অঙ্গনঃ তৃতীয় বছৰ (৫ নং সংখ্যা)


নিয়মাৱলী:

১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 আগষ্ট, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা ৫
👉প্ৰৱন্ধ : পৃষ্ঠা ৭-১২
👉অণুগল্প : পৃষ্ঠা ১৩-১৫
👉এক মিনিটৰ গল্প: পৃষ্ঠা ১৬-১৭
👉অনুবাদ সাহিত্য : পৃষ্ঠা ১৮-১৯
👉কবিতা: পৃষ্ঠা ২০-৩৩
👉আৰ্ট গেলাৰী: পৃষ্ঠা ৩৪
👉নীলাখামৰ চিঠি: পৃষ্ঠা ৩৫
👉প্ৰিয় পাঠকৰ একলম: পৃষ্ঠা ৩৬
👉গল্প: পৃষ্ঠা ৩৭-৩৯
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪০

অঙ্গন: পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
টিনা হাজৰিকা
কামগাঁও, ৰহা, নগাঁও
মেকআপঃ মধুস্মিতা হাজৰিকা

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ

আমাৰ ভাষা, আমাৰ কৰণীয়

কথাষাৰ শুনাৰ লগে লগে শৰ্মাদেৱৰ খংটোৱে টিঙিচকৈ চুলিৰ আগ পালেগৈ। সামাজিক মাধ্যমত এতিয়া শৰ্মাদেৱ এজন জনপ্ৰিয় কবি, তেখেতৰ প্ৰতিটো কবিতাত হাজাৰৰো অধিক কমেন্ট থাকেই। তেনেস্থলত গোটলৈ নতুনকৈ অহা ছোৱালীজনীয়ে তেখেতৰ বানান ভুল বুলি ক'বলৈ আহিছে। 'নাই নাই, এইদৰে মনে মনে থাকিলে নহ'ব। কিবা এটা কৰিবই লাগিব।'― এই ভাবত শৰ্মাদেৱে প্ৰফাইলৰ পৰা নিজৰ ফটোখন আঁতৰাই বৰ বৰ আখৰেৰে লিখিলে― "ক'ত কিমান পৰহুৱৈয়ে আমাৰ কৱিতা লাইক কৰে, কমেন কৰে। নৱগতা কৱিয়ে আকৌ মূহুৰ্ততে আমাৰ ভূল ধৰিবলৈ আহে। এয়াই সটতাৰে কৱিতা চচ্চা কৰাৰ উপহাৰ।" এইদৰে শৰ্মাদেৱে নিজৰ খং উজাৰিলে।

এয়া অপ্ৰিয় সত্য যে এইদৰেই আজিও এচামে সামাজিক মাধ্যমত সাহিত্য চৰ্চা কৰি আছে। আমিও তেওঁলোকৰ ভুল শব্দবোৰকে পঢ়ি পঢ়ি ভুলকৈয়ে অসমীয়া শব্দবোৰ ব্যৱহাৰ কৰিবলৈ লৈছো। এয়া দেখাত অতি সাধাৰণ যদিও অতি মাৰাত্মক। এইদৰেই আমাৰ নৱ প্ৰজন্মটোৱে আমাৰ ভাষাটোক ভুলকৈ শিকিব আৰু লিখিব। তেতিয়া নিশ্চয় আমি চিঞৰ বাখৰ কৰি একো লাভ নহ'ব।

এই সমস্যাৰ সৃষ্টি একেদিনাই হোৱা নাই। প্ৰকৃততে সামাজিক মাধ্যম ভাৰতবৰ্ষত উপলব্ধ হোৱাৰো বহু বছৰ আগতেই মানুহে দ্ৰুত সেৱাক প্ৰাধান্য দিবলৈ শিকিলে। সেইবাবেই মানুহে বাতৰি কাকতখনৰ পৰিৱৰ্তে টেলিভিছনক বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। সামাজিক মাধ্যমৰ পয়োভৰ হোৱা সময়ত পৰ্টেল চেনেলবোৰ আৰম্ভ হ'ল, মানুহে তৎক্ষণাত খবৰবোৰ পাবলৈ ধৰিলে। গতিকে লাহে লাহে টেলিভিছনৰ জনপ্ৰিয়তাও হ্ৰাস পাবলৈ পালে। কিন্তু আমি পাহৰি গ'লে নহ'ব যে আমাৰ ভাষাটোৰ নিজস্ব লিপি আছে আৰু সেই লিপি অনুসৰি আমাৰ শব্দবোৰ গঢ় লৈছে, বাক্য হৈছে। এই বাক্যবোৰ, শব্দবোৰ শুদ্ধকৈ প্ৰয়োগৰ ক্ষেত্ৰত বাতৰি কাকত আলোচনীসমূহ দায়ৱদ্ধ। গতিকে বাতৰি কাকত, আলোচনীৰ ঠাইত একাংশ লোকে কিদৰে টেলিভিছন, পৰ্টেল চেনেলক তুলনা কৰে আমি বুজি নাপাওঁ। বহুতৰে মুখত শুনিছোঁ― হাতত ম'বাইলটো আছেই, ঘৰত টেলিভিছন আছেই। একেবোৰেই বাতৰি। তেনেস্থলত বাতৰি কাকত আৰু আলোচনী কেইখন পঢ়াৰ প্ৰয়োজন ক'ত?
এনে অদ্ভুত প্ৰশ্নৰ মুখামুখি আপুনিও নিশ্চয় নোহোৱাকৈ থকা নাই। এতিয়া আপুনি কিদৰে বুজাব তেওঁলোকক যে ভাষাটো শুদ্ধকৈ লিখিবলৈ প্ৰকাশিত বাতৰি কাকত, আলোচনী তথা কিতাপেহে শিকাব পাৰে।

এইখিনিতে আন এটি প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। বহুতে ভাবে যে সামাজিক মাধ্যমেই সাহিত্য চৰ্চাৰ সৰ্বোত্তম মঞ্চ। এনে ধাৰণাৰ মূলতেই আমাৰ মাজত গঢ় লোৱা এটি অতি ভয়ংকৰ অভ্যাস আওপকীয়াকৈ জৰিত। সেয়া হৈছে ম'বাইলটো বাদ দি একো কৰিব নোৱাৰা এটা মানসিক অৱস্থা। এনে মানসিক অৱস্থাই পৰোক্ষভাৱে আপোনাৰ মোৰ দৃষ্টিশক্তি, আমাৰ চিন্তাশক্তি, কৰ্মোদ্যম লাহে লাহে নি:শেষ কৰিবলৈ ধৰিছে আৰু আমি খবৰেই পোৱা নাই। অলপতে মাইক্ৰচফ্টৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে যেতিয়াৰ পৰা সামাজিক মাধ্যম আহিল, চন ২০০০ মানৰ পৰা কম্পেনীসমূহত কৰ্মচাৰীৰ উৎপাদশীলতা ৩৩ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে।

সামাজিক মাধ্যমত সাহিত্য চৰ্চা বিষয়টো সম্পূৰ্ণ ৰূপে আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। আমি আমাৰ ভাষাটোৰ ক্ষেত্ৰত কিমান দায়ৱদ্ধ, কিমান সচেতন এয়া অতিকৈ প্ৰয়োজনীয়। কিয়নো কাকত আলোচনীৰ দৰে সামাজিক মাধ্যমত নিজৰ লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখাটো সম্পাদনা কৰাৰ কথা আহি নপৰে। অৰ্থাৎ আমাৰ যিদৰে মন সেইদৰেই প্ৰকাশ কৰিব পাৰোঁ। প্ৰতিটো বাক্যত চাৰি-পাঁচটাকৈ বানান ভুলকৈ লিখিলেও ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটচএপে আপোনাক মোক ভুলটো আঙুলিয়াই নিদিয়ে। কিন্তু ইংৰাজী ভাষাত এটা শব্দ ভুলকৈ লিখিলেই লগে লগে শব্দটোৰ তলত ৰঙা আঁচ এডাল আহি যায়।

যিসকল ভাষাটোক লৈ সচেতন, তেওঁলোকে আনৰ পৰা শিকিব বিচাৰে। তেওঁলোকে নিজৰ ভুলবোৰ সদায়ে শুধৰাবলৈ যত্ন কৰে। এনে মানসিকতাইহে আমাৰ ভাষাটোক চিৰস্থায়ী কৰিব। আমাৰ ভাষাটোৰ শুদ্ধ প্ৰয়োগেৰে কৰা সাহিত্যৰাজিয়ে বিশ্বৰ দৰবাৰত আমাৰ পৰিচয় উপস্থাপন কৰিবলৈ সক্ষম হ'ব।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ ৬
মতামতঃ

বিষয়ঃ সামাজিক মাধ্যমৰ সাহিত্য চৰ্চাই কিদৰে সাহিত্যৰ ভঁৰাল চহকী কৰিছে? সামাজিক মাধ্যম সাহিত্য চৰ্চাৰ ধনাত্মক আৰু ঋণাত্মক দিশ সমূহ।

প্ৰিয় পাঠক, ইতিমধ্যে অঙ্গনৰ ফেচবুক গোটত আপোনালোকৰ মতামত বিচাৰি আমি বিষয় এটি উত্থাপন কৰিছিলোঁ। অঙ্গনৰ সম্পাদনা সমিতিৰ সিদ্ধান্ত মৰ্মে একেটা বিষয়েই গোটত আগবঢ়োৱা প্ৰতিটো মতামতকে যোগ্য বিবেচনা কৰি আলোচনীখনত প্ৰকাশ কৰা হ'ল।

ধন্যবাদেৰে
পষেকীয়া ই-আলোচনী অঙ্গন

ক। সাহিত্য হ'ল একোটা জাতিৰ দাপোন স্বৰূপ" । সকলো মানুহৰ নিজৰ ভাষা সাহিত্যৰ উৎকৰ্ষ সাধন কৰিবলৈ যুগ যুগ ধৰি চেষ্টা কৰি আহিছে। শ্ৰীমন্ত শঙ্কৰদেৱ হওঁক বা কালিদাস ।ইতিহাসৰ পাত লুটিয়াই চালে তাহানিৰ পৰা বৰ্তমানলৈকে বহুত পৰিৱৰ্তন হ'ল ।
সাহিত্য অবিহনে কোনো জাতিৰ অস্তিত্ব টিকিবৰ সম্ভৱনা নাই। এই কথাষাৰ পদ্মনাথ গোহাঁঞি বৰুৱাই কৈছিল ।অসমীয়া সাহিত্যত তেওঁৰ যথেষ্ট অৱদান আছে।জোনাকী যুগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱে আমাৰ অসমীয়া ভাষাটোৰ কাৰণে,সাধুকথাৰ পৰা আৰম্ভ কৰি অলেখ ৰচনাৰ সম্ভাৰ দি থৈ গৈছে।
সাহিত্যৰ সৃষ্টিৰ মূলতে হল সমাজত ঐক্য ,শান্তি,সম্প্ৰীতি সংস্কৃতিৰ অক্ষুন্ন ৰখা ।
বৰ্তমান সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত উল্লেখ যোগ্য অৱদান আগবঢ়াই আহিছে, সামাজিক মাধ্যমৰ বোৰ ।যেনে ফেচবুক/ইউটিব /হোৱাতছ আপ ইত্যাদি ।
কৰ'ণা যি ভয়াবহ পৰিস্থিতি আমি পাৰ কৰিলোঁ ,সামাজিক মাধ্যম অবিহনে শিক্ষা ব্যৱস্থা সাহিত্য সংস্কৃতিৰ যোগাযোগ বোৰ বিৰাম লব লাগিল হয় । সাম্প্ৰতিক পৰিস্থিতি এজনী গৃহিণী হিচাপে অনুভৱ কৰো , সামাজিক মাধ্যমৰ এটি অংগ ফেচবুকৰ গ্ৰুপবোৰে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত উল্লেখ যোগ্য অৱদান আগবঢ়াই আহিছে। তেওঁ লোকে সাহিত্যৰ বিভিন্ন শিতান,অনলাইন আলোচনী,গ্ৰন্থ আদি প্ৰকাশ কৰি তাত নতুন লেখক সকলৰ প্ৰতিভা বিকাশৰ যথেষ্ট অৰিহণা যোগাইছে। এই ক্ষেত্ৰত মই নিজে উদাহৰণ।
সকলো কথাৰে ধনাত্মক আৰু ঋণাত্মক দিশ দুয়োটা থাকে । সামাজিক মাধ্যম সাহিত্য চৰ্চাৰ ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশ আছে বা থাকিব । কাৰণ আমি সামাজিক জীৱ ,মানুহৰ মনবোৰ বিভিন্ন স্তৰৰ । তেনেকৈ লক্ষ্য উদ্দেশ্য বেলেগ ।
ধনাত্মক দিশ হিচাপে চাবলৈ গ'লে যেনেকৈ সুপ্ত প্ৰতিভাৰ বিকাশ কৰাত সহায় হৈছে।
ঠিক তেনেকৈ ঋণাত্মক হিচাপে এই দিশটোৰে কিছুমান মানুহে মেছেঞ্জাৰ হাই হেল্ল মাৰি ,ফোন কৰি দিগদাৰ দিয়ে। জীৱ শ্ৰেষ্ঠ মানুহ হিচাপে আমি এই ক্ষেত্ৰত ভাল খিনি লৈ বেয়া খিনি এৰাই চলিলে,সামাজিক মাধ্যম সাহিত্য চৰ্চাৰ আপুৰুগীয়া স্থান লাভ কৰিব ।

অনামিকা (সংগীতা) কলিতা, শুৱালকুছি

খ। সামাজিক মাধ্যমৰ সাহিত্য চৰ্চাৰ যোগাত্মক/ বিয়োগাত্মক দুয়োটা দিশেই আছে বুলি ভাবোঁ।এই ক্ষেত্ৰত যোগাত্মক দিশৰ পাল্লা(আন ভাল শব্দ বিচাৰি পোৱা নাই) নিশ্চয় গধুৰ।বিশেষকৈ ন-লিখাৰু আৰু যুৱচামে ছপা মাধ্যমত সহজে স্থান লাভ কৰাত অসমৰ্থ হয় আৰু সাহিত্য চৰ্চাৰ মন থাকিলেও বিৰত হ'ব লগা হয়।আপোনজনৰ মাজত আৰু আন পাঠকৰ মাজতো নিজ সৃষ্টিৰ সোৱাদ (তিতাই হ‌ওক বা মিঠাই হ‌ওক) দিবলৈ সকলোৰে হেঁপাহ থাকে।সামাজিক মাধ্যম এই হেঁপাহ পূৰণৰ এক সহজলভ্য উপায়, ফলস্বৰূপে বহুলোকৰ প্ৰতিভা বিকশিত হৈ ভাল সাহিত্য তথা সাহিত্যিকৰ সৃষ্টি হ'ব ধৰিছে।সকলো ভাষাৰ বাবেই ই এক শুভ লক্ষণ।উৎকৃষ্ট সাহিত্যৰ পঠনে মানুহক(সমাজক) ভাল দিশে গতি দিব পাৰে, পিচৰ চামলৈ সু-দিশাৰ সৃষ্টি কৰিব পাৰে আৰু সামাজিক মাধ্যম হ'ল ইয়াৰ বাবে প্ৰয়োজনীয় এখন বিশাল পথাৰ।এই পথাৰখনত এক ভাল পদক্ষেপ হৈছে 'ই-আলোচনী সমূহৰ উদ্ভাৱন। এই আলোচনীসমূহে ভাষাটোক এক নতুন গতি দিব পাৰিছে বুলি ক'ব পৰা যায়।এনে আলোচনীৰ সম্পাদকীয় সমিতিৰ এইক্ষেত্ৰত গুৰুদায়িত্ব আছে বুলি আমাৰ বিশ্বাস।
আনহাতে, সামাজিক মাধ্যম অলাগতিয়াল বা নিকৃষ্ট সাহিত্যৰ বাবেও এক বিশাল পথাৰ হ'ব পাৰে, যদিহে এই মাধ্যমৰ পাঠকো সংযত নহৈ নিজৰ নামটো প্ৰচাৰৰ বাবেই 'সকলো ধৰণৰ' লেখাতে 'লাইক'/'শ্বেয়াৰ'ৰ চিহ্নত আঙুলি বুলাবলৈ সাজু হৈ থাকে।
মুঠতে সকলো বস্তুৰে দুটা পিঠি থকাৰ দৰে সামাজিক মাধ্যমত সাহিত্য চৰ্চাৰো দুয়োটা দিশেই আছে।এই মাধ্যমত দিব লগা লেখাৰ বাছনি, পাঠকৰ গ্ৰহণ যোগ্যতাৰ প্ৰতি দিওঁতাৰ ধাৰণা, পাঠকৰ সঁহাৰি আদি অনেক বিষয়ৰ ওপৰত ওপৰত নিৰ্ভৰশীল'সামাজিক মাধ্যমৰ সাহিত্য চৰ্চা'।

প্ৰাণকৃষ্ণ গোস্বামী

গ। বৈদ্যুতিন মাধ্যমৰ যোগেদি প্ৰকাশ পোৱা ই-আলোচনী সমূহে সমাজৰ সাহিত্য প্ৰেমী সকলৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। পাঠক আৰু লেখক দুয়োৰে মাজত সমন্বয় ঘটাব পাৰিছে অতি সহজেই।
ই-আলোচনী বোৰে বিশেষকৈ আমাৰ অসমত বেছিকৈ প্ৰসাৰ লাভ কৰিলে এই অতিমাৰীৰ কালছোৱাত।
অতিমাৰীৰ প্ৰত্যেকটো দিশেই আমাক আতঙ্কিত কৰিলে যদিও এই কালছোৱাতেই অসমত সাহিত্য চৰ্চাত মনোনিৱেশ কৰা ন-লেখাৰুৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ'ল। অন্য বহুতো আলোচনীৰ দৰে অঙ্গন পষেকীয়া অসমীয়া ই-আলোচনী খনেও অসমৰ চুকে কোনে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই আলোচনী বোৰে সাহিত্য চৰ্চা কৰিবলৈ ইচ্ছুক অথচ এখন মঞ্চৰ অভাৱত নিজৰ সুপ্ত প্ৰতিভাক বিকশিত হবলৈ সুযোগ দিব নোৱাৰা সকলৰ সপোন সাৰ্থক কৰিছে।বহুত সুযোগ্য লেখক- লেখিকাই এই
ই- আলোচনীৰ যোগেদি নিজৰ লেখা সমূহ ৰাইজৰ আগত মেলি ধৰিব পাৰিছে। সাহিত্য চৰ্চাৰ জয়যাত্ৰাত এই ই -আলোচনীৰ সমূহক চলাই , সম্পাদনা কৰি সময় মতে ৰাইজক পঢ়িবলৈ সুযোগ কৰি দিয়াৰ বাবে সম্পাদক,সম্পাদনা কমিটিৰ সদস্য সকল, উপদেষ্টা সকল, বেটুপাত নাইবা আন চিত্র আদিৰে সুসজ্জিত কৰাৰ দায়িত্বত থকা সকলোটি ,মুঠতে কবলৈ গলে এই কৰ্ম কাণ্ডৰ লগত জৰিত আটায়ে শলাগৰ পাত্র।
নিজৰ প্ৰতিভাৰ জেউতিৰে গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ, অনুবাদ সাহিত্য আদিৰে সাহিত্যৰ মজিয়া খন শুৱনি কৰি আনৰ মনত নিৰ্মল আনন্দৰ সোৱাদ দিবলৈ আগবাঢ়ি অহা সকলো লেখক লেখিকালৈ সাদৰ নমষ্কাৰ আৰু অলেখ 
অভিনন্দন

অৰুণিমা শৰ্মা মহাপাত্ৰ, নতুন দিল্লী

ঘ। বৰ্তমান যুগত সাহিত্য চৰ্চাৰ বাবে সামাজিক মাধ্যম এক আশীৰ্বাদ বুলি ক'ব পৰা যায়।কাগজ-কলম লৈ পৰিকল্পিত ভাৱে সাহিত্য চৰ্চা কৰাতো বৰ্তমান সময়ত প্ৰায় দুৰূহ কাম হৈছে বুলিব পাৰি,বিশেষকৈ সময়ৰ অভাৱৰ বাবে।সামাজিক মাধ্যম বিশেষকৈ ফেচবুকৰ জৰিয়তে আমি কেতিয়াবা ঘৰৰ বাহিৰত থাকিও বা ভ্ৰমণ কালতো লিখিব পাৰোঁ।তাৰোপৰি সামাজিক মাধ্যমে সাহিত্যক জনসাধাৰণৰ ওচৰ চপাই আনিছে।কিতাপ-আলোচনী কিনি পঢ়িবলৈ মানুহৰ সময় সুবিধা আৰু ইচ্ছাৰ অভাৱ।কিন্ত্ত তেনে মানুহেও সময় বিশেষে সামাজিক মাধ্যমৰ সাহিত্য পঢ়ে।তদুপৰি কিতাপ প্ৰকাশৰ ক্ষেত্ৰতো সামাজিক মাধ্যমে যথেষ্ট ধনাত্মক পৰিৱেশৰ সৃষ্টি কৰিছে।বিশেষকৈ নবীনসকলে পুথি প্ৰকাশৰ বাবে প্ৰকাশকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগাৰ বিপৰীতে বিভিন্ন ফেচবুক গোটে কম খৰচতে পুথি প্ৰকাশ কৰিবলৈ পদক্ষেপ লৈছে। এয়া হ'ল সামাজিক মাধ্যমৰ ধনাত্মক দিশ।
ঋণাত্মক দিশ বুলিলে এয়াই মনলৈ আহে যে সামাজিক মাধ্যমত বহুত সময়ত মানদণ্ডহীন লেখাও প্ৰকাশ হয়,যিহেতু লেখকৰ ইয়াত বহুপৰিমাণে স্বাধীনতা থাকে ,বহু সময়ত লেখকে যি মন যায় তাকেই লিখে,তাৰ কিবা সাহিত্যিক মূল্য থাককেই বা নাথাককেই।এইটো বিশেষকৈ ঘটাৰ সম্ভাৱনা থাকে সেইবিলাক ফেচবুক গ্ৰুপৰ ক্ষেত্ৰত ,য"ত লিখনি এপ্ৰভৰ কোনো ব্যৱস্থা নাথাকে।
দ্বিতীয়তে ,লেখা প্ৰকাশৰ ক্ষেত্ৰত বিশেষ অসুবিধা বা জটিলতাৰ সন্মুখীন নহয় বাবে লেখকসকলৰ অধ্যয়নৰ প্ৰতি মনোযোগ কম আৰু বানান আদিৰ প্ৰতিও সতৰ্ক নহয়।
সেয়ে লেখক সকলে নিয়মিত চৰ্চা আৰু অধ্যয়নৰ জৰিয়তে নিজৰ লিখনিৰ মানদণ্ড বজাই ৰাখিবলৈ যত্নপৰ হ'লে সামাজিক মাধ্যমৰ সাহিত্যই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত নিশ্চয় অভূতপূৰ্ব বৰঙণি যোগাব পাৰিব।

