অঙ্গনঃ তৃতীয় বছৰ (২য় সংখ্যা)



অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 জুন, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে হে সাহিত্য প্ৰেমি শব্দৰ সাধক সকল। জয় জয়তে অঙ্গনৰ পৰিয়ালৰ প্ৰণিপাত গ্ৰহণ কৰিব। আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু হীন-দেৰি হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্ত থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 
            
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৩

এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
পাণ্ডুলিপি সম্পৰ্কীয় ঘোষণাঃ পৃষ্ঠা ৭
প্ৰৱন্ধ : পৃষ্ঠা ৮-১০
উপন্যাস: পৃষ্ঠা ১১
অণুগল্প : পৃষ্ঠা ১২-১৫
একমিনিটৰ গল্প : পৃষ্ঠা ১৬
অনুবাদ কবিতা : পৃষ্ঠা ১৭-২০
লিমাৰিক : পৃষ্ঠা ২১
কবিতা: পৃষ্ঠা ২২-৩৬
নীলাখামৰ চিঠি: পৃষ্ঠা ৩৭
পৰিচয় শিতান: পৃষ্ঠা ৩৮
গল্প: পৃষ্ঠা ৩৯-৪১
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪২


অঙ্গন: পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, 
সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ ৬
সম্পাদকীয়ঃ

ৰাজ্যৰ বান আৰু কৃত্ৰিম বান সমস্যা

          বাৰিষা মানেই অসমত বানৰ তাণ্ডৱ। ইতিমধ্যে একেৰাহে কেবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত বানপানীৰ সৃষ্টি হৈছে। পানীৰ ভৰ সহিব নোৱাৰি নৈৰ মথাউৰি ছিগি ৰাজ্যবাসীক জ্বলাকলা খুৱাইছে। হাজাৰ হাজাৰ পৰিয়ালে নিজৰ ঘৰ, সম্পত্তি, পশুধন এৰি ওখ নিৰাপদ স্থানত থকা কোনো স্কুল, সংঘ, চিকিৎসালয় আদিত আশ্ৰয় ল’বলগীয়া হৈছে। এইসময়ত তেওঁলোকৰ মনত এটাই চিন্তা— ‘কেতিয়া বৰষুণজাক সাম কাটিব, কেতিয়া পানী শুকাব, কেতিয়া ঘৰলৈ যাম!’ প্ৰকৃততে ভূক্তভোগীয়েহে এই জটিল সময়ৰ মৰ্মবেদনা বুজি পায়।
প্ৰায় একেই অৱস্থা হৈছে গুৱাহাটী মহানগৰবাসীৰো। মহানগৰখনৰ এক বৃহৎ অংশত বৰ্তমান কৃত্ৰিম বানে জনসাধাৰণক জুৰুলা কৰিছে। কৃত্ৰিম বান বুলি এইবাবেই কোৱা হৈছে, কিয়নো এয়া কোনো নৈৰ মথাউৰি ছিগি হোৱা বানপানী নহয়। ইয়াৰ মূল কাৰণ হৈছে ‘নেৰানেপেৰা বৰষুণ।‘ মহানগৰত থকা বিভিন্ন নলা নৰ্দমাৰে বৰষুণৰ ফলত জমা হোৱা পানী ওলাই যাবলৈ বহু সময়ৰ প্ৰয়োজন হয়। বিপৰীতে ক’ব পাৰি যে বৰষুণৰ ফলত জমা হোৱা পানীৰ তুলনাত নলা নৰ্দমাবোৰৰ বহন ক্ষমতা কম। ফলত সৃষ্টি হৈছে কৃত্ৰিম বান।
কৃত্ৰিম বানৰ বাবে একপ্ৰকাৰ আমাৰ চৰকাৰ, বিষয়ববীয়া তথা জনসাধাৰণেই জগৰীয়া। কিয়নো, প্ৰতিটো পদক্ষেপৰ আৰত আমি বিজ্ঞানসন্মত এক সিদ্ধান্ত ল’ব লাগিব। তাকে নকৰি আমি জধে মধে কাম কৰিলে ইয়াৰ পৰিণতি আমি নিজেই ভূগিব লাগিব।
গুৱাহাটী বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰেই এখন আগশাৰীৰ মহানগৰীত পৰিণত হৈছে। নিতৌ তাত ফ্লাই অভাৰৰ কাম চলি আছে, অন্যান্য নিৰ্মাণ কামবোৰ অব্যাহত আছে। ইয়াৰ বিনিময়ত কোটি কোটি টকা খৰচ কৰা হৈছে। কিন্তু কেৱল ফ্লাই অভাৰ নিৰ্মাণ অথবা বাহ্যিক সৌন্দৰ্যই মহানগৰখনক সুৰক্ষিত কৰিবনে ?
বৰ্তমান বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন এটা বিশেষভাৱে গুৰুত্বদিবলগীয়া বিষয়। দেশৰ বিভিন্ন অঞ্চলত অস্বাভাৱিক হাৰত বৰষুণ হোৱা, অসময়ত বৰষুণ হোৱা, উৎকট গৰম হোৱা আদি অশনি সংকেত আমি পাই আছো। ইয়াৰ মূল কাৰণ প্ৰকৃতিৰ ওপৰত মানুহৰ নিৰ্মম অত্যাচাৰ। আমি মানুহ, আমি প্ৰতিযোগিতা ভাল পাওঁ, অৰ্থনৈতিক দিশত কোন দেশ কিমান আগবঢ়া তাৰ তুলনাত আমি আগবাঢ়ি যাব লাগিব, দেশৰ খৰতকীয়া উন্নয়ণৰ বাবে আমাক আহল বহল পথ লাগিব। গতিকে আহল বহল পথ নিৰ্মাণৰ নামত আমি কোটি কোটি গছ গছনি কাটি একেদিনাই বগৰাই দিব পাৰোঁ। সেই কোটিজোপা গছ ডাঙৰ দীঘল হ’বলৈ কিমান সময়ৰ প্ৰয়োজন হৈছিল, সেই গছবোৰে কিদৰে প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাত অৰিহণা যোগাইছিল আমি জানো কেতিয়াবা ভাবি চাইছো ?
কথাবোৰ আচলতে ইমানতে শেষ নহয়। আৰু এনে হাজাৰ হাজাৰ উদাহৰণ আছে য’ত আমি নিজেই আমাৰ পৃথিৱীখন জটিল কৰি তুলিছো। আমি পণ্ডিত হৈছোঁ, পৰীক্ষাত ১০০ ৰ ভিতৰত ১০০ নম্বৰ পাইছো, উচ্চ শিক্ষাৰ বাবে দেশ বিদেশলৈ গৈছোঁ, অথচ আমাৰ চৌপাশৰ সেউজীয়া গছ গছনিবোৰ কাটি তহিলং কৰাৰ পাছতো, লাখ লাখ বন্য জীৱ জন্তু দিশহাৰা হোৱাৰ পাছতো আমি নীৰৱে সকলোবোৰ প্ৰত্যক্ষ কৰিছো।
কথাবোৰ চিন্তা কৰিবলগীয়া।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

 অঙ্গন: পৃষ্ঠাঃ ৭
বিশেষ ঘোষণাঃ
অংকুৰণ প্ৰকাশনৰ উদ্যোগত আৰু পষেকীয়া ই আলোচনী অঙ্গনৰ সৌজন্যত আয়োজিত গ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতাৰ পাণ্ডুলিপিসমূহ জমা দিয়াৰ অন্তিম তাৰিখ আগন্তুক ২৫ জুনলৈ বঢ়োৱা হৈছে। গতিকে আগ্ৰহী কোনো প্ৰতিযোগী তথা লেখক-লেখিকাই উল্লেখিত সময়ৰ ভিতৰত তেওঁলোকৰ পাণ্ডুলিপি জমা দিব পাৰিব।
ধন্যবাদেৰে
অংকুৰণ প্ৰকাশন, পষেকীয়া ই-আলোচনী অঙ্গন


অঙ্গন: পৃষ্ঠাঃ ৮

প্ৰৱন্ধঃ


 অসমীয়া কবিতাৰ অনুবাদ আৰু মই

বাসুদেব দাস

সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাসটোৱে মোক লাহে ধীৰে সাহিত্যৰ প্রতি আকৃষ্ট কৰি তুলিছিল। স্কুলীয়া জীৱনত গুৱাহাটিৰ বহু কেইটা গ্রন্থাগাৰৰ লগত জৰিত আছিলোঁ। মই যেতিয়া ক্লাছ ছিক্সৰ ছাত্র আছিলোঁ তেতিয়া মই আমাৰ স্কুলৰ ছশ কিতাপ পঢ়ি শেষ কৰিছিলোঁ। তেতিয়া বহু বস্তু বুজা নাছিলোঁ কিন্তু মনৰ মাজত কিবা এটা ভাল লগা গঢ়ি উঠিছিল। দেৱ সাহিত্য কুটীৰৰ বহু কিতাপ ৰামকৃষ্ণ মিছনৰ লাইব্রেৰীৰ পৰা আনি পঢ়িছিলোঁ। তাৰপৰাই মই দেৱসাহিত্য কুটীৰ প্রকাশিত বিদেশী সাহিত্যবোৰ বাংলা অনুবাদেৰে পঢ়িছিলোঁ। ৰোমিও-জুলিয়েট, হ্যামলেট, কমেডি অফ এৰৰস নাইবা ওয়াৰ এণ্ড পীস, মোঁপাসাৰ গল্পৰ লগত তেতিয়াই পৰিচয় ঘটিছিল। বাংলা সাহিত্যৰ প্রায়বোৰ সাহিত্যিকৰ লেখাৰ লগত পৰিচয় গঢ়ি উঠিছিল।কটন কলেজত সোমাই কলেজৰ বিশাল গ্রন্থাগাৰখনে মোক যেন হাত বাউলি মাতিছিল। মই গ্রন্থাগাৰৰ কিতাপৰ অৰণ্যত নিজক হেৰুৱাই পেলাইছিলোঁ যেন লাগিছিল। তেতিয়া আমাৰ পৰিয়ালত চূড়ান্ত আর্থিক বিপর্যয় চলি আছিল। ক্লাছ নাইনৰ বছৰেকীয়া পৰীক্ষাৰ কেইদিনমান আগত দেউতাৰ আকস্মিক মৃত্যুৱে আমাৰ পৰিয়ালটোক ৰাস্তাত থিয় কৰাই দিলে। সেই সময়ৰ কিতাপৰ প্রতি ধাউতিয়ে, গ্রন্থাগাৰৰ কিতাপবোৰৰ মাজত বুৰ গৈ থকা মোক মানসিক দুর্যোগৰ পৰা ৰক্ষা কৰিলে। মনত পৰে বিশ্ববিদ্যালয়লৈ অহাযোৱাৰ বাবে পঞ্চাশ পইচা বাছ ভাড়া দিয়াও মোৰ বাবে ইমান সহজ নাছিল। কিতাপ পত্র কিনাৰ সামর্থ দূৰৰ কথা। কিন্তু বিশ্ববিদ্যালয়ৰ ডাঙৰ গ্রন্থাগাৰখনৰ বাবে মই কেতিয়াও অসুবিধাত পৰা নাছিলোঁ। বিখ্যাত কবি অনুপম কুমাৰ তেতিয়া হিন্দী বিভাগৰ ছাত্র আছিল। মোৰ বিষয় আছিল বাংলা। পিছত অনুপমৰ লগত ভাল বন্ধুত্ব গঢ় লৈ উঠিছিল। অনুপমে মোক এদিন হৰেকৃষ্ণ ডেকা ছাৰৰ কোৱার্টাৰলৈ লৈ গৈ ডেকা ছাৰৰ লগত চিনাকি কৰি দিছিল। ছাৰ তেতিয়া পানবাজাৰৰ পানীটেঙ্কিৰ উলোটা ফালে আই জি পি কোৱার্টাৰত আছিল। অনুপমে মোক মালিগাঁও জয়নগৰত কবি অনুভৱ তুলসীৰ ঘৰলৈও লৈ গৈছিল। মই অনুপম আৰু অনুভৱ তুলসীৰ ভালেমান কবিতাৰ বাংলা অনুবাদ কৰিছোঁ যিবোৰ কলকাতাৰ বিভিন্ন ম্যেগাজিনত প্রকাশিত হৈছে। মই আজি লৈ কমেও পাঁচশ অসমীয়া চুটি গল্প, সাতশ কবিতা, অজস্র প্রৱন্ধ ভালেমান উপন্যাস বাংলালৈ অনুবাদ কৰিছোঁ। ইয়াৰ বাবে মই কোনো কৃতিত্ব দাবি কৰা নাই, অসমীয়া সাহিত্যৰ গুণগত মর্যাদা আৰু উন্নত মানে মোক অনুবাদৰ বাবে অনুপ্রাণিত কৰিছে। আজি এই প্রৱন্ধত মই মোৰ অসমীয়া কবিতাৰ বাংলা অনুবাদ লৈ এটা সংক্ষিপ্ত আলোচনা কৰিম। 

