অঙ্গনঃ তৃতীয় বছৰ (১ম সংখ্যা)


অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 জুন, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে হে সাহিত্য প্ৰেমি শব্দৰ সাধক সকল। জয় জয়তে অঙ্গনৰ পৰিয়ালৰ প্ৰণিপাত গ্ৰহণ কৰিব। আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু হীন-দেৰি হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্ত থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 
            
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন


অঙ্গন: পৃষ্ঠাঃ ৩

এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
পাণ্ডুলিপি সম্পৰ্কীয় ঘোষণাঃ পৃষ্ঠা ৭
প্ৰৱন্ধ : পৃষ্ঠা ৮-৯
পৰিচয় শিতান: পৃষ্ঠা ১০
উপন্যাস: পৃষ্ঠা ১১
অণুগল্প : পৃষ্ঠা ১২-১৬
কথা গল্প : পৃষ্ঠা ১৭
অনুবাদ কবিতা : পৃষ্ঠা ১৮-২০
কবিতা : পৃষ্ঠা ২১-৩৭
ৰেচিপিঃ পৃষ্ঠা ৩৮
গল্প: পৃষ্ঠা ৩৯-৪১
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪২


অঙ্গন: পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, 
সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।


অঙ্গন: পৃষ্ঠাঃ ৬
সম্পাদকীয়ঃ

আচল মানুহ

সেইদিনা হঠাতে এজন বয়সস্থ মানুহ লগ পালোঁ। সাধাৰণতে মানুহে মানুহক বিভিন্ন কাৰণত লগ পায়। এয়া স্বাভাৱিক কথা। কিন্তু এই ব্যক্তি জনক লগ পোৱাৰ পিছত আমাৰ চিন্তাত যথেষ্ঠ কথাই ভূমুকি মাৰিবলৈ ধৰিলে। তেখেতেই কৈছিল আচল মানুহৰ কথা, যিবোৰ কথাই মোৰ লগতে উপস্থিত থকা এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকজনকো প্ৰভাৱিত কৰিছিল।
আচল মানুহ কাক কোৱা হয়? কেতিয়াবা আপুনি আচল মানুহ লগ পাইছেনে? যদি আচল মানুহৰ সংখ্যা তেখেতে কোৱাৰ দৰে অতি তাকৰ, তেন্তে বেছিভাগ মানুহেই আচল নহয় নেকি? ―এনেবোৰ কথাই সেইদিনা আমাক বৰকৈ ভবাই তুলিছিল।
ঠিকেই, মানুহৰ অৱয়ব ধাৰণ কৰিলেই আমি তেওঁক আচল মানুহৰ শাৰীত ধৰিব নোৱাৰোঁ। আচল মানুহ গঢ়ে সু-সংস্কাৰে।
এই সংস্কাৰ গঢ় লয় ব্যক্তিৰ শৈশৱ কালৰ পৰাই। শৈশৱতেই আমি শিকোঁ― ডাঙৰক সন্মান কৰিব লাগে, মিছা ক'ব নালাগে, সদায় পৰিস্কাৰ হৈ থাকিব লাগে, হাঁহিমুখীয়া হ'ব লাগে, পুৱা গধূলি প্ৰাৰ্থনা কৰিব লাগে। এই কথাবোৰৰ গুৰুত্ব আমি সেই সময়ত গভীৰভাৱে অনুভৱ কৰিব পৰা নাছিলোঁ। আনকি আমাক ডাঙৰসকলেও এইবোৰ কথাৰ তাৎপৰ্য ভালদৰে বুজাই কোৱা নাছিল। ফলত আমি তেনেকৈয়ে ডাঙৰ দীঘল হৈছিলোঁ। কিন্তু যেতিয়া আমি ডাঙৰ হ'লোঁ, তেতিয়া বুজিলোঁ এনেবোৰ সৰু সৰু কথাৰ প্ৰয়োজনীয়তা কিমান।
এনেবোৰ গুণৰ অভাৱতেই ব্যক্তি স্বাভাৱিকতে আত্মকেন্দ্ৰীক হৈ পৰে, দুৰ্নীতিত লিপ্ত হয়, নিজৰ লগতে দেশৰ ক্ষতি সাধন কৰে। তেওঁলোকে জীৱনটো কেৱল ভোগৰ আহিলা হিচাপে গ্ৰহণ কৰে, অহেতুক পৰ্বতসমান সম্পত্তিৰ গৰাকী হয় আৰু ধন সম্পদ আহৰণকেই জীৱনৰ লক্ষ্য হিচাপে মানি লয়।
আমাৰ সমাজখন বৰ্তমান বৃহৎ সংখ্যক এনে লোকেৰেই ভৰি আছে। সেয়ে চৰকাৰ তথা দেশৰ একাংশ ব্যক্তিগত খণ্ডৰ ভিতৰচ'ৰাতো দুৰ্নীতিয়ে গভীৰতালৈ শিপাব পাৰিছে।
ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ খুন্দাত বিভিন্ন পশুধনৰ মৃত্যু হয়, দিনৰ পিছত দিন তেনেদৰেই ঘাইপথত পৰি থাকে, যাত্ৰীয়ে নাকত ৰুমাল লৈ সেই দুৰ্গন্ধময় ঠাইখিনি পাৰ হয়। অথচ বিভাগীয় কৰ্তৃপক্ষৰ কাণসাৰ নাই।
একো একোটা অতি সাধাৰণ কামৰ বাবে চহৰৰ পৰা বহু নিলগৰ গাঁৱৰ বৃদ্ধজনে নিতৌ চহৰলৈ বাট বুলিব লগীয়া হয়, অথচ বিভাগীয় কৰ্মচাৰীজনে তেখেতৰ দুখ কষ্ট বুজা আৰু সময়ৰ মূল্য দিয়াত আগ্ৰহী নহয়।
এনেদৰে হাজাৰ হাজাৰ উদাহৰণ দিব পাৰি য'ত মানৱীয় প্ৰমূল্যবোৰৰ দিনক দিনে মৃত্যু হৈছে। সেইবাবেই তেখেতে সেইদিনা আক্ষেপ কৰি কৈছিল, 'আজিৰ দিনত সঁচাকৈয়ে আচল মানুহ আছেনে?' আমি বুজিছিলোঁ, জীৱনত অজস্ৰ ধন সম্পত্তিৰ গৰাকী হোৱা, প্ৰতিপত্তিশীল হোৱা আৰু ক্ষমতাৰ অধিকাৰী হোৱাতকৈ আচল মানুহ হোৱা বেছি টান।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

 অঙ্গন: পৃষ্ঠাঃ ৭
Edited:


অঙ্গন: পৃষ্ঠাঃ ৮

প্ৰৱন্ধঃ

নদীদ্বীপ মাজুলীৰ বাস্তৱ ছবি

পদ্ম পেগু

           ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে কোনো ধৰ্মই পৃথিৱীত একেলেঠাৰিয়ে স্থায়ী ভাবে চলি থকা নাই ৷ যুগ যুগ ধৰি পৃথিৱীৰ পাৰিপাশ্বিক অৱস্থা পৰিৱৰ্তন হৈ আহিছে ৷ ঠিক সেইদৰে কোনো এটা ধৰ্ম ধাৰাবাহিক ভাৱে চলি থকা দেখিবলৈ পোৱা নাযায় ৷ যি নহওক এটকা মহন্তৰ ঠাই বুলি জনাজাত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীত খ্ৰীষ্টান ধৰ্মলৈ মিচিং জনজাতিৰ কিছুমান লোক ধৰ্মান্তৰিত হোৱাত মাজুলীত থকা সত্ৰাধিকাৰ বিলাক সংবাদ মাধ্যমৰ যোগেদি আতংকিত হোৱা দেখিবলৈ পাইছো ৷ আনকি যোৱা ইং ১৫য ১০য ২০১৯ তাৰিখে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে বংশীচুক মিচিং গাঁৱৰ প্ৰশান্ত পায়েঙৰ গীৰ্জা ঘৰ ভঙাৰ যোগেদি খ্ৰীষ্টান ধৰ্মৰ প্ৰতি থকা বিদ্ধেষৰ ভাব তেওঁ বহিঃ প্ৰকাশ কৰিলে ৷
মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ বৈষ্ণৱ ধৰ্মই অসমত একতা, সমন্বয় আৰু সংহতি স্থাপন কৰিছিল ৷ বিভেদ, বিৰোধ আৰু বিদ্ধেষ, গুৰু আদৰ্শত স্থান নাই ৷ মহাপুৰুষীয়া ধৰ্মীয় আদৰ্শত সামন্তৰ স্থান নাই, জমিদাৰ আৰু পূঁজিপতিৰ প্ৰভুত্ব নাই ৷ কিন্তু বৈষ্ণৱ ধৰ্মত আজি অনেক বিভাজন, বিৰোধ, বিদ্ধেষ আৰু গোড়ামীয়ে স্থান পালে ৷ সাৰ্বজনীন উদাৰতাৰ ঠাইত অস্পৃশ্যতা, অন্ধবিশ্বাস, কুসংস্কাৰ আৰু অহংকাৰে স্থান পালে ৷ ধৰ্মৰ নামত ক্ষমতালিপ্সা, প্ৰতিপত্তি লাভ, পদাধিকাৰ হোৱা, পূঁজিপতি, জমিদাৰ আৰু ধৰ্মীয় সামন্ত হোৱা আদি কাৰ্যই মহাপুৰুষ শংকৰ গুৰুৰ এক শৰণ নামধৰ্মৰ আধাৰত বন্ধা বৰঅসমৰ ভেটিটো এইসকলে বখলা বখলে খহালে ৷ ফলত অসমৰ মানুহৰ মাজত ধৰ্মান্তৰকৰণৰ উজান উঠিল, বৰ্ণবৈষম্য, জাতপাতৰ বিচাৰ, খাব নাপায়, চুব নাপায়, তুচ্ছ ভাব, আৰু ঘৃণা কৰা আদি কাৰ্যই ধৰ্মান্তকৰণ কৰাইছে৷ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ হোৱা হেতুকে ধৰ্মান্তৰ হোৱাটো আচৰিত হ’ব লগা একো কথা নাই ৷ মনপুত ধৰ্মত থকাটো ভাৰতীয় নাগৰিক হিচাবে মৌলিক অধিকাৰ ৷
পাঁচ সত্ৰৰ কাৰণে বিখ্যাত নদীদ্বীপ মাজুলী সত্ৰ প্ৰতিষ্ঠা কৰা পূৰ্বৰ পৰা বসবাস কৰা জনগোষ্ঠী বিলাকৰ কাৰণে সত্ৰ সমূহৰ কি অৰিহণা আছে ? সত্ৰদ্বীপ, সত্ৰনগৰী, সত্ৰভূমি, সত্ৰপীঠ, বৈষ্ণৱ পীঠ আদি নামেৰে সত্ৰবিলাকে ৰাজনৈতিক মুনাফা লুটাৰ কাৰণে ব্যস্ত ৷ দৰিদ্ৰ, দুখীয়া আৰু নিঃকিন সকলৰ আৰ্থ সামাজিক দিশলৈ চাবলৈ সময় নাই, ধৰ্মৰ নামত অসমৰ মাজুলীত পূঁজিপতি, জমিদাৰ আৰু সামন্তৰ সৃষ্টি হ’ল ৷ লগে লগে ধৰ্মৰ নামত থকা গণতান্ত্ৰিক অধিকাৰ আৰু উদাৰতাৰ বিনাশ ঘটিল ৷
খ্ৰীষ্টান মিছনেৰীসকল মাজুলীলৈ আহি দৰিদ্ৰ মিচিং জনজাতি সকলৰ মাজত সোমাই তেওঁলোকৰ অন্ন, বস্ত্ৰ আৰু আবাস গৃহৰ কথাৰ বুজ ল'লে ৷ দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰি বিদ্যালয় খুলি দি জ্ঞান চকু দান কৰি প্ৰগতিৰ পথৰ সন্ধান দিলে ৷ ইয়াৰ পাছত ধৰ্মান্তৰকৰণৰ নামত হৈ চৈ লগালে কি লাভ ? এই ক্ষেত্ৰত মিচিং জনজাতি আৰু খ্ৰীষ্টান মিছনেৰীসকলৰ তিলমানো ভুল নাই ৷ ভুল ৪৫০ বছৰৰো আগতে মাজুলীত প্ৰতিষ্ঠা হোৱা একাংশ সত্ৰৰ, ভোগবাদ আৰু বিলাসবাদে অক্টোপাছৰ দৰে আগুৰি ধৰা একাংশ সত্ৰাধিকাৰৰ ৷ ‘পৰৰ ধৰ্মক নিহিংসিবা কদাচিত’ এনে মহান শিক্ষা প্ৰদান কৰি মহাপুৰুষ শংকৰদেৱে অতীত অসমৰ প্ৰচলিত অস্পৃশ্যতাক দূৰ কৰি এখন শ্ৰেণীহীন বৰ্ণবৈষম্যহীন সমাজ গঠন কৰিলে ৷ সকলো জাতি, জনজাতিৰ বাবে নামঘৰ সাজিলে ৷ ধৰ্মই সংহতি আনে সংঘাত নানে ৷ অশান্তিৰ ঠাইত শান্তি স্থাপন কৰে ৷ বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অসমৰ খিলঞ্জীয়া জনজাতি সকলৰ অৱদান কোনো অসমীয়াই নুই কৰিব নোৱাৰে ৷ সত্ৰসমূহে জাত-পাত, অস্পৃশ্যতা আদি সামাজিক ব্যাধিক সাৰপানী দি জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰি আছে৷
মাজুলীৰ ভৈয়াম জনজাতি অধ্যুষিত অঞ্চলবোৰৰ জ্বলন্ত সমস্যা আছে, কিন্তু সেই সমস্যাবোৰ সমাধান নকৰি জনজাতিৰ কাৰণে অহা পূঁজি চৰকাৰে অন্য শিতানত ব্যৱহাৰ কৰিছে ৷
সত্ৰত ছাত্ৰী নিবাস এটা অবুজ সাঁথৰ ৷ স্কুল-কলেজ থকা অঞ্চলত ছাত্ৰী বা ছাত্ৰ নিবাস থাকে ৷ কিন্তু উদাহীন সত্ৰবিলাকত ছাত্ৰী নিবাস স্থাপন কৰাটো কিহৰ লক্ষণ ? মাজুলীত কেইবাখনো মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয় বিলাকত ছাত্ৰ-ছাত্ৰী নিবাস নাই, যিবিলাক মহাবিদ্যালয় জনজাতি অধ্যুষিত অঞ্চলত অৱস্থিত ৷ উদাহীন সত্ৰানুস্থানত মহিলাৰ চাল-চলনত বাধ্য বাধকতাৰ ৰীতি-নীতি আছে, তেনে এক ধৰ্মীয় অনুষ্ঠানত মহিলাৰ বাসস্থান স্থাপন কৰিব বিচৰাটো কিহৰ সংকেত ? সত্ৰত পুৰুষ মহিলাৰ মিলনৰ কোনো সুযোগ নাই। তেনেস্থলত ছাত্ৰী নিবাস স্থাপন কৰি কি পৰিৱৰ্তন আনিব খুজিছে ? এইয়া মহিলাক সৱলীকৰণ বুজাবনে নাই সত্ৰাধিকাৰ সকলৰ বিশুদ্ধিকৰণ ? ইমান এটা শকত পূঁজি থকা সত্ৰীয়া সংঘৰ কাৰণে পিছপৰা জনজাতি উন্নয়ণৰ বাবে অনুমোদিত পূঁজি কিয় ব্যৱহাৰ কৰিব লাগে ? সত্ৰত ছাত্ৰী নিবাস কিহৰ ভিত্তিত স্থাপন কৰিব বিচৰা হৈছে, ইয়াৰ যুক্তি যুক্ততা কি আছে ?

