৰ দৰে ব্যয়বহুল হোটেল ,ৰেষ্টুৰেণ্ট বা চাওমিন ,ধোচাৰ দৰে বিবিধ খাদ্য সম্ভাৰৰ পয়োভৰ নাছিল আমাৰ শৈশৱ কালত ৷ নাছিল পূজা মণ্ডপবোৰো আজিৰ দৰে প্ৰতিযোগিতাৰ ধামখুমীয়াত  বৈ গৈ বিলাসিতাৰ অধিক ৰহনসানি জাকজমকতকৈ সজোৱাৰ মানসিকতা ৷ সৰল মনৰ মানুহ , সৰল আন্তৰিকতাপূৰ্ণ  ভক্তি দেৱ-দেৱীলৈ ৷ বৰ্তমানৰ জটিলতাই স্পৰ্শ নকৰা লোকসকলে পূজাৰ আয়োজন কৰিছিল এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত য’ত বিচাৰি পাইছিলোঁ ঈশ্বৰ প্ৰাপ্তিৰ পৰম সুখ ৷ প্ৰতিযোগিতাৰ অশুভ পৰিবেশ বা প্ৰভাৱ নাছিল বাবেই আমিও সৰুতে মা-দেউতাক আমাৰ ভাললগা পোচাক বা আন সামগ্ৰী বিচাৰি কেতিয়াও আমনি কৰা নাছিলোঁ ৷
   সময়ৰ লগে লগে পাৰিবাৰিক , সামাজিক , অৰ্থনৈতিক ,ৰাজনৈতিক সকলো ক্ষেত্ৰতে পৰিবৰ্তন আহিছে ৷ আজিৰ বিশ্বায়নৰ যুগত পৰিবৰ্তন অহাটোৱেই স্বাভাৱিক ৷ আজিৰ অত্যাধুনিক সময়ে আমাৰ হাতত তুলি দিছে বহুত কিবাকিবি আৰু সেইদৰে কাঢ়িও নিছে বহুতো ঐতিহ্যপূৰ্ণ মানসিক আৰু সামাজিক সম্পদ ৷ দুৰ্গা পূজা মহাআড়ম্বৰেৰে আজিও অনুষ্ঠিত কৰা হয় ভাৰতৰ প্ৰান্তৰে প্ৰান্তৰে ৷ সমাবেশ ঘটে হাজাৰ বিজাৰ ভক্তগণৰ ৷ জাতি , ধৰ্ম নিৰ্বিশেষে সকলোৱে এই পূজাত ভাগ লয় বৰ উলহমালহেৰে ৷ তাৰ মাজতো যেন বিচাৰি ফুৰিছোঁ আমি এৰি অহা সময়ৰ কিবা ভাললগা এটা ৷ হয়তো সেয়া মানুহে মানুহৰ প্ৰতি অকৃত্ৰিম মৰম ভালপোৱা , প্ৰতিযোগিতাৰহিত আন্তৰিকতাপূৰ্ণ ভক্তিভাৱ ঈশ্বৰৰ প্ৰতি আৰু মানুহৰ প্ৰতি ৷ মনত পৰিছে বেদত কোৱা সেই তত্বগভীৰ কথাষাৰঃ“ হে দেৱী ! তুমি পুৰুষো নহয় , নাৰীও নহয় ৷ তুমি বালকো নহয় ,বালিকাও নহয় ৷ তুমি এক অবিনশ্বৰ শক্তি সকলো জীৱৰে মাজত৷" মানুহৰ মাজত এই পৰম আৰধ্য দেৱীৰ ৰূপ বিচাৰিয়েই হয়তো শৰৎ আহিলেই উভতি যাবৰ মন যায় মোৰ শৈশৱৰ দিনবোৰলৈ অকৃত্ৰিম সৰলতাৰ মাজত ঈশ্বৰক বিচাৰি পাবলৈ ,শাৰদীয় উৎসৱৰ মাজেৰে মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ ৷ সেয়েহে শিশুকালতেই হৃদয় স্পৰ্শ কৰি যোৱা দুৰ্গতিবিনাশিনী , মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাৰ অৰ্চনাৰে উচ্চাৰণ কৰা সেই মন্ত্ৰ আজিও কৰ্ণকুহৰত বাজি থাকে 
“যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতাঃ ৷
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ৷ ৷

ঠিকনাঃ গুৱাহাটী

অঙ্গন: পৃষ্ঠাঃ ৭

শ্ৰী ৰাধা  চৰিত্ৰ: অসমীয়া বৈষ্ণৱ সাহিত্যৰ স্থান শীৰ্ষক লেখাটো বিশেষ কাৰণৱশত: এই সংখ্যাত প্ৰকাশ কৰিব পৰা নগ'ল। পৰৱৰ্তী সংখ্যাত লেখাটো প্ৰকাশ পাব।

অঙ্গন: পৃষ্ঠাঃ ৮
'শাৰদী ৰাণী তোমাৰ হেনো নাম!'

জ্যোতিমণি শইকীয়া

      খিৰিকীখন খুলি দি পান কৰিলোঁ শাৰদীয় ৰাণীৰ ৰূপ সুধা! আকাশ নীলা আৰু নীলা, জোনবাই জনীয়ে যেন প্ৰাণঢালি পৃথিৱীক পোহৰ বিলাইছে। বিচনাৰ পৰা নামি অজানিতে দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিলোঁ। শৰতৰ আলফুলীয়া জোনাকে মোৰ কলিজাটোক সাৱটি ধৰিলে...
     শৰৎ আহে বছৰে বছৰে। বৰ্ষাকালৰ ধাৰাসাৰ বৰষুণৰ পিছত আকাশ ফৰকাল হৈ, বুকুত কপাহ-কোমল শুকুলা ডাৱৰ লৈ ধৰালৈ শৰৎ নামে শাৰদী ৰাণী হৈ। নদীৰ পাৰে পাৰে কঁহুৱা ফুলে, নিয়ৰ সনা দূবৰিৰ বুকুত সৰা শেৱালিয়ে আলিংগন কৰে, জোনাক বিধৌত ৰাতিবোৰে হৃদয়ত মায়া জগায়। ৰূপহী শাৰদী ৰাণীৰ সৌন্দৰ্যত মুগ্ধ হৈ মানুহৰ মনত জাগি উঠে সুখ-শান্তি আৰু প্ৰেম-প্ৰীতিৰ এক অবুজ উন্মাদনা! অন্যহাতে সৃষ্টিশীল কবি-সাহিত্যিক আৰু কলা-কুশলী সকলৰ মনত জাগ্ৰত হয় সৃষ্টিৰ বাসনা।
      শাৰদীয় ৰাণীৰ সৰগীয় ৰূপত মুগ্ধ হৈ কতজনে লিখিছে কালজয়ী ৰচনা! তাৰ ভিতৰত অন্যতম মহাকবি কালিদাসে ৰচনা কৰা 'শৰৎ সংহাৰ', 'মেঘদূত' অমৰ গ্ৰন্থ। কীৰ্তনপুথি আৰু পুৰাণসূৰ্য ভাগৱতৰ পাতত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে শৰতৰ অপৰূপ ৰূপ বৰ্ণনা কৰিছিল এনেদৰে ----
         
         "গগণ নিৰ্ম্মল, স্বচ্ছ ভৈল জল,
                দূৰ গৈল মেঘ গণ।
         মহাসুখকৰ, সুৰভি শীতল,
                 বহে বায়ু সৰ্ব্বক্ষণ।।
        পক্ষী কৰৈ ধ্বনি, সৰোবৰ ছানি,
                বিকশিত পুষ্পবন..."
 আকৌ,
        "ফুলে উতপল, নক্ষত্ৰ সকল,
               আকাশত দিল দেখা।
       আৰো চাৰিকাৰ্য্য, শৰতে সাধিল,
               শুনা দেও তাৰ লেখা।।"

‌     ইয়াৰ উপৰিও বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, বিহগী কবি ৰঘুনাথ চৌধাৰী, নৱকান্ত বৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱাকে আদি কৰি বহু কবি সাহিত্যিকে শৰতক লৈ সৃষ্টি কৰিছে অসংখ্য গীত-কবিতা আৰু গদ্য-সাহিত্য।
‌     কবি নৱকান্ত বৰুৱাই লিখিছিল ----

‌    "আহিনক কোনে আনে
‌      নিয়ৰে ক'লে শেৱালিয়ে
‌   শেৱালিয়ে ক'লে কোমল হাঁহিৰে
‌      দুয়োজনে দুয়োজনে..."
‌গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাই লিখিছিল ----

‌    ' আহিন মাহতে শেৱালি সৰিলে
‌          দুবৰিত তিতিলে বন...'
‌      গছৰ পাতে পাতে, ফুলনীৰ পাহে পাহে নিয়ৰৰ কণিকা লাগি শৰৎ অহাৰ বতৰা দিয়ে। শুকুলা কঁহুৱা, নীলা আকাশৰ চপৰা-চপৰে শুকুলা ডাৱৰবোৰ, উৰি যোৱা শৰালি হাঁহৰ জাক আদিয়ে শৰতক কৰি তোলে অনন্য। শেৱালি আৰু দূবৰিত বহি ৰোৱা নিয়ৰ মুকুতা অবিহনে শৰৎ ঠিকনা বিহীন। সেয়ে শৰৎ শাৰদীয় ৰাণী।
‌     অসমীয়া বহুতো কালজয়ী গীতৰ গীতিকাৰ ড° ভূপেন হাজৰিকা দেৱেও গদ্য-কবিতা-গীতত শৰতক ধৰি ৰাখিছিল। যেনে----

‌   'শাৰদী ৰাণী তোমাৰ হেনো নাম
‌    তুমি মোৰ নিচেই আপোন
‌    সদ্যস্নাতা ৰূপহী মোৰ
‌    পুৱতি নিশাৰ সপোন।"

‌   তেখেতে শৰতৰ কথা গদ্যৰে প্ৰকাশ কৰিছে এনেদৰে --

 'শৰৎ আকৌ আহিল সকলো মাদকতা লৈ। সৰু সৰু হাইকু কবিতাৰ দৰে নিয়ৰৰ বিন্দুৱে কুমলীয়া পাটগাভৰুৰ দৰে শেৱালি ফুলবোৰক সাৱটি ধৰিছে -- শৰৎ সৰগ ৰচাৰ বতৰ।'
‌আকৌ গীতত লিখিছে  ----

‌  'তোমাৰ উশাহ কঁহুৱা কোমল
‌    শেৱালি কোমল হাঁহি...'
‌     মনপ্ৰাণ উতলা কৰা শৰতৰ কথা কৈ থাকিলে অন্ত নপৰিব। ড° ভূপেন হাজৰিকা দেৱৰ গীতেৰে পুনৰ কওঁ ----
"‌নিয়ন চাকিয়ে আজি চকু টিপিয়াই
‌   শৰৎসন্ধ্যা মহানগৰী সজায়।
‌মাদকতা সানি আজি লিখিছোঁ চিঠি
‌   চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়।"
‌     
‌ঠিকনাঃ
২৭২৬ নং পশ্চিম মহব্বৰালী এল পি স্কুল।

অঙ্গন: পৃষ্ঠাঃ ৯

 অসমীয়া সংস্কৃতিলৈ ৰাভাসকল ভুমিকা
 
বীৰেশ্বৰ ৰাভা

       ভাৰত যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত প্ৰকৃতিৰ লীলাভূমি "অসম" ৰাজ্য বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন তীৰ্থ। নানা জাতি-জনগোষ্ঠীৰ সমন্বয় সংস্কৃতিয়েই অসমৰ জনগাঁথনিক বৈচিত্ৰতা প্ৰদান কৰিছে। এই বৈচিত্ৰময় অসমৰ সংস্কৃতিৰ বৰভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত জনগোষ্ঠী সমূহৰ অৱদান উল্লেখযোগ্য। এই বৃহৎ অসমীয়া জাতি গঠন হৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰণত আৰু বিভিন্ন ঠাইৰ পৰা প্ৰব্ৰজন কৰি ইয়াত বসবাস কৰা জনগোষ্ঠী সমূহৰ সংমিশ্ৰণৰ দ্বাৰা। এই জনগোষ্ঠী সমূহৰ ভাষা-কৃষ্টি-সংস্কৃতি আদিবোৰ গ্ৰহণ-বৰ্জনৰ যোগেদিয়েই অসমীয়া জাতিটো গঢ়লৈ উঠিছে। তদুপৰি এই আটাইবোৰ জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি উঠিছে বৃহৎ অসমৰ সংস্কৃতি। ৰাভা, বড়ো, গাৰো, কোচ, মিচিং, তিৱা, চুতীয়া, মৰাণ, মটক, মিৰি, কাৰ্বি, আইটন, চিংফৌ, টাই আহোম, টাইফাকে, আদি জনগোষ্ঠী সমূহৰ প্ৰত্যেকৰে সাংস্কৃতিক উপাদানে অসমীয়া সংস্কৃতিত নিহিত আছে। সেয়ে জনগোষ্ঠী সমূক বাদ দি অসমৰ কথা ভবাটো অবান্তৰ।
        এই বৈচিত্ৰময় অসম ভুমিৰ বিভিন্ন সময়ত , বিভিন্ন ঠাইৰ পৰা নানান জনগোষ্ঠী সমূহৰ প্ৰব্ৰজনৰ ইতিহাস আছে। ভাষাবিদ সকলৰ মতে অসমলৈ প্ৰথমে অহা জনগোষ্ঠীটো হ'ল   "নেগ্ৰিটসকল"।  এওঁলোকৰ সাঁচ অসমৰ পাহাৰীয়া অঞ্চলবোৰত এতিয়াও দেখা পোৱা যায়। নেগ্ৰিটসকলৰ বহু কাল পিছত অসমলৈ আহে "বৈদিক আৰ্য" সকল। আৰ্যসকল মূলত: ইণ্ডোইউৰোপীয় ভাষাগোষ্ঠীৰ প্ৰশাখা। এওঁলোক বৈদিক সাহিত্য আৰু সংস্কৃতি লগত লৈ আহে। তাৰ পিছত অসমলৈ আহে "আষ্ট্ৰিক" সকল। অষ্ট্ৰিক সকলৰ প্ৰধানত: কৃষিজীৱি আছিল বাবেই পলসুৱা মাটি বিচাৰি অসমৰ লুইতৰ দুয়ো পাৰে বসতি কৰিবলৈ আৰম্ভ কৰে। অষ্ট্ৰিক সকলৰ পিছত অসমলৈ আহে "তীব্বত ধৰ্মীয় মূলৰ ভাষা- ভাষী মংগোলীয় নৃগোষ্ঠী"ৰ লোকসকল।  বড়ো, ৰাভা, গাৰো, কছাৰী আদি জনজাতিসমূহ এই গোষ্ঠীৰ অন্তৰ্ভুক্ত। ইয়াৰ পাছতে অসমলৈ আহে "আহোম" সকল। আহোমসকল চীনা পৰিয়ালৰ "টাই ভাষী" সকলৰ এটা ঠাল বুলি জানিব পাৰি।
        অসমীয়া সংস্কৃতি বাৰেৰহণীয়া বৈশিষ্ট্যৰ সম্ভৱ হৈছে জনগোষ্ঠী সমূহৰ সাংস্কৃতিক সংমিশ্ৰণৰ দ্বাৰা। ইয়াৰ লগত লগ লাগিছে ব্ৰাহ্মণ, কোচ, দেউৰী, আহোম, নাথ-যোগী, হাজং, ৰাজবংশী, কলিতা আদি সম্প্ৰদায়ৰ সংস্কৃতি। পৰৱৰ্তী সম‌য়ত অসমলৈ অহা মাৰোৱাৰী, বিহাৰী, নেপালী, পঞ্জাৱী, বঙালী সকলৰো সাংস্কৃতিক অৱদান মন কৰিবলগীয়া। আনহাতে মুছলমান, চাহ জনগোষ্ঠী সকলৰো সাংস্কৃতিক অৱদান কম নহয়।
       অৱশ্যে অসমৰ জনগোষ্ঠীয় সংস্কৃতিৰ  ক্ষেত্ৰতখনৰ পৰিসৰ অত্যন্ত ব্যাপক। সেয়ে অসমৰ বাৰেৰহনীয়া সংস্কৃতিত জনগোষ্ঠী সমূহৰ সাংস্কৃতিক অৱদান বা উপাদানৰ কথা প্ৰতি মুহূৰ্ততে অনস্বীকাৰ্য। 
        অসমৰ সেউজীয়া ভূমিত বসবাস কৰি থকা প্ৰতিটো জনগোষ্ঠীৰে আছে নিজা নিজা কৃষ্টি আৰু বাৰেচহৰীয়া সংস্কৃতি। এনে নিজস্ব সাংস্কৃতিক সমলেৰে সমৃদ্ধ অসমৰ এটা অন্যতম জনগোষ্ঠী হ'ল "ৰাভা" সকল। এই বৈচিত্ৰময় অসমৰ ৰসাল মাটিত ৰাভাসকলৰ আজিও এক সুকীয়া আসন আছে। নিজস্ব সাংস্কৃতিক সমলেৰে পৰিপূৰ্ণ তথা চহকী ৰাভাসকলে অসমৰ মাটি, পানী, বায়ু আদি সেৱন কৰি বৃহৎ অসমীয়া জাতি গঠনত এক অপৰিসীম অৱদান আগবঢ়াই আহিছে। অসমৰ বিভিন্ন জিলাত ৰাভাসকল বসবাস কৰি আহিছে। ৰাভাসকল বিভিন্ন দল বা খেলত বিভক্ত যেনে--ৰংদানি, মায়তৰী, পাতি, দাহৰী, টোটলা, বিটলীয়া, হানা, খোচা, মাদাহি, চোঙা আদি। অৱশ্যে সাধাৰণতে ৰংদানি, মায়তৰী আৰু পাতি --এই তিনিটা খেলেই প্ৰধান আৰু এই আটাইকেইটা দল বা খেলৰ সংখ্যাই সৰহ। অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে গোৱালপাৰা জিলাৰ দুধনৈৰ পৰা (ক্ৰমে কামৰূপ, নগাঁও, কাৰ্বি-আংলং, গোলাঘাট) দক্ষিণলৈ আৰু উত্তৰ কামৰূপ দৰং জিলাৰ কিছু ঠাইত পাতি ৰাভাৰ বিস্তাৰ বেছি। সেইদৰে গোৱালপাৰা জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলত মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ উত্তৰাংশত ৰংদানি আৰু গাৰো পাহাৰ জিলাৰ পশ্চিম অঞ্চলত মায়তৰী ৰাভাৰ বিস্তাৰ দেখা যায়। আনহাতে অসমৰ ধুবুৰী আৰু বঙাইগাঁও জিলাত "খোচা" ৰাভা আৰু কামৰূপ, নলবাৰী জিলাৰ ৰাভাসকল "টোটলা" ৰাভা বুলি জানিব পৰা যায়।
       জাতি একোটা হ'ল ইতিহাসৰ বিভিন্ন যুগৰ মাজেৰে ক্ৰমবিকাশপ্ৰাপ্ত এক ভাষা-ভাষী, নিৰ্দিষ্ট ভূখণ্ডত বসবাস কৰা অৰ্থনৈতিক জীৱন সম্পন্ন কৰা আৰু সাংস্কৃতিক ভাবে একেই মানসিক যুক্ত স্থায়ী জনসমষ্টি। অৱশ্যে এনে জনসমষ্টিক তেতিয়াহে এটা জাতি বুলিব পাৰি, যেতিয়া ইয়াৰ এক উন্নত উমৈহতীয়া সংস্কৃতি থাকে।
       গতিকে এই সংজ্ঞাৰ দ্বাৰা "ৰাভা" এটা পূৰ্ণ প্ৰাপ্ত জাতি। এটা জাতি বা জনগোষ্ঠী হিচাপে যিখিনি সাংস্কৃতিক আৰু চাৰিত্ৰিক বৈশিষ্ট্য থাকিব লাগে সেইখিনি বৈশিষ্ট্য ৰাভাসকলৰ মাজত আছ। ৰাভাসকল শান্তি প্ৰিয় আৰু সহজ-সৰলতাৰে জীৱন নিৰ্বাহ কৰা এটা সুকীয়া জনগোষ্ঠী। ৰাভাসকলৰ সমাজ বান্ধোন কটকীয়া, সমাজ ব্যৱস্থাত পাৰস্পৰিক সহযোগিতা আদৰ্শনীয়। প্ৰাচীন কালৰে পৰা বৰ্তমানেও মংগোলীয় জনগোষ্ঠীৰ মাজত প্ৰচলিত কেতবোৰ উমৈহতীয়া সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্য যেনে-- গণতান্ত্ৰিক সমাজ ব্যৱস্থা, ৰাজনীতি মুক্ত সমাজ ব্যৱস্থা, খোৱা খাদ্যত শুকতি মাছ, বাঁহৰ গাজ, খৰিচাৰ ব্যৱহাৰ, বিবাহত কন্যাৰ গা ধন লোৱা, তামোল-পাণৰ ব্যৱহাৰ, উৎসৱ-পাৰ্বনত নৃত্য-গীতৰ প‌য়োভৰ, বিভিন্ন পূজা-পাতল, কৈৰাতজ ধৰ্মপালন, পূজা-পাতলত কেঁচা তেজৰ উপাচাৰ, চাৰিত্ৰিক সৰলতা, মান-মৰ্যাদাৰ ক্ষেত্ৰত অনমীয়তা, কুকুৰা-গাহৰি পালন আৰু খাদ্য হিচাপে গ্ৰহণ, কৃষি কৰ্ম আৰু ঘৰুৱা কাম-কাজত মহিলাৰ পাৰদৰ্শিতা ইত্যাদি সকলো বৈশিষ্ট্যই ৰাভা সমাজত আছে। আনহাতে গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰে ৰাভা সমাজ নিয়ন্ত্ৰিত। যেনে--জাতি বা জ্ঞাতি সমাজ, শাখা সমাজ, আঞ্চলিক সমাজ আৰু জাতীয় পৰিষদ বা সন্মিলনৰ দ্বাৰা গাঁৱৰ সমাজ পৰিচালিত। এনে গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ মূলতেই ৰাভা জাতিটোৰ মাজত বিভিন্ন ধৰণৰ সামাজিক সংগঠনৰ সৃষ্টি হৈছে। তাৰেই ভিতৰত নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা জাতীয় পৰিষদ, জিলা পৰিষদ, ষষ্ঠ অনুসুচী দাবী সমিতি, দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজ আদি অন্যতম। এই আটাইকেইটা জাতীয় সংগঠনে জাতিটোৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আদিৰ পৰা অদ্যপিও অহৰহ আগবাঢ়ি গৈ আছে। এয়া এক শুভ লক্ষণ।
       বাৰেৰহনীয়া উৎসৱসমূহ ৰাভাসকলৰ জনজীৱনৰ এক এৰাব নোৱাৰা অংগ। অৱশ্যে ঠাই আৰু খেল ভেদে উৎসৱৰ কিছু বেলেগ বেলেগ দেখা যায়। ৰাভাসকল উৎসৱ-পাৰ্বনৰ ক্ষেত্ৰত অতি প্ৰাচুৰ্যময় উৎসৱ সমূহৰ ভিতৰত হ'ল--"বায়খো-খোকচি্, ফাৰকান্তি, হাছং, ছোংবায়, লাঙামাৰা পূজা, টুকুযৰীয়া, মেৰুগোহায়, যুবচিনী, হানাঘোঁৰা আদি। লগতে বিভিন্ন ধৰণৰ আকৰ্ষনীয় নৃত্য ছাথাৰ, গৌৰকায়, বাৰনাককায়, বগেজাৰী, বহুৰঙী, খোপাৰাঙী, ধেংচেংচেং (ভালুক নচাৰ গীত), হামজাৰ, পাংৱা, ধাৱাই, ছিৱ দাৰমাং, তৰঙা আদি। গীত-মাতৰ ক্ষেত্ৰত শ্ৰাদ্ধ গীত, গৰখীয়া গীত, নিচুকনি গীত,  বাৰকামলাৰ গীত আদি। সাহিত্যৰ ক্ষেত্ৰত সাধুকথা, ফকৰা যোজনা, সাঁথৰ,প্ৰবাদ, পটন্তৰ, জতুৱা ঠাঁচ, ইতিহাস-বুৰঞ্জী  আদিৰে পৰিপূৰ্ণ আৰু ঐশ্বৰ্যশালী অসমৰ ৰাভা জনজাতিৰ লোকসকল।
         এই আটাইবোৰ বৈশিষ্ট আৰু উপাদানে অসমৰ ৰাভা জনগোষ্ঠীটোক এক ঐতিহ্যশালী জনগোষ্ঠী হিচাপে চিত্ৰিত কৰিছে। অসম আজি গৌৰৱৰ অধিকাৰী এই কাৰণে যে অসমত বসবাস কৰা জনগোষ্ঠী সমূহৰ কৃষ্টি-সংস্কৃতিয়ে এক অপৰিসীম অৱদান আগবঢ়াই আহিছে। যাক বাদ দিলে "অসম" বুলিবলৈ একোৱেই নাথাকিব। 
        অৱশ্যে যুগৰ পৰিৱৰ্তনৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ৰমবিকাশত আমাৰ জনগোষ্ঠী সমূহৰো প্ৰাচীন বহুতো ৰীতি-নীতি, পৰম্পৰা বিলুপ্তিৰ পথত অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। আধুনিকতা আৰু পৰিৱৰ্তনক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু সেইবুলিয়েই জনগোষ্ঠীয় অস্তিত্ব যাতে বিপন্ন নহয় আৰু জীৱন ধাৰা যাতে কৃত্ৰিম নহয়, তাৰ বাবে আমি নিজৰ জনগোষ্ঠীয় লোক সংস্কৃতিক জীয়াই ৰাখিবলৈ য'তপৰনাস্তি চেষ্টা কৰা উচিত। কিয়নো লোক সংস্কৃতি বাদ দিয়া মানেই এটা ঐতিহ্যশালী জনগোষ্ঠী বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা। সেইকাৰণে জনগোষ্ঠীসকলৰ গৌৰৱময় ঐতিহ্যক ধৰি ৰাখিবলৈ আমি আগবাঢ়ি যাওঁ আহক।

