অঙ্গনঃ তৃতীয় বছৰ (৬ নং সংখ্যা)



নিয়মাৱলী:

১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 আগষ্ট, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা ৫
👉সংবাদ: পৃষ্ঠা ৬
👉প্ৰৱন্ধ : পৃষ্ঠা ৭-১২
👉ধাৰাবাহিক: পৃষ্ঠা ১৩
👉অণুগল্প : পৃষ্ঠা ১৪-১৮
👉অনুবাদ সাহিত্য : পৃষ্ঠা ১৯-২০
👉কবিতা: পৃষ্ঠা ২১-৩৪
👉আৰ্ট গেলাৰী: পৃষ্ঠা ৩৫
👉নীলাখামৰ চিঠি: পৃষ্ঠা ৩৬
👉ৰেচিপি: পৃষ্ঠা ৩৭
👉অনুভৱ: পৃষ্ঠা ৩৮
👉গল্প: পৃষ্ঠা ৩৯-৪১
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪২

অঙ্গন: পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
বিজয়া ঠেঙাল
বিহপুৰীয়া, লখিমপুৰ
মেকআপ- কুকি বৰুৱা
ফটোগ্ৰাফাৰ- মাইনা  গগৈ।

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা,  মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ

৭৬ সংখ্যক স্বাধীনতা দিৱস

নানা জাতি-জনগোষ্ঠী, বিভিন্ন ভাষা-সংস্কৃতি, ধৰ্মনিৰপেক্ষ দেশ ভাৰতবৰ্ষই ইতিমধ্যে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে। এই লৈ ইতিমধ্যে দেশবাসীৰ মনত আনন্দই নধৰা হৈছে, চৌদিশে কেৱল উৎসৱমুখৰ এক সুন্দৰ পৰিৱেশ। হয়, প্ৰকৃততে এয়া এক সুখৰ বতৰা যে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোতেই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। কিন্তু আমি সেইসকল শ্বহীদকো সমানেই মনত পেলাব লাগিব যিসকলৰ চৰম ত্যাগ আৰু জীৱন উছৰ্গাৰ শেষতহে দেশখনে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। এই স্বাধীনতা আন্দোলনত জপিয়াই পৰা লোকসকল যি ধৰ্মৰেই নহওক কিয়, তেওঁলোক আছিল ভাৰতীয়।
অনৈক্যৰ মাজত ঐক্য, এয়াই হৈছে আমাৰ দেশখনৰ মূল শক্তি। বহুতে ভবাৰ দৰে 'অনৈক্যৰ বাবেই দেশখন আগুৱাই যাব পৰা নাই' ধাৰণাটো একেবাৰেই ভ্ৰান্ত। ইতিহাসে এই কথা বাৰে বাৰে প্ৰমাণিত কৰি আহিছে। সেয়ে আমি কোনো কাৰণতে আমাৰ দেশখনক চুবুৰীয়া পাকিস্তান, বাংলাদেশ, চীন, শ্ৰীলংকা কাৰোৱে লগত তুলনা কৰিব নোৱাৰোঁ। আমাৰ দেশৰ সংস্কৃতি, দেশৰ ধৰ্মনিৰপেক্ষতা আমাৰ মূল চালিকা শক্তি।
এইবাৰ দেশত প্ৰথমবাৰৰ বাবে ব্যতিক্ৰমী প্ৰচেষ্টাৰে স্বাধীনতা দিৱস পালন কৰা হ'ল। কণ কণ মইনাহঁতেও এইবাৰ দেখিলে যে কিদৰে আমি আমাৰ জাতীয় পতাকাখনিক সন্মান জনাব লাগে, কিদৰে আমি দেশৰ প্ৰতি দায়ৱদ্ধ হ'ব লাগে। বহুতে এইবাৰ ৰাষ্ট্ৰীয় সংগীত শুদ্ধকৈ গাবলৈ শিকিলে। আমি আশা ৰাখিছোঁ, বিদ্যালয় সমূহত আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানসমূহতো আমাৰ দেশৰ বীৰ শ্বহীদ সকলৰ বিষয়ে, কিদৰে দেশে স্বাধীনতা লাভ কৰিছিল সেই সম্পৰ্কে আলোচনা হওক, এই আলোচনাৰ মাধ্যমেৰে আমি উঠি অহা প্ৰজন্মটোক দেশৰ স্বাভীমান সম্পৰ্কে দায়ৱদ্ধ কৰি তুলিব পাৰিম।
প্ৰতিটো কামৰে ভাল আৰু বেয়া দিশবোৰ থাকিবই। যিবোৰ বেয়া সেয়া পৰিত্যাগ কৰি আমি ভালখিনি আদৰি আগবাঢ়ি যাব লাগিব। এইবাৰ দেশৰ স্বাধীনতা দিৱসৰ আগৰে পৰাই দেখা গ'ল কিছুমান আজৱ কাণ্ড। সামাজিক মাধ্যমত প্ৰকাশ পালে এনে বহুতো ফটো। এই ফটোবোৰে সাধাৰণ লোকৰ মনতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। সকলোৰে মনত এটাই প্ৰশ্ন যে জাতীয় পতাকাখনিৰ মৰ্যাদা, ব্যৱহাৰো আজিৰ প্ৰজন্মই নাজানেনে? মূল কথাটো হৈছে, নজনা জনক, উঠি অহা প্ৰজন্মটোক আমিয়েই শিকাব লাগিব। অজ্ঞজনৰ ভুলখিনি ৰাজহুৱা কৰিব পাৰিলে আমি সামাজিক মাধ্যমত হাজাৰ হাজাৰ কমেন্ট লাইক পাম ঠিকেই, কিন্তু এইদৰে আমি জানো কাৰোবাৰ উন্নতি সাধিব পাৰিম? কথাবোৰ গভীৰভাবে চিন্তা কৰিবৰ হ’ল। আমি পাহৰি গ’লে নহ’ব যে বেয়া কাম কৰাজন যিদৰে দোষী একেদৰে বেয়া কামৰ বিষয়ে প্ৰচাৰ কৰাজনো সমানেই দোষী।
এই সময়, বিগত ৭৫ বছৰীয়া ইতিহাসৰ পৰ্যালোচনাৰ সময়। দেশখনে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা আমি কিদৰে আগবাঢ়িছোঁ, কিদৰে আগবাঢ়ি যোৱা উচিত আছিল, কোনবোৰ সিদ্ধান্ত আমি সময়ত ল’ব নোৱাৰাৰ বাবে দেশখন বিভিন্ন দিশত পিছপৰি আছে, দেশৰ কৃষি, বিজ্ঞান-প্ৰযুক্তিবিদ্যা, অৰ্থনীতি, বাণিজ্য আদি প্ৰতিটো দিশত কিদৰে কাম কৰি যাব লাগিব – এনেবোৰ দিশ পৰ্যালোচনা কৰাৰ সময় এয়া। আমি আশাবাদী-- জাত-পাত, ধৰ্ম, ভাষা আদি বিষয়ত অহেতুক সমালোচনা হৈ থকাতকৈ দেশৰ নাগৰিকৰ লগতে চৰকাৰী পক্ষইও কৃষি, অৰ্থনীতি, বিজ্ঞান, কৰ্মসংস্থাপন আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰত চিন্তা-চৰ্চা কৰক। কিয়নো উমৈহতীয়া আন্তৰিক সহযোগিতাইহে প্ৰকৃতাৰ্থত দেশখন প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাত সহায় হ’ব।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ ৬
আমাৰ সংবাদ

গুৱাহাটী প্ৰেছ ক্লাৱত অংকুৰণ প্ৰকাশনৰ গ্ৰন্থ
মোকৰ্দ্দমাৰ তদন্ত উন্মোচন

উন্মোচকঃ প্ৰান্তিক আলোচনীৰ সম্পাদক, প্ৰকাশক প্ৰদীপ বৰুৱা।


যোৱা ১৩ আগষ্ট ২০২২ তাৰিখ শনিবাৰে দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰয়াত দণ্ডিদত্ত লহকৰৰ ১৯৭৩ চনতে প্ৰকাশ পোৱা "মোকৰ্দ্দমাৰ তদন্ত" শীৰ্ষক গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণৰ শুভ উদ্বোধন হয়। প্ৰায় ৫০ বছৰ পূৰ্বে প্ৰকাশিত গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণটি উন্মোচন কৰি অসমৰ আগশাৰীৰ আলোচনী "প্ৰান্তিক"ৰ মুখ্য সম্পাদক তথা প্ৰকাশক শ্ৰীযুত প্ৰদীপ বৰুৱাদেৱে কয় যে এনে গ্ৰন্থ বৰ্তমান আমাৰ সমাজৰ বাবে অতি প্ৰয়োজন। যোৰহাটৰ অংকুৰণ প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত এডিজিপি দিলীপ বৰা আৰু জইন কমিচনাৰ অৱ পুলিচ পাৰ্থ সাৰথী মহন্তদেৱে ভাষণ আগবঢ়ায়। দ্যা নিউজ প্লাছ আৰু দুৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ ঘোষিকা সংগীতা তালুকদাৰে আ‍ঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে বীৰঝৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক তথা কবি, গীতিকাৰ ড০ দীনেশ চন্দ্ৰ ডেকাদেৱে সাৰুৱা ভাষণ আগবঢ়ায়। উল্লেখ্য যে এই অনুষ্ঠানতে লেখক দণ্ডীদত্ত লহকৰৰ পুত্ৰ শ্ৰীযুত বিমল চন্দ্ৰ লহকৰ আৰু শ্ৰীযুত শংকৰদত্ত লহকৰদেৱেও তেওঁলোকৰ মনৰ কথা প্ৰকাশ কৰে। অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰয়াত দণ্ডীদত্ত লহকৰদেৱৰ সোঁৱৰণত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে প্ৰান্তিক আলোচনীৰ মুখ্য সম্পাদক তথা অনুষ্ঠানটিত উপস্থিত থকা নিমন্ত্ৰিত অতিথিসকলে। একেটা অনুষ্ঠানতে লেখিকা মনালিছা পাঠক আৰু প্ৰকাশক হেমেন নাথে নিজৰ মন্তব্য আগবঢ়ায়।

অঙ্গন: পৃষ্ঠাঃ ৭
প্ৰৱন্ধঃ

ভাৰতৰ স্বাধীনতা দিৱস-কিছু ইতিহাস

বীৰেশ্বৰ ৰাভা 

        ১৭ শতিকাৰ আৰম্ভণিৰে পৰা ভাৰতবৰ্ষত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল। শক্তিশালী সামৰিক বাহিনীৰ সহায়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে স্থানীয় ৰাজত্ব সমূহক বশীভূত কৰি ১৮ শতিকাত নিজকে আটাইতকৈ শক্তিশালী গোট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত বলবৎ হোৱা Government of India Act 1858 এ ব্ৰিটিছৰ বাবে পোনপটিয়াকৈ ভাৰত শাসন কৰাৰ পথ সুগম কৰি দিয়ে। পৰৱৰ্ত্তী কালত ভাৰতবৰ্ষৰ চুকে কোণে জনসাধাৰণৰ মাজত স্বাধীনতা লাভৰ আকাংক্ষা তীব্ৰতৰ হ'বলৈ ধৰিলে। ১৮৮৫ চনত প্ৰতিষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে এই আকংক্ষাক এক প্ৰবল স্বাধীনতা আন্দোলনৰ ৰূপ দিয়াত আগভাগ লয়। প্ৰথম বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাত ব্ৰিটিছে Montagu–Chelmsford Reforms কে ধৰি কিছু সংশোধনী আৰম্ভ কৰিছিল যদিও একে সময়তে ৰৱাল্ট আইন (Rowlatt Act) ৰ দৰে কঠোৰ আইনৰো বলবৎ কৰাত ভাৰতীয় জনসাধাৰণ প্ৰতিবাদী হৈ উঠে। ইয়াৰে ফলস্বৰূপে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি অসহযোগ আৰু অহিংস আন্দোলন গঢ় লৈ উঠে।
       ১৯৩০ চনৰ সময়ত ব্ৰিটিছৰ সংশোধনী আইন বলবৎ কৰাৰ পিছত নিৰ্বাচনসমূহত জাতীয় কংগ্ৰেছে সফলতা লাভ কৰিবলৈ সক্ষম হয়।:১৯৫–১৯৭ কিন্তু পৰৱৰ্ত্তী দশকটোত কেইবাটাও ঘটনাই ভাৰতৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তোলে। ইয়াত অৰিহণা যোগোৱা প্ৰধান ঘটনাসমূহ হ'ল, দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ অংশগ্ৰহণ, অসহযোগ আন্দোলনৰ তীব্ৰতা বৃদ্ধি, ভাৰতীয় মুছলিম লীগৰ নেতৃত্বত মুছলিম জাতীয়তাবাদৰ উত্থান ইত্যাদি। ইয়াৰে সামূহিক প্ৰভাৱৰ ফলশ্ৰুতি হিচাপে ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰে আৰু একেসময়তে দেশ বিভাজনো হয়। ১৯৩০ চনৰ পৰা ১৯৪৬ চনলৈকে কংগ্ৰেছে ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিছিল। এই উদযাপনৰ অনুষ্ঠানসমূহত অংশগ্ৰহণকাৰীসকলে "স্বাধীনতাৰ অংগীকাৰ" গ্ৰহণ কৰিছিল:১৯–২০। জৱাহৰলাল নেহৰুৱে তেওঁৰ আত্মজীৱনীত এই অনুষ্ঠানসমূহ শান্তিপূৰ্ণ, গাম্ভীৰ্যপূৰ্ণ আৰু "কোনো ভাষণ বা বক্তৃতাবিহীন" আছিল বুলি বৰ্ণনা কৰিছে। গান্ধী জীৰ চিন্তাধাৰা অনুসৰি সভা সমিতিৰ উপৰিও এই দিনটো " কিছুমান গঠনমূলক কাম, যেনে -সূতা কটা, অথবা অস্পৃশ্য সকলৰ সেৱা কৰা, অথবা হিন্দু আৰু মুছলমান সন্মিলন আয়োজন, অথবা বাধা আৰোপ বা এই  সকলোবোৰ" কাৰ্যসূচীৰ মাজেৰে পালন কৰা হওক। ১৯৪৭ চনৰ প্ৰকৃত স্বাধীনতা প্ৰাপ্তিৰ পিছত ভাৰতৰ সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ হৈছিল আৰু তেতিয়াৰে পৰা ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে উদযাপিত হৈ আহিছে।
       স্বাধীনতা দিৱস, ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সোঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়।
       স্বাধীনতা লাভৰ পূৰ্বে স্বাধীনতা দিৱস ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯২৯ চনৰ লাহোৰ অধিবেশনত পূৰ্ণ স্বৰাজৰ ঘোষণা বা ভাৰতৰ স্বাধীনতাৰ ঘোষণা কৰা হৈছিল আৰু ২৬ জানুৱাৰী দিনটোক ভাৰতৰ স্বাধীনতা দিৱস হিচাপে ঘোষিত হৈছিল।। কংগ্ৰেছে জনগণক আইন অমান্য আন্দোলনৰ পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভাৰতবৰ্ষই পুৰ্ণাংগ স্বাধীনতা নোপোৱা পৰ্যন্ত "সময়ে সময়ে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰচাৰিত নিয়মাৱলী" পালন কৰিবলৈ আহ্বান জনাইছিল। এই ধৰণৰ স্বাধীনতা দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য আছিল- জনগণৰ জাতীয়তাবাদী উদ্দীপনাক জীপাল কৰি তোলা আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছ চৰকাৰক স্বাধীনতা প্ৰদান সম্পৰ্কে বিবেচনা কৰিবলৈ বাধ্য কৰা। স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়।
       উদযাপনঃ ভাৰতৰ তিনিটা জাতীয় বন্ধৰ দিনৰ এটা হ'ল স্বাধীনতা দিৱস। অন্য দুটা হ'ল ২৬ জানুৱাৰীত পালন কৰা গণতন্ত্ৰ দিৱস আৰু ২ অক্টোবৰত পালন কৰা গান্ধী জয়ন্তী। ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱসৰ আগদিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জাতিক উদ্দেশি ভাষণ প্ৰদান কৰে। ১৫ আগষ্টৰ দিনা প্ৰধান মন্ত্ৰীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই পবিত্ৰ অনুষ্ঠানটোৰ সন্মানত ২১ জাই তোপধ্বনি কৰা হয়। প্ৰধান মন্ত্ৰীৰ ভাষণত বিগত বৰ্ষৰ খতিয়ান দাঙি ধৰা হয়, প্ৰয়োজনীয় বিষয়বোৰ উত্থাপন কৰা হয় আৰু অধিক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হয়। তেখেতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় সঙ্গীত 'জন গণ মন' গোৱা হয়। ভাষণৰ পিছত ভাৰতীয় সামৰিক আৰু অসামৰিক বাহিনীৰ ডিভিজনসমূহে মাৰ্চ পাষ্ট কৰে। লগতে পেৰেড আৰু ভাৰতৰ স্বাধীনতা আন্দোলন আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰাৰ প্ৰদৰ্শন হয়। ৰাজ্যৰ ৰাজধানীবোৰতো একেধৰণৰ কাৰ্যসূচী পালন কৰা হয়, য'ত নিজ-নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে পতাকা উত্তোলন কৰে। লগতে ৰাজ্যৰ বিভিন্ন স্থানত বিধায়ক আৰু ৰাজ্যপাল সকলে পতাকা উত্তোলন কৰে।
       শেহতীয়া ইতিহাসঃ ১৯৪৬ চনত দ্বিতীয় বিশ্বযুদ্ধই জুৰুলি কৰা ব্ৰিটেইনৰ চৰকাৰে ভাৰতৰ ৰাজনৈতিক অস্থিৰতা দূৎ কৰাত হোৱা বিফলতা স্বীকাৰ কৰি লয়। অৱশেষত ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ক্লীমেণ্ট এটলীয়ে ১৯৪৮ চনৰ ভিতৰ ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে।সেইসময়তে নতুনকৈ হোৱা ভাইচৰয় লুইছ মাইণ্টবেটেনে কংগ্ৰেছ আৰু মুছলিম লীগৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থকা বিৰোধে হিংসুক ৰূপ লোৱাৰ আশংকা কৰি এই স্বাধীনতা প্ৰদানৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলে। তেওঁ দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমৰ্পণ কৰাৰ দ্বিতীয় বাৰ্ষিকীৰ দিনটো অৰ্থাৎ ১৫ আগষ্টৰ দিনটো ইয়াৰ বাবে ঠিক কৰে। ১৯৪৭ চনৰ ৩ জুন তাৰিখে ব্ৰিটিছ চৰকাৰে দেশ বিভাজনৰ দাবী গ্ৰহণ কৰে। ভাৰতীয় স্বাধীনতা আইন-১৯৪৭ৰ মতে অৱশেষত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামেৰে বিভাজন কৰা হয়।
স্বাধীনতা লাভৰ মাহটোত আৰু তাৰ পিছতো লাখ লাখ মুছলমান, শিখ আৰু হিন্দু শৰণাৰ্থীয়ে নতুনকৈ থিৰ কৰা সীমান্তৰে পাৰ হ'ল। পঞ্জাবৰ শিখসকলক দুভাগ কৰি থিৰ কৰা সীমান্তৰ দুয়োকাষেই বহুতো ৰক্তপাতৰ ঘটনা ঘটিল। পশ্চিমবংগ আৰু বিহাৰত অৱশ্যে মহাত্মা গান্ধীৰ উপস্থিতিয়ে হিংসাত্মক ঘটনাৰ হাৰ কিছু পৰিমাণে হ'লেও কমাই ৰাখিলে। সকলো মিলাই ভাৰতবৰ্ষত দেশ বিভাজনৰ সময়ত বিভিন্ন হিংসাত্মক ঘটনাত প্ৰায় ২৫০,০০০ ৰ পৰা ১,০০০,০০০ পৰ্যন্ত লোকৰ প্ৰাণহানি হ'ল বুলি তথ্য পোৱা যায়। দেশজুৰি স্বাধীনতা লাভৰ বাবে হোৱা আনন্দৰ পৰা আঁতৰি গান্ধীজীয়ে কলকাতাতে বাহৰ পাতি হিংসা প্ৰতিৰোধৰ প্ৰচেষ্টা লয়।
      স্বাধীনতাৰ তিনি বছৰ পাছতেই নগা নেছনেল কাউন্সিলে উত্তৰ-পূৰ্বাঞ্চলত স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনায়। আশীৰ দশকত অঞ্চলটোত বিচ্ছিন্নতাবাদী গোটৰ বিক্ষোভ বৃদ্ধি পায়। সংযুক্ত মুক্তি বাহিনী, অসম, নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড আদি সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণ, বৰ্জনৰ আহ্বানে স্বাধীনতা দিৱস উদ্‌যাপনত ব্যাঘাত জন্মায়। জম্মু আৰু কাশ্মীৰত আশীৰ দশকৰ পৰা বাঢ়ি অহা বিদ্ৰোহত বিচ্ছিন্নতাবাদী বিক্ষোভকাৰীসকলে "বন্ধ"ৰ আহ্বান দি, ক'লা পতাকাৰ ব্যৱহাৰ কৰি আৰু পতাকা জ্বলাই এই দিৱস বৰ্জন কৰে। লস্কৰ-ই-তৈবা, হিজ্‌বুল মুজাহিদীন আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনে ভাবুকি প্ৰদানৰ লগতে স্বাধীনতা দিৱসৰ আশে-পাশে আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে। মাও বিদ্ৰোহী সংগঠনসমূহেও স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাই আহিছে।সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাত সমগ্ৰ ভাৰততে বিশেষকৈ দিল্লী, মুম্বাইৰ দৰে ডাঙৰ নগৰত আৰু সমস্যাজৰ্জৰ ৰাজ্য যেনে জম্মু-কাশ্মীৰত সুৰক্ষা কট্‌কটীয়া হয়। আকাশী আক্ৰমণ ৰোধ কৰিবলৈ লালকিল্লাৰ চৌপাশৰ উৰণস্থানক "ন' ফ্লাই জ'ন" ঘোষণা কৰা হয়। আৰু আন নগৰবোৰত অতিৰিক্ত আৰক্ষী মোতায়ন কৰা হয়।
        স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নেহৰু আৰু গভৰ্ণৰ জেনেৰেল হিচাপে ভাইচৰয় হিচাপে লৰ্ড মাউণ্টবেটেন অধীষ্ঠিত হয়।:6 মহাত্মা গান্ধীৰ নাম দেশৰ বহু জনসাধাৰণে প্ৰস্তাব কৰিছিল যদিও তেওঁ স্ব-ইচ্ছাৰে সকলো আনন্দ-উৎসৱৰ পৰা আঁতৰি থাকিল। তাৰ পৰিৱৰ্ত্তে তেওঁ দিনটো কলকাতাতত উপবাসে থাকি হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি বঢ়োৱাৰ অৰ্থে যত্নপৰ হয়।
       বিশ্বৰ বিভিন্ন কোণত থকা প্ৰবাসী ভাৰতীয় সকলেও পেৰেড তথা অন্যান্য কাৰ্য্যসূচীৰে উলহ মালহেৰে এই দিবসটো পালন কৰে। কোনো কোনো অঞ্চলত বিশেষকৈ নিউয়ৰ্ক আদি ঠাইত এই দিনটো 'ভাৰত দিবস' ৰূপে পৰিগণিত হৈ পৰিছে।
       বৰ্তমান সময়ত স্বাধীনতা দিবসৰ দিনা দূৰদৰ্শন তথা ৰেডিঅ' চেনেল সমূহত সমগ্ৰ দেশতে হিন্দী তথা অন্যান্য ৰাজ্যিক ভাষাসমূহত দেশ-প্ৰেমমূলক প্ৰচাৰ কৰা হয়। পতাকা উত্তোলনৰ অনুষ্ঠান সমূহতো এনে সংগীত পৰিবেশন কৰা হয়। তদুপৰি দেশজুৰি দেশপ্ৰেমমূলক চলচ্চিত্ৰও প্ৰদৰ্শিত হয়। তদুপৰি বহু লোকে জাতীব পোছাক বা ত্ৰিৰংগী পতাকাৰ লগত সামঞ্জস্য ৰাখি পোছাক পৰিধান কৰে। বহুজাতিক কোম্পানী তথা অন্য ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে এই দিনটোৰ লগত সংগতি ৰাখি ৰেহাই মূল্যৰো ব্যৱস্থা কৰে।
       সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানবোৰত পতাকা উত্তোলন আৰু সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়। বিদ্যালয় আৰু মহাবিদ্যালয়বোৰতো পতাকা উত্তোলনৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰধান প্ৰধান চৰকাৰী ভৱনবোৰত আলোকসজ্জা কৰা হয়। দিল্লী আৰু আনকেইখনমান মহানগৰত স্বাধীনতা দিৱস উপলক্ষে চিলা উৰোওৱা হয়। বৃহৎ সংখ্যক বিভিন্ন আকৃতিৰ ৰাষ্ট্ৰীয় পতাকা দেশৰ প্ৰতি থকা আনুগত্যৰ প্ৰতিকী ৰূপত ব্যৱহাৰ কৰা হয়। নাগৰিকসকলে তেওঁলোকৰ পোচাক, ৰিষ্টবেণ্ড , বাহন, ঘৰুৱা সামগ্ৰী আদি ৰাষ্ট্ৰীয় পতাকাৰ অনুকৰণত তিনিবৰণীয়া নক্সাৰে অলংকৃত কৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই দিবসৰ উদযাপন ৰাষ্ট্ৰীয়তাবাদৰ ক্ষুদ্ৰ পৰিসৰতে আবদ্ধ নাথাকি অন্যান্য সকলো দিশ সামৰি লোৱা দেখা গৈছে।
       ভাৰতীয় ডাকবিভাগে স্বাধীনতা আন্দোলনৰ নেতা সকলক লৈ ১৫ আগষ্টৰ দিনটোতে ডাকটিকট প্ৰচলন কৰে। ইণ্টাৰনেটত গুগুলে ২০০৩ চনৰ পৰা এই দিনটোতে ভাৰতীয় হোমপেজ সমূহত স্বাধীনতা দিবসৰ সৈতে সংগতি ৰাখি বিশেষ গুগুল দুদুল প্ৰস্তুত কৰি আহিছে। ভাৰতে ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিন।

(উপসংহাৰঃ প্ৰাচীন ভাৰতৰ ইতিহাস ---ড° ৰমেশ চন্দ্ৰ কলিতা আৰু ভাৰত বুৰঞ্জী )।


অঙ্গন: পৃষ্ঠাঃ ৮
 
শ্ৰী ৰাধা  চৰিত্ৰ: অসমীয়া বৈষ্ণৱ সাহিত্যৰ স্থান

ড॰ মলয়া খাওন্দ, নতুন দিল্লী
(সাহিত্য একাডেমী পুৰস্কাৰপ্রাপ্ত )