মাজুলী
  


 অঙ্গন: পৃষ্ঠাঃ ৯

কোচ-ৰাজবংশীৰ সংস্কৃতিত বাঁহগছৰ ভূমিকা

ডেইজী চৌধুৰী
বঙাইগাঁও 

তৃণজাতীয় উদ্ভিদৰ ভিতৰত বাঁহ এক অন্যতম উদ্ভিদ। মানৱ সমাজত বাঁহগছৰ ভূমিকা অনবদ্য। পৃথিৱীৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সৈতে বাঁহগছ বিভিন্ন ধৰণে ব্যৱহাৰ হৈ আহিছে। চমুকৈ ক'বলৈ গ'লে বাঁহগছৰ অবিহনে মানৱ সমাজৰ বহু কাৰ্য সম্পাদন নহয়।
              অসমৰ এক অন্যতম জনগোষ্ঠী হ'ল কোচ-ৰাজবংশীসকল। কোচ-ৰাজবংশী সকলৰ বিভিন্ন সংস্কাৰ, সংস্কৃতিত বাঁহগছ বহুলভাৱে ব্যৱহৃত হয়। কোচ পৰম্পৰাত শিশু এটিৰ জন্মৰ পৰাই বাঁহৰ ব্যৱহাৰ হয়। কেঁচুৱাৰ জন্মৰ পিছত নাড়ী কটাবলৈ বাঁহৰ চেঁচু ব্যৱহাৰ কৰা হয়। তদুপৰি ঘৰৰ খাদ্য সামগ্ৰী থ'বলৈ ব্যৱহাৰ কৰা পাত্ৰবোৰো বাঁহেৰে নিৰ্মাণ কৰা হয়। তাৰোপৰি ঘৰত ব্যৱহৃত কিছু সামগ্ৰী যেনে- কুলা, চালনী, টোপা,‌ জাখালা টোপা, টুকুৰী, ডোণ আদি সামগ্ৰীবোৰ তেওঁলোকে বাঁহেৰে নিৰ্মাণ কৰে। কোচ-ৰাজবংশী জনগোষ্ঠী মূলত কৃষিজীৱী। আদিতে গৰু-ম'হৰ গাড়ীবোৰ তেওঁলোকে যাতায়তৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল আৰু এইবোৰো বাঁহেৰে তৈয়াৰ কৰিছিল। গৰু, ম'হ, ছাগলী, হাঁহ, কুকুৰাৰ গোহালি‌ তথা গঁৰাল আনকি দানা পানী দিবলৈ বাঁহেৰে আধাৰ খপৰা সাজি লৈছিল। বৰ্তমানো গ্ৰামাঞ্চলত বসবাস কৰা কোচ-ৰাজবংশী লোকসকলৰ ঘৰত আধাৰ খপৰা পৰিলক্ষিত হয়। পুৱা শুই উঠি কোচ ৰাজবংশী মহিলাসকলে ঘৰ-চোতাল পৰিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা বাঢ়নীপাতো বাঁহেৰে তৈয়াৰী। মন্দিৰত পূজা দিওঁতে ব্যৱহাৰ কৰা ফুলৰ কৰণী, দৰি ৰখা ফেংটা, ঝাটকা, চাকলা জাপি, ভালুক জাপি, বিচনী আনকি বিবাহৰ সময়ত প্ৰয়োজন হোৱা(দৰা-কইনা) উভয়ে ল'ব লগা হোৱা দৰ্পণৰ নালবোৰো বাঁহৰ দ্বাৰা তৈয়াৰ কৰা হয়। জোৰণ আঠমঙলাৰ সময়ত ভাৰ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা লাঠিডাল বাঁহেৰে নিৰ্মিত। এনেধৰণৰ ভাৰবোৰক 'লাখল-ভাৰ', 'দৈ-চিৰাৰ ভাৰ' আৰু 'জননী ভাৰ' বুলি কোৱা হয়।‌ বিবাহৰ কাৰ্যত বাঁহ ব্যৱহাৰ কৰাৰ উপৰিও কোচ-ৰাজবংশীসকলে ঘৰ-ভঁৰাল ইত্যাদি বাঁহেৰে নিৰ্মাণ কৰিছিল। আজিকালি আভিজাত্যৰ ধামমুখীয়াত কোচ-ৰাজবংশী জনগোষ্ঠীৰ অধিকাংশই বাঁহৰ ব্যৱহাৰ কিছু কমালে যদিও গ্ৰামাঞ্চলত এতিয়াও ইয়াৰ প্ৰভাৱ অব্যাহত আছে।
           নিত্য ব্যৱহাৰ্য সামগ্ৰীখিনিৰ বাহিৰেও কোচ-ৰাজবংশীসকলৰ পৰম্পৰাগত পূজা পাতলত বাঁহগছ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয়। কোচ-ৰাজবংশীসকলৰ অন্যতম লোককৃষ্টি "বাঁশপূজা"ত বাঁহ ব্যৱহৃত হয়। নামটোৱেই সূচায় এই পূজাত বাঁহ গছক পূজা আগবঢ়োৱা হয়। চ'ত মাহৰ মদন চতুদৰ্শীৰ দিনা বাঁহপূজা পতা হয়। মদন আৰু গোপাল প্ৰভুৰ প্ৰতীকৰূপে তিনিবাৰ বাঁহ লৈ প্ৰথমডালত বগা, দ্বিতীয়ডালত ৰঙা, তৃতীয়ডালত জাকৈ-খালৈ, আধাভঙা নাঙল ওলোমোৱা হয়।‌ প্ৰথম বাঁহ দুডাল ওচৰা ওচৰিকৈ পোতা হয়।‌ তৃতীয়ডাল অলপ আঁতৰত পোতা হয়। সম্পূৰ্ণ তিনিদিন ধৰি এই পূজা অনুষ্ঠিত হয়। চতুৰ্থ দিনৰ দিনা বাঁহ  তিনিডালক ভেল সাজি তাত পাৰ, পঠা ছাগলী দি নৈত উটুৱাই দিয়া হয়। তদুপৰি কাতিগাছা বা কঙালীবিহু পালন‌ কৰোঁতে পথাৰত বন্তি দিবলৈ ব্যৱহাৰ কৰা ঔটেঙাৰ খোলটো বাঁহৰ কামিৰে পোতা হয়। 'মাৰৈ গানত' ব্যৱহাৰ কৰা মুখ বাঁহীটোও বাঁহেৰে নিৰ্মাণ কৰা হয়। বাঁহগছ যে কেৱল কোচ সকলৰ আনন্দ উৎসৱৰ সময়খিনিত হে ব্যৱহাৰ হয় এনে নহয়। কোচ-ৰাজবংশীসকলে হিন্দু ধৰ্মমতে মৃতকক সৎকাৰ কৰে। সেইমতে কোনো কোচ সম্প্ৰদায়ৰ মানুহৰ মৃত্যু হ'লে মৃতদেহটো বাঁহেৰে নিৰ্মিত ঢাৰিৰে মেৰিয়াই বাঁহেৰে নিৰ্মিত সাঙীত তুলি শ্মশানলৈ লৈ যোৱা হয়। অন্য সম্প্ৰদায়েও মৃতদেহ কঢ়িয়াবলৈ বাঁহৰ সাঙী ব্যৱহাৰ কৰে। মুঠতে কোচ সম্প্ৰদায়ৰ প্ৰায় আটাইবোৰ ক্ষেত্ৰতে বাঁহৰ ব্যৱহাৰ হয়। জন্মৰ পৰা মৃত্যুলৈ বাঁহৰ ব্যৱহাৰ হয়।‌ বৰ্তমান আধুনিকতাক আকোঁৱালি লোৱা খিনিয়ে যদিও বাঁহৰ ব্যৱহাৰ কমকৈ কৰিছে তথাপি বাঁহগছক একেবাৰে বাদ দিব পৰা নাই।


অঙ্গন: পৃষ্ঠাঃ ১০

পৰিচয় শিতানঃ

কবি জাহ্নৱী কাকতি


নাম- জাহ্নৱী কাকতি
জন্মস্থান- সানপাৰা গাঁও, মিৰ্জা(দক্ষিণ কামৰূপ)
বৰ্তমান ঠিকনা- নতুন দিল্লী

ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ,  Human rights and anti-corruption foundation.( New Delhi)
শিক্ষা- স্নাতকোত্তৰ ( অসমীয়া বিভাগ)

বঁটাপ্ৰাপ্তি-
'কাব্যশ্ৰী বঁটা' ,২০২০ (আজিৰ কবিতা)
'শ্ৰেষ্ঠ কবি বঁটা' , ২০২০ (গুৱহাটী কবিচক্ৰ)
'প্ৰেৰণা কাব্য বঁটা' ,২০২০ (প্ৰেৰণা গ্ৰুপ)
'কবিসন্মান বঁটা' ,২০২১ (মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ)
আজিৰ কবিতা, পাণ্ডুলিপি বঁটা, ২০২২(আজিৰ কবিতা)


প্ৰকাশিত কাব্যগ্ৰন্থ- 
'এমুঠি জোনাকে আনে ৰ'দৰ চিঠি' (২০১৯) 'पहला प्यार' (হিন্দী কাব্যগ্ৰন্থ,২০২১)
'তেজত ফুলা বেলি' (২০২২)

সম্পাদিত আলোচনী-
সাহিত্য সুবাস (অসম সাহিত্য সভা,২০২০)
কাৰ্যবাহী সম্পাদক- কাব্য কানন আলোচনী
কাৰ্যবাহী সম্পাদক- বৰ্ণৰাগ আলোচনী

বাইদেউৰ দুটি কবিতাঃ

কি বিচাৰি এয়া ক'লৈ আহিলোঁ

জাহ্নৱী কাকতি

কি বিচাৰি এয়া ক'লৈ আহিলোঁ
চাব খুজিলোঁ যি, পালো জানো দেখা সি

টুকুৰা আকাশত তৰাবোৰ নাই
মোক এখন নীলা চোতাল দিয়া

ক'ত এৰি থৈ আহিলোঁ মোৰ বুকু
ক'ত খুলি থওঁ চাট মৰা চকু
ক'ত এৰি থৈ আহিলোঁ তেজৰ শিপাবোৰ
চোতালৰ ৰ'দবোৰ,আলিবাটৰ ধূলিবোৰ

ইয়াত মাটি নাই , ঘৰ নাই
নাই ৰ'দ , বতাহ

কি বিচাৰি এয়া ক'লৈ আহিলোঁ
পদপথত যুদ্ধ, নৈৰ পানীত যুদ্ধ
আকাশত ,বতাহতো যুদ্ধ
এতিয়া যে
মোৰ ভিতৰতো যুদ্ধ , বাহিৰতো যুদ্ধ

মই ইয়াত থাকোঁ, মই নাথাকোঁ
মই মোক চিঞৰোঁ, খুলি থওঁ কলিজাটো
আৰু তাৰ পাছত 
মোক হত্যা কৰোঁ
জীয়াই থকাবোৰৰ দৰে...


তেজীমলা জোন

জাহ্নৱী কাকতি

গাজনি মাৰি নামি আহিছে
ছাই-বৰণীয়া মেঘ
আঙুলিৰ পাবত মৰি আহিছে
তেজীমলা জোন

ফেঁচাৰ নিউ নিউ মাতত
জয়াল ৰাতিটো ভয়াল হয়
ফেটিসাপে মোট সলায়

ভেট ফুলৰ আশে-পাশে
কাৰ বংশ বাঢ়ে
তেজত চন্দ্ৰগ্ৰহণ নামে
শাওপাত খায় নমৰে
মোট সলোৱা সাপ
কেতিয়া জন্মিব কানাই।।


      ইতিমধ্যে কাব্যজগতত নিজৰ সৱল স্থিতিৰে খোজ দিয়া জাহ্নৱী কাকতি বাইদেউৰ কাব্যিক জীৱনলৈ আমি অঙ্গনৰ পৰিয়ালে শুভেচ্ছা জ্ঞাপন কৰিলো। বাইদেউৰ সৃষ্টিয়ে সাহিত্য প্ৰেমিৰ মাজত বিপুল সমাদৰ লাভ কৰক, সাহিত্যৰ পথাৰত সোণালী শষ্যৰ দৰে জিলিকি ৰওক বাইদেউ সৃষ্টি লগতে বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো। আমাৰ মাজলৈ আহি আমাৰ  অঙ্গনৰ শোভা বৃদ্ধি কৰাৰ বাবে আমি অঙ্গনৰ পৰিয়ালে বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।    



 অঙ্গন: পৃষ্ঠাঃ ১১

উপন্যাসঃ

আকাশ নীলা ভালপোৱা

হেমন্ত যোগী

আচলতে কাহিনীটো ক'ৰ পৰা আৰম্ভ কৰিব আকাশে, ঠিক কৰিব পৰা নাই। নীলাৰ কথা, তাইৰ মন পৰশা হাঁহিটোৰ কথা জানো কৈ শেষ কৰিব পাৰি? পাৰি জানো তাৰ জীৱনত ঘটি যোৱা কথাবোৰ কৈ শেষ কৰিব?
'নাই নাই। মই লিখিবই লাগিব। যিবোৰ কথাই মোৰ বুকুখন ভৰাই ৰাখিছে, যিবোৰ নীলা আৰু মোৰ একান্তই নিজৰ কথা, যিবোৰ কথাই আনৰো হৃদয়ত প্ৰেমৰ নিজৰা বোৱাব পাৰে, যিবোৰ কথাই ভালপোৱা কি সকলোকে বুজাব পাৰে সেই কথাবোৰ মই লিখিবই লাগিব।' ― আকাশে নিজকে কয়।
লেখক হিচাপে তাক এতিয়া কোনেও চিনি নাপায়। অৱশ্যে সেই লৈ তাৰ মনত তিলমানো দুখ নাই। বৰং সি বিশ্বাস কৰে নিজৰ কামক। সি নিজৰ কামবোৰ কৰি যায়, কোনোবাই সেই কামৰ বাবে স্বীকৃতি দিবই লাগিব বুলি কোনো কথা নাই।
দিনটোৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত সেইদিনাও সি বিচনাত বাগৰটো মাৰিছিলহে। তেনেতে নীলাৰ মেছেজ―
'কি কৰিছা?'
'আছোঁ। কোৱা।'
'কি ক'ম?'
'যি মনলৈ আহিছে তাকে কোৱা।'
'তুমি শুনিবা?'
'শুনিম।'
'তোমাৰ কথাবোৰ শুনি থাকিবৰ মন যায়, তোমাৰ মাতষাৰ শুনিলে মোৰ ভাগৰ শেষ হয়, এনে লাগে যেন জীৱনটো নতুনকৈ পাইছোঁ, হেঁপাহেৰে জীয়াই আছোঁ, জীয়াই থাকিম।' ― কথাখিনি তাৰ কোৱা নহ'ল।
(আগলৈ)


 অঙ্গন: পৃষ্ঠাঃ ১২

অণুগল্পঃ

ব্যস্ততা

হিমাশ্ৰী বৰা 

এই ব'হাগতে বৰষাক নিজৰ কৰিবৰ মনেৰে দুবছৰৰ মূৰত এমাহৰ ছুটী লৈ দূৰ্লভ ঘৰলৈ আহিছে । এসপ্তাহ নৌযাওঁতেই পুনৰ কৰ্মস্থলীলৈ যাবলৈ তত্ নাইকীয়া কৰা দেখি মাকে আৰক্ষী বিষয়া পুতেকৰ ব্যস্ততাৰ উমান পালে । সিও বৰ পলমকৈয়ে শুনিলে । আঘোণতে গৌৰৱক বৰমালা পিন্ধোৱা বৰষাৰ নতুন ঘৰখনত প্ৰথম বিহুটোক আদৰিবলৈ ব্যস্ততাও বোলে দুগুণে বাঢ়িছে । 


স্নাতক দ্বিতীয় ষাণ্মাসিক
ৱিমেনজ্ কলেজ , তিনিচুকীয়া ।‌


অঙ্গন:  পৃষ্ঠাঃ ১৩

সেউজী ধৰণী ধুনীয়া 
 
মীনাক্ষি ৰায় ডাকুৱা
                                 
          আবেলিপৰত ম‌ই বাৰাণ্ডাৰ চকীখনত বহি আনমনে আকাশৰ ফালে চাই আছিলোঁ । চাই আছিলোঁ আকাশৰ বৰণ সলনি হোৱাৰ খেলা আৰু শাৰী শাৰীকৈ উৰি যোৱা চৰাইৰ জাক । বহাৰ পৰা উঠিম উঠিম বুলি ভাবোতেই আমাৰ চুবুৰীয়া ভৱেশে তাৰ মাক নোহোৱা পাঁচ বছৰীয়া ল'ৰা উৎপলক লগত লৈ মোৰ ওচৰলৈ আহিল । উৎপলৰ হাতৰ মুঠিত গুৰিত মাটিৰে সৈতে এটি গছৰ পুলি । মই সেয়া কিহৰ পুলি বুলি সোধাত ভৱেশে উৎপলকে সুধিবলৈ ক'লে । তাকে শুনি উৎপলে ক'লে—"এয়া বট গছৰ পুলি জেঠাই, এইটো মই ৰুম ।" ভৱেশে উৎপলক ক'লে, এই পুলিটো ডাঙৰ হৈ ছাঁ দিব । তাৰপিছত মেঘ লৈ আহিব, সেই মেঘে বৰষুণ দিব । সেই বৰষুণত পৃথিৱী শস্য-শ্যামলা হ'ব। বৰষুণৰ ভিতৰত মেঘৰ ছাঁত বটগছৰ তলত বহি আমি ঢেৰ সাধু ক'ম নহয় নে উৎপল ? উৎপলে কি নো বুজিলে,  সি ডাঙৰ মানুহৰ দৰে মূৰ দুপিয়ালে কিন্তু মুখেৰে একো কথা নক'লে । ভৱেশে ক'লে—"যাওঁ দেই বাইদেউ, ল'ৰাটোৰ খাবৰ সময় হৈছে ।" এইবুলি কৈ সি উৎপলৰ হাতত ধৰি ঘৰলৈ বুলি খোজ দিলে । মই যেন চকুৰ আগত আৱিষ্কাৰ কৰিলোঁ এখন নতুন সেউজী পৃথিৱী । যি পৃথিৱীত ভৱেশ আৰু উৎপলে বিশুদ্ধ এক পৰিবেশৰ উদ্দেশ্যে এখুজি দুখুজিকৈ আগুৱাই গ'ল ।


গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫


 অঙ্গন: পৃষ্ঠাঃ ১৪
    
আশা 

মমী বৰঠাকুৰ

       ইমান কৃত্ৰিমতাৰ মাজত উশাহবোৰ তাইৰ স্তব্ধ হৈ পৰিব ধৰে, কৃত্ৰিম প্লাষ্টিকৰ পৰা অহা পঁচা গোন্ধই তাইৰ প্ৰাণটো যেন হেঁচি ধৰিছে । কেতিয়াবাই স্তব্ধ  হ'ব খোজা উশাহক তথাপি বৰ আশাৰে তাই, তাইৰ কোমল দুহাতেৰে আকোঁৱালি ৰাখিছে প্ৰখৰ সূৰুযে এদিন হ'লেও তাইৰ বাগিচাত কোমল ৰ'দ দিব আৰু সেই ৰ'দত জকমককৈ ফুলিব তাইৰ প্ৰিয় ফুলবোৰৰ কলিবোৰ ... ।


গুৱাহাটী ( ভেটাপাৰা)
৮৩৯৯৯৮৬৬১৭


 অঙ্গন: পৃষ্ঠাঃ ১৫

ভোক

    জুনমনি গগৈ 

              গৰমে জুৰুলা কৰা পুৱাটোতে খালটো সিঁচি বাপুকনে ভালেকেইটা মাছ ধৰিলে। মাক মামনিয়ে খালৈটোৰ পৰা মাছবোৰ উলিয়াই ভালদৰে ধুইপখালি পুনৰ ভালৰো ভাল মাছকেইটা খালৈটোত ভৰাই সোনমনিলৈ আগবঢ়াই ক'লে, " যা, এইকেইটা নি গাঁওবুঢ়া ককাহঁতৰ আইতাক দি থৈ আহগৈ আৰু আইতাৰ পৰা চাউল লৈ আনিবি।"
               "তই দেখোন ডাঙৰ মাছকেইটা সিহঁতকে দিলি, আমালৈ এটাও নথলি। ডাঙৰ গৰৈ মাছটো মইহে খাম বুলি দাদাক কৈছিলোঁ।"
                 " মই তোক পিছত ধৰি আনি  দিম নহয় । তই এতিয়া মাছখিনি দি  চাউলখিনিকে লৈ আনগৈ। চাউল নহলে আমি ভাত কেনেকৈ  খাম ?"
                  ভনীয়েকৰ কথাত উত্তৰ দিয়া বাপুকনলৈ চাই মামনিৰ বুকুখন উথলি উঠিল । এই দহ বছৰতে বাপেকহীন ঘৰখনৰ দ্বায়িত্ব লোৱা বাপুকনলৈ চাই তাইৰ  বুকুয়েদি উজাই অহা তপত শোকটো  কথমপিহে সামৰি থলে !



