পৃষ্ঠাঃ ২
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ
নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
6000709096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 ফেব্ৰুৱাৰী 2022.
উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।
ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।
পৃষ্ঠাঃ ৩
বিশেষ সংবাদ
সমগ্ৰ শিক্ষা, কামৰূপৰ পঠন দক্ষতা বৃদ্ধিৰ অন্যতম কাৰ্যসূচী "পঢ়ক আৰু পঢ়ুৱাওক" পঠন অভিযানৰ সংযোজনত আয়োজিত হাতেলিখা আলোচনী প্ৰতিযোগিতাত মজলীয়া শাখা'ত প্ৰথম স্থান অধিকাৰ কৰে বঙৰা পাছনীয়া পাৰা মজলীয়া বিদ্যাল়ৰ ‘ৰেঙণি’ আলোচনীখনে । এই বিদ্যালয়ৰ পৰিচালনা সমিতি'কে ধৰি শিক্ষক- শিক্ষয়িত্ৰী তথা ছাত্ৰ- ছাত্ৰীৰ সহযোগত প্ৰকাশিত আলোচনীখনৰ সম্পাদনাৰ দায়িত্বত থাকে বিদ্যালয়ৰ সহ:শিক্ষয়িত্ৰী চন্দনা হীৰা ( এম. এ. ,বি.এড্)। এই প্ৰতিযোগিতাত প্ৰাইমাৰী শাখাৰ পৰা উচ্চতৰ মাধ্যমিক শাখালৈ মুঠ ১,২৫১খন বিদ্যালয়ে অংশগ্ৰহণ কৰে,আৰু ২৫/০১/২০২২ ইং তাৰিখে বিশিষ্ট শিক্ষাবিদ তথা ব্যক্তিসকলৰ উপস্থিতিত জিলাবিষয়াৰ কাৰ্যালয়ত ১২৫১খন আলোচনী একেলগে উন্মোচন কৰা হয়। এই হাতেলিখা আলোচনীৰ একমাত্ৰ উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰী সকলৰ পঠনৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সুপ্ত হৈ থকা সাহিত্যধৰ্মী প্ৰতিভা সমূহ বিকাশ কৰা। উল্লেখ্য যে চন্দনা হীৰা অঙ্গন আলোচনীৰো প্ৰায় নিয়মীয়া লেখিকা। এই ছেগতে তেখেতৰ এই সাফল্যৰ বাবে অঙ্গন আলোচনীৰ তৰফৰ পৰা তেখেতলৈ বিশেষভাবে অভিনন্দন জ্ঞাপন কৰা হ'ল।
সমাদনা সমিতি
অঙ্গন
পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-১০
পৰিচয় শিতান: ১১
ধাৰাবাহিক : পৃষ্ঠা ১২
অণুগল্প : পৃষ্ঠা ১৩-১৫
এক মিনিটৰ গল্প : পৃষ্ঠা ১৬-১৭
অনুবাদ কবিতা : পৃষ্ঠা ১৮-১৯
কবিতা : পৃষ্ঠা ২০-৩২
নীলা খামৰ চিঠি : পৃষ্ঠা ৩৩
শিশু বিশেষ :৩৪
গল্প : পৃষ্ঠা ৩৫-৩৭
ভেলেণ্টাইন বিশেষ : পৃষ্ঠা ৩৮
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৩৯
পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com
আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।
পৃষ্ঠা ৬
সম্পাদকীয়ঃ
মোবাইল ফোনৰ ব্যৱহাৰ
সাম্প্ৰতিক সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আটাইতকৈ জনপ্ৰিয় যন্ত্ৰটো কি বুলি যদি কোনোবাই প্ৰশ্ন কৰে, তেন্তে একেষাৰেই ইয়াৰ উত্তৰ মোবাইল বুলি ক'ব পাৰি। মাত্ৰ কেইটামান বছৰ আগলৈকে যদি আমি উভতি যাওঁ তেন্তে দেখিবলৈ পাম যে সেই সময়ত মানুহে কেৱল কথা পাতিবলৈহে মোবাইল ফোনটো ব্যৱহাৰ কৰিছিল। তেতিয়াও ফটো তুলিবলৈ কেমেৰা, গান শুনিবলৈ টেপ ৰেকৰ্ডাৰ, ৰেডিঅ, চিনেমা চাবলৈ চিডি প্লেয়াৰ, ৰিচাৰ্জ কৰিবলৈ ৰিচাৰ্জ পইন্টবোৰ আছিল। কিন্তু আচৰিত ধৰণে মোবাইল ফোনৰ লগত ইন্টাৰনেটৰ সংযোগ ঘটাৰ লগে লগে সকলোবোৰ ওলট-পালট হৈ গ'ল। দোকানত কেমেৰাৰ বিক্ৰী কমি গল, আগতে গান শুনিবলৈ ব্যৱহাৰ কৰা কেছেটবোৰৰ মৃত্যু হ'ল, চিডি প্লেয়াৰ, চিডি আদি নাইকীয়া হ'ল, কথা পাতিবলৈ ব্যৱহাৰ কৰা পিচিঅবোৰ নাইকীয়া হ'ল, ৰিচাৰ্জ পইন্টবোৰ নাইকীয়া হ'ল, ইন্টাৰনেট কেফেবোৰৰো মৃতপ্ৰায় অৱস্থা হ'ল। আমি সকলোৱে ইয়াক সময়ৰ আহ্বান বুলি মানি লোৱাৰ বাদে বিকল্প বিচাৰি নাপালোঁ। তাতোকৈ আচৰিত কথা যে একমাত্ৰ মোবাইল ফোনটোৰ বাবেই এতিয়া নোটৰ প্ৰচলনো প্ৰায় অচল হৈ পৰিল। কোনোবাই কিবা ক্ৰয় কৰিব বিচাৰিলে, আনকি পাচলিৰ দোকনতো আজিকালি আপুনি কিউ-আৰ কোড ব্যৱহাৰ কৰি পইচা দোকানীলৈ পঠিয়াব পৰা হ'ল। এয়া মানৱ জাতিৰ বাবে শুভ লক্ষণ নে অশুভ লক্ষণ সেয়া বিচাৰৰ দায়িত্ব পাঠকলৈ এৰিলোঁ।
এতিয়া আহিছোঁ অন্য এটি প্ৰসংগলৈ। অংকুৰণ প্ৰকাশনৰ বিভিন্ন কামত আমি প্ৰায়েই অসমৰ বিভিন্ন স্থানলৈ অহা-যোৱা কৰিবলগীয়া হয়। এই যাত্ৰাকালীন সময়ছোৱাত লক্ষ্য কৰা এটা অভিজ্ঞতা আজি আপোনালোকক জনাব বিচাৰোঁ। আমি নিশ্চিতঃ যে এনে অভিজ্ঞতা আপোনালোকৰো হৈছে। কেতিয়াবা বাছত যাত্ৰা কৰোঁতে, ফেৰীত অহা-যোৱা কৰোঁতে, বাছষ্টেণ্ডত গাড়ীৰ বাবে নাইবা ৰেলষ্টেশ্বনত ট্ৰেইনৰ বাবে অপেক্ষা কৰোঁতে অথবা কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ মিটিং আদিত প্ৰায়ে দেখা যায় যে তাত উপস্থিত থকা প্ৰায় আশী শতাংশ মানুহেই মোবাইল ফোনটোৰ লগত একাত্ম হৈ থাকে। তেখেতসকলৰ মুখমণ্ডলত এনে এটি ভাবৰ প্ৰকাশ ঘটে যেন তেখেতসকলে কিবা গৱেষণাৰ কামতহে নিমজ্জিত হৈ আছে। গতিকে কাষত থাকিলেও কেতিয়াবা তেখেতসকলক মাতষাৰ দিবলৈ ভয় লাগে। আনহাতে ৰাজহুৱা স্থানসমূহত আকৌ কেতিয়াবা একাংশ লোকে ইমান উচ্চ স্বৰত ভিডিঅ', গীত আদি বজায় যিটোৱে আনক বৰ কষ্ট দিয়ে। কিয়নো কোনজন লোকে কি সমস্যাত ভুগি আছে সেয়া কাৰোবাৰ মুখলৈ চাই ধৰিব পৰা নাযায়।
ভাবিলে আচৰিত লাগে যে আজিৰ পৰা মাত্ৰ কেইটামান বছৰ আগতে মানুহে যাত্ৰা কৰিলে লগত এখন কিতাপ লৈ গৈছিল। কিতাপ পঢ়াৰ মাজতে তেওঁলোকে আন যাত্ৰীৰ লগত দুই চাৰিটা কথা পাতি গৈছিল, কাষত থকা কণমানি ল'ৰা-ছোৱালীবোৰৰ লগত ধেমেলীয়া কথা পাতি সময় অতিবাহিত কৰিছিল। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইসমূহলৈ গ'লে একাত্ম হৈ সেই সৌন্দৰ্য উপভোগ কৰিছিল। আজিকালি প্ৰায় সকলোৱে মোবাইল ফোনটোৰ লগত এনেদৰে ব্যস্ত হৈ পৰে যাৰ ফলত তেওঁলোক বাহ্যিক পৃথিৱীখনৰ পৰা বিচ্ছিন্ন হৈ পৰে।
প্ৰকৃতাৰ্থত এইবোৰ কোনো নতুন কথা নহয়। সকলোৱে দেখি থকা, শুনি থকা কথা। গতিকে বিচাৰ বিবেচনা কৰা দায়িত্ব আমাৰ সকলোৰে। আজিকালি গৰিষ্ঠসংখ্যক লোকেই যিধৰণে সামাজিক মাধ্যমত সময় অতিবাহিত কৰে তাৰ ফলত আমি বাস্তৱ জীৱনত কিদৰে প্ৰভাৱান্বিত হৈছোঁ এয়া ভাবি চোৱাৰ সময় সমাগত। নিতৌ যদি কোনো এজন লোকে ২ ঘন্টাকৈও সামাজিক মাধ্যমত সময় অতিবাহিত কৰিছে তেন্তে মাহেকত হয়গৈ ৬০ ঘন্টা আৰু বছৰেকত ৭৩০ ঘন্টা। এই ৭৩০ ঘন্টা সময় পৰিকল্পিতভাবে খৰচ কৰিব পাৰিলে নিশ্চয়কৈ আমি জীৱনৰ বাটত বহুদূৰ আগুৱাই যাব পাৰিম।
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861
পৃষ্ঠা ৭
প্ৰৱন্ধঃ
মহাকবি কালিদাসৰ ৰচনাৱলীৰ চমূ আভাস
বীৰেশ্বৰ ৰাভা, গোৱালপাৰা
খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীৰ পৰা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ মাজভাগত মহাকবি কালিদাসৰ জন্ম হোৱাৰ কথা বিভিন্ন পণ্ডিতে মতপোষণ কৰিছে। বহু পণ্ডিতৰ মতে উজ্জ্বয়িনীৰ মহাগুণী, বিদ্যোৎসাহী নৱৰত্ন পণ্ডিত সকলৰ ভিতৰত মহাৰাজ বিক্ৰমাদিত্যৰ ৰাজসভাৰ প্ৰধান পণ্ডিত হ'ল কালিদাস। এইজনা পণ্ডিত আছিল প্ৰাচীন ভাৰতৰ এজন বিখ্যাত কবি আৰু নাট্যকাৰ। এওঁৰ নামত বহু পুথি পোৱা যায়, যদিও বহু পণ্ডিতে তেওঁৰ পুথি সমূহৰ ভিতৰত মাত্ৰ ছখন বুলিহে অনুমান কৰিছে। আৰু একমত সিদ্ধান্তত উপনীত হৈ এই পুথিকেইখনৰ পাণ্ডিত্য আৰু বিশালতাৰ তুলনাত পুথিবোৰ সমকক্ষী পৰ্যায়ৰ নহয় বাবে এওঁৰ পুথিত নধৰে।
সি যি কি নহওক, এইজনা পণ্ডিতৰ তিনিখন নাট্য পুথিয়ে বিশ্বসাহিত্যক জিলিকাই ৰাখিবলৈ সক্ষম হৈছে। সেই নাট্য পুথি কেইখন হ'ল অভিজ্ঞানম-শকুন্তলম, বিক্ৰমোবৰ্শীয়ম আৰু মালবিকাগ্নিমিত্ৰম। একেদৰে- ৰঘুবংশম, কুমাৰ সম্ভৱম আৰু মেঘদূত হ'ল এওঁৰ বিখ্যাত কাব্যগ্ৰন্থ। এই তিনিখন কাব্যগ্ৰন্থই বিশ্বসাহিত্যৰ ৰূপ, ৰস অলংকাৰ আদিৰ মনোগ্ৰাহী তত্ত্বই বিশ্বৰ মহান পণ্ডিত সকলক মুগ্ধ কৰি ৰাখিছে। আনহাতে, "কালিদাস্য সৰ্বস্বভিজ্ঞান শকুন্তলম" নামৰ নাটকখন বিশ্বসাহিত্যৰ এক উৎকৃষ্ট নাটক। নাট্যকাৰে স্বকীয় প্ৰতিভা আৰু পাণ্ডিত্য গুণৰ বলেৰে মহাভাৰতৰ "দুষ্মন্ত" আৰু "শকুন্তলা"ৰ ঘটনাক অধিক মনোগ্ৰাহীকৈ দুয়োৰে প্ৰেম কাহিনীক অমৰ কৰি ৰাখিবলৈ সক্ষম হৈছে। এই নাটকখন তেওঁ ছটা অংকত শেষ কৰিছে। যেনে-দুষ্মন্ত আৰু শকুন্তলাৰ সাক্ষাৎ, ৰজা আৰু বিদুষকৰ মাজত বাৰ্তালাপ, দুষ্মন্ত--শকুন্তলাৰ মিলন, শকুন্তলা প্ৰত্যাখ্যান, শকুন্তলাৰ সৈতে ৰজা দুষ্মন্তৰ পুনৰ মিলন দেখুৱাইছে। পৃথিৱীৰ সকলো ভাষাতে এই অমৃতময় নাটকখনৰ অনুবাদ হৈছে।
