অঙ্গনঃ দ্বিতীয় বছৰ (২৩ সংখ্যা)



অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক বসন্ত বিশেষ সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 মে, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে হে সাহিত্য প্ৰেমি শব্দৰ সাধক সকল। জয় জয়তে অঙ্গনৰ পৰিয়ালৰ প্ৰণিপাত গ্ৰহণ কৰিব। আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু হীন-দেৰি হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্ত থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 
            
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

পৃষ্ঠাঃ ৩
গ্ৰন্থবাৰ্তাঃ
গঙ্গা, পদ্মাৰ পৰা লুইতলৈ উন্মোচন


যোৱা ২২ এপ্ৰিল ২০২২ তাৰিখ শুক্ৰবাৰে নিশা ৮ বজাত অংকুৰণ প্ৰকাশনৰ তৰফৰ পৰা আয়োজিত গুগল মিটৰ এটি অনুষ্ঠানৰ জৰিয়তে অংকুৰণ প্ৰকাশনৰ সদ্য প্ৰকাশিত অনুবাদ গ্ৰন্থ অৰুণিমা শৰ্মা মহাপাত্ৰৰ গঙ্গা, পদ্মাৰ পৰা লুইতলৈ গ্ৰন্থখন উন্মোচন কৰা হয়। দুকুৰিৰো অধিক বিশিষ্ট লেখক-লেখিকা, কবি তথা গ্ৰন্থপ্ৰেমী সন্মানীয় ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি তথা সাহিত্যিক স্নেহা জোনাক দত্তই। উন্মোচনী ভাষণত তেখেতে বৰ্তমান সময়ত অনুবাদ সাহিত্যৰ প্ৰাসংগিকতা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুম্বাই সাহিত্য সভাৰ স্বৰ্ণশাখাৰ মুখপত্ৰ মহাবাহুৰ মুখ্য সম্পাদক হীৰণ ভূঞা আৰু বিশিষ্ট লেখক তথা অভিযন্তা সুমিন্দ্ৰ চৌধুৰী। দুয়োগৰাকী বিশিষ্ট অতিথিয়ে অনুবাদক গৰাকীক আন্তৰিক শুভকামনা জনোৱাৰ লগতে অসমীয়া সাহিত্যত অনুবাদ সাহিত্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে দোহাৰে। অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ডাঃ অনন্যা মহাপাত্ৰই সাৰুৱা ভাষণ আগবঢ়ায়। উল্লেখ্য যে ডাঃ অনন্যা মহাপাত্ৰ এগৰাকী ইংৰাজী সাহিত্যৰ লেখিকা তথা মনোৰোগ বিশেষজ্ঞা আৰু অনুবাদক অৰুণিমা শৰ্মা মহাপাত্ৰৰ দুহিতা। মুম্বাইৰ বিশিষ্ট লেখিকা, কবি তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুম্বাই শাখাৰ সম্পাদিকা শৰ্মীষ্ঠা বৰ্মণে আঁত ধৰা অনুষ্ঠানটিত গ্ৰন্থখনিৰ পৰা কবিতা পাঠ কৰে লেখিকা প্ৰিয়ংকা চমুৱা তথা সাংবাদিক গোপাল কৃষ্ণ বাঢ়ৈয়ে। অনুষ্ঠানটিত অঙ্গন আলোচনীৰ সহকাৰী সম্পাদক মঞ্জিত হাজৰিকা, মাজুলীৰ বিশিষ্ট লেখিকা সুৰ শইকীয়া হাজৰিকা, ৰঙীয়াৰ হিমাদ্ৰী ডেকা, অচ্যুত নাথ, গুৱাহাটীৰ মন্দতা শৰ্মা আদিয়ে অনুবাদক গৰাকীক শুভকামনা জনোৱাৰ লগতে সাৰুৱা ভাষণ আগবঢ়ায়। অনুবাদকৰ মনৰ কথা শিতানত অনুবাদক অৰুণিমা শৰ্মা মহাপাত্ৰই কিয় গ্ৰন্থখনৰ নাম গঙ্গা, পদ্মাৰ পৰা লুইতলৈ ৰখা হল আৰু কিদৰে তেওঁ বিশ্বৰ আগশাৰীৰৰ কবিসকলৰ কবিতাৰ প্ৰেমত পৰিছিল সেই সম্পৰ্কে সুন্দৰ ভাষণ আগবঢ়ায়। অনুষ্ঠানটিৰ অন্তত অংকুৰণ প্ৰকাশনৰ স্বত্তাধিকাৰী তথা অঙ্গন আলোচনীৰ মুখ্য সম্পাদক হেমেন নাথে সকলোৰে ওচৰত অনুষ্ঠানটিত উপস্থিত থকা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু গ্ৰন্থখন ডাকযোগে কোনো সদাশয় পাঠকে বিচাৰিলে পোৱাৰ ব্যৱস্থা কৰা বুলি সকলোকে অৱগত কৰে।


পৃষ্ঠাঃ ৪

এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

গ্ৰন্থবাৰ্তাঃ পৃষ্ঠা ৩
সম্পাদকীয় : পৃষ্ঠা ৬
পাণ্ডুলিপি সম্পৰ্কীয় ঘোষণাঃ পৃষ্ঠা ৭
প্ৰৱন্ধ : পৃষ্ঠা ৮-১০
অণুগল্প : পৃষ্ঠা ১২-১৪
এক মিনিটৰ গল্প : পৃষ্ঠা ১৫-১৭
অনুবাদ কবিতা : পৃষ্ঠা ১৮-১৯
আড্ডাৰ পৃষ্ঠাঃ পৃষ্ঠা ২০
কবিতা : পৃষ্ঠা ২১-৩৭
গ্ৰন্থ পৰিচয়ঃ পৃষ্ঠা ৩৮
ভ্ৰমণ কাহিনীঃ পৃষ্ঠা ৩৯
ৰেচিপিঃ পৃষ্ঠা ৪০
নীলাখামৰ চিঠি: পৃষ্ঠা ৪১
গল্প: পৃষ্ঠা ৪২-৪৪
অনুবাদ গল্পঃ পৃষ্ঠা ৪৫
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৬

পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, 
সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা

এই সংখ্যাৰ বেটুপাততঃ
চন্দনা হীৰা
গুৱাহাটী


প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

পৃষ্ঠা ৬

সম্পাদকীয়ঃ

শিক্ষকৰ আত্মহত্যা

অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শিক্ষকৰ আত্মহত্যা এটা প্ৰায় স্বাভাৱিক ঘটনাৰ দৰেই হৈ পৰিছে। কেতিয়াবা যদি শিক্ষকে নিজৰ প্ৰাপ্যৰ বাবে আন্দোলনত নামিবলগীয়া হৈছে, কেতিয়াবা আকৌ সপ্তাহত দুই তিনিদিন আনৰ ঘৰত হাজিৰা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এনেবোৰ ঘটনা প্ৰায়েই আমি সংবাদপত্ৰত পঢ়িবলৈ পাওঁ। এইদৰে হতাশগ্ৰস্ত হৈ জীৱনৰ কোনো এটি ক্ষণত শিক্ষকেও আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’বলৈ বাধ্য হৈ পৰিছে। এয়া এখন দেশ তথা জাতিটোৰ বাবে অতিকৈ পৰিতাপৰ কথা।
কিন্তু আজি দুই এবছৰৰ পৰা সংবাদপত্ৰৰ শিৰোনাম দখল কৰা শিক্ষকৰ আত্মহত্যাৰ ঘটনাবোৰৰ কাৰণ অন্যহে, যি অতিকৈ স্পৰ্শকাতৰ। কিছুসংখ্যক শিক্ষকে আৰ্থিক অভাৱ-অনাটনৰ মুখামুখি হৈ অথবা অন্য কোনো সামাজিক কাৰণত আত্মহত্যা কৰা নাই। তেওঁলোকে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰিছে হাতত থকা এন্ড্ৰইড মোবাইল ফোনটোৰ বাবে। এয়া আচৰিত যেন লাগিলেও সত্য।
কেৱল শিক্ষকসকলেই নহয়, অন্য এক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে আমাৰ হাতত থকা ইন্টাৰনেটযুক্ত এন্ড্ৰইড মোবাইলটোৱে বহুতকে পথভ্ৰষ্ট কৰিছে। আমি সততে ব্যৱহাৰ কৰা ঘড়ী, কেলকুলেটৰ, কেমেৰা, চাউণ্ড চিষ্টেম, ভিডিঅ প্লেয়াৰ, টিভি, কম্পিউটাৰ, কাগজ-কলম, কিতাপ, সংবাদ-পত্ৰ, নিউজ চেনেল, শ্বপিং মল আদি সকলোৰে পৰিৱৰ্তে আমি বাচি লৈছো এন্ড্ৰইড মোবাইল ফোনটো। সেয়ে মোবাইল ফোনক আমি একক যন্ত্ৰ বুলিব নোৱাৰোঁ, তাৰ পৰিৱৰ্তে ই হৈছে বিভিন্ন এপ্লিকেশ্বনৰ সমাহাৰ য’ত বিভিন্ন এপ্লিকেশ্বনৰ জৰিয়তে বিভিন্ন কাম কৰিব পৰা হৈছে। এই যে আমাৰ সন্মুখত অতি সহজ উপায় এটা মুকলি হৈ পৰিল, এই উপায়বোৰেই আমাৰ চিন্তাৰ জগতত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ ধৰিলে। কেতিয়াবা কিছুমান ছাত্ৰ-ছাত্ৰীয়েও আমাক প্ৰশ্ন কৰা দেখা যায়— ‘ছাৰ, গল্প এটা লিখিবলৈ কাগজ-কলম ব্যৱহাৰ কৰা উচিত নে মোবাইলত লিখা উচিত?’ কেৱল লেখা মেলাৰ ক্ষেত্ৰতেই নহয় অন্য প্ৰায় সকলো ক্ষেত্ৰতে মোবাইলে আমাৰ চিন্তাৰ জগতত গভীৰভাৱে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।
ব্যক্তিয়ে গল্প এটা অথবা কবিতা এটা কাগজত লিখিব নে মোবাইলত টাইপ কৰিব সেয়া তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত কথা। এই ক্ষেত্ৰত কোনেও কাকো বাধ্য কৰাব নোৱাৰে। কিন্তু যদি আমাৰ চৰকাৰখনেই শিক্ষকসকলক বাধ্য কৰায় যে বিদ্যালয়ৰ সম্পূৰ্ণ দাতা মোবাইলত আলপড কৰিবই লাগিব, তেন্তে!
অলপতে মোবাইল এপৰ ব্যৱহাৰ নজনাৰ বাবেই অত্যন্ত মানসিক হাৰাশাস্তিৰ মুখামুখি হৈ লক্ষিমপুৰ জিলাৰ বিহপুৰীয়া নিবাসী গোপাল চন্দ্ৰ শৰ্মা নামৰ প্ৰধান শিক্ষকজনে আত্মহত্যা কৰে। তেখেতে স্পষ্টকৈ লিখি থৈ গৈছে যে একমাত্ৰ বিদ্যালয়ৰ কামৰ হেঁচা আৰু এন্ড্ৰইড মোবাইল ফোনৰ ব্যৱহাৰ নজনাৰ বাবেই তেখেতে এই পন্থা অৱলম্বন কৰিবলগীয়া হ’ল।
এতিয়া প্ৰশ্ন হ’ল, শিক্ষা বিভাগে বিদ্যালয়সমূহৰ অনলাইনৰ কাম-কাজসমূহ শিক্ষকৰ জৰিয়তে কৰোৱাটো উচিত হৈছেনে? আমি গভীৰভাবে বিশ্বাস কৰোঁ যে শিক্ষকৰ একমাত্ৰ আৰু মূল কামটো হৈছে ‘শিক্ষাদান’। এই শিক্ষাদানৰ লগতে অন্য বিভিন্ন কামত যিমানেই শিক্ষকসকলক জৰিত কৰোৱা হ’ব সিমানেই শিক্ষাদানৰ দৰে পবিত্ৰ কৰ্মত বেমেজালিৰ সৃষ্টি হ’ব। বৰ্তমানো আমাৰ সমাজত এনে হাজাৰ হাজাৰ শিক্ষক আছে যিসকলে শিক্ষকতাকেই জীৱনৰ সৰ্বস্ব বুলি জ্ঞান কৰে। তেওঁলোকে ভালদৰে মোবাইলৰ ব্যৱহাৰ নজনাৰ বাবেই আমি তেওঁলোকক হেঁচা প্ৰয়োগ কৰিব নোৱাৰোঁ। অথচ বাস্তৱ ক্ষেত্ৰত এয়াই হৈ আছে। ইয়াৰ উদাহৰণ, গোপাল চন্দ্ৰ শৰ্মাদেৱৰ দৰে শিক্ষকসকল।
আমি আশাবাদী, বিভাগীয় কৰ্তৃপক্ষই শিক্ষকসকলৰ সমস্যাবোৰ অন্তৰেৰে হৃদয়ংগম কৰক আৰু দেশ তথা জাতিৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শিক্ষকক কেৱল শিক্ষাদানতেই মনোনিৱেশ কৰাৰ এটি সুস্থ পৰিৱেশ গঢ়াত সহায় কৰক।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

পৃষ্ঠা ৭



পৃষ্ঠা ৮

প্ৰৱন্ধঃ

  ৰাভা সকলৰ লাঙামাৰা পূজা

     বীৰেশ্বৰ ৰাভা

            অসমৰ সেউজীয়া ভূমিত বসবাস কৰা ৰাভাসকলৰ বাবে জেঠ মাহটো এটি পৱিত্ৰ মাহ, দেৱ-দেৱীৰ মাহ হিচাপে গণ্য কৰা হয়। এই মাহতে অসমৰ বিশেষকৈ গোৱালপাৰা জিলাৰ ৰাভাসকলে ডেকা-গাভৰুৰ জীৱন সংগী বছা ‘বায়খো’, জুইৰ ওপৰত নচা ‘খোকচি’ আৰু  ওজাপালিসদৃশ নৃত্য-গীতেৰে হাছং পূজা উদ‌যাপন কৰে। বৃহত্তৰ  অসমৰ ৰাভাসকল নিজৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত কোনোদিনে পিছ পৰি থকা নাই। অতীজৰে পৰা বৰ্তমানেও  বৃহত্তৰ অসমৰ ৰাভা জনগোষ্ঠীয়ে তেওঁলোকৰ চৌপাশে থকা অন্য জাতি-জনজাতি আৰু বৰ্ণ হিন্দু অসমীয়াসকলৰ লগত একাত্মতা বজাই ৰাখি  উমৈহতীয়াভাৱে থানৰ উপৰি মন্দিৰ সাজি, বলি বিধানৰ উপৰি মাহ-প্ৰসাদ দি, পুৰুষৰ লগতে মহিলাৰ উপস্থিতিৰে বিভিন্ন উৎসৱ তথা পূজা পাতলৰ লগতে এদিনীয়াকৈ ভোজ ভাত খাই লাঙাদেও পূজি আহিছে। বৰ্তমান গোৱালপাৰাৰ আশে-পাশে থকা ৰাভা অধ্যুসিত বহু ঠাই বা অঞ্চলত লাঙাদেৱতাক পূজি আহিছে। লাভাদেও বা বুঢ়াদেও হ'ল শিৱৰ আন এটা নাম ।
           লাভাচাৰা, বুদাবা - এই দুজনা প্ৰধান ইষ্ট দেৱ-দেৱীৰ বলি-বিধানেৰে পূজা দিয়ে। লাঙাদেওৰ বাবে বেদী হিচাপে থিয়কৈ পোতা শিল এটি লোৱা হয়। তাতে ঘৰতে তৈয়াৰ কৰা (জোঙা-মাটিৰ ডাঙৰ আৰু দীঘল পাত্ৰত তৈয়াৰ কৰা লাওপানী) মদ, হাঁহ, কুকুৰা, পাৰচৰাই বা গাহৰিৰ বলি বিধান, চুঙাত সিজোৱা ভোগ (ডিঙোৱা পিঠাগুড়ি) আদি আগ কৰিব লাগে আৰু পূজাৰীসকলে গোটেই গাত পিঠাগুড়ি ছটিয়াই ল’ব লাগে।আনহাতে বাটভেটা বা ভাটিয়ালীৰ বাবে ফুলেৰে  মস্কৃতকৈ সজোৱা এটা কলপটুৱাৰ ডিঙা (নাও)ত জীয়া কুকুৰা, হাঁহ বা পাৰচৰাই এযুৰি, কণী আদি দি মাহ-প্ৰ্সাদেৰে নদীত উটুৱাই দিয়াটো নিয়ম। দুয়োটা পূজাতে তেল-সেন্দুৰ, আগলতি কলপাত, ধূপ-ধূনা, চাকি-বন্তিৰ প্ৰচলন আছে। তাহানিতে অৱশ্যে অন্যান্য ৰাজ্যৰ পাতিৰাভাসকলৰ দৰে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পাতিৰাভা সকলেও লাঙামাৰা থানতে একেলগে ধনকুবেৰ, ঠাকুৰাণী, দুধকুমৰ-ফুল, কুমৰ, খোকচি বা বায়খো আদি দেৱ-দেৱীক দুই-বাৰ ভাগ বলি-বিধান দি, ঘৰীত (এবিধ নলীযুক্ত মাটিৰ ঘটি) দুই-বাৰ সোঁত মদ দি, দেওধনী নচুৱাই ঘৰে ঘৰে অপায়-অমংগল খেদি (‘হাওৱাল খেদা’ নামে জনাজাত) দিনজোৰা বিভিন্ন ৰীতি-পৰম্পৰাৰে অতিবাহিত কৰি সমাজ পাতি মদ-ভাত খাইছিল। তেতিয়া এনে পূজাত অন্য সম্প্ৰদায়ৰ লোক আৰু বিশেষকৈ তিৰোতাৰ অংশগ্ৰহণ নিষেধ আছিল। এতিয়াও ৰংদানি ৰাভাসকলে পালন কৰা লাভামাৰা পূজাত প্ৰতিটো পৰিয়ালৰ মুৰব্বীজনৰ বাবে থানখনত একোখনকৈ শিলৰ আসন পাৰি থোৱাই থাকে বাবে আলহী-অতিথিয়ে অনুমতিসাপেক্ষেহে পূজাত অংশগ্ৰহণ কৰিব পাৰে। 
         বৰ্তমান গোৱালপাৰা জিলাৰ প্ৰায়কেইখন ঠাইৰ লাঙাদেওৰ মন্দিৰতে বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ লগতে আনকি তিৰোতা মানুহৰো পূজাত সমাগম হোৱা দেখা যায়। আনকি এই অনুষ্ঠানটোত মহিলাৰ আইনাম বৰ্তমানে এৰিব নোৱৰা অংগস্বৰূপ হৈ পৰিছে , যদিও ইয়াৰ প্ৰচলন কম।
          গোৱালপাৰা জিলাৰ আশে-পাশে থকা  সকলো ঠাইতে ৰাভাসকলে অনুষ্ঠিত  কৰা পূজাত সমন্বয়ৰ বা ধৰ্মীয় সহিষ্ণুতাৰ স্বাক্ষৰ বহন কৰি আহিছে। লাভাদেও আৰু বাটভেটা অৰ্থাৎ আই ভগৱতী (কেঁচাইখাইতী বা ঠাকুৰাণী অথবা খোকচি) আৰু শিৱগোসাঁই (লাঙা বা মামাছিবু দাৰ মাং)! এই দুই শাক্ত-শৈৱ যুগল উপাসনাৰ ধাৰা ৰাভা সমাজত প্ৰচলিত পৰম্পৰাগত প্ৰকৃতি-পুৰুষৰ পূজাৰে নামান্তৰ। সেইবাবে ৰাভাসকল বিশুদ্ধ শৈৱ বা শাক্ত কোনোটো পন্থাৰে অনুগামী নহয়। বৰঞ্চ তেওঁলোকক জড়োপাসক বা সনাতন হিন্দু ধৰ্মৰ বাহক বোলাহে উচিত। ৰাভাসকলে তেওঁলোকৰ পৰম্পৰাগত দেৱ-দেৱীক দুটি প্ৰধান ধাৰাত ভগাই পূজা-পাতাল দি আহিছে। সেই দুটি ধাৰা হ’ল-ৰাভা বায়-দেও (ৰাভাৰ কৌলিক ধৰ্মীয় ৰীতি-নীতিৰে অৰ্থাৎ মদ, গাহৰি, কুকুৰা, পিঠাগুড়ি-টংলতি আদি নৈবেদ্য হিচাপে লৈ ৰাভা স্তুতিগীতেৰে আৰাধনা কৰিবলগীয়া দেৱ-দেৱী) আৰু লেমা বায়-দেও (হিন্দুধৰ্মীয় ৰীতি-নীতিৰে অৰ্থাৎ তুলসী, কল, মাহ-প্ৰসাদ-চেনি, পাৰ-ছাগ, হাঁহ, ফুল-নৈবেদ্য হিচাপে লৈ লেমা কাথা অৰ্থাৎ ৰাভামিজৰ স্তুতি- গীতেৰে আৰাধনা কৰিব লগীয়া দেৱ-দেৱী)। এই অনুসাৰে লাঙা বা বুঢ়াদেও প্ৰথম শ্ৰেণীৰ আৰু কেঁচাইখাইতি বা আই ঠাকুৰাণী (বাটভেটা/ভাটিয়ালী) দ্বিতীয় শ্ৰেণীত পৰে। ৰাভা সমাজত কিন্তু দুয়োটা শ্ৰেণীৰ পূজাৰ লগতে প্ৰায়বোৰ দেও পূজাত কোনো বামুণ বা অইন বেলেগ জাতিৰ পূজাৰীৰে পূজা দিয়া নহয়। এইবোৰত স্বজাতীয় যিকোনো নৈষ্ঠিক পৰিয়ালৰ লোকে উত্তৰাধিকাৰী সূত্ৰে বা বাছনিসূত্ৰে বা স্বপ্ন দ্ৰষ্টা হৈ দেওধনীৰ জৰিয়তে এনে পূজা পৰিচালনা কৰে, কৰাটো নিয়ম। মূল পূজাৰীজনক ৰাভাসকলে দেউৰী, ওজা আৰু বায়ফাং বোলে আৰু তেওঁৰ সহায়কাৰীসকলক পালি, পালিছা, তাকব্ৰা বোলে। দেউৰী আৰু পালিসকল পূজাৰ দিনা বা তাৰো এসপ্তাহ-এদিন আগৰেপৰা শুচি-শুদ্ধাচাৰে নিৰ্দিষ্ট নিয়ম-নীতি, ব্ৰতাচাৰ পালন কৰিবলগীয়া হয়। তেওঁলোক এই সময়চোৱাত ঘৰ-দুৱাৰ শুচি কৰি নিজ হাতে ৰান্ধি-বাঢ়ি একশয্যা হৈ থাকিব লাগে। পূজাৰ সময়চোৱাত পূজাৰীসকলে স্নানৰত অৱস্থাতে তিতা বস্ত্ৰ পৰিধান কৰি গাত পিঠাগুড়ি ছটিয়াই ডিঙিত কুশবন একোছা লৈ পূজা সম্পাদন কৰাটো বিধেয়।
          ৰাভাসকলে লাঙামাৰা বা হাছং থানত মূল উপাস্য দেৱতা লাঙামাৰা, মামা ছিবু দাৰমাং, বুঢ়াদেউৰ লগতে তেওঁৰ ঘৰণী ভগৱতী, দেশফিৰা ঠাকুৰাণী, খোকচি, কেঁচাইখাইতী আৰু অন্যান্য সহচৰী গৰনাথ--গণেশ, দেৱনাথ কাৰ্তিক আদিকো পূজা কৰে।  
          এই প্ৰক্ৰিয়াটোক ব্ৰাহ্মণ্য যুগৰ আৰ্যীকৰণৰ সৈতেও ৰিজাই চাব পাৰি। কিয়নো ৰাভাসকলৰ লাঙামাৰা পূজাত থিয়ৈপোতা শিল টোকে "ৰোংজুমুক" দেৱতাৰ প্ৰতিক হিচাপে লোৱা হয় যাৰ নিহীত অৰ্থ ৰোং "শিল", জু-মুক-জু মানে মাতৃ আৰু মুক মানে মাতৃ (আদিম-সৰগীয়) অৰ্থাৎ সৰগীয় মাতৃৰূপী শিল, যি যোনিপীঠৰো সমাৰ্থক। পুৰাণ বৰ্ণিত নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ কামাংগৰ ধাৰণা হয়তো আদিম ৰাভা জাতিৰ "কিৰাট" ৰোংজুমুকৰে উন্নত সংস্কৰণ বা বৃহৎ পৰম্পৰা আছিল। কিয়নো আদিতে কামাখ্যাতো গাৰো সম্প্ৰদায়ৰ লোকে গাহৰি বলি দি দেৱী পূজা কৰিছিল বুলি ড° বাণীকান্ত কাকতিৰ ‘মাডাৰ গডেছ কামাখ্যা’ নামৰ গ্ৰন্থখনত উল্লিখিত হৈছে। ৰাভাসকলেও বিশ্বাস কৰে যে ‘কামা’ গোত্ৰৰ লোকে আদিতে নিৰিগিৰি (নীলাপাহাৰ) নামৰ ঠাইত কামাহাছু বায় বা গ্ৰিম বুদা (বন দেৱী- বনবাসী)ক এতিয়াও ৰংদানি আৰু মায়তৰি ৰাভাসকলে লাঙাচাৰা, দাৰমাং, বুদাবা, তুৰা, বায়মাৰা আদি পুৰুষ দেৱতাৰ সমাৰ্থক ৰূপে পূজে। ৰাভা সকলে ছিৰ্গি ৰিছি বা মামাছিবু দাৰমাং দেৱতাক হিন্দুৰ দেৱাদিদেৱ মহাদেৱৰ সমতুল্য সৃষ্টিকৰ্তা বুলি জ্ঞান কৰি সকলো মংগলিক অনুষ্ঠানতে স্মৰণ কৰে। ইয়াকে মংগলকাৰী দেৱতা হিচাপে বছৰেকত একোবাৰ সমজুৱাকৈ লাঙামাৰা বা হাছং পূজাত আৰু অমংগলকাৰী দেৱতা হিচাপে তাৎক্ষণিক ভাৱে বা ব্যক্তিগতভাৱে ঝাকুৱা, টুকুৰীয়া পূজাত দেৱ- উৎপত্তিমূলক কাহিনী গীত গাই পূজে। এসময়ত কোনো ৰাভাৰ পূৰ্বপুৰুষে কৰা ব্যক্তিগত ‘বাক্ৰা’ দেওৰ পূজাই  কালক্ৰমে ৰাজহুৱা হৈ প্ৰথমে ‘লাঙাদেও’লৈ আৰু  পৰৱৰ্তী কালত সংস্কাৰ সাধিত কৰি তেত্ৰিশ কৌটি দেৱতাৰ মন্দিৰ লৈ উত্তৰণ ঘটা বুলি ভাবিবৰো যথেষ্ট অৱকাশ আছে। ‘জতিয়া’ স্থান নামো মহাদেৱ বা লাঙাদেওৰ আন এটা নাম ‘জটিয়া ভাঙুৰা’ৰ পৰাই উদ্ভৱ হোৱা বুলি ক'ব পাৰি।
     

