অঙ্গনঃ দ্বিতীয় বছৰ (১৮-১৯ সংখ্যা)

 

পৃষ্ঠাঃ ২
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
12 মাৰ্চ, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

পৃষ্ঠাঃ ৩
বিশেষ সংবাদ

অংকুৰণ প্ৰকাশনৰ দুখন গ্ৰন্থ উন্মোচন


যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে দিনৰ ১০ বজাৰ পৰা গুৱাহাটীস্থ বিষ্ণু নিৰ্মলা ভৱনত আয়োজিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংকুৰণ প্ৰকাশনৰ পৰা প্ৰকাশিত নতুন দিল্লীৰ শৰ্মীষ্ঠা বৰ্মনৰ "মোৰ আবেগৰ নীলা কামিজ" আৰু গুৱাহাটীৰ চন্দনা হীৰাৰ "মোৰ প্ৰেম কবিতাৰ স'তে" শীৰ্ষক দুখনকৈ কবিতা পুথি প্ৰকাশ পায়। ইয়াৰে প্ৰথমখন কবিতা পুথি উন্মোচন কৰে বিশিষ্ট লেখিকা অঞ্জু শাণ্ডিল্যই। একেদৰে দ্বিতীয়খন গ্ৰন্থ উন্মোচন কৰে বৰাক উপত্যকাৰ প্ৰথমজন সাহিত্যিক তথা লেখক সুহাগমণি বৰ্মনে। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰ হেমেন নাথে আঁত ধৰা অনুষ্ঠানটোত বাবুল দাস, আইৰিছ বৰ্মন, অনুপমা বৰ্মন অধিকাৰী, পুতুল বালা দাস, চেফালী বৰ্মন আদিকে প্ৰমুখ্য কৰি কেইবাটাও লেখক লেখিকা আৰু গ্ৰন্থপ্ৰেমিয়ে ভাষণ আগবঢ়ায়।

পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-১০
পৰিচয় শিতান: ১১
ধাৰাবাহিক : পৃষ্ঠা ১২
অণুগল্প : পৃষ্ঠা ১৩-১৫
এক মিনিটৰ গল্প : পৃষ্ঠা ১৬-১৭
অনুবাদ কবিতা : পৃষ্ঠা ১৮-১৯
কবিতা : পৃষ্ঠা ২০-৩২
নীলা খামৰ চিঠি : পৃষ্ঠা ৩৩
শিশু বিশেষ :৩৪
গল্প : পৃষ্ঠা ৩৫-৩৭
ভেলেণ্টাইন বিশেষ : পৃষ্ঠা ৩৮
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৩৯


পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা


প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

পৃষ্ঠা ৬
সম্পাদকীয়ঃ

যুদ্ধ আৰু ইয়াৰ পৰিণতি

বহু বছৰ আগতেই টলষ্টয়ৰ দ্বাৰা ৰচিত war and peace নামৰ গ্ৰন্থখন পঢ়িছিলোঁ। গ্ৰন্থখন বিশেষকৈ ৰাছিয়াৰ পটভূমিত ৰচনা কৰা হৈছে। ইয়াৰ মূল বিষয়বস্তু হৈছে প্ৰেম আৰু ঘৃনা। প্ৰেমৰ পৰা শান্তি আহে আৰু ঘৃনাই যুদ্ধ ঘোষণা কৰে। গ্ৰন্থখনৰ মূল বক্তব্য হৈছে--  প্ৰেম কৰা। সকলোৰে প্ৰতি প্ৰেমৰ ভাব ৰাখা, কিয়নো এই প্ৰেমেই চিৰন্তন সত্য। এই সত্যৰ বাদে বাকীবোৰ মূৰ্খামী। এনে এটি বক্তব্য আজিৰ পৰা প্ৰায় ১৫৬ বছৰ আগতেই (১৮৬৭) দাৰ্শনিক, লেখক লিঅ টলষ্টয়ে কৈ যোৱাৰ পাছতো আজি আমি কি কৰিছোঁ? কথাবোৰ ভাবিলে আচৰিত লাগে।

যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা আজি পৰ্যন্ত ৰাছিয়ান সেনাই ইউক্ৰেনৰ দৰে সৰু দেশ এখনৰ ওপৰত কিদৰে আক্ৰমণ চলাই হাজাৰ হাজাৰ ইউক্ৰেন সৈন্যৰ লগতে নিৰীহ লোকৰ প্ৰাণ ল'লে এয়া আমি সকলোৱে দেখিছোঁ। এই যুদ্ধত যথেষ্ঠ সংখ্যক ৰাছিয়ান সৈন্যৰো মৃত্যু হৈছে। বিভিন্ন সংবাদ মাধ্যমত এই পৰ্যন্ত প্ৰকাশ পোৱা বাতৰি মতে প্ৰায় ৩০০০ ইউক্ৰেন সেনা আৰু সাধাৰণ জনতাৰ মৃত্যু হোৱাৰ লগতে ইউক্ৰেন চৰকাৰে প্ৰকাশ কৰা তথ্যমতে ৯০০০ ৰো অধিক ৰাছিয়ান সেনাৰ ইতিমধ্যে মৃত্যু হৈছে। এই যুদ্ধৰ কেতিয়া অন্ত পৰিব, ধ্বংসস্তুপত পৰিণত হোৱা সৰু দেশখনে কেতিয়া পুনৰ ঠন ধৰি উঠিব এয়া বৰ্তমান সময়ৰ আটাইতকৈ জটিল প্ৰশ্ন।

মূল কথাটো হৈছে, যুদ্ধ কেতিয়াও সমস্যা সমাধানৰ উপায় হ'ব নোৱাৰে। যুদ্ধই কেৱল ধ্বংস কৰে, ধ্বংস কৰে জীৱনৰ, ধ্বংস কৰে সকলো সম্পদৰ। ৰাছিয়াৰ দৰে দেশখনে ইউক্ৰেনৰ ওপৰত আক্ৰমন কৰাৰ ফলত কেৱল ইউক্ৰেনৰেই ক্ষতি হোৱা নাই। প্ৰায় সম পৰিমাণৰ ক্ষতি ৰাছিয়াৰো হৈছে। এই কথা দুয়োখন দেশৰ ৰাষ্ট্ৰনেতাসকলে ভালদৰে জানে। তাৰ পাছতো যুদ্ধ চলিয়েই আছে। নিতৌ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। এনে হোৱাৰ মূল কাৰণ হ'ল, ক্ষমতা লাভৰ লালসা। এখন দেশে আন এখন দেশৰ ওপৰত নিজৰ কৰ্তৃত্ব দখলৰ বাবে কৰা অপচেষ্টা।

ৰাছিয়া-ইউক্ৰেনৰ মাজৰ বিবাদ আমাৰ আলোচনাৰ মূল বিষয়বস্তু নহয়। মূল বিষয়বস্তু হ'ল, যুদ্ধৰ পোষকতা কিয় কৰা হৈছে? দুই ৰাষ্ট্ৰৰ মাজৰ বিবাদ মিমাংসা কৰাৰ বাবে আন বহুতো উপায় আছিল।

ইতিমধ্যে কভিডৰ সংহাৰী আক্ৰমণত বিশ্বৰ প্ৰায় প্ৰতিখন দেশে লাখ লাখ লোকক হেৰুৱাইছে। এনে এক দুঃসময়ৰ স্পপ্ন আমাৰ মানসপটৰ পৰা মাৰ নৌযাওতেই পুনৰ মানুহে মানুহৰ লগত সংঘৰ্ষত লিপ্ত হৈ এইদৰে শান্ত পৃথিৱীখন আমিয়েই অশান্ত কৰি তোলা নাইনে। কথাবোৰ গভীৰভাবে চিন্তা কৰিবৰ হ'ল। আমাৰ শুদ্ধ চিন্তা, শুদ্ধ পৰিকল্পনা আৰু সকলোৰে প্ৰতি ভাতৃত্ববোধৰ ভাবধাৰাইহে আমাক প্ৰকৃত মানুহ হিচাপে চিনাকি দিব।

আমি আশা ৰাখিছোঁ, এতিয়াও সময় উকলি যোৱা নাই। দুয়োখন দেশে আলোচনাৰ মাজলৈ আহি, প্ৰয়োজনত অন্য ৰাষ্ট্ৰই মধ্যস্থতাকাৰীৰ ভূমিকা লৈ সমস্যা সমাধানত আগভাগ ল'ব আৰু হাজাৰ হাজাৰ লোকৰ প্ৰাণ ৰক্ষাত সফল হ'ব।


হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

পৃষ্ঠা ৭
প্ৰৱন্ধঃ

বিজ্ঞানৰ যুগতো সমাজত অন্ধবিশ্বাস বৰ্তি থকাৰ কাৰণসমূহ 

প্ৰণৱ ফুকন

আৰম্ভণি: আজিৰ বিজ্ঞানৰ বিকাশৰ যুগতো সমাজত বহু অন্ধবিশ্বাস বৰ্তি আছে ৷ এনে অন্ধবিশ্বাস বৰ্তি থকাৰ কাৰণসমূহৰ যথাসম্ভৱ বৈজ্ঞানিক আৰু যুক্তিবাদী দৃষ্টিভঙ্গীৰে চাবলৈ চেষ্টা কৰোঁ আহক ৷

(১) শিক্ষাৰ অনগ্ৰসৰতা: অকণমান ভাৱি চালেই আমি এটা কথা স্পষ্টকৈ দেখোঁ যে অন্ধবিশ্বাসবোৰ সৃষ্টি হৈছিল মূলতঃ গ্ৰাম্য সমাজত, যি সমাজত সাধাৰণ শিক্ষাৰ অভাৱ পৰিলক্ষিত হয়, বৈজ্ঞানিক শিক্ষাৰ প্ৰশ্নই নুঠে ৷ ফলত এই সমাজত মানুহে যিকোনো ঘটনা বা কথা ভালদৰে ফঁহিয়াই চাব নোৱাৰে আৰু অনেক অন্ধবিশ্বাসৰ বলি হয় ৷ আজিও অনুন্নত আৰু উন্নয়নশীল দেশসমূহত শিক্ষাৰ অগ্ৰগতিয়ে এক সন্তোষজনক অৱস্থা পাইছে বুলি দাবী কৰিব নোৱাৰি ৷ শিক্ষাৰ অনগ্ৰসৰতাই আৰু অনেক সমস্যাৰ সৃষ্টি কৰে, যাৰ ফলত অন্ধবিশ্বাস বৰ্তি থাকে; যেনে দৰিদ্ৰতা, জনসংখ্যা বৃদ্ধি, স্বস্থ্যৰ প্ৰতি সজাগ নোহোৱা, স্ত্ৰীস্বাস্থ্যৰ প্ৰতি অৱহেলা, পিছপৰা স্বাস্থ্যসেৱা, আদি ৷ সেই কাৰণ সমূহো আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম ৷

(২) দৰিদ্ৰতা: দৰিদ্ৰতা এনে এক মহামাৰী যি শতিকাৰ পাছত শতিকা ধৰি জনসমাজৰ মেৰুদণ্ডত আঘাত কৰি আছে ৷ যিটো পৰিয়ালে দৈনন্দিন ভাত-কাপোৰৰ বাবে যুঁজ কৰিব লাগে, সেই পৰিয়ালৰ মানুহে বিদ্যা-শিক্ষা অৰ্জ্জন কৰিবলৈ যোৱা অসম্ভৱপ্ৰায় হৈ উঠে ৷ সকলোৱে মিলি কাম কৰিলেহে পৰিয়ালে পেট পূৰাব পাৰে; অন্যথা পেটত পানী-গামোচা বান্ধিব লগা অৱস্থা হয় ৷ এই দৰিদ্ৰ অৱস্থাৰ বাবে কোনো দেৱতা বা অপদেৱতাৰ কোপ দৃষ্টি, আন কোনোবাই কৰা যাদু-মন্ত্ৰ আদি অন্ধবিশ্বাস মনত পুহি জীৱন কটায় ৷ দৰিদ্ৰ অৱস্থাই মানুহক আন এক বিপদৰ মুখলৈ টানি নিয়ে; সি হ’ল জনসংখ্যাৰ বিস্ফোৰণ ৷

(৩) জনসংখ্যা: অনুন্নত আৰু উন্নয়নশীল দেশৰ কৃষিজীৱী আৰু শ্ৰমজীৱী লোকসকলে পৰিয়ালত যিমান মানুহ থাকে সিমানেই ভাল বুলি বিশ্বাস কৰে; কাৰণ অধিক লোক মানে অধিক শ্ৰম আৰু অধিক আয়! কিন্তু অধিক লোকৰ সমাহৰে দৰিদ্ৰতা চিৰস্থায়ীহে কৰে, কিয়নো পৰিয়ালৰ সদস্যসকলৰ ভৰণ-পোষণতে সমস্ত আয় ব্যয় হয় আৰু সন্তানক শিক্ষিত কৰিব নোৱাৰে ৷ অশিক্ষিত পৰিয়ালত জনসংখ্যা অধিক হ’লে অধিক শ্ৰম আৰু অধিক আয় হ’ব – এনে ধৰণৰ ভুল ধাৰণাবোৰ দৃঢ়মূল হৈ পৰে ৷ এনে পৰিস্থিতিত কেনেকৈ অন্ধবিশ্বাস জীয়াই থাকে, সেই কথা আমি ইতিমধ্যে বিশ্লেষণ কৰিছোঁ ৷

(৪) স্বাস্থ্য: দৰিদ্ৰতা আৰু জনসংখ্যাৰ আধিক্যজনক অৱস্থাত স্বাস্থ্যৰ প্ৰতি সজাগতা প্ৰায় নোহোৱাৰ দৰেই হয় ৷ যিহেতু শ্ৰমৰ বিনে পেট নভৰে, সেয়ে মানুহে ৰুগীয়া শৰীৰেৰেও কাম কৰি যায় ৷ কথাতে কয়:" হলা গছত সকলোৱে বাগী কুঠাৰ মাৰে ৷" ৰুগীয়া শৰীৰো হলা গছ সদৃশ, যি শৰীৰত আন ৰোগে আক্ৰমণ কৰিবলৈ সুবিধা পায় আৰু ফলত লোক অধিক ৰোগগ্ৰস্ত হৈ পৰে ৷ এনে ৰোগত মানুহ বেজ-জ্ঞানীৰ ওচৰ চাপে যিসকলে নিজৰ স্বাৰ্থ ৰক্ষাৰ্থে মানুহৰ মনত কিছুমান অন্ধবিশ্বাস সুমুৱাই কোঙা কৰি পেলায় ৷

(৫) স্ত্ৰীস্বাস্থ্য: অনগ্ৰসৰ সমাজত সঘনাই সন্তান প্ৰসৱৰ ফলত নাৰীসকল ক্ৰমাৎ দুৰ্বল হৈ পৰে ৷ দুৰ্বল নাৰীৰ কুক্ষিত জন্ম হোৱা সন্তান সবল-সুস্থ হ’ব বুলি কল্পনাও কৰিব নোৱাৰি; সদ্যজাত আৰু শৈশৱৰ এটা অৱস্থালৈকে সন্তান মাতৃ দুগ্ধৰ ওপৰতে নিৰ্ভৰশীল হয় ৷ দুৰ্বল মাতৃৰ বক্ষত দুগ্ধৰ পৰিমাণ কমি অহাত শিশুও দুৰ্বল হয় ৷ তদুপৰি ঋতুশ্ৰাৱৰ দৰে অতি প্ৰাকৃতিক ঘটনাকো এনে সমাজত হেয় জ্ঞান কৰা হয় আৰু সঠিক স্বাস্থ্যবিধিৰ ব্যৱস্থা কৰা নহয় ৷ ফলত স্ত্ৰীৰোগে লগ ধৰে আৰু উচিত চিকিৎসাৰ অভাৱত স্ত্ৰীসকল এলাগী হৈ পৰে ৷ সমাজ আগবাঢ়িবলৈ হ’লে পুৰুষ আৰু স্ত্ৰীৰ অৱদান সমান হ’ব লাগিব; অন্যথা অনগ্ৰসৰতাই সংহাৰ মূৰ্ত্তি ধৰি চিৰকাল বৰ্তি থাকে ৷ এনে সমাজৰ স্ত্ৰীসকলেও নিজে স্ত্ৰী হৈ জন্ম লোৱাৰ বাবে পূৰ্বজন্মৰ পাপেই জগৰীয়া বা এনে ধৰণৰ অন্ধবিশ্বাসৰ বশবৰ্তী হয় ৷

(৬) স্বাস্থ্যসেৱা: অনগ্ৰসৰ সমাজত চিকিৎসাবিধিৰ চৰম অভাৱ চিৰ বৰ্ত্তমান ৷ এনে সমাজে জৰা-ফুকা আদিত অধিক গুৰুত্ব দিয়ে বা দৰিদ্ৰতাৰ বাবে এনে বিধিৰ ওপৰত গুৰুত্ব দিব লগা হয় ৷ এনে চিকিৎসাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু ৰোগৰ কাৰণসমূহ পৰীক্ষা কৰাৰো কোনো উপায় নাই ৷ ফলত স্বাস্থ্যসেৱা গুৰুতৰভাৱে আহত হয় ৷ যদিও সকলো দেশতে বচন-প্ৰবচনৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কে বহু কথা পূৰ্বপুৰুষে কৈ গৈছে, কিন্তু সমুচিত শিক্ষাৰ অভাৱত এই কথা যথাযথভাৱে মানি চলা লোকৰ অভাৱ পৰিলক্ষিত হয়; অনেক ক্ষেত্ৰত দৰিদ্ৰতাই এই বচনসমূহৰ প্ৰতি আওকাণ কৰিবলৈ মানুহক বাধ্য কৰে ৷ স্বাস্থ্যসেৱাৰ একমাত্ৰ উপায় যেতিয়া বেজালি হয়, তেতিয়া কেনেকৈ অন্ধবিশ্বাস জাগৃত হয় আমি আগতেই উনুকিয়াইছোঁ ৷

মূলতঃ শিক্ষাৰ অনগ্ৰসৰতাৰ কাৰণতে আজিৰ বিজ্ঞানৰ যুগতো অন্ধবিশ্বাস আঁতৰি যোৱা নাই ৷ ইয়াৰ বাহিৰেও ওপৰৰ আলোচনাৰ ভিত্তিত আমি আৰু কিছু কাৰণ দেখা পাওঁ ৷

(৭) দুৰ্গমতা: অনুন্নত আৰু উন্নয়নশীল দেশৰ অনেক ঠাই আজিও দুৰ্গম ৷ এনেকি উন্নত দেশতো এই সমস্যা আজিও আছে ৷ ইয়াৰ কাৰণসমূহ হ’ল: স্থলপথ আৰু জলপথৰ অভাৱ, বিপদসংকুলতা, অৰণ্য, হিমপ্ৰপাত, মৰুভূমি আদি ৷ এনে ঠাইৰ মানুহৰ মাজলৈ শিক্ষাৰ পোহৰ কঢ়িয়াই নিয়া আৰু বিজ্ঞানভিত্তিক স্বাস্থ্যসেৱা উপলব্ধ কৰোৱা প্ৰত্যাহ্বানৰ দৰে হৈ পৰে ৷ কেৱল সংকল্পবদ্ধ লোকহে এনে ঠাইলৈ শিক্ষা আৰু স্বাস্থ্যসেৱা লৈ যাবলৈ সাজু হয় ৷ উপযুক্ত পৰিমাণৰ লোকৰ অভাৱত এনে ঠাই শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থাকে আৰু অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত নহয় ৷ 

(৮) পৰম্পৰা: বহুতো অন্ধবিশ্বাস পৰম্পৰাগত ভাৱে সমাজত চলি আহে; এটা পুৰুষৰ পৰা পাছৰ পুৰুষলৈ বাগৰি অহা এই বিশ্বাসবোৰ উলাই কৰিবলৈ কাৰো সাহস নহয়; সেইবোৰ বৈজ্ঞানিক দৃষ্টিৰে পৰীক্ষা কৰি চোৱাৰো প্ৰয়োজনীয়তা বোধ কৰা নহয় ৷ কাৰণ যি বিশ্বাস এটা পুৰুষত কাৰ্য্যকৰী হৈছিল, সেই বিশ্বাসে পৰবৰ্ত্তী পুৰুষতো সমানেই কাম কৰিব বুলি বদ্ধমূল ধাৰণা কৰি লোৱা হয় ৷ কিন্তু সময়ৰ পৰিবৰ্ত্তনৰ লগে-লগে সমাজৰ বহু কথাৰো পৰিবৰ্ত্তন হয়; ই চিৰন্তন সত্য ৷ গতিকে পুৰণি ধ্যান-ধাৰণা নতুন যুগত সফল নহয় ৷ তথাপি শিক্ষাৰ অভাৱত তাক দলিয়াই পেলোৱাৰ মানসিকতা গঢ় লৈ নুঠে ৷

(৯) জীৱনৰ অনিশ্চয়তা : আমি ইতিমধ্যে কৰি অহা আলোচনাৰ পৰা আৰু এটা কথা প্ৰত্যক্ষ কৰিব পাৰি; সি হ’ল জীৱনৰ অনিশ্চয়তাৰ ফলত সৃষ্টি হোৱা অন্ধবিশ্বাস ৷ জন্ম আৰু মৃত্যুৰ সঠিক সময় কোনেও নাজানে; তদুপৰি জীৱনৰ উত্থান-পতনো চিৰকাল অনিশ্চয়তাৰ অন্ধকাৰেৰে ঢকা ৷ এই অনিশ্চয়তাসমূহৰ কথা জানিও মানুহে তাৰ “প্ৰতিকাৰ”ৰ ব্যৱস্থা কৰিব খোজে ৷ বিজ্ঞানে মানুহক ঘটিব পৰা ঘটনাৱলীৰ সৈতে মুখামুখি হোৱাৰ পথ দেখুৱায় ৷ তৎসত্বেও মানুহে অনাগত দিনত ঘটিব লগা দুৰ্ঘটনাৰ কথা জানিব খোজে আৰু তাৰ প্ৰতিকাৰৰ বাট বিচাৰে ৷ এনে “বাট” দেখুৱাই বহু লোকে নিজৰ জীৱিকা প্ৰবৰ্তায় আৰু নিজ স্বাৰ্থৰ বাবে মানুহৰ মনত কিছুমান অন্ধবিশ্বাস জীয়াই ৰাখিব খোজে ৷

বৰ্ত্তমানৰ পৰিস্থিতি -পৰিবেশৰ ভিত্তিত বিশ্লেষণ: বৰ্তমানৰ পৰিবেশ- পৰিস্থিতি বিশ্লেষণ কৰিলে এই যুগতো অন্ধবিশ্বাস জীয়াই থকাৰ আৰু কিছুমান কাৰণ দেখা যায় ৷

(১০) ধৰ্মান্ধতা: মানুহক সুসংঘবদ্ধ কৰি সজ পথত চলাবলৈ পৃথিৱীত বহুতো মহাপুৰুষৰ জন্ম হৈছিল ৷ এওঁলোকে ধৰ্ম আৰু অধৰ্মৰ প্ৰভেদ বুজাই সমাজক ধৰ্মৰ দিশত উদ্বুদ্ধ কৰে ৷ মন কৰিব লগীয়া কথা যে কোনো এজন মহাপুৰুষে আন ধৰ্মৰ প্ৰতি ঘৃণাৰ পোষকতা কৰা নাছিল আৰু ধৰ্ম শব্দক বহল অৰ্থত ভাল কামৰ লগত বিচাৰে ৷ তাৰ সুবিধা লৈ বহুতে নেতাসকলৰ মন বিভিন্ন ধৰণৰ অন্ধবিশ্বাসেৰে ভৰাই তোলে; নেতাসকলেও যুক্তিহীনতাত যুক্তি বিচাৰিবলৈ লয় ৷ কেৱল ক্ষমতাৰ বাবেই আজিও ৰাজনৈতিক নেতাসকল অন্ধবিশ্বাসৰ বলি হয় ৷  

