অঙ্গনঃ দ্বিতীয় বছৰ (২১ সংখ্যা)

পৃষ্ঠাঃ ২
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি
পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক বসন্ত বিশেষ সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 এপ্ৰিল, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

পৃষ্ঠাঃ ৩
বিশেষ সংবাদ

শ্ৰদ্ধাৰ সাহিত্য প্ৰেমি শব্দৰ সাধক সকল। জয় জয়তে অঙ্গনৰ পৰিয়ালৰ প্ৰণিপাত গ্ৰহণ কৰিব। আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু হীন-দেৰি হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্ত থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 
            
ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-৯
ধাৰাবাহিক : পৃষ্ঠা ১০
অণুগল্প : পৃষ্ঠা ১১-১৩
এক মিনিটৰ গল্প : পৃষ্ঠা ১৪-১৬
অনুবাদ কবিতা : পৃষ্ঠা ১৭-১৯
কবিতা : পৃষ্ঠা ২০-৩৪
পৰিচয় শিতান: পৃষ্ঠা ৩৫ 
ৰেচিপি: পৃষ্ঠা ৩৬
অনুভৱ : পৃষ্ঠা ৩৭
যোগাসন: পৃষ্ঠা ৩৮
শিশু বিশেষ: পৃষ্ঠা ৩৯
গল্প: পৃষ্ঠা ৪০-৪৩
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪৪


পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, 
সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা


প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

পৃষ্ঠা ৬
সম্পাদকীয়ঃ

দ্য কাশ্মিৰ ফাইলছ্

জনপ্ৰিয় পৰিচালক বিবেক অগ্ৰিহোত্ৰীৰ পৰিচালনাত আৰু মিঠুন চক্ৰৱৰ্তী, অনুপম খেৰ আদিৰ দৰে জনপ্ৰিয় অভিনেতাৰ দ্বাৰা অভিনিত বিগত ১১ মাৰ্চত মুক্তি লাভ কৰা ছবিখনৰ নামেই হৈছে ‘দ্য কাশ্মিৰ ফাইলছ্’। সাধাৰণতে সময়ে সময়ে দেশত বিভিন্ন ছবিয়ে মুক্তি লাভ কৰে, তাৰে কিছুমান চুপাৰহিট হয় আৰু কিছুমান ফ্লপ হয়। কিন্তু ছবি এখন মুক্তি লাভ কৰাৰ লগে লগে ইমান চৰ্চা খুব কমেইহে হোৱা দেখা যায় যিমান চৰ্চা ‘দ্য কাশ্মিৰ ফাইলছ্’ ৰ ক্ষেত্ৰত হ’ল বা হৈ আছে। সামাজিক মাধ্যমকে আদি কৰি বিভিন্ন সংবাদপত্ৰতো এই চৰ্চাই বিশেষ গুৰুত্ব লাভ কৰিছে। কিন্তু অতি পৰিতাপৰ কথা যে গৰিষ্ঠসংখ্যকেই চিনেমাখন প্ৰত্যক্ষ নকৰাকৈয়ে আনৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিজৰ মন্তব্য প্ৰকাশ কৰিলে। অৱশ্যে এই প্ৰৱণতাৰ আঁতৰত লুকাই থকা ব্যক্তিৰ আত্মপ্ৰচাৰৰ বিষয়টোও আমি নুই কৰিব নোৱাৰোঁ।
এইদৰে বিভিন্ন যুক্তিতৰ্ক, মতামত, বিশ্লেষণ আদি প্ৰত্যক্ষ কৰাৰ অন্তত এদিন চিনেমাখন চাবলৈ মন স্থিৰ কৰিলোঁ। চিনেমাখনৰ আৰম্ভণিতেই অনুভৱ হ’ল যে গতানুগতিক চিনেমাৰ নিৰ্মাণশৈলীৰ পৰিৱৰ্তে সম্পূৰ্ণ ব্যতিক্ৰম ধৰণেৰে আগবাঢ়িছে বিষয়বস্তু। বিষয়বস্তু সম্পূৰ্ণ বাস্তৱ ঘটনাৰ আধাৰত ৰচিত। এটা অতিকৈ স্পৰ্শকাতৰ বিষয় যে সেই সময়ত প্ৰায় ১৬৩৫ জন লোকে  প্ৰাণ হেৰুৱাবলগীয়া হৈছিল কাশ্মিৰত। এয়া ১৯৯০ চনৰ ১৯ জানুৱাৰীৰ ঘটনা। এই ঘটনাৰ আঁৰত জৰিত আছিল উগ্ৰ সন্ত্ৰাসবাদী। উল্লেখ্য যে এই ঘটনাত হিন্দু পণ্ডিতসকলৰ লগতে অনেক মুছলিম তথা অন্য ধৰ্মালম্বীৰ লোকেও প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই কথা চিনেমাখনৰ শেষৰ ফালে এটি চৰিত্ৰৰ মুখেৰে প্ৰকাশ কৰিছে পৰিচালকে। চিনেমাখন যিয়ে গভীৰ মনোযোগেৰে চাইছে তেওঁলোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে যে এয়া এক প্ৰকাৰৰ নৰসংহাৰ। সেয়ে চিনেমাখনত বাৰে বাৰে উচ্চাৰিত হৈছে 'জেন'ছাইট' শব্দটো। আমি বুজিব লাগিব যে সন্ত্ৰাসবাদীৰ কোনো জাতি, কোনো ধৰ্ম নাথাকে। তেওঁলোকৰ এটাই পৰিচয়, সেয়া হৈছে  তেওঁ লোক সন্ত্ৰাসবাদী।
চিনেমাখনত এনে কেবাটাও দৃশ্যাংশ আছে যিবোৰ চোৱাৰ পাছত দৰ্শকে শীয়ৰি উঠিবলৈ বাধ্য হ’ব। ভাবিলে আচৰিত লাগে যে যিবোৰ সত্যক আমি চিনেমা হলত চাবলৈ সাহস গোটাব পৰা নাই তেনেবোৰ সত্যৰ মুখামুখী হবলৈ কাশ্মিৰী পণ্ডিতসকল বাধ্য হৈ পৰিছিল। আন বহুতৰ দৰে চিনেমাখন চোৱাৰ পাছত আমিও ৰাতি বহু দেৰিলৈকে শুব পৰা নাছিলোঁ। কথাবোৰৰ সত্যতা জানিবলৈ ইন্টাৰনেটৰ সহায়ত বিভিন্ন সংবাদপত্ৰ, ইউটিউব, বিভিন্ন ৱেবছাইটত সোমাই পৰিছিলোঁ আৰু আচৰিত যে সেই ১৯ জানুৱাৰীৰ নিশাটোৰ কথাখিনি সম্পূৰ্ণ সত্য আছিল।
ভাবিলে আচৰিত লাগে যে চিনেমাখনক লৈ বহুতে ৰাজনৈতিক মন্তব্য কৰিলে। কোনোবাই ক’লে এয়া চৰকাৰী পক্ষৰ ৰণকৌশল, কোনোবাই ক’লে এয়া দুই ধৰ্মৰ মাজৰ সংঘাত, কোনোবাই আকৌ চিনেমাখনৰ ভুলবোৰ বিচাৰিবলৈ উঠি পৰি লাগি গ’ল। কিন্তু সাধাৰণ জনসাধাৰণৰ নিচিনাকৈ সুবিধাবাদীবোৰে গভীৰভাৱে অনুভৱ কৰিব নোৱাৰিলে নিৰ্যাতিত সকলৰ মৰ্মবেদনা। পৰিচালকে চিনেমা এখন প্ৰস্তুত কৰোঁতে বহুতো সীমাৱদ্ধতা থাকে, যাৰ ফলত প্ৰতিটো কথা দৃশ্যাংশৰে প্ৰকাশ কৰিব নোৱাৰে। সেয়ে কেতিয়াবা তেনেবোৰ সীমাৱদ্ধতা চৰিত্ৰৰ উক্তিৰে প্ৰকাশ কৰিবলগীয়া হয়। আনহাতে আমি ৰাজনীতিৰ ৰহণ সনাৰ আগতে এবাৰলৈও চিনেমাখনৰ বিষয়বস্তু ভুল বা অশুদ্ধ বুলি প্ৰমাণ কৰিব পাৰিছোনে?
মূল কথাটো হৈছে সত্য কেতিয়াও আমাৰ ভাল লগা, বেয়া লগাৰ ওপৰত নিৰ্ভৰ নকৰে। এই সত্যক আমি উপলব্ধি কৰিব পাৰিব লাগিব। ‘দ্য কাশ্মিৰ ফাইলছ্’ চিনেমাখনে প্ৰকৃততে আমাক কিছু নিৰ্মম সত্যৰ মুখামুখি হ’বলৈ বাধ্য কৰালে যি সত্যক আমি গভীৰভাৱে উপলব্ধি কৰা উচিত।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

পৃষ্ঠা ৭
প্ৰৱন্ধঃ

বিয়ানাম

প্ৰণৱ ফুকন

(অন্তিম খণ্ড)

(যোৱা সংখ্যাৰ পিছৰ পৰা)

(এই লেখাটোত ব্যৱহৃত বিয়ানামসমূহ শ্ৰীযুতা অঞ্জলি শৰ্মাৰ বিয়ানামৰ সংকলন নাম-মাধুৰীৰ পৰা লোৱা হৈছে ৷ অনুমতি প্ৰদানৰ বাবে লেখিকালৈ এই আপাহতে সশ্ৰদ্ধ ধন্যবাদ জনালোঁ ৷)

বিয়াৰ দিনা বৰ ওলাই যাবৰ সময়ত মাকে দুৱাৰ ধৰাৰ এক প্ৰথা আছে ৷ বিয়াৰ আগলৈকে ল’ৰাৰ ওপৰত মাকৰ কৰ্তৃত্ব চলে আৰু ল’ৰায়ো মাকৰ সুখ-দুখৰ প্ৰতি চকু ৰাখে ৷ কিন্তু বিয়াৰ পাছত ল’ৰাই পত্নীৰ ফালে মন দিব লগা হয়; কাৰণ পত্নী হ’ল জীৱন লগৰী ৷ সেই কথা জানিও মাকে ল’ৰাৰ ওপৰত নিজৰ কৰ্তৃত্ব এৰি দিবলৈ টান পায় ৷ দুৱাৰ ধৰা হ’ল ল’ৰাক নিজৰ কৰ্তৃত্বৰ পৰা আঁতৰি যোৱাত মাকৰ মনোবেদনা প্ৰকাশ কৰাৰ প্ৰতীক ৷ এই সময়তো আইসকলে গোৱা নামে মাক আৰু ল’ৰা দুয়োৰে চকুলৈ চকুপানীৰ ঢল আনে ৷

দৰা ওলাই যাওঁতেও নামেৰে তেওঁক তেওঁৰ উদ্দেশ্য বুজাই দিয়া হয়:

শিৱ দ’লৰ কলচী বিষ্ণু দ’লৰ পূজাৰী ৷

ৰামচন্দ্ৰ ওলাইছে গৃহলক্ষ্মীক বিচাৰি ৷৷

আৰু:

পাগুৰি মাৰিবৰ       এতেকেতেৱে জানে

ভৰিৰ কলাফুল উদি ৷

মূৰতে মাৰিলে   সোণালী পাগুৰি

চেলেঙৰ মাৰিলে ছাটি ৷৷

এই নামত অসমৰ পোছাকৰ ঐতিহ্য সুন্দৰকৈ প্ৰস্ফুটিত হৈ উঠিছে ৷

বিয়াৰ বাবে কইনাক সজোৱা এক বিশেষ কাম; আগেয়ে মহিলাসকল আৰু কইনাৰ বান্ধৱীসকলে মিলি এই কাম কৰিছিল; কিন্তু আজিকালি বিউটিচিয়ানৰ প্ৰশিক্ষণ লোৱা ছোৱালীকহে এই কাম দিয়া হয় ৷ গতিকে কইনা সজাবৰ সময়ত সকলোৱে ধেমালী কৰে:

ৰাম নামে কৰুণা হৰি নামে সাধনা ৷

ট্ৰেইনিং নোলোৱাকৈ সজাবলৈ আহিছা ৷৷

এতিয়াও যোৱাগৈ ট্ৰেইনিং লৈ আহাঁগৈ 

ট্ৰেইনিঙত পাছ কৰিবা তেহে আইদেউক সজাবা ৷৷

আকৌ:

এৰোপ্লেনৰ পাইলট ৷

আমাৰ আইদেউক সজাবা

আজিকালিৰ ষ্টাইলত ৷৷

বিয়াৰ বাবে কন্যাঘৰ পাওঁতে বৰক সমুখত ৰুই থোৱা কলগছৰ তলত আদৰা হয় ৷ কইনাৰ ভনীয়েকে ভৰি ধুৱাই দৰাৰ পৰা এটা ডাঙৰ উপহাৰ লৈ যায় ৷ সেই সময়ত বৰক বিষ্ণুস্বৰূপ বুলি গণ্য কৰা হয় ৷ কন্যাৰ পিতাকে প্ৰথম আদৰে; সেই সময়ত মন্ত্ৰোৎচ্ছাৰণ হয়: বিষ্ণুস্বৰূপায় বৰায়ে নমঃ ৷ এইদৰে কন্যাঘৰৰ বয়োজ্যেষ্ঠসকলে আদৰাৰ পাছত কন্যাৰ মাকে আদৰে ৷ এই সমগ্ৰ প্ৰক্ৰিয়াত কিন্তু আয়তীসকলৰ নামত বিৰাম নপৰে ৷ কন্যাৰ মাকে প্ৰথমে সুৱাগুৰি তোলে:

সুৱাগ তুলিবলৈ      ওলালে দৈৱকী

কাষতে কলচী লৈ ৷

আয়তীসকলে            কৰে সুমঙ্গলে

সুৱাগৰে কুলা লৈ ৷৷

ইয়াৰ পাছত কন্যাৰ মাকে দৰাক আদৰে:

এটা বাটিতে      লাড়ু পৰমানে

এটা বাটিতে দৈ ৷

জোঁৱাই আদৰিব     শাহু আই আহিছে

হাতত গন্ধ পুষ্প লৈ ৷৷

সেই সময়ছোৱাত নামেৰে দৰাক জোকোৱাত কইনা ঘৰৰ ছোৱালীবোৰ ব্যস্ত হৈ পৰে:

অ’ লীলা লাখুটি      পাণ পৰা হাঁকুটি

কলৰে তলত ৰামচন্দ্ৰই কৰি আছে কাকূতি ৷

কৰি থাকা কাকূতি     কাকূতি নকৰিলে

নিদিওঁ আমি ছোৱালী ৷৷

দৰাক ছোৱালী লুভীয়া বুলিও জোকায়:

অ’ পকা বিলাহী,

ছোৱালী লুভীয়া সন্ধ্যাতে পালাহি ৷

ভালদৰে সাজ-পাৰ কৰি যোৱাৰ বাবেও দৰাক জোকোৱা হয়; এনেবিলাকত সাধাৰণতে নতুনত্বৰ চিন দেখা যায়:

ক্লাচে প্ৰতি চেকচন

সদায় কৰে ৰটেচন

সদায় অহা মানুহটোৰ আজি কিহৰ ভেশচন ৷*

দাঢ়ি নুখুৰোৱাৰ বাবেও দৰাক নামেৰে জোকোৱা হয় ৷

বৰক হোমৰ গুৰিলৈ নিয়াৰ পাছত বৰযাত্ৰীসকলৰ আপ্যায়ন আৰম্ভ হয়; সাধাৰণতে প্ৰথমতে চাহ, মিঠাই, পিঠা, লাৰু আদিৰে পাতলীয়া জলপানৰ যোগান ধৰা হয় ৷ চাহ দিওঁতে পলম হ’লে বৰৰ লগত যোৱা ছোৱালীবিলাকে কন্যাঘৰক নামেৰেই জোকায়; এই নামবোৰ তাৎক্ষণিক হোৱাৰ বাবে সময়ৰ লগত ৰজিতা খোৱা উপমাৰো প্ৰয়োগ হয় ৷ উদাহৰণস্বৰূপে:

কনকলতা কমলা            জহৰলালৰ বঙলা,

 ডেগৰ তলত জুই দিছে     চাহ দিব হ’বলা ৷

কইনা সেই সময়ত ভিতৰতে থাকে; কইনাৰ ওচৰত থকা আয়তীসকলে নামেৰে কইনাক শুভ মুহূৰ্তৰ বাবে সাজু কৰে:

ৰাম কৃষ্ণ বেৰতে লিখিলে    ৰাম কৃষ্ণ বেৰে মৌৰা চৰাই

হৰি মোৰ ঐ দুৱাৰত লিখিলে হাতী ৷

ৰাম কৃষ্ণ দ্বাৰকাৰে পৰা     ৰাম কৃষ্ণ পত্ৰ আহিছে

হৰি মোৰ ঐ কৃষ্ণ আহিব আজি ৷৷

কইনাক হোমৰ গুৰিলৈ আনিবৰ বাবে দৰাৰ ভায়েক তামোল-পাণৰ বঁটা লৈ কইনাৰ ওচৰলৈ গৈ কইনাক আহি হোমৰ গুৰিত বহিবলৈ অনুৰোধ কৰে; ইয়াকে ছোৱালী খোজা বোলা হয় ৷ শৰাইত এথোক কেঁচাতামোল, কেইগুছিমান পাণ, আৰু এটা হ'লেও পইচা লৈ কইনা খোজাৰ নিয়ম।

হাততে শৰাই লৈ ভায়েক আহিছে ৷

কইনা খুজিবলৈ কি আনিছে ৷৷

তামোল-পাণ এশৰাই আগলে দিয়া ৷

লাগে ৰাম ছোৱালী উলিয়াই নিয়া ৷৷

উল্লেখ্য যে টাই-আহোমসকলৰ পাতলি তামোল দি কইনা ঘৰক প্ৰাপ্য সন্মান যঁচাৰ আভাস এইদৰে তামোল-পাণৰ শৰাই লৈ ছোৱালী খোজাৰ ক্ষেত্ৰত প্ৰতিফলিত হোৱা যেন অনুমান কৰিব পাৰি ৷ ভাৰতৰ অন্যান্য প্ৰান্তত কইনাঘৰক এইদৰে সন্মান যঁচাৰ প্ৰথাৰ কথা আমাৰ অৱগত নহয় ৷

বিয়াৰ বৈদিক বিধি চলি থকাৰ সময়তো কিন্তু নামত বিৰতি নপৰে ৷

আঙুলি আঙুলি পেলালে সাঙুৰি

কুশেৰে পেলালে বান্ধি – হে ৰাম ৰাম ৷

হেমৱন্ত ৰজাই অগ্নিক সাক্ষী কৰি

গৌৰীক দিছে গোত্ৰ চিঙি – হে ৰাম ৰাম ৷৷

আৰু:

অ’ বীণাপাণি কৰোঁ আশিসবাণী ৷

আজি মিলন হ’ব নৱ দুটি প্ৰাণী ৷৷

আপোন-পৰিজনে দৰা / কইনাক উপহাৰ দিয়াৰ পৰম্পৰাৰ কথাও বিয়ানামত ফুটি ওলায় ৷

কন্যাৰ হাত বৰৰ হাতত দিয়াৰ পাছত ভায়েকে কন্যাৰ হাতত আখৈ দিয়ে; এই আখৈ কন্যা আৰু বৰে হোমৰ অগ্নিত দি প্ৰতিজ্ঞা কৰে যে বৰে নিজৰ আয় আনি কন্যাৰ হাতত দিব আৰু কন্যাই পিতাকৰ ঘৰৰ পৰা কিবা পালেও বৰৰ হাতত দিব। ৷ অৰ্থাৎ দুয়ো দুয়োৰে লগত সকলো সময়তে সমভাগী হোৱাৰ অঙ্গীকাৰ কৰে ৷ হোমত আখৈ দিয়াকে লাজাহোম বোলা হয়: ঔঁ ইমাঁল্লাজানাৱপাম্যগ্নৌ, সমৃদ্ধিকৰণং তৱ ৷

বিয়াৰ বৈদিক পৰম্পৰা চলি থকা সময়ছোৱাত আৰু এক উপভোগ্য নামৰ খেল চলে ৷ সাধাৰণতে এটা পক্ষৰ কম বয়সীয়া মহিলা আৰু ছোৱালীবিলাকে মিলি আন পক্ষক জোকায়; সিটো পক্ষয়ো সময় নষ্ট নকৰি নামেৰেই উত্তৰ দিয়ে ৷ এনে নামক যোৰানাম বোলা হয় ৷ এই নামবোৰতো জাত আৰু পদৰ প্ৰয়োগ বিশেষভাৱে লক্ষণীয় ৷ প্ৰথমে জাত গাই পাছত পদ গাওঁতে প্ৰতিটো শাৰীৰ পাছত জাতৰ প্ৰথম শাৰী গোৱা হয় ৷ এটা অতি সঘনে ব্যৱহৃত জাত হ’ল:

ঔৰে গছতে   মৌৱে বাহে ল’লে

দাদা পাৰি দিয়া খাওঁ


পদবিলাকত নতুনত্বৰ ছাপ দেখা যায় ৷ অনেক সময়ত জাত আৰু পদৰ কিয়দাংশ শুনিলে হাস্যকৰ যেন লাগে ৷ ধৰি লওক, কন্যা পক্ষৰ নাম কিছু অশালীন হ’ল; তেতিয়া বৰপক্ষৰ পৰা নাম শুনা গ’ল:

ঔৰে গছতে         মদন মোহন মালব্য

মৌৱে বাহে ল’লে      মদন মোহন মালব্য

দাদা পাৰি দিয়া খাওঁ হে

মদন মোহন মালব্য

কইনাঘৰৰ নামবোৰ একেবাৰে অসভ্য ৷

ভাৱি চাওকচোন, কেৱল প্ৰথম শাৰী শুনিলে কেনে লাগিব! মদন মোহন মালব্য ঔ গছত উঠিলগৈ কিয় ? ঠিক সেইদৰে:

ঔৰে গছতে        ঋষি মুনিৰ তপস্যা

মৌৱে বাহে ল’লে     ঋষি মুনিৰ তপস্যা

দাদা পাৰি দিয়া খাওঁ হে

ঋষি মুনিৰ তপস্যা

চাহৰ লগত মিঠাই নিদিয়া কইনা ঘৰৰ যশস্যা ৷

প্ৰথম শাৰী শুনিলে মনলৈ আহিব: আৰে, ঋষি- মুনিয়ে পৰ্বত- কন্দৰ, হাবি আদিত তপস্যা কৰাৰ কথা আমি জানো; পাছে ঔ গছত উঠি তপস্যা ?

বিয়াৰ বিধি শেষ হোৱাৰ পাছত দৰা-কইনাক ঘৰৰ ভিতৰলৈ নিয়া হয়; সেই সময়ত কইনা যায় আগেআগে আৰু দৰা পিছেপিছে ৷ তাকে লৈও নামেৰে দৰাক জোকোৱা হয়:

লাই নে  ঢেৰুৱা     তিৰোতা সেৰুৱা

      কিয় পাছে পৰি যোৱা ৷

য’লৈকে নিয়া ৰাম   ত’লৈকে যাব ৰাম

       ভাৰ্য্যাৰ অধীন হ’বা ৷৷

এই নামষাৰে ল’ৰাক ভৱিষ্যতৰ বাবে সাজু কৰি বুজাই দিয়ে যে তেওঁ নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লৈছে!