পৃষ্ঠাঃ ৯

 বিহু আৰু হুঁচৰি : বৰ্তমান দিনত প্ৰাসংগিকতা 

 গীতাশ্ৰী নাথ 

"দেউতা অ'
খুঁজি মাগি এমুঠি ৰান্ধোঁ 
গৰুৰ বিহুৰ দিনা 
গৰুৰ গা ধোৱাই লৈ 
তৰালি পঘাৰে বান্ধোঁ"
   
   গাঁৱত সৰুৰে পৰাই দেখি আহিছোঁ গৰু বিহুৰ দিনাৰ পৰাই গাঁৱৰ চেমনীয়া ল'ৰাসকলে আৰু ডেকাচামে পথাৰৰ পৰা আনি গোহালিত সোমোৱাই যাগ দি বিচনিৰে বিচি নিজৰ কাৰ্য সমাৰ্পন কৰি ককালত টঙালি আৰু কান্ধত ঢোলটি লৈ বিহুলৈ বুলি ওলাই যায় ।গাঁৱৰ এমূৰৰ পৰা প্ৰতিঘৰতে বিহু হুঁচৰি গাই ৰঙালীৰ ৰং বিলাই সুখেৰে মন উপচাই সকলোৰে ।
      এফাকি বিহু গীত জুৰি ঘৰৰ বৃদ্ধজনকো নচুৱাই । গৃহস্থীয়েও সামৰ্থ অনুযায়ী দান - দক্ষিণা , বিহুৱান ,পিঠা - পনা যেনেদৰে পাৰে যাচে আৰু খোৱাই । শেষত গৃহস্থীয়ে মূৰ দোৱাই নেদেখাজনৰ ওচৰত আঁঠু লয় হুঁচৰি দলৰ সন্মুখত । গোটেই বছৰটো সুখে - শান্তিৰে , অপায় - অমংগল নোহোৱাকৈ যাতে সকলোৰে আনন্দৰে দিন নিয়াব পাৰে তাৰ কাৰণে হুঁচৰি বৃদ্ধসকলৰ লগত সকলোৰে হিয়া উজাৰি আশীৰ্বাদ প্ৰদান কৰে ।
      কুলিৰ মাতে বহাগৰ বতৰা অনা , ঢোলৰ মাতে সকলো অসমীয়াৰ হিয়া সাতখন আঠখন কৰা , কপৌপাহিয়ে নাচনীৰ নেঘেৰী খোপা সুন্দৰ কৰা , জেতুকাৰ বোলেৰে ৰচকী নাচনীৰ হাত ৰঙীন কৰা , ঢেকীৰ মাতে চুবুৰী - গাঁও উৎসৱমুখৰ হৈ থকা এই পৰিৱেশেই হৈছে বহাগৰ বতৰ অসমীয়াৰ প্ৰাণ ।
    কিন্তু বৰ্তমান দিনত ঠাইভেদে বিহুত অন্য এক ৰূপ পৰিলক্ষিত হয়। গাঁৱৰ ঠাইত বহু নগৰ হৈ উঠিলে । আধুনিকতাই গা কৰি উঠিলে সকলোতে । বৰ্তমান প্ৰজন্মৰ শিশুসকলে ঢেঁকী , জেতুকা , দীঘলতী - মাখিয়তী চিনি নাপায় । সকলো আধুনিকতাত উটি ভাঁহি পৰম্পৰাৰ সৈতে নতুন চামক চিনাকি কৰাই দিয়াৰ সময়ো কাৰো হাতত নাই । নতুন চামে জেতুকা কি চিনি নাপায় , চিনি পায় বিক্ৰী হোৱা মেহেন্দী । পিঠাগুৰি কেনেকৈ খুন্দে নাজানে , ঢেঁকী কি অনুমানেই নাই , চিনি পায় যন্ত্ৰচালিত মেচিন ।
    আধুনিকতাই ইমান গভীৰভাৱে শিপাই উঠিছে যে কিছুমান গাঁওসমাজতো মূৰ দাঙি উঠিছে । পুৰণি দিনত বিহু পতা হৈছিল পথাৰৰ মাজত বৰগছৰ তলত, সকলো গাঁৱৰ লোক মিলিত হৈ নানা খেল - ধেমালি ৰং ৰহইচ কৰি । বৰ্তমান দিনত বিহু চাওঁ ভাবিলে বৰগছৰ তলত বা নামঘৰৰ কাষত নহয় দূৰদৰ্শনৰ সন্মুখত বহিব লাগিব ।
       অতীজৰে পৰা গাঁৱৰ বিহু দলে সকলোৰে ঘৰত বিহু গাই শেষৰ দিনা বিহু সামৰি ৰাজহুৱা নামঘৰত প্ৰীতিভোজ খায় ।
   কিন্তু বৰ্তমান দিনত বিহু গোৱাৰ কেইদিনমানৰ আগতেই বা প্ৰথমতে এখন তালিকা প্ৰস্তুত কৰি লয় কোন খন গাৱত কিমান জন চৰকাৰী চাকৰিয়াল আছে, ক'ত বৰমূৰ্ৰীয়া মণ্ডল , হাকিম , মৌজাদাৰ ঘৰ আছে । গাঁওবোৰৰ সকলোতকৈ চহকী, ধনে - ধানে উভৈনদী হোৱা কেইঘৰতহে হুঁচৰি দলে বিহু মাৰেগৈ । তালিকাত থকা বৰমূৰিয়াল ঘৰতহে হুঁচৰি দলে যোৰে যোৰে সোমাইগৈ । কিন্তু সৰুতে হাতত ধৰি ঢোল শিকায়ো বৃদ্ধ ঢুলীয়া খুৰা ঘৰত বিহু গাবলৈ বুলি কোনো নুসোমাই । কাৰণ তেওঁৰ হাতত হুঁচৰি দলক দিব পৰাকৈ পাৰ্যমানে টকা নাই ।
     এয়াই হৈছে বৰ্তমান দিনত গাঁও - নগৰ প্ৰায়বোৰ  ঠাইতে চলি অহা বিহু হুঁচৰি দলৰ ঘৃননীয় কাৰ্য । অপ্ৰিয় হ'লেও সত্য যে বহুতেই বৰ্তমান বিহুক লৈ ব্যৱসায় কৰিছে, ধনৰ ব্যৱসায় ।
      বিহুক বিহু হৈ থাকিবলৈ দিয়ক । অতীজৰে পৰা যি পৰম্পৰাৰে বিহু পতা হৈছিল, হুঁচৰি গোৱা হৈছিল তেনেদৰেই থাকিবলৈ দিয়ক । অন্ততঃ অসমৰ বাপতি-সাহোন বিহুটো আধুনিকতাৰ পৰশ পৰিব দিব নালাগে । আধুনিকতা ভাল লাগে য'ত সৎ কায্যৰ বাবে হয় , কোনো সৃষ্টিৰ বাবে হয় , কিন্তু যি আধুনিকতাই অসমীয়াৰ প্ৰাণ হেন বিহুৰ পৰম্পৰাক ধ্বংস কৰে তেনে আধুনিকতা অসমীয়াই গ্ৰহণ নকৰিলেও হ'ব । 
     "বিহুটি নামেৰে তিনিটি আখৰে 
     কোনে লিখি গ'লে শিলত 
    মামৰেও নধৰে , ঘূণেও নধৰে 
জিলিকে বসন্ত কালত "।


পৃষ্ঠা ১০

সময়ৰ বুকুত নান্নাটাৰী গাঁৱৰ ভঠেলী উৎসৱ ৷

পৰিণীতা কলিতা
সহ সম্পাদিকা অঙ্গন
     
প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন সংস্কৃতিত বিভিন্ন গছ পূজাৰ প্ৰচলন আছে। বিশ্বাস অনুসৰি ঠাই ভেদে মানুহে বিভিন্ন গছক পূজা কৰে। ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন গছ-গছনিক দেৱ-দেৱীৰ প্ৰতীক হিচাপে লৈ পূজা কৰে। বহাগ বিহুক কেন্দ্ৰ কৰি অসমত বাঁহ গছক কৰা পূজাকেই ভঠেলি উৎসৱ বুলি জনা যায়। বিশেষকৈ নামনি অসমৰ  কামৰূপ জিলাৰ ৰামদিয়াত, নলবাৰী জিলাৰ বেলশৰ ,বৰনৰ্দী,
বাটসৰ আৰু নান্নাটাৰী গাঁৱত  বহাগ মাহত এই উৎসৱ ধুম-ধামেৰে পালন কৰা হয় ৷

কৃষিজীৱী সমাজত লোক-উৎসৱ সমূহ পৰম্পৰাগত ভাৱেই চলি আছে। ই কেতিয়া আৰম্ভ হৈছিল তাৰ কোনো চন-তাৰিখ নাই। ভঠেলি শব্দটো কোনো কোনোৱে ভাঠি, কোনো কোনোৱে ভাটিয়ালি আৰু কিছুমানে ভূঁইথলীৰ পৰা ‘ভঠেলী’ৰ উৎপত্তি বুলি কয়। ড° বাণীকান্ত ককতিৰ মতে : ‘ভঠেলি’ শব্দটো সংস্কৃত ভাষাৰ ভস্থলী বা ভস্থালিকা শব্দৰ পৰা ৰুপান্তৰিত হৈ অসমীয়া ভাষাত ‘ভথেলি’ হিচাপে ব্যৱহাৰ হৈছে। আকাশ মণ্ডলত শোভা বৰ্ধন কৰা সুসজ্জিত বাঁহৰ নিচানেই ভথেলি উৎসৱৰ কেন্দ্ৰবিন্দু।  ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যইও ভঠেলি শব্দটো আৰ্য্য  সংস্কৃত ভস্থালিকা শব্দৰ পৰা উদ্ভৱ হোৱা বুলি ক’ব খোজে। উত্তৰ কামৰুপৰ বিভিন্ন ঠাইত উদ্‌যাপিত ভঠেলিত দুডাল বাঁহ (এডাল দীঘল আৰু চুটি) দৰা-কন্যাৰ প্ৰতীক হিচাপে লৈ ৰং-বিৰঙৰ কাপোৰেৰে মেৰিয়াই ফুলৰ মালা আৰু চোঁৱৰ সুসজ্জিত কৰি ‘পাৰা’ বা ‘পাউৰা’ তোলাৰ ব্যৱস্থা আছে। অৱশ্যে আজিকালি ভঠেলিৰ মূল খলা (খোল)-ৰ বাঁওফালে গোঁসাই বা বিগ্ৰহ স্থাপন কৰি পোন্ধৰ জনা গোঁসাইৰ কাৰণে পকী মণ্ডপ সজাই দিয়াৰ কিছু বছৰ পূৰ্বে জেকনিসহ চাৰিটা আগবাঁহ ৰঙীণ কাপোৰেৰে বান্ধি মাটিৰ ঢাপৰ চাৰিওফালে বান্ধিছিল। এয়া বাঁহ পূজাৰ ঐতিহ্য বহন কৰে নে জনজীৱনত বাঁহৰ প্ৰয়োজনীয়তাক সূচায় সেয়া গৱেষণাৰ বিষয়। 

বহাগৰ এক নিৰ্দ্দিষ্ট দিনত বেলেগ বেলেগ গাঁৱত এই উৎসৱ এদিনীয়াকৈ পালন কৰা হয়। কোনো জাকজমকতা নকৰাকৈ উদ্‌যাপিত হৈ অহা এই ভঠেলি উৎসৱৰ দিনা পুৱাৰ ভাগতে গাঁৱৰ ডেকা-চেমনীয়া ল’ৰাহঁতে জাতি বাঁহ এডাল আগলি নকটাকৈ মূঢ়াৰ সৈতে উভালি আনি ভালদৰে চাঁচি-চুৰুকি ধুই পখালি লয়। তাৰ পিছত সেই বাঁহডাল ৰং-বিৰঙৰ কাপোৰেৰে মেৰিয়াই ফুলৰ মালা আৰু চোঁৱৰেৰে সজাই তোলে। এই সু-সজ্জিত বাঁহডালক পাউৰা বোলা হয়। মেৰিওৱা কাপোৰখিনিক ‘পাউৰাৰ কাচ’ বুলি কোৱা হয়। পাউৰা অনা মানুহজনে গা ধুই উপবাসে থাকি পবিত্ৰ সাজ পৰিধান কৰি পাউৰাটো কান্ধত তুলি ভঠেলি খোলালৈ আনে। পিছত শংখ, ঘণ্টা, বৰকাঁহ, ঢোল, খোল, তাল, আয়তীসকলৰ উৰুলি, হৰিধ্বনি আদি মাংগলিক ধ্বনিৰ মাজত ৰং-ৰহইচৰ মাজেৰে আটায়েই এই সু-সজ্জিত বাঁহডালক তুলি দি গুৰিটো পুতি দিয়ে। সাধাৰণতে গাঁৱৰ নামঘৰ বা থান আদিত উমৈহতীয়া ঠাইত থকা ভঠেলি উৎসৱ খোলাৰ ডাঙৰ গছত সু-সজ্জিত বাঁহডাল ওলোমাই ৰখা হয়।

ভঠেলিৰ দিনা ৰাতিপুৱাই ১১১২ নং নান্নাটাৰী প্ৰাথমিক বিদ্যালয়ৰ কামাখ্যা মন্দিৰ প্ৰাংগনত ডেকা ল’ৰাহঁতে ভঠেলি খোলাৰ একাষে এটি বাঁহৰ খুটি পুতি খুটিটোৰ মূৰত কলৰ ছটিয়াৰে এটি এঢলীয়া ঘৰ সাজে। এই ঘৰটোক ভঠেলি বোলা হয়। ঘৰটোৰ ভিতৰত এখন ডাঙৰ পীৰাৰ ওপৰত নতুন বিহুৱান এখন দি তাৰ ওপৰত একলহ চাউল, এথোক কল, এথোক তামোল, বিশ মুঠি পাণ, নাৰিকল, ফলমূল আদি ৰখা হয়। ধূপ-ধুনা জ্বলাই এই ঘৰটোত বাঁহদেৱতা অগ্নিলৈ এখন নৈবদ্য আগবঢ়াই তাতেই নাম-প্ৰসংগ কৰি নতুন বছৰটোত যাতে সকলো ভালে-কুশলে থাকিব পাৰে, তাৰ বাবে আশিস বিচাৰে।

সাতামপুৰুষীয়া ভঠেলি উৎসৱ চোৱাৰ বাবে ডেকা-বুঢ়া সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বাটকুৰি বাই আহে। এই জাতীয় উৎসৱ ভঠেলিত লোকাচাৰ আৰু ৰং-ধেমালিৰ প্ৰাচুৰ্য্য আছে। কিন্তু ইয়াত তন্ত্ৰ-মন্ত্ৰৰ প্ৰচলন একেবাৰেই নাই। দুপৰীয়াৰ পৰা চলা ভঠেলি উৎসৱ সন্ধিয়াৰ লগে লগে সামৰণি পৰে। ভঠেলিৰ পৰা নিজ নিজ ঘৰলৈ ঘূৰি যাওঁতে প্ৰতিজন মানুহে ‘পাউৰা’ৰ গুৰিৰ মাটি আনি নিজ ঘৰৰ হাঁহ-পাৰৰ বাঁহত থয়। বিশ্বাস অনুসৰি এই মাটি হাঁহ-পাৰৰ বাঁহত থ’লে হেনো কণী, পোৱালি আদিৰ একো অনিষ্ট নহয়। এই ভঠেলি উৎসৱত জিলাপী খোৱা আৰু ঘৰলৈ নিয়া আন এক আনন্দ।

গধূলি নামি অহাৰ লগে লগে ডেকা-ল’ৰাহঁতে ভঠেলি ঘৰটোৰ পৰা ভিতৰৰ বস্তুবোৰ আঁতৰাই আগতে সাজু কৰি থোৱা বাঁহৰ লাঠিৰে ঘৰটো কোবাই কোবাই ভাঙি আনন্দ কৰে। ইয়াক ভঠেলি ভগা বুলি কোৱা হয়। উৎসৱ শেষ হোৱাৰ লগে লগে গাঁৱৰ ডেকা ল’ৰাহঁতে ‘পাউৰা’ কান্ধত লৈ নামৰ পদ গাই গাই ঘৰে ঘৰে লৈ ফুৰায়। প্ৰতিঘৰ মানুহৰ জীয়ৰী-বোৱাৰীয়ে এই ‘পাউৰা’ক ভক্তি সহকাৰে সেৱা কৰে। থাল এখনত ফাকু লৈ ডেকাহঁতে সেৱা কৰাসকলক ফাকুৰ ফোঁট দিয়ে আৰু পৰিয়ালৰ লোকসকলে সেই থালখনত কিছু টকা পইচা আগবঢ়ায়। এই ‘পাউৰা’টো পিছত নামঘৰৰ কামত ব্যৱহাৰ কৰা হয় ৷

ভঠেলি উৎসৱলৈ কোনো আমন্ত্ৰণৰ কথা নাই। ভঠেলি উৎসৱৰ গোসাঁই আৰু ভঠেলি উৎসৱৰ মেলাৰ বাবেই মানুহৰ ইমান আকৰ্ষণ। নান্নাটাৰী বাসীও সেইদিনা হেজাৰ হেজাৰ মানুহৰ পদ-ধূলিৰে ধন্য হয়। 

কৃষ্টিয়ে এটা জাতিক জীয়াই ৰাখে। এটা জাতি জীয়াই থকাৰ অৱলম্বন হ’ল কৃষ্টি। চহা জীৱনৰ অতীতৰ স্মৰণীয় দিনৰ প্ৰতিফলন হ’ল : লোক উৎসৱ বা লোক-সংস্কৃতি। অতীতৰ গতিশীলতাই বাস্তৱৰ লগত মিলন ঘটায়। সেই অতীতক লৈ বাস্তৱ ধাৱিত হয় আৰু বাস্তৱ হৈ পৰে মধুময়।  এইবেলিও নান্নাটাৰী গাঁৱৰ লোক-উৎসৱ ভঠেলি বহাগৰ ৪,৫ আৰু ৬ তাৰিখে ধুম-ধামেৰে পালন কৰা হ'ব ৷ প্ৰতিবছৰে চলি অহা এই লোক-উৎসৱে  নান্নাটাৰীবাসীক কৰি তুলিছে মহীয়ান।

টিহু,নলবাৰী
গুৱাহাটী বিশ্ববিদ্যালয়
আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ণ বিভাগ ৷
ফোন:৯১২৭৫৬৪১২৪



পৃষ্ঠা ১১

বিশেষ ঘোষণাঃ

পষেকীয়া ই-আলোচনী অঙ্গনত প্ৰকাশৰ বাবে উপন্যাস বিচৰা হৈছে। উপন্যাসৰ বিষয়বস্তু সাম্প্ৰতিক সময়ৰ লগত সংগতি থাকিলে প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব।

সম্পাদনা সমিতি,
অঙ্গন


পৃষ্ঠা ১২

অণুগল্পঃ

এচমকা কলীয়া মেঘ 
( সঁচা ঘটনাৰ আলমত)

জেপোলিন ৰাজকুমাৰী

জীৱনৰ শেষ উশাহ কণৰ সময়তো পূৰ্ণিমাই নিজৰ মাক-ককায়েকৰ লগতে 
আপোন মানুহ খিনিৰ চেনেহৰ মাত এষাৰ শুনি পোৱাৰ প্ৰৱল হেঁপাহত ঘৰলৈ ফোন লগাইছিল যদিও ঘৰত হালোৱা কৰা বেলেগ সম্প্ৰদায়ৰ ল"ৰা এটালৈ পলাই যোৱা পূৰ্ণিমাৰ ফোন ঘৰৰ কোনো এজনে নুঠালে আৰু অন্তিম হেঁপাহটো বুকুত সাৱটি দুদিনৰ পিছত পূৰ্ণিমা সিপুৰীয়া হ'ল ।

পূৰ্ণিমাৰ দহ বছৰীয়া ল'ৰাটোৱে কম বয়সীয়া মাকৰ শ-দেহটোলৈ চাই দুচকুৰ লোটক বগৰাই ভাৱি ৰ'ল। 
"মানুহো ইমান নিষ্টুৰ থাকেনে  তাকো নিজৰ ছোৱালীৰ, ভনীয়েকৰ ক্ষেত্ৰত ! 
বেলেগ সম্প্ৰদায়ৰ  লগত দিয়া-লোৱা ,খোৱা-বোৱাবোৰ বাৰু পাপ নেকি !