(১৪) শিক্ষিত নিবনুৱা আৰু অন্ধবিশ্বাস: অনুন্নত আৰু উন্নয়নশীল দেশসমূহত প্ৰতি বছৰে অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সমাপ্ত কৰি চাকৰিৰ সন্ধানত ওলায় ৷ তাৰে এক ক্ষুদ্ৰ সংখ্যক উন্নত দেশলৈ ধাৱমান হয়, যাক আমি Brain drain নাম দিওঁ ৷ কিন্তু সৰহ সংখ্যক নিজ দেশতে ৰৈ যায় আৰু বহু চেষ্টাৰ পাছতো যেতিয়া উপযুক্ত চাকৰি নাপায়, তেতিয়া মাক-দেউতাককে ধৰি অনেকেই গ্ৰহৰ দোষ আদি বিভিন্ন অযুক্তিকৰ ধাৰণা সেই শিক্ষিত যুৱক/যুৱতীৰ মগজুত সুমুৱাই দিয়ে ৷ ফলত তেওঁ জ্যোতিষী, তান্ত্ৰিক আদি বিভিন্ন অবৈজ্ঞানিক চৰ্চা কৰা লোকৰ কাষ চাপি উপায় বিচাৰে ৷ এইসকলেও আঙুঠি, তাবিজ, চয়তানৰ সন্তুষ্টিৰ প্ৰথাৰে এনে এক মায়াজালৰ সৃষ্টি কৰে যে, যুৱকজন/যুৱতীগৰাকী অন্ধবিশ্বাসৰ বাহক হৈ পৰে আৰু আজিৰ যুগতো এনে ধ্যান-ধাৰণা বৰ্তি থকাত বিশেষ ভূমিকা লয় ৷

অনুন্নত আৰু উন্নয়নশীল দেশসমূহত শিক্ষিত নিবনুৱাসকল আৰু এক সমস্যাৰ সন্মুখীন হয়; সেয়া হৈছে কৰ্মক্ষেত্ৰৰ বাবে অযোগ্যতা (Unemployability) ৷ এই দেশবিলাকৰ দৰেই ইয়াৰ শিক্ষা ব্যৱস্থা, বিশেষকৈ পাঠ্যক্ৰমো উন্নত দেশসমূহৰ তুলনাত বহু পিচপৰা ৷ গতিকে শিক্ষা সমাপ্ত কৰি যেতিয়া ছাত্ৰ-ছাত্ৰীসকল চাকৰিৰ সন্ধানত ওলায়, তেতিয়া ভাল চাকৰিৰ বাবে নিজকে অযোগ্য বুলি গম পায় ৷ যেতিয়া নিজৰ আশানুৰূপ চাকৰি নেপাই সৰু-সুৰা চাকৰি কৰিব লগা হয়, তেতিয়া অনেকেই সেয়া অদৃষ্টৰ লিখন বুলি ভাৱিবলৈ ধৰে ৷ তেতিয়াই তেওঁলোকৰ জীৱনত প্ৰৱেশ ঘটে এনে কিছু লোকৰ যি এনে অদৃষ্টৰ লিখনৰ প্ৰতিকাৰৰ বাবে বিভিন্ন অবৈজ্ঞানিক উপায় দিয়ে আৰু সেই উপায় পালন নকৰিলে হ’ব পৰা কিছুমান বিপদৰ কথা কৈ মনবোৰ অন্ধবিশ্বাসেৰে ভৰাই তোলে ৷ এনে উপায় মানি চলাৰ পাছতো যেতিয়া প্ৰতিকাৰ নাপায়, তেতিয়া আন কোনো para-science-ৰ সহায় লয় ৷ ফলত না ভৱিষ্যত সলনি হয়, না অন্ধবিশ্বাস আঁতৰে আৰু এক চাকনৈয়াত পৰি জীৱন কটায় ৷

(১৫) ব্যৱসাময়িক মহলত অন্ধবিশ্বাস:  ব্যৱসায়ত সকলো সময়তে সফল হ’ব বুলি কোনেও ন দি ক’ব নোৱাৰে ৷ আন কথাত ব্যৱসায় হ’ল অৰ্থনৈতিক অনিশ্চয়তাৰে ভৰা ৷ এই অনিশ্চয়তা আঁতৰোৱাৰ কোনো উপায় নাই ৷ তথাপি ব্যৱসায়ীসকলে নিশ্চয়তা বিচাৰে; ই মানুহৰ সহজাত প্ৰবৃত্তি ৷ এনে প্ৰতিশ্ৰুতি বিচাৰিয়েই ব্যৱসায়ীসকল অন্ধবিশ্বাসৰ কবলত পৰে আৰু ভৱিষ্যতৰ বীমা বিচাৰি বিভিন্ন অন্ধবিশ্বাসৰ কাৰ্য্য কৰি যায় ৷ কেৱল যুক্তিবাদী চিন্তাইহে এনে অন্ধবিশ্বাস আঁতৰাব পাৰে ৷ তাৰ বাবে গোটেই সমাজখনেই বিজ্ঞানভিত্তিক শিক্ষাৰে শিক্ষিত হোৱাৰ প্ৰয়োজন ৷

(১৬) বৈজ্ঞানিকসকলৰ অন্ধবিশ্বাস: জীৱনত সকলো কামতে সফল হোৱা সম্ভৱ নহয় ৷ বিফলতাৰ পৰা শিক্ষা লৈ মানুহ সফলতাৰ জখলাত বগাব পাৰে; সেয়ে কোৱা হয় "Failure is the pillar of success." তথাপি বৈজ্ঞানিকসকল এনে এক শ্ৰেণী যি বিফলতাত কিছু হতাশ হয়; কাৰণ তেওঁলোকৰ প্ৰতিটো কামত বহু বছৰৰ কঠোৰ তপস্যা জৰিত থাকে ৷ বোধহয় সেয়ে বহুতো বৈজ্ঞানিকেও সৰ্বদা সফলতাৰ কামনাৰে মনত অন্ধবিশ্বাস পুহি ৰাখে; ই এক প্ৰকাৰ oxymoron বুলিয়েই ক’ব পাৰি ৷ তেওঁলোকে বিফলতাক আঁতৰাই ৰাখিবলৈ বিভিন্ন para- science-ৰ সহায় লয় ৷ এনে অন্ধবিশ্বাস আঁতৰোৱৰ উপায় কেৱল যুক্তিবাদ হ’ব পাৰে; কাৰণ এই শ্ৰেণীৰ লোক সুশিক্ষিত ৷ আজিৰ সমাজ ব্যৱস্থাত সকলো বৈজ্ঞানিক  যুক্তিবাদী হ’ব বুলিও ক’ব নোৱাৰি ৷ গতিকে এই অন্ধবিশ্বাসবোৰ আঁতৰিবলৈ হয়তো কেবাটাও পুৰুষৰ প্ৰয়োজন হ’ব ৷

সামৰণি: বিজ্ঞানৰ প্ৰগতিৰ এই যুগতো অন্ধবিশ্বাসবোৰ কেনেকৈ জীয়াই আছে আমি পুংখানুপুংখৰূপে বিশ্লেষণ কৰিলোঁ ৷ ইয়াৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে শিক্ষাৰ, বিশেষকৈ বৈজ্ঞানিক আৰু যুক্তিবাদী শিক্ষাৰ অগ্ৰগতিৰ অবিহনে সমাজৰ পৰা অন্ধবিশ্বাস নিৰ্মূল কৰা সম্ভৱ নহয় ৷


পৃষ্ঠা ৮

 নাৰী আৰু সমাজৰ প্ৰগতি

মিতালী শৰ্মা, 
উলুবাৰী গুৱাহাটী

      আজিৰ কন্যা ভবিষ্যতৰ মাতৃ। বৰ্তমান সংকটত মই জীৱন যাত্ৰত নাৰী শিক্ষা আৰু ইয়াৰ সৎ ব্যৱহাৰৰ ওপৰতেই পৰিয়ালৰ সুখ শান্তি আৰু ৰাষ্ট্ৰৰ প্ৰগতি নিৰ্ভৰ কৰে। সেয়েহে কোৱা হয় এজন ল'ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষিত কৰি তোলা, কিন্তু এজনী ছোৱালীক শিক্ষা দিয়া মানে হ'ল এটা পৰিয়ালক শিক্ষিত কৰি তোলা।
      নাৰী আৰু পুৰুষৰ উমৈহতীয়া চেষ্টাৰ ফলতে দেশ প্ৰগতি পথত আগুৱাই যাব পাৰে। তদুপৰি দেশৰ অৰ্থনৈতিক উন্নতিৰ বহুখিনি নিৰ্ভৰ কৰে সেই দেশৰ নাৰীৰ ওপৰতো। গতিকে নাৰীয়ে সকলো দিশতে পুৰুষৰ দৰে আগবাঢ়ি যাব লাগিব।
      যিকোনো দেশৰ সামাজিক পৰিবৰ্তনৰ মূলত হ'ল শিক্ষা। সংখ্যাত অতি কম যদিও প্ৰাচীন কালৰ পৰাই ভাৰতীয় নাৰীয়ে সামাজিক ৰাজনৈতিক আদি দিশত উচ্চস্থান পায় আহিছে আৰু যথেষ্ট অৰিহণা যোগাইছে।
তাহানিৰ বিদূষী নাৰী আৰু মহীয়সী মৈত্ৰেয়ী, গাৰ্গী, বীৰংগনা মূলা গাভৰুৰ, ঝান্সী ৰাণী লক্ষ্মীবাঈ, ৰাজনীতিজ্ঞ সৰোজিনী নাইডু, বিজ‌য় লক্ষ্মী পণ্ডিত, ইন্দিৰা গান্ধী আদিৰ নাম ইতিহাসৰ পাতত আজিও জিলিকি আছে।
        জানিব পৰা মতে ১৯১৯চনৰলৈকে অসমত স্ত্ৰী শিক্ষাৰ প্ৰতি সচেতনতা সমাজত জাগি উঠা নাছিল। প্ৰচলিত প্ৰথা কুসংস্কাৰ ইত্যাদিয়ে নাৰী উন্নতিৰ বাধা হৈ থিয় দিছিল। সেই সময়ত বিয়াৰ আগতে কন্যা পুষ্পীতা হ'লে চৈধ্য পুৰুষ নৰকত যাব, এনেধৰণৰ ভাবধাৰাই কম বয়সতে কন্যা বিবাহ দিয়াৰ প্ৰচলন সমাজত আছিল যাৰ ফলত কন্যা সকলৰ শিক্ষা গ্ৰহণত বাধা হৈছিল খুউব কম সংখ্যক ছোৱালীহে সেই সময়ত পঢ়াশালি যাব পাৰিছিল।
         ১৯৩০ চনত সাৰদা বিল কেন্দ্ৰীয় সভাত পাচ হোৱাত গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো এই বিলৰ প্ৰভাৱ পৰিছিল। এই বিল খনৰ মতে ছোৱালী চৈধ্য বছৰ বয়সৰ কম বয়সত বিয়া দিয়া দণ্ডনীয় অপৰাধ। এই বিলখনৰ প্ৰভাৱ প্ৰযোজ্য হোৱাৰ আগতেই অভিভাৱক সকলে লৰালৰিকৈ কন্যা সন্তান সকলক যোগ্যতা আৰু ব‌য়স বাচবিচাৰ নকৰি কন্যা সন্তান সকলক বিয়া দিছিল।
          এই বিবাহৰ প্ৰতিবাদ কৰি সেই খিনি সময়ত অসমত সাৰদা বিলৰ সপক্ষে থিয় দিয়া বিশিষ্ঠা মহিলা সকলৰ ভিতৰত আছিল স্বৰ্গীয়া নলিনীবালা দেবী, ৰাজবালা দাস, চন্দ্ৰ প্ৰভা শইকীয়ানী, ঘনকান্তি ফুকননী, শশীপ্ৰভা হাজৰিকা আদি। এই সকল মহিলাৰ অপ্ৰাণ চেষ্টাৰ ফলত অসমত সাৰদা বিল কাৰ্যকৰী হৈছিল । ফলত অসমৰ ঘৰে ঘৰে সুশিক্ষিতা ছোৱালী হ'ল আৰু অভিভাৱক সকলে নিশ্চিন্ত মনেৰে সুশিক্ষা দিবলৈ সুবিধা পালে লগতে কন্যাক সৎ পাত্ৰলৈ দিবলৈ সময় পালে।সেইয়েহে আজি স্বাধীন ভাৰতৰ স্বাধীনমনা কুমাৰী ছোৱালীবোৰে জীৱনৰ মুকলি পৰিবেশত ভবিষ্যত জীৱন গঢ়িবলৈ সুবিধা পালে।
     বৰ্তমানটো নাৰী শিক্ষাৰ ওপৰত যথেষ্ট কৰনীয় আছে। সেইহে সমাজ চৰকাৰ আৰু অভিভাৱক সকলোৱে আগবাঢ়ি আহি নাৰীক শিক্ষিত কৰি সমাজখন আগুৱাই যোৱাত সহায় কৰিব লাগিব।


পৃষ্ঠাঃ ৯

অসমীয়া চিনেমা

পবিত্ৰ গায়ন 
ফুলনি, মাজুলী

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 'জয়মতী কুঁৱৰী' নাটকৰ আলমত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা 'জয়মতী'য়ে অসমীয়া চিনেমাৰ প্ৰথম আৰম্ভণি । ১৯৩৫ চনৰ ১০ মাৰ্চত 'জয়মতী' কলকাতাৰ 'ৰাউনাক' প্ৰেক্ষাগৃহত প্ৰথম দৰ্শনী কৰা হৈছিল । এই চিনেমাখনে অসমত প্ৰথমবাৰৰ বাবে  মুক্তি লাভ কৰে সেই একে বছৰৰে ২০ মাৰ্চ তাৰিখে । তাৰ পিছৰ পৰা অসমীয়া চিনেমাৰ যি অগ্ৰগতি সেইয়া এখোজ দুখোজ কৈ আগবাঢ়ি বৰ্তমান সময়লৈকে বহু শ শ চিনেমা নিৰ্মিত হৈ অসমীয়া চিনেমা জগতখনক চহকী কৰি তুলিছে । ১৯৩৫ চনৰ পৰা বৰ্তমানলৈকে নিৰ্মিত কেইখনমান চিনেমাৰ নাম সকলোৱে জানিব পৰাকৈ উল্লেখ কৰিলো - জয়মতী , ইন্দ্ৰমালতী, বিপ্লৱী, মনোমতী, বদন বৰফুকন, নৰকাসুৰ , এৰা বাটৰ সুৰ, তেজিমলা, ইটো সিটো বহুতো, ডা: বেজবৰুৱা , গঙা চিলনীৰ পাখি, অনিৰ্বান, অগ্নিস্নান, কল্লোল, অপৰূপ, ছায়া, আলোকৰ আহ্বান, ল'ৰালি, অদাহ্য, ইতিহাস, বৰুৱাৰ সংসাৰ, মা, দাগ, পূজা, পাপৰি, মন, দূৰণি ৰং, নায়ক, স্নেহ, অ' মোৰ মনেতৰা, শংকৰদেৱ, সাৰথি, গ্ৰহন, অধিনায়ক, অবুজ বেদনা, মৰমী হ'বানে লগৰী, পৰী, কিয় উতলে মন, হৃদয়ৰ আৰে আৰে, বুকুৰ মাজত জ্বলে, প্ৰেমগীত, প্ৰিয়া মিলন, অগ্নিসাক্ষী, মাঘত মামনী বিয়া, ৰামধেনু, মা তুমি অন্যন্যা, উজনীৰ দুজনী গাভৰু , জানমনি, কন্যাদান, তুমিয়ে মোৰ কল্পনাৰে, মহাৰথী, কদম তলে কৃষ্ণ নাছে , অঘৰী আত্মা, অনল, হিয়াৰ দাপোনত তোমাৰ ছবি, আগোমাই, মৎসগন্ধা, লেফাফা, জেতুকা পাতৰ দৰে, ৰংমন, ৰজা হৰিচন্দ্ৰ, অচিন চিনাকী, হিয়া দিয়া নিয়া, মৰমৰ মইনাজান, চিলনী জীয়েকৰ সাধু, বেউলাৰ বিয়া, পত্মী, তেটোন তামুলীৰ স্বৰ্গযাত্ৰা, কমলা কোঁৱৰী, ককাদেউতাৰ ঘৰ জোৱাই, অভিমানি মন, মুখা, নষ্ট ল'ৰা, শেষ উপহাৰ, অস্পৰা, ল'ৰালি, ৰ'দ, জীৱন বাটৰ লগৰী, পলে পলে উৰে মন, বগীতৰা, লহৰি, হিতলিষ্ট, জোনদা ইমান গুন্দা, মেঘালী, তৰা , উনমনা মন, জোনবাই, ভোগালী, ভূমিপুত্ৰ, ৰংমন ৰাংঢালী, মনে মোৰ কইনা বিচাৰে, ৰুমাল, ৰূপালী, গামোচা, তৰাদৈ, সোনাৰু হালধীয়া হাঁহি, তেজা আৰু তুলা, বন্ধুত্ব, বীন বৈৰাগী, শিখামনি, সোনমইনা, চামেলী মেমচাহাব , উৰণীয়া মন , জীৱন সৰগী, অহংকাৰ, আজলী নবৌ, ভাইটি, কচুগুটি, মনযায়, পূৰ্ণিমা, পখিলা, মায়া, আবেলি, ভাগ্য, জাল, ঘাটক, সূৰ্য তেজৰ অন্য নাম, দুৰ্জন, বাঁকৰ পুতেক, প্ৰভাতী পক্ষীৰ গান, তৰাদৈ, চিন্তামনি, বাঁহী, মইনা চৰাই মইনা মাত, গুন গুন গানে গানে, বিধাতা, অনুৰাগ, যখিনী, ৰাগবিৰাগ, বিশেষ এৰাতি, বিকোদৰ বৰুৱাৰ বিয়া, যোগ বিয়োগ, দেৱী, মীমাংসা, অন্য এক যাত্ৰা, অগ্নিস্নান, কোলাহল, উপপথ, আছেনে কোনোবা হিয়াত, সাৰথি, দেউতাৰ বিয়া, ৰিক্সাৱলা, গৰম বতাহ, যশুদা ,ফিৰিঙতি, অপৰাধী, পশুৰামৰ মাতৃ হত্যা, আইমনি, ৰঙামনি, অঞ্জুমনি, চেনাই, নাগকন্যা, প্ৰেম পাহাৰে ভৈয়ামে, বিহুৱা পুলিচ, আঘাত , শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট, শেৱালী, মাজুলী নাচনী, জোনতৰা, কুকুৰী কনা, ভগৱানৰ বিহু, নীলাখামৰ চিঠি, ৰহেদৈ, মইনাজান, গৰমজান, ৰুনজুন, এণ্টনী মোৰনাম, লটি ঘটি, ল'ৰালী, ধনকূলৈ, টেতোন তামুলী, সৎগ্ৰাম, নিংনি ভাওৰা কথা, স্বৰ্গত বিহু, আমাৰ গাঁও, দিচাং, অহেতুক, হাঁচতি, এখন নেদেখা নদীৰ সিপাৰে, প্ৰতিধব্বনি, জাংফাই জোনাক, সৰাপাত, ধুমুহা, ভক্ত প্ৰহ্লাদ, কেঁচাসোন, পূবেৰুন, আমাৰ ঘৰ, লাচিত বৰফুকন, শকুন্তলা, নৰকাসুৰ, মনিৰাম দেৱান, অপৰাজেয়, মুকুতা, শেষ বিচাৰ, মানৱ আৰু দানৱ, অৰণ্য, উপগ্ৰহ, অনুতাপ, মমতা, উত্তৰণ, সন্ধ্যাৰাগ, খোজ, মন আৰু মৰম, জেতুকা পাতৰ দৰে, কাঞ্চনজংঘা, চুমা, সোনৰ খাৰু নালাগে মোক, ৰাগ বিৰাগ, সংস্কাৰ, দুৰ্জন, আইদেউ, ত্যাগ, খেল, ৰঙা মদাৰ , বংশধৰ, গৰখীয়া, বৈভৱ, সপোন, জলাঞ্জলী, ধন কুবেৰৰ ধন, নীলকণ্ঠ, স্নেহবন্ধন, চুৰেন চোৰৰ পুতেক, অন্তহীন যাত্ৰা, চক্ৰবেহু, মায়া, হৃদয় কপোৱা গান, লাজ, হেঁপাহ, জুমন সুমন, ধুনীয়া তিৰোতাবোৰ, মৃত্যুহীন জীৱন, পখী, যুগান্তৰৰ তেজাল পূৱা, তুমি মোৰ মাথোঁ মোৰ , ৰামধেনু, প্ৰিয়ামিলন, মাথো, চাকনৈয়া, ৰত্নাকৰ, বহ্নিমান, এই মাটিতে, একত্ৰিশ জুন, গ্ৰহণ , বৰনদী ভটিয়াই, গৰু , ককাদেউতা নাতি আৰু হাতী, কণিকাৰ ৰামধেনু, কথানদী, তোমাৰ খবৰ, দুৱাৰ, দ্য ফে'চ, ধৰ্মকাই , নামঘৰীয়া, পাগলী, পানী, পূৱতি নিশাৰ সপোন, বকুল, বান, মিছন চাইনা, লখিমী, শ্ৰীমতী মহিমাময়ী, লোকেল কংফু, লাভ ইন বেংকক, মহাসমৰ, মহাপুৰুষ, বৃষ্টি, বুল বুল কেন ছিং, পলে পলে উৰে মন, মোৰ ধনবাখৰ, ৰণাঙ্গন, প্ৰেমলতা, বান্ধৈ, যৌৱনে আমনি কৰে, সৰু বোৱাৰী, ইত্যাদি অনেক ছবিয়ে চিনেমা তথা ভিচিডিয়ে অসমীয়া বোলছবি  জগত খনক চহকী কৰাৰ লগতে সমাদৰ বুতলিবলৈ সক্ষম হৈছে । 
                মনোৰঞ্জনৰ বাহিৰেও অসমীয়া বহু চিনেমাই শিক্ষামূলক বা বিশেষ উদ্দেশ্যধৰ্মী ভাৱে নিৰ্মিত হৈ জনসাধাৰণৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে । আমি আশাবাদী অসমীয়া চিনেমাৰ কাহিনী, অভিনয় ,কলাকৌশল, চিত্ৰ গ্ৰহন, সংগীতৰ আৰু উন্নতি হওক, ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় বজাৰ দখল কৰক। অসমীয়া চিনেমাৰ তাহানিৰ পৰা বৰ্তমানলৈকে যি জয় যাত্ৰা সেইয়া সুদূৰ প্ৰশাৰী হওক । বিশ্বৰ প্ৰান্তে প্ৰান্তে জিলিকি ৰওক অসমীয়া  চিনেমাৰ মান তাৰ কামনা কৰিলোঁ ।


পৃষ্ঠা ১০

 পৰিচয় শিতানঃ

কবি হিৰণ ভূঞাৰ চমু পৰিচয়

পৰিচয়ঃ

হিৰণ ভূঞা নলবাৰী জিলাৰ জীয়ৰী ও বোৱাৰী। বৰ্তমান নৱি মুম্বাইৰ স্থায়ী বাসিন্দা। 
 শিক্ষাগত অৰ্হতাঃ নলবাৰী কলেজৰ পৰা বি এ,
এম এ, অনুবাদ সাহিত্যত  ইন্দিৰা গান্ধী বিশ্ববিদ্যালয় দিল্লী   
সাহিত্য বৰঙণিঃ 
দুখন কবিতাপুথি, 
এখন শিশু সাহিত্য 
আৰু ৩৫ খনৰো অধিক সমূহীয়া কাব্য সংকলন আৰু প্ৰৱন্ধ গ্ৰন্থ, দুখন অনুবাদ গ্ৰন্থ প্ৰকাশৰ পথত। 
সম্পাদনাঃ ১ পুৰ্ণাঙ্গ গ্ৰন্থ আৰু মহাবাহুৰ ৬ সংখ্যা 
জড়িত সামাজিক অনুষ্ঠান সমূহঃ  অসম সাহিত্য সভাৰ আজীৱন সদস্য, আজীৱন সদস্য মুম্বাই অসম এছ’চিয়েচন, সদৌ অসম কবি সন্মিলনৰ আজীৱন সদস্য, সদৌ অসম কাব্য নন্দিনীৰ সদস্য, সৰ্বভাৰতীয় মহিলা কাব্য মঞ্চ , নলবাৰী, গীতা নগৰ অধ্যয়ন চক্ৰ , গুৱাহাটী। 
অনুবাদ সাহিত্য পৰিষদ আদি 

 বঁটাঃ ছোভিয়েট দেশ কুইজ প্ৰতিযোগিতাত 
ৰাছিয়ান পুৰস্কাৰ ১৯৮২ চনত, পুৰণি সাধুৰ নতুন ৰূপ  ' প্ৰতিযোগিতাত 
' চৈয়দ আব্দুল মালিক শিশু সাহিত্য বঁটা ২০২০ 
ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গানাজেচনৰ পৰা 
' নাৰীশক্তি গৌৰৱ পুৰস্কাৰ ২০২১ 
অংকুৰণ প্ৰকাশন গোষ্ঠী আৰু অঙ্গন আলোচনীয়ে  অনুষ্ঠিত কৰা পাণ্ডুলিপি প্ৰতিযোগিতাত' শিশু 'শিতানত' দহজান প্ৰথম অসমীয়া' নামৰ পাণ্ডুলিপিত দ্বিতীয় স্থান লাভ ২০২১
পানভেল কালিদাস নাট্য সাহিত্য গোষ্ঠীৰ পৰা অনুবাদ কবিতা পাঠত উদঙণি বঁটা লাভ ২০১৮ ।
দুটি কবিতাঃ

ফাগুন অহাৰ বতৰত

হিৰণ ভূঞা
মুম্বাই

নভোদয় যেতিয়া মেঘালী হৈছিল,
আমোলমোলাইছিল মোৰ পদুলি 
গধূলিগোপালৰ গোন্ধত।
সুঘ্ৰাণত বিচাৰি পাইছিলো তোমাক ।
তোমাৰ পদধ্বনি বিচাৰি পাওঁ, শুকান পাত আৰু ধূলিয়লী বাটত।
গাভৰুৰ আঁচলত  লুকাভাকু খেলাৰ পৰত
তোমাক বিচাৰো মোৰ হৃদয়ত।
কোনোৱে কয় তুমি মতলীয়া
কিন্তু তুমিয়েতো ৰঙীন কৰা আকাশ
মদাৰ, পলশ আৰু শিমলুৰ ৰঙেৰে।
উৰুঙা উৰুঙা মন,
ৰিঙা ৰিঙা হৃদয়
ছাটিফুটি শৰীৰ 
তেনে  পৰতে ক'ৰ পৰা ভাঁহি আহিল 
চিনাকী আদিম গোন্ধ। 
পলৰীয়া বতাহত ভাঁহি আহে অচিনা ঘাটৰ নাওৰীয়াৰ  সুহুৰিৰ সুৰ - - - 
অবতৰীয়া শিলাবৃষ্টিত সাৰি মুচি থোৱা চোতালখন বুৰাই দিলে শিল - পানীৰে। 
প্ৰাণৰ পিয়ুষ বিচৰাৰ ক্ষণতে 
 হৃদয় ৰক্ত জবা জয় পৰি গ'ল, 
তুমিৰো অহা নহ'ল...