দৰা-কইনাক ভিতৰলৈ নিয়াৰ পাছত আগৰ দিনত দুয়ো পাশা খেলিছিল ৷ তাৰ ঠাইত আজিকালি হোৱা আঙুঠি খেলত এটা আঙুঠি চাউলৰ মাজত লুকুৱাই থোৱা হয় আৰু দৰা-কইনা দুয়ো হাতেৰে বিচাৰি আঙুঠি আনিব লাগে ৷ কইনাৰ পৰিয়ালৰ ছোৱালীবিলাকে ইয়াত আগভাগ লয় ৷ এনে পৰিস্থিতিত দৰাৰ মন যে আঙুঠিতকৈ আনফালেহে বেছি থাকিব, সেয়া সহজেই অনুমেয় ৷ সেয়ে অবধাৰিত ভাৱে এই খেলত কইনা জিকে:

আমাৰ আইদেউ চুটি চাপৰ অতি বিতোপন ৷

পাশা খেলত হৰুৱালে কৌশল্যা নন্দন ৷৷

ভয় নকৰিবা ৰাম কৌশল্যা নন্দন ৷

তুমি সীতাৰ সীতা তোমাৰ জীৱনে মৰণ ৷৷

বিৱাহৰ পাছত দৰা ঘূৰি গৈ ঘৰ পাওঁতেও নামেৰে আকাশ-বতাহ মুখৰিত হয়:

শ্ৰীকৃষ্ণ আহি পালে ৰুক্মিনীক লৈ ৷

আদৰাহি দৈৱকীয়ে মনত আনন্দ কৈ ৷৷

আৰু

অকলে গৈছিলা বাছা লগেৰে আহিলা ৷

কাহাৰ বুকুৰ কন্যা কাঢ়িয়া আনিলা ৷৷

কাঢ়ি নানোঁ খুজি নানোঁ নেমাতিলে লাজে ৷

আপুনি বৰিলে সীতাই সমাজৰে মাজে ৷৷

এইফাকি নামত ছোৱালী যে মাক-বাপেকৰ অতি মৰমৰ হয়, সেই কথা জলজলপটপটকৈ ওলাই পৰিছে ৷

অসম আৰু বঙ্গত সতী বেউলাৰ কাহিনী প্ৰখ্যাত ৷ সেয়ে কন্যাক নিজৰ নতুন ঘৰ গছকাই পুনৰ মাকৰ ঘৰলৈ লৈ অহা হয় ৷ ইয়াৰ পাছৰ দিনাৰ ৰাতিটো বেউলা আৰু লখীন্দৰৰ কাহিনীক সুঁৱৰি কালৰাত্ৰি বোলা হয় ৷ সেইদিনা বৰ আৰু কন্যাৰ মিলন হ’লে দেৱী মনসাৰ কোপ দৃষ্টি পৰিব বুলি জনবিশ্বাস আছে ৷ সেয়ে তৃতীয় দিনাহে কন্যাক পুনৰ নিজৰ নতুন ঘৰলৈ লৈ যোৱা হয় আৰু সেইদিনাহে কন্যাৰ প্ৰকৃত বিদায় হয় ৷ কন্যাই যেতিয়া হাতত পাণ-তামোলৰ বটা লৈ মাতৃ-পিতৃক সেৱা কৰে, সেই সময়ত গোৱা নামে নকন্দুৱা কাঠচিতীয়া মানুহ বোধহয় নাই!

হাতত পাণ বটা লৈ       দেউতাৰাক মাতাগৈ

দেউতা মই ওলালোঁ       মাতহে লগালোঁ ৷

হাতত পাণ বটা লৈ      আয়েৰাক মাতা গৈ

আই মই ওলালোঁ        মাতহে লগালোঁ ৷

কন্যা গৈ নিজৰ নতুন ঘৰ পাওঁতে বৈদিক বিধিৰে আদৰণি জনোৱা হয় ৷ সেই সময়ৰ নামে কন্যাক নতুন জীৱনৰ বাবে সাহস দিয়ে ৷

জাত: কাজিৰঙাৰ হৰিণী ৷

         আজিৰ পৰা হ’লা তুমি আমাৰ ঘৰৰ বোৱাৰী ৷

পদ: অসমৰ শুৱনি গছে-গছনি

       ভৈয়ামৰ শুৱনি নদী হে-  কাজিৰঙাৰ.....৷

কইনাক ৰুক্মিনীৰ লগত তুলনা কৰি এইদৰে গোৱা হয়:

কলৰে তলতে ৰুক্মিনী সুধিলে

শাহু আই কিমানৰ চোকা ৷

থাকা মনেমনে ৰাইজে শুনিব

তোমাতকৈ একাঠী চৰা ৷৷

অসমৰ আটাইতকৈ ডাঙৰ ৰাজ্য, আহোম ৰাজ্যৰ বিষয়াসকলৰ প্ৰতিপত্তিৰ চিনো আমি নামবোৰত দেখোঁ:

পাতত ভাত নেখাতি বৰুৱাৰ জীয়ৰী

কাঁহী লৈ নাহিলা কিয় ?

আনোঁতে আনিছোঁ ধোঁওতা নাইকিয়া

ধোঁওতা নানিলা কিয় ?

সেই দিনটোক খোবা-খুবি বা তেনে ধৰণৰ নামেৰে জনা য়ায় ৷ সন্ধিয়া দৰা-কইনাই একেলগে ঢেঁকী দি পিঠাগুড়ি খুন্দে; এই কথাই স্বামী-স্ত্ৰী মিলি সংসাৰ চলোৱাৰ ইঙ্গিত দিয়ে। সেইদিনা দৰা-কইনাক ভৱিষ্যতৰ সুখী সংসাৰৰ বাবে খোবা-খুবীৰ আখ্যান শুনোৱা হয় ৷ ই প্ৰকৃততে হৰ-গৌৰীৰ আখ্যান ৷ হৰ-গৌৰীৰ সংসাৰেই আটাইতকৈ সুখী সংসাৰ বুলি কোৱা হয়; এই কাহিনীৰ দ্বাৰা দৰা-কইনাক ভৱিষ্যতে আহিব পৰা প্ৰতিকূল পৰিস্থিতিতো ইজনে সিজনৰ লগত সুখে- শান্তিৰে থাকিবলৈ “হৰ-গৌৰীৰ বসতি হওক" বুলি আশীৰ্বাদ দিয়া হয় ৷ অনুষ্ঠানৰ অন্তত কইনাই নিজহাতে ৰাইজক কোনো এবিধ খাদ্য পৰিৱেশন কৰি পৰিয়ালৰ এজন হিচাপে স্বীকৃতি পায়।

ইয়াৰ বাহিৰেও বিয়াৰ বিভিন্ন অনুষ্ঠান, ঔপচাৰিকতা তথা লোকাচাৰৰ লগত ৰজিতা খুৱাই অসমীয়া নাৰীয়ে সদায়ে বিয়ানামৰ সৃষ্টি কৰি আহিছে ৷ অৱশ্যে আজিকালি উত্তৰ ভাৰতৰ হিন্দী চিনেমা, টি ভি চীৰিয়েলৰ আর্হিত আমাৰ সমাজেও নোওৱা-ধুওৱা, অধিবাস আদি পাহৰি সঙ্গীত, মেহেন্দি আদিক অপৰিহার্য অঙ্গ কৰি লৈছে ।

বিয়ানামসমূহ আমাৰ লোক-সাহিত্য আৰু লোক-কৃষ্টিৰ অমূল্য সম্পদ ৷ সাম্প্ৰতিক কালত বিভিন্ন কাৰণত বিয়ানামবোৰ বিলুপ্তিৰ কৰাল গ্ৰাসত পৰিছে; এইবোৰ সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মলৈ ৰাখি থৈ যোৱাৰ বিশেষ প্ৰয়োজনীয়তা আহি পৰিছে ৷ এই ক্ষেত্ৰত নাৰীসকলে সিংহ পৰিমাণৰ অৱদান দিব পাৰিব আৰু দিব বুলি আমাৰ বিশ্বাস ৷
       

পৃষ্ঠাঃ ৮

বসন্তৰ আগমণ

কৰৱী বৰ্মন কলিতা 

    বসন্তৰ আগমণত উদযাপন কৰা বহাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া অসমীয়া ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। বিশেষকৈ কৃষিভিত্তিক এই উৎসৱ সমূহ কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা চলি আহিছে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। বহাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক "সাত বিহু" বুলি জনা যায়। চ'তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, 
মানুহ বিহু,
গোসাঁই বিহু,
তাঁতৰ বিহু,
নাঙলৰ বিহু,
জীয়ৰী বা চেনেহী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। 
        বসন্তত শতৰূপা অংগসজ্জাৰে আলোকিত হৈ পৰা বসুন্ধৰাই মানৱচিত্তলৈ অনিৰ্বাচনীয় প্ৰশান্তিৰ ভাবাৱেশ সঞ্চাৰিত কৰাৰ লগতে সমাগত বসন্ত উৎসৱৰো আগলি বতৰা কঢ়িয়াই আনে৷ কূ-উ, কূ-উ মুৰ্হুমুহুঃ কুহৰণেৰে কুলিটিয়েও আপোন অস্তিত্ব ঘোষণা কৰাৰ লগতে অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুটিৰ আগমনৰ বতৰা জনায় ৷ চ’তৰ শেষত ন-ব’হাগৰ পুনৰ আগমনৰ ইংগিত বহনকাৰী কুলিৰ অবিস্মৃত সুৰৰ সংগীত শুনিবৰ বাবে  হৈ পৰা ব্যাকুল অসমীয়া মানুহৰ কুলিটিৰ যাদুকৰী ঐক্যতান কৰ্ণপটহত গুঞ্জৰিত হোৱা মাত্ৰকে দেহ-মন আনন্দত উৎফুল্লিত হৈ পৰে ৷ বিহু, কুলি, অসমীয়া… তিনিওৰে সম্পৰ্ক সেয়েহে ইমান নিবিড়, ইমান এৰাব নোৱাৰা ।
   অসমৰ জাতীয় জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত উৎসৱ- বহাগ বিহু। প্ৰতিজন অসমীয়াৰ বুকুৰ আপোন বাপতি-সাহোন এই বিহু। ইতিমধ্যে কৈ আহিছোঁ যে চ’তৰ সংক্ৰান্তিৰ পৰা ব'হাগৰ ছয় দিনলৈকে সুকীয়া বৈশিষ্ট্যৰে পালন কৰা সাতদিনৰ বিহুক একেলগে ‘সাতবিহু’ নামেৰে জনা যায়।  প্ৰত্যেক দিনৰে সুকীয়া পৰম্পৰা আছে- সাতবিহুৰ প্ৰথম দিনটোত অৰ্থাৎ গৰু বিহু দিনা ১০১ শাক ৰান্ধি এসাজ খোৱা হয়। বাৰীৰ সকলো শাক-পাচলিৰ সংমিশ্ৰণৰে ৰন্ধা ব্যঞ্জনে কেৱল তৃপ্তি দিয়াই নহয় বহু পৰিমাণে শৰীৰৰ ৰোগ মুক্ত কৰি তোলে বুলি এটি জনবিশ্বাসো আছে। 
   দিন মাহ বাগৰি পল অনুপল কৰি আকৌ আৰম্ভ হ’য় এটি নতুন বছৰৰ । শীতৰ জঠৰতা আৰু ফাগুনৰ পচোৱাই ঠৰঙা কৰা গছ-বিৰিখে সেউজ কোমল কুঁহিপাতৰ সাজ পিন্ধি চঞ্চলা হৈ পৰে । প্ৰকৃতিৰ অনুপম সৃষ্টিত ৰহণ চৰাই ৰূপহী অসমী আইক ৰূপে-ৰসে ভৰাই তুলে ব'হাগে।  নাহৰ,তগৰ, কপৌ, কুসুমৰ সুবাসত চৌদিশ আমোলমোল হ’ল। পাতৰ আঁৰত বহি কুলি কেতেকীয়ে (বসন্তৰ গীত জুৰিলে) সুৰৰ লহৰ তুলিলে। ব’হাগৰ ৰিমঝিম বৰষুণৰ পৰশত জীপাল হোৱা আই ধৰিত্ৰীয়ে সগৰ্বে নিজকে ৰূপহী-গাভৰু হিচাপে প্ৰতিপন্ন কৰিলে। মলয়াৰ ৰিবৰিব শব্দ, কুলিৰ মৌ মিঠা মাত, কেতেকীৰ সুৱদি সুৰৰ তালত তাল মিলাই চৌদিশে প্ৰতিধ্বনিত হ’য় ঢোল, পেঁপা, গগনাৰ মধুৰ ঝংকাৰ। প্ৰকৃতিৰ এই অৰূপ সৌন্দৰ্যই মানুহৰ চেতন মনতো আনন্দৰ লহৰ তুলিলে। ডেকা-গাভৰু , বুঢ়া-মেথাকে আদি কৰি কণ-কণ শিশুবোৰেও স্বতঃস্ফূৰ্তভাবে আৰম্ভ কৰিলে আনন্দ-উলাহৰ বহিৰ্প্ৰকাশ। চৌদিশে মুখৰিত হয় নৃত্য-গীতৰ মধুৰ সমাবেশ। এয়াই বিহু। সমগ্ৰ অসমবাসীৰ হিয়াৰ আমঠু ৰঙালী বিহু।



পৃষ্ঠা ৯


কলম আৰু তাৰ ব্যবহাৰ
ইৰা দেবী
                                               
     কলম বুলি ক'লে আমাৰ সকলোৰে মনত এটা মুটা মুটি ধাৰণা গঢ় লৈ উঠে। কলম হৈছে এটা লিখন সজুলি ইয়াৰ দ্বাৰা আমি কাগজ বা তেনে কোনো লিখন পৃষ্ঠত হাত সঞ্চালন কৰি নিদিষ্ট লিপি প্ৰয়োগেৰে মনৰ ভাব সমূহ লিখি যাওঁ। লিখিব যাওঁতে কলমত চিঁঞাহী প্ৰযোগ কৰাটো অনিবাৰ্য।  স্কুলৰ তৰ্ক প্ৰতিযোগিতা সমূহত   প্ৰায়ে '   কাগজতকৈ কলম শ্ৰেষ্ঠ, নাইবা
 'তৰোৱালতকৈ কলম শ্ৰেষ্ঠ' এই  উক্তি বোৰ সঘনাই
 শুনিছিলো আৰু শেষত  যোনে যিয়েই যুক্তি নিদিয়ক কিয় ? শেষত কলমত কৈ আন একো শ্ৰেষ্ঠ হ'ব নোৱাৰে এই কথা প্ৰমানিত হৈছিল।  অৱশ্য আজিৰ প্ৰবন্ধত
 কলমৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাত কৈ কলমৰ ব্যবহাৰ হে আলোচনাৰ বিষয়। 
                      কলমৰ ব্যবহাৰ সাধাৰণতে পৌৰাণিক দিনৰ পৰাই আৰম্ভ হোৱা বুলি আমি শুনি আহিছো।  ভাৰতবৰ্ষৰ পৌৰাণিক  সাহিত্য বিশেষকৈ ৰামায়ণৰ দৰে শাস্ত্ৰৰ ফালে মন কৰিলে আমি এই কথা  শুনি আহিছো,  পঢ়ি আহিছো বা বুজি পাওঁ যে ঋষি বাল্মীকিয়ে গনেশক  যেতিয়া ৰামায়ণ  লিপিবদ্ধ কৰাৰ ভাৰ অৰ্পণ কৰিছিল তেতিয়া গণেশে ঔষধি গছেৰে ৰং তৈয়াৰ কৰি মৰা চৰাইৰ পাখিৰ কলমেৰে গছৰ পাতত ৰামায়ণ লিখিছিল বুলি বিশ্বাস এটা চলি আহিছে। 

                         প্ৰাচীন সভ্যতাৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে আমি গম পাওঁ যে, প্ৰচীন সভ্যতা যেনে:
মিচৰিয় সভ্যতা, সুমেৰিয় সভ্যতা বা ফিনিচিয় সভ্যতাত  জীৱ জন্তুৰ হাড়েৰে তৈয়াৰী কলমৰ ব্যবহাৰ 
কৰা প্ৰমান পোৱা যায়। সেই সময়ত নল, খাগৰি, সুচল কাঠ, পাখিৰ কলমৰো ব্যবহাৰ পোৱা যায়। অৱশ্য কলমক মানুহে লিখা কামতে ব্যবহাৰ কৰিছিল এনে নহয়। সময়ে সময়ে মানুহে  অস্ত্র হিচাপেও কলমক ব্যবহাৰ কৰাৰ কথা  পোৱা যায়। ৰোমান সম্ৰাট জুজিয়াচ চিজাৰে ব্ৰঞ্জৰ কলমেৰে কাচকাক হত্যা কৰা কথাটো  ইংৰাজ লেখক চেক্সপিয়েৰৰ নাটকত  পঢ়ি আহিছো।।
                 আমাৰ দিনতে    আজিৰ পৰা প্ৰায়  ত্ৰিশ বছৰ   মান আগত প্ৰথম আখৰ লিখিবলৈ শিকোতে 
 বাঁহৰ কলমেৰে চিঁঞাহীৰ সৰু সৰু গুলি কিনি আনি পানীত ঘুলি লৈ বাঁহৰ কলমেৰে  হেড চাৰে লিখিবলৈ দিয়া মনত আছে। (হাতৰ আখৰ লিখিবলৈ দিয়া) । 
এবছৰ মান এনেকে অনুশীলন কৰাৰ পিছত হে কলম ধৰিবলৈ দিয়া হৈছিল। 
          এইদৰে সময় বাগৰাৰ লগে লগে কলমেও নিজৰ ৰূপ পৰিবৰ্তন কৰি আগবাঢ়ি থাকিল। আৰু আজি কলমৰ এই পৰ্যায়। পিছে আজি কলি পাখি কলমৰ কথা নকলোৱেই বাঁহৰ কলম বা বৰ্তমান আমি ব্যবহাৰ কৰা চিঁঞাহীৰ কলমো দেখা পাবলৈ
 নাই। তাৰ ঠাই দখল কৰিলে  বল পেন সমূহে। কলমৰ উৎপাদন বৃদ্ধি হওক বা মূল্য হ্ৰাস হোৱাৰ বাবেই হওক মানুহে মানুহে কলমৰ সান্নিধ্য পাবলৈ ধৰিলে এক কথাত কলমৰ বিস্ফোৰণ ঘটিব ধৰিলে বুলিব পাৰোঁ। 
                 এইখিনিতে উল্লেখ কৰিব লাগিব যে Jone. J. Loud  পোন প্ৰথম বাৰৰ বাবে 1888 চনত বল পেনৰ আবিস্কাৰ কৰিছিল। এই বল পেনৰ আবিস্কাৰৰ ৫০ বছব পিছত  Laszlo Biro  নামব ব্যক্তি গৰাকীয়ে চন 1938   ত  commrecially successful   বল পইন্ট পেনৰ   আবিস্কাৰ কৰিছিল। 

                    কিন্তুএই খিনিতে আমি মন কৰিব লগিয়া কথা এই যে আধুনিক কলমৰ সৃষ্টি কৰি কলমৰ বিপ্লৱ গঢ়ি তোলা পুৰুধা ব্যক্তি গৰাকী আছিল লুইচ. ৱাটাৰমেন।  ৱাটাৰমেনে কলম আবিস্কাৰ কৰিছিল চন 1884  ত। এই পেনৰ প্ৰকাৰ আছিল বিভিন্ন ধৰণৰ যেনে:পাৰ্কাৰ, শেফাৰড, জাপানী পাইলট
পেন, উইংচাঙ ইত্যাদি। ইয়াৰ পিছৰ পৰাই কলমৰ যাত্ৰা আৰম্ভ হৈ বৰ্তমান এশ আঁঠতিশ (১৩৮) বছৰ
  সময়  পূৰ্ণ কৰিলে। 
                       কিন্তু দুখৰ বিষয় যে বৰ্তমান সময়ত কলমৰ ব্যবহাৰ যেন লাহে লাহে হ্ৰাস হ'বলৈ  গৈ থকা যেন অনুমান হয়।  যুগৰ পৰিবৰ্তন লগে লগে মানুহে টাইপ ৰাইটাৰ ব্যবহাৰ কৰাত লাগিল।  আৰম্ভ হ'ল কম্পিউটাৰ বিপ্লৱ। কম্পিউটাৰ বিপ্লবৰ সূচনা হোৱাৰে পৰা এই কলম সমূহ বিপন্ন হোৱাৰ পথত।   অফিচ আদালত   আদি সকলোতে কম্পিউটাৰে দখল কৰাত
 কম্পিউটাৰ কি্ব'ডত লিখা কাম আৰম্ভ হ'ল। 
                আমেৰিকাৰ স্কুল সমূহত ৰাইটিংপেড ব্যবহাৰ কৰি ইলেক্ট্ৰনিক কলমেৰে লিখন কাৰ্য্য সম্পন্ন 
কৰাৰ বিপ্লৱ ইতিমধ্যে আৰম্ভ হৈ গৈছে। অদুৰ ভবিষ্যতে ই অন্য দেশ সমূহলৈ সম্প্ৰসাৰণ হোৱাৰ পথত....। 
               সেয়ে এচাম মানুহৰ বাবে ৰেডিঅ'ৰ দৰে 
কলমৰ ব্যবহাৰো যে নষ্টালজিয়া নহ'ব তাৰ কোনো
 মানে নাই আৰু পিছৰ প্ৰজন্মৰ বাবে কলম এটা ইতিহাস হৈ ৰ'ব। 
                      কিন্তু এটা কথা ঠিক যে শুদ্ধ ভাষা শিক্ষণ আৰু লিখন কলা শৈলীৰ বিকাশৰ বাবে কলমৰ স্থান সদায়েই উচ্চ । আন সকলো ক্ষেত্রতে কলমৰ প্ৰয়োজনীয়তা ক্ষীণ হলেও লিখন কাৰ্যত জড়িত  সকলৰ বাবে কলম এটি আপুৰুগীয়া মূল্যবান সম্পদ। 

               শেষত কলমৰ জয় হওক। মানৱতাৰ জয় হওঁক। তাৰে কামনাৰে...।

  
উৎস:   লেখা প্ৰস্তুত কৰোঁতে দিব লগিয়া প্ৰয়োজনীয় ডাটা সমূহৰ উৎস ইনিটাৰনেট। কিন্তু লেখৰ ভাষা আৰু অনুভব লেখকৰ নিজস্ব।

ঠিকনাঃ
ৰাংছালী (বিশ্বনাথ)
ফোন:6000132377



পৃষ্ঠা ১০

ধাৰাবাহিকঃ
শুকুলা মেঘৰ ছাঁ

পৰিণীতা কলিতা
সহ সম্পাদিকা  অঙ্গন

(যোৱা সংখ্যাৰ পিছৰ পৰা)

অন্তিম খণ্ড

বাস্তৱে যিমানে ভাবিলে, সিমানে তীব্ৰ অনুশোচনাই তাক কোঙা কৰি আনিলে, কমখন কষ্ট দিছিলো নে  তাইক মই…
ডাইনিং টেবুলতে মাক দেউতাকক ক'লে, 
:কালিলৈ মই ছায়াহঁতৰ ঘৰলৈ যাম, তোমালোকো ওলাই থাকিবা…

ৰাতিপুৱাই ছায়াহঁতৰ ঘৰত বাস্তৱহঁত গৈ ওলালগৈ, ঘৰটোত সোমাইয়ে যেন মৰিশালীত সোমোৱা যেন লাগিল তাৰ, মাক দেউতাকক দ্ৰয়িং ৰুমত বহি থাকোতে বাস্তৱ ছায়াৰ ৰুমত গৈ ওলাল…

বাস্তৱক দেখিয়ে ছায়া উঠিব খুজিছিল, কিন্তু উঠিব খুজিয়ে তাই আকৌ শুই পৰিল, দুচকুত চকুপানীয়ে ভাৰসাম্য ৰাখিব নোৱাৰি বৈ আহিল…

: ছায়া, মই আহিছো আৰু নাকান্দিবা…

: ভালে আছা তুমি ?

: তুমি আগৰদৰেই আছা ন, খবৰ ল'ব লাগে মই, লৈছা তুমি। 

: ছায়া, মোক মাফ কৰিব পাৰিবা নে নাজানো, আজি তোমাক সকলোবোৰ ক'ব খুজিছোঁ মই ?

: কোৱা বাস্তৱ…

: ছায়া, মই প্ৰীতিক ভালপাইছিলো, মোৰ সাতবছৰীয়া প্ৰেমৰ গান গাই তাই ভাগৰি পৰিল আৰু মোক এৰি গুচি গ’ল, অনাথ ছোৱালীজনীক সমস্ত মৰমেৰে আৱৰি ৰাখিও মই তাইক মোৰ কৰি ৰাখিব নোৱাৰিলো, বিয়াৰ দিন বাৰ ঠিক হোৱাৰ পিছতে সামান্য অসুখতে তাই গুচি গল, মোৰ জীৱনটোৱে খেলিমেলি  হৈ গ’ল৷ কি কৰিম কি নকৰিম বুলি ভাবোতেই মা দেউতাই মোক তোমাক বিয়া পাতিবলৈ জোৰ কৰিলে, তেওঁলোকৰ একো ভুল নাই ছায়া , মই বিয়া কৰালোঁ সঁচা, কিন্তু স্ত্ৰীৰ মৰ্যাদাখিনি কোনোদিনে তোমাক নিদিলো । প্ৰীতিয়ে মন মগজু সকলো অধিকাৰ কৰাৰ পিছত কেনেকৈ ভালপাম তোমাক ছায়া ? কিন্তু তুমি গুচি অহা দিন ধৰি তোমাক বিচাৰি  মনটোৱে হাহাকাৰ কৰি ফুৰে। বুজাব নোৱাৰা অনুভূতিয়ে বাৰে বাৰে মোক সোঁৱৰায়, তোমাৰ লগত মই বহুত ভুল কৰিছোঁ ছায়া। তোমাক বিয়া কৰাইছোঁ অথচ তোমাক স্ত্ৰীৰ অধিকাৰৰ পৰা বাৰুকৈয়ে বঞ্চিত কৰি ৰাখিছোঁ। তোমাৰ সকলোবোৰ কথা যে মই জানোঁ, মইয়ো শেষত তোমাক অধিক কষ্ট দিলোঁ, মোক মাফ কৰিব পাৰিবা ছায়া ?