পৃষ্ঠা ১৩

উপহাৰ

 অংশুমান ভূঞা

       নিমন্ত্ৰিত আলহী-অতিথিৰ খদমদম শেষ হোৱাত পৰাগে কোঠাটোলৈ আহি দৃশ্যটো দেখি পুলকিত হ'ল। আন আন উপহাৰবোৰ আঁ‌তৰাই ল'ৰাটো কিতাপৰ পাত লুটিওৱাত ব্যস্ত হৈ পৰিছে।
       সি কোঠাটোৰ পৰা ওলাই আহি আন এটা কোঠাত সোমাল। জীৱনৰ বহু উপহাৰ এটা সময়ত আৱৰ্জনাত পৰিণত হোৱাৰ বিপৰীতে কিতাপবোৰে আজিও কোঠাটো শুৱনী কৰি ৰাখিছে।


চামতা,নলবাৰী
৬০০২৯৯৪৯৮০


পৃষ্ঠা ১৪
    

মনৰ প্ৰশান্তি

অঞ্জনা দেৱী

          চম্পাই বিহু বুলি চাউল কেইটামান খুন্দি চেনী দিয়া বৰা চাইলৰ পিঠা কেইটামান বনাই অলপ ঘৰত ৰাখি বাকী খিনি তাই কাম কৰা মানুহ ঘৰলৈ বুলি বান্ধি সেই ফালে খোজ ল'লে। যোৱাৰ পথত তাই পাবলগীয়া টকাকেইটাৰে গিৰীয়েকৰ দৰৱৰ লগতে বিহুৰ জোৰা মৰিব নে নাই চিন্তা কৰি কৰি কেতিয়ানো গন্তব্য স্থান পালেহি গমকে নাপালে। গেটখন খুলি ভিতৰলৈ বুলি সোমাওঁতেই মালিকে আহি "বাইদেউ অলপ ওলাই গৈছে, তুমি অলপ বহা বুলি কৈ" তেখেতো ওলাই গ'ল। চম্পা মহা চিন্তাত পৰিল- 'তাই পাওঁনা কেইটাৰো মুদা মৰিব নেকি আজি'। পিছে তেনেতে মানুহ গৰাকী সোমাই অহাত তাই সকাহ পালে আৰু পিঠাৰ টোপোলাটো শ্ৰদ্ধাৰে তেখেতৰ হাতত অৰ্পণ কৰি পাওঁনা কেইটাৰ বাবে হাত পাতিলে। মানুহ গৰাকী অলপ কঠোৰ যদিও চম্পাৰ চকুৰ ভাষা বুজি বিহুৰ খৰছৰ কাৰণে কিছু অতিৰিক্ত ধন তাইৰ হাতত গুজি দি পঠাই দিলে। চম্পাই খৰ খোজেৰে আহি ঘৰ পালেহি আৰু মনৰ প্ৰশান্তিত এপাক বিহুও নাচি ল'লে।


যোৰহাট


পৃষ্ঠা ১৫

এক মিনিটৰ গল্পঃ

 মলম  

 জুনমনি গগৈ 

             পুৰণি ডায়েৰীৰ পাত লুটিয়াওঁতে অতনুৱে বুকুখনত পুনৰ  বিষ এটা  অনুভৱ কৰিলে। ডায়েৰীৰ মাজতে থকা নন্দিনীৰ চিঠিবোৰ  পঢ়োঁতে পুৰণা ঘা এডোখৰৰ দৰে বিষটো বাঢ়িহে আহিল । অতনুৰ বাবে আজিও সাঁথৰ, নন্দিনীয়ে তাক ইমান ভাল পোৱাৰ পিছতো কিয় তাৰ লগত বিয়া নহৈ অৰিন্দমৰ লগতহে হ'ল ? চিঠিৰ মাজে মাজে প্ৰেমৰ কবিতা,  সেই আবেগ, সেই দুচকুৰ চাৱনি, সেইবোৰ কি মিছা আছিল ?সেই প্ৰশ্নৰ উত্তৰ নোপোৱাকৈ অতনুৱে আজিও আনক বিয়া পাতিব পৰা নাই ।
              অতনুৰ কথামতেই নন্দিনীৰ বান্ধৱী দীপাই তাক খবৰ দিছিল  মিলেটেৰী স্বামী অৰিন্দমৰ সৈতে নন্দিনীহঁতে ছুটীত তেওঁলোকৰ ঘৰলৈ আহিছে। অতনুয়ে পলম নকৰি দীপাহঁতৰ ঘৰ পালেগৈ । সি আজি নন্দিনীক সুধিব যে তাক লৈ লিখা সেই কবিতা সমূহ মিছা আছিল নেকি ?
            প্ৰায় সাত বছৰৰ মূৰত সিহঁতৰ দেখা-দেখি। তথাপিও নন্দিনীক কালি লগ পোৱাৰ দৰেই লাগিল । অতনুক দেখি তাইৰ কিমান যে প্ৰশ্ন ! অতনু দা, তুমি দেখোন ক্ষীণালা, অলপ গহীনো হ'লা, অতনু দা, তুমি এতিয়াও বিয়া পতা নাই কিয় ?  ইত্যাদি প্ৰশ্নবোৰ সুধি তাক তাই ব্যতিব্যস্ত কৰি তুলিছিল । অতনুৱে নন্দিনীৰ দুচুকৰ কোনোবাখিনিত এতিয়াও তাক নোপোৱাৰ যন্ত্ৰণা সাঁচি ৰাখিছে নেকি তাক সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰিলে। নাই, সি একো দেখা নাপালে । এটা সন্তানৰ মাতৃ নন্দিনীক এতিয়া অত্যন্ত সুখী যেনেই লাগিল । সুবিধা বুজি অতনুৱে নন্দিনীক চিঠিত লিখা প্ৰেমৰ কবিতাবোৰ মিছা আছিল নেকি সুধিছিল। "অতনুদা, তুমিও যে আৰু ।সেই কবিতাবোৰতে আজিও লাগি আছা ? আচলতে, সেইবোৰ কবিতা মই তোমাক লৈ লিখা কবিতা নাছিল। অৰিন্দমদাই হে মোক লৈ লিখিছিল। তুমি বেয়া নাপাবা ।" উত্তৰটো শুনি অতনুৰ ভৰি তলৰ মাটিখিনি যেন খহি পৰিছিল !
             অতনু যোৱাৰ পিছত নন্দিনীয়ে বাৰ্থৰূমত গৈ এসোঁতা কান্দিলেগৈ। নন্দিনীক দেখি দীপাই সুধিলে " মলম লগালি?"  অঁ, নহ'লে  ঘা ডোখৰ বাঢ়ি যাব যে ?


পৃষ্ঠা ১৬

মুখাগ্নি

বিজয়া গগৈ

               মহৰীয়ণী বৰবৌৰ অন্তৰত প্ৰজ্বলিত হৈ থকা জুইকুৰাই তেওঁক দহি দহি খায়। সন্মান অনুসাৰে শান্তি নাই। গাওঁখনত আঢ‍্যৱন্ত পৰিয়াল। গিৰিয়েক চাহাবৰ বাগিচাৰ মতা মহৰী হোৱাৰো এটা সন্মান। ইংৰাজীত চাহাবৰ লগত কথা পাতে বুলি গঞাই আন এটা সন্মান দিয়ে।পাঠশালাত তাহানি একেলগে পঢ়া ৰঙাই দাইটিহঁতে মাতিবলৈকে সংকোচ কৰে। গাঁৱৰ সমাজত তেওঁৰ উপস্থিতি নাই বুলিলেই হয়। বাগিচাতে থাকি সপ্তাহত এনিশা আহি ঘৰৰ খা-খৰচ দি যায়হি। পিছলৈ তেওঁৰ এই কামো মাহেকে সংক্ৰান্তিয়ে হ'লগৈ। 
                শেষলৈ আহোঁতে বৰবৌয়ে মানুহজনৰ মৰমত দুৰ্গন্ধৰ উমান পালে ।চাল-চলনতো। বৰবৌৰ সন্দেহ ওপজিল। তেওঁ একেবাৰে নিমাত হৈ পৰিল। ইফালে মহৰী বৰদেউতাও ঘৰলৈ একেবাৰে  আহিবলৈ এৰিলে। ৰে'লৰ সমান্তৰাল চিৰি দুটাৰ দৰে দুখন সংসাৰ  চলি থাকিল।
               দিন কাৰো ৰৈ নাথাকিল। চাৰিকুৰি পোন্ধৰ বছৰ বয়সত মহৰী বৰদেউতা ঢুকাল। বৰবৌয়ে ঘৰলৈ আনিবলৈ নিদিলে। মঙ্গলীৰ পুতেককে মুখাগ্নি কৰিবলৈ ক'লে।


ৰহা, নগাঁও
 

পৃষ্ঠা ১৭

প্ৰাপ্তি     
             
মীনাক্ষি ৰায় ডাকুৱা 
                                  
           ইমান বছৰৰ পিছতো গৌৰীদেৱীৰ চকু দুটাই ঠিক চিনিব পাৰিলে বিশেষভাৱে চিনি পোৱা এখনি ল'নি মুখ । তেওঁ নিজৰ পূৰ্ব পৰিচিতা ছোৱালীজনীৰ বেডৰ ফালে আগুৱাই গ'ল । একেবাৰে কাষলৈ গৈ বিস্ময় আৰু আবেগজড়িত কণ্ঠেৰে ক'লে, "তুমি ইয়াত নীলাঞ্জনা !"
পদুমৰ পাহি যেন চকু দুটা মেলি গৌৰীদেৱীৰ ফালে চাই ৰ'ল নীলাঞ্জনাই । সেই দৃষ্টিত অপাৰ শূণ্যতা । চকুৰ কোণেৰে বাগৰি আহিল দুধাৰি চকুলো । ওঁঠ দুটি যেন কঁপি কঁপি উঠিল । কাষৰ বিছনাত শুই থকা অকণমানি পাঁচমহীয়া শিশুকন্যাটি মুখেৰে অবোধ্য শব্দ কৰি আপোনমনে খেলি আছিল । গৌৰীদেৱীয়ে নিজৰ হাতখন নীলাঞ্জনাৰ মূৰত থলে । বাঁধভঙা বুকুৰ বেদনা কান্দোন হৈ ওলাই আহিল নীলাঞ্জনাৰ । আকস্মিক প্ৰাকৃতিক বিপৰ্যয়ত নীলাঞ্জনাৰ দেহত কোনো আঘাত লগা নাছিল যদিও মানসিক আঘাতত তাই একেবাৰেই ভাগি পৰিছিল । জয়দীপ যে আৰু জীয়াই থকা নাই সেই নিৰ্মম সত্য তাইৰ অগোচৰ নাছিল ।
 গৌৰীদেৱীয়ে দীৰ্ঘশ্বাস পেলাই ক'লে, "এই দুখৰ স্মৃতি কেতিয়াও মচিব পৰা নাযাব নীলাঞ্জনা। কিন্তু তুমি ভাবিবা যে তুমি তোমাৰ মাকৰ ওচৰলৈকে ঘূৰি আহিছা । তোমাৰ দুখ তোমাৰ এই মাকেও চকুৰ পানীৰে ভাগ কৰি ল'ব ।" 
গৌৰীদেৱীৰ স্নেহ-বিগলিত কথাত নীলাঞ্জনাই অনুভৱ কৰিলে মাতৃহৃদয়ৰ উত্তাপ, পৰম নিৰ্ভৰতা, ক্ষত-বিক্ষত অন্তৰৰ বিশ্ৰাম, প্ৰাণৰ আৰাম আৰু শান্তি ।

গোলকগঞ্জ, ধুবুৰী ।

পৃষ্ঠা ১৮

অনুবাদ কবিতাঃ

 SONG OF THE FLOWER

(By Khalil Gibran)

I am a kind word uttered and repeated
By the voice of Nature;
I am a star fallen from the
Blue tent upon the green carpet.
I am the daughter of the elements
With whom Winter conceived;
To whom Spring gave birth; I was
Reared in the lap of Summer and I
Slept in the bed of Autumn.
At dawn I unite with the breeze
To announce the coming of light;
At eventide I join the birds
In bidding the light farewell.
The plains are decorated with
My beautiful colors, and the air
Is scented with my fragrance.
As I embrace Slumber the eyes of
Night watch over me, and as I
Awaken I stare at the sun, which is
The only eye of the day.
I drink dew for wine, and hearken to
The voices of the birds, and dance
To the rhythmic swaying of the grass.
I am the lover's gift; I am the wedding wreath;
I am the memory of a moment of happiness;
I am the last gift of the living to the dead;
I am a part of joy and a part of sorrow.
But I look up high to see only the light,
And never look down to see my shadow.
This is wisdom which man must learn


ফুলৰ গীত

মূলঃ খলিল গিব্ৰান
অনুবাদঃ প্ৰাণ কৃষ্ণ গোস্বামী

প্ৰকৃতিৰ গুঞ্জনত বাৰম্বাৰ উচ্চাৰিত
মই এটি সুললিত শব্দ ;
ধৰণীৰ সেউজী দলিচাত
নীল আকাশৰ ছিটিকি পৰা
মই এটি সুন্দৰ তৰা।
শীত সম্ভূত পঞ্চভূতী প্ৰকৃতি কন্যা মই
বসন্তত জন্ম লভি ; গ্ৰীষ্মৰ কোলাত খেলি
নিদ্ৰা যাওঁ মই হেমন্তৰ শেতেলীত।

মোৰ ৰঙেৰে পৃথিৱীয়ে সাজ পিন্ধে,
বায়ু হয় সুগন্ধিত মোৰ সুবাসেৰছ ;
মোৰ দুচকু যেতিয়া তন্দ্ৰালস হয়
' নিশাৰ চকু ' মোৰ প্ৰহৰী হৈ ৰয় ;
আৰু, পুৱা সাৰ পায় থৰ লাগি চাওঁ
উদিত সূৰুযক, যি দিনটোৰ এটি মাত্ৰ চকু।

মই নিয়ৰৰ সুধা পান কৰোঁ, আৰু 
কাণ পাতি পক্ষীৰ কলৰৱ শুনো, আৰু
সেউজী ঘাঁহৰ নৃত্যৰ তালে তালে হালি জালি নাচোঁ।

মই প্ৰেমিকৰ দান ; ময়েই বৰমালা বিবাহৰ ;
সুখী মূহুৰ্তৰো ময়েই সোঁৱৰণ ; মৃতককো সৱে
মোৰ পাহিৰেই যাচে অন্তিম সেৱা ;
সুখৰো অংশীৰাদ মই আৰু দুখতো বিৰাজমান সদা।
কিন্তু,
মোৰ দৃষ্টি সদা আকাশমুখী, পোহৰ সন্ধানী
মোৰ ছাঁয়াক বিচাৰি কদাপি নহওঁ মই অধোমুখী।
এই জ্ঞান বাৰ্তা সকলোৱে নিশ্চয় ল'ব আঁকোৱালি।

 ( বাখ্যাত কবি-সাহিত্যিক-চিত্ৰশিল্পী খলিল জিব্ৰানৰ জন্ম ১৮৮৩ খৃষ্টাব্দত লেবাননৰ এটা দূখীয়া খৃষ্টান পৰিয়ালত হৈছিল। তেওঁৰ কৈশোৰ অৱস্থাতেই পৰিয়ালটো আমেৰিকালৈ উঠি গৈছিল। ১৯০৪ চনত তেওঁ এখন চিত্ৰ পদৰ্শনী পাতে। ইয়াৰ পিছত দুবছৰ তেওঁ পেৰিছত চিত্ৰশিল্প অধ্যয়ন কৰে। ১৯১২ চনৰ পৰা তেওঁ নিউইয়ৰ্কত নিগাজিকৈ থাকিবলে লৈ শিল্প আৰু সাহিত্য চৰ্চাত মনোনিবেশ কৰে। আৰম্ভণিতে জিব্ৰানে আৰবী ভাষাত লিখিছিল যদিও ১৯১৮ চনৰ পৰা তেওঁ কেৱল ইংৰাজীতে লিখিবলৈ লয়। তেওঁৰ ভালেখিনি গ্ৰন্থৰ ভিতৰত ১৯২৩ চনত প্ৰকাশিত " The Prophet" এখন বিখ্যাত আৰু বিশেষ ভাৱে সমাদিত গ্ৰন্থ। চিত্ৰশিল্পী হিচাপে তেওঁ বিশেষ খ্যাতি লাভ কৰিছিল। বিশ্বৰ বিভিন্ন সংগ্ৰাহালয়ত তেওঁৰ সাতশতকৈও অধিক চিত্ৰ সংৰক্ষিত হৈ আছে। ১৯৩১ চনৰ এপ্ৰিলত, মাত্ৰ ৪৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।)
 

পৃষ্ঠা ১৯

কোৱা, ভালপোৱা

 মূল বাংলাঃ শক্তি চট্টোপাধ্যায়
অসমীয়া অনুবাদঃ বাসুদেব দাস 

এই হস্পিতালত আহি দেখো অকলে মোৰ অসুখ। 
আন সকলো সুস্থ, প্ৰাণবন্ত, অকলে বুলনিত  খোজকাৰে –ইফালে সিফালে যায়, খিৰিকীত থিয় হয়, চৰাই দেখে,
চৰাইৰ লগত অলপ কথা পাতে ,বাতৰি কাকত 
ইয়াত নাহে।
কোনে আৰু বাট চায় বাতৰিৰ, তেলৰ দৰৰ ? ইয়াত সোণত কৈ দামী কিছু নীৰোগ মানুহ
মোৰ অসুখ, অকলে মই অসুখী ,সেইবাবে আছোঁ
বিছনাত শুই আছোঁ, বহি আছোঁ, থিয় হৈ আছোঁ
দাপোণৰ ওচৰত ,তুমি মোৰ ভিতৰত কথা পাতা 
ভূতপ্ৰেত যি হোৱা মোৰ ভিতৰত কথা পাতা
ভালপোৱা কথাপাতা, হ'ব পাৰে সি বেজীৰ নিচিনা
নিষ্ঠুৰ, নেতিবাচক, বিদ‍্যুতৰ, শিপাৰ কথা–
কোৱা ভালেই আছোঁ আৰু তোমাৰ অসুখ নিৰাময় হৈছে
কোৱা, ভালপোৱাৰ বাবেই তোমাৰ অসুখ নিৰাময় হৈ গৈছে।
 

পৃষ্ঠাঃ ২০

আড্ডাৰ পৃষ্ঠাঃ


আড্ডা

মৃদুস্মিতা গগৈ

        ব্যস্ততা পূৰ্ণ দিনটোত নিজৰ বাবে খুব কম সময়ে পাওঁ। তাৰ মাজতে কেতিয়াবা  মিলা দুগৰাকী মান পালে নিশ্চয়কৈ আড্ডা জমি উঠে। সিদিনাও হাতত অলপ সময় থকাত আমি তিনিগৰাকী লগ হৈছিলো। আমাৰ আড্ডা আৰম্ভ হ'ল ঘৰুৱা কাম বন তথা সমস্যাবোৰক কেন্দ্ৰ কৰি। আড্ডাই গতানুগতিক বিষয়ৰ পৰা ক্ৰমাগত ভাৱে বহল পৰিসৰলৈ গতি কৰিলে । সাম্প্ৰতিক পৰিস্থিতি, পাৰিবাৰিক সমস্যা, সন্তানৰ চিন্তা, অসুখ-বিসুখ, ইত্যাদি ইত্যাদি।  যিহেতু আমাৰ ত্ৰিমূৰ্তিৰ দুগৰাকীৰ Husband ভাৰতীয় সেনাবাহিনীত কৰ্মৰত। গতিকে তেওঁলোকৰ Husband ৰ মাহিলী দৰমহা, বিভিন্ন সা-সুবিধাৰ লগতে ল'ৰা ছোৱালীক পঢ়োৱাৰ বাবত পোৱা C A ( Children Allawonce ) আদিৰ প্ৰসংগই বহল পৰিসৰ গৰকিলে। তেওঁলোকে Husband ৰ লগত ফুৰা বিভিন্ন স্থানৰ বিবৰণি দি আড্ডা জমাই তুলিলে। মোৰ তেখেতো ৰাজ্য চৰকাৰৰ বিজুলী বিভাগৰ এজন কৰ্মচাৰী। গতিকে দৰমহা, খৰচ, সা-সুবিধা আদিৰ বিষয়ে চলা আমাৰ আড্ডা বেছ আমোদজনকেই হৈ উঠিছিল। তাৰোপৰি বিভিন্ন সময়ত বিভিন্ন স্থানলৈ স্থানান্তৰ হওঁতে তেওঁৰ লগত কটোৱা সময়ৰ খাতিয়ান মোৰো একেবাৰে কম নাছিল। গতিকে তেওঁলোকৰ লগতে ময়ো বিষয়টোত মোৰ অভিজ্ঞতা সন্নিবিষ্ট কৰি আড্ডাৰ পৰিধি বহল কৰিলোঁ।
            ঘৰোৱা কথাৰ পৰা আৰম্ভ হোৱা আড্ডাই জীৱনৰ প্ৰতিটো দিশ সামৰি লৈ গৰকি গ'ল অতীত বৰ্তমান আৰু ভৱিষ্যতৰ বিভিন্ন দিশ। আমি পাৰ হৈ গ'লো ব্যস্ততাপূৰ্ণ জীৱনৰ তিক্ত-ৰিক্ত, হৰ্ষ-বিষাদৰ বিস্তৃত পৰিসৰ ভেদী। নোপোৱাৰ বেদনা অধিক নে পায় হেৰুওৱাৰ বেদনা বেছি মৰ্মান্তিক ! আমাৰ ৰুচি-অভিৰুচি, মনে বিচৰা ক্ষণবোৰ, সেউজীয়া সপোনবোৰ, এতিয়াও একেই আছেনে ? নে বাহ্যিক জীৱনৰ ধামমুখিয়াত আমাৰ সপোনবোৰ ক'ৰবাত হেৰাই গ'ল । নে সন্তানৰ লগত ব্যস্ত থকা সময়বোৰত আমি প্ৰিয়জনৰ মৰমবোৰকো আওকাণ কৰিছোঁ। অনিচ্ছা সত্ত্বেও প্ৰিয়জনৰ মৰম আৰু সাহসেৰে আমি জানো আমাৰ সন্তানক মানুহ কৰাৰ প্ৰয়াস কৰা নাই। চেষ্টাৰ ত্ৰুটি কৰা নাই। এই প্ৰিয়জনৰ মৰম আৰু প্ৰেৰণা আছে বাবেইতো আমি জী উঠিছো। হাজাৰ দুখৰ মাজতো অকণমান হাঁহিব খুজিছোঁ। বিভিন্ন বিষয়ৰ আব্বাছৰ মাজতে হাস্য ব্যঙ্গ ৰূপ কথাত হাঁহি আৰু আনন্দৰ জোৱাৰত ম্লান পৰিল সময়ৰ সাংকেতিক ধ্বনি। সঁচাকৈ জীৱনৰ প্ৰতিটো ক্ষণ হোৱা হ'লে ইমান মধুৰ। আন্তৰিকতা আৰু চেনেহৰ বান্ধোনৰ মাজত সুখৰ অনুভৱে দিয়া হ'লে আনন্দৰ বৈভৱ। জীৱন জানো হ'ল হেঁতেন ৰণাঙ্গন ! নোপোৱা বা পায় হেৰোৱা বেদনাই বিষাদিত কৰি তুলিলেহেঁতেন নে সুকোমল হৃদয় ! জীৱন বৰ অনুপম। জীৱনৰ এই সুমধুৰ সময়ৰ আভাস এনেবোৰ সময়তে পোৱা যায়।
               আমি প্ৰায় বহু সময়লৈকে আমাৰ আড্ডা দিলো। আমাৰ আড্ডাৰ সামৰণি ঘণ্টা যেন আজি নেবাজিবই। পিছে এসময়ত কামৰ চিন্তাই আমাৰ আড্ডাত ব্যাঘাত জন্মালে। আমি চেতনা ঘূৰাই পোৱাৰ দৰে তিনিয়ো তিনি ফালে চিটিকি পৰিলো। ঘৰা ঘূৰি হৈ ব্যস্ততাৰ মেৰপাকত পৰি পুনৰ আৰম্ভ হ'ল আমাৰ যান্ত্ৰিক জীৱনৰ এৰাব নোৱাৰা ৰুটিন...।


যোৰহাট



পৃষ্ঠা ২১

কবিতাঃ

কবি

(প্ৰিয় কবি বিপুল কুমাৰ দত্ত সমীপেষু)

ঘৰৰ আগফালে সৰুকৈ ফুলনি,
পিছফালে এখনি শাকনি বাৰীৰে সৈতে
এটা সৰু পুখুৰীৰ বাহিৰে
আনক দেখুৱাবলৈ কবিৰ একো নাথাকে।
নাথাকে সুদৃশ্য কিতাপৰ আলমাৰি,
ডাইনিং চেট কিম্বা আৰামদায়ক ছোফা।
নাথাকে নিজাকৈ এখন বিলাসী বাহন।

কবিৰ কোঠাত সিঁচৰতি হৈ থাকে
বিভিন্ন কিতাপ, আলোচনী।
সম্বৰ্ধনা পত্ৰ, স্মাৰক আৰু বঁটা-বাহন।
বেৰত ওলমি থাকে ফ্ৰেমত বন্দী
পৰিবাৰিক এখনি ফটো।

কবিৰ ঘৰৰ দুৱাৰ সদায়ে খোলা থাকে 
সতীৰ্থ কবিৰ বাবে।
কবিয়ে বিশ্বাস কৰে
সমাজৰ হিতৰ বাবে হাতত হাত ধৰি
কবি আগবাঢ়ি যাব লাগে।
সমালোচক‌ৰ হাতত নহয়
পাঠকৰ হাতত এৰি দিব লাগে কবিতাৰ বিচাৰ।
সময় কবিতাৰ উচিত সমালোচক।