 মহাজীৱনৰ মহাযাত্ৰা

হিৰণ ভূঞা

সৌ নীল আকাশ,
আৰু এখন উদাসী ছবি। 
প্ৰসাধনহীন মুখত নাই কোনো অভিব্যক্তি। 
সাগৰৰ দৰে গভীৰ কিন্তু  দৃষ্টি ইমান উদাস ! 
শূন্য আকাশলৈ দৃষ্টিৰে 
তন্দ্ৰালসা - - - 
হয়তো ভাবনাত আছে , 
'এবুকু নীলা পোৱাহেঁতেন'.! 
বহুত হেৰুৱাই 
নপোৱাৰ যন্ত্ৰণাত 
নীৰৱতাৰ মাজত 
কিহৰ প্ৰতিক্ষা ? 
দুৰ্বাদ্ধ... সকলো দুৰ্বাদ্ধ। 
এক চক্ৰবেহু...
অভিমন্যুৰ দৰে বেহুত 
সমোৱাৰ শিক্ষা লোৱা হ'ল কিন্তু 
ওলাব কেনেকৈ ? 
প্ৰতিনিয়ত চিন্তাৰ আৱেষ্টনিত ভাৰাক্ৰান্ত। 
উদাসী ছবিৰ দুচকুৰে 
দুধাৰি লোতক বাগৰিছে  
ফেকুৰিব পৰা নাই  
এবুকু ক্ষোভত। 
সকলো সহি যাব লগা , 
সকলো কথা আৰু কামৰ বাবে নিৰ্দিষ্ট সময় থাকে
অভিজ্ঞতাই তাকে কয়। 
পৰম সহিষ্ণুতাৰে অপেক্ষাৰত 
শুভ মূহূৰ্তৰ পদধ্বনিৰ,
মহাজীৱনৰ মহাযাত্ৰাত পাবনে প্ৰাণৰ পীযুষ!



পৃষ্ঠা ১১
ধাৰাবাহিকঃ
শুকুলা মেঘৰ ছাঁ

পৰিণীতা কলিতা
সহ সম্পাদিকা  অঙ্গন

যোৱা সংখ্যাৰ পিছৰ পৰা

চতুৰ্থ খণ্ড 


দেউতাকৰ লগত গুচি আহিল তাই, এমাহ বাগৰিল… ডাইনিং টেবুলতে ভাত খাই থাকোঁতে দেউতাকক ক'লে… 
: দেউতা, স্কুলত নামভৰ্তিৰ সময় হৈছে, আমাৰ ওচৰৰে হাইস্কুলখনত যে নাম লগাই দিয়াৰ কথা আছিল ?

: পঢ়ি শুনি ডাঙৰ মানুহ হ'ব নালাগে, ঘৰৰ কাম শিক, চেহেৰাটো হৈছে সেয়া, কোনোবা যে তোক বিয়া কৰাবলৈও আহিব তাৰ থিক নাই, মিছামিছি পঢ়ি কি হ'ব…
দেউতাকে ভেকাহি মাৰি উত্তৰ দিলে ? 

 তাই একো ক'ব পৰা নাছিল, দেউতাকে যি কয়, সেইটোয়ে ঘৰত চলি আহিছে…৷
মাকেও দেউতাকক কোনো কথাতে হকা বাধা কৰা তাই আজিলৈ দেখা নাই, সৰুৰে পৰা সেই লাহে লাহে বোবা হৈ অহা মাকজনীয়ে সম্পূৰ্ণকৈ বোবা হ'বলৈ অলপহে বাকী…

তাৰ পিছৰ দিনবোৰ ৰাতিবোৰত তাই অকল কামৰ কথাহে ভাবিব পালে, মাকৰ কেচুৱা পোৱাৰ সময় হৈছিল, মাকে স্ফিত পেটটোৰে একো এটাকে কৰিব নোৱাৰা হৈ আহিছিল ৷ সৰু মগজটোৰে তাই ভাবিছিল, দেউতাকে তাইক ঘৰৰ আলপৈচান কৰিবলৈহে লৈ আনিছিল আইতাকৰ বুকুৰ উমৰ পৰা…
দিনবোৰ বাগৰি গৈ থাকিল, গৈ থাকিল ৰাতিবোৰো, মাজে মাজে তাই ৰাতি ভাবে, ঘৰৰ পৰা পলাই যাব পাৰিম নেকি, পিচত মনত হেজাৰটা চিন্তাৰ ঢৌৱে প্ৰশ্ন কৰে, যাব ক'ত ? কাৰ ওচৰত ?

নিজৰ ঘৰখনেই তাইৰ আশাবোৰ নিচিনিলে, চিনিবনে  তাইৰ আত্মীয় কুটুম্বই…চিনিলেই যেনিবা, দেউতাকে তাইক লৈ আনিবই গম পালে, আকৌ লগতে কোমলীয়া  বেতৰ মাৰবোৰ তাইৰ এঙাৰ যেন দেহটোত পৰিব: পাৰাপাৰহীন উত্তৰ ভায়েক এটিৰ জন্ম হ'ল তাইৰ, ক'ত থব, ক'ত নথব যেন. কৰিছিল তাই, কিন্তু দেউতাক নথকা  সময়তহে, যেতিয়া দেউতাকে কোলাত তুলি লয় ভায়েকক, তাই ভাবে, তাই কেচুৱা থাকোঁতে কোনোবাদিনা তাইক তুলি লৈছিল নে কোলাত দেউতাকে এনেদৰে, যেতিয়া অলপ ডাঙৰ হোৱাত ভায়েকে থুপুক থাপাক খোজেৰে খোজকাঢ়ি অলপ আগবাঢ়োতে পৰি যোৱাত তুলি ধৰে  দেউতাকে, তাইকো ধৰিচিল  নে  দেউতাৰে পৰি যাওঁতে… ?
মাকক কেতিয়াবা সুধিব খুজিও ৰৈ যায় তাই, কি পাবনো তাই সুধি…? সপোনবোৰ চোন আধৰুৱা কৰি ৰখা দেউতাকৰ নিষ্ঠুৰতা তাই জনা বুজা হোৱাৰে পৰা দেখি আহিছে…সেই প্ৰথম দেউতাকে তাইৰ ওপৰত যে হাত তুলিছিল… মাকক দেউতাকে মাৰিব যোৱাত…মাকৰ কি দোষ আছিল ? তাইৰ দৰে ক'লা চেহেৰাৰ সন্তান জন্ম দিয়াটো, আচলতে দোষ তাই ছোৱালী হৈ জনম লোৱাটো……  

তাই তেতিয়াও কিয় মৰি নগ'ল বাৰু ! ভগৱানে বাৰু অকল তাইৰ নামতে দুখবোৰ দিলে চাগৈ…না দেউতাকৰ পৰা সুখ পালে, না বাস্তৱৰ পৰা, কিন্তু এটা কথা তাই এতিয়াও বুজে, বাস্তৱৰ মাক দেউতাকে তাইক মৰম কৰিছিল ,যি সামান্য আবদাৰ তাই পাইছে বাস্তৱৰ মাক দেউতাকৰ পৰা, তথাপি তেওঁলোক অহা নাই তাইক নিবলৈ… আৰু বাস্তৱ, তেওঁ বাৰু কিয় অহা নাই ? বিয়াৰ প্ৰথম আকাংক্ষিত ৰাতিটোতে যে তাইৰ মুখখনো নোচোৱাকৈ কৈ উঠিল, মোক তোমাৰ কোনো প্ৰয়োজন নাই, মা দেউতাই বিচাৰিছিল, বিয়া কৰালো, কোনোদিনে ওচৰ নেচাপিবা মোৰ…ঠিক তেনেকৈ কোৱাৰ দৰে সঁচাকৈয়ে বাস্তৱক তাইৰ প্ৰয়োজন নাইনে… সকলো কথাই জুমুৰি দি ধৰিলে তাইৰ মনত…শৰীৰৰ নিম্নাংশহে অসাৰ, দুয়ো হাতেৰে মূৰটোকে চেপা মাৰি ধৰিলে তাই, যেন গুৰি হৈ পৰিব তাইৰ মূৰটো… কোনেও নুশুনা কান্দোনত তাই ভাঙি পৰিল!

আগলৈ...


পৃষ্ঠা ১২

অণুগল্পঃ

দৃষ্টিভঙ্গিৰ এনাজৰী
      
ৰিতুপৰ্ণ শৰ্মা
ৰ্চাভে সম্বনয় পথ

মুক্ত প্ৰতিভাৰ জালিকতা অজুহাত
আকাশ হাতেৰে স্পৰ্শ কৰা অসীম হাবিয়াস 
তিক্ত অভিজ্ঞতাৰ সংকোচ নেওচি 
চফল সংকোচৰ প্ৰবীণ বিশ্বাসৰ 
মুমু্ৰ্ষ চৰাইৰ ভগ্ন ডেউকাৰ আচলত
নবীন আস্বাসৰ কৃত্ৰিম প্ৰয়াস
বিছিন্ন সপোনবোৰ শেৱালিৰ দলিচাত 
নকৈ সজোৱাৰ সাধনা
এটা অজুহাতত সাতোৰঙী সপোন।


পৃষ্ঠা ১৩

হিয়াৰ নিভৃতত              

 মীনাক্ষি ৰায় ডাকুৱা,                              
গোলকগঞ্জ, ধুবুৰী ।


     সাহিত্য অকাডেমি বঁটা পোৱাৰ বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে সমগ্ৰ অসমৰ লগতে গৌৰীপুৰ অঞ্চলতো বাঁধ ভঙা আনন্দৰ ঢৌ বাগৰি গ'ল । তেওঁ পঢ়া গৌৰীপুৰ গাৰ্লচ্‌ হাইস্কুলৰ পৰা তেওঁক সম্বৰ্দ্ধনা জনাবলৈ আয়োজন কৰা সভাত যে ইমান বিশাল জনসমাবেশ হ'ব সেয়া মেঘনা গোস্বামীয়ে কল্পনা কৰিব পৰা নাছিল । স্কুলৰ বাহিৰেও ওচৰৰ-দূৰৰ নানা অঞ্চলৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পক্ষৰ পৰাও তেওঁক সম্বৰ্দ্ধনা দিয়াৰ পিছত ঘোষিকাই তেওঁক নিজৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰি ক'লে, সকলোৱে জানিব বিচাৰে তেওঁৰ এই মহান সাহিত্য সাধনাৰ উৎস কি, কোনে তেওঁক অনুপ্ৰাণিত কৰিছে । তেওঁৰ পুৰস্কাৰপ্ৰাপ্ত উপন্যাস "মাথোঁ তোমাৰ বাবে"ৰ নায়ক কোন এই সায়ন্তন চক্ৰৱৰ্তী ?  
     মেঘনাই মাইক্ৰোফোনত সকলোকে সকৃতজ্ঞ আৰু বিনম্ৰ ভাষণেৰে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি কিছু সময় চুপ হৈ থাকি ক'লে—"ম‌ই হাইস্কুলত পঢ়ি থাকোতে এদিন এটা চুটি গল্প লিখিছিলোঁ । দৈনিক অসম বাতৰি কাকতত গল্পটো প্ৰকাশ হোৱাৰ লগে লগে গল্পটো পঢ়ি মোৰ এজন বন্ধু আহি মোৰ হাতত ধৰি ক'লে, কি যে অনবদ্য হৈছে তোমাৰ গল্পটো মেঘনা ! সেইজন বন্ধুৱেই মোৰ সকলো সাহিত্য সৃষ্টিৰ অনুপ্ৰেৰণা ।"
     হঠাতে দৰ্শকৰ মাজৰ পৰা এজন ল'ৰাই কৈ উঠিল, সেই বন্ধুজনেই সায়ন্তন নে ? 
    মেঘনাই হাঁহি হাঁহি ক'লে "নক‌ওঁ দেই !"


ফোন নং—৮৭৬১৮৬৫৮৮৫


পৃষ্ঠা ১৪

গুপ্ত ডায়েৰী

আল আজমিন হক 

"মনৰ অন্ধ কোঠাত মমৰ অস্পষ্ট পোহৰ আৰু এবুকু মৰম | চুলিৰ মেঘত  লাহী আঙুলিৰ অলেখ তৰাৰ পৰশ | যেন শুকান কলিজাত কুঁহিপাত | সকলো এক বিৰহ কাতৰ স্বপ্ন | লিখা নাই আখৰেৰে | লিখা আছে অশ্ৰুৰে, এটি বেদনাসিক্ত শিলৰ বুকুত -নিৰুপমা |" সকলো সময়তে স্বামীৰ ওচৰত হেয় আৰু নিৰ্যাতিত হোৱা স্বামীৰ ডায়েৰীখনে পত্নী     নিৰলাৰ দেহত ধুমুহা আৰু পীড়নৰ সৃষ্টি কৰিলে |


ঠিকনাঃ
ধুবুৰী, অসম 
দূৰভাষ - ৬০০২৩৫৩৮২৬


পৃষ্ঠা ১৫

এক মিনিটৰ গল্পঃ

 তফাৎ

মৌচুমী ওজা
গুৱাহাটী বিশ্ববিদ্যালয়

দৃশ্যপট- ১

অলেখ ধন-সম্পত্তিৰ অধিকাৰী চৌধুৰীৰ লগত বিয়া হৈও মনৰ এষাৰ কথা পাতিবলৈও সংগৰ অভাৱ তাইৰ। জন্মদিন বুলি আগতীয়াকৈ পইচা দি কি লাগে অৰ্ডাৰ দিবলৈ দিছে। কিন্তু জন্মদিনৰ দিনাখন এবাৰ শুভেচ্ছা দিব বুলিও ৰৈ ৰৈ শেষত সেমেকা চকুজুৰিৰে বিছনাত বাগৰ দিলে তাই। 

 দৃশ্যপট- ২

:ৱাহ গোন্ধতে একদম মলমলাইছে দেই
: এপিচ খাইয়ে চাওঁৰ
: অই খাবি নেকি ল'
: হেই কি খকে ধৰছে তোক
: কিয় নধৰিব' ২মাহ পিছত আজি মাংস খাবলৈ পাম। সৌ  যোৱা মাহতে বিয়াখনত দুপিচ  মাংস খোৱা
: হয়' দে
: তোৰ চাগে বৰ কষ্ট হৈছে ন'। বিয়া হৈ অহাৰ দিন ধৰি তোক মই কেৱল দুখে দিছো। 
: ধেৎ তেনে কথা নকবি। ধনৰ হে অভাৱ হৈছে, মৰমৰ হোৱা নাই নহয়। তোৰ মৰমেৰে আজি মই বহুত ধনী। 
: সদায়ে এনেকৈ সাহস হৈ থাকিবি মোৰ লগত। 
: শেষ উশাহ লৈকে থাকিম। 
পশ্চিম আকাশৰ অস্ত বেলিটিয়ে সিহঁতলৈ চাই মিচিকিয়া হাঁহি এটি মাৰিছিল।


পৃষ্ঠা ১৬

অতীতৰ দুৱাৰ খুলি
                                
মালবিকা শৰ্মা
ভুবনেশ্বৰ

ইমান বছৰে সাচি থৈ দিয়া ডায়েৰীখন খুলি সি বাহিৰ কৰি আনিলে শুকান গোলাপ ফুলৰ কিছু পাপৰি, দুখনমান বিবৰ্ণ চিঠি আৰু কেইটামান কবিতা। আজি দূৰ্গা পূজাৰ ভিৰৰ মাজত দেখা পোৱা সেই উজ্জ্বল চকুযুৰিয়ে যেন তাৰ মনটো আকৌ অতীতলৈ টানি নিলে। সেই চকুযুৰি এই জীৱনত কেতিয়াও পাহৰিব নোৱাৰে সি, চকুযুৰীৰ গৰাকীয়ে তাক যিদৰে প্ৰেমৰ মহত্ব শিকাইছিল সেইদৰে বিৰহৰ যন্ত্ৰনাও দি গৈছিল।
   ৰবি আৰু চুমি দুয়ো বাল্যকালৰ সঙ্গী, সৰুৰেপৰা খেল-ধেমালি, কাজিয়া-অভিমান কৰি ডাঙৰ হৈছিল দুয়ো। একেখন স্কুল, একেখন কলেজত পঢ়া-শুনা কৰা অৱস্থাতে দুয়োৰে বন্ধুত্ব কিদৰে ভালপোৱালৈ পৰিবৰ্তিত হ’ল দুয়ো গমেই নাপালে। দুয়োৰে ঘৰৰ ফালৰ পৰাও কোনো ধৰণৰ আপত্তি নাছিল এই সম্পৰ্কত। এটা সময়ত বিশ্ববিদ্যালয়ৰ পঢ়া সমাপ্ত কৰি দুয়ো সমান কলেজতে চাকৰিত সোমাল। যথা সময়ত দুয়োৰে ঘৰৰ পৰা বিবাহৰ আলোচনা আৰম্ভ হ’ল আৰু তাৰিখো স্থিৰ হ’ল। পিছে নিয়তিয়ে যি লিখি থৈছে তাক কোনে সলাব পাৰিব। ওচৰৰে পঢ়া-শুনা নকৰা, গণ্ডগোল কৰি ফুৰা দুজনমান ল’ৰাৰ চকু চুমীৰ ওপৰত আছিল। তাইৰ বিবাহ স্থিৰ হোৱাৰ খবৰ পাই এদিন সন্ধিয়া সময়ত কলেজৰ পৰা ঘৰলৈ আহি থাকোতে ল’ৰা কেইজনে তাইক অপহৰণ কৰি লৈ যায়।
    দুয়োখন ঘৰৰ পৰা বহুত বিচাৰিও চুমীৰ কোনো সম্ভেদ নাপালে, পুলিচেও কোনো খবৰ দিবলৈ সমৰ্থ নহ’ল। চুমীক বিচাৰি ইপিনৰ পৰা সিপিনে দৌৰাদৌৰি কৰি ৰবি পগলাৰ দৰে হ’ল, কিন্তু একো খবৰ নাপালে। এটা সময়ত সকলোয়ে তাইক বিচাৰি পোৱাৰ আশা এৰি দিলে। দুমাহমান পিছত এজনে তাইক চহৰখনৰ সীমাত থকা ৰেড লাইট এৰিয়া অৰ্থাৎ বেশ্যালয়ৰ বস্তিৰ ওচৰত দেখা বুলি খবৰ দিলে। ৰবিয়ে খবৰ পাই তাতো বিচাৰি গ’ল যদিও একো লাভ নহ’ল। লাহে লাহে ৰবিৰ মনটোও নিৰাশাই আবৰি ধৰিল। আজি হঠাৎ প্ৰায় দুবছৰৰ মূৰত ভিৰৰ মাজত দেখা পোৱা সেই একান্ত প্ৰিয় চকুযুৰিয়ে আকৌ আশাৰ সৃষ্টি কৰিলে, নিশ্চিতভাৱেৰে তাই চুমিয়ে হয়। তাৰ চকুয়ে চকুয়ে পৰাত হঠাৎ যে ক’ত তাই অন্তৰ্ধান হ’ল, ৰবিয়ে টলকিবই নোৱাৰিলে।
   ক’ত বিচাৰিব তাইক সি, কেনেকৈ বিচাৰিব ইত্যাদি ভাবি ভাবি ৰবি ব্যস্ত হৈ গ’ল। পিছদিনা ৰাতিপুৱা ঘৰৰ বাহিৰৰ দৰজাৰ তলত পৰি থকা কাগজ এখন ৰবিয়ে পালে। চুমীৰ হাতৰ আখৰ, তাৰমানে তাই তাৰ ঘৰৰ দুৱাৰমুখলৈকে আহি গৈছে। ৰবিক সম্বোধন কৰি তাই লিখিছে যাতে তাইক বিচাৰিব সি আৰু কোনো ধৰণৰ চেষ্টা নকৰে। সিদিনা হেনো সেই বদমাচ কেইটাই তাইক লৈ গৈ তাইৰ সন্মান হানি কৰিছিল আৰু পিছত এজন দালালৰ হাতত তাইক বিক্ৰি কৰি আহিছিল। প্ৰথম অৱস্থাত কেইবাবাৰো তাই তাৰ পৰা পলাব চেষ্টা কৰি ব্যৰ্থ হৈছিল। কেইমাহমান পিছত তাই যেতিয়া গম পাইছিল এক দুৰাৰোগ্য ব্যধিত আক্ৰান্ত হৈ পৰিছে আৰু বেছি বছৰ বাছি নাথাকে বুলি তাৰ পিছত আৰু তাৰপৰা পলোৱা চিন্তা বাদ দিছিল। 
    তাই চিঠিখনত তাইৰ লগত কুকৰ্ম কৰা ল’ৰা কেইজনৰ নাম উল্লেখ কৰি চিঠিখন পুলিচক দেখাব কৈছে যাতে সিহঁতৰ উপযুক্ত শাস্তি হয়। চুমীয়ে ৰবিক লিখিছে সি যাতে তাইৰ বিৰহত অশান্তি কৰি নাথাকি অইনৰ দৰেই ভালদৰে জীৱন যাপন কৰে। তাইৰ চিঠিখন পঢ়ি ৰবিয়ে হুকহুকাই কান্দিলে আৰু দুয়ো ঘৰৰ মানুহকে কথাখিনি জনাই পুলিচক চিঠিখন দিলে। সিহঁতে আশা কৰাৰ দৰেই বদমাছ কেইটাৰ উপযুক্ত শাস্তি হ’ল। পুলিচে চুমীক উদ্ধাৰ কৰিবলৈ ৰেড লাইট এৰিয়াত বিচাৰ-খোচাৰ কৰিলে যদিও তাইক নাপালে। হয়তো তাইক বিচাৰি যাব বুলি জানিয়েই তাই তাৰপৰা কৰবালৈ গুচি গ’ল।

(সমাপ্ত)


পৃষ্ঠা ১৭

অনুবাদ কবিতাঃ
 
LISTENING

(BY D H Lawrence)

I listen to the stillness of you
My dear, among it all;
I feel your silence touch my words as I talk
And hold them in thrall.
My words fly off a forge
The length of a spark;
I see the silence easily sip them
Up in the dark.
The lark sings loud and glad,
Yet I am not loth
That silence should take the song and the bird
And loose them both.
A train goes roaring south,
The steam-flag flowing;
I see the stealthy shadow of silence
Alongside going.
And off the forge of the world
Whirling in the draught of life
Go myriad sparks of people, filling 
The night with strife.
Yet they never change the darkness
Nor blench it with noise;
Alone on the perfact silence
The stars are buoys.

