অঙ্গনঃ তৃতীয় বছৰ (৪ নং সংখ্যা)

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
28 জুলাই, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে হে সাহিত্য প্ৰেমি শব্দৰ সাধক সকল। জয় জয়তে অঙ্গনৰ পৰিয়ালৰ প্ৰণিপাত গ্ৰহণ কৰিব। আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু হীন-দেৰি হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্ত থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৩

এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

👉সম্পাদকীয় : পৃষ্ঠা ৫
👉প্ৰৱন্ধ : পৃষ্ঠা ৭-১০
👉অণুগল্প : পৃষ্ঠা ১১-১৭
👉অনুবাদ সাহিত্য : পৃষ্ঠা ১৮-২০
👉কবিতা: পৃষ্ঠা ২১-৩৩
👉পৰিচয় শিতান: পৃষ্ঠা ৩৪
👉লিমাৰিক: ৩৫
👉গল্প: পৃষ্ঠা ৩৬-৩৮
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৩৯

অঙ্গন: পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
আস্থা শৰ্মা
দেৰগাঁও, গোলাঘাট

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ

কোন দিশে ধাৱমান আমাৰ স্বাধীনতা

সংবাদপত্ৰৰ জৰিয়তেই হওক অথবা বিভিন্ন চেনেলৰ জৰিয়তেই হওক, দেশৰ খবৰ ৰখা প্ৰতিজন সচেতন মানুহে জানে যে ৰাজ্যখনত বৰ্তমান কিদৰে অপ্ৰত্যাশিত ঘটনাবোৰ ঘটিবলৈ আৰম্ভ কৰিছে। ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশ এখনত ন্যায়পালিকাক সৰ্বোচ্চ স্থানত ৰখা হয়। কিয়নো ভাৰতীয় সংবিধানৰ অন্তৰ্গত নিয়মাৱলী অনুসৰি দেশৰ জনসাধাৰণ তথা চৰকাৰখনে কাম কাজসমূহ কৰিছে নে নাই সেয়া বিচাৰ বিবেচনা ন্যায়পালিকাই কৰে। ইয়াৰ অৰ্থ, গণতান্ত্ৰিক দেশ এখনত নীতি নিয়মসমূহ চৰকাৰ তথা জনসাধাৰণ সকলোৰে ক্ষেত্ৰত সমান। এইদৰেই আমি পাঠ্যপুথিত পঢ়িছোঁ, আনৰ পৰা শিকিছোঁ যদিও বৰ্তমান সময়ত সংঘটিত কিছুমান ঘটনাই আমাক পুনৰ কথাবোৰ ভাবিবলৈ বাধ্য কৰায়।
অলপতে যোৰহাট জিলাৰ এগৰাকী মেধাৱী ছাত্ৰীক প্ৰশাসনে কাৰাগাৰত বন্দী কৰি ৰখা ঘটনাই বৰ্তমান সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ছাত্ৰীগৰাকীৰ দোষ এটাই যে তেওঁ বিদ্ৰোহী কবিতা ৰচনা কৰিছে আৰু সামাজিক মাধ্যমত চেয়াৰ কৰিছে। ছাত্ৰীগৰাকীৰ কবিতাটি এটা প্ৰকৃতাৰ্থত বিদ্ৰোহী কবিতা হয় নে নহয় এয়া বিজ্ঞসকলে বিবেচনা কৰিব। কিন্তু কেৱল এটা কবিতা ৰচনা কৰাৰ বাবেই এগৰাকী মেধাৱী ছাত্ৰীক কাৰাগাৰলৈ নিক্ষেপ কৰা ঘটনাটো ৰাজ্যখনৰ কোনো এজন সচেতন লোকেই সহজভাৱে ল’ব পৰা নাই। যদি কেৱল বিদ্ৰোহী কবিতা ৰচনা কৰাৰ বাবেই কবিসকলক গ্ৰেপ্তাৰ কৰা হয় তেন্তে লেখক, কবি, সাহিত্যিক, শিল্পীসকলৰ সৃষ্টিকৰ্মত স্বাধীনতা থাকিবনে? বাক স্বাধীনতা আমাৰ সকলোৰে আছে, গতিকে শান্তিপূৰ্ণভাৱে কাৰোঁ স্বাধীনতা খৰ্ব নোহোৱাকৈ প্ৰতিটো সমস্যাৰ সমাধান হোৱা উচিত। বৰ্তমান সংবাদপত্ৰত প্ৰকাশ পোৱা মতে একাংশই অভিযোগ কৰিছে যে এয়া একাংশ বিষয়ববীয়াৰ আক্ৰোশমূলক সিদ্ধান্ত। যদি সঁচাকৈয়ে এয়া আক্ৰোশমূলক তেন্তে বিষয়টো অতি দুৰ্ভাগ্যজনক। আনহাতে ছাত্ৰীগৰাকীয়ে নিষিদ্ধ সংগঠনলৈ যাব বুলি তোলা অভিযোগো ইতিমধ্যে তেওঁৰ পৰিয়ালবৰ্গ আৰু ভাতৃয়ে খণ্ডন কৰিছে।
একেদৰে অলপতে এজন শিল্পীয়ে কৰা বাটৰ নাট এখনৰ বাবে শিল্পীজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। শিল্পী, সাহিত্যিক সকলৰ বাবেই আমাৰ ভাষা, সংস্কৃতি তথা স্বকীয়তা জীয়াই আছে, অথচ তেওঁলোকৰ স্বাধীনতাৰ ওপৰতেই বাৰে বাৰে আক্ৰমণ কৰা হৈছে। অৱশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তাৎক্ষণিক হস্তক্ষেপত এই শিল্পীগৰাকীয়ে মুক্তি লাভ কৰে।
এনে শত সহস্ৰ উদাহৰণ আমাৰ দেশত দেখিবলৈ পোৱা যায় য’ত বাৰে বাৰে সাধাৰণ নাগৰিকৰ স্বাধীনতা, শিল্পী-সাহিত্যিকৰ সৃষ্টিৰাজিয়ে বাধাৰ মুখামুখি হ’বলগীয়া হৈছে। অতি পৰিতাপৰ বিষয় যে এই বাধাই কেতিয়াবা সীমা চেৰাই গৈ ব্যক্তিক শাৰীৰিক তথা মানসিকভাৱে পংগু পৰ্যন্ত কৰি তুলিছে।
প্ৰকৃততে দেশৰ প্ৰতিজন নাগৰিক, শিল্পী-সাহিত্যিক, খেলুৱৈ, প্ৰতিটো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, প্ৰশাসন, সংবাদকৰ্মী সকলোৱে মিলাপ্ৰীতিৰে আগুৱাব লাগিব। আমাৰ আন্তৰিক একতাইহে দেশৰ প্ৰগতিৰ মূল শক্তি হ’ব। পাৰস্পৰিক ভুল বুজাবুজি, ব্যক্তিৰ আক্ৰোশমূলক চিন্তা ভাবনাই কেতিয়াও ইতিবাচক বাৰ্তা বহন কৰিব নোৱাৰে।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ ৬
বিশেষ ঘোষণাঃ

অঙ্গনৰ সমূহ লেখক/লেখিকাৰ জ্ঞাতাৰ্থে জনোৱা হ'ল যে অঙ্গনৰ সম্পাদনা সমিতিৰ বিশেষ সিদ্ধান্ত মৰ্মে অঙ্গনত যিকোনো এজন লেখকৰ এটা লেখা প্ৰকাশ হৈ যোৱাৰ পিছত পুনৰ তেখেতৰ লেখা দুটা সংখ্যাৰ পিছতহে প্ৰকাশ কৰা হ'ব। উল্লেখ্য যে এই সিদ্ধান্ত আলোচনীখনত প্ৰকাশ পোৱা বিশেষ শিতানসমূহতহে প্ৰযোজ্য হ'ব।

ধন্যবাদেৰে
অংকুৰণ প্ৰকাশন, পষেকীয়া ই-আলোচনী অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৭

প্ৰৱন্ধঃ

"কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত আঁচনি
অগ্নিবীৰ বনাম নিবনুৱা সমস্যা"

✍জ্যোতিমণি শইকীয়া

২০২২ চনৰ ১৪ জুন তাৰিখে কেন্দ্ৰীয় চৰকাৰে এখন হ্ৰস্বকালীন ঠিকাভিত্তিক নিয়োগ আঁচনি প্ৰকাশ কৰে, যি আঁচনিৰ নাম "অগ্নিপথ''। সশস্ত্ৰ বাহিনীসমূহত যুৱক সকলৰ সেৱা আগবঢ়োৱাৰ সুযোগ বৃদ্ধিৰ লক্ষ্যৰে আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে। অগ্নিপথ আঁচনিত বাছনি ভুক্ত সকলক 'অগ্নিবীৰ' হিচাপে জনা যাব। উল্লেখযোগ্য যে অগ্নিপথ আঁচনিৰ অধীনত চাৰিবছৰৰ বাবে মহিলাকে ধৰি সৈন্য মকৰল কৰিবলৈ পদক্ষেপ লোৱা হ'ব। অগ্নিবীৰ সকলৰ বয়সৰ সীমা ১৭ ১/২ৰ পৰা ২২ বছৰলৈ। অৰ্থাৎ তেওঁলোকৰ নিযুক্তিৰ সময় মাত্ৰ ৪  বছৰ। তেওঁলোকৰ দৰমহা হ'ব ৩০,০০০ --ৰ পৰা ৪০,০০০ -- লৈ। চাৰিবছৰীয়া সময় সীমাৰ অন্তত তেওঁলোকক এটা বিত্তীয় পেকেজ, বেংক ঋণ আঁচনি আৰু এখন প্ৰমাণ পত্ৰ দিয়া হ'ব। ইয়াৰোপৰি থাকিব ভাত্তা তথা চিকিৎসা আৰু বীমাৰ সুবিধা।  অধিক পঢ়িবলৈ ইচ্ছুক সকলক দ্বাদশ শ্ৰেণীৰ সমপর্যায়ৰ প্ৰমাণ পত্ৰ দিয়া হ'ব আৰু পঢ়িবলৈ ইচ্ছুক সকলক এটা ব্ৰিজিং ক'ৰ্চ দিয়া হ'ব। চাকৰি প্ৰাৰ্থী সকলক সেনাবাহিনীৰ বিভিন্ন বিভাগ আৰু আৰক্ষী বিভাগত অগ্ৰাধিকাৰ দিয়া হ'ব।
      সেনাবাহিনীৰ পৰা বছৰি প্ৰায় ১৭,৬০০ লোকে আগতীয়াকৈ অৱসৰ গ্ৰহণ কৰে। অগ্নিবীৰৰ নিয়োগে এই সমস্যা কিছুপৰিমানে কমাব, যদিও কেৱল এই আঁচনিৰ জৰিয়তে এই পদ সমূহ পূৰণ কৰা নহ'ব।
     বৰ্তমানৰ নিবনুৱা সমস্যাৰ দৰে  জ্বলন্ত সমস্যা আৰু প্ৰতিৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যুৱক-যুৱতী সকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে অগ্নিপথ যোজনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা দূৰদৰ্শী আৰু আদৰণীয় পদক্ষেপ।  গৃহ মন্ত্ৰণালয়ে এই আঁচনিৰ অধীনত চাৰি বছৰ সম্পূৰ্ণ কৰা অগ্নিবীৰ সকলক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী সমূহ, অসম ৰাইফলছ আৰু ৰাজ্যিক আৰক্ষীত  নিয়োগ কৰাত অগ্ৰাধিকাৰ দিবলৈ সিদ্ধান্ত লোৱা পদক্ষেপো গ্রহণযোগ্য। চাৰিবছৰৰ পিছত অগ্নিবীৰ সকলৰ ২৫ শতাংশক ৰখা হ'ব আৰু তেওঁলোকে আন জোৱানৰ   সৈতে ১৫ বছৰ অ-বিষয়া ৰেংকত সেৱা আগবঢ়াব। বাকী সকলে ১১/১২ লাখ টকাৰে সেৱাৰ পৰা আঁতৰি যাব, কিন্তু পেঞ্চন নাপায়।
     সংক্ষেপতে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ কিছুমান সুবিধা ----
     এই আঁচনিৰ জৰিয়তে উপযুক্ত প্ৰশিক্ষণ পাব। এখন প্ৰমাণ পত্ৰৰ অধিকাৰী হোৱাৰ লগতে ১১/১২ লাখ টকাৰ অধিকাৰী হ'ব। উক্ত জমা ধনেৰে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। প্ৰশিক্ষণ আৰু প্ৰমাণ পত্ৰৰ জৰিয়তে অন্য চাকৰিত অগ্ৰাধিকাৰ পাব। আটাইতকৈ ডাঙৰ কথা উশৃংখল আৰু বিপথগামী হৈ পৰা যুৱকৰ কিছু নিয়ন্ত্ৰণ হ'ব। বিশেষকৈ দেশৰ জ্বলন্ত সমস্যা নিবনুৱা সমস্যা কিছু লাঘৱ হ'ব। দেশৰ সুৰক্ষা দিশটো সবল হ'ব।
     কিন্তু এই আঁচনিৰ ঘোষণা হোৱাৰ দিনাৰে পৰা দেশৰ সৰ্বত্ৰতে প্ৰতিবাদৰ জোৱাৰ উঠিছে। ইয়াৰ কাৰণো নিশ্চয় আছে। কাৰণ এই নিযুক্তি ঠিকাভিত্তিক আৰু অতি হ্ৰস্বকালীন। ইয়াত পোৱা প্ৰশিক্ষণ আৰু প্ৰমাণ পত্ৰৰ কোনো জব চিকিউৰিটি নাই। তাৰোপৰি এই নিযুক্তিত কোনো পেঞ্চন আঁচনি নাই। অন্যহাতেদি চাৰি বছৰৰ মূৰত কোনো অগ্নিবীৰ কোনো মহাবিদ্যালয়ত শিক্ষা ল'বলৈও উপযোগী হৈ নাথাকে।
     যি কি নহওক,'অগ্নিপথ' দেশৰ প্ৰতিৰক্ষা বিভাগৰ এক দূৰদৰ্শী আৰু অভিলাষী আঁচনি সেয়া সকলোৱে নিশ্চয় উপলব্ধি কৰিব পাৰিছে। চাৰিবছৰীয়া মূল্যবান সময় খিনি অথলে নিওৱাতকৈ বা নিবনুৱা হৈ থকাতকৈ ১১/১২ লাখ টকা উপাৰ্জন কৰি দেশৰ সেৱা কৰাৰ লগতে ব্যৱসায়-বাণিজ্যত আগবাঢ়ি যোৱাটো ভালহে হ'ব। সকলো কথাতে ভাল আৰু বেয়া দুইটা দিশ থাকে। বেয়াটো নিলগাই ভালটো সমৰ্থন কৰি দেশৰ প্ৰগতিত আমিও এখোজ দিওঁ আহক...।

ঠিকনাঃ
২৭২৬ নং পশ্চিম মহব্বৰালী প্ৰাথমিক বিদ্যালয়, 
লাওখোৱা শিক্ষা খণ্ড, নগাঁও।

অঙ্গন: পৃষ্ঠাঃ ৮

স্থিতপ্ৰজ্ঞস্য কিমাসীতা
( আসক্তি, ক্রোধ আৰু হতাশা  মুক্তিৰ মহা মন্ত্র) 

✍চুমিন্দ্ৰ চৌধুৰী

এবাৰ জাপনৰ এগৰাকী প্ৰসিদ্ধ জেন বৌদ্ধধৰ্মৰ গুৰুক তেওঁৰ এজন অনুগামীয়ে নিজৰ গৃহত অনুস্থিত কৰা এখন প্ৰাৰ্থনা সভালৈ আমন্ত্ৰণ কৰিছিল ।  সেই আমন্ত্রণ মৰ্মে যথা দিনাখন  অনুগামীজনৰ চহৰত থকা  বিশাল  অট্টালিকা এটাৰ  সপ্তম মহলাৰ প্ৰাৰ্থনা গৃহত ধৰ্ম জ্ঞান দিবলৈ জেন গুৰুজন শিষ্য সমন্বিতে একত্রিত হৈছিল । পাছে  দৈব্য দুৰ্বিপাকত সেইদিনাখন প্ৰাৰ্থনা সভা চলি থকাৰ সময়তে এক প্ৰলয়ংকাৰী ভূমিকম্পই সমগ্ৰ জাপান কপাই তুলিছিল। ভূঁইকঁপৰ প্ৰচণ্ড জোকাৰণিৰ বাবে  চহৰবাসী আতংকিত হৈ প্ৰাণৰ মমতাত ছেদেলি-ভেদেলি হৈ পৰিছিল ।  সাত মহলাৰ  প্ৰাৰ্থনা গৃহত একত্রিত হোৱা ভক্তসকলেও নিজৰ নিজৰ জীৱন বচাবলৈ অট্টালিকাৰ তলত থকা বাগিচা খনলৈ প্ৰাণটাকি দৌৰিছিল।  গৃহস্থ অনুগামীজনেও প্ৰাণৰ মমতাত সাত মহলাৰ পৰা তললৈ দৌৰি থাকোঁতে পঞ্চম মহলাৰ চিৰিখনতে বহু লোকৰ ভিৰৰ মাজত আৱদ্ধ হৈ পৰিছিল । ঠেলা হেঁচা ল'গা মানুহৰ ভিৰৰ মাজত গৃহস্থ অনুগামীজনে বাকীবোৰ অতিথিৰ সৈতে  জেন গুৰুজনক নেদেখি চিন্তাম্বিত হৈ পৰিছিল । গুৰুজন দুৰ্ভাগ্যবশত কোঠাৰ মাজতেই আৱদ্ধ হৈ থাকিল বুলি আশংকা কৰি অনুগামীজনে ক্ষন্তেক সময়ো পলম নকৰি সপ্তম মহলালৈ ঢাপলি মেলিছিল । 
কিন্তু এইয়া কি ? 
জেন গুৰুজন দেখো এইহেন বিপদসংকুল সময়তো নিৰ্বাক নিৰ্বিকাৰ হৈ বহিথকা স্থানতে ধ্যানমগ্ন হৈ আছে । জেন গুৰুজনৰ নিৰুদ্বেগ শান্ত শৌম মুখাবয়ব দেখি অনুগামীজনে থতমত খাইছিল । দেখাত তেওঁক সাইলাখ প্ৰভূ  অমিতাভৰ দৰেই লাগিছিল।   ভূমিকম্পৰ জোকাৰণি ইতিমধ্যেই  সামকটাত গৃহস্থ অনুগামীজনে কিবা কোৱাৰ আগতেই জেন গুৰুজনে চকু মেলিয়েই পুনৰ ধৰ্ম জ্ঞানৰ ভাষণ দিব লৈ আৰম্ভ কৰিছিল। হতচকিত অনুগামীজনে তেতিয়া জেন গুৰুজনক সাষ্টাঙ্গে প্ৰণাম কৰি  কৈছিল,  প্ৰভূ ক্ষমা কৰিব ।  দৰাচলতে আপুনি  আপোনাৰ ভাষণ কোন ডোখৰত এৰিছিল মোৰ একেবাৰেই মনত নাই।  তদুপৰি অলপ আগতে মেদিনী কঁপাই যোৱা ভূঁইকঁপৰ প্ৰলয়ৰ মাজত আমি  সকলোৱেই আতংকিত হৈ যেনি তেনি লৱৰি ধাপৰি অট্টালিকাৰ তলত থকা বাগিচা খনলৈ ধপলিয়াই গৈছিলো। আপোনাক ভিৰৰ মাজত নেদেখি  আসন্ন বিপদৰ আশংকা কৰি মই উভতি আহিছোঁ । কিন্তু আপুনি ইয়াতেই ভয় সংকোচ নকৰাকৈ  দ্বিধাহীন ধ্যানত মগ্ন হৈ থকা দেখি তবধ মানিলোঁ । সংঘটিত হৈ যোৱা এই বিপদৰ সময়ত আপোনাৰ মনত অকনো শঙ্কাৰ সৃষ্টি হোৱা নাছিল নে ? কি অলৌকিক শক্তিৰ ভাৰষাত আপুনি ইমান ভয়ংকৰ বিপদৰ সময়তো সুস্থিৰতাৰে ধ্যানত মগ্ন হৈ থাকিব পাৰিছিল তাৰ বিষয়ে  সবিশেষ জানিবলৈ খুব মন গৈছে প্ৰভু ।
          এটা দীঘলীয়া উশাহ টানি জেন গুৰুজনে অনুগামীজনক কৈছিল ।  ভয় মোৰো লাগিছিল।  ময়ো আতংকিত হৈ দৌৰিছিলো।  তোমালোকে ভয়ত বিতত হৈ সাতমহলাৰ পৰা বাহিৰলৈ দৌৰ ধৰিছিলা । ছয় মহলা, পাচঁমহলা, চাৰিমহলা, তিনিমহলা, দুই মহলাৰ পৰা সকলো মানুহ আতংকিত হৈ বাহিৰলৈ আৰু বাটে পথে বাহিৰত থকা সকলে নিৰাপত্তা বিচাৰি  ভিতৰলৈ ধপলিয়াই লৰ মাৰিছিল। মুঠৰ ওপৰত যিয়েই যেনি  পাৰে তেনিয়েই সকলোৱেই প্ৰাণৰ মমতাত দৌৰিছিল।  ময়ো উৎকন্ঠিত হৈ দৌৰিছিলো মোৰ নিজৰ ভিতৰত থকা একেবাৰে সুৰক্ষিত স্থানলৈ।  যিটো স্থানত উপস্থিত হোৱাৰ পাছত হেজাৰ এনে ভূমিকম্পইয়ো মোৰ একো ক্ষতি সাধন কৰিব নোৱাৰে । মোৰ ভয় লাগিছিল জানোছা সেই সুৰক্ষিত স্থান পোৱাৰ আগতেই অট্টালিকাটো ভাঙি পঢ়াৰ বাবে মই আঘাত প্ৰাপ্ত হৈ পৰো অথৱা মোৰ মৃত্যু ঘটে । মৃত্যুলৈ মই ভয় নকৰো।  সূৰ্য্য উদয় হ'লে অস্তও হ'ব ।  ভূমিষ্ঠ হোৱাৰ আগতে যিদিনাই আমি মাতৃৰ গৰ্ভত সঞ্চাৰি হৈছিলো সেই দিনাখনৰ পৰাই আমি মৃত্যুৰ ফালে এখোজ এখোজ  কৈ আগুৱাই গৈ আছো । তদুপৰি আমি যদি জুকিয়াই চাওঁ প্ৰতিটো মুহূৰ্ততে ঘটা শ্বাস আৰু প্ৰশ্বাসো জীৱন আৰু মৰণৰ এক প্ৰক্ৰিয়া মাথোন । নিশাহত আমাৰ দেহৰ পৰা নিৰ্গত বায়ু যদি পৰৱৰ্তী উশাহত উভতি নাহে তেতিয়াই আমাক মৃত বুলি কোৱা হ'ব ।গতিকে প্ৰতিটো মুহূৰ্ততে আমি মৰো আৰু জী উঠোঁ। গতিকে মৃত্যুৰ ভয় মোৰ বাবে অপ্ৰাসংগিক। কিন্তু  মোৰ ভিতৰত থকা সুৰক্ষিত স্থানত উপস্থিত হৈ মই মৰা আশা কৰোঁ । কাৰণ সেই সুৰক্ষিত স্থানত উপস্থিত হোৱাৰ পাছত ঘটা  মোৰ কায়াৰ মৃত্যু মোৰ বাবে  নিৰৰ্থক । 
           জেন গুৰুজনৰ উত্তৰ শুনি অনুগামীজনে একো নুবুজি তেওঁৰ  ভৰিত দীঘল দি পৰি কৈছিল,  প্ৰভূ আপোনাৰ কথা এই মুৰুখে একো বুজিব পৰা নাই।  আপোনাৰ ভিতৰত থকা সুৰক্ষিত স্থানখনৰ বিষয়ে অলপ বুজাই কওঁক মহাত্মা ।
জেন গুৰুজনে অনুগামীজনক উদ্দেশ্যি পুনৰ সৰলতাৰে কৈছিল, বাচা একমাত্ৰ কঠোৰ ধ্যানৰ অনুশীলনৰ জৰিয়তে এজন মানুহে নিজৰ ভিতৰত থকা সেই সুৰক্ষিত স্থানত উপস্থিত হ'ব পাৰে। এই স্থানত উপস্থিত হ'বলৈ এজন মানুহ প্ৰথমেই কাম, ক্রোধ, লোভ, মোহ, শোক,  সুখ, আনন্দ, বিষাদ, ৰোগ আৰু জ'ৰা তথা দুখ বেদনা আদি চিন্তাৰে অস্থিৰ নিজৰ মনটোক নিজৰ নিয়ন্ত্ৰণত ৰাখি ধ্যানত আত্ম বিলীন হ'বলৈ কঠোৰ অনুশীলন কৰিব লাগিব। এইদৰে কৰা ধ্যানৰ কঠোৰ অনুশীলনৰ অন্তত এদিনাখন তোমাৰ  স্থিতপ্ৰজ্ঞ প্ৰাপ্তি হ'ব । অৰ্থাৎ তুমি স্থিৰ বুদ্ধি লাভ কৰিবা।  সেই অৱস্থাত তেতিয়া আকাল-বিকাল , সুখ-দুখ , জৰা-মৃত্য, ৰোগ-ভোগ, কাম-ক্রোধ, ধন-সম্পতি, লোভ-মোহ, সকলোবোৰ তোমাৰ বাবে ভাবলেশহীন হৈ পৰিব, আঘাতপ্ৰাপ্ত হৈয়ো তুমি একোৱেই কষ্ট অনুভৱ নকৰিবা, ধন-ধানে গজগজীয়া হৈয়ো উদাসীন হৈ থাকিবা, কোনোবাই তোমাক উপহাস অথৱা খং কৰিলেও তুমি নিৰ্বিকাৰ হৈ থাকিবা। পৃথিৱীৰ কোনো বৈষয়িক অনুভৱে তোমাক বিচলিত কৰিব নোৱাৰিব।  তোমাৰ বাবে মৃত্যু তথা অমৰত্বৰ কোনো পাৰ্থক্য নাথাকিব। গতিকে বাচা নিজে বুদ্ধিৰ আধীন নহৈ নিজৰ জ্ঞান তথা বুদ্ধিক যিজনে স্থিৰ কৰি ৰাখিব পাৰে তেৱেঁই হৈছে স্থিতপ্ৰজ্ঞ আৰু স্থিতপ্ৰজ্ঞ একমাত্ৰ যোগ সাধনাৰ জৰিয়তেহে প্ৰাপ্তি লাভ কৰিব পাৰি। যোগ শক্তিৰ বলত যেতিয়া স্থিতপ্ৰজ্ঞ প্ৰাপ্তি লাভ কৰিবা তুমিও তেতিয়া  মোৰ দৰে নিজৰ ভিতৰত থকা বিশেষ স্থানত উপস্থিত হৈ সৰ্বদাই সুৰক্ষিত হৈ থাকিবা ।

