অঙ্গনঃ দ্বিতীয় বছৰ (২৪ সংখ্যা)




অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 মে, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে হে সাহিত্য প্ৰেমি শব্দৰ সাধক সকল। জয় জয়তে অঙ্গনৰ পৰিয়ালৰ প্ৰণিপাত গ্ৰহণ কৰিব। আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু হীন-দেৰি হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্ত থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 
            
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন


অঙ্গন: পৃষ্ঠাঃ ৩

শোকপ্ৰস্তাৱ

অঙ্গনৰ জন্মলগ্নৰ পৰা জৰিত কবি, চিত্ৰকৰ, অনুবাদক শ্ৰদ্ধাৰ প্ৰাঞ্জল কুমাৰ লাহন দেৱৰ পিতৃ ফুলেশ্বৰ লাহন ডাঙৰীয়া যোৱা ৮ মে' তাৰিখে দিনৰ ১২.৩০ বজাত পৰলোক গামী হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ফুলেশ্বৰ লাহনে প্ৰায় ডেৰবছৰ ধৰি এনিমিয়া ৰোগত ভুগি অাছিল ৷ শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে পৰিয়ালটিয়ে ৬ মে'ত নতুন দিল্লীৰ এপ'ল' ইন্দ্ৰপ্ৰস্থ হস্পিতালৰ পৰা চিকিৎসা কৰাই আনিছিল যদিও পাছত যোৰহাট মেডিকেল কলেজ হস্পিতালতে ৮ মে'ত  সকলোকে কন্দুৱাই পৰলোকগামী হয়। অতি সহজ-সৰল, অমায়িক, সৰহবৰাহী ব্যক্তি ফুলেশ্বৰ লাহন দেৱৰ এই প্ৰয়াণত আমি অঙ্গনৰ পৰিয়ালটি অতি মৰ্মাহত হৈছো। আমি অঙ্গনৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। কৃষ্ণ কৃষ্ণ।।

শ্ৰদ্ধাৰে

অঙ্গনৰ সম্পাদনা সমিতিৰ হৈ--

ডঃ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
উপদেষ্টা

হেমেন নাথ
মুখ্য সম্পাদক

মঞ্জিত হাজৰিকা, পৰিণীতা কলিতা
সহ সম্পাদক


অঙ্গন: পৃষ্ঠাঃ ৪

এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
পাণ্ডুলিপি সম্পৰ্কীয় ঘোষণাঃ পৃষ্ঠা ৭
প্ৰৱন্ধ : পৃষ্ঠা ৮-১০
লেখা সম্পৰ্কীয় ঘোষণা: ১১
অণুগল্প : পৃষ্ঠা ১২-১৬
এক মিনিটৰ গল্প : পৃষ্ঠা ১৭-১৮
অনুবাদ কবিতা : পৃষ্ঠা ১৯-২০
কবিতা : পৃষ্ঠা ২১-৩৭
আৰ্টগেলাৰীঃ পৃষ্ঠা ৩৮
বিজ্ঞাপনঃ পৃষ্ঠা ৩৯
ৰেচিপিঃ পৃষ্ঠা ৪০
গল্প: পৃষ্ঠা ৪১-৪৩
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৪


অঙ্গন: পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, 
সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা


প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।


অঙ্গন: পৃষ্ঠাঃ ৬
সম্পাদকীয়ঃ

ৰাজ্যৰ বান পৰিস্থিতি

অসমৰ বানপানী সমস্যা আজিৰ নহয়। প্ৰতিবছৰে বাৰিষাকালত অসমত বানপানী হয়, চৰকাৰে বান বিধস্ত অঞ্চলবোৰলৈ আৰ্থিক সাহাৰ্য আগবঢ়ায়, একাংশ ধুৰন্ধৰ লোকে টকাবোৰ আত্মসাত্ কৰে, সমস্যাবোৰ সমস্যা হৈয়েই ৰয় আৰু পৰৱৰ্তী নিৰ্বাচনত বানপানী এটা গুৰুত্বপূৰ্ণ ইচ্ছু হৈ পৰে। এইদৰে কিমান নেতা-পালিনেতাই বানপানী সমস্যাৰ কথা কৈ নিৰ্বাচনী বৈতৰণী পাৰ হ’ল তাৰ লেখ নাই। কেৱল সমস্যাবোৰহে সমস্যা হৈ থাকিল আৰু প্ৰতিবছৰে লাখ লাখ লোকে বানপানীৰ লগত যুঁজি থাকিবলৈ বাধ্য হৈ পৰিল।
কথাবোৰ ভাবিলে আচৰিত লাগে। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আকাশচুম্বী অগ্ৰগতিৰ পাছতো এই সমস্যাৰ কোনো স্থায়ী সমাধান নোলাল। আমি দেশৰ ভিতৰতে আটাইতকৈ দীঘল দলং নিৰ্মাণ কৰিব পাৰোঁ, নদীবান্ধৰ বাবে কোটি কোটি টকা খৰচ কৰিব পাৰোঁ, চাৰিলেন যুক্ত ৰাস্তা নিৰ্মাণৰ বাবেও লাখ কোটি টকা খৰচ কৰিব পাৰোঁ, একো একোটা সাধাৰণ বিষয়ৰ মিটিং পাতিবলৈ মানুহ কঢ়িয়াবলৈ কোটি টকা খৰচ কৰিব পাৰোঁ, পেণ্ডেল নিৰ্মাণতে কোটিৰ ঘৰত টকা খৰচ কৰিব পাৰোঁ অথচ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে কোনো বৈজ্ঞানিক তথা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰোঁ! অলপতে সংবাদ পত্ৰত প্ৰকাশ পোৱা মতে বৰ্তমান চৰকাৰে প্ৰতিৰক্ষাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰত প্ৰায় ৭০০০ কোটি টকা ব্যয় সাপেক্ষে তিনিটা সুৰঙ্গ নিৰ্মাণ কৰিব। এই তিনিটা সুৰঙ্গ নিৰ্মাণ হ’ব ব্ৰহ্মপুত্ৰৰ তলেৰে সমান্তৰালভাবে। আমি ক’ব খোজা নাই যে এই তিনিটা সুৰঙ্গৰ প্ৰয়োজনীয়তা একেবাৰে নাই। আমি কেৱল ক’ব বিচাৰিছো যে ৰাজ্যথনৰ লগতে দেশৰ উন্নতিৰ ক্ষেত্ৰত বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধানৰো অতিব প্ৰয়োজন। এই সমস্যা সমাধানৰ বাবে চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা উচিত।
এই পৰ্যন্ত অসমত ২৬ খন জিলাৰ ১১০০ খন গাঁও প্লাৱিত হৈছে। মহিলাসহ ৮ জন লোকৰ ইতিমধ্যে বানপানীত মৃত্যু হৈছে। বিগত ৫ দিন একেৰাহে হোৱা বৰষুণৰ ফলত ৰাজ্যখনৰ ৪ লক্ষাধিক লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও ৩.৫০ লাখ হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে। ৰাজ্যখনৰ বজালী, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, দৰং, ধেমাজী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, হাইলাকান্দি, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰি জিলাত বানে প্ৰলয়ৰ সৃষ্টি কৰিছে। অতিকৈ স্পৰ্শকাতৰ বিষয়টো হৈছে-- ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ চৰকাৰ-প্ৰশাসনে প্ৰচেষ্টা হাতত লৈছে যদিও বহু অঞ্চলত এতিয়াও বন্যাৰ্ত উদ্ধাৰৰ আশাত জলবন্দী হৈ আছে। খাদ্যৰ অভাৱত হাজাৰ হাজাৰ বন্যাৰ্তই বিগত দিনকেইটাত লঘোণে ভোকে থাকিবলগীয়া হৈছে। উল্লেখ্য যে প্ৰশাসনে এই পৰ্যন্ত ১৭৮ টা আশ্ৰয় শিবিৰ স্থাপন কৰি ৪ লাখ বন্যাৰ্তৰ ঠাইত মাত্ৰ ৪০ হেজাৰ লোককহে আশ্ৰয় প্ৰদান কৰিবলৈ সক্ষম হৈছে।
দিনে দিনে ৰাজ্যখনৰ বান পৰিস্থিতি ক্ৰমাত জটিল হৈ পৰিছে। এতিয়াও ৰাজ্যখনৰ কেবাখনো জিলাত বানপানীত ঘৰ-সম্পত্তি সকলো হেৰুৱাই মথাউৰিতেই থাকিবলৈ লোৱা লোক হাজাৰৰ ঘৰত আছে। ক্ৰমান্বয়ে তেওঁলোকৰ সংখ্যা বাঢ়ি গৈছে। তেওঁলোকৰ শিক্ষা, স্বাস্থ্য আদি প্ৰায় সকলো দিশতেই সংকটে দেখা দিছে।
এইদৰে আৰু কিমান দিন, কিমান বছৰ অসমবাসীয়ে বানপানীৰ লগত যুঁজিব? ৰাজ্যখনৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ গভীৰতা কমি যোৱাৰ বাবেই প্ৰতিবছৰে এইদৰে বানপানী হয় বুলি বিজ্ঞসকলে ঠাৱৰ কৰিছে। প্ৰশ্ন হয়, এই গভীৰতা কমি যোৱাৰ বাবে আমিয়েই জগৰীয়া নহয়নে? বিশ্বৰ ইতিহাসে আমাক দেখুৱাইছে যে নৈৰ শুদ্ধ তথা বৈজ্ঞানিক পদ্ধতিৰে কৰা খননে বানপানীৰ দৰে সমস্যাৰ স্থায়ী সমাধান দিব পাৰে। ইয়াৰ লগতে উপযুক্ত শৈলীৰে নিৰ্মাণ কৰা মথাউৰীসমূহে গৰাখহনীয়া ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে, আমি বিচাৰোঁ— চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক। প্ৰতিবছৰে ৰাজ্যখনৰ মেৰুদণ্ড ভাঙি চুৰ্ণ বিচুৰ্ণ কৰা এই বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান হ’লেহে প্ৰকৃতাৰ্থত অসমৰ প্ৰগতি সম্ভৱ হ’ব। 

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

 অঙ্গন: পৃষ্ঠাঃ ৭
Edited:


অঙ্গন: পৃষ্ঠাঃ ৮

প্ৰৱন্ধঃ

গ্ৰীষ্ম

প্ৰণৱ ফুকন

চ’ত আৰু ব’হাগত প্ৰকৃতিৰ অপৰূপ ৰূপে সকলোৰে মন উৰণীয়া কৰি প্ৰকৃতিৰ লগতে নাচিবলৈ, গীত গাবলৈ উত্ৰাৱল কৰে ৷ কিন্তু ব’হাগত এজাৰ ফুলি কৃষকক জনাই দিয়ে যে হাড়ভঙা পৰিশ্ৰমৰ দিনো আহি পৰিছে; জেঠ-আহাৰৰ জহৰ কথাও ই সোঁৱৰাই দিয়ে ৷ এই দুটা মাহেই হ’ল গ্ৰীষ্ম কাল ৷ মন কৰিব লগীয়া কথা যে পাহাৰীয়া বা কিছু চেঁচা ঠাইত বছৰত চাৰিটা ঋতু হয় আৰু প্ৰতিটো ঋতু তিনিমহীয়া হয় ৷ কিন্তু সমতলত ঋতু হ’ল ছটা আৰু সেয়ে প্ৰতিটো ঋতু মাত্ৰ দুমহীয়া ৷ এই কথা অনস্বীকাৰ্য যে যদিও ঋতু অনুসৰি দুটাকৈ মাহ নিৰ্দ্ধাৰণ কৰা হৈছে, তথাপি ঋতু ঠিক সেই দুমাহতে সীমাবদ্ধ নহয় ৷ উদাহৰণ স্বৰূপে পুহ মাহ হেমন্তৰ অন্তৰ্গত যদিও এই মাহত শীতৰ প্ৰকোপ বাঢ়ে ৷ আনহাতে ফাগুন মাহ শীততকৈ বসন্তৰহে অধিক ওচৰচপা ৷

জেঠৰ বাৰদিন খৰ হৈ ধৰণীৰ তাপমাত্ৰা বঢ়ায় ৷ এই সময়তে সূৰ্য্যৰ উত্তৰায়নৰ ফলত ক্ৰমান্বয়ে দিন দীঘল হ’বলৈ ধৰে আৰু ২১ জুন তাৰিখে সূৰ্য্য কৰ্কট ক্ৰান্তিৰ ওপৰত অৱস্থিত হয় বাবে বছৰৰ ভিতৰত আটাইতকৈ দীঘল দিন হয় ৷ অসমীয়া বৰ্ষপঞ্জিত সেয়া আহাৰ মাহ; অৰ্থাৎ আহাৰ মাহতে দিন আটাইতকৈ দীঘলীয়া হয় ৷ আনহাতে পুহ মাহত ৰাতি দীঘল হয়; সেয়ে কয়:
“আহাৰন্ত দিন, পুহাৰন্ত ৰাতি”

আহাৰৰ দিন আৰু পুহৰ ৰাতি দীঘল হয় ৷ সেইদৰে মানুহৰ জীৱনত সুখ-দুখো কেতিয়াবা দীৰ্ঘম্যাদী হয়, কেতিয়াবা ক্ষন্তেকীয়া হয় ৷ জেঠ মাহৰ পৰাই দীঘলীয়া দিনৰ আৰম্ভণি হয়; সেয়ে জেঠ মাহৰ দিনত খোৱা-বোৱা ঠিকমতে নকৰিলে পেট শুদা হৈ বায়ুৰ সৃষ্টি কৰি আন অসুবিধাৰো কাৰণ হ’বগৈ পাৰে:


“খা নেখা জেঠ, পিন্ধ্ নিপিন্ধ্ পুহ”

কাৰোবাৰ খাবলৈ নাই বুলি দীঘলদিনীয়া জেঠ মাহ নহাকৈ নেথাকে; কাৰোবাৰ গাত ল'বলৈ কাপোৰ নাই যদিও পুহ মাহ আহিবই । অৰ্থাৎ মানুহৰ অভাৱৰ বাবে প্ৰকৃতিৰ নিয়মৰ লৰচৰ নহয়।


আহাৰমহীয়া বৰষুণে পৃথিৱী তিয়াই গৰমৰ পৰা সকাহ দিয়ে; এই মাহত যদি ডবাপিতা বৰষুণ হয়, তেন্তে ধানখেতি ভাল হয়:


“আহাৰত পানী মুষলধাৰা ৷

শস্য পূৰ্ণ্য বসুন্ধৰা ৷”

আহাৰ মহীয়া বৰষুণৰ ফলত শস্যৰ উৎপাদন বেছি হয় ৷ কিন্তু বিভিন্ন তিথিৰ ওপৰতহে এই বৰষুণৰ উপকাৰিতা নিৰ্ভৰ কৰে:

“আসাঢ়ৰ নৱমী শুক্লপক্ষত ৷

যদি বৰিসে ভুমি তলত ৷৷

হাল তুল বেচি চিন্তিয়ো দেৱ ৷

ৰাজগৃহত কৰিয়ো সেৱ ৷৷”

আহাৰ মাহৰ শুক্লপক্ষৰ নৱমী তিথিত বৰষুণ হ’লে সেই বছৰ খেতি ভাল নহয় ৷ গতিকে খেতিৰ আশা এৰি ঈশ্বৰৰ চিন্তাত মগ্ন হ’ব লাগে আৰু ৰাজসেৱা কৰি জীৱন কটাব লাগে ৷

শালিধানৰ খেতিৰ বাবে মাটি তৈয়াৰ কৰাৰ উৎকৃষ্ট সময় হ’ল জেঠ আৰু আহাৰ মাহ, অৰ্থাৎ গ্ৰীষ্মকাল ৷ সেইদৰে আহুখেতিৰ উপযুক্ত সময় হ’ল পুহ মাহ ৷ যিজন কৃষকে এই দুয়োবিধ ধানৰ খেতি কৰি ভড়াল উপচাই, তেঁৱেই প্ৰকৃত গৃহস্থ বুলি ক’ব পাৰি ৷

“পুহত আহু, জেঠত শালি ৷

তেবেসে জানিবা গৃহস্থালি ৷৷”

পুহ মাহত আহুধান আৰু জেঠ মাহত শালি ধানৰ কঠীয়া পাৰিলে ভঁড়াল ভৰি পৰে; তেনে গৃহস্থই প্ৰকৃত গৃহস্থ বোলা হৈছে ৷ এনে গৃহস্থই নতুন ধান সাঁচি থৈ পুৰণি ধানৰ সোৱাদ ল’ব পাৰে আৰু যিকোনো বিপদ-বিঘিনী হেলাৰঙে পাৰ কৰিব পাৰে ৷

“ওপৰ যিমান, তলে সিমান, তাকে বোলে চিৰি ৷

ন সাঁচি পুৰণি খায়, তাকে বোলে গিৰী ৷৷”