কবি খেয়ালী যদিও 
কবিক সহ্য কৰিব পৰাকৈ
কবি পত্নীৰ থাকে অসীম ধৰ্য আৰু সহযোগিতা।
অথচ কবি পত্নী‌ক সুখী কৰিব পৰাকৈ
কবিৰ কাপত নাথাকে তোষামোদী কবিতা।

কবিৰ ঘৰত তেল-চাকি নাথাকে;
কবিৰ ঘৰ কবিতাৰে পোহৰ হৈ থাকে।
কবিৰ পৰিকল্পনা থাকে 
অঘৰী কবিতাবোৰক ঘৰ এখন সাজি দিয়াৰ।
প্ৰস্তুতি থাকে নিৰ্মাণ কৰাৰ  
এখন বিশ্ব কবিতা গ্ৰন্থাগাৰ।



পৃষ্ঠা ২২


মোৰ আই

বিভা বিন্দু কোঁৱৰ

মোৰ আই মোৰ বাবে সদায় ধুনীয়া 
মোৰ হিয়াৰ আমঠুৰ এটুকুৰা

গছ বন লতিকাৰে ভৰপূৰ
এক নান্দনিক পৰিৱেশে
অবিৰাম বৈ থকা সৰু-বৰ নৈবোৰে
সেউজীয়া ওখ- চাপৰ পাহাৰবোৰে 
বিশাল ব্ৰহ্মপুত্ৰৰ দূৰ সীমনালৈকে 
বিয়পি পৰা বলুকাৰাশিয়ে 
মোৰ আইক সদায় ধুনীয়া কৰি ৰাখে

শৰতত সেউজীয়া হৈ পৰা পথাৰখন
বসন্তৰ মনোমোহা পৰিবেশ
ফাগুনৰ মন মতলীয়া কৰা পচোৱা বতাহজাক
মোৰ আইৰ বুকুত প্ৰেমৰ কবিতা

বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত শুই পৰা সূৰুযৰ নান্দনিক দৃশ্য
পুৱাৰ অৰুণৰ মিচিকি হাঁহি
কিম্বা নৈ পাৰৰ চিৰসেউজীয়া জাৰণি
ৰূপে অপৰূপা মোৰ আই কিমানযে শুৱনী

মোৰ আইৰ আছে অমাতৰ মাত
আছে ভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি
ঐতিহ্য পৰম্পৰা

যদিওবা সময়ৰ কঠিন হাতোৰাৰ কোবত কেতিয়াবা
আইৰ বুকুত মূল্যবোধৰ স্খলন হয় 
মানৱীয়তাৰ অপমৃত্যু হয় 
তথাপিও এজাক জোনাক ভালপোৱা
আইক ভালপোৱা দৰদী মানুহৰ বাবে
মোৰ আই আকৌ ধুনীয়া 
হৈ পৰে ।

শিমলুগুৰি, শিৱসাগৰ
ফোন নং ৯১০১২৯৭৭৮০

   

পৃষ্ঠা ২৩

নিশাৰ নিচুকনি

ৰাজেন বৰা

ঔজ্জ্বল্যৰ ঐন্দ্ৰজালিক জাটিঙ্গাত জোটাপোটা খাই পৰোঁ নিতে
নিশাৰ কিযে লাহৰি হাতৰ সাদৰী পৰশ
দিনান্তৰ সমস্ত ক্লান্তি নাশি
নৈশব্দৰ নিবিড় নিচুকনিৰে নিচুকাই নিকা কৰে দেহমন মোৰ প্ৰলোব্ধিত প্ৰতাৰিত প্ৰৱঞ্চিত প্ৰাণ
পৱিত্ৰ জলধিত কৰি স্নান
নিৰ্মোহ নিষ্কলুষ নিৰহংকাৰেৰে প্ৰবুদ্ধ হৈ
প্ৰতি প্ৰত্যুষতে জোৰে প্ৰাঞ্জল প্ৰভাতৰ গান
 দিনৰ দীনৰ দৈন্যতা বিতাড়ি
নিশাৰ নিভৃত নিকুঞ্জত 
প্ৰষ্ফুটিত হয় প্ৰতিখন হৃদয়ত
প্ৰেমময় স্বপ্ন নিশিৰাণী
প্ৰিয়তম সমাজিকৰ সাজোনত উজ্জীৱিত হওঁ প্ৰতিটো ৰাতিৰ বুকুতে
গুপুতে বুকুতে ৰাতি
সিঁচি দিয়ে কোনে আহি প্ৰেম মাধুকৰী 
কোনেও গাব নোৱাৰে নিশাৰ দৰে নিচুকনি
কোনেও নিৰাই কৰিব নোৱাৰে দেহমন নিকা
যিদৰে চহায় মৈয়ায় সমান কৰে দুখেহে
এন্ধাৰো হেনো দুখৰেই প্ৰতীক
আৰু দুখ মোৰ বুকুৰ বান্ধৱ।


পৃষ্ঠা ২৪

 ফিৰিঙ্গতি

মিতালী গোস্বামী 

বৰষুণ আহিছে 
চকুবোৰ তিতিছে
তিতা চকুয়ে লৈছে বুকুবোৰৰ জোখ ৷
এনেকৈ বৰষুণ দিলে
উদং হৈ পৰে
চকু, বুকু, পিঠি
সকলোবোৰ ৷
ধুমুহাই বছৰি উৰুৱাই
মূধচৰ চৌকাঠ,
আচ্ছাদনৰ অভাৱত
তৰাবোৰে ৰাতি ৰাতি
নিঃসংকোচে জুমি চাব পাৰে
মোৰ পৃথিৱীৰ
চৌপাশ ৷
তিতা চোলাটো সলাই ল’বলৈ
আৰু এটা চোলা নোহোৱাৰ
বাবেও আক্ষেপ নাই ৷
বৰষুণ দিলে গছবোৰৰ
নতুন পাত ওলায় ৷

গছবোৰৰ ঘৰ নাথাকে ,
গছবোৰৰ তেজ নাথাকে
ভোকো নাথাকে চাগে গছ বোৰৰ ,
ভোকৰহে এটা ঘৰ থাকে
ভোকৰহে ৰক্তপ্ৰৱাহ হয় শিৰাত ৷
ভোকত আতুৰ জনৰ
চোলা নাথাকে
ঘৰ নাথাকে
থাকে গছৰ দৰে উৰ্দ্ধমূখী
এটা ভোক ৷

ৰ’দে বৰষুণে পেটত খামুচি থকা ভোকটোৰ
লাজ নাথাকে
নাথাকে জাত্যাভিমান
বৰষুণ জাক আহিছে
সেয়ে ভোক এটা
জুৰুলিজুপুৰি হৈ তিতিছে
পেটৰ নাভিৰ গভীৰতা
জোখা ভোকটোৰ
চকু, বুকু ,পেট, পিঠি,
একোৰে জ্ঞান নাই
জীৱন কেৱল ভোকৰ আখলৰ
ফিৰিঙ্গতি
কেৱল ফিৰিঙ্গতি হৈ
উৰ্দ্ধমূুখে উৰি যায় ৷


পৃষ্ঠা ২৫

স্বগতোক্তি

আদি শ্ৰী

কেতিয়াবা একোটা খবৰে
মনৰ পৰা দেহৰ বাট পথ বিছিন্ন কৰে

যেতিয়া 
মুহূৰ্তৰ ভিতৰতে বিয়পি পৰে
মানুহে মানুহ মৰা খবৰ !

কিহৰ আশাত 
ভাল দিনবোৰক আথে বেথে 
হত্যা কৰা হৈছে !

দিনৰ পোহৰ নাইবা ৰাতিৰ আন্ধাৰত 
বাট একোটা ভেটি 
চৌপাশৰ যোগাযোগ বিছিন্ন কৰা হৈছে 
কিহৰ আশাত ?

কিয়
নিৰ্লজভাৱে নিহত সকলৰ মায়াত শোকাতুৰ
কিছুমান কণ্ঠধাৰী মেহনতী মানুহ !

যোৱা কেউটা দিনত
মৃত্যুৰ অহমিকা ভাঙি যিসকল গ'ল
তেওঁলোক আছিল 
সত্য আৰু প্ৰেমৰ নীৰৱ শ্ৰোতা !  
নামবিহীন তেজৰ নদীত এটা সন্ধ্যা কৰুণ কৰা 
সেইসকলৰ ইচ্ছা 
কাহানিও উচ্ছ্বসিত হৈ উঠা নাছিল
আত্মীয়-স্বজনৰ বাবে এটা উচুপি উঠা নিশা উপহাৰ দিবলৈ !


আহিব লগা দিনবোৰত
মই নিবিচাৰোঁ 
আশাহত জাতি এটাই অকলশৰে দূৰণিলৈ চাই থাকক হাতত তুলি অৰ্ধনমিত শোকৰ পতাকা !

মানুহৰ পোৰা মাংসৰ গোন্ধত 
মই বিচাৰি নাপাওঁ
তোমালোকে প্ৰচাৰ কৰা স্বাভাৱিক দিন ৰাতি !

এনেকৈ মই
কোনো এটা দিনকেই 
নিজৰ দিন বুলি কব নোৱাৰিম
কাৰণ
প্ৰতিটো দিনতেই হেৰুৱাম 
মোৰ ভাইসকলক !
মোৰেই ভাইসকলৰ আজন্ম ঘৃণাৰ মুখৰ অৱয়বত ।।

সকলো মানুহ সকলোৰে চিনাকি নহয়
চিনাকি কেৱল  পোছাক-পৰিচ্ছদ 
গোমস্তাৰ দৰে নিয়োজিত একোটা পদবী !
একোটা অধ্যায়ত বন্দী সেয়ে
দিন আৰু ৰাতিক তোলপাৰ কৰা একোটা হত্যাকাণ্ড! 

মই সেয়ে তোমালোকক কওঁ
কণ্ঠবোৰ শাণিত কৰা
নহ'লে
আকৌ হেৰুৱাম বহুকেইখন 
চিনাকি-অচিনাকি মুখ !

আমি নহওঁ অন্যজাতৰ জীৱ
আমি বছৰি বানত জুৰুলা হওঁ
বছৰি হাতীৰ খেদা খাওঁ
বছৰি একোটা ভূঁইকপৰ উত্তেজনা অনুভৱ কৰোঁ,,
 বছৰি নিন্দা আৰু ষড়যন্ত্ৰ  নোহোৱা কৰাৰ কথা কওঁ !!

শেষান্তৰত 
আমি কণ্ঠবোৰ শাণিত কৰোঁ আহাঁ
দলিয়াই পেলাওঁ 
হাজাৰ বছৰীয়া যাদুকৰৰ লাওখোলাৰ মন্ত্ৰ !
সন্ধিয়াৰ উৰুলিত সময় জোখা চেঁচা ঘড়ীৰ কাঁটাত খুঁচ খাই 
সোঁৱৰণি হৈ নপৰক কোনো 
তেজাল ভাই-ভনী !! 
ন্যায় বিচাৰি লণ্ডভণ্ড নহওক কোনো আৰক্ষী চকী !

যিদৰে মোৰ কবিয়ে কয়
আৰম্ভণিৰো আৰম্ভণি আছে 
সেইদৰেই আৰম্ভ হওক 
ভাল দিনবোৰৰ
উপচি থাকক 
শব্দৰ ইটা গঁথা একোখন গাঁও
ল'ৰা ছোৱালীৰ ভাললগা এখন চোতাল
সৰলচিতীয়া জনজাতীয় গাভৰুৰ হাঁহিত মুখৰিত হওক
ডেকাবোৰৰ নতুনকৈ এখন সমাজ গঢ়াৰ উছাহ !
আৰু
মনবোৰ
ভালপোৱাৰ ঢৌৰে
ভৰ্তি একোটা ফুলকটা কলহ !!


পৃষ্ঠা ২৬

চিঠি

মৃগাংক বৰুৱা

তোমাৰ চিঠিৰ বৰ্ণমালাবোৰ
জিকা ফুল হৈ
মোৰ হিয়াত ফুলে
যেন ঔটেঙা জোপাৰ
এন্ধাৰ ডালত
ই জোনাকী হৈ জ্বলে.....

গোলাঘাট



পৃষ্ঠা ২৭

কবিতা মোৰ ঘৰমুখী বাট

ৰেখা বৰকটকী

শতিকা জোৰা উন্মাদনাত 
বন্দী মোৰ তৰালি উশাহ
কলিজাত শিপায় 
 বহু দিনীয়া তপস্যা
ৰজনীগন্ধাৰ নদীময় প্ৰেম...
অন্ধকাৰ শিলনিত 
জাহযোৱা
মুক্তি মঙ্গল ভটিমাৰ দৰে নিটোল উন্মাদনা..
ধৱল ডাৱৰৰ চমকা জোনাকত ওমলা
 স্নিগ্ধ বতাহ
জীৱনটো যদি নাঙল  হয়
নাঙলৰ সীৰলুত অলেখ
ৰজনীগন্ধাৰ  আত্মকথন
এনেকৈয়ে চৰৈৱতি 
জীৱনৰ সূতি 
অনুভৱে মাজে মধ্যে সাৰ পায়
তলমল সুৱাসে উতলা
জীৱন প্ৰৱাহত
সেই পাহ কুসুমৰ  অটল অমৃত...
শয়নে সপোনে শুভ্ৰ ৰজনীগন্ধাই
 পিছ নেৰা আদিম উলাহ!
এৰা! ভালপোৱাৰ পৃথিৱীখন বৰ জয়াল
ফুলি ফুলি শুকোৱা ৰজনীগন্ধাত 
হেৰোৱা দিনৰ বিলাপ !
এনেকৈয়ে দিন আৰু ৰাতি
শব্দৰ জোনাকত ওমলে
 নুবুজা ভাষাৰ পীৰিতি...
                  
 যোৰহাট


পৃষ্ঠা ২৮

 আবিৰ 

মিতালী শৰ্মা

নিশা খিৰিকিৰে মোৰ কাষলৈ
জোনাক আহিছিল 
তুমি অহাৰ বতৰা লৈ... 

সিদিনা মোৰ মনৰ কোঠা
ৰঙেৰে ভৰিছিল
তুমি আহিছিলা
হাতত তোমাৰ গুলপীয়া আবিৰ! 

সানি দিছিলা
দুহাতেৰে মোৰ দুগালত,
আঁকি দিছিলা মৰম
মোৰ কপালত! 

যমুনাৰ বালিত
আমি দুয়ো ওমলিছিলো
প্ৰেমৰ আবিৰেৰে...
জোনৰ মখমল জোনাকৰ চাদৰ উৰি
লুকা ভাকু খেলিছিলো!
দূৰৈত চাকৈচকোৱা চৰাইৰ কলমল... 

পান কৰিছিলো দুয়ো
মিঠা চৰ্বত যেন আমাৰ 
সেউজীয়া প্ৰেম....
বিলীন হৈছিল উশাহ
যমুনাৰ ঢৌত! 

এতিয়া বুকুত মোৰ
ফাগুনৰ মদাৰ, শিমলুৰ ৰঙা ৰঙা জুই... 

দিঠকত সপোনৰ আবিৰৰ গোন্ধ...!!


 উলুবাৰী,গুৱাহাটী


পৃষ্ঠা ২৯

নতুন কবিতা

কৰবী গগৈ

এটা বৰ্ষৰ সামৰণিত আকৌ এবাৰ
উভতি চালোঁ এৰি অহা দিনবোৰলৈ,
হৃদয়ৰ কোনোবা এটি কোণত অহৰ্নিশে বৈ আছে তুমি দিয়া মৰমবোৰ 
নৈ হৈ...
কাষ চাপি গৈ নৈৰ কাষত বহিলোঁ ,
হেঁপাহ পলোৱাই জিৰণি ললোঁ
মন ভৰি কথা হ'লোঁ ৷
প্ৰতিশ্ৰুতিবোৰ আকৌ এবাৰ দৃঢ় কৰি ললোঁ আজীৱন কাষত ৰোৱাৰ৷
বিচাৰি পালোঁ শান্তিৰ দলিচা পাৰি জিৰণি লোৱা স্বপ্নবোৰ।
দুখ, যন্ত্ৰণা, সমস্যা সকলো আওকাণ কৰি সুখ আৰু ভালপোৱাবোৰ সামৰি ললোঁ৷
বিশ্বাস কৰা অ'
এইবাৰ টোপোলাটো বেছ গধূৰ হৈছে ৷ 
কিন্তু আত্মবিশ্বাসেৰে ভৰা হাঁহিটো লৈ প্ৰতিজ্ঞাবদ্ধ মই...
স্বপ্নবোৰ সজাব লাগিব,
সময়বোৰ ধৰিব লাগিব,
এইবাৰ জীৱন উপভোগ্য হ'ব৷
আকৌ এটি নতুন কবিতা হ'ব৷


ডিব্ৰুগড়


পৃষ্ঠা ৩০

তাইৰ ফ্ৰকটো চুটি নাছিল 

গীতাঞ্জলি দেৱী

দেও দি ফুৰা ছাগলী-পোৱালিটো ধৰিবলৈ আইজনী  সিদিনা বৰজোপাৰ তললৈকে গৈছিল ।

তাইও দেও দিয়ে গৈছিল ,

হিচাপ হেৰুৱা সময়ত  মই যেতিয়া ডিঙি মেলি চাইছিলোঁ 
খবৰৰ গোন্ধ  এটা বিয়পি পৰিছিল ।

বতাহত উৰি আহিছিল এখিলা তেজলগা বগলী পাখি। 

উশাহত শিকলি বান্ধি তাইৰ বাটে মই পোনাইছিলোঁ বাট ।

নিদাঘৰ তাপত দগ্ধ পথাৰখনে মোৰ চিঞৰ এটা সামৰি দেখুৱাই দিছিল আইজনীৰ উদং নাভি প্ৰদেশ । 

কিন্তু  আঁঠু দেখাকৈও তাইৰ ফ্ৰকটো চুটি নাছিল !


পৃষ্ঠা ৩১
ৰাস্তাৰে গৈ থকা সৰু ল’ৰাটো

মালবিকা শৰ্মা 
ভুবনেশ্বৰ

ৰাস্তাৰে গৈ থকা সৰু ল’ৰাটোৱে 
ক'লৈ গৈ আছে সি নিজেই নাজানে,
মাক-দেউতাক, নিজৰ ঘৰৰ মানুহবোৰ
কোন ক’ত আছে সি ক’বই নোৱাৰে।
সকলোৱে খোজ কাঢ়ি আছে লক্ষহীনভাৱে
এক অনিৰ্দিষ্ট , অচিনাকী স্থানলৈ,
সকলোকে দেখি সিও খোজ কাঢ়ি আছে
মাইলৰ পিছত মাইল একো নজনাকৈ।
মাক দেউতাকৰ ওচৰত থাকোতে
কোনোদিনে কষ্ট নকৰা কণমানিটোৱে
তাৰ কোমল ভৰি দুখনেৰে,
অসহ্য কষ্ট সহি সহি,
মাথো আগবাঢ়ি গৈ আছে,
চকুত পানী, অন্তৰত বিচ্ছেদৰ যন্ত্ৰনা লৈ
মুক্তি আৰু কিছু শান্তিৰ উশাহ লবৰ বাবে।


পৃষ্ঠা ৩২

ধ্বনি -প্ৰতিধ্বনি 
 
গৌৰী চুবেদাৰ বৰা 

স্মৃতিৰ  এজাক বৰষুণে 
তিয়াই গ'ল গোটেই শৰীৰ 
মোৰ নিনাদিত খোঁজৰ 
শীতল স্পৰ্শত ঝন্‌ঝনকৈ 
খহি পৰিল খিৰিকীৰ কাঁচ ! 
জুইয়ে পোৰা সময়ৰ মতলীয়া 
দুখবোৰৰ লগত আলাপ কৰোঁতেই 
নিসংগ এটা গধূলিৰ 
নিৰিবিলি অতীত এটাৰ 
পদূলি মূৰত ,গালে মুখে 
উৱলি যোৱা ইননি-বিননি 
বিষাদ জৰ্জৰিত মণিকোঠাত 
এতিয়াও বাকী বহুপল 
বাজিবলৈ ধ্বনি-প্ৰতিধ্বনিৰ  ! 
 

নামৰূপ


পৃষ্ঠা ৩৩

এধানি আশা

দীপাঞ্জলি চেতিয়া গগৈ

তপত জুৰিত তোৰ দুচকু তিয়াই 
কিমান আৰু কৃষ্ণচূড়া ফুলাবি,
পাবিনে সূৰুযমুখী বাট,  
নে অচিনা ঘাটতে হ'ব আশাৰ সলিল সমাধি,
খৰস্ৰোতাৰ দৰে বৈ যায় 
সেউজীয়া সপোনবোৰ,                   
সপোন দেখাও জানো পাপ ,     
কতনা যাতনাই আজিও নেৰে 
দেহৰ চাৰিবেৰৰ মায়া,     
তথাপিও আশাকে ধিয়াই 
লহপহকে বাঢ়ে 
ক'ত সপোনৰ কায়া,                                               
প্ৰভাতী পখীৰ কাকলিত 
আকলুৱা মনে আকাশ ধিয়ায়,
কোন বা আছে ৰৈ 
আঙুলিৰ মাজত ভৰসা খামোচি 
হিমালয়ৰ বাটকে বাট বুলি
দুচকুত ৰাধাচূড়াৰ আকুলতাৰে,              
বেৰৰ জলঙাৰে ভুমুকিয়াই চাওঁ 
কিনো অচিনা মায়ামোহে জিনিলে হিয়া 
নীড়মুখী পখীৰ কাকলিতো 
উভতিব নোখোজে দেহা,                    
আশাৰ বাবেই জানো ধুনীয়া নহয় জীৱন,
যদিওবা খলাবমা কন্টকাকীৰ্ণ পথেই চিৰপৰিচিত, 
ভাগীৰথী গংগাই জানো জানিছিল 
সুবিমল ধাৰাৰে বৈ অহা বুকুত ব'ব লাগিব 
হাজাৰ ঢৌৰ কোবাল আঘাত,               
শিলেতো জনা নাছিল গংগাৰ আঘাতৰ 
নিফুট বেদনাৰ গভীৰতা কিমান,                      
তথাপিও পৱিত্ৰ গংগা আজিও নিগুটি ধাৱমান,
জীৱনৰো একা বেঁকা এনল কেঁকুৰীতে 
অমাৱস্যাৰ ঘনঘোৰ এন্ধাৰ,                                     
মনৰ  নিদানত বুকুৰ চাপৰিত 
এতিয়াও ফুলে এডৰা ৰাঙলী পলাশ, 
কিনো মোহে মুহিলি অ' সময়      
এতিয়াচোন পলাশৰ বুকুতেই ম‌ই সিক্ত,
এধানি আশাতেই জীৱনৰ শেষ সীমনালৈ 
হ'ম ৰক্তেৰঞ্জিত....


   যোৰহাট ,নকছাৰি


পৃষ্ঠা ৩৪

পৱিত্ৰ সমীৰণ 

ড০ হৃদয় ৰঞ্জন দাস

আকাশলঙ্ঘী জিজ্ঞাসা পূৰণৰ হেতু মৃদু মলয়াজাক
বলা নাছিল,
সোণৰ সোলেং প্ৰাপ্তিৰ প্ৰত‍্যাশাৰেও সমীৰণে
বা বোলোৱা নাছিল,
উচ্চাকাঙ্ক্ষাৰ সপোন এটিয়ে
বাস্তৱিক ৰূপ সলোৱাৰ মানসেৰেও দুহাত মেলা নাছিল,
সোণগুটি চপোৱা পথাৰখনে তেতিয়া নিতাল মাৰি পৰি আছিল,
সুখ-দুখৰ সৰাপাতবোৰ খিলাখিলাকৈ গণিছিল,
দিন বাগৰে, নিশাই ভূমুকি মাৰে,
প্ৰহৰ পিচলে ,ক্ষণ আহে,
অৱশেষত হঠাতে বতাহৰ গতিপথ সলনি হৈ যায়,
বেদনাৰ কুৰুৱাজাক সুখৰ মলয়া হৈ উভতি বলিলে,
উমি উমি আঁচলৰ আঁৰত জ্বলি থকা সন্তাপ দাউ দাউকৈ জ্বলি ক্ৰমান্বয়ে শান্ত হৈ পৰিল,
যা, যাগৈ নাহিবি আৰু
বুকু দহি দহি পুৰি নিঃশেষ কৰি দিয়া বিৰহ বেদনাবোৰ দুনাই,
বা...
নে উৰুৱাই অশ্ৰদ্ধ, অনাদৰবোৰ বিস্মৃতিৰ কৰালগ্ৰাসলৈ কোনোকালে উভতি নহাকৈ,
জাননে...
সমীৰণ চিৰকাল বৈ ৰয় স্বইচ্ছাৰে ভালপোৱাৰ দিশেৰেই,
শূন্যতা পূৰাবলৈ মৰমৰ বতাহ
সেই দিশেৰেই ধাৱমান হয়,
তাতেইযে সুখ-স্বচ্ছন্দ, প্ৰণয়ৰ বন‍্যা বৈ যায় কলিজা পখলাই,
আত্মাই জলকেলি কৰে আৱেগৰ লহৰ তুলি হেঁপাহ পলুৱাই,
পৰিশ্ৰান্ত মলয়াজাক অতদিন আৱদ্ধ হৈ আছিল অমৰমকে খামোচি,
নিৰ্ম্মল বতাহজাক এতিয়া বলিছে ভৰসাক সাবটি নিৰ্ভয়ে উন্মুক্ত হৈ,
বৈ থাকিব চিৰদিনলৈ,
যুগ-যুগান্তৰলৈ...