           আজি কবলৈ লাজ লাগে আৰু মনৰ মাজত এটা অপৰাধবোধ অনুভৱ কৰোঁ যে সেইসময় বাংলা সাহিত্য আৰু অনুবাদৰ জৰিয়তে বিশ্বসাহিত্যৰ এজন নিয়মীয়া পাঠক হৈ উঠিলেও অসমীয়া সাহিত্যৰ লগত মোৰ কোনো ধৰণৰ পৰিচয় নাছিল।অসমত জন্ম আৰু ডাঙৰ দীঘল হোৱা হেতু অসমীয়া সমাজ আৰু সংস্কৃতিক ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰিছিলোঁ। তথাপি আজি অনুভৱ হয় শৈশৱৰ সময়ছোৱাত অসমীয়া ভাষা-সাহিত্য চর্চাৰ এটা অনুকূল পৰিবেশ পোৱা নাছিলোঁ। সামাজিক নিৰাপত্তাৰ কথা ভাবি  হয়তো আমি তেতিয়া নিজৰ চাৰিওফালে এটা গণ্ডী তৈয়াৰ কৰি লৈছিলোঁ। হঠাৎ এদিন হোমেন বৰগোহাঞিৰ ‘সাউদৰ পুতেকে নাও মেলি যায়’ কিতাপখন মোৰ হাতত পৰিল। খুব সম্ভব সাংবাদিক বন্ধু তুষাৰ সাহাই কিতাপখন মোক পঢ়িবলৈ দিছিল।প্রথমে কিছু অসুবিধা পাইছিলোঁ যদিও কিতাখন পঢ়ি শেষ কৰাৰ পাছত মোৰ মন আনন্দত পৰিপূর্ণ হৈ উঠিল।
লাহে ধীৰে মামণি ৰয়ছম গোস্বামী, নিৰুপমা বৰগোহাঞি, বীৰেন্দ্রকুমাৰ ভট্টাচার্য ,অৰুপা পটঙ্গীয়া কলিতা, জেহিৰুল হুছেইনৰ কিতাপবোৰ নতুন উৎসাহেৰে পঢ়িবলৈ আৰম্ভ কৰিলোঁ। এই ক্ষেত্রত মোৰ দুই এজন বন্ধুৰ অৱদানৰ কথা ক'বই লাগিব। মোৰ কটন কলেজ জীৱনৰ বন্ধু পৰমানন্দ মজুমদাৰ তেওঁৰ ব্যক্তিগত গ্রন্থাগাৰৰ পৰা অসমীয়া সাহিত্যৰ মূল্যবান কিতাপবোৰ পঢ়িবলৈ দি মোক ঋণী কৰিলে। মূলত তেওঁৰ বাবেই মই অসমীয়া সাহিত্য লৈ আগ্রহী হৈ উঠোঁ। মোৰ মনত আছে বন্ধুবৰ কিশোৰ ভট্টাচার্য মোক ‘ইয়াৰুঙ্গম’ কিতাপখন পঢ়িবলৈ দিছিল। এই দৰে মোৰ অসমীয়া সাহিত্য পঢ়া শুনাৰ পৰিধি প্রতিদিন বাঢ়ি গৈ আছিল। ক'বলৈ গ'লে মই তেতিয়া অসমীয়া সাহিত্যত বুৰ গৈ আছিলোঁ। মোৰ এই ভালপোৱা, আনন্দ বাংলাৰ পাঠকসকলৰ লগত ভগাই লোৱাৰ বাবে অসমীয়া সাহিত্য বাংলা লৈ অনুবাদ কৰা আৰম্ভ কৰিলোঁ। লাহে ধীৰে বাংলাৰ পাঠক পাঠিকা অসমীয়া চুটি গল্প, কবিতা, প্রৱন্ধ আৰু উপন্যাসৰ স্বাদ লব ধৰিলে। পশ্চিমবঙ্গ অতিক্রম কৰি সুদূৰ বাংলাদেশত ও অসমীয়া গল্প, কবিতাৰ জনপ্রিয়তা বৃদ্ধি পালে। মই ২০১১ চনত ঢাকা বিশ্ববিদ্যালয়ত আয়োজিত আর্ন্তজাতিক বাংলা কংগ্রেছত আমন্ত্রিত হৈ বক্তৃতা দিবলৈ গলোঁ। তাত মোৰ বক্তৃতাৰ বিষয় আছিল ‘উনিশ শতকত অসম বাংলাৰ সাংস্কৃতিক সম্পর্ক’। ইয়াৰ পাছত বাংলাদেশৰ ৰাজশাহী  বিশ্ববিদ্যালয়ৰ ‘নিৰিখ’আয়োজিত সাহিত্য সম্মেলনত দুইবাৰ আমন্ত্রিত বক্তা হিচেপে অংশগ্রহণ কৰিছোঁ। অকলে এয়াই নহয় সম্মেলনৰ আর্ন্তজাতিক মানৰ মুখপত্র ‘নিৰিখ’ৰ দুটা সংখ্যাত মোৰ অনুবাদত পঁচিশটা মান অসমীয়া কবিতাৰ অনুবাদ প্রকাশিত হৈছে। ২০১৬ চনৰ ফেব্রুৱাৰীত প্রকাশিত ‘নিৰিখ’ আলোচনীত মোৰ অনুবাদত হৰেকৃষ্ণ ডেকা ,অনুপমা বসুমতাৰী, কমল কুমাৰ তাঁতী, দেবানন্দ ভট্টাচার্য, অতনু ভট্টাচার্য, প্রতীম বৰুৱা, সৌৰভ শইকীয়া, নিবেদন দাস পাটোয়াৰীৰ মুঠ সোতৰটা কবিতাৰ অনুবাদ প্রকাশিত হয়।
          ২০১৯ চনৰ ফেব্রুৱাৰী মাহত ‘নিৰিখ’ৰ অনুবাদ সংখ্যা প্রকাশিত হয়। তাত আকৌ মোৰ অনুবাদত সনন্ত তাঁতি, অনুভব তুলসী, নীলিম কুমাৰ, লুটফা হানিম সেলিমা বেগম, দেৱপ্রসাদ তালুকদাৰ, অনুপমা বসুমতাৰী, জ্যোতিনীলিমা গগৈৰ মুঠ চৈধ্যটা কবিতা প্রকাশিত হয়। ‘নিৰিখ’ৰ এই সংখ্যাটো অত্যন্ত মূল্যবান সংখ্যা আছিল। ইয়াত আৰবি, ফাৰ্চী, হিন্দী, চুইচ কবিতাৰ অনুবাদৰ লগত ইটালীৰ বিখ্যাত দার্শনিক আৰু সাহিত্য সমালোচক উমবের্তো একোৰ ‘দি নেম অফ দি ৰোজ উপন্যাসৰ বাংলা অনুবাদ প্রকাশিত হৈছিল।
বাংলাদেশৰ ৰঙপুৰৰ পৰা জুন ২০১৭ চনত প্রকাশিত ‘মনন ৰেখা’ আলোচনীত মোৰ অনুবাদত বীৰেশ্বৰ বৰুৱা, প্রতীম বৰুৱা, বর্ণালী ভৰালী , বিজয় ৰবিদাস, নীলিমা ঠাকুৰীয়া হকৰ এমুঠি কবিতা প্রকাশিত হয়। অতি সম্প্রতি ডিচেম্বৰ ২০২১ চনত ঢাকাৰ পৰা ‘লেখালেখিৰ উঠোন’ অনুবাদ সংখ্যা নামেৰে অত্যন্ত উন্নত মানৰ সুদৃশ্য আৰু সুসম্পাদিত আলোচনীখনত দেশী বিদেশী কবিতা, সাক্ষাৎকাৰ, প্রবন্ধ , গল্পৰ অনুবাদৰ লগতে মই কৰা নীলিম কুমাৰৰ পাঁচটা কবিতাৰ বাংলা অনুবাদও প্রকাশিত হৈছে। অকলে অসমীয়া কবিতাৰ অনুবাদই নহয়, কবি সৌৰভ শইকীয়া আৰু কৌস্তভমণি শইকীয়াৰ সাক্ষাৎকাৰও বাংলাদেশৰ অনলাইন ম্যাগাজিনত প্রকাশিত হৈছে। এটা ভাল খবৰ, মোৰ অনুবাদত খুব সোনকালে ঢাকাৰ চৈতন্য প্রকাশনাৰ পৰা সৌৰভ শইকীয়াৰ পঞ্চাশটা কবিতাৰ বাংলা অনুবাদৰ এটা সংকলন প্রকাশিত হ'ব।
বিভিন্ন ভাৰতীয় ভাষাৰ মাজত এটা ঐক্যসূত্র গঢ়ি তোলাৰ বাবে ‘ভাষাবন্ধন’ নামেৰে এখন আলোচনী প্রকাশ কৰা হৈছিল। এই আলোচনীখন সম্পাদনাৰ সৈতে জড়িত হৈ আছিল মহাশ্বেতা দেৱী, নবাৰুণ ভট্টাচার্য, কেদাৰনাথ সিংহ আদিৰ দৰে ব্যক্তিত্ব।সম্পাদক মণ্ডলীৰ অনুৰোধত মই ২০০৪ চনৰ মার্চ সংখ্যাত কেইবাজনো অসমীয়া কবিৰ কবিতা বাংলা লৈ অনুবাদ কৰিছিলোঁ। এই কবিকেইজন আছিল নীলমণি ফুকন, হোমেন বৰগোহাঞি, হীৰেন ভট্টাচার্য, হৰেকৃষ্ণ ডেকা, ৰাম গগৈ, নীলিম কুমাৰ আৰু তোষপ্রভা কলিতা।
অৰবিন্দ আশ্রমৰ পৰা ‘সন্ধিৎসা’ নামৰ এটা বিখ্যাত মননশীল পত্রিকা প্রকাশিত হয়। তাত মই মাজে মাজে অসমীয়া চুটি গল্প, অসমীয়া সাহিত্য কেন্দ্রিক কিছু মৌলিক প্রবন্ধ লিখিছিলোঁ। এদিন পত্রিকাৰ সম্পাদক সুভাষ ঘোষালক মই বীৰেশ্বৰ বৰুৱাৰ কবিতা অনুবাদ কৰাৰ কথা কলো। সুভাষদাই মোক পৰৱর্তী সংখ্যাৰ বাবে কেইটামান কবিতাৰ অনুবাদ পঠাই দিবলৈ ক'লে। মই পোন্ধৰটা মান কবিতা পঠাই দিলোঁ। ভাবিছিলোঁ পাঁচটা মান কবিতা তাৰ পৰা নিজা পছন্দ অনুসৰি সম্পাদকে বাছি ল'ব।কিছুদিন পাছত সুভাষদাৰ ফোন আহিল। আনন্দিত আৰু উত্তেজিত কণ্ঠস্বৰ। সুভাষদাই মোক জনালে ‘বাসুদেৱ কবিতাবোৰ অত্যন্ত উন্নত মানৰ। গতিকে আমি গোটেইবোৰ কবিতা প্রকাশ কৰিম। অহা সংখ্যাত প্রকাশ পাব।’ ইয়াৰ পাছৰ ঘটনাবোৰ বৰ বেদনাদায়ক। পত্রিকা প্রকাশ হোৱাৰ কেইদিনমান আগত হঠাৎ সুভাষদাৰ মৃত্যু হ'ল। ঘটনাটো ইমান আকস্মিক আছিল যে  মই টেলিফোনত খবৰটো পোৱাৰ সময়ত নিজক বিশ্বাস কৰিব পৰা নাছিলো। সুভাষদা পত্রিকাৰ কামবোৰ কৰি গৈছিল ,গতিকে পত্রিকা ঠিক সময়তে প্রকাশিত হ'ল আৰু বীৰেশ্বৰ বৰুৱাৰ অনুবাদ কবিতাবোৰো ওলাল। আটাইতকৈ দুখৰ কথা বীৰেশ্বৰ বৰুৱা ছাৰক টেলিফোনেৰে কবিতাৰ অনুবাদ প্রকাশ হোৱাৰ কথা জনালেও মই তেখেতৰ হাতত আলোচনীখন তুলি দিব নোৱাৰিলোঁ। কিয়নো ইয়াৰ কিছুদিন পাছত মোক আচৰিত কৰি তেখেতৰ মৃত্যু হয়। মই গুৱাহাটীত ফুৰিবলৈ যাওঁতে অনুৰাধা চিনেমা হলৰ ওচৰত বীৰেশ্বৰ বৰুৱা ছাৰৰ ঘৰত গৈছিলোঁ। সাহিত্য অকাডেমি বিজেতা কোনো অৱসৰপ্রাপ্ত আই এ এচ অফিচাৰ যে এনে এটা সাধাৰণ ঘৰত থাকিব পাৰে সেয়া মই কল্পনাও কৰা নাছিলোঁ। মোৰ মনত আছে ছাৰে নিজে চাহ বনাই মোক খুৱাইছিল। ছাৰৰ কবিতাৰ কিতাপ আৰু এখন আত্মজীৱনী মূলক গ্রন্থ দিছিল।
        অসমৰ সর্বজন শ্রদ্ধেয় নিৰুদ্দিষ্ট কবি অবনী চক্রৱর্তীৰ লগত গুৱাহাটীত থাকোতে এবাৰ ৰবীন্দ্র সৰকাৰৰ জৰিয়তে ফেন্সি বজাৰৰ এল আই সি অফিচত চিনাকি হৈছিলোঁ। বন্ধুবৰ উৎপল দেৱৰ জৰিয়তে অৱনীদাৰ ছোৱালী অদিতিৰ লগত চিনাকি হয়। অদিতিয়ে মোক অৱনীদাৰ ‘কবিকণ্ঠ’ কিতাপখন উপহাৰ দিয়ে আৰু বাংলা ভাষাত অনুবাদ কৰিবলৈ অনুৰোধ কৰে। মই নিৰুদ্দিষ্ট আৰু মোৰ প্রিয় কবি অৱনীদাৰ প্রতি শ্রদ্ধা জনোৱাৰ এয়াই সুৱর্ণ সুযোগ ভাবি অৱনীদাৰ পঞ্চাশটা কবিতা অনুবাদ কৰি দিলোঁ।২০১৭ চনৰ জানুৱাৰি মাহত গুৱাহাটীত এটা অনুষ্ঠানৰ জৰিয়তে কবিতা প্রকাশনৰ পৰা ‘অৱনী চক্রৱর্তীৰ পঞ্চাশটি কবিতা’ৰ বাংলা অনুবাদৰ সংকলন প্রকাশিত হয়। 
           ইয়াৰ পাছত কবি বিৰিঞ্চি কুমাৰ ৰাভাৰ পঞ্চাশটা কবিতাৰ বাংলা অনুবাদৰ সঙ্কলন ‘লাফিং বুদ্ধ’ গুৱাহাটীৰ পাঞ্চজন্যৰ পৰা প্রকাশিত হয়। পৰৱর্তীকালত এই পাঞ্চজন্য প্রকাশনাৰ পৰাই কবি প্রাণজিৎ বৰাৰ ষাঠিটা কবিতাৰ বাংলা অনুবাদৰ সঙ্কলন ‘এই বসন্তে আমি  ফিরে আসব’ প্রকাশিত হয়। 
           অতি সম্প্রতি শিৱসাগৰ গ্রন্থমেলাত গঙ্গামোহন মিলিৰ কবিতাৰ পুঁথিৰ বাংলা অনুবাদ ‘এই মাটিৰ ভালোবাসায়’ প্রকাশিত হৈছে। ইয়াৰ বাহিৰে প্রদীপ শইকীয়াৰ পঞ্চাশটা কবিতা, নীলিম কুমাৰৰ পঞ্চাশটা কবিতা, অর্চনা পূজাৰীৰ পঞ্চাশটা  কবিতা আৰু সৌৰভ শইকীয়াৰ পঞ্চাশটা কবিতাৰ অনুবাদ কৰিছোঁ।ইয়াত এটা কথা ক'ব বিচাৰোঁ।কলেজ জীৱনত মই কেতিয়াও কবিতা সম্পর্কে আগ্রহী নাছিলোঁ। মই মূলত কথা সাহিত্যৰ মানুহ। গল্প, উপন্যাস পঢ়ি ভাল পাওঁ। মনত পৰে এটা সময়ত ‘দেশ’ পত্রিকাৰ কবিতাৰ পাতবোৰ বাদ দি পঢ়িছিলোঁ। অথচ আজি নিয়মীয়া কৈ আঠ দহটা কবিতা নপঢ়িলে নাইবা অনুবাদ নকৰিলে দিনটোত কিবা এটা বাদ পৰি গ'ল যেন লাগে। কবিতাৰ প্রতি নতুন কৈ এই ভালপোৱা গঢ়ি উঠাৰ বাবে মই প্রতিজন অসমীয়া কবিৰ ওচৰত ঋণী বুলি ভাবোঁ। বিপুল সংখ্যাত অসমীয়া কবিতাৰ অনুবাদ নকৰিলে হয়তো মোৰ কবিতাৰ প্রতি এই হেঁপাহ নজন্মিলহেঁতেন।
কবি সুবোধ সৰকাৰ সম্পাদিত ‘ভাষানগৰ’ আলোচনীখন ভাৰতীয় অনুবাদ সাহিত্য জগতত এটা মাইলষ্টোন বুলি ক'ব পাৰোঁ।আলোচনীখত ভাৰতীয় বিভিন্ন  ভাষাৰ পৰা অনূদিত কবিতাৰ সৈতে অজস্র বিদেশী কবিতাৰ অনুবাদও প্রকাশিত হৈ থাকে।ভাষানগৰ জানুৱাৰি -মার্চ ২০১৭ সংখ্যাত কবি সনন্ত তাঁতিৰ ১১ টা কবিতাৰ বাংলা অনুবাদ প্রকাশিত হয়।।আকৌ ২০১৯ চনৰ জানুৱাৰী সংখ্যাত কবি প্রাণজিৎ বৰাৰ দহটা কবিতাৰ বাংলা অনুবাদ প্রকাশিত হয়। ভাষানগৰৰ এটা সংখ্যাত কবি প্রণয় ফুকনৰ কবিতাৰ অনুবাদও প্রকাশিত হৈছিল। এটা অনুষ্ঠানত সুবোধদাৰ আমন্ত্রণত প্রণয় ফুকনৰ লগত ময়ো উপস্থিত আছিলোঁ।অকলে এয়াই নহয় ভাষানগৰ যেতিয়া লকডাউনৰ সময়ত ডিজিটেল হিচাপে প্রকাশিত হ'ল তেতিয়া প্রথম সংখ্যাত সৌৰভ শইকীয়াৰ পাঁচটা কবিতাৰ অনুবাদ প্রকাশিত হৈছিল। পৰবর্তীকালত কৌস্তভমণি শইকীয়া, অর্চনা পূজাৰী, নীলিম কুমাৰ, কুশল দত্ত আদি বহুতৰ কবিতাৰ অনুবাদ ওলাইছে। মোৰ নিচিনা এজন সাধাৰণ অনুবাদকক ভাষানগৰ এই সুযোগ দিয়াৰ বাবে মই অসমৰ হৈ ভাষানগৰ কর্তৃপক্ষক আন্তৰিক ধন্যবাদ জনালোঁ।
               ‘অনুবাদ’ পত্রিকা জন্মলগ্নৰ পৰাই গোটেই বিশ্বৰ সাহিত্যক অনুবাদৰ জৰিয়তে পাঠকৰ দৰবাৰত উপস্থিত কৰাৰ গুৰুদায়িত্ব পালন কৰি আহিছে। এই আলোচনীত এটা সময় অনুবাদ কৰিছে মানবেন্দ্র বন্দ্যোপাধ্যায়, কবি শঙ্খ ঘোষ ,অলোকৰঞ্জন দাশগুপ্ত, ননী শূৰৰ নিচিনা প্রখ্যাত মানুহে। মই আজি প্রায় কুৰি বছৰ ধৰি অনুবাদৰ সূত্রত আলোচনীখনৰ লগত জৰিত আছোঁ। অসমৰ স্বনামধন্য গল্পকাৰৰ গল্পৰ অনুবাদৰ সৈতে সমীৰ তাঁতী, সনন্ত তাঁতি, বিপুলজ্যোতি শইকীয়া, সৌৰভ শইকীয়া আদিৰ কবিতাও ইয়াত প্রকাশিত হৈছে।
             কবি মিহিৰ সৰকাৰ সম্পাদিত জানুৱাৰী ২০২০ চনৰ ‘সহজ’ পত্রিকাত সমীৰ তাঁতী, নীলিম কুমাৰ, কুমুদ ঘোষ, ৰুদ্রসিংহ মটক আৰু সনন্ত তাঁতিৰ একগুচ্ছ কবিতা প্রকাশিত হয়। দধীচি, আবাৰ এসেছি ফিৰে, নীলাক্ষৰ, বেলাভূমি, ইত্যাদি অজস্র আলোচনীত অসমীয়া কবিতাৰ অনুবাদ কৰিছোঁ। মই এটা কথা জোৰ দি ক'ব পাৰোঁ বাংলাৰ পাঠক পাঠিকাই অসমীয়া কবিতা পঢ়িবলৈ ভাল পায়। ইয়াত অসমীয়া কবিতাৰ পাঠক আছে। আজি দুই তিনি বছৰ আগতে মই এজন কবিৰ তিনিটা কৈ কবিতা লৈ এশ অসমীয়া কবিৰ তিনিশ কবিতাৰ বাংলা অনুবাদ  প্রকাশ কৰাৰ প্রস্তুতি লৈ কবিসকলৰ পৰা লিখিত অনুমতি আনিছিলোঁ। আমি সনন্ত তাঁতিৰ পৰা আৰম্ভ কৰি বর্তমানৰ কবিসকলক অর্ন্তভুক্ত কৰিছিলোঁ। অতি দুখৰ কথা লকডাউনৰ বাবে শেষ মুহূর্তত পাবলিছাৰ আগবাঢ়ি নহাৰ বাবে কামখিনি অসম্পূর্ণ হৈ থাকি গ'ল। আজিও যদি কোনো সুহৃদয় পাবলিছাৰ আগবাঢ়ি আহে তেনেহ'লে কামটো কৰা যাব পাৰে।
              লক ডাউনৰ সময়ত মুদ্রিত আলোচনীৰ সংখ্যা কমি গৈ ই-ম্যাগাজিন ওলাল। দৈনিক বাংলা , ইৰাবতী, ৪ নাম্বাৰ প্লেটফর্ম, টেকটাচ, ভুবনডাঙা এনে অজস্র ই-ম্যাগাজিনৰ লগত মোৰ ঘনিষ্ঠ যোগাযোগ গঢ়ি উঠিল।মই নিয়মীয়া কৈ এইবোৰ ই-ম্যাগাজিনত অসমীয়া কবিতা অনুবাদ আৰম্ভ কৰিলোঁ। ইৰাৱতীত প্রতি দেওবাৰ এজন কবিৰ পাঁচটা কৰি কবিতা , ভুবনডাঙাত প্রতি মাহত এজন কবিৰ দুটা কৈ ছয়জন কবিৰ বাৰটা কবিতা, টেকটাচত সপ্তাহত এটা কৈ আৰু দৈনিক বাংলাত সপ্তাহত পাঁচটা কবিতা ওলাব ধৰিলে। অসমৰ বহু কবিয়ে মোলৈ কিতাপ পঠালে। এইসুযোগত মই তেখেতসকলক  মোৰ কৃতজ্ঞতা জনালোঁ। 
সম্প্রতি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রকল্প ৰঞ্জন ভাগৱতীয়ে মোক ‘পর্বান্তৰৰ পদ্য’, ‘বলদাৰোহী’, ‘অসমীয়া লিটল মেগাজিন আৰু অন্যান্য প্রসঙ্গ’ আৰু অশোক গোস্বামীৰ লিখা কৃষ্ণকান্ত সন্দিকৈৰ  জীৱনী গ্রন্থ পঠায়। ‘পর্বান্তৰৰ পদ্য’ৰ পৰা আৰু ‘বলদাৰোহী’ৰ পৰা মই প্রকল্প ৰঞ্জনৰ ভালেমান কবিতা ‘ভুবনডাঙা’ আৰু ‘ইৰাবতী’ অন লাইন ম্যাগাজিনত অনুবাদ কৰিছোঁ। লগতে কল্যাণ ভূঞা আৰু বৈদ্যব্রাইট বুঢ়াগোঁহাইৰ কিছু কবিতাও অনলাইন আলোচনীত প্রকাশিত হৈছে।
মোৰ অনুবাদৰ কামত সহায় কৰাৰ বাবে নর্থ লক্ষ্মীমপুৰ কলেজৰ অসমীয়া বিভাগৰ প্রধান অধ্যাপক অৰবিন্দ ৰাজখোৱা আৰু অধ্যাপক হেমন্ত কুমাৰ শর্মা বিভাগীয় ফালৰ পৰা মোক কেইবাটাও মূল্যবান কাব্যসঙ্কলন উপহাৰ দিয়ে। তাৰ মাজত আছে ৰাজীৱ বৰা সম্পাদিত ‘অসমীয়া কবিতা বিন্দুৰ পৰা সিন্ধু লৈ’, অজিত ভৰালী সম্পাদিত ‘এশ বছৰৰ অসমীয়া কবিতা’, হোমেন বৰগোহাঞি সম্পাদিত ‘এশ বছৰৰ অসমীয়া কবিতা’, নীলমণি ফুকন সম্পাদিত ‘কুৰি শতিকাৰ অসমীয়া কবিতা’  ইত্যাদি।কিতাপকেইখনে মোক অনুবাদৰ ক্ষেত্রত বিৰাট অৰিহনা জোগাইছে।
২০২১ চনত গোগল প্লে বুকৰ পৰা এজন কবিৰ দহটা কৈ কবিতা লৈ ছয় জন কবিৰ মুঠ ষাঠিটা কবিতাৰ বাংলা অনুবাদৰ এটা ই বুক প্রকাশিত হয়। কবিসকল আছিল দেৱপ্রসাদ তালুকদাৰ, অর্চনা পূজাৰী, নীলিম কুমাৰ, প্রদীপ শইকীয়া, সৌৰভ শইকীয়া, নিবেদন দাস পাটোৱাৰী। ইয়াৰ বাবে মোক সহায় কৰিছিল মোৰ বাংলাদেশৰ চিকিৎসক বন্ধু ডাঃ ৰাজেন্দ্র দেবনাথে। মোৰ ইচ্ছা আছিল এনে ধৰণৰ আৰু নটা সঙ্কলন কৰা। দ্বিতীয় সঙ্কলনখন ৰেডি হৈ আছে কিন্তু আর্থিক আৰু টেকনিকেল চাপোর্ট নোপোৱাৰ বাবে কামখিনি অসম্পূর্ণ হৈ থাকি গ'ল।
এনেকৈ মোৰ অসমীয়া কবিতাৰ অনুবাদৰ চর্চা চলি আছে। মই কবি নহয়। এজন অকবি মানুহক অসমীয়া কবিতা কবিতাৰ প্রেমিকক ৰূপান্তৰিত কৰিছে। ইয়াত কৈ ডাঙৰ কিবা আৰু মোৰ জীৱনত হ'ব নোৱাৰে। এইখিনি কৈ আজিৰ বাবে ইয়াতে সামৰিলোঁ। 

            ।নমস্কাৰ।
  
ঠিকনাঃ
কলকাতা
ৱেষ্টবেঙ্গল


 অঙ্গন: পৃষ্ঠাঃ ৯

কবিসকলৰ কবিতাৰ অনুশীলনৰ  প্ৰয়োজনীয়তা আছেনে ?

গৌৰী চুবেদাৰ বৰা

        কবিসকলৰ কবিতাৰ অনুশীলনৰ প্ৰয়োজনীয়তাৰ বিষয়ে কোৱাৰ  প্ৰাকক্ষণত  কবিতা আৰু কবিৰ প্ৰতি মোৰ দৃষ্টিভঙ্গী বিশ্লেষণ কৰিলে বিষয়টো বোধগম্য হ'ব । আধুনিক কবিতাৰ পৰ্যালোচক সকলে কবিতাক Spontaneous overflow of mind বুলি কৈছিল যদিও  সাম্প্ৰতিক কালত মানুহৰ  ৰুচিবোধ আৰু চিন্তা বেলেগ বেলেগ । এতিয়া কবিতা মানে 
অনুভূতিৰ বিস্তৃতি অথবা স্পষ্টীকৰণৰ বাবে কৰা নিৰন্তৰ অনুশীলন । এই অনুশীলনত প্ৰয়োজন হয় শব্দৰ সাধনা , কৌশলৰ সন্ধান আৰু নতুন ভংগীৰ উপস্থাপনৰ চাতুৰ্য । কবিতা যদিও হৃদয়ৰ অনুভূতিৰ উন্মুক্ত প্ৰকাশ তথাপিও কবিয়ে কবিতাক সৃষ্টি নকৰে ;
কবিতাইহে কবিক সৃষ্টি কৰে ।গতিকে কবিৰ ভিতৰতো থাকিব পাৰে আৰু এজন কবি । এজনে সমাজৰ প্ৰতি দায়বদ্ধতাৰে কলম তোলে ,আনজনে ব্যক্তিগত আবেগৰ জুমুৰিত কলম নোতোলাকৈ নোৱাৰে ! 
          ৱৰ্ডচৱৰ্থে কৈছিল কবি হৈছে মানুহৰ স'তে কথা পতা এজন মানুহ । এই "কথা" ৰ মাজেদি একান্ত আপোন স্বপ্ন অথবা বিষাদৰ দৰে সমূহীয়া হতাশা বা ক্ৰোধো নিগৰি আহিব পাৰে । কবিতাত অৱগুণ্ঠনৰ আঁৰত থকা সত্যক পাঠকক পৰিচয় কৰাই দিয়াটো কবিৰ দায়িত্ব ।
কবিতা একমাত্ৰিক বা অৰ্থগত ভাৱে একৰেখীয় নহয় । কবিতা কেৱল অনুভূতিৰ বহিঃপ্ৰকাশ বা সুকোমল শব্দচয়ন নহয় ,কবিতা এক সত্যৰ সন্ধান।
       পাঠকৰ হৃদয় চুব পৰা এটি নিটোল কবিতা হ'বলৈ হ'লে কিছুমান বিশেষ দিশ মনোনিবেশ কৰিব লাগিব , যিবোৰ অনুশীলনৰ দ্বাৰাহে   শুদ্ধতা আনিবলৈ সক্ষম হয় । কবিতা হ'ব লাগিব ভাৱৰ আতিশয্যবিহীন ,থাকিব লাগিব ভাৱৰ গভীৰতা আৰু সন্তোলন ,উপযুক্ত চিত্ৰকল্প ,ৰূপক ,উপমা আদিৰ সু-প্ৰয়োগ , লগতে ইংগিতময়তা আৰু 
ৰহস্যময়তাৰ সৃষ্টিৰে পাঠকক আকৰ্ষিত কৰিব পৰাকৈ আংগিক বৈচিত্ৰতা আদি 
উল্লেখযোগ্য দিশ । কবিতাৰ শৰীৰ নিৰ্মাণত বহুবল্কিতাৰ হাত সাৰি বাস্তৱিক বিষয়বস্তুৰে শব্দ প্ৰয়োগ কৰি কবিতাৰ ৰূপ নিৰ্মাণত প্ৰাধান্য দিয়া হয় । এনেবোৰ গুণ সন্নিবিষ্ট হ'লেহে এটি নিটোল কবিতাৰ সৃষ্টি হয় আৰু সৃষ্টশীল মানসিকতা বৃদ্ধি কৰে । তাকে কৰিবলৈ 
কবিৰ এক অধ্যয়নপুষ্ট মন গঢ় দি অনুশীলন প্ৰক্ৰিয়াৰ মাজত সোমাই পৰিব আৰু তেতিয়াই একোটা নিটোল কবিতাই জন্ম পাব , অৱশ্যে সেই ফল পাবলৈ সময়ৰ সীমা অন্তহীন ও হ'ব পাৰে ।  ইংৰাজীত এষাৰ কথা আছে ...
PRACTICE MAKES A MAN PERFACT  ..সেয়ে কবিৰ বাবেও অনুশীলন নুই কৰিব নোৱাৰি ...
             বৰ্তমানৰ প্ৰতিষ্ঠিত কবিসকলৰো হয়তু প্ৰথমটো কবিতাই জনপ্ৰিয়তা পোৱা নাছিল । সেয়েহে আলোচনাটোৰ পৰা মই নিশ্চিতভাৱে ক'ম যে এজন সু-নিপুন কবি হ'বলৈ হ'লে অনুশীলনৰ একান্তই প্ৰয়োজন।