জাৰ্মান কবি "Goeth"এ শকুন্তলা নাটক খনৰ ইংৰাজী অনুবাদ পঢ়ি মুগ্ধ হৈ কৈছে--"যদি কোনোবাই বসন্ত কালৰ ফুল, শৰত কালৰ ফল আৰু যদি প্ৰীতিকৰ প্ৰফুল্লদায়ক বস্তুলৈ অভিলাস কৰে আৰু যদি কোনোবাই স্বৰ্গ আৰু মৰ্ত্যৰ সৌন্দৰ্য ৰাশিক একেলগে পাবলৈ ইচ্ছা কৰে, তেনেহ'লে তেওঁ "অভিজ্ঞানম শকুন্তলম" পঢ়ক।"
"বিক্ৰমোবৰ্শীয়ম" নাটখন হ'ল তেওঁৰ এখন অপূৰ্ব নাটক। য'ত আছে মৰ্ত্যৰ ৰজা পুৰুৰবা আৰু স্বৰ্গৰ অপ্সৰা "উৰ্বশী"ৰ মিলনৰ অপূৰ্ব কাহিনীৰ সৃষ্টি। যি নাটক পাঁচটা অংকত সমাপ্ত কৰা হৈছে। তদুপৰি "মালবিকাগ্নিমিত্ৰ"ও এওঁৰ অন্য এখন অনুপ সৃষ্টি। যিখন নাটকত মূল কাহিনী ৰূপে ৰজা"অগ্নিমিত্ৰ"ৰ ৰাজনন্দিনী "মালবিকা"ৰ প্ৰেম-ভালপোৱাৰ পাতনি প্ৰকাশ আৰু মিলনক সামৰি লোৱা হৈছে।
কাব্যৰ ক্ষেত্ৰত "ৰঘুবংশ'' হ'ল তেওঁৰ এখন সৰ্বশ্ৰেষ্ঠ নাটক। যিখন নাটকত মূঠ ঊনৈশটাকৈ স্বৰ্গৰ কথা উল্লেখ পোৱা যায়। ইক্ষাকু বংশৰ ৰজা "দিলীপ"ৰ পৰা আৰম্ভ কৰি এই বংশৰ ৰজা সকলৰ জীৱনী আৰু ৰামচন্দ্ৰৰ বিশদ বিৱৰণেই নাটকৰ প্ৰধান বিষয় বস্তু। নাট্যকাৰে এই নাটকত মানৱ জীৱনৰ আদি কালৰ কৰ্তব্য, ডেকা কালৰ কৰ্তব্য আৰু বৃদ্ধ কালৰ কৰ্তব্যৰ কথা কাহিনীৰ মাধ্যমেৰে সুন্দৰকৈ বৰ্ণাই বাস্তৱ ধৰ্মী কৰি তুলিবলৈ সক্ষম হৈছে।
ৰঘুবংশৰ দৰে "কুমাৰ সম্ভৱ" নাটকখনো তেওঁৰ এখন বিখ্যাত নাটক। এই নাটকৰ মূল কাহিনী ভাগ হ'ল, স্বামীৰ নিন্দা শুনি সতীয়ে দেহ ত্যাগ কৰি আৰু যোগৰ বলেৰে গিৰিৰাজৰ গৃহত "উমা" নামেৰে জন্মগ্ৰহণ কৰি মহাদেৱক পাবলৈ কঠোৰ তপস্যা কৰা, দেৱতাসকলৰ অনুৰোধ মৰ্মে কামদেৱ সন্তুষ্ট হৈ পুনৰ জন্ম লাভ কৰা কাহিনী আদি। কিন্তু কালিদাসে এই কাহিনী সমূহ "শিৱপুৰাণ"ৰ পৰা লোৱা বুলি বহু পণ্ডিতে মতপোষণ কৰে।
"মেঘদূত" হ'ল কালিদাসৰ আন কাব্য সমূহৰ ভিতৰত আন এখন বিখ্যাত কাব্য। যিখন কাব্যৰ কাহিনী সমূহ তেওঁ ৰামায়ণৰ আধাৰত ৰচনা কৰিছে। এই কাব্য বা নাটকখনৰ কাহিনী ভাগ হ'ল এনেধৰণৰ---
"নৱপৰিণতিত যক্ষ নিৰ্বাপিত হৈ ৰামগিৰি পৰ্বতত বাস কৰে। এওঁৰ প্ৰিয়তমা পত্নী সুদূৰ কৈলাসত থাকে। যক্ষই প্ৰিয়তমাৰ কোনো খবৰ নাপাই বিহ্বল হৈ পৰে। বিৰহ-বেদনাত যক্ষ নিৰ্বাসিনী প্ৰিয়তমাৰ চিন্তাত ব্যাকুল হৈ উঠে। এনেতে দেখে যে উত্তৰ মুখে মেঘমালা উৰি যাবলৈ ধৰিছে। যক্ষই মেঘমালাকে প্ৰিয়তমাৰ বাবে দূত হিচাপে পঠিয়াবলৈ ইচ্ছা কৰে। সেয়ে যক্ষই মেঘমালাক অকাতৰে নিজৰ মানৰ সকলো দুখৰ কথা বৰ্ণাই ক'বলৈ ধৰিলে। অলকা পুৰীলৈ যাওঁতে কোন ঠাইৰ পৰা কেনেকৈ যাব লাগে, ক'ত ৰ'ব লাগে ইত্যাদি পথৰ বাতৰি আৰু বৰ্ণনা সুন্দৰ ৰূপত এক হৃদয়বিদাৰক মৰ্মস্পৰ্শী প্ৰাণৰ বেদনা। পুৰ্ব মেঘ আৰু উত্তৰ মেঘ হিচাপে মেঘদূত কাব্য দুই ভাগত বিভক্ত।
এনেধৰণৰ বিখ্যাত ৰচনাৰাজিৰে তেওঁ ভাৰতীয় সাহিত্য-সংস্কৃতিৰ বৰভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত এক মহান অৱদান আগবঢ়াই থৈ যায়। তেখেতৰ এই মহান অৱদানক কেতিয়াও পাহৰিব নোৱাৰোঁ।
পৃষ্ঠা ৮
অভিভাৱকসকল সচেতন হওক
ৰিণ্টু টায়ে
ভুলটো সামান্য । হয়তো এই ধৰণৰ এশ এটা ভুল আমাৰ চকুৰ পৰা হাত সাৰি যায়।
আমি মনোযোগ দিয়া নাই অথবা মনোযোগ
দিবলৈ বিষয়টো আমাৰ বাবে গুৰুত্ব পূৰ্ণ হৈ উঠা নাই।
এইয়া ধৰাহওক , সন্ধিয়া আপুনি দামী মটৰ বাইকত চহৰৰ কোনোবা দোকানত
বস্তু কিনিবলৈ আহিল। খৰ খেদাকৈ দোকানলৈ সোমাই যাওঁতে বাইকতে চাৱিটো এৰি থৈ অহাৰ প্ৰৱণতা থাকিব পাৰে। তেতিয়া অঘটন হ'ব পাৰে আপোনাৰ
লাখ টকীয়া বাইক লৈ কোনোবাই হঠাৎ উধাও হ'ব পাৰে। গতিকে আপুনি এইধৰণৰ ভুল কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰি আহিছে।
কেতিয়াবা আপোনাৰ বাইক কিম্বা গাড়ীখন বন্ধুত্বৰ খাতিৰত কাৰোবাক দিলেও গাড়ীখন ঘূৰি নহালৈকে আপোনাৰ টোপনি নাহে , নানা ধৰণৰ দুচিন্তাই আপোনাৰ টোপনি সৰে। কাৰণ
আপুনি জানে এই সম্পদবোৰ বিপদৰ সংগী। আপোনাক সুখ দিব পাৰে, কষ্ট লাঘৱ কৰাব পাৰে। যাৰ পেটত সোমাই ৰ'দ বৰষুণ নেওচি গন্তব্য স্থানলৈ অহা যোৱাত
সুবিধা হৈছে । অথবা হাকিম/ বচ জনৰ গালি শপনি নোখোৱাকৈ যথা সময়ত নিৰাপদে অফিছলৈ যাব পাৰিছে।
গাড়ীৰ অনুপস্থিতিত দুজনীয়া যাত্ৰীৰ বোজা কম খৰছতে ঘোঁৰাতকৈ বেগী আৰামত বহনক্ষম বাহনে হ'ল বাইক। বাইকখনৰ উপযোগিতা প্ৰেমিক প্ৰেমিকাৰ বাবে অলপ বেলেগ আমেজ ভৰা!
গতিকে আপুনি গাড়ীৰ চাৱিকাঠি বিশ্বাসী তথা অভিজ্ঞ চালকৰ বাদে অপৰিচিত অনভিজ্ঞ লোকৰ হাতত ভুলতো তুলি নিদিয়ে।
অভিভাৱক হিচাপে আপোনাৰ শিশুটিৰ মূল্য আপোনাৰ দামী গাড়ী খনতকৈ কিমান গুণ বেছি ? হয়তো আপুনি ভাৱিছে কি মূৰ্খৰ দৰে প্ৰশ্ন কৰিছে ? গাড়ীৰ লগত নিজৰ সন্তানৰ তুলনা হয় নে কি ?
অ' আপুনি ঠিকেই ভাৱিছে । কদাপি তুলনা নহয়। এতিয়া প্ৰশ্ন হয় আপোনাৰ শিশুটিয়ে পূৰ্ব নিৰ্দিষ্ট গন্তব্যস্থান পাবলৈ শিশুটিৰ চাবি কাঠি আপুনি কাক অপৰ্ণ কৰিব ?
সৰল উত্তৰ শিক্ষকৰ হাতত ।
শিক্ষক জন বিদ্যালয়ত কেঁচামালৰ দৰে
শিশুবোৰক মানুহ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আহিছে । শিক্ষক সকলৰ এই কামৰ প্ৰতি কাহানিও মোহ ভঙ্গ হোৱা নাই। তাত অকণো সন্দেহ নাই ।
তথাপি গাড়ীৰ গেৰেজত আপোনাৰ গাড়ী ফিটনেছ পৰীক্ষা নিৰীক্ষা কৰোঁতে যিমান পৰ্যবেক্ষণ কৰে ইমান মনোযোগ দি আপোনাৰ শিশুটিক গঢ়া বিদ্যালয় খনত পৰ্যবেক্ষণ কৰে নে ?
শিশুৱে কি শিকিছে ? কেনেকৈ শিকিছে ?
ইত্যাদি । ইয়াৰ প্ৰত্যুত্তৰত হয়তো আপুনি যুক্তি দিব - এক বিয়াগোম চৰকাৰী শিক্ষা বিভাগটো কি কৰি আছে ? সিহঁতে চাব।
আমি দিন হাজিৰা অথবা বেপাৰ বাণিজ্যৰ
ব্যস্ততাত সময় নাপাওঁ বুলিয়ে স্কুল মাষ্টৰক গতাই দিলো। তাতে অভিভাৱকৰ দায়িত্ব শেষ নে ?
শিশুটিৰ জীৱনত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলোৱা শৈক্ষিক অভিজ্ঞতা , অৰ্হতা বিদ্যালয়তে আয়ত্ব কৰে। গতিকে শিক্ষণ
সমলসম্পন্ন শ্ৰেণীকোঠাত সৃষ্টিত শিক্ষা বিভাগে গুৰুত্ব দিছে।
কিন্তু জনকল্যাণমুখী আঁচনিৰ সফল্য নিৰ্ভৰ কৰে ৰূপায়ণকাৰী সংস্থা বা বিভাগৰ দক্ষতা আৰু মানসিকতাৰ ওপৰত।
অভিভাৱক হিচাপে আপোনাৰ শিশুটিয়ে
পঢ়া শ্ৰেণী কোঠাটো এবাৰ পয্যবেক্ষণ কৰক । শিশুৰ কোমল মনে কি শিকিছে ?
বৰ্ণ লিপিৰ শুদ্ধ ৰূপ ?
শিশু অনুকৰণ প্ৰিয় । গায়ক জুবিন গাৰ্গৰ আৰ্হিত গান গোৱা, চুলিৰ ষ্টাইল ৰখা বহুতো নতুন পুৰুষ দেখিছো।জুবিনৰ অসাধাৰণ স্বভাৱক অনুকৰণ কৰি ৰঙৰ বিসংগতি থকা জোতা পিন্ধা ইত্যাদি।
এতিয়া অভিভাৱকে কি কৰিব ? নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰাথমিক বিদ্যালয়ত প্ৰাক প্ৰাথমিক
শিক্ষাকো সাঙুৰি ল'বলৈ কোৱা হৈছে। ক" শ্ৰেণী সংযোজন কৰি নতুনত্ব সানিবলৈ কি যে কৰা নাই। প্লাষ্টিকৰ টেবুল চকী ৰং বিৰঙৰ শ্ৰেণী কোঠা ইমানলৈকে ঠিকে আছে ।
ৰং বিৰঙৰ শ্ৰেণী কোঠা নিৰ্মাণ কৰিবলৈ বেৰ লেখনৰ আৱশ্যক হ'ল। কিন্তু কিছুমান
জিলাত বিদ্যালয় প্ৰধান শিক্ষকৰ কৰ্তৃত্বক
কৰ্তন কৰি ৰূপায়ণকাৰী উৰ্ধতন কতৃপক্ষই
নিৰ্ধাৰিত সময়ৰ ভিতৰত এই কাম সমাপ্ত কৰাৰ দোহাই দি অদক্ষ ব্যক্তিৰ হাতেদি
বেৰলেখন সম্পন্ন হয় । ফলস্বৰূপে কিছুমান বিদ্যালয়ত অসমীয়া বৰ্ণমালাৰ স্বৰবৰ্ণ অ আ উ ঊ ইত্যাদিৰ সামান্য বিসংগতিপূৰ্ণভাৱে লিখা হ'ল।
এতিয়া কণ কণ "ক"শ্ৰেণীৰ শিশু সকলে চাই চাই চিৰ চেনেহী মোৰ ভাষা জননীৰ
স্বৰবৰ্ণ অ আ ৰ সৈতে পৰিচিত হ'ব। আপোনাৰ শিশুৰ মন মগজুত ভৱিষ্যতলৈ
এই বিসংগতিপূৰ্ণ বেৰ লেখনৰ বৰ্ণ সমূহৰ প্ৰতিচ্ছৱি মচিব কোনে ?