শ্ৰৱণ


(মূল: Listening by D H lawrence
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

মই শুনো তোমাৰ স্থিৰতাক,
মোৰ সোণ, এই সমস্তৰ মাজত
অনুভৱ কৰোঁ মই কোৱা শব্দবোৰত তোমাৰ নীৰৱতাৰ স্পৰ্শ
আৰু সেইবোৰক বান্ধি ৰখাৰ অনুভৱ।

মোৰ শব্দবোৰ কমাৰশালৰ পৰা উৰি আহে
স্ফুলিংগৰ সমান দূৰত্ব,
মই দেখোঁ নিস্তব্ধতাই সিহঁতক গিলি থয় আন্ধাৰৰ মাজত।

ভৰত পক্ষীটোৱে ডাঙৰকৈ আন্ধাৰত গান গাইছে
অথচ মই নিবিচাৰোঁ
যে নীৰৱতাই পক্ষী আৰু গানটোক গ্ৰাস কৰক
আৰু হেৰুৱাই পেলাওঁ দুয়োটাকে।

ৰে'ল গাড়ী এখন সশব্দে দক্ষিণলৈ পাৰ হৈ যায়,
বাস্পৰ পতাকা উৰুৱাই;
আৰু মই দেখা পাওঁ আকাৰহীন নীৰৱতাৰ ছাঁটো
কাষে কাষে গৈ থকা।

আৰু পৃথিৱীৰ কমাৰশালৰ পৰা ওলাই
প্ৰৱাহিত জীৱন চাকনৈয়াৰ পাকে পাকে
গৈ থাকে অগণন মানুহৰ স্ফুলিংগ, ভৰি উঠে
সংঘৰ্ষেৰে নিশাৰ অন্ধকাৰ।

তথাপি, সিহঁতে অন্ধকাৰ সলাব নোৱাৰে
নাইবা কোলাহলেৰে ইয়াক আঁতৰাবও নোৱাৰে;
অকলশৰে সম্পূৰ্ণ নিস্তব্ধতাত 
তৰাবোৰ আহ্লাদিত হয়।

( কুৰি শতিকাৰ প্ৰথম ভাগৰ ইংৰাজ কবি-সাহিত্যিক-নাট্যকাৰ ডেভিড হাৰ্বাৰ্ট লৰেঞ্চৰ জন্ম হয় ১৮৮৫ চনত আৰু মাত্ৰ ৪৪ বছৰ বয়সতে ১৯৩০ চনত তেওঁৰ মৃত্যু হয়। এই কম সময়ৰ ভিতৰতে তেওঁ সেই সময়ৰ সামাজিক ৰীতি-নীতিৰ বিৰুদ্ধে গৈ, 'লেডী চ্যেটাৰ্লীৰ লাভাৰ্চ'কে ধৰি ভালেখিনি বিবাদিত সাহিত্যৰ সৃষ্টি কৰি গ'ল। এই বাদ-বিবাদৰ বাবেই তেওঁ স্ব-নিৰ্বাসন লৈ মেক্সিকোত থাকিবলৈ লৈছিল।)


পৃষ্ঠা ১৮

এখন সাধাৰণ চিঠি


মূল বাংলাঃ কৃষ্ণা বসু 
 অনুবাদঃ বাসুদেৱ দাস 

পূজনীয়া আই,
তুমি কেনে আছা একো নাজানো।
মোৰ ভাল নহয় মুঠেও ভাল নহয়।
মই কি সকলো এৰি গুচি যাম, আই ?
কাৰ তালৈ যাম, কোৱা কোনে মোক আঁকোৱালি লৱ !
জানো, তুমি ককাইদেউৰ সংসাৰত আশ্রিত।
‘জোতাৰে কোবাই মুখ ভাঙ্গি দিম’-কয় তোমাৰ জোঁৱায়ে 
কালি ৰাতি গৰজি উঠিছিল, চৰ মাৰিছিল জোৰেৰে
নহয়, আই, সঁচাকৈ এতিয়াও জোতা মৰা নাই 
কিন্তু,
মাৰিব বুলি কৈছে যিকোনো দিন।
কিয় বিয়া দিছিলা আই ?
দাসী হৈ কাম কৰাৰ বাবে কিয় মোক পঠালা 
পাটৰ মেখেলা পিন্ধাই কইনা সজালা আদৰি
আজি পোন্ধৰ বছৰ ধৰি ঘৰসংসাৰ কৰি,
সেৱা কৰি কৰি, মুখ বুজি থাকি 
তেওঁৰ তাত সঁচা কথা জানিব বিচাৰিছোঁ,
দৰমহাৰ সকলো টকা ক’ত যায় ?
স্বাভাবিক অধিকাৰত জানিব বিচাৰিছোঁ সকলো,
তেতিয়াই মোক জোতাৰে কোবাব বুলি ধমকি দিয়ে।
আই, মই কাৰ তালৈ যাম,
সোনজনী, মাজনী এতিয়াও অতিকৈ সৰু,
সিহঁতে কেনেকৈ নির্ভৰতা দিব কোৱা ?
বিয়াৰ পাছৰ ঘৰ, বিয়াৰ আগৰ ঘৰ
কোৱা, কোনখন ঘৰ মোৰ নিজা অধিকাৰত ?
আই, মই কাৰ তালৈ যাম ?
নেকি, মুখ বুজি, মাৰ খাই, পাক কৰি
সেৱা কৰি, ’পতিব্রতা’ হৈ জীৱন কটাম ?
আই, কোৱা, মোৰ নিজা ঘৰ ক’ত আছে ?
ছোৱালীবোৰৰ নিজা ঘৰ থাকে নে কেতিয়াবা ?
 

পৃষ্ঠা ১৯

হঠাৎ দেখা 

মূল বাংলাঃ ৰবীন্দ্ৰনাথ ঠাকুৰ 
অসমীয়ালৈ অনুবাদঃ সপ্তর্ষি বর্ধন 
 
ৰেলগাড়ীৰ ডবাত হঠাতে দেখা ।
ভবা নাই সম্ভৱ হ'ব কেতিয়াবা
আগতে তাইক বহুত দেখিছোঁ
ৰঙা ৰঙৰ শাড়ীত
ডালিম ফুলৰ দৰে ৰঙা..
আজি ক'লা ৰেচমৰ কাপোৰ পিন্ধিছে
আঁচল লৈছে মূৰত
দোলন চঁপাৰ দৰে ধুনীয়া বগা মুখখনি ঢাকি
এনে লাগিল ক'লা ৰঙত এটা গভীৰ দূৰত্ব
মেৰিয়াই লৈছে, নিজৰ চাৰি ফালে,
যি দূৰত্ব সৰিয়হ পথাৰৰ শেষ সীমাত 
শালবনৰ নীলাঞ্জন ।

মোৰ সমস্ত মন হঠাতে থমকি ৰ'ল
চিনাকি মানুহক চালো অচিনাকীৰ গাম্ভীৰ্যত
হঠাৎ বাতৰি কাকত পেলাই 
মোক নমস্কাৰ কৰিলে
কথাবাৰ্তাৰ বাট মুকলি হ'ল,
আলাপ আৰম্ভ কৰিলে-
' কেনে আছা ' 'কেনে চলি আছে সংসাৰ' ইত্যাদি।
তাই ৰ'লে খিৰিকীৰ বাহিৰৰ ফালে চাই 
যেন ওচৰৰ দিনৰ স্পৰ্শ নেওচি যোৱা চাৱনি।
অত্যন্ত সৰু দুটা - এটা উত্তৰ দিলে,
কোনোটো নিদিলেই ।
বুজাই দিলে হাতৰ অস্থিৰতাৰে - 
কিয় এইবোৰ কথা,
তাতকৈও ভাল মনে মনে থকা

মই আন এখন বেঞ্চত তেওঁৰ
লগৰীবোৰৰ লগত আছিলোঁ
এটা সময়ত আঙুলিৰ ঠাৰেৰে ওচৰত আহিবলৈ জনালে।
এনে লাগিল, কম সাহস নহয় - 
বহিলো তেওঁৰ বেঞ্চত ।
গাড়ীৰ শব্দৰ পিছে পিছে
মৃদু কন্ঠত ক'লে
মনত নকৰিবা, 
সময় ক'ত সময় নষ্ট কৰাৰ ! 
মই নামিব লাগিব পিছৰ স্টেচনত 
দূৰলৈ যাবা তুমি 
দেখা নাপাম আৰু কোনো দিন ।
গতিকে, যি প্ৰশ্নটোৰ জবাব ইমান দিন ৰৈ আছে, 
শুনিম তোমাৰ মুখত।
সঁচাকৈ ক'বাতো ? '
মই কলো,  'ক'ম'।
বাহিৰৰ আকাশৰ ফালে চাই সুধিলে, 
'আমাৰ গৈছে যি দিন 
একেবাৰেই গৈছে, 
একো নাই নে বাকি? '

অলপ মনে মনে ৰৈ থাকিলো, 
তাৰ পিছত ক'লো,
' নিশাৰ সকলো তৰাই আছে, 
পুৱাৰ পোহৰৰ গভীৰত ।'

সন্দেহ হ'ল, কি জানি সাজি ক'লো নেকি।
তাই ক'লে, ' থাক, এতিয়া যাওঁ সেইফালে।'
সকলো নামি গ'ল পাছৰ স্টেচনত।
মই গৈ থাকিলো  অকলে।।


পৃষ্ঠাঃ ২০

কবিতাঃ

তেজত ক্ষত-বিক্ষত লৰ্কাৰ শেষ চিঞৰটো 

ৰুদ্ৰ সিংহ মটক

এয়া মই মোৰ জীৱনৰ শেষ 
কবিতাটো পঢ়িবলৈ লৈছোঁ

বিশ্বাস কৰক, মই উশাহ ল'ব পৰা নাই ভালকে
কিবা অস্বস্তি , ভিতৰে-বাহিৰে কি অসম্ভৱ ঘামিছোঁ 
এই শীতৰ আবেলি !

ক'লা চশমাযোৰ দলিয়াই পেলাইছো কংক্রিটত
আৰু যদি সেয়া সঁচা নহয়, বতাহৰ উন্মাদ নখে চিঙি নিছে 
মোৰ চৰ্মচকুৰ ডাঠ চামনি

কাৰোফালে নোচোৱাকৈ মই মোৰ  হৃদপিণ্ডত হাতুৰী
মাৰিছোঁ, যেন মই মোৰ সাত শতৰুহে আছিলো অতদিন

যেন মই মোৰ মাজৰ মানুহটোক আগতে ক'তো কাহানিও লগ পোৱা নাই-- পথাৰত, সন্ধ্যাৰ নৈৰ পাৰত
পাহাৰটোৰ নামনিৰ জলফাই বনত

কোনো আফ্‌চোছো নাই তাৰ বাবে
ভয়ে ভয়ে মই প্রৱেশ কৰিছোঁ শব্দবোৰৰ অন্ত:স্থলীলে' 
নে শ্মশানৰ পৰা নীৰৱে উঠি অহা ছাইৰঙী বতাহজাকৰ প্রাচীন চিত্রশালালে'

হঠাৎ কি এক অস্থিৰতা, মোৰ কঁপি থকা হাতৰ কবিতাৰ কাগজখিলা উধাও হৈ গ'ল অতবোৰ শ্ৰোতাৰ দৃষ্টিৰ সিপাৰে 

আচলতে কবিতাৰ কোনো পাঠ নহয়; সেয়া নাটকখনৰ অন্তিম অংকৰ শেষ দৃশ্যহে, হয়তো আজিও নুবুজা 
মেজিক ৰিয়েলিজম্ 

মোৰ সন্মুখৰ শ্ৰোতা-দৰ্শকসকলে 
হুৰমুৰকৈ সন্ধিয়াৰ সভাঘৰ  এৰিছে 

মই শব্দ-আকাশ-মূৰৰ ওপৰৰ সূৰ্য, একো মনিব পৰা নাই 
মোৰ চকুৰ মণি ফাটি হো-হোৱাই ওলাইছে 
তেজ আৰু তেজ, নে ক্ষোভৰ জুই-আঙনি

আচৰিত হ'বলে একো নাই
কি বিভৎস, নিৰ্মম এই  সময়  ! 

ভিতৰি ভিতৰি আহত লৰ্কাৰ দৰেই 
মোৰো চিঞৰি চিঞৰি ক'বলৈ মন গ'ল , --

"মই এজন মানুহ নহয়, এজন কবিও নহয়
এটা গছপাতো নহয় ; মই এটা ক্ষতবিক্ষত স্পন্দন''--
যাক মোৰ হৃদয়ে যোৱা ৰাতিয়েই হেৰুৱালে সেই 
ক'লা,
বিষণ্ণ
জলফাইজুপিৰ তলত


পৃষ্ঠা ২১

কবিতা

ৰীতা বৰুৱা

বালিচৰত মেলি দি
তিতা কঁহুৱাফুলীয়া চাদৰখন
পথাৰত মেখেলা সেউজীয়া

এই মাত্ৰ গাধুই অহা ছোৱালীজনীহে যেন আকাশ
নৈৰ দাপোনত মুখ চাই
ফণিয়াইছে মুখ

সন্ধিয়ালৈ ছোৱালীজনীয়ে নাচে
সাজিকাচি
ওৰেটো নিশা

তাইৰ নাচোনৰ তালে তালে খহি পৰে দেহৰ
মণি-মুকুতা, চুলিৰ ফুল, ফুলৰ সুবাস...

জোন থাকে পোহৰ যোগানত
সংগীত ব্যৱস্থাপনাত জিলী
আৰু নৈখনে লৈ থয় এই আটাইবোৰ
দৃশ্যৰে ৰঙীন ফটোগ্ৰাফ
বুকুৰ কেমেৰাত।



পৃষ্ঠা ২২

সময় ...

অন্বেষী বৰা

                দুৰন্ত গতিৰ উতনুৱা অশ্ব ।
সময়ে লিখিব নোখোজে সদায়,
                   সুখৰ মোলায়েম দস্তাবেজ।
দুখৰ অবিৰত বোজাৰে ভাৰবাহীও যে হ'ব নোখোজে সময়।
নিবিচৰাকৈয়ে আপোনাৰ দুহাত উপচাব পৰাকৈ দুৰ্জয় সময়।
কেতিয়াবা যদি হয় সুখৰ চাবিকাঠী,
কেতিয়াবা খামোচত ৰৈ যায় মাথোন অপৰাহ্নৰ মৰিচীকা।

পলকতে সপোনৰ সৌধ ভাঙিব খোজা আপদীয়া সময়,
লহমাত দুচকুত সপোন গুজিব পৰা প্ৰেমিক সময়। 
সময়ে ভাঙে,
সময়ে গঢ়ে,
                 তথাপিও যে আদৰুৱা সময় ।

সময়ে বাট কাটে নিজলৈ,
সেই বাটেৰে খোজ লয় সপোনে।
সময় বাগৰে,
                 সময়বোৰ  সোঁ‌ৱৰণি হয়।
সোঁ‌ৱৰণিয়ে মসৃণ কৰা পথেৰে সময় আগবাঢ়ে,
                      আৰু সময়বোৰ ভৱিষ্যৎ হয়।
সময়ৰ এই মিচিলত যোগ হয় অনেক খোজ,
খোজবোৰ গৈ থাকে সোঁ‌ৱৰণিৰ বুকুৱেদি ভবিষ্যতৰ বাটলৈ।


পৃষ্ঠা ২৩

অমানিশাৰ সপোন

                        
                 মনিষা কলিতা

 
নিস্তব্ধ অমানিশাটিত
তন্দ্ৰা মগন মই।
সপোনতো বেদনাৰ কোলাহল,
হৃদয়ৰ দুৱাৰ খুলি আজুৰিছে সুখবোৰ ।

দপদপাই উঠিল বেদনাই
হৃদয় কৰি ছাই,
"এই স্থান নহয় আনৰ
তাহানিৰে সম্পৰ্ক মোৰ লগত এই হৃদয়ৰ।'

অকস্মাৎ গৰজি উঠিছিল নিৰদালয়।
নিদ্ৰাৰ জালি কাটিছিল
বেৰৰ জুলুঙাৰে সৰকা
বিজুলীৰ অত‍্যুজ্বলতাই।

তন্দ্ৰা মগ্ন স্বপ্নটি বাৰে বাৰে ভাঁহে
মোৰ দুচকুতে।
মনটি দেখোন ইচাত-বিচাত।

দুৱাৰ খুলি ওলাই আকাশলৈ চালো,
আকাশত জ্বলিছে বিজুলীৰ  হুতাশন।
প্ৰতিচ্ছবি সেয়া যেন
মোৰ হৃদয়ৰ পদূলিত তুমি জ্বলোৱা
 এটি প্ৰেমৰ সম্পৰ্ক আৰু সপোনবোৰৰ হুতাশন।

প্ৰতিবিম্ব দেখিলো সুদূৰ আকাশত
হৃদয়ৰ পদূলিত জ্বলা হুতাশন কুৰাত
দুহাত শেকী উত্তাপ লৈছা।
অনুশোচনাহীন তথাপিও তোমাৰ হিয়া।


পৃষ্ঠা ২৪

 শিকলি

কাশ্মীৰি দত্ত
গোলাঘাট

নীৰৱে এডাল শিকলি পিন্ধোঁ মই
কোনেও নেদেখাকৈ, কোনেও নুবুজাকৈ 
নিৰ্বিবাদে, নিশ্চুপতাৰে 
সহনশীলতাৰ উপনামেৰে ।

দুভৰিত শিকলিডাল বাজি থাকে
ৰূনুক ঝুনুককৈ
শব্দবোৰে বুকুত খোচে, 
তথাপিও হাঁহি এটা ওঁঠত ওলমে।

দুভৰিৰ শিকলিডালে সাৱটি থাকে মোৰ সমগ্ৰ শৰীৰ
উশাহবোৰো কেতিয়াবা মেৰিয়াই ধৰে 
ৰঙা হৈ পৰা অংশবোৰত হুমুনিয়াহবোৰ সৰি পৰে।

ফুটফুটীয়া চোলাটো পিন্ধি পখিলা খেদা বয়সত দেখা
আলফুলীয়া সপোনবোৰে 
ক’ৰবাত আত্মগোপন কৰে ।

দায়িত্বৰ আওঁতাত মোৰ সপোনবোৰ 
ঢুকি নোপোৱা দূৰৈত শুই থাকে
নীৰৱে, নিতালে 
কোনেও নেদেখাকে।

মোৰ ভাগৰ নালাগে
মোৰ অৱসাদ নাথাকে
মোৰ শৰীৰৰ চাহিদা নাথাকে
মোৰ বুলি আচলতে একোৱেই নাথাকে 
থাকে মাত্ৰ এডাল শিকলি 
কোনেও নেদেখাকৈ, কোনেও নুবুজাকৈ।

প্ৰশ্ন নকৰিবা মোক , কোন তুমি বুলি
দূৰ্গা, কালী, লক্ষ্মী কিম্বা নহ'লো আন কোনো আৰাধ্য দেৱী
যুগে যুগে শোষিত, নিষ্পেষিত হোৱা
মানুহৰ জনম লোৱা মই এগৰাকী নাৰী ।

নীৰৱে এডাল শিকলি পিন্ধোঁ মই
কোনেও নেদেখাকৈ, কোনেও নুবুজাকৈ 
নিৰ্বিবাদে, নিশ্চুপতাৰে, সহনশীলতাৰ উপনামেৰে ।


পৃষ্ঠা ২৫

নৈখনৰ ভোক লাগে

বিজয়া গগৈ

    কেঁচা বেলিটো ওলমি থাকোতেই 
     সৰি পৰিল।

     নৈখনৰ ভোক লাগিছিল ছাগৈ।

     নাবালকটোক কাঁচিখনে সাহসী কৰিব।

     পৃথিৱীখন ঘূৰি থাকিবই।

     পূব আকাশত উদয় হোৱা 
     বেলিটো পশ্চিম আকাশত মাৰ নোযোৱাকৈ
     নাথাকে কোনোদিন।

     সময়ৰ গতি চকুৰ পানীৰে
     কোনোদিন স্তব্ধ হোৱা নাই,
     নহয়।

       ঠিকনাঃ
       ৰহা, নগাঁও
        পিন–৭৮২১০৩
        ৯১০১৪৭৮৭৩৩


পৃষ্ঠা ২৬

গণতন্ত্ৰ

সীতা দেৱী

শাসনৰ নামত শোষণ,
উন্নয়নৰ নামত দুৰ্নীতি
আস্থাৰ নামত মিথ্যাচাৰ,
ভোট বেচা কিনাৰ প্ৰতিযোগিতা।
নেতাৰ দপদপনিত,
বিশ্বাস আৰু আশাবোৰ মৰহি  গ'লেও যাওক।
দেশৰ অৰ্থনীতি থৰকবৰক,
এমুঠি অন্নৰ তাড়নাত
দেশৰ জনসাধাৰণ।
নি:কিনৰ সমাধিত নেতাৰ টিঘিলঘিলনি
বানপানী, খৰাং কিম্বা মাৰি মৰক,
নিৰ্বাচনী সভা হ'বই লাগিব।
মূল্য বৃদ্ধি হ'লেও হওক 
নেতাৰ লাহ বিলাহ 
অব্যাহত থাকিবই লাগিব।
নীতি নিয়ম, আইন কানুনৰ অৰ্থ নাই।
দুৰাচাৰ, চলি থাকিব।
সততা ন্যায়, সাম্য ধোঁৱাচাঙত,
ধৰ্ষণ অত্যাচাৰ অনাচাৰৰ
জয়জয় ময়ময়।
গণতন্ত্ৰ অসাৰ,
ভৱিষ্যত প্ৰজন্ম বিপন্ন।
নীৰৱ নিস্তব্ধ চৌদিশ,
কুটিলতা, পংকিলতাৰ গ্ৰাসত
গণতন্ত্ৰ।
সমাজব্যৱস্থা, অৰ্থব্যৱস্থা
অসাৰ।
হেঁপাহ নিস্তেজ,
আজিৰ গণতন্ত্ৰ এক সংঘাত।
উত্তৰ নিমিলা অংক,
লক্ষ্যবিহীন গণতন্ত্ৰ।।
 
ঠিকনাঃ        
বিহপুৰীয়া
লখিমপুৰ।


পৃষ্ঠা ২৭

সৌন্দৰ্য্য ফাগুনৰ 

ৰাজশ্ৰী সেনাপতি গগৈ 
ডিব্ৰুগড়

ফাগুন, ফাগুন, ফাগুন 
এনে এক ঋতু য'ত 
মাথোঁ এটি সুগন্ধি 
গীতৰ লহৰ বলে |
ফাগুন মানে শিমলু, 
পলাস, মদাৰৰ বতৰ |
ৰক্ত ৰঙা ৰঙৰ বতৰ, পচোৱাৰ বতৰ |
মতলীয়া ফাগুনে 
উদং শুকান পথাৰখনিত 
পলাশৰ ৰঙৰে 
কৰে জ্যোতিৰ্ময় |
শিমলুৰ ৰক্ত ৰঙৰে 
চৌপাশে পিন্ধে 
সৌন্দৰ্য্যৰ আভূষণ |
ফাগুনৰ মতলীয়া 
শোভন সুবাসে 
প্ৰেমিক-প্ৰেমিকাৰ 
মন বাউল কৰে |
পচোৱা বতাহজাকত 
পৰশ পায় প্ৰেমিকাৰ 
তাঁতৰ শালত  পিচলে গৰকা | মন কৰে মতলীয়া |
ফাগুন মানেনো কি ?  
নহয় নে বাৰু এটি ৰঙৰ মাহ |
ফাগুন বুলিলেই 
মনত ভাহি আহে 
মাথোঁ ৰং,ৰং,ৰং |
ফাগুনৰ শিমলু ৰঙৰ আগমনে বসন্তৰ আৰু ফাকুৱাৰ দিয়ে আগজাননী |
পচোৱা বতাহজাকে সকলোৰে দেহ -মন 
চুই মৰমৰ চুম্বন খায় | 
মদাৰৰ সুগন্ধিয়ে 
মৃদুপৱনৰ লহৰে লহৰে 
মৃদু গীত গুণগুনাই |
ফাগুন তই আকৌ আহিবি 
তই আহিলে সকলোৰে 
উদং মনবোৰ 
ফৰকাল হৈ উঠে |
ফাগুন তই আকৌ আহিব |
ফাগুন তই আকৌ আহিবি |


পৃষ্ঠা ২৮

সময়

ভূপালী গোস্বামী   

 ক্ষোভৰ জুই সেমেকি জ্বলিছে
আকৌ তৃপ্তিৰ উন্মাদনা উভতি নাহে; 
বিষময় জীৱনত  আকৌ অপ্ৰত্যাশিত প্ৰেমালাপ 
ভাহি নাহে 
আহিব মাথোঁ নিৰৱতা।