জেন বৌদ্ধ ধৰ্মৰ গুৰুজনে কোৱা একেখিনি কথাই প্ৰায় সাত হেজাৰ বছৰ আগতে শ্ৰীমদ্ভগৱদগীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছিল, হে পাৰ্থ তুমি আত্মিক যোগবলৰ দ্বাৰা নিজৰ অন্তৰাত্মাৰ জৰিয়তে পৰমাত্মাক চিনিব লৈ  চেষ্টা কৰা ।  স্থিতপ্ৰজ্ঞৰ দৰে নিষ্কাম কৰ্ম কৰি যোৱা। 
তেতিয়া অৰ্জ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল-
"স্থিতপ্রজ্ঞাস্য কা ভাসা সমাধিস্থস্য কেশৱ।
 স্থিতধিঃ কিং প্রভাসেত কিমাসীতা ব্রজেতা ।।"
 
হে কেশৱ,  স্থিতপ্ৰজ্ঞ মানে কি ? স্থিতপ্ৰজ্ঞ লোক সকলৰ উঠা, বহা, চালচলন ,কথা বতৰা কেনেকুৱা হয় ? অলপ বুজাই দিয়াচোন। 
   অৰ্জ্জুনৰ প্ৰশ্নৰ উত্তৰত মহাপ্ৰভু বাসুদেৱ নন্দনে কৈছিল -

শ্লোক :০১

" প্রজাহাতি ইয়াদা কামান সর্বান পার্থ মনোগতান।
আত্মান্যেৱত্নামানা তুস্থা স্থিতপ্রজ্ঞাস্তদোচ্যতে।"

অৰ্থাত হে পার্থ, যিজন ব্যক্তিয়ে মনৰ  সমস্ত বাসনা সম্পূৰ্ণৰূপত পৰিত্যাগ কৰি নিজে নিজৰ মাজত আত্মীয়সুখ তথা প্ৰশান্তি বিচাৰি পায় তেওঁকেই স্থিতপ্ৰজ্ঞ ব্যক্তি বুলি কোৱা হয় । 

শ্লোক :০২

"দুখেষভানুদ্ভিগনামাঃ সুখেষু বিগতস্পৃহঃ।
ভিতৰাগভয়ক্রোধঃ স্থিতধিৰ্মুনিৰুষ্যতে ।।"

অৰ্থাত যিজন ব্যক্তি প্ৰতিকূল পৰিস্থিতিটো কম্পিত নহয়, ভোগ বিলাসিতাৰ প্ৰতি নিষ্পৃহ  হৈ থাকে  আৰু  আসক্তি, ভয় ও ক্রোধৰ পৰা মুক্ত  তেওঁকেই স্থিৰ বুদ্ধিৰ মুনি বুলি  কোৱা হ'য় । 

 শ্লোক :০৩
"য়হঃ সর্বত্রানাভিষ্ণেহস্তত্তত্প্রাপ্য শুভাশুভম্।
 নাভিনন্দতি না দ্বেষ্টী তস্য প্রজ্ঞা প্রতিষ্টিতা ।।"

অৰ্থাত জ্ঞান প্রতিষ্ঠিত ব্যক্তিৰ কোনো বস্তুৰ প্ৰতিয়েই আকৰ্ষণ তথা  আসক্তি নাই। সেই বাবে তেওঁলোকে সন্মুখিন হোৱা জীৱনৰ  যিকোনো পৰিস্থিতি অথবা বস্তুক ভাল-বেয়া দৃষ্টিভংগীৰে গ্ৰহণ অথৱা  প্রত্যাখ্যান নকৰে । নিৰাসক্ত আৰু নিষ্কাম কৰ্ম কৰা স্থিতপ্ৰজ্ঞ লোকে সেই বাবে প্ৰশংসা অথৱা নিন্দাৰ ভাষাৰে কথা নকয়। 

শ্লোক :০৪

"য়দা সংহারতে চায়ং কুরমোঙ্গানিভ সর্বশঃ।

 ইন্দ্রিয়নীন্দ্রিয়ার্থেভ্যাস্তস্য প্রজ্ঞা প্রতিষ্টিতা।।

অৰ্থাত কাছই যিদৰে আগজাননী পালেই ভৰি আৰু মূৰ দেহৰ কঠিন খোলাটোৰ ভিতৰত সুমুৱাই লয়। ঠিক তেনেদৰ এজন স্থিতপ্ৰজ্ঞ লোকে নিজৰ মনটো  ইন্দ্ৰিয়ৰ সুখৰ বাবে ইন্দ্ৰিয়ৰ দ্বাৰা পৰিচালিত হোৱাৰ আগতেই ইন্দ্ৰিয়ৰ পৰা সম্পূৰ্ণ নিলগাই ৰাখে । ইন্দ্ৰিয়ৰ পৰা আঁতৰি তেওঁলোকে সমাধিত বহি পৰে । সেইয়াই হৈছে এজন স্থিতপ্ৰজ্ঞ ব্যক্তিৰ ভাৱাবেগহীন মনৰ পৰম অৱস্থা ।

শ্লোক :০৫

বিষায়া বিনিবর্তন্তে নিৰাহাৰস্য দেহিনঃ।

 ৰসবর্জং ৰসোঁপস্য পৰাং দ্রৃষ্টভা নিবর্ততে।।" 

অৰ্থাত আত্মোপলব্ধিৰ  স্ব-অভিজ্ঞতা অবিহনে আসক্তিৰ নাশ অসম্ভৱ ।   স্থিতাপ্রজ্ঞা ব্যক্তি এজনে সদায় আত্মপ্রতিষ্ঠাৰ মাধ্যমেৰে  নিৰাসক্ত  হৈ পৰে ।
 
দয়াময় গোবিন্দৰ মুখে স্থিতপ্ৰজ্ঞতাৰ বিষয়ে সবিশেষ জনাৰ পাছত ধনুৰ্ধৰ অৰ্জ্জুনে কৈছিল,  যি বুজিলো কেশৱ কোনো দৈব্য শক্তি অবিহনে এজন সাধাৰণ সাংসাৰিক মনুষ্যই স্থিতপ্ৰজ্ঞৰ দৰে চৰম মানষিক স্তৰত উপনীত হ'ব পৰাটো অসম্ভৱ যেন লাগিছে। অৰ্জ্জুনৰ কথাত সন্মতি জনাই যদুনন্দনে প্ৰত্যুত্তৰত কৈছিল, পাৰ্থ তোমাৰ কথা এশ শতাংশই সত্য।  ভাগৱত কৃপা অবিহনে কোনো কাৰ্য্য সিদ্ধ নহয়।  সেই বাবে  মানুহে পুৰুষাৰ্থৰ লগে লগে প্ৰভূৰ ভক্তিৰ ওপৰতো আস্থা ৰাখিব লাগে । পৰমাত্মাক ভক্তি কৰিলে মন সাত্বিক হৈ পৰে । লগতে বৈষয়িক আসক্তিও নষ্ট হৈ যায় । বৈষয়িক আসক্তিয়ে মনুষ্য জীৱন ধ্বংস কৰি পেলাই । এই আসক্তিয়েই মানুহৰ মনত মায়া- মোহ , কাম-ক্রোধ আৰু হিংসা-লালসা সৃষ্টি কৰে । তীব্ৰ আসক্তিৰ ফলত উদয় হোৱা অভিলাষ পূৰণ নহ'লে মনত ক্ষোভ আৰু ক্রোধৰ সৃষ্টি হয় । ক্রোধৰ ফলশ্ৰুতিত অবিবেক আৰু অবিচাৰ  উদ্ভৱ হয়। যিদৰে বতাহৰ কোবত জ্বলি থকা বন্তি গছিৰ অগ্নিশিখা নুমাই যায় ঠিক তেনেদৰে মনত উদয় হোৱা ক্রোধৰ বলত মনুষ্যৰ স্মৃতিৰ অধপতন হয়। মনুষ্যৰ স্মৃতি নাশ হ'লে বুদ্ধিৰো বিনাশ হয়।  চৈতন্য অবিহনে মানৱ শৰীৰৰ যি দশা  হয় বুদ্ধি অবিহনেও মনুষ্যৰ পতন অৱশ্যম্ভাৱী। সেই কাৰণে মানুহে আসক্তিৰ পৰা মুক্ত হৈ নিৰাসক্ত জীৱন যাপনৰ প্ৰয়াস কৰিব লাগে। 
এইখিনি শুনাৰ পাছত কুন্তী নন্দন অৰ্জ্জুনে প্ৰভু জগন্নাথক স্থিতপ্ৰজ্ঞৰ কোনো এটা  স্পষ্ট উদাহৰণৰ দিবলৈ অনুৰোধ কৰিছিল। তেতিয়া প্ৰভূ বংশীধৰে সৰলতাৰে কৈছিল, সখা অৰ্জ্জুন  স্থিতপ্ৰজ্ঞ লোকসকল অথাই সাগৰৰ দৰে গভীৰ আৰু গম্ভীৰ স্বভাৱৰ হয় । পৰ্বত ভৈয়ামৰ মাজেৰে নদী বৈ গৈ অৱশেষত সাগৰত মিলিত হয় । খৰালি শুকাই তৰাং দিয়া  নদী সমূহে বাৰিষা কালত বৰষুণৰ পানীৰে ফেনে-ফোটোকাৰে উফন্দি  কাল ৰূপ ধাৰণ কৰে ।  বাঢ়নী পানীয়ে নদীৰ দুইকাষ খহাই  গাঁও ভূইৰ মাজেৰে বৈ গৈ প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰে । সাধাৰণ মানুহ  এজনেও নদী এখনৰ দৰে জীৱনত লাভ কৰা ঐশ্বৰ্য্য-বিভূতি, মান-সন্মান, বিদ্যা-বুদ্ধি, সা-ক্ষমতা, ৰূপ-লাৱণ্যৰে অহংকাৰত মতলীয়া হৈ আসক্তিৰ কবলত হিতাহিত জ্ঞান হেৰুৱাই ইন্দ্ৰিয়ৰ অধীন হৈ পৰে।  ইন্দ্ৰিয়ৰ অধীন হৈ লোভ-মোহ, কাম-ক্রোধৰ  প্ৰভাৱত বিবেক বুদ্ধি হেৰুৱাই পেলাই । 
     বাৰিষা বা খৰালি সাগৰৰ জলৰাশি কম বেচি হ'লেও নদীৰ দৰে শুকাই তৰাং নিদিয়ে অথৱা  ফেনে ফোটোকাৰে উফন্দি নুঠে । 
সদায়েই জলৰাশিক নিজৰ ভিতৰত সুমুৱাই ৰাখে  ।  পাৰ ভাঙি যেনিয়ে তেনিয়ে বৈ গৈ পাৰিপাৰ্শ্বিক পৰিবেশৰ ক্ষতি সাধন নকৰে ।   স্থিতপ্ৰজ্ঞ লোক এজনো সাগৰৰ দৰে। তেওঁ দুখৰ দিনটো বিষাদ নকৰে সুখ সমৃদ্ধিৰ দিনটো নিৰাসক্ত হৈ থাকে । নিজে নিজৰ বুদ্ধিক স্থিৰ কৰি ৰাখে । শক্তি আৰু ক্ষমতাৰ বলত বলীয়ান হৈ অহংকাৰ নকৰে। 

হে  সুধীবৃন্দ আহঁকচোন আমিও গীতাৰ পৰম জ্ঞানেৰে উদ্বুদ্ধ হৈ স্থিতপ্ৰজ্ঞতাৰ বিষয়ে আৰু বৃস্তিত ভাবে অধ্যয়ন কৰিব প্ৰয়াস কৰো ।  স্থিতপ্ৰজ্ঞতাৰ অধ্যয়নে আমাৰ উশৃংখল যুৱ প্ৰজন্মক বহু পৰিমাণে প্ৰভাৱান্বিত কৰিব বুলি আশা কৰো।  ভাবিলেই আচৰিত লাগে সাত হেজাৰ বছৰ আগতেই শ্ৰীমদ্ভগৱদগীতাত উল্লিখিত স্থিতপ্ৰজ্ঞতা আজি পৃথিৱীৰ বিভিন্ন দেশৰ বহুজাতিক প্ৰতিষ্ঠান  সমূহৰ লীডাৰশ্বিপ ডেভেলপমেন্ট প্ৰগ্ৰামত অন্তৰ্ভুক্ত কৰা হৈছে  । আমাৰ দেশৰ জ্ঞান ভাণ্ডাৰৰ দ্বাৰা সমগ্ৰ বিশ্ব উপকৃত হৈছে । কিন্তু দূৰ্ভাগ্যৰ কথা হ'ল দেশৰ এচাম শিয়াল বুদ্ধিৰ ৰাজনৈতিক নেতাই কৰি থৈ যোৱা ধৰ্মীয় কৰণৰ ফলশ্ৰুতিত আমাৰ দেশৰ বহু পুৰণি চিন্তাধাৰা আৰু দৰ্শনৰ অধ্যয়ন তথা ৰূপায়ন কৰাৰ বাবে আমি সুযোগ হেৰুৱালোঁ। এইখিনিতেই আৰু এটা কথা  উল্লেখ কৰিব লাগিব যে স্থিতপ্ৰজ্ঞতাৰ অধ্যয়নে হতাশাগ্ৰস্ত যুৱ প্ৰজন্মৰ মাজত  নতুনকৈ দেখা দিয়া আত্ম হত্যাৰ দৰে চড়ম সিদ্ধান্ত লোৱাৰ প্ৰৱণতা হ্ৰাস কৰিব বুলিও আশা কৰিব পাৰি।  সেই বাবে আজিৰ আধুনিক যুৱ প্ৰজন্মই ভাৰতৰ প্ৰাচীনতম চিন্তাধাৰা আৰু দৰ্শনবোৰ অধ্যয়ন কৰা উচিত। 

ঠিকনাঃ
নয়ডা,  উত্তৰ প্ৰদেশ।

অঙ্গন: পৃষ্ঠাঃ ৯

সংবাদ মাধ্যম আৰু যুৱ প্ৰজন্ম

✍ক্ষিৰুদ হাজৰিকা

আধুনিক যুগৰ আগমনে ন ন প্ৰযুক্তিৰো সংযোজনো ঘটাইছে। এনে সংযোজনে উন্মোচিত কৰিছে তথ্য প্ৰেৰণ আৰু যোগাযোগৰ নিত্য নতুন বাট। এনে বহু প্ৰযুক্তি আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগও হৈ পৰিছে। তেনে এক তথ্য প্ৰযুক্তিৰ মাধ্যমে হৈছে সামাজিক মাধ্যমবোৰ। সামাজিক মাধ্যম বুলিলে সেই সকলো ধৰণৰ Application বা ৱেবচাইটক বুজা যায় য’ত ইন্টাৰনেটৰ মাধ্যমেৰে তথ্য, খবৰ অথবা ইলেক্ট্ৰনিক কন্টেন্ট যেনে ছবি বা ভিডিঅ’ আদিৰ আদান প্ৰদান কৰিব পাৰি আৰু আনৰ সৈতে বাৰ্তালাপ আৰু যোগাযোগ প্ৰতিষ্ঠা কৰিব পাৰি। এই সামাজিক মাধ্যমবোৰ যেনে – অৰকোট, স্কাইপ, ফেচবুক, টুইটাৰ, ৱাটছএপ, ফেচবুক মেচেঞ্জাৰ, উইচাট, ইনষ্ট্ৰাগ্ৰাম, টেলিগ্ৰাম, গোগল ডোঅ’, টিকটক আদিৰে এখন ভাৰ্চুৱেল পৃথিৱীৰ সৃষ্টি কৰিছে। এই ভাৰ্চুৱেল পৃথিৱীখনে আৱৰি ৰাখিছে আমাৰ মনোজগত কিম্বা সামাজিক জীৱন। এটা ক্লিকত বিশ্বৰ ভিন্ন প্ৰান্তৰ দুজন অচিনাকি ব্যক্তি যোগাযোগত আহিব পৰা হৈছে, আদান প্ৰদান কৰিব পাৰিছে ভাবৰ, সংস্কৃতিৰ। এনে হৈ পৰিছে যে সাম্প্ৰতিক সময়ত বিশ্বৰ সকলো প্ৰান্তত গোলকীকৰণৰ এই নতুন মাধ্যমে আগুৰি পেলাইছে সমগ্ৰ পৃথিৱী। ভিন্ন বয়সৰ লোকে এই মাধ্যমসমূহক কৰি পেলাইছে নিজৰ জীৱনৰ এক অভিন্ন অংগ। এই লোকসকলৰ ভিতৰত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে আমাৰ যুৱ সমাজ। যুৱ সমাজৰ মাজত এই ধৰণৰ সামাজিক মাধ্যমসমূহৰ প্ৰসাৰ দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে বহুসংখ্যক যুৱক যুৱতীয়ে উন্নতিৰ শিখৰত আৰোহন কৰিবলৈ সক্ষম হৈছে যদিও ৪ তৃতীয়াংশ যুৱক যুৱতী বিপথে পৰিচালিত হোৱা দেখা গৈছে। এই যুৱক যুৱতী সকলক বিপথে পৰিচালিত কৰাত বহুকেইটা সংবাদ মাধ্যমে আগভাগ লোৱাৰ লগতে আমাৰ দেশৰ বুদ্ধিজীৱী সকলো নিদিষ্ট দূৰত্বত অৱস্থান কৰা পৰিলক্ষিত হৈছে। ফেচবুকৰ পৃষ্ঠাই পৃষ্ঠাই যৌন উত্তেজক বাতৰি আৰু অতি মাত্ৰা ধৰ্মীয় গোড়ামিৰে পৰিবেশন কৰা বাতৰিক বয়োজ্যেষ্ঠ সকলেও তৃপ্তিৰ বাবে উদগনি মূলক মন্তব্য আগবঢ়াই পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিছে। অকল যে যৌন উত্তেজনাক বা ধৰ্মীয় গোড়ামিত সংবাদ পোৰ্টৈল সমূহ সীমাবদ্ধ আছে এনে নহয় । মিছা বাতৰি পৰিবেশন কৰি সমাজক ভয় বিহ্বল কৰি অধিক মুনাফা আদায় কৰা এতিয়া সিহঁতৰ এক বৃত্তি হৈ পৰিছে। এনেদৰে আৰু কিছুদিন পাৰ হ'লে সংবাদ মাধ্যম সমূহৰ দৌৰাত্ম্যৰ ফলত দেশৰ যুৱ সমাজ একেবাৰে পঙ্গু হৈ পৰিব । সেয়েহে সচেতন মহললৈ মোৰ এটি অনুৰোধ অতি ৰঞ্জিত ভাৱে প্ৰচাৰ কৰা বাতৰি দেখাৰ লগে লগে মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকি ৰিপট চেন্টাৰলৈ গৈ ৰিপৰ্ট মাৰিব। সকলো সচেতন মহল এক গোট হোৱাটো সময়ৰ আহ্বান অন্যথা আমাৰ ভৱিষ্যত প্ৰজন্ম ঘোৰ অন্ধকাৰৰ দিশে।

উত্তৰ লখিমপুৰ (বগীনদী )।

অঙ্গন: পৃষ্ঠাঃ ১০
পঙ্কজা

✍জয়ন্তীমালা বৰপূজাৰী

দ্বাৰকা ডিষ্ট্ৰিক্ট কোৰ্টৰ সন্মুখৰ বা ওচৰ-পাজৰৰ ৰাষ্টাৰে পুৱা খোজ কাঢ়িলে সদায় লগ পাওঁ সেই দম্পতীক। সদায় দেখা ঠাইখিনিত নেদেখিলে ঘড়ী চাওঁ - কি হ'ল, মোৰ দেৰী হ'ল নেকি আজি ? পিছে নহয়, তেওঁলোক দ্বাৰকা কোৰ্টৰ আশেপাশেই থাকে। ৰাস্তাকেইটা হয়তো আগ পিছ হ'ব পাৰে। কাৰণ, তেওঁলোক বৰ নিয়মীয়া। বোধ হয়, চাৰে পাঁচমান বজাতে কামলৈ আহে।
    পৰিপাটী সাজপোছাক, নিখুঁত নিপোটল চেহেৰা, গৌৰবৰ্ণা, পঁয়ত্ৰিশ বছৰমান বয়সীয়া মানুহজনী। বিশ পঁচিশফুটমান আগত বা পিছত সমানে পৰিপাটী পোছাকপৰিহিত সুঠাম দেহৰ শ্যামবৰণীয়া মানুহটো। কেতিয়াবা তেওঁলোকৰ এজনক দেখি আনজনক নেদেখিলে চিন্তা হয়- গা-চা বেয়া নহয়তো! তেওঁলোকক দেখিলে ভাব হয়  যেন সাক্ষাৎ ৰাধা-কৃষ্ণ। পিছে নহয়, ৰাধা-কৃষ্ণ সখা-সখীহে আছিল! তেওঁলোক হ'ব লাগিব ৰুক্মিণী আৰু কৃষ্ণ। 