অঙ্গন:  পৃষ্ঠাঃ ১০

ফেচবুক গোট অঙ্গনত অনুস্থিত বিভিন্ন প্ৰতিযোগিতাত স্থান প্ৰাপ্ত প্ৰবন্ধ আৰু কবিতাঃ

প্ৰথম

বিষয়ঃ অসমীয়া সংস্কৃতিত বিশ্বায়নৰ প্ৰভাৱ

শকুন্তলা দেৱী হাজৰিকা

            পৃথিৱীত বাস কৰা বিভিন্ন জাতি  আৰু জনজাতিৰে একোটা স্বকীয় পৰিচয় থাকে। এই পৰিচয় বহন কৰে সেই জাতি আৰু জনজাতিৰ নিজস্ব ভাষা আৰু সংস্কৃতিৰ মাধ্যমে। সংস্কৃতি মানে  কেৱল গীত, নৃত্য , বাদ্যকে নুবুজায়। একো একোখন দেশ নাইবা ৰাজ্যত বাস কৰা লোকসকলৰ খাদ্যাভাৱ, পৰম্পৰা, বিশ্বাস, উৎসৱ-পাৰ্বন, বিভিন্ন ৰীতি-নীতি ইত্যাদি সকলো দিশকে সংস্কৃতিয়ে সামৰি লয়। ভাৰতবৰ্ষৰ অংগ ৰাজ্য হৈছে অসম। অসমেও  ভাষা- সংস্কৃতিৰ ক্ষেত্ৰত এক স্বকীয় পৰিচয় বহন কৰি আহিছে। অসম হৈছে বিভিন্ন জাতি , জনগোষ্ঠীৰ এক মিলনভুমি।
            বৰ্তমানৰ সময় হৈছে বিশ্বায়নৰ সময়। গতিকে অন্যান্য সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও বিশ্বায়নৰ কবলৰ পৰা মুক্ত নহয়। বিশ্বায়নে সমগ্ৰ বিশ্বখনকে একগোট কৰি পেলোৱাৰ বাবে জনসাধাৰণৰ মাজত আদান-প্ৰদান অতি সহজ সাধ্য হৈ পৰিছে। বিশ্বায়নৰ বাবে ইখন দেশৰ ওপৰত সিখন দেশৰ  নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। ইণ্টাৰনেট আৰু বিভিন্ন প্ৰযুক্তি বিদ্যাৰ জৰিয়তে বিশ্বৰ সকলো ধৰণৰ খা-খবৰ প্ৰত্যেকখন দেশতে নিমিষতে বিয়পি পৰে।  বৰ্তমান অসমীয়া সংস্কৃতিক পশ্চিমীয়া সংস্কৃতিয়ে  ৰঘুমলাৰ দৰে বেৰি ধৰাৰ মূলতে হৈছে বিশ্বায়নৰ প্ৰভাৱ।  খোৱা-বোৱা, পিন্ধন- উৰণ, কথা-বতৰাৰ ধৰণ,  প্ৰসাধন , কেশ বিন্যাস , আচাৰ-ব্যৱহাৰ ইত্যাদি অসমীয়া সংস্কৃতিৰ প্ৰতিটো দিশতে আধুনিকতাৰ স্পৰ্শ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। বিশ্বায়নে আমাৰ  বজাৰ সমূহ মুকলি কৰিলে। দেশী-বিদেশী উপাদানেৰে বজাৰ ভৰি পৰিল। আমি এতিয়া বিলাসী ৰেষ্টুৰেণ্টত বহি দেশী-বিদেশী খাদ্য সম্ভাৰৰ জুতি লওঁ। বজাৰৰ অলিয়ে গলিয়ে, ফুটপাথে-ফুটপাথে ম'ম, চাওমিন, পিজ্জ্বা আদি বিভিন্ন ফাষ্টফুডৰ বিপনি বিৰাজমান। সাজপাৰৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিৰ এক সাংঘাতিক পৰিবৰ্তন দেখা গৈছে।  পিন্ধন-উৰণৰ ক্ষেত্ৰত বিশেষকৈ যুৱক-যুৱতী সকলৰ ক্ষেত্ৰত পশ্চিমীয়া সাজ-সজ্জাৰ পয়োভৰ দেখিবলৈ পোৱা গৈছে। থলুৱা দোকান বজাৰৰ পৰা কাপোৰ-কানি ক্ৰয় নকৰি অনলাইন সংস্কৃতিৰ প্ৰতি মোহাচ্ছন্ন হৈ পৰিছে । ফলত স্থানীয় ব্যৱসায়ী সকলৰ ব্যৱসায় নচলা হৈছে।  ঠায়ে ঠায়ে  বিজতৰীয়া সংগীতৰ পয়োভৰে পৰিবেশ বিনষ্ট কৰাও দেখা পোৱা যায়। উৎসৱ পাৰ্বনবোৰো যেন ব্যৱসায় ভিত্তিক হৈ পৰিছে। বিহুৰ অনুষ্ঠানৰো মাজে সময়ে বিতৰ্ক  হোৱা দেখা যায়। বিশ্বায়নৰ প্ৰভাৱত আধ্যাত্মিকতাৰ ভাৱধাৰাৰো  কিছু হ'লেও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। অসমীয়া কলা-সংস্কৃতিৰ ভিতৰত ওজাপালি, দেওধনী, পুতলা নাচ, ভাৱৰীয়া ইত্যাদি ঐতিহ্যপূৰ্ণ লোক সংস্কৃতিৰ প্ৰভাৱ হ্ৰাস পোৱা দেখা গৈছে। বিশেষকৈ থলুৱা গীত মাতৰ শ্ৰোতা আৰু দৰ্শকৰ অভাৱ বাৰুকৈয়ে দেখা পোৱা যায় ।  আনকি বিয়া-বাৰু সমূহতো আয়তী  সকলৰ মুখৰ বিয়ানামবোৰ আগৰ তুলনাত বহুখিনি  হ্ৰাস পাইছে । গতিকে ইয়াকে ক'ব পাৰি যে বৰ্তমান অসমীয়া সংস্কৃতিৰ অস্তিত্ব লাহে লাহে বিশ্বায়নৰ কবলত সোমাই পৰিছে। অৱশ্যে অসমৰ যিসকল সংস্কৃতিবান  আৰু দিগ্‌গজ  ব্যক্তি তেখেতলোকে অসমীয়া সংস্কৃতিৰ ধাৰা শুদ্ধ ৰূপত বৰ্তি  ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। বিশ্বায়নৰ পৰা অসমীয়া সংস্কৃতি মুক্ত ৰাখিবলৈ হ'লে অসমৰ জনসাধাৰণৰ লগতে শাসনাধিষ্ঠিত চৰকাৰ আৰু জাতীয় সংগঠনৰ প্ৰতিনিধি সকলৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ।  

ঠিকনাঃ নগাঁও।

অঙ্গন: পৃষ্ঠাঃ ১১
প্ৰথম

বিষয় :-  অসমীয়া সংস্কৃতিত   বিশ্বায়নৰ  প্ৰভাৱ 

নিজৰা গগৈ
   
             আমি  অসমীয়া বুলি কলে  সমগ্ৰ অসমীয়া জাতি টোৰ কথাই সামগ্ৰীক ভাবে উল্লেখ কৰিব লাগিব ।  আমাৰ দেশ  বিভিন্ন জাতি উপজাতিৰ মিলনভূমি ।  সেয়ে  অসমীয়াৰ  সংস্কৃতি বুলি কলেও ঠাই ভেদে ভিন ভিন  হোৱাটো  স্বাভাৱিক ।  অসমৰ সংস্কৃতি বুলি  ক'লে  আমি  মানুহৰ  খোৱা - বোৱা , পিন্ধন - উৰণ ,  কথা কোৱা ধৰণ প্ৰণালী  , সামাজিক ৰীতি -নীতি , উৎসৱ - পাৰ্বণ  , আচাৰ-ব্যৱহাৰ  , ধৰ্ম  আৰু  সৌন্দৰ্য বোধ   আদি জীৱন ধাৰণৰ  গতিকেই  চমুকৈ সংস্কৃতি বুলিব পাৰি ।  স্থান  বিশেষে  জাতি জনজাতিৰ  সংস্কৃতি  বেলেগ বেলেগ হোৱাটো স্বাভাৱিক ।  কিন্তু  সকলো  গোষ্ঠী - জনগোষ্ঠীৰ  নিজা সংস্কৃতি অক্ষুণ্ণ  ৰাখিবলৈ  পৰস্পৰ  বুজাবুজিৰে  সমন্বয়ৰে  আগবাঢ়ি  এটা জাতি হিচাপে  নিজকে পৰিগণিত কৰিব পাৰে । সংস্কৃতিৰ  আদান প্ৰদান  আৰু সহমৰ্মিতা  প্ৰকাশেৰে  জাতি গঠন প্ৰক্ৰিয়া  আৰম্ভ হয় । অসম এখন  সাংস্কৃতিক  সমন্বয়ৰে  গঢ়া ঐশ্বৰ্য্যশালী  জাতীয় সংহতি বুলিব পাৰি । 
         সাধাৰণতে  লোক কথা বিলাক  একোটা জাতি উপজাতিৰ  বা এক বৃহৎ  সামাজিক গোটৰ মাজত  প্ৰচলিত  জনশ্ৰুতি  , সমূহীয়া জ্ঞান  আৰু অভিজ্ঞতাৰ ওপৰত  ওপৰত প্ৰতিষ্ঠিত ।  সেই বোৰ বিশ্বাসেই একোটা জাতিৰ মাজত  প্ৰচলিত সুখকৰ জীৱন ৰীতিৰো  গঠন কৰে । 
         সাংস্কৃতিক  আৰু ঐতিহাসিক  বৰ অসমৰ  ভৈয়াম আৰু  পাৰ্বত্য অঞ্চলৰ  জাতি - গোষ্ঠীবোৰৰ  সংখ্যা প্ৰায়  আঠচল্লিছটা  হ'ব । আবহমান কালৰ পৰাই এই জাতি  - গোষ্ঠী বিলাকে  ওচৰ চুবুৰীয়া কৈ বাস কৰে ।  সেই বাবে  তেওঁ লোকৰ মাজত  এক  সাংস্কৃতিক ডোলেৰে  বান্ধ খাই পৰিছে ।  অতীতৰ পৰা সাবতি অহা  পৰম্পৰাৰে  অন্তঃভূক্ত জনজাতিৰ  , জনগোষ্ঠী সমূহৰ  বিবাহ পদ্ধতি  , বিশদ বৰ্ণনা  , শিশু জন্মৰ সময়ত  কৰা নীতি - নিয়ম , অন্তষ্টিক্ৰিয়া  পালনৰ পদ্ধতি  , বিভিন্ন  জাতি সমূহৰ মাজত  ব্যৱহৃত  বাদ্যযন্ত্ৰ  সাজ পোচাক  , বয়ন শিল্প আৰু তাতঁশালৰ সঁজুলি  , শিৰৰ ভুষণ , কেশবিন্যাসৰ ধৰণ ,  কিৰিটি পাগুৰী , লোক শিল্প  , লোক বিশ্বাস  , লোক সংস্কাৰ , লোকনৃত্য  , লোক উৎসৱ , জনজাতি  সকলৰ  বেকাৰ চাং  গৃহ নিৰ্মাণ পদ্ধতি  , লোক সংস্কৃতিৰ  ভঁৰাল ঘৰ , নাম ঘৰ , খেল -ধেমালি  , মুদ্ৰা , দোলা সেইদৰে  অসমৰ গাঁও সমূহৰ  জলপান  , পিঠা - পনা , মেজি  , স্থাপত্য  , চিকাৰ পদ্ধতি ,  লোক  নাট্য  , ৰীতি - নীতি , তোলনি বিয়া  , বাঁহ গাজৰ  পৰা প্ৰস্তুত কৰা  খৰিচা  খাদ্য ,  সৰিয়হৰ পৰা বনোৱা  খাৰলি বা পানী টেঙা আদিয়েও লোক  সংস্কৃতিত  স্থান দখল কৰিছে । 
             বৰ্তমান   সংস্কৃতিৰ  বিশ্বায়নৰ  প্ৰভাৱ  অসমীয়া মানুহৰ  মাজত   কোঁহে  কোঁহে  সোমাই   থাকিলেও  কিছুমান  সংস্কৃতি যেন  ম্লান পৰিছে ।  আকৌ কিছুমান অঞ্চলত  সংস্কৃতিৰ  প্ৰভাৱ বেছিকৈ  পৰাও পৰিলক্ষিত হয় । কিয়নো  সাধাৰণতে  দেখা  যায়  যে  সংস্কৃতি   গঢ়ি উঠে  সময়ে সময়ে  সৃষ্টি  হোৱা  সৌন্দৰ্য বোধৰ  এটা  প্ৰলেপৰ  ওপৰত  । বহু সময়ত দেখা যায় যে  জীয়াই থকাৰ সংগ্ৰাম   অৱচেতন  মনত লৈ ফুৰা  ভীতিগ্ৰস্ততা  আৰু পাৰস্পৰিক সহযোগিতাৰ  স্বাৰ্থত  মানুহৰ  অন্তৰত কব নোৱাৰাকৈয়ে  গঢ় লোৱা  আত্মীয়তাই  সমাজ চেতনাৰ জন্ম দিয়ে । এই সমাজ  চেতনাৰ  অংশ ৰূপে  সামাজিক  ৰীতি নীতি , পৰম্পৰা আৰু আনন্দ দায়ক  বুজাপৰা  অথবা  সামূহিক  সুখানুভূতিৰ  বহিৰ্প্ৰকাশ  ঘটে তাকে বহল অৰ্থত  আমি সাংস্কৃতিক  চেতনাৰ ওপৰত দেখা পাওঁ ।   
       অসমীয়া লোক সংস্কৃতিৰ  বিভিন্ন উপাদান  বোৰৰ  ভিতৰত  লোক - সাহিত্য  , লোকাচাৰ - দেশাচাৰ  , খাদ্যাভ্যাস - সাজপাৰ ,  লোকজীৱনৰ  ৰীতি-নীতি  , পৰিবেশ্য  কলা  আদি এই সকলো বোৰ  লোক সংস্কৃতিৰে  বৰ্ণাঢ্য  ৰূপৰ  সমাবেশ  হয়   যিয়ে  অসমীয়া জাতিৰ  দিয়া - লোৱা  আৰু গ্ৰহণ  ক্ষমতা  পৰিচায়ক   ।  বৰ্তমান যুগ  বিজ্ঞানৰ যুগ ।  এই যুগত  সকলো কথাকে  বৈজ্ঞানিক  দৃষ্টিভংগীৰে  বিশ্লেষণ কৰি চাব বিচাৰে ।  বৰ্তমান সময়ৰ  জনসাধাৰণে  আবেগেৰে  নহয় যুক্তিৰেহে  সকলো বস্তু বুজিব বিচাৰে ।   
           বিশ্বায়নিক  সংস্কৃতিৰ  ক্ষেত্ৰত আমি  চালি জাৰি চালে দেখা পাওঁ যে    
 ১)  জাতীয়  সংস্কৃতি সদায়  একক , অনন্য  আৰু মৌলিক ।
২)  কোনো বিষয়  আনন্দদায়ক  হ'লেই  সংস্কৃতি  নহয় ।  আনুভূতিক  আনন্দ প্ৰকাশৰ  সৈতে  সৰ্বজন  গ্ৰাহ্য  এক  মৌলিক  কলাৰ সংযোগ হ'লে হে  সংস্কৃতি হব পাৰে । অন্য  অৰ্থত  নান্দনিক  কলা প্ৰকাশৰ  এক মাধ্যম হ'ল  সংস্কৃতি যাক জাতি বৰ্ণ  ধৰ্ম  সকলোৱে  স্বীকাৰ  কৰি লয় আৰু সকলোৰে  অন্তৰত  এক নান্দনিকতাৰ  জন্ম দিয়ে ।
৩)  ভিন্ন  সংস্কৃতিৰ মাজত  স্পষ্ট  প্ৰাৰ্থক্য  সদায়  বিৰাজমান ।  
৪) সংস্কৃতিৰ  উপাদান সমূহ  আন এটা  সংস্কৃতিৰ  অভ্যন্তৰত  অবৈধ ভাৱে  অনুপ্ৰৱেশ নঘটে ।  সমন্বয়ৰ  প্ৰক্ৰিয়াত  কেতিয়াবা  সাংস্কৃতিক  মিল হ'লেও  সৰ্বসন্মত আৰু পৰস্পৰে পৰস্পৰৰ  স্বকীয়তা  ৰক্ষা কৰি   সাংস্কৃতিক  উপাদান সমূহৰ আদান প্ৰদান ঘটে ।  
              কেতিয়াবা  সংস্কৃতি  অপসংস্কৃতিলৈ  পৰ্যবেসিত  হয়  যেতিয়া  কোনোধৰণৰ  যুক্তি  আৰু তত্ব  অবিহনে  কোনেও  কাৰো  লগত  খাপ  নোকোৱাকৈ  বলেৰে  ভিন্ন  সংস্কৃতিৰ  উপাদান  সমূহে  এটাই  আনটোক  গ্ৰাস  কৰিবলৈ  আৰম্ভ কৰে ।  
        সংস্কৃতিৰ  বিপৰীত শব্দ  দুষ্কৃতি । সাংস্কৃতিয়ে যদি   মানৱ মনত  কলা আৰু  নান্দনিক  অনুভূতি  জগাই  তোলে  , বিপৰীতে দুষ্কৃতিয়ে  মানৱ মনত  গভীৰ  দুখবোধ  , বিষাদ  আৰু বেদনা  জাপি দিয়ে ।  যি সকল লোকে  এই দুষ্কৃতি  কঢ়িয়াই  লৈ ফুৰে  আৰু সমাজত  বিয়পাই  দি আসুৰিক  তৃপ্তি  লাভ কৰে  তেওঁ লোককে  দুষ্কৃতিকাৰী  বুলি কোৱা হয় ।  সংস্কৃতি  ৰক্ষাৰ স্বাৰ্থত  এই দুস্কৃতিকাৰী  সকলক  বাধা দিয়াৰ  দায়িত্ব  সভ্য সমাজে  অৱশ্যে  লৱ লাগিব । নহ'লে  সংস্কৃতিক অবক্ষয়  ঘটি  সমাজখনেই ধ্বংসৰ  গৰাহত পৰিব ।  যিহেতু  একোখন  সমাজৰ  মানসিক  স্বাস্থ্য  মানেই  সেই  সমাজ  বা জাতিৰ  অভিনৱ  সাংস্কৃতিক  স্বকীয়তা ।  
             সেয়েহে  কিছুমান সমস্যাৰ  সমাধানৰ বাট  আমি নিজেই  ওলিয়াই লৱ লাগিব ।  এই ক্ষেত্ৰত  ৰাজপথত শ্ল'গানৰ  বিপ্লৱৰ  বিপৰীতে  আমাৰ বিপ্লৱ হ'ব লাগিব  সংস্কৃতিক বিপ্লৱ  । যি সংস্কৃতিয়ে  আমাক  খিলঞ্জীয়া  অসমীয়া  হিচাপে  , এটা পূৰ্ণাংগ  জাতি হিচাপে বৰ্হিজগতত  পৰিচয়  কৰাব  পাৰিব  ,  আমাৰ  বিপ্লৱ হ'ব লাগিব  পৰমুখাপেখিতাৰ  পৰিবৰ্তে  আত্মনিৰ্ভৰশীল হৈ জাতি - উপজাতি লোক সকলক  একত্ৰিত কৰি  এক  সাংস্কৃতিক  সমন্বয়ৰ  জাগৰণ  সৃষ্টি  কৰি   আমাৰ    সমস্যা সমূ্হৰ  সমাধান পথ  প্ৰশস্ত কৰি তুলিব পাৰিব  । তেতিয়াহে  আমাৰ  বিপ্লৱ   প্ৰকৃত  অৰ্থত  সফল হ'ব । 
         পৰিশেষত  ক'ব বিচাৰো যে  বিভিন্ন  জনগোষ্ঠী অসমলৈ  আহি  অসমীয়া  জাতি সত্বাৰ   লগত  মিহলি হৈ  ইয়াৰ  চিন্তা সমূহক  অসমীয়া সমাজক  দান কৰি  অসমৰ লোক সংস্কৃতিৰ সৌধটো  সমৃদ্ধিশালী কৰি তুলিছে  । সেয়েহে  আমি অসমৰ  লোক সংস্কৃতিৰ প্ৰতি  শ্ৰদ্ধাশীল । এই সংস্কৃতি জীয়াই ৰাখিবলৈ  সচেষ্ট হোৱা উচিত  । এই সংস্কৃতিয়েই   অসমক  বিশ্বদৰবাৰত  সকলোকে পৰিচিত কৰি ৰাখিছে  । 