হতাশা আৰু অমানিশাৰ মাদকতাই 
আজি যেন সকলো অনাগ্ৰহিত কৰিছে; 
 চকুত আন্ধাৰে নাচিছে, দেহত  শূন্যতা বৈছে
মনত অতীতৰ অমানিশাই আগুৰি ধৰিছে।
হে সময় ইমান নিষ্ঠুৰ কেনেকৈ হ'লা 
কিয় বাৰে বাৰে উকা চাদৰৰ পিনে লৈ যোৱা ; 
স্বপ্ন মধুৰ  শব্দবোৰৰ লগত আগবাঢ়িবলৈ
এতিয়া মোৰ হৃদয়ৰ বান্ধোনে নকয়; 
উমি উমি জ্বলা ক্ষোভৰ জুইকুৰাই কয় মাত্ৰ
আকৌ ধেমালি নকৰিবা অ' 'সময় ' 


ঠিকনাঃ
নলবাৰী কলেজ ইংৰাজী বিভাগ
ফোন নং ৬০০০৮৫৭৬৩০


পৃষ্ঠা ২৯

ৰিক্ত -সিক্ত নীড়

অসমা টুংখুঙীয়া
নামতি 

মোৰ মনৰ চৰা ঘৰত
এহাল নাম নজনা
প্ৰেমিক চৰায়ে বাহ সাজে ।
সিহঁতে কূটা কঢ়িয়াই , 
কথা পাতে , ঘৰটো আকৌ
খেলিমেলি হৈ পৰে ।
কেতিয়াবা বুকু ভৰি পূৰ্ণ হোৱা
অভিমানৰ তাগিদাত 
দুইটা পিঠিয়াপিঠিকৈ থাকে ।
অভিমানৰো এটা মিঠা 
আমেজ আছে ।
ৰ'দ কাঁচলিত বহি 
সিহঁতে মিঠা আমেজৰ
ৰসাস্বাদন কৰে ।
পাখিকোটালী অভিমানৰ 
জড়তা ভঙাত 
পিছে তাইহে আগভাগ 
লবলগীয়া হয় ।
সেয়ে তাইৰ দুখানুভূতিয়েও
বেলেগে ঘৰ এটা বনায় 
চুকতে ।
অস্থায়ী ।
স্থায়ী ঘৰ সিহঁতৰ বাবে
অসম্ভৱ ।
প্ৰকৃতিৰ ৰম্য সুষমা
চোৱাৰ হেঁপাহবোৰ সিহঁতে 
বুকুতে নীৰৱে সাঁচে ।
বাহিৰত বা -মাৰলী । 
সিহঁতৰ ভয় ,
বাহিৰলৈ ওলালেই 
বতাহ আৰু মুষলধাৰ বৰষুণে
সপোন দেখা মনটোকে
উৰুৱাই নিব ।
সেয়ে সিহঁতে গোপন ব্যথা
গোপনেই ৰাখিব বিচাৰে
শেষ উশাহলৈকে ।


পৃষ্ঠা ৩০

দৈন্যতাৰো আছে নিজা ৰং

ৰিতুল বৰুৱা 

হয় 
ঠিকেই কৈছা তুমি
মই এটা দুখীয়া ল'ৰা
শুনা,
ধনৰ দুখীয়া হ'লেও 
মনৰ দুখীয়া হোৱা নাই 
কেতিয়াও আমি।
দুচকুত সপোন  আছে
এদিন আমিও বিশ্ব জিনিম,
আগুৱাই যাম 
তোমাৰ দৰেই
বিশ্ব সভালৈ 
আমি কিন্তু তোমাৰ দৰে 
সততাৰ বাণী পাহৰি নাযাওঁ
দৃঢ়তা আছে  মনত।
এৰা,
সততাৰ মূল্যনো তুমি বুজিবা কি !
মই কিন্তু বুজো 
কাৰণ---
তোমাৰ দৰে 
সোণৰ চামূচ মুখতলৈতো 
মই জনম লোৱা নাই---
সেয়েহে 
পদে পদে লাঞ্চিত হওঁ 
পদ দলীত হওঁ---
তথাপি জীৱনক ভাল পাওঁ
ঠিক তোমাৰ দৰেই।
অভিজাত্যৰ মূখা পিন্ধি 
নি:কিনক কৰি অহা তোমাৰ
সংকীৰ্ণ মনৰ চিনাকি মই
আইৰ কোলাতে পালো
শুনা,
দৃষ্টিত সৃষ্টিৰ উন্মাদনা আমাৰো আছে,
আছে জীৱন জিনাৰ স্বপ্ন---
অকণমান সচাঁ ভালপোৱা পালে 
আমিও হেৰাই যাব পাৰো 
অভিজাত চহৰ এখনৰ মাজত
য'ত ক্ষমা, দয়া, মৰম ,ভালপোৱাৰে 
সমৃদ্ধ হয় প্ৰতিদিন‌।
এবাৰ বিশ্বাস কৰি চোৱানা আমাক 
আনি দিম বিশ্ব জয় কৰি 
শান্তিৰ এখনি সেউজীয়া পতাকা 
তোমাৰ ওখ গম্বুজৰ শিৰত 
শুভ্ৰ নিচান উৰুৱাই 
গৰ্বেৰে ক'ম--- 
"চোৱা চোৱা
আমিও আকাশ চুব পাৰোঁ।"
এবাৰ 
মাথোঁ এবাৰ আস্থাৰে লৈ 
চোৱানা আমাক।

ঠিকনাঃ
বিশ্বনাথ, গহপুৰ।


পৃষ্ঠা ৩১

নাৰী

কৰবী গগৈ
ডিব্ৰুগড়

সৃষ্টিৰ ধ্বজাৰে জগত জিলিকাই
পৃথিৱীৰ সৌন্দৰ্য্যক প্ৰতিনিধিত্ব কৰা
নাৰী তুমি অনন্যা ৷ 
নিজৰ দুখ-কষ্ট ত্যাগী,
জটিলৰ পৰা জটিল সমস্যা
হাঁহিৰে সমাধান কৰা 
নাৰী তুমি অনন্যা ৷
জয়া হৈ স্বামী ৰক্ষা,
ঝাঁচী হৈ দেশৰ হকে যুদ্ধ কৰা 
নাৰী তুমি অনন্যা ৷
সাহসীকতা, সহনশীলতা, দয়া, প্ৰেমৰ... 
গুণেৰে পৰিপূৰ্ণ 
নাৰী তুমি অনন্যা ৷
সময়ত সেৱা কৰা,
প্ৰয়োজনত কালী ৰূপে অন্যায়ৰ বিৰোধিতা কৰা 
নাৰী তুমি অনন্যা ৷
নাৰীত্বৰ সুবাসেৰে  প্ৰস্ফুটিত 
নাৰী তোমাক প্ৰণাম ৷


পৃষ্ঠা ৩২

শীত

অঞ্জনা দেৱী
যোৰহাট

তলসৰা পাতৰ উচুপনিৰে
লঠঙা গছজোপাৰ কৰুণ চাৱনি 
বসন্তৰ আগলি বতৰাটি পোৱাৰ 
আশাত বন্দী।
কুঁৱলী ৰাণী এতিয়া 
শুভ্ৰ আভূষণেৰে ওঁঠৰ মিচিকিটোৰে হৈ পৰিছে অপৰূপ ।
ঠেঁটুৱৈ ধৰা শীতে আনিছে নমাই
এজাক সেৰসেৰীয়া বতাহৰ সোঁত।
সূৰ্য দেৱতেৰো ঘনে প্ৰতি ম্লান পৰিছে
নিজৰ ৰূপ।
উৰুখা পঁজাটিৰ বাসিন্দা
ঠাণ্ডাই যোগাইছে শৰীৰৰ যাতনা।
জঠৰ দেহাটো হৈ পৰে শেতশেতীয়া।
পদে-পথে দপদপীয়া জুই
নিবাৰণ কৰিছে ফটা কে'থাৰ সুৰুঙাৰে
নিগৰা শীতল বতাহৰ ঢৌ।
কংক্ৰীটৰ দেৱালয়ৰ মাজতো শীতৰ প্ৰতাপ
সন্তুষ্টি লভে শীত-তাপ নিয়ন্ত্ৰিত
আবেষ্টনীৰ মাজত।
ঊনসূতাৰে আৱৰা সৰ্বশৰীৰ
তথাপিও যে, নাই তৰণী।
বনৰ পশু-পক্ষীও লাগে জলকা
কুঁৱলীৰ ওৰণিখন টানি
ৰ'দ জালীয়ে বোৱাই মনত
প্ৰশান্তিৰ মলয়া।
পুহ মহীয়া হাড় কপোৱা দেহাটি
নিহালী খনৰ উমাল পৰশত
যায় জহি-পমি।
আহাঁ ভাই সবে মিলি
শীতৰ সেমেকা পলবোৰ দিওঁ বিদায়,
কৰোঁ আৱাহন বসন্ত ৰজাৰ।


পৃষ্ঠা ৩৩

আশাৰ কথাৰে

ড০ দীপমণি দাস

আশাই যদি হেৰুৱায় ভাষা
আমিও হেৰুৱাওঁ বসন্তৰ গৰিমা
জীৱনৰ বসন্ত গৰিমা
আশাৰেই সাধনা

তেওঁ কয় - নিগেটিভ নহ'বা
মই ক'লোঁ-বাস্তৱৰ উচিত মূল্যায়নো এটা কলা

সময়ৰ কথা সময়ে সময়ত ক'ব
বুলি আকাশলৈ চালেই বুজিবা

ক'লা ক'লা মেঘৰ বুকুত বৰষুণৰ বীজ
কথা কি জানা
কোনে বুজিব আকাশৰ মহিমা
আকাশেও পাৰে চল চাই কঠীয়া

আশাই যদি হেৰুৱায় ভাষা
আশাৰো হতাশা।



পৃষ্ঠা ৩৪
 
ষটকৰ্ম আৰু মুদ্ৰা-বন্ধ 

চিন্ময়ী দাস

পতঞ্জলীৰ যোগ শাস্ত্ৰত যোগৰ অষ্টাংগৰ বা আঠটা অংগৰ বিষয়ে উল্লেখ আছে। ঠিক সেইদৰে গোৰক্ষসংহিতা, ঘেৰণ্ড সংহিতা, হঠযোগ প্ৰদীপিকা আদিত যোগৰ আৰু দুটা অংগৰ বিষয়ে উল্লেখ আছে। সেই দুটা অংগ হৈছে - ষটকৰ্ম আৰু মুদ্ৰাবন্ধ । হঠযোগ চৰ্চাত এই দুয়োটা যোগ প্ৰক্ৰিয়াটো অতি গুৰুত্বপূৰ্ণৰূপে চোৱা হয়। 'ষটকৰ্ম'ত শৰীৰৰ বাহ্যিক তথা আভ্যন্তৰীণ অংশসমূহৰ শুদ্ধিকৰণ কৰা হয় আৰু মুদ্ৰাবন্ধৰ দ্বাৰা শৰীৰৰ অভ্যন্তৰীণ অংগৰ শুদ্ধিৰে কুণ্ডলিনী শক্তি জাগ্ৰত কৰাৰ প্ৰয়াস কৰা হয় । 
প্ৰায় সকলোবোৰ যোগ শাস্ত্ৰতে শৰীৰৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। যোগাসন আৰু প্ৰাণায়াম কৰিবলৈ আৰম্ভ কৰাৰ আগতে ষটকৰ্মৰে শৰীৰ শুদ্ধি কৰিব লাগে।  ঘেৰণ্ড সংহিতাত ছয়বিধ ষটকৰ্ম বিধিৰ বিষয়ে উল্লেখ আছে। সেয়া হৈছে -

১) ধৌতি  ক্ৰিয়া : মুখৰ পৰা পাকস্থলীলৈ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে ,

২) ট্ৰাটক ক্ৰিয়া : চকুৰ বাবে,

৩) কপালভাতি : নাক গহ্বৰৰ পৰা হাঁওফাঁওৰ শুদ্ধিৰ বাবে,

৪) বস্তি ক্ৰিয়া : বৃহদন্ত্ৰ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে,

৫) নেতি ক্ৰিয়া : নাকৰ শুদ্ধতাৰ বাবে,

৬) নৌলী ক্ৰিয়া : ক্ষুদ্ৰান্ত পৰিষ্কাৰ কৰিবৰ বাবে। 

এই ষটকৰ্মৰে শৰীৰ পৰিষ্কাৰ কৰি ৰাখিলে সহজে যিকোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে। এয়া শৰীৰ সুস্থ কৰি ৰাখিবৰ বাবে অতি প্ৰয়োজনীয়, লাভদায়ক আৰু সহজসাধ্য। 
মুদ্ৰা বন্ধক যোগাসনৰ এক উচ্চস্তৰীয় সাধনাৰূপে দেখা যায়। ইয়াৰ অনুশীলন সাধাৰণ যোগবিধিৰ তুলনাত কিছু বেলেগ । গোৰক্ষ সংহিতাত ১২ বিধ , শিৱসংহিতাত আৰু হঠযোগ প্ৰদীপিকাত ১০ বিধ, ঘেৰণ্ড সংহিতাত ২৫ বিধ মুদ্ৰাৰ বিষয়ে কোৱা হৈছে। 



পৃষ্ঠাঃ ৩৫

গল্পঃ

  পত্ৰহৰিৎ কণা

নিৰুপমা ডেকা
বোকাখাত

    “ জীৱন পথৰ প্ৰখৰ ৰ'দত বা প্ৰচণ্ড বৰষুণত, এটা ছাতি হৈ মোক ছাঁ দিব বুলি ভবাজনে যদি হঠাৎ নিজৰ মূৰ ঢাকি ছাতি তৰি আপোনাক আদবাটত ৰ'দৰ বেঙুনীয়া ৰশ্মিয়ে পুৰিবলৈ থৈ যায় , নতুবা বৰষুণত তিয়াই জুৰুলি-জুপুৰি কৰি এৰি থৈ যায় | ভয় নাখাব | মনত ৰাখিব , সৰুতে পঢ়া বিজ্ঞানৰ সালোকসংশ্লেষণৰ পৰিঘটনা | গছে অপকাৰী কাৰ্বন-ডাই-অক্সাইড লৈহে ৰ'দ মানে সূৰ্যৰ তাপ আৰু পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে , যি সমস্ত প্ৰাণীৰে খাদ্যৰ মূল উৎস আৰু গছে এই পৰিঘটনাৰ অন্তত এৰি দিয়া অক্সিজেন আমাৰ উশাহ ৷ মাত্ৰ তাৰ বাবে গছৰ পাতে বহন কৰিব লাগিব পত্ৰহৰিৎ কণা |”

     উপন্যাসখনৰ আৰম্ভণিটো কৰি লৈ অনুৱে কিবা এটা প্ৰশান্তিত মনৰ মাজত হাঁহি এটা ফুলাই চকুমুদি বহি ৰ'ল |
জীৱন, সপোন, বাস্তৱ কেতিয়াও একাকাৰ হৈ নাযায় ৷ সকলো পৃথক বস্তু ৷ তেল পানীৰ দৰে, অদ্ৰৱণীয় ৷ জীৱন যদি পানী সপোন আৰু বাস্তৱ হ’ল জীৱনত উপঙি ফুৰা অদ্ৰৱণীয় পদাৰ্থ ৷ যি জীৱন থাকালৈকে জীৱনত উপঙি ফুৰে ৷ 

    প্ৰেমৰ আলাসৰ পুতলী হৈ তাই উপলব্ধি কৰিছিল তাই যেন পৃথক এগৰাকী নাৰী ৷ কাৰ ইমান সৌভাগ্য হয় যিয়ে কোনো পুৰুষৰ ইমান মৰমৰ লগতে পৰিয়ালটোৰো আদৰ পোৱাৰ যোগ্য হয় ৷ প্ৰেমত ডুবি থকা প্ৰতি গৰাকী নাৰীৰ চাগে তাইৰ দৰেই অনুভৱ হয় এটা সময়ত ৷ সময়বোৰ, কথাবোৰ মনৰ চিত্ৰপটত যেন ভাঁহি আহিল অনুৰ ৷ 

     হাঁহি মাতৰ উশৃঙ্খল পৰিৱেশটোত মতলীয়া আছিল পিক্‌নিকৰ দলটো ৷ গণেশগুৰিত সিহঁতৰ লগৰ নিলয় আৰু তাৰ ভনীয়েক চিম্পী উঠা কথা ৷ গাড়ী আহি ৰ’ল ৷ প্ৰথমে চিম্পী উঠিল আৰু তাৰ পাছে পাছে নিলয়ৰ ঠাইত এজন অচিনাকি যুৱক ৷ অনুৱে তাক চিনি পোৱা নাই, আগতে কেতিয়াও লগো পোৱা নাই ৷ তাক দেখি দুজনমানে চিঞৰি উঠিল

“প্ৰণয়...”

    সকলোৰে কৌতূহলৰ অন্ত পেলাই সি লাহেকৈ ক’লে

“নিলয়ৰ গাটো হঠাৎ বেয়া হৈ গ’ল ৷ ভন্তিক অকলে পঠিয়াবলৈ মাহঁতে টান পালে আৰু মোকে বলিৰ পাঠা বনাই পঠিয়াই দিলে ৷”

“এহ্ মজা, ইমান দিনৰ মূৰত তোক এনেকৈ পাই গৈছোঁ আৰু কি লাগে ৷ আজি পুৰা ফুৰ্টি হ’ব ৷”

    ম্ৰিন্ময়ে হাঁহি হাঁহি কৈ তাক সাবটি ধৰি উষ্ম আদৰণি জনালে ৷ সি বাছত উঠিয়েই অনুলৈ চোৱা আৰম্ভ কৰিছিল ৷ মনতে হয়তো ভাবিছিল হৈ যাব, টাইম পাচ কৰিবলৈ এজনী পাই গ’লোঁ ৷ বাছত থকা বাকীবোৰ তাৰ চিনাকি, তাইহে অচিনাকি আছিল ৷ 

   অনুৱে মন কৰিছিল নিলয় নাযায় বুলি শুনাৰ লগে লগে এখন মুখ কলা পৰি গৈছিল ৷ স্নিগ্ধা, বৰ সৰল মৰমীয়াল ছোৱালী তাই ৷ সকলোৱে জানে দুয়ো দুয়োৰে নামত বলিয়া, কিন্তু ক’বলৈহে পৰা নাই ৷ অনু আৰু তাইৰ বেষ্টি মানে সিহঁতৰ গ্ৰুপৰ চৰম উৎপতীয়া ছোৱালীজনী মেঘাই সিদিনা প্লেনিং কৰি থৈছিল এই পিক্‌নিকটোতে সিহঁতে দুয়োটাকে একেলগ কৰাই স্বীকাৰ কৰাব ভালপোৱাৰ ৷ পিছে সকলো শেষ হ’ল ৷ সিহঁতৰ পৰিকল্পনা আৰু স্নিগ্ধাৰ হেঁপাহ ৷ আচলতে সিহঁতৰ পঁচিছ জনীয়া দলটোত বিভিন্ন বয়সৰ লোক আছে ৷ এটা সাংস্কৃতিক কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি সিহঁতে অসমৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি ফুৰে ৷ অনু সেই দলত নতুন ৷ তাই মেঘাৰহে স্কুলীয়া দিনৰ পুৰণি বান্ধৱী ৷ মেঘাই আনি তাইক এই দলটোত জৰিত কৰি দিছে ৷ দলৰ মানুহখিনিৰ লগত তাই পৰিচিত হৈছে এই ছমাহত ৷ কিন্তু নিলয়ৰ ককায়েকৰ লগত তাইৰ চিনাকি নাই ৷ অনু আৰু মেঘাৰ এনে যাত্ৰাবোৰত বহিবলৈ সময় নাথাকে ৷ ওৰে বাটটো নাচি-বাগি দুয়োজনীয়ে হাল্লা লগাই যায় ৷ সিদিনাও সেই একেই দুয়োজনীয়ে নাচি নাচি ইটোক টানে নাচিবলৈ, সিটোক টানে নাচিবলৈ ৷ স্নিগ্ধাকো আনকি নাচিবলৈ বাধ্য কৰালে দুয়ো ৷ লগতে সিহঁতে তাইক ইয়াৰ পিছৰ পৰিকল্পনাও জনালে যে কালিয়েই দুয়ো স্নিগ্ধাক লৈ নিলয়ৰ খবৰ লোৱাৰ নামত তালৈ যাব আৰু বাকীখিনি দুয়ো কি কৰিব লাগে কৰিব ৷ আচলতে মেঘাৰ সম্পৰ্কীয় খুড়াকৰ ল’ৰা নিলয় ৷ মেঘাৰ বাবে সেয়ে তালৈ যোৱা সহজ ৷ লক্ষ্যস্থান পাবলৈ আৰু এঘণ্টা মানৰ বাট আছে ৷ মেঘা আৰু অনুৱে ভাগৰ লগাত অলপ বহিলে ৷ সিহঁত বহাৰ লগে লগে প্ৰণয় সিহঁতৰ ওচৰ চাপি আহিল আৰু ক’লে--

“মেঘা মাত এষাৰ দিবলৈ সময় নাই তোৰ হা, বাপৰে কি নাচিছ হা ৷ মজা কিন্তু ।” কথাৰ মাজে মাজে তাৰ চকু কেইটা অবাধ্য হৈ পৰিছে ৷ সি অনুৰ মুখৰ পৰা চকু আঁতৰাব যেন নোৱাৰা হৈ পৰিছে ৷ অনুৱে কেতিয়াবাৰ পৰাই কথাটো মন কৰি আছিল ৷ এতিয়া সন্মুখত এনেদৰে চাই থকাত তাই অস্বস্তিকৰ পৰিৱেশ এটাত থকা  যেন পালে ৷ মেঘাৰ দুষ্ট চকু দুটাৰ পৰা এই কথাটো লুকুৱা সম্ভৱ নহয়  ৷ তাই ঘপকৈ উঠি ক’লে--

“প্ৰণয় দা তোৰ কষ্ট হৈছে চাবলৈ, ইয়াতে কাষতে বহি লৈ চাই থাক ৷ মই তোৰ চিটতে বহোঁগৈ ৷” 

   কৈ তাই নৰ’লেই ৷ চিধাই উঠি গ’ল ৷ অনুৰ বৰ খং উঠিল মেঘাৰ ওপৰত ৷ কি যে অদ্ভুত ছোৱালী এইজনী ৷ অচিনাকি ল’ৰা এটাৰ লগত এনেদৰেনো বহুৱাই থৈ যাব লাগে নে ! মুঠতে অনুলৈ বয়ফ্ৰেণ্ড ঠিক কৰাৰ গধুৰ দায়িত্ব লৈ ফুৰিছে যে তাকে নকৰিলে কেনেকৈ হ’ব ! তাই যিমান পাৰে খিৰিকীৰ কাষলৈ চাপি গ’ল ৷ প্ৰণয়ে হাঁহিটো কোনো মতে চেপি ধৰি গহীন হৈ ক’লে--

“মানে গাড়ীৰ চাৰিবেৰত ইলাষ্টিক নাথাকেটো, গতিকে ঠেলি কষ্ট কৰিব নালাগে ৷ ময়েই বাৰু গাত নলগাকৈ বহিবলৈ যত্ন কৰোঁ ৷”

   তাৰ কথা কোৱা ভঙ্গী আৰু কথাকেইটাত তাই হাঁহি দিবলৈ বাধ্য হ’ল ৷ তায়ো ইমান নিবোকা নহয় নহয় যে তাৰ কথাত মৌন হৈ তলমূৰ কৰিব ৷ তাই লগে লগে কৈ উঠিল--

“গাত গা লাগি বহিলেও আমাৰ মনত ঘঁহনি নালাগে সহজতে ৷ চিনাকি নোহোৱা মানুহৰ পৰা সাৱধানে চলিব লাগে বুলিহে অলপ আঁতৰি বহিছোঁ ৷”

   “তেন্তে আহাঁ চিনাকি হওঁ ৷ মই প্ৰণয় হাজৰিকা , চিম্পী আৰু নিলয়ৰ ডাঙৰ ককায়েক ৷ আই আই টি কাণপুৰত পঢ়ি আছোঁ ৷ এমাহৰ ছুটিত ঘৰলৈ আহিছোঁ কালি ৷” 

   সি তাইলৈ হাতখন আগবঢ়াই দিলে ৷ তাইও আগবঢ়াই দিলে হাতখন হেণ্ডচেকৰ বাবে আৰু নিজৰ পৰিচয়টো দিলে অনুষ্কা কলিতা বুলি ৷ তাই হাতখন তাৰ হাতৰ পৰা আনিব খোজোতে সি অলপ জোৰ কৈ হাতখন ধৰিলে ৷ তাই আজুৰি আনি মনতে প্ৰমাদ গণিলে ৷ এইজনচোন বৰ চৰা ৷ সেইফালে মেঘাই স্নিগ্ধাৰ লগত ফিচিঙা-ফিচিঙি আৰম্ভ কৰিছে আৰু দুয়োলৈ চাই ইংগিত দি দি হাঁহি আছে ৷ অনুৰ বৰ খং উঠিল ৷ ক’ত যে ফচাই দি গ’ল এই বান্দৰীজনীয়ে ৷ 

   অনু দেখিবলৈ ধুনীয়া লাহি-পাহি দেখনিয়াৰ ছোৱালী ৷ যিকোনো ল’ৰা চেকেণ্ডতে প্ৰেমত পৰি যায় তাইৰ ৷ পিছে মহাৰাণীয়ে বা কোন সপোন কোঁৱৰলৈ বাট চাই আছে-- এয়া মেঘাৰ কমন ডাইলগ ৷

    তাই আজোৰ মাৰি হাতখন তাৰ পৰা এৰুৱাই আনি থিয় হৈ চিঞৰিলে--

“ ঐ গোটেইবোৰ টোপনি গলি নেকি ? উঠ উঠ কিনো পিকনিকলৈ আহি এনেকৈ থাকে জানো ? মেঘা তই আকৌ কেতিয়াৰ পৰা বহি বহি পিকনিক খাবলৈ যাব শিকিলি ?”