    এই কৃষ্ণৰ হাতত পিছে বাঁহী নাই। কৃষ্ণ, ৰুক্মিণী দুয়োৰে হাতত বাঁহৰ দীঘল মাৰি লগোৱা দুটা বাঢ়নী। দুয়ো নিজৰ নিজৰ বাঢ়নীৰে মনপুতি ৰাস্তা সাৰি ঠায়ে ঠায়ে ফুটপাথৰ কাষে কাষে বাটৰ আৱৰ্জনাখিনি দ'মাই যায়। তাৰপৰা টিন এচলা লৈ জাবৰখিনি দুটা চকা লগোৱা থেলাখনত ভৰাই ডাঙৰ ডাষ্টবিনত পেলাবলৈ লৈ যোৱাৰ কাম কৃষ্ণৰ। 
    খোজ কঢ়াৰ মাজে মাজে চাই চাই তেওঁলোকৰ কামৰ প্ৰতি একাগ্ৰতা দেখি মই মুগ্ধ হওঁ। অৱশ্যে অকল ময়ে নহয়, কামৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা আনেও লক্ষ্য কৰে, আৰু কয় যে তেওঁলোকৰ দৰে দায়িত্বশীল কৰ্মী সচৰাচৰ চকুত নপৰে। তেওঁলোকে অনায়াসে দীঘল বাঢ়নীটাঁৰেৰে বাটটো  সাৰি নিয়া দেখিলে এনেকুৱাও লাগিব পাৰে, কামটো হয়তো বেচ সহজ। নহয়, মুঠেও নহয়। আৰ কে পুৰমৰ চৰকাৰী ঘৰত থকাৰেপৰা তাৰ ঝাড়ুৱালীজনীয়ে ( তেৱোঁ বেচ হৃষ্টপুষ্ট আৰু ভব্য আছিল। ) দীঘল বাঢ়নীটাঁৰ লৈ মাৰ্কেটৰ চোতালখন সৰা ওপৰৰপৰা চাই থাকোঁতে কেতিয়াবা নিজে আহি এবাৰ চেষ্টা কৰি চাওঁ যেন লাগিছিল যদিও কেতিয়াও কৰা নাছিলোঁ। কেইবা বছৰ পিছত সেই সুবিধা এবাৰ পাইছিলোঁ।
     চৰকাৰী স্বচ্ছতা অভিযানৰ কাৰ্যসূচীত এবাৰ আমি অসম এছোচিয়েচন, দিল্লীৰ ফালৰপৰা শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনৰ সন্মুখৰ ৰাস্তাটো চাফা কৰিবলৈ লৈছিলোঁ। চৰকাৰী স্বাস্থ্য মন্ত্ৰালয়ৰপৰা দিয়া টুপী, চোলা পিন্ধি আমি কামত লাগিছিলোঁ। দুবাৰমান দীঘল বাঢ়নীটাঁৰ মৰাৰ চেষ্টা কৰাৰ পিছতে ফোঁপনি উঠিছিল। দলৰ ল'ৰা এজনে ' বাইদেউ, মোক দিয়ক, আপুনি এইটো লওক' বুলি মোৰ হাতত জাবৰ গোটোৱা বেগটো তুলি দিছিল। মাৰিডাল দীঘল কাৰণে কঁকালত ভাঁজ নিদিয়াকৈ সাৰিব  পাৰি ঠিকেই, কিন্তু বাহুত জোৰ নাথাকিলে য'ৰ জাবৰ ত'তে থাকিব- বাঢ়নীৰ আগত নাযায়।
    যি হওক, কেইবাদিনৰ মূৰত কোৰ্টৰ সন্মুখৰ ৰাস্তাৰে খোজ কাঢ়োঁতে আজিও ৰুক্মিণীহঁতক দেখিলোঁ। কমলাৰ আভা থকা গুলপীয়া ৰঙৰ চালৱাৰ-কামিজযোৰেৰে তেওঁক বৰ ধুনীয়া দেখিছে। কেতিয়াবা মুখামুখি হ'লে মূৰ তুলি চায়। আজি পিছে মানুহৰ ফালে পিঠি দি কামত ব্যস্ত। 

কৃষ্ণও আছিল, কিন্তু মোৰ দৃষ্টি ৰুক্মিণীতহে। তেওঁক দেখিলে সদায় হোৱাৰ দৰে আজিও মোৰ দাৰ্শনিক নাট্যকাৰ জৰ্জ বাৰ্ণাৰ্ড শ্বৰ "পীগমেলিয়ন" নামৰ নাটকখনলৈ মনত পৰিল। এই বিখ্যাত দাৰ্শনিক নাট্যকাৰজনে হয়তো এনেকুৱাই কোনোবা "ৰুক্মিণী"ৰ মাজত তেওঁৰ নাটকৰ নায়িকা ফুলৱালী এলাইজা ডূলিটলক দেখিবলৈ পাইছিল আৰু গ্ৰীক পৌৰাণিক কাহিনীটোৱে নতুন ৰূপত তেওঁৰ কল্পনাত ধৰা দিছিল। সৃষ্টি হৈছিল প্ৰফেচৰ হেনৰী হিগিনচ আৰু এলাইজা ডূলিটলৰ মাজেৰে গ্ৰীক ভাস্কৰ্যশিল্পী পীগমেলিয়ন আৰু তেওঁৰ সৃষ্ট মাৰ্বলপ্ৰতিমাৰ (য'ত গ্ৰীকদেৱী এফ্ৰডাইটে শিল্পীজনৰ প্ৰেম দেখি প্ৰাণ প্ৰতিষ্ঠা কৰিছিল। ) কাহিনী । আমাৰ ৰুক্মিণীকো তেনে কোনো প্ৰফেচৰ হিগিনচে পোৱা হ'লে তেৱোঁ নিশ্চয় যি কোনো সম্ভ্ৰান্ত পৰিয়ালৰ মহিলাৰ লগত একে শাৰীতে থিয় হ'ব পাৰিলেহেঁতেন। 
    কথাবোৰ মনতে পাগুলি ঘৰ পালোঁহি। হকাৰে দুৱাৰমুখত পেলাই থৈ যোৱা বাতৰিকাকতখন তুলি লৈ দেখিলোঁ মোৰ যোৱা পঞ্চাশ মিনিটৰ মানসিক ক্ৰিয়া আৰু বাস্তৱৰ এক কাকতালীয় সংযোগ।  

কাকতখনৰ প্ৰথম পৃষ্ঠাতে হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনীত চৰকাৰী প্ৰাৰ্থী শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মন্দিৰৰ বাৰান্দা সাৰি থকা এখন ছবি।  শিক্ষা আৰু কৰ্মৰ জৰিয়তেইতো ওড়িশাৰ এটা পিছ পৰা আদিবাসী পৰিয়ালত জন্ম লোৱা শ্ৰীমতী মুৰ্মুৱে আজি এনে প্ৰতিষ্ঠা পাইছে। শিক্ষয়িত্ৰী হৈ কৰ্মজীৱন আৰম্ভ কৰা সমাজসেৱী মানুহগৰাকীয়ে নিজৰ অধ্যৱসায়ৰ বলতে সফলতাৰ শিখৰত উঠি ভাৰতৰ দৰে বিশাল গণতান্ত্ৰিক দেশৰ প্ৰথম নাগৰিকৰ স্থানৰ বাবে মনোনয়ন পাইছে। জৰ্জ বাৰ্ণাৰ্ড শ্বয়ো নিশ্চয় তাকেই বুজাইছিল। প্ৰয়োজনীয় শিক্ষাৰ জোৰতে তেওঁৰ নাটকৰ সাধাৰণ ফুল বেচা ছোৱালী এলাইজা ডূলিটলক তেতিয়াৰ ইংলণ্ডৰ অভিজাত সমাজে এক সম্ভ্ৰান্ত পৰিয়ালৰ ৰাজকুমাৰীৰ মৰ্যাদা দিছিল। সময়ত উপযুক্ত শিক্ষা পোৱা হ'লে আমাৰ দ্বাৰকা কোৰ্টৰ সন্মুখৰ ৰুক্মিণীয়েও আজি হাতত বাঢ়নী লৈ ৰাষ্টা সাৰি নাথাকিলেহেঁতেন চাগে'।

ঠিকনাঃ
নতুন দিল্লী

অঙ্গন:  পৃষ্ঠাঃ ১১
অণুগল্পঃ

পাৰ্থিব শৰীৰ দানৰ বাবদ

ৰিতা মনি বায়ন

সাতাম পুৰুষীয়া কুসংস্কাৰত বাহিৰে জীৱনৰ আন মূলমন্ত্ৰত অবিশ্বাসী জানকী বুঢ়ী শিক্ষয়িত্ৰী নলিনীৰ কথাত প্ৰায় চিঞৰ মাৰি উঠাদি কৈ 
উঠিল -- "তুমি মোৰ ডাঙৰ নাতিনীক বিয়াৰ দিনাখন গা ধুৱাব নোৱাৰা বেলেগ কথা , কিন্তু তুমি কোন অ' মোৰ সৰু বোৱাৰীক তোমাৰ দায়িত্ব অৰ্পণ কৰিবলৈ ?" দুৱাৰ মুখত থিয় হৈ থকা সৰু বোৱাৰী মালাই শাহুৱেকৰ সেই কথাষাৰ শুনাৰ লগে লগে তিনিবছৰ ধৰি তাইৰ কৰ্ণকুহৰত বাজি থকা দুটামান বাক্য আপোনা -আপুনি মুখেৰে বাহিৰ ওলাই আহিল-- "মা, গাড়ী আহিছে, গাড়ী আহিছে তুমি ৰাস্তা পাৰ নহ'বা। বোপাই ,এইয়া তই কি কৰিলি ?"

বৰপেটা

অঙ্গন: পৃষ্ঠাঃ ১২
সুযোগ

সন্ধ্যাৰাণী গোস্বামী

: মাঁ মই চহৰলৈ যাওঁ বুলি ভাবিছোঁ। সৰুকৈ চাকৰি এটা পাইছো অ! মোৰ লগৰ যে ৰমেন সিও পাইছে ।  
: এ তই যাব নালাগে বাবা, সি যাওক দে। প্ৰাইভেত চাকৰি হে হ'ব তাতকৈ তই চৰকাৰী চাকৰি এটা পোৱাটোহে মই মনে প্ৰাণে বিচাৰোঁ। 
 থিক ছয়মাহ পাছত, বাবাৰ মাকে ৰমেনক লগ পাই সুধিলে
: বোপা অ' তোৰ চাকৰি কেনে চলিছে ? দৰৰ্মহা থিকমতে দিয়ে নে ? 
: দিয়ে দিয়ে বৰৰ্মা, তাতে মোৰ প্ৰমোচনো হ'ল নহয় । 
: অ' হে কি কৱ ? আমাৰ ইও তেতিয়াই সোমাই লোৱাহ'লে। চেহ্‌,,,।

কুৰালগুৰি

অঙ্গন: পৃষ্ঠাঃ ১৩
সাধুকথাৰ দৰে

অংশুমান ভূঞা

'বাবা, ঘৰলৈ কেতিয়া আহিবি ? নাতিহঁ‌তৰ স্কুল বন্ধ দিলেনে ?'
'বন্ধ দিছে ৰ'বা মা। পিছে এইবাৰ নাযাওঁ‌ দিয়া।আজিকালি গাঁ‌ৱতো বৰ গৰম পৰা হৈছে যে! ইহঁতকেইটাই গৈ কষ্টহে পাব।'
ফোনটো ৰাখি মিনতিয়ে এটা হুমুনিয়াহ কাঢ়িলে।সময়বোৰ দ্ৰুতগতিত সলনি হ'ল। গৰমৰ দিনত চোতালত বিচনীৰে বিচি বিচি সাধুকথা কৈ বাবাৰ সৈতে কটোৱা সময়বোৰ মিনতিৰ আজি সাধুকথাৰ দৰে লাগিল।

চামতা,নলবাৰী
৬০০২৯৯৪৯৮০

অঙ্গন: পৃষ্ঠাঃ ১৪
চাদৰ

বিনু লস্কৰ বৰুৱা

দোকমোকালিৰ সময়, স্থানীয় বজাৰখনত কাপোৰৰ এখন দোকানো খোলা নাই।ইফালে সিফালে ঘূৰি হাবাথুৰি খাই আছে অনন্ত। বুকুখন চাটি ফুটি কৰিছে তাৰ।অতদিনে কৈ থকা স্বত্তেও সি মৰমীক নীলা পাৰী থকা চাদৰ খন আনি দিব নোৱাৰিলে।আজি সেইখন বিচাৰি হাহাকাৰ কৰিছে তাৰ মনে।হুকহুকাই কান্দি দিব মন গৈছে। ইফালে ঘৰৰ মানুহে ফোন কৰিয়ে আছে। সিহে জানে মৰমীয়ে হেঁপাহ কৰা চাদৰখন আজিও নিদিলে যেন তাই আৰু সিও শান্তি নাপাব।
হঠাতে কাপোৰৰ দোকান এখন খোলাত লৰালৰিকৈ তাইৰ পছন্দৰ নীলা পাৰীৰ চাদৰ এখন লৈ খৰধৰকৈ ঘৰ পালেগৈ সি।
চোতালত পৰি থকা মৰমীৰ নিথৰ দেহটোত সি অনা তাইৰ হেঁপাহৰ নীলা পাৰীৰ বগা চাদৰখন তাইৰ গাত  দি ক'লে, হুঁ ল মৰমী। তোৰ আশা এটা পূৰণ কৰিলোঁ। তই মাথোঁ ঘূৰি আহ আকৌ, ঘূৰি আহ।
বুকু ফাটি যোৱা অনন্তৰ কান্দোন দেখি তাত উপস্থিত থকা মানুহ বোৰেও চকুলো টুকিলে।
     
দৰং
ছিপাঝাৰ

অঙ্গন: পৃষ্ঠা ১৫
পুত্ৰস্নেহ

মমী বৰঠাকুৰ

মিনতিয়ে তাইৰ শকত ল'ৰা টোক সৰুৰে পৰাই খিনাইচ' খিনাইচ' বুলি খোৱাওঁতে খোৱাওঁতে ল'ৰাটোৰ ওজন বাঢ়ি গৈ থাকিল ঠিকেই, কিন্তু গাঁৱত থকা বিধৱা মাকৰ ওজন কমি যে হাড়ে ছালে লগা অৱস্থা হৈছে সেয়া চাবলৈ বৰ্তমান তেওঁৰ সময় নাই, তথাপি পুতেকক দোষ নিদি গাঁৱৰ চুবুৰীয়া মানুহক মিনতিয়ে কয় ' তাৰ অফিচত ধেৰ কাম অ' সেয়ে সি আহিবলৈ সময় মিলাব নোৱাৰে ।

নিলাচল হাউচিং ছছাইটি গুৱাহাটী (ভেটাপাৰা)
৮৩৯৯৯৮৬৬১৭

অঙ্গন: পৃষ্ঠাঃ ১৬
দুখ

দীপাঞ্জলী তালুকদাৰ

" মা,ৰব'টটোৱে সকলো কাম কৰে। ভালে হ'ল নহয়নে ?"
মাকে তাৰ হাঁহিৰে ভৰা মুখখনলৈ চায়!

ভৰি থকা ঘৰখনত মাতবোৰৰ অৱস্থিতি শূন্য।
সি কিন্তু ভাল প্ৰগেমাৰ বুলি অঞ্চলটোত জনাজাত।

(বিঃদ্ৰঃ - প্ৰগ্ৰেমাৰ চফটোৱেৰৰ প্ৰগ্ৰেমাৰক কোৱা হৈছে, য'ত ৰব'ট এটা তৈয়াৰ কৰিবলৈ ক'ডিং, প্ৰগ্ৰেমিং দৰকাৰ হয়।)

ধীৰেণপাৰা, গুৱাহাটী।

অঙ্গন: পৃষ্ঠাঃ ১৭
নীলা চৰাই
(প্ৰিয়সখী জোনা মহন্ত‌ৰ হাতত)

মীনাক্ষি ৰায় ডাকুৱা

আধা টোপনি আধা জাগৰণৰ মাজত চন্দ্ৰিমাই দেখিবলৈ পালে এহাল নীলা চৰাই, মন্দিৰৰ মিনাৰ আৰু শুনিবলৈ পালে ঘণ্টাৰ ধ্বনি । এই সকলো দেখা আৰু শুনাৰ মাজতে কেতিয়া যে তাইক গভীৰ টোপনিয়ে হেঁচা মাৰি ধৰিলে । পুৱতি নিশা টোপনি ভাগি গ'ল তাইৰ । আকাশত ফৰিংফুটা জোনাক । ক্লান্তি আৰু অৱসাদত তাই নিঃসাৰ হৈ পৰি থাকিল । তন্দ্ৰাত আচ্ছন্ন চন্দ্ৰিমাই হঠাতে বাহিৰত এটা শব্দ শুনিবলৈ পালে । পিক্‌ পিক্‌ কৰি চৰায়ে মাতি আছে ।  তাই বাহিৰলৈ উঠি গৈ চোতালত এহাল চৰাই দেখিবলৈ পালে । জোনাকত সিহঁতৰ নীলা ৰং যেন বেছিকৈ উজ্জ্বল হৈ উঠিছে । চৰাইহালে চক্ৰাকাৰে ঘূৰি ঘূৰি ইটোৱে সিটোক মৰম কৰি আছে । হঠাতে চন্দ্ৰিমাক দেখি সিহঁত নিঃশব্দে উৰি গুচি গ'ল । এটুকুৰা কজলা মেঘ আহি জোনটোক ঢাকি ধৰিলে । চাৰিওফালে পাতল আন্ধাৰ । পূৱৰ আকাশ লাহে লাহে ৰঙা হৈ উঠিছে । চন্দ্ৰিমাই ভাবিলে— সুখৰ প্ৰতীক নীলা চৰাইহাল আকৌ আহিব জানো ?

গোলকগঞ্জ, ধুবুৰী
ফোননং—৮৭৬১৮৬৫৮৮৫


অঙ্গন: পৃষ্ঠাঃ ১৮
অনুবাদ সাহিত্যঃ
 
The Old Man’s Comforts And How He Gained It 

(By Robert Southe)

You are old, Father William, the young man cried,
The few locks which are left you are grey;
You are hale, Father William, a hearty old man, 
Now tell me the reason, I pray.
In the days of my youth, Father Williams replied,
I remember’d that youth would fly fast,
And abused not my health and my vigour at first,
That I never might need them at last.
You are old, Father William, the young man cried,
And pleasures with youth pass away;
And yet lament not the days are gone,
Now tell me the reason, I pray.
In the days of my youth, Father William replied,
I rember’d that youth could not last,
I thought of the future, whatever I did,
That I never might grieve for the past.
You are old, Father William, the young man cried,
And life must be hastening away;
You are cheerful, and love to converse upon death,
Now tell me the reason, I pray.
I am cheerful, young man, Father William replied,
Let the cause thy attention engage;
In the days of my youth I rember’d my God !
And He hath not forgotten my age.

বৃদ্ধৰ সুখ. . .

(মূল: The Old Man’s Comforts And How He Gained it
By Robert Southe
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

তুমি বুঢ়া হৈছা, হে’ ধৰ্মযাজক, ডেকাজনে চিঞৰি ক’লে,
তোমাৰ তপা মূৰৰ, তলৰ চুলিকেডালো পকি বগা হ’ল;
তুমি স্বাস্থ্যবান, হে’ ধৰ্মযাজক আৰু, সদা উদ্যমী এক বৃদ্ধ,
এতিয়া কোৱাঁচোন মোক ইয়াৰ গুহাৰ্থ, মোৰ অনুৰোধ।
মোৰ ডেকা কালৰ দিনবোৰত, ধৰ্মযাজকজনে উত্তৰ দিলে,
মই মনত ৰাখিছিলোঁ ধুমুহাৰ দৰে পাৰ হ’ব যৌৱন;
আৰু মই মোৰ স্বাস্থ্য আৰু শক্তিৰ কৰা নাছিলোঁ অপব্যয়,
যাতে নেলাগে সেইবোৰ বিচাৰি ফুৰিব শেষ কালত মই।
তুমি বুঢ়া হৈছা, হে’ ধৰ্মযাজক, ডেকাজনে চিঞৰি ক’লে,
আৰু যৌৱনৰ লগতে আনন্দও পাৰ হৈ যায়;
তথাপিও দিনবোৰ পাৰ হ’ল বুলি নকৰা অকনো দুখ,
এতিয়া কোৱাঁচোন মোক ইয়াৰ গুহাৰ্থ, মোৰ অনুৰোধ।
মোৰ ডেকা কালৰ দিনবোৰত, ধৰ্মযাজকজনে উত্তৰ দিলে,
মই মনত ৰাখিছিলোঁ যে যৌৱন সদায়ে নাথাকে;
ভৱিষ্যতৰ কথা ভাবিহে, মই নিজৰ কাম কৰিছিলোঁ, 
যাতে, অতীত সুঁৱৰি মই দুখত নোভোগোঁ।
তুমি বুঢ়া হৈছা, হে’ ধৰ্মযাজক, ডেকাজনে চিঞৰি ক’লে,
আৰু বাঢ়িছে নিশ্চয় আজি জীৱনৰ খোজ;
তুমি সদা প্ৰফুল্লিত, আৰু ভালপোৱা মৃত্যুৰ কথা পাতি, 
এতিয়া কোৱাচোন মোক ইয়াৰ গুহাৰ্থ, মোৰ অনুৰোধ।
মই সদা প্ৰফুল্লিত, হে’ যুৱক, ধৰ্মযাজকে উত্তৰ দিলে,
তোমাৰ মনোযোগ ইয়াৰ মূল কাৰণত দিয়া;
মোৰ যুৱাকালত মই মনত ৰাখিছিলোঁ মোৰ ঈশ্বৰক! 
আৰু তেওঁ পাহৰা নাই মোৰ বয়সক।

(Father Williamক ধৰ্মযাজক বোলা হৈছে) 

[ৰবাৰ্ট চাউদে’ এগৰাকী বিখ্যাত ৰোমাণ্টিক ভাৱধাৰাৰ ইংৰাজ কবি আছিল। তেওঁৰ জন্ম ১২ আগষ্ট ১৭৭৪ চনত আৰু ২১ মাৰ্চ ১৮৪৩ চনত তেওঁৰ মৃত্যু হয়। আন দুজন ৰোমাণ্টিক ইংৰাজ কবি ৱৰ্ড্সৱৰ্থ আৰু ক’লৰিড্‌জ তেওঁৰ সম-সাময়িক আৰু বন্ধু আছিল। ১৭৯৪ চনত ‘After Bleinheim’ নামৰ যুদ্ধৰ বিভীষিকাৰ ওপৰত লিখা এটা কবিতা প্ৰকাশৰ পিচতে চাউদে’ বিখ্যাত হৈ পৰে।তেওঁৰ ১৭৯৬ চনত প্ৰকাশিত কাব্যগ্ৰন্থ ‘জোৱান অৱ আৰ্ক’ আৰু ১৮১০ চনত প্ৰকাশিত ‘কেহামাৰ অভিশাপ’ (Curse of Kehama)ক মহাকাব্য বোলা হয়। বিশেষকৈ দ্বিতীয়খন পৃথক গ্ৰন্থ হিচাপে বাৰটা খণ্ডত প্ৰকাশ কৰা হৈছিল, যিখন লিখিবলৈ তেওঁক আঠ বছৰ সময় লাগিছিল। ইয়াত ভাৰতীয় পৌৰাণিক আখ্যানৰ বিষয়ও সন্নিৱিষ্ট কৰা হৈছিল।]


কাহিলিপাৰা গুৱাহাটী
মো:+৯১ ৭০০২৪০৯৬৫৫

অঙ্গন:  পৃষ্ঠাঃ ১৯

आज सावन भिगा गया है मुझे

डाॅ. अमरेन्द्र कुमार पौत्स्यायन

आज सावन भिगा गया है मुझे
तेरी यादें जगा गयी हैं मुझे
मैं तो कब से उदास था शायद,
कोई फिर से हंसा गया है मुझे।।

इन फुहारों की नन्हीं बूंदों ने,
फिर से अपना बना लिया है मुझे।
आज सावन की मस्त झूलों-सी
तेरी बाहें झुला गयी हैं मुझे।।

यादें लाकर के बादलों ने तेरी,
आज बरबस रूला दिया है मुझे,
मुद्‌दतों बाद तेरी नज़रों ने
आज अपना बना दिया है मुझे।।

আজি বৰষাই তিয়াই গ'ল মোক

মূল হিন্দীঃ ডঃ অমৰেন্দ্ৰ কুমাৰ পৌত্‌স্যায়ন
অনুবাদঃ মঞ্জিত হাজৰিকা

আজি বৰষাই তিয়াই গ'ল মোক,
তোমাৰ স্মৃতিয়ে জগাই গ'ল মোক।
মইতো বহু দিনৰ পৰাই উদাস আছিলো কিজানি,
কোনোবাই পুনৰ হঁহুৱাই গ'ল মোক।।

এই বৰষুণৰ ক্ষুদ্ৰ টোপাবোৰে,
পুনৰ নিজৰ কৰি ল'লে মোক।
আজি বৰষাৰ মত্ত দোলনাৰ দৰে
তোমাৰ দুবাহুৰে ঝুলাই গ'ল মোক।।

ডাৱৰে তোমাৰ স্মৃতি কঢ়িয়াই,
আজি জোৰ কৰি কন্দোৱাই গ'ল মোক,
বহুত দিনৰ মূৰত তোমাৰ চকু যুৰিয়ে
আজি নিজৰ কৰি ল'লে মোক।।