অঙ্গন: পৃষ্ঠাঃ ১৬

কথাগল্প

ঘৰচিৰিকা
 
ৰুমী চাংমাই

: বাইদেউ, কোনফালে যায় ?বহুদিনৰ মূৰত লগ পালো।

: অ শ্ৰুতি। মই অলপ টাউনলৈ আহিছোঁ। সৰু-সুৰা বস্তু দুটামান ল'বলৈ আছে। তুমি ল'ৰা স্কুলৰ পৰা আনিলা হ'বলা।

: হয় বাইদেউ। ময়ে তাক অনা-নিয়া কৰোঁ। লগতে মোৰো অলপ ওলাই অহা হয়।কিমাননো আৰু ভিতৰতে সোমাই থাকিম।

: হয় হয়, ভালেই কৰিছা। পিছে ল'ৰাই ভালকৈ পঢ়িছেনে ?

: পঢ়িছে আৰু। পঢ়াৰ উপৰিও স্কুলৰ পৰা যোৱাৰ পিছত তাৰ আৰ্টৰ ক্লাছ থাকে। গধূলি পাঁচ বজাৰ পৰা ছয় বজালৈ ডান্সৰ ক্লাছ ঘৰতে। তাৰপিছত পঢ়িবলৈ বহে আৰু।

: ইমানবোৰ কৰাৰ পিছত তাৰ ভাগৰ নালাগেনে ? পঢ়িবলৈ ইচ্ছা কৰেনে সি ? টোপনি নাহেনে তাৰ ?

: পঢ়ে পঢ়ে বাইদেউ । একেবাৰে পঢ়াই লৈ খোৱাই-বোৱাই শোৱাই দিওঁ আৰু।

: কোন শ্ৰেণীত পঢ়িছে সি ?

: ওৱানত বাইদেউ।

: অ আ ক খ বোৰ ভালকৈ লিখিব পাৰিছেনে ?

: অ'--- ইহঁতক অসমীয়া লিখোৱাই নাই নহয়। নাজানে লিখিব। ইংলিছ মেডিয়ামহে বাইদেউ। অসমীয়া একোৱেই নাজানে।

: তোমাৰ নামটো কি সোণটো ?

: সি তেনেকৈ সুধিলে নকয় বাইদেউ। তাক হোৱাট ইজ ইয়'ৰ নেম বুলি সুধিলেহে ক'ব !

: তেনেহ'লে থাওক দিয়া তাৰ নামটো মই নাজানিলেও হ'ব।কিন্তু তুমি যে ক'লা অসমীয়া একোৱেই নাজানে এইটোহে বৰ ডাঙৰ কথা। যাক কোৱা হয় মাতৃভাষা, সেই ভাষাটো মাকে নিশিকালে কোনে শিকাব। এইটো কিন্তু ভালৰ লক্ষণ নহয় শ্ৰুতি। তুমি মই অসমীয়া মাধ্যমতে পঢ়ি অহা নহয় জানো। হয়, সময়ৰ দাবীত ইংৰাজী ভাষাটো আমি জনাটো প্ৰয়োজন হৈছে।সেইবুলি মাতৃভাষাটোক অৱজ্ঞা কৰিলে কিন্তু এদিন অস্তিত্ব সংকট আহিব পাৰে।মাতৃভাষা নিশিকা মানে মাতৃক চিনি নোপোৱাৰ দৰে একেই কথা! আমি আচলতে নিজৰ ওচৰতে নিজক হেৰুৱাই পেলাইছো। সকলো ঘৰচিৰিকা হৈ পৰিছো।


 অঙ্গন: পৃষ্ঠাঃ ১৭

অনুবাদ কবিতাঃ
 
NATURE

(H W Longfellow)

As a fond mother, when the day is o’er,
Leads by the hand her little child to bed,
Half willing, half reluctant to be led,
And leave his broken playthings on the floor,
Still gazing at them through the open door,
Nor wholly reassured and comforted
By promises of others in their stead,
Which, though more splendid, 
may not please him more;
So Nature deals with us, and takes away
Our playthings one by one, and by the hand
Leads us to rest so gently, that we go
Scarce knowing if we wish to go or stay,
Being too full of sleep to understand
How far the unknown transcends what we know.

প্ৰকৃতি

মূলঃ Nature by H W Longfellow
অনুবাদঃ প্ৰাণ কৃষ্ণ গোস্বামী

এগৰাকী মৰমী মাতৃয়ে, সূৰ্যস্তৰ পিচত,
নিজৰ কেঁচুৱাটোক টানি বিচনালৈ নিওঁতে,
সি হোঁহোঁকা-পিছলা কৰি, যাব নোখোজা আৰু
মজিয়াত এৰি যোৱা ভগা-ছিগা খেলনাবোৰলৈ
খোলা দুৱাৰেদি থৰ লাগি চাই থাকি, আনৰ আশ্বাসত সম্পূৰ্ণ ভোল নাযায় অথবা সান্তনা নাপায়, হ'লেও
সেই আশ্বাস অতি সুন্দৰ, কৰিব নোৱাৰে তাক সুখী
সেয়ে প্ৰকৃতিয়ে আমাৰ প্ৰতি কৰি যায় তেওঁৰ কাম,
এটি এটিকৈ কাঢ়ি নিয়ে আমাৰ সমস্ত খেলনা, আৰু
হাতত ধৰি লাহে লাহে লৈ যায় আমাক জিৰণি স্থলিলৈ,
আমি যাব নে থাকিব খোজোঁ, নেজানো একোকে,
ঘোৰ নিদ্ৰাগস্ত আমি বুজিকে নেপাওঁ, আমাৰ
জ্ঞানৰ গভীৰতা যে নেদেখাজনৰ সমস্ত অৱগত।

(আমেৰিকান কবি-শিক্ষাবিদ হেনৰী ৱাডচৱৰ্থ লংফেল'(Henry Wadsworth Longfellow)ৰ জন্ম হয় ১৮০৭ চনত ৷ তেওঁ ভালে কেইবছৰ হাভাৰ্দ কলেজত শিক্ষকতা কৰিছিল যদিও, লিখা-মেলা কৰিবৰ বাবেই ১৮৫৪ চনত নিজ ইচ্ছাৰে অৱসৰ লৈছিল ৷ নিজে অসংখ্য কবিতা লিখি এক সৰ্ব সমাদৃত কবি হিচাপে খ্যাতি লাভ কৰিছিল ৷ তেওঁৰ অধিক সংখ্যক  কবিতা গীতি-ধৰ্মী আছিল ৷ ইউৰোপীয় তথা পৃথিৱীৰ আন বহু ভাষাৰ কবিতা তেওঁ ইংৰাজীলৈ অনুবাদ কৰিছিল ৷ এনে নিজে আৰু আনে কৰা অনুবাদৰ 'Poems of places' শীৰ্ষক ৩১ খণ্ডৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল ৷ ডাণ্টেৰ 'ডিভাইন কমেডী' অনুবাদ কৰা তেওঁ প্ৰথম আমেৰিকান আছিল ৷ তেওঁৰ অনুবাদ কাৰ্যক স্বীকৃতি দি, ইংৰাজীৰ বাদে আন ভাষাৰ বাবে হাভাৰ্দত "লংফেল' ইনষ্টিটিউট" নামেৰে ১৯৯৪ চনত এক শিক্ষা সংস্থান স্থাপন কৰা হয় ৷ তেওঁৰ নামেৰে যুক্তৰাষ্ট্ৰত ডাক টিকতো উলিওৱা হৈছে ৷ ১৮৮২ চনত তেওঁৰ মৃত্যু হয় ৷

(তেওঁৰ Nature শীৰ্ষক কবিতাটি অনুবাদৰ এক ক্ষুদ্ৰ প্ৰয়াস)

কাহিলিপাৰা গুৱাহাটী
মো:+৯১ ৭০০২৪০৯৬৫৫
 

অঙ্গন: পৃষ্ঠাঃ ১৮

ডালে ডালে জপিয়াই 

মূল উৰিয়াঃ ৰাজশ্ৰী মহাপাত্ৰ 
ভাষান্তৰঃ চাণক্য চিৰাং 
পখী 

ভূপৃষ্ঠৰ পৰা নভোমণ্ডললৈ 
ঠিক যেন সৰগৰ দূতী 
সিঁ‌চি যায় সুখানুভূতি , ক্ষণে দুৰন্ত গতি  ! 

যাক চুব নোৱাৰে সংসাৰৰ তৃষ্ণা 
নাই বিতৃষ্ণা , নকৰে প্ৰতাৰণা 
ডেউকা কোবাই উৰি ফুৰে 
বিচাৰি প্ৰীতিৰ ঠিকনা ।

প্ৰকৃতিৰ ৰামধেনুবুলীয়া ৰঙেৰে 
পলে পলে ছন্দে ছন্দে ,
পৰিত্যাগী সকলো বিদ্বেষ 
মৰতত বিলায় ঐশ্বৰীয় সন্দেশ !


 অঙ্গন: পৃষ্ঠাঃ ১৯

স্ৰোতস্বিনী আছে সেতু নাই 

মূল=পুৰ্ণেন্দু পত্ৰী
অনুবাদ=মিতালী গোস্বামী 
                    
  তুমি ক’লা "ৰ’দলৈ যোৱা",ৰ’দলৈকে গ’লোঁ,
  তুমি ক’লা -"অগ্নিকুণ্ড জ্বলোৱা",জ্বলালোঁ,
  সকলো জমা থকা সুখ তুমি ক’লা - "বেচি দিলে ভাল",
  দি দিলোঁ নিলামত ৷      
  সেয়ে মই অকলশৰীয়া,
  মোক তুমি অকলশৰীয়া কৰিছা ৷
  একাকীত্বৰ টুকুৰাটোও ভাঙি চুৰমাৰ হৈ
  শতটুকুৰা হ’ল,
  বীজ ৰোপনৰ দৰে সিঁচি দিলোঁ জলে স্থলে,
  তুমি কৈছিলা হেনো ,সাজোন-কাচোন
   এৰিদিছা, বাদদিছা ৷"
  য’তেই অৰণ্য দেখিছোঁ তাৰেই ডাল 
   কাটিছো, খান্দিছোঁ ৷
  যেতিয়াই হাত পাতিছা প্ৰাণ উজাৰি দিছোঁ ৷
  তেতিয়াও মই অকলশৰীয়া,
  তেতিয়াও মোৰ কোনো নোহোৱা তুমি,
  ময়ো তোমাৰ কোনো নহওঁ ৷   
  আমাৰ অভ্যন্তৰত স্ৰোতস্বিনী আছে, সেতু নাই ৷



অঙ্গন: পৃষ্ঠাঃ ২০
কবিতাঃ


সদ্যস্নাতা জোনাক বিচাৰি 

 অঞ্জলি  দত্ত

সময়ে অসময়ে তোমাক  লৈ ফুৰো 
প্ৰতিটো আশাত সঁহাৰি বুটলি
খোজত খোজ মিলাও 
সদ্যস্নাতা জোনাক বিচাৰি  
   
সময়ৰ চিত্ৰ এখন অংকন কৰোঁ 
তুমি কোৱা বাস্তৱৰ আলাপ সানি 
সুবাস লওঁ আনন্দৰ ৰং আঁকি 
সুৰৰ ললিত্যৰ কি যে গুণগুণনি 
নৈ খনত ওপঙে উদাসী মন 
বেদনাবোৰ আঁচলত বান্ধি গতি লওঁ
নতুন কিবা এটি পাওঁ নেকি চিনাকীগোন্ধ
পদুলিত  খটখটাও  বন্ধ দুৱাৰ খোলাৰ বাবে 
উচুপি উঠে  নিৰৱ চিঞৰ বেৰত আউজি ৰয় হতাশা 

কোৱামতে হোৱা নাই একো 
ভবা মতে পোৱা নাই 
বিলাসী সভাত জোনাকী আভৰণ 
আহত হওঁ বাৰে বাৰে
মলিন মুখত বেদনাৰ ডাৱৰ দেখি
দুৰ্দশাৰ কামি  হাড়ত সময়ত কি আঁচোৰ  
আগুৱাম বুলিও আগুৱাব নোৱাৰে
কোমল ৰ'দালিৰ কাচলিত  
 বাউলী মেঘৰ কৰুণ চাৱনী 
তুমি কবি নিৰৱ সাধক মৌনতাৰ 
মই বিচাৰি ফুৰা প্ৰতিটো গলিত 
মাথোঁ হাহাকাৰ জীৱনৰ সংগ্ৰামৰ
প্ৰতিটো কলমেৰে  নিগৰা চিয়াঁহীৰ ওঁঠত
কিমান বিষাদ কিমান উচুপনি 
     
মই অঘৰী হওঁ সময়ে অসময়ে 
আৰ্তজনৰ পৰিত্ৰাণৰ বাবে কাষ চাপো
একোটো নাই দিবলৈ সহানুভূতিৰ বাহিৰে  

মোৰ দুহাত  আগুৱাই দিওঁ তোমাক
সজল চকুত বিসৰ্জিত মোৰ সকলো দুখ 
অনন্দই বিচাৰি পায় জীৱন সৌৰভ 

তুমি মোৰ  শুৱনি কোঠাৰ কবিতাৰ প্ৰেমিক  
সময়ে অসময়ে তোমাক লৈ ফুৰো 
প্ৰতিটো আশাত সঁহাৰি বুটলি 
খোজত খোজ মিলাই
সদ্যস্নাতা  জোনাক বিচাৰি।



অঙ্গন:  পৃষ্ঠাঃ ২১

চোতাল

মিতালী শৰ্মা

চোতালখন পকা নকৰিবাচোন 
গোটেই ঘৰটো ঢাকি পেলালা 
মাৰ্বল আৰু টাইলছেৰে 
ইকৰাৰ বেৰখন নেদেখাই হ'লো ! 

এতিয়া শুকান ৰঙা মাটিৰ চোতালখনে 
মুকলি আকাশলৈ চাই 
সূৰ্যৰ পোহৰত জিলিকি আছে 
চোতালৰ কাষৰ দূবৰি দৰাই 
নিয়ৰলৈ বাট চাই আছে,
এইবেলি শৰতত শেৱালিক 
সাৱটিব। 

কণ কণ ল'ৰা-ছোৱালী কেইটাই 
চোতালত ৰঙৰ মেলা পাতি ভাল পায় 
খেলিলেনো কি হয় ?
ৰঙা মাটিত পৰি আঠুৰ চাল ছিগিলেই 
যেনিবা!
বগা গেঞ্জীত ৰঙা মাটিৰ দাগ লাগিলেই 
যেনিবা!
টাইলছৰ চিকচিকিয়া পকাত
তাহাঁতৰ বোকা ভৰিৰ খোজে
ৰংগোলী আঁকি বাথৰুমলৈকে 
সজালেই যেনিবা
তাতে কি হ'ল ? 

চোতালৰ কাষত শাৰী পাতি 
থিয় হৈ থকা বকুল আমলখি
শেৱালি খৰিকাজাঁই আৰু 
কথনা ফুলৰ হাহিঁয়ে তাহাঁতৰ 
গধূলি সজাই.... 

সেই চোতালতে উমলেহি 
কপৌ ঘৰচিৰিকা পাৰ
শালিকা কাউৰী কেইজনী ।
এজাক বৰষুণত তাহাঁতক 
মাটিৰ গোন্ধ লৈ ডাঙৰ হ'বলৈ দিয়া,
সেই গোন্ধে তাহাঁতক লৈ যাব 
ঘৰৰ চোতালৰ পৰা স্বদেশৰ 
চোতাললৈ। 

 উলুবাৰী
গুৱাহাটী



অঙ্গন:  পৃষ্ঠাঃ ২২

পাহৰি যাবলৈ পাহৰোঁ

ৰিপুঞ্জয় বৰুৱা ঋমন

বাটৰ মূৰত কিবা পাহৰোঁ 
কেতিয়াবা ৰুমালখন
কেতিয়াবা কলমটো
কেতিয়াবা পুৰণি ডায়েৰীখন 
কালি ৰাতি গোপনে চকু দুটা সোলোকাই থলোঁ
কিন্তু ক'ত ? পাহৰিলোঁ !

জোনাকত বিজুলীয়ে ডকা সেউজীয়া ৰং দেখিছিলোঁ 
নিচুক ৰঙবোৰ কেনি গুচি গ'ল সেয়াও নমনিলোঁ !

প্ৰশ্নৰ উত্তৰ ঠিকেই দিওঁ
উত্তৰৰ প্ৰত্যুত্তৰ দিবলৈ পাহৰোঁ 
পাহৰোঁ বন্ধন বেংকৰ কিস্তি দিবলৈ ।

প্ৰেয়সীক, খবৰ সুধিবলৈও নপৰে মনত !

কথাবোৰ ভাবি আফচোচ কৰোঁ ।

মগজুৰ সতে ৰাহি নিমিলা এক কামত
অতদিনে হেপেটিমুৱা হেতালি খেলি আছিলোঁ ।

কেতিয়াবা এনেকুৱাও হয়
পাহৰি যোৱা বিলাক পাহৰি যাবলৈ পাহৰোঁ !

কোনোবাই মোক কৈছিল তুমি সেই ঠাইলৈ যোৱা
য'ত তেওঁক 
শেষবাৰৰ বাবে লগ পাইছিলা
কথা পাতিছিলা 
দুখৰ হাঁহিটো ভাগ বতৰা কৰিছিলা ।

জীৱনৰ সেউজীয়া খদ্দৰ যোৰ পিন্ধি,
খুব সম্ভৱ সেইবিলাক পালেই মই সুখী হলোহেঁতেন !

