অঙ্গনঃ দ্বিতীয় বছৰ (২২ সংখ্যা)


পৃষ্ঠাঃ ২
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক বসন্ত বিশেষ সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
30 এপ্ৰিল, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে হে সাহিত্য প্ৰেমি শব্দৰ সাধক সকল। জয় জয়তে অঙ্গনৰ পৰিয়ালৰ প্ৰণিপাত গ্ৰহণ কৰিব। আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু হীন-দেৰি হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্ত থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 
            
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন


পৃষ্ঠাঃ ৩

বিশেষ কৃতজ্ঞতাঃ

অঙ্গন 

ৰাজলক্ষ্মী বৰঠাকুৰ

অঙ্গন, তুমি হোৱা উদিত সূর্য্য
নৱযুগৰ নৱআলোকেৰে চিৰ জ্যোতিষ্মান কৰা 
সেউজীয়া ধৰণীখন, 
দেশে দেশে, প্রান্তৰে প্রান্তৰে, বিন্দুৰ পৰা  সিন্ধু লৈ 
আগুৱাই নিয়া তোমাৰ জয় যাত্রা , 
জীপাল কৰি তোলা তোমাৰ সৃষ্টিৰ পথাৰ খনি 
ন-ন সৃষ্টিৰে নতুন পুৰুষক আগবঢ়াই দিয়া 
তোমাৰ সৃষ্টিৰ পথাৰ খনি লৈ। 
জোনাকী পৰুৱাৰ দৰে বাট দেখুৱাই দিবা 
পথভ্রষ্ট পথিকক 
অঙ্গন তুমি চিৰ সেউজ হৈ 
থাকা তাৰে শুভকামনাৰে। 

পৃষ্ঠাঃ ৪

এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-৯
ধাৰাবাহিক : পৃষ্ঠা ১০
অণুগল্প : পৃষ্ঠা ১১-১৩
এক মিনিটৰ গল্প : পৃষ্ঠা ১৪-১৬
অনুবাদ কবিতা : পৃষ্ঠা ১৭-১৯
কবিতা : পৃষ্ঠা ২০-৩৫
পৰিচয় শিতান: পৃষ্ঠা ৩৬
অনুভৱ : পৃষ্ঠা ৩৭-৩৮
যোগাসন: পৃষ্ঠা ৩৯
নীলাখামৰ চিঠি: পৃষ্ঠা ৪০
গল্প: পৃষ্ঠা ৪১-৪৩
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৪


পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, 
সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা


প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

পৃষ্ঠা ৬
সম্পাদকীয়ঃ

ৰঙালী বিহু আৰু প্ৰাসংগিক কিছু চিন্তা

এয়া ৰঙালী বিহুৰ বতৰ। অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ, বুকুৰ আপোন এই বিহু। ৰঙালী বিহুৰ লগে লগে আমাৰ ৰাজ্যখনত আৰম্ভ হ'ল 'অসমীয়া নৱবৰ্ষ'। ৰঙালী বিহু আমাৰ আবেগ, আমাৰ পৰিচয়। পৰিচয় বুলি এইবাবেই কোৱা হৈছে, কিয়নো বৰ্তমান বিহুৰ বাবেই আমি অসমীয়া বুলি বিশ্বৰ সন্মুখত চিনাকি দিবলৈ সক্ষম হৈছোঁ।
কৃষিৰ লগত জৰিত এই উৎসৱ সময়ৰ আহ্বানত পথাৰৰ পৰা আহি গছৰ তল আৰু গছৰ তলৰ পৰা এতিয়া মঞ্চ পালেহি। মঞ্চ পোৱাৰ লগে লগে বিহুৰ দৰদামো চলিবলৈ ধৰিলে। এচামে ইয়াৰ সুবিধাও ল'বলৈ ধৰিলে। যিদৰে মঞ্চত গীত পৰিৱেশনৰ বাবে লাখ লাখ টকা খৰচ কৰি একাংশ জনপ্ৰিয় গায়ক-গায়িকাক বিহুমঞ্চলৈ নিমন্ত্ৰণৰ এটা পৰম্পৰা আৰম্ভ হ’ল একেদৰে একাংশ বিহুৱা দলকো মঞ্চত হুচৰি মাৰিবলৈ বৃহৎ পৰিমাণৰ ধন দিবলগীয়া হ’ল। যিয়েই নহওক, ইয়াৰ জৰিয়তে অৱশ্যে একাংশ যুৱক-যুৱতীয়ে কিছু আৰ্থিক স্বচ্ছলতা পোৱাৰ লগতে বিহুৰ চৰ্চাও অব্যাহত থাকিল।
কথাখিনি এই পৰ্যায়লৈ ঠিকেই আছিল। কিন্তু অতি চিন্তাৰ বিষয় যে কেৱল ৰঙালী বিহু বুলিয়েই নহয়, ইংৰাজী নৱবৰ্ষ, পিকনিক, মাঘ বিহু আদি অন্য উৎসৱ-পাৰ্বনতো দেখা যায় যে আজিকালি একাংশ ডেকা-গাভৰুৱে আনন্দ উল্লাস মানে কেৱল চিঞৰি চিঞৰি গীত গোৱা, মদ্যপান কৰি গাড়ী চলোৱা আদিকে বুজে। যাৰ ফলত সংঘটিত হয় বিভিন্ন অবাঞ্চিত ঘটনা। এনে ঘটনা আমি সংবাদ পত্ৰত প্ৰায়ে পঢ়িবলৈ পাওঁ। এইবাৰো অসমৰ বিভিন্ন বিহুৱা দলৰ গাড়ী দূৰ্ঘটনাত পতিত হৈছে আৰু বহুতৰে মৃত্য ঘটিছে। আনহাতে একাংশ জনপ্ৰিয় বিহুৱা দলে অৰ্থৰ লোভতেই হওক বা প্ৰচাৰৰ স্বাৰ্থতেই হওক, সময়ৰ প্ৰতি লক্ষ্য নাৰাখি একে ৰাতিতেই কেইবা ঠাইতো অনুষ্ঠান পৰিৱেশনৰ দায়িত্ব মূৰ পাতি লোৱা দেখা যায় যাৰ ফলত তেওঁলোকে সময় মিলাব নোৱাৰি তীব্ৰ বেগত গাড়ী চলাবলৈ বাধ্য হৈ পৰে আৰু গাড়ী দূৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।
আমি বুজিব লাগিব, জীৱনৰ মূল্য সকলোৰে উৰ্দ্ধত। আমাৰ জীৱনলৈ অহা বিভিন্ন উৎসৱ পাৰ্বন প্ৰতি বছৰেই আহিব, আমি প্ৰতি বছৰেই বিহু পালন কৰিম। কিন্তু এবাৰ হেৰাই যোৱা এটা জীৱন পুনৰ ঘূৰাই পামনে? অলপতে গহপুৰত দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা বিহুৱা দলৰ ৩ কিশোৰীসহ ৫ জনৰ মাক-দেউতাকে আজি কিদৰে জীয়াই আছে আমি এবাৰ ভাবি চাইছোনে বাৰু? এইদৰে প্ৰতিবছৰে মদ্যপান কৰাই হওক অথবা অসতৰ্কতাৰ বাবেই হওক ৰঙালী বিহুৰ সময়তে কিমানে প্ৰাণ হেৰুৱায় আমি হিচাপ ৰাখিছোনে?
কথাবোৰ ভাবি চাবৰ হ’ল।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

পৃষ্ঠা ৭
প্ৰৱন্ধঃ

অসমীয়া লোকবাদ্যঃ ঢোল

  বীৰে‌শ্বৰ ৰাভা

       অসমৰ জনসংস্কৃতিত সকলোতকৈ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ বিধ হ'ল ঢোল । অসমৰ  যিকোনো উৎসৱত ঢোলৰ ব্যৱহাৰ অপৰিহাৰ্য্য। অসমীয়া সংস্কৃতিত ঢোলক জনপ্ৰিয় কৰি তোলাত চুতীয়া আৰু আহোম ৰজা সকলৰ অৱদান আটাইতকৈ বেছি। ঢোলৰ মালিতাত ৰতনপুৰৰ উল্লেখ কৰা হয়। যিটো এটা সময়ত চুতীয়া ৰাজ্যৰ সাংস্কৃতিক কেন্দ্ৰ আছিল। তাৰ বাহিৰেও প্ৰায়বোৰ বিহু মালিতাত শিৱ-পাৰ্বতীৰ কথা কোৱা হয়। যি চুতীয়া সকলৰ আৰাধ্য দেৱ-দেৱী, গিৰা-গিৰাছিৰ আন এটি নাম আছিল। ঢোলৰ আন আন মালিতাত আহোম স্বৰ্গদেও সকলৰ উল্লেখ প্ৰায়ে পোৱা যায়। ইয়াৰ পৰা বুজিব পাৰি যে ঢোলে স্বৰ্গদেও সকলৰ আমোলত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। আনকি, আহোম ৰজা বা ডা-ডাঙৰীয়া সকল বাটচ’ৰাৰ বাহিৰলৈ ওলালে, দোলাৰ কাষে কাষে ঢুলীয়াই ঢোল বজাই যোৱাৰ ৰীতি প্ৰচলিত আছিল। ইয়াৰ বাবে প্ৰস্তুত কৰা দোলাকাষৰীয়া চেও বুলি ঢোলৰ এক বিশেষ চেও আজিও প্ৰচলিত আছে। ৰাইজৰ মাজত ৰাজ-আদেশ বা দেশৰ খবৰ ঢোলপিতি ঘোষণা কৰা হৈছিল বুলি বুৰঞ্জীত উল্লেখ পোৱা যায়। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱৰ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিৱীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ চেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল। অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিচায়ক বুলিও ভবা হয়।অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্ট্যগত বাদন প্ৰণালী আছে। 
       ঢোলৰ প্ৰকাৰঃ বিভিন্ন উপলক্ষত, অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বেলেগ বেলেগ ধৰণৰ ঢোল ব্যৱহাৰ কৰে। এই ঢোল বিলাকৰ মূল নিৰ্মাণ প্ৰক্ৰিয়া একে হ'লেও, আকাৰ, বাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অনেক প্ৰভেদ দেখা যায়।
       বিহু ঢোল বা পাতি ঢোল আৰু ওজা ঢোলঃ বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল। ওজা ঢোলৰ আকৃতি আৰু নিৰ্মাণ প্ৰণালী বিহু ঢোলৰ দৰেই, কিন্তু ই বিহু ঢোলতকৈ সামান্য ডাঙৰ। ঢুলীয়া ওজাই একক বাদ্য হিচাপে এই ঢোল বজায়। ঢোলৰ ওজা সকলে বিভিন্ন জীৱ-জন্তু , চৰাই, যন্ত্ৰ-পাতি আদিৰ মাত এই ঢোলত ফুটাই তুলিব পৰা বাবে ইয়াক কথা কোৱা ঢোল বুলিও কয়।
       খ্ৰাম আৰু খামঃ অসমৰ ডিমাছা আৰু তিৱা সকলে ব্যৱহাৰ কৰা ঢোলৰ নাম হ’ল খ্ৰাম, আনহাতে ৰাভাসকলে বজোৱা দীঘলীয়া আকৃতিৰ ঢোলটোক খাম বুলি কোৱা হয়। খ্ৰাম আৰু খাম আকৃতি প্ৰায় আনুৰূপ হোৱা বাবে এই দুইটাকে একে শিতানত ৰখা হৈছে। 
       ঢেপাঢোলঃ অসমৰ দৰং আৰু মঙ্গলদৈৰ আঞ্চলত ঢেপাঢু্লীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা এই ঢোলৰ নিৰ্মাণ প্ৰণালী আৰু  বজোৱাৰ কৌশল সম্পূৰ্ণ পৃথক। ছাগলিৰ ছালেৰে দুতৰপীয়াকৈ ছোৱা, দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়। ঢেপাঢুলীয়া অনুষ্ঠান, নৃত্য গীতৰ সমহাৰেৰে এক স্বয়ংসম্পূৰ্ণ আমোদজনক পৰিবেশন।
         বৰঢোল বা জয়ঢোলঃ বৃহৎ আকাৰৰ আৰু ডাঙৰ শব্দ কৰা ঢোল, সাধাৰণতে দেওধনী নৃত্যৰ লগত সংগত কৰা হয়। গোৱালপাৰা অঞ্চলত জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মনসা বা মাৰৈ পূজাত একক ভাবে জয়ঢোল বজোৱা হয়।
        মাদলঃ মাদল অসমৰ চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতৰ লগত ব্যৱহাৰ কৰা ঢোল। অসমৰ বাদে ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত মাদলৰ ব্যৱহাৰ দেখা যায়। অসমৰ বড়োসকলৰ মাজতো মাদলৰ ব্যৱহাৰ বা প্ৰচলন আছে
        বৰঢোলঃ অসমৰ ঢোল বিলাকৰ মাজত বৰঢোলেই আটাইতকৈ ডাঙৰ, প্ৰায় দেৰ মিটাৰ মান দৈৰ্ঘ্যৰ বৰঢোলৰ দুইমূৰৰ ব্যাস আধা মিটাৰৰ পৰা এক মিটাৰ মানলৈকে হোৱা দেখা যায়। ইয়াৰ এটা মূৰ হাতেৰে আৰু আনটো মূৰ এডাল  মাৰিৰে কোবাই বজোৱা হয়। অসমৰ প্ৰায়বোৰ জিলাতে  পৰম্পৰাগত নৃত্য গীত আভিনয়েৰে সংপৃক্ত বৰঢুলীয়া অনুষ্ঠান আতি আকৰ্ষণীয়। 
        কৱিঢোলঃ ই হ'ল গোৱালপৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা, বহল মুখৰ, মাৰিৰে কোবাই বজোৱা এবিধ ঢোল। 
         কৰ্কাঢোলঃ গোৱালপাৰা জিলাৰ দক্ষিণ পাৰত কৰ্কা ঢোল আৰু  বৰঢোল সৌ সিদিনালৈকে এক সংস্কৃতি হিচাপে গণ্য কৰা হৈছিল। কৰ্কাঢোল আজিও দুই এঠাইত আছে যদিও বৰঢোল দেখা নাযায়। বিশেষকৈ গোৱালপাৰা জিলাৰ দক্ষিণ পাৰৰ ৰাভা জনগোষ্ঠীয় লোকৰ মাজত দুধনৈ, ধূপধৰা আদি অঞ্চলত এসময়ত ইয়াৰ প্ৰচলন আছিল।
        এইখিনিতে কেইজনমান ঢোলৰ ওজাৰ নাম উল্লেখ কৰিব খুজিছোঁ, যি কেইগৰাকী ঢোলবাদ্যৰ বিশাৰদে নিজৰ প্ৰতিভা আৰু চেষ্টাৰে ঢোলক আজিৰ এই মৰ্য্যাদা প্ৰদান কৰিছে। তাৰে কেইজনমান ঢোলৰ ওজাৰ নাম হৈছে:
স্বৰ্গীয় মঘাই ওজা, স্বৰ্গীয় ৰত্ন ওজা, স্বৰ্গীয় বগাই ওজা, স্বৰ্গীয় হলিৰাম ওজা, স্বৰ্গীয় নৰাম ওজা, কৰুণা ওজা,
সৰুপাই ওজা ( অসম চৰকাৰৰ দ্বাৰা 'মঘাই ওজা' বঁটা প্ৰাপ্ত), তুলসী ওজা,
সোমনাথ বৰা ওজা, প্ৰসেন বৰা ওজা, মহেন্দ্ৰ চুতীয়া ওজা (অসমৰ প্ৰথম ঢোলৰ V.C.D. 'ঢোল বায় ক'ত'ৰ মুখ্যশিল্পী), পুণ্য দত্ত (অসমৰ প্ৰথম মহিলা ওজা আদি।
       মূলতঃ ঢোল হৈছে অসমীয়া বিহুৰ আটাইতকৈ প্ৰয়োজনীয় বাদ্যযন্ত্ৰ। বিহু নৃত্যৰ লগতে বিহুগীত পেঁপা , গগনা আদি বাদ্যৰ লগত ঢোল সংগত কৰিব লাগে। বিহু বা হুঁচৰিৰ আৰম্ভণিৰ পৰা শেষলৈকে কেৱল ঢোল আৰু তাল হে একেৰাহে বজোৱা হয়। বাকী বাদ্যযন্ত্ৰবিলাক মাজে মাজেহে ব্যৱহাৰ হয়। মুঠতে বিহু আৰু হুঁচৰিত ঢোলৰ চেৱে মূল দ্বায়িত্ব লৈ ইয়াক আগবঢ়াই নিয়ে। তদুপৰি কিছুদিনৰ আগলৈকে বিয়া সবাহ আদিত ওজা ঢোল এক অপৰিহাৰ্য্য অনুষ্ঠান আছিল। ওজাঢোল বাদন এক স্বয়ংসম্পূৰ্ণ একক ঢোল বাদনৰ অনুষ্ঠান। ওজাসকলৰ ঢোলৰ চেও সাধাৰণ বিহু ঢোলতকৈ কঠিন আৰু  তেওঁলোকে ঢোলত বিভিন্ন শব্দ ফুটাই দৰ্শকক আমোদ দিয়ে। ঢোলক এবিধ মাংগলিক বাদ্য হিচাপে গণ্য কৰা হয় আৰু সেয়ে বিবাহ, অসমৰ সত্ৰসমূহৰ বিভিন্ন মাংগলিক অনুষ্ঠান, যেনে ৰাসোৎসৱ, ফল্গুৎসৱ আদিত ওজা ঢোল বাদন কৰাৰ পৰম্পৰা আছে। আনকি ম’হ যুঁজ, কুকুৰা যুঁজ আদিতো ঢোল পৰিৱেশন কৰা অসমৰ ঠাইয়ে ঠাইয়ে দেখা যায়।
     

পৃষ্ঠাঃ ৮

ৰঙালী বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ

নীলপৱন হাজৰিকা

 " ব'হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা !
গণ জীৱনৰ ই সাহ" 
                              