অঙ্গন:  পৃষ্ঠাঃ ২০
গল্প

মোক  এজনী খুলশালী লাগে

মূল উৰিয়া: যশোবন্ত সেঠি 
ভাষান্তৰ: চাণক্য চিৰাং

বিয়াৰ পাছত সকলো পুৰুষৰ  দৰে ময়ো আশা কৰিছিলোঁ মোৰ এজনী   খুলশালী   থকা হেঁতেন ! শহুৰৰ  ঘৰলৈ গ'লে  তাই  মোক  কিমান যে আগ্ৰহেৰে আদৰ  সাদৰ  কৰি চাহ জলপান যাচিব, মোক আব্দাৰ কৰি ক'ব - " ভিনদেউ  মোক অমুকহে লাগে ,  ভিনদেউ  মোক তমুকহে  লাগে, বলক না ভিনদেউ আজি চিনেমা চাবলৈ যাওঁ... !    কেতিয়াবা পৰিবাৰৰ  গা ভাল নাথাকিলে খুলশালীজনীয়ে  কেইদিনমানৰ  বাবে মোৰ ঘৰখনৰ  দায়িত্ব  সকলো লব , খুলশালীৰ  লগত হাঁহি ধেমালি  কৰি  আবেলিৰ চাহ কাপ একেলগে খাম , তাইক  বজাৰলৈ মোৰ বাইকৰ পাছফালে বহুৱাই লৈ যাম, ইত্যাদি  ইত্যাদি  বহুত কল্পনা কৰোঁ মই  । কিন্তু  দুখৰ  বিষয় , বিয়াৰ পাছত  এই গল্পকাৰৰ  কপালত   খুলশালী  এজনীও নিমিলিল ।  নাই   যে নাই  আনকি শহুৰৰ  পৰিয়ালৰ  কোনো সমন্ধিয়ৰ ভিতৰতো এজনীও খুলশালী  নাই। এই কথা  আজি আপোনালোকৰ আগত  মুক্ত কন্ঠেৰে কবলৈ মোৰ  অকণো সংকোচ লগা নাই বা কথাষাৰ কবলৈ গৈ মোৰ কন্ঠনলীৰ কোনো ঠাইত লাগিও ধৰা নাই । কাৰণ --বিয়াৰ প্ৰস্তাৱ দিয়াৰ আগলৈও  মই  বৰ ব্যস্ত  আছিলো আৰু  মোৰ   খুলশালী  আছে  নে নাই এই  বিষয়ে  একো  নজনাকৈয়ে  বিয়া পাতিবলৈ ৰাজী হৈছিলোঁ। এই কথালৈ  আচলতে সেই  সময়ত  মই  অলপো  মন নিদিলোঁ । যিবিলাকৰ খুলশালী আছে তেওঁলোকে কিন্তু ভালকৈয়ে জানিব যে বিয়াৰ পাছত  খুলশালী এজনী থাকিলে  কিমান সুবিধা হয় আৰু  কিমান ভাল লাগে ।  অৱশ্যে  খৰচৰ পৰিমাণটো অলপ ... !    অৱশ্যে খুলশালী নথকা  শহুৰৰ ঘৰত বিয়া পাতিবলৈ ৰাজী হোৱা জনৰ বুকুৰ  দীঘ প্ৰস্থ   কিমান হোৱা উচিত সেইবোৰ কথা মই নাজানো ।  মোক  বিবাহ ঘৰত ৰিচিপচনৰ সময়ত মোৰ বহুত বন্ধুয়ে মোৰ বুকু , হৃদয়, কলিজা, হাৰ্টবিট আদিৰ পৰীক্ষা কৰি পোষ্টমৰ্টেম ৰিপৰ্টত কৈছিল যে মই হেনো বহুত ধৈৰ্যবান, আত্মসংযমী, বহল মনৰ, ৰসিকতাবিহীন, মিত্যব্যয়ী ইত্যাদি ইত্যাদি । খুলশালী এজনী  নথকাৰ  লগত এইবোৰ কথাৰ  কি সম্পৰ্ক মই বুজি নাপাও   কিন্তু সেই কথা খুলশালীয়েক থকা ভিনিহীবোৰেহে অনুশীলন কৰা উচিত বুলি ভাবোঁ।মোৰ সেইবোৰ কথাত  এতিয়া মূৰ  ঘমাবলৈ ইচ্ছা নাই কিম্বা  সময়ো নাই । 
এদিন মই এখন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিলোঁ । সেইদিনা সেই  অনুষ্ঠানটোৰ ঘোষিকা গৰাকীয়ে খুলশালী বিহীন ভিনিহীয়েকবোৰৰ  শহুৰেকৰ ঘৰত হোৱা অসুবিধাৰ কথা এনেকৈ মাজে মাজে দৰ্শকক কৈছিল যে ইয়ে মেহফিল ক্যা হ্যাঁয় জিচ মে তালিয়াঁ নেহী, তো শশুৰাল ভি ক্যা হ্যাঁয় জিচ মে --- ---(এতিয়া মই  কি কৰোঁ? )
এই ৰসাল পৃথিৱীখনত খুলশালী এজনী নোহোৱা ভিনিহী হৈ চলিবলৈ কিমান যে কষ্ট , সেয়া কিন্তু মই  বিয়াৰ পিচত প্ৰথমবাৰ যেতিয়া শহুৰৰ ঘৰলৈ গৈছিলোঁ তেতিয়াহে অনুভব হৈছিল ।
জোঁৱায়েক হিচাপে প্ৰথমবাৰ শহুৰৰ ঘৰলৈ যাওঁতে এক দূৰ সম্পৰ্কীয় খুলশালী এজনীয়ে  মোক আলপৈচান ধৰিছিল। বাল্টি এটাত পানী আনি আদৰ  সাদৰেৰে  ভালকৈ ভৰি ধুৱাই দিছিল । সেইদিনাৰ নতুন জোঁৱাইৰ ভাত খোৱাৰ  পিচত  খুলশালীজনীয়ে মোক  তামোল পাণ এখন নিজ হাতেৰে খুৱাই দিছিল ।কিন্তু তামোলখন চোবাবলৈ লৈহে জানিলোঁ যে সেয়া  কেৱল পাণহে আছিল, তাত তামোল দিয়া হোৱা নাছিল । এই বিষয়ে  মই অভিযোগ কৰাত সেই দূৰ সম্পৰ্কীয় খুলশালী জনীয়ে কৈছিল- "-খুলশালীয়েক নথকা শহুৰৰ ঘৰত বিয়া পাতে যিয়ে, বিনা তামোলেৰে পাণ চোবায় সিয়ে।"
এই ঘটনা সহ্য কৰিব নোৱাৰি মোৰ বন্ধুসকলক সিহঁতৰ খুলশালীৰে  থকা নিবিড় সম্পৰ্ক যেনে বিভিন্ন ঠাইলৈ ঘুৰিবলৈ যোৱা,  চিনেমা চোৱা, হোটেলত একেলগে খোৱাবোৱা কৰি একেলগে চেল্ফী মাৰি ফটোবোৰ ফেচবুকত দিয়া দেখি সহিব নোৱাৰি মইও এগৰাকী সুন্দৰী খুলশালীৰ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিলোঁ। নাই, নহ'ব! যেনে তেনে যিকোনো প্ৰকাৰে  মোক এজনী খুলশালী  লাগিবই ।
আজিকালি যিকোনো গুৰুত্বপূৰ্ণ বিজ্ঞাপন দিবলৈ হ'লে বাতৰি কাকত কিম্বা  দূৰদৰ্শনলৈ যাব নালাগে,  ৱাটছ এপ, ফেচবুক, ইনষ্টগ্ৰাম আদিত  বহুতো সুলভ মাধ্যম আছে।এই বিলাককে সাৰথি কৰি  ফেচবুকত "মোক  এজনী সুন্দৰী খুলশালীৰ আবশ্যক বুলি "এটি ষ্টেটাছ্ পোষ্ট কৰি দিলোঁ। 
তাৰ পিচত দেখোঁ--কিমান যে ভিনিহীলৈ বুলি  ৰিকুয়েষ্টেৰে মোৰ পোষ্টটোৰ  কমেন্ট বক্স ভৰি পৰিল‌।
মই মোৰ সকলোবোৰ বন্ধুবৰ্গক, যি সকলৰ ফেচবুক , ইন্টাৰনেটৰ লগত সম্পৰ্ক আছে  কোনজনী  খুলশালী  মোৰ বাবে ভাল হ'ব বুলি চাবলৈ কোৱাত , সকলোৱে  পুংখানুপুংখে চাই চিতি জনালে  যে  প্ৰায় ভাগেই ফেক একাউন্ট খুলি ছোৱালীৰ নামত কিছু ল'ৰাইহে এইবোৰ চলাইছে । বিভিন্ন প্ৰকাৰৰ একাউন্ট ছোৱাৰ পিচত শেষত এজনী  অতি সুন্দৰী গাভৰু ,যিয়ে মোলৈ  ৰিকুৱেষ্ট ইতিমধ্যে পঠিয়াইছে তাইকে খুলশালি বুলি নিৰ্বাচন কৰি তাইৰ সৈতে সাক্ষাৎকাৰৰ কাৰণে ফেচবুকতে এখন নিদ্ধাৰিত ঠাই আৰু তাৰিখ , সময় উল্লেখ কৰি  ৰিপ্লাই দিলো।তাইও সন্মতি প্ৰদান কৰিলে নিদিষ্ট সময়সূচী মতে সেই ঠাইত লগ কৰিবলৈ  । আখৰা চলিল  কেনেকৈ তাইৰ লগত  চিনাকি হ'ম, কি কথা পাতিম আৰু কি পিন্ধি যাম...।
আপোনালোক চাগে ভাবিছে এই  গল্পকাৰ পাতল মনৰ মানুহ। মই   কিন্তু একেবাৰে পাতল  মনৰ নহয় দেই ।আচলতে মই  মোৰ  বাবে  এজনী ধৰ্মীয় খুলশালী বিচৰাতহে ব্যস্ত আৰু এটা নতুন  পৰিয়ালৰ  সৈতে মোৰ আত্মিক সম্পৰ্ক গঢ়িবলেহে ওলাইছো; এই ক্ষেত্ৰত  মই মোৰ ধৰ্মপত্নীকো জনাইছোঁ আৰু তেওঁৰ পৰাও অনুমতি  লৈছো  । আৰু   মোৰ লগত সেইদিনা তেওঁ  সেই অজ্ঞাত তৰুণীজনীক লগ কৰিবলৈও  যাব  যে তাইৰ মোৰ খুলশালি হোৱাৰ যোগ্যতা আছে নে নাই তাৰ চাৰ্টিফিকেট দিবলৈ । ইয়াৰ  পাছতো  বাৰু আপুনি মোক বেয়া স্বভাবৰ মানুহ বুলি ভাবি লব নে ?
সকলো ঠিকে ঠাকে হৈ গ'ল খুলশালী গীতুমণিৰ লগত প্ৰথম সাক্ষাৎতৰ দিনা। তাইৰ মিঠা মাত কথা,অমায়িক স্বভাব , পঢ়া শুনাতো চোকা , তলমুখ কৰি কথা কোৱা , নিজৰ গাৰ কাপোৰ সকলো সময়তে ঠিক কৰি লোৱা আদি লক্ষণবোৰে  তাইক মোৰ খুলশালীতকৈ ভনীজনীৰ দৰেহে  সমন্ধ গঢ়িবলৈ  মন গ'ল  । তাই অপ্ৰদৰ্শণশালী, শান্ত , সৰল মাপি জুখি কথাকোৱা  আদি চৰিত্ৰত মোহিত হৈ উত্তম খুলশালীৰ সকলোবোৰ লক্ষণেই  আছে বুলি মোতকৈ মোৰ পত্নীৰ হে বেচি পচন্দ হ'ল , আৰু পত্নীয়ে  ৰ'ব নোৱাৰি—"মোৰ মৰমৰ ভনী,ইমানদিনে ক'ত আছিলা বুলি "-সাবতি ধৰি আবেগত কান্দি দিলে , তাকে দেখি মোৰো দুচকুৰে  চকুলো নিগৰিলে। সি যিয়েই নহওঁক , অৱশেষত মোৰ খুশালীবিহীন উপাধিটো   গীতুৰ  জহতে নাইকিয়া হ'ল । এতিয়া  মই বহুত সুখী ।
মোৰ   পাতিলোৱা খুলশালীজনী কিন্তু আপোনালোকৰ খুলশালীৰে ৰিজালে নহ'ব, তাই সম্পূৰ্ণ স্বতন্ত্ৰ আছিল। ভনী সাজি কাহানিও  মোলৈ ৰাখী পঠিওৱা নাই, মোৰ পত্নীৰ অজ্ঞাতত  কেতিয়াও মোলৈমোক ফোন নকৰে, আমাৰ ঘৰলৈ কেনেকৈ কোন পথেৰে আহিব পাৰি মোক  নুসুধে আৰু ফেচবুকত মোৰ কোনো পোষ্টতে লাইক কমেন্টও নকৰে  । কিন্তু প্ৰতিদিনে  ভিনদেউ গুড মৰ্ণিং বুলি আৰু গুড নাইট মেছেছ্ দিবলৈ হ'লে   কেতিয়াও নাপাহৰে । উৎসৱ পাৰ্বণতো আমাৰ ঘৰলৈ তাই পৰাপক্ষত নাহে; কিন্তু পৰিয়ালৰ আন সকল সদস্যই অহা যোৱা প্ৰায়ে কৰে, আমিও যাওঁ  ।
এনেকৈ প্ৰায় পাঁচ বছৰ পাৰ হ'ল । সময়বোৰ অতীত হ'ল, কিন্তু  ভিনিহি  খুলশালীৰ সমন্ধ একেদৰেই  মজবুত  হৈ থাকিল । খুলশালীজনীয়ে ইয়াৰ মাজতে বি, এ পাছ কৰিলে।তাইৰো বিয়া দিয়াৰ বয়স হৈ আহিছে, ভিনিহি  হিচাবে জমোৰো  দায়িত্ব  বহুত  বেছি তাইৰ  বিয়াৰ  ক্ষেত্রত । কিন্তু সিহঁতৰ ঘৰৰ কোনো মানুহেই দেখোন  এদিনো তাইৰ বিয়াৰ কথা ঘুণাক্ষৰেও   কোৱা নুশুনিলোঁ। মোৰ বৰ বেয়া লাগিল,  নিজকে যেন পাপবোধে  চুলে। নিজকে নিজে সন্দেহ কৰিবলৈ ধৰিলোঁ।কাৰণ ইতিমধ্যে মই বিয়া পতা সাত বছৰ অতিক্ৰম কৰিছে যদিও আমি এতিয়ালৈকে ল'ৰা ছোৱালীৰ মুখ দেখা নাই। শহুৰৰ ঘৰে মোকে টাৰ্গেট কৰি থকা নাইতো !   খুলশালীজনীক  মোলৈকে  দিয়াৰ  পাং পতা নাইতো !!
ছিঃ  ছিঃ...ইচ্,  ইমান নীচ কথাবোৰ মোৰ মনলৈ কিয় আহিছে ? মই  কিয়নো এনেকৈ  ভাবিছোঁ  বাৰু ! 
কিন্তু মই এই কথাও ধৰিব পৰা নাই  যে সিহঁতৰ ঘৰখনে তাইৰ বিয়াৰ কথাত ইমান বিমুখ কিয় । ঘৰখনত গাভৰু ছোৱালী এজনী থাকিলে উপযুক্ত  সময়ত এজন উপযুক্ত  মানুহৰ হাতত গটাই দিয়াটো প্ৰত্যেক পিতৃ মাতৃয়েই  কামনা কৰে । কিন্তু এখেতসকলে দেখোন ....
এদিন সাহসেৰে মাক দেউতাকক এই কথাটো সুধিলোঁ ।  মা, দেউতা,- গীতুৰ  বিয়াৰ  কথা  আপোনালোকে  কি চিন্তা  কৰিছে ? তাইক  বিয়া দিয়াৰ এয়া  উপযুক্ত  সময় হৈছে । কথা শুনি  তেওঁলোক দুয়োৱে খুউৱ  কান্দিলে...। অত্যন্ত দুখীয়া বুলিয়েই বিয়া দিবলৈ আজিৰ দিনত সাহস গোটাব পৰা নাই বুলি ভাবি মই নিচ্ছুপ হৈ ৰ'লো আৰু তেওঁলোকৰ দুখত সমভাগী হলো।
ইতিমধ্যে  ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ সময় হৈছে। চাৰিওপিনে নিৰ্বাচনৰ ৰণ দুন্দুভি বাজিছে।বিভিন্ন ৰাজনৈতিক প্ৰাৰ্থীবিলাকে
ৰঙ-বিৰঙৰ ফ্লেক্স, বেনাৰ , পোষ্টাৰ ফটো আদি মাৰি তিনি আলি তথা চাৰিআলিত  বিজ্ঞাপন দিছে আৰু হাতযোৰ কৰি   জনসাধাৰণৰ পৰা ভোট ভিক্ষা বিচাৰি বিভিন্ন উপায়েৰে জনসাধাৰণক প্ৰভাবিত কৰিবলৈ চেষ্টা কৰিছে । নিৰ্বাচনী প্ৰচাৰ তুংগত চলি থকাৰ সময়তে
 সন্ধিয়া সময়ত এদিন খুলশালীহঁতৰ গাৱৰ  ফালে  ফুৰিবলৈ  ওলাই গলোঁ। সিহঁতৰ গাঁৱৰ মূৰত এটা দৃশ্য দেখি মই  হতবাক হ'লো। সঁচাকৈয়ে কৈছো; মোৰ মূৰটো আচন্দ্ৰাই  কৰি ঘূৰিবলৈ ধৰিলে।  সিহঁতৰ গাৱৰ মূৰতে আঁৰি থোৱা এখন নিৰ্বাচনী বেনাৰ দেখি মোৰ যেন  প্ৰাণবায়ু উৰি গ'ল এনে লাগিল ! মোৰ দুচকুৰে জুই, পানী, বৰফ, অম্লজান আদিৰ মিশ্ৰিত তৰল লাভা ববলৈ ধৰিলে। আকাশখন  যেন মোৰ ভৰিৰ তলত আৰু পৃথিবীখন মূৰৰ ওপৰত ঘূৰিবলৈ আৰম্ভ কৰিলে। এই চিৰ সেউজ পৃথিবীখনত মোৰ নিজকে কিবা  লাগিবলৈ ধৰিলে। সকলো সম্ভৱ বস্তুও অসম্ভৱ যেন লাগিব ধৰিলে; প্ৰতাৰণা...!  ভীষণ  প্ৰতাৰণা যেন মোৰ অনুভৱক লৈ তেনে যেন লাগিবলৈ ধৰিলে..! মই মাটিত বহি পৰিলোঁ আৰু  একেথিৰে  বেনাৰখনলৈ  চাই ৰলোঁ - এক নিদিষ্ট ৰাজনৈতিক দলৰ নিৰ্বাচনী বেনাৰখনত মোৰ খুলশালীজনীয়ে  এখন সুন্দৰ  ফটোৰে হাতযোৰ কৰি  জনসাধাৰণৰ পৰা ভোট ভিক্ষা   কৰা দেখিছিলোঁ ; আৰু  বেনাৰ খনৰ  তলত এই হৃদয় বিদাৰক সংলাপটি লিখা আছিল--
"বন্ধু সকল !
এই পুৰুষ তথা নাৰীসৰ্বোচ্ছ সমাজত আপোনালোকৰ অঞ্চলৰ প্ৰকৃত আৰু সৰ্বাঙ্গীন উন্নতিৰ কাৰণে আপোনালোকে দেখা চিনটিত বিপুল সংখ্যাৰে ভোট দি মোক জয়যুক্ত কৰক।

ইতি
আপোনালোকৰ প্ৰিয় কিন্নৰ" গীতুমণি ।

বঙাইগাঁও

অঙ্গন:  পৃষ্ঠাঃ ২১
কবিতাঃ

দেৱাল

দীনেশ দাস

বহুদিনৰপৰা ভাৱি আছো 
ভাৱিয়েই আছো ,
মই এখন দেৱাল দিম ;
মোৰ ঘৰৰ চৌহদ ঘেৰি 
এখন মজবুত দেৱাল দিম !

মই কবিৰ ৰখীয়া পৰীয়া কোনো নাই ,
সম্পদ বুলি এটি মাথোঁ পঁজাঘৰ
য'ত অকণি সৰগখনে জাক জাক হাঁহি সিঁচে ,
নিশাৰ তৰাবোৰে পাল পাতি সপোন বাকে !

কাষত প্ৰতিৱেশী
বিতুষ্ট বিষোদ্‌গাৰ
প্ৰতিনিয়ত মোলৈ বুলি ফৰ্মূঠি
জধেমধে অনাহক গালি-গালাজ,
চৌহদ ঘেৰি মই হেনো এখন দেৱাল দিয়া নাই ! 

এখন দেৱাল সৃষ্টিৰ বাবে
সামগ্ৰী বিচাৰি এদিন মই বাহিৰ হ'লো
অৰ্থৰ বিনিময়ত যোগানধাৰী বিপণকে 
বিধে বিধে দ্ৰব্য-বস্তুবোৰ দিলে
সুদক্ষ হাতেৰে মিস্ত্ৰী-কাৰিকৰে
সজে সজে সাজি দিলে সুউচ্ছ দেৱাল !

গালিবোৰ বন্ধ হ'ল ঠিকেই ,
কিন্তু দেৱালখনত  হঠাতে দেখা পালোঁ এটা প্ৰকাণ্ড ফাট !

এতিয়া তেওঁ গালি নাপাৰিলেও 
মোৰ আশে-পাশে থকাৰপৰা
বহু বহু যোজন দূৰৈত !

অঙ্গন: পৃষ্ঠাঃ ২২
ডাইনী হত্যা

আমিৰ হুছেইন আহমেদ

অন্ধবিশ্বাসৰ বৃক্ষৰ বিষধৰ কুফল
সভ্যতাৰ খটখটিৰ এটি ভগ্ন স্তৰ,
চয়তানী কুপ্ৰথাৰ মানসিকতা প্ৰবল
ডাইনী হত্যা-সমাজৰ নৃশংস জ্বৰ !

অপ আত্মাৰ দৌৰাত্ম্য পৰম্পৰাগত
ৰোগ ব্যাধি মহামাৰীৰ কাৰক, 
নিঃস্ব লোকৰ প্ৰতি কোপদৃষ্টি অবিৰত
তৃতীয় বিশ্বৰ দেশেই মূল ধাৰক !

এই কুপ্ৰথাত মানবীয় গুণ অপ্ৰযোজ্য
মধ্যযুগীয় প্ৰবৃত্তিৰ হৈছে পুনৰুত্থান,
অপায় অমঙ্গল সমাজৰ বাবে অদাহ্য
নিৰক্ষৰতাই কৰাইছে শীৰ্ষত আৰোহণ |

দীৰ্ঘ বেজাৰ অভাৱ পশুধনৰ হানি
উৎপাদন হ্ৰাস অন্তঃৰ্দ্বন্দ্ব অশান্তি,
অপ আত্মা লম্ভলত মূৰৰ কামোৰণি
'মৃত্যুদণ্ড'-বিচাৰ ব্যৱস্থাৰ পৰিণতি !

চতুৰ শোষক শ্ৰেণীৰ মুনাফা অৰ্জন
সম্পত্তি হস্তগত কৰণৰ কৌশল,
প্ৰতিপত্তি নাম-যশ ন্যস্ত স্বাৰ্থ পূৰণ
অজ্ঞতাৰ সুযোগত ভাঙে মনোবল !!

উন্নত ৰাষ্ট্ৰৰ তৃপ্তি-এয়া হৈছে বিলুপ্তি
শিক্ষাই মনোবৃত্তি কৰিছে প্ৰসাৰ,
স্বদেশী চেতনা বিজ্ঞানে দিছে গতি
যতসব কুপ্ৰথা সেই দেশত আন্ধাৰ !

ৰাষ্ট্ৰ-যন্ত্ৰই কৰা নাই আইন প্ৰণয়ন
ডাইনী হত্যাত অসম কিয় বিখ্যাত ?
লজ্জাজনক ! নিশ্চুপ কিয় জনগণ ?
দূৰ কৰোঁহক জঘন্য অশনি সংকেত !!

ডাইনীৰ কাল সেনানী-বিৰুবালা ৰাভা
একক প্ৰচেষ্টাৰে কৰিছে মহাযুঁজ,
সংস্কাৰৰ বীৰঙ্গনা-অসমৰ অমৃতপ্ৰভা
বিশ্ব গৰ্বীত কৰ্মত নকৰে আপোচ
ডাইনী বিৰোধী দূত শান্তিৰ আভা !!

অঙ্গন:  পৃষ্ঠাঃ ২৩
জাফৰিণ কল্পনা মোৰ

শৰ্মীষ্ঠা বৰ্মন

আজি ৰাতিটোৰ কঁকালত খামুছি ধৰকহি
আঁহতৰ তলত জিৰণি লোৱা এটি ভাস্কৰ্য্য,
গঢ়ক ৰাতিটোৱে
এখনি অগম্য পাহাৰ,
এখনি শুকান পৃথিৱী আৰু আকাশ৷
বৰণ যেনে হ’লেও হ’ব
কেৱল জাফৰিণ কল্পনা মোৰ
থন ধৰি উঠক...

নতুন সেই শুকান পৃথিৱীত বাজি উঠক
বীণৰ ছিগা তাঁৰৰ গীত,
বাজি উঠক গভীৰ ৰাতি
কেতেকীৰ হিয়া ভগা সুৰ৷
নালাগে কেৱল লালসাৰ কুটিল বাসনা
ছলনাৰ উদগ্ৰ চাৱনি
পাপ আৰু ধবংসৰ দীঘল জিভা,
আঁকোৱালি ল’ম অসফল প্ৰেমিক প্ৰেমিকাৰ
বুকুৰ দুখৰ সংবাদচ
জাফৰিণ কল্পনা মোৰ
থন ধৰি উঠিব তাতে৷
বৃদ্ধ প্ৰেমিকে জানো শুনা পায় আজিও
তাহানিৰ প্ৰিয়াৰ চকুলোৰ আকুল আহ৩ান/
হিয়াত খুন্দা খায়হি নে বাৰু কেতিয়াবা
সাৰে থকা প্ৰিয়াৰ অনুভূতিবোৰ?

