পৃষ্ঠাঃ ২
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ
নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
6000709096/9127564124/9678696861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 মাৰ্চ, 2022.
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।
পৃষ্ঠাঃ ৩
বিশেষ সংবাদ
প্ৰকাশ পালে
বিশ্বৰ আজিৰ দিনটো
অংকুৰণ প্ৰকাশনৰ শেহতীয়া নিবেদনঃ কৃতী শিক্ষক শ্ৰীখগেন হাজৰিকাদেৱৰ দ্বাৰা সংগৃহিত বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে আৱশ্যকীয়া গ্ৰন্থ 'বিশ্বৰ আজিৰ দিনটো'। বছৰটোৰ ৩৬৫ দিনৰ প্ৰতিটো দিন কি বিশেষ কাৰণত উল্লেখযোগ্য সেই সম্পৰ্কে প্ৰকাশিত তথ্যসমৃদ্ধ গ্ৰন্থখনৰ মূল্য ১২০ টকা। আগ্ৰহী পঢ়ুুৱৈ তথা ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থখন ঘৰতে পাবলৈ 9678696861 নম্বৰলৈ হোৱাটচএপ যোগে বাৰ্তা প্ৰেৰণ কৰিব পাৰিব।
পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-৮
গ্ৰন্থ আলোচনা: ৯
ধাৰাবাহিক : পৃষ্ঠা ১০
অণুগল্প : পৃষ্ঠা ১১-১৫
এক মিনিটৰ গল্প : পৃষ্ঠা ১৬-১৭
অনুবাদ কবিতা : পৃষ্ঠা ১৮
কবিতা : পৃষ্ঠা ১৯-৩০
পৰিচয় শিতান: পৃষ্ঠা ৩১ -৩৩
গল্প : পৃষ্ঠা ৩৪-৩৫
নীলাখামৰ চিঠি: পৃষ্ঠা ৩৬
অনুভৱ : পৃষ্ঠা ৩৭-৩৮
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৩৯
পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।
পৃষ্ঠা ৬
সম্পাদকীয়ঃ
শিক্ষা আৰু জ্ঞান
অসমীয়া ভাষাত 'শিক্ষা' আৰু 'জ্ঞান' দুয়োটা শব্দক বহুতে প্ৰায় একেটা অৰ্থত ব্যৱহাৰ কৰা দেখা যায়। এজনে ‘মানুহজন শিক্ষিত’ বুলি কোৱাৰ লগতে শুনোতাজনে ‘মানুহজন জ্ঞানী’ বুলিও ধৰি লয়। অথচ শিক্ষিত আৰু জ্ঞানীৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। এজন মানুহ শিক্ষিত (Educated) মানে জ্ঞানী (Knowledgeable) নহ’বও পাৰে। একেদৰে জ্ঞানী মানেই শিক্ষিত নহ’বও পাৰে।
ব্যক্তি এজনে গোটেই জীৱনকালত যিমানেই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব, সিমানেই তেওঁক আমি শিক্ষিত বুলি ক’ম। শিক্ষা গ্ৰহণৰ এটা পদ্ধতি আছে। ক্ৰ'মানুসাৰে গ্ৰহণ কৰা এই শিক্ষা ব্যৱস্থাত কোনেও প্ৰাথমিক পৰ্যায় সম্পূৰ্ণ নকৰাকৈ পৰৱৰ্তী পৰ্যায়সমূহত খোজ দিব নোৱাৰে। অথচ জ্ঞানৰ ক্ষেত্ৰত কথাটো সুকীয়া।
ব্যক্তি এজন কিমান জ্ঞানী এই বিষয়টো ব্যক্তিজনৰ মানৱীয় প্ৰমূল্যসমূহ, পাৰিপাৰ্শ্বিকতা আৰু সামাজিক ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষিত লোক এজন নানান কেলেকাংৰীত জড়িত থাকিব পাৰে অথচ জ্ঞানী লোকে কেতিয়াও অনৈতিক কাৰ্যত জড়িত নহয়।
এনেবোৰ কাৰণতে দেখা যায়― মঞ্চত ডিঙি ফুলাই, বৰ বৰ কথাৰ ফুলজাৰি মৰা শিক্ষিত (তথাকথিত) ব্যক্তিজনে ঘৰ পোৱাৰ পিছতেই অন্য এটা ৰূপ ধাৰণ কৰে। ঘৰৰ কাম কৰা ছোৱালীজনীৰ ওপৰত শাৰীৰিক, মানসিক অত্যাচাৰ চলাবলৈ আৰম্ভ কৰি দিয়ে।
আনহাতে জ্ঞানী লোকে আনৰ হিতৰ বাবে, সত্যৰ হকে যুঁজ দিয়ে। এই যুদ্ধত কেতিয়াবা জ্ঞানী লোকজনৰ বহু পৰিমানে অৰ্থব্যয় হোৱাৰ উপৰি পৰিয়ালৰো ক্ষতি হোৱা দেখা যায়। তাৰ পাছতো জ্ঞানীজনে নিজৰ আদৰ্শৰ পৰা ফালৰি কাটি নাহে। প্ৰয়োজন সাপেক্ষে তেওঁ অকলেই সকলো দায়িত্ব মূৰ পাতি লয়।
অপ্ৰিয় সত্য যে আমাৰ সমাজখনতো লাখ লাখ শিক্ষিত লোক আছে আথচ নাই সেই অনুপাতে জ্ঞানী লোক। প্ৰতিবছৰে আমাৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানসমূহে হাজাৰ হাজাৰ শিক্ষিত লোকৰ জন্ম দিছে অথচ তেওঁলোকৰ বৃহৎ সংখ্যকৰে কোনো সামাজিক অৰিহণা নাই।
জ্ঞানী লোকৰ পৰিচয় প্ৰকাশ পায় তেওঁৰ কৰ্মত। এই স্বীকৃতি দিয়ে সমাজখনে, দেশৰ জনসাধাৰণে। উদাহৰণ স্বৰূপে আমি ভাৰতবৰ্ষৰ একাদশ ৰাষ্ট্ৰপতি (২০০২-২০০৭) ড০ এ পি জে আব্দুল কালামদেৱৰ কথা ক’ব পাৰো। তেখেত শিক্ষিত হোৱাৰ উপৰিও আছিল এজন জ্ঞানীলোক।
আমাক এনে জ্ঞানীলোকৰ প্ৰয়োজন। কিয়নো একমাত্ৰ জ্ঞানীসকলেহে আমাৰ সমাজখন শুদ্ধ পথত আগবাঢ়ি যোৱাত মুখ্য ভূমিকা পালন কৰি আছে।
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861
পৃষ্ঠা ৭
প্ৰৱন্ধঃ
বিয়ানাম
(প্ৰথম খণ্ড)
প্ৰণৱ ফুকন
(এই লেখাটোত ব্যৱহৃত বিয়ানামসমূহ শ্ৰীযুতা অঞ্জলি শৰ্মাৰ বিয়ানামৰ সংকলন নাম-মাধুৰীৰ পৰা লোৱা হৈছে ৷ অনুমতি প্ৰদানৰ বাবে লেখিকালৈ এই আপাহতে সশ্ৰদ্ধ ধন্যবাদ জনালোঁ ৷)
জীৱনৰ চাৰিটা মুখ্য ঘটনা হ’ল: জন্ম, মৃত্যু, বিবাহ আৰু গমন ৷ কিন্তু এই ঘটনা কেতিয়া ঘটিব, এই বিষয়ে কোনেও সঠিককৈ ক’ব নোৱাৰে ৷ যিজন ডাকপুৰুষে প্ৰায় সকলো বিষয়ে সঠিককৈ কৈ গৈছে, এই চাৰিটা বিষয়ত তেঁৱো একো ক’ব নোৱাৰিলে ৷
“জন্ম, বিবাহ, গমন, মৰণ ৷
ডাক পুৰুষৰো নহ’ল স্মৰণ ৷৷”
এই চাৰিওটাৰ ভিতৰত বিবাহে এক আনন্দমুখৰ বাতাবৰণৰ সৃষ্টি কৰে ৷ কাৰণ আমাৰ সমাজত বিবাহ বা বিয়া কেৱল দুটি সত্তাৰ মিলন নহয়, ই হ’ল দুটি পৰিয়ালৰ মিলন ৷ গতিকে আত্মীয়-স্বজন, ওচৰ চুবুৰীয়াৰ সমাগমেৰে বিয়া হৈ পৰে এক উৎসৱ ৷ য’তেই মানুহৰ সমাগম, বহু লোকৰ মিলন, তাতেই সৃষ্টি হয় লোককৃষ্টি ৷ পৃথিৱীৰ সকলো প্ৰান্তৰ বাবে এই কথা সঁচা ৷ লোককৃষ্টিৰ বৈশিষ্ট্য হ’ল ই সাধাৰণতে নিৰক্ষৰ গঞাৰ দ্বাৰা সৃষ্ট আৰু পুৰুষানুক্ৰমে মৌখিক ৰূপে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ধাৱিত হয় ৷ লোককৃষ্টিত গীত-মাতৰ বিশেষ স্থান আছে ৷
এই গীত-মাতবোৰ অসমত নাম বুলি পৰিচিত ৷ মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে পঞ্চদশ শতিকাত প্ৰচাৰ কৰা “এক শৰণ নাম ধৰ্ম” বুলি জনাজাত বৈষ্ণৱবাদৰ প্ৰসাৰৰ বাবে নাম-কীৰ্ত্তনেৰে সংস্কৃতিৰ শিষ্ট ৰূপটোৰ বাবে সৰ্বসাধাৰণ ৰাইজে গাব পৰাকৈ নামৰ সৃষ্টি কৰে ৷ এই নামেৰে অনুপ্ৰাণিত হৈ সৃষ্টি হয় টোকাৰী গীত, কামৰূপী লোকগীতৰ দৰে লোককৃষ্টিৰ ধাৰা ৷ আজান ফকিৰে সৃষ্টি কৰা জিকিৰ হ’ল সংস্কৃতিৰ শিষ্ট ৰূপৰ আন এক ধাৰা, যাৰ দ্বাৰা ফকিৰসকলে গোৱা নামৰ লোককৃষ্টি সৃষ্টি হয় ৷ বসন্তৰ গা উতনুৱা কৰা বতৰত প্ৰকৃতিৰ আহ্বানত নাচি উঠা ডেকা-গাভৰুৱে সৃষ্টি কৰে বিহুগীত; গৰখীয়া ল’ৰাই গৰু চৰাই থাকোঁতে গোৱা গীতেৰে সৃষ্টি হয় বনগীত, নাৱৰীয়াই বঠাৰ চেৱে চেৱে গাই নাৱৰীয়া গীতৰ জন্ম দিয়ে, আৰু অনেক ৷ ই যেন এক শেষ নোহোৱা তালিকা!
জন সমাগমৰ আন এক স্থল হ’ল পূজা-পাৰ্বন ৷ ইয়াতো গোঁসাই-গোঁসানীৰ কাহিনীৰ আধাৰত আয়তীসকলে গাই যায় গোঁসাই-গোঁসানীৰ নাম ৷ পূজাৰ প্ৰতিটো আনুষ্ঠানিকতাই বিভিন্ন নামৰ সৃষ্টিত অৰিহনা যোগায় ৷ সাধাৰণতে এই নামসমূহৰ জন্মদাত্ৰী হ’ল মহিলাসকল; অৱশ্যে কোনো কোনো নামে পুৰুষৰ হাততো জন্ম লৈছিল ৷ তত্ৰাচ এই নামবোৰৰ পৰিবাহিকা সদায় মহিলাসকলেই ৷ সকলো অঞ্চলতে নিজ নিজ উপভাষাত এনে নামে জন্ম গ্ৰহণ কৰিছে ৷
লোককৃষ্টিৰ আন এক সুকীয়া ধাৰা হ’ল বিয়ানাম ৷ বিয়ানামৰ এক স্বকীয় বৈশিষ্ট্য আৰু অনন্য মাধুৰ্য্য আছে ৷ ইয়াৰ কাৰণ হ’ল লোককৃষ্টিৰ এই ধাৰা সম্পূৰ্ণ ৰূপে মহিলাসকলৰ নিজা সৃষ্টি ৷ বিয়ানামৰ অবিহনে হোৱা বিয়াৰ কথা অসমত মানুহে হয়তো ভাৱিবই নোৱাৰিব ৷ মহিলাসকল লোককৃষ্টিৰ এই ধাৰাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু আজিও হৈ আছে ৷ বিয়াৰ প্ৰতিটো ঔপচাৰিকতা আৰু লোকাচাৰৰ লগত সঙ্গতি ৰাখি আয়তীসকলে বিভিন্ন ভাৱৰ আৰু যথাযথ সুৰৰ বিয়ানামৰ জোৱাৰ তোলে ৷ এইখিনিতে ক’ব খুজিছোঁ যে এই লেখাটোত উল্লিখিত ঔপচাৰিকতা বা লোকাচাৰসমূহ অসমৰ হিন্দু, বিশেষকৈ বৰ্ণ হিন্দুসকলৰ বিৱাহৰ লগত জড়িত ৷ অন্যান্য অনেক বিৱাহ সমাৰোহ, যেনে আহোমসকলৰ বৰ্ণাঢ্য চকলং আদিৰ অনুষ্ঠানসমূহ কিছু পৃথক আৰু প্ৰতিটোৰ সৈতে ৰজিতা খুৱাই আমাৰ নামতী আইসকলে মুখেমুখে বিয়ানাম সৃষ্টি কৰি অসমৰ মহিলাসকলৰ সৃজনশীলতাৰ প্ৰমাণ দি আহিছে ৷ তদুপৰি উল্লিখিত নামবোৰ সাধাৰণতে অবিভক্ত শিৱসাগৰ জিলা, ডিব্ৰুগড় জিলা আৰু নগাঁও জিলাতে সীমাবদ্ধ; আন কথাত উল্লিখিত নামবোৰ গড়গঞা অসমীয়াৰ নমুনা ৷ অসমৰ অন্যান্য প্ৰান্তবিশেষে দৰঙীয়া, কামৰূপীয়া, গোৱালপৰীয়া বিয়ানামৰ সৃষ্টি হৈ আহিছে ৷
বিয়াৰ দিনা বৰক প্ৰভু ৰামচন্দ্ৰ/ শ্ৰীকৃষ্ণ/ সদাশিৱৰ লগত আৰু কন্যাক দেৱী সীতা/ ৰুক্মিনী/ গৌৰীৰ সৈতে ৰিজোৱা হয়, যেন ভগৱান- ভগৱতীৰহে বিৱাহ হৈছে; ইয়াৰ লগে-লগে মাক হৈ পৰে কৌশল্যা/ দৈৱকী/ মেনকা ৷ বিয়াৰ প্ৰথম ঔপচাৰিতা হ’ল জোৰোণ; দৰাৰ মাক আৰু পৰিয়াল তথা চুবুৰীয়া মহিলাসকল কন্যাৰ ঘৰলৈ দৰাৰ ফালৰ পৰা আ-অলঙ্কাৰ, পাটৰ কাপোৰ আৰু অন্যান্য উপহাৰ লৈ যায় ৷ কেৱল এজন বা দুজন পুৰুষ অভিভাৱক হিচাপে যায় ৷ জোৰোণ দিবলৈ যাওঁতে আয়তীসকলে বিভিন্ন নাম গায় ৷ উদাহৰণস্বৰূপে:
ওলাই আহা দৈৱকী এ ৰজাৰ মহাদৈ এ ৷
শুভক্ষণে যাত্ৰা কৰি জোৰোণ দিয়াগৈ এ ৷৷
খাৰু লোৱা মণি লোৱা কুণ্ডল সাতেসৰী ৷
তেল সেন্দুৰ ফণি কাকৈ লোৱা শৰাই ভৰি ৷৷
জোৰোণ গৈ কন্যাঘৰত উপস্থিত হওঁতে আদৰ- সৎকাৰেৰে ভিতৰলৈ নিয়া হয় ৷ জোৰোণ আদৰিবলৈও নামৰ সৃষ্টি হৈ আহিছে:
ৰাম ৰাম জোৰোণ আহি পালে
ৰাম ৰাম আদৰি আনোগৈ
ৰাম ৰাম তামোল পাণৰ শৰাই লৈ হে ৷
ৰাম ৰাম আজি শুভদিনত
ৰাম ৰাম জোৰোণ আহি পালে
ৰাম ৰাম আছে কলৰ তলত ৰৈ হে ৷৷
জোৰোণ পিন্ধাবৰ বাবে কন্যাক নামৰ জোৱাৰেৰে ৰভাৰ তলত সজা মৰলৰ কাষলৈ অনা হয়:
ৰাম ৰাম জনকৰ জীয়ৰী
ৰাম ৰাম জানকী সুন্দৰী
ৰাম ৰাম জোৰোণ পিন্ধাই আজি চাওঁ হে
আকৌ
জাত: আহাঁ আইদেউ বহাহি
আজি শিৰত সেন্দূৰ সেৱা কৰি লোৱাহি
পদ: শাহু আই আনিছে শিৰৰ কামে সেন্দূৰ
গোন্ধতে আমোল মোলাই-হে আইদেউ
জোৰোণ পিন্ধাই কন্যাক দৰাঘৰৰ অভিন্ন অঙ্গ কৰি লোৱা হয় ৷ নামৰ মাজত তাৰ প্ৰতিস্ফলন দেখা যায়:
পদ: অসংখ্য তৰাৰ মাজত চন্দ্ৰৰে শোভন ৷
নাৰীৰে জীৱনত কৰে সেন্দূৰে ভূষণ ৷৷
সেন্দূৰ পিন্ধা সেন্দূৰ পিন্ধা জনকৰ জীয়ৰী ৷
দশৰথ ৰজাৰ তুমি প্ৰথমা বোৱাৰী ৷৷
জনকৰ দুহিতা তুমি মিথিলাৰ জীয়ৰী ৷
আজিৰ পৰা হ’লা আইদেউ অযোধ্যাৰ বোৱাৰী ৷৷
বিয়াৰ বিভিন্ন বিধিৰ আৰম্ভণি হয় জোৰোণৰ পৰাই ৷ জোৰোণৰ পৰা বিয়ালৈকে প্ৰতিদিনে গধূলি কন্যাক নোৱাই-ধূৱাই চকুত লগা কৰি ৰখা হয় ৷ নোৱাবৰ বাবে গধূলি পৰত মহিলাসকল নৈ বা তেনে কোনো জলাশয়লৈ গৈ পানী তোলে ৷ পানী তুলিবলৈ যাওঁতে এগৰাকী সৰু কন্যাই আগে-আগে দুণৰি ধৰি যায়; দুণৰিৰ ভিতৰত চাকি জ্বলাই ৰখা হয় আৰু তাৰ পোহৰে মহিলাসকল যোৱা পথ উজলাই তোলে ৷ এইদৰে যাওঁতেও নাৰীসকলে নাম গাই শুভ কামৰ বাবে যোৱাৰ বাতৰি দি যায়:
সজোৱা দুণৰি ঘট মঙ্গল কৰিয়া ৷
লগোৱা সহস্ৰ বন্তি ঘৃত তৈল দিয়া ৷৷
কাষে ঘট লোৱা ৰাধা মাথে লোৱা মালা ৷
যমুনালৈ যাব লাগে নকৰিবা হেলা ৷৷
নোৱাবৰ বাবে চাৰিটা কলপুলি পুতি তলত কলপটুৱাৰে সুন্দৰকৈ মাটি ঢাকি এখন মসৃণ মজিয়াৰ সৃষ্টি কৰা হয়; ইয়াক বেই বোলা হয় ৷ কোনেও যাতে কূটবুদ্ধি কৰি কইনাৰ অমঙ্গলৰ চেষ্টা কৰিব নোৱাৰে তাৰ বাবে বেই সাজোঁতে সকলোৰে অলক্ষিতে বেইৰ কলপটুৱা গাঁথি কৰা মজিয়াৰ তলত কোনোবা ঠাইত এটা হাঁহকণী পোতাৰ নিয়ম আছে । বেইৰ সন্মুখত আগলি কলপাতত খেৰৰ জুমুধিৰ ওপৰত পটাগুটি থয় । কইনা বেইৰ ভিতৰত তামূলী পীৰাত বহি কলপাতত থোৱা খেৰৰ জুমুধি আৰু পটাগুটিত ভৰি থোৱাৰ নিয়ম ।
আইদেউসকলে পানী তুলি ঘূৰি অহাৰ পাছত কইনাক বেইলৈ অনা হয় আৰু কইনাই বেই চাৰিওফালে প্ৰদক্ষিণ কৰি বেইৰ মজিয়াত পাৰি থোৱা পীৰাত বহে ৷ আইদেউসকলে কইনাৰ হাত, ভৰি, মুখ আৰু সমস্ত শৰীৰত মাহ-হালধী সানে ৷
বেই পাই ঘূৰিলা পীৰা পাই বহিলা
পাত পাই মেলিলা ভৰি ৷
তেল পাই আইদেউ বৰণে সলালা
হালধীত ছৰিলা অতি ৷৷
কইনাৰ মূৰত চাউল ছটিয়াই মঙ্গল উৰুলি দিয়া হয়; চাউল দিয়া কামটো মুখ্যত পাঁচগৰাকী আয়তীয়ে কৰে:
আগত দিয়া, পাছত দিয়া পঞ্চ আয়তীয়ে হে ৰাম ৰাম
পঞ্চ আয়তীয়ে,
দূৰ্বাঘাটৰ পানী আনি আইদেউৰ মূৰত দিয়া হে ৰাম ৰাম
আইদেউৰ মূৰত দিয়া ৷
তাৰ পাছত তুলি অনা পানী কইনাৰ মূৰত ঢলা হয় আৰু কইনাক চিকুণকৈ গা ধুওৱা হয়; ইয়াকে নোওৱা বোলে ৷ নোৱাওতে তিতা কাপোৰ সলাই কইনাই নতুন কাপোৰ এসাজ পিন্ধে ৷
গা ধুই আইদেৱে মাকক সুধিলে
ঐ ৰাম কি সাজ সলাব পাৰি হে ৷
ছাঁতে শুকুৱা মুঠিতে লুকুৱা
ঐ ৰাম সেই সাজ সলাব পাৰি হে ৷৷
এই নামষাৰৰ পৰা আৰু এটা কথা পৰিষ্কাৰ হৈ উঠে; কইনাক ছাঁতে শুকুৱা, মুঠিতে লুকুৱা সাজ পিন্ধিবলৈ কোৱা হৈছে ৷ অৰ্থাৎ অতি নিমজ এসাজ কাপোৰ, যিয়ে আমাক আভাস দিয়ে যে অসমৰ শিপিনীসকলে বোৱা পাটৰ কাপোৰ খুবেই কোমল, মসৃণ আৰু ইমানেই মিহি যে গাত সেই কাপোৰৰ কোনো বোজা অনুভৱ কৰা নহয় ৷
জোৰোণৰ দিনা গধূলিৰপৰা কইনাৰ গাত মাহ-হালধী লগোৱা আৰম্ভ হয় । এই ঔপচাৰিকতা বিয়াৰ দিনালৈ প্ৰতি দিনে বাহাল থাকে ৷ দৰাকো এইদৰে বেইত নোওৱা হয় ৷ এটা কথা মন কৰিব লগীয়া যে বিয়াৰ ঔপচাৰিতা সাধাৰণতে মহিলাসকলৰ মাজতে সীমাবদ্ধ ৷ আন শব্দত আমি ক’ব পাৰোঁ যে সাধাৰণতে নিজ ঘৰৰ সীমাৰ ভিতৰত থকা মহিলাসকলৰ বাবে বিয়া হ’ল প্ৰাণ খুলি আনন্দ কৰাৰ এক উৎসৱ ৷
অসমীয়া বিয়াৰ এটা অবিচ্ছেদয় অঙ্গ (আছিল) অধিবাস । এই অনুষ্ঠান বৈদিক ৰীতি আৰু নাম, হাঁহি - ফুর্তিৰ মাজেৰে জোৰোণৰ পিছদিনা হয় । যিকোনো শুভকামৰ বাবে হোম জ্বলোৱা হয়; তাৰ আগদিনা যজমান আৰু তেওঁৰ পত্নীয়ে অধিবাস কৰে ৷ বিয়াৰ বাবে দৰা-কইনাই এইদৰে অধিবাস কৰে ৷ সেইদিনা দুয়ো সাত্ত্বিক ভোজন কৰিব লাগে আৰু ঘৰৰ চৌহদৰ বাহিৰলৈ নোলায় ৷ শুভকামৰ বাবে যাতে দুয়ো সুস্থ থাকে, তাৰ বাবেই এই যুক্তিসংগত ব্যৱস্থা ৷ অধিবাসৰ নাম এনে ধৰণৰ:
শুনা সখি চন্দ্ৰাৱলী ঐ শশী বেদনিধিক মাতা ৷
বেদনিধিৰ লগত মোৰ ঘ শশী আছে বহু কথা ৷৷
বেদনিধি গুৰু বাপুক ঐ শশী অনালে মতাই ৷
পত্ৰ লেখি দিয়ে দেৱী ঐ শশী মাধৱৰ ঠাই ৷৷
গুৰু বাপু বেদনিধি ঐ শশী দ্বাৰকালৈ যোৱা ৷
কৃষ্ণৰ হাতত মোৰ ঐ শশী পত্ৰখনি দিবা ৷৷
বিয়াৰ শুভকামত বিজুতি নঘটিবলৈ আন এক নিয়ম হ’ল বিয়াৰ দিনা দৰাই দাঢ়ি নুখুৰোৱা ৷ আগৰ দিনত ক্ষৌৰকৰ্ম কৰা মানুহেহে দাঢ়ি খুৰাই দিছিল যিকোনো কাৰণতে যাতে ক্ষতি-খুন নহয় তাৰ বাবে এনে কৰা হৈছিল ৷
বিয়াৰ দিনা দৰাক ধলপুৱাতে দৈয়ন দিয়া হয়; অৰ্থাৎ দৰাৰ মুখত দৈ দি দিনটোৰ বাবে শুভকামনা যঁচা হয় ৷ এই ঔপচাৰিকতাৰ বাবেও আমাৰ আয়তীসকলে নামৰ খলক তোলে:
সুৱৰ্ণৰ খাটতে কৃষ্ণ শুই আছে
ই কথা মনতো নাই ৷
লাসে বাসে কৰি ব্ৰজৰে সুন্দৰী
কৃষ্ণক জগোৱা নাই ৷৷
প্ৰভাতে কৃষ্ণায়ে ভূমিত পাওঁ নিদিবা
শয়জাৰতে দিবা ভৰি ৷
আজি প্ৰভাততে তোমাক দৈয়ন দিয়ে