তেওঁ এতিয়া নাই 
অথচ উঁইয়ে খোৱা চেতনাত 
তেওঁৰ সেই ঠাইখিনি আজিও খালী হৈয়ে আছে !

বসন্ত উভতি অহাৰ আশাৰে আশাবাদী 
একুৰা জীয়া মৰিশালিৰ উৱলি যোৱা জুই ।


অঙ্গন:  পৃষ্ঠাঃ ২৩

বৰষুণ

পল্লৱী গগৈ বুঢ়াগোহাঁই

বহাগে ঠিকনা হেৰুৱাৰ অজুহাতত
বৰষুণ নামিছে,
মৌন পলবোৰ বাংময় কৰি
টোপা-টোপে পানী সৰিছে।
বৰ্ষণমুখৰ প্ৰতিনিয়ত
পাখিলাহি  উলাহ 
আতোলতোলকৈ কোলাত লৈ
পথাৰবোৰ তেজাল
অশ্বাৰোহী, তগবগ সময়ৰ 
লানি-নিছিগা
আশাৰ সম্ভ্ৰান্ত প্ৰহৰী।

বৰষুণে জীপাল কৰা
পথাৰত বিনীত হওক
কৃষক-ৰোৱনীৰ আশাৰ তামীঘৰ,
বিশ্বাসৰ কোলা শুৱাই
নামি আহক 
নিচৰ্ত সুখৰ
সুৰীয়া গান।

কলেজ ৰ'ড, 
আমগুৰি।


অঙ্গন: পৃষ্ঠাঃ ২৪

ক্ষোভ ,ক্ৰোধ , বিষাদ ইত্যাদি

(এজন অফিচাৰৰ নামত উৎসৰ্গিত )

ৰিণ্টু টায়ে

তোমাৰ আস্ফালনত বৰষুণ দিয়ে নে মেঘে ?
জীপাল হয় নে ককাদেউতাৰ
মাটি ডৰা ?
 শস্য শ্যামলা বিপুল সম্ভৱানাৰ বিশাল পথাৰত
তোমাৰ আতংকত উৰি  গুচি যায় নে  পোহৰ প্ৰয়াসী গান গোৱা চৰাই ?

"তুলসী পাতৰ লগত  কলপটুৱাৰ
মুক্তি ,"

তুমিও জানা সেইটো কথা।
অথচ তোমাৰ কি অদ্ভুত যুক্তি ?
জেতুকা পাতৰ ৰং সেউজীয়া 
নে  তেজ বৰণীয়া  ?
মোক সুধিছিলা ? 
সৌ সিদিনা আবেলি 
ৰঙা বেলি
জ্বলিছিল পশ্চিম আকাশত ?

তুমি মোক মাতিছিলা
"তুৰন্তে আহি যোৱা"
মই যেন তোমাৰ 
আঙুলিৰ নিৰ্দেশত দৌৰি ফুৰা পোহনীয়া আথচ অচিনাকি ডগী। 

তোমাৰ
আত্মশ্লাঘাৰ শৃংগত
বিস্ফোৰিত সংলাপৰ (আণৱিক) বোমাত  
ক্ষত-বিক্ষত ৰক্ত-মাংসৰহিত ছিন্ন-ভিন্ন মোৰ ভাৱাবেগ ।

তোমাৰ ক্ৰোধাগ্নিত ঘিউ ঢালি ঢালি মন্ত্ৰপাঠ কৰিবলৈ  নিচেই কাষত 
কি আশ্চৰ্যজন নাৰী মূতি ?
তোমাৰ বাৰু কথাবোৰ মন পৰে নে ?

নাই, নাই পাহৰিম বুলিও পাহৰিব পৰা নাই
এটা আৱদ্ধ কোঠালি,
তোমাৰ এটা ফোন কলৰ সঁহাৰিত মই  যে তোমাৰ কব্জাত
আৰু এই যে তোমাৰ স'তে মোৰ প্ৰথম সাক্ষাৎ ,

মই নিবিচৰাকৈয়ে 
তুমি মোক বুজাব বিচাৰিলা
এই দেশত তুমি যে কিমান বিখ্যাত ?

নিজৰ গৰিমা তুমি নিজে বখানিলা...

আৰু মই ?
মই যেন দীন-হীন সংসাৰৰ সামান্য পথিক
অখ্যাত গলিতে অখ্যাত জীৱন হ'ব মোৰ লীন।

তুমি মোক তোমাৰ দৰে হ'বলৈ
সাত সাগৰৰ মণি-মুকতাখচিত  বহুত উপমা দিলা
দুখনকৈ হাকীমৰ চকীত বহি
কিদৰে আঁজুৰি আনিব পাৰি
কেঁচা ঘামৰ টোপালত সৰি পৰা নিমখ !

কিন্তু মই জানো তোমাৰ দৰে হ'ব পাৰোঁ!
অফিচাৰ!

পাহৰিম বুলিও পাহৰিব পৰা নাই
বন্ধ কোঠালিত 
তোমাৰ স'তে এই যে মোৰ প্ৰথম সাক্ষাৎ !

স্মৃতিৰ পদপথত অসংখ্য প্ৰতিচ্ছবিৰ মাজত
অহৰহ ভাহি থাকে জানা ,তোমাৰে  কৰ্কশ  সংলাপ।

তোমাৰ দৃষ্টিত মই হ'লো মদাৰ!
সবাহতো নালাগে, পূজাতো নালাগে
মইতো হ'বই নোৱাৰোঁ, কোনোকালে উন্নতিৰ আধাৰ।
আৰু তুমি ? 
তুমি যেন এপাহি গোলাপ।

ৰাজদৰবাৰো তুমিয়ে কৰিলা হেনো শুৱনি,
সম্ৰাটৰো  বোলে প্ৰিয় হ'লা তুমি, ৰাণীৰ হৃদয় জিনি!

 কৰ্ম খ্যাতিত  তোমাৰ নাম হেনো ৰজা প্ৰজা (ডিৰেক্টৰ), সকলোৱে জানে।
প্ৰতিদিনে 
খবৰ -কাগজতো বোলে তোমাৰে নাম...!
তুমি যেন জীৱন্ত ইতিহাস!

তাচ্ছিল্যৰ সুৰত মোক  সুধিছিলা, "তোমাৰ নাম ৰজাই জানে ?"
মই নীৰৱে থাকিলো, কিয় জানা...
পলাশে-মদাৰে বনে-উপবনে 
বনৰ পখীয়ে জানিলে হ'ব দিয়ক মোৰ নাম ,

ৰজাৰ পৃষ্ঠপোষকতাত লুকাই থাকিব পাৰে
সদ্‌নামৰ আঁৰত বদনাম।

মোৰ স্পষ্টবাদীতাক ঢাকিবলৈ ,
শক্তি আছে বুলিয়ে 
তুমি নিক্ষেপ নকৰিবা, আত্মশ্লাঘাৰ তীব্ৰ বাসনাত ক্ৰোধৰ দাৱানলেৰ সংপিক্ত  সংলাপৰ বোমা
অথবা কলীয়া ডাৱৰৰ চপৰা
মোৰ হৃদয় আকাশৰ বিশালতাত এতিয়া নাই,
কলীয়া ডাৱৰৰ বাবে অকণো ঠাই।

তোমাৰ আত্মশ্লাঘাৰ আস্ফালনত আতংকিত 
হৈ উৰি গুচি যায় নে গান গোৱা চৰাই ?


অঙ্গন:  পৃষ্ঠাঃ ২৫

সাৱধান 

গীতাশ্ৰী  নাথ

চাৰিওফালে প্ৰত্যক্ষ হৈছে
 হৰতাল, প্ৰতিবাদ ।
কাৰোবাক  মুক্তি
কাৰোবাক লাগে স্বীকৃতি ,
জাতিৰ নামত, ভাষাৰ নামত । আঢ্যৱন্ত ক্ষমতাশালী
 শাসক শ্ৰেণীৰ শোষণৰ বিৰুদ্ধে 
দেখো ৰাজপথত হাজাৰ হাজাৰ মুক্তিকামী যুৱকৰ ,
মুখেৰে অগ্নি নিগৰা তিৰ্যক বাক্যৰ সমজুৱা দল ।
সাৱধান  সাৱধান 
শোষণকাৰী দল সাৱধান ! 
সম্মুখত দেখো সৌৱা আন্দোলনকাৰী দল ।
হাই হাই শোষিত শ্ৰেণী  তোমালোকৰ কি দশা !
তোমালোকে ইমান কষ্টৰে কিয় জীৱন নিৰ্বাহ কৰিছিলা ?
তোমালোকৰ প্ৰতিক্ৰিয়া কিয় ইমান পলম ?
তোমালোকৰ আন্দোলন নিৰ্যাতনৰ শেষ পৰ্যায়তহে কিয় ?
হেই শোষণকাৰী সকল তোমালোকৰ ইমান সাহস ,
হাজাৰ হাজাৰ সপোনক গচকি
দামী দামী আৱাস গৃহত 
মদিৰাত শোঁহা লৈ গোটেই নিশা মচগুল হৈ থাকা ।
নৰ্তকীৰ লগত তাল-লয় কাটিও মচগুল হৈ নাচা ।
তোমালোকৰ মুখেদি বৰষা
 অমৃত বাক্যৰ 
কিন্তু প্ৰশংসা নকৰি নোৱাৰি ।
কি ভাষণ ! 
কেনেদৰে দুখ প্ৰকাশ কৰে জনতাৰ দুখত নিৰ্বাচনৰ আগত ।
কিন্তু আপোনালোকৰো 
বিপৰ্যয়  আহিছে ।
সাৱধান  সাৱধান 
শোষণকাৰী দল সাৱধান ! 
সম্মুখত দেখো সৌৱা আন্দোলনকাৰী দল ।


সোনাৰি আটী , মাজুলী ।


অঙ্গন:  পৃষ্ঠাঃ ২৬

অৰুণিমালৈ...

ভৃগু কুমাৰ 

(দুখবোৰ বুকুতে থাকক অৰুণিমা  
বুকুৰ কবিতা হৈ  
আনে পঢ়িব নোৱাৰাকৈ )

দুখবোৰ পঢ়িলে
তোমাৰ বুকুত অযুত দুখ বাঢ়িব
আৰু কোনেও  বাধা দিব নোৱাৰা নিসংগ বাট এটাৰে দুখৰ চকুলো বোৱাই মই সদায়ে গৈ থাকিব লাগিব   ।

তিনিচুকীয়া


অঙ্গন:  পৃষ্ঠাঃ ২৭

শীতৰ দুপৰীয়া         

অসমা তুংখুঙীয়া

যৌৱন সূৰ্যৰ উলম্ব আলোকেৰে প্ৰতিভাত হৈ
শীতৰ দুপৰীয়া শব্দৰ স'তে একাত্ম হওঁ ,
কাঁচিয়লি জোনৰ স্নিগ্ধতাত আপোনপাহৰা
হোৱা মনৰ ৰংবোৰ
সৰিয়হৰ হালধীয়াত জুবুৰিয়াই
বুকুৰ ভিতৰলৈ যোৱা দুৱাৰখন বন্ধ কৰি দিওঁ ।
স্মৃতি -বিস্মৃতিৰ বাখৰোৱা ৰঙৰ 
হেঁপাহবোৰ আজলি পাতি কোঁচত ভৰাওঁ ।
হাঁহিৰ বৰ্ণালীবোৰে শীতৰ চোতালত
ৰ'দ ছটিয়াই
মেঘমুক্ত আকাশলৈ চাই ৰয় --
এছাটি উমাল বতাহৰ আগমনলৈ ।
যাযাবৰী মনৰ প্ৰেমিক চকুহালে
বিচাৰি ফুৰে অকণমান নিভাঁজ মৰম।
আৰু বা কিমানটা শীত ভাগ্যত মিলিব !!
হেঁপাহৰ নিহালিখন আপদীয়া মলয়ৰ 
স্পৰ্শত উৰি যাব নেকি !!
আৰক্তিম হৃদয়ানুভূতিবোৰ 
ৰৌদ্ৰদীপ্ত আকাশত সতেজ হ'বলৈ
খুলি থ'ম
হৃদয়ৰ সেউজ দুৱাৰ ।
শীতৰ দুপৰীয়া ৰ'দৰ দলিচাত
শব্দবোৰে কিৰিলিয়াই উঠিব 
পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ভাষা প্ৰেমৰ গীত গাই গাই ।


          নামতি


অঙ্গন: পৃষ্ঠাঃ ২৮

বাৰিষাৰ কবিতা

 ৰূপা গগৈ 
                                
হেৰৌ হেৰৌ বলিয়া বান
কিমান কঢ়ি নিবি আৰু 
খাটি খোৱা জনতাৰ প্ৰাণ ... ।

বাৰীত পলস পৰিল 
খেতিয়কৰ টোপনি সৰিল
পথাৰৰ বেদনাত বুকুৰ কামিহাড় 
দালি দালি হৈ পৰিল .. ।

পেটৰ ভোক পেটতে ৰয়
ৰজাঘৰীয়াই আকৌ development ৰ কথা কয় ... দুচকুত বয় ঢল
কিমান জীয়াতু ভূগিলে বাৰু
জীৱনটোৰ প্ৰতি অনিহা হয় ?

এতিয়া বানপানী ৰাজ‍্যৰ সমস্যা নহয়
যেন এটা উৎসৱহে 
কোনোবাই কান্ধত উঠে আকৌ
কোনোবাই সমালোচনা কৰে
সাংবাদিকৰ TRP বাঢ়ে
সমাধান যে একোৱে নাহে !

 প্ৰতি বছৰে আহে আৰু যায়
যেন এটা পৰিক্ৰমা বছৰৰ
দুখীয়া ৰাইজৰ দুখ একেদৰেই ৰয়
মূল‍্যবৃদ্ধিৱে চৰমসীমা চুলে 
ৰজাঘৰীয়া এতিয়া নাকবজাই শোলে ।

ভাৱি ভাৱি লাগিছে ভয়
আমাৰ সময়বোৰ বাৰু এনেকৈয়ে পাৰ হ'ব....
ল'ৰা ছোৱালীৰহঁতৰ ভৱিষ্যতবোৰ যে অন্ধকাৰত যাব ।

আত্মনিৰ্ভৰশীলতাৰ পাঠ
পঢ়াই পঢ়াই পৰিছোঁ ভাগৰি 
কেনেকৈ সমাধান কৰোঁ
আজিৰ এই নিবনুৱা সমস্যা
নহ'লে এদিন কালৰূপ ল'ব
মানুহৰ জীৱন নিৰ্বাহ বৰ কঠিন হৈ পৰিব ।


অঙ্গন:  পৃষ্ঠাঃ ২৯

অনাথ

ক্ষিৰুদ হাজৰিকা 

শূন্য ভিক্ষা-পাত্র লৈ 
পথৰ দাঁতিত শুই পৰা
নিষ্পেষিত, ৰুক্ষ, শুষ্ক অনাথৰ দল।’’
কোনো যদি মাতৃ হৰা 
কোনো আকৌ কলঙ্কৃত পিতৃৰ কলঙ্কত দিশ হৰা। 
কোনো যদি ভাতৃ ভগ্নীৰ 
মমতাৰে ভৰা
আনজন আকৌ 
ৰোগীয়া মাতৃৰ অন্ন দাতা।
মানুহৰ জীৱনৰে সিহঁতো মানুহ
প্ৰাৰ্থক্য মাথোঁ সিহঁতৰ
ভোকত আধামৰা কংকাল সদৃশ শৰীৰ,
উৱলী যোৱা মলিয়ন এযোৰ কাপোৰ, 
সেয়ে হয়তো সিহঁত উপেক্ষিত অৱহেলিত।
পেটৰ তাড়নাত আগবাঢ়ে 
কাৰোবাৰ ভৰিত পৰি কাকূতি কৰে 
এসাঁজ খোৱাৰ বাবে। 
লঘোনীয়া মাকজনী ভেলেঙী চকুৰে
বাট চাই থাকে –
সি ঘূৰি অহাৰ বাবে। 
সি আহিব কিবা এটি আনিব
তাইৰ নয়নৰ মণিক 
কাষত পোৱাৰ হেঁপাহেৰে  
তাইৰ মৃতপ্ৰায় দেহত আশাৰ সঞ্চয় ঘটে।

উত্তৰ লখিমপুৰ


অঙ্গন:  পৃষ্ঠাঃ ৩০

বেলিৰ ঠিকনা...

জ্যোতিমণি শইকীয়া বৰুৱা

বুকুৰ নদীত ঢৌ উঠে
নামি আহে অকাল বাৰিষা
খুলি থ'লে বুকুৰ নদীয়ে
শিলাময় সাজ,
সনাতন সময়ৰ সোঁতত
উটি উটি নামি আহে
সেই নদীলৈ
এটি প্ৰেমৰ মালিতা...

চেৰেকীত ৰঙীণ সূতা,
মাকোত মহুৰা হৈ ঘূৰে
বাঙ্ময় প্ৰেমৰ কথকতা 
গৰকাত দুভৰি থমকে
চেনাই আহে বা নাহে!!

জবাফুল আৰু জবাপাত
পিচি সনা
কিচকিচীয়া ক'লা চুলিটাৰী
নাচি থাকে বতাহত দুলি,
জেতুকা বুলীয়া দুহাতত
হেঁপাহৰ উদুলি-মুদুলি,
আৰু
পাজিসেৰীয়া আঙুলিত
ওলমি ৰয়
বাৰিষাৰ এটি গধূলি...

আঁহত গছ থকা বাটৰ কেঁকুৰিত
নদীৰ বুকুত বেলিও থমকে,
নিজানে নিমাতে
নদীৰ ঘাটত নাও চাপে,
ঐনিতমৰ সুৰত
নদীৰ বুকুত কঁপনি উঠে...

উশাহ ঘন বুকুত চেনেহে মৈ টানে...

তাজমহল গঢ়াৰ
পথ এটা প্ৰশস্ত হৈ পৰে...

বুকুৱে বুকুত স্বচ্ছ ঠিকনা গঢ়ে

আগচোতালত বেলিটো 
ঢলপুৱা হৈ উমলি থাকে...