ভুলটো সামান্য । আপোনাৰ চকুত নপৰিব পাৰে কিন্তু সেই সামান্য ভুলৰ সুদূৰ প্ৰসাৰী
প্ৰভাৱ আপোনাৰ শিশুৱে ভূগিব লাগিব । গতিকে
আপুনি কাকো জগৰীয়া নকৰি নিজে সচেতন হওঁক ।
পৃষ্ঠাঃ ৯
ঊনাকোটিঃ বিশ্বাস আৰু পৰম্পৰা
জাকিৰ হুছেইন সৰকাৰ
মোবাইল ৮৪৮৬৫৯৯৮১৯
নানান লোকবিশ্বাস আৰু আস্থাৰ ওপৰত ধৰ্ম প্ৰতিষ্ঠিত । হিন্দু ধৰ্মৰ শ্বাসত বাণী, আখ্যান সমূহে মানৱ সমাজৰ কল্যানৰ বাটপ্ৰশস্ত কৰিছে । যুগে যুগে উদাৰতাৰ বানী বিয়পাইছে । সংস্কৃতি পৰম্পৰাৰ ভেটিত গঢ় লৈ উঠা সনাতনী সত্যই জীৱকুল, প্ৰাণীকুল, প্ৰকৃতি ৰক্ষাৰ শিক্ষাও আমাক দিছে । বিশালতাৰ আকৰ হিন্দু ধৰ্মৰ বহু আখ্যান, লোকবিশ্বাস অঞ্চল বিশেষে ভিন্ন হ'লেও জগত আলোড়িত কৰি ৰাখিছে ইয়াৰ অন্তৰ্নিহিত তাত্ত্বিক সত্য উদঘাটনত । অৱশ্য এই সকলৰ মূল উদ্দেশ্য সত্যৰ সন্ধান । কাৰণ সত্যই সনাতন তথা অবিনশ্বৰ । তেনে এক লোক বিশ্বাসৰ পটভূমি ত্ৰিপুৰা ৰাজ্যৰ উপজাতি বহুল ঊনাকোটি পাহাৰ । যি এক দেৱভূমি সদৃশ ঠাই । স্থানীয় ভাষাত এক কম এককোটি দেৱ দেৱীৰ আশ্ৰয় স্থল । ভাৰত-বাংলাদেশৰ সীমান্তৱৰ্তী চট্টগ্ৰাম পাৰ্বত্য মালাৰ এটি অংশ যি সম্প্ৰীতি বিভাজিত ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ দিশত অৱস্থিত । ঊনাকোটি নামৰ এই পাহাৰী জিলাখন ত্ৰিপুৰাৰ নয়নাভিৰাম সৌন্দৰ্যৰ অনুপম স্বাক্ষৰ বহন কৰিছে । পাহাৰৰ আদিবাসী তিপ্ৰা সকলৰ লোকবিশ্বাস মতে ভগৱান শিৱ কৈলাসৰ পৰা ঊনকোটি দেৱ দেৱীৰ সৈতে সদলবলে কাশী যোৱাৰ পথত এৰাতি এই পাহাৰত বিশ্ৰাম লৈছিল । আৰু পৰিকল্পনা মতে পিছদিনা তেওঁলোকে আদিম পুৱাতে পুনৰ যাত্ৰা কৰাৰ কথা । কিন্তু ৰাতিপুৱা হ'লত সকলো অথন্তৰ লাগিল । শিৱৰ বাহিৰে কোনেৱে ৰাতিপুৱা টোপনিৰ পৰা সাৰ নোপোৱাত শিৱই খঙত অগ্নিশৰ্মা হৈ পৰে । ঈপ্সিত লক্ষ্যত উপনীত হ'ব নোৱাৰি তথা যাত্ৰাত লটিঘটি হোৱাত খঙত অগ্নিশৰ্মা শিৱে সকলোকে অভিশাপ দিয়াত সকলো এইখন পাহাৰতে শিলত কটা মূৰ্তি হৈ ৰৈ যাব লগাত পৰে। অভিশপ্ত হৈ গোটেই পাহাৰৰ বুকুত আৱদ্ধ হোৱা দেৱ দেৱী সকল যুগে যুগে ইয়াতে বসতি স্থাপন কৰি এই অঞ্চলৰ মানুহৰ আখ্যানক প্ৰতিনিধিত্ব কৰে । শিলত খোদিত মূৰ্তিবোৰ যেন নান্দনিক ভাস্কৰ্যৰ কাৰিকৰী দিশ উন্মোচিত কৰিছে । এনেবোৰ কাৰণতে লোকবিশ্বাস আৰু জনশ্ৰুতিয়ে এই ঠাইৰ মানুহৰ মনত আস্থা বিশ্বাসত গভীৰ ছাপ বহুৱাইছে । বিশাল পাহাৰখনৰ প্ৰত্যেকটো শিলাখণ্ডতে দেৱদেৱীৰ মূৰ্তি তথা তেওঁলোকৰ বাহন সমূহ, ধৰ্মচক্ৰ, সতি সন্তুতি, নন্দিনী গাইৰ নিপোটল ছবিয়ে মনত গভীৰ প্ৰশস্তিৰ ভাব প্ৰকট কৰে । শাক্তধৰ্মী সনাতন হিন্দু ধৰ্মৰ মানুহৰ অতি পবিত্ৰ ঠাই এই ঊনাকোটি জনশ্ৰুতি, বিশ্বাস পৰম্পৰা, আধ্যাত্মিকতা, জৈৱ বৈচিত্ৰ, আৰু ভাস্কৰ্য শিল্পৰ অনুপম সমাহাৰ । কেবা শ খটখটীৰে গোটেই পাহাৰ ঘুৰি ফুৰা, পৌৰাণিক আখ্যান অধ্যয়ন, কল্প কাহিনী তথা প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, প্ৰস্তৰ মূৰ্তিৰ সংগ্ৰাহলয় আদিৰ আমেজ উপভোগ কৰিব পৰা বহু প্ৰাগঐতিহাসিক সমল ইয়াত আছে । সম্প্ৰতি জাতি ধৰ্ম নিৰ্বিশেষে এই ঠাইলৈ জনস্ৰোত বৈছে । আধ্যাত্মিকতাৰ পীঠস্থানৰ লগতে এই ঠাই পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে । ইয়াৰ জৈৱ বৈচিত্ৰ, শিক্ষণীয় দিশ, আস্থা পৰম্পৰাই মানৱ সমাজক সত্য আৰু সুন্দৰৰ পথৰ সন্ধান দিব সেয়া নিশ্চিত ।
পৃষ্ঠা ১০
অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী
দুৰ্গেশ্বৰ শইকীয়া
অঙ্গনৰ উপদেষ্টা, মাজুলী
অম্বিকাগিৰি ৰায়চৌধুৰী, সৰ্বকালৰ এগৰাকী মহান অসমীয়া, এক জ্বলন্ত আগ্নেয়গিৰি, এক বৃহৎ অনুষ্ঠান, এটি বিপ্লৱী কণ্ঠ য'ৰ পৰা নিৰ্গত হৈছিল স্ফুলিংগ। অসীম সাহস, দেশপ্ৰেম আৰু সুচিন্তিত কৰ্মেৰে তেখেতে অসমৰ জনমানসত চিৰদিনৰ কাৰণে সুকীয়া আসন দখল কৰি আছে।
এইজনা বিপ্লৱীৰ জন্ম হৈছিল ১৮৮৫ চনৰ ১৮ ডিচেম্বৰত বৰপেটাত। পিতৃ কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃ দৈৱকী দেৱী। আনুষ্ঠানিক শিক্ষা কেৱল অষ্টম শ্ৰেণীলৈ। অষ্টম শ্ৰেণীত পঢ়ি থকা সময়তে ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰাৰ বাবে শিক্ষা জীৱনৰ সিমানতে সামৰণি পৰে। তেখেত আছিল স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী সৈনিক। ১৯০৪ চনত গুৱাহাটীত "এনাৰ্কিষ্ট" দল গঠন কৰি আন্দোলনৰ গতি অধিক তৰান্বিত কৰি তুলিছিল। সমান্তৰাল ভাৱে, জনগণৰ মনত চেতনা জাগ্ৰত কৰাৰ বাবে হাতত কলম তুলি লৈছিল। ক্ষুৰধাৰ লেখাৰে সাধাৰণ জনতাৰ মনত আত্মচেতনা, দেশপ্ৰেম, পৰাধীনতাৰ শৃংখল ছিঙাৰ মনোভাৱ জগাই তুলিছিল। ১৯০৭ চনত "বন্দীনী ভাৰত" নাটক ৰচনা আৰু মঞ্চস্থ কৰি এক নৱজাগৰণৰ সূচনা কৰিছিল। গীত, কবিতা, নাটক আদিৰ মাধ্যমেৰে সকলোৰে মনত বিপ্লৱৰ জোৱাৰ তুলিছিল। তেখেতে বহুবাৰ কাৰাবাসো খাটিব লগা হৈছিল। কাৰাগাৰত থকা সময়ছোৱাতো কাৰাগাৰত থাকিয়েই বহুতো গীত, কবিতাৰে জনগণক পৰাধীনতাৰ শিকলি ছিঙিবলৈ উদাত্ত আহ্বান জনাইছিল।
তেখেতৰ পুথি সমূহ হ'ল - " তুমি", " বীণা", "শতধাৰ", " বেদনাৰ উল্কা", "জয়দ্ৰথ বধ", " ভক্ত গৌৰৱ", "কল্যাণময়ী", আদি । তেখেতে "আসাম বান্ধৱ" কাকত খনৰো কিছুদিন সম্পাদনাৰ কাম কৰিছিল। ১৯১৯ চনত "চেতনা" বাৰ্তালোচনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। তেখেতৰ ৰচিত "বন্দো কি ছন্দেৰে" শীৰ্ষক গীতটি পাণ্ডুত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত পৰিবেশন কৰা হৈছিল। এই গীতটিয়ে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ উপৰিও দেশপ্ৰেমৰ মন্ত্ৰেৰে জনগণক উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছিল।
১৯৩৫ চনত তেখেতে "সাদিনীয়া ডেকা অসম" কাকতৰ আৰম্ভণি কৰে আৰু প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। "ডেকা-ডেকেৰীৰ বেদ", "আহুতি", "অনুভূতি", "মোৰ জীৱনৰ ধুমুহা এছাটি", আদি তেখেতৰ পৰবৰ্তী সময়ৰ উল্লেখযোগ্য ৰচনা। "বেদনাৰ উল্কা" কাব্যগ্ৰন্থৰ বাবে তেখেতক ১৯৬৬ চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়। ১৯৫০ চনত এইজনা মহান অসমীয়াই অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল।
১৯৬৭ চনৰ ২ জানুৱাৰী তাৰিখে এইজন বিপ্লৱী মনিষাৰ নৰনাটৰ যৱনিকা পৰে। আজিও প্ৰতিজন সচেতন অসমীয়াৰ প্ৰাণত তেখেতৰ নাম যেন খোদিত হৈ আছে।
পৃষ্ঠা ১১
পৰিচয় শিতানঃ
কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ
হিৰণ্যময়ী বৰুৱা
চমু পৰিচয়ঃ
হিৰণ্যময়ী বৰুৱা,স্নানকোত্তৰ,(ভাৰতীয় সাহিত্য)গুৱাহাটী বিশ্ব বিদ্যালয়।
আইনৰ স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়।
অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়।
বৰ্তমান গুৱাহাটীতে বাসস্থান বুলিব পাৰি।
চাৰিখনকৈ সাহিত্যলোচনীৰ জন্মদাতা, অকণিৰ হাঁহি, আইতাৰ হাঁহি, জননী, সপ্তৰ্ষি।
এখনকৈ তিনিমহীয়া পত্ৰিকা, নন্দনী।
প্ৰকাশিত কাব্য সংকলন
সুপ্ৰভাত, অলকানন্দা, জীৱন কবিতা এক নাম, তুমি প্ৰণামিকা কাব্য কংকণা, প্ৰকাশৰ অপেক্ষাত লোপামুদ্ৰা।
উপন্যাস সম্ভাৰ
ৰঙা নদীৰ পাৰে পাৰে
(ইংৰাজী, বাংলালৈ অনুদিত হৈছে)
প্ৰতি হিংসাৰ জীয়া জুই(উপন্যাস)
প্ৰিয়দৰ্শিনী, প্ৰত্যাশা, তাইৰ নাম শৰ্মিলা, মহাসতী জয়মতী(প্ৰকাশৰ পথত), অনেক জোপোহাৰ ঢৌ, সোণপাহী। ৰুদ্ৰাক্ষ, আদৰণিৰ সামুদ্ৰিক এৰাসুতি, অনেক জোপোহাৰ ঢৌ।
গল্পসম্ভাৰ
চিফুংনদীৰ ঘাট, ৰুনুমী,
হাৰিকেনৰ কাহিনী, মোহনা।
দীঘলীয়া গল্প স্ংকলন
চীনা যুদ্ধৰ কথা।
প্ৰৱন্ধ সংকলন
অসমীয়া ভাষা সাহিত্যৰ ৰূপৰেখা।
উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনজাতিৰ সংস্কৃতি।
অসমীয়া সাহিত্য সমাজ আৰু সংস্কৃতি।
অসম ৰত্ন ডক্টৰ ভূপেন হাজৰিকা।
হিৰণ্যময়ী বৰুৱাৰ এটি কবিতা আৰু এটি গল্প
দ্ৰৌপদী
মহাকাব্য মহাভাৰতৰ
নাৰী চৰিত্ৰপ্ৰাণ
তুমি দ্ৰৌপদী।
তোমাৰ হৃদয়ৰ গভীৰ অনুকম্পাৰে
সিক্ত নতুন প্ৰকাশ।
তুমি এচপৰা কেচাসোণ
পঞ্চপাণ্ডৱৰ চিৰন্তণ মননশীল
সংবেদনশীল তুমিয়েই এটি কবিতা।
তুমি, অপূৰ্ণ ভাৱৰ প্ৰকাশ
বন ফৰিঙৰ ৰং তোমাৰ শৰীৰ
বিহ্বল শিকলিৰে বান্ধিছিলা
পঞ্চদেৱতাক যুধিষ্ঠিৰ ভীম ,অজ্জুন, নকুল আৰু সহদেৱ।
তুমি মহিমাময়ী ,ঈৰ্ষাৰ প্ৰতীক কৌৰৱৰ এক জ্বলন্ত অগ্নিপিণ্ড
তোমাৰ সহায় শ্ৰীকৃষ্ণ।
বিপদৰ বেলা সকলো নিমাত হ'ল
বস্ত্ৰহৰণত সতীত্বৰ প্ৰমাণ হ'ল।
ৰাজদৰবাৰত ও ভগৱান আছে
তুমিয়েই পাঞ্চালী সাহসী নাৰী।
গল্পঃ
বোৱাৰী
বিয়াৰ সময়চোৱাত ন-কন্যাই যেতিয়া ওৰণিখন টানি হোমৰ ওচৰত স্বামীৰ কাষত বহি থাকে তেতিয়া স্বৰ্গ ৰাজ্যৰ সপোন দেখা নিচিনা লাগে।বোৱাৰীজনীক অপেশ্বৰী অথবা দেৱী বুলি জ্ঞান কৰা হয়। বৰ মানে দৰাজনক ভগৱানৰ দৰে জ্ঞান কৰে।কথাতে কয় মাতৃ পিতৃয়ে ডাঙৰ দীঘল কৰি ছোৱালীজনী বিয়া দিওঁতে মুখতে ক'ব বিচাৰে বিয়া দিয়া মানেই গোত্ৰ চিঙি অন্য এটা কুললৈ দিয়া। জোৱাইলৈ দিয়া মানেই যমলৈ দিলেও দিয়া, জোৱাই লৈ দিলেও দিয়া।
অন্যফালে দৰাঘৰীয়াই বিয়ানামত বোৱাৰীজনীক আপোন কৰি ল'বলৈ চেষ্টা কৰি বিয়ানাম গায়।
শুৰদেৱ হৈছে পিতৃদেৱতা।পৰম পূজনীয়জন। মাতৃৰ নামত শাহুআই, শ্ৰদ্ধাৰ আই, মানিবা সদায়।
দেউৰ হৈছে ভাতৃসদৃশ, সহোদৰ ভাই। ননদ যদিহে আছে, তেওঁৱেই তোমাৰ ভগ্নী।
স্বামী দেৱতা, জীৱনৰ সংঙ্গী।সংসাৰ যাত্ৰাত তেওঁৱেই পৰম বন্ধু। জীৱন সুন্দৰ হয় যদিহে সংসাৰ যাত্ৰাৰ ফৰমূলাটো ভালদৰে অঙ্কৰ হিচাপত লোৱা যায়। নাৰী কুকিল কন্ঠী হোৱাটো উচিত। বোৱাৰী মানেই গৃহলখিমী। কথাতে ক'ব পাৰি বাট চাই বুলিবা বাট। অৱশ্যে আজিৰ দিন সলনি হৈছে। বিয়ানামত গোৱা কথাবোৰ কোনেও বুটলি নলয়। শিক্ষিতা নাৰীয়ে সকলোফালে চকু দিও বাহিৰ ভিতৰ কৰিব লাগে। মানুহৰ বুজন শক্তি কমিছে কাৰণে গৃহত তুমুল যুদ্ধ লাগে। এখন তাল কেতিয়াও অকলে নেবাজে। কটকীৰ ল'ৰাটোৰ ক্ষেত্ৰটো একেই হৈছিল।বোৱাৰীজনীয়ে কিমান সহিব।যিখিনি সহ্য কৰিলে মাকৰ বুজনিৰ কাৰণেই কৰিলে।অন্যথা অৱস্থা তথৈবচ হ'ল হেঁতেন।
মানুহবোৰৰ কথাবোৰ সলনি হৈছে। তাতে মহানগৰীৰ মানুহ। ওচৰচুবুৰীয়া মানুহে কটকীৰ মানুহজনীযে বৰ চতুৰ আগতেই কৈছিল।
:হেৰা, পৰৰ কথা আলোচনা কৰি লাভ নাই। পৰ চৰ্চা মহাপাপ। কাকতীয়ে কাকতী আইগৰাকীক ধমক দি কথাষাৰ ক'বলৈহে পালে কাকতীয়ণিয়ে গিৰিয়েকৰ ওপৰত পুনৰ গৰজি উঠিল।
লাগিল হুলস্থূল। "এদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকোখা।"
অসমদেশৰ বিষম কথা দেখা পাই কাকতীৰ ভাৰাঘৰত থকা মানুহজনে দৰ্জাখন কেৰেক কৰি খুলি মাত লগালে।
:কি হৈছে ? আমাৰ ঘৰৰ মালিকৰ ঘৰত মালিক মালিকনীয়ে কিয় ইমান জগৰা কৰিছে ? কাকতী গিৰিহত হ'লেও ভাৰাতীয়াৰ
লগত সকলো কথা আলোচনা বিলোচনা কৰে, নকৰা নহয়।
এনেবোৰ কথাত কাকতিৰ মিচেছে অধিবক্তা এগৰাকীৰ সৈতে সকলো কথা পাতি আদালতলৈ যাবলৈ ওলাল।
কেইদিনমানৰ পাছত কাকতিলৈ এখন নটিছ আহিল। নটিছখন অহাৰ পাছত কাকতিয়ে আদালতত হাজিৰ হ'ব লগীয়া হ'ল।
গোচৰ ৰুজু হ'ল। দুয়ো পক্ষৰ মাজত তুমুল তৰ্ক চলিল।
এনেতে কাকতিয়ে দুবিঘা মাটি বিক্ৰি কৰিলে আৰু পেঞ্চনৰ ধনখিনিও একেলগে কাকতীয়ে শেষবাৰৰ বাবে পত্নীৰ নামত দিবলৈ বাধ্য হ'ল।এনেকৈয়ে নি:সন্তানৰ বাবেই আৰু ক্ষুৰৰ দৰে মুখৰ বাবেই দুয়োৰে মাজত ঘৰ দুফাল হোৱাৰ কথা ওচৰচুবুৰীয়াই আজিও নামঘৰত, বিবাহৰ ঘৰত আৰু সভাই সমিতিয়ে কাকতি পৰিয়ালৰ কথাকে উল্লেখ কৰি কয়।
কাকতীয়ণী এতিয়া নগাওঁতে থাকে। ওচৰচুবুৰীয়াই কিন্তু কাকতিয়ণীৰ দুখ দেখা পালে মহানগৰীৰ মানুহকে দোষ দায় দিয়ে।
অমৰ মহন্ত ই কাকতিক পুনৰ এগৰাকী গোটাই দিয়ে।মানুহজন ৰমাকাকতি যিদৰে চলিব লাগে নতুন গৰাকীয়ে জানে বুজে । সেয়েহে অজিত কাকতিয়ে সুন্দৰকৈ আজিও ঘৰ সংসাৰ কৰি আছে আৰু তেওঁৰ ২য় পত্নীৰ অমায়িকতাৰ বলতে দুই সন্তানে পিতৃ দেৱতাক যতনে ৰাখিছে।
আজি কাকতিৰ বৰ পুত্ৰৰ বিয়া। সেয়েহে ঘৰ সংসাৰখন ভাল হওক বুলিয়েই আয়তীসকলে সুন্দৰভাৱে
বিয়া নাম আওৰাইছে।
সঁচাকৈয়ে মানুহৰ ভাল হ'লেই আমাৰো ভাল। জগতখন সুন্দৰ হ'লেহে আমি এইখন সুন্দৰ জগতত বসতি লাভ কৰিব পাৰিম।
ৰাইজ সকলোৱে জয়ধ্বনি দিওঁ আহক। দৰা কন্যাৰ শুভ মংগল কামনাৰে।
জয় অ, হৰি বোলা।
জয় অ, ৰাম বোলা।
হৰ পাৰ্ববতীৰ বিবাহ হওক তাৰে কামনাৰে।
পৃষ্ঠা ১২
ধাৰাবাহিকঃ
শুকুলা মেঘৰ ছাঁ
পৰিণীতা কলিতা
সহ সম্পাদিকা অঙ্গন
তৃতীয খণ্ড
দেউতাকক দেখিয়ে ছায়াৰ মনটো অজানিতে উগুল থুগুল হৈ পৰিল, কিয় আহিলে বাৰু দেউতাক এইটো সময়ত…
ৰাতি একেলগে ভাত খালে যদিও দেউতাকে তাইক একো নুসুধিলে, তাইও ভাত খাই শুবলৈ গ'ল যদিও আইতাক আৰু দেউতাকৰ কথোপকথন চলি থাকিল। আধা শুনা নুশুনা মাতেৰে দেউতাকে কি কৈছে তাই সকলোবোৰ বুজি নাপালে, কিন্তু এটা কথা স্পষ্ট হ'ল যে তাইক দেউতাকে চিৰদিনৰ বাবে মোমায়েকহঁতৰ ঘৰখনৰ পৰা নিবলৈ আহিছে…
পিছ মূহূৰ্ততে আইতাকে আহি তাইৰ কাষতে শুবলৈ লৈ কলে
: মাজনী, তোক দেউতাৰে নিবলৈ আহিছে, কালিলৈ গধূলিলৈ যাব লাগিব দেউতাৰাৰ লগত…
ছায়াই আইতাকক সাৱটি ধৰি কলে…
:মই নাযাওঁ আইতা, মই তোমাৰ লগতে থাকিম…
আইতাকে তাইৰ মূৰত হাত বুলাই বুলাই কলে…
: দেউতাৰে নিবলৈ আহিছে যেতিয়া যাবতো লাগিব…ওচৰৰে স্কুলখনতে তোক পঢুৱাব বুলিও কৈছে, মই মাজে সময়ে তোক চাবলৈ গৈ থাকিম দে, এতিয়া শুই থাক…
তাইও আইতাকক ধৰি শুব ললে, যদিও তাইৰ টোপনি নাহিল। অতি কম সময়তে আইতাকৰ মৰমৰ পৰা আতৰি যাব লাগিব তাই, ইমানদিনৰ চিনাকী গাওঁখন, সকলো এৰি যাব লাগিব নিজৰ ঘৰখনলৈ, নিজৰ বুলি ভাবিবলৈও তাইৰ খং উঠিল নে দুখেই লাগিল, তাই ক'বকে নোৱাৰিলে ,সেইখন ঘৰত নো কি আছে ?