পৰম মঙ্গল কৰি ৷৷
কইনাকো পুৱাতে দৈয়ন দিয়া হয়:
আগবাঢ়ি আহাঁ আইদেউ আহাঁ আগবাঢ়ি ৷
তোমাক মাতৃ দৈয়ন দিয়ে লৈয়া আঠুকাঢ়ি ৷৷
দৈয়ন দিয়া দৈয়ন দিয়া আপোনাৰে আই ৷
ভাল কৰি দৈয়ন দিবা হৃদয় জুৰায়ে ৷৷
বিয়াৰ বাবে কইনাৰ ঘৰলৈ গৈ দৰাই সমাজৰ অনুমতি সাপেক্ষে বৈদিক বিধিৰে কইনাক জীৱন লগৰী কৰি আনে ৷ সেয়ে দৰাকো সজাই-পৰাই তোলা হয়; কিন্তু দৰাৰ যে সাজ-পাৰত তেনে কোনো বৈশিষ্ট্য নাথাকে তাৰ উমান আমি পাওঁ এইষাৰ নামত:
আজি শিৱৰ বিয়া নাৰদে কহিলা
ঐ ৰাম হৰক সজাইবে গ’লা হে ৷
সুগন্ধি চন্দন নিপিন্ধে ভোলানাথ
ঐ ৰাম পিন্ধে আনি ভষ্ম ধূলা হে ৷৷
আৰু:
ব্ৰহ্মা বিষ্ণু দুয়োজনে শিৱক সজালে ৷
সুন্দৰ মূৰুতি ৰূপ হৈলা সদাশিৱ ৷৷
ভষ্ম ধূলি ত্যাগ কৰা প্ৰভু পঞ্চানন ৷
হিমালয়ে আনি দিব অগৰু চন্দন ৷৷
বিৱাহৰ শুভকামৰ যজমান হিচাপে দৰাই পৱিত্ৰ তুলসীৰ মালা শিৰত পৰিধান কৰিব লাগে ৷ এই কথাও আয়তীসকলে নামেৰে সোঁৱৰাই দিয়ে:
বৰ ঘৰৰ পৰা ওলোৱা বোপাদেউ
জানকীৰ ঘৰলৈ যোৱা ৷
বাপুৱে গাঁথিছে তুলসীৰ মালা
পিন্ধি বিৱাহলৈ যোৱা ৷
পৃষ্ঠাঃ ৮
শব্দ ব্ৰহ্ম
হিৰণ ভূঞা
শব্দ ব্ৰহ্ম। শব্দৰ ব্যৱহাৰ উচিৎ হোৱা প্ৰয়োজন। শব্দৰ অপব্যৱহাৰে জীৱনৰ অমূল্য সম্বন্ধৰ যটি পৰিব পাৰে বা জীৱনত বহু দুৰ্যোগ ভুগীবলগীয়া হ'ব পাৰে।
এষাৰি মিঠা মাতে দুখী জনৰ মুখত হাঁহি বিৰিঙিয়াব পাৰে। এষাৰি মিঠা মাতৰ বাবে কোনো মূল্য ভৰিব নালাগে মাত্র অভ্যাসৰ প্ৰয়োজন ।
জীৱন বোৱঁতী নদীত উঠি ভাঁহি ইয়াকে অনুভৱ কৰিছোঁ যে, প্ৰতিটো দিন সকাৰাত্মক ভাবে কটাবলৈ হ'লে আপুনি সকাৰাত্মক চিন্তাৰে প্ৰভাৱিত হ'ব লাগিব। আপোনাৰ অন্তৰ - আত্মাক হিংসা, প্ৰতিহংসা, পৰশ্ৰীকাৰতা, প্ৰতিযোগিতা আদিৰ পৰা আতৰাই আনি এটি পবিত্ৰ বন্তিৰ দৰে অন্তৰমহলত নিজে নিজকে প্ৰজ্বলিত কৰিব লাগিব। সকলো নকাৰাত্মক চিন্তাক বিদায় দিব লাগিব। মনৰ বা চিন্তাৰ সুস্থিৰ অৱস্থা এদিনতে নাহে। প্ৰতিটো দিনত অভ্যাস কৰিলে লাহে লাহে মনৰ পৰা এনেবোৰ বদ্অভ্যাস আতৰি সকাৰাত্মক চিন্তা আহে। এই অৱস্থালৈ আহিবলৈ আপোনাক সহায় কৰিব আপোনাৰ সক্ৰিয়তাই। আপোনাৰ ভাল লগা, পচন্দৰ কামত নিজকে সক্ৰিয় কৰি ৰাখিব লাগিব। ক্ৰিয়েটিভ বা সৃষ্টিশীল কাম কৰিব। য'ত আপোনাৰ নিজস্ব ছাপ থাকিব। যেতিয়া আপোনাৰ নিজৰ ওপৰত বিশ্বাস আহিব। যেতিয়া নিজকে আনতকৈ কম বা দুৰ্বল বুলি ভবা কমাই নিজক বিশ্বাসত ল'ব দেখিব আপোনাৰ মনৰ পৰা, প্ৰতিযোগিতা, হিংসা, ঈৰ্ষা আদি ভাব নাইকীয়া হৈছে। এজন মানুহে কেতিয়া বদনাম গাব ? যেতিয়া নিজক আনতকৈ দুৰ্বল বা কম বুলি ভাবে। ঠিক তেনেকৈ হিংসাই মানুহক পুৰি ছাই কৰিব পাৰে। তেনেকৈ অহংকাৰ বা দাম্ভিকতাই নিজকে আনৰ পৰা আতৰাই নিয়ে আৰু আনৰ ওচৰত হেয় জ্ঞান কৰায়। এই বদ্ অভ্যাসৰ বাবে মানুহৰ হৃদয়ৰ পৰা শান্তি বহু দূৰ দূৰলৈ আঁতৰি যায়। সেইবাবে নিজক বিশ্বাস কৰি নিজে নিজৰ সাহস হৈ নিজৰ যোগ্যতা নিজে নিৰূপন কৰি কামত ব্যস্ত কৰি ৰাখিব লাগে। যদি আপোনাৰ মন সুখী হৈ থাকে তেতিয়াহে আপুনি আনকো সুখী কৰি ৰাখিব পাৰিব। তেতিয়া আপোনাৰ বানী শ্ৰুতিমধুৰ হ'ব। আপোনাৰ সম্বন্ধলৈ অহা প্ৰতিজনে ক'ব - - আপোনাৰ প্ৰাণখোলা হাঁহি আৰু আপোনাৰ মিঠা মাতষাৰৰ কথা। মানুহ মৰণশীল। ক্ষন্তেকীয়া জীৱনত যদি কাৰোবাৰ হৃদয়ত জীয়াব পাৰে আৰুনো লাগে কি ? আপুনি মৰিও অমৰ। আপুনি জীয়াব মানুহৰ হৃদয়ত, আপোনাৰ কৰ্ম বলেৰে । মিঠা মাত শাৰীৰ বাবে। শব্দ ব্ৰহ্মৰ সঠিক ব্যৱহাৰ বাবে।
শব্দ ব্যৱহাৰ সঠিক নহোৱাৰ বাবে কি ডাঙৰ ঘটনা ঘটে তাৰ এটা উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ। কুৰুক্ষেত্ৰৰ ৰণৰ পাছৰ কাহিনী। যুদ্ধ জিকি পাণ্ডৱ সকলে একো শাস্তি পোৱা নাছিল। জ্ঞাতি কুতুন্বৰৰ মৃত্যুৰ কাৰুণ্যতাই তেওঁলোকক হতাশ কৰিছিল। বেদনা গধুৰ হৃদয়েৰে সুখী হ'ব ক'ৰ পৰা ? এয়াটো ঘটনাৰ পাকচক্ৰত পৰি হোৱা পৰিণতি। কুতুম্বৰৰ ৰক্তৰে ৰঞ্জিত হৃদয়ে অনুশোচনাত ভুগিছিল। পাঞ্চালীয়ো ইয়াৰ ব্যতিক্ৰম নাছিল। দুখত মৃয়মান হৈ বহি আছিল। সেই সময়তে সখা শ্ৰী কৃষ্ণই দ্ৰোপদীক মাত লগাবলৈ আহিছিল। দ্ৰোপদীয়ে শ্ৰী কৃষ্ণক দেখাৰ লগে লগে সুধিলে - এয়া কি হ'ল সখা ? মইতো এনেধৰণে ভবা নাছিলোঁ। তেতিয়া সখা শ্ৰী কৃষ্ণই কৈছিল - - পাঞ্চালী , নিয়তি খুবেই ক্ৰুৰ। সেয়েহে কেতিয়াও আমাৰ ভাৱনাৰ অনুৰূপ চালিত নহয়। নিয়তিয়ে আমাৰ কৰ্মৰ পৰিণামক সলনি কৰি দিয়ে। পাঞ্চালী তুমিতো প্ৰতিশোধ ল'ব বিচাৰিছিলা আৰু তুমি সফল হৈছা। তোমাৰ প্ৰতিশোধ পূৰ্ণ হৈছে। কেৱল দুৰ্য্যোধন, দুশাসনেই নহয়, সমগ্ৰ কৌৰৱ কুল নিপাত হ'ল। তুমিতো প্ৰসন্ন হোৱাৰ সময়। শ্ৰী কৃষ্ণৰ বাক্যবাণ দ্ৰোপদীয়ে বুজিছিল । সেইবাবে কৈছিল সখা তুমি মোক সান্তনা দিবলৈ আহিছা নে মোৰ জ্বলা জুইত ঘিউ ঢালিবলৈ আহিছা ? দ্ৰোপদীৰ কথা শুনি শ্ৰী কৃষ্ণই কৈছিল - - নাই নাই সখা দ্ৰোপদী, তুমি ভুল বুজিলা। মই তোমাক বাস্তৱৰ লগত মুখামুখি কৰিবলৈ আহিছোঁ। আমাৰ কু-কৰ্মৰ পৰিণাম আমি দূৰ দূৰণিলৈ দেখা নাপাওঁ। যেতিয়া দেখো তেতিয়া সময় উকলি যায়। তেতিয়া আমাৰ কৰিবলৈ একো নাথাকে কেৱল নিৰুপায় হোৱাক বাদে। শ্ৰী কৃষ্ণৰ কথা শুনি দ্ৰোপদীৰ অনুতাপ দুগুণ হৈছিল। উপায়হীন ভাবে সখাক সুধিছিল - - তেন্তে যুদ্ধৰ বাবে সম্পূৰ্ণ ময়েই দায়ী নেকি মাধৱ ? তেতিয়া শ্ৰী কৃষ্ণই দ্ৰোপদীক কৈছিল, নহয় দ্ৰোপদী তুমি নিজকে ইমান গুৰুত্বপূৰ্ণ বুলি নাভাবিবা। কিন্তু, তুমি যদি নিজৰ কৰ্মৰ প্ৰতি অলপো দূৰদৰ্শিতা দেখুৱালা হেঁতেন, তেনেহলে স্বয়ং তুমি ইমান কষ্ট, বেদনা কেতিয়াও নাপালাহেঁতেন! তেতিয়া দ্ৰোপদীয়ে কন্দামুৱা হৈ সুধিছিল - - মাধৱ মইনো কি কৰিব পাৰিলোঁ হেঁতেন ? শ্ৰী কৃষ্ণই কৈছিল - - তোমাৰ হাতত বহুত সুবিধা আছিল। উদাহৰণ দিছোঁ ৰ'বা, - -
১) যেতিয়া তোমাৰ স্বয়ম্বৰ হৈছিলে, তেতিয়া তুমি যদি কৰ্ণক নীচ জাতৰ বুলি অপমানিত নকৰি প্ৰতিযোগিতাত ভাগ ল'বলৈ দিলাহেঁতেন তেন্তে হয়তো আজি পৰিণাম অন্য হ'ল হেঁতেন !
ইয়াৰোপৰি ২) যেতিয়া কুন্তিয়ে তোমাক পঞ্চপাণ্ডৱৰ স্ত্ৰী হ'বলৈ কৈছিল, তেতিয়া তুমি সেয়া যুক্তিপূৰ্ণ ভাবে অস্বীকাৰ কৰিব পাৰিলাহেঁতেন!
৩) তুমি নিজৰ মহলত দুৰ্য্যোধনক অপমানিত কৰিলা -' অন্ধৰ পুত্ৰ অন্ধ বুলি। এনেধৰণৰ কথা নক'লে কিজানি তোমাৰ 'বস্ত্ৰ হৰণ'ৰ চেষ্টা নকৰিলে হেঁতেন!
গতিকে আমাৰ শব্দ চয়ণ আৰু তাৰ প্ৰয়োগ , আমাৰ 'কৰ্ম' হিচাপে গণ্য হয়।
মহাভাৰতে আমাক জীৱন দৰ্শনৰ শিক্ষা দিয়ে। দ্ৰোপদী আৰু শ্ৰী কৃষ্ণৰ কথোপকথনৰ পৰা আমি জানিলোঁ যে, যদি দ্ৰোপদী দূৰদৰ্শি হ'ল হেঁতেন আৰু বাণী সংযমী হ'ল হেঁতেন তেতিয়া হ'লে মহাভাৰত যুদ্ধ নহ'ল হেঁতেন!
সেইবাবে শব্দ ব্যৱহাৰ কৰাৰ আগতে সেয়া ভাবি-চিন্তি কোৱা অত্যন্ত, জৰুৰী অন্যথা তাৰ 'কু পৰিণাম' কেৱল নিজৰ ওপৰতে বৰ্তি থাকে তেনেকুৱা নহয়। ই পৰিবেশ আৰু পৰিস্থিতিৰ ভাৰসাম্যকো প্ৰভাৱিত কৰে আৰু আনকো দুখী কৰি তোলে। এই সংসাৰত মানুহেই কেৱল তাৰ দাঁতৰ দ্বাৰাই নহয়, বৰং তাৰ শব্দৰ দ্বাৰাই বেছি প্ৰকাশ পায়। সেইবাবে শ্ৰী কৃষ্ণই কৈছে - -
' তোমাৰ কৰ্ম ফলৰ বাবে তুমিয়েই দায়ী।'
গতিকে আমি এনেকুৱা শব্দ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে, যি আনৰ ভাবাৱেগক আঘাত কৰে।
ঠিকনাঃ
নৱি মুম্বাই
মহাৰাষ্ট্ৰ - - - ৪১০২১৮
পৃষ্ঠা ৯
গ্ৰন্থ আলোচনাঃ
সুলেখিকা জ্যোতি শইকীয়া বৰুৱা (কাশ্মিৰী)ৰ
"সূৰ্য নামি আহে নদীৰ বুকুলৈ" আৰু
"নৈয়ে গান গায়" কবিতা পুথি দুখনৰ চমু আলোকপাত::
মৌচুমী বড়া বৰুৱা
কেইদিনমানৰ আগতে কলেজৰ সহপাঠী জ্যোতি শইকীয়া বৰুৱা(কাশ্মিৰী)য়ে ডাক যোগে পঠিওৱা তিনিখন কিতাপৰ টোপোলা এটা পালোঁ। দুখন কবিতা পুথি আৰু এখন অণুগল্পৰ সংকলন। এই মৰমৰ উপহাৰে মোক অতিকৈ সুখী আৰু আনন্দিত কৰিলে। অশেষ মৰম আৰু ধন্যবাদ জনালোঁ কাশ্মিৰীক।
কবিতা পুথি দুখনৰ নাম "নৈয়ে গান গায় আৰু সূৰ্য নামি আহে নদীৰ বুকুলৈ । দুয়োখনেই কবিৰ বাছকবনীয়া কবিতাৰ মনোমোহা সংকলন। দুয়োখন কবিতা পুথিৰ নাম কেইটাত উল্লেখিত নদী-নৈ শব্দই কবিৰ মনৰ অবিৰত গতিশীলতা আৰু নৈৰ প্ৰতি থকা লেখিকাৰ আকুল অন্তৰঙ্গতাৰ কথা অনুভৱ কৰিব পাৰি। কবিতা পুথি দুখনৰ সুন্দৰ নামদুটা পঢ়িলেই কবিৰ মনৰ এক সুকোমল সৌন্দৰ্যানুভূতিয়ে পঢ়ুৱৈৰ মনত গভীৰ ৰেখাপাত কৰে ।
স্কুলীয়া জীৱনৰ পৰাই সাহিত্যৰ চৰ্চা কৰি অহা জ্যোতি শইকীয়া বৰুৱাৰ সেই চৰ্চা পাৰিবাৰিক সমস্যা তথা চাকৰিৰ ব্যস্ততাত তেতিয়াৰ বিভিন্ন আলোচনীৰ পাততে স্তব্ধ হৈ ৰ'ল। মাজত এক সুদীৰ্ঘ বিৰতি । পুনৰ ফেচবুকৰ জৰিয়তে আকৌ আৰম্ভ হ'ল সাহিত্যৰ যাত্ৰা । প্ৰথম বাৰ লকডাউনৰ সময়ৰ পৰাই কাশ্মিৰীৰ এই চৰ্চা দ্ৰুততৰ হয় আৰু সেয়া এতিয়ালৈকে অব্যাহত আছে। তেওঁৰ কলমেৰে নিগৰিত অলেখ অনুপম কবিতা ইতিমধ্যে পাঠক সমাজত সমাদৃত হৈ পৰিছে আৰু ইয়াৰেই পৰিণতিত সৃষ্টি হৈছে "নৈয়ে গান গায় আৰু সূৰ্য নামি আহে নদীৰ বুকুলৈ" এই দুখন সুন্দৰ কবিতাৰ সংকলনৰ।
মই ২০২০ ত ফেচবুকলৈ অহাৰে পৰা প্ৰায়েই কাশ্মিৰীৰ কবিতা পঢ়িবলৈ পাইছোঁ। প্ৰতিটো কবিতাই পঢ়ি ভাল লাগে , মোৰ দৰে হয়তো বহুতেই ভাল পায়। কিন্তু কবিতা পুথিৰ আকাৰত কবিতাবোৰ একেলগে পঢ়ি আৰু অভিভূত হ'লো । ইমান সুন্দৰ সুন্দৰ কবিতা ! কবিতা পুথি দুখন পৰিসৰত সৰু যদিও , প্ৰতিটো কবিতাই আধুনিক কবিতাৰ সকলো লক্ষণ অটুত ৰাখি একো একোটা মনোৰম কবিতা ৰূপে পূৰ্ণতা পাইছে। বিভিন্ন বিষয়ৰ ওপৰত লিখা কবিতাবোৰত কবিৰ কল্পনা আৰু সূক্ষ্ম অনুভূতিৰ স্বচ্ছল প্ৰকাশ প্ৰতিফলিত হৈছে --
"শীতত কাতৰ পুৱা
কুঁৱলীৰ আৱৰণ ফালি
মাঘৰ মেজিৰ আঁৰত
এখন ৰ'দৰ চিঠি!
যমডাকিনী উৰি যায়
আন্ধাৰৰ দেশলৈ
গহৰা ফুলে ছানি ধৰা ফুলনিৰ
বসন্তলৈ অপেক্ষা!
যি ঋতুত ফুলিব সুবাসিত ফুল ,
সাৰ পাব গছৰ চৰায়ে
ছন্দত নাচিব নদীৰ ঢৌ আৰু
অৰণ্যৰ ৰ'দ-বতাহ!! "
(কাব্যাংশ--এখন ৰ'দৰ চিঠি -- 'নৈয়ে গান গায়')
"খুলি দিলোঁ হৃদয়ৰ খিৰিকীখন,
সোমাই আহিল অতিথি পোহৰ ,
সোঁৱৰণিৰ চিলা উৰালোঁ
শুকুলা ঘোঁৰাৰ খোজত,
জীৱন সপিলোঁ
সময়ৰ দাপোনত ..."
( কাব্যাংশ--প্ৰতি নীলাভ ৰঞ্জন)
প্ৰতিটো কবিতাই কবিৰ হৃদয়ৰ গভীৰ অনুভৱৰ অনবদ্য প্ৰকাশ। প্ৰেম , বিষাদ ,সুখ , আনন্দ, জীৱন , মৃত্যু , সপোন , বাস্তৱ , প্ৰকৃতি , দেশপ্ৰেম , বন্ধুত্ব , স্মৃতি, সমকালীন সমস্যা আদি বিভিন্ন বিষয়ৰ ওপৰত লিখা কবিতাবোৰ অসমীয়া কবিতাৰ জগতলৈ এক অনবদ্য অৱদান। ভাৱ আৰু ভাষাৰ লগত অভিজ্ঞতা আৰু প্ৰজ্ঞাৰ মিলনে কবিতাবোৰৰ সৌন্দৰ্য দুগুণে চৰাইছে
"উপত্যকাই উপত্যকাই নদীয়ে কথা কৈ যায়,
কথা কয় সভ্যতাৰ...
ৰত্নাকৰ বাল্মীকি হয়, সৃষ্টি হয় মহাকাব্যৰ।
ছন্দময় মহাকাব্যৰ বুকুত কাহিনী বিশাল, চৰিত্ৰ মহিমাময়
আৰু আদৰ্শ মহান
মন্দাক্ৰান্তাৰ গতিত থাকে যেন
অম্বুধিৰ স্বত:স্ফুৰ্ত আলোড়ন
ইতিহাসত লিপিবদ্ধ হয়
মানৱ জীৱনৰ প্ৰতিবিম্ব
বোধিদ্ৰুমৰ ছাঁত বোধিপ্ৰাপ্ত হয়
মহাত্মা বুদ্ধৰ.. "
( কাব্যাংশ-- মৰুভূমিত বৰষুণৰ ছাঁ --'নৈয়ে গান গায়')
অনুভৱৰ গভীৰতা , বিষয়বস্তুৰ বিচিত্ৰতা, সুন্দৰ আৰু অৰ্থবহ শব্দৰ নিৰ্বাচন , উপমা, ৰূপক , প্ৰতীক আৰু চিত্ৰকল্পৰ সঘন প্ৰয়োগ , সাংগীতিক লয়বিশিষ্ট বাক্যশৈলীয়ে কবিতাসমূহৰ এক অনন্য কাব্যিক মাত্ৰা প্ৰদান কৰিছে ---
"তোমাৰ কঁহুৱা কোমল উশাহ
শিপা হৈ খামুচি থাকে মোৰ হিয়াত,
তোমাৰ ছাঁ হৈ মোক উশাহ ল'বলৈ দিয়া,
যাওঁ বুলি নক'বা...
তুমি যাওঁ বুলি ক'লে
কৃষ্ণচূড়াৰ ৰঙা আবিৰ কঁপি উঠিব,
ওফন্দি উঠা পানী নেওচি
ৰু-ৰুৱাই এজাৰে কান্দিব, অভিমানত পিন্ধিব জোনে
আউসীৰ ক'লা আভৰণ।"
( তোমাৰ ছাঁ হৈ মোক উশাহ ল'বলৈ দিয়া -- 'নৈয়ে গান গায়')
কবিৰ সুন্দৰ চিত্ৰকল্প অংকণৰ এয়া কেনে সুন্দৰ প্ৰয়াস ! প্ৰায়বোৰ কবিতাতে কবিয়ে বিষয়বস্তুৰ এখন সাৰ্থক ছবি আঁকিবলৈ সক্ষম হৈছে।
ভালেমান কবিতা কবিৰ শক্তিশালী প্ৰতীকি ব্যঞ্জনাৰ প্ৰয়োগেৰে অধিক অৰ্থবহ আৰু মনোৰম কৰি তুলিছে ---
"হাত কটা গছে
মেলিব নোৱাৰে দুহাত,
নোৱাৰে আলিংগন কৰিব
ভূমায়িত নিথৰ প্ৰেয়সীক...."
( কাব্যাংশ-- সূৰ্য নামি আহে নদীৰ বুকুলৈ)
"শিলৰ চোলা এটা সি সী উঠিছিল ,
শিলৰ চোলা তেজত তিতিছিল,
শিলৰ চোলা সীয়া পানীৰ বেজী
পানীতেই থাকে...
অৰণ্যৰ বিষাদে নদীক স্পৰ্শ কৰে,
প্ৰাচীন ৰাতিবোৰ শুই পৰে ,
নদীৰ আদিম সুৰে
প্ৰাচীন ৰাতি বোৰক গীত গাই শুৱায় ..."
(কাব্যাংশ-- তেজত তিতা শিলৰ চোলা )
সঁচাকৈয়ে ভাৱ , ভাষা , আংগিক সকলো দিশৰ পৰাই আধুনিক কবিতাৰ বৈশিষ্ট্য অটুত ৰখা জ্যোতি শইকীয়া বৰুৱাৰ কবিতাসমূহ অতি উচ্চ মানদণ্ডৰ আধুনিক কবিতাৰ শাৰীত অৱতীৰ্ণ কৰাব পাৰোঁ। আচলতে ,আনে কোৱাতকৈও নিজে পঢ়িলেহে এই কথা ভালদৰে অনুধাৱন কৰিব পাৰি।
ইয়াৰ উপৰিও সন্মানীয় লেখিকাদ্বয় ঊষা গগৈ আৰু নমিতা বৰাৰ সম্পাদনাৰে একুৰি মহিলাৰ অণুগল্প সংকলন "স্ৰোতস্বিনী"ত প্ৰকাশ পোৱা জ্যোতি শইকীয়া বৰুৱাৰ অণুগল্প সমূহো অতি সুখপাঠ্য হৈছে। মই অণুগল্পৰ বিষয়-বস্তু বা ভাৱ বা আংগিকৰ ওপৰত আজিলৈকে বৰ বেছিকৈ ধ্যান দিয়া নাই , ভাল লাগে বাবে পঢ়োঁহে । ইয়াত সন্নিৱিষ্ট আন সন্মানীয় লেখিকা সকলৰ অণুগল্পসমূহো অতি অনুপম হৈছে।
ইয়াৰ উপৰিও শীঘ্ৰে উন্মোচন হোৱাৰ পথত
১) "মোৰ কলমেৰে" বুলি লেখিকাৰ কেইটামান প্ৰবন্ধ আৰু সাহিত্যৰ বিভিন্ন বিষয়ৰ লেখাৰে সমৃদ্ধ সংকলন এখন অহা ১৩ মাৰ্চত উন্মোচন কৰা হ'ব।
২) "প্ৰবন্ধ কৰণি" নামেৰে লেখিকাৰ গভীৰ চিন্তাৰে পৰিপুষ্ট কেইবাটাও উচ্চ মানদণ্ডৰ প্ৰবন্ধৰ সংকলন এখন অহা ২৭ মাৰ্চত উন্মোচন কৰা হ'ব। বেটুপাত নিৰ্দিষ্ট হোৱা নাই বাবে ফটো দিয়া নহ'ল।
আশা ৰাখিছোঁ মৰমৰ বান্ধৱী জ্যোতি শইকীয়া বৰুৱাৰ কলমৰ এই যাত্ৰা অবিৰত আৰু সুদূৰপ্ৰসাৰী হওঁক ।
লেখিকাৰ ঠিকনাঃ
জৱাহৰ নৱোদয় বিদ্যালয়, বেগুসৰাই, বিহাৰ।
পৃষ্ঠা ১০
ধাৰাবাহিকঃ
শুকুলা মেঘৰ ছাঁ
পৰিণীতা কলিতা
সহ সম্পাদিকা অঙ্গন
(যোৱা সংখ্যাৰ পিছৰ পৰা)
পঞ্চম খণ্ড
ছায়াৰ দিনবোৰ এনেকৈয়ে গৈ থাকিল, ছোৱালী সন্তান নিবিচৰা দেউতাকে তাইক ভাল চিকিৎসাৰ বাবে বাহিৰত লৈ যাব জানো, তাই ভাবিছিল হয়তো নিব…কিন্তু কোনোদিনে সেয়া আৰু কাৰ্যত পৰিণত নহ'ল…মাকে তাইৰ ওচৰত আহি কেতিয়াবা উচুপে, ভগৱানে তোৰ কপালখনত বাৰু এয়াকে লিখিব পালেনে ? দেউতাৰে কোনোদিনে তোক সহ্য নকৰিলে ছোৱালী হিচাপে…
তাইৰ মূৰত হাত বুলাই মাকে সোধে ? মাজনী, বাস্তৱ আৰু বাস্তৱৰ মাক দেউতাকে তোক মৰম কৰেনে ?