ঠিকনাঃ
শিৱসাগৰ , চাৰিং


অঙ্গন: পৃষ্ঠাঃ ১২

 29/09/22 আৰু 06/10/22 তাৰিখে অনুস্থিত প্ৰতিযোগিতাত স্থান প্ৰাপ্ত কবিতা

প্ৰথম

কবিতাৰ জন্ম যন্ত্ৰণা

অসমা তুংখুঙীয়া

মোৰ উশাহবোৰৰ স'তে
নিবিড় ভাৱে সম্পৰ্কিত
শব্দৰ  কৰ্ষণত
সৃষ্টি হয় 
এটা  দাহেঁচিয়া  কবিতা ।
সপোনৰ সিপাৰে হেঁপাহৰ
কোঁহবোৰত  জিলমিলাই উঠে
এচোতাল জোনাক ।
তেতিয়াই মই গা ধোঁও
আনন্দৰ বালিচৰত বহি ।
সখিয়তী ৰ'দ জাক 
সোমাই আহে 
দিনৰ পদূলিয়েদি ।
জ্যোৎস্নালী ৰাতি মুঠি মুঠি
জোনাকৰ স'তে খেলে
ঢৌখেলোৱা সেউজীয়া বোৰে।
জোনাকীৰ জিক মিক প্ৰেমত
হৈ পৰো আপোনভোলা ।
কবিতাৰ প্ৰেমৰ 
মদিৰা পি হৈ পৰো মাতাল ।
মই এনেদৰেই জীয়াব বিচাৰোঁ 
সদায় । 
শেষ উশাহলৈ ।

ঠিকনাঃ
নামতি ।


অঙ্গন: পৃষ্ঠাঃ ১৩

দ্বিতীয়

দেৱীৰ আগমণ

শকুন্তলা দেৱী হাজৰিকা

হে মা দূৰ্গতিনাশিনী ,
আহাঁ ধৰাৰ বুকুলৈ
তোমাৰ আগমণত 
জাগ্ৰত সমগ্ৰ ধৰণী ,

তোমাৰ আগমনত শুভ্ৰ শেৱালীৰ সুবাস
চন্দ্ৰাৱলী নিশাৰ স্ফটিক স্বচ্ছ জোনাক ,
আহিনৰ শৰতৰ পুৱা
মহালয়া ৰূপে তোমাৰ ধৰালৈ আগমণ
শংখ, ঘণ্টা, মঙ্গলধ্বনি উৰুলিৰে
দশভূজাৰ মন্ত্ৰ স্তোত্ৰম ,
যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা 
নমস্তস্যৈ , নমস্তস্যৈ, নমস্তস্যৈ নমো নমঃ ;
লগত দুই পুত্ৰ কাৰ্তিক , গণপতি
ৰূপে, গুণে অনন্যা লক্ষ্মী, সৰস্বতী ;

খনিকৰৰ হাতৰ পৰশত
প্ৰাণ পাই উঠে মৃন্ময় গোসানী,
শংখ, ঘণ্টা, ঢাক, ঢোল
ষোড়শোপচাৰে পুজিতা মাতা কাত্যায়নী ,

কিন্ত পাপীষ্ট হৃদয়হীন চৌৰ্য্য বৃত্তিধাৰীৰ
দৃষ্টিত , তোমাৰ শিৰৰ কিৰীটি ,
লুণ্ঠিত ধন-সোণ , আচবাব- পত্ৰ সমস্ত
ছেদেলি-ভেদেলি অকণো হাত নকঁপি ;
অসুয়া, অপায়, অমঙ্গল নাশি
দুষ্টক দমন  সন্তক পালন 
সমস্ত ধৰণী ৰোগমুক্ত কৰি
দিয়া তোমাৰ আশীষ নিৰ্মালি ,
 তুমিয়েই দূৰ্গতিনাশিনী,  হে মা , মহিষমৰ্দিনী---!!!

ঠিকনাঃ
ৰত্নপুৰ, নগাঁও


অঙ্গন: পৃষ্ঠাঃ ১৪

প্ৰথম

সৰু সৰু সপোন লৈ জীয়াই থাকে মানুহ ..

গৌৰী দেৱী

পোৰা সোণ হৈ
ছাঁইৰ মাজৰ পৰা উঠি আহে বেংছটা...
আকাশলৈ চাই গজি উঠে 
বননহৰুৰ  ফুল ...

তুমি মোৰ নহয় বুলি জানো 
হ'ব নোৱাৰা বুলিওটো অজানা নহয় 
তথাপিও সপোন দেখো
হাতখন  চোৱাৰ হেঁপাহ 
ওঁঠত ওঁঠ থৈ দুটা পল পাৰ কৰাৰ 
চিৰন্তন হাৱিয়াস মনত লৈ 
ৰৈ থাকো 
পৃথিৱীৰ প্ৰান্তত ....
তৰাবোৰ গণি চাওঁ 

বেশ্যালয়ৰ দুৱাৰমুখত ..
দামদৰ ..
কেঁচা যৌৱনৰ ....
সিহঁতেও ৰ'দ ভাল পায় 
উন্মুক্ত কৰি দীঘল ৰেশমী চুলি 
আৱৰি ৰাখিব খোজে সোণবৰণীয়া বেলি ..
মই নাছিলো গণিকা 
সাধু-কথাৰ ৰাংঢালী্ ৰাজকুমাৰী হৈ পাৰ কৰিব কৰিছিলো শৈশৱ ..
.যৌৱন মোৰ  মাদকতাৰ খেলা হল 
সেন্দুৰীয়া  আলি এটা আঁকি লোৱাৰ হেঁপাহত 
মই ডুব গলো 
আৰু অস্ত গ'ল মোৰ পদুলিত 
ৰংসনা আৱেলীৰ হেঙুলীয়া বেলি ..
ভগৱানক দেখিলে  সুধিম মই 
সমগ্ৰ আকুলতাৰে ..
দিবই যদি খুজিছিলা 
কিয় ঢালি দিলা কোলা ভৰাই দুখৰ ৰহঘৰা ...

কত আছে কৃষ্ণৰ বৃন্দাৱন ..
মৰাচৰায়ে নাচেনে তাত 
নাট ঘৰ সামৰি যায়গৈনে 
ঘূৰ্ণায়মান আত্মা ...
তুমি আছা কাৰণেহে মই আছো ...জানা ..
নে নাজানা ..
তোমাৰ অকনমান স্পৰ্শত
মই সোণসেৰীয়া  হওঁ ..
উদ্বাউল হওঁ ..
ওহোঁ ..
এই আকৰ্ষণ অবৈধ নহয় ....
সৰু সৰু সপোন লৈ জীয়াই থাকে মানুহবোৰ .....


তেজপুৰ


অঙ্গন: পৃষ্ঠাঃ ১৫

দ্বিতীয়

নৱৰূপা দুৰ্গা 

অঞ্জনা উজীৰ
                     
দু-দৈত্য নাশ উ-বিঘ্নিনাশ
ৰ-ৰোগ নাশ গ-পাপ নাশ
আ-ভয় নাশ তোমাৰ নামৰ মহিমা
শস্যদেৱী শাকম্ভৰী বাসন্তী অন্নপূৰ্ণা
দুৰ্গামাতা ক'ত যে নাম !
বিপদ-বিঘিনি নাশিকা
মাতৃ স্বৰূপা তুমি দুৰ্গা
শাক্ত দৰ্শনত পৰমা শক্তিৰূপী
মৃদু ৰূপত তুমি চিৰ কল্যাণময়ী
উগ্ৰৰূপত তুমি পৰ্বত-পাহাৰে
লুকাই থকা ভীষণ প্ৰকৃতিৰ
ৰক্ত লুলুপা দেৱী ;
মাতৃৰূপেৰে তুমি সৰ্ববিধ
উৰ্বৰতা দায়িনী মাতৃৰূপা আই
তীক্ষ্ণ ৰূপেৰে তুমি
প্ৰচণ্ড ভয় সংশয় উদ্ধাৰ কাৰিনী
শৰতৰ দুৰ্গা তুমি বসন্তৰ বাসন্তী
নৱ পত্ৰিকা পঞ্চ পল্লৱৰ অধিকাৰিনী
আহিনৰ শুক্লা ষষ্ঠীৰপৰা
দশমী তিথিলৈ আৰাধ্যা তুমি
ধৰালৈ নামি আহে গছে-পাতে
জাতিস্কাৰ এক নৱ ৰূপ,
হে জগত জননী মা
তেনেক্ষণতে মৰ্ত্যলৈ তোমাৰ আগমণ
ভিন্ন ৰূপত পূজিতা তুমি
পালা নটি ৰূপ নৱৰূপা দুৰ্গা।
   
ঠিকনাঃ  
 ডিমৌ
               

অঙ্গন: পৃষ্ঠাঃ ১৬

ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত প্ৰেমৰ আলাপ...

ৰূপা গগৈ, লখিমপুৰ

(খণ্ড ৪)

 যোৱা সংখ্যাৰ পিছৰ 

           লাহে লাহে কান্দোন বাঢ়িবলৈ ধৰিলে । কোনোবাই চেণ্ডেল এপাত চোঁচৰাই চোঁচৰাই যেন ইফালে - সিফালে খোজ কাঢ়িছে । আকৌ মাজতে খিল্‌খিলাই হাঁহিছে । অলপ পাছতে কোনোবাই কোলাতলৈ কেঁচুৱা নিচুকাইছে ।
     উসঃ ৰাম আজি কিহে পালে ! সঁচাকৈ এইবোৰ শুনিছোঁ নে মোৰ কিবা ভ্ৰম হৈছে । বাহিৰত আন্ধাৰ । এই দোভাগ ৰাতিখন কোন মহিলা হ'ব পাৰে বাৰু ! সিহঁত দুজনীক জগাবলৈও মন নগ'ল । কোৱা লগে লগে একো বিচাৰ নকৰাকৈ চিঞৰ-বাখৰ লগাব । নিজৰ লগতে ওচৰ চুবুৰীয়াৰো অশান্তি হ'ব। গতিকে মনে মনে থাকিলোঁ । মনত ভয়ো লাগিছিল কোৱা শুনিছোঁ এনেকৈ ৰাতি ৰাতি আপোনঘাতী হৈ মৰা অতৃপ্ত অঘৰী আত্মাবোৰে কান্দে । ইয়াত থকা তিনিমাহ মান হৈছে আজিলৈকে কাৰো মুখত শুনা নাই বা আমিও গম পোৱা নাছিলোঁ এনেকৈ ৰাতি ইয়াত কিবা প্ৰেতাত্মা ওলায় বুলি কোনোবাই কান্দে বুলি । আমাক ভয় খুৱাবলৈ কোনোৱে প্লেন কৰা নাইতো ! তাকে ভাবি খিৰিকীখন খুলি চাওঁ বুলি বিছনাৰ পৰা লাহে লাহে নামিলোঁ । 
     এখোজ দুখোজকৈ খিৰিকীখনৰ ফালে আগবাঢ়িলোঁ । বাহিৰৰ লাইটটো জ্বলাবলৈ চুইচ দিব লওঁতে হঠাৎ ঢাপকৈ ডাঙৰ এটা শব্দ খিৰিকীখনত মৰা শুনিলোঁ । মই চক্‌ খাই চুইচ নিদি পিছুৱাই আহিলোঁ । শব্দত সিহঁত দুইজনী সাৰ পালে । ঐ ক'ত কি পৰিলে বুলি দুইজনী বিছনাত বহি ল'লে । মোক এনেকৈ ৰৈ থকা দেখি সিহঁতে ভয় খাই সুধিলে
: ঐ কি হ'ল তোৰ ! 
       মই বুজিলোঁ শব্দটো সিহঁতে শুনিলে যেতিয়া কথাবোৰ ক'লে ভয়তে ৰাতিখন টোপনি নাযাব । মিছাতে অশান্তি বঢ়াই নলওঁ বুলি ভাবি সহজ হৈ ক'লো 
: ক'তনো কি হ'ল ? একো হোৱা নাই । মই বাৰ্থৰূমলৈ গৈছিলোঁ । মইচোন একো গম পোৱা নাই । সিহঁতৰ লগত কথা হৈছোঁ যদিও মই সেই বাহিৰৰ হাঁহি-কান্দোন , খোজ , নিচুকণি এইবোৰলৈ কাণ পাতিছোঁ শুনো নেকি । নাই ক'তো একো শব্দৰ সাৰ-সুৰ নাই । অলপ দূৰৈত কুকুৰবোৰে একা-চেকাকৈ ভূকিছে । ভিতৰি ভয়ত অন্তৰ আত্মা কঁপি থাকিলেও নিজকে সাহসী দেখুৱাই একো নাই হোৱা যেন দেখুৱাই আকৌ বিছনালৈ আহিলোঁ । সিহঁত দুজনীক শুই থাক বুলি কৈ বিছনাত পৰিলোঁ যদিও ওৰে নিশা চকু মেলিয়েই কটালোঁ । মনলৈ নানান বেয়া চিন্তাবোৰ আহি থাকিল । পুৱালৈ অকণমান চিলমিলকৈ টোপনি গৈছিলোঁ । নিশাই উঠ আক্‌ ; ইমানকৈ শুইছ যে , চাহ হ'ল মুখ ধুই আহ জলদি মাকে জীয়েকক আদেশ দিয়াৰ দৰে দিলে । তাইৰ মাতত সাৰপাই  চকু দুটা মোহাৰি উঠি আহিলোঁ । গাটো যেন বৰ দুৰ্বল লাগিছিল কাৰণ টোপনি পূৰ নহ'লে মোৰ এনে হয় । 
          তিনিওজনীয়ে চাহ খাবলৈ বহিলোঁ । সিহঁতে কিবা-কিবি কৈ আছিল যদিও একো কথা মোৰ কাণত সুমুৱা নাই । অকল ৰাতিৰ ঘটনাটোলৈ মনত পৰি আছে । কাণত যেন তেতিয়াও ভাহি আছিল সেই শব্দবোৰ । মোক চুপ হৈ থকা দেখি ইজনীয়ে সিজনীলৈ চাই চকুৱে চকুৱে কিবা পাতিছে । সিহঁতৰ ওচৰৰ পৰা উঠি চাহ কাপ হাতত লৈ বাহিৰৰ বাৰান্দালৈ ওলাই গ'লোঁ । এনেতে ঘৰৰ মালিকৰ ঘৰত ঘৰ-বাৰী চোৱা-চিতা কৰিবলৈ ৰখা মণিৰাম কাইটি গোহালিৰ গোবৰ সিকিয়াত ভৰাই আছিল । মই পুলুক-পালাকৈ চোতালখন আৰু বাৰান্দাখনত চকু ফুৰালোঁ কিজানি কিবা ৰাতি ঘটনাটোৰ প্ৰমাণ পাওঁ বুলি । কিন্তু ক'তো একো নাই সকলো ঠিকেই । মোৰ এবাৰ মণিৰাম কাইটিক সুধিবৰ মন গ'ল কথাটো । কাৰণ তেওঁ বোলে এইখন ঘৰত বাৰ বছৰ মান হ'ল থকা । যদি কিবা আগে-পাছে ঘটনা হৈছে তেওঁ নিশ্চয় জানিব ।
         মণিৰাম কাইটিক সকলোৱে মণি কাইটি বুলিয়ে মাতে । তেওঁৰ বয়স খুউব বেছি চল্লিশ বিৰাল্লিশ মান হৈছে চাগৈ । তেওঁৰ বৰ দুৰ্ভগীয়া । মাতৃৰ গৰ্ভত থাকোঁতে দেউতাকে সন্ধিয়া  পথাৰৰ পৰা গৰু আনিবলৈ যাওঁতে হঠাৎ মথাউৰি চিঙি অহা বানপানীয়ে গৰু -গাইসহ আৰু বহুতো মানুহ ঘৰ-দুৱাৰ জীৱ-জন্তু উটুৱাই নিলে । মণি কাইটিৰ মাক উটি যাব ধৰোঁতে গাঁৱৰ কোনোবা মানুহে চুলিত থাপ মাৰি ধৰি বচালে । কিন্তু মণি কাইটিক জন্ম দিয়া এমাহৰ পাছত মাকৰ কিবা অসুখ হৈ ঢুকালে । মণি কাইটি খুড়াক-খুড়ীয়েকৰ লগতে ডাঙৰ হ'ল যদিও পাছলৈ তেওঁক কোনেও নোচোৱা হ'ল । খাবলৈ থাকিবলৈ ঠাই নোহোৱা হ'ল । যিদিনা ঘৰৰ পৰা খুড়াকে উলিয়াই দিছিল সিদিনাৰ পৰা য'তে ৰাতি ত'তে কাটি হয় । কিমান দিন অনাহাৰে অনিদ্ৰাই অনাই-বনাই ঘূৰি ফুৰিলে ঠিক নাই । কোনোবাই পুতৌ কৰি কিবা দিলে খায় । অৱশেষত নিজেই এদিন কোনোবা মাৰোৱাৰী দোকানৰ মাল গাড়ীত যোগালিৰ কাম বিচাৰি ল'লে । তেতিয়াৰ পৰা আগৰ দৰে লঘোণে -ভোকে থাকিব লগা হোৱা নাই । নিজাকৈ এখন ঘৰ নহ'লেও দুই হাতে আৰ্জি আনৰ অন্যায় চোৰ-ডকাইত নকৰাকৈ খাইছে । এদিন কিবা দোকানৰ বস্তু মালিকৰ ঘৰত দিবলৈ আহোঁতে তাৰ লগত কথা-বতৰা পাতি মণি কাইটিক ঘৰৰ ৰখীয়া কৰিবলৈ লৈ আহিছিল । এতিয়া এই ঘৰখনত মালিক-মালিকনী আৰু মণি কাইটি। মণি কাইটি নহ'লে ঘৰ নচলে । মালিকৰ ঘৰৰ ল'ৰা-ছোৱালী এহাল আছে বুলি জানো কিন্তু  আমি দেখা নাছিলোঁ । সুধিলে কয় "বাহিৰত কিবা পঢ়ি আছেগৈ।"
        মণি কাইটিৰ ওচৰলৈ গৈ মাত লগালোঁ । মণি কাই গোবৰ ভৰাইছে । ক'ত দিব গৈ গোবৰখিনি শিকিয়াত ভৰাইছে যে ! 
: পিছফালৰ বাৰীলৈ নিম । এইবাৰ আলু ৰুব লাগিব । সেয়ে গোবৰবোৰ তাত শুকাবলৈ মেলি দিম গৈ । মণি কাইটিয়ে ক'লে।
: অঁ, বুলি শলাগ ল'লোঁ । 
       মণি কাইটি মই আপোনাক কথা এটা সুধোঁ বুলি ভাবিছিলোঁ । 
: কি কথা ? 
: কেতিয়াবা ৰাতি বাৰু কোনোবা মাইকী মানুহে ইয়াত কান্দে নেকি ? 
: কি ? কোনে কৈছে তোমাক ?মণি কাইটি চক্‌ খোৱাৰ দৰে খাই সুধিলে 
: নাই , কোনো কোৱা নাই ।
: তেন্তে , কিয় সুধিলা ?
: নাই মানে , আজি মই সপোনে দেখিছিলোঁ নে সঁচাকৈ কোনোবাই কান্দিছিল একো ধৰিব নোৱাৰিলোঁ সেয়ে আপোনাক সুধিলোঁ । আপুনি শুনিছে নেকি কেতিয়াবা এনেকৈ ৰাতি মাইকী মানুহে কন্দা ?
: ক'তা নাই ! আজিলৈকে মইতো তেনে একো শুনা নাই বা কাৰো মুখতো শুনা নাই । কথা কেইষাৰ কওঁতে মণি কাইটিৰ মুখত কিবা এটা ভয় আৰু চিন্তাৰ ভাব দেখা পালোঁ।
: ঠিক আছে তেনেহ'লে মোৰহে কিবা ভ্ৰম হৈছিল নেকি !
: নাই এইবোৰ তেনেকুৱা ইয়াত একো নাই । মিছাতে মনলৈ এই ভাববোৰ নানিবা । ৰাতি বাহিৰলৈ নোলাবা বুলি কৈ পাছিযোৰ কান্ধত তুলি তেওঁ গোহালিৰ পৰা ওলাই গ'ল ।
: মই কথাটো অলপ কিবা ৰহস্য আছে যেন গোন্ধ পালোঁ । নহ'লে কিয় ক'লে "ৰাতি বাহিৰলৈ নোলাবা বুলি ।" কথাষাৰি যেন তেওঁ গা এৰা দিব বিচাৰিছে । কিবা এটা নিশ্চয় ভাল ৰহস্য আছে । মই  ভাবিলোঁ আচল ৰহস্য কি ইয়াক  উলিয়াবই  লাগিব ।

আগলৈ...