ৰাতিটো তুমি সাৰে থাকিবা
মোৰ নিচেই কাষত,
বীণৰ ছিগা তাঁৰত
গাম আজি মই
তাহানিৰ প্ৰিয়াৰ আত্মদানৰ এলানি ৰাগ,
আৰু তোমাৰ কোলাত মূৰ গুজি দিম
জাফৰিণ কল্পনা মোৰ
থন ধৰি উঠিবলৈ...৷

নতুন দিল্লী

অঙ্গন:  পৃষ্ঠাঃ ২৪
বোধিদ্রুম

অৰ্চনা ঠাকুৰীয়া 

দিন ৰাতিৰ সন্ধিক্ষণ, হিৰণ্যকশিপু বধৰ সময়।
মেঘবোৰে গিৰ্জনি মাৰি নামি আহিছে। জুমি চাইছে
ঢিমিকি ঢিমিকি জ্বলি থকা চাকিৰ চকুলো
আইৰ উধানত এতিয়া দুখৰ দিনৰ ভোকৰ ঘুমটি 

অইনে বুজিছিল নে নাই নাজানো, আন্ধাৰে কিন্তু ঠিকেই বুজিছিল –পোহৰক হেৰুওৱাৰ দুখ
দুখবোৰো কি আচৰিত! নিথৰ জলাশয়ৰ অন্তৰভাগলৈ লানি নিছিগাকৈ সোমাই আহে যেন বগাৰ পৰা ওলাই বগাতেই বিলীন  ইন্দ্ৰধনুৰ বিচ্ছুৰণ 

চকুপানীৰ টোপালবোৰৰ কচুপাতত আজি তবলাৰ দ্ৰুতলয়ত ঠেকা
লগত গধুৰ ৰাগ –মেঘমল্লাৰ আৰু সমুখত নৃত্যৰতা পৃথিৱী
যাৰ দুভৰিৰ ছন্দত উমলিছে বৰ্ণৰ ছিম্ফনী 

পানেইৰ পোনাকনে বাট হেৰুৱাইছিল ঘৰলৈ উভতি অহাৰ, চিনাকি বাটবোৰো অচিনাকি হৈছিল।
তেওঁৰ উশাহবোৰ নিঃপালি দিছিল কবৰৰ তলিত
পানেইৰ হিয়াখনিত এতিয়া মেঘৰ মাদল 

সৌৱা চোৱাচোন, সুন্দৰৰ চাৱনিৰ চিনাকি বাটেৰে
জোনাক নামিছে। ধ্ৰুপদী সাহিত্যৰ পাতত জিলিকিছে ধনঞ্জয়ৰ বীজ। এতিয়া এখন মল্লযুদ্ধ খেলো আহাঁ–ঈশ্বৰৰ সতে
বাছোলী শৈলীৰে আঁকো আহাঁ মনোৰম উৰুবেলাৰ 
অলৌকিক বোধিদ্রুম।

অঙ্গন:  পৃষ্ঠাঃ ২৫
জোনাকে সাঁচি ৰাখে অমাৱস্যাৰ দুখ

আকাংক্ষা বৰা

জোনাকে নীৰৱে সাঁচি ৰাখে
অমৱস্যা ৰাতিৰ দুখবোৰ
তেনেদৰে ময়ো সাঁচি ৰাখিছোঁ 
মলঙা প্ৰেমৰ বীজবোৰ৷
আৰু তুমি ? 
মই জানো 
মোৰ দৰে তুমিও সাঁচি ৰাখিছা 
"মৌন ওঁঠ মুখৰ হৃদয়ত"
ব্যৰ্থ প্ৰেমৰ হুমুনিয়াহবোৰ৷
পাৰ্থক্য মাথোঁ এটাই
মলঙা প্ৰেমৰ বীজবোৰ বুকুত লৈ
মই আজিও প্ৰতীক্ষা কৰো
ভালপোৱাৰ বৰষুণজাকলৈ
আৰু তুমি
ব্যৰ্থ প্ৰেমৰ হুমুনিয়াহবোৰ নিলাম কৰি
সিঁচি দিয়া আবিৰৰ ৰং৷

ঠিকনাঃ
স্নাতকোত্তৰ চতুৰ্থ ষান্মাষিক
ইউ জি চি নাৰী অধ্যয়ন কেন্দ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়

অঙ্গন: পৃষ্ঠাঃ ২৬
বাৰিষাৰ ভৰা মেঘ

ৰুনু দেবী শর্মা 

আকাশ আৰু মেঘৰ কথোপকথন, 
এই বাৰিষাতেই এজোপা বড় গছৰ মৃত্যু হ'ল, 
চাই থাকোতেই  আকাশ আৰু 
মেঘৰ তাণ্ডবলীলা, 
চৌদিশে মহাপ্ৰলয়, 
কলিৰ শেষত  কল্কি অৱতাৰ
টল-টল পৃথিৱীৰ অস্থিৰ আর্তনাদ। 
হেজাৰ চকুলোৰ ঐকান্তিক আহ্বান, নৈ কেইখনৰ বাঢ়নী
সোতলৈ লক্ষ কৰি ।
মেঘেযে ওন্দোলাই আনিছে
বুঢ়া লুইতে আৰু কিমান ভাৰ
 সহিব ? 
গছজোপাৰো মৃত্যু হ'ল
গোধন, পশু-পক্ষীৰ হাহাকাৰ
বুকুত  এটা প্ৰচণ্ড বিষ উঠিছে
প্ৰকৃতিৰ ৰোদন, পাহাৰ-পর্বতৰ হুমুনিয়াহ 
জল -স্থল সকলোতেই আকাশখন খহি পৰিছে
চকুৰ পচাৰতেই, চলিছে ৰোদন। 
কপিলী, ধনশিৰি, সোৱনশিৰিয়ে কিৰিলি পাৰিছে,
চৌদিশে মহাপ্ৰলয় সকলো
দম্ভ- অহঙ্কাৰৰ মূল। 
কংক্ৰিটৰ মহানগৰীত এতিয়া 
মহাসাগৰত পৰিণত। 
ঠিকনাবোৰ হেৰাই যাব নেকি ?
প্ৰকৃতিৰ ৰোদন, আকাশ আৰু মেঘৰ কথোপকথন। 

গুৱাহাটী।

অঙ্গন:  পৃষ্ঠাঃ ২৭
এখন আজৱ তৰ্ক যুদ্ধ

নিহাল গগৈ

এজাক চৰাই আৰু মোৰ মাজত
তয়াময়া তৰ্কযুদ্ধ চলিল।
বিৰ্তকিত বিলখন আছিল,"চৰাইবোৰ সঁজাৰ পখী"।
বিপক্ষে থাকিও মই ধৰাশায়ী!
সিহঁত হেনো অত্যন্ত সুখী, সঁজাৰ বন্দী।
যদিও মোৰ ৰুক্ষ হাঁহি উঠিছিল
দুখত চকুহাল সেমেকি উঠিল!
চৰাইজাকে পাহৰি পেলালে, সিহঁত যে মুক্ত পখী।

অনেক যুক্তি তৰ্কৰ অন্তত মই নিশ্চুপ হৈ ৰ'লোঁ।
সিহঁতৰ মুখত তুলি দিয়া প্ৰলোভনৰ বাবে
নিজৰ বিপক্ষেই চৰাইজাক শক্তিশালী।
চৰাইজাকৰ অল্পমতি স্বভাৱৰ দুখত ম্ৰিয়মাণ হৈ সভা এৰিব খোজোতেই
অধক্ষ্য মহোদয়ে ক'লে, "চৰাইবোৰ সঁজাৰ পখী" বিলখন গৃহিত কৰা হ'ল।

অঙ্গন:  পৃষ্ঠাঃ ২৮
অনুভৱী কথাবোৰ

হিৰকজ্যোতি দাস

নিদ্রাহীন  নিশাবোৰে 
ক'ব মোৰেই খবৰ
চকুলোৰে সেমেকাই দিয়া 
শিতানৰ গাৰুটিয়ে দিব মোৰেই বাতৰি
উচুপনিৰে গুঞ্জৰিত হৈ পৰা
কোঠালিয়ে দিব মোৰেই খবৰ
আবেলিৰ মলয়া বতাহজাকেও
দিব চাগে মোৰেই খবৰ
সুনীল আকাশৰ নীলাবোৰেও
ক'ব চাগে মোৰেই কথা
অস্তগামী সূৰুযৰ হেঙুলীয়া আভাবোৰেও
ক'ব চাগে মোৰেই কথা ৷৷

অঙ্গন: পৃষ্ঠাঃ ২৯
বিদায় সদায় বেদনাদায়ক

অনামিকা কাকতী বৰদলৈ

বিদায় সদায় বেদনাদায়ক 
কোনোবা আহে আৰু কোনোবা যায়
ক’ব নোৱৰাকৈয়ে আপোনজন পৰ হয় আৰু অচিনাকিজন আপোন৷

যিদৰে পুৱাৰ কোমল বেলি সন্ধিয়া
এবুকু দুখ লৈ হেৰাই যায় দূৰ আকাশত
চকামকাকৈ জোনে সেই আকাশত পোহৰ বিলাই
সপোন সিঁচে ভাগৰুৱা দুচকুত৷
অহা আৰু যোৱা চিৰন্তন ৰীতি৷

মাথোঁ ৰৈ যায় এই যাত্ৰাৰ তিতা মিঠা স্মৃতি
সহযাত্ৰীৰ হৃদয়ত ৷

জীৱন এনেকুৱাই 
কোনেও কাকো ধৰি ৰাখিব নোৱাৰে 
কোনেও কাকো বিচিন্ন কৰিব নোৱাৰে
কাৰ লগত কিমান দিনৰ যাত্ৰা 
সেইয়া ঠিক কৰে সময়ে
এবুকু দুখ, বাৰেবৰণীয়া স্মৃতি 
আৰু বহু অভিজ্ঞতা আৰু 
সময় আঙুলিফাঁকেৰে সৰকি যায়
নিজৰ মতে।।

যোৰহাট

অঙ্গন: পৃষ্ঠাঃ ৩০
আশাৰ কবিতা

গোপাল কৃষ্ণ বাঢ়ৈ

কোনে জানে সময়
কেতিয়া সলনি হয়…
ধূসৰিত হয় সুনীল আকাশ৷
কাৰ হৃদয় কেতিয়া
কঠোৰ হৈ পৰে,
কিবা এক অজুহাত উলিয়াই
চিৰদিনৰ কাৰণে আঁতৰি গুচি যায় 
বুকুত শিপাই থকা আপোনজন…
হাঁহিবোৰ আমি হেৰুৱাই পেলাওঁ।
বৰ কষ্ট হয় তেতিয়া
বুকুত বাঢ়ি অহা এটা বিষাদ আৰু উচুপনিৰ
লানি নিচিগা বৰষুণজাকত
ভগ্ন হৃদয়খন সাৱটি
আমি জীয়াই থাকোঁ…
জীয়াই থাকোঁ হাঁহিবোৰ,
হেৰুৱা সময়বোৰ
ঘূৰাই পোৱাৰ আশাতে ।

টীয়ক
ভ্ৰাম্যঃ৮৬৩৮৩১৬০৭৩

অঙ্গন: পৃষ্ঠাঃ ৩১
অন্তিম  পৃষ্ঠা...

প্ৰিয়ম বৰদলৈ

ক'ত বা  কেতিয়া  ভাগিল
আমাৰ  অভ্যন্তৰৰ সেঁতু
তাৰ পিছতেই  আৰম্ভ হ'ল
তোৰ অজ্ঞাত বাস

মেঘ ভঙা  নীলাভ  আকাশৰ  তলত
খেলিছিলি  কিয় বাৰু
সেইবোৰ  নিশিদ্ধ  খেল ?

ক'তেই  বা  ৰাখিছ  এতিয়া
বুকুৰ  নিষিদ্ধ  অভিমান?

চিনি  পায় কোনে তোৰ
অচিন  অসুখ ?

মনত পৰেনে

তই দিয়া  কবিতাৰ  কিতাপখন

য'ত  লিখা নাছিল

কোনো  পৃষ্ঠাত কোনো কথা

অন্তিম  পৃষ্ঠাত  মাথোঁ
লিখা আছিল 
এটা  শব্দ--"স্মৃতি"ৰঙা  চিঞাহীৰে

আজীৱন  পঢ়ি  আছো  মই
সেই  সমাপ্তি...।

যোৰহাট।

অঙ্গন: পৃষ্ঠাঃ ৩২
আঘোণাৰ সংসাৰ

প্ৰণামী দেৱী

টিকা ফটা ৰ'দ চেৰেঙা মুখত পৰে
কান্ধত নাঙল তুলি লৈ,
বলধ হাল খেদি খেদি
আঘোণা ওলাই যায় পথাৰলৈ।

পাছে পাছে যায় সোণপোণাৰ মাক
চাহ পানী কেটলি, কোমল চাউল, আলুগুটি সিজাই লৈ,
কৈ থৈ যায় - "অ' পোনা- হাঁহ, পাৰ কেইটা চাবি,
সময়ত ভাতমুঠি খাবি, আঁতৰলৈ নাযাবি দেই।

ৰ'দ-বৰষুণক আওকাণ কৰি,
গাৰ ঘাম পানী কৰি,
শাওণৰ পথাৰৰ হালোৱা-ৰোৱনী,
আঘোণৰ পথাৰতো  এওঁলোকেই দাৱনী।

ভাগৰত আঘোণাৰ মুখৰ মাত হৰে,
ফোঁপাই থকা গৰু হাল কাষলৈ থ'লে।
কঠীয়া কোবোৱা কলাফুল, 
আঘোনীৰ ভৰি দুখনৰ জোৰ কমি আহে। 

ঘামে ধোৱা গাত লোৱা চাদৰৰ আঁচলেৰেই তাই
আঘোণাৰ মুখৰ ঘাম টুকি দিলে,
বোকা মাটিৰ গোন্ধতে, হুমুনিয়াৰ হাঁহিৰে
 আলিতেই বহি দুয়ো জিৰণি ল'লে।

সেয়ে সুখ সেয়ে দুখ,
গৰৈ পোৰা, খাৰলি আৰু পইতাঁভাতৰ জুঁতি,
সোণপোণাই দুয়োৰে  সংসাৰৰ
আশা ভৰসাৰ সুঁতি।

মিছামৰা, গোলাঘাট।

অঙ্গন: পৃষ্ঠা ৩৩
নজনাকৈ

নীলাঞ্জনা গগৈ

নজনাকৈয়ে
নুবুজাকৈয়ে
তুমি মোৰ আৰু মই তোমাৰ
বুকুৰ আপোন হৈ ৰ'লোঁ...

আমাৰ কলিজাত
উলমি ৰ'ল মাথোঁ 
অনামী এজাক বৰষুণ...।

অঙ্গন:  পৃষ্ঠাঃ ৩৪
পৰিচয় শিতানঃ

এই সংখ্যাৰ কবি
ৰিতু ভঁৰালী


শ্ৰী ৰিতু ভৰালী। তেখেতৰ জন্মস্থান পুৰণা গড়মূৰ কৈৱৰ্ত গাঁও, যোৰহাটত ১৯৯৫ চনৰ ২১ নৱেম্বৰত। কবি ভৰালীয়ে কবিতাৰ উপৰিও গল্প, অণুগল্প, প্ৰবন্ধ, নীলাখামৰ চিঠি, উপন্যাস আদিও চৰ্চা কৰি আছে। তেওঁৰ দুখনকৈ কবিতা সংকলন ত্ৰিশক্তি (প্ৰকাশ কাল - ২০২১,জুলাই, অংকুৰণ প্ৰকাশন ,যোৰহাট ) আৰু চহৰৰ গলিৰ কাহিনীবোৰ ( ২০২২,জানুৱাৰী, আৰোহণ পাব্লিকেশ্যন, গুৱাহাটী ) প্ৰকাশ পায়।
ইয়াৰোপৰি কবিগৰাকীৰ আৰু দুখন গ্ৰন্থ প্ৰকাশৰ পথত।
উল্লেখযোগ্য যে কবিয়ে চলিত বৰ্ষতে নেবকছ ৰাষ্ট্ৰীয় বঁটা ২০২২ পায়। যাৰ বাবে আমি গৌৰাম্বিত তথা কবিলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।


কবিগৰাকীৰ তিনিটি কবিতা আমি পঢ়ুৱৈ সমাজলৈ আগবঢ়ালোঁ।

কবিতাবোৰ মোৰ বাবেই লিখেনে ...?

মিছা নকওঁ ফেচবুকলৈ গ'লেই
এবাৰ হ'লেও আপোনাক জুমি চাওঁ 
আপোনাৰ সৈতে কথা পাতো 
মনৰ কথা 
বহুত হেঁপাহৰ কথা ।

ফেচবুকলৈ গ'লেই আপোনাৰ প্ৰতিখন ছবিত 
আপোনাক মন্তব্য কৰোঁ 
মনৰ পৰা 
একেবাৰেই ওচৰৰ পৰা 

আপুনি কি ভাল পায় সেয়া নাজানো 
আপুনি যে পিন্ধে ৰংবোৰ (চোলা)
খুব ভাল লাগে আপোনাক 
কেতিয়াবা সুধি পেলাওঁ আপোনাক 
আপোনাৰ কি ৰং প্রিয় 
আৰু আপুনি মোৰ ৰংটোৰ কথা কয়
মিছা নকওঁ মুখত হাঁহি এটি ওলমি আহে 
আপোনাৰোযে সেই একেই পছন্দ 
সেইবাবে ....

জানেনে ..?
কৃষ্ণচূড়াজোপাত এইবাৰ অতিকে ৰং ধৰিছে ৰঙাকৈ 
হয়তো আপোনাৰ বাবেই 
মই ৰৈ থাকোঁ 
বাট চাই থাকোঁ আপুনি অহালৈ 
আপুনি অহাৰ বাটেৰে 
ৰঙা -সেউজীয়াবোৰৰ তলিত
আপুনিও আহে 
আৰু মই এপাহি এপাহি কৈ গুজি দিওঁ  আপোনাৰ খোপাত 
খোপাটিয়েও হাঁহি এটি মাৰে 
দূবৰিৱেও শুই পৰে লাজত 
পৃথিৱীৰ বুকুত
হাঁহিবোৰ মিলিতহৈ সুগন্ধি বিলাই প্ৰেমৰ 
নাম দিয়ে তুমি মই আমি হোৱাৰ বতৰা 

মিছা নকওঁ 
আপোনাক ভালপায় পেলাইছোঁ লাহে লাহে
আৰু আপুনি হাঁহি এটি বিৰিঙাই মোৰ কথাত ।

মিছা নকওঁ 
মিছা নকওঁ ফেচবুকলৈ গ'লেই
এবাৰ হ'লেও আপোনাক জুমি চাওঁ 
আপোনাৰ সৈতে কথা পাতো 
মনৰ কথা 
বহুত হেঁপাহৰ কথা 
আৰু আপোনাক নোকোৱাকৈয়ে আপোনাক ভালপায় পেলাইছোঁ 
বহুত .....
আপুনি নাজানে আপোনাক কিমান ভালপাওঁ মই 
আপুনি বাৰু কবিতাবোৰ কাৰ বাবে লিখে 
কবিতা বোৰো দেখোন মই মই গোন্ধ পাওঁ 
আপুনি বাৰু মোৰ বাবেই লিখেনে ..?
মোক বাৰু চিনি পায়নে ...?
জানেনে মোৰ ঠিকনা ...?
ময়ো নাজানো আপোনাৰ ঠিকনা ..
জানিবৰ মন যায় 
আপোনাক সুধিবৰ মন যায় 
ক'ত ঘৰ আপোনাৰ 
কি নাম আপোনাৰ সেই একেইনে 
ইয়াৰ পাছতো কিবা ভয় লাগে মনটো
কিজানি সম্পৰ্কবোৰ 
বাৰু থাকক 
আকৌ সুধিছো আপোনাক 
কবিতাবোৰ কাৰ বাবে লিখে 
কবিতাবোৰো মই মই গোন্ধ পাওঁ 
কবিতাবোৰ মোৰ বাবেই লিখেনে ...?



বিদ্ৰোহৰ কবিতা 

ইয়াৰ আগতে প্ৰেমৰ কবিতা লিখিছিল তেওঁ 
আজিকালি কাগজে-পত্রেও প্ৰেমৰ কবিতা 
নোপোৱা হ'লোঁ 
পাওঁ , আগৰ দৰেই পাওঁ ; বহুত কবিতা
পাওঁ কেৱল বিদ্ৰোহৰ কবিতা 
প্ৰেমৰ বিদ্ৰোহ 
তেওঁয়ে নেকি সেইজন ; ছদ্মনামত
বিদ্ৰোহৰ কবিতাত 

হেন্দোলনী...
দৈনিক কাকতৰৰ পৃষ্ঠাত  
শব্দৰ কিৰিলিৰ কোলাহল 
বিদ্ৰোহৰ কিৰিলি 

ইয়াৰ আগতে প্ৰেমৰ কবিতা লিখিছিল তেওঁ 
আজিকালি কাগজে-পত্রেও প্ৰেমৰ কবিতা 
নোপোৱা হ'লোঁ 
প্ৰেমৰ কবিতা এতিয়া বুৰঞ্জীৰ পাতনি 
আলোড়ন ..
প্ৰেমৰ কবিতাকলৈ বিদ্ৰোহ কৰে 
বিদ্ৰোহী কবিতা বোৰে 
জেৰা কৰে - প্ৰেমৰ উন্মদনা ক'ত ?
" স্বাধীনতা বিপ্লৱীৰ পৰা নাৰী ব্যৱসায়ীলৈ "
এতিয়া কেৱল বিদ্ৰোহৰ কবিতা 
 এফালে যদি নাৰী নিৰ্যাতিতা আনফালে আকৌ অপুস্পিতাৰ আত্মহনন 
কম্পন ..
চিঞৰৰ শব্দ সকলোৱে শুনে 
কিন্তু মৌনতাৰ শব্দ কোনে শুনে ..?
কাকতৰ ফিৰিঙতি : কিশোৰীক অবৈধ মাতৃত্বৰ কলংক 
মীমাংসা ক'ত ?
বনজুইত কেৱল দেহৰ লুটপাত
এঙাৰ হ'বলৈ কিমান বাকী
পূণ্যৰ বাবে জন্মিছে পাপ নে
পাপৰ বাবেই পূণ্য 
নিৰুদ্দেশ আজি প্ৰেমৰ ঠিকনা
দেহৰ ভিতৰত  দেহৰ ভিৰত পৰি ৰয় এৰি অহা এটি হুমুনিয়াহ , চিৰদিনৰ বাবে 
ৰাজপথৰ পৰা বুকুৰ পথলৈ 
এটি বিদ্ৰোহৰ কবিতা 
ইয়াৰ আগতে প্ৰেমৰ কবিতা লিখিছিল তেওঁ 
আজিকালি কাগজে-পত্রে প্ৰেমৰ কবিতা 
নোপোৱা হ'লোঁ  
এতিয়া মাথোঁ বিদ্ৰোহৰ কবিতা 
প্ৰেমৰ বিদ্ৰোহ ।।

(অসম ভিত্তিত তিনিবাৰকৈ প্ৰথম , দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্থান লাভ কৰা)


জোৰোণ

তোমাৰ ওঁঠত শীতল পাটী পাৰি জিৰাম বুলি আবেলিবোৰ নেদেখা হোৱালৈ 
বাট চাই ৰলোঁ 
পুৱাবোৰ দুপৰীয়া হ'ল
দুপৰীয়াবোৰ আবেলি হ'ল 
তথাপিও পদূলিৰ আদৰণি তলিত
উৰুলি দি (নিজে)
আবেলিবোৰ গধূলি হোৱালৈ বাট চাই ৰলোঁ 
জোৰোণৰ সময় আছিল ১১: বাজি ১১মিনিট । 

(কবিগৰাকীৰ কাব্যিক জীৱনৰ এই যাত্ৰা সদায় বৈ থাকক আমি  'অঙ্গন'ৰ তৰফৰ পৰা তাকে কামনা কৰি কবিগৰাকীলৈ পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিলোঁ।)

অঙ্গন: পৃষ্ঠাঃ ৩৫
তিনিটা লিমাৰিকঃ

ৰেখা বৰকটকী  

১)আজি বোলে পানী প্ৰাণীৰ প্ৰাণ নহয়
পানীত মুখ চাই কোনেও গীত নেগায়
পানীয়ে বাট ভেটে
পানীয়ে ঘৰ বেৰে
পানীয়ে আজি প্ৰাণীৰ জীৱন কাঢ়ি খায়।।


২) আকাশে তৰা ফুল সদায় জানো বাচে 
জীৱনৰ আনন্দবোৰ সদায় নাহে
জীৱনৰ কাঁইটিয়া ঘৰ 
আছে জানা দুখ-ভাগৰ
হাঁহি -কান্দোন মিলিহে জীৱন আগবাঢ়ে।।      

৩)ৰ'দৰ চোলা পিন্ধি আকাশে হাঁহে
 বৰষুণৰ নুপূৰ -যোৰ কাষতে খুলি ৰাখে
 আকাশ আৰু ডাৱৰৰ
নীলিম আৰু জোনাকৰ
সুবিশাল সীমনাত সুখবোৰ ভাঁহে..
            