: বাস্তৱ, মাফ নুখুজিবা, মই তোমাক বহুত ভালপাওঁ, তোমাৰ প্ৰীতিজনীক তোমাৰ হৃদয়তে আলফুলকৈ শুৱাই ৰাখা, মই কেতিয়াও তোমাক বাধা নিদিওঁ, মোক তোমাৰ কাষৰ পৰা আঁতৰাই নাৰাখিবা…

: ছায়া, তোমাক মই নিবলৈ আহিছোঁ, কিন্তু মোৰ ঘৰলৈ নহয়, ডাক্তৰৰ ওচৰলৈ, তোমাৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি মই তোমাক নিবলৈ আহিছো আৰু তুমি সম্পূৰ্ণ ভাৱে ঠিক হ'বা বুলিও নিশ্চিত বুলি জনাইছে…
ছায়া, ময়ো তোমাক ভালপাবলৈ আৰম্ভ কৰিছোঁ ।  তোমাক এৰি থকাটো মোৰ বাবেও সম্ভৱ নহয়, এই কথাখিনি তুমি মোৰ কাষৰ পৰা গুচি অহাৰ পিছত হে উপলব্ধি হ'ল…
: বাস্তৱ, ময়ো তোমাক এৰি থাকিব নোৱাৰো…

বাস্তৱে আলফুলে ছায়াৰ কপালত তাৰ উমাল ওঁঠেৰে তাৰ মৰমৰ নিৰাপত্তা বাকী দিলে…
দুখন হৃদয় যেন একাত্ম হৈ  ৰ'ল এইখিনিতে। এমাহ জোৰা দীঘলীয়া চিকিৎসাৰ অন্তত ছায়াই নতুনকৈ ন-কইনাজনী হৈ বাস্তৱৰ ঘৰ গচকিল, সকলো সপোন যেন বাস্তৱ হৈ পৰিল সিহঁতে ভবাধৰণে…দুটি দেহ, অথচ যেন এখনেই হৃদয়…

বাস্তৱৰ হৃদয়ৰ আঁৰে আঁৰে আজি ছায়াৰে  মৰমৰ গুণগুননি…

(সমাপ্ত)


পৃষ্ঠা ১১

অণুগল্পঃ

ভাই

                             ৰমেশ চন্দ্ৰ ৰায়                                  বঙাইগাঁও 

           সকলোৱে বাৰে বাৰে কৈছে , - কইনা উলিয়াই দিব লাগে। ভায়েকটো ক'লৈ গ'ল ?
          ওচৰতে আছিল সি। উলিয়াই দিব যিহেতু লাগিবই সি লাহে লাহে তাইৰ ওচৰলৈ আগুৱাই গ'ল।
           ব'ল বাইদেউ বুলি সি তাইক সেৱা এটা কৰি ডাংকোলাকৈ লৈ গৈ দৰাঘৰে সাজু কৰি ৰখা গাড়ীখনত উঠাই দিলে।
          কেইদিনমান আগতে সি তাইক জোকাইছিল, তই যে ইমান খাৱ শকত হ'লে কোনে দাঙিব বিয়াৰ দিনা ? মই কিন্তু নাদাঙো দেই।
           তাই উত্তৰ দিছিল, কেইদিননো  আছোঁ, হিচাপত ধৰিলাই নে ?
           দাঙি উলিয়াই দিবলৈ তাৰ সঁচাকৈয়ে কষ্ট হৈছিল কাৰণ তাইক কেতিয়াও সি বোজা বুলি ভবাই নাছিল।


পৃষ্ঠা ১২


উদ্ভট

অংশুমান ভূঞা

      "ছাৰ, আপোনালোকৰ বাবেই আজি মোৰ দিনটোৰ উপাৰ্জন শূন্য হৈ ৰ'ব।"
      "এ হ'ব যোৱাহে। সৰু দোকানখনত কিমান উপাৰ্জন হয়নো ? যোৱা সভাতে বহাগৈ।"
      দোকানখন খুলিব নোৱৰাকৈ ৰভা টানি ডাঙৰ ডাঙৰ মানুহবোৰে সৰু সৰু মানুহৰ বাবে পতা সভাখন ধুম-ধামকৈ চলি থাকিল।   


চামতা,নলবাৰী
৬০০২৯৯৪৯৮০


পৃষ্ঠা ১৩

            বিজয়িনী 
  
                                মীনাক্ষি ৰায় ডাকুৱা                            

         চিটীবাছৰ খিৰিকিৰ কাষৰ চিটত বহি নিজৰ চাৰিওফালে চালে জয়িতাই । এই মহানগৰীত তাইৰ দৰে প্ৰতিদিন বহু ছোৱালী এচিড আক্ৰমণৰ বলি হয় । বহুতেই হাৰি যায় । আকৌ তেওঁলোকৰ মাজৰেই কোনো কোনোৱে মুখত, দেহত, মনত ক্ষত লৈ সমাজ, সংসাৰ আনকি নিজৰ দুৰ্বলতাবোৰৰ বিৰুদ্ধেও জীয়াই থকাৰ প্ৰচণ্ড সংগ্ৰাম চলাই যায় । খিৰিকিৰ বাহিৰত কাচাৰীৰ কাষৰ পথৰ দাঁতিত থিয় হৈ আছে কেইজোপামান মৃত গছ । বাহিৰলৈ দৃষ্টি প্ৰসাৰিত কৰি গছবোৰ চাই থাকোতে অকস্মাৎ চমকি উঠিল জয়িতা । বহুদিনৰ চিনাকি শুকান মৃত গছ এজোপা শূণ্যতা বুকুত লৈ ইমানদিনে একেদৰেই থিয় হৈ আছিল । পাতবোৰ সৰি পৰিছে, বাকলি এৰাই গৈছে কেতিয়াবাই । সদায় অহা-যোৱাৰ সময়ত দেখা পাইছিল তাই । আজি দেখিলে, গছটোৰ গুৰিৰ অকণমান ওপৰৰপৰা এটি নিটোল সেউজ সৰু ডাল আৰু দুটি কুঁহিপাত ওলাই আহিছে । যিমান সময়লৈকে দেখা যায়, খিৰিকিৰে মুখখন বঢ়াই তাই গছজোপালৈ চাই থাকিল । হঠাৎ জয়িতাৰ মনটো বৰ পাতল লাগিল । ধীৰে ধীৰে তাইৰ ওঁঠৰ কোণত বিৰিঙি উঠিল এটি বিজয়ৰ হাঁহি ।

গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫


পৃষ্ঠা ১৪

এক মিনিটৰ গল্পঃ

 ঠিকনা বিচাৰি    

ৰাজলক্ষ্মী বৰঠাকুৰ

                কেইবাদিনো কম কম বুলি ভাবি থকা কথাখিনি মাকে বাসৱীৰ আগত ক'বলৈ সুবিধা পোৱা নাছিল। 

: তই কিবা কৰি আছ নেকি ? তোৰ লগত মোৰ কথা এটা পাতিবলৈ আছে। মাকে সুধিলে

: নাই মা কি ক'ব খুজিচা কোৱা ? 

: চা বাসৱী সময় ৰৈ থকা নাই । মোৰ বয়স হৈ আহিছে সেই কাৰণে মই তোৰ বিয়াৰ কথা ভাবিছোঁ‌।  তোৰ পেহীয়েৰে ল'ৰা এজন দেখুৱাইছে । তোৰ মনত কোনোৱা আছে নেকি মোক ক'ব পাৰ, মই 
তোৰ কথা মতে আগবাঢ়িম।মাকে ক'লে

: মা তেনে কোনো কথা নাই। মই নিজকে প্ৰতিষ্ঠা কৰিহে সেই কথা ভাবিম বুলি ভাবিছোঁ।

: ছোৱালী  মানুহৰ কাৰণে মাক -দেউতাকৰ ঘৰখন আচল ঘৰ নহয়। সেইয়ে সময় থাকোতে উপযুক্ত জীৱন সংগীৰ সৈতে তোৰ বিয়াৰ কথা ভাবিছোঁ ।

:  মা চোৱা ,মাক দেউতাকে ইমান কষ্ট কৰি ছোৱালী জনীক ডাঙৰ -দীঘল কৰি লোকৰ হাতত গতাই দিয়ে। তোমাৰ মায়েও একেবোৰ কথা তোমাৰ আগত কৈছিল চাগে। যিবোৰ আজি তুমি মোক কৈছা। সেইকাৰণে তুমি পঢ়া -শুনা আধৰুৱা কৰি বিয়া হ'বলৈ বাধ্য হৈছিলা। দেউতাৰ মৃত্যুৰ পিছত কিমান কষ্টৰে তুমি মোক ডাঙৰ কৰিলা । সেই খিনি মই নুবুজা নহয়। গতিকে মই নিজে প্ৰতিষ্ঠা হোৱাৰ  পিছত বিয়াৰ কথা ভাবিম। তুমি যে কৈছা  ছোৱালীৰ বাবে মাকৰ ঘৰখন নিজৰ ঘৰ নহয় আৰু বিয়াৰ পাছত স্বামীৰ ঘৰত ক'ব তুমি পৰৰ ঘৰৰ ছোৱালী। এইখন তোমাৰ স্বামীৰ  ঘৰ। এজনী ছোৱালীৰ বাবে স্থায়ী ঘৰ কোনখন ? সেইয়ে মই নিজৰ  পৰিচয়  ঠিক কৰিহে এইবোৰ কথা চিন্তা কৰিম বুলি ভাবিছোঁ। তুমি মোক বাধা নিদিবা মা । মই ভাবো ছোৱালী এজনীৰ কাৰণে কেৱল তাইৰ  মাক -দেউতাক বা স্বামীৰ পৰিচয়ে পৰিচয় নহয়। তাইৰ নিজৰো এটা চিনাকি থাকিব লাগে। বাসৱীয়ে মাকক বুজাবলৈ চেষ্টা কৰিলে
একান্ত মনে কথা কেইষাৰ শুনি মাক নিৰব হৈ বহি থাকিল। নিজৰ জীৱনৰ অন্ধকাৰ সময়খিনিৰ কথা ভাৱি মাকেও হয়তু ভাৱিছে "ছোৱালীজনীয়ে ঠিকেই কৈছে ।"


পৃষ্ঠা ১৫

উত্তৰ সুৰী
  
ঊষাজোন ফুকন হাজৰিকা

  দৈনন্দিন  কৰ্ম ব্যস্ততাৰ বাবে সপ্তাহটোৰ ছয়টা দিনেই  সকলো ব্যস্ত। বৰ্তমান যুগৰ যান্ত্ৰিক জীৱন। মানুহবোৰো যন্ত্ৰৰ দৰেই হৈ পৰিছে। ঘৰৰ আটাইকেইটা মানুহে কেৱল দেওবাৰৰ  দিনটোত হে একেলগে  সময় কটাব পাৰে।সেইদিনা সেয়ে দুপৰীয়া ভাত সাজ খাই সকলো টি ভি টোৰ সন্মুখত  বহিল। আইমনে কাৰ্লাছ চেনেলত দি থকা চিনেমা এখনকে লগাই দিলে।
    চিনেমাখনৰ  কাহিনী তেতিয়া  তুংগত। শাহুৱেকে  নতুন বোৱাৰী জনীক অকথ্য অত্যাচাৰ কৰিছে। সৰু সৰু কথাতে  গালি গালাজ ভৎসনা কৰে। মাকৰ ঘৰৰ পৰা  এল চিডি, সোণৰ আ- অলংকাৰ , দামী গাড়ী  যৌতুকত ননাৰ বাবে উঠোঁতে বহোতে  তীৰ্যক বাণেৰে থকা সৰকা কৰে। কেতিয়াবা  গাত হাতো উঠায়। দৰিদ্ৰ পৰিয়ালৰ ছোৱালী। মাটি বেচি বিয়া দিছে । কোন সতেৰেনো দেউতাকক  কয় শাহুৱেকে এই বিলাক বিচাৰি মাৰ পিট কৰে বুলি। নোৱাৰে, মৰি গলেও এই কথা তাই মাকৰ ঘৰত ক'ব নোৱাৰে। শাহুৱেকৰ অত্যাচাৰ নিৰৱে সহি উচুপি উচুপি কান্দে।কেতিয়াবা  দুই তিনি সাজ ভাত নোখোৱাকৈ পাৰ হৈ যায় । কোনেও খাবলৈ নামাতে। ঘৰৰ আনটো বাদেই শহুৰেকেও মাত মাতিব নোৱাৰে অন্যায়ৰ বিৰুদ্ধে। পুতেককটো ঘৈনীয়েকৰ তলতীয়া বুলিলে  দম দি ৰাখে। মুঠৰ ওপৰত ঘৰখনত কেৱল অশান্তিয়ে অশান্তি।
     বুমনেও দেউতাকৰ  কোলাত বহি একান্ত মনে চিনেমাখন চাই আছে।  হঠাৎ সি  দেউতাকক  ক'লে--
:  মই ডাঙৰ হ'লে বিয়া নাপাতো দেই দেতা । আমাৰ মায়েও চাগে  মোৰ কইনা জনীক এনেকৈয়ে  মাৰিব!
   টি ভি চাই থকা সকলোৰে মুখবোৰ জোখতকৈ যেন বেছিকৈয়ে  মেল খালে।
 

পৃষ্ঠা ১৬

শিষ্টাচাৰ 

চম্পামণি দিহিঙীয়া মহন্ত

: বিয়া পাতিলা তুমি ! কি আহোম ছোৱালী আনিলা ? ভালেই কৰিলা দিয়া নৰকৰ ছোৱালী উদ্ধাৰ কৰিলা। কোৱা কাৰণে আকৌ বেয়া নেপাবা।  মৃণালিনী বৌয়ে কথাষাৰ ক'লে মনদীপলৈ চাই। 
      আচলতে সিহঁত মানে মনদীপ  গৈছিল সত্রাধিকাৰ মনোজ মহন্তৰ ঘৰলৈ। নৱবিবাহিতা পত্নীক লগত লৈ সামাজিক নিয়ম অনুসৰি "শৰণ"ল'বলৈ । গোসাই নিয়ম মতে নীচ জাতৰ ছোৱালী বিয়া পাতিলে উদ্ধাৰ হ'ব লাগে   ।আকৌ শৰণ নল'লে  ডাঙৰ সকলে সেইজনী বোৱাৰীৰ হাতে ভাত বাদেই চাহ কাপো নেখাই  । এইয়াই নিয়ম।  
        সৰুৰে পৰাই স্বাভিমানি মানসীয়ে সকলো কথাই মানি লৈছিল গোসাইলৈ বিয়া হৈ, আনহে নালাগে কিছুমান অযুক্তিকৰ  নিয়ম হ'লেও হাঁহি মুখে মানি লৈছিল । কিন্তু আজি হঠাৎ সত্ৰাধিকাৰৰ মাকে কোৱা কথাষাৰে তাইৰ অন্তৰত বৰ আঘাত দিলে। তাই আজিও ভাবি নেপালে পৃথিৱীত সৰগ নৰক, উচ্চ নীচ বুলি সঁচাকৈ কিবা আছেনে ?  আমি সকলো মহাপুৰুষ শংকৰদেৱৰ ভক্ত বুলি মুখেৰে কৈ থকা এই তথাকথিত (উচ্চ)? বুলি ভবা মানুহবোৰৰ চকু বাৰু কাহানিবা মেল খাবনে  ? মানসীয়ে আজি  এই প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাই ফুৰিছে, বাৰে বাৰে মনলৈ আহে তাইৰ  
"কুকুৰ শৃগাল গদৰভৰো আত্মাৰাম 
জানিয়া সবাকো কৰিবা প্ৰণাম"

     তেজপুৰ (দ-পৰবতীয়া)


পৃষ্ঠা ১৭

অনুবাদ কবিতাঃ

 METAMORPHOSIS

(By Sylvia Plath)

Haunched like a faun, he hooed
From grove of moon-glint and fen-frost
Until all owls in the twigged forest
Flapped back to look and brood
On the call this man made.
No sound but a drunken coot
Lurching home along river bank;
Stars hung water-sunk, so a rank 
Of double star-eyes lit
Boughs where those owls sat.
An arena of yellow eyes
Watched the changing shape he cut,
saw hoof harden from foot, saw sprout
goat-horns; marked how god rose
and galloped wood ward in that guise.


 ৰূপান্তৰ 

(মূল: Metamorposis by Sylvia Plath
অনুবাদ: প্রাণকৃষ্ণ গোস্বামী)

কুঁজা, ছাগলী শিঙিয়া ধর্মীয় মূর্ত্তিৰ দৰে,
জোনাক-ছিটিকা আৰু হিমাবৃত দলনিৰ
তৰু-বীথিকাখনত তেওঁ তেতিয়ালৈ নিজক ঢাকিছিল,
যেতিয়ালৈ ঠানিসৰা হাবিখনৰ ফেঁচাবোৰে
মানুহটোক চাবলৈ আৰু তেওঁ কোৱা কথাবোৰ
চিন্তা কৰি বুজিবলৈ ডেউকা কোবাইছিল ৷

শব্দহীন, কিন্তু এক নিচাগ্ৰস্ত প্ৰাণী
ঢলং পলংকৈ নদীৰ পাৰে পাৰে গৃহাভিমুখা ;
ওলমি থকা জল-ডুবা তৰাবোৰ, সেয়ে
দুলানি তৰাৰ পোহৰত উজ্জ্বলিল ডালিবোৰ
য'ত বহি আছিল সেই ফেঁচাৰ দল ৷

ৰংগভূমিৰ পীতবৰ্ণী চকুবোৰে
চাই থাকিল তেওঁৰ পৰিৱৰ্তিত আকাৰ,
দেখিলে, শক্ত হোৱা ভৰিৰ খুৰা, গজি উঠা
ছাগলীৰ শিং, দেখা পালে যেন ঈশ্বৰৰ উত্থান 
আৰু সেই ছদ্মবেশেৰেই হাবিৰ দিশে ধাৱিত হ'ল তেওঁ ৷

চিলভিয়া প্লেথ (Sylvia Plath ২৭/১০/১৯৩২- ১১/০২/১৯৬৩): 

এইগৰাকী কবিৰ ১৯৩২ চনত আমেৰিকাৰ বষ্টন চহৰত জন্ম হৈছিল ৷ যদিও তেওঁ আঠবছৰ  বয়সৰে পৰা কবিতা লিখিছিল ,ডাঙৰ হৈ তেওঁ মানসিক ৰোগত ভুগিছিল ৷ চিকিৎসাৰ পিছত অলপ ভাল হৈ তেওঁ ইংলেণ্ডৰ কেম্ব্ৰিজ ইউনিভাৰ্চিতিত পঢ়িবলৈ যায় ৷ তাতে তেওঁ বিখ্যাত বৃটিছ কবি টেড হিউজক লগ পায় আৰু দুয়ো প্ৰেমত পৰি ১৯৫৬ চনত বিবাহপাশত আৱদ্ধ হয় ৷ কিন্তু তেওঁলোকৰ মনোমালিন্য হৈ ১৯৬২ চনৰ পৰা দুই সন্তানক লগত লৈ প্লেথ বেলেগে থাকিবলে লয় ৷ সম্ভৱত এই মনোবেদনা আৰু অতীতক মানসিক অসুখৰ বাবেও অত্যধিক মানসিক চাপত ১৯৬৩ চনৰ এঘাৰ ফেব্ৰুৱাৰীত তেওঁ আত্মহননৰ পথ বাচি লয় ৷
জীৱন কালত তেওঁৰ মাত্ৰ ' দি বে'ল জাৰ' নামৰ এখন উপন্যাস আৰু 'দি কল'ছাছ' নামৰ এখন কাব্য সংকলন প্ৰকাশ হৈছিল ৷ মৃত্যুৰ পিছত তেওঁৰ স্বামীয়ে প্ৰকাশ কৰা 'এৰিয়েল' নামৰ বহু চৰ্চিত কাব্য সংকলনখনৰ কবিতাসমূহ তেওঁ মৃত্যুৰ কেইমাহমানৰ আগতহে ৰচনা কৰিছিল ৷ মৃত প্লেথ বহু বেছি বিখ্যাত হৈ পৰিল ৷ 
২০০৪ চনত  এই সংকলন পুনৰ প্ৰকাশ কৰা হয় ৷ তেওঁৰ বৰ্তমানলৈকে সাতখন কাব্য সংকলন , চাৰিখন শিশুগ্ৰন্থ আৰু উপন্যাসকে ধৰি আঠখন অন্যান্য সংকলন প্ৰকাশ পাইছে ৷ ১৯৮২ চনত মৰোণত্তৰভাৱে তেওঁক "পুলিংজাৰ পুৰস্কাৰ" দিয়া হয় ৷ তেঁৱেই এনে প্ৰথমগৰাকী ব্যক্তি ৷ ২০০০ চনৰ এক সমীক্ষামতে তেতিয়ালৈ চিলভিয়া প্লেথৰ ওপৰত আন লেককসকলে লিখা ১০৪ খন গ্ৰন্থ প্ৰকাশ পাইছিল ৷

 

পৃষ্ঠা ১৮

জন্ম নহয় , মৃত্যু নহয়

মূল বাংলাঃ সুনীল গঙ্গোপাধ্যায় 
অনুবাদঃ বাসুদেব দাস

মোৰ ভালপোৱাৰ কোনো জন্ম নহয়
মৃত্যু নহয়–
কিয়নো মই বেলেগ ধৰণৰ ভালপোৱাৰ হীৰাৰ গহনা 
দেহাত লৈ জন্মিছিলোঁ।
কোনেও মোৰ নাম ৰখা নাই ,তিনি চাৰিটা ছদ্মনামত 
মোৰ ভ্ৰমণ মৰ্ত্যধামত,
জুই দেখি পোহৰ ভাবিছোঁ, পোহৰত মোৰ 
হাত পুৰি যায়
আন্ধাৰত মানুহ চোৱা সহজ ভাবি চাকনৈয়াৰ মায়াত 
আন্ধাৰত মিহলি থাকিছোঁ
কোনোবা মোক পাৰিতোষিক দিয়ে, কোনোবাৰ দুইচকুত ছি ছি
তেতিয়াও মোৰ জন্ম-কৱচ, ভালপোৱাক ভালপাইছোঁ
মোৰ কোনো ভয় নহয় ,
মোৰ ভাল পোৱাৰ কোনো জন্ম নহয়, মৃত্যু নহয়।
 


পৃষ্ঠাঃ ১৯

দুঃস্বপ্ন 
       
মূল বাংলাঃ সমৰ সেন
অনুবাদ সপ্তর্ষি বর্ধন

মাজে মাজে তোমাৰ চকুত দেখিছোঁ
বাসনাৰ বিষণ্ণ দুঃস্বপ্ন; 
ইয়াৰ অদৃশ্য এন্ধাৰ প্ৰতি মুহূৰ্তত
মোৰ তেজত আক্রমণ কৰা;
মোৰ দিনৰ জীৱনত তোমাৰ সেই দুঃস্বপ্ন 
আনিছে পাৰবিহীন এন্ধাৰ ।

মাজে মাজে টোপনি ভাঙি যায়
মাজনিশালৈ ।
বাহিৰলৈ ওলাই আহি দেখিলোঁ
তৰা ঢাকিছে ৰংহীন আকাশখন , 
আৰু বতাহ বলিছে বিপুল শূন্যতাৰ পৰা; 
সেই বতাহতেই মাথোঁ যেন শুনা পাওঁ।
কান পাতি শুনো 
কোন সুদূৰ দিগন্তৰ কান্দোন;
সেই কান্দোন যেন মোৰ ক্লান্তি, 
আৰু তোমাৰ চকুৰ বিষণ্ণ আন্ধাৰ ।

আন্ধাৰৰ দৰে ভাৰী তোমাৰ দুঃস্বপ্ন, 
তোমাৰ দুঃস্বপ্ন আন্ধাৰ।

---------------------------------------------------------------------

বাংলাৰ পৰা অসমীয়া লৈ ভাষান্তৰ 

আত্মহত্যাৰ এখন পুৰণি চিঠি

প্ৰতিবাৰ মই আত্মহত্যা কৰাৰ আগদিনা খন
তোমালৈ চিঠি এখন লিখো, 
আত্মহত্যাৰ শেষত চিঠিখন মই
কুটি কুটিকৈ ফালি তোমাৰ হাততে তুলি দি সুধোঁ, 
"মোক জানো তুমি  সচাঁকৈ ভালপোৱা?"
তুমি ঈগলৰ দৃষ্টিৰে মোলৈ চাই কোৱা...
" মই নাজানো !!!"....
মোৰ আয়ে গা ধুই উঠি 
মুৰৰ ভিজা চুলি খিনি সদায়েই
গামোচাখনেৰে মেৰিয়াই থয়।
গোসাঁই ঘৰত গামোচা মেৰিওয়া মূৰটোৰে
কপালখন থাপনাত বাৰে বাৰে থেকেচি
অস্ফুট স্বৰে মিনতি জনায়....
" অ মোৰ গোসাঁই ও  ..মোৰ জীয়ৰী  জনীৰ কিবা এটা গতি কৰা প্ৰভু...."  ...
পিতাই এ কাহৰ দৰবৰ বতলৰ শেষ চিৰাপখিনিও ডিঙিত বাকি দিয়ে
 উঠি অহা কাহৰ ভমকখিনিক চেপি থৈ অতি কষ্টেৰে আইক সোঁধে 
" মাইনা জনী উভতিল নে বাৰু ? "
মোৰ আয়ে শূণ্য কেৰাহী খনত দাৰিদ্ৰ্যতা আৰু চকুৰ নিমখ খিনি লাৰি চাৰি কয়  
" নাই!! তাই এতিয়াও আহি
 পোৱাহি নাই"।

মই আকৌ আত্মহত্যাৰ আগদিনা তোমালৈ চিঠি এখন লিখো 
তুমি ঈগলৰ দৃষ্টিৰে মোৰ ফালে চাই থাকা,
মোৰ কান্ধৰ বেগখনতে ওলমি থাকে জেলজেলীয়া মাৰ্কশিট্ খন ডিগ্ৰীৰ ভাৰ বৈ বৈ।

কোনোবাই আহি হেনো  আইক কৈ থৈ গৈছিল   " মোক হেনো প্ৰায়েই দেখিবলৈ পোৱা যায় বেশ্যা বোৰৰ চুবুৰীটোৰ ওচৰত "
"মই হেনো চিকমিকাই থকা ছিন্থেটিক শাৰী  পিন্ধি দোকানত বহি সদায়েই খাওঁ মাংস ভাত।"

আইৰ  গামোচাৰে মেৰিয়াই থোৱা মুৰৰ ভিজা চুলিৰ পৰা  তেতিয়া  নিগৰি পৰে তীব্ৰ ঘৃণা।

পিতায়ে কাহি কাহি ভাবি থাকে ,
" হওক তেও ছোৱালীজনী অন্ততঃ জীয়াই তো আছে!!"