অঙ্গন: পৃষ্ঠাঃ ১৭

অণুগল্পঃ

সম্পৰ্কহীন তেজে পোহৰৰ কথা কয়

ৰীতামণি বায়ন

       কলেজলৈ যাবলৈ গেটৰ ওচৰত ৰিক্সাৰ অপেক্ষা কৰি থকা স্বৰ্ণালীৰ ওচৰত এখন বিলাসী গাড়ী আহি ৰোৱাত তাই আচৰিত হ'ল ! কোন হ'ব পাৰে ! গাড়ীৰ ভিতৰৰ পৰা বৌ বুলি মাতষাৰ দিয়াতহে তাই গম পালে সুনয়না বুলি , তাইৰ ঘৰৰ কাষৰে অতি দৰিদ্ৰ পৰিয়ালৰ ছোৱালী সুনয়না, এতিয়া গুৱাহাটীৰ অতি আঢ্যৱন্ত পৰিয়াল এটাৰ বোৱাৰী। সুনয়নাই বৌয়েকক তেনেকৈ ৰিক্সাৰ বাবে ৰৈ থকা দেখি ক'বলৈ ধৰিলে - "তুমিও যে বৌ, দুয়োটাই চাকৰি কৰা গাড়ী এখন ল'ব নোৱাৰা !  মানৱ দৰদী স্নিগ্ধাই কথাষাৰ শুনিও একো নকলে , মাথোন হাঁহি এটা মাৰি গাড়ী চলাই থকা সুনয়নাৰ গিৰীয়েকক ক'লে-- পল্লৱ, সময় পালে আমাৰ ঘৰলৈ আহিবা। কথাখিনি শেষ হ'বলৈ পোৱাই নাই , সুনয়নাৰ দেউতাকে লাখুটিডাল লৈ সিহঁতৰ পিনে আহি থকা দেখি সুনয়নাই দেউতাকক ক'বলৈ ধৰিলে-- চকুৰে দেখা নোপোৱা মানুহজনে এনেকৈ ৰাস্তা পাৰ হৈ আহিছা ! দেউতাকে জীয়েকক তেতিয়া ক'লে-- মই তহঁতক ক'বই পাহৰিছোঁ  অ' ।তহঁতৰ এই তেজৰ সম্পৰ্ক নোহোৱা লখিমী বৌয়েৰাই মোক কৃত্ৰিম চকুযুৰি দি বৰ সহায় কৰিলে। এতিয়া মই তই কিনা এই বিলাসী গাড়ীখন জলজল পটপটকৈ দেখিছোঁ।

ঠিকনাঃ
অধ্যাপিকা, 
বৰপেটা ছোৱালী মহাবিদ্যালয়


অঙ্গন: পৃষ্ঠাঃ ১৮

 শাওণী

প্ৰজিত গগৈ

: ঐ, পথাৰলৈ যোৱাৰ আগতে টকা এশ দি যাবি। যদি নিদিয় ঘৰলৈ ঘূৰি নাহিবি। - গিৰিয়েক কান্তই মিনতিক ক'লে। 
: মদ খাবলৈ তাক পইচা লাগে, কাম বন কৰিব নোৱাৰে, মাইকী জনীৰ কষ্টৰ মূল্য বুজি নাপায়। গিৰিয়েকক ভোৰভোৰাই মিনতি পথাৰলৈ বুলি ওলাই গ'ল। 
: কি হ'ল মিনতি মনটো ভাল নহয় নেকি ? আজিও গিৰিয়েৰৰ লগত কিবা লাগিলি... ৰু ৰু আজি ৰ'দ বৰ চোকা, সোনকালে যাব লাগিব। লগৰ জেউতি য়ে ক'লে। 
: মিনতি ঐ মিনতি কি হৈছে ? তোৰ-হঠাতে বোকাত বাগৰি পৰা মিনতিক সাৱতি জেউতিয়ে কান্দিবলৈ ধৰিলে। মিনতি আৰু নুঠিল, চিৰদিনৰ বাবে পথাৰ খনকে ঘৰ বুলি শান্তি লভিলে |

আমগুৰি


অঙ্গন: পৃষ্ঠা ১৯


ধুমুহাৰ পিছত

মীনাক্ষী ৰায় ডাকুৱা
                                 
         অসমীয়া কাব্যিক জগতৰ ৰূপম কুমাৰ নামৰ নামজ্বলা কবিগৰাকীৰ কবিতা লিখাৰ প্ৰেৰণাময়ী যে তাই এই কথা তাপসীৰ অগোচৰ নহয় । জীৱনৰ বাটত একেলগে আগবাঢ়ি যাওঁতে তাই তাৰ কাষৰপৰা কেতিয়া কিদৰে দূৰলৈ গুচি গ'ল ৰূপমে বুজি নাপালে । তাৰপিছত বহুদিনলৈ নানান পত্ৰ-পত্ৰিকাত ৰূপমৰ বহু কবিতাত তাপসীয়ে নিজৰ প্ৰতিবিম্ব দেখা পাইছে । যি প্ৰতিবিম্বৰ মাজেৰে তাই নিজকে বিচাৰি পাইছে প্ৰেৰণাময়ী ৰূপেৰে, কেতিয়াবা এগৰাকী ছলনাময়ী নাৰী হিচাবে । আজি ইমানদিনৰ পিছত হঠাৎ ৰূপমৰ কথা বৰকৈ মনত পৰিছে তাপসীৰ । সম্পূৰ্ণ পৰিণত মন আৰু বয়সৰ মাটিত থিয় হৈ ৰূপমৰ হয়তো এতিয়া আৰু কোনো খং বা অভিমান নাই তাইৰ ওপৰত । খং, দুখ, অভিমান, অপমান সকলো পাহৰি সি এতিয়া এনেকুৱা এজন ব্যক্তিত পৰিণত হৈ গৈছে যিজন একেবাৰেই বিভ্ৰান্ত নহয় । নিজৰ গতিপথ ঠিক ৰাখি সুনিশ্চিত লক্ষ্যৰ ফালে আগুৱাই গৈছে ৰূপম । তাৰ কথা আৰু ভাবিব নিবিচাৰে তাপসীয়ে । এগৰাকী শুভাকাংক্ষী হিচাবে তাই সদায় কুশল কামনা কৰে ৰূপমৰ ।

ঠিকনাঃ
গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫


অঙ্গন: পৃষ্ঠাঃ ২০

অনুবাদ সাহিত্যঃ

 
Invictus

BY WILLIAM ERNEST HENLEY

Out of the night that covers me,
Black as the pit from pole to pole,
I thank whatever gods may be
For my unconquerable soul.

In the fell clutch of circumstance
I have not winced nor cried aloud.
Under the bludgeonings of chance
 My head is bloody, but unbowed.

Beyond this place of wrath and tears
Looms but the Horror of the shade,
And yet the menace of the years
Finds and shall find me unafraid.

It matters not how strait the gate,
How charged with punishments the scroll,
I am the master of my fate,
I am the captain of my soul.

অপৰাজেয়

(মূল: ‘INVICTUS’ by W E Henley
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী   )

মোক আৱৰি থকা এই ৰাতিৰ 
বিশ্ব ব্যাপি অন্ধকুপৰ মাজৰ পৰা,
ভগৱানক ধন্যবাদ, যিয়েই নহওক তেওঁ-
মোৰ এই অপৰাজেয় আত্মাৰ বাবে।
পৰিঘটনাৰ নিষ্ঠুৰ খামোচতো মই
বিৱশ নহ’লোঁ নাইবা কন্দাও নাছিলো।
আকস্মিক ঘটনাৰ প্ৰহাৰত, হ’লেও মোৰ 
শিৰৰ ৰক্তক্ষয়, নটশিৰ মই কদাপি নহ’লোঁ।
চকুলো আৰু ক্ৰোধ ভৰা এই ঠাইৰ সিপাৰে
ৰৈ আছে মাথোঁ ছায়াচ্ছন্ন বিভীষিকা
তথাপি বছৰ বছৰৰ আতংকই দেখিছে 
আৰু দেখা পাব মোৰ ভীতিহীন ব্যক্তিত্ব।
সেই দুৱাৰ কিমান ঠেক-  কোনো কথা নাই,
শাস্তি কিমান নিৰ্দ্ধাৰিত আছে- কোনো কথা নাই,
ময়েই মোৰ ভাগ্যৰ নিৰ্ণায়ক,
ময়েই মোৰ আত্মাৰ অধিনায়ক।

(উইলিয়াম আৰ্ণেষ্ট হেনলে’ এগৰাকী ইংৰাজ কবি, সাহিত্যিক তথা সমালোচক আছিল।তেওঁৰ জন্ম ১৮৪৯ চনত আৰু মৃত্যু ১৯০৩ চনত।যক্ষ্মা(TB) ৰোগৰ বাবে তেওঁৰ এখন ভৰি কাটি পেলাব লগা হৈছিল।তেওঁৰ এই Invictus  কবিতাটো এক অনুপ্ৰেৰণা মূলক কবিতা হিচাপে গোটেই বিশ্বতে সমাদৃত। হস্পিটেলত থাকোতে ১৮৭৫ চনত লিখা এই কবিতাটো বিনা শিৰোনামেৰে তেওঁৰ প্ৰথম কাব্য সংকলনত প্ৰকাশ পাইছিল।সেই সময়ৰ ভালে কেইখন ইংৰাজী বাতৰি কাকতত বিভিন্ন শিৰোনামেৰে কবিতাটো প্ৰকাশ পাইছিল।অৱশেষত ‘Oxford Book of English Verse-1900’ নামৰ কাব্য সংকলনৰ সম্পাদকে ‘INVICTUS’ নামেৰ কবিতাটো অন্তৰ্ভূক্ত কৰে। এই শব্দটো লেটিন ভাষাৰ পৰা লোৱা হৈছে, যাৰ ইংৰাজী অৰ্থ হৈছে ‘UNCONQUERABLE’ বা ‘UNDEFEATED.)

কাহিলিপাৰা গুৱাহাটী
মো:+৯১ ৭০০২৪০৯৬৫৫
     

অঙ্গন: পৃষ্ঠাঃ ২১

इक नज़्म

गुलज़ार 

ये राह बहुत आसान नहीं,
जिस राह पे हाथ छुड़ा कर तुम
यूं तन तन्हा चल निकली हो
इस खौफ से शायद राह भटक जाओ न कहीं
हर मोड़ पे मैने नज़्म खड़ी कर रखी है!

थक जाओ अगर---
और तुमको ज़रुरत पड़ जाये, 
इक नज़्म की ऊंगली थाम के वापस आ जाना !

এটা কবিতা

মূল হিন্দীঃ গুলজাৰ
অনুবাদঃ মঞ্জিত হাজৰিকা

এই পথ বৰ সহজ নহয়,
যিটো পথত তুমি সম্পৰ্ক চিঙি
এনেকৈ অকলশৰীয়া শৰীৰটো লৈ ওলাই গৈছা
কিজানি তুমি ৰাস্তাৰ ভুল নিৰ্বাচন কৰা এইটো ভয়তে
প্ৰতিটো কেঁকুৰিত একোটিকৈ কবিতা থিয় কৰাই ৰাখিছোঁ

যদি ভাগৰি পৰা---
আৰু তোমাক আৱশ্যক হয়,
এটা কবিতাৰ আঙুলিত ধৰি উভটি আহিবা !


অঙ্গন: পৃষ্ঠাঃ ২২

স্ব - বিৰোধী 

মূল বাংলাঃ নিৰ্মলেন্দু গুণ
অনুবাদঃ সপ্তর্ষি বর্ধন 

মই জন্মিছিলো এক বিষণ্ণ বাৰিষাত , 
কিন্তু মোৰ প্ৰিয় ঋতু বসন্ত ।

মই জন্মিছিলো এক আহাৰৰ ৰাতিপুৱাত, 
কিন্তু ভাল পাওঁ চ'ত মাহৰ আবেলি ।

মই জন্মিছিলো দিনৰ আৰম্ভনিতে, 
কিন্তু ভাল পাওঁ নিশব্দ নিজান নিশা ।

মই জন্মিছিলো এক ছাৱা নিবিড় গাঁৱত,
ভাল পাওঁ বৃক্ষহীন ৰ'দ শুকান ঢাকা ।

জন্মৰ সময়ত মই খুব কান্দিছিলো ,
এতিয়া সকলো চাই মোৰ হাঁহি উঠে ।

মই জন্মৰ প্ৰয়োজনত সৰু আছিলো, 
এতিয়া মৃত্যুৰ প্ৰয়োজনত ডাঙৰ হৈ আছো ।
 
ঠিকনা : ব্যাৰাকপুৰ,
কলকাতা, পশ্চিমবঙ্গ ।
ফোন : 8961472062

অঙ্গন:  পৃষ্ঠাঃ ২৩

কবিতাঃ

বতাহৰ ভাঁজে ভাঁজে ভাহিছে
কিনো ফুলৰ গোন্ধ

ৰীতা বৰুৱা

কাপোৰ চপোৱাদি 
চপাই লৈছে নৈখনে
হাত ভৰি আঙুলি

বোৱাৰীপুৱাতে গা ধুই
আকাশখনে পিন্ধি লৈছে
নীলা শাৰী এখন
দিনটোলৈ

পথাৰখনে থিয়দঙা দিছে
বতাহত উৰিছে পথাৰৰ
সেউজীয়া চুলি

আৰু বতাহৰ ভাঁজে ভাঁজে ভাহিছে
কিনো ফুলৰ গোন্ধ
গোটেই মানুহজনী মইচোন
আমোলমোল !


অঙ্গন:  পৃষ্ঠাঃ ২৪

আহিন

ৰাজেন বৰা

তাইৰ তন্বী তৰুণী দেহাত তেজে পিৰপিৰাইছে
যৌৱনৰ কি যে উদ্দিন উদ্দীপন
সুশ্ৰী-কুশ্ৰী , সুৰূপা-কুৰূপা সকলোটি
প্ৰাকৃতিক প্ৰচুৰ্য্যৰেই স্বয়ং সমৃদ্ধ হয় যৌৱনত
ছালৰ চিক্‌মিকনি
জাং পাঙৰ জিলিঙনি
বৰ পাতৰ ৰিহাৰ তলত তলমল যৌৱন সাঁচি চিক্‌মিকাইছে তাই
একে আহিনে যে ধান
অ’ মোৰ শ্যামলী সুন্দৰী
তোৰ লাস্যময়ী দেহৰ নাচত
কাতিত কঁকালত পানীগামোচাৰ গাঁঠি মাৰিও
মানসী চোতালত মোৰ এচোতাল সোণবৰণীয়া আঘোণ

দাংকাটী ওভতী লালুঙনি ঐ
সেই যে ছঠৰীয়া ভাৰখন দাঙি কেঁকুজেঁকু হোৱা দেখি কৈছিলি মোক
“ সব কথা ’.... 'ৰ তল
চাউল কঠা বুকুৰ বল অ’ ডেকাটি“
যেন গীতাৰ মহাৰ্থ সূচক শ্লোক হে আছিল এটি
অদ্ভুত অদ্ভুত এই ভাতৰ গোন্ধ!
পেটৰ ভোকে যি কৰে
মুখৰ লাজে কি কৰে ?
ভোকেই আমাৰ চৰম সত্য
ভাতেই আমাৰ ঈশ্বৰ...


অঙ্গন:  পৃষ্ঠাঃ ২৫

শেৱালি

নৰহৰি চুতীয়া

    সূৰ্যটো গাৰুৰ তলত লৈ 
শুই আছিল তাই 
এখনি নীলিম আকাশত
দুচকুত সাঁচি থৈছিল 
মেঘৰ চছ্মা পিন্ধি বৰষুণ |

            তাই সপোনটোক 
বান্ধি থ'ব বিচাৰিছিল 
ৰঙীন ৰিহাৰ আঁচলত 
ভৰাই থ'ব বিচাৰিছিল বুকুত 
      জলফাইপতীয়া 
এজাক সেউজীয়া বতাহ |
            
           চেতনাৰ শৃঙ্খল ছিঙি 
      বিগত দিনৰ বৈভৱ পাহৰি 
সংগোপনে ৰাতিৰ আন্ধাৰতে তাই 
           সিঁচি দিছিল 
       সুবাস ভৰা এচোতাল 
       বিধবা জোনাক |

        ঠিকনাঃ      
       তেজপুৰ


অঙ্গন: পৃষ্ঠাঃ ২৬

আহিনৰ আবেলি
                      
আৰতী মিশ্ৰ

হেমন্ত ঋতুৰ
এটি আবেলি
আহিনৰ শেষ
শুক্লপক্ষ... 
         সাজ লগা সময়তে
         আহিছিলা তুমি
         বহিবলৈও কব নোৱাৰো
         যাব দিবলৈও নোৱাৰো
কিবা এটা অজানিত
আবেগ মিশ্ৰিত অনুভৱে 
বান্ধি ৰাখিছিল মোক
         দিনটো সম্পূর্ণ মোৰ
         ভাব আৰু ভাবনাক
         আশ্ৰয় দিছিলো
         আবেলিটো,
         সন্ধিয়াটো, নিশাটো
         দোকমোকালিটোও 
         আছিল মোৰ নিজা 
আহো নাহোকৈ 
বৰষুণ জাক নামিছিল
কিনকিনিয়াকৈ ভাল লগাকৈ
তুমি অহা দিনত 
পদূলিত শেৱালিজোপাই
গোন্ধ বিলাইছিল
সুবাসৰ বাটেদিয়ে 
নিশাটি গৈ আছিল 
এটি ধুনীয়া সপোন হৈ।


অঙ্গন:  পৃষ্ঠাঃ ২৭

আহিন 

পল্লৱী গগৈ বুঢ়াগোহাঁই
                                         
আহিনৰ টোপ টোপ নিয়ৰৰ
খুপি খুপি উঠা 
অবুজ টোকৰত 
কুঁৱলীৰ আচ্ছাদনে মেৰিয়াই লয় পৃথিৱী। 
মুনিচুনি আবেলিৰ
শেৱালীফুলীয়া আবেগৰ 
উপৰ্যুপৰি ৰাগিত বাঢ়ি আহে
ৰ'দে শুকান কৰা 
বতাহজাকৰ সুগন্ধি।

আহিনৰ প্ৰতিটো খোজৰ
পাছে পাছে লৱৰি ফুৰে,
ধূলিৰে পোত খাই থকা
থিয় তিনিআলিৰ  
প্ৰেমিকৰ প্ৰস্তাৱৰ ৰিং ।
আহিনৰ বাবেই ৰʼদজাকে
সসম্ভ্ৰমে পখালে গ্ৰীষ্মৰ 
দেই পুৰি যোৱা আস্ফালন।

আহিনে সেৱন কৰে
ছন্দায়িত ইকৰাণিৰ আকুতি।
কুঁৱলীয়ে বাট ভেটি ধৰা 
হেঁপাহৰ ৰাগিত আহিন দুলি থাকে।
এচোৱা হাবিয়াসৰ ইমূৰৰ পৰা সিমূৰলৈ
সপোনৰ সৌধ সাজি ঢপলিয়াই
ফুৰে বকুলৰ তলসৰা পাহি।

ক্ৰমশঃ অজুহাতৰ বুকুত
আহিন অচিনাকী হয়
অভিমানী আঁচল পিন্ধি
মায়াবী জোনাকত
এইদৰেই আহিনে 
অৰঙে-দৰঙে নৈশব্দৰ
ঠিকনা লিখে হিয়াৰ উমেৰে।


ঠিকনাঃ
কলেজ ৰ'ড
আমগুৰি।


অঙ্গন:  পৃষ্ঠাঃ ২৮

শৰতলৈ লিখা চিঠিখন 

ৰুনু দেবী শৰ্মা

শাওনৰ মেঘেঢকা আকাশৰ তলত 
বুকুপোৰা ঘামসিক্ত দেহাবোৰত
এছাটি সপোন ফুলাৰ বতাহ ,
ৰ'দে পোৰা পথাৰখনত 
বানে গৰকা পথাৰখনত সেউতী মালতীহঁতৰ
সপোন সিঁচি জিৰাব শৰতৰ
শ্যামলী কোলাত। 
সপোনবোৰ লাহে লাহে ফুলি উঠিব 
নিত্য নতুন ভঙ্গীমাৰে, 
পঙ্কিল আৱৰ্জনা সোলোকাই 
নিৰ্মল আকাশৰ শুকুলা 
মেঘৰ ছাঁয়াত,
প্ৰকৃতি শ্যামলী হ'ব।
বর্ষাইও কাণে কাণে কৈ গ'ল
শৰতৰ বতৰা তুমি আহিবা 
আকাশত তৰাৰ ফুল বাচিব 
মেঘৰ শুকুলা চাদৰৰ ফাঁকেদি 
নিয়ঁৰৰ কণিকাৰ মুকূতাৰ মালা
শৰতৰ সুকোমল দলিছাত হ'ব
মহাপুৰুষজনাৰ জন্ম জয়ন্তী 
তোমাৰ স্নিগ্ধ জোনাকৰ শব্দত
কঁহুৱা ফুল ফুলিব
কোমল আলসুৱা কঁহুৱাৰ সৌন্দৰ্যই
উন্মনা কৰিব মোৰ হিয়া।

 ঠিকনাঃ 
গুৱাহাটী


অঙ্গন:  পৃষ্ঠাঃ ২৯

দৌৰ

নিৰুজ তামুলী ফুকন
     
এদিন পিতায়ে কৈছিল
'কিবা এটা পাবলৈ 
দৌৰিব লাগিব
আঁঠু মূৰত সোণ নাপাৱ' 
সেই কিবাটো বিচাৰিয়ে
দৌৰি আছো অহৰহ
কেতিয়াবা ধুমুহাৰ তাণ্ডব 
কেতিয়াবা মেঘৰ গৰ্জন
উফৰি পৰিব খুজিও
পুনৰ জী উঠিছো আপোন
পৃথিৱীত ন কুঁহিপাত হৈ
সেয়ে ভৰি দুখন মোৰ
বৰ প্ৰিয় ঠিক চকু দুটাৰ দৰে,
দৃষ্টিৰ পৰিধি  
হয় যদি অসীম 
ক্ষীপ্ৰ হয় দুভৰিৰ গতি
ধূলিয়ৰি বাটত হওঁ 
লুতুৰি-পুতুৰি 
হয়তু আপুনিও হৈছে
হ'ব পাৰে আপোনাৰ মোৰ
লক্ষ্য ভিন্ন 
তথাপি সহযাত্ৰী আমি
প্ৰসাৰিত দুহাতে  আকাশলৈ
ঢাপলি মেলো
জোনাক পুৱাই পুৱাই সাধু 
শুনাৰ অপত্য স্নেহৰ নিভাঁজ 
আত্মিয়তাত সুখবোৰ জোনাকী হৈ জিলিকি উঠাৰ
সোঁৱৰণি এটি সুৰ সমলয় হৈ
বাজি থাকে ৰিণি-ৰিণি  

দৌৰাৰ খেল চলিয়েই আছে
মোৰ দৰে
সকলো দৌৰিছে
কোনোবা সৰ্বোত্তম  হৈছে
কোনোবাই চকুলো টুকিছে
একেখন পৃথিৱীত কোনোবাই
কাৰোবাক পিছলৈ টানিছে
পিছে অলপতে সুখ 
বুটলিব জনাজনে
সুখৰ বৰষুণত তিতিছে
হেলাৰঙে
পিছে মৰিচীকা খেদাজনে
জীৱন নিপাত কৰিছে 
এনেয়ে--
অৱশেষত সকলো একেখিনি
মাটিতে বিলিন হৈছে
চিৰদিনৰ বাবে ।
 
ঠিকনাঃ
আমগুৰি নগৰ
শিৱসাগৰ


অঙ্গন: পৃষ্ঠাঃ ৩০

শৰতৰ নিৰাশা 

ৱাহিদ আহমেদ

সুকোমল নিয়ৰসনা জোনাক
শেৱালিৰ গোন্ধে মাতে
তোমাৰ পদূলিলৈ
শৰতৰ সুবাস লবলৈ
সন্ধিয়া হ'লেই মন উৰে
তোমাৰ শুভ্ৰ আৱৰণত
মন নিচুকাবলৈ...
শৰত আহিছে হৃদয়খন এবাৰ চুই চোৱা

কঁহুৱা ফুলিছে শাৰদী সাজেৰে
আশাৰ মাজেৰে জাগিছে সপোন
নীলা আকাশত
ৰঙৰ পৃথিৱীখন আজি কিয় নিমাত
সোণোৱালী বাটত নাই মানুহৰ ভিৰ
শৰৎ ইমানেই শান্ত নে !!

শাৰদী ৰাতি কোন আহে মাতি
উৎসৱৰ ঢল বয়
উশাহবোৰ লাহে লাহে অশান্ত হয়
পুৱা কাৰোবাৰ দেহৰ অংগবোৰ
ঠৰঙা হোৱাৰ খবৰে
শৰতৰ উৎসাহত আঘাত কৰে
বতাহবোৰ বিষাক্ত হৈছে
শৰৎ এনেকুৱা খবৰ নানিবি...