              সুধাকণ্ঠৰ গীতৰ কথাৰে অতি কোমলকৈ বুজাই থৈ গৈছে অসমীয়া সমাজত বিহুৰ গুৰুত্বৰ সম্পৰ্কত। অসমীয়াৰ বাপতি-সাহোন তিনিওটি বিহুৰ অতি সাদৰৰ। তিনিওটা বিহুৰেই নিজা নিজা বৈশিষ্ট্যৰে নিজেই মহান। তথাপিও যেন বসন্ত ঋতুত অসমীয়া নৱবৰ্ষৰ সৈতে যোৰ পাতি অহা ৰঙালীৰ মাদকতা সুকীয়া। এই বিহুৰে সকলো বয়সৰ লোকৰ দেহত সিঁচি দিয়ে উৎসৱ পালনৰ অনন্য হেঁপাহ।  
            এই বিহুৰ উৎপত্তিৰ সম্পৰ্কত কোনো বিশেষ তথ্য পোৱা নেযায় যদিও অতীতৰ পৰা পালন কৰি অহা কৃষিভিত্তিক এই উৎসৱৰ স্থান আমাৰ সমাজত লেখত ল'বলগীয়া। অতীতত গছ তলৰ পৰা ক্ৰমাগত ভাৱে চোতাললৈ আৰু বৰ্তমান মঞ্চত উঠি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰঙালী বিহুৰ হুঁচৰি দলে। এই বিহুৰ  হুঁচৰিৰ শোভা বৰ্ধনত অসমীয়া বিহুৱা/বিহুৱতী সকলে যি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে সেই বিষয়ে অতি কম পৰিসৰৰ মাজেৰে আলোচনা কৰাৰ মানসেৰেই আজি এই প্ৰৱন্ধটি লিখিবলৈ লোৱা হৈছে।
               ৰঙালী বিহুৰ হুঁচৰি দলৰ শোভা বৃদ্ধিৰ বাবে অসমীয়া ৰাইজে বিভিন্ন প্ৰকাৰৰ লোকবাদ্য ব্যৱহাৰ কৰে। তাৰ ভিতৰত ....
১/ ঢোল
২/ পেঁপা
৩/ বাঁহী
৪/ গগনা
৫/ টকা
৬/ সুতুলী
৭/ তাল আদি। 
১/ ঢোলঃ বিহুৰ হুঁচৰি দলৰ এটা অবিচ্ছেদ অংগ হৈছে ঢোল। হুঁচৰি আৰম্ভ হোৱাৰ পৰা সামৰা লৈকে বিহুৱা সকলে ঢোল ব্যৱহাৰ কৰে। এই ঢোলৰ উৎপত্তিৰ সম্পৰ্কত প্ৰবাদ আছে যে ঢোলৰ জন্ম হৈছিল কৈলাশ পৰ্বতত
। পঞ্চপাণ্ডৱৰ অৰ্জুনে ঢোলক মৈত্যলৈ নমাই আনে। বিভিন্ন সমাজত এই ঢোলৰ বিভিন্ন নাম আছে। যেনে
ক/ বিহু ঢোল বা পাটী ঢোল আৰু ওজা ঢোল
খ/ জয়ঢোল
গ/ ঢেপা ঢোল
ঘ/ বৰ ঢোল আদি। 
               এই ঢোল সমূহৰ বিহু ঢোল বা পাটী ঢোল আৰু ওজা ঢোল বিহুৰ হুঁচৰি দলে ব্যৱহাৰ কৰে। এই ঢোল গোটা কঁঠাল, আম, শিলিখা আদি কাঠৰ পৰা  তৈয়াৰ কৰা হয়। ইয়াৰ মাজটো খুলি দুই মূৰে গৰুৰ ছালেৰে ঢাকি দিয়া হয়। এই ঢোলৰ বিভিন্ন অংগ সমূহৰ নাম এনে ধৰণৰ কোবনি, তালি, কুৰল, কনাৰী, ফৰিঙা, মলুৱা , বৰতি, ঢোলজৰী, খোলা আদি। ঢোল বজাবলৈ ঢোলৰ মাৰি বা চাহিতা আৰু ঢোলত বিহুৱান মেৰীয়াই লোৱা হয়।
খ/ পেঁপাঃ ঢোলৰ দৰে পেঁপাও বিহুৰ হুঁচৰিৰ এটা অত্যাৱশ্যকীয় অংগ। এই পেঁপা ম'হৰ শিঙৰ পৰা তৈয়াৰ কৰা হয়। ই সাধাৰণতে দুই প্ৰকাৰৰ গুটিয়া পেঁপা বা গোৱাল পেঁপা আৰু যুৰীয়া পেঁপা। গুটিয়া পেঁপাত এটা পেঁপা থাকে আনহাতে যুৰীয়া পেঁপাত দুটা পেঁপা একেলগ কৰি বজোৱা হয়। এই পেঁপাৰ অংশবোৰ এনে ধৰণৰ চুপহি, বুলনি, গবনলা, শিঙা বা থোলা, জিভা আদি। বিহুত হুঁচৰি দলে হুঁচৰি আৰম্ভণিত আৰু মাজভাগত এই পেঁপা ব্যৱহাৰ কৰে। সাধাৰণতে তিনিটি লহৰত বজোৱা পেঁপাৰ নাচ আৰু ঢোল বাদনৰো এটা সুকীয়া ৰূপ আছে।
গ/ বাঁহীঃ বিহুৰ হুঁচৰি দলত বাঁহীৰ গুৰুত্বকো আমি এৰাই চলিব নোৱাৰো। বাঁহী অসমীয়া লোকবাদ্য নহয় যদিও হুঁচৰি দলত ইয়াৰ অধিক গুৰুত্ব আছে। এই বাঁহীৰ উৎপত্তিৰ স্থল চীন দেশ বুলি কোৱা হয়। বৃন্দাবনত বজোৱা কানাইৰ মোহন বাঁহীৰে গোপী সকলক মুগ্ধ কৰাৰ লগতে দুভাগ ৰাতি বাঁহীৰ সুৰে বিষাদিত হৃদয়ত এক বিশেষ স্থান লাভ কৰে। হুঁচৰি দলত বাঁহীৰ সুৰত মুগ্ধ নাচনীৰ নাচে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। এই বাঁহীৰ অংশ সমূহ এনে ধৰণৰ চাবি আৰু সুৰ ফুটা। 
ঘ/ গগনাঃ বিহুৰ হুঁচৰি দলত গগনাৰ মান সুকীয়া। অসমত বিভিন্ন প্ৰকাৰৰ গগনাৰ অস্তিত্ব পোৱা যায়। যেনেঃ বৰ গগনা, চুঙা গগনা, লাহৰী বা ৰূপহী গগনা, ৰামধন গগনা, শালিকী ঠুঁটিয়া গগনা আদি।অৱশ্যে বিহুত ব্যৱহৃত গগনা দুই প্ৰকাৰৰহে- গাভৰুৱে বজোৱা গগনা বিধক কোৱা হয় লাহৰী বা ৰূপহী গগনা আৰু ডেকাই বজোৱা বিধক কোৱা হয় ৰামধন গগনা। এই গগনাৰ সুৰ বৰ মিঠা আৰু সুৰীয়া। ইয়াক ওঁঠেৰে চেপি আঙুলিৰ কঁপনিৰে বজোৱা হয়।
ঙ/ টকাঃ বিহুৰ হুঁচৰি দলত ব্যৱহাৰ কৰা এবিধ লোকবাদ্য হ'ল টকা। ইয়াক বাঁহেৰে তৈয়াৰ কৰা হয়। অসমীয়া লোকসংগীতত তিনি প্ৰকাৰৰ টকা ব্যৱহাৰ কৰা দেখা যায়। প্ৰত্যেক বিধ টকাৰ নিৰ্মাণ শৈলীৰ সামান্য পাৰ্থক্য আছে। টকাৰ প্ৰকাৰ বিলাক হ’ল
ক/ পাতি টকা বা হাত টকা
খ/ বৰ টকা' বা মাটি টকা
গ/ জেং টকা' বা ধুতং
           এই টকা হুঁচৰি দলৰ এক সহজ বাদ্য। গতিকে ইয়াক গাভৰু বিহু আৰু জেং বিহুত অধিক ব্যৱহাৰ কৰা দেখা যায়।
চ/ সুতুলীঃ  বিহুত সুতু্লীৰ যথেষ্ট গুৰুত্ব আছে। জনবিশ্বাস মতে, পূৰ্বতে গৰখীয়া ল’ৰাহঁতে সুতু্লী খেলাৰ সামগ্ৰী ৰূপে ব্যৱহাৰ কৰিছিল। পিছলৈ ই বিহুৰ হুঁচৰি দলৰ অংগ হৈ পৰিল। সুতু্লী ল’ৰা আৰু ছোৱালী উভয়ে বজায়। এই সুতুলীত মুঠ তিনিটা ছিদ্ৰ থাকে। এটা ফু দিবৰ বাবে আৰু আন দুটা সুৰৰ বাবে। সাধাৰণতে আলতীয়া মাটিৰে তৈয়াৰ কৰা এই সুতুলী কেঁচুমুতাৰে তৈয়াৰ কৰিলে অধিক সুমধুৰ সুৰ নিগৰিত হয় বুলি জনবিশ্বাস আছে।
ছ/ তালঃ অসমীয়া লোকসমাজত তালৰ এক বিশেষ স্থান আছে। ধৰ্মীয় স্থানৰ পৰা বিহুৰ হুঁচৰি দললৈকে তালে অধিকাৰ বিস্তাৰিত কৰি ৰাখিছে। এই বাদ্যবিধ ধাতুৰে নিৰ্মিত। ঘূৰণীয়া আকৃতিৰ এই বাদ্য বিধ মাজত অৱতল কৰি তৈয়াৰ কৰা হয়। য'ত ৰচী লগাব পৰাকৈ এটি ছিদ্ৰ কৰা হয়। ইয়াক সাধাৰণতে গীতৰ তাল ধৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয়। আকাৰ অনুসৰি এই তালৰ প্ৰকাৰ সমূহ এনে ধৰণৰ ভোৰতাল বা বৰতাল, মাজোতাল, খুটিতাল বা সৰুতাল, ৰামতাল বা খৰিতাল আৰু বিহু তাল।
              বিহুত ব্যৱহৃত অসমীয়া লোকবাদ্য সমূহৰ গুৰুত্বলৈ লক্ষ্য কৰিলে আমি দেখোঁ যে এই বাদ্য সমূহে পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে আমাৰ জনজীৱনৰ প্ৰকৃত পৰিচয় বিশ্বদৰবাৰত দাঙি ধৰাত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে এই লোকবাদ্য সমূহৰ অবিহনে আমাৰ পৰিচয়ে পূৰ্ণতা নেপায়। সেয়ে এই বাদ্য সমূহৰ লগতে আমাৰ কৃষ্টি, সংস্কৃতিক জীয়াই ৰাখি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ইয়াৰ গুৰুত্বৰ সম্পৰ্কীয় ৰসাল ধাৰা বোৱাই নিয়াটো আমাৰ প্ৰধান কৰ্তব্য তথা দায়িত্ব।

যোৰহাট
9476528670


পৃষ্ঠা ৯

বহাগ বিহু 

হিমাদ্ৰী বৰকটকী
                          
      "  বিহু আনন্দীয়া          বিহু বিনন্দীয়া 
                  বিহুৰ  মৌ - মিঠা মাত
         বিহুৰ বা লাগি         নাচনী ভনীটি  ঐ
                     ত'তে নাইকিয়া গাত "
        
  প্ৰতিটো জাতিৰে নিজৰ নিজৰ একোটা জাতীয় উৎসৱ আছে। জাতীয় উৎসৱৰ দ্বাৰা জাতিটোৰ নিজা সংস্কৃতি প্ৰকাশ পায়। বিহু হ'ল অসমীয়াৰ জাতীয় উৎসৱ। বিহু তিনিটি বহাগ বিহু , কাতি বিহু আৰু মাঘ বিহু । বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। বাপতি-সাহোন ৰঙালী বিহুটি চʼত মাহৰ শেষৰ দিনাটোৰ পৰা বহাগৰ ছয় তাৰিখলৈকে সাত দিন উদযাপন কৰা হয় । এই বিহুৰ প্ৰথম দিনটোক গৰু বিহু বুলি কোৱা হয়। সেইদিনা গৰুক মাহ - হালধীৰে গা ধোওৱা হয় । গৰুক নতুন পঘা দিয়া হয়। গৰুৰ ছাট বনাই লাউ খা , বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি গৰুৰ গাত ছাত মৰা হয় । আবেলি গৰুক যাগ ( ধোঁৱা ) দিয়া হয়। দ্বিতীয় দিনা "মানুহ বিহু" বুলি কোৱা হয়। সেইদিনা মাহ- হালধীৰে গা ধুই নতুন কাপোৰ মানুহে পিন্ধে আৰু ইজনে সিজনক বিহুৱান দিয়ে। তৃতীয় দিনা "গোসাঁই বিহু" বুলি কোৱা হয় । সেইদিনা ঘৰৰ গোসাঁই ঘৰত বা মন্দিৰ , নামঘৰত শঁৰাই দিয়া হয় আৰু ভগৱানৰ চৰণত আসিষ বিচাৰে সকলোৰে বছৰটো ভালে কুশলে যাবৰ বাবে। সেই দৰে তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বিহু আৰু শেষৰ দিনা চেৰা বিহু পালন কৰি সাত বিহু সামৰা হয়।
  
  অসমীয়াৰ বাপতি-সাহোন বহাগৰ বিহুটি হ'ল আনন্দৰ উৎসৱ। বিহুৰ নাম শুনিলেই অসমীয়াৰ মন প্ৰাণ নাচি উঠে। বিহুত বিহু নাচ , গানৰ মাজেৰে এই উৎসৱটি পালন কৰা হয়। ঘৰে ঘৰে বিহু হুঁচৰি গোৱা হয়। বিহুত জেতুকা লগোৱাটো অসমীয়া সমাজৰ পৰম্পৰা। নাচনীয়ে জেতুকাৰ বোলেৰে হাত বুলাই বিহু নৃত্য পৰিবেশন কৰে। অতীতত ই গছ তলৰ বিহু আছিল যদিও ক্ৰমাগত ভাৱে চোতাল বিহু আৰু তাৰ পিছত মঞ্চলৈ উঠাৰ লগে লগে বিহুত বিহু নৃত্য , বিহু কুঁৱৰী, বিহু কোঁৱৰ আদিৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি খেল ধেমালি , লাৰু পিঠা প্ৰতিযোগিতাও অনুষ্ঠিত কৰাও দেখিবলৈ পোৱা যায় । বিহুত লাৰু, পিঠা , দৈ ,চিৰা আদি খোৱা অসমীয়া সমাজৰ পৰম্পৰা। সেইদৰে গৰু বিহু দিনা এশ এবিধ শাক ৰন্ধাও পৰম্পৰা আছে ।
  
   অসমৰ লগতে অসমৰ দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো কোনো জাতি জনজাতিৰ লোকে বিহু উদযাপন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ।  বহাগ বিহু হৈছে অসমীয়া সাংস্কৃতিৰ অবিচ্ছেদ্য অঙ্গ। আমাৰ জাতীয় উৎসৱ বিহুক লৈ আমি গৌৰাম্বিত। 
 

শিৱনগৰ , ২ নং উপপথ                                     নগাঁও



পৃষ্ঠা ১০

বিশেষ ঘোষণাঃ

পষেকীয়া ই-আলোচনী অঙ্গনত প্ৰকাশৰ বাবে উপন্যাস বিচৰা হৈছে। উপন্যাসৰ বিষয়বস্তু সাম্প্ৰতিক সময়ৰ লগত সংগতি থাকিলে প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব।

সম্পাদনা সমিতি,
অঙ্গন

পৃষ্ঠা ১১

অণুগল্পঃ

বিহুৰ উপহাৰ

ঝৰ্নালী শৰ্মা বৰকটকী

            বিহুৰ উপহাৰ হিচাপে নিশাই হাতৰ মুঠিতে ৰঙা ব্লাউজ এটা আনি নীৰুৰ হাতত দি কʼলে  "বৌ এইটো তোমাক দিছোঁ বিহুৰ দিনা পিন্ধিবা।" 
          এক মিনিটৰ বাবে নীৰুৱে কি কʼব একো ভাষাই বিচাৰি নেপালে। বৰ আদৰৰে  তাই ব্লাউজটো ল'লে। "মই যাওঁ বৌ দাদাক কʼবা ।" নিশাই এই বুলি কৈ ওলাই গʼল। তাই  দিয়া ৰঙা ব্লাউজটো  হাতত লৈ ‌ নীৰুৰ দুচকুৰে দুধাৰি চকুলো বৈ আহিল। এয়া অকল বিহুৰ  উপহাৰেই নে ! কিমান অপোন বুলি ভাবিলে মানুহে এনে দৰে দিব পাৰে ? অথচ আজি কালি দেখোন ঘৰৰ আপোন মানুহেই  দিব নিবিচাৰে। নীৰুৰ বাবে এইয়া এটি ৰঙা ব্লাউজ নহয়। এইয়া যেন দুখন ঘৰৰ মাজত থকা এডাল চেনেহৰ সাঁকো।

ফোন নং -৯১০১৮৬০৩৫৯.


পৃষ্ঠা ১২

হুঁচৰিএ চ'ত 
             
মনস্বিনী শৰ্মা

       "মা, পদ্ম দাইটিহঁতৰ ঘৰলৈ চহৰৰ পৰা হুঁচৰি গাবলৈ  আহিছে। আমাৰ ঘৰলৈও আহিব নহয়। তুমি শৰাইখন সাজু কৰি ৰাখিবা।" - সাতবছৰীয়া পুত্ৰ অবিনাশৰ কথা শুনি মাকে হুমুনিয়াহ কাঢ়ি ক'লে,"আমাৰ দৰে দুখীয়া মানুহৰ ঘৰলৈ হুঁচৰি গাবলৈ নাহে অ'। সেইবোৰ হুঁচৰি বৰ দামী। তেনে হুঁচৰিৰ পদধূলা পাব পৰাকৈ আমিবোৰ আৰ্থিকভাৱে স্বচ্ছল নহওঁ যে।" - মাকৰ কথা শুনি অবিনাশে ভালদৰে একো নুবুজিলে। সি চাগৈ ভাবিলে  ব'হাগত ঘৰে ঘৰে গোৱা  হুঁচৰি আজিকালি পইচাৰ বিনিময়ত কিনিব পাৰি।
                           
শিৱসাগৰ।               
ফোনঃ৭৬৩৭৯৪৫০৭৩


পৃষ্ঠা ১৩
    
সংস্কাৰ

বিজয়া গগৈ

         অসম্ভৱ! হুহ্– সি আৰু ছোৱালী বিচাৰি নেপালে ?  সেন্দুৰ মোহৰাজনীহে পালেগৈ!
          এহ ৰ'বাচোন। তোমাৰ-মোৰ ছোৱালীৰ এই অৱস্থা হোৱা হ'লে আমি বাৰু কি কৰিলোহেঁতেন ?
            হ'ব দে বাবা দেউতাৰে আৰু মই এই ব'হাগতে তেওঁলোকৰ ঘৰলৈ গৈ সকলো কথা পাতিমগৈ।

      ৰহা, নগাঁও।

পৃষ্ঠা ১৪

এক মিনিটৰ গল্পঃ

 শেৱালি  

প্ৰত্যাশা মুক্তিয়াৰ

ফুলি থকা শেৱালিজোপা দেখি অনুুৰাগৰ চকুদুটা সেমেকি উঠিল । আলফুলে সৰি থকা শেৱালি কেইপাহ লৈ চাঁকিৰ পোহৰত জিলিকি থকা 'পখী'ৰ ফটোখনৰ আগত দিলগৈ ।
কোনেও নেদেখাকৈ চকুদুটা মোহাৰি সি তাইৰ ৰুমলৈ গ'ল।সকলো একে আছে , মাথোঁ বেৰত আৰি থোৱা ফ'টো কেইখনত ধূলি পৰিছে।
হাতেৰে ধূলিখিনি মোহাৰি বাহিৰলৈ যাবলৈ লওঁতে আলমাৰিৰ চুকত পৰি থকা নীলা ৰুমালখনলৈ তাৰ চকু গ'ল । নীলা তাইৰ প্ৰিয় ৰং আছিল। সেইবাবে আজি তাৰ প্ৰিয় ৰুমালখন জোৰকৈ সাৱতি ল'লে। আজি পখীৰ স্মৃতিবোৰে তাক বৰকৈ আমনি কৰিছে  । 
  সি তাইক প্ৰথম লগ কৰোঁতে দিয়া গল্পৰ কিতাপখন দেখি কিতাপখনত এটি চুমা আঁকি বুকুত জোৰকৈ সাৱটি ধৰিলে।
ঘপ্‌কৈ কিবা এটা যেন মনত পৰিল তাৰ, লৰালৰিকৈ আগফালৰ শেৱালীজোপাৰ ওচৰলৈ আহি জোনটো দেখাৰ আশাত চকুৰ পলক নজপোৱাকৈ আকাশলৈ চাই ৰ'ল।        
                        