এক যুগ ধৰি অফিচৰ দুৱাৰে দুৱাৰে চৰকাৰী চাকৰিৰ বাবে ঘুৰি ঘুৰি 
অবশেষত লিখি থৈ আহিছিলো 
"মই আজি মৃত 
মই আৰু জীয়াই নাই
তোমালোকে মোক বিচাৰি নুফুৰিবা ।"

তোমাৰ নিদ্ৰামগ্ন চকুযুৰিৰ উপৰত লিখি থৈছিলো:
"জানানে, প্ৰতি বৰষাত গছৰ আগত কুমলীয়া নতুন ডাল-পাত ওলায়,
মোৰ আত্মহত্যাৰ সময়ত সিহঁতেই মোৰ ডিঙিৰ ৰছীডাল কাটি দিয়ে,
সূৰ্য্যই পোহৰ দিয়ে, বৃষ্টিয়ে মোক  ধোৱায়,
আইৰ মুৰৰ গামোচাত ওলমি থকা তীব্ৰ ঘৃণাবোৰে  খামৰ পৰা টকা উলিয়াই কয়....
."হেৰি!!শুনিছেনে? আমাৰ মাইনাই টকা পঠিয়াইছে".....তাই হেনো ভালে আছে ।"
পিতাইয়ে দীঘল হুমুনিয়াহ কাঢ়ি ঈকয় " যি কি নহওঁক ছোৱালী জনী জীয়াই তো আছে".....

প্ৰতিবাৰ আত্মহত্যা কৰাৰ আগতে  চিকমিকাই থকা ৰঙীন শাৰী এখন পিন্ধো,
চকুত কাজল লগাওঁ
 ওঁঠত  ডাঠ লিপষ্টিক।
এঐচিঠি এখন লিখো আৰু লগে লগেই ফালিও পেলাও।
তোমাক আকৌ সোধোঁ, " মোক  ভালপোৱা নে ?"

গছৰ দৰে সেউজীয়া চকুমেলি তুমিয়েই কোৱা:
" বলা দুয়ো দুয়োকে কওঁ , আহা অঁআমি ভালপোৱা-পোৱি বোৰ কৰোঁহক"
এতিয়াতো সকলো বাধাই আঁতৰ হৈছে।"
তোমাৰ আয়ে হেনো তোমাক কৈছিল  " বোপাই!এতিয়া থিতাপি লগাবৰ সময়, ঘৰ বান্ধিবৰ হ'ল।"
তুমিও মোক   কৈছিলা   " চোৱা! মইয়ো আৰু ঈগল হৈ নাই ।"

তুমি আকৌ কৈছিলা তোমাৰ আয়ে হেনো কৈছে
  " বোপাই আত্মহত্যা কৰা মহাপাপ। দুয়ো ভালে কুশলে জীয়াই থাক আই-বোপাইহঁত ।"
 টকাৰ খামৰ লগত পঠিওৱা আমাৰ দুয়োৰে ফটোখন চাই মোৰ আয়ে পিতাইক কৈছিল 
" হেৰি!!আমাৰ জীয়ৰীৰ দেখোন ৰাজকোঁৱৰৰ লগত বিয়া হ'ল।"
পিতাইয়ে দীঘল হুমুনিয়াহ এটি কাঢ়ি কাহিয়েই থাকিল  ........
পিতাইৰ বুকুৰ বাওঁফালে আইৰ মুৰটো হেলি পৰিল , 
শান্তিৰে আয়ে বিৰবিৰাই উঠিল
 " যিকি নহওঁক ছোৱালী জনীক যেনিবা আৰু আত্মহত্যা কৰিবলগীয়া নহ'ল ।"

মূল বাংলা কবিতাৰ ৰচয়িতা
ভাৰতীয় বঙালী কবি:
সুজান মিঠি( ছদ্মনাম)

অসমীয়া ভাষান্তৰ:
অৰুণিমা শৰ্মা মহাপাত্ৰ
নতুন দিল্লী।



পৃষ্ঠা ২০

কবিতাঃ

জাতক

অংকুৰিতা ফুকন

সময় নে শৰ
বিশাল জলৰাশি
আৰু এখন বন্ধ দুৱাৰ
দুৱাৰ খুলিলেই সময় ইপাৰ -সিপাৰ

বসন্তৰ খোলা দুৱাৰ…
এখন টুলুঙা নাৱত
ৰজনীগন্ধাৰ সুগন্ধ
যাত্ৰী এটি নিষ্পাপ শিশু
আৰু এটা কুকুৰ প্ৰভূভক্ত

গ্ৰীষ্মৰ খোলা দুৱাৰ…
দৃষ্টিৰ পাৰাপাৰহীন দিগন্ত
কপালত ভৰদুপৰীয়াৰ উত্তাপ
আৰু এযোৰ মৈথুনৰত সাপ

শৰতৰ খোলা দুৱাৰ…
জোলোঙাত ভৱিষ্যতৰ ভাৰ
 মাততে জয় পৰা হাঁহি
আঙুলিৰ ফাঁকেৰে সৰকি যায় বৰ্তমান

শীতৰ খোলা দুৱাৰ…
তলসৰা শুকান পাত
 বিদীৰ্ণ এটি মাত
 ৰক্তাক্ত মাৰণাস্ত্ৰ
আৰু কৰি অহা কৰ্মৰ সন্তাপ

 সম্পূৰ্ণ চক্ৰ…
একেটি সৰোবৰ 
এখনেই নাও
অবিকল বন্ধ দুৱাৰ

তাৰ পৰাই আৰম্ভ এটি নতুন যাত্ৰাৰ
বিনিময় সময়ৰ
বিনিময় অভিজ্ঞতাৰ

কি বসন্ত  …
 কি গ্ৰীষ্ম…
 শৰৎ অথবা শীত…

 হিমত ওপঙি থকা নাৱৰ পৰা
 নামি আহে জাতকৰ কাহিনীবোৰ
ধ্যানমগ্ন হয় বোধিদ্ৰুমৰ ছায়াত বহি
জীৱনৰ সমস্ত যন্ত্ৰণা পাহৰি…


পৃষ্ঠা ২১

কথা কাব্য

ঝৰ্নালী শৰ্মা বৰকটকী

কথাবোৰ পানী মেটেকা 
ফুলৰ দৰে
সৰল হ'লে উটি যায়
গধুৰ হ'লে উজুটি খায়

কথাবোৰ কেতিয়াবা পাটীগণিতৰ
অংকৰ দৰে জটিল
যোগ বিয়োগ পূৰণ হৰণ
সকলোতে লাগে লেঠা

কথাত চহকী নেতা
যাৰ নাই সুখ
কথাতে বন্দী প্ৰজা
যাৰ আছে সুখ।

কথাবোৰে কেতিয়াবা 
গতি কৰে সৰল ৰেখাৰ দৰে
তেতিয়া হৈ পৰে আকাশৰ জোন
একা বেকা বক্ৰৰেখাৰ দৰে হ'লে
বাৰিষাৰ ঢল

কথাবোৰে কেতিয়াবা
পলাশৰ ৰং হৈ বুকুত
খোপনি পোতে
 কেতিয়াবা  সোমাই
পৰে সাধুকথাৰ কুঁকিত।

ঠিকনাঃ
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং-৯১০১৮৬০৩৫৯.


পৃষ্ঠা ২২

সোণাৰুফুলীয়া সময়

কৃষ্ণাময়ুৰী হাজৰিকা

সময়বোৰ এতিয়া সুবাসিত
দুচকুত মধুৰ সপোনৰ
অগা-ডেৱা 
আজিকালি 
মুৰুলিৰ মাত এটাই
অহৰহ বুকুত
সুখৰ সাধু শুনায়
মোক নিচুকায়
উতলা কৰে হৃদয়

সেই মাতত
সুখে নে দুখে
ভৰ কৰে নাজানো
আবেগৰ এটোপাল
অশ্ৰুয়ে ভিৰ কৰে
দুচকুত
তেওঁ নজনাকৈ
তেওঁ নুশুনাকৈ
সদায়ে ৷

তিতাবৰ
যোৰহাট।


পৃষ্ঠা ২৩

 সোঁৱৰণি

জেছমিন এচ চুলতানা

স্মৃতিৰ দুখিলা পাত
বাগৰিছে শুকান বালিচৰত
ছাঁ-পোহৰৰ দোমোজাত , 
মহাজীৱনৰ শ্বাশত সুন্দৰতা বিচাৰি
বুকুখনত চিৰিং চিৰিং মাৰে 
প্ৰত্যাহিক জীৱনৰ 
উষ্ণতা বিহীন উশাহে । 

শেঁতা পৰা চকুজুৰিৰ
প্ৰসাৰিত হাঁহিত শব্দৰ ছন্দ
গদ্যৰ ৰূপালী ঢৌ 
কিজানিবা বিচাৰি পাওঁ
মৃত সপোনত 
এখন পৰিপূৰ্ণ নীলা আকাশ !!


পৃষ্ঠা ২৪

চোতাল

বিশ্বজিত শইকীয়া
কাৰ্বিআংলং

আপুনি যি ডোখৰ মজিয়া গচকি
মোৰ ঘৰলৈ সোমাই আহে
সেই মজিয়া ডোখৰ জীৱন
সাইলাখ উখোৰা মোখোৰা।

দিনত বিষাদ ছটিয়াই  ৰ'দাওঁ
ৰাতি অৱসাদৰ বৰষুণ পৰে,
ৰ'দ লওঁ, বৰষুণত তিতো,
দুপৰ ৰাতিলৈকে 
ঘণ্টা ঘণ্টা গ্ৰহ নক্ষত্ৰ গনো,
মোৰ চোতাল নীল আৰ্মষ্ট্ৰঙৰ পৰীক্ষাগাৰ।
চোতালত আকাশৰ তৰা সৰে
বিহুত হুঁচৰি জোৰে
আৱৰণৰ সাজ পিন্ধাই দুবৰী গজে।

মোৰ চোতালত আপুনি ভাল পোৱা 
কামিনী কাঞ্চনৰ সুবাস নুৰে,
আনৰ তেজ শুহি মসৃণ কৰা নহ'ল বাবেই
আবেলি গৰুবাটৰ ধূলি চোতালতে উৰে
জেঠ মাহত বোকাৰ বীজ গজে।
কাহানিবা মোৰ চোতালৰ কাষত
তগৰ ফুলিব নাপাইনে ?

এইবেলিকা চোতালত এটা
মাটিৰে তুলসী ভেটি সাজিম,
সন্ধিয়া চাকি জ্বলিব
মোৰ উশাহ শলিতা হ'ব।


পৃষ্ঠা ২৫

বাট

কবিতা মহন্ত

কথা পতাৰ কথা আছিল। 

হেঁপাহৰ কথা। 

শব্দবোৰে সেইদিনা
নিতাল মাৰি ৰৈছিল
মনৰ মাজত। 


প্ৰতিধ্বনি হৈ উভতি আহিছিল
অন্তৰৰ কবিতাবোৰ।


একেটা সুৰতেইতো 
গাইছিলো গীত,
তথাপিও দেখোন
মিলা নাছিল ছন্দ !


শব্দৰ মেৰপাকত যেন 
স্তব্ধ  হৈ ৰৈছিল
দুয়োৰে হৃদয়ৰ আলিবাট।


পৃষ্ঠা ২৭

 ধাত্ৰী

বসন্ত কুমাৰ নেওগ

সম্ভ্ৰান্ততাৰ পোছাক সোলোকাই তেওঁ ওলাই আহে ....
মুখত এমুঠি হাঁহি
শুভ্ৰ এযোৰ পোছাক পৰিহিতা তেওঁ..
দুচকুত দৰিদ্ৰ আৰ্তজনৰ বাবে এবুকু মৰম ...
বুকুত তেওঁৰ অসীম সাহস ...
মৃত্যুৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম
জীৱনৰ উশাহবোৰ জোলোঙাত বান্ধি দৌৰি ফুৰে তেওঁ ...
জীয়াই থকাৰ হেঁপাহবোৰ বিলাই যায়

এগচি জীৱন বন্তিৰে সহস্ৰাধিক জীৱন উজ্জ্বলাই তোলে তেওঁ
ধাত্ৰী তেওঁ
সম্ভ্ৰান্ততাৰ পোছাক সোলোকাই
দৰিদ্ৰ আৰ্তজনৰ বাবে শান্তি বিলোৱা মানৱ দৰদী তেওঁ...

শুভ্ৰ প্ৰীতি এজাক নাৰীৰ উদাত্ত কন্ঠত ভাঁহি আহে 
"অ' আই নাইটিংগেল যাত্ৰী আমি 
তোমাৰ আদৰ্শৰে আমিও সহযাত্ৰী...


কল্যাণী যোৰহাট
ভ্ৰাম্যভাষ নং - ৯৯৫৭৯২০৯০৪


পৃষ্ঠা ২৮

নিষ্ঠুৰ বাস্তৱ

অনন্ত কুমাৰ ভূঞা

গোমা আকাশে
হেৰুৱাই হাঁ‌হি ভৰা মন 
ডোঙা পাতি থকা 
তেজৰ চেঁ‌কুৰা দেখিলে
কঁ‌পি উঠে প্ৰাণ ।
তেজাল আবেগে
বিবেক হেৰুৱাই
সন্ত্ৰাসৰ ত্ৰাস চলাই
নিষ্ঠুৰতাৰ মহাযজ্ঞত
তেজৰ বন্তি জ্বলাই ।

বাস্তৱ অতি বৰ্ব্বৰ
অভিশপ্ত ক্ষণত
ঠেৰেঙা লাগে মন ।
ইতিহাসে গোপন কথা
সাৱটি সামৰি ৰাখে 
গৰ্ব্বিত বন্দুকৰ নলীত
চকুপানী নাথাকে ।
কৰ্কশ শব্দৰ
বিকট চিঞৰত 
মানৱতাৰ সংজ্ঞা হেৰায় 
উগ্ৰতাই উগ্ৰপন্থা 
গাৰ নোম শিঁ‌য়ৰি যায় ।
জ্ঞান হত্যাৰ মহাযজ্ঞ হয়
এইয়াই সন্ত্ৰাসৰ 
কলঙ্কিত বীভৎস অধ্যায় ।


ৱাৰ্ড নং -৩, নকাড়ি,
উত্তৰ লক্ষীমপুৰ-৭৮৭০০১
মবাইল নং -৯৪৩৫০৮৪৬৪৫


পৃষ্ঠা ২৯

মই ক'ত ?

স্বপ্নম জ্যোতি কলিতা

ভাৱি থাকোঁ
ধূলিৰ বতাহে লাহ্ দিয়া
আজন্ম আহত
ভৰি দুখন লৈ
কʼলৈ গৈ আছোঁ
কʼলৈ ?
অচিন চৰায়ে
আগভেটা দিয়া এই বাট
সৰিয়হতলীৰ সুহুৰি এটা
বাজি থাকে তাত
মই ক'ত ?
ভাৱি থাকোঁ
নিজানত টোকোৰা চৰায়ে
বাহ সজা দেখো
আৰু
সী থকা দেখো তোমাক
জ্বলি যোৱা দেখো
দূৰৈৰ পাহাৰত শোকধ্বনি...
কি নাছিল তাত
'চকুত নুমাই যোৱা বেলি'
'হালধী পাতৰ পোহৰ'!

শালিকীয়ে গা ধোৱা
ভৰ দুপৰীয়া এটাৰে
মই গৈ থাকোঁ
এটাই মোৰ জন্মৰ বাট
আনকি মৃত্যুৰো
মই ক'ত ?
আইৰ শীতল স্পৰ্শ
মোৰ তেজলৈ, হাড়লৈ
মাটি মানুহৰ স্নায়ুলৈ...
নুফুটা এটা হিলৈৰ মুখত
মই ৰৈ থাকোঁ
দেখো
চিতাৰ জুয়ে
ক'লা কৰা মুখ
হুৰাওৰাও কান্দোন
আৰু শুনো
ক'ৰবাত খুন্দা খাই
উভতি অহা মৃত চিৎকাৰ !


ঠিকনা :
জিলা: গোলাঘাট
গাওঁ: বেজগাওঁ
মাৰফৎ: তিখাচুক নামঘৰৰ সমীপত
ডাক: বৰুৱা বামুন গাওঁ (ধোদাং)
পিন নং: ৭৮৫৬১৮
ফোন নং: ৬০০১৬০৯৩৫৯


পৃষ্ঠা ৩০

এটা মাখি জালখন আৰু মকৰাটো

ৰেখা বৰকটকী  
যোৰহাট
             


 মকৰাটো উদ্যমী
অপাৰ সাধনাৰে
 অবিৰত শ্ৰম  !
যুদ্ধকালীন ক্ষীপ্ৰতাত
অৱশ দেহা
প্ৰাণটাকি ঘৰ বন্ধাৰ 
সপোন !


জালখনে দিয়ে 
খহি নপৰাৰ
প্ৰতিশ্ৰুতি
আথেবেথে ধৰি ৰাখে
মাখি আৰু মকৰাৰ মুখামুখি ৰণ
দুদোল্যমান জালখনত
বিপদসংকূলতাৰ  আভাস...
    

মাখিৰ মনত ভয়
কিজানিবা চনকা পাখিখন
পলকতে এৰ খায়
মাটিত সৰা ঢপঢপনিত
কেচেলুৱা বিষে সাৰ পায়
মকৰাৰ বাৰু চকু আছে নে নাই ?


পৃষ্ঠা ৩১

 
সংগোপনে

অঞ্জনা দেৱী
যোৰহাট

অৱশেষত খিৰিকীখন খুলি দিলে...
প্ৰচণ্ড গাজনিয়ে
কলিজাখনত তুলিলে তীব্ৰ জোকাৰণি।
ভীতি-বিহ্বল চকুৰ চাৱনি
আউল-বাউল চুলিৰে 
চকু দুটি এগাঁতত।
চিঞৰি চিঞৰি 
ওঁঠ দুটি হৈ পৰিল শুষ্ক।

বলীয়া আভূষণ নিপিন্ধাবা তাইক
হৃদয়খনি তাইৰ কাঁচৰ সদৃশ
চূৰ্ণ-বিচুৰ্ণ হৈ পৰে নিমিষতে
বুজিবলৈ নাই কাৰো আহৰি
এবুকু মৰম এতিয়া হৈ পৰিছে
ককৰ্থনাৰ ভঁৰাল।
তাইতো নাছিল তেনেকুৱা
তাইৰো ইচ্ছা আছিল
মিলিজুলি সমাজত জোনাক বুটলা ।
এজাক ধূৰ্ত মানৱৰূপীয়ে যেন 
তাইক নিঃশেষ কৰাৰ অভিসন্ধি কৰিছে..

অভিমান কৰে তাই মৰম বিচাৰি
আকলুৱা মন
খঙৰ ভমকত তাই হয় পৰাস্ত
আনজনৰ পদে-পদে।
হৃদয়ৰ এনাজৰী ডালো
শুকাবলৈ ধৰিছে ধীৰে-ধীৰে।

বেদনাৰ সাগৰখনত সাঁতুৰি-নাদুৰী
আশাৰ পানচৈৰে গঢ়া জীৱন নাটিকাখনিত
সেউজী ৰং বোলাবলৈ তাইৰ অফুৰন্ত হাবিয়াস...