অসমীয়া বৈষ্ণৱ সাহিত্যত ‘শ্ৰীৰাধা চৰিত্ৰ’ এক অত্যন্ত বিতৰ্কমূলক বিষয়৷ ইতিমধ্যে এই সম্পৰ্কে অসমীয়া সাহিত্যৰ বৈষ্ণৱ ভক্তিৰ শিতানত অনেক বিদগ্ধ জনৰ অনেক আলোচনা চৰ্চা হৈছে-যাৰ ভিতৰত সম্ভৱতঃ ডাঃ বানীকান্ত কাকতিদেৱৰ ‘শ্ৰীৰাধা চৰিত্ৰ’ই প্ৰধান৷ ৰাধা-কৃষ্ণ যুগল মূৰ্তি আৰু উপাসনাই ভাৰতীয় ধৰ্মীয় পৰম্পৰাত এক মুখ্য স্থান লাভ কৰিলেও অসমীয়া বৈষ্ণৱ কবিৰ মনত-‘কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ’...
বা ‘পৰম মঙ্গল কৃষ্ণ যশ আতপৰে আন নাহিৰম
পৰম আনন্দে সমুদ্ৰ মজি ৰহয়’
[মাধৱদেৱ ঃ কীত্তৰ্ন প্ৰশংসা]
তদুপৰি ডঃ কাকতিৰ ‘শ্ৰীকৃষ্ণ চৰিত্ৰকেই কেন্দ্ৰ কৰি সকলো অসমীয়া বৈষ্ণৱ সাহিত্য বৰ্তি আছে’-এই মন্তব্যৰ সাৰগৰ্ভতাও অনস্বিকাৰ্য৷ কাৰণ অসমীয়া বৈষ্ণৱ ধৰ্ম্ম একেশ্বৰবাদৰ ভেটিত প্ৰতিষ্ঠিত দ্বৈতবাদৰ ভূমিকাও নাই৷ ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ’-এয়ে হৈছে অসমীয়া বৈষ্ণৱ ধৰ্ম্মৰ মূল মন্ত্ৰ৷
             সহজ সৰল ভাৱগতী ধৰ্মপ্ৰচাৰৰ অৰ্থেই অসমীয়া বৈষ্ণৱ সাহিত্যৰ সৃষ্টি হৈছিল৷ গতিকে দ্বৈতবাদৰ জটিলতা নথকাৰ দৰেই এই ধৰ্মত ৰাধা-কৃষ্ণৰ যুগল মূত্তিৰ কল্পনা অসমীয়া বৈষ্ণৱ ধৰ্মত নাছিল বুলিয়েই ৰাধা-কৃষ্ণৰ প্ৰেম-লীলা সম্পৰ্কীয় পুথি-পাজি অসমীয়া প্ৰাচীন সাহিত্যত বিৰল৷
শ্ৰীৰাধা চৰিত্ৰ ভাৰতীয় ভক্তি ধৰ্মৰ এক প্ৰধান আৰু অবিচ্ছেদ্য উৎস৷ শ্ৰীৰাধাৰ চৰিত্ৰ আৰু জীৱনী শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ লগত বিশেষভাৱে জৰিত৷ সেয়ে শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ লগত বিজাৰিত শ্ৰীৰাধাক নতুন এটি ভক্তি প্ৰসাৱিনী ৰূপ বুলি ধৰিব পাৰি৷ কিন্তু শ্ৰীকৃষ্ণৰ পূৰ্ণ জীৱনলীলা ভিত্তিক প্ৰাচীন ধৰ্ম পুথি মহাবাৰত, বিষ্ণুপুৰাণ, হৰি বংশ, শ্ৰীমদ্ভাগৱত আদিত ৰাধা-চৰিত্ৰৰ উল্লেখ নাই৷ এই পুৰাণবোৰৰ পৰৱৰ্তী কালত ৰচিত দুই-এখন অৰ্বাচীন পুৰাণ-উপপুৰাণ আদিত শ্ৰীকৃষ্ণৰ জীৱনীৰ লগত ৰাধা-চৰিত্ৰৰ সম্বন্ধ থকা দেখা যায়৷ বহুতো পণ্ডিতৰ স’তে শ্ৰীৰাধা চৰিত্ৰৰ প্ৰথম উৎপত্তি ব্ৰহ্মবৈৱত্তৰ্ পুৰাণত৷
ৰাধা-কৃষ্ণৰ দেহজ প্ৰেমৰ বিৱৰণৰ জীৱন্ত চিত্ৰ দেখা পোৱা এই পুৰাণতে ৰাধা চৰিত্ৰৰ সাম্যক প্ৰকাশ ঘটিছে৷ উইলছন চাহাবৰ মতে এইখনেই শেষ পুৰাণ৷ ব্ৰহ্মবৈৱত্তৰ্ পুৰাণত ৰাধাই কৃষ্ণৰ পাশ্ববত্তিৰ্নী হৈ নাথাকি সম্পূৰ্ণ নায়িকাৰ ৰূপত অৱতীৰ্ণ হৈছে৷ ভাগৱত, হৰিবংশ আদিত শ্ৰীকৃষ্ণক বিষ্ণুৰ অৱতাৰ হিচাপে বৰ্ণনা কৰা হৈছে৷ কিন্তু উক্ত পুৰাণত শ্ৰীকৃষ্ণ চৰিত্ৰৰ সৈতে ৰাধা আক গোপীসকলৰ স্থান বিষ্ণুতকৈ ওপৰত বুলি প্ৰতীয়মান কৰিছে৷ ইয়াতেই ৰাধা আৰু কৃষ্ণৰ বিবাহো সম্পন্ন কৰি দেখুৱাইছে আৰু এই বিয়াৰ পৌৰহিত্যগ্ৰহণ কৰিছে স্বয়ং, ব্ৰহ্মাদেৱে, আনহতে কোনো কোনো সমালোচকৰ মতে বাধা /আয়ায়ান’ নামৰ জেন পুৰুষৰহে স্ত্ৰী৷ এনেধৰণৰ মতভেদৰ বাবে আমাৰ মনত সাধাৰণতে এটি কৌতুহল জাগে-এই চৰিত্ৰটিৰ উৎপত্তিনো ক’ত ?
সাংখ্য দৰ্শনৰ প্ৰকৃতিৰ লগত শ্ৰীৰাধা চৰিত্ৰৰ কিছু সামঞ্জস্য দেখা যায়৷ তান্ত্ৰিক ধৰ্ম্ম প্ৰকৃতিবাদতে প্ৰতিষ্ঠিত৷ ৰাধা সাংখ্যৰ প্ৰকৃতি স্থানীয়া কিন্তু ব্ৰহ্মবৈৱত্তৰ্ পুৰাণত শ্ৰীকৃষ্ণই মূল প্ৰকৃতিক স্ৰজন কৰি পিছত ৰাধাক সৃষ্টি কৰাৰ উল্লেখ পোৱা যায়৷ বিষ্ণু পুৰাণৰ মতে লক্ষ্মী দেৱীয়েই ৰাধা চৰিত্ৰৰ সমল যোগাব পাৰে৷ ভাগৱত পুৰাণৰ প্ৰসিদ্ধ ‘ৰাস পঞ্চাধ্যায়’ত ৰাসলীলাৰ বিৱৰণত আছে ‘অনয়া ৰাধিতো’ শব্দৰ উল্লেখ৷ গতিকে এই শব্দটোৱে পৰোক্ষভাৱে ‘ৰাধাকে বুজাইছে৷ অসমত গুৰুজনাই কীত্তৰ্নৰ ৰাসলীলাত এই শ্লোকটো সুন্দৰভাৱে অনুবাদ কৰিছে।
‘নিয়ম জানিলো আৰাধিলে দেৱহৰি৷
তাইক সঙ্গে নেন্ত আমাসকে পৰিহৰি৷৷
এই আৰাধিত শব্দৰ পৰাই শ্ৰীৰাধা চৰিত্ৰৰ সৃষ্টি হোৱা বুলি ভবাৰ থল আছে৷ ‘ৰাধ’ ধাতুৰ অৰ্থ হ’ল ‘আৰাধনা’ আৰু যি বিষ্ণু বা কৃষ্ণক আৰাধনা কৰে তেওঁ আৰাধিকা, ৰাধিকা বা ৰাধা৷ সেই মৰ্মে ‘ৰাধা’ শব্দটো নামবাচক নহৈ গুণবাচকো হ’ব পাৰে৷ শ্ৰীকৃষ্ণক আৰাধনা কৰা যি কোনো গোপীয়েই ৰাধিকা বা ৰাধা হ’ব পাৰে৷ বঙ্গদেশৰ চৈতন্যপন্থী ভক্তসকলে নিজকে ৰাধাৰূপে কল্পনা কৰি প্ৰেম ভক্তিৰ যোগেদি ভগৱানক আৰাধনা কৰে৷ তদুপৰি ৰাধা-কৃষ্ণৰ এই যুগল প্ৰেমবাদ গৌড় বঙ্গদেশতেই প্ৰচলিত হয়৷

আগলৈ...

ঠিকনাঃ
অৱসৰপ্রাপ্ত অধ্যাপিকা, অসমীয়া বিভাগ, দিল্লী বিশ্ববিদ্যালয়

অঙ্গন: পৃষ্ঠাঃ ৯

মহৰমৰ বিশেষত্ব

ছৈয়দা আঞ্জুম আৰা হুছেইন

“মহৰম “ ইছলামিক কেলেণ্ডাৰৰ প্ৰথম মাহ ৷ ইছলামিক কেলেণ্ডাৰৰ বাৰটা মাহৰ ভিতৰত যি চাৰিটা মাহ বিশেষ ভাবে পৱিত্ৰ মাহ (মহৰম ,জিলকদ ,জিলহজ ৰজব) বুলি পৱিত্ৰ ’কোৰাণ’ত উল্লেখ আছে ,তাৰ ভিতৰত এই’ মহৰম মাহ’ অন্যতম বুলি কোৱা হয় ৷
“মহৰম“ শব্দৰ অৰ্থ হৈছে পৱিত্ৰ  ৷ আৰবী ’হাৰম’ ধাতুৰ পৰা এই ’মহৰম ’ শব্দৰ উৎপত্তি হৈছে ৷ হাৰাম শব্দৰ অৰ্থ হৈছে “নিষিদ্ধ“৷ এই মাহত সমাজ বা পৰিয়ালত অশান্তিৰ সৃষ্টি কৰা যিকোনো ধৰণৰ  অন্যায় ,অবিচাৰ আৰু গৰ্হিত কাম কৰা নিষিদ্ধ , অৰ্থাৎ এই মাহত সকলো দিশৰ পৰা পৱিত্ৰতা ৰক্ষা কৰি চলাটো বিধেয় ৷ এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ধৰ্মীয় বিধান মতে যদি আমি এমাহ ধৰি সকলোৱেই অন্যায় অবিচাৰ আৰু গৰ্হিত কৰ্মৰ পৰা নিজকে আঁতৰাই ৰখাৰ অনুশীলন কৰোঁ তেনেহ’লে আমাৰ মাজত থকা হিংসা ,কপটতা ,খং ,ঘৃণা আদি কুপ্ৰবৃত্তিবোৰ দমন কৰিবলৈ শিকিম যি এখন সুসমাজ গঢ়াৰ প্ৰথম চৰ্ত ৷
 “মহৰম“ মাহতে নবী হজৰত মহম্মদ (ছঃ) ধৰ্মান্ধ অত্যাচাৰী সকলৰ পৰা  ৰক্ষা পৰিবৰ বাবে তেওঁৰ অনুগামীসকলক লৈ মক্কা চহৰৰ পৰা মদিনালৈ গৈছিল ৷ “মহৰম“ মাহৰ দহ তাৰিখটোক “আছুৰা“ বুলি কোৱা হয় ৷ ৯/৮/২০২২ তাৰিখে এই বছৰৰ  মহৰমৰ“ আছুৰা“ৰ দিন পৰিছে ৷ এই আছুৰাৰ দিনতে কেইটাও ঐতিসাহিক ঘটনা ঘটিছিল বুলি হদীছৰ বিভিন্ন গ্ৰন্থত উল্লেখ আছে ৷ প্ৰায় সকলো ধৰ্মই বিশ্বাস কৰা প্ৰথম আদি মানৱ আদমৰ (আঃ) জন্ম আজিৰ তাৰিখতেই হৈছিল আৰু নিষিদ্ধ গছৰ ফল (আপেল)খাই স্বৰ্গচ্যুত হোৱাৰ বহু বছৰৰ পাছত তেওঁ ঈশ্বৰৰ ওচৰত কৰা গভীৰ ক্ষমা প্ৰাৰ্থনাৰ ফলশ্ৰুতিত তেখেতক পুনৰ এই আছুৰাৰ দিনাই জন্নতত ( স্বৰ্গ)অৱস্থান কৰোৱা হৈছিল বুলি উল্লেখ আছে ৷ অৰ্থাৎ আজিৰ দিনতেই আদমৰ(আঃ)  পাপ মোচন হৈছিল ৷ আজিৰ দিনটোতেই হজৰত ঈছা (আঃ) (খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশু) জন্ম হৈছিল  আৰু এই মহৰমৰ দহ তাৰিখেই তেওঁক উৰ্ধাকাশলৈ উঠাই নিয়া হৈছিল বুলি কোৱা হয় ৷ পৱিত্ৰ “কোৰাণ“ আৰু “বাইবেলত“ উল্লেখ থকা ঘটনা মহাপ্লাৱনৰ পিছত হজৰত নুহে(আঃ) তেওঁৰ অনুগামী সকলক লৈ নৌকাৰ পৰা পুনৰ মাটিত অৱতৰণ কৰিছিল মহৰম মাহৰ ১৬ তাৰিখে ৷ সেইদৰে ইছলাম ধৰ্মৰ বহুকেইটি উল্লেখযোগ্য ঘটনা “মহৰম“ মাহতেই ঘটিছিল ৷ পৱিত্ৰ কোৰাণত বৰ্ণিত আছে যে ইহুদী সকলৰ ধৰ্ম প্ৰৱৰ্তক মুছা (আঃ) আৰু তেওঁৰ অনুগামীসকল আজিৰ দিনটোতে মিছৰৰ অত্যাচাৰী ৰজা ফীৰাউনৰ পৰা ৰক্ষা পৰিছিল নীলনদী পাৰ হয় আৰু এই নীলনদী পাৰ হ’বলৈ যাওঁতেই অত্যাচাৰী ফিৰাউনৰ  সলিল সমাধি ঘটিছিল  ৷   কাৰবালাৰ যি কৰুণ কাহিনী অত্যাচাৰী এজিদৰ সৈনদলৰ হাতত আৰব  মৰুভূমিৰ কুফা নগৰৰ কাৰবালাত নবী হজৰত মহম্মদ(ছঃ) নাতি হোচেইন ( ৰাঃ) আৰু তেওঁৰ পৰিয়ালৰ সকলো লোক ষড়যন্ত্ৰৰ বলি হৈ  পানী পানীকৈ পিয়াহত আতুৰ হৈ মৃত্যু বৰণ কৰিব ল’গা হৈছিল এই আছুৰাৰ দিনাই ৷ এই কৰুণ ঘটনাকেই সোঁৱৰণ কৰি পৃথিৱীৰ বহু ঠাইত  মুছলমান সম্প্ৰদায়ৰ শিয়া( ছীয়া) সকলে মহৰম মাহৰ দহ তাৰিখে তাজিয়া (কবৰৰ প্ৰতিৰূপ) উলিয়াই শোভাযাত্ৰা কৰি হোচেইনৰ (ৰাঃ) মৃত্যু দিনটো শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ তাজিয়া শব্দৰ উৎপত্তি হৈছে আৰবী শব্দ “আযা“ৰ পৰা যাৰ অৰ্থ হৈছে মৃতকক স্মৰণ কৰা ৷ সেইবাবে ছীয়াসকলে  তাজিয়াৰ যি শোভাযাত্ৰা উলিয়াই তাত নিহিত হৈ আছে এক কৰুণ ইতিহাস যাক আছুৰাৰ দিনাখন সোঁৱৰণ কৰা হয় সমবেদনা , শ্ৰদ্ধা আৰু প্ৰাৰ্থনাৰে ৷
   আছুৰাত মুছলমান লোকসকলে দুটা ৰোজা ৰাখে (বাধ্যতামূলক নহয়) , বিশেষ প্ৰাৰ্থনাৰে নিজৰ লগতে সকলোৰে মঙ্গল কামনা কৰে ৷ সকলোৰে সদইচ্ছাবোৰ পূৰণ হওক , পাপৰ পৰা আঁতৰাই আনি ঈশ্বৰে সকলোকে সৎ পথ দেখোৱাওক , চিনা-অচিনা প্ৰত্যেক ব্যক্তিৰে অসুখ-বিসুখ দূৰ কৰক ,সকলোকে ৰিজ্ক (আৰ্জন) দান কৰক , গোটেই বিশ্বতে শান্তি প্ৰতিষ্ঠা হওক আদি প্ৰাৰ্থনাৰে এক বিশ্বজনীন মানৱতাবোধৰ সুচিন্তাৰ উদ্ৰেক ঘটে আজিৰ দিনটোতে ৷
    নবী হজৰত মহম্মদে (ছঃ) কৈ গৈছে যিলোকে পৱিত্ৰ আছুৰাৰ দিনা অনাথ শিশুৰ মূৰত হাত থৈ মৰম কৰিব (দায়িত্ব ল’ব) ,বিপদত পৰা জনক সহায় কৰিব আৰু অভাৱগ্ৰস্তক দান কৰিব তেওঁৰ পূণ্য বহু পৰিমাণে বাঢ়ি যাব ৷ সাধাৰণ জনগণৰ মনত  অসহায়জনৰ প্ৰতি মৰম ,ভালপোৱা আৰু দায়িত্ববোধৰ অনুভূতি সৃষ্টি কৰাৰ এয়া এক মহান প্ৰয়াস নিশ্চয় ৷
   আমিও এই পৱিত্ৰ আছুৰাৰ দিনা প্ৰতিগৰাকীৰেই কুশল কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।আপোনালোক সকলোৰে সদইচ্ছাসমূহ পূৰণ হওক   , সকলোৰে মাজত সম্প্ৰীতিৰ জৰীডাল নিকপকপীয়া হওক , সকলোৰে অপায়-অমঙ্গল দূৰ হওক ৷

অঙ্গন: পৃষ্ঠাঃ ১০

আপোনাৰ জীৱনৰ চিন্তা, কৰ্ম আৰু মতাদৰ্শ : চৰ্চা আৰু প্ৰয়োগ 

বিজুলী ডেকা

' জীৱন জীৱন বৰ অনুপম '

জীৱনৰ উদ্দেশ্য কি, এই বিষয়ে বিভিন্ন ধৰণে সুধিব পাৰি। যেনে, আমি ইয়াত কিয় আছোঁ? মোৰ জীৱনৰ কিবা উদ্দেশ্য আছে নেকি? বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে আমাৰ জীৱনৰ উদ্দেশ্য হৈছে ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তোলা। 
জীৱনৰ প্ৰতিটো খোজেই আমাক নতুন নতুন কথা শিকায়, এয়া হৈছে জীৱনৰ পৰা পোৱা অভিজ্ঞতাৰ শিক্ষা।
               আমি সকলোৱেই এটা সুন্দৰ, সুখী জীৱন যাপন কৰিব বিচাৰো। কিন্তু আশা কৰিলেই আমি তেনে এটা সুখী জীৱন লাভ কৰিব নোৱাৰো ৷ কাৰণ ,জীৱন সম্পৰ্কে এটি ইতিবাচক দৃষ্টিভংগী থাকিব লাগে। বিশ্বাসৰ মাত্ৰা বঢ়াই সন্দেহৰ মাত্ৰা কমাব লাগে। নিজৰ সামৰ্থ আৰু শক্তিৰ ওপৰত অটল বিশ্বাস ৰাখিব লাগে। ক্ৰোধ, ঘৃণা, ঈৰ্ষা আদি নেতিবাচক ভাবনাক মনৰ পৰা যথাসাধ্যে আঁতৰত ৰাখিব লাগে ।লগতে  এটা উচ্চ মন আৰু আদৰ্শ চৰিত্ৰৰ অধিকাৰী হ’বলৈ চেষ্টা কৰিব লাগে আৰু জীৱনৰ এটা উচ্চ লক্ষ্য থাকিব লাগে। সুন্দৰভাৱে নিৰ্বাচিত এটা লক্ষ্য, অবিচলিত, অগাধ আত্মবিশ্বাস আৰু নেৰানেপেৰা চেষ্টা সফলতা লাভৰ বাবে অতি দৰকাৰ।
            আমি যি সমূহ কাম কৰো বা কৰিব লগীয়া হয়, সেই সকলোবোৰ কামতেই সুখী হৈ পৰিব লাগে। কাৰণ আমাৰ জীৱনৰ লক্ষ্য আৰু কৰ্তব্যবোৰ সুখৰ সন্ধানৰ ভিন্ন ৰূপত একো একোটা পদক্ষেপ। আমাৰ মাজৰ বহুতেই ভাবোঁ যে সুখ মাথো জীৱনত উল্লেখযোগ্য কোনো কাম কৰিহে আহৰণ কৰিব পাৰি । সাময়িক বা বস্তুবাদী উপলব্ধিসমূহ কেৱল সন্তুষ্ট জীৱনৰ একোটা উৎস বুলি ধৰা হয়। এই ধৰণৰ উপলব্ধিসমূহৰ বাবে আমি যিমানেই হামৰাও কাঢ়ো, যিমানেই কিবা এটা ভাল হ'ব বুলি আশা কৰোঁ, সিমানেই আমি সুখৰ বাবে হাহাকাৰ কৰোঁ। ই এটা কাহানিও শেষ নোহোৱা সন্ধানী যাত্ৰা আৰু ই কেতিয়াও শেষো নহ'ব । কাৰণ সুখী হোৱাটোৱেই জীৱনৰ শেষ লক্ষ্য নহয়। সুখ হৈছে নিজৰ অভ্যন্তৰৰ সুষম অনুভুতিৰে সৰ্বদায়েই অনুভৱ আৰু আহৰণ কৰা এক প্ৰক্ৰিয়া ।
            সুখক জীৱনৰ লক্ষ্য হিচাপে লোৱাৰ সলনি জীৱন যাপনৰ এটা পদ্ধতি কৰি তোলক। জীৱনত ইতিবাচকতাক আদৰণি জনাবলৈ যৎপৰোনাষ্টি চেষ্টা কৰক। আপুনি কৰি সুখ পোৱা কোনো কাম কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপৰ কথা ভবাতকৈ সেই মুহুৰ্তটো অনুভৱ আৰু উপভোগ কৰক জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক, সেই পৰিৱৰ্তনৰ শলাগ লওঁক আৰু প্ৰতিপালন কৰক। এবাৰ যদি আপুনি সুখ আহৰণ কৰাৰ সলনি সুখত থাকিবলৈ শিকি পেলায়, তেনেহ'লে আপুনি চিৰদিনৰ বাবে সুখী হৈ থাকিব ৷
               কথাতে কয়- কৰ্মই ধৰ্ম। কৰ্মক বাদ দি মানুহৰ জীৱন অসাৰ। সেয়ে প্ৰত্যেক মানুহ কৰ্মপ্ৰিয় হোৱা উচিত। নিজৰ যি কৰ্ম, সেয়া সৰু বুলি নাভাবি প্ৰত্যেকে ভগৱানৰ আশীৰ্বাদ বুলি লৈ নিজৰ কৰ্ম কৰি যোৱা উচিত।
যিকোনো কাম এটা পেলাই থ’লে এলাহৰ বাবে সি কেতিয়াও সম্পূৰ্ণ হৈ নুঠে। এলাহ যাতে মনত জন্ম পাব নোৱাৰে তাৰ বাবে কাইলৈৰ কাম আজিয়েই, আজিৰ কাম এতিয়াই কৰা উচিত।
              আমাৰ জীৱনৰ সবাতোকৈ মূল্যৱান বস্তুটো হ’ল সময়। এই সময়ৰ মূল্য বুজি আমি প্ৰত্যেকেই তাৰ লাভ আৰ্জিবলৈ যত্ন কৰিব লাগে। এলাহপ্ৰিয় মানুহে শুই-বহি আৰাম কৰাটোৱে জীৱনৰ সুখ বুলি ভুল কৰে, তেনে নকৰি তেওঁলোকে প্ৰতিকণ সময়ৰ মূল্য বুজি কৰ্মেৰে ভৰাই ৰখা উচিত। কিয়নো যিয়ে সময়ক মূল্য দিব জানে, তেওঁৰ মূৰত সদায় উজলি থাকে বিজয়ৰ মুকুট।
              বিশ্ব ব্ৰহ্মাণ্ডত থকা জীৱৰ ভিতৰত মানুহ হৈছে শ্ৰেষ্ঠ জীৱ। মানুহ এই কাৰণে শ্ৰেষ্ঠতম জীৱ যে মানুহৰ বিচাৰ-বুদ্ধি, ভাল-বেয়া আদি গুণ আছে। ধৰ্ম, কৰ্ম, সহিষ্ণুতা, পৰোপকাৰী, নম্ৰতা, সাধুতা আদি গুণাৱলীৰে বিভূষিত হৈছে মানুহ। সেই কাৰণে মানুহে আচাৰ-ব্যৱহাৰ ভালদৰে কৰাটো নিতান্তই প্ৰয়োজন।
মানুহে জীৱন যাত্ৰাত শান্ত-শিষ্ট মনোভাবেৰে মৰম-চেনেহ আদিৰে অনেকক আপোন কৰি ল’ব লাগে। গতিকে প্ৰতিটো পদক্ষেপত সদা সতৰ্ক থাকি মানুহৰ প্ৰকৃত স্বৰূপ জানিবলৈ কৌশলগত, গুণগত পদ্ধতিৰ প্ৰয়োগ কৰিব লাগে।