“ যেতিয়াৰ পৰা তই কাৰোবাৰ লগত আপোন পাহৰা হৈ আমাক পাহৰি বহি ল’লি ৷” মেঘাই তপৰাই মাত লগালে ৷ অনু লাজত ৰঙা পৰি প্ৰণয়ক এক প্ৰকাৰ ঠেলি মেঘাৰ ওচৰ পালেহি আৰু তাইক থপৰিয়াই ক’লে--

“ফচাই থৈ আহিবি তই আৰু বদনামটো দিবি মোৰ ? তোক মই...” বুলি পুনৰ হাত দাঙোতেই মাজত জপিয়াই পৰিল সিদ্ধাৰ্থ, মেঘাৰ আজন্ম প্ৰেমিক ৷ দুয়োৰে প্ৰেমৰ কথা নজনা সিহঁতৰ চিনাকি মানুহবোৰৰ ভিতৰত কোনো নাই ৷ 

“এই এই মোৰ মানুহজনীৰ ওপৰত আক্ৰমণ মই থাকোঁতে হ’ব নোৱাৰে দেই অনু ৷”

“আক্ৰমণ যদি কৰিব নালাগে চম্ভালি লোৱা নিজৰ জনীক ।”


   সিহঁতৰ কাজিয়াত সকলোৱে ৰং পাই উৎসাহ দিলে দুয়োকে আৰু লাগিবলৈ ৷ তাকে দেখি প্ৰণয়ে ওচৰ চাপি আহি কাণত ধৰি ক’লে--

“কাজিয়াৰ গুৰি মই, মোক ক্ষমিব ৰাইজে ৷ নিজকে চম্ভালিব পৰা নাই বাবেহে ওচৰ চাপিছোঁ, ৰাইজে অন্তৰ বুজি দয়া দেখুৱালে হয় আৰু ৷”

    প্ৰণয়ৰ নাটকীয় কথাত সকলোৱে হাঁহিবলৈ ধৰিলে ৷ সিদ্ধাৰ্থই ক’লে--

“সলনি হোৱা নাই আৰু দেই তই ৷ সেই একেই ধেমেলীয়া প্ৰণয়টোৱে হৈ আছ দোষ্টি ৷ ভাল লাগিছে সঁচাকৈয়ে আজি তোক লগ পায় ৷”

    “পিছে নামটোহে প্ৰণয় দি ভুল হ’ল দাদাৰ, প্ৰণয়ৰ নামত লাইফ চুপাৰ ফ্লপ ৷ আজিলৈকে এজনী গোটাব পৰা নাই প্ৰেমিকা সি।”
 
     চিম্পীয়ে তাক জোকাই ক’লে ৷ সকলোৱে গিৰ্জনি মাৰি হাঁহিলে ৷ অনুক হে কিবা লাজ এটাই আবৰি ধৰিছে ৷ সকলোবোৰ কথাৰ মাজতেও প্ৰণয়ে তাইক ইমান কৈ চাই আছে, তাইৰ ক’ত লুকাওঁ ক’ত লুকাওঁ লাগি গ’ল ৷ 
সেইদিনটো অনুৰ বাবে অন্য দিনবোৰতকৈ বহুত পৃথক আছিল ৷ কাৰোবাৰ চাঁৱনিত হৃদয়ত কল্লোল উঠা এটা দিন ৷ এনে দিন এটাৰ বাবেই চাগে প্ৰতিজনী গাভৰুৱে ৰৈ থাকে ৷ তাইৰ কি হৈছিল সিদিনা ক’ব নোৱাৰে তাই ৷ তেনে অনুভূতিৰ এয়াই আছিল প্ৰথম অভিজ্ঞতা ৷ দিনটো পিক্‌নিকৰ হাঁহি খিকিন্দালিৰ মাজতে সিহঁত দুয়োটাৰ মাজত এটা আৱেগৰ ঢল বৈ আছিল ৷ ঘূৰি আহি প্ৰণয়হঁতৰ নামিবৰ হ’ল ৷ চিম্পী নামি গ’ল লগত প্ৰণয়ো ৷ অনুৰ বুকুখনত যেন শূন্য বতাহ এজাক চলি থাকিল ৷ মেঘাই তাইক চিকূটি দি ক’লে--

“আজি আমাৰ ঘৰত থাকিব ৷ নিলয়ে চিম্পীক নিবহি ৷” তাইৰ মুখখন উজলি উঠিল ৷ 

   সিদিনা বহু ৰাতিলৈ মেঘাহঁতৰ ঘৰত সিদ্ধাৰ্থ, প্ৰণয়, মেঘা, স্নিগ্ধা আৰু নিলয়ৰ আড্ডা চলি থাকিল ৷ নিলয়ে প্ৰণয়ক নিবলৈ আহিছিল, পিছে সি নগ’ল ৷ নিলয় ৰাতিয়ে গুচি গ’ল ৷ মেঘাহঁতৰ ঘৰখনৰ মানুহবোৰ অত্যন্ত মুকলি মনৰ, বন্ধুত্ব, প্ৰেম এইবোৰ বিষয় সহজভাবে লয় ৷ ৰাতিটো চকুত টোপনি নহাৰ দৰেই প্ৰণয় আৰু অনুষ্কাৰ ৷ তাই মেঘাক ক’লে যে পিছদিনা প্ৰণয়ে তাইক অলপ ওলাই যাবলৈ লগ ধৰিছে, তাই না কৈছে যদিও সি জোকৰ দৰে লাগিছে, নেৰে ৷ মেঘাই ক’লে হ’ব দে লগত মই আৰু সিদ্ধাৰ্থও যাম ৷ তাৰ হাতত সময় কম যে সেয়ে সি অলপ খৰধৰকৈ আগবাঢ়িছে ৷ পিছদিনা ওলাই গ’ল যদিও কথাবোৰ অনুৱে তাৰ দৰে ইমান ক্ষীপ্ৰতাৰে আগবঢ়াব নোৱাৰে বুলি ক’লে ৷ কাৰণ তাই তাত ভাৰাঘৰত থাকি পঢ়ি আছে ৷ লগত এজন ককায়েক থাকে ৷ তাই অলপ দুখীয়া ঘৰৰ ছোৱালী ৷ একেবাৰে সাধাৰণ তাইৰ জীৱন ৷ প্ৰণয়হঁতৰ দৰে উচ্চ ধনী মানুহৰ লগত তাইৰ পৰিয়াল নিমিলিব ৷ প্ৰথম অৱস্থাৰ চঞ্চলতাৰ পিছত বিবেকে কোৱা কথাবোৰ তাই কৈ গ’ল ৷ সি তাইক ক’লে এইবোৰ জানো ভালপোৱাত দৰকাৰী কথা ৷ তাই নিমাতে ৰ’ল ৷ তাৰ দুদিন পিছতে সি গ’লগৈ পঢ়া ঠাইলৈ ৷ অনুৰ মনটো কাঢ়ি সি গুচি গ’ল ৷ যোৱাৰ সময়ত কৈ গ’ল এমাহ সময় দিলোঁ ভাবিবলৈ মানে হাঁ ক’বলৈ ৷

   ঠিক সি যোৱাৰ এমাহ পিছত এদিন আবেলি মেঘা আহি তাইক ক’লে ব’লচোন নোট অলপ ল’ব লগা আছে এঠাইলৈ যাওঁ ৷ তাই ওলাই গৈ সিহঁতৰ চাৰিআলিটোত চিগাৰেট হুপি বাইকৰ ওপৰত বহি থকা প্ৰণয়ক দেখি মূৰ্চ্ছা যোৱা অৱস্থা ৷ তাই কল্পনাও কৰা নাছিল সঁচাকৈয়ে সি এমাহ পিছত আহি ওলাবহি বুলি ৷ সিদিনা গৈছিল হে সি ৷ তাই মেঘালৈ চালে ৷ তাই লাহেকৈ ক’লে--

“গোটেইটো তোৰ নামত বলিয়া হ’ল ৷ আনকি খুড়া-খুড়ীকো অহাৰ কাৰণ কৈ দিছে ৷ তই হাঁ নোকোৱালৈ এইবাৰ নাযায় ৷ এইফালে নিলয়ে কৈছে তাৰ হেনো অহা মাহত পৰীক্ষা ৷”

    মেঘা আৰু অনু ৰিক্সাত উঠিল আৰু সি বাইকেৰে আগবাঢ়িল ৷ সি এখন ৰেষ্টুৰেণ্টৰ সন্মুখত ৰ’ল, সিহঁত আহি পোৱাত তিনিওটা বহিল ৷ দুয়ো দুয়োলৈ চাই বহু সময় নিমাতে ৰ’ল ৷ মেঘাই কথা আগবঢ়াবলৈ ক’লে--

“ক আকৌ প্ৰণয় দা কি কবি ৷ সময়বোৰ নষ্ট নকৰিবি ৷”

“মোৰ ক’ব লগীয়া মই কৈছোঁ, উত্তৰ বিচাৰিহে আহিছোঁ ৷ দিলে যাম গৈ নহ’লে ৰৈ থাকিম যেতিয়ালৈ হাঁ নকয় তাই ৷”

“মই কৈছোঁ দেখোন, মই নোৱাৰিম এই সম্পৰ্ক আগুৱাই নিব...”

“সেয়া মই শুনিছোঁ, মানি নলওঁ সেই কথা ৷ মই হাঁ শুনিবলৈ আহিছোঁ, তোমাক কৈ গৈছিলোঁ তুমি হাঁ নক’লে এমাহ পিছত আকৌ আহিম ৷ আহিলোঁ, এতিয়া কোৱা ৷”

    বহুতে তাইক প্ৰস্তাৱ দিছে, কিন্তু এনেকৈ জোৰ কৰি কোনেও ভালপোৱা আদায় কৰিব খোজা নাই ৷ এইটো কেনেধৰণৰ ল’ৰা বাৰু ৷ অৱশেষত মেঘাৰ খুড়াকৰ ল’ৰা বুলিয়েই বিশ্বাস বুকুত বান্ধি তাই তাক সন্মতি দিলে ৷ আৰম্ভ হ’ল জীৱনৰ এক নতুন অধ্যায়, মন ভৰা সোৱাদ প্ৰেমৰ ৷ মেঘাৰ ঘৰলৈ লেন ফোনত সি ফোন কৰে ৷ তাই ৰৈ থাকে ৷ তাৰ হোষ্টেলৰ নম্বৰটোতো মাজে মাজে তাইৰ ফোন যায় ৷ সকলোৱে জানে তাই ফোন কৰিলে তাক দি দিয়ে ৷ ছমাহ মানত সি এবাৰ আহে ৷ এনেকৈ তিনিবছৰ পাৰ হ’ল ৷ চিঠিৰ পৰিমাণবোৰ আগতকৈ কমি আহিল তাৰ ফালৰ পৰা ৷ তাই গম পাইছে সি বিদেশলৈ যোৱাৰ জো-যা কৰিছে ৷ পাৰিলে তাতেই চেটেল হোৱাৰ ইচ্ছা ৷ সকলো ঠিক হ’ল ৷ সি ইউ এছ এ লৈ যোৱাৰ সুযোগ পাইছে ৷ অনুক এবাৰো একো নসুধি সি সিদ্ধান্ত লৈছে ৷

   যোৱাৰ আগতে সি তাইক ক’লে যে তাৰ সপোন পুৰাবলৈ সি যাব ৷ দুবছৰ আহিব নোৱাৰে ৷ যদিহে সি তাইৰ হৈ থাকি ঘূৰি আহিব পাৰে তেন্তে ঘূৰি আহি তাইৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ যাব ৷ তাই মৌন হৈ শুনি আছিল তাৰ কথা ৷ সি কোৱা এষাৰ বিশেষ কথাই তাইক মৌন কৰিছিল ৷ সি কৈছিল--
“দুবছৰ বহুত সময় ৷ তাত মোৰেই বা মনৰ কি পৰিবৰ্তন হয় ৷ মই তোমাক মোৰ প্ৰেমৰ বান্ধোনেৰে ওলোমাই নথওঁ ৷ মুক্ত কৰি গৈছোঁ ৷ কাৰোবাক ভাল লাগিলে আপোন কৰি ল’বা ৷”

   এয়াই নে প্ৰেম আৰু ভৰষাৰ কথা ৷ তাইক জোৰ কৈ প্ৰেমিকা বনাবলৈ পগলা হৈ পৰা ল’ৰাটো এইটোৱেই নে ? তাৰ মানে সি পাবলৈ বিচৰা বস্তুবোৰ তাক লাগিবই ৷ সি বিদেশত স্থায়ী হোৱাৰ বাবেও আকাংক্ষা পুহি ৰাখিছে ৷ তাইক প্ৰায়ে সি তাইৰ সপোনৰ কথা কৈছিল ৷ সেই সপোনবোৰৰ ওচৰত তাই তেনেই গৌণ, তাইৰ ইমানদিনৰ ভালপোৱা, বিশ্বাস আৰু তাক পোৱাৰ সপোন পলকতে তাত সি স্থায়ী হোৱাৰ সপোন পুৰাবলৈকে ভৰিৰে মোহাৰি পেলাব পাৰিব, আচৰিত  ৷ তাইৰ মনে যেন বাৰে বাৰে প্ৰতিবাদ কৰি ক’লে এই কথা ৷ ওঁঠেৰে অৱশ্যে তাইৰ এটা শব্দও ফুটা নাছিল সেইসময়ত, কাৰণ সি তাইক যিদৰে অমনোযোগিতাৰ নমুনা দি থৈছিল আগতেই সেই কথা যে আহিব পাৰে তাইক তাৰ মনোভাৱৰ স্পষ্ট ধাৰণা দি দিছে ৷ 

    নিলয় আৰু চিম্পীয়ে তাইক বহুত বুজালে তাৰ কথা বাদ দিয়া ৷ বৌ হিচাবে আমি তোমাকেই বিচাৰোঁ ৷ দেউতাইও তোমাক ক’বলৈ কৈছে যে আমি সকলো তোমাৰ ফালে আছোঁ ৷ তুমি এই সম্পৰ্ক নিচিঙিবা প্লীজ ৷ সিহঁতৰ চকুবোৰ চলচলীয়া আছিল ৷ দুয়ো ককায়েকৰ লগত আহিছিল তাইক শেষবাৰৰ বাবে লগ কৰাই দিবলৈ ৷ অনুৰ লগতো মেঘা আৰু স্নিগ্ধা আছিল ৷ সিদ্ধাৰ্থও আহিছিল কিছু সময় পিছত ৷ আস্ কি বিচিত্ৰ প্ৰেমৰ এই ৰূপ ৷ তাই যাৰ লগত জীৱনৰ গাঁঠি বান্ধিব খুজিছে তেওঁ তাইক বিসৰ্জন দিয়াৰ বাবে মনে মনে পৰিকল্পনা কৰিছে আৰু বাকীবোৰে সেই কথা বুজি উঠিও তাইক পৰিয়ালটোৰ মাজত সামৰি ৰাখিব খুজিছে ৷ হয় তায়ো এটা এনে বুকুৰ আপোন পৰিয়াল বিচাৰে, কিন্তু সেইখন শহুৰৰ ঘৰৰ কি অৰ্থ য’ত স্বামী তাইৰ নাথাকিব ৷ সিহঁতক একেলগে কথা পাতিবলৈ দি বাকীবোৰ গভীৰ মন একোটা লৈ বহি আছিল ৷ চিগো চিগো হোৱা সম্পৰ্ক এটাক জীয়াই তুলিবলৈ সকলোৱে কামনা কৰিছিল সিদিনা ৷ অনুৰ যেন মাতেই হেৰাই গৈছিল ৷ সি কৈ গৈছিল তাইক--

“তোমাক এবাৰ কইনাৰ সাজত চাবলৈ বৰ মন আছিল অনু, তোমাক মাক হ’বলৈ ওলোৱা চাবলৈও বৰ মন আছিল ৷ মোৰ তোমাকেই আপোন কৰি জীৱনটো পাৰ কৰাৰ বৰ হেঁপাহ আছিল, কিন্তু মই ফাঁকি কথা বেয়া পাওঁ বাবে সঁচাটো কৈছোঁ, মোৰ আমেৰিকাত স্থায়ীকৈ থকা সপোনটো সকলোৰে উৰ্দ্ধত আছিল আৰু এই সপোনটো পূৰ্ণ কৰিবলৈ বাট পাইছোঁ বাবে মোৰ উচ্চাকাংক্ষী মনটোক মই ৰখাব পৰা নাই ৷ মোৰ ঘৰৰ মানুহক মই একো বুজাব নোৱাৰোঁ ৷ তোমাক জানো, তোমাৰ বাদে মোক আন কোনেও নুবুজিব সেয়াও জানো ৷ প্লীজ মোক ক্ষমা কৰি দিবা নে তুমি ৷ নিদিলেও মই মানি লম কাৰণ মই তোমাৰ ওচৰত অপৰাধী ৷ যদি ক্ষমা কৰিব পাৰা তেন্তে মোৰ যদি ঘূৰি অহা নহয়, তোমাৰ বিয়া হৈ যায় মোক তোমাৰ সেই মই চাব বিচৰা ৰূপ কেইটা দেখুৱাবা নে অনু, মোলৈ ফটোবোৰ পঠিয়াবা নে তোমাৰ ?” 

    সি তাইৰ হাতদুখনত হেচি ধৰি সুধিছিল বৰ আকুলতাৰে ৷ চকু পানী তাৰো বৈছিল আৰু তাইৰো বৈছিল ৷ অনুৰ বুকু ভাঙি চিঞৰ ওলাই আহিব খুজিছিল ৷ নাই তাই আৰু এই কষ্ট লৈ তাত ৰৈ থাকিব নোৱাৰে ৷ তাই উঠি দৌৰি বাহিৰলৈ ওলাই গ’ল ৷ পিছে পিছে বাকীকেইটা ৷ সিহঁতৰ আৰু বুজিবলৈ বাকী নাথাকিল কি হৈছে ৷ নিলয় তাইৰ স্কুলীয়া দিনৰ বন্ধু ৷ সি আহি তাইক ঠাপ মাৰি ধৰি ক’লে--

“সি কি কৈছে নিজেই নাজানে ৷ দেউতা-মা আমি সকলোৱে তোমাকেই পৰিয়ালত বাচাৰিছোঁ ৷ এয়া সলনি নহয় ৷ আইতাই তোমাক আঙুঠি পিন্ধাই যাবলৈ কৈছে তাক ৷ আমি তাকেই কৰিম ৷”

   অনুৰ ইতিমধ্যে সি প্ৰথমবাৰলৈ দুমাহৰ বাবে আহি তাইক কলেজ ফাঁকি দিবলৈ বাধ্য কৰি সঘনাই লগ কৰি কৰি আপোন পাহৰা কৰি দিয়া সময়বোৰে বুকুত ভিৰ কৰিছিলহি ৷ সি যাবলৈ ওলোৱাৰ দিনা ৰে’লত উঠাই দি প্লেটফৰ্মত থিয় হৈ থাকোঁতে হোৱা অনুভৱটো পুনৰ অনুৰ হৈছিল সিদিনা  ৷ বৰ কষ্ট উশাহ ল’বলৈ, বৰ কষ্ট থিয় হৈ থাকিবলৈ ৷ ৰে’লখনৰ লোহাৰ চকাবোৰে যেন তাইক পিহি থৈ গৈছে ৷ তাইৰ শৰীৰটো নাই, আত্মাটোৱেহে কষ্টত মৃতপ্ৰায় হৈ পৰিছে যেন আকৌ এবাৰ ৷ তাই যেন পৰি যাব, এই যেন চলন্ত ৰে’লখন বুকুৰ ওপৰেৰে পাৰ হৈ যাব ঝক্ ঝক্ ঝক্ ঝক্ ৷

 তথাপি অনুই নিজকে চম্ভালি দুখত ভাগি পৰিব খোজা মাত এটাৰে ক’লে--

“ময়ো তোমালোককে মোৰ পৰিয়াল বুলি অন্তৰেৰে গ্ৰহণ কৰিছিলোঁ ৷ কিন্তু সকলো সম্পৰ্ক তাৰ পৰাহে জন্ম হোৱা ৷ সিয়েই যদি এই সম্পৰ্কৰ গাঁঠিটো খুলি দিয়ে আমাৰ এই সম্পৰ্ক কেনেকৈ বান্ধ খাই ৰ’ব কোৱা ?”