যোৰহাট।


অঙ্গন:  পৃষ্ঠাঃ ৩৬
গল্পঃ

কলিজাত বকুলৰ সুৱাস

✍প্ৰীতিৰেখা দাস

চট্.. চট্.. চট্…
কিহবাৰ শব্দত বনলতা দেৱীৰ  টোপনি ভাগি গ'ল । তেওঁ ৱাল ঘড়ীটোলৈ চালে । পুৱা সাত বাজিছে । বিছনাতে বহি তেওঁ অনুমান কৰিব চেষ্টা কৰিলে শব্দটো আচলতে ক'ৰ পৰা আহিছে । টেবুলত থকা চশমাযোৰ পিন্ধি  তেওঁ খিৰিকীখন খুলি দিলে । পুৱাৰ ৰ'দৰ উজ্জ্বল পোহৰত বনলতা দেৱীয়ে দেখিলে তেওঁৰ পদুলিত থকা বকুল ফুল জোপা দুজন মিস্ত্ৰীয়ে কুঠাৰেৰে কাটিবলৈ আৰম্ভ কৰিছে । কাষত থিয় হৈ তেওঁৰ একমাত্ৰ পুত্ৰ নিলয়ে মিস্ত্ৰী দুজনক কিবা নিৰ্দেশ দি আছে । বুকুখন ধৰফৰাই উঠিল বনলতা দেৱীৰ । অকণো পলম নকৰি খৰ খোজেৰে তেওঁ 
ছিৰিৰে তললৈ নামি গ'ল । 
"বাবা এইয়া কি হৈছে ? তুমি বকুল জোপা কিয় কাটিব দিছা ? "
বনলতা দেৱীৰ কাতৰ চিঞৰত নিলয়ৰ লগতে মিস্ত্ৰী দুজনেই উভতি চালে । কথাটো বুজিব পাৰি নিলয়ে মাকক কান্ধত ধৰি লৈ আহিল পদুলিৰ পৰা । ড্ৰয়িং ৰুমৰ চোফাত বহুৱাই দি কলে, "মা মই আমাৰ সমুখৰ ঠাই খিনি শ্বপিং মল এটা ভাড়া দিম বুলি ভাবিছোঁ । তেওঁলোকে এই সপ্তাহৰ পৰায়ে কাম আৰম্ভ কৰিব । তাৰ কাৰণে বকুল জোপা কাটিব লাগিব ।
আৰু টাউনৰ মাজত থকা ঘৰ এটাত ইমান ডাঙৰ চোতাল এখন থকাৰ প্ৰয়োজন নাই। আৰু আজিকালি উৎসৱ পাৰ্বনও নিজৰ চোতালত কোনে পাতে ? ইমান ঝামেলা । তাতকৈ বিবাহ ভৱনবোৰ আছেয়ে দেখোন।
ভাবিলো ঠাইখিনি এনেই থকাতকৈ শ্বপিং মলটোকে ভাড়া দিম ।"
: কিন্তু বাবা তাৰ বাবে তই বকুল জোপা কেনেকৈ কাটিব পাৰ ? থোকা-থুকি হৈ পৰে বনলতা দেৱীৰ মাত ।
মাকৰ চল চলিয়া চকু হালিলৈ এক মুহূৰ্ত চাই নিলয়ে কৈ উঠে,
: সৰু ছোৱালীৰ দৰে কি যে কৰা ন মা ? সাধাৰণ বকুল গছ এজোপাৰ কাৰণে এনেকৈ দুঃখ কৰিব লাগেনে তুমি ?"
: বাবা ... কাতৰ কণ্ঠেৰে মাতে বনলতা দেৱীয়ে ৷
: মা প্লিজ এনেকুৱা নকৰিবা ।মই জানো বকুল জোপাৰ স'তে তোমাৰ বহুত স্মৃতি জড়িত হৈ আছে । গছ জোপা চোতাল খনৰ মাজতে আছে, নাকাটিলে নহয় । আৰু জানা মলটোক ভাড়া দিলে এটা বৃহৎ পৰিমাণৰ টকা ঘৰলৈ আহিব । তুমি জানায়ে দেখোন ঘৰখনত কিমান খৰছ । দুদিন পাছত বাবলুক দামী স্কুল এখনত নাম লগাই দিব লাগিব । তাৰ এটা সুন্দৰ ভবিষ্যতৰ কথা আছে । তাক ডাঙৰ মানুহ কৰিব লাগিব । মোৰ এই চাকৰিটোৰে ইমান সোপা জোৰা মাৰিব নোৱাৰো । তুমি অবুজন নহ'বা মা । মোক মোৰ কাম কৰিবলৈ দিয়া ।

উচাৎ মাৰি মাকৰ কাষৰ পৰা নিলয় আঁতৰি গ'ল । পিছে পিছে ঘৈনীয়েক পল্লবী । মাত্ৰ আইতাকৰ ফালে চাই ৰৈ গ'ল চাৰি বছৰীয়া বাবলু । সৰু মনটোৰে যেন সি কিবা বুজি পালে । লাহে লাহে আইতাকৰ কাষ চাপি আহিল সি, আৰু সৰু আঙুলি কেইটাৰে আইতাকৰ চকুপানী খিনি মচি  দিলে, আৰু ক'লে "আইতা বকুল জোপা তোমাৰ বৰ মৰমৰ আছিল নেকি ? মোক ডাঙৰ মানুহ কৰাৰ বাবে দেউতাই গছ জোপা কাটিলে নেকি ? মই ডাঙৰ মানুহ নহওঁ আইতা । মই সদায় সৰু হৈ থাকিম। তুমি নাকান্দিবা আইতা । মই এতিয়ায়ে দেউতাক ক'মগৈ তোমাৰ গছজোপা নাকটিবলৈ। 

বাবুলু দৌৰি গ'ল বাহিৰলৈ । সৰ সৰাই বৈ আহিল চকুপানী বনলতা দেৱীৰ চকুৰে। এখোজ দুখোজ কৈ আহি নিজৰ কোঠাত সোমাল । ভাগৰুৱা মানুহৰ দৰে বহি পৰিল বিছনাখনত । এনে লাগিল যেন ৰক্তাক্ত হৈ পৰিছে বুকুৰ ভিতৰখন । গছ জোপাত পৰা প্ৰতিটো কুঠাৰৰ ঘাপ যেন তেওঁৰ বুকুত হে পৰিছে ।

মৰমৰ ! হয়, বহুত মৰমৰ এই বকুল জোপা বনলতা দেৱীৰ । এই বকুল জোপাৰ তলেৰে এদিন মূৰত দীঘল ওৰণি এখন লৈ কইনা হৈ এই ঘৰ খনলৈ আহিছিল তেওঁ ।
গোটেই ৰাতি বকুলৰ সুৱাসেৰে ভৰি আছিল সিহঁতৰ শোৱনি কোঠাটো । বকুলৰ মিঠা সুৱাস বুকুত লৈয়ে তাই বোৱাৰী জীৱনৰ পাতনি মেলিছিল। আবেলি আবেলি তাই বকুল জোপাৰ তলত থিয় হৈয়ে গিৰিয়েকলৈ বাট চাই থাকিছিল । কামৰ পৰা উলটি আহি তাইৰ হাতত মোনাটো দি বকুলৰ তলতে চকি এখন পাৰি বহি তেওঁ দেহৰ ভাগৰ জিৰাইছিল । আবেলিৰ জলপান খাই দুয়ো কিমান যে কথা পাতিছিল ! হাঁহিছিল ! অভিমান কৰিছিল ! ভবিষ্যতৰ সপোন দেখিছিল। সিহঁতৰ সেই মৰম ভালপোৱাৰ নীৰৱ সাক্ষী হৈ ৰৈছিল এই বকুল জোপা । এদিন দুয়োৰে মাজলৈ কণমানি 'নিলয়' আহিল । দিনবোৰ বেছি মৌ মিঠা হৈ পৰিল । দেউতাকৰ হাতত ধৰি নিলয়ৰ থুপুক থাপাক খোজ এই বকুলৰ তলতে । সৌৱা, নিলয় গছ জোপাৰ চাৰিও ফালে দৌৰি ফুৰিছে ! পিছে পিছে ভাতৰ কাহীখন লৈ মাক ! নিলয়ে সদায়ে খৰাহী এটাত সৰু সৰু বগা বগা বকুল ফুলবোৰ বুটলি লৈ মাকক দিয়ে । আজৰি সময়ত মাক আৰু নিলয়ে ফুলৰ মালা গাঁঠে আৰু এদিন হঠাতে সামান্য অসুখত ভুগি মানুহজন গুচি গ'ল সিহঁতক অকলে এৰি কোনো অজান দেশলৈ । বকুল ফুলৰ মালা এডাল পিন্ধিয়ে ফটো হৈ থকা মানুহজনে সিহঁতলৈ মাথো চাই থাকিল নীৰৱে । মানুহজনৰ মৃত্যুত কিমান অসহায় হৈ পৰিল বনলতা ! তথাপি সাহস হেৰুওৱা নাছিল একমাত্ৰ পুত্ৰৰ কথা ভাৱি । নিজক সবল কৰি তেওঁ চাকৰি এটাত আবেদন কৰিছিল । পাইছিল ঘৰৰ কাষতে হাইস্কুল এখনত বিজ্ঞানৰ শিক্ষয়ত্ৰী হিচাপে নিযুক্তি পাইছিল তেওঁ । অকণো কষ্ট নোপোৱাকৈ তেওঁ নিলয়ক ডাঙৰ কৰিছিল । ভালদৰে পঢ়া শুনা কৰি নিলয়ে এদিন চাকৰিত যোগদান কৰিছিল আৰু চাকৰিৰ এবছৰ পিছতে কলেজত একেলগে  পঢ়া নিলয়ৰ প্ৰেমিকা পল্লৱীক বিয়া পাতিছিল । সিহঁতৰ এটি পুত্ৰ সন্তান জন্ম পায়। 'বাবলু' । সকলো ঠিকেই আছে। নিলয় যেতিয়া নিজৰ পত্নী পুত্ৰৰ সৈতে ব্যস্ত হৈ থাকে অকলশৰীয়া বনলতা বকুল জোপাৰ তললৈ গুচি আহে । ঘণ্টা ধৰি বহি থাকে বকুলৰ তলত । বনলতাৰ এনে লাগে যেন বকুল জোপাৰ তলত আজিও গিৰিয়েক জিৰাই আছে । তাইক দেখি কাষতে বহে তেওঁ । তাইৰ বুকুৰ হুমুনিয়াহ বোৰ শুনে তেওঁ । যেন অদৃশ্য হাতেৰে তাইৰ চকুপানী মছি দিয়ে । চুলিত হাত বুলাই মৰম কৰি দিয়ে । বনলতাই অনুভৱ কৰে গিৰিয়েকৰ সান্নিধ্য । মৌনতাৰে যেন দুয়ো তাহানিৰ দৰে বহু কথা পাতে । মনটো বহুত পাতল লাগি যায় বনলতাৰ ।  অকলশৰীয়া নহয় তাই । তাইৰ সুখ দুখৰ সহচৰ এই বকুল জোপাইটো তাইক সংগ দি আহিছে সুদীৰ্ঘ কাল । আৰু আজিৰ পৰা তাইৰ গোটেই জীৱনৰ অলেখ স্মৃতি সাৱটি ৰখা তাইৰ মৰমৰ বকুল গছ জোপা নাথাকিব । কাটি চিঙি দলিয়াই পেলোৱা হ'ব তাৰ ঠাল ঠেঙুলি। শূন্য হৈ পৰিব এই ঠাইখিনি । তাৰ ঠাইত গঢ়ি উঠিব এটা বিৰাট শ্বপিং মল । কেনেকৈ সহিব বাৰু বুকুৰ এই হেৰুওৱাৰ   যন্ত্ৰণা । কণমানি নতিয়েকে বুজাৰ দৰে এবাৰ যদি নিজৰ পুত্ৰই বুজিলেহেঁতেন মাকৰ বুকুৰ যন্ত্ৰণা খিনি । 

কিয় বাৰু আজিকালি সন্তানে মাক দেউতাকৰ মনৰ কথা বুজিও নুবুজা হৈ গৈছে ? কিয় বাৰু সকলো সিদ্ধান্ত অকলে লয় ! কিয় ভাবে বয়স হৈ আহিলে মাক দেউতাকৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাও কমি যায় বুলি । এবাৰ... এবাৰ যদি নিলয়ে কলে হেঁতেন মাকক, "মা গছ জোপা কাটিলে তোমাৰ বেয়া লাগে যদি সেইখিনি ঠাই এৰি যিখিনি ঠাই হয় সেইখিনিকে ভাড়া দিম দিয়া । পইচা কমকৈ পাম; কিন্তু মা, তোমাৰ মুখৰ হাঁহিটো যে সদায়ে দেখিবলৈ পাম ।"

তাতকৈ আৰু কি লাগিলহেতেন তেওঁক  এই জীৱনটোত । এটা বিকট শব্দত বনলতা দেৱী চক্‌ খাই উঠিল । ভাৱনাৰ সাগৰৰ পৰা হামখুৰি খাই বাস্তৱত পৰিল । ভাগৰুৱা খোজেৰে বনলতা দেবী পুনৰ খিৰিকী খনৰ কাষলৈ উঠি গ'ল । খিৰিকীৰে তললৈ চাই দেখিলে চোতালত দীঘল দি পৰি আছে এইমাত্ৰ উভালি পেলোৱা তাইৰ মৰমৰ বকুল জোপা । বুকু খনত এটা তীব্ৰ বিষ অনুভৱ কৰিলে তেওঁ । উশাহ ল'ব নোৱাৰা হৈ পৰিল । যেন স্তব্ধ হৈ পৰিল হৃদপিণ্ড । চকুৰে নেদেখা হৈ পৰিল । যেন সকলো ফালে এন্ধাৰ । আৰু হঠাতে থাঁচ কৈ মজিয়াত বাগৰি পৰিল বনলতা দেৱী । অলপ আগতে চোতালত বাগৰি পৰা বকুল জোপাৰ দৰে ।

ঠিকনাঃ
বাংগালোৰ

অঙ্গন:  পৃষ্ঠাঃ ৩৭
অধৃষ্য স্পন্দন

✍তপন কুমাৰ দাস

মাত্ৰ এটা ৰঙা ফোঁটেই জানো সম্পৰ্কটো শেষ কৰি দিব পাৰে। হৃদয়ে হৃদয়লৈ সৰল ৰেখাডাল ঠিকেই আঁকি আছে। সংগোপনে পুহি ৰখা আপোন সপোনবোৰেও মনৰ দুৱাৰ ঠিকেই উদুলি-মুদুলি কৰি আছে। কিন্তু নতুন এঘৰ মানুহ আলহী হৈ আহি পংখীৰ মনৰ পথটোহে কন্টকময় কৰি তুলিলে। বুকুত একুৰা জুই অহৰ্নিশে জ্বলি আছে। আজি কেইদিনমানৰ পৰা বিশেষ দিনটোৰ অশেষ কথাবোৰে অন্তৰখন বৰকৈ খোঁচা-বিন্ধা কৰি আছে। ম'বাইলটোত থকা বহুতৰ মাজৰ পৰা নিদিষ্ট ৰেকৰ্ডিংটো শুনিলে। আৱেগতকৈ বিবেকক বেছি গুৰুত্ব দি কৰা মিঠা তৰ্কবোৰৰে বিকিৰ মাত শুনিবলৈ যেন তাইৰ দেহত শক্তিৰ অভাৱ হ'ল। সেয়ে ডায়েৰীখন উলিয়াই একেই কথাবোৰ পঢ়ি গ'ল--
: আমি কেৱল প্ৰকৃতিয়ে সৃষ্টি কৰা তেজ-মঙহে গঢ়া মানুহ নামৰ প্ৰাণী। মানুহে সৃষ্টি কৰা ধন-সম্পত্তি, ক্ষমতা, জাতি-ধৰ্ম আদিয়ে বিভেদ কৰিব নোৱাৰে।
: পংখী তুমি প্ৰেম আৱেগত ডুব গৈ সমস্ত বাস্তৱ জগতখনকে পাহৰি পেলাইছা নে কি ?
: নহয় বিকি, সঁচা কথাবোৰ অবাস্তৱ যেনেই লাগে। মই কথাবোৰ অকল প্ৰেম আৱেগৰ বশৱৰ্তী হৈ কৈ থকা নাই। তুমি মিছাকৈ ভয় খাইছা যে- মোৰ এই আৱেগ এদিন নোহোৱা হৈ যাব আৰু এতিয়া কোৱা কথাবোৰ মই এসময়ৰ প্ৰেম আৱেগৰ ভ্ৰম বুলি ভাৱিম। বিকি মোৰ প্ৰেমৰ আৱেগ দৃঢ়, শাশ্বত আৰু অবিনশ্বৰ অনুভূতি।
: সেইয়া বুজোঁ, কিন্তু কিয় বা সমাজৰ বিষমতাবোৰ দেখি নিজকে বুজাব নোৱাৰা হৈ যাওঁ। তোমাৰ মোৰ মাজতো যে বিৰাট আৰ্থিক তফাৎ আছে সেইবোৰ ভাৱিলেইচোন--
: আমি জন্ম চৰ্তে যি পাইছো তাৰ দ্বাৰা আমাক কিয় প্ৰভেদ কৰিছা। তোমাৰ আচৰণ, জ্ঞান-বুদ্ধি, ধৈৰ্য্য-সহ্য, বিবেকৰ সিদ্ধান্ত আৰু দৃঢ় সংকল্প মোৰ অন্তৰ্দৃষ্টিয়ে বাৰুকৈয়ে প্ৰত্যক্ষ কৰে। তোমাৰ আৰ্জিত জ্ঞান-বুদ্ধি মোৰ আৰ্জিত খিনিৰ তুলনাত বহুত বেছি। সেইফালৰ পৰাচোন তুমিহে বেছি ধনী। আন সকলো অসাৰ। খাই-বৈ সকলোয়েইতো জীয়াই থাকে। তুমিও সেইখিনি সামৰ্থ্যৰ গৰাকী। ইমান ভালকৈ পঢ়া-শুনা কৰিলোঁ যেতিয়া ভালকৈ চলিবলৈ মোৰো সামৰ্থ্য আছে।
: তথাপি পংখী.. তোমাৰ এই মানসিকতা এসময়ত ভোগবাদে গ্ৰাস কৰে বুলিহে ভয়।
: যি মই অসাৰ বুলি ভাৱো তাত মোক কিহে গ্ৰাস কৰিব পাৰে। বোৱঁতী নদীক জানো কোনোবাই বাধা দি ৰাখিব পাৰে।
: নোৱাৰে। কিন্তু উন্নত প্ৰযুক্তি বিদ্যাৰে নদীক বাধা দি অন্যফালেটো বোৱাই নিব পাৰে। ঠিক তেনেকৈ তোমাৰ মানসিকতাক যদি মনোবৈজ্ঞানিক কৌশল প্ৰয়োগ কৰি--
: মোৰ মানসিকতা ইমান দুৰ্বল নহয় দেই। আৰু নদীৰ গতিপথ সলনি কৰি দিলেই যেনিবা, নদীৰ ঠিকনা মাথো সাগৰ। মোৰো প্ৰেম নদীৰ ঠিকনা মাথো তোমাৰ সাগৰ সদৃশ হৃদয়ত মিলি যোৱা। নদীৰ গতিপথ সলনি কৰি অন্য ফালে বোৱাই নিলেও মোৰ জ্ঞাতে বা অজ্ঞাতে এই সোঁত অনন্তকাল বৈ থাকিব।
: সেই বাবেইতো আশ্বস্ত হওঁ।
: যদি সঁচাকৈ তেনে হয়। তেন্তে তোমাৰ মোৰ সম্পৰ্ক কি হ'ব বিকি ?
: যেনেকৈ ৰাধা - কৃষ্ণৰ সম্পৰ্ক ঠিক তেনেকুৱাই হ'ব। পৰস্ত্রী ৰাধাৰ প্ৰেমে শ্ৰীকৃষ্ণৰ সমগ্ৰ জীৱন আলোকিত কৰি ৰাখিলে। কৃষ্ণই কৰ্তৱ্যৰ বাবেই গোকুল এৰি মথুৰাত থাকিব ল'লে। ৰাধাই বুজিছিল কৃষ্ণৰ সামৰ্থ্য আছিল যদিও তেওঁক লগত লৈ নগ'ল। তথাপি ৰাধাৰ প্ৰেমৰ হানি নহ'ল। মাথো মনৰ আৰ্যপুত্ৰক এবাৰ লগ পোৱাৰ হেঁপাহতে আশাৰে বাটচাই ৰয়। ৰাধাই যেন তাৰেই প্ৰমাণ দিয়ে- প্ৰকৃতিৰ অৱদানত সৃষ্ট প্ৰেমৰ মৃত্যু নাই। বিচ্ছেদৰ মাজতো।
: ময়ো ৰাধাৰ দৰেই হ'ম বিকি। ৰাধাৰ প্ৰবিত্ৰ প্ৰেমৰ বাবেই কিজানি সতীত্বৰ ব্যাঘাত নহ'ল। সেয়ে কৃৃষ্ণৰ লগত কেৱল ৰাধা নামটোহে যুগ্ম হৈ থাকে। ৰুক্মিণী, সত্যভামা অদি নাহে। আহে মাত্ৰ ৰাধা-কৃষ্ণ।
: বিকি, দৈত্যৰ বিপাঙত পৰি যদি মই আন কাৰোবাক বৰণ কৰিব লগিয়া হয়। মই ৰাধাৰ দৰেই তোমাক হৃদয়ত ৰাখিম। তেতিয়াতো মোৰ সতীত্বৰ হানি নহ'ব।
  আমি কিছুসময় নিশব্দে ৰৈছিলোঁ। বিকিয়ে পুনৰ কৈছিল-" পংখী তুমি ৰাধাৰ দৰেই একেই প্ৰেমিকা হোৱা। মোক প্ৰেমৰ মাজেৰে জীৱনৰ সফলত্বম ব্যক্তি হোৱাৰ কৰ্মশক্তিক জগাই তুলিছা। তোমাৰ বাদে মোক কোনে মানুহ হোৱাৰ সংজ্ঞা শিকাব পাৰে। আমাৰ বিচ্ছেদ হ'লেও তোমাৰ জ্যোতিৰে মোক ওৰেজীৱন আলোকিত কৰি ৰাখি পথৰ সন্ধান দিব। প্ৰেমে জানো কেৱল প্ৰেমকেই বিচাৰে। সমাজৰ একোটা মহৎ কৰ্ম সিদ্ধ কৰা নাইবা জীৱনৰ সফলত্বম ব্যক্তি হোৱাৰ পথত আগুৱাই যোৱাৰ কৰ্মশক্তিক অহৰ্নিশে জাগ্ৰত কৰিব পৰা প্ৰেমিকাৰ প্ৰেৰণাও বিচাৰে। যিয়ে প্ৰেমক অমৰ কৰি ৰাখিব পাৰে। পংখী তোমাৰ তেজ মঙহৰ দেহটো নহ'লেও তোমাৰ সত্তাই মোৰ সমগ্ৰ জীৱন উজ্জ্বল কৰি ৰাখিব। নাজানো পংখী কৃষ্ণৰ দৰে কেৱল কৰ্তৱ্যৰ বাবেই নাইবা সামাজিক নিয়ম সফল কৰাৰ দায়িত্বত কোনোবা স্ত্ৰী মোৰ জীৱনলৈ আহে বা নাই..?"
    পংখীয়ে আৰু পঢ়ি থাকিব নোৱাৰা হ'ল। ডায়েৰীৰ পাতত টোপাটোপে চকুলোঁ সৰিল। ডায়েৰীখন সামৰি থলে। কিছুসময় থৰ লাগি ম'বাইটো লৈ YouTube খুলিলে। সেই জনপ্ৰিয় গানটোত আঙুলিৰ স্পৰ্শ পৰিল--"তোমাৰ কথা ভাৱিলেই জানা /জোনাক উপচি পৰে "। কেইবাবাৰো শুনি ম'বাইলটো অফ কৰি ৰূমৰপৰা ওলাই আহিল। দুদিনৰ পাছত তাইৰ বিয়া। পেণ্ডেলৰ কাম প্ৰায় সমাপ্ত। মনৰ বিষাদ বেদনা সকলো একাষৰীয়া কৰি মুখত এটা কৃত্ৰিম হাঁহি পিন্ধি নিজৰ বিয়াৰ কৰিব লগা খিনি কৰি গ'ল।
   মেধাৱী ছাত্ৰ বিকিৰ ঘৰৰ আৰ্থিক অৱস্থা তেনেই শোচনীয়। দেউতাক এজন ক্ষুদ্ৰ ব্যৱসায়ী যদিও ভালকৈ চলিব পৰা আছিল। কিন্তু যোৱা দুবছৰে লকডাউনৰ বাবে সেই ব্যৱসায় প্ৰায় বন্ধ হৈ পৰিল। বিকিয়ে B.A.পাছ কৰি D.El.Ed কৰিলে। ২০১৯ বৰ্ষৰ টেট পাছ কৰিলে যদিও মাত্ৰ ০.৪৬ নম্বৰ বাবে চাকৰি নাপালে। পৰবৰ্তী নিযুক্তিত চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও সি বহি থকা নাই। এটা কোম্পানীৰ কাম কৰি ভালকৈ চলি আছিল। যোৱা বছৰতে লকডাউনত বন্ধ হৈ পৰা কোম্পানীৰ সেই কামৰ পৰাও তাক পঠাই দিলে। ফলত গাঁৱত কেইটামান টিউচনৰ বাদে অন্য কাম পোৱা নাই। সময়বোৰ বৰ নিষ্ঠুৰ হৈ আহে। কাৰোবাৰ বাবে আশীৰ্বাদ আৰু কাৰোবাৰ বাবে আকৌ অভিশাপ। পংখীৰ মাকে বিকিক ভাল পাই যদিও দিনক দিনে আৰ্থিক সমস্যাত ভাৰাক্ৰান্ত বিকিৰ ঘৰখনক লৈ পেটে পেটে ভাল নাপায়। এৰা, নিজৰ জীয়াৰীক এখন সম্ভান্ত ঘৰত বিয়া দিবলৈনো কাৰ মন নাযায়। কথাবোৰ সি গমি-পিতি চালে-- পংখীক চাৱলৈ ল'ৰা আহিল। ল'ৰাৰ ভাল চাকৰি। অগাধ সম্পত্তিৰ গৰাকী। খবৰটোয়ে যেন তাক একো বিষাক্ত নকৰিলে। পংখীৰ অনুপম মুখনি সঘনাই তাৰ মনত উপঙিবলৈ ধৰিলে যদিও সকলো যুক্তিৰে দমন কৰিলে। মাথো প্ৰতিশ্ৰুতি ল'লে তাইৰ পৰা নিৰৱে আঁতৰি থাকিব। দৰাটোৰ তুলনাত সি যেন পৰুৱা এটাও নহয়। প্ৰতিবাদ, অভিমান, ক্ষোভ  কাৰ ওপৰত কৰিব। ভাগ্যক ধিয়াই সকলো ত্যাগ কৰিছে। পংখীয়েও নিজে একো সিদ্ধান্ত ল'ব নোৱাৰে। তাই ঘৰৰ একমাত্ৰ ছোৱালী। ইমান ভাল ল'ৰাটো হাততে হেৰুৱাই তাৰ লগত বিয়া হোৱা মানে মোৰ মৃতদেহৰ বাদে একো নেদেখিবি বুলি মাকে সকীয়াই থৈছে।