যিজন গৃহস্থই পুহ মাহত আহু ধান সিঁচে আৰু জেঠমহীয়া শালি ধানৰ কঠীয়া পাৰে, তেওঁৰ ভঁৰাল নদন-বদন হয়; নতুন ধান সাঁচি পুৰণি ধানৰ ভাত খাব পাৰে আৰু গৃহস্থালি সুন্দৰকৈ চলে ৷

 যিজন কৃষকে জেঠ মাহত নাঙলেৰে ফালি খেতিৰ মাটি উৰ্বৰা নকৰে, তেওঁ কৃষিৰ উপজ ভাল হ’ব বুলিও আশা কৰিব নোৱাৰে:

“জেঠ মাস গৈল বিনা নাঙ্গলে ৷

কৃষক বঞ্চিব কাহাৰ বলে ৷৷”

খেতি-বাতিৰ ফালে মনোনিবেশ কৰিলে খেতি ভাল হয় আৰু সাঁচিব পাৰে ৷ দুৰ্ভিক্ষৰ সময়ত এই সাঁচতীয়া অন্নইহে প্ৰাণ ৰক্ষা কৰে ৷ গতিকে নাঙল, বলধ আদি খেতিৰ প্ৰয়োজনীয় সকলোখিনি ভালদৰে ৰাখিব লাগে ৷ জেঠ মাহলৈকে যদি হাল বাই মাটি চাহ নকৰে, তেন্তে তেনে খেতিয়কে দুখ-কষ্টত দিন কটাব লগীয়া হয় ৷

জেঠ মাহত মাটি চহাই আহাৰ আৰু শাওণত কৃষিৰ কামত ব্যস্ত হৈ নপৰিলে শালিখেতি কৰাই নকৰাই একে হয়:

“আহাৰ শাওণত নকৰে বন ৷

তাৰ কি আছে খেতিত মন ৷৷”

তথা

“আহাৰে শাওনে শুব ৷

ভাদৰ শেষত কঠীয়া পাৰি

মাটি ডৰাচেৰেক ৰুব ৷৷”

শালিধান-খেতিৰ বাবে মাটি তৈয়াৰ কৰাৰ উৎকৃষ্ট সময় হৈছে আহাৰ, শাওণ ৷ এই সময়তে পথাৰখনত হাল-কোৰ বাই ল’ব লাগে ৷ অন্যথাই সময়ত উন্নতমানৰ ফচল পোৱা নাযায় ৷

খোৱা-বোৱাৰ প্ৰতিও যত্নশীল হ’লেহে কৃষকে খেতিত মনোনিবেশ কৰিবলৈ শৰীৰত শক্তি পায়:

“জেঠত দৈ, আহাৰত খৈ ৷

শাওণত মৰাপাট খাবা গৈ ৷৷”

কোন মাহত কি খোৱা স্ব্যস্থ্যৰ বাবে ভাল, ডাকে সেই কথা কৈ গৈছে ৷ জেঠ মাহৰ গৰমত দৈ বৰ উপকাৰী ৷ আহাৰ মাহত আখৈ আৰু শাওনত শোকোতা খাব লাগে ৷ এনে কৰিলে শৰীৰত অসুখে দেখা নিদিয়ে ৷

জেঠ মাহত পৰা কঠীয়া কেতিয়াবা বুটি বা চুটি হ’বও পাৰে; কিন্তু ই হয় পুৰঠ:

“কঠীয়া হে বুটি, জেঠতে পৰা”

যিদৰে জেঠতে পৰা কঠীয়া চুটি বা বুটি হ’লেও পুৰঠ হয়, সেইদৰে প্ৰাপ্ত- বয়স্ক অনেক মানুহো চুটি-চাপৰ হয় ৷

হাল, গৰু নথকা মানুহক গাঁৱত হেয়জ্ঞান কৰা হয়; তেনে লোকে জেঠতে কঠীয়া পৰাৰ দৰে বৰ কথা ক’লে কোনেও কাণ নিদিয়ে:

“কঁথা নাই, কানি নাই মাজতেই শোওঁ ৷

হাল নাই গৰু নাই জেঠতে ৰোওঁ ৷৷”

যাৰ ফটা কেঁথা এখনো নাই, তেওঁ পাটীত দুজনৰ মাজত শুই উম ল’ব লাগে ৷ হাল, গৰু নথকা মানুহে খেতি কৰাৰ উপায় নাই; গতিকে কঠীয়া জেঠত ৰোৱা মানে সম্পূৰ্ণ অবিশ্বাস্য কথা ৷

জেঠ মাহৰ খৰ কেতিয়াবা অসুখ-অশান্তিৰো কাৰণ হয়:

“কাতি মহীয়া পিতে পুহ মহীয়া শীতে,

জেঠ মহীয়া খৰে এনেয়ে মানুহ মৰে।”

কাতি মহীয়া পিত্তৰ অসুখ বাঢ়ে; পুহত ঠেটুৱৈ ধৰা জাৰ পৰে; জেঠ মহীয়া বতৰ খৰাং হৈ বৰ গৰম পৰে - জেঠত বাৰ দিন একেলেঠাৰীয়ে খৰ হয় বুলি জনবিশ্বাস; এই তিনিও অৱস্থাতে মানুহৰ হাহাকাৰ লাগে ৷ অৰ্থাৎ, বিভিন্ন সময়ত বিভিন্ন অপহুতা অসুৰাই দেখা দিয়ে, যাৰ পৰা ৰক্ষা পাবলৈ সতৰ্ক হৈ থাকিব লাগে ৷

জেঠ মাহীয়া গৰমত লেপ লৈ শোৱাৰ কথা ভাৱিবই নোৱাৰি ৷ গতিকে যদি কোনোবাই জেঠমহীয়া লেপ লৈ শুই থাকে, তেন্তে তেওঁ অসুস্থ বুলি বুজিব পাৰি:

“জেঠ মাহত লেপ লয়

               তাকে বোলে জ্বৰ,

  ঘৰৰ কথা বাজ কৰে

               তাকে বোলে পৰ ।”

জেঠ মাহৰ অতিপাত গৰমত যদি কোনোৱে গাত লেপ লয় তেতিয়া জানিব লাগিব যে তেওঁৰ সঁচাকৈ জ্বৰ উঠিছে । ঘৰৰ কথা বাহিৰত ক'লে শত্ৰুৱে চল পায় । ঘৰৰ কথা আনৰ আগত কওঁতাজনে ঘৰৰ অহিত সাধন কৰে আৰু আপোন ভৱ নোহোৱা হয় ৷

জেঠমহীয়া কোৰ নাঙলেৰে মাটি উৰ্বৰা কৰি কঠীয়া পৰাৰ সময়, ধান সিঁচাৰ সময় নহয় ৷ গতিকে সকলো কাম ভাৱি-চিন্তিহে কৰিব লাগে ৷ সেইদৰে ল’ৰালৈ বোৱাৰী আনোতে ভালদৰে গুৰি- গোষ্ঠী চাই, ছোৱালীৰ আচাৰ- ব্যৱহাৰ চাই বিয়া পাতিব লাগে ৷ এই ক্ষেত্ৰত নিজৰ সমকক্ষ লোকৰ লগত সম্বন্ধ কৰিব লাগে ৷

“চল চাই কঠীয়া পাৰিবা কলীয়া ৷

জেঠত নিসিঁচিবা ধান ৷৷

পো চাই বোৱাৰী আনিবা কলীয়া ৷

নিজৰো ৰাখিবা মান ৷৷”

এইদৰে আমি আমাৰ লোক-সাহিত্যত গ্ৰীষ্মকালৰ উপযোগী বহুতো মানি চলিব লগীয়া কথাৰ উল্লেখ পাওঁ ৷ কৃষিভিত্তিক অৰ্থনীতিত এই কথা/ উপদেশসমূহে এক বিশেষ ভূমিকা লয় আৰু সমাজখন সঠিক পথত আগবাঢ়ি যোৱাত সহায় কৰে ৷


 অঙ্গন: পৃষ্ঠাঃ ৯

গাৱঁত জন্মগ্ৰহণ কৰি, আমেৰিকাৰ কৰ্ম-সংস্থাপি, সংস্কৃতি প্ৰেমী, সমাজ কৰ্মী ব্যক্তি কৰুণা নন্দ ভূঞা      
                        ‌‌‌‌‌
শ্ৰী মৌচুমী ভূঞা

 1943 চনত ঐতিহাসিক শিৱসাগৰ জিলাৰ 2 নং শলগুৰি গাঁৱৰ দীননাথ ভূঞা আৰু চম্পা ভূঞাৰ ঘৰত জন্ম হৈছিল সংস্কৃতিৱান, সমাজ কৰ্মী ব্যক্তি কৰুণা নন্দ ভূঞা।  তেখেতৰ সৰুৰ পৰাই সপোন আছিল যে তেওঁ ভাল দৰে পঢ়া-শুনা কৰি দেশ-বিদেশ ভ্ৰমণ কৰা । এৰুপ্লেনত উঠি গোটেই পৃথিৱীখন ওপৰৰ পৰা চাব ।  কাল ক্ৰমত তেওঁ এই সপোন বাস্তবত ৰূপান্তৰিত হ'ল । তেওঁলোকৰ 6 জন ককাই- ভাই ভিতৰত তেওঁ চতুৰ্থ পুত্ৰ ।  তেওঁ বেটমিন্টন, খেলা-ধূলাৰ উপৰি নাটক, তৰ্ক প্ৰতিযোগীতা আদিত ৰাপ আছিল । কৰুণা নন্দ ভূঞা ই শৈশৱ আৰু কৈশোৰ কালছোৱা শলগুৰি বিদ্যালয়তে পঢ়া-শুনা কৰে আৰু এম এইত তেওঁ ছাত্ৰ বৃত্তি পাইছিল । অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰতি ৰাপ থকা কৰুণা নন্দ ভূঞাই স্কুলত পঢ়ি থকা সময়ত বিভিন্ন ধৰণৰ ৰচনা লিখি পুৰস্কাৰে পুৰস্কৃত হৈছে ।  1960 চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । 1962 চনত ছেন্ট  এডভানচ কলেজৰ পৰা I.S.C পাচ কৰিছিল । 1966 চনত  B.A পাচ কৰিছিল । 1969 চনত দুবছৰ ‘ল' পঢ়িছিল, শ্বিলঙ ‘ল' কলেজত । কৰুণা নন্দ ভূঞা যেতিয়া শ্বিলঙত পঢ়ি আছিল, তেতিয়া তেওঁ নেতৃত্বত 1968 চনত বিহু সন্মিলন খনি অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ পৰিচালক জাহ্নু বৰুৱাৰ সহযোগত পাতিছিল। সেই বিহু সন্মিলন খনৰ  ৰঙালী বিহু সমিতিৰ দ্বিতীয় মুখ্য পত্ৰ সম্পাদনা কৰিছিল । শ্বিলঙত অসমীয়া মানুহৰ সৰ্ব্বাংগীন উন্নতিৰ বাবে গঠিত all Assam association ৰ প্ৰতিষ্ঠাপকৰ সম্পাদক আছিল শ্ৰী যুত কৰুণা নন্দ ভূঞা । তেখেত 1971 চনত ইউ এচ লৈ গৈছিল । সেই একেটা বছৰতে অৰ্থাৎ 1971 চনত উচ্চ শিক্ষাৰ বাবে চৰকাৰী জলপানি লাভ কৰি আমেৰিকালৈ যায়গৈ। য়ুনিভাৰছিটি অফ এৰিজোনা । 1971, 1972, 1973 চনত  and চি.চি কলেজৰ পৰা argi business বিষয়ত A.A ডিগ্ৰী লাভ কৰে । 1978 চনত গুৱাহাটীৰ শেৱালী দাসৰ সৈতে তেওঁ বিবাহ পাশত আৱদ্ধ হয় ।  শেৱালী দাস  গুৱাহাটীৰ নিৰ্বাসী বিশিষ্ট শিক্ষাবিদ , বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ এছ. এম দাসৰ কন্যা । কৰুণা নন্দ ভূঞা আৰু শেৱালী দাস, তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে । তেওঁলোকৰ নাম: কবিতা আৰু নাতাশা । কৰুণা নন্দ ভূঞা 30 বছৰ চাকৰি কৰি  2010 চনত অৱসৰপ্ৰাপ্ত হয় । তেখেতক 25 বছৰৰ বাবে কৃষি বিভাগ, ফিনিক্সৰ দ্বাৰা অমূল্য ৰাজ্যিক সেৱাৰ বাবে স্বীকৃতি দিয়া হৈছিল । 1974 চনত এৰিজোনা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভাৰতীয় সহযোগিতাৰ সভাপতি আছিল । শ্ৰী যুত কৰুণা নন্দ ভূঞা টম ৱৰ্ক আৰু মানদণ্ড সেৱাত উৎকৃষ্টতাৰ বাবে 2000-2001 চনত পৰিচালকৰ বঁটা লাভ কৰিছিল । তেওঁ 1 টা ষ্টভিকুয়াট্ৰে উৎকষ ঋণদাতা আৰু group work  বঁটা 2002 চনত লাভ কৰে । তেখেতৰ ওচৰত ইন্টেনেটিঅ'কেল ৰিলেচনচ ক্লাবৰ সভাপতি আছিল যদিও এম চি.চি মেচা 1972-73 । 1994 চনত এৰিজোনাৰ ইণ্ডো- উস্কুল- গ্ৰাম্য আৰু ধৰ্মীয় ভেটিৰ লেণ্ডকেপিং আৰু সৌন্দৰ্য্য বৰ্ধনৰ অধ্যক্ষ আছিল শ্ৰী যুত ভূঞা । তেখেত এৰিজোনাত হিন্দু মন্দিৰ স্থাপনৰ প্ৰস্তাৱত আছিল। 1992 চনৰ পৰা 1994 চনলৈ আমেৰিকা অসম গণ সমাজৰ উপ-সভাপতি ফইমিক্স চপ টেৰ ।  শ্ৰী যুত ভূঞা 31 বছৰ ধৰি এৰিজোনাত বাস কৰি আছে । বৃহত্তৰ ফিনিক্সৰ বঙালী সংগঠন ব'ৰ্ডৰ সদস্য আছিল 1996 । ফিনিক্স ৰিপ্ৰে চেন্টেটিভৰ ভাৰতৰ পৰিচালক মণ্ডলী 1994 চনত হৈছিল । অসম সংস্থা ভাৰতীয় পৰিচালক মণ্ডলী এছ'চিযেচন অফ ফিনিক্স ট্ৰেয়া চুৰেৰ 1991 চনৰ পৰা 1992 চনলৈ এৰিজোনাৰ অসম এছ'চিয়েচন প্ৰতিষ্ঠাপকৰ সম্পাদক আছিল । বৰ্তমান তেওঁ বিভিন্ন সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় দাতব্য আয়োজনৰ সৈতে জড়িত, যেনে: কৃষ্ণ মন্দিৰ, চাই কেন্দ্ৰ আৰু এৰিজোনাৰ মহা গণ পতি মন্দিৰ । তেওঁ মূল মন্ত্ৰ হৈছে:: এতিয়াও সহায় কৰক, কেতিয়াও আঘাত নকৰিব । তেওঁ দুগৰাকী কন্যা নাতাশা আৰু কবিতা আমেৰিকাতে কৰ্ম সস্থাপিত হৈ আছে । অসমীয়া ভাষা সাহিত্য প্ৰচাৰৰ বাবে ভূঞাই কৰা প্ৰয়াস শলাগনীয়। কৰুণা নন্দ ভূঞাৰ বিষযে লিখিবলৈ আৰু বহুতো কথা থাকি গ'ল।  তেওঁ ইমান কম সময়তে জীৱনত যিখিনি কাম কৰিলে, সেই খিনি সঁচাকৈ শলাগনীয়। ভগবানৰ ওচৰত এইয়াই প্ৰাৰ্থনা যে শ্ৰী যুত কৰুণা নন্দ ভূঞাক দীৰ্ঘায়ু প্ৰদান কৰক আৰু সু-স্বাস্থ্য প্ৰদান কৰক  আৰু তেওঁ জীৱনত সফলতাৰে আগবাঢ়ি যাওক ।


