অঙ্গনঃ তৃতীয় বছৰ (৩য় সংখ্যা)



অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 জুলাই, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে হে সাহিত্য প্ৰেমি শব্দৰ সাধক সকল। জয় জয়তে অঙ্গনৰ পৰিয়ালৰ প্ৰণিপাত গ্ৰহণ কৰিব। আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু হীন-দেৰি হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্ত থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

            ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৩

এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

👉সম্পাদকীয় : পৃষ্ঠা ৫
👉প্ৰৱন্ধ : পৃষ্ঠা ৭-১০
👉গ্ৰন্থ পৰিচয়  : পৃষ্ঠা ১১
👉অণুগল্প : পৃষ্ঠা ১৪-১৬
👉অনুবাদ কবিতা : পৃষ্ঠা ১৭-১৮
👉কবিতা: পৃষ্ঠা ১৯-৩৪
👉পৰিচয় শিতান: পৃষ্ঠা ৩৫-৩৬
👉ভ্ৰমণ সম্পৰ্কীয়: পৃষ্ঠা ৩৭
👉শিশু সম্পৰ্কীয়: পৃষ্ঠা ৩৮
👉গল্প: পৃষ্ঠা ৩৯-৪১
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪২

অঙ্গন: পৃষ্ঠাঃ ৪

অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
মূৰ্চনা নাথ, তামুলপুৰ
(তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী)
ফটোগ্ৰাফাৰঃ ধ্ৰুৱ জ্যোতি দাস
মেক-আপঃ ঝৰ্ণা বসুমতাৰী

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ

জীৱনৰ অপ্ৰয়োজনীয়বোৰ

মানুহ মাত্ৰেই কিছুমান প্ৰয়োজন থাকে। এয়া স্বাভাৱিক কথা। এই প্ৰয়োজনবোৰ বিভিন্ন প্ৰকাৰৰ হয়। যেনে, কিছু প্ৰয়োজন বৈষয়িক, কিছুমান মানসিক আৰু কিছুমান আধ্যাত্মিক। এই প্ৰয়োজনবোৰ আছে বাবেই প্ৰয়োজন পূৰণৰ কথাবোৰ আহি পৰে আৰু এই ধাৰণাৰ লগত ব্যক্তিৰ শ্ৰমৰ কথাবোৰ জড়িত হৈ থাকে।
যিদৰে আমাৰ প্ৰয়োজনীয় বহু বিষয় থাকে একেদৰে আমাৰ বাবে অপ্ৰয়োজনীয় বিষয়ো বহুত আছে। কিন্তু অতি পৰিতাপৰ কথা যে জীৱনৰ অপ্ৰয়োজনীয় বিষয়বোৰ নিৰ্বাচন নকৰাকৈয়ে বহু লোক জীয়াই থাকে। যাৰ ফলত তেনে লোকৰ সময়, ধন, চিন্তা, বক্তব্য আদিৰ অপপ্ৰয়োগ হোৱা দেখা যায়।
কথাখিনি বিতংকৈ বৰ্ণনা কৰিলে পাঠকে বুজাত সহায়ক হ’ব। ধৰা হ’ল, আজি সামাজিক মাধ্যম তথা বিভিন্ন চেটেলাইট চেনেলত বিষয় এটাই হুলস্থুলৰ সৃষ্টি কৰিছে যিটো বিষয়ে ইতিমধ্যে বহু মানুহৰ মনত গভীৰভাবে ৰেখাপাট কৰিছে। কিন্তু আচৰিত কথা যে আমিও স্বতঃস্ফুতভাবে তেনে বিষয়ৰ লগত সাঙোৰ খাই পৰোঁ। বিষয়টো সন্দৰ্ভত নানান প্ৰশ্নৰ উত্তৰ জানিবলৈ বহু লোকৰ লগত যোগাযোগ কৰোঁ, বিষয়টো চৰ্চা কৰি থাকোঁতে কিমান সময় পাৰ হৈ গ'ল গমকেই নাপাওঁ। শেষত যেতিয়া বিবেক উদয় হয়, তেতিয়া আমাৰ নিজৰ ওপৰতেই খং উঠে আৰু ভৱিষ্যতে তেনেদৰে সময় অপচয় নকৰাৰ সাময়িক সংকল্প লওঁ। এই কথাখিনি উল্লেখ কৰাৰ কাৰণ এয়া নহয় যে আমি অনুসন্ধিৎসু হ'ব নালাগিব। অনুসন্ধিৎসু মানুহৰ সহজাত প্ৰবৃত্তি। কিন্তু আমাৰ কাম, চিন্তা, জীৱনৰ উদ্দেশ্যৰ লগত সম্পৰ্ক নথকা এনে প্ৰবৃত্তিয়ে আমাৰ জীৱনৰ কিমান সময়ৰ অপচয় কৰিছে সেয়া অলপ দ কৈ ভাবি চালেই বুজিব পৰা হ'ব। সামাজিক মাধ্যমৰ বিষয়টো এটা উদাহৰণহে মাথোন। এইদৰে আমি জীৱনৰ বাটত আগুৱাই যাওঁতে এনে কিমান অপ্ৰয়োজনীয় আলোচনাত মচগুল হৈছোঁ, অপ্ৰয়োজনীয় মোবাইল এপত সময় অপচয় কৰিছোঁ, অপ্ৰয়োজনীয় কাম, চিন্তা কৰি নিজকে মানসিকভাবে নিৰ্যাতন কৰিছোঁ তাৰ লেখ নাই।
মহাভাৰতৰ অৰ্জুন আছিল শ্ৰেষ্ঠ যোদ্ধা। অৰ্জুনে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ লোৱাৰ সময়ত এদিন গুৰুৱে আটাইবোৰ শিষ্যকে এটি চৰাইৰ চকুৰ মণিত অস্ত্ৰ নিক্ষেপ কৰিবলৈ দিয়া কাহিনী আমি সকলোৱে পঢ়িছোঁ। এই কাহিনীটোকে আমাৰ দেশৰ উপযুক্ত কৰ্মসংস্কৃতিৰ নিদৰ্শন বুলি গণ্য কৰা হয়। এই কাহিনীটোৰ মূল ভেটি হৈছে― 'একাগ্ৰতা'। কায়-বাক্য-মনে একেটা কামত নিজকে সম্পূৰ্ণকৈ আত্মনিয়োগ কৰাৰ মাজতেই জীৱনৰ সফলতা নিৰ্ভৰ কৰে। কিন্তু আমি জানো সঁচাকৈয়ে একাগ্ৰতাৰে নিজকে কামত সমৰ্পন কৰিব পাৰিছোঁ? প্ৰকৃতাৰ্থত এই একাগ্ৰতা তেতিয়াহে সম্ভৱ যেতিয়া আমি অপ্ৰয়োজনীয় চিন্তা, অপ্ৰয়োজনীয় কথা বতৰা, অপ্ৰয়োজনীয় কাম, অপ্ৰয়োজনীয় বিষয়বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিম।
আহকচোন, এই অপ্ৰয়োজনীয়বোৰ আমি নিৰ্বাচন কৰোঁ আৰু নিজৰ চিন্তা, কথা বতৰা, সময়, ধন আদি উপযুক্তভাবে বিনিয়োগ কৰি জীৱনৰ বাটত আগুৱাই যাওঁ।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

 অঙ্গন: পৃষ্ঠাঃ ৬
বিশেষ ঘোষণাঃ

অঙ্গনৰ সমূহ লেখক/লেখিকাৰ জ্ঞাতাৰ্থে জনোৱা হ'ল যে অঙ্গনৰ সম্পাদনা সমিতিৰ বিশেষ সিদ্ধান্ত মৰ্মে অঙ্গনত যিকোনো এজন লেখকৰ এটা লেখা প্ৰকাশ হৈ যোৱাৰ পিছত পুনৰ তেখেতৰ লেখা দুটা সংখ্যাৰ পিছতহে প্ৰকাশ কৰা হ'ব। উল্লেখ্য যে এই সিদ্ধান্ত আলোচনীখনত প্ৰকাশ পোৱা বিশেষ শিতানসমূহতহে প্ৰযোজ্য হ'ব।

ধন্যবাদেৰে
অংকুৰণ প্ৰকাশন, পষেকীয়া ই-আলোচনী অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৭

প্ৰৱন্ধঃ


    চিকিৎসক দিৱস  

মঞ্জুষা শৰ্মা 

শিৰোনামাই আমাক সোঁৱৰাই দিয়ে যে চিকিৎসক আৰু চিকিৎসা বৃত্তিৰ লগত জড়িত ব্যক্তিৰ বাবে এটি স্মৰণীয় দিন | চিকিৎসক সকল আমাৰ বাবে এজন দেৱদূতৰূপী ভগৱান | কাৰণ যেতিয়া আমাৰ বা আমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ বা কিবা দুৰ্ঘটনা হয় তেতিয়া তেখেত সকলৰ  এষাৰ মাত বা আশ্বাসে ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ মনত যথেষ্ট আশা বা সাহস দিয়ে ; যিয়ে বিপদসংকুল পৰিস্থিতত নিজকে স্থিৰ  কৰি ৰাখিবলৈ সক্ষম হয় | আকৌ আমি পাহৰিব নোৱাৰা অন্য এটি ঘটনা হ'ল যে আজি দুবছৰৰ আগতে বিশ্ব কঁপাই যোৱা  কৰ'ণা কালত  তেখেতসকলে নিজৰ পৰিয়াল , ঘৰ - সংসাৰ তথা নিজৰ জীৱনকো তুচ্ছ কৰি মানৱ সেৱাত যি সাহস আৰু ধৈৰ্যৰে ত্ৰাণকৰ্তাস্বৰূপে সকলোৰে পৰা আঁতৰি বিভৎস্য মৃত্যু যন্ত্ৰণাৰ সৈতে যুঁজি থকা ব্যক্তিসকলৰ কাষত থিয় হৈ যি সাহস যোগাইছিল সি যে সঁচাই প্ৰশংসনীয় | সেয়েহে তেনে ব্যক্তিসকলৰ বাবে আমি এটি দিন নিৰ্দিষ্ট ভাৱে লৈ তেখেতসকলক উৎসাহিত কৰা বা সন্মানাৰ্থে কৃতজ্ঞাৰ চিন স্বৰূপে উৰ্চগা কৰাতো তেনেই নগণ্য কাম | এই দিৱসে এই বৃত্তিৰ লগত জড়িত দন্ত চিকিৎসকৰ পৰা স্নায়ুৰোগ বিশেষজ্ঞ , হেমিঅ' পেথিক , আয়ুবেদিক সকলোকে সামৰি লৈছে |
  চিকিৎসক দিৱসৰ এক সুকীয়া ইতিহাস আৰু তাৎপৰ্য আছে | এই দিৱস প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়াৰ বেৰ'কাউন্তি নামে ঠাইৰ  Eudora Brown Almond  নামৰ এগৰাকী সমাজ সেৱিকাই উলিয়াইছিল | তেওঁ শৈশৱৰ পৰাই তেওঁলোকৰ গৃহ চিকিৎসকসকলে তেওঁলোকৰ পৰিয়াললৈ আগবঢ়োৱা সেৱা তথা সহায় - সহযোগবোৰ দেখি চিকিৎসকসকলৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে এনে এটা দিৱস উদযাপনৰ কথা ভাবিছিল | সৌভাগ্যক্ৰমে ইউডৰা ব্ৰাউন এলমণ্ডৰ বিবাহ হ'ল Charles B.  Almond  নামৰ এজন প্ৰখ্যাত চিকিৎসকৰ লগত | ফলস্বৰূপে তেওঁৰ এই কথাটো কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ সহজ হৈ পৰিল | তেওঁ ৩০ মাৰ্চ দিনটোৱেই ' চিকিৎসক দিৱসৰ বাবে উপযুক্ত দিন হ'ব বুলি ভাবিলে | কাৰণ ১৮৪২ চনৰ সেই দিনটোতেই জৰ্জিয়াৰ জেফাৰচন চিকিৎসালয়ৰ প্ৰখ্যাত চিকিৎসক  Crawford W.  Long য়ে বিশ্বত প্ৰথম বাৰৰ বাবে অস্ত্ৰোপচাৰত সংজ্ঞাহৰণ ঔষধ ( anesthesia) প্ৰয়োগ কৰি সফল হৈছিল | সেয়েহে ১৯৩৩ চনৰ ৩০ মাৰ্চৰ দিনা সেই মহান চিকিৎসকজনাৰ সমাধিত ফুলৰ থোপাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চিকিৎসক দিৱসৰ শুভাৰম্ভ কৰিছিল | পিচত ১৯৫৮ চনত আমেৰিকাৰ প্ৰতিনিধি সভাত ৩০ মাৰ্চৰ দিনটো চিকিৎসক দিৱস হিচাপে পালন কৰিবলৈ এক প্ৰস্তাৱ গ্ৰহণ কৰিলে | ১৯৯০ চনত আমেৰিকাৰ কংগ্ৰেছত ৩০ মাৰ্চ তাৰিখটো 'ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ' ৰূপে ঘোষণা কৰি এখন বিল পাচ হয় , য'ত ৰাষ্ট্ৰপতি জৰ্জ বুশ্বে স্বাক্ষৰ কৰি আইনত পৰিণত কৰে | এপাহ ৰঙা সুগন্ধি ফুল 'চিকিৎসক দিৱস' ৰ চৰকাৰী প্ৰতীক ৰূপে বাচি লয় | এই ফুলৰ ৰঙটোৱে প্ৰেম  , উদাৰতা , ত্যাগ , বীৰত্ব আৰু নৈতিক সাহসক সূচায় যি চিকিৎসা বৃত্তিৰ সৈতে একাত্মক |

  এই আৰ্হিতেই ভাৰতটো  'চিকিৎসক দিৱস ' উদযাপন কৰা হয় খুব কম সংখ্যক লোকৰ সহযোগত | ভাৰতত এজন প্ৰখ্যাত চিকিৎসক আৰু জননেতা ডা. বিধান চন্দ্ৰ ৰয়ৰ জন্ম দিনত এই দিৱস পালন কৰা হয় | ১৮৮২ চনৰ জুলাই মাহৰ ১ তাৰিখে বিহাৰৰ পাটনা চহৰত এইজনা মহান ব্যক্তিৰ জন্ম হৈছিল | কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ  পৰা স্নাতক ডিগ্ৰী লৈ ইংলণ্ডৰ পৰা  MRCP ডিগ্ৰী লয় | তাৰ পিছত ১৯১১ চনত ভাৰতলৈ আহি প্ৰথমে "কলিকতা মেডিকেল কলেজত " তাৰ পিছত "কেম্পবেল মেডিকেল স্কুল " ত আৰু তাৰ পিছত " কাৰমিশ্যাল মেডিকেল কলেজ " ত অধ্যাপনা কৰিছিল | ডা. বিধান চন্দ্ৰ ৰয় এজন দক্ষ চিকিৎসক বা শিক্ষাবিদেই নহয় এজন আগশাৰীৰ স্বাধীনতা যুঁজাৰুও আছিল | মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা "আইন অমান্য " আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি দেশ প্ৰেমৰ পৰিচয় দিছিল | ডা. ৰয় এজন নিভাজ সমাজ কৰ্মীৰ লগতে বহু অনুষ্ঠানৰ পিতৃস্বৰূপ আৰু ৰোগীৰ বাবে আছিল সাক্ষাত ভগৱান | 
      ডা. বিধান চন্দ্ৰ ৰয়দেৱ শেষলৈ ৰাজনৈতিক ক্ষেত্ৰখনটো সোমাই পৰে | ইয়াৰ প্ৰধান কাৰণটোৱেই হৈছে তেখেতৰ সমাজৰ উন্নয়নৰ অৰ্থে থকা অৱদান , জন সাধাৰণৰ প্ৰতি থকা অকৃত্রিম স্নেহ আৰু সেৱাৰ মনোভাৱ | এই সকলোবোৰেই তেখেতক ৰাজনীতি ক্ষেত্রলৈ লৈ আনিলে | যাৰ বাবে তেখেতে জাতীয় কংগ্ৰেছৰ নেতৃত্ব বহন কৰাৰ উপৰিও পিছলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিবলৈ সক্ষম হৈছিল | ১৯৬২ চনৰ ১ জুলাই দিনা দীঘলীয়া ব্যস্ত কৰ্মজীৱনৰ পৰাই নহয় এই বিশ্বৰ পৰা চিৰকুমাৰ ডা. ৰয়দেৱৰ পাৰ্থিৱ দেহৰ সঁজাত বন্দী হৈ থকা প্ৰাণ পক্ষীটি মুকলি হৈ সকলোৰে অজ্ঞাতে নিথৰ দেহটো মাথোঁ অনুগামী সকলোলৈ এৰি  অজান দেশলৈ গুচি গ'ল |
       চিকিৎসক দিৱসত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় | জনসাধাৰণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰাৰ বাবে ডা. ৰয় দেৱলৈ কৃতজ্ঞতাৰ চিন স্বৰূপে ভাৰত চৰকাৰৰ ফালৰ পৰা ১৯৬১ চনত সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন " প্ৰদান কৰা হয় | তদুপৰি তেওঁৰ স্মৃতিত ১৯৭৬ চনৰ পৰা B.  C. Roy national Award প্ৰৱৰ্তন কৰা হয়| 
     চিকিৎসক দিৱসৰ এই মহান দিনটোত জনসাধাৰণেও চিকিৎসক সকলক  যথোচিত শ্ৰদ্ধা , সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াক সাৰ্থক কৰাৰ লগতে এক গুৰুত্বপূৰ্ণ দিৱসত পৰিণত কৰাতো সকলোৰে কৰ্তব্য | শেষত সকলো চিকিৎসক তথা চিকিৎসা বৃত্তিৰ লগত জড়িত ব্যক্তিসকললৈ "  চিকিৎসক দিৱস "ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ |

 তিতাবৰ
               

 অঙ্গন: পৃষ্ঠাঃ ৮

 অসমৰ অম্বুবাচী উৎসৱৰ তাৎপৰ্য

বীৰেশ্বৰ ৰাভা


          অসমৰ কামৰূপ জিলাৰ নীলাচল পাহাৰত অৱস্থিত দেৱী মা কামাখ্যা ধামত অতীজৰে পৰা চলি অহা বৰ্ষা উৎসৱ বা "অম্বুবাচী মেলা" ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰে এক মহাপুণ্য মেলা হিচাপে পৰিগণিত হৈ আহিছে। ই কৃষিভিত্তিক ঋতুকালীন উৎসৱ যদিও ই নাৰীকেন্দ্ৰিক উৎসৱ হিচাপেও পৰিগণিত হৈ আহিছে। এই উৎসৱ জেঠ মাহ শেষ হ'বলৈ চাৰি দিন বাকী থাকোঁতে আৰম্ভ হৈ আহাৰ মাহৰ তিনি তাৰিখলৈকে চলে। লৌকিক দেৱতা আৰু লোকাচাৰ আদিক কেন্দ্ৰ কৰিয়েই যিহেতু লোক উৎসৱসমূহ গঢ়ি উঠে, গতিকে অসমত পৰম্পৰাগতভাৱে চলি অহা অম্বুবাচী মেলাও তেনে এক উল্লেখযোগ্য মেলা বা উৎসৱ।
         সংস্কৃত ভাষাত "অম্ব" মানে হ'ল "পানী"। সেয়ে অসমীয়া আমোতী বা অম্বুবাচীৰ সৈতে ইয়াৰ মিল আছে। মাটি আৰু পানীৰ গুণাগুণখিনি এই উৎসৱৰ লগত নিহিত হৈ আছে। 
          বৰ্ষা ঋতু আহাৰ মাহৰ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদত সূৰ্যৰ অৱস্থিতিৰ কালত "মিথুন" ৰাশিত ষাঠ বা অম্বুবাচীৰ প্ৰবৃত্ত হয়। অসমত হিন্দু ধৰ্মীয় লোকসকলৰ মাজৰ প্ৰচলিত উৎসৱসমূহৰ ভিতৰত অম্বুবাচী মেলাও এটা বৈদিক যুগৰ পৰা চলি অহা প্ৰাচীন পৰম্পৰা ৰূপে অব্যাহত আছে।
          সূৰ্য মিথুন ৰাশিত উদয় হোৱাৰ লগে লগে আহাৰ মাহৰ দ্বিতীয় সপ্তাহত আই বসুমতী ৰজঃস্বলা হয় বুলি জন বিশ্বাস আছে। আহাৰ মাহৰ সাত তাৰিখৰ পৰা দহ আহাৰৰ নিশালৈকে আই বসুমতী ৰজঃস্বলা হৈ থকা বাবে সেই চাৰিদিন দেৱীৰ মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয়। পুনৰ অহাৰ মাহৰ এঘাৰ তাৰিখে (আই বসুমতী সুদ্ধিৰ দিনা) মা কামাখ্যা পীঠত অম্বুবাচী মেলা আৰম্ভ হয়। 
         আই বসুমতীক জন্মদাত্ৰী মাতৃ হিচাপে কল্পনা কৰি সৃষ্টিৰ প্ৰকৃতি ধৰ্মীয় গুণৰাশি সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ দৃষ্টান্ত পৃথিৱীৰ বহু জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত থকা দেখা যায়। বিশেষকৈ বড়ো, কছাৰী আৰু ৰাভা সকলৰ মাজত মা কামাখ্যা (তেওঁলোকৰ মতে- খাম-মাই-খা) দেৱীৰ পূজা-সেৱা অন্যতম। তেওঁলোকৰ মনত বিশ্বাস যে স্বয়ং জন্মদাত্ৰী মাতৃ আই বসুমতীয়ে বছৰেকত এবাৰ ঋতুস্নান কৰে। ফলত আই বসুন্ধৰাই নতুন সাজ সলাই শস্য শ্যামলী ৰূপত কঠীয়াতলীত বীজ সিঁচি দিবলৈ ধৰা দিয়েহি।
          অসমৰ কামৰূপ জিলাৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামৰ অম্বুবাচী মেলা বা উৎসৱৰ উপৰিও উৰিষ্যা, বঙ্গ আৰু উত্তৰ-পূব ভাৰতৰ আৰ্য হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজতো অম্বুবাচী উৎসৱ প্ৰচলিত থকাৰ কথা বিদ্যমান। ষাঠৰ বৰষুণে সাৰুৱা কৰাৰ ফলত পথাৰত নতুন সৃষ্টিৰ বাবে প্ৰচুৰ সম্ভাবনা যোগায় বুলি অতীজৰে পৰা অম্বুবাচীক কেন্দ্ৰ কৰি বহু জনবিশ্বাস, সংস্কাৰ আৰু আচাৰ-অনুষ্ঠান আদিৰ গঢ়লৈ উঠা দেখা যায়। অসমৰ অম্বুবাচী উৎসৱও তাৰে এক ফচল।
        অসমৰ নীলাচল পাহাৰৰ কামাখ্যা ধামৰ অম্বুবাচী উৎসৱত ভাৰতৰ উপৰিও সমগ্ৰ বিশ্বৰ পৰাও অনেক ভক্ত দৰ্শনাৰ্থীৰ সমাগম ঘটে।শুনা যায় যে বহু সাধু-সন্ন্যাসীয়ে হেনো বাৰ বছৰ কাল ধৰি ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান দৰ্শন কৰি শেষত তেৰ বছৰটোত মা কামাখ্যা দেৱীক দৰ্শন কৰিবলৈ আহে। তেওঁলোকৰ মতে হেনো- ভাৰতবৰ্ষৰ যিমানেই তীৰ্থস্থান সমূহ দৰ্শন নকৰক কিয়, অম্বুবাচীৰ সময়ত কামাখ্যা দেৱীক দৰ্শন নকৰিলে কোনো পুণ্য অৰ্জন নহয়।
       আহাৰ মাহৰ প্ৰথম পক্ষত আমোতী বা ষাঠ আৰম্ভ হোৱাৰ আগতে গাঁৱৰ বুঢ়া-বুঢ়ী, ককা-আইতাহঁতে পিন্ধা-উৰা বস্ত্ৰ বা নিত্য ব্যৱহাৰ্য্য সামগ্ৰী খিনিৰ বাহিৰে যাৱতীয় সকলো বস্তু, কানি-কাপোৰ আদি সকলো কাৰোৰে চকুত নপৰাকৈ আলগাই থৈ দিয়ে। যিহেতু বিশ্বাস যে আই বসুমতী সেই চাৰিদিন ৰজঃস্বলা হৈ থাকে। চাৰিদিন পিছত আই বসুমতী শুদ্ধ নোহোৱালৈকে সেইবোৰ কাকো চুব নিদিয়ে। আনকি সেইকেইদিন মাটি খন্দা, হাল বোৱা, কোৰ মৰা, বীজ সিঁচা আদি কামবোৰ কৰা নিষেধ বুলি গণ্য কৰা হয়। মূঠৰ ওপৰত অম্বুবাচীৰ কালছোৱাত কাপোৰ-কানি, বাচন-বৰ্তন, খাদ্য বস্তু আদিৰ মাটিৰ লগত প্ৰত্যক্ষভাৱে সংস্পৰ্শ নকৰাকৈ চাং পাতি নাইবা খাটৰ ওপৰত আলগাই ৰখাৰো এক জনবিশ্বাস আছে। মানুহৰ মনত চুৱা লগাৰ ভাব এটা থকাৰ বাবে সেইকেইদিন অন্ততঃ গোসাঁই ঘৰত নাইবা আন কোনো মাঙ্গলিক অনুষ্ঠান আদিত বন্তি জ্বলোৱা নহয়।
         অম্বুবাচীৰ সময়ত ব্যৱহৃত বাচন- বৰ্তন, বাঢ়নী, ধানখেৰ আদিৰ দ্বাৰা তৈয়াৰী পাকঘৰৰ শোঁটা, তেল, খাৰ, নিমখ, মচলাপাতি থোৱা বৈয়াম, বটল হাড়ী-চৰু আদি অপবিত্ৰ বুলি গণ্য কৰা হয়। আৰু সেইকেইদিন পোহনীয়া চৰাই ভাটৌ, ময়না, শালিকা, হাঁহ-কুকুৰা, গৰু-ছাগলী, কুকুৰ, মেকুৰী আদি জীৱ-জন্তুক বাহি পানী বা খাদ্য বস্তু খুৱালে অনিষ্ট হয় বুলি বিশ্বাস কৰা হয়। আন এক জনবিশ্বাস মতে, অম্বুবাচীৰ সময়ত গাখীৰ খালে সম্পূৰ্ণ বছৰটোলৈ সৰ্পদংশনৰ ভয় নাথাকে বুলি ধৰি লোৱা হৈছিল।
          অম্বুবাচীৰ শুদ্ধিৰ দিনা ব্যৱহাৰ কৰা কাপোৰ-কানি সকলো ধুই, বাচন- বৰ্তন ধুই, ঘৰ-চোঁতাল আদি সকলো ঠাই চাফ-চিকুন কৈ মচি, গা-পা ধুই উঠি পূজা কৰা তুলসীৰ পবিত্ৰ পদজল ছটিয়াই সকলোকে শুদ্ধ কৰা হয়। সেই দিনা ঘৰত বতৰৰ ফল-মূল, ধূপ-ধূনা, চাকি-বন্তি আদি নানা তৰহৰ উপাচাৰ ভগৱানৰ ওচৰত আগবঢ়াই পূজা- অৰ্চনাৰে অম্বুবাচী উৎসৱ পালন কৰা হয়। অসমীয়া সমাজ জীৱনত অম্বুবাচীৰ এনেবোৰ জনসংস্কাৰ এতিয়াও অব্যাহত আছে।
          অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ সময়ছোৱালৈকে দেৱীৰ মন্দিৰৰ দুৱাৰ বন্ধ ৰখাৰ পিছত, নিবৃত্তিৰ দিনা মূল পীঠ দৰ্শন কৰিবলৈ ভাৰতবৰ্ষৰ লগতে দেশ-বিদেশৰ পৰা যাত্ৰীৰ সমাগম হোৱাটো বেচ মনকৰিবৰগীয়া বিষয়।
         কামাখ্যা দেৱীৰ ৰজঃস্বলা অৱস্থাৰ "ৰক্ত বস্ত্ৰ" ৰূপে সেইকেইদিন যোনি পীঠত পাৰি থোৱা "অঙ্গৰু বস্ত্ৰ' খনক মূল নিৰ্মালি ৰূপে ভক্তসকলে গ্ৰহণ কৰাৰ কথা বা দৃশ্য নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিবলৈ টান লাগে। লোকবিশ্বাস মতে, এই বস্ত্ৰখনৰ অকণমান টুকুৰা এটিও যদি ঘৰলৈ আহে, তেন্তে সেই ঘৰখন সৌভাগ্যশালী ঘৰ স্বৰূপে বিবেচিত কৰা হয়। কামাখ্যা তন্ত্ৰত সৃষ্টিশীলতাৰ প্ৰসৱিনী দেৱী মা কামাখ্যাৰ বৰ্ণনা পোৱা যায়। কিংবদন্তি মতে, যোনিপীঠ--মা কামাখ্যা ধামত দেৱী কামাখ্যাই ৰজঃস্বলা অৱস্থাত নিজৰ স্ত্ৰী অঙ্গত ব্যৱহাৰ কৰা কাপোৰ খনকেই "অঙ্গৰু বস্ত্ৰ" বুলি কোৱা হয়।
          অম্বুবাচী উৎসৱ কৃষিজীৱি লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসৱ। আদিম মানৱে সৃষ্টিৰ কথা চিন্তা কৰি পৃথিৱীক শস্য শ্যামলা কৰিবলৈ আকাশক পূৰ্ণ শক্তিৰে পৃথিৱীক আকৰ্ষণ কৰিবলৈ প্ৰাৰ্থনা কৰাটোৱেই হ'ল বৰ্ষা ঋতুৰ অম্বুবাচী উৎসৱৰ মূল উদ্দেশ্য। বৰ্ষা ঋতুক সৃষ্টিৰ উৎস বুলি মানি অহা হৈছে। বৰ্ষাৰ মেঘৰ গাজনিয়ে সূৰ্যৰ পিতৃত্বৰ কামনাৰে মাটিৰ বুকুত মৰম-চেনেহ বিচাৰি মূষলধাৰে বৰষুণৰ বন্যা নমাই আনে। জনবিশ্বাস মতে, এই সময়ত ৰজঃস্বলা বসুমতী আয়ে সূৰ্য দেৱতাক পাবলৈ আকুল হৈ পৰে। ইয়াৰ উপৰিও অম্বুবাচী উৎসৱৰ একেধৰণে মাটিৰ বুকুত মৰম-চেনেহ বিচাৰি দেওধনী গীত-নৃত্যও পৰিৱেশন কৰা দেখা যায়। সৃষ্টিৰ কামনা-বাসনাৰে পূৰ্ণ নাৰীয়ে প্ৰকৃতিৰো কামনা-বাসনা যোগাব পাৰে। অম্বুবাচী উৎসৱৰ মূল লক্ষ্য বা তাৎপৰ্য হ'ল - মানৱ জাতিৰ প্ৰাণত কৰ্ম প্ৰেৰণা যোগাই তোলা।
          এই উৎসৱে কৃষিজীৱি লোকসকলৰ লগতে আকাশক পিতৃ আৰু পৃথিৱীক মাতৃ বুলি মানি পৃথিৱীৰ বুকুত গীত-নৃত্য কৰি শস্যৰ ভঁৰাল টনকিয়াল কৰিবলৈ যুগে যুগে প্ৰেৰণা দি আহিছে। কালক্ৰমত এই উৎসৱ লেখত লবলগীয়া উৎসৱ হিচাপে বিশ্বত পৰিগণিত হ'ল।


অঙ্গন: পৃষ্ঠাঃ ৯

সংবাদ মাধ্যম আৰু যুৱ প্ৰজন্ম

ক্ষিৰুদ হাজৰিকা

আধুনিক যুগৰ আগমনে ন ন প্ৰযুক্তিৰো সংযোজনো ঘটাইছে। এনে সংযোজনে উন্মোচিত কৰিছে তথ্য প্ৰেৰণ আৰু যোগাযোগৰ নিত্য নতুন বাট। এনে বহু প্ৰযুক্তি আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগও হৈ পৰিছে। তেনে এক তথ্য প্ৰযুক্তিৰ মাধ্যমে হৈছে সামাজিক মাধ্যমবোৰ। সামাজিক মাধ্যম বুলিলে সেই সকলো ধৰণৰ Application বা ৱেবচাইটক বুজা যায় য’ত ইন্টাৰনেটৰ মাধ্যমেৰে তথ্য, খবৰ অথবা ইলেক্ট্ৰনিক কন্টেন্ট যেনে ছবি বা ভিডিঅ’ আদিৰ আদান প্ৰদান কৰিব পাৰি আৰু আনৰ সৈতে বাৰ্তালাপ আৰু যোগাযোগ প্ৰতিষ্ঠা কৰিব পাৰি। এই সামাজিক মাধ্যমবোৰ যেনে – অৰকোট, স্কাইপ, ফেচবুক, টুইটাৰ, ৱাটছএপ, ফেচবুক মেচেঞ্জাৰ, উইচাট, ইনষ্ট্ৰাগ্ৰাম, টেলিগ্ৰাম, গোগল ডোঅ’, টিকটক আদিৰে এখন ভাৰ্চুৱেল পৃথিৱীৰ সৃষ্টি কৰিছে। এই ভাৰ্চুৱেল পৃথিৱীখনে আৱৰি ৰাখিছে আমাৰ মনোজগত কিম্বা সামাজিক জীৱন। এটা ক্লিকত বিশ্বৰ ভিন্ন প্ৰান্তৰ দুজন অচিনাকি ব্যক্তি যোগাযোগত আহিব পৰা হৈছে, আদান প্ৰদান কৰিব পাৰিছে ভাবৰ, সংস্কৃতিৰ। এনে হৈ পৰিছে যে সাম্প্ৰতিক সময়ত বিশ্বৰ সকলো প্ৰান্তত গোলকীকৰণৰ এই নতুন মাধ্যমে আগুৰি পেলাইছে সমগ্ৰ পৃথিৱী। ভিন্ন বয়সৰ লোকে এই মাধ্যমসমূহক কৰি পেলাইছে নিজৰ জীৱনৰ এক অভিন্ন অংগ। এই লোকসকলৰ ভিতৰত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে আমাৰ যুৱ সমাজ। যুৱ সমাজৰ মাজত এই ধৰণৰ সামাজিক মাধ্যমসমূহৰ প্ৰসাৰ দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে বহুসংখ্যক যুৱক যুৱতীয়ে উন্নতিৰ শিখৰত আৰোহন কৰিবলৈ সক্ষম হৈছে যদিও ৪ তৃতীয়াংশ যুৱক যুৱতী বিপথে পৰিচালিত হোৱা দেখা গৈছে। এই যুৱক যুৱতী সকলক বিপথে পৰিচালিত কৰাত বহুকেইটা সংবাদ মাধ্যমে আগভাগ লোৱাৰ লগতে আমাৰ দেশৰ বুদ্ধিজীৱী সকলো নিদিষ্ট দূৰত্বত অৱস্থান কৰা পৰিলক্ষিত হৈছে। ফেচবুকৰ পৃষ্ঠাই পৃষ্ঠাই যৌন উত্তেজক বাতৰি আৰু অতি মাত্ৰা ধৰ্মীয় গোড়ামিৰে পৰিবেশন কৰা বাতৰিক বয়োজ্যেষ্ঠ সকলেও তৃপ্তিৰ বাবে উদগনি মূলক মন্তব্য আগবঢ়াই পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিছে। অকল যে যৌন উত্তেজনাক বা ধৰ্মীয় গোড়ামিত সংবাদ পোৰ্টৈল সমূহ সীমাবদ্ধ আছে এনে নহয় । মিছা বাতৰি পৰিবেশন কৰি সমাজক ভয় বিহ্বল কৰি অধিক মুনাফা আদায় কৰা এতিয়া সিহঁতৰ এক বৃত্তি হৈ পৰিছে। এনেদৰে আৰু কিছুদিন পাৰ হ'লে সংবাদ মাধ্যম সমূহৰ দৌৰাত্ম্যৰ ফলত দেশৰ যুৱ সমাজ একেবাৰে পঙ্গু হৈ পৰিব । সেয়েহে সচেতন মহললৈ মোৰ এটি অনুৰোধ অতি ৰঞ্জিত ভাৱে প্ৰচাৰ কৰা বাতৰি দেখাৰ লগে লগে মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকি ৰিপট চেন্টাৰলৈ গৈ ৰিপৰ্ট মাৰিব। সকলো সচেতন মহল এক গোট হোৱাটো সময়ৰ আহ্বান অন্যথা আমাৰ ভৱিষ্যত প্ৰজন্ম ঘোৰ অন্ধকাৰৰ দিশে।

 
উত্তৰ লখিমপুৰ (বগীনদী )।

 অঙ্গন: পৃষ্ঠাঃ ১০


আবেগিক মনৰ কথাৰে

ৰাজশ্ৰী বৰা

আবেগিক শব্দটো শুনি শুনি এতিয়া স্বাভাৱিক হৈ পৰিছোঁ। হয়, মই বৰ আবেগিক আৰু  আপুনি ?
আবেগিক মানুহবোৰক ওচৰৰ পৰা লগ পাইছে নে কেতিয়াবা ? তেওঁলোকৰ মনৰ ভিতৰখন জুমি চোৱাৰ সুবিধা আপোনাৰ হৈছে নেকি ? যাৰ হৈছে তেওঁলোকে জানে যে এই মানুহবিধৰ স্বভাৱ, অভ্যাস অথবা চিন্তা ধাৰা কেনেধৰণৰ হয়। আবেগৰ প্ৰৱণতা অধিক মানুহজনক আপুনি মই আবেগিক বুলি নামাকৰণ কৰোঁ, নহয় জানো। এই আবেগিক মানুহবোৰ বেলেগ নেকি ? যদিহে তেওঁলোক আনতকৈ পৃথক তেতিয়া হ'লে কিহত ভিন্নতা আছে বাৰু !এনে ধৰণৰ নেকি-
 : আবেগিক ব্যক্তিয়ে প্ৰায়ে কথাবোৰ হৃদয়ৰ পৰা চিন্তা কৰে।
: আবেগিক সকলে যিকোনো কথা হৃদয়ত লৈ লয়।
: আবেগৰ প্ৰৱণতা বেছি হোৱাৰ কাৰণে হয়তো সকলো কথা অতি গভীৰ কৈ ভাবে।যিকোনো কথা সহজতে এৰি দিবলৈ নাজানে।
: খুব সৰু কথাতে জগৰ লাগে। এই জগৰ কিন্তু অতি সহজতে ভাঙিব পৰা যায়। এই ক্ষেত্ৰত যি জনে আবেগিক মনটোক বুজি ল'ব পাৰে তেওঁ কম সময়তে ঠেহ পেছ আঁতৰাব পাৰে।
: সম্পৰ্কক লৈ বৰ সচেতন হয়।
: বৰকৈ মৰম আকলুৱা হয়।সন্মান, আত্মবিশ্বাস, নিজস্বতাত এই আদৰ্শবোৰৰ দ্বাৰা বৰকৈ প্ৰভাৱান্বিত হয়।
: আবেগিকজনে কৃত্ৰিমতা ভাল নাপায়। জীৱনৰ প্ৰতিটো ঘটনা, কথা নিজৰ হৃদয়ৰ লগত সংলগ্ন কৰি সুখ পায়।
: আবেগিক কাৰণে হয়তো আনক কষ্ট দিব নোৱাৰে অথচ নিজে সহ্য কৰিব পাৰে।
: আবেগিক সকলে আপোনাৰ পৰা অকণমান কেয়াৰ, মৰম, বিশ্বাস ,ভালপোৱাৰ নামত নিজৰ সকলো উজাৰি দিব পাৰে।
: আবেগিক সকল জেদী স্বভাৱৰ হয়। এবাৰ আঘাত লাগিলে সহজে আপোনাক আদৰি ল'বলৈ নোৱাৰে।
 এই আবেগিক ব্যক্তিক লৈ বহুতৰ বহু মত। সেইবোৰ ক'বলৈ নাযাওঁ। মাথোঁ নিজৰ লগত হোৱা কথাৰ দুটিমান কথা উল্লেখ কৰিব বিচাৰিছোঁ।
              আবেগিকজনে জানে তেওঁৰ মনটো কিমান কোমল ! তেওঁৰ ভিতৰত আলফুলে লৈ থকা মৰমখিনি কিমান গভীৰ। আপুনি আচৰিত হ'ব যেতিয়া আপুনি এজন হৃদয়ৰ অনুভবে চহকী বন্ধুৰ লগত সম্পৰ্ক কৰিব। তেখেতৰ মনটো শিশুৰ দৰে নিৰ্মল হয়। আপোনাক খুব মৰমে, বিশ্বাসে ৰাখিব বিচাৰে।এবাৰ যদি তেওঁ আপোনাৰ হাতখন খামুচি ধৰে আপুনি নিবিচৰালৈকে তেওঁ আপোনাৰ লগ হৈ থাকিব। কিন্তু এইটো ঠিক যদিহে আপুনি তেওঁ কোমল মনৰ সুবিধা লৈ তেওঁক মনত কষ্ট দিছে , তেনেহলে আপোনাক তেওঁ চিৰদিনলৈ আঁতৰাই থ'বলৈ কুণ্ঠাবোধ নকৰে।বহুতে কয় যে আবেগিক হ'লে সম্পৰ্ক অটুট ৰখাত কষ্ট হয়। এনে মানুহক বুজিবলৈ, বুজাবলৈ জটিল। কিন্তু কিয় ?

          আপুনি যাক আবেগিক বুলি কৈছে তেওঁ হৃদয়ত যুক্তিতকৈ মৰম ভালপোৱালৈ তান বেচি। ইয়াত ভুল ক'ত ?
            আবেগিক জনে আপোনাক লৈ হেতালি খেলিব নাজানে।
              আবেগিক এজনে আপোনাৰ পৰা হৃদয়ৰ সঁচা স্নেহ বিচাৰে।
               কৃত্ৰিমতাৰে নিজৰ প্ৰয়োজন পূৰাবলৈ যাকে তাকে ব্যৱহাৰ নকৰে।
আবেগিকজনে সিদ্ধান্ত হৃদয়ৰে লয়। যি কৰে আত্মাৰে, মনেৰে কৰে। কেৱল বাঃ বাঃ ল'বলৈ নকৰে।
আবেগিকজন সত্যৰে পৰিচালিত হয়।
তেনেহলে কিয় দোষী সজাই ? যি জনে আপোনাক লৈ বহুত আশা কৰে তেওঁ দুৰ্বল হয় নেকি ? এবাৰ ভাবি চাবচোন এই মৰমবিহীন মানুহ এজনৰ লগত থকাটো কিমান জটিল। আপুনি পাৰিব কিন্তু আবেগিক জনে নোৱাৰে।
         আবেগিক জনক কওঁ আপোনাৰ হৃদয়ৰ ধুনীয়া খিনি আপোনাৰ দুৰ্বলতা নহয়।ভগৱানে সকলোকে হৃদয়ত অনুভব কৰিব পৰা, ধুনীয়া খিনি চাব পৰা কোমলতা নিদিয়ে। যদিহে আপুনি সৌন্দৰ্য পান কৰিব পাৰিছে আপুনি সুখী হৈ থাকক।
            আকৌ কৈছোঁ আবেগিক মানে মই যাৰ হৃদয়ত মলিনতা নাথাকে, যি হৃদয়ে নিঃস্বাৰ্থভাবে মানুহক ভাল পাব জানে, মানুহৰ হকে সকলো ত্যাগ কৰিব পাৰে, নিজৰ সুখ বলি দি আনক হাঁহি এটা দান কৰে, যি নিজ জেদ মনোভাবক হৰুৱাই লৈ দহৰ সুখৰ কাৰণ হ'ব জানে তেওঁ এই পৃথিৱীৰ, এই জীৱনৰ সৌন্দৰ্য দেখিছে আৰু উপভোগ কৰিব পাৰে।
            আবেগিক মানুহবোৰ ধুনীয়া হৈ থাকক। হৃদয়ে হৃদয়ক বুজাকৈ এটি সঁচা লগ বিচাৰি পাওক, উশাহবোৰ দীঘল হওক ।