মানুহৰ জীৱন যাত্ৰাত সকলোতকৈ প্ৰয়োজনীয় গুণ হ’ল সজ ব্যৱহাৰ।

সজ ব্যৱহাৰ সজ নীতি

ইয়াকে বোলে সদাচাৰ বৃত্তি।।

            সজ ব্যৱহাৰ, নম্ৰতাই মানুহৰ ভূষণ বুলি কোৱা হয়। জীৱন যাত্ৰাত বিভিন্ন পৰিৱেশত বিভিন্ন প্ৰকাৰে ঠগ-প্ৰৱঞ্চনাৰ বলি হ’ব লগা হয় মানুহ। ইয়াৰ উপৰি বিভিন্ন ঠাইত বিভিন্ন ধৰণে ৰাগ-খং, মান-অভিমানৰ সৃষ্টি হয় মানুহৰ ব্যৱহাৰৰ ওপৰত। সেই কাৰণে আমাৰ উঠি অহা কণ কণ শিশুসকলক সৰুৰে পৰা সু-অভ্যাস, সজ আচৰণ, সজ কথা, সজ ব্যৱহাৰ, নম্ৰতা আদিৰ অভ্যাস শিকোৱা অতীব প্ৰয়োজন।
             কৰ্মই হৈছে জীৱনৰ ভূষণ, কৰ্ম অবিহনে জীৱন মূল্যহীন। জীৱনটো ইমান চুটি যে আমাৰ কৰ্মসমূহ সম্পূৰ্ণ নকৰোতেই আমাৰ যাবৰ সময় হয়। সেয়ে জীৱনটো আলস্য, এলাহৰ মাজত আবদ্ধ নহৈ সজীৱ-সতেজ হৈ নিজা নিজা কৰ্ম কৰি যাব লাগে। তেতিয়াহে আমাৰ মূল্যৱান জীৱনটোৰ অৰ্থ বাস্তৱায়িত হ’ব। উপনিষদৰ কৰ্মযোগত কৈছে যে, আমি সত্য আৰু ধৰ্মৰ এই কৰ্ষণীয় গুণ দুটা আগত ৰাখি কৰ্ম প্ৰবৃত্তিৰে কাম কৰি এশ বছৰ জীয়াই  থাকিবলৈ বাঞ্ছা কৰিব লাগে ৷ কাৰণ,আমি শৰীৰধাৰী মানুহ ৷ আমাৰ কাম কৰাৰ বাহিৰে আন উপায় নাই ৷ কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈও শিকা উচিত ৷ কামো কৰিব লাগে আৰু সেই কামত লিপিত খায়ো নাথাকিবৰ বাবে উপনিষদৰ কৰ্মযোগত উপদেশ দিছে ৷ এয়াই ভাগৱত গীতাৰ কৰ্মযোগৰ বীজতত্ব ৷
ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হ'ল - বেদ ৷ ভাগৱত গীতাই নিষ্কৰ্মাৰ কেলেহুৱা জীৱনধাৰাৰ প্ৰশংসা কেতিয়াও কৰা নাই  ৷ ঋকবেদৰ মন্ত্ৰবোৰত আৰু ঋষিসকলৰ প্ৰাৰ্থনাত এক উজ্জ্বল সমৃদ্ধিসময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায় ৷ উপনিষদৰ আধ্যাত্মিক শিখৰতো আমি একে ধৰণৰ জীৱনাদৰ্শৰ নিৰ্দেশ দেখা যায় ৷ এই আদৰ্শও কৰ্ম কৰাৰ আদৰ্শই, কেৱল সেই কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষণ কৰাৰ উপদেশ পোৱা যায় ৷ এই কৰ্ম কৰাৰ কৌশলকে পিছত ভাগৱত গীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰিছে ৷
             মতাদৰ্শ ধাৰণাটো ঘাইকৈ মাৰ্ক্সীয় পৰম্পৰাৰ সৈতে জড়িত। প্ৰত্যক্ষ দমনৰ সহায় নোলোৱাকৈ বা ন্যূনতম পৰিমাণে সহায় লৈও কিদৰে সমাজত দমন তথা আধিপত্য বৰ্তাই ৰখা হয় সেই সম্পৰ্কীয় বিশ্লেষণ দাঙি ধৰিবলৈ এই ধাৰণাৰ ব্যৱহাৰ কৰা হয়। আনহাতে, আধুনিক সামাজিক তত্ত্বৰ ভাষিক টাৰ্নটোক প্ৰতিনিধিত্ব কৰে বাগধাৰা ধাৰণাটোৱে। ভাষা আৰু অন্যান্য ৰূপৰ সামাজিক সংকেত-ব্যৱস্থাবিলাকে কেৱল সামাজিক অভিজ্ঞতাকে প্ৰকাশ নকৰে – সিবোৰে বিষয়ীসত্তাৰ নিৰ্মাণত, তেওঁলোকৰ আন্তঃসম্পৰ্কৰ ৰূপ নিৰ্ধাৰণত তথা তেওঁলোকে বসবাস কৰা সামাজিক ক্ষেত্ৰখনৰ গঠনত নিৰ্ণায়ক ভূমিকা পালন কৰে। বিষয়ীসত্তাৰ অস্তিত্ব তথা তেওঁলোকৰ বিভিন্ন সামাজিক পৰিচিতিসমূহৰ উত্থানত ভাষা আৰু আন সংকেত-ব্যৱস্থাবিলাকে কেন্দ্ৰীয় কাৰক হিচাপে কাম কৰে। বাগধাৰা ধাৰণাটোৰ মাধ্যমেৰে সামাজিক বাস্তৱতাৰ এইসমূহ দিশৰ ওপৰত আলোকপাত কৰিব বিচৰা হয়। গতিকে ক’ব পাৰি যে মতাদৰ্শ আৰু বাগধাৰা দুইটা ধাৰণায়েই ভিন্ন দৃষ্টিকোণৰপৰা সামাজিক বাস্তৱতাকে ব্যাখ্যা কৰিব বিচাৰে, আৰু সেই দিশৰপৰা ধাৰণাদুটা ইটো সিটোৰ পৰিপূৰক। তথাপি দুইটাৰ মাজত মৌলিক পাৰ্থক্য আছে। বাগধাৰাই ঘাইকৈ সামাজিক সম্পৰ্ক তথা কৰ্মৰ আভ্যন্তৰীণ আয়তনসমূহৰ ওপৰত আলোকপাত কৰে, বিশেষকৈ ভাষিক আৰু সংকেত-জড়িত (semiotic) আয়তনসমূহৰ ওপৰত। বাগধাৰা একোটা বাহিৰৰ জগতখনৰ সৈতে কিদৰে জড়িত, জীৱন-নিৰ্গত অভিজ্ঞতাৰ বাহিৰত অৱস্থান কৰা শক্তিসমূহে কিদৰে সেই অভিজ্ঞতাসমূহক প্ৰভাৱিত কৰে – সেই সম্পৰ্কে এই ধাৰণাত একপ্ৰকাৰ উদাসীনতা তথা সংশয় অৱলম্বন কৰা দেখা যায়। আনহাতে, মতাদৰ্শৰ ধাৰণাই ঘাইকৈ সামাজিক সম্পৰ্ক তথা কৰ্মৰ বাহ্যিক আয়তনসমূহৰ ওপৰত আলোকপাত কৰে, আৰু সেইবাবে ই বাগধাৰাই অৱজ্ঞা কৰা
 উক্ত দিশসমূহ সামৰি লয়।
               মাৰ্ক্সবাদী পৰম্পৰাত মতাদৰ্শ সম্পৰ্কে ঘাইকৈ দুটা পৰম্পৰা পৰিলক্ষিত হয়। ইগলটনে উক্ত গ্ৰন্থৰ আৰম্ভণিতে সংক্ষেপে এই ধাৰা দুটাক জ্ঞানতাত্ত্বিক আৰু সমাজতাত্ত্বিক বুলি উল্লেখ কৰি লিখিছে : “Roughly speaking, one central lineage, from Hegel and Marx to Georg Lukacs and some later Marxist thinkers, has been much preoccupied with ideas of true and false cognition, with ideology as illusion, distortion and mystification; whereas an alternative tradition of thought has been less epistemological than sociological, concerned more with the function of ideas within social life than their reality or unreality. The Marxist heritage has itself straddled these two intellectual currents, and that both of them have something interesting to tell us will be one of the contentions of the book.” (p. 3)
            ইগলটনৰ বক্তব্যটো ইংগিতধৰ্মীহে, তথাপি মাৰ্ক্সবাদী পৰম্পৰাত উক্ত দুইটা ধাৰাৰ তাৎপৰ্যৰ কথা ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। (অৱশ্যে লুকাচ্চক লৈ বহুখিনি জটিলতা আছে, সেই জটিলতাখিনি আলোচনা কৰাৰ অন্তত জৰ্জ লেৰেইনে তেওঁক ইগলটনতকৈ কিছু ভিন্নধৰণে উপস্থাপন কৰিছে।) মতাদৰ্শ সম্পৰ্কে প্ৰসিদ্ধ গৱেষক জৰ্জ লেৰেইনে (যাৰ সেই সম্পৰ্কীয় এখন গ্ৰন্থৰ বিষয়ে ইগলটনে কৈছে : “For those looking for an excellent book-length introduction to the topic of ideology, Jorge Larrain’s ‘The Concept of Ideology’ is difficult to match in historical scope and analytic power.” Eagleton, ibid., p. 233) মাৰ্ক্সবাদী পৰম্পৰাত মতাদৰ্শ সম্পৰ্কে দুটা ধাৰাৰ উপস্থিতিৰ কথা বিস্তাৰিতভাৱে আলোচনা কৰিছে – এটা হ’ল ঋণাত্মক ধাৰণা, আনটো হ’ল ধনাত্মক ধাৰণা। এই দুটাক আমি আন ভাষাত ক্ৰমে সমালোচনাত্মক আৰু সমাজতাত্ত্বিক ধাৰণা বুলিও অভিহিত কৰিব পাৰো। খুব সহজকৈ ক’বলৈ হ’লে, ঋণাত্মক ধাৰণাটোৱে মতাদৰ্শক একধৰণৰ বিকৃতিসাধিত চিন্তাৰ ৰূপত উপস্থাপন কৰে, আনহাতে ধনাত্মক ধাৰণাটোৱে ঘাইকৈ সামাজিক চেতনাৰ নিৰ্মাণৰ ওপৰত গুৰুত্বাৰোপ কৰে। বহু সময়ত এই দুটা ধাৰাৰ কোনোবা এটাহে শুদ্ধ আৰু মাৰ্ক্সীয়, আনটো ভ্ৰান্ত তথা অসিদ্ধ – এনে ধাৰণা চলাবলৈ চেষ্টা কৰা হৈছে। কোনোবা এটা প্ৰান্তৰপৰা যদি ধনাত্মক ধাৰণাটোক নস্যাৎ কৰা হৈছে, ওলোটা প্ৰান্তৰপৰা ঋণাত্মক ধাৰণাটোক নস্যাৎ কৰা হৈছে। মতাদৰ্শক কেৱল একধৰণৰ অৰ্থৰ সৈতে সাঙোৰা আৰু কোনো পৰিবৰ্তনকে স্বীকাৰ নকৰা এনেধৰণৰ একশৈলিক ধাৰণাক তেওঁ স্পষ্টভাৱে ভুল বুলি দৰ্শাইছে। তেওঁ দেখুৱাইছে যে মাৰ্ক্সৰ মতাদৰ্শৰ ধাৰণাটো হ’ল স্পষ্টভাৱে ঋণাত্মক আৰু সমালোচনাত্মক। মাৰ্ক্সৰ মাজত ধনাত্মক ধাৰণাৰ আৱিষ্কাৰ কৰা আৰু তাৰ বাবে তেওঁৰ জীৱনৰ দুটা সময়সীমাৰ মাজত কিবা ‘জ্ঞানতাত্ত্বিক বিযুক্তি’ৰ উদ্ভাৱন কৰাৰ প্ৰচেষ্টাক তেওঁ সমালোচনা কৰিছে। সি যি নহওক, মাৰ্ক্সৰ মতাদৰ্শৰ ধাৰণাটো সামাজিক অন্তৰ্দ্বন্দ্বৰ আচ্ছাদনৰ লগত জড়িত। যেতিয়া মানুহে সমাজৰ অন্তৰ্দ্বন্দ্বসমূহ বাস্তৱ ক্ষেত্ৰত প্ৰেক্টিচৰ জৰিয়তে নিৰসন কৰিবলৈ অসমৰ্থ হয়, তেতিয়া তেওঁলোকে সেইসমূহক চেতনাৰ মতাদৰ্শগত ৰূপসমূহৰ মাজেৰে প্ৰকাশ কৰে – মতাদৰ্শগত ৰূপসমূহে অন্তৰ্দ্বন্দ্বসমূহৰ বিশুদ্ধ মানসিক সমাধান দাঙি ধৰি অন্তৰ্দ্বন্দ্বসমূহৰ অস্তিত্ব আৰু চৰিত্ৰক সাৰ্থকভাৱে গোপন কৰি ৰাখে বা ভুলভাৱে উপস্থাপন কৰে। অন্তৰ্দ্বন্দ্বসমূহ গোপন কৰাৰ জৰিয়তে মতাদৰ্শগত বিকৃতিয়ে সেইসমূহৰ পুনৰুৎপাদনত সহায় কৰে আৰু তাৰ মাজেৰেই সি শোষণকাৰী শ্ৰেণীটোৰ স্বাৰ্থ ৰক্ষা কৰে। মাৰ্ক্সৰ এই ধাৰণাৰ পূৰ্ণতম প্ৰকাশ ঘটিছে তেওঁৰ ‘The German Ideology’ গ্ৰন্থত। এই অৰ্থত মতাদৰ্শ হ’ল একে সময়তে এক ঋণাত্মক আৰু সীমিত ধাৰণা। ঋণাত্মক এইবাবেই যে সি সামাজিক অন্তৰ্দ্বন্দ্বৰ বিকৃতিসাধন আৰু ভুল উপস্থাপনক সূচাইছে। সীমিত এইবাবেই যে সি সকলোধৰণৰ ভ্ৰান্তি আৰু বিকৃতিক সামৰি লোৱা নাই। সেইবাবেই স্থূল মাৰ্ক্সবাদে দাঙি ধৰাৰ দৰে মাৰ্ক্সৰ মতাদৰ্শৰ ধাৰণাটোক ভ্ৰান্ত চেতনাৰ ধাৰণাটোৰ সৈতে একাকাৰ কৰিব নোৱাৰি।
            ভ্ৰান্ত চেতনাৰ বিপৰীতে গৈ, ধাৰণা বনাম বস্তুৰ সৰল বিভাজনটোক প্ৰতিস্থাপন কৰি এলথুজাৰে মতাদৰ্শৰ পাৰ্থিৱতাৰ বিষয়ে কৈছে। ধাৰণা বস্তুটো কল্পনাপ্ৰসূত নহয়, বস্তুগত – কিয়নো সেইসমূহ খোদিত হৈ থাকে বিভিন্ন সামাজিক গাঁথনি তথা প্ৰেক্টিচৰ মাজত আৰু সেইসমূহে প্ৰকাশ লাভ কৰে ভাষা, আচাৰ-অনুষ্ঠানাদি বস্তুগত সামাজিক ৰূপৰ মাধ্যমেৰে। সেইসমূহৰ নিৰ্দিষ্ট প্ৰভাৱ আছে। কিন্তু ইয়াকে কৰিবলৈ গৈ এলথুজাৰে মতাদৰ্শক বিষয়ীৰ চেতনাৰপৰা স্বাধীন কৰি পেলাইছে। তেওঁৰ মতে, মতাদৰ্শ হ’ল প্ৰতিনিধিত্বকৰণৰ এক ব্যৱস্থা, কিন্তু সৰহ ক্ষেত্ৰতে ইয়াৰ উপস্থাপনাসমূহৰ সৈতে চেতনাৰ কোনো লেনা-দেনা নাই : ইমেজৰ ৰূপত আৰু ধাৰণাৰ ৰূপত, কিন্তু সৰ্বতোপৰি কিছুমান গাঁথনি হিচাপে সেইসমূহ সৰহসংখ্যক মানুহৰ ওপৰত আৰোপিত হয়। বিষয়ীসকলে ধাৰণাৰ সৃষ্টি নকৰে, বৰং মতাদৰ্শইহে বিষয়ীৰ সৃষ্টি কৰে (interpellates)। তেনেহ’লে মতাদৰ্শ বাহিৰৰপৰা মানুহৰ চেতনাত আৰোপিত হয় নেকি? মতাদৰ্শৰ পাৰ্থিৱতা নিশ্চয় শিল এটা বা মানুহৰ শৰীৰটোৰ দৰে নহয়। তেনেহ’লে বিশেষভাৱে দেখুৱাই দিয়া প্ৰয়োজন, এই পাৰ্থিৱতাৰ চৰিত্ৰ কেনেকুৱা। তদুপৰি বাস্তৱতাক কেৱল পাৰ্থিৱতা বা কায়িকতাৰ মাজতে আবদ্ধ ৰাখিব পাৰিনে? স্থূল মাৰ্ক্সবাদে দিয়া যান্ত্ৰিক ব্যাখ্যাত যিদৰে সমস্যা আছে, একেদৰে বিপৰীত মেৰুৰ এই ব্যাখ্যাতো সমস্যা আছে। কিন্তু এই সমস্যাৰ সমাধান মাৰ্ক্সৰ নিজৰ ৰচনাৰ মাজতেই পোৱা যায়। ‘The German Ideology’ গ্ৰন্থত চেতনা সম্পৰ্কে যি জটিল ধাৰণা দাঙি ধৰা হৈছে সেয়া স্থূল মাৰ্ক্সবাদৰ অনুকূল মুঠেই নহয়, বৰং বিপৰীতহে। উদাহৰণস্বৰূপে এটা উদ্ধৃতি ল’ব পাৰি :
            “Only now, after having considered four moments, four aspects of the primary historical relationships, do we find that man also possess ‘consciousness’, but, even so, not inherent, not ‘pure’ consciousness. From the start the ‘spirit’ is afflicted with the curse of being ‘burdened’ with matter, which here makes its appearance in the form of agitated layers of air, sounds, in short, of language. Language is as old as consciousness, language is practical consciousness that exists also for other men, and for that reason alone it really exists for me personally as well; language, like consciousness, only arises from the need, the necessity, of intercourse with other men. Where there exists a relationship, it exists for me. . . Consciousness is therefore, from the very beginning a social product, and remains so as long as men exist at all.”
           –মাৰ্ক্সৰ এই বক্তব্যই চেতনাৰ সৈতে পাৰ্থিৱতাৰ এক বহু আয়তনবিশিষ্ট সম্পৰ্কৰ কথা কৈছে, যিটো স্থূল মাৰ্ক্সবাদৰ যান্ত্ৰিকতা-সৰলীকৰণবিলাকে স্পৰ্শ কৰিব নোৱাৰে। পোনতে তেওঁ পাৰ্থিৱতাৰপৰা পৃথক এক বিশুদ্ধ চেতনাৰ অস্তিত্ব অস্বীকাৰ কৰিছে। কিন্তু তেওঁ যিটো পাৰ্থিৱতাৰ কথা কৈছে সি প্ৰাকৃতিক বা কায়িক বস্তু এটাৰ পাৰ্থিৱতাতকৈ বেলেগ আৰু জটিল। এটা কথা ঠিক যে চেতনাক এক বাহ্যিক দিশৰো প্ৰয়োজন হয় যিটোৰ জৰিয়তে তাৰ সৈতে সংযোগ সাধন কৰিব পাৰি আৰু বুজিব পাৰি, এই অৰ্থতে ভাষাৰ কথাটো আহিছে। ভাষা হ’ল কাৰ্যকৰী চেতনা, পাৰ্থিৱ ৰূপত ভাষাৰ বস্তুগত ৰূপান্তৰণ। কিন্তু চেতনাক কেৱল তাৰ সেই বস্তুগত উপাদানটোৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি – কেৱল বাহ্যিক, বস্তুগত বাস্তৱতাই চেতনাৰ সৰ্বস্ব নহয়। চেতনাৰ আন আন আয়তনো আছে। প্ৰথমতে, পোন প্ৰথমৰপৰাই চেতনা হ’ল এক সামাজিক উৎপন্ন –সামাজিক সম্পৰ্কৰ নেটৱৰ্কসমূহৰ মাজতে চেতনাৰ জন্ম আৰু সেইসমূহৰ মাজতে তাৰ অস্তিত্ব, সামাজিক বিনিময়ৰ প্ৰয়োজনতেই তাৰ উদ্ভৱ হৈছে। দ্বিতীয়তে, মাৰ্ক্সে কৈছে যে য’তেই এটা সামাজিক সম্পৰ্ক আছে সি ব্যক্তিৰ বাবেই আছে – আন ভাষাত, চেতনা আমাৰ নিজৰ মাজতো আছে, ই হ’ল ব্যক্তিৰ অন্তৰ্জীৱনৰ বস্তু। সেইবাবেই চেতনাৰ অস্তিত্ব কেৱল ভাষা আদি বাহ্যিক ৰূপৰ ওপৰতে নিৰ্ভৰ নকৰে, নতুবা ব্যক্তিৰ বাহিৰত অৱস্থান কৰা ই কেৱল সামাজিক বস্তুও নহয় – পোন প্ৰথমৰেপৰাই চেতনা হ’ল ব্যক্তিৰ অন্তৰ্জীৱনৰ বস্তু, বিষয়ীসত্তাৰপৰা অবিভাজ্য বস্তু। গতিকে চেতনা একে সময়তে সামাজিক আৰু ব্যক্তিৰ অন্তৰ্জীৱনৰ সৈতে সম্পৃক্ত। ই বিষয়ীৰ ওপৰত জাপি দিয়া কোনো বাহিৰা বস্তু নহয়, কিয়নো ই ব্যক্তিৰ আভ্যন্তৰীণ। আন কথাত, বাহ্যিক আৰু আভ্যন্তৰীণৰ পানী নসৰকা বিভাজনে আমাক সহায় নকৰে, কাৰণ চেতনা হ’ল একে সময়তে দুয়োটাই। আনহাতে, ‘Theses on Feuerbach’অত স্থূল বস্তুবাদৰ সমালোচনা প্ৰসংগত মাৰ্ক্সে এষাৰ কথা কৈছে এনেকৈ : “The chief defect of all hitherto existing materialism (that of Feuerbach included) is that the thing, reality, sensuousness, is conceived only in the form of the object or of contemplation, but not as sensuous human activity, practice, not subjectively.” ইয়াৰপৰা বুজিব পাৰি যে বাস্তৱ হ’বলৈ বাহ্যিক কায়িকতা বা প্ৰাকৃতিক বস্তু হোৱাটো অপৰিহাৰ্য নহয়। গতিকে চেতনাও বাস্তৱ হ’বলৈ বাহ্যিক বস্তুৰ ৰূপত অৱতীৰ্ণ হোৱাৰ কোনো প্ৰয়োজন নাই। মানৱীয় কৰ্ম নিজেই হ’ল এক বস্তুগত কৰ্ম, আন অৰ্থত – যাক আমি বিষয়ীগত বুলি কওঁ সিও বস্তুগত আৰু বাস্তৱ। (Jorge Larrain, ‘Marxism and Ideology’, p. 103-04) গতিকে স্থূল মাৰ্ক্সবাদৰ ভাব বনাম বস্তুৰ সৰল দ্বৈত ধাৰণাটো ঢোকাত নিটিকে।
            কিন্তু এই সৰল দ্বৈত ধাৰণাৰ উদ্ভৱৰো কাৰণ নোহোৱা নহয়। সেই সম্পৰ্কে ৰে’মণ্ড উইলিয়ামছে ‘Marxism and Literature’ গ্ৰন্থৰ সংশ্লিষ্ট পাঠটোত অন্তৰ্ভেদী ব্যাখ্যা দাঙি ধৰিছে। অহৰহ মেটাফিজিক্সৰ বিৰুদ্ধে থিয় দিবলৈ গৈ মাৰ্ক্সে যিটো ভাষাৰ আশ্ৰয় লৈছিল সেই ভাষাটোৱে তেওঁৰ অভিপ্ৰেত গভীৰ অৰ্থটো ঢাকি পেলাইছিল আৰু ফলস্বৰূপে মাৰ্ক্সবাদৰ এক ‘গভীৰ আৰু দেখাত অপূৰণীয় ক্ষতি আৰু বিকৃতি’ ঘটিছিল। ‘reflexes’, ‘echoes’, ‘phantoms’, ‘sublimates’ আদি সৰল পৰিভাষাৰ পুনৰাবৃত্তিৰে গধুৰ মাৰ্ক্সৰ ভাষাটোৱেই সেই ক্ষতিৰ বাট মুকলি কৰি দিছিল। “Consciousness is seen from the beginning as part of the human material social process, and its products in ‘ideas’ are then as much part of this process as material products themselves. This, centrally, was the thrust of Marx’s whole argument, but the point was lost, in this crucial area, by a temporary surrender to the cynicism of ‘practical men’ and, even more, to the abstract empiricism of a version of ‘natural science.’” (p. 60) বাহ্যিক বাস্তৱতা আৰু চেতনাৰ এক অবিভাজ্য প্ৰক্ৰিয়াৰ ধাৰণা দাঙি দিবলৈ যত্ন কৰা মাৰ্ক্সৰ অভিপ্ৰেত অৰ্থটো হেৰাই গৈছিল। ইয়াৰপৰাই স্থূল মাৰ্ক্সবাদী পৰম্পৰাত ভাব বনাম বস্তু, ভাববাদ বনাম বস্তুবাদৰ সৰল দ্বৈত ধাৰণাবিলাকে সাৰ-পানী পাইছিল যাৰ ফলত মাৰ্ক্সবাদৰ চৰ্চাত আহি পৰিছিল যান্ত্ৰিকতা আৰু সংকীৰ্ণতা।
              মতাদৰ্শ হ’ল এক বিশ্বদৃষ্টি যিটো অন্তৰ্নিহিত হৈ থাকে কলা, আইন, অৰ্থনৈতিক কৰ্ম আদিকে ধৰি ব্যক্তিগত আৰু সমূহীয়া জীৱনৰ সকলোধৰণৰ অভিব্যক্তিৰ মাজত। কিন্তু মতাদৰ্শ কেৱল এটা ধাৰণাগুচ্ছই নহয়, ই মানুহৰ মনোভাবক গঢ় দিয়ে আৰু কৰ্মৰ বাবে প্ৰেৰণা যোগায়। মতাদৰ্শ হ’ল সামাজিকভাৱে সৰ্বব্যাপ্ত। মতাদৰ্শ হ’ল সেইখন ক্ষেত্ৰ য’ত মানুহে ক্ৰিয়াকৰ্ম কৰে, নিজৰ অৱস্থান সম্পৰ্কে চেতনা আহৰণ কৰে, সংগ্ৰাম কৰে। গতিকে মতাদৰ্শগত ক্ষেত্ৰত আৰু মতাদৰ্শৰ জৰিয়তেই এটা শ্ৰেণীয়ে আন শ্ৰেণীসমূহৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব যোৱা পাৰে। 

খ শাখা
টিহু,নলবাৰী (৭৮১৩৭১)
ফোন: ৯৪৩৫৭৫৫৬৮৬

অঙ্গন:  পৃষ্ঠাঃ ১১

সামাজিক মাধ্যম ফেচবুকৰ "পষেকীয়া ই-আলোচনী অঙ্গন"ত অনুষ্ঠিত "অম্বেষণ"ৰ প্ৰৱন্ধ প্ৰতিযোগিতা প্ৰথম আৰু দ্বিতীয় স্থান প্ৰাপ্ত প্ৰৱন্ধ দুটি,

অসমৰ জনগোষ্ঠীয় সংস্কৃতি আৰু ইয়াৰ পৰিসৰ বৃদ্ধি 

অঞ্জনা উজিৰ দত্ত

            অসমৰ জনগোষ্ঠীয় সংস্কৃতি বুলিলে আমি ঘাইকৈ মংগোলীয় ফৈদৰ চীন-তীৰ্ব্বতীয় বৃহৎ জনগোষ্ঠীৰ অন্তৰ্ভূক্ত বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ ভাষা-সংস্কৃতিৰ বিষয়ে অৱলোকন কৰাৰ লগতে কিছু পৰিমাণে অষ্ট্ৰিক ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত খাচী-জয়ন্তীয়া আৰু কোল, মুণ্ডা, চাওতাল আদি চাহ জনগোষ্ঠীৰ ভাষা-সংস্কৃতিকো সামৰি লোৱা হয়। সেইদৰে বৃহত্তৰ অসমৰ, অসমীয়াৰ মূল বুনিয়াদ স্বৰূপ ককেচীয় ঠালৰ-কলিতা, কায়স্থ, ব্ৰাহ্মণ, শূদিৰসকলৰ লগতে নাথ, যোগীসকল আৰু দ্ৰাবিড় মূলীয় কৈবৰ্ত সকলৰ কথাও আহি পৰে। জাতি গঠন প্ৰক্ৰিয়াটো এই সমূহ থলুৱা জনগোষ্ঠীৰ গুণী-জ্ঞানী , মেধাৱী লোকক আৰ্যীকৰণ কৰি লোৱা হৈছিল। সমাজত দিয়া-লোৱাৰ মাজেদি জাতি-জনজাতিৰ অবিচ্ছিন্ন ধাৰা এওঁ‌লোকেই প্ৰৰ্ৱতাই ৰাখিব পাৰিছিল।
            সৰ্বসাধাৰণ ৰাইজে ওচৰ-চুবুৰীয়াৰ মাজৰ যিসকল কিছু ক্ষেত্ৰত আগৰণুৱা আছিল, তেওঁলোকৰ পৰা ভালৰো ভালখিনি পূজা-পাতল, চিকিৎসা বিধি, ধৰ্মীয় দিশ আদি কোনো আক্ষেপ নকৰাকৈ গ্ৰহণ কৰি গৌৰৱবোধ কৰিছিল। উল্লেখযোগ্য যে জনগোষ্ঠীয় লোক-পৰম্পৰা, লোক-সংস্কৃতি মুখে মুখে মুখ বাগৰি অহা, যোগ্য উত্তৰাধিকাৰীৰ অভাৱত ক্ৰমান্বয়ে লুপ্ত হৈ নিজ নিজ লোকসাহিত্য, সংস্কৃতিৰ প্ৰাচীন ঐতিহ্য আৰু মাহাত্ম্য ম্লান পৰা বুলি জ্ঞান কৰিছিল। কিন্তু এইটো সত্য যে বৃটিছসকলে সেই জনগোষ্ঠীসমূহৰ প্ৰাচীন ৰীতি-নীতি, ভাষা-কৃষ্টি, সভ্যতা-সংস্কৃতিৰাজি চালি-জাৰি চোৱাৰ ব্যৱস্থা কৰি তেওঁলোকক স্বাধীনভাৱে স্বৰ্কীয় সত্তা প্ৰতিভাত কৰাৰ পথ সুচল কৰি থৈ গ'ল। জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ প্ৰাচীন ঐতিহ্য আৰু উত্তৰণৰ এক তুলনামূলক অধ্যয়নৰ দ্বাৰাহে পাৰস্পৰিক প্ৰভাৱ সম্পৰ্কে জনাত সহায়ক হয়।
   অসমত অসমীয়া সংস্কৃতি বুলি কোনো গাইগুটীয়া, সুকীয়া ভাষা-সংস্কৃতি কোনো কালে নাছিল আৰু কোনেও পূৰ্ব পৰিকল্পিত কৰি সজাই-পৰাই কাৰো ওপৰত বলপূৰ্ব্বক জাপিও দিয়া নাছিল। সময়েহে সময়ৰ কাম কৰি গৈছে বিশ্বজনীন সততাৰ তাগিদাত । প্ৰাচীন অসমৰ ভৌগোলিক ,ৰাজনৈতিক পটভূমিলৈ চালে দেখা যায় যে-প্ৰকৃতপক্ষে ইয়াত কোনো ভূমিপুত্ৰৰ আৰ্বিভাৱ হোৱা নাছিল। বিভিন্ন সময়ত বিভিন্ন কাৰণত ইয়ালৈ বিভিন্ন জনগোটৰ প্ৰব্ৰজনহে ঘটিছিল। পৃথিৱীৰ প্ৰধান প্ৰজাতিকেইটা হ'ল-ককেচীয়, মংগোলীয়, অষ্ট্ৰেলীয়, নেগ্ৰিটসকল। এইসকলৰ প্ৰাচীন উত্তৰ-পূৱ ভাৰতলৈ প্ৰব্ৰজিত জনগোটটো হ'ল-খাৰ্চী-চিনতেংসকল।
   অসমৰ জলবায়ু, পৰিৱেশত গজা গছ-লতা, ফল-মূল, চৰাই-চিৰিকটি, জীৱ-জন্তুৰ নাম, ইয়াৰ সাংস্কৃতিক পৰিমণ্ডলৰ খাদ্য-অখাদ্য, নৃত্য-গীত, উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি সকলোতে মিলনৰ সুৰ বিৰাজমান। চৰাই-চিৰিকটিৰ নামবোৰ, জীৱ-জন্তুৰ নামবোৰ, গছ-গছনি, শাক-পাচলি আদিবোৰ জনজাতীয় মূলৰপৰা অহা। তেনেদৰেই বিভিন্ন খাদ্য ৰীতি তামোল-পান, সান্দহ, গোটকৰাই, চুঙাপিঠা, ভাপপিঠা, খৰিকাত দিয়া, পিটিকাত দিয়া, পাতত দিয়া ইত্যাদিবোৰৰ লগতে মহিলাৰ ৰিহা-মেখেলা চাদৰ, চেলেং এই তিনিখলপীয়া সাজপাৰ " বিহুৱান ",ফটুৱৈ, কিংখাপ, গোমচেং, কবচ কাপোৰ, আ-অলংকাৰ গামখাৰু, কেৰুমণি থুৰিয়া ইত্যাদিবোৰ থলুৱা চানেকি খটুওৱা আৰু থলুৱা কাৰিকৰৰ দ্বাৰা প্ৰস্তত। তাতঁ‌শাল, তাতঁ‌শালৰ সঁ‌জুলি, মাছমৰা সঁ‌জুলি, কৃষি সঁ‌জুলি, দৈনন্দিন ব্যৱহৃত সঁ‌জুলি সমূহৰ সৰহভাগ থলুৱা জনগোষ্ঠীজাত আৰু থলুৱা নামেৰে নামাঙ্কিত। এইবোৰৰ উপৰিও বিভিন্ন খেল-ধেমালী, বিভিন্ন পূজা-পাতল, সবাহ ইত্যাদ নানা ধৰণৰ লোকবিশ্বাস, বিহু-ওজাপালি, ভাওনা আদি লোকনৃত্য সমূহত জনগোষ্ঠীয় প্ৰভাৱ সুস্পষ্ট।লোকবাদ্য, লোককলা, লোকসাহিত্য সকলোতে জনগোষ্ঠীয় প্ৰভাৱ পৰিস্ফূট।
           বৰ্ত্তমান অসমত সৰবৰহী অসমীয়া সংস্কৃতিৰ প্ৰায়বোৰ উপাদান অবিকল ৰূপত বা আংশিক ৰূপত অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পোৱা যায়। বৰ্ত্তমান এনে প্ৰাচীন ঐতিহ্যৰ বহুখিনি হ্ৰাস পোৱাৰ পথত। ভৈয়ামত বাস কৰা বড়োসকলৰ মাজত পৰ্বতীয়া নগা আদি জনগোষ্ঠীৰ মাজত প্ৰচলিত আঠোটা উমৈহতীয়া বৈশিষ্ট্যৰ-চাংঘৰত বসবাস, ঝুম খেতি, কঁ‌কালত বান্ধি বোৱা সাধাৰণ তাঁ‌তশাল, ডেকাচাং, ছয়চুকীয়া ঢালৰ ব্যৱহাৰ আদিও ক্ৰমাৎ নোহোৱা হৈছে। পৰম্পৰাগত পাঁ‌চসিৰীয়া সিজু গছক পূজা কৰা আদিম প্ৰথাৰ ঠাইত হিন্দু দৰ্শন আধাৰিত ব্ৰহ্মধৰ্মীয় আচাৰ-নীতিয়ে বিস্তাৰ লাভ কৰিছে। তেওঁলোকে মাতৃতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ বিপৰীতে পিতৃতান্ত্ৰিক বাথৌ ধৰ্মকেন্দ্ৰিক সমাজ-ব্যৱস্থাকে আদৰি লৈছে। এইদৰে ভৈয়ামৰ বহু জনগোষ্ঠীৰ মাজত প্ৰাচীন সাংস্কৃতিক সমলৰ ব্যৱহাৰো নোহোৱা হৈছে। হোৰাৰ  ব্যৱহাৰ তিনি খলপীয়া সাজৰ ঠাইত শাৰী জাতীয় এখনীয়া দখনাৰ ব্যৱহাৰ, মাটিৰ শালৰ ঠাইত উৰণীয়া শাল আদিৰ ব্যৱহাৰ বড়ো সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য। ঠিক তেনেদৰে ভাষাৰ ক্ষেত্ৰতো অন্যান্য তিৰ্ব্বত-বৰ্মীয় উপাদানৰ ঠাইত সংস্কৃত মূলীয় উপাদানেই প্ৰৱেশ কৰি ৰাভামিজ, মিছিংমিজ, দেউৰীমিজ, তিৱামিজ, সোণোৱাল-কছাৰীৰ কথিত অসমীয়া, মৰাণৰ কথিত অসমীয়া আদি নৃগোষ্ঠীয় অসমীয়া উপভাষাৰ বীজ ৰোপিত হৈছে।
    আধুনিক পৰিমণ্ডলত জনগোষ্ঠীয় সংস্কৃতিৰ অৱস্থান আৰু প্ৰয়োগ সন্দৰ্ভত আৰু কেতবোৰ নতুন পৰিঘটনাৰ সৃষ্টি হৈছে। উদ্যোগীকৰণ আৰু বিশ্বায়নৰ প্ৰাবল্যৰ লগে লগে গণমাধ্যম সমূহৰো চমকপ্ৰদ বিজয় যাত্ৰা আৰম্ভ হৈছে। ফলত বাটক কলা আৰু পৰিৱেশ্য কলাৰ নিভাঁ‌জ ৰূপৰো আমূল পৰিৱৰ্ত্তন ঘটিছে। দ্বিতীয় অস্তিত্বত এইবোৰ সমল পুনৰ প্ৰচলন আৰু জনপ্ৰিয়কৰণ কৰিবলৈ যাওঁ‌তে কেতিয়াবা বিকৃত হৈছে, কেতিয়াবা নৱোন্মেষ ঘটিছে। এই দুটা দিশক গুৰুত্ব আৰোপ কৰি লোকসংস্কৃতি অধ্যয়নত দুটি ধাৰাৰ নৱ সংযোজন ঘটিছে। সেয়ে হ'ল নকল লোকসংস্কৃতি আৰু লোকসংস্কৃতিৰ পুনৰাগমন। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সহজলভ্য কৰি তোলা বিভিন্ন মাধ্যমৰ সম্প্ৰয়োগ কৰিবলৈ যাওঁ‌তে বিশেষকৈ সংস্কৃতিৰ উদ্ধাৰ, সংৰক্ষণ কিম্বা নথিভূক্তকৰণত এইবোৰ দিশো চালি-জাৰি চাবলগীয়া হৈছে।
   আনহাতে প্ৰাচীন ভাৰতত ভিন ভিন পৰিভাষিক অভিধাৰে সংস্কৃতিৰ বিভিন্ন উপাদান আলোচনা কৰোঁ‌তে সততে দুটি প্ৰধান ধাৰাত গুৰুত্ব দিয়া হৈছিল। সেই দুটি ধাৰা হ'ল- লোকায়ত আৰু অনালোকায়ত ধাৰা। লোকায়ত ধাৰাই কৃষক গ্ৰাম্য, অশিষ্ট, নিৰক্ষৰ লোকৰ মাজত প্ৰচলিত ক্ষুদ্ৰ পৰম্পৰা বা অৰ্ধ-সংস্কৃতি আৰু অনালোকায়ত ধাৰাই সভ্য বা অভিজাত, সাক্ষৰ নাগৰিক, শিষ্ট লোকৰ মাজত প্ৰচলিত বৃহৎ পৰম্পৰা বা মাৰ্গীয় শাস্ত্ৰীয়, ধ্ৰুপদী সংস্কৃতি সামৰি লয়। এই দুটা পৰস্পৰে পৰস্পৰৰ পৰিপূৰক আৰু নিয়তভাৱে অন্যান্য ক্ৰিয়া চলি থাকে। সেয়ে লোকসংস্কৃতি স্বৰূপাৰ্থত সংস্কৃতিৰ উপ-সংযুতিহে। 
   আনহাতে জনগোষ্ঠীয় সংস্কৃতি স্বয়ংসম্পূৰ্ণ  আৰু ই কম-বেছি পৰিমাণে অক্ষত হৈ থাকে। জনগোষ্ঠীয়  সংস্কৃতি লোক বা অভিজাত সংস্কৃতিৰ দ্বাৰা প্ৰভাৱাম্বিত হ'লে ইয়াৰ অস্তিত্বতে সংকট আহি পৰে। ইয়াৰ বিপৰীতে জনগোষ্ঠীয় সংস্কৃতিৰ ধাৰা কোনো লোকসংস্কৃতি বা শিষ্ট সংস্কৃতি প্ৰভাৱাম্বিত হ'লে সিহঁ‌তৰ একো হানি-বিঘিনি নঘটে। অসমৰ দৰে বহু ভাষা-ভাষী আৰু বৰ্ণাঢ্য সংস্কৃতিৰ ৰাজ্য এখনত এইবোৰ সাংস্কৃতিক পৰিঘটনা সততে দুষ্টিগোচৰ হৈয়ে থাকে। আমি বিশ্বায়নৰ ভালখিনি গ্ৰহণ কৰি বেয়াখিনিক কিছু পৰিমাণে নিলগাই থ'ব লাগিব।