অঙ্গন: পৃষ্ঠাঃ ১০

গুগল ট্ৰেন্সলেটত অসমীয়া ভাষা

নীলপৱন হাজৰিকা

            গুগল ( Google) সৰ্বপৰিচিত এটি জনপ্ৰিয় নাম। সাম্প্ৰতিক সময়ত গুগলক বাদ দি যেন আমি ইণ্টাৰনেটৰ কথা ভাবিবই নোৱাৰো। ইয়াৰ উপৰি বহু সময়ত তথ্য বিচাৰি আমি গুগলৰে কাষচাপিব লগা হয়। স্বাস্থ্য, বাণিজ্য, শিক্ষাখণ্ডৰ পৰা মনোৰঞ্জনলৈ সকলো বিষয়তে কম বেছি পৰিমাণে তথ্য উপলব্ধ গুগলৰ ওচৰত যেন আমি সম্পূৰ্ণ নিৰ্ভৰ কৰিবলৈ লৈছোঁ। আনকি এই ই-আলোচনী সমূহৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰতো আমি গুগলৰ ওপৰতে নিৰ্ভশীল। এনে এটা জনপ্ৰিয় এপ্‌চ প্ৰতিষ্ঠা কৰিছিল ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পি এইচ ডি অধ্যয়নৰত দুজন ছাত্ৰ ক্ৰমে লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিন। আমেৰিকাৰ কেলিফৰ্নিয়াৰ মাউণ্টেইন ভিউ চহৰত মূখ্য কাৰ্যালয় অৱস্থিত গুগলৰ মূল মন্ত্ৰ হ'ল " Don't be evil" অৰ্থাৎ " কেতিয়াও বেয়া নহ'ব"।
         ১৯৯৮ চনৰ ৪ চেপ্তেম্বৰত প্ৰাইভেট লিমিটেড কোম্পেনী হিচাপে প্ৰতিষ্ঠা হোৱা গুগলে ২০০৪ চনৰ ১৯ আগষ্টত পাব্লিক লিমিটেড কোম্পেনীলৈ পৰিবৰ্তীত হয়। সময়ৰ লগত নৃত্য নতুন পণ্য আৰু সেৱা যোগ কৰি গুগলে নিজৰ আকাৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি গুগলে নতুন নতুন কোম্পেনী কিনি নিজৰ লগত একত্ৰীকৰণ, বিভিন্ন প্ৰতিস্থানৰ লগত অংশীদাৰিত্ব আৰু বিজ্ঞাপনৰ লগত নিজকে সাঙুৰি লৈ নিজৰ বহুমুখীতাৰ পৰিচয় দিছে। এই গুগলৰ ২৪ টা নতুন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থান লাভ কৰিছে। যিটো আমাৰ বাবে গৌৰৱৰ কথা। বৰ্তমান অসমীয়া ভাষাকে আদি কৰি যি সাতটা ভাষা গুগল ট্ৰেন্সলেটত সংযোগ কৰা হ'ল তাক ধৰি গুগল ট্ৰেন্সলেটত সংযোগী ভাৰতীয় ভাষাৰ সংখ্যা হ'লগৈ ১৯ টা আৰু গুগলত মুঠ ভাষাৰ সংখ্যা হ'লগৈ ১৩৩ টা।
             ভাষা এটা জাতিৰ প্ৰাণ, জাতিৰ পৰিচয়, জাতিৰ চালিকা শক্তি। ভাষাৰ অবিহনে এটা জাতিয়ে নিজক বিশ্বদৰবাৰত চিনাকী দিব নোৱাৰে। গতিকে ভাষা এটা জাতিৰ কিমান মূল্যবাদ সম্পদ সেই কথা নকলেও বুজিব পাৰি।
           প্ৰথম মাতৃৰ পৰা আৰম্ভ হোৱা ভাষাটো এদিন আমাৰ মনৰ ভাৱ প্ৰকাশৰ মূল আহিলা হৈ পৰে। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত, অশিক্ষিত সকলোৰে বাবে মাতৃভাষা সহজে বোধগাম্য হোৱা মুখৰ ভাষা। গতিকে মাতৃভাষাৰ উন্নতিয়ে আমাক উৎফুল্লিত কৰি তোলাটো তেনেই স্বাভাৱিক। সেয়ে সৌ সিদিনা গুগল কৰ্তিপক্ষই আনুষ্ঠানিক ভাৱে অসমীয়া ভাষাটোক গুগল ট্ৰেন্সলেটত অন্তভূক্ত কৰা কথাষাৰ ঘোষণা কৰাৰ লগে লগে অসমবাসী আনন্দিত হৈ পৰিল। গুগল ট্ৰেন্সলেট টুলত অসমীয়া ভাষাৰ স্থান লাভৰ বাবে যি সকলে অহোপুৰুষাৰ্থ কৰিছিল এই আপাহতে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। যদিও বৰ্তমানলৈ গুগল ইউনি ক'ডত অসমীয়া ভাষাই স্থান লাভ কৰা নাই। তথাপিও আমি ক'ব পাৰো যে গুগল ট্ৰেন্সলেটত স্থান লাভে আমাক এখোজ আগুৱাই নিলে। আমি আশাবদী গুগল ইউনিক'ডটো এদিন অসমীয়া ভাষাই স্থান লাভ কৰিব।
           অসমীয়া ভাষাৰ এই স্বীকৃতিৰ বাবে অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি সমগ্ৰ অসমীয়া ৰাইজ অতি আনন্দিত হৈ পৰিছে। আইৰ মুখৰ ভাষাটোৰ এই সফলতা সঁচাকৈ এটা গৌৰৱৰ বিষয়। আমি এই গৌৰৱক হৃদয়ঙ্গম কৰি ভাষাটোৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰদ্ধা আৰু নিষ্ঠা সহকাৰে কাৰ্য কৰি যাবলৈ সংকল্পবদ্ধ হওঁ আহক। 
             আমাক এইকণ সুখ প্ৰদান কৰি গুগলে যি সন্মান পদৰ্শন কৰিলে তাৰ বাবে যদি আমি গুগল কৰ্তিপক্ষৰ শলাগ নলওঁ তেন্তে ভুল কৰা হ'ব। সেয়ে এই চুটি প্ৰৱন্ধটোৰ সামৰণিত মই অসমবাসী ৰাইজৰ হৈ গুগলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।



 অঙ্গন: পৃষ্ঠাঃ ১১

বিশেষ ঘোষণাঃ

পষেকীয়া ই-আলোচনী অঙ্গনত প্ৰকাশৰ বাবে উপন্যাস বিচৰা হৈছে। উপন্যাসৰ বিষয়বস্তু সাম্প্ৰতিক সময়ৰ লগত সংগতি থাকিলে প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব।

সম্পাদনা সমিতি,
অঙ্গন


 অঙ্গন: পৃষ্ঠাঃ ১২

অণুগল্পঃ

পোহৰৰ সীমনাত         

মীনাক্ষি ৰায় ডাকুৱা
                                  
           কৰৱীয়ে ককায়েক নৱৌয়েকৰ গলগ্ৰহ নহৈ ঘৰৰ পৰা বহুদূৰৰ এখন স্কুলত শিক্ষয়িত্ৰীৰ চাকৰি এটিত যোগদান কৰিলে । বহুত বৰ্ণময় সপোন আছিল কৰৱীৰ অন্তৰত । কিন্তু এদিন তাইৰ সকলো সপোন কেইটামান পাষণ্ডৰ দৌৰাত্ম্যত ভাঙি চূৰমাৰ হৈ যায় । স্বামী, সন্তান, সুখী সংসাৰৰ সপোন পাহৰি তাই হৈ যায় যেন এক যন্ত্ৰমানৱী । তাই যেন সাঁতুৰি আছে সোঁতৰ প্ৰতিকূলতাত । যেন অসম্ভৱ এক যুদ্ধ । সেই যুদ্ধ বহুমুখী—সমাজৰ বিৰুদ্ধে, পুৰুষৰ বিৰুদ্ধে আৰু নিজৰ বিৰুদ্ধেও । এদিন সকলো পিছপিনে এৰি থৈ তাই আকৌ ঘূৰি যাব বিচাৰে তাইৰ উৎসত । অন্ধকাৰৰ পৰা পোহৰৰ বৃত্তত । যিকোনো বাধা-বিপত্তি, ক্ষোভ-বিক্ষোভ ভৰা পৰিস্থিতিৰ অন্ত পেলাই দিয়ে সৃষ্টিশীল ভাৱনা আৰু তাৰ প্ৰয়োগ । সেই দৃষ্টিকোণৰ পৰাই সংকল্প লৈ কৰৱীয়ে সৃষ্টিশীল শিল্পকৰ্মত নিজকে নিয়োজিত কৰিলে । কৰৱীয়ে জানে নিৰন্তৰ প্ৰচেষ্টাৰ ফলত তাই এদিন নিশ্চয় উপস্থিত হ'ব পোহৰৰ সীমনাত ।


অঙ্গন:  পৃষ্ঠাঃ ১৩

জুইয়ে পোৰা সোণ
(সঁচা কাহিনীৰ আলমত ৰচিত)

বিজয়া গগৈ
                

                চেলা-পেটী জোকবোৰক  থু লগাই হাতেৰে ধৰি দূৰলৈ দলিয়াই দিয়া হৈছিল। নাঙলৰ ফালত লাগি ধৰা দলঘাঁহৰ শিপাবোৰ মিট দাখনেৰে কাটি দিয়াত নাঙলটো আগবাঢ়িছিল। দেউতাকৰ পিছে পিছে হাল ঘূৰাওঁতে দহ বছৰীয়া ল'ৰাটোৰ পেটলৈকে পানীয়ে ঢুকি পাইছিল; নকৰিলে যে বছৰৰ দুমাহৰ ভাত নাটনি হয়।

              দৰিদ্ৰতাৰ দুৰ্ভেদ‍্য প্ৰাচীৰ অতিক্ৰম কৰি গভীৰ আত্ম প্ৰত‍্যয় আৰু দুৰ্বাৰ অধ‍্যয়ন পিপাসাই  ল'ৰাজনে এদিন জীৱন যুঁজত জয় হ'ল। তেওঁ পিছত পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী তথা বিজ্ঞান-প্ৰযুক্তিৰ উন্নত ৰাষ্ট্ৰ আমেৰিকাৰ মাচাছ‍্যুচেট বিশ্ববিদ্যালয়ৰ গবেষক ছাত্ৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে।

              এদিন ঘৰলৈ আহি তাহানিৰ দ'পথাৰৰ মাজত থিয় হৈ অতীতলৈ ঘূৰি চাওঁতে সেই দু:সময়ৰ ছৱিখন তেওঁৰ নিজৰ বাবেই অবিশ্বাস‍্য যেন লাগিছিল।

              কাৰণ এতিয়া তেওঁৰ জীৱন এটা সোণালী সপোনৰ সমাৰ্থ।

ৰহা,নগাঁও।


 অঙ্গন: পৃষ্ঠাঃ ১৪
    
আঘাত
                  
সীতা দেৱী 

      বেচৰকাৰী কোম্পানী এটাত শ্ৰমিক হিচাপে কাম কৰি মহিদুলে তাৰ দহজনীয়া পৰিয়ালটো যেনে তেনে পোহপাল দিবলগীয়া হৈছে। মানসিক চাপ আৰু শাৰীৰিক কষ্টৰ বাবে বয়সতকৈ বৃদ্ধ হোৱা মদিদুলে আজি কালি জীৱনৰ ৰং কি পাহৰি পেলাইছে। অবিৰত ঘৰখন চলাই নিয়া এক যন্ত্ৰত পৰিণত হৈ পৰিছে। এইবাৰৰ ঈদত কোনো খাম খেয়ালী যাতে নহয় সেই বাবে তেওঁ কেইমাহমান আগৰ পৰা কিছু টকা তেওঁ মজুৰিৰ পৰা ৰাখি আহিছে। কাইলৈ ঈদ। আজি ৰাতিপুৱাই ঈদৰ বজাৰৰ হিচাপ-নিকাচ কৰি কামলৈ গ'ল। আৰু মনতে ভাবিলে কামৰ অন্তত মেনেজাৰৰ হাতত জমা থোৱা টকা কেইটাৰে বজাৰ কৰি আহিব। কাৰখানাত  কাম চলি থকাৰ মাজতে হঠাতে চিঞৰ বাখৰ   লাগি গ'ল। মেচিনত যান্ত্ৰিক বিজুতি ঘটিলে আৰু মহিদুলে হাত এখন হেৰুৱায়।

            চিকিৎসালয়ৰ বিছনাত পৰি মহিদুলে চাৰিওফালে কেৱল অন্ধকাৰ হে দেখিলে।


 অঙ্গন: পৃষ্ঠাঃ ১৫

ভাগ্য

গোপাল কৃষ্ণ বাঢ়ৈ

সৰুৰে পৰা সুৰাৰ ব্যৱসায় কৰি পঢ়াই-শুনাই ডাঙৰ-দীঘল কৰা ল’ৰাটোৱে আৰক্ষী বিভাগত নিযুক্তি পালে৷ ঘৰখনলৈ আনন্দৰ এজাক মৃদু মলয়া সোমাই আহিল সকলোকে উৎফুল্লিত কৰি। পিছে এতিয়া সেই ল’ৰাটোও তাৰ মাক-দেউতাকৰ দৰে সুৰাৰ ব্যৱসায় কৰি সন্তানক পঢ়োৱা লোক সকলৰ বিৰুদ্ধে কঠোৰ হ’ব লাগিব৷

 যোৰহাট



অঙ্গন: পৃষ্ঠাঃ ১৬

শেষ উশাহকন 

সৰস্বতী দেৱী 

আহঁত গছ দুজোপা কাটি সেইখিনি ঠাইত নতুনকৈ এটা পকী ঘৰ সজাৰ পৰিকল্পনা কৰাৰ দিনা প্ৰতিবাদ কৰিবলৈ গৈ নীলাই  হাজৰিকাৰ পৰা কিমান  যে ককৰ্থনা শুনিব লগা হৈছিল ৷ 

অক্সিজেনৰ অভাৱত  চাটি -ফুটি কৰি থকা হাজৰিকাই  সেহাই সেহাই  নীলাক ক’লে এই ঘৰবোৰত থাকিবলৈ মানুহেই নাথাকিব দেখোন ৷

গণেশগুৰি , গুৱাহাটী 
৯৭০৬৭৭৩১০৮


 অঙ্গন: পৃষ্ঠাঃ ১৭

এক মিনিটৰ গল্পঃ

 সিদ্ধান্ত 

 জুনমনি গগৈ 

          "ছোৱালীজনী কেনে দেখিলা? পুত্ৰলৈ বোৱাৰী কৰিব পাৰিম নে  বৰা ?" 
          "ভাস্কৰ বৰুৱাৰ জীয়েকে ডাক্তৰ, ইঞ্জিনিয়াৰ দৰা পাব। তোমাৰ পুতেৰালৈ আনিবা জানো ?"
          " কিয়, তোমাৰ পছন্দ নহ'ল নেকি ? মোৰ ল'ৰাও দেখোন কলেজৰ শিক্ষক। ছোৱালীজনীক তোমাৰ সঁচাকৈয়ে পছন্দ নহ'ল নেকি বৰা ?" 
              "ছোৱালীজনী মোৰ অপছন্দৰ নহয় ।  দেখাই-শুনাই ভালেই । নামী ব্যৱসায়ী ভাস্কৰ বৰুৱায়ো আদৰ যত্ন কৰি  আমাক  মাছে- মাংসই  এসাজ  খোৱালে। আমিও উদৰ পুৰাই খালোঁ। সেইবোৰত মোৰ একো আপত্তি নাই ।  কিন্তু  ...."
            " কিন্তু কি বৰা ?" ....সৰুৰে পৰা একেলগে ডাঙৰ হৈ একেখন স্কুলতে শিক্ষকতা কৰা, জীৱনৰ প্ৰতিটো সমস্যাতে দিহা-পৰামৰ্শ দি সহায় কৰা বন্ধু অধেন্দুৰ কথাত  দুগুণ আচৰিত হৈ জীৱন শইকীয়াই অধেন্দুৰ উত্তৰলৈ বাট চালে ।
              "আচলতে আমি হ'লো মাষ্টৰ মানুহ  । কিতাপ-পত্ৰ  পঢ়ি ভাল পোৱা মানুহ  । তোমাৰ ল'ৰাও তোমাৰ সাঁচতে উঠিল। নহ'লেনো  আজি সি তাৰ বাবে আমি ছোৱালী চাবলৈ থয়নে ?"
              "হয় ।" শইকীয়াই উৎসুকতাৰে বৰালৈ চালে।
              "তুমি মন কৰিলা নাই মই নাজানো ।  মই বৰুৱা ঘৰৰ সকলোতে চকু ফুৰালো। ঘৰখনত দামী আচবাবেৰে ভৰি আছে। কিন্তু এটা বস্তুহে নেদেখিলোঁ।
                "কি"
                 "এটা কিতাপৰ আলমীৰা।  দামী  দামী কাপপ্লেট, বিভিন্ন ধৰণৰ ফুলদানী, বা পুতলাবোৰৰ কাষতে যদি  আলমীৰাকেইটাত কিতাপো কেইখনমান থাকিলহেঁতেন, তেন্তে মোৰ কবলগীয়া একো নাছিল।  এতিয়া  সিদ্ধান্ত তোমাৰ ।"
                পৰ্দাৰ সিপাৰে কাণ উনাই শুনি থকা পুতেক অমিতাভে তপৰাই মাত লগালে, " তাৱৈয়ে ঠিক কথাই কৈছে দেউতা।"