 অঙ্গন: পৃষ্ঠাঃ ১১
গ্ৰন্থ পৰিচয়ঃ
অৰুণিমা শৰ্মা মহাপাত্ৰৰ

গঙ্গা পদ্মাৰ পৰা লুইতলৈ



2022 চনত প্ৰকাশ পোৱা  গংগা পদ্মাৰ পৰা লুইতলৈ নামৰ কবিতা পুথিখনত তেখেতে বংগদেশৰ কবিসকলৰ লেখা  কবিতাৰ অসমীয়ালৈ অনুবাদ কৰিছে।
এই কবি সকলৰ কিছু আছিল সেই সময়ত জন্ম লাভ কৰা, যেতিয়া ভাৰত উপমহাদেশৰ কোনো বিভাজন হোৱা নাছিল , কিছু কবি আছিল পূৰ্ব বঙ্গ বা পূৰ্ব পাকিস্তানৰ সময়ত জন্ম লাভ কৰা কবি  ,  কিছু কবি স্বাধীন বাংলাদেশৰ কবি , লগতে কিছু স্বাধীন  ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ কবিও আছে।প্ৰায় এশ বছৰৰ অধিক কালৰ সময়ছোৱাত ৰচিত পোন্ধৰ গৰাকী কবিৰ পঞ্চাশ টা ভিন্নসুৰী কবিতাৰ সংকলন হ'ল গংগা পদ্মাৰ পৰা লুইতলৈ।  পাঠক সকলৰ সুবিধাৰ অৰ্থে এই কবিতা পুথিত কবি পৰিচিতিও সন্নিৱিষ্ট কৰা হৈছে । কবি সকলৰ জীৱনৰ সংঘৰ্ষ,নানান দুখ-কষ্ট, বংগদেশ বিভাজনৰ বাবে সৃষ্টিহোৱা মানসিক কষ্ট, অৰ্থনৈতিক সমস্যাৰ কথা , গৃহহাৰা হোৱাৰ বেদনাৰ কথা চমুকৈ হলেও উল্লেখ কৰা হৈছে।
কবিসকলৰ ৰচনাত প্ৰকৃতিৰ লগতে নদীৰ গুৰুত্বপূৰ্ণ ভূমিকাও আছে। যিহেতু বংগদেশৰ কবি সকলৰ  জীৱনত, তেওঁলোকৰ ৰচনাত গংগা ,পদ্মা, মেঘনা, যমুনা  আদি নদীবোৰৰ বৰ ডাঙৰ প্ৰভাৱ আছে , এই স্বনামধন্য কবি সকলৰ ৰচনাৰাজি অসমীয়ালৈ অনুবাদ কৰি ব্ৰহ্মপুত্ৰৰ তটবাসী  অৰ্থাৎ লুইতপৰীয়া সকললৈ পঢ়াৰ সুযোগ কৰি দিবৰ বাবেই 
গংগা পদ্মাৰ পৰা লুইতলৈ নামৰ কবিতা পুথি খনৰ উপস্থাপন কৰা হৈছে।
এই পুথিখনত বিভিন্ন কালত ৰচিত কবিতাৰ  প্ৰকাশভংগীৰ বিভিন্নতা ধাৰাবাহিক ভাবে সজাই  অনুবাদ কৰি প্রকাশিত কৰা হৈছে। পুৰণি  আৰু  নতুন  প্ৰজন্মৰ কবি সকলৰ চিন্তাৰ আৰু প্ৰকাশ ভংগীমাৰ  বৈচিত্র্যতা দৰ্শাবৰ বাবে সুন্দৰভাবে বিশেষ কিছু কবিতাৰ নিৰ্বাচন কৰা হৈছে।
বংগদেশৰ কিছু নিজা সমস্যা আছে। সেই  সমস্যা কিছু পৰিমাণে হলেও পঞ্জাৱ প্ৰদেশতো আছে । দেশ বিভাজনৰ সময়ত ভাৰতৰ এই দুখন ৰাজ্যই বৰ মানসিক সংঘাতৰ সম্মুখীন হব লগীয়া হৈছিল। গৃহহাৰা- স্বজনহাৰা হোৱাৰ বেদনা,  নিজৰ ঘৰ-বাৰী, চহৰ-নগৰ,গাওঁ, চুবুৰী , নদী , পথাৰ, জান ,জুৰি , প্ৰকৃতিৰ বুকুত পোৱা নিজৰ বুলিব পৰা সকলোখিনি হেৰাই যোৱা , খাদ্যসংকট,দুৰ্ভিক্ষৰ মুখামুখি হোৱা, ৰাজনৈতিক সংঘৰ্ষত ৰক্তগংগা বোৱাৰ নিচিনা দুঃসহ ঘটনা দেখা, চকুৰ আগতে স্বজনহানি  প্ৰত্যক্ষ কৰাৰ দৰে মৰ্ম্মান্তিক অনুভৱ ইত্যাদিয়ে কবি সকলৰ স্পৰ্শকাতৰ মনবোৰক বাৰুকৈয়ে জোকাৰি দি গৈছিল , সেইবাবেই ওপৰত উদ্ধৃত  ভাৱনাবোৰ  কবিতাৰ মাজেদি নিগৰি নিগৰি ওলাই আহিছে ।
পুথিখনৰ প্ৰথম কবিতা 
বনলতা সেন আটাইকেইটা কবিতাৰ ভিতৰত একদমেই সুকীয়া। এয়া যেন পৰাবাস্তৱ জগতৰ হে কবিতা। কবি জীবনানন্দ দাশক সেইবাবেই
 A poet of Surrealism বুলি অভিহিত কৰা হয়।
কবি সুকান্ত ভট্টাচাৰ্যৰ কবিতা হে মহাজীৱনত কবিয়ে এগৰাকী দুৰ্দশাগ্ৰস্থ ক্ষুধাৰ্ত কবিৰ কল্পনাৰ পূৰ্ণিমাৰ চন্দ্ৰৰ শুভ্ৰৰূপৰ সৌন্দৰ্য্যৰ মাজত এখন তপত জুইত সেকা ফুলা ৰুটিহে দেখা পাইছে। 
১৯০৩ চনত জন্মগ্ৰহণ কৰা কবি অচিন্ত্য কুমাৰ সেনগুপ্তই তেওঁৰ ' পূব পশ্চিম নামৰ কবিতাত দেশবিভাজন প্ৰত্যক্ষ কৰি দুখন বাংলা হোৱাৰ পিছত মানুহৰ মনত সৃষ্টিহোৱা  বিৰোধীভাৱক লক্ষ্য কৰি তেখেতে দুয়ো বাংলাই যে একে সূতাৰে গথা সেয়া অতি সুন্দৰ ভাৱে বিভিন্ন  উপমাৰে প্ৰকাশ কৰিছে। কবিৰ মতে আজিও মানুহ গছ লতা, নদী চৰাই চিৰিকটি গীত মাত সকলো একেই আছে । এমুঠি মানুহৰ ৰাজনৈতিক অভিসন্ধিৰ ফলত দুখন বংগ বেলেগ হ'লেও মনৰ এনাজৰী ডাল এতিয়াও একেটা সুৰতে বান্ধ খাই আছে।
কবি সুভাষ মুখোপাধ্যায়ৰ কিয় আহি পোৱাহি নাই আৰু মানুহ জনে গ'মেই নাপালে যথাক্ৰমে  নগৰীয়া জীৱনত সাধাৰণ মানুহেই ৰাজনৈতিক দ্বন্দ্বৰ চিকাৰ হবলগীয়া হোৱা আৰু এমুঠি অন্নৰ ব্যৱস্থাত কৰিবলৈ গৈ জুৰুলা হোৱা অতি নিম্নবৰ্গৰ দৈনন্দিন জীৱন কাহিনীক তেখেতে কবিতাৰ বিষয় বস্তু হিচাপে নিৰ্বাচন কৰিছে।
কবি বীৰেন্দ্ৰ চট্টোপাধ্যায়ৰ ৰাস্তা অকলে কোনো এজনৰ বাবে নহয় শীৰ্ষক  কবিতাটিত সকলোৰে সমান  অধিকাৰৰ জয়গান গাইছে। সত্য এদিন উদঘাটন হবই  তেওঁ গেলিলিও ক উদ্ধৃত কৰিছে -পৃথিৱী যে সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে -তাৰ উদাহৰণ দিছে। কবি নীৰেন্দ্রনাথ চক্ৰবৰ্তীৰ অমলকান্তি নামৰ কবিতাটিত একে নামৰ  কল্পনাপ্ৰৱণ ল'ৰা এজনৰ অৱতাৰণা কৰি বৰ্তমানৰ বজাৰখনত অৰ্থকৰী লাভযোগ্য কিবা এটা কৰিব নোৱাৰিলে যে জীৱনটোত একোৱেই নহয় তাৰ বৰ সুন্দৰ হৃদয়স্পৰ্শী বৰ্ণনা দিছে।
তেখতৰ উলঙ্গ ৰজা নামৰ কবিতাটিত এক শিশুৰ দৰে সৰল মানুহ  নহ'লে যে সাধাৰণ মানুহ কোনোৱেই  চাক্ষুষ সত্যটোকো স্বীকাৰ নকৰে তাকেই কৈছে। সত্যক অস্বীকাৰ কৰি ,দেখিও নেদেখাৰ ভাও জুৰে আৰু তোষামোদ কৰি ভাল পায় তাকেই কবিতাত বৰ্ণিত কৰিছে।
 আন এটা কবিতা কলকাতাৰ যীশু ত  বাটত ঘূৰি ফুৰা নগ্ন শিশু এটিয়ে কেনেকৈ ব্যস্ত কলকাতা নগৰীৰ সমস্ত যানবাহনৰ গতিৰোধ কৰি অতি ধীৰ পদক্ষেপেৰে আলিবাটৰ এটা পাৰৰ পৰা আন এটা পাৰলৈ গৈ থকাৰ দৃশ্য দেখি মুগ্ধ হৈ লেখা এটি অনন্য কবিতা। 
কবি নীৰেন্দ্রনাথ চক্ৰবৰ্তীৰ আন এটা কবিতা 
না ৰাম,না গঙ্গা ত বৰ্ণিত হোৱা ৰাজনৈতিক নেতা জনৰ চৰিত্ৰৰ অকণো সলনি হোৱা নাই , নেতা জনৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ আজিৰ দিনতো সিমানেই প্ৰাসঙ্গিক। এই সকলক যুগদ্ৰষ্টা কবি বুলিলেও কমেই কোৱা হ'ব।
কবি পূৰ্ণেন্দু পত্রীৰ কবিতা তাৰ পিছত কবিতাটৌ প্ৰথমবাৰ  পাঠকৰিলে  এটি বিফল প্ৰেমৰ কবিতাযেন লাগিলেও,  প্ৰকৃততে এইটো প্ৰথম নক্সাল আন্দোলনৰ সময়ত সত্তৰৰ দশকত  পশ্চিম বংগৰ যুব সমাজৰ অতি তীক্ষ্ণধী ছাত্ৰ ছাত্ৰী সমূহ, নিবনুৱা বেকাৰ যুবক যুবতী সকল কিছু মতাদৰ্শ আৰু আবেগৰ তাড়নাত পঢ়াশুনা ঘৰ দুৱাৰ এৰি দলে দলে আন্দোলনত যোগ দি তাৰ পাছত আন্দোলনৰ ভয়ানক পৰিণতিত কিমানৰ যে জীৱনৰ সপোন ভাঙিল, জীৱনৰ ৰং মচি গ'ল, বহুতৰ কাৰাবাস হ'ল  কবিতাৰ আঁৰত তাৰেই বৰ্ণনা লুকাই আছে। কবি শক্তি চট্টোপাধ্যায়ৰ  সম্পক বজাৰত বন্ধুত্বৰ ওপৰত এটি অনবদ্য কবিতা। প্ৰকৃত বন্ধুত্বৰ সংজ্ঞা এই কবিতাত উল্লেখ কৰাৰ দৰেই আজিও প্ৰাসংগিক। 
কবি সুনীল গঙ্গোপাধ্যায়ৰ কবিতা ' সৰ্বহাৰা অবিশ্বাসী'ত মানুহ বোৰৰ দুমুখীয়া স্বভাৱৰ অতি সুন্দৰ বৃত্তান্ত দিছে। লোকসমাজত যিবোৰ মানুহে  মই ভগৱান বিশ্বাস নকৰো, মই  কুসংস্কাৰ মুক্ত বুলি বৰ গৰ্বিত, মই সৰ্বহাৰাৰ নেতা বুলি উচ্চ কণ্ঠে চিঞৰি যায়, লোকচক্ষুৰ অন্তৰালত সেই মানুহবোৰে নিজৰ ভাল হওঁক বুলিয়ে সংস্কাৰী মানুহৰ দৰেই আচৰণ কৰে । এই সকলৰ দ্বিচাৰিতাত  কবি যেন 
অবাক হৈছে। 
কবিৰ অতি শ্রদ্ধাৰ এগৰাকী ভ্ৰাতৃসদৃশ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিষয়া মিহিৰ সিনহাৰদ্বাৰা ৰচিত কবিতা
মহাকাব্যৰ উপেক্ষিতা এটি  সুন্দৰ কবিতা। উলূপী,চিত্ৰাঙ্গদাৰ পতিপ্ৰেম আৰু তেওঁলোকৰ বীৰ অৰ্জুনৰ ঔৰসজাত পুত্র ইৰাৱন আৰু বব্ৰুবাহনৰ বীৰতা, শৌৰ্য্যৰ কাহিনী সদায়েই লোকচক্ষুৰ আঁৰতেই থাকি গ'ল। মহাভাৰতৰ ৰচয়িতাই এখেত সকলক যথাযথ সন্মান পোৱাৰ পৰা বঞ্চিত কৰিছে বুলি কবিয়ে অনুভৱ কৰিছে।
বাংলাদেশৰ প্ৰখ্যাত নিৰ্বাসিত কবি তছলিমা নাছৰিনৰ প্ৰেম আৰু নাৰী জন্ম নামৰ কবিতা দুটিত  তেখতৰ পুৰুষতান্ত্ৰিক সমাজৰ প্ৰতি  থকা প্ৰতিবাদৰ সুৰৰ অনুৰণন ঘটিছে।
কবি তছলিমা নাছৰিন প্ৰাক্তন প্ৰয়াত স্বামীৰ বৃষবৃক্ষ প্ৰেম এক অনবদ্য কবিতা। এই প্ৰজন্মৰ পশ্চিম বংগৰ আন এজন কবি শ্রীজাত ৰ কবিতা মিনিট আৰু  মোক এটা তই লাগে একাদিক্ৰমে -ক্ষণস্থায়ী জীৱনক অবাবতে কটাই নষ্ট নকৰি সম্পূৰ্ণ ভাৱে জীয়াই উপভোগ কৰিবলৈ কোৱা  আৰু আনটো কবিতাত কবিয়ে এজন অতি আপোন মানুহৰ প্ৰয়োজনৰ কথা কৈছে যিয়ে ছাঁটোৰ দৰে সদায়েই লগতেই থাকিব ,যাৰ লগত সকলো অন্তৰঙ্গ আলাপ কৰিব পাৰি তাৰেই কথা কৈছে।
এজন প্ৰকৃত নিৰ্ভৰযোগ্য সুহৃদৰ প্ৰয়োজনীয়তাৰ কথা কৈছে।
আজিৰ দিনত এয়া এক অতি বিৰল প্ৰজাতি।
নতুন প্ৰজন্মৰ কবিৰ কবিতাত বাস্তৱধৰ্মী আৰু দৈনন্দিন জীৱনৰ  সকলোখিনিক সামৰি এক ভিন্নসুৰী উপস্থাপন দেখিবলৈ পোৱা গৈছে।

অসমীয়া অনুবাদ সাহিত্যত এয়া যেন এক নতুন ইতিহাসৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । আটাইকেইটা কবিতাৰ সমীক্ষাৰ প্ৰয়োজন নাই। আশাকৰো পাঠক পাঠিকাই  নিজৰ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি কবি সকলৰ কবিতাৰ গূঢ়তত্ব সাগৰৰ  গভীৰত অৱগাহন কৰি মুকতা উদ্ধাৰ  কৰাৰ দৰে কঠিন  কামফেৰা নিশ্চয় নিজেই কৰিব বুলি আমাৰ বিশ্বাস।

অঙ্গন:  পৃষ্ঠাঃ ১২
অণুগল্পঃ


কলিযুগৰ কুন্তী

ৰিতা মনি বায়ন

              ফৰকাল আকাশ ভাল পােৱা গৌৰীয়ে আজি বাৰিষাৰ এই ভয়াবহ ৰূপৰ প্রেমিকা হৈ পৰিছে। কপিলী, কলং, ব্ৰহ্মপুত্ৰৰ ফেনেফোটোকাৰে বাঢ়ি অহা সাগৰ সদৃশ উত্তাল বুকুত তাই দেখা পাইছে তাইৰ অজানিতেই হােৱা ভুলৰ সমাধিৰ মার্গ। বৰুণ দেৱতাক স্মৰণ কৰিছে গােটেই ৰাতিটো যেন ধাৰাষাৰ বৰষুণজাক আহি থাকে। দহমাহ ধৰি মাক তথা পৰিয়ালৰ সকলােৰে আগত কলেজৰ ব্যস্ততাৰ কথা কৈ ঘৰলৈ আহিব নােৱাৰা বুলি কৈ থকা গৌৰীয়ে দুর্লভ বীজৰ পুলিটো ব্ৰহ্মপুত্ৰৰ বুকুত এৰি দি স্বস্তিৰ নিশ্বাস পেলালে যদিও মহাভাৰতৰ কুন্তীৰ দৰে মনতে ভাবিলে "অহা বাৰিষাত কোনােবা ৰাধাই যাতে পুলিটোৰ জন্মদিন উদযাপন কৰে।"

বৰপেটা

 অঙ্গন: পৃষ্ঠাঃ ১৩
    
স্মৃতি-চন্দন  

মীনাক্ষি ৰায় ডাকুৱা
                                  
          পুৱতি নিশা টোপনি ভাগি গ'ল জয়ন্তীৰ । ৰাতিপুৱাৰ বতাহত যেন ভাঁহি আহিল এক সুবাসিত গোন্ধ । বহু-বহুদিনৰ স্মৃতিময় চন্দনৰ সুবাস । সেই অমলিন স্মৃতি বিবৰ্ণ হোৱা নাই আজিলৈকে ।
          গৌতমে চন্দনগছৰ তলৰ পৰা বুটলি অনা তেজৰ টোপালৰ দৰে ৰঙা চন্দনৰ গুটি কেইটামান তুলি দিলে অনুৰাধাৰ হাতত । জয়ন্তীয়ে বুজি পালে সিহঁতেও বুকুৰ মাজত বিচাৰি পাইছে চন্দনৰ সুবাস । ঠিক যিদৰে চল্লিচ বছৰ আগতে জয়ন্তী আৰু প্ৰিয়ব্ৰত‌ই চন্দনৰ গোন্ধত সুৰভিত হৈ উঠিছিল । গৌতম আৰু অনুৰাধাই অবাক বিস্ময়েৰে দেখিলে জয়ন্তীৰ দুচকুৰে নামি আহিছে অশ্ৰুধাৰা । সিঁহতে অনুভৱ কৰিলে সেই মুকুতাবিন্দুত মিহলি হৈ আছে চন্দনৰ স্মৃতি-সুৰভি । অপৰাহ্নৰ শেষবেলাত জয়ন্তীৰ ঘৰটোত যেন উপাসনা গৃহৰ নিবিড় নীৰৱতা । জিৰিজিৰিকৈ বলা বতাহত চন্দন গছৰপৰা তেতিয়া সৰি পৰিছে চকুলোৰ টোপালৰ দৰে ৰঙা চন্দনৰ বীজ ।


 অঙ্গন: পৃষ্ঠাঃ ১৪

কেঁ‌ৰী

অংশুমান ভূঞা

      'এই কেঁ‌ৰীজনী একো কামৰে নহয়। বংশটোৰ বোজা। কোন ল'ৰাইনো পচন্দ কৰিব ?' কি ঘৰ কি পৰ সকলোতে এনে বাক্যবাণ তাইৰ বাবে স্বাভাৱিক হৈ পৰিছে।
      জনাকীৰ্ণ বাছখনত একমাত্ৰ কেঁ‌ৰীৰ চকুকেইটাইহে চোৰটোক ফাঁ‌কি দিবলৈ সক্ষম হৈছিল।
      কেঁ‌ৰী এতিয়া সকলোৰে আদৰৰ।


চামতা,নলবাৰী
৬০০২৯৯৪৯৮০



অঙ্গন: পৃষ্ঠাঃ ১৫

অস্তিত্ব

দীপাঞ্জলী তালুকদাৰ

"বাহ্‌, ঘৰটো ইমান ধুনীয়া!" 

  : আহক ভিতৰলৈ, মুখত এমোকোৰা হাঁহিৰে সি আলহীক সম্ভাষণ জনোৱাত ব্যস্ত। উপহাৰ হিচাপে আগবঢ়োৱা কেকটো সি কাটিব নোৱাৰিলে!
  
    "হেঁপাহেৰে সজা ঘৰখন সি গঢ়িবলৈহে দৃঢ় প্ৰতিজ্ঞ ভাঙিবলৈ নহয়।"


ধীৰেণপাৰা,গুৱাহাটী



অঙ্গন: পৃষ্ঠা ১৬

সতী 

মালবিকা শৰ্মা

সমাজৰ চকুত বিশেষভাৱে দোষী তাই। শহুৰেকৰ ঘৰখনতো কুলক্ষণী নাম পায়।ওচৰ চুবুৰীয়াৰ কটু সমালোচনা, ঠাট্টা,
সকলো নীৰৱে নিঃশব্দে সহ্য কৰি যায়। অব্যক্ত বেথাৰে বেচেৰীয়ে দিনবোৰ কটায়।তাইৰ এই কষ্ট লাঘব কৰিবলৈ কাষত কোনো নাই। নকৰা অপৰাধত অপৰাধী সাব্যস্ত হৈ
চকুৰ পানীৰে প্ৰত্যেক ৰাতি পাৰ কৰে তাই। তাইৰ মুখ্য দোষ, তাইৰ প্ৰধান অপৰাধ
গিৰিয়েকৰ বংশক আগবঢ়াই নিব পৰা নাই। তথাপিও অপৰাধী নোহোৱাকৈয়ে শাস্তি ভোগ কৰি যায় তাই।
              তাই বেচেৰীয়ে গিৰিয়েকৰ সন্মানৰ খাতিৰতে নকয় নপু্ংসকৰ স্ত্ৰী তাই।

ভুবনেশ্বৰ


 অঙ্গন: পৃষ্ঠাঃ ১৭

অনুবাদ কবিতাঃ
 

The Bridge

(Poem by Octavio Paz)

Between now and now,
Between I am and you are,
The word bridge.
Entering it
You enter yourself:
The world connects
And closes like a ring.
From one bank to another,
There is always 
A body streached:
A rainbow:
I’ll sleep beneath its arches.