 
   টেকেলা গাঁও,যোৰহাট।


অঙ্গন: পৃষ্ঠাঃ ৩১
 
অনুভৱ 

 আকাংক্ষা বৰা

বৰ্ষাসিক্ত পুৱতি নিশা 
তেওঁ আহে 
এটি হালধীয়া লেফাফা লৈ 
মোৰ অৱৰুদ্ধ হৃদয় দুৱাৰৰ 
চাবি-কাঠি বিচাৰি৷
কিন্তু মই অবিশ্বাসৰ চাকনৈয়াত 
দিশহাৰা হোৱাৰ অজান আশংকাত 
বাৰে বাৰে মেৰিয়াই লওঁ 
মৌনতাৰ চাদৰ৷
তেওঁ পুনৰ আহে 
মোৰ চৰম অৱজ্ঞাক নেওচি 
ভগ্ন খিৰিকীখনৰ ফাঁকেৰে 
জোনাকী পৰুৱা হৈ 
মোৰ বিবৰ্ণ পৃথিৱীৰ 
দীপ হ’বলৈ৷


 অঙ্গন: পৃষ্ঠাঃ ৩২

যাযাবৰী মন

সুৰজ চন্দ্ৰ দাস
        
কিবা এটা লিখিম বুলি ভাবো
কিন্তু নিজৰ ভিতৰত শান্তিপূৰ্ণ
স্থিৰ মন এটা 
বিচাৰি পোৱা নাই


যেন অস্থিৰতাই আগুৰি ধৰিছে 
অথচ মই ভাগৰিও পৰা নাই 

মনে যেন এক নিজান পৰিৱেশ 
বিচাৰি ফুৰিছে 
য'ত নাই কোনো মানসিক অন্তদণ্ড।

আজি কিয় জানো 
ধৰণীৰ কোলাত বাগৰিও 
বুকুৰ মাজত উকা উকা লাগিছে 
মনে কি বিচাৰিছে !!

ক'লৈ যাম, কি কৰিম
সম্প্ৰতি যেন এক গভীৰ চিন্তাৰ অৰণ্যত সোমাই গৈ আছো
সফলতাৰ বাট কেনি !!

বহু দায়িত্বই আগুৰি ধৰে
যেতিয়াই অলপ চকুযুৰি মুদি দিওঁ

মনে বিচৰা
সেই উৎফুল্লিত জীৱন
নাজানো কেতিয়া বিচাৰি পাম!!

শান্তিৰ পৰশ
পক্ষীৰ দৰে উৰি ফুৰা 
সাংসাৰিক চিন্তামুক্ত জীৱন...

তোমাৰ অপেক্ষাত....

বঙাইগাঁও


অঙ্গন:  পৃষ্ঠাঃ ৩৩

নতুনক আদৰি

ড০ দীপমণি দাস

নতুনক আদৰি ল'বলৈ
পুৰণিক বিদায় দিয়াৰ আছে জানো
প্ৰয়োজন !

উমাল সময়ত হৃদয়
মৰমৰ নৈ
তৰপে তৰপে থাকে
মৰমবোৰ বৈ

এক তৰপ যিদৰে পুৰণিৰ বাবে
আন তৰপ নতুনৰ বাবে 

আদৰা আদৰি
আমাৰ সংস্কৃতি

পুৰণিবোৰ উত্তৰণ বৃত্তত
এদিন  ঐতিহ্য
শিপা
সংস্কৃতিৰ শিপা

সংস্কৃতিবোৰ চলি থাকক
জীৱনৰ বাটত !


বৰপেটাৰোড
ৱাৰ্ড নং ১০
৮১৩৩০৫৯৫৬১



অঙ্গন:  পৃষ্ঠাঃ ৩৪

অমানিশাৰ সপোন

মনিষা কলিতা

নিস্তব্ধ অমানিশাটিত
তন্দ্ৰা মগন মই।
সপোনলৈ আহিছে, বেদনাই
হৃদয়ৰ দুৱাৰ খুলি আজুৰিছে সুখবোৰ 

দপদপাই উঠিল বেদনাই
হৃদয় লৈ চাই,
"এই স্থান নহয় আনৰ
তাহানিৰে সম্পৰ্ক মোৰ লগত এই হৃদয়ৰ।'

অকস্মাৎ গৰজি উঠিছিল নিৰদালয়।
নিদ্ৰাৰ জালি কাটিছিল
বেৰৰ জুলুঙাৰে সৰকা
বিজুলীৰ অত‍্যুজ্বলতাই।

তন্দ্ৰা মগ্ন স্বপ্নটি বাৰে বাৰে ভাঁহে
মোৰ দুচকুতে।
মনটি দেখোন ইচাত বিচাত।

দুৱাৰ খুলি ওলাই আকাশলৈ চালো,
আকাশত জ্বলিছে বিজুলী।
প্ৰতিচ্ছবি সেয়া যেন
মোৰ হৃদয়ৰ পদূলিত তুমি জ্বলোৱা
 এটি প্ৰেমৰ সম্পৰ্ক আৰু সপোনবোৰৰ হুতাশন।

প্ৰতিবিম্ব দেখিলো সুদূৰ আকাশত
হৃদয়ৰ পদূলিত জ্বলা জুইকুৰাত
দুহাত শেকী উত্তাপ লৈছা।
অনুশোচনাহীন তথাপিও তোমাৰ হিয়া।


অঙ্গন: পৃষ্ঠাঃ ৩৫

গ্লানিৰ পৰিভাষা

ৰিতুপৰ্ণ শৰ্মা

নিসংগ ক্ষণবোৰ অভ্ৰৰ খচমচনি 
অতৃপ্ত নৈৰ বকবকনি 
গ্লানিৰ পৃষ্ঠাত সলাজ চকুৰ স্মৃতিৰ সাঁকো 
ৰুদ্ধ সুৰ সংগমত বিষাদৰ দলিচা
স্থিৰ হৈ চাই ৰৈছো মানৱতাৰ ঐক্যতান
আধৰুৱা সময়ৰ পিৰামিদত সমাধিস্থ
শূন্যত হেৰাই গ'ল নেকি উদ্দিপ্তৰ বাষ্প
মুক্ত প্ৰতিভাৰ জালিকতা অজুহাত 
আসন্ন হাতেৰে স্পৰ্শ কৰা অসীম হাবিয়াস
তিক্ত অভিজ্ঞতাৰ সংকোচ নেওচি 
চফল সংকোচৰ প্ৰবীন বিশ্বাস
মুমুৰ্ষ চৰাইৰ ভগ্ন ডেউকাৰ আচলত
নবীন আশ্বাসৰ কৃত্ৰিম প্ৰয়াস
বিচ্ছিন্ন সপোনবোৰ শেৱালিৰ দলিচাত
নকৈ সজোৱাৰ সাধনা
এটা অজুহাত সাতোৰঙী সপোন 

বেলতলা চাৰ্ভে
পিন:৭৮১০২৮
যোগাযোগ:৯৭০৭০৭৫৮৪৪


অঙ্গন:  পৃষ্ঠাঃ ৩৬

পূৰ্ণতা-অপূৰ্ণতা 
 
 বিচিত্ৰ কুমাৰ দাস 

কোনো মানুহ কেতিয়াও পূৰ্ণ নহয় 
অপূৰ্ণতা জীৱনৰ এক মনোমোহা স্কেছ 

বহুত কিবা-কিবি থকাৰ পাছতো 
নথকাটো পাবলৈ দূৰন্ত হাবিয়াস 

বহুত কিবা-কিবি পোৱাৰ পাছতো 
নোপোৱাটো পাবলৈ হৃদয় ব্যাকুল 

এনেকৈয়ে চলি থাকে জীৱন 
ঘড়ীৰ কাঁটাত দুলি দুলি 

অপূৰ্ণতাই  আঁকে 
জীৱনৰ এখন নিটোপল ছবি


অঙ্গন:  পৃষ্ঠাঃ ৩৭


নিয়তি

বিদিশা সোনোৱাল         

কিয় নিয়তিৰ হাতত হাৰ
মানিব লগীয়া হয় ?
কিয় বিচৰাবোৰ হেৰাই যায় ?
মনৰ আশা আকাংক্ষাবোৰ
ধূসৰ হৈ পৰে, 
যদি জীৱনত পাব লগা নাছিল,
কিয় সামৰি ৰাখিছিল ৰঙীণ হেঙুলীয়া সপোনৰ মাজত...

শূন্য চৌপাশ  
কেৱল নিসংগতা আৰু নিসংগতা
মনে বিচৰাবোৰ ক্ৰমান্বয়ে হেৰাই যায় শূন্যতাত।
শব্দহীন, প্ৰাণহীন হৈ পৰা 
সকলো পাৰাপাৰহীন চিন্তাৰ
সুবিশাল সাগৰ ...

ইমান নিষ্ঠুৰ
ইমান কঠোৰ 
মানি ল'বলৈ এই নিয়তি শব্দটো।


অঙ্গন:  পৃষ্ঠাঃ ৩৮

ৰেচিপিঃ

নগা পদ্ধতিৰে বনোৱা গাহৰি

             প্ৰাঞ্জল দত্ত
             নাহৰকটীয়া 

 উপকৰণ -  গাহৰি মাংস(নিজ জোখ মতে)শুকান জলকীয়া ৫/৬ টা, নহৰু ১টা, বিলাহী ২টা, বাঁহৰ গাজ, 


প্ৰণালী-  প্ৰথমে বিলাহী ২টা মিহি মিহি কৈ কাটি লৈ কুকাৰত দি লগতে বিলাহী খিনি যাতে কুকাৰত লাগি নধৰে তাৰ কাৰণে কম পৰিমাণে পানী অলপ  দিব (গেছৰ জুইকুৰা কমাই দিব)।  ৫ মিনিট মান পিছত গাহৰি মাংসখিনি দি অলপ সময় লৰাই থাকিব। ১০ মিনিট মান সিজাৰ পিচত নহৰু আৰু জলকীয়া খিনি দিব |
(নহৰু আৰু জলকীয়া মিহিকৈ পিহি ল'ব) তাৰ পিছত মাংস খিনি লৰাই ঢাকনিখন কুকাৰটোৰ ওপৰতে ৰাখি থ'ব। এনেদৰে ৬/৭ মিনিট মান ৰখাৰ পিছত বাঁহৰ গাজ অলপ দিব, আগৰ দৰে গোটেই বস্তুখিনি যাতে মিহলি হয় তাৰবাবে ভালকৈ লৰাই কুকাৰৰ ঢাকনিখন মাৰি দিব। তাৰ পিচত গেছৰ জুই কুৰা অলপ বঢ়াই দি ২টা হুইচেল মৰাৰ পিছত গেছটো অফ কৰি ভাতৰ সৈতে পৰিৱেশন কৰিব।


অঙ্গন:  পৃষ্ঠাঃ ৩৯
গল্পঃ

দুৱাৰদলিৰ সিপাৰে

মনালিছা পাঠক

স্কুললৈ বেছি দূৰ নহয় যদিও, সুজাতাক  সদায় দেউতাকেই  অনা নিয়া কৰে ৷ ৰিক্সাৰে আহি থাকোতে তাই প্ৰায়ে মন কৰে গাড়ীৰে যোৱা আন স্কুলৰ ল’ৰাছোৱালীবোৰে তাইলৈ চায় ৷ 
চাবয়ে ৷ 
সিহঁতৰ দেউতাকবোৰৰ যে ৰিক্সা নাই ৷
কথাটো ভাবি তাইৰ ভাল লাগি যায় ৷
দেউতাকে চলাই যোৱা ৰিক্সাখনত বহি যাওঁতে তাইৰ গৰ্ববোধ হয় ৷
স্কুললৈ অহাযোৱাৰ সেই সময়খিনি যেন বাপেক জীয়েক হালৰ একান্তই নিজৰ ৷  দেউতাকে তাইক বিভিন্ন বিষয়ৰ কথা কৈ যায় আৰু তাই শুনি থাকে ৷ কিছুমান কথা বুজি পায় আৰু কিছুমান কথা বুজি নাপায় ৷ হ’লেও তাই শুনি থাকে ৷ এইযে  অচিনাকি মানুহে মৰম কৰি মৰ্টন বা আন কিবা বস্তু দিলেও তেনে মানুহৰ ওচৰলৈ নাযাবলৈ দেউতাকে যে তাইক সঁকিয়াই দিছে,  সেইটো তাই বুজি পাইছে ৷ কাৰণ সোপাধৰাৰ কথা স্কুলৰ লগৰ ল’ৰাছোৱালী বোৰেও পাতে ৷ কিন্তু মাক আৰু দেউতাকৰ বাহিৰে আন কাৰো কোচত নবহিবলৈ আৰু মাক দেউতাক নথকা সময়ত তাইক অকলশৰে আনৰ লগত থাকিবলৈ মানা কৰাৰ কাৰণ তাই বুজি নাপায় ৷  
তথাপিও দেউতাকে মানা কৰা বাবেই তাই কেতিয়াবা অকলে স্কুললৈ যাবলগীয়া হ’লেও   বাটত কোনোফালে, কালৈকো নোচোৱাকৈ যায় ৷

পঢ়িব পৰা হোৱাৰে পৰা তাই স্কুললৈ যাওঁতে দোকানৰ চাইনবৰ্ডবোৰৰ আখৰবোৰ জোঁটাই জোঁটাই পঢ়ি যায় ৷ ভুল হ’লে দেউতাকে শুধৰাই দিয়ে ৷  তাহাঁতৰ ঘৰৰ গলিটোৰ পৰা ওলায়েই যি দুখন দোকান আছে তাত চাইনবৰ্ড নাই ৷ এখন সৰু গুমটি ৷ তাৰে পিছৰখন ধোবীৰ দোকান ৷ মানুহজনক পুৱাৰ ভাগত তাই নেদেখে ৷ কিন্তু স্কুলৰ পৰা অহাৰ পৰত সদায় মানুহজনক খাট এখনত লোহাৰ ক’লা গোদোহা ইস্ত্ৰিটোৰে কাপোৰ ইস্ত্ৰি কৰি থকা দেখা পায় ৷  দেউতাকৰ পৰা গম পাইছিল যে ধোবীজনে পুৱাৰ ভাগত কাপোৰ ধুবলৈ নদীলৈ যায় আৰু শুকোৱাৰ পিছত সেই কাপোৰবোৰ দোকানৰ ভিতৰত ইস্ত্ৰি কৰি থাকে ৷ জাৰৰ দিনত গৰম চোলা বাদেই, মানুহজনে ৰং গৈ পাতল হালধীয়া বৰণ ধৰা গেঞ্জীটোৰ বাহিৰে কামিজ এটাও পিন্ধা তাই দেখা নাই ৷ ইমান ঠাণ্ডাতো মানুহজনৰ কিয় ঠাণ্ডা নালাগে তাই বুজি নাপায় ৷
ধোবীৰ দোকান খনৰপৰা অলপ আঁতৰতে আন এখন দোকান ৷ তাই সেই দোকানখনৰ চাইনবৰ্ডত লিখা আখৰবোৰ হেঁপাহেৰে পঢ়ে ৷
’’শিৱানী টি ষ্টল, ইয়াত ধানুকা মিলৰ চাহ পোৱা যায়’’
চাইনবৰ্ডৰ লিখাবোৰ পঢ়িলে দেউতাকে সঁহাৰি দি হাঁহে ৷
তাই মন কৰে দোকানখনত থকা খাটখনৰ তুলিৰ ওপৰত বগা বিচনাচাদৰ পাৰি থোৱা থাকে ৷ ধোবীৰ দোকানখনতকৈ এইখন বেছি ভাল , তাই মনতে তুলনা কৰি চায় ৷ কাৰণ ধোবীৰ খাটখন সৰু হোৱাৰ উপৰিও তাৰ ওপৰত পাৰি থোৱা কাপোৰবোৰো ডাঠ আৰু মটিয়া বৰণৰ ৷ আনহাতে চাহপাতৰ দোকানৰ বিচনাখন ধকধকীয়া বগলীৰ দৰে বগা ৷

  তাই স্কুললৈ অহাযোৱাৰ সময়ত চাহপাতৰ দোকানৰ  খাটখনত দোকানী দাদাজনক সদায় বহি থকা দেখা পায় ৷ 
   সমুখৰ দীঘলীয়া ৰেকখনত চাহপাত ভৰ্তি ডাঙৰ ডাঙৰ আইনাৰ বৈয়ামবোৰ সজাই থোৱা থাকে ৷ মানুহবোৰে তাৰেপৰা চাহপাত কিনি নিয়ে ৷ 

  দেউতাকেও মাজে মাজে তাৰেপৰা চাহপাত কিনা দেখিছে ৷ মুগা বৰণীয়া ডাঠ কাগজৰ ঠোঙাত চাহপাত ভৰাই ওজন কৰি তাইৰ দেউতাকলৈ  দিয়াৰ সময়ত প্ৰায়ে দেউতাকে তাক মাকে গা ভাল পাইছে নে নাই সোধে ৷


   শনিবাৰে তাহঁতৰ স্কুল হাফ ছুটী ৷ সিদিনা দেউতাকে আনিবলৈ যােৱা  নাছিল ৷ দুপৰীয়া সময় , নিজান পথটোৰে অকলে অকলে আহি থকা সুজাতাই দোকানখনৰ কাষ পাওঁতে আনদিনাৰ দৰেই চাইনবৰ্ডখনৰ লিখাখিনি পঢ়ি পঢ়ি আগবাঢ়িছিল ৷

  : মাইনা ,শুনাচোন ৷

দোকানী দাদাৰ  মাতত তাই ৰৈ গ’ল ৷ অলপ যেন দোমোজাত পৰিল ৷

 "অকলে থাকিলে  কোনোবাই মাতিলে কেতিয়াও নাযাবলৈ মা দেউতাইচোন দঢ়াইদঢ়াই কৈ থৈছে ৷ 

 : নাই, নাযাওঁ" , তাই নিজকে কয় ৷ 

  : শুনাচোন ! তোমাক ৰাবাৰ লাগিব নেকি ? 