   তাইৰ কথাত চিম্পী আৰু নিলয়ে কান্দি উঠিল ৷ প্ৰণয় নিমাতে ৰ’ল ৷ সিদিনা শেষ বাৰলৈ অনুৱে তাৰ মুখলৈ চাইছিল, তাইৰ মনত ক্ষোভ নাছিল, আছিল বিশ্বাস ভঙ্গৰ বেদনা ৷ তাৰ সৰু সৰু চকু দুটাৰ বেদনাখিনি তাই তাইক দিয়া ভালপোৱাৰ মূল্য হিচাবে সদায়ে বুকুত কঢ়িয়াই ফুৰিব তাই ৷ কাৰণ জীৱনৰ প্ৰথম প্ৰেম, জীৱনৰ প্ৰথম প্ৰেমৰ আলিঙ্গন, জীৱনৰ প্ৰথম প্ৰেমৰ চুম্বন সকলো তাই তাক দিছিল ৷ নাজানে আন কাৰোবালৈ ব’ব নে তাইৰ সেই আৱেগ ৷ সেই মুহূৰ্তত তাইৰ চৌপাশ শূন্য হৈ পৰিছিল ৷ সি প্ৰথম দিনা তাইৰ গালত হঠাৎ আঁকি দিয়া প্ৰেমৰ মিঠা চুম্বনটোৰ ঠাইখিনিত এটা অসহ্য বিষ, সেই বিষে ক্ৰমে তাইক অৱস কৰি আনিছিল ৷ তাই মেঘাৰ কান্ধত মূৰ থৈ প্ৰায় জ্ঞানশূন্য হৈ মেঘাহঁতৰ ঘৰ পাইছিল ৷

    পিছদিনা তাৰ দেউতাক আহিছিল তাইক লগ কৰিবলৈ ৷ আহি মূৰত হাতখন বুলাই দি কৈছিল--

“জীৱনত তোমাকেই মই মোৰ ডাঙৰ ল’ৰাৰ বোৱাৰী বুলি মানি লৈছোঁ ৷ সি ঘূৰিব চাবা ৷”

   তাই তেখেতৰ আঁঠুতে মূৰটো গুজি প্ৰথম বাৰৰ বাবে হিয়াঢাকুৰী কান্দিছিল ৷ এনে প্ৰেম ভগৱানে কাকো নিদিয়ক, যি প্ৰেমত প্ৰেমিকক হেৰুৱাতকৈও প্ৰেমিকৰ পৰিয়াল হেৰুৱাৰ বেদনা বেছি হৈ পৰে, তাইৰ এয়ে আন্তৰিক কামনা আছিল সিদিনা ৷

   সি যোৱাৰ এবছৰ পিছত খবৰ আহিছিল সি তাৰে স্থায়ী ছোৱালী এজনী বিয়া পাতি স্থায়ী বাসিন্দা হোৱাৰ পথ মুকলি কৰি লৈছে ৷ তাইৰ ভিতৰৰ মানুহজনীয়ে কান্দি উঠিছিল যদিও তাই বাহিৰত শান্ত হৈয়ে সিহঁতৰ ঘৰলৈ গৈ হাঁহি হাঁহি কৈছিল--

“তাক মই বুজিছিলোঁ খুড়া, সি তাৰ আকাংক্ষা পূৰণ কৰিবলৈ সকলো ত্যাগ হেলাৰঙে কৰিব পাৰে ৷ ভালে হ’ল, মই ইয়াৰ বাবে প্ৰস্তুত হৈ পৰিছিলোঁ তাক বিদায় দিয়াৰ দিনা ৷ তাক মই বেয়া পোৱা নাই, অন্ততঃ সি মোক ফাঁকি দিয়া নাই ৷ সি তাৰ মনৰ কথা মোক খুলি কৈ আঁতৰি গৈছিল ৷ মানুহ হিচাপে সি ভাল, সৎ আৰু নিষ্ঠাবান ৷ সুখী হওক সি মোৰ এয়ে শুভকামনা ৷ মাত্ৰ এটাই দুখ থাকি গ’ল, জীৱনত শহুৰ দেউতা বুলি আপোনাকে আপোন কৰি লৈছিলোঁ খুড়া আৰু এইখন ঘৰেই নিজৰ বুলি ভাবি লৈছিলোঁ ৷ আজি ত্যাগ কৰি যাম এই সম্পৰ্ক ৷ এইখন ঘৰলৈ মই আৰু আহিব নোৱাৰিম৷”

    ইয়াৰ পিছত বিয়া নহওঁ বুলিয়েই তাই থাকি গৈছিল তাৰ বিয়াৰ চাৰিবছৰ পিছলৈ ৷ কিন্তু বুকুৰ ভালপোৱা বিলাবলৈ ৰৈ থকা বহুদিনৰ এজনে আহি তাইক পুনৰ টোকৰ দিলে ৷ তাইৰ বাবে অপেক্ষাৰ বহু বছৰ পাৰ কৰা কথাবোৰে তাইক পুনৰ বিশ্বাসৰ ভেটি এটা গঢ়িবলৈ সাহ দিলে ৷ তাৰ বিয়াৰ পিছৰে পৰা খহি পৰা হাতৰ কলমটো তেওঁ সযতনে উঠাই দিলে তাইৰ হাতত ৷ তাই তেওঁৰ লগত বিশ্বাস আৰু সপোনৰ এখন সুখৰ সংসাৰ গঢ়ি তুলিলে য’ত প্ৰণয়ৰ অস্তিত্ব মাত্ৰ এজন প্ৰাক্তন প্ৰেমিকতকৈ বেছি একো নাথাকিল ৷ 

   প্ৰেম আচলতে স্বচ্ছ পানীৰ দৰে, যিটো পাত্ৰত তাক ঢালি দিয়া হয় সি তাৰেই ৰং আৰু আকাৰত হৃদয়ত ফুটি উঠে ৷ বিয়াৰ পিছত তাই দুটা সন্তানৰ মাতৃ হ’ল যদিও, তাই তাক বিয়া আৰু গৰ্ভধাৰণৰ ফটো নিদিলে, কাৰণ তাইক কৰা প্ৰেমৰ প্ৰতাৰণাৰ পিছত তাক তাই শুভকামনা দিব পাৰে, কিন্তু ক্ষমা দিব নোৱাৰে ৷ নিলয় আৰু স্নিগ্ধাৰ বিয়াত সি তাৰ পত্নীক লৈ আহিছিল, সি সগৌৰৱে সেই সকলোখিনি বন্ধুৰ ওচৰত তাইক পত্নী বুলি চিনাকি কৰি দছিল, যিখিনিৰ সন্মুখত সি অনুক ভালপোৱাৰ বাবে আমন্ত্ৰণ কৰি আজীৱন তাৰ কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিছিল ৷ তাই স্নিগ্ধা আৰু নিলয়ৰ বিয়াত উপস্থিত থাকিব নোৱাৰিলে, কাৰণ তাই তাৰ দৰে নাছিল কেতিয়াও আৰু হ’বও নোৱাৰে ৷ তাইৰ বাবে সম্পৰ্ক এটাক দিয়া বিশ্বাস জীয়াই ৰখাটো বহুত গুৰুত্বপূৰ্ণ আৰু তাৰ বাবে এটা সম্পৰ্কক নিজৰ উচ্চাকাংক্ষাৰ লগত তুলনা কৰিব নোৱাৰি ৷ সি আচলতে অতি আধুনিক মনৰ, যিটো তাই হ’ব নোৱাৰে ৷ কিছুমান কথা সিহঁতৰ দৰে নিম্ন মধ্যবিত্ত মানুহৰ বাবেই থাকে আৰু সেইবোৰ হ’ল সততা, বিশ্বাস, ভালপোৱা আদি ৷ প্ৰণয়হঁতৰ দৰে ধনী মানুহৰ বাবে এইবোৰ অৰ্থহীন ৷ সি বৰ সহজভাবেই হেনো তাইৰ খবৰ লৈছিল মেঘাৰ ওচৰত তাৰ পত্নীৰ সন্মুখতে, তাৰ পত্নীয়েও তেওঁৰ স্বামীৰ প্ৰথম পচন্দক চোৱাৰ হেঁপাহ এটা লৈ আহিছিল বুলি জনাইছিলহেঁনো, তাকে শুনি সেই “সহজ“ শব্দটো বৰ কঠিন অনুভৱ হৈছিল তাইৰ, অৱশ্যে মেঘাই তাইক কৈছিল যে তাইৰ সৌন্দৰ্যৰ লগত তাৰ পত্নীৰ তুলনাই নহয় ৷ এই কথাই তাইৰ মনত একো প্ৰতিক্ৰিয়া কৰা নাছিল সুখৰ বা দুখৰ, কাৰণ তাই যিমানেই সৌন্দৰ্যৰ প্ৰতিমা নহওক কিয় তাই সোমাই প্ৰেমৰ খেল খেলি থাকিব খোজা বুকুখনটো তাৰ পত্নীৰেই হ’ল ৷ তাৰ পত্নীয়ে হয়তো নিজৰ লগত তাইক ৰিজাই চোৱাৰ হেঁপাহ কৰিছিল মনে মনে কাৰণ তাইক এৰি সি তেওঁৰ প্ৰেমত পৰিছিল ৷ কিন্তু অনুৰ মনত প্ৰশ্ন হৈছিল সি তেওঁৰ প্ৰেমত পৰিছিল নে তাৰ উচ্চাকাংক্ষাৰ প্ৰেমত পৰি তাইৰ হাত ধৰিছিল তাত থকা ঠাইকণৰ বাবে ! তাই জনা সত্যটো সি জানে, কিন্তু তাৰ পত্নীয়ে নাজানে ৷ সি আচলতে প্ৰেমত পৰা মানুহেই নহয়, সি এজন বিশ্বাসঘাটক ৷ সি তাইকো প্ৰতাৰণা কৰিয়েই আপোন কৰিছে ৷ এনে বিষাক্ত প্ৰেমৰ পৰা তাই মুক্ত হ’বলৈ পালে এয়ে তাইৰ সৌভাগ্য ৷ তাই এতিয়া সেউজীয়া লহপহীয়া এজোপা সুন্দৰ বৃক্ষ হ’ল ৷ তাই জীৱনক খাদ্য দিব পাৰে, বিশুদ্ধ উশাহ দিব পাৰে আৰু দিব পাৰে ছাঁ আৰু তাইক সাৰ পানী যোগোৱাজন তাইৰ আজন্ম প্ৰেমিক তাইৰ স্বামী ৷

   জীৱন কাৰো বাবে ৰৈ নাথাকে ৷ সেয়ে এই জীৱনক উশাহ দিবলৈ প্ৰতিটো মনেই পত্ৰহৰিৎ কঢ়িয়াব লাগিব আৰু ৰ’দ, পানী আৰু বিষাক্ত কাৰ্বন-ডাই-অক্সাইড লৈ সালোকসংশ্লেষণেৰে অক্সিজেন উৎপাদন কৰি জীৱনক জীয়াই ৰাখিব লাগিব ৷ প্ৰেম জীৱনৰ সৰ্বস্ব নহয়, তাৰ মাজত থকা সততা, বিশ্বাস আৰু ইজনৰ প্ৰতি সিজনৰ উৎসৰ্গাহে জীৱনৰ সৰ্বস্ব সমল ৷ এই অনুভৱেৰেই তাই পুষ্ট হৈ লৈ আৰম্ভ কৰিলে তাইৰ নতুন উপন্যাসখনৰ কাম, নাম দিছে যাৰ “পত্ৰহৰিৎ কণা“ ৷


পৃষ্ঠাঃ ৩৬

 কেন্দ্ৰবিন্দু

মমী বৰঠাকুৰ

"জীৱনটো এটা কেন্দ্ৰবিন্দুতেই ঘূৰি থাকিব বুলি আশা কৰাটো আমাৰ ভুল । কেন্দ্ৰবিন্দু একেটাই থাকিলেও পৰিৱেশ ,পৰিস্থিতি সদায় সলনি হৈ থাকে ।"


বাহিৰত এজাক চিপচিপিয়া বৰষুণ ,হাতত তেওঁৰ প্ৰিয় লেখকৰ কিতাপখন , কাষতে মিহিকৈ বাজি আছে এটা সুন্দৰ গান। আস্ কি সুন্দৰ পৰিবেশ ,কিবা যেন সপোন সপোন লগা কথাবোৰ অথচ সদায় বিচাৰি আছিল তেওঁ এনেকুৱা এটা পৰিৱেশ নিস্তদ্ধতা ,নিৰৱতা, নিৰ্ধাৰণ মাজতো তেওঁ কথা পাতিলে একান্ত ভাৱে নিজৰ সৈতে বহুত কথা , অযুত অযুত কথা। অযুত অযুত গোপন কথা যাক কেতিয়াও কাকো কোৱা নহ'লেই কথাবোৰ ভাবি ভাবি নিজেই হাঁহিছে নিজেই আকৌ কান্দিছে ।
     এই গৰাকীয়েই হৈছে নিলাক্ষী দাধৰীয়া বৰুৱা । এসময়ত হাতত সময় নথকা নিলাক্ষীৰ এতিয়া অফুৰন্ত সময় , "কিতাপ এখন তহঁতৰ পৰা পঢ়িব নাপাওঁ " বুলি সদায় আক্ষেপ কৰা নিলাক্ষীৰ এতিয়া সময়ে সময়ে কিতাপ পঢ়াৰ। কিন্তু চকুত বিতচকুযোৰ নহ'লে তেওঁ আজিকালি একোৱেই নেদেখে মানুহেই চিনি নাপাই ক'লা ক'লা আখৰবোৰৰ কথা বহু দূৰৰ । বৃদ্ধাশ্ৰম শুৱনি কৰা নিলাক্ষীৰ মাত্ৰ এসপ্তাহ হৈছে কিন্তু ইমান আপোন হৈ পৰিছে তেওঁৰ বাবে এই বৃদ্ধাশ্ৰমৰ সকলো মানুহ  । জীৱনটো এটা কেন্দ্ৰবিন্দুতেই ঘূৰি থাকিব বুলি আশা কৰাটো আমাৰ ভুল । কেন্দ্ৰবিন্দু একেটাই থাকিলেও পৰিৱেশ ,পৰিস্থিতি সদায় সলনি হৈ থাকে ।
       নিলাক্ষী , ঘৰখনৰ তেওঁৰ পৰিয়ালটোৰ  কেন্দ্ৰবিন্দু আছিল তেওঁৰ স্বামী। তেওঁলোকৰ দুটা ল'ৰা শাহু- শহুৰেৰে ভৰা ঘৰখনত নিলাক্ষী নহ'লে একমিনিটো যেন নহ'ব ঘড়ীটোও যেন স্থবিৰ হৈ পৰিব তেনে হৈছিল। স্বামী নিকুঞ্জ বৰুৱা এটা কোম্পানীত  চাকৰি কৰিছিল , সৰু পৰিয়ালটো চলি আছিল তেনেকৈয়ে অভাৱো নাছিল অজস্ৰ টকা - পইচাও নাছিল। কিন্তু সুখবোৰ সিহঁতৰ চাৰিওকাষে আছিল । জোনাক আৰু আকাশ দুটা ল'ৰা সন্তানে সিহঁতৰ ঘৰখন পোহৰ কৰিছিল ,শাহু - শহুৰৰ প্ৰতি অশেষ শ্ৰদ্ধা আছিল নিলাক্ষীৰ । তেওঁ পঢ়া-শুনাৰ প্ৰতি বহুত আগ্ৰহী আছিল সেয়ে  প্ৰথমেই স্বামী নিকুঞ্জক কৈছিল তেওঁৰ উত্তৰ আছিল 
   : ' মা - দেউতাক সোধা তেওঁলোকৰ যদি একো আপত্তি নাই মোৰো ক'বলগীয়া একো নাই ।
নিলাক্ষীয়ে ভয়ে ভয়ে শাহুৱেকক সুধিছিল ,
: মা মই মোৰ আধৰুৱা পঢ়াখিনি সম্পূৰ্ণ কৰিব বিচাৰোঁ আপুনি কি কয় ? 
: তুমি চোন বোলে এম . এই পাছ , এম. এই পাছ কৰিও অসম্পূৰ্ণ নে তুমি ? 
: অ' মা মোৰ পি. এইচ. দি টো সম্পূৰ্ণ কৰিব মন আছিল কিন্তু দেউতায়ে বিয়া ঠিক কৰি দিলে বাবে নহ'ল আৰু ...
: ‌থোৱা থোৱা যি নহ'ল নাই আৰু একো পঢ়িবলৈ ওলাই যাব নালাগে আৰু ঘৰ - সংসাৰ কৰিছা এতিয়া ঘৰ - সংসাৰ চোৱা ।
   কুমলীয়া অন্তৰখনত প্ৰচণ্ড আঘাত লাগিছিল সেইদিনা নিলাক্ষীৰ ।
   দুবছৰৰ পিছত প্ৰথম সন্তান জোনাক আহিল সিহঁতৰ মাজলৈ। জোনাক অহাৰ ৫ বছৰৰ পিছত আকাশৰ আগমন এনেদৰেই সংসাৰ বাঢ়িল নিলাক্ষীৰ দায়িত্বও বাঢ়ি গৈ থাকিল । দায়িত্বৰ হেঁচাত মাকৰ ঘৰলৈ যাবলৈও সময় নোহোৱা হৈ পৰিল কেতিয়াবা যাব খুজিলেও নানান বাধা ওজৰ আপত্তি । জোনাক আৰু আকাশৰ  পঢ়া-শুনা নিলাক্ষীয়েই চাই সিহঁতৰ লগত বহোঁতেই নিজৰো কিতাপবোৰ লিৰিকি বিদাৰি চাই থাকে তাই কিমান যে হেঁপাহ আছিল পি.এইছ.ডি কৰি এদিন নিজৰ সপোনবোৰ সম্পূৰ্ণ কৰাৰ। কিন্তু বিদ্ৰোহ কৰাৰ ভয় আছিল নোৱাৰিলে তেওঁ সাহসী হ'বলৈ নিশিকিলে বিদ্ৰোহী হ'বলৈ ...।সেয়ে সপোনবোৰৰ সপোন হৈয়ে‌ ৰ'ল ।
 : মা মই সদায় দেখো তুমি এইবোৰ কিতাপ উলিয়াই পঢ়ি থাকা এইবোৰ কি কিতাপনো মা ? আকাশে সুধিলে
: এইবোৰ ডাঙৰ হৈ পঢ়া কিতাপ , তুমি ডাঙৰ হ'লে তুমিও পঢ়িব পাৰিবা দেই । নিলাক্ষীৰ সহজ উত্তৰ
   তেতিয়া অকমানি আকাশটোক এনেকৈয়ে বুজাইছিল তেওঁ আৰু বুজাইছিল নিজৰ মনটোকো।
 জোনাক আৰু আকাশ ডাঙৰ হৈ অসমৰ বাহিৰলৈ পঢ়িবলৈ গুচি গৈছিল ,নিলাক্ষীৰ শাহুৱেক - শহুৰেকৰো মৃত্যু ঘটিছিল। এদিন জোনাক আৰু আকাশে আৰু অসমলৈ ঘূৰি নহাৰ সিদ্ধান্ত শুনাইছিল মাক - দেউতাকক । দেউতাক নিকুঞ্জ তেতিয়াৰ পৰাই বেমাৰী হৈ পৰিছিল এদিন তেৱোঁ এই ইহ সংসাৰ ত্যাগ কৰিলে সকলো কাম - কাজ সুকলমে হৈ গৈছিল। নিলাক্ষীয়ে তেতিয়াই সিদ্ধান্ত লৈছিল তেওঁ বৃদ্ধাশ্ৰমলৈ‌ অহাৰ । কাকো একো নজনোৱাকৈ তেওঁ আশ্ৰয় লৈছেহি এই বৃদ্ধাশ্ৰমখনত। ভাল লাগিছে তেওঁৰ যেন মুকলি মন মুক্ত সকলো
 ইয়াত । নাই কোনো কেন্দ্ৰবিন্দু,
             নাই কোনো বন্দীত্ব।সকলো স্বাধীন ইয়াত, মুক্ত বতাহ , মুক্ত বায়ু ,  মুক্ত মন ।
        নিজৰ এখন সুকীয়া পৃথিৱী, সুকীয়া পৰিচয়, নিজেই নিজৰ কেন্দ্ৰবিন্দু  ।

ঠিকনাঃ
ভেটাপাৰা ( নন্দন পথ )
দূৰভাষ - ৮৩৯৯৯৮৬৬১৭
           

পৃষ্ঠা ৩৭

 মৃত্যুৰ পিছত

তীৰ্থ ডেকা
ৰঙিয়া 
                               

ৰাতিপুৱাৰ ভাতকেইটা পেটত লৈয়ে আৰধনাই মজিয়াখন সাৰি -মচি আনিলে। মদাহী দেউতাকে নিজে লেতেৰাত বুৰ গৈ থাকিলেও খোৱা ঠাইখিনি পৰিস্কাৰ হৈ থকাটো বিচাৰে। নহ'লে আকৌ আৰধনাকে ইয়াৰ বাবে দোষী সাব্যস্ত কৰি চৰম শাস্তি প্ৰদান কৰিবলৈও দেউতাকে কুণ্ঠাবোধ নকৰে। 

        আৰধনাৰ মাক ঢুকোৱাৰ আজি তিনিবছৰ হ'ল। জীৱনত সুখ বুলিবলৈ হয়তো মানুহজনীয়ে একো নাপালে। সুখৰ বাবে তেওঁ সদায় অপেক্ষাৰত আছিল ৷ আৰধনা আছিল মাকৰ জীয়া সপোন। তাইৰ বাবে মাকে অপ্রাপ্তিতো প্রাপ্তি অনুভৱ কৰিছিল। দেউতাকে মাকৰ সততাৰ সুযোগ লৈছিল। সেইগৰাকী সহজ- সৰল নাৰীয়ে স্বামীৰ পৰা নিষ্পাপ সৰলতাৰ আসুৰিক পুৰস্কাৰ লাভ কৰিছিল। কিন্তু আৰধনাৰ মাকে সকলোবোৰ হেলাৰঙে অতিক্ৰম কৰিছিল। মাকে আনৰ ঘৰত কাম -বন কৰি ঘৰখন চলোৱাৰ সমস্ত দায়িত্ব কান্ধ পাতি ল'বলগীয়া হৈছিল। কিনো কৰিব, সুৰাৰ ৰাগিত মাতাল তেওঁৰ স্বামী যে নাচোৰবান্দা। 

        মাকৰ মৃত্যুৰ পিছত আৰধনাই দেউতাকৰ কঠোৰৰ একমাত্ৰ দাবীদাৰ হৈ ৰ'ল । তাই নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিবলৈ ল'লে। দেউতাকৰ কঠোৰতাৰ বলি হৈ ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ ৰ'ল আৰধনাৰ জীয়া সপোনবোৰ । মনৰ সতেজ সেউজীয়াবোৰ ধূসৰ হৈ পৰিল। আশাবোৰ বিবৰ্ণ হোৱাৰ পথত। সাহসবোৰ ভয়াৰ্তৰ গৰ্ভত বিলীন হ'ল। তাইৰ স্মৃতিবোৰো যেন এতিয়া অভিশপ্ত বুৰঞ্জী। 

        দেউতাকৰ অত্যাচাৰৰ পৰা বিচ্ছিন্ন হ'বলৈ, দেউতাকৰ কথামতে আৰধনাই বিয়াত বহিছিল। দৰা অৰ্ণৱ বৰুৱা। এজন সফল ব্যৱসায়ী । আৰধনাই অৰ্ণৱৰ নামৰ ৰঙীন সেন্দূৰ সেওঁতাত আঁকিছিল। কপালত ৰঙা উদিত সূৰুয। দৰা দেউতাকৰ পছন্দৰ আছিল৷ আঢ্যৱন্ত ঘৰত জীয়েকক গতাবলৈ পাই দেউতাক সুখী হোৱা বুলি আৰধনাই অনুভৱ কৰিছিল। কিন্তু তাই নিজৰ মনৰ মানুহজন, তাইৰ জীৱন সংগীজনক দেউতাকৰ দৃষ্টিৰে চোৱা নাছিল। হ'লেও দেউতাকৰ সুখ... যি হয় হ'ব। 

         বিয়াৰ পিছতহে সম্ভ্ৰান্ত ঘৰখনৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছিল। যি সময়ত আৰধনাৰ দেহৰ পৰা মাহ -হালধিৰ গোন্ধ আঁতৰা নাছিল, সেই সময়তে শহুৰেকে যৌতুকক লৈ আৰধনাক থকা - সৰকা কৰিছিল। আৰধনাৰ স্বামী এই ক্ষেত্ৰত নীৰৱ দৰ্শক হৈ ৰৈছিল। অৰ্থাৎ বিয়াৰ পিছতো জীৱন সংগ্ৰাম পূৰ্ণ গতিত চলি আছিল। দেউতাকৰ অবৰ্ণনীয় অত্যাচাৰৰ পৰা অকণমান সকাহ পোৱাৰ যি হাবিয়াস আছিল, সেই হাবিয়াস বিয়াৰ পিছত চেদেলি - ভেদেলি হ'ল। অৰ্ণৱৰো তাইৰ প্রতি আস্থা -বিশ্বাস একোৱেই নাছিল।হয়তো সিহঁতৰ বিয়াখন এখন নাটক আছিল, সমাজৰ চকুত ধূলি দিয়াৰ নাটক, এগৰাকী নাৰীৰ আশা -আকাংক্ষাক লৈ নাটক। 

        বিয়াৰ এবছৰ পিছতো শহুৰেকৰ ঘৰত সহজ হোৱা নাছিল। ঘৰখনৰ মানুহখিনিৰ লগত একাত্ম হ'ব পৰা নাছিল। কিন্তু তাই নিজৰ কৰ্তব্য কৰি গৈছিল, প্ৰতিদিনে। 

        এদিনাখন শহুৰেকে পাকঘৰত পানী গৰম কৰি থাকোঁতে ডিঙিত থকা গামোচাখন অজ্ঞাতে গেছৰ বাৰ্ণাৰত লাগিছিল। মূহূৰ্ততে জুইৰ লেলিহান শিখাই শহুৰেকক আৱৰি ধৰিছিল। শহুৰেকৰ চিঞৰত আৰধনাই পাকঘৰলৈ দৌৰি আহি দেখে যে শহুৰেক জুইৰ মাজত আৱদ্ধ। প্ৰচণ্ড জুইকুৰাই গোটেই পাকঘৰটো পলকতে আৱৰি পেলাইছিল তাই শহুৰেকক বচাবলৈ জুইৰ বাধা ভেদি আগুৱাইছিল। কাষতে থকা ফিল্টাৰটোৰ পানীখিনি পাকঘৰৰ পৰ্দাখনত ঢালি শহুৰেকক পৰ্দাখন মেৰিয়াই দিবলৈ তাই যৎপৰোনাস্তি চেষ্টা কৰিছিল। তাই সফল হৈছিল। কিন্তু শহুৰেকক বচাবলৈ গৈ নিজে কেতিয়ানো জুইৰ শিখাৰ প্রিয়জনী হৈ পৰিল তাই গমেই নাপালে।জুয়ে তাইক চৌদিশৰ পৰা আৱৰি ধৰিছিল। তাইৰ আপদমস্তক জুইৰ কবলত। তাইৰ আশাবোৰ জুইৰ গৰাহত। সেই মূহূৰ্ত্তত তাইৰ জীৱনটো যেন গৰাসহনীয়া খহা দি খহিছিল। নিমিষতে অন্ত পৰিছিল এটি জীৱনৰ, অন্ত পৰিছিল আশা - আকাংক্ষাবোৰৰ, ইতি পৰিছিল সকলোবোৰ কেঁচা সপোন, এক সংগ্ৰামী জীৱনৰ যৱনিকা আছিল এয়া। 