ঠিকনাঃ
কাটাৰ, ডোহা


অঙ্গন:  পৃষ্ঠাঃ ৩১

হিম চেঁচা

প্ৰবীণ কুমাৰ টায়ে
         
সেউজীয়া পথাৰখন
যৌৱনে জিলিকিছে

নিশাৰ দলিছাত
শেৱালি সৰিছে

কোনে ৰং সানি
আঁকিলে ৰামধেনু

মোৰ হিয়াৰ আমঠুত কোনে 
ঠাই ল'লে

চুই চোৱা 
মোৰ ভৰ যৌৱনা দেহাটো

কিবা পোৱা যদি
শৰতৰ জোনাক বেলাত

ৰাতি ফুলা শেৱালি
দুৱৰি নিয়ঁৰ

বিচাৰি পাবা মোৰ খুচনীত
চুই চোৱা 
মোৰ হিম চেঁচা দেহাটি

ঠিকনাঃ
লালুক লক্ষীমপুৰ
৬০০৩৪৯২৩৯৮


অঙ্গন:  পৃষ্ঠাঃ ৩২

অপ্ৰিয়

সীমান্ত মিশ্ৰ

সি মোৰ অপ্ৰিয়
কাৰণ
সি গগনচুম্বী সপোন ছাৰখাৰ কৰে
যৌৱনক শীতল কৰে

তাৰ আছে এক অনাবৃত দেহ
সীমাহীন গ্লানিতে
কদৰ্য সেই ৰূপ

জীৱনক আশাহত কৰা
তাৰ এক জঘন্য অভ্যাস

সি মোৰ অপ্ৰিয়
নাম যাৰ 'বাস্তৱ'।।

ঠিকনাঃ
বঙাইগাঁও, 
৯৮৬৪০৮৮৩৪০


অঙ্গন: পৃষ্ঠাঃ ৩৩

নষ্ট হ'বলৈ কি বাকীঃ এটা হাঁহি দিয়ানা ৰশ্মিৰাণী জেউতি

 উৎপল কুমাৰ চক্ৰৱৰ্ত্তী

দোকমোকালি নে চিকিমিক সন্ধ্যা
আমাৰ আলাপ নহয়নে নিশি সন্ধ্যা
মই যে লাহে লাহে হেৰাব খুজিছোঁ
সেয়া তুমি জানিব পাৰিছিলা হয়তো 

তুমি হেৰাই গ'লা এন্ধাৰত আৰু মই,
মোক গিলি থৈ গ'লা তুমি... 
বাহ্ নিশি
নষ্ট হ'বলৈ কি বাকী কোৱা

আচলতে মই নিজে এটা  সাধুকথা 

লাহে লাহে মোৰ
কবিতাৰ সন্ধ্যাবোৰে গতি কৰিছিল
পান-দোকান বোৰলে'      
কবিতাবোৰ উৰিছিল
নেভিকাটৰ বিষাক্ত ধোঁৱা হৈ.....      
কলিজাৰ তুনত সোমাইছিল 
জীৱন কুটা তমসা

এতিয়া
ধোঁৱা আৰু বাৰৰ খালি হৈ ৰোৱা
গিলাচবোৰেই মোৰ নিঃসঙ্গতাৰ সংগী                           মৌন আলাপত
তোমাৰ সাধু
তুমি কেনেকৈ
নিশিতাৰ পৰা খালি গিলাচ হ'লা
তাৰেই কাহিনী: 
(হাঁহিছো বুলি ধৰি নলবা)

এৰা তোমাৰ বিয়াৰ
আৰ্চিচ কাৰ্ডখন       
এদিন এসোপা ধোঁৱাৰ সন্ধানত
জ্বলি উঠিছিল বাৰৰ চুকত

সুৰাৰ গিলাচটোত বাকি লৈছিলো 
বিষাদী শব্দ 
দেৱালৰ আখৰ কেইটা
জিলিকি উঠিছিল,
মদে হেনো কাঢ়ি লয় জীৱন 
কলিজাত পুৰণি বিষাক্ত শব্দ 
এইকথা সকলোৱে জানে 

হ্যেই ৰশ্মিৰাণী
এটা প্ৰলাপ মাথো এইবোৰ.....      
ধোঁৱাৰ আকৌ কিহৰ জীৱন....!

উভতনি পকোৱা বাটটোত   
সদায়ে বাজে তোমাৰ গান
দুখবোৰ ভাল পাওঁ মই       
কাঁইটে যিমান ভাল পায় ফুলক
ময়ো ভাল পাওঁ তোমাক   
অ' মোৰ ৰশ্মিৰাণী জেউতি
ভালে কুশলে থাকিবা 
এটি পুৱাৰ সন্ধানত...
ধৰি ল'বা মই কেৱল ধোঁৱা...


অঙ্গন: পৃষ্ঠাঃ ৩৪

মানুহ আৰু নদীৰ আজন্ম প্ৰেম

বন্দনা সন্দিকৈ

সভ্যতাৰ দোকমোকালিত সাৰপোৱা মানুহ
নদীৰ বুকুলৈ নামে
কথা পাতে; সেউজীয়াৰ
কথা পাতে; প্ৰেমৰ

মানুহ নদীৰ প্ৰেমত পৰে
নদীয়েও বিনিময় কৰিব জানে
চুমা খাই যায়
সপোনৰ পথাৰে পথাৰে

মানুহ নদীৰ আজন্ম প্ৰেমিক 
শৈশৱৰ এমা-ডিমা চোতালৰ পৰা
নঙলা সৰকি এটা নঙঠা দৌৰ
গৰা পিছলি এটা থিয় জাপ হয়

সময়ে পিন্ধি লয় তিয়নি গামোচা
আগ বাৰিষা আহে
উচপচপ পানীৰে নৈখন গাভৰু হয়
যৌৱনে সাঁতোৰ মেলে

উজাই আহে সোণালী-ৰূপালী মাছবোৰ
সাঁতুৰি থকা বুকুবোৰে
থাউনি নাপাই
হেঁচা মাৰি ধৰে
ক'ব নোৱাৰাকৈয়ে প্ৰেম শিপায়

মানুহ আৰু নদী
কোনেও কাকো এৰি থাকিব নোৱাৰে

ৰূপালী চুলিৰ মানুহে
আবেলিৰ ঘাটতো
আছাৰি থাকে চুলি
পানীত জোবোৰা মাৰি

আৰু
এদিন নদীৰ পাৰতেই লয়
জীৰণীৰ শেষ আশ্ৰয়

সময়ৰ নীৰৱ যাত্ৰাত চলি থাকে
এনেদৰেই-
মানুহ আৰু নদীৰ আজন্ম প্ৰেম ।।


অঙ্গন: পৃষ্ঠাঃ ৩৫

মধ্যবিত্তৰ সপোন 

ৰুণুমী দেৱী গোস্বামী

       লঠঙা ডালত ফুলা
        শিমলু ফুলৰ দৰে 
        থোপাথোপে ফুলে
       মধ্যবিত্তৰ সপোন 
        চকুৰ পতাত
      দুলি থাকে সপোনবোৰ
        পেণ্ডুলামৰ দৰে,
        জীৱনৰ চকৰি ঘূৰে 
          লাটুমৰ দৰে
       সপোনবোৰ চোকা ৰ'দে পোৰে
        পথত শিলভাঙি থকা বণুৱাবোৰৰ দৰে 
       সেয়ে মধ্যবিত্তৰ সপোন 
      ছিগাৰেটৰ ধোঁৱাৰ দৰে উৰে
      সিহঁতৰ বুকুবোৰ জ্বলি উঠে
         তপ্ত শিখাৰ দৰে,
      সপোনৰ চিতা ভস্মত
        আকৌ এটি সপোনে মূৰ ডাঙি উঠে
        তিল গছৰ দৰে 
        তিলফুলীয়া সপোনে বাউলী কৰে
       দুখৰ বাঁহীত
     সুখৰ সুৰ বাজে
    এলান্ধুকলীয়া ঘৰবোৰত বন্তি জ্বলে
     জোনাকী পৰুৱাৰ দৰে !

ঠিকনাঃ
নলবাৰী সত্ৰ


অঙ্গন: পৃষ্ঠাঃ ৩৬

অস্তিত্ব

অঞ্জলি দত্ত

সৌৰভে জীয়াই তোলে
দুয়োকে এটা সীমাত,

হৃদয় ভৰি ভালপোৱা 
মৰমৰ নদী এইখন।

পাৰত অৰণ্য এখন
লাহি কোমল সেউজীয়াৰে,

উশাহ লওঁ অচিনাকি ঘাটত
দুই ফালে দুই নাও, দুই ভৰি।

কপি উঠে পাতবোৰ
লাহে লাহে কপে ডাল,

উছন ভেটিত ভৰিৰ তলত
শুকান দুৱৰিৰ উচুপনি।

এটুপি পানী আকাশৰ আশীষ
জীপাল সুৰভি মৌনতাৰ আঁৰত,

তথাপি নদী লাগে বৈ যাওক
অৰণ্য লাগে সাৱটি লওক।

হৃদয় আছে বাবেই
সেউজীয়াৰ আদৰ,

প্ৰেমৰ বাবেই প্ৰেম
গছৰ দৰে।

অৰণ্যৰ দৰে
আকাশৰ দৰে।।


অঙ্গন: পৃষ্ঠা ৩৭

শৰৎ

মণিকা গগৈ শইকীয়া

আঙুলিৰ মূৰত ক্ষণ গণি গণি।
বাট চাই আছো
তোমালৈ শৰৎ ,
প্ৰতিটো সন্ধিয়া মোৰ পদূলিৰ
জোনাক ফুলা শেৱালি জুপিৰ তলত ।
তুমি আহিবা শৰৎ
জোনাকৰ  আঁচল মেৰিয়াই দেহাত ,
শুভ্ৰ কঁহুৱাই হালি -জালি নাচি  
আদৰি আনিব তোমাক ।
জিল মিল নিয়ৰেৰে
দূবৰিৰ বুকুত 
শেৱালিৰ পাহিবোৰে সিঁচিব সপোন   
শৰৎ তোমাৰে কোলাত , 
শুকুলা ডাৱৰেও 
নিৰ্মল আকাশৰ বুকুত মেলিব দুহাত ।
কুঁৱলীৰ গুড়ি ফুলৰ পাপৰিবোৰেও
সপোন আঁকিব 
হেপাঁহৰ চিকিমিকি ঘাটত   ,
আকলুৱা মনটি লৈ
তোমাতেই মুগ্ধহৈ ৰওঁ
জিকিমিকি জোনাকৰ বাটত 
শৰৎ তুমি অহাৰ পৰত ।

 ঠিকনাঃ
 চাবুৱা


অঙ্গন:  পৃষ্ঠাঃ ৩৮

হিয়াফুল একুঁকি

তৰুণ চন্দ্ৰ নাথ

মাতৃ পূজাৰ বেদীত উছৰ্গাৰ বাবে
সময় নদীৰ তীৰত ফুলাবলে
এপাহি সুগন্ধি ফুল
আকিঞ্চনৰ হাতত
         আজিচোন একোৱেই নাই!

প্ৰেতপক্ষৰ ৰাতি
সহজ হাতেৰে মোৰ
জলাওঁ এগছি চাকি...

আশা মাথোঁ মোৰ
প্ৰেমৰ মদিৰা ঢালি
শৰাই ভৰাই দিবলৈ
হিয়াফুল একুঁকি,..



অঙ্গন: পৃষ্ঠা ৩৯

শৰতৰ মিঠা‌ প্ৰতিশ্ৰুতি 

মালা বুঢ়াগোহাঁই ফুকন 

শাওণৰ শ্যামলী বাটেৰে
আহিনে আহি ঢালিলে অপৰূপা সুষমা
কুঁৱলীৰ আচ্ছাদনে লাজৰ ওৰণি টানি
দূবৰিক দিলেহি চুমা ।
সেউজী কোমল দলিছাত
জালি কটা ৰ'দৰ কোমল পুৱাত
পাতিলে শেৱালিৰ শুভ্ৰ মেলা ।

ৰাতিৰ আকাশত জোনাক নামিল
ফুলিল শেৱালিৰ পাহি ,
ৰাতিয়েই ফুলি ৰাতিতে সৰিল
বিলাই জগতক স্বৰগীয় সুৰভি 
কঁহুৱা-বিৰিণাই নদীৰ পাৰে পাৰে
গা-ঢালি নাচি হালি -জালি 
জনালে শৰৎ অহাৰ বাতৰা ।

উদং দুভৰিত নিয়ৰৰ টোপাল কাটি
উভতি আহিল ল'ৰালি
আলফুলে বুটলি শেৱালিৰ পাহি
গাঁঠিলো সপোনৰ মালাধাৰি 
অনুভৱী আঙুলিত ৰৈ গ'ল স্মৃতি
বাগৰিল কত হিমচেঁচা পুৱা
অপেক্ষাৰ চোতালত ‌দিলেহি বাকি
শৰতৰ মিঠা‌ প্ৰতিশ্ৰুতি ।

ঠিকনাঃ
শিমলুগুৰি , শিৱসাগৰ (অসম)।


অঙ্গন: পৃষ্ঠাঃ ৪০

 লোকাৰণ্য  

গকুল ডেকা

মনত পৰে এই শাৰদীয় 
বতৰত ক'কা -আইতালৈ 
হাতৰ মুঠিত , আঙুলিৰ ফাঁকত
গুজি দিয়া খুচুৰা পইচাৰৰ কথা ।

তুমি আহিলা নেকি !
সন্ধিয়া দেখোন তোমাক
আদৰণি  জনোৱাৰ প্ৰস্ততি আৰম্ভ হ'ল ।

গাঁওৰ ক'কা -খুড়া - বৰদেউতা  হঁতৰ 
তাল মাদলৰ শব্দৰ 
ঢাক -ঢোল বাজিব ধৰিলে ।

বহুতৰ আশাৰ বতৰা বিলাবলৈ
তুমি আহিলা নেকি !
ব্যস্ততা পূৰ্ন জীৱনৰ মাজতো
তোমাক আদৰিবলৈ সাজু সকলো 
শংখ ,ঘণ্টা , উৰুলীৰেআদৰিব তোমাক
কাৰণ দুৰ্গতিনাশিনী তুমি যে আমাৰ আৰাঢ্য 
শক্তিস্বৰূপা দুৰ্গাদেৱী...

ঠিকনাঃ
 ঘিলাকুৰি দৰং
ফোন নং ৯৩৮৭১১৮২৩৬


অঙ্গন: পৃষ্ঠাঃ ৪১

 ওজন 

ড০ আৰমেদা আহমেদ

ওজন থকা বাবে,
নৈখনিত নেথাকে ওপঙি
অতল গহ্বৰত নিমিষতে 
স্থিত প্ৰজ্ঞ।
নেথাকিলে ওজন কোনো কালে,
সোঁতে সোঁতে ছেদেলি ভেদেলি,
চিন মোকাম নথকা
জীৱনৰ বাস্তৱ ছবি !
"তেলিৰ মূৰত তেল"
সকলো জানি
একো নজনাৰ খেল।


অঙ্গন: পৃষ্ঠা ৪২

শাৰদীয় অনুভৱঃ

শৰতৰ আগমন

মালবিকা শৰ্মা

        শাৰদী ৰাণী শৰতৰ আগমনত প্ৰকৃতিৰ আনন্দৰ মনোৰম প্ৰকাশ। তলসৰা শেৱালি, নিয়ৰ সনা দূবৰি, পৰিস্কাৰ আকাশ, হালিজালি নাচি থকা কঁহুৱা কোমল শীতল বতাহজাক, মাদকতা ভৰা সন্ধিয়া, স্নিগ্ধ জোনাক, মায়া ভৰা ৰাতিত ফুলৰ সেমেকা সুবাস...এই সকলোবোৰে একেমুখে কৈ উঠে শৰৎ আহিল।
            শাৰদীয় বতৰ, চাৰিওপিনে এক আনন্দমুখৰ পৰিবেশ। দেৱীপূজাৰ সময় আসন্ন। দুৰ্গা পূজা, লক্ষী পূজা, কালী পূজা, দিপাৱলী আদি এটা পিছত এটাকৈ আহি থাকে পূজাৰ উৎসৱবোৰ। পূজাৰ বতৰত পূজাৰ বজাৰ, নতুন ৰঙীন বস্ত্ৰ, আশা ভৰা ৰঙীন মন, ঘৰে ঘৰে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন। কৰ্ম সংস্থাপনৰ বাবে বেলেগ বেলেগ ঠাইত থকা পৰিয়ালৰ সদস্য সকলৰ একত্ৰিত হোৱাৰ সময়, প্ৰিয়জনৰ ওচৰত হৃদয়ৰ বাতৰি জনোৱাৰ উপযুক্ত সময়~
   
"আকাশে বতাহে এতিয়া কেবল তোমাৰ গুঞ্জন,
চাৰিওপিনে মাথো শুনো তোমাৰ মিঠা ৰুনজুন।
দেহ মন জুৰ পেলাইছে শৰতৰ কোমল বতাহে,
আমোলমোলাই তুলিছে শেৱালি, বকুলৰ সুবাসে।

শৰৎ মানেই ফুলৰ সুবাস,
শৰৎ মানেই শীতৰ আভাস।
শৰৎ মানেই কঁহুৱাৰ নাচোন,
শৰৎ মানেই পূজাৰ আগমন।
শৰৎ মানেই নিয়ৰৰ টোপাল,
শৰৎ মানে আকাশ ফৰকাল।

শৰত ঋতুৰ আবেগ অনুভূতি ভৰা মাদকতা,
কবি মনৰ দুৱাৰ খুলি ওলাই আহিছে কবিতা।"
                