 : ৰাবাৰ ! ভাবিয়ে তাইৰ ভাল লাগিল ৷

: কিমান ৰবৰ ? বহুত ? পাঁচডাল নে দহডাল ? নে তাতোকৈও বেছি?

   ভাবি থাকোতে  তাইৰ কণমানি মনটোত ’ৰাবাৰ’ৰ প্ৰতি হেঁপাহ জাগিল ৷ 


 ’দেউতাই চোন এই দাদাজনৰ পৰা চাহপাতো কিনে আৰু দাদাজনৰ লগত কথাও পাতে ৷ দেউতাইতো ভাল বেয়া চব জানে ৷ দাদাজন বেয়া মানুহ হোৱাহেঁতেন দেউতাই কথা পাতিলেহেঁতেন জানো ? ’

 ৰবৰৰ প্ৰতি দুৰ্বল মনটোৱে দাদাজন ভাল মানুহ বুলি তাইক পতিয়ন নিয়ালে ৷ 

   ৰবৰৰ মোহত তাই দোকানখনলৈ সোমাই আহিল ৷ সি দোকান সংলগ্ন ভিতৰৰ কোঠাটোলৈ সোমাই গৈ ভিতৰৰ পৰা মৰমলগাকৈ  তাইক  মাতিলে ৷ চুচুকচামাককৈ দুৱাৰমুখৰ পৰা ভিতৰৰ কোঠাটোলৈ তাই ভূমুকিয়াই চালে।  পিচফালৰ খোলা দুৱাৰখনেৰে নাতিদূৰৈত তাই পুখুৰী এটা দেখা পালে ৷ এইবাৰ কোঠাটোৰ  একেবাৰে বেৰৰ কাষলৈ গৈ তাৰপৰা সি তাইক হাতবাউল দি মাতিলে ৷ 

কিন্তু ! মুখখন যেন তাৰ ভয়ত বিবৰ্ণ ৷ কিয় ? দোকানী দাদাইতো নিজেহে ৰবৰ দিম বুলি মাতি আনিছে ! 
তাৰ ভয়ৰ কাৰণটো তাই বুজি নাপালে ৷

  তাৰ কথামতে ভিতৰৰ কোঠাটোলৈ সোমাবলৈ লওঁতেই  সুজাতাই হঠাতে তাৰ ভৰিৰ অলপ আতঁৰত দা এখন পৰি থকা দেখা পালে ৷ এক  অজান আশংকাত তাইৰ মুখখন শুকাই গ’ল ৷  খৰধৰকৈ দোকানখনৰ পৰা তাই ওলাই আহিল ৷

  এবাৰো পিছলৈ নোচোৱাকৈ তাই ঘৰলৈ বুলি বেগাই খোজ ল’লে ৷ 

     সুজাতাই প্ৰায়ে ভাবে, কিয় দোকানীজনে ৰবৰ দিম বুলি মোক ভিতৰলৈ মাতিছিল !

 কিয় তাৰ মুখমণ্ডলত এটা ভয় ভয় ভাব ফুটি উঠিছিল !
খালী কোঠাটোত কেবল মাথো দাখন ?

 কিয় ?
 সি বাৰু দাখনেৰে দুচেও কৰিলেহেঁতেন নেকি ! 

 মনৰ মাজত উকমুকাই থকা এই প্ৰশ্নবোৰৰ তাই কোনো উত্তৰ বিচাৰি পোৱা নাছিল ৷ মাক দেউতাকক কব খুজিও তাই ক’ব পৰা নাছিল ৷

কিন্তু প্ৰায় বিশ বছৰ পিছত নিজে এজনী ছোৱালীৰ মাক হৈ সুজাতাই এদিন অনুভৱ কৰিলে যে ভাগ্যে তাই সেইদিনা কোঠাটোত সোমোৱা নাছিল ৷ নহলে আজি জানো তাই জীয়াই থাকিলহেঁতেন ? 

 সেই যে কেতিয়াবা শুনিবলৈ পাওঁ, কণমানি ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰাৰ খবৰ ! ...উস্ ! 

 সুজাতাই আৰু ভাবিব নোৱাৰে ৷

সময়ৰ সোঁতত সেই দোকান, সেই দোকানী হেৰাই গ’ল ৷ কিন্তু সুজাতাৰ দুচকুত এতিয়াও ভাঁহি আছে দোকানখনৰ চাহপাতৰ বৈয়ামকেইটা, চাইনবৰ্ডত লিখি থোৱা আখৰকেইটা আৰু দোকানীদাদাৰ সেইদিনাৰ অস্বাভাৱিকভাৱে তিৰবিৰাই থকা চকুদুটি  !!


অঙ্গন:  পৃষ্ঠাঃ ৪০

অস্তাচলৰ সূৰুযমুখী

নিৰুপমা ডেকা
 
     ললিতা বৰুৱাৰ সেইদিনা মনটো এটা বুজাব নোৱাৰা দুখে আগুৰি ধৰি আছিল ৷ বাহিৰত উমঘাম নাই সেই বেজাৰৰ ৷ মনৰ ভিতৰতহে সেই দুখৰ তাণ্ডৱ চলিছে ৷ এনেও তেওঁ মানুহগৰাকীয়ে আনৰ ওচৰত দুৰ্বলতা দেখুৱাবলৈ টান পোৱা মানুহ ৷ সিদিনা তেওঁ জীৱনৰ শেষবাৰলৈ কৰ্তব্যৰ খাতিৰত স্কুললৈ যাব ওলাইছে ৷ তেওঁ অলপ পলমকৈ মানে পঁয়ত্ৰিশ বছৰ বয়সত বিদ্যালয়খনত প্ৰথম যোগদান কৰিছিল ৷ আজি চাকৰি জীৱনৰ পঁচিশ বছৰীয়া যাত্ৰাৰ শেষ দিন ৷এই পঁচিশ বছৰত তেওঁ কি আৰ্জিলে নাজানে ৷ অৱশ্যে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত এগৰাকী নাম কৰা শিক্ষয়িত্ৰী হিচাপে সমাজত এখন সুকীয়া আসন তেওঁ পাইছে ৷ সেয়া মাত্ৰ স্বীকৃতি নে সঁচা প্ৰাপ্তি তেওঁ বুজি পোৱা নাই তেতিয়ালৈ ৷ তেওঁৰ স্বামী সত্যজিৎ বৰুৱা সেই একেখন বিদ্যালয়ৰ পৰা ১০ বছৰ আগতে অৱসৰ লৈছে ৷ 

    ললিতা বৰুৱাৰ মনৰ অৱস্থাৰ বৰ্ণনা দিবলৈ সেই সময়ত কঠিন ৷ পঁচিশটা বছৰে এখন নিৰ্দিষ্ট ৰুটিনত পৰিপাটিকৈ চলি থকা মানুহগৰাকীয়ে হঠাৎ নিজৰ ৰুটিনখন সলাব লাগিব পিছদিনাৰ পৰা ৷ সিদিনা বিদ্যালয়ত জীৱনৰ শেষৰটো পাঠ দিব ৷ মনতে ছাত্ৰ-ছাত্ৰী সকলক কি ক’ব তাকো অলপ ভাবি থৈছে ৷ গণবেশত চকুৰ সন্মুখত সদায় দেখা হাজাৰ কিশোৰৰ স্বপ্নদৃষ্ট মুখবোৰে তেওঁক শিক্ষকতাৰ মহান আনন্দ উপলব্ধি কৰাই সদায় ৷ সেই উচাহ ভৰা মুখবোৰ, সেই পৃথিৱীৰ প্ৰাণোচ্ছল নিৰ্ভেজাল হাঁহিবোৰ দেখাৰ পৰা তেওঁ সেইদিনাৰ পৰা বঞ্চিত হ’ব ৷ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ হাত ধৰি আগুৱাই নিয়া দেশৰ ভৱিষ্যত নাগৰিকবোৰ চামে চামে হাত এৰি ওলাই গৈছে ৷ সিহঁতৰ বিদায়ীৰ দুখে মন মলিন কৰিলেও সিহঁতৰ সুন্দৰ ভৱিষ্যতৰ দিশে আগুৱাই দি হাত এৰি দিয়া সুখো একক আৰু অনন্য ৷ এজন প্ৰকৃত শিক্ষকেহে অনুভৱ কৰিব পাৰে এই বেদনামিশ্ৰিত সুখ ৷

   সুখ-দুখৰ এই সকলো অনুভৱক সামৰি বুকুত লৈ তেওঁ ৰাতিপুৱাৰ কামখিনি কৰি নিজৰ ৰুমত সোমাল কাপোৰ পিন্ধিবলৈ ৷ বিদ্যালয়লৈ যাবলৈ আজি শেষবাৰৰ বাবে আইনাৰ সন্মুখত ওলাবলৈ লৈ নিজকে চাই তেওঁ কিছু সময় স্থবিৰ হৈ ৰৈ গ’ল ৷ দুচকুৰে দুধাৰি লোতক বাগৰি পৰিল তেওঁৰ অজানিতে ৷ লৰালৰিকৈ চকুৰ পানী মোহাৰি অইন দিনাৰ দৰেই সুন্দৰ আৰু পৰিপাটীকৈ তেওঁ বিদ্যালয়লৈ ওলাল ৷ ইতিমধ্যে সেইখন বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক হিচাপে আৰু পত্নীৰ  দায়িত্বশীল পতি হিচাপে বৰুৱাও পত্নীৰ সঙ্গ দিবলৈ বুলি বিদ্যালয়লৈ ওলাইছে ৷ ঘৰৰ পৰা বেছি দূৰ বাট নহয় বিদ্যালয়লৈ ৷ খোজ কাঢ়িয়েই যাব পৰা দূৰত্ব ৷ তথাপি বৰুৱা ওলাইছে উভতাৰ পথৰ সঙ্গী হোৱাৰ মনেৰে ৷ সিদিনাৰ দিনটোত মাকৰ সাহ হ’বলৈ পাঁচ বছৰ আগতে বিয়া দি উলিয়াই দিয়া ছোৱালীজনীও আগদিনাতে আহিছে ৷ কিন্তু তেওঁ মন কৰিলে তাই মাকতকৈ নতুনকৈ বিয়া হৈ অহা বৌৱেকৰ লগতহে বেছি সঙ্গ লৈছে ৷ বাৰু যিয়েই নহওক বৌৱেক নন্দেকৰ সম্পৰ্কটোৱেই ঠন ধৰি উঠক বুলি তেওঁ মনতে ভাবি সুখী হ’ল ৷

   ঘৰখনলৈ বোৱাৰী আদৰি অনাৰ প্ৰায় এবছৰ হৈ গ’ল ৷ বৰ সাদৰী বোৱাৰী ৷ তেওঁৰ ল’ৰাও ঘৰৰ ওচৰৰ কলেজখনত অধ্যাপনা কৰে আৰু বোৱাৰীয়েকো সেই একেখন কলেজতে অধ্যাপনা কৰে ৷ তেওঁলোকৰ ছোৱালীও হায়াৰচেকেণ্ডেৰীৰ বিষয় শিক্ষক ৷ ঘৰখনৰ সকলোৱে সেয়ে নিজৰ আৰু আনৰ পেচাক বুজে, শিক্ষকতাক বুজে আৰু সন্মান কৰে ৷ ললিতা বৰুৱা শিক্ষক হিচাপে যিমান সফল, মাতৃ আৰু পত্নী হিচাপেও সিমানেই সফল ৷ সেয়ে বহুতৰ বাবে তেওঁ ঈৰ্ষাৰ পাত্ৰীও ৷ অৱশ্যে কোনে তেওঁক ঈৰ্ষা বা হিংসাত চাইছে সেইবোৰ চাবলৈ তেওঁৰ হাতত তেতিয়া সময়ো নাছিল ৷ ৰাতিপুৱা উঠি বাহিবন, ৰন্ধা-বঢ়া, ল’ৰা-ছোৱালীৰ আউল মাৰি বিদ্যালয়ত উপস্থিত হোৱাটো একপ্ৰকাৰ এগৰাকী নাৰীৰ বাবে প্ৰত্যাহ্বান স্বৰূপ ৷ ঘূৰি আহিও সেই একে ব্যস্ততা ৷ সংসাৰৰ আউল মাৰি এঘণ্টা কিন্তু প্ৰতিদিনে তেওঁ চকুদুটা মুদি বিছনাত দীঘল দি পৰি আৰাম কৰিবই ৷ তেওঁৰ পুত্ৰৰ ভাষাত মাকৰ সেয়া ৰিছাৰ্জ টাইম ৷ হয়ো সেইখিনি আৰাম তেওঁৰ জীৱনৰ সঞ্জীৱনী ৷ আকৌ সন্ধিয়া ল’ৰা-ছোৱালী দুটাৰ পঢ়া-শুনা চোৱা, সন্ধিয়াৰ চাহ, তাৰ পিছত ভাত ৷ কামৰ তালিকাখন সুচাৰুৰূপে পালন কৰিবলৈ সেই আৰামকণৰ বৰ দৰকাৰ তেওঁৰ বাবে ৷ এনে ব্যস্ত মানুহ এগৰাকীয়ে অৱসৰৰ পিছত শিক্ষানুষ্ঠানত দিয়া সময়খিনি ক’ত খৰচ কৰিব তাৰ এটা পূৰ্ব পৰিকল্পনা থকা উচিত ৷ এনে কথাবোৰৰ পূৰ্ব পৰিকল্পনা নহ’লে অৱসৰৰ পিছৰ সময় কটোৱা বৰ কঠিন হৈ পৰে ৷ চিৰঞ্জীৱ বৰুৱা মানে তেওঁৰ স্বামীৰ তেনে সমস্যা হোৱা নাছিল, কাৰণ তেখেত আগৰে পৰা সমাজৰ কামত লাগি থকা মানুহ ৷ টিম হিউমিনিটি বুলি N.G.O এটাত জৰিত আছিল আৰু অৱসৰৰ পিছত দিনৰ সময়খিনিত তাৰে কামত সদায় ব্যস্ত হৈ থাকে ৷ বাকী ঘৰৰ কামবোৰৰ পৰা এনেইও তেওঁ কেতিয়াবাই অৱসৰ লৈছে ৷ ঘৰৰ সকলোবোৰ দায়িত্ব পত্নী আৰু ল’ৰা-ছোৱালী দুটাৰ ওপৰত এৰি দি তেওঁ নিজৰ ভাল লগা কামবোৰৰ মাজেৰে জীৱনৰ সুন্দৰ সময় কটাইছে ৷

    কিন্তু  ললিতা বৰুৱাই ভাবে তেওঁৰ জীৱন বৰুৱাৰ দৰে অৱসৰৰ পিছত নহয় গৈ ৷ কাৰণ মহিলা গৰাকীৰ দায়িত্বৰ বোজাটো আমৃত্যু কঢ়িয়াই থকাতো আমাৰ সমাজত অঘোষিত নীতি ৷ যিয়েই নহওক সিদিনা তেওঁৰ বিদ্যালয়ৰ শেষ দিন বাবে বৰুৱা তেওঁৰ লগত যাবলৈ ইতিমধ্যে সাজু হৈ বহি আছে ৷ তেওঁ ওলোৱাৰ লগে লগে বৰুৱাও উঠি তেওঁৰ পিছে পিছে খোজ ল’লে ৷ আজিৰ দিনটোৰ বোজা অলপ পাতলাবলৈ বুলি ৷ দুয়ো নীৰৱে কিন্তু একেলগে গৈ বিদ্যালয়ৰ কাৰ্যালয় পালে ৷ ললিতা বৰুৱা সদায় বহা নিৰ্দিষ্ট আসনখনত বহিলগৈ আৰু সকলো সহ-শিক্ষকক পুৱাৰ সম্ভাষণ জনালে ৷ বৰুৱালৈ এগৰাকী শিক্ষকে সসম্ভ্ৰমে এখন চকী আগুৱাই দিলে ৷ সকলোৱে তেওঁক প্ৰতিসম্ভাষণ জনালে ৷ এনেতে মঞ্জুৰী নামৰ প্ৰায় ছমাহমান আগতে বিদ্যালয়ত যোগদান কৰা বিজ্ঞানৰ শিক্ষয়িত্ৰী গৰাকীয়ে উঠি আহি ললিতা বাইদেৱৰ দুভৰি চুই সেৱা এটা কৰি ক’লে--

: মই আপোনাৰ পদাংক অনুকৰণ কৰি আগবাঢ়িব খোজো বাইদেউ ৷ আশীৰ্বাদ কৰিব ৷ জীৱনত আপোনাৰ দৰে মৰমীয়াল, দায়িত্বশীল শিক্ষক হোৱাৰ হেঁপাহ ৷ আজিৰ পৰা আপোনাক বিদ্যালয়ত নাপাওঁ, কিন্তু মোক পৰামৰ্শৰ প্ৰয়োজন হ’লেই মই আপোনাৰ কাষ চাপিম ৷ আশা কৰিম আপোনাৰ মৰমৰ হাত জীৱন বাটত সদায় পাম ৷

    লতিকা বৰুৱাৰ এসময়ৰ প্ৰিয় ছাত্ৰী আৰু বৰ্তমানৰ সহকৰ্মী মঞ্জুৰী ৷ সৰুৰে পৰাই বাইদেৱৰ গুণমুগ্ধ তাই ৷ গতিকে ছাত্ৰী অৱস্থাৰ পৰাই তাই যে নেত্ৰীত্ব দিব পৰা ছাত্ৰী আৰু এগৰাকী ভাল শিক্ষক হ’ব পৰা গুণৰ অধিকাৰী সেই কথা ললিতা বৰুৱাই ভালদৰে জানে ৷ সেয়ে মৰমেৰে তাইক দুহাতেৰে উঠাই ক’লে--