মাজুলী।

পৃষ্ঠা ১৫

হাফ চেঞ্চুৰি   
                         
জুনমনি গগৈ
 নকছাৰি 
                   
             ৰিং টিউনটো ঘৰতে বাজি উঠাত ফোনকলটো কাটি দিলে অৰুনিমাই ।  এই মানুহজনে তাৰমানে ফোনটো ঘৰতে এৰি গ'ল!  ছেঃ কি কৰা যায় ! দৰকাৰী সময়ত  হে পোৱা  নায়ায়। ফোনটো এৰি ক'ত মৰি আছেগৈ বাৰু ? বুঢ়াৰ পৰকটি লৰিছে। আহক আজি...নিজেতো ঘৈণীয়েকৰ জন্মদিনত শুভেচ্ছা এটাও জনাব লাগে বুলি নাজানে... আৰু এতিয়া কৰবাত মুখ লুকুৱাই আছেগৈ।
              খঙৰ ভমকত অৰুনিমাই ঢেৰ যিটি বকিবলৈ ধৰিলে। আজি তাইৰ পঞ্চাশ বছৰীয়া জন্মদিন । সেয়েহে আবেলি চাহ পাৰ্টি এটা দিবলৈ মানুহজনক দোকানৰ পৰা মিঠাই অলপ অনোৱাৰ কথা ভাবিছিল  । দুইজনী ছোৱালী হোষ্টেলত থকাত ঘৰত বহুদিন একো পাটি হোৱা নাছিল, গতিকে অৰুনিমাই কোনোৱে গম নোপোৱাকৈ ঘৰতেই কেইবিধমান মিঠাইয়ো বনাইছে। কিন্তু এই মানুহজনহে....! এই পঁচিশটা বছৰে একেলগে সংসাৰ কৰিও মানুহটোৱে মোক কেনেদৰে সন্তোষ কৰিব লাগে বুজি নাপালে  আহক আজি.... । পুণৰ অৰুনিমাই বকিবলৈ আৰম্ভ কৰিলে ।
                 গেট খোলাৰ মাত শুনি অৰুনিমা ওলাই গ'ল।দেখিলে গিৰিয়েকৰ দুহাতত দুটি টোপোলা, গোঁফৰ তলত এটি মিচিকিয়া হাঁহি। অৰুনিমাক দেখিয়েই ক'লে," কি হ'ল, মুখখন  ৰঙা পৰি আছে দেখোন  । খং উঠিছিল হবপাই ।" অৰুনিমাই মুখ খোলাৰ আগতেই টোপোলা এটা আগবঢ়াই ক'লে, "হাফ চেঞ্চুৰি মাৰিলা, পাহৰি যাম বুলি কেনেকৈ ভাবিলা" ? অৰুনিমাই  টোপোলাটো খুলি দেখিলে এটা সুন্দৰ ক্ৰীমৰ কেক্ ।  মানুহজনে তাৰমানে ইমান সময়... ? তাইৰ খংটো নিমিষতে কপূৰৰ দৰে উৰি গ'ল । তাই আনন্দতে গিৰিয়েকক গৈ সাৱটি ধৰিলে , আৰু ক'লে," থেংক ইউ। কিন্তু  বিলম্ব নাই প্ৰয়োজন ইটো টোপোলাও দিয়া । ".....অৰুনিমাৰ সন্তোষৰ হাঁহি টোৱে সদ্যজাত শিশুৰ আগমনে পোহৰাই তোলাৰ দৰেই পোহৰাই তুলিলে কোঠাটো।
 

পৃষ্ঠা ১৬

                        ধাৰক মাতৃ                  
      (Surrogate Mother)

  মীনাক্ষি ৰায় ডাকুৱা,
                                  
      সকলোকে নিশ্চিন্ত কৰি আজি ৰাতিপুৱা বিনতাই ডাঃ গোস্বামীৰ নাৰ্চিংহোমত এটি ল'ৰা আৰু এজনী ছোৱালী—দুটি সুস্থ শিশুৰ জন্ম দিলে । মিঃ দীপাঞ্জন কাকতি, তেখেতৰ মাতৃ সুষমাদেৱী, তেওঁলোকৰ আত্মীয়-বন্ধু সকলোৱেই বৰ আনন্দিত । দেৱশিশুৰ দৰে যঁজা ল'ৰা-ছোৱালী দুটিৰ জন্মৰ চাৰ্টিফিকেটত দীপাঞ্জনে নাম দিলে আকাশ আৰু বন্তি ।
      আজি ৰাতিপুৱাৰ পৰাই আকাশখন গোমা হৈ আছে । বিনতাৰ মনটোতো বৰ দুখ লাগি আছে । আজি তাই ঘূৰি যাব লাগিব নিজৰ ঘৰলৈ । যাবলৈ সাজু হৈ তাই আকাশ আৰু বন্তিৰ কাষলৈ আহিল । তাইক দেখি শিশু দুটিয়ে সৰ্বশক্তিৰে তাইক সাৱটি ধৰিলে । সিহঁতে জানো বুজি পাইছে, সিহঁতৰ মাকে দুয়োকে এৰি চিৰদিনৰ বাবে গুচি গৈ আছে ? এই মায়া উচিত নহয় বুলি বিনতাই নিজকে সান্ত্বনা দিয়ে । অৰ্থৰ বিনিময়ত যাৱতীয় নথি-পত্ৰত চহী কৰি তাই নিজৰ গৰ্ভ ভাৰাত দিছে । তাইৰ কোনো অধিকাৰ নাই এই শিশু দুটিৰ ওপৰত । আনকি তাই জানে, আদালতৰ দ্বাৰস্থ হ'লেও আইন তাইৰ বিৰুদ্ধেই যাব । জোৰ কৰি আকাশ আৰু বন্তিক আয়াৰ হাতত দি খৰখোজেৰে বিনতাই গেটৰ বাহিৰলৈ ওলাই আহিল । ইতিমধ্যে বৰষুণ আৰম্ভ হৈ গৈছিল । দুই সন্তানৰ জননী বিনতাই সন্তানহীনতাৰ যন্ত্ৰণাত আকুল হৈ কান্দোনত ভাগি পৰিল ।

গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫


পৃষ্ঠা ১৭

অনুবাদ কবিতাঃ

A DREAM WITHIN A DREAM

 EDGAR ELLAN POE

 Take this kiss upon the brow!
 And, in parting from you now,
 Thus much let me avow —
 You are not wrong, who deem
 That my days have been a dream;
 Yet if hope has flown away
 In a night, or in a day,
 In a vision, or in none,
 Is it therefore the less gone?
 All that we see or seem
 Is but a dream within a dream.
 I stand amidst the roar
 Of a surf-tormented shore,
 And I hold within my hand
 Grains of the golden sand —
 How few! yet how they creep
 Through my fingers to the deep,
 While I weep — while I weep!
 O God! Can I not grasp
 Them with a tighter clasp?
 O God! can I not save
 One from the pitiless wave?
 Is all that we see or seem
 But a dream within a dream?

সপোনৰ মাজৰ এটা সপোন

(মূল: A Dream Within A Dream  by EDGAR ELLAN POE অনুবাদঃ প্ৰাণ কৃষ্ণ গোস্বামী )

ভ্ৰূ যুগলৰ ওপৰত এই চুম্বন গ্ৰহণ কৰাঁ!
আৰু, তোমাৰ পৰা এই বিচ্ছেদৰ ক্ষণত,
এনেদৰে খোলাকৈ মোক স্বীকাৰ কৰিব দিয়া –
ভুল নাছিল তোমাৰ অনুভৱ, 
মোৰ দিনবোৰ যে মাথো এটা সপোন;
তথাপি যদিহে আশাবোৰ উৰি গুচি গ’ল
এটা নিশা, অথবা এটা দিনত,
এক দৃষ্টিত, অথবা এক শূন্যতাত,
সেয়ে ই কমকৈ  গ’ল নে কি ?
আমি দেখা বা দেখা যেন লগা সকলোবোৰ
মাথোঁ সপোনৰ মাজৰ এটা সপোন।

মই  থিয় দি দি আছো ফেনাল ঢৌৱে কোবোৱা 
সাগৰ তীৰৰ এক কোলাহলৰ মাজত,
আৰু মোৰ হাতেৰে ধৰি আছোঁ
সোণোৱালী বালিকণাৰ মুঠি-
গকইটামান গহ, অ চ কেইটামান হে, অথচ
কেনেকৈ যে সৰকি যায় মোৰ আঙুলিৰ মাজেৰে গভীৰতালৈ,
যেতিয়া মই কান্দো--- যেতিয়া মই কান্দো।
হে ঈশ্বৰ! মই নোৱাৰোনে ধৰিব সিহঁতক
মোৰ হাতৰ টান মুঠিৰে ?
হে ঈশ্বৰ! নোৱাৰোনে মই কৰিব ৰক্ষা
এটি বালিকণা সেই অনুকম্পাহীন ঢৌৰ পৰা ?
আমি দেখা অথবা দেখিছোঁ বুলি ভবা সকলোবোৰ
হয়নে কি মাথোঁ সপোনৰ মাজৰ এটা সপোন

(১৮০৯ চনৰ জানুৱাৰীত বষ্ট'ন চহৰত জন্ম হোৱা এডগাৰ এলোন প’ এগৰাকী আমেৰিকান
সাহিত্যিক আছিল। তেওঁ একেৰাহে কবি, গল্পকাৰ, ৰহস্য-কাহিনীকাৰ আৰু সমালোচক আছিল। আমেৰিকাত তেৱেঁই প্ৰথম ৰহস্য-কাহিনীৰ পৱৰ্তক আৰু চুটি গল্পৰোপাৰম্ভিক লেখক সকলৰ এজন আছিল।জন্মৰ এবছৰ পিছত দেউতাকে পৰিয়াল এৰি ক'ৰবালৈ গুচি গৈছিলা আৰু তাৰ এবছৰৰ পিছত মাকৰো মৃত্যু হৈছিল। ভাৰ্জিনীয়াৰ " ৰিচমণ্ড আৰু এলান' নামৰ পৰিয়াল এটাই প'ক তুলি তালি ডাঙৰ দীঘল কৰিছিল। এবছৰ কলেজত পঢ়িয়ে তেওঁ পঢ়া এৰি দিছিল। । ইতিমধ্যে তেওঁ গল্প-কবিতা লিখাত মনোযোগ দি দুই এটা ভাল লেখা প্ৰকাশো কৰিছিল। তেওঁৰ "টেমাৰলেণ্ড  আৰু অন্যান্য কবিতা" শিৰ্ষক প্ৰথম কবিতা সংকলনত নিজৰ নামৰ সলনি " এজন ব'ষ্টনিয়ান" বুলিহে প্ৰকাশ কৰিছিল। ইয়াৰ পিছৰ পৰা তেওঁ কেৱল সাহিত্য চৰ্চাতে মনোনিবেশ কৰি, তাৰে হোৱা উপাৰ্জনেৰে চলি বেছ কষ্টৰে জীৱন নিৰ্বাহ কৰিছিল। আমেৰিকাৰ ৰোমাণ্টিজিমৰ তেওঁ এজন কেন্দ্ৰবিন্দু আছিল। ১৮৪৯ চনত খুব কম বয়সতেই এই বিখ্যাত সাহিত্যিক জনৰ মৃত্যু হয়। এই নিচেই কম সময়তে তেওঁৰ ন খন গল্প সংকলন, সাতখন কাব্য সংকলন আৰু বিভিন্ন বিষয়ৰ অনেক প্ৰৱন্ধ প্ৰকাশ পাইছিল। "ইউৰেকা" ( Euraka) নামৰ এটা কথা কবিতাত ( Prose Poetry ত) ১৮৪৮ চনতে, ইয়াৰ ৮০ বছৰৰ পিছত উদ্ভৱ হোৱা ' বিগ বেং' সূত্ৰৰ বিষয়ে বিশদ ভাবে লিখি গৈছে।  Mystery Writers of America নামৰ এটি সংগঠনে " এডগাৰ এৱাৰ্ড" নামেৰে বছৰি এক পুৰস্কাৰ দি অহাৰ উপৰিও চৰকাৰী ভাৱে তেওঁৰ ঘৰ আৰু কেইবা ঠাইতো সংগ্ৰহালয় স্থাপন কৰা হৈছে।)

 

পৃষ্ঠা ১৮

প্রেম

মূল বাংলাঃ প্রণবেন্দু দাশগুপ্ত
অসমীয়া অনুবাদঃ বাসুদেব দাস

প্রেম আহে, বুকুৰ পাথৰ আঁতৰি যায়,
প্ৰেম গুচি যায়, বুকুৰ পাথৰ ভিৰ কৰে।

পৃথিৱী যে কোনোবা কোনোবাৰ তাত 
খুব ধুনীয়া ঠাই, সেয়াতো তুমি বুজি উঠিব পাৰা।
বহুসময় আন্ধাৰত চাই থাকিলে 
মাজে মাজে দুই এটা আকাৰ উঠি আহে।
এজনী গাভৰু আজি মাজৰাতি ঘৰত অকলে আছে।
বেণী গুঠাৰ চেলুত ,সকলো দাপোণৰ ফালে চাই আছে।
কোনে দিলে তাৰ বুকুত ঢৌ, কোনে তাৰ চকুত পোহৰ জ্বলাই দিলে ?

এয়াই প্রেম, এয়া অকল আৰাঁলত আৰাঁলত 
কাম কৰে, সময় উকলি গলে ,খহি পৰে।

পাথৰবোৰ লাহে লাহে আঁতৰি যায়,
স্ৰোতৰ সলনি হ'লে আকো উভতি আহে।
 

পৃষ্ঠাঃ ১৯

ছুটী

 মূলবাংলাঃ শঙ্খ ঘোষ 
অসমীয়া ভাঙনিঃ সপ্তর্ষি বর্ধন

হয়তো আহিছিল । কিন্তু মই চোৱা নাই ।
এতিয়া কি সি বহুত দূৰলৈ গুচি গৈছে ? 
যাম, যাম, যাম ।

সকলো তো ঠিক কৰাই আছে । এতিয়া কেৱল বিদায় লোৱা ,
সকলৰ ফালে চকু ।
যোৱাৰ সময়ত প্ৰণাম , প্ৰণাম ।

কি নাম ?
মোৰ কোনো নাম তো নাই , নাও বন্ধা আছে দুটা ,
দূৰলৈ সকলোৱে জাল পেলাইছে সাগৰত -

ছুটী,  প্ৰভু , ছুটী ।


পৃষ্ঠা ২০

ছটি হাইকু

জোনা মহন্ত 

১/
বসন্তৰ আগমন
কুঁহিপাতৰ নাচোন
ৰূপৰ হাট ।

২/
জোনৰ ধেমালি
মেঘৰ স'তে লুকভাকু
জালিকটা ধৰণী ।

৩/
লঠঙা গছ
লমালমে আতলচ
বান্দৰৰ কিৰিলি ।

৪/
প্ৰকৃতি , প্ৰেম
বিশ্বব্ৰহ্মাণ্ড ব্যাপি
আলোড়িত মানৱ ।

৫/
সেউজীয়া ঘাঁহনি
সুৰুজৰ লীলা খেলা
গছ পাত জকমক ।

৬/
পূৰ্ণিমাৰ মাজনিশা
জোনাকৰ স্নিগ্ধ হাঁহি
কাৰ চিনাকি সুৰভি ।

গুৱাহাটী 
মোবাইল- ৯৯৫৪০৩৭৬৭৯


পৃষ্ঠা ২১

কবিতাঃ

    যোৱা বাটেৰে ওভতা খোজবোৰ 

                       ৰীতা বৰুৱা

যোৱা বাটেৰে ওভতা খোজবোৰ
পুনৰ খোজ হ'ব পাৰিলেনে

হাতবোৰৰোযে কিমানৰ 
ছিগিল হাত

সৰে জানো ত'ত 
সৰিব লাগে য'ত 
কৰুণাৰ ফুল

আৰু প্ৰতিনিয়ত
বাঢ়ি যোৱা
বজাৰৰ জুইকুৰাত
বৰশীত লাগি অহা
মাছৰ দৰেই ধৰ্‌ফৰায়
উশাহ !


পৃষ্ঠা ২২

বসন্তৰ গান

জ্যোতিমণি শইকীয়া(বৰুৱা)

বসন্তৰ হেঙুলীয়া আবেলিৰ বাটেদি
বৈ আহিছিল এটা প্ৰতিশ্ৰুতিৰ সুঁতি,
স্বচ্ছ পানীৰ নিৰ্মল তৰংগত খেলিছিল
এমুঠি হেঙুলীয়া ডাৱৰৰ হাঁহি...

তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধত
খৰিকাজাঁইৰ সুবাস এটি বিয়পি পৰিছিল,
খৰিকাজাঁইৰ সুবাস লাগি 
মোৰ বুকুৰ পদূলিত ওলমি পৰিল
মায়াসনা এটি বাসনাৰ আবেলি...

সন্ধিয়াটোৱে আবেলিক
নিচুকনি গীত গাই শুৱাই আছিল,
আবেলিটোৱে গোপনে উঁচুপিছিল...
সন্ধিয়াৰ উন্মনা বতাহজাকে
আবেলিৰ হেঁপাহবোৰ বুজি উঠাকৈ
পূৰঠ হোৱা নাছিল...

বিষাণুৱেগধুৰ কৰা সন্ধিয়াটো
শুকান পাত সৰাদি সৰি পৰিব
গধূলিৰ বুকুত,
ৰু ৰুৱাই বলা বতাহ জাকতো 
বিষাদৰ সুৰ...
ভীতিগ্ৰস্ত সন্ধিয়াবোৰ সন্তুলিত হ'ব পাৰে 
আঁউসীৰ পিছৰ জোনাকৰ বুকুত...

ৰাতিৰ বুকুতো থাকে 
একোটা চিৰন্তন ৰাগি,
মাজৰাতিৰ বৰষুণৰ শব্দত থাকে
ৰহস্যময় ৰাতিৰ কথা...
নিদ্ৰাহীনতাই কৰে তাৰ অনিমেষ উন্মেষ...

  
  টেকেলাগাঁও,যোৰহাট।


পৃষ্ঠা ২৩

 আকৌ পালেহি ব'হাগ

 ৰূপা গগৈ 
 গুজৰাট 
( 7984517006)

আকৌ পালেহি ব'হাগ 
চেনাই ঐ
ডালৰ কুলিজনীয়ে মাতিছে কু-উ কু-উ কৈ ....
বসন্ত‌ই আনিছে লগত অনুভৱৰ
এপাচি ৰং ৰঙা
নৈ পৰীয়া শিমলুজোপাৰ তুলাবোৰ উৰিছে
কি কৰো নকৰোঁ ৰাই-জাঁই  মোৰ মন ।

প্ৰেমৰ মিঠা অনুৰণ হৃদয়ত জাগিছে
শুকান বননিত নকৈ গজাঁলি মেলিছে .... 
লাহি কপৌপাহিৰ আকুলতাই
গড়গয়াঁ নাচনীৰ কলদিলীয়া খোপাত হাঁহিছে
দুচকু মোৰ পদূলিলৈ মাথোঁ
চেনাই ধনে মোলৈবা কি আনিছে ?

যোৱাবাৰৰ বিহুতি বৰ আলৈ- আথানি হ'ল
ক'ৰ'ণাৰ কবলত পৰি 
এইবাৰ বিহুতি এৰিব নোৱাৰি 
যুগমীয়া কৃষ্টিক ৰাখিব লাগিব ধৰি ।

বিহু অসমীয়াৰ মান , বিহু অসমীয়াৰ প্ৰাণ
সময়ৰ চকৰিত উঠি বিহুও উঠিল মঞ্চত
এতিয়া গছ তলত পেঁপাটি নেবাজে
চোতালত নেভাগে নাচনীৰ লাহি কঁকাল
প্ৰজন্মৰ সমুখত বিহুৰ নৱতম চৰিত্ৰ

কৃষ্টি , সংস্কৃতিৰ অবিহনে নাবাচে এটা জাতি
এই কথাকে সাৰোগত কৰি 
যাঁচিলো সদৌটিলৈ ৰঙালীৰ শুভকামনা
গ্ৰহণ কৰিব দায়- দোষ মৰিষণ কৰি ।।


পৃষ্ঠা ২৪

বসন্তৰ আগজাননী

 ৰিয়া হাজৰিকা

ফাগুনৰ লঠঙা শুকান ডালত
সেউজ সম্ভাৱনাৰ নতুন প্ৰয়াস
বতাহজাকত উৰি আহে বসন্তৰ  বতৰা
ঢোলে-দগৰে সাজু হৈছে অসমীয়া ডেকা।

শান্ত-সৈম্যভাৱে শুই থকা
নদীখনো ক্ৰমশ: গৰ্ভৱতী
ঢাপৰ গছবোৰত কুলি-কেতেকীৰ ইননি-বিননি
ৱাহ! কি অপৰূপ সৌন্দৰ্যৰে এয়া বসন্তৰ আগজাননী।

ঠায়ে ঠায়ে বিহুৰ আখৰা
ডেকাচাঙত এতিয়া মনোমোহা নাচনীৰ সন্ধানত
বু...বু...বা...বা...
ৰচকী নাচনীকেইজনীৰো একেই দশা
কোনে জানে এই বসন্তই কিমানৰ মনত সিঁচি যায় সেউজ সম্ভাৱনা!!