অন্তৰীক্ষত জিলিকি থকা 
হে' দূৰৈৰ তৰালী জনী !
তুমি জিলিকাই তোলা আন্ধাৰ সাগৰখনি,
তোমাৰ এটি মাত্ৰ পোহৰ কণা
ঢালি দিয়া তাইৰ আশাৰ চাকি গচিত
পোহৰৰ সুষমা ।
 

পৃষ্ঠা ৩২

পহিলা ব'হাগ

গীতাঞ্জলি দেৱী 

পহিলা ব'হাগত কোষ্ঠী চাই জ্যোতিষীয়ে ক'লে -
বোলে দিন-খেন বেয়া ,  নাম এভাগি  দিহা কৰা ।

কৰিলোঁ ,

চৈতন্য প্ৰভুৰ চৰণ চকুলোৰে তিয়ালোঁ ।

একো নহ'ল । পোনাকণ গ'ল যি গ'লেই 
সি যোৱা আওবাট  নহ'ল পোন ।

পহিলা ব'হাগত  হুঁচৰিৰ চৰণত আশীৰ্বাদ ল'লো ,

তেৰাসৱে দিয়া হৰিধ্বনি চোতালৰ পৰা বৰঘৰলৈকে গম-গমাই গ'ল ,

সেইবেলিয়ে ভঁৰালৰ চতিত এৰাসূঁতিয়ে দুদিন জিৰাইছিল ।

ঠিকনা সলাই পানী পিয়াহত মৰিছিল ।
 
সোঁতত ঠিকনা বিচাৰি বৰ আই হেৰাল ।

বছৰেক নহ'ল , সৰু আইজনীও নোহোৱা হ'ল। 
অভাৱত নহয় , স্বভাৱে সলাই দিলে সৰু আইৰ ঠিকনা ।

সেন্দুৰকণ মোৰ হাতৰ মুঠিত দি মানুহজনীও নহা বাটে গ'ল ।

বিষণ্ণ প্ৰহৰত নিজে নিখোঁজ হোৱা বাটটোলৈ চাই  মই দেখোন  হেৰাব পৰা নাই । 

ঢোলৰ গুম-গুমনি এটা দুবৰি নগজা চোতালখনলৈ  উজাই আহি আছে ,

মূৰৰ চুলি চিঙি গঞাই আশীষ দিব, এপৰীয়াল মানুহ হেৰুৱাৰ দুখ পাহৰিবলে' ।


পৃষ্ঠা ৩৩

দ্বৈপায়ণ হ্ৰদৰ সন্ধানত

হিৰণ ভূঞা
মুম্বাই

ফাগুনৰ বা লগা প্ৰত্যুষত
সাগৰীয় বতাহ জাকে
হুৰমুৰকৈ আহি বাহিৰে - ভিতৰে জোকাৰি গ'ল।
খিৰিকীৰে দৃষ্টি নিক্ষেপ কৰি দেখিলোঁ
সেউজীয়া পাহাৰে হাত বাউল দি মাতিছে !
তন্ময় নয়নেৰে আকুলতাৰে চালোঁ,
আকাশখন যেন পাহাৰৰ প্ৰেমত পৰিছে।
অৰুণেও থেৰোগেৰো কৰি আকাশৰ বুকুফালি অহাৰ
প্ৰস্তুতি কৰিছে।
বিনন্দীয়া ৰূপক সাৱটি থাকিলোঁ, সময়ক  স্তব্ধ কৰি।
হৃদয় জোকাৰি গধুৰ হুমুনিয়াহ এটি নিৰ্গত হৈছিল।
দূৰৰ পাহাৰ দেখিবলৈ
অপৰূপ,
কিন্তু বগাবলৈ গলেহে অভিজ্ঞতা হয়,
কিমান কঠিন !
জীৱনটোও পৰিচালিত  হয় একে ৰীতিতে।
আতৰৰ পৰা সকলোৱে সুখী
কিন্তু হৃদয়লৈ সোমাই এবাৰ চোৱা - -
দেখিবা কিমান কাৰুণ্যতা, 
কিমান খলা বমা., 
মহাজীৱনত সংগ্ৰাম আছেই 
প্ৰতিজনৰে আছে একোখন কুৰুক্ষেত্ৰ। 
সেইবাবে  প্ৰতিজনে প্ৰতিনিয়ত বিচাৰি ফুৰোঁ দ্বৈপায়ণ হ্ৰদ।


ককককককককককককককককককককককককককককককককককককককককককককককককক

পৃষ্ঠা ৩৪

আগ্ৰাসী লালসাত ভস্মীভূত মোৰ প্ৰেম

কবিতা ভাগৱতী
গুৱাহাটী ১

মাটি!
কিমান লাগে তোমাক ?
আকাশ!
কিমান ব্যাপ্তিয়ে চুব তোমাৰ আকাংক্ষা
পানী!
কিমান প্ৰাপ্তিয়ে
ভৰাব পাৰে তোমাৰ স্পৃহা ?

হেৰাল মোৰ কোমল উশাহ
অনুভৱী দৃষ্টি
শান্তিৰ নীলাচল।।


পৃষ্ঠাঃ ৩৫

 সাঁথৰ

গীতা শৰ্মা 
মুম্বাই

কাৰোবাৰ দুৰ্বাৰ অভিলাষ
কাৰোবাৰ জীৱনৰ অভিশাপ

জীৱন নাটকৰ
আপুনি ভবা ভাৱৰীয়াগৰাকী
 কাৰোবাৰ হৃদয়ৰ দুৰ্দান্ত নায়ক


জীৱনৰ সত্যবোৰ
বাৰেবৰণীয়া
সানমিহলি পচলা

কাৰোবাৰ বাবে নিভাঁজ 
শুকুলা চাদৰ
আন কাৰোবাৰ বাবে মেঘে আৱৰা সাঁথৰ

তথাপিও ঢিপ ঢিপ
ইঞ্জিন চলে
হঠাৎ দীঘলীয়া উকি মাৰি ৰৈ যায়
আৰু কেতিয়াবা 
ৰঙা পতাকাখন উৰুৱাই লৈ যায়...
  

পৃষ্ঠাঃ ৩৬

পৰিচয় শিতানঃ


কবি, চিত্ৰশিল্পী প্ৰাঞ্জল কুমাৰ লাহনৰ চমু পৰিচয়ঃ 

কবি, চিত্ৰশিল্পী প্ৰাঞ্জল কুমাৰ লাহন: কবি, চিত্ৰশিল্পী প্ৰাঞ্জল কুমাৰ লাহনৰ জন্ম ১৯৮১ চনত যোৰহাটত। পেচাত চিত্ৰকলা বিষয়ৰ শিক্ষক। প্ৰাঞ্জল কুমাৰ লাহনে কাব্য আৰু চিত্ৰশিল্পৰ ক্ষেত্ৰখনত সমান্তৰালকৈ বাটবুলি নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰেমৰ কবিতা(২০০৩), চুপাৰ মাৰ্কেটত আপুনি..(২০০৫), ভুল এটা কৰি ফুল বুলি ছিঙিব নোখোজোঁ তোমাক(২০১০), আৰু নিজ নিজ পৃথিৱীৰ কথা (২০১৪) এই চাৰিখন কাব্য সংকলনৰ লগতে প্ৰান্তিক, গৰীয়সী,প্ৰকাশ, সাতসৰী, সম্ভাৰ, অসম বাণী, টাইমছ অৱ ইণ্ডিয়াৰ ' আমাৰ সময় ' ৰ শাৰদীয় আৰু বসন্ত বিশেষ সংখ্যা, দেওবৰীয়া খবৰ, নিয়মীয়া বাৰ্তাৰ বাঁহী, আমাৰ অসম, অসমীয়া প্ৰতিদিনৰ লগতে আগশাৰীৰ বিভিন্ন কাকত - আলোচনীত নিয়মিত ভাৱে তেখেতৰ কবিতা প্ৰকাশ পাই আহিছে। আকাশবাণী ডিব্ৰুগড়, আকাশবাণী যোৰহাট আৰু যোৰহাট চিটি চেনেল আদিত কবিতা সম্প্ৰচাৰ হৈছে। ' দাপোণ, চন্দ্ৰমল্লিকা , তৃতীয় বিশ্বৰ কবিতা আদি কেইবাখনো আলোচনী সম্পাদনাৰ কামতো জড়িত আছিল। প্ৰাঞ্জল কুমাৰ লাহনৰ কবিতা ইতিপূৰ্বে বাংলা , ইংৰাজী, হিন্দী আৰু স্পেনিছ ভাষালৈও অনুদিত হৈছে। ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বহুল প্ৰচাৰিত আৰু সমাদৃত বাংলা কাব্যসংকলন 'ঈষাণ'ত যেই পথে দিয়ে চলি যাব এক দিন' শীৰ্ষক কবিতাৰ বাবে ২০১৪ চনত বৰ্ষ শ্ৰেষ্ঠ কাব্য সন্মান লাভ কৰি এক গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৰহাট জিলা কবি সন্মিলনৰ ডাঃ সঞ্জীৱ কুমাৰ দত্ত সোঁৱৰণী "ভোগদৈ পাৰৰ শ্ৰেষ্ঠ কবি-২০২০ বটাঁ" লাভ কৰা লাহনে ২০২১ চনত অসম চৰকাৰৰ 'অসম ভাষা গৌৰৱ আচঁনি'ৰ অন্তৰ্গত হৈ 'লেখক সম্বৰ্ধনা'ৰে সম্বৰ্ধিত হৈছে।
ইয়াৰ উপৰি চিত্ৰকলাৰ ক্ষেত্ৰখনত যোৰহাট ফাইন আৰ্টচ্‌ছাইটিৰ পৰাই শিল্পচৰ্চাৰ যাত্ৰা আৰম্ভ কৰি অসমৰ ভিন্ন জিলাত কুৰিৰো অধিক চিত্ৰপ্ৰদৰ্শনী আৰু কৰ্মশালাত অংশগ্ৰহনৰ লগতে যোৰহাটৰ ফাইন আৰ্টচছাইটিৰ সৌজন্যত উত্তৰ-পূৱ কলা মেলা, আগৰতলা, ত্ৰিপুৰাৰ আৰু ললিত কলা অকাডেমী, নিউ দিল্লীত দলীয় চিত্ৰপ্ৰদৰ্শনীত অংশগ্ৰহন কৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সমাদৰ লাভ কৰিছে। প্ৰাঞ্জল কুমাৰ লাহনে ২০১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ, শিৱসাগৰ কলেজ আৰু ২০২০ চনত গড়গাওঁ কলেজ, শিৱসাগৰ চিত্ৰকলাৰ সন্মানীয় বিচাৰক ৰূপে আমন্ত্ৰণ হৈছে। প্ৰাঞ্জল কুমাৰ লাহনে এজন সংগঠক ৰূপে নিজৰ দক্ষতাৰ পৰিচয় দিছে। তেখেতে  যোৰহাট জিলা কবি সন্মিলনৰ বিভিন্ন সময়ত ভিন্ন বিষয়বাবদ থকাৰ লগতে ২০১২-১৪ বৰ্ষত সম্পাদকৰ দায়িত্ব লাভ কৰি সংগঠনটো গতিশীল কৰাত অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। উল্লেখ্য , তেখেতৰ কাৰ্যকালতে যোৰহাট জিলা কবি সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষ অধিৱেশন খন সফলতাৰে সম্পন্ন হৈছিল। তেখেত বৰ্তমান যোৰহাট ফাইন আৰ্টচ্‌ছাইটিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহক কৰি আছে।

তিনিটি কবিতাঃ

 শংখধ্বনি

প্ৰাঞ্জল কুমাৰ লাহন

মাৰ শামুকৰ খোলা এটাত
কুৰুকি কুৰুকি
সোমাই আছো

শংখ এটাত সোমাব পৰা হ'লে
ভাল আছিল
তুমি হয়তো দিখিলাহেঁতেন
শংখটো

তোমাৰ হাতত উঠি 
ভ্ৰমিলোহেঁতেন
দিগ্‌বিদিক

নতুন দিনৰ প্ৰাৰ্থনাৰে
শংখৰ ভিতৰৰ পৰাই
হ'লোহেঁতেন
শংখধ্বনি।

যুদ্ধৰ মাজতে বিচাৰোঁ বুদ্ধক

প্ৰাঞ্জল কুমাৰ লাহন

যুদ্ধ মানেই
আমাৰ মনৰ ভিতৰে-বাহিৰে
চলি থকা অন্তহীন যুদ্ধ

কিছু দেখা কিছু নেদেখা

বুদ্ধ মানেই
শান্তিৰ চুক্তিৰে মুক্তিৰ সনাতন বাট

যুদ্ধই নিবিচাৰে বুদ্ধক
বুদ্ধই নিবিচাৰে যুদ্ধক

ৰে'লৰ চিৰিৰ দৰে
দুয়ো দুয়োকে চুব নোৱাৰে

তথাপি যুদ্ধৰ অন্তহীন আখৰা চলোতে
বুদ্ধক বিচাৰি প্ৰতিনিয়ত দেখো সপোন

বুদ্ধ ধ্যানমগ্ন
যুদ্ধ আগ্নেয়

কাক পাম আমি !
বুদ্ধক নে যুদ্ধক ?

 ডুখৰীয়া কবিতা

প্ৰাঞ্জল কুমাৰ লাহন

সুখ
সুখ আমাৰ কাষত নাথাকে
ছাঁ এটা হৈ নিজেই কাষলৈ যাব লাগে

দুখ
দুখ আমাৰ ছাঁৰ দৰে
নিবিচাৰিলেও কাষতে থাকে

ভোক
সাধুকথা কৈ কৈ
এই পৃথিৱীৰ পৰা পাহৰাই ৰাখিব নোৱাৰো তোক

জীৱন
গল্পৰ দৰে আমাৰ জীৱন
অকস্মাৎ আৰম্ভণি। তাৰ পাছত গল্পৰ মাজত আমি !

পৃথিৱী
পৃথিৱী আমাৰ জিৰণিৰ ঘৰ
সবাই মিলি-জুলি থাকো আহাঁ নিবিচাৰি আপোন-পৰ।


অঙ্গনৰ জন্মলগ্নৰ পৰা জড়িত কবি, চিত্ৰশিল্পী প্ৰাঞ্জল কুমাৰ লাহন দেৱলৈ অঙ্গনৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ কাব্যিক তথা শৈল্পিক জীৱনলৈ অজুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।


পৃষ্ঠা ৩৭

ৰেচিপিঃ
 
" বগা তিলৰ কণীৰ আঞ্জা "

 হিমাদ্ৰী বৰকটকী



 উপকৰণ : -১/ কনী ৪টা 
২/ বিলাহী ১ টা 
৩/ বগা তিল ২৫  গ্ৰাম
৪/ কেঁচা জলকীয়া ২ টা 
৫/ আদা অকণমান 
৬/ নহৰু কেইফুটামান 
৭/ পিয়াজ ৪ টা 
৮/ হালধী অকণমান 
৯/ তেল আৰু নিমখ আন্দাজ মতে দিব । 

( তিল খিনি প্ৰথমতে অলপ সময় গৰম পানীত তিয়াই থব )
  

 প্ৰণালী :- প্ৰথমতে কণী কেইটা সিজাই ল'ব। তাৰ পিছত বগা তিলখিনি মিস্কিট বা পটাত বতি ল'ব। আদা , নহৰু , পিয়াজ , বিলাহী , কেঁচা জলকীয়া গোটেই খিনি মিস্কি বা পটাত বতি ল'ব। কেৰাহীত তেল গৰম কৰি কণী কেইটা প্ৰথমে ভাজি ল'ব। কণী ভাজি লোৱা তেলতে তেজপাত ২ টা দি মিশ্ৰণ খিনি ভাজি ল'ব। মিশ্ৰণ খিনি অলপ ৰঙচুৱা হ'লে অলপ গৰম পানী দি কণী কেইটা দি দিব আৰু অলপ সময় উতলিবলৈ দিব। নিমখ হৈছেনে নাই চাব । নমোৱাৰ আগে আগে নৰসিংহ পাত বা ইলাচি , দালচেনী অকণমান খুন্দি দিব। শেষত গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক। খুব সোৱাদযুক্ত হয় আঞ্জাখন।



শিৱনগৰ, ২ নং উপপথ
নগাঁও

  

পৃষ্ঠা ৩৮

 অনুভৱঃ

এমুঠি অনুভৱ

                নিবেদিতা দাস দত্ত                
পটীয়াগাওঁ,যোৰহাট

            জীৱন সুখ দুখৰ চাকনৈয়াৰে গঠিত । তিনিটা আখৰেৰে পৰিপূৰ্ণ এই সুন্দৰ শব্দটোৰ ভিতৰত সোমাই থাকে অযুত হাঁহি-কান্দোন। জীৱন মানেই হ'ল জীয়াই থকাৰ প্ৰেৰণা, উৎসাহ। জীৱনটোক অনুভৱ কৰিবলৈ ভাল, উপভোগ কৰিবলৈ হ'লে নানা কষ্টৰ সন্মুখীন হ'বলগীয়া হয়।
        শৈশৱৰ পৰাই আমাৰ মনত নানা প্ৰশ্নৰ উদ্ভাৱন হয়। নেদেখাটো চাবলৈ, নোপোৱাটো পাবলৈ, নজনাটো জানিবলৈ উৎসুক হৈ থাকোঁ। যেতিয়া সময়ৰ লগে লগে অভিজ্ঞতাৰ মুখামুখি হওঁ তেতিয়া বুজিব পাৰি জীৱনৰ লগত মোকাবিলা কৰা সাধাৰণ কথা নহয়। জীৱনটো ক্ষন্তেকীয়া, এই সুন্দৰ জীৱনটোত পোৱা নোপোৱাৰ হিচাপতেই সকলো সামৰণি পৰে। জুখি চাবলৈ তুলাচনীৰ প্ৰয়োজন নহয়, নোপোৱাৰ বেদনাই মানুহৰ মনত চিৰস্থায়ী হৈ ৰয়, পোৱাবোৰক লৈ কোনেও সন্তুষ্ট নহয় জীয়াই থকা দিনকেইটাত। চুটি জীৱনটোৰ লগত হিচাপ নিকাচ কৰি থাকোতেই অতিষ্ঠ হৈ পৰা দেখা যায় কাৰণ জীয়াই থাকিবলৈ মানুহক অজস্ৰ ধন-সম্পত্তিৰ প্ৰয়োজনীয়তাক মুখ্য কৰি লোৱাটো অৰ্থহীন। ই মানুহক আনন্দহীন কৰি পেলায়। 
              সপোনবোৰক ৰোপণ কৰি পোখা মেলিব দিব লাগে, সপোনবোৰৰ মাজত ব্যৰ্থতা আনিব নালাগে। ব্যৰ্থতাই মানুহৰ মনত হতাশাৰ সৃষ্টি কৰে, হতাশাই জীৱনটোক পুনৰজনম দিয়ে আৰু আমি প্ৰতিযোগিতাৰ মাজলৈ ঘূৰি আহি এই সুন্দৰ জীৱনটোক ধিক্কাৰ দিওঁ বিফল হোৱা বুলি ভাবি। নোপোৱাবোৰ জীৱনৰ অন্ত নহয়, পাবলৈ আগ্ৰহ জীৱনৰ কাম্য নহয়। সুখ-দুখ, হাঁহি-কান্দোন, আনন্দ-বিষাদ এটা আনটো এটি মুদ্ৰাৰ ইপিঠি-সিপিঠি। এটাক এৰি আনটো আগুৱাই নাযায়, এইটোৰ সলনি সেইটো অৰ্থহীন। প্ৰতিজন মানুহৰেই দুখৰ যন্ত্ৰণা, হেৰুৱাৰ যন্ত্ৰণা ছাঁ টোৰ লগতেই লাগি থাকে। য'ত পোহৰ থাকে তাত আন্ধাৰ নিশ্চিত, আচলতে জীৱনত দুখ নাথাকিলে সুখৰ মূল্য বা ক'ত ? জীৱনত পোৱা যন্ত্ৰণাবোৰে মানুহক সাহসী হ'বলৈ শিকায়, আগুৱাই যাবলৈ ৰাস্তা দেখুৱাই দিয়ে। জীৱনক ভালপোৱা মানুহ কেতিয়াও দুঃসাহসী নহয়। মানুহৰ জীৱনটো এটা ভঁৰাল, য'ত থাকে আশা। আশা কঢ়িয়াই আনে সময়ে আৰু সময়ৰ লগত মানুহৰ মনবোৰ সালসলনি হৈ যায়। মানুহৰ মূল্যবান সম্পদ হৈছে "বিশ্বাস"..... যি এবাৰ হেৰাই গ'লে উভটি নাহে।

         মানুহ সদায় শান্তপ্ৰিয় হ'ব লাগে, শান্ত মানুহবোৰ নেদেখাজনৰ সদায় প্ৰিয়। মনৰ কথাবোৰ মগজুৰে বিবেচনা কৰিলে সকলো উত্তৰ জলজল পটপটকৈ ওলাই পৰে।


পৃষ্ঠা ৩৯

যোগ সম্পৰ্কীয়ঃ

"য়ম" যোগৰ প্ৰথম অংগ

চিন্ময়ী দাস
কামৰূপ অসম

যোগধৰ্মৰ মূল হৈছে "য়ম" বা "য়ম" । মানৱ জীৱনৰ ঘাই শিপাডালেই হৈছে "য়ম"। য়মে মানুহৰ মনটো পবিত্ৰ আৰু শক্তিশালী কৰি ৰাখে। দৃঢ়সংকল্পিত আৰু আত্মবিশ্বাসী হৈ থকাত সহায় কৰে। এই য়মক পাঁচটা প্ৰমুখ‌্য ভাগত ভগোৱা হৈছে, সেয়া হৈছে -
১) অহিংসা
২) সত্য
৩) আস্তেয়
৪) ব্ৰহ্মচৰ্য আৰু
৫) অপৰিগ্ৰহ

অহিংসা : "आत्मवत् सर्वभूतेषु" অৰ্থাৎ সকলোকে নিজৰ দৰে ভবাটোয়ে হৈছে অহিংসা। কাৰো লগত হিংসা নকৰাটোৱে হৈছে অহিংসা। ব্যাপক অৰ্থত খং নকৰা,  কাকো কষ্ট নিদিয়া, লোভ - মোহ , আনৰ অহিত চিন্তা আদিৰ পৰা আঁতৰি থকাটোকে অহিংসা বোলা হৈছে। অহিংসাই মানুহৰ মনটোক শান্ত আৰু স্থিৰ কৰি ৰাখে । 

সত্য : মানুহ সদায় সত্যত থাকিব লাগে । সত্য বচন, সত্য কথা । এটা মিছাই হেজাৰটা মিছাৰ জন্মদাতা হৈ পৰে। সেয়েহে কেতিয়াও মিছাৰ আশ্ৰয় লʼব নালাগে । আনকি অৰ্ধ সত্য কথাৰ পৰাও বাছি থাকিব লাগে কাৰণ সেয়াও মানুহৰ সমস্যাৰ কাৰক হৈ পৰে। সত্যবান মানুহৰ মন অতি শক্তিশালী হৈ পৰে। 

আস্তেয় : যিকোনো ধৰণৰ চৌৰ্য মনোবৃত্তিৰ পৰা আঁতৰি থকাটোয়ে হৈছে আস্তেয়। ধন, সম্পত্তি, বিদ্যা, জ্ঞান, মাটি আদি যদি নিজে অৰ্জন কৰিবলৈ সক্ষম নহয়, তেতিয়াহলে সেয়া আনৰ পৰা চল-কপটতেৰে লোৱা অনুচিত । আনৰ বস্তু নিজৰ কৰি লোৱাৰ চিন্তামাত্ৰই  আস্তেয় হানি কৰে।‌ আস্তেয় হানিয়ে ৰোগাগ্ৰস্ত মনৰ লক্ষণ। 

ব্ৰহ্মচৰ্য : ইয়াৰ অৰ্থ বহু ব্যাপক । সাধাৰণতে গুপ্তেন্দ্ৰিয়ৰ সংযমতাই হৈছে ব্ৰহ্মচৰ্য । শাব্দিক অৰ্থত সংযমতাৰে ব্ৰহ্ম অৰ্থাৎ জ্ঞানৰ চৰ্চাই হৈছে ব্ৰহ্মচৰ্যৰ মূল । ব্ৰহ্মচৰ্য জীৱনৰ এক অন্যতম অনুভৱ । ই মানুহৰ মনটোৰ আভ্যন্তৰীণ অংশসমূহৰ শুদ্ধিকৰণ কৰি তোলে । মানসিক বিকাশত বৰঙণি যোগায় । 

অপৰিগ্ৰহ : কোনো বস্তু বা বিষয়ৰ প্ৰতি লোভ আৰু মোহ নকৰাটোয়ে হৈছে অপৰিগ্ৰহ। মন, বচন আৰু কৰ্মৰ নিয়ন্ত্ৰণৰ দ্বাৰা এই প্ৰবৃত্তি বোৰৰ পৰা আঁতৰি থকাটোয়ে অপৰিগ্ৰহ। মনটোক সুদৃঢ় কৰি কৰাৰ বাবে এয়া খুব প্ৰয়োজনীয়। 

  মহৰ্ষি পতঞ্জলিয়ে এই য়মবোৰক সাৰ্বভৌম মহাধৰ্ম বুলি কৈছে, অৰ্থ প্ৰত্যেকজন যোগীয়ে এই পথত চলাটো অনিবাৰ্য । 

(আগলৈ )