কুঞ্জলতা দাস, ৰঙীয়া, কামৰূপ।

ঙ। সাহিত্য চৰ্চা মানৱ জীৱনৰ অপৰিহাৰ্য্য অংগ স্বৰূপ।সাহিত্য চৰ্চা অতীজৰে পৰা প্ৰচলিত হৈ আছে আৰু এতিয়া বিজ্ঞানৰ যুগত সামাজিক মাধ্যম যেনে ইন্টাৰনেট বা আৰু বহুতো সামাজিক মাধ্যমত সাহিত্য চৰ্চা কৰিব পৰাৰ ব্যৱস্থা হৈছে। বহুতো নতুন লেখক লেখিকাই নিজৰ লেখনিসমূহ ই-আলোচনীত দিব পাৰিছে আৰু এনেকৈ তেওঁলোকৰ মনত উৎসাহ বৃদ্ধি পাইছে।এনেকৈয়ে বিজ্ঞানৰ যুগত সামাজিক মাধ্যমত সাহিত্য চৰ্চা কৰা হয় আৰু এই ব্যৱস্থাটো অসমীয়া সাহিত্যৰ বাবে অতি ফলপ্ৰসূ। কিন্তু সকলো বস্তুৰে ধনাত্মক আৰু ঋণাত্মক এই দুয়োটা দিশ থাকেই।একেদৰে সামাজিক মাধ্যমৰ সাহিত্য চৰ্চাৰো এই দুয়োটা দিশ আছে।এফালে সামাজিক মাধ্যমৰ সাহিত্য চৰ্চাৰ মঞ্চখনে নতুন লেখক-লেখিকাক আগুৱাই যোৱাত সহায় কৰিছে আৰু আনফালে সামাজিক মাধ্যমৰ সাহিত্য চৰ্চাৰ ফলত মানুহৰ কিতাপ পঢ়াৰ অভ্যাস লোপ পাইছে।তথাপিও এই ব্যৱস্থাটোক অগ্ৰাহ্য কৰিব নোৱাৰি।এনেকৈয়ে সামাজিক মাধ্যমৰ সাহিত্য চৰ্চাই অসমীয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অৰিহণা যোগাই আছে।

হিয়া মণি ডেকা, হাজো( বাগটা )

অঙ্গন: পৃষ্ঠাঃ ৭

প্ৰৱন্ধঃ

ভাৰতবৰ্ষত এতিয়া গাঁওবোৰৰ প্ৰয়োজন হৈছে

জ্যোতিমণি শইকীয়া বৰুৱা

         অসম তথা ভাৰতৰ গাঁৱলীয়া জীৱন শান্ত আৰু মধুময়। যি জনে গাঁৱত জন্ম লভিছে, তেওঁ কেতিয়াও গাঁৱৰ মোহ আঁতৰাব নোৱাৰে। এজন ইংৰাজ লেখকে কৈছিল 'God made the country and men made the town'. গাঁওবোৰ যেন সঁচাকৈয়ে বিধাতাৰহে সৃষ্টি! ভৰা তামোল-পাণৰ বাৰী, বতৰৰ বিভিন্ন ফল দিয়া গছ, সুকাঠি-অকাঠি গছ, বাঁহনি বাৰী, নাৰিকলৰ গছ, ঠায়ে ঠায়ে তাল, বেত, টকৌ গছ আদিৰে ভৰি থকা দৃশ্যই মন আনন্দিত কৰে। চৰাই-চিৰিকটিৰ সুললিত সংগীতে মনলৈ প্ৰশান্তি আনে। শাওণ মাহৰ, আহিন মাহৰ, আঘোণ মাহৰ পথাৰৰ কৰ্মব্যস্ততা আৰু সৌন্দৰ্যই মানুহক বৰ আকৰ্ষিত কৰে। বাৰীত কৰা লাউ, জিকা, ভোল, কবি, আলু পিয়াঁজ আদিৰ খেতি কৰি স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰাটোও গাঁৱৰ অন্যতম বৈশিষ্ট্য। মহাত্মা গান্ধীয়ে কোৱাৰ দৰে অসমীয়া শিপিনীয়ে তাঁতত সপোন ৰচিব পাৰে। সময়ৰ ধামখুমীয়াত পৰি এই দৃশ্যবোৰ হেৰাই গৈছে যদিও আমি আকৌ গাঁৱলৈ উভতি গৈ গাঁওখন সজাব পাৰোঁ। কাঠি-কামিৰে কৰা বস্তু সমূহেৰে নিজৰ প্ৰয়োজন পূৰণ কৰি স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িব পাৰোঁ। ঘৰে ঘৰে মৰম-চেনেহৰ আদান-প্ৰদানো গাঁৱলীয়া জীৱনৰ অন্যতম আকৰ্ষণ। গাঁৱৰ উন্মুক্ত পৰিৱেশে মানুহক উদাৰ, উন্মুক্ত, বলিষ্ঠভাৱে গঢ় দিয়ে। গাঁৱৰ উৎসৱ সমূহত সকলো এক হৈ সকলোৰে মন-প্ৰাণ চঞ্চল হৈ পৰে। সন্ধিয়া ডবা-শংখ-ভোৰ তালৰ শব্দত মন ভক্তিভাৱেৰে পূৰ্ণ হৈ পৰে। নগৰলৈ বসবাস কৰিবলৈ অহা মানুহে গাঁৱৰ স্মৃতি পাহৰিব নোৱাৰি সবাহ, উৎসৱ আদিত গাঁৱলৈ ঢাপলি মেলে। 
           ইয়াৰ বিপৰীতে নাগৰিক জীৱন ব্যস্ততাময়, নগৰৰ ঘৰবোৰ কংক্ৰীটৰ ভৰত উদ্বিগ্নময়! কাষৰ ঘৰৰ মানুহে কাষৰ ঘৰৰ মানুহক বিপদত সহায় কৰাটো দূৰৰে কথা, চিনি নোপোৱাটোও অস্বাভাৱিক নহয়। নগৰত বাস কৰিবলৈ লোৱা ব্যক্তি সকলে পশ্চিমীয়া ভোগবাদী চিন্তাধাৰাৰে নাম, যশ, প্ৰতিযোগিতাৰ পিছত দৌৰে। সকলো সুবিধা থকা নগৰৰ জকমকীয়া জীৱনে গাঁৱৰ মানুহকো হাতবাউল দি মাতে। কিন্তু নগৰত মানুহ ক্ৰমাগত ভাৱে যন্ত্ৰত পৰিণত হোৱাৰ উপক্ৰম হৈছে। নাগৰিক জীৱন সংস্থাপনৰ প্ৰবল প্ৰয়োজনত ক্ষত-বিক্ষত আৰু নীতিভ্ৰষ্ট হৈছে। যন্ত্ৰ দানৱ আৰু আধুনিক সভ্যতাই মানুহক অৰ্থলোভী, স্বাৰ্থপৰ, ক্ষমতালোভী কৰি তুলিছে। সেয়ে ভাৰতবৰ্ষত এতিয়া গাঁৱলৈ উভতি যোৱাৰ প্ৰসংগ আহি পৰিছে।
           গাঁৱেই মানুহৰ সভ্যতাৰ মূল ভেটি। গতিকে গাঁওবোৰৰ উন্নয়ন অবিহনে আধুনিক সভ্যতাৰ অগ্ৰগতি সম্ভৱ নহয়। সেয়ে দেশৰ সমৃদ্ধিৰ বাবে গাঁও উন্নয়ন হ'বই লাগিব। কৃষিয়েই যিহেতু গাঁও উন্নয়নৰ মূল ভেঁটি। গতিকে ইয়াৰ উন্নতিৰ বাবে গাঁওবাসী আৰু চৰকাৰে সু-পৰিকল্পনাৰে আগবাঢ়িব লাগিব। ভূমি সংস্কাৰ, নদী পৰিকল্পনা, গ্রাম্য বৈদ্যুতিকীকৰণ, শিক্ষা বিস্তাৰ, কুটীৰ শিল্পৰ উন্নয়ন, গাঁৱৰ বাট-পথৰ উন্নয়ন আদিয়েই ইয়াৰ ভিতৰত উল্লেখযোগ্য।

ঠিকনাঃ
২৭২৬ নং পশ্চিম মহব্বৰালী এল পি স্কুল, লাওখোৱা ব্লক, নগাঁও।

অঙ্গন: পৃষ্ঠাঃ ৮
ভাৰতীয় নৃত্য

অৰুণিমা শৰ্মা মহাপাত্ৰ

শিল্পচৰ্চাৰ এক অন্যতম বিভাগ হ'ল নৃত্যকলা। মানুহৰ মনৰ বিভিন্ন সময়ৰ অনুভৱ-অনুভূতিক দেহৰ বিভিন্ন ভংগীমা বা মুদ্ৰাৰ দ্বাৰা উপস্থাপনৰ প্ৰক্ৰিয়াৰ নাম হ'ল নৃত্য। প্ৰাচীন গ্ৰন্থত সংগীতৰ পৰিভাষাৰ বৰ্ণনা কৰোতে উল্লেখ কৰা হৈছে যে : গায়ন, বাদন আৰু নৃত্যক একেলগে  সংগীত বুলি অভিহিত কৰা হয়। সংগীতত তৃতীয় স্থানত  নৃত্যক ৰখা হৈছে  যদিও, নৃত্যত  মানুহৰ চিত্ত আকৰ্ষণ কৰাৰ ক্ষমতা অপৰিসীম। সৰু বৰ ,শিক্ষিত অশিক্ষিত, সংগীতৰ জ্ঞান থকা বা নথকা কোনো কথাই নৃত্য পৰিবেশন উপভোগ কৰাৰ ক্ষেত্রত প্ৰযোজ্য নহয়, নৃত্য উপভোগ কৰিবলৈ আটায়ে ভাল পায়, নৃত্যৰ অনুষ্ঠান এটা চলি থাকিলে মানুহে এক্ষন্তেক ৰৈ হ'লেও মুগ্ধ দৃষ্টিৰে চাই ভাল পায়।
           শিল্পকলা হিচাপে নৃত্যৰ  কিছু বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। নৃত্য মানৱ ইতিহাসৰ এক প্ৰাগৈতিহাসিক কলা, নৃত্য মানুহৰ মনৰ নান্দনিকতা আৰু অনুভৱ অনুভূতি প্ৰকাশৰ এক বিশেষ মাধ্যম । বিশ্ব তথা ভাৰতৰ সকলো জনগোষ্ঠীৰ বাবেই নৃত্য, সংস্কৃতি চৰ্চাৰ এক অতি গুৰুত্বপূৰ্ণ অংগ।
          আদিম যুগৰ পৰাই মানুহে নিজৰ মনৰ আনন্দ প্ৰকাশ আৰু বিনোদনৰ বাবে নৃত্যৰ আশ্রয় লোৱা দেখা যায়। বিশ্ব তথা ভাৰতৰ সকলো জনগোষ্ঠীৰ নৃত্য পৰিবেশন, নৃত্য ভংগীমাৰ সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হয়। নৃত্যৰ এই বৈচিত্র্যই মানুহক মুগ্ধ কৰে ,আনন্দ দিয়ে। 
          সকলোৰে নৃত্যকলাত বিভিন্ন ধৰণৰ সাজপাৰ, আ-অলংকাৰৰ ব্যৱহাৰে, বৈচিত্র্যই নৃত্যক এক বেলেগ মাত্রা প্ৰদান কৰে।
            নৃত্যৰ বৈচিত্র্য আৰু বৈশিষ্ট্য অনুযায়ী ভাৰতীয় নৃত্যকলা চাৰি  প্ৰকাৰৰ , যেনে: ধ্ৰুপদী বা শাস্ত্রীয় নৃত্য (classical dance ),
আদিবাসী নৃত্য বা জনজাতি নৃত্য (tribal dance),
আঞ্চলিক বা লোকনৃত্য (folk dance),  আধুনিক বা সমসাময়িক নৃত্য( modern or contemporary dance form)
            ভাৰতীয় নৃত্য ইতিহাসৰ পাতবোৰ লুটিয়ালে পোন প্ৰথমেই 'দেৱদাসী নৃত্যৰ' উল্লেখ পোৱা যায়। প্ৰাচীন কালত অবিবাহিতা, সুন্দৰী, নৃত্য নিপুণা নাৰী সকলে একো একোটা মন্দিৰৰ প্ৰতিষ্ঠিত দেৱতাৰ ওচৰত আত্মনিবেদন কৰিছিল। দেৱতা সকলৰ মনোৰঞ্জন আৰু বিনোদনৰ বাবে নৃত্য, গীতৰ লগতে নানান সেৱামূলক কামৰ লগত দেৱদাসী সকল যুক্ত আছিল। সময়ৰ লগে লগে নানান কু-আচাৰ, নিষ্পেষণ, নাৰী শোষণ আদিয়ে জুমুৰি দি ধৰা বাবে এই কলা কু-প্ৰথাত পৰিণত হৈ বিলুপ্তিৰ ফালে ঢাল খায়। 
          নৃত্যকেন্দ্ৰীক  সামাজিক চৰ্চা কৰা পণ্ডিত সকলৰ মতে -আদিবাসী বা জনজাতি সমাজৰ  কোনো একক নৃত্য নাই। তেওঁলোকে সদায়েই দলবব্ধ হৈ যৌথভাৱে নৃত্যৰ পৰিবেশন কৰে।
             নৃত্যৰ ইতিহাস লৈ চিন্তাচৰ্চা কৰা সকলে উল্লেখ কৰিছে যে একো একোটা নৃত্য শৈলীৰ বিষয়ে বিশদ্  ভাৱে জানিবলৈ হ'লে নৃত্য উদ্ভৱৰ প্ৰেক্ষাপটৰ ইতিহাস ,সময়ৰ লগে লগে তাৰ বিবৰ্তনৰ ধাৰা সমূহক জনা অত্যন্ত প্রয়োজন।
         নৃত্যৰ বৈশিষ্ট্য অনুযায়ী ধ্ৰুপদী বা শাস্ত্রীয়  নৃত্যকলা ভাৰতৰ প্ৰাচীনতম নৃত্যকলা ।এই নৃত্যৰ বিভিন্ন মুদ্ৰা আৰু ব্যাকৰণ সমূহ অত্যন্ত জটিল আৰু কঠিন। ভাৰতৰ তামিলনাড়ু ৰাজ্যৰ 'ভাৰত নাট্যম্', উত্তৰ পশ্চিম ভাৰতৰ 'কথক নৃত্য', কেৰেলাৰ 'কথাকলি' আৰু ' মোহিনীআট্যম্', 
মণিপুৰৰ  'মণিপুৰী নৃত্য' , ওড়িশাৰ 'ওড়িশি', অন্ধ্ৰপ্ৰদেশ, তেলেঙ্গানাৰ 'কুচিপুড়ি' আৰু অসমৰ 'সত্রীয়া' নৃত্য ইত্যাদি ধ্ৰুপদী বা শাস্ত্ৰীয়  নৃত্যৰ আঠ প্ৰকাৰৰ ধাৰণা দেখিবলৈ পোৱা যায়। ধ্ৰুপদী বা শাস্ত্ৰীয় নৃত্যকলাৰ লগত জড়িত কিছু উল্লেখযোগ্য শিল্পী সকলৰ নাম হ'ল: উদয় শংকৰ, অমলা শংকৰ, ৰুক্মিনীদেৱী অৰুণডেল, পণ্ডিত বিৰজু মহাৰাজ, শম্ভু মহাৰাজ, কেলুচৰণ মহাপাত্র, সংযুক্তা পাণিগ্ৰাহী , ৰাজা আৰু ৰাধা ৰেড্ডী, মল্লিকা চাৰাভাই,
সোনাল মান সিংহ, প্ৰতিমা বেদী, ইন্দিৰা পি পি বৰুৱা, যতীন গোস্বামী, পদ্মা সুব্ৰামণ্যাম্, উমা শৰ্মা আদি(সীমিত পৰিসৰত সকলো বিখ্যাত নৃত্যশিল্পীৰ নাম উল্লেখ কৰিব পৰা নগ'ল।)
          আদিবাসী বা জনজাতি নৃত্য সমূহ হ'ল ছৌনাচ, ঝুমুৰ, কৰ্মা নাচ ইত্যাদি। এই নৃত্য সমূহ প্ৰধানকৈ সাওঁতাল জনজাতিৰ দ্বাৰাই পৰিবেশিত হয়। বিহাৰ, ঝাড়খণ্ড, ওড়িশা,
পশ্চিমবংগ আৰু অসমৰ চাহমজদুৰ জনগোষ্ঠীৰ লোকসকলে  ঝুমুৰ, কৰ্মা নাচত অংশ গ্ৰহণ কৰে।জনজাতি সকলৰ আন নিজা নিজা ধৰণৰ নাচ সমূহ হ'ল:-নগা সকলৰ- চিকাৰী নৃত্য, বাঁহ নৃত্য,  মণিপুৰী সকলৰ-লোও হাৰোৱা, লুচাই সকলৰ- বাঁহ নৃত্য, বড়ো সকলৰ -বাগড়ুম্বা নৃত্য উল্লেখযোগ্য।
            লোকনৃত্যৰ ভিতৰত অসম তথা উত্তৰ পৃৰ্বাঞ্চলত বিহুনৃত্য এক অতি জনপ্ৰিয় নাচ। অসমৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ  অংশ।পৰম্পৰাগত ভাৱে খাটী অসমীয়া ৰঙীন ফুল বছা মুগাৰ সাজপাৰ ,নানান থলুৱা আ-অলংকাৰেৰে সাজিকাচি ,মূৰত কপৌফুল গুজি বিহুৱতী সকলে নাচত ভাগ লয়। বিহুত পুৰুষ মহিলা উভয়ে মিলিত হৈ সামূহিক ভাৱে নৃত্যকৰা দেখা যায়।নানান লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াৰ ঢোলৰ ছেৱে ছেৱে টাকুৰি ঘুৰাদি ঘুৰি ঘুৰি নচা নাচনী সকল বিহু নৃত্যৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলিব পাৰি।
বিহুৰ উপৰিও অসমত গোৱালপৰীয়া  নৃত্য, মাছমৰা নৃত্য পৰিবেশন কৰা হয়। পশ্চিমবঙ্গত- বাউল নৃত্য, কীর্তনযাত্রা, কাঠিনাচ, গুজৰাটত-গর্বা, ডাণ্ডিয়া,  উত্তৰ প্রদেশত-নৌটঙ্কি, ৰাস্,
কজৰি, কেৰেলাত-কুডিআট্রম্, কলি আট্রম্,  বিহাৰত-কাঠপুতলি নাচ, ঝাঝিয়া,  কর্নাটকত- যক্ষগণ, হট্রাৰী, পঞ্জাৱত-ভাঙৰা, লাক্ষাদ্বীপত-লাভা, ৰাজস্থানত-গংগোৰ, ঘুমৰ, মহাৰাষ্ট্রত-কথা, তামাশা, মণিপুৰত-ৰাসনৃত্য ইত্যাদি উল্লেখযোগ্য।
          আধুনিক বা সমসাময়িক  নৃত্যৰ ভিতৰত ৰবীন্দ্র সঙ্গীতৰ লগত নৃত্য, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতৰ লগত নৃত্য, বোলছবিৰ 
গীতৰ লগত নৃত্য ইত্যাদিয়েই প্ৰধান ।
             নৃত্য অৱসৰ বিনোদনৰ, মনোৰঞ্জন আৰু চিত্ত আকৰ্ষণৰ এক অতি উত্তম মাধ্যম। নৃত্যই শৰীৰ-মনৰ  মনোৰঞ্জন আৰু  উৎকর্ষ সাধন কৰে। বিশেষজ্ঞ সকলৰ মতে নৃত্যক মানৱ জীৱনৰ  এক অপৰিহার্য্য অংগ হিচাবে গ্ৰহণ কৰিব পাৰিলে নানান ব্যাধিৰ নিৰাময় হয় নাইবা মানুহে ৰোগমুক্ত জীৱন যাপন কৰিবলৈ সক্ষম হয়।
মানৱ জীৱনত নৃত্যৰ ইতিবাচক ভূমিকাৰ কথা প্রচাৰ আৰু প্রসাৰৰ বাবে  ৰাষ্ট্ৰসংঘই ১৯৮২ চনৰ পৰা আধুনিক বেলে নৃত্যৰ( Ballet) জন্মদাতা  Jean George's Noverrer ৰ জন্মদিন ২৯ এপ্ৰিলৰ দিনটো আন্তৰ্জাতিক নৃত্য দিৱস হিচাপে ভাৰত তথা বিশ্বৰ সকলো দেশতে উলহ মালহৰে উদযাপন কৰিবলৈ লৈছে। এই দিনটো নৃত্য দিৱস হিচাপে উদযাপন কৰাটো  বিশ্ব তথা ভাৰতৰ সকলো নৃত্যশিল্পীৰ সাংস্কৃতিক অবদানৰ বাবে  তেওঁলোকৰ  প্রতি শ্রদ্ধা জ্ঞাপন কৰাৰ এটি সুন্দৰ প্রয়াস  বুলিব পাৰি।
নৃত্যশিল্পী আৰু নৃত্য বিশেষজ্ঞ  Sidi Larbi ৰ এটি সুন্দৰ উক্তি :
"People reflect each other constantly, but when they dance perhaps what they reflect most is that moment of honesty. "