ঠিকনাঃ নামৰূপ


অঙ্গন: পৃষ্ঠাঃ ১০


মানুহৰ এক সহজাত প্ৰবৃত্তি 'লাজ'

কৰবী বৰ্মন কলিতা

জীৱশ্ৰেষ্ঠ মানুহ বুদ্ধিবৃত্তিশীল  হোৱাৰ লগতে আৱেগ - অনুভূতি সমৃদ্ধ মন একোটাৰ অধিকাৰীও হয় ।  আমি সকলো মানৱ সততে  বাহ্যিক জগতৰ নানা উদ্দীপকৰ সংস্পৰ্শলৈ  আহোঁ । তেতিয়াই শৰীৰৰ ইন্দ্ৰিয়সমূহে তেওঁলোকৰ মনত নানা সংবেদনাত্মক অনুভূতিৰ সৃষ্টি কৰে । তাৰ ফলত জন্মে কিছুমান  সহজাত প্ৰবৃত্তিৰ । আৱেগিক অভিজ্ঞতাবোৰ যেনে : খং - ৰাগ, ভয় , ঈৰ্ষা আদিবোৰেই হৈছে একোজন  মানুহৰ সহজাত প্ৰবৃত্তি । তাৰে ভিতৰত 'লাজ' অন্যতম ।
  'লাজ' হৈছে মানুহৰ এক উল্লেখনীয় সহজাত প্ৰবৃত্তি । মনোবিজ্ঞনৰ মতে আমি সকলোৱে কোনো কোনো পৰিস্থিতিত লাজ অনুভৱ কৰো  নিশ্চয় । সৰুৰপৰা  বৃদ্ধাৱস্থালৈ আমি কিছুমান পৰিস্থিতিত লাজ  অনুভৱ কৰো । কিছুমানৰ আকৌ জন্মগতভাৱে লাজৰ পৰিমাণটো বেছি হয়।  শ্যামলী আৰু সুৱাসনা দুয়ো বাই- ভনী সম্পূৰ্ণ বিপৰীত । শ্যামলী খুৱ মুকলি মনৰ  আৰু বন্ধুত্বসূলভ ব্যক্তিত্বৰ গৰাকী । ঘৰলৈ আলহী আহিলে বহীবলৈ দিয়াৰ পৰা চাহ- জলপানৰ ব্যৱস্থা কৰা , তেওঁলোকৰ লগত কথা পতা কি নকৰে তাই ! সেয়ে প্ৰিয় তাই সকলোৰে । কিন্তু তাৰ বিপৰীতে সুৱাসনা খুৱেই লাজকুৰীয়া স্বভাৱৰ । আলহী অহা গম পালে তাই আৰু নিজৰ কোঠাটোৰ পৰা ওলাই নাহে । যেন যমহে আহিছে । তাইক আৰু মানুহে নেদেখেই । সৰুৰ পৰাই তাই তেনেকুৱা । এই স্বভাৱটোৰ বাবে তাই বহুতো সমালোচনাৰ পাত্ৰ হয় । সুৱাসনাৰ দৰেই লাজকুৰীয়া স্বভাৱৰ মানুহসকলে অন্য ব্যক্তিৰ সৈতে মত বিনিময় কৰিব নোৱাৰে । আৰু আগলৈ বহুতো অসুবিধাত পৰে । তেওঁলোকে নিজৰ আভ্যন্তৰীণ জগতখনতেই ব্যস্ত হৈ থাকে । ইয়াৰ বাবে পৰিয়ালৰ অন্য ব্যক্তিসকলও বিপাঙত পৰে ।
   
বৰ্তমান মনস্তত্ত্ববিদসকলে
'লাজ'  নামৰ মানৱীয় প্ৰবৃত্তিক বদগুণ বুলিহে কয় । কিয়নো ইয়াৰ বাবে সামাজিক পৰিস্থিতিৰ লগত মানুহ এজনক সাহসিকতাৰে মুখামুখি হ'বলৈ ব্যাঘাট জন্মায় । লাজে একোজন ব্যক্তিৰ মানসিক বিকাশ আৰু প্ৰগতিত বাধা প্ৰদান 
কৰে । 
  এজন লাজকুৰীয়া স্বভাৱৰ মানুহে তেওঁলোকৰ আশা - আকাংক্ষাবোৰ মনতেই সীমাৱদ্ধ কৰি ৰাখে । বাহ্য জগতৰ লগত খাপ খাৱ নোৱাৰে সহজে । মানৱ এজন খুৱেই প্ৰতিভাসম্পন্ন ল'ৰা , কিন্তু লাজৰ বাবেই সি উচ্চশিক্ষাৰ বাবে  বাহিৰত পঢ়িবলৈ জলপানি পোৱাৰ পাছতো সেই সুবিধা নাকচ কৰে ।  মানৱৰ দৰে সম প্ৰকৃতিৰ লোকসকলৰ মনলৈ সঘনে অহা ভাৱবোৰ হ’ল - অন্যলোকে তেওঁৰ বিষয়ে কেনে বা ধাৰণা লয় ? কি বা মন্তব্য আগবঢ়ায় ?  ইত্যাদি ,ইত্যাদি । লাজ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে । যেনে : ৰাজহুৱা স্থানত অইন দহজনৰ লগত বহি খাদ্য গ্ৰহণ কৰা , চকুত চকু থৈ কথা কোৱাৰ অক্ষমতা , বজাৰলৈ অকলে ওলাই যোৱাৰ লাজ , পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে উৎপন্ন হোৱা লাজ , জীৱনত সফল নোহোৱাৰ বাবে লাজ  ,নিজৰ চিন্তা - ভাৱনাক বা ধাৰণাক ব্যক্ত কৰাৰ লাজ , কাৰোৱাক প্ৰেম নিবেদন কৰিবলৈ লাজ বা প্ৰেমৰ প্ৰস্তাৱত সঁহাৰি জনোৱাৰ লাজ  ইত্যাদি ।  'লাজ ' এগৰাকী নাৰীৰ গহণাস্বৰূপ বোলা হয় কিন্তু অত্যাধিক লাজে ব্যক্তিত্ব লাঘৱ কৰাৰ কথাটোও নুই কৰিব নোৱাৰি । 

 ভাৰতীয় সংস্কৃতিত বৈদিক যুগৰ পৰাই নাৰীৰ  ওৰণি নাৰীৰ ভূষণস্বৰূপ বা লাজৰ প্ৰতিকৰূপে গণ্য কৰা হৈছিল ৷  ওৰণিৰে ঢকা ভাৰতীয় ৰাজ - ৰাণীসকল যেনে ৰাণী পদ্মাৱতী , ৰাণী দূৰ্গাৱতী , ৰাণী ৰাসমণি সকলৰ  সৌন্দর্য আৰু মৰ্য্যদাৰ  কথা চিৰ পৰিচিত  ৷  পৰম্পৰাগতভাৱে ওৰণিৰ গাম্ভীর্যই ভাৰতীয় প্ৰাচীন  ৰাজৰাণীসকলক আভিজাত্যৰ গৰিমা প্রদান কৰি অহি আছে ।  তেওঁলোকে ৰাজ প্ৰাসাদৰ পৰা খুব কমেই ওলাই গৈছিল ।   ওলাই গলেও অইন পুৰুষৰ দৃষ্টি যাতে নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছিল আনকি প্ৰাচীন  ৰাজকুঁৱৰী সকলেও নিজকে ৰাজমহলৰ চৌহদৰ মাজতে নিজকে সীমাবদ্ধ কৰি ৰাখিছিল ।

আজি সময়ৰ দাবীত পৰম্পৰাগত মর্যাদাৰ প্রতীক ওৰণিৰ আৱৰণ সকলো ঠাইতে সকলো সময়তে প্রাংসগিক হৈ থকা নাই, সেয়ে তাৰ ব্যৱহাৰ নহয় যদিও হয় খুব কম ৷ কিন্তু যুগৰ দাবীত সভ্যতাৰ শিখৰত আৰোহণ কৰিবলৈ ওৰণি খহোৱাৰ প্রয়োজনক মানি লোৱা মানেই শৰীৰৰ সম্পূর্ণ বস্ত্র খহাই নগ্ন হোৱা নহয়৷ সভ্যতাৰ বিকাশৰ স্তৰত গুহাবাসী মানুহে এদিন লাজ চিনি পোৱা হৈছিল, লাজ অনুভৱ কৰাৰে পৰা গছপাতেৰে লাজ ঢাকিবলৈ আৰম্ভ কৰিছিল মানুহে আৰু আজি বস্ত্রশিল্পও বিকাশৰ বিচিত্র উচ্চতাত উপনীত হৈছে৷ বিকাশৰ এই স্তৰত আহি আজি আকৌ নাৰীয়ে লজ্জাৰ সকলো আৱৰণ দলিয়াই দিয়াৰ লগতে কাপোৰো পিন্ধিবলৈ এৰি দিয়াটো সভ্যতাৰ বিড়ম্বনা নহয়নে ? পুৰুষ - নাৰী  সমানতাৰ সন্ধানত, নিজকে সলনি কৰাৰ অদ্ভুত প্রতিযোগিতাত অৱতীর্ণ হৈ আজিৰ  নাৰীয়ে পিন্ধা বসনো দলিয়াই লজ্জা বিসর্জন দিয়াটো নাৰীৰ বিকাশ নহয়৷ এফালে যি পৰম্পৰাগত ওৰণিক প্রগতিমুখী ভৰিত শিকলি জ্ঞান কৰি আধুনিক নাৰীয়ে অগ্রাহ্য কৰিছে  ইয়াৰ কোনোটোৱেই প্রগতিমুখী নতুনত্বৰ অনুসন্ধান নহয়৷ নিজকে কাপোৰৰ দ্বাৰা সলনি নহয় চিন্তাধাৰাৰে সলনি কৰাৰ দিন আহিল ।

পঢ়াশালিত বিভিন্ন প্ৰকৃতিৰ  ল'ৰা-ছোৱালীসকলে 
একেলগে পঢ়া- শুনা কৰে । তাৰে কিছুমান কম মেধাৱী আৰু কিছুমান বেছি মেধাৱী প্ৰকৃতিৰ হয়  । এজন ছাত্ৰ  বা ছাত্ৰী পঢ়াত প্ৰখৰ হ’লেও  তেওঁৰ লাজ স্বভাৱটোৰ বাবে সংশ্লিষ্ট বিষয়টোৰ কিবা সন্দেহ থাকিলেও শিক্ষকৰ কাষ চাপিবলৈ সাহস নকৰে । ফলত তেওঁ বেলেগ 
সহপাঠী সকলৰ তুলনাত পিছপৰি ৰয় । দৰাচলতে তেওঁলোকৰ মনত আত্মবিশ্বাসৰ অভাৱ পৰিলক্ষিত হয় । তাৰ ফলত ব্যৱহাৰিক জীৱনত বহু জটিলতাৰ সৃষ্টি হয় । সংকীৰ্ণতাৰ আৱেষ্টনীত এওঁলোকে দুখ , শোক ব্যক্ত কৰিবলৈ পৰ্য্যাপ্ত মানুহ জীৱনত গোটাবলৈ অসমৰ্থ হয় । 

 মনস্তাত্ত্বিক দিশৰ পৰা ' লাজ ' এনে এক অৱৰোধ যিয়ে একাংশ লোকৰ আভ্যন্তৰীণ ক্ষমতাক ক্ৰমে ম্লান কৰি পেলায় । বংশগত কাৰণবশত , কিছুমান ৰাসায়নিক , জৈৱ- ৰাসায়নিক অসন্তোলনতাৰ বাবেও মানুহ এজন লাজকুৰীয়া স্বভাৱৰ হয় । 

  সকলো ব্যক্তিৰেই প্ৰতিভাবোৰ প্ৰথমে সুপ্ত অৱস্থাত থাকে । যেতিয়াই  সুপ্ত প্ৰতিভাই ব্যক্তিত্ব বিকাশৰ পথ প্ৰশস্ত কৰে ,তেতিয়াই  প্ৰতিভাই বৈদ্যুতিক তীব্ৰগতিৰে বিকাশৰ দিশে ধাৱবান হয় । লাজে বিকাশত সদায় হেঙাৰ হৈ থিয় দিয়ে । স্বভাৱগত অৱৰোধৰ বাবে  লাজকুৰীয়া স্বভাৱৰ মানুহসকলে প্ৰায়ে এনে ধৰণৰ কেৰিয়াৰৰ প্ৰতি আকৰ্ষিত হয় , য'ত তেওঁলোকৰ লগত অন্য লোকৰ মত বিনিময় তুলনামূলকভাৱে কমকৈ কৰিবলগীয়া হ’য় ।  সামাজিক জীৱনৰ পৰা আঁতৰি থাকিবলৈ ভাল পোৱা এনেলোক সকলৰ ব্যক্তিত্ব গঠন প্ৰক্ৰিয়া যথেষ্ট শিথিল হয় ।



 অঙ্গন: পৃষ্ঠাঃ ১১

উপন্যাসঃ

আকাশ নীলা ভালপোৱা

(কিছু কাৰিকৰী অসুবিধাৰ বাবে এই সংখ্যাত উপন্যাসখনৰ পৰৱৰ্তী খণ্ড প্ৰকাশ কৰিব পৰা নগ'ল। পৰৱৰ্তী সংখ্যাৰ পৰা নিয়মীয়াকৈ ধাৰাবাহিকভাবে উপন্যাসখন প্ৰকাশ পাব।)


 অঙ্গন: পৃষ্ঠাঃ ১২

অণুগল্পঃ

ক্ষন্তেকীয়া সুখানুভূতি

ৰিতা মনি বায়ন

বসন্তৰ সৰল হাঁহিৰ আঁৰত বিশ্বাসঘাটকতাৰ ছবিখন কোনোদিন দামিনীয়ে প্ৰত্যক্ষ কৰা নাছিল। বসন্তৰ অনন্য প্ৰেমত স্থায়ী সম্পৰ্কৰ বিশ্বাস দেখি নাৰীৰ অমূল্য সম্পদ বিনাদ্বিধাই বসন্তৰ  ওচৰত সমৰ্পন কৰিছিল আৰু ফলশ্ৰুতিত ৰক্তিমক নিসংগতাৰ সংগী হিচাপে পাইছিল। লাহে লাহে ৰক্তিম ডাঙৰ হৈ আহিল আৰু স্কুললৈ যাব পৰা হ'ল। এদিন হঠাৎ স্কুলৰ পৰা আহি সি মাকক  ক'বলৈ ধৰিলে-- 
: মা, কালিলৈৰ পৰা মই স্কুললৈ নাযাওঁ। ল'ৰা ছোৱালীবোৰে মোক অবৈধ সন্তান বুলি ঠাট্টা কৰি থাকে। আজি তুমি মোক ক'বই লাগিব মা, তোমাৰ আৰু মোৰ জীৱন তিল তিল কৈ হত্যা কৰি আন এখন সংসাৰ আৰম্ভ কৰা সেই মানুহজন কোন ? 
: এতিয়া মনে মনে থাকা। সময়ত সকলো গম পাবা।    
         পিছদিনাখন সি মাকৰ আদেশ শিৰোধাৰ্য্য কৰি পুনৰ স্কুললৈ গ'ল। স্কুলৰ পৰা উভতি অহাৰ সময়ত সিহঁতৰ গাঁৱৰ বসন্ত বৰুৱা অফিচৰ পৰা আহি থকা অবস্থাত পথ  দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হোৱা খবৰটো পাই সি মাকক জনোৱাত মাকে সিহঁতৰ ওচৰৰে দোকানী এজনৰ হতুৱাই বগা সাজ এযোৰ আনি পুতেকক গা-পা ধুই পিন্ধিবলৈ ক'লে ।

 বৰপেটা


অঙ্গন:  পৃষ্ঠাঃ ১৩

পিতৃ- দিৱস

মীনাক্ষি ৰায় ডাংকুৱাল
                                   
         প্ৰাত্যহিক নিয়মৰ আজিও কোনো হেৰফেৰ নহ'ল কুশলহঁতৰ । ৰাতিপুৱাৰ পৰাই আকাশ মেঘাচ্ছন্ন হৈ আছে । আজি কুশলৰ দেউতাক অনিলৰ মৃত্যুতিথি । আজি দেউতাকলৈ বৰকৈ মনত পৰিছে কুশলৰ । আদৰ্শ স্বামী, আদৰ্শ পিতৃ, নিজকে জননেতা বুলি কৈ ভালপোৱা ৰাজনীতিবিদ হিচাবে—জীৱনৰ সকলো ক্ষেত্ৰতে চৰম ব্যৰ্থ এজন মানুহ, কিন্তু কি অপৰিসীম আশাবাদী আছিল । সদায় একেটা কথাকে কৈ আছিল—"অতি সুন্দৰ এটি দিন আহিব ।" এইদৰে হয়তো নিজকে সান্ত্বনা দিছিল । মাক সন্ধ্যাদেৱীয়ে মেজৰ ওপৰত অনিলৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত উঠা ফটো একপি ৰাখি ধূপ-দীপ জ্বলাই দি বকুল ফুলৰ মালা এধাৰিৰে সজাই দিলে । মনত পৰিছে দুই-এটি সুখৰ মুহূৰ্ত । সেমেকা চকুৰে আৰ্দ্ৰকণ্ঠেৰে ফুচ্‌ফুচাই ক'লে সন্ধ্যাদেৱীয়ে—"অতি সুন্দৰ এটি দিন আহিব ।"
         ফেচবুক খুলি বহিছে কুশলে । আজি জুন মাহৰ ১৯ তাৰিখ তৃতীয় দেওবাৰ, আন্তৰ্জাতিক পিতৃ-দিৱস । ফেচবুক জুৰি স্তুতি । আজি প্ৰথমবাৰ পিতৃ-দিৱসত কুশলে লিখিলে—"দেউতা, তুমি সপোনত ভৰ কৰি জীয়াই থাকিবলৈ শিকাইছিলা ! 'অতি সুন্দৰ এটি দিন আহিব ।' সঁচাকৈয়ে এটি সুন্দৰ দিন আহিব দেউতা ।"
         অজস্ৰ লাইকৰ ভিৰত জলস্ৰোতত চকুযুৰি ভাঁহি গ'ল কুশলৰ ।

গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫



 অঙ্গন: পৃষ্ঠাঃ ১৪
    
আবেগ

ৰূপা গগৈ 
                              
             হঠাৎ টিভিৰ পৰ্দাত মাক আৰু ভায়েকক দেখি দীপালীৰ আনন্দতে বৈ গ'ল এধাৰি লোতক  । নবৈ শতাংশ নাম্বাৰলৈ উত্তীৰ্ণ হোৱা বাবে তাইৰ জুপুৰি ঘৰটোৰ সৈতে দুখুনী মাক - ভায়েক এনেকৈ  মানুহৰ আগত সন্মানৰ পাত্ৰ হ'ল ।
             সুব্ৰতৰ পৰোচনাত পৰি দেউতাক নোহোৱা ঘৰখনত মাক ভায়েকক অকলে এৰি আহি প্ৰতিদিন তাই কটাইছে এটা কষ্টৰ জীৱন । তেনেকৈ পলাই বিয়া হোৱাৰ বাবে মাকেও তাইক আদৰি লোৱা নাছিল । তথাপিও সদায় ভগৱানক খাটিছিল তাই ভায়েকে যাতে ঘৰখন চলাই নিব পৰাকৈ মানুহ হয় আৰু আজিৰ এই মূহূৰ্তত তাই সকলো বেদনা পাহৰি মাকলৈ ফোন লগালে মাকেও আবেগত ফোনটো ধৰি কান্দি পেলালে । আবেগৰ চকুলোৱে ধুই নিলে ঘৰখনৰ দুখৰ মোহনাবোৰ ।


 অঙ্গন: পৃষ্ঠাঃ ১৫

আহ্লাদ

ৰূপালীম মহন্ত

"ইমান দেৰিলৈকে শুই আছ। কাইলৈ এখন ঘৰৰ বোৱাৰী হবি। গম পাবি ৰ' শোৱাৰ ঠেলা।"
"প্লিজ মা, আৰু অকণমান। পাঁচ মিনিট।" তাই বাগৰ সলায়। 
মাকে তাইৰ নিদ্ৰামগ্ন মুখখনলৈ চাই চকুৰ পানী মচে। গাৰ কাপোৰখন ঠিক কৰি দিয়ে। আৰুনো কেইদিন এনেকৈ নিচিন্তমনে ! মনতে ভাবে, 
"শোৱক তাই।"

"ৰাতিপুৱাল, উঠা আকৌ" শব্দকেইটা শুনি তাই এঙামুৰি ভাঙে। অলস মাতেৰে চকু নোখোলাকৈয়ে তাই কৈ উঠে,
"প্লিজ মা, আৰু পাঁচ মিনিট।" আব্দাৰ কৰি বাগৰ সলাই শুই পৰে তাই। 
নিদ্ৰাগ্ৰস্ত মুখখনলৈ চাই আজি তাইৰ নতুন স্বামীয়ে মিচিকিয়াই হাঁহে। গাৰ কাপোৰখন ঠিক কৰি দি মনতে ভাবে,
"শোৱক তাই। নিচিন্ত মনে।"