      জোৰণৰ কাম আগদিনা হৈ গ'ল। বৰ আড়ম্বৰকৈ পতা অভিজাত্য বিয়াখনত ধৰ্মীয় পৰম্পৰাৰ মাজে মাজে বেণ্ডপাৰ্টীৰ বাজ্না আৰু উচ্চ স্বৰৰ সংগীতে ৰভাতলৰ সকলোকে আনন্দ দি গ'ল। কোনোবাই নাচিছে। কিন্তু পংখীক সকলোবোৰেই বিৰক্ত কৰিলে। কাৰো মাত শুনিব মন যোৱা নাই। কৃত্রিম হাঁহিটোয়েও যেন মনৰ বিষাদ বুজি পালে। আলহীৰ ভিৰৰ পৰা ভাগৰ লগা বুলি আহি তাই ৰূমত সোমাই দুৱাৰ জপাই ল'লে। ওঁঠযোৰ কামোৰি ধৰিলে। অবুজ শোক এটাই বুকুত খুন্দা মাৰি ধৰিলে। আইনাৰ সন্মুখত ৰৈ নিজৰ কইনা ৰূপটো চালে। এইটো ৰূপত চাবলৈ বিকিৰ কিমান যে হেঁপাহ আছিল। শিৰত সেন্দূৰ পিন্ধা ৰঙা ফোঁটেৰে ওৰণি তলৰ মুখখন চাৱলৈ সি কত সপোন দেখিছিল। কথাবোৰ ভাৱি তাইৰ সৰ্বশৰীৰ স্পন্দিত হ'ল। অবাধ্য চকুলো নিজৰা কাপেৰে নিগৰি আহিল। অন্তত: বিয়াৰ দিনা এবাৰ তাৰ মাতটো শুনা পালে তাই শান্তি পালেহেঁতেন। ম'বাইলটো অন কৰি বিকিলৈ ফ'ন লগালে। বিয়াৰ দিন ঠিক হোৱা তথা আঙুঠি পিন্ধোৱা দিনাৰ পৰা তাৰ লগত একো যোগাযোগ নাছিল। তাই চেষ্টা কৰিছিল যদিও বিকিয়ে সঁহাৰি নিদিছিল। আৰু এতিয়া তাৰ মোবাইল চুইচ্ অফ। বাৰে বাৰে লগাই চালে একেই বুকু ভাঙা শব্দ চুইচ্ অফ। মনৰ শোকটো দমাই ৰাখিব নোৱাৰি উচুপি কান্দিলে। খন্তেক পাছত দুৱাৰত শব্দ শুনি তাই নিশ্চুপ হ'ল। বহুত মানুহে দুৱাৰত টুকুৰিয়াই আছে। তাই দুৱাৰখন খুলি দেখে হৈ-চৈ লাগি আছে। বিয়া ঘৰ কাউৰী বাহত জুই লগা যেন হৈছে। হঠাৎ কইনাক দেখি হুলস্থুল খাম কাটিলে। মাকৰ কান্দোনৰ মাত আৰু একেটা কথাকে উচ্চ স্বৰত বাজি থকা টি.ভি, মোবাইলৰ শব্দৰ বাদে সকলো নিস্তব্ধ। পংখীয়ে টি.ভি.টোলৈ চাই পঠালে। দৰাৰ ভিডিঅ' সহ বাজি আছে ব্ৰেকিং নিউজ- "নিজৰ বিয়াৰ দিনাই গ্ৰেপ্তাৰ যুৱ বন বিষয়া জিতেন চলিহা। কুখ্যাত ড্ৰাগছ মাফিয়াৰ লগত জড়িত অাছিল জিতেন চলিহা। ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে জিতেন চলিহাক। পূৰ্বেও বহু দুৰ্নীতিত অভিযুক্ত আছিল জিতেন চলিহা"
   নিউজটো পাই কলেজৰ অধ্যাপক পংখীৰ দেউতাক মূৰ্চ্ছা গ'ল। মানুহৰ হুলস্থুল নাইকিয়া হোৱা পাছত পংখী ৰূমত বহিল। তাই নিউজটো পোৱাৰ পাছৰে পৰা কান্দিবনে হাঁহিব একো ধৰিব নোৱাৰা হ'ল। লাহেকৈ বিচনাত বাগৰ দিলে। পাছত মাকে চাদৰৰ  আঁচলেৰে চকুপানী মচি মচি আহি ক'লে-
: আমাৰ সকলো মান-সন্মান শেষ কৰিলে অ' আই.. । তথাপি ভালেই হ'ল দে বিয়াখন শেষ নহওঁতেই যে জানিলোঁ। পাছত হ'লে একো কৰিব নোৱাৰিলোঁ হয়। তাৰ নিচিনা অপৰাধীটোলে আৰু তোক বিয়া নিদিওঁ। বিকিলে ফোন কৰাচোন।
"কিয়" ? পংখীৰ বুকুখন চিৰিংকৈ বাজি উঠিল। শোৱা পৰা একে জাপে উঠি বহিল।
: তাৰ লগতে বিয়াখন পাতি দিওঁ--
: সিহঁত যে দুখীয়া, তোমালোকৰ মান-সন্মান আকৌ নেযাব জানো ? আৰু কি বুলি ভাৱিছা- দুখীয়া বুলি তাৰ আত্মসন্মান নাই ?
: আত্ম সন্মান থাকিলেও মই তোমালোকৰ কথাবোৰ জানো। কিজানিবা মান্তি হয়ে। ৰ'বা, আমি এতিয়াই তাৰ ঘৰলৈ যাওঁ।
     কথাষাৰ কৈয়ে মানুহজনী গাড়ীত উঠিল গৈ।
পংখীয়ে পুনৰ বিকিলৈ ফোন লগালে। একেই চুইচ্ অফ। ফেচবুকত চালে সি তিনি দিন আগতেই অনলাইন আহিছিল। পাঁচ দিনমান তাইৰো এইবোৰ চাৱৰ ইচ্ছা নাছিল। মেচেঞ্জাৰত এটা SMS দেখি তাইৰ হৃদয়ৰ স্পন্দন ক্ষিপ্ৰ হ'ল,--" মোৰ দিবলৈ একোয়েই নাই। সেইবাবেই চাগে মোৰপৰা আঁতৰি গ'লা। মাথো আকাশৰ সমান মৰমহে আছে। তাকে দি আশীৰ্বাদ কৰিছোঁ সুখী হোৱা জীৱনলৈ। দুদিন পাছত ঘৰখন এৰি যাবাগৈ। ময়ো যামগৈ- "। সি ক'লৈ যোৱা কথা কৈছে। পংখীয়ে চিঞৰি কান্দিলে। মাক-দেউতাক ঘূৰি আহিল। লগত বিকিৰ মাক-দেউতাকো আহিছে। "সি তিনিদিনে ঘৰত নাই। ফুৰিব যাওঁ বুলি কৈছিল"-- বিকিৰ মাকে থোকা-থুকি মাতেৰে ক'লে। তেনেতে গাঁওখনত আন এক হৈ-চৈ লাগিল। কোনোবাই খবৰ দিলে-- কলঙৰ ডুবিৰ কাষৰ জাঁজিত এটা মৃতদেহ ওলাইছে। কাৰ মৃতদেহ বুলি মানুহবোৰ কলং পাৰলৈ ঢপলিয়াই গ'ল।

ঠিকনাঃ              
নগাঁও

অঙ্গন:  পৃষ্ঠাঃ ৩৮
অচিন চিনাকি

✍ক্ষিৰুদ হাজৰিকা

প্ৰতি দিনে ৰাতিপুৱা শুই উঠি আগতেই মোবাইলটো হাতত লৈ ফেচবুকটো খুলি চোৱা মোৰ এটা অভ্যাস। দুই এজনে পুৱাৰ শুভেচ্ছা জনাই আগবঢ়োৱা পোষ্ট দুটামানত লাইক কমেন্ট আগবঢ়াই হাত মুখ ধুই লগে লগেই গাটো তিয়াই আহোঁ। আজি অলপ ব্যতিক্ৰম হ'ল  সাৰ পাই মোবাইলটো হাতত লৈ দেখো ৫ বাজি ৩৫ মিনিট, লগা লগ শোৱা পাতি এৰি কলগেট ব্ৰাছ আৰু চাবোনৰ কেচটো লৈ বাথৰুম পালোগৈ। মোবাইল চাবলৈ সময় নহ'ল কাৰণ ৬ বজাৰ পৰা ডিউটি আছে। লৰা লৰিকৈ কাপোৰ পিন্ধি ডিউটিলৈ বুলি ঢাপলি মেলিলোঁ। লৰা ধপৰা কৰি কোনোমতে ডিউটি জেগাত উপস্থিত হৈ ডাটা অন কৰিলো লগে লগেই ফেচবুক হোৱাটচ্‌ এপ নটিফিকেচনে ভৰি পৰিল। ময়ো দেৰি নকৰি ফেচবুক চোৱাত লাগিলোঁ। দুই তিনি মিনিট মান সময় পাৰ হৈছিল এনেতে মেছেঞ্জাৰটো টং কৈ বাজি উঠাত খুলি দেখো "তোমাৰ অবিহনে মই " নামৰ এটা একাউণ্টৰ পৰা মেছেজ ৰিকুৱেষ্ট। লগে লগেই প্ৰফাইলটো খুচৰি চাই দেখিলোঁ কিছুমান বিষাদভৰা লেখনি আৰু মাজে মাজে সৰু ল'ৰা ছোৱালী দুটাৰ ফটো আছে। প্ৰফাইল ফটো হিচাপে ৬ ৭ বছৰীয়া ল'ৰা এটাৰ ফটো। লেখনি সমূহ পঢ়ি বেয়া নালাগিল যিহেতু ময়ো কোনোবা চিনাকি হ'ব চাগৈ বুলি উত্তৰ দিলোঁ  

: Hello । পুনৰ সিফালৰ পৰা উত্তৰ আহিল 
: ভালেই আছা ?
এইবাৰ মই ভাবিলোঁ নিশ্চিত কোনোবা চিনাকীয়েই  হ'ব। 
বেচি দীঘলকৈ  উত্তৰ দি মই ভাল নাপাওঁ সেয়েহে মোৰ সহজ উত্তৰ - 
: ভাল ভাল ।
পুনৰ প্ৰশ্ন 
: ঘৰতে আছেনে ?
: নাই 
: ক'ত আছা ?
: হাইদৰাবাদত
: কেতিয়া গলা ?
: বহুদিন হ'ল 

এইবাৰ মোৰ অলপ সন্দেহ উপজিল কাৰণ মোৰ চিনাকি সকলোৱে জানে যে মই ঘৰত নাথাকোঁ ।
সেয়েহে  জানিবলৈ মন গ'ল কোন হয় ? আৰু কিয় মোৰ কথা সুধি আছে। সেয়েহে এইবাৰ মই প্ৰশ্ন কৰিলো কোন হয় চিনি পোৱা নাই যে ? 
উত্তৰ -
: নালাগে দিয়া , চিনি পাই কি কৰিবা ? 
ময়ো একো গুৰুত্ব নিদি নিজৰ কামত ব্যস্ত হৈ পৰিলো। ইফালৰ পৰা মেছেজ আহি আছে, কিন্তু মই অচিনাকী এজনৰ সৈতে কথা পাতিবলৈ অপ্ৰস্তুত। ৮ বজাত চাহৰ চুটী হাতত চাহৰ কাপটো লৈ মোবাইলটো খুলি দেখো বহুকেইটা মেছেজ। 
বহুকেইটা প্ৰশ্নৰ উত্তৰ নোপোৱাত শেষত ব্যস্ত আছা যদি পিছত মেছেজ কৰিবা। 
সকলো মেছেজ চোৱাৰ পিছত অনুমান কৰিলো কোনোবা ভদ্ৰ মানুহেই হ'ব লাগিব। কিন্তু পুৰুষ নে মহিলা সেই কথা নজনাকৈ মেছেজ কৰিবলৈ মন নগ'ল। যদি কোনোবা মহিলা হয় তেন্তে হয়তো অশান্তি পাব কিন্তু কি মই মেচেজ চিন কৰাৰ লগে লগেই সিফালৰ পৰা পুনৰবাৰ মেচেজ । 

: কি হ'ল একো নকলা যে ? 

এইবাৰ মোৰ চিধা কথা 
: আগতে আপোনাৰ পৰিচয়  দিয়ক তাৰ পিছত কথা পাতিম। 
সিফালৰ পৰা সহজ উত্তৰ
: জানো তোমাৰ খং উঠিছে। অকমান কথাতেই খং উঠা স্বভাৱটো যোৱাই নাই ন ? 
এইবাৰ মোৰ আচৰিত হোৱাৰ পাল।  মনত কেইবাটাও প্ৰশ্নই দোলা দিলে। যদি সেইজন অচিনাকী তেন্তে তেওঁ মোৰ বিষয়ে কেনেকৈ জানে ? আৰু যদি চিনাকী তেন্তে মই ক'ত থাকোঁ এই কথা কিয় নাজানে। 
অলপ সহজ হৈ পুনৰ সুধিলো 
: চিনাকী দিয়াত কিবা অসুবিধা আছে নেকি ? 
সিফালৰ সহজ উত্তৰ 
: আপত্তি নাই । কিন্তু নালাগে। 

মই আকৌ সুধিলোঁ 
: পৰিচয় নিদিয়াৰ কাৰণ ?
সিফালৰ পৰা সহজ উত্তৰ 
: কোনোবা চিনাকী বুলি ধৰি লোৱা ।
মই আচৰিত কোন হ'ব পাৰে ভাবিবলৈ ধৰিলো। নাই তেনেকৈ কাকো মনত পৰা নাই 
: কিবা এটা কোৱা । পুনৰ মেছেজ 
এইবাৰ ভাবিবলৈ বাধ্য হলোঁ যে কোনোবাই মোক ব্লেক মেইলিং কৰিছে। হয়তো মোক জুখি চাবলৈ এখন নাটক ৰচিছে। মই পুনৰ উত্তৰ দিলোঁ 
:আপুনি মোৰ কেনেকৈ জানে ?
: তিৰংগা খোৱা দিনৰ পৰা 
তিৰংগাতো কেতিয়াবাই বন্ধ হৈ গৈছে আৰু মই বন্ধ হোৱাৰ বহু আগতেই তিৰংগা খাবলৈ এৰি দিছোঁ।  

: আপুনি মোৰ স্কুলীয়া কোনোবা বন্ধু নেকি ? 
: নহয় 
: তেন্তে কোন?  এইদৰে মোক কিয় মেছেজ কৰিছে। 
: খং নকৰিবাচোন। এতিয়াও আগৰ দৰে খং কৰাৰ দিন জানো আছে। 
: এনেদৰে নিজৰ পৰিচয় লুকাই আপুনি কি কৰিব খোজে ?
: মই তোমাৰ একো হানি নকৰো। 
: ইয়াৰ কিবা গেৰান্টি আছে । আৰু এতিয়া মোৰ কাম আছে ,এনেকৈ ফাল্টু কথা শুনি থাকিবলৈ সময় নাই। 
: চোৱা বহু কষ্ট কৰি তোমাক বিচাৰি পাইছোঁ। অকনমান কথা পাতিব বিচাৰিছোঁ তোমাৰ লগত ইমান খং কিয় কৰিচা ?
: মোক যেন জ্বলা জুইত ঘিউ হে ঢালি দিছে খঙে মূৰৰ চুলি পালেগৈ ।
: কথা পাতিবলৈ বেলেগ কাৰোবাক বিচাৰি লওক। মোৰ সময় নাই এই বুলি ডাটা অফ কৰি কামলৈ আহিলো। খন্তেকৰ পিছত অফিচৰ পৰা ফোন আহিল। অফলাইন কিয় ? বহু মেছেজ আহি আছে। প্ৰব্লেম কোনে চৌলভ কৰিব। এতিয়াহে লাগিল মোৰ কেনা অন লাইনত দেখিলে অচিনাকীয়ে আকৌ মেছেজ কৰিব আৰু অফলাইন হ'লে নিজৰ কাম নহ'ব। যিয়েই নহওক অচিনাকী নম্বৰটো ব্লক কৰাৰ কথা ভাবি ডাটা অন কৰিলোঁ। লগে লগেই মেচেঞ্জাৰ টং টংকৈ বাজি উঠিল। 
: অচিনাকী বুলি যদি কথা নাপাতা তেন্তে শুনা 
: মই ৰিজু । এতিয়াটো নিশ্চয় কথা পাতিবা
: ৰিজু মানে ?
: মোৰ নামটোও পাহৰি গ'লা নে ? 
: ভাল দৰে ধৰিব পৰা নাই 
: সঁচা নে ? তুমি মোক সঁচাকৈয়ে পাহৰি গলা নে ?
এখন্তেক কৰবালৈ গ'লে বিচাৰি যোৱা। সৰু সৰু কথাত অভিমান কৰা কেনেকৈ পাৰিলা ? 
মোৰ মনত এখন ছবি দোলা দি উঠিল, মনটো উৰা মাৰিল অতীতলৈ ।
: হয় সেই ৰিজু । যাৰ আকুল মৰম ভালপোৱাৰ মাজত মোৰ জীৱনৰ এটি অধ্যয় আছে। 
আছে অলেখ মধুৰ স্মৃতি, যিবোৰে কেতিয়াবা অধিক ভাবুক কৰি তোলে মোক।
ৰিজু মোৰ জীৱনত পাহৰিব নোৱৰা এটি নাম। যাৰ সৈতে মোৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। সেই সম্পৰ্ক যাৰ নামাকৰণ কৰা নহয়। কেৱল মাথোঁ উপলব্ধিহে কৰিব পাৰে। অতীতৰ অনেক সোণালী স্বপ্ন মোৰ চকুত ভাঁহি আহিল, মোৰ যে আজি এনেকুৱা লাগিছে। মোৰ হৃদয়খনৰ ভিতৰত কিবা উৎসৱৰ আয়োজনহে চলিছে । ভাললগা অনুভূতিবোৰে মোক যে সঁচাই জীপাল কৰি তুলিছে । শৰীৰৰ প্ৰতিটো অংগ উলাহত হালি জালি নাচিছে, উৰণীয়া মনটোৱে এজাক ধুমুহাৰ দৰেই উৰা মাৰিছে, সমস্ত শৰীৰত যেন তাইৰ নামৰ ঝংকাৰ উঠিছে। 
 
সৰুৰে পৰা শুনি আহিছোঁ , সময়ে সকলো সলনি কৰে । কিন্তু ওহোঁ , কোনোপধ্যে মানি ল'ব নোৱাৰোঁ । হাজাৰ ধুমুহা , বৰষুণ , দুখ , কষ্টয়ো তলাব নোৱাৰাকৈ কিছুমান অনুভৱে হৃদয়ত খোপনি পোতে , চিৰজীৱনৰ বাবে । ল’ৰালিতে , নিজৰ অজানিতেই ভালপায় পেলাইছিলোঁ তাইক। ক’তা ! আজিও দেখোন অকণো সলনি হোৱা নাই , অকণো কম হোৱা নাই প্ৰথম প্ৰেমৰ সেই সুবাসিত অনুভৱ । সেই তাহানিৰে পৰা বুকু জুৰি বৈ আছে একেই আবেগেৰে , একেই অনুৰাগেৰে ।
তেতিয়া যৌৱনৰ বা লাগী মায়াময় হোৱাৰ সময় । যৌৱনৰ দুৱাৰ দলিত ভৰি থৈয়ে হৃদয়ৰ পৰা হৃদয়লৈ বৈ গৈছিল এখনি প্ৰেমৰ নৈ। সেই নদীৰ প্ৰবল সোঁতত আমি দুয়ো উটি ভাঁহি ভৱিষ্যতৰ ৰঙীন সপোনত বিভোৰ হৈ পৰিছিলো। কল্পনাৰ সাগৰত ডুবি নিজকে হেৰুৱাই পেলাইছিলোঁ...
মোৰ ভাৱনাৰ আউল লগাই মোবাইলটো বাজি উঠিল। 
মোবাইলটো চাই দেখো তাইৰ মেছেজ 
: কি হ'ল একো নকলা যে ?
: নাই একো হোৱা নাই 
: মেছেজ কৰাৰ বাবে বেয়া পাইছা ?
: নাই পোৱা 
: তেন্তে একো নোকোৱা কিয় ? 
: কি কম ভাবী একো ঠিক কৰিব নোৱাৰি একো উত্তৰ নিদিয়াকৈ মনে মনে চাই ৰ'লো। মনলৈ অলেখ প্ৰশ্নৰ আগমন ঘটিল। কিছুমান উত্তৰ বিহীন প্ৰশ্নৰ। নিৰাশাৰ মাজতো কিছুমান আশা হঠাতে কেতিয়াবা নভৱাকৈয়ে পূৰণ হৈ যায় নহয়নে । যোৱা কেইবা বছৰ ধৰি তাইৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। সম্পৰ্ক মানে কোনো ধৰণৰ যোগাযোগ বা ক'ত আছে কেনেকৈ আছে একোকে নেজানো মই। 
        সেই যে এৰি অহা দিনা শেষ বাৰৰ বাবে দেখা আৰু দেখা পোৱা নাই। কিমান দিন হ'ল বাৰু হয়তো ১৮ ,১৯ বছৰ। ইমান দিনে মনে মনে বিচাৰি থকা সেই ৰিজুক আজি পুনৰ লগ পাইছোঁ। মোৰ মনটোৱে আনন্দত আত্মহাৰা হৈ নাচিছে কিন্তু কিয় ? কিয় বাৰু মই তাইৰ মেছেজৰ উত্তৰ দিব পৰা নাই ? বাৰে বাৰে মোবাইলৰ কি বৰ্ডত হাত দি পুনৰ থমকি ৰৈছোঁ। হয়তো সুধিব খুজিছো 
কেনে আছা ? আগৰ দৰেই আছেনে ? শেষ বিদায়ৰ সেই ক্ষণটি আছেনে মনত। 
কিন্তু সাহস নহ'ল, আজি যেন শব্দবোৰেও মোৰ সৈতে লুকাভাকু খেলিছে ক'ব খোজা শব্দবোৰ কোনো অচিন মেৰুলৈ ঢাপলি মেলিছে। আজি নৈঃশব্দ নিৰ্জনতা দেখোন মোৰ প্ৰিয় হৈ পৰিছে। বুকুৰ ভিতৰত কিবা এটাই খুচি ধৰা যেন অনুভৱ হৈছে । কিবা এটা আশংকাই মোৰ মনত দোলা দি উঠিছে । হয়তো পুৰণি স্মৃতিবোৰ খুচৰি আকৌ নতুন কৰিবলৈ মোৰ মন নাই। বহুত কষ্ট কৰি সেইবোৰৰ পৰা ওলাই আহিছোঁ আৰু উভতি যাব নিবিচাৰোঁ। নিবিচাৰোঁ একুৰা জুইত  জাহ যাবলৈ। 
আজি  তুমি ধুৱলী-কুঁৱলী এটা ভাল লগা সপোন হৈয়ে থাকা। তোমাক সযতনে সামৰি থৈছোঁ জীৱন ডায়েৰীৰ পৃষ্ঠাত…।

: তোমাক বহুত মিছ কৰিছোঁ জানা

চকুৰ আগত ভাঁহি অহা আখৰ কেইটা দেখি উচপ খাই উঠিলো।

: কিয় আহিছা তুমি মোৰ জীৱনলৈ ঘূৰি ? 