অঙ্গন:  পৃষ্ঠাঃ ১৮

অভিজ্ঞতা

বিষাদ ৰঞ্জন বৰবৰা

             কথাৰ পাকত পৰি দুবছৰীয়া নিৰ্বাসন কটা অভিজিতে আজিও পাহৰিব পৰা নাই অতীতৰ সেই দিনটোৰ কথা। মাকে সৰুতে তাক ঠিকেই কৈছিল " বোপাই অ' তই অন্যায় সহিব নোৱাৰ। ভনীয়েৰাৰ ভুলৰ বাবে কেতিয়াবা তই মাৰ খালে দিনটোলৈ অন্নশনত ব'হ। হেৰ' তোৰ এই স্বভাৱটো এৰ। এই দুনীয়া বৰ বিচিত্ৰ বুইছ। ইয়াত সত্য কথাত মাতিলেও বিপদ নেমাতিলেও বিপদ। পিছে নমতাকৈ থাকিলে দুমুঠি যদি খাই থাকিবলৈ পাৱ মাতিলে তাকো নেপাবি। গতিকে তোৰ স্বভাৱটো সলনি কৰ বুইছ। কথাবোৰ দেখিও নেদেখা ভাও ধৰিবলৈ শিক। মুখৰ কথা এৰি দিয়া কাড়ৰৰ দৰে ওলাই গ'লে উভটাই আনিব নোৱাৰি। গতিকে মুখৰ কথাক সংযত কৰি বাকী লোক সকলৰ দৰেই সজম কৰিবলৈ শিক। তেতিয়াহে এইখন সমাজত জীয়াই থাকিব পাৰিবি।" আনুষ্ঠানিক শিক্ষাৰ নামত পাঠশালাৰ বাৰান্দা গচকি নোপোৱা তাৰ মাকৰ সাৰুৱা কথাষাৰ সি আজিহে উপলব্ধি কৰিছে। অভিজ্ঞতাই যে মানুহক কিমান কথা শিকাই যায়।
              ডিচেম্বৰ মাহৰ এটি আবেলি সিহঁতৰ গাঁওত জনকল্যাণমূলক এখন ৰাজহুৱা সভা বহিছে। গাঁওখনৰ অন্যান্য লোকসকলৰ লগতে সিও গৈ সভাস্থলিত উপস্থিত হ'লগৈ। আমন্ত্ৰিত অতিথি তথা বিষয়ববীয়া সকলৰ ভাষণৰ অন্তত ৰাইজৰ একাষাৰ কাৰ্যসূচী আহিল। মঞ্চৰ পৰা ৰাইজলৈ দুআষাৰ ক'বৰ বাবে  আহ্বান জনোৱা হ'ল। আহ্বান ৰক্ষা কৰি দুআষাৰ ক'বলৈ যোৱা লোক সকলক অনুকৰণ কৰি সিও গৈ মঞ্চত উঠিল আৰু উপস্থিত গণ্যমান্য লোকসকলক সম্বোধন কৰি আৰম্ভ কৰিলে তাৰ একাষাৰ। কথাৰ সোঁতত উটি ভাহি কেতিয়া যে সি তাৰ হৃদয়ত উমি উমি জ্বলি থকা জুইকুৰাক দপ্‌দপাই জ্বলাই দিলে সি গমেই নেপালে। সি কথাৰ মাজেৰে কৈ গ'ল গাঁওখনত বিভিন্ন আঁচনী সমূহত হোৱা অনিয়মৰ কথা আৰু ভূৱা হিতাধিকাৰীৰ কথা। তাৰ কথাই বহুতৰে হৃদয় জ্বলালে আৰু সি হৈ পৰিল তেওঁলোকৰ চকুৰ কুটা, দাঁতৰ হুল। ফলত আৰু কি পিছদিনা গাঁওবাসীয়ে ৰাজহুৱা সভা আহ্বান কৰি তাক দুবছৰৰ বাবে একাষৰীয়া কৰি থৈ শাস্তি বিহিলে। সি তেতিয়াহে বুজিলে যে সত্য হ'লেও অপ্ৰিয় সত্যকথা ক'ব নেপায়।
           বেচেৰা অভিজিতে আজিকালি বহুলোককে তাৰ অভিজ্ঞতাৰ কথা কয়। লগতে কয় এইখন দেশত, এইখন সমাজত মুখচিলাই থকা মানেই সকলোৰে আপোন হৈ থকা আৰু যিদিনাই অন্যায়ৰ বাৰুদ্ধে মাতিবা সিদিনাই তুমি  সকলোৰে অপ্ৰিয় হৈ পৰিবা।


 অঙ্গন: পৃষ্ঠাঃ ১৯

অনুবাদ কবিতাঃ

The Violet

(By Johann Wolfgang Von Goethe)

A violet in the meadow grew,
Bowed to earth, and hid from view:
It was a dear sweet violet.
Along came a young shepherdess
Free of heart, and light of step,
Came by, came by,
Singing, through the flowers.
Oh! Thought the violet, were I,
If only for a little while,
Nature’s sweetest flower yet,
Till my Beloved picked me, pressed
Me fainting, dying to her breast!
So I might lie,
There, for but an hour!
Alas! Alas! The girl went past:
Unseen the violet in the grass,
Was crushed, poor violet.
It drooped and died, and yet it cried:
‘And though I die, yet still I die
By her, by her,
By her feet passing by.

বেঙুনীয়াপাহি

মূলঃ Johan Wolfgang Von Goethe
অনুবাদঃ প্ৰাণ কৃষ্ণ গোস্বামী

ঘাঁহনিডৰাত এপাহি বেঙুনীয়া ফুলিল,
ধৰিত্ৰীক সেৱা কৰি, আৰু দৃষ্টিৰ অগোচৰে :
তেওঁ আছিল মৰমৰ মিঠা এপাহি বেঙুনীয়া।
সেইফালে আছিল এজনী ভেড়াৰখীয়া ছোৱালী
অন্তৰ খোলা, খোজ লাহেকৈ দিয়া।
গীত গাই গাই, ফুলৰ মাজে মাজে
আহি আছিল, আহি আছিল।
অস ! বেঙুনীয়াপাহিয়ে ভাবিলে,
ক্ষণিকৰ বাবেও যদি হ'লোহেঁতেন মই
প্ৰকৃতিৰ শ্ৰেষ্ঠতম সুগন্ধি ফুলপাহি,
মোৰ প্ৰিয়তমাই ছিঙি লৈ মোক
তেওঁৰ স্তনযুগলৰ মাজত জোৰেৰে সাৱটি
আপোন-পাহৰা হোৱালৈকে,
মই হয়তো পৰি ৰ'লোহেঁতেন
তাতেই, বহু সময়ৰ বাবে।
হায়। হায়। ছোৱালীজনী পাৰহৈ গ'ল :
ঘাঁহৰ মাজত বেঙুনীয়াপাহি অদৃশ্য হৈয়ে ৰ'ল
বিধ্বস্ত হ'ল বেচেৰা বেঙুনীয়া।
ঢলি পৰি মৃত্যুক সাৱটিলে, তথাপি চিঞৰি ক'লে :
'আৰু যদিওবা মই মৰিছোঁ, মই মৰিছোঁ
তেওঁৰে কাষত, তেওঁৰে কাষত,
মোৰ ওচৰেৰে পাৰ হোৱা তেওঁৰ দুভৰিৰ কাষত'।

(জাৰ্মান আধুনিক সাহিত্যৰ সৰ্বোতম প্ৰতিভাধৰ সাহিত্যিক হিচাপে খ্যাত ওঠৰশ শতিকাৰ জ'হান ৱ'ল্ফগাংগ গ্যেটেৰ জন্ম হৈছিল ১৭৪৯ খৃঃৰ আগষ্ট মাহত। তেওঁ সাহিত্যৰ সকলো বিভাগৰে এজন বাটকটীয়া লেখক আছিল। তেওঁৰ লিখনী সমূহে মহাকাব্য, কবিতা, গীতিকবিতা, উপন্যাস, নাটক, স্মৃতিগ্ৰন্থ, আত্মজীৱনী, সমালোচনা আদি সকলো বিষয়কে সামৰাৰ উপৰিও তেওঁ এজন ভাল চিত্ৰকৰ আছিল। উদ্ভিদ আৰু শৰীৰবিদ্যা লৈও তেওঁৰ ভালেখিনি লিখনী আছে। ১৭৭৮ খৃঃত তেওঁৰ "উদ্ভিদৰ ৰূপান্তৰ" ( Metamorphosis of Plans ) শীৰ্ষক এখন বিজ্ঞানভিত্তিক গ্ৰন্থ প্ৰকাশ পাইছিল। দুটা খণ্ডত প্ৰকাশিত " ফাউষ্ট " ( Faust) তেওঁৰ সৰ্বশ্ৰেষ্ঠ নাটক হিচাপে খ্যাত। ১৮৩২ খৃঃৰ মাৰ্চ মাহত তেওঁৰ মৃত্যু হয়। )

অনুবাদকৰ একাষাৰঃ

এই লেখকৰে দুটিমান কবিতা ইংৰাজীৰ পঢ়াৰ সেযোগ পাইছিলোঁ‌। তাৰে " দ্যা ভায়লেট" ( The Violet জাৰ্মান ভাষাত Das Velichan   নামৰ কবিতা ( নে গীতি কবিতা ? ) টি অনুবাদৰ মৰসাহ কৰিছিলোঁ। আচলতে বেঙুনীয়া ৰঙৰ ফুল ফুলা এজোপা সৰু ঘাঁহ ( Plant) ক জাৰ্মান ভাষাত হেনো Das Velichan বোলে। বিশ্ব বিখ্যাত সঙ্গীতজ্ঞ মোজাৰ্টে এই কবিতাটোৰ সংগীত সৃষ্টি কৰিছিল।

অঙ্গন: পৃষ্ঠাঃ ২০
সংগীনী 

মূল বাংলাঃ শঙ্খ ঘোষ 
ভাষান্তৰঃ চাণক্য চিৰাং 

হাতৰ ওপৰত হাত ৰখা 
বৰ উজু নহয় 
গোটেই জীৱন সহিব পৰাটোও উজু নহয় , 
কথাষাৰ তেনেই উজু , 
কিন্তু কোনে বাৰু নেজানে --- 
উজু কথা যদিও 
সিমান উজু নহয় । 

ভৰিৰ ভিতৰখন মাতাল 
মোৰ ভৰিৰ তলিখনো মাতাল 
জানো মদৰ ৰাগীত সকলো ঋণী ---- 
সেয়ে প্ৰখৰ ৰ'দৰ দুপৰীয়াও 
সংগী হৈ থাকে মুখ মেলি থকা 
সেই গংগা তীৰৰ চণ্ডালিনী  ! 

সেই সনাতনো ভৰসাহীন অশ্ৰুহীনা  ! 
তুমিয়ে মোৰ সকলো সময়ৰ 
সংগীনী নে  ? 
তুমি মোক সুখ দিবা 
সেয়া উজু নহয় --- 
তুমি মোক দুখ দিবা 
সেয়াও উজু কথা নহয়  -- !

বঙাই গাঁও ( অসম )


 অঙ্গন: পৃষ্ঠাঃ ২১
কবিতাঃ

কোনে পাতে এজন সৈনিকৰ কথা

তপন বৰুৱা

নোখোৱাকৈয়ে ৰৈ গ'ল বিহুৰ পিঠা 
নোকোৱাকৈয়ে ৰৈ গ'ল 
ডাকেৰে অহা টোপোলাটো হাতত পৰাৰ কথা !
সীমান্তৰ পহৰাৰ জৰুৰী আদেশত
ওলাই গ'ল যি গ'ল কেম্পৰপৰা 
ঘূৰি আহিবলৈ নাপালে আনদিনাৰ দৰে । 

অৱশ্যে ঘূৰি আহিল তেওঁ নিজ ঘৰলৈ 
ঘূৰাই লৈ অনা হ'ল ডাকৰ টোপোলাটোও  
তেওঁ তেতিয়া বগা কাপোৰেৰে ঢকা
শোকদগ্ধ সতীৰ্থ সৈনিকবৃন্দৰ কান্ধত । 

তেওঁ গম নাপালে বাতৰিটো পায়েই 
কোন কেনেকৈ ঠাইতে মূৰ্চ্ছা গ'ল অথবা  মাটিত বাগৰি বাগৰি কান্দিল
মুখলৈ চাই কাৰ কাৰ হৃদয় শোকশোকাই উঠিল 
কিমান জাঁই গুলি ফুটাই  চিতাত বহুৱালে 
তেওঁ একোৱেই গম নাপালে।

নোখোৱাকৈয়ে ৰৈ যায় এনেকৈ বহুজনৰ 
বিহুৰ পিঠা ;
নপতাকৈয়ে ৰৈ যায় 
শিৰত মৃত্যুৰ কফন পিন্ধি অহৰহ স্বদেশৰ 
মাটি-পানী-আকাশক 
পহৰা দি থকা  সৈনিকৰ কথা
আইক ভালপোৱা বহুজন বীৰৰ কথা।


অঙ্গন:  পৃষ্ঠাঃ ২২
শংখবীজ

ভাৰতী চক্ৰৱৰ্তী

উশাহ ল'ব বিচৰা মানুহবোৰৰ
ডিঙিত ৰং-বিৰঙৰ ফাচ দেখি
বুকুৰ গভীৰলৈ প্ৰোথিত হয়
তাপিত এক শংখবীজ
যি শংখধ্বনিত ভাঙি যায়
চৌপাশৰ শিলৰ বেৰা

অদৃশ্য এক বন্দীশালত বন্দী মানুহে
সমস্ত দুখৰ ভাৰ বৈ বৈ
এদিন দুহাতত তুলি লয়
অকথিত বিদ্ৰোহ
তেজত ফুলাই জুই ফুল

যি ফুলে সাৱটি আছে মোক
মই সেই ফুলক...


অঙ্গন:  পৃষ্ঠাঃ ২৩
আন্ধাৰৰ সংজ্ঞা

 মিতালী গোস্বামী                 
                     
জ্যোৎস্নাগৰ্ভা জোনাকীৰ
অজলা পাখিত থাকে
আন্ধাৰৰ অনুপম সংজ্ঞা ৷

এখুদ বুকুৰ আশা
পৰিচয়হীন পথিকৰ
পোহৰাব পৰাহ’লে শতেক যোজন বাট,
পাখি তেনেই থুনুকা ৷

স্বপ্নাতুৰ দ্যুতিৰ কণা
সূৰ্য্যস্নাতা পৃথিৱীত
ফুটুকলা পাতৰ তলত
জোনাকীৰ বাসনা  ৷

সৰু সৰু মানুহৰ সৰু সৰু বুকু বোৰত
আশাৰ ইমান প্ৰৱাহ !
স্ৰোতস্বিনী জীৱনত
বুভুক্ষাৰ নৌকা বিলাস ৷

আমৰলি পৰুৱাৰ দৰে
 একেলগে খোজবোৰ নপৰে
 লোলোপ জিভাত সানি
 হৰিণ সোৱাদ
ৰাতিবোৰে নক্ষত্ৰৰ চোলা পিন্ধে ৷

চুলিমেলা পাঞ্চালীক
ৰক্তস্নাতা কৰিবলৈ
অনুজ হন্তা বৃকোদৰে কিয় কৰে পণ ?
যৌৱন যৌৱন মহাৰণ, অকাৰণ ৷

বতাহে কাৰ সুৱাস বৈ ভাল পায়
সোধে জানো বতাহক কোনোবাই ?
দিয়া, দিয়া, দিয়াতো তোমাৰ কাম
বাকী  ,গন্ধ ব’ব নোৱাৰাতো 
বতাহৰ বদনাম ৷

পথভ্ৰান্ত পথিকক দিয়াচোন
জ্যোৎস্নাগৰ্ভা পৃথিৱীৰ
এখুদমান জোনাকী সুখ,
জানাইতো আজি
পৃথিৱীৰ অসুখ ৷


অঙ্গন:  পৃষ্ঠাঃ ২৪
লম্ফজম্ফ কপিজম্ফ

ৰাজেন বৰা

চোতালখন সাৰিপুচি চিকুণাব লাগে
আকাশৰ আমনি , লাগি থাকে পিঠিত
অতিস্থ হৈ আদি আয়ে
বুটি বাঢ়নিৰে আকাশক আঁতৰলৈ দিয়ে পঠিয়াই
চোতালখন পোহৰাবলৈকে যে তৰাখচিত আকাশখনো লাগে........ .. 
আকাশে আকোঁৱালি ৰাখে সবাকে
আকাশ চুৱাৰ আকাংক্ষাত 
আকাশ লঙ্ঘা , আকাশ জ্বলোৱা , থপিয়াই মাটিলৈ নমোৱাৰ প্ৰয়াস নিৰন্তৰ
 অথচ আকাশ খহি মূৰত পৰাৰ ভয়তে
শিলৰ তলত শুই থাকে শিলবোৰ
শিলৰ ঘৰৰ শিলৰ বেৰ 
শিলৰ মূধচ
হওক তেও ঘৰ একোটা লাগে আমাক
নহ’লে যে আমাৰ অঘৰী অতীত
বেৰবোৰ থকা বাবেই বনৰীয়া নহওঁ আমি
চালিখন থকা বাবেই নহওঁ আনৰ বাহ ভঙা বান্দৰ
ঘৰহীন পদপথাশ্ৰয়ীৰ হৃদয় হয় শিল,
শৈলঘাটকবোৰ গ্ৰেনাইড,
অঘৰী শিলতকৈ শিলৰ তলত ঘৰেঘৰোৱাহে থকাবোৰ অধিক শিল
শিলকনো শিল নুবুলি কি বুলি ক’বা
গ্ৰেভেল ৰ’ডৰ ওলাই থকাবোৰো শিল
পিটচ্’ৰ তলত লুকাই থকাবোৰো শিল
শিল দলিয়াই ঘৰ ভাঙি থকা বান্দৰবোৰো শিল
আকাশ ভাঙি মূৰত পৰাৰ ভয়তে শিলৰ তলত শুই থকাবোৰো শিলেই....।

অঙ্গন:   পৃষ্ঠাঃ ২৫
দোমোজা

নিহাল গগৈ

বেলি পাটত বহা এটা দুপৰীয়া
খোজেৰেই বাট লৈছিলোঁ আগলে...
নদীৰ চঞ্চলতা , গভীৰ নিৰ্জনতা লগতে
মৌন কোলাহলৰ প্ৰাচুৰ্যতা
বুকুত সাৱটি
অৰণ্যৰ বুকুৱে দি বাট লওঁতেই দেখিলোঁ,
মোৰ সন্মুখত দুটা ৰাস্তা
এটাত আছে 
প্ৰচুৰ সম্ভাৱনা যেন উৰ্বৰা নদীৰ পাৰ,
তাতে জিলিকিছে কাঁইট
তীক্ষ্ণধাৰ...