(বেংগালুৰু)



অঙ্গন: পৃষ্ঠাঃ ১৬

একমিনিটৰ গল্পঃ

সদৃশ

জুনমনি গগৈ 

           দিবাকৰ মাষ্টৰে গেছ এজেঞ্চিৰ মানুহজনক কাৰ্ডখন দিবলৈ লৈহে দেখে, কাৰ্ডখন দেখোন নাই ! কোটৰ জেপতে আনিছিল, ক'ত পেলালে বাৰু ?  ঘৰতে থাকি আহিল নেকি ? ছেঃ ! নিজৰ চোলাৰ, পেন্টৰ জেপ খুচৰিও কাৰ্ডখন নোপোৱাত ঘৰলৈ বুলি উভটিলে। স্কুটিখন লাহে লাহে চলাই গোটেই ৰাস্তাতে চকু ফুৰালে। নাই ক'তো নাই। ঘৰতো নাই। শ্ৰীমতীয়ে কথাটো শুনি ক'লে, 
: কি যে মানুহ  আপুনি ! কোটৰ জেপত ইমান ধুনীয়া কৈ নিয়া কাৰ্ডখনো হেৰুৱাৰ লাগেনে ? এনেকৈ চাগে কত বস্তু হেৰুৱাইছে ! এই পৃথিৱীত আপোনাৰ দৰে দ্বিতীয় এজন মানুহ দেখা নাই  দেই । 
        ঘৈণীয়েকৰ কথাত গুৰুত্ব নিদি দিবাকৰ মাষ্টৰ পুনৰ গেছ এজেঞ্চিৰ ওচৰ পালেগৈ । চিনাকী এজেঞ্চিজনে কিবাকৈ মিলাই গেছ চিলিণ্ডাৰ এটা দি পঠালে। তেখেতে ওৰে ৰাস্তাটো ভাবিও কাৰ্ডখন হেৰোৱা কথাষাৰ উৱাদিহ নাপালে ।  কথা পাহৰাটো দিবাকৰ মাষ্টৰৰ বেমাৰ দৰেই হৈ পৰিছে । বয়স হৈ অহাৰ লগে লগে পাহৰাৰ বেমাৰটো বেছিহে হৈছে । কথাটো ভাবি নিজৰ ওপৰতে খং উঠিল মাষ্টৰৰ।
             পিছদিনাখন আবেলি কাষৰে গোপালে খবৰ দিলে, যে আপোনাৰ  গেছ কাৰ্ডখন হেৰাইছে নেকি ? তিনিআলিৰ মানুহ এজনে ৰাস্তাতে কাৰ্ডখন পাই মোক  খবৰটো দিলে।"
             দিবাকৰে অলপো পলম নকৰি গোপালৰ কথামতেই মানুহ জনৰ কাষ পালেগৈ । মানুহজনে মাষ্টৰক আথে বেথে বহিবলৈ দি ক'লে,
 : মই আপোনাক ফোন কৰিছিলোঁ নহয়,  ফোনটোহে নালাগিল ।
: হয় নেকি,  কিন্তু আপুনি  মোৰ ফোন নম্বৰটো পালে ক'ত ? 
       মানুহজনে কাৰ্ডখনত থকা নাম্বাৰটো দেখুৱালে। অ, সেইটো পিন নাম্বাৰ হে , ফোন নাম্বাৰ নহয় নহয় । মুখলৈ উজাই অহা হাঁহিটো কথমপি সামৰি  দিবাকৰ মাষ্টৰে ভেলেঙা লাগি চাই থকা মানুহজনক ধন্যবাদ জনাই ঘৰলৈ উভটিল।
                ভাঙ খাই মাতাল হোৱা মানুহটোৰ দৰে গোটেই পথচোৱা হাঁহি হাঁহিয়ে ঘৰ পোৱাহি মাষ্টৰে  চোতালৰ পৰাই ঘৈণীয়েকক চিঞৰিবলৈ ধৰিলে, হেৰা শুনিছানে, এই পৃথিৱীত মোৰ দৰে অকল ময়ে নহয় দেই,  আৰু  আছে...

নকছাৰি
যোৰহাট

 অঙ্গন: পৃষ্ঠাঃ ১৭

অনুবাদ কবিতাঃ
 
I FELT A FUNERAL IN MY BRAIN

(By Emily Dickinson)

I felt a Funeral, in my Brain,
And Mourners to and fro
Kept treading – treading – till it seemed
That Sense was breaking through –
And when they all were seated,
A Service, like a Drum –
Kept beating – beating – till I thought
My mind was going numb –
And then I heard them lift a Box
And creak across my Soul
With those same Boots of Lead, again,
Then Space – began to toll,
As all the Heavens were a Bell,
And Being, but an Ear,
And I, and Silence, some strange Race,
Wrecked, solitary, here –
And then a Plank in Reason, broke,
And I dropped down, and down –
And hit a World, at every plunge,
And Finished knowing – then –

 মই মগজুত অনুভৱ কৰিছিলোঁ...

মূল ইংৰাজীঃ Emily Dickinson
অনুবাদঃ প্ৰাণ কৃষ্ণ গোস্বামী

মই মগজুত অনুভৱ কৰিছিলোঁ, এক চিতাগ্নিৰ,
শোক-সন্তপ্ত লোকৰ লৰা-ঢপৰা,
ইফালে সিফালে তেতিয়ালৈকছ ঘূৰি ফুৰা...
যেতিয়ালৈকে এক চেতনাৰ ভাৱ উদয় হোৱা যেন লাগিছিল...

আৰু যেতিয়া সকলো বহিল
এক ধৰ্মীয় অৰ্চনাৰ বাবে,
ঢোল বাদ্যৰ দৰে এক বাজনা...
বাজি থাকিল...বাজিয়েই থাকিল...মই ভবালৈকে
যে মোৰ মন সম্পূৰ্ণ নিঃসাৰ হৈ পৰিছে।

আৰু তেতিয়াই সিহঁতে এটা কফিন উঠোৱা শুনিলোঁ
আৰু এপাট শেলে মোৰ আত্মাক ভেদিলে,
একেদৰে বুটজোতাৰ তলৰ সীহৰ গজালে, পুনৰ,
তাৰ পিছত শূন্যতা...ঘণ্টাধ্বনি আৰম্ভ,

সমস্ত স্বৰ্গ যেন এটা ঘণ্টা,
আৰু জীৱ জগত, মাথোঁ কৰ্ণ কুহৰ,
আৰু মই, আৰু নিস্তব্ধতা, এক অদ্ভূত দৌৰ,
বিধ্বস্ত, নিঃসংগ, ইয়াত...

আৰু তেতিয়াই ভাগিল, চেতনাৰ এচটা কাঠ,
আৰু মই অতল গভীৰতাত পৰিলোঁ, আৰু পৰিলোঁ
আৰু প্ৰতিবাৰতে খুন্দা মাৰিলোঁ একোখন পৃথিৱীত...
আৰু জ্ঞানপ্ৰাপ্তিৰ শেষ...তেতিয়াহে...

( আমেৰিকান কবি এমিলি ডিকিন্সনৰ জন্ম ১৮৩০ চনত। তেওঁৰ জীৱন কালত ১৮০০ কবিতা প্ৰকাশ পাইছিল। বহু অপ্ৰকাশিত কবিতা তেওঁৰ মৃত্যুৰ (১৮৮৬ ৰ) বহু বছৰৰ পিছত ১৯৫৫ চনত প্ৰকাশিত সংকলনত সন্নিবিষ্ট হৈছিল। তেওঁ প্ৰকৃতিৰ ওপৰত লিখিলেও সৰ্বাধিক কবিতা জৰা-ব্যাধি-মৃত্যুৰ ওপৰত ৰচিত।)

কাহিলিপাৰা গুৱাহাটী
মো:+৯১ ৭০০২৪০৯৬৫৫

অঙ্গন: পৃষ্ঠাঃ ১৮

Raja, Mother Earth’s Menstrual bleed 

Dr. Gita Mohanty 

It’s dignity of her femininity
The grace of her womanhood  and sanctity 
It’s the sign of her fertility 
Most elegant trait of her beauty 
And pavement towards her motherhoods’ eternity
It’s a unique yet universal feminine quality 
It’s a whole essence of her creativity 

It’s not merely a biological process, it has got its aesthetic essence 
It’s an elegant empowerment 
Of the womanhood for the sustenance 
That pain makes her eligible for a creator’s status in true sense
It’s not that easy to have that endurance, tolerance and patience
Because only the woman is strong enough to handle that labor pain and can sustain 
Thus, God has decided to bestow that power only on them

The festival ‘Raja’ (menstrual bleed) celebrates and dignifies the first menstrual bleed of mother earth 
Highlighting her enormous fertility and fecundity of overwhelming worth 
It’s a beautiful traditional celebration of our motherland, henceforth 
An auspicious time of the year for celebration of mother earth’s menstruation 
When soil is ready for the cultivation 
Farmers start sowing the seeds with festive enthusiasm 
It’s the time when the sky showers the benign and blessings in rain form
To support the farming all along 
The nature, the Mother Earth, and the cosmos gets aligned 
At that specific time 
As if the shower of bliss for the whole creation 
And for the mankind.

ৰজ: উৎসৱ

মূল উৰিয়া, ইংৰাজীঃ ড: গীতা মহান্তি
অসমীয়া অনুবাদঃ ৰেখা বৰকটকী

এইয়া হ'ল স্ত্ৰী জাতিৰ মৰ্যদা
য'ত আছে মাতৃত্বৰ দয়া আৰু পবিত্ৰতা
এইটো তেওঁৰ  সৃষ্টিশীলতাৰ    চিহ্ন
উপযুক্ত সৌন্দৰ্যৰে মাতৃত্বৰ সামগ্ৰিকতালৈ অগ্ৰগতি
এইটো এটা আনুপম  ও সাৰ্বজনীন স্ত্ৰী জাতিৰ  গুণ
ইযে সৃষ্টিশীলতাৰ মূল উৎস
এইটো কেৱল জৈৱিক নিয়মেই নহয় ইয়াৰ এটা কলাসূলভ মাদকতাও আছে
স্থিতিৰ বাবে  মাতৃজাতিলৈ দিয়া ই এটা উপযুক্ত কতৃত্ব  প্ৰকৃত অৰ্থত সেই বেদনাই তেওঁক  এগৰাকী সৃষ্টিকৰ্তাৰ উপযুক্ততা দিয়ে
এইটো এটা সহজ কথা নহয়
সহনশীলতা ,সহিষ্ণুতা আৰু ধৈৰ্যৰে কেৱল এগৰাকী স্ত্ৰীয়েহে সেই প্ৰসৱ বেদনা সহি নিজৰ স্থিতি ৰাখে 
গতিকে পৰমেশ্বৰে সেই শক্তি তেওঁলোককে দিয়াৰ সিদ্ধান্ত লৈছে
 আই বসুন্ধৰাৰ   প্ৰথম মাসিক স্ৰাৱৰ দিনটো  "ৰজ:" উৎসৱ হিচাবে উৎযাপিত হয়
য'ত   অসীম  সৃষ্টিশীলতাৰ শক্তিক স্বীকৃতি !

এইটো আমাৰ মাতৃভূমিৰ এটা সুন্দৰ পৰম্পৰাগত উৎসৱ 
আই বসুন্ধৰাৰ মাসিক   ধৰ্ম উৎযাপনৰ  বাবে এইয়া বছৰৰ মঙ্গলময় সময়
 যিসময়ত মাটি কৃষি উপযোগী  হয়
কৃষি কৰ্মৰ আনন্দ উল্লাসেৰে খেতিয়কে বীজ সিঁচা আৰম্ভ কৰে।
সেই সময়ত আকাশেও বৰষুণৰূপে আশীৰ্বাদ দিয়ে
সেই নিৰ্দিষ্ট সময়তে কৃষি কৰ্মৰ সহায়ৰ বাবে বৰষুণ আশীৰ্বাদ হয় মাতৃ পৃথিৱী  ,প্ৰকৃতি শস্যশ্যামলা হয়।
সমগ্ৰ সৃষ্টি আৰু মানৱৰ বাবেই যেন এই  বৰষুণ।


( অম্বুবাসী এক সাৰ্বজনীন উৎসৱ।  উৰিষ্যাৰ সু-কবি  ড' গীতা মাহান্তীৰ    "Raja"(ৰজ:)  উৎসৱ  কবিতাটি অসমীয়ালৈ অনুবাদ কৰাৰ এইয়া মোৰ ক্ষুদ্ৰ প্ৰয়াস । )


 অঙ্গন: পৃষ্ঠাঃ ১৯

বনলতা সেন 

মূল বাংলা -- জীৱনানন্দ দাস
ভাষান্তৰ -- চাণক্য চিৰাং 
 
বনলতা সেন 
হেজাৰ বছৰ ধৰি মই পদব্ৰজী ধৰাতলৰ 
সিংহল সমুদ্ৰৰ পৰা অন্ধকাৰৰ ৰাত্ৰি 
মালয় সাগৰ --- 
বহু দেশ ঘূৰিছোঁ‌ মই , বিম্বিসাৰ অশোকৰ ধূসৰ জগতৰ 
তাতো আছিলোঁ‌ মই , ভ্ৰমিছোঁ‌ অনেক দূৰ অন্ধকাৰ বিদৰ্ভ নগৰ , মই এক শ্ৰান্ত পথিক---  চৌপাশে জীৱন সমুদ্ৰৰ উত্তাল ফেন -- মাথোঁ মোক এপলক আনি দিছিল শান্তি 
নাটুৰৰ বনলতা সেন ।
চুলি তাইৰ কোন কাহানিবাৰ অন্ধকাৰ বিদিশাৰ নিশা , 
মুখলৈনো কিনো চাবা শ্ৰাৱস্তীৰ কাৰুকাৰ্যৰে মিনাকৰা , 
দেখি দূৰৈৰ পথভ্ৰষ্ট নাবিক দিশহাৰা 
সেউজীয়া ঘাঁ‌হনিৰ দেশ যেতিয়া দুনয়নেৰে দেখে দাৰুচিনি দ্বীপত ,
তেনেকৈয়ে দেখিছোঁ‌ তাইকো অন্ধকাৰত , কৈছে মাথোঁ "আছিলা ক'তেনো অতদিনে ?"
পক্ষীৰ নীড়ৰ দৰে চকুমেলি চালে নাটুৰৰ বনলতা সেন ।
নিতৌ দিনৰ শেষত নিয়ৰকণাৰ মৃদুধ্বনিৰে সন্ধ্যা নামে ডেউকাৰ ৰ'দৰ গোন্ধ অপসৃত কৰে চিলনীয়ে , পৃথিৱীৰ সমস্ত ৰং ম্লান পৰিলেই পাণ্ডুলিপিৰ চলে আয়োজন 
গল্পত বিৰিঙি উঠে জোনালীৰ 
জিলমিল আৱৰণ --- 
ঘৰলৈ আহে পক্ষী ----- সমস্তনদী শেষ হয় জীৱনৰ সকলো লেন-দেন , চৌপাশে অন্ধকাৰ , মুখামুখিকৈ বহি থাকে মাথোঁ বনলতা সেন !


অঙ্গন: পৃষ্ঠাঃ ২০

মদিৰা

অনুবাদঃ জিতেন নৰহ

মজ্জিদত বহি মদিৰা পিবলৈ দিয়া
নহ'লে সেই ঠিকনা দিয়া 
য'ত খুদা নাই।
                     -মিৰ্জা গালিব

মজ্জিদ খুদাৰ ঘৰ, মদ্যপান‌ৰ ঠাই নহয়
নাস্তিকৰ হৃদয়লৈ যা, তাত খুদা নাই।
                               -আহমদ ফৰাজ

নাস্তিকৰ হৃদয়ৰ পৰা মই এইটো দেখি আহিছোঁ
খুদা মজুত আছে তাত, কিন্তু তাৰহে খবৰ নাই।
                                          -ইকবাল

খুদা দুনীয়াৰ সকলো ঠাইতে আছে
ত‌ই স্বৰ্গলৈ যা তাত মদ্যপানৰ বাধা নাই
                                             -ৱাচী

দুখৰ দুনীয়া পাহৰিবলৈ মদ্যপান কৰোঁ
স্বৰ্গত কিনো দুখ আছে
এয়ে তাত মদ্যপানৰ আনন্দ নাই।
                                        -চাকী

এৰি দিয়া মদিৰাৰ এই পিয়লা, হে গুলচন
দুখ পাহৰাব পৰা এনে কোনো মদিৰা নাই।
                                            --গুলচন



অঙ্গন:  পৃষ্ঠাঃ ২১

লিমাৰিক

ফেদেলী পুৰাণ
 
মিতালী শৰ্মা ।
               ১
স্কুল খোলা হৈছিল মাথোঁ কেইটামান দিন।
ছাত্ৰ আহিছিল পাৰ হৈ লক্ষ্মণ ৰেখা চিন।
হঠাৎ শিক্ষা বিভাগে খবৰ দিলে
গুণোৎসৱ আকৌ পাতিব লাগে।
 শিক্ষক-ছাত্ৰ সাজোঁ হৈছে ৰাতিক কৰি দিন।

                    ২
চেগা চোৰোকাকৈ দুবছৰে কটাই দিলোঁ ঘৰত।
বিদ্যালয়ৰ বাৰাণ্ডা খনো নাথাকিল মনত।
পাহৰিলে ল'ৰা-ছোৱালীয়ে স্কুলৰ নাম
মাষ্টৰৰ চিন্তা ক ,খ কেনেকৈ শিকাম
কি গ্ৰেড আশা কৰিম গুণোৎসৱৰ ৰণত ?

                 ৩
ৰাখিব লাগিব আমি বিদ্যালয়ৰ নাম ।
ভাবিছোঁ পক্সি মাৰি  যেনে-তেনে সাৰি যাম
শিক্ষাৰ লগত নতুন সংযোজন
শিক্ষকৰো হৈছে খেলিমেলি মন।
ইকʼক্লাব, বাইঅ'ডাইভাৰচিটি, টুনিংস্কুল আৰু যে কত কাম !



অঙ্গন:  পৃষ্ঠাঃ ২২

কবিতাঃ

জেঠ জ্বলে আহাৰ জ্বলে

তপন বৰুৱা

জেঠ জ্বলে
আহাৰ জ্বলে

সদলবলে আহি মেঘে যেতিয়া
কলহে কলহে ঢালে
মাটিৰ বুকুত
পানীৰ জুই জ্বলে

বন্যাৰ্তৰ শুকাই যোৱা
চকু জ্বলে

এৰি অহা সৌ সাতচল্লিশৰ
আকাশমাৰ্গলৈ চাই চাই শাওণৰ
পথাৰ জ্বলে

ভৰসাৰ বাৰটা মাহ জ্বলে।।


অঙ্গন:  পৃষ্ঠাঃ ২৩

ভবা কথাবোৰ ইমান সহজ নহয়

মৃণাল কুমাৰ বৰা

উজলি উথলি উঠিলে উৎফুল্লিত হয় ভবা কথাবোৰ
ভবাৰ দৰে বাৰেৰহণীয় হয়
বুকুত থিতাপি লোৱা সেউজীয়া

আচলতে
ভবা কথাবোৰ ইমান সহজ নহয়
ভবাৰ দৰেই, পূৰ্ণতা পাবলৈকে
কৰিব লাগিব দিন অথবা ৰাতি একাকাৰ

ভবা কথাবোৰে মনত আমনি কৰে অহৰহ
তাৰ কৌতুহলী চকু কেইটাই দৃষ্টি নিক্ষেপ কৰে
পোহৰৰ উৎস বিচাৰি
দিঠকৰ পাৰে পাৰে ভটিয়াই
সপোনৰ ৰং আকোঁ‌ৱালি

ভবা কথাবোৰৰ আঁ‌ৰত
টোপ টোপকৈ কিহৰ চকুলো সৰে ?
- তাকেই সমল কৰি
কবিয়ে কেতিয়াবা কবিতাও লিখে

কবিতাৰ দৰে
ভবা কথাবোৰতো থাকে দুৰ্বোধ্যতা
তাক ভেদ কৰি বুজিব পাৰিলেহে বিৰিঙে
ৰ'দ ৰ'দালী হৈ এচেৰেঙা হাঁ‌হি !
                             


অঙ্গন: পৃষ্ঠাঃ ২৪


বেলি এটা বুকুত লৈ ফুৰিব খোজো

ভাৰতী চক্ৰৱৰ্তী

জীৱন বাটত
পোৱা নোপোৱাৰ ক্ষণিক উচ্ছাসত 
ৰামধেনু এছিৰাৰ দৰে
শেষ হৈও শেষ হ’ব নোখোজে
কলিজাৰ কিছু গোপন দোলন

আমি প্ৰত্যেকেই
বেলি এটা বুকুত লৈ
বিচাৰি ফুৰো জীৱন যৌৱনৰ
অনন্ত সেউজীয়া

একো নজনাকৈয়ে
বুকুত আঁকি লওঁ
স্বপ্নৰতা দুচকুৰ
আলোক স্পৰ্শ

জীয়ন দিব খোজো
কালে হৰিব খোজা
জীৱনৰ পদ্য



অঙ্গন:  পৃষ্ঠাঃ ২৫

কৰুণতাত অস্তৰাগ

ছৈয়দা আঞ্জুম আৰা হুছেইন

নিৰ্জনতাত ডুব যোৱা দ্বীপপুঞ্জত সাৰে থাকে বহুতো স্মৃতিৰ ভগ্নাৱশেষ, 
সুলুকাই থোৱা আঙুলিৰ পাবত 
ৰাতি আহে ৰাতি যায়

পুৰাতন বৃক্ষৰ পৰস্পৰৰ স্পৰ্শত 
ৰোধিব নোৱাৰা  নৈৰাশ্যৰ বান্ধত
 উজাগৰি ৰাতিবোৰত  পোখা মেলে শূন্যতাৰ বীজে

দিগন্তৰ সিপাৰে উৰুলিকৃত এছাটি শিপা চিঙা পচোৱা ,
লহিওৱা বেলিত ইপাৰ সিপাৰ নমনা উদাসী আকুলতাত, বুকুত গৰা খহে 
চকুৰ দৃষ্টিত নিষ্প্ৰভ হেঁপাহ 
"মই ভালে আছোঁ ঈশ্বৰ 
কুশলে ৰাখিবা তাহাঁতকো---"
হেন্দোলনিত শৰীৰত বগাই থাকে 
নোগোৱা গীতৰ কলি 
প্ৰতি দিন প্ৰতি ৰাতি ৷
        
গুৱাহাটী ৷



অঙ্গন:  পৃষ্ঠাঃ ২৬

স্তৱক 

প্ৰণৱ কুমাৰ গগৈ

দুখত ভাগিছে মোৰ
বুকুৰ ভিতৰৰ বুকু
পাৰা যদি আহাঁ
তুমি মই আমি হৈ 
একেলগে থাকো...!! 