ছায়াই বহুপৰ মনে মনে থাকি উত্তৰ দিয়ে ? ও কৰেতো, মোক বহুতে মৰম কৰিছিল, জানো কৰিছিল যদি একমাত্ৰ বোৱাৰীয়েকৰ এনে এটা অৱস্থাত তেওঁলোক এবাৰো কিয় অহা নাই, আৰু বাস্তৱ, নিজৰ ঘৈণীয়েকজনীৰ সি এবাৰো খবৰ নললে, মাকৰ ওচৰত এইবোৰ কথাক লৈ তাই কোনোদিনে সহজ হ'ব নোৱাৰিলে, তাইৰ এনেকুৱা লাগিল যেন এই মূহূৰ্ততে তাই লুকাই পৰিব কৰবাত, মাকে কোনো কথা সুধিব নোৱাৰাকৈ… মাকে কেতিয়া তাইৰ ওচৰৰ পৰা উঠি গ'ল, তাই ক'ব নোৱাৰিলে… নিজৰ মাজতে বিভোৰ তাই ভাবিলে- মাকক মিছা মতাতো হোৱা নাই, থিকেই বাস্তৱৰ মাক দেউতাকে কোনোদিনে তাইক অৱহেলা কৰা নাই, তাই কি খাইছে, কি পিন্ধিছে, এই আটাইবোৰৰ খবৰতো মাক দেউতাকেই লয়, বাস্তৱে কাহানিও তাইৰ ওচৰ চপা নাই, কেতিয়াও সুধি পোৱা নাই, তাইৰ কি প্ৰয়োজন আছে, তাইক কিবা লাগে নেকি…
বাস্তৱে কোনোদিনে তাইক নিবিচাৰিলে, এটা বন্ধ ৰূমত থাকিও দুয়োৰে মানসিক ব্যৱধানৰ পৰিসীমা জুখিব নোৱাৰা হৈয়ে ৰ'ল…তাই কেৱল গতানুগতিকভাৱে কামবোৰ কৰি গ'ল বাস্তৱৰ ঘৰত…তাই জানে বাস্তৱে যদিও তাইৰ পৰা বহুদূৰত অৱস্থান কৰি ৰাখে নিজকে, কিন্তু তাই অবিহনে নিজৰ একো এটা কামকে কৰিব নোৱাৰে, তাই নহ'লে চছমাযোৰ বিচাৰি নাপায়, কোনটো চাৰ্ট পিন্ধি যাব তাকো থিৰাং কৰিব নোৱাৰে, বিয়াৰ আগত মাকে থিৰাং কৰি দিছিল, বিয়াৰ পিছত ছায়াকে বাস্তৱৰ দায়িত্ব অৰ্পন কৰিছিল, আৰু বাস্তৱৰ আটাইবোৰ কামকে সম্পূৰ্ণ দায়িত্ববোধেৰে সমাপন কৰি গৈছিল তাই…বাস্তৱৰ জানো তাইলৈ মনত নপৰে…কোনোদিনে বাস্তৱৰ মনৰ ভিতৰলৈ সোমাব নোৱাৰিলে তাই সচাঁ, সেই মনৰ ভিতৰলৈ সোমাব খোজা বাটতো বাস্তৱে নিজে ৰুদ্ধ কৰিছিল, তায়ো খুলিব চেষ্টায়ে নকৰিলে, সময়ত সকলো ঠিক হ'ব বুলি তাইয়ো বৈ গৈছিল সময়ৰ সোঁতত…
অফিচৰ পৰা আহিয়ে একো এটা নোখোৱাকৈ বাস্তৱ বিছনাত বহি পৰিল, মাকে দৌৰাদৌৰিকৈ তাৰ ওচৰলৈ আহি সুধিলে…কি হ'ল তোৰ, গা মূৰ ঠিক নাই নেকি ?
ও তেনেকুৱাই…বাহিৰতে খাই আহিছো, মই শুই যাওঁ, শুই উঠি তহঁতৰ লগত দৰকাৰী কথা পাতিম…
মাক ৰূমৰ পৰা ওলাই গ'ল, অথচ তাৰ মনত বাৰেমিহলি কথাবোৰে খুন্দিয়াই থাকিল…ছায়াৰ কথাবোৰতো সি জনা নাছিল, অফিচত যে ছায়াৰ খুৰাকৰ ল'ৰাজনে কৈ গ'ল, আটাইবোৰ কথায়ে যদি সঁচা, তেনেহলে সি কৰিব কি এতিয়া…ছায়াজনীয়ে কিমান যে কষ্ট খালে জীৱনটোত, আনকি সিও ইমানদিনে তাইক মানসিকভাৱে কষ্ট দিলে, নিজকে যেন ক্ষমাৰ অনুপযুক্ত বুলি ভাবি ৰ'ল সি, বিয়াৰ আগত প্ৰীতিকে সি জীৱনৰ সৰ্বোচ্চ বুলি ধৰি লৈছিল, সেই প্ৰীতিয়ে যেতিয়া সামান্য অসুখতে তাৰ জীৱনৰ পৰা আঁতৰি গৈছিল, সি একো ভাবিব নোৱাৰা হৈ পৰিছিল…
আগলৈ...
পৃষ্ঠা ১১
অণুগল্পঃ
ভুৱা
অংশুমান ভূঞা
হঠাতে চহৰখনৰ বিয়াগোম বিষয়া, ধনী ব্যৱসায়ী, ৰাজনৈতিক মহলৰ মূধাফুটা শ্ৰেণীটোৰ মাজত হাহাকাৰ লাগিল। কেনেবাকৈ মুখ খুলিব লাগিলে যে তেওঁলোকৰ মুখাবোৰ খুলি পৰিব।
পুৱতি নিশাৰ নিৰ্জনতা ফালি ভাহি অহা এটা গুলীৰ শব্দত সমস্যাটোৰ সমাধান হ'ল। খোল খোৱাৰ আশংকা থকা মুখখন চিৰদিনলৈ বন্ধ হৈ পৰিল। মুখাবোৰো আঁৰতেই থাকিল।
বাতৰি কাকতৰ শিৰোনাম হৈ জিলিকি থাকিল এটা ভুৱা খবৰ , "আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতে দুৰ্দ্ধৰ্ষ অপৰাধীৰ মৃত্যু।"
ঠিকনাঃ
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০
পৃষ্ঠা ১২
এমুঠি ভালপোৱা
পৰীস্মিতা গগৈ দত্ত
শিৱসাগৰ
যদিও তাই শাৰীৰিক ভাবে অসমৰ্থ তাইয়ো মন যায় নীলা আকাশখনৰ তলতে ৰৈ জীৱনটোক উপভোগ
কৰিবলৈ, কিন্তু তাইক দেওলগা জীৱনটোৱে যেন উপলুঙা কৰে ৷
সকলো জানিও তাইক আদৰি ল’লে জোনাকে চিৰ জীৱনৰ কাৰনে জীৱন লগৰী কৰি ৷
তাইৰ দেওলগা জীৱনটোক এমুঠি ভালপোৱাই জোনাকে জিলিকাই তুলিলে এমুঠি স্নিগ্ধ জোনাক হৈ ৷
পৃষ্ঠা ১৩
অমোঘ ভালপোৱা
মীনাক্ষি ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী ।
যোৱা শতিকাৰ পৰা আজিৰ এই লাইক, কমেণ্ট, শ্বেয়াৰৰ যুগ যে বৰ বেছি একো পৰিবৰ্তন হোৱা নাই, এই কথা আনন্দীয়ে গভীৰভাৱে অনুভৱ কৰিলে । পিতৃ, স্বামী, সন্তান— যাৰ সাহায্যত জীৱনটো পাৰ কৰাৰ একমাত্ৰ উপায় বুলি ভাবিছিল তাই, সেই প্ৰত্যেকটো সম্পৰ্কৰ মেৰুদণ্ড যে আচলতে পুৰুষৰ প্ৰতি নাৰীৰ চৰ্তহীন শাৰীৰিক আৰু মানসিক আনুগত্য এই নিৰ্লজ্জ সত্যৰ সন্মুখীন হৈ তাই এক গভীৰ জীৱনবোধৰ যেন সন্ধান পালে । সংসাৰ, সমাজৰ প্ৰতিকূল সোঁতত মেটেকাৰ দৰে ভাঁহি গৈ তাই কঠোৰ জীৱনসংগ্ৰামত লিপ্ত হ'বলগীয়া হ'ল । নিজৰ অস্তিত্ব বৰ্তাই ৰাখি মূৰ তুলি বাচিবৰ আন্তৰিক আকাংক্ষাত তাই হাসপাতালৰ এটি সৰু কামত যোগদান কৰিলে । তাইৰ জীৱনৰ সংগ্ৰামে মনত পেলাই দিলে এয়া যেন নিষ্পেষিত নাৰীৰ সাধাৰণীকৰণ আখ্যান । জীৱনযুঁজত হাৰ নমনা আনন্দীয়ে উপলব্ধি কৰিলে— জীৱন যেনেকুৱাই নহওক কিয়, তাক ভালপোৱাৰ বাহিৰে জীয়াই থকাৰ কোনো বিকল্প নাই ।
পৃষ্ঠা ১৪
পৃথিৱী
সংকল্পজিৎ শইকীয়া
আবেলি পৰত ঘৰ্মাক্ত দেহাৰে নমিতাই কামৰ পৰা আহি ঘৰ সোমালহি। গিৰীয়েক ঢুকোৱাৰ পৰা তাই ইঘৰ-সিঘৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰে।
ঘৰ পায়েই দেখিলে তাইৰ অকণমানি পোনাটিয়ে বিচনাত খেলি আছে। নমিতাৰ মুখত সুখৰ এধানি হাঁহি বিৰিঙি উঠিল। এতিয়াটো পোনাটিয়েই তাইৰ পৃথিৱী।
ঠিকনাঃ
গাঁও:-চাংচকী
পো:অ:-দক্ষিণ চাংচকী
থানা:-কামপুৰ
জিলা:-নগাঁও(অসম)
পিন:-৭৮২৪২৬
ভ্ৰাম্যভাষ:-৯৯৫৪৭৬৮৪৮৭
পৃষ্ঠা ১৫
আত্মসন্তোষ্টি
হেমা চৌধুৰী গগৈ
“ চাৰ সেৱা জনাবলৈ আহিলোঁ । আপুনি ইমান ভালদৰে আমাক পঢ়ুৱাৰ বাবেই আজি আমি ভাল ৰিজাল্ট কৰিলোঁ ।”
ল’ৰাহঁতৰ ফলাফলত তেওঁৰ বৰ আনন্দ লাগিল , আনফালে পত্নীৰ পৰা শুনিবলৈ ৰৈ থাকিল -“ সিহঁতৰ সেৱা আৰু তামোলখনেৰে আপোনাৰ সংসাৰ চলিবনে ? সকলো কাম-বন এৰি চাকৰি নোহোৱা মানুহটোৱে সিহঁতক পঢ়ুৱাইছে , টকাকেইটা খুজিবলৈ কিয় বেয়া পায় ?”
বৰুৱাই মনতে মিচিকিয়ালে ।
আত্মসন্তোষ্টি মনেৰে পঢ়া আৰু এটা নতুন গ্ৰুপক পঢ়াবলৈ কোঠাটো ঠিকথাক কৰি ল’লে৷
পৃষ্ঠা ১৬
এক মিনিটৰ গল্পঃ
কম্প্ৰমাইজ্
ঝৰ্নালী শৰ্মা বৰকটকী
কিমাননো কৰাকে কৰিব। এটা ব্যস্ত জীৱন কটাবলগীয়া হৈছে নীতাই। পুৱাৰে পৰা সকলোবিলাক কাম টাকুৰি ঘূৰাদি কৰি থাকোঁতে সময় কেতিয়া পাৰ হৈ যায় গমকে নেপায়। তদুপৰি একমাত্ৰ ছোৱালীজনীৰ দায়িত্ব যেন অকল নীতাৰ ওপৰতহে। বিয়া হোৱা বিশ বছৰ হ'ল, এই
বিশ বছৰে কি পালে , ভাল মাত এষাৰো নেপালে। অথচ মানুহক দেখুৱাই এখন সুখৰ সংসাৰ। সুখৰ মুখাখন পিন্ধি পিন্ধি তাইৰ আমনি লাগি গৈছে।
পুৱাৰে পৰা তাই মন কৰিছে অভিনৱ আজি অলপ বেলেগ ধৰণে আছে। তাইৰ লগতো ভালদৰে কথা পাতিছে্ ছোৱালীজনীৰ লগতো হাঁহি ধেমালি কৰি আছে। বহু দেৰিকৈহে গম পালে আজি সিহঁতৰ বিবাহ বাৰ্ষিকৰ দিন। তাৰ মানে আজি আকৌ এখন নাটকত অভিনয় কৰিব লাগিব আৰু অভিনৱে ইতিমধ্যে আৰম্ভ কৰিছে । এই দিনটো তাইৰ অলপো ভাল নেলাগে তথাপিও একমাত্ৰ ছোৱালী ৰুলীৰ বাবে তাই সকলো ত্যাগ কৰিবলৈ বাধ্য হৈছে। বিবাহ বাৰ্ষিকৰ দিনটো সদায় পাহৰিব বিচাৰে যি সম্পৰ্কত মৰম চেনেহ ভালপোৱা বিশ্বাস নাই তেনে সম্পৰ্কত জানো এই বিশেষ দিনবোৰৰ কিবা মূল্য আছে। তথাপিও বাধ্য সমাজৰ চকুত অভিনৱ বৰুৱাৰ মৰমৰ পত্নী আৰু সুখী পৰিয়াল। কিমান আৰু এই বান্ধোনৰ লগত কম্প্ৰমাইজ্ কৰিব তাই কেতিয়াবা ভাগৰি পৰে।
তথাপিও মুখেৰে একো নামাতি সেই একে ধাৰাতে চলি থাকে।
সন্ধিয়া হোৱাৰ লগে লগে অভিনৱ ব্যস্ত হৈ পৰিল। কাৰণ সি এটা সৰু পাৰ্টীৰ আয়োজন কৰিছে অন্তত মানুহে জানক যে সিহঁত কিমান সুখী। ইতিমধ্যে
অফিচৰ দুই চাৰিজন বন্ধু আৰু ওচৰ চুবুৰীয়া আহি ঘৰখন মুখৰিত কৰি তুলিলে।
ডাঙৰ কেক এটা আনি অভিনৱ নীতাৰ ওচৰত থিয় হ'ল আৰু হাতত ধৰি কেকটো কাটিবলৈ লৈ গ'ল। নীতাৰ ভাল লগা নাছিল যদিও আগবাঢ়ি গৈ কেক কাটিলে গৈ। লগে লগে সকলোৰে হাত চাপৰিত ঘৰটো ৰজন-জনাই উঠিল। অভিনৱে বিভিন্ন পʼজ দি দি ফʼট তুলিলে। নীতাই মুখেৰে একো নকৈ যন্ত্ৰৰ দৰে সকলোবোৰ কাম কৰি গ'ল।
একেই দিন একেই অভিনয় বছৰে বছৰে চলি থাকে। ইয়াকে কয় নেকি সুখী জীৱন, নীতাই নিজৰ ভিতৰতে প্ৰশ্ন কৰে তাই কোন ? তাইৰ পৰিচয় কি ?
সকলো ঘৰলৈ যোৱাৰ পিছত নীতাই বিছনাত অৱশ দেহাটো এৰি দিলে । আৰু অভিনৱ হয়তো ব্যস্ত ফেচবুকত ফʼট আপলোড কৰাত। ওপৰত লিখিব মৰমৰ পত্নীৰ লগত সুখে দুখে বিশ বছৰ পাৰ কৰিলোঁ। অনাগত দিনবোৰত যেন এনেদৰে পাৰ হয়।
হাজাৰ জনৰ লাইক কমেন্টৰে ভৰি পৰিব সুখী পৰিয়াল, perfect family, পাভ যোৰা beautiful wife ইত্যাদি ইত্যাদি।
ঠিকনাঃ
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং-৯১০১৮৬০৩৫৯.
পৃষ্ঠা ১৭
অধিকাৰ
মমী বৰঠাকুৰ
ঘৃণাৰ বাদে হৃদয় খনত তাইৰ একোৱেই নাছিল নেকি ?
হয় মই তাইৰ স্বামী আৰু তাই মোৰ পত্নী আছিল , মই তাইৰ পৰম আৰাধ্য দেৱতা তাই নাভাবিলেও বাধ্য কৰাইছিলো মই তাইক মোক আৰাধ্য দেৱতা বুলি পূজা কৰিব লাগিব । পুৱা উঠি সেৱা কৰিব লাগিব । কিন্তু লাহে লাহে দেখিলো তাই বিদ্ৰোহ কৰিব লৈছিল। এদিন হঠাৎ সঁচায়েই তাই বিদ্ৰোহ ঘোষণা কৰিছিল । মই তাইলৈ দাঙি ধৰা হাতখনক বাধা দিবলৈ তাই হাতত ধৰিলে মোৰ। মই বাধ্য হ'লো ভাবিবলৈ তাই ইমান সাহসী হ'ল কেনেকৈ ? সন্দেহ হ'ল মোৰ তাইৰ ওপৰত তাই কাৰোবাৰ প্ৰেমত পৰি সাহসী হৈছে নেকি ? দিনে নিশাই তাইক মই মানসিক , শাৰীৰিক অশান্তি কৰিবলৈ ধৰিলোঁ। মোৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ধৰিলোঁ । তাইক মৰম কৰা , মাৰা এইবোৰ সকলোতে মোৰ অধিকাৰ আছিল যে সেই কথা হাড়ে - হিমজুৱে বুজালো। ইমান অধিকাৰ দেখুৱালো যে তাই আজি মোক মোৰ কি অধিকাৰ আছিল তাইৰ ওপৰত তাই দেখুৱাই দিলে ,
আজি তাইৰ শ্ৰাদ্ধ মোৰ ওচৰত তাইৰ মালা লগোৱা ফটো আৰু তাই দুখত লিখা ডায়েৰীৰ পৃষ্ঠাবোৰৰ বাদে একো নাই ,ক'তো প্ৰেমৰ গোন্ধ নাই । তাই মোক ঘৃণা কৰিবলৈ লৈছিল। কিন্তু এটা সময়ত তাইৰ অন্তৰত মোলৈ অফুৰন্ত মৰম , প্ৰেম , ভালপোৱা আছিল । মই আচলতে নিজ হাতেৰেই নিজৰ প্ৰেমৰ বলি দিলোঁ । অধিকাৰ সাব্যস্ত কৰি কৰি মই তাইৰ ওপৰত সকলো অধিকাৰ হেৰুৱায় পেলালোঁ । এতিয়া হে মই বুজি উঠিছোঁ। প্ৰেমত অধিকাৰ সাব্যস্ত কৰিব নালাগে। আচলতে প্ৰেম নিষ্পাপ শব্দ , শাশ্বত, অবিৰত এই প্ৰেমক স্বাধীন ভাৱে থাকিবলৈ দিব লাগে । প্ৰেম স্বাধীন হৈ থাকিলেহে ৰঙীন হৈ থাকে সম্বন্ধবোৰ ।
পৃষ্ঠা ১৮
অনুবাদ কবিতাঃ
I measure every Grief I meet
Emily Dickinson
I measure every Grief I meet
With narrow, probing, Eyes —
I wonder if It weighs like Mine —
Or has an Easier size.
I wonder if They bore it long —
Or did it just begin —
I could not tell the Date of Mine —
It feels so old a pain —
I wonder if it hurts to live —
And if They have to try —
And whether — could They choose between —
It would not be — to die —
I note that Some — gone patient long —
At length, renew their smile —
An imitation of a Light
That has so little Oil —
I wonder if when Years have piled —
Some Thousands — on the Harm —
That hurt them early — such a lapse
Could give them any Balm —
Or would they go on aching still
Through Centuries of Nerve —
Enlightened to a larger Pain —
In Contrast with the Love —
The Grieved — are many — I am told —
There is the various Cause —
Death — is but one — and comes but once —
And only nails the eyes —
There's Grief of Want — and Grief of Cold —
A sort they call "Despair" —
There's Banishment from native Eyes —
In sight of Native Air —
And though I may not guess the kind —
Correctly — yet to me
A piercing Comfort it affords
In passing Cavalry —
To note the fashions — of the Cross —
And how they're mostly worn —
Still fascinated to presume
That Some — are like My Own —
যন্ত্ৰণাৰ জোখ
I Measure Every Grief I Meet
By Emily Dickison (1830-1886)
অনুবাদ : প্ৰাণ কৃষ্ণ গোস্বামী
মই লগপোৱা প্ৰতিটো দুখকে জুখি চাওঁ
মই সুক্ষ্ম, অনুসন্ধিৎসু দৃষ্টিৰে -
আচৰিত হৈ ভাবোঁ, আনৰ আৰু মোৰ দুখ সমান নে ?
অথবা, আছে আন কিবা সহজ জোখ।
এনে লাগে, তেওঁলোকে ভুগিছে বহু দিন -
হয়তোবা এইয়া মাথোঁ আৰম্ভণিহে -
নাজানোঁ ময়ো মোৰ দুখৰ জন্মদিন -
কিমান যে পুৰণি এই যন্ত্ৰণা।
আচৰিত হওঁ,
এয়া নেকি জীয়াই থকাৰ যন্ত্ৰণা -
যদিহে তেওঁলোকে যুঁজিব লাগে -
আৰু যদিহে সুযোগ আহে বাছনিৰ -
সেই বাছনি 'মৃত্যু' নহ'ব কদাপি।
মই দেখোঁ,
ধৈৰ্যৰে ৰৈ থকা বহুতৰ বাবে -
অৱশেষত ঘূৰি আহে হাঁহি -
হ'লেও সেয়া তৈলহীন দীপকৰ
স্তিমিত পোহৰৰ প্ৰতিবিম্ব মাথোঁ।
মই আচৰিত হওঁ - কেতিয়া যে বছৰবোৰ গোটখালে
প্ৰায় সহস্ৰাধিক- দুখদায়ী-
যি আৰম্ভণিৰ পৰাই দিছিল দুখ - ইমান দিনৰ বিৰতিয়ে
তেওঁলোকক অলপ যেন শান্তিৰ প্ৰলেপ সানিছিল-
অথবা তেওঁলোক দুখতেই থাকিব --
বহু শতিকা ভৰা দুখৰ মাজেৰে --
প্ৰেমৰ বিপৰীতে পোৱা
আৰু বেছি এক যন্ত্ৰণাত বুৰিব।
মোক কোৱা মতে -- শোকগ্রস্ত অনেক আছে --
ইয়াৰ বহু কাৰণ আছে --
মৃত্যু -- ইয়াৰে মাত্ৰ এটা -- মাথোঁ এবাৰেই আছে --
যেন গজাল মাৰি মাথোঁ বন্ধ কৰে চকু --
ইয়াত আছে নোপোৱাৰ দুখ -- আৰু নিষ্ঠুৰতাৰ দুখ --
যাক সকলোৱে কয় হতাশা বুলি --
জন্মস্থানৰ আৱহাৱাত থাকিও --
জন্মস্থানবাসীৰ চকুৰ দূৰত থকাৰ দুখো আছে --
মই হয়তো শুদ্ধকৈ নোৱাৰিম --
কৰিব অনুভৱ -- তথাপি মোৰ বাবে এয়া
কাষেৰে পাৰ হোৱা অশ্বাৰোহী সেনাই অনা
এক অন্তৰ্ভেদি সান্তনাৰ উৎস।
ক্ৰুছৰ বিভিন্ন আকৃতি -- আৰু
ইয়াক নানা ভাবে ধাৰণ কৰাটো
আজিও কিমান যে বিস্ময়কৰ,
কিছুমান যেন -- মোৰ নিজৰে অৱস্থা।
( আমেৰিকান কবি এমিলি ডিকিন্সনৰ জন্ম ১৮৩০ চনত। তেওঁৰ জীৱন কালত ১৮০০ কবিতা প্ৰকাশ পাইছিল। বহু অপ্ৰকাশিত কবিতা তেওঁৰ মৃত্যুৰ (১৮৮৬ ৰ) বহু বছৰৰ পিছত ১৯৫৫ চনত প্ৰকাশিত সংকলনত সন্নিবিষ্ট হৈছিল। তেওঁ প্ৰকৃতিৰ ওপৰত লিখিলেও সৰ্বাধিক কবিতা জৰা-ব্যাধি-মৃত্যুৰ ওপৰত ৰচিত।)
পৃষ্ঠাঃ ১৯
কবিতাঃ
মাতৃভাষা
নিহাল গগৈ
১)
ভৱসাগৰত সাঁতোৰিবলৈ গৈ দেখিলোঁ
মোক সংগ দিবলৈ এখন মাতৃভাষাৰ নৌকা
কাষে-কাষে গৈ আছে।
২)
মানুহজন পাগল হ'ল, কিয় সেয়া অজ্ঞাত(!)