অঙ্গন: পৃষ্ঠাঃ ১২
"অসমৰ জনগোষ্ঠীয় সংস্কৃতি আৰু ইয়াৰ পৰিসৰ বৃদ্ধি "

নিৰুপমা শইকীয়া 
                      
     "সংস্কৃতি" শব্দটো ইমানেই  ব্যাপক  যে ই সকলো মানবীয় কাৰ্যকে  সামৰি লয়। "মানবীয়" শব্দটোৱে  অৱশ্যে  মানুহৰ জান্তৱ প্ৰবৃত্তি আৰু কাম বোৰক সন্নিৱিষ্ট  নকৰে।
সংস্কৃতিয়ে মানুহ  সৃষ্টি কৰা  সকলো  ধৰণৰ 
বস্তু, পদ্ধতি, ভাৱ, জ্ঞান, ৰীতি-নীতি  আইন আচৰণ, সুক্ষ্ম কলা আদি ভৌতিক আৰু অভৌতিক সমষ্টি, যাৰ  দ্বাৰা মানুহে সামাজিক 
প্ৰাণী  হিচাপে সামূহিক  ভাৱে  বসবাস  কৰিব পাৰে। কথাখিনি  লিখাৰ প্ৰয়োজন বুলি ভৱাৰ কাৰণটো হ'ল--কোনো এটা জাতিৰ  সংস্কৃতিৰ বিষয়ে জনাৰ আগতেই সেই  জাতিটোৰ  সমাজ পদ্ধতিৰ বিষয়ে আংশিক ভাৱে হ'লেও আভাসৰ নিতান্তই প্ৰয়োজন ।
জাতীয়  সংস্কৃতি সামন্বয়িক চিন্তা আৰু ৰুচিবোধৰ পৰিণতি । অসমীয়া  সংস্কৃতিৰ বিষয়ে  যেতিয়াই আমি  আলোচনা  কৰিবলৈ 
ল'ম, তেতিয়া  আমি  "জনজাতীয় সংস্কৃতি আৰু  ইয়াৰ পৰিসৰ"ৰ ছবিখন আপোনা-আপুনি  আমাৰ  মনৰ দাপোনলৈ ভাঁহি   আহিবই। প্ৰাচীন  কালৰ পৰা বিভিন্ন জনগোষ্ঠীয়ে প্ৰধানকৈ নেগ্ৰিট'সকল, অষ্ট্ৰিক
গোষ্ঠী, ককেচীয়, আলপাইন, মঙ্গোলীয় আৰু আৰ্য  সকল  থিতাপি  লৈ অসমৰ সভ্যতা আৰু সংস্কৃতি  গঢ়ি  তুলিছে ।তেওঁলোকে অসমৰ কৃষি  উপযোগী সাৰুৱা  মাটি  আৰু  জলবায়ুৰ বাবে বিশেষ  ভাৱে  আকৰ্ষণ হৈছিল । এই সকলৰ    ভিতৰত  মঙ্গোলীয়া জনগোষ্ঠীয় সংখ্যাই সৰহ।
এই জনগোষ্ঠীয় লোক সকলে অসমতে বসবাস কৰি  নিজৰ নিজৰ  ভাষা, সংস্কৃতিৰ , সাজপাৰ পৰিচয়  দাঙি  ধৰি গৈছে । অসমত বসবাস কৰা 
মিচিং, কাৰ্বি, গাৰো, খাছী, ৰাভা আদি  লোক সকলৰ  নিজৰ নিজৰ এটা  ভাষা  আছে যদিও  তেওঁ লোকে অসমীয়া  ভাষাকে মূখ্য  ভাষা হিচাবে  গণ্য কৰা  দেখা যায় ।আনকি তেওঁলোকে  মূৰ্তি  পূজাৰ পৰিবৰ্তে হিন্দু ধৰ্মৰ
নামকীৰ্তন  কৰা দেখা যায়  য'ত ভগৱান   বিষ্ণুৰ গুণ-গৰিমাক গুৰুত্ব দিয়া দেখা যায় ।
             সিন্ধু  নদীৰ পাৰত  যি সভ্যতাৰ আৰ্বিভাৱ হৈছিল, তেওঁলোকক সিন্ধু উপত্যকা সভ্যতা বুলি কোৱা হৈছিল ।ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ইতিহাস বিদসকলে     হৰপ্পাৰ আৱিস্কাৰক আৰ্হি-স্থান হিচাপে  লৈ
হৰপ্পাত পোৱা  সমলবোৰৰ গুৰুত্ব  উপলদ্ধি কৰি , ইয়াৰ  পৰাই যে পৰৱৰ্তী  পৰ্যায়ত  বিকাশ সাধন হৈছিল তাক নিশ্চিত কৰি সিন্ধু  সভ্যতাক
হৰপ্পা সভ্যতা  বুলি  নামাকৰণ  কৰিছিল । বৰ্তমান কালত  থকা  পণ্ডিত সকলে ইয়াক হৰপ্পা সংস্কৃতি  বুলি  অভিহিত কৰিছে ।
        হৰপ্পা সংস্কৃতিৰ পৰিসৰ অধিক, যিবোৰ বৰ্তমান যুগৰ লগতো বহুত  পৰিমানে  মিল
দেখা  যায় । আকৌ  বহুতেই মেছোপটেমীয়ান সকল, আকৌ কিছুমানৰ মতে দ্ৰাবিড় সকল,কিছুমানৰ মতে আৰ্য সকল, এই  সকলো বোৰ 
মিলি সিন্ধু উপত্যকা সভ্যতা বা হৰপ্পা সভ্যতা গঢ়ি  উঠিছিল । সি যি কি নহওক  কিয়, বহুতো প্ৰমাণৰ দ্বাৰা  ক'ব পাৰি  সিন্ধু  সভ্যতাৰ
অতি উচ্চ পৰ্যায়ৰ  নগৰীয়া  সভ্যতা  আছিল । এই সভ্যতাৰ চহৰৰ আলিবাটবোৰ সুপৰিকল্পিত, বহল আৰু সমান্তৰাল  আছিল । কিছুমান থকা  ঘৰ দুই-তিনি মহলীয়া আহল- বহল আছিল । পকী নাদ, স্নানাগাৰ আৰু নলা
আছিল । জুইত পোৰা আৰু ৰ'দত শুকোৱা  ইটা ব্যৱহাৰ কৰিছিল। পানী যোগানৰ ব্যৱস্থাৰ আছিল । মহেঞ্জোদাৰোত পৌৰসভা আছিল । আনকি "ৰাজহুৱা সুবৃহৎ স্নানাগাৰ "এটা  আৱিস্কাৰ  হৈছিল ।  সকলোতকৈ উল্লেখযোগ্য  যোগ্য  দালান হ'ল--"বিশাল শস্যৰ  ভঁৰাল "। অৱশ্যে,  হৰপ্পাত কোনো ধৰণৰ  মন্দিৰৰ নিৰ্দশন  পোৱা নাছিল । সমাজৰ চাৰিটা  শ্ৰেণী
আছিল, ১।শিক্ষিত ২।যোদ্ধা ৩।বণিক ৪।কাৰিকৰ আৰু  শ্ৰমিক । সিন্ধু সভ্যতাৰ  লোক
সকল আমিষ আৰু নিৰামিষভোজী  আছিল ।
কপাহী  আৰু  উমৰ সাজপাৰ পিন্ধিছিল। বয়ন শিল্পই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল । মহিলাৰ স্থান  যথেষ্ট  উন্নত  আছিল ।সাধাৰণতে, কৃষিয়েই মূখ্য জীৱিকা  আছিল 
যদিও  পশুপালন, চিকাৰ, মাছমৰা, ব্যৱসায়  আদিও জীৱিকাৰ মাধ্যম  আছিল ।শিল্প কলাত যথেষ্ট  পাকৈত  আছিল । তেওঁলোকে 
মূৰ্তিপূজা, দেৱী পূজা, মাতৃপূজা, শিৱপূজা
জন্তু পূজা, জলপূজা, সূৰ্য্য পূজা, অগ্নি আদি 
প্ৰকৃতিৰ পূজা  কৰিছিল। মুঠৰ ওপৰত  আধুনিক অসমীয়া সংস্কৃতিৰ  যিবোৰ  
ৰূপৰেখা, বৰ্তমানৰ ফচল সেইবোৰ প্ৰাগৈতিহাসিক 
যুগৰেই  অৱদান । বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ   ফলত উন্নত ৰূপলৈহে  স্থানান্তৰিত হৈছে ।
             বৰ্তমান সময়ত আমি দেখিছো  যে প্ৰাগৈতিহাসিক যুগৰ পৰাই বিভিন্ন অসমৰ  জনগোষ্ঠী সমূহে  দিয়া মানুহৰ মৌলিক প্ৰয়োজন  সমূহৰ  পৰা  আদি কৰি জীৱনত, ব্যৱহাৰ উপযোগী  সামগ্ৰীত  সঁচা  অৰ্থত  এক নতুনত্বই গা কৰিছে, আনহাতেদি মানুহে উন্নতিৰ জখলা  দালত যিমান সজোৰে বগাইছে আমাৰ  জনজাতীয় সকলৰ সংস্কৃতি      ক'ৰবাত যেন  কিছু  বিলুপ্ত  হোৱাৰ পথত উদাহৰণস্বৰূপে , চাংঘৰ , ঝুমখেতি। ঠিক 
তেনেকৈ ভাষাৰ ক্ষেত্ৰতো বহুতেই  পৰিবৰ্তন 
দেখা পোৱা গৈছে।মুঠতে ,সংস্কৃতিত ন-ন 
দিশৰ আৱিভাৱে মানুহক অধিক সুবিধা কৰাত কম সময়তে অধিক কাম সম্পাদন 
কৰিব পাৰিছে।

অঙ্গন: পৃষ্ঠাঃ ১৩
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত প্ৰেমৰ আলাপ...

ৰূপা গগৈ, লখিমপুৰ

প্ৰথম খণ্ড

: হাই
: হাই , কি নাম তোমাৰ ?
: মোৰ নাম আৰমান ! শ্ৰী আৰমান কুমাৰ ।
: অ" ইমান ধুনীয়া নাম তোমাৰ । নামটো বৰ পচন্দ হৈছে দেই । তোমাৰ নামটো ময়ে লৈ ল'ম দেই , হ'ব নে ? 
: ইহ্‌ ,  নহ'ব ।
: কিয় ? 
: এইটো ল'ৰা নামহে ।
: অ' হয় নেকি ?
: তাৰ মানে তুমি ল'ৰা ! মই আক্‌ ছোৱালী বুলিহে ভাবিছিলোঁ ।
: তুমি একো বুজি নোপোৱা নেকি ! দেখা নাই মই ল'ৰা কাপোৰ পিন্ধি আছোঁ ।
: হয় দেই , মই একোৱেই নাজানো । বাৰু কোৱাচোন মোক যে মাতিলা কিবা ক'বা নেকি !
: নাই নকওঁ ! এনেয়ে তোমাক ভাল লাগিলে আক্‌ ।
: অ' আই মোৰ কলিজাটো গালতে কামুৰি দিম দেই ।পিছে তোমাক মোৰ মৰম লাগি গৈছে যে যাবা মোৰ লগত থাকিবলৈ । 
: নাই নাযাওঁ ।
: কিয় ?
: ঘৰত খং কৰিব ।
: হেই , নকৰে । ঘৰত সুধি তোমাক লৈ যাম আক্‌ । ঠিক আছে আজি নালাগে যাব বেলেগ এদিন লৈ যাম দেই । হ'ব নে ?
: ওঁ, হ'ব ।
: ঠিক আছে মইতো তোমাক সদায় দেখোঁ , তুমিও দেখা ন । আজিৰ পৰা আমি দুয়ো বন্ধু হৈ গ'লো ন । আজিৰ পৰা সদায় আবেলি আমি দুয়ো ইয়াতে বহি কথা পাতিম দেই । তোমালৈ মৰম থাকিল । কাইলৈ লগ পাম । আজিলৈ বাই ।
: বাই , বাই  বুলি চাৰি বছৰীয়া আৰমান নামৰ শিশুটি ঘৰলৈ এগৰাকী দহ -এঘাৰ বছৰীয়া কিশোৰীৰ হাতত ধৰি লাহে লাহে খোজ দি আগবাঢ়িল ।
      এনেকৈয়ে আৰমান নামৰ শিশুটিৰ লগত মোৰ  হঠাৎ বাৰ্তালাপ হ'ল । মই তেতিয়া স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী । কলেজৰ পৰা মোৰ ভাড়া ৰূমলৈ মাথোঁ দহ মিনিট মান সময় লাগে । মোৰ ভাড়া ৰূমৰ সন্মুখতে এখন সৰু খেলপথাৰ আছে । তাত ওচৰৰ ল'ৰা-ছোৱালীবোৰে আবেলি পৰত খেলিবলৈ আহে । খেল পথাৰখন সৰু যদিও তাৰ চাৰিওকাষে শাৰী শাৰীকৈ থকা সোণাৰু , কৃষ্ণচূড়া , থলপদুম , দেৱদাৰু , পাইন , এজাৰ , কদম , বকুল , নাহৰ  আদি নানান গছে এক মনোৰম সেউজীয়া পৰিবেশে আৱৰি থাকে । সেই গছবোৰৰ তলে তলে সন্ধিয়া পৰত গাঁৱৰ আৰু কলেজ পঢ়িবলৈ ভাড়া ৰূমত থকা ডেকা-গাভৰুহঁতৰ প্ৰেমালাপ চলে । মই সদায় কলেজৰ পৰা গৈ অলপ জিৰণিলৈ নিজৰ কৰিব লগীয়া কাম দুই এটা কৰি এক ঘণ্টা মান পঢ়া টেবুলত বহোঁ কাৰণ মোৰ টোপনি বেছি বাবে ৰাতি দেৰিলৈকে নপঢ়োঁ গতিকে দিনৰ ভাগতে অলপ পঢ়ি লওঁ । তাৰপৰা আবেলি সময়ত সন্মুখৰ খেলপথাৰ খনলৈ ওলাই যাওঁ । খেলপথাৰ খনৰ পশ্চিম দিশে এটা পকী ৰাস্তা আছে যিটো পথেৰে মই পঢ়া কলেজলৈ অহা-যোৱা কৰোঁ । খেলপথাৰখনৰ সেই পশ্চিম দিশৰ দাঁতিত  এটা প্ৰকাণ্ড শিল আছে ।  শিলটোত বহিলে পশ্চিমত ডুবিব ধৰা বেলিটিৰ দৃশ্য বৰ ধুনীয়াকৈ দেখা পায় । নাজানো কিয় ডুবিব ধৰা সূৰুযৰ হেঙুলীয়া আভা মোৰ বৰ প্ৰিয় । সেই হেঙুলী আভাত যেন বিভোৰ হৈ পৰোঁ হেৰাই যাওঁ কোনোবা এক মায়াময় আৱেশত । সেই পশ্চিমত ডুবিব ধৰা বেলিটিৰ হেঙুলীয়া আভাসমূহ উপভোগ কৰিবৰ বাবে সদায় শিলটোৰ ওপৰতে মই অলপ সময় বহোঁগৈ আৰু সন্ধিয়া হোৱাৰ লগে লগে ৰূমলৈ উভতি আহোঁ । এনেকৈ সদায় বহি থাকোঁতে দেখা পাওঁ এটি শিশু এগৰাকী কিশোৰীৰ হাতত ধৰি পশ্চিমৰ পথৰ দাঁতিৰে খেলপথাৰলৈ সদায় আহে । সি একো নেখেলে অকল বাকীসকলে খেলা চাই হাঁহি থাকে । এনেকৈ সদায় আমাৰ দেখাদেখি হয় যদিও মুখামুখি হোৱা নাই । হঠাৎ সিদিনা মোলৈ চাই সেই কণমানি শিশুটিৱে  'হাই' বুলি কোৱাত লগে লগে মই হাই দিয়াত এনেকৈ আৰমান আৰু মোৰ মাজত কথা-বতৰা আৰম্ভ হ'ল । এনেকৈয়ে সদায় আমি লগ পাওঁ তাৰ লগত অলপ ধেমালি কৰোঁ । সিও মোৰ লগত ধেমালি কৰি ভালপোৱা হ'ল । আৰমানক লগ পোৱাৰ পৰা যেন আবেলিটো মোৰ বাবে আৰু ভাল লগা হৈ পৰিল । বতৰ ডাৱৰীয়া হ'লে বা মোৰ অসুখ হ'লে বা কেতিয়াবা ক্লাছৰ কিবা কৰিব লগীয়া থাকিলে যাবলৈ নাপালে দিনটোত যেন মোৰ কিবা আধৰুৱা হৈ থাকিল এনে অনুভৱ হৈছিল ।

আগলৈ...

অঙ্গন: পৃষ্ঠাঃ ১৪

অণুগল্পঃ

স্বাধীনতা দিৱস

মনোৰমা দাস 
                     
    নৱমমান শ্ৰেণীত সোমায়ে শিক্ষয়িত্ৰী ববিতা দত্তই ছাত্ৰ ছাত্ৰী সকলক ক'লে "আজি দহ আগষ্ট । আজি মই তোমালোকক ভাৰতৰ স্বাধীনতাৰ বিষয়ে অলপ আভাস দিম । তোমালোকে কোৱাচোন ভাৰতে কোন চনত স্বাধীনতা লাভ কৰিছিল ?" সমচ্ছৰে কৈ উঠিল "১৯৪৭ চনৰ ১৫ আগষ্টত ।" 
: হয়, ১৫ আগষ্টৰ নিশা ১২ বজাত । দিনটো কোনবাৰ আছিল জানানে ? কোনেও উত্তৰ দিব নোৱাৰাত  মেডাম ববিতা দত্তই কলে, 
: সেই  দিনটো আছিল শুক্ৰবাৰ । সেইদিনাৰ পৰাই বৃটিছ শাসনৰ পৰা ভাৰত মুক্ত হৈছিল । এইবেলি ৭৫ বছৰ পূৰ্ণ হ'ল । স্বাধীনতাৰ গুৰি ধৰোতা আছিল, আমাৰ দেশৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী । বুজিছা, গান্ধীজী আছিল সত্য আৰু অহিংসাৰ পূজাৰী । তেওঁৰ গোটেই জীৱন সত্যৰ অন্নেষণত কটোৱাৰ লগতে দেশৰ মানুহকো সত্য, প্ৰেম আৰু অহিংসাৰ আমোঘ বাণীৰে দীক্ষিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল ।১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত গান্ধীৰ জন্ম হয় । পিতৃৰ নাম কৰম চাঁদ গান্ধী আৰু মাতৃৰ নাম পুতুলীবাঈ । তেওঁৰ প্ৰকৃত নাম আছিল মোহন দাস কৰম চাঁদ গান্ধী । সৰুৰে পৰাই সত্য পথত থকাৰ সংকল্প লৈছিল । পিতৃৰ পৰা সত্য পৰায়নতা আৰু মাতৃৰ পৰা ধৰ্ম পৰায়নতা, দয়া ক্ষমা আদি মহান গুণ লাভ কৰিছিল ।  তোমালোকে জানানে, মোহন দাস কৰম চাঁদ গান্ধী মহাত্মালৈ উত্তৰণৰ পথত দুই নাৰী শক্তিৰ প্ৰভাৱ আছিল অপৰিসীম । এক হ'ল মাতৃৰ পৰা শৈশৱত আহৰণ কৰা শিক্ষাই ওৰে জীৱন নজনাকৈয়ে  তেওঁক পৰিচালিত কৰিছিল , আৰু দুই হ'ল পত্নী কস্তুৰী বাঈয়ে যুক্তি-তৰ্কৰ দ্বাৰা মোহনৰ জ্ঞান চকুৰ মোকলি কৰিছিল।গতিকে তোমালোকে অনুধাৱন কৰাচোন, এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি কিমান দায়বদ্ধতা আৰু অৱদান থাকে । সেয়ে তোমালোকে মাতৃৰ কথা অবজ্ঞা নকৰি শুনিবলৈ যত্ন কৰিব লাগে ।                                অসঃ বেল পৰিলেই দেখোন। তোমালোকে বুজিলা নহয় মোৰ কথাবোৰ। ঠিক আছে আজিলৈ ইয়াতে সামৰিছোঁ...।


অঙ্গন: পৃষ্ঠাঃ ১৫

প্ৰভেদ

ৰিতা মণি বায়ন
               
স্কুলৰ পৰা আহি নবনীতা ঘৰ সোমাইছেহি মাত্ৰ। খুড়ীদেউ অ' খুড়ীদেউ। স্বামীৰ ককায়েকৰ দুহিতা অস্মিতাই তেনেকৈ চিঞৰি মতা দেখি নবনীতাই আচৰিত হৈ সুধিলে  
: কি হ'ল অস্মিতা ?
: মই গ্ৰেজুৱেট হ'লো, খুড়ীদেউ। ফ্ৰাৰ্স্ট ক্লাছ ফ্ৰাৰ্স্ট। খবৰটো শুনি নবনীতা পৰম উৎফুল্লিত হৈ অস্মিতাক উদ্দেশ্যি ক'লে,
: তুমি আমাৰ গৌৰৱ, কিয়নো তুমি বংশৰ প্ৰথম গ্ৰেজুৱেট। মিঠাই খুৱাব লাগিব। অস্মিতাৰ মাকে সেই কথাখিনি শুনি ক'বলৈ ধৰিলে,
: দেউতাক জীয়াই থাকিলে বেলেগ কথা আছিল , মই এতিয়া আনক পাৰ্টি দিয়া কথা ভাবিবই নোৱাৰো। মাকৰ কথা শুনি অস্মিতা আৰু নবনীতাৰ মুখৰ বৰণ সলনি হ'ল। দিন গৈ থাকিল। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলাল। অস্মিতাৰ সৰু ভায়েকে ষ্টাৰ মাৰ্কসহ উৰ্ত্তীণ হ'ল। অস্মিতাৰ মাকৰ যেন আনন্দত ঠাই নাই । মাকে ফোনটো কাণত লৈ ৰান্ধনী এজনীলৈ ফোন কৰি সুধিবলৈ ধৰিলে
: তুমি  বাৰু কাইলৈ মোৰ ঘৰত এশজন মানুহৰ ভাত ৰান্ধিব পাৰিবানে ?

ঠিকনাঃ
অধ্যাপিকা , বৰপেটা ছোৱালী মহাবিদ্যালয়


অঙ্গন: পৃষ্ঠা ১৬

বসুধৈৱ কুটুম্বকম্‌ 

মীনাক্ষি ৰায় ডাকুৱা
                                  
         বাৰে বাৰে কলিং বেলটো বজাই কাৰো সাৰ-সুৰ নাপাই দেৱজিৎ বাৰান্দাৰ খোলা গেটেৰে ভিতৰলৈ সোমাই আহিল । ভিতৰত আহি দেখিলে মানসী ছোফাখনৰ ওপৰত প্ৰায় নিঃসাৰ হৈ শুই আছে । তোমাৰ শৰীৰ ভাল নহয় নেকি মানসী বাইদেউ বুলি দেৱজিতে সুধিলে । দেৱজিতৰ প্ৰশ্নত মানসীয়ে কোনোমতে ক'লে যে কালি ৰাতিৰ পৰাই তাইৰ প্ৰচণ্ড জ্বৰ, মূৰ ঘূৰণি আৰু গাৰ বিষ হৈ আছে । হঠাৎ শৰীৰটো ইমান বেছি দুৰ্বল হৈ গৈছে যে তাইৰ অকলে ডাক্তৰৰ ওচৰলৈ যোৱাৰো সামৰ্থ্য নাই । বেমাৰৰ বাবে ভালকৈ একো খাব‌ও পৰা নাই । নিজৰ বুলিবলৈ কোনো নাই বাবে কোনে তাইক হাসপাতাল বা ডাক্তৰৰ ওচৰলৈ লৈ যাব ? মানসীৰ কথাত দেৱজিতে মনত বৰ দুখ পালে । ম্ৰিয়মান হৈ দেৱজিতে ক'লে, তেনেকৈ কিয় কৈছা মানসী বাইদেউ ? তোমাৰ কোনো নাই এই কথা সঁচা নহয় । আমি আছোঁ নহয় ! তুমি চিন্তা নকৰিবা । মই তোমাক ডাক্তৰ দেখুৱাবলৈ লৈ যাম, উঠা । এইবুলি কৈ দেৱজিতে মানসীৰ শীৰ্ণ হাতদুটি ধৰি থিয় কৰাব বিচাৰিলে । হাত ব‌ই আত্মীয়তা উঠি আহি মানসীৰ তেজৰ প্ৰবাহত মিলি যায় । কোনে কয় তাই কেও-কিছু নোহোৱা অকলশৰীয়া ? পৃথিৱী জুৰি তাইৰ আত্মাৰ বন্ধন ক্ৰমে দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ গৈ থাকে ।

গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫


অঙ্গন: পৃষ্ঠাঃ ১৭

পৰিচিত

কৰবী গগৈ

“ডাক্তৰ বৰুৱাই পঠাইছিল ডি.এন.চি ৰ বাবে” বুলি কৈ মহিলাগৰাকীয়ে মিনাক্ষীৰ সন্মুখত  থিয় দিলে ৷ কাষতে বহি থকা পলীয়ে নামভৰ্তিৰ ফৰ্মখন আগবঢ়াই দিলে ৷ তেনেতে মহিলাগৰাকীৰ লগত থকা পুৰুষজনে প্ৰশ্ন কৰিলে চহী কাৰ লাগিব ? উত্তৰত পলীয়ে সুধিলে “আপুনি ৰোগীৰ কোন ?" মিনাক্ষীয়ে হঠাৎ কৈ উঠিল, তেখেত “patient ৰ husband” কথাষাৰ শুনা পাই কিছু অপ্ৰস্তুত হ’ল যদিও পলীয়ে ক'লে "তেনে আপুনিয়ে কৰি দিয়ক ৷" তেওঁলোক যোৱাৰ পাছত পলীয়ে প্ৰশ্ন কৰিলে মানুহগৰাকী তোমাৰ পৰিচিত নিকি ?
 মিনাক্ষীয়ে হয় বুলি কৈয়ে  খৰধৰকৈ উঠি গ’ল পাৰ্কৰ ফালে৷ কিজানি দুগালেৰে ব’ব ধৰা চকুলোৰ টোপাল পলীয়ে দেখা পাই প্ৰশ্ন কৰে কি হৈছে তাইৰ! তাইনো কয় কেনেকৈ যে দুমাহৰ আগত অবৈধ সম্পৰ্কৰ বাবে প্ৰতাৰিত হৈ ডিভোৰ্চ দি চিকিৎসালয়ৰ ৰিছিপচনত জইন কৰা মিনাক্ষীৰ বাবে সেই মানুহজন ভালকৈয়ে পৰিচিত...।

ঠিকনা - ডিব্ৰুগড় বিশ্ববিদ‍্যালয়


অঙ্গন: পৃষ্ঠাঃ ১৮

অজান যাতনা

কৃষ্ণাময়ুৰী হাজৰিকা

অনামিকাৰ বিয়া ঠিক হোৱাৰে পৰা মাক হিচাবে সাদৰী বৰুৱাৰ হৃদয়ত এক হু-হুৱনিৰ সৃষ্টি হ’ল। সঁচাই তেওঁৰ হৃদয়ত  ক্ৰমে বাঢ়ি আহিছে এক যাতনা ৷ নামহীন। হয়,  একমাত্ৰ স্বৰ্গগামী পুত্ৰৰ  বিধবা বোৱাৰী অণু এইখন ঘৰৰ পৰা জীয়ৰী হৈ আন এঘৰলৈ ওলায় যাৱগৈ ৷ যদিও সমাজৰ চকুত এনে এটা মহৎ সিদ্ধান্তৰ বাবে তেওঁ এগৰাকী মহান শাহু হৈ  পৰিচিত হৈছে। কিন্তু বুকুত এক অসহ্যকৰ যন্ত্ৰণা অনুভৱ কৰিছে ৷ পুত্ৰ পলাসৰ স্মৃতি হিচাবে ঘৰখনত ওলাই সোমাই থকা অণুও যাবগৈ চিৰদিনলৈ এই বৃহৎ ঘৰখনত তেওঁক অকলশৰীয়া কৰি ....৷

ঠিকনাঃ
তিতাবৰ
যোৰহাট।


অঙ্গন: পৃষ্ঠাঃ ১৯

অনুবাদ সাহিত্যঃ

The Sun Rising

BY JOHN DONNE

Busy old fool, unruly sun,
Why dost thou thus,
Through windows, and through curtains call on us?
Must to thy motions lovers' seasons run?
Saucy pedantic wretch, go chide
Late school boys and sour prentices,
Go tell court huntsmen that the king will ride,
Call country ants to harvest offices,
Love, all alike, no season knows nor clime,
Nor hours, days, months, which are the rags of time.
Thy beams, so reverend and strong
Why shouldst thou think?
I could eclipse and cloud them with a wink,
But that I would not lose her sight so long;
If her eyes have not blinded thine,
Look, and tomorrow late, tell me,
Whether both th' Indias of spice and mine
Be where thou leftst them, or lie here with me.
Ask for those kings whom thou saw'st yesterday,
And thou shalt hear, All here in one bed lay.
She's all states, and all princes, I,
Nothing else is.
Princes do but play us; compared to this,
All honor's mimic, all wealth alchemy.
Thou, sun, art half as happy as we,
In that the world's contracted thus.
Thine age asks ease, and since thy duties be
To warm the world, that's done in warming us.
Shine here to us, and thou art everywhere;
This bed thy center is, these walls, thy sphere.