তোমাৰ ওঁঠত 
ব'হাগৰ বাঁহী
মোৰ চকু দুটা 
উজাগৰে থাকে
দেওলগা...
প্ৰতিটো ৰাতি...!!

অঙ্গন:  পৃষ্ঠাঃ ২৭

ফুলৰ দেশ

আকাশ দাস

বুলি বুলি গৈ বাট,
কিমাননো ৰ'ম তাত;
তুমিহীন বাটত বৰ ভাগৰ।
তগৰ নাই, নাহৰ নাই,
নাই কৃষ্ণচূড়া; 
নাই প্ৰেম কৰাৰ একোৱেই সমল।

তোমাৰ শুকানখিনিত,
সিঁচি দিম বুকুখনি,
যদি তুমি থাকা কাষত।
থাকিব নোৱাৰিলে
লৈ যোৱা মোকো,
নাৰ্জী ফুলৰ দেশত।

বাৰাণসী


অঙ্গন: পৃষ্ঠাঃ ২৮

শীত

শিল্পীশিখা তালুকদাৰ

নৈ খনে কথা কয়
মাতাল কৰি তোলে 
যৌৱনে গৰকা শীতৰ কন্যাক |
ৰিব্ ৰিব্ এছাতি বতাহে
খহাইছে বন্ধা খোপা |
মেঘালী চুলিত ফাগুনে নাচিছে,
হেঙুলী আৱৰণত তাই শুৱনী
লাজ লাজ কৈ পশ্চিমৰ আকাশত 
ৰক্তজবা হৈ বিলীন তাই...


অঙ্গন:  পৃষ্ঠাঃ ২৯

মোৰ গতি পথ 

উষা দেৱী 

মোৰ গতিপথ এইখিনি 
ৰাজপথ আৰু শিক্ষানুস্থানৰ মাজৰ দূৰত্বখিনি 
এদিন শিক্ষানুস্থানৰ পৰা ৰাজপথলৈ ওলাই গ'লো 
দেখিলো শিক্ষানুস্থানবোৰ 
কিছুমান ওখ-চাপৰ টিকেটঘৰ ।
এতিয়া ৰাজপথৰ পৰা আকৌ 
শিক্ষানুস্থানলৈ উভতি আহিছোঁ 
এতিয়া দুচকুত মোৰ 
শিক্ষাৰ নতুন পোহৰ ।


বাৰপূজীয়া,
জৰাবাৰী ।


অঙ্গন:  পৃষ্ঠাঃ ৩০

মৰিশালি

নিহাল গগৈ

দপ্‌দপাই জ্বলা জুইকুৰাত চহাপোকৰ মৰণ 
মই নোৱাৰো চাবলৈ 
পোহৰ প্ৰয়াসী সিহঁত
মৃত্যুৰ অন্ধকাৰত সোমাই যোৱা চাবলৈ
মই অপাৰগ!

এদিন কাণত ওঁঠ লগাই কৈছিলোঁ
জুইকুৰা মৰণ ফাণ্ড। 
কিন্তু এয়া কি মোৰ ওঁঠত তেজ ?
সেইদিনাও নোৱাৰিলোঁ 
পোহৰ পাগল সিহঁতৰ চকুৰ এন্ধাৰ মুচি দিবলৈ।

যেতিয়া জুইত পৰি ছট্‌ফটাই আছিল 
হেঁপাহেৰে আগবঢ়াই দিয়া হাতখনক 
জুই শিখাই খেদি অহাত
সিহঁতক যে তুলি আনিবলৈ নোৱাৰিলোঁ
মোৰ চকুৰ আগত মাত্ৰ ভাঁহি আহিছিল 
সিহঁতৰ দেহ পোৰা ক'লা ছাই.....

আজি কাৰ মুখত সেই ক'লা ছাই ?
দেখিলোহেঁতেন !
কিন্তু মই নাচালোঁ ।

কাৰ পৰোচনাত সিহঁত নাচে 
কোনে যজ্ঞ কৰি সিহঁতক আহুতি দিয়ে
নিৰ্জু এই চহাপোকে নোবুজে একো!
বুজিছোঁ,
তপত জুইয়ে চেলেকি যোৱা
শুকান ওঁঠ দুটিৰে ময়ো বোবা হৈ পৰিছোঁ।


শিৱসাগৰ

অঙ্গন: পৃষ্ঠাঃ ৩১
 
ওপজা মাটিৰ মোহত

পল্লৱী গগৈ বুঢ়াগোহাঁই,
                                      
সোঁৱৰণিয়ে মৈয়াই ধূলি কৰা 
ওপজা মাটিত
মোৰো এখন সৰু আকাশ আছিল।
খুব সযতনে তাত লিখিছিলো
জীৱনৰ আদিপাঠ।
তাত বৰ্ষাসিক্ত জিকাফুলীয়া আবেলিবোৰ
ধূলিয়ৰী বকিয়াইদি বগুৱা বাই ভৰুণ হয়।
বাৰিষাৰ প্ৰথম বৰষুণ জাকে মেলি দিয়া
কেঁচাসোণবৰণীয়া মেলাত
নিলাজী বন জয় পৰে।
ইকুল সিকুল নমনা 
পাৰাপাৰহীন সেমেকা
বতাহজাকত স্মৃতিৰ ঘ্ৰাণ 
পিতপিতাই চলাথ কৰো।
ছন পৰা দলনিত জাকৈয়া ছোৱালীয়ে
পিন্ধাই দিয়ে হালধীয়া হ'ব খোজা
বিৱৰ্ণ সপোন।
বয়স বঢ়াৰ লগে লগে
সপোনটোৰ দৈৰ্ঘ্য বাঢ়ে।
অ' মোৰ ওপজা মাটি,
তাতেই মই বিচাৰি পাওঁ
তোৰ অলিখিত জীৱনগাথা।
উৰুখা পঁজাৰ ঘোপমৰা অন্ধকাৰত
দুচকুত উলমি ৰয়,
হেৰুৱা সপোনৰ ভগা টুকুৰা।
ধৰো বুলিলেও
পলাই লৰ মাৰে।
মাথোঁ উমান পাওঁ
লেজুৰ দৰে 
বাঢ়ি অহা 
সপোনটোৰ গোপন অভিসাৰ।

 অঙ্গন: পৃষ্ঠাঃ ৩২

জীৱনৰ যোগ-বিয়োগ ইত্যাদি...

আকাংক্ষা বৰা


- প্ৰেমহীনতাৰে জানো জী থাকিব পাৰি ? 
- কেতিয়াবা ব্যক্তিগত কথা পাহৰি আন কাৰোবাৰ সুখ, ইচ্ছাৰ বাবে বাট সলনি কৰিব লগা হয় ৷
_ জয়িতা, এনেকৈ সুখী হ’ব পাৰিবা জানো ? 
- সুখৰ বাট প্ৰত্যেকৰ বাবে বেলেগ ৷ সময়, পৰিস্থিতিয়ে মানুহক সলনি কৰে ৷ জীৱনটো নাটকৰ দৰে নহয় জানো ! অভিনয় কৰিয়েই পাৰ হ’ব বাকীচোৱা বাট৷
- তুমি ইমান সাহসী কেনেকৈ হ’ব পাৰিলা জয়িতা ? 
- তুমিয়ে জানো কোৱা নাছিলা অম্বৰ, "জীৱনত নিজেই নিজৰ সাহস, বন্ধু হ’ব পাৰিব লাগিব ৷" ধৰি লোৱা মই তোমাৰ কথাবোৰ অন্তৰৰ পৰা অনুকৰণ কৰিব লৈছো ৷ ৰুঢ় বাস্তৱবোৰ মুখামুখি হ’ব পৰাকৈ নিজক গঢ়ি তুলিছোঁ৷
- তুমি সাহসী নহয় জয়িতা, তুমি মাত্ৰ পলাব বিচাৰিছা সমস্যাৰ পৰা, সপোনবোৰ সমাধিস্থ কৰিছা৷
- সপোনৰ বোজা বহুত কঢ়িয়ালো আৰু অম্বৰ ৷ আৰু নোৱাৰি, সম্পৰ্কৰ চক্ৰবেহুত ধৰাশায়ী হ’বলৈ দিয়া মোক৷

ঠিকনাঃ
স্নাতকোত্তৰ চতুৰ্থ ষান্মাষিক
ইউ জি চি নাৰী অধ্যয়ন কেন্দ্ৰ 
ডিব্ৰুগড় বিশ্ববিদ্যালয়


অঙ্গন:  পৃষ্ঠাঃ ৩৩

শিখাৰ পোহৰত অমাৱস্যা খেদি

পহৰ তিতাবৰ

 নয়নাভিৰ একাবেঁকা পথেৰে
স্মৰণীয় জীয়া ছবি
পাহৰিব নোৱাৰা তৃষ্ণাসুন্দৰ নৃত্য
কঁহুৱা-ঝাওবনে কাকলিৰ তালে তালে
ৰুণুক-ঝুনুক নাচে গানে লহৰ তুলি
ৰূপোৱালী জোনাকে আবিৰ সিঁচে !

অফুৰন্ত বিশ্বাসৰ দূৱৰি দলিচা
মহামায়া পৰশত শেৱালি সুবাস
ঋতুৰাণী শাৰদীয়ে স্নিগ্ধ মলয়াৰ স’তে
জিলিকাই ধৰণী ধুনীয়া মধুৰসে
এয়ে চুবুৰী আহিবা দুবাৰ
ওখোৱা কৰ্কৰা ভতেৰে পিটিকা-শুকুটাৰ জুতি ল'বলৈ !

দুখৰ কেলেণ্ডাৰখনে পুৰণি পৃষ্ঠা সামৰি...


অঙ্গন:  পৃষ্ঠাঃ ৩৪

তেবাট

ৰুমী চাংমাই বৰুৱা

শূন্যৰ বুকুত ছবি আঁকি পাইছা কেতিয়াবা
নিজৰ মাজতে কথা পাতি
বিহ্বল হৈ পাইছানে কেতিয়াবা
ডাৱৰৰ বুকুত চকুলো লুকুৱাই
শূন্যত দৃষ্টি ঘূৰাই
হাঁহি এটা পিন্ধি লৈ
সুখৰ অভিনয় কৰিব পাৰানে তুমি...


জোনাকীৰ সতে মিতিৰালি পাতি
আঁউসীৰ অমানিশা খেদিবলৈ
বৃথা চেষ্টাইতো দিব পাৰে সাহসৰ ঠিকনা
কোনবাটে গ'লে পাই জোনবাইৰ দেশ !

নিসঙ্গতাৰ সুৰ এটা বুকুত বান্ধি
মই সদায় ৰৈ থাকো
ক'ৰবাত শুনো নেকি গৰখীয়া বাঁহীৰ সুৰ
বিহ্বলতাৰ লহৰ তুলি বৈ আহে নেকি
চঞ্চল বতাহে বতাহে...

অঙ্গন: পৃষ্ঠাঃ ৩৫

ভালপোৱাঃ তুমি অনন্য 

প্ৰকৃতি প্ৰিয়া দত্ত (কৃষ্ণা প্ৰিয়া)

তোমাক ভাল পাওঁ বাবেই নিয়ৰবোৰ
জিপাল হৈ উঠে হৃদয়ৰ সেউজ দলিচাত
আনন্দৰ অনুভূতিয়ে 
অনন্ত আকাশৰ বুকুত বাট হেৰুৱাই...
থাৱনি নাপাওঁ...!
অসীমৰ পৰা যেন
বুকুৰ ভিতৰ চৰাত ভৰ কৰেহি..
এক ঈশ্বৰীক কম্পন...!
কথা পাতোঁ, তোমাৰ সৈতে...
তুমি আঁতৰত থাকিলা, পিছে কি হ'ল ?
আমাৰ যে আত্মা একেই...!
তুমি অনুভৱ কৰিছানে 
মই নাজানো...!
মই অনুভৱ কৰিবলৈ লৈছোঁ...
তুমি মোৰ ভিতৰতে বাস কৰিবলৈ লৈছা..!!
এই প্ৰকৃতিৰ য'লৈকে চাওঁ...
তোমাকেই পাওঁ!
তোমাক পাওঁ মই মোৰ মাজত...
আকাশত - বতাহত...!
আৰু ক'ত পাওঁ জানা..?
ঈশ্বৰৰ অনন্ত কৃপাৰ এগছি বন্তি হৈ...
মোৰ হিয়াৰ মাজত..!


অঙ্গন:  পৃষ্ঠাঃ ৩৬

এমুঠি নীলা

ৰাজশ্ৰী বৰা

আউসীৰ বুকুৱেদি
সুৰুঙা বিচাৰি
বৈ বৈ মিলিলো 
তোমাৰ বুকুৰ এসাগৰ নীলাত।
তুমিয়ে তৃষ্ণাতুৰ পূৰ্ণিমা ।
অৰ্ধ জোনৰ ৰেঙনি
তোমাতেই পূৰ্ণ আজি মই।
শুনিবানে এই জোনাকৰ 
এটি মালিতা ?
লৈ ফুৰিছে বুকুত
এবুকু ভালপোৱা।
তোমালৈ ৰৈ ৰৈ
শাৰদীয় পুৱাবোৰ নিজে
সাৰ পায়
আকৌ
গুণগুণাই থকা
শেৱালিৰ মৌনতাতে
টোপনি গৈছিল।
মাজৰাতি হৃদয়ৰ ক্ৰন্দত 
এমূঠি স্নিগ্ধ পোহৰৰ গাত আউজী
তোমাৰ দুচকুৰে জুমি চালো 
আৰু এটি
জোনাকভৰা কণিকাৰে
ই যে
বুকুৰ ভিতৰলৈ বিয়পি পৰিল‌।

 গোলাঘাট


অঙ্গন:  পৃষ্ঠাঃ ৩৭

নীলাখামৰ চিঠিঃ

প্ৰিয়ালৈ চিঠি

             কেনে আছা নীলাঞ্জনা ? আছানে সেই ৰঙীন ৰজনীৰ নকন্যাজনী হৈ ? তোমাৰ ওঁঠৰ বিজুলী হাঁহিত ঢলি পৰেনে এতিয়াও দ্বাৰকাৰ অনিৰুদ্ধ ? তোমাৰ দেহৰ উজ্জ্বলতাই লাজত পেলাইনে এতিয়াও পূৰ্ণিমা ৰাতিৰ জোনক ! তোমাৰ সুবাস কঢ়িয়াই মতলীয়া হয়নে এতিয়াও ফাগুনৰ পচোৱা জাক ! আছেনে কুশলে তোমাৰ হৰিণী নয়ন যুৰিৰ বখৰুৱা সপোন ? সোধাৰ বাবে অভিমানত জ্বলাই নিদিবা তোমাৰ সোণালী সময়ৰ শোৱনি কোঠা। তেতিয়াৰ দৰে এতিয়াও মই দূৰণিৰ ছাঁ। মাথোঁ কুশল কামনা কৰোঁ বাবেই জনাৰ হাবিয়াসত লিখিছোঁ তোমালৈ চিঠি।

              মৰমৰ পানছৈ মেলি চেনেৰৰ বঁঠাৰে কতনা কাটিলো সোঁতৰ বিপৰিতে বাট। তুমি যৌৱনমতি নদীখন হৈ বৈয়ে থাকিলা, বৈয়ে থাকিলা, বৈয়ে থাকিলা। মোৰ প্ৰেম পিয়াসী বিষাদ বিলাসীতাৰ অন্তহীন যাত্ৰাত মই ক্লান্ত নাৱিক। মোৰ সপোনৰ ভগ্নাৱশেষত জৰাজীৰ্ণ নিচলা নাৱৰীয়াৰ প্ৰেমৰ পানছৈ। 
                 
            সিদিনা তোমাক কন্যাৰ সাজত দূৰৈৰ পৰাই চাইছিলো সিক্ত দুচকুৰ চকুলো মোহাৰি। তুমি ৰভাৰ তলিত জিলিকি আছিলা বৌদ্ধপূৰ্ণিমাৰ জোনটি হৈ। তোমাৰ ধাৰাল দুচকুৰ আঁৰলৈ মাতাল প্ৰেমিকৰ মত্ত হৃদয়ে হাহাকাৰ কৰি উঠিছিল। অথচ মই স্থিৰেৰে আছিলোঁ বিদায় বেলাৰ বেলাড লিখি লিখি। 
            প্ৰেম, প্ৰেম কি যে অদ্ভূদ অনুভূতি। হেজাৰ বেত্ৰাঘাতেও মচিব নোৱাৰে প্ৰেমৰ স্মৃতি। স্মৃতিৰ নিদাৰুণ আঘাতত মই এতিয়া জৰ্জৰিত। মোৰ চহৰত প্ৰেমৰ তুষা বৃষ্টি। গালে মুখে দেহ অংগে অংগে প্ৰেমৰ দাগ। তুমি কুশলে থাকা। তোমাৰ কুশল কামনাৰে মন্দিৰ সজায় মলম লগাইছোঁ মোৰ ক্ষতস্থানত। 
               পঢ়ি চাবা নীলাঞ্জনা। প্ৰিয়ালৈ লিখা মোৰ প্ৰেমৰ চিঠি এবাৰ পঢ়ি চাবা। মোৰ হৃদয়ৰ নিভৃত কোণৰ বাতৰি কঢ়িয়াই কেনেকৈ নীলা হৈ পৰিছে চিঠিৰ প্ৰতিটো শব্দ। তোমাৰ উত্তৰ বিচাৰি প্ৰতীক্ষা নকৰোঁ। কাৰণ প্ৰতীক্ষৰ ক্ষণজানো এতিয়া আছে ....??

ইতি

তোমাৰ মাতাল প্ৰেমিক

বিষাদ ৰঞ্জন বৰবৰা
যোৰহাট

অঙ্গন:  পৃষ্ঠাঃ ৩৮

পৰিচয় শিতানঃ

কবি জ্যোতিমণি শইকীয়া বৰুৱা


কবিৰ চমু পৰিচয়

          গোলাঘাট জিলাৰ জেলেহুৱা গাঁৱত জন্ম লাভ কৰা আৰু বৈবাহিক সূত্ৰে যোৰহাট জিলাৰ টেকেলা গাঁৱৰ বোৱাৰী জ্যোতিমণি শইকীয়া বৰুৱা বৰ্তমান নগাঁও জিলাৰ পশ্চিম মহব্বৰালী প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। তেখেতে স্কুলীয়া দিনৰ পৰাই লিখা আৰম্ভ কৰিছিল যদিও মহামাৰী সৃষ্ট অচলাৱস্থাৰ সময়ত সৃষ্টিশীলতা বৃদ্ধি পায়। ইতিমধ্যে তেখেতৰ কবিতা আৰু অন্যান্য লেখা বিভিন্ন কাকত-আলোচনী, স্মৃতিগ্ৰন্থ, স্মৰণিকা, মুখপত্ৰ আদিৰ  পৃষ্ঠাত প্ৰকাশিত হৈছে।  তদুপৰি তেখেত অঙ্গন, মহুৰা, অংকুৰণ, অনন্যা, ছন্দগুচ্ছ আদিৰ নিয়মীয়া লেখিকা। অন্যহাতেদি তেখেতৰ কবিতা পুথি 'নৈয়ে গান গায়' খনে অংকুৰণ প্ৰকাশনে অনুষ্ঠিত কৰা পাণ্ডুলিপি প্ৰতিযোগিতাত আৰু 'সূৰ্য্য নামি আহে নদীৰ বুকুলৈ' কবিতা পুথিখনে দিগদৰ্শনে অনুষ্ঠিত কৰা পাণ্ডুলিপি প্ৰতিযোগিতাত  সদৌ অসম ভিত্তিত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
তেখেতৰ সদ্য প্ৰকাশিত 'প্ৰবন্ধ কৰণি' নামেৰে এখনি প্ৰৱন্ধৰ পুথিও ইতিমধ্যে প্ৰকাশ হৈ ওলাইছে।
উল্লেখযোগ্য যে তেখেতে ইতিমধ্যে 'কবিকন্ঠ', 'সাহিত্য কণ্ঠ', 'দিগদৰ্শন সাহিত্য সন্মান', 'ভাৰতীয় দলিত সাহিত্য একাডেমী' আদি বঁটা লাভ কৰাৰ উপৰিও বিভিন্ন ঠাইত সম্বৰ্ধিত হৈছে। তেখেত অসম সাহিত্য সভাৰ আজীৱন সদস্য।

কবিৰ তিনিটি কবিতাঃ

বেলিৰ ঠিকনা...

জ্যোতিমণি শইকীয়া বৰুৱা

বুকুৰ নদীত ঢৌ উঠে
নামি আহে অকাল বাৰিষা
খুলি থ'লে বুকুৰ নদীয়ে
শিলাময় সাজ,
সনাতন সময়ৰ সোঁতত
উটি উটি নামি আহে
সেই নদীলৈ
এটি প্ৰেমৰ মালিতা...

চেৰেকীত ৰঙীন সূতা,
মাকোত মহুৰা হৈ ঘূৰে
বাঙ্ময় প্ৰেমৰ কথকতা 
     গৰকাত দুভৰি থমকে
     চেনাই আহে বা নাহে !

জবাফুল আৰু জবাপাত
পিচি সনা
     কিচকিচীয়া ক'লা চুলিটাৰী
     নাচি থাকে বতাহত দুলি,
     জেতুকা বুলীয়া দুহাতত
     হেঁপাহৰ উদুলি-মুদুলি,
আৰু
পাজিসেৰীয়া আঙুলিত
ওলমি ৰয়
বাৰিষাৰ এটি গধূলি...