অঙ্গন: পৃষ্ঠাঃ ৯


মাজুলীৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ  এটি চমু অৱলোকন

পবিত্ৰ গায়ন

           সত্ৰীয়া সাংস্কৃতিৰ প্ৰানকেন্দ্ৰ মাজুলী সাংস্কৃতিৰ প্ৰাণৱন্ত যাদুঘৰ সদৃশ । অতীজৰে পৰা মাজুলীত ভিন্ন ভিন্ন সাংস্কৃতি দেখিবলৈ পোৱা যায় । অসমৰ সাংস্কৃতিৰ ক্ষেত্ৰখনত মাজুলীৰ সাংস্কৃতিৰ উপাদানবোৰে অনন্য আঞ্চলিক বৈশিষ্টৰে বিশেষ আসন অধিকাৰ কৰি আছে । জাতি , ধৰ্ম, ভাষা বিভিন্নতাৰ সত্ত্বেও বৰ্তমান সময়তো মাজুলীৰ সাংস্কৃতিৰ ক্ষেত্ৰখনত এক ঐক্য আৰু সমন্বয় সাধিত হৈ আছে ।
          সাধাৰণতে মাজুলীৰ লোক সমাজখনত প্ৰচলিত  প্ৰায় সৰহ সংখ্যক ৰীতি-নীতি , আচাৰ-ব্যৱহাৰ , চাল-চলন , খাদ্যভাষ লগতে সমাজৰ জাগতিক দৃষ্টি ভংগীবোৰো পৰস্পৰ নিৰ্ভৰশীল । ইয়াৰ মূল কাৰণ হৈছে মাজুলীৰ সৰহ সংখ্যক লোকেই গ্ৰাম্য অঞ্চলত বসবাস কৰাৰ লগতে তেওঁলোকৰ সৰহ সংখ্যক লোকৰেই জীৱিকাৰ মূল উৎস কৃষি। নগৰীয়া উদোগীকৰণৰ প্ৰভাৱ মাজুলীত বৰ্তমান সময়তো প্ৰায় সীমিত । যান্ত্ৰিক প্ৰদূষণে ভৰা নগৰীয়া সমাজৰ তুলনাত মাজুলী এতিয়াও প্ৰদূষণ মুক্ত । মাজুলীৰ সমাজখনত সাংস্কৃতিৰ সমন্বয় ঘটিছে প্ৰধানকৈ দুই দিশৰ পৰা, এটা হৈছে ব্ৰাহ্মণ , কায়স্থ, কলিতা , কেওট আদি জাতি আৰু সত্ৰসমূহে প্ৰতিনিধিত্ব কৰা সমাজখনে আৰু আনটো দিশ হৈছে মিছিং , দেউৰী , কছাৰী আদি জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰা সমাজে । এই দুই দিশতেই মংগোলীয় আৰু ভাৰতীয় দুটা ধাৰা সোমাই আছে । এই দুই ধাৰাকে খামুচি ধৰি মানুহে অতীজৰে পৰা বৰ্তমানলৈকে জাতিগত ঐক্য আৰু সমন্বয় বৰ্তাই ৰাখিছে । মাজুলীৰ সাংস্কৃতিৰ ঐক্য তথা প্ৰচাৰৰ ক্ষেত্ৰত সত্ৰ সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । ৰাস , পালনাম , ভাওনা, বিহু , দিহানাম , হুচৰি , ধৰ্মীয় বিভিন্ন নৃত্য-গীত, ঐনিতম , মুখাশিল্প, মৃৎ শিল্প , নৌকা শিল্প আদিবোৰ সংস্কৃতিয়ে মাজুলীক অসম তথা ভাৰতবৰ্ষৰ ভিতৰতে প্ৰধান স্থান দিবলৈ সক্ষম হৈছে । তাহানিৰ আউনীআটী সত্ৰৰ পুতলা নৃত্য , বৰ্তমান চামগুৰি সত্ৰৰ মুখা শিল্প , বেঙেনাআটীৰ ফাকুৱা উৎসৱ , গড়মূৰ আৰু আউনীআটীসত্ৰৰ পালনাম , মাহ বিশেষে পালন কৰা তিথি, উৎসৱ আদিবোৰক মাজুলীৰ সাংস্কৃতিৰ প্ৰধান উৎপাদন বুলিব পাৰি ।
      লোক সমাজৰ সাংস্কৃতিক জীৱনৰ অধ্যয়নৰ বাবে উৎসৱ অনুষ্ঠানবোৰ এক অপৰিহাৰ্য উৎপাদান । 
মাজুলীৰ উৎসৱ সমূহৰ স্বকীয়তা এই খিনিতেই যে, এই উৎসৱ সমূহ ধৰ্ম আৰু আধ্যাত্মিকতা ভাৱযুক্ত কৰি উদ্‌যাপন কৰা হয় । কিন্তু সকলোবোৰ লোক সংস্কৃতিৰ উৎসৱ বা অনুষ্ঠানকে ধৰ্ম প্ৰাচূৰ্যতাৰ কথা আহি নপৰে । উদাহৰণ স্বৰূপে বহাগ বিহুৰ হুচৰি গোৱাৰ ক্ষেত্ৰত চুৰীয়া টঙালী আদি সাজ পাৰ পৰিধান কৰা হয় । ই এক আধ্যাত্মিক নিৰ্দশন কিন্তু তাত কোনো ধৰ্ম বা জাতিৰ কথা জড়িত হৈ নাথাকে । লোক সাংস্কৃতিৰ ঐক্য সৃষ্টিৰ প্ৰথম খোজ হৈছে জনসাধাৰণৰ মানসিক গাঁথনি । বিভিন্ন জাতি-জনগোষ্ঠীয়ে তথা তেওঁলোকৰ ভিন্ন ভিন্ন আচাৰ ৰীতি-নীতিৰে আৰু ধৰ্মীয় বৈশিষ্ট্যৰে দৈনন্দিন জীৱন অতিবাহিত কৰিলেও মাজুলীবাসীৰ মানসিক দিশত ঐক্য লক্ষ্য কৰা যায় । ব্ৰহ্মপুত্ৰই যেনে দৰে বিভিন্ন জান জুৰীৰ পানী কহিয়াই অহৰহ চিৰ প্ৰবাহিত হৈ আহিছে ঠিক তেনে দৰে মাজুলীতো সম্প্ৰীতিৰ এনাজৰীৰে সাংস্কৃতিৰ বৰঘৰখন বান্ধী ৰাখিছে । মাজুলীৰ এই একতাৰ বান্ধোন চিৰ যুগমীয়া হওক বিশ্বৰ দৰবাৰত জিলিকি ৰওক সদাই তাৰ কামনা কৰিলোঁ ।   
  
ঠিকনাঃ   
ফুলনি 
মাজুলী

অঙ্গন: পৃষ্ঠাঃ ১০

সামাজিক মাধ্যম ফেচবুকৰ "পষেকীয়া ই-আলোচনী অঙ্গন"ত অনুস্থিত "অম্বেষণ"ৰ প্ৰৱন্ধ প্ৰতিযোগিতা প্ৰথম আৰু দ্বিতীয় স্থান প্ৰাপ্ত প্ৰৱন্ধ দুটি,
 
বৰ্তমান অসমীয়া সমাজ, সংস্কৃতিৰ গতিধাৰা
                 
নিৰুপমা শইকীয়া 
              
সমাজ  আৰু সংস্কৃতি সমন্ধ  মাছ আৰু  পানীৰ  দৰে । সমাজ  হ'ল, সামাজিক  সম্বন্ধৰে জড়িত হোৱা এক নিদিষ্ট  ভৌগলিক  অৱস্থিতিৰ মাজত বসবাস কৰা ব্যক্তিৰ সমষ্টি য'ত কিছুমান আচাৰ-ৰীতি, নিয়ম-প্ৰণালী, জনৰীতি, লোকাচাৰ  আদি সন্নিৱিষ্ট হৈ থাকে। যাক সামাজিক  আন্তক্ৰিয়া, সামাজিক আন্তঃনিৰ্ভৰশীলতা, সামাজিক আন্তঃসমন্ধক সমাজ গঠনৰ  আধাৰ স্বৰূপ বুলি ক'ব পাৰি । আনহাতে 
সংস্কৃতি বুলিলে, সংগীত, নৃত্য, মাৰ্জিত আচৰণ, ভাস্কৰ্য্য  আদি সুক্ষ্ম কলাকে অন্তৰ্ভূক্ত কৰিলেও ব্যাপক অৰ্থত সমাজৰ ৰীতি -নীতি , আচাৰ ব্যৱহাৰ, সংগঠন পদ্ধতি, উৎপাদনৰ সঁজুলি, ঘৰ-দুৱাৰ, আচবাব, ৰাজনৈতিক ব্যৱস্থা
লোকাচাৰ আদিৰ এক বৃহৎ ভাণ্ডাৰৰ সমষ্টি। গতিকে আমি  নিশ্চিত ভাৱে  মানি লবই লাগিব যে সমাজ আৰু সংস্কৃতি এটা  আনটোৰ পৰিপূৰক । এটাক বাদ দি আনটোৰ  বিকাশ সম্ভৱপৰ হৈ নুঠে।
          বৰ্তমান মানুহ  জীয়াই  থকাৰ সংগ্ৰামত কি ধৰণৰ  সমস্যাৰ সন্মূখীন  হৈছে তাৰ হিচাপ কৰিলেও শেষ নোহোৱা হৈছে । বিভিন্ন সমস্যাৰ 
মাজেদি যি বোৰ  অভিজ্ঞতা লাভ  কৰে তাৰ জৰিয়তেই সমাধান সূত্ৰ  বিচাৰিবলৈ  অৰিহনা যোগায়। সকলোৱে  ইয়াক শুদ্ধ ৰূপ  নিদিয়াৰ
ফলত আজি বিশেষকৈ  আমাৰ অসমীয়া  সমাজ  ব্যৱস্থাত নতুন, আদৰ্শ, চিন্তা আৰু  ভাৱধাৰাই সমাজ জীৱনৰ সাধাৰণ চিন্তাধাৰাটো বিশৃংখল  কৰি তুলিছে।  নিজকে প্ৰতিস্থা কৰিবলৈ  গৈ বাহিৰা বণিকক বৰঞ্চ সুবিধা কৰিহে দিছে ।
            আজি অসমীয়া সকল ইমানেই পৰিবৰ্তন  হৈছে  সচাঁই আচৰিত, বিজ্ঞান আৰু 
প্ৰযুক্তিৰ  বিদ্যাই  সমাজৰ  প্ৰত্যেক স্তৰতে  পৰিৱৰ্তন  কৰিছে সচাঁ, নিশ্চয় সেইটো  আমি সকলোৱে  স্বীকাৰ কৰিম। কিন্তু জীৱন যাত্ৰাৰ 
ধৰণ কৰণ, পুৰণি ৰীতি-নীতি, ধ্যান ধাৰণাৰ, মূল্যবোধৰ পৰিবৰ্তনে মানুহক , এলেহুৱা , অসুস্থ কৰাত  সহায়হে কৰিছে। উদাহৰণস্বৰূপে, আজিকালি  আমাৰ  বিহু বোৰত ৬০-৭০শতাংশই 
সমস্ত বিহুৰ পিঠা পনাকে ধৰি লাগতিয়াল  খাদ্য সামগ্ৰী  বিভিন্ন গোটেই  হওক  বা অনলাইনৰ পৰা বিহু পাতি শেষ  কৰে । আকৌ  নাচনীৰ
বাবে কপৌ ফুল  পাহ কিনি  আনিলেহে ভাল লাগে ।  অৱশ্যে, এটা  কথা মানিছো আজিকালি  মানুহৰ সময়ৰ  খুবেই  নাটনি যদিও মাজে-মধ্যে উঠি অহা প্ৰজন্মক বিশেষকৈ 
মাক গৰাকীয়ে  এইবিলাক  আচাৰ , ব্যৱহাৰ , লোকাচাৰ আদিক অকমাণ গুৰুত্ব দিয়াটো একান্তই প্ৰয়োজন ।
মানুহৰ আজি আধুনিকতাৰ  সীমাৰেখাৰ যেন শেষ  নাই । মানুহে সংস্কৃতি সৃষ্টিও কৰিব পাৰে আকৌ ধ্বংসও কৰিব পাৰে, যিমানেই ব্যস্ততাত নাথাকক কিছুমান  সংস্কৃতি  মানুহৰ জীৱন- ধাৰাৰ আধাৰ  কৰি  ল'ব লাগে ।উদাহৰণস্বৰূপে, মহাপুৰুষ শংকৰদেৱে এজন বা দুজন  শিষ্য লগত  লৈ যি  সংস্কৃতি সৃষ্টি কৰিলে, অসমীয়া মানুহৰ নিজৰ   জীৱন-নিৰ্বাহ প্ৰক্ৰিয়াত যে অন্তভুৰ্ক্ত  তাক উত্তৰ  পুৰুষে অগ্ৰজ পুৰুষক শিকাই দিব লাগে। অন্যথা আজি যিটো পশ্চিমীয়া  সংস্কৃতি বতাহ বলিছে সি আমাৰ অসমীয়া  সংস্কৃতিৰ  গা-গছ উঘালিবলৈ বেছি  পৰ নাই।  
অসমীয়া সমাজত  কিছুমান  প্ৰতীক বা চিনৰ দ্বাৰা নিজৰ  মনৰ ভাৱ প্ৰকাশ কৰাতেই সহায়ক হয় তেনে নহয়, ই সমাজৰ সংস্কৃতি, ঐতিহ্য, আৰু  সামাজিক মূল্য সূচায় ।
উদাহৰণস্বৰূপে, বিবাহিতা হিন্দু  নাৰীয়েহে শিৰত সেন্দুৰ  লয়, কপালত আৰু  কিছুলোকে বুকুত লয় তাৰো  অৰ্থ  আছে । কথা  হ'ল  আজি-কালি বহুতে বিশেষকৈ  আমাৰ  অসমীয়াবোৰে বেলেগক  অনুকৰণ  কৰোতে-
কৰোতে নিজকে  পাহৰি যোৱা দেখা গৈছে । আমি  অসমীয়াবোৰ সচাঁকৈ সহজ, সৰল কোনোৱাই কিবা এটা ভাল লাগিল বুলি ক'লেই অন্তঃকৰণে তাকে  কৰিবলৈ যাওঁতে আমাৰ উত্তৰ পুৰুষে দিয়া সংস্কৃতিত আঘাত দিব যে তাক ভৱা নহয় । উদাহৰণস্বৰূপে, নগৰ
মুখী অসমীয়া সকলে নিজৰ পূজা -পাৰ্বনবোৰ পতাৰ বাহিৰেও বেদৰ বিহিত কিছুমান কাৰ্য্য কৰাৰ দৃষ্টি  নিশ্চয়  সকলোৰে পৰিছে !    সাজ-পোছাকৰ কথা কি লিখিম, পশ্চিমীয়া সভ্যতাৰ অনুকৰণ  কৰি নিজকে অসমীয়া বুলি মেখেলা- চাদৰ যোৰ পিন্ধিব নজনা হ'ল।
সান্দহ, চিৰা-পিঠা খাবলৈ  বেয়াই পোৱা  হ'ল। আনকি, অভিভাৱকবোৰে সহজেই  পোৱা মেগী , চাওমিন, বিৰিয়ানি আদি  অনলাইনত  হোম ডেলিভাৰি দিব ,তাতেই  খতম। অসমীয়া  খাদ্য 
কোমল চাউল, চিৰা, দৈ মানুহৰ  স্বাস্থ্যৰ বাবে 
কিমান  যে ভাল  তাক  বুজাবলৈ  পাহৰি
পেলাইছে । সময় বচাবলৈ যাওঁতে  নিজৰ সংস্কৃতিও বিলুপ্ত  দিশত আনহাতে  মানুহৰ কৃত্রিম ৰাসায়নিক প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত 
কৰাত আমাৰ  দেহত  বিভিন্ন বেমাৰ  হৈ আধা মৰা আধাজীয়া হৈ দৰবৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগীয়া  হৈছে । সেয়েহে কওঁ  নিজৰ 
সভ্যতাৰ, সংস্কৃতি পিনে পিঠি দি আধুনিকিকৰণৰ পৰা  অত্যাধুনিক হবলৈ  গৈ নিজৰ  সংস্কৃতি, সভ্যতাৰ যাতে নাপাহৰে, তাৰ বাবে সকলো  অসমীয়া সজাগ হ'ব হ'ল। নহ'লে  এদিন বিশ্বৰ আগত 
নিজকে  চিনাকি  দিবলৈ  আমাৰ হাতত একো নাথাকিবগৈ । 
আকৌ, বিভিন্ন সময়ত অসমীয়া ভাষাটো ল'ৰা-ছোৱালীয়ে ক'ব নোৱাৰাটো যেন গৌৰৱ। কিছুমান অসমীয়াই এতিয়াও বোধগম্য  হ'বলৈ বহুত বাকী । বিভিন্ন সময়ত দোকানে বজাৰে ইমানেই ভুলকৈ ছাইনব'ডবোৰ লগাই  থয় দেখিলেই  অসমীয়া  বুলি  ক'বলৈ  মন নাযায়। গতিকে আমি আমাৰ ভাষাটোক আদৰি লোৱাৰ লগতে নিজক শুধৰাবলৈ হ'ল।
          সদৌ শেষত, মোৰ এই লিখনিৰ জৰিয়তে ক্ষুদ্ৰ  অকণমান  আভাষহে দাঙি 
ধৰিলো, কিবা  যদি  ভুল-ভ্ৰান্তি  হৈছে ক্ষমা কৰিব বুলি  আশা  ৰাখিলো। আমাৰ  নিজৰ 
অসমীয়া  জাতিটোৰ বহুত  দূৰ-দিগন্তলৈ আগবঢ়াই নিয়াত সকলোৰে  চেষ্টা  অব্যাহত ৰাখিব তাৰ আশাৰে সামৰণি  মাৰিলো।

অঙ্গন:  পৃষ্ঠাঃ ১১

বৰ্তমান অসমীয়া সমাজ, সংস্কৃতিৰ গতি ধাৰা

বাসন্তী দত্ত কাকতী

       আজিৰ অসমীয়া সমাজ উৰ্দ্ধমুখী আধুনিকতাৰ পৰিপন্থী। নিজস্বতা হেৰুৱাই  পৰৰ সংস্কৃতিৰ মুখা পিন্ধি জগত জিনাৰ এক উলম্ব হাবিয়াস সমন্বিত ব্যৱস্থাপনাৰ কুটিল চক্ৰত বলিদান দিয়া এটা অধ্যায়। অসমীয়া জাতীয় স্বক্ৰীয়তাত ঘূণে ধৰিলে  সেয়েহে বোধহয় নিজৰ জাতীয় আৱৰণ পৰিহাৰ কৰি আজি গাৰ মঙহো খণ্ড খণ্ডকৈ বিক্ৰী যাবলৈ ধৰিছে। এফালে নতুনক আদৰাৰ, অনুকৰণ কৰাৰ ধামখুমীয়াত  জাতীয় কৃষ্টি- সংস্কৃতি, মান- সন্মান সকলো জহন্নামে যাবলৈ ধৰিছে। অপৰিপক্ক দালালৰ হাতত পৰি আজিৰ অসমীয়াই নিজৰ সৰ্ব্বস্ব বলিদান দিবলৈ উদ্যত হৈ পৰিছে। বৰশীত মাছ বাবলৈ হ'লে দিয়া টোপটোৰ দৰেই আজিৰ অসমীয়া সমাজ বহিৰাগতৰ বৰশীৰ টোপ সদৃশ আচহুৱা আহ্বানত মছগুল। য'ত কোনো মাদকতা নাই, তৃপ্তি নাই হাবিয়াস  নাই। আছে মাথো ভীষণ জালিয়াতিৰ  এক বীভৎস ভৱিষ্যত। 
আজিৰ সংস্কৃতিৰ যি কিমাচৰ্য্যম ৰূপ তাক ভাষাৰে বৰ্ণাব নোৱাৰি। ইয়াৰ মূলতেই হ'ল, 'অল্পবিদ্যা ভয়ংকৰী ' সূত্ৰৰ ব্যৱস্থাপনা। নিজ কৃষ্টি- সংস্কৃতিক পুঙ্খানুপুঙ্খ ভাৱে আয়ত্ব নকৰাকৈ বহুল প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আজিৰ সমাজ  আগৰণুৱা। মূল ভেটিৰ পৰা আঁতৰি আহি আধুনিকতাৰ মেৰপেচত পৰি অতীতৰ সংস্কৃতিক মাহীআইৰ ব্যৱহাৰ  কৰি দহৰ, সমাজৰ, পৃথিৱীৰ  মুখৰ আগত হাততে লুকুৱা মুঠিতে শুকুৱা প্ৰয্যুক্তি বিদ্যাৰ প্ৰয়োভৰ অতি চমৎকাৰ আৰু সহজলভ্য হৈ পৰিছে। তাতে উজান দিছে সময়, পৰিবেশ আৰু অমনোযোগীতাৰ কঠোৰ প্ৰশাসনে।  অসমীয়া সমাজ আজি এলেহুৱা, পৰনিৰ্ভৰশীল। যদিও আধুনিকতাৰ চৰম নিদৰ্শন বুলি ভবা যায়। উদাহৰণ স্বৰূপে, বহিৰাগতৰ অনুপস্থিতিত আমি নিজৰ শৰীৰটোকে বলাব নোৱাৰাৰ অৱস্থা। আনবিলাক বাদ দি নিজৰ পানী গিলাচো লৈ খাব নোৱাৰাৰ সংখ্যা দিনকদিনে বাঢ়িছে। বাহ্যিক  আড়ম্বৰপূৰ্ণ পৃথিৱীৰ সুউচ্চ অট্টালিকাৰ বাসিন্দা অসমীয়া জাতিৰ এক ওপৰঞ্চি আবেগ মিশ্ৰিত হাবিয়াস  হৈ পৰিছে। যাৰ বাবে দিন- ৰাতিৰ প্ৰভেদো চকুত নপৰা হৈছে। মুঠতে টকা আৰু আধুনিকতাৰ পিছত দৌৰি বহুতো আত্মঘাতী  বাটৰুৱাই  হামখুৰিখাই পৰিছে । সেয়েহে আমাৰ স্বনামধন্য  সাহিত্যৰ মূধাফুটা, সঙ্গীতাচাৰ্য্য  ডঃ ভূপেনদাই কৈ গৈছিল,লিখিছিল, গাইছিল তাহানিতে ,
"আজিৰ অসমীয়াই  নিজক নিচিনিলে 
অসমতে দূৰ্ভগীয়া  হব---"
যিটো আজি হৈ আছে। ভূপেনদাৰ কবিতাৰ প্ৰতিটো শব্দই  দি যায়  দূৰদৰ্শী মনৰ এক গভীৰ ভাস্কৰ্য্য। ভূপেনদাৰ কথা  উপলব্ধি কৰা  স্বনামধন্যসকল আজি এখিলা এখিলাকৈ সৰি পৰিবলৈ ধৰিছে অহাৰদৰেই গুচি গ'লগৈ এদিন-দুদিনৰ অন্তৰালত।
            নতুন প্ৰজন্মৰ হাতত মূল ভেটিটো দি থৈ যাব পাৰিলে অতীত বুৰঞ্জীৰ  হাঁহিটো ঘূৰাই পোৱাৰ  ক্ষীণ আশা এটা কৰিব পাৰি। 'জোৰ পুৰি হাত পালেহি' । সময়ৰ শৰ বান্ধিবলৈ এক শেষ চেষ্টা থকাটো অৱশ্যম্ভাবী।
                বিজ্ঞান  প্ৰযুক্তিৰ প্ৰকৃত সুন্দৰ  ব্যৱস্থাপনাৰ উচিত মূল্যাঙ্কন অতি সীমিত লোকৰ মাজতহে প্ৰয়োগ হোৱা দেখা যায়। কেৱল বাহ্যিকতাত গুৰুত্ব  নিদি প্ৰকৃতাৰ্থত দূৰদৰ্শী মনোভাৱ পোষণ কৰাতো আজিৰ সমাজৰ অতি গুৰুত্বপূৰ্ণ কাম হৈ উঠিছে।
                 অসমৰ জাতীয় সংস্কৃতিৰ  মূল তাত্বিক বেশভূষা তথা গূঢ়াৰ্থ ভাগক ছিন্ন ভিন্ন নকৰি মূল ভেটিৰ পুনৰুত্থানৰ  ব্যৱস্থাপনাৰ  ওপৰত গুৰুত্ব দিয়া অতি  প্ৰয়োজন। নহলে অসমীয়া জাতীয়সত্বাৰ স্বীকৃতি দুষ্পাপ্য হোৱাৰ  উপক্ৰম হৈছেগৈ। এইক্ষেত্ৰত দূৰদৰ্শী, বিজ্ঞজনৰ এক দীৰ্ঘম্যাদী ব্যৱস্থাৰ অতিকে প্ৰয়োজন  আহি পৰিছে। নহলে ,ভূপেনদাৰ গীতৰ, ভাবৰ দূৰদৰ্শী মনৰ ভাৱধাৰাক বন্তিগছিক জ্বলাই ৰখাটো কঠিন হৈ পৰিব।
ডঃ ভূপেনদাৰ ভাষাৰে-- কণ্ঠেৰে---