দেউতাকৰ ৰঙা দুচকু আৰু মাজে সময়ে তাইৰ. কুমলীয়া দেহৰ ওপৰত পৰা বেতৰ মাৰবোৰ। নানান ভাৱনাৰ অন্তত তাইৰ চিলমিলকৈ টোপনি আহিছিল হে… আইতাকে তাইক মাতি আছে।
:মাজনী উঠ, ৰাতিপুৱাল… তোৰ বস্তু বাহানিবোৰ চিজিল লগাই থব আছেয়ে…
তাইৰ উঠিবৰ মন নগ'ল, এনেকুৱা লাগিছিল যেন তাই অনন্ত কালৰ বাবে এই বিচনাখনতে শুই ৰব। তথাপি তাই উঠিল। দিনটো পাকঘৰত আইতাকৰ লগত লাগি থাকি, মাজে মাজে ভাবুক হৈ থাকি তাইৰ বস্তু বাহানি সামৰাৰ নামত কেতিয়ানো তিনি বাজিল, তাই ত'তকে ধৰিব নোৱাৰিলে। আইতাকে কোঠাত আহি যেতিয়া কলে,
: ওলালিনে ? তেতিয়াহে ভাবিলে ইমান দেৰী বস্তু সামৰোতে গ'ল, আইতাকৰ লগত ভালকৈ কথা এষাৰো পাতিবলৈ নেপালে। ওলাবৰ সময়ত আইতাকে তাইক কৈছিল ?
: দেউতাৰৰ লগত সমানে সমানে তৰ্ক নকৰিবি…দেউতাৰাৰ উগ্ৰ স্বভাৱটো আগতে নাছিল, কিন্তু যেতিয়া ল'ৰা সন্তান বিচাৰিও দুজনীকৈ ছোৱালী জন্ম দিলে মায়ে তোৰ, তেতিয়াৰ পৰাহে জানো কি হ'ল ? ভালকৈ থাকিবি…
: থাকিম দে বুলি কৈ তায়ো গুচি আহিছিল নিজৰ ঘৰখনলৈ……
আগলৈ...
পৃষ্ঠা ১৩
অণুগল্পঃ
মাতৃত্ব
মীনাক্ষি ৰায় ডাকুৱা, গোলকগঞ্জ, ধুবুৰী
ফোননং—৮৭৬১৮৬৫৮৮৫
বিমান বন্দৰৰ পৰা যেতিয়া ঘৰ আহি পালে স্বপ্নিল। তেতিয়া ৰাতি এঘাৰ বাজি গৈছে । ঘৰত সোমায়েই আগফালৰ কোঠালিত তেওঁ দেখিলে মাক নিৰ্মলাদেৱী বহি আছে । সদ্য স্বামীহাৰা কোনো মহিলাৰ দৃষ্টি জানো ইমানেই শূণ্যতা ভৰা হয় ? সমুখত উকা কপালেৰে বগা সাজ পিন্ধা কোন সেই মহিলা ? তেওঁৰ মাক ক'ত ? আন্ধাৰ হৈ গ'ল স্বপ্নিলৰ দুচকুৰ আগত সকলোবোৰ । তেওঁ পৰিয়েই গ'ল হেঁতেন, যদিহে ভনীয়েক শ্ৰীলেখাই তেওঁক নধৰিলে হেঁতেন । হঠাতে আৰ্তনাদ কৰি কান্দি উঠে স্বপ্নিল । নিৰ্মলাদেৱীয়ে সাৱটি ধৰি আছে তেওঁৰ স্বপ্নিলক সেই সৰুকালৰ দৰে—যেতিয়া সি সৰু সৰু হাত দুখনিৰে অসহায়ভাৱে মাকৰ ডিঙিত সাৱটি ধৰি মুখখন গুঁজি দিছিল তেওঁৰ বুকুৰ মাজত । এক বহুজাতিক কোম্পানীৰ সৰ্বোচ্চ পদাধিকাৰী স্বপ্নিল বৰুৱা আজিও অসহায় । অন্ধকাৰ গুহাৰ শেষত ক'ৰবাত যেন সামান্য অকণমান পোহৰৰ সন্ধান পায় নিৰ্মলাদেৱী । আজি কিমান দিনৰ পিছত আকৌ ঘূৰি আহিছে সৰুকালৰ স্বপ্নিল ! ভাঙি গুৰি গুৰি হৈ গৈ আছে তেওঁৰ বুকুৰ গভীৰত জমা হোৱা অভিমানৰ কঠিন শিলাখণ্ড । অবোধ শিশুৰ দৰে স্বপ্নিলৰ মূৰটো বুকুত সাৱটি ধৰি কম্পিত স্বৰেৰে নিৰ্মলাদেৱীয়ে ক'লে—"ভয় কিহৰ বাছা, মই দেখোন আছোঁৱেই ।"
পৃষ্ঠা ১৪
কাকো পৰিল তালো সৰিল
ৰিতা মনি বায়ন
অধ্যাপিকা , বৰপেটা ছোৱালী মহাবিদ্যালয়।
অনুলেখা আৰু তাইৰ বান্ধৱী চিত্ৰলেখা ক্লাছ শেষ হোৱাৰ পিছতে নিমন্ত্ৰিত বিয়াখনলৈ যাবলৈ ওলাল। তেনেতে চিত্ৰলেখাৰ চকু অনুলেখাৰ কপালত পৰিল আৰু অনুলেখাক উদ্দেশ্যি ক'লে---ঐ অনু, তোৰ কপালৰ ফোটটো ! অনুলেখাই হাতখনেৰে নিজৰ কপালত খেপিয়াই চাই চিত্রলেখাক তাইৰ বেগত ফোট আছেনে সুধিলে ? চিত্ৰলেখাই নাই বুলি কোৱাত অনুলেখাৰ মনটো সেমেকি গ'ল আৰু মনতে ভাবিবলৈ ধৰিলে - ছেঃ এতিয়া কি কৰোঁ ? স্কুলৰ আশে পাশে এখন দোকানো নাই ! চিত্ৰলেখাই তেতিয়া অনুলেখাৰ শিৰত সধবাৰ প্ৰতীক হিচাপে জিলিকি থকা অকনমান সেন্দুৰ আঙুলিৰে আনি তাইৰ কপালত দি দিলে । চিত্ৰলেখাৰ এই কাৰ্য্যত অনুলেখাৰ বুকুখন কিবা এক অজান আশংকাত কঁপি উঠিল। পিছদিনাখন চিত্ৰলেখাই গেটখন খুলি স্কুলত প্ৰবেশ কৰাৰ লগে লগেই ছাত্ৰ এজন তাইৰ ওচৰলৈ দৌৰ মাৰি আহি সুধিলে--- বাইদেউ ,অনুলেখা বাইদেউৰ ছাৰৰ কাঠ সংস্কাৰ কেতিয়া কৰিব ? ছাত্ৰজনৰ কথাত চিত্ৰলেখা শিল পৰা কপৌৰ দৰে থৰ লাগিল।
পৃষ্ঠা ১৫
বৰ্ষা মুখৰ গধূলি
ৰেখা বৰকটকী
যোৰহাট।
বৰ্ষা মুখৰ আবেলিটো আজি বৰুৱাৰ বৰ নেযায় নুপুৱায় যেন লাগিল ! বাৰাণ্ডাৰ ফুলশৰ্য্যা জোপাৰ ফাঁকেৰে দূৰণিলৈ চাই বৰুৱাই হুমুনিয়া এটা কাঢ়িলে ! আজি বন্ধু জগত চলিহা এই বতৰত ঘৰৰপৰা ওলাই আহিবনে ?অতিমাৰী কোভিডৰ নিষ্ঠুৰ হাঁতোৰাই বৰুৱানীক আঁজুৰি নিয়া আজি প্ৰায় এমাহেই হ'লহি ...কিন্তু বাঙ্গালোৰত থকা পুত্ৰ- বোৱাৰীৰ , মাতৃগৰাকীৰ শ্ৰাদ্ধৰ পাছত দেউতাকনো কেনেকৈ কি কৰি সময় কটাইছে তাকে এবাৰ সুধি খবৰ লোৱাৰো আহৰি নাই । বৰুৱাই ভাবিলে আজি বৰষুণ জাক লাহে লাহে নেৰা -নেপেৰা হৈ আহিছে । বৰুৱাৰ অকলশৰীয়া ঘৰটোত স্মৃতিৰ পটত লুকা -ভাকু খেলা জীৱন লগৰীৰ জীয়া ছৱিখন বাৰে বাৰে চকুৰ আগত যেন ভাঁহি উঠিছে ... সান্ধ্যা ভ্ৰমণৰ বাবে চলিহালৈ ৰৈ ৰৈ কাণি- মুনি পৰ হ'লহি ! অৱশেষত কাপোৰ সাজ সলাই দূৰদৰ্শনৰ সম্মুখত বৰুৱা বহি পৰিল. এইবাৰ বাৰিষা আগতীয়াকৈ আহিল বুলি ভাবি চচমাযোৰ চকুহালক পিন্ধাওঁতেই বোৱাৰীৰ ফোনটো ক্ৰি-ৰি-ৰি-ৰিংকৈ বাজিল ! মবাইলৰ সিটো মূৰৰ পৰা ভাঁহি আহিল হৃদয়বিদাৰক সেই বোৱাৰীৰ মুখৰ বাক্যষাৰ- "দেউতা আপোনাৰ কাপোৰ -কানি কেইটা বেগত ভৰাই ৰাখিবচোন । কাইলৈ পুৱা আপোনাক আনিবলৈ বৃদ্ধাশ্ৰমৰ গাড়ীখন যাব ..!"
পৃষ্ঠা ১৬
এক মিনিটৰ গল্পঃ
সংস্কাৰ
ঝৰ্নালী শৰ্মা বৰকটকী
"মা আমি আজি যাবই লাগিছিল । কিন্তু তোমাক লৈহে এতিয়া দিগদাৰ হৈছে অতদিনে দেউতা আৰু তুমি একেলগে আছিলা আমি মাজে মাজে আহি থাকোঁ ।এতিয়া দেউতা নাই তোমাক কোনে চাই থাকিব। নমিৰ চাকৰি মোৰ চাকৰি গতিকে মই তোমাক এঠাইত থৈ আহোঁ বুলি ভাবিছোঁ । তোমাৰ নিচিনা বহুত মানুহ লগ পাবা। কাপোৰ কানি বান্ধি তুমি ওলোৱা জীৱনৰ বাকি কালচোৱা তাতেই পাৰ কৰিবা , আমি মাজে মাজে খবৰ কৰি থাকিম।
দেউতাকৰ কাজৰ পিছদিনাই নীৰৰ মুখত এনে কথা শুনি হঠাৎ মালতী স্তব্ধ হৈ পৰিল। জীৱনৰ শেষ কালচোৱা পুতেকৰ লগত কটাম বুলি ভাবি থাকোঁতেই গ'ল। তথাপি পুতেকৰ কথাৰ ওপৰতে ক'লে " এই ঘৰখন তোৰ দেউতাৰে তেজক পানী কৰি হাড়ক মাটি কৰি বনাইছিল অ ʼবোপাই। বহুত সপোন জড়িত হৈ আছে অ ʼ মই কেনেকৈ এৰি যাওঁ"
"নহয় মা এইবোৰ পুৰণা কথা ভাবি লাভ নাই মোক আৰু তুমি বেছি কথা নকবা "।
হ'ব বোপাই তই যি ভাল দেখ তাকে কৰ মইনো কি কম" এইবুলি কৈ মালতীয়ে চকুলোৰ ঢল বোৱাই কাপোৰৰ লগতে গিৰিয়েকৰ ফʼটো খন বুকুত বান্ধি যাবলৈ ওলালে।
অতদেৰি দেউতাক আৰু আইতাকৰ কথাবোৰ দুৱাৰৰ কাষত ৰৈ ৰিতমে শুনি আছিল। আইতাকে তাক মৰম কৰি যাবলৈ লওঁতেই
সি দেউতাকক চিঞৰি চিঞৰি কʼলে "দেউতা আইতাক থʼবলৈ যোৱা ঘৰটো ভালদৰে তুমি চাই আহিবা ময়ো তোমাক তাতেই থʼবগৈ লাগিব নহয় "।
ঠিকনাঃ
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং-৯১০১৬৬০৩৫৯.