  গুৱাহাটী



পৃষ্ঠা ৩৫

মাতাল আবেগ

নিৰ্মালী মহন্ত

খৰাং নদীখনো
জীপাল হৈ পৰিল
আবেগবোৰৰ দৰেই,
এচাটি বতাহৰ কোমলতাই
ধপ্‌ধপনি বোৰলৈ
চঞ্চলতাক বিয়পাই,
নিৰৱতাৰ নামত 
গধূৰ গধূৰ মন এটাকহে
এৰি থৈ গ'ল।
পথবোৰ বন্ধ হোৱাৰ পাছতো
এটা কিন্তুৰ
পৰিচয়।
আবেগৰ চুকলোবোৰ এই পৰোঁ
এই পৰোঁ,
মিঠা এটি অচিনাকীৰ স্পৰ্শত
ব্যাকুল হোৱা হৃদয়ৰ অপেক্ষাত
বহি ৰয়
নিবিড় উচুপনি,
হাঁহি হাঁহি শব্দই কবলৈও নাপাহৰে
ধুৰ প্ৰেমত মাতাল হয় নেকি
আবেগহীন খোজবোৰৰ 
লগত,
গতা মাৰি অচিনাকী হোৱা পথিকৰ নামত।


পৃষ্ঠাঃ ৩৬

অনুভৱৰ বহাগৰ

বন্দনা দত্ত

 বসন্তত স্নান কৰি আকৌ আহিল বহাগ
এচাটি মৃদু মলয়াই শিহৰিত কৰিলে তন মন
কুলি কেতেকীৰ মাতত
বহাগ আহিল
গছ লতিকাত বহাগ নামিছে
মন কমোৱা তুলা হৈ উৰিছে
নানাৰঙী ফুলবোৰৰ নাচোনত
সুগন্ধি বিয়পিছে।
কোনোবা প্ৰেমিকৰ কাষলৈ যাবলৈ
চেনেকীৰ থৌকি বাথৌ হিয়া
বিহুৱান খনো সাঁচি থৈছে
অতি সংগোপনে,
বহাগ মাথোঁ এটি মাহ নহয়
হিয়াই হিয়াই  বিয়পি থকা
এটি মিঠা সুবাস
জনজীৱনৰ বুকুত উমলি থকা এটি হেঁপাহ।
ঋতু আহে ঋতু যায়
বহাগৰ আগমনত
ভৰুণ হিয়াত অনুভৱে
বিচাৰি লয় অন্য এক হাবিয়াস।

দেৰগাঁও
৯১০১৭৪০৮৩৯.

পৃষ্ঠা ৩৭
মন যায়

মন যায়
ৰঙা নীলা ফুল হৈ ফুলি
বসন্তত সুগন্ধি বিলাবলৈ ,

মন যায়
ৰঙা নীলা পখিলা হৈ
ফুলৰ মৌ
চুহি ফুৰিবলৈ ৷

মন যায়
চৰাই হৈ 
আকাশৰ বুকুত,দূৰ দিগন্তত
ডাৱৰৰ কাষে কাষে
উৰি ফুৰিবলৈ ৷

মন যায় 
শুকুলা ডাৱৰ হৈ
জোনবাইজনীৰ লগত 
লুকা-ভাকু খেলি ফুৰিবলৈ ৷

মন যায়
এজোপা বৃহৎ বট বৃক্ষ হৈ
সূর্যৰ তপততাত 
ছাঁ দিবলৈ ,

মন যায়
বহল আকাশ হ'বলৈ
গভীৰ নীলিমতাত
বিশালতাৰ পৰিচয় দিবলৈ ৷

বীনাপাণি ৰেগন
নতুন দিল্লী

পৃষ্ঠাঃ ৩৮

গ্ৰন্থ পৰিচয়ঃ

শ্ৰদ্ধাৰ লেখিকা ৰূপালী মহন্ত বাইদেউৰ নব্য পুস্তক "সংস্কৃতি বিবিধা" ৰ সমিপেষু।

সঙ্গীতা সাগ্পনা শৰ্মা

অসম মূলকৰ চহা সংস্কৃতি ভাৰতবৰ্ষৰ অন্যতম বিবিধা। অসমখন বাৰেৰহণীয়া সংস্কৃতিৰে ভৰপূৰ হৈ আছে।
অসমৰ চহা জীৱনত পৰম্পৰাগত সংস্কৃতিৰ বৈচিত্ৰ্যতাত এই সংস্কৃতিবোৰে অসমীয়া জাতীয় জীৱনক অলংকৃত কৰিছে। পৰম্পৰা আছে বাবেই এই সংস্কৃতিবোৰৰ তাৎপৰ্য অতি উচ্চ খাপৰ আৰু মান্যও।
অসমৰ জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ বিবিধাত ইমানেই পৰম্পৰাগত সংস্কৃতি লুকাই আছে তাক গণি শেষ কৰিব নোৱাৰি। অসমৰ থলুৱা সংস্কৃতিৰ ভিতৰত যিবোৰ সম্পদ আছে সেইবোৰ একপ্ৰকাৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চাবলৈ গ'লে বহু ক্ষেত্ৰত জনজীৱনৰ ঔষধ। এনে কেইটামান সংস্কৃতি বিবিধা লৈ লেখিকা ৰূপালী মহন্ত বাইদেউৱে এখনি পুস্তিক নব্য উন্মোচন কৰে। ভাষা প্ৰকাশন গুৱাহাটীৰ পৰা পুস্তকখন উন্মোচন কৰা হয়। পুস্তকখনৰ নামটোৱেই শুৱনি, নামটো নিৰ্বাচনৰ ক্ষেত্ৰত লেখিকাৰ শলাগ ল'ব লাগিব।

লেখিকাই অসমীয়া জনজীৱনৰ বিশাল সংস্কৃতিৰ পৰা পোন্ধৰটা ক্ৰমণিকা লৈ পুস্তকখন গৱেষণা কৰি উলিয়াইছে। এজন সাহিত্যিকে তেতিয়া সফলতা লাভ কৰে যেতিয়া লেখনৰ যোগেদি সমাজৰ বৌদ্ধিক বিকাশ হয়। সেই ক্ষেত্ৰত ৰূপালী বাইদেউৱে যথেষ্ট সচেতনতা অবলম্বন কৰিছে।

ৰূপালী মহন্ত বাইদেউ পেছাত এগৰাকী শিক্ষয়িত্ৰী। তেখেতে ব্যস্ততাপূৰ্ণ জীৱন সংগ্ৰামৰ মাজতো সাহিত্য সমাজলৈ অৱদান আগবঢ়াইছে। তেখেতৰ '' নিবিড় ৰাতিৰ স্বপ্ন '' শীৰ্ষক এখন কবিতা পুথি আছে। আৰু '' প্ৰবন্ধ প্ৰদীপ্তি'' সদ্য উন্মোচিত গ্ৰন্থ।
'' সংস্কৃতি বিবিধা '' পুস্তক খনিয়ে সমাজত আদৰ পাওঁক, পাঠকে আদৰি লওঁক তেহে ৰূপালী মহন্ত বাইদেউৰ শ্ৰম সাৰ্থক হ'ব। ভাষা প্ৰকাশনৰ অধক্ষ্য শ্ৰদ্ধাৰ মুকুত শৰ্ম্মা দাদাই গ্ৰন্থ উন্মোচনী সভাখনৰ অংশীদাৰ কৰি গ্ৰন্থখনি লাভ কৰাত যি সুবিধা কৰি দিলে। তাৰ বাবে মহোদয়ৰ লগতে লেখিকা তথা গ্ৰন্থখনৰ লগত জড়িত সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লেখিকা ৰূপালী মহন্ত বাইদেউৰ সাহিত্য জীৱনৰ উতৰোত্তৰ ও দীৰ্ঘায়ু কামনা কৰিলোঁ। মই নিজেই গোলাঘাটৰ যিহেতু গতিকে বাইদেউ গোলাঘাটৰ গৌৰৱোজ্জ্বল গৰাকী হোৱাৰ কামনা কৰিলোঁ।
'' কীৰ্তি যস্য স্ব জীবিত ''

  
    গুৱাহাটী (মেট্ৰ)



পৃষ্ঠা ৩৯

ভ্ৰমন কাহিনীঃ
"বাসুদেৱ থান নৰোৱা সত্ৰত এদিন"

মনস্বিনী শৰ্মা


  "হে কৃষ্ণ বাসুদেৱ     দৈৱকী নন্দন হৰি
          নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ   তযু পদ অৰবিন্দ
        কৰোঁ মই লক্ষ নমস্কাৰ।"

         বিগত ২০২২ চনৰ মাৰ্চ মাহৰ ১২ তাৰিখৰ দিনা শিৱসাগৰ নগৰৰ মেটেকা গাঁৱৰ পৰা আমাৰ ত্ৰিশজনীয়া এটি দল লখিমপুৰ জিলাৰ ঢকুৱাখানাত অৱস্থিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰলৈ যাত্ৰা কৰিছিলো।পুৱা ৫ বজাতে যাত্ৰা আৰম্ভ কৰি প্ৰায় ৪/৫ ঘণ্টা যাত্ৰাৰ অন্তত: আমি আগবেলা সময়তে বাসুদেৱ থানত উপস্থিত হৈছিলোগৈ।
     লখিমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ পৰা  ১২ কিঃমিঃ মান পশ্চিমে গোহাঁই মৌজাৰ চামপৰা আৰু কঢ়া নৈৰ মাজত প্ৰখ্যাত বাসুদেৱ থান অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱৰ পৰিণাতি দামোদৰ ঠাকুৰে বাসুদেৱৰ মূৰ্তি স্থাপনেৰে  এই থানখন প্ৰতিষ্ঠা কৰিছিল। কিন্তু সোৱণশিৰি নদীয়ে খহাই নিয়াত থানখন উক্ত স্থানৰ পৰা তুলি নি চামপৰা আৰু কঢ়ানৈৰ মাজত পুনৰ ৰমাকান্ত আতাৰ পুত্ৰ ৰামচৰণ আতাৰ দিনত স্বৰ্গদেউ শিৱসিংহৰ ৰাজসাহায্যত ওখকৈ ভেটি বন্ধাই ৰাজকীয় আদৱ-কায়দাৰে বাসুদেৱ মূৰ্তি স্থাপন কৰা পিছত  বাসুদেৱ থান নামেৰে প্ৰখ্যাত হৈ পৰে। মানৰ আক্ৰমণত এই থান জুইৰ মাজত নিঃশেষ হয়। চাৰিফুট উচ্চতাৰ কলীয়া শিলত খোদিত মনোৰম বাসুদেৱৰ  মূৰ্তি মানে ভাঙি-ছিঙি ধনখনা দ পুখুৰী (স্বৰ্গদেউ শিৱসিংহই খন্দা)ত দলিয়াই দিয়ে।পাঁচটা দশক ধৰি মানে ধ্বংস কৰি থৈ যোৱা বাসুদেৱৰ থানৰ ঠাইখিনি অটব্য অৰণ্যই আৱৰি আছিল। প্ৰায় অৰ্ধ শতিকাৰ পিছত দামোদৰ ঠাকুৰৰ অষ্টম বংশৰ নাতি অচ্যুতচন্দ্ৰদেৱে সেই অঞ্চলৰ ভকত-বৈষ্ণৱক লৈ থানখন পুনৰ প্ৰতিষ্ঠা কৰে। ধনখনা দ পুখুৰীৰ পৰা বাসুদেৱৰ মূৰ্তিভাগ উদ্ধাৰ কৰিছিল যদিও সেয়া অক্ষত অৱস্থাত পোৱা নগ'ল। সেয়ে পৰৱৰ্তী সময়ত কেইজনমান শিল্পীৰ সহযোগত পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখি অধিক প্ৰাণৱন্ত ৰূপত বাসুদেৱৰ মূৰ্তি নিৰ্মাণ কৰি প্ৰতিষ্ঠা কৰা হয়। পূৰ্বৰ মূৰ্তিভাগৰ ভগ্নাৱশেষ বৰ্তমানৰ মূৰ্তিজনাৰ পিছফালে স্থাপন কৰি পূজা-অৰ্চনা কৰা হয়।স্বৰ্গদেউ জয়ধ্বজ সিংহই বাসুদেৱ মূৰ্তি স্থাপন কৰি সত্ৰ পাতিবলৈ সোৱণশিৰি নদীৰ সমীপৰ  চাৰিভাগী নামে ঠাইত ভূমিদান কৰিছিল। নৰোৱা গোসাঁই দামোদৰ ঠাকুৰদেৱে প্ৰতিষ্ঠা কৰা বাবে ইয়াক নৰোৱা সত্ৰ নামেৰে জনা যায়। ঠাকুৰদেৱে বৰদোৱাৰ পৰাই নৰোৱা সত্ৰ পৰিচালনা কৰি আছিল বুলিও জনা যায়। জয়ধব্বজ সিংহই দিয়া ভূমিৰ সৰহ অংশ সোৱণশিৰি নদীৰ বুকুত জাহ যোৱাত স্বৰ্গদেউ শিৱসিংহই চামপৰা আৰু কঢ়া নৈৰ মাজত সত্ৰৰ গৃহ স্থাপন কৰিবলৈ পুনৰ ভূমিদান কৰে।এই স্থানতে বাসুদেৱ থানৰ মাহাত্ম্য ক্ৰমে প্ৰকাশ হোৱাত বাসুদেৱ থান নৰোৱা সত্ৰৰ নাম বাসুদেৱ থান নামেৰেই প্ৰচাৰ হ'ল। নৰোৱা নামটো কেৱল লিখিত ৰূপত থাকিল।বাসুদেৱ থানৰ ইতিহাস সম্পৰ্কে থূলমূলকৈ এইভাৱেই জনা যায়।         
             বাসুদেৱ থানৰ কীৰ্তন ঘৰত গুৰু দুজনাৰ তিথিৰ লগতে অচ্যুত আতাৰ সময়ৰ পৰা বৈকুণ্ঠগামী হোৱা আইসকল, জ্যেষ্ঠসকলৰ  তিথিও পালন কৰা হয়।আইসকলে প্ৰতিদিনে এই থানত নাম-প্ৰসঙ্গ কৰে।আমিও সেইদিনা থানত দুপৰীয়া ভাগত হোৱা নাম-প্ৰসঙ্গত অংশ ল'বলৈ পাইছিলো। থানৰ নাম-প্ৰসঙ্গত নামৰ আচাৰ্যজনেই মূল।নামাচাৰ্যৰ পৰা কিছু নিলগত এখন বৃহৎ শৰাই আছে। শৰাইখনতে ভক্তই দান-দক্ষিণা দিব পাৰে।প্ৰসঙ্গৰ অন্তত: নৈবেদ্য শৰাই আৰু ভকতসকলে আগবঢ়োৱা শৰাই একেলগ কৰি সকলো ভকত-বৈষ্ণৱক প্ৰসাদ হিচাপে বিতৰণ কৰে।বাসুদেৱ থানত কীৰ্তনঘৰৰ গুৰু আসনৰ পিছফালে সম্পূৰ্ণ পৃথক হিচাপে সুউচ্চ দৌল নিৰ্মাণ কৰি বাসুদেৱৰ মূৰ্তি স্থাপন কৰি প্ৰতিদিনে ভক্তই পূজা-অৰ্চনা আগবঢ়ায়।এই দৌলৰ কাষতে ভক্তই বন্তি জ্বলোৱাৰ সুবিধাৰ্থে এক বন্তিগৃহ আছে। কলীয়া শিলত খোদিত বাসুদেৱৰ মূৰ্তিজনা দেখাত ভগৱন্ত বিষ্ণুৰ চতুৰ্ভূজ অৱতাৰৰ দৰে। ভক্তসকলে মনোকামনা পূৰণৰ অৰ্থে শৰাই-সফুঁৰা ইত্যাদি আগবঢ়ায় মূৰ্তিজনা দৰ্শন কৰিব পাৰে। আমিও আমাৰ সাৰ্মথ্য অনুসৰি বাসুদেৱলৈ মান্যানুসৰি নৈবেদ্য অৰ্চনিসহিতে আগবঢ়ায় সেৱা ললো। থানৰ কীৰ্তন ঘৰত প্ৰৱেশ কৰোতে ভক্তই তিনিবস্ত্ৰ আৰু শুভ্ৰ বস্ত্ৰ পৰিধান কৰাটো বিধিসন্মত।
          বাসুদেৱ থানত পালনাম, ফল্গোৎসৱ, ৰাসোৎসৱ, জন্মাষ্টমী, ভাদমহীয়া নাম, নাট-ভাওনা, বিহু ইত্যাদি উৎসৱ প্ৰধানকৈ পালন কৰা হয়। আমি ফাঁকুৱা উৎসৱৰ কিছু দিনৰ আগতে থানখনলৈ যোৱাৰ বাবে ফাঁকুৱা উৎসৱ পালনৰ বাবে চলাই থকা প্ৰস্তুতিপৰ্ব আমাৰ চকুত পৰিছিল। থানত পালন কৰা প্ৰতিটো উৎসৱত লোকে লোকাৰণ্য হয়।
     বাসুদেৱ থানৰ মূল তোৰণভাগ দুটা বৃহৎ হাতীৰ মূৰ্তিৰ সৈতে সংলগ্ন কৰি স্থাপন কৰা হৈছে। থানখনৰ চৌহদতে ভক্তৰ বাবে এটি অতিথিগৃহ আছে। বাসুদেৱ থানলৈ প্ৰায় প্ৰতিদিনেই দূৰ-দূৰণিৰ পৰা ভক্তৰ আগমণ ঘটে। দূৰণিৰ পৰা যোৱা ভক্তসকলে এই গৃহতে জিৰণি ল'ব পাৰে। কিন্তু সৰহ সংখ্যক ভক্তৰ বাবে এই অতিথিগৃহটি পৰ্যাপ্ত নহয়।অতিথিগৃহৰ লগতে সংলগ্ন হৈ আছে এটি ৰান্ধনীগৃহ। ভক্তই চাউল-পাতৰ যোগান ধৰি তাত আহাৰ গ্ৰহন কৰিব পাৰে। আমাৰ দলটোৱেও চাউল-পাতৰ যোগান ধৰাত আমাৰ বাবে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰি দিলে।বাসুদেৱৰ থানৰ আশে-পাশে বৰ্তমান দোকান-পোহাৰৰ সংখ্যাও বৃদ্ধি হৈছে। তাৰোপৰি মূল গেটৰ পৰা থানলৈ সোমায় যোৱা পথটোত যান-বাহন ৰাখিব পৰাকৈ তেনে কোনো সুব্যৱস্থা চকুত নপৰিল। খৰালি সময়ত গ'লে কাষৰ মুকলি পথাৰত যান-বাহন ৰখাব পাৰি। কিন্তু বাৰিষা অসুবিধাই দেখা দিয়ে। বাসুদেৱ থানখনৰ আশে-পাশে নতুন গৃহ নিৰ্মাণেৰে থানখনৰ উন্নয়নৰ বাবে ব্যৱস্থা লোৱা দেখা গৈছে। অসমৰ ভিন্ন ঠাইৰ পৰা এই স্থানলৈ যথেষ্ট ভক্তৰ সমাগম হোৱা দেখা যায়। সেয়ে থানখনৰ সৰ্বাঙ্গীন দিশৰ উন্নতি সাধনেৰে বাসুদেৱ থানৰ আন্তঃগাঁথনি জাকত-জিলিকা কৰি তুলিব লাগে। লখিমপুৰ জিলাৰ এক অন্যতম পৰ্যটন স্থলী বাসুদেৱ থানখনৰ উন্নতিৰ সমান্তৰালকৈ অঞ্চলটোৰও উন্নতি সাধন হ'ব। সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল দলং গঢ়ি উঠাত লখিমপুৰ, ধেমাজি আদিলৈ যাতায়াত সূচল হ'ল। সেয়ে পূৰ্বতকৈ অধিক ভক্ত অসমৰ ভিন্ন ঠাইৰ পৰা বাসুদেৱ থানলৈ যাত্ৰা কৰা দেখা যায়।
         বাসুদেৱ থানত দুপৰীয়াৰ আহাৰ গ্ৰহন কৰি প্ৰায় তিনিমান বজাত আমাৰ দলটোৱে শিৱসাগৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ অঞ্চল(মেটেকা)ৰ পৰা প্ৰতি বছৰে ভকত-বৈষ্ণৱ বাসুদেৱ থানলৈ যাত্ৰা কৰে। সেই উদ্দেশ্যে থানখনৰ লোকৰ সৈতে আমাৰ অঞ্চলৰ এক আপোনত্বৰ ভাৱ গঢ়ি উঠিছে।

শিৱসাগৰ
ফোনঃ ৭৬৩৭৯৪৫০৭৩

পৃষ্ঠা ৪০
ৰেচিপিঃ
নিৰামিষ কেক


উপকৰণ:- ময়দা ১ কাপ ( কফি কাপৰ জোখৰ) 
                 চুজি ১ কাপ (  কফি কাপৰ জোখৰ)
                 চেনি ১ কাপ (কফি কাপৰ জোখৰ)
                 ৰিফাইন তেল ( কফি কাপৰ আধা কাপ)
                 বেকিং পাউদাৰ ( চাহ চামোচৰ ১ চামোচ)
                 গাজৰ ( ৰুকি লোৱা কফি কাপৰ ১ কাপ)
                 গাখীৰ ( ১ কাপ ) 
                 খিচমিচ, চেৰি‌ , ইলাচি ৩ টা আৰু কাজু     বাদাম ।‌

প্ৰনালী:- প্ৰথমতে ময়দা , চুজি, চেনি, ৰুকি লোৱা গাজৰ , বেকিং পাউদাৰ , ৰিফাইন তেল এটা বাচনত লৈ গাখীৰ খিনি দি ভালকৈ সানি ল'ব। গোটেই মিশ্ৰন খিনি সানি লোৱাৰ পাছত অলপ সময় থৈ দিব। খিচমিচ, চেৰি ,‌কাজু আৰু ইলাচি কিটা খুন্দি গুৰি কৰি মিশ্ৰণ খিনিত দি দিব।তাৰপিছত এটা চিলভাৰৰ বাতিত অলপ ৰিফাইন তেল সানি বাটাৰ পেপাৰ নহ'লে বগা কাগজ এখন গুলকৈ কাটি বাতিটোৰ তলত দি মিশ্ৰণ খিনি দি দিব। মিশ্ৰণ দিয়া বাতিটো oven অত ৪৫ মিনিটৰ কাৰনে ভৰাই দিব । প্ৰেচাৰ কুকাৰটো দিব পাৰি।প্ৰেচাৰত দিলে ষ্টেন্দ (stand) এডাল দি দিব তলত। আৰু প্ৰেচাৰৰ হূইচেইলটো খুলি দিব। ভালকৈ ফুলি আহিলে কেকটো উলিয়াই ঠান্ডা  হ'লে কাটি খাব । খুব সুন্দৰ হয় খাবলৈ।

হিমাদ্ৰী বৰকটকী
শিৱনগৰ , ২ নং উপপথ
নগাঁও
৯৬৭৮৩৮২১৭০

পৃষ্ঠা ৪১

নীলাখামৰ চিঠিঃ


প্ৰিয়তমা
           
        হৃদয়ৰ নিভৃত কোণৰ পৰা তোমালৈ যাঁচিলো অফুৰন্ত মৰম ও শুভকামনা। আশা কৰোঁ চেনেহৰ পঁজাত সুখৰ আমেজত তোমাৰ দিনবোৰ খুব সুন্দৰকৈ অতিবাহিত কৰিছা। ভালে থাকা তুমি ময়ো তাকে কামনা কৰোঁ।
          জানানে, নিলিখোঁ বুলিও আজি হাতত কলম লৈ দুপৰ নিশা তোমালৈ লিখিবলৈ লৈছোঁ মোৰ হিয়াৰ একলম। বহু দিন হ'ল কলমৰ আগেৰে নিগৰি অহা নাই শব্দৰ নিজৰা। শব্দবোৰে চাগে তোমাৰ দৰেই অভিমান কৰি বহিছে মোৰ পৰা বহু যোজন নিলগত। সঁচাকৈয়ে তুমিহীনতাত মোৰ চৌপাশ আবৰি ধৰিছে শীতৰ ৰুক্ষতা আৰু সীমাহীন শূন্যতাৰে। 
        
" তুমি শিৰত সেন্দুৰ পিন্ধি সূৰুযমুখী বাটেৰে বাটবুলাই আতৰি গ'লা
 কঁপালৰ সূৰ্যটোত গাঁথি সপোনৰ নৱতম প্ৰতিশ্ৰুতি।

 সপোন মানে কি ? আৰু প্ৰেম...! 
মোৰ বাবে সাঁথৰ হৈ ৰ'ল অ'... 