পৃষ্ঠা ২৫

ব'হাগ   

মৃদুলা দেৱী
মাজুলী

এয়া যে ব'হাগ অহাৰ বতৰ
মাজ নিশা কেতেকীৰ
হিয়া ভঙা বিননি
ইচাত বিচাত মন
চকুত নাহে টোপনি

প্রভাতী পুৱাতে
পাতৰ আঁৰে আঁৰে
লাজুকী কুলিটিৰ 
অমিয়া গীতি
চঞ্চলা মন
পখীৰ  কাকলি

গছৰে ডালতে কপৌ
নাহৰ, তগৰ ফুলিলে
গোন্ধতে আমোলমোল
নতুন আশা এটি
আবাহনী গীত হৈ
মন সাগৰত 
তুলিছে জোঁৱাৰ
ঋতুৰাজ বসন্তই
পিঠিত বতৰা আনে
ব'হাগ  যে আহি পালে

ঢোলৰ গুম গুমনি
পেঁপাৰে টিহিটি
তাঁতৰ খিত খিতনি
জেতুকাৰ বোলেৰে
দুয়ো হাত ৰাঙলী
ঢেঁকীৰ চাবে চাবে
বিহু গীতৰ ক'লি

চিপ চিপ বৰষুণে
পলাশ, মদাৰ, শিমলুৰ
ৰঙবোৰ উটুৱাই
ভৰযৌৱনা প্রকৃতিক
সেউজী কুঁহিৰে
ন সাজ পিন্ধাই

প্রেমময় বসন্ত
এয়া যে ব'হাগ
অহাৰ বতৰ।


পৃষ্ঠা ২৬

ব'হাগ

বিপুল বৰুৱা

মুঠি মাৰি ছটিয়ালে
সুগন্ধি ৰঙীন পখিলা
থাপ মাৰি লৈ গ'ল 
মনৰ বন্ধা খোপনি 
বন বিৰিখৰ দেহা গৰকি 
গৰকি টানি গ'ল সুহুৰি
জোকাই গ'ল বোৱাৰী আঁচল
কেনি গ'ল ? কেনি গ'ল ? 
পদূলি ওলাই দেখোঁ
 কঠাল ডালৰ কপৌ পাহিত 
কলিজা দুচেও কৰা হাঁহিৰে 
ব'হাগ দেখো থৰ লাগি ৰ'ল। 

   ভ্ৰাম্যভাষ-৮৬৩৮৮১৯৩৩৮


পৃষ্ঠা ২৭

 বসন্তৰ আগমন

ৰাহুল জ্যোতি বৰা

খিৰিকিখন জপাই থওঁ বুলি খিৰিকিৰ কাষত ৰৈ
শুনিবলৈ পাইছোঁ ঢুলীয়াৰ ঢোলৰ চাপৰৰ তালে তালে 
কুঁহিপাতৰ অাৰত বহি কুলি চৰাইজনীয়ে 
বসন্তৰ অাগজাননি লৈ গোৱা গীত ।

নাঙঠ গছবোৰেও কুলি চৰাইজনীৰ কন্ঠত
হালধীয়া বৰণ দলিয়াই সেউজীয়া চাদৰ পিন্ধি
 ন ৰূপেৰে জিলিকি উঠিছে প্ৰকৃতিৰ কুৱঁৰী ৰূপে।

জেতুকাৰ ৰঙীন বোলৰ পৰশত নাচনী ভনীটিয়েও
বসন্তৰ অাগমনত দুওঁঠত হাঁহি বিৰিঙাই
কুলি চৰাইজনীৰ সুৰৰ তালে তালে অবিৰত ভাৱে
তাত শালৰ মাঁকো মাৰিছে ঘনে ঘনে ।

হঠাৎ তাইৰ মন অাজি ধূসৰ হৈ পৰিছে
হাবিয়নিৰ হাবি ফালি তাইলৈ কোনোৱে অানি নিদিয়ে কপৌফুল
কপৌফুল খোপাত গুজি লোৱাৰ হেঁপাহকণ এইবেলি
বিষাদ বেদনাৰে মনটোক ভিতৰতে দো-খোৱাই ওলমাই ৰাখিছে ।

তথাপিও দূৰণিৰ ঢোলৰ চাপৰৰ তালে তালে তাই 
অটল হৈ স্থিৰেৰে থাকিব নোৱাৰে ৰৈ,
অস্থিৰ উন্মনা মনে যেন চিঞৰি চিঞৰি 
অাহ্বায়ন কৰিব খোজে তাই অতীতৰ হেৰুৱা গভীৰ প্ৰেমক।

শিলচৰ, অসম
মো: ৯৯৫৪৯১১৫২৮


পৃষ্ঠা ২৮

শিলৰো থাকে হৃদয়

জোনালী বড়া

শিলৰ বুকুতো  থাকে প্ৰেমৰ ভাষা।
আৰম্ভণিৰ অম্বেষণত ,
আটোম টোকাৰিকৈ সজোৱা ধূলি মাটিৰ এটি সজা।
ৰ'দ- বৰষুণক আদৰিব পৰাকৈ ,
শেলাই বাকৰিত লেটি লব পৰাকৈ ,
জীৱনক জীও দিব পৰাকৈ
কঠিন শিলেও দিব পাৰে ভৰসা!
প্ৰাণ ঢালি গাব পাৰে,
 মূৰ তুলি থিয় হোৱাৰ গান!
 দিব পাৰে আশাৰ আশ্ৰয়।
বুকুৰে বোৱাব পাৰে প্ৰাণৰ জলপ্ৰপাত।

শিলৰো থাকে হৃদয় 
আকাশক দিব পৰাকৈ,
 গভীৰ আন্তৰিকতা ।
ভাল পাওঁ বুলি ক'ব পৰাকৈ 
প্ৰেমৰ বলিয়া প্ৰলাপ।
প্ৰয়োজনত মাটি হ'ব পৰাকৈ
শ্ৰেষ্ঠত্ব বিশ্বাস।
শিলৰো থাকে হৃদয়ৰ কবিতা!
এটা প্ৰাণ হ'ব পৰাকৈ চিত্ৰকল্পৰ চিৰন্তন আশ্বাস।


পৃষ্ঠা ২৯

বেংছতা

জুৰি ৰাজখোৱা গগৈ

বেংছতাৰ তলত
ৰৈ নেথাকে বেং
যদিও
বেংছতাবোৰে ৰ’দ আৰু বৰষুণত 
ছাতি এটাৰ দৰে নিজকে মেলি 
ৰৈ থাকে বেং বোৰৰ বাবে,
সামঞ্জস্যহীন নাম
অন্তহীন অপেক্ষা
বেংছতাৰ ৷

হৃদয়বোৰলৈ প্ৰিয়জন নাহে
যদিও
অনুৰাগেৰে ৰঞ্জিত হৈ
আকুলতাৰে ৰৈ থাকে হৃদয়বোৰ
প্ৰিয়জনৰ বাবে,
ৰিক্ত হৃদয়
অন্তহীন অপেক্ষা হৃদয়বোৰৰ
প্ৰিয়জনৰ বাবে ৷


উষাপুৰ, মৰাণহাট


পৃষ্ঠা ৩০

জীৱনৰ খোজ

ৰিচা ৰহমান

এখোজ দুখোজকৈ গৈ থাকে খোজবোৰ
বৰষুণ জাকো এৰা নাই
ৰৈ যাব বিচৰা খোজবোৰ 
ৰ'ব খুজিও গৈ থাকে
গৈ থাকে জীৱনৰ আকোঁৱা-পকোৱা
অথবা পোন পথেদি
যাত্ৰাৰ যে কোনো শেষ নাই 

আজি জীৱন নদীৰ সাকোঁত বহি 
মূৰ ঘুৰাই চাইছো
এৰি অহা দীঘলীয়া বাটটো
ক্ষন্তেকীয়া জীৱনৰ বহু স্মৃতি
সজীৱ কৰি ৰখা কেইটিমান কবিতা

মোৰ হৃদয়ৰ অনুভৱৰ ক'লাজ
নাই ইয়াত কোনো বিশেষত্ব
আছে মাথোঁ কলমেদি নিগৰি অহা 
কেঁচা তেজৰ চেকুৰা অথবা
কেঁচা ‌মাটিৰ গোন্ধ আৰু
এক সঞ্জীৱনী হৃদয়


পৃষ্ঠা ৩১

কুঁৱলীৰে  অকবিতা

কাৰ্চাং তাকাৰ
লখিমপুৰ

কেঁচা কোমলীয়া হাঁহিৰে ফেৰেক
ভালপোৱাৰ আনন্দচোন কুঁৱলীৰ বেলাতেই লুকাল
আকাশ, চাৰিওকাষে ধোঁৱাৰে বাৰিষা 
চেঁচা পৰি যোৱা মুধচৰ চালি ॥
কত  কিমান ঘাম পানীত পেলাই
বীজ সিঁচি পিতাইয়ে উদ্ভিদ কৰিছে
আইয়ে সুবাসী হওক বুলি চকুত কাজল সানিছে॥
আকৌ কুঁৱলী পৰিল 
কুঁৱলীৰ সতে মিচিকিয়া হাঁহি মাৰি চেঁচা পৰাত
আই-পিতাইয়ে গাত কম্বল তৰাইছে ॥
চেঁচা পৰিছে
কুঁৱলীয়ে দেহত শিং জোকাৰিছে
বহ্নিকো কলো আই-পিতাইয়ে কম্বল লৈছেনে নাই
চোৱাহিচোন চোৱা ?
কতা আজিচোন শূন্য
বহ্নিকো কলো
কুৱলীকো নেদেখিলো
সিহঁতচোন এতিয়া নেদেখা নদীৰ সিপাৰ ॥
 

পৃষ্ঠা ৩২

নিৰৱধি অন্বেষণ  

সীতা দেৱী 


পৰিশ্ৰান্ত সময়,
কিন্তু অক্লান্ত মই।
বিশ্বাস আৰু দায়বদ্ধতা,
অদম্য উৎসাহ আৰু একাগ্ৰতা।
জীয়াই থকাৰ অফুৰন্ত প্ৰেৰণা,
উৎসাহিত সুন্দৰ জীৱনৰ কামনা।
বুদ্ধিদীপ্ত অনুভৱী কৰ্মৰ আশা
নতুন সংকল্পৰ প্ৰাচুৰ্য ভৰা প্ৰত্যাশা।
ঐক্যবোধৰ অবিচলিত স্নিগ্ধতা,
বিনন্দীয়া সৌন্দৰ্যৰ অপৰূপতা ।
এবুকু অনুৰাগৰ সঞ্জীৱনী হেঁপাহ,
ছন্দোবদ্ধ অক্ষয় প্ৰেমৰ এজাক বতাহ।
সাগৰৰ গভীৰতা,
আকাশৰ বিশালতা।
মহিমামণ্ডিত অনুভূতিৰ সুগন্ধি সুবাস,
সভ্যতাৰ মহা শক্তিৰ সৰ্বব্যাপী ইতিহাস।
আকলুৱা প্ৰেমৰ নিৰৱধি অন্বেষণ,
অকৃত্ৰিম ভালপোৱাৰ নিৰ্মল আভূষণ   ।।

বিহপুৰীয়া, লখিমপুৰ।


পৃষ্ঠা ৩৩

শ্মশান

মমী বৰঠাকুৰ

শ্মশান বুলি ক'লেই বুকুখন মুচৰ খাই যায় ,
অথচ আমাৰ প্ৰত্যেকৰে গন্তব্যস্থান শ্মশানেই।
এই জীৱনৰ শেষ ,
পয্যায় শ্মশান ।
আমি নিজক বিলীন কৰি দিয়াৰ স্থানেই শ্মশান।
প্ৰতি দিনে আমি আগবাঢ়ি গৈ আছোঁ 
শ্মশানৰ কাষলৈ ।
তথাপি শ্মশান বুলি ক'লেই  বুকুৰ স্পন্দন কমি আহে ,
উশাহ চুটি হৈ আহে  ....... ।
উশাহ লৈ আছোঁ বাবেই জীয়াই আছোঁ ,
উশাহ বন্ধ হ'লেই 
 মৃত শৰীৰটোক লৈ কৰিব শ্মশানলৈ যাত্ৰা ।
এয়াই সত্য, চিৰসত্য কথা , 
যাক আমি উপলব্ধি কৰিলেই দুচকুৰ ভৰি পৰে ।


গুৱাহাটী ( ভেটাপাৰা - নন্দন পথ ) 
দূৰভাষ - ৮৩৯৯৯৮৬৬১৭


পৃষ্ঠা ৩৪

বৃক্ষ

পাহাড়ী শইকীয়া
নামৰূপ

বট বৃক্ষৰ দৰে ছাঁ দি
সুৰৰ লহৰৰে...
সুগন্ধিৰ দৰে সুবাস চটিয়ালা
 বিশ্ববাসীক  মুহিলা
 গীতৰ ভাষাৰে 
তোমাৰ প্ৰতিটো সৃষ্টিত ৰৈ গ’ল অসমীয়াৰ
 কেচাঁ তেজৰ 
 বোকাৰ মাটিৰ গোন্ধ ৷
 মহাবাহু বহ্মপুত্ৰৰ পৰা সুবিশাল সাগৰৰ বক্ষলৈকে বিস্তৃত বনাঢ্য জীৱন গাথাৰে  অনুপম ব্যক্তিত্বৰে সমৃদ্ধ ভূপেন দা তুমি নিজে এটি গান ৷
 
পূৰ্ণিমাৰ ৰাতি বিশ্ববাসী যেতিয়া সুখ নিদ্ৰাত কটায়
তেতিয়া তুমি  বিনিদ্ৰ ৰজনী জোনাকত জিলিকি উঠা ৰূপে হৰি নিয়া সুখ শান্তিৰ কথা ভাবা !
আজি বাৰুকৈয়ে তোমাৰ গীতৰ কথাই 
জোকাৰি গৈছে 

মানুহে মানুহৰ বাবে 
ভাবিবলৈ গীতৰ লহৰত জাগ্ৰত কৰিছিলা 
হে মহান সুৰসাধক ?

পূবৰ পৰা পশ্চিমলৈ 
উত্তৰৰ পৰা দক্ষিণলৈ  প্ৰতিখন 
 ঠাই, দেশ তোমাৰ গীতৰ সৃষ্টিৰাজিত 
 চিৰদিন চিৰকাল বিদ্যমান ৷

অধ্যাপনা 
 বিধায়ক
  জুৰী অৱ দা নেচনেল ফিল্ম এৱাৰ্ডচৰ পৰা আদি কৰি কিমান যে সন্মানেৰে বিভুষিতা
 হে সুধাকণ্ঠ  !
  তুমি আমাৰ হিয়াৰ আমঠু  ৷
  অসম সন্তান হৈ,
  তোমাৰ গীত কবিতা সুৰধ্বনিয়ে, 
  জাগ্ৰত কৰিলে কত শত নৱ -জোৱানক ৷
  
সমগ্ৰ জীৱন যাযাবৰী হৈ ৰূপহী অসমী আইক বুকুৰ উম দি সজাই তুলি
   
     বিশ্বজুৰী  জিলিকায়  তুমি গ’লাগৈ 
      হে আমাৰ সুধাকণ্ঠ
      কবিতাৰ ক্ষীণকায় শৰীৰত সামৰিব পাৰিনে
      তোমাৰ গুণানুকীৰ্তন
      আকাশৰ দৰে বিশালতাৰে আমাক আবৰি হে সুধাকণ্ঠ
      তোমাক প্ৰণাম ৷ 
       তোমাক শত কোটি প্ৰণাম ৷


পৃষ্ঠাঃ ৩৫

ৰৌদ্ৰকামনা

মাইনি মৌচুমী

হিয়াৰ নঙলামুখত
সিঁচি থৈ গ'লা
এমুঠি তিক্ত প্ৰেমৰ যন্ত্ৰণা
অনুভৱ যেন..
মৃত্যুৰ কাষেৰেই পাৰ হৈ আহিলোঁ
জ্বলাই জীয়াৰ হেজাৰ বাসনা..

তথাপিতো নুবুজিলোঁ
শুভ্ৰ হিয়াখনি মোৰ, কিয়
বাৰে বাৰে মলিন কৰোঁ!

তোমাৰ বাবে।
তোমাতেই ৰজনীগন্ধাৰ নিশা
অযুত-নিযুত প্ৰেমৰ থাপনা,
শুকান বাৰিষাৰ হেঁপাহৰ ঢল
তুমিয়েইতো..
সূৰ্যমুখী স্বপ্নৰ এটি
আফুলন ৰৌদ্ৰকামনা।।

মাৰ্ঘেৰিটা(অসম)


পৃষ্ঠাঃ ৩৬

পৰিচয় শিতানঃ

কবি, উপন্যাসিক কিশোৰ মনজিৎ বৰাৰ চমু পৰিচয়ঃ


১৯৮৫ চনৰ ২৩ আগষ্টত ( ৭ ভাদ) শিৱসাগৰত এটি কৃষক পৰিয়ালত কিশোৰ মনজিৎ বৰাৰ জন্ম হয়। পিতৃ প্ৰেম বৰা, মাতৃ অনু বৰা। ২০০৫ চনত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক আৰু ২০০৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা একে বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। কিশোৰে প্ৰথমে শিৱসাগৰৰ মেলাচকৰৰ শংকৰদেৱ শিশু-বিদ্যা নিকেতন, শিৱসাগৰ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত কিছু দিন শিক্ষকতা কৰে। ২০১২ চনৰে পৰা কিশোৰ মনজিতে টে'ট উত্তীৰ্ণ শিক্ষক হিচাপে হাইলাকান্দি নগাঁও (হোজাই), বৰপেটা (পাঠশালা), মৰিগাঁও আদি অসমৰ বিভিন্ন ঠাইত শিক্ষকতা কৰাৰ বহুতৰপীয়া মিঠা-তিতা অভিজ্ঞতাৰ সংমিশ্ৰণ ৰচনা কৰিছে। তেখেতৰ নৱতম উপন্যাস " পখী উৰি যায়" । ছ'চিয়েল মিডিয়া যোগে পোনতে প্ৰচাৰিত উপন্যাসখনে বিগত দশকটোৰ অসমৰ শৈক্ষিক-সামাজিক ক্ষেত্ৰখনৰ এক বাস্তৱ আৰু মসৃণ ছবি পৰিস্ফুট কৰিবলৈ সক্ষম হৈছে। ২০১২ চনত জনপ্ৰিয় পষেকীয়া আলোচনী "প্ৰান্তিক"-ত " হৃদয় এক মহাকাব্য" উপন্যাসেৰে আত্মপ্ৰকাশ কৰি পাঠক-পাঠিকাৰ চিনাকী হৈ পৰা কিশোৰ মনজিৎ বৰ্তমান মৰিগাঁও জিলাত শিক্ষকতাত ব্ৰতী হৈ আছে। 
            যোৱা দুটা দশক ধৰি অসমীয়া সাহিত্যলৈ ঐকান্তিক অৰিহনা আগবঢ়াই অহা কিশোৰ মনজিৎ বৰাৰ  হৃদয় এক মহাকাব্য (২০১২), দ্বিতীয় প্ৰকাশ (২০১৫), পখী উৰি যায় (২০২১), অনুপম উপন্যাস। মাটিগোঁসাঁনী(২০১৪), বুদ্ধক বিচৰা ৰাতি (২০১৫), মহাগাথা(২০১৮), আৰু বিস্মৃত উপত্যকা(২০১৯) ভিন্নস্বাদৰ কাব্যগ্ৰন্থ। আঙুলিবোৰৰ মাজতে ঘাঁহনি এখন পালোঁ(২০০৯) তেওঁৰ এখন সম্পাদিত গ্ৰন্থ।
         ত্ৰৈমাসিক কাব্য আলোচনী যাত্ৰাৰ সম্পাদনাৰ লগত জড়িত কিশোৰৰ কবিতা হিন্দী, ইংৰাজী, বাংলা, ফৰাচী, স্পেনিচ আদি ভাষালৈ অনুদিত হৈছে।
            ২০০৬ চনত 'ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সপ্তাহ'-ৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী কিশোৰ মনজিতে ২০১৫ বৰ্ষৰ দিখৌমুখৰ ' গীতাঞ্জলি বৰুৱা মিলি স্মাৰক ন্যাস আৰু শিৱসাগৰ জিলা সাহিত্য সভাই প্ৰদান কৰা গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা' লাভ কৰে। সাহিত্য অকাদেমিৰ Travel Grants লাভ কৰি উৰিষ্যা ভ্ৰমণ (২০১৫) ৰ উপৰি অকাডেমিৰ দ্বাৰা আগৰতলাত অনুষ্ঠিত All India Young Writer's Festival (২০১৬) আৰু চণ্ডীগড়ৰ All Young Writer's Festival (২০১৭) ত অংশগ্ৰহণ কৰে। সাহিত্য অকাডেমিয়ে ২০২১ ত 'আন্ত ৰাষ্ট্ৰীয় মাতৃভাষা দিৱস' উপলক্ষে আয়োজন কৰা ৱেবলাইন লিটাৰেছাৰ ছিৰিজৰ বহুভাষিক কবি সন্মিলনত কিশোৰ মনজিৎ বৰাই অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰে। প্ৰান্তিক, গৰীয়সী, সাতসৰী, প্ৰকাশ আদি আগশাৰীৰ কাকত-আলোচনীত নিয়মীয়াকৈ সাহিত্য চৰ্চা কৰি অহা কিশোৰ মনজিৎ বৰাৰ ৰচনাত সততে জীৱনবোধৰ জোনাকী জিল্‌মিলাই উঠে।

কবি মনজিৎ বৰাৰ দুটি কবিতা

 ধুৰা

আইক অনাৰ দিনদিয়েক আগেয়ে
পিতায়ে এযোৰ চকা আনিছিল
গৰুগাড়ীৰ চকা
চাৰে বাৰ কুৰি টকাত

ধুৰাডাল কিনিছিল
সোতৰ কুৰিত

সাতে-পাঁচে মিলাই
ইমানগাল গাঁঠিৰ ধন ভঙা
মুখৰ কথা নাছিল

গাড়ী চলিছিল
বাট টুটিছিল
পথাৰৰ মাজে মাজে ছৈ দিয়া গৰুগাড়ীত
উঠি আহিছিল
দীপলিপ সন্ধ্যাবোল

বত্ৰিছ বছৰ আগৰ কথা সেয়া
মোৰ বয়স এতিয়া 
চৌবিছ

গৰুগাড়ীখন নাই
চকাযোৰ আছে
ধুৰাডাল আছে

আৰু কি নাই, আৰু...