: তুমি নিজ গুণে ভাল শিক্ষয়িত্ৰী হোৱাৰ যোগ্য মঞ্জুৰী ৷ মোৰ চাকৰি জীৱনৰ পঁচিশ বছৰীয়া পৰিক্ৰমাত মই নিজে কি কৰিলোঁ, সমাজক কি দিলোঁ, ছাত্ৰ-ছাত্ৰীক কিমান জ্ঞান দিলোঁ নাজানো ৷ তুমি আৰু তোমাৰ দৰে কিছু ছাত্ৰ-ছাত্ৰীয়ে মোক মূল্যায়ন কৰি ফলাফল দিছা যে ময়ো চাগে সামান্য পৰিমাণে ভাল শিক্ষকৰ গুণ দেখুৱাইছোঁ ৷ সুখী হওঁ তোমালোকৰ কৃতকাৰ্যতাত ৷ যেতিয়াই প্ৰয়োজন হয় আহিবা, কেৱল তোমাৰ বাবে নহয় মোৰ পৰা কিবা জনাৰ বাবে আগ্ৰহেৰে অহা প্ৰতিজনলৈ মোৰ দুৱাৰ সদায় খোলা থাকিব ৷ 

   ললিতা বৰুৱাৰ কথা শেষ হোৱাৰ লগে লগে ৰমাকান্ত গগৈ নামৰ শিক্ষক জনে ক’লে--

: কালিৰ পৰা এই সময়বোৰ কি কৰিব বাইদেউ ? ভৱিষ্যতৰ কিবা পৰিকল্পনা আছে নে ? মোৰো আৰু দুবছৰ হে আছে, সেয়ে সুধিছোঁ ৷ কাৰণ সদাব্যস্ত জীৱন এটাৰ গতি ৰুদ্ধ হ’লে বৰ কষ্টকৰ হয় জীৱন ৷ বহুতকে অৱসৰৰ পিছত অবসাদে হেচি ধৰা দেখিছোঁ আৰু সেই অবসাদতে জীৱনৰ ৰং হেৰুৱাও দেখিছোঁ ৷ সেয়ে চিন্তা হয় মাজে মাজে ৷ 

: গগৈ, মোৰ বাবে এটা কথা বৰ সহজ, সেয়া হ’ল জীয়াই যোৱা ৷ সন্মুখত প্ৰত্যাহ্বান যিয়েই নাহক কিয় মই তাক এটা গতিপথ দি আগুৱাই লৈ যাম ৷ এই যে শিক্ষকতা, এইটো মোৰ নিয়মীয়া কাম ৷ মাত্ৰ চৰকাৰী কৰ্তব্য শেষ হ’ব যেতিয়া তাত দিয়া সময়খিনি বহুদিনৰ পৰা মনতে সাঁচি ৰখা আন দুটামান কামত দিম ৷ কাম হয়তো বেলেগ হ’ব ৷ ব্যস্ততা কিন্তু একে থাকিব ৷ বাকী কি কৰিম বা কেনেকৈ কৰিম সেই চিন্তা কালিৰ পৰাহে আৰম্ভ কৰিম ৷ কাৰণ কৰি ভাল পোৱা বহু কামেই ব্যস্ততাৰ অজুহাতত হেৰুৱাই পেলাইছোঁ ৷ সেইবোৰ সামৰি লৈয়েই কি কৰিম তাৰ চিন্তাটো আগবঢ়াই নিম ৷

   এনেতে প্ৰাতঃসভাৰ ঘণ্টা বাজি উঠিল ৷ সকলো একেলগে বাহিৰৰ খেলপথাৰত শাৰী পাতি থিয় হ’ল ৷ তাৰ পিছত গতানুগতিক নিজৰ ভাগৰ ক্লাছবোৰ কৰি গ’ল ললিতা বৰুৱাই ৷ মাত্ৰ সিদিনা ছাত্ৰ-ছাত্ৰীবোৰৰ তেওঁক আৰু নোপোৱাৰ বেদনাবোৰ বুকুত কঢ়িয়াই তেওঁ শেষ ক্লাছটোলৈ গ’ল ৷ তেওঁ যেন সিদিনা ক্লান্ত হৈ পৰিছিল শেষৰ ক্লাছটোত এনে লাগিছিল ৷ জীৱনৰ ইমান দিনৰ কামৰ ভাগৰটোৱে সিদিনাহে যেন তেওঁক জুৰুলা কৰিছিল ৷ সেই ক্লাছটো আছিল দশম শ্ৰেণীৰ ৷ ল’ৰা-ছোৱালী বোৰৰ মনবোৰো যেন মৰি আছিল ৷ তেওঁ সিহঁতক ভাল দৰে পৰীক্ষা দিবলৈ উপদেশ দি সিদিনাৰ পাঠটো মেলি লৈ গহীন হৈ ক’লে--

: আজিৰ এইটোৱে মোৰ জীৱনৰ বিদ্যালয়ত শেষ ক্লাছ ৷ আজিৰ পৰা মই আৰু তোমালোকৰ সন্মুখত বহি এইদৰে পাঠ নপঢ়াওঁ ৷ কথাষাৰ মনলৈ আহিলে মনটো দুখত বুৰ মাৰে ৷ তোমালোকো দশম শ্ৰেণীৰ যেতিয়া, তোমালোকৰো বিদায় লোৱাৰ সময় সমাগত ৷ মোৰ দৰে তোমালোকৰো একেই অনুভৱ হ’ব ৷ কিন্তু এটা বিদায়ে আমাক আন এটা জীৱনৰ প্ৰস্তুতিৰ বাবে আগবঢ়াই দিব । সেই কথা ভাবি আমি এই বিদায় বোলা দুখটোক লগত লৈ ভৱিষ্যতৰ বাবে আনন্দৰ দিনক স্বাগতম জনাই খোজ দিব লাগিব ৷ এয়াই জীৱন, এতিয়াই দুখ, এতিয়াই সুখ ৷ জীৱন ইয়াৰেই সংমিশ্ৰণ ৷ ইমান দিনে একেলগে দিন পাৰ কৰা বিদ্যালয়খন এৰোঁতে চকুপানী ব’বই ৷ 

   সেই কথাখিনি কৈ থাকোঁতেই তেওঁৰ চকুপানী বৈ আহিছিল ৷ বিদ্যালয়ৰ ছুটীৰ ঘণ্টা বাজি উঠাত তেওঁ উঠি পুনৰ খেলপথাৰৰ শাৰীটোত থিয় হ’ল ৷ বাকীবোৰ ল’ৰা-ছোৱালীও অসম সংগীত গোৱাৰ বাবে সাজু হ’ল ৷ ললিতা বৰুৱাই অসম সংগীতৰ শেষত সকলোলৈ এটা সেৱা আগবঢ়ালে আৰু হাত জোকাৰি বিদায় ল’লে ৷ সেই সময়ত তেওঁৰ দুচকুৰে ধাৰাসাৰ চকুপানী বৈছিল ৷ তাৰ লগতে সকলোৰে কাণত পৰিছিল উচুপনিৰ শব্দ কিছুমান ৷ সেয়া শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৰে সমন্বিত কান্দোন ৷ এগৰাকী প্ৰিয় শিক্ষয়িত্ৰীক বিদায় দিব লগীয়া হোৱা দুখৰ কান্দোন ৷ লাহে লাহে এখোজ দুখোজ কৈ তেওঁ নিজৰ অফিচৰ বহি থকা ঠাইখনলৈ আহিল ৷ লগত সহকৰ্মী বৃন্দ ৷ তেওঁ নিজৰ বস্তুবোৰ সামৰি বেগত ভৰাই ল’লে ৷ চকুৰ পৰা চচমা যোৰ খুলি চকু দুটা মুচি পুনৰ চচমাযোৰ পিন্ধি ল’লে ৷ প্ৰধান শিক্ষকে তেওঁৰ ওচৰলৈ আহি বৰ মৰমেৰে ক’লে--

: ছাত্ৰ একতা সভাৰ লগত আলোচনা কৰি বিদায় সভাৰ তাৰিখটো জনাম, আহিব ৷

   তেওঁ তলমূৰ কৰি বাধ্য ছাত্ৰীৰ দৰে মূৰটো সন্মতিসূচক ভাবে লৰালে ৷ এটা গধুৰ মনেৰে গহীন খোজেৰে তেওঁ ওলাই আহিল অফিচৰ পৰা ৷ আহি সন্মুখলৈ চাই তেওঁ আচৰিত হ’ল ৷ ছুটিৰ পিছত ঘৰলৈ যাবলৈ বলিয়া হৈ পৰা ল’ৰা-ছোৱালীবোৰ তেতিয়াও ৰৈ আছিল ৷ তেওঁ সিহঁতলৈ চাই কৃতজ্ঞতাৰে মনটো ভৰাই ল’লে ৷ ইমান বছৰৰ কৰ্মৰ প্ৰাপ্তিৰ আনন্দ এয়া ৷ তেওঁ খোজ ল’লে, তেওঁৰ কাষে কাষে সহকৰ্মীবৃন্দ আৰু পিছে পিছে ছাত্ৰ-ছাত্ৰীবোৰ ৷ আলোচনা নকৰাকৈয়ে এটা বৃহৎ দলে তেওঁক সিদিনাৰ বিদায়ী মুহূৰ্তৰ দুখৰ ভৰ কম কৰি দি খোজ দিয়াত সহায় কৰি দিলে ৷ তেওঁৰ স্বামীও আচৰিত হ’ল ৷ তেওঁ নিজেও এইখন বিদ্যালয়ৰ পৰা বিদায় লৈছে, কিন্তু তেওঁক থ’বলৈ এনেকৈ সকলো অহা নাছিল ৷ তেওঁ অহাৰ প্ৰয়োজনেই যেন নাছিল সিদিনা ৷ অৱশ্যে পত্নীৰ এই সফলতাই তেওঁক মুগ্ধ কৰিছিল ৷ এগৰাকী ভাল শিক্ষকৰ আদৰ সদায় আছে সমাজত ৷ 

   ঘৰৰ গেটলৈ তেওঁক আগবঢ়াই দি দলটো ঘূৰিল ভাৰাক্ৰান্ত মনেৰে ৷ যোৱাৰ সময়ত ইটোৰ পিছত সিটোৱে বাইদেউৰ ভৰি চুই সেৱা কৰি চকু চলচলীয়া কৰি গুচি গ’ল ৷ 
     ঘৰৰ ভিতৰ চ’ৰাত আকৌ ভৰি দিয়াৰ লগে লগে এখন তাৰ বিপৰীত ছবি তেওঁৰ চকুত পৰিল ৷ দুৱাৰ খুলিয়েই অৱসৰৰ শুভেচ্ছাৰ জাউৰি ৷ ললিতাৰ  সমবয়সীয়া ভাল বান্ধৱী কেইগৰাকীমান আৰু পৰিয়ালৰ আটাইবোৰ আছিল তাত ৷ ঘৰটোৰ ভিতৰখন বেলুন আৰু ৰঙা নীলা ফিটাৰে সজাই পেলোৱা হৈছে ৷ বেৰত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে " Happy Retirement” ৷ 

--অৱসৰ নো কোনোবাই উদযাপন কৰে নে ! 

   তেওঁ সেমেকা হাঁহি এটা মাৰি সকলোকে উদ্দেশ্য কৰি ক’লে ৷ 

: আমি কৰোঁ মা ৷ আপুনি এটা ব্যস্ততাপূৰ্ণ সময় পাৰ কৰিলে ৷ এতিয়া অৱসৰৰ সময়কণত মনে কৰিব বিচৰা কামবোৰ কৰিব পাৰিব ৷ মনেৰে ভাল লগাখিনিত বাদে আন চিন্তা কৰাৰ দৰকাৰ নাই ৷ মন নোযোৱা কাম একেবাৰে নকৰিব ৷ কাৰো চিন্তা নকৰাকৈ ফুৰিবলৈ গুচি যাব ৷ এওঁৰ মুখত শুনিছোঁ আপুনি চাকৰি, পৰিয়াল আদিৰ বাবে কিমান কি ত্যাগ কৰিছে ৷ তাৰ বাবে কোনো দিনে দুখ প্ৰকাশো আপুনি নকৰিলে ৷ এতিয়াৰ পৰা বিনা দ্বিধাই সকলো ভাল লগা কাম কৰিব ৷ আমাৰ পৰিয়ালৰ চিন্তাবোৰ আমি কৰিম, যিদৰে এসময়ত আপুনি কৰিছিল ৷ আমাৰ দায়িত্ববোৰ আমি ল’ম, আপোনাৰ মূৰত সেইবোৰ নিদিওঁ ৷ আপুনি চম্ভালিব পাৰিছিল যদি মই কিয় নোৱাৰিম মা ৷ এতিয়াৰ পৰা আপুনি নিজকে উদ্ধাৰ কৰাত লাগক ৷ কি আছিল আপুনি, কি হেৰুৱাইছে জীৱনত ৷ সময় কম মা জীৱনক জীয়ন দিয়া কামবোৰ কৰক ৷ 

   বোৱাৰীৰ কথাখিনিয়ে ললিতাক আৱেগিক কৰিছিল, জীৱনটোক সুন্দৰ কৈ প্ৰতিপাল কৰি নিজৰ লগতে সকলোকে নিঃস্বাৰ্থভাবে দিয়াৰ ফলশ্ৰুতি এয়া ৷ সেয়ে জীৱনক লাগে কিছু নিজস্ব দৃষ্টিভঙ্গী ৷ জীৱনৰ ছবিখন ধূসৰ নহয় স্পষ্ট কৈ দুচকুত বহুৱাই খোজ দিয়া প্ৰতিগৰাকী মানুহেই অৱসৰৰ সময়কণত জীৱন হেৰুৱাই পেলোৱা অনুভৱৰ অন্তত পাব পাৰে এনে অনাবিল সুখকৰ অৱসৰ উদযাপনৰ সুযোগ ৷

              