        এয়াই আছিল এগৰাকী নাৰীৰ জীৱন পৰিক্ৰমা। ছোৱালী হোৱাৰ বাবেই পিতৃগৃহত নৰক যন্ত্ৰণা ভোগা ছোৱালীজনীয়ে এবুকু আশা বুকুত বান্ধি.,  সততা, নিষ্ঠা, একাগ্ৰতা আদিক সম্বল লৈ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰিছিল। কিন্তু দুৰ্ভাগ্যই তাইৰ লগ এৰা নাছিল । জীৱনৰ দুখ- কষ্টবোৰ তাইৰ নিত্য সংগী হৈ পৰিছিল। লাহে লাহে ওচৰ চাপিছিল মৃত্যুঘণ্টা। শহুৰেকক জীৱন দি নিজে জুইত জাহ গৈছিল তাই। নুমাই গৈছিল তাইৰ জীৱন বন্তি। 

        চিকিৎসালয়ৰ বিছনাত থকা শহুৰেকৰ আৰধনাক শেষ বাৰলৈ চোৱাৰ হেঁপাহ। যেন কেতিয়াও নেদেখা তেওঁৰ শুভাকাংক্ষী আছিল আৰধনা। আৰধনাৰ মৃত্যুত তাইৰ স্বামীৰ চকু খোল খাইছিল। আৰধনাৰ পূৰ্ণদগ্ধ শৰীৰটোৱে বাৰে বাৰে অৰ্ণৱক আমনি কৰিছিল। ভিতৰি ভিতৰি এক প্ৰচণ্ড মানসিক জ্বলন অনুভৱ কৰিছিল সি। হাততে পাই বাটতে হেৰুৱালে সি তাৰ আৰধনাক। 

         আৰধনাৰ দেউতাকো নিজৰ তনয়াৰ মৃত্যুত বলিয়া হ'ল। যিগৰাকী ছোৱালীয়ে নিজে জুইত জাহ গৈ শহুৰেকক জীৱন দিব পাৰে, সেইগৰাকী ছোৱালীয়ে নিজৰ দেউতাকক কিমান সুখ দিব পাৰিলেহেঁতেন...  এই কথা দেউতাকে আজিহে অনুভৱ কৰিব পাৰিছে। দেউতাকৰ জীৱনৰ সাৰ্থকতা হয়তো আৰধনা আছিল, যি কথা দেউতাকে তাইৰ মৃত্যুৰ পিছতহে হৃদয়ংগম কৰিছিল। 

        আৰধনাৰ জীৱন বুৰঞ্জী আমাৰ প্ৰত্যেকৰে বাবে আদৰ্শ হৈ ৰ'ব। জীয়াই থাকোঁতে অকণমান মৰম আৰু শ্ৰদ্ধা কৰিলে আৰধনাৰ পৰা আৰু বহুতো লাভ কৰিব পাৰিলোঁহেঁতেন ।আপোনালোকে কি ভাৱে?আৰধনাইও ভাবিলে কিজানি --- মৃত্যুৰ পিছতহে মানুহে ভাল গুণবোৰ দেখা পায়।
  

পৃষ্ঠা ৩৮

মহাদান

সাগৰিকা কলিতা

          বিক্ৰম বৰুৱা প্ৰাথমিক স্কুলৰ শিক্ষয়িত্ৰী অনুপমা শইকীয়া এগৰাকী শিক্ষিত আৰু শান্ত মহিলা। স্বামীৰ মৃত্যুৰ পিছত বহু কষ্টৰ মাজেৰে অনুপমাই মানৱক  ডাঙৰ কৰিলে। সময় পাৰ হৈ যোৱাৰ লগতে অনুপমা শইকীয়াই চাকৰি জীৱনৰ পৰা অৱসৰ লয়, আৰু ঘৰতে মানৱৰ লগত দিন পাৰ কৰে, তেনেকৈ কিছু বছৰ পাৰ হৈ গ'ল আৰু এদিন মানৱে উন্নত শিক্ষাৰ বাবে কলিকতালৈ যাব লগা হয়। যদিও মানৱ কলিকতালৈ যোৱা কথা শুনি মাকৰ বেয়া লাগিছিল তথাপি তাৰ ভবিষ্যতৰ কথা ভাবি মাকে তাক বুজাই মেলি যাবলৈ দিয়ে আৰু মানৱ ঘৰৰ পৰা পঢ়িবলৈ কলিকতালৈ যায়।
        সি যোৱাৰ পিছত অনুপমা অকলসৰীয়া হোৱাৰ বাবে তাই এজনী কাম কৰা ছোৱালী ৰাখিছিলে আৰু তাইৰ লগতে দিনবোৰ পাৰ কৰি আছিলে । কিছু বছৰ পাৰ হৈ গ'ল কিন্তু মানৱৰ কোনো খা-খবৰ নাই ।
এদিন হঠাৎ পদুলিত গাৰি এখন দেখি অনুপমাই কোন আহিছে বুলি চাবলৈ আহি দেখিলে গাৰিৰ পৰা অনুপমাৰ ল'ৰা আৰু এজনী অচিনাকি ছোৱালী। অনুপমাই আগুৱাই আহি থৰহৈ চাই থাকোতে ল'ৰা মানৱে মাত লগালে। 
: মা ভালে আছানে ? মই মানৱ মা, আৰু এইয়া প্ৰিয়া তোমাৰ বোৱাৰী। 
    অনুপমাই চকু পানী টুকি অলপ সময় চাই ৰ'ল আৰু তাৰ পিছত মাত লগালে ,
: সোণ তুমি বিয়া পাতি অনিলা কি কম মই কবৰ ভাষা নাই দেউতাৰ নোহোৱাৰ পৰা তোমাক লৈ মোৰ সপোন আছিল আৰু ইমান দিনে মই জীয়াই আছোঁ নে নাই তাকো খবৰ লোৱাৰ তোমাৰ ওচৰত সময় নাই আৰু আজি ইমান বছৰ মূৰত আহিছা তাকো বোৱাৰী লৈ ।
 তেওঁৰ দুচকুৱেদি লোতক বৈ আহিল আৰু কান্দি কান্দি ক'লে। 
: বাৰু যি কৰিলা কৰিলা ন-ছোৱালী আনিছা পদুলিতে থাকিবানে আহাঁ ভিতৰলৈ, বুলি সিহঁতক ঘৰৰ ভিতৰলৈ লৈ যায় আৰু তেনেকৈ কিছু দিন পাৰ হ'ল। কিন্তু দিনবোৰ যোৱাৰ লগে লগে প্ৰিয়াৰ তাত থাকি ভাল নালগা হ'ল তাই অনুভৱ কৰিলে বুঢ়া মাক জনি সিহঁতৰ বাবে যেন এটা বোজা আৰু  প্ৰতিটো দিনে মানৱক  তাৰ মাকৰ বিষয়ে বিভিন্ন কথা কয় আৰু তাইৰ মাকৰ লগত থাকি ভাল নালাগে বুলি তাৰ পৰা আঁতৰি যোৱাৰ কথাও উলিয়ায়। প্ৰিয়াৰ যে মনত গাওঁত থকাকলৈ অশান্তি হৈ আছে সেই কথা অনুপমাই কিছু কিছু বুজি উঠিছিল।তেনেতে এদিন মানৱে মাকক ক'লে 
: মা, মই অফিচৰ কামত কিছু দিনৰ বাবে চহৰলৈ যাম মোৰ লগত প্ৰিয়াও যাব তুমি থাকিব পাৰিবা নহয় ? 
: মই সকলো বুজো গাওঁৰ মানুহ হ'লেও মই এগৰাকী শিক্ষয়িত্ৰী তহঁতে যে মোক তহঁতৰ বাবে বোজা বুলি ভাৱ সেই কথা মই জানো, কিন্তু একো নকওঁ বুজিলি যাগৈ য'ত থাকি তহঁতৰ ভাল লাগে তাতে মোৰ শান্তি ,মাত্ৰ মোৰ মৃত্যু হ'লে এবাৰ আহিবি পুত্ৰ হিচাপে দায়িত্ব পালন কৰিব, পাহৰি নাযাবি তোৰ এগৰাকী মাৰে আছে বুলি। বহু কথাই ওলাল বেয়া নাপাবি মোৰ আশীৰ্বাদ সদায় আছে তহঁত সুখীহৈ থাক। প্ৰিয়া আৰু মানৱ ঘৰৰ পৰা গুচি গ'ল, অনুপমা ভাগি পৰিলে গিৰিয়েকক হেৰুৱাই তাই ইমান দুখ পোৱা নাছিল, যিমান মানৱে তেনেকৈ এৰি যোৱাত পালে। প্ৰতিটো ৰাতি অনুপমাৰ বাবে অন্ধকাৰ হ'ল। তাইৰ দুখবোৰ ৰাতিৰ আন্ধাৰত চকুপানীহৈ ওলাই। কিন্তু সদায় তাইৰ লগত ছাঁহৈ থাকে সেই কাম কৰা ছোৱালীজনী সেইজনী ছোৱালী যি তৃতীয়া শ্ৰেণীলৈ পঢ়ি দৰিদ্ৰতাৰ বাবে আৰু পঢ়িব নোৱাৰিলে বেলেগৰ ঘৰত কাম কৰি বেমাৰী দেউতাকৰ চিকিৎসা কৰাই আছে আৰু অনুপমাৰ দুখত চকু পানী মচিছে। 
         সময় পাৰ হৈ যোৱাৰ লগে লগে বিভিন্ন বেমাৰে অনুপমাৰ লগ নেৰা হ'ল। দিনৰ পিছত দিন তেওঁ বিছনত পাৰ কৰাব লগীয়া হ'ল। তেওঁৰ এনে অৱস্থা দেখি কাম কৰা ছোৱালী ৰিমা আৰু অনুপমাৰ স্কুলৰ ছাত্ৰ হাৰিয়ে তেওঁকলৈ চহৰৰ হস্পিতালতলৈ গ'ল। ডাক্তৰে তেওঁৰ শৰীৰৰ অৱস্থা দেখি তেওঁক তেজৰ প্ৰায়োজন হ'ব বুলি ক'লে আৰু সোনকালে তেজৰ ব্যৱস্থা কৰিব দিলে।সেই সময়তে মানৱ আৰু প্ৰিয়াও সেইখন হস্পিতালত আহিছিল তেওঁলোকে কাম কৰা ছোৱালী ৰিমাক দেখি সুধিলে 
: ৰিমা তই ইয়াত কি কৰিছ, 
: দাদা আজি কিছুদিনৰ পৰা বৰমাৰ গা ভাল নহয় আপোনালোকৰ কথা মনত পেলাই সদায় কান্দি থাকে, আজি বেছি বেয়া হোৱাত মই হৰি দাদৰ লগত বৰমাক ডাক্তৰৰ ওচৰলৈ লৈ আহিছোঁ আৰু এতিয়া তেওঁক তেজৰ প্ৰয়োজন হৈছে। 
     তেজৰ কথা শুনাৰ লগে লগে প্ৰিয়াই যিমান সোনকালে পাৰে তাৰ পৰা যোৱাৰ কথা ভাবিলে। তেনেতে নাৰ্ছ এগৰাকী আহি সুধিলে অনুপমা শইকীয়াক কোনে তেজ দিব। নাৰ্ছৰ কথা শুনি প্ৰিয়াই মানৱক মনে মনে থাকিব দিলে আৰু কোনেও মাত নমতাত ৰিমাই ক'লে বাইদেউ মই আজিৰ পৰা প্ৰায় পাঁচ মাহ মান আগত মোৰ দেউতাক তেজ দিছোঁ যদি মোৰ তেজ দিলে একো অসুবিধা নহয় মোৰ পৰা বৰমাক তেজ দিয়ক । তেতিয়া নাৰ্ছ জনীয়ে ক'লে নাই  নাই একো অসুবিধা নহয়, প্ৰতিজন সুস্থ মানুহে প্ৰতি তিনি মাহৰ মূৰে মূৰে তেজ দান কৰিব পাৰে । তেজ দান মহা দান নাৰ্ছ জনিৰ কথা শুনি ৰিমাই অনুপমাক তেজ দান কৰিলে।অনুপমা সুস্থ হৈ উঠিল তেতিয়া মানৱে অনুপমাক সাৱটি ধৰি কন্দিব ধৰাত অনুপমাই হৃদয়ক কঠোৰ কৰি ক'লে 
: মানৱ‌ তুমি মোৰ ল'ৰা নহয়। লাজ পাওঁ মই তোমাক মোৰ ল'ৰা বুলি ক'বলৈ। তোমাৰ নিচিনা  সন্তান মোৰ গৰ্ভত কেনেকৈ জন্ম ললা। আজিৰ পৰা মই ভাবি লম মোৰ কোনো সন্তান নাছিল।তেনেকৈ কৈ অনুপমাই ৰিমা আৰু হৰিৰ লগত তাৰ পৰা ঘৰলৈ গুচি গ'ল।

ঠিকনাঃ
ফোন:৬০০৩১৪০৬৯৯
জিলা: কামৰূপ
গাওঁ: নগৰবেৰা
ডাক:নগৰবেৰা


পৃষ্ঠা ৩৯
অনুভৱঃ


শাৰীৰিক আকৰ্ষণ প্ৰেম হ'ব নোৱাৰে
  
প্ৰস্তুতি শৰ্মা 
গোলাঘাট বাণিজ্য মহাবিদ্যালয়

প্ৰেম হৃদয়ৰ নিৰ্ভৃতকোণত জন্ম হোৱা স্বতঃস্ফুত অনুভূতি । য'ত অন্তৰ্নিহিত হৈ থাকে মৰম-স্নেহ তথা শ্ৰদ্ধাৰ ভাৱ। শাৰীৰিক আকৰ্ষণ কেতিয়াও প্ৰেম হ'ব নোৱাৰে। ই অৱচেনত মনৰ প্ৰতিক্ৰিয়াহে মাথোঁ। যি এসময়ত প্ৰতিক্ৰিয়াহীন আৰু অৰ্থহীন হৈ পৰে।
             আমি শিশু অৱস্থাৰ পৰাই প্ৰেমত পৰোঁ। শিশু প্ৰথম  প্ৰেম তেওঁৰ মাতৃ। মাতৃৰ অকৃতিম স্নেহত মুগ্ধ শিশুৱে সেই সময়ত মাকৰ বাহিৰে আন একোৱে চিনি নেপায়। লাহে লাহে শিশু এটি প্ৰাপ্তবয়স্ক হৈ আহে যদিও শিশু কালতে পোৱা মৰমৰ মূল তেওঁ আজীৱন পাহৰিব নোৱাৰে। ঠিক সেই দৰে বুজা হৈ অহাৰ পৰা দেউতা, বাই-ভনী, দাদা-ভাইটি, ককা-আইতাকে আদি কৰি পৰিয়ালৰ আন আন লোক সকলৰো আমি প্ৰেমত পৰোঁ। ইয়াৰ উপৰি বন্ধুবৰৰ প্ৰতি আমাৰ যি স্নেহ ভাৱ সিও এক প্ৰকাৰৰ প্ৰেমেই বুলি ক'ব পাৰি।  
         কেতিয়াবা প্ৰকৃতিৰ কিছুমান বস্তুৱে আমাৰ দৃষ্টি আকৰ্ষণ কৰে আৰু আমি ক্ষন্তেক সময়ৰ বাবে মন্ত্ৰ মুগ্ধ হৈ পৰোঁ। ইয়ো প্ৰকৃতাৰ্থত এক প্ৰকাৰৰ প্ৰেমেই নহয় জানো। কিন্তু ইয়াত ভাল লগাৰ বাহিৰে অন্য কিবা অনুভূতি জাগেনে ? নিশ্চয় নেজাগে। 
          এতিয়া আহোঁ মই ক'ব খোজা প্ৰকৃত কথাটোলৈ। সাধাৰণতে দেখা যায় যে সাম্প্ৰতিক সময়ত সময়ৰ অগ্ৰগতিত প্ৰেমৰ সংজ্ঞা সলনি হৈছে। উভয় লিঙ্গৰ মাজৰ যি পাৰস্পৰিক আকৰ্ষণ তাক আমি প্ৰেম আখ্যা দিওঁ। প্ৰকৃতাৰ্থত সি প্ৰেমনে ? দৈনন্দিন জীৱনত ৰাস্তাই ঘাটে, বজাৰে সমাৰে, চিনেমা ঘৰে বাহিৰে, পাৰ্কত, স্কুল কলেজত, বিশ্ব বিদ্যালয়ত, সভা সমিতি ইত্যাদিত আমি লগ পোৱা বহুতো লোকৰ প্ৰতি আমাৰ আকৰ্ষণ জাগিব পাৰে অৰ্থাৎ আমাৰ কাৰোবাক অলপ সময়ৰ বাবে ভাল লাগিব পাৰে। সি বাৰু প্ৰেম হ'ব পাৰেনে ? অৱশ্যে এক প্ৰকাৰে সিও প্ৰেম যদিও ই আমি আলোচনা কৰিব বিচৰা প্ৰেম নহয়। আমি আলোচনা কৰিব বিচাৰো আজীৱন জীৱন সংঙ্গীনি বা যাক লৈ ভৱিষ্যতৰ সপোন ৰচোঁ সেই প্ৰেম। ইয়াক অন্য কথাত ভালপোৱা বুলিও ক'ব পাৰি। কোৱা হয় প্ৰথম প্ৰেমৰ মাদকতাক আজীৱন পাহৰিব নোৱাৰি। তেন্তে ই কেনে প্ৰেম ? এই প্ৰেমেই হৈছে স্বৰ্গীয় অনুভূতি। যি হঠাৎ কোনো স্থানত হৃদয়ত উৎপন্ন হৈ আজীৱন থাকি যায়। তেন্তে প্ৰেম মানে দৈহিক সম্পৰ্ক কেনেকৈ হ'ল ? যাৰ বাবে আজি প্ৰতিনিয়ত বহু প্ৰেমিক যুগল তিৰস্কাৰ সন্মুখিন হয়‌। প্ৰকৃতাৰ্থত দৈহিক সম্পৰ্ক স্থাপন কেতিয়াও প্ৰেম হ'বই নোৱাৰে ই আমাৰ অৱচেনত মনৰ এক অৱদমনীয় আকৰ্ষণ হে মাথোঁ। যাক আমি ইচ্ছা কৰিলে বিবেকেৰে পৰাস্ত কৰিব পাৰো আৰু যদি তাৰ ওচৰত দুৰ্বল হওঁ তেন্তে আমি পৰাজয় স্বীকাৰ কৰোঁ।
           আপুনি আপোনাৰ প্ৰেয়সীক বহুত ভাল পায় । বহুত মৰম কৰে । তেওঁৰ মৰমবোৰ তেওঁৰ অভিমানবোৰ আপুনি ভগাই ল'বলৈ চেষ্টা কৰে । তেওঁ আপোনাৰ ভালপোৱা । তেওঁ সদায় কাষত থকাটো‌ বিচাৰে । কিন্তু বৰ্তমান সময়ত প্ৰেমে বেলেগ এটা দিশে গতি কৰা দেখা গৈছে‌ । প্ৰেমৰ পৰিণতি ভয়ংকৰ হৈ পৰিছে । প্ৰেম গতি কৰিছে শাৰীৰিক সম্পৰ্ক লৈ । ফলত এই সম্পৰ্কই মৃত্যুৰ পৰ্যায় পোৱা দেখিবলৈ পোৱা যায়। 
       প্ৰেম কৰক। প্ৰেমক সন্মান জনাওক । ভালপোৱাক স্বীকৃতি দিয়ক । শাৰীৰিক ভাৱে নহ‌য় হৃদয়েৰে প্ৰেম কৰক। তেহে প্ৰেমৰ মৰ্যদা অক্ষুণ্ণ থাকিব। অন্যথা সমাজৰ এচাম লোকৰ চকুত প্ৰেম সদায় নিন্দনীয় হৈ থাকিব।


পৃষ্ঠা ৪০
শেষ পৃষ্ঠাৰ লেখাঃ

 ৰাজনীতিত ধৰ্মৰ প্ৰভাৱ কিমান গ্ৰহণযোগ্য ?

              ধৰ্ম আৰু ৰাজনীতি দুয়োটা গুণগত মানদণ্ডৰ ভিত্তিত দুটা সুকীয়া বিষয়। দুয়োটাৰে কৰ্মক্ষেত্ৰ সুকীয়া সুকীয়া, বৈশিষ্ট্য সুকীয়া, গতি পথ সুকীয়া। তথাপিও যেন আমি জোৰ কৰি মিলাব খোজো এটাৰ লগত আনটোক। নহ'লেনো ভাৰতীয় ৰাজনীতিত ধৰ্মই শ্ৰেষ্ঠ আসন পাইনে ! 
            ভাৰতৰ স্বাধীনোত্তৰ কালৰ পৰাই ৰাজনীতিত ধৰ্মক আগস্থান দি অহা হৈছে। যেন এই ধৰ্মক বাদ দি ভাৰতৰ ৰাজনীতিয়ে কেতিয়াও পূৰ্ণতা নেপাবই। এই ধৰ্মীয় ৰাজনীতিৰ বাহিৰে যেন ভাৰতৰ দৰে উন্নয়নশীল দেশত আন কোনো ধৰণৰ মুদ্দা নায়েই। যদিও বহু সময়ত ভাৰতৰ ৰাজনীতিত বিকাশ এটা প্ৰধান মুদ্দা হৈ থিয় দিয়ে, কিন্তু পিছ মুহূৰ্ততে ই গৌণ হৈ পৰে আৰু মূৰ দাঙি উঠে ধৰ্মীয় ৰাজনীতিয়ে। বহুতো উত্থান পতনৰ মাজেৰে গতি কৰা ভাৰতৰ ৰাজনীতিয়ে এৰিব বিচাৰিলেও যেন এৰিব নোৱাৰে ধৰ্মৰ তৰ্জুনি আঙুলিটো। 
                আমাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে ধৰ্ম আৰু ৰাজনীতিৰ মাজত সোমাই জনসাধাৰণে কিমান জিয়াতু ভোগীছে। ভাৰতবৰ্ষ দ্বিখণ্ডিত হোৱাৰ পৰা সম্প্ৰতি হিজাবলৈকে দেশৰ ৰাজনীতিত খুপনি পোতা এই ধৰ্মীয় বিষয় সমূহক আমি এৰি চলাৰ কোনো উপায় নাই নে ? অলপ দকৈ ভাৱি চালে আমি খুব সহজেই এই বিষয়টোৰ পৰা আঁতৰি অহাৰ বাট বিচাৰি পাম। আচলতে ৰাজনৈতিক দল সংগঠন সমূহে বিষয়বস্তু যিয়ে নানক নিৰ্ভৰ কৰে আমি তাক কেনেদৰে গ্ৰহণ কৰিছো। দেশৰ অন্যান্য বিষয় সমূহক গুৰুত্ব সহকাৰে লৈ ধৰ্মীয় বিষয়টোক যদি আমি একাষৰীয়াকৈ থওঁ তেন্তে নিশ্চয় ৰাজনীতিত ধৰ্মীয়বাদে ঠাই নেপাব। কিন্তু তাকে নকৰি আমি বিষয়টোৰ গভীৰতালৈ সোমাই গৈ থাকো বাবে ই ৰাজনীতিৰো বিষয়বস্তু হৈ পৰে।
          এনে নহয় যে দেশ এখনত ধৰ্মীয় সমস্যা নেথাকিব। এই সমস্যা সমূহ থকাটো তেনেই স্বাভাবিক। কিন্তু এইখিনিতে এষাৰ কথা নক'লেও ভুল হ'ব যে ভাৰতবৰ্ষৰ দৰে ধৰ্মনিৰপেক্ষ দেশ এখনত ধৰ্মকলৈ ইমান হৈ চৈ হোৱাটো উচিত নহয়। তথাপিও যি দুই এটা সমস্যাই মূৰ দাঙি উঠে তাক ৰাজনীতিলৈ নেটানি আইনগত ভাৱে সামাধান কৰাটোতে দেশৰ মংগল।
           বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ আগবাঢ়ি যোৱা উন্নয়নশীল ভাৰতবৰ্ষৰ অনাগত দিনৰ ৰাজনীতিৰ মূল বিষয় বস্তু হওক জনসাধাৰণৰ কল্যান আৰু অৰ্থনৈতিক বিকাশ। এইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আমি সাধাৰণ জনতাই বিষয়টোৰ ওপৰত গুৰুত্ব দিম। আমি সাধাৰণ জনাতাই হিজাব, মন্দিৰ, মজ্জিদ, গেৰুৱা বসন আদিত লাগি থাকিলে দেশৰ ৰাজনীতিও তাতেই সীমাবদ্ধ থাকিব। আমি বৈচিত্ৰৰ মাজত ঐক্যতাৰে গঢ়ি তুলিছোঁ ভাৰতীয় সংস্কৃতি। গতিকে সেই দৃষ্টি ভঙ্গীৰেই ভাতৃত্ববোধেৰে দেশৰ প্ৰগতিত অৰিহনা যোগাই আহক ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰোঁ।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন


পৃষ্ঠা ৪১


Post a Comment

0 Comments