কেপেয়া-চিপিয়া
বমবাঁহ
গলধন বাগৰা এহাল ৰূপকথাৰ ৰঙা-বগা
জলফাই বৰণীয়া আলিবাট
খেৰীঘৰৰ ছাঁ
নিজানৰ আঠা লগা ৰিং এটা

আৰু...

নৈপৰীয়া উকি
বাঁহনিত ঢলি পৰা আবেলিৰ
তেৰগোৰা বেলি

লচপচী দাৱনিৰ কুঁৱলী-কাতৰ
অঁকৰা আঙুলিৰ এসোঁতাও
পোহৰ নাই

ঘৰবোৰ পকা হ'ল
চপৰা-চপৰে এৰাই গ'ল মনৰ আঠা
ধুৰা ছিগিল
বুকুৰ ধুৰা

ফিল'বাৰীৰ গুৰ এজেবাৰে
হাতৰ তলুৱাত বাকি লোৱা
ফিকাচাহৰ গধূলিটো
ক'লৈ গ'ল

মেজিৰ ৰহ দিয়া জুইকুৰা ক'লৈ গ'ল
মোৰ পিতাই

ধুৰা ছিগিল বোপাই
ব'ল ঘৰৰ ল'ৰ

ঘৰলৈ


 বৃষ্টিভাবনা

১/ নিউটনৰ স'তে গধূলি

সিদিনা 
গুৱাহাটীত হঠাৎ লগ পাই গ'লোঁ নিউটনক
ছাৰ আইজাক নিউটন

কফিৰ কাপত চুমুক দি ক'লে নিউটনে
তোমালোকৰ এতিয়া গতি কেনে ?

মই বোলোঁ
আমাৰ গতি এতিয়া সমূলি অগতি
আজি মই য'ত
কাইলৈ তাত নাথাকোঁ
কাইলৈ য'ত
পৰহিলৈ তাত নাপাব বিচাৰি

আমি হাৱাত উৰিছোঁ
আনৰ উৰণৰ গতি নকল কৰি
বৃথাই উৰিছোঁ

আমি আমাৰ ভিতৰতে
আমাক
ডোখৰ ডোখৰ কৰিছোঁ

তোমাৰ তিনি গতিসূত্ৰই ঢুকি নোপোৱা
এয়াই অসমীয়া কেঁকোৰাৰ বৃত্তান্ত
হে আইজাক নিউটন !

২/ Bigবেং

মিগম গাদীৰ মাছবোৰ মৰা
কুচিয়া কেইটাহে কিছু সপ্ৰতিভ

মৰা দিন
মৰা ৰাতি

গধূলিবোৰ কেৱল বাচি আছে নমৰাকৈ
নৰসিংহৰ কায়দাৰে

আকালৰ গৰাহত
কালৰ চক্ৰ

বৰ্ষাৰ পাতবেং আৰু তৰাৰ মাত
আকাশৰ তৰাই কেনেকৈ মাতে
ৰাতিৰ নিঃসংগ পথাৰত
অনেক আজৱ মাত আৰু ছবিৰ তেজলগা কান্দোন

ভোকৰ নাঙলে আকোৰে
তোৰ
শুকান স্তনৰ কৃষ্ণগহ্বৰ

মিগম গাদীৰ কাষৰ মিঠা আবেলিবোৰত
আপং সনা মাদকতা এটি
মাটি ফৰিঙৰ ঠেঙত ওলমি থাকে
থেকেৰা তলৰ আলতীয়া বতাহত
শুনো নুশুনো 
মাত এটা

জাকে জাকে মানুহ ৰজনজনোৱা মগলৌ পুখুৰীৰ পাৰত
এতিয়া কেৱল অকলে ইটাভাটা এটা ধোঁৱাই থাকে

প্ৰতিজন মানুহ একোজন
ৰবিনছন ক্ৰুচো
যুদ্ধ আৰু আৱিষ্কাৰ
আৰু... শিপাৰ আঙুলিত শুই পৰা নৱজাতক ভগৱান

মিগম গাদীৰ গেদগেদী মাছবোৰৰ পৰাণ মোহাৰি
অস্পৃস্য ভাইৰাছ

পৃথিৱীত এতিয়া তোমাৰ মহাকৰুণাক মোহাৰি
ইনো কি আজৱ কৰ'না
হে বুদ্ধ

[উপসংহাৰ-
 বুদ্ধ: পাতবেঙৰ মাতবোৰ পুৰি পেলোৱা মানুহে
এতিয়া উশাহৰ আৰতি কৰি লাভ নাই]

২০২০

                  অঙ্গন নিয়মীয়া কবি কিশোৰ মনজিৎ বৰাৰ চমু পৰিচয় অঙ্গনৰ পৰিচয় শিতানৰ জৰিয়তে পাঠক সমাজলৈ আগবঢ়াই দিবলৈ পায় আমি নথৈ আনন্দিত হৈছো। বৰাদেৱে তেখেতৰ চমু পৰিচয় আৰু দুটি নিটোল কবিতাৰে অঙ্গনৰ পৰিচয় শিতানৰ শোভা বৃদ্ধি কৰাত অঙ্গনৰ পৰিয়াল কৃতজ্ঞ হৈ ৰ'লো। তেখেতৰ সাহিত্যৰ যাত্ৰা সফল হওক, তেখেতৰ সৃষ্টিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তোলক তাকে আন্তৰিকতাৰে কামনা কৰিলোঁ।


পৃষ্ঠা ৩৭
অনুভৱঃ

 ভালপোৱা কোনো বন্দীত্ব নহয়

ৰাজশ্ৰী বৰা

জীৱনৰ আটাইতকৈ ধুনীয়া উপহাৰ কি ? নিশ্চয় ভালপোৱা। প্ৰতিখন হৃদয় অপেক্ষাৰত এই ভালপোৱালৈ। হৃদয় তেতিয়াই ধুনীয়া হয় যেতিয়া হৃদয়লৈ মৰম আহে, ভালপোৱাই যেতিয়া হৃদয়ত বাহৰ পাতে জীৱনটো বৰ সুন্দৰ হয়।
কিনো এই ভালপোৱা ?ভালপোৱাৰ সংজ্ঞা কি ?কেনেকৈ কেতিয়া আহে ভালপোৱা ? কাক ভালপোৱা হয় ? ময়ো নাজানো, আপোনাৰ দৰে ভালপোৱাৰ প্ৰকৃত সংজ্ঞা। কেতিয়া হ'ব পাৰে ব্যক্তিৰ ভালপোৱা, কোন সময়ত হ'ব এই কথা গৱেষণাৰ বিষয়ো নহয়। কাৰণ ভালপোৱা স্বতঃস্ফুত। ই নিজে নিজে জন্মে।ভালপোৱা মানে এনে নেকি... কাৰোবাক ভাবি বুকুখন ভৰি উঠে। ভাললাগে মনটো। কিবা ঊক সন্তোষ্টিৰে মনটো ভৰাই ৰাখে। যেন সকলো আছে মোৰ।
         ভালপোৱা হ'লে সকলোৰে মাজত ভাল গুণ দেখা। চৌপাশে যেন ভাল লগাধৰণৰ সেউজীয়া, হৃদয়ৰ সেউজীয়া, প্ৰকৃতিৰ সেউজীয়া। মুঠতে শুকান ভাবহীন।
        ভালপোৱা হ'লে তেওঁ কোৱা কথাবোৰ ভাবি ভাবি হাঁহিব পাৰি, লাজ লাগে আৰু কেতিয়াবা অভিমানত নামাতো বুলি নিজকে কথা দিয়া হয়। কিন্তু এই কথাবোৰ তেওঁৰ মাতটো শুনিবলৈ অধীৰ হোৱাৰ লগে লগে হেৰাই থাকে।
          ভালপোৱা হ'লে তেওঁৰ সুখৰ কাৰণে নিজৰ সকলো উজাৰি দিব পৰা হয়। মাথোঁ তেওঁৰ হাঁহিটোৱে সৰ্বোচ্চ হয়।
         ভালপোৱা হ'লে মনৰ সংকীৰ্ণতা নোহোৱা হয়।ভালপোৱা হ'লে জীৱনটো সজাবলৈ মন যায়।
       ভালপোৱাই সকলোকে সুখী কৰিব পৰাকৈ নিজকে গঢ় দিয়ে। যদিহে ভালপোৱা মানেই এইখিনি, তেতিয়াহ'লে আপুনি-ভালপোৱজনক প্ৰতিটো সময়তে সন্দেহ কিয় কৰিছে ? ভালপোৱা মানেই তেওঁ কি কৰিছে, কাৰ লগত line ত আছে screnshot দিয়া নেকি ?
       ভালপাই যদি প্ৰতিটো সময়তে তেওঁক আপোনাৰ নামৰ চাবিটোৰে lock নকৰিব। তেওঁৰো নিজস্বতা আছে, সেইখিনিত আপুনি অধিকাৰ সাব্যস্ত নকৰিব।
            ভালপাই নে আপুনি যদি পাই তেনেহলে তেওঁ কি পিন্ধি যাব, ক'ত যাব ক'ত নাযাব, কাক মতিব কাক নামাতিব, এইবোৰ কিয় কৰে ? এইবোৰে ভালপোৱা নে ? য'ত এজন ব্যক্তিৰ সকলোবোৰত আপুনি আপোনাৰ মতক প্ৰতিষ্ঠা কৰি দিব ?
       ভালপোৱা মানে আপোনালৈ ভয় কৰি তেওঁ আপোনাৰ কথা ৰখা নেকি ?
          ভালপোৱা মানে সকলো সম্পৰ্ক পাহৰি কেৱল আপোনাৰ লগতে লাগি থকা নেকি ?
         ভালপোৱা মানে ধুনীয়া দামী ৰেস্টুৰাত আহাৰৰ নিমন্ত্ৰণ দি তাতেই সৰু কথাতে কাজিয়া কৰি মানুহৰ আগত ভালপোৱাজনক অপমান, তিৰস্কাৰ কৰা নেকি ?
        ভালপোৱা মানে আপোনাৰ আপোনজনক আপুনি আপোনাৰ সজাই দিয়া password য়ে  মোবাইলৰ what's app আদিকে আন কামবোৰ কৰিব পৰা ‌নেকি ? ভালপোৱাৰ কাৰণে আপুনি আপোনাৰ প্ৰিয় জনৰ মেছেঞ্জাৰ, what's app, Facebook আদি নিৰীক্ষণ কৰিব , পৰ্যালোচনা কৰিব আৰু আপোনাৰ মত দি তেওঁক সংযত কৰিব ?
        ভালপাই কাৰণে আপুনিয়ে তেওঁৰ জীৱনৰ এটা সম্পৰ্ক হ'ব লাগিব, বাকীবোৰ বাদ পেলাই ৰাখিব ?
            যদি আপোনাক কোনোবাই এনেকৈ চলাব বিচাৰে ? আপোনাৰ অধিকাৰ খৰ্ব কৰে ? আপুনি কি কৰিব ?
        এইটো উত্তৰ মই নিদিওঁ।কাৰণ সকলোৰে আত্মসন্মানবোধ আছে, এইটো কিমান গুৰুত্বপূৰ্ণ এয়া কোৱাৰ প্ৰয়োজন নাই। তেনেহ'লে আপুনি আনৰ অধিকাৰ খৰ্ব কৰাটো কিমান গ্ৰহণযোগ্য !
             ভালপোৱা ,প্ৰেম মানে এটা সজা নহয়, নহয় বন্দীত্বৰ শিকলি। ভালপোৱা আপোনা আপুনি হৃদয়ত জন্মে, কোনো কাৰণ নোহোৱাকৈ কোনোবা আপোন হয়। ভালপোৱা মানেই ধুনীয়া, সত্য।
ভালপাই যদি আপুনি তেখেতৰ আপোনাআপুনি ভাললগা হওক। আপোনালৈ তেখেতৰ অনুভব স্বতংস্ফুত হওক। তেখতেৰ হৃদয়ৰ গভীৰত আপোনালৈ সুকীয়া এখন ঠাই হওক, ভালপোৱা তেনে হওক।
ভালপাই কাৰণে নিজৰখিনি জোৰজবৰদস্তি যাঁচি নিদিবচোন, আপোনাক তেখেতে নিজে‌ লগত ৰাখিব বিচৰা, আপোনাৰ লগত সুখ দুখৰ সময় ভাগ কৰিবলৈ মন কৰাকৈ তেওঁৰ হৃদয়ত ঘৰ সাজি লওক। দুয়ো একলগে তৰা জোন চাই উমলি থাকিব পৰাকৈ আপোন হৈ উঠক।ভালপোৱাৰ সুখখিনি তাতেই আছে য'ত হৃদয়ৰ ভাল লগাখিনি আনখন হৃদয়ত অকৃত্ৰিম, চুক্তিহীন আৰু সৰলভাবে পোৱা হয়।

গোলাঘাট


পৃষ্ঠা ৩৮

অনুভৱৰ দুৱাদলিত "সুবাসিত বকুলৰ ছাঁত"

প্ৰস্তুতি শৰ্মা

বেলি লহিওৱা বাটতত মই বকুল খুৰাক লগ পালোঁ । তেওঁ অংকুৰ মইনা পাৰিজাতৰ সম্পাদক। তেওঁৰ লগতে ৰুনজুন ,মণি, উৰ্বী হঁতকো লগ পালোঁ । এখন গাঁও । গাঁও বোৰেই হৈছে চহৰৰ  আত্মা, এই গাঁওতেই জন্ম হৈছে অংকুৰণ মইনা পাৰিজাতৰ । যাৰ মাজতেই লুকাই আছে গাঁও খনত থকা বহুতো নজনা কথা , ঐকতা, সম্প্ৰীতিৰে বান্ধ খাই থকা গাঁওখনৰ সৰু- ল'ৰা ছোৱালীৰ পৰা বুঢ়া- মেথা সকলোৱে আগবঢ়া। মোৰ গাঁও খন বৰ ভাল লাগিছে । ক'ৰবাত যেন হেৰোৱা সুবাস বিচাৰি পাইছোঁ। ক'ৰবাত লিখকে লিখিছে -" সংস্কাৰৰ মূল শিপা ডালে য'ত খামুচি থাকে বিদেশত থাকিলেও তাক পাহৰিব নোৱাৰি । "
সঁচাই গাঁওখনৰ বহুতকে লগ পালোঁ ভাল লাগিল‌।
    প্ৰিয় আছিল প্ৰতিটো চৰিত্ৰ। লগ পোৱা প্ৰতিজন মানুহ আপোন আছিল। উল্লেখ্য থকা প্ৰতিটো কবিতাৰ প্ৰেমত পৰিছিলো।
   শেষত বিদায় লৈছিলোঁ আপোন গাঁওখনৰ পৰা । এৰি আহিছিলো সেই লগ পোৱা মানুহবোৰক । বহু স্মৃতি বুকুত সাবটি। অনুৰোধ এটাই, আপোনালোকো আহিব বকুল  তলৰ গাঁওলৈ। য'ত লগ পাব শৰৎ অহা বাটতত আপোন মানুহবোৰক উদ্ভাসিত গাঁওখনত । এখন শিশু উপযোগী উপন্যাস" সুবাসিত বকুলৰ ছাঁত"। 
স্ৰষ্টা শিক্ষক বিপুল বৰুৱা ।

গোলাঘাট বাণিজ্য মহাবিদ্যালয়


পৃষ্ঠা ৩৯

যোগ সম্পৰ্কীয়ঃ

"য়ম" যোগৰ প্ৰথম অংগ

চিন্ময়ী দাস
কামৰূপ অসম

যোগধৰ্মৰ মূল হৈছে "য়ম" বা "য়ম" । মানৱ জীৱনৰ ঘাই শিপাডালেই হৈছে "য়ম"। য়মে মানুহৰ মনটো পবিত্ৰ আৰু শক্তিশালী কৰি ৰাখে। দৃঢ়সংকল্পিত আৰু আত্মবিশ্বাসী হৈ থকাত সহায় কৰে। এই য়মক পাঁচটা প্ৰমুখ‌্য ভাগত ভগোৱা হৈছে, সেয়া হৈছে -
১) অহিংসা
২) সত্য
৩) আস্তেয়
৪) ব্ৰহ্মচৰ্য আৰু
৫) অপৰিগ্ৰহ

অহিংসা : "आत्मवत् सर्वभूतेषु" অৰ্থাৎ সকলোকে নিজৰ দৰে ভবাটোয়ে হৈছে অহিংসা। কাৰো লগত হিংসা নকৰাটোৱে হৈছে অহিংসা। ব্যাপক অৰ্থত খং নকৰা,  কাকো কষ্ট নিদিয়া, লোভ - মোহ , আনৰ অহিত চিন্তা আদিৰ পৰা আঁতৰি থকাটোকে অহিংসা বোলা হৈছে। অহিংসাই মানুহৰ মনটোক শান্ত আৰু স্থিৰ কৰি ৰাখে । 

সত্য : মানুহ সদায় সত্যত থাকিব লাগে । সত্য বচন, সত্য কথা । এটা মিছাই হেজাৰটা মিছাৰ জন্মদাতা হৈ পৰে। সেয়ে কেতিয়াও মিছাৰ আশ্ৰয় লʼব নালাগে । আনকি অৰ্ধ সত্য কথাৰ পৰাও বাছি থাকিব লাগে কাৰণ সেয়াও মানুহৰ সমস্যাৰ কাৰক হৈ পৰে। সত্যবান মানুহৰ মন অতি শক্তিশালী হৈ পৰে। 

আস্তেয় : যিকোনো ধৰণৰ চৌৰ্য মনোবৃত্তিৰ পৰা আঁতৰি থকাটোয়ে হৈছে আস্তেয়। ধন, সম্পত্তি, বিদ্যা, জ্ঞান, মাটি আদি যদি নিজে অৰ্জন কৰিবলৈ সক্ষম নহয়, তেতিয়াহ'লে সেয়া আনৰ পৰা চল-কপটতেৰে লোৱা অনুচিত । আনৰ বস্তু নিজৰ কৰি লোৱাৰ চিন্তামাত্ৰই  আস্তেয় হানি কৰে।‌ আস্তেয় হানিয়ে ৰোগাগ্ৰস্ত মনৰ লক্ষণ। 

ব্ৰহ্মচৰ্য : ইয়াৰ অৰ্থ বহু ব্যাপক । সাধাৰণতে গুপ্তেন্দ্ৰিয়ৰ সংযমতাই হৈছে ব্ৰহ্মচৰ্য । শাব্দিক অৰ্থত সংযমতাৰে ব্ৰহ্ম অৰ্থাৎ জ্ঞানৰ চৰ্চাই হৈছে ব্ৰহ্মচৰ্যৰ মূল । ব্ৰহ্মচৰ্য জীৱনৰ এক অন্যতম অনুভৱ । ই মানুহৰ মনটোৰ আভ্যন্তৰীণ অংশসমূহৰ শুদ্ধিকৰণ কৰি তোলে । মানসিক বিকাশত বৰঙণি যোগায় । 