আনটোত সিঁচৰতি হৈ আছে শুকান পাত 
যেন ফাগুন ফুলিছে তাত

আৰু মই ৰৈ আছোঁ সেই ঠাইত 
কোন বাটৰে যাওঁ 
এয়া দোমোজাৰ দুপৰীয়া, চোকা ৰ'দে পুৰি নিছে গোটেই গা...।

অঙ্গন:  পৃষ্ঠাঃ ২৬
অনুৰণন

জাহ্নৱী কাকতি

স্মৃতিৰ কবৰ উন্মুক্ত কৰি
কোনে কাক ৰিঙিয়াই মাতে

চকুৱে চকুৰ টোপনি কাঢ়ে
মঁচো বুলিয়েই
কোনে কাক মঁচি পেলাব পাৰে

এৰি অহা সময়ক বুকুত সাবটি
কোন কাৰ বাবে ৰৈ থাকে
শেঁতা ওঁঠত
কবিতাৰ দৰে
নাম এটা জাগি থাকে গোপনে।

অঙ্গন:  পৃষ্ঠাঃ ২৭
দুখৰ দিনৰ গান

ঝৰ্নালী শৰ্মা বৰকটকী

কোনে বাৰু মোৰ বুকুৰ
ভিতৰত ৰু-ৰুৱাই 
জ্বলালে একুৰা জুই
জোন গʼলা নিশা বোৰত
এভৰি দুভৰি কৈ আগবাঢ়ি
আহি সোমাই পৰে
মোৰ বুকুৰ চʼৰা ঘৰত
ভৰি পৰে অচিনা খোজে
তেজবোৰ গোট মাৰি
বৰফ হয়
বৰফত ফাটি-চিটি
যায় মোৰ দুখৰ
পোছাক যোৰ
আহ মোৰ দেহৰ পৰা
সোলোকাই দে 
দুখৰ পোছাক যোৰ
পিন্ধাই দে এযোৰ 
জোনাকীৰ পোছাক
জোন গলা নিশা
মিলি যাব বিচাৰোঁ
জোনাকীৰ লগত।

ফোন নং-৯১০১৮৬০৩৫৯.

অঙ্গন:  পৃষ্ঠাঃ ২৮
দেউতা

উদেষ্ণা হাজৰিকা

এশ - এবুৰি 
সমস্যাৰ ভাৰখন
কান্ধত লৈ এজন
মানুহ নিতৌ ওলাই যায়।
দায়িত্ববোধৰ হেঁচাত পৰি 
ৰঙীন মেজাজ হেৰুওৱা মানুহজনে
কেতিয়াও ক্লান্তিৰ অজুহাত নেদেখুৱাই।
সেই যে দুবছৰ আগৰে কামিজটো,
অ'ত ত'ত এটা দুটা হাতে মৰা
চিলাই।
তাকে পিন্ধি মানুহ জনে সপোন
বুটলি ফুৰে।
পুত্ৰ - কন্যা ,পত্নীৰ অনেক অজুহাত,
হাঁহিমুখে সামৰি লয় নিজৰ দুবাহুত।
যাযাবৰী সত্তাৰে জীৱন 
নামৰ কুঁকিত বুটলি ফুৰে
হেঁপাহৰ সুগন্ধি পুষ্প।
 
মাজুলী 

অঙ্গন: পৃষ্ঠাঃ ২৯
ৰবট

ৰঞ্জু ফুকন

পুৱাৰ  খিৰিকিখন 
খুলি দূৰলৈ 
একেথৰে 
চাই ৰ'লো।

আজি ৰাতি মোৰ
ভালকৈ টোপনি
অহা নাছিল 
কিয় জানো
মোৰ কুটটোৱে 
বৰকৈ আমনি কৰি 
শুবলৈ নিদিলে।

নেভাবো বুলি থাকিলেও 
কিছুমান  কথা
বাৰে বাৰে মনলৈ
আহি ভাৱনাৰ
দূৱাৰ মুখত
ৰয়হি ।

কথাবোৰ  কিন্তু 
ভাবিলে পেটতে
মোৰ হাত ভৰি
লুকাই। 
দিনক দিনে মনটো
কোঙা হৈ গৈছে ।

কেনিও চাব নোৱাৰি
কেউফালে  দাবানল
শিখাৰ  ফিৰিঙ্গতি
দেইযোৱা এখন পৃথিৱী।

মানুহ  নামৰ  পৰুৱাবোৰ
কাৰোবাৰ খোজৰ
ভৰত আধামৰা
হৈ পৰিছে ।
আমি মানুহবোৰ 
যন্ত্ৰচালিত  ৰবটৰ
দৰে হ'লো।

কিছু উঠি ৰজা
কিছু বহি ৰজা
আমি কাষতে ৰৈ 
ভোকাতুৰ কুকুৰৰ
দৰে ওঁঠ মুখ
চেলেকি আছো।

আমাৰ কোনো
প্ৰতিবাদৰ ভাষা
নাই 
আমিবোৰ  বাকৰুদ্ধ 
আন্ধাৰতে  ডুবি
আছো
পোহৰৰ  সন্ধান
বিচাৰিলে
আঁঠু কঢ়া ঘিলা কঢ়া
পুনৰাবৃত্তি হ'ব
দূৰৰ পৰা নিৰীক্ষণ 
মাত্ৰ তধা লাগি চাই আছো
আমিবোৰ যেন 
যন্ত্ৰচালিত 
ৰবট।

              
ডিমৌ
শিৱসাগৰ

অঙ্গন:  পৃষ্ঠাঃ ৩০

কাৰ বাবে লিখোঁ কবিতা ?

আমিৰ হুছেইন আহমেদ

কবিৰ প্ৰাণে কিয় লিখে 
কাৰ বাবে লিখে কবিতা ?
কবি নহওঁ-প্ৰত্যুত্তোৰ দিম
অনুভৱৰ শিপা বিচাৰি
বিবেকৰ দংশনত পৰি 
সৃষ্টিত থাকে অকৃত্ৰিমতা
শব্দৰ দুৰ্ভিক্ষত ভোগে অবিৰাম !

অভাৱ স্বভাৱ হ'লে
শিলৰ চকুলো ওলালে 
কবিৰ হৃদয় গলে
অহৰ্নিশে তাকে দেখা পাওঁ
তাগিদাত কাপ নিগৰালে
ছন্দ শৈলী উপমা নিমিলে 
শব্দৰ পিছত শব্দ বহুৱাওঁ
কবিতা নে অকবিতা-অজ্ঞাত
ক'লা মহীৰ উকা পৃষ্ঠাত....
মনৰ ক্ষুধাত শব্দ সিজাই খাওঁ !

মৰুৰ বালিৰ সমুদ্ৰত 
কবি হৈ সাতোঁৰো
এন্ধাৰত জোনাকী হৈ
জ্যোতিৰ ফেৰি কৰোঁ,
অক্ষৰৰ কঠীয়াত সুখ গজাওঁ
মানৱতাৰ মানচিত্ৰত 
খোদিত কৰোঁ ধনাত্মক সৃষ্টি
বিশ্ব ভ্ৰাতৃত্ব-সংহতিৰ সাঁকো
সেই আবেগত কবিতা লিখোঁ !!

অঙ্গন:  পৃষ্ঠাঃ ৩১
সপোনৰ ডেউকা

মীনাক্ষী চৌধুৰী

বতাহ নো কি, যি বলিয়েই থাকে ।
হেঁপাহৰ নো কি ,যি বাঢ়িয়েই থাকে ।
মইহে সমাধিত 
শুৱাই থওঁ হেঁপাহবোৰ
নীৰৱে ,সন্তৰ্পণে ।
নহলে, বাৰিষাৰ ঘাঁহ-বনৰ দৰে
বাঢ়ি আৱৰি ধৰি মোৰ
অস্তিত্বই নোহোৱা
কৰিব খোজে ।
সপোনবোৰহে বান্ধি ৰাখিব নোৱাৰো 
কফিনত ।
মই  ভাঙিব নোৱাৰো সপোনৰ
ডেউকা !
উৰি -উৰি যায় ভৈয়ামৰ পৰা পাহাৰলৈ ,
পাহাৰৰ উচ্চ শিখৰৰ পৰা সুউচ্চ আকাশলৈ ।
শুকুলা ডাৱৰৰ সতে লুকা-ভাকু খেলি-খেলি
পাখি মেলি নীলা-নীলা চুবলৈ।

সৰভোগ

অঙ্গন: পৃষ্ঠাঃ ৩২
 হৃদয়ৰ ব্যক্ততা

জিমিৰেখা শৰ্মা

কুঁৱলী ফালি উৰি যোৱা 
নিয়ৰৰ ফাঁকে ফাঁকে 
হৃদয়ত উত্তপ্ত শিখা লৈ
হোমৰ গুৰিত বহি যোৱা 
আজি আনৰ হৈ।

              বিৰহ -বেদনাত লুতুৰি-পুতুৰি
             শেষ ৰাতিৰ কুঁৱলি মচি
            এখন চিতা জ্বলাই
           আন এখন চিতা নুমুৱা
           যোৱাগৈ তুমি হোৱাগৈ আনৰ।

সুখেৰে থাকিবা 
দুখেৰে নাহাঁহিবা
হৃদয়ৰে নাকান্দিবা
তোমাৰে পুৱতিৰ ৰঙা বেলি হৈ
আজীৱন শিৰত জিলিকিম।।

নলবাৰী


 অঙ্গন: পৃষ্ঠাঃ ৩৩

জীৱনৰ  কেকু্ঁৰী 

শ্ৰীমতী গীতাশ্ৰী নাথ 

কিমানযে কাম ,
 তাতে অলপ হাঁহি - ধেমালি
 ৰং - ৰহইছ ,
পথাৰৰ  মাজতে শ্যামলে সোণপাহিয়ে চাহতুপি দিওঁতে
 চুমা এটা খালে হাতত
সোণপাহিয়ে হয়টো নুবুজে শ্যামলৰ ডেকা যেন অনুভৱ কৰা 
বুঢ়া মনৰ কথা।

দুপৰীয়া খাওঁ যেন মুখ মেলি থকা ৰ'দত পৰি কপালৰ ঘাম মচি গামোচা ফিছিকা ,
তথাপিও পুৱতি নিশাৰ পৰা বেলিপৰালৈ পথাৰতে থাকি ভাল লাগে বুলি কোৱা নুবুজে সোণপাহিয়ে  শ্যামলৰ মনৰ কথা। 

একেটা চোলায়েই পিন্ধি খাৰে খাই কলা হৈ লেতেৰা হোৱাৰ পিছতো নতুন চোলাচোন পিন্ধিবৰে মন নাযায় , 
এই আকাশ নীলা চোলাটোহে ভাল লাগে ,
তোমাৰ যি মন লবা মোক নালাগে বুলি কোৱা নুবুযে সোণপাহিয়ে শ্যামলৰ মনৰ কথা ।

মঙহ এচকল দিওঁ নেকি  
মোক পাৰা যদি নিমখ অকনে আলু দুচকলহে দিয়া 
এই মাছ - মঙহে চোন আজিকালি সোৱাদ নলগা হল , 
পোনাহঁতকে দিয়া আৰু তুমিও খোৱা বুলি কোৱা
 সোণপাহিয়ে নুবুজে শ্যামলৰ মনৰ কথা ।

ঠিকনা : সোণাৰি আটি, মাজুলী ।


অঙ্গন:  পৃষ্ঠাঃ ৩৪

জলকুৱৰীৰ প্ৰেম 

ৰেখা বৰকটকী

নীৰৱতাক সাক্ষী কৰি
এখন নিৰাকাৰ মুখৰ প্ৰেমত পৰিলোঁ 
মানুহে কয় বোলে
কবিতা এখন হৃদয়ৰপৰা
আন এখন হৃদয়লৈ গঢ়া সাকোঁ
তেন্তে  দুদোল্যমান সময়বোৰত
নদীবোৰৰ অস্তিত্বই বা কি ?
কলিজাৰ ক্ষয়িষ্ণু টুকুৰাত
আবৰ্তমান সুখৰ অতীত....
দুখৰ  বানে  গৰকা মাটিডৰাত
ৰ'দকাঁচলিৰ  অভাৱ
গৰাখহনীয়াত জীয়াতু ভোগা
জলকুঁৱৰীৰ  নিটোল বক্ষ
বেদনাই থকা- সৰকা কৰিলে  !!
কিমান পূজা দিব তাই
নিৰাকাৰ হৃদয় দেৱতাৰ প্ৰতিচ্ছৱিত ?
কিমান শুনাব তাই 
উৰুঙা বুকুৰ গান।
আকাৰহীন সেই কোঁৱৰৰ চকুৰ নীলাত
বাঙ্ময় হয় মুহূৰ্তৰ উপলব্ধিবোৰ
ধেনুভিৰীয়া ওঁঠৰ উষ্ণ পৰশত
একাত্ম হ'ল জলকুৱৰীৰ 
অন্তৰীণ সত্তা....,
এতিয়া জলকুৱৰীয়ে তাইৰ তেজাল বুকুখন
কাৰ হাতত তুলি দিব ?
কোনে আজি  হৃদয়ঙ্গম কৰিব
অমাৱস্যাৰ অন্ধকাৰেৰে
উথপথপ  ৰাতিৰ ক্লীৱতা ?
  
 যোৰহাট



অঙ্গন:  পৃষ্ঠাঃ ৩৫

জীৱন বিষাদ ইত্যাদি...