সেতু

( ‘The Bridge’- by Octavio Paz
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

এতিয়া আৰু এতিয়াৰ মাজৰ,
মই আৰু তুমিৰ মাজৰ
শব্দটো হ’ল ‘সেতু’।
ইয়াত প্ৰৱেশ,
তোমাৰ নিজস্ব সত্তাৰ প্ৰৱেশ।
সমগ্ৰ বিশ্ব হয় সংযোজিত 
আৰু বৃত্তৰ দৰে আৱৰি ধৰে।
ইপাৰৰ পৰা সিপাৰলৈ সদায়েই 
এটি বিস্তাৰিত সংযোগ:
এখনি ৰামধেনু।
মই সেই ৰঙীন 
তোৰণৰ তলত টোপনি যাম।

(অক্তাভিঅ পাজ (Octavio Paz Lozano, ১৯১৪-১৯৯৮)কুৰি শতিকাৰ এগৰাকী মেক্সিকান কবি।১৯৯০ চনত তেওঁ সাহিত্যৰ নোবেল লাভ কৰিছিল।উনৈশ বছৰ বয়সতে তেওঁৰ প্ৰথম কাব্য সংকলন(স্পেনিছ ভাষাৰ Luna Sylvester)প্ৰকাশ পাইছিল।১৯৬২ চনত তেওঁক ভাৰতলৈ মেক্সিকোৰ ৰাষ্ট্ৰদূতৰ নিযুক্তি দিয়া হয়।তেওঁ জাপান, চুইজাৰলেণ্ড আৰু ফ্ৰান্সতো মেক্সিকোৰ ৰাষ্ট্ৰদূত আছিল।তেওঁৰ প্ৰাথমিক স্তৰৰ কবিতাত মাৰ্ক্সবাদ আৰু অতীন্দ্ৰীয়বাদৰ প্ৰভাৱ পৰিলেও পিচলৈ বৌদ্ধ আৰু হিন্দু ধৰ্মৰ প্ৰভাৱো পৰিলক্ষিত হয়।ইয়াৰোপৰি শেষৰফালে মেক্সিকান কৃষকৰ নিস্পেষণ আৰু তেওঁলোকৰ সামাজিক পৰিস্থিতি তেওঁৰ লিখনিৰ মূল বিষয়বস্ত্ত হৈ পৰে।মেক্সিকান সমাজৰ ওপৰত লিখা ‘দি লেব্ৰীন্থ অফ চলিটিউড’ তেওঁৰ এক বিশেষ ৰচনা।)

কাহিলিপাৰা গুৱাহাটী
মো:+৯১ ৭০০২৪০৯৬৫৫


অঙ্গন: পৃষ্ঠাঃ ১৮

কফি পিয়লা 

মূল -- চিংগাপুৰৰ কবি এনি লি জু ফেং  
ভাষান্তৰ --- চাণক্য চিৰাং 
      
আমেজভৰা মন
  খোৱা লাহেকৈ 
   চুমুক দিয়া কফি পিয়লা --!
অতদিনে কোনেও নেজানিলে 
 বিদায় পৰৰ মহেন্দ্ৰ ক্ষণ আহিব যেতিয়া কাৰোবাবে সময় নাথাকিব তেতিয়া 
  উপভোগ কৰিবলৈ উজ্বলতা 
গতিকে চুমুক দিয়া কফি পিয়লা -- 
  ৰুচিকৰ নয়ন জুৰোৱাঁ‌ !
জীৱন কিন্তু তেনেই চুটি 
  অনুভৱৰহে কেৱল দীঘলীয়া দ্যুটি , 
কৰিব লাগে জীৱনত বহু ভাল কাম --- 
কিছুমান কামে তথাপিও আনে বদনাম  , 
জীৱন যুঁজত হ'ব লাগিব শক্তিশালী 
মুহূৰ্ততে আহিব পাৰে বিদায়ৰ ক্ষণ 
নকৰিবা এক্ষন্তেকো পলম ,
এয়া শাশ্বত প্ৰকৃতিৰ ধৰম 
  চুমুক দিয়া লাহেকৈ কফি পিয়লা , ৰুচিকৰ নয়ন জুৰোৱাঁ‌  !
কিছু সংখ্যক সমনীয়া থাকিব,
  আন সকল আতৰি যাব 
প্ৰেমিকে প্ৰেমেৰে প্ৰেৰণা যোগাব কিন্তু সামগ্ৰিক ভাবে 
     একোৱে নাথাকিব ,
পোৱালি ডাঙৰ হ'ব 
 নীলাকাশত উৰি ফুৰিব ,
আচলতে পৰৱৰ্তী কি ঘটিব 
ক'বলৈ একোৱে নাথাকিব , 
 গতিকে চুমুক দিয়া কফি পিয়লা -- 
ৰুচিকৰ নয়ন জুৰোৱাঁ‌   !
সঁ‌চাকৈয়ে অৱশেষত 
    বুজি পাব আটায়ে 
স্থায়ী মাথোঁ ভালপোৱা , 
বিশ্ব ব্ৰহ্মাণ্ডৰ আৰু তৰালীৰো 
   ওপৰ জগতৰ , 
প্ৰশংসা আৰু প্ৰমূল্য প্ৰদান কৰিবা , যত্ন লয় যিজনাই ---- 
    হাঁহি হাঁহি থাকা জীয়াই 
দুখ - কষ্টবোৰ আঁ‌তৰলৈ দিয়া 
     দলিয়াই ---- !
সেয়ে চুমুক দিয়া কফি পিয়লা 
  ৰুচিকৰ নয়ন জুৰোৱাঁ‌ --- ! 

বঙাই গাঁও 
9678495498
 

 অঙ্গন: পৃষ্ঠাঃ ১৯

কবিতাঃ

দেউতা

সীতা দেৱী

এখন সুবিশাল আকাশ,
জোন হৈ জ্বলা,
তৰা হৈ ফুলা,
প্ৰতিটো ক্ষণে ৰিঙিয়াই মাতি থকা,
সুমধুৰ, মিঠা মিঠা লগা
অনুপম শব্দ 'দেউতা'।
কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধৰ আজীৱন দস্তাবেজ,
বৰ গছৰ দৰে অনাবিল ছাঁ হৈ 
হেজাৰ ধুমুহাই হাৰ মনাব নোৱাৰা সুদৃঢ় বাস্তৱ,
উদিত সূৰ্য 'দেউতা' ।
অযুত সাধনাৰে,
অংকুৰিত প্ৰাণক
জীৱন দান দি ,
সঞ্জীৱিত কৰিব বিচৰা,
শান্ত ,সাম্য ভাৱমূৰ্তিৰ ,
সোণালী সুন্দৰ আদৰ্শৰে
অনুপ্ৰাণিত কৰাৰ দুৰ্বাৰ
ইচ্ছা শক্তিৰ নাম ,'দেউতা'।
সৃষ্টিশীল ,আলফুল চেনেহৰ
মূৰ্তৰূপ বৰষুণত নিতিতা,
আৰু ৰ'দত নঘমা
উজ্জ্বল আভা,
এক অনন্য সত্তা হ'ল 'দেউতা'।
আশা, প্ৰেৰণা আৰু সংগ্ৰামৰ
অক্লান্ত মহানায়ক,
নিৰাপদ আশ্ৰয় আৰু অনন্ত
সহাৰিৰ নামেই 
যুগে যুগে দেউতা।

            বিহপুৰীয়া
            লখিমপুৰ, ৭৮৪১৬১


অঙ্গন: পৃষ্ঠাঃ ২০

জোনে দিয়া জীৱন

বিজয়া গগৈ

   জোন মৰে
   জোন জীয়ে
   একলা দুকলালৈ জোন বাঢ়ে।

   জোন ফুলে
   জোনাক সিঁচে
   ঘোটে ঘোটে জোনাক পি খাই
   লাস‍্যময়ী হয় প্ৰকৃতি ৰাণী।

   জোনাকৰ পৰশণে
   শিলনিৰ বুকুত
   জীৱন জীয়ন দিয়ে।

   নদী-নিজৰাত
   জুবুৰা মাৰি দেহাটি তিয়াই
   ষোড়শী গাভৰু হয় জোনজনী।

   জোনাকক সাক্ষী কৰি
   জলদেৱতাৰ আলিঙ্গনত
   তৃপ্ত হয়  অপেশ্বৰী ফুল।

  জিৰ জিৰকৈ সৰি পৰা
  শীতল শুকুলা জোনাক পিন্ধি
   মায়াময় হয় সেউজ বিৰিখৰ পাত।

   জোনাক বিধৌত সৰগৰ পৰা
   ওফৰি অহা ৰূপোৱালী আভাই
   সৰগীয় ছৱি আঁকে ধৰণীত।

   খেলি আছোঁ এনেদৰে
   বেলি থকালৈকে দিনৰ ধেমালি
   জোন থকালৈকে ৰাতিৰ ধেমালি।


      ৰহা,নগাঁও


অঙ্গন:  পৃষ্ঠাঃ ২১

  মা
            
পল্লৱী গগৈ বুঢ়াগোহাঁই

আমাক আৱৰি থোৱা
তোৰ উৰুখা মূধচ।
কেতিয়াবা দূৰতে চাওঁ,
কেতিয়াবা গমি গমি উমান লওঁ
বিশ্বাস আৰু সত্যৰ
এবুকু শীতল আঁচল।

তোৰ নামতেই মই
হেৰাই যোৱাৰ পৰা উভতি
খোজ দিওঁ।
সময়ে ঈৰ্ষৎ ভ্ৰুকুটি কৰিলেও
পোহৰ দি জোনাক সিঁচিবলৈ 
প্ৰতিপল তোৰ অবিৰাম হেতাওপৰা।
 
মোৰ হাজাৰ হেঁপাহৰ 
এপিয়লা ভৰুণ সুখ মা।
তোৰ বাবে মোৰ 
একান্ত কুশল প্ৰাৰ্থনা।
যদিওবা এলান্ধু উলমি থকা
চেনেহৰ জলঙাইদি
সৰকি যায় এজাৰবুলীয়া নিঃস্বতা।

অঙ্গন:  পৃষ্ঠাঃ ২২

ভোক 

মিতালী শৰ্মা

এজাক বৰষুণৰ পিছত...
নিশা ভঙা পকি ৰাস্তাটোৰ
পানীৰ দোঙটোলৈ 
জোনটো নামি আহিছিল, 

কোনোবাই দিয়া শ্মশানৰ শৱ ঢকা 
কম্বল খন ,
মানুহ জনে তাৰ হাড়ে -ছালে 
লগা শৰীৰৰটো ঢাকি
জোনটোৰ কাষতে শুইছিল। 

ভাল  মানুহে পেলাই দিয়া
ফটা চিপচ্‌ৰ পেকেটটো,  
বতাহে উৰুৱাই আনি 
তাক দিলে,
মানুহটোৱে আঙুলিটোৰে
চেলেকি চালে,
নিমখ ! তাৰ জীৱনটোৰ দৰে,
সি পেকেটটো ৰাস্তাৰ 
কুকুৰটোলৈ দলিয়াই 
জোনটোলৈ চাই চাই 
পেটৰ পোৰণি কিছু
সকাহ পাইছিল কিজানি ! 

 উলুবাৰী
গুৱাহাটী

অঙ্গন:  পৃষ্ঠাঃ ২৩

ক'লা চুলিতাৰি

অঞ্জনা দেৱী

কিচ্‌কিচিয়া ক'লা চুলিতাৰি
আউল-বাউল হৈ পৰি ৰৈছে মুক্ত নিলাভ বক্ষত,
ৰূপোৱালী ৰহণে ৰ'দ পিছলি পৰা ৰোৱনী 
পথাৰখন যেন মুহূৰ্ততে ধুই নিব;

পথৰুৱাৰ দল ,ম্লান পৰা হাঁহিটি
জলৌ-জপৌ হৈ থিতাপি ল'ব
বহলকৈ মেলি ধৰা জাপিৰ তলত।
গৰু হাল যে, ভিৰাই লৰিব
আশ্ৰয় ল'ব সেউজী বট-বৃক্ষৰ নিৰীহ কোলাত।

ডাৱৰ ফালি ওলোৱা 
সূৰ্যৰ তিৰবিৰ চাৱনিত
ক'লা চুলিতাৰি জিক্‌মিকাই উঠিব।
কুঁহুমবুলীয়া ফুলৰ নির্যাসে 
আগুৰি ধৰিব চৌপাশ
আকৌ পথৰুৱাৰ দল
ওঁঠত উজ্জ্বল হাঁহিটিৰে 
যাব আগবাঢ়ি সপোনৰ পৰিধিত।

যোৰহাট  


অঙ্গন: পৃষ্ঠাঃ ২৪

শব্দ ব্ৰহ্ম 

ঝৰ্নালী শৰ্মা বৰকটকী

  শব্দ অগ্নিৰ স্ফুলিংগ
  অভ্যন্তৰৰ জ্বালামুখী
  উদ্গীৰিত হয় কলমেৰে 
 শব্দ খাজে খাজে জপা 
     নদীৰ পাৰৰ শিল
  চকুলোৰ বহিঃপ্ৰকাশ
শব্দই প্ৰেমৰ সেঁতু বান্ধে
      শব্দই কলিজাত 
       কাঁইট হয় ফুটে
    শব্দই গীত হয়
         পৰাণ জুৰাই
   শব্দ নাটকৰ শেষ দৃশ্য
     দেখুওৱাই দিয়ে
     একো একোজন
       কলা কুশলীৰ
      জীৱন পৰিক্ৰমা
   যি সমাজৰ দাপোন।

তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ

অঙ্গন:  পৃষ্ঠাঃ ২৫

নৈ পাৰৰ চকুলো

গীতাশ্ৰী নাথ
    
আহাৰ- শাওন মহীয়া যেতিয়া
আকাশৰ কলীয়া ডাৱৰে অভিমানত ওফোন্দ পাতি কান্দে , 
ধৰাৰ বুকুলৈ বেদনাৰ
 চকুলো নিগৰে ধাৰাষাৰে !
খং অভিমানৰ স্ফুলিংগ 
হৈ নামে বিজুলীবোৰ ।
সেই অভিমান ভাঙিব নোৱাৰি
ডাৱৰৰ অভিমান আৰু চকুলোৰ
ভৰ সহিব নোৱাৰি ,
ধৰাৰ নৈখনেও কান্দে 
নিজানত নিৰৱে - নিতালে ।
আৰু তেতিয়া লগতে কান্দে 
হাজাৰ হাজাৰ নিৰ্দোষী
ক্ষুধাপ্ৰাণ নৈপৰীয়া লোকে ।
  
মাজুলী ।
ভ্ৰাম্য ঃ 93946 96300


অঙ্গন:  পৃষ্ঠাঃ ২৬

শাওণৰ সপোন

ৰিতুল  বৰুৱা

শাওণ মাহটো আহেকি নাহে
পলসুৱা পথাৰত কৃষকৰ সপোনে হাঁহে।
শাওণ যে প্ৰেয়সীৰ তন্দ্ৰালস দুচকুত 
সপোন আঁকি সাৰে ৰোৱা
সুঠাম প্ৰেমিকৰ ৰসাল বুকু।
সেয়ে,
সেউতীৰ চঞ্চল দুচকুত 
সজাল কঠীয়াই ঠন ধৰে,

কেঁচা মাটিৰ হিৰন্ময়ী সুবাসে
 ধৰালৈ  ধ্ৰুপদী সংগীতৰ সুৰ এটি 
আনে বাৰে বাৰে।
জেঠৰ বাৰখৰে নদহে দেহা 
 মৃদু মলয়াই জুৰ কৰে হিয়া।
মৈয়াই থোৱা বোকা মাটিত
এগোজ দুগোজকৈ সেউতীয়ে কঠীয়া গুজে
দুপৰৰ বেলিয়ে
দুগালত হেঙুল হাইতাল ৰং সানে
ৰামধনৰ বুকুত
এসাগৰ প্ৰণয়ৰ ঢল উঠলি উঠে।

কেঁচা মাটিৰ সোপোকা গোন্ধ
আৰু
এপথাৰ সেউজীয়াই
জীৱন জীয়াৰ গান জুৰে এনেকৈয়ে
"সেউজীয়া সপোনৰ পেখন চৰিব
আঘোনৰ পথাৰত
সোণগুটি গজিব
সেউতীহঁতৰ জোনহেন মুখত 
এহেজাৰ তৰাই হাঁহিব---"
 আৰু---
এনেকৈয়ে---
ৰামধন সেউতীৰ দেহৰ ঘামত ভিজি
সোণতলি সেউজীয়া হয়
কাচিখন শানত দি 
অধিৰ আশাৰে
আঘোনলৈ বাট চাই ৰয়
শাওণ যে খাটিখোৱা কৃষকৰ
ভঁৰাল শুৱনি কৰা 
আশাৰ দেউকা গজা গাভাৰী চৰাই 
সগৰ্ভা সপোনে সেয়ে 
ঘনে ঘনে 
আকাশ ধিয়ায়।
  
বিশ্বনাথ


অঙ্গন:  পৃষ্ঠাঃ ২৭

চেমায়ুংদুংৰ পৰা নিগৰি অহা নদী খন 

অনন্ত কুমাৰ ভূঞা

ব্ৰহ্মাৰ পুত্ৰ
সুবিশাল  মহাবাহু ব্ৰহ্মপুত্ৰ
নামেই যাৰ পৰিচয় 
চেমায়ুংদুং (ভগীৰথ) হিমপ্ৰবাহ
এই নদীৰ উৎস ।

তুষাৰাবৃত হিমালয়ৰ সু-উচ্চ পৰ্ব্বত মালা
মানস সৰোবৰ হ্ৰদ
জন্মস্থান ব্ৰহ্মপুত্ৰৰ
তিৰ্ব্বতৰ পৰ্ব্বত ভূমিত উৎপত্তি এই নদীৰ
চাংপু নাম লৈ নিগৰি আহিছে।

চিয়াং দিহাং
লাস্যময়ী ৰাংঢালী গাভৰু
বৈ আহিছে অৰুণাচলৰ পাহাৰ পৰ্ব্বত বগাই 
সৰু বৰ জান জুৰি লগত লৈ
সমভূমি বিচাৰি আহিল দিহাং নাম লৈ।

লুইত এটি চিনাকি নাম
বৈ আছে হাজাৰ যোজন বাট
শদীয়াৰ পৰা ধুবুৰী লৈ চিৰ প্ৰবাহিত
সেউজী অসম ভূমিৰ মহাবাহু ব্ৰহ্মপুত্ৰ
কেতিয়াবা ৰুদ্ৰ মূৰ্তিৰে ধৰে সংহাৰি ৰূপ 
কেতিয়াবা বিনাশৰ তাণ্ডৱ স্বৰূপ ।

এই নদীৰ বুকুতে সভ্যতা গঢ় লৈ উঠিছিল
ইয়াতে সংস্কৃতিৰ ভেটি বান্ধিছিল 
বৃটিছে জাহাজ চলাইছিল লুইতৰ বুকুত
চাহ তেল কয়লা উদ্যোগ
গঢ় লৈছিল লুইতৰ দুয়ো পাৰ সামৰি।

বৰ্ষা ঋতুত ব্ৰহ্মপুত্ৰৰ মহা প্লাৱনে
ঘৰ বাৰী উটুৱাই লৈ যায়
মথাউৰি ছিঙি নিয়ে দুয়ো পাৰৰ  ।
খেতি বাতি মোহাৰি সামৰি 
নষ্ট কৰি যায় খেতিয়কৰ সেউজীয়া পথাৰ
এৰি থৈ যায় দুৰ্ব্বিসহ জীৱন।

মেঘনা পদ্মা বন্ধুত্ব বান্ধোনেৰে 
যমুনা নাম লৈ 
সাতুৰি মিলিছে বঙ্গোপ সাগৰত গৈ 
মহাবাহু ব্ৰহ্মপুত্ৰ জন জীৱনৰ প্ৰাণ
সভ্যতা সংস্কৃতিৰ বিশাল পথাৰ
জাতি জনগোষ্ঠী মিলনৰ তীৰ্থভূমি।

(কবিতাৰ বাস্তৱিকতাত ভুল ৰৈ গৈছে যদি বিজ্ঞ জনে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ‌ ।)


অঙ্গন: পৃষ্ঠাঃ ২৮

স্তৱক

গীতাঞ্জলি দেৱী 

              (১)
এটা দীঘল সূঁতিত বেলিটো যেতিয়া হেৰাইছিল  
পানী পিয়াহত মৰি বাৰে-বাৰে পকনীয়াত হেৰুৱা দেখি   
মৰসাহ কৰি ঘৰৰ মূধচটোৱে মূৰ দাঙি চাইছিল ।

                (২)
আইলৈ সেইহাত, বাইলৈ সেইহাত বুলিবলৈ আছেই বা কি ? 
নদী হেনো আই 
আয়েই নদী 
আয়ে কাঢ়ি নিয়ে জানো জীৱনৰ দীঘ-বাণী ?


অঙ্গন:  পৃষ্ঠাঃ ২৯

বৰষুণ

 পল্লৱী গগৈ বুঢ়াগোহাঁই
                                            
বহাগে ঠিকনা হেৰুৱাৰ অজুহাতত
বৰষুণ নামিছে,
মৌন পলবোৰ বাংময় কৰি
টোপা-টোপে পানী সৰিছে।
বৰ্ষণমুখৰ প্ৰতিনিয়ত
পাখিলাহি  উলাহ 
আতোলতোলকৈ কোলাত লৈ
পথাৰবোৰ তেজাল
অশ্বাৰোহী, তগবগ সময়ৰ 
লানি-নিছিগা
আশাৰ সম্ভ্ৰান্ত প্ৰহৰী।

বৰষুণে জীপাল কৰা
পথাৰত বিনীত হওক
কৃষক-ৰোৱনীৰ আশাৰ তামীঘৰ,
বিশ্বাসৰ কোলা শুৱাই
নামি আহক 
নিচৰ্ত সুখৰ
সুৰীয়া গান।


অঙ্গন:  পৃষ্ঠাঃ ৩০

খৰকৈ বঢ়া নদী হেনো সোনকালে শুকায়
      
ৰেখা বৰকটকী

মদ মাৎসৰ্য্যৰে বৈ অহা পানীত
পোৱাৰ যুঁজখন অবিৰাম চলে
বহু তল পৰিব পাৰে
বহু চল চলনাও চলে
খমখমীয়া টকাবোৰে
নিজৰ ঠিকনা পাই
সগৌৰৱে হাঁহে !
সস্তীয়া জনপ্ৰিয়তাই ধৰি কিলায়
অপাৰ সুখত বিভোৰ জীৱন
ক্ষন্তেকীয়া সুখৰ মাত্ৰ আলাপ...
চাওঁচোন ,নদীখন অলপদিন পেলাই থওঁ..
গজি উঠক নল ,বিৰিণা
ইকৰা ,খাগৰি 
পচক ,গলক
দূৰ্গন্ধ বিয়পাওক..
শ -হাজাৰ বছৰীয়া জাঁজৰি
পচি সাৰুৱা হওক পলসুৱা মাটি...
          