পৃষ্ঠা ১৭
ব্ৰত
ড০ জ্যোতিশিখা দত্ত
মাউন্ট ফুজিত আৰোহণ কৰি ডেনিয়েলে নিজৰে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিলে l বিজয়ী পতাকাখন উৰুৱাই সি নিজৰ ফোনটো উলিয়াই কাণত ল’লে l সিটো মূৰৰ পৰা মিঠা মাত এটি ভাঁহি আহিল - " হেল্ল ডেনিয়েল, অভিনন্দন l তোমাক লৈ মই গৰ্বিত l"
ৰেনাৰ মাত l ডেনিয়েলৰ বান্ধৱী l
ৰেনা আৰু ডেনিয়েল একেখন মাউন্টেনিয়াৰিং স্কুলত প্ৰশিক্ষণ প্ৰাপ্ত l তাতেই সিহঁতৰ চিনাকি, পিছলৈ ডেনিয়েলৰ প্ৰেম l ৰেনা আৰু ডেনিয়েলে প্ৰশিক্ষণৰ পিছত প্ৰায়বোৰ পৰ্বতাৰোহণ একেলগে কৰিছিল l তেতিয়াই ডেনিয়েলৰ ৰেনা লৈ প্ৰেম হৈছিল l তাইৰ নীলা চকুজুৰিত সি প্ৰেমৰ গভীৰ সাগৰ দেখিছিল l সেই প্ৰেম সাগৰৰ গভীৰতাত বুৰ গৈ তাতেই সাঁতুৰি নাদুৰি দিনবোৰ পাৰ কৰিছিল সি l সিহঁতে পৰ্বতাৰোহণৰ ওপৰত বহু পৰিকল্পনা কৰিছিল, তাৰে মাজৰ গুৰুত্বপূৰ্ণ আছিল পৃথিৱীৰ সুউচ্চ শৃংগবোৰ আৰোহন কৰা আৰু আজি ডেনিয়েলে সিহঁতৰ পৰিকল্পনাটোৰ সফলতাৰ ফালে এখোজ আগুৱাই গ’ল l তিনিবছৰ আগতে পৰ্বত বগাই থাকোতে দুৰ্ঘটনাবসত ৰেনা পিচলি পৰি মৃত্যুৰ কোলাত চিৰদিনৰ বাবে শুই পৰিছিল l সেইদিন ধৰি ডেনিয়েলে সিহঁতৰ এই গুৰুত্বপূৰ্ণ পৰিকল্পনাটি বাস্তৱায়িত কৰাত ব্ৰতী l লগৰবোৰে তাক বলিয়া বুলি কয়, কথাটোত হাঁহি উঠে তাৰ l লগৰবোৰে কি বুজিব ৰেনাৰ প্ৰতি থকা তাৰ প্ৰেমৰ মূল্য l
ৰেনাৰ মাতটোত ডেনিয়েলে সঞ্জীৱনী বিচাৰি পায় l তাইৰ মাত শুনিলে তাৰ শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে এক অদ্ভূত শক্তি জাগ্ৰত হয় l এইয়াই তাৰ জীৱনটোৰ চালিক শক্তি l ৰেনাই তালৈ কৰা প্ৰায়বোৰ ফোন কল ডেনিয়েলে চেভ কৰি থৈছিল l তাৰে ভিতৰত ডেনিয়েলৰ সবাতোকৈ প্ৰিয় ৰেনাৰ ফোন কলতো হ’ল - "হেল্ল ডেনিয়েল, অভিনন্দন, তোমাক লৈ মই গৰ্বিত l" ডেনিয়েলৰ প্ৰথম সফল পৰ্বতাৰোহণৰ সময়ত তালৈ কৰা ৰেনাৰ ফোন কল আছিল এইতো l মনতো গধুৰ হ’লে বা কিবা সফলতা পালে সি এই কল ৰেকৰ্ডটো শুনে l আজিও ডেনিয়েলে মাউন্ট ফুজি জয় কৰি কল ৰেকৰ্ডটো শুনিলে l সন্তোষৰ ভাৱ এটাই তাক যেন সাৱটি ধৰিছে l
নামি আহোঁতে প্ৰায়ে ভবা কথাটো তাৰ আকৌ মনত পৰিল l ৰেনাই কিজানি তাক এনেকৈ এৰি থৈ নগ’লহেঁতেন যদি সি কথাটো ৰেনাক কৈ দিলেহেঁতেন l ৰেনাৰ প্ৰতি থকা ডেনিয়েলৰ গভীৰ ভাল পোৱাৰ কথাটো যে তাৰ মনৰ ৰাণীজনীক কোৱাই নহ’ল l
ঠিকনা: ঘৰ নং:৪০, শান্তি পথ, আৰ. জি. বি. ৰোড, জু ৰোড তিনিআলি, গুৱাহাটী :৭৮১০২৪
দুৰভাষ : ৭০০২১২০০২১
ই-মেইল: jyotisikhadatta@gauhati.ac.in, jyotti_light@yahoo.co.in
পৃষ্ঠা ১৮
অনুবাদ কবিতাঃ
PIANO
(By D. H. Lawrence)
Softly, in the dusk, a woman is singing to me;
Taking me back down the vista of years, till I see
A child sitting under the piano, in the boom of the tingling strings
And pressing the small, poised feet of a mother who smiles as she
sings.
In spite of myself, the insidious mastery of song
Betrays me back, till the heart of me weeps to belong
To the old Sunday evenings at home, with winter outside
And hymns in the cosy parlour, the tinkling piano our guide.
So now it is vain for the singer to burst into clamour
With the great black piano appassionato. The glamour
Of childish days is upon me, my manhood is cast
Down in the flood of remembrance, I weep like a child for the past.
পিয়ান’
(মূল: D. H. Lawrence
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী
সন্ধিয়া সময়ত এগৰাকী মহিলাই কোমলকৈ মোলৈ বুলি গান এটা গাইছে;
লৈ গৈছে মোক অতীত স্মৃতিৰ বিস্তৃত বছৰবোৰলৈ, মই এটি শিশু দেখালৈকে-
যি পিয়ান'টোৰ তলত বহি, ঝংকাৰ তোলা তৰাবোৰৰ মাজৰ পৰা স্মিতমুখে গান গাই থকা মাকৰ, বিশেষ ভংগীৰ সৰু ভৰিটো হেচুঁকি আছে।
মই স্থিৰে থাকিলেও, সেই গানটোৰ প্ৰলুব্ধকাৰী নিপুণতাই মোক অতীতলৈ টানিলে, মোৰ অন্তৰখনে হামৰাও কাঢ়ি কান্দি উঠিল সেই দেওবৰীয়া সন্ধিয়াটো পাবৰ বাবে, বাহিৰত তীক্ষ্ণধাৰ শীত আৰু সুখৰ চ'ৰাঘৰত আনন্দগীত, ঝংকাৰিত পিয়ান' আমাৰ পথ প্ৰদৰ্শক।
সেই, এতিয়া বৃহৎ ক'লা অনা-আৱেগিক পিয়ান'টোৰে গায়িকাই হঠাৎ উচ্চস্বৰে আৰাও কৰা অসাৰ্থক। ল'ৰালি কালৰ চমকে মোক ঘেৰি ধৰিছে, মোৰ পুৰুষত্ব অতীত স্মৃতিৰ বন্যাত বিধ্বস্ত, মই এটা সৰু ল'ৰাৰ দৰে কন্দিছোঁ মোৰ অতীতৰ বাবে।
(কুৰি শতিকাৰ প্ৰথম ভাগৰ ইংৰাজ কবি-সাহিত্যিক-নাট্যকাৰ ডেভিদ হাবাৰ্ট লৰেন্সৰ জন্ম হয় ১৮৮৫ চনত আৰু মাত্ৰ ৪৪ বছৰ বয়সতে ১৯৩০ চনত তেওঁৰ মৃত্যু হয়। এই কম সময়ৰ ভিতৰতে তেওঁ সেই সময়ৰ সামাজিক ৰীতি-নীতিৰ বিৰুদ্ধে গৈ, 'লেডী চেট্যালিৰ লাভাৰ্চ'কে ধৰি ভালেখিনি বিবাদিত সাহিত্যৰ সৃষ্টি কৰি গ'ল। এই বাদ-বিবাদৰ বাবেই তেওঁ স্ব-নিৰ্বাসন লৈ মেক্সিকোত থাকিবলৈ লৈছিল।)
পৃষ্ঠা ১৯
মানুহ
মূল: বাংলা, নিৰ্মলেন্দু গুণ
অনুবাদ: অনসূয়া বৰঠাকুৰ
মই চাগৈ মানুহ নহয় !
মানুহবোৰ বেলেগ ধৰণৰ !
খোজকাঢ়িব পাৰে, বহিব পাৰে,
ইঘৰ-সিঘৰ ফুৰিব পাৰে।
মানুহবোৰ বেলেগ ধৰণৰ,
মানুহবোৰে সাপে খুঁটিলে দৌৰি পলায়।
মই চাগৈ মানুহ নহয় !
দিনৰ দিনটো থিয় হৈ থাকোঁ !
গছৰ দৰে স্থিৰ হৈ থাকোঁ !
সাপে খুঁটিলেও চোন বিষ অনুভৱ নকৰোঁ !
চিনেমা চাই গান গোৱা নাই,
বহুদিন হ'ল,
বৰফপানীও খোৱা হোৱা নাই।
কিবাকৈ মাথোঁ জীয়াই আছোঁ!
পুৱাৰপৰা বিয়লিলৈকে
ছবি আঁকিছো।
গোটেই দিনটো
নিজৰমতে জীয়াই আছোঁ।
ভাবিলে আচৰিত লাগে।
মই হয়তো মানুহেই নহয় !
মানুহ হ'লে জোতা থাকিব,
ঘৰ থাকিব, বাৰী থাকিব
ঘৰৰ ভিতৰত ৰাতি নাৰী থাকিব !
পেটৰ ওপৰত কৃষ্ণবৰ্ণৰ
এটি শিশুৱে উমলি থাকিব !
মই চাগৈ মানুহ নহয় !
মানুহ হ'লে আকাশলৈ চাই হাঁহিম কিয় ?
মানুহবোৰ সঁচাই বেলেগ ধৰণৰ !
তেওঁলোকৰ হাত থাকে, নাক থাকে, তোমাৰ দৰে চকু থাকে,
বাখৰ খটোৱা এযুৰি ধুনীয়া চকু থাকে !
মানুহে প্ৰেমত কথা দি কথা ৰাখিব পাৰে।
মই মানুহ হোৱা হ'লে উৰুত দাগ থাকিল হেঁতেন!
দেউতা থাকিল হেঁতেন!
বাই-ভনী থাকিল হেঁতেন!
ভালপোৱা অনেক লোক থাকিল হেঁতেন !
হঠাৎ মৰি যোৱাৰ ভয় এটা থাকিল হেঁতেন !
মই চাগৈ মানুহ নহয় !
মানুহ হোৱা হ'লে তোমাক লৈ কবিতা লিখা আৰু নহ'ল হেঁতেন !
তোমাৰ অবিহনে ওৰে ৰাতি উজাগৰে জীয়াই থকা সম্ভৱ নহ'ল হেঁতেন !
মানুহবোৰে সাপে খুঁটিলে দৌৰি পলায়।
অথচ মই সাপ দেখিলে আগবাঢ়ি যাওঁ,
অৱহেলিত মানুহ বুলি ভাবি সাবটি ধৰোঁ।
পৃষ্ঠাঃ ২০
কবিতাঃ
আমি স্বাধীনদেশৰ মানুহ
পবিত্ৰ গায়ন
ফুলনি , মাজুলী
স্বাধীনতাৰ গান ৰচি
এতিয়া আমি চিঞৰি চিঞৰি গাঁও
আমি স্বাধীন দেশৰ মানুহ ।
আজি স্বাধীনতাৰ পয়সত্তৰ বছৰ পিছতো,
য’ত গণতন্ত্ৰ কাৰাৰুদ্ধ;
স্তব্ধ হ’ল জনতাৰ কণ্ঠ,
তথাপিও কওঁ , আমি স্বাধীন দেশৰ মানুহ ।
য'ত নিতৌ আতংক, হিংসা, শোষণ, বিস্ফোৰণে
জোকাৰি যায় কলিজা , মৰহি যায় বাক স্বাধীনতা
তথাপিও কওঁ , আমি স্বাধীন দেশৰ মানুহ ।
আমি দেশ ভালপাওঁ, জাতি ভালপাওঁ আৰু ভালপাওঁ মাটি সেয়ে স্বাধীনতা আমাৰ জন্মস্বত্ব !
প্ৰতি বাৰে বিজয় ধ্বজা উৰুৱাই
মুক্তমনে চিঞৰি চিঞৰি গাঁও স্বাধীনতাৰ গান, কিন্তু !
প্ৰকৃততে আমি জানো স্বাধীন ?
আমি স্বাধীন নহয় ! কেৱল আমি
স্বাধীন দেশৰ মানুহ ।
পৃষ্ঠা ২১
সঁচাকৈ তোমালোকে চিনি পাইছানে মোক
দীপজ্যোতি দাস
এবাৰ নিজক নয়নভৰি চাবলৈ
নিজৰ ওচৰত নিজে থিয় হ’লো
নিজতে দেখিলো নিজৰ সঁচা ছবিখন
মইয়ে মোক নিজৰ দৰে সজাইছোঁ
মোৰ চকুহালত মই সাৰে আছোঁ
জীৱনৰ বাটত নিজৰ খোজত বিচাৰিছোঁ নিজৰ সুসময়
মোৰ ওঁঠযুৰিৰে মোক হঁহোৱাবলৈ হাঁহিছোঁ
দেহৰ ভংগীমাত মই মোৰ উলাহক চিনিছোঁ
তোমালোকে হয়তো মোক চিনি পাইছা
সঁচাকৈ তোমালোকে চিনি পাইছানে মোক
মোৰ ভিতৰৰ মানুহজন গালে মুখে
মোৰ নিজ হাতেৰে আঁকিছো৷
পৃষ্ঠা ২২
ৰাজনীতি
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়
কথাবোৰ আজিকালি ৰাজনীতি হ'ল কিয় ?
সময়বোৰো ৰাজনীতি হ'ল ।
তোমাৰ কবিতাবোৰো
ৰাজনীতি হ'ল নেকি ?
কিমান আৰু সময়বোৰক দুখ দিয়া
তোমাৰ অনুভৱত আছে নেকি ?
এবাৰ মোৰ কথা ভাবিবাচোন
কিমান আৰু তাৰ্কিক তাৰ বঁটা ল'বা
এপাক আহিবাচোন বাণিজ্যয়ানৰ চৌহদলৈ
মই ৰৈ থাকিম আমাৰ ৰাজনীতি বিভাগৰ
কৃষ্ণচূড়া জোপাৰ তলত।
পৃষ্ঠা ২৩
ধান ...
সোণোৱালী শইচৰ গান ।
কৰবী বৰ্মন কলিতা
গুৱাহাটী
মোৰ আলসুৱা হিয়াত শিপাইছে
ৰঙীন সপোনৰ জোনাকগন্ধী ধান ,
সংগোপনে মোৰ কাষলৈ আহি
টোকৰ মাৰিলেহি মোৰ হৃদয়- দুৱাৰদলিত
স্বৰ্ণাভ সূৰুয বিচাৰি
গাইছো এতিয়া ভালপোৱাৰ গান
শব্দবোৰো এতিয়া মোৰ খুৱেই প্ৰিয়
সেই শব্দমালাৰেই মই ৰচিম
সম্ভাৱনাময় শইচৰ গান ।
মোৰ বুকুৰ ভিতৰজুৰি
কলিজাৰ চৌদিশে গজি উঠিছে
এতিয়া মাথোঁ ধান
কেৱল মাথোঁ
সোণোৱালী ধান।।
পৃষ্ঠা ২৪
পদপথৰ পাগলীজনী গৰ্ভৱতী হ’ল
শ্ৰী জিতু মণি দাস
ডাষ্টবিনটোৰ সন্মুখৰ
পদপথটোত শুই থকা
পাগলীজনী গৰ্ভৱতী হ’ল ,
ডাষ্টবিনটোৰ আৱৰ্জনাত
কোনোবাই পেলাই দিয়া
সেমেকা ৰুটি টুকুৰা
চোবাই খোৱাটোৱেই
তাইৰ জীৱন আছিল ,
পলিথিনৰ বেগটো আছিল
এঙাৰ এলান্ধুযুক্ত
মিচ্ মিচিয়া ক’লা ,
বিশাল পৃথিৱীৰ চাৰিমূৰত
এচুক নাছিল তাইৰ বাবে
শান্তিৰ উশাহ ল’বলৈ ,
তাই নাজানিছিল
সময়-অসময়
জন্তু-জানোৱাৰ নাইবা
হৃদয়ৰ আৰ্তনাদৰ সুৰ ,
নাইবা তাই নাজানিছিল
মাতালৰূপী জানোৱাৰে
কামনাৰে তাইৰ দেহত
বীজ ৰোপণ কৰাটো ,
নাইবা তাই নুবুজিছিল
ভদ্ৰতাৰ মুখাপিন্ধি
অহৰহ তাইৰ ওচৰৰে
অহাযোৱা কৰাজনো
কোনোবা সুবিধাবাদী ,
তাই অনুভৱ কৰিছিল লাহে লাহে
যে তাই এদিন জন্ম দিব
ভ্ৰণ সংমিশ্ৰিত এটা শিশু ,
তাই বৰ সাৱধানে
পাৰ কৰিছিল
প্ৰতিটো আন্ধাৰৰ
অমাৱস্যা ৰাতি
সংগোপনে, সংযোতনে ,
হে অনুজ ,
হে মহান অগ্ৰজ
সভ্যতাৰ পৃথিৱীখনৰ
এই দূৰ্যোগ আমি
কিমান ভুগিম
কেতিয়ানো সাৰ পাম আমি ,
নে প্ৰতিমূহূৰ্তত আমি
ৰাজহাড় বেকাকৰি
চকুৰ সন্মুখত এৰি দিম
ধৰ্ষিতা হ’বলৈ ,
নে আমি এৰি দিম
পাষণ্ডৰ পৃথিৱীত
পাগলী সজাই
তৃপ্তিৰ স্বাদ ল’বলৈ !!