আকাংক্ষা বৰা 

- এতিয়া আৰু আক্ষেপ কৰিবলগীয়া একো নাথাকিব নহয় নে ? 
- ১০ বছৰৰ পিছত যদি ঘূৰি চোৱা এই সময়বোৰলৈ কেনেকুৱা অনুভৱ হ’ব ?
- সেই পৰিস্থিতিত হে অনুভৱ কৰিম৷ এতিয়া বুজিব পৰা নাই মই৷ 
- সময়, সিদ্ধান্তবোৰ বৰ পাকলগা নহয় নে ? 
- উম, আউল লাগে পুনৰ ঠিক হয়৷ 
- ভগৱানক বিশ্বাস কৰা নে ? 
- কৰো৷ 
- যদি তুমি ভবামতে নহয় কথাবোৰ তেতিয়াও ভগৱানক বিশ্বাস কৰিবা নে ? 
- জীৱনৰ প্ৰত্যেকটো ঘটনাৰ দুটা দিশ থাকিবই৷ গ্ৰহণ কৰিব পৰাকৈ নিজক নিৰ্মাণ কৰিবই লাগিব৷ হঠাতে অহা বৰষুণজাকত ছাতি নিনিলে হোৱা সমস্যাৰ পৰা হাত সাৰিবলৈ আমি জানো ওচৰেপাঁজৰে আশ্ৰয় বিচাৰি নলওঁ! কথাবোৰ ঠিক তেনেকুৱাই৷
- হাজাৰ ধুমুহাই কোবাই যোৱাৰ পাছতো হাউলি নপৰাকৈ গছবোৰ সবল হৈ থাকে৷ জীৱনটো ঠিক তেনেকুৱাই৷ তুমি হাউলি নপৰা সেই গছজোপা হ’ব লাগিব৷ 
- ৰ’দৰ ফুল হোৱাৰ হেঁপাহ ইমান সোনকালে মৰহি যাবলৈ দিবা জানো ? 
- ৰ’দৰ ফুল এতিয়া দোমোজাৰ ফুল হৈ পৰিছে ৷
- ওন্দোলা আকাশৰ ঠেঁহ ভাঙি ভালপোৱাৰ বৰষুণজাকে তিয়াই যাব চৌপাশ ৷
- প্ৰহেলিকাময় সময়ৰ গ্ৰাসত এতিয়া জীৱনৰ বাট... লগ পাম এদিন তোমাক ৷ কথা দিলো৷


ঠিকনাঃ
স্নাতকোত্তৰ চতুৰ্থ ষান্মাষিক৷
ইউ জি চি নাৰী অধ্যয়ন কেন্দ্ৰ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়৷
ভ্ৰাম্যভাষ: ৭৩৯৯৫৯০৬৯১


অঙ্গন: পৃষ্ঠাঃ ৩৬

সপোনৰ ঠিকনা

বিজয়া গগৈ

সপোনে সপোন কাঢ়ি লৈ যায়
উদং কৰি কৰি বুকু।
গোপনে দুখৰ নৈ বয়
আন্ধাৰে খিলখিলাই হাঁহে

শাওনৰ পথাৰত বৰষুণৰ অভাৱে
গোঁজ নলয় ধাননি পথাৰ

হঠাৎ কজলা মেঘে ছানি ধৰিল
মুকলি আকাশ

মোৰ কলিজাত এতিয়া
হেৰাই যোৱা সপোনৰ ঠিকনা।


অঙ্গন:  পৃষ্ঠাঃ ৩৭

সুৰুজমুখি মন

অংশুমান বাৎস

বিভ্ৰান্ত বাস্তৱৰ অন্য পাৰত
এটি সুৰুজমুখি মনে আজি
মোৰ হৃদয় জুৰাইছে,
ক'লা আকাশ খনো
লাহে লাহে ৰঙীণ হৈ ঠিক
অলপমান দূৰতেই এটি
আশাৰ বাঁহী বাজি উঠিছে ।
আশাবোৰ ভাষা হৈ কোনো
শাব্দিক লয়লাসে যেন মোৰ হৃদয়ত 
জীৱন সঞ্জীৱনী হে ঢালিছে,
চিনাকি সুৰ এটিৰ আঁচল ধৰি
ময়ো জীৱনৰ আশে-পাশে 
ভূমুকিয়াব ধৰিছোঁ ।
হতাশাবোৰৰ অৱসান ঘটাই
জীৱন কটাই যোৱা ল'ৰাজনে
আজি জীয়াই থাকিবলৈ শিকিছোঁ ,
নেদেখাজনৰ অসীম শক্তি
আজি যেন নিজৰ মাজতেই
অনুভৱ কৰিছোঁ ।
হাঁহি পিন্ধি থকা ল'ৰাজনে
আজি হৃদয় ভৰাই হাঁহিব ধৰিছোঁ।
এইয়া যেন এটি সুৰুজমুখি মন,
বিভ্ৰান্ত বাস্তৱৰ আনটো পাৰত
এবুকু সপোনত মগন ।


অঙ্গন:  পৃষ্ঠাঃ ৩৮

আৰ্টগেলাৰীঃ

প্ৰিয়া গগৈ
নকছাৰি


অনুৰাগ আগামাচাৰ্য

অঙ্গন:  পৃষ্ঠাঃ ৩৯
ৰেচিপিঃ

কেচা অমিতাৰ চাটনি

নিবেদিতা দাস দত্ত

 উপকৰণ:-
কেচা অমিতা:-  ১ (সৰু)
বাদাম:- ৬-৭ টা শুকানে ভাজি লোৱা (বাকলি এৰুৱাই)
নহৰু:- ৫-৬ ফোটা
কেচা জলকীয়া:- ২-৩ টা
মানধনীয়া:- ৩-৪ খিলা
নেমু:- ২-৩ স্লাইস
নিমখ:- সোৱাদ অনুযায়ী
মিঠাতেল:- ১ টেবুল চামুচ

 প্ৰণালী:-

সৰু কেচা অমিতা এটাৰ বাকলি গুচাই পিহনাত মিহিকৈ কাটি ল'ব। খুন্দনা এটাত বাকলি এৰুৱাই ভাজি লোৱা বাদাম কেইটা অলপ খুন্দি ল'ব। তাত নহৰু কেইফোটা, কেচা জলকীয়া আৰু মানধনীয়াৰ পাত দি খুন্দি লৈ পিহনাত পিহি লোৱা অমিতাখিনি দি খুন্দি ল'ব। স্লাইস কৰি লোৱা নেমু কেইটুকুৰা একেলগে খুন্দি দিব। শেষত নিমখ আৰু মিঠাতেল দি ভালকৈ সানি লৈ পৰিবেশন কৰিব।

 
পটিয়াগাঁও
যোৰহাট

অঙ্গন:  পৃষ্ঠাঃ ৪০
গল্পঃ


    জোনবাইৰ দেশলৈ

শমীষ্ঠা বৰ্মন

: ঐ বোপা, মজিয়াত ঢাৰিখন পাৰি দেচোন ৷ চোতালত কিন্তু দুখন পাৰিব লাগিব দেই
বৃদ্ধা কিৰণবালাই সৰু নাতিয়েকক উদ্দেশ্য কৰি কথাখিনি কৈ উঠি পুনৰ ভোৰ্‌ভোৰালে,
: আৰু সেই কানাই কেনি গ’ল ? গোৱাল বালক সখিহঁতৰ সৈতে গৰু চৰাবলৈকে গ’ল নেকি কটা নিধক ? ক’ত যে অলৌ-তলৌকৈ ঘূৰি ফুৰে, সময়ত হ’লে তাক কামত পাবলৈ নাই...

কানাই হৈছে কিৰণবালাৰ ডাঙৰ নাতিয়েক ৷ আজি কিছুদিন ধৰি কানাই বেছি সময় ঘৰত নথকা হৈছে ৷ লগ সমনীয়াৰ সৈতে অলৌ-তলৌকৈ সি যে কি বিচাৰি ফুৰিছে, কেৱল ঈশ্বৰেহে জানে/ আজি প্ৰায় তিনিমাহ ধৰি বোৱাৰীয়েকৰ খবৰ ল’বলৈ ঘৰখনলৈ অহৰহ মানুহৰ আহ্‌-যাহ চলি আছে৷ কিন্তু দুদিন পূৰ্বে ডাক্তৰৰ ফালৰ পৰা কাগজখন অহাৰ পাছত মানুহৰ আগমন বেছিকৈ হ’বলৈ ধৰিছে৷ মানুহেৰে ঘৰখন ঠাহ্‌ খাই পৰিছে, যেন কিবা ডাঙৰ উৎসৱহে পাতিবলৈ লৈছে৷ আজি গাঁৱৰ কেইজনমান বুঢ়া-মেথাই কিছুপৰ নাম-কীৰ্তনো কৰিব খুজিছে৷ প্ৰসাদৰ কোনো ব্যৱস্থা কৰিব নালাগে বুলি কৈছে যেনিবা, সেইবুলি লাগ্‌ বুলিলে ইটো-সিটো দিবলৈতো ডেকা ল’ৰা এজন লাগে ৷ এই আশী বছৰীয়া বুঢ়ীজনীয়ে গাভৰু মানুহ এজনীৰ নিচিনা লৰা-ঢপৰা কৰি থাকিব পাৰেনে বাৰু/ সেয়েহে তেওঁ কানাইক বিচাৰি ফুৰিছে ৷ তাক বিচাৰি নাপাই সৰু নাতিটোকে মজিয়াত আৰু চোতালত মানুহক বহিবলৈ  ঢাৰি পাৰিবলৈ কৈছে৷
গাঁৱৰ বুঢ়া-মেথা কেইজনমানে এমাহ পূৰ্বেই কিৰণবালাক নাম-কীৰ্তনৰ আয়োজন কৰিবলৈ কৈছিল ৷ পিছে নাম-কীৰ্তনৰ কথা কোৱাৰ লগে লগে বিয়নীয়েক একপ্ৰকাৰ জাঙুৰ খাই উঠিছিল ৷ সেইদেখি ইচ্ছা থকা সত্বেও তেওঁ ঘৰখনত নাম কীৰ্তনৰ আয়োজন কৰিব পৰা নাছিল ৷ কিৰণবালাৰ বিয়নীয়েকো অৱশ্যে অবুজ মহিলা নহয়, কিন্তু কেতিয়াবা সন্তানৰ মমতাৰ কৱলত মানুহ এনেভাৱে গ্ৰস্ত হৈ যায় যে ভাল কথাতো বেয়াটোহে দৃষ্টিগোচৰ হয়৷
: মানুহজনী বিছনাত পৰি আছে, এতিয়া ডাক্তৰ মাতিব লাগে, গ্ৰহদোষ চাই সেইটোহে নিবাৰণ কৰিব লাগে, শয্যাশ্যায়ী লোকৰ সন্মুখত নাম-কীৰ্তন কৰাৰ অৰ্থ জানেনে আপোনালোকে ?
নাম কীৰ্তনৰ বিৰোধীতা কৰাৰ আঁৰত বিয়নীয়েকৰ অজ্ঞানতা আৰু যে কেৱল জীয়েকৰ প্ৰতি অকৃত্ৰিম মাতৃত্বসুলভ স্নেহ নিহিত আছে সেয়া কিৰণবালায়ো ভালদৰেই উপলব্ধি কৰে ৷ সেয়েহে তেওঁ ইমান দিনে গাঁৱৰ বুঢ়া-মেথাসকলৰ কথা শুনা নাছিল ৷ পিছে এতিয়া বিয়নীয়েকেও ভালদৰে বুজি পালে যে জীয়েকৰ হাতত সময় মুঠেই নাই ৷ ডাক্তৰেও পুতেকক খোলাখুলিকৈ কথাষাৰ ভালদৰে বুজাই দিছে ৷ চিকিৎসকসকলে কেৱল ৰোগৰ চিকিৎসাহে কৰিব পাৰে, ঈশ্বৰৰ দৰে চমৎকাৰ কৰিব নোৱাৰে ৷ তেওঁলোকে যিমান কৰিব পাৰে কৰিলেই, এতিয়া আৰু কৰাৰ একো নাই ৷ ৰোগী এতিয়া আৰু ৰোগী নহয়, ঘৰখনত আঙুলিৰ মূৰত গণিব পৰা কেইটামান দিনৰ অতিথি ৷ জীয়াই থকা দিনচেৰেক তেওঁক আনন্দমনে ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু ধুনীয়াকৈ বিদায় দিয়াৰহে ব্যৱস্থা কৰিব লাগে ৷
কিৰণবালাৰ একমাত্ৰ পুতেকেও চিকিৎসকৰ কথাবোৰ ভালদৰে বুজিবলৈ চেষ্টা কৰিছিল ৷ মাত্ৰ তিনিটা মাহৰ পূৰ্বেহে ঘৈনীয়েকৰ কৰ্কট ৰোগৰ বিষয়টো  চিকিৎসকৰ চকুত ধৰা দিছিল ৷ কিন্তু এই তিনিটা মাহৰ এটা দিনো তেওঁ হাতত হাত ধৰি বহি থকা নাছিল ৷ ভাল ভাল চিকিৎসক, ভালৰো ভাল চিকিৎসালয়, সকলো বিচাৰি চলাথ কৰি চিকিৎসকৰ কথামতে ভালৰো ভাল ঔষধ খুৱাইছিল ৷ চকুৰপৰা টোপনিয়ে যে কোনদিনাখন বিদায় লৈছিল গমকে পোৱা নাছিল ৷ এতিয়া আৰু কৰিবলৈ একো নাই ৷ চিকিৎসকেও আনুমানিক এসপ্তাহৰ সময় ধৰি দি ঘৰলৈকে পঠিয়াই দিলে ৷ কান্দিবও নোৱাৰে, এতিয়া চকুপানী শুকাই গৈছে ৷ শয্যাশায়ী ঘৈণীয়েকৰ সন্মুখত বহি কৃত্ৰিম হাঁহিত খিলখিলাই উঠে ৷ কোনটো ক্ষণ বা তাইৰ অন্তিম ক্ষণ হ’ব, সেইদেখি অনবৰতে হাঁহিয়ে থাকে যাতে বিদায় ক্ষণত গিৰিয়েকৰ মুখত হাঁহি এটি দেখি যায় ৷ হাঁহিৰ পৰিৱৰ্তে গিৰিয়েকৰ চকুত যদি চকুলো দেখি যাবলগীয়া হয় তেন্তে পাগলীজনী, যিয়ে গিৰিয়েকক নিজৰ প্ৰাণতকৈয়ো বেছি ভাল পায়, তাইৰ জানো আত্মাই মুক্তি পাব ? মৃত্যুৰ পাছতো ঘৰখনৰ ভিতৰতে অতৃপ্ত অশৰীৰী দেহাৰে জানো ঘূৰি নুফুৰিব ৷ সেইবাবে বেচেৰাই বিষত কেঁকাই থকা ঘৈণীয়েকক হঁহোৱাবৰ অহৰহ বিফল প্ৰচেষ্টা চলাই থাকে৷