অপৰিগ্ৰহ : কোনো বস্তু বা বিষয়ৰ প্ৰতি লোভ আৰু মোহ নকৰাটোয়ে হৈছে অপৰিগ্ৰহ। মন, বচন আৰু কৰ্মৰ নিয়ন্ত্ৰণৰ দ্বাৰা এই প্ৰবৃত্তি বোৰৰ পৰা আঁতৰি থকাটোয়ে অপৰিগ্ৰহ। মনটোক সুদৃঢ় কৰাৰ বাবে এয়া খুব প্ৰয়োজনীয়। 

  মহৰ্ষি পতঞ্জলিয়ে এই য়মবোৰক সাৰ্বভৌম মহাধৰ্ম বুলি কৈছে, অৰ্থ প্ৰত্যেকজন যোগীয়ে এই পথত চলাটো অনিবাৰ্য ।




পৃষ্ঠা ৪০


নীলাখামৰ চিঠিঃ

মৰমৰ ধুন,

           পোনপ্ৰথমে মোৰ হৃদয়ৰ গভীৰ কোণৰ পৰা নিগৰি অহা অজুত মৰম, ভালপোৱা তোমালৈ যাচিলোঁ। মনৰ কথাবোৰ আজি চিঠিৰ জৰিয়তে তোমাক জনাম বুলি ভাবিছোঁ, আশা কৰোঁ তুমি ভালেই পাবা। আগতে কোৱাচোন মা-দেউতা কেনে আছে, আৰু তুমি় ... তুমি কেনে আছা অ' ধুন ? প্ৰথম দেখিয়ে তোমাক ভাল লাগি গৈছিল; আৰু যেতিয়া তোমাক বুজিব ল'লো, তেতিয়াতো মোৰ মনৰ মানুহজন হিচাপে স্থান দি পেলালো তোমাক, মোৰ সেইজন মনৰ মানুহ যাৰ আগত মই মনৰ সকলো কথা খুলি ক'ব পাৰো, যাৰ মৰমত মই চকুপানী মচি প্ৰাণ খুলি হাঁহিব পাৰো, মন গ'লে যাৰ বুকুৰ মাজত হিয়া ঢাকুৰি কান্দিব পাৰো, যাৰ দুচকুত চকু থৈ সোণোৱালী ভৱিষ্যতৰ কল্পনা কৰিব পাৰো, যাৰ মৰমৰ উমত জীপাল হয় মোৰ শুকান হৃদয় ..... । তুমি জানা আজিকালি তোমাৰ চিন্তা-ভাবনাই মোৰ দিন-ৰাতিৰ অধিকাংশ সময় আগুৰি থাকে; নাজানো এয়া কি হৈছে মোৰ...! প্ৰেম, ভালপোৱা, নে মৰমৰ গভীৰ নিচা ? এটা কথা কোৱাচোন, তুমি বাৰু মোৰ লগত সুখীনে সঁচাকৈয়ে ? মোৰ এনে লাগে যেন এই পৃথিৱীৰ সকলো সুখ আনি তোমাক দি দিম। তোমাৰ বাবে কি কৰিম, কি নকৰিম লাগি যায় মোৰ, কি কৰিলে তুমি সুখী হ'বা অ' ধুন ? পাৰিম জানো গোটেই জীৱন তোমাক সুখত ৰাখিব মই, ভয় লাগে অ' মোৰ, তুমি কিবা কষ্ট পাবা বুলি ... ধেৎ তেৰি, এয়া কি, মই কৈয়ে আছো আৰু তুমি পঢ়িয়ে আছা, অলপ জিৰাই লোৱা অ' কলিজা, নহ'লে ডিঙিটো বিষাব অ' মোৰ ধুনৰ ...। কি হ'ল, হাঁহিছা কিয় ? পিছে এটা কথা, তুমি এনেকে হাঁহি থাকিলে মোৰ বহুত ভাল লাগে অ'...! নাজানো তুমি বুজা নে নুবুজা, তোমালৈ যে মোৰ কিমান মৰম ! 
               শুনাচোন, তুমি বাৰু জোনাক ভালপোৱা নে...? মোৰ খুব প্ৰিয় জোনাক। তুমি জানা জোনাক ৰাতি যেতিয়া মই বাহিৰলৈ ওলাই জোনটিলৈ চাওঁ, তাতো যেন তোমাকেই অনুভৱ কৰোঁ! জোনটি কেতিয়াবা তোমাৰ নিচিনাই লাগে অ'...; ইমান শান্ত, ইমান উজ্জ্বল, যাক চাই মোৰ কাহানিও আমনি নালাগে। তুমি অহাৰেপৰা মোৰ জীৱনত সপোনবোৰ সঁচা সঁচা লগা হ'ল, সপোনে যেন দুপাখি মেলিছে, উৰিব বিচাৰোঁ তোমাৰ লগত, লৈ ব'লা না  তোমাৰ পৃথিৱীখনলৈ মোক... জীৱনত ইমান সুখ মই কেতিয়াও অনুভৱ কৰা নাছিলো, যিমান আজি তোমাক লগ পোৱাৰেপৰা অনুভৱ কৰিছোঁ মই। সেই মূহূৰ্তটি বাৰু কেতিয়া আহিব ধুন, যেতিয়া তুমি মোৰ ওৰণি গুচাই চাই ৰ'বা মোলৈ একেথিৰে, লাজ লাজকৈ চোৱা দুচকুৰ চাৱনিৰে সেইখিনি সময়ত বাৰু তুমি কি বুজাব বিচাৰিবা মোক, দুৰু দুৰুকৈ নকপিব জানো তোমাৰো হিয়াখনি...? কি যে এই সময় নাযাই নুপুৱাই, কেতিয়াকৈ নিবাহি অ' মোক কইনা সজায় ! তোমাৰ দুচকুৰ গভীৰতাত ডুবিবলৈ দিয়া মোক, উফ্ তোমাৰ বেকা হাঁহিটিয়ে চঞ্চল কৰি তোলে মোৰ মন, হিয়া উজাৰি যাচিব মন যাই তোমাক মৰমবোৰ,  ল'বা জানো আকোঁৱালি ? ফাগুনৰ পচোৱা বতাহজাকে আমনি কৰিছেহি মোক, তুমি যে কাষত নাই মোৰ, দুষ্ট ফাগুনী বতাহে আউলি-বাউলি কৰিছেহি মোৰ চুলিবোৰ, লোৱা না তোমাৰ বুকুৰ মাজত সোমুৱাই মোক! আজি তোমালৈ বৰকৈ মনত পৰিছে, এনে লাগে যেন একেচাটে দৌৰি গৈ তোমাক সাৱটি ধৰিম....  ইচ্ ভাবিয়েই লাজ লাগিছে ! শুনা না, হালধীয়া ৰং তোমাৰ প্ৰিয় হয়নে, সেয়ে সেইদিনা হালধীয়াজনী হৈ গৈছিলো তোমাৰ ওচৰত, পিছে তুমি নোচোৱাৰ চলেৰে বাৰে বাৰে কিয় মোকেই চাই আছিলা ! ময়োতো মনে মনে তোমালৈয়ে চাই আছিলো, মই ভালপোৱা ৰঙা চাৰ্টটোৰে সৈতে তোমাক যে ইমান শুৱাইছিল আৰু তোমাৰ টিপ টিপ দুচকুৰ মণি দুটি জিলিকি আছিল যেন সৌ আকাশৰ দুটি তৰাহে । কথা কৈ কৈ শেষেই নহয়, আজি পিছে আৰু নিলিখোঁ দিয়া, তুমি কিন্তু ভালকৈ থাকিবা দেই মোৰ বান্দৰটো আৰু শুনা মোলৈ মনত পেলাই থাকিবা দেই ধুন,  শেষত এবুকু মৰমেৰে আজিলৈ সামৰিছোঁ ।

 
                 ইতি
             তোমাৰ ধুনুজনী


হিমাদ্ৰী কলিতা
নলবাৰী

  
 
পৃষ্ঠা ৪১

গল্পঃ

 বৰুৱানীৰ বিহুৰ ভূঁইকঁপ

নীৰুপমা ডেকা

    বিহু বুলি নেৰানেপেৰা বৰষুণ জাকে জাকে আহি থকাৰ পিছতো বছৰেকৰ বহুটো নাপাতি কেনেকৈ থাকোঁ মনোভাবেৰে বৰুৱানীয়ে নিজৰ ল’ৰা-ছোৱালী দুটা আৰু কাষৰ দুঘৰমানৰ ল’ৰা-ছোৱালীকেইটা গোটাই লৈ বিহুৰ আখৰা নিজৰ ঘৰৰ গাড়ী থোঁৱা গেৰেজটোতে কৰি আছিল ৷ আচলতে লোকৰ কথা বা সমাজৰ কথাত নহয়, জীয়ৰী কালৰে পৰাই বিহু বুলি এপাক কঁকালখন নুঘূৰালে বৰুৱানীয়ে নিজেই মনত শান্তি নাপায় ৷ সেয়ে তেওঁলোকৰ আবাসীক এলেকাটোত প্ৰতিটো ব’হাগ বিহুতে তেওঁ অহাৰ পৰা তেঁৱে আগভাগ লয় সকলোকে এপাক নচুৱাই ৰং কৰাবলৈ ৷ এনেহেন বিহুৰ হিয়া-মন আগুৰি থকা অনুভৱটোক এৰাব নোৱাৰি বুলিয়েই মানুহ বিহুৰ সন্ধিয়া কেম্পাচতে হুঁচৰি এভাগ গাবলৈ বুলি সকলোটি সাজি-কাচি ওলাইছিল ৷ ইয়াৰ অন্তৰালত তেখেতেৰ আন এটা উদ্দেশ্যও থাকে আচলতে ৷ গাঁৱৰ পৰা দূৰৈত থাকি নগৰীয়া জীৱনত গাঁৱৰ সেই প্ৰকৃতিৰ কোলাত বিহু মৰাৰ সুখ এই আজিৰ প্ৰজন্মৰ এনেদৰে ঘৰৰ ভিতৰতে টিভি বা মোবাইলৰ লগত ডাঙৰ হোৱা ল’ৰা-ছোৱালীবোৰে নাপায় ৷ ইহঁতৰ মনত জাতীয় উৎসৱটো ৰৈ যাওক বুলিয়েই গৰু বিহুৰ দিনা কৰিব লগীয়া নিয়ম আৰু হুঁচৰি লগতে বিহু নাম, বিহু নাচ এইবোৰ কৰি নিজৰ মনক সুখ দিয়াৰ লগতে নতুন প্ৰজন্মক শিক্ষাও দিয়ে তেওঁ ৷ সিদিনা ভাগ্যই অলপ সঙ্গও দিলে ৷ বহু দিন একেলেথাৰিয়ে দি থকা বৰষুণজাক পুৱাৰ পৰাই নাই ৷ ৰ’দ ভালদৰে দিয়া নাই যদিও আকাশত মেঘ নাই তেনেদৰে ৷ সকলোৰে মনত আনন্দ ৷ যিয়ে নহওক সিহঁতে ইমান হেঁপাহ কৰি ৰিহাৰ্চেল কৰিছে আজি অন্ততঃ এপাক নাচিবলৈ পাব ৷

     সন্ধিয়া চাৰে ছয় বজাৰ লগে লগে প্ৰথম এঘৰত সোমাল সকলোবোৰ ৷ ঠিক হুঁচৰি শেষ কৰি বিহু জুৰিছিলহে এনেতে ঢোল-তালৰ মাতক চেৰ পেলাই বিৰাট চিঞৰ এটা আহি সকলোৰে কাণত পৰিল ৷ ষ্টাফৰ এজনে আহি বৰুৱনীক একাষৰীয়া কৈ মাতি কিবা এটা ক’লে ৷ কাণে কাণে কথা কওঁতে সিজনাৰ মুখৰ পৰা সাজপানীৰ গোন্ধ আমোলমোলাই গ’ল ৷ পিন্ধনত তেওঁৰ এটা কুৰ্তা, জিন্স আৰু ডিঙিত এখন গামোচাৰে আধা আধি বিহুৱা হৈয়ে আছে ৷ বিহু বুলি অলপ ধৰিছে আৰু ৰং পানী অকণ ৷ তাকে মনতে ভাবি ভাবি বৰুৱনীয়ে তেওঁৰ পিছে পিছে ঘৰলৈ খোজ ল’লে ৷ যাওঁতে লগৰীয়াখিনিক গাই শেষ কৰি থৈ যাবলৈ কৈ গ’ল ৷ বৰুৱনীয়ে নঙলামুখ পাইছিল হে বিকট কান্দোন এটাৰে চিঞৰি বাইদেউ বাইদেউ মোক উদ্ধাৰ কৰক বুলি টেঁটু ফালি কান্দি কান্দি এজন আহি বৰুৱানীৰ ভৰিতে পৰিলহি ৷ বৰুৱানীয়ে ভাবিলে ই খাই বৈ ফিটিং হৈ আছে চাগে, টকা দুটামান দিলে ইয়াৰ পৰা যাবগৈ ৷ বিহুৰ সময়ত মদাহী কিছুমানে জ্বলাই আহি ৷ সিহঁতৰ লগত ভাল বেয়াৰ ভাষণ দি কামত নাহে, ইফালে ব্যস্তও তেওঁ, সেয়ে বৰুৱানীয়ে হে কি কৰা ৰ’বা বুলি চিধাই ঘৰৰ ভিতৰলৈ যাবলৈ ওলাল টকা দহটামান আনিবলৈ ৷ কিন্তু বৰুৱানী ঘৰৰ বাৰান্দাত উঠাৰ আগতে সিজনাই ঘৰৰ বাৰান্দাত থকা প্লাষ্টিকৰ চকীখন নাটকীয় ভাবে টানি আনি বহি পৰিল ৷ বৰুৱানীয়ে আচৰিত হৈ তালৈ চালে ৷ কেম্পাচৰ পৰা গেইটৰ বাহিৰলৈ বজাৰ বা আন কামত গ’লে তাক সচাৰচৰ বৰুৱানীয়ে দেখে ৷ নাম নাজানিলেও সেইটো বৰুৱানীৰ চিনাকি চেহেৰা ৷ কিবা দৰকাৰত কেতিয়াবা তাক মাতিও পাইছে যদিও এনেই তাক মাত দি পোৱা নাই বৰুৱানীয়ে ৷ সেয়ে তাৰ আচৰণত হতচকিত হৈ পৰিল তেওঁ ৷ বৰুৱানীয়ে তাৰ আলেখলেখ চাই থাকোঁতেই অলপ পিছতেই সি ডিঙিত লৈ থকা অলপ মলিন গামোছাখন মুখত হেচি ধৰি উচুপি উচুপি কান্দিবৈ ল’লে ৷ বৰুৱানী আকৌ থৰ হৈ ৰৈ থাকিল ৷ ইয়াৰ হৈছে কি বুলি মনতে ভাবি ভাবি ৷ অলপ ভয়ো খাইছে ৷ বৰুৱা নাই, বিহু বুলি গাঁৱৰ ঘৰলৈ মাক-পিতাকক সেৱা এটা জনাই বিহুৱান দিবলৈ গৈছে ৷ শেষত বৰুৱানীয়ে অলপ সাহ গোটাই সুধিলে

: তোমাৰ হৈছে কি কোৱা, এনেকৈ কান্দি থাকিলে মই কি বুজি পাম বাৰু ? 

  সি কান্দি কান্দিয়েই ক’লে
: মোৰ মানুহজনী আৰু নাই বাইদেউ...

: কি... কি হ’ল... কেতিয়া আৰু কেনেকৈ হ’ল আৰু তুমি যে ইয়াত কিয় ? বৰুৱানীয়ে চিঞৰি একেলগে কেইবাটাও প্ৰশ্ন সুধি পেলালে ৷ এনেতে বিহু সেইঘৰত সামৰি আটাইজাক বৰুৱনীৰ ঘৰৰ পদূলি পালেহি ৷ সি সকলোৱে শুনাকৈ কান্দি কান্দি ডাঙৰ ডাঙৰ কৈ ক’লে--

: কালি তাইক মই মাকৰ ঘৰত থৈ আহিছিলোঁ হে ৷ বিহুৰ বজাৰ কৰিবলৈ বুলি আজি বজাৰলৈ ওলাই আহোঁতে বাইকে খুন্দিয়ালে ৷ ডাক্তৰৰ তালৈ নিছিল যদিও ডাক্তৰে স্পট্ ডেথ বুলি ক’লে ৷ মই কি কৰোঁ বাইদেউ ৷ আজি বিহুৰ দিনা মোৰ কপাল ফুটিল ৷ দুবছৰীয়া ল’ৰাটো লৈ মই ক’লৈ যাম, কি কৰিম ? এতিয়া মই ডেড ব’ডিটো তাৰ পৰা কেনেকৈ আনো ? মোৰ হাতত এটা টকাও নাই, পৰহিলৈ তিলনি কৰিব লাগিব, মই এতিয়া কি কৰোঁ, ক’ত মৰো বাইদেউ ? ময়ো ল’ৰাটো লৈ গাড়ীৰ আগতে জপিয়াই দিম গৈ আৰু ৷ 

   এইবোৰ কৈ কৈ তাৰ কান্দোন আৰু চৰিল ৷ বৰুৱানীয়ে  চকু চলচলীয়া কৈ ক’লে---

: ধৈৰ্য ধৰাচোন ৷ মই এওঁক ফোন কৰোঁ, ষ্টাফৰো মতা মানুহখিনি মাতো তাৰ পিছত কি কৰিব পাৰি চাওঁ ৷ ইমান ডাঙৰ বিপদ এটাত মই অকলে একো কৰিব নোৱাৰোঁ ৷ 

   কথাখিনি কৈ বৰুৱানীয়ে হাতত ফোনটো লৈ ফোন কৰিবলৈ ওলাল, তাকে দেখি সি বাধা দি ক’লে--

: নাই নাই ছাৰক ফোন কৰিব নালাগে ৷ ছাৰ অহালৈ বা বাকী মতা মানুহবোৰ গোট খোৱালৈ পলম হৈ যাব ৷ তাইৰ ডেড ব’ডিটো থানাত পৰি আছে ৷ মই যাব লাগে সোনকালে বাইদেউ ৷ 

   ল’ৰা-ছোৱালী আৰু আমাৰ মহিলাখিনিৰ মনবোৰ মৰি গ’ল ৷ তাক প্ৰায়ে সকলোৱে মেইন গেইটৰ সন্মুখত দেখে ৷ মাতো দিয়ে ৷ তাৰ নামটো হেনো গকুল ৷ মদ অলপ খাই যদিও কেম্পাচৰ কাকো বেয়া ব্যৱহাৰ কৰি পোৱা নাই ৷ সকলোৱে তাৰ দুখত ইচআচ কৰি দুখ প্ৰকাশ কৰিলে ৷ সকলোৱে মনে মনে ঘৰৰ পৰা দুপইচা আনি তাৰ হাতত সহায় হিচাপে দিয়াৰ আলোচনা এটা কৰিয়েই পেলালে ৷ ঘৰৰ পুৰুষবোৰলৈ বাট চাই থাকিলে নহ’ব ৷ তাক সোনকালে পঠিয়াব লাগে ৷ এনেদৰে সকলোবোৰ থুপখাই আলোচনা কৰি থাকোঁতে ষ্টাফৰ এজনৰ ডেকা ল’ৰাটো আৰু তাৰ লগৰ দুজনমান আহি তাত ওলাল ৷ সিহঁতক দেখি সি আৰু ৰাউচি জুৰি কান্দিবৈ লাগিল ৷ কাষৰ ঘৰৰ ডেকাটোৱে সুধিলে--

: ইয়াৰ আকৌ কি হ’ল ? ঐ গকুল কিয় কান্দি আছ ৷ নিচা বেছি হ’ল যেন পাওঁ তোৰ ৷ যা ঘৰলৈ যা ৷ 

   সকলোৱে ক’লে যে তাৰ ঘৈণীয়েক এক্সিডেণ্টত ঢুকালহেনো অলপ আগতে ৷ ল’ৰা কেইটা আচৰিত হ’ল ৷ 