"অসম আমাৰ ৰূপহী গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব্বদিশত সূৰ্য্য উঠা দেশ----"

অঙ্গন: পৃষ্ঠাঃ ১২

বন্ধুত্বৰ বাবে এটাদিন

বীৰেশ্বৰ ৰাভা 

       বিশ্বাসৰ ডোলেৰে বন্ধা প্ৰেৰণাৰ উৎসাহ এটি নিভাঁজ সম্পৰ্কৰ। সুখ-দুখৰ সমভাগীৰে আস্থাৰ প্ৰতীক হৈ প্ৰতিক্ষণত প্ৰতিশ্ৰুতি ৰক্ষা কৰা সমন্বয়ৰ বন্ধন বন্ধুত্ব। বন্ধুত্ব এটা পৱিত্ৰ শব্দ আৰু বিশ্বাসৰ ডোলেৰে বান্ধ খাই থকা এটা নিভাঁজ সম্পৰ্ক, য'ত আমি নিশ্চিত মনেৰে নিজকে বান্ধখুৱাই ৰাখিব পাৰোঁ। 
       আন্তৰ্জাতিক বন্ধুত্ব দিৱস আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে বিশ্বৰ প্ৰায়বোৰ দেশে উদযাপন কৰি আহিছে। মেৰী উইলষ্টন ক্ৰাফটৰ মতে- বন্ধুত্ব হ'ল প্ৰীতিৰ বান্ধোনৰ ভিতৰতে সুক্ষ্মতম। বিশ্বাস হ'ল এই বান্ধোনৰ ভেটি আৰু ইয়াক দৃঢ়তৰ কৰি তোলে সময়ে।
       মানৱ জীৱনত এজন বন্ধু বা বান্ধৱী অবিহনে জীৱন অসম্পূৰ্ণ যেন অনুভৱ হয়। কিয়নো জীৱনৰ প্ৰতিটো ক্ষণতে আমি সুখ-দুখৰ কিছু কথা পাতিবলৈ অৱশ্যেই  এগৰাকী লগৰীৰ প্ৰয়োজন হয়। কেতিয়াবা কিছুমান  ব্যক্তিগত কথা আমি কাৰো আগত প্ৰকাশ কৰিব নোৱাৰোঁ বা মনে ক'ব নিবিচাৰে । সেই সময়ত প্ৰয়োজন  হয় এজন বন্ধু বা বান্ধৱীৰ-- যিয়ে আমাক বুজি পোৱাত সক্ষম হয়। ইয়াৰ মূলতে লাগিব বিশ্বাস । কিয়নো বিশ্বাসৰ জৰিয়তেহে এক সম্পৰ্ক মজবুত হয়। সেয়েহে বন্ধুত্বৰ ক্ষেত্ৰতো সেই বিশ্বাস থাকিলেহে আমি এজন ব্যক্তিক সকলো মনৰ কথা প্ৰকাশ কৰিব পাৰিম।
       প্ৰকৃত বন্ধু সেইজন-- যিয়ে আমাৰ সুখ-দুখৰ সমভাগী হৈ প্ৰতিটো ক্ষণতে আমাৰ কাষত থাকে, প্ৰতিটো প্ৰতিশ্ৰুতি ৰক্ষা কৰে, বিপদৰ সময়ত আমাৰ সহায়ক হয়, জীৱনৰ সফলতাত আগুৱাই যাবলৈ ইতিবাচক সঁহাৰি আৰু উৎসা দিয়ে, সেইজনেই আমাৰ প্ৰকৃত বন্ধু। এনে এজন বিশ্বাসী বন্ধু বৰ্তমান সমাজত পোৱাটো খুবেই কঠিন। 
     Friendship a responsibility...not an opportunity. গতিকে বন্ধুত্বৰ ওপৰত আমাৰ কৰণীয় বহুত আছে। বিশেষকৈ ইয়াক  বিশ্বাসৰ যোগেদি আগুৱাই নিয়াৰ ক্ষেত্ৰত। 
       কিন্তু বৰ্তমান সময়ত বন্ধুত্বৰ এক বিপৰীত ছবিহে আমি দেখিবলৈ পাওঁ। বন্ধুৰ মাজত সামান্য কথাতে ইজনে সিজনৰ লগত তৰ্কাতৰ্কি, হতাহতি--এইবোৰ সঘনাই  পৰিলক্ষিত হয়। আচলতে অবিশ্বাস আৰু বুজাবুজিৰ অভাৱতে বন্ধুত্বৰ সম্পৰ্কত ফাট মেলে। কেতিয়াবা এজন বন্ধুৱে আনজন বন্ধুৰ সফলতা দেখি তেওঁৰ প্ৰতি হিংসাত্মক হৈ পৰে। সেয়েহে এই ক্ষেত্ৰত বন্ধু-বান্ধৱী নিৰ্বাচন কৰোঁতে সতৰ্ক হোৱা প্ৰয়োজন। কিয়নো এনে বন্ধুৱে জীৱনত বহু ক্ষতি কৰিব পাৰে আপোনাৰ অজ্ঞাতে। 
       বন্ধুত্ব যে কেৱল সমবয়সৰ মাজতে সীমাৱদ্ধ, এনে নহয়। দৈনন্দিন জীৱনত লগ পোৱা বহু ব্যক্তিৰ লগত আমাৰ বন্ধুত্ব গঢ়ি উঠিব পাৰে। যেনেকৈ নিজৰ পিতৃ-মাতৃৰ সৈতে থকা আমাৰ বন্ধুত্বৰ সম্পৰ্ক অতি মধুৰ। 
       জীৱন যাত্ৰাপথত বন্ধুত্বৰ সম্পৰ্কবোৰে আমাৰ জীৱনটো ৰঙীন কৰি তোলে। এজন ভাল বন্ধু আমাৰ অনুপ্ৰেৰণাৰ উৎস। এজন প্ৰকৃত বন্ধু আমাৰ জীৱনত থাকিলে প্ৰতিটো অসাধাৰণ কাম আমি অনায়াসে কৰিব পাৰিম আৰু আমি জীৱনত আগুৱাই যাবলৈ সক্ষম হ'ব পাৰিম।

অঙ্গন: পৃষ্ঠাঃ ১৩

অণুগল্পঃ

মাংস পোলাও

বিনু লস্কৰ বৰুৱা

               নতুনকৈ বিয়া হৈ অহা সৰু বোৱাৰীক আজি  মাংস পোলাও ৰান্ধিবলৈ কৈছে শাহু মাকে। পিছে ন- কইনা পলিয়ে মাংস পোলাওতো দূৰৰে কথা মাংসই ভালকৈ ৰান্ধিব নাজানে। নাজানো বুলি ক'বলৈও কিবা ভাল নালাগিল। ইফালে আলহিও আহিব। ফোন কৰি মাকক সুধিলেও আনে গম পাব বুলি ভয়। মোবাইল চাই বনালেও গম পাব। সেমেকা মন লৈ ইটো সিটো কৰি আছে পাকঘৰতে। কাক ক'ব, কেনেকৈ ক'ব ভাবি থাকোতেই পলিৰ গিৰিয়েক পলাশে আহি কাগজ এখন আগবঢ়াই দি ক'লে "ইয়াতে সকলো লিখা আছে । পঢ়ি পঢ়ি ৰান্ধি থাকিবা।" গিৰিয়েকৰ এনে মৰম আৰু সঁহাৰি দেখি মনৰ আনন্দত পলি মৌন হৈ ৰ'ল।অচিনাকী পলাশৰ লগত তাই বিয়াত নবহো বুলি কোৱা কথাষাৰ মনত পৰি গ'ল।এতিয়া কি ক'ব একো ভাবি পোৱা নাই তাই।
                 মৌন হৈ থকা পলিক পলাশে কাণে কাণে কৈ গ'ল "মাংস পোলাও মোৰ প্ৰিয় খাদ্য।" এটি মিঠা হাঁহি মাৰি 'উম" বুলি কৈ পলি ৰন্ধাত ব্যস্ত হৈ পৰিল।

অঙ্গন: পৃষ্ঠাঃ ১৪

প্ৰেট্ৰলত এলাৰ্জী ভ্ৰম

 ৰিতা মণি বায়ন 

এঘাৰ লাখ টকীয়া গাড়ীখন লৈ সদায় কলেজলৈ অহা যোৱা কৰা কৃপানলীয়ে তাইৰ একে ডিপাৰ্টমেন্টৰ বান্ধৱী অৰুনিমাক প্ৰায়েই কলেজলৈ আহি এটা কথা কৈ থাকে যে প্ৰেট্ৰল পাম্পত তেল ভৰাবলৈ সোমালেই তাইৰ এলাৰ্জী হয়। এই কথা কেবাদিনো শুনাত অৰুনিমাই এদিন বান্ধৱীজনীক ক'লে "তুমি অনতি পলমে এজন স্কীন স্পেচিয়েলিষ্টৰ ওচৰলৈ যোৱা।" অৰুনিমাৰ এই পৰামৰ্শত বান্ধৱী গৰাকীয়ে ক'লে যে তাইৰ এই  বেমাৰ ভাল হ'বলৈ  হ'লে  প্ৰেট্ৰলৰ দাম কমিব লাগিব।
      
বৰপেটা ছোৱালী মহাবিদ্যালয়


অঙ্গন: পৃষ্ঠা ১৫

সামাজি মাধ্যম ফেচবুকৰ মজিয়াত "পষেকীয়া ই-আলোচনী অঙ্গন" গোটত অনুস্থিত অণুগল্প প্ৰতিযোগিতাত স্থান প্ৰাপ্ত,

আত্মবিশ্বাস

উৎপল দাস

        ভেঁকুলীটোৱে শৰীৰৰ সমস্ত শক্তিৰে জঁপিয়াই জঁপিয়াই প্ৰকাণ্ড ফেঁটি সাপ ডালৰ দুপৰীয়াৰ আহাৰ হোৱাৰ পৰা পৰিত্রাণ পাবলৈ চেষ্টা চলোৱাৰ সময়ত তাৰ এনে লাগিছিল যেন তাৰ প্ৰাণ বায়ু উৰিহে গৈছিল...।
         নিশ্চিত মৃত্যুৰ ভয়ানক সংবাদটো পোৱাৰ পিছতো আত্মৰক্ষাৰ স্বাৰ্থত সি সাপ ডালৰ আগে আগে জঁপিয়াই জঁপিয়াই এটা সময়ত যেতিয়া শেষ আশ্ৰয় হিচাপে ঠিয় হৈ থকা ষ্টিলৰ পাইপ ডালত খামুচি খামুচি ওপৰলৈ বগাব ধৰিলে, তেতিয়া আইনাৰ দৰেই মসৃণ ষ্টিলৰ পাইপ ডালত বগাবলৈ অসমৰ্থ হোৱা বিষাক্ত সাপ ডালেয়ো তুচ্ছ ভেঁকুলীটোৱে তাৰ নিজৰ আত্মবিশ্বাসেৰে সাপ ডালৰ সন্মুখত প্ৰদৰ্শন কৰা জীৱন যুদ্ধত আত্মসমৰ্পন কৰিবলৈ যেন বাধ্য হৈ পৰিল।

পাঠশালা, বজালী

অঙ্গন: পৃষ্ঠাঃ ১৬

একমিনিটৰ গল্পঃ

প্ৰতিদান 

মীনাক্ষি ৰায় ডাকুৱা,
                                  
         সত্যকাম বৰুৱাই মাক কুঞ্জলতা দেৱীক জোৰ দি ধৰিলে, এইবাৰ তুমি মোৰ লগত আমেৰিকালৈ যাব‌ই লাগিব মা । তুমি আমেৰিকাত আমাৰ লগতেই থাকিবা । তোমাৰ নামত থকা এই ঘৰ-বাৰী, সা-সম্পত্তি সকলো বিক্ৰী কৰি পোৱা ধন তোমাৰ নামতেই বেঙ্কত জমা থাকিব । সোনকালে সকলো ব্যৱস্থা কৰি পেলালে সত্যকামে । কুঞ্জলতা দেৱীয়ে কেইটামান চহী কৰাৰ বাহিৰে বিশেষ একো কৰিবলগীয়া নহ'ল । আজি ৰাতিপুৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোমাই মন ভৰি গ'ল কুঞ্জলতা দেৱীৰ । সত্যকামে মাকক এখন চকীত বহুৱাই থৈ বিমানবন্দৰৰ প্ৰয়োজনীয় কামখিনি সমাধা কৰি আহোঁ বুলি কৈ এফালে গুচি গ'ল । 
         কুঞ্জলতা দেৱী বহি আছে বহুসময় ধৰি । দুপৰীয়া পাৰ হৈ আবেলি হ'ল তথাপি সত্যকামৰ দেখাদেখি নাই । ল'ৰাৰ বাবে এইবাৰ তেওঁ বৰ চিন্তিত হৈ পৰিল । এগৰাকী মহিলা বিষয়াক দেখি কুঞ্জলতা দেৱীয়ে ক'লে, 
: মোৰ ল'ৰাই ৰাতিপুৱাতে কাগজপত্ৰ দেখুৱাব গৈছে । এতিয়াও মোৰ ওচৰলৈ ঘূৰি অহা নাই ।
: হয় নেকি ? আপুনি আপোনাৰ কাগজ-পাতি দেখুৱাওক ।
: মোৰ ল'ৰাৰ হাততহে সকলো কাগজ-পাতি, টকা-প‌ইচা, বস্তু-বাহানী আছে ।
: আপুনি ক'লৈ যাব ?
: ম‌ই আমেৰিকালৈ যাম, মোৰ ল'ৰাৰ ঘৰত থাকিবলৈ ।
: আপুনি আমেৰিকালৈ যাব ? এইটো দেখোন ডোমেষ্টিক চেকচন । আপোনাক ইয়াত বহুৱাই থৈ আপোনাৰ ল'ৰা ক'লৈ গ'ল ? 
: ম‌ই একোৱেই নাজানো । আপোনালোকে মোৰ ল'ৰাক বিচাৰি আনি দিয়ক । কুঞ্জলতা দেৱীয়ে কন্দনামুৱা হৈ ক'লে ।
: আপোনাৰ ল'ৰাক আমি কেনেকৈ বিচাৰি আনিম ? সকলো ৰেকৰ্ড-পাতি অনুসন্ধান কৰি দেখা গ'ল আপোনাৰ ল'ৰা সত্যকাম বৰুৱা ৰাতিপুৱাৰ বিমানতে মুম্বাই হৈ আমেৰিকালৈ ৰাওনা হৈছে সকলো লাগেজ লৈ । আপোনাক ইয়াত অকলশৰেই এৰি থৈ গৈছে ।
         কুঞ্জলতা দেৱীৰ হাত-ভৰি চেঁচা পৰি গ'ল । চকুৰ সমুখত আকাশখন ঘোৰ আন্ধাৰ হৈ আহিল । মূৰৰ ভিতৰত যেন লোৰ হাতুৰীৰ কোব।
: মোৰ ল'ৰা গুচি গৈছে ? গুচি গৈছে মোক ইয়াত অকলশৰেই বহুৱাই থৈ ? এয়া হ'ব‌ই নোৱাৰে । আপোনালোকৰ নিশ্চয় ক'ৰবাত কিবা ভুল হৈছে।
         উচ্চপদস্থ মহিলা বিষয়াগৰাকীয়ে অন্যান্য বিষয়াসকলৰ ফালে চাই এটি দীৰ্ঘশ্বাস পেলাই ক'লে, "দুৰ্ভগীয়া মাতৃ ।"

গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫

অঙ্গন: পৃষ্ঠাঃ ১৭

কথাগল্প

অস্তিত্ব

ৰুমী চাংমাই বৰুৱা

"বোৱাৰী তোমাক দুটামান কথা ক'বলৈ আছিল"

"কি কথা কওকচোন দেউতা"

"গাঁৱত কথাবোৰ বেছি বু-বু, বা-বা কৈ ওলাইছে। কেনিবা ওলাই গ'লেই প্ৰায়বোৰে কথাৰ চলেৰে কাট মাৰে।শুনিবলৈ বেয়া লাগে। একো ক'বও নোৱাৰোঁ। এটা সময়ত স্বাৰ্থপৰ হৈ চকুমুদি থাকিলো সকলো জানিও নজনাৰ ভাও ধৰি। এতিয়াহে আনৰ গঞ্জনাবোৰ শুনিবলৈ এই বৃদ্ধ বয়সত বৰ কষ্ট হৈছে।"

"আপুনি কি ক'ব খুজিছে দেউতা ?"

"কি ক'ব খুজিছোঁ তুমিও বুজিছা, কিন্তু নিজক লুকুওৱাৰ মিছা চেষ্টা কৰিছা।ডেকাৱস্থাৰ পৰা এটোপালো মদ মুখত নিদিয়া মোৰ একমাত্ৰ ল'ৰাটো আজি দুবছৰৰ আগত কিয় মদ খাই খাই মৰি থাকিল সেয়া মই জানো, তুমিও জানা। আজি তোমাৰ কোলা শুৱনি কৰি থকা নাতিটো যে আমাৰ ঘৰলৈ সঘনাই আহি থকা তুমি ভাইটি ভাইটিকৈ অলপ বেছি মৰম-স্নেহ দেখুওৱা নীলাভৰ সেই কথাটোও মই জানো।কাৰণ মোৰ ল'ৰাই জনাইছিল তাৰ দেউতাক হ'ব নোৱাৰা অক্ষমতাৰ কথা। তোমাক মাতৃত্বৰ গৌৰৱকণ দিব নোৱাৰা দুখত সি বহুত ভাগি পৰিছিল। হয়তো নিজৰ দুৰ্বলতাৰ ওচৰত পৰাজয় স্বীকাৰ কৰি ভৱিষ্যত বংশ ৰক্ষাৰ স্বাৰ্থত তথা তোমাক মাতৃত্বৰ সুখেৰে সুখী কৰিবলৈকে নীলাভ আৰু তোমাৰ মিলা-মিচাত বাধা দিয়া নাছিল। আৰু মোকো কিবা ক'বলৈ বাধা দিছিল।কিন্তু এজন মিছা দেউতাকৰ অভিনয় কৰি থাকিবলৈ চেষ্টা নকৰি সি মদ খাই খাই নিজক তেনেকৈয়ে শেষ কৰি পেলালে। কিন্তু এতিয়া কথাবোৰ বেলেগ বোৱাৰী।নীলাভ আহি থকাটো মই তেতিয়াও ভাল পোৱা নাছিলো আৰু এতিয়াও ভাল নেদেখোঁ।এতিয়া তোমাৰ সিদ্ধান্ত তুমি লোৱা বোৱাৰী নীলাভক তুমি আহিবলৈ বন্ধ কৰিবানে তাক দেউতাকৰ মৰমৰ মাজত ডাঙৰ কৰিব বিচাৰা।ভৱিষ্যতে সিও যাতে মানুহৰ গঞ্জনা শুনি জীয়াই থাকিব লগা নহয় যে কাৰোবাৰ সন্তান হৈ কাৰোবাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হৈ আছে। তুমি নীলাভৰ লগত গুচি গ'লেও এই সম্পত্তিৰ উত্তৰাধিকাৰী তোমাৰ ল'ৰাটোৱে হ'ব। মই সকলো ব্যৱস্থা কৰি দিম।কাৰণ মোৰতো আৰু কোনো নাই। গতিকে ভাবি চোৱা বোৱাৰী সিদ্ধান্ত তোমাৰ।সম্পূৰ্ণ স্বাধীনতা দিছো তোমাক।"

"নীলাভে ল'ৰাটোক প্ৰকৃত পৰিচয় দিয়াৰ কথা কৈয়ে আছে দেউতা। মাথো মই হে আপোনাৰ কথা ভাবি একো মত দিব পৰা নাই। তেনেহ'লে মই আজি নীলাভক কথাটো জনাম । কিন্তু এটা চৰ্তত দেউতা।"

 "কি চৰ্ত বোৱাৰী?"

"আপুনিও আমাৰ লগতে থাকিব লাগিব মোৰ দেউতা হৈ"

"তোমাৰ সেইটো চৰ্তহে ৰাখিব নোৱাৰিম মই। এইবোৰ তোমালোকক গতাই মই আশ্ৰমলৈ যামগৈ। ইতিমধ্যে যোগাযোগ কৰিছো মই। মাথো তোমাক এডাল শিকলিৰ বান্ধ খুলি জীৱনৰ স্বাধীনতা ঘূৰাই দিব খুজিছো। সুখী হোৱাৰ অধিকাৰ সকলোৰে আছে!এক অস্তিত্বহীন সম্পৰ্কৰে মিছাকৈ বান্ধ খাই থাকি কোনেও কষ্ট পাই থাকিব নালাগে বোৱাৰী।"

অঙ্গন: পৃষ্ঠাঃ ১৮

অনুবাদ সাহিত্যঃ

A SONG ON THE END OF THE WORLD

(By Czeslaw Milosz)

On the day the world ends
A bee circles a clover,
A fisherman mends a glimmering net.
Happy porpoises jump in the sea,
By the rainspout young sparrows are playing
And the snake is gold-skinned as it should always be.