কানাইয়ে কিন্তু কিছুদিনৰ পৰা দেউতাকক দেখিব নোৱাৰা হৈ পৰিছে৷
: দেউতা, তুমি পগলা হৈছা নেকি বাৰু ? দেখা নাই মায়ে বিষত ছট্‌ফটাই আছে ?
কিশোৰৰ পৰা যুৱক হোৱাৰ পথত আগবঢ়া পুতেকৰ চকুৰ আগত যদি মাকে দুৰাৰোগ্য যাতনাত ভূগি ইচাট্‌-বিচাট্‌ কৰি থাকে, তেনে এজন নিঃসহায় পুতেকে দেউতাকৰ ওপৰত খং নকৰি কি কৰিব ?
পুতেক, বোৱাৰীয়েক আৰু নাতিয়েকৰ হৃদয় বিদাৰক আখৰা দেখি বুঢ়ী কিৰণবালাই ঈশ্বৰক কণাবিধি বুলি অনৰ্থক গালি-শপনি পাৰি থাকে৷
: কণাবিধিয়ে এই আলৰ বুঢ়ীজনীক নেদেখিলে, মোৰ একমাত্ৰ গাভৰু বোৱাৰীৰ ওপৰতহে  চকু পৰিল ৷ মোৰ চকুৰ সন্মুখতে মোৰ পুতেকৰ সংসাৰখনত জুই লগাই ৰং চাই আছে ৷ সৰু নাতিয়েকে আইতাক, দেউতাক আৰু ককায়েকৰ সকলো কথা ভালদৰে বুজিয়ে নাপায় ৷ সি কেৱল ইমানেই জানে যে তাৰ মাকৰ কিবা ডাঙৰ অসুখ হৈছে আৰু যেতিয়াই ভাল হ’ব তেতিয়াই সি মাকৰ কোচত বহি জোনবাইৰ দেশৰ কথা শুনিব ৷ কাৰণ মাৰ অসুখ কেতিয়া ভাল হ’ব বুলি সোধোতে কিছুদিন ধৰি দেউতাকে অঁকাই-পকাই সাঁথৰ কোৱাৰ দৰে আকাশৰ জোন-তৰাৰ কথাহে ক’বলৈ ধৰিছে ৷ মাকে হেনো আকাশখন চাই ভাল পায় আৰু জোনবাইৰ দেশলৈ যাবলৈ বৰ হেঁপাহ কৰি আছে ৷ দেউতাকৰ কথা সি ভালকৈ বুজি নাপায়, সেইবাবে মাক নৰীয়া পাটীৰ পৰা উঠিলেই সি জোনবাইৰ দেশৰ প্ৰতি মাকৰ হাবিয়াসৰ কথা সুধিব বুলি মনতে ভাবি থৈছে ৷ সি এতিয়াই মাকক তাৰ মনৰ কৌতুহলৰ বিষয়ে সুধিবলৈ সাহস গোটাব পৰা নাই ৷ কাৰণ আজিকালি মাকে আগৰ দৰে ভালকৈ সাজ-পোছাক পিন্ধিব নোৱাৰা হ’ল ৷ আজি কেইমাহমান আগলৈকে তাৰ মাকজনীয়ে বৰ ধুনীয়াকৈ ভাল ভাল আৰু ভিন্ন ৰঙৰ পোছাক পৰিধান কৰিছিল ৷ অৱশ্যে এতিয়াও দেউতাকে মাকৰ আটাইবোৰ ধুনীয়া পোছাক আলমাৰীৰ পৰা এখন এখনকৈ উলিয়াই দি ওপৰৰ পৰা উৰাই দিয়ে৷ পিছে মাকৰ বাবে সেইবোৰ এতিয়া  তেনেই অলাগতীয়াল ৷ যি গৰাকী মাকে ভিন্নৰঙী আৰু ভিন্ন প্ৰকাৰৰ সাজ-পাৰ পিন্ধি ৰঙিলীজনী হৈ ফুৰিছিল সেই মাকজনীৰ চকুহালত আজিকালি কোনো বস্তুৰ প্ৰতি স্পৃহা নাইকিয়া হৈ পৰিছে ৷ মাকে আজিকালি কপাহী তুলীখনতো শুবলৈ যন্ত্ৰণা পাবলৈ ধৰিছে৷
: দেউতা, তুলীতকৈ নৰম কিবা পোৱা যাবনে ?
ককায়েকে দেউতাকক উদ্দেশ্য কৰি কোৱা কথাষাৰ শুনাৰ লগে লগে সিও তুলীতকৈ নৰম কি বস্তু হ’ব পাৰে বুলি মনে মনে ভাবি থাকিল৷
ককায়েকৰ মুখত এটি মিচিকিয়া হাঁহি আৰু হাতত ডাঙৰ টোপোলা এটা দেখি নাম-কীৰ্তন কৰি থকা ভকতসকলৰ মাজৰে ৰণত জিকাৰ দৰে দৌৰি আহি সি মাকক ক’লেহি,
: মা, মা, দাদাই তুলীতকৈ কোমল কিবা বস্তু আনিছে হ’বলা...
কিন্তু মাক যেন গভীৰ টোপনিত লালকাল হৈ পৰিছিল ৷ সি বাৰেবাৰে কথাষাৰ কৈ থকা সত্বেও মাকে মুখেৰে একো নমতা দেখি হুকহুকাই কান্দিবলৈ ধৰিলে ৷ তাৰ কান্দোন শুনি অলপ পৰৰ বাবে ইফাল-সিফাল হোৱা ঘৰৰ মানুহবোৰ থিতাতে গোট খালেহি ৷ পিছে লাহে লাহে মাকে চকু মেলা দেখি সি আনন্দত নাচিবলৈ ধৰিলে ৷ অৱশ্যে তাৰ দেউতাক আৰু আইতাকৰ বুজিবলৈ বাকী নাথাকিল যে সময় নিচেই ওচৰ চাপি আহিছে ৷ হাতত আৰু সময় নাই৷
: কি আনিছা দেহা ? কানাইৰ হাতৰ টোপোলাটোলৈ চাই দেউতাকে সুধিলে৷
: মাৰ কাৰণে নতুন ধৰণৰ তুলী...
কানাই লগৰ ল’ৰাবোৰৰ সৈতে কেইদিনমানৰ পৰা তুলীতকৈ নৰম বস্তুৰ সন্ধানত আছিল ৷ সেই সন্ধানৰ ফলস্বৰূপে সি ক’ৰবাৰ পৰা কপাহৰ সলনি পানী ভৰোৱা এখন তুলী লৈ আহিল ৷ দেউতাকে তাৰ হাতৰ পৰা টোপোলাটো লৈ লাহে লাহে ঘৈণীয়েকৰ বাউসীত ধৰি বহুৱালে ৷ তাৰ পাছত যেনে তেনে পানীৰে ভৰা তুলীখন পাৰি দি পুনৰ তাৰ ওপৰত শুৱাই দিলে৷
সন্ধিয়া গাঁৱৰ মানুহবোৰ ঘৰাঘৰি হ’ল৷ শেষবাৰৰ বাবে লগ ধৰিবলৈ দূৰৰ পৰা অহা আত্মীয়সকল থাকি গ’ল ৷ তেওঁলোকৰ প্ৰত্যেকেই মনতে কিজানি ভাবিছিল সীমিত দিনৰ অতিথিক শেষ বিদায় দি যাব বুলি ৷
নিশা দুপৰলৈকে কাৰো চকুত টোপনি নাই ৷ কাৰণ চিকিৎসকৰ হিচাপ মতে ইতিমধ্যে দুদিন অতিক্ৰম হৈছিল ৷ কিৰণবালাৰ সৰু নাতিয়েকৰ চকুতো টোপনি নাই ৷ মাজনিশা যেতিয়া মাকে সকলোৰে পৰা চিৰবিদায় লৈছিল তেতিয়াও সি সাৰে আছিল ৷ ঘৰখনত ইমান মানুহ থকা স্বত্বেও মাজৰাতিলৈকে নিমাওমাও হৈ থকা ঘৰখনত হঠাতে কান্দোনৰ ৰোল উঠা দেখি সি আইতাকক সুধিছিল,
: আইতা, আগৰ দৰে মায়ে আকৌ চকু মেলিবনে ?
: মাৰাই এতিয়া জোনবাইৰ দেশতে চকু মেলিবগৈ বোপা...
আইতাকে উচুপি উচুপি নাতিয়েকক বুকুৰ মাজলৈ টানি আনিলে।



অঙ্গন:  পৃষ্ঠাঃ ৪১

চৰৈৱতী চৰৈৱতী

হিৰণ ভূঞা 

     অসম বন্ধৰ অচিলা লৈ সিদ্ধান্তই তাৰ মৰমৰ গাওঁৰ ঘৰলৈ আহিছে। যিখন নলবাৰী জিলাৰ পাগলাদিয়াৰ নদীৰ পাৰত। কিবা এটা সুবিধা পালেই ঘৰখন পায়হি। বুজাব নোৱাৰা মোহত মোহাচ্ছন্ন । এৰাব নোৱাৰা নিবিড়তা। শৈশৱৰ পৰা যৌৱনলৈ ২৮ টা বসন্ত এই পাগলাদিয়াৰ পাৰতে কটালে। পাগলাদিয়া নদীখন তাৰ বৰ আপোন, তাৰ  নিৰৱ বন্ধু। সকলো দুখ কষ্ট, মনোবেদনা এফালৰ পৰা উজাৰি দিয়া, নিৰৱ বন্ধুৱে বুকুত সাচি থ'ব। এই পাগলাদিয়াৰ পাৰতে দহ বছৰ আগতে লিনিক লগ পাইছিল। সেইদিনাৰ পৰাই লিনি আৰু তাৰ জীৱনলৈ 
ব'হাগ আহিছিল। বন্ধুৰ পৰা লাহে লাহে মৰমৰ - আপোনজন হৈছিল। সি সৰুৰে পৰা কবিতা লিখিছিল। লিনিৰ সান্নিধ্যই কবিতাত প্ৰাণ পাইছিল। লিনিৰ ধুনীয়া চকুজুৰিৰে মৰমলগা ছোৱালীজনীক লৈ কেইবাটাও কবিতা লিখি তাইক উপহাৰ দিছিল। কবিতা পঢ়ি আনন্দতে আহ্লাদিত হোৱা ছোৱালীজনীক চাই তাৰ মনটো ভৰি পৰিছিল। কাৰোবাক অকমান সুখী কৰিব পৰাটো কম গৌৰৱৰ কথা নে ? লিনিৰ মাক তাই সৰু থাকোতেই ঢুকাইছিল। সেইবাবে ধুনীয়া ছোৱালীজনীৰ মাজত কৰুণ ভাব এটাই আৱৰি ৰাখিছিল। যেন ফাগুন আছে কৃষ্ণচূড়া নাই। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দুয়ো কটন কলেজত নাম লগালে। একে বিষয় লোৱা বাবে দিনটো একেলগে কটোৱাৰ সময় পাইছিল। ফলত দুয়োৰে বন্ধুত্ব গাঢ় হৈছিল। তাই বৰ ভাল গান গাইছিল। সিহঁতৰ সৰু চহৰখনত তাই সুনাম থকা গায়িকা, সি কবি, দুয়োৰে দুটা অনুভৱি হৃদয় আছে।
সেইবাবে সিঁহতে দুয়োকে দুয়ো ভাল পাওঁ বুলি নকোৱাকৈয়ে ভাল পোৱাৰ এনাজৰীত বান্ধ খাইছিল। কটনৰ পৰা স্নাতক ডিগ্ৰী লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবেশ কৰিলে। দুয়ো ইংৰাজী বিষয়ৰ ছাত্ৰ আছিল। সেই সময়ত সিহঁতে প্ৰেমৰ বৰষুণত তিতিছিল। লিনিৰ জীৱনত কৃষ্ণচূড়াৰ আবিৰ লাগিছিল। বন্ধু সকলে সিহঁতক যোৰ পতা পাৰ চৰাই বুলি জোকাইছিল। তাইৰ আবদাৰত সি কেইবাটাও গীত লিখিছিল। যি কেইটা তাই সুৰ দি গুৱাহাটী ৰেডিঅ চেন্টাৰত গাইছিল। তাইৰ বাবেই সি গীতিকাৰ নামটো পালে। কটনত পঢ়ি থকা সময়তে তাৰ চাৰিখনমান কবিতাৰ গ্ৰন্থ প্ৰকাশ পাইছিল। কি দুৰ্দান্ত প্ৰেমিক। বেছিভাগ প্ৰেমিক প্ৰেমিকাই তাৰ কবিতাৰ নামত পাগল আছিল। হয়তো আজিও হয়। বিশ্ববিদ্যালয় পোৱালৈ সি এজন ভাল গল্পকাৰ ৰূপে প্ৰতিস্থিত হৈছিল। তাৰ পিছতহে সি উপন্যাস লিখিব লৈছিল। এইবাৰ সি দুখন দৈনিক কাকতত খণ্ড খণ্ডকৈ উপন্যাস  প্ৰকাশ কৰিব লৈছিল। কি আশ্বৰ্য্য বা ভগৱানৰ আশীৰ্বাদ এইবাৰো সি পাঠকৰ বিপুল সঁহাৰি পালে। তাৰ লিখনিত পায় মনৰ খোৰাক। সহজ সৰল ভাষা একো লুকঢাক নথকাকৈ সকলো কথা প্ৰকাশ কৰাতো তাৰ এটা নিজস্ব শৈলী। যিটো অসমৰ মানুহে আঁকোৱালি লৈছে। তাৰ প্ৰিয় পাঠক তাৰ মৰমৰ  লিনি। যিয়ে নিলিখক সি সকলোতকৈ  আগত লিনিক পঢ়ি শুনাব। লিনিয়ে এনেকৈ  প্ৰশংসাৰে ধুৱাই দিব যেন শৰতৰ নিয়ৰতহে তিতিলে। কি যে আবেগ! ভাষাহীন এক অনুভূতি। এনেদৰে সিহঁতৰ অধ্যায়ৰত ছটা বছৰ অতিক্ৰম কৰিলে। বিশ্ববিদ্যালয় এৰি লিনিয়ে তাইৰ নিজৰ গাওঁ লৈ উভতি গ'ল। তাতে স্থানীয় বিদ্যালয় এখনত চাকৰি জীৱন আৰম্ভ কৰিলে। সি থাকি গ'ল গুৱাহাটীতে। কাৰণ সি সাহিত্য, লেখা - মেলাৰ মাজেৰে জীৱনটো কটাব বিচাৰিছিল। সৌভাগ্য বশতঃ স্থানীয় বাতৰি কাকত এখনত সহকাৰী সম্পাদকৰ চাকৰিটো পালে। জীৱনটোক এটা খুটিত বন্ধা হ'ল। সি স্বস্তিৰ নিশ্বাস এৰিলে। এতিয়া মাত্ৰ লেখা - মেলা কৰাৰ কাম। কোনো বাধা নাই। সাংবাদিক হিচাপেও সি সুনাম পাবলৈ ধৰিলে। ইয়াৰ কাৰণ এটাই। সি যি কাম কৰে সদায় অন্তৰৰ পৰা কৰে। নিষ্ঠা সহকাৰে তাৰ জ্ঞান বুদ্ধিক ব্যৱহাৰ কৰে।
      সিহঁতে ভবাৰ দৰে জীৱনটো সহজ নহয়। ছাত্ৰ হিচাপে যিটো বান্ধোনহীন দায়িত্বহীন জীৱন কটাব পাৰি সেইটো ছাত্ৰ জীৱনৰ লগতে অন্ত হয়। কৰ্মজীৱন আৰম্ভ হোৱাৰ লগে লগে যেন সি ডাঙৰ মানুহ হ'ল, এজন প্ৰাপ্তবয়স্ক। সি সকলোতে গভীৰ দায়িত্ব ল'ব লগীয়া হয়। সি নিজকে এজন দায়িত্বশীল ব্যক্তি বুলি অনুভৱ কৰিব লৈছিল। ক্ৰমান্বয়ে সি তাৰ কামৰ মাজত ইমান জড়িত হ'ল যে তাৰ মৰমৰ লিনিকো দেখা কৰিব নোৱাৰা হ'ল। সিহঁত দুটাৰ মাজত টেলিফোনটোহে যোগাযোগৰ মাধ্যম হৈ থাকিল। লিনিয়ে বৰ কাতৰ ভাবেৰে মাতি পঠোৱা বাবে সি গৈ সিহঁতৰ ঘৰ পাইছিল। পৰিয়ালৰ সকলোৱে তাক ভালকৈ চিনি পায়। তাৰ প্ৰিয় পাঠক এই পৰিয়ালতো আছে। সি সিহঁতৰ পৰিয়ালৰ সদস্যৰ দৰে। অন্ততঃ সিহঁতৰ ব্যৱহাৰৰ পৰা সি অনুভৱ কৰে। সি সন্ধিয়া সময়ত গৈ পাইছিল। অলপ দেৰি বহাৰ পিছত লিনিৰ দেউতাকে গাঁওখন এপাক মাৰি আহোঁ ব'লা  বুলি মাতি লৈ গ'ল। ইমান দিনৰ পিছত লিনি আৰু সি লগ পাইছিল অলপ সময় দুয়ো নিবিড়ভাৱে কথা পাতিম বুলি ভাবিছিল যদিও দেউতাকৰ বাবে নহ'ল। গাঁওৰ মাজেৰে গৈ থাকোতে কথাই কথাই দেউতাকে বৰ্তমান তাৰ উপাৰ্জন কিমান সুধিলে। এনেদৰে বিভিন্ন কথা পাতি পাতি লিনিৰ দেউতাক আৰু সি যেতিয়া আহি ঘৰ পাইছিল নিশাৰ আহাৰৰ সময় হৈছিল। সেয়েহে ৰাতিৰ ভাত খাই শুই থকাক বাদ দি একো কৰিবলৈ নাছিল।
ক্লান্ত শৰীৰ, অশান্ত মন লৈ টোপনি যাবলৈ চেষ্টা কৰিলে। পুৱা চাহৰ টেবুলতহে আচল কথাটো ওলাল। লিনিৰ  বাবে এজন উচ্চ পদবিত চাকৰি কৰা দৰা  আহিছে। ঘৰৰ মানুহৰ পচন্দ মাত্ৰ লিনিয়ে মত দিয়া নাই। কাৰণ তাইৰ পচন্দ সি। দেউতাকে ক'বলৈ ধৰিলে ইমান কম দৰমহাৰে তুমি অকলশৰীয়া মানুহজন গুৱাহাটী টাউনত চলিলেও এইকলৈ কেনেকৈ চলিবা। এখন সংসাৰ চলিবলৈ এটা নিদিষ্ট উপাৰ্জন থকাটো প্ৰয়োজন। প্ৰেম ভালপোৱাৰে হৃদয় চলিলেও সংসাৰ নচলে। গতিকে তুমি তাইক বুজোৱা মোক সমৰ্থন কৰিবলৈ। সি হতবাক হৈ গৈছিল। মানুহজনে লিনি আৰু তাৰ সম্পৰ্কৰ কথা জানি বুজিও কি ধৰণৰ কথা কৈছে.! সি প্ৰাণভৰি ভাল পোৱা ছোৱালীজনীক বুজাব লাগে তাৰ সলনি বেলেগক হৃদয় দিয়ক। তাৰ হৃদয়, তাৰ আশা - আকাংক্ষাক মষিমূৰ কৰি কন্যাৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ এজনৰ বুকুত চুৰি বহুৱাব ? মানুহজন সমাজত শিক্ষিত আৰু দহজনে মানি চলা ব্যক্তিত্ব। ইমান জনা বুজা মানুহজনে দুটা প্ৰাণীৰ হৃদয় ভাঙিবলৈ কুন্ঠাবোধ কৰা নাই। ভীষণ স্বাৰ্থপৰ ! সি সাধাৰণ ভাবে বাৰু হ'ব বুলি শলাগি থলে। আহিবৰ সময়ত ভীষণ অভিমানত লিনিক কৈছিল - -দেউতাৰ কথাটো ভাবি চাবা। ইয়াৰ কেইমাহমান পিছত লিনিৰ বিয়া হৈ গৈছিল দেউতাকৰ পচন্দৰ ল'ৰাৰ লগত। 
          সি পৰি ৰ'ল নিস্ফল প্ৰেমিক হৈ। কত প্ৰেমৰ কবিতা, কত গল্প আনকি উপন্যাসৰ প্ৰতিটো শাৰীত তাৰ হৃদয়ৰ গভীৰ প্ৰেমৰ অনুভুতিক শব্দৰে সজালে, সুনাম আৰ্জিলে। কিন্তু তাৰ ব্যক্তিগত জীৱনত কিয় তাৰ প্ৰেমক এখন সেউজীয়া মৰমৰ আকাশ, অলপ হালধীয়া আস্থা দিব নোৱাৰিলে। তাৰ উপাৰ্জন কম বাবে ? কিন্তু তাৰ সমান উপাৰ্জনেৰে বহুতৰ সংসাৰ ভালদৰে চলি আছে। সিহঁতৰো চলিলেহেঁতেন! লিনিয়ে এনেদৰে তাৰ হৃদয় ভাঙিব কেতিয়াও ভবা নাছিল। কিমান মৰম আছিল  তাইৰ বাবে! তাইৰ এটা হাঁহিৰ বাবে যি কৰা প্ৰয়োজন আছিল তাকে কৰিছিল। তাই তাৰ  কথা এবাৰো নাভাবিলে। তাই বিহীন তাৰ জীৱন এখন উকা কাগজ। এই কাগজ হয়তো সদায় উকা হৈয়ে ৰ'ব। সি হুকহুকাই কান্দিলে। হৃদয়ত থুপ খাই থকা সকলো দুখ আজি বোৱাই দিব খোজে পাগলাদিয়াৰ বুকুত। সি সময়ৰ গতিত জীৱন প্ৰৱাস কৰিবই লাগিব।  লিনিক হৃদয়ত ৰাখিয়ে নিজৰ কৰ্তব্য কৰি যাব। সমাজলৈ কৰিবলৈ বহু কাম বাকী আছে। তাক যে কামবোৰে হাতবাউল দি মাতি আছে। এতিয়াৰ পৰা  কলা কলা আখৰ কেইটা তাৰ প্ৰেমিকা। সি লিখিব হৃদয় ভঙাৰ যন্ত্ৰণা, তাৰ বুকুৰ কষ্টক প্ৰকাশ কৰিব শব্দৰে। শব্দবোৰ তাৰ আপোন। জীৱনৰ কুতুম্ব। যাৰ পৰা পায় জীয়াই থকাৰ প্ৰেৰণা। জীৱন সংঘাতপূৰ্ণ কিন্তু স্থবিৰ নহয়। বোঁৱতী নদীৰ দৰে বৈ থাকিব তাৰ নিজস্ব ছন্দৰে যি দৰে পাগলাদিয়া বৈ থাকিব নিজৰ গতিত। জীৱন চৰৈৱতী চৰৈৱতী।