যদিও তেওঁ সদায়ে চিঞৰি থাকে,
মোৰ মুখৰ পৰা ভাত মুঠিও কাঢ়ি নিয়ক;
কিন্তু মাতৃভাষাক মোৰ মুখত স্বাধীন হ'বলৈ দিয়ক।
৩)
মন-সৰাপাতৰ ঝৰ্ঝৰণিত
ফাগুনৰ পচোৱাই গুণ্গুণাই ক'লে,
জীৱনৰ থৰকাচুতিত আৱেগবোৰ বিজুলি হৈ উঠে;
মোৰ মুখত কেৱল তেতিয়া মাতৃভাষাৰ বৰষুণ সৰে।
পৃষ্ঠা ২০
জীৱন যাত্ৰা
মঞ্জুপ্ৰভা বৰুৱা
বঙাইগাঁও
পুৱাৰ ৰাঙলী আভাৰে
উদ্দীপ্ত বেলিটোৰ সৈতে
জীৱনৰ পাতনি
লাহে লাহে পূৰ্ণতাৰে
এটি সম্পূৰ্ণ জীৱন
মৰম ,চেনেহ , এষাৰি সাদৰী মাত
সাহচৰ্য, শুশ্ৰূষা, আপদালেৰে
আপোন , পৰিজন
সুন্দৰ শৈলীৰে এটি জীৱন
সঁচাকৈ বৰ মধুৰ সময়
এনেকৈয়ে সময় বাগৰে
পশ্চিমৰ আকাশত ৰান্ধনি বেলিটো
ডুবু ডুবু হোৱালৈ
অবধাৰিত ভাবে নামি আহে
জীৱনৰ বাৰ্ধক্য
মনতে অনুভূত হৈ
প্ৰশ্নৰ অৱতাৰণা
কি কঠিন শব্দ বাৰ্ধক্য
কোনোবাই অনুভৱ কৰিছেনে
নিসংগতা বৃদ্ধত্বৰ এটা অলংকাৰ
বাৰ্ধক্য এটা বোজা
এয়া সত্যৰ অপলাপ নে অইন কিবা
নোৱাৰেনে হ'ব
সকলোৰে সহযোগত প্ৰতিপালিত
জীৱনৰ বিয়লি বেলা
নোৱাৰিনে মানৱতাৰ মহত্বৰে বোৱাব
শেষ নিশ্বাসলৈ এটি জীৱনৰ
সুন্দৰ সোণোৱালী যাত্ৰা
কিয় নোৱাৰি
পাৰি..
হোৱা নাই যে
মানৱতা এতিয়াও ভূলুণ্ঠিত
মৰম সহৃদয়তা আছে যে বৰ্তি
যুগ-যুগান্তৰ
তেতিয়া হ'লে আহাঁ
মনৰ এন্ধাৰ মলিনতা আঁতৰাই
পৰস্পৰে পৰস্পৰক দি যে যাওঁ প্ৰতিদান
শৈশৱৰ পৰা কৈশোৰলৈ
প্ৰতিপাল কৰাৰ দৰে
বৃদ্ধত্বক আপদাল
এয়াই হ'ব মহৎ দান।
পৃষ্ঠা ২১
নাৰী তুমি অনন্যা
সীতা দেৱী
বিহপুৰীয়া, লখিমপুৰ
নাৰী তুমি অনন্যা,
সৃষ্টিৰ ৰচয়িতা।
তুমি মমতাময়ী,
বিশাল বসুন্ধৰা।
বংশ পৰম্পৰাৰ সাক্ষী,
সৌন্দৰ্যৰ প্ৰতীক।
ধৈৰ্য আৰু সহ্যৰ বিশাল ধৰা,
বিশ্ব সংসাৰৰ এনাজৰী।
তোমাৰ মহিমা অপাৰ,
তুমি শক্তিদায়িনী, মুক্তি প্ৰয়াসী।
নহয় তুমি দুৰ্বল অবলা,
তুমি গভীৰতাৰ পৰিধি।
সমমৰ্মিতা আৰু পবিত্ৰতা,
আত্মবলিদানৰ অদম্য নিদৰ্শন।
সাধনাৰ উজ্জ্বল জ্যোতিষ্ক,
শ্ৰেষ্ঠতম প্ৰকৃতি জন্মদাত্ৰী।
আচ্ছাদিত স্নেহসিক্ত সঁহাৰি তোমাৰ,
বিনন্দীয়া এবুকু সঁচা ভালপোৱাৰ
স্বকীয় সত্তা তুমি।
ত্যাগৰ সহস্ৰ ৰূপ তোমাৰ,
নাৰী, তুমি স্নিগ্ধতাৰ সুবাস।
তুমি জাগ্ৰত প্ৰতিচ্ছবি,
তোমাৰ সুকোমল মহিমা,
শান্তিৰ অমিয়া।
আনন্দৰ জোনাক,
মমতাৰ মুকুতা মণি তুমি।
কৰুণাময়ী, হিৰন্ময়ী, সঞ্জীৱনী সুধা,
এগজ জলন্ত শিখা,
গৰ্বিত নাৰী তুমি।
নিৰৱধি, উপমাবিহীন সাহস,
প্ৰেৰণাৰ উৎস, অফুৰন্ত শক্তিৰ,
ভৱিষ্যত প্ৰজন্মৰ বীজৰ ভঁৰাল তুমি।
প্ৰাপ্তিৰ আনন্দ, আত্মবিশ্বাসৰ খনি ,
তুমি মাতৃ, জগত জননী বিশ্ববিজয়ী,
সৰ্বদা কল্যাণী অনুপমা তুমি।
সম্পূৰ্ণতাৰ নিকা দস্তাবেজৰ চানেকি,
তুমি সঁচাকৈয়ে অনন্যা,
প্ৰণামো তোমাক, হে নাৰী প্ৰণামো তোমাক।।
পৃষ্ঠা ২২
অপেক্ষা
মনচুমী কলিতা নাথ
যোৰহাট
আকাশ শুৱাই ফুলিছে সৌৱা
ৰাঙলী পলাশ ফুল
তোকেহে বিচাৰি মোৰ কপহুৱা হিয়া
কিয় আজি বিয়াকুল।
অ' ফাগুনী পছোৱা
উৰি যা উৰি যাচোন
প্ৰেমিক বসন্তৰ আগমনৰ বাতৰি
এবাৰ আনি দেচোন।
আছোঁ বাটে চাই
প্ৰেমিক বসন্তৰ পৰশ পাবলৈ বুলি
নোৱাৰোঁ বান্ধিব মোৰ সেউজীয়া মন
মই যে প্ৰকৃতি ৰাণী ।
ফাগুনী পছোৱাই উৰি উৰি সৌৱা
আনিছে বাতৰি কঢ়িয়াই
বসন্ত নামিছে আকাশী পথেৰে
অপেক্ষাৰ আৰু প্ৰয়োজন নাই ।
আহিব বহাগ আহিব বিহু
কুলি কেতেকীয়ে তুলিব সুৰৰ লহৰ
আহিব চেনাই ধন
ৰঙেৰে ভৰিব ৰিঙা ৰিঙা মন।
আহিব শুভ লগন
হ'ব যে মধু মিলন
গুঞ্জৰী উঠিব বন মধুবন ।
পৃষ্ঠা ২৩
উকা সময়ৰ বাট
গীতাঞ্জলি দেৱী
উশাহ সলাব নোৱাৰাকৈ ভৰপূৰ আছিল সময় ,
প্ৰথমে চাৱনি, তাৰপাছত শিহঁৰণ
বুজাৰ পাছতো অবুজ হোৱাৰ সেই
সময়বোৰত আমাৰ মাজত দূৰত্ববোৰ নথকাটোৱেই আমি বিচাৰিছিলোঁ ।
এটা-এটাকৈ পৃষ্ঠা লুটিয়াই সোঁৱৰণি দলিলৰ
আজিও অবাক মই
আচলতে কি পাই কি হেৰুৱালোঁ
নুবুজিলোঁ ।
অতীত বুলি ক'লেই পাহৰা যায়নে ?
নাভাবোঁ বুলিলেও স্মৃতিক কবৰ দিব পাৰিনে ?
মই মোৰ হৈ নাথাকিলোঁ
আৰু তুমিও ।
সিদিনা তোমাক কাষত পাইও ভৰপূৰ সময়ৰ কামনা নকৰিলোঁ ,
হেৰুৱাব লাগেই যদি নাহক সেই সময় ।
উভতিব নোৱাৰিলেও দীঘলীয়া সৰল বাটেৰে আমি একেলগে যাব জানো নোৱাৰোঁ ?
পৃষ্ঠা ২৪
তোৰ চকুৰ কোণত ফুলিছে কি তৰা
মনালিছা শইকীয়া
বোকাখাত
তোৰ চকুৰ কোণত
কাজল নে সেয়া মেঘফুল
ছঁয়াময়া আন্ধাৰত একোকে নমনো
ওৰেটো ৰাতি
বুকুৰ নিজানত
দুলি থাকে কথাবোৰ
পুৱতিত
সূৰুযমুখীৰ পাহিৰে সৰকা
নিয়ঁৰৰ মুকুতাবোৰতো অলেখ কথকতা
হালধীয়াবোৰৰো যে
আছে কি সুতীব্ৰ বাসনা
ফুল হৈ ফুলাৰ অথবা পাত হৈ সৰাৰ
মচি পেলা তোৰ
কাল নক্ষত্ৰত টোপাটোপে সৰা চকুপানী
আজি ৰাতি গুমৰাগৰ চেৱত উঠিব দেওধ্বনি
কাজল সনা চকুৰ পটাত উমলিব কাৰেং চুবুৰী
কোনে জানো কয় কথাবোৰ হেঙুলী আবেলিত
গো-বাটত উৰে নিজাৰপৰা বাটৰ এধানি বালিচাহি
পৃষ্ঠা ২৫
কল্পনাৰ বিভাৱৰী
ৰিতুপৰ্ণ শৰ্মা
কোনোবাই কৈছিল জীৱনটো হেনো বিজ্ঞাপন
বিজ্ঞাপনত প্ৰেৰণ কৰা অনুভৱী ছন্দৰ শব্দ
বেদনাৰ যুগবাৰ্তাৰ শব্দ সূত্ৰ
অশান্ত সময়ৰ যুগ্ম স্থিৰ চিত্ৰ
অবুজ ৰাগীত দ্বিধাহীন পান্থপদ্য
যোগাযোগ-৯৭০৭০৭৫৮৪৪
পৃষ্ঠা ২৬
দুৰূহ
মালবিকা শৰ্মা,
ভুবনেশ্বৰ
তুমি মোৰ বাবে এনে এটা পথ
য’ৰ পৰা,
উভতি অহা অসম্ভাব্য,
তুমি হৈছা মোৰ এনে এটা আসক্তি
য’ৰ পৰা,
মুকলি হোৱা অতি অসাধ্য।
মই হৈছো এনে এটি আৱদ্ধ সত্তা
যিয়ে,
প্ৰেমত পৰিছে তোমাৰ বন্ধ হৃদয়ৰ,
এতিয়া,
তুমি যদি হৃদয় মুকলি কৰিও দিয়া
তাৰ পৰা ওলাই অহাটো বৰ কষ্টকৰ।
পৃষ্ঠা ২৭
আশা-নিৰাশা
মিতালী শৰ্মা
উলুবাৰী, গুৱাহাটি
খৰ-ধৰকৈ আহি
কু-উ কু-উকৈ
তাইৰ সুৰীয়া
মিঠা মাতেৰে
মোক ব'হাগৰ
আগলি বতৰা
দিলেহি...
উল্লাসেৰে নতুনক আদৰিবলৈ
আমাৰ বুকুত আজি বিষাদৰ ছাঁ,
পৃথিৱীৰ এচুকত যুদ্ধৰ গুলী
বাৰুদৰ ধোঁৱা উৰিছে।
আমাৰ জীৱন জানো
এতিয়া সহজ ?
মহামাৰীৰ কবলৰ পৰা
উঠিলো কি নাই !
আজিওতো আমি সক্ষম নহলো
যুদ্ধ-বিগ্ৰহক দূৰলৈ ঠেলিবলৈ !
ৰণ- উন্মাদ শক্তিৰ- দুৰ্মদ
মানবৰ মনৰ যুদ্ধ-স্পিহা
থাকে মানে
শান্তি স্থাপনৰ আশাও
দুৰাকাংক্ষা...
পৃষ্ঠা ২৮
নিৰ্মালি
(বাল্যকালৰ স্কুলীয়া বন্ধু ৰূপজ্যোতি বৰুৱাৰ সোঁৱৰণত)
ভৃগু কুমাৰ হাজৰিকা
ধুমুহা এজাকে কঢ়িয়াই আনিছিল
সি গুচি যোৱাৰ বাৰ্তা
পূব আকাশৰ সূৰুযটোৱে গভীৰ নিদ্ৰা এৰাৰ আগতেই
সি গুচি গ'ল
কিন্তু কি আচৰিত !
মানৱতাৰ সাজ সলাই সি যে গুচি গ'ল
উলটি নহাৰ প্ৰতিশ্ৰুতিৰে
হৃদয়ৰ একোণত অলেখ স্বপ্ন
কাজল সনা দুটি নয়ন
মনৰ দাপোণত এটি কাৰেংঘৰ
সকলো এৰি সি গুচি গ'ল
কেচা কলিজাটো, কোমল হিয়াখন
তাৰ দগ্ধ চিতাৰ জুইত পুৰি ছাই হৈ গ'ল
এতিয়া সি যোৱাৰ স্মৃতি মনলৈ আনিলে
জীৱনৰ প্ৰতিপলে অনুভৱ কৰোঁ
সি কৈ যোৱা কথাষাৰি
"তই এদিন কবি হ'ব লাগিব "
দুচকুৰ পৰা দুধাৰি অশ্ৰু নিগৰে
আৰু এই বেদনা ভৰা অশ্ৰুতেই জীৱনৰ একোণত সি সিঁচি দিয়ে
মোৰ দৰে নিঃকিন কবিৰ জীৱনত কবিতাৰ বীজ ।
পৃষ্ঠা ২৯
ফাগুন
আকাংক্ষা বৰা
ফাগুনে কি আনে ?
এআকাশ ৰঙৰ মায়া নে
সৰাপাতৰ বেলাড !
উকা উৰুঙা সময়ে জানো লিখিব পাৰে
ক্লান্ত অপৰাহ্নৰ সীমনাত
সোঁৱৰণিৰ সোণালী সূৰুয৷
তুমি কোৱা ফাগুনৰ বুকুত উচুপনিৰ কল্লোল৷
তুমি কোৱা ফাগুনৰ বুকুত ধূসৰিত কথনৰ আৱৰ্তন৷
মই কওঁ ...
ফাগুন মানেই জুইফুল
ফাগুন মানেই বনফুল।।।
ঠিকনাঃ স্নাতকোত্তৰ তৃতীয় ষান্মাষিক৷
ইউ জি চি নাৰী অধ্যয়ন কেন্দ্ৰ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়৷
ফোন নং: ৭৩৯৯৫৯০৬৯১
পৃষ্ঠা ৩০
ফাগুন
পাৰ্থ প্ৰতিম শইকীয়া ।
তেজৰঙা মদাৰ , শিমলুৰে
চৌপাশ এতিয়া বিনন্দীয়া ...
নহ'বই বা কিয় ?
এয়াইতো ফাগুনৰ বতৰ ।
তুমি যে কৈছিলা ,
ফাগুন হেনো তোমাৰ বৰ প্ৰিয়
মনত আছেনে ?
মৃদু সমীৰৰ বতাহজাকে জানো আমাৰ মাজত
প্ৰণয়ৰ বা বলোৱা নাছিল ?
সেয়ে হয়তো এতিয়া মোৰাে ফাগুন ভাল লাগে
তোমাৰ দৰেই ।
শুষ্কতাৰ ধূলিয়ৰি আৱৰণৰ মাজতো
চৌপাশে সেন্দুৰীয়া আবিৰ ,
মনবোৰ চঞ্চল
তথাপিও ফাগুন ভালপোৱাৰ এসোপা আৱেগ গভীৰ ।
ফাগুন হেনাে নতুনত্বৰ প্ৰেমিক
ফাগুনতেই চলে বৰষাক আদৰাৰ আখৰা ,
তুমি তুমি লগা ফাগুনৰ
প্ৰতিটো অনুভৱেই যে সুকীয়া।
ফাগুনৰ দৰেই তুমিও বাউলী
মেঘালী চুলি মেলি
চৌপাশ ভ্ৰমি ফুৰাৰ কিমান যে প্ৰস্তুতি ।
লুইতো এতিয়া চৰ - চাপৰিৰে ভৰা
কঁহুৱা তুলা উৰা চাই মন হয় আপোন পাহৰা ।
চিলাবোৰো ৰঙচঙীয়া
এমুঠি আশাৰে দিগন্ত চোৱাৰ কল্পনা ।
ফাগুন তুমি
প্ৰণয়ৰ এটি মিঠা সুহুৰি
তুমিয়েই প্ৰেমৰ ৰাগিনী ।
ফাগুন তুমি মিঠা প্ৰণয়ৰ বতাহ
ফাগুন তুমি মিঠা আলাপৰ হেঁপাহ ।
ঠিকনাঃ
বি.এ. তৃতীয় ষান্মাষিক ।
ইংৰাজী বিভাগ ।
নন্দনাথ শইকীয়া মহাবিদ্যালয়
ফোন নং : 8011214166
পিন : ৭৮৫৬৩০
পৃষ্ঠা ৩১
পৰিচয় শিতানঃ
কবি জিতেন নৰহৰ চমু পৰিচয়
পৰিচয়ঃ
লখিমপুৰ জিলাৰ ৰঙানদী পাৰৰ শালমৰা গাঁৱত কবি জিতেন নৰহৰ জন্ম। উত্তৰ লখিমপুৰ কলেজৰ পৰা বিজ্ঞানৰ স্নাতক। পেছাত শিক্ষক নৰহৰ কবিতা প্ৰকাশ আলোচনীকে ধৰি দেওবৰীয়া সম্ভাৰ, দেওবৰীয়া খবৰ,
অনুভূতি,ৰহস্য আদি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। শিশু আলোচনী "বাৰ ওঠৰ"ত তেওঁৰ শিশু কবিতা প্ৰকাশ পাই আহিছে। ২০০৬ চনত "AIPE' ME':NAMLOK PINU A:M" নামৰ মিচিং কবিতা সংকলন আৰু ২০১১ চনত "মোৰ দিনলিপিৰ শিৰোনামা তুমি" নামৰ তেওঁৰ এখনি অসমীয়া কবিতা সংকলন প্ৰকাশ পায়। জানুৱাৰী ২০১৯ চনত সাহিত্য অকাডেমীৰ দিল্লীত অনুষ্ঠিত পূৰ্ৱোত্তৰী অনুষ্ঠানত কবিতা পাঠ কৰিবলৈ আমন্ত্ৰণ লাভ কৰে। তেওঁৰ প্ৰকাশিতব্য দুখন কাব্য গ্ৰন্থ ক্ৰমে "ভালপোৱা কলিজাৰ আলফুলীয়া কবিতা" আৰু "গুটিমালি ফুলৰ দৰে" ।
কবি জিতেন নৰহৰ কেইটিমান কবিতাঃ
আমাৰ গাঁও
জিতেন নৰহ
খেতিয়কৰ চকু পানীত বিস্তীৰ্ণ অঞ্চল জুৰি
য'ত ফুলি থাকে বিহ মেটেকাৰ ফুল,
তথাপিও কাহানিও এবাৰলৈও কোৱা নাই যি
আমাৰ জনমেই ভুল;
সেই সহজ সৰল মাটিৰ মানুহৰ গাঁওখনেই আমাৰ গাঁও।
জলডুবা আহু ধানৰ মুঠিবোৰ
আপুনি অহা বাটৰ দুকাষে
মেলি যদি থয় এথানি-এবানিকৈ,
গাহৰিয়ে নুকীয়াই থোৱা বোকাময় বাটত
পিচলি যদি থমকি ৰয়;
তেনেহ'লে জানিব সেয়াই আমাৰ গাঁও।
গৰাই খহোৱা নৈৰ পাৰে পাৰে
পানীৰ স'তে ফেপেৰি পাতি বিশৃংখল ঘৰৰ লানি,
নতুবা মথাউৰিত সৰীসৃপৰ স'তে হুমুনিয়াহৰ শিবিৰ পতি
অনাহাৰে কটোৱা উজাগৰী ৰাতি;
শীৰ্ণ দেহত পিন্ধি জীৰ্ণ কাপোৰ-কানি,
নিঃস্ব মানুহৰ গাঁওখনেই আমাৰ গাঁও।
আথাউনি পানীত ককবকাই
য'ত পিবলৈ এটোপি পানী নাপায়;
ৰিলিফৰ ভেঁকুৰা চাউলৰ ভাত খাই
য'ত পেটৰ লেকাম ছিগি যায়।
সেই গাঁওখনেই আমাৰ গাওঁঁ।
নদীৰ বিদ্যুতেৰে বহুজাতিক কোম্পানীৰ
য'ত চলে লাভদায়ক ব্যৱসায়,
অথচ চৌবিশ ঘন্টাত ওঠৰ ঘন্টাই
য'ত নৈপৰীয়াই বিদ্যুৎ নাপায়;
কণা হাঁহক পতান দিয়া সেই গাঁওখনেই আমাৰ গাঁও।
গ্ৰীষ্ম বন্ধৰ ওপৰি বানপানী বন্ধও
য'ত ছাত্র-ছাত্ৰীয়ে পায়;
চাউল, চিৰা, তিৰ্পাল, স্কুলবেগ,পানীৰ বটল
য'ত ৰজাঘৰীয়াই বিলায়;
তেওঁলোকৰ সপোনৰ ভেল্কীবাজী চাই চাই
জীয়াই থকা গাঁওখনেই আমাৰ গাঁও।
জেতুকা পাতৰ দৰে সেউজীয়াৰআঁৰত
ৰক্ত-ৰঞ্জিত জীৱন জীয়াই
দুবেলা দুমুঠিৰ বাবে হাড় ভঙা শ্ৰম কৰি
খাটি খোৱা মানুহৰ গাঁওখনেই আমৰ গাঁও।
আপুনি নাহিব বাৰিষাৰ দিনত।
আপোনাৰ বিলাসী বাহনে নেপাবহি পাৰে
আমাৰ পদুলিৰ গধুলি গোপালৰ গোন্ধ।
নাৱত উঠি, কাপোৰ উজাই নহ'লেবা
এডলীয়া সাঁকো বগাই উঠিব লাগিব আমাৰ চাংঘৰ;
চাংঘৰত নাপাবও পাৰে
ভাগৰ জুৰোৱা এবাতি প্ৰিয় আপং ;
কণ-জহাৰ সুগন্ধি সনা কিঃপাৰবোৰ
এতিয়া যে এৰাল দিয়া হৈছে জলজ অৰণ্যত।
অতিথি প্ৰিয় মানুহবোৰে
আপোনাক আপ্যায়ন কৰিব নোৱাৰি
আপোনাৰ অজ্ঞাতে যেতিয়া পি খাব লুনীয়া কাবান !
আপুনি সুখী হ'ব পাৰিবনে ?
পাৰিবনে আপুনি সুখী হ'ব ?
তাতোকৈ আপুনি আহিব খৰালিৰ দিনত;
আলি আঃয়ে লিগাঙৰ গোমৰাগ্ চঃমানত।
আপঙৰ ৰাগিত বৰণ হেৰুৱাই
সম্প্ৰীতিৰ সাঁকোডাল ৰাখোঁ জীয়াই।।
আমাৰ ফালে নাহিবা অ' লিগাং
(লাইকা-দধিয়াৰ কাবান)
জিতেন নৰহ
শিমলু-মদাৰৰ ডালে ডালে জুই চটিয়াই
দেহ-মন ৰুকি ৰুকি পচোৱা বোৱাই
আমাৰ ফালে নাহিবা অ' লিগাং !
আমাৰ ফালে নাহিবা !!
অৰণ্যৰ পৰা উচ্ছেদিত
উপান্তপ্ৰায় লাইকা দধিয়াৰ দুৰ্ভগীয়া,
নামতহে ভূমিপুত্ৰ আমি ভূমিহীন খিলঞ্জীয়া।
আমাৰ ফালে নাহিবা অ' লিগাং
তোমাক আদৰিবলৈ আমাৰ শকতি নাইকীয়া।
চেটেলাইট, ইন্টাৰনেটে গঢ়ি তোলা
গোলকীয় দুনীয়াৰ পৰা বিতাড়িত হৈ
মাউখে উটা গুড়ি পৰুৱাৰ দৰে
আমি পুনৰ সংস্থাপন বিচাৰি
লেজাইহোলাত শেষ বাৰৰ বাবে গোট বান্ধিছোঁ।
হাড়লৈকে শীতৰ চেলেক সহি সহি
শিবিৰতে আপোনজনক হেৰুৱাইছোঁ।
কণ কণ শিশু-কিশোৰহঁতৰ
এন্ধাৰ ভৱিষ্যৎ কোলাত সাবটি
অনিদ্ৰা-অনাহাৰে ভাল দিনৰ আশাত দিন নিয়াইছোঁ।
অ' হেঁপাহৰ লিগাং !
তোমাক আদৰিব নোৱাৰি লুণীয়া কাবান
নীৰৱে পি খাইছোঁ।
সম্পদৰ দিনত আমাৰো আছিল অনেক বন্ধু।
আমিও উদযাপন কৰিছিলো
হেঁপাহৰ উৎসৱ আলি আঃয়ে লিগাং,
পঃৰাগ, আমৰাগ আৰু গুমৰাগ।
আজি চিনাকি বন্ধুবোৰো অচিনাকি হৈছে
সংস্থাপনৰ বিৰুদ্ধে সংঘাতৰ সকীয়নি দিছে।
আমাৰ কলিজা ৰেপি ৰেপি
উজনিত বাজিব গুমৰাগ
নামনিত বাজিব গুমৰাগ।
অবনৰি, ধনশিৰি, জীয়াভৰলী
দিহিং, দিচাং, দিখৌ
ৰঙানৈ, বৰনৈৰ ইপাৰ-সিপাৰ
গুমগুমাই থাকিব গুমৰাগ গুমৰাগ।
সেইফালেই যোৱাগৈ যোৱা
আমাৰ ফালে নাহিবা অ' লিগাং!