প্ৰেমে পূৰ্ণতা নেপালে যদি সপোন ভাগে 
তেন্তে তোমাৰ সপোননো কি আছিল ?
 আচৰিত ধৰণে সময়ে গতি সলায়
পাখিত গুজি অনন্ত হাবিয়াস
 হৃদয়ে হৃদয়ে প্ৰেমৰ সংজ্ঞাত তফাৎ "

          কবিতাৰ কলিজাতে তোমাক বহুৱাই মই মোৰ শূন্যতা আঁতৰাওঁ। লিৰিকি বিদাৰি চাওঁ মোৰ প্ৰেমৰ পেখম ধৰা অতীত। 
          চিঠিখন লিখিলোঁ মোৰ হৃদয়ৰ দাপোখন তোমাৰ আগত দাঙি ধৰোঁ বুলি। কিজানি দাপোনখন চাই তুমি দয়া কৰিয়ে মোৰ কথা এক্ষন্তেক ভাৱা। মই জানো পপিয়া তৰা, এবাৰ ভুমুক মাৰি চিৰদিনলৈ হেৰাই যাবলে। মই জানো, মোৰ স্মৃতিক তুমি কবৰ দিব নোৱাৰা। মই আজিও জীয়াই আছোঁ তোমাৰ হৃদয়ৰ গোপন কোণত।
           বেয়া নেপাবা তোমাক আমনি কৰিবলৈ এইবোৰ লিখা নাই। লিখিছোঁ এটি অনুৰোধ কৰাৰ মানসেৰেহে। আঁতৰি আঁতৰি থাকিলেও তুমি যেন মোক একেবাৰে পাহৰি নোযোৱা। কাৰণ মই তোমাৰ মাজতে জীয়াই থাকিব খোজোঁ। পৱিত্ৰ প্ৰেমৰ প্ৰতিশ্ৰুতিৰ মাজত।

ইতি

তোমাৰ....

বিষাদ ৰঞ্জন বৰবৰা
যোৰহাট

পৃষ্ঠা ৪২
গল্পঃ


জীৱন দীক্ষা

ৰুমী চাংমাই বৰুৱা

        চঞ্চলৰ বিশ্বাসঘাটকতাত দিশ বিদিশ হেৰুৱাই পেলালে মেঘালীয়ে । অতি আলফুলে সযতনে সাজি পেলোৱা তাইৰ আশাৰ কাৰেঙটো যেন হঠাৎ অহা এজাক ধুমুহাই তচ্ নচ্ কৰি গ'ল। সৰ্বস্ব উজাৰি ভালপোৱাৰ পিছতো সি কেনেকৈ আঁতৰি যাব পাৰিলে তাইক এৰি। যাৰ সৈতে জীৱনটো কটাম বুলি সপোন দেখিছিল,যাৰ মৰমত স্বৰ্গসুখ প্ৰাপ্তিৰ কল্পনাই উন্মনা কৰিছিল অহৰহ, যাৰ দুবাহুৰ মাজত বিচাৰি পাইছিল  আটাইতকৈ বেছি নিৰাপত্তা; এই আটাইবোৰে যেন তাইক খেদি আহিছে অট্টহাস্য কৰি।যাৰ যন্ত্ৰণা সহিব নোৱাৰি তাই বহুৰাতি শুব পৰা নাই।দিন-ৰাতি কেৱল একেবোৰ কথাই তাইৰ মনৰ আঁটডাল যেন হেৰুৱাই পেলাইছে যাৰ বাবে গোটেই জীৱনটোতে আউল লগাৰ দৰে অনুভৱ কৰিছে তাই। কেনেকৈ ?কেনেকৈ পৰিত্ৰাণ পাব তাই এই যন্ত্ৰণাৰ পৰা ? অৱশেষত এটা উপায় পালে তাই। চঞ্চলৰ অবিহনে কাকো আপোন কৰিবও নোৱাৰে তাই। সেইবাবে নিজক শেষ কৰি দিয়াই উচিত হ'ব বুলি ভাবিলে। জীৱনৰ চৰম সিদ্ধান্তত উপনীত হৈ তাই চুইচাইড পইণ্ট খ্যাত সেই নদীৰ ঘাটটো পালেগৈ।
           জীৱনটোক মেঘালীয়েও বহুত ভাল পাইছিল। মোহ আছিল জীৱনৰ প্ৰতি। নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন আছিল।সেয়েহে পঢ়া শুনাতো গুৰুত্ব দিছিল যথেষ্ট। কিন্তু তাইৰ জীৱন যাত্ৰাৰ সুমধুৰ সময়চোৱাতে লগ পালে চঞ্চলক। তাইতকৈ দুবছৰ চিনিয়'ৰ চঞ্চলৰ সৈতে কলেজতে চিনাকী হৈছিল মেঘালিৰ। প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেমৰ ৰূপ পোৱা সম্পৰ্কটো আঠবছৰ চলি থাকিল। এই আঠ বছৰত দুয়ো দুয়োৰে বহু ওচৰ চাপি গৈছিল। যাৰ ফলস্বৰূপে এদিন তাইৰ নিজৰ জীৱনৰ প্ৰতি থকা ভালপোৱা, মোহবোৰো যেন চঞ্চলৰ দয়াৰ আঁচলত ওলমি পৰিল। চঞ্চলৰ অবিহনে তাই জীয়াই থাকিব নোৱাৰা হ'ল। চঞ্চলৰ সঁহাৰিৰ ডেউকাত যেন মেঘালীৰ উশাহখিনি বান্ধ খাই পৰিল। সেয়েহে আজি তাৰ অনুপস্থিতিত মেঘালী মৃতপ্ৰায়। শান্ত ভাৱে বৈ থকা নদীখনৰ বুকুলৈ চাই আছে মেঘালীয়ে। মনত পৰিছে মাক দেউতাকৰ আশা ভৰা মুখকেইখন। ভায়েকটোৰ ধেমালী আৰু উৎপাতবোৰ মনত পৰিছে। আজিৰ পৰা যে তাই এই সকলোবোৰ হেৰুৱাই আঁতৰি গুচি যাব। কান্দিব মাক-দেউতাকে। কন্যা হেৰুওৱা দুখ এটা চিৰদিনৰ বাবে বুকুত থিতাপি ল'ব। ক'ব --তাই আমাৰ কথা এবাৰো নাভাবিলে। কিন্তু তাইৰ প্ৰেমে তাইক কাৰো কথা ভাবিব নোৱাৰাকৈ অন্ধ কৰি পেলালে, বিবেকশূণ্য কৰি পেলালে। তাইৰ মনৰ অশান্তিয়ে তাইক কাৰো কথা ভাবিবলৈ নিদিয়ে। সেয়েহে তাই আৰু ভাৱি নাথাকে। চকু পানী দুটোপাল মোহাৰি নদীত জাপ দিবলৈ লওঁতেই কোনোবাই পিছফালৰ পৰা মাতিলে, "ভণ্টী" ! 
তাই পিছলৈ ঘূৰি চালে। এজন ডেকা ল'ৰা ৰৈ আছে।
: কোন আপুনি ?
: মোক তুমি চিনি নাপাবা। কিন্তু তুমি এইটো ভাল কাম কৰিব খোজা নাই। জীৱন অনুপম ভণ্টী। ঘূৰি আহাঁ।
: নাই ,মোৰ বাবে জীৱনটো এক তিক্ত অভিজ্ঞতা। জীয়াই থকাটো বৰ কষ্টকৰ।
: তুমি ভুল ভাবিছা ভণ্টী। তুমি বহাঁচোন। অলপ শান্ত হোৱা। মই তোমাক দুটামান কথা ক'ব বিচাৰিছোঁ।
    অগত্যা তাই বহিবলৈ বাধ্য হ'ল। ল'ৰা জনো বহিল তাইৰ পৰা নাতি দূৰতে। পৰিৱেশটো যেন অলপ গধূৰ হৈ পৰিছে।বেলি পৰিবলৈকো বেছি দেৰি নাই। মৰিবলৈ উদ্যত হোৱা মেঘালীয়ে অচিনাকী ল'ৰা এটাৰ একেষাৰ কথাতে কিয় বহি দিলে নিজেই বুজি নাপালে। হিম শীতল বতাহ এচাটিয়ে যেন তাইক গালে-মুখে চুইথৈ গ'ল। কিবা আচহুৱা আচহুৱা লাগিল পৰিৱেশটো। তাই ক'লে-কি ক'ব লগা আছে সোনকালে কওক। মোৰ দেৰি হৈছে।
: হাঃ হাঃ হাঃ। মৰিবলৈহে আহিছা ,ইমান লৰা-লৰি কিহৰ ? বাৰু কোৱাচোন তুমি যিজন প্ৰেমিকৰ বিৰহত নিজক শেষ কৰিবলৈ আহিছা তেওঁ তোমাৰ কথা ভাবি ৰৈ আছেনে ?
: কিন্তু আপুনি কেনেকৈ জানিলে এইবোৰ কথা ?
: আত্মাই আত্মাৰ কথা নাজানিবনে ? বাৰু সেইবোৰ বাদ দিয়া। মই যিটো সুধিছোঁ সেইটো কোৱা।
: নাই, সি ইতিমধ্যে বিয়া কৰাইছে বেলেগ ছোৱালী।
: তেনেহ'লে তুমি কিয় নিজক শেষ কৰিবা ? কঠোৰ হোৱা তুমি। নিজক শক্তিশালী কৰি তোলা যাতে এদিন নিজকে তাৰ সন্মুখত এটা বিশেষ পৰিচয়েৰে চিনাকী দিব পাৰা।পৃথিৱীত জানো কেৱল এটা সম্পৰ্কৰে মানুহ জীয়াই আছে ? তোমাৰ মা- দেউতা, মাহী, পেহী ,জেঠাই, বন্ধু বান্ধৱী ইত্যাদি কত মধুৰ সম্পৰ্কৰে তুমি মেৰ খাই জীয়াই আছা। যি তোমাক নিস্বাৰ্থভাৱে ভাল পাই। অথচ প্ৰেমিকৰ প্ৰৱঞ্চনাত সেই সকলোকে পাহৰি তুমি মৰিবলৈ আহিছা। ভুল কৰিছা।
: কিন্তু সি মোক কিয় এনেকুৱা কৰিলে। মোৰ আবেগ অনুভূতিক অপমান কৰি ইমান বিশ্বাসঘাটকতা কিয় কৰিলে ?
: জীয়াই থাকোতে কোনেও কাকো বুজি নাপায়। মান অভিমান কৰি থাকোতেই সৰহ সময় গুচি যায়। ভুল বুজা-বুজিত চিগি যায় সম্পৰ্কৰ এনাজৰী। জীৱনৰ অমূল্য সময় খিনি গুচি যোৱাৰ পিছতহে অনুশোচনা আহে। এটা সময়ত হাজাৰ অনুশোচনায়ো এৰি অহা সময় ঘূৰাই দিব নোৱাৰে। সে‌য়েহে কৈছো আনৰ বাবে নিজৰ জীৱনটো বিপন্ন নকৰিবা।ঘৰলৈ ঘূৰি যোৱা।
: নাই মই আৰু ঘৰলৈ ঘূৰি যাব নোৱাৰিম। জীয়াই থকাৰ হেঁপাহবোৰ কেতিয়াবাই নোহোৱা হ'ল। 
: মৰিবলৈ তেনেই সহজ। নদীত জাপ দিবা, অলপদেৰি কক্ বকাই তললৈ গুচি যাবা; খতম। তাৰ পিছত তোমাৰ আত্মীয়সকলে কান্দিব।মা-দেউতা কান্দি-কাটি পাগলৰ দৰে হ'ব। তুমি মাথো আত্মা হৈ চাই থাকিবা।কান্দিলেও কোনেও নেদেখিব, হাজাৰ চিঞৰিলেও কোনেও নুশুনিব। সেইদিনা হয়তো আটাইতকৈ মুক্ত অনুভৱ কৰিব তোমাৰ প্ৰাক্তন প্ৰেমিকে, যাক তুমি নিজতকৈ বেছি ভাল পাইছিলা। তোমাৰ মৃত্যুত কিন্তু তুমিহে শেষ হৈ যাবা। কিন্তু তোমাক কোনেও নুবুজিব। তেনেহ'লে তুমি মৰিবা কিয় ? জীয়াই থাকোতে জীৱনৰ মূল বুজা নাযায়। কিন্তু এবাৰ এই মানৱী জীৱন হেৰাই গ'লে আকৌ ঘূৰাই নাপায়। ঘূৰি আহোঁ বুলি আহিব নোৱাৰে। আধৰুৱা কথাবোৰ, আধৰুৱা কামবোৰ তেনেকৈয়ে পৰি ৰয়। জীৱনক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা।এইফালে আহাঁ। বেলি পৰিল।তোমাৰ দেৰি হ'ব। মোৰ পিছে পিছে আহি থাকা। মই তোমাক ৰাস্তালৈকে আগবঢ়াই দিওঁ।
        দুয়ো গৈ পদপথত উঠিলগৈ। তাই ল'ৰা জনক সুধিলে---আপুনিনো কোন ?মোক জীৱনটো ঘূৰাই দিয়াৰ বাবে ধন্যবাদ।
: তুমি কৰিবলৈ বিচৰা ভুলটো এদিন মই কৰি পেলাইছিলো সেই ঠাইতে। আজি মই মাথোঁ এক আত্মা, অনুশোচনাত দগ্ধ। যোৱাগৈ ভণ্টী। ভৱিষ্যতে এনে ভুল নকৰিবা।
         মেঘালী হতভম্ব হ'ল।ইমান সময়ে তাৰমানে তাই এটা আত্মাৰ লগতহে কথা পাতি আছিল আৰু ক'ত গ'ল সেই ল'ৰা জন ! নাইচোন তাইৰ ওচৰত। আহ্... এক বিকট চিঞৰ মাৰি থিতাতে ঢলি পৰিল মেঘালী। তাৰ পিছত তাই আৰু একো ক'ব নোৱাৰে।
          কাৰোবাৰ গুণগুণনি, কথা বতৰাত মেঘালীৰ কৰ্ণকুহৰত বাজি আজে ।লাহে লাহে তাই চকু মেলিলে। ক'ত আছিল ধৰিব পৰা নাছিল যদিও ইফালে সিফালে চাই চেলাইন ,নাৰ্চ এইবোৰ দেখি বুজি পালে তাই যে হস্পিতেলৰ বেডত।নাৰ্চজনীয়ে তাই চকু মেলা দেখি ওচৰ চাপি আহি সুধিলে... "অলপ ভাল পাইছানে ভণ্টী ?"
: পাইছোঁ। কিন্তু মই ইয়াত কেনেকৈ ?
: কালি সন্ধ্যা তুমি ৰাস্তাত অচেতন হৈ পৰি আছিলা।পেট্ৰ'লিং পাৰ্টিয়ে আনি তোমাক ভৰ্তি কৰি থৈ গ'ল।তোমাৰ ঘৰৰ ফোন নংটো কোৱা। মই ঘৰলৈ খবৰ দি দিওঁ। বহুত চিন্তাত আছে ছাগে ঘৰৰ মানুহ।
     মেঘালীয়ে লাহে লাহে কথাবোৰ মনত পেলালে। গাৰ নোম শিয়ঁৰি উঠিল আকৌ এবাৰ। তথাপিও মনে মনে ধন্যবাদ দিলে তাই সেই আত্মাক। তাইৰ জীৱনটো ঘূৰাই দিয়াৰ বাবে।


  
পৃষ্ঠা ৪৩

  আকাশী গঙ্গা বিচৰা নাই

নিৰুপমা ডেকা

   জীৱনৰ সময়বোৰ ক্ষীপ্ৰতাৰে পাৰ হৈ গৈছে যেন লাগিল অনিন্দিতাৰ ৷ এয়া তাইৰ ষাঠি বছৰীয়া জন্মদিন আজি ৷ আজি গিৰিয়েক আৰু ল’ৰা-ছোৱালী দুটাই বিৰাট আয়োজন কৰিছে ৷ তাইক কৃতজ্ঞতা জনাবলৈ যেন সিহঁতৰ হেঁপাহৰ অন্ত নাই ৷ তাইৰ দৰে পত্নী পাই তাইৰ গিৰিয়েক কিমান সুখী, তাইৰ দৰে মাক পাই সন্তান দুটা কিমান সুখী, আজি সেইবোৰ ক’বলৈ এখন মঞ্চ তৈয়াৰ কৰা হৈছে ৷ বংশ পৰিয়ালৰ সকলোকে সাদৰেৰে আমন্ত্ৰণ দিয়া হৈছে ৷ মুঠতে এটা মহাভোজৰ মহা আয়োজন য’ত ঘোষণা কৰা হ’ব তাইৰ উদাৰতা, মহানতা, ত্যাগ আদি ৷ উপলক্ষ তাই মাত্ৰ তাই ৷ এনে এটা কথাত সুখী নোহোৱাৰ কথাই নাই ৷ অনিন্দিতাক একো কৰিব দিয়া হোৱা নাই ৷ মেকআপ আৰ্টিষ্ট আহি পাবই অলপ পিছত ৷ চাৰি বজাৰ পৰা আপ্যায়নৰ ব্যৱস্থা, গতিকে তাই বাৰ বজাৰ পিছত মেকআপত বহিব লাগিব ৷ ছোৱালীৰ কাঢ়া নিৰ্দেশনা ৷

   তাই বুজা নাই তাইৰ বাবে কৰা এনে সুন্দৰ আয়োজনটো তাইৰ কিয় কিবা এটা ভাল লগা নাই ৷ দুদিনমান আগৰে পৰা সিহঁতৰ ব্যস্ততাবোৰ দেখি দেখি অতীতৰ এটা এটা দিন, হেৰাই যোৱা এটা এটা হেঁপাহে মনলৈ আহি আমনি কৰিছেহি ৷ জীৱনটো উদযাপনৰ হেঁপাহ তাইৰো আছিল ৷ কিন্তু পঞ্চাছ বছৰ পাৰ হোৱাৰ পিছত জীৱনৰ লেখ জোখ কৰি মনটো ইমান শূন্যতাত ডুবিছে যে এনে একো কথাই তাইক বিশেষ উৎসাহিত কৰিব নোৱাৰা হৈছে ৷ বাহিৰৰ জগতখনত আপাততঃ তাই একেবাৰে সুখী ৰঙীয়াল মানুহজনী হৈয়ে আছে, কিন্তু তাইৰ মনৰ ভিতৰৰ অকলশৰীয়া মানুহজনীক তাই একো দি বা একো বুজাই সন্তোষ জন্মাব নোৱাৰে ৷ 

    কি বিচাৰিছিল তাই জীৱনৰ পৰা ? তাইৰতো তেনে একো উচ্চাকাংক্ষাও নাছিল, আছিল সাধাৰণ নাৰীৰ মনে বিচৰা দুই এটা সৰু সৰু আনন্দ ৷ মনেৰে বিচাৰিছিল পঢ়া সাং কৰি চাকৰি এটা জোগাৰ কৰাৰ পিছতহে বিয়াত বহিব, কিন্তু উচ্চ পদবীধাৰী ল’ৰা ওলোৱাত ঘৰৰ সকলোৱে এম কমৰ শেষ পৰীক্ষাটো বিয়াৰ পিছত দিলেও একো নহয় বুলি বুজাই তাইক বিয়াৰ বাবে সন্মত কৰি ল’লে ৷ তাই একেবাৰে সাধাৰণ ছোৱালী ৷ প্ৰতিবাদৰ ভাষা তাইৰ মুখত নোলায় ৷ গতিকে সকলো সামৰি তাই নতুন জীৱনটোলৈ সাজু হ’ল ৷ মানুহজন বেয়া লগা নাই বাৰু তাইৰ ৷ তেওঁ কথা দিলে মনে বিচৰালৈকে পঢ়িবা ৷ শিক্ষা গ্ৰহণত তুমি মুক্ত ৷ তাইৰ ভাল লাগি গ’ল, বয়সেৰে তাইতকৈ বেছ কেইবছৰমান ডাঙৰ হ’লেও মনটো মিলিব যেন অনুমান হ’ল ৷ এটা বিশ্বাস আৰু ভাললগাৰে তাই ঘৰখনলৈ বোৱাৰী ৰূপত আহিল ৷ ঘৰত কেৱল শাহুৱেক ৷ ননদ দুজনী আৰু দুয়োজনীৰে ঘৰৰ কাষতে বিয়া হৈ গৈছে ৷ দেখাত একোৱেই সমস্যা নাই ৷ ইমান নিজঞ্জাল ঘৰখন পাই তাই ভাবিলে ইয়াত পঢ়াৰ অসুবিধা একো নহয় ৷ ফুলশয্যাৰ নিশা গিৰিয়েকে অনুৰোধ কৰাৰ দৰেই ক’লে

: অনি অন্তত তিনিমাহলৈ কলেজত যোৱাৰ নাম নল’বা হা ৷ বংশ পৰিয়ালৰ ঘৰলৈ যোৱা, দুয়ো অলপ একেলগে সময় কটাবলৈ ফুৰিবলৈ যোৱা, নতুন বোৱাৰী চাবলৈ অহা আদি কামবোৰ অঁতাইহে আজৰি হৈ কলেজ যাবা ৷ মা অলপ পুৰণা খেয়ালৰ মানুহ, ন বোৱাৰীজনী একে কোবেই বাহিৰ ওলালে মনতে বেয়া পাব অলপ ৷ মোকো খেচখেচাই এই কেইদিন তাকেই কৈ আছে ৷ তিৰোতাৰ কথাত ভোল নায়াবলৈ দঢ়াই দঢ়াই কৈ আছে ৷ মোৰ মনত একো নাই, কিন্তু মানুহৰ আগত তিৰোতা সেৰুৱা বুলি মায়ে ক’বলৈ হ’লে শুনিবলৈ ময়ো লাজ পাম যে ৷ বুজিছা নহয় মোৰ অৱস্থাটো ৷