On the day the world ends
Women walk through fields under their umbrellas,
A drunkard grows sleepy at the edge of a lawn,
Vegetable peddlers shout in the street
And a yellow-sailed boat comes near the island,
The voice of a violin lasts in the air
And leads into a starry night.

And those who expected lightning and thunder 
Are disappointed.
And those who expected signs and archangel’s trumps
Do not believe it is happening now.
As long as the sun and the moon are above.
As long as rosy infants are born
No one believe it is happening now.

Only a white-haired old man, who would be a prophet
Yet is not a prophet, for he’s much too busy,
Repeats while he binds his tomatoes:
No other end of the world there will be,
No other end of the world there will be


পৃথিৱী সমাপ্তিৰ এটা গান  

(মূল: ‘A Song On The End Of The World’ by Czeslaw Milosz
অনুবাদ : প্ৰাণ কৃষ্ণ গোস্বামী   )

পৃথিৱীখন শেষ হ’বৰ দিনা
এটা মৌ-মাখি ঘাঁহ এজোপাৰ কেউফালে ঘুৰি আছে,
এটা মাছমৰীয়াই জিলমিলীয়া জালখন বাতিবুতি আছে।
জোঙা নাকৰ শিহুবোৰে আনন্দত সাগৰত জঁপিয়াইছে,
পানীপোতাৰ বৰষুণত ঘনচিৰিকা পোৱালীবোৰে খেলিছে
আৰু সোণালী মোটৰ সাপডাল সোণ বৰণীয়াই হৈ আছে।

পৃথিৱীখন শেষ হ’বৰ দিনা
মহিলাবোৰ ছাতিৰে মূৰ ঢাকি পথাৰেদি গৈ আছে
মদপীটোৱে ঘাঁহনিডৰাৰ কাষত কলমতিয়াইছে,
পাচলি বেচোঁতাই বাটত চিঞৰি আছে আৰু,
হালধীয়া পালতৰা নাও এখন আহি বন্দৰটোত ৰৈছে,
ভায়লিনৰ সুৰ এটা বতাহত বিয়পি পৰি
এক তৰা ভৰা ৰাতিৰ বাতৰি দিছে।

আৰু, বিজুলী-ঢেৰেকনীৰ আশা কৰাসকল
হতাশ হ’ল। 
যিসকলে স্বৰ্গীয় দূতৰ আৱিৰ্ভাবৰ আশা কৰিছিল
এতিয়া তেনে হ’ব বুলি বিশ্বাস নকৰা হ’ল।
যেতিয়ালৈ জোন-বেলি ওলাই থাকিব  
যেতিয়ালৈ গোলাপী গালৰ শিশুৱে জনম লভিব
তেনে হ’ব বুলি কোনেও এতিয়া বিশ্বাস নকৰে।

মাথোঁ, এজন পকা চুলিৰ বৃদ্ধই, যি ভৱিষ্যদ্বক্তা হ’ল হেতেন,
কিন্তু এতিয়াও হোৱা নাই, কাৰণ তেওঁ অতি ব্যস্ত,
বিলাহীবোৰ গোটাই থাকোতে বাৰে বাৰে দোহাৰিছে-
‘আন কোনো শেষ নাই এই পৃথিৱীৰ
আন কোনো শেষ নাই এই পৃথিৱীৰ’।

( পোলেণ্ডীয় কবি চেছল’ মিল’জৰ জন্ম ১৯১১ চনৰ ৩০ জুন  আৰু তেওঁৰ মৃত্যু হয় ২০০৪ চনৰ ১৪ আগষ্টত। তেওঁ একেৰাহে কবি, প্ৰৱন্ধকাৰ অনুবাদক আৰু এজন ডিপ্ল’মেট আছিল।দ্বিতীয় মহাযুদ্ধৰ ওপৰত লিখা ‘The World’ তেওঁৰ একুৰি কবিতাৰ এখন বিখ্যাত সংকলন।মহাযুদ্ধৰ পিচত তেওঁ পেৰিচ আৰু আমেৰিকাত পোলেণ্ডৰ সাংস্কৃতিক প্ৰতিনিধি আছিল আৰু ১৯৫১ত তেওঁ পোলেণ্ড ত্যাগ কৰি আমেৰিকাৰ শৰণাপন্ন হয়।১৯৫৩ চনত প্ৰকাশিত তেওঁৰ প্ৰৱন্ধ সংকলন ‘The Captive Mind’ ষ্টেলিনবাদৰ বিৰুদ্ধে এক মহৎ গ্ৰন্থ ৰূপে পৰিগণিত হয়।পশ্চিমীয়া দেশত সাহিত্যৰ অনেক সন্মান লাভ কৰাৰ উপৰিও ১৯৮০ চনত তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰে।)


কাহিলিপাৰা গুৱাহাটী
মো:+৯১ ৭০০২৪০৯৬৫৫

অঙ্গন:  পৃষ্ঠাঃ ১৯

মোৰ ঠিকনা 

মূল (হিন্দী): অমৃতা প্ৰীতম
অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন 

আজি মই 
নিজৰ ঘৰৰ নম্বৰ মচিছোঁ 
আৰু চুবুৰিটো শিৰত লগাই
চুবুৰিৰ নাম আঁতৰাইছোঁ 
আৰু এই ৰাস্তাৰ 
দিশৰ নাম মচি দিছোঁ 
কিন্তু যদি আপুনি মোক নিশ্চয় পাবলৈ হ'লে 
প্ৰতিখন দেশৰ, প্ৰতিখন চহৰৰ 
প্ৰতিটো চুবুৰিৰ দুৱাৰত টুকুৰিয়াব
এয়া এক অভিশাপ, এয়া এক আশীৰ্বাদ 
আৰু য'তেই 
মুক্ত আত্মাৰ জিলিকণি পৰে 
বুজিব সেয়াই মোৰ ঘৰ ৷


অঙ্গন:  পৃষ্ঠাঃ ২০

কবিতাঃ

মহানগৰৰ ঈশ্বৰ যেতিয়া বলিয়া হয়

[সুলেখক প্ৰণৱজ্যোতি ডেকাদেৱৰ হাতত শ্ৰদ্ধাৰে]  

 ৰুদ্ৰ সিংহ মটক

If you feel pain you're alive. If you feel other     
peoples' pain, you're a human being.(লিও টলষ্টয়)

প্ৰাত:ভ্রমণতে 
ঘটনাটো
ঘটিছিল

আধাখোলা লোহাৰ গেটেৰে দৌৰি আহি
চেৰেলা কুকুৰটোৱে মোৰ ভৰিৰ পিতত কামুৰি
মঙহ এচপৰা এৰুৱাই নিলে 

চিঞৰ-বাখৰ কৰিবলৈ পাহৰি 
মই   ভাবিলো--

দেখাত চেৰেলা হ'লেও কুকুৰটো 
নিশ্চয় বলিয়া নাছিল

জোনটো হয়তো বলিয়া হৈছিল চাদলে 
নামি অহা
আকাশত

সুখৰ উছৱত বলিয়া ঈশ্বৰে কুকুৰটোক চেঁচা 
ৰুটি এটুকুৰাও  দিয়া নাছিল যোৱা ৰাতি


অঙ্গন:  পৃষ্ঠাঃ ২১

বৰ্ণনাৰ পাছত

ধীমান বৰ্মন

দৌৰ প্ৰতিযোগিতা ইয়াতেই শেষ
ভাগৰত ফোঁফাই থকা প্ৰতিযোগীবোৰ এৰি
আমি হাবিত সোমাইছো

নগৰৰ ভোকে হেঁচি ধৰা হাবি এৰি
জন্তুবোৰ হাবি ভাঙি গুচি যোৱাৰ পাছত
এই নিসংগ হাবিক আমি সংগ দিছো

দীৰ্ঘদিনৰ ঘাটি থকা টোপনিয়ে
হামিৰ বাটেৰে হাবিলৈ আহিছে

হামি এৰি হাবি এৰি টোপনি এৰি
আমি নগৰলৈ ঢপলিয়াইছো
জন্তুবোৰ চাবৰ বাবে

আৰু একেলগে লেবেজান হৈ
ঘৰুমৱা প্ৰতিযোগীৰ প্ৰতিবিম্বই
চকুৰ দাপোন ভাঙিছে


অঙ্গন: পৃষ্ঠাঃ ২২

আইনা
 
নৃপেন গোস্বামী 

আইনাখনে বিচৰাটো ময়েই
পিছৰ আঁৰ বকলাটিত কিন্তু মই নাই

সেয়ে আইনাখনে বাৰে বাৰে উশাহ সলাইছে

মোক নিজৰ আকাৰত বন্দী কৰিবলৈ লৈ আইনাখন ব্যস্ত

মই আইনাখনৰ কাষত ৰৈ অকলশৰীয়া
কাৰণ সকলোৱে নাজানে
আইনাখন অকলশৰে মোৰ নহয়

আজি মই থকাৰ বাবেই মোৰ বাবে আইনাখন
আনদিনা আইনাখনেও জুমি চাই আন এজনক

আইনাখনে সপোন দেখে মোৰ
আৰু
মই ৰূপহ জোনাকৰ

এতিয়া মই আইনাখনক মোৰ কৰিব পাৰোঁ

কিন্তু মোক বুজিৰ পৰা আইনাখনে
মোক এৰি পলায় ।


অঙ্গন:  পৃষ্ঠাঃ ২৩

হীৰুদাৰ বাবে একলম

ঝৰ্ণালী শৰ্মা বৰকটকী

শেহ নিশা অঘৰী বতাহ জাকে
অবাধে সোমাই আহে 
এন্ধাৰৰ বুকু ফালি
ক্ৰমশঃ ভিতৰলৈ।

জোনৰ বুকুত তেতিয়া
অযুত তৰাৰ ঘূমতি

এন্ধাৰত বিলিন হ'ল
বোকা মাটিৰ সৰগীয় 
 স্বপ্নৰ দুটি নয়ন।

অঘৰী বতাহত 
জিকাৰ খাই উঠিল
শূণ্যতে কান্দি থাকিল
নিঠৰুৱা গীত আৰু
কবিতাবোৰ।


অঙ্গন:  পৃষ্ঠাঃ ২৪

টোপনি
( হীৰুদাৰ বাবে )

অংকুৰিতা ফুকন

উজাগৰী ৰাতিবোৰত
কোনে টোপনিৰ মন্ত্ৰ মাতি শুনায়
টোপনিৰ বাবে যে মোৰ এহাল চকু নাই

পাৰ হৈ যোৱা সময় গচকি
অভিমানী টোপনিয়ে কৈ যায়
হেৰোৱা চকুহালতে আছিল 
এনিশাৰ শান্তি লুকাই

চোৱা…!
এতিয়াও আন্ধাৰ…
ৰাতিৰ ভিজা চুলি উৰুৱাই 
শান্তিবোৰ কোন বাটে যায় 

হেৰায়…
লুকায়…
ওৰে ৰাতি মোৰ টোপনি নাই…

অঙ্গন:  পৃষ্ঠাঃ ২৫

হীৰুদালৈ সশ্ৰদ্ধাৰে

ছৈয়দা আঞ্জুম আৰা হুছেইন 

পকা বেলি ,পকা ধান ,চৰাইৰ পাখিৰ ৰুণঝূনেৰে
মেটমৰা কৰি কান্ধৰ মোনাখন 
কবিজন 
ঘূৰি ফুৰে 
দিহিঙে দিপাঙে 

সোণোৱালী চিয়াঁহী এধাৰি 
সুৱাগভৰা নদী হয় ,

নদীখন এতিয়াও বৈ আছে__
প্ৰতি টোপাল পানীত তলবল তলবল 
মোৰ মাটিৰ সোণসেৰীয়া সাধু ৷
বালিত পোত যায়, চকুৰ কোণৰ 
নিয়ৰ দুটোপাল ৷

(আকাশৰ সিপাৰৰ আকাশত 
আমাৰ কবি
তৰা হয় 
কথা পাতোঁ 
তেওঁৰ স’তে
প্ৰতি সন্ধিয়া ,আৰু হেৰাই যাওঁ
কবিতাৰ বলয়ত ৷)

অঙ্গন: পৃষ্ঠাঃ ২৬

স্তব্ধতা --জড়তা আদি

অসমা তুংখুঙীয়া

উজনীয়া শব্দবোৰ উজাই আহোঁতেই
মই সিহঁতক সোধোঁ 
চিপচিপিয়া বৰষুণৰ স'তে
তহঁতৰ কিহৰ সম্পৰ্ক ।
বানে গৰকা দুখঃ সৰ্বস্ব 
মানুহৰ হুমুনিয়াহ বোৰৰ
ৰূপৰেখা তই আঁকনে ?
ভৰ যৌৱনা নদীখনে 
বুকুৰ মমতা হেৰুৱাই কিয় ?
তই ক'ব পৰিবিনে ?
এমুঠি মাত্ৰ ক্ষুধা সামৰি
ৰিক্ত পেটৰ উকমুকনি তই চিননে ?
 হে' হেৰাই যোৱা শব্দ...
তোক মই বিচাৰি ফুৰোঁ
খহনীয়াত ওপঙি যোৱা 
সপোনৰ ঘৰখনৰ অসহায়
ক্ৰন্দনত ।
সিহঁতে মোক মাতে 
হাতবাউলি ।
শব্দ ! তই গোপনে ঘৰ সাজ
তিনিটি সন্তানক বাহুত লৈ
একঁকাল পানীত কক্‌বকুৱা
শক্তিশালী পিতৃৰ বুকুৰ বৰঘৰত ।

শব্দ ! তই আৰু কিমান যুঁজিবি ?
সুখৰ ডৰিয়লি ফালি 
দুখৰ বুকুৱেদি তই আগবাঢ়
স্মৃতিৰ একাঠু পানীৰে
নিৰ্বিবাদে 
সমুখত তোৰ প্ৰত্যাহ্বান !
কিদৰে ৰোধিবি দুখৰ পানচৈ !
এজোলোকা বৈ যোৱা তেজৰ ধাৰাত
শব্দ , তই পিছল খাই পৰ কিয় ?
কিয় ?

নামতি

অঙ্গন:  পৃষ্ঠাঃ ২৭

জীৱনৰ ৰং 

প্ৰীতিৰেখা হাজৰিকা

আচলতে
হৃদয়ৰ গভীৰত 
প্ৰতিজন মানুহেই 
নি:সংগ 
আৰু 
বিষাদগ্ৰস্ত ।
চিনাকী পৃথিৱীৰ মানুহবোৰ 
এতিয়া যেন অচিনাকী ।
ভাৱনাৰ সুকীয়া মেৰঘৰত
বন্দী প্ৰতিটো জীৱন ।

স্পৰ্শ-সুখৰ অনুভৱ
বিস্মৃতিৰ গৰাহত এতিয়া ।
অসহায় দৃষ্টিৰ
অদৃশ্য মকৰাজালত 
ত্ৰিশংকু হৈ পৰে
যতমানে হেঁপাহ
কোনেও নেদেখাকৈ ।

হৃদয়ৰ ছন্দময় লহৰ
বাগৰি নাযায়
আঙুলিৰ মূৰেৰে
তেজত মিহলি হ'বলৈ ।
খহি পৰা নক্ষত্ৰৰ দৰেই
শূন্যতে নোহোৱা হয় প্ৰত্যাশাবোৰ! 
সুখৰ পৰিভাষা বিমূৰ্ত হৈয়েই ৰয় । 
জীৱন কেনেকৈ 
নি:সংগ নোহোৱাকৈ ৰয় !

হৃদয়ৰএকাকীত্বৰ সংজ্ঞা 
কেৱল জানো বিবৰ্ণ শুষ্কতা !
এয়াতো এখন আকাশো হ'ব পাৰে 
বিষাদৰ আন্ধাৰ বুলীয়া চাদৰত
স্মৃতিৰ তৰালিৰে ফুল বচা !
অথবা
এখন বিশাল নীলিম কেনভাচ,
য'ত মিচিকিয়াই ৰৌদ্ৰোজ্বল পুৱা
আৰু বিয়লিৰ হেঙুলী আভাই ।

শূন্যতা অথবা ভয়াৱহ নি:সংগতা
হ'বওতো পাৰে 
কেৱল আমাৰ 
ভাৱনাৰ দীনতা !

লখিমী নগৰ, গুৱাহাটী ।

অঙ্গন:  পৃষ্ঠাঃ ২৮

সম্পৰ্কবোৰ অপৰিহাৰ্য নহয়

বিজয়া গগৈ

সম্পৰ্কবোৰ আপেক্ষিক হ'ল
চৰ্ত সাপেক্ষ।

সম্পৰ্ক সময় সাপেক্ষ 
তোমাৰ উচ্চ বৈভৱৰ সময়ত
সম্পৰ্ক বৈভৱশূন‍্য হৈ তোমাতে বিলীন,
তোমাৰ বৈভৱহাৰা সময়ত সম্পৰ্কবোৰ
পলাই ফাটমেলে।

সম্পৰ্ক সম্পদ সাপেক্ষ
চগাহৈ ল'ৰি আহে 
তীব্ৰ পোহৰৰ উৎস ধিয়াই।
চাকি নুমাই গ'লে চগাবোৰনো 
ক'লৈ গুচি যায়!

সম্পৰ্কবোৰ নিৰ্ভজাল নহয়
স্থায়িত্ব নিৰ্ভৰ কৰে অৰ্থৰ প্ৰাবল‍্যই।

শঠকাৰিতাৰ সূত্ৰ ধৰি
সম্পৰ্ক কেতিয়াবা পাবতো গজিব পাৰে
ক্ষন্তেকীয়া
কৰাল এৰিলে চপৰা চপৰে খহি পৰে।

পুৰাতন সংজ্ঞাৰ ওপৰত প্ৰতিষ্ঠিত
সম্পৰ্ক মঙহা হ'ল।

বিনন্দীয়া সম্পৰ্কৰ কঠীয়া পাবলৈ নাই
শিপা পুতি স্থাণু হোৱা সম্পৰ্কক 
কেতিয়াবাই কবৰ দিয়া হ'ল।

কোনো কাৰো সম্পৰ্কীয় নহয় বাবেই
সমাজত খুন্দা-খুন্দলিবোৰ য'তে ত'তে
ল'ৰি-ধেমালি কৰি ঘূৰি ফুৰে।
   
ৰহা ,নগাঁও

অঙ্গন: পৃষ্ঠাঃ ২৯

চিঞৰ

আগমনি ফুকন শইকীয়া

চিঞৰ এটাই খুপি খুপি আহি সুধিলে, মই ক'ত ?
বৰষুণেৰে তিতি থকা গাৰ ছালখন দাঙি
জোনটো দেখুৱাই মই গুচি আহিলোঁ

চিপচিপীয়া বৰষুণজাকত জোনটো নিতিতাকৈয়ে আছিল
আৰু
পূৰ্ণজোনে এদিনতেই
এশ বছৰ জী ল'ব শিকিছিল

ফোন - ৯০৮২৮১৩২৩৯

অঙ্গন: পৃষ্ঠাঃ ৩০

এটা গল্প-কাব্য

 মালবিকা শৰ্মা

নক’লেও আৰু একো উপায় নাই 
তুমি মোক ভালে পোৱা বা বেয়াই পোৱা,
ক’ব খোজা কথাষাৰ আজি কৈ ল’বলৈ দিয়া।

প্ৰথমবাৰ তোমাক মই দেখাৰে পৰা 
নতুনকৈ জন্ম লোৱা অন্তৰৰ অনুভূতিখিনি,
কিদৰে কেনেকৈ মনৰ ভিতৰত থৈছিলো গোপন কৰি।

হৃদয়ক জনালোঁ, মই আত্মাক জনালোঁ
উশাহক ক’লো, বতাহক ক’লো, বৰষাক ক’লো,
আকাশৰ তৰাবোৰৰ আগতো তোমাৰ গুণেই  গা'লো।

পিছে তোমাক লৈ মই ৰচা সপোনবোৰ
মনত থকা কথাষাৰ কমনে দ’কৈ ভাৱি চালো,
তথাপি অমূল্য অনুভূতিক প্ৰকাশ কৰিব নোৱাৰিলো।

সেয়েহে ক’বলৈ বিচৰা কথাখিনি
তোমাক মই কেতিয়াও ক’ব নোৱাৰিলোঁ,
হৃদয়ৰ অনুভূতিক হৃদয়তে সুন্দৰকৈ সাঁচি থৈ দিলো।

আজি ইমান বছৰৰ মুৰত
তোমাক মই আকৌ এবাৰ লগ পালো,
মোক দেখি উজ্জ্বলি উঠা তোমাৰ মায়াভৰা চকুত
মোলৈ থকা আবেগখিনি দেখি কিছু সাহস গোটালো,
আৰু মনৰ কথাখিনি জনাবলৈ আগবাঢ়ি আহিলোঁ।

ভুবনেশ্বৰ


অঙ্গন: পৃষ্ঠাঃ ৩১

নিৰাশাৰে  নাভাঙিবা সপোন 

ৰিতুল বৰুৱা

কথাদি কথা ৰাখিব জানো বাবেই
মই আজিও স্থিতপ্ৰজ্ঞ 
তোমাক ভাল পাওঁ
সেই ধ্ৰুৱৰ দৰে সত্যক মই
শতবাৰ সোঁৱৰাব পাৰো।
নোৱাৰিব পাৰো
তুমি বিচৰা আকাশখন
তোমাৰ দুহাতত তুলি দিব
নোৱাৰিব পাৰো
সূৰ্যটো থাপিব তোমাৰ কপালত
কিন্তু
কি জানা
আকাশৰ এটা প্ৰান্তৰ
অস্তমিত বেলিৰ উচুপনিত
যেনেকৈ দুখৰ নদী বোৱাব পাৰো
তেনেকৈ
আনটো প্ৰান্তৰ উদীত জোনৰ প্ৰাণোচ্ছল হাঁহিত সাগৰহৈ ঢৌ তুলিব পাৰো
তোমাৰ হৃদয়ত।
মই জোনাক ৰাতিৰ ধ্ৰুৱ,
কথা দি কথা ৰাখিব জানো
কাজলপ্ৰিয়া।

অভিমানৰ পাহাৰ ভাঙি
বোৱাই দিব খুজো ভালপোৱাৰ
সুগভীৰ সিন্ধু 
তাকো জানো তুমি বুজি পোৱা নাই ?
নৈৰাশ্যৰ আচিলাৰে
নিদিবাচোন নিতে 
মোৰ সেউজীয়া কলিজাত
ভঁৰালে ভঁৰালে দুখ।
চোৱা ---
এবাৰ
মাথোঁ এবাৰ প্ৰমাণ কৰি দিওঁ নেকি !
তোমাক ভালপোৱাৰ বিনিময়ত যে
মৃত্যুকো আদৰিব পাৰো মই হেলাৰঙে।
শুনা,
প্ৰেম মোৰ বাবে
জীৱন জীয়াৰ গান,
উঠিলেও উঠক
মোৰ শুকান মৰুভুমিত বান,
ভাঙি তচ নচ কৰক
শিলাময় হৃদয়ৰ সুকঠিন দুপাৰ
তথাপি শতবাৰ কম
প্ৰেম মোৰ আঘোনৰ
সোণোৱালী শস্যৰ আটোল টোল সন্তান ---।

গহপুৰ


অঙ্গন: পৃষ্ঠাঃ ৩২

পষেকীয়া ই-আলোচনী  অঙ্গনৰ উদ্যোগত " সামাজিক মাধ্যম ফেচবুক গোটত আয়োজন কৰা কবিতা প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান প্ৰাপ্ত কবিতা,

জোনাকী যাত্ৰা

ড. আৰাধনা বৰুৱা

আকাশৰ উদাৰতা
বুকুত সামৰি
উজ্জ্বল নক্ষত্ৰৰ স্থিতপ্ৰজ্ঞতাৰে
মই বাট বুলিছোঁ
সময়ৰ হাতে হাত ধৰি !