সূর্যোদয়

মূল:  The Sun Rising By John Donne
অনুবাদ:  প্রাণকৃষ্ণ গোস্বামী

নিজকে চম্ভালিব নোৱাৰা হে' পুৰণিকলীয়া সূর্য,
তুমি এনে কিয় হ'লা বাৰু ,
দুৱাৰ-খিৰিকি, পৰ্দাৰ মাজেৰে আমাক জগাবলৈ ?
তোমাৰ গতিত কিয় থিৰাং হ'ব প্ৰেমিক মিলনৰ ক্ষণ ?
ওফাইডাঙী তলখুচৰীয়া  তুমি, যোৱা ধমকোৱাগৈ 
পঢ়াশালীলৈ যাবলগীয়া শিশুক , অপৈণত শিক্ষানবীচবোৰক
যোৱা, দৰবাৰৰ চিকাৰীক কোৱাগৈ ৰজা চিকাৰলৈ যাব ,
গাঁৱৰ পৰুৱা-পিপৰাক খেতি চপোৱা কেন্দ্ৰলৈ মাতা,
প্ৰেম সকলোতে একে, যাৰ নাই কোনো ঋতু অথবা বতৰ ,
নাই পল-দণ্ড-দিন-মাহ, যিবোৰ মাথোঁ ছিঙা টুকুৰা সময়ৰ ৷

তোমাৰ ৰশ্মিবোৰ তীক্ষ্ণধী আৰু শক্তিশালী বুলি কিয় বাৰু ভাবা তুমি ?
চকুৰ পলকতে গ্ৰহণ লগাব আৰু ডাৱৰেৰে ঢাকিব পাৰোঁ মই ,
কিন্তু অতপৰ মই হ'ব নোখোঁজো তেওঁৰ দৃষ্টিৰ দূৰ ,
তেওঁৰ চাৱনিয়ে যদি তোমাক অন্ধ কৰা নাই ,
চোৱা, আৰু কাইলৈ বিয়লি মোক ক'বা, 
প্ৰাচ্যৰ আৰু মোৰ, আৰু দুয়োৰে সেই সুগন্ধি সম্পদ, 
তুমি এৰা ঠাইতে আছে, নে ইয়াত মোৰহে কাষত ?
তুমি কালি দেখা ৰজাজনক সুধিবা ?
আৰু তুমি শুনিবা, সেই সকলো আছে এই প্ৰেম শয্যাতে ৷

তেওঁ সমস্ত ৰাজ্য, আৰু সকলো ৰাজকুমাৰী, আৰু সকলো ৰাজকুমাৰী, মই একোৱেই নহওঁ ৷
ৰাজকুমাৰীয়ে আমাক লৈ ঠেলে, ইয়াৰ তুলনাত
সকলো সন্মানৰ ভাও-ভংগী, সকলো সম্পদ ৰাসায়নিক মিশ্ৰণ ৷
তুমি, হে' সূৰ্য, আমাৰ সুখৰ আধাহে সুখী,
সেয়ে পৃথিৱীৰ এনেদৰে ঘটিল সংকোচন ৷
তোমাৰ বয়সে আৰাম বিচাৰে, আৰু তোমাৰ কাম যে
পৃথিৱীক তাপ প্ৰদান, আমাক তাপিত কৰি কৰি কৰাঁ সেই কাম ৷
ইয়াত আমাৰ বাবে উজ্জ্বলি উঠাঁ, আৰু তুমি হ'বা সৰ্বত্ৰে বিৰাজমান ৷
এই শয্যাই তোমাৰ কেন্দ্ৰবিন্দু, এই দেৱালেই তোমাৰ ব্ৰহ্মাণ্ড ৷

 (ঐশ্বৰিক প্ৰেম (Divine Love ) য়ে 'গ্রহ, উপগ্রহ, নক্ষত্রৰো উর্ধত আৰু ই সমস্ত ব্ৰহ্মাণ্ডকে সামৰি লয় - এনে ভাৱানুভূতিৰেই কবিতাটো ভাৱানুবাদ কৰাৰ প্ৰয়াস কৰা হৈছে ৷)

( ষোল্ল-সোতৰ শতিকাৰ কবি জ'ন ড'নেক বহুলোকে প্ৰথম দহজন ইংৰাজ কবিৰ মাজৰ এজন বুলি গণ্য কৰিব পাৰে ৷ তেওঁৰ ২২ জানুৱাৰী ১৫৭২ চনত জন্ম আৰু ৩১ মাৰ্চ ১৬৩১ চনত মৃত্যু হয় ৷ সাহিত্য চৰ্চাৰ উপৰিও জীৱনৰ শেষৰফালে তেওঁ গীৰ্জাৰ ধৰ্মগুৰু হৈছিল ৷ তেওঁৰ কবিতাত সৰ্বসাধাৰণৰ দুখ-দৈন্যতা আৰু সামাজিক দুৰ্নীতি আৰু প্ৰতিফলিত হ'লেও অধিকসংখ্যক কবিতাত ঐশ্বৰিক ভাৱধাৰা তথা অতিন্দ্ৰীয়বাদে প্ৰাধান্য লাভ কৰিছিল ৷

কাহিলিপাৰা গুৱাহাটী
মো:+৯১ ৭০০২৪০৯৬৫৫


অঙ্গন:  পৃষ্ঠাঃ ২০

Hiroshima Child

BY Nazim Hikmet

I come and stand at every door
But none can hear my silent tread
I knock and yet remain unseen
For I am dead for I am dead

I'm only seven though I died
In Hiroshima long ago
I'm seven now as I was then
When children die they do not grow

My hair was scorched by swirling flame
My eyes grew dim my eyes grew blind
Death came and turned my bones to dust
And that was scattered by the wind

I need no fruit I need no rice
I need no sweets nor even bread
I ask for nothing for myself
For I am dead for I am dead

All that I need is that for peace
You fight today you fight today
So that the children of this world
Can live and grow and laugh and play


হিৰোচিমাৰ শিশু

মূল ইংৰাজী: Hiroshima Child by Nazim Hikmet
অনুবাদঃ অৰুণিমা শৰ্মা মহাপাত্ৰ,

প্ৰতিখন দৰ্জাত ৰৈ আছিলো মই 
নুশুনিলে কোনেও মোৰ নিঃশব্দ পদধ্বনি,
দুৱাৰত টোকৰ মাৰিও অদৃশ্যমান 
কিয়নো মই যে আজি মৃত, কেৱল মৃত।

মৃত্যুক আঁকোৱালী লৈছো ,মোৰ বয়স আজি সাত,
সেই তাহানিৰ বিদ্ধস্ত হিৰোচিমাত,
আজিও সাতবছৰীয়া তেতিয়াও বয়স আছিল সাত।
শিশুৰ মৃত্যু হ'লে হেনো ডাঙৰ নহয় বয়সো নাবাঢ়ে।

মোৰ চুলিকোছা জুইৰ লেলিহান শিখাই নিঃশেষ কৰিলে,
চকুদুটা নিষ্প্ৰভ হৈ অন্ধত্ব দিলে
মৃত্যু আহি মোৰ হাড় কেইডাল ভষ্ম কৰিলে,
বতাহে সেই অস্থিভষ্ম উৰুৱাই নিলে।

খাবলৈ মোক আজি ফলমূল, এমুঠি অন্ন একোৱেই নালাগে,
ৰুটি, মিঠাই মই একো বিচৰা নাই।
কিয়নো মই যে আজি মৃত, কেৱল মৃত।

মই বিচাৰো বিশ্ব শান্তিৰ বাবে 
যুঁজি থাকা তোমালোকৰ যুঁজ চলাই থাকা,
পৃথিৱীৰ সকলো শিশু যাতে জীয়াই থাকিব পাৰে,
ৰং ধেমালি কৰি হাঁহি-মাতি এদিন ডাঙৰ হ'ব পাৰে।
 
{অনুবাদ সাহিত্যিক অৰুণিমা শৰ্মা মহাপাত্ৰৰ দ্বাৰা প্ৰকাশিত তেখেতৰ দ্বিতীয়খন অনুবাদ পুথি *দেশ বিদেশৰ কবিতাৰ* পৰা উপৰোক্ত কবিতাটি লোৱা হৈছে।}

নতুন দিল্লী


অঙ্গন:  পৃষ্ঠাঃ ২১

কবিতাঃ

স্বাধীনতাৰ কাব্য

ৰীতা বৰুৱা

তোমালোকে ক'লা
আমি শুনিলোঁ
পেটত গামোচা বান্ধি
পতাকা কিনিলোঁ
বেলিৰ জুইকুৰা মূৰত লৈ
সমদলত ভাগ ল'লোঁ

এতিয়া আমি ক'ম
শুনিবানে তোমালোকে ?

আমাক  বাট দিয়া
অনুগ্ৰহ নহয়

আমাক জীৱন দিয়া
জীয়ন নহয়

আমাক স্বাধীনতা দিয়া

স্বাধীনতা আমাৰ অধিকাৰ


অঙ্গন:  পৃষ্ঠাঃ ২২

গান্ধী প্ৰশস্তি

তৰুণ চন্দ্ৰ নাথ

হে অহিংসাৰ পূজাৰী,
অভিজ্ঞতাৰ লেছেৰি বুটলি বুটলি
ভেদাভেদৰ প্ৰাচীৰ ভাঙি
জনসমুদ্ৰৰ বুকুত সিঁচি গ'লা
জাতীয় চেতনা আৰু সংগ্ৰামী প্ৰেৰণা

গঢ়ি তুলিলা মানৱপ্ৰেম
প্ৰাকৃতিক, সাংস্কৃতিক আৰু বিশ্বজনীন ...

হে জাতিৰ জনক,
বিশ্বৰ সঁচা সত্যাগ্ৰহী, 
তুমিয়েতো শিকালা
ঐক্য, সংহতি, অহিংসা আৰু শান্তি
বিকাশৰ চাবিকাঠি...

হে কৰ্মযোগী মহান,
তুমি গাইছিলা গান
"ঈশ্বৰ আল্লা তেৰে নাম,
সৱকো সনমতি দে ভগৱান.."

নঙঠা ফকিৰ তুমি,
বিশ্ব দৰবাৰত ৰাখিলা
ত্যাগ আৰু আদৰ্শৰ মহান কীৰ্তি..

প্ৰস্তুত কৰিলা আঁচনি স্বাৱলম্বিতাৰ
চিঙিলা শিকলি পৰাধীনতাৰ

প্ৰকৃততে 
অন্তৰাত্মাই আমাৰ নকৰিলে গ্ৰহণ
তব কথামৃত
গীতাৰ অমোঘ মন্ত্ৰ,
ফলশ্ৰুতিত
এখন ঘৰ দুখন হ'ল !
থানবান হ'ল ৰামৰাজ্যৰ সপোন!
ক্ৰমে ক্ৰমে 
ৰূপকথাত পৰিণত হ'ল
ত্যাগ, আদৰ্শ
'অহিংসা'ৰ বুকুত লগা গুলিত
 উফৰি পৰিল 'সত্য'!

শ্মশানভূমিত আজি 
কিনো গান গাম ?
কোনে জানো কাঢ়ি নিলে কণ্ঠ ?
কোনে জানো কাঢ়ি নিলে মোৰ দৃষ্টি ?
শ্ৰৱণ শক্তি ?
এতিয়া খেপিয়াই ফুৰিছোঁ মাথোঁ
দিকবিদিক নেদেখি !

তথাপি
বুকুৰ কোনোবাখিনিত 
পুহি ৰাখিছোঁ এটি আশা !
কিজানিবা ধৰা দিব বুলি
'প্ৰজ্ঞাৰ প্ৰতীতি' !

(I keep the hope
In the core of my heart
Thinking that 
The 'Angel' will sure
Bring the light.)


অঙ্গন: পৃষ্ঠাঃ ২৩

স্বাধীনতা

ড° ৰমেশ কুমাৰ কাকতি

জন গণ মন অধিনায়ক জয় হে... 
আকৌ এবাৰ মুখৰিত হ’ল ভাৰতভূমি ৷

উৰিল ত্ৰিৰংগ পতাকা
সমগ্ৰ দেশৰ আকাশ
পুনুবাৰ কৰিল একাকাৰ ৷৷

একতাৰ দোলেৰে বান্ধি
সমগ্ৰ দেশৰ জনগণ
অহিংস নীতিৰে কৰি আন্দোলন ৷
বৃত্ৰিছৰ শাসনক উফৰাই
দেশৰ স্বাধীনতা আনি
পৰাধীনতাক কৰিলে উচন ৷৷

কত জনে প্ৰাণ দিলে 
কত জন পংগু হ’ল 
কত জনে হেৰুৱালে নিজৰেই ঠিকনা ৷
তথাপিও নকৰি ভয়
ভাঙিলে বৃত্ৰিছৰ মনোবল
বৃত্ৰিছ বাধ্য হ’ল, কৰিবলৈ ভাৰত বন্দনা ৷৷

প্ৰতিজন ভাৰতবাসীৰ আপোন
স্বদেশৰ কেঁচামাটিৰ গোন্ধ
স্বাধীনতা আমাৰ স্বাভিমান ৷

সমস্বৰে গাম সকলোৰে
বন্দে মাতৰম কিম্বা জয়হিন্দ
ভাৰত মাতাৰ জয় গান ৷৷

ত্ৰিৰংগ পতাকাৰ তলতেই
ল'ব পাৰো প্ৰতিজ্ঞা পুনুবাৰ
মাতৃভূমিক কৰি তোলো পূণ্যস্থান ৷

স্বজনপ্ৰীতি, শোষণ, নিস্পেষণ
আদি য’ত বদগুণ অন্তপেলাই
সংহতিৰ দোলেৰে হওঁ মহীয়ান ৷৷

এইখন আমাৰেই দেশ
পিতৃ পুৰুষৰো আজন্ম আপোন
এই দেশৰ বায়ু পানী মাটি ৷

নানা জাতি নানা কৃষ্টিক
একতাৰ ডোলেৰে বান্ধিলেহে
যুগমীয়া হ'ব মহান ভাৰতীয় জাতি ৷৷

সহস্ৰ শ্বহীদৰ ত্যাগক সন্মান জনাই
অক্ষুণ্ণ ৰাখি গঢ়িব পাৰোঁ
দেশ আৰু জাতিৰ ঐশ্বৰ্য বিভুতি৷

নানা জাতি উপজাতিৰ মিলন ভূমিত
ঐক্য সংহতি আৰু একতাৰ মন্ত্ৰেৰে
গনতন্ত্ৰই আনিব দেশৰ প্ৰগতি ৷৷

আজি পবিত্ৰ গনতন্ত্ৰ দিৱসত
সেয়ে আহাঁ সমস্বৰে গাওঁ
উৰ্বৰা ভূমিক সেউজীকৰণ গীত ৷

বন্দেমাতৰম ধ্বনিৰে কঁপাই আকাশ
দেশপ্ৰেমৰ মন্ত্ৰৰে আকৌ এবাৰ
একতাৰ ডোলেৰে বান্ধোঁ জনতাৰ চিত্ ৷৷

ঠিকনাঃ
লক্ষীমপুৰ, উত্তৰ লক্ষীমপুৰ৷


অঙ্গন:  পৃষ্ঠাঃ ২৪

স্বাধীনতা 

গীতাৰাণী পাঠক দাস

শৈশৱ কালৰ স্বাধীনতা মোৰ অনিন্দ্য সুন্দৰ |
হাতত কাপোৰৰ অথবা দাদাই তৈয়াৰ কৰি দিয়া কাগজৰ  জাতীয় পতাকাখন লৈ 
হেঁপাহৰ আলিয়েদি বেগাই খোজ কাঢ়োঁ 
গাব লাগিব" বন্দে মাতৰম" আৰু "জন গণ মন "|
কিয় গাওঁ নাজানোঁ , কিহৰ বাবে গাব লাগে নাজানোঁ, কোনেনো লিখিলে এইবোৰ সেয়াও নাজানোঁ  |
এটা কথাই মাত্ৰ জানিছিলোঁ 
আমাৰ দেশৰ গান গাব লাগে ,
আমাৰ দেশক আমি প্ৰাণ ভৰি ভাল পাব লাগে |
সিদিনাৰে পৰা মই মোৰ দেশক 
প্ৰাণ ভৰি ভাল পাওঁ |
এনেকৈয়ে স্বাধীনতা কি নজনাকৈয়ে দেশৰ কথাৰ একো আওভাও নোপোৱাকৈয়ে আত্মবলিদান দিছিল 
হেজাৰজনে, কাৰণ সিহঁতে নিজৰ দেশখনক বৰ ভাল পায় |
শত শ্বহীদৰ তেজৰ চেকুৰাৰে 
ৰক্ত ৰঞ্জিত হৈ পৰিল স্বাধীনতাৰ চোতাল |
ক'ত স্বাধীনতা, ক'ত বাৰু ? 
যিদিনাৰ পৰা স্বাধীনতাক চিনি পালোঁ ,
বুজি পালোঁ হাড়ে হিমজুৱে 
ঠিক সিদিনাৰ পৰাই ক'তো চিন চাব নেদেখা হ'লো "স্বাধীনতা" নামৰ শব্দটোৰ 
লাঞ্ছিত বঞ্চিত শোষিত আজি জনগণ
অন্যায় অবিচাৰ ধৰ্ষণ, শোষণৰ বলি হৈছে জনতা
সেই বাবেই আজিকালি মই স্বাধীনতা নিবিচাৰোঁ, অবিশ্বাসী, বিশ্বাসঘাটকক 
মোৰ প্ৰয়োজন নাই |
এনেকৈয়ে ভাল লাগে 
য'ত আছে বিভেদহীন এখন সমাজ 
ধৰ্ম ,বৰ্ণহীন এখন মুকলি আকাশৰ তলত তুমি মই একেলগে বহি মনৰ কথা পাতিব পাৰোঁ |
একেলগে বহি এগৰাহ সুখৰ ভাত খাব পাৰোঁ |
এই দুহাতেৰে মচি দিব পাৰোঁ দুখৰ চকুলো ,
 দুহাত মেলি দিব পাৰোঁ  আৰ্তজনৰ বাবে সেয়ে হ'ব মোৰ স্বাধীনতা |
"এখনি সহায়ৰ হাত, 
দুখৰ পৰত চেনেহৰ এষাৰি মাত "|
এয়াই হওক মোৰ বাবে স্বাধীনতাৰ সংজ্ঞা 
এয়াই হওক মোৰ বাবে স্বাধীনতাৰ সংজ্ঞা 

গুৱাহাটী-২০

অঙ্গন:  পৃষ্ঠাঃ ২৫

জাতীয় পতাকা

আমিৰ হুছেইন আহমেদ

জাতীয় পতাকা ত্যাগেৰে অঁকা
নহয় ই এটুকুৰা খাদী বস্ত্ৰ,    
তিনি ৰঙৰ বোল ৰূপে অপৰূপা
গণতন্ত্ৰৰ এক অমোঘ অস্ত্ৰ !

গৌৰৱ স্বাভিমান শ্বহীদৰ বলীদান
মুক্ত দেশৰ বিজয় নিচান,
প্ৰেম ভক্তিৰে উত্তোলন বায়ুত উৰণ
দেশৰ আনুগত্য চিৰ সন্মান !

গেৰুৱা বগা সেউজ-সমীকৰণ সজ
অশোক চক্ৰ বগাৰ মাজত,
গেৰুৱাত সাহস বগাত শান্তি সুবাস
বিশ্বাস বৰ্তে সেউজী ৰঙত !

চক্ৰই আনে প্ৰগতি ই যে মূল সুঁতি
অভিন্ন দেশ জাতি উপজাতি,
একে ধ্বজাৰ তলত উচ্চ কণ্ঠস্বৰত
দেশ বন্দনাৰ গাওঁ জয়গীতি !

যাৰ শৌৰ্য বীৰ্য অটুট ৰখা স্বীকাৰ্য
স্বাধীন সাৰ্বভৌমত্বৰ ৰতন,
দুই ৰাষ্ট্ৰীয় দিৱসত বখানি তাৎপৰ্য
নত শিৰে কৰোঁ উদযাপন !!


অঙ্গন:  পৃষ্ঠাঃ ২৬

ঘূৰি আহক উৎসৱৰ দৰে স্বাধীনতা

ময়ূৰী গোস্বামী

ঘূৰি আহিছে নেকি মুক্ত স্বাধীনতা ? 
আহিব নেকি আকৌ ঘূৰি, 
উৎসৱৰ দৰে স্বাধীনতা! 
পূজাৰ বেদীৰ দৰে 
সজাই পৰাই
মংগল ধ্বনিৰে আহ্বান কৰা
উত্তোলক স্বাধীনতা  ।
আহ্বান কৰিছোঁ ঘূৰি আহক
শৈশৱৰ ৰঙভৰা স্বাধীনতা ।

মুক্ত হওক মন
মুক্ত হওক মানুহ
মুক্ত আকাশ
এবুকু মুক্ত উশাহ ।
ত্ৰিৰংগা হাতত লৈ
পখিলাৰ দৰে উৰি ফুৰক 
ঘূৰি ফুৰক জাক জাক শৈশৱ। 
সেইয়াইটো স্বাধীনতাৰ বৈভৱ। 

জালিৱানৱালাবাগৰ দৰেই 
ইতিহাস হওক ধেমাজি। 
হাজাৰ হাজাৰ শৈশৱে
মুকলি বতাহত 
পৃথিৱী কৰক সেউজীয়া। 

পৰাধীনতাৰ শিকলি চিঙা
সেয়াইটো সঁচা স্বাধীনতা। 
আকৌ ঘূৰি আহিব নেকি ? 
বাধাহীন,
আজ্ঞাহীন, 
নিৰ্দেশহীন, 
মুক্ত স্বাধীনতা ! 
বুকু ভৰাই ল'বলৈ
উশাহৰ স্বাধীনতা।


অঙ্গন: পৃষ্ঠাঃ ২৭

স্বাধীনতা

 মিতালী শৰ্মা

হে মোৰ মৰমী আই অসমী
হে মোৰ মৰমী আই ভাৰতী

যি দিনাই মেলিলো চকু
তোমাৰ কোলাত
সেইদিন ধৰি তোমাৰ বায়ু
পানী সেৱন কৰি মাটিৰ গোন্ধ লৈ 
ডাঙৰ-দীঘল হ'লো,
আজি মই স্বাধীন ভাৰতীয়। 

ইংৰাজৰ অধীনত 
পৰাধীন ভাৰতৰ কথা,
জানিলো মোৰ দেশৰ মানুহ আৰু
ইতিহাসৰ পৰা । 

অনুভৱ কৰিব পাৰিলো
পৰাধীনতা যে কিমান 
যান্ত্ৰণাময়

বিদেশী শাসকৰ
অকথ্য , অমানুষিক নিৰ্যাতন 
অসহনীয়তা ! 

হে মোৰ দেশৰ মুক্তি যুঁজাৰু !
হে মোৰ দেশৰ বীৰ শ্বহীদ !
শতকৌতি প্ৰণাম 
শতকৌতি প্ৰণাম 

তোমাৰ ত্যাগৰ বিনিময়ত 
গৌৰৱেৰে আজি ক'ব পাৰোঁ
মই স্বাধীন ভাৰতৰ নাগৰিক। 

নকৰোঁ নকৰোঁ কেতিয়াও 
স্বাধীনতাৰ অপব্যৱহাৰ.. 

শপত ললো আজি দেশৰ
মাটি খামোচি, 
মিলি-জুলি গাম সবে
অসমী আইৰ জয়।
ভাৰতী  আইৰ জয়।
অসমী আইৰ জয়।।

উলুবাৰী 
গুৱাহাটী।


অঙ্গন:  পৃষ্ঠাঃ ২৮

মানৱতাৰ জয়গান 

মঞ্জুলা দেৱী

হিংসা, দ্বেষ কৰি পৰিহাৰ
ৰণুৱা বেশেৰে আমি হওঁ আগুৱান
উৰুৱাওঁ জয়ৰ নিচান !
নতুন দিনৰ আমি নৱজোৱান।
সময়ৰ অবিৰাম দুৰন্ত গতিক
নোৱাৰোঁ ৰাখিব ধৰি হাতৰ মুঠিত
সময়েও খোজ মিলাই
জীৱনেও গতি সলায়
স্থিতিশীল কিয় বাৰু মনৰ পৰিধি ?
উন্মুক্ত আকাশৰ তলত
কৰোঁ বিচৰণ
দুহাত মেলি আনো যেন সাৱটি
বহলাওঁ জ্ঞানৰ পৰিধি।
অন্ধতা, অপৰাধ, জঘন্য বিচাৰ
কৰোঁ পৰিহাৰ
গাওঁ আমি মানৱতাৰ গান
উৰুৱাওঁ জয়ৰ নিচান।
নতুন ধাৰাৰে বোৱাওঁ
সাগৰ সংগম
মিলে য'ত উৰ্বশী জোৱাৰ
সৃষ্টি হওক প্ৰগতিৰ নতুন দিগন্ত।
প্ৰতিক্ষণে বয় যেন সুখৰ মলয়া
বা লাগি ৰামধেনুৰ
সাতোৰঙী ৰঙেৰে বোলোৱা,
সজাগ কৰাওঁ যেন নিৰ্বোধ জনতাক ।
গাওঁ আমি সকলোৱে সমবেত গান
য'ত থাকে পুৰুষ আৰু নাৰীৰ সন্মান
সৌন্দৰ্য সাধনাৰে ভৰা এখন সমাজ
নাই য'ত ধৰ্ষণ, হত্যা, লুণ্ঠন
সৃষ্টিশীল ভাৱনাত হাতে হাত ধৰি
দিওঁ খোজ সময়ৰ বালিত
আতোলতোল মৰমত পাওঁ যেন
স্বৰ্গৰ সন্ধান
উৰুৱাওঁ জয়ৰ নিচান।


অঙ্গন:  পৃষ্ঠাঃ ২৯

স্বাধীনতাক প্ৰৰোচিত নকৰিব 

জিতেন চেতিয়া

বিশৃংখল অনুভৱত
কথাবোৰ ভাবিলে
শব্দবোৰ প্ৰৰোচিত হয়  
দেশক ভালপোৱা জনৰ ওচৰতো
স্বাধীনতাই সংজ্ঞা হেৰুৱাই

দেশ মোৰ বেশ 
দেশ বুলিলে নকৰোঁ ভূক্ষেপ

সেয়েহে 
মোৰ কণ্ঠৰ নিম্নাংশত 
প্ৰতি নিশাই সাৰে থাকে 
পোহৰৰ ৰেঙণি 
স্বতন্ত্ৰতাৰ মন্ত্ৰোচ্চাৰণ 
মোৰ বাবে
এইয়াই স্বাধীনতা
সত্যৰ এটি বাসস্থান ৷
            

অঙ্গন: পৃষ্ঠাঃ ৩০

বুকুত গান্ধী, কান্ধৰ মোনাত স্বাধীনতা

(স্বাধীনতাৰ বাবে প্ৰাণাহুতি দিয়া,সৰ্বস্ব ত্যাগ কৰা বীৰ স্বহীদ, মুক্তি যুঁজাৰুসকলক সুঁৱৰি সশ্ৰদ্ধ প্ৰণিপাত।)

নীলকান্ত শইকীয়া

য'লৈকে যাওঁ
বুকুত গান্ধী
কান্ধৰ মোনাত স্বাধীনতা।

মাজে মাজে  খুৱাওঁ পৰঠা

পয়সত্তৰ বছৰৰ আগতে খুৱাইছিলো
পাঁচ পইচাত, এতিয়া পয়সত্তৰ টকা।

কেতিয়াবা এসাঁজ ভাত

পঞ্চাশ বছৰৰ আগতে খুৱাইছিলো 
পঞ্চাশ পইচাত, আজি পাঁচশ টকা।

এদিন ক'লো -- তোক চোলা-পেন দিম স্বাধীনতা
গান্ধীয়ে ক'লে -- নাঙঠ ল'ৰা-ছোৱালীবোৰক দে
তোক গাখীৰ এপোৱা খুৱাম
--- ৰুগীয়া শিশুবোৰক দে
তোক ঘৰ সাজি দিম 
--- ঘৰহীন দেশৰ মানুহক দে।

আৰু কিমানটা পয়সত্তৰ লাগিব স্বাধীনতা মোনাৰ পৰা ওলাবলৈ
পূৰ হ'বলৈ গান্ধীৰ সপোন ।


অঙ্গন: পৃষ্ঠাঃ ৩১

স্বাধীনতা

ৰৌচন আলি

দুজনী চৰাই পুহিছোঁ
এজনীৰ নাম স্বাধীনতা
আনজনীৰ নাম গণতন্ত্ৰ

দৈনিক চৰাই দুজনীয়ে 
পিঞ্জৰাৰ ভিতৰৰ পৰাই মোক
ওলগ জনাই চি চি কৈ মাতে
ময়ো সিহঁতক ওলগ জনাওঁ

সিহঁতৰ মাতবোৰ 
আমাৰ দৰে নহয়
অথচ আমি আমাৰ দৰে মাতিবলৈ 
সিহঁতক
শিকাওঁ
বাধ্য কৰাওঁ

হঠাৎ চৰাই দুজনীয়ে মোক ক'লে-
আমাৰ নামতেই দেশত ৰাষ্ট্ৰীয় পতাকা উৰে
আমিহে উৰিব নোৱাৰি 
পিঞ্জৰাৰ ভিতৰত ধপধপাই আছোঁ ।