হয়তো তাই মোৰ পৰা এনে প্ৰশ্নৰ আশা কৰা নাছিল । আৰু ময়ো যে বুকুত এচপৰা শিল বান্ধি সেই কথা কৈছোঁ সেয়া তাই নুবুজিব।
এতিয়া মই তাইৰ লগত কথা পাতিবলৈ প্ৰস্তুত নহয় 
মাথোঁ স্মৃতিৰ সফুঁৰা খুলি স্মৃতি বোৰৰ মাজত হেৰাই যাব খুজিছোঁ। 

তায়ো বিষাদৰ বতৰা হিচাপে  দি অফলাইন হ'ল। 
মোৰ মনত যেন আৰু একোঁৰা জুই হে জ্বলিল। কিহে পাইছিল মোক এনেকৈ ক'বলৈ।
আন্য মনষ্ক হৈ কামত ধৰিলো কিন্তু নাই মন বহুৱাব পৰা নাই। বাৰে বাৰে মোবাইলটোলৈ চকু দিছোঁ 
কেতিয়াবা আকৌ অনলাইন আহিছেনে বুলি খুলি চাই আকৌ থৈছোঁ। যিমানেই সময় বাগৰি গৈছে সিমানেই মোৰ মনটো অস্থিৰ হৈ পৰিছে । তথাপি বুকুত এচপৰা শিল বান্ধি তাইক ব্লক কৰিলো। মই নিবিচাৰোঁ মোৰ বাবে তাইৰ সংসাৰত একোৰা জুই জ্বলক।

ঠিকনাঃ
উত্তৰ লখিমপুৰ

অঙ্গন: পৃষ্ঠা ৩৯
শেষ পৃষ্ঠাৰ লেখাঃ

হোমেন বৰগোহাঞিদেৱৰ জীৱন ৰথ
আৰু
অসমীয়া সাহিত্যলৈ অৱদান

একেধাৰে সাহিত্যিক, সাংবাদিক, সম্পাদক আৰু যৌৱনৰ কালছোৱাত কবি হিচাপে খ্যাতি লাভ কৰা হোমেন বৰগোহাঞিৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত।

প্ৰখৰ মেধাসম্পন্ন হোমেন বৰগোহাঞিয়ে লখিমপুৰতে স্কুলীয়া শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে।

কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতে অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী চৰকাৰী বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰে যদিও পিছলৈ চাকৰি ত্যাগ কৰি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে হোমেন বৰগোহাঞিয়ে।

১৯৫৮ চনত প্ৰখ্যাত অসমীয়া লেখিকা নিৰুপমা বৰগোহাঞিৰ সৈতে হোমেন বৰগোহাঞিয়ে বিবাহপাশত আৱদ্ধ হয়। বৰগোহাঞি দুটি পুত্ৰ সন্তানৰ পিতৃ আৰু ১৯৭৭ চনত তেওঁ নিৰুপমা বৰগোহাঞিৰ পৰা পৃথক হয়।

সৰুৰে পৰা সাহিত্য চৰ্চাৰ প্ৰতি অনুৰক্ত হোমেন বৰগোহাঞিয়ে কটন কলেজত অধ্যনয়ৰত অৱস্থাতে এগৰাকী লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। গল্প-কবিতাৰে লেখক জীৱন আৰম্ভ কৰি প্ৰসিদ্ধি লাভ কৰা হোমেন বৰগোঞাহিয়ে পিছলৈ সমসামিয়ক নিৱন্ধ আৰু জীৱনমূলক ৰচনাৰ সমান্তৰালভাৱে উপন্যাস লিখিবলৈও আৰম্ভ কৰে। অসমীয়া সাহিত্যৰ সমালোচক হিচাপেও কিছু দক্ষতাৰ পৰিচয় দিছিল যদিও পিছলৈ বৰগোহাঞিয়ে সেই ধাৰাৰ অব্যাহত নাৰাখিলে।

‘ইছমাইল শেখৰ সন্ধানত, হাতী, গৰখীয়া আদি গল্পৰ স্ৰষ্টা হোমেন বৰগোহাঞিৰ প্ৰথমখন উপন্যাস হ’ল ‘সুবালা’। ইয়াৰ পিছতে সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰাইয়ে বাওধান খায়, অস্তৰাগ, পিতাপুত্ৰ, তিমিৰ তীৰ্থ, কুশীলৱ, মৎস্যগন্ধা, তান্ত্ৰিক এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা আদিকে কৰি বৰগোহাঞিৰ কেবাখনো উপন্যাস প্ৰকাশ পায়।

১৯৭৮ চনত উপন্যাস পিতাপুত্ৰৰ বাবে হোমেন বৰগোহাঞিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰিও বৰগোহাঞিয়ে মেগৰৰ অসম সাহিত্য উপত্যকা বঁটা, নীলমণি ফুকন বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, মৎসেন্দ্ৰ বঁটা আদিকে ধৰি বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল।

আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু(দুটা খণ্ডত) আৰু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ আদি আত্মজীৱনীমূলক গ্ৰন্থও লিখি থৈ গৈছে হোমেন বৰগোহাঞিয়ে। তেওঁৰ একমাত্ৰ কবিতা পুথিখন হ’ল ‘হৈমন্তী’।

হোমেন বৰগোহাঞিৰ জীৱনৰ উৎকৰ্ষ সাধনমূলক আৰু বিভিন্ন বিষয়ক কেবাখনো ৰচনা সংকলন লিখি থৈ গৈছে। ইয়াৰ ভিতৰত গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজ্ঞাৰ সাধনা, উচ্চাকাংক্ষা, কথা-বাৰ্তা, পাঠকৰ টোকাবহী, আশীৰ দশকৰ দস্তাবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, স্বৰ্গ আৰু নৰক, ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা, ডাৰউইন, মই যেতিয়া ক্লান্ত হওঁ, আত্ম দিপো ভৱ, মোৰ টোকাবহীৰ পৰা আদিয়ে প্ৰধান।

আজীৱন অসম সাহিত্য সভাৰ সমালোচকৰূপে চিহ্নিত হোমেন বৰগোহাঞিয়ে সকলোকে আচৰিত কৰি ২০০২ চনৰ ডিব্ৰুগড় অধিবেশনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ সভাৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাতে অসমীয়া বিশ্বকোষৰ সাতটাকৈ খণ্ড প্ৰকাশ কৰি উলিওৱা হয়।

সাপ্তাহিক নীলাচলত সাংবাদিকতা আৰম্ভ কৰা হোমেন বৰগোহাঞিয়ে বিগত সময়ছোৱাত সূত্ৰধাৰ, নাগৰিক, সাতসৰী আদি আলোচনী, অসম বাণী, আমাৰ অসম, অসমীয়া দৈনিক বাতৰি, নিয়মীয়া বাৰ্তাৰ আদি সাপ্তাহিক আৰু দৈনিক বাতিৰ কাকতৰ সম্পাদক ও মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰতখনলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে। মৃত্যুৰ সময়তো হোমেন বৰগোহাঞি দৈনিক  বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

‘বিংশ শতাব্দীৰ সন্ধানত’, সোণাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ আদি মূল্যৱান গ্ৰন্থও হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰিছিল।

মোৰ সাংবাদিক জীৱন আৰু আশী দশকৰ দস্তাবেজত অসমৰ সেই সময়ৰ সমসাময়িক ৰাজনৈতিক ইতিহাসক বৰগোহাঞিয়ে নিজস্ব দৃষ্টিভংগীৰে পৰ্যালোচনা আৰু বিশ্লেষণ কৰিলেও তেওঁ ৰাজনৈতিক স্থিতিক লৈ বহু সময়ত বিতৰ্কৰো সূত্ৰপাত হৈ আহিছে। কোনো নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি অনুৰক্ত নোহোৱা বৰগোহাঞিৰ ৰাজনৈতিক স্থিতিকলৈ প্ৰশ্ন উত্থাপন হৈ আহিলেও গুণমুগ্ধ আৰু তেওঁৰ সমালোচকসকলক আচৰিত কৰি ২০১৫ চনত বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত সাম্প্ৰদায়িক অসহিষ্ণুতাৰ সৃষ্টি কৰাৰ প্ৰতিবাদত সাহিত্য অকাডেমিৰ পুৰস্কাৰ ঘূৰাই দিছিল।


হোমেন বৰগোহাঞিদেৱৰ বৈবাহিক জীৱন:-
হোমেন বৰগোহাঞিয়ে ১৯৫৮ চনত বিশিষ্ট লেখিকা নিৰুপমা তামুলী(পৰৱৰ্তী কালত নিৰুপমা বৰগোহাঞি)ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু পৰৱৰ্তী কালত ১৯৭৭ চনত দুয়োজনৰে বিবাহ বিচ্ছেদ ঘটে।

হোমেন বৰগোহাঞিৰ সাহিত্যিক জীৱন :-
হোমেন বৰগোহাঞিদেৱে প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ সময়তেই প্ৰায় সাত(৭) বছৰ বয়সতে লিখিবলৈ আৰম্ভ কৰিছিল। প্ৰথমবাৰৰ বাবে হোমেন বৰগোহাঞিদেৱে তেওঁৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক কুলনাথ গগৈদেৱৰ আদেশত এটা কবিতা লিখিছিল আৰু সেয়াই আছিল তেওঁৰ আৰম্ভণি আৰু তাৰ পৰা মৃত্যুপৰ্যন্ত তেওঁৰ কলমৰ চিয়াঁহী অবিৰত সোঁতত বৈ থাকিল। আৰু তেতিয়াই হোমেন বৰগোহাঞি দেৱৰ মনত লেখক হোৱাৰ তীব্ৰ বাসনা জাগি উঠে। সৰুৰে পৰাই হোমেন বৰগোহাঞিৰ এটা অধ্যয়নপিপাসু মন আছিল কিয়নো সেইসময়তে তেওঁলোকৰ ঘৰত বহুতো গ্ৰন্থ আছিল আৰু সৰুৰে পৰা তেওঁ সেই গ্ৰন্থসমূহৰ সংস্পৰ্শতে ডাঙৰ হৈছিল। বিদ্যালয়,মহাবিদ্যালয় সকলো পৰ্য্যায়তে হোমেন বৰগোহাঞিদেৱে সাহিত্য চৰ্চা কৰিছিল। ১৯৫৭ চনত হোমেন বৰগোহাঞিদেৱে উপপতি সমাহৰ্তা ৰ চাকৰি কৰি থকাৰ সময়তে তেওঁৰ জীৱনৰ প্ৰথম গল্পসংকলন “বিভিন্ন কোৰাছ” প্ৰকাশ পায়।

হোমেন বৰগোহাঞিদেৱে তেখেতৰ “বিভিন্ন নৰক” গ্ৰন্থখন লিখি শেষ কৰিবলৈ ১৯৬৮ চনত উপপতি সমাহৰ্তাৰ চাকৰিটো ইস্তাফা দিয়ে। তেখেতে ১৯৭০ চনত পিতা-পুত্ৰ উপন্যাসখন লিখা আৰম্ভ কৰে আৰু এইখন সম্পূৰ্ণ কৰিবলৈ তেখেতক প্ৰায় পাঁচ(৫) বছৰ সময় লাগে।
অসমীয়া সাহিত্যলৈ হোমেন বৰগোহাঞিদেৱে আৰু বহুতো অৱদান দি থৈ গৈছে। অসমীয়া সাহিত্যত তেওঁ প্ৰায় শতাধিক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। গ্ৰন্থ লিখা আৰু পঢ়া তেওঁৰ বাবে আছিল নিচা। তেওঁ প্ৰৱন্ধ সংকলন,উপন্যাস,কবিতা পুথি,গল্পপুথি আৰু লগতে আত্মজীৱনীও ৰচনা কৰি থৈ গৈছে। হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা উপন্যাসসমূহ হৈছে –
১) সুবালা (১৯৬৩)
২) তান্ত্ৰিক(১৯৬৭
৩) কুশীলৱ(১৯৭০)
৪) হালধীয়া চৰায়ে বাওধান খায়(১৯৭৩)
৫) পিতা-পুত্ৰ(১৯৭৫)
৬) তিমিৰ তীৰ্থ(১৯৭৫)
৭) অস্তৰাগ(১৯৮৬)
৮) মৎস্যগন্ধা(১৯৮৭)
৯) সাউদৰ পুতেকে নাওঁ মেলি যায়(১৯৮৭)
১০) নিঃসংগতা(২০০০)
১১) বিষন্নতা(২০০২)
১২) এদিনৰ ডায়েৰী(২০০৩)

লগতে হোমেন বৰগোহাঞিদেৱে ১৯৭১ চনত তেখেতৰ পত্নী নিৰুপমা বৰগোহাঞি দেৱৰ লগত “পুৱাৰ পুৰৱী সন্ধিয়াৰ বিভাস” নামৰ এখন উপন্যাস লিখি উলিয়ায়।
হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে হৈমন্তী(১৯৮৭)।

হোমেন বৰগোহাঞিদেৱে বহুতো গল্প লিখিছিল। তেওঁৰ গল্পসমূহ সন্নিৱিষ্ট হৈ থকা গল্প সংকলনসমূহ হৈছে –
১) বিভিন্ন কোৰাছ(১৯৫৭)
২) প্ৰেম আৰু মৃত্যুৰ কাৰণে(১৯৫৮)
৩) গল্প আৰু নক্সা(১৯৬৬)
৪) স্বপ্ন,স্মৃতি,বিষাদ(১৯৬৭)
৫) অস্তিত্বৰ জ্যোতিৰ্ময় চেতনা
হোমেন বৰগোহাঞিদেৱে কেইবাখনো আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সেইকেইখন হৈছে –
১) “আত্মানুসন্ধান”, (১৯৮৮)
২) “মোৰ সাংবাদিক জীৱন”,(১৯৮৯)
৩) “ধুমুহা আৰু ৰামধেনু [তিনিটা খণ্ডত সমাপ্ত আত্মজীৱনীৰ ১ম খণ্ড(১৯৯৭) আৰু ২য় খণ্ড(১৯৯৮)]”,
৪) “মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ”

হোমেন বৰগোহাঞিদেৱৰ ৰচনা সমগ্ৰ:-
হোমেন বৰগোহাঞিদেৱৰ ৰচনাসমূহ সংকলন কৰি দুখন ৰচনা সমগ্ৰ প্ৰকাশ কৰা হৈছে। সেই দুখন হ’ল –
১) চাৰিটা দশকৰ ফচল:উপন্যাস সমগ্ৰ
২) চাৰিটা দশকৰ ফচল:গল্প আৰু প্ৰৱন্ধ সমগ্ৰ

হোমেন বৰগোহাঞিদেৱৰ সাংবাদিক জীৱন:-
চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিয়েই হোমেন বৰগোহাঞিদেৱৰ সাংবাদিকতাক বৃত্তি হিচাপে গ্ৰহণ কৰে। ১৯৬৮ চনত চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত হোমেন বৰগোহাঞিদেৱে “নীলাচল” নামৰ এখন সাপ্তাহিক কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে সম্পাদনা কৰে আৰু ১৯৭৭ চনলৈকে তেওঁ ইয়াত কাৰ্যনিৰ্বাহ কৰে। ১৯৭৭ চনত হোমেন বৰগোহাঞিদেৱে “নীলাচল” কাকতৰ সম্পাদক পদৰ পৰা অব্যাহতি লয় আৰু “সাপ্তাহিক নাগৰিক” নামৰ এখন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে দায়িত্ব গ্ৰহণ কৰে। ১৯৮০ চনত বৰগোহাঞিদেৱে “লোকায়ত” নামৰ এখন কাকতৰ সম্পাদনা কৰে। ১৯৮১ চনত তেখেতে কলিকতাৰ পৰা প্ৰকাশিত এখন বাংলা দৈনিক কাকত “আজকল”ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ প্ৰতিনিধি হিচাপে নিযুক্তি লাভ কৰে। ১৯৮৭ চনত তেওঁ “সমকাল” নামৰ এখন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে দায়িত্ব বহন কৰে। ১৯৮৯ চনত তেওঁ “সূত্ৰধাৰ” নামৰ এখন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯১ চনত তেওঁ “কিশোৰ” নামৰ এখন চেমনীয়া আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে দায়িত্বভাৰ লয়।

১৯৯৩ চনত হোমেন বৰগোহাঞিদেৱে “অসম বাণী” কাকতৰ সম্পাদকৰূপে নিযুক্তি লাভ কৰে। ১৯৯৭ চনত বৰগোহাঞিদেৱে “অসম বাণী” কাকতৰ সম্পাদকৰ পদৰ পৰা অব্যাহতি লয় আৰু “আমাৰ অসম” কাকতত সম্পাদকৰূপে যোগদান কৰে। ২০০৪ চনত তেওঁ “আমাৰ অসম”কাকতৰ পৰা পদত্যাগ কৰি “দৈনিক বাতৰি” কাকতৰ মুখ্য সম্পাদকৰূপে দায়িত্ব গ্ৰহণ কৰে আৰু ২০০৫ বৰ্ষত তেওঁ তাৰপৰা পদত্যাগ কৰে। তেওঁ ২০০৫ চনৰ পৰা “সাতসৰী” আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৫ চনত ‘নিয়মীয়া বাৰ্তা” কাকতৰ মুখ্য সম্পাদক পদত অধিষ্ঠিত হৈ মৃত্যুলৈকে হোমেন বৰগোহাঞিদেৱ “নিয়মীয়া বাৰ্তা” কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। এনেদৰে, হোমেন বৰগোহাঞিদেৱে অসমৰ বহুতো আগশাৰীৰ কাকত,আলোচনীৰ সম্পাদনা কৰিছিল আৰু তেওঁ যোৱা প্ৰায় পঞ্চাশ(৫০)টা বছৰ ধৰি সাংবাদিকতা ক্ষেত্ৰৰ লগত জড়িত হৈ আছিল।
হোমেন বৰগোহাঞিদেৱে টেলিভিছনটো সাংবাদিকতা কৰিছিল। অসমৰ এটা জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভত পূৰ্বতে তেওঁৰ “মুখামুখি” অনুষ্ঠান সম্প্ৰচাৰ হৈছিল আৰু বৰ্তমান তেখেতৰ “কথা-বাৰ্তা” অনুষ্ঠান সম্প্ৰচাৰ হৈ আছিল।

হোমেন বৰগোহাঞি আৰু অসম সাহিত্য সভা:-
২০০১ চনত হোমেন বৰগোহাঞি অসম সাহিত্য সভাৰ সভাপতিৰূপে নিৰ্বাচিত হয়। তেওঁ অসম সাহিত্য সভাৰ ২০০১ চনৰ ডিব্ৰুগড় অধিৱেশনত আৰু ২০০২ চনৰ কলগাছিয়া অধিৱেশনত সভাপতিত্ব কৰে। হোমেন বৰগোহাঞিদেৱৰ সাহিত্য সভাৰ কাৰ্যকালতে অসম সাহিত্য সভাই “বিশ্বকোষ” আৰু “বিজ্ঞানকোষ” প্ৰকাশ কৰে। হোমেন বৰগোহাঞিদেৱে এইক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল।

হোমেন বৰগোহাঞিয়ে লাভ কৰা বঁটা:-
হোমেন বৰগোহাঞিয়ে চিৰজীৱন অসমীয়া ভাষা-সাহিত্যৰ বাবেই নিজকে উচৰ্গা কৰে। তেখেতৰ সাহিত্যিক অৱদানসমূহৰ বাবে তেখেতে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সেইকেইটা হৈছে :-
◆ পিতা-পুত্ৰ উপন্যাসৰ বাবে ১৯৭৭ চনত অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰে।
◆ পিতা-পুত্ৰ উপন্যাসৰ বাবে ১৯৭৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
◆ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বানে ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।
◆ ২০০০ চনত বংগীয় সাহিত্য পৰিষদৰ হৰনাথ ঘোষ পদক লাভ কৰে।
◆ নীলমণি ফুকন বঁটা লাভ কৰে।
◆ ২০০৭ চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে।
◆ ২০১৫ চনত মৎসেন্দ্ৰ নাথ বঁটা লাভ কৰে।

সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবেও হোমেন বৰগোহাঞিয়ে বঁটা লাভ কৰিছিল। সেইকেইটা হ’ল-

◆ ২০০০ চনত অসম সাহিত্য সভাৰ পৰা কৃতি সাংবাদিকৰ লক্ষ্মীনাথ ফুকন বঁটা লাভ কৰে।
◆ ২০০২ চনত উৎকৃষ্ট সাংবাদিকতাৰ বাবে জয়কৃষ্ণ ৰামদয়াল বঁটা লাভ কৰে।
◆ ২০১৯ চনত সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰা তেওঁ “জীৱনজোৰা সাধনা”ৰ বঁটা লাভ কৰে।


হোমেন বৰগোহাঞিদেৱৰ ৰচনাই সকলোকে জীয়াই থকাৰ বাবে প্ৰেৰণা দিছিল। তেখেতৰ কলমত অন্তৰ্নিহিত হৈ আছিল এক অমোঘ মোহিনী শক্তি। সৰুৰে পৰাই হাতত কলম তুলি লোৱা হোমেন বৰগোহাঞিয়ে আমৃত্যু হাতত কলম লৈয়েই থাকিল। সাহিত্য চৰ্চা আৰু গ্ৰন্থ অধ্যয়ন আছিল হোমেন বৰগোহাঞিদেৱৰ মানসিক খাদ্য যিটো নোহোৱাকৈ তেওঁ এদিনো থাকিব নোৱাৰিছিল। অসমীয়া সাহিত্য ভগতত হোমেন বৰগোহাঞিদেৱ আৰু তেওঁৰ সৃষ্টিসমূহ চিৰকাল ধ্রুৱতৰাৰ দৰে জিলিকি থাকিব আৰু সমূহ অসমীয়াই চিৰকাল তেওঁক মনত ৰাখিব। হোমেন বৰগোহাঞিৰ জন্মদিন অৰ্থাৎ সাত(৭) ডিচেম্বৰৰ দিনটো “প্ৰজ্ঞাৰ দিন”ৰূপে পালন কৰা হয়। হোমেন বৰগোহাঞি আছিল অসমীয়া সাহিত্য তথা সংবাদ জগতৰ এক বটবৃক্ষ। হোমেন বৰগোহাঞিৰ স্পষ্টবাদী ব্যক্তিত্বই সকলো শ্ৰেণীৰ লোককে তেখেতৰ প্ৰতি আকৃষ্ট কৰিছিল। চিৰতৰুণ হোমেন বৰগোহাঞিৰ লেখাত ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক, সাহিত্যিক, স্বাস্থ্যগত আদি সকলোৰে সোৱাদ পোৱা গৈছিল। অসমীয়া সাহিত্যত তেওঁৰ সৃষ্টিৰাজি সদায় সোণালী আখৰেৰে জিলিকি থাকিব।

পৰিণীতা কলিতা
সহ সম্পাদিকা অঙ্গন
ঠিকনা: টিহু,নলবাৰী
ফোন:৯১২৭৫৬৪১২৪


অঙ্গন:  পৃষ্ঠাঃ ৪০





Post a Comment

0 Comments