অঙ্গন:  পৃষ্ঠাঃ ৪১

অনুবাদ গল্পঃ

ঘাঁহনিৰ সাপটো

মূল:ইংৰাজীঃ  A snake in the Grass  by R.K. Narayanganj
অনুবাদঃ বিজয়া গগৈ


          তেতিয়া আবেলিৰ ৰ'দে পৃথিৱী চুইছেহি। বঙলাৰ আবাসীসকল দিবা নিদ্ৰাত।গে'টত চাইকেল আৰোহী এজনে উন্মাদৰ দৰে টিলিঙা বজাই বজাই চিঞৰিছে,"এটা ডাঙৰ ফেটীসাপ তোমালোকৰ চৌহদত প্ৰৱেশ কৰিছে। মোৰ চাইকেলৰ চকাৰ মাজেৰে সৰকি গ'ল," গে'টৰ তলত সাপটোৰ চাপটোলৈ আঙুলিয়াই সি কথাখিনি ক'লে। সি আৰু আগবাঢ়ি নগ'ল।
           মাক আৰু চাৰিটা পুতেকৰে সৈতে ঘৰখনত পাঁচোটা সদস‍্য। হুলস্থূল কৰি  গোটেই কেইজন আহি গে'টৰ ওচৰত লগ হ'লহি। পুৰণি লগুৱা দাসাই তেতিয়াও চালি খনতে শুই আছিল। সিহঁতে গোটেইমখাই তাক টোপনিৰ পৰা জগাই দিবলৈ গাত জোকাৰি দিলে আৰু লগত সাপ এটা অহাৰ কথাও  ক'লে।
           " নাই, ইয়াত ফেটীসাপ নাই," সি  কথাটো তল পেলাবলৈ যত্ন কৰিলে। সিহঁতেও তাক এৰা নাই। সিহঁতে তাৰ কথাত বৰ খং  কৰিলে আৰু জোৰ দি ক'লে সাপ থকা কথাটো  একেবাৰে সঁচা ; গতিকে সি গুৰুত্ব সহকাৰে ল'ব লাগে কথাটো।   
         "বস্তুটো ইয়াৰে কৰবাত আছে আৰু গধূলিৰ আগতে যদি বিচাৰি উলিয়াব নোৱাৰা ,আমি তোমাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিম। এই বাগিচা আৰু ফুলনিৰ ফুল বিলাকৰ প্ৰতি অৱহেলাই  হৈছে যত মাৰাত্মক বস্তু সোমোৱাৰ বাবে দায়ী,"তেওঁলোকে তাক বকিবলৈ ধৰিলে।
              তেনে সময়তে কেইজনমান চুবুৰীয়া আহি ওলালহি। তেওঁলোকেও দাসাক দোষী সাব‍্যস্ত কৰি ক'বলৈ ধৰিলে, "তুমিয়েই হৈছা পৃথিৱীত আটাইতকৈ এলেহুৱা লগুৱা।" "সি চৌহদটো পৰিষ্কাৰ কৰি থ'ব লাগে," ল'ৰা এজনে ক'লে।
              এইবোৰ শুনি দাসাই ক'বলৈ ধৰিলে,"মই বহুদিনৰ পৰাই গছৰ আগ কটা কেঁচি এখন আনিবলৈ কৈ আছোঁ।" দাসাৰ অভিযোগ শুনি ওচৰতে থকা এজনে তাৰ কথা খণ্ডন কৰি ক'লে,"এই কাম তুমি কিবা প্ৰকাৰে সমাধা কৰাটো তোমাৰ কৰ্তব্য। ওজৰ আপত্তি দেখুওৱা কথা নহয়।"
               দাসাই পিছে তাৰ মতত অলৰ অচৰ হৈ ৰ'ল।তেনে অৱস্থাত মানুহবোৰৰ মাজত কেঁচিখনৰ দৰ-দামক লৈ আলোচনা চলিল। চুবুৰীয়া এজনে মতামত দিলে যে যুদ্ধৰ পিছৰ পৰা লোহাৰে নিৰ্মিত যিকোনো দ্ৰব‍্য কিনাৰ কথা এতিয়া ভাবিবই নোৱাৰি। তেওঁ যুদ্ধৰ সময়ৰ বস্তুৰ দামৰ তালিকাখন এফালৰ পৰা মাতিবলৈ আৰম্ভ কৰিলে। ঘৰখনৰ দ্বিতীয় পুতেকে আশ্বাস দিলে যে সি নিয়ন্ত্ৰিত মূল‍্যত আৱশ্যকীয় সকলো বস্তু আনিব পাৰে। চুবুৰীয়াসকল এনে ক'লা বজাৰৰ লগত পৰিচিতি থকা লোক। এই বিষয়ে বাক-বিতণ্ডা আৰম্ভ হ'ল।সমবেত ৰাইজৰ মাজত এই কথাবোৰে বিৰক্তি ভাৱৰ উদয় কৰিলে।
                এনে সময়তে ঘৰৰ কলেজীয়া পুতেকজনে আগবাঢ়ি আহি ক'লে,"মই আমেৰিকান কাকত এখনত পঢ়িছোঁ যে প্ৰতি বছৰে পৃথিৱীত ৩০,০০০ মানুহ সৰ্প দংশনত মৃত্যু হয়। এই সমীক্ষাটো শুনি মাক আতংকিত হৈ দাসাক পুনৰ তাগিদা দিলে। পুতেকে এই সৰ্পদংশনৰ পৰিসংখ্যাটো বহলাই শুনাই দিলে, "প্ৰতি দিনে এই সংখ্যা ৮৩জন আৰু প্ৰতি বিশ মিনিটত এজনকৈ মানুহ মৃত্যুৰ কবলত পৰে।আমি ইয়াত কথা পাতি থাকোতেও কোনোবা এজনক সাপে দংশন কৰি মাৰিছে হয়তো।"
পুতেকৰ এনে বিৱৰণ শুনি মাক বিচলিত হ'ল। ক'বলৈ গ'লে গোটেই চৌহদটো এটা চেঁপা উত্তেজনাৰ কবলত নিমগ্ন হৈ পৰিল।
                 সকলো সাজু হৈছে। ল'ৰাবোৰে হাতে হাতে একোডালকৈ লাঠি লৈছে। লগুৱাটোৱেও লৈছে। সি উতনুৱা হৈ য'তে ত'তে, গছৰ পাতৰ তলতো 
হনা-খোঁচা কৰি শুকান গছৰ পাত তল-ওপৰ কৰিলে।
তাক দেখি কোনোবা এজনে চিঞৰিলে, "দাসাটোৱে
এনেই কণামুনাকৈ আন্দাজতে খেপিয়াই ফুৰিছে। তাৰ কাম নাই। বাকী মানুহবোৰে কাপোৰ-কাণি কোঁচাই লৈ হাতত কটাৰি, দা, লোৰ আঁকোৰা দা লৈ গোটেই চৌহদৰ ভিতৰত থকা ঘাঁহ-লতাবোৰ , জোপোহা কাটি মহতিয়াই ঠাইখন চাফা কৰিলে। যিবোৰ গছ কাটিব পৰা নাযায় সেইবোৰ শিপা চপাই চাফা কৰিলে। ঘৰৰ ভিতৰত বেছি পাৱাৰৰ লাইটৰ বাল্ব জ্বলাই দিয়াত বাহিৰলৈকো গোটেইখন ফৰিংফুটা জোনাক যেন হ'ল। কৰিবলৈ আৰু একো বাকী নাইকিয়া হ'লত দাসাই জয়োল্লাসত চিঞৰিলে , "ক'ত আছে এতিয়া সেই সাপটো ?"
                 চৌহদৰ ভিতৰত শ্বাসৰূদ্ধ পৰিবেশ আৰু গে'টৰ বাহিৰত বুঢ়ী ভিক্ষাৰী এজনীয়ে ভিক্ষা বিচাৰিছে। সাপ বিচাৰি সকলো ব‍্যস্ত বাবে বুঢ়ীক মানুহবোৰে হাই-উৰুমি কৰিবলৈ বাধা দিলে। কথা শুনী বুঢ়ীয়ে আনন্দতে চিঞৰিলে, "তোমালোক বৰ ভাগ‍্যৱান। এইয়া ভগৱান সুব্ৰমণ‍্য তোমালোকক দৰ্শন দিবলৈ আহিছে। সাপটো নামাৰিবা।" বুঢ়ীৰ কথাত মাকে বৰ  সন্তোষ পালে। "হয় তুমি ভাল কথাটো মনত পেলালা ।মই অভিষেকমৰ ওচৰত প্ৰতিজ্ঞা কৰাৰ কথা পাহৰিছিলোঁ। এইটো এটা সোঁৱৰণীহে, "কথাখিনি কৈ কৈ মাকে ভিক্ষাৰী বুঢ়ীক এটা মুদ্ৰা দিলে। যাবৰ সময়ত বুঢ়ীয়ে সাপ ধৰা মানুহ পালে পঠাই দিম বুলি গুচি গ'ল।
 ক্ষন্তেক পিছতে তাত এজন বুঢ়া মানুহ আহি উপস্থিত হ'লহি। মানুহজনে নিজকে সাপ ধৰা মানুহ বুলি পৰিচয় দিলে। কথা শুনি সকলো তাৰ কাষ চাপি আহিল। মানুহবোৰক ওচৰত পাই সি তেওঁৰ জীৱন কীৰ্তিৰ কথা বখানিবলৈ ধৰিলে আৰু লগতে সাপৰ ওপৰত থকা তাৰ শক্তিৰ কথাও ক'লে। তেওঁৰ চাৰিওফালে থকা মানুহে ব‍্যগ্ৰ হৈ সুধিলে, "তুমি সাপ কেনেকৈ ধৰানো? " মানুহজনে "এইদৰে" বুলি সাপৰ অৱয়ব এটা ধাৰণা কৰি কৈ গ'ল। মানুহবোৰে সাপটো ওলোৱা ফালে আঙুলিয়াই দেখুৱালে আৰু তাক সেইফালে যাবলৈ ক'লে। কথা শুনি সি বান্ধ খাই ক'লে, "যদি আপোনালোকে মোক সাপটো দেখুৱাই দিব পাৰে, মই তৎক্ষনাৎ ধৰি দিব পাৰিম। অন‍্যথা মোৰ উপায় নাই। নতুবা পিছত যদি আপোনালোকে তাক দেখা পাই মোক মাতি পঠাব। মই ওচৰতে থাকোঁ।" সি তাৰ নাম, ঠিকনা দি গুচি গ'ল।
                 আবেলি পাঁচ বজাত "মানুহবোৰে হাতত থকা লাঠি, যাঠি, জোং আৰু হাথিয়াৰবোৰ  ইফালে সিফালে দলিয়াই পেলাই অলপ জিৰণি লওঁ বুলি বাৰাণ্ডাত উঠিল। তেঁওলোকে  ঘাঁহনিখনত থকা সৰু প্ৰতিটো শিল, ঘাঁহপাত আদি কাটি এনেকৈ চাফা কৰিলে যে তাত সৰু পোক-পৰুৱা এটা থাকিলেও বিচাৰি পাব।
              এই সময়ত তেওঁলোকে ভৱিষ্যতে সাপৰ পৰা কেনেকৈ ৰক্ষা পৰিব পাৰি তাৰে আলোচনা কৰি আছিল। কথাবোৰ সৰৱ হৈ উঠিছে । এনেকুৱা সময়তে দাসাই শিলেৰে মুখবন্ধা কলহ এটা কঢ়িয়াই আনি সেই ঠাইত উপস্থিত হ'লহি। কলহটো মাটিত থৈ সি ক'বলৈ ধৰিলে, "মই তাক এই পাত্ৰটোত ধৰিলোঁ। "লগতে সি সাপটো কেনেকৈ ধৰিলে তাৰ দীঘলীয়া বৰ্ণনা কৈ গ'ল।মানুহবোৰে এক নিৰাপদ দূৰত্বত থাকি কলহটোলৈ জুমি জুমি চাবলৈ ধৰিলে। দাসাৰ মুখত এটা বিজয় গৌৰৱৰ ভাৱ ফুটি উঠিল। তাৰ মুখত উচ্চাৰিত হ'ল, "ইয়াৰ পিছত আৰু তোমালোকে মোক এলেহুৱা বুলি নকবা।" ল'ৰাহঁতৰ মাকে তাৰ চোকা বুধিৰ বাবে তাক প্ৰশংসা কৰিলে আৰু ধৰ্মীয় নিয়ম অনুসৰি কলহটোত অলপ গাখীৰ দিবলৈ মন কৰিলে।
                  পিছত দাসাই মাটিৰ পৰা কলহটো দাঙি লৈ ওচৰৰ সাপধৰা মানুহজনক দিওঁগৈ বুলি ওলাই গ'ল। সেইদিনাৰ বাবে সি তাত নায়ক হৈ পৰিল। মানুহবোৰে তাক সম্ভ্ৰমেৰে চাবলৈ ধৰিলে। তাৰোপৰি সকলোৱে দাসাক পুৰস্কৃত কৰাৰ কথাও মনস্থ কৰিলে।
              দাসা ওলাই গ'ল। ঠিক পাঁচ মিনিটমানৰ পিছত ঘৰৰ সৰু ল'ৰাটোৱে চিঞৰিছে,"চোৱা চোৱা, সৌফালে চোৱা।" চৌহদৰ পকী বেৰাৰ ফুটাইদি ফেটীসাপটো ওলাই আহিল। লাহেকৈ ই গে'টৰ ফালে চুচৰি আগবাঢ়োতে বাৰাণ্ডাত থকা মানুহবোৰলৈ  ফেট তুলি কেই মুহূৰ্তমান চাই ৰ'ল। পিছত ফুচফুচকৈ গে'টৰ তলেদি সৰকি বাহিৰত থকা নৰ্দমাটোত নোহোৱা হ'ল। সাপটো আঁতৰ হ'ল। মানুহবোৰ বিপদৰ পৰা হাত সাৰিল। তেওঁলোকে কথা পাতিলে, "দুটা সাপ আছিল নেকি বাৰু ?" কলেজত পঢ়া ল'ৰাটোৱে ক'লে, "মোৰ ইচ্ছা আছিল বিপদৰ সন্মুখীন হৈ হ'লেও দাসাৰ পৰা কলহটো লৈ তাত আচলতে কি আছে খুলি চাবলৈ।"

        ৰহা,নগাঁও



অঙ্গন: পৃষ্ঠা ৪২

শেষ পৃষ্ঠাৰ লেখাঃ

মদ্যপানে আমাৰ জীৱনৰ বিস্তৰ ক্ষতিসাধন কৰে

             " ধন হেৰালে একো নেহেৰাই, স্বাস্থ্য হেৰালে সম্পত্তি হেৰাই আৰু সন্মান হেৰালে সকলো হেৰায়"

               উক্ত উক্তিটো আমাৰ জীৱনৰ লগত পোনপতীয়া ভাৱে জৰিত। প্ৰতি খোজে খোজে আমি বহু মানুহৰ লগত বিভিন্ন কাৰণ বসত সম্পৰ্ক স্থাপন কৰিব লগা হয়। এই মিলা-মিচা বা সম্বন্ধ স্থাপনত আমাক সহায় কৰে আমাৰ বিবেকে। কাৰ লগত কেনেদৰে কথা পাতিব লাগে, কাৰ সন্মুখত কেনে আচৰণ কৰিব লাগে, কাক কেনেকোৱা ব্যৱহাৰ কৰিব লাগে ইত্যাদি কথাবোৰ আমাক সকীয়াই দিয়ে আমাৰ বিবেকে। গতিকে চিন্তা বা আমাৰ চালিকা শক্তিক উপযুক্ত পথ পদৰ্শন কৰাটো আমাৰ মগজুৰ কাম আৰু এই কাম সঠিক ভাৱে মগজুৱে তেতিয়াহে কৰিব পাৰে যেতিয়া ই বাহিৰা প্ৰভাৱৰ পৰা মুক্ত হয়।  
           মানুহ সামাজিক প্ৰাণী গতিকে মানুহে সমাজ পাতি বসবাস কৰি ভাল পায়। সমাজৰ এজন হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলে হ'লে মানুহৰ সামাজিক জ্ঞান তথা নীতি-নিয়মৰ প্ৰতি আনুগত্য থকাটো অতি প্ৰয়োজন আৰু এই কৰ্মভাগিৰ বাবেও মানুহ মানসিক ভাৱে সুস্থ হোৱাৰ প্ৰয়োজন। এজন সুস্থ মনৰ মানুহৰ চিন্তাধাৰাহে সমাজমুখী হ'ব পাৰে। গতিকে মন সুস্থ হৈ থাকিবলে হ'লে মনক বাহিৰা প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিব লাগিব।
             সাম্প্ৰতিক সময়ত মানৱ জীৱন তথা মানৱ সমাজৰ কঠোৰ প্ৰত্যাহ্বান হ'ল মদ্যপান আৰু ইয়াৰ কুপ্ৰভাৱৰ পৰা সমাজখনক মুক্ত কৰা। কোৱা হয় যে শিশুৰ স্বভাৱ চৰিত্ৰ গঢ় লয় ঘৰখন আৰু চৌপাশৰ পৰিবেশক ভিত্তি কৰি। আমি যদি শিশু সকলক এখন সুস্থ সৱল সমাজ আৰু অনুকুল পৰিবেশ সৃষ্টি কৰি দিব নোৱাৰোঁ তেন্তে ভৱিষ্যত প্ৰজন্মৰ পৰা একো আশা কৰিব নোৱাৰো। এই কথা আমি সকলোৱে জানো হক'।
          আমাৰ সমাজত অতীজতে কিছুমান ধৰ্মীয় নীতি-নিয়ম আছিল য'ত সাঁজ বা অন্যান্য পানীয় ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত মানুহৰ অজ্ঞতা বা আন কোনো কাৰণ বসত এই বিষয়টোৰ ওপৰত বৰ বেছি গুৰুত্ব দিয়া হোৱা নাছিল। ফলত ধৰ্মীয় সামগ্ৰী হিচাপে আমি সৰু বৰ সকলোৱে গ্ৰহণ কৰিছিলোঁ। কিন্তু এতিয়া সময় সলনি হৈছে। আজি বিজ্ঞানৰ যুগত মদ্যপানৰ সুফল/কুফলৰ সম্পৰ্কে আমি বিতং ভাৱে জানো। ফলত বহু দেশ তথা ভাৰতৰো কিছু ৰাজ্যত এতিয়া সুৰা বিক্ৰি বন্ধ কৰি দিয়া হৈছে। কিন্তু সকলো জানিও আমি যেন আত্মহত্যাৰ পথত ক্ৰমাগত ভাৱে গজগমন কৰি আছো।
          এজন ব্যক্তিয়ে মদ্যপানৰ ফলত নিজৰ ঘৰখনৰ পৰা আৰম্ভ কৰি সমাজখনলৈকে ক্ষতি সাধন কৰে। অত্যধিক সুৰা পান কৰাৰ ফলত এটা পৰিয়ালৰ আৰ্থ সামাজিক দিশত কেনে কুপ্ৰভাৱ পৰে আমি অধিক সংখ্যক লোকেই স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছোঁ নিশ্চয়। ইয়াৰ উপৰি এনে এটা পৰিয়ালৰ লগত কোনেও সম্বন্ধ স্থাপন কৰিবলৈ নিবিচাৰিব যিটো পৰিয়ালত সুৰাৰ ব্যৱহাৰে পৰিয়ালটিৰ সামাজিক স্থিতিত প্ৰভাৱ পেলাই। ফলত বহু ক্ষেত্ৰত তেনে পৰিয়ালৰ লগত বিবাহ আদিত সমস্যা হয় আৰু যোগ্য প্ৰাৰ্থী জনেও গৰল পি পি ঘৰতে অবিবাহিত হৈ থাকিব লগা হয়। প্ৰথম অৱস্থাত ঘৰখনৰ জীৱন ধাৰণ প্ৰণালীত ব্যাঘাত জন্মোৱাৰ পৰা আৰম্ভ কৰি চৌপাশৰ পৰিবেশ বিনষ্ট কৰালৈকে মদ্যপায়ী সকলে অৰিহণা যোগায়। এইখিনিতে এষাৰ কথা কৈ থৈ যাৱ লাগিব যে প্ৰকৃতাৰ্থত মদপায়ী কোন ? দেখা শুনা আৰু স্ববিবেচনাৰ মতে ক'ব পাৰোঁ যে যি সকলে মাত্ৰাধিক মদ্যপান কৰে। যি সকল সুৰাৰ নিচাত বিবেকহীন হৈ পৰে। যি সকলে নিচাৰ ফলত ভাল/বেয়া, উচিত/অনুচিত, স্থান, কাল, পাত্ৰ আদি বিচাৰ কৰা ক্ষমতা হেৰুৱাই পেলাই তেওঁলোকেই মদপী বা মদ্যপান কৰা নিচাসক্ত ব্যক্তি। গতিকে বিভিন্ন কাৰণত এটা সীমাৰ মাজত আৱদ্ধ থাকি আৱশ্যক অনুসৰি সুৰা পান কৰা লোক সকলক মদ্যপায়ী বুলি একে শাৰীতে সাঙুৰিলে আমাৰ ভুল হ'ব। অৱশ্যে এই ক্ষেত্ৰত আমি এষাৰ কথা ক'ম যে তেওঁ ক'ত কেনেকৈ সুৰা পাশ কৰিছে তাৰ ওপৰত তেওঁৰ ব্যক্তিগত আৰু সামাজিক দায়বদ্ধতা নিৰ্ভৰ কৰিব। যদি এটা সীমাৰ মাজত সুৰা পান কৰিবলে যাওঁতেও আমি শিশুৰ সন্মুখত কৰোঁ বা শিশুক ব্যৱহাৰ কৰোঁ বা সামাজিক স্থানত সুৰা পান কৰোঁ বা জ্যেষ্ঠজনৰ সন্মানৰ প্ৰতি গুৰুত্ব নিদি সুৰা পান কৰোঁ তেন্তে তেওঁকো আমি সুৰাসক্ত, বিবেকহীন, অবিবেচক, সমাজৰ ক্ষতিকাৰক সুৰাপায়ীতে ধৰিব লাগিব। কাৰণ তেওঁৰ বাবেই এটা পৰিবেশ নষ্ট হয় আৰু ই ভৱিষ্যতে মানৱ সমাজলৈ বিপদ মাতিব পাৰে। সেয়ে মদ্যপানৰ খুব কম সংখ্যক সৎ গুণৰ প্ৰতি গুৰুত্ব নিদি ইয়াৰ বিস্তৰ ক্ষতি সাধন কৰিব পৰা অপশক্তিক গুৰুত্ব সহকাৰে লৈ সমাজ আৰু মানৱ জীৱনৰ কল্যাণৰ বাবে মদ্যপান নকৰিবলৈ সংকল্পবদ্ধ হওঁ আহক।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন


অঙ্গন:  পৃষ্ঠাঃ ৪৩





Post a Comment

0 Comments