অঙ্গন: পৃষ্ঠাঃ ৩২

লাহদু

নিহাল গগৈ

ক্ৰমশঃ শুই পৰা ভাৱনাবোৰে জানে
সাগৰ তলিত মানিক বিচৰা সহজ নহয়।
ঢৌবোৰৰ কাৰছাজিত 
সংগ্ৰামে প্ৰত্যুষত ভুমুকি মাৰে
অস্তাচলৰ এমুঠি ফাকু পৰি চকুযুৰি ঘোলা হয় !
ভাগৰুৱা মনৰ নৌকাৰে আগবাঢ়িবলৈ 
যদিও প্ৰত্যাহ্বান আহে
আগুৱাই যাওঁ
পোহৰ বুলিবলৈ সন্মুখত যে জোনটিও ৰৈ থাকে।


অঙ্গন: পৃষ্ঠাঃ ৩৩

স্বাধীনতা

অজিত বৰা

মোৰ স্বাধীনতা চৰ্তহীন, নিজস্ব
মোৰ স্বাধীনতা নিৰাবৰণ, কৰ্পদশূন্য
মোৰ স্বাধীনতাক মই গভীৰভাৱে হৃদয়ংগম কৰোঁ
মই মোৰ স্বাধীনতাৰ সৈতে যাপন কৰোঁ

মোৰ ইচ্ছাক মই আহত কৰিব নোখোজোঁ
মোৰ ইচ্ছাবোধৰ নাম স্বাধীনতা
মোৰ ইচ্ছাক কাৰোৱে ওপৰত আৰোপ কৰিব নোখোজোঁ
মোৰ ইচ্ছাবোধে মোক স্বাধীনতাৰ মন্ত্ৰ দিছে
মই মোৰ স্বাধীনতাক উপভোগ কৰোঁ

আপুনিও এটি সুন্দৰ, সমাহিত জীৱন কামনা কৰে
আপোন ইচ্ছাধীন জীৱন এটি যাপন কৰিব খোজে
আপুনিও পুৱাৰ কুহুমিয়া ৰ'দালিৰ সৈতে এখন্তেক হাঁহি ৰ'ব খোজে
গুণগুণাব খোজে দুই এটি গান, বুকুৰ কবিতা

আপুনি এটি আপোন ইচ্ছাধীন সত্তা হওক
আপোনাৰ ইচ্ছাই আপোনাক লৈ ফুৰক
মোৰ দৰেই আপোনাৰ ইচ্ছাবোধৰ নাম স্বাধীনতা।।


অঙ্গন: পৃষ্ঠা ৩৪

পষেকীয়া ই-আলোচনী  অঙ্গনৰ উদ্যোগত " সামাজিক মাধ্যম ফেচবুক গোটত আয়োজন কৰা কবিতা প্ৰতিযোগিতাত অংশ গ্ৰহণকাৰীৰ কবিতা

স্বাধীনতা 

অনামিকা(সংগীতা)কলিতা

মোৰ প্ৰাণৰ পূজাৰ বেদীত 
জ্বলালো বন্তি গছি
মাথো তোমাৰ বাবে ,
তল সৰা ফুলেৰে থাপনা পাতিছোঁ 
নাজানো আৱাহন ।

ভাৰতী আইৰ 
তুমিয়েই নুমলীয়া সন্তান
তোমাৰ সপোনত" স্বাধীনতা "এজাক বৰষুণ ,
বজ্ৰকন্ঠত কম্পিত ৰজনী 
"স্বাধীনতাৰ" জয়গান। 

"স্বৰাজ জন্মস্বত্ব অধিকাৰ "
শান্তি বিদ্ৰোহত বিদেশীৰ বিপৰ্যয় ঘটাই
আজুৰি আনিলা ত্যাগৰ প্ৰতীক। 
আজি দেশৰ মাটিত উৰিছে 
স্বাভিমানৰ ত্ৰিৰংগা।

আমি "স্বাধীন "দেশৰ নাগৰিক 
বিজয় ধ্বজাখনৰ সন্মান সদায়ে ৰাখিম
স্বদেশ- স্বজাতিৰ হকে নিজকে আহুতি দিয়া ,
প্ৰতিজন বীৰ শ্বহীদলৈ 
যাঁচিলো প্ৰণিপাত। 

ঠিকনাঃ
শুৱালকুছি


অঙ্গন:  পৃষ্ঠাঃ ৩৫

আৰ্ট গেলাৰীঃ
শিশুৰ হাতৰ ৰূপকথা

১/
ৰূপাংকনা কল্যাণী
তৃতীয় শ্ৰেণী
গুৱাহাটী

২/
অয়নীশ কৃষ্ণাত্ৰেয়
তৃতীয় শ্ৰেণী
অ'ল চেইনট'চ ডাঅ'চেচান স্কুল
তেজপুৰ, শোণিতপুৰ
784001


অঙ্গন: পৃষ্ঠাঃ ৩৬

 নীলাখামৰ চিঠিঃ

   "নীবিৰলৈ নিবিড় মৰম"

      মৰমৰ নীবিৰ,

             মৰমৰ বুলি কোৱাৰ অধিকাৰ হয়তো এতিয়া আন কাৰোবাৰ হৈ গ'ল ! তথাপিও আজি অতীতবোৰে ভুমুকি মাৰি মনটোৰ দৰেই চোন মোৰ কলমটোকো দুৰ্বল কৰি পেলালে, সেয়ে তোমাৰ বিনা অনুমতিতে মৰমৰ বুলি লেখিলোঁ।অধিকাৰবোৰ হেৰালেও যে তুমি মোৰ এতিয়াও খুবেই মৰমৰ...।

        আজিৰ এই নিৰিবিলি সন্ধিয়াটিত সঁচায়ে নীবিৰ তোমাৰ নিবিড় মৰমবোৰ মনত পৰি মন তোলপাৰ লাগি আছে । নীবিৰ, তোমাৰ মনত আছে ন' ? আমি দুয়ো পাহাৰৰ টিলাত নিবিড় মোহাচ্ছন্নই আৱৰা মুহূৰ্তত এজনে আনজনক প্ৰথম আৰু শেষদিনাৰ বাবে লগ পাইছিলোঁ নিবিচৰাকৈয়ে । জানা নীবিৰ, নিবিড় মৰমৰ প্ৰতিশ্ৰুতিৰে আমি পাতনি মেলিছিলোঁ আমাৰ নিবিড় সম্পৰ্কটোক দৃঢ় কৰি নীবিৰ-নিজানৰ নিবিড় মৰমবোৰ সদায় জীয়াই ৰাখিবলৈ । মই আজিও মনত ৰাখিছোঁ বৰষুণ নামিলে তোমাৰ ওঁঠত খেলি যোৱা মৃদু উজ্জল হাঁহিটি  । আজিও চাগৈ তুমি একেই আছা ? ময়ো তুমি য'ত যেনেকৈ এৰি  গৈছিলা তেনেকৈয়ে আছোঁ নীবিৰ । অলপো আগবঢ়া নাই জানা ! তোমাৰ স্মৃতি সোঁৱৰিয়ে জীয়াই আছোঁ । অতীতবোৰ ভাললগা হোৱাৰ পিছতো চোন মোৰ বুকুত মিঠা বিষৰ অনুভৱে প্ৰতিপলে মোক হেঁচা মাৰি ধৰে নীবিৰ। তুমিতো এইবোৰ খবৰ নোপোৱা ? কিদৰে দুপৰ নিশা তুমিহীনতাৰ বেজাৰত অশ্ৰুকণাৰে গাৰুটো ভিজে, তুমি হয়তো নাজানা নীবিৰ ! তুমি যে এতিয়া মই ঢুকি নোপোৱা দূৰণিত...।

    আজি কিমান দিন হ'ল বাৰু  তুমি মোক এৰি যোৱা ? প্ৰায় সাতবছৰ ন' ? মোৰ জানা নীবিৰ...এতিয়াও এজাক পাতলীয়া বৰষুণ নামিলেই তোমালৈ মনত পৰে । আৰু নিবিচৰাকৈয়ে, নজনাকৈয়ে বৰষুণত তিতিবলৈ ওলাই আহোঁ । কিয় জানা ?  মই যে আজিও তোমাক পাহৰিব পৰা নাই । কাৰণ মই আজিও তোমাক...! নাই থাকক দিয়া ন' ? তোমাক কেতিয়াবা লগ পালে ক'ম  ! শুনিবা ন' তুমি ?

     নীবিৰ , নিজান দুপৰীয়া তোমাৰ বাৰু তোমাৰ নিজানলৈ মনত পৰেনে ? মোৰ অভিমানবোৰে আজিও তোমাক আমনি নকৰেনে ? কেতিয়াবা দুচকুত ভাঁহেনে মোৰ মৰমৰ অত্যাচাৰবোৰ ? আমনি পাইছা চাগৈ নহয় ? একো নহয় দিয়া...অলপহে ন'...আগেতেতো তুমি মোক  কম আমনি কৰা নাছিলা ? আজিকালি বাৰু তুমি কাক আমনি কৰা...? বাৰু বাদ দিয়া সেইবোৰ...। তুমি এতিয়াও বৰষুণ ভালপোৱা নে ! এতিয়াও তুমি বৰষুণৰ অপেক্ষাত ৰোৱানে নীবিৰ ?

    ৰোৱা যদি এইবাৰ ব'হাগত আহিবা । ব'হাগৰ প্ৰথমজাক বৰষুণত দুয়ো একেলগে তিতিম ! মই তোমালৈ ৰ'ম তোমাৰ সৈতে ৰিমঝিম বৰষুণৰ টোপাল বুটলিবলৈ । হ'বনে...? আহিবানে তুমি...? 

    আৰু একো নিলিখোঁ দিয়া । তোমাৰ চাগৈ ইমানবোৰ উত্তৰ একেলগে দিয়াৰ ধৈৰ্য্য, সহ্য, সময় কোনোটোৱে নহ'ব । হয়তো চিনাকী আখৰৰ চিঠিখন তুমি নপঢ়াকৈয়ে ফালি পেলাবা ! তথাপিও মই আশাৰে ৰ'ম তোমাক এবাৰলৈ চোৱাৰ হেঁপাহত ।

     শেষত তোমালৈ চিৰদিনৰ অটুত শুভেচ্ছাৰে 
             
                        'তোমাৰ নিজান'

স্নিগ্ধাশিখা ৰাজবংশী


অঙ্গন: পৃষ্ঠাঃ ৩৭

ৰেচিপিঃ


ঔ-টেঙাৰ আচাৰ

বিনু লহকৰ

সামগ্ৰী সমূহ:-
১/ মধ্যমীয়া ঔ-টেঙা এটা
২/ অলপ মিঠাতেল 
৩/ পাচফোৰণ 
৪/ হালধি নিমখ জোখমতে
৫/ ভুত জলকীয়া 
৬/ অলপ ভিনেগাৰ 

 প্ৰণালী = প্ৰথমে ঔ-টেঙাটো গোটে গোটে ভালকৈ ধুই পানীটো নোহোৱা কৰি সৰু সৰু কৈ কাটি এটা বটলত নিমখ জোখমতে  দি তিনিদিন থৈ সাফৰ মাৰি থ'ব। মাজে মাজে লৰাই থাকিব।
চাৰি দিনৰ দিনা কেৰাহী এটাত তেল অলপ গৰম কৰি পাচফোৰণ এচামুচ মান দি হালধি আধা চামুচ মান দি ভালকৈ লৰাই ঔ-টেঙাখিনি দি ভালকৈ অলপ সময় ভাজি ল'ব। তাতে ভুত জলকীয়া এটা কুটি দি অলপ ভিনেগাৰ দি ভালকৈ লৰাই নমাই থ'ব।দুদিন পাছত ভাতৰ লগত খাব। বৰ সোৱাদলগা হয় এই আচাৰ। আপোনালোকে খাইছেনে এই ধৰণে ঔ-টেঙাৰ আচাৰ বনাই। খাবচোন বৰ ভাল লাগে।



অঙ্গন: পৃষ্ঠা ৩৮

অনুভৱঃ

হাতো নেমেলিবা ফুলো নিচিঙিবা

কনচেং বৰগোহাঁই

           পলিথিন বেগ এটা হাতত ওলোমাই পাৰ্কখনত ফুল চিঙি ফুৰা বৃদ্ধমানুহজনক পুৱাই এষাৰ শুনাই দিলো-“হেৰি ডাঙৰীয়া, আপুনি যে পুৱাই ফুল চিঙি ফুৰিছে, কেতিয়াবা এই পাৰ্কখনত এজোপা ফুল ৰুই পাইছেনে, নে কেতিয়াবা ফুলবোৰত পানী দি পাইছে” ? অচিনাকী মানুহ এজনৰ পৰা এনে এষাৰ শুনি মানুহজন ভেবা চেকা খাই গ’ল  ।  সেয়ে কোনো উত্তৰ নিদিয়াকৈ তেওঁ কোবাকোবিকৈ আঁতৰি গ’ল ।
২০১৫ চনত ৰাষ্ট্ৰসংঘই ভৱিষ্যত মানৱজাতিৰ কথা চিন্তা কৰি ১৭টা দিশ সামৰি লৈ Sustainable Development Goal চমুকৈ  SDG নামেৰে এক বৃহৎ পৰিকল্পনা তৈয়াৰ কৰিছিল তাৰেই পৰিপ্ৰেক্ষিতত সকলো দেশকে সমানে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে । ইতিমধ্যে প্ৰায় সকলো দেশেই আগবাঢ়ি আহিছে আৰু চৰকাৰী বা বে-চৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহেও বিভিন্ন পদক্ষেপ হাতত লোৱা দেখা গৈছে । ৰাষ্ট্ৰসংঘৰ এই পৰিকল্পনাৰ প্ৰধান তিনিটা দিশ হ’ল- পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে দৰিদ্ৰ নিৰ্মূল কৰা, জল সংৰক্ষণ ব্যৱস্থা কৰা আৰু  পৰিবেশক ৰক্ষণাবেক্ষণ দিয়া । আমাৰ ভাৰতত বহু আগৰেপৰা দৰিদ্ৰ নিৰ্মূলৰ বাবে অহৰহ কাম কৰি আহিছে । তেনেদৰে পৰিবেশ সংৰক্ষণৰ বাবেও বহু আঁচনি তৈয়াৰ কৰি উলিয়াইছে । তাৰে এক অংশ হ’ল আমি দেখা পোৱা ৰাজপথ, পাৰ্ক বা চৰকাৰী অফিচসমূহত যেনে- বাচ-ৰে'লৱে ষ্টেচন, আদি সকলোতে গছ, ফুল আদি ৰোৱা কাৰ্য । এডোখৰ ঠাইৰ সৌন্দৰ্য লগতে এক সেউজ পৰিবেশ গঢ়ি তুলিবলৈ বহু চেষ্টা কৰা হৈছে যদিও বিশেষ সফলতা লাভ কৰিব পৰা নাই কাৰণ এনেবোৰ কামৰ দায়িত্ব কেৱল চৰকাৰৰ বুলি আমাৰ দেশৰ মানুহে ধৰি লয় । চৰকাৰে ৰুই যোৱা গছ-ফুলবোৰৰ পৰাখিনি যদি আমিয়েই যত্ন নলওঁ বা ফুলি থকা ফুলপাহো যদি আমিয়েই চিঙো তেন্তে আমাৰ পৰিবেশ আমিয়েই বিনষ্ট কৰা নহ’ল জানো । ভাৰতত অজস্ৰ মানুহে পুৱা পূজা প্ৰাৰ্থনাৰ নিমিত্তে সদায় ফুল চিঙে ফলত তাৰে কিমান ফুল ফলৰ সৃষ্টি নকৰাকৈ নষ্ট হয় । পূজাৰ নামত ফুল চিঙা বা গাখীৰ নষ্ট কৰাটো বৰ দুখ:জনক কাৰ্য ।  ভাৰতত কিয় গোটেই পৃথিৱীতে এনে অগণন শিশু আছে যি এটুপি গাখীৰ খাবলৈ নোপোৱাকৈ মৃত্যুক সাবটি লবলগা হৈছে ।  অথচ পূজাৰ নামত মূৰ্তি বা গছৰ গুৰিত গাখীৰ ঢালি ঢল বোৱাই দিছোঁ । ই শিশুৰ প্ৰতি আমি জানি বুজি কৰা এক ডাঙৰ অন্যায়  । আনৰ জপনা মুখৰ মাধৱীলতা বা বাৰীৰ ঢাপৰ জবা ফুলজোপাৰ ফুলি থকা ফুল কেইপাহ মন্দিৰৰ পূজাত দিলেহে ভগৱানে আৰ্শীবাদ দিব বুলি আমি কিয় ধৰি লওঁ ? মূৰ্ত্তি বা বিগ্ৰহ গাখীৰে গা নোধোৱালে পবিত্ৰ নহ'ব কিয় ভাবি লওঁ ? এনে কথাবোৰ আমি পুনৰ চিন্তা চৰ্চ্চা কৰি চাব লাগে  । মন্দিৰত গৈ-মানুহৰ দৰে জীয়াই থাকিবলৈ, শক্তি পাবলৈ ভগৱানৰ ওচৰত শুদ্ধ অন্ত:কৰণেৰে, শুদ্ধ চিত্তে, একান্ত মনে প্ৰাৰ্থনা কৰাটোৱেই মূল কথা ।  মন্দিৰত তোলা তোলাকৈ সোণ দান দি তিৰুপতি বালাজীৰ পৰা/কেৰেলাৰ পদ্মনাভ স্বামীৰ পৰা আৰ্শীবাদ কিনিব খোজা মানুহৰ সংখ্যা কিমান সেইয়া আমি সময়ে সময়ে দেখি আহিছোঁ । তেনে ধনীলোকৰ আকৌ দুখীয়া দৰিদ্ৰক সহায় কৰিবলৈ এটকাও সৰি নপৰে । কিন্তু এইসকললোকেই টকা উপাৰ্জনৰ বাবে মন্দিৰত ভগৱানক ঘোচ দি প্ৰাৰ্থনা কৰে । অৱশ্যে সেইয়া তেওঁলোকৰ একান্তই ব্যক্তিগত কথা । তাত আমাৰ আপত্তি কৰিবলগা একো নাই । যাহওঁক, আমি পুনৰ ফুলৰ কথালৈ আহোঁ-
সমগ্ৰ পৃথিৱীত ফুলৰ এক বৃহৎ ব্যৱসায় আছে । আমেৰিকা, জাপান আৰু পশ্চিম ইউৰোপীয় দেশসমূহ হ’ল ফুলৰ সৰ্বোচ্চ উৎপাদন আৰু সৰ্বোচ্চ চাহিদাৰ দেশ । আনহাতে, প্ৰায় দুই শতিকাজুৰি নেদাৰলেণ্ডে অকলেই ফুলৰ আটাইতকৈ ডাঙৰ বজাৰখন ইউৰোপত ধৰি আছে । ধুনীয়া ফুল টিউলিপ এসময়ত মধ্য এচিয়াৰ বনৰীয়া ফুল আছিল । ১৬ শতিকাত অ’ট’মেনৰ যুগত টিউলিপ ফুল তুৰ্কীৰ চুলতানৰ বৰ মনত লাগিল । সেয়ে তেওঁ টিউলিপ ফুলৰ বাগিচা তৈয়াৰ কৰিবলৈ আদেশ দিলে । তাৰ পাচৰপৰাই টিউলিপ আটাইতকৈ জনপ্ৰিয় আৰু আদৰৰ ফুল হিচাবে পৰিগণিত হ’ল । তুৰ্কীৰ সংস্কৃতিত টিউলিপ ফুলক ভূ-স্বৰ্গ প্ৰতীক আৰু নেদাৰলেণ্ডত জীৱনৰ ঐশ্বৰিক ৰূপ হিচাবে গণ্য কৰা হয় । কেতিয়াৰ পৰা ফুল বজাৰৰ পণ্য সামগ্ৰী হ’ল সেইয়া সঠিককৈ ক'ব নোৱাৰি । আমাৰ দেশতো ফুলৰ এক ডাঙৰ বজাৰ আছে । কলিকতাত পুৱাৰ ভাগত লোকেল ট্ৰেইন বন্ধ হ’লে ডাঙৰ হাংগামা হৈ যায় । কিয়নো, ফুলৰ বেপাৰীসকল পুৱাই ট্ৰেইনেৰে কলিকতাৰ মেইন মাৰ্কেটৰ পৰা ফুল আনিবলৈ যায় । ফুলেই তেওঁলোকৰ প্ৰধান জীৱিকা । এইবোৰ কোটি টকাৰ আমদানি-ৰপ্তানিৰ ব্যৱসায় । 
মই সৰু হৈ থাকোতে আমাৰ গাঁৱত এঘৰ বামুণ মানুহ আছিল । সকলোৱে বামুণজনক দেউ বুলি মাতিছিল আৰু সন্মানো কৰিছিল । মৌজাদাৰে মৰম কৰি ৰাজহুৱা পুখুৰীটোৰ পাৰতে ভেঁটি মাটি এডোখৰ দি ঘৰ এটা সাজি দেউৰ পৰিয়ালটোক থাকিবলৈ দিছিল । পত্নীৰে সৈতে এটা ল’ৰা আৰু এজনী ছোৱালীয়ে সৰু ঘৰখন দেউৱে যজমানী কৰিয়েই চলাইছিল । সৰু ফুটীয়া, ক্ষীণ, ঢকঢকীয়া বগা মানুহজনক ‘পোৱালি বামুন’ নামটোৰে সৈতে একেবাৰে মিল খোৱা আছিল । কাণত আধা ফুলা ৰঙা জবা এপাহ প্ৰায়ে গুজি লোৱা দেখিছিলোঁ । কামে সকামে দেউ নহ’লেই নহয় । সেয়ে সকলোৱে চিনি পায় । দেউৰ ঘৰ কোনটো বুলিলে সৰু ল’ৰা এটায়ো দেখুৱাই দিব পাৰিছিল । আমাৰ স্কুলৰ সৰস্বতী পূজাত তেখেতকে প্ৰথমেই নিমন্ত্ৰণ দিয়া হয় । মোৰ এতিয়াও মনত পৰে, এই দেউৱে পুৱাই আমাৰ ওচৰৰ এঘৰৰ পৰা আধাপোৱা গাখীৰ নিবলৈ হাতত চিচাৰ বটল এটা লৈ আহে আৰু উভতি যাওঁতে মুছলমানকেইঘৰৰ ঢাপত থকা ৰঙা জবা কেইপাহমান বে্ঙা মেলি চিঙি লৈ ঘৰলৈ যায় । ফুল চিঙাৰ বাবে কোনেও একো নকৈছিল । মুছলমানকেইঘৰত চাহ খোৱাতো দূৰৈৰ কথা, জাত যোৱাৰ ভয়ত দেউ তেওঁলোকৰ ঘৰত নবহিছিল । অথচ তেওঁলোকৰ ঘৰৰ ফুলকেইপাহ হ’লে পূজাৰ উৎকৃষ্ট নৈবেদ্য আছিল । তেওঁলোক তাৰপৰা ক’ৰবালৈ উঠি যোৱাৰ পাচত মোৰ স্মৃতিৰ পৰাও দেউহঁতৰ ঘৰৰ ছবিখন অৰ্ন্তধ্যান হ’ল । সেইয়া বহু পুৰণি কথা ।
আজি পুৱা লগপোৱা বৃদ্ধজনেও পাৰ্কলৈ অহাৰ সুযোগতে নিবিঘ্নে পলিথিনটো জোকাৰি জোকাৰি ফুল চিঙিবলৈ আহিছিল । ৰাজহুৱা ঠাই, কওঁতা কোনো নাই । কথা হ’ল-“আপুনি ৰোৱা নাই যেতিয়া ফুল চিঙাৰো অধিকাৰ নাই” । মানুহজনেও জানে যে- তেওঁ চিঙা ফুলকেইপাহ সন্ধিয়ালৈ সজীৱ হৈ নাথাকে আৰু পিচদিনা পুৱা পেলনীয়া জাবৰ হৈ পৰিব । জানি শুনিও তেওঁ পূজাৰ বাবে ফুল চিঙিছে । সতেজ ফুল কেইপাহ পুৱাই ভগৱানৰ নামত আগবঢ়াই তেওঁ আনন্দ লভিছে । আনহাতে নিচিঙা হ’লে ফুলকেইপাহ কেইবাদিনলৈকে ঠাইডোখৰত এক সৌন্দৰ্য বিৰাজ কৰি থাকিলেহেঁতেন লগতে সুৰভি অকণমান । হয়তু, এদিন তাৰপৰা এক নতুন গছৰ অংকুৰণ হ’লহেঁতেন আৰু সময়ত বহুত ফুলৰ সমাহাৰে ঠাইডোখৰৰ সৌন্দৰ্য বৰ্ধন কৰিলেহেঁতেন । 
ফুল কি- ফুল হ’ল প্ৰকৃতিৰ আটাইতকৈ ধুনীয়া এক জীৱন্ত বিকশিত ৰূপ । মানুহৰ মনত প্ৰশান্তিৰ ভাৱ সৃষ্টি কৰিব পৰা এক শক্তিৰ আবেশ, মানুহৰ দেহত আনন্দৰ অনুভূতি সৃষ্টি কৰি দৃশ্যমান এক বিশেষ প্ৰাকৃতিক ছবি ।  ফুল, সৌন্দৰ্য আৰু আনন্দৰ প্ৰতীক । সেয়ে ফুলৰ ইমান আদৰ, সকলো শুভ কামতে ইয়াৰ গুৰুত্ব অপৰিসীম । এইখিনিতে এটি সাধুৰ কথা মনত পৰিছে । এসময়ত জাপানত এগৰাকী বৰ ধাৰ্মিক ৰাজকুমাৰী আছিল । তেওঁ পুৱা সদায় বুদ্ধ মন্দিৰলৈ যায় । এদিন তেওঁ মন্দিৰলৈ যোৱাৰ বাটত এজোপা ডাল ভৰি ফুলি থকা চেৰীফুলৰ গছ দেখা পালে ।  ফুলবোৰ দেখিয়েই পূজাৰ বাবে কেইপাহমান চিঙিবলৈ উদ্যত হ’ল । ফুলবোৰ ইমানেই ধুনীয়া আছিল যে তেওঁ ফুলৰ মোহত পৰিল । ফুলবোৰে তেওঁৰ মনত এনে আনন্দৰ ঢৌ সৃষ্টি কৰিলে যে ফুলবোৰৰ প্ৰতি তেওঁৰ মনত এক ভালপোৱাৰ ভাৱ জাগি উঠিল । ফলত, ধুনীয়া ফুলবোৰ চিঙিবলৈ তেওঁৰ স’ত নগ’ল ।  তেওঁ ভাবিলে তেনেকৈ কেইপাহনো ফুল চিঙি বুদ্ধৰ চৰণত দিব পাৰিব । ফুল চিঙাৰ কথা বাদ দি তেওঁ গছজোপাৰ সকলো ফুলকে নিচিঙাকৈ বুদ্ধৰ চৰণত অৰ্পণ কৰি চেৰীফুলৰ গছৰ তলতে আঠুকাঢ়ি প্ৰাৰ্থনা কৰাৰ কথা ভাৱিলে … ।

ঠিকনাঃ
গুজৰাট

অঙ্গন:  পৃষ্ঠাঃ ৩৯
গল্পঃ

 থেছিয়াছৰ জাহাজ

গাৰ্গী ভট্টাচাৰ্য্য

 গ্ৰীক পৌৰাণিক আখ্যান মতে, এ‌থেন্সৰ প্ৰতিষ্ঠাপক ৰজা থেছিয়াছে ডেকা সকলক উদ্ধাৰ কৰি ক্ৰেটদ্বীপৰ পৰা  ত্ৰিশ‌বঠা যুক্ত এখন জাহাজত উভতি আহিছিল। সেইখন তেওঁৰ সেই সফল অভিযানৰ স্মৃতি হিচাপে বহু শতিকাজুৰি বন্দৰতে সংৰক্ষন কৰি ৰখা হৈছিল। জাহাজ খনৰ তক্তাবোৰ লাহে লাহে বেয়া হ'বলৈ ধৰাত, এখন এখনকৈ সেইবোৰ বদলি কৰি তাৰ ঠাইত নতুন তক্তা লগোৱা হ'ল। এনেকৈ যেতিয়া আটাইবোৰ তক্তা বদলি কৰা হ'ল, তেতিয়া এটা প্ৰশ্ন উঠিল। এইখন সেইখনেই জাহাজ হৈ থাকিল নে, যিখনত থেছিয়াছে জয়ী হৈ উভটি আহিছিল ? নে এইখন সম্পূৰ্ণ এখন নতুন জাহাজ হৈ পৰিল ?

