অংকুৰণ প্ৰকাশনৰ উদ্যোগত আয়োজিত মাহেকীয়া শিশু আলোচনী অকণিৰ অংকুৰণ পঞ্চম বাৰ্ষিক চিত্ৰাংকণ প্ৰতিযোগিতা ২০২২ ত দ্বিতীয় পৰ্যায়লৈ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলৰ নাম ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীলৈ আলোচনীখনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হ'ল আৰু দ্বিতীয় পৰ্যায়লৈ নিৰ্বাচিত প্ৰতিযোগীসকলক জনোৱা হ'ল যে ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় পৰ্যায়ৰ প্ৰতিযোগিতা আগষ্ট মাহলৈ পিছুৱাই দিয়া হৈছে। গতিকে নিৰ্বাচিত প্ৰতিযোগীসকলক আমাৰ কাৰ্যালয়/অংকুৰণৰ প্ৰতিনিধি/সমন্বয়ৰক্ষী কৰ্মী অথবা বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। উল্লেখ্য যে এই ফলাফলৰ লগতে দ্বিতীয় পৰ্যায়লৈ নিৰ্বাচিত প্ৰতিযোগীসকলক আলোচনীখনৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰি থকা হৈছে।