ঠিকনাঃ
বৰপতিমা ( মিৰ্জা )
কামৰূপ ( গ্ৰাম্য )
অসম
মঃ ৯৮৫৯৫ ২৯৩২৩
পৃষ্ঠা ২৫
জুই
নিহাল গগৈ
আকাশত জ্বলি আছে একুৰা জুই,
সূৰ্য হৈ
পৃথিৱীৰ গৰ্ভত জ্বলে একুৰা জুই,
গৰম লাভা হৈ
অৰণ্যৰ মাজতো জ্বলে একুৰা জুই,
বনজুই হৈ
সমাজৰ মাজত জ্বলে একুৰা জুই,
হিংসাৰ দাবানল হৈ
মানুহৰ পেটতো জ্বলে একুৰা জুই,
ক্ষুধাতুৰ হৈ
যদিও
জুয়ে আদি পোহৰ শক্তি
জুয়ে অন্ত চিতাৰ ভষ্ম
কিন্তু জুইত নজ্বলে সপোন
হৃদয়ত ফুলা প্ৰেমৰ বকুল।
এয়া, তুমিও জানা মইও জানো
কাক কি জুয়ে দহে!
হ'লেও মুখ খুলিব নোৱাৰি
মৌনতাই মিচিকিয়াই হাঁহে...
পৃষ্ঠা ২৬
এজাক মুক্ত পক্ষী আমি
এণ্টিকচা মৰাণ
বুঢ়া লুইতৰ পাৰৰ,
সূৰ্য উঠা দেশৰ,
এজাক মুক্ত পক্ষী আমি;
ৰঙা নীলা সপোন দেখা,
সেই সপোনৰ পাছত দৌৰা,
এজাক ব্যস্ত পক্ষী আমি।
নিকা সমাজ গঢ়াৰ তাগিদাত, জ্ঞানৰ ৰঙত মতলীয়া হোৱা
এজাক মুক্ত পক্ষী আমি,
বাধাৰ প্ৰাচীৰ ভাঙি ককৰ্থনাক আওকাণ কৰি উৰি ফুৰা
এজাক ব্যস্ত পক্ষী আমি ।
শাওনৰ কেঁচা মাটিৰ গোন্ধত আপ্লুত হোৱা
এজাক মুক্ত পক্ষী আমি,
আঘোণৰ সোণ গুটিৰ সৌন্দৰ্যত মোহিত হোৱা
এজাক ব্যস্ত পক্ষী আমি।
দুৰ্নীতিৰ আৱৰণ ফালি,
নিকা সমাজ গঢ়াৰ তাগিদাত উৰি ফুৰা
আমি এজাক মুক্ত পক্ষী,
আমি এজাক ব্যস্ত পক্ষী ।।
ঠিকনাঃ
স্নাতকোত্তৰ তৃতীয় ষান্মাসিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়
পৃষ্ঠা ২৭
নাৰী
পৰিলিনা বৰুৱা
নাৰী,
শব্দ তোৰ সমানেই যদি সহজ হ'ল হেঁতেন
তাৰ অৰ্থৰ সমাহাৰ ।
হয়তো কোনেও কৰিব লগা নহ'ল হেঁতেন
নিজৰ সপোন পৰিহাৰ।
দেউতাৰ মৰমৰ মাজনী
আইৰ কোলা শুৱনি
থুনুক থানাক খোজেৰেই তাই হ'লগৈ
আনৰ ঘৰৰ লখিমী।
জনা নাছিল তাই, এয়া কিহৰ আৰম্ভণি
কিন্তু দিব লগা হ'ল তাইৰ চঞ্চল কোলাহলৰ সমাধি।
এতিয়া আৰু নুশুনে দেউতাকে
তাইৰ অভিমানৰ গাঁথা
কিয়নো সলনি যে হৈ গ'ল তাইৰ ঠিকনা।
কোনোৱে কয় তাই আনৰ জীয়ৰী,
কোনোৱে আকৌ কয় তাই আনৰ ঘৰৰ বোৱাৰী
ক'লৈ যাব তাই ?
নিজৰ ঠিকনা বিচাৰি।
যুদ্ধ কৰি ভাগৰি পৰে তাই সন্মান ৰক্ষাৰ,
প্ৰতিটো খোজতে কৰিব লগা হয় স্বাভিমানৰ সৎকাৰ।
সময়ৰ চক্ৰবেহুত খোজেপ্ৰতি
সলনি হয় তাইৰ পৰিচয়
এতিয়া তাই নিজক প্ৰশ্ন কৰে,
কোন মই ?
কোন মই ?
ঠিকনাঃ
স্নাতকোত্তৰ তৃতীয় ষান্মাসিক
শিক্ষাতত্ব বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
পৃষ্ঠা ২৮
এটি প্রেমৰ স্তৱক
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট
সুভাসনা মনত পৰেনে কেতিয়াবা,
তোমাৰ সেই ৰঙীন সন্ধিয়াবোৰ
আৰু সেই বকুল তলৰ আবেলি
য'ত বহি দুইয়ো দেখিছিলো
প্রেমৰ মাদকতাৰে ভৰা ৰঙীন সপোনবোৰ
আৰু ভাবিছিলো জীৱনৰ শুকান
বলুকাত তুমিয়েই সিচিবা
মৰমৰ কঠীয়া ।
সীমাহীন সুখ ঐশ্বর্য্যৰ মাজত হয়তো
তুমি পাহৰি গ'লা !
আমাৰ এই মৰম ভাল পোৱাবোৰ
মই কিন্তু পাহৰা নাই কাৰণ
মোৰ হৃদয়ত লিখা আছে মাথোঁ
তোমাৰেই নাম
মুচিব খুজিলেও মুচিব নোৱাৰিবা
মোৰ প্ৰেম হৃদয়ত কটা ভাস্কৰ্যৰ গাঁথা ।
পৃষ্ঠা ২৯
প্ৰেমৰ ফাগুন
বনজিৎ তালুকদাৰ
বসন্তৰ প্ৰেমৰ চিঠিৰ বতৰা লৈ
আকৌ আহিল উতনুৱা ফাগুন
প্ৰেমিকৰ মন ভাৱনাত প্ৰেম সিঁচিবলৈ
গোপনে উপস্থিত হ'লহি দুষ্ট মতলীয়া ফাগুন ...
জানা ,
ফাগুন মোৰ বৰ প্ৰিয় ...
ফাগুনৰ সেই বাউলী পচোৱাজাকে
বাৰে বাৰে আমনি কৰেহি মোক
তোমাৰ প্ৰেমত পৰিবলৈ ...
সৰাপাতৰ ভাজে ভাজে
নিৰন্তৰে লিখেহি
তোমাৰ মোৰ সেই উজ্জীৱিত জীপাল প্ৰেম কাহিনী...
তোমাৰ ষ্ট্ৰেইট সনা বাদামী চুলিত
কোবাই যোৱা সেই
ধুলীয়ৰী পচোৱাজাকক
সংগী কৰিয়েই চোন সৃষ্টি হয়
তলসৰা মদাৰ শিমলুৰ আৱেগভৰা
কবিতা
এক নৱতম সৃষ্টি ...
উন্মাদ, দুষ্ট, বদনামী হ'লেও
ফাগুনৰো আছে এক সুকীয়া মাদকতা ...
এই বলীয়া ফাগুনেইতো
বিবিধা সৰাপাতক সন্মান জনাই
লঠঙা ডালত পিন্ধাই দিয়েহি
কুঁহিপাতৰ নতুন ৰিহা ...
সম্ভাষণেৰে আদৰে
সেউজীয়াৰ নৱতম পৃথিৱীক...
পলাশৰ ৰঙেৰে বিভোৰিত কৰি
এই বলীয়া ফাগুনেই আঁকি যায়
হৃদয়ত সংগোপনে
একবিংশ শতিকাৰ প্ৰেম কাহিনী ...
দুটি মনৰ নিভাঁজ নিস্বাৰ্থঃ
মৰমৰ কাহিনী ...
সেয়েহে ফাগুন মোৰ
বৰ প্ৰিয়
সদায়েই ...
পৃষ্ঠা ৩০
পৃথিৱীৰ সিপাৰে
তানিয়া মধুকল্য
পৃথিৱীৰ সিপাৰেনো কি থাকে ?
কেতিয়াবা জানিবলৈ
মন যায় !
সৰুতে শিকিছিলোঁ-
পৃথিৱীৰ সিপাৰে এখন
নেদেখা দেশ আছে
সেই দেশতেই হেনো
তৰাবোৰে বাস কৰে।
আকাশৰ বিশাল শূন্যতাক
সৱতি তৰাবোৰে জিকমিকাই
পৃথিৱীৰ ইপাৰৰ পৰা
জুমি চাওঁ মই
তৰাবোৰৰ জিলিঙনী।
আকাশক কওঁ মই
তোমাৰ এই বিশালতাৰ
মাজতেই অতিবাহিত হয়
এটা স্বৰ্গীয়া আভাস
য'ত মই বিচাৰি পাওঁ
এক অমিয়া সুখৰ অনুভূতি ।
নিজান জোনাকী ৰাতি
আকাশত ফটফটিয়া তৰাৰ
জিলিঙনি
কাচি জোনটোৰ মিচিকিয়া হাঁহি,
কি এক নষ্টালজিক মুহূৰ্ত
য'ত মই নিজকে বিচাৰি পাওঁ।
আকাশ,
জানানে তুমি ?
তোমাৰ এই নীৰৱতাৰ মাজত মই বিলীন হৈ পৰোঁ
বিলীন হয়
মোৰ সমস্ত আশা আকাংক্ষা।
সেইয়ে আকাশেই দিয়ে মোক শান্তি
আকাশেই দিয়ে প্ৰশান্তি।।
ঠিকনাঃ
তৃতীয় ষাণ্মাসিক
ইংৰাজী বিভাগ
বিহপুৰীয়া মহাবিদ্যালয়, বিহপুৰীয়া
পিন - ৭৮৪১৬১
জিলা - লক্ষীমপুৰ
পৃষ্ঠা ৩১
অব্যক্ত কথাবোৰ যেতিয়া কোৱা হয়
অসমা তুংখুঙীয়া
নামতি
আঙুলিৰো ওঁঠ থাকে ।
লাজেৰে আগুৰি ধৰা ওঁঠৰ ভাষা
বুজাই ক'বলৈ
আঙুলিৰ লাজ নালাগে ।
কাহানিও নোকোৱা কথা
কাৰোবাক কোৱাৰ পিছত
মনটো স্বাধীন হৈ পৰে ।
যেনেকৈ নীলাভ আকাশত
নীড়মুখী পক্ষীৰ স্বাধীন প্ৰেম ।
সিহঁতৰ গোপন প্ৰেমৰ
গোপন ইস্তাহাৰ ।
হালধীবুলীয়া হৃদয় পথাৰত
গজি উঠে হাইতালী শইচ ।
এডৰা সৰিয়হৰ হালধীয়া ।
বিশ্বাসৰ আলয়ত
থিতাপি লয় একাজলি অতৃপ্ত বাসনা ।
ভালপোৱাৰ নদীখন বৈ যায়
সেউজ উপত্যকাৰ কাষেৰে
নীৰৱে ।
পৃষ্ঠা ৩২
ধৰ্ষণ
নৱজিৎ বৰুৱা
এই যে একবিংশ শতিকা
চাই আহিলোঁ এণ্টাৰ্কটিকা, ভ্ৰমি আহিলোঁ চীন ,জাপান, আমেৰিকা;
পলকতে খবৰ আহে,
ইৰাক ইৰাণ চিৰিয়াৰ
যুদ্ধৰ বিভীষিকা ।
সকলো পাৰে ,সকলো দেখে, সকলো জানে।
কিন্তু সংযমৰ লেকামেৰে
ৰুদ্ধ কৰিব কিয় নোৱাৰে ?
সেই কালিমাৰে জৰ্জৰিত,
আপোনাৰ আদেশ নিৰ্দেশত
চলা,
দুৰাৰোগ্যতাৰে ভৰা মনৰ কামনা ।
কাৰোবাৰ চকুলোৰে চকুলো বোৱাই,
ভায়'লিনৰ কাৰুণ্যতাত বজা নিউজবোৰে বুকু কঁপাই;
গণি গণি লেখ হেৰুৱাই;
"দৃষ্টান্তমূলক শাস্তি","তীব্ৰ গৰিহণা","জঘন্যতা"আদি শব্দবোৰে
আগস্থান পায়,
তথাপি কিয় ?
সময়বোৰ এনেকৈয়ে চলি যায়।
ঠিকনাঃ
স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক
বুৰঞ্জী বিভাগ,ডিব্ৰুগড় বিশ্ববিদ্যালয় ।
পৃষ্ঠা ৩৩
নীলাখামৰ চিঠিঃ
প্ৰতি
মৰমৰ...