আমাৰ ফালে নাহিবা!!
তোমাক উদযাপন কৰিবলৈ
আমি বনাব নোৱাৰোঁ প্ৰিয় আপং,
বনাব নোৱাৰোঁ আম্পি পুৰাং।
মাটি হেৰুৱালোঁ, ভেটি হেৰুৱালোঁ
হেৰুৱালোঁ ঘৰ-বাৰী, হেৰুৱালোঁ আমাৰ প্ৰিয় চাং।
শিবিৰকে আশ্ৰয় কৰি জীয়াই আছোঁ
জন্তুতকৈয়ো নিকৃষ্ট জীৱন আমাৰ।
হাড়ক মাটি কৰি
তেজক পানী কৰি
ৰ'দ-বৰষুণ কাতি কৰি পঞ্চাশৰ দশকতেই
নৈ আৰু অৰণ্য প্ৰিয় ককা-দেউতাহঁতে
হাবি ভাঙি বৰ হেঁপাহেৰে গঢ়ি তুলিছিল
লাইকা-দধিয়া গাওঁ আমাৰ।
শস্যে-মৎস্যে নদন বদন
একালৰ বৃন্দাবন
আজি পৰিছে চন।
পেটত ভোকৰ জুই জ্বলিছে
টোপনিয়ে প্ৰতাৰণা কৰিছে
শোকে খুন্দা মাৰি ধৰিছে
মানচিত্ৰই আমাক উচ্ছেদ কৰিছে।
আমাৰ ফালে নাহিবা অ' লিগাং !
আমাৰ ফালে নাহিবা !!
বাপতিসাহোন অ' আলি আঃয়ে লিগাং
তাতোকৈ তুমি যোৱাগৈ যোৱা নগৰলৈ
ৰজাঘৰীয়াই পতা জাকজমকীয়া ৰঙ্গমঞ্চলৈ।
পাৰিলে আমাৰ কথাকো ক'বা
বিদেশী নহয় আমি নাগৰিক দেশৰ,
আমাকো দিয়া জীয়াই থকাৰ অধিকাৰ।
এই জীৱন ! ধিক্কাৰ, ধিক্কাৰ !!
টোকাঃ মিচিং শব্দৰ অৰ্থ
কাবান-শোকৰ বিননি গীত,
পঃৰাগ, আমৰাগ,গুমৰাগ- উৎসৱৰ নাম
অবনৰি-সোৱণশিৰি
আম্পি পুৰাং- তৰাপাতত বন্ধা বৰা চাউলৰ পিঠা
কাংথি লাংছ'
জিতেন নৰহ
(অভি-নীলৰ নামত)
কাৰ্বি আংলঙত ৰঙা হৈ উঠা পুৱাৰ আৰ্ণিটোৰ দৰে
মোৰ অহৈতুকী মনটোৱে এঙামুৰি দিছিল তোমাৰ আকুল আমন্ত্ৰণত।
জিৰ্ জিৰ্ লাংচুনবোৰে মাতি আছিল অহৰ্ণিশে
আহা মোৰ লাং কাংছাম পান কৰি জলকেলি কৰাহি।
চমাংকানৰ ৰাতি চেক্লই মাতি আছিল
আহা মোৰ মোহনীয় ক্ল'ক্লাৰত অৱগাহন কৰাহি।
ধুনীয়া মিৰ্দানে মাতি আছিল
আহা মোৰ সুবাস হৃদয় ভৰাই লোৱাহি।
তমনছ' ৱাংজিৰে মোক কাণে কাণে কৈ আছিল
আহা তোমাৰ বাবে সেউজীয়া তাৰ পাৰি থৈছোঁ।
তুমি জিৰোৱাহি ইংলঙৰ শীতল কোলাত
মই বিচি দিম হাংজাপ।
নিতৌ নিশা মোৰ বুকুত শুনিছিলোঁ
লং লেংম্পুমৰ টুকুৰ্ টুকুৰ্ শব্দ।
থং-কাংকৰ জালীকটা মাতে ৰাতি ৰাতি মোক শুব দিয়া নাছিল।
মই কেনেকৈ ৰৈ থাকো কোৱা !!
মই দৌৰিছিলো তোমাৰ সৌন্দৰ্য সুধা পান কৰিবলৈ।
তোমাৰ অধৰামৃত পান কৰি তৃপ্তিত চকু মুদি দিছিলো।
হঠাৎ এটা ফাংকেদঙে আমাক লম্বিছিল,
সী দিছিল আমাৰ কোমল ওঁঠ।
অগত্যা আমি উভতিব খোজিছিলো।
আমাক পশ্চাদ্ধাৱন কৰিছিল এদল হাবিত আমেথানে।
আৰ্ণি-কাংচামে মেলি দিছিল তাৰ কাংতিং আৰ্বেংক্।
বিবোৰে বিৰইত সোমাই পাগুলি আছিল অজ্ঞতাৰ সাধুকথা।
হাবিত আমেথানবোৰে আমাক ঘেৰি ধৰিছিল।
গেঙেৰীয়াই গেঙেৰীয়াই আমাক কামুৰি ছিৰাছিৰ কৰিছিল।
আমি ৰূপান্তৰিত হৈছিলো ফাংকেদঙলৈ।
আমি কাবৌ কৰিলো কাকুতি কৰিলো
এজনো মানুহ নাছিল তাত, শুনিবলৈ আমাৰ মাত।
মাক মাতিছিলো দেউতাক মাতিছিলো
শুনিছিলানে তোমালোকে আমাৰ মাত ??
আমি ঘূৰি যাব নোৱাৰিলো অ' কাংথি লাংছ' !
বুকুত সাবটি তোমাৰ সমস্ত ভালপোৱা
তোমাৰ বুকুতেই শুই পৰিলো চিৰদিনলৈ।
টোকাঃ কাৰ্বি শব্দৰ অৰ্থ
আৰ্ণি > সূৰ্য/ লাংচুন >জলপ্ৰপাত/ লাং কাংচাম > ঠাণ্ডা পানী/ চমাংকান > উৎসৱ/ছেক্লই > জোন/
ক্ল'ক্লাৰ> জোনাক/ মিৰদান> কপৌফুল/ লং-লেম্পুম > উৰাল/ থং-কাংক > কেতেকী চৰাই/
তমনছ' ৱাংজিৰ্ > মৃদু সমীৰণ/তাৰ > ঢাৰি/ ইংলং > পাহাৰ/হাংজাপ্ > বিচনী/ফাংকেদং > সোপাধৰা/
হাবিত আমেথান > ৰাং কুকুৰ/আৰণি-কাংচাম্ >সন্ধ্যা/ কাংতিং > আন্ধাৰ/আৰ্বেংক্ > পাখি/
বি > ছাগলী/ বিৰই > ছাগলী গৰাল
ভাল পোৱা কলিজাৰ অ' আলফুলীয়া কবিতা-১
জিতেন নৰহ
কাহানিও লিখি উলিয়াব নোৱৰা
ভাল পোৱা কলিজাৰ
অ' আলফুলীয়া কবিতা
কুশলে থাক অ' কুশলে থাক !
তোক অনুবাদ কৰিব নোৱৰাৰ দুখ
মই বহন কৰিম আমৃত্যু অকলে ;
গৰ্ভত মুকুতা ধাৰণ কৰা নিৰ্বোধ শামুকটোৰ দৰে ।
তোৰ সন্ধ্যা মালতী হাঁহিৰ সুগন্ধি
মই ভৰাই ৰাখো হৃদয় থুনপাকত ।
চো মাৰি উৰুৱাই নিয়ে প্ৰেমিক চৰাই ,
সাজি লয় প্ৰেমৰ নীড়।
তোৰ উষ্ম উশাহবোৰ মই ভৰাই ৰাখো
পকা আঙঠা ভৰোৱা হৃদয় কাংৰিত ।
শীতাৰ্ত ৰাতি বিবসনা বিস্মৃতিবোৰে
হাত সেকি সেকি বিচাৰি ফুৰে স্মৃতিৰ সঁফুৰা ।
মই তৰাং নদীৰ শিহু এটাৰ দৰে
তোৰ পীনোন্নত বুকুত বিচাৰি ফুৰো
যৌৱনৰ এখনি ভৰুণ নদী ।
কাহানিও লিখি উলিয়াব নোৱৰা
ভাল পোৱা কলিজাৰ
অ' আলফুলীয়া কবিতা
কুশলে থাক অ' কুশলে থাক।
কাতিৰ মালিতা
( বানে গৰকা নিঃস্ব খেতিয়কৰ কৰুণ গাথা )
(এক)
ধর্ষিতা পথাৰ।
সেউজ শইচৰ হৰিৎ হৰণ।
খালে ডোঙে পৰি ৰ’ল
নষ্ট বীর্যৰ দুর্গন্ধ।
(দুই)
পথাৰ জুৰি বলুকাৰ পাহাৰ।
কুঁৱলী হৈ বিয়পি পৰিছে
কঙাল খেতিয়কৰ হাহাকাৰ।
(তিনি)
কাতি বিহুৰ ৰাতি।
পথাৰত নজ্বলিল লখিমীৰ আৱাহনী চাকি। জ্বলিল নিঃস্ব খেতিয়কৰ
জ্বল্মল্ সজল দুচকু।
(চাৰি)
আঘোণৰ পথাৰ।
বেৰৰ চুকত গুজি থোৱ
হেঁপাহৰ কাচি খনিৰ বিনীত নিবেদন।
হৈ ৰ’ব মাথোঁ দাৱনীৰ ব্যথাৰ
অনুনয় সোঁৱৰণ ।
পৃষ্ঠা ৩২
শিবিৰৰ ৰাতি
(উৎসৰ্গঃ- বানপীড়িত ৰাইজৰ কাতৰ দুহাতত)
গৰখীয়া আবেলি এটা পাতত বান্ধি
অথনিয়েই গুচি গৈছে সপ্তাশ্ব।
দক্ষিণ আকাশত ৰৈ ৰৈ
ৰাংপতা বিজুলীয়ে চেলেকি চাইছে
তাৰ লেলিহান জিভাৰে
মথাউৰিত শিবিৰ পতা
বানত বাস্তুহাৰা লোক সকলক।
গিৰ্গিৰ্ গিৰ্গিৰ্কৈ মেঘে
ঢোলত চাপৰ মাৰিছে।
হো-হো, হো-হো কালৰাত্রিৰ
আগমনী সংগীত বাজিছে।
আজি ৰাতিও বৰষুণ দিব
দোপালপিটা বৰষুণ।
জিকাৰ খোৱা কোমল শৰীৰবোৰে সাৱটি ধৰিছে
মাক-দেউতাকৰ বুকুৰ নিৰাপদ পাঁজৰ।
অবুজ অন্তৰবোৰে নিশিকোৱাকৈয়ে
কিবা এটা বুজি উঠিছে।
ফুচ্ফুচনি এটাৰ দৰে বতাহত বিয়পি পৰিছে
“ডেম” খোলাৰ সাৱধানী সংকেত।
ভৌতিক গল্পৰ শিহৰণকাৰী আমেজ এটাৰ দৰে
আপুনি তাত উপভোগ কৰিছে
বানৰ ভাস্কৰ্যত ভাস্বত লখিমপুৰ-ধেমাজি
গহপুৰ-মাজুলীৰ শৈল্পিক ৰূপ।
ইয়াত মাউখে উটা গুড়ি পৰুৱাৰ দৰে
বিভৎস বানৰ বিভীষিকাময় ৰাতিবোৰত
তুলাচনীত তুলিছে তেওঁলোকৰ জীৱন-সম্পত্তি।
ৰুগ্ন মাতৃৰ শুষ্ক পিয়াহত বিতুষ্ট শিশুৰ দৰে
ঘৰ সম্পত্তি সকলো হেৰুৱাই
চিগা মথাউৰিত আশ্রয় লৈছে
সৰ্বস্বান্ত হুমুনিয়াহ এজাউৰী ।
শিবিৰে শিবিৰে এতিয়া বিৰাজ কৰিছে
সৰীসৃপ শীতলতা ।
পৃষ্ঠা ৩৩
বিহ মেটেকাৰ ফুল
জিতেন নৰহ
.. ... “Bonfire of awe in which my
thirst was burning
Sweet blue hyacinth twisted
Over my soul”.-- Pablu Neruda
মানিকী মধুৰি জীয়াই তোলা খেতিয়কৰ চকুপানীত
যেতিয়া মেটেকাৰ স'তে উটি-ভাঁহি যায়
পোহনীয়া হাঁহ-কুকুৰা, গৰু-গাহৰি
মোৰ হৃদয় ভেদি পাৰ হৈ যায়
এক বিষাদ নীলা সমদল।
মই দেখিছোঁ-
খেতিয়ক সকল মাছমৰীয়ালৈ পৰ্যবসিত হোৱা।
বলধহাল নাওলৈ, নাঙল যুৱলিবোৰ জাললৈ,
অনভ্যস্ত কিছু খেতিয়ক অদক্ষ শ্রমিকলৈ।
মই দেখিছোঁ-
পৰিভ্রমী পক্ষীৰ দৰে
কৰ্ম সন্ধানী উদাস্তু ডেকাবোৰ
গমন কৰা বহিঃ ৰাজ্যলৈ।
মই দেখিছোঁ-
পেটৰ তাড়ণাত জলডুবা মাটিবোৰ
পানীৰ দৰত মহাজনক যাচি থৈ অহা।
কণমানি সন্তান আৰু গাভৰুবোৰক বন কৰা হিচাবে
আনৰ ঘৰত বন্ধকত দি থৈ অহা।
নেৰুদা !
তুমি যদি দেখিলাহেঁতেন এই নিদাৰুণ দৃশ্য !
তেনেহ’লে তোমাৰ প্রেয়সীক
“মিঠা নীলাভ মেটেকা ফুলৰ দৰে...” বুলি
নিদিলাহেঁতেন অতুলন উপমা ।
ইয়াত খেতিয়কৰ চকুপানীয়ে তিয়াব নোৱাৰে
নেতাৰ ৰঙীন ৰুমাল।
নিৰ্বাচনৰ বতৰত হিয়া শাত পৰা কথাৰে জীপাল
পৃথিৱীত তেওঁলোকতকৈ যেন নাই কোনো দয়াবান।
মোৰ দৰেই কলিজাত বিষাদৰ বীজ ৰোপন কৰা
কোনোবা হৃদয়বান লোকে যেতিয়াই মোক প্রশ্ন কৰে,
খেতিয়ক সকলৰ বাবে কি কৰিছা ?
মোৰ অসমৰ্থতাত মই চাটি-ফুটি মৰো
এক অক্ষমনীয় ক্ষোভত।
জগতৰ পালক শইচ শৰাই উপহাৰ দিয়া
খেতিয়ক সকলৰ বাবে হে কবি বন্ধু সকল !
সঁচাই আমি একো কৰিব নোৱাৰোনে ??
পৃষ্ঠাঃ ৩৪
গল্পঃ
বাঘৰ হাতোৰা
মূল ইংৰাজীঃ The Tiger's claw by R K Narayan
অনুবাদঃ বিজয়া গগৈ
বাঘটোৱে তাণ্ডৱ সৃষ্টি কৰা ক'লা অধ্যায়ৰ অন্ত পৰিল। তাক কাবু কৰাজনে আজিৰ দিনটোৰ বাবে বীৰৰ মৰ্য্যদা লাভ কৰিছে।ইন্দ্ৰমালতি ফুলেৰে সুশোভিত চৈ দিয়া গৰুগাড়ীখনত তেওঁক উঠোৱাই নিছে। শোভাযাত্ৰাটো আগুৱাই গৈছে। পিছে পিছে আন এখন গৰুগাড়ী ; গাড়ীখন খোলা। এইখনতে তেওঁলোকৰ খেলৰ ট্ৰফীটো দুয়োফালৰ পৰা চাব পৰাকৈ উজ্জ্বল চকুৰে জিলিকি আছে। নেজডালে পথৰ ওপৰেদি চুচৰি যাওঁতে ধূলি উৰুৱাই গৈছে। গাঁৱৰ মানুহে সকলো কাম পেলাই থৈ ৰাস্তাত আছেহি। পুৰুষ-মহিলা, ল'ৰা -ছোৱালী আটাইবোৰ আহি শোভাযাত্ৰাত চামিল হৈছে। উৎকণ্ঠিত সকলোৰে মুখত কেৱল বাঘটোৰ কথা। অঞ্চলটোত ই প্ৰায় পাঁচ বছৰ ধৰি আতঙ্কৰ সৃষ্টি কৰি আছিল।
কথাচহকী মানুহজনে কথা কৈ কৈ পিছফালৰ পৰা ঠেলা মাৰি নিদিয়া লৈকে আমি মানুহৰ জুমটোৰ লগতে দৃশ্যটো উপভোগ কৰিছিলোঁ। মানুহজনে ক'লে , "আশ্চৰ্য্যজনকভাৱে হাৰি গ'ল ! তোমালোকে যদি স্থিৰেৰে মৰা শটো চাব পাৰিলাহেঁতেন ! চাওঁ , এইফালে আহাঁ আৰু মোৰ কথা শুনা ...।"
সমদলটোৰ ঢৌ মাৰ যোৱাৰ পিছত তেওঁ আমাক নিমগছ এজোপাৰ তলত থকা হাফলু এটাৰ ওপৰত বহিবলৈ ক'লে। কাহিনীটো আৰম্ভ কৰিলে : মই এসময়ত কমলপুৰ নামৰ ঠাইখনত কেম্প পাতি আছিলোঁ। গাওঁখন ইমান বিখ্যাত নহয়। মইনাচৰাই অঞ্চলৰ আটাইতকৈ ঘোপমৰা অঞ্চলবোৰৰ ভিতৰত কমলপুৰও এখন। তোমালোকে হয়তো ভাবি আচৰিত হ'বা এনেকুৱা এৰাপৰলীয়া ঠাইখনত মইনো কি বিচাৰিছিলোঁ! ক'ম, মই এইবোৰ সকলো ক'ম, ক'ব লাগিব। তোমালোকে হয়তো এইটো কথা জানা যে মই চয়ল ফাৰ্টিলাইজাৰ কোম্পানীৰ এজেণ্ট হিচাবে কাম কৰিছিলোঁ। এই সময়চোৱা মোৰ জীৱনৰ আটাইতকৈ দুৰ্দশাগ্ৰস্ত সময় আছিল। মাহটোৰ পঁচিশ দিনেই মই কোম্পানীৰ দ্ৰব্যবোৰ জনপ্ৰিয় কৰি ঘূৰি ফুৰিব লাগিছিল। তেনেকুৱা এটা ভ্ৰমণসূচী লৈ মই কমলপুৰ গাঁৱলৈ আহিব ল'গা হ'ল। আচলতে এইখন এখন গাওঁ বুলিব নোৱাৰি। দুটা ৰাস্তাৰে চল্লিশ ঘৰ মানুহ হাবি জংঘলেৰে আৱৰা এখন সৰু ঠাই। ঠাইখন অপৰিষ্কাৰ খালৰ দৰে। আমাৰ কোম্পানীয়ে কিয়নো এইখন ঠাই বাচি ল'লে মই ভাবি নাপালোঁ। তেওঁলোকে ইয়াৰ অৱস্থানৰ বিষয়েও ভালকৈ নেজানে। মাত্ৰ ইমানেই জানে যে ঠাইখন ৰে'ল লাইনৰ ওচৰত। হয় ৰে'ল বিভাগৰ কিছুমান আঁতিগুৰি নোহোৱা শাখা লাইন এই গাঁৱৰ মাজেৰে পাৰহৈ গৈছে। কিন্তু বেছিভাগ ট্ৰেইন ইয়াত নৰয়। গাওঁখনৰ সভ্যতাৰ প্ৰতীক হৈছে নীলা পোছাক পৰিহিত কুলিজন আৰু সেউজীয়া পাগুৰীৰে ৰঙা-সেউজীয়া পতাকা কাষলতিৰ তলত লৈ থকা বুঢ়া ষ্টেচন মাষ্টৰজন ; লগতে তেওঁ পৰিচালনা কৰা ষ্টেচনটো। ষ্টেচনটোৰ কথা কওঁ শুনা: এইটো পিছে এটা বিল্ডিং নহয় দেই। আয়ুস কাল শেষ হ'বলৈ লোৱা এটা ৰে'লৰ ডবাহে। ডবাটোৰ গাত কোনো চকা লাগি থকা নাই। ৰেলৰ লাইনৰ কাষত কেৱল এইটো ৰখাই থোৱাহে আছে। এখন নে দুখন জানো খিড়িকী আছে আৰু এই খিড়িকীয়েদি ষ্টেচন মাষ্টৰে টিকট বিক্ৰী কৰে।কেতিয়াবা এই হাবিতলীয়া ষ্টেচনটোত আহি উপস্থিত হোৱা যাত্ৰীৰ লগত কথা পাতে। ষ্টেচনৰ প্ৰবেশপথতে বনৰীয়া লতা এডাল মেৰখাই ওলমি আছে। অৱসৰ লোৱা বাহনৰ পৰা ইয়াতকৈ আৰু বেছি সেৱা আশা কৰিব নোৱাৰি।
নবেম্বৰ মাহৰ ৰাতিপুৱা এটাত এখন ৰে'লে মোক নমাই দি ফোপাউৰি মাৰি হাবিলৈ সোমাই গ'ল । কাষলতিৰ তলত পতাকা লৈ থকা ষ্টেচন মাষ্টাৰজনে মোক দেখা পাই উত্তেজনাত আলোড়িত হ'ল। আচলতে এই ষ্টেচনটোত ইমান কম মানুহ উঠা-নমা কৰে যে এজন নতুন মানুহ দেখা পালে তেওঁৰ আনন্দৰ সীমা নোহোৱা হয়। তৎ মুহূৰ্ততে তেওঁ নিজকে মোৰ আশ্ৰয়দাতা বুলি ভাবি ল'লে। লগে লগে সেই পৰিত্যক্ত দবাটোলৈ নি মোক টুল এখনত বহুৱালে। তাৰ পিছত তেওঁ ক'লে,"অলপ ৰ'ব এক মিনিটত মই এই কাগজবোৰ বিলি কৰি আহোঁ। ।" কিছুমান মূগা বৰণৰ কাগজৰ ওপৰত তেওঁ খৰধৰকৈ কিবা লেখিলে আৰু সেইবোৰ আঁতৰাই থলে। ষ্টেচনটো তলা মাৰি বন্ধ কৰিলে। মোক তেওঁৰ ঘৰলৈ লৈ গ'ল। ঘৰ বুলিবলৈ পাথৰেৰে নিৰ্মিত এটা কোঠা, এটা ৰান্ধনীঘৰ আৰু এখন পিছ চোতাল, ইমানেই। এইটো ঘৰতে ষ্টেচন মাষ্টৰে তেওঁৰ ঘৈণীয়েক আৰু সাতটা ল'ৰা-ছোৱালী লৈ বাস কৰে।
কুলিজন লগত দি তেওঁ মোক এমাইলমান ভিতৰৰ গাওঁখনলৈ পঠালে। এই গাঁৱৰ চল্লিশ ঘৰ বাসিন্দাৰ কৃষক সকলক চাৰিওফালে গোটাই লৈ গাঁৱৰ মুখিয়াল বহা আসনৰ পৰা বক্তৃতা দিলোঁ। মোৰ কথা তেওঁলোকে ধৈৰ্য্যৰে শুনিলে। তেওঁলোকক মই লৈ যোৱা নমুনাবোৰ দিলোঁ। সেইবোৰ লৈ গুচি যাৱৰ সময়ত মোৰ সাৰৰ ওপৰত থকা ধাৰণাৰ ওপৰত বিৰূপ মন্তব্য দিথৈ গ'ল। বোজাটো লৈ সন্ধিয়া মই ষ্টেচন মাষ্টৰৰ ঘৰলৈ ঘূৰিলোঁ। মই বুকুত তীব্ৰ বেদনা অনুভৱ কৰিলোঁ আৰু তেওঁলোকৰ বিদ্ৰুপৰ মাতটোৱে কাণত টিংটিঙাই বাজি থাকিল। দুখন ট্ৰেইন পাৰ হৈ গ'ল। পিছে ইয়াত ৰব লগা ট্ৰেইনখন পিছদিনা পুৱা ৫-৩০ বজাতহে পাবহি। ষ্টেচন মাষ্টৰৰ ঘৰত ভাত খোৱাৰ পিছতহে মই বুজিলো যে ইয়াত আৰু মোৰ থকাৰ উপায় নাই। ইয়াৰ পৰা সোনকালে যাব লাগিব । কাৰণ পৰিয়ালৰ মানুহবোৰে হলঘৰটোত বিচনা পাৰিবলৈ ৰৈ আছে। গতিকে মই এনেকৈ ইয়াত ৰৈ থকাটো সমীচীন হোৱা নাই। মোৰ ট্ৰেইন অহালৈকে প্লেটফৰ্মতে শুই থাকোগৈ বুলি ষ্টেচন মাষ্টৰক কোৱাৰ লগে লগে তেওঁ চিঞৰি উঠিল,"নাই নাই, নোৱাৰা। এই ঠাইখন বৰ বেয়া। তোমালোকৰ দৰে নহয়। বাঘৰ ৰাজ্য----।"তেওঁ মোক ষ্টেচনতে শুবলৈ সুবিধা কৰি দিলে। ষ্টেচন নামৰ কোঠাটো এখন টেবুল, এখন চকী আৰু এখন টুলেৰে ভৰি আছিল। আচবাবখিনি ইফাল সিফাল কৰি মোৰ কাৰণে যেনে তেনে অলপ ঠাই উলিয়াই দিলে। এই কোঠাটোত মই কমেও আঠ ঘন্টা থাকিব লাগিব। এই কথা ভাবি মই নিজকে নিশ্চিন্ত মনে এৰি দিলোঁ। নিশা গভীৰ হৈ আহিছে। গমগমনি, খচখচনি, কেৰমেৰণি কৰা শব্দ কিছুমান শুনা গ'ল। লগতে টেলিগ্ৰাফৰ খুটাৰ শব্দ, নিশাচৰ পোক-পতঙ্গৰ চিঞৰৰ মাত, বাঁহগছৰ কেৰকেৰণি শব্দও তাত সংযোগ হ'ল। মই লাহেকৈ থিয় হ'লোঁ ।ষ্টেচনটোৰ সৰু দুৱাৰখনৰ খিলিটো মাৰি পুনৰ বহি ৰ'লোঁ; কিবা অসহায় নিমাওমাও অনুভৱ হ'ল। গৰম বেছি হোৱাৰ বাবে টোপনিও অহা নাই। মই আকৌ উঠি আহিলোঁ। বতাহ সোমাই আহিব পৰাকৈ দুৱাৰখন অলপ মেলি দিলোঁ। চকীখন দুৱাৰমুখতে থৈ পুনৰ আগৰ ঠাইলৈ ঘূৰি আহিলোঁ।
চিলমিল টোপনিৰ ভাৱ এটা আহোঁ আহোঁ হওঁতে এটা সপোন দেখিলোঁ । পাহাৰৰ শিখৰত উঠি মই তলৰ উপত্যকালৈ চাইছোঁ। জোনৰ শেঁতা পোহৰত দূৰত মেকুৰীৰ নিচিনা প্ৰাণী কিছুমান তললৈ নামি আহিছে। আধা পোহৰ আধা ছাঁত মই সিহঁতৰ ফালে বিস্ময়েৰে চাইছোঁ। এক দৃষ্টিনন্দন গতিৰে সিহঁতে আগবাঢ়িছে। সিহঁতক চাই মই ইমান ক'ব নোৱাৰা হৈ পৰিলো যে সিহঁতযে ওপৰলৈ উঠি আহিছে মই লক্ষ্যই কৰা নাছিলোঁ। এটা অকোৱা পকোৱা বাটেৰে আহি মোৰ পিছফালে পালেহি। ঘূৰি চাই মই দেখা পালোঁ এইবোৰ মেকুৰী আকাৰৰ প্ৰাণী নহয়– ডাঙৰ আকাৰৰ বাঘ। মই সচকিত হৈ ষ্টেচনটোতে এছাৰ খাই পৰিলোঁ।
মুহূৰ্ততে মোৰ সপোন ভাগিল ,যেতিয়া প্ৰতিবন্ধকৰূপে দুৱাৰমুখত দিয়া চকীখন মোৰ গাৰ ওপৰতে বাগৰি পৰিল। চকু মেলি দেখা পালোঁ যে বাঘ এটাই ভিতৰত প্ৰৱেশ কৰিবলৈ দুৱাৰমুখত ৰৈ আছে। মই পেপুৱা লাগিলোঁ।এতিয়াও মই নিশ্চিত নহয় যে এইয়া মই সপোন দেখি আছো নে সাৰ পাই আছো। প্ৰথমে মই ভাবিছিলোঁ ভিতৰলৈ সোমাব বিচৰাজন মোৰ বন্ধু ষ্টেচন মাষ্টৰ। কিন্তু সপোনটোৱে মোৰ মনটো সম্পূৰ্ণকৈ প্ৰস্তুত কৰি তুলিলে; মই দেখা পালো তৰা জিলমিল আকাশৰ বিপৰীতে দুষ্পাপ্য বস্তু, নেজ জোকাৰি গুজৰি থকা আৰু সকলোৰে ওপৰত আন্ধাৰত তাৰ তিৰবিৰাই থকা চকু। মই বুজি উঠিলোঁ সাৰ কোম্পানীয়ে মোৰ বক্তৃতা অবিহনে পিছদিনাৰ পৰা কাম চলাব লাগিব। চকীখনৰ হঠাতে হোৱা শব্দত বাঘটো উচপখাই উঠিল। আৰু ই কি কৰো কি নকৰো কৈ ৰৈ থাকিল। কোঠাটোৰ চুকটোত ৰৈ থাকি মোলৈ সি চাই আছে। সি নিজকে ক'লে, "সৌৱা তাত মোৰ নিশাৰ আহাৰ সাজু হৈ আছে, কিন্তু প্ৰথমে মই জানিব লাগিব এই ঘৰ্ঘৰণি,কেৰেক কাৰাক শব্দটো কি আৰু এইটো ক'ৰ পৰা আহিছেনো ?"