আবেলিৰ চাহ কাপ হাতত লৈ বাৰাণ্ডাত বহিবলৈ লৈ ৰীতা বৰুৱাৰ, স্বামী অৰুণে বহুত দিনৰ আগতে শুনোৱা এই আখ্যানটোলৈ মনত পৰিল। সীমা বুলি ছোৱালী জনীয়ে তেওঁৰ পৰা অলপ আঁতৰত, ভিতৰৰ পৰা আন এখন চকী আনি চাহ খাব লৈছে। এতিয়াৰ পৰা হয়তো এই ছোৱালী জনীয়ে তেওঁৰ এই নিতান্তই প্ৰিয় আবেলি সময়কণৰ লগৰী হ'বগৈ...
আচলতে আবেলিৰ চাহকাপ, বিস্কুট, পিঠা ভুজিয়া এইবোৰৰে ভালদৰে যতনাই লৈ বাৰাণ্ডাত বহি খোৱাটো ৰীতাৰ বহু দিনীয়া অভ্যাস। পিছে  আজি তেওঁ প্ৰায় এমাহ মানৰ বিৰতিতহে এইদৰে চাহকাপ লৈ আহি বাৰাণ্ডাত বহিছেহি। ৰীতাৰ স্বামী অৰুণ বৰুৱাৰ যোৱা মাহত, হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। সেইদিন আৰু আজিৰ মাজত বহুত কিবা কিবিয়েই হৈ গ'ল। হুৱা-দুৱা, কন্দা-কটা, পুত্ৰ -বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীৰ আগমণ, ওচৰ-চুবুৰীয়া, মিতিৰ-কুটুমৰ অহা-যোৱা, সকাম-নিকাম, এই সকলোবোৰ খুব কোবাকোবিকৈ যেন হৈ গ'ল। ঠিক যেন এজাক ধুমুহা!‌
এতিয়া ধুমুহা সাম কাটিল। সকলো ঘৰা-ঘৰি গ'ল। পুতেক-জীয়েকে জোৰ কৰি এন্ জি অ' এটাৰ পৰা সীমা বুলি ছোৱালী জনী ঠিক কৰি দিছে। বিশ-একৈশ মান বয়স হ'ব।
             ৰীতা বৰুৱা বহি থকা চকীখনৰ সন্মুখত ধুনীয়া ফুলকটা সৰু টেবুলখন আৰু আনটো ফালে ঠিক একে ইখন চকী। সীমাই সমীহ কৰিয়েই সেইখনত নবহি অলপ আঁতৰত আন এখন চকী আনি বহিছিল। ৰীতাই কিছু সকাহেই পালে। এই চাহখোৱা সময় কণত, সেই চকীখনত আন কাকো তেওঁ বহিব দিব নোৱাৰে। আৰু তেওঁৰ বিশেষ কথা-বতৰা পতাৰো ইচ্ছা নাছিল। এমাহৰ আগলৈকে সেই চকীখনত বহি, বিভিন্ন কথাৰ মহলা মাৰি তেওঁৰ লগত চাহ খোৱা মানুহজনৰ স্মৃতি একান্তভাৱে ৰোমন্থন কৰাৰ ইচ্ছা হৈছিল। 
এই সময়তেই তেওঁৰ মনলৈ আহিছিল, কিদৰে আচলতে সময়ে সময়ে এই চাহ খোৱাৰ সময়ৰ সংগীসকল  সলনি হৈয় আছে। নিশ্চয়কৈ অৰুণ তেওঁৰ আটাইতকৈ দীঘলীয়া সময়ৰ লগৰী। অকল চাহ খোৱা সময়ৰে নহয়, জীৱনটোৰো। কিন্তু তাৰ আগতেওতো কিছুমান মানুহ তেওঁৰ জীৱনৰ অবিচ্ছেদ্য অংগ আছিল। 
                 ঘৰত থাকোঁতে মাক-দেউতাক আৰু ভায়েকৰ লগত, সেই আটোম-টোকাৰিকৈ ৰখা সৰু ঘৰটোৰ বাৰাণ্ডাত চকী বা মূঢ়াত বহি, আবেলিৰ চাহ কাপ খাইছিল। মাকে চাহৰ লগত খাবলৈ বিধে-বিধে লাড়ু, পিঠা, খুৰ্মা আদি যোগাৰ কৰি ৰাখিছিল। লাহে লাহে মাক আৰু তায়েই অকলে খোৱা হ'ল। তাৰ পিছত ইউনিভাৰ্ছিটিলৈ পঢ়িবলৈ গৈ হোষ্টেলত থকা দিনবোৰ। আবেলি চাহ কাপ আৰু বিস্কুটৰ টেমা লৈ, চাদলৈ গৈ সংসাৰৰ বিভিন্ন কথা পাতি পাতি চাহকাপ খোৱাৰ আমেজেই বেলেগ আছিল। সবিতা আৰু চিত্ৰা বাইদেউ তাইৰ এই চাহমেলৰ দৈনন্দিন সংগী আছিল। চিত্ৰা বাইদেউ পাছ কৰি ওলাই গ'ল, সেই ঠাই বৰ্ণালীয়ে ল'লে।
কেতিয়াবা নিজৰ বেঞ্চৰ আটাইকেইজনী গৈ কেন্টিনত চাহ খাইছিল। সেই বছৰকেইটা তাই সেই ইউনিভাৰ্ছিটিৰ পৃথিৱীখন এৰাই যে এদিন সম্পূৰ্ণ বেলেগ পৃথিৱীলৈ যাবগৈ, সেই কথা কল্পনাও কৰিব পৰা নাছিল। সেই লগৰীয়া কেইজনী, সেই হোষ্টেলৰ ক'ৰিদৰ, সেই কেন্টিন সেইবোৰৰ লগত তাই একাকাৰ হৈ গৈছিল। কিন্তু আজি ক'ত আছে সেই সকলোবোৰ ? সীমা কেতিয়া উঠি গ'ল, ৰীতাই গমেই নাপালে। ৰসায়ন বিভাগৰ নয়ন চলিহায়ো লগ ধৰিছিল তাইক, একেলগে চাহ খাবলৈ। পিছে দুই এদিনতকৈ বেছি নহ'ল তেওঁৰ লগত চাহখোৱা।
বিয়াৰ পিছত নতুন ঘৰখনলৈ আহি শাহু-শহুৰ, ননদ, দেৱৰ সকলোৰে লগত একেলগে বহি আবেলি চাহ খাইছিল। ননদজনীৰ বিয়া হৈ গ'ল। তাৰ ঠাইত ভাই-বোৱাৰী আহিল। সময়ে সময়ে মানুহবোৰ যোগ আৰু বিয়োগ হৈ থাকিল। 
ঠিক যেন থেছিয়াছৰ জাহাজখনৰ দৰেই জীৱনটো আৰু মানুহবোৰ কাঠৰ টুকুৰা বোৰ!  আজি কোনোবা নহ'লেই নহয়। কাইলে তাৰ ঠাইত আন কোনোবা! 
ঘৰ সাজি নতুন ঠাইত থাকিবলৈ লোৱাৰ পিছত অৰুণ, ল'ৰা-ছোৱালী দুটা আৰু তাই...এয়াই যেন নিজতে সম্পূৰ্ণ এখন পৃথিৱী। যেন সময়ৰ আওতাৰ বাহিৰৰ স্থৱিৰ এখন পৃথিৱী। ওঠৰ-বিশ বছৰ কম সময়তো নহয়। ওঠৰ-বিশ বছৰ বেছি সময়ো নহয়!
ল'ৰা-ছোৱালী পঢ়া শুনাৰ বাবে ওলাই গ'ল। প্ৰথমে তেওঁ বৰ অকলশৰীয়া অনুভৱ কৰিছিল। কিন্তু অৰুণে অৱসৰ লোৱাৰ পৰা আকৌ নতুনকৈ যেন দুয়োৰে বন্ধুত্ব আৰম্ভ হ'ল! আবেলি দুয়ো বাৰাণ্ডাতে বহি চাহ খোৱাৰ লগতে নানা বিষয়ৰ কথা আলোচনা কৰে। কেতিয়াবা পুৰণি স্মৃতি ৰোমন্থন কৰে, কেতিয়াবা ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ আঁচনি কৰে। কেতিয়াবা কোনো খন কিতাপৰ কথা পাতে, কেতিয়াবা কোনোবাখন চিনেমাৰ আলোচনা....
অৰুণ নোহোৱাকৈ বাকী দিনকেইটা কেনেকৈ পাৰ কৰিব, তাইৰ ভাবিবলৈও মন নাই। এদিন অৰুণে কোনোবা আলহীৰ আগত, তাইৰ লগত আবেলি বহা এই সময়কণ তেওঁৰ অতিকৈ প্ৰিয় বুলি ক‌ওঁতে, তাইৰ মনটো আনন্দত উথলি উঠিছিল। বাহ! তাইৰ ভাল লগাখিনি অৰুণৰো ভাললগা হৈ পৰিছিল! 
এতিয়া আৰু ভাল লাগিব নে এই সময়খিনি ? সীমাৰ লগতনো কি কথা ওলাব পাতিবলৈ! মনতো হাহাকাৰ কৰি উঠিল তেওঁৰ। আবেলিটোক আঁতৰ কৰি কেতিয়া গধূলিটোৱে থিতাপি ল'লেহি তেওঁ গমেই নাপালে। চাহ খিনি আধাখোৱাতে ৰ'ল। কিবা এক বিমৰ্ষতাত তেওঁৰ অৱস হৈ যোৱা যেন লাগিল। তথাপি যেনেতেনে কাপ-প্লেটযোৰ উঠাই ভিতৰলৈ সোমাই গ'ল।
পাকঘৰৰ পৰা ওলাই আহোঁতে কাষৰ কোঠাটোত
 সীমাই মোবাইলত কিবা ভিডিঅ' এটা চাই থকা দেখিলে। কি ভিডিঅ'নো চাইছে অলপ চকু দিওঁ বুলি আগবাঢ়ি যাওঁতে দেখিলে সেইটো কুৰ্চাৰ কাম শিকোৱা ভিডিঅ'। 
"তুমি কুৰ্চাৰ কাম ক'ৰা নে কি ?" 
ৰীতাৰ মাতত সীমা সামান্য উচপ খাই  উঠিল। 
"নাই বৰমা, শিকিবলৈ বৰ মন‌ আছে। কিন্তু নাজানো। সেইকাৰণে এইটো চাই আছিলো।" অলপ লাজ লাজকৈ কৈ‌ তাই মোবাইলটো বিছনাত থৈ দিলে।  "আঞ্জা কি বনাব লাগিব বাইদেউ ?"
"বনাম আৰু কিবা দুয়ো মিলি। মই আকৌ আগতে খুব   কুৰ্চাৰ কাম কৰিছিলোঁ। আলমাৰীতে থৈ দিয়া আছে। চাবা আহাঁ। " কথা খিনি কৈ কৈ ৰীতা উৎসাহেৰে নিজৰ কোঠাটোলৈ সোমাই গ'ল।
"ইয়ে হয় নেকি ? ভালেই হ'ল। আপুনি মোক অলপ শিকাই দিব দেই" বুলি সীমায়ো কোঠাটোলৈ সোমাই গ'ল।
আগন্তুক দিনবোৰত ঘৰৰ আগেদি অহা-যোৱা কৰা মানুহবোৰে প্ৰায়ে ৰীতা বৰুৱা আৰু সীমাক আবেলি বাৰাণ্ডাত  চাহ খাই খাই কুৰ্চাৰ কাম কৰি থকা আৰু কথা পাতি থকা দেখিবলৈ পালে।

ঠিকনাঃ
নতুন দিল্লী


অঙ্গন:  পৃষ্ঠাঃ ৪০
  
সংকল্প

ৰেখা বৰকটকী

মাক- দেউতাকক এৰি এখোজো বাহিৰলৈ ওলাই নোযোৱা পুতলী আজি প্ৰৱেশিকা পৰীক্ষাৰ ডেওনাখন পাৰ হ'ল! প্ৰায় সাত -আঠ বছৰ মানৰ পাছত আজি  সদানন্দ দত্তৰ  ঘৰত আনন্দ মুখৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে। পুৱাতেই বিছনাখন এৰিয়েই পুতলীৰ মাক অমলাই সৰু জী পুতুৰ পৰীক্ষাৰ ফলাফল ওলাব বুলি সন্ত্ৰস্ত হৈ পৰিল! বৰ পুত্ৰ ৰমেনক আগলি কলপাত এটা কাটি আনিবলৈ কোৱাত ৰমেনে ক'লেঃ "মা, এতিয়া গোঁসাই ঘৰত আগলি পাতত তামোল -পাণ সজাই চাকি- বন্তি জ্বলালে জানো হোৱাটো নোহোৱা হ'ব ? তাই যি লিখি থৈ আহিছে সেইয়া হে হ'ব আৰু !"
অমলাই তপৰাই মাত লগালেঃ
"বায়েৰ দুজনী একেবাৰে কম বয়সতে লোকৰ ঘৰলে' ওলাই গ'লেই। এতিয়া একমাত্ৰ পুতুহে আছেগৈ । কেনেবাকৈ কলেজৰ মুখখন দেখেগৈ বা, দেউতাকৰ বৰ ইচ্ছা আছিল যদি পুতলীয়ে বি. এ টোকে পাছ,  কৰিব পাৰে তেন্তে গাঁৱৰ সিটো মূৰে থকা  প্ৰাথমিক বিদ্যালয়খনতে কমিটিৰ মানুহ কেইজনক কৈ মেলি সুমুৱাই দিয়াৰ বাবে চেষ্টা কৰিব ! মানুহ দুজন মানৰ লগত দেউতাকৰ ভাল আছিল প্ৰাইভেট যেতিয়া ইমান চিন্তাৰ কাৰণো নাই।"
              সদানন্দও বৰ অৱস্থাপন্ন মানুহ নাছিল ! তেওঁ পঢ়া শুনাৰ নামত কেৱল নিজৰ নামটোহে লিখিব পাৰে। কিন্তু সন্তান কেইটাক উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত কৰাৰ কথা সদানন্দই কোনোদিনে ভবাই নাই। সীমিত উপাৰ্জনেৰে বৰ পুত্ৰ  ৰমেনক মেট্ৰিক পাছ কৰাৰ পাছতে  আই. টি.আইৰ প্ৰতিষ্ঠান এটাত নাম লগাই দিলে। দ্বিতীয়টো ল'ৰা তিনিচুকীয়াৰে তাপস বলচম ট্ৰেডিং কম্পেনীটোৰ মেনেজাৰ ৰূপে নিযুক্তি পোৱাৰ মূলতে হ'ল দেউতাক সদানন্দৰ সৎ আৰু উদাৰ চৰিত্ৰৰ প্ৰভাৱ। বৰপুত্ৰ ৰমেনৰ মেধা শক্তিটো আন কেইটা সন্তানতকৈ কিছু বেলেগ। সৰু কন্যা পুতলী  পঢ়াশুনাতো ভাল আৰু বেছ চকুত লগা ছোৱালী।

      আজিৰ দিনটো পুতুৰ বাবে গুৰুত্বপূৰ্ণ দিন । কিয়নো প্ৰৱেশিকা পৰীক্ষাৰ ফলাফলে তাইক এজনী ডাঙৰ ছোৱালীৰ মৰ্য্যদা দিব...! এনেতে নীৰৱতা ভঙ্গ কৰি প্ৰতিবেশী তিৰোতা মাকণীয়ে আহি মাত দিলেহি---
" পুতু ,আজি হেনো মেট্ৰিকৰ ৰিজাল্ট দিব ভাল হ'ব দে ভাল এটা শুনিলে আমিও ভালেই পাওঁ" এনেদৰে কৈ মাকণী পিছফালৰ বাৰীৰ ফালে গ'লগৈ। কথাষাৰ শুনি পুতুৱে বেঁকাকৈ চালে কিন্তু একো মাত নিদিলে ! পুতুৱে অলপ চিন্তান্বিত সুৰেৰে মাকক সুধিলেঃ "কলেজত নাম লগোৱা আৰু কিতাপ- পত্ৰ আদিত যিটো খৰছ হয় সেইখিনি সৰু ভিনদেউকে কৈ চাম নেকি মা ?"  অমলাই মাত দিলে "ৰ' চোন ,বায়েৰৰো অসুখ ! জোঁৱাইয়ে পূৱালীৰ লগত খৰছ কৰোতে জলাকলা দেখিছে। বৰজোঁৱাইৰো  অৱস্থা তথৈবছ । খেতিৰ ভাত কেইটাৰ ওপৰতে তাৰ সাহসটো। মোৰে সাঁচতীয়া টকা কেইটামান আছে তাকে কিমান আছে চাব লাগিব" মাকৰ মুখৰ বাক্য কেইষাৰে পুতলীৰ বুকুত যেন একুৰা জুই হে জলালে! তাই চিন্তা কৰিলে মাকৰ সাঁচতীয়া টকা কেইটা খৰছ কৰাতকৈ সৰু ভিনিয়েকক কৈ চোৱা হ'লেই ভাল আছিল নেকি! সদানন্দৰ দ্বিতীয় জিয়াৰী পূৱালীক বিয়া দিছে প্ৰণয় দুৱৰালৈ। প্ৰণয় মধ্যবিত্তৰ ঘৰৰ সন্তান যদিও আৰ্থিক অৱস্থা টনকিয়াল! পেছাত শিৱসাগৰ টাউন  হাইস্কুল এখনৰে সহকাৰী শিক্ষক। লগতে অলপ সাহিত্যৰ চৰ্চাও কৰে আভিজাত্যৰ যথেষ্ট প্ৰভাৱ আছে প্ৰণয়ৰ ওপৰত। মৰমৰ পত্নী পূৱালীৰ অসুখ হৈ থকাৰ বাবে যৎপৰোনাস্তি যত্ন আৰু আলপৈচান ধৰাৰ বাবে কাম -বন কৰিবলৈ দুজনকৈ বাহিৰা মানুহ ঘৰখনত আছে।পূৱালীয়ে ঘৰুৱা কামত কষ্ট নাপাওক বুলি  প্ৰণয়ে ৱাচিং মেচিন, ভেকুৱাম ক্লীনাৰ আদিও গোটাই দিছে। আবেলি আহি  চাহাৰা নামৰ বাই এগৰাকীয়ে ঘৰ সৰা, বাচন ধোৱা আদি কাম কিছুমান কৰি দি থৈ যায়।পূৱালী যথেষ্ট সুখী। কিন্তু বিয়াৰ প্ৰায় এবছৰ মান পাছৰেপৰা বাঁওফালৰ বুকুত ৰিণি ৰিণি কৈ ভূগি থকা সেই বিষটোৱেহে মাজে মাজে তাইক চিন্তাত পেলায়। তাই দুঃচিন্তাত ভূগে, যদি এই অসুখটো দূৰাৰোগ্য হয় তাইৰ অবিহনে দুজনী যমজ কন্যা পাহি আৰু পাখিৰ  কি গতি হ'ব ? আজিকালি এনে ধৰণৰ  চিন্তা কিছুমানে তাইক ব্যতিব্যস্ত  কৰি তোলে !পূৱালীয়ে প্ৰণয়ৰ আগত এইবোৰ কথা প্ৰকাশ কৰিব নোখোজে । হয়তো প্ৰণয়ৰ বুকুৰ গভীৰ মৰমত আপ্লুত হৈ চৰম যন্ত্ৰনাকো সহি  থাকিয়েই যেন তাই শান্তি পায়। প্ৰণয়ক এইবোৰ কথা কৈ দুখী কৰিবলৈ তাই একেবাৰে নিবিচাৰে । সেয়ে চাগে বিষ অনুভৱ হ'লেও মনে মনে লুকুৱাই ৰাখে।
     প্ৰণয়ো বৰ ভয়াতুৰ স্বভাৱৰ । মুহূৰ্তৰ উত্তেজনাতে বহু নক'বলগীয়া কথা কৈ পেলায়। কোনো কোনো সময়ত পূৱালীৰ বাবে প্ৰণয়ৰ মুখৰ কথাবোৰ অসহ্যকৰ হৈ পৰে। কিন্তু সময় যে সদায় একেদৰে নাথাকে সময়ৰ পাকচক্ৰই মানুহৰ জীৱনলৈ সদায় নতুন অভিজ্ঞতা লৈ আহে।

    পুতুৱে দ্বিতীয় বিভাগত উৰ্ত্তীন হোৱা খবৰটোৱে পূৱালীৰ হৃদয়তো এক পকনীয়াৰ সৃষ্টি কৰিলে। পখিলাৰ পিছে পিছে দৌৰি ফুৰা পুতুজনী আজি কলেজীয়া ছোৱালী হ'লত পূৱালীৰ যেন তাইলৈ মৰম লাগি গ'ল! তাই ভাবিলে প্ৰণয়কে কৈ পুতুৰ "এডমিশ্যন"টো শিৱসাগৰতে লোৱাই দিব লাগিব। তিনিচুকীয়াৰ গাঁৱৰ ঘৰখনত থাকি তাইৰ পঢ়িবলৈ অসুবিধা হ'ব । ইফালে ৰিজাল্ট পোৱাৰেপৰা পুতু জনী একপ্ৰকাৰ ভাবুক হৈ পৰিল। পুতুৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰত যেন কিবা  সংগতি হেৰাই যোৱাৰ উপক্ৰম হৈছে। তাইৰ ভাৱ গধূৰতাত য'তি পেলাই মাক অমলাই মাত লগালে, "মা অ' পুতু তই  আজি আবেলিৰ বাছতে এপাক মাজু আই পূৱালীৰ ঘৰৰপৰা আহগৈ যা "পুতুৱে কিছু আৱেগ মিশ্ৰিত স্বৰেৰে মাকক ক'লে, "মা,  মই এতিয়া নাযাওঁ বুলি ভাবিছো, ভিনদেৱে  মোৰ ৰিজাল্টটো পোৱাৰ পাছত এবাৰ আমাৰ ইয়ালৈ অহাৰ কথা ভাবিছে চাগে। যথাসময়ত পূৱালীৰ এম.আৰ.আই.কৰা হৈ গ'ল ডাক্তৰে তাইক অলপ ৰেষ্টত থাকিবলৈ কোৱৰ লগতে খোৱা- বোৱাৰো বাধা- নিষেধৰ কথা টোৱে প্ৰণয়ক কিছু চিন্তিত কৰি তুলিলে...!
     অমলাই ভাবিলে সৰু জোঁৱাই এবাৰ আহিব লাগে অমলাৰ ভাৱনাৰ মাজত এখন বৈচিত্ৰময় পৃথিৱীয়ে দোলা দি গ'ল ! এই জগতত কাৰোবাৰ কাৰণে অভাৱ- অনাটনে ফেপেৰি পাতি ধৰি একেবাৰে বিভীষিকা নমাই আনে !অমলাই ভাবিলে আমিটো দেউতাৰ সাতজনী ছোৱালী একেলগেই ডাঙৰ -দীঘল হৈছিলোঁ  । দেউতাৰ কেৰাণীৰ চাকৰীটোৰ উপাৰ্জিত ধনেৰে  আমি সুন্দৰকৈ চলিব পাৰিছিলো । ইজনীৰ কাপোৰ সৰু হ'লে আনজনীয়ে পিন্ধিছিলোঁ! আটাইকেইজনী গোট খাই আম জোপাৰ তলত দলং সাজি  দিয়া পুখুৰীটোত গা ধোৱা সেই উখল -মাখল সময়বোৰ কিযে ভাল লগা   আছিল। দেউতাই আলিমূৰত পাতি থোৱা চেঁপাটো তুলি আনিবলৈ আমাৰ বাই -ভনী বোৰৰ মাজত হোৱা তৰ্কা তৰ্কিবোৰ শুনি দেউতাই মিহিকৈ কৈছিল, "তহঁত এজনীও  যাব নেলাগে ,ময়ে  আনি দিম দে আজি কাৱৈ মাছ কেইটা নৰসিংহৰে খাম কিন্তু" ! সঁচাকৈ কেনি যে পাৰ হৈ গ'ল সেইবোৰ সোণসেৰীয়া দিন...!
      পদূলিত গাড়ী এখন ৰোৱা যেন পাই অমলাই ক'লে, "পুতু বায়েৰহঁত আহিছে।" গাড়ীৰপৰা নামিয়েই পাহি আৰু পাখিৰ আনন্দৰ সীমা নোহোৱা হ'ল। মাহীয়েকে মেট্ৰিক পাছ কৰা বুলি সিহঁতে গম পাইছে আৰু ঘুনুক- ঘানাককৈ শুনিছে মাহীজনীয়ে হেনো সিহঁতৰ ঘৰত থাকিয়েই কলেজত পঢ়িব! পাহিয়ে মিঠাইৰ টোপোলাটো "আইতাক নিদিওঁ আইতা বেয়া" বুলি চিঞৰি চিঞৰি  ৰূমটোৰ  ভিতৰতে  দৌৰিবলৈ ধৰিলে ! পূৱালীয়ে লাজুক হাঁহিটিৰে প্ৰণয়লৈ চালে প্ৰণয়ে শাসন মিহলি সুৰেৰে পাহিক ক'লে, "নাপায় নহয় মাজনী, আইতাৰ হাতত মিঠাই  খিনি দিয়া আইতাই চাহ বনাব"। পুতুৱে লৰালৰিকৈ বাহিৰলৈ ওলাই আহি বায়েকৰ চিন্তা ক্লিষ্ট মুখখন দেখি সুধিলে, "বা, তই গা ভাল পোৱাই নাই নেকি ? পূৱালীয়ে অন্যমনস্কভাৱে উত্তৰ দিলে, "ভাল পাইছো যদিও অলপ ৰেষ্টত আছোঁ। অ' পুতু আমি কি ভাবিছো জান ? তই আমাৰ ঘৰতে থাকি কলেজত  পঢ়িবি"। মাককো ক'লে পুতুৱে আমাৰ লগত থাকিয়ে পঢ়িব মা, তোমালোকে চিন্তা নকৰিবা"। অমলা আৰু সদানন্দ দুয়ো পূৱালীৰ সিদ্ধান্তত মান্তি হ'ল।

     দিন বাগৰিল। নিৰ্দিষ্ট সময়ত পুতুৰ কলেজত নাম ভৰ্তি হ'ল ।পূৰ্ণিমাৰ জোনে দিক -বিদিক পোহৰাই তোলাৰ দৰে পুতুৰ উপস্থিতিয়ে পূৱালীৰ ঘৰখন উদ্ভাসিত কৰি তুলিলে। পূৱালীৰ ঘৰৰপৰাই তাই কলেজৰ ক্লাছবোৰ কৰিবলৈ আৰম্ভ কৰিলে  ।যথেষ্ট হাঁহি- উল্লাসৰ মাজেৰে দিনবোৰ অতিবাহিত হ'ল। দিন বাগৰি যোৱাৰ লগে লগে পূৱালীৰ বুকুৰ বিষটোও বাঢ়ি আহিবলৈ ধৰিলে! ডাক্তৰৰ পৰামৰ্শমতে পূৱালীৰ বুকুৰ আলট্ৰা চাউণ্ডও কৰা হ'ল !অৱশেষত ডাক্তৰে প্ৰণয়ক অতি দুখেৰে জনালে  যে  পূৱালী আৰু বেছি দিনৰ আলহী নহয় ! হঠাতে প্ৰণয়ৰ জীৱনলৈ অমাৱস্যাৰ অন্ধকাৰ নামি আহিল।পূৱালীৰ প্ৰতি প্ৰণয়ে অন্তৰত এটা মৰমৰ মেটমৰা বোজা সামৰি ফুৰিছিল... জীৱনৰ মাজমজিয়াতে প্ৰণয়ক এনেদৰে অকলশৰীয়া কৰি পূৱালী আঁতৰি যাবগৈ বুলি  প্ৰণয়ে এবাৰো ভৱা নাছিল। এমা  -ডেমা পাহি আৰু পাখিৰ জীৱনত এটা অভাৱনীয় য'তি আহি পৰিল ! প্ৰণয়ে বেৰত ওলমি থকা পেণ্ডুলাম ঘড়ী টোলৈ চাই থাকোতেই  হঠাতে  লক্ষ্য কৰিলে পূৱালীয়ে লাহে লাহে বিছনাৰ পৰা নামি নিজৰ সোঁ হাতখনেৰে বুকুত হেঁচা মাৰি ধৰি এখুজি দুখুজিকৈ প্ৰণয়ৰ ফালেই আগবাঢ়ি আহিছে ,ভৰি দুখনে যেন  ভাৰসাম্য হেৰুওৱাৰ উপক্ৰম হৈছে। প্ৰণয়ে তাইৰ কোমল শৰীৰটো দুইহাতে আলফুলে ধৰি বিছনাত বহুৱাই দি নিজেও কাষতে বহি পৰিল! এবুকু আৱেগেৰে প্ৰণয়ৰ বহল চকু দুটালৈ পূৱালীয়ে চাই ৰ'ল এই চাৱনিৰ যেন কাহানিও অন্ত নাই। দিগন্ত প্ৰসাৰী সুৰুযৰ বহল দৃষ্টিৰ দৰেই বহুব্যাপী এই চাৱনি। পূৱালীৰ দুগালেৰে  সন্তৰ্পণে  নিগৰি আহিল দুধাৰি তপত অশ্ৰু! পুতুৱে পাকঘৰৰ পৰা চিঞৰিলে "বা, তই যে খাই বৰ ভাল পাইছিলি কলডিলত বেচন লেটিয়াই লৈ ৰন্ধা আঞ্জাখন মই ৰান্ধিম দেই আজি তই খাবি নহয় ? পূৱালীয়ে  দীঘলকৈ হুমুনিয়া এটাৰে পাকঘৰলৈ চাই অলপ জোৰেৰে ক'লেঃ "অঁ পুতু ৰান্ধিব পাৰ সেইখন আঞ্জা ভিনিয়েৰাইও বৰ  তৃপ্তিৰে খায়" পূৱালীৰ কণ্ঠস্বৰ পুতুৱে বৰ সহজভাৱে ল'ব  নোৱাৰি বাহিৰলৈ উধাতু খাই ওলাই আহিল। বায়েকৰ হাঁহি -উল্লাস বোৰ লাহে  যেন নোহোৱা হৈ আহিছে ,ওপৰত থকা নেদেখাজনক তাইৰ প্ৰশ্ন কৰিবৰ মন গ'ল "মোৰ বাক জীয়াই ৰাখিলে তোমাৰ বাৰু কি ক্ষতি হয় ? তেনেতে প্ৰণয় আহি সদায় বহা বাৰাণ্ডাৰ আৰামী চকীখনত গাটো এৰি দি পূৱালীলৈ চালে। অস্ফূট কণ্ঠৰে তাই যেন প্ৰণয়ক কিবা সুধিব খুজিছে "মোৰ অবিহনে পাহি আৰু পাখিক চম্ভালি ল'বলৈ তুমি পুতুক  দিবানে"? তাইৰ দুগালেৰে বৈ অহা অশ্ৰুমণিয়ে যেন সেই প্ৰশ্নতেই অৱগাহন কৰিলে ! 

       চাওঁতে চাওঁতে পুতুৰ হায়াৰ চেকেণ্ডেৰীৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ  দিন কাষ চাপিল। তাই পাহি আৰু পাখিক স্কুললৈ পঠিয়াই দি বায়েককো অঁটাই খুৱাই- বোৱাই থৈ ভিনিয়েকৰ লগতে কলেজলৈ ওলাই যায় ।সহপাঠী বান্ধৱী নিভা ,তুলিকা হঁতে প্ৰায়েই কয়, পুতুৰ বায়েকজনীৰ গাটো যে বেয়া, পুতুজনীলৈ বেয়াই লাগে। ক্লাছত বহি থকা সময়ত শিক্ষকে দিয়া "লেকচাৰ"বোৰ তাইৰ একাণে সোমাই একাণে ওলাই যায়। আগগুৰি নোহোৱা এশ-এবুৰি প্ৰশ্নৰ মেৰপাকত তাই যেন দিক- বিদিক হেৰুৱাই পেলাইছে।
   অৱশেষত সেই কৰুণ সময়ৰ ঘড়ীটোৰ কাটা দুডাল কঁপি উঠিল। জাননী দিলেযে পূৱালীৰ দেহ নিথৰ আৰু হাত-ভৰিকেইটা  শীতল হৈ পৰিছে ! তৰাযেন দুটি চকুৱে দুৱাৰমুখলৈ অপলকনেত্ৰে চাই অপেক্ষাৰত... বিছনাত  স্পন্দনহীন  পূৱালীৰ  স্বৰ্ণময়ী শৰীৰ! এই অপেক্ষাৰ যেন অন্ত নাই। পুতু হঠাতে কলেজৰপৰা আহি  দুৱাৰমুখত ভৰি  দিয়েই নিৰ্বাকভাৱে  মাথো  চাই ৰ'ল  পূৱালীৰ মৰমলগা মুখখনলৈ  ! চিৰনিদ্ৰাত আলফুলে পৰি ৰোৱা   সোণপাহি বায়েকজনী ! সেইখন মুখে মৌনভাষাৰে বহু কথাই তাইক কাণে কাণে কৈ গ'ল ! পুতুৱে মনতে সংকল্প কৰিলে পাহি আৰু পাখিৰ হাত দুখনত ধৰি তাই আগুৱাই  যাব জীৱন নদীৰ পাৰে পাৰে এখন শেষ হোৱা নাটকৰ  পুনৰ ৰূপায়ণৰ বাবে ... মৰমী বায়েকৰ স্বপ্নৰ সাকাৰ ৰূপ দিবলৈ তাই যৎপৰোনাস্তি চেষ্টা কৰিব! সীমনাত  যেন  এজাক জোনাক...!
              