কি বুলিনো আৰম্ভ কৰিম …আজি বহু দিনৰ পিছত তোমালৈ এখন চিঠি লিখিলো। ক্ষমা কৰিবা প্ৰেৰকৰ নাম নিদিওঁ…মোৰ একা বেঁকা আখৰ বোৰ, কিবা ক'ব বিচাৰি ভাষা হেৰাই ৰৈ যোৱা কথাবোৰ হ'ব তোমাৰ চিনাকী। চিঠিৰ ভাষাৰ মাজত হেৰাই গৈ …নিজক নিজেই বিচাৰি …এখন দুখনকৈ নহয়… চাৰিখনকৈ পঠালো চিঠি। তোমাৰহে কোনো সঁহাৰি নাই। মই জানো তুমি মোক বেয়া পাব নোৱাৰা …তথাপিও জানো তুমি মোলৈ এখন চিঠি লিখিব নোৱাৰা। প্লিজ টেলিফোন নকৰিবা…ৰং হেৰুৱা মৰহা ফাগুনত , বসন্ত হৈ নামিব সময়। কিন্তু ক্ষণিকতে ভাগিব সপোন । পাৰা যদি , এখন চিঠিকে লিখিবা…প্লিজ প্ৰেৰকৰ নাম নিদিবা। তোমাৰ চিঠিৰ ভাঁজে ভাঁজে হাত কঁপি ৰৈ যোৱা কথা বোৰ …দুচকু জল পলকৈ সৰি পৰা টোপালে ধুই নিয়া ভাষাবোৰ…নোপোৱাৰ মাজতো বিচাৰি পাম সুখ । সাঁচি ৰাখিম চিঠিখন …পাৰ নহ'ব সেই সময়। আজি কালি মোৰ সপোন দেখিবৰো বৰ ভয় লাগে জানা… সপোনৰো যে বহুত দাম। মই জানো চিঠি খন পঢ়ি …অস্থিৰ হৈ পৰিবা তুমি । হয়তো বন্ধ হ'ব পাৰে কলিজাৰ স্পন্দন । ক্ষমা কৰিবা মই তোমাক পুৰণি মৰম বিচাৰি খবৰ কৰা নাই। কিন্তু প্ৰিয়জনক পাহৰাৰো যে কোনো, দৰৱ নাই। কেতিয়াবা ভাবানে কিমান সুখেৰে আছো মই। কিন্তু নাভাৱিবা… এতিয়া যে মই তোমাৰ কোনোৱেই নহয়। মনত আছেনে তোমাৰ সেইযে প্ৰমিজ কৰিছিলো… শেষ ক্ষণলৈকে কাষতে থাকিম…পাহৰি পেলোৱা কথা বোৰ । ভুল নুবুজিবা …মই তোমাক দুখি কৰিব বিচৰা নাই। কিন্তু কিছুমান ভুলৰো যে শুদ্ধ কৰাৰ ৰাস্তা নাই। মই জানো অস্থিৰ হৈ পৰিছা তুমি…জল পলাইছে তোমাৰ দুচকু । অস্পষ্ট হৈ পৰিছে মোৰ চিঠিৰ ভাষা বোৰ…ভাল লাগে মোৰ জানা… কান্দিলেও যে তোমাক এতিয়াও ধুনীয়া দেখি। বহুত শুভকামনা থাকিল তোমালৈ…শেষ মানেইটো সকলো শেষ নহয় …এয়া নতুনকৈ আৰম্ভণি কৰাহে সময় । আজিলৈ সামৰো দিয়া বহুতে দীঘল হ'ল দিয়া। নতুন দিনৰ বহু বহু শুভকামনা থাকিল তোমালৈ।
ইতি তোমাৰ
ক্ষমা কৰিবা কোনোৱা অচিন প্ৰেমিক।
ভাস্কৰ জ্যোতি গগৈ ।
ভ্ৰাম্যভাষঃ ৭০০২৬০২৭১৪
শিৱসাগৰ ।
পৃষ্ঠা ৩৪
শিশু সম্পৰ্কীয়ঃ
শিশুৰ সমস্যা-জড়িত দূৰ কৰাৰ উপায়
হিমাদ্ৰী বৰকটকী,
নগাঁও
মনোবৈজ্ঞানীক দৃষ্টিকোণৰ ফালৰ পৰা সমস্যা জড়িত আচৰণ হৈছে – যি আচৰণে ব্যক্তিৰ স্বাভাৱিক শিক্ষা আৰু অভিজ্ঞতা আহৰণ তথা সামাজিক আদান- প্ৰদানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে। শিশুৰ সমস্যা জড়িত আচৰণৰ প্ৰধান কাৰণ হৈছে – অসুস্থ পৰিবেশৰ প্ৰভাৱ। পৰিবেশ আৰু পৰিস্থিতিয়ে শিশুৰ মনোদৈহিক প্ৰয়োজনবোৰ পূৰণত ব্যৰ্থ হ'লে শিশুৰ সমস্যা জড়িত আচৰণবোৰৰ সৃষ্টি হয়। শিশুৰ দৈহিক, মানসিক আৰু আবেগিক প্ৰয়োজন সমূহ যথোচিতভাৱে পূৰণ কৰি তাৰ আচৰণক স্বাভাৱিক ৰূপত গঢ় দিব পাৰি। শিশুৰ সমস্যা জড়িত আচৰণৰ জটিলতা আবেগিক নিৰাপত্তা আৰু পৰ্যাপ্ততা অনুভৱ কৰিব নোৱাৰাৰ ওপৰতেই বিশেষভাৱে নিৰ্ভৰশীল হয়। সেয়েহে শিশুৰ সঠিক দিশত গঢ় দিবলৈ যথেষ্ট সতৰ্কতাৰে আগবাঢ়িব লাগিব। ইয়াৰ বাবে শিক্ষক তথা অভিভাৱক সকলে সচেতন আৰু দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।
প্ৰথমতে, মাক – দেউতাকে শিশুক তাৰ গৃহ পৰিবেশৰ মৰম – চেনেহৰ ক্ষেত্ৰত অকুণ্ঠভাৱে প্ৰদান কৰিব লাগিব। শিশুৰ লগত সঘনাই ঘনিষ্ঠ সংস্পৰ্শ আৰু সান্নিধ্য ৰক্ষা কৰি চলিব লাগে। এই ক্ষেত্ৰত লক্ষণীয় যে, শিশুৱে আবেগিকভাৱে মাক দেউতাকৰ অধীনত নিৰাপত্তা আৰু মৰম চেনেহ, যত্নৰ পৰ্যাপ্ততা অনুভৱ কৰি উঠিব পাৰে।
দ্বিতীয়তে, মাক দেউতাকে শিশুৰ দৈহিক প্ৰয়োজনসমূহৰ ক্ষেত্ৰত যেনে- খোৱা-লোৱা, পিন্ধা-উৰা আদিৰ ক্ষেত্ৰত সদায় সতৰ্ক দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয়।
তৃতীয়তে, গৃহ পৰিৱেশত শিশুক উন্নত এক বৈষয়িক পৰিবেশ মাক-দেউতাকে প্ৰদান কৰিব লাগে – যাতে শিশুৱে তাৰ সুস্থ সঞ্চালনমূলক বিকাশ সাধন কৰিব পাৰে। ইয়াৰ বাবে শিশুক বিভিন্ন খেলা-ধূলাৰ আহিলা-পাতি প্ৰয়োজন মতে যোগানৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে।
চতুৰ্থতে, মাক-দেউতাকে ল’ৰা-ছোৱালীৰ প্ৰতি কোনো পক্ষপাতমূলক মনোভাৱ বা আচৰণ দেখুৱাব নালাগে। তেওঁলোকৰ আচৰণ যথাসম্ভৱ ব্যক্তি-নিৰপেক্ষ আৰু গণতান্ত্ৰিক বিধৰ কৰি তুলিবলৈ চেষ্টা কৰিব লাগে- যাতে তেনে আচৰণত কোনো পক্ষপাতিত্বৰ ভাৱ দেখা পোৱা নাযায়।
পঞ্চমতে, বিদ্যালয়ত এক উন্নত শিক্ষা পৰিবেশ গঢ় দি তুলিব লাগে- য’ত শিশুৱে এক বহল পৰিসৰৰ খেলা-ধূলাৰ সা-সুবিধা লাভ কৰিব পাৰে। শিশুৰ আৱেগ-অনুভূতিৰ সুস্থ বিকাশ এনে শিক্ষা-পৰিবেশে সম্ভৱ কৰি তুলিব লাগে।
ষষ্ঠতে, শিক্ষক-অভিভাৱক সকলে ল’ৰা-ছোৱালীক তেওঁলোকৰ লগৰ সমনীয়া আৰু বন্ধু-বান্ধৱসকলৰ লগত সুস্থ সম্বন্ধ স্থাপন কৰি চলিব পৰাৰ প্ৰতিও চকু ৰাখিব লাগে। কিশোৰ-কিশোৰীৰ মনত বিপৰীত লিংগৰ প্ৰতি পঢ়ি উঠা যৌন আসক্তিক সমালোচনাৰ চকুৰে নাচাই আৱশ্যক মতে সন্মানৰ দৃষ্টিৰেহে বিবেচনা কৰিব লাগে।
সপ্তমতে, গৃহ পৰিবেশত ল’ৰা-ছোৱালীয়ে মনত যাতে কোনো বিষয় বা বস্তুৰ ওপৰত অভাৱ অনুভৱ নকৰে, তাৰ প্ৰতিও অভিভাৱক সচেতন হ’ব লাগে। অৱশ্যে, এইখিনিতে মন কৰিবলগীয়া, যাতে ল’ৰা ছোৱালীক অধিক সা-সুবিধা দি সিহঁতক আলসুৱা স্বভাৱৰ তথা ধ্বংসৰ ফালে ঠেলি দিয়া নহয়।
অষ্টমতে, মন কৰিবলগীয়া যে ল’ৰা-ছোৱালীয়ে যাতে সকলো কথা বাস্তৱ দৃষ্টিভংগীৰ দ্বাৰা চাবলৈ আৰু অনুভৱ কৰিবলৈ শিকে আৰু বাস্তৱ অভিজ্ঞতা লাভ কৰিব পাৰে। তাৰ প্ৰতিও দৃষ্টি ৰখাটো প্ৰয়োজন। কল্পনাৰ অৱান্তৰ প্ৰভাৱৰ পৰা ল’ৰা-ছোৱালীক পাৰ্যমানে মুক্ত কৰি ৰাখিব লাগে।
উল্লেখযোগ্য যে সামাজিকভাৱে সুপ্ৰতিষ্ঠিত অতি বুদ্ধিমান লোকেও তেওঁৰ নিজ সন্তানৰ সমস্যা-জড়িত আচৰণ সম্বন্ধে ৰহস্যজনক ভাৱে নিজৰ অজ্ঞতা প্ৰকাশ কৰিব পাৰে। সমস্যাৰ জটিলতাই তেওঁলোকৰ মনত উদ্বেগ আৰু ব্যৰ্থতাৰ ভাৱ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। সেয়েহে বহু সময়ত দেখা যায় যে, মাক-দেউতাক বা অভিভাৱকৰ অজ্ঞতা আৰু উদাসীনতাৰ হেতুকে শিশুৰ এনে সমস্যা-জড়িত আচৰণ অধিক জটিল হৈ পৰে। সেইবাবে এনে আচৰণৰ ওপৰত সম্যক জ্ঞান থকাটো অতি প্ৰয়োজন। শিশুৰ দেহ-মনৰ প্ৰয়োজন সম্বন্ধে বয়সস্থসকলৰ অভিজ্ঞতাই বহু পৰিমানে শিশুৰ সমস্যা-জড়িত আচৰণৰ সৃষ্টি কৰে। এই কথাৰ উপলব্ধিৰে শিশুক তাৰ প্ৰকৃত ৰূপত চাবলৈ আৰু বুজিবলৈ চেষ্টা কৰাটো আমাৰ সকলোৰে কৰ্তব্য।
পৃষ্ঠাঃ ৩৫
গল্পঃ
প্ৰাপ্তি
জয়শ্ৰী শইকীয়া যোৰহাট
ফ'ন নং:৯৩৬৫২৫৩৮০৫
" সন্ধিয়া পাৰ্কলৈ আহিবা।তোমাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ তেতিয়াই পাবা। "
ৰিছাৰ পৰা হোৱাটছ এপত অহা মেছেজটো পাই সমীৰণ উৎকণ্ঠিত হৈ পৰিল।
যোৱা এমাহ ধৰি ৰিছাৰ অনাকাংক্ষিত ব্যৱহাৰে সমীৰণ বৰুৱাৰ অন্তৰত অহৰ্নিশে আলোড়নৰ সৃষ্টি কৰি আহিছে। নিজকে বুজাব পৰা নাই সি। অৱশেষত অতিষ্ঠ হৈ কালি সি তিনিচুকীয়াৰ পৰা যোৰহাট পালেহি।
" কিয় তুমি এনেকুৱা কৰিছা ? তুমি এই অদৰকাৰী কথাটোৰ লগত লাগি সময় বৰবাদ কৰাতকৈ নিজৰ ব্যৱসায়ত মনপুতি লাগা।" সি হঠাৎ ঘৰলৈ অহা বুলি জানিব পাৰি ৰিছাই মেচেছ কৰিছিল।
" তোমাৰ বাবে অদৰকাৰী হ'ব পাৰে। মোৰ বাবে নহয়। যোৱা ছমাহত তোমাৰ আৰু মোৰ মাজত যিটো সম্পৰ্ক গঢ় লৈ উঠিল সেইটো পাহৰি যোৱাটো মোৰ বাবে অসম্ভৱ। " মেছেজটো দেখিয়েই সমীৰণে লগে লগে তাইলৈ ফোন লগাইছিল।
" সম্পৰ্কটো কিয় পাহৰিবা ? তুমিও নাপাহৰিবা, ময়ো নাপাহৰোঁ। মাত্ৰ আমাৰ মাজৰ এই নিঃস্বাৰ্থ সম্পৰ্কটোক প্ৰেমৰ নাম নিদিবা।" ৰিছাৰ বেপৰোৱা উত্তৰটো শুনিয়েই খঙতে সি ফোন কাটি দিছিল।
ৰিছাক প্ৰথম দেখা পোৱাৰ দিনাৰেপৰা এটা এটাকৈ সকলো কথা তাৰ চকুৰ আগত ভাহি আহিল !
সমীৰণ মানে যোৰহাট নগৰৰ সফল নাম থকা যুৱ ব্যৱসায়ী লগতে বিখ্যাত সমীৰণ বৰুৱা ! আৰু ৰিছা হ'ল ৰিছা গগৈ মেক-আপ আৰ্টিষ্ট হিচাপে বিশেষ নাম থকা এগৰাকী তন্বী লাহী দেহৰ সুন্দৰী যুৱতী ! এই ৰিছাৰ লগত সমীৰণৰ চিনাকী হৈছিল আজিৰ পৰা ছমাহ আগত হৈ যোৱা তাৰ একমাত্ৰ ভনীয়েক নীৰাৰ বিয়াত। তাই আহিছিল নীৰাক সজাবলৈ!সেই যে চিনাকী হ'ল তেতিয়াই ৰিছাৰ মাজত সমীৰণে বিচাৰি পাইছিল তাৰ কল্পনাৰ ছোৱালীজনীক ! ৰিছাৰ লগত কথা পতাৰ পাছৰে পৰা সমীৰণৰ মনত আলোড়ন তুলিছিল প্ৰেমৰ ঢৌৱে ! লাহে লাহে ফ'ন মেছেজত দুয়ো কথা পতা হ'ল ! দুয়োৰে মাজত ঘনিষ্ঠতা ফ'নতেই বাঢ়ি আহিল ! দুয়ো দুয়োকে নি সংকোচে সকলো কথা শ্বেয়াৰ কৰিছিল আৰু সমীৰণ ৰাগীয়াল হৈছিল ৰিছাৰ প্ৰেমৰ ৰাগীত ! সি বিচাৰিছিল ৰিছা আজীৱন তাৰ হৈ ৰওক ! কিন্তু প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ভয় হৈছিল তাৰ ! তথিপিও সি এদিন বহুত সাহসেৰে ৰিছাক কৈছিল "আমাৰ সম্পৰ্কটোক এটা নাম দিব বিচাৰোঁ! তুমি হয়তো বুজিছাই মই কি ক'ব বিচাৰিছো ! তোমাৰ পৰা এটি পজিটিভ উত্তৰ বিচাৰো মই !অৱশ্যে তোমাক ফৰ্চ কৰা নাই মই" ইমানদিনে ৰিছাই মনত যি ভয় খাই আছিল সেইটোৱে হ'ল ! তাই কি ক'ব ভাৱি নাপালে ! তাইৰো ভাল নলগা নহয় সমীৰণক কিন্তু ! নাই নোৱাৰে তাই কেতিয়াও নোৱাৰে ! আন্ধাৰক আগত ৰাখি জীৱনৰ ক্ষন্তেকীয়া পোহৰ তাই ল'ব নোৱাৰে ! তাই জানে সমীৰণে তাইক সুখী কৰিব পাৰিব কিন্তু তাই যে ভয় কৰে এইবোৰ সুখলৈ!