পৃষ্ঠা ৪০

শিশু বিশেষঃ

মাজনীলৈ

বিজয়া গগৈ

           মাজনী ,আজি তোমাক অত‍্যাধিক টেলিভিছন চোৱাৰ পৰা ল'ৰা-ছোৱালীহঁতক কেনেকৈ বিৰত ৰাখিব পাৰি তাৰে কেইটামান উপায়ৰ কথা ক'বলৈ বিচাৰিছোঁ।
           এটা কথা আছে যে টেলিভিছন আবিষ্কাৰে মানুহক পুনৰ নিৰ্মাণ কৰিলে। গতিকে সভ‍্যতাৰ উত্তৰণত টেলিভিছনৰ গুৰুত্বৰ কথা নুই কৰিব নোৱাৰি। 
            তথাপিও বেছি সময় টেলিভিছন চোৱা অভ‍্যাস কৰিলে নানা ধৰণৰ সমস‍্যাই দেখা দিয়ে। বিৰামহীন ভাৱে দীৰ্ঘ সময় এই যন্ত্ৰটি উপভোগ কৰিলে চকুত যথেষ্ট চাপ পৰে। ইয়াৰোপৰি টেলিভিছনৰ আসক্তিয়ে শিশুক পঢ়া-শুনা বা অন‍্য সৃজনিমূলক কামৰ প্ৰতি অমনোযোগী কৰিব পাৰে।
             এনে সমস্যাৰ সন্মুখীন হোৱাৰ পৰা বিৰত থাকিবলৈ কেইটামান কাম কৰিলে সুফল পোৱা যায় বুলি অভিজ্ঞলোকে কয়।
               সেইবোৰৰ ভিতৰত এটা কাম হৈছে সঙ্গীত চৰ্চা।সঙ্গীতৰ যিকোনো ভাগ অৰ্থাৎ কণ্ঠ সংগীত নাইবা যন্ত্ৰ সঙ্গীতেই হওক মানুহৰ মন আনন্দিত কৰে, আমোদ দিয়ে আৰু তেনেদৰে অনুপ্ৰাণিত কৰে।  সংগীত চৰ্চাৰে মানুহে নিজকে প্ৰকাশ কৰাৰ সুবিধা পায়। গতিকে সন্তানক এই সৃষ্টিশীল কাম ভাগলৈ আকৰ্ষিত কৰিব পাৰিলে অভিভাৱকৰ বহু কষ্ট লাঘৱ হয়। কাৰণ সঙ্গীতত আত্মনিয়োগ কৰা ল'ৰা-ছোৱালী আত্মসচেতন আৰু  সময়ৰ প্ৰতি সচেতন হয়।
               টেলিভিছন চোৱাৰ সময় কমাবলৈ মাকৰূপে 
 তোমাৰ আনটো গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ কাম হৈছে গ্ৰন্থ অধ্যয়ন। সন্তানৰ মনত গ্ৰন্থ প্ৰীতি ভাৱ জগাই তুলিবলৈ হ'লে তুমি সিহঁতক লগত লৈ কিতাপ পঢ়িব লাগিব। তাৰ আগতে সন্তানৰ উপযোগী কিতাপ সিহঁতৰ অধিকাৰ দি গতাই দিলে ল'ৰা-ছোৱালীয়ে স্বকীয়তা উপলব্ধি কৰি নিজে পঢ়িবলৈ বা তুমি পঢ়ি দিলে শুনিবলৈ আগ্ৰহ কৰিব। তেতিয়াহে তোমাৰ উদ্দেশ্য সিদ্ধি হ'ব।
               আবেলি সন্তানক লগত লৈ তুমি অলপ ঘৰৰ বাহিৰলৈ ওলাই  প্ৰকৃতিৰ লগত মিলামিচা কৰাচোন।পাৰিলে মুকলি ঘাঁহনিত উদং ভৰিৰে খোজ কাঢ়িবলৈ দিয়া।ধূলি-বালি, ঘাঁহনিৰ ফুল-পখিলাও প্ৰকৃতিৰ সম্পদ। এইবোৰৰ পৰা আনন্দ পাবলৈ শিকোৱা। তেনেবোৰ কামে নভবাকৈয়ে অমূল্য শিক্ষা প্ৰদান কৰে।
আনহাতে মুকলিকৈ ফুৰোতে নিৰ্মল বায়ু আৰু সূৰ্যৰ
 পোহৰে দেহত D ভিটামিন  উৎপন্ন কৰে।
               ল'ৰা-ছোৱালীহালৰ লগত তোমালোক মাক-দেউতাকে চাকৰিৰ আজৰিৰ মাজতে সময় উলিয়াই অলপ খেল-ধেমালি কৰিবলৈ নেপাহৰিবা। চোতালত নাইবা ওচৰত থকা খেল পথাৰলৈ গৈ চুবুৰীয়া ল'ৰা-ছোৱালীকো লগত লৈ সিহঁতে ভালপোৱা খেল খেলি আনন্দ উপভোগ কৰা । এই কামে দৈহিক আৰু মানসিক প্ৰশান্তি দিয়াৰ লগতে স্বাস্থ্য ৰক্ষাতো সহায় কৰিব।
                ছৱি অঁকাৰ প্ৰতি সৰুৰে পৰা আগ্ৰহী কৰাটো অভিভাৱকৰূপে তোমাৰ এটা গুৰুত্বপূৰ্ণ কৰ্তব্য। এই সুকুমাৰ কলাবিধে ল'ৰা-ছোৱালীৰ সৃষ্টিশীল মনটো উজ্বীৱিত কৰে, যিটো শিক্ষাই শিশুক ভৱিষ্যতে অন‍্যান‍্য সৃষ্টিমূলক কাম কৰিবলৈও প্ৰেৰণা যোগাব।
                 তোমাৰ মইনাহঁত অলপ ডাঙৰ হৈ অহাৰ লগে লগে নিজৰ সৰু সৰু কাম যেনে পঢ়া টেবুলখন পৰিপাটীকৈ ৰখা, নিজৰ স্কুলৰ কাপোৰযোৰ সোলকাই নিৰ্দিষ্ট ঠাইত থোৱা, খোৱা সময়ত  মনোযোগেৰে খোৱা আদি কৰিবলৈ শিকাবা। তেনে কবিলে তোমাৰ বহু চিন্তা দূৰ হ'ব আৰু সিহঁতো অনুশাসনপ্ৰিয় হোৱাটো নিশ্চিত।
                 সময় সুবিধা বুজি নাটক-থিয়েটাৰ, চাৰ্কাচ, চিৰিয়াখানা , সমজুৱা পিকনিক আদিত সপৰিয়ালে অংশগ্ৰহণ কৰাৰ ব‍্যৱস্থা নিশ্চয় কৰিবা।
                 আৰু এটা বৰ প্ৰয়োজনীয় কাম হৈছে মাক হিচাপে তুমি বিভিন্ন উপকাৰী খাদ‍্য বস্তুৰ প্ৰতি ল'ৰা-ছোৱালীৰ আকৰ্ষণ সৃষ্টি কৰা। বতৰৰ ফল-মূল, শাক-পাচলি ৰুচিদায়ক কৰি সিহঁতৰ লগতে নিজেও তৃপ্তিৰে খোৱা-বোৱা কৰাৰ অভ‍্যাস কৰিলে উচিত ফল লাভ কৰাটো আশা কৰিব পাৰি।
                 বহুখিনি কথা আজি তোমাৰ লগত আলোচনা কৰিলোঁ। আশাকৰোঁ এনেবোৰ উপায় অৱলম্বন কৰিলে তোমাৰ ল'ৰা-ছোৱালীক কিছু সময় টেলিভিছন চোৱাৰ পৰা বিৰত ৰাখিব পাৰিবা। লগতে এনে শিক্ষাৰ  সহায়েৰে সুনাগৰিকৰূপে তোমাৰ সন্তানে পৰিচিতি লাভ কৰিব।

ঠিকনাঃ
ৰহা,নগাঁও।


পৃষ্ঠা ৪১

গল্পঃ

দ্যা কাপ'ল চেলেঞ্জ 

শ্ৰী পল্লৱী কৌশিক শৰ্মা 

: পাপা ...  পাপা....।

দেউতাকক দেখি দৌৰি অহা কণমানি পাখিক গৰমত গুলপীয়া হৈ পৰা গোলাপ কোমল গালখনতে চুমা এটা আঁকি আলফুলে কোলাত তুলি ল'লে মৃগনাভে ।

: তুমি আজি ইমান লেট কিয় হ'লা পাপা ? মোৰ সব ফ্রেণ্ড গুচি গ'ল জানা । 

: আজি পাপাৰ ঢেৰ কাম আছিল অ' অফিচত। সেইবাবে অকণমান দেৰি হৈ গ'ল । চ'ৰি মাই প্ৰিন্সেচ। 

: অ'কে পাপা । এতিয়া জল্দি ঘৰলৈ ব'লা । মোৰ বিৰাট ভোক লাগিছে।

স্কুল কেম্পাছৰ পৰা অকোৱা-পকোৱা পাহাৰীয়া ৰাস্তাটোৰে মৃগনাভৰ গাড়ী ঘৰমুৱা হ'ল । স্কুলৰ পৰা বাৰ' কিল'মিটাৰ মান দূৰৈৰ সৰু টাউন এৰিয়াটোৰ নিলগত পাতল জনবসতিপূৰ্ণ এলেকাটোতে মৃগনাভৰ  ঘৰখন । পাখিৰ স্কুলৰ পৰা তাৰ অফিচলৈও ভালেখিনি দূৰত্ব। গতিকে পাখিক সময় মতে স্কুলৰ পৰা অনা-নিয়া কৰা আৰু লগতে চাকৰিটোও চম্ভালা তাৰ বাবে বৰ কষ্টকৰ হৈয়েই উঠিছে। মাকেও প্ৰায়ে ফোন কৰি মৃগনাভক ঘৰলৈকে ঘূৰি আহি তাতেই কিবা এটা কৰাৰ কথা কয়। সিও বুজে মাকে কোৱা কথাখিনিৰ যুক্তি আছে। তেতিয়া অন্ততঃ তাৰ অসুবিধাবোৰ দূৰ হোৱাৰ লগতে পাখিয়েও নিজৰ ঘৰ এখন পাব ,আপোন ককাক-আইতাকৰ মৰম পাব। পিছে এই ঠাইখনৰ মোহ কিদৰে আঁতৰাই সি মনৰ পৰা !  যাওঁ বুলিলেও আঁতৰি যাব নোৱাৰে মৃগনাভে এই পাহাৰটো এৰি। ঠাইখনৰ প্ৰতিটো চুকে-কোণে তাৰ বাবে  এগালমান মৰম যেন থুপ খাই আছে ! আলিয়ে-গলিয়ে কিবা এক নামি আকৰ্ষণে তাক যেন টানি থাকে প্ৰতিনিয়ত ! যেন চিঞৰি চিঞৰি কয় ....
~ নাযাবা মৃগনাভ। মোক এৰি ,এই পাহাৰটো আৰু আমাৰ মৰমৰ ঘৰখন এৰি আঁতৰি নাযাবা প্লিজ। পাখিক মোৰ পৰা আঁতৰাই নিনিবা মৃগনাভ।

নাই... মৃগনাভে কথাবোৰ পাহৰিব নোৱাৰে । এই ঠাইখন, ইয়াৰ স্মৃতিবোৰ.. একোৱেই পাহৰিব নোৱাৰে । হওক তাৰ কষ্ট। সেই কষ্টৰো এক সুকীয়া আমেজ আছে । সেই কষ্টবোৰে জীয়াই ৰাখিছে তাক । সেই অনুভৱখিনিক চিৰদিনৰ বাবে হৃদয়ৰ গভীৰত শিপাই ল'ব বিচাৰে সি। 

গোটেই ৰাস্তাটোত কিমান যে কথা পাখিৰ! স্কুলত কি পঢ়িলে, কোনে মেম'ৰ পৰা পানিচমেন্ট পালে, কি খেলিলে, হ'ম ৱৰ্ক কি দিছে ..যেন অন্তই নহ'ব দেউতাকৰ লগত তাইৰ কথাবোৰৰ ! মৃগনাভে মাথোঁ পাখিয়ে মৌ-মিঠা মাতেৰে অনৰ্গল কৈ যোৱা কথাবোৰৰ প্ৰতি সহাঁৰি জনাই মাজে মাজে মূৰটো দুপিয়াই থাকিল।

সিহঁতৰ ক'ণমনি পৃথিৱীখনত মৃগনাভ আৰু পাখি, দুয়ো দুয়োৰে লগৰী আৰু স্বপ্নালীৰ স্মৃতিবোৰ জীয়াই থকাৰ সমল। 

আঠটা বছৰ হ'ল , মৃগনাভ এইখন ঠাইলৈ এটা কনষ্ট্ৰাকচ'ন ক'ম্পানিৰ জুনিয়ৰ ইঞ্জিনীয়াৰ হিচাপে এপইণ্ট হৈ অহা । মহানগৰীৰ জাক-জমকতাৰ পৰা ওলাই আহি সৰু পাহাৰীয়া ঠাইখনত নিজকে খাপ খুৱাই ল'বলৈ প্ৰথমে বৰ অসুবিধাতেই পৰিছিল সি । 
লাহে লাহে অফিচৰ দুই এজন ক'লিগৰ  লগত বন্ধুত্ব গঢ়ি উঠিছিল যদিও মৃগনাভে কেতিয়া ট্ৰান্সফাৰ লৈ সেই পাহাৰটোৰ পৰা ওলাই আহিব পাৰে তাৰ  চিন্তাতে দিন কটাবলৈ ধৰিলে। দিনবোৰ ব্যস্ততাৰে পাৰ হ'লেও সন্ধ্যা নমাৰ লগে লগে ঘৰখনলৈ মনত পৰি উদাস হৈ পৰে তাৰ মনটো ।

স্বপ্নালীক হঠাৎ এদিন তেনে এটি উদাসী সন্ধ্যাতে অফিচৰ পৰা অহাৰ বাটত লগ পাইছিল মৃগনাভে।  কিনকিনিয়া এজাক বৰষুণে মায়াময় কৰি তোলা সেই বিশেষ সন্ধ্যাটোৱে পাহাৰটোৰ প্ৰেমত পৰিবলৈ তাক যেন বাধ্য কৰি তুলিলে । মৃগনাভৰ চলন্ত বাইকৰ আগৰ পৰা কথমপি নিজৰ বাই-চাইকেলখন ৰাস্তাৰ কাষলৈ ঘূৰাই তাক উদ্দেশ্যি চিঞৰি উঠিছিল স্বপ্নালীয়ে...

: হেই মিষ্টাৰ, মানুহ মহতিয়াই নিব নেকি হে ? বাইক চলোৱাৰ জ্ঞান নাই যদি চলাইছে কিয় ? আজি যদি মৰি ফটো হৈ ওলমিলোঁ হয়, মা-দেউতাক সান্তনা দিব পাৰিলেহেঁতেন নে ? ননচেন্স ক'ৰবাৰ ! 

বাইকৰ হেড লাইটৰ পোহৰে স্পষ্ট কৰা স্বপ্নালীৰ মুখখনলৈ চাই , কথাবোৰৰ উত্তৰ দিব লাগে বুলিও সেই সময়ত মনলৈ অহা নাছিল তাৰ। কোনোবা সাধু কথাৰ পৰী এজনীহে যেন স্বয়ং তাৰ সন্মুখত আহি থিয় দিছেহি ! আউলি-বাউলি দীঘল একোচা চুলি, টনা-টনা দুটা চকু , লাহি , ওখ স্বপ্নালী... প্ৰথম দৃষ্টিতে যি কোনো ডেকা ল'ৰাক আকৰ্ষণ কৰিব পৰাকৈ এজনী ধুনীয়া ছোৱালী। তাইক দেখি মৃগনাভো অলপ সময়ৰ বাবে দৰক লাগি ৰৈছিল ।

: চ'ৰি মেম । অলপ অন্যমনস্ক হৈ পৰিছিলোঁ। আপুনি ঠিকে আছে নে ? ক'ৰবাত দুখ পালে নেকি ? 
(ব্যস্ত হৈ পৰিছিল মৃগনাভ ।)

: নাই পোৱা । ভাগ্য ভাল আপোনাৰ। নহ'লে জেইল'ৰ ভাত খাব লাগিল হয় ! বেগৰ পৰা মেডিচিনখিনিহে পৰি নষ্ট হ'ল ।
 
লৰালৰিকৈ মৃগনাভে চাইকেলৰ পৰা পৰি যোৱা স্বপ্নালীৰ বেগটো উঠাই চেদেলি-ভেদেলি হৈ পৰা বস্তুকেইপদ তুলি দিছিল । তাৰ ভিতৰত এখন নোটবুক, এটা পার্চ আৰু অলপমান মেডিচিন আছিল । মেডিচিনৰ বটল দুটা ইতিমধ্যে ভাঙি নষ্ট হৈছিল।

: মই সঁচাই দুঃখিত। ৰ'ব মেডিচিনকেইটা আনি দিছোঁ ।

: ইটচ অ'কে মই আনি ল'ম । আপুনি যাওক । 

আপত্তি দৰ্শাইছিল স্বপ্নালীয়ে । পিছে মৃগনাভৰ ওচৰত তাইৰ আপত্তি বেছি পৰলৈ নিটিকিল । সামান্য সৌজন্যতাৰে ধন্যবাদ জনাই ঢৌ খেলা চুলিকেইডাল উৰুৱাই মৃগনাভে আনি দিয়া মেডিচিনকেইটা লৈ গুচি গৈছিল স্বপ্নালী ।

পিছে মৃগনাভৰ মনৰ পৰা আঁতৰি নগ'ল তাই । প্ৰতি সন্ধ্যা সেই নিৰ্দিষ্ট জেগাখিনিত তাইক দেখে নেকি চাবলৈকে ৰৈ থকা হ'ল সি। তেনেকৈয়ে স্বপ্নালীৰ লগত এদিন চিনাকি হ'ল মৃগনাভৰ । গম পালে ,স্বপ্নালী তাৰেই স্থায়ী বাসিন্দা। বৃদ্ধ মাক-দেউতাকৰ একমাত্ৰ ছোৱালী । এখন মিউজিক স্কুলৰ মিউজিক টিছাৰ তাই । 
সোনকালেই বন্ধুত্ব সুলভ সম্পৰ্ক এটা গঢ়ি উঠিল দুয়োৰে মাজত আৰু দিন বাগৰাৰ লগে লগে সেই সম্পৰ্কই প্ৰেমৰ ৰূপ ল'লে। তেনেকৈয়েইটো কাৰোবাক অজানিতে, অকাৰণতে ভাল লাগি যায় । আপোন কৰি ল'বলৈ হৃদয়ে অনুমতি দিয়ে। যেনেকৈ প্ৰথম দেখাতেই মৃগনাভৰ ভাল লাগি গ'ল স্বপ্নালীক ।

মাক দেউতাকৰ সন্মতি সাপেক্ষে দুয়ো এদিন বিবাহ বান্ধোনেৰে বান্ধ খাই পৰিল। মৰম ভালপোৱাই পূর্ণ কৰি তোলা সিহঁতৰ সংসাৰখন দেখি সকলোৱে আশীৰ্বাদ জনালে দুয়োকে... 
" স্থায়ী হওক তোমালোকৰ প্ৰেম ভালপোৱা..। সুখী হোৱা দুয়ো। "

: পাপা, কি হৈছে আজি তোমাৰ ? ঘৰলৈ সেইটো ৰাস্তাৰেহে যায় । তুমি এইফালে গাড়ী কিয় ঘূৰালা !
 
পুৰণা কথাবোৰ সোঁৱৰি আনমনা হৈ পৰা মৃগনাভ পাখিৰ মাতত সচকিত হৈ উঠিল ।

: অহ মাই গ'ড.. পেটৰ ভিতৰত নিগনিটোৱে ইমান জোৰত কামুৰি দিলে নহয়, মোৰ ষ্টেয়াৰিং ডাল এইখিনিতে ঘূৰি গ'ল । কি যে হ'ব !

হাজাৰ দুখে হেঁচি ধৰিলেও, হাজাৰ বেদনাই বুকুখন ভাঙি পেলালেও পাখিৰ আগত সহজ হৈ থাকিবলৈ বাধ্য মৃগনাভ । দুচকুৰে চকুপানীবোৰ নিগৰি আহিলেও পাখিয়ে দেখে বুলি বোৱাই দিব নোৱাৰে সি। 

মৃগনাভৰ কথা শুনি খিলখিলাই হাঁহি উঠিল পাখি। পাখিৰ হাঁহিবোৰে পাহৰাই পেলাই মৃগনাভৰ বুকুৰ বিষটো। নিজকে সংযত কৰি গাড়ীখন ঘূৰাই ল'লে সি। 

নিশা পাখিক বুকুতে সামৰি শুবলৈ লোৱা মৃগনাভক পাখিয়ে লাহেকৈ সুধিলে...
: মায়ে তোমাকে মোকে এৰি থৈ কিয় গুচি গ'ল পাপা ? মা আমাৰ লগতে থকা হ'লে!

বুকুখন কঁপি উঠিল মৃগনাভৰ। কিয় সুধিছে আজি পাখিয়ে মাকৰ কথা ! কোনোদিন মাকৰ কোলাৰ সুখ , বুকুৰ উম বুজি নোপোৱা ছোৱালীজনীয়ে আজি মাকক মিছ কৰিছে যে !
পাখিক জোৰেৰে বুকুলৈ চপাই ল'লে সি।

: কি হ'ল পাখি মাইনা , আজি মাৰ কথা সুধিলা যে ! তুমিতো জানাই তোমাৰ পাপা আৰু মা ময়েই । মানে টু-ইন-ওৱান। তোমাকতো বুজাই দিছোঁ ন, যে ঘৰত তোমাৰ লগত খেলা, তোমাক মাম বনাই খোওৱা, তোমাক শুৱাই দিয়া সময়খিনিত... মই তোমাৰ মা আৰু অফিচলৈ যোৱা, তোমাক স্কুল অনা-নিয়া কৰা  সময়ত মই তোমাৰ পাপা।

: জানো পাপা। আচলতে কি জানা মোৰ ফ্রেণ্ডচৰ পাপা-মাবোৰে একেলগে ফটো উঠি কিবা চেলেঞ্জ কৰিছে বোলে। ফেচবুকত ফটোবোৰ দিছে। মোক কৈছে সিহঁতে। তুমি আৰু মাও যদি একেলগে ফটো এখন উঠিব পাৰিলা হয় ! মা সঁচাই বহুত বেয়া। 

সেমেকা চকুৰে পাখিয়ে কোৱা কথাকেইটাই মৃগনাভৰ বুকুখন হুলে বিন্ধা দি বিন্ধিলে। ম'বাইল ফোনটো হাতেৰে তুলি লৈ ফ্ৰণ্ট কেমেৰাত এঙগ'ল মিলাই কৈ উঠিল সি..

: সেইটো নো কি কথা ? মা হে নাই। তুমিয়ে ময়ে ফটো উঠিম একেলগে। মা বহুত ভাল আছিল কাৰণেহে ভগৱানে আকাশলৈ লৈ গ'ল মাক। নাও স্মাইল প্লিজ মাই চুইট হাৰ্ট।

বাপেক জীয়েকৰ ধুনীয়া চেল্ফিখন চাই সন্তুষ্টিৰ হাঁহি এটাৰে মৃগনাভৰ বুকুতে শুই পৰিল পাখি। নিশা যিমানেই গভীৰ হৈ আহিল স্বপ্নালীৰ মুখখনে তাইৰ কথাবোৰে, তাই গোৱা গানবোৰে... আমনি কৰিব ধৰিলে মৃগনাভক। 

' মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম..
তোমাৰ এটুপি চকুলো পালেই ,মই পাম মোৰ দাম।'

ধৰফৰাই উঠে মৃগনাভ স্বপ্নালীয়ে যেতিয়া এনেকুৱা গানবোৰত প্ৰাণ ঢালি কণ্ঠ নিগৰাই। 

: নাগাবাচোন দুখৰ গানবোৰ স্বপ্নালী। তোমাৰ কন্ঠেৰে এইবোৰ গান শুনিলে কষ্ট হয় মোৰ। ভালপোৱাৰ গান গোৱা, জীৱনমুখী গান গোৱা।

দবিয়াই উঠে সি।

কেতিয়াবা ভাললগা মুহূৰ্ত কিছুমান সজীৱ কৰি ৰাখিবলৈ তাই যেতিয়া একেলগে ফটো এখন উঠি ফেচবুকত আপল'ড কৰো বুলি আব্দাৰ কৰে , আপত্তি জনাই মৃগনাভে।

: পাৰ্চনেল কথাবোৰ দুয়োৰে মাজতে থাকিব দিবাচোন । ৰাজহুৱা কৰিবৰ কি দৰকাৰনো ? একেলগে ফটো এখন উঠিলেই যে প্ৰেম বাঢ়ি যাব বা নুঠিলেই কমি যাব , তেনেকুৱা কিবা আছে জানো স্বপ্নালী ?  ভালল'গাবোৰ হৃদয়ৰ কেমেৰাৰে স্মৃতিৰ পাতত সজীৱ কৰি ৰাখিবা। ডায়েৰীত লিখি ৰাখিবা অনুভৱবোৰ ।

স্বপ্নালীয়ে তাক জোকাবলৈকে গুণগুণাব ধৰে...