সকলোলৈকে শাৰদীয় শুভেচ্ছা জনাইছোঁ।

ঠিকনাঃ
ভুবনেশ্বৰ


অঙ্গন:  পৃষ্ঠাঃ ৪৩
গল্পঃ

অপেক্ষা

সুৰভি ডেকা

          আশা কৰাৰ ধৰণেৰে তাইৰ ৰিপৰ্ট পজিটিভ আহিল৷ যিখিনি লক্ষণ তাইৰ গাত ফুটি উঠিছিল যোৱা চাৰিটা দিনত তাই একপ্ৰকাৰ নিশ্চিত আছিল তাইৰ দেহত কভিড ১৯ ৰ প্ৰৱেশ ঘটিছে ৷ বিচলিত হোৱা নাই তাই৷ যথেষ্ট ধৈৰ্য ধৰি তাই ৰিপৰ্ট অহালৈ বাট চাই আছিল৷ আজি ৰিপৰ্ট হাতত পৰাৰ পিছত তাই ক্ষন্তেক থমকি ৰ’ল৷ কাক ক’ব ? কলিগ দুজন মানক ক’ব নেকি ? নাই কলেনো কি হ’ব মিছামিছি কথাবোৰ বিয়পিহে যাব৷ ঘৰত কোৱাৰ প্ৰশ্নই নুঠে ৷ আৰু জয়দীপক ক’ব জানো ? মিছাকৈ চিন্তা কৰিব তেওঁ৷ সুদূৰ উৰিষ্যাৰ কটকৰ পৰা দৌৰি আহিব৷ আহিবনে বাৰু ? নিজকে সুধিলে বৰ্ণালীয়ে৷ আৰুনো কোন আহিব পাৰে তাইৰ এই অৱস্থা প্ৰত্যক্ষ কৰিবলৈ ? আছেইবা কোন ? সকলো থাকিও তাই আজি অকলশৰীয়া৷ ঘৰৰ ডাঙৰ ছোৱালী হৈ বিধবা মাকৰ দুখ কষ্ট মূৰত সাবটি তাই দুটা ভায়েক দুজনী ভনীয়েকৰ জীৱন থানথিত লগাওঁতেই পাৰ হৈ গ’ল তাইৰ পাঁচপন্ন টা বসন্ত৷ নিজৰ নিজৰ জীৱন সুৰক্ষিত কৰি সকলোয়ে তাইক মনৰ পৰাই আঁতৰাই পঠালে৷ বেমাৰী মাকৰ চিকিৎসা কৰি কৰি তাই ভাগৰি পৰা নাছিল ইমান বছৰে৷ কিন্তু দুটা বছৰৰ আগতে মাকেও তাইক এৰি গ’ল চিৰদিনৰ বাবে৷ অকলশৰীয়া জীৱন এটা তাইৰ তেতিয়াই অভিন্ন হৈ পৰিল৷ কামৰ মাজতে নিজক ব্যস্ত কৰি ৰখা বৰ্ণালীৰ লকডাউনৰ বাবে বহুত কাম পেণ্ডিং হৈ আছিল৷ এতিয়া খুলি দিয়াৰ বাবে সেই কামবোৰ কৰিব লগা হোৱাত তাইৰ যথেষ্ট কষ্ট হৈছে৷ য’তে ত’তে হোৱা মানুহৰ জুমৰ পৰা তাই যিমান পাৰে সাৱধানে থাকিলেও কেইদিনমানৰ পৰা তাইৰ গাটো খুব বেয়া৷ অত্যন্ত জ্বৰ আৰু মূৰৰ বিষ৷ পৰহি উশাহটো ল’বলৈ কষ্ট অনুভৱ কৰাৰ বাবে তাই নিজে গৈ মেডিকেলত ৰেপিড টেষ্ট কৰাইছিল৷
             এই কেইদিন তাইৰ গাটো খুব বেয়া৷ পেৰাচিতামল খাই ভালপোৱা নাই জ্বৰ আৰু মূৰৰ বিষ৷ বিচনাৰপৰা উঠিবলৈ শক্তি নাই৷ সেয়েহে বিছনাখনতে পৰি আছে৷ একো খোৱাও নাই তাই৷ কাৰোবাৰ সহায় ল’বলৈও নাই৷ এৰা বিপদৰ সময়ত হাত মেলি কাকো নাপায় তাই৷ অথচ বেলেগৰ বিপদবোৰ, সমস্যাবোৰ সমাধান কৰি কৰি তাই নিজৰ মুখখন চাবলৈও সময় নাপালে৷ বিয়লি বেলাত এতিয়া আৰু নতুনকৈ নিজক চোৱাৰ কোনো হেঁপাহে তাইক আমনি নকৰে৷ জয়দীপৰ মুখখনে আমনি কৰিলে তাইক৷ কিমান আশাৰে সি কেৱল তাইলৈকে বাট চালে৷ তাইৰপৰা এটা উত্তৰ শুনিবলৈ৷
: মোৰ বাবে তুমি আৰু সময় নষ্ট নকৰিবা জয়৷ মুখামুখিকৈ কৈছিল তাই তাক৷ মোৰ বহুত দায়িত্ব৷ এই দায়িত্বক বাদ দি মই মোৰ সংসাৰৰ কথা ভাবিব নোৱাৰো৷ মাক মই আকৌ আগৰ সেই কষ্টকৰ দিনবোৰলৈ ঘূৰাই পঠিয়াব নোৱাৰো৷ মোক বেয়া নাপাবা৷
: বিয়াৰ পিছত মই সকলো দায়িত্ব ল’ম বৰ্ণা৷ তুমি মাথোঁ সন্মতি দিয়া৷
: নাই এয়া কেনেকৈ সম্ভৱ জয় ? মই ইমান স্বাৰ্থপৰ হ’ব নোৱাৰো৷
: তুমি মোক ভালপোৱা নে নোপোৱা কোৱাচোন ?
: সেইটো আকৌ কি প্ৰশ্ন হ’ল ? তোমাক মই কিমান ভালপাওঁ সেয়া মই নিজেই নাজানো৷ তুমি মোৰ অন্তৰত সদায় থাকিবা৷
: তেনেহ’লে তুমি মোক কিয় তোমাৰ দায়িত্ববোৰ দিব নোৱাৰা ? মোক তুমি ভালপোৱা হ’লে কেতিয়াও তুমি মোক দূৰ কৰি নিদিলাহেঁতেন৷
: নহয় তুমি মোক ভুল বুজিছা৷ ভালপোৱাক মই শ্ৰদ্ধা কৰোঁ৷ প্ৰেমক সংসাৰৰ দায়বদ্ধতাৰ লগত সংযোগ নকৰিবা৷ তোমাক ভালপাওঁ বাবেইটো সকলোবোৰ দুখ যন্ত্ৰণা বুকুত লৈ আগবাঢ়িব পাৰিছোঁ ৷ প্ৰেম ভালপোৱা এটা সম্পৰ্কত বা সংসাৰত আৱদ্ধ কৰা বস্তু নহয় ৷ প্ৰেম সঞ্জীৱনী, জীৱন জীবলৈ আৰু ত্যাগ কৰাৰ এটা মন্ত্ৰ৷ প্ৰেমে কেৱল ভালপোৱাৰ গতি দিয়ে৷
: নাজানো তুমি কিহৰ বাবে এনেকুৱা কথা কোৱা৷ মোৰ মনটোৱে তোমাৰ বুকুত জিৰণি ল’ব বিচাৰে৷ তোমাৰ সকলো দুখ যন্ত্ৰণা সামৰি ল’ব বিচাৰে ৷ তোমাক মই সুখী হোৱাটো বিচাৰোঁ৷ তুমি কেৱল আপোন মানুহখিনিৰ কথা চিন্তা কৰিলা, কেৱল আনৰ বাবেই সকলোবোৰ কৰি গ’লা৷ নিজৰ কথা মোৰকথা একোৱে নাভাবিলা৷ তথাপি মই তোমালৈকে বাট চাম৷’ 
মৌন হৈ ৰোৱাৰ বাহিৰে তাইৰ সন্মুখত একোৱে পথ নাছিল৷ ক’ৰবাত তাই পাইছিল প্ৰেমৰ বাবে ত্যাগ কৰিব পাৰিলেহে পূৰ্ণতা পায়৷ তাই নাজানে পূৰ্ণতা পাবলৈকে তাই জয়দীপক ত্যাগ কৰিছিল নে নাই ? কাক ত্যাগ কয় সেয়াও তাই নাজানে৷ যেতিয়াই তাই দৈনন্দিন জীৱনসূচী আগুৱাই নিবলৈ কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তেতিয়াই দেখোন জয়দীপলৈ নম্বৰ ডায়েল কৰিছিল৷ প্ৰতিটো বিপদত সিয়েই দেখোন তাইক পথ দেখুৱাইছিল৷ একমাত্ৰ পথ প্ৰদৰ্শক জয়দীপে আছিল৷ কাৰোৰে ওচৰত তাই কেতিয়াও কোনো দুৰ্বলতা দেখুৱা নাই৷ সকলোয়ে জানে তাই বহুত সাহসী ছোৱালী৷ প্ৰতিটো বিপদৰে তাইৰ ওচৰত পথ উন্মুক্ত হৈ আছে৷ ভাল দিনত মনত নেপেলালেও দুখৰ দিনত ভায়েক ভনীয়েক দৌৰি আহে তাইৰ কাষলৈ৷
ভাল লাগে তাইৰ৷ হাঁহি হাঁহি তাই সিহঁতৰ লাখুটি হৈ ধৰা দিয়ে৷ হওক, হওক, নিজৰ বাবেহে আহিছে তাইৰ কাষলৈ, আৰুণো কি লাগে তাইক ? চকুদুটা সজল হৈ যায় তাইৰ৷ সিহঁতৰ সংসাৰৰ সুখ দুখবোৰ তাই নিজৰ বুলি সাবটি লয়৷ ভতিজা, ভাগিনকেইটাৰ মুখৰ হাঁহিয়ে তাইক দি যায় অকলশৰীয়া জীৱনটোৰ লগত যুঁজ কৰাৰ অদম্য সাহস৷ সিহঁতৰ বাবে তাই বৰ্জিত জেঠাই হ’লেও তাইৰ দুখ কৰিবলগা নাই৷ বিবৰ্জিত হৈ পৰিলেও তাই এতিয়াও নিজৰ খোপনি হেৰুৱা নাই৷ দুইটা ভায়েকৰ দালান সদৃশ ঘৰটোৰ পিছফালে পাকঘৰটোৰ সৈতে দুটা কোঠাৰ সৰু ঘৰটোত তাই কেতিয়াবা বৰ অকলশৰীয়া অনুভৱ কৰে৷ মাকে এৰি যোৱাৰ পৰা তাই কথা পাতিবলৈ কোনো নাই৷
কেতিয়াবা নিজৰ লগতে কথা পাতে৷ আৰু তেতিয়া তাই নিজকে দুটা ভাগ কৰি লয়৷ নিজে এভাগত ৰাখি আনটো জয়দীপ বুলি ধৰি লয়৷ সহজ হৈ পৰে তেতিয়া তাইৰ দীঘল হৈ যোৱা নিশাটো পাৰ কৰিবলৈ৷ অলপ দিনৰ পৰা বৰ্ণালীৰ জয়দীপৰ লগতো কথা পতা হোৱা নাই৷ আগতকৈ বহুত কমি গ'ল তাইৰ তাৰ সৈতে যোগাযোগ৷ সি নিজেই কমাই দিলেনে তাই নিজে কমালে জানো ? 
সময়ৰ লগে লগে ব্যস্ততা বাঢ়ি গৈছে৷ অফিচৰ সমস্ত কাম তাৰ ওপৰতে৷ এটা অফিচৰ মুৰব্বীজনৰ বহুত দায়িত্ব, বহুত কাম৷ বুজে তাই ৷ তথাপি অভিমান এটা ক’ৰবাৰ পৰা উজাই আহি ৰৈ যায়৷ ফোন এটা কৰিবলৈও সময় নহয়নে ? কেনে আছে তাই জানিবলৈকেতো ফোন এটা, মেচেজ এটা, মেচেজ এটাৰো যোগ্য নহয় নেকি তাই ? উশাহটো তাইৰ যেন চুটি হৈ আহিছে এনে অনুভৱ হ’ল তাইৰ৷ যিমান পাৰি উশাহটো তাই দীঘলকৈ টানি ল’লে৷ ঠাণ্ডাত তাইৰ গাটো কঁপি উঠিছে৷ লাহে লাহে কোনোমতে উঠি তাই আলমাৰিৰ পৰা ব্লেঙকেটখন উলিয়াই গাত লৈ পৰি ৰ’ল বিচনাখনত৷ ৱাল ঘড়ীটোৱে ইতিমধ্যে ৰাতি আঠ বজাৰ সংকেত দি গ’ল৷ বৰ ভাগৰ লাগিছে তাইৰ৷ যথৰ হৈ পৰি থকাৰ বাহিৰে কিবা চিন্তা কৰাৰ শক্তিও যেন লোপ পাই গৈছে৷ মুখখন জিভাখন শুকাই আহিছে এফালৰ পৰা৷ কি কৰিব তাই ? দিনটো একো এটা পেটলৈ যোৱা নাই৷ শৰীৰৰ অৱশিষ্ট শক্তিখিনি যেন খহি পৰিল তাইৰ চকুৰ সন্মুখত৷ ভায়েক, ভতিজা, বোৱাৰীহঁতৰ উচ্ছল হাঁহিবোৰ কাণত বাজি উঠিছে৷ হাঁহিবোৰ তাইৰ ৰূমটোত বিয়পি পৰি তাইলৈ যেন কেৰাহীকৈ চাই উপলুঙা কৰিছে৷ তাই যথৰ লাগিছে ভাৱনাৰ পৰা, 
তাই যথৰ লাগিছে চিন্তাৰ পৰা, তাই যথৰ লাগিছে পৃথিৱীৰ পৰা, ঠিক সেইসময়তে ম’বাইলটো বাজি উঠিছে৷ স্ক্ৰীনত উজ্জ্বলি উঠিছে জয়দীপৰ নাম৷ কাটি হৈ তাই ম’বাইলটোত থকা সেউজীয়া বুটামটো টিপি দিছে, আৰু স্পীকাৰ লাউডত দি তাই কাণ দুখন উৎকৰ্ণ হৈ ৰৈছে৷
: হেল্ল, হেল্ল, বৰ্ণা তুমি শুনিছানে ? 
: ওঁ । লাহেকৈ ওলাওঁ নোলাওঁ কৈ ওলাল তাইৰ মাত৷
: বৰ্ণা, তুমি মোৰ কথা আজি শুনিবই লাগিব৷ ইমান বছৰে মই তোমাৰ কথা শুনি আহিছোঁ, আজি তুমি মোৰ কথা শুনিব লাগিব, মানিব লাগিব৷ মই কালিলৈ তোমাক আনিবলৈ গৈ আছোঁ একেবাৰে৷ তোমাৰ প্ৰয়োজনীয় বস্তুখিনি তুমি আজিয়ে পেক কৰি থবা৷ আমি কালিলৈ আবেলি ঘূৰি আহিম৷ বুজিছা ? শুনিছানে ? মই আৰু নোৱাৰোঁ তোমাৰ অবিহনে থাকিব, মই কালিলৈ পুৱাই গৈ পাম, কথাবোৰ, শব্দবোৰ তাইৰ কাণৰ পৰা আঁতৰি যাব খুজিও যেন আকৌ কৰ্ণ কোঁহৰলৈ উভটি আহিছে৷ লগে লগে হাঁহিৰ ৰেশ বিয়পি পৰিছে তাইৰ ওঁঠত৷ কাষৰ টেবুলৰ ওপৰত পৰি থকা তাইৰ কভিড ১৯ ৰ পজিটিভ ৰিপৰ্টটো যদি তাই এই মুহূৰ্তত নাইকিয়া কৰিব পাৰিলেহেঁতেন ! তাইৰ কথাবোৰ আকৌ এবাৰ নতুনকৈ ভাবিবলৈ মন গ’ল৷ অলপ আগৰ জঠৰতাবোৰ যেন নাইকিয়া হোৱাৰ প্ৰস্তুতি চলিছে তাইৰ মনত, দেহৰ ভিতৰত৷ ঠিক এনেকুৱা অনুভৱ এটা লৈয়ে তাই দুচকু মুদি দিলে৷

ঠিকনাঃ
মৰিগাঁও।
       

অঙ্গন:  পৃষ্ঠাঃ ৪৪
  
বিসৰ্জন

নিৰুপমা ডেকা

            কঁপা কঁপা হাতেৰে সিদিনা শেষবাৰলৈ ভূপেন দাসে পত্নীৰ কপালত সন্ধিয়াৰ হেঙুল বৰণৰ সূৰুযটো আঁকি দিছিল আৰু চোতালৰ পৰা চিধাই গৈ নিজৰ কোঠাত সোমাই দুৱাৰখন বন্ধ কৰি লৈছিল৷ চিত্ৰাই বাৰ বছৰ ধৰি শুই থকা বিচনাখন উকা হৈ পৰি আছে ৷ তাইৰ দুচকুৱে ইমানদিনে কৈ থকা কথাবোৰ, চকুপানীবোৰ, উচুপনিবোৰ ঘৰটোৰ চৌপাশে যেন সিঁচৰতি হৈ পৰিহে ৰৈছে। ভূপেন দাসৰ এনে অনুভৱ হ’ল৷ তেওঁ সেইবোৰ বুজিবলৈহে যেন কাণ পাতি নিজৰ বিচনাখনৰ চুকত বহি ৰ’ল৷  বাহিৰৰ সমাগমবোৰ তেতিয়া তেওঁৰ কাণত পৰা নাছিল৷ এই বিচনাখন উকা হৈ গ’ল মানে তেওঁৰ কৰণীয়চোন একোৱেই নাইকিয়া হ’ল৷ কাক লৈ ব্যস্ত হৈ থাকিব বাৰু ৷ ডাক্তৰ, ঔষধ, ফিজিঅ’থেৰাপি, গা ধোৱাই দিয়া, কাপোৰ পিন্ধাই দিয়া, মূৰ ফনিয়াই দি কপালত ৰঙা বেলিটো আঁকি বহুৱাই থোৱা, খুৱাই দিয়া আদি কামবোৰতেই ভূপেন দাস মানুহটো হেৰাই গৈছিল৷ এসময়ত তেওঁ এজন উচ্ছ পদস্থ বিষয়া আছিল, বন্ধু মহলত পত্নীৰ সৈতে ৰোমাণ্টিকতাৰ বাবে বেষ্ট ৰোমাণ্টিক কাপ’ল বুলি খ্যাত হৈ পৰিছিল৷ সিহঁতৰ বৈবাহিক জীৱন দেখি বহুতেই অনুপ্ৰেৰণা পাইছিল আৰু বহু অসুখী দম্পতীয়ে হুমুনিয়াহো কাঢ়িছিল৷
হঠাৎ পত্নীৰ তগবগীয়া গোলাপী মুখখনত প্ৰভাতী সূৰুযৰ আভাত জিলিকি উঠা ডাঙৰ গোল ৰঙা সেন্দূৰৰ ফোঁটটোৱে তেওঁক বৰ আমনি কৰিবলৈ ধৰিলে সেই সময়ত৷ অন্তিম শয়নত শুই থকা চিত্ৰাজনী যেন সেই বিবাহৰ মণ্ডপত পোৱা পত্নী গৰাকী নহয় এনে লাগি গ’ল৷ দূৰাৰোগ্য ৰোগে শেষ কৰি দিয়া জীৱন আৰু যৌৱনৰ পূৰ্ণ দেহাটো হেৰুৱাই পেলোৱাৰ পৰাই চিত্ৰাই প্ৰায় হাঁহিবলৈ এৰি দিছিল৷ তথাপি ভূপেন দাসে তাইক হঁহুৱাই ৰাখিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাছিল ৷ পৰিয়ালৰ বহুতেই ভূপেন দাসক কৈছিল চিকিৎসা বাদ দিবলৈ৷ একো লাভ নাই কৰি এইবোৰ ৷ কিন্তু ভূপেন দাসে চিত্ৰাক এৰি দিবলৈ ৰাজি নহয় ৷ তাই জীয়াই থাকক, যিমান দিনলৈ থাকে তেওঁৰ কোঠাটো পোহৰাই জীয়াই থাকক, এয়াই আছিল দাসৰ কামনা ৷ অনাথ বুলি জনাৰ পিছতো ভূপেন দাসৰ জীৱনলৈ আহিবলৈ কুণ্ঠাবোধ নকৰা চিত্ৰাজনীয়ে তেওঁক কি দিছিল সেয়া শব্দেৰে প্ৰকাশ কৰি বুজাব নোৱাৰে কাকো তেওঁ৷ 
বাহিৰৰ কথা এষাৰ দুষাৰ আহি দাসৰ কাণত পৰিছে ৷ ভালে হ’ল মানুহজী গ’লগৈ৷ মানুহজনে আৰু কিমান টানিব বোজা৷ এতিয়া অন্তত মুকলি মনে অলপ বন্ধু মহলত সময় কটাবলৈ যাব পাৰিব৷ ভূপেন দাসৰ এই কথা কেইষাৰ একেবাৰে শুনিবলৈ মন যোৱা নাই৷ মানুহবোৰে কেনেকৈ ক’ব পাৰে ইমান নিৰ্দয় ভাবে ভালে হ’ল বুলি৷ কি ভাল হ’ল, কাৰ বাবে ভাল হ’ল ? তেওঁৰ বাবেতো মুঠেও ভাল হোৱা নাই৷ তেওঁৰ জীৱনৰ গতি দি থকা মানুহ গৰাকী নাইকিয়া হৈ গ’ল ৷ তেওঁৰ স্বাস্থ্যৰ যত্ন লোৱা দায়িত্ববোধ দিয়া মানুহজনী হেৰাই গ’ল৷ চিত্ৰাক চাব লাগিব বাবেই তেওঁ সদায় সুস্থ-সবল হৈ থকাত মন দিছিল৷ এতিয়া কাৰ বাবে নিজকে ভালে ৰখাৰ কথা ভাবিব৷ এই পৃথিৱীত কোন আছে যে সিহঁতৰ বাবে তেওঁ নিজকে জীয়াই ৰাখিব৷ হয় হওঁতে তেওঁ নিঃসন্তান নহয়৷ দুটা সন্তানৰ পিতৃ ৷ এজনী ছোৱালী আৰু এটা ল’ৰা ৷ ল’ৰাই উচ্ছ শিক্ষা লৈ নিউইয়ৰ্ক চহৰত চাকৰি কৰিবলৈ গৈ তাতেই স্থায়ী বাসিন্দা হৈ ৰ’ল তাৰে ছোৱালী বিয়া পাতি৷ ছোৱালী বিয়া হৈ গ’ল যেতিয়া লোকৰ সম্পদ হ’ল ৷ তাইক লৈ ওজৰ ধৰিব নোৱাৰি৷ চাকৰি, পৰিয়াল পৰিচালনা কৰিও দৌৰি দৌৰি আহি মাকৰ যতন লয় আৰু দেউতাকৰ বাহিৰা কামবোৰ হিচাপ কৰি কৰি দি যায় ৷ কথাবোৰ ভাবি ভাবি ভূপেন দাসে চিত্ৰাৰ কাপোৰেৰে ভৰ্তি আলমাৰিটো খুলি কিবা বিচৰাত লাগিল৷ এনেতে বাহিৰৰ মানুহবোৰৰ মাত শুনা গ’লঃ অৱশেষত সি আহি পালে৷ হওক তেওঁ মাকৰ অন্তিম যাত্ৰাত মুখখন চাবলৈ পাব আৰু কান্ধ পাতি ল’ব পাৰিব৷ কথাবোৰ শুনি ভূপেন দাসৰ হাতখনে খৰ গতিত কিবা বিচৰাত লাগিল৷ 
“দেউতা কি বিচাৰি আছে, আহক দাদা আহি পালে, বেছি পলম কৰিব নালাগে, নহ’লে ঘূৰি অহালৈ ৰাতি হ’ব৷”
“মই গৈ আছো, হো ল’চোন, মাৰক এইসাজ কাপোৰ পিন্ধাই দিবি গৈ৷ এইসাজ পিন্ধয়েই মোৰ চোতালত ভৰি দিছিল, এই সাজ পিন্ধিয়েই ওলাই যাওক৷”
জীয়েক ৰিধিমাই চলচলীয়া চকুৰে দেউতাকৰ হাতৰ পৰা মাকৰ বিয়াত পিন্ধা কাপোৰযোৰ লৈ বুকুত সাবটি ধৰিলে আৰু কোঠাটোৰ পৰা ওলাই গ’ল৷ বাহিৰত থকা খুৰীয়েকক তাই কাপোৰ সাজ দিলে আৰু ওচৰৰ আৰু ঘৰৰ সম্পৰ্কীয় কেইগৰাকীমান মহিলাই গৈ চিত্ৰাৰ কাপোৰসাজ গাত মেৰিয়াই দিলে৷ ওৰণিখন ঠিক কৰি দি চোতালৰ একোণত আহি থিয় দি থকা সঞ্জীৱক খুৰীয়েক এগৰাকীয়ে ক’লেঃ
“আহ সঞ্জু, মাৰৰ মুখখন এবাৰ চাই ল’৷ বোৱাৰীয়েটো এবাৰো দেখাই নাই, সেৱা এটাকে কৰাই নেহি৷”
এনেতে ভূপেন দাসে টোপোলা এটা আনি চিত্ৰাৰ বুকুৰ ওপৰত থ’লে৷ ৰিধিমাই দেউতা কিয় গাৰ ওপৰত থৈছা, কি আছে ইয়াত বুলি হাতত লৈ মাকৰ কাষতে বহি টোপোলাটো খুলিলে৷ টোপোলাটোত কিছুমান সিহঁতৰ সৰুৰে কাপোৰ, খেলনা আৰু গাখীৰৰ বটল আছিল৷ তাই প্ৰশ্নবোধক দৃষ্টিৰে দেউতাকলৈ চালে৷ ইতিমধ্যে সঞ্জীৱ আৰু বোৱাৰীয়েকে আহি তেওঁলোকৰ কাষত ৰৈছিলহি৷ ভূপেন দাসে পুতেকলৈ মূৰ তুলি চোৱা নাছিল ৷ সিওঁ দেউতা বুলি মাতিবলৈ সাহ কৰা নাছিল৷ দাসে লাহে লাহে চিত্ৰাৰ মুখৰ কাপোৰখন ঢাকি দি ক’লেঃ
“চিত্ৰাৰ বাবে এই পৃথিৱীত চিনাকি মানুহ নাছিলেই ৷ তাই জন্মদিয়া সন্তান দুটাৰ এটাৰ শিশুকালহে মনত লৈ আছিল৷ গতিকে এই নতুন সম্পৰ্কৰ মানুহবোৰ তাইৰ দৰকাৰ নাই৷ তাইক যত্নলোৱা মানুহবোৰক তাই নতুন চিনাকি মানুহৰ দৰে ভাল পাবলৈ লৈছিল৷ ৰিধিমাক তাই সদায় আশীৰ্বাদ দিছিল তাই যাতে তেওঁৰ দৰে এটা মৰম লগা সন্তান লাভ কৰে ৷ প্ৰথম অৱস্থাত  মোলৈ তাই ন-ছোৱালীৰ দৰে লাজুক লাজুক চাৱনিৰে চাইছিল৷ পিছলৈ মোক তাই সোধে মই কোন আৰু কিয় তাইৰ লগত ইমান লাগি থাকোঁ৷ কেতিয়াবা মই কথা ক’লে ল’ৰাটো সাৰ পাব আপুনি ওলাই যাওক বুলি গালি পাৰে৷ এনেকৈ আনৰ কোঠাত কিয় সোমাই বুলি ধমকি দিয়ে ৷ বিয়াৰ পিছৰ বা তাৰো আগৰ আৰু পিছৰ একো কথা মনত নাছিল তাইৰ৷ কিন্তু প্ৰথম সন্তানটো জন্মদিয়া আৱেগখিনিহে তাইৰ স্মৃতিত কিয় জানো জীয়াই আছিল৷ অৱশ্যে মই সুখী হৈছিলোঁ তাইৰ এই বেমাৰটো হোৱা বাবে৷ তাই জীয়া দুখ এটা বুকুত লৈ যাব লগীয়া নহ’ল৷ সেয়ে অচিনাকি মানুহে তাইৰ শৰীৰটো কান্ধত ল’ব নালাগে৷ নতুনকৈ তাইৰ চিনাকি হৈ আপোন হৈ পৰা খিনিয়ে কান্ধ পাতি ল’৷”
   ভূপেন দাসৰ কথাত সকলো স্তব্ধ হৈ পৰিছিল৷ সঞ্জীৱে আগুৱাই দিয়া খোজ পিছুৱাই নিছিল৷ ৰিধিমাৰ খুৰাকৰ ল’ৰা নয়নে আহি সঞ্জীৱৰ ঠাইত কান্ধখন পাতি বৰমাকক উঠাই ল’লে৷ আন কেইফালে ভূপেন দাসে আৰু জোৱায়েকৰ লগতে গাঁৱৰে কোনোবা এজনে চিত্ৰাৰ অন্তিম যাত্ৰাত কান্ধ দিলে৷
সঞ্জীৱে দুখত ভাগি পৰি চোতালতে বহি পৰিছিল ৷ ৰিধিমাই তাক বাহুত ধৰি কৈছিলঃ
“এইখিনি অধিকাৰ তোৰ প্ৰাপ্য নহয় দাদা৷ নাকান্দিবি৷ তোৰ বাবে কান্দি কান্দিয়েই মাৰ প্ৰেছাৰ ষ্ট্ৰোক হৈছিল আৰু শেষৰ ফালে মানে আজি সাত বছৰমানৰ পৰা ডেমেনছিয়াত আক্ৰান্ত হৈ সকলো লাহে লাহে পাহৰিবলৈ লৈছিল৷ মাৰ লগত দেউতাই দি দিয়া সেই টোপোলাটো খুলি মায়ে চাই থাকে, চুই থাকে, বুকুত সাৱটি থাকে ৷ মায়ে তোৰ বাবে সকলোকে পাহৰিছে, মোকো৷ কিন্তু তোকহে মনত ৰাখি থ’লে শেষলৈ৷ সেয়ে দেউতাই মাৰ লগতে তোৰ স্মৃতিকো বিসৰ্জন দিবলৈ লৈ গৈছে চাগৈ৷”
“মোৰ ভুল হৈ গ’ল ৰিধি, মায়ে অভিমানৰ হেঁচাত জীৱনটো হেৰুৱালে৷”
“কেৱল মায়ে নহয়, মাতকৈও জীৱনৰ বেহিচাব সময়ৰ সুখ, হাঁহি, আনন্দ দেউতাই হেৰুৱালে দাদা৷ যিটো আৰু তই হাজাৰ কাম কৰি দিলেও দেউতাৰ জীৱনলৈ ঘূৰি নাহে ৷ তই ভূপালত পঢ়ি থাকোঁতে তোৰ ফোন এটা নাপালে মাৰ কি অৱস্থা হৈ গৈছিল সেই কথা তোক আমি আহিলেই কৈছিলোঁ, সেই কথা জনাৰ পিছতো একমাত্ৰ আমেৰিকাত থকাৰ সপোন পুৰা কৰিবলৈ তই এনেকৈ মাক এৰি দিব পাৰিলি৷ তোৰ সপোনত মাহঁতে কেতিয়াও বাধা দিয়া নাছিল৷ তোক উৰিবলৈ মুকলি আকাশখন জানো মা-দেউতায়ে দিয়া নাছিল ? তই তাতেই থাক তাতো আপত্তি নাছিল, কিন্তু তই যে মালৈ ফোন এটা নকৰা হৈ গ’লি ৷ চিঠিৰ উত্তৰ নিদিয়া হ’লি এইবোৰৰ কষ্ট সহাৰ মাৰ সাহস নাছিল আৰু যিদিনা তোৰ বিয়াৰ খবৰটো পাই মা ঢলি পৰিছিল, সিদিনাৰ পিছত আৰু মা মা হৈয়েই নাথাকিল আৰু ইয়াৰ লগে লগে চাগে দেউতাও দেউতা হৈ নাথাকিল ৷”
দেউতাকে সোনকালে মুখাগ্নি কৰি ঘৰ পালেহি৷ ৰিধিমাই তেওঁক গা-পা ধোৱাৰ ব্যৱস্থা কৰি দিলে৷ আজি যেন তেওঁৰ ভাগৰ লাগিছে৷ পঁয়সত্তৰ বছৰীয়া মানুহজনৰ ভাগৰ লগাটো স্বাভাৱিক ৷ কিন্তু আজিৰ দৰে দুৰ্বল তেওঁক ইমান দিনে কোনেও দেখা নাছিল ৷ গা ধুই আহি তেওঁ নিজৰ কোঠাৰ মজিয়াত বহি বেৰত আউজি ল’লে৷ সঞ্জীৱে অপৰাধী মনেৰে আহি দেউতাকৰ কাষত মাটিত বহি ল’লে ৷ সি লাহেকৈ দেউতাকৰ ভৰি দুখনত সাবটি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে ৷ ভূপেন দাসক কিন্তু সেই কান্দোনে কিঞ্চিতমানো বিচলিত কৰিব পৰা নাছিল ৷ এসময়ত সি উচুপি উচুপি উঠি, মাক আৰু দেউতাকৰ যুগ্ম ফটো এখন বেৰৰ পৰা হাতত লৈ কোঠাৰ পৰা ওলাই যাবলৈ ল’লে৷ তাকে দেখি দেউতাকে অলপ কঠোৰ সুৰত ক’লেঃ
“তোক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিছোঁ সঞ্জু, সেই ফটোখনো তই নিব নোৱাৰ৷ তই যা গৈ৷ মোৰ মৃত্যুৰ খবৰ তোক নিদিওঁ, মাৰৰ মৃত্যুৰ খবৰ এইবাবেই দিলোঁ যে তই যাতে এই কষ্ট লৈ শেষ দিনলৈ অপৰাধী মনোভাব লৈ জীয়াই থাক৷ তই দিয়া কষ্টবোৰ মাৰাই হয়তো তোক নিদিলে হয়, মই কিন্তু ইমান মহান হ’ব নোৱাৰিলোঁ, সেয়ে তাৰ ভাগ তোক ল’বলৈ মাতি পঠিয়ালোঁ৷ মোৰ আদালতত বিসৰ্জনেই তোৰ শাস্তি৷”
সঞ্জীৱে আৰু কোঠাত ৰৈ থাকিব নোৱাৰিলে৷ অলপ পিছত ভূপেন দাসে গাড়ী এখনে পদূলি এৰি যোৱাৰ শব্দ শুনা পালে৷ তেওঁৰ স্থিৰ চকুদুটাৰ পৰা দুটোপাল গৰম লোটক ওলাই আহিল৷ বুকুখনে চিত্ৰাৰ বাবে হাহাকাৰ কৰি উঠিল৷  মনত পৰিল চিত্ৰাক তেওঁলোকৰ অনাথ আশ্ৰমত প্ৰথম দেখাৰ কথা৷ তেওঁ তেতিয়া চাকৰি পাইছিল যদিও বন্ধত আহিলে তাতেই থাকে৷ চিত্ৰাই ভতিজাকৰ জন্মদিন উদ্‌যাপন কৰিবলৈ তালৈ গৈছিল আৰু তাতেই প্ৰথম চিনাকিতে দুয়োৱে দুয়োকে পছন্দ কৰি পেলাইছিল৷ অনাথ বুলি ঘৰে আপত্তি কৰাৰ পিছতো তাই তাকেই আপোন কৰিব বুলি ঘৰত হাহাকাৰ লগাই দিছিল আৰু এদিন দুয়ো দুয়োৰে হৈ পৰিছিল একান্ত সঙ্গী৷ সন্তান দুটাৰ বাবে সকলো এৰিছিল তাই ৷ সামাজিক জীৱনতো নামমাত্ৰ ব্যস্ততাহে মানি লৈছিল৷ ভূপেন দাসক সম্পূৰ্ণ দায়িত্বমুক্ত কৰি ভাল পোৱা সকলো কাম কৰাৰ বাবে তাই উৎসাহ দিছিল৷ অনবৰত এটাই কথা যোৱা মই আছোঁ নহয় এইবোৰ চাবলৈ৷ মিতিৰ-কুটুম, বিয়া-সভাকে ধৰি মাকৰ ঘৰত থকাৰ সুখকণো তাই হাঁহিমুখে এৰি দিছিল৷ পৰিয়াল কি নজনা দাসক পৰিয়ালৰ সকলো সুখ আৰু অভিজ্ঞতা দিছিল তাই৷ তাই দিয়া পৰিয়ালৰ দায়িত্ববোধৰ শিক্ষাৰ বাবেই তেওঁ হয়তো আজি বাৰ বছৰে চিত্ৰাক বোজা বুলি নাভাবি পত্নীৰ প্ৰতি মৰম আৰু দায়িত্ব বুলি গ্ৰহণ কৰিলে৷ অৱসৰৰ আগৰ জীৱনটোত চিত্ৰাই তেওঁক চম্ভালিলে আৰু পিছৰ জীৱনটোত তেওঁ চিত্ৰাক ৷ তাইৰ প্ৰতি কৃতজ্ঞতাবোধ দেখুৱাবলৈ ভগৱন্তই  সুবিধা দিছে বুলিয়েই তেওঁ গ্ৰহণ কৰিছে৷ সেয়ে তেওঁ সকলো ত্যাগ কৰিব পাৰিছিল হেলাৰঙে৷ মাত্ৰ দুখ লাগিছিল চিত্ৰাই অচিনাকি চাৱনিৰে যেতিয়া তেওঁক কৃতজ্ঞতা জনাই যত্ন লোৱাৰ বাবে তেতিয়া৷ তাই যে তেওঁৰ ভালপোৱাকো পাহৰি গ’ল সেই দুখে আজিহে তেওঁক খুলি খুলি খাবলৈ লৈছে বেছিকৈ৷ অৱশ্যে চিত্ৰাই তেওঁক সহজতে বিসৰ্জন দিব পৰা শিক্ষাটো  দি থৈ গ’ল যেতিয়া চিন্তা নাই ৷ তেৱোঁ চিত্ৰাৰ দৰে সুখী হৈ মৰিব পাৰিব এই বিসৰ্জনৰ গুণেৰে৷