বিশ্বায়নৰ মোহপাশ সৃষ্ট
অঘোষিত প্ৰতিযোগিতাৰ পয়োভৰক
কৃতিত্বৰে নিৰ্লিপ্ততা প্ৰদৰ্শন কৰি 
নিৰ্মোহ আত্মা মগন
স্বতঃস্ফূৰ্ত জীৱন প্ৰৱাহত !

পোহৰ সন্ধানী এই জোনাকী যাত্ৰাত
কজলা বিষণ্ণতাক জিনি
ৰামধেনুৰ সাতোৰঙেৰে
জীৱন জীপাল কৰিবলৈ
মই দৃঢ়প্ৰতিজ্ঞ !

মোৰ সহচৰ
কলিজা জুৰোৱা
এমুঠি ফৰিংফুটা জোনাকৰ 
মায়াসনা অনুৰাগ !

ঠিকনাঃ
পাঠশালা

অঙ্গন: পৃষ্ঠা ৩৩

সাম্প্ৰতিক সময় আৰু মই...

প্ৰকৃতি প্ৰিয়া দত্ত (কৃষ্ণা প্ৰিয়া )

আগতকৈ খবৰবোৰ বাঢ়িছে,
ভালতকৈ বেয়া বেয়া খবৰবোৰ বেছি.....
কিমান বেয়া সেইবোৰ ক'বলৈ মন নাযায়।
খবৰবোৰৰ প্ৰতি মানুহৰ আগ্ৰহো বাঢ়িছে...
খবৰবোৰৰ পৰিবেশন কৌশল আৰু কলাও ভাল হৈছে...!
খবৰবোৰৰ মাজত সোমাওঁ আৰু ওলাওঁ....
খবৰৰ আঁৰৰ মানুহবোৰ কিন্তু গৈ নাপাওঁ.....
গৈ নাপাওঁ সিহঁতৰ ঘৰ,
বিচাৰি নাপাওঁ অনুভৱেৰে সিহঁতৰ মনৰ ভিতৰ...।
খবৰবোৰ মনোৰঞ্জনৰ শিতানতে পৰি ৰয়....।
সময় নাই,
এইটো যুগত বাস্তৱবাদী নহৈ মূৰ্খামী কৰিব নোৱাৰোঁ।
দেশ আৰু দহৰ কথা মই এতিয়া বুজি নাপাওঁ।
ওচৰ চুবুৰীয়া, মিতিৰ কুটুম্ববোৰৰ বহুত দিন মুখ দেখাই নাই।।
ভাল লাগিছে....!
একো আমনি নোহোৱাকৈ,
পৰিয়ালটো লৈ মই সুখত আছোঁ।
চিনাকি পৃথিৱীখনত মোৰ দেখোন
সকলোবোৰেই অচিনাকি...!
ওচৰে ওচৰে আছো ...!
তথাপিও মনৰ বহু আঁতৰত.....
বহুদিন হ'ল মনটো ভাল লগা নাই
খিৰিকি খন খুলি দিলোঁ
আকাশখনলৈ চালো....
ৰাস্তা পদুলিবোৰত খোজ কাঢ়িবলৈ মন গ'ল..
মন গ'ল অন্তৰখন খুলি ফৰকাল হ'বলৈ।
ঘৰৰ কাষৰ মানুহজন মোৰ কাষ পাওঁ পাওঁ,
তেওঁ মোক আগধৰি মাতিবনে মই আগধৰি মাতিম বাৰু...?
কথাটো ভাবি থাকোতেই তেওঁ মোৰ কাষেদি পাৰ হৈ গ'ল,
মই বৰ লাজ পালো..
ভাবিলো আকাশখন ডাৱৰীয়া হৈ থাকিলেও এদিন ফৰকাল হ'বই,
ৰাতিৰ আন্ধাৰে আবৰি ধৰিলেও 
পুৱা সূৰ্য্য উদয় হ'বই লাগিব....
মই তেওঁৰ পাছে পাছে যাত্ৰা কৰিলোঁ.....
মনতে থিৰাং কৰিলোঁ,
তেওঁৰ লগত আজি চিনাকি হ'ম,
অন্তৰ খুলি কথা পাতিম....
যোৱা দহতা বছৰ চাই থাকোতেই গ'ল...!!
সন্ধিয়া লাগিছে,
নামঘৰত ডবা শংখ বাজিছে...
অন্তৰেৰে নেদেখা জনক প্ৰণাম জনালোঁ...।।


অঙ্গন:  পৃষ্ঠাঃ ৩৪

আৰ্ট গেলাৰীঃ

শ্ৰীমান প্ৰজ্ঞান প্ৰতীম হাজৰিকা
ক্লাছ 2
মডেল ইংলিছ হাইস্কুল
নকছাৰি
যোৰহাট


অঙ্গন: পৃষ্ঠাঃ ৩৫

 নীলাখামৰ চিঠিঃ

মৰমৰ 
সোণ 

           মোৰ হৃদয়ৰ অযুত মৰম পঠালো । তুমি আদৰি ল’বা । মোৰ ভাল ৷ আশাকৰোঁ তোমাৰো কুশল ।
সোণ মোৰ, অনুৰাগত উতলা হৃদয়ৰে তোমালৈ এখনি চিঠি লিখিবলৈ লৈছোঁ এইয়া....৷ কিন্তু কি লিখোঁ ! থৌকিবাথৌ হিয়াত মাথোঁ তোমাৰেই নাম ৷ প্ৰতিক্ষণত হিয়াত তোমাৰ ছৱিটিৰ অবাধ অহাযোৱা ৷ 
যিদিনাই মোক তোমাৰ হৃদয়ৰ বতৰাটি দিলা সেইদিনাৰে পৰা উন্মনা ৷ অজান ৰাগীত উতলা । কি ক’ম তোমাক ! এনে হৈছে “বহোঁ তাঁতশালত 
চকু আলিবাটত” ৷ 
এতিয়া তোমাক লৈ অজস্ৰ সপোনৰ সৈতে লুকাভাকু খেলিছোঁ ৷ মায়া বাঢ়িছে জীৱনলৈ....৷
সঁচাই সোণ জীৱনটো কিমান সুন্দৰ মোৰ  তোমাৰ নিভাঁজ মৰমেৰে ৷ মোৰো সমস্ত আদৰুৱা আদৰ তোমালৈ সাচিছোঁ ৷ এনে লাগিছে আমি আগবাঢ়িছোঁ জিক্ মিক্ জোনালী সৰা এটি পোহৰৰ বাটত ৷ দুহাতত দুহাত আৰু দুচকুত দুচকু থৈ তুমি এটি গীত গাইছা আৰু মই তন্ময় হৈ শুনি ৰইছো সেই অপূৰ্ব গীত ৷ সঁচাই কি কথাৰে যে মোক পোহৰাই তুলিলা ৷ ভালপোৱাৰ ৰং তুলিকাৰে যে মোক জিলিকাই পেলালা ।তুমি নিশ্চয় জানা ভালপোৱা মানেই পৰিপূৰ্ণতা ৷ ভালপোৱা মানেই যে এ আকাশ পোহৰ ৷ এচোতাল ৰ’দালি । পুৱা কি আবেলি আজিকালি মোৰ বুকুত যে হাজাৰ কবিতাৰ গুণগুণনি ৷ 
জানা, মই কবিতা লিখিছোঁ তোমাৰ  বাবে ৷ যিদিনা লগ পাম তোমাক গাই শুনাম দেই ।
সোণ, আজিকালি তোমালৈ মোৰ চিন্তা হয় ৷ দূৰত আছা যে ৷ সময়ত খোৱাবোৱা কৰিবা ৷ স্বাস্থ্যৰ যতন ল’বা ৷ কাৰণ দেহা থাকিলেহে বেহা ।মনত ৰাখিবা। ইয়াত আমাৰ সকলোৰে ভাল । 
          শেষত তোমালৈ মোৰ অযুত মৰম পঠাই আজিলৈ ৰাখিলোঁ ৷

ইতিত

তোমাৰ মৰমৰ
নীলা
বি.দ্ৰ.=চিঠিৰ উত্তৰ সোনকালে দিবা ৷ মই বাট চাই থাকিম ৷


অঙ্গন: পৃষ্ঠাঃ ৩৬

প্ৰিয় পাঠকৰ একাষাৰঃ

মোৰ প্ৰিয় ই-আলোচনী খন...

মিতালী শৰ্মা
    
এই  পৃথিৱীত সকলো দেশ, সকলো মানুহ, সকলো ঠাই দেখা পোৱাটো সম্ভৱ নহয়। আমি নজনাকৈয়ে কত দেশ কত ঠাই কত বিচিত্ৰ মানৱ সমাজ তেওঁলোকৰ জীৱন ধাৰা  বিষয়েই
আদৃশ্য ভাৱেই থাকি যায়।কিন্তু গ্ৰন্থ ,আলোচনী, বাতৰি কাকত আদিৰ দ্বাৰা আমাৰ জানিবলৈ যি প্ৰবল ইচ্ছা সেই ইচ্ছাক সফল কৰি তুলিব পাৰো অধ্যয়নৰ দ্বাৰাই আৰু আজিৰ সময়ত সেই ইচ্ছা আমি মাত্ৰ আমাৰ হাতত থকা ফ'নটোৰ এটা বাটোম টিপি সম্ভৱ কৰি তুলিব পাৰো। আলোচনী এখন পৰিচালনা কৰাটো এটা অপৰিসীম দায়িত্বৰ কাম।হাজাৰ বিজাৰ পঢ়ুৱৈ উপযোগী, মনোৰঞ্জন ,ৰুচিপূৰ্ণ আলোচনী অপপ্ৰয়াস পঢ়ুৱৈ সন্মুখত দাঙি ধৰিব পৰাতেই তেওঁৰ দক্ষতাৰ পৰিচয়। সেই পৰিচালকৰ দক্ষতা পঢ়ুৱৈ সমাজৰ আন্তৰিকতা আৰু নিয়মানুৱৰ্তিতা ওপৰতে আলোচনীখনৰ সফলতা নিৰ্ভৰ কৰে। এই  ক্ষেত্ৰত  ই- আলোচনী অঙ্গনে সফলতা পাইছে বুলি আমি আশা কৰিব পাৰো।
মূখ্য সম্পাদক হেমেন নাথ আৰু তেখেতৰ সতীৰ্থ সকলৰ দ্বাৰা প্ৰকাশিত প্ৰষেকীয়া ই-আলোচনী" অঙ্গন " বহু কেইখন ই-আলোচনীৰ মাজত  মোৰ  প্ৰিয় আলোচনী । ইয়াৰ প্ৰথম কাৰণটো হ'ল  জন্ম লগ্নৰে পৰা আলোচনীখনে সদায় সময়মতে  অতি সুশৃংখল ভাৱে আকৰ্ষণীয় লেখনিৰে সকলোৰে মনত আনন্দ প্ৰদান কৰি আহিছে। সমাজৰ সকলো স্তৰৰ ব্যক্তিৰ বয়সৰ উপযোগিকৈ লেখনিৰ সম্ভাৰেৰে পৰিপুষ্ট মনোগ্ৰাহী আলোচনীখনে সকলোকে অধ্যয়ন স্পৃহা জগাই তুলিবলৈও সক্ষম হৈছে। কভিদ কালত এই আলোচনীখনে যথেষ্ট সতৰ্কতাৰে পঢ়ুৱৈ সমাজক উৎসাহিত কৰি সমাজৰ বহু লোকক  আগুৱাই যোৱাত  প্ৰেৰণা যোগাইছিল।  
শেষত  বৰ্তমান সময়ত মানুহৰ মাজত পুথি অধ্যয়নৰ স্পৃহা জগাই তুলি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হোৱা মোৰ প্ৰিয় পষেকীয়া ই-আলোচনী অঙ্গনলৈ মোৰ আন্তৰিক শুভ কামনা যাঁচি ভৱিষ্যতে আৰু বহুত সফলতা  পোৱাৰ আশা কৰিলোঁ।  

উলুবাৰী,গুৱাহাটী।

অঙ্গন:  পৃষ্ঠাঃ ৩৭

গল্পঃ

এন্ধাৰৰ মুকুতামণি

হিয়া দাস

: মা , মই গৈ থাকোঁ । ফোন কৰি থাকিম মাজে সময়ে । মিষ্টুৰ জন্মদিনৰ মিঠাই ৰাখি থ'বা  মোলৈ । তাইৰ গিফটোও মই কাইলৈকে দিম । তাইক বুজাবা ।
: মই বুজালে তাই বুজে কথাবোৰ । চাৰি বছৰীয়া হ'লেও তাই এতিয়াৰে পৰাই বুজন হৈ উঠিছে ।  মোৰ আকৌ চিন্তা তোমালৈহে ।
: এহ্ মা , তুমিও যে আৰু ! অযথা চিন্তাবোৰ কৰি থাকা । বিবাহ অনুষ্ঠানত জানো কোনোবাই ভাগৰুৱা অনুভৱ কৰে ? স্ফূৰ্তি-তামাচাৰে কিদৰে চৌবিছ ঘণ্টা পাৰ হৈ যায় গমেই পোৱা নাযায় । পিছদিনা আহি তোমাৰ হাতৰ ভাতসাঁজ খোৱাৰ লগে লগে শৰীৰত আকৌ দুগুণ শক্তি লাভ কৰোঁ।
: ডিঙিত ভালদৰে মাফলাৰখন মেৰিয়াই থ'বা নীল , কাহ এতিয়াও সম্পূৰ্ণ কমা নাই তোমাৰ ।
: অ' মোৰ আজলী মা , ইমান ভয় নাখাবা । মই ভালেই থাকিম । পৰহিলৈ আকৌ ত্ৰিকাল মন্দিৰত অষ্টপ্ৰহৰ হৰি-নাম যজ্ঞ । গতিকে মই ভালে থাকিব লাগিব মা । 

হঠাৎ গাড়ীৰ হৰ্ন শুনা গ'ল । ব্যস্ত হৈ পৰিল নীল । লৰালৰিকৈ হাতত লাখুটিডাল লৈ যাবলৈ ওলাল । নীলে ঘৰৰ সকলোকে মাত লগালে । মাকক ক'লে,
: মা , মই আহিছোঁ । পুৱা উভতিম । ভাত ৰান্ধি থ'বা , আৰু শুকান মাছৰ চাটনি । চাৰে আঠমান বজাত আহি পাম । 
কথাখিনি শেষ কৰি গাড়ীত বহিল নীল । গাড়ীখন অদৃশ্য নোহোৱালৈকে মাকে উদাস দৃষ্টিৰে চাই ৰ'ল । 

'নীল সত্যম' , এজন দৃষ্টিহীন ৩২ বছৰীয়া যুৱক । সুঠাম দেহ , একোছা ডাঠ চুলি , তীক্ষ্ণ নাক , সপ্ৰতিভ । কলা শাখাত স্নাতক নীল সত্যমে লক্ষ্ণৌৰ ভাটখাণ্ডে মিউজিক ইউনিভাৰ্ছিটিৰ পৰা সংগীতৰ বিশাৰদ লাভ কৰে । গুৱাহাটীত কম্পিউটাৰ প্ৰশিক্ষণ সমাপ্ত কৰি গুৱাহাটীৰে এটা উপকণ্ঠত  স্কুল এখনত সংগীত শিক্ষক হিচাপে ২০১৬ চনৰ পৰা ২০২০ চনলৈকে সুচাৰুৰূপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছিল । ২০২০ , ক'ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বত চানি ধৰাৰ আগমুহূৰ্ততে কোনো অজ্ঞাত কাৰণত স্কুলখন বন্ধ হৈ গৈছিল । এখন স্কুল বন্ধ হ'ল বুলিয়েই ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ ধাৰা ব্যাহত হোৱা নাছিল । ব্যাহত হোৱা নাছিল নীল সত্যমৰ সহযোগী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আৰ্থিক উপাৰ্জনৰ ধাৰা । কিন্তু নীল সত্যমৰ ? 
দেশৰ হাজাৰ হাজাৰ নিবনুৱাৰ ভয়াৱহ তালিকাখনত অনাকাংক্ষিতভাৱে নীল সত্যমৰ নামটোও সন্নিৱিষ্ট হৈ গৈছিল ! সৰুৰে পৰা স্কুল , কলেজ , লক্ষ্ণৌৰ সংগীত বিশ্ব বিদ্যালয়  । শিক্ষা সমাপ্ত কৰিয়েই অন্য এখন স্কুলত কৰ্ম জীৱনৰ ব্যস্ততা । কিন্তু...? কিন্তু হঠাৎ পৃথিৱীলৈ আহিল স্থবিৰতা  । এটা  ভাইৰাছে দ্ৰুত গতিত সলনি কৰি পেলালে সমগ্ৰ পৃথিৱীৰ পৰিভাষা । উফফ...কি ভয়াৱহ পৰিণাম ! অনিশ্চিত কালৰ সাক্ষী হ'বলৈ গৃহবন্দীত্বক আকোঁৱালি শুভদিন বাবে বাট চাই ৰ'ল নীল সত্যম । 

: হেল্ল । খাইছোঁ মা । তুমি চিন্তা নকৰিবা । বৰযাত্ৰী  পাবহিয়েই আৰু । 
: মিষ্টুৰ জন্মদিনৰ প্ৰসাদ আৰু মিঠাই ৰাখি থৈছোঁ তোমালৈ । তাই বাৰে বাৰে সুধি আছে খুৰা কেতিয়া আহিব ? মোলৈ কি আনিব...? আৰু বহুতো প্ৰশ্ন তাইৰ । ফোনৰ সিমূৰত শুনা গ'ল মাকৰ মুখত সন্তুষ্টিৰ হাঁহি । 
: হয় নেকি ? পুৱাই গৈ মই তাইক চাৰপ্ৰাইজ দিম । আচ্ছা মা মই এতিয়া ফোন ৰাখিছোঁ  তুমি খাই বৈ শুই থাকা । 
সংযোগ বিচ্ছিন্ন কৰি মোবাইলটো পকেটত ভৰাই থৈ কী-বোৰ্ডত পুনৰ আঙুলি বোলালে নীল সত্যমে । 

২০২০ ৰ আগষ্টমানৰ পৰা ক'ভিডকালীন পৰিস্থিতিত কিছু শিথিলতা আহিছিল ।  স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ তোলপাৰ লগাইছিল মানৱ নামৰ প্ৰাণীবিধ । মানৱসৃষ্ট ভাইৰাছবিধে বহু ব্যক্তিগত খণ্ডত বেয়াকৈ প্ৰভাৱ পেলাইছিল । নীল সত্যমৰ ককায়েক দুজন ইয়াৰ উদাহৰণ । 

এদিন সংগীতৰ শিক্ষাগুৰু নীল সত্যমে আৰ্থিক সকাহ বিচাৰি যোগ দিলে এটা অখ্যাত ব্ৰেণ্ডপাৰ্টিত । আৰু এটা দহজনীয়া  কীৰ্তন দলত । নিম্ন মধ্যবিত্ত পৰিয়ালৰ যুৱক নীল সত্যম । মাক , দুজন ককায়েক , দুজনী বৌয়েক , তিনিটা মৰম লগা কণ ভতিজা-ভতিজীয়ে ভৰা সংসাৰ । 
নাই , অন্ধকাৰক সাৱটি ঘৰতে বহি থাকিব নোৱাৰে নীল সত্যমে । নীলক কৰ্ম সংস্থাপনৰ প্ৰয়োজন । ব্যস্ততাৰ প্ৰয়োজন । আৰু অৰ্থৰো । 
বিবাহ-সবাহত পুৱাই ওলায় যায় ছয়-সাতজনীয়া ব্ৰেণ্ড পাৰ্টিটোৰ এজন সদস্য  নীল সত্যম । ব্ৰেণ্ডপাৰ্টিত নৱতম সংযোজিত বাদ্যবিধ ' কী-বোৰ্ড ' বাদক নীল সত্যম । 
অক্লান্ত , অবিশ্ৰান্ত তেওঁলোক , ব্ৰেণ্ডপাৰ্টি । বিয়াৰ দিনাৰে পৰা বজাবলৈ আৰম্ভ কৰি পিছদিনা বিবাহকাৰ্য সমাপন নোহোৱালৈকে বজাই থকাটোৱে তেওঁলোকৰ মুখ্য কাম । নহয়---নহয় । চাহৰ , ভাতৰ সময়খিনিত বিৰতি পায় তেওঁলোকেও । 

           ৰভাতলীত একোণত বহি আপোনমনে কী-বোৰ্ডত সুৰৰ লহৰ তোলে নীল সত্যমে । অনুভৱৰ তৃতীয় চকুৰেই সি দেখে  বিবাহ অনুষ্ঠানত লগ পোৱা সুন্দৰ মনৰ মানুহবোৰ । আৰু কুৎসিত মনৰ মানুহবোৰো । এইখন ক্ষেত্ৰত বহু তিক্ত অভিজ্ঞতাও লাভ কৰিছে নীলে । একে ঠাইতে বহি বহি বাদ্য বজাই বজাই যেতিয়া  কিছু মূহূৰ্তৰ বাবে আঙুলিবোৰ স্থবিৰ হৈ পৰে তেতিয়াই তাত উপস্থিত থকা কিছুমানে তুচ্ছতা প্ৰকাশ কৰে---

: কিয় ৰৈ গ'লা ? বজোৱা , বজোৱা । বজাবলৈকে তোমালোকক ভাৰা দি আনিছোঁ । ৰৈ থাকিবা কিয় ? ঢোল পেঁপাৰ মাতে অহৰহ ৰজনজনাই থাকিব লাগিব । বজোৱা , বজোৱা ।

কেতিয়াবা প্ৰচণ্ড ক্ষোভো জাগে নীল সত্যমৰ । সকলো তাতেই এৰি গুচি যাবলৈ মন যায় গুৱাহাটীৰ উপকণ্ঠৰ সেই স্কুলখনলৈ---য'ত সি সংগীতৰ শিক্ষক হিচাপে এটা সন্মানজনক কৰ্তব্যত নিয়োজিত আছিল যোৱা পাঁচটা বছৰে । কণ কণ ছাত্ৰ-ছাত্ৰীৰ মুখৰ ছাৰ শব্দটোৱে তাক অনন্য ৰূপ-ৰঙৰ অনুভৱ প্ৰদান কৰিছিল । 
কিন্তু....? কিন্তু আজি সেই স্কুলো নাই । চাকৰিও নাই । 

সন্মান...? 