 যোৰহাট

অঙ্গন: পৃষ্ঠাঃ ৩১
 
আইলৈ একলম

 দেৱযানী দীক্ষিতা

আই অ’ ! গাভৰু সময়বোৰ মুক্ত বিহংগ
ৰঙীন স্বপ্নিল চাপহীন দূৰন্ত
হিচাব নাছিল কেনি আহি কেনি গুচি গৈছিল দুখ দুশ্চিন্তা
পলকতে ভঙামন পলকতে ঠন ধৰিছিল
দায়িত্বলৈ বেঁকা হোৱা ভৱিষ্যতৰ পিঠিটোৰ ছবি এবাৰো আঁকি চোৱা নাছিলো
 বিশাল আকাশত হেৰাই ভাল পোৱা মনটোৱে দাম্পত্য দিনত পাহৰি গ’ল আকাশ কেনেকুৱা
সুহুৰিয়াই ভাল পোৱা দুটি ৰঙীন ওঁঠ কলা পৰিল
 ববলৈ ললে ব্যস্ত কলিজাৰ বিষাদভৰা সুৰ
দুভৰিত শিকলি দুচকুত পৰ্দা
সপোনে উচুপে
বন্ধ উশাহ স্তব্ধ বুকু
নিশ্চল দেহা মৌন যৌৱন গীতি
ৰাতিবোৰে কয় আইৰ ঘৰৰ চোতালখন ইমান পিচল আছিল যদিও পৰা নাছিলো
তুলি ধৰাৰ বহু আপোন হাত সাজু হৈ আছিল যে
নঘৰৰ শিঙৰিময় চোতালত ঠেলা মাৰি পেলাই ৰঙ চোৱা আপোন মানুহ আছিল অ' আই
জাননে আপোনৰ সংজ্ঞাই কন্দুৱাইছিল 
কলতলত ভৰি থৈয়ে বুজিছিলো
পিছদিনাৰ পৰা আহিব জুয়ে পোৰা সময়
কিদৰে দপদপাই জ্বলাব পাৰে এখন সৰল হিয়া তোক নকওঁ আৰু আই
সহিব নোৱাৰিবি
কুমলীয়া তোৰ ৰাজকুমাৰী শিল হৈ পৰিছিল
ৰাতি ৰাতি দুচকুত দুখৰ ঢল বাঢ়িছিল
আইৰ ঘৰৰ বতাহচাতি চুবলৈ উদবাউল হৈছিলো 
এইবোৰ কথা পুৰণি হ’ল আই
যন্ত্ৰণাই তোৰ আজলী জীক দুৰ্গাৰ এখনি হাত দি গ’ল
বেয়া বুলি ভৱা সময়ৰ বুকুটো মানিক থাকে
চকুপানীৰে ধুৱলী ৰাতিৰ বুকুত থাকে
জীপাল ৰসাল পাহোৱাল বেলি
নিজক নিজে তুলি ধৰাৰ চিনি পোৱাৰ
আমেজ সুকীয়া আই
বাৰে বাৰে পৰিলেহে খোজ টান হয়
বাৰে বাৰে জ্বলিলেহে মন সমুজ্জ্বল হয়...

নামতি
দূৰভাষ ৯১০১৮৭৯৩৮৯

 অঙ্গন: পৃষ্ঠাঃ ৩২

হুমুনিয়াহ
                                                 
উৎপল কুমাৰ শৰ্মা                                                                              

দূৰণিত 
ভাঁহি আহে মেঘৰ গজনি
উৰুখা পঁজা ,
মাজ নিশাৰ নিৰ্জনতা ভাঙি
কৰুণ বিননি,
ডাৱৰৰ সুৰুঙাৰে জোনৰ লুকা-ভাকু
ঢিমিক্- ঢামাক্ নিষ্প্ৰভ চাকি
 শোষকৰ সমদল।
পুষ্টিহীন কংকাল সদৃশ
শোষিতৰ আৰ্তনাদ
মানৱৰূপী দানৱৰ অট্টহাস্য।
নিৰাশাৰ কুঁৱলীৰ জালি কটা
ৰিহাৰ মাজেৰে সৰকি আহে
জীয়াই থকাৰ দুৰ্ব্বাৰ বাসনা। 
নিষ্ঠুৰ সময়ৰ নিৰ্মম আঘাত
চপৰা চপৰে খহে হেঁপাহবোৰ।
ভাঙি পৰা কাঁচৰ টুকুৰাত
জীৱনৰ সপোন,
ঘনাই সলনি হয় সপোনৰ ৰং
অদৃশ্য হৈ পৰে কালৰ বুকুত
নিয়তিৰ ৰথৰ চকৰিত পিষ্ট
ধূসৰিত ৰঙবোৰ ।
স্তব্ধ হৈ যাব খোজে
জীৱনৰ ছন্দ,
মৃত্যুমুখী ক্ষুধাতুৰৰ চিৎকাৰ
উটি আহে উৰুখা পঁজাৰ
বেৰৰ জলঙাৰে
এটি হুমুনিয়াহ হৈ,
বতাহৰ ছন্দে ছন্দে অনুৰণন
সৰ্বত্ৰ মাথোঁ হুমুনিয়াহ।

অঙ্গন: পৃষ্ঠাঃ ৩৩
চঞ্চলা মনৰ সপোন

শর্মীষ্ঠা বর্মন
নতুন দিল্লী

জীৱনৰ বাটত আগভেটি ধৰা সুখবোৰ 
হঠাতে জিলিকি উঠা 
যেন চিকমিক বিজুলীহে ,
প্রতি চমকত আশাবোৰ জিলিকি উঠে 
মন নাচি-বাগি উদ্ বাউল হয় !

মনে ভালদৰে জানে 
বিজুলী-ঢেৰেকণিৰ মিতিৰালিৰ কথা !
বিজুলীৰ চিকমিকনিৰ পাছতেই
দুখৰ ঢেৰেকনিয়ে মূধচত খুন্দিয়াবই !

তথাপিও অবুজন হৃদয় !
বাৰেপতি ধৰে নজনাৰ ভাও !
আকাশৰ থুপি থুপি ওলমি থকা
কপাহী মেঘবোৰৰ প্রেমত পৰে !
মেঘৰ পৰা বৰষা ক্ষণিকৰ টোপালত
চঞ্চলা মনে বাৰেপতি কিয়নো 
কণ কণ সপোনৰ মালা গাঁথে ?

অঙ্গন: পৃষ্ঠাঃ ৩৪
আহিছো খালি হাতে

মৃদুলা দেৱী

আহিছো খালি হাতে যামগৈ খালি হাতে
খালি হাতেই জন্ম সকলোৰে
দুদিনৰ বাবে কিয় কৰা মিছা
দম্ভ অহংকাৰ
দুহাতেৰে চপাইছা ধন দৌলত
সন্মান কিনাৰ প্রতিযোগিতা
ক্ষমতাৰ  দৌৰত
ভুল শুদ্ধ বিচাৰি নকৰি
ফুল কোমল মানৱীয়
অনুভুতিক হত্যা কৰা প্রতিদিনে
সকলো হাতৰ মুঠিতে 
ধৰি ৰখাৰ দুৰন্ত হাবিয়াস
সাফল্যৰ শিখৰত আৰোহণ কৰি
যেতিয়া পিছলৈ উভতি চাবা
কাষত যে কাকোৱেই নাপাবা  । 

প্রেম স্নেহেৰে সকলো 
অনায়াসে পায়
জীৱনটো ঈশ্বৰে দিয়া অমূল্য দান
হাঁহি আৰু পবিত্রতাৰে
দিনতো আৰম্ভ কৰা
সকলো সম্বন্ধকে সন্মান
কৰি চোৱাচোন এবাৰ
দেখিবা তুমিয়েই সকলোতকৈ সুখি
ঈশ্বৰলৈ ভয় নকৰিবা
ভয় কৰিবা মাত্র নিজলৈ
ঈশ্বৰে কোনো পাপ নকৰে
পাপতো মানুহে কৰে
কেতিয়াও আনৰ দুখত
আনন্দিত নহবা কিয়নো
তুমি যিটো আনৰ ক্ষেত্রত 
কৰি ভালপোৱা ঈশ্বৰে
সেইটােকে তোমাক দান দিব
ভগৱানে সদায় ভক্তই
নিজে কৰি ভালপোৱাটোকে
বৰ দান কৰে। 

কবিৰ ঠিকনাঃ দৰিয়া, মাজুলী


অঙ্গন:  পৃষ্ঠাঃ ৩৫

পৰিচয় শিতানঃ
এই সংখ্যাৰ বিশিষ্ট অনুবাদক, কবি তথা লেখিকা
অৰুণিমা শৰ্মা মহাপাত্ৰ


পৰিচয়ঃ

অৰুণিমা শৰ্মা মহাপাত্ৰ 
জন্ম:  ১ এপ্ৰিল, ১৯৫৮
জন্ম স্থান: 
উজান বজাৰ, গুৱাহাটী, অসম

পিতৃ: স্বৰ্গীয় উদয় চন্দ্ৰ শৰ্মা 
মাতৃ: শ্রী যুতা দীপিকা শৰ্মা ।

শিক্ষা:  স্কুলীয়া শিক্ষা-ধুবুৰী চৰকাৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুল।
ধুবুৰীৰ  ভোলানাথ মহাবিদ্যালয়ৰ পৰা ১৯৭৭ চনত পদাৰ্থ বিদ্যাত স্নাতক ডিগ্ৰী লাভ ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৯ চনত পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ। 

চাকৰি জীৱন: ১৯৮১ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৱাহাটী কাৰ্যালয়ত  চাকৰিত যোগদান।
১৯৯১ চনৰ পৰা কলিকতা, লখ্নৌ, ভুবনেশ্বৰ, আকৌ কলিকতা, নতুন দিল্লী আদি  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিভিন্ন কাৰ্য্যালয়ত কৰ্মসূত্ৰে পদস্থ  হৈ ২০১৮ চনত দিল্লী কাৰ্য্যালয়ৰ পৰা 
'সহায়ক মহা প্ৰবন্ধক' পদৰ পৰা অৱসৰ গ্ৰহন কৰে ।

চাকৰি পৰা অৱসৰৰ পাছত দক্ষিণ পশ্চিম দিল্লীৰ দ্বাৰকাত কিছুদিন নিগাজী কৈ বাস কৰাৰ পাছত  বৰ্তমান উত্তৰ পশ্চিম দিল্লীৰ  শালিমাৰবাগৰ বাস ভবনত থাকিবলৈ লৈছে।

লেখা মেলাৰ অভ্যাস আছিল যদিও  চাকৰি কৰি থকা সময় খিনিত বেংকৰ ইন্ হাউছ মেগাজিনৰ বাহিৰে আন ক'তো লেখা প্ৰকাশ পোৱা নাই। অৱসৰ গ্ৰহন কৰাৰ পিছত 'দিল্লীৰ  বয়োজেষ্ঠ নাগৰিকৰ গোট 'বিয়লি চ'ৰাৰ 'বছৰেকীয়া আলোচনী  'বিয়লিত'(2018-2021 লৈ)  'অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ ই- আলোচনী   'মহাবাহু' দিল্লী মহানগৰীৰ শঙ্কৰদেৱ সঙ্ঘৰ আলোচনী   'শঙ্কৰ শিৰোমণি', অসম এছোছিয়েচন দিল্লী শাখাৰ মাহেকীয়া আলোচনী   'যোগাযোগ' , 'সাময়িক' অংকুৰণ প্ৰকাশনৰ 'অঙ্গন' ই আলোচনীত লেখা প্ৰকাশ পাইছে।
2021 চনত অংকুৰণ প্ৰকাশনৰ পৰা স্বৰচিত কবিতা পুথি 'মানসী' আৰু 2022 চনত বাংলা ভাষাৰ  পৰা  অসমীয়ালৈ  অনুবাদ কৰা কবিতা পুথি এখন প্ৰকাশ পাইছে।
অসমীয়াৰ লগতে বাংলা আৰু ইংৰাজী ভাষাতো তেখেতে লেখা মেলা কৰে।
অসম সাহিত্য সভা, দিল্লী শাখাৰ সৌজন্যত 'সাহিত্য চ'ৰা ' নামৰ এটি হোৱাটচ্এপ গ্ৰুপে কৰ'ণা আতংকৰ প্ৰথম ঢৌৰ  লকডাউনৰ  কালছোৱাত কৰা সাহিত্য চৰ্চাৰ ফলস্বৰূপে  'ভিন্নসুৰী- প্রথম খণ্ড' নামৰ এখন সংকলন 2021 চনত প্ৰকাশ পাইছে,  য'ত 
শ্রী মতী শৰ্মা মহাপাত্ৰই  বাংলাৰ বিভিন্ন স্বনামধন্য কবিৰ পাঁচটা কবিতাৰ অসমীয়ালৈ কৰা ভাবানুবাদেও স্থান পাইছে ।
2022 চনত দিল্লীৰ "জোনাকী সাহিত্য চ'ৰা' নামৰ হোৱাটচ এপ গ্ৰুপৰ সৌজন্যত প্ৰকাশ পোৱা সংকলন 
'ভিন্নসুৰী-দ্বিতীয় খণ্ডত' তেওঁৰ প্ৰবন্ধ, কবিতা, দিল্লীৰ মিকাগো পাব্লিকেচনৰ মাহিলী পত্রিকা 'মিমাকা' নিয়মিত লেখা আৰু একে নামৰ প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা সংকলন 'আমাৰ কিছু লেখাত' গল্প প্ৰকাশ পাইছে।
নলবাৰী চহৰৰ পৰা প্ৰকাশ পোৱা  'তৰ্জমা' নামৰ অনুবাদ  কবিতাৰ আলোচনী খনৰ বিভিন্ন  সংখ্যাত কেবাটাও অনুবাদ কবিতা প্ৰকাশ পাইছে।
বৰ্তমান সময়ত তেখেত বিভিন্ন ভাষাৰ  লেখাৰ পৰা অসমীয়ালৈ অনুবাদ , অসমীয়াৰ  পৰা বাংলা ভাষালৈ অনুবাদ  কাৰ্য্যৰ লগত জড়িত হৈ আছে ।

অঙ্গন: পৃষ্ঠাঃ ৩৬

কবিৰ তিনিটি অনুবাদ কবিতাঃ
১/

আকাশ ও মানুষ 

নির্মলেন্দু গুণ

কবে থেকে আকাশ দাঁড়িয়ে আছে একা,
তার বুক থেকে খসে পড়েছে কত তারা।
বেঁচে থাকলে আরো কত তারাই খসবে,
তা নিয়ে আকাশ কি দুঃখ করতে বসবে?

না, বসবে না, আমি বলছি, লিখে নাও,
আকাশকে তো মহান মানি এ-কারণেই।
মনুষ্যবৎ হলে কি মানুষ তাকে মানতো?

প্রিয়জন চলে গেলে মানুষই ব্যথিত হয়,
আকাশ নির্বিকার, আকাশ কখনও নয়।
তোমরা মানুষ, তাই সহজেই দুঃখ পাও,
হে ঈশ্বর, আমাকে আকাশ করে দাও।

আকাশ আৰু মানুহ

মূল বাংলাঃ নিৰ্মলেন্দু গুণ
অসমীয়া ভাবানুবাদ: অৰুণিমা শৰ্মা মহাপাত্ৰ। 

কোন কাহানিবাৰ পৰা অকলেই ৰৈ আছে আকাশ খন।
আকাশৰ বুকুৰ পৰা খহি পৰিছে কিমান তৰা।
জীয়াই থাকিলে হয়তো আৰু কিমান তৰা যে খহিব,
এইবোৰ লৈ আকাশ খনে বাৰু দুখ কৰিবলৈ বহিব নে ?

নবহে,  কেতিয়াও নবহে, মই কৈ আছো, মোৰ কথা তুমি লিখি লোৱা,
এই কাৰণেইতো মই আকাশ খনক ইমান মহান বুলি মানি লওঁ।
মনুষ্য হলে মানুহে আকাশ খনক মানিলে হেঁতেন নে ?

প্ৰিয়জন গুচি গ'লে মানুহেই ব্যথিত হয়,
আকাশ কিন্তু নিৰ্বিকাৰ, আকাশ কেতিয়াও  ব্যথিত নহয়।
তোমালোক মানুহ সহজতেই বৰ দুখ পোৱা,
হে ঈশ্বৰ,  মোক তুমি আকাশ হ'বলৈ দিয়া।

২/

প্রেম

তসলিমা নাসরিন

যদি আমাকে কাজল পড়তে হয় তোমার জন্য ,
চুলে মুখে রং মাখতে হয়,
গায়ে সুগন্ধী ছিটোতে হয়,
সবচেয়ে ভালো শাড়িটা যদি পড়তে হয়,
শুধু তুমি দেখবে বলে মালাটা চুড়িটা পড়ে সাজতে হয়,
যদি তলপেটের মেদ,
যদি গলার বা চোখের কিনারের ভাঁজ
কায়দা করে লুকোতে হয়,
তবে তোমার সঙ্গে অন্য কিছু, প্রেম নয় আমার।
প্রেম হলে আমার যা কিছু এলোমেলো,
যা কিছু খুঁত,যা কিছুই ভুলভাল অসুন্দর থাক,
সামনে দাঁড়াবো, তুমি ভালবাসবে।
কে বলেছে প্রেম খুব সহজ, চাইলেই হয়!
এত যে পুরুষ চারিদিকে, কই, প্রেমিক
তো দেখি না!
 
প্ৰেম

মূল বাংলাঃ তাছৰিনা নাচৰিন
অসমীয়া ভাবানুবাদঃ অৰুণিমা শৰ্মা মহাপাত্ৰ

তোমাৰ বাবে যদি চকুত 
কাজল সানি ধুনীয়া হ'ব লাগে,
চুলিত, গালত নানা ৰং সানিব লাগে,
সুগন্ধি ছটিয়াই দেহা সুবাসিত 
কৰিব লাগে,
বাছকবনীয়া কাপোৰ এযোৰ পিন্ধিব লাগে,
কেবল তুমি ভাল পাবা বুলিয়ে  
মালা, খাৰু পিন্ধি সাজোন 
কাচোন কৰিব লাগে,
তলপেটৰ মেদ, ডিঙি, চকুৰ গুৰিৰ ভাঁজ বোৰ আনে নেদেখাকৈ কায়দাৰে লুকুৱাই ৰাখিব লাগে,
তেতিয়া হ'লে সেইবোৰ তোমাৰ লগত মোৰ অইন কিবা হে,
সেয়া মোৰ বাবে তোমাৰ প্ৰেম নহয়।
তোমাৰ লগত প্ৰেম হ'লে মোৰ যিমান যি  খেলিমেলি , যিমান যি খুঁত, ভুল-ত্ৰুটি, সকলো অসুন্দৰ লৈ,
যেতিয়া থিয় হ'ম তোমাৰ সম্মুখত,
তুমি  তেনেকৈয়ে ভাল পাবা ,
মৰমেৰে আকোৱালী ল'বা মোক।
কোনোবাই হেনো ক'লে 
প্ৰেম বৰ সহজতেই
বিচাৰিলেই  হেনো পোৱা যায়, 
ইমান যে পুৰুষ দেখোঁ চাৰিওফালে 
ক'তা প্ৰেমিক তো এজনো দেখা নাই ?

৩/

মিনিট

শ্রীজাত

আরেকখানা মিনিট পাবি 
এমনটা কে বললো তোকে ?
বাঁচতে হলে নে বেঁচে নে, 
নিংড়ে নিয়ে মুহূর্তকে।

কাঁদার হলে নে না কেঁদে 
হৃৎপিন্ড উজাড় করে
একটা ফোঁটা চোখের জলও 
না রয়ে যায় কান্নাঘরে।

হাসিস যদি সবটুকু দে, 
মন ভালো কর এক মিনিটে
জীবন বলে ভাবিস যেটা, 
গড়া সেটা মিনিট ইঁটে।

এক লহমায় প্রেম করে নে 
তুচ্ছ করে সময়শাসন
অতীত এবং আগামীকে 
খামোখা দিস উচ্চ আসন।

ইতিহাসকে টেরিয়ে দেখিস,  
মুহূর্তরা যায় যে বয়ে
এই মিনিটে করিস যে কাজ, 
উঠুক সেটাই জীবন হয়ে।

লাভ কি হবে আগাম ভেবে, 
পরের দিনের প্ল্যানটা করে
কেউ জানেনা থাকবি কিনা 
রাত পোহালে কালকে ভোরে।

একটা করে মিনিট বাঁচুক 
সেই মিনিটেই তীব্রভাবে
পরের মিনিট এলে তখন 
সেটাও নিয়ে ভাবা যাবে।

আগের মিনিট চলে গেছে 
ঠিক বা ভুলের হিসেব দিয়ে
খামোখা আর এই মিনিটে 
করবি কি সে ভাবনা নিয়ে ?

ইচ্ছে হলে নাচ না এখন 
ভাবার হলে খুব নে ভেবে
ষাটটা সেকেন্ড মাত্র শুধু 
মিনিটটা তোর সঙ্গ দেবে।
 
কেউ জানেনা ব্যাংকে আছে 
আর কখানা মিনিট পড়ে
একটা গোটা জীবন নিয়ে 
এক মিনিটে দে না ভরে।


মিনিট

মূল বাংলাঃ শ্ৰীজাত
অসমীয়া ভাষান্তৰ: অৰুণিমা শৰ্মা মহাপাত্ৰ ।

কোনেনো ক'লে তোক 
তই আৰু এই মিনিট সময় পাবি
জীয়াই থাকিবলৈ হ'লে জী ল' এতিয়াই
মুহূৰ্ত বোৰক চেপি চেপি উলিয়াই ল'।

হিয়া ঢাকুৰি কান্দিবলৈ মন গ'লে  যিমান পা'ৰ কান্দি ল' এতিয়াই 
এটোপাল চকুপানীও  যেন নাযায় ৰৈ তোৰ কান্দোনৰ ভঁৰালত।

মন ভাল লগাবলৈ বাকি দে  
হাঁহিৰ ভোগজৰাৰ গোটেই খিনি হাঁহি 
যাক তই জীৱন বুলি ভা'ব
গঢ়ি উঠে এটি এটি মিনিটৰ ইটাৰে।

এক লহমাত প্ৰেম কৰি যা
সময়ৰ শাসনক তুচ্ছ জ্ঞান কৰি 
অতীত আৰু ভবিষ্যতক 
মিছাকৈয়ে  কিয় বাৰু দিয় উচ্চ আসন।

ইতিহাসক তীৰ্য্যক চাৱনিৰে চাওঁতেই মুহূৰ্তবোৰ যায় অবাবতে বৈ
এক মিনিটত কৰা তোৰ কাম বোৰ 
আজি যেন এটা জীৱন হৈ উঠক।

কি নো লাভ কাইলৈৰ কথা ভাবি
পিছদিনাৰ প্ল্যানিং কৰি নাজানে কোনেও 
ৰাতিটো পুৱালে পাছ দিনা পুৱা 
থাকিব নে নাই সি কোনে জানে বাৰু ?