যেইকি নহওক জীৱজন্তুয়ে মানুহলৈ ভয় নকৰে যদিও এই টেবুল-চকী আদি আচবাব বোৰৰ পৰা হোৱা শব্দলৈ ভয় বেছি। মই মন কৰিছোঁ এখন চাৰ্কাচত মেনেজাৰজনে এখন চকীৰে গোটেইখন পৰিচালনা কৰিছিল। ভগৱানেও সংকটৰ সময়ত এনে কথা মনত পেলাই নিজকে বচোৱাৰ ব্যৱস্থা কৰি দিছে। বাঘটোৱে মোক আৰু চকীখনক বৰ মনোযোগেৰে চাই থকা মুহূৰ্ততে মই মৰোজীউকৈ টেবুলখন আৰু টুলখন মোৰ গাৰ ফালে টানি ল'লোঁ। কোঠাটোৰ চুকটোলৈ পিঠি দি মই বহি পৰিলোঁ। টেবুলখন চুকটোত কাপ খাই পৰিল। তাৰ তলতে মই বহি ৰ'লোঁ, আনফালে টুলখনে বেৰৰ দৰে ঢাকি আছে। টেবুলখন টানি আনোতে তাত থকা টেবুল লেম্প, আলপিন আৰু এখন দীঘল কটাৰী পৰি গ'ল।
বাঘটোলৈ জুমি চালোঁ। দেখিলোঁ সিও মোৰ ফালে বৰ আগ্ৰহেৰে চাই আছে। ঘটনাক্ৰমে সি তাৰ খাদ্য দেখা পোৱাৰ বাট বন্ধ হৈ গ'ল আৰু খাদ্যৰ প্ৰতি আগ্ৰহ তাৰ কিছু কমি গ'ল। সাৱধানে সি দুখোজমান আগবাঢ়ি আহি ডিঙিত এটা গোজৰণি শব্দ তুলিলে। মাতটোৱে সৰু ষ্টেচনটো জোকাৰি গ'ল। মোৰ অন্তি অৱস্থা সমাগত। এই সময়ত মোৰ পত্নী হোৱা গৰাকীলৈ দুখ লাগিল।
মই চকীখন ঢাল এখনৰ দৰে কৰি দাঙি ধৰি জোকাৰি দিলোঁ; বাঘটোৱে কিছু ইত:স্থত: কৰি দুখোজকৰাক পিছুৱাই গ'ল। ইজনে সিজনলৈ চাই থাকি কিছু সময় পাৰ কৰিলো। মোৰ উশাহ বন্ধ হৈ গৈছে। সি লৰচৰ কৰি এপাকত তাৰ নেজডাল বেৰত ধূমকৈ শব্দ কৰি কোবাই মোৰ পৰা দৃষ্টি আঁতৰ নকৰাকৈ মাটিত লেপেটা খাই বহি লৈ হাতোৰাৰে আঁচুৰিবলৈ ধৰিলে। 'সি মোৰ বাবেই নখ ধাৰাল কৰিছে'-–নিজকে ক'লোঁ। ততাতৈয়াকৈ সাজি লোৱা ঘৰটোৱে ইতিমধ্যে চিৰিয়াখানাৰ গোন্ধ লাভ কৰিছে। গোন্ধটোৱে মোক ইমানপৰে বেমাৰি কৰি পেলাইছে। সি তেতিয়াও আগ হাতোৰাখনে মাটিত আঁচুৰিয়েই আছে। তাৰ মতটো বৰ ভয় লগাকৈ ওলাইছে, তুমি অনুমান কৰিব পাৰিছা নিশ্চয়।
হঠাতে বাঘটোৱে ওপৰলৈ জপিয়াই দি তাৰ দেহৰ সমস্ত ভৰ আচবাবখিনিৰ ওপৰত এৰি দিলে। মই বাচিলো। সেই অৱস্থাত বাঘটোৱে টেবুলখনৰ ওপৰত পৰি হাতোৰা দুখন ওলোমাই থোৱাৰ বাহিৰে অন্য একো কৰিব নোৱাৰিলে। সি অৱশ্যে মোক আঘাত কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু মই চকী-টেবুলযোৰৰ পৰা আঁতৰত আছিলোঁ।
তাৰ দেহৰ ভৰত টেবুলখন জোকাৰ খাই উঠিল। মোৰ শ্বাসৰুদ্ধ অৱস্থা।তাৰ উশাহৰ বতাহ মোৰ গাত অনুভৱ কৰিলোঁ। সি টেবুলখন সম্পূৰ্ণভাৱে ঢাকি হাতোৰা মাজে মাজে মোৰ ফালে মেলি দিছে। মোৰ ভাৱ হৈছে দেহৰ এটুকুৰা যেন সি ঘোঁকতি নি খাবগৈ। মই পিছে টেবুলৰ তলত সোমাই একেবাৰে মাজতে বহি আছো । মোৰ অৱস্থান এতিয়া চাৰিওফালৰ পৰা সি ঢুকি পোৱাৰ চুলিডালৰ সমান ব্যৱধানত। মোৰ মূৰৰ ওপৰত সি কেৰমেৰণি শব্দ কৰি আছে। সি নামি আহিব পাৰিলে মোক চকীখন এফলীয়া কৰি টানি নিব পাৰিলেহেঁতেন। সি যি কি নহওক চকীখনৰ দৃষ্টিয়ে তাক চিন্তিত কৰা দেখা গ'ল। চকীখন ঢুকি পোৱাৰ বাহিৰত থকাটোৱে ভাল বুলি সি বিবেচনা কৰিলে।
যুদ্ধখন কিছু সময় ধৰি চলি থাকিল, কিমান সময় মই সঠিককৈ কব নোৱাৰিম : পৃথিৱীত মোৰ চাউলমুঠি টুটি আহিছিল। এপাকত সি জপিয়াই নামি আহিল । টেবুলখনৰ পৰা এটা ব্যৱধান ৰাখি কিছু আঁতৰি গ'ল। মই চকীখন কেইবাবাৰো জুনজুনাই দিলোঁ; কিন্তু সোনকালে সি মোলৈ ভয় নকৰা হ'ল; চকীখন সি টুকুৰিয়াই চালে আৰু গম পালে যে এইখন আক্ৰমণৰ উপযোগী নহয়। সেই কথাটো আৱিষ্কাৰ কৰাৰ লগে লগে সি গাৰ বলেৰে একাষৰীয়া কৰি এইখন দলিয়াই দিলে। কিন্তু তাতোকৈ খৰ কৰি মই বেগেৰে এইখন নিজৰ ফালে টানি আনিলোঁ। টেবুলৰ ধেনুভিৰীয়া পিঠিখনত এইখন শাল মাৰি ধৰিলোঁ। ইফালে টুলখনে মোক বিপৰীত ফালৰ পৰা ৰক্ষা কৰি আছে। কবলৈ গ'লে মই কম বেছি পৰিমানে কাঠৰ গড়ৰ মাজত আৱদ্ধ হৈ ৰ'লোঁ।
মোক কেনেকৈ পাব পাৰি তাৰ আশাত সি মোৰ সন্মুখত তপিনা পাৰি বহি আছে। এতিয়া এই চকী, টুল আৰু টেবুলে এনে এক বেষ্টনি সৃষ্টি কৰিছে যে মই তাৰ কেন্দ্ৰত অৱস্থান লৈ আছোঁ। ভাবি আছো এই বেষ্টনিটোৱে বাঘটোৰ সকলো কৌশল প্ৰতিহত কৰিব পাৰিব। মই সাজি উলিওৱা এই যোগাৰৰ বিষয়ে সি বৰ মনোযোগেৰে নিৰীক্ষণ কৰিলে ; এটা দূৰত্ব ৰক্ষা কৰি সি হাতোৰাখন ভিতৰলৈ আগবঢ়াই দিলে। মোৰ চকুৰ আগতে সি ওলোমাই থৈছে তাৰ ভাঁজ লগা নখযুক্ত হাতোৰাখন। দৃশ্যটো দেখি মোৰ বৰ খং উঠিল। খং উঠা কামবোৰ এতিয়ালৈকে তাৰ ফালৰ পৰাই কৰি আছে। মই বাৰু এনে খং উঠা কামবোৰ কিয় কৰি থাকিবলৈ দিছো? কথাটো ভাবি মই বৰ অসহায় অনুভৱ কৰিলোঁ। ষ্টেচন মাষ্টৰৰ টেবুলৰ পৰা দীঘল ছুৰী এখন ওচৰতে পৰি আছিল। সেইখন বুটলি ললো আৰু তাৰ ফালে মাৰি পঠিয়ালো। খুচ খোৱা তলুৱাখন সি কোচাই নিলে। বিষত সি বলিয়াৰ দৰে হৈ পৰিল। এপাকত বাঘটোৱে ওপৰলৈ জাপ মাৰি কোঠাটোৰ কাষতে নামি পৰিল। কাঠৰ গড়টো ভাঙিবলৈ বহুত চেষ্টা কৰিলে; পিছে কৃতকাৰ্য্য নহ'ল। হাতোৰাখন ভিতৰলৈ সোমোৱাবলৈও এবাৰ হেঁচা মাৰিলে। মই এই ছেগতে দীঘল কটাৰীখন ভাল কামত ব্যৱহাৰ কৰিলোঁ। নখেৰে সৈতে তাৰ আঙুলি এটা কাটি পেলালোঁ। এইখন আছিল তাৰ আৰু মোৰ মাজত অন্তিম যুঁজখন। সি মোক আক্ৰমন কৰিবলৈ বাৰে বাৰে ঘূৰি আহিছিল। তাৰ লগত মোৰ সম্পৰ্ক ছেদ কৰাৰ আগতে তাৰ তিনিটা নখ কাটিলোঁ। মই ৰক্তপিপাসু হৈ পৰিলোঁ(সেই নখবোৰ সোণৰ ওপৰত গঢ়াই মোৰ তিনিজনী ছোৱালীয়ে ডিঙিত ওলোমাই লৈ ফুৰিছে। কেতিয়াবা চাবলৈ মন কৰিলে তুমি আহি চাব পাৰা )।
ৰাতিপুৱা পাঁচ বজাত ষ্টেচন মাষ্টৰ আৰু কুলিজন আহি আপোন মনেৰে খোজ কাঢ়ি ফুৰিছে। যি মুহূৰ্ততে তেওঁলোক দুজন উপস্থিত হ'ল বাঘটোৱে মোক এৰি সিহঁতলৈ মুখ ঘূৰালে। দেখা মাত্ৰে দুয়োজনে দৌৰিবলৈ ধৰিলে। ষ্টেচন মাষ্টৰে দৌৰি ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। আৰু কুলিজনে তীব্ৰ বেগেৰে গৈএজোপা ওখ গছত উঠিল। বাঘটোৱেও তাৰ পিছে পিছে গৈ গছজোপাৰ আধালৈকে উঠি গ'ল। গছৰ ওপৰত ইটোৱে সিটোলৈ থৰ লাগি চাই থাকোতেই মালবাহী ৰে'লখনে ষ্টেচনত মালবস্তু নমাবলৈ সোমাল । সময় ৫-৩০বাজিছে। ট্ৰেইনখনে হিচ হিচকৈ হুইচেলৰ; ইঞ্জিনৰ পৰা জুই ওলাল। ভয় খাই বাঘটোৱে গছৰ পৰা নামি হাবিলৈ দৌৰিলে।
"যদিও মানুহে তাৰ উপদ্ৰৱৰ কথা শুনি আছে, সি কিন্তু এই ঠাইলৈ পুনৰ অহা নাই। মই কেই মুহূৰ্তমানৰ আগতে গৰুগাড়ীখনত উঠি যোৱাৰ পূৰ্বে তাক দ্বিতীয়বাৰ লগ পোৱা নাছিলোঁ। তাৰ সোঁ হাতোৰাখন যিখনত তিনিটা আঙুলি আৰু নখ নাই মই দেখাৰ লগে লগে চিনি পালোঁ। বন্দুক আৰু সহচৰ লৈ সকলো সুবিধাৰে এজন মানুহে বাঘটো বধ কৰা কাৰ্য্যত তুমি ইমান বিস্ময় মানিছা, মই ভাবিছো তোমাৰ লগৰীয়া এজন যিজনে অকলশৰে তাকো সুদা হাতেৰে সেই একেটা জন্তুৰ সন্মুখীন হৈছিল, তাক নিশ্চয় তুমি ধন্য মানিবা। সেইবাবে এই বৰ্ণনা আগবঢ়ালোঁ।"
কথাচহকী মানুহজন যেতিয়া আমাক এৰি গুচি গ'ল আমি আটাইবোৰ তেতিয়া সকলোৱে চাব পৰাকৈ ট্ৰফীটো থোৱা ঠাইলৈ গ'লোঁ। সেই ঠাইতে চহৰৰ পৰা অনা ল'ৰী এখনত উঠি আছিল চিকাৰী বীৰজন আৰু তেওঁক তাতে প্ৰশস্তি প্ৰদান কৰা হৈছিল। মানুহৰ জুমটো ঠেলি হেচি আমি আগবাঢ়িলো বাঘটোৰ সোঁহাতৰ হাতোৰাখন চাবলৈ। কোনোবা এজনে গেছ লেম্প এটা তললৈ নমাই দিলে। হয়, তিনিটা আঙুলি নাই আৰু সেই ঠাইকণত এটা গভীৰ দ' ক'লা বৰণৰ দাগ আছে। যিজন মানুহে এই আঙুলি কাটিছিল তেওঁ নিশ্চয় কটাৰীখন হাতুৰীৰ শক্তিৰে হেচি ধৰিছিল। এটা প্ৰশ্নৰ উত্তৰত চিকাৰীজনে কৈছিল–" এইটো কেনেকৈ হ'ল ক'ব নোৱাৰি। আমি এনে উদাহৰণ আগতেও পাইছোঁ। মানুহে কয়, অৰণ্যত বাসকৰা কিছুমান জনজাতীয় লোকে যদি বাঘৰ পোৱালি ধৰে তেতিয়া তাবিজৰ বাবে নখ কাটি লৈ পোৱালি এৰি দিয়ে। সিহঁতে সাধাৰণতে পোৱালি নেমাৰে ।"
পৃষ্ঠাঃ ৩৫
অপ্ৰেমৰ গল্প...
ৰূপালীম মহন্ত
বেংগালুৰু, কৰ্ণাটক
টিং টিং টিং...
ৱাটচ্ এপত নটিফিকেশ্যনটো অহাৰ লগে লগে ৰিণিকিয়ে একেকোবে দৌৰি গৈ ফোনটো চাইলেণ্ট কৰি দিলে। তাইৰ বহু প্রত্যাশিত মেছেজ এইটো। কিন্তু মাকে যে তাইৰ ৰুমত আঁঠুৱা তৰি আছে। এই সময়ত কোনোবাই ফোনত মেছেজ পঠিয়াইছে বুলি গম পালে হিটলাৰ ৰূপী মাকজনীয়ে তাইৰ কলিজা খাই দিব। চৌদ্ধ গোষ্ঠী উধাৰি শ্ৰীমতী চৌধুৰীয়ে ৰিণিকিক থকা সৰকা কৰিব।
একো যেন হোৱাই নাই ভাব দেখুৱাই ৰিণিকি ৰুমটোৰ পৰা লাহেকৈ ওলাই আহিল। মাক শোৱক। মেছেজ দিবলৈ গোটেই ৰাতিটো পৰি আছে।
সমুখত তাইৰ হায়াৰ চেকেণ্ডাৰী পৰীক্ষা। জীৱনৰ এটা মুখ্য ঢাপ। ভালকৈ পাছ কৰি দিল্লীত মাচ-কম পঢ়িবলৈ যাব বুলি তাইৰ লগতে ঘৰখনেও আশা কৰি আছে। হওঁতে স্কুলত থকালৈকে ৰিণিকি ঠিকেই আছিল, স্বভাৱে চঞ্চলমনা যদিও পঢ়া-শুনাখিনি ঠিক বজাই ৰাখিছিল। কিন্তু মেট্ৰিক পাছ কৰি ওচৰৰে জুনিয়ৰ কলেজখনত নাম লগোৱাৰ পৰা তাইৰ কি হ'ল জানো! এসোপা নতুন বন্ধু গোট খালে, বাহিৰা, অযথা ধান্দাবোৰ বেছি হ'বলৈ ল'লে। ফুৰা-চকা, বন্ধু-বান্ধৱ, লগৰবোৰৰ "লাভ-এফেয়াৰ", এইবোৰ কথাই ৰিণিকিক বাৰুকৈয়ে ব্যস্ত কৰি ৰাখিবলৈ ল'লে। ফলত ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা একেবাৰেই আশানুৰূপ নহ'ল।
এতিয়া ফাইনেল সমাগত। পঢ়াৰ যতন হওক বুলিয়েই মাকে অলপ দিনৰ পৰা তাইৰ যাৱতীয় সকলো কাম কৰি দিছে। কেৱল এটাই ইচ্ছা তেখেতৰ,
"সময় ক্ষতি নকৰি তই পঢ়। কেৱল পঢ়ি যা। হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ কথা, মনৰ মতনকৈ পাছ কৰিলে ভাল কলেজ এখনত নাম লিখাই গজগজিয়া হ'ব পাৰিবি।"
কামৰ তাগিদাত সিহঁতৰ বাপেকটোৱে মূৰ দাঙিব নোৱাৰে। তিনিটাকৈ ল'ৰা-ছোৱালী শ্ৰীমতী চৌধুৰীয়ে অকলেই ডাঙৰ কৰিলে। ভাতৰ চৰুৰ পৰা বজাৰ সমাৰলৈকে ঘৰৰ সমস্ত জঞ্জাল তেখেতে অকলেই সামৰে। ৰিণিকিৰ বায়েক ৰিন্তীয়ে যিমান পাৰে সহায় কৰি নিদিয়া নহয়। কিন্তু তাইৰ নিজৰো পঢ়া আছে। কম্পিটিটিভ পৰীক্ষাবোৰ দিব বুলি বায়েকে কলেজৰ পঢ়াৰ বাদেও উপৰুৱা ধেৰ পঢ়া-শুনা কৰে। তাইৰ পিছৰে ল'ৰাটো, ৰণ্টু সি থকালৈকে মাকক বজাৰ-পাতি কৰি, লাইট-পানীৰ বিল দি ভালেখিনি সহায় কৰি দিছিল। কিন্তু যোৱাবছৰ সিয়ো ইঞ্জিনিয়াৰিং পঢ়িবলৈ চুৰাটলৈ গুচি গ'ল। আৰু এতিয়া ঘৰখনৰ সমস্ত দায়িত্ব মূৰ পাতি লোৱাৰ পিছত বেচেৰী মাকজনীৰ বৰ্তমানৰ উদণ্ড ৰিণিকিজনীক শাসন কৰিবলৈ সময় আৰু শক্তি, দুয়োটাই নুকুলায়।
আজিকালি ৰিণিকিয়ে ফোনটো লৈ অনবৰতে ধিতিঙালি কৰি থাকে বুলিয়েই ঘৰখনৰ মানুহৰ গোচৰ। দেউতাকেও দুই এদিন গল-হেকাৰি মাৰি ফৰমান শুনোৱা হৈ গৈছে।
"ফোনে মানুহে গতিয়াই বাহিৰ কৰি দিম, সময় থাকোতেই চিধা হ। বায়েৰৰ বেলিকা কিন্তু মই এটা কথাও ক'ব লগীয়া হোৱা নাই।"
পিছে উৰ্ধবাহু জীয়েক ৰিণিকিয়ে কথা শুনিলেহে। তাইৰ মতে তায়েই সকলো জানে। ঘৰৰ মানুহবোৰ কামোৰ, সকলোতকৈ বেঙী তাইৰ নিজৰ বায়েকজনী।
ঘৰখনৰ মানুহবোৰ ৰিণিকিৰ ওপৰত ৰুষ্ট হৈ থাকে। সমুখত পৰীক্ষা, তথাপিও ৰিণিকিৰ চচিয়েল লাইফ, বন্ধু-বান্ধৱৰ তাণ্ডৱ শেষ নহয়।
"শাসন নমনা, টিঘিলঘিলাই ফুৰা, উতনুৱা ছোৱালী হৈছে এইজনী।" ৰিন্তীয়ে তাইক উপমা দিয়ে।
মাকেও কয়,
"ককায়েৰটোতো এটা জুৱেল। বায়েৰকো দেখিছ ? কিমান শান্ত ! মুখৰ এটা মাত নাই। দিনটো নিজৰ ৰুমত সোমাই হয় পঢ়া-শুনা কৰে, নহয় ঘৰৰ কাম। তোৰ নিচিনা আজি অমুক, কাইলৈ তমুক কৰি সময় অপচয় নকৰে। ৰাতিয়ো দেহি বেচেৰীজনীয়ে লেপটপ লৈ পঢ়া-শুনা কৰে, ভিডিঅ'ত অনলাইন কৌৰ্চ কৰে।"
কথাটো সঁচা। পঢ়া-শুনাত ৰাপ থকা বায়েক ৰিন্তীয়ে যোৱা কেইমাহ মানৰ পৰা দিনে ৰাতিয়ে পঢ়িবলৈ লৈছে। কলেজৰ সময়খিনি বাদ দি তাই বেছিকৈ বাহিৰলৈ নোলায়েই। আগতে ইহঁতৰ লগতে ধেমালি-ধুমুলা কৰিছিল, এতিয়া সেইবোৰো বন্ধ। ভায়েক পঢ়িবলৈ যোৱাৰ পিছত তাৰ ৰুমত তাই থাকিবলৈয়ো লৈছে। আগতে তাই আৰু ৰিণিকি একেলগেই থাকিছিল। কিন্তু "ৰিণিকিয়ে বৰ উৎপাতখন কৰি থাকে... মোৰ পঢ়া ডিষ্টাৰ্ব হয়" বুলি তাই ইটো ৰুমলৈ শ্বিফ্ট হৈ পেলালে। ৰিণিকিয়েও ভালেই পালে। কামোৰ বায়েকৰ শাসন আৰু বকনিৰ পৰা মুক্ত হৈ তাই নিজাববীয়াকৈ ৰুমত নাচ-গান, চিঞৰ-বাখৰ সকলো কৰিবলৈ ল'লে। মুঠতে পঢ়া-শুনা ৰসাতলে গ'ল।
আজলী বায়েকেনো কি বুজিব তাইৰ "হেপেনিং লাইফ"ৰ কথা। তাইতকৈ চাৰিবছৰৰ ডাঙৰ বায়েকজনীতকৈ নিমাখিত, বোবা প্ৰাণী তাই এই পৃথিৱীত দেখা নাই। ধুনীয়াজনী হোৱা স্বত্বেও না আছে কোনো ধুন-পেচ, না চচিয়েল লাইফ। মস্ত নিৰস।
ৰিণিকিয়ে কেতিয়াবা যুক্তি খটুৱাই কিবা এষাৰ ক'লেও বায়েকে বেয়া পায়। এবাৰ ওচৰৰে এঘৰত ৰিটায়াৰ হোৱা খিটখিটিয়া বুঢ়া এজনে মাকক কথা শুনাইছিল, "বোলো ৰিন্তীক বিয়া দি দিয়ক, পঢ়াই শুনাই কি কৰিব ছোৱালী মানুহ ? এনেয়ে হে থাকিব, বিপদ সোনকালে খেদাব লাগে আৰু।"
ৰিণিকিয়ে তেখেতক মুখতে ধৰিছিল, "তেন্তে বৰ্তা, আপুনিওতো এনেয়েহে আছে, ৰিটায়াৰ হৈ। তীৰ্থ কৰিবলৈকে নাযায় নো কিয় ?"