আছে , আছে । নিজৰ দৃষ্টিত সি কেতিয়াও আত্মসন্মান হেৰোৱা নাই  ।  কৰ্ম কৰি গৈছে । কৰ্মৰতো সৰু বৰ নাথাকে ।  চৌবিছ ঘণ্টা একেখন চকীতে বহি বাদ্যযন্ত্ৰ বজায়  । সুৰৰ তালে তালে বিবাহ নামৰ এটা অত্যন্ত জাকজমকতাপূৰ্ণ অনুষ্ঠানৰ  মাজেৰে এহাল ডেকা-গাভৰুৰ এটা বৰ্ণিল সপোন বাস্তবায়িত হয় । ব্ৰেণ্ডপাৰ্টি অবিহনে ডেকা-গাভৰুৰ জীৱনৰ এই দ্বিতীয় অধ্যায় যেন আধৰুৱা । কত ছোৱালীৰ বিদায়ৰ সেই কৰুণ মুহূৰ্তৰ সাক্ষ্য বহন কৰে একোটা ব্ৰেণ্ডপাৰ্টিয়ে বুজে । নীল সত্যমে সকলো বুজে । বুজাৰ ক্ষমতা আছে বাবেই সি পৰিস্থিতিৰ লগত মোকাবিলা কৰিছে । জীৱনমুখী ল'ৰা সি । জীৱনৰ প্ৰতিটো দিনেই সি নতুন নতুন অভিজ্ঞতা আহৰণ কৰিব বিচাৰে । কাম কৰিব বিচাৰে । এদিন নীলৰ বন্ধু এজনে পঢ়ি শুনাইছিল তাক বিশিষ্ট লেখক  ' অনুৰাধা শৰ্মা পূজাৰী ' ৰ সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত উপন্যাস--- 'ইয়াত এখন অৰণ্য আছিল ' , তাৰেই কেইশাৰীমান মন-মগজুত ৰৈ গৈছিল । 
' একো কাম নাথাকিলে সময় এক বন্ধ পানীৰ ডোবা । অজস্ৰ কাম থাকিলে সময় জলপ্ৰপাত , দুখৰ সময় নাযায়-নুপুৱায় , সুখৰ সময় এটা ফৰ্মূটিৰ দৰে , আহিল আৰু গ'ল । তাতে কি হ'ল তাৰ চকু দৃষ্টিহীন ? অন্তৰ্দৃষ্টিৰে যে সি সদায় সুন্দৰৰ সন্ধান কৰে। সুন্দৰৰ আৰাধনা কৰে । সুন্দৰতাই তাক বিমোহিত কৰে । 

চৌবিছ ঘণ্টীয়া কৰ্তব্যৰ অন্তত পাৰ্টিটোৱে দহ হেজাৰ টকা পাব । প্ৰত্যেকৰে ভাগত ডেৰ হেজাৰ । কাইলৈ পুৱাই মিষ্টুৰ কাৰণে সি এটা স্কুল বেগ কিনিব  । আনন্দত আলোড়িত কণমানিজনীৰ চিঞৰ-বাখৰবোৰে তাৰ কষ্টখিনি সাৰ্থক কৰি তুলিব । এই চেগতে ডাঙৰ ককায়েকেও ভালেখিনি সকাহ পাব । পৰহিলৈ আকৌ সি কীৰ্তনৰ দলটোৰ লগত যাব । ত্ৰিকাল মন্দিৰ কমিতিয়ে আয়োজন কৰা অষ্টপ্ৰহৰ হৰি-নাম যজ্ঞত গাব---

' হৰে কৃষ্ণ হৰে কৃষ্ণ 
 কৃষ্ণ কৃষ্ণ হৰে হৰে 
 হৰে ৰাম হৰে ৰাম 
 ৰাম ৰাম হৰে হৰে...।' 

এনে অনুষ্ঠানবোৰত উজাগৰী নিশা কীৰ্তন গোৱাৰ বিনিময়ত নীলে লাভ কৰে ডেৰ-দুহেজাৰ টকা । সৰু ককায়েকৰ ল'ৰা-ছোৱালীহালকো দুটা স্কুল বেগ দিব লাগিব । তাক পঢ়ুৱাবলৈ ককায়েক দুটাই কমখন কষ্ট কৰিছিলনে ! তাৰ সীমিত সামৰ্থ্যৰে সি পৰিয়ালটোৰ সহায়ক হোৱাৰ প্ৰয়াস নিৰন্তৰ কৰিব । কৰ্প'ৰেট চেক্টৰত জানো সি নিজৰ ভাগ্য পৰীক্ষা কৰিব পাৰিব ? সময়ে বিচৰা ধৰণে সি আগুৱাই যাব । ব্যস্ত হৈ থাকিব বিচাৰে সি । বিবাহ বা অন্য ধৰ্মীয় অনুষ্ঠানবোৰত তাৰ বাবে ইতিবাচক কথাটো হ'ল বহুতো লোকেৰে পৰিৱেষ্টিত পৰিবেশত সি হতাশামুক্ত হৈ থাকিব পাৰে । বিভিন্ন লোকৰ মৰম পাবলৈ সক্ষম হয় । সি নিবিচাৰে যদিও সহানুভূতিৰো পাত্ৰ হয় কেতিয়াবা । কিছু অৰ্থ সঞ্চয় কৰিব সি । বিশ্বৰ ক'ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিছত ঘৰতে এখন সংগীত বিদ্যালয় আৰম্ভ কৰিব সি । সেয়া বহুদিনীয়া সপোন  । 

বিবাহৰ কাৰ্যসূচী শেষ হৈছে । আনন্দ আৰু বিদায়ৰ সন্ধিক্ষণত কান্দি কান্দি কইনাজনী গুচি গৈছে আত্মাৰ লগৰীজনৰ হাতত ধৰি । সপোনৰ ঘৰখন সজাবলৈ । ভাগৰত  লেবেজান সকলো । ৰভাতলীৰ কোলাহলপূৰ্ণ পৰিৱেশ এতিয়া নীৰৱ-নিতাল। ব্ৰেণ্ডপাৰ্টিৰ সদস্য কেইজনমান চকীতে টোপনিয়াবলৈ ধৰিছে । গাঁৱত পুৱাৰ ব্যস্ততা  আৰম্ভ হৈছে । কিমান সময় হৈছে ? মোবাইলৰ  ট'ক বেকৰ সহায়ত নীলে গম পালে , ৬ বাজিবলৈ আৰু দহ মিনিট বাকী । পাৰিশ্ৰমিক আদায় দিয়াৰ লগে লগে পোহৰ পোহৰ মনেৰে বিদায় লৈ গুচি আহিল ব্ৰেণ্ডপাৰ্টিটোৰ লগত সি ।


অঙ্গন:  পৃষ্ঠাঃ ৩৮
  
ব্ৰেকআপ

✍️ সুৰভি ডেকা 

         সন্ধিয়াৰ হালধীয়া কিৰণ আৰম্ভ হৈছে লাহে লাহে।  বৰষাই  শেষ বাৰৰ বাবে আইনাৰ সন্মুখত নিজকে পৰীক্ষা কৰি চালে। মেৰুণ কালাৰৰ মেট লিপষ্টিকটো অলপ ডাঠকৈ লগাই তাই নিজে কৈ উঠিল একদম পাৰফেক্ট । কলা জিন্স পেন্টটোৰ লগত পাতল আকাশ ৰঙৰ ৰাফেল টপটোৱে তাইক বেছ স্মাৰ্ট লাগিছে। নীলিমৰ লগত আজি বৰষাৰ প্ৰথম ডেট। 

    ওহোঁ ভয় শংকা বা অনামী কোনো শিহৰণ তাইৰ অনুভৱ হোৱা নাই। নতুন গীতৰ সুৰ এটা আপোনাআপুনি ওলাই আহিল মুখৰ পৰা। বাৰাণ্ডাত মাক ৰৈ আছিল । চকুৱে মুখে সন্তুষ্টি আৰু অহংকাৰৰ ৰেখ এটাই আবৰি ধৰিছে মানুহগৰাকীক । কিয় নহ'ব সন্তুষ্ট ? আগশাৰীৰ মাল্টি নেচনেল কোম্পানীৰ ইঞ্জিনীয়াৰ ,তাতে মুম্বাইত থাকে, কলেজৰ অধ্যাপক মাক -দেউতাকৰ একমাত্ৰ সন্তান নীলিম । অসন্তুষ্ট বা আপত্তিৰ কোনো কাৰণে থাকিব নোৱাৰে । বৰষাওতো কম ধুনীয়া নহয় । তাইৰ ৰূপ লাবন্যই কলেজৰ ল'ৰাবোৰক ৰাতিৰ টোপনি নাইকিয়া কৰি দিছিল।

: বেছি দেৰি নকৰিবা , কথাবোৰ আজিয়েই ঠিক কৰি লবা। 

: অঁ মাকলৈ চাই সঁহাৰি দিলে তাই।

     ঠিক সেই সময়তে গেটত বগা ৰঙৰ ভাৰনা এখন ৰ'লহি। বৰষাই মাকৰপৰা  ধুনীয়া হাঁহিৰে বিদায় লৈ আগৰ ছিটটোত বহি ল'লে। মুহূৰ্ততে গাড়ীখন সৰু চহৰ খনত থকা ৰেষ্ট্ৰোৰেণ্ট পালেগৈ । মুখামুখিকৈ দুয়োটা বহিল  । 

: য়ু আৰ লুকিং বিউটিফুল।

: ঠেংক্স ।

   এই প্ৰথম বাৰ তাই নীলিমৰ চকুলৈ চালে। নাক মুখৰ সুগঢ়ি তাই বিচৰাৰ দৰে এজন স্বপ্ৰতিভ যুৱক।  উচ্চ শিক্ষিত , চাকৰি , ঘৰৰ বেক গ্ৰাউণ্ড ভাল ,  কোনো বোজা নাই , কোনো সমস্যা নাই, ইয়াতকৈ আৰু কি লাগিছে তাইক ? নিচিন্ত মনে তাই বিয়াত বহিব পাৰে। 

: মই তোমাৰ প্ৰথম নেকি ? 

: নহয় , মোৰ এতিয়ালৈকে দুবাৰ ব্ৰেকআপ হৈছে।    

   পোনপটীয়াকৈ সুধা প্ৰশ্নটো অকনো আউল নলগাকৈ বৰষাই উত্তৰ দিলে যদিও ইচ্ছা কৰিয়েই সংখ্যাতো কমকৈ ক'লে তাই। এইবোৰ লোকধাক কৰা কথা নহয় । কথাবোৰ স্পষ্ট নহ'লে পিছলৈ সমস্যা হ'ব পাৰে। 

: একো নাই, মোৰো তিনিবাৰ ব্ৰেকআপ হৈছে। এইবাৰ ভাবিছোঁ আৰু ব্ৰেকআপ নকৰোঁ । তুমি বা কি কোৱা ?

  হাঁহিলে নীলিমৰ ডিম্পল পৰে গালত । দুষ্টামি হাঁহিটো তাইৰ বেয়া নালাগিল। তাই হাঁহিৰে সঁহাৰি জনালে। এৰা কিমান আৰু ব্ৰেকআপ কৰিব !  তাইৰ যেন ভাগৰ লাগি গৈছে এইবোৰ খেলা কৰি। কিমানৰ লগত যে সময় অপচয় কৰিলে। ভাল লগাব্যক্তি জনে যেতিয়া সকলোবোৰ অধিকাৰ বুলি টনা আজোৰা কৰিবলৈ আৰম্ভ কৰে , নিজৰ সম্পত্তি বুলি ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াই তাই সহ্য কৰিব নোৱাৰে আৰু ঠিক তেতিয়াই নিজৰ বৃত্ততে থকাৰ দুৰ্বাৰ বাসনাটো তীব্ৰ হৈ পৰে আৰু তেতিয়াই তাই আঁতৰি আহে । কিমান সময়ৰনো দৰকাৰ ! ব্ৰেকআপ কৰিছোঁ বুলি ক'লেই সকলো শেষ । 

       অনুভূতি, বাসনা বা আকুলতাৰ কোনো কথা নাই , তাই নৱ প্ৰজন্মৰ প্ৰতিনিধি , কোনো আবেগ বা কথাতে মূৰ গৰম কৰাৰ প্ৰয়োজন নাই ।  একদম প্ৰেক্টিকেল তাই , খুব হিচাবী , প্ৰতিটো কথাৰে তাই একুৰেট হোৱাটো বিচাৰে । ব্ৰেকআপৰ পিছত আৰু নুঘূৰে বুলি তাই ঠিক কৰাৰেপৰা নীলিমক লগ পাবলৈ ব্যাকুল হৈ পৰিছিল বৰষা । বহুত কিবাকিবি সুধিম আৰু জানিম বুলি তাই একপ্ৰকাৰ ৰেডি হৈ আহিছিল। কিন্তু এতিয়া দেখোন একো সুধিব বা জানিব মন যোৱা নাই। বুকুখন পৰিপূৰ্ণ হোৱাৰ অনুভৱ কৰিব খুজিলে তাই একান্তভাবে  ।  প্ৰথম বাৰৰ বাবে তাইৰ বুকুৰ ঢিপ ঢিপ শব্দটো ভাল লগা সুৰ হৈ বাজিবলৈ ধৰিছে । ভগৱানক তাই তলে তলে যেন কৈ উঠিল " প্ৰভু এইবাৰ যেন নীলিমে  কোনো কাৰণতে ব্ৰেকআপ নকৰে।"   দুচকু জপাই দিলেও তাইৰ হাতৰ ওপৰত নীলিমৰ কোমল হাতৰ পৰশ ঠিকেই অনুভৱ কৰিব পাৰিলে তাই।

সমাপ্ত 

(বৰ্তমান সময়ৰ এটা আচৰিত শব্দ এই *ব্রেকআপ*  আমাৰ সময়ত কিন্তু নাছিল ,সময়ৰ লগে লগে প্ৰেম আৰু বিচ্ছেদৰ অনুভূতিও যেন সলনি হৈ গৈছে। ইমান সহজে শব্দটো প্ৰয়োগ কৰি সম্পৰ্ক এটা ছেদ কৰিব পাৰে )

অঙ্গন:  পৃষ্ঠাঃ ৩৯

অমানুহ

মীনাক্ষী কলিতা

: তুমি আকৌ কেনেকুৱা ধৰণৰ মানুহ, এগৰাকী জীয়ৰী হৈ নিজৰ মা দেউতাকে লগত ৰাখিব নিবিচাৰা। বেলেগক আৰু কি...

অসীমৰ কথাষাৰৰ একো উত্তৰ নিদিলে তাই। তাই মানে জিলমিলে। অসীমে বিচাৰিছে সাত জনীকৈ ছোৱালী জন্ম দি লালন পালন কৰি আন এঘৰলৈ উলিয়াই দিয়াৰ পিছত এতিয়া ঘৰখনত অকলে অকলে থকা জিলমিলৰ বৃদ্ধ পিতৃ মাতৃ হালক নিজৰ ঘৰলৈ লৈ আহিব। তাৰ মাক দেউতাক সিহঁতৰ লগত থকাৰ নিচিনাকৈ জিলমিলৰ মাক দেউতাকো সিহঁতৰ লগতে একেলগে থাকক। তাৰ কথাষাৰত তাৰ মাক দেউতাকেও সন্মতি দিছে। জিলমিলৰ মাক দেউতাকৰ যিহেতু ল'ৰা সন্তান নাই গতিকে কোনোবা নহয় কোনোবা এজনী ছোৱালীয়ে ল'বই লাগিব তেওঁলোকৰ দায়িত্ব আৰু সি যিহেতু সিমানখিনি দায়িত্ব লব পৰাকৈ সামৰ্থবান গতিকে সিয়ে লব বিচাৰিছে দায়িত্বখিনি। 

অসীমৰ এই কথাষাৰত কেৱলমাত্ৰ সহমত পোষণ কৰা নাই জিলমিলে। তাইৰ মতে তাই মাক দেউতাকক টকা পইছা যি লাগে সকলো ফালৰ পৰা সহায় কৰিব কিন্তু নিজৰ লগত নাৰাখে। যদি তেওঁলোকে ঘৰত অকলে চলাত অসুবিধা পাইছে তেতিয়া হ'লে তেওঁলোক বৃদ্ধাশ্ৰমত থাকক। প্রয়োজন হ'লে বৃদ্ধাশ্ৰমৰ যিখিনি খৰচ বহন কৰিব লাগে তাতোকৈ দুগুণ খৰচ তাই বৃদ্ধাশ্ৰমক যোগান ধৰিব। তথাপি তাই মাক দেউতাকক নিজৰ লগত নাৰাখে।

এই কথাটোক লৈয়ে মনোমালিন্য চলি আছে অসীম আৰু জিলমিলৰ।অসীমেয়ো জানে তাই কিয় বিচৰা নাই নিজৰ মাক দেউতাকক নিজৰ লগত ৰাখিব! সকলো জনাৰ পিছতো সি বাৰে বাৰে নজনাৰ ভাও এইবাবে জুৰিছে যে এটা সময়ত জিলমিলৰ মাক দেউতাকে যি কাম কৰিলে সেই একেটা কামকে আজি সি নকৰে আৰু জিলমিলেও সেই কাম কৰাটো সি নিবিচাৰে। 

আজি মাক দেউতাকৰ বাবে যেনেদৰে প্রয়োজন হৈছে এখন সহায়ৰ হাতৰ ঠিক তেনেদৰে এদিন জিলমিলৰো প্রয়োজন হৈছিল অকণমান আশ্রয়ৰ। এষাৰি মৰমৰ মাতৰ, বিশ্বাস আৰু ভৰষা কৰিব পৰা এখন হাতৰ। কিন্তু মাক দেউতাকে দিছিল নে তাইক ? সেই সময়ত তেওঁলোকে দুহাত প্রসাৰিত কৰি তাইক আকোৱালি লোৱাৰ পৰিবৰ্তে কিয় দুহাতেৰে ঠেলি পঠিয়াইছিল নিজৰ চৌহদৰ পৰা ? 
কিয় হোৱা নাছিল তাইৰ বাবে তেওঁলোকৰ ঘৰত অকণমান ঠাই ? কাৰণ সেই সময়ত তাই হয়তো তেওঁলোকৰ বাবে আছিল কেৱল এটা বোজা। 

জিলমিলৰ দেউতাক মহাৰথ মজুমদাৰ আছিল সেই সময়ত গাঁওখনৰ ভিতৰত সকলোতকৈ বেছি প্ৰতিপত্তিশীল এজন ব্যক্তি।তেওঁ নিজৰ সম্পত্তিৰ উত্তৰাধিকাৰী হিচাবে এটা ল'ৰা সন্তান বিচাৰোঁতে বিচাৰোঁতে জন্ম হৈছিল এটা এটাকৈ সাতটা কন্যা সন্তানৰ। অনাকাংক্ষিত ভাৱে জন্ম হোৱা ছোৱালী কেইজনী মহাৰথ আৰু তেওঁৰ পত্নীৰ বাবে যেন হৈ পৰিছিল বোজাসদৃশ। সেয়েহে ছোৱালী কেইজনীক যিকোনো প্ৰকাৰে আন এঘৰলৈ উলিয়াই দিয়াৰ চেষ্টাতে যেন অহৰহ ব্ৰতী হৈছিল তেওঁলোক। 

ডাঙৰ তিনিজনী বায়েকক উলিয়াই দিয়াৰ পিছত পাল পৰিছিল জিলমিলৰ।জিলমিল আছিল তেতিয়া মেট্ৰিক পৰীক্ষাৰ্থী। সৰুৰে পৰা পঢ়া শুনাৰ প্ৰতি অত্যন্ত আগ্ৰহী জিলমিল তেতিয়া বিয়াত বহিবলৈ একেবাৰে ইচ্ছুক নাছিল। কিন্তু তাইৰ কথা শুনিবলৈ মাক দেউতাকৰ সময়ে বা ক'ত! 

'তাইৰ তলত আকৌ তিনিজনী ছোৱালী আছেয়ে...
গতিকে তাইক এনেকৈ ৰাখি থলে নহব নহয়! ভাল সুবিধা পোৱাতে গোটাই দিব লাগে তাইকো।' 

জিলিমিলৰ দুৰ্ঘোৰ আপত্তিক ভৰিৰে মোহাৰি মেট্ৰিক পৰীক্ষাৰ মাত্ৰ দুদিনৰ পিছতে মাক দেউতাকে তাইক গোটাই দিছিল তাইতকৈ প্ৰায় দুগুণ বেছি বয়সৰ এজন ব্যক্তিৰ সৈতে। 

সৰুৰে পৰা নিজকে প্রতিস্থিত কৰাৰ সপোন পুহি ৰখা জিলমিলে বিয়াৰ আগলৈকে নিজৰ প্ৰায়খিনি সময় খৰচ কৰিছিল পঢ়াশুনাৰ নামত। মাকে বহু চেষ্টা কৰিও শিকাব পৰা নাছিল তাইক ঘৰুৱা কাম। আৰু সকলো ঘৰুৱা কাম জানিব পৰাকৈ তাইৰনো বাৰু বয়স কিমানখিনি হৈছিল!