এটাকৈ মিনিট জীয়াই থাকক
তীব্ৰ ভাবে সেই এক মিনিটৰ মাজত
পিছৰ মিনিটটো আহি পালে
তাক লৈও ভবা হ'ব।

সঠিক ভুলৰ হিচাপবোৰ দি দি
আগৰ মিনিটবোৰ গুচি গ'ল
মিছাকৈয়ে এই মিনিটত 
কিনো লাভ  সেইবোৰ ভাবি

মন গ'লে এপাক নাচি ল'
ভাবিবলৈ হ'লে ভাবি থাক
কেৱল মাত্র ষাঠিটা ছেকেণ্ডৰ 
এটা মিনিটে তোক সঙ্গ দিব।

কোনেও নাজানে বেংকৰ বহীত
আৰু কিমান মিনিট বাৰু জমা আছে,
এটা সম্পূৰ্ণ জীৱনেৰে আজি 
পূৰ্ণ কৰি ল' তোৰ এটা মিনিটক।


অঙ্গন:  পৃষ্ঠাঃ ৩৭

ভ্ৰমণ সম্পৰ্কীয়ঃ

বতাহত এক গুঞ্জন ...

ময়ূৰী শৰ্মা গোস্বামী

ঘূৰি ফুৰিছোঁ বিয়পি পৰা _
এটি বেলি  
আৰু অষ্টাদশী 
এটি জোনৰ সতে। 
শুকুলা শুকুলা বৰফ  পৰা, 
অলি গলি আৰু
বাটে ঘাটে । 

ইয়াত জীৱন অনুপম অনুপম, 
চৌদিশে মাথোঁ সেউজীয়া, 
ৰং ৰূপ সৌন্দৰ্য্য, 
মনোৰম, মাথোঁ মনোৰম । 

বতাহত কি এক গুঞ্জন , 
জিৰিজিৰি শব্দ। 
মায়াত আবদ্ধ ইয়াত সকলো, 
যুগ যুগ ধৰি, 
ধৰি বহু  শতাব্দ । 

বিচাৰি ফুৰিছো ইয়াৰ _
বতাহ পানী ফুল_
বৰফ পাহাৰ আৰু বকুল _
ক'ত আছে কি ৰহস্য, 
ইয়াৰ শিলে শিলে কটা আছে  , 
কল্পনাতীত এক ভাস্কৰ্য । 

যেন চিত্ৰকৰৰ হাতৰ এখনি নিখোত ছবি, 
হাতৰ মুঠিত সময় লৈ ৰৈ যায় ইয়াত _
গান আৰু কবি । 
এইয়া কাশ্মীৰ __
প্ৰতি অঙ্গে অঙ্গে মায়া, 
মাথোঁ মায়া আৰু সৌন্দৰ্য্য  । 
ক'ত পাম বিচাৰি, 
মৰত নে স্বৰ্গত  , 
ইয়াতকৈ আৰু অধিক মাধুৰ্য ।।

এটি সপোন আছিল। কাশ্মীৰৰ সৌন্দৰ্য্য কাষৰ পৰা চোৱাৰ।  কিন্তু কিছু ৰাজনৈতিক কাৰণত সেই সপোন সাকাৰ কৰাৰ সাহস কৰা নাছিলোঁ। কিন্তু সকলো ভয় শংকা আতৰত ৰাখি ২০১৭ চনৰ ছেপ্তেম্বৰ মাহৰ ২৯ তাৰিখে ভৰি দিলোগৈ সপোনৰ দেশ কাশ্মীৰৰ শীতল মাটিত। বিমানবন্দৰৰ বাহিৰত থিয় দিয়াৰ লগে লগেই এচাটি শীতল বতাহে সঁচাকৈয়ে কৈ গ'ল " তুমি সপোনৰ দেশত বৰ্তমান"। বুকুৰ ভিতৰত কি এটা অনুভুতি জাগিছিল.... মুখেৰে কৈ উঠিছিলো কাশ্মীৰত থকা  দিনকেইটাৰ এক মুহূৰ্তও চকুৰ নিমিখ পৰা সময় খিনিও মই অবাবত নষ্ট নকৰো যেন। উপভোগ কৰিম। কেবল সৌন্দৰ্য্য উপভোগ কৰিম

 ইমান দিনে কিয় ভয় কৰিছিলো ? কাক ভয় কৰিছিলো ? এক উষ্ণ আতিথ্য ই সকলো শংকা যে অনৰ্থক আছিল প্ৰমান কৰিলে। কউল উপাধিৰ খাটি কাশ্মীৰি ল'ৰা এজনে সম্পূৰ্ণ অচিনাকী আমাৰ পৰিয়ালটোক এবেলা অফিচ চুটি লৈ আহি তেওঁৰ গাড়ীৰে ঘৰলৈ লৈ গৈ সুন্দৰকৈ খুৱাই বোৱাই আমি কাশ্মীৰত থকা তিনিটা দিনৰ বাবে এখন গাড়ী আৰু ৰিয়াজ নামৰ এজন স্থানীয় ল'ৰা দিলে। যিয়ে বাকী তিনিওটা দিনত আমাক সম্পূৰ্ণ কাশ্মীৰৰ সৌন্দৰ্য্য দেখুৱাৰ লগতে শেষলৈ নিজৰ পৰিয়ালৰ এজনৰ দৰে হৈ পৰিল। এই সকলো খিনিৰ মূলতে আছিল মনমী। যি অসমৰ জিয়ৰী কিন্তু কাশ্মীৰৰ বোৱাৰী ।

সেইদিনাই চালিমাৰবাগ, নিষাদ গাৰদেন, চুচমাচাহীৰ সৌন্দৰ্য্য উপভোগ কৰিলো। ফুলে, পাতে, ৰঙে, ৰূপে, পোহৰ, বতাহ, গোন্ধ আৰু শীতলতাই সচাকৈয়ে স্বীকাৰ কৰাইছিল এইয়া কাশ্মীৰ। সম্পূৰ্ণ ভাগ্যৰ বলত সেইদিনাই নিশা কাশ্মীৰৰ জেষ্ঠা দেবীৰ মন্দিৰত অষ্টমী পূজাৰ চাকি দি ভোগ খাব পাৰিলো।

পিছদিনা ৰিয়াজে লৈ গ'ল সোনমাৰ্গ লৈ। শ্ৰীনগৰৰ পৰা সোনমাৰ্গ লৈ যোৱা ৰাস্তাৰ প্ৰতিটো দৃশ্য কেলেণ্ডাৰৰ এখিলা এখিলা পৃষ্ঠাৰ দৰে। মনত পৰি গৈছিল বহুত সৰু থাকোতে.... ক্লাছ 3, 4 মানত..... বহী বোৰত কেলেন্ডাৰৰ পৃষ্ঠাৰে চামৰা লগোৱাৰ দিনৰে কথা।....... তেতিয়া সোনমাৰ্গ লৈ যোৱা ৰাস্তাৰ প্ৰতিটো দৃশ্যৰে সজাই ১২ পৃষ্ঠাৰ এখন কেলেন্ডাৰ থকাৰ কথা। তেতিয়াইৰ লাগি চাইছিলোঁ ফটোবোৰ। আজি সেইবোৰ দৃশ্য চকুৰ আগত। পাহৰি গ'লো মই ক'ত আছো। মাটিত নে ভূস্বৰ্গত।

 NH 1 ৰে সোনমাৰ্গৰ পৰা জিৰ পইন্ট লৈ যোৱাৰ অভিজ্ঞতা জীৱনত নাপাহৰোঁ। এফালে হিমালয়ৰ ৰেন্জ, আনহাতে শ শ ফুট দ খাৱৈ। ধূলিয়ৰি ৰাস্তা। বছৰৰ আধা বৰফত ঢাক খাই থকা এইটো ৰাস্তা পকা কৰিও একো লাভ নহয় বোলে। শিল, চিমেন্ট পানীত উটি গুচি আহে। মূৰৰ বহুত উপৰত দেখিছিলো মোৰ সৰু হাতৰ জোখত এবেগেত মান আকাৰত গাড়ীবোৰ গৈ আছে। আমিও যাব লাগিব তালৈ এইটো ৰাস্তাৰেই। বুকু কপি উঠিছিল। আনহাতে দূৰৈত দেখুৱাই দিছিল দ্ৰাইভাৰ জনে অমৰনাথলৈ যোৱা পাহাৰীয়া ৰাস্তাটো। আমি যোৱা ৰাস্তাৰেই বহুত গাড়ী কাৰ্গিলল লৈ গৈ আছিল। অসমৰ শ্বহীদ জিন্তু গগৈক কাৰ্গিলৰ পৰা এইটো ৰাস্তাৰেই নমাই আনিছিল। বুকুত অলপ বিষ আৰু গৌৰব অনুভব কৰিছিলো। 
সোনমাৰ্গৰ জিৰ পইন্ট পাই সকলো পাহৰি গ'লো। এফালে বৰফ আনফালে হিমালয়ৰ পাদ দেশত থিয় হৈ বুকু ভৰি আহিছিল। লোকে লোকাৰণ্য হৈ আছিল তেতিয় জিৰ্‌পইন্ট। প্ৰায় সকলোৰে গাত গৰম কাপোৰ। মই গৰম কাপোৰ লোৱা নাছিলো। ভাবিছিলো হিমালয়ৰ বতাহ গাত ভৰাই লৈ ঘূৰি আহোঁ। এইটো জনমত এই খিনি বতাহ আকৌ নাপাবও পাৰোঁ। 

পিছদিনা গৈছিলো গোলমাৰ্গ লৈ। ভাষাৰে লিখি বৰ্ণাব নোৱাৰা প্ৰাকৃতিক দৃশ্য। তাত শিব মন্দিৰেই চাম নে হৰিশ সিং পেলেচেই চাম, ফুল চাম নে সেউজীয়া কেবল সেউজীয়া চাম। মন গৈছিল যেন তাতেই হেৰাই যাম। হিন্দী এখন বোলছবিৰ গীতৰ কথাৰে... যানা মুচকিল হে য়াহা চে....কিতনি খুবচুৰত য়ে তচবীৰ হে... 
 উভতি আহিছিলো এবুকু ভৰা পৰিতৃপ্তি লৈ।

চকুৰ এক নিমিখ পৰাৰ সমান মূহূৰ্তও অপব্যয় নকৰো বুলি ভবা মই জনীয়ে সঁচাকৈয়ে ডাললেকৰ পাৰত পুৱা ৪ বাজি ৩০ মিনিটতে এবাৰ যাওঁ আৰু নিশা খোৱা বোৱাৰ পিছত ১১-১২ বজালৈ পাৰতে ৰৈ থাকিছিলো। কি অপূৰ্ব ডাললেকৰ নিশাৰ পৰিবেশ। শ শ লাইট যেতিয়া জ্বলি উঠে হাউছবোট বোৰত। সঁচাকৈ... যানা মুচকিল হে য়াহা চে....
চিকাৰত ঘূৰিছিলোঁ এদিন। ডাললেকৰ মাজতেই চিকাৰা ৰখাই দুপৰীয়াৰ আহাৰো কৰিছিলোঁ। সঁচাকৈ "জীবন জীবন, বৰ অনুপম"

ঘূৰি আহিছিলোঁ ভূস্বৰ্গ এৰি বাস্তবৰ পৃথিবীলৈ। এৰি থৈ আহিছিলো আতিথ্য, মৰম, সৌন্দৰ্য্য, শীতলতা, ভয় আৰু শংকা । লৈ আহিছিলো ফুল, ৰং, গোন্ধ, বতাহ, বৰফ আৰু বহুত হেঁপাহ। ৰুমালত গাঁঠি এটা মাৰি আৰু এটি সপোন দেখিছিলোঁ... আকৌ আহিম ফুলৰ দেশলৈ, কাশ্মীৰলৈ। যেতিয়া কাশ্মীৰৰ অলিয়ে গলিয়ে বৰফ পৰিব, যেতিয়া টিউলিপ গাৰদেনত হাজাৰ হাজাৰ ৰঙা, নীলা, হালধীয়া, বেঙুনীয়া, কমলাবুলীয়া টিউলিপ ফুলিব... তেতিয়া ।তেতিয়া আকৌ আহিম।


যোৰহাট
৯৪৩৫৪৯২৩৩৮/৮১৩৪৯৬৬৪০৫


অঙ্গন:  পৃষ্ঠাঃ ৩৮

শিশু সম্পৰ্কীয়ঃ

গ্ৰীষ্মবন্ধ বিশেষ

দীপশিখা হাজৰিকা বৰুৱা

জুলাই মাহ আৰম্ভ হোৱাৰ লগে লগে গৰমৰ বন্ধ আৰম্ভ হৈ যায়। বন্ধ দিয়া মানে ল'ৰা-ছোৱালীবিলাকে মনত কিছু সকাহ পায়। এমাহৰ বাবে হ'লেও পঢ়া-শুনা, হমৱৰ্কৰ পৰা ৰক্ষা।
বৰ্তমান প্ৰায়বিলাক পৰিয়ালত দেউতাকৰ লগতে মাকেও কাম কৰে। গৰম বন্ধৰ দিনকেইটাত মাকগৰাকীয়ে কেইদিনমান যদি ছুটি লৈ সিহঁতৰ লগত কটায় তেন্তে সিহঁতে ভাল পাব। তেতিয়া মাক আৰু  ল'ৰা ছোৱালীৰ মাজৰ সম্বন্ধটো আৰু মধুৰ হয়।আমি অভিভাৱকসকলেও এইবিষয়ে অলপ ভাবিব লাগে। স্কুল চলি থকাৰ সময়খিনিত আমাৰ ল'ৰা ছোৱালীবিলাকে ঘড়ীৰ কাটাত গতি কৰি থাকিব লাগে। ৰাতিপুৱা বিছনাৰ পৰা উঠি স্কুলৰ বাবে সাজু হ'ব লাগে। সেই সময়খিনি সিহঁতৰ বাবে বৰ ব্যস্ততাৰ সময়।স্কুলত দিনটোৰ পঢ়া-শুনাখিনি কৰিব লাগে। ঘৰলৈ আহিও পঢ়া-শুনা, টিউচন, হমৱৰ্ক কৰিব লাগে। এনে এটা ব্যস্ততা বাবে সিহঁতক বাধ্য কৰাইছোঁ। নহ'লে পৰীক্ষাত ভাল নম্বৰ নাপাব। 
আমি যদি অভিভাৱকসকলে কিছুমান কথা মন কৰো তেন্তে গৰমৰ বন্ধটো শিশুসকলৰ বাবে উপভোগ্য হ'ব। যদি সম্ভৱ হয়, তেন্তে সিহঁতক আমি কিছুদিনৰ বাবে হ'লেও ঘৰৰ পৰা আঁতৰলৈ লৈ গ'লে আনন্দিত হ'ব। সিহঁতক প্ৰকৃতিৰ লগত থাকিবলৈ দিব লাগে। আজি যান্ত্ৰিক যুগৰ ল'ৰা ছোৱালীয়ে প্ৰকৃতিয়ে দিয়া অনাবিল আনন্দখিনি উপভোগ কৰিবয়ে নাজানে।প্ৰায়েবিলাক ঠাইত আকৌ আজি কালি গৰমৰ বন্ধত কৰ্মশালা পতা দেখা যায়।বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালা পতাটো ভাল কথা। কিন্তু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা কওঁ যে কৰ্মশালাৰ নামত সৰু ল'ৰা ছোৱালীবিলাকক অভিভাৱকসকলে যেন শাস্তি নিদিয়ে। সকলোৰে মনবোৰ একে ধৰণৰ নহয় কোনোবাই গায়, কোনোবিই আঁকি আৰু কোনোবাই পঢ়ি ভাল পাই ।অতিৰিক্ত কিছু শিকক বুলি জোৰ দিলে হিতে বিপৰীতহে হ'ব। শেষত এটাই ক'ব বিচাৰোঁ আজি কালি প্ৰায় বিলাক পৰিয়ালতে ল'ৰা ছোৱালীৰ সংখ্যা এটা বা দুটা।গতিকে স্কুল বন্ধৰ সময়ছোৱাত সিহঁতক যাতে অকলশৰীয়া অনুভৱ নকৰে সেই কথা আমি অভিভাৱকে মন কৰিব লাগে আৰু সংগ দিব লাগে অন্যথা মোবাইল ফন, পাৱজী গেম আৰু টি ভি য়ে সিহঁতৰ বন্ধু হ'ব। গৰম বন্ধটোয়ে সিহঁতৰ আনন্দ কৰাৰ সময়। সেই সময় খিনি কাঢ়ি নল'ব।

(দুলিয়াজান)


অঙ্গন:  পৃষ্ঠাঃ ৩৯
গল্পঃ

মৰুদ্যান

মীনাক্ষি কলিতা


পৰহিলৈ দেউতাৰ বছেৰেকীয়া শ্ৰাদ্ধ। ওলাবা কাইলৈ গাঁওৰ ঘৰলৈ যাম।
হঠাতে পুলকেশ চহৰীয়াই কোৱা কথাষাৰত এক প্ৰকাৰ আচৰিত হৈ পৰিছিল তেওঁৰ প্ৰিয়তমা পত্নী প্রাঞ্জলি চহৰীয়া। আচৰিত হোৱাৰে কথা। যিজন মানুহে নেকি নিজৰ শয্যাশায়ী পিতৃয়ে জীৱনৰ অন্তিম সময়ত বাৰে বাৰে তেওঁক ওচৰত বিচৰাৰ পিছতো তেওঁ সেই মানুহজনৰ ওচৰলৈ এবাৰলৈও যোৱা নাছিল আনকি দেউতাকৰ মৃত্যুৰ পিছতো পত্নীৰ বাধ্যত পৰিহে দেউতাকক এবাৰ চাবলৈ গৈছিল সেইজন মানুহে আজি দেউতাকৰ বছৰেকীয়া শ্রাদ্ধলৈ নিজে যাৱলৈ ওলোৱাটো কম আশ্চৰ্য্যকৰ কথানে ! পিছে ইয়াৰ আৰত একো স্বাৰ্থ লুকাই থকা নাইতো ! 
স্বাৰ্থ !
স্বাৰ্থ অবিহনে জানো চহৰীয়াই কিবা কাম কৰে ! চহৰীয়াই জীৱনত এনে কোনো কাম নকৰে য'ত নেকি চহৰীয়াৰ মুনাফা লুকাই নাথাকে। 

পত্নীক আচৰিত কৰি নিজৰ অফিচ ক্ষতি কৰি দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধ পতাৰ উদ্দেশ্যৰে গাঁওলৈ যাৱলৈ ওলোৱা চহৰীয়াই আচলতে দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধ পতাৰ হেঁপাহত গাঁওলৈ যাবলৈ ওলোৱা নাছিল। চহৰীয়াই গাঁওলৈ যাৱলৈ ওলাইছিল কেৱলমাত্ৰ তেওঁলোকৰ নৈ পৰীয়া মাটি খিনি বিক্ৰী কৰাৰ উদ্দেশ্যত হে। 

চহৰীয়াৰ ককাকৰ দিনতে দখল কৰা পাগলদিয়া নৈৰ পাৰত থকা মাটিখিনিত কিছুবছৰৰ আগতেও এটা ব্যক্তিগত প্ৰতিষ্ঠানে কিনি তাত এটা উদ্যোগ স্থাপনৰ বাবে চহৰীয়াৰ লগত যোগাযোগ কৰাত চহৰীয়াই সেই মাটিখিনি বিক্ৰী কৰি চহৰত নিজাকৈ কিবা এটা কৰাৰ মন মেলিছিল। কিন্তু চহৰীয়াৰ সেই বাটত হেঙাৰ হিচাপে থিয় দিছিল তেওঁৰ দেউতাকে। 

দেউতাকে সেই মাটিখিনিত কোনো উদ্যোগ স্থাপন হোৱাটো বিচৰা নাছিল।উদ্যোগ স্থাপনৰে তেওঁলোকৰ সেই নৈপৰীয়া অঞ্চলটোৰ জলবায়ুৰ প্ৰদূষণৰ লগতে উদ্যোগৰ পৰা ওলোৱা আৱৰ্জনাবোৰ তেওঁৰ আপোন সেই পাগলদিয়া নৈ খনত পৰি নৈৰ পানীখিনিও প্ৰদূষিত হোৱাৰ আশংকাই তেওঁক বাৰুকৈয়ে চিন্তিত কৰিছিল। সেয়েহে তেওঁ পুতেকৰ সিদ্ধান্তক অস্বীকাৰ কৰিবলৈ কোনো কাৰণতে আপোচ কৰা নাছিল।

"দেউতা ইয়াত উদ্যোগ এটা স্থাপন হ'লে আমাৰ গাঁও খনৰ লগতে এই অঞ্চলটো বহুত উন্নত হ'ব।"

আধুনিকতাৰ দৌৰত প্ৰতিমুহূৰ্ততে এখোজ আগুৱাই যোৱাৰ সপোনত মগ্ন হৈ থকা চহৰীয়াই সেই মাটিখিনি বিক্ৰী কৰি সেই টকাখিনিৰে চহৰত নিজাকৈ কিবা এটা কৰি নিজে আৰু এঢাপ আগুৱাই যোৱাৰ লগতে সেই নৈপৰীয়া অঞ্চলটোও কিছু পৰিমাণে হলেও আগুৱাই নিয়াৰ সপোন দেখিছিল। চহৰীয়াৰ মতে তাত এটা উদ্যোগ স্থাপন হ'লে সেই অঞ্চলটোলৈ বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী উৎপাদনৰ আহিলা নাইবা উৎপাদিত সামগ্ৰী নিতৌ অনা নিয়া কৰিব লাগিব। যাৰ ফলত অঞ্চলটোলৈ যাতায়ত ব্যৱস্থা সুচল হ'ব। তাৰোপৰি উদ্যোগটোত অঞ্চলটোৰ নিবনুৱা বহু ব্যক্তিও সংস্থাপিত হ'ব পাৰিব। 

"কোনো কাৰণতে সেই মাটিখিনি উদ্যোগৰ নামত বিক্ৰী কৰিবলৈ মই তোক নিদিওঁ। উদ্যোগ স্থাপনৰে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি চহকী হোৱাৰ সপোন দেখাতকৈ অঞ্চলটোক প্ৰাকৃতিক ভাৱে উন্নত কৰি নিজৰ লগতে ভৱিষ্যত প্ৰজন্মকো প্ৰদূষণ মুক্ত এখন পৃথিৱী উপহাৰ দিবলৈ  চেষ্টা কৰ।"

দেউতাকে চহৰীয়াৰ যুক্তিক কোনোপধ্যেই স্বীকাৰ কৰা নাছিল।তেওঁৰ সপোন আছিল তেওঁৰ উত্তৰ পুৰুষলৈ কিছুপৰিমানে হলেও প্ৰদূষণ মুক্ত পৃথিৱী এখন এৰি থৈ যোৱা। সেয়েহে তেওঁ বিভিন্ন গছ গছনিৰে ভৰা তেওঁৰ দেউতাকৰ দিনৰ সেই মাটিখিনি উদ্যোগ স্থাপনৰ বাবে বিক্ৰী কৰি অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰাৰ লগতে বায়ু প্ৰদূষিত কৰাতকৈ সেই মাটিখিনিত তেওঁৰ পুৰণি গছ গছনি সমূহৰ লগত আৰু অধিক পৰিমাণে বিভিন্ন গছ গছনি ৰোপন কৰি অঞ্চলটোক প্ৰাকৃতিক ভাবে অধিক চহকী কৰাৰ লগতে তাত পৰিবেশ বিনষ্ট নোহোৱা বিভিন্ন ধৰণৰ কুটীৰ শিল্প, কৃষি নাইবা পশুপালনৰ ব্যবস্থা কৰি নিবনুৱা সংস্থাপন কৰাৰ সপোন দেখিছিল। 

দেউতাকৰ পৰা বিমুখ হৈ অৱশেষত চহৰীয়া গুচি গৈছিল চহৰলৈ। তেতিয়াৰ পৰা তেওঁ এবাৰলৈও দেউতাকৰ খবৰ লোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিল। আনকি দেউতাক যেতিয়া মাহৰ পিছত মাহ বিছনাত শয্যাশায়ী হৈ বাৰে বাৰে তেওঁক বিচাৰিছিল তেতিয়াও তেওঁ দেউতাকক মাত এষাৰ দিয়া নাছিল। 

আচলতে তেওঁ দেউতাক সোনকালে... 
তেতিয়া অন্তত তেওঁ.... 
যিহেতু তেওঁ দেউতাকৰ একমাত্ৰ পুত্ৰ আছিল। 
আৰু অৱশেষত আজি!