ঠিকনাঃ
নলবাৰী


অঙ্গন:  পৃষ্ঠাঃ ৪৫

শাৰদীয় বতৰত অনিন্দিতা,
মই তোমাৰ চহৰত

প্ৰীতিৰেখা দাস

              বেগটো ছিটৰ তলত সোমুৱাই স্বপ্ননীলে নিজৰ ছিতটোত আৰমকৈ বহি  দীঘলকৈ উশাহ এটা ল’লে৷ ৰে'লখন চলিবলৈ এতিয়াও আৰু দহমিনিত বাকী ৷ শিৱসাগৰৰ পৰা গুৱাহাটী লৈ পথটোত ইমান যে যানজঁট, কিবাকৈ সময়ত আহি পালে৷ আজি ৰাতি কাঞ্চনজংঘাত সি কলিকতালৈ যাব৷ কলিকতা অনিন্দিতাৰ চহৰ৷ ক্লিং কৈ বজা মোবাইলৰ মেছেজ টিউনৰ শব্দত সি মবাইলটো পকেটৰ পৰা উলিয়াই চালে৷
অনিন্দিতাৰ মেছেজ৷
‘নীল, ট্ৰেইনত উঠিছা ?’
        এটি মিঠা হাঁহি ঢৌ খেলি উঠিল তাৰ ওঁঠত৷ সি লগে লগে টাইপ কৰিলেঃ ‘উম ! আৰু কেইটামান ঘণ্টাৰ পিছতে মই তোমাৰ কাষ পাম৷ বুকুখন অলপ অলপ কঁপিছে জানা ৷ তোমাৰো নে ?’
: উম্‌৷ মোৰো৷ কিন্তু ভাবিয়ে ভাল লাগিছে তোমাক যে দেখা পাম ! আহাঁ নীল, মই ৰৈ আছোঁ তোমালৈ৷
ম’বাইলটো পুনৰ পকেটত সোমুৱাই স্বপ্ননীলে খিৰিকীখন খুলি বাহিৰলৈ চালে৷ ইতিমধ্যে ৰে'লখন চলিবলৈ আৰম্ভ কৰিছে৷ ঘৰবোৰত জ্বলি আছে অসংখ্য বিজুলি চাকি৷ অথচ বাহিৰত বেছি মানুহৰ সমাগম নাই৷ দিনটোৰ কৰ্ম ব্যস্ততাৰ অন্তত সকলোয়ে চাগে ঘৰত জিৰণি লৈ আছে৷ ভাগৰুৱা হৈ পৰিছে ৰাতিৰ মহানগৰী৷ পিছলৈ গৈ থাকিল পল্টন বজাৰ, মালিগাঁও৷ এজাক চেঁচা বতাহে চুই গ’ল তাক৷ কাঞ্চনজংঘা এতিয়া শৰাইঘাট দলঙৰ ওপৰত৷ তলত মহাবাহু ব্ৰহ্মপুত্ৰ৷ জোনৰ পোহৰে জিকমিকাই তুলিছে পানীবোৰ৷ তাৰ মনত পৰে সৰুহৈ থাকোঁতে সি যেতিয়া মাকৰ লগত বৰপেটাত থকা ককাক আইতাকৰ ঘৰলৈ আহে প্ৰায়ে গাড়ীৰ পৰা পইচা এটা পানীলৈ দলিয়াই দি প্ৰণাম কৰিছিল৷ সকলোৱে কৰাৰ দৰে তাৰ সৰু মনটোয়েও বিশ্বাস কৰিছিল পানীৰ তলত থকা ভগৱানে সকলো বিপদৰ পৰা ৰক্ষা কৰিব৷ কথাটো মনত পৰাত আপোন মনে এবাৰ হাঁহি পেলালে স্বপ্ননীলে৷ হঠাতে সি পকেটৰ পৰা মানিবেগটো উলিয়াই খুচুৰা পইছা বিচাৰিব ধৰিলে৷ আঙুলিত লাগি আহিল এটা সোণালী ৰঙৰ পাঁচ টকীয়া মুদ্ৰা৷ মুদ্ৰাটো সভক্তিৰে নদীলৈ দলিয়াই আজিও প্ৰণাম কৰিলে সি৷ মুহূৰ্ততে নামি আহে তাৰ বুকুলৈ এক প্ৰশান্তিৰ ঢল৷ দবাটোৰ যাত্ৰী বোৰে শুবৰ বাবে যো-জা কৰিছে৷ তাৰ চকু লৈ যে টোপনী অহা নাই৷ পুনৰ মনত পৰে অনিন্দিতা লৈ৷
             অনিন্দিতা বেনাৰ্জী ! কলিকতাৰ ছোৱালী৷ ফেচবুকত চিনাকী তাইৰ সৈতে৷ ধুনীয়া বাংলা কবিতা লিখে তাই৷ লগতে গল্প উপন্যাস৷ তাইৰ লিখাৰ অনুৰাগী হৈ পৰে সি৷
‘তোমাৰ লিখনি মোৰ ভাল লাগে৷’
‘অহ্ ধন্যবাদ৷’
সিমানতে সীমাবদ্ধ আছিল সিহঁতৰ কথা বতৰা৷ এদিন তাইৰ সৈতে কথা পতিবৰ মন গ’ল তাৰ৷ নম্বৰটো বিচাৰিলে৷ তাই দিলে৷ কিন্তু কিয় জানো ফোন কৰিবলৈ সংকোচবোধ কৰিলে সি৷ কিবা ভাৱে তাই৷ দিনবোৰ গৈ থাকে৷ মাত্ৰ তাৰ মনৰ মাজত বাঢ়ি আহে ছোৱালীজনীৰ সৈতে এবাৰ কথা পতাৰ অদম্য হেঁপাহ৷ মনক বুজাব নোৱাৰি ব’হাগৰ আবেলি এটাত সি ফোন কৰিলে৷ ৰিং হোৱাৰ লগে লগে দূৰু দূৰু কৈ কঁপিছিল তাৰ বুকুখন৷
‘আপনি কে ?’
‘মই... মই... স্বপ্ননীল... তোমাৰ ফেচবুক ফ্ৰেইণ্ড৷’
‘অ, স্বপ্ননীল৷ কেমন আছেন তুমি ?’
চেতাৰৰ তাঁৰ এডালহে চুই দিলে যেন কোনোবাই তাৰ কাণৰ কাষত৷
আস্ ! ইমান মিঠা মাত৷
‘স্বপ্ননীল তুমি চুপ কেন’ আছ’ ? কিছু ব’লো৷’
‘ইমান ধুনীয়াকৈ কথা কোৱা তুমি৷ মাতটো যেন শুনিয়ে থাকিম৷’
নিশ্বুপ হৈ পৰে তাই৷ তাৰ এনে লাগিছিল ফোনৰ সিটো পাৰে যেন তাই লাজত জয় পৰি গৈছে৷