: কি হ’ল অলপ আগতে হা ? সিটো অলপ আগতে আমাৰ গেটৰ সন্মুখত থকা হোটেলখনত নাচি দেখুৱাই তিনিটা মিঠাই আৰু দুটা চিঙৰা খাই আহিছে ৷ ই এটা মহা লম্পট ৷ সি মিছা মাতিছে এইবোৰ ৷ 
: হেই নহয় দিয়া, আজি আৰু বিহুৰ দিনা নিজৰ ঘৈণীয়েক মৰা বুলি মিছা কোনোৱে নামাতে ! তেতিয়াৰ পৰা কিমান কান্দিলে বেচেৰাই ৷

   এনেতে ষ্টাফৰ এজন বয়োজ্যেষ্ঠ ভীৰ ঠেলি সোমাই আহিল ৷ তেওঁক দেখি সি চকীখনৰ পৰা উঠোঁ উঠোঁ কৰিলে ৷ তেওঁ ক’লে--

: কি হ’ল তোৰ গকুল ? মানুহৰ আৱেগৰ লগত খেলিবলৈ ঠাই ইয়াতে পালি হা ? তোৰ কোনজনী ঘৈণী মৰিল হা ? বাইদেউ ইয়াৰ ঘৈণীয়েকে তাক এৰি যোৱাৰ তিনিবছৰ হ’ল ৷ ইয়াৰ এই ঠগ স্বভাৱৰ বাবেই তাই গ’ল গৈ আৰু তাৰ ঘৈণীয়েকৰ ঘৰ ডবকাৰ ফালে নহয়, ডেৰগাঁৱৰফালেহে ৷ মই ভালদৰে জানো ইয়াৰ ইতিহাস ৷ এই কথাবোৰ শুনি বৰুৱানীক যেন এটা খঙৰ বৰ ভূঁইকঁপেহে জোকাৰি থৈ গ’ল ৷ এনেকুৱা বছৰেকৰ বিহুটোৰ দিনা সি মানুহক আৱেগিক কৰি বুৰ্বক সজাই লুটিবলৈ ওলাইছিল ৷ খঙে অপমানে বৰুৱানীয়ে গৰজি উঠিল--

: নিজৰ জীয়াই থকা ঘৈণীয়েক জনীক মৰা বুলি কৈ ই চান্দা উঠাব আহে, আজি আমি তিৰোতা কেইজনীয়ে পখৰা কৰি পিতিম তোক ৷ আমাক ঠগিবলৈ অহাৰ মজা পাবি ৷ ইয়াৰ পিছত যদি তোক এই কেম্পাচৰ ভিতৰে বাহিৰে কৰবাত দেখোঁ তই মৰিবি ৷ সকলোৱে তালৈ চোচা লোৱা দেখি সি বাৰন্দাৰ পৰাই কাষৰ জেওৰাখন জপিয়াই পাৰ হৈ দৌৰ ধৰিলে আৰু তাৰ পাছ ল’লে ডেকা ল’ৰাকেইটাই ৷ সি দৌৰি দৌৰি চিঞৰি গ’ল--

: নালাগে পইচা দিব, মোৰ কথা বিশ্বাস নকৰিলে নহয়, কাইলৈ ডেড বডি চোচৰাই আনি  আপোনালোকৰ ঘৰৰ আগে আগে ঘূৰাম ৷

   কৈ কৈ সি পলাই পত্ৰং দিলে ৷ বৰুৱানীৰ লগতে সকলোৰে এটা পাহৰিব নোৱাৰা অভিজ্ঞতা হ’ল ৷ যিয়ে য’তে আছিল সকলো তাতেই নিমাত হৈ বহি পৰিল ৷ অলপ ঘটনাটোৰ কঁপনিটো কমাৰ পিছত বৰুৱানীয়ে ক’লে--

: ব’লক, বছৰেৰ বিহুটো এনেদৰে নষ্ট হ’বলৈ নিদিওঁ ৷ বিহু হুঁচৰি অকণমান গায়ে মনটোৰ ওজনখিনি পাতালাওঁ ৷ সকলোবোৰ পুনৰ উঠিল মনত নতুন উদ্যম লৈ বিহুৰ আনন্দ অকণমান কৰিবলৈ ৷



পৃষ্ঠা ৪২


বৈপৰীত্য

     মনালিছা শইকীয়া 
     বোকাখাত 

(১) 
                              
                ২০ টকাৰ মচু্ৰ দাইল, ২০ টকাৰ থিনা বিস্কুট, ২০ টকাৰ দুটা মিঠাতেলৰ পেকেট, আটা এক কেজি...। কাম কৰি পোৱা ১০০ টকাটোৰে মাধুৰ মাকে বজাৰখন কৰিলে। আজিটো এনেদৰেই চলকচোন। কাইলৈ কিবা এটা কৰিব লাগিব। আজি বহুদিন ধৰি মাধুহঁতক ভালকৈ এসাঁজ ৰান্ধি খুৱাব নোৱাৰাৰ দুখটোৱে মানুহজনীক খুন্দিয়াই ভুকুৱাই গ'ল। অজস্ৰ খোৱা বস্তুৰে ঠাঁহ খাই থকা দোকানখনলৈ চাই  দোকানীজনৰ অলক্ষিতে তাইৰ দুচকু সেমেকি উঠিল। ঘৰুৱা কাম কেইটা সামৰি, দিনৰ পাছত দিন ধৰি বিছনাত পৰি থকা, বিষে কোপে কোঙা কৰা মানুহটোক কিবা এটা খাবলৈ দি তাই চুবুৰীটোতে পাক এটা মাৰে কাম বিচাৰি। কোনোবা নহয় কোনোবা এঘৰে তাইক ঘৰ মোচা, কাপোৰ ধোৱা জাতীয় কাম কেইটা কৰিবলৈ দিয়ে। বিনিময়ত টকা এশ বা কেতিয়াবা ডেৰশ। অৱশ্যে কেতিয়াবা সেই তিনি চাৰি ঘণ্টা সময়ৰ ভিতৰতে তাই কেবাঘৰতো কাম কৰাৰ সুযোগ পায় আৰু সেইদিনা গাৰ সমস্ত ভাগৰ আঁতৰাই তাইৰ মনটো ফৰকাল হৈ পৰে। দিনটোৰ সেই সময়কণত কষ্ট কৰি পোৱা চাৰি পাঁচশ টকাৰে তাই ইটো সিটো সৰুসুৰা অভাৱ পূৰ কৰিব পাৰে। আজি বহুদিন ধৰি এনেদৰেই নিৰন্তৰ চলি আছে তাইৰ সৰু সংসাৰখন। আকালো নাই ভঁৰালো নাই। বেমাৰী মানুহজন ভাল হোৱাৰো কোনো আশা নাই। তথাপি তাই সুখী। মানুহজনৰ কায়িক উপস্থিতিয়ে আচলতে তাইক সাহ দি আছে কষ্ট কৰি হ'লেও দুপইচা আৰ্জন কৰিব পৰাকৈ। কষ্ট কৰি আৰ্জি নিয়া টকাকেইটাৰে সময়ত ভাতমুঠি মাধু আৰু মানুহজনৰ মুখলৈ আগবঢ়াই দি তাই সুখ পায়। তাই নিজেও সেই মুঠি ভাত সুখেৰে খায়। 
          কিন্তু বজাৰখন কৰি অটাওঁতেই তাই দোকানীজনৰ পৰা গম পালে বাঢ়ি অহা ক'ভিড বেমাৰটোৰবাবে কাইলৈৰ পৰা সকলো দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব। গেলামালৰ দোকানো খুলিব নোৱাৰে। কথাষাৰ শুনি তাই উচপ খাই উঠিল। ঘৰে ঘৰে কাম বন কৰি পেটৰ ভাত মুঠি মোকলোৱা মানুহগৰাকীয়ে খোৱাবস্তুৰ ভঁৰাল এটা কেনেকৈ কঢ়িয়াই নিব! ক'ত পাব সেইগাল টকা! আজিৰ এশ টকাটোৰে তাই আজিৰ বাবেহে বজাৰ কৰি ঘৰখন চলাই আছে। কিন্তু লেধাৰি নিছিগাকৈ আৰম্ভ হ'বলগা বন্ধবোৰত কি খাব পৰিয়ালটোৱে! চিন্তা দু:চিন্তাই মাধুৰ মাকক কাতৰ কৰি তুলিলে। ধৈৰ্য ধৰিব লাগিব। কিবা এটা উপায় উলিয়াব লাগিব। মাধুৰ বাবে, মানুহটোৰ বাবে তাই কিবা এটা কৰিবই লাগিব। 
          

                     (২)
                     
                 পৰীক্ষা সংক্ৰান্তীয় এৰাব নোৱাৰা কামত নন্দিনী ওলাই যাব লগা হৈছিল বিদ্যালয়লৈ। অজান আশংকা এটাই অনবৰতে খেদি ফুৰিছে তাইক। মাস্ক, চেনিটাইজাৰ হৈ পৰিছে বিষণ্ণ সময়ৰ অতন্দ্ৰ প্ৰহৰী। তাইৰ এনে লাগে কৰবাত যেন হাত লাগিলেই খেদি আহিব মৃত্যুদূতে। শংকা আৰু অস্থিৰতাৰ দিনবোৰ কমক চাৰি বাঢ়িহে গৈছে। এৰাব নোৱাৰা কামত ওলাই যাব লগা হ'লেই ঘুৰি আহি ঘৰ নাপাবহি যেন লাগে। তথাপিও কিছুমান কামত ওলাই যাব লাগিবই। কথাবোৰ ভাবি ভাবি তাই বিদ্যালয় পালেগৈ।  বিদ্যালয়ত স্থাপন কৰা ভেকচিন চেণ্টাৰটোত মানুহৰ দীঘলীয়া শাৰী। সকলোৰে মুখ বোৰত বিষণ্ণতাৰ ছাপবোৰ ঢাকি ওলমি আছে মাস্ক। সময়বোৰ সলনি হৈছে। আচলতে সময়ৰ ৰং সলনি হৈছে। মানুহ এজনক মুখৰ আগত হঠাতে দেখা পালে এনে লাগে আমি যেন এসময়ৰ অতিকে জনপ্ৰিয় বিস্ময় আলোচনীখনৰ পাতৰ সেই চকু চাই চিনাক্ত কৰিব লগা অভিনেতা অভিনেত্ৰী কেইজনহে! বৰ দুৰ্বিসহ জীৱন যাত্ৰা! বিদ্যালয়ত কৰিব লগা কামকেইটা লৰালৰিকৈ সমাধা কৰি নন্দিনী সোনকালেই ঘৰলৈ ঘুৰি আহিল। ঘুৰি অহাৰ বাটত তাই অলপ পাচলি আৰু অনান্য খোৱাবস্তু কিনিব। কাইলৈৰপৰা সম্পূৰ্ণ বন্ধ ঘোষণা কৰিব হেনো!  লাগতীয়াল বস্তুবোৰৰ লিষ্ট এখন মনতে তৈয়াৰ কৰি তাই দোকানখনত সোমাল। ঘৰ এখনত সাধাৰণতে সদায় কিবা নহয় কিবা বস্তুৰ অভাৱ হয়েই। নন্দিনীহঁতে বিদ্যালয়ৰ পৰা ঘুৰি আহোঁতে সদায় বজাৰ সমাৰ কৰিলেও, হাতত চিলিপ লৈবজাৰত ঘূৰি ফুৰিলেও লাগতীয়াল বস্তু কিছুমান সদায় থাকি আহে। তথাপিও লকডাউন আৰম্ভ হোৱাৰ পৰা এসপ্তাহ পৰ্যন্ত দোকান নোযোৱাকৈ তাই ঘৰখন চলাব পৰা হৈছেগৈ। ক'ভিদ সংক্ৰমণৰ ভয়ত বস্তু নাথাকিলেও নাখায় মৰিম কিন্তু বজাৰ নাযাওঁ বুলি কৰা সিদ্ধান্ত বাহাল ৰাখিবলৈ তাই সদায় যত্ন কৰিছে। তথাপিও যেতিয়াই কিবা কামত দুয়োজন ওলাই যায় যিকোনো বস্তু এটা লৈহে ঘৰ সোমায়হি। কিজানি দোকানবোৰ সদায় বন্ধহৈ থাকিব! পাকঘৰটো উদং হৈ থাকিব! আজিও তেনেকুৱাই হ'ল। ইটো সিটো বজাৰ কৰোঁতে কৰোঁতে তাই বহু কেইটা বস্তু কিনিলে। বেগ ভৰ্ত্তি, কেৰী বেগেৰে হাত ভৰ্ত্তি। 
                 

                       (৩)
                       
                    কাইলৈৰ পৰা সম্পূৰ্ণৰূপে দোকান বজাৰ বন্ধ থাকিব। আনকি গেলামাল আৰু  অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈও ইচ্ছা কৰিলেই কোনো ওলাই আহিব নোৱাৰিব। পুলিচে তাৰবাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সকলোৱে বুজিব পৰাকৈ কথাবোৰ বতাহত উৰি আছে। প্ৰশাসনৰ ফালৰ পৰা মাইকত অহৰহ সতৰ্কবাণী দি দি গাঁৱে গাঁৱে ভ্যেন এখন চলিয়েই আছে। ভয় শংকাৰ এই দুঃসময়খিনি যেন শেষেই নহ'ব কোনোদিন। পৰিস্থিতিৰ গুৰুত্ব বুজি মানুহবোৰ সতৰ্ক হৈছে সচাঁ কিন্তু অভাৱৰ তাড়নাত বাৰে বাৰে সতৰ্কবাণী আওকাণ কৰি ঘৰৰ বাহিৰলৈ ওলাই আহিব লগা হৈছে। বয়বস্তু দিয়াৰ মাজতে দোকানীজনে কথাবোৰ নিৰীক্ষণ কৰি আছিল। মাধুৰ মাক আৰু নন্দিনীৰ প্ৰয়োজন একে নহয় যদিও অভাৱ দুয়োৰে একে। পাৰ্থক্য মাথোঁ এটাই যে মাধুৰ মাকে অত্যাৱশ্যকীয় সামগ্ৰী কেইটা ইচ্ছা কৰিলেই মোনা ভৰাই নিব নোৱাৰে, কিন্তু নন্দিনীয়ে পাৰে। আৰ্থিক স্বাৱলম্বিতাৰ বাটত দুয়ো খোজ দিছে কিন্তু মাধুৰ মাকৰ আৰ্থিক অৱস্থা আজিও সৱল হৈ উঠা নাই আৰু ভৱিষ্যতেও হয়তো নহ'বগৈ। তেনে কি হ'ব এইচাম মানুহৰ এই দুঃসময়খিনিত! মাধুৰ মাকে ইচ্ছা থকা স্বত্বেও বজাৰ এমোনা কৰি ঘৰলৈ নিব পৰা নাই অথচ নন্দিনীৰ দুহাত ভৰ্তি হোৱাৰ পাছতো প্ৰয়োজন কমা নাই।  মানুহজনীয়ে দুখ কৰি কোৱা কথাবোৰে, অসহায়ভাৱে বস্তুবোৰলৈ চাই ফুৰা দৃষ্টিটোৱে দোকানীজনক কাতৰ কৰি তুলিলে। বন্ধৰ দিনবোৰত দোকানখনত বেয়াহৈ যাব পৰা বস্তু কিছু, চাউল, দাইল, আটা অলপ বস্তা এটাত একাষৰীয়াকৈ বান্ধি থ'লে। এই বস্তুখিনিৰ প্ৰয়োজন মাধুৰ মাকৰ বাবে বহুত বেছি। তেওঁৰ মনটো হঠাতে ফৰকাল হৈ পৰিল।