দেউতাকৰ মৃত্যুৰ প্ৰায় তিনিবছৰৰ মূৰত চহৰীয়াৰ বন্ধু এজনে এটা উদ্যোগ স্থাপনৰ উদ্দেশ্যেৰে পুনৰ ক্ৰয় কৰিব বিচাৰিছে সেইখিনি মাটি। 
আস্ এইবাৰটো আকৌ হেঙাৰ হ'ব পৰাকৈ দেউতা জীয়াই থকা নাই। 
একমাত্ৰ সন্তান হিচাপে এতিয়া দেউতাকৰ সকলো সম্পত্তিৰ অধিকাৰীতো তেঁৱে। কথাষাৰ ভাবিয়ে বুকুখন ভৰি পৰিল চহৰীয়াৰ।


                     ইমান দিনৰ মূৰত ঘৰখনত পুত্ৰ বোৱাৰী উপস্থিত হোৱাত আনন্দত আত্মহাৰা হৈ পৰিছিল চহৰীয়াৰ মাতৃ। পুত্ৰ বোৱাৰী সহিতে আত্মীয় স্বজন সকলোৰে উপস্থিতিত চহৰীয়াৰ দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধখন সুকলমে পাৰ হৈ গৈছিল। 

" মা আমি কাইলৈ আবেলি নহ'লে পৰহি ৰাতিপুৱাই যামগৈ। আৰু যোৱাৰ আগতে... "

দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধ শেষ কৰি ৰাতিলৈ মাকৰ আগত কথাষাৰ উলিয়াইছিল চহৰীয়াই। পুত্রৰ উপস্থিতিত  মানুহজনীয়ে পোৱা আনন্দ মুহূৰ্ততে নোহোৱা হৈ গৈছিল। পুতেকৰ কথাষাৰ এপাত শেল হৈ খুচিছিল তেওঁৰ বুকুত। তথাপিও নিজক কোনোমতে নিয়ন্ত্ৰণ কৰি মাতষাৰ দিছিল তেওঁ। 

" কিন্তু  বোপাই সেইখিনি মাটিত..."

চহৰীয়াই মাকৰ কোনো কথাই শুনিব বিচৰা নাছিল। তেওঁৰ মতে তেওঁ মাকদেউতাকৰ যিহেতু একমাত্ৰ সন্তান গতিকে সকলোখিনি তেওঁ বিচৰা মতে কৰিব।

পিছদিনা ৰাতিপুৱাই বিক্ৰী কৰিব বিচৰা মাটিখিনিলৈ গ'ল চহৰীয়া। উদ্দেশ্য মাটি ক্ৰয় কৰিব বিচৰা মানুহখিনি অহাৰ আগেয়ে মাটিখিনি চাই দৰ দামৰ এটা নিৰ্দিষ্ট পৰিমাণ ঠিক কৰি লোৱা। ইমান বছৰ গছ গছনি কটা নাই যিহেতু সেইবোৰৰো বেলেগে বেলেগে দাম নিৰ্ধাৰণ কৰিব পৰা যাব। আৰু যদি তেওঁলোকে সেইবোৰৰ দাম নিদিয়ে তেতিয়াহলে বেলেগ কোনো কাঠৰ ব্যৱসায়ীৰ সৈতে যোগাযোগ কৰি বিক্ৰী কৰি পেলাব মূল্যবান গছবোৰ। 

কিন্তু এয়া কি ! 
মাটিখিনিৰ ওচৰ পাই একপ্ৰকাৰ হতভম্ব হৈ পৰিল চহৰীয়া। মাটিখিনিৰ ওচৰতে ৰৈ আছে বয় বস্তু কঢ়িওৱা কেইবাখনো গাড়ী। সেই মাটিখিনিৰ পৰা ওলাই অহা ৰাস্তাটোৰে বিভিন্ন জনে বিভিন্ন বস্তু আনি গাড়ীত তুলিছে। 

মানুহবোৰে অহা যোৱা কৰি থকা পথটোৰে মাটিখিনিলৈ লাহে লাহে সোমাই গ'ল চহৰীয়া। চালে চকুৰোৱা সৌন্দৰ্যৰে ভৰি পৰিছে তেওঁলোকৰ মাটিখিনি সহিতে ওচৰৰ আন মানুহখিনিৰ
 মাটিখিনি লগ হৈ গঢ়ি উঠা বৃহৎ ভূমিডৰা। এতিয়া সেইখিনি কেৱল জংগল নাইবা কেইডালমান মূল্যবান গছৰে ভৰা ভূমি হৈ থকা নাই। তাৰ পৰিবৰ্তে তাত মূল্যবান বিভিন্ন গছ গছনিৰ মাজে মাজে গঢ়ি উঠিছে কেইবাখনো পাম। খেতি বাতিৰ পৰা আৰম্ভ কৰি জীৱ জন্তু মীন পালনলৈকে একোয়ে বাদ পৰা নাই। ঠায়ে ঠায়ে দুটা বৃহৎ পুখুৰী। সেই পুখুৰীৰ ওপৰত চাংঘৰ নিৰ্মাণ কৰি তাত গঢ়ি তুলিছে হাঁহ কুকুৰাৰ গড়াল।পুখুৰীৰ কোনোবাটো পাৰত যদি গাহৰিৰ গড়াল, কোনোবাটো পাৰত আকৌ কলগছৰ খেতি। 

মাজতে আকৌ গৰু আৰু ছাগলীৰো একোখনকৈ বৃহৎ পাম। বিভিন্ন প্ৰজাতিৰ গৰু আৰু ছাগলীৰে ভৰি আছে পাম দুয়োখন। সেইবোৰ চোৱাচিতা কৰাত ব্যস্ত হৈ আছে প্রায় বিশজনৰো অধিক লোক। 

পুৰণি গছবোৰৰ মাজে মাজে থকা খালী ঠাইবোৰত আকৌ নতুনকৈ ৰোপণ কৰিছে বিভিন্ন ঔষধি গুণসম্পন্ন উদ্ভিদৰ লগতে আন মূল্যবান উদ্ভিদো।তাৰ মাজত আকৌ অলপ গছ গছনি কমকৈ থকা ঠাইবোৰত বিভিন্ন ধৰণৰ শাক পাচলি প্ৰমুখ্যে বিভিন্ন ৰবিশস্যৰ খেতি। 

মুঠতে মাটিখিনিৰ ক'তো অলপো সুৰুঙা নহোৱাকৈ চাৰিওফালে কিবা নহয় কিবাত ব্যৱহৃত হৈছে মাটিখিনি। কিন্তু তাৰ পিছতো একে আছে মাটিডৰাত থকা গছ গছনিৰ সংখ্যা। আৰু সকলোতকৈ ডাঙৰ কথা তাত নিযুক্ত হৈ আছে প্ৰায় এশৰো অধিক ব্যক্তি। 

এফালৰ পৰা সকলোবোৰ তন্ন তন্নকৈ নিৰীক্ষণ কৰি যোৱা বাটেৰে ঘৰলৈ উভতিল চহৰীয়া। নাই তেওঁ ইমানো স্বাৰ্থপৰ হ'ব নোৱাৰে। দেউতাকে দেখা সপোনৰ পৃথিৱীখন যিখন তেওঁ গঢ়িব নোৱাৰিলেও আনে গঢ়ি তুলিছে সেইখন তেওঁ কোনো কাৰণতে ধ্বংসৰ গৰাহলৈ ঠেলি দিব নোৱাৰে। তাতকৈ ডাঙৰ কথা তেওঁ নিজক আৰু এঢাপ আগুৱাই নিবলৈ এই মাটিখিনি বিক্ৰী কৰি আন দহজনৰ পেটৰ ভাতমুঠি কাঢ়ি নিয়াৰ কথা কল্পনাও কৰিব নোৱাৰে। 

ঘৰলৈ আহিয়েই মবাইলটো হাতত লৈ কাৰোবাৰ সৈতে ফোনৰ সংযোগ স্থাপন কৰিলে চহৰীয়াই। সেইফালৰ পৰা কি কলে সেয়া চহৰীয়াৰ বাহিৰে কোনেও নুশুনিলে যদিও চহৰীয়াই কোৱা কথাষাৰ শুনি চহৰীয়াৰ মাকৰ লগতে ঘৈণীয়েকৰ ওঁঠতো বিয়পি পৰিল প্ৰশান্তিৰ হাঁহি। 

সেই মাটিখিনি আচলতে উদ্যোগৰ বাবে নহয়। 
মৰুৰ মাজত গঢ়ি উঠা এখন উদ্যানৰ বাবেহে।
যাৰ নাম মৰুদ্যান।
যিখন গছ গছনি সহিতে বিভিন্ন পোহনীয়া জীৱ জন্তু আৰু নানান শস্যৰে ভৰপূৰ।

ঠিকনা ঃ নলবাৰী

অঙ্গন:  পৃষ্ঠাঃ ৪০

দহন

হিৰোচিমা বৰা পাঠক

বিশাল পথাৰখন কুঁৱলী এডৰাই যেন ঢাকি ৰাখিছে। কুঁৱলীৰ আৱৰণৰ মাজেদিয়েই পদ্মা কিছুদূৰ আগুৱাই গ'ল। দূৰণিলৈকে এক নিস্তব্ধ পৰিবেশ। কুঁৱলীৰ মাজতেই চকামকাকৈ গাঁও এখন হৈ বহিছে দূৰণিৰ গছ-গছনিবোৰ। ফিটা এডালৰ দৰেই গছবোৰৰ ছাঁবোৰ চুই সৰিসৃপৰ দৰে পৰি আছে নতুনকৈ পকী কৰা পথটো।  ৰাস্তাৰ কাষৰ জোপোহা আৰু বনবোৰত নিয়ৰৰ টোপালবোৰ এই পৰো এই পৰো হৈ ওলমি আছে। চেঁচা ফেৰ্ফেৰীয়া বতাহ এজাক কাণ দুখনত লগাত গাটো জিকাৰি গ'ল। গাৰ এৰী চাদৰখন গুচাই পুনৰ মূৰৰ পৰা কাণ দুখন ঢকাকৈ মেৰিয়াই লোৱাত উম এটা লাগি গ'ল পদ্মাৰ। কিছু দূৰৈত ৰিণিকি ৰিণিকি দেখা পোৱা ওখ ঢিপটো তাইৰ লক্ষ্য। ঘৰৰ পৰা ঠিক দুই কিলোমিটাৰ মান দূৰলৈকে সেউজীয়া পথাৰখন আৰু নতুনকৈ পৈণত হোৱা ধানৰ সোণালী থোকবোৰ চাই চাই প্ৰাতঃভ্ৰমণ পদ্মাৰ অভ্যাস। অভ্যাস বুলি ক'লে আচলতে ভুল হ'ব। পথাৰখনলৈ আহি পদ্মাই নিজক বিচাৰি পায়। তাইৰ কলিজাৰ এফাল তাতেই থৈছে। ৰাতিপুৱাৰ সময়খিনি এপাক ফুৰি আহিলে বৰ শান্তি পাই তাই মনত।

        বাম পথাৰৰ কেঁকুৰিটো ঘূৰিয়েই দলনিৰ ফালে যোৱা পথটোৰ দাঁতিতে থকা শিলিখাজোপা এইবাৰ বৰকৈ ফুলিছিল। কলি পেলোৱাৰ পৰাই গাঁওৰ ল'ৰা ছোৱালী মখাই ঠিক খাইহি। ৰাতিপুৱাই সৰি থকা মিঠা মিঠা কলি শিলিখাবোৰৰ সোৱাদ অপূৰ্ব। খাব পৰাকৈ পৈণত এতিয়াহে হৈছে। পিনাকীয়ে দৌৰ মাৰি শিলিখাৰ তল পালেগৈ। গলধনৰ  পৰা ভৰিৰ কলাফুললৈকে গাঠুৱাই দিয়া উমাল কাপোৰখনৰ পৰা হাতদুখন উলিয়াবলৈ কৰা চেষ্টা বিফল হোৱাত পুনৰ দৌৰি আহি পদ্মাৰ কাষ পালেহি।

"এই ছোৱালীজনীৰ যে অলপো শান্তি নাই গাত! শিলিখা খাব বিচাৰিছ যদি মই নি দিম বুটলি। ঘৰত ধুই পখালি ভাত খাই উঠি খাবি। খালি পেটত শিলিখা খালে পেট কামুৰিব। দৌৰা দৌৰিখন নকৰচোন। "
পিনাকীৰ শিলিখা খোৱাৰ আশাত চেঁচা পানী পৰাত বিষণ্ণ ভাবেৰে পদ্মালৈ চালে। তাই সেইটো অশাতেই সোনকালে উঠি খোজ কাঢ়িবলৈ আহে ! সৰি থকা শিলিখা, আমলখিবোৰ বুটলি পকেটত ভৰাই লয় তাই। ঘূৰি যাওঁতে শুভ্ৰ দলিছা এখনৰ দৰে বননিত লেও খাই থকা নামঘৰৰ সমুখৰ বৰ বকুল জোপাৰ পৰা বকুল ফুল বুটলি নি মালা চিলোৱাটোও তাইৰ নিচা হৈ উঠিছে।

        পখিলী এজনীৰ দৰেই পিনাকীজনী। মাটিত যেন ভৰিয়েই নপৰিব তাইৰ। ফুটফুটীয়া চোলাটো পিন্ধি দেও দি দি জঁপিয়াই ফুৰা পিনাকী গাঁওখনৰ সকলোৰে আদৰৰ। ঘৰখন সজীৱ হৈ থাকে তাইৰ মাতে কথাই। সকলোৱেই কয় তাই দেখিবলৈ মাকৰ দৰেই। কথা-বতৰা, ভাব-ভংগী সকলোতে যেন অনুৰূপাজনী। 
ভয় বঢ়িছে দিনে দিনে পদ্মাৰ। 
বুকুত খামুচ মাৰি ধৰি থকা বিষটো প্ৰায়ে উকাই। মানুহে কয় সময় আটাইতকৈ ডাঙৰ ঔষধ। সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। কিন্তু ক'তা, বছৰৰ পিছত বছৰ পাৰ হোৱা পিছতো দেখোন পদ্মাৰ বুকুৰ কেঁচা ঘা ডোখৰ একেই আছে। আৰু কিমান সময়ৰ ,বছৰৰ, যুগৰ প্ৰয়োজন হ'ব সেই ঘাটো শুকাবলৈ! 
বুকুখন মোহাৰি মোহাৰি নিজকে শান্তনা দিয়ে তাই, "এদিন সকলো ঠিক হ'ব। পিনাকীয়ে এদিন সকলো পাহৰাই পেলাব। ঘৰখনলৈ, পদ্মা আৰু বিনোদৰ জীবনলৈ সেই হেৰুৱা হাঁহি মাত ঘূৰাই আনিব।

        পিনাকী অনুৰূপাৰ ছাঁ। অনুৰূপাও ঠিক পখিলী এজনীৰ দৰেই উৰণীয়া আছিল। সেন্দুৰী দুখনি গাল, নিপোটল চেহেৰা আৰু সকলোকে মুহিব পৰা মৌ বৰষা মাত কথাৰে গাঁওখনৰ আটাইতকৈ ধুনীয়া আৰু মৰমীয়াল ছোৱালী আছিল অনুৰূপা। মৰমৰ বন্ধোনেৰে বান্ধি ৰাখিব জানিছিল তাই সকলোকে। গাঁওখনৰ লগতে পথাৰখনো আছিল তাইৰ বাবে বিশেষ। ঘৰতকৈ বেছি সময় পথাৰখনত কটাবলৈয়ে ভাল পাইছিল তাই। সমনীয়াৰ লগত বোকাই মাটিয়ে খেলি, মুকলি আকাশৰ তলত সেউজীয়া পৰিবেশত ডাঙৰ হোৱাৰ বাবেই চাগে তাইৰ মনটোও মুকলি আছিল।

         চকুত লগাকৈয়ে বাঢ়ি আহিছিল অনুৰূপা আৰু যেতিয়া তাই গাভৰু হৈছিল গাঁওখনৰহে নালাগে অঞ্চলটোৰে ডেকা বোৰৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছিল তাই। প্ৰতিজন ল'ৰাই চাগে এদিনলৈ হ'লেও দেখিছিল অনুৰূপাৰ সপোন। কিন্ত ৰাংঢালী অনুৰূপাৰ মন-কাণ মুঠেও নাছিল সেইবোৰৰ প্ৰতি । লক্ষ্য আছিল তাইৰ আগুৱাই যোৱাৰ। খেতিয়ক দেউতাক-মাকৰ জোৰা তাপলি মৰা সংসাৰখনৰ প্ৰতিটো অভাৱ-অনাটনৰ খবৰ পাইছিল অনুৱে। পঢ়াৰ প্ৰতি তাইৰ ধাউতি দেখি খেতিৰ টকা, হালৰ গৰু বিক্ৰী কৰি হ'লেও টাউনত পঢ়োৱাই আনিছিল দেউতাকে।

        ব্যক্তিগত খণ্ডৰ কোম্পানী এটাত এচিষ্টেণ্ট মেনেজাৰ হিচাপে কৰ্মৰত হৈ থাকোতেই শুভম আহিছিল অনুৰূপাৰ জীৱনলৈ । অনু ডুবিছিল শুভমৰ প্ৰেমত। ভুল-শুদ্ধ, বেয়া-ভাল বিচাৰ কৰিব নোৱৰা হৈছিল। শুভমৰ প্ৰেমে দুৰ্বল কৰি পেলাইছিলত ক্ৰমে। পাহৰি পেলাইছিল কি শুদ্ধ কি ভুল। আনকি জন্ম দিয়া মানুহ হালৰ ইচ্ছা-অনিচ্ছাৰ বুজ নোলোৱাকৈয়ে এদিন শুভমৰ হাতত ধৰি বহিছিল উত্তৰ ভাৰত অভিমুখী এখন ৰেলত। মাকলৈ মাত্ৰ লিখি থৈ গৈছিল এখন চিঠি, য'ত গোট গোট আখৰেৰে লিখা আছিল,"মোক বিচাৰিব নালাগে মা। মই ভালে থাকিম আৰু মোৰ ভালপোৱা জনৰ লগতে আছোঁ। তেওঁ মোক বহুত ভালপায়। তেওঁলোকৰ ঘৰখনে স্বীকাৰ কৰিলেই ইয়ালৈ ঘূৰি আহি তোমালোকৰ আশীৰ্বাদত বিয়াত বহিম। মোক ক্ষমা কৰিবা"

        পাটনাৰ পৰা চল্লিশ কিলোমিটাৰ দূৰত্বৰ এখন ভিতৰুৱা গাঁও আছিল শুভম গুপ্তাৰ ঠিকনা। অফিচিয়েল ট্যুৰত অসমলৈ আহোঁতে এখন চেমিনাৰত চিনাকি হৈ বন্ধুত্ব গঢ়ি উঠিছিল শুভমৰ লগত। অনুৰূপাৰ ৰূপ যৌৱনে ঢৌ তুলিছিল শুভমৰ হৃদয়ত। হিন্দীভাষী আমায়িক ল'ৰাজনৰ প্ৰতিটো কথাই ভাল লাগিবলৈ লৈছিল অনুৰূপাৰ কিন্তু সাহস নাছিল মাক দেউতাকক জনাবলৈ। শুভমৰ ভালপোৱাই বিশ্বাস জন্মাইছিল সিহঁতৰ প্ৰেমে এদিন স্বীকৃতি পাব। তাৰ ঘৰ খনে মানি ল'লেই  অসমলৈ ঘূৰি আহি মাক দেউতাকক ক্ষমা খুজিব। ঠিক হৈ যাব সকলো।

কল্পনাৰ পৃথিৱীত প্ৰেমৰ সাতোৰঙী কাৰেং সাজিবলৈ যোৱা অনুৰূপাই নাজানিছিল বিচৰাৰ দৰেই নহয় সকলো।
বাহিৰৰ জগতখনৰ খবৰ জানো পাইছিল অনুৰূপাই?
সকলোয়ে ভবাৰ দৰে নহয় কথাবোৰ । ঊনৈশ জন মানুহেৰে ভৰা ঘৰখনলৈ যোৱাৰ পিছতেই সলনি হৈ গৈছিল অনুৰূপাৰ জীৱন। তাইৰহে নালাগে শুভমৰো কোনো কথা কোৱাৰ অধিকাৰ নাছিল সেইখন ঘৰত।

ভালপোৱা শেষ হ'বলৈ বেছি দিনৰ প্ৰয়োজন নহ'ল। প্ৰতিশ্ৰুতি, সপোনবোৰ লাহে লাহে নোহোৱা হৈ আহিছিল। তাৰ উমান অতি সোনকালেই অনুৱে পাইছিল। ঘৰখনৰ পুৰণিকলীয়া মানসিকতা আৰু আমানৱীয় নিয়মবোৰত আচৰিত হৈছিল অনুৰূপা। প্ৰথমবাৰ যেতিয়া অনুভৱ কৰিছিল তাইৰ ভিতৰত উশাহ লৈ আছে আন এটা প্ৰানে স্বৰ্গীয় অনুভূতি জাগিছিল তাইৰ হৃদয়ত। কিন্তু শুভমক জনোৱাত ঘৰখনত যেন বেলেগ এটা পৰিৱেশৰহে উদ্ভৱ হৈছিল। মন কৰিছিল মানুহখিনিৰ উত্তেজনাত ফুৰ্তিৰ সলনি যেন আন কিছুমান প্ৰশ্নইহে স্থান পাইছিল। শাহু, বাই শাহু আৰু ডাঙৰ বৌয়েকে তাইক তেওঁলোকৰ চিনাকি ডাক্তৰ এজনৰ ওচৰলৈ লৈ গৈছিল। যিজন ডাক্তৰে তাইক চোৱা নাছিল চাইছিল তাইৰ ভিতৰৰ সন্তানটোৰ লিংগ। আৰু যেতিয়াই ছোৱালী বুলি জানিছিল হত্যা কৰি পেলোৱা হৈছিল কণমানি জীৱনটোক।

পাগলী হৈছিল অনুৰূপা।
আহিবলগীয়া সন্তানটোক চাবলৈ পুহি ৰখা হেঁপাহ মৰহি গৈছিল। জন্তুৰ দৰে মানুহবোৰৰ কোনো খবৰ নাছিল তাই কি ভাবে, কি বিচাৰে। কন্যাসন্তান যেন এটা পাপ তেনেকুৱাই আছিল ঘৰখনৰ চিন্তাধাৰা।
সলনি হৈছিল শুভম। প্ৰেমিকৰ পৰা পৰিণত হৈছিল এটা উন্মাদ জন্তুলৈ। অনুৰূপাৰ ইচ্ছা অনিচ্ছাৰ কথা জানিবলৈ চেষ্টা নকৰাকৈয়ে তাইৰ ওপৰত জঁপিয়াই পৰিছিল। অনুৰ দুৰ্বল শৰীৰ, ল'ৰা সন্তানৰ বাবে তাগিদা আৰু শৰীৰত দিনে নিশাই চলিছিল যৌন অত্যাচাৰ। 

আকৌ আহিছিল সেই খবৰ। 
পুনঃ দিবলগা হৈছিল পৰীক্ষা। এবাৰ। দুবাৰ ।তিনিবাৰ। 
নাই অনুৰূপাই ল'ৰা জন্ম দিব নোৱাৰে। ল'ৰা জন্মই দিব নোৱাৰে যদি এনেকুৱা বোৱাৰীৰ কি কাম??