মুম্বাই               

অঙ্গন:  পৃষ্ঠাঃ ৪২

ভৌতিক গল্পঃ

কোন তাই ?

মালবিকা শৰ্মা

 কাষৰ এপাৰ্টমেন্টৰ মানুহ হালে প্ৰায়েই তেওঁলোকৰ ঘৰলৈ মাতে। সন্ধিয়া কেতিয়াবা সন্মুখৰ উদ্যানখনত লগ পালে অভিযোগ কৰে মই নাযাওঁ বুলি। মানুহ হালৰ লগত সদায়  সৰু ছোৱালী এজনী দেখা পাওঁ, বৰ মৰমলগা। কেতিয়াবা আবেলি ফুৰাৰ সময়ত তাইক দেখো অকলে খেলি থকা। মোক দেখিলেই তাই কাষ চাপি আহে, কথা নকয় কিন্তু সুন্দৰ হাঁহি এটা মাৰি আকৌ গৈ খেলিবলৈ ধৰে। এদিন মানুহ হালক লগ পাওঁতে কথাতে ক’লে আগৰ ফ্লেটটো এৰি কাষৰে ফ্লেট এটাত থাকিবলৈ লৈছে। দুয়োকে সিদিনা কথা দিলো এইকেইদিনৰ ভিতৰত যেনেকৈ হ’লেও ফুৰিবলৈ যাম বুলি। সেয়ে কালি সন্ধিয়া তেওঁলোকৰ ঘৰলৈ ওলালো।
    নিৰ্দিষ্ট ঘৰটোলৈ গৈ কলিংবেল বজাই থিয় হৈ আছো, একো সাৰ-সুৰ নাই। নতুন এপাৰ্টমেন্টৰ চাৰিওপিনে সুন্দৰ সুন্দৰ লাইটবোৰে জকমকাই আছে যদিও তেওঁলোকৰ ঘৰৰ বাহিৰত জ্বলি থকা লাইটটো দেখোন ঢিপ-ঢিপ কৰি আছে। মনতে ভাৱিলো নুমাই নগ’লে ৰক্ষা। অলপ দেৰী নিমাওমাও পৰিবেশত অকলে থিয় দি থাকি ভয় লাগি অহাত ঘুৰি আহিবলৈ উপক্ৰম কৰোতেই ঘৰৰ দুৱাৰখন খোল খালে। তেওঁলোকৰ কণমানি ছোৱালীজনীক দুৱাৰমুখত দেখি তাইৰ গালখন মৰমেৰে লাৰি সুধিলো মাক-দেউতাক ঘৰত আছে নে নাই বুলি। তাই একো কথা নোকোৱাকৈ মোৰ হাতত ধৰি ঘৰৰ ভিতৰলৈ টানি নিবলৈ খোজা দেখি আচৰিত হ’লো। ঘৰৰ ভিতৰটো একেবাৰেই অন্ধকাৰ। হঠাতে সাংঘাটিক এক ভয়ে মোক আগুৰি ধৰিলে। তাইৰ হাতখন আজুৰি মই ওলাই আহিব বিচাৰিলো যদিও কি যে সাংঘাটিক তাইৰ হাতৰ জোৰ। বাৰে বাৰে তাইৰ হাতৰ মুঠি এৰাব খুজিও নোৱাৰি  দেহৰ সৰ্বশক্তিৰে তাইক ঠেলা এটা মাৰি মই পগলাৰ দৰে দৌৰি চিৰিৰে তললৈ নামিবলৈ আৰম্ভ কৰিলোঁ। কেতিয়া যে দৌৰি দৌৰি তিনি মহলা অতিক্ৰম কৰি আহি নিজৰ ঘৰ পালো ক’বই নোৱাৰো।
    কিমান দেৰী যে ভয়তে কপি আছিলোঁ, নাজানো। লাহেলাহে মনটো শান্ত হৈ অহাত ঘটনাটো আকৌ এবাৰ চিন্তা কৰি চালো। মনত পৰিল, তেওঁলোকে কৈছিল ঘৰটো সলোৱা বুলি। মই দেখোন আগৰ ঘৰটোতহে গৈছিলো, তেনেহ’লে ? ছোৱালীজনী তাত ক’ৰ পৰা ওলাল ? বহুত দেৰী চিন্তা কৰিও একো সমাধান নাপালোঁ। ৰাতিটো বহুত কষ্টৰে অনিদ্ৰাৰে পাৰ কৰিলোঁ। ৰাতিপুৱা হওঁতেই মানুহজনীয়ে দি থোৱা নম্বৰটোত ফোন কৰিলো কেনে খবৰ জনাৰ অজুহাতেৰে। তেওঁ কলে কিছুদিনৰ বাবে তেওঁলোক গাওঁৰ ঘৰলৈ যোৱা বুলি। মনত অলপ সাহস আনি সুধিলো ছোৱালীজনী কেনে আছে বুলি। অলপ আশ্চৰ্য্য হৈ তেওঁ মোক জনালে যে তেওঁলোক সন্তানহীন । আকৌ পিছত কথা হম বুলি ফোনটো থৈ দিলো যদিও ভয়তে কপিবলৈ আৰম্ভ কৰিলোঁ "ইমানদিনে কাক দেখি আছিলোঁ ?"



অঙ্গন:  পৃষ্ঠাঃ ৪৩
শেষ পৃষ্ঠাৰ লেখাঃ

"কেজিৰ দৰত কবিতাৰ কিতাপ"

           লেখাটো আৰম্ভকৰাৰ আগতে এষাৰ কথা কওঁ যে যদিও আজিকুপতি আমি কবিতাৰ এটা গ্ৰহণ যোগ্য সংজ্ঞা নেপাওঁ, যদিও বহু লোকে মনৰ ভাৱকে কবিতা বুলি ক'ব বিচাৰে। তথাপি কবিতাৰ এটা নিজা স্বৰূপ আছে সেয়া ছন্দোবদ্ধ কবিতাই হওক বা আধুনিক কবিতাৰ ধাৰাই হওক। কবিতা সদায় নিজ গুণেই নিজক পৰিচয় দিয়ে। নহ'লেনো কবিতাৰ নিৰ্বাচন বা মানদণ্ডৰ ফলৰ পৰা কবিতাক ভাগ ভাগ কৰা হয়নে !

             লেখাটোৰ শিৰোনামটোৱে হয়তু আপোনালোকক আচৰিত কৰিব। হয় ময়ো আচৰিতেই হৈছিলো যেতিয়া কবি বিজয় বেজবৰুৱা দাদাৰ YouTube channel BB Talk's Official ত  শব্দকেইটা দেখিছিলোঁ। এটা সাংঘাটিক উৎকণ্ঠাৰ মাজত সোমাই পৰি বৰ আগ্ৰহেৰে ভিডিঅ'টো প্লে' কৰিলোঁ। 
             ভিডিঅ'টো আৰম্ভ হ'ল দাদাৰ অতীতৰ এটা অভিজ্ঞতাক লৈ, তেখেতৰ বন্ধু মহলৰ এজনৰ ঘৰত পুৱাই উপস্থিত হৈ প্ৰত্যক্ষ কৰা দৃশ্যটোক লৈয়ে আৰম্ভ কৰা ভিডিঅ'টোত সাম্প্ৰতিক সময়ৰ কবি আৰু কবিতাৰ সম্পৰ্কৰ বহু কথা তেওঁ নিঃসংকোচে উল্লেখ কৰিছে। তেখেতে প্ৰত্যক্ষ কৰা ঘটনাটো সংক্ষেপতে আছিল এনেধৰণৰ " এদিন তেওঁ পুৱাই এজন বন্ধুৰ ঘৰলৈ যায় আৰু তাত তেওঁ দেখে যে বন্ধু জনে বহুসংখ্যক কিতাপ লৈ ভাগ কৰি আছে। তেতিয়া তেওঁ তেখেতক সুধিছিল যে তেওঁ কি কৰিছে। বন্ধুজনে সহজেই কলে যে তেওঁ কিতাপবোৰ নিৰ্বাচন কৰি তাৰে বহু সংখ্যক কিতাপ কেজিৰ দৰত বিক্ৰি কৰিব। সেই কথা শুনি দাদা আচৰিত হৈ তেনে কিয় কৰিছে কিতাপবোৰ নপঢ়িলেও সংৰক্ষণ কৰি নথয় কিয় ? বুলি সোধাত দাদাক দুই চাৰিখন কিতাপ পঢ়িবলৈ দিয়ে আৰু কিতাপকেইখন পঢ়ি তেওঁ প্ৰকৃত কাৰণটো উপলব্ধি কৰে।" 
           কথা হ'ল আমি সাহিত্যৰ ক্ষেত্ৰখনত ভৰি দিবলৈ যাওঁতে নিঃসন্দেহে প্ৰথমে কবিতাকে লিখোঁ। যাৰ ফলত কবিতাক বাদ দি অন্যান্য বিষয় সমূহত চৰ্চা কৰা লেখকৰ সংখ্যা কম। সাম্প্ৰতিক সময়তো অসমত কবিৰ সংখ্যাগত ফালৰপৰা এটা নিদ্দিষ্ট সংখ্যা আগবঢ়োৱাটো অসম্ভৱ। কিন্তু ইয়াৰে কিমান সংখ্যক কবিৰ কবিতা পঠনযোগ্য বা গুণগত মানদণ্ডৰ ফালৰ পৰা ভাল কবিতাৰ শাৰীত ল'ব পাৰোঁ ? হয় এটা ভাল কবিতা লিখাটো সকলোৰে বাবে সকলো সময়তে সম্ভৱ নহয়। আমিও কবিতা লিখোঁ কিন্তু তাৰে অধিক সংখ্যক কবিতা লিখাৰ পিছত নিজৰে পঢ়িবলৈ ভাল নেলাগে। কিন্তু ভাল কবিতা লিখিবলৈ প্ৰয়াস কৰি থকাটো আমাৰ কৰ্তব্য। এতিয়া কথা হ'ল, কবিতা বুলি লিখা সকলো লেখাকে কবিতাৰ শাৰীত ধৰি দুটকা আছে বাবে গ্ৰন্থ আকাৰে প্ৰকাশ কৰি দিয়াটো কিমান সমিচিন ? প্ৰশ্নটো আপোনালোকলৈ এৰিলোঁ।
             দাদাই ভিডিঅ'টোত এষাৰ কথা কৈছিল যে সমালোচনাই হে সাহিত্যৰ উৎকৰ্ষসাধন কৰাত সহায় কৰে। সাম্প্ৰতিক সময়ত কঠোৰ সমালোচনাক একাষৰীয়াকৈ থৈ তোষামোদ মূলক সমালোচনাই লেখকৰ প্ৰশংসা কৰা প্ৰক্ৰিয়াটোৱে বহু লেখকৰ লেখাক উন্নত কৰাৰ পৰিবৰ্তে একে ধাৰাতে আবদ্ধ কৰি ৰাখিছে। ফলত তেনে লেখকে ভাল লেখা লিখাৰ কথা পাহৰি পেলাইছে। গতিকে সাহিত্যৰ সঠিক সমালোচনা কিমান প্ৰয়োজন সেইটো উপলব্ধি কৰাৰ সময় সমাগত।
             কেতিয়াবা আমি কবিতা লিখোঁতে শব্দ, অলংকাৰ, উপমাৰ, ৰোপক, অনুপ্ৰাস আদিৰ প্ৰয়োগত দূৰ্বলতা থাকি যায়। আকৌ অভিজ্ঞতা আৰু কল্পনাৰ মাজত ৰৈ যোৱা ব্যৱধানেও কবিতা এটাৰ ৰস পান কৰাত পাঠক বিমোৰত পেলাই। সেয়ে তেনে কবিতা কবিজনে নিজেই নিৰ্বাচন কৰি তাক পাঠকৰ উপযোগী কৰি আগবঢ়াই দিব পৰাটোহে কবিজনৰ সাৰ্থকতা। 
            অসমৰ বাবে গৌৰৱৰ কথা যে অসমৰ সুসন্তান কাব্যশিৰোমণি নীলমণি ফুকন দেৱে কবিতাৰ বাবেই ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা বুটলি আনিছে। যি অসমৰ কবিতাৰ মানদণ্ডৰ সঠিক পৰিচয় বিশ্ববাসীকৰ সন্মুখত দাঙি ধৰে। কিন্তু তেনে সময়তে আমি " কেজিৰ দৰত কবিতাৰ কিতাপ" বাক্যশাৰী শুনিলে আমাৰ কেনে লাগিব সেই কথা বহুজনে উপলব্ধি কৰিছে নিশ্চয়কৈ। সেয়ে আমি সকলোৱে (নবীন সকল বিশেষকৈ) কবিতাৰ মানদণ্ড নিৰোপন কৰি পাঠকলৈ, সাহিত্যৰ ভঁৰাললৈ ভাল কবিতা উপহাৰ দিয়া প্ৰয়াস কৰোঁ আহক। যদি আমি প্ৰত্যেক জনে নিজে নিজৰ প্ৰতি দায়বদ্ধ হওঁ তেন্তে এদিন এই " কেজিৰ দৰত কবিতাৰ কিতাপ"ৰ দৰে কথাবোৰ আমাৰ সমাজৰ পৰা দূৰ্লভ হৈ পৰিব। শেষত অসমীয়া কবিতাৰ জয় যাত্ৰা অৱ্যাহত থাকক। কবিতাৰ জয় হওক । কবিতা হওক মানৱ সমাজৰ দাপোন। তাৰে কামনাৰে, 
"জয়তু অসমীয়া সাহিত্য"
"জয়তু অসমীয়া কবিতা"

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন


অঙ্গন:  পৃষ্ঠাঃ ৪৪






Post a Comment

0 Comments