ঘৰলৈ আহি বায়েকে তাইক দেধাৰ বকিছিল, "কিয় সকলো কথাতে টেপটেপাই থাক। মই বায়েৰ হৈয়েই একো কোৱা নাই, তই সৰু হৈ ইমান বেছি ওষ্টাদি মাৰ।"
"ইহঃ বৰ বায়েকজনী ওলাইছে।" উচাত মাৰি ৰিণিকি গুচি গৈছিল।
এইজনীয়েই তাইৰ বায়েক। অথচ একে ঘৰৰ সৰু ভনীয়েক হৈ ৰিণিকি কিমান আপ-টু-ডেট। এই বয়সত কৰিবলগীয়া বহুত ফুৰ্তিয়েই তাই কৰি ফুৰে। মাজতে কাৰোবাৰ কাৰোবাৰ প্ৰেমতো পৰিব বিচাৰে। কিন্তু যোৱাবছৰ লগৰ ল'ৰা এটাৰ লগত চিঠি দিয়া-দিয়িৰ কাৰবাৰটো ককায়েক ৰন্তুৱে ঠিক ধৰা পেলাইছিল। ল'ৰাটোক এপিটন দিম বোলোতেই সি কান্দি কান্দি সৈ কাঢ়ি পেলাইছিল। কেলেহুৱা প্ৰেমিকটোৰ তাগজ নাই বুলি ৰিণিকিয়ে আৰু "এই চেঙেলীয়াবোৰৰ প্ৰেমত পৰিবলৈ নাই" বুলি শপত খাইছিল। ঘৰত কিন্তু নিজৰ দপদপনি তাই অক্ষুণ্ণ ৰাখিছিল।
কিন্তু উঠন বয়স বুলি কথা। ৰিণিকিৰ পাখি লগা মনটোৱে চোন বাৰে বাৰে পিৰীতিৰ ৰংবোৰ গালে-মুখে সানি ল'ব বিচাৰে। তথাপিও তাই নিজকে কোনোমতে প্ৰবোধ দিয়ে। কাৰোবাক ভাল লাগিলেও নিজকে সংযত কৰে।
পিছে শেষ পৰ্যন্ত প্ৰেমত নপৰাকৈ ৰিণিকি থাকিব নোৱাৰিলে। ঘটনাটো যোৱা বছৰৰ শেষৰ ফালৰ। চুবুৰীৰে দুৰ্গা পূজাৰ অৰ্গেনাইজিং কমিটিত থকা সীমান্ত বোলা নতুন ল'ৰাটোক দেখা পাই ৰিণিকিয়ে একেকোবে পানী খাই গ'ল। সীমান্ত সাৰদা জেঠাইহঁতৰ ঘৰত বন্ধু এটাৰে সৈতে ভাড়াত থাকে। ওখই পাখই বেছ গঢ়িত ল'ৰাটোৰ বেলেগ এক সন্মোহনী শক্তি। চকুত পৰাৰ পিছৰে পৰা দুদিনমান লাজ-লাজকৈ ৰিণিকিয়ে তাক দূৰৈৰ পৰাই নিৰীক্ষণ কৰি থাকিল। স্বভাবতে কথকী ৰিণিকিয়ে পটককৈ তাৰ লগত কথা পাতিবলৈ সাহ কণ গোটাব নোৱাৰিলে। সীমান্ত তাইতকৈ যথেষ্ট ডাঙৰ। ওচৰৰে কলেজ এখনত সি যোৱা বছৰ অংকৰ এচিষ্টেণ্ট লেকচাৰাৰ হিচাপে সোমাইছে। মাষ্টৰ মানুহ, গতিকে স্বাভাবিকতে ৰিণিকিয়ে তাক ভয়-সম্ভ্ৰম কৰি চলিছিল। কিন্তু পোনপটীয়াকৈ কথা নাপাতিলে যদিওবা বাটে ঘাটে লগ পাই তাই তাৰ প্ৰতি ভালকৈয়ে আকৃষ্ট হৈ গৈছিল।
কিন্তু মাকে এদিন তাইক অংক মাষ্টৰ সীমান্তৰ ওচৰলৈ নজনা অংক এটা লৈ যাবলৈ বাধ্য কৰাইছিল। বায়েক পিউৰ আৰ্টছৰ মানুহ, অংকৰ লগত খাতিৰ বাতিৰ নাই। ককায়েক ৰণ্টু নথকাৰ পৰা ৰিণিকিক অংক দেখুৱাবলৈ মানুহ নোহোৱা হ'ল। গতিকে তাই বুকুত সাহস বান্ধি গৈছিল অংক লৈ। মাকে সাৰদা জেঠাইৰ লগত বাৰান্দাতে থিয় হৈ "কাচকলৰ কৌফটা"ৰ ৰেচিপি বুজাই থাকোতে, সীমান্তই ৰিণিকিক ভাড়া ৰুমত অংকটো বুজাই দিছিল। অংক বুজি, বহীখন লৈ ওলাই আহিবৰ সময়ত ৰিণিকিৰ মুখখনত ৰঙচুৱা আভা এটা লাগি আহিছিল। তাই দৌৰি ঘৰ পাইছিলহি।
সাৰদা জেঠায়ে চিঞৰিছিল " ঐ এইজনী দেখোন চাওঁতে চাওঁতে গাভৰুৱেই হ'ল। বায়েকৰ আগতে এইক হে দিবৰ হ'ব যেন পাওঁ।"
ৰিণিকিৰ বুকুৰ ধপধপনি বহু পৰলৈ শাম কটা নাছিল। সীমান্তই তাইক অংক বুজাই থাকোতে কৈছিল,
"ঘৰৰ ওচৰতে ইমান ধুনীয়া ছোৱালীজনী আছে, আজিহে দেখিলো।"
ঘৰলৈ আহি তাই এপৰমান আইনাখন চাই থৰ লাগিছিল। ইমান ধুনীয়া নে তাই!
দুদিনমান পিছত সীমান্তই তাইক ফেচবুকত ফ্রেণ্ড ৰিকুৱেষ্ট পঠাইছিল। অলপ দিন ইটো সিটো কথা পতাৰ পিছত ফোন নম্বৰ লৈ দুয়োটাই দিনে ৰাতিয়ে ফোনত প্ৰেমালাপ কৰিবলৈ ল'লে। অংক মাষ্টৰ সীমান্তই সাহিত্য লগাই লগাই মিঠা মিঠা কথা কয়, ৰিণিকি তাতেই বিহ্বল হৈ যায়। গাটো ৰাই যাই কৰে, মন ইচাত বিচাট।
ফলত পঢ়া-শুনা ক্ষতি, একোতে নবহে মন। ব্যস্ত দেউতাকৰ তাইক চাবলৈ সময় নাই। কামৰ জুমুৰিত মাকৰোঁ আহৰি নাই। কোনেও কথাবোৰ ধৰিব নোৱাৰিলেও, বায়েকে কিন্তু কিবা এটা অনুমান কৰি পেলাইছিল।
"তই আকৌ ইফালে সিফালে ধান্দা লগোৱা নাইতো ? চাবি কিন্তু সমুখত পৰীক্ষা, নিজৰ লাইফটো বৰবাদ নকৰ। তোক এই পিলিঙা লগৰ ল'ৰাবোৰে খাই দিছে। কিহৰ ইমান ল'ৰাৰ লগত হলি-গলি তোৰ ?"
ৰিণিকিয়ে বায়েকক গ্ৰাহ্যই নকৰে।
"এইজনী ওলাল আকৌ মোৰ গাৰ্জেন। মই নিজৰ ভাল বেয়া ঠিক জানো।" তাই ভাবে।
সীমান্ত দা কিবা চেঙেলীয়া-ফুকলিয়া ল'ৰা নেকি ? সি দস্তুৰমত চাকৰি কৰা মানুহ। কিমান মেচিয়ৰড। তাৰ আৰু পিল-পিলিয়া ল'ৰাবোৰৰ মাজত আলবৎ পাৰ্থক্য আছে।
ৰিণিকিয়ে মনটোক যুক্তি দিয়ে।
সীমান্ত দাই তাইক একোৱেই আমনি নিদিয়েচোন। বৰং কৈছেহে তাই পঢ়ি শুনি ডাঙৰ হোৱালৈ সি হেনো বাট চাব। কেতিয়াবা অৱশ্যে ফোনত চূড়ান্ত ৰোমান্টিক মুহূৰ্তবোৰত সি কৈ পেলাই "লগ কৰো কৰবাত ব'লা" বা " মোৰ ৰূমলৈকে আহাচোন এদিন।"
ৰিণিকি নাযায়। সীমান্তক যে বিশ্বাস নকৰে সেইটো নহয়। কিন্তু একে চুবুৰী বুলি কথা। ধৰা পৰিলে যে কথা বিষম হ'ব তাই জানে। তাৰোপৰি হায়াৰ চেকেণ্ডাৰীৰ দেওনা পাৰ হৈ প্ৰাপ্ত বয়স্ক নোহোৱালৈকে তাই কোনো ল'ৰাৰ লগত চুমা-তুমা, ডেটিং জাতীয় মেৰ-পাচত নোসোমাই বুলি ঠিৰাং কৰি থৈছে। প্ৰেমত হাবু-ডুবু খালে কিদাল হ'ল, হিতাহিত জ্ঞানকণ আছে তাইৰ। গতিকে তাই তাক চাফাকৈ কৈ দিলে,
"এতিয়া এনেকৈয়ে থাকোঁ দিয়ক, মানুহে গম পাব। কলেজ পালে আপোনাৰ চব কথা মানিম।"
সীমান্তই মানি লয়। তাইক বুজাই দিয়ে যে বয়সৰ তাৰতম্য থাকিলেও সি তাইৰ সুবিধা নলয়, বৰং তাইক আৱৰি সামৰি হে ৰাখিব। এইটো সিহঁতৰ গহীন প্ৰেম। লাপি-লুপা কোনো সস্তীয়া এফেয়াৰ নহয়।
গতিকেই ৰাতি ৰাতি সিহঁত দুয়োটাৰে মেছেজ আৰু ফোনৰ খেলখন চলি থাকিল। গুণ-গুণ কৈ ফোনত কথা পাতে। ৰিণিকিৰ মনটো কিমান ভাল লাগে তাই হে জানে। কেতিয়াবা সীমান্তই বিচৰা মতে তাইৰ তাৰ আগতে ধৰা দিবলৈয়ো মন যোৱা হয়। পিছ মুহূৰ্তত নিজকে বুজায়।
আজি তাই মনতে পাঙি আছিল, "গোটেই ৰাতি কথা পাতিম, সীমান্ত দাই বিচৰাৰ নিচিনা অলপ লাজ লগা ধৰণৰ কথাবোৰো কৈ চাম, কিনো হ'ব!"
কিন্তু খাই বৈ শুবলৈ যো-জা কৰোঁতেই পৰিল নহয় শল ঠেকত। মাকে তাইক আঁঠুৱা তৰি দি আহি ক'লে
" ৰাতি পঢ়িবি জানো তই আজি ?"
তাই একো ক'বলৈকে নাপালে, তেখেতে কৈ গ'ল,
"আজি নালাগে দে পঢ়িব, মই তোৰ লগতেই শুঁ। দেউতাৰ নাই, বেডৰুমদালত অকলে শুবলৈ বেয়া লাগিছে।"
ৰিণিকিয়ে একো তলকিবই নাপালে, মাকে নাইটি পিন্ধি আহি ক্ৰীম-ত্রিম সানি তাইৰ বিচনাত উঠিলহি।
দেউতাক দুদিনৰ বাবে কোনো মফশ্বলিয়া চহৰ এখনলৈ গৈছে। অফিচিয়েল তাগিদা।
আঁঠুৱাৰ ভিতৰত সোমাই, কোনোমতে ইকাটি হৈ ৰিণিকিয়ে হিটলাৰে নেদেখাকৈ "আজি নাপাতো দিয়ক কথা" বুলি সীমান্তলৈ মেছেজ এটা পঠিয়াই সামৰি থৈ দিলে।
"হ'ব দিয়া আৰু। মোৰ কথাটো ৰাখিবা কিন্তু।" বুলি সীমান্তৰ পুতুককৈ উত্তৰ আহিল।
সীমান্তৰ কথাটো তাই কেনেকৈ ৰাখিব সেইটোকে ৰিণিকিয়ে বহুপৰলৈ ভাবি থাকিল। যোৱা দুদিন ধৰি সি তাইক বহুত কামোৰ দিছে, "প্লিজ জান এবাৰ লগ কৰা, এনেকৈ দূৰে দূৰে ভাল লাগে জানো ?"
তাইক প্লেনটো সিয়েই কৈছিল।
"দেউতাৰা দুদিনমান নাথাকে যিহেতু কাইলৈ ৰাতি তোমালোকৰ বাৰীৰ শাকণি ডৰাৰ কাষৰ চকোৱাখনৰ ওচৰলৈ আহিবা। বেছি দেৰি নহয়, সকলো শোৱাৰ পিছত ১২মান বজাত। অলপ সময় কথা পাতিম, নিৰলে লগ পাম দুয়ো।"
ৰিণিকিৰ বুকুখন ধপ-ধপাই গৈছিল।
"কি ৰিস্কি কথা কয় সীমান্ত দাই। মানিছোঁ ঘৰত দেউতা নাই, ৰণ্টুদা নাই, কিন্তু তথাপিও ? এনেকৈ মাজনিশা উঠি গৈ বাৰীৰ চুকত, জংঘলৰ চেপত ?"
পিছদিনা গোটেই দিনটো ৰিণিকিয়ে এই কথাবোৰ পাগুলি থাকিল। তাই ভাবি ভাবি ভাগৰি গ'ল। মাজতে সীমান্তক এবাৰ মেছেজো দিলে, "নালাগে দিয়ক থাকক, পিছত কৰিম নহ'লে লগ চগ।"
তাৰ ৰিপ্লাই আহিল" পিছত কেতিয়া ? দেউতাৰা ঘৰত থাকিলে সুযোগো নাপাবা, সাহসো।"
দিনটো তাইৰ কামত মন নবহিল। খাবলৈ ববলৈয়ো মন নগল, উগুল-থুগুল এটা লাগি থাকিল। মনটোৱে কয় যাওঁ যাওঁ, মগজটোৱে ৰখাই থয়।
বায়েক ৰিন্তীৰ গাটো দুদিনমানৰ পৰা বেয়া। পানী লগা চৰ্দি, জ্বৰ জ্বৰ ভাব। দিনত মাক গৈছিল ভতিজা এটাৰ জোৰোণ খাবলৈ, উভতি আহি ৰাতিৰ সাজত দুই জীয়েকক পাৰ মাংসৰ জালুকীয়া অকণ লৰা-লৰিকৈ ৰান্ধি দিলেহি। বায়েকে খাই-বৈ সোনকালে শুবলৈ গ'ল। ৰিণিকিয়ে ভাত কেইটা লিৰিকি বিদাৰি সোপাকে পেলাই দিলে।
"আজি বৰ ভাগৰ লাগিছে অ, গেলা ৰাস্তাত বাছত গৈ গোটেই গা টহটহাই গ'ল" বুলি কাম বন সামৰি মাকো সোনকালেই আজৰি হ'ল।
ৰিণিকিয়ে মাকক সেমেনা সেমেনিকৈ পঢ়া আছে বুলি বায়েকৰ লগত শুবলৈ এবাৰ কৈ চালে। মাক দমদমাই উঠিল "ৰিন্তীৰ গা বেয়া, মোৰো হওক জ্বৰখন। ইফালে কাইলৈ মাটিৰ অফিচত খাজনা দি গেছ এজেঞ্চিত কাগজ দুখনমান জমা দিবলৈ যাব লাগে, বহুত কাম আছে মোৰ" বুলি ভোৰ ভোৰাই তেখেত তাইৰ বিচনাত উঠিলহি।
ৰিণিকিৰ পেটটো পকাই গ'লগৈ। "আজি কোনোপধ্যেই নহ'ব প্ৰগ্ৰেম" বুলি সীমান্তক মেছেজ এটা কৰিবলৈ লওঁতেই মাকে কেটেহকৈ মাতিলে, "হ'ল নে ল'বৰ সেইটো ? দি দে মোক, পঢ় যদি পঢ়, নহ'লে শুই থাক" বুলি একে আজোৰে ফোনটো কাঢ়ি নিজৰ গাৰুৰ তলত সুমুৱাই থলে। ভাগ্য ভাল ৰিণিকিয়ে চাউণ্ডটো অফ কৰি থৈছিল বুলিহে। পিছে এতিয়া সীমান্ত দাই মেছেজ কৰক, ফোন কৰক, তাই একোৱেই কৰিব নোৱাৰিব।
আকাশ পাতাল ভাবি ৰিণিকি পঢ়া মেজখনত বহি থাকিল। মহে ভৰিৰ তেজ খাই শেষ কৰিলে, তাইৰ ভ্ৰূক্ষেপেই নাই। কলিজাৰ তেজটোপা ইতিমধ্যে গোট মাৰিছিল। কিমান দেৰি আৰু বোন্দা পৰ দিব।
মাক শোৱক, লাহেকৈ ওলাই গৈ সীমান্তক লগ কৰি গুচি আহিব। মাকে গম পোৱাৰ আগতেই ঘূৰি আহিব তাই।
১২ বাজিবই এথোন। মাকজনী ইতিমধ্যে নিদ্ৰা দেৱীৰ কোলাত। ৰিণিকিয়ে লাহেকৈ মুখখনত ক্ৰীম অকণ লগালে, টেবুল লাইটৰ পোহৰত চুলিখিনি ঠিক-থাক কৰি ল'লে। লাহে কৈ উঠো উঠো কৰিছেহে, তেনেতে মাকে আঁঠুৱাৰ তলৰ পৰাই ধৰমৰাই বহিল।
"সৰ্বনাশ হ'ল ৰিণি জোৰোণৰ পৰা আহি পাটৰ কাপোৰযোৰ বাহিৰৰ চকোৱাখনত মেলি দিছিলোঁহি, আনিবলৈ পাহৰিলোঁ নহয়। গাই ৰ'ল দে, নিয়ৰত তিতি কাপোৰ শেষ হ'ব এতিয়া।"
ৰিণিকিয়ে কি হ'ল কি নহ'ল তম্ভিবই নাপালে, পাটৰ কাপোৰৰ দাহত মাক তৰা নৰা চিঙি ঘৰৰ বাহিৰলৈ ওলাই গ'ল। পকাই যোৱা পেট আৰু ধান বানি থকা বুকুখন লৈ ৰিণিকি পিছ দুৱাৰৰ কাষত দৰক লাগিলহি।
"কি হ'ব এতিয়া। চকোৱাৰ আঁৰত সীমান্ত দা। লুকাই থাকিলেই হ'ল। হে প্ৰভু ৰক্ষা কৰা।" ৰিণিকিয়ে ভয়তে ঈশ্বৰৰ নাম ল'লে।
হঠাৎ তাই বাহিৰত মাকৰ চিঞৰ-বাখৰ শুনিবলৈ পালে। তাই ভয়তে পেঁপুৱা লাগিল। সীমান্ত দা তেন্তে ধৰা পৰিল।
ইতিমধ্যে হুলস্থুল শুনি বায়েক ওলাই গ'ল, মাকৰ চিঞৰ আৰু চেন্ডেলৰ চটৌপ চটৌপ আৱাজত কাষৰ ঘৰৰ পৰা বৰুৱানী জেঠাইহঁত সপৰিয়ালে ওলাই আহিল। ইয়াৰ পিছত আৰু মানুহ গোট খালে।
লাহে লাহে হুলস্থুল আৰু বাঢ়ি গ'ল। মানুহৰ ভিৰ বাঢ়িল, লগতে চিঞৰ বাখৰো।
এসোপা মান সংশয় আৰু লাজ লৈ ভীতিগ্রস্ত ৰিণিকি বাৰীলৈ ওলাই গ'ল।
মানুহবোৰে সীমান্তক আগুৰি ধৰি পিটিছে। ইতিমধ্যে তাৰ ৰুমমেটটোও ওলাই আহিছিল। সিও ভিৰৰ মাজত লপা-থপা খাইছে। হাতৰ মাৰ, ভৰিৰ গোৰ, এচাৰিৰ কোব, যিয়ে যেনেকৈ পাৰিছে তাৰেই মাৰিছে। নমৰাখিনিয়ে সীমান্তক কুকুৰে কাঁইট নোখোৱাকৈ গালি শপনি পাৰিছে। সি কৈফিয়ত দিবলৈ কোনো সুৰুঙাই পোৱা নাই। দিবও নো কি, স্থানীয় মহিলাক ৰেপ এটেম্পট নকৰি তেখেতৰ নাবালিকা প্ৰেমিকাক মাজৰাতি লগ কৰিবলৈ অহা বুলিলেও ৰাইজে তাক গুৰুলা গুৰুল কৈ পিটিব। তাৰ কোনো গত্যান্তৰ নাই।
মাৰ-ধৰ আৰু কোলাহলৰ মাজত কিছুমান টুকুৰা টুকুৰি কথাৰ অপ্ৰভংশ আহি ৰিণিকিৰ কাণত পৰিলহি,
"মাষ্টৰ ওলাইছে, দগবাজ চোৰ এটা..."
"চোৰ ডকাইত নহয়, লম্পট। ঘৰত মতা মানুহ নথকাৰ সুযোগত খাপ-পিটি আছেহি। লাজ নাইকিয়া জহনীত...."
"গাখীৰ খুৱাই সাপ পুহিলো মই।" সেয়া সাৰদা জেঠাই।
"মই পাটৰ কাপোৰযোৰ তুলিবলৈ আহোতেই নিধকটোৱে মোক পিছফালৰ পৰা গবা মাৰি ধৰিলে হেৰৌ। মাৰৰ বয়সৰ মানুহজনীক অপদস্থ কৰে ঐ অজীনপাতকী মখাই..."
এইটো ডাইলগ মাকৰ। ৰাউচিজোৰা কান্দোনৰ মাজতে মাকে আটাহ পাৰিছে।
বায়েকে মাকক ধৰি কান্দিছে। ওচৰৰ বৰমাহতে মাকক সান্তনা দিছে।
"নোৱাৰি নোৱাৰি...আজিকালি আই কাকো বিশ্বাস কৰিব নোৱাৰি..."
"শ্ৰীমতী চৌধুৰী, আপুনিনো পিছে ৰাতিখন কিয় উঠি আহিছিল হয়নে...."
ৰিণিকিয়ে আৰু শুনি থাকিব নোৱাৰিলে। কান দুখন সোপা মাৰি তাই ভিতৰলৈ সোমাই আহিল।
সীমান্তৰ নাকে মুখে তেজ ওলাইছিল। তাক মতা মানুহবোৰে গটা মাৰি মাৰি তাৰ ভাড়া ৰুমলৈ লৈ গৈছিলগৈ। পুলিচত দিব নে নাই ঠিৰাং কৰালৈকে পলাবলৈ সুবিধাকণ কৰি নিদিয়াৰ ব্যৱস্থা কৰিছিল।
মাইকী মানুহৰ আধাখিনিয়ে মুখত চাদৰৰ সোপা দি ফিচিঙা ফিচিঙ কৰি ঘৰলৈ ঘূৰি গৈছিলগৈ। মাকৰ লগত সুহৃদয়তা থকা দুগৰাকীমান অলপ পৰ থাকি দিছিল। শেষ ৰাতি সকলো ঘৰা-ঘৰি যোৱাৰ পিছত মাকে বিচনাত আহি শুবলৈ চেষ্টা কৰিছিল।বায়েকক দেখা পাবলৈ পোৱা নগৈছিল।
পুৱতি নিশা গাত পাতল শ্বাল এখন দি ৰিণিকি ওলাই আহিল। চকোৱাখনৰ ওচৰ পাই তাই থমকি ৰ'ল। ঘাঁহবোৰ মোহাৰি থোৱা আছে, গচকত। অত তত তেজৰ চেকুৰা। বৰকৈ মাৰিলে হ'বলা সীমান্তদাক!
তাৰ নো কিহে পাইছিল মাকজনীক সাৱটি ধৰিবলৈ। সৰুফুটীয়া হ'ল বুলিয়েই ৰিণিকি আৰু মাকৰ পাৰ্থক্য বুজি নাপালেনে ? ইমান তেজ গৰম নে ?
মাক নহৈ তাই নিজে হোৱা হ'লেতো তাই নিচিঞৰিলে হয়, তেতিয়া হয়তো সীমান্তই কেৱল সাৱট মাৰি শান্ত নহ'ল হয়। চুমা তুমা, গাটোৰ খলা-বমা বোৰত হাত ফুৰোৱা....