   তাই লাহেকৈ বুজা বুলি মূৰটো ল’ৰালে ৷ সেই যে নুবুজা কথাটোত বুজা বুলি তাই সমৰ্থন কৰি মূৰ তল কৰিলে, তাৰ পিছৰ পৰা আৰু তাই মূৰ উঠাই কথা কৈয়ে নাপালে ৷ এম কম ফাইনেল তাইৰ আৰু দিয়া নহ’ল ৷ দুয়ো একেলগে ফুৰাৰ সপোনো তথৈবচ ৷ সপৰিয়ালে মানে শাহু মাক, মোমায়েক মাহীয়েকৰ পৰিপালৰ বয়সীয়াল সদস্যখিনিক লৈ একেলগে মাকৰ কথামতে তীৰ্থ ভ্ৰমণলৈ লৈ যোৱাহে হ’ল ৷ গোটেই ফুৰা সময়খিনি তেখেতসকলৰ সেৱা-শুশ্ৰূষাতে গ’ল ৷ মহিলাখিনিৰ এটা কোঠা আৰু পুৰুষখিনিৰ এটা কোঠা লৈ থকাৰ ব্যৱস্থা কৰা হ’ল ৷ ইমানবোৰ মানুহৰ খৰচ তাইৰ গিৰিয়েকে বহন কৰিব লগীয়া হৈছে বাবে টকা বচোৱাটো জৰুৰী হৈ পৰিল ৷ তাই সেয়াও বুজি ল’লে ৷ সেই অভিজ্ঞতাৰ পিছত আৰু তাই ফুৰাৰ নাম নল’লে ৷ সকলোৰে পৰা ইমান সাদৰী বোৱাৰী হোৱা বাবে আশীৰ্বাদহে বহু পালে ৷ শাহুৱেকেও বুকু ফুলাই ক’লে তোমাৰ জীৱন এই আশীৰ্বাদেৰেই সুন্দৰ হ’ব চাবা ৷ এৰা তাইৰ জীৱন আশীৰ্বাদেৰে সুন্দৰ হ’ল ৷ বিয়াৰ সেই তিনিমাহ পিছতেই তাইৰ প্ৰথম সন্তানটো গৰ্ভলৈ আহিল ৷ ঘৰখন ব্যস্ত হৈ পৰিল ৷ তায়ো নিজক লৈ ব্যস্ত হোৱাৰ প্ৰয়োজন আহি পৰিল ৷ সেয়ে তাইৰ মানুহজনৰ লগত সন্ধিয়াৰ চিনেমাৰ শ্ব এটা প’পকন খাই খাই বাহুত মূৰ থৈ চোৱাৰ হেঁপাহটো, সন্ধিয়া দুয়ো গৈ পাৰ্কত অলপ বহি নিজৰ ভাল লগা, বেয়া লগাবোৰ পতাৰ হেঁপাহটো, কোনোবা নিশা অলপ উজাগৰি সময় বুকুত মূৰ থৈ গুণগুণাই গান গোৱাৰ হেঁপাহটো সেই ব্যস্ততাৰ বাবে মনৰ চন্দুকত তলা মাৰি তাই থৈ দিলে ৷ হওক এইবোৰৰ পৰা আজৰি হৈয়ো কৰিব পৰা যাব মনে বিচৰা কামবোৰ ৷ তাৰ পাছত আৰু জীৱনৰ আজৰি ক’ত ? প্ৰথমজনী ছোৱালীৰ তিনি বছৰ হওঁতেই দ্বিতীয় বাৰলৈ গৰ্ভধাৰণ কৰি ল’ৰাটো জন্ম দিলে ৷ ঘৰে বাহিৰে ল’ৰা জন্ম দিয়া মাকৰ আদৰ আগতকৈও বাঢ়ি গ’ল ৷ তাই যে সঁচাকৈয়ে লক্ষ্মী বোৱাৰী সকলোৱে আকৌ এবাৰ একেমুখে স্বীকাৰ কৰিলে ৷ ল’ৰা চাবলৈ আহিতো খুড়ী শাহুৱেকে কৈয়ে পেলালে

: এনে গাইৰ দৰে বোৱাৰী আজিৰ যুগত কেইজনী আছে অ’ ৷ নাই ওজৰ আপত্তি, নাই ডাঙৰ মাত ৷ সকলোতে সন্তুষ্ট তাই ৷ আৰু এতিয়া চা ল’ৰাৰ মাকো হোৱাৰ সৌভাগ্য হ’ল ৷ 

   ওচৰতে বহি থকা নন্দেক, শাহুৱেকহঁতে হাঁহি মাৰি শলাগিলে কথাখিনি ৷ কিন্তু কিয় জানো অনিন্দিতাৰ হাঁহিৰ ঠাইত দুখৰ চকু পানী বৈ আহিছিল সেই কথাত আৰু তাই ধৰা পৰিব বুলি লৰালৰিকৈ বাথৰুমলৈ গুচি গৈছিল ৷ তাই জীৱনত কেৱল গাইৰ দৰে বোৱাৰী হ’বলৈ বিচৰা নাছিল, সেয়ে তাইক মুখ ফুটাই ক’ব নোৱাৰা দুখটোৱে হেচি ধৰিছিল ৷ বিয়াৰ পিছৰে পৰা সময় নোপোৱাৰ অজুহাততে তাই মাকৰ ঘৰলৈ থকাকৈ যাবলৈ এৰিছিল ৷ কিবা এটা বুজাব নোৱাৰা অভিমানে তাইক মাকৰ ঘৰখনৰ পৰা আঁতৰাই আনিছিল ৷ বিয়াৰ পিছত নতুনতে তাই ঘৰৰ সাজ সজ্জাৰ অলপ সলনি কৰিব খুজি গিৰিয়েকক কৈছিল ৷ গিৰিয়েকে মাক আৰু ভনীয়েকক কথাটো কওঁতে তেওঁলোকে একেমুখে মানা কৰি কৈছিল সেয়া বাজে খৰচ কৰি কি লাভ ৷ টকা জমা কৰাত তিৰোতাৰ হাত বেছি হ’ব লাগে, খৰচত নহয় ৷ তাই সিদিনাও বুজিছিল তাইৰ ইয়াত একো নাই, মানে নিজৰ মতহীন তাই এটা ৰবট ৷ গৃহস্থই কৰা প্ৰগ্ৰেমিং মতে তাই কাম কৰি গ’লেই হ’ব ৷ 

   ঘৰখনত তেতিয়াও সকলো ক্ষেত্ৰতে ভনীয়েক দুজনীৰ পৰামৰ্শ খাটে, বৰ ভাল কথা, সিহঁতৰ মাকৰ ঘৰতো নিজৰ বুলি ঘৰ এখন তেতিয়াও আছে ৷ পিছে তাই ইমানেই দুৰ্কপলীয়া যে তাইৰ নিজৰ একো নাই ৷ তাই এটা বিৰাট শূন্য ৷ গিৰিয়েকে কোৱাৰ দৰে তাইৰ একোৰে অভাৱ নাই ৷ ইমান মৰমভৰা ঘৰখনক লৈ তাই সুখী হৈ থাকিব লাগে ৷ এৰা ঠিকেইতো ৷ কিমানৰ কপালত নোখোজাকৈয়ে সকলো আহি সন্মুখত পৰাৰ সৌভাগ্য আছে ৷ দুটা উপযুক্ত সন্তান তাইৰ ৷ কি লাগে আৰু জীৱনক ৷ কিহৰ এই বুকু খুলি খোৱা দুখৰ বোজা তাইৰ ! সিদিনা গিৰিয়েকে বৰ উৎসাহেৰে তাইক এখন নতুন ৰোমাণ্টিক চিনেমা চোৱাৰ বাবে লগ ধৰিছিল ৷ তাই একেকোবে মূৰৰ বিষ বুলি নাকচ কৰি দিছিল ৷ যেতিয়া মন ৰোমাঞ্চিত হৈ আছিল তেতিয়া কিয় এদিনলৈ তাইৰ সেই হেঁপাহক গিৰিয়েকে নুবুজিলে । সেই অভিমানে তাইৰ বুকুখন নধৰা কৰি ৰাখিছিল ৷ পঞ্চাশ, পচপন্ন কৈ ষাঠি বছৰীয়া হ’ল আৰু ইয়াৰ লগতে জীৱনৰ ছন্দ ক্ৰমে হেৰুৱাই গৈ থাকিল তাই ৷

   জন্মদিন বুলি প্ৰতি বছৰে গিৰিয়েকে অলেখ উপহাৰ তাইক দিছে, তাইৰ কি প্ৰয়োজন, কি অপ্ৰয়োজন একো নোসোধাকৈ কেৱল দিছে, হেঁপাহ নথকাকৈ প্ৰাপ্তি মূল্যহীন  ৷ কিন্তু এইবাৰ জন্মদিনত তাইক তেওঁ সুধিছিল কি বিচাৰে তাই ৷ তাই নিৰুত্তৰ হৈ ৰৈছিল বহু সময় ৷ গিৰিয়েকে পুনৰ সুধিছিল

: নক’লা যে অনি ! কি দিওঁ কোৱাচোন !

: মোৰ আধৰুৱা কামবোৰ, মোৰ আধৰুৱা সপোনবোৰ, মোৰ হেঁপাহবোৰ লৈ খোজ দি ৰৈ যোৱা মনৰ গতিটো ।এইবোৰ দিব পাৰিব নে আপুনি ? 

: ইমান হেঁপাহেৰে সুধিলোঁ আৰু তোমাৰ এয়া কটাক্ষপাত ৷ আমাৰ সুন্দৰ দিন এটা নষ্ট কৰিব খুজিছা নেকি অনি ?

: আপোনালোকৰ সুন্দৰ দিন ? আপোনালোকৰ হেঁপাহবোৰেইতো পূৰ কৰিলোঁ জীৱনৰ মূল্যবান সময়খিনিত ৷ আজি এটা সৰু হেঁপাহত আঘাত কৰোঁতেই আপোনাৰ ইমান কষ্ট ৷ মোৰ কথা ভাবি চাওক এবাৰ কিমান তেনে হেঁপাহৰ কবৰ মোৰ বুকুত ঠাহ খাই আছে ৷ সেই কবৰ খান্দি আৰু একো লাভ নাই জানো ৷ তাত মোৰ হেঁপাহৰ কংকালবোৰো মাটি হৈ গ’ল ৷ কিন্তু সেই কবৰস্থানখন মই জানো পাহৰোঁ বুলি পাহৰি চলিব পাৰিম ৷ 

: অনি বন্ধ কৰা তোমাৰ এই আবোলতাবোলবোৰ ৷ সঁচাকৈয়ে নাৰীক একোৰে সন্তুষ্ট কৰিব নোৱাৰি ৷ 

   কথাখিনি কৈয়ে গিৰিয়েক খঙেৰে ওলাই গ’ল ৷ সিদিনাৰ পিছত দুয়োৰে মাজত সকলোৱে দেখাকৈহে মাতবোল আছিল ৷ অকলশৰীয়া সময়ত মাতবোল বন্ধ আছিল ৷

   মেকআপলৈকে ৰৈ থকা অনিয়ে মনতে ভাবিলে নাৰীক নুবুজে বাবেই সকলোৱে সহজতে মন্তব্য কৰি দিব পাৰে ৷ নাৰীয়ে কি বিচাৰে বা কিমান বিচাৰে ? সামান্য অতি সামান্য ৷ বিচাৰে পৰিয়ালত নিজৰ এটা মতামত দিবলৈ, বিচাৰে নিজৰ পছন্দত ঘৰখন সজাবলৈ, বিচাৰে মুকলিকৈ জীৱনৰ কিছু নিজৰ সময় জীয়াবলৈ ৷ আচলতে এখন নিজৰ ঘৰ বিচৰাত বাদে আৰু নো কি বিচাৰে ৷ সেই মনে বিচৰাখিনি পালেই ঘৰখন নিজৰ হয় আৰু সেইখনত যিমান সাধন আছে সিমানতে স্বৰ্গপুৰি হয় নাৰীৰ ৷ তাইৰ ঘৰখনত কি সাধন নাই, সকলো আছে ৷ শাহুৱেক ঢুকাবৰ পৰা ঘৰখনৰ সমস্ততে তাইৰে অধিকাৰ ৷ নানান চকুত লগা বিদেশী আচবাবেৰে ঘৰখন ঠাহ খাই আছে ৷ বিদেশত দুয়ো সন্তানে উচ্চ শিক্ষা লৈ আহি স্বদেশত উচ্চ পদত অধিস্থিত হৈছে ৷ ইমানৰ পিছতো তাইৰ বুকুত মহাশূন্যৰ অন্ধকাৰ ৷ অৱশেষত তায়ে ভাবিবলৈ বাধ্য যে তায়ে চাগে সুখী হ’ব নজনা জীৱ ৷ এইবোৰ ভাবনাত বহি থাকোঁতে সৰু ল’ৰা প্ৰীত আহি তাইৰ কাষত ৰ’লহি আৰু ক’লে

: মা আহাঁচোন অলপ মোৰ লগত ৷ ৰূমটোত সোমাই কি ভাবি আছানো ? আজি তোমাৰ দিন আৰু তোমাৰ এই দিনটোতে তোমালৈ মোৰ এটা মৰমৰ উপহাৰ তোমাক দিম ৷

   তাই হাঁহি মাৰি নাই অ' আঁঠুৰ বিষটো বাঢ়ি বৰ আমনি দিছে, সেয়ে বহি আছোঁ বুলি কৈ তাৰ পাছে পাছে ওলাই গ’ল ৷ ড্ৰয়িং ৰূমত বহি আছে প্ৰীতৰ হ’ব লগীয়া জীৱন সঙ্গী স্নেহা আৰু তাইৰ পৰিয়াল ৷ তাই কোঠাত সোমাই চোফাত বহাৰ লগে লগে স্নেহাই আহি সেৱা কৰিলে ৷ ইতিমধ্যে নিশি মানে তাইৰ ডাঙৰ ছোৱালী আৰু গিৰিয়েক আলহীৰ লগত বহি আছে ৷ তেওঁলোকে স্নেহা আৰু প্ৰীতৰ বিয়াৰ কথা পাতি আছে  ৷ অনিন্দিতাই অলপ সময় মনে মনে শুনি থাকি আৰম্ভ কৰিলে

: স্নেহা এই ঘৰৰ বোৱাৰী, তাই এটা স্বকীয় ব্যক্তি সত্ত্বা ৷ তাইক উপহাৰ বুলি কৈ অপমান নকৰিবা প্ৰীত ৷ মোৰ ছোৱালীকো মই মুক্ত হৈ জীয়াবলৈ উৎসাহ দিছোঁ, যাৰ বাবে তাই এগৰাকী উচ্চ পদস্থ বিষয়া আজি ৷ তাইৰ জীৱনৰ প্ৰতিটো হেঁপাহ তাইৰ ধৰণে পূৰ কৰিব পৰাকৈ তাই মুক্ত ৷ বিয়াও তাই নিজৰ পছন্দত হ’ল ৷ আমাৰ ক’বলৈ একো নাই ৷ তাইৰ জীৱনত আমাৰ অধিকাৰ হিচাপে আমি একো চাপ দিয়া নাই ৷ এতিয়া বোৱাৰীৰ কথা আহি পৰিল ৷ তাইকো মই আমাৰ অধিকাৰৰ পৰা চাপমুক্ত হৈ জীয়াই থাকিবলৈ উৎসাহিত কৰি যাম ৷ বিয়াৰ পিছত পৰিয়ালৰ এটা হোৱাটো বাঞ্ছা কৰোঁ, কিন্তু পৰিয়ালৰ বাবেই উৎসৰ্গিত হোৱাটো মুঠেই কামনা নকৰোঁ ৷ নিজৰ অস্তিত্বক ধৰি ৰাখিও পৰিয়ালৰ এজন হ’ব পাৰি, যিদৰে মোৰ স্বামী, মোৰ ল’ৰা বা স্নেহাৰ দেউতাক হৈ আছা ৷ পৰিয়ালৰ বাবে সমৰ্পিত হ’বা স্নেহা, কিন্তু উৎসৰ্গিত মুঠেও নহ’বা ৷ উপহাৰ নহ’বা, হ’বা স্নেহা নামৰ একক সত্ত্বা এটা ।

   সকলোৱে অবাক হৈ সচাৰচৰ কম কথা কোৱা মানুহজনীৰ মুখত ইমান কথা শুনিলে ৷ স্নেহাৰ মাকে আহি কিবা এটা বুজাব নোৱাৰা আনন্দত অনিন্দিতাক সাবটি ধৰিলে ৷ অনিন্দিতাই সিদিনা জীৱনৰ প্ৰথমবাৰলৈ নিজৰ পৰিয়ালত মতামত সাহসেৰে দিলে ৷ বুকুৰ মাজত থকা বহুদিনীয়া কবৰটো লাহে লাহে সেই সময়তে তাইৰ বুকুত যেন বিলীন হৈ গ’ল ৷ অনিন্দিতাই খুব গহীন হৈ বহাৰ পৰা উঠিল আৰু ক’লে

: মোৰ মেকআপৰ সময় পাৰ হৈয়ে গ’লচোন, ব’লা ৷ আজিৰ পৰা ময়ো মোৰ মনৰ হেঁপাহেৰে জীৱনটো সজাবলৈ আৰম্ভ কৰিম ৷ দেউতাৰা আৰু মোৰ পৰিয়ালৰ দায়িত্ব মোটামুটি শেষ ৷ আমি অলপ অকলশৰীয়া কৈ জীৱনটো উদযাপন কৰিম ৷ অলপ দুয়ো দুয়োৰে লগত সময় কটাম, নীৰৱে সাগৰৰ ঢৌ শুনিম, দুখনমান ৰোমাণ্টিক চিনেমা চাম ৷ জীৱনৰ সময় কমি আহিছে, অলপ জীয়াই লম বুজিছা ৷ আমাক তোমালোকৰ সৰু সৰু সমস্যাবোৰত ভাগিদাৰী নকৰিবা আৰু ৷ 

    মেকআপ নকৰাকৈয়ে সেই সময়ত অনিন্দিতাৰ মুখখন সাংঘাতিক সুন্দৰ আৰু উজ্জ্বল দেখিছিল গিৰিয়েকে ৷ আৰু মনতে সেই উজ্জ্বলতা জীয়াই থকালৈ ধৰি ৰাখিবলৈ ঠিৰাং কৰি তাইলৈ ৰ’ লাগি চাই ৰ’ল ৷ সেই চাৱনিত অনিন্দিতাৰ বুকুত বাজি উঠিল সেই সুমধুৰ গীতৰ কলিটি “আকাশী গঙ্গা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত এষাৰ...” ৷

   সেই সময়ত সকলোৰে চকু পৰিছিল সিহঁতৰ অশ্ৰুসিক্ত দুনয়নলৈ ৷ ক্ষন্তেকতে যেন খহি পৰিছিল দুয়োৰে মান অভিমানৰ প্ৰাচীৰখন। দুয়োৰে সিক্ত দুনয়নে ক্ষন্তেকতে যেন বহু কথা পাতি পেলালে ৷ গিৰিয়েকৰ দুচকুৰ সিক্ততাত আছিল অপৰাধবোধ, ক্ষমা প্ৰাৰ্থনা আৰু প্ৰথম বাৰলৈ তাইলৈ জাগি উঠা গভীৰ মৰমৰ আত্মপ্ৰকাশ আৰু তাইৰ...
তাইৰ সিক্ত দুনয়নত আছিল জীৱনত হেৰুৱাই পেলোৱা বহু হেঁপাহৰ পুনৰ জাগৰণ ৷ সেই জাগৰণ যৌৱনোচ্ছল নাছিল যদিও আছিল নিজৰ অস্তিত্বৰ যুদ্ধত জয়ী হোৱাৰ প্ৰাণোচ্ছল প্ৰৌঢ়া মনৰ আনন্দৰ এসাগৰ।

   ধৈৰ্য্যৰ বান্ধ জীৱনৰ অটল বান্ধ ৷ সেই বান্ধেৰে মনক বান্ধি ল’ব জনাটোৱে জীৱনক জীয়ন দিয়াৰ কৌশল ৷