পৃষ্ঠা ৪৩

বহাগ যন্ত্ৰণা নহওক

ৰুমী চাংমাই বৰুৱা

      বসন্তৰ পৰশ পায় শীতে লঠঙা কৰি থৈ যোৱা গছ-বনত কুঁহিপাত মেলিলে।আমে মলিয়ালে, কঁঠালে মুচিয়ালে। কেচু-কুমতি, বেঙৰ সমস্বৰত বৰষাৰ প্ৰথমজাক বৰষুণে শীতল পেলালে প্ৰকৃতিৰ বুকু্। খাল-ডোংবোৰ পানীৰে ওপচি পৰিল। গছৰ আঁৰত কুলিৰ কোমল মাতে যেন অসমীয়াৰ বুকুত সঁচি দিলে ৰঙালীৰ ৰং। মাজনিশা কেতেকীৰ বিননিত বহাগৰ বতৰা।এয়াই যে বহাগৰ বতৰ।ঢোলে, পেঁপা, বাঁহী আদিৰ মাতত মুখৰিত চৌপাশ। তাঁতৰ পাতত শিপিনীৰ খিত-খিতনিত  চেনাইলৈ বোৱা বিহুৱানত মৰমৰ উমান।চাৰিওফালে ব্যস্ততা মাথোঁ ব্যস্ততা, বহাগীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি। এক উৎসৱমুখৰ পৰিবেশ। কিন্তু এই পয়োভৰৰ মাজতো উদং হৈ ৰৈছে আইচেঙৰ বুকু। হাহাকাৰ কৰি উঠা তাইৰ মনটো বৰ অস্থিৰ হৈ পৰিছে। কলৈ যাওঁ, কি কৰোঁ কৈ তাই সুন্দৰৰ কোঠা পালেগৈ। ডিঙিৰ ওচৰত সোপা মাৰি ধৰি থকা শোকটো তাই ধৰি ৰাখিব নোৱাৰিলে।হুকহুকাই কান্দি দিলে আইচেঙে। চকুলোৰে বাট নেদেখা হৈ তাই সুন্দৰৰ কোঠাটোৰ চাৰিওফালে চকু ফুৰালে। বগা কাপোৰেৰে ঢাকি থোৱা তাৰ বাদ্য যন্ত্ৰবোৰ তাই উদঙাই পেলালে। হঠাৎ যেন ঢোলটো গৰজি উঠিল--"ধিনিকি ধিনদাওঁ দাওঁ..."। তাৰপিছত গিতাৰ, তবলা, হাৰমনিয়াম সকলোবোৰ সৰব হৈ যেন এক ঐক্যতান বাজি উঠিল।আৰু, আৰু এয়াচোন সুন্দৰৰ কণ্ঠ ,গান গাইছে সি। অঁ গান গাইছে। তাই বাউলি হৈ পৰিল। সুন্দৰক বিচাৰি তাই চিঞৰিবলৈ ধৰিলে--- সোণা, সোণা, ঐ সোণা,,, ক'ত আছা তুমি ? মোৰ সোণটো; আহাঁ মোৰ বুকুৰ মাজলৈ।সোণা...।এক তীব্ৰ চিঞৰ মাৰি মাটিত বাগৰি পৰে আইচেঙ।আইচেঙৰ মাত শুনি ডাঙৰ জীয়েক আৰুচি দৌৰি আহি মাকক মাটিত পৰি থকা অৱস্থাত দেখি তায়ো ক্ষন্তেকৰ বাবে কিংকৰ্তব্য বিমূঢ় হৈ পৰিল। পিছ মূহূৰ্ততে নিজক সংযত কৰি তাই কাম কৰা ল'ৰা অজয়ক‌ মাতি আনি তাৰ সতে ধৰি নি মাকক বিছনাত শুৱাই দিলে।গালে-মুখে পানী ছটিয়াই মাকৰ সম্বিৎ ঘূৰাই আনিবলৈ চেষ্টা কৰিলে। হাত ভৰি পিটিকি মোহাৰি দিয়াৰ কিছু সময়ৰ পিছত আইচেঙে চকু মেলিলে। প্ৰথমতে একো ধৰিব পৰা নাছিল যদিও পিছ মূহূৰ্ততে সকলো কথা ফটফটীয়াকৈ মনলৈ আহিল।আইচেঙৰ দুগালেৰে দুধাৰ অশ্ৰু বৈ গ'ল। আৰুচিয়ে সান্তনা দিবলৈ চেষ্টা কৰিলে।কিন্তু চিৰদিনৰ বাবে শূন্য হৈ পৰা আইচেঙৰ বুকু কোনো সান্তনা বাণীয়ে পূৰাব নোৱাৰে। তাইৰ ভাৱ হয় এইমাত্ৰ যেন ল'ৰাটো উভটি আহিব আৰু তাইক মাতিবহি মা বুলি। হয়তো আজি থকা হ'লে ঢোলৰ মাতত ঘৰ ৰজনৰজনাই থাকিলহেঁতেন।গীতৰ কলি গুণগুণাই উৎপাত কৰি ফুৰিলেহেঁতেন। কিন্তু নিষ্ঠুৰ নিয়তিয়ে তাইৰ ল'ৰাটোকহে ইমান সোনকালে তাইৰ বুকুৰপৰা কাঢ়ি নিবলৈ পালে। কেতিয়াবা সকলোৰে ওপৰত কিবা এক খং, ক্ষোভে তাইৰ‌ মনটোক বিদ্ৰোহী কৰি তোলে। হিয়া উজাৰি কাৰোবাক গালি পাৰিবলৈ মন যায়। কিন্তু লাভ কি হ'ব ? সেইবোৰ কৰিলেই জানো ল'ৰাটোক ঘূৰাই পাব।কেতিয়াও নাপায়। সি গুচি গ'ল কোনোদিন ঘূৰি নহা বাটেৰে। তাইক মা বুলি মাতিবলৈ, আমনি কৰিবলৈ, গান গাবলৈ সি আৰু উভটি নাহে কেতিয়াও। আইচেঙৰ বুকুত ধমহকৈ মাৰে। বিহ্বল হৈ পৰে তাই। তাইৰ আজিও মনত পৰে সেই দিনটো, যিটো দিনত সুন্দৰৰ গুলিবিদ্ধ নিঠৰ দেহটো আনি চোতালত পেলাই দিছিলহি। কি অসহনীয় আছিল সেই দৃশ্য।
            সিদিনা টিভিত চিৰিয়েল এখন চাওঁ বুলি অন কৰোঁতেই হঠাৎ নিউজ চেনেল এটাত কিবা আন্দোলনৰ কথা কৈ থকা শুনিলে। কি আন্দোলন কি কথা সেইবোৰ আইচেঙে গুৰুত্ব নিদিলে।আন্দোলনচোন যেতিয়াই তেতিয়াই হৈয়ে থাকে বিভিন্ন দাবীৰে। সেইবোৰ কথাত গুৰুত্ব দিনো কি লাভ। সেই ভাবিয়ে তাই ৰং চেনেলত তাইৰ প্ৰিয় ধাৰাবাহিকখন উলিয়াই ল'লে। সুন্দৰ‌ স্কুলৰ পৰা আহিব হৈছে। আৰুচিৰ কলেজৰ পৰা অহা দেৰি হ'ব।বন কৰা ল'ৰা অজয়ক ইতিমধ্যে খাবলৈ দিলে।মানুহজন অফিচৰ পৰা আহি পাওঁতে গধূলিয়ে হয়। সুন্দৰ অহাৰ পিছত তাৰ পঢ়া চাই দিব লাগে। অহাবাৰ মেট্ৰিক দিব সি। পঢ়াতো ভাল। ভাল ৰিজাল্ট এটাই আশা কৰি আছে সকলোৱে। তাৰোপৰি সংগীততো তাৰ দখল আছে।আইচেঙৰ হেঁপাহ তাক শিল্পী ৰূপত চাবলৈ। তাইৰ সপোনে গজালি মেলি লাহে লাহে যেন বৰ গছ হ'বলৈ গৈ আছে।কথাষাৰ ভাবি মনটো ভাল লাগি গ'ল। টিভিটো বন্ধ কৰি আইচেং বাৰান্দা পালেগৈ।এনেতে গেট খুলি সুন্দৰ সোমাই আহিল। তাক অলপ উৎকণ্ঠিত দেখা গ'ল। গেটৰ পৰাই সি মাকক চিঞৰি আহিল।
: মা মা 
: কি হ'ল সোণা, কিবা প্ৰব্লেম ?
:প্ৰব্লেম মা, ডাঙৰ প্ৰব্লেম এটা হৈছে।
: আৰে কি হৈছে ক' ? তুমি ইমান উধাতু খাইছা কিয় ?
: মা আন্দোলন হৈছে, আন্দোলন।
: তুমি এইবোৰত সোমাব নালাগে বাবা। যোৱা হাত মুখ ধুই লোৱাগৈ। মই তোমাক খাবলৈ দিওঁ।
: তুমি বুজি পোৱা নাই মা। বৰ ডাঙৰ সমস্যা হ'ব কিন্তু।
    আইচেঙৰ বুকুখন কঁপি উঠিছিল। ল'ৰাটোৰ উৎকণ্ঠাই আইচেঙক ক্ষন্তেকলৈ ভবাই তুলিছিল। বিশেষ ব্যগ্ৰতা নেদেখুৱাই তাক ভাত বাঢ়ি খাবলৈ মাতিলে। ভাত খাই থকাৰ মাজতে ক'লে সি--"বুজিছা মা, সকলো দল সংগঠন, শিল্পীয়ে আন্দোলনত আগভাগ লৈছে। গীতে -মাতে, কবিতাৰে চৰকাৰৰ কিবা আইন এখনৰ বিৰোধিতা কৰিছে। কালিলৈ আমাৰ স্কুলৰ ফিল্ডতো হ'ব হেনো প্ৰতিবাদৰ কাৰ্যসূচী। মোকো তাত গান গাবলৈ কৈছে মা।"
: তুমি সেইবোৰলৈ যাব নালাগে সোণা। বহুত সৰু হৈ আছা তুমি। এতিয়া পঢ়াত মন দিয়া।
: একো নহয় মা। মোক মাথোঁ দুটামান গানহে গাবলে কৈছে।
: দেউতাৰা আহক, সুধি ল'বা।কিন্তু এই আন্দোলনবোৰ বৰ উত্তেজনাপূৰ্ণ সোণা। ক'ত কি পৰিস্থিতিৰ সৃষ্টি হয় ঠিক নাই।তদুপৰি আজি নিউজত পাইছো দুজনমান ছাত্ৰ প্ৰতিবাদকাৰী আহত, নিহত হোৱাৰ খবৰ। মোৰ বৰ ভয় লাগে সোণা।
: একো নহয় মা। আমাৰ দেশ, আমাৰ জাতিৰ বাবে আমি মাত নামাতিলে কোনে মাতিব।
   আইচেং ক্ষন্তেকলৈ থমকি ৰৈছিল সুন্দৰৰ কথাত। ইমান সৰু ল'ৰাটোৰ মুখত ইমান উদ্বেগপূৰ্ণ কথা। কৈশোৰ কালৰ হয়তো দুঃসাহসিক লক্ষণ এয়া। আইচেঙে তাৰ কাষৰ পৰা মনে মনে উঠি আহিছিল। মনে মনে ভগৱানক যেন স্মৰণ কৰিলে কি ভাবি তায়ো নাজানে। অতি ব্যগ্ৰতাৰে তাইৰ স্বামী মানৱ অহালৈ বাট চালে। মানৱে যদি তাক‌ লৈ যায়, তাই হয়তো বাধা দিব নোৱাৰিব। কি কৰিব কি নকৰিব একো ভাবি নাপায় মনটোত উচ্‌পিচনি লাগি থাকিল।
        আইচেঙে ভাবি থকাটোৱে হ'ল। তাইৰ বাধা নামানি মানৱে সুন্দৰক  প্ৰতিবাদ থলীলৈ লৈ গ'ল। তাত সি কেইবাটাও বিপ্লৱী গান গালে আৰু সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হ'ল আৰু নিৰ্দিষ্ট সময়ত দুয়ো আহি ঘৰ পালেহি। আইচেঙৰ মুখলৈ তেতিয়াহে পানী আহিল। সুন্দৰক সাৱটি চুমা এটা খাই তাই মনটোক শাঁত পেলালে। সুন্দৰৰ মনটোতো কিবা এক প্ৰশান্তি বিয়পি পৰিল। নিজকে যুদ্ধজয়ী সৈনিকৰ দৰে অনুভৱ হ'ল। সি মুখ হাত ধুই পঢ়া টেবুললৈ গ'ল।
        পিছদিনা আবেলি তিনিমান বজাত সুন্দৰ চাইকেলখন লৈ টিউচনলৈ বুলি ওলাই গ'ল। মাকে তাক দঢ়াই দঢ়াই কৈ পঠিয়ালে "ভালকৈ যাবা সোণা, সোনকালে আহিবা।"
: হ'ব মা। তুমি চিন্তা কৰি নাথাকিবা। এইবুলি সি চাইকেলত লাফ্ মাৰি উঠি ওলাই গ'ল। আইচেঙে নিজৰ কামত ধৰিলে। সন্ধ্যা লাগিছে প্ৰায়। ইতিমধ্যে মানৱো আহি পাইছে অফিচৰ পৰা। সুন্দৰ তেতিয়াও পোৱাহি নাই। হঠাৎ তাই হাইৱেৰ ফালে হুলস্থূল শুনিলে। কিবা শ্ল'গানৰ দৰে শুনিবলৈ পালে, "আমাৰ দাবী মানিবই লাগিব", "আমি নামানো" ইত্যাদি জাতীয়। ঘৰৰ পৰা হাইৱেলৈ অলপ আঁতৰ হয় বাবে কথাবোৰ ভালকৈ শুনা নাপায়।আইচেঙৰ মনটোত চেৰেঙকৈ মাৰিলে। ল'ৰাটো বা ক'ত আছে। সেই সময়তে টিউচনৰ পৰা আহি থাকোতে ৰাস্তাতে জোৰ সমদল দেখি  সি চাইকেলৰ পৰা নামি ৰৈ দিলে ৰাস্তাৰ দাঁতিতে। উত্তেজিত প্ৰতিবাদকাৰীৰ উদাত্ত শ্ল'গানে আকাশ পাতাল কঁপাই তুলিলে। হঠাৎ পুলিচৰ গাড়ী আহি প্ৰতিবাদ কাৰীক বাধা দিবলৈ চেষ্টা কৰিলে। কিন্তু প্ৰতিবাদকাৰীৰ দুগুণ প্ৰতিবাদত আৰক্ষীও বিমোৰত পৰিল। লাঠি চালনা চলিয়ে আছিল তাৰ মাজতে হঠাৎ বন্দুকৰ মাতত সুন্দৰ কঁপি উঠিল। সি লৰালৰিকৈ সেই ঠাই এৰি আঁতৰি আহোঁতেই একজাই গুলী আহি সুন্দৰৰ বুকু ভেদি গ'ল আৰু থিতাতে বাগৰি পৰিল সি। একো ততেই ধৰিব নোৱাৰিলে ফুল কুমলীয়া ল'ৰাটোৱে। মৃত্যুৰ যন্ত্ৰণাত কিছুসময় চৎফটাই নিঠৰ হৈ পৰা দেহাটো এটা সময়ত গৈ সিহঁতৰ‌ চোতালত নি বগা কাপোৰেৰে ঢাকি দিয়া হ'ল। পুত্ৰহাৰা হৈ আইচেং, মানৱ যেন শিলাখণ্ডৰ প্ৰস্তৰ মূৰ্তিলৈ ৰূপান্তৰ হ'ল।চকুপানীবোৰে ওলাবলৈ বাট বিচাৰি নাপায় বুকুত খুন্দিয়াবলৈ ধৰিলে। যি শোকে আইচেঙক আজিও বুকুত খুন্দিয়াই থাকে, ব্যাকুল কৰে তাইক।
        আন্দোলন থমকি ৰ'ল।শান্ত হ'ল উত্তাল পৰিৱেশ।কিন্তু শান্ত নহ'ল আইচেং, মানৱহঁতৰ উকা হৃদয়।আন্দোলনত কাৰ কি লাভ হ'ল আইচেঙে নাজানে।কিন্তু, তাইৰ‌ ল'ৰাটো কাঢ়ি নিলে আপদীয়া সময়ে। সৰ্বস্বান্ত হ'ল সিহঁত, শেষ হৈ গ'ল এটা ভৱিষ্যত। নিঃশেষ হৈ গ'ল এটা বিৰাট সম্ভাৱনা। চিৰদিনৰ বাবে শূণ্য হৈ ৰ'ল আইচেঙৰ বুকু। কোনে দেখিব আইচেঙৰ শূণ্য‌ হৃদয়ৰ অশান্ত ধুমুহাৰ তাণ্ডৱ। কোনে বুজিব উজাগৰ ৰাতিৰ পুত্ৰহাৰা মাতৃৰ নীৰৱ ক্ৰন্দনত কেনেকৈ বিগলিত হয় মমতা আৰু হুমুনিয়াহবোৰ! হুমুনিয়াহবোৰে পাৰিবনে বুকুৰ জুইকুৰা নুমুৱাব।
        বিছনাৰ পৰা নামি লাহে লাহে আইচেঙে সুন্দৰৰ ফটোখনৰ ওচৰলৈ আগবাঢ়ে।আৰুচিয়ে যতনাই থোৱা বন্তিগছ জ্বলাই দিলে আইচেঙে।দুইধাৰে বৈ অহা তপত চকুলো দুধাৰি মোহাৰি তাই ভগৱানক প্ৰাৰ্থনা কৰিলে তাইয়ে যেন শেষ মাতৃ হওক  যিয়ে বছেৰেকৰ বিহুদিনা নিজৰ সন্তানৰ ফটোৰ আগত এনেকৈ বন্তি জ্বলাব লগীয়া হয়।            

 (সমাপ্ত)


পৃষ্ঠা ৪৪

শেষ পৃষ্ঠাৰ লেখাঃ

অতীতে ৰিঙীয়াই 

"অতিকৈ চেনেহৰ মুগাৰে মূহুৰা
তাতোকৈ চেনেহৰ মাকো
তাতোতকৈ চেনেহৰ ৰঙালী বিহুটি
নেপাতি কেনেকৈ থাকোঁ"

               অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুটি অসমীয়া জাতিৰ প্ৰাণ সদৃশ। ৰঙালী বিহুৰ মাজেৰেই অসমীয়াই বিশ্ব দৰবাৰত জাতিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। সেয়ে বিহুক বাদ দি আমি আমাৰ চিনাকী দিয়াটো সম্ভপৰ নহয় বুলি ক'লেও বঢ়াই কোৱা নহ'ব। 
            স্বক্ৰীয় বিশিষ্ট্যৰে পৰিপূৰ্ণ বিহুটি অতীত আৰু বৰ্তমানৰ মাজত বহুসংখ্যক পাৰ্থক্য অহি পৰিছে। অৱশ্যে সময়ৰ গতিত হোৱা এই পৰিবৰ্তনক আমি গা এৰাই চলিব নোৱাৰো যদিও কিছুমান পৰিবৰ্তনে হৃদয়ত আঘাত সানিও যায়। আমি আশীৰ পৰা নৱৈ দশকত জন্মলাভ কৰা লোক সকলে বিহুৰ যি ৰূপ দেখিছিলো সেই ৰূপ এতিয়া নাই। আকৌ আমাতকৈ আগৰ লোক সকলে দেখা ৰূপ হয়তো আমি নেদেখিলোঁ। সেয়ে বিহুৰ অতীত আৰু বৰ্তমানৰ কথা কৈ থাওকতে সামৰিব নোৱাৰি। গতিকে মই ইয়াত গছ তলৰ বিহুৰ পৰা আহোম সাম্ৰাজ্যৰ চোতাল বিহু আকৌ বৃটিছ শাসন কালত বিপদৰ মাজেৰে অতিবাহিত কৰা বিহু আৰু বৰ্তমানৰ মঞ্চৰ বিহুৰ সম্পৰ্কে আলোচনা নকৰি ইয়াত মাত্ৰ মোৰ জীৱনত প্ৰত্যক্ষ কৰা বিহুৰ অতীত বৰ্তমানৰ বিষয়েহে কম।
             আমি যেতিয়া সৰু আছিলো আমাৰ গাঁৱত দুযোৰা বিহু আছিল। আমাৰ সৰু চামৰ এযোৰা আৰু ডেকা চামৰ এযোৰা। ডেকা সকলে বিহু মাৰিবলৈ গৰু বিহু দিনা সন্ধ্যা ভাগলৈ গাঁৱৰ সভাপতি ঘৰত বিহু মাৰি দূৰণিৰ কোনো গাঁৱলৈ ওলাই গৈছিল আৰু প্ৰায় দুই তিনিদিন বা সপ্তাহৰ মূৰত হে গাঁৱলৈ উভটি আহিছিল। সেই দৰে আমিও আমাৰ গাঁৱৰ গাতে লাগি থকা গাঁও সমূহত দিনৰ ভাগত বিহু মাৰিবলৈ গৈছিলো আৰু সন্ধ্যা উভটি আহিছিলো। এইদৰে প্ৰায় এসপ্তাহ আঠ দিন বিহু মাৰি এটি ভোজ খাই বিহু সামৰিছিলো। পিছলৈ আমাৰ হাতলৈ ডেকা বিহুৰ দায়িত্ব অহাত আমিও পূৰ্বৰ নিয়মেই অনুসৰণ কৰিছিলো যদিও তাত নচা নাচৰ মাজলৈ কিছু নিয়মানুবৰ্তীতা অহি পৰিছিল। আৰু কিছু কিছু ঠাইত বিহু সন্মিলনিৰ সলনি বিহুৰ প্ৰতিযোগিতা পাতিবলৈ আৰম্ভ কৰিছিল। কিন্তু আমাৰ গাঁৱত তেতিয়াও আমাককৈ জ্যেষ্ঠ সকলে পাতি যোৱাৰ দৰে বিহু সন্মিলনেই পতা হৈছিল। শেষলৈ সন্মিলনৰ অৰিহনা আৰু প্ৰতিযোগিতাৰ অৰিহনাৰ মাজত আহি পৰা পাৰ্থক্যৰ বাবেই সন্মিলনিত বিহুৰ সংখ্যা কমি আহিল আৰু আমি ৰজাবাৰী গাঁও বাসীয়ে সন্মিলন পতা বন্ধ কৰিলো। সি যি হওক চোতাল বিহুৰ যি মৰ্যদা তাক জীয়াই ৰাখিলো আৰু আজিও কেৱল গাঁওখনৰ মাজতে সীমাবদ্ধ হৈ থাকিলেও আমাৰ গাঁওত চোতাল বিহু পৰিবৰ্তনৰ আংক্ষিক ৰহন সানি জীয়াই আছে।
          কথা হ'ল সেই সময়ৰ বিহুৰ যি আনন্দ ফুৰ্তি এতিয়া বিহুত নাই। নাই অতীতৰ দৃঢ় বিশ্বাস। গতিকে নাচনীৰ অভাৱতো বহু ঠাইত গাঁওৰ বিহু যোৰা ডেকা সকলে মন কৰিলেও পাতিব পৰা নাই। 
               আমি বিহু মাৰি থকা সময়ত দূৰণিৰ গাঁৱৰ চোতালে চোতালে বিহু নচা, গোটেই ৰাতি নাচনীক শোৱাই থৈ ডেকা বিহু নচা আনন্দই সুকীয়া আছিল। আকৌ গাঁৱলৈ বিহু আহিলে বিহুৰ লগত দুপাক ঘূৰি দিয়া, বিহুৱা, নাচনী সমূহৰ লগত হাঁহি ফুৰ্তি কৰা, শেহ ৰাতিলৈ কাৰোবাৰ খেৰি ঘৰত ৰাতিটো অতিবাহিত কৰা আদিৰ দৰে আনন্দ এতিয়া পাবলৈ নাই।
             সময়ৰ পৰিবৰ্তনে সমাজ জীৱন, জীৱন ধাৰণ প্ৰক্ৰিয়া, পৰম্পৰা, বিহু আদিলৈ অনেক পৰিবৰ্তন আনিলে। বৰ্তমান ধনৰ পম খেদি ধনীৰ চোতালত আৱদ্ধ হৈ পৰা বিহুৰ এই সংকীৰ্ণ ৰূপটোৱে সঁচাকৈ আমাৰ দৰে বহুতকে মৰ্মাহত কৰে। 
             পৰিবৰ্তন স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু কৃষ্টিৰ মাজলৈ অহা এই পৰিবৰ্তনে যদি সমাজক ধনী আৰু দুখীয়া দুটা শ্ৰেণীলৈ শ্ৰেণী বিভাজন কৰে তেন্তে তেনে পৰিবৰ্তন আমাৰ কম্য নহয়। কৃষ্টি, সংস্কৃতিয়ে এটা জাতিৰ একতাৰ জৰীডাল সকট্‌কটীয়াকৈ বান্ধি ৰখাত সহায় কৰে। গতিকে কৃষ্টি, সংস্কৃতিৰ মাজত অৰ্থনৈতিক বৈষম্যই স্থান পোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন


পৃষ্ঠা ৪৫






Post a Comment

0 Comments