ৰিণিকিৰ গাটো শিয়ঁৰি উঠিল। হিতাহিত জ্ঞান হেৰুৱাই, তাই এইবোৰ কি কৰিবলৈ ওলাইছিল। ভাল হ'ল, বাচি গ'ল তাই। নালাগে এইবোৰ অভিজ্ঞ প্ৰেম তাইক। পঢ়া-শুনা বাদ দি ভাল অংক মাষ্টৰৰ প্ৰেমত পৰিবলৈ গৈছিল, যত চব ৰিস্কি অভিসাৰ। নালাগে এইবোৰ জঞ্জাল তাইক।
মনটোক বুজাই বঢ়াই উভতিব খোজোঁতেই হঠাৎ মাকৰ পাটৰ ব্লাউজটো ঘাঁহনি ডৰাত পৰি থকা দেখিলে, তুলিবলৈ লওঁতেই দেখে তলত এইটো মোবাইল ফোন। সীমান্তৰ হ'বলা। মাধ মাৰত হয়তো উফৰি পৰিল।
মোবাইলটো সীমান্তৰে। শেষৰ কলটো ৰিণিকিলৈকে কৰা। মোবাইলটো হাতত লৈ তাই পিৰালীৰ চুকত বহি ল'লে। এইটো ভাল সুবিধা। এই সুযোগতে তাইৰ লগত থকা তাৰ সমস্ত কথা বতৰা ডিলিট কৰি পেলালে। ফেচবুক চেটখিনি ডিলিট কৰি উঠিছেহে মাত্ৰ, হঠাৎ তাৰ ইনবক্সত চকু পৰিল।
ঔ গোঁসাই, এইটোৱে চোন সংসাৰৰ ছোৱালীৰ লগত ৰাস লীলা চলাই আছে। কলি কালৰ কৃষ্ণ চোন গোটেইটো। ইনবক্সত অগণন ছোৱালীৰ লগত তাৰ, সীমান্ত দাসৰ, কথোপকথন। চেনি চেনি কথা বতৰা।
খোলো নোখোলোকৈ "এঞ্জেল প্ৰিয়া" বোলাজনীৰ চেট বক্সটো খুলি পেলালে ৰিণিকিয়ে। চিইঃ গোটেইখন লেতেৰা, অসংযত কথাৰে ভৰ্তি। সীমান্তৰ ফালৰ পৰাই বেছিকৈ ঘিণ লগা কথাবোৰ, এঞ্জেল প্ৰিয়াই কেৱল দুই এটা শব্দত উত্তৰ দি থৈছে। কেইখন মান ফটোও দি থৈছে। মুখখন হেজি কৰি মণিব নোৱাৰা কৰি থৈছে, কোন ধৰিব নোৱাৰি। গাটোৰ ফটো বিভিন্ন পৌজত আছে। স্পেগেটি টপ পিন্ধা, খহাই থোৱা জিলজিলীয়া শাৰীৰ আচল, এইবোৰ চায়েই ৰিণিকিৰ ঘিণ ঘিণ লাগি গ'ল।
কি এটা বদমাছ লম্পটৰ পাল্লাত পৰিবলৈ ওলাইছিল তাই। চেটটো বন্ধ কৰোঁ বোলোতেই হঠাৎ তাই উচপ খাই উঠিল। ছোৱালীজনীৰ ফটোখনত ঝুম কৰি চালে, ফটো উঠা কোঠালিটো চোন চিনাকি চিনাকি লাগিছে। পিছফালে টম ক্ৰুইজৰ "টপগান' চিনেমাৰ পোষ্টাৰ। বেৰত ওলোমাই থোৱা গীটাৰ এখন। কাষত এটা নীলা আলমাৰী। আইনা নলগোৱা।
এইটো চোন ৰণ্টু দাদাৰ ৰুম। কিন্তু এইটো ৰুমত এঞ্জেল প্ৰিয়া কেনেকৈ ওলাল?
কোন এই এঞ্জেল প্ৰিয়া ?
উত্তৰটো পাবলৈ ৰিণিকিৰ বেছি সময় নালাগিল।
এঞ্জেল প্ৰিয়া খোদ তাইৰ নিজৰ বায়েক ৰিন্তী।
এঞ্জেল প্ৰিয়াৰ উঠন বুকুৰ ওপৰত ওলমি থকা লকেটটোৱেই প্ৰমাণ। চিমলাৰ পৰা অনা একে ধৰণৰ এটা লকেট ৰিণিকিৰ ডিঙিৰ চেইনত। এটা বায়েকৰ।
ৰিন্তীয়েই এঞ্জেল প্ৰিয়া। ধুৰূপ। ৰাতি ৰাতি ৰণ্টু দাদাৰ ৰুমত বহি লেপটপত কৰা ৰিন্তীৰ অনলাইন কৌৰ্চ এয়া।
সীমান্ত বোলা বাষ্টাৰ্ডটোৰ লগত প্ৰেমৰ অভিসাৰ।
ৰিণিকি খঙত ফাটি গ'ল। হাৰামীটোৱে তাইকটো ফচাইছিলেই, তাইৰ বেঙী বায়েকজনীকো পতাই মেলি লৈছিল। আসন্ন বিপদ এটাৰ পৰা সিহঁত দুইজনী বাচি গ'ল বুলি ৰিণিকিয়ে স্বস্তিৰ নিশ্বাস পেলালে।
বায়েকৰ চব চেট ফটোসহ ডিলিট কৰি, সকলো প্ৰমাণ নিঃশেষ কৰি নিশ্চিত হোৱাৰ পিছত তাই সীমান্তৰ ফোনটো ৰাস্তাৰ কাষৰীয়া ড্ৰেইনত দলিয়াই দিলে। ভুমুকি মাৰি দেখে সাৰদা জেঠাইৰ ভাড়া ঘৰ বন্ধ। সীমান্ত হয়তো গ'লগৈ।
নিজৰ ঘৰৰ ভিতৰ সোমাই দেখে গা-মূৰ ধুই মাক গোঁসাই ঘৰত সোমাইছে।
"যা চোন ৰিণি, ৰিন্তী উঠিল নে নাই চা গৈ। মই চাহ কৰোঁ, ভোক লাগিছে।"
ৰিন্তীৰ কোঠালিত সোমাই ৰিণিকিয়ে দেখে বায়েক বিচনাত। কান্দি কান্দি চকু উখহাই দিছে। তাই বিচনাখনৰ কাষ চাপি ক'লে,
"হ'ব দে, কান্দি কিদাল হ'ব ? লম্পট সি এটা, তোৰ লগতে মোক আৰু আন বহুত ছোৱালীক ফচাই থৈছে। ভালেই হ'ল মুক্তি পালি।"
বায়েক হতবাক হ'ল। ফাদিল হোৱা কথাবোৰৰ খবৰ পাই চকু পানী মচি ৰিন্তী এইবাৰ মহা সংকটত পৰিল।
নিশ্চয় ফটো, চেট এইবোৰৰ চিন্তা।
ৰিণিকিয়ে বায়েকৰ গাত ধৰি আশ্বাস দিলে,
"মই তাৰ মোবাইলত থকা তোৰ মেছেজ, ফটো চব ডিলিট কৰি দিছোঁ। ভয় নাই, একো চিন নাই তোৰ।"
বায়েক লাজে অপমানে জৰ্জৰিত হ'ল। ৰিণিকিৰ হাত খন ধৰি থাকিল তাই।
"বা, এঞ্জেল প্ৰিয়াৰ একাউণ্টটো তই ডিলিট কৰি পেলাবি। আৰু ভৱিষ্যতে অকল ফুকলিয়াই নহয়, ডাঙৰ চাকৰি কৰা মানুহৰ পৰাও সাৱধান হবি। তয়ো, ময়ো।"
বায়েক ৰিন্তীয়ে ৰিণিকিলৈ মূৰ তুলি চাই ৰ'ল। এনে লাগিছিল যেন সদায় উদণ্ড, গাত কথা নলগা বুলি বখলিয়াই থকা উৰণীয়া ভনীয়েকজনী আজি বায়েকৰহে আচল অৰ্থত গাৰ্জেন হৈ উঠিছিল। ৰিন্তীয়ে ভনীয়েকক সজোৰে সাৱটি ধৰিলে।
(সমাপ্ত)
পৃষ্ঠা ৩৬
নীলাখামৰ চিঠিঃ
মৰমৰ
বিদিশা
আজি আৰু কবিতা ভাষাৰে তোমাক আবিৰ নেসানো দিয়া। সানিবলৈ সাহসো নাই কাৰণ তুমিযে মোৰ নহয়। কেনে আছা বিদিশা। ভালে আছা নিশ্চয়। নতুন সংসাৰ, নতুন মুখ, নতুন মৰম। সকলোবোৰ থাকোতে তুমিনো দুখত থাকিবানে। থাকা ভালে থাকা। ভগৱানে তোমাক কুশলে ৰাখক।
মোৰ বিষয়ে কিনো কম বেলি অস্ত যোৱাৰ পৰত মই আজিও বহি আছো নদীখনৰ পাৰত সেই দিনবোৰৰ দৰে। মোৰ জন্মস্থানৰ সেই নদীখন বৈ আছে অবিৰতভাৱে।
মোৰ ল'ৰালি আৰু যৌৱন চুই যোৱা নদীখন। মোৰ প্ৰেমৰ সক্ষী নদীখন।
মই সদায় ৰৈ থাকো নদীখনৰ পাৰত আমাৰ স্মৃতিবোৰ সাৱটি। তুমি কলেজলৈ আহিছা নাওত নদীখন পাৰ হৈ । তোমাৰ আৰু মোৰ দুচকুৰ মিলন হৈছে। জংকী-পানৈৰ প্ৰেম কাহিনী দৰে । সময়ৰ গতিত তুমি আৰু মই নদীৰ পাৰত বহি সপোন ৰচিছোঁ। কিমান যে সপোন! তোমাৰ আৰু মোৰ দুচকুৰ প্ৰেমৰ নিজৰা নদীয়ে দেখিছে । তোমাৰ প্ৰেমৰ মাধুৰিমাই মোক ব্যাকুল কৰিছে ।
তোমাৰ সেই দীঘল চুলিটাৰি
ফাগুনৰ বতৰা লৈ উৰি আছে।
তোমাৰ চকুত চকু থৈ আমি
বিচৰণ কৰিছোঁ কল্পনাৰ পৃথিৱীত।
আস! কি যে মাদকতাৰে ভৰা
দেহমন চুই যোৱা।
এদিন হঠাৎ তুমি নোহোৱা হ'লা। মই আনদিনাৰ দৰেই ৰৈ আছিলোঁ নদীখনৰ পাৰত তোমাৰ অপেক্ষাত। তুমি আহিব বুলি। তুমি নাহিলা কোনো দিন নাহিলা।
কিযে নিদাৰুণ প্ৰহাৰ প্ৰেমৰ। তুমি শিৰত সূৰ্য আঁকি গুচি গ'ল তোমাৰ আকাংক্ষিত সপোনৰ দেশলৈ আৰু মই... মই ৰৈ থাকিলো সৰীসৃপ শীতলতাৰে চেঁচা কৰি যোৱা নদীৰ ঘাটত।
কথাবোৰ নিলিখোঁ বুলিও লিখিপেলালো। কাৰণ তুমি মৌনতাৰ ওৰুণি টানি গ'লা যি গ'লাই এবাৰ খবৰো নকৰিলা মই জীৱিত নে মৃত। অৱশ্যে জীৱিত বুলি কৈ মিছা মতাৰ ধৃষ্টতা কণ কিয়নো কৰোঁ সেইযে তুমি এৰিথৈ গ'লা নদীৰ ঘাটত মই আজিও তাতে আছো জানা তোমাৰ অপেক্ষাত।
চিঠিৰ উত্তৰ বিচাৰি আমনি নকৰোঁ। মাথোঁ অনুৰোধ চিঠিখন নপঢ়াকৈ ফালি নেপেলাবা।
ইতি
তোমাৰ......
অনুৰাগ
হিমাদ্ৰী বৰকটকী
শিৱনগৰ , ২ নং
উপপথ
নগাঁও
পৃষ্ঠা ৩৭
অনুভৱঃ
মোৰ অনুভৱত ফাগুন
প্ৰীতিৰেখা দাস
খিৰিকীখন খুলি দিলো। মূহুৰ্তততে এজাক চেঁচা বতাহে শীতল কৰি পেলালে কোঠাটো । খিৰিকিৰে জুমি আকাশলৈ চালো। গাঢ় নীলা হৈ আছে আকাশ। সৌৱা পথৰ কাষত গুলপীয়া ৰঙৰ চেৰী ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰিছে । মানে মোৰ চহৰলৈ ফাগুন আহিছে। মোৰ প্ৰিয় ঋতু ফাগুন। হয়, ফাগুনৰ এই দিনতেই বাংগালোৰৰ গোটেই চহৰ জুৰি পথৰ কাষে কাষে বগা _গুলপীয়া চেৰী ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰে। মন গৈছে বৰ মন গৈছে মোৰ এইমূহুৰ্তত জয়ন্ত হাজৰিকাৰ গানটো জুবিনৰ কণ্ঠত শুনিবলৈ ।
"মোৰ ফাগুন আছেহি আহি ৰৈ
তোমাৰ কথা কবলৈ....
আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনাৰ.…"
মোৰ কলিজা জুৰ পেলাই বাজি উঠিল গানটো। আহ কি মিঠা কি আবেগভৰা গান । যেন বাৰে বাৰে শুনি থাকিম মোৰ প্ৰিয় গায়ক জনৰ মৌ মিঠা কণ্ঠত এই ফাগুনৰ গান।যেন ভাঁহি ফুৰিম গানৰ আবেশত সপোনৰ দেশত।
কোনে কয়...
কোনে কয় ফাগুনে লঠঙা কৰে গছৰ ডাল। মোৰ অনুভৱ হয় যেন ফাগুন অহাৰ আনন্দত গছৰ পাতবোৰে দেহত হালধীয়া আবিৰ সানি যেনিয়ে তেনিয়ে উৰি আহি আৰম্ভ কৰে হেঁপাহৰ নাচোন। হয় কেৱল ফাগুনে উন্মনা কৰি তোলে প্ৰকৃতিক । গছ, বন, নৈ, চৰাই চিৰিকতিক । কেৱল প্ৰকৃতিকে নে ? ওহো... এই ফাগুনৰ উন্মনা বতাহজাকে আমাৰ মনবোৰো চোন কমোৱা তোলাৰ দৰে উৰুৱাই লৈ যাব খোজে। ৰিঙা ৰিঙা লাগে ফাগুনৰ আবেলি বোৰ। প্ৰিয়জনৰ সান্নিধ্য বিচাৰি বাৰে বাৰে আতুৰ হৈ পৰে মন। যেন তৃষ্ণাতুৰ পক্ষী । আকাশ ৰঙা কৰি ফুলি উঠে পলাশ , মদাৰ, শিমলু। দেখি উতনুৱা হৈ পৰে হেজাৰ প্ৰেমিক কবিৰ বুকু। কলিজাৰ ৰঙাৰে যেন লিখি পেলাব জাপ জাপ প্ৰেমৰ কবিতা।ফাগুন কিয় তুমি ইমান মোহনীয় ? ইমান হেঁপাহৰ ?কিয় তুমি কৰি তুলিব খোজা জঠৰ মনবোৰো চঞ্চলা চপলা ? সানি দিয়া বুকুয়ে বুকুয়ে অবুজ উন্মদনা ? তোমাৰ উমাল পৰশতে আকৌ যেন প্ৰকৃতি ন কইনাজনী। দেহত নতুন ৰং সানি উমলি-জামলি।
সেইহে হয়তু হীৰুদাই লিখিছিল
"ফাগুনে মায়া জানে
ৰাতি হ’লে শুকান ডালে ডালে
জোন জ্বলি উঠে।
হিয়া ভাঙি অমাতৰ মাত মাতে
কৰুণ কেতেকীয়ে..."
হয় মোৰ অনুভৱত ফাগুন মানে ৰঙৰ সমাহাৰ...
হিয়াত গোপন অনুৰণন....
শিহৰীত শিহৰীত বুকুৰ ইপাৰ সিপাৰ ...
ধূলিয়ৰি ফাগুনেইটো দিয়েহি সৰাপাতৰ জলোঙাত লৈ বহাগ অহাৰ বাতৰি। সুৱাসীত কৰি বুকুৰ পদূলি। যেন ভালপোৱাৰ মাধৈমালতি।
ঠিকনাঃ
বাংগালোৰ
কৰ্ণাটক
৮১০৫২৫২৩৫০
পৃষ্ঠা ৩৮
অংকুৰণ প্ৰকাশনৰ উদ্যোগত অনলাইনযোগে আয়োজিত
কবিতা পাঠৰ অনুষ্ঠানৰ এটি অনুভৱ
চন্দনা হীৰা
যোৱা ১৩ /৩/ ২০২২ ইং তাৰিখ ৰবিবাৰে অংকুৰণ প্ৰকাশনৰ উদ্যোগত এক কবিতাৰ এসন্ধ্যা নামেৰে এটি অনুষ্ঠান আয়োজন কৰা হয়। অনুস্থানটিৰ আগ ধৰে অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী শ্ৰীযুত হেমেন নাথ ডাঙৰীয়া দেৱে। অনুষ্ঠানটিত নবীন প্ৰৱীন প্ৰায় ত্ৰিশ গৰাকী কবিয়ে অংশ গ্ৰহণ কৰি স্বৰচিত কবিতা পাঠ কৰে। কবিতাৰ বিষয়বস্তু আছিল "ফাগুণ"। অনুষ্ঠানটিত কেইবা গৰাকী বিশিষ্ট কবি উপস্থিত থাকি ন পুৰণি কবি সকলৰ কবিতাৰ ওপৰত এক বিশ্লেষণাত্মক আলোচনা আগবঢ়ায়। বিশিষ্ট কবি সাহিত্যিক হিৰণভুঞা, শৰ্মীষ্ঠা বৰ্মন, অৰুণিমা শৰ্মা মহাপাত্ৰ, জ্যোতিমণি শইকীয়া, প্ৰস্তুতি শৰ্মা, সুৰ শইকীয়া হাজৰিকা, চিন্ময়ী দাস, পাৰুল ডেকা, বিপুল বৰুৱা, দীপাংকৰ জ্যোতি বৰা, চন্দনা হীৰা, হিমাদ্ৰী বৰকটকী, প্ৰকৃতি প্ৰিয়ম দত্ত, অনামিকা শইকীয়া আদি কবি সকলৰ উপস্থিতিয়ে অনুষ্ঠানটি গাম্ভীৰ্য্যপূৰ্ণ কৰাৰ লগতে মনত এক আনন্দৰ খোৰাক যোগায়। দিনটো অতি ব্যস্ততাৰ মাজত থাকি সন্ধিয়া এনেকুৱা এটা অনুষ্ঠানত থাকিবলৈ পায় সঁচাকৈ মনৰ প্ৰশান্তি অনুভৱ কৰিছোঁ। ফাগুণৰ অনুভৱে সঁচাকৈ দিনটোৰ অৱসাদ খিনি আঁতৰাই পেলাইছিল। কিছুসময়ৰ বাবে হ'লেও অন্য এখন পৃথিৱীত বিচৰণ কৰিছিলোঁ যাৰ সান্নিধ্যই সকলো দুখ ভাগৰ আতৰাই মনত এক আনন্দৰ জোৱাৰ তুলিছিল।
হেমেন নাথ ডাঙৰীয়াই প্ৰথমৰ পৰা অনুষ্ঠাটি খুৱ সুন্দৰকৈ পৰিচালনা কৰাত সঁচাকৈয়ে সোণত-সুৱগা চৰা হৈ উঠিছিল। এই চেগতে তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে পুনৰ এনেকুৱা অনুষ্ঠান পাম বুলি আগ্ৰহেৰে বাট চাই ৰ'লো ।
পৃষ্ঠা ৩৯
শেষ পৃষ্ঠাৰ লেখাঃ
ব্যস্ততাই মন ফৰকাল কৰি ৰাখে
জীৱনটোক আমি নানান নামেৰে নামাকৰণ কৰি ব্যস্ততাৰেই প্ৰতিৰূপ দেখুৱাবলৈ প্ৰয়াস কৰোঁ। যেনে, জীৱন মানে ৰণাঙ্গন, জীৱন এখন নদী, জীৱন ঘূৰ্ণিয়মান চকৰি, জীৱন ঘড়ীৰ কাটা আদি। আকৌ শিশু কালক পুৱাৰ লগত, যৌৱন কালক দুপৰীয়াৰ লগত, বৃদ্ধ কালক সন্ধ্যাৰ লগত তুলনা কৰি ব্যস্ততাৰেই উদাহৰণ দিওঁ। এই ব্যস্ততা আমাৰ জীৱনৰ বাবে কিমান প্ৰয়োজন ? প্ৰশ্নটো আচহুৱা লাগিলেও ই সত্য যে ব্যস্ততা জীৱনৰ এটা অবিচ্ছেদৰ অঙ্গ হ'লে জীৱন সুচাৰু ৰূপে পৰিচালনা কৰাত সহায়ক হয়। ই মনৰ বহু দুচিন্তা বা অপচিন্তাৰ পৰা আমাক আঁতৰাই ৰাখে।
হাতত অফুৰন্ত সময় লৈ শুই বহি দিন অতিবাহিত কৰা সময়ৰ চিন্তাধাৰা আৰু দিনটো ব্যস্ততাৰ মাজেৰে অতিবাহিত কৰা সময়ৰ চিন্তাধাৰাৰ মাজত আমি বহু প্ৰাৰ্থক্য দেখিবলৈ পাওঁ।
ইয়াৰ মূল কাৰণ হ'ল হাতত অনেক সময় লৈ কৰ্মহীন ভাৱে থাকিলে আমাৰ কৰিব লগীয়া বিশেষ চিন্তা একো নেথাকে। গতিকে অৱসৰ বিনোদনৰ কথা ভবাৰ বাহিৰে বা সমসামৰিক বন্ধু মহলৰ মাজত অসংলগ্ন কিছু চিন্তাৰ মাজত আৱদ্ধ হৈ অৰ্থহীন বাৰ্তালাপত লিপ্ত হোৱাৰ বাহিৰে আনো একো কৰা নহয় গৈ । সৃষ্টিমূলক একো কৰ্ম হাতত নথকাৰ বাবে মনলৈ অনেক চিন্তা অহাৰ অৱকাশ পায়। যি ক্ৰমাগত ভাৱে আমাৰ মনৰ চিন্তা শক্তিক নাশ কৰে আৰু এদিন মনৰ ভাৱশক্তিক সংকুচিত কৰি পেলাই। ফলস্বৰূপে আমি সৃষ্টিশীল কৰ্মৰ পৰা নিজকে ক্ৰমাগত ভাৱে আতৰাই লৈ গৈ থাকো আৰু এসময়ত একেবাৰে আঁতৰি পৰোঁ। ফলত সৃষ্টি হয় দু-ভাৱনা, হিংসাভাৱ, দণ্ড-হাইকাজিয়া, চুৰি-দকাইটিৰ দৰে কৰ্ম। কাৰণ কৰ্মহীনতাই আমাক ক্ৰমাত এলাহুৱা কৰি পেলাই । যি শৰীৰৰ লগতে মনতো প্ৰভাৱ পেলাই আৰু অভাৱ অনাতনে এসময়ত দুস্কাৰ্যত লিপ্ত হ'বলৈ বাধ্য কৰাই।অৱশ্যে এই ক্ষেত্ৰত আমি সকলো লোককে সাঙুৰিব নোৱাৰো যদিও বিশ্লেষণ কৰি চালে অধিকাংশকেই এই শাৰীত পাওঁ। অন্যহাতে আমি বিভিন্ন কামত ব্যস্ত হৈ থকিলে কৰ্মব্যস্ততাৰ বাবে আমাৰ যেন অৱসৰ বিনোদন বা অন্যান্য চিন্তাৰ বাবে সময়ে নোজোৰে। অনেক কামৰ দীঘলীয়া তালিকাখন হাতত লৈ আমি কেৱল তাক কিদৰে সমাপন কৰা যায় তাকেহে ভাৱো। কাৰ্য সমাপনৰ তাগিদাত আমি ইমান ব্যস্ত হৈ পৰোঁ যে সময় কেনেদৰে অতিবাহিত হৈছে গমকে পোৱা নেযায়। সময়ৰ লগত খোজ মিলাই আগবঢ়াটো আমাৰ স্বভাৱত পৰিণত হয়। যি জীৱনৰ আৱশ্যকীয় কৰ্মৰাজিক উপযুক্ত সময়ত সুচাৰু ৰূপে সমাপন কৰাত সহায় কৰে। ফলত ক্ৰমাগত ভাৱে কৰ্মস্পীহা বাঢ়ি আহে আৰু সফলতাই আমাৰ জীৱন ৰঙীন কৰি তোলে।
কৰ্ম ব্যস্ততা বুলি কওঁতে যে কেৱল চাকৰি বা উপাৰ্জনৰ কৰ্মব্যস্ততা তেনে নহয়। এই সকলোবোৰৰ মাজতো আছে কিছুমান সৃজনী মূলক কৰ্ম যে সাহিত্য কৰ্ম, সামাজিক কৰ্ম, ধৰ্মীয় অনুষ্ঠান, ক্ৰিয়া জগত আদি। উপাৰ্জনৰ কৰ্মৰাজিৰ মাজতো ব্যস্ততাৰ মাজত দিন অতিবাহিত কৰা সময় চোৱাত অৱসৰ বিনোদন বা অন্যান্য চিন্তাৰ বাবে যে সময়ে নোজোৰে প্ৰকৃততে তেনে নহয়, অত্যধিক ব্যস্ততাৰ মাজত থাকিও আমি জীৱন উপভোগ কৰিব পৰোঁ অতি আনন্দপূৰ্ণ ভাৱে। ক'ব পাৰি কেৱল সৃষ্টি কৰ্মত ব্যস্ত হৈ থাকিলে আমাৰ মন সদায় পানীৰ দৰে পবিত্ৰ হৈ থাকে। কাৰণ অন্যান্য চিন্তাৰ বাবে আমাৰ মগজুত ঠাইৰ অভাৱ বা সেই চিন্তাৰ বাবে সময়ৰ অভাৱ। অৱশ্যে এশ শতাংশ লোককে এই ক্ষেত্ৰতো সামৰিব নোৱাৰি। তথাপিও অধিকাংশ লোক ব্যস্ততাৰ দুহাই দি যে দুচিন্তা, অপকৰ্ম, আদিৰ পৰা আঁতৰি থাকি জীৱনটো উপভোগ কৰিব পাৰে ই ধ্ৰুৱ সত্য।
বাস্তৱ পৃথিৱীৰ গাওঁ আৰু নগৰ সমাজৰ এই দুয়োটা অৱস্থাক যদি আমি সুক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰো তেন্তে বিষয়টো পৰিস্কাৰ হৈ পৰে। সেয়ে আমি সদায় কিবা নহয় কিবা ভাল কামত নিজক ব্যস্ত ৰখা ভাল। যাতে দুঃচিন্তাৰ কু-প্ৰভাৱে আমাৰ মন কুলক্ষিত কৰিব নোৱাৰে।
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
পৃষ্ঠা ৪০
0 Comments