তাই ভালদৰে কাম বন কৰিব নজনা কথাটোক লৈ বিয়াৰ পিছদিনাৰ পৰা কথা শুনাইছিল শাহুৱেকে। 
তথাপি বাৰু তাই শাহুৱেকৰ কথাবোৰক আওকাণ কৰি যিমান পাৰি নিয়াৰিকৈ কামবোৰ কৰিবলৈ যত্ন কৰিছিল। কিন্তু গিৰিয়েককহে তাই একেবাৰে সহ্য কৰিব পৰা নাছিল। 

নিজতকৈ দুগুণ বেছি বয়সৰ মানুহজনে প্ৰতিনিশাই তাইৰ ইচ্ছাৰ বিপৰীতে গৈ জপিয়াই পৰিছিল তাইৰ ওপৰত। আৰু কেতিয়াবা যদি মানুহজনৰ ইচ্ছাক তাই বাধা দিবলৈ অকণমান বৃথা চেষ্টা কৰিছিল লগে লগে তাইৰ ওপৰত চলিছিল শাৰীৰিক নিৰ্যাতন। 

গিৰিয়েকে কৰা শাৰীৰিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি এদিন তাই গুচি আহিছিল নিজৰ ঘৰলৈ। কিন্তু সেই সময়ত মাক দেউতাকে তাইক দুহাতেৰে আকোঁৱালি লৈ সাহস দিয়াৰ বিপৰীতে তাইক পদূলি  মুখৰ পৰাই উভতাই পঠাইছিল শহুৰেকৰ ঘৰলৈ। 

'তাইক যদি পুনৰ সেইখন ঘৰত স্থান দিয়ে তেতিয়া তাইৰ তলৰ ভনীয়েক কেইজনীক বিয়া কৰাবলৈ আৰু কোনো নাহিব... শহুৰৰ ঘৰত তিষ্ঠিব নোৱাৰি ঘৰলৈ উভতি অহা বিবাহিত ছোৱালী এজনীক পুনৰ ঘৰ চপাই ল'লে সমাজত মহাৰথ মজুমদাৰৰ সন্মান লাঘৱ হ'ব।

সিদিনা জিলমিলৰ হেজাৰ কাকূতি মিনতিয়ে গলাব নোৱাৰিলে মহাৰথ মজুমদাৰৰ কঠিন অন্তৰখনক। উপায়হীন হৈ জিলিমিলে উভতনি খোজ লৈছিল পদূলিমুখৰ পৰা। 

মাকৰ পদূলিৰ পৰা উভতনি খোজটো জিলমিলে কিন্তু আগবঢ়োৱা নাছিল শহুৰৰ পদুলিলৈ। নিজকে নিজৰ সাহস কৰি লৈ তাই গুচি আহিছিল তাইৰ বাবে এখন অচিন চহৰ গুৱাহাটীলৈ। তাইৰ সেই সময়ৰ সাৰথি আছিল মাত্ৰ শহুৰেকৰ ঘৰৰ পৰা লৈ অহা বেগটো। বেগটোত আছিল কেইযোৰমান কাপোৰ তাইৰ স্কুলৰ চাৰ্টিফিকেট কেইখন আৰু অলপমান টকা।

গুৱাহাটী মহানগৰীত কাকো চিনি নোপোৱা ছোৱালীজনীয়ে দুদিন ৰে'লৱে ষ্টেছনে বাছ আস্থানে আস্থানে ঘুৰি ঘুৰি অৱশেষত তাই কাম কৰিব পৰাকৈ বিচাৰি পাইছিল এখন সৰু হোটেল। তাৰ পৰাই তাই আৰম্ভ কৰিছিল নতুন যাত্ৰা। হোটেলখনে তাইক থকা খোৱাৰ সুবিধা বিনামূলীয়াকৈ দিয়া বাবে দিনৰ দিনটো হোটেলখনৰ বাচন ধোৱা সৰা মোচা কৰা আদিৰ বাবদ মজুৰি হিচাপে হোটেলখনৰ পৰা যিখিনি টকা পাইছিল সেইখিনি টকা তাই জমা কৰাৰ সুযোগ পাইছিল। 

এনেদৰে জমা হোৱা পইছাখিনিক সহায় হিচাপে লৈয়ে জীৱনত এটা খোজ আগবঢ়াব বিচাৰিছিল তাই। খুব কম দিনতে তাইক আপোন কৰি লোৱা  হোটেলখনতে কাম কৰা কাৰিকৰ এজনৰ আগত এদিন কথাই কথাই তাইৰ মনত থকা সকলোবোৰ খুলি কৈছিল তাই। তাইৰ আগ্ৰহক সঁহাৰি জনাই মানুহজনে এদিন তাইক ওচৰতে থকা কলেজখনত নামভৰ্ত্তি কৰাই দিছিল। তাৰ পিছতো কিন্তু তাই হোটেলৰ কামটো এৰি দিব পৰা নাছিল। এৰি দিলে যে তাই পুনৰ হৈ পৰিলহেঁতেন আশ্ৰয়হীন কৰ্মহীন। দিনৰ দিনটো হোটেলত কাম বন কৰি ৰাতি সকলো কাম শেষ হোৱাৰ পিছত তাই মেলি লৈছিল কিতাপবোৰ।এনেকৈয়ে হেজাৰ কষ্ট আৰু সংগ্ৰামৰ মাজেৰে গৈ গৈ এদিন উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল জিলমিল। 

সেই সময়ত হঠাতে এদিন তাই কাৰোবাৰ মুখত শুনিছিল অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে ওলোৱা বিজ্ঞাপনৰ কথা। কথাষাৰ শুনিয়ে তাই নিজক প্ৰস্তুত কৰিছিল এই পদৰ বাবে। সৰুৰে পৰা পঢ়া শুনাৰ লগতে খেল ধেমালি সকলোতে আগৰণুৱা জিলমিলৰ সপোনে সাৰ্থক ৰূপ পাবলৈ সক্ষম হৈছিল। তাই অসম আৰক্ষীৰ এজন কনিষ্টবল হিচাপে নিযুক্তি পাইছিল। 

নিযুক্তি পত্ৰখন হাতত লৈয়ে এটা স্বস্তিৰ নিশ্বাস এৰিছিল জিলমিলে। বিয়া হোৱা দিনৰ পৰা আৰম্ভ কৰি এই নিযুক্তি পত্ৰখন পোৱা দিনলৈকে কমখন বাৰু যাতনা ভোগ কৰিলে নে তাই ! চাকৰিত জইন কৰাৰ পিছতো কিন্তু তাই এৰি দিয়া নাছিল নিজৰ পঢ়া শুনা। মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত এদিন তাই সম্পূৰ্ণ কৰিছিল স্নাতকোত্তৰ ডিগ্ৰী। 

তাই নিজৰ আপোন ঠাইখনলৈ ঘুৰি যাবলৈ একেবাৰে ইচ্ছা নাছিল যদিও সময়ে বাধ্য কৰিছিল তাইক সেই ঠাইখনলৈ ঘুৰি যাৱলৈ। কিয়নো তাই নিযুক্তি পাইছিল নিজৰ গৃহজিলাত। নিজৰ জিলালৈকে উভতি যোৱাৰ পিছতো তাই কিন্তু গৰকা নাছিল দেউতাকৰ ঘৰৰ পদূলি। সময় পাৰ হৈ গৈছিল।তাইৰ অতীতৰ সকলো বিবৰ্ণ পৃষ্ঠাৰ কথা জানিও তাইক সহৃদয়তাৰে আপোন কৰি লোৱা অসম আৰক্ষীৰে উচ্চপদস্থ বিষয়া অসীমৰ সৈতে এদিন পুনৰ বিবাহত আৱদ্ধ হৈছিল তাই।

বিয়াৰ আগলৈকে দেউতাকৰ ঘৰৰ চোতালত ভৰি নিদিয়া জিলমিলে এদিন হঠাতে বজাৰত লগ পাইছিল মাক দেউতাকৰ লগতে সৰু ভনীয়েকজনীক। তাইৰ লগত সেই সময়ত অসীম আৰু তাৰ মাক দেউতাকো আছিল। তাইক দেখিয়ে তাইৰ ওচৰলৈ আগবাঢ়ি অহা মাক দেউতাকক অৱজ্ঞা কৰি মাতষাৰ নিদিয়াকৈ সেইদিনা আঁতৰি আহিব নোৱাৰিলে জিলমিলে। এনেকৈয়ে অসীম আৰু শাহুৱেক শহুৰেকৰ সৈতে প্রথম চিনাকী হৈছিল তাইৰ মাক দেউতাকৰ। তাৰ পিছত এদিন মাক দেউতাক নিজে সিহঁতৰ ঘৰলৈ আহি সিহঁতক আমন্ত্ৰণ জনাইছিল তেওঁলোকৰ ঘৰলৈ। মাক দেউতাকৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যেতিয়া অসীম আৰু তাৰ মাক দেউতাক যাৱলৈ ওলাইছিল তেতিয়া নিজৰ ইচ্ছা নথকাৰ পিছতো জিলমিল বাধ্য হৈছিল নিজৰ দেউতাকৰ পদূলি গৰকিবলৈ। এনেকৈয়ে জিলমিলৰ শহুৰেকৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ অহা যোৱাৰ পথ প্ৰশস্ত হৈছিল। 

তাৰ পিছৰ পৰা দেউতাকৰ ঘৰৰ বহুখিনি দায়িত্বয়ে মূৰ পাতি লৈছিল জিলমিলে। সৰু ভনীয়েক দুজনীৰ পঢ়া শুনাৰ সম্পূৰ্ণ দায়িত্ব তায়ে বহন কৰি সিহঁতক উচ্ছ শিক্ষাৰে শিক্ষিত তথা স্বাৱলম্বী কৰাৰ পিছতহে আন এঘৰলৈ উলিয়াই দিছিল। ঠিক তেনেদৰে অকালতে স্বামীক হেৰুৱাই দিশহাৰা হৈ পৰা বায়েকজনীৰ ওচৰতো এগছি আশাৰ চাকি হৈ থিয় দিছিল জিলমিলে। বায়েকৰ পিতৃহাৰা সন্তান দুটিৰ সমস্ত দায়িত্ব লোৱাৰ লগতে বায়েককো স্বাৱলম্বীতাৰ পথ হিচাপে সৰুকৈ এখন টেইলৰ দোকান খুলি দিছিল তাই। 

এতিয়া অসীমে বিচাৰি আছে তাইৰ মাক দেউতাকক সিহঁতৰ ঘৰলৈ লৈ আনিবলৈ। কিন্তু এই কথাটোৱে মানি লোৱা নাই জিলমিলে। সেই লৈয়ে বাক বিতণ্ডা চলি আছে অসীম আৰু জিলমিলৰ। তাৰ বাবে অসীমে বহুবাৰ টান কথাও শুনাইছে জিলমিলক। আনকি সি তাইক এনেদৰেও কৈ চাইছে যে তাই হেনো মানুহৰ শাৰীতে নপৰে। 

তথাপিওঁ আকোৰগোজ জিলমিল। তাই মানুহৰ শাৰীত নপৰিলেও হেনো তাইৰ কোনো আপত্তি নাই। তথাপি চলা ফুৰা কৰি থাকিব পৰালৈকে তাই মাক দেউতাকক নিজৰ ওচৰলৈ নানে। চলা ফুৰা কৰিব নোৱাৰা হ'লে বাৰু তায়ে ল'ব তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব। কিন্তু বৰ্তমান তেওঁলোক অকলশৰে থাকক। আৰু যদি অকলশৰে থাকিবলৈ টান পাইছে তেতিয়া বৃদ্ধাশ্রমলৈ যাওক।

মুঠতে তেওঁলোকে যিকোনো প্ৰকাৰে বুজি পাওক যে অসহায় অৱস্থাত যেতিয়া আপোন মানুহে অচিনাকীৰ ভাও জুৰি আকৌ এবাৰ দূৰণিলৈ ঠেলি দিয়ে তেতিয়া অসহায় মানুহজনৰ অৱস্থা কেনেকুৱা হৈ পৰে! আৰু সেই কথাখিনি বুজি নোপোৱালৈকে তেওঁলোক অকলে থাকক। 

তাৰ বাবে অসীমে কোৱাৰ দৰে সঁচাকৈ যদি তাই মানুহৰ শাৰীত পৰে তেতিয়াহ'লে এজনী অমানুহ হ'বলৈও অকণো সংকোচ নকৰে জিলমিলে।

নলবাৰী

অঙ্গন: পৃষ্ঠা ৪০

শেষ পৃষ্ঠাৰ লেখাঃ

বঁটা বাহন বনাম অসমীয়া সাহিত্য
           
           মানুহৰ কৰ্ম ৰাজিক উৎকৃষ্ট তথা শ্ৰেষ্ঠত্ব স্বীকৃতিৰ বাবে বা কৰ্ম জীৱনলৈ উৎসাহ প্ৰদান কৰি অধিক কৰ্মী, পৰিশ্ৰমী হিচাপে গঢ়ি তুলিবলৈ প্ৰেৰণা মূলক ভাৱে বিভিন্ন ক্ষেত্ৰত, বিভিন্ন ধৰণে, বেলেগ বেলেগ সময়ত, বহু পক্ৰিয়াৰে সন্মান প্ৰদান কৰি অহা হৈছে। যাৰ ফলত সন্মান প্ৰাপক জন নিজেই বা তেওঁক দেখি আন দহ জন সেই কামৰ প্ৰতি উৎসাহিত হৈ সমাজৰ হিতৰ বাবে বহু মানৱ কল্যাণ মূলক কাম মানুহে অতীজৰ পৰাই কৰি আহিছে। বিভিন্ন কৰ্মৰাজিৰ বাবে উৎসাহ মূলক পুৰস্কাৰ প্ৰদান কৰাৰ দৰে সাহিত্যৰ ক্ষেত্ৰখনতো শ্ৰেষ্ঠ সৃষ্টিৰ বাবে প্ৰেৰণা দায়ক হিচাপে বঁটা প্ৰদানৰ ব্যৱস্থা মানৱ সমাজত বিৰাজমান।
           পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰ সমূহৰ লগতে আমাৰ ভাৰতবৰ্ষ তথা ৰাজ্যতো বঁটা প্ৰদানৰ ব্যৱস্থা কৰি অসম চৰকাৰৰ, পৰিষদ সমূহৰ লগতে অসম সাহিত্য সভাই সাহিত্যিক সকলক তেওঁলোকৰ সাহিত্যিক জীৱনৰ সৃষ্টি কৰ্মৰ বাবে উদগনি, উৎসাহ, প্ৰেৰণা, সাহস, তথা উৎসাহিত কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন বঁটা আৰু উপাধি প্ৰদান কৰি আহিছে। সেই বঁটা আৰু উপাধি সমূহ হ'ল সদস্য মহীয়ান আৰু সাহিত্যচাৰ্য, ৰসৰাজ, কাব্য ভাৰতী আদি উপাধি আৰু শ্ৰীমন্ত শংকৰদেৱ বঁটা, সাহিত্য অকাদেমী বঁটা, ৰাজ্যিক চলচিত্ৰ বঁটা, আকৌ অসম সাহিত্য সভাই প্ৰদান কৰা অসম সংঘ ( আমেৰিকা) বঁটা, অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, উত্তম চন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা, উগ্ৰতাৰা ন্যাস বঁটা, কমলা দেৱী বঁটা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা, কুমাৰ কিশোৰ সোঁৱৰণী বঁটা, গিৰিধৰ শৰ্মা বঁটা, গোপাল চন্দ্ৰ গোস্বামী বঁটা, ছগনলাল জৈন বঁটা, ডিগবৈ সাহিত্য সেৱা সমিতি বঁটা, তিলক চন্দ্ৰ শৰ্মা সোঁৱৰণী বঁটা, দুৰ্গাধৰ বৰকটকী সোঁৱৰণী বঁটা, নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা, প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা, বনমালী শইকীয়া বঁটা, বাসন্তী বৰদলৈ বঁটা, মহানন্দ বৰুৱা-শশীপ্ৰভা বৰুৱা বঁটা, মোহন চন্দ্ৰ শৰ্মা বঁটা, ৰামদেউ শৰ্মা বঁটা, শৰৎ চন্দ্ৰ গোস্বামী বঁটা, সীতানাথ ব্ৰহ্মচৌধুৰী স্মাৰক বঁটা, হৰি প্ৰসাদ নেওগ মুদ্ৰণ আৰু অলংকৰণ বঁটা আদি বঁটা সমূহ কবি, সাহিত্যিক, নাট্যকাৰ সকলক বিভিন্ন সময়ত উৎসাহ তথা প্ৰেৰণা যোগাবৰ বাবে অসম চৰকাৰ, অসম সাহিত্য সভাই প্ৰদান কৰি আহিছে। বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ সকলে আজীৱন অহোপুৰুষাৰ্থ কৰি সৃষ্টিৰ কৰা অনুপম সৃষ্টিৰাজিৰ বাবত এই বঁটা সমূহ প্ৰেৰণা হিচাপে লাভ কৰে। ফলত তেখেতৰ সৃষ্টিৰাজিয়ে এখন বিশিষ্ট আসন পাবলৈ সক্ষম হয়। গতিকে এই সকল মহান মনীষী আমাৰ চিৰ নমস্য, চিৰ পূজনীয়। কিন্তু দুখৰ বিষয় যে বৰ্তমান হঠাৎ গঠন হোৱা বিভিন্ন সংস্থা, ফেচবুকৰ সাহিত্য গোট, প্ৰকাশন, আলোচনীৰ পৰিচালনা সমিতি আদিয়ে বহু সময়ত অবিবেচিত ভাৱে কিছু কবি, গল্পকাৰ, উপন্যাসিকক তেওঁলোকৰ সমিতিৰ ফালৰ পৰা হোৱাই নোহোৱাই বঁটা প্ৰদান কৰি আহিছে। ফলত এচাম সাহিত্য সাধক নিৰাশ হোৱাৰ বিপৰিতে এচাম অত্যধিক উৎসাহিত হৈ গোপেই গঙ্গাটোপ হৈ বহিছে। সেয়েহে আজি এই বিষয়টোৰ ওপৰত অনিচ্ছা স্বত্বেও একলম লিখিবলৈ বাধ্য হ'লো।
              সাম্পৰতিক সময়ত অসমীয়া সাহিত্যত অনৰ্থক বঁটা প্ৰদানৰ যি পৰম্পৰা গঢ়ি উঠিছে তাৰ বিপক্ষে বৌদ্ধিক মহলে মাত মাতিবৰ হ'ল। কাৰণ এই বঁটাই কাব্য জগত বা অসমীয়া সাহিত্যৰ সাহিত্য সাধক সকলৰ বিশেষ একো উপকাৰ সাধন নকৰে বৰঞ্চ ই ক্ষতিহে কৰিছে। এচাম উদিয়মান সম্ভাৱনাপূৰ্ণ কবি, গল্পকাৰ, উপন্যাসিকক তোষামোদ কৰি প্ৰদান কৰা এই বঁটায়ে তেওঁলোকৰ সৃষ্টি ৰাজিক এটা পৰ্যায়তে আৱদ্ধ কৰি ৰাখিব। ফলত এটা সময়ত সামৰ্থ থাকিলেও তেওঁলোক থমকি ৰবলৈ বাধ্য হ'ব। উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক, সাহস দিয়ক, ভৱিষ্যতৰ বাবে পথ প্ৰদৰ্শন কৰক ই অতি প্ৰশংসনীয় কাৰ্য হ'ব। কিন্তু এই কৰ্ম কৰিবলৈ যাওঁতে তোষামোদ কৰি হোৱাই নোহোৱাই বঁটা প্ৰদান কৰি কবি, গল্পকাৰ বা উপন্যাসিক গৰাকীৰ ভৱিষ্যত ধ্বংস কৰাৰ কাৰো অধিকাৰ নাই । আৰু আমাৰ দৰে নবীন শিকাৰু সকলেও কথাষাৰ হৃদয়ঙ্গম কৰি সঠিক পথত আগবঢ়া উচিত।
          বৰ্তমান সময়ত গঢ়লৈ উঠা এই অনুষ্ঠান সমূহৰ বিষয়ে আমাৰ বৌদ্ধিক মহলে প্ৰশ্ন কৰিব লাগে। তেওঁলোকে প্ৰদান কৰা বঁটাৰ তাৎপৰ্য, কি ভিত্তিত প্ৰদান কৰা হৈছে তাৰ গুহাৰ্থ, বঁটা প্ৰাপক কবি, গল্পকাৰ তথা উপন্যাসিক গৰাকীৰ সামৰ্থ, ভৱিষ্যত সম্ভাৱনা আদিৰ বিষয়ে বৌদ্ধিক মহলে পৰীক্ষা কৰক। যদি সমীচীন হৈছে বুলি ভাৱে তেন্তে স্বীকৃতি প্ৰদান কৰক। অন্যথা বঁটা প্ৰদান অনুষ্ঠানক জবাবদিহি কৰক। যদি সময় থাকোতেই এনে কাৰ্য হাতত লোৱা নহয় তেন্তে এদিন সাহিত্য পথাৰখনত ইমান বঁটাৰ জন্ম হ'ব যে শব্দৰ সৈতে মিতিৰালি পতা প্ৰতিজন লোকেই একো একোটা বঁটা লৈ গৌৰৱত গঙ্গাটোপ হৈ ফুলি থাকিব। কিন্তু পৰিতাপৰ বিষয়টো হ'ব এইটো যে তেওঁ কোনো আন্তৰাষ্ট্ৰীয় কবি সন্মিলন বা সৰ্বভাৰতীয় পৰ্যায়ৰ সাহিত্য সন্মিলনী সমূহত এই বিষয়ে জনাব নোৱাৰিব। কাৰণ তেওঁ পোৱা বঁটাৰ অসম বা সৰ্বভাৰতীয় পৰ্যায়ত কোনো স্বীকৃতি নেথাকিব। গতিকে হে' মহান মনীষী সকল সময় থাকোতেই অসমীয়া কাব্য সাহিত্যক পিন্ধাই দিয়ক অভেদ্য কৱজ। অন্যথা ভৱিষ্যত প্ৰজন্মক প্ৰদান কৰিবলৈ আমাৰ হাতত একোৱেই নেথাকিব।
               এজন নবীন কবি সাহিত্যিকক উৎসাহিত কৰিবৰ বাবে তেওঁক সন্মান জনোৱাতো অতি আৱশ্যক আৰু ই সৎ কৰ্ম। কিন্তু এই ভাগ কৰ্ম কৰিবলে গৈ ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰি তেখেতক বিপথে পৰিচালিত কৰাটো নৃন্দনীয়। গতিকে হে' পৰিচালক, প্ৰতিষ্ঠাপক, প্ৰকাশক, সম্পাদক সকল অনুগ্ৰহ কৰি এনে কাৰ্যৰে সাহিত্যৰ অংকুৰিত পোখাবোৰ মোহাৰি নেপেলাব।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
ম'বাইল নং 6000709096

অঙ্গন:  পৃষ্ঠাঃ ৪১





Post a Comment

0 Comments