ঠিকনাঃ
যোৰহাট  
ফোন- ৯৭০৬২২১০১১
 

অঙ্গন:  পৃষ্ঠাঃ ৪১


 আউসীৰ তমসা ভেদি

শৰ্মীষ্ঠা বৰ্মন, নতুন দিল্লী

বৰপুত্ৰ অধীৰৰ চিঠিখন হাতত পৰাৰ লগে লগে দধিৰাম কলিতাই একে উশাহতে পঢ়ি পেলালে৷ চিঠিখনৰ কথাখিনি শুনি বগীৰ মুখখন ওফন্দি উঠিল৷ কিন্তু দধিৰামে চিঠিখন পঢ়াৰ পাছতেই লেঙেৰাই লেঙেৰাই ডাঙৰ মোনাটোত দুযোৰ চুৰিয়া-চোলা আৰু দুটামান দৰকাৰী বয়-বস্তু ভৰাই ল’লে৷ ঘৈণীয়েক বগীয়ে এচুকত বহি ভোৰ্‌ভোৰাই আছে৷
: কথা হ’ল নেকি, যাৰ যি মন যায় তাকে কৰি থাকিব! আৰু ময়ো বোলে সিহঁতৰ তালে তালে নাচি থাকিম! বগীৰ ভোৰ্‌ভোৰণি দধিৰামৰ কাণত স্পষ্টকৈ পৰিছে যদিও সেইফালে কাণসাৰ নকৰাকৈয়ে মোনাটো লৈ ঘৰৰ পৰা ওলাই গ’ল৷
: এই বুঢ়া দেহাৰে মই অকলেই যাম, তুমি থাকা ঠেহ্‌ পাতি!
আহিলোঁ মই ৷ 
বগীয়েও মনটো কঠোৰ কৰি গিৰিয়েক দধিৰাম ঘৰৰ পৰা ওলাই নোযোৱালৈকে সেইফালে পিঠি দি বহি থাকিল৷ অলপ পিছত যেন বগীয়ে হঠাৎ সম্বিৎ ঘূৰাই পালে৷ লৰালৰিকৈ ঘৰৰ বাহিৰলৈ ওলাই আহি বাটৰ ফালে চাবলৈ ধৰিলে৷ পিছে নাই, একো দেখা নাই৷ দধিৰাম  বহুদূৰ পালেগৈ ৷ বগীৰ মনত এইবাৰ অনুশোচনা জাগিল৷
‘ইচ্‌ ৰাম, বেয়া কাম কৰিলো নেকি! এওঁৰ লগত যোৱাহেঁতেনে ভাল আছিল৷ তাত গৈ পোৱাৰ পাছতো অধীৰক গালি পাৰিব পাৰিলোঁহেঁতেন!’
চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি; এতিয়া ভাবি কি লাভ! দধিৰাম গুচিয়ে গ’ল৷ অধীৰ থকা ঠাইডোখৰলৈ যাবলৈ হ’লে সম্পূৰ্ণ দুদিন লাগিব৷ ইমান দূৰণিলৈ বগী অকলে কাহানিও যোৱা নাই ৷ অচিন বাট, অকলে যোৱাৰ প্ৰশ্নই নুঠে৷ মনতে ভাবিলে, গিৰিয়েক উভতি অহাৰ পাছত লৈ যাবলৈ ক’ব৷
দধিৰাম হঠাতে পুতেক আৰু ন-বোৱাৰীয়েক থকা গাঁওখনত আহি ওলালহি৷ বাছ আস্থানত লগ পোৱা গাঁৱৰ ল’ৰা এটাক লৈ দধিৰাম অধীৰ আৰু শেৱালি থকা ভাড়া ঘৰটোত আহি ওলালহি৷ হঠাৎ নিজৰ গিৰিয়েকৰ চেহেৰাৰ লগত মিলা বয়সস্থ মানুহ এজনক দুৱাৰ মুখত দেখিবলৈ পাই শেৱালিৰ চিনি পাবলৈ বাকী নাথাকিল যে সেইজন তাইৰ শহুৰেক হয়৷ শহুৰেক দুৱাৰ মুখত আহি পোৱাৰ লগে লগে শেৱালিয়ে তেওঁৰ হাতৰ পৰা মোনাটো লৈ কাষত থ’লে৷ তাৰপাছত শিৰত আঁচল লৈ আঠু কাঢ়ি সেৱা কৰাৰ লগে লগে হাত-ভৰি ধুবলৈ পানী আনি দিলে৷ ঘৰৰ ভিতৰ সোমাই অহাৰ পাছত শহুৰেকক বহিবলৈ দি খৰখেদাকৈ চাহ-জলপান আনি দিলে৷ সহজতে সংস্কাৰী বোৱাৰীয়েক এজনী পাই দধিৰামে মনে মনে বৰ ভাল পালে৷ মনতে ভাবিলে ‘এই বগীজনীয়ে এনেয়ে খং খাই আছে৷ ন-বোৱাৰীৰ আদৰ-সৎকাৰ দেখিলে তাইৰ অভিমান এনেয়ে নোহোৱা হ’লহেঁতেন৷’
: হ’ব বোৱাৰী, তুমি ইমান লৰালৰি কৰিব নালাগে৷ এনেকুৱা দেহাৰে সাৱধানেৰে চলিব লাগিব৷ মই আছোঁ নহয় এইকেইদিন, একেবাৰে এসপ্তাহ থাকিম৷ গতিকে লাহে লাহে কামবোৰ কৰা৷
শহুৰেকৰ কথাত শেৱালিয়ে কেৱল ‘হ’ব দেউতা’ বুলি ক’লে৷
দুপৰীয়াৰ সাঁজ খাবলৈ ঘৰলৈ আহি অধীৰে দেউতাকক হঠাতে দেখি আচৰিত হৈ পৰিল৷
: দেউতা, তই হঠাতে ইয়াত কেনেকৈ ওলালি ?
: তোৰ চিঠিখন পোৱাৰ লগে লগেই ন-বোৱাৰীক চাবলৈ ঢপলিয়াই আহিলোঁ৷
দেউতাকৰ কথা শুনি অধীৰে তলমূৰ কৰি মিচিকিয়াই হাঁহি এটি মাৰিলে৷
: তই মোৰ ওপৰত খং কৰা নাইনে দেউতা ? মাক কিয় লগত লৈ নাহিলি ?
: প্ৰথমতে অলপ খং নুঠা নহয়, কিন্তু পাছত ভাবিলো তই যেতিয়া ছোৱালী পছন্দ কৰিছ, নিশ্চয় ভাল ছোৱালীয়ে হ’ব৷ তোৰ ওপৰত বিশ্বাস আছে নহয়৷ আৰু বোৱাৰীক দেখি সেই বিশ্বাস অটল হৈ পৰিল৷ মাৰে অলপ ঠেহ্‌ পাতি আছে দে, মই মাৰৰ ঠেহ ভঙালৈ ৰৈ নাথাকিলোঁ আৰু...৷
এইবুলি দধিৰামে এটি গলগলীয়া হাঁহি মাৰিলে৷
: আমি তহঁতৰ আশীৰ্বাদ ল’বলৈ যাম বুলি ভাবি আছিলো, কিন্তু চাকৰিৰ পৰা ছুটী পোৱা নাই৷ ছুটী পোৱাৰ লগে লগেই যাম বুলি ভাবি থৈছিলোঁ৷ কিন্তু এতিয়া..’
এইবুলি কৈ অধীৰ ৰৈ গ’ল৷
: এতিয়া যাব নালাগে, দূৰণিবটীয়া ঠাই৷ এনেকুৱা দেহাৰে যান-বাহনত উঠি দীঘলীয়া যাতায়াত কৰা ভাল নহয়৷ মই এসপ্তাহৰ পাছত ঘৰলৈ গৈ মাৰক বুজাই-বঢ়াই ইয়ালৈ লৈ আহিম৷ অৱশ্যে চিঠিখনত কথাষাৰ লিখা থাকিলে এইবাৰতে মাৰক যেনেতেনে লগতে লৈ আহিলোহেঁতেন! আইতাক হ’বলৈ ওলোৱা খবৰ মাৰাই পোৱাহেঁতেন নিশ্চয় মোৰ লগতে আহিলহেঁতেন! কিন্তু চিঠিখন গন্তব্যস্থল গৈ পাওঁতে পাওঁতে মই ককাহে হ’বলৈ ওলালোঁ৷
এইবুলি কৈ দধিৰামে প্ৰাণ খুলি কিছুপৰ হা হা কৰি হাঁহিবলৈ ধৰিলে৷ দেউতাকৰ মনত আনন্দৰ উমান পাই অধীৰৰ মনটো মুকলি হোৱা যেন লাগিল৷ সি চাকৰি কৰিবলৈ ঘৰৰ পৰা ওলাই অহাৰ দিনাই মাক-দেউতাকে তাক সেই গাঁৱৰ জোঁৱায়েক নহ’বলৈ দঢ়াই দঢ়াই কৈছিল৷ কাৰণ সেই গাঁওখনৰ লোকসকল পিছপৰা জনজাতীয় লোক৷ পৰাপক্ষত নিজৰ জাতিৰ ছোৱালীকে বিয়া পাতিবলৈ সদায় কৈ আহিছিল৷ কিন্তু অধীৰে মাক-দেউতাকৰ হাক বচন নামানি শেৱালিক বিয়া পাতিলে৷ নাপাতিবওনো কিয়, শেৱালিহঁতৰ ঘৰতেই সি সেই গাঁৱত উপস্থিত হৈ প্ৰথমসাঁজ ভাত খাইছিল৷ কেৱল ভাতসাঁজেই নহয়, অধীৰৰ টান নৰিয়া হওঁতে শেৱালিহঁতৰ ঘৰখনেই তাৰ শুস্ৰষা কৰিছিল৷ শেৱালিহঁতৰ অতিথিপৰায়ণতা আৰু সততাৰ কথা মাক-দেউতাকক ক’লেও তেওঁলোকে বুজি নাপাব বুলি অধীৰে ভালদৰে জানিছিল৷ সেয়েহে তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে শেৱালিক বিয়া কৰাইছিল৷ ছমাহৰ পাছত পত্ৰযোগে কথাষাৰ জনাই দিছিল৷ কিন্তু পত্ৰ পোৱা মাত্ৰতে দেউতাকৰ কঠোৰ হৃদয়খন বিগলিত হৈ পৰিব বুলি কল্পনাই কৰা নাছিল৷ সি ভাবিছিল মাকৰ মমতাময়ী হৃদয়ে কথাষাৰ আঁকোৱালি ল’ব আৰু দেউতাককো বুজাই ল’ব৷ কিন্তু সি ভবা কথাষাৰ ওলোটাহে হ’ল৷ অৱশ্যে মাকৰ খং বেছিপৰ তিষ্ঠি থাকিব নোৱাৰে বুলি অধীৰে ভালদৰে জানিছিল৷ মাকৰ অভিমানৰ যুক্তিও আছে৷ অধীৰ তেওঁলোকৰ বৰপুত্ৰ, আন দুই পুত্ৰই হোষ্টেলত থাকি উচ্চ শিক্ষা গ্ৰহণ কৰি আছে৷ সেয়েহে বৰপুত্ৰ হিচাপে অধীৰৰ সৈতে মাক-দেউতাকৰ বহুতো আশা-আকাংক্ষা জড়িত হৈ আছিল৷ তেনেস্থলত অধীৰে মনে মনে বিয়া পাতিলে মাক-দেউতাকৰ খং উঠাটো স্বাভাৱিক কথা৷
পুতেক-বোৱাৰীয়েকৰ সৈতে দধিৰাম এসপ্তাহৰ ঠাইত দুসপ্তাহ থাকি গ’ল৷ থকাকেইদিন বোৱাৰীয়েকক সদায় বিভিন্ন ধৰ্মগ্ৰন্থ পাঠ কৰি শুনালে যাতে বোৱাৰীয়েকে কুশলেৰে সুন্দৰ সন্তান প্ৰসৱ কৰে৷ শেৱালি অন্তঃসত্বা হোৱা পাঁচমাহ হৈছে৷ শেৱালিৰ গৰ্ভত আছে অধীৰৰ সন্তান আৰু দধিৰাম আৰু বগীৰ বুঢ়াকালৰ এমুঠি সুখ৷

এইবাৰ দধিৰামে সিহঁতৰ পৰা বিদায় ল’লে৷
: মাৰক লৈ আকৌ আহি আছোঁ দেই বোৱাৰী, তেতিয়ালৈকে সাৱধানেৰে থাকিবা৷
শহুৰেক গুচি যোৱাৰ পাছত শেৱালিৰ মনটো বেয়া লাগিবলৈ ধৰিলে৷ অধীৰ কামলৈ যোৱাৰ পাছত শহুৰেকেই তাইৰ সঙ্গী আছিল৷ অধীৰে দুপৰীয়াৰ সাঁজ খাবলৈ ঘৰলৈ অহাৰ সময়ত তিনিও একেলগে বহি খাইছিল৷ অধীৰ গুচি যোৱাৰ পাছত শেৱালিয়ে শহুৰেকক লৈ মাকৰ ঘৰলৈ গৈছিল৷ অঙহী-বঙহীৰ সৈতে চিনাকি কৰাই দিছিল৷ মুঠতে দুসপ্তাহ ইমান দ্ৰুত গতিত পাৰ হৈ গ’ল; শেৱালিৰ এনে লাগিল যেন দুসপ্তাহ নহয়, শহুৰেক দুদিনহে আছিল৷
দধিৰামৰ মুখৰ পৰা শেৱালিৰ স্বভাৱ চৰিত্ৰৰ কথা শুনি বগীৰ উচ্‌পিচনি বাঢ়িবলৈ ধৰিলে৷ বোৱাৰীয়েকৰ ওচৰলৈ কেতিয়া যাওঁ, কেতিয়া যাওঁ লাগিল৷ নিজৰ ওপৰত খঙো উঠিল৷ গিৰিয়েকৰ লগত যোৱাহেঁতেন ভাল আছিল৷ মিছাতেই অভিমান কৰি নিজৰ ভৰিতে কুঠাৰ মাৰিলে বুলি ভাবিবলৈ ধৰিলে৷ কেতিয়াবা আকৌ তাৰ কাৰণে গিৰিয়েককহে দায়ী কৰিলে৷
‘এহ্‌, স্বাৰ্থপৰ বুঢ়াটোৱে যদি মোক তেতিয়াই জোৰ কৰি লগত লৈ গ’লহেঁতেন! মই নাযাওঁ বুলিলোৱেইবা, মোক ধম্‌কি এটা দি লগত লৈ যাবলৈ চেষ্টাও নকৰিলে অ, বুঢ়াটোৱে!’
বগীৰ এনেধৰণৰ কথা শুনি দধিৰামে কেৱল মুখ চেপি হাঁহি থাকে, মুখেৰে একো নামাতে৷
বগীয়েও ভাবিলে, অচিৰেই যাব বোৱাৰীয়েকক চাবলৈ৷ মাইকী মানুহৰ মন, যোৱাৰ আগত ভালদৰে দিন বাৰৰ হিচাপ-নিকাচ কৰি চাব লাগিব৷ বগীয়ে ভাবিলে, বোৱাৰীয়েকৰ প্ৰসৱৰ সময়তহে যোৱা ভাল হ’ব ৷ তেতিয়া হ’লে একেৰাহে তিনিমাহলৈকে থাকি যাব, তাৰ পাছত পাৰিলে সিহঁতক লগত লৈ আহিব৷ প্ৰসৱৰ আগত বোৱাৰীয়েকৰ লগত থকাতকৈ প্ৰসৱৰ পাছত সৰহদিনলৈ থাকিলেহে বোৱাৰীয়েকৰ আচল সহায় হ’ব৷ নৱজাতকৰো ভালদৰে চোৱা-চিতা হ’ব৷
পিছে কথাবোৰ সদায় মানুহে ভবামতে হৈ নাথাকে৷ "ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি!" শেৱালিয়ে নিদ্ধাৰিত সময়ৰ পূৰ্বে সন্তান প্ৰসৱ কৰিলে৷ অধীৰে মাক-দেউতাকলৈ লৰালৰিকৈ খবৰ পঠিয়াই দিলে৷ মাক আৰু নৱজাতক কন্যাসন্তানৰ কুশল বাৰ্তাও পঠোৱা হ’ল৷ বগী আৰু দধিৰামৰ আনন্দৰ সীমা নাই৷ ওচৰ-চুবুৰীয়াৰ সৈতে সু-সংবাদো বিলালে৷
ঘৰখন অকলে এৰি থৈ যোৱাটো উচিত নহ’ব, সেইবুলি দধিৰামক ঘৰ পহৰা দিবলৈ কৈ মাজু পুতেকক হোষ্টেলৰ পৰা মাতি আনি তাৰ সৈতে বগী ওলাল বোৱাৰীয়েক আৰু নাতিনীয়েকক চাবলৈ৷ যি হেঁপাহ লৈ বগী পুতেক-বোৱাৰীয়েকৰ ঘৰলৈ বুলি ওলাইছিল, তাত উপস্থিত হোৱাৰ লগে লগে সকলো থানবান হৈ পৰিল৷ প্ৰথম দৰ্শনতে শহুৰেকক মুগ্ধ কৰা শেৱালিয়ে শাহুৱেকক মুগ্ধ কৰিবলৈ ওলাই নাহিল৷ তাৰ পৰিৱৰ্তে তাই চিত হৈ শুইহে থাকিল৷ শেৱালিৰ চকুত এনে নিদ্ৰাই আশ্ৰয় ল’লেহি যাক কোনোৱে ভঙ্গ কৰিব নোৱাৰে; এয়া সাধাৰণ নিদ্ৰা নহয়, চিৰনিদ্ৰা! প্ৰসূতিৰোগত আক্ৰান্ত হৈ শেৱালিয়ে ইতিমধ্যে সকলোৰে পৰা চিৰবিদায় লৈছিল৷ বগীয়ে বোৱাৰীয়েকক জীৱিত অৱস্থাত দেখিবলৈকে নাপালে, কেৱল বোৱাৰীয়েকৰ প্ৰাণহীন দেহাটোকহে চাবলৈ পালে!
অযথা অভিমানৰ বাবে বগীয়ে সময়মতে সঠিক সিদ্ধান্ত ল’ব পৰা নাছিল৷ কথাষাৰ ভাবি ভাবি বগীৰ মনটো জুৰুলা হ’বলৈ ধৰিলে৷ নিজকে যেন ক্ষমা কৰিব পৰা নাই! কিন্তু তেনেকৈ থাকিলেতো নহ’ব, জন্ম-মৃত্যুৰ হিচাপ-নিকাচ ঈশ্বৰৰ হাতত৷ এই হিচাপত হস্তক্ষেপ কৰিবলৈ বগীনো কোন?
শেৱালিৰ মৰণোত্তৰৰ সকলো কাৰ্য সমাধা কৰাৰ পাছত বগীয়ে নাতিনীয়েকক লগত লৈ নিজৰ ঘৰলৈ গুচি গ’ল৷ যিখন ঘৰত বোৱাৰীয়েকক নিব নোৱাৰিলে সেইখন ঘৰত নাতিনীয়েকক লৈ গৈ অতি আলাসত ডাঙৰ-দীঘল কৰিবলৈ ধৰিলে৷ বুঢ়ী বগী পুনৰ গাভৰু মাকজনী হৈ পৰিল৷ বগী নাতিনীয়েকৰ আইতাকৰ সলনি মাক হৈ পৰিল৷ নাতিনীয়েকে ‘মোৰ মা কোন বা ক’ত আছে ?’ এনেধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈ মন বেয়া নকৰক বুলিয়ে বগী আৰু দধিৰামক ককা আৰু আইতা সম্বোধন কৰাৰ সলনি মা আৰু দেউতা বুলি সম্বোধন কৰিবলৈ শিকালে৷ তাই ডাঙৰ হোৱাৰ পিছত সম্পত্তি চাৰিভাগত বিভক্ত কৰি তিনিজন পুতেকৰ সমতুল্য সম্পত্তি নাতিনীয়েককো দিলে৷
বগী জীয়াই থকা দিনকেইটাত নাতিনীয়েকক কোনো ধৰণৰ দুখ পাবলৈ নিদিলে৷ বগীয়ে যিদিনা শেষ নিশ্বাস ত্যাগ কৰিছিল সেইদিনাহে আচলতে নাতিনীয়েকে মাকক হেৰুওৱাৰ দুখ অনুভৱ কৰিলে আৰু চকুপানী টুকিলে।

অঙ্গন: পৃষ্ঠা ৪২
শেষ পৃষ্ঠাৰ লেখাঃ

আমি আধুনিক যুগৰ মানুহনে !!

           বিচাৰ বুদ্ধিৰ বলত জীৱ জগতত মানুহে নিজকে নিজেই জীৱশ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে। অৱশ্যে জীৱ জগতৰ অন্যান্য জীৱকুল আৰু মানুহৰ জীৱনশৈলীৰ মাজত আকাশ পাতাল পাৰ্থক্যও আছে। সেয়ে মানুহে নিজকে নিজে অন্যান্য জীৱকুলৰ পৰা পৃথক হৈ চলে। আদিম যুগৰ পৰা বৰ্তমানলৈ মানুহৰ জীৱন ধাৰণ প্ৰণালীত অনেক পৰিবৰ্তন আহিছে। বৰ্বৰ জীৱন প্ৰণালীৰ পৰা বৰ্তমানৰ বৈজ্ঞানিক যুগৰ অত্যাধুনিক জীৱন নিৰ্বাহ প্ৰণালীলৈ এক দীঘলীয়া পৰিক্ৰমা। যাৰ ফলত আজি মানুহে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত ব্ৰহ্মাণ্ডটো খোজ পেলাইছেগৈ। খোজ কাঢ়ি এঠাইৰ পৰা আন এঠাইলৈ যোৱাৰ পৰিবৰ্তে আধুনিক যুগত ব্যৱহাৰ কৰিছোঁ যান বাহন, ট্ৰেন, এৰ'প্লেন আদি। শিক্ষাৰে আমাক ইমান আগবঢ়াই লৈ গ'ল যে বৰ্তমান আমি ঘৰতে বহি বিশ্বব্ৰহ্মাণ্ডৰ কথা জনাৰ উপৰিও চন্দ্ৰ বা মঙ্গল গ্ৰহৰ পৰিবেশ পৰিস্থিতিৰ বিষয়ে বুজ লৈ তাত জীৱন নিৰ্বাহৰ কথাও ভাৱিবলৈ ধৰিছোঁ। ইমানলৈ উন্নতি কৰাৰ পিছতো কেতিয়াবা আমি ভাবিবলৈ বাধ্য হওঁ যে আমি আধুনিক যুগৰ মানুহনে !!
        যি সময়ত বিশ্বত জ্ঞানৰ প্ৰদীপ জলাই প্ৰগতিৰ বাট মুকলি কৰাৰ প্ৰতিযোগিতা চলিছে তেনে সময়ত আমি ধৰ্মীয় সংঘাত আৰু জাত-পাত বিচাৰ কৰাত ব্যস্ত হৈ পৰিছো। উদাহৰণ আপোনালোকৰ নখদৰ্পণত। সৌ সিদিনা মঙ্গলদৈৰ কাণ্ডই সামাজিক মাধ্যম জোকাৰি যোৱাৰ কথা আমি পাহৰিব নোৱাৰো। য'ত এগৰাকী দুৰ্ভগীয়া বিধবা মহিলাই মৃত পতিক অকলেই নি নৈ পাৰত পুতি থ'ব লগা হৈছিল। কাৰণ কি ? বিভিন্ন বাতৰি আৰু সামাজিক মাধ্যমৰ যোগেদি প্ৰাপ্তি তথ্যৰ অনুসৰি মৃত ব্ৰহ্মণ সম্প্ৰদায়ৰ ব্যক্তি গৰাকীৰ ভুল আছিল তেওঁ নিজৰ জাতিৰ বাহিৰত বিবাহ কৰাইছিল। এগৰাকী কোচ সম্প্ৰদায়ৰ মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ বাবেই ব্যক্তি গৰাকীক সমাজৰ পৰা এঘৰীয়া কৰি থোৱা হৈছিল আৰু শেষত মৃত্যুৰ পিছতো তেওঁক শৱদাহৰ বাবে কোনো আগবাঢ়ি অহা নাছিল। 
          সমাজৰ কিছুমান নীতি-নিয়ম থকাতো স্বাভাৱিক আৰু নীতি-নিয়মেহে এখন সমাজ সুচাৰু ৰূপে পৰিচালিত হোৱাত সহায় কৰে। সেই ফালৰ পৰা তেওঁ (মৃত ব্যক্তিজন) সমাজৰ নিয়ম উলংঘা কৰিছিল ঠিক। কিন্তু প্ৰশ্ন হয় তেওঁ এনে কি জঘন্য অপৰাধ কৰিছিল যাৰ বাবে তেওঁ জীৱন কালত বাদেই মৃত্যুৰ পিছতো সমাজৰ সহযোগিতাৰ পৰা বঞ্চিত হ'ল। তেওঁৰ শৱদেহ শৎকাৰৰ বাবে আগবাঢ়ি নাহিল এখনো হাত। সমাজ সুচাৰু ৰূপে পৰিচালনা কৰিবলৈ যি দৰে কঠোৰ নীতি-নিয়ম থাকে তেনেকৈয়ে সমাজৰ লোক সকলক সহায় কৰিবলৈকে কিছুমান উদ্ধাৰ কাৰী নীতি-নিয়মো থাকে। যাৰ সহায়ত মানুহে অজ্ঞানতা বসত বা অন্যকোনো কাৰণত সমাজ বিৰুধী কাম কৰিলে সেই নিয়মৰ দ্বাৰা তেওঁক উদ্ধাৰ কৰা হয় আৰু আগৰ দৰেই সমাজত স্থান দিয়া হয়। তেনে কোনো নিয়ম নাছিল নে মঙ্গলদৈৰ সেইখন সমাজত ?
               বহু সময়ত হিন্দু  আৰু মুছলমান ধৰ্মী ডেকা গাভৰুৰ মাজত বৈবাহিক সম্বন্ধ হয়। তেতিয়া তেওঁলোকৰ সমাজেও সেই নৱ দম্পতি হালক নিজা ধৰ্মীয় নীতি-নিয়মে শুদ্ধ কৰি সমাজত স্থান দিয়ে। এনে উদাহৰণ বহু আছে আমাৰ সমাজত। এইখিনিতে এষাৰ কথা কৈ থৈ যাওঁ যে এই যে নীতি-নিয়মবোৰ এইবোৰ কাৰ বাবে ? অতি উচ্চ বংশীয় পৰিবাৰ, অতি সমৃদ্ধিশালী পৰিবাৰ, আকৌ একেবাৰে নিম্নবৰ্গৰ পৰিবাৰ, এওঁলোকৰ মাজত নিময়-নীতিৰ বান্ধোন কিমান ? যদি তেওঁলোকে চলিব পাৰে আমি কিয় নোৱাৰো ? প্ৰশ্নটো আপোনালোকলৈ এৰিলো।
             সামাজিক নিয়ম-নীতিৰ বাহিৰেও আমি হিংসা, দ্বেষ, ক্ষমতালিস্পা, প্ৰভূত্ব বিস্তাৰ, প্ৰতিশোধ পৰায়ণ মনোভাৱ আদিৰ ক'বলত পৰি মানুহে মানুহৰে বিস্তৰ ক্ষতিসাধন কৰি থকা নাইনে ? পুৰাতন যুগৰ যুদ্ধ বিগ্ৰহৰ পৰা বৰ্তমানৰ ৰাচিয়া-ইউক্ৰেইন যুদ্ধ, চীন-টাইবানৰ যুদ্ধ সদৃশ পৰিবেশ, ভাৰত-পাকিস্থানৰ সম্বন্ধ, আমেৰিকা-উত্তৰ কোৰিয়াৰ সম্বন্ধ আদিবোৰ অধুনিক শিক্ষিত মানৱ জাতিৰ কৰ্মনে ? যি সময়ত আমি আধ্যাতমিক, বৈজ্ঞানিক আদি সকলো শিক্ষাই শিক্ষিত, যি সময়ত আমি জানো মৃত্যু চিৰন্তন সত্য। মৃত্যুৰ প্ৰচ্যাত আমি আৰ্জিত সকলোবোৰ এৰি শূন্য দুহাত লৈ অহাৰ ভেশেৰেই যাবগৈ লাগিব। তেন্তে আমি সকলো জানি শুনিও মানুহেই মানুহৰ শত্ৰু কিয় ?
             দ্বাপৰ যুগৰ কুন্তি আৰু বৰ্তমানৰ সেই সকল মাতৃৰ মাজত কি পাৰ্থক্য যি নিজৰ নৱজাত শিশুটিক ৰাস্তাৰ কাষৰ ডাষ্টবীন, জোপোহানি, হোটেলৰ সন্মুখত, অনাথ আশ্ৰমৰ সন্মুখত এৰিথৈ আহে কেৱল সন্মান হানি হোৱাৰ ভায়ত। যদি সন্মানৰ প্ৰতি ইমানেই সংবেদনশীল তেন্তে তেনে কৰ্মই কিয় কৰিব লাগে যি আমাৰ সন্মানত আঘাত সানে ! অৱচেতন মনৰ তাগিদাত, দৈহিক প্ৰয়োজনীয়তাত, ভোগ বিলাসৰ অন্ধ বিলাসীতাত নিজক পাহৰি হিতাহিত জ্ঞান হেৰুৱাই অপকৰ্মত লিপ্ত হোৱা আমিয়ে নেকি আধুনিক মানৱ ?
              জীৱনৰ প্ৰতিটো খোজত প্ৰত্যক্ষ কৰা ধৰ্মীয় গোড়ামী, ক্ষমতা পিপাসু, জাত-পাত, উচ্চ-নীচ, প্ৰেমৰ নামত অপকৰ্ম আদিৰ ওপৰত জন্ম হোৱা এনে লক্ষ্য লক্ষ্য প্ৰশ্নৰ উত্তৰহীনতাত মনলৈ এটাই প্ৰশ্ন আহে আমি আধুনিক যুগৰ সভ্য গব্য জীৱশ্ৰেষ্ঠ মানুহেই নে ?

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
ম'বাইল নং 6000709096

অঙ্গন:  পৃষ্ঠাঃ ৪২





Post a Comment

0 Comments