: অনিন্দিতা তোমাৰ ঘৰ ক’ত ? কোন কোন আছে ঘৰত ?
: আমাৰ বাৰী কলকাতায়৷ মা আৰু আমি৷ আমাৰ বাবা নেই ৷ মা স্কুল শিক্ষিকা৷
: অহ...
: স্বপ্ননীল এখন তোমাৰ সম্পৰ্কে বলুন ৷
সি কৈ গৈছিল তাৰ কথা৷ সুধিছিল তাইক তাইৰ প্ৰিয় বিষয়বোৰ৷ উলাহেৰে কৈ গৈছিল তাইঃ
প্ৰিয় ফুলৰ ভিতৰত শেৱালি ফুল ভাল পায় তাই৷ তাইৰ কোঠাৰ খিৰিকী মুখত এজোপা শেৱালি ফুল আছে৷ সন্ধিয়া যেতিয়া ডাল ভৰি ফুলবোৰ ফুলে, খিৰিকী খুলি দিয়ে তাই৷ মুঠি মুঠি শেৱালিৰ সুবাস বুকুত লৈ তাই কবিতা লিখে৷ লিখে গল্প৷ বৰষুণ ভাল পাই তাই৷ খিৰিকীৰে দুহাত মেলি তাই চুই চাই কণ কণ বৰষুণৰ টোপালবোৰ৷
: তুমি তাৰ মানে খিৰিকী মুখতে থাকা নেকি ? বাহিৰলৈ ওলাই নোযোৱা ? সি জোকাইছিল তাইক৷
: হা ৷ আমি বাইৰে যেতে পছন্দ কৰি না৷
. বাহ...বৰ ভাল ছোৱালী দেখোন৷
দুয়ো সিদিনা বহুত কথা পাতিছিল৷ ফোনটো থৈ সি সময় চাইছিল৷ পুৰা এঘণ্টা৷
জীৱনত প্ৰথম ফোনত কাৰোবাৰ সৈতে ইমান দীঘলীয়াকৈ কথা পাতিলে সি, তাকো এজনী ছোৱালীৰ লগত৷
দিন যোৱাৰ লগে লগে দুয়ো সঘনে ফোনত কথা পাতিবলৈ কৰিবলৈ ধৰে৷ শেষ নোহোৱা কথাৰ গুঞ্জনেৰে ভৰি পৰে ফোনৰ দুয়োটি পাৰ৷ তাই তাক তাই লিখা কবিতাবোৰ পঢ়ি শুনায়৷ সি গাই শুনাই গান৷ তাইৰ আব্দাৰত বাৰে বাৰে গাব লগা হয় জুবিনৰ সেই গানটো৷
"উশাহে উশাহে তোমালৈ আদৰ বাঢ়ে
পিয়াসী পুৱাৰ পাতনিত
প্ৰণয়ৰ শেৱালি সৰে"
তাইও গুণগুণাই তাৰ লগত
"ভবা যে নাছিলো মন তোমাৰ নামত
বাঢ়িব কঁপনী ঘনে বুকুৰ মাজত..."
আস্‌ ! গানৰ কথাৰে, সুৰৰ মোহনাৰে মুখৰিত হৈ পৰিছিল ফোনৰ দুয়োটা পাৰ৷ কি যে এক আকৰ্ষণ আছিল ছোৱালীজনীৰ মাজত ! তাইৰ লিখাবোৰৰ দৰে ধুনীয়া তাইৰ কথাবোৰো৷ আলফুলীয়া মন৷ তাইৰ প্ৰতি এক নাম নজনা অনুভৱে অনুৰণন তোলে তাৰ বুকুৰ গভীৰতাত৷
কিন্তু কেনেকৈ সম্ভব এইয়া ? কেতিয়াও নেদেখা, কাহানিও লগ নোপোৱা ছোৱালী এজনীয়ে আকুল কৰি তুলিব পাৰে তাৰ মন৷
অসমৰ পৰা শ কিল’মিটাৰ নিলগত কলিকতা নামৰ চহৰখনত থকা এই ছোৱালীজনীক যেন সি খুউৱ ওচৰৰ পৰা পাইছে৷ এপাহ qw তগৰ ফুলৰ দৰে যেন তাই৷ কেনেকৈ যে মাত্ৰ ফেচবুকৰ চিনাকি ছোৱালীজনী কুৰুকি কুৰুকি তাৰ বুকুৰ মাজত সোমাই পৰিল! এদিন তাইৰ সৈতে কথা নাপাতিলেই তাৰ গোটেই দিনটো আধৰুৱা যেন লাগে৷ তাইৰ এষাৰি মাতে যে জুৰাই তোলে তাৰ কলিজাটি৷ আৰু এদিন সি বুজি উঠিল, সি অনিন্দিতাৰ প্ৰেমত পৰিছে৷ তাইৰ ওঁঠৰ ৰুণজুন হাঁহি, আব্দাৰ ভৰা কথা, মিঠা মিঠা অভিমানবোৰৰ মাজত সি যে ইতিমধ্যে নিজক হেৰুৱাই পেলাইছে৷ গোটেই জীৱনটো তাইৰ সৈতে কটাই দিব খোজে৷ কেতিয়াবা বৰ হেঁপাহ হয় তাৰ তাইক চাবলৈ৷ দেখিবলৈ বাৰু তাই কেনেকুৱা ? ফেচবুকৰ প্ৰফাইলত তাইৰ কোনো ফটো নাই৷ মাত্ৰ এটি ৰূপালী ৰঙৰ সজাত থকা চৰাইৰ ফটো৷ এদিন সি ৰংঘৰৰ বাকৰিত উঠা তাৰ ফটো এখন তাইলৈ পঠিয়াই কৈছিল তোমাৰো ফোটো এখন দিয়ানা মোক৷ ইমান চাবৰ মন গৈছে তোমাক৷
উত্তৰত কৈছিল তাই৷
দুঃখিত নীল৷ আমি ছবি দিতে পাৰছিনা ৷ যদি সম্ভব হয় তুমি নিজেই আমাক দেখেন৷
: সঁচা ? তেন্তে অনিন্দিতা তুমি এবাৰ তোমাৰ মাৰ সৈতে অসমলৈ ফুৰিবলৈ আহানা৷ চাবা আমাৰ অসমখন কিমান ধুনীয়া, কিমান সেউজীয়া৷৷ তুমি নিজ চকুৰে নেদেখিলে অনুভৱ কৰিব নোৱাৰা অসমৰ নান্দনিক ৰূপ৷ প্ৰকৃতিৰ বিমুগ্ধ দৃশ্য৷ চাৰিওফালে সেইজীয়া পাহাৰ৷ মহাবাহু ব্ৰহ্মপুত্ৰ৷ চিৰ প্ৰবাহিনী নৈ জীয়াভৰলী, দিখৌ, জাঁজী আৰু কপিলী৷ আৰু মোৰ চহৰ শিৱসাগৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷ ঐতহাসিকভাৱে এখন অতি গুৰুত্বপূৰ্ণ জিলা ৷ তুমি জানা অনিন্দিতা আহোমৰ ৰাজত্ব কালতে নিৰ্মাণ কৰা বিভিন্ন কৃতিচিহ্ন, স্থাপত্য, ভাস্কৰ্য, মৈদাম, পুখুৰী, গঞ্জ আলিবাট আদি অজিও সভ্ৰমেৰে জিলিকি আছে শিৱসাগৰত৷ অসমৰ গৌৰৱ ইয়াতে আছে৷ ৰং ঘৰ, কাৰেং ঘৰ৷ তলাতল ঘৰ জয়দৌল শিৱসাগৰ পুখুৰী৷ এবাৰ ,এবাৰ আহাঁ তুমি৷ মোৰ দেউতাৰ এখন চাহ বাগিচা আছে৷ দৃষ্টিৰে ঢুকি নোপোৱালৈকে সেউজীয়া কেৱল সেউজীয়া৷ তাত থকা চাওতালি ছোৱালীবোৰৰ সৈতে ঝুমুৰৰ তালে তালে তুমিও নৃত্য কৰিব পাৰিবা৷ পায়েল... পায়েল পিন্ধানে তুমি অনিন্দিতা ? তুমি জানা পায়েলৰ ৰুনুক জুনক মাতটো মই বৰ ভাল পাওঁ৷ ভাবিয়ে ভাল লাগিছে তোমাৰ দুভৰিৰ পায়েলৰ জুনুক জুনুক শব্দই সুৰৰ মূৰ্চনা তুলিব মোৰ চহৰত৷
অনিন্দিতা... এই অনিন্দিতা তুমি মনে মনে আছা কিয় ?কোৱা আহিবানে তুমি ?
নাই একো উত্তৰ নাই. I মাত্ৰ অনিন্দিতাৰ উচুপনীৰ বাহিৰে৷ অবাক হৈ পৰে সি৷ হঠাতে কি হ'ল তাইৰ ?
অনিন্দিতা কি হ'ল তুমি কান্দিছা কিয় ? মোৰ কিবা কথাত তুমি বেয়া পালা? প্লিজ মোক ক্ষমা কৰি দিয়া৷ মই একদমে কথা কব নাজানো৷ মনত যি ভাবো সেইয়ায়ে কৈ পেলাওঁ৷ আচলতে সৰুতে মোৰ মাক হেৰুৱাইছো৷ মোক কথা বোৰ শিকাই বুজাই দিয়া কোনো নাই৷ দেউতা চাহ বাগানৰ কামতে ব্যস্ত৷ অকলে ডাঙৰ হৈছো৷ নিজে নিজক সামৰিছো৷মোৰ কিবা কথাই যদি তোমাক আঘাট কৰিছে৷ মোক ক্ষমা কৰা৷ তোমাৰ কান্দোনে মোক কষ্ট দিছে৷তুমি নাকান্দিবা অনিন্দিতা৷
: মই তোমাৰ কথাৰ বাবে কন্দা নাই স্বপ্ননীল৷ মই কান্দিছো মোৰ ভাগ্যৰ বাৱে৷ মোৰো তোমাৰ ধুনীয়া অসম ৰাজ্যখন চাবলৈ বৰ মন গৈছে৷তুমি কোৱাৰ দৰেই ঝুমুৰৰ  তালে তালে নাচিবৰ মন গৈছে৷ দৌৰি ফুৰিবলৈ মন গৈছে চাহ গছৰ মাজে মাজে৷
কিন্তু মন গলেও যে মই নোৱাৰো নীল নোৱাৰো৷ ফেঁকুৰি উঠিল তাই৷
: কিন্ত কিয় অনিন্দিতা?
: তোমাৰ মনত আছে নীল ? তুমি এদিন সুধিছিলা মই ফেচবুকত কিয় ফটো দিয়া নাই৷ আচলতে ফেচবুকত মই মোৰ ফটোকে দিছো তুমিহে দেখা নাই ৷
সেই যে সজাত সোমাই থকা চৰাইজনী.... সেইয়া যে মইয়ে হয়৷ পাখি ভগা পক্ষী মই৷ আকাশ ধিয়াই উৰিব খোজা দুৰন্ত বাসনা৷ অথচ উৰিব নোৱাৰাৰ কাতৰ যন্ত্ৰণা৷
: কি পাখি ভগা পক্ষী ? এইবোৰ তুমি কি কৈ আছা ? প্লিজ প্ৰহেলিকাৰ সৃষ্টি নকৰিবা৷ কথাবোৰ খুলি কোৱা৷
: কম ,নীল ! আজি সকলো কথা খুলি কম তোমাক ! মই কবয়ে লাগিব৷ তোমাৰ বাহিৰে মোক ইমান গভীৰ ভাৱে বুজি পোৱা কোনো নাই৷
: অনিন্দিতা....
: মোৰ সাত বছৰ বয়স তেতিয়া৷ দুৰ্গা পূজাৰ বতৰ আছিল সেইয়া৷ সপ্তমীৰ দিনা দেউতাৰ হাতত ধৰি নতুন চোলা পিন্ধি উলাহেৰ পূজা চাবলৈ গৈছিলো৷ দেউতাই কিনি দিয়া জিলাপি খাই দুই হাতে দুজাপ বেলুন কিনি ঘৰলৈ উভতিছিলো দেউতা আৰু মই ৷
কিন্তু...
কিন্তু হঠাতে পিছফালৰ পৰা অহা এখন ট্ৰাকে আমাক খুন্দিয়াই দিছিল৷
মই মাত্ৰ দেখিছিলো মোৰ হাতৰ পৰা বেলুনবোৰ ওপৰলৈ উৰি গৈ আছে ...উৰি গৈ আছে৷ তাৰ পিছত মোৰ আৰু একো মনত নাই৷
: উফ্ অনিন্দিতা....
: দুদিন পিছত মই যেতিয়া চকু মেলো দেউতা গুচি গৈছিল মোক এৰি এখন নেদেখা দেশলৈ ৷ মোৰ বাবেও পৃথিৱীখন সলনি হৈ পৰিছিল৷ সোঁ ভৰিখন বেছিকৈ আঘাটপ্ৰাপ্ত হোৱা বাবে ডাক্তৰে কাটি পেলাব লগা হৈছিল৷ ভৰিখন হেৰুৱা যন্ত্ৰণাতকৈও দেউতাক হেৰুৱা যন্ত্ৰনাই মোক বেছি কষ্ট দিছিল নীল৷ দেউতাক বিচাৰি কান্দি কান্দি বাউলী হৈ পৰিছিলো মই৷ বুকুত দগমগাই জ্বলি থকা একুৰা জুই লৈ মায়ে মোক সান্তনা দিছিল৷ সামৰিছিল৷ তেওঁৰ আদৰ যত্নত লাহে লাহে মই সুস্থ হৈছিলো যদিও মই আৰু আগৰ অণু হ'ব নোৱাৰিলোঁ ৷ যি বয়সত মই পখিলাৰ পিছে পিছে দৌৰি ফুৰিব লাগিছিল সেই বয়সতে হুইল চেয়াৰত বহি এটি কোঠাৰ ভিতৰত আবদ্ধ হৈ পৰিলো ৷ ঋতুবোৰ পাৰ হৈ থাকিল৷ লাহে লাহে মই ডাঙৰ হলো৷ মাৰ ঘৰৰ কাম৷ স্কুল৷ তাৰ পিছতো মোক যত্ন লয়৷ ঘৰৰ পৰাই পৰীক্ষা দিওঁ৷ যিমান পাৰে মোৰ কাৰণে কষ্ট কৰে মায়ে ৷ বাহিৰলৈ ফুৰাবলৈ নিব খোজে৷
মই নাযাওঁ৷ মোৰ কোঠাৰ খিৰিকী মুখত মই মোৰ পৃথিৱীখন গঞ্জি লৈছো৷ ইয়াৰ পৰা মই হুগলী  নদীখন দেখি থাকো৷ দেখি থাকো হাওৰা ব্ৰীজৰ ওপৰেৰে পাৰ হৈ থকা অসংখ্য গাড়ী মটৰ৷ মোৰ খিৰিকীৰে সোমাই আহে পুৱাৰ ৰ'দ৷ ৰাতিৰ জোনাক৷ বৰষুণৰ চিতিকনি আৰু জানা মোৰ খিৰিকীৰে মোৰ কোঠাটোলৈ উৰি আহে সদায় এজাক পাৰ চৰাই৷ মই সিহঁতক খাবলৈ দিওঁ৷ সিহঁতৰ মুখৰ ৰুণ, ৰুণ শব্দত মই বিচাৰি পাওঁ জীয়াই থকাৰ ছন্দ৷ সিহঁতে যে পাখিত গুজি লৈ আহে মোৰ বাবে সুখৰ সঁফুৰা৷
: না আৰু নকবা অনিন্দিতা৷ মই শুনিব নোৱাৰো! কাৰোবাৰ জীৱনত যে ইমান দুঃখ, ইমান যন্ত্ৰণা কেৱল কাহিনীতহে পঢ়িছিলো ৷ বাস্তবটো যে এনে কোনোবা আছে মই ভাবিব পৰা নাছিলো৷ তাকো মোৰ আপোন কাৰোবাৰ জীৱনত৷
উফ অনিন্দিতা উফ৷ কেনেকৈ ইমান শক্তি পাইছা তুমি ?
: মা দেবী দুৰ্গাই দিছে মোক এই শক্তি৷ বহুবাৰ... বহুবাৰ ভাবিছো নিজকে শেষ কৰি দিওঁ৷ কিন্তু কিবা এক অলৌকিক শক্তিয়ে মোক বাধা দিয়ে৷ মাৰ কথা মনত পৰে৷ মনত পৰে পৃথিৱীত থকা মোতকৈও দুৰ্ভগীয়া মানুহ বোৰৰ কথা৷ জানো দেবী দূৰ্গাই মোক ৰক্ষা কৰি আছে৷ মোক সাহস দিছে৷ শক্তি দিছে৷ জীৱনটোক নতুনকৈ চাবলৈ শিকিছোঁ৷ দুখৰ মাজতো হাঁহিবলৈ শিকিছোঁ৷ লিখিবলৈ আৰম্ভ কৰিছোঁ৷ তুমি জানা স্বপ্ননীল মোৰ লিখা কলিকতাৰ ভাল ভাল বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পায়৷
নীল ...নীল... মনে মনে আছা কিয় ?
কি কম মই ? তোমাৰ জীৱনৰ কাহিনীয়ে মোক বাকৰুদ্ধ কৰি পেলাইছে ! কিয় ? কিয় হ'ল এনেকুৱা তোমাৰ জীৱনত ? বুকুখন আজি বৰকৈ বিষাইছে মোৰ ৷ শুনাচোন অনিন্দিতা মই তোমাৰ কাষলৈ যাব খোজোঁ৷ বুজিছো তুমি আহিব নোৱাৰা৷ কিন্তু মইতো যাব পাৰো তোমাৰ কাষলৈ৷ তোমাৰ মাৰ সৈতে কথা পাতিব খোজো মই৷ গাটেই জীৱনৰ বাবে মোৰ অৰ্ধাংগিনী কৰিব বিচাৰো তোমাক  ৷ বহুত... বহুত ভাল পাওঁ তোমাক। তুমি মোৰ হবানে অনিন্দিতা ? সুখ হৈ.. দুখ হৈ... ৰ'দ হৈ ..ছাঁ হৈ ওৰেটো জীৱন মোৰ কাষত থাকিবানে তুমি ?
: এইয়া তুমি কি কৈছা নীল ?  মই... মই... কেনেকৈ ? তুমিতো সকলো জানা...
জানো বাবেইটো কৈছোঁ আৰু একো নকবা তুমি৷ বিবাহ এক পৱিত্ৰ সম্পৰ্ক৷ য'ত দুটি আত্মাৰ মিলন হয়৷ মই মোৰ সমগ্ৰ সত্তাৰে, গভীৰতাৰে তোমাক ভালপাওঁ ৷ তোমাৰ বাহিৰে মই কাৰো সৈতে সুখী হ'ব নোৱাৰো অনিন্দিতা ৷ শুনা দুৰ্গা পূজালৈ আৰু কেইটামান দিন হে বাকী৷ অহা সপ্তাহত মই কলিকতা গৈ আছো৷ শৰতৰ প্ৰাকক্ষণত মই তোমাৰ চহৰ ওলাম গৈ অনিন্দিতা৷
এটা ৰাতি আধা দিনৰ পিছত কাঞ্চনজংঘা আহি শিয়ালদাহ ষ্টেচনত প্ৰবেশ কৰে৷ ৰে'লৰ পৰা নামি ট্ৰেইনখন এবাৰ আলফুলে চুই চাই সি৷ দীঘল কৈ উশাহ এটা লৈ ভাৱে  সি সঁচাকৈ কলিকতা পালে৷ কলিকতা.... অনিন্দিতাৰ চহৰ৷ এক বুজাব নোৱাৰা অনুভৱে অনুৰণন তুলিলে স্বপ্ননীলৰ বুকুত৷
ৰঙা ইটাৰ দুমহলীয়া ঘৰটোৰ বিশাল কলা ৰঙৰ লোহাৰ গেটখন খুলি ভিতৰলৈ সোমাই যাওঁতে এক নামহীন আবেগত বুকুখন অলপ অলপকৈ কপিছিল তাৰ৷ দুৱাৰ খুলি দিলে ছোৱালী এজনীয়ে৷ আহক ভিতৰলৈ৷ বহক৷ সুসজ্জিত অভিজাত কোঠাটোৰ সোঁমাজত থকা হালধীয়া ৰঙৰ ছোফাত বহি পৰে সি৷ সৰু ট্ৰে এখনত পানী এগিলাছ লৈ সোমাই আহে মানুহ এগৰাকী৷
তুমি স্বপ্ননীল নহয় জানো ? অণুই কৈছে তোমাৰ কথা ৷
মই অণুৰ মাক I 
স্বপ্ননীলে মানুহ গৰাকীৰ ভৰি চুই সেৱা কৰিলে৷ সদায় সুখী হৈ  থাকা বাবা৷
মূৰত হাত ফুৰাই আশীৰ্বাদ কৰিলে তেওঁ৷ বহা তুমি৷
অণুই  মোক  কৈছে সকলো কথা৷ তুমি জানা আমাৰ জীৱনৰ ওপৰৰে কিমান ডাঙৰ ধুমুহা পাৰ হৈ গল৷ যি ধুমূহাই ক্ষত বিক্ষত কৰি থৈ গ'ল সকলো৷ বহু কেইটা বছৰ পাৰ হৈ যোৱাৰ পাছত অণু এতিয়াহে অলপ মানসিক ভাৱে সুস্থিৰ হৈছে৷ মই আজি আছো, তাইক সামৰি ৰাখিছোঁ৷ এদিন মইও গুচি যাব লাগিব৷ কিন্তু ভয় হয় মোৰ মৃত্যুৰ পিছত মোৰ ছোৱালী জনীৰ কি হ'ব ! থুকাথুকি হৈ পৰে মানুহজনীৰ মাত৷
বহাৰ পৰা উঠি আহে স্বপ্ননীল আৰু আঁঠুকাঢ়ি বহি পৰে তেওঁৰ সমুখত৷
মা মই বুজিছো আপোনাৰ মনৰ বেদনা৷ কিন্তু ইমান চিন্তা নকৰিব৷ সকলো ঠিক হৈ যাব৷ মই আপোনাক কথা দিছো অণুক সদায়ে সুখী কৰি ৰাখিম৷ মোৰ মা নাই৷ মোক আপোনাৰ ল'ৰা বুলি ভাবিব পাৰিবনে ?
তেওঁ একো নকলে মাথোঁ নীলৰ মূৰত হাত ফুৰাই মৰম কৰি দিলে৷ যোৱা অণুক এবাৰ দেখা কৰি আহাঁ৷ তাই ভিতৰ কোঠাতে আছে৷ মই তোমাৰ বাবে খোৱাৰ যোগাৰ কৰো৷ বৰ দীঘলীয়া যাত্ৰা কৰি আহিছা৷
বতাহত উৰি থকা নীলা ৰঙৰ পৰ্দা আঁতৰাই স্বপ্ননীল ভিতৰলৈ সোমাই গ'ল৷ আহল বহল কোঠাটোৰ পূবফালে থকা খিৰিকীৰ ফালে মুখ কৰি হুইল চেয়াৰ এখনত বহি আছে অনিন্দিতা ৷ সি গৈ তাইৰ পিছফালে থিয় হয়৷
তালৈ নচোৱাকৈয়ে কলে তাই
মোক ক্ষমা কৰিবা নীল৷ মই তোমাক আগবঢ়াই আনিবলৈ পদূলিলৈও যাব নোৱাৰিলো৷
ঠিক আছে  অনিন্দিতা, কিন্তু এতিয়াতো মুখখন দেখুৱাব পাৰা৷ লাহে লাহে তাই চেয়াৰখন ঘূৰাই দিলে৷ স্বপ্ননীলে অনিমেষ নেত্ৰে মাথোঁ চাই ৰ'ল অনিন্দিতাৰ মুখলৈ৷ এইয়া দেবী নে মানৱী ? আ কি সুন্দৰ সুগোল মুখ৷ আয়তকাৰ চকু৷ ঘনকলা চেলাউৰি৷ গোলাপ ফুলৰ পাহিৰ দৰে ওঁঠযুৰি৷ কেঁকোৰা দীঘল চুলি৷ যেন এটি জীৱন্ত প্ৰতিমা৷ 
বহা নীল এইটোয়ে মোৰ কোঠা, মোৰ পৃথিৱী৷
: বহুত ধুনীয়া তোমাৰ কোঠাটো ৷ কিন্তু অনিন্দিতা এতিয়াৰ পৰা তুমি মোৰ সৈতে বাহিৰৰ পৃথিৱীখনলৈ ওলাই যাব লাগিব৷ আকাশ বতাহ চৰাই চিৰিকতি গোটেই পৃথিৱী ৰৈ আছে তোমাৰ দৰ্শন পাবলৈ৷
: কিন্তু নীল মই...
সি তাইৰ দুবাহুত ধৰি লাহে লাহে থিয় কৰাই দিলে৷ আৰু কলে অনিন্দিতা মই তোমাৰ হেৰুৱা ভৰিখন উভতাই দিবটো নোৱাৰো৷ কিন্তু মই তোমাৰ এখন ভৰি হ'ব খোজো ৷
নীল.... আবেগত মাতটো কপিছিল তাইৰ৷ অ অনিন্দিতা এই ভৰিখনৰে তুমি আকৌ পৃথিৱীখন চাব লাগিব৷ আজি দুৰ্গা পূজাৰ প্ৰথম দিন৷ মোৰ সতে তুমি পূজা চাবলৈ যাবানে ? শুনিছোঁ কলিকতাত হেনো বহুত ডাঙৰ দুৰ্গা পূজা পালন কৰে৷ অনিন্দিতা এই শাৰদীয় বতৰত মই তোমাৰ চহৰত ... মোক জানো তুমি পূজা নেদেখুৱাবা ৷ দুচকু সজল হৈ পৰে তাইৰ৷ অনিন্দিতা, সন্ধিয়া হ'বৰ হৈছে ৷ তুমি ওলোৱা৷ মইও ফ্ৰেছ হওঁগৈ৷ কিবা এটা মনত পৰাত সি পকেটৰ পৰা এপাত পায়েল উলিয়াই কলে৷ বৰ হেঁপাহেৰে তোমাৰ বাবে এই পায়েল পাত গঢ়াই আনিছো৷ পিন্ধিবা৷ কিমান যে ধুনীয়া লাগিব তোমাৰ ভৰিত এই পায়েল পাত৷ লোৱা৷ 
একেই হেঁপাহেৰে হাত পতি ললে তাই ৰূপোৱালি পায়েল পাত৷ জুন জুন কৈ বাজি উঠে পায়েল৷ 
নীল.... নীল....কোঠাটোৰ পৰা ওলাই যাব খোজা স্বপ্ননীলক আকুলতাৰে মাতে তাই৷ ৰৈ দিয়ে সি ৷ আৰু দুৱাৰ মুখৰ পৰা উভতি চাই তাইৰ মুখলৈ ৷
ভালপাওঁ নীল৷ বহুত ভাল পাওঁ তোমাক৷ মোৰ জীৱনৰ পৰা পাৰ হৈ যোৱা সুদীৰ্ঘ পোন্ধৰ বছৰৰ পিছত আজি আকৌ মই দুৰ্গা পূজা চাবলৈ যাম তোমাৰ লগত৷ দেবী দশোভূজাই তোমাক মোলৈ আশীৰ্বাদ হিছাপে পঠাইছে৷ মই আজি বহুত সুখী৷ বহুত৷ হুকহুকাই কান্দি পেলালে এইবাৰ তাই৷
খুব আদৰৰে স্বপ্ননীলে বুকুৰ মাজত সাৱটি লয় ক্ৰন্দনৰতা ছোৱালীজনীক৷ আৰু কপালত আঁকি দিয়ে মৰমৰ এটি আলফুল চুমা৷ প্ৰশান্তিত দুচকু জপাই দিয়ে অনিন্দিতাই৷ দুচকু জপাই দিয়ে স্বপ্ননিলেও আৰু মনতে প্ৰাৰ্থনা কৰে হে মা দেবী দুৰ্গা৷ তুমিতো শক্তিদায়ীনি৷ মোকো শক্তি দিয়া মা এই ছোৱালী জনীক যেন পৃথিৱীৰ সকলো দুঃখ কষ্টৰ পৰা আঁতৰাই ৰাখিব পাৰো ৷ সিঁচি দিব পাৰো তাইৰ জীৱনত মুঠি মুঠি সুখৰ কুঁৱলী৷ দূৰ কৰবাত পূজাৰ আৰতি হৈছিল৷ বাজি উঠিছিল শংখৰ সুমধুৰ শব্দ৷

ঠিকনাঃ
বেংগালুৰু


অঙ্গন: পৃষ্ঠা ৪৬
শেষ পৃষ্ঠাৰ লেখাঃ

     "আছে গৰু নাবায় হাল, হোৱাতকৈ                         নোহোৱাই ভাল"

         জানিব পৰামতে , গুৱাহাটী মহানগৰীৰ প্ৰায় ৩০ শতাংশ ষ্ট্ৰীট লাইট আজিও  বিকল হৈ আছে ৷ গুৱাহাটী মহানগৰীত প্ৰায় সকলো স্থানতে দেখা যায় বিশাল বিশাল ষ্ট্ৰীট লাইট। কিন্তু জ্বলাৰ সময় হ’লে , নজ্বলে এটাও লাইট। জালুকবাৰীৰ নিচিনা সদাব্যস্ত ঠাই এখনো ইয়াৰ পৰা হাত সাৰি যোৱা নাই ৷ আনহাতে, যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী এই ঠাইৰ  আশে-পাশে অস্থায়ীভাৱে  থাকে ৷ সেয়ে আমি ষ্ট্ৰীট লাইট অবিহনে সন্ধিয়া নামিলেই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পৰোঁ ৷ মহিলাসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ঠাইবিশেষে ষ্ট্ৰীটলাইটৰ ব্যৱহাৰ কৰা অধিক প্ৰয়োজন ৷ মহানগৰখন উন্নয়ন আৰু সৰ্বাংগসুন্দৰ কৰি তোলাৰ দায়িত্ব যিহেতু জি এম চি আৰু জি এম ডি এ নামৰ দুটাকৈ বিয়োগোম বিভাগৰ ওপৰত ন্যস্ত আছে। সেয়েহে আমি তেওঁলোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, অতি সোনকালে তেওঁলোকে এই বিষয়ত গুৰুত্ব দিয়ক ৷ 

         মহানগৰীৰ মূল পথসমূহত প্রায় ৫,০০০ ষ্ট্রীট লাইট আৰু উপপথসমূহত প্রায় ১০,০০০ ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰাৰ বাবে পৰিকল্পনা কৰাৰ কথা জনাইছে জি এম চি কর্তৃপক্ষই ৷ কিন্তু সেয়া কাৰ্যকৰী কেতিয়া হ'ব ? সঠিককৈ ক'ব পৰা নেযায় ?

            পিছে এইবাৰ মহানগৰবাসীয়ে সঁচাকৈয়ে ৰাজপথত পোহৰ দেখা পাবনে নে এনেকৈয়ে ৰৈ যাব এই সমস্যা ? ইয়ো এক গুৰুত্বপূৰ্ণ প্ৰশ্ন এতিয়া মহানগৰবাসীৰ মনত।

পৰিণীতা কলিতা
প্ৰাক্তন ছাত্ৰী,গুৱাহাটী বিশ্ববিদ্যালয়
৯১২৭৫৬৪১২৪


অঙ্গন:  পৃষ্ঠাঃ ৪৭





Post a Comment

0 Comments