         ঘৰ খনৰ এচুকত আচবাবৰ দৰে পৰি ৰৈছিল অনুৰূপা। শৰীৰ নহয় যেন এটা যন্ত্ৰ। শুভম আগৰ দৰে তাইৰ প্ৰেমত মতলীয়া নহয়। তাইৰ ৰূপ যৌৱনে আকৰ্ষিত কৰিব নোৱাৰে তাক। তথাপিও শৰীৰৰ ভোক মাৰিবলৈ উন্মাদ জন্তুৰ দৰে জপিয়াই পৰে তাইৰ ওপৰত। আকৌ অন্তঃসত্তা হয় অনুৰূপা। এইবাৰ কিন্তু তাই একমাত্ৰ নিজক আৰু গৰ্ভস্থ সন্তানটিৰ বাহিৰে পৃথিৱীত আন একোকে দেখা নাপায়। অপ্ৰাণ চেষ্টা কৰে তাই সেই নৰক কুণ্ডৰ পৰা নিজক আৰু পেটৰ সন্তানটিক বচাবলৈ। হয়তো ভগৱানেও তাইৰ প্ৰাৰ্থনা শুনে। ডাক্তৰৰ ওচৰলৈ নিয়াৰ আগতেই তাইৰ একে বয়সৰ শুভমৰ ভতিজাকৰ সহায়ত নিজৰ প্ৰাণ লৈ মৃতপ্ৰায় শৰীৰৰে পলাই আহে অসমলৈ। নিজৰ গাঁওখনলৈ। 
কিন্তু ঘৰ পোৱাৰ আগতেই বাগৰি পৰে দুৰ্বল শৰীৰ। গাঁওখনত হুলস্থুল লাগে। 
অনুৰূপাৰ চকু, মুখ, দেহৰ অৱস্থা দেখি গাঁওৰ মানুহে চকুলো টোকে। 

মাক দেউতাকে জানো পাৰে অভিমান কৰিবলৈ নিজৰ সন্তানৰ ওপৰত!
পদ্মা বিনোদেও সকলো পাহৰি আঁকোৱালি লয় অনুৰূপাক।
মাক দেউতাকৰ নিৰাপত্তা, আদৰ-যত্নত কিছু ঠিক হৈ উঠে তাই। কিন্তু হ'ল বুলি মানুহৰ শৰীৰহে! হয়তো সন্তানৰ মুখখন এবাৰ চাব পৰাকৈয়ে শক্তি গোটাইছিল অনুৰূপাই। পিনাকীৰ জন্মৰ ঠিক পাঁচ ঘণ্টাৰ পিছতেই চিৰদিনলৈ চকু মুদিছিল তাই। 
অনুৰূপাৰ সেন্দুৰী শৰীৰত তেতিয়াও স্পষ্ট হৈ আছিল তাই সহি অহা এটা এটা দাগ, গিৰিয়েকৰ অত্যাচাৰৰ নীৰৱ তথ্যবোৰ।

       গাভৰু জীয়েকৰ মৰাশ আগত লৈ বাউলি হৈ পৰা পদ্মাক গাওঁৰ মানুহে তুলি ধৰিছিল আৰু যেতিয়া সদ্যজাত পিনাকীক আনি কোঁচত সুমুৱাই দিছিল মূক হৈ পৰিছিল পদ্মা। 
জীয়েকক হেৰুৱাৰ বেদনাই পদ্মা বিনোদৰ অন্তৰ দহিছিল। 
বুকুৰ ভিতৰলৈকে শিপাই যোৱা বিষটো লৈ মাথোঁ জীয়াই আছিল পদ্মা। আচলতে জীয়াই থাকিব লগা হৈছিল পিনাকীৰ বাবে।
অনুৰূপাক তাইৰ আটাইতকৈ প্রিয় ঠাই পথাৰখনৰে এচুকত বিনোদে নি চিৰদিনৰ বাবে থৈ আহিছিল।
পদ্মাই মাথোঁ ধৈৰ্য ধৰিছিল নৱজাতক পিনাকীৰ কপাহী কোমল মুখলৈ চাই। 

পিনাকীৰ মুখ খনে অনুৰূপালৈ ঘনে ঘনে মনত পেলাই। পিনাকীয়ে সিহঁতক হাঁহিবলৈ শিকাই, ফুৰ্তিত থাকিবলৈ কয়। একলা দুকলাকৈ পিনাকী বাঢ়ি এদিন দহ বছৰীয়া হয়। 
নিৰলা আগতকৈও সজাগ হয়। অনামী ভয় এটাই তাইক খেদি ফুৰে। খেদি ফুৰে...।

(গল্পকাৰ 'গুঞ্জন' আলোচনীৰ সম্পাদক।)

অঙ্গন:  পৃষ্ঠাঃ ৪১
কুঁহিপাঠৰ গ, ল আৰু প 

অংকিতা বৰুৱা

নিজস্ব শৈলীৰে জীৱন এটা জীয়াৰ হেঁপাহকণ কাৰনো নাথাকে ! ব্যস্ততাপূৰ্ণ দৈনন্দিনতাই হওক অথবা শামুকীয়া গতিৰ জীৱন শৈলীয়েই হওক ! একঘেয়ামীৰপৰা আঁতৰি কিছু নতুনত্বৰ দিশে যাবলৈ কাৰনো হেঁপাহ নাজাগে ! কুঁহিপাঠখনৰ বৰ্ণসমূহৰ মাজতো অতি সন্তৰ্পনে কিছু উখল মাখল লাগিছে । নিজস্বতা বিচাৰি হাহাকাৰ কৰি উঠিছে গ'ৰ মনটোৱে - ইমান একঘেয়ামীৰে জীৱন নচলে । ঘৰটোৰ একেটা চুকতে পৰি পৰি আটাইবোৰ যেন মৃতপ্ৰায় হৈ গৈছে ! সদায় একেকেইটা শব্দৰ গাঁঠনিৰ মাজত সিঁহতৰ কণমানী শৰীৰটো টনটনাই উঠিছে । নাঃ ! কিবা এটাটো কৰিবই লাগিব । গ অত্যুৎসাহী - নিজস্বতাক হাচিল কৰিবলৈ হ'লে বিদ্ৰোহ কৰিবই লাগিব। কিন্তু সকলোৰে মনবোৰ বুজাও বৰ টান , সহোদৰ হ'ল কি হ'ল ! বৰ সন্তৰ্পনে চুচৰি বাগৰি সি ঘৰখনৰ বাকীকেইজন সদস্যই নেদেখাকৈ ল'ৰ কাষ পালেহি । ল'ৰ লাজকুৰীয়া স্বভাবটোৰ বাবেই তাৰ বৰ মৰম তালৈ । গ'ই ল'ৰ গাত মৰমতে হাতখন ফুৰাই কলে - 'কিমান আৰু লাজৰ ওৰণি টানি ঘৰটোৰ চুকতে পৰি থাকিবা লাজুকীলতাৰ দৰে ! মন নাযায়নে কোনোবা দূৰ দেশলৈ গুচি যাবলৈ ? পৰিধিবিহীন বিশালতাত নিজকে হেৰুৱাবলৈ কোনোদিন আকাংক্ষা নাজাগেনে তোমাৰ ? '
ল আচৰিত হ'ল । ইমান গহীন গপচকৈ থকা 'গ'ৰ আজি ইমান কাব্যিকতা - ' হঠাৎ কি হ'ল তোমাৰ ? আজি যেন তোমাক নতুনকৈ দেখিছোঁ ! পিছে তোমাৰ কথাক একেবাৰে ভুল বুলিও ক'ব নোৱাৰোঁ । মই সন্মত । '

এমোকোৰা হাঁহিৰে দুয়ো হাতত ধৰাধৰিকৈ এখন মুকলি আকাশৰ তললৈ ওলাই আহিল । ল'ৰ কিবা এটা ভাল লগা নাই । কিবা এক মৰমৰ টান যেন এৰি থৈ আহিছে ! প'ক কিদৰে এৰি থৈ যায় ! অতজাক সহোদৰৰ মাজত কিয় জানো প, 'ল'ৰ বেছি মৰমৰ । হয়তো পৰীজনীৰ দৰেই ধুনীয়া বাবে । পাছ হুহকি প'ৰ কাষত থিয় হৈ লয়ে আৰম্ভ কৰিলে -  ' প , ব'লা অলপ ওলাই যাওঁ । তোমাৰ সৈতে পৰীৰ দেশলৈ যাবলৈ পালে সুখী হ'ম আমি ।'

এটা মিঠা হাঁহিৰে চঞ্চলা চপলা প'য়ে সন্মতি জনালে । তাই নিজেও দেখাই শুনাই এজনী পৰীৰ দৰেই । 

একা বেকা বাট এটিৰে সিহঁত তিনিও আগবাঢ়িছে । বাটচোৱা যেন সিহঁতৰ আজন্ম চিনাকী । লুঙলঙীয়া বাটটোৰ দুয়োকাষে পাতলীয়া হাবি এখন । সৌ তাহানি চোতালত ঢাৰি পাৰি আইতাকৰ চাৰিওফালে গোটেইকেইটা বহি শুনা সাধুটোৰ দৰে । হাবিখনৰ মাজৰপৰা অদ্ভূত চৰাই চিৰিকটি আৰু জন্তুবোৰৰ মাতবোৰ ভাহি আহিছে । হাতে হাত ধৰি গুনগুণাই গৈ থকা সিহঁতৰ মাজত ক্ৰমান্বয়ে দূৰত্ব কমি আহিছে । যিমানে সময় গৈছে সিমানে আন্ধাৰে আৱৰি ধৰিছে চৌপাশ । কিবা এক অজান ভয়ে সিহঁতৰ টেটু শুকুৱাই আনিছে । কি হ'ব যদিহে আইতাকৰ সাধুটোৰ দৰে সিহঁতৰ সন্মুখতে এতিয়া বিৰাটাকায় দৈত্যটো ওলায়হি ! দাত নিকটাই হাঁহি একে সোহাই যদি সিহঁতক গিলি থয় ! কথাবোৰ নিজৰ মাজতে ভূনভূনাই পাতি সিহঁত আগবাঢ়িছে । কিবা এটা বিচাৰি , এটা আশা লৈ ওলাই আহিছেই যেতিয়া আৰু পাছলৈ উভটি চোৱাৰ কথাই নাহে - গ'ৰ আশ্বাস । বয়সত সৰু ল আৰু প সেই আশ্বাসতে আগবাঢ়িছে । আইতাকৰ সাধুবোৰত বাঘ সিংহ যিয়েই নোলাওক , ওখ-পাখ খৰিকটীয়াজনে সবকে মাৰিব পৰাৰ দৰে সিহঁতৰো গ'ৰ ওপৰত অগাধ বিশ্বাস । গ স্বভাতেই গহীন গপচ । এলাপেচা কথাত গুৰুত্বই নিদিয়ে । মনৰ ভয় মনতে লুকুৱাই ল আৰু প যিমান পাৰে সিমান কাষ চাপি গৈছে । ল অলপ দুৰ্বল । যিমানে ডাঙৰ হৈছে লেঙলেঙকৈ ওখহে হৈছে , চিৰি চেহেৰা একোৱেই নাই । প'ৰ আকৌ সিহঁত আটাইকেইটাতকৈ সৰু বুলিয়ে নে কি , অলপ পেনপেনাই থকা স্বভাব এটা আছে । গ'ৰ খং উঠে । সিহঁতক গেঙেৰী মাৰি উঠে -' ইমান ভয়নে তোমালোকৰ ? এনেকৈ হ'লে নিজস্ব পৰিচয় এটা কিদৰে বনাবা ? সদায় জাকৰুৱা ঘৰখনতে চুকত পৰি থকাৰ মন নেকি তোমালোকৰ ? একেকেইটা শব্দ গাঁঠনিতে সোমাই নিজৰ চিনাকী সীমাবদ্ধ কৰিবলৈ মন নেকি ? '

গ'ৰ কথাত যেন ল আৰু প'ৰ কিছু লাজ লাগিল । সহোদৰ এজনৰ নিজকলৈ ইমান উচ্চাকাংক্ষা , লগতে সিহঁতকো সেই সপোন দেখিবলৈ শিকাইছে । অথচ সিহঁতে সন্মুখৰ প্ৰচুৰ সম্ভাবনাকো অনৰ্থক ভয় এটাৰ মাজত গ্ৰাস হ'বলৈ দিছে ।

 এইবাৰ আগতকৈয়ো বলিষ্ঠ খোজেৰে গ'ৰ কাষে কাষে ল আৰু প'ই খোজ দিলে। প নুমলীয়া বাবে মৰমতে ল'ই কোলাত তুলি ল'লে । সন্মুখত এখন সপোন যেন সম্ভাৱনাৰে পূৰ্ণ পৃথিৱী । আইতাকৰ দিনৰ সাধুকথাৰ অলৌকিকতাৰপৰা মুক্ত হৈ , পৰীৰ দেশৰ ৰাজকুমাৰ ৰাজকুমাৰীৰ সাধুৰপৰা মুক্ত হৈ  সিহঁত তিনিও ৰচনা কৰিব মানুহৰ জীৱনৰ সৈতে সংপৃক্ত হৈ থকা নানান সঁচা কথাৰ উপজীব্যৰে ন ন কাহিনী । যি সৃষ্টিৰ মাজত প্ৰত্যেকেই নিজক বিচাৰি পাব আৰু তিনিওৰে সমিলমিলত এটা নতুন শব্দৰ গাঁঠনিত অজস্ৰ কথকতাৰ সম্ভাবনাৰে সিহঁতে সৃষ্টি কৰিব এটা নতুন শব্দ 'গল্প' ।

লেখিকাৰ ঠিকনাঃ গুৱাহাটী

অঙ্গন: পৃষ্ঠা ৪২

শেষ পৃষ্ঠাৰ লেখাঃ

অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰৰ সমস্যা হওক 

প্ৰতি বছৰে অসমৰ জনসাধাৰণক জীয়াতু ভোগাই কোটি কোটি টকাৰ সম্পতি ধ্বংস কৰি অসমক আৰ্থিক ভাৱে জুৰুলা কৰা এটা জ্বলন্ত সমস্যা হ'ল বানপানীৰ সমস্যা। বিগত সময়ৰ দৰে চলিত বৰ্ষটো অমসৰ ইমূৰৰ পৰা সিমূৰলৈ বানপানীয়ে সংহাৰি ৰূপ ধাৰণ কৰি অসমৰ জনসাধাৰণৰ বিস্তৰ ক্ষতি সাধন কৰিছে। বানৰ কবলত পৰি প্ৰায় ৫০ লাখ লোকে কৃষি-শষ্য, পশুধন, সম্পতি হেৰুৱাব লগা হোৱাৰ বিপৰীতে প্ৰায় শতাধিক লোকৰ প্ৰাণহানী হৈছে। চৈধ্যবছৰৰ অভিলেখ ভংগ কৰি সংহাৰি ৰূপ ধাৰণ কৰা এই বানপানী সমস্যাই ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিব লাগিছিল কিন্তু মূলতঃ তেনে হোৱা এই পৰ্যন্ত আমাৰ দৃষ্টি গোচৰ হোৱা নাই।
            যদিও ২০০৫ চনৰ " দুৰ্যোগ ব্যৱস্থাপনা আইন ( Disaster Management Act 2005) ত ৰাষ্টীয় সমস্যা বুলি কোনো বিষয় অন্তভুক্ত হোৱা নাই তথাপিও এই আইনখনতে কিছুমান দুৰ্যোগক " উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ" ( Calamity of Several Nature) ৰ কথা উল্লেখ কৰা আছে। কিন্তু কেনে ধৰণৰ দুৰ্যোগক "উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ" ঘোষণা কৰা হ'ব সেই কথা আইনখনত উল্লেখ নকৰিলে। কিন্তু দশম বিত্তীয় আয়োগে  ১৯৯৫-২০০০ বিৰল উগ্ৰ প্ৰকৃতিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ " A national Calamity of rarest severity " হিচাপে ঘোষণা কৰিবলৈ এক পৰীক্ষা কৰে এনেদৰে " যদি কোনো দুৰ্যোগে ৰাজ্যখনৰ এক-তৃতীয়াংশ জনগণক প্ৰভাৱিত কৰে"। যদিও এই পৰীক্ষা কৰা হয় তথাপিও তেতিয়াৰ পেনেলে ইয়াকো " উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ"ৰ অন্তভুক্ত নকৰিলে। কিন্তু বিগত সময়ত ১৯৯৯ চনৰ উৰিষ্যাৰ "হুদহুদ" ঘূৰ্ণিবতাহ, ২০১৩ চনৰ উত্তৰাখণ্ডৰ  ভয়াবহ বানপানীক " Calamity of Several Nature" ঘোষণা কৰা হয় আকৌ ২০০১ চনৰ গুজৰাটৰ ভূমিকম্পকো উগ্ৰ নজৰবিহীন দুৰ্যোগ " A Calamity of unprecedented severity" ৰূপে ঘোষণা কৰা হয় বুলি সেই ষময়ৰ কৃষিমন্ত্ৰী শ্ৰীপদ নায়কে সংসদক জনাইছিল।
           এতিয়া কথা হ'ল যদি দশম বিত্তীয় আয়োগৰ ৰাজ্যখনৰ এক-তৃতীয়াংশ লোক প্ৰভাৱিত হোৱা কথাটোৱেই যদি উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ ঘোষণা কৰাৰ ক্ষেত্ৰত মানি চলা হয় তেন্তে অসমৰ প্ৰায় ৩৯.৫৮% বানাক্ৰান্তক লৈ অসমৰ বানপানী সমস্যাটোক কিয় উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ ঘোষণা কৰিব নোৱাৰে ? যি সময়ত অসমৰ গড়ে ৮০০০ হেক্টৰ স্থলভূমি খহনীয়াত জাস যায়, প্ৰতি বছৰে গড়ে ১২৮ কোটি টকাৰ সম্পত্তি বিনষ্ট হয় শ শ লোকৰ প্ৰাণহানি হয় তথাপিও ইয়াক উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ ঘোষণা কৰিব নোৱাৰাৰ কাৰণ কি ? 
           কেন্দ্ৰ চৰকাৰে অসমৰ বান-খহনীয়া আৰু বানপানী সমস্যাক গুৰুত্ব সহকাৰে লৈ "উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ" ঘোষণা কৰি  " National Disaster Response Fund" NDRF ৰ অধীনত " Calamity Relief Fund CRF" ৰ অধীনত অসম চৰকাৰক প্ৰাপ্য অনুপাতত সাহাৰ্য প্ৰদানৰ দ্বাৰা ভুক্তভোগীক সাহাৰ্য তথা বানপানীৰ সমস্যা সামাধানৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ালে অসমৰ জনসাধাৰণ উপকৃত হ'ব।
            এতিয়া কথা হ'ল অসমৰ বানপানী সমস্যাক " উগ্ৰ প্ৰকৃতিৰ দুৰ্যোগ" ঘোষণা কৰাটো যিহেতু সম্পূৰ্ণ কেন্দ্ৰচৰকাৰৰ মানসিকতাৰ ওপৰত নিৰ্ভশীল সেয়ে অসম চৰকাৰ তথা অসমৰ বিভিন্ন দল সংগঠনে উপযুক্ত আঁচনী আৰু পদক্ষেপৰ দ্বাৰা বিষয়টোৰ ওপৰত কেন্দ্ৰচৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব। সেয়ে অসম চৰকাৰে নিৰ্ভীকতাৰে আৰু অসমৰ দল সংগঠন সমূহে বলিষ্ঠ কণ্ঠই মাত মাতি সমস্যা সামাধানৰ ক্ষেত্ৰত কেন্দ্ৰচৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰক।
 
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন

অঙ্গন:  পৃষ্ঠাঃ ৪৩





Post a Comment

0 Comments