     আঁহত গছ থকা বাটৰ কেঁকুৰিত
     নদীৰ বুকুত বেলিও থমকে,
     নিজানে নিমাতে
     নদীৰ ঘাটত নাও চাপে,
     ঐনিতমৰ সুৰত
     নদীৰ বুকুত কঁপনি উঠে...

উশাহ ঘন বুকুত চেনেহে মৈ টানে...

তাজমহল গঢ়াৰ
পথ এটা প্ৰশস্ত হৈ পৰে...

বুকুৱে বুকুত স্বচ্ছ ঠিকনা গঢ়ে

আগচোতালত বেলিটো 
ঢলপুৱা হৈ উমলি থাকে...


 তুমি অহাৰ বাটত...

জ্যোতিমণি শইকীয়া বৰুৱা

তুমি অহাৰ বাটত
সপোন এটাই
গজালি  মেলে বৰ্ষা!
কৃষকৰ হৃদয় হয় পুলকিত,
মনৰ মাজত গোপনে
অনুৰাগে পোখা মেলে,
শিহৰিত হয়
হিয়াৰ গুপুত বাসনা...

তুমি অহাৰ বাটত
সোণাৰুৱে সেউজীয়া গা ঢাকি
হালধীয়া ৰিহা পিন্ধে,
আদৰণি তোৰণ সাজে
অলিয়ে-গলিয়ে,
জুৰণি, সীমাহীন চকুৰ জুৰণি,
বুকুত খোপনি পোতে 
হৃদয় কঁপোৱা গানে...

তুমি অহাৰ বাটত
নিজানে নিজানে
কৃষ্ণচূড়াৰ সৌন্দৰ্যৰ পোহাৰ,
চিৰিলি চিৰিলি পাতৰ আগত
ৰঙা আঁচল উৰুৱাই
কৃষ্ণচূড়াই বেলিক বিচাৰি ফুৰে,
এজাৰ ফুলা নিজান অলিবাটত 
কিনকিনিয়া বৰষুণত
বেলিয়ে লুকা-ভাকু খেলে...

সোণাৰু, কৃষ্ণচূড়া ফুলা
চিনাকি নদীৰ ঘাটত
বিৰহী প্ৰেমিকে চিফুঙত সুৰ তোলে,
নদীৰ ঘাটৰ প্ৰতিশ্ৰুতি এটা
মৰাশ যেন হৈ পৰে,
বর্ষাসিক্ত ঘন-ঘোৰ ছন্দত সি
উচুপি উঠে,
আকাশলৈ দুহাত মেলোতে
সোণাৰু-কৃষ্ণচূড়াই তাক
আৱৰি ধৰে...

ন-কৈ সি
পৃথিৱীৰ প্ৰেমত পৰে...



বাৰে বাৰে পৰোঁ মই পলাশ ফুলা ফাগুনৰ প্ৰেমত...

জ্যোতিমণি শইকীয়া বৰুৱা

বাৰে বাৰে পৰোঁ মই পলাশ ফুলা ফাগুনৰ প্ৰেমত...

শুকান সৰাপাতৰ সুহুৰিত
ফাগুন নামি আহে,
শীৰ্ণকায় নদীখনৰ পাৰত
বালিমাহীয়ে
সুখৰ সপোন ৰচে,
পলাশ-মদাৰ-শিমলুৱে
ৰঙা ৰিহা পিন্ধি
কুঁহিপাতৰ উৎসৱলৈ
আদৰণি তোৰণ সাজে...

বাৰে বাৰে পৰোঁ মই পলাশী  ফাগুনৰ প্ৰেমত...

ধূলিয়ৰী বাটৰ ধূসৰ ছবিত
ফাগুন হয় ফাকুগুড়ি,
পচোৱা বতাহত
আঁচল উৰে,
সৰাপাতৰ ফুচফুচনি ভেদি
ভাঁহি আহে
ঐনিতমৰ মিঠা সুৰ এটি,
ন-কুঁহিপাতে
বুকুত তোলে
সেউজ অনুভৱৰ গুণগুণনি...

বাৰে বাৰে পৰোঁ মই পলাশ ফুলা  ফাগুনৰ প্ৰেমত...

পলাশ-মদাৰ-শিমলুৰ তলত
উচ্ছাসিত সপোনৰ অহা-যোৱা,
বাটে পোৱালী মেলা পথাৰত
কিৰিলি মাৰি নাভাগৰা গৰখীয়া,
মাছে খিলখিলোৱা পুখুৰীত 
কলমৌৰ অতনু হাবিয়াস,
একা-বেঁকা 
পথাৰৰ আলিত
কণামুচৰিৰ সঘনাই আহ-যাহ...

বাৰে বাৰে পৰোঁ মই পলাশ ফুলা  ফাগুনৰ প্ৰেমত...

তাঁতৰ পাতত বহি
কনেঙজনীয়ে বা কাৰ কথা ভাৱে ?
আলি-আই-লৃগাঙত তাই
ৰিবিগাছেঙত 
সপোনৰ বুটা বাছে...
মুৰং ঘৰত কৱ' ৰ দেহত
ফাগুনৰ মাতাল ৰাগি এটি,
গুমৰাগৰ গুমগুমণি যেন
মিঠা আপং এবাতি...

বাৰে বাৰে পৰোঁ মই পলাশ ফুলা  ফাগুনৰ প্ৰেমত...

দিচাং মুখৰ নিশাটিত ৰৈ যা,
পলাশী ফাগুন অ'
ৰৈ যা এৰাতি...



      তেখেতৰ এই প্ৰচেষ্টাযেন আগলৈকো  অব্যাহত থাকে।



অঙ্গন:  পৃষ্ঠাঃ ৩৯
গল্পঃ

নোকোৱা কথাবোৰ

নিৰুপমা ডেকা

   : চা পাৰ্থ এই জেং লগা কথাবোৰ নক'বি বুজিছ | এনেই আপদ বাঢ়িব | তই ধেমালি কৰি কবি ,সেইফালে সপোন দেখা আৰম্ভ হ'ব | মাজতে ফচিব কোন ? মই ? মোৰ ঘৰৰ মানুহে তোক এনে কামত আখৈ দিয়া শাস্তিটো দিবলৈ নাযায় | দিব মোক | তই মোৰ ভাল বন্ধু বুলিহে সকিয়নীটো দিছোঁ | অইন কোনোবা হোৱা হ'লে বখলিয়াই পেলালোহেঁতেন বুজিছ | 
: আৰে তোক কোনে ক'লে মই জেং লগাবলৈ ওলাইছোঁ বুলি ? মই মোৰ মনৰ কথা কৈছোঁ | বন্ধু তই মোৰ , তোক নকলে কোন আছে মোৰ মনৰ কথা ক'বলৈ | প্ৰেম বিসৰ্জন দিম কিন্তু তোক বুকুতে থ'ম | সকলো এৰি দিম অ' তোৰ বাবে | 
: মানে তই কি ক'ব খুজিছ ? মই ধেমালিহে কৰিছোঁ | তোক নিজৰ মাজতে ৰাখি থ'ব পালে মোত কৈ সুখী মানুহ কোন হ'ব হা ?
: নাই একো নাই , সময়ে মোৰ সকলো কাঢ়ি নিয়ে যে সেয়ে বৰ ভয় কৰোঁ হেৰুৱাই পেলাম বুলি সকলো |
: জানো তই কি বুজাবলৈ যত্ন কৰিলি ,মই হ'লে একো নুবুজিলোঁ | 
: কিছুমান কথা নুবুজাকৈ থাকি গ'লে বৰ ভাল কথা জান | বুজিলে হৃদয় দগমগাই উঠে | দুখে খুলি খুলি খাই জীৱন কষ্টকৰ কৰি তোলে | 
: বাপ্ ৰে পুৰা দাৰ্শনিক হৈ গলি তই প্ৰেমত পৰি | হাঃ হাঃ হাঃ...ব'ল ব'ল ঘৰলৈ যাওঁ | ৰাতি ন বাজিছে | মায়ে ন বজাতকৈ দেৰি হ'লে যিটো জাৰণ দিয়ে বৰ কামোৰ খাওঁ | 

        হাঁহি হাঁহি ৰণে কথাকেইষাৰ ক'লে যদিও পাৰ্থৰ কথা কেইটাই তাক বেয়াকৈ খুন্দিয়াই গ'ল | ঘৰলৈ আহিও বহু পৰ সি পাৰ্থই কোৱা কথাখিনিয়েই ভাবি থাকিল | কি ইংগিত দিলে সি | নাই কেৱল ভাবিলেই নহ'ব , কালিৰ পৰা মূল কথাটোৰ বুজ ল'বলৈ অনুসন্ধান আৰম্ভ কৰিব লাগিব | দূৰ্গাপূজা আহি আছে | দেউতাকক দোকানতো সহায় কৰাৰ দায়িত্ব আছে | তথাপি সি সেই কথাটোৰ ৰহস্য ভেদ কৰিবই লাগিব | ঋতুস্মি তাৰ খুড়াকৰ ছোৱালী | কিন্তু দেউতাকহঁতৰ চাৰিজন ভায়েক ককায়েকৰ মাজত তাই একমাত্ৰ ছোৱালী | মৰমৰ বন্যাত উটি ফুৰা ছোৱালী তাই | তাইৰ অন্তৰত আঘাত দিয়াৰ সিহঁতৰ কাৰোৱেই সাহস নাই | তথাপি তাইৰ ভুল হ'লে পৰিয়ালৰ ডাঙৰ ককায়েক হিচাবে সিয়েই তাইক সাৱধান কৰিব লাগিব | সিহঁতে প্ৰত্যেকেই নিজৰ লগৰবোৰক সাৱধান কৰি দিয়ে ভনীয়েকলৈ বেয়া নজৰ নিদিবলৈ | পাৰ্থই তাক জোকাবলৈ মাজে মাজে এইধৰণে কয় যেন তাৰ লগত ঋতুস্মিৰ কিবা চলিহে আছে | কিন্তু ৰণ আৰু পাৰ্থৰ মাজত ইমান গভীৰ বন্ধুত্ব যে সিহঁতে দুয়ো দুয়োকে বুজে আৰু তেনে কাম যে পাৰ্থই নকৰে সি বুজেও |

    পাৰ্থৰ জীৱনৰ অন্য এক গোপন কথা হ'ল ঋতুস্মিৰ প্ৰতি থকা তাৰ প্ৰেম | সি অন্তঃকৰণেৰে ভাবিছিল যে যদি তাৰ প্ৰেম সত্য হয় তাই এদিন তাৰে হ'ব , কিন্তু কথাবোৰ ভবাৰ দৰে নহয় গৈ | ঋতুস্মিয়ে তাৰ আৱেগ ভৰা দুচকুক শুদ্ধকৈ পঢ়িছিল | সেয়ে এদিন পাৰ্থক লগ ধৰি কৈছিল তাইলৈ হেঁপাহ নকৰিবলৈ | তাই তাক দাদাকৰ বন্ধু বুলি ভয়তে ভাল নোপোৱা নহয়, তাই ইতিমধ্যে মনে প্ৰাণে আন এজনক ভাল পাই পেলাইছে | পাৰ্থৰ সৰগখন মূৰৰ ওপৰত ভাগি পৰা যেন অনুভৱ হৈছিল | তথাপি তাইক হাঁহি হাঁহি কৈছিল --

: একো নাই অ , তোমাক দেখিলে যি কোনো ল'ৰাৰ মতি গতি সলনি হৈ যাব , প্ৰেমত পৰিব সকলো | সেইবুলি তুমি সকলোৰে হ'ব পাৰিবা জানো ! কৈ দিলা যে ভাল পালো | ৰণক এতিয়া নকওঁ, চিন্তা নকৰিবা | সময়ত লাগিলে ক'বা কোৱাত সহায় কৰি দিম | 

    কথাখিনি কৈ সি বেছি সময় ৰৈ নাথাকিল | তাইৰ ওচৰৰ পৰা যিমান সোনকালে পাৰে আঁতৰি জিলা পুথি ভৰাঁলৰ নিজান চুক এটাত বহি লৈ কান্দি উঠিল | ৰণ আৰু তাৰ বন্ধুত্বক সি বৰ মৰমেৰে ৰাখে | মনতে ভাবিলে যি হৈছে ঠিকে হৈছে কাৰণ ৰণে তাক বহুত বিশ্বাসেৰে ঋতুস্মিৰ লগত পঠিয়াই দিয়ে | তাই বৰ সুন্দৰ গান গায় | কেতিয়াবা নৈশ অনুষ্ঠানত সি যাব নোৱাৰিলে পাৰ্থকে ঋতুস্মিৰ লগত পঠিয়াই দিয়ে | মায়াবী ৰাতিবোৰ একেখন গাড়ীতে তাইৰ দেহৰ উষ্মতা সহি সহি সি বৰ সাধাৰণ ভাবেই তাক বুজিবলৈ নিদি তাইৰ লগত যায় | মনৰ উত্তাপখিনি ঢাকি থলেও সেই উত্তাপক বুজিবলৈ ঋতুস্মিৰ দৰে বুজা ছোৱালীক বেছি সময় নালাগে | তাইৰ সাধুতাকো সি মনে মনে শলাগিলে | তাই অন্ততঃ এদিনলৈও তাক এই কথা অনুভৱ কৰিব দিয়া নাই যে তাইৰ তাৰ প্ৰতি কিবা আৱেগ আছে | প্ৰায় এঘন্টামান সি নিজৰ লগত কথা পাতি বুজাই তাৰ ঘৰলৈ বুলি খোজ ল'লে | দুখ লাগিলেও মনটো বহুত পাতলো লাগিল তাৰ | 

    সিদিনা সন্ধিয়া সি ৰণক লগ নকৰিলে | মিড টাউন ধাবাত ৰাতি বাৰ বজালৈ দুখ মোচন দাৱাই সেৱন কৰিলে | মাজতে ৰণে ফোন কৰোঁতে অলপ ঘৰুৱা কামত চহৰৰ পৰা আঁতৰৰ এঠাইত আছোঁ বুলি জনালে | পিছদিনা সন্ধিয়া ৰণক লগ কৰিম বুলি কৈ সি ফোনটো অফেই কৰি থলে | সি নিজৰ লগত থাকিবলৈ সিদিনা ঠিক কৰিছিল | পৃথিৱীৰ অকলশৰীয়া মানুহজন সি বুলি সিদিনা তাৰ বৰকৈ উপলব্ধি হৈছিল | কাৰণ মাক দেউতাক অবিহণে প্ৰায় সাত বছৰ বৰ কষ্টৰে পাৰ কৰাৰ পিছত তাৰ মনলৈ সপোন হৈ আহিছিল ঋতুস্মি আৰু আজি তাক তাই আকৌ...

    পিছদিনা সি অফিচলৈ নগ'ল | অফিচ মানে দেউতাকে দি যোৱা বৃহৎ ব্যৱসায়টোৰ পৰিচালনা কৰা অফিচ | সি নগলেও অফিচৰ একোতে ক্ষতি নহয় মোহন খুড়াক থকালৈ | সি নামতহে | সকলো দিশ তেওঁ চাই | প্ৰায় এবছৰ মান হৈছেহে সি অলপ দায়িত্ববোৰ বুজি লোৱাৰ চেষ্টা কৰা | তাৰো উৎসাহ আছিল ঋতুস্মি, তাকো আজি হেৰুৱালে সি | গতিকে কি কৰিব অফিচ গৈ | অলস ভাবে সি বিচনাতে পৰি ৰ'ল দুপৰীয়ালৈ |

 দুপৰীয়া ৰণে ফোন কৰিলে সন্ধিয়া যেনে তেনে লগ কৰিবলৈ | ৰণৰ কথা সি পেলাব নোৱাৰে | কাৰণ তাৰ জীৱনৰ দুখৰ দিনবোৰত তাৰ ছাঁ হৈ লাগি থকা বন্ধুজনেই হ'ল ৰণ | আৰু তাৰ পৰিয়ালটোৰ কথাটো ক'বই নালাগে | অত্যন্ত নিয়মৰ মাজত চলা তাৰ মাক দেউতাকেও ৰণক সেই সময়ত পাৰ্থৰ লগত থকাৰ বাবে এৰি দিছিল | হায়াৰ চেকেণ্ডাৰী চায়েন্সৰ ষ্টুডেন্ট সিহঁত দুটা , তথাপি দেউতাকে তাক পঢ়া এৰি কিহত লাগিছ বুলি খং কৰা নাছিল | অৱশ্যে ৰণ বৰ মেধাৱী ছাত্ৰ | তাক লৈ বেছি চিন্তা কৰাৰ দৰকাৰ নাই যে দেউতাকে জানে | কেতিয়াবা তাৰ বৰ আফচোচ হয়, সেই এক্সিডেন্টটোত মাক দেউতাকৰ লগত সিওঁ নমৰিল কিয় | তাৰ ভাল লগাবোৰ আনৰ হৈ যোৱাটো যেন তাৰ জীৱনৰ দস্তুৰ হৈ পৰিছে | সি ঋতুস্মিৰ পৰা আঁতৰি ফুৰাৰ কাৰণো অন্য নহয় ৰণক হেৰুৱাৰ ভয় | ৰণ তাৰ বৰ আপোন | তাক বাদ দি তাৰ জীৱন নচলে | সি বুজি নাপায় , যদি সি ৰণে বেয়া পোৱাটো কৰিবই নোৱাৰে তেন্তে কিয় সি ঋতুস্মিক হেৰুৱাৰ দুখত মৰি আছে | উস্ বৰ জটিল এই আৱেগ অনুভূতিবোৰক গুৰুত্ব দি চলাটো | সি মনতে ঠিক কৰিলে আৰু সি আৱেগিক নহয় | আজিৰ পৰা সি এটা সম্পূৰ্ণ বেলেগ মানুহ | প্ৰেমৰ চেপ্তাৰ ক্লজ হ'ল যেতিয়া এতিয়া আৰু বিন্দাচ লাইফ |

    আবেলি সি ৰণৰ ঘৰলৈ বুলি গাড়ীখনত ষ্টাৰ্ট দিছিল হে ৰণ উধাতু খাই তাৰ কাষ পালেহি আৰু ক’লে ব'ল | সি হতবাক হৈ তালৈ চাই গাড়ী কোনফালে নিব সুধিলে | সি ক’লে চবিৰ হঁতৰ ঘৰলৈ | পাৰ্থই চক্ খাই চিঞৰি উঠিল অজানিতে --

: কিয় ? 

: তাইক ঘৰৰ মানুহে গম পোৱাৰ আগতে ঘূৰাই আনিব লাগিব | তাই নিজৰ সুখ বিচাৰোতে কিমানক দুখ দিব ওলাইছে বুজা নাই | মোৰ পৃথিৱীখন এনে হ'লে মৃত মানুহৰ পৃথিৱী হৈ পৰিব পাৰ্থ | আজি তয়ে সকলো ঠিক কৰিব লাগিব | তোক নোসোধাকৈ মই সিদ্ধান্ত এটা লৈ লৈছো | 

       পাৰ্থই শুনা কথাবোৰ তাৰ মানে সত্য | ঋতুস্মিক সি যিমান বুজে তাৰ পৰা সি অন্ততঃ ভাবিব নোৱাৰে যে তাই এনে এটা সিদ্ধান্ত জীৱনত আদৰি ল'ব | তাই তাইৰ আপোন মানুহবোৰক বৰ ভাল পায়, শ্ৰদ্ধা কৰে | তাইৰ দৰে ছোৱালী এজনীয়ে এনে এটা সিদ্ধান্ত কেৱল আৱেগক প্ৰাধন্য দি নলয় | ৰণৰ লগত চবিৰহঁতৰ ঘৰলৈ যোৱা পথচোৱা সি কেৱল সকলো মিছা প্ৰতিপন্ন হোৱাৰ কামনা কৰিয়েই গাড়ী চলাই থাকিল | সিও শুনি আছে ঋতুস্মি বহুদিনৰ পৰা চবিৰৰ লগত খুব ঘনিষ্ট ভাবে ঘূৰে | কিন্তু তাৰ অৰ্থ জানো ভালপোৱা | সিতো তাইৰ বন্ধুও হ'ব পাৰে | যিহেতু দুয়ো একেলগে পঢ়ি আছে | ৰণক কিবা এটা ক'বলৈ পাৰ্থৰ সাহ নহ'ল | দুয়ো গৈ চবিৰৰ ঘৰৰ সন্মুখত গাড়ীৰ পৰা নামিল | পাৰ্থই ৰণৰ হাতখনত খুব টানকৈ ধৰি বুজালে যাতে সি উত্তেজিত নহয় | লাহে কৈ কলেও -

: কথাবোৰ বুজি নোলোৱাকৈ একোৱেই আৰম্ভ নকৰিবি | সকলো কথা আমি দেখা বা শুনাৰ দৰে নহ'বওতো পাৰে | 

     সি মূৰ দুপিয়াই সন্মতি দিলে | সি যিমান জানে ঋতুস্মিক, তাই কাকো আঘাত দিয়া কাম কৰিব নোৱাৰে | চবিৰৰ ঘৰখন নিতাল মাৰি আছে | বাহিৰৰ পৰা কলিং বেলটো টিপি দিয়াত গহীন খোজ কেইটামান দুৱাৰ মুখলৈ আহিল আৰু দুৱাৰখন খুলি দিলে এজন বৃদ্ধ লোকে | বোধহয় চবিৰৰ ককাক | তেখেতে প্ৰশ্নবোধক দৃষ্টিৰে চালে সিহঁতলৈ | ৰণৰ চকুদুটাই যিমান পাৰে সিমান ভিতৰলৈ চোৱাত ব্যস্ত হৈ পৰিল | পাৰ্থই লাহেকৈ সুধিলে--

: চবিৰ নাই নেকি ? ঋতুস্মি মানে ইয়াৰ ভনীয়েক পুৱাৰে পৰা ঘৰলৈ যোৱা নাই , লগৰবোৰে চবিৰৰ বাইকত অহা দেখা বুলি ক'লে | ইয়ালৈ...?