পৃষ্ঠা ৪৪

কৰুণাধৰ

হিৰণ ভূঞা

     হস্পিতালৰ খোলা খিৰিকীখনেৰে কৰুণাধৰে ৰাতিৰ আকাশখন চাই আছিল। জোনাকে ধুই যোৱা নীলা আকাশ চালে চাই থাকিবৰ মন যায়, কেৱল নীলা আৰু নীলা। সীমাহীন এক তৃপ্তি। ঈশ্বৰৰ এই বিনন্দীয়া সৃষ্টিত পৃথিৱী গ্ৰহটোও এটা। কিন্তু বৰ্তমান পৃথিৱীখনৰ কোনো এটা কোণ নাই, য'ত শান্তি - সুখ বোলা অনুভূতিটো পোৱা যায়। কিহৰ বাবে এনেকুৱা হয় ! পৃথিৱীবাসীয়ে নিজৰ স্বাৰ্থত প্ৰকৃতিক এফালৰ পৰা ধ্বংস কৰি গৈছে। প্ৰকৃতিৰো কিছুমান নিয়ম আছে, সেই নিয়ম মানুহ জাতিয়ে যদি নিজৰ বল - বুদ্ধিৰে শাসন, শোষণ কৰিব বিচাৰে প্ৰকৃতিয়ে কি সহি থাকিব ? সেইবাবে ভগৱানৰ সৃষ্টিৰ নিয়ম অনুযায়ী প্ৰকৃতিয়ে তাৰ ধ্বংস ৰূপ দেখাব ধৰিছে। যাৰ বিধ্বংসী ৰূপক নিয়ন্ত্ৰণ কৰা মানুহৰ জ্ঞানৰ বাহিৰত। হয়তো এইটো ঈশ্বৰৰ ইচ্ছা। পুৰণি হৈ যোৱা, ক্ষয় হোৱা বস্তু এটা নতুন কৰাৰ বৃথা চেষ্টা কৰাতকৈ নতুনকৈ এটা সজোৱাতো উচিত বা বুদ্ধিমানৰ কাম হ'ব। কৰুণাধৰে একান্ত মনে নিৰ্মল আকাশখন চাই চাই কথাবোৰ নিজৰ মনতে পাগুলি আছিল। ঈশ্বৰৰ ডাঙৰ সৰু সৃষ্টিৰ ভিতৰত সিয়ো এটা সৃষ্টি। ভগৱানে তাৰ কি পাপৰ বাবে এই শাস্তি দিছে সি ক'ব নোৱাৰে। এই জীৱনটোত জনা হ'বৰ দিন ধৰি কাৰো একো অন্যায় কৰা নাই। বেয়া ভবা নাই। দেউতাকে তাক কৈছিল, কাৰো অন্যায় নাভাবিবি ।সদায় সত্যত থাকি নিজৰ কাম কৰি যাবি। পাৰিলে সহায় কৰিবি কিন্তু কাৰো অন্যায় নকৰিবি। ভগৱানৰ খাতাত কৰ্মফলৰ হিচাপ লিখি ৰাখে। কথাবোৰ ভাল - বেয়া বুজিবলৈ চেষ্টা কৰা নাছিল। যদিও সেই বাক্য কেইশাৰী সদায় মানি চলিছিল। দেউতাকে চকু মুদাও বহু বছৰ হ'ল। সি ক্লাচ নাইনত থাকোতেই। তেতিয়া সি চৌধ্য বছৰীয়া ল'ৰা। মাক, সি আৰু সৰু ভায়েক। এই তিনি প্ৰাণীৰে এখন মৰম লগা সংসাৰ। দেউতাৰ মৃত্যুৰ পিছত মাকৰ আপডাল কৰা ভায়েকৰ দায়িত্ব সি তাৰ কৰ্তব্য বুলি কৰি গৈছিল। আৰ্থিক অৱস্থা বেয়া নাছিল বাবে ঠিকে ঠাকে জীৱন পৰিচালিত হৈছিল। নাবিক নোহোৱা নাওৰ দৰে সিহঁতৰ অৱস্থা হৈছিল। মাক আগৰ পৰাই বহুত বেমাৰী আছিল। মাহটোৰ সাত দিনহে ভালে থাকে , বাকী কেইদিন বিছনাত । সেইবাবে সি পাকঘৰৰ পৰা বজাৰলৈ সকলো কামকে কৰিব লগীয়া হৈছিল। তাৰ মাজতে স্কুললৈ যাব লাগিছিল। সি স্কুল ক্ষতি নকৰিছিল। কিন্তু শ্ৰেণী কোঠাত বৰকৈ মন নবহিছিল। কাৰণ ঘৰত ৰুগীয়া মাকক অকলে এৰি থৈ আহিছে। অসুখীয়া মানুহগৰাকীয়ে অকলে অকলে কিবা কৰি আছে ! সময় পালে কান্দি কান্দি নিজকে অত্যাচাৰ কৰে। সি মাকক বৰ মৰম কৰে। বৰ ভাল পায় মাকক। মাকৰ শৰীৰ ভালে থকাত সিহঁতৰ লগত ক্ৰিকেট, বেডমিণ্টন খেলিছিলে। বৰ ধুনীয়াকৈ চট দিব পাৰিছিল। কলেজৰ শেষ বৰ্ষলৈকে মাকে হেনো দৌৰ, জাম্প, বেডমিণ্টন খেলিছিল। সন্ধিয়া হ'লে সদায় নতুন নতুন কিবা বনাই সিহঁতক খুৱাইছিল। দেউতাককো মাকে বৰ মৰম কৰিছিল। অফিচৰ পৰা আহি ভিতৰ সোমোৱাৰ লগে লগে পানী এগিলাচ আনি দিব। দেউতাকেও হাত ভৰি ধুই কাপোৰ সলাই ডাইনিং টেবুলৰ চকীত বহিব আৰু মাকক মাতিব। মাকে আহি কাষ পোৱাৰ লগে লগে ক'ব মোৰ মূৰটো ইমান কামুৰিছে! মাকে মুখেৰে একো নকৈ দেউতাকৰ পিছফালে থিয় হৈ দেউতাকৰ মূৰত হাত দিব, লাহে লাহে মূৰটো, কপালখন পিটিকি দিব । দেউতাকে মাকৰ বুকুখনত মূৰটো লগাই দিনটোৰ ভাগৰ পলুৱাই। দেউতাক - মাকৰ এই দিয়া লোৱাৰ সময়ত সিহঁতে বাহিৰত খেলি থাকিবলগীয়া হয়। সেই সময়খিনি সম্পূৰ্ণভাবে তেখেতসকলৰ আছিল। ইমান মৰম - স্নেহ, সুস্থ পৰিবেশৰ ঘৰখনত শনিৰ কোপ দৃষ্টি পৰিল। সিহঁতৰ সুখৰ ঘৰত জুই জ্বলিল। এদিন অফিচৰ পৰা ওভোতাৰ সময়ত বালি কঢ়িওৱা ট্ৰাক এখনে পিছফালৰ পৰা দেউতাকৰ স্কুটাৰত খুন্দা মাৰে। দেউতাক তাতে বাগৰি পৰে আৰু অজ্ঞান হৈ যায়। জি এম চিত ভৰ্তি কৰোৱা হ'ল কিন্তু দেউতাকে জ্ঞান ঘুৰাই নাপালে। দেউতাক ঢুকোৱাৰ পিছৰ পৰা মাকজনী মন মাৰি থকা হ'ল। সময় সুবিধা পালেই কান্দি থাকে। তাৰ লগে লগে আগৰ পৰা থকা গাৰ বিষটো বেছি হ'বলৈ ধৰিলে। লাহে লাহে বিছনা এৰিব নোৱাৰা হৈ আহিছে। তথাপি সি আৰু ভায়েকে বিছনাতে মাকৰ লগত লুডু, তাইনিচেকাৰ খেলে । কেতিয়াবা কেতিয়াবা শব্দ বনোৱাও খেলিছিল। কিন্তু সি ক'ব নোৱাৰে দেউতাক ঢুকোৱৰ পিছত মাক ইমান কিয় অকলশৰীয়া হৈ গ'ল। সিহঁত দুয়োতো আছেই। পৰিয়ালৰ মানুহ, বন্ধু - বান্ধৱ সকলো আগৰ দৰেই আছে তথাপি মাকে কি অসুবিধাত পৰিছে। একেবাৰে নিজৰ এটা দুখৰ সঁজা বনাই তাতে সোমাই থাকে। তাৰ পৰা উলিয়াই আনিব খুজিলেও কেতিয়াও নাহে। কিয় এনেকুৱা হ'ল সি ভাবি নাপায়। এদিন সি মাকক সুধিছিল, মাকে কৈছিল সময়ত বুজি পাবা বাবা। আজি তাৰ মাকলৈ বৰকৈ মনত পৰিছে। এতিয়া মাকে কিবা কৰি আছে! সি হস্পিতালত অহাৰ পৰা সৰু ভায়েকটোৰ কষ্টৰ পাৰ নহোৱা হৈছে। ঘৰত মাকক চাব লাগে আৰু বাকী ঘৰখনৰ যাবতীয় কামবোৰ, লগতে পঢ়া শুনা। এইবাৰ সি মেট্ৰিক পৰীক্ষা দিব। পঢ়াত সি ভাল, বুদ্ধি চোকা। কিন্তু সি কি পৰিস্থিতিৰ সন্মুখীন হৈছে সিহে জানে। পৰম পিতাই তাক সকলো পৰিস্থিতি আয়ত্ব কৰি ধৰ্য্য ধৰি পঢ়া শুনা কৰিবলৈ শক্তি দিয়ক। সিয়ো অসহায়, হস্পিতালত পৰি থাকিবলগীয়া হৈছে। নিয়তিৰ কি নিষ্ঠুৰ লীলা। সি জনা হোৱাৰ পৰা কেতিয়াও কাকো অন্যায় কৰা নাই। টানকৈ মাত এষাৰো দি পোৱা নাই। কাৰোবাক বেয়া পাইছে মাত - বোল কৰা নাই কিন্তু অপকাৰ কৰা নাই। সদায় সন্মুখত অহা কৰ্তব্য কৰি আহিছে। কিন্তু কিয় এই শাস্তি ? বৰ কষ্টকৰ, অসহনীয়। প্ৰথমতে তাৰ দাঁত কেইটা কুটকুটাই আছিল। ঠাণ্ডা পানী লগালেই শিৰশিৰাই। তাৰ পিছত ব্ৰাছ কৰিলেও বিষ অনুভৱ কৰা হ'ল। সি ডাক্তৰক দেখুৱালে, কিছুদিন কমি থাকিল। তাৰ পিছত মুখত ঘা হ'ল। হোমিঅ, এলোপেথিক কিমান ঔষধ খালে কিন্তু ঘা ডোখৰ নকমে হে নকমে। ক্ৰমান্বয়ে ঘা ডোখৰ বাঢ়ি গৈ সমগ্ৰ মুখগহ্বৰতে বিয়পি গ'ল। এটা সময়ত তাৰ মুখত যে কেন্সাৰ হৈছে তাক জানিব পাৰিলে। ডাক্তৰৰ মুখে তাৰ কেন্সাৰ হোৱাটো জানি তাৰ ভৰিৰ তলৰ মাটি খহি পৰিছিল। তাৰ নিজৰ বাবে নহয়, মাক আৰু সৰু ভায়েকৰ চিন্তাই তাক বিহ্বল কৰি তুলিছিল। হে, প্ৰভু! বাচি বাচি আমাৰ ঘৰখনহে পালা নে ? সি অবিহনে এই দুই প্ৰাণী কেনেকৈ চলিব! দেউতাকৰ মৃত্যুৰ সময়ত মাকৰ অৱস্থা দেখি আইতা এজনীয়ে বুজাইছিল যে ভগৱানে ভক্তৰ ধৈৰ্য্য পৰীক্ষা কৰে। জীৱনত পোৱা ঘাত প্ৰতিঘাতত বিচলিত নহৈ ভগৱানৰ প্ৰতি অটল ভক্তিত নিজৰ জীৱন সুন্দৰকৈ জীয়াব পাৰে নে নোৱাৰে। তেখেতে কৈছিল যে ৰান্ধনীয়ে যেনেকৈ কম থকা বটলত বা টেমাটোৰ বস্তু আগতে শেষ কৰিব বিচাৰে তেনেকৈ ভগৱানে যাৰ  ঘৰত কম সংখ্যা তাৰ ঘৰৰ পৰাহে তেওঁৰ কাষলৈ লৈ যায়। মৃত্যুনো কি ? আত্মা অমৰ। এটা শৰীৰ এৰি অন্য এটা শৰীৰত বাস কৰিব। সেইবাবে যোৱা জনৰ বাবে ইমান দুখ কৰিব  নালাগে। থকা কেইজনৰ দায়িত্ব পালন কৰাটো সংসাৰ ধৰ্ম। কৰ্মৰ সমষ্টি হ'ল জীৱন। কিয় জানো আজি তাৰ সেই আইতাজনীলৈ বৰকৈ মনত পৰিছে। আইতাজনীয়ে কোৱা কথাখিনিকে সৰোগত কৰি দেউতাক ঢুকোৱাৰ পিছত তাৰ জীৱনটো চলাই নিছে। অৱশ্যে মাকে আজিও নিজক চম্ভালিব পৰা নাই। তাৰ কাৰণ সি নাজানে। কিছুমান মানুহৰ আত্মবল কম থাকে। মাকো সেই শ্ৰেণীত পৰে। মুখমণ্ডলত এটা তীব্ৰ যন্ত্ৰণা অনুভৱ কৰিছে। কি কৰিব ? তিলতিলকৈ নিজৰ শেষ মুহূৰ্তলৈকে বাট চাই আছে। অন্য উপায় নাই। সামান্য মুখৰ ঘাডোখৰে প্ৰাণঘাটক বেমাৰৰ বীজাণু কঢ়িয়াই ফুৰিছিল সি ভবাই নাছিল। হস্পিতালত থকা সাত মাহ হ'ল। প্ৰথমে মুখৰ ঘা, তাৰ পিছত ক্ৰমান্বয়ে গোটেই মুখমণ্ডলত বিয়পিছে। তাক দেখিলে ডাক্তৰ নাৰ্চ সকলোৰে দুখ লাগে (হয়তো শিয়ৰি উঠে) সেইবাবে সি তাৰ দৈনিক ড্ৰেছিং, নিজেই কৰি লয়। গোটেই মুখমণ্ডলত বেণ্ডেজ বান্ধি থয়। মাত্ৰ চকুকেইটা ওলাই থাকে। সি আজিলৈকে কাকো চকুৱে চকুৱে চোৱা নাই। ভয় হয় কিজানিবা কৰুণাৰ পাত্ৰ হয়! যিহেতু তাৰ মৃত্যু অনিৰ্বায্য সেইবাবে নিজৰ যন্ত্ৰণা পাহৰি হস্পিতালত থকা অন্য কেঞ্চাৰ বেমাৰি বিলাকক শুশ্ৰূষা কৰে। চেষ্টা কৰে তেওঁলোকৰ কষ্ট অলপ হ'লেও কমাবলৈ। তেওঁলোকৰ দুখত সমভোগী হ'বলৈ। সেই সৰু ল'ৰাটো ইয়ালৈ মাত্ৰ সাত দিনলৈ আহিছিল। অকমান ল'ৰা তথাপি সি কিবা বুজি পাইছিল তাৰ যে যাবৰ হৈছে। হাতেৰে কাষলৈ মাতি নি কৈছিল - - মামা মই মৰিলে মায়ে বৰ কান্দিব। মানা কৰিব। মই আকৌ আহিম মাৰ সন্তান হৈ। তাৰ কথা শুনি মাকজনীয়ে যে হুকহুকাই কান্দিছিল। জীৱনলৈ  কিছুমান পৰিস্থিতি আহে য'ত সাধাৰণ মানুহে কন্দাৰ বাহিৰে একো কৰিব নোৱাৰে। ভগৱানৰ পিছতে ডাক্তৰৰ স্থান। যেতিয়া ডাক্তৰে কয় আমাৰ হাতত আৰু একো নাই। যিখিনি পাৰিলো কৰিলোঁ, ভগৱানক প্ৰাৰ্থনা কৰক, তেখেতৰ হাততে সকলো । সেই সময়ত ৰোগীৰ অসহায় পৰিয়ালৰ বুকুভঙা কান্দোনক বাদ দি একো উপায় নাথাকে। অন্য অসুখৰ কথা বেলেগ কিন্তু কেঞ্চাৰ বেমাৰত ৰোগীয়ে স্বয়ং অনুভৱ কৰে তেওঁৰ মৃত্যু সন্মুখত। প্ৰতিটো ক্ষণ জীয়াই থকাৰ আকাংক্ষা, অসহ্য যন্ত্ৰণাৰ পিছতো আতুৰ চকুযুৰিয়ে কয় মই জীয়াই থাকিব বিচাৰোঁ। মোক শুশ্ৰূষা কৰা। মই আগৰ দৰে হ'ম সুস্থ হ'ম, চলিফুৰি থাকিম । বৰ কষ্টকৰ, অসহনীয় পৰিস্থিতি ।ৰোগী আৰু তেওঁৰ পৰিয়াল, দুয়ো সৰ্বশ্ৰান্ত হয়, ৰোগী শাৰীৰিক, মানসিক আৰু পৰিয়ালটো হয় মানসিক আৰু আৰ্থিক। কেঞ্চাৰ মানে ধ্বংস হোৱা বিনাশ আৰু নিঃশেষ। পুৱাৰ পৰা কৰুণাধৰৰ শৰীৰ ভাল নহয় ।সি উঠি যাব পৰা নাই। ডাক্তৰে ৰুটিন চেক্আপ কৰি গ'ল। নাৰ্চে চেনাইল এটা লগাই দিলে। সদায় অহা পূজাৰী জনে তাক ফুল এটা দি কপালত চন্দনৰ ফোঁট এটা দি গ'ল। সি কোনো দিনেই পূজাৰীজনলৈ  চোৱা নাছিল। কিন্তু সেইদিনা প্ৰাণ ভিক্ষাৰে বৰ কৰুণ ভাৱে কাতৰতাৰে চাইছিল। হয়টো এয়ে শেষ দেখা বুলি! পূজাৰীয়ে কমণ্ডলুৰ পৰা গংগাৰ পবিত্ৰ পানী তাৰ গালৈ চতিয়াই দিলে। মূৰত হাত ফুৰাই দিলে। সি অনুভৱ কৰিলে দেউতাকৰ হাতৰ স্পৰ্শ । দুচকুৰে পানী বৈ আহিল। সি মনেৰে মা মা বুলি মাতিলে কিন্তু শব্দ ফুটি নুঠিল। তাৰ চকুত মাত্ৰ মাকৰ ছবিখন ঘুৰি থাকিল...

মুম্বাই               

পৃষ্ঠা ৪৫

অনুবাদ গল্পঃ

মই যদি ধনীমানুহ হ'লোহেঁতেন

মূল -- উইল ডুৰান্ট 
অনুবাদ -- চাণক্য চিৰাং 
                  

" মই যদি ধনীমানুহ হ'লোহেঁ‌তেন তেন্তে মই বহুতো কিতাপ কিনি মোৰ নিজৰ কাৰণে এটা ডাঙৰ পুথিভঁ‌ৰাল সাজিলোহেঁ‌তেন । কিতাপবোৰ মই ইমান সুন্দৰকৈ বন্ধাই ললোহেঁ‌তেন , যাতে সিহঁতৰ চেহেৰা দেখিলেই মোৰ চকুত আনন্দৰ জেউতি বিৰিঙি উঠে আৰু সিহঁতক চুইও ভাল লাগে । কিতাপবোৰৰ কাগজবোৰ হ'লহেঁ‌তেন দামী আৰু আখৰবোৰ সহজে পঢ়িব পৰাকৈ ডাঙৰ । কিতাপবোৰেই মোৰ দেৱতা ! সেই দেৱতা সকলক মই পিন্ধালোহেঁ‌তেন সোণচৰোৱা দামী চামৰাৰ সাজ  ! ৰাতি কিতাপবোৰৰ সন্মুখত শাৰী শাৰীকৈ মমবাতি জ্বলালোহেঁ‌তেন আৰু সিহঁতৰ নাম জপ কৰিলোহেঁ‌তেন ৰুদ্ৰাক্ষৰ মালাৰ দৰে ! মই মোৰ পুথিভঁ‌ৰালটো আন্ধাৰ শীতল আৰু আহল- বহল কৰিলোহেঁ‌তেন , বাহিৰৰ অবাঞ্ছিত শব্দ আৰু দৃশ্য তাত প্ৰৱেশ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিলোহেঁ‌তেন । কোঠাটোত থাকিলেহেঁ‌তেন কেইবাখনো আৰাম দায়ক চকী -- যাতে চকীকেইখন দেখিলেই তাত বহি চিন্তা কৰিবলৈ আৰু ধ্যান কৰিবলৈ মন যায় । পুথিভঁ‌ৰালটোৰ বিভিন্ন অংশ পোহৰ কৰিবলৈ মই ঢাকনি লগোৱা লেম্পৰ ব্যৱস্থা কৰিলোহেঁ‌তেন ! বেৰৰ প্ৰতি আঙুল ঠাই ঢাকি ৰাখিলহেঁ‌তেন শাৰী শাৰী কিতাপবোৰে । যিবোৰৰ মাজত সঞ্চিত হৈ আছে যুগ যুগৰ পুঞ্জীভূত জ্ঞান । আৰু এনেকৈয়ে সজাই লোৱা পুথিভঁ‌ৰালটোলৈ মোৰ হাত দুখনে আৰু মোৰ হৃদয়ে দিন- ৰাতিৰ যিকোনো সময়তে নিয়ন্ত্ৰণ কৰিলেহঁ‌তেন মোৰ বন্ধু সকলক --- যদিহে তেওঁলোকৰ হাতবোৰ পৰিষ্কাৰ আৰু আত্মজ্ঞানৰ ক্ষুধাত কাতৰ " !    

   বঙাইগাওঁ‌  অসম  


পৃষ্ঠা ৪৬
শেষ পৃষ্ঠাৰ লেখাঃ


ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানঃ বোকা আৰু অন্যান্য

ৰঙালী মানেই উৰণীয়া মন, মনপৰশা বিহু গীত, হুঁচৰি দল, নাচনী, ঢোলীয়া, পেঁপা, গগনা, বাঁহী, সুতুলী, আনন্দত মতলীয়া হোৱা হৃদয়, শিল্পীয়ে সজায় তোলা বিহু মঞ্চ ইত্যাদি। সাম্প্ৰতিক সময়ত আমি বছৰৰ বিহুটিক এনেকৈয়ে চাবলৈ শিকিব লগা হৈছে। নিসন্দেহে সময়ৰ চকৰিত উঠি বিহুৱে বহু ৰূপ ধৰিলে ও এৰিলে। ই স্বাভাৱিক প্ৰক্ৰিয়া। ইয়াক আমি মানি ল'বলৈ বাধ্য। কিন্তু পৰিবৰ্তনৰ নামত সংগতি বিহীন কিছুমান ব্যৱস্থা, কৰ্যকলাপক আমি কেনেকৈ মানি ল'ম ?
              সিদিনা ফেচবুক খুলি চাওঁতে শ্ৰদ্ধাৰ হেমা চৌধাৰী গগৈ বাইদেউৰ প্ৰফাইলত এটা পোষ্ট পালো। " ৰঙালী বিহুৰ মঞ্চত বোকাৰ সংস্কৃতিক ইমানতে এৰিব লাগে। নহ'লে ই গোঁজেই-গজালি হ'ব" সংক্ষেপতে কথাটো এনে ধৰণৰ আছিল। কথাটোৱে মোক চিন্তিত কৰিলে। ফলত উৎসটো বিচাৰি YouTube খুচৰিলোঁ। YouTube ত যেতিয়া চেপনৰ বিহু মঞ্চৰ এই কথাটো গম পালো তেতিয়াই অলপ লিখিবলৈ মন গ'ল আৰু আমাৰ নিজৰ আলোচনীৰ নিয়মীয়া শিতান শেষ পৃষ্ঠাত বিষয়টোৰ ওপৰত লিখিবলৈ মন কৰিলোঁ।
               কথা হ'ল সঙ্গীত শিল্পী সকলে যেতিয়া শ্ৰোতাৰ মনেধৰা গীত পৰিবেশন কৰে তেতিয়াই শ্ৰোতাই গীতৰ তালে তালে নৃত্য কৰি শিল্পী জনকো প্ৰেৰণা যোগায়। যিটো স্বাভাৱিক কথা আৰু এনে দৰে এটি সুন্দৰ পৰিবেশ পালেহে শিল্পী সকলেও অনুষ্ঠান কৰি ভাল পায়। কিন্তু এই প্ৰেৰণা দিয়া প্ৰক্ৰিয়াটোৱে যেতিয়া বিকৃত ৰূপ ল'য় তেতিয়া তাক উশৃংখল বুলি ক'বলৈ বৌধিক মহলটো বাধ্য হৈ পৰে। আৰু অনুষ্ঠানবোৰ কঠোৰ সমালোচনাৰ সন্মুখিন হ'ব লগা হয়। সাম্প্ৰতিক সময়ত চেপনৰ বিহু কমিটিয়ে সংযোগ কৰা এই বোকা সংস্কৃতিও উশৃংখল বুলিয়ে ক'ব লাগিব। কাৰণ আজিলৈকে এনে এটা ধাৰা আমি বিহুৰ অনুষ্ঠানত দেখা নাই। গতিকে এই বিশেষ কাৰ্যভাগৰ আৰম্ভণি কিয় কৰিলে, ক'ৰ পৰা আহিল ইয়াৰ উৎপতিৰ উৎস আমি কথাটো নুবুজিলোঁ। আমি অতীতৰ পৰা বৰ্তমানলৈ যিমান দেখিছোঁ বিহুৰ সন্মিলন বা প্ৰতিযোগিতা আৰু ৰাতিলৈ আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত সৰু বৰ সকলো শিল্পীৰে এটি শিল্পী সত্তাহে দেখিছোঁ। যিটো আমাৰ হৃদয়ত স্থায়ী ভাবে ৰৈ যোৱা এটা স্বাভাৱিক দৃশ্য। কিন্তু বিহু মঞ্চৰ এই নৱতম সংযোজনক আমি কেনেদৰে গ্ৰহণ কৰিম। আমাৰ সংস্কৃতিৰ সম্পূৰ্ণ বাহিৰৰ এটা ভাগক আমি কেনেকৈ আদৰি লওঁ। আমাৰ বিহু সংস্কৃতি বা অসমীয়া লোকসংস্কৃতিৰ কোনো এটা ধাৰাতেই এই বোকা সংস্কৃতি নাই। তেন্তে ই বিহু মঞ্চত ঠাই পালে কেনেকৈ ?  সেয়ে এই বিষয়টো সংযোজন কৰা বিহু মঞ্চৰ কমিটি খনে বিষয়টো গভীৰ ভাৱে বিশ্লেষণ কৰি এটা উচ্চিত সিদ্ধান্ত ল'ব বুলি আমি আশা কৰিলোঁ।
           আকৌ বিভিন্ন বিহু অনুষ্ঠানত নৃত্য গীতৰ নামত হোৱা উশৃংখলতা, উগ্ৰতা, উপদ্ৰপ, আদিৰ দৰে কাৰ্যবোৰে অনুষ্ঠানবোৰলৈ দুনাম কঢ়িয়াই আনে। যিহেতু বৰ্তমান সময় হৈছে প্ৰচুৰ পৰিমানে সামাজিক মাধ্যমৰ ওপৰত ভৰসা কৰা সময়। ঘটনাবোৰ খুব কম সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আৰু লগে লগে তাক বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰে। গতিকে এনে কৰ্ম কাণ্ডই বিশ্ববাসীৰ মনত আমাৰ অনুষ্ঠানবোৰৰ প্ৰতি কেনেধৰণৰ ভাৱধাৰা সৃষ্টি কৰিব পাৰে সি সহজেই অনুমান কৰিব পাৰি। সেয়ে আমি বিহু কমিটিৰ লগতে দৰ্শকসকলো সাবধান হ'বৰ হ'ল। বিশ্ব দৰবাৰত আমি আমাৰ এখন সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিব পাৰিলেহে আমি গৌৰৱ কৰিব পাৰিম। অন্যথা অনাগত দিনত আমাৰ অনুষ্ঠানক লৈ অন্যান্য ৰাজ্য বা দেশৰ লোক সকলে ইতিকিং কৰিবলৈ সুবিধা পাব। সকলো জাতিৰ কৃষ্টি সংস্কৃতিৰেই এটা নিজস্বতা থাকে। তাক ধৰি ৰাখি আধুনিকতাৰ ৰহন সানি সুন্দৰতকৈ সুন্দৰ কৰি তুলিব পৰাটোহে প্ৰকৃতাৰ্থত জাতিটোৰ কৰ্ণধাৰ সকলৰ বাবে গৌৰৱৰ বিষয় হ'ব লাগে। অপসংস্কৃতিয়ে সংস্কৃতিৰ সহজ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ গৈ নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰাতকৈ পৰম্পৰাগত অৱস্থাতে থাকি নৱপ্ৰজন্মক উৎসাহিত কৰাটোহে অগ্ৰজ সকলৰ লক্ষ্য হোৱা উচিত।
            শেষত ক'ব বিচাৰোঁ যে জাতিৰ মৰ্যদা আৰু বিহুৰ স্বক্ৰিয়তা ৰক্ষা কৰি অনুস্থিত কৰা অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ পৰিচয় দাঙি ধৰোঁ আহক। তেতিয়াহে আমি আমাৰ সংস্কৃতিক প্ৰকৃত সন্মান প্ৰদান কৰাটো বুজাব।


মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন


পৃষ্ঠা ৪৭






Post a Comment

0 Comments