' যি দিনা মোক বিচাৰি নাপাবা , সেইদিনা তুমি বুজিবা।
লাগে যদি মোৰ খবৰ সেইদিনা, সন্ধ্যা তৰাকে সুধিবা.. সুধিবা.. সুধিবা....' 

: সুধিবা মৃগনাভ, তৰাবোৰকে সুধিবা মই ক'ত আছোঁ , কেনে আছোঁ। এখন ফটো মোৰ লগত উঠিবলৈ টান পোৱা, কিয় থাকিম মই তোমাৰ লগত। গুচি যাম সঁচাই। চাই থাকা। 

অভিমানত মুখখন ফুলা লুচিৰ দৰে ফুলাই উচাৎ মাৰি আঁতৰি যায় স্বপ্নালী। স্বপ্নালীৰ ওঁঠত নিজৰ আঙুলিটো জোৰকৈ হেঁচি ধৰি বুজাই সি.. 

: নাপাই স্বপ্নালী। হেৰাই যোৱাৰ কথা নক'বা। তুমি দুচকত যেতিয়া এটা সপোন আঁকি লৈ তাক পূৰা কৰিবলৈ মনে প্ৰাণে চেষ্টাত ব্ৰতী হোৱা, তেতিয়া এটা পচিটিভ ভাইভয়ে সেই সপোনটো সঁচা কৰিবলৈ তোমাৰ চেষ্টাত সাৰ-পানী যোগায় আৰু তোমাৰ সপোন সঁচা হোৱাৰ ৰাস্তাটোও আপোনা-আপুনি খোল খাই পৰে।
ঠিক তেনেকৈ , এনেকুৱা উদাসী চিন্তাবোৰত আমাৰ মনত নিগেটিভ ইমপেক্ট কিছুমানে ক্ৰিয়া কৰে। ক্ষন্তেকৰ বাবে হ'লেও দুৰ্বল হৈ পৰো আমিবোৰ। মোৰ ভয় লাগে স্বপ্নালী। দুৰ্বল মনে আমাক দিশহাৰা কৰি তোলে বুলি ভয় হয় মোৰ। ক'ৰবাত হেৰাই যাব লগা হয় বুলি কঁপি উঠোঁ মই । প্লিজ নাগাবা এইবোৰ গান। প্লিজ স্বপ্নালী।

আৱেগ সনা চকুযুৰিৰে মৃগনাভলৈ থৰ লাগি চাই ৰয় স্বপ্নালীয়ে। মৰমৰ নৈ এখন উথলি উঠে তাইৰ বুকুত।

: ইমান দূৰলৈ চিন্তা নকৰিবা মৃগনাভ । নাইকিয়া হ'লেও তোমাৰ মাজতে থাকিম মই সদায় । তুমিনো ফটো এখন উঠিবলৈও ইমান আপত্তি কিয় কৰা ? তোমাক জোকাবলৈহে  কৰো এইবোৰ।

: জোকাবলৈও নকৰিবা। মই বেয়া পাওঁ এনেকুৱা ধেমালি ।

আৰু এদিন সেই ধেমালিকৈ কোৱা কথাবোৰ সঁচা কৰি কোনোবা অজান দেশলৈ গুচি গ'ল তাৰ স্বপ্নালী। বহু সময় ধৰি প্ৰসৱ বেদনাত চটফটাই থকাৰ পিছত পৃথিৱীৰ বুকুলৈ আমন্ত্ৰণ কৰি অনা পৰিজনীৰ মুখখনো নাচালে তাই। নিজৰ সকলো দায়িত্ব, কৰ্তব্য লগতে তাইৰ শৰীৰৰ অংশটিও মৃগনাভৰ হাততে গতাই স্বপ্নৰ দেশলৈ উৰা মাৰিলে তাই।

খপজপকৈ উঠি বহি নিজৰ লগতে স্বপ্নালীৰ ম'বাইলটোৰ গেলাৰীত কেনেবাকৈ দুয়ো একেলগে উঠা ফটো এখন বিচাৰি পাই নেকি ,খুচৰি চলাথ কৰিলে মৃগনাভে।
যিমানবোৰ ফটো আছে , সকলোতে কোনোবা নহয় কোনোবা বেলেগ এজন সিহঁতৰ লগত থাকেই। হতাশ হৈ পৰিল মৃগনাভ। বেচেৰিৰ কিমান আশা আছিল চাগৈ দুখনমান ফটো কেৱল সিহঁত দুটা উঠাৰ । আজি পাখিয়েও বিচাৰিছে মা-পাপাই একেলগে উঠা ফটো একপি।

বিচনাৰ পৰা নামি আহি ডাঙৰকৈ বন্ধাই থোৱা স্বপ্নালীৰ ফটোখন কাষতে লৈ মিচিকিয়া হাঁহি এটাৰে সি এখন চেল্ফি উঠিলে আৰু .. 'তোমাৰ সৈতে.. চিৰদিনলৈ...।' কেপচন দি ফেচবুকত আপল'ড কৰিলে ।

মনতে ভাবিলে সি... " ইয়েছ.. দিচ ইজ ডা ৰিয়েল ক'পল চেলেঞ্জ। কাৰ ইমান সাহস আছে নিজৰ স্বৰ্গগামী পত্নীৰ লগত এইদৰে ফটো উঠি ফেচবুকত আপল'ড কৰাৰ! এনেকৈ দুই ওঁঠত হাঁহি বিৰিঙাই কোনে পাৰিব সুখী হোৱাৰ অভিনয় কৰিব। এইয়াহে আচল চেলেঞ্জ। 

চকুপানীবোৰক বাধা দিব নোৱাৰিলে মৃগনাভে। স্বপ্নালীৰ ফটোখন বুকুতে সাৱটি উচুপি উচুপি কান্দিবলৈ ধৰিলে সি। শুই থকা পাখিক সাৱটি ধৰি, হৃদয়ৰে অনুভৱ কৰিলে স্বপ্নালীক তাৰ কাষতে।

ৰতিপুৱালৈ বহুতে লাইক , কমেণ্ট কৰিলে সিহঁতৰ ফটোখনত।
ডা এভাৰগ্ৰীণ ক'পল..
ডা কিউট ক'পল..
ড'ন্ট বি চেড..চি ইজ অলৱেইজ উইথ ইউ... 
ইউ আৰ মিছড স্বপ্নালী..
ষ্টে' ব্লেচড..।

মন ভৰি গ'ল মৃগনাভৰ। পাখিয়ে সাৰ পোৱাৰ লগে লগে তাইৰ চকুৰ আগত দাঙি ধৰিলে ম'বাইলৰ ৱালপেপাৰ দি ৰখা  স্বপ্নালী আৰু তাৰ ফটোখন ।

: ওৱাও পাপা ,ইমান ভাল লাগিছে তোমালোকক। ল'ভ ইউ পাপা।

ম'বাইলটো হাতেৰে সাৱটি মৃগনাভৰ কোলাত কুচি-মুচি সোমাই পৰিল তাৰ গুলপীয়া পৰিজনী। মৃগনাভৰ খুব মন গ'ল সেই ভাল লগা মুহূৰ্তটি কেপচাৰ কৰি চিৰদিনৰ বাবে সাঁচি ৰাখিবলৈ।

মৃগনাভে জানে স্বপ্নালী হেৰাই যাব নোৱাৰে।
স্বপ্নালী আছে। এই পাহাৰটোতে আছে তাই। সিহঁতৰ ভালপোৱাৰ পৃথিৱীখনত স্মৃতি হৈ জীয়াই আছে ।

স্বপ্নালী আছে। পাখি হৈ.. পাখিৰ মাজতে.. এইয়া মৃগনাভৰ বুকুতে আলফুলে সোমাই আছে তাৰ মৰমৰ স্বপ্নালীজনী।

                                          সমাপ্ত ।



পৃষ্ঠা ৪২

সভ্যতাৰ পুৰণি গল্প বহু হ’ল

নীৰুপমা ডেকা


     সিদ্ধান্তটো লৈ বৰ্ণমালাই যেন নতুন জীৱনৰ বাটৰ হে সন্ধান পালে ৷ কিয় যে মনত সাহ গোটাবলৈ ইমান নিজৰ সৈতে যুদ্ধ কৰিব লগা হয় তাইৰ ৷ কেৱল তাইৰে জানো ? নহয় তাইৰ দৰে সমাজৰ প্ৰতিগৰাকী নাৰীয়ে যেতিয়া সোঁতৰ বিপৰীতে ব’বলৈ আৰম্ভ কৰিব তেতিয়া একোখন যুদ্ধৰ সন্মুখীন হ’ব লগা হয়েই ৷ অপমান, অপবাদ সকলো হজম কৰিব পৰাকৈ মনৰ পাচনতন্ত্ৰক প্ৰথমতে সবল কৰি ল’ব লাগিব ৷ 

    তাইৰ ভালপোৱাৰ বয়স পাঁচবছৰ। প্ৰথম বছৰটোত প্ৰেমৰ উত্তাপ কেৱল, দ্বিতীয় বছৰটোত বুজাৰ চেষ্টা আৰু তৃতীয় বছৰটোত সম্বন্ধক স্বীকৃতি দিয়াৰ অভিপ্ৰায় ৷ আগৰ দুটা বছৰে আছিল সকলো কথাক প্ৰেমৰ অভিমান ৰূপে গণ্য কৰাৰ সময় ৷ ভুল বোৰতো প্ৰেম বিচাৰি পোৱা সময় ৷  কিন্তু যেতিয়া সম্বন্ধ গঢ়াৰ সময় আহিল, তাই পৰিমলৰ ঘৰৰ আপত্তিৰ লগত যুঁজ দিব লগা পৰ্যায় আহিল ৷ কাৰণ সম্ভ্ৰান্ত দুখন ঘৰ হ’লেও তাই নীচ জাতৰ আৰু পৰিমল উচ্চ জাতৰ ৷ বিয়াৰ এই অৰিয়া অৰিখনত তেতিয়া তাই সেই সম্বন্ধৰ মাজত দুটা পৰিয়াল দেখিলে, মানুহবোৰ দেখিলে, দুয়োটা পৰিয়ালতে বিশেষ গুৰুত্ব পোৱা তাইৰ হ’বলগীয়া মানুহজনৰ গুৰুত্ব দেখিলে, কিন্তু সেই ভীৰৰ মাজত তাই নিজকে নেদেখিলে ৷ তাত বৰ্ণমালা নাই আছে এজনী নিয়মৰ জৰীৰে পেছি পেছি বান্ধিব খোজা বোৱাৰী, যিয়ে অসহায় হৈ মানি ল’ব লাগিব ওৰেটো জীৱনলৈ নিজে ভাল নোপোৱা এসোপা কথা ৷

    পাঁচ বছৰ পিছত সকলোকে বুজাই পৰিমলে তাইক আঙঠি পিন্ধালে সমাজত ৷ কিন্তু সোঁহাতৰ অনামিকাত এটা হীৰা খটোৱা আঙঠিয়ে তাইক এনেকৈ বান্ধিব বুলি তাই কল্পনাই কৰা নাছিল ৷ কিমান যুক্তি তৰ্কৰ মাজত তাই সম্পৰ্কৰ স্বীকৃতি পাইছে তাক শব্দৰে বুজাব নোৱাৰি ৷ আঙঠিটো পিন্ধি তাই আৱেগত সমাজৰ মাজতে পৰিমলক সাৱটি ধৰি চুমা খাইছিল আৰু প্ৰাপ্তিৰ সুখত চকু পানী মচিছিল ৷ পিছে সময়ত সেই আঙঠিটোৱে পৰিমলৰ মনৰ কলা দিশ এটাক পোহৰাই দি তাইক এন্ধাৰলৈ নিবলৈ যত্ন কৰিব বুলি তাই কেতিয়াও ভবা নাছিল ৷ তাই নিজকে এন্ধাৰত হেৰুৱাই দিব খোজা ছোৱালী নহয় ৷ তাই তাৰ পৰা পোহৰৰ সন্ধানত নামিব পৰাকৈ সাহসী ছোৱালী বুলি তেতিয়াই নিজকে দেখিছিল ৷ তাইৰ মনৰ আইনাত নিজৰ ছবিখন স্পষ্ট কৈ দেখা পোৱাত ইয়ে তাইক পোহৰ বাটৰ সন্ধান দিছিল ৷

    সকলো আয়োজন সুকলমে হৈছিল ৷ ককায়েক আহি নাপাই সিদিনা, তথাপি মাক-দেউতাকে পৰিমলৰ ঘৰৰ মানুহৰ সুবিধা বুজি সেই দিনটো ঠিক কৰিলে বিয়াৰ তাৰিখ কৰিবলৈ ৷ তাই কাকো বাধা দিব নোৱাৰে কাৰণ ল’ৰা তাই নিজে পছন্দ কৰা ৷ তাই কান্দি-কাটি আতুৰ হ’বও নোৱাৰে কাৰণ তাই সাতাইশ বছৰীয়া এগৰাকী বয়স্ক ছোৱালী ৷ মাক-দেউতাকৰ দ্বাৰা কথাবোৰ কোৱাব নোৱাৰে কাৰণ তাইৰ বৰ্তমান লোৱা এইটো এটা কঠোৰ নিজৰ সিদ্ধান্ত ৷ সেয়ে তাই সাহ কৰিলে সকলোকে নিজ মুখে ক’বলৈ, তায়ো যে এগৰাকী নিজ চিন্তাৰে নিজৰ মত দিব পৰা ছোৱালী, নিজ অস্তিত্বৰে সম্পূৰ্ণা স্বাৱলম্বী আজিৰ নাৰী তাকে বুজাবলৈ ৷ বহুদিন হ’ল নিজৰ কণ্ঠক ৰুদ্ধ কৰি জীয়াই থকা ৷ 

    তাইৰ মন আছিল NDA ( National Defence Academy ) ত পঢ়ি ইণ্ডিয়ান এয়াৰ ফৰ্চৰ পাইলত হোৱাৰ, সকলো যোগ্যতা অৰ্জন কৰাৰ পিছত তাইক কোৱা হ’ল তাই ছোৱালী, Defence অৰ দৰে জটিল কাম তাইৰ বাবে নহয়, পাইলট হ’বলৈ বহু ল’ৰাই সাহ নকৰে তাই ক’ত পাৰিব ? ছোৱালীৰ বাবে  শিক্ষয়িত্ৰীতকৈ ভাল আৰু সুবিধাৰ কাম নাই ৷ এনেদৰেই তাই নিজৰ ইচ্ছাক সামৰি ফিজিক্সৰ অধ্যাপিকা হোৱাটোকে মানি ল’লে ৷ এনেদৰে আৰু কিমান নহ’ল সোমাই আছে জীৱনত তাই মৌন হৈ হিচাবহে কৰিব পাৰে তাৰ ৷ তাক পুৰা কৰাৰ হাবিয়াস হেৰাই যায় তাইৰ ক্ৰমে ৷ কিন্তু পৰিমলৰ বিবাহৰ চৰ্তবোৰৰ মাজত তাই তাইক বিচাৰিবলৈ আৰম্ভ কৰিলে, কাৰণ ইমানতে তাই তাইৰ জীৱনৰ নহ’লবোৰক বিদায় দিব খোজে আৰু হ’লৰ টোকা বহী এখন জীৱনৰ সঙ্গী কৰিব খোজে ৷ তাৰ প্ৰতিক্ৰিয়াতে তাই সিদিনা বিয়াৰ তাৰিখ কৰিব অহা ৰূমভৰ্তী মানুহৰ আগত নিজৰ বক্তব্য আৰম্ভ কৰি দিলে ৷

“ আমি সভ্যতাৰ পুৰণি গল্পকেই পঢ়ি থাকিম জানো চিৰকাল ৷ নাই আমি নতুনৰ বাটেৰে ন সভ্যতাক আদৰিবলৈ সাজু হ’ব লাগিব ৷ আমি সলাব লাগিব সভ্যতাৰ আদি পাঠ ৷ কেৱল উপত্যকাৰ বুকুতেই সভ্যতাৰ গৰ্ভত নতুনৰ জন্ম হ’ব এনে একো সূত্ৰ আজি আৰু নাই ৷ আজি মৰুভূমিৰ বালিৰ মাজত সেউজ উদ্যান গড় লৈ উঠিছে ৷ পৃথিৱীৰ আটাইকৈ ওখ ’ব্ৰুজ খলিফা’ থিয় হৈ আছে বালিৰ ওপৰতেই ৷ যদি বিয়া নহ’লে জীৱন পুখুৰী শুকাই মৰুভূমিত পৰিণত হয় তেন্তে আমি তাতেই সাজি লম ভৰষাৰ সৌধ আৰু তাতেই ৰুই দিম সম্ভাৱনাৰ সেউজ পুলি ৷ এতিয়া বুজাৰ পাল আপোনালোকৰ , মোৰ নহয় ৷ মোৰ জীৱন মোৰ কথা ৷ মই অকলশৰে যদি জীৱনৰ পথত সবলে চলিব পাৰোঁ মোক কিয় মোৰ স্বামী হিচাবে কোনোবা এজন লাগে ৷ মোক জীৱন সঙ্গী লাগে ৷ প্ৰভুত্ব দেখুওৱা স্বামী নালাগে মোক আৰু যদি তেওঁ মোৰ প্ৰেমিক হয় তেন্তে এনে প্ৰেম জীৱনত কি দৰকাৰ যি প্ৰেম প্ৰতিপন্ন কৰিবলৈ নিজত্ব বিসৰ্জন দিয়াৰ প্ৰয়োজন আহি পৰে ৷ ইয়াতকৈ হাজাৰ গুণে শ্ৰেষ্ঠ একাকীত্বৰ জীৱন ৷ প্ৰেমহীন জীৱন ৷ আৰু ময়ো তাকেই স্বাগতম জনাবলৈ আয়োজন কৰিছোঁ মা ৷ তোমালোকে মোক বাধ্য নকৰিবা ৷ সকলোৱে জনাকৈ ভাল পাইছিলোঁ বুলিয়েই মুখ লজ্জাত পৰি মই বিবাহক আদৰিবলৈ ৰাজী নহয় ৷ মোৰ মনৰ তাগিদাত তাক মই তেতিয়া ভাল পাইছিলোঁ সেইটো সত্য আৰু আজি সেই একেটা মনৰ তাগিদাত তাক মই এৰাৰ সিদ্ধান্ত লৈছোঁ এইটোও সত্য ৷ যদি মোৰ এই সিদ্ধান্তক তোমালোকে মানি ল’ব নোৱাৰা তেন্তে মই আন এটা সিদ্ধান্ত কৰি থৈছোঁ ৷ প্ৰয়োজনত শুনাম ৷ ”

     তাইৰ স্পষ্ট কথাত জিকাৰ খাই উঠিল আলোচনাত বহি থকা সকলো ৷ এয়া দুটা সম্ভ্ৰান্ত পৰিয়ালৰ সন্মানৰ কথা ৷ আঙঠি পিন্ধাই থৈ বোৱাৰীৰ মৰ্যাদা দিয়া ছোৱালী জনীয়ে এনেকৈ ক’লে কেনেকৈ হ’ব ৷ আজি বিয়াৰ দিন ঠিক কৰিবলৈ আহি এয়া হ’বলগীয়া কইনাৰ মুখত বিয়া নহ’বলৈ দিয়া ডাঙৰ ডাঙৰ যুক্তিৰে বক্তৃতা ৷ তাইৰ হ’বলগীয়া শহুৰদেউতাকে বিৰক্তিৰে কৈ উঠিল --

“ তাক মই বাৰ বাৰ কৈছিলোঁ বেছি উচ্চ শিক্ষিতা বোৱাৰী নালাগে , গাইৰ দৰে শান্ত শিষ্ট ছোৱালী এজনী চা ৷ মোৰ ঘৰৰ মান-মৰ্যাদা মানি আমাৰ সেৱাত ব্ৰতী হোৱা ছোৱালী চা ৷ তাৰ কি সদম্ভ অহংকাৰ তাই শিক্ষিতা ছোৱালী ৷ সকলো বুজিব পৰা ছোৱালী আৰু তাইক মই কৈছোঁৱেই আমাৰ ঘৰৰ সকলো কথা ৷ এয়া সকলো কোৱাৰ , সকলো বুজাৰ ফল নে কি ? ”

     কথাৰ উত্তাপ দেখি কইনাৰ দেউতাকে হাতযোৰ কৰি ক’লে -- 

“ আমাক দুদিনমান সময় দিয়ক , তাই কিয় এনেকৈ কৈছে আমি জানি লওঁ ৷ কালিলৈ তাইৰ ককায়েকো আহিব লণ্ডনৰ পৰা ৷ সিয়ে ভনীয়েকক বুজোৱাৰ দায়িত্ব ল’ব ৷ ”

   দেউতাকৰ অসহায় ৰূপটো দেখি মাকৰ চকুৰে ধাৰাসাৰে চকুপানী বাগৰিল ৷ ইমান দিনে গৰ্ব কৰি অহা ছোৱালীজনীয়ে আজি এয়া কি ৰূপ দেখুৱালে ৷ এয়া তেওঁলোকৰে দোষ বুলি মাকে কৈ কৈ হাতযোৰ কৰি ক্ষমা খুজিলে সকলোৰে আগত ৷ তেওঁলোকেই ছোৱালীক ছোৱালী হোৱাৰ শিক্ষা নিদি মানুহ হ’বলৈ শিক্ষা দিছিল ৷ আৰু আজি তাই মানুহ হৈ মাক-দেউতাকক দিব লগা সন্মান খিনিও পাহৰি গ’ল ৷ বিয়াৰ তাৰিখ কৰিবলৈ অহা দুয়োখন ঘৰৰ বংশ পৰিয়ালৰ মানুহবোৰে একো এটা মুখত নিদিয়াকৈ গ’লগৈ ৷ 

    মাকৰ কথাত তাইৰ প্ৰচণ্ড খং এটা উঠি আহিছিল যদিও মনৰ খং মনতে সামৰি তাই নিজৰ কোঠাৰ দুৱাৰখন বন্ধ কৰি ল’লে ৷ তাই বৰ্তমান এখন স্বনামধন্য কলেজৰ অধ্যাপিকা ৷ গতিকে তাইৰ ইচ্ছা নহ’লে মাক বা দেউতাকে তাইক আৰু একোতে বাধ্য কৰাব নোৱাৰে ৷

     কোঠাত সোমাই তাই মানে বৰ্ণমালা চৌধুৰীয়ে পৰিমল ঠাকুৰীয়ালৈ ( অৰ্থাৎ তাইৰ প্ৰাক্তন প্ৰেমিক যাৰ লগত তাইৰ বিয়াৰ দিন ঠিক কৰিবলৈ আহিছিল ) ফোন লগালে ৷ 

“হেল্ল’...

“ হাই পৰিমল...