: হয় , তাই চবিৰৰ লগত জি এম চি লৈ গৈছে | চবিৰৰ ভনীয়েক , মোৰ নাতিনী চুলতানাৰ বৰ অসুখ | সঘনাই তেজৰ প্ৰয়োজন হয় তাইক | প্ৰায় প্ৰতি তিনিমাহে ঋতুস্মিয়ে তাইক তেজ দিয়ে | আজি পুনৰ তাইৰ শৰীৰৰ ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ হয়, সেয়ে তাইক কলেজৰ পৰা চবিৰে লৈ যায় | এতিয়াও তাই ঘৰলৈ যোৱা নাই নেকি ? আচলতে মোৰ নাতিনীজনীৰ অৱস্থা খুব বেয়া আজি, সেয়ে চাগে তাই এৰি আহিব পৰা নাই | সিহঁত দুজনীৰ তেজৰ গ্ৰুপ একে | 

      ৰণে নিজৰ ওচৰতে লজ্জিত হ'ল | কি যে ভাবি লৈছিল সি | তাৰ মৰমৰ ভনীয়েক জনীৰ ওপৰত তাৰ আস্থাৰ ইমানেই অভাৱ নে ! 

     পাৰ্থৰ বুকুখন ভৰি আহিল | হঠাৎ সি ৰণক সাবটি ধৰিলে | ৰণে তাক সমানে জোৰে সাবটি ধৰি ক'লে --

: তাই আমাৰ গৌৰৱ পাৰ্থ | 
    দুয়ো লৰালৰিকৈ গাড়ীত বহিল হস্পিতাললৈ বুলি | তালৈ গৈ ঋতুস্মিক ৰণে মৰমতে বুকুত সোমাই ল'লে | তাই একো নুবুজি পাৰ্থলৈ অকৰাৰ দৰে চালে | এনেতে চবিৰ সিহঁতৰ ওচৰলৈ আহিল | চবিৰে হাতযোৰ কৰি বিনয়েৰে ক’লে--

: দাদা, এই মোৰ কোনোবা জনমৰ ভনীহে আছিল | বাৰে বাৰে সংকটৰ সময়ত মোৰ ভনীজনীক উশাহ দিয়ে তাই | তাইৰ অনুৰোধতে মই আপোনালোকক একো জনোৱা নাছিলোঁ | তাই ভয় কৰে গম পালে তাইক আপোনালোকে তেজ দিবলৈ মানা কৰে বুলি | 

    ৰণে চবিৰৰ বাহুত হাতখন থৈয় তাক পিছলৈ সহায় লাগিলে বহু তেজ দিওঁতা গোটাই দিব বুলি ক’লে আৰু ঘৰৰ সকলোৰে চিন্তা শেষ কৰিবলৈ তাইক লৈ যাবলৈ ওলাল | যোৱাৰ আগতে চবিৰৰ ভনীয়েকৰ খবৰ লৈ কিছু ভাল বুলি জানি সিহঁত বিদায় ল'লে | 

    পাৰ্থ নিৰৱেই বহি গ'ল ওৰে বাট | পিছৰ চিতত ৰণে ঋতুস্মিক হঠাৎ সুধিলে --

: ঋতু তোৰ পাৰ্থক কেনে লাগে ? 

    তাই ৰণৰ আকস্মিক প্ৰশ্নত আচৰিত হৈ পৰিল | গাড়ীৰ আন্ধাৰতে সি তাইৰ মুখলৈ চাই আছে | হঠাৎ পাৰ হৈ যোৱা গাড়ীৰ হেডলাইটৰ পোহৰত তাইৰ লাজত তলমূৰকৈ থকা মুখখন দেখি ৰণ যেন নিশ্চিত হ'ল | পাৰ্থৰ মনটোক বুজাৰ পিছত সি ঘৰত কথাটো আগবঢ়াইছে | সকলোৱে হাঁহিমুখে গ্ৰহণ কৰিছে তাৰ প্ৰস্তাৱক | ৰণৰ প্ৰশ্নটো শুনি পাৰ্থই গাড়ীখন ৰখাই কৈ উঠিল --

: কি অবান্তৰ প্ৰশ্ন কৰিছ তাইক তই ৰণ ? তাইৰ মনৰ কথাবোৰ নজনাকৈ তহঁতে সিদ্ধান্ত এটা তাইৰ তাত জাপি দিলেই নহ'ব নহয় ! 

     পাৰ্থৰ কথাত ঋতুস্মিয়ে লাজ লাজ কৈ ক'লে --

: মোৰ মনৰ কথা আপুনি ক'ত জানিব পাৰ্থ দা , ৰণ দাদাই ও নাজানে | কাৰণ মই তাক সকলো খুলি কোৱা নাছিলোঁ | মোৰ ভয় আছিল আপোনাৰ প্ৰস্তাৱটো মই স্বীকাৰ কৰি ল'লে ৰণদাই বেয়া পাব পাৰে , আপোনালোকৰ বন্ধুত্বও হেৰাই যাব পাৰে | সেয়ে তাক আপোনাৰ মনৰ কথাটোহে মাত্ৰ কৈছিলোঁ আৰু মোৰ মনৰ সিদ্ধান্তটো তাকো কোৱা নাছিলোঁ | আপোনাকো ক'ব পৰা নাছিলোঁ বাবে মিছা মাতি আঁতৰিছিলোঁ | কিন্তু কিয় নাজানো ৰণদাই নিজে সকলো উদ্ধাৰ কৰি ল'লে | মই আপোনাক দিয়া দুখৰ বাবে দুঃখীত | সঁচাকৈ ক'বলৈ হ'লে মোৰ মনৰ মানুহজন আপুনিয়েই পাৰ্থ দা | 

    পাৰ্থৰ দুচকুৰে ধাৰাসাৰে পানী বৈছিল | সুখৰ প্লাৱনত সি উটি গৈছিল | ৰণে পিছফালৰ পৰা তাৰ কান্ধত হাতখন থৈ কলে-- 

: তই মোক বন্ধু বুলি নাভাবিলি বাবেই মোৰ পৰা সকলো লুকাই নিজক ইমান কষ্ট দিলি | তোৰ ফোনৰ চুইচ এফ পায় মই তোৰ ঘৰ পাইছিলোঁ গৈ আৰু মনোহৰ খুড়াই মোক সকলো কৈ ঋতুৰ হাত খুজিছিল তোলৈ | এজন বন্ধু কি যুক্তিত ভগ্নীপতি হ'ব নোৱাৰে ! কিয় তহঁতে ভুলকৈ মোৰ মৰম আৰু বিশ্বাসক বিশ্লেষণ কৰিলি নুবুজিলোঁ | দুয়োয়ে মোক নুবুজিলি ন ! 

     ৰণৰ হাতখনৰ ওপৰতে মৃদু মৰমৰ চাপ এটা দি পাৰ্থই যেন ক্ষমাহে খুজিলে ৰণক | ঋুতুস্মিয়ে ৰণৰ বাহুত মূৰটো থৈ মৰম আৰু কৃতজ্ঞতাৰ নিৰৱ ভাষা এষাৰহে যেন কলে | 

    প্ৰেমৰ স্বৰ্গীয় অনুভৱে দুটা মনক গভীৰৰ পৰা গভীৰলৈ লৈ গ'ল আৰু তাৰ নিৰৱ সাক্ষী হৈ ৰণে যেন জীৱনৰ অন্য এক মাদকতা বিচাৰি পালে |


অঙ্গন:  পৃষ্ঠাঃ ৪০

 এটা ৰাতিৰ গল্প

ৰশ্মীতা শইকীয়া

                       মাঘমহীয়া ফেৰফেৰীয়া বতাহ এজাক পশ্চিমমুৱা হৈ বলিছে। বান্দৰ টুপীটোৰে নাকটোও ঢাকি কেৱল চকুকেইটাহে উলিয়াই লৈ আলিবাটৰপৰা নামি পথাৰেদি খোজ ল'লো।‌ মাজৰ আটিলৈ  আধাফাৰ্লংমান চমু হয় পথাৰেদি পোনালে। গো-বাটটোতে গোবিন্দ ৰৈ থাকিব। তাৰ ওচৰ পাবলৈ মাত্ৰ এখন তামোল খোৱাৰ বাট। 
         এবাৰ এনেয়ে ঘূৰি চালোঁ। কুঁৱলীৰ চাদৰ এখনে আমাৰ গাওঁখন ঢাকি ৰাখিছে। ‌গাওঁখনৰ এমূৰে থকা তিনিকোঠলীয়া সৰু ঘৰটোৰ এটা কোঠালিত পৰম শান্তিৰে এই মূহূৰ্তত শুই আছে মোৰ পত্নী নিৰলা আৰু আমাৰ এমহীয়া সন্তানটো। আনটো কোঠালিত 'বৌ' , বৌটি।
আহিলে অহৰহ আহিয়েই থকা কাহ এটাই আমনি কৰি থাকে বাবে বৌটিয়ে গাঁওবুঢ়াৰ ঘৰৰপৰা খুজি অনা বালি এবাটি ভাজি টোপোলা কৰি বুকুত সেক দি লৈহে সদায় টোপনি যায় । কাহৰ দৰৱ এচিঁচা আনিবলৈও যে অসমৰ্থ মই ! নিৰলাৰ বুকুৰ গাখীৰ কম পাইছে কেঁচুৱাকণে। দুৰ্বল সি। কেইবাদিনো ধৰি তাই কেঁচুৱাই খোৱা পাউডাৰ গাখীৰৰ টেমা এটা আনিবলৈ কৈ আছে মোক। কেনেকৈনো পাৰোঁ ? দামোতো কম নহ'ব চাগে! আগতে দুবাৰকৈয়ে গা নোৰোৱা নিৰলাৰ চকুৰ আকুলতাখিনিৰ ওচৰত মই অসহায় হৈ পৰোঁ !
         ভেটিৰ মাটিৰ টুকুৰাটোৰ বাদে আন সম্পত্তি নাই এতিয়া মোৰ। যোৱাটো বছৰৰ প্ৰলয়ংকৰী বানত কপিলীখন যি এবাৰ বাৰীখনলৈ সোমাল ওলোৱাৰ নামেই নল'লে। এবিঘা মাটি তেনেই খহাই পেলালে। তাৰ আগে আগে বহাগত নিৰলাক আনি  ঘৰ সোমোৱাইছিলোঁহে। গজালি এটা গোজ মাৰিলেই গালে গালে আলু, ওলকবি হোৱা মাটিডৰাক এনেকৈ কপিলীয়ে সামৰি ল'ব বুলি ভৱা নাছিলোঁ। সাঁচতীয়া টকাকেইটাৰে কেইদিন‌ চলিমনো ? উপায়হীন হৈ দিন হাজিৰা কৰিবলৈ ওলাইছিলো‌ঁ।‌ নিৰলাই বৌটিয়ে কান্দিছিল সেইদিনা।    
বানে সৰ্বস্বান্ত কৰা সকলো মানুহ। কোনে হাজিৰাত মানুহ লগাব ? বহুদিনৰেপৰা গোবিন্দৰ লগত গুণা গঁথা কৰি এয়া আজি ওলাই আহিছোঁ। সি এইটো বৃত্তিত পাৰ্গত আগৰেপৰাই।
গাঁৱৰ মূলপথেৰে নগৈ পিছফালৰ বাৰীয়ে বাৰীয়ে গ'লো। কনক ঠিকাদাৰৰ ঘৰলৈ বুলি আহিছোঁ। ঠিকাদাৰৰ ঘৰৰ সকলো দূৰৰ গাঁৱত মিতিৰৰ বিয়া খাবলৈ গৈছে। কোনোবা এটাক ৰখীয়া থৈ গৈছে বুলি জানে গোবিন্দই। সন্ধিয়াতে মন্ত্ৰপূত মৰটোপনি অহা পানী অকণ জাৰি ছটিয়াই থৈ গৈছে সি ঠিকাদাৰৰ পদূলিত। সেইকণ পানীৰ ওপৰত তাৰ অগাধ বিশ্বাস। 
         বাৰীয়ে বাৰীয়ে আহি মানুহ এঘৰৰ পিছচোতাল পালোঁহি। আৰু দুঘৰ পাৰ হৈয়েই ঠিকাদাৰৰ ঘৰ।
ঘৰখনৰ পৰা মুনিহ তিৰোতা এহালৰ চেপা মাত শুনিলো। গাঁৱৰ মানুহ শুই নিঃপালি দি আছে। এইহালেনো কি কৰিছে ইমান দেৰিলৈকে ? ঘিটমিটিয়া আন্ধাৰতো এক নিষিদ্ধ কিবা দেখা নাপালেও শুনাৰ আগ্ৰহতে গোবিন্দই মোক টানি নি বেৰৰ বাহিৰফালে কাণ ঊনালে।
: টাউনৰ ডাক্তৰে কৈছে মামৰ লগা টিনে কটা কাৰণে সোণৰ ভৰিখনৰ এফাল ঘা লাগি ভিতৰি পচি গৈছে । ঘাডোখৰ নাকাটিলে গোটেই ভৰিখন কাটিব লাগিব পিছলৈ । ৰূপ দহকুৰিমানৰ যোগাৰ লাগিবই বোলে। কেনেকৈনো যোগাৰ কৰো বাৰু হয়নে ? প্ৰভু ভগৱন্তই কৃপা কৰিলেহে কৰা আৰু !"
হুমুনিয়াহ আৰু উচুপনিৰে ভৰি পৰিছিল কোঠাটো ভিতৰফালে। এৰা দৰিদ্ৰৰ দুখবোৰ একেই ! সপোনবোৰো একেই, মামৰে ধৰা!
          গোবিন্দই আন্ধাৰতে মোলৈ এপাক চোৱা গম পালো। দুয়ো এইবাৰ আগবাঢ়ি ঠিকাদাৰৰ ঘৰৰ পিছচোতাল পালোঁগৈ ।‌ বহুকোঠলীয়া নতুন ঘৰটোৰপৰা বাটামত দিয়া চূণতেল আলকাতৰাৰ গোন্ধ ওলাই আছে। কনক ঠিকাদাৰৰ পইছা কোন ৰাস্তাৰে আহে জনাই জানে।
'চোৰৰ ঘৰত চোৰ' 
 শংকা উত্তেজনাৰ এই পৰিস্থিতিৰ মাজতো কথাটো ভাৱি মোৰ হাঁহি উঠিল।
গোবিন্দই ঠাই এডোখৰলৈ আঙুলিয়াই দি সেৱা এভাগ কৰিলে। মইও তাক দেখি আঁঠু ল'লো। ঠাইডোখৰত চিপৰাংখনেৰে লাহেকৈ একোব দিলো। ফৰফৰীয়া মাটি। সিন্ধিটো বৰ সোনকালে খান্দি হ'ল। শোৱাকোঠালিৰ ডাঙৰ কাঠৰ বাকচটোৰ তলাটো ভাঙি ল'বলগীয়াখিনি ল'লো। সকলোৰে তলানলা গোবিন্দই আগতেই ক'ত কেনেকৈ লৈ থৈছিল সিহে জানে। আৰু একো বস্তুলৈ চকু নিদিওঁ বুলি আগতেই কথা পাতি আহিছিলোঁ তাৰ লগত। সিন্ধিৰ গাঁতটো পূৰাই থৈ অহাবাটে উভটিলো।
গোবিন্দৰপৰা সৰু টৰ্ছটো লৈ তাক অলপ আগুৱাই যাবলৈ ইংগিত দি মই এঠাইত ৰ'লো।

কিছুসময় পিছতেই গো-বাটটোতে লগ হ'লোগৈ তাৰ লগত। চোৰ কৰা পইচা হিচাপতকৈ দহকুৰি কম ওলাল। 
গোবিন্দই মোলৈ চালে, হাঁহিলে, একো নুসুধিলে।
মইও সি বুজি পোৱা বুলিয়েই নক'লো যে টকা দহকুৰি ভগাবেৰৰ জলঙাৰে ঢুকি পোৱা প্ৰভু ভগৱন্তৰ থাপনা এখনত থৈ আহিছোঁ মই।
ঘাঁ এডোখৰ আৰু নাবাঢ়ক বুলিয়েই !
সপোন এটাত আৰু মামৰে নধৰক বুলিয়েই !

 
(নগাঁও)

অঙ্গন:  পৃষ্ঠাঃ ৪১


             ভগ্নাংশ              

মীনাক্ষি কলিতা

         শৰীৰৰ তাড়নাতকৈ শতযোজন উৰ্দ্ধত হৃদয়ৰ নিভৃত কোণত কুৰুকি কুৰুকি সোমাই থকা ভালপোৱাৰ সুপ্ত চেতনা। প্ৰিয়জনৰ এবুকু ভালপোৱাৰে ভৰুণ কোনো ব্যক্তিক জীৱন জীয়াৱলৈ প্রয়োজন নহয় আন কাৰোবাৰ শাৰীৰিক স্পৰ্শৰ।সেই ব্যক্তি পুৰুষ বা নাৰী যিয়েই নহওঁক কিয়!

কোনে কয় ?
পুৰুষে নাকান্দে... পুৰুষৰ হৃদয়ত নবয় বেদনাৰ নৈ এখন... পুৰুষৰ বুকুত নাথাকে প্ৰিয়জনৰ স্মৃতিৰ পাহাৰ এখন... 
থাকে ! নাৰীৰ নিচিনাকৈ পুৰুষেও বুকুত কঢ়িয়াই থাকে প্ৰিয়জনৰ সান্নিধ্যত জীপাল হোৱা স্মৃতিবোৰ। 
আৰু সেইবোৰে যেতিয়াই খুন্দিয়াই তেতিয়াই হৃদয়ত সংগোপনে বৈ থকা বেদনাৰ নৈখনৰ সোঁত বাঢ়ে। লগে লগে প্ৰিয়জনৰ মৰমবোৰ স্মৃতিবোৰ নিগৰে চকুলো ৰূপে...
চকুলোবোৰ মুহূৰ্ততে সংগোপনে মোহাৰি পেলায় পুৰুষে। নাৰী পুৰুষৰ পাৰ্থক্য সেইখিনিতে। নাৰীয়ে মন গলে হেঁপাহ পলুৱাই বোৱাই পেলাব পাৰে চকুপানীৰ ঢল। কিন্তু পুৰুষে নোৱাৰে। 

নোৱাৰে নহয়...
পাৰে। কিন্তু তেওঁলোকে নোবোৱাই। কাৰণ তেওঁলোকে ভয় কৰে সমাজলৈ। আন পুৰুষ নাইবা নাৰীলৈ। ভয় কৰে আন পুৰুষ নাইবা নাৰীয়ে যদি তেওঁক লেহুকা আপদীয়া আদি নামেৰে নামাকৰণ কৰে তেতিয়া! 
সেয়ে তেওঁলোকে নিজৰ চকুলোবোৰক বৈ যাবলৈ নিদিয়ে। কালক্রমত সেই চকুলোখিনি গোট মাৰি এটুকুৰা বৰফ হৈ ৰৈ যায় বুকুখনত আৰু এটা সময়ত সেই বৰফ টুকুৰাৰ যন্ত্রণাৰ ভৰত কোঙা হয় বুকুখন।

তেনে এক যন্ত্রণাৰ ভৰতে কোঙা আছিল মুহিধৰ খুড়াৰ বুকুখন। অথচ বুকুত এবুকু যন্ত্ৰণা কঢ়িয়াইও তেওঁ দুওঁঠত জিলিকাই ৰাখিছিল অনবৰতে এটা হাঁহি। 
               চাকৰিত জইন কৰিয়ে মই লগ পাইছিলোঁ মুহিধৰ খুড়াক। মই নতুনকৈ জইন কৰা অফিচটোৰ চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰী আছিল তেওঁ। মানুহজন প্ৰায় মোৰ দেউতাৰ বয়সৰ হোৱা হেতুকে মই তেওঁক খুড়া বুলি মাতিছিলোঁ যদিও তেওঁ কিন্তু মোক বাইদেউ বুলিয়ে সম্বোধন কৰিছিল। এই কথাটোক লৈ মই বহুদিন আপত্তি কৰাৰ পিছতো কিন্তু তেওঁ বাইদেউ সম্বোধনটো এৰি দিয়া নাছিল। 
               মুখত অনবৰতে হাঁহি এটা ওলোমাই লৈ থকা শান্ত সাম্য মানুহজনৰ দুচকুত মই প্ৰত্যক্ষ কৰিছিলো নিজৰ প্ৰতি থকা উদাসীনতা নিৰ্লিপ্ততা। হয়তো এয়া মোৰ মনোবিজ্ঞান পঢ়াৰে ফচল আছিল। মানুহ দেখিলে প্রায়ে অনুমান কৰিব পাৰিছিলো তেওঁলোকে মনত সংগোপনে কঢ়িয়াই ফুৰা আবেগ অনুভূতিবোৰক।

             মুহিধৰ খুৰাইনো এনে কি এসোপা বিষাদ পুহি ৰাখিছে মনত..! 
এই কথাটো জানিবলৈ মোৰ মনটো বাৰুকৈয়ে উদগ্ৰীৱ হৈ উঠিছিল। বহু কেইজন সহকৰ্মীৰ পৰা এই কথাটো জানিবলৈ মই চেষ্টা কৰিছিলোঁ যদিও সকলোৱে ওলোটাই মোকহে প্ৰশ্ন কৰিছিল... 

ঃ অনবৰতে মুখত হাঁহি এটা লৈ ফুৰা মানুহজনক অন্তৰত বিষাদ থকা বুলি আপুনি নো কেনেকৈ জানিলে ? 

হয় সাধাৰণ দৃষ্টিত মুহিধৰ খুড়া আছিল এজন সুখী ব্যক্তি। মুখত হাঁহিটো লৈ ফুৰাৰ উপৰিও তেওঁ দিনৰ দিনটো সকলোৰে লগত ৰং ধেমালি কৰিয়ে কটাইছিল।
বহুদিন অপেক্ষাৰ অন্তত হঠাতে এদিন মোলৈ আহিছিল এটা সুযোগ। সেয়েহে মই সেই সুযোগটো এৰি দিয়াৰ প্ৰশ্নই নাছিল। 
           মই বিশেষ এটা কামত ব্যস্ত থকাত অফিছ চুটিৰ সময় যেতিয়া পাৰ হৈ গৈছিল তেতিয়া মোক অফিচত অকলে এৰি আন সকলো কৰ্মচাৰী গুচি গৈছিল নিজৰ ঘৰলৈ। কেৱলমাত্ৰ মোৰ বাবে ৰৈ আছিল মুহিধৰ খুড়া। 
মোৰ কামখিনি শেষ হোৱাৰ লগে লগে খুড়াৰ অনিচ্ছা সত্বেও মই তেওঁক জোৰকৈ উঠাই ললোঁ মোৰ গাড়ীখনত। অফিছৰ পৰা সামান্য দূৰত্বত থকা চাহ দোকানখনৰ সম্মুখত গাড়ীখন ৰখাই খুড়াক একপ্ৰকাৰ টানি নিয়াৰ নিচিনাকৈ লৈ গলোঁ চাহৰ দোকানখনলৈ। 
দুজনীয়া টেবুল এখনত মুখামুখিকৈ বহি ললোঁ দুয়ো। খুড়াই প্ৰথমে অলপ ইতস্ততঃ বোধ কৰাত ময়ে কলোঁ... 