“তুমি তোমাৰ ৰং দেখুৱাই দিলা ন বৰ্ণম ? ইমান কোৱাৰ পিছতো মা-দেউতাহঁতৰ অপমান নোহোৱালৈকে নেৰিলা ৷ ”

“ চোৱা পৰিমল , মোৰ তেখেতসকলক অপমান কৰাৰ কোনো উদ্দেশ্য নাই আৰু মই কাকো অপমান নকৰাকৈ মোৰ মনৰ কথাটোহে মাত্ৰ সমজুৱা কৈ কৈছোঁ ৷”

  “ বহুত বেছি কৰিছা তুমি বৰ্ণম ৷ ইয়াৰ বাবে এদিন তুমি পস্তাব লাগিব ৷ নিজকে বিশেষ কিবা এটা বুলি যি অহংকাৰ দেখুৱাইছা সিয়ে এদিন তোমাক ডুবাব কৈ থ’লোঁ ৷ ”

  “ হ'ব বাৰু মোৰ জীৱনত কি হয় সেয়া মই চাম , তোমাৰ জীৱনটোক যি মতে বিচাৰা তুমি তাৰ বাবে নিজক প্ৰস্তুত কৰা আৰু দেউতাৰাই কোৱাৰ দৰে একান্ত বাধ্য গাই যেন বোৱাৰী এজনী আনি ঘৰত সেৱীকা ৰূপে দিয়া ৷ মই সিমানখিনি কৰিব নোৱাৰোঁ বাবে তোমাৰ লগত বিয়াত নবহাৰ সিদ্ধান্তটো লৈছোঁ ৷ আগলৈ আৰু মোক ফোন নকৰিবা বা যোগাযোগো নকৰিবা. ময়ো নকৰোঁ ৷ এসময়ত লোৱা তোমাৰ বা মোৰ ভুল সিদ্ধান্তৰ পৰিণতি আজিৰ এয়া বুলি বাদ দিয়া সকলো ৷ ”

   “ বাহ্ বৰ সহজতে কৈ দিব পাৰিলা বাদ দিয়া বুলি ৷ পাহৰি গ’লা তুমি মোৰ ওচৰত তোমাৰ শৰীৰো সমৰ্পণ কৰাৰ কথা ৷ এতিয়া তোমাক বোধহয় আন পুৰুষৰ সুখ লাগে ৷ মোক সেয়ে বাদ দিব কৈছা ৷ ”

    “ মুখ থাকিল বুলিয়েই যি টি নক’বা পৰিমল ৷ শৰীৰ তোমাক সমৰ্পণ কৰিছিলোঁ , তাত মোৰ কোনো খেদ তেতিয়াও নাছিল আৰু এতিয়াও নাই ৷ শৰীৰৰ সুখেই জীৱনৰ সৰ্বস্ব সুখ হোৱা হ’লে মই তোমাৰেই হৈ থাকিলোঁহেঁতেন ৷ কথাটো মনলৈ আহি পৰিল ৷ মনটো মোৰ তোমাৰ সৈতে একাত্ম কৰিব নোৱাৰাটোহে আমাৰ সম্পৰ্ক শেষ হোৱাৰ মূল কাৰণ ৷ মই এগৰাকী স্বাৱলম্বী নাৰী ৷ মই মোক বিসৰ্জন দি তোমাৰ হ’ব নোৱাৰোঁ ৷ মই মোক তোমাৰ জীৱন সঙ্গী কৰি বিচাৰিছিলোঁ , কিন্তু তুমি মোৰ জীৱনত বেদখলকাৰীৰ দৰে দখল বিচাৰিছা ৷ মোৰ সত্ত্বাত মই কাৰো বেদখল নিবিচাৰোঁ ৷ কথা সিমানেই ৷ ” 

    কৈয়ে তাই ফোনটো থৈ দিলে ৷ অনৰ্থক কথা পাতি লাভ নাই ৷ কিছুমান কথাৰ কোনো সমাধান নাই ৷

   সেইদিনা ৰাতি তাই আৰু ঘৰৰ কাৰো ভাত খোৱা নহ’ল ৷ তায়ো নিজৰ কোঠাৰ পৰা ওলাই নাহিল ৷ মাক-দেউতাকৰ দুৰ্বল মন দুটাই কষ্ট পালে বুলি তাইৰ মনত দুখ এটাই ক্ৰিয়া কৰি থাকিল ৷ 

       কিন্তু তাই উপায়হীন ৷ যিদিনাৰ পৰা তাই আনৰ দৃষ্টিৰে নিজক চাবলৈ এৰিলে, সিদিনাৰ পৰাই তাই নিজৰ ছবিখন আগতকৈ স্পষ্টকৈ দেখিবলৈ আৰম্ভ কৰিলে ৷ নিজৰ জীৱনটোত নিজৰ কৰিবলগীয়াবোৰ একান্তই নিজৰ ভাললগাৰ ওপৰত নিৰ্ভৰ কৰি এটা পৰিকল্পনা কৰিব লাগে ৷ সকলোতে আনক সামৰি চিন্তা কৰিবলৈ গ’লে নিজে ভাল বুলি বিবেচনা কৰা কামটো বেয়াত পৰেগৈ ৷ তাইৰ যুক্তিয়ে সিহঁতৰ সম্পৰ্কক আগবঢ়াই নিব নোৱাৰাৰ কাৰণবোৰ বিচাৰি পায়ে আঁতৰি অহাৰ সিদ্ধান্ত লৈছে তাই ৷ যিমানেই দুয়োৰে বিয়াৰ দিন ঠিক কৰাৰ সময়টো আগবাঢ়িছিল, সিমানেই যেন পৰিমলৰ মনৰ পৰিসৰো ঠেক হৈ আহিছিল ৷ সি কেৱল তাক লৈ চিন্তিত আছিল, তাৰ জীৱনত তাই ক’ত আছে সি বিচাৰি উলিয়াব নোৱাৰা হ’ল লাহে লাহে ৷ তাইৰ মুকলি মনৰ কামবোৰ, দুখীয়াৰ দুখৰ উপশমত ব্যস্ত বৰ্ণমক, ডেউকাত এজাক সপোন উৰুৱাই নীল আকাশত মুক্তমনে বিচৰণ কৰা মনটোক, সি যেন এখন জাল পাতি ধৰিলৈ এটা সোণৰ পিঞ্জৰাত আৱদ্ধ কৰিব বিচাৰিছে য’ত থাকিব তাৰ পছন্দৰ কাপোৰ, তাৰ পছন্দৰ খাদ্য, তাৰ পছন্দৰ সংগীত আদি ৷

   “ বৰ্ণম এনে কাম নকৰিবা, বৰ্ণম তোমাৰ কিছু বন্ধু-বান্ধৱীক কৈ দিবা যাতে এতিয়াৰ দৰে আহি আমাৰ ঘৰতো ভীৰ কৰি নাথাকে ৷ সন্ধিয়া যে মাজে মাজে সিহঁতৰ লগত আড্ডাত মচগুল হৈ থাকা, সেই আড্ডা আৰু আমাৰ ঘৰৰ বোৱাৰীয়ে মাৰিব নোৱাৰে ৷ আৰু তুমি যে যি টি কাপোৰবোৰ পিন্ধি থাকা, সেইবোৰে আমাৰ দৰে সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰীৰ বাবে শুৱনী নহয় ৷ আৰু এটা কথা আমাৰ ঘৰত তোমাৰ বেষ্ট ফ্ৰেইণ্ড নাজিয়া আহিব নোৱাৰিব ৷ কাৰণ তাই তোমাৰ লগত বেডৰুম, কিটচেন সকলোতে আহি বিচৰণ কৰি ফুৰা কথাটো আমাৰ ঘৰৰ নিয়মৰ বাহিৰত ৷ কাৰণ পূৰ্বৰে পৰা আমাৰ ঘৰখনত বাহিৰা দ্ৰয়িংৰূমৰ ব্যৱস্থা আছে তেওঁলোকৰ দৰে মানুহৰ কাৰণে ৷ তাইক তুমি আহিলে কেৱল বাহিৰৰ ৰূমত বহুৱাই থবলৈ টান পাবা যে সেয়ে কৈ থৈছোঁ ৷ বাহিৰত লগ পাবা, খাবা মোৰ আপত্তি নাই ৷ মাত্ৰ তাইৰ ঘৰত গৈ খোৱাটো এৰিবা,  গতিকে তোমাৰ আধুনিকতাবোৰ অলপ আমাৰ ঘৰত নচলে বাবে ইয়াতে এৰি যাবা ৷ বিয়াৰ পিছত সংসাৰ পাতিবলৈ অলপ এৰাধৰা লাগেই আৰু বুজিছা নহয় ৷”

    এইবোৰ শুনি শুনি তাই অতীষ্ঠ হৈ পৰিছিল ৷ ইয়াৰ অৰ্থ কি ? যিটো ল’ৰাই তাইৰ সৰলতা আৰু সকলোকে এক ভাবি আত্মীয়তা গঢ়া স্বভাৱক প্ৰশংসা কৰি তৎ নাপাইছিল, লগত লৈ বাহিৰলৈ যাবলৈ আধুনিক ফেচনৰ কাপোৰ নিজে কিনি দিছিল পিন্ধিবলৈ, নিজহাতে সন্ধিয়াৰ আড্ডাত এপেগ মদ খাবলৈ উৎসাহ দি তুলি দিছিল, নাজিয়াক মৰমৰ ভনী বুলি স্থান দি সিহঁতৰ প্ৰেমৰ সাঁকোখন কপকপীয়া কৰিছিল আজি সেই ল’ৰাটোৱে তাইক বোৱাৰী কৰি ঘৰখনলৈ নিবলৈ এইবোৰ এৰিবলৈ বাধ্য কৰিবলৈ দৃঢ় হৈছে ৷ তাই তাইৰ আত্মাক এৰি থৈ দেহটোহে লগত লৈ যাব লাগিব নেকি ? পৰিমলৰ কথাবোৰত তাই ক’তোৱেই নাই ৷ তাত সি আছে, তাৰ পৰিয়ালৰ সন্মান আছে ৷  অৰ্থাৎ তাৰ লগত তাই বিয়া হোৱাৰ স্বাৰ্থত নিজক হেৰুৱাই দিব লাগিব, তেহে সংসাৰ হ’ব ৷ কিন্তু কিয় তাই তাইৰ আত্মাক এৰি আনৰ আত্মাত বিলীন হ’বলৈ গুচি যাব ৷ তাইৰ মনৰ আইনাত তাই নাই ৷ ইমান দিনে পৰিমলকহে তাই দেখি আছিল প্ৰেমৰ চাদৰ এখন মেৰিয়াই দি তাইৰ চিন্তাক, তাইৰ মনৰ ডেউকাক সি ঢাকি থৈ দুৰ্বল কৰি দিয়াৰ চেষ্টা অহৰহ কৰি থকা ৷ এতিয়া সময় সলনি হ’ল, তাইৰ আইনাখনত নিজক বিচৰা আৰম্ভ কৰিলে আৰু যেতিয়া তাই তাত নিজকে দেখিবলৈ আৰম্ভ কৰিলে তাই মন কৰিলে তাই অনন্যা, তাই একক ৷

    তাত পৰিমলৰ ধূলিময় ছবিখন মোহাৰি দিয়াত লাহে লাহে তাইৰ ধূসৰ ছবিখন স্পষ্ট হৈ আহিবলৈ ধৰিলে ৷ তাইৰ শৈশৱ, তাইৰ নিসংকোচ মন, তাইৰ নিৰ্ভেজাল হাঁহি, তাইৰ জটিলতাহীন সম্পৰ্কবোৰ, তাইৰ কৰি ভাল পোৱা কামবোৰ, আনৰ সুখৰ বাবে কৰা যুদ্ধবোৰ, তাইৰ শিক্ষা, তাইৰ প্ৰতিবাদী কণ্ঠটো সকলো যেন তাই দেখিছে ৷ হয় তাই স্পষ্টকৈ নিজকে দেখিছে ৷ নিজকে তাইৰ পৃথিৱীৰ অমূল্য ৰত্ন যেন লাগিছে ৷ এই শুৱনি ৰত্নটো তাই আনৰ আঙুলি শুৱনি কৰিবলৈ দিব নোৱাৰে ৷ এই ৰত্নৰ পোহৰে তাইৰ আত্মসত্বাক পোহৰাব লাগিব ৷ নিজৰ হাতৰ আঙুলিত পিন্ধি তাৰ পোহৰেৰে আনক উজ্জ্বলতা দিব লাগিব ৷ সেই পোহৰ সহ্য কৰি যিয়ে তাইক গ্ৰহণ কৰিব সি হে তাইৰ আচল জীৱনসঙ্গী হ’ব ৷

    সমাজে হয়তো তাইক উদ্ভৎ চিন্তাৰ স্বাৰ্থপৰ নাৰী বুলি ক’ব, ক’লেও ক’ব, তাইৰ নিজৰ তাইৰ লক্ষ্য আৰু উদ্দেশ্যত সমাজ বাধা হ’ব নোৱাৰে ৷ সমাজ মানুহে গঢ়িছে, মানুহেই একমাত্ৰ এনে প্ৰাণী যিয়ে নেকি সমাজ সলাবলৈ সামৰ্থ ৰাখে আৰু তাই সমাজৰ চিন্তা সলাব পৰা নতুন চিন্তাৰ গৰাকী হৈ তাইৰ হেঁপাহক নিজস্ব ৰূপ দিবলৈ দৃঢ়প্ৰতিজ্ঞ ৷ আজি তাই সুখী কাৰণ আজি তাই নিজৰ অন্বেষণত নামিছে ৷ নিজৰ কথাবোৰ তাই থানথিত লগাই ভাবি ল’লে, কাৰণ পিছদিনা ককায়েক আহিব আৰু তাই ককায়েকক তাইৰ স্পষ্ট ছবিখন দেখুৱাব লাগিব ৷ 

    মনটো মুকলি কৰি তাই বন্ধ খিৰিকীখন খুলি দিলে ৷ আকাশত অষ্টমী জোনটোৱে লাহে লাহে আন্ধাৰ আদৰাৰ প্ৰস্তুতিত লাগি আছে ৷ অমানিশাক বুকু পাতি গ্ৰহণ কৰিব পাৰিলেহে পূৰ্ণজোনে স্বৰূপ পায় ৷ সভ্যতাৰ পুৰণি গল্প বহু হ’ল এতিয়া নতুন যুগৰ ন গল্প ৰচাৰ দিন সমাগত।


পৃষ্ঠা ৪৩


কথাগল্প 

স্বভাৱ

ডুলু অধিকাৰী 
সৰভোগ , বৰপেটা ।

(ভাগৱতৰ পৰা শুনা এটি সৰু কাহিনী কথাগল্প আকাৰে নিজৰ ভাষাৰে প্ৰকাশ কৰিলোঁ)

নাৰদ --- নাৰায়ণ  !  তোমাৰ আটাইতকৈ প্ৰিয় কোন ? 
নাৰায়ণ --- সুদামা ।
নাৰদ --- কিয়  ! মই কিয় হ'ব নোৱাৰিলোঁ‌ ? উঠোঁতে বহোঁ‌তে দিনে ৰাতিয়ে নাৰায়ণ নাৰায়ণ বুলি উচ্চাৰণ কৰি থাকোঁ‌ অথচ মই তোমাৰ প্ৰিয় হ'ব নোৱাৰিলোঁ‌ ! 
নাৰায়ণ ---- তুমি কিয় হ'ব নোৱাৰিলা কৈ আছোঁ‌ ৰ'বা লাহে লাহে । 
নাৰদ ---- নাৰায়ণ  , নাৰায়ণ ।
নাৰায়ণ --- তোমাক এই তেলৰ পাত্ৰটো দিলোঁ‌ , তুমি এই পাত্ৰটো লৈ পৃথিৱীখন পৰিভ্ৰমণ কৰা । চাবা যাতে এটোপালো  তেল ক'তো নপৰে  । মনত ৰাখিবা এটোপ তেল পৰিলেই পৃথিৱী ধ্বংস হ'ব ! 
নাৰদ ---- নাৰায়ণ , নাৰায়ণ ! 
             কেইদিনমান  পিছত নাৰদে পৰিভ্ৰমণ কৰি আহি তেলৰ পাত্ৰটো নাৰায়ণৰ হাতত তুলি দি ক'লে --- " এতিয়া কোৱা তোমাৰ প্ৰিয় কোন ? " 
নাৰায়ণ --- তুমি এই পৰিভ্ৰমণৰ সময় চোৱাত মোক কিমান বাৰ মাতিছা কোৱা চোন । 
নাৰদ --- এবাৰো কৰা নাই ! 
নাৰায়ণ ---- কিয় ?
নাৰদ --- তেল পৰিব  বুলি পাত্ৰটি সাৱধানে অতি মনোযোগেৰে ঘূৰি ফুৰোঁ‌তে তোমাক এবাৰো স্মৰণ কৰিব পৰা নগ'ল ! 
নাৰায়ণ ---- তুমি যেনেকে তোমাৰ কৰ্ম ব্যস্ততাৰ কাৰণে মোলৈ মনত পেলাবলৈ সময় নাপালা । তেনেদৰে সুদামায়ো তাৰ প্ৰতিদিনৰ অন্ন যোগাৰৰ অৰ্থে ব্যস্ত হৈ থকাৰ বাবে দিনটোত মাথোঁ দুবাৰ মোক স্মৰণ কৰে ! স্নান কৰাৰ সময়ত আৰু নিদ্ৰাদেৱীৰ কোলাত নিজকে অৰ্পন কৰাৰ সময়ত ! সেই সময় খিনিৰ বাবে মইয়ো সৰৱ হৈ থাকোঁ‌ ! 
আৰু তুমি হৈছা কাম নোহোৱাৰ নিচিনা ইফাল - সিফাল কৰি কেৱল নামটোহে উচ্চাৰণ কৰি ফুৰা যি কৰ্মত অলপো ভক্তিৰস নাই ! মাত্ৰাধিক্য হোৱাতো উচিত নহয় লাগিলে সি সম্পৰ্ক ৰক্ষাই হওক নতুবা আন কোনো উদ্দেশ্যই হওক ! 
নাৰদ --- এতিয়া কোৱা , কোন প্ৰিয় ? 
নাৰায়ণ ---- সুদামা ! 
চোৱা তুমি মোৰ লগত কথা পাতি থকা সময়তে মোক কিমান বাৰ যে মাতিলা ! এয়া তোমাৰ অভ্যাসত পৰিণত হৈছে !  এয়া তোমাৰ স্বভাবগত দোষ ! মোৰ কৃপা লাভ কৰিবলৈ হ'লে হাজাৰ ব্যস্ততাৰ মাজত দিনটোত এবাৰ ভক্তি ভাৱে স্মৰণ কৰিলেই মোক্ষ প্ৰাপ্তি হয় ! 
 গতিকে মনত ৰাখিবা মিঠা মাত্ৰাধিক্য হ'লে সি তিতালৈ পৰিণত হয় ! 
নাৰদ ----- নাৰায়ণ , নাৰায়ণ ! 

( তথাপি নাৰদৰ স্বভাব সলনি নহ'ল )


পৃষ্ঠা ৪৪

" হিতাধিকাৰী হোৱা ভাল নে দেশৰ সুস্থ নাগৰিক ? "

               শিৰোনাম দখল কৰা প্ৰশ্নটো মই সোধা নাই । এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো সুধিছিল আজিৰ পৰা প্ৰায় কিছু দিনৰ আগতে এন ডি টি ভিৰ প্ৰতিদিন টাইমচ্‌ত প্ৰকাশিত এটা বাতৰিত। পাকিস্থান আৰু শ্ৰীলংকাৰ অৰ্থনীতিৰ দেউলীয়া অৱস্থাটোক সোঁৱৰি কোৱা হৈছিল পৰৱৰ্তী কোন ? উল্লেখ যোগ্য যে বাতৰিটোত কোৱা মতে ৬৩০ কোটি টকা বিশ্ববেংকৰ পৰা লোণলৈ শ্ৰীলংকাৰ চৰকাৰে কি কৰিলে ? কাৰণ বাতৰিটোত কোৱা মতে শ্ৰীলংকাৰ ৰাস্তা ঘাট নিৰ্মাণ কৰিছে চীনে।
              কথা হ'ল শ্ৰীলংকাৰ অৰ্থব্যৱস্থা আমাৰ আলোচ্য বিষয় নহয়। প্ৰসংগক্ৰমেহে শ্ৰীলংকাৰ নাম আহিছে। মূল কথাটো হ'ল আজি উন্নয়নশীল দেশ হিচাপে ভাৰতবৰ্ষয়ো বিশ্ববেংকৰ পৰা প্ৰায় ৩০ হাজাৰ কোটি টকা লোণ লৈ থৈছে আৰু স্বাৱলম্বী ভাৰতৰ শ্ল'গান দিয়া ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০ কোটি জনসাধাৰণ হিতাধিকাৰী। 
            এইখিনিতে আমি আকৌ বাতৰিটোৰ মাজলৈ উভটি যাব লাগিব। শ্ৰীলংকাৰ বৰ্তমানৰ চৰকাৰে গাদীত বহিয়ে কৃষি কাৰ্যত কীটনাশক দ্ৰৱ্যৰ ব্যৱহাৰ বন্ধ কৰিছিল। ফলত দেউলীয়া কৃষকক উদ্ধাৰ কৰিবৰ বাবে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰিব লগা হ'ল আৰু বৰ্তমান শ্ৰীলংকাৰ চৰকাৰ দেউলীয়া। বাতৰিটোৰ মতে।
                এতিয়া কথা হ'ল আমাৰ ভাৰতত স্বাধীনোত্তৰ কালৰ পৰাই হিতাধিকাৰী জন্ম হৈ আহিছে আৰু যি ক্ৰমাগত ভাৱে কমিবৰ চাৰি  বাঢ়িছেহে। বৰ্তমান চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনিৰ জৰিয়তে হিতাধিকাৰীৰ সকলক বিভিন্ন প্ৰকাৰে সাহায্য প্ৰদান কৰা হৈছে। সেইয়া বিনামূলীয়া চাউল, ঘৰ, নগদ ধন আৰু অন্যান্য বহুতো। ফলত দেশৰ উন্নয়নৰ বাবে ব্যয় কৰিব লগা কিছু শতাংশ ধন এই হিতাধিকাৰী সকলৰ হাতত অৰ্পন কৰিব লগা হয়। ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা আহি পৰে যে এই হিতাধিকাৰী সকলৰ প্ৰতিজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ নে ? নে কিছু ভূৱা হিতাধিকাৰীও আছে ? 
          বৰ্তমান দেশত মূল্যবৃদ্ধি চৰম সীমাত আৰু আমি প্ৰতিদিনে যিকোনো স্থানত চৰকাৰক সমালোচনা কৰি আহিছোঁ। কিন্তু আমি মন কৰিছোঁনে যে এই হিতাধিকাৰী সকলৰ নামত প্ৰতিদিনে চৰকাৰে কিমান ধন ৰাজ ভঁৰালৰ পৰা ওলিয়াই দিব লগা হয় ? সেই কথা আমি নেভাৱো আৰু কোনোবাই ক'লেও কওঁ দেশত কিমান কেলেংকাৰী, কিমান টকা আমোলাৰ হাতত ক'লা ধনৰ ৰূপ পাইছে ? গতিকে আমি দুটকা লৈছোঁ কি হ'ল ? কথা হ'ল আমি নিজক শুধৰালেহে আনক শুধৰাব পাৰিম। 
               এতিয়া হিতাধিকাৰী ভূৱাই হওক বা যিয়ে নহওক। তেওঁলোকৰ বাবে খৰচ কৰা ৰাজ ভঁৰালৰ টকাখিনি কাৰ ? সেইয়া কিছু সংখ্যক আমি কৰ-কাতল হিচাপে দিয়া নাইবা বিশ্ববেংকৰ লোণ। এই যে টকাবোৰ চৰকাৰে ৰাজ ভঁৰালৰ বাবে গ্ৰহণ কৰিছে আৰু বিভিন্ন আঁচনিৰ জৰিয়তে আমাকে প্ৰদান কৰিছে। এই পক্ৰিয়াটোত লাভবান কোন হৈছে ? হিতাধিকাৰীৰ নামত আমাক প্ৰদান কৰা সামগ্ৰী বা টকাৰ বিনিময়ত বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। ফলত পুনৰ আমাৰ হাতৰ পৰাই প্ৰয়োজনাধিক ধন ওলাই গৈছে। আকৌ দেশৰ অন্যান্য শিতান সমূহত খৰচ কৰিবৰ বাবে চৰকাৰে প্ৰয়োজনাধিক লোণ ল'ব লগা হৈছে। ফলত দেশৰ অৰ্থনীতিত ঋণাত্মক প্ৰভাৱ পৰিছে। গতিকে চৰকাৰেও ভোট বেংকৰ আশাত হিতাধিকাৰী জন্ম দিয়া প্ৰক্ৰিয়াটোতকৈ নিবনুৱা সমস্যা সামাধানৰ কথাহে ভাৱিব লাগে।
             এইখিনিতে ক'ব লাগিব যে হিতাধিকাৰীৰ নামত ব্যয় হোৱা কিছু শতাংশ ধনো যদি বিভিন্ন উৎপাদন মূলক কামত ব্যয় হ'ল হেঁতেন আৰু দেশত যদি নিবনুৱাৰ সংখ্যা হ্ৰাস হ'ল হেঁতেন। তেন্তে হয়তু আজি ১৪০,০০০০০০ জনতাৰ প্ৰায় ৬০,০০০০০০০ জনতা হিতাধিকাৰীৰ তালিকাত অন্তভূক্ত নহ'ল হেঁতেন। কাৰণ উপাৰ্জন মুখী জনতাই সহায় বিচাৰি চৰকাৰৰ মুখলৈ চাই নেথাকে।
           গতিকে দেশৰ সৰ্বসাধাৰণ ৰাইজে বিচাৰ কৰি চাওক যে " হিতাধিকাৰী হোৱা ভাল নে দেশৰ সুস্থ নাগৰিক ?" প্ৰশ্নটোৰ উত্তৰ আপোনালোকে নিজেই বাচি উলিয়াৱক।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন


পৃষ্ঠা ৪৫






Post a Comment

0 Comments