ঃ আপুনি অফিচত মোক বাইদেউ বুলি মাতিলেও বাহিৰত কিন্তু মই আপোনাৰ ভতিজী।
            তাৰ পিছত খুড়াই নিঃসংকোচে বহি লৈ তেঁৱে দুয়োৰে কাৰণে দুকাপ চাহ আৰু মিঠাই অৰ্ডাৰ কৰিলে লগতে চাহৰ পইছাটো তেঁৱে দিম বুলি মোক কলে। ময়ো বৰ বিশেষ আপত্তি নকৰিলোঁ। 
অফিচৰ ইটো সিটো কথা পতাৰ পিছত তেওঁ হৃদয়ত এনে কি বিষাদ কঢ়িয়াই আছে বুলি সুধিবলৈ মন আছিল যদিও পোনপটীয়াকৈ তেনে এটা কথা সুধিবলৈ সাহস গোটাৱ নোৱাৰি আৰম্ভ কৰিলো তেওঁৰ ঘৰৰ কথাৰে। তেওঁৰ ঘৰ ক'ত.. তেওঁৰ ঘৰত কোন কোন আছে আদিবোৰ। 

হাঁহি থকা তেওঁৰ মুখখন হঠাতে চানি ধৰিলে এসোপা বিষাদে। মুহূৰ্ততে সজল হৈ আহিল তেওঁৰ দুচকু। বহুসময় মানুহজনে দৃষ্টি নিক্ষেপ কৰিলে শূন্যলৈ। 
এটা সময়ত শূন্যৰ পৰা দৃষ্টি উভতাই আনি যিমান পাৰি ততাতৈয়াকৈ বৈ অহা চকুলোখিনি মচি তেওঁ পুনৰ দৃষ্টি নিবদ্ধ কৰিলে চাহৰ কাপটোত। 
            মোৰ মনৰ কৌতুহল বাঢ়িল যদিও একো ক'ব নোৱাৰি বহুসময় একেথিৰে চাই ৰলোঁ তেওঁলৈ। চাহৰ কাপটো হাতত তুলি লৈ এবাৰ মোৰ মুখলৈ চাই তেওঁ লাহেকৈ ক'লে.... 

ঃ মোৰ আপোন বুলিবলৈ কোনো নাই নহয়... 

আচৰিত হলোঁ তেওঁৰ কথাষাৰত। আপোন বুলিবলৈ কোনো নাই মানে মানুহজনে বিয়া বাৰু নকৰালে নে অন্য কিবা! কথাটো তেওঁক নুসুধি থাকিৱ নোৱাৰিলোঁ। 

ঃ আপুনি বিয়া বাৰু নকৰালে নেকি খুড়া ? 

পোনে পোনে সুধি পেলালোঁ মানুহজনক। বহু সময়লৈ কোনো উত্তৰ নিদিয়াকৈ ৰৈ গ'ল মানুহজন। 
এটা সময়ত মোৰো নিজকে দোষী দোষী লাগিল। কিহে পাইছিল বাৰু মোক তেওঁক এইবোৰ সুধিবলৈ ! 
বহুসময় মৌনভাৱে ৰোৱা মানুহজনে শেষত ভংগ কৰিলে নীৰৱতা.... 

ঃ বিয়া কৰাইছিলো কিন্তু.... 

এফালৰ পৰা তেওঁ কৈ গ'ল সকলোবোৰ। ছয়জনী ছোৱালীৰ পিছত জন্ম হোৱা মুহিধৰ খুড়া আছিল ঘৰখনৰ একমাত্ৰ ল'ৰা। বায়েক কেইজনীৰ বিয়াৰ পিছত যেতিয়া মাকৰ দেহত এসোপা বেমাৰে বাহ লৈছিল তেতিয়াই লাহে লাহে ঘৰখন নচলা হৈ আহিছিল তেওঁলোকৰ। 

ঘৰ নচলাৰ দোহাই দি মাক দেউতাকে মুহিধৰ খুড়াৰ মাত্ৰ বিশ বছৰ বয়সতে তেওঁৰ বিয়া পাতি দিছিল তেওঁলোকৰ গাঁওৰে এজনী চৈধ্য বছৰীয়া ছোৱালীৰ সৈতে। সেই ছোৱালীজনীৰ নাম আছিল সাবিত্ৰী। 
সৰুৰে পৰা অতি অভাৱৰ মাজত ডাঙৰ হোৱা সাবিত্ৰী বয়সত তেনেই সৰু আছিল যদিও কামে কাজে কিন্তু একেবাৰে পাকৈত আছিল। অতি কম সময়ৰ ভিতৰতে তেওঁ মুহিধৰ খুড়াৰ মাকৰ পৰা ঘৰৰ সকলোখিনি কাম শিকি বুজি লৈ ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব নিজে চম্ভালি লৈছিল। 

একেদৰে অলপ দিনৰ ভিতৰতে সাদৰী ছোৱালীজনীয়ে মুহিধৰ খুড়াৰ বুকুতো বাহ সাজিছিল। কিছুদিন আগলৈকে বিবাহ সংসাৰ আদিৰ প্ৰতি অনীহা লৈ ফুৰা মুহিধৰ খুড়া সাবিত্ৰীৰ প্ৰেমত পৰিছিল। নকৈ তেওঁৰ নিজৰ জীৱনটো ভাল লগা হৈ আহিছিল। লাহে লাহে দুয়ো সংসাৰৰ মায়াত বন্দী হৈছিল। 

দুয়োৰে অজ্ঞাতে এদিন আহিছিল সেই খবৰটো। যিটো খবৰত মুহিধৰ খুড়াৰ বুকুত এক অজান বিষ উঠিছিল অথচ সেই একেটা খবৰে সাবিত্ৰীৰ লগতে ঘৰখনৰ সকলোৰে মনত তুলিছিল আনন্দৰ লহৰ।

সাবিত্ৰী মাক হবলৈ ওলাইছিল। খবৰটোত মুহিধৰ খুড়াৰ বাহিৰে সকলো সুখী হৈছিল। আনকি সাবিত্ৰীয়ো। কিন্তু মুহিধৰ খুড়া ডুব গৈছিল এক অজান আশংকাত। তেওঁৰ মূৰত বাহ লৈছিল কিছু অহেতুক ভয়ে। 

তেওঁৰ মতে এগৰাকী পোন্ধৰ বছৰীয়া ছোৱালী মাক হ'ব পৰাকৈ কোনোফালৰ পৰা পৰিপক্ক নাছিল। 
না শাৰীৰিক ভাৱে ! 
না মানসিক ভাৱে ! 
এই কথাটো তেওঁ বাৰে বাৰে সাবিত্ৰীক বুজাবলৈ যত্ন কৰিছিল। কিন্তু সাবিত্ৰী আছিল আকোৰগোজ। আচলতে সেয়া আকোৰগোজ বুলি কলেও ভুল হ'ব। সেয়া আছিল তেওঁৰ মনত সন্তানৰ প্ৰতি জাগি উঠা মমতা। তাতে আকৌ হাত উজান দিছিল মুহিধৰ খুড়াৰ মাকেও। 

"সাবিত্ৰীৰ বয়সত মই দুজনী ছোৱালীৰ মাক হৈছিলোঁ।"

শাহুৱেকৰ কথাষাৰ শুনি সাবিত্ৰীৰ মনৰ সাহ দুগুণে বাঢ়িছিল। 

মনৰ ভয় শংকা সকলোখিনি মনতে থাপি থুপি থৈ মুহিধৰ খুড়াই পৰালৈকে যত্ন লৈছিল সাবিত্ৰীৰ। লাহে লাহে সাবিত্ৰীৰ দেহত নানা ধৰণৰ জটিলতাই দেখা দিছিল। লাগ বুলিলেই ঢুকি পোৱাকৈ মুহিধৰ খুড়াৰ ঘৰৰ ওচৰত কোনো চিকিৎসালয় নাছিল। আৰু চহৰৰ চিকিৎসালয়লৈ নিব পৰাকৈ মুহিধৰ খুড়াৰ গাঁওত এখন গাড়ী আছিল নে চহৰৰ পৰা এখন গাড়ী ভাৰালৈ আনি সাবিত্ৰীক ডাক্তৰৰ ওচৰলৈ নিব পৰাকৈ মুহিধৰ খুড়া আৰ্থিক ভাৱে সামৰ্থবান আছিল ! 

যিমানেই দিন হৈ আহিছিল সিমানেই সাবিত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। আনফালে মুহিধৰ খুড়াই নিজৰ বুকুৰ ধপধপনি নিজে শুনিবলৈ পাইছিল। কিন্তু তাৰ পিছতো যে তেওঁৰ হাতত একো উপায় নাছিল। 

অৱশেষত মুহিধৰ খুড়াৰ অহেতুক ভয়ে সঁচা ৰূপ ধাৰণ কৰিছিল। এদিন মাজনিশা হঠাতে সাবিত্ৰী পেটৰ বিষত ছটফটাইছিল। তাইৰ নিম্নাংশৰে বৈ গৈছিল এখন তেজৰ নৈ। যিমান পাৰি সিমান ততাতৈয়াকৈ ঠেলা এখনত ভৰাই মুহিধৰ খুড়াই সাবিত্ৰীক লৈ গৈছিল চহৰৰ চিকিৎসায়লৈ। কিন্তু চিকিৎসালয় পোৱাৰ বহু আগেয়ে সাবিত্ৰী আৰু আহিবলগীয়া.... 

কৈ কৈ ৰৈ গ'ল মুহিধৰ খুড়া। তেওঁৰ জীৱন বৃত্তান্ত শুনি নিজৰ অজানিতে বৈ অহা চকুলোৱে তিয়াই পেলালে মোৰ দুগাল। 

নিজৰ চলচলীয়া চকুহাল লুকাবলৈ মুহিধৰ খুড়া উঠি গ'ল মোৰ ওচৰৰ পৰা। মই বহি ৰলোঁ একে ঠাইতে। 
কিছুসময় পিছত তামোল এখন মুখত লৈ ওঁঠত সেই চিৰপৰিচিত হাঁহিটো ওলোমাই তেওঁ পুনৰ উপস্থিত হ'ল মোৰ সম্মুখত। মোলৈ আগবঢ়াই দিলে এখন তামোল। 
অবাক হৈ বহুসময় চাই থাকিলো মানুহজনলৈ। কিমান বেছি ভালপোৱাৰে ভাৰবাহী হ'লে এজন মানুহৰ বুকুত এবুকু যন্ত্ৰণা কঢ়িওৱাৰ পিছতো ওঁঠত ওলমি ৰয় এটা হাঁহি! 

ঃ মই পুনৰ বিয়া কৰালো নে জানিবলৈ মন গৈছে ন ! 

মোক আচৰিত কৰি মুহিধৰ খুড়াই পুনৰ এফালৰ পৰা কৈ গ'ল সকলোবোৰ। সাবিত্ৰীৰ মৃত্যুৰ কিছুদিনৰ পিছৰ পৰা মাক দেউতাকৰ লগতে আত্মীয় কুটুম সকলোৱে পুনৰ জোৰ দিছিল মুহিধৰ খুড়াক দ্বিতীয় বিবাহৰ বাবে। কোনোয়ে যদি ঘৰ নচলাৰ অজুহাত দেখুৱাইছিল আন কোনোৱে আকৌ কৈছিল এই বিশ একৈশ বছৰ বয়সৰ পৰা অকলে জীৱনটো কেনেকৈ কটাবি...? 
সুখে দুখে লগ বুলিবলৈও মানুহ এজনী লাগে তাৰ উপৰিও শৰীৰৰ তাড়নাৰ কথা কিছুমানো থাকে!

কাৰো যুক্তিয়ে কিন্তু মুহিধৰ খুড়াৰ মন টলাৱ নোৱাৰিলে। তেওঁৰ মতে হৃদয়ত কাৰোবাক সংগোপনে ধাৰণ কৰি থকা কোনো ব্যক্তিয়ে হৃদয়ত থকা জনৰ অনুপস্থিতত অনুভৱ নকৰে নিজৰ শাৰীৰিক তাড়না আৰু কেতিয়াবা কোনোবাই কৰিলেও তাত জড়িত নাথাকে কোনো আবেগ অনুভূতি..থাকে কেৱলমাত্ৰ শাৰীৰিক ক্ষুধা।তেনেস্থলত কেৱলমাত্ৰ ঘৰ এখন চোৱাচিতাৰ নামত নাইবা নিজৰ শৰীৰৰ ভোক পুৰাবলৈ আন এগৰাকী নাৰীক আবেগহীন প্রেমহীন এটা সম্পৰ্কত বন্দী কৰাৰ কোনো কথাই নাহে। 

মুহিধৰ খুড়াৰ হৃদয়ৰ ভাজে ভাজে ৰৈ গ'ল সাবিত্ৰীৰ মৰম ভালপোৱাবোৰ। ৰিক্ততাপূৰ্ণ জীৱন এটা লৈও যেন সাবিত্ৰীৰ মৰমেৰে আজীৱন পৰিপূৰ্ণ হৈ ৰ'ল তেওঁ। সাবিত্ৰীৰ সেই মৰমক নেওচি তেওঁ তেওঁৰ বুকুত পুনৰ থাপিৱ নোৱাৰিলে আন এগৰাকী নাৰীৰ অনুভৱ নাইবা স্পৰ্শক। সেয়েহে তেওঁ তেওঁৰ ঘৰখন চোৱাচিতা কৰিবলৈ নিবিচাৰিলে এগৰাকী পত্নী। ঘৰখনৰ দায়িত্ব এগৰাকী সহায়িকাৰ হাতত ন্যস্ত কৰি নিজৰ হৃদয়ত চিৰদিনৰ বাবে ধাৰণ কৰি ৰাখিলে সাবিত্ৰীক... সাবিত্ৰীৰ প্রেমক...সাবিত্ৰীৰ স্পৰ্শক।  

মুহিধৰ খুড়াৰ মতে হেনো হৃদয়ত নিজৰ একান্ত প্রিয়জনৰ প্ৰতি ধাৰণ কৰা অনুভৱবোৰ একক অনন্য অবিভাজ্য। যাক আনৰ নিৰ্দেশত কেতিয়াও বিভাজন কৰিব পৰা নাযায়...সলনি কৰিব পৰা নাযায়। প্ৰিয়জনৰ বাবে থকা হৃদয়ৰ আছুতীয়া ঠাইকণ আৰু তেওঁৰ প্ৰতি সংগোপনে বুকুত সজীৱ হৈ ৰোৱা ভালপোৱাবোৰ আজীৱন একেদৰে ৰৈ যায়।সেই ঠাইকণক নাইবা ভালপোৱা খিনিক ভাগ কৰি তাৰ সামান্যতম ভাগো আন কাৰোবাক দিব পৰা নাযায়।সেয়েহে তেওঁৰ মতে প্ৰিয়জনক অন্তৰেৰে ধাৰণ কৰা মানুহ সদায়ে পৰিপূৰ্ণ।

মুহিধৰ খুড়াৰ কথাবোৰ শুনাৰ পিছত মানুহ অধ্যয়নক প্ৰিয় বিষয় হিচাপে লৈ সেই বিষয়টোৰ ওপৰত নীৰৱে চৰ্চা চলাই অহা ময়ো নতুনকৈ উপলব্ধি কৰিলোঁ প্ৰিয়জনক সঁচা অন্তৰেৰে হৃদয়ত ধাৰণ কৰা কোনো মানুহে কোনো কাৰণতে প্ৰিয়জনৰ প্ৰতি থকা মৰম ভালপোৱাৰ ভাগ বেলেগক দি প্ৰেমক কেতিয়াও ভগ্নাংশৰ ৰূপ দিব নোৱাৰে। 

সমাপ্ত


অঙ্গন: পৃষ্ঠা ৪২

শেষ পৃষ্ঠাৰ লেখাঃ

ধঁপাত সেৱন আৰু জনস্বাস্থ্য

অতি সহজলভ্য নিচা জাতীয় দ্ৰব্য বিধেই হ'ল ধঁপাত। সেয়ে চাগৈ দেশৰ প্ৰায় অধিকাংশ লোকেই এই ধঁপাত বিভিন্ন মাধ্যমেৰে সেৱন কৰে। ধঁপাত সাধাৰণতে সেৱনকাৰীয়ে দুটা মাধ্যমেৰে সেৱন কৰে । ধোঁৱাযুক্ত আৰু ধোঁৱাহীন। ধোঁৱাযুক্ত ধঁপাতত ভিতৰত আমি ধূম্ৰপানৰ কথা ক'ব পাৰো । আনহাতে ধোঁৱাহীন ধঁপাতৰ ভিতৰত গুটকা, পাণমচলা, চুপাৰি, জর্দা, খৈনী, চাধা আদিৰ কথা ক'ব পাৰো। 
এই ধঁপাত ভাৰতবৰ্ষত ১৬০৫ চনত পোন প্ৰথমে পৰ্টুগীজসকলে খেতি কৰিছিল আৰু বৰ্তমান ধঁপাত খেতিত ভাৰত বিশ্বৰ দ্বিতীয় স্থানত আছে। ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো কোনো কোনো ঠাইত ধঁপাত খেতি কৰি দেখা যায়। সেউজীয়া ধঁপাতৰ পাত শুকুৱাই পিছলৈ তাক বিভিন্ন প্ৰকাশে সেৱনকাৰীৰ মাজলৈ ওলিয়াই দিয়া হয় ।
এই ধঁপাত স্বাস্থ্যৰ বাবে অতি হানিকাৰক। ধঁপাত সেৱনৰ ফলত মাৱন দেহত বিভিন্ন প্ৰকাৰৰ ৰোগে দেখা দিয়ে। তাৰ ভিতৰত মুখ আৰু ডিঙিত হোৱা কৰ্কট ৰোগ প্ৰধান। তাৰোপৰি চিগাৰেট, বিড়ি সেৱনৰ ফলত হাওঁফাওঁত কৰ্কট ৰোগ হোৱাৰ উপৰিও খাদ্যনলী, অগ্ন্যাশয়, যকৃত, বৃক্ক, মূত্রাশয়, জৰায়ু, স্তন আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰে। এই ধঁপাত সেৱনৰ ফলত পৰোক্ষ আৰু প্ৰত্যক্ষ দুই ধৰণে মানৱ সমাজৰ ক্ষতি কৰে। সেৱনকাৰীক প্ৰত্যক্ষ ভাৱে প্ৰভাৱ পেলোৱাৰ উপৰিও সেৱনকাৰীৰ নিকটতম লোক জনকো এই ধঁপাতে পৰোক্ষ ভাৱে ক্ষতি কৰে। এই সম্পৰ্কত ক'ব পাৰি যে যেতিয়া এজন লোকৰ ওচৰত আন এজন লোকে চিগাৰেট, বিড়ি আদি সেৱন কৰে তেতিয়া তাৰ পৰা সৃষ্টি হোৱা ধোঁৱাই সেৱন কৰা আৰু নকৰা দুয়ো জনকে ক্ষতি কৰে। গতিকে ধঁপাত সেৱন মানৱ সমাজৰ বাবে অতি বিপদজনক।
বিশ্বত ধঁপাত সেৱনৰ ফলত প্ৰতি বছৰে প্ৰায় আঠ মিলিয়ন লোকৰ মৃত্যু হয়। ভাৰততো ধঁপাত সেৱন কৰি মৃত্যু মুখত পৰা লোকৰ সংখ্যা প্ৰতি দিনে প্ৰায় দুই সহস্ৰাধিক আৰু প্ৰতি বছৰে মৃত্যু হয় প্ৰায় দহ লাখ লোকৰ। এনেহেন সৰ্বনাশী ধঁপাত সেৱন নিয়ন্ত্ৰণৰ বাবে ২০০৩ চনত চৰকাৰে ধঁপাত নিয়ন্ত্ৰণ আইন বলবৎ কৰে যদিও আজিও দেশত ধঁপাত অবাধে বিক্ৰী আৰু সেৱন কৰি আছে।
এজন লোকৰ আৰ্থসামাজিক, শাৰীৰিক আদি সকলো ফালৰ পৰাই বিস্তৰ ক্ষতি সাধন কৰা ধঁপাত ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰী নীতি বা আইন বলবৎ কৰি জোৰ কৰি সেৱনকাৰীক আঁতৰাই ৰখাটো সম্ভৱনে ? যদি ইয়াৰ অনিষ্টকাৰী গুণ সমূহৰ বিষয়ে সেৱনকাৰী জ্ঞাত নহয়। সেয়ে জনসংযোগ মাধ্যম, মহিলা সমিতি, যুৱক সংঘ, শিক্ষাখণ্ড, বাটৰ নাট ইত্যাদি বিভিন্ন মাধ্যমৰ দ্বাৰা তেওঁলোকক সৰ্বনাশী ধঁপাতৰ অনিষ্টকাৰী গুণৰ সম্পৰ্কে সজাগ কৰি তোলাটো অতি প্ৰয়োজন। সাম্পতিক সময়ত নৱপ্ৰজন্মৰ মাজত অধিক ব্যৱহৃত হোৱা গুটকা, পানমছলা, ৰজনীগন্ধা, শিখৰ,  বিমল, জৰ্দাপান আদিৰ উপৰিও চিগাৰেট, চিগাৰে যুৱ প্ৰজন্ম তথা সমাজত মহা সংকটৰ সৃষ্টি কৰিছে। সেয়ে বিষয়টোৰ গুৰুত্ব বুজি সময় থাকোতেই এই দ্ৰব্য বিধ নিষিদ্ধ কৰণৰ ক্ষেত্ৰত সকলোৱে সমস্বৰে মাত মাতো আহক।
 
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন

অঙ্গন:  পৃষ্ঠাঃ ৪৩





Post a Comment

0 Comments