সেয়েহে তাই সমীৰণক কৈছিল পোনচাটেই "নাই মই ইচ্ছা নকৰো! আপুনি নালাগে কাৰো লগতে মই কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্কত থাকিব নিবিচাৰোঁ!" তাইৰ উত্তৰত আঘাত পাইছিল সমীৰণে তথাপিও সুধিছিল "ইয়াৰ কাৰণ ? তাই উত্তৰ নিদি ফ'ন অফ কৰি ৰাখিছিল যদিও পিছদিনা অন কৰাৰ লগে লগে আহিছিল সমীৰণৰ ফ'ন ! সি কৈ উঠিছিল "মই যোৰহাট আহি গ'লো ! মোক মাথোঁ এটাই উত্তৰ লাগে কিয় এইবোৰ কৰিছা তুমি ? যদি সঁচাই মোক নিজৰ ভাল বন্ধু বুলি ভাবা আজি লগ কৰিবা বুলি আশা থাকিল ! তাৰ ঠিক আধাঘণ্টাৰ পাছতে ৰিছাই তাক ৰজাবাৰী পাৰ্কত লগ কৰিবলৈ মাতিছিল। সি যোৱাৰ আগতেই ৰিছা পাইছিল । সি ৰিছাৰ কাষত বহাৰ পাছতে তাই আৰম্ভ কৰিছিল " আপুনি যেতিয়া মোক আৰু মোৰ অতীতক জানিব তেতিয়া মোক হয়তো ঘৃণা কৰিব " সমীৰণে কৈ উঠিল "মই কি কৰো নকৰো সেইটো পিছৰ কথা আগত তুমি আজি মোক সকলো খুলি ক'বই লাগিব ! ৰিছাই ক'লে "শুনক মই প্ৰকৃততে এজন ট্ৰান্সজেণ্ডাৰ হয় ! মোৰ অৰিজিনটো এজন ল'ৰাৰ শৰীৰ হয় ! মোৰ জন্ম হৈছিল দুজন দাদাৰ পাছত !মা- দেউতা আৰু ককা-আইতাই স্বাভাৱিকতে এজনী ছোৱালী বিচাৰিছিল। কিন্তু ভগৱানে সেই ইচ্ছা পূৰ নকৰি মোক ল'ৰাৰ শৰীৰ এটা জন্ম দি মনটো ছোৱালীৰ দৰে কৰি পঠালে! প্ৰায় পাঁচ বছৰ মানলৈকে ঠিকেই আছিলো!সকলোৰে মৰমত আলাসত ডাঙৰ হোৱা মই যেন লাহে লাহে অনুভৱ কৰিবলৈ ধৰিলো মোৰ মনটোৱে এজনী ছোৱালী হ'ব বিচাৰে আৰু মই যেন এক কৃত্ৰিম খোলাৰ মাজত আৱদ্ধ ! মই মাক ঘৰৰ কামত সহায় কৰি দিওঁ আৰু মনে মনে মাৰ কাপোৰ পিন্ধি নিজকে ছোৱালীৰ দৰে সজাওঁ !স্কুলতো ছোৱালীৰ লগতে থাকিব ল'লো আৰু মোৰ কথা কোৱাৰ ধৰণ কৰণ সকলো ছোৱালীৰ নিছিনা হ'ল। যাৰ কাৰণে প্ৰথমতে সকলোৱে আমোদ পাইছিল যদিও। মোক পাছলৈ জোকাবলৈ ল'লে ! দাদা হঁতেও মোৰ লগত যাবলৈ লাজ কৰা হ'ল!মা-দেউতা ককা-আইতাই মোক গালি দিয়ে লাহে লাহে। এনেকৈৱে লাহে লাহে মই হাই স্কুল পাওঁতে মোৰ এটা ল'ৰাক ভাল লগা হ'ল ! মোক যৌৱনৰ বলিয়া বতাহে চুই গ'ল !ল'ৰাটো আছিল দেউতাৰ বন্ধুৰ ল'ৰা ! মই দশম শ্ৰেণীৰ শেষান্ত পৰীক্ষাৰ শেষত তাক এখন চিঠি দিলো আৰু সেই চিঠিখনেই কাল হ'ল ! সি তাৰ ঘৰত দেখুৱাই দিলে । তাৰ ঘৰৰ মানুহে মোৰ দেউতাক দিলে" এনেকৈ কৈ ৰিছা ক্ষন্তেক ৰৈ সমীৰণক সুধিলে আৰু শুনিবনে মোৰ অতীত সমীৰণে ক'লে "কৈ যোৱা শুনি আছো" ৰিছাই এগিলাছ পানী খাই ক'লে" সেইদিনা দেউতা খঙত অগ্নিশৰ্মা হৈ ঘৰত আহি মোক ইমান বেছি মাৰিলে যে লগতে মাকো কথা শুনালে আৰু মোক বোলে তেওঁৰ সন্তান বুলি ক'বলৈ লাজ লাগে ! ঠিক তাৰ পাছৰ দিনাই ডাঙৰ দাদাই মোক মামাৰ ঘৰলৈ যাওঁ বুলি লগত লৈ ট্ৰেইনত উঠাই পানী কিনি অনাৰ চলেৰে যি গ'ল গ'লেই !সেয়া হয়তো সকলোৰে চক্ৰান্ত আছিল! লাহেকৈ ট্ৰেইন চলিলে মই ভয়ত কঁপিছো মাথোঁ ভাবিছো দাদা কিয় অহা নাই ! নাজানো মই মোৰ গন্তব্যস্থান কি ,মোৰ জীৱনৰ ৰে'লখন কোনটো ষ্টেশ্যনলৈ গৈ আছিল নাজানো মই একো ! মই মাথোঁ ভগৱানৰ নাম ল'লো আৰু ভগৱানে মোৰ বাবে এজন দেৱদূত হিচাপে পঠালে মোৰ দৰে কাৰোবাক ! ট্ৰেইনখন এটা ষ্টেশ্যন ৰখাওঁতে মই থকা ডবাটোলৈ এগৰাকী লেডী সোমাই আহি বহি ল'লে ! তেওঁ লাহে লাহে মোৰ লগত কথা পাতি সকলো জানিব পাৰি মোক তেওঁৰ লগত যোৱাৰ প্ৰস্তাৱ দিলে ! মইয়ো একেআষাৰে মান্তি হ'লো !তেওঁৱো আছিল মোৰ দৰেই !কিন্তু তেওঁৰ ঘৰত সকলোৱে তেওঁক চাপৰ্ট কৰিছিল য'ত তেওঁ চাৰ্জাৰী কৰি নিজক এগৰাকী নাৰী লৈ ৰূপান্তৰ কৰিছিল ! তেওঁ আছিল দেউতাকৰ বিশাল ব্যৱসায়ৰ একমাত্ৰ উত্তৰাধিকাৰী ! আৰু তেওঁমোক তেওঁক মা মাতিবলৈ শিকাইছিল ! তেওঁৰে কৃপাত সলনি হৈছিল মোৰ জীৱনৰ সোঁত ! আৰম্ভ হৈছিল এক নতুন জীৱন ! য'ত মই মোৰ অস্তিত্বক বিচাৰি পাইছিলো ! তেওঁ মোক চাৰ্জাৰীৰ দ্বাৰা দিছিল নাৰীৰ ৰূপ আৰু মই ৰিয়ানৰ পৰা ৰিছা হ'লো!" এইয়াই আছিল মোৰ জীৱন ! পাৰিবনে ইয়াৰ পাছতো মোক নিজৰ কৰিব? সমীৰণে ৰিছাৰ চকুলৈ চালে আৰু কৈ উঠিল "মই তোমাক হৃদয়ত ঠাই দিয়াৰ আগতেটো এবাৰো জনা নাছিলো তুমি কোন আৰু কি! তোমাৰ অতীত মোৰ কাৰণে অপ্ৰয়োজনীয় !কথা দিলো কোনোদিন তোমাৰ অতীতৰ কোনো কথাৰ দ্বাৰা আঘাত নকৰো তোমাক ! এতিয়া কোৱা পাৰিবানে মোৰ হ'ব ? ৰিছাই ক'লে "যদি মোৰ মাৰ আপত্তি নাই" সমীৰণ "মাক মনোৱাৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়া ! মায়ে মানি ল'লে তোমাৰটো আপত্তি নাই ?আঁকিবানে তোমাৰ উকা সেওঁতাত মোৰ নামৰ সেন্দুৰীয়া প্ৰেমৰ নৈখন ? ৰিছাই মাথোঁ মৌন হৈ চাই ৰ'ল সমীৰণৰ দুচকুত য'ত আছিল প্ৰেম আৰু বিশ্বাসৰ এখনি জীয়া নৈ য'ত ৰিছাৰ সাঁতুৰি নিজক হেৰুৱাব মন গ'ল আৰু সমীৰণক ৰিছাৰ নীৰৱতাই দি গ'ল তাৰ উত্তৰ আৰু লাহেকৈ তাইক বুকুৰ মাজত সোমোৱাই ল'লে !প্ৰাপ্তিৰ সুখে চুই গ'ল দুয়োকে!ডাঁৱৰ আতৰি ফৰকাল হোৱাৰ দৰে দুয়োৰে মন আকাশত নতুন সপোনে দোলা দি গ'ল!
(সমাপ্ত)
পৃষ্ঠাঃ ৩৬
মানসিকতাৰ অধঃপতন
ফুলশ্ৰী বৰুৱা
টংলা
ফোনঃ ৯৭০৬৭৭৫৬৪৭
কি বুলি ভাৱে তাই নিজকে ? হ'ল বুলি মানুহ ইমান নিকৃষ্ট মানসিকতাৰ হ'ব পাৰেনে ? তাই ভাৱি থৈ দিয়া কথাবোৰৰ কিবা সত্যতা অথবা যুক্তিযুক্ততা আছেনে ? ইচ্ ৰাম.. কি কি কথাই যে তাইৰ মন মগজু ভৰাই ৰাখিছে তাইহে জানে । গিৰীয়েক সন্দীপ হাজৰিকাই চৰকাৰী কৰে, কলেজৰ অধ্যাপক (ইংৰাজী বিভাগ) । তাই অৱশ্যে গৃহিণী। একপ্ৰকাৰ গিৰীয়েকক হাতৰ মুঠিত ৰাখিছে তাই । কিছুমান এলান্ধুকলীয়া চিন্তা তথা সন্দেহে তাইৰ মন-মগজু বাৰুকৈয়ে আচ্ছন্ন কৰি ৰাখিছে ।
কোনো মহিলা সহকৰ্মীক মিঃ সন্দীপে মাতিব নোৱাৰিব । কিবা কামত ফোন কৰিলেও তাইৰ সন্মুখতহে ফোনত কথা পাতিব পাৰিব । মুঠতে গিৰীয়েকক সম্পূৰ্ণৰূপে তাইৰ তলতীয়া কৰি ৰাখিছে । গিৰীয়েকেও ল'ৰা সন্তানদুটিৰ মুখৰ ফালে চাই কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে ।
কিন্তু এইয়া কি ? যিজন মানুহক এদিন নিজৰ জীৱনটো দিছিল, আজি দেখোন তেওঁৰ ওপৰত থকা বিশ্বাসকণ ক'ৰবাত হেৰাই থাকিল । সেই প্ৰতিশ্ৰুতিবোৰ তেন্তে মিছা আছিলে নেকি ?
তেওঁলোকৰতো প্ৰেমবিবাহ হৈছিলে । দুয়ো দুয়োকে প্ৰাণ ভৰি ভাল পাইছিলে । বিশ্বাস অটুট ৰখাৰ শপত খাইছিলে দুয়োজনে ।
এতিয়া মিঃ সন্দীপে নিজক বিচাৰে নিজৰ মাজত । ব্যক্তি-স্বাধীনতা বুলি তেওঁৰ আজি একো নাই । ইজনে সিজনৰ ব্যক্তি-স্বাধীনতা খৰ্ব নকৰাকৈ পৰস্পৰৰ অস্তিত্বক সন্মান জনোৱা আদৰ্শত সন্দীপ বিশ্বাসী । কথাবোৰ ভাৱিলে সন্দীপ বৰ অশান্তিত ভোগে । হীনমন্যতাত ভোগে কলেজৰ ষ্টাফ তথা আন মানুহৰ ওচৰত । একধৰণৰ অন্তৰ্দ্বন্দ্বই কোঙা কৰি পেলাইছে সন্দীপক । বৰ অকলশৰে সময়বোৰ কটাই তেওঁ আজিকালি । কাকো খুলি ক'ব নোৱাৰে কথাবোৰ । গিৰীয়েকৰ মানসিক অৱস্থাটোৰ কথা তাই এবাৰো ভাৱি চাব নোৱাৰেনে ? তাইৰ অকণো পুতৌ নেলাগেনে ?
এনেকি ছ'চিয়েল মিডিয়াটো কোনো কাৰণত কোনো মহিলাৰ লগত সন্দীপ সংযোজিত হ'ব নোৱাৰে । তাইৰ অগোচৰে যদি ফেচবুকত লাইক, কমেন্ট কৰিছে, তেতিয়াতো কথাই নাই.. একেবাৰে কুৰুক্ষেত্ৰৰ ৰণ । পৃথিৱীখন বহুত আগবাঢ়ি গৈছে... আগ নাবাঢ়িল তাইৰ চিন্তাধাৰা । মুঠতে সন্দীপৰ ফেচবুক একাউণ্ট্, হোৱাটচ্ এপপ্ একাউন্ট তন্ন তন্নকৈ চোৱাটো তাইৰ যেন নিত্য-নৈমিত্তিক কাম । স্বামী-স্ত্ৰী হ'লেও ব্যক্তিগত জীৱন বুলি সকলোৰে কিবা এটা থাকে আৰু সেই ব্যক্তিগত সত্বাটোক পৰস্পৰে শ্ৰদ্ধা তথা বিশ্বাস কৰাটো উচিত ।
কাৰোবাক লাইক, কমেণ্ট কৰা মানেই বাৰু কিবা এটা বেলেগ ধৰণৰ ৰিলেশ্ব্যনশ্বিপত থকাটো বুজায়নে ? মানসিকতাৰ ইমান অধঃপতন হ'লনে? আচলতে ঘৰত সোমাই সোমাই চাগে বহল পৃথিৱীখনৰ লগত তাইৰ পৰিচয় আজিলৈ নহ'ল ... গতিকে মানসিকতাৰো পৰিৱৰ্তন নহ'ল । এনে নিকৃষ্ট চিন্তা নকৰি সৃষ্টিমূলক কিছু চিন্তা কৰা হ'লে ...।
কথাবোৰ সন্দীপৰ মুখৰ পৰা শুনি বাসৱী আচৰিত হয় । বাসৱী..! সৰুৰে পৰা বৰ মেধাৱী ছাত্রী আছিল বাসৱী । কলেজৰ অধ্যাপক হোৱাৰ অদম্য বাসনাই তাইক সংগ্ৰাম কৰি যাবলৈ মনত সাহস দিছে । জীৱন যুঁজত হাৰ মানিব নোখোজা বৰ সাহসী তথা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰিণী বাসৱীয়ে জীৱনৰ ঘাট-প্ৰতিঘাটবোৰক সদায়েই প'জিটিভলি লৈছে আৰু আজিৰ বাসৱীজনী হৈছে, ড০ বাসৱী দত্ত (ৰসায়ন বিজ্ঞান বিভাগ), গোলাঘাটৰ কলেজ এখনৰ অধ্যাপক, যিখন কলেজত সহকৰ্মী হিচাপে লগ পালে, মিঃ সন্দীপ হাজৰিকাক । দিন বাগৰিল... বন্ধুত্ব বাঢ়িল । সন্দীপৰ মুখৰ পৰা ঘৰুৱা অশান্তিবোৰ অৱগত হ'ল বাসৱীৰ ।
এই বাসৱীজনীৰ লগতো যে তাই গিৰীয়েক সন্দীপক কিমান কি ক'লে...! ক'বলৈ একোৱে বাকী এৰা নাই । বন্ধুত্বৰ সম্পৰ্কত ক'লা দাগ সানি দিয়াত বাসৱীয়ে বৰ অপমান বোধ কৰিলে । এনেকি বাসৱীক তাই ফোন কৰিও ঢমক দিলে । খং, ক্ষোভ, অপমানেৰে জৰ্জৰিত বাসৱীয়ে সকলো নীৰৱে সহি গৈছে , কাৰণ বাসৱীয়ে জানে যে, জ্ঞানী মানুহৰ লগতহে তৰ্কত লিপ্ত হোৱা উচিত । তেনে তৰ্কৰ পৰাও কিবা নহয় কিবা শিকিব পাৰি ।
কথা ইমানলৈ আগবাঢ়িল যে.. নতুনকৈ লোৱা চাৰিচকীয়া গাড়ীখন লৈ সন্দীপ কলেজলৈ যাব নোৱাৰে । জানোচা, গাড়ীখনত বাসৱী বহে ...! বাসৱীয়ে নিজৰ গাড়ীৰেই অৱশ্যে কলেজলৈ অহা-যোৱা কৰে । বাসৱীয়ে ভাৱিবলৈ বাধ্য হয়, সংসাৰ জানো এনেকুৱা ? য'ত বিশ্বাসৰ সামান্য মৰ্য্যাদাখিনিও নাই, য'ত ইমান সন্দেহ । পাজল্ হয়, বাসৱীজনীৰ, এইয়া অহংকাৰ.. সন্দেহ... প্ৰেম.. নে আন কিবা..!
পৃষ্ঠা ৩৭
মৰম
জয়শ্ৰী দেৱী, বঙাইগাওঁ
নৱেম্বৰ মাহ, আজি দেওবাৰ। বতৰটো ডাৱৰীয়া, বৰষুণ আহেহে লাগে। ৰূপা আৰু ৰুবুলৰ গাত তৎ নাই। বাৰে বাৰে দেৱাল ঘড়ীটো চাই আছে কেতিয়া চাৰিটা বাজিব। ৰূপা ক্লাচ চেভেন আৰু ৰুবুল ক্লাচ ফাইভত পঢ়ে। সিহঁতৰ ঘৰৰ পৰা তিনিটামান পদূলী এৰি ৰুমী আইতাৰ ঘৰ। আইতাৰ একমাত্ৰ পুতেকে দিল্লীত চাকৰি কৰে, তাতে সপৰিয়ালে থাকে। বছৰৰ পূজাত এবাৰ দিঘলীয়া চুটি লৈ ঘৰলৈ আহে। সেইকেইদিন ল’ৰা-বোৱাৰী, নাতি-নাতিনী লৈ আইতা ব্যস্ত হৈ থাকে। বোৱাৰীয়েকো বৰ সাদৰী, সেই কেইদিন তাই শাহুৱেকৰ বৰ যত্ন লয়। পুতেকে মাকক ঔষধ পাতিৰ পৰা আৰম্ভ কৰি ক'ত কি দৰকাৰ সকলো যোগান দি থৈ যায়। দেউতাক সি সৰু থাকোতেই ঢুকাইছে। মাকৰ যত্ন ল’বৰ কাৰনে পুতেকে এজনী আদ বয়সীয়া তিৰোতা ৰাখি দিছে। মানুহজনীৰ ষোল্ল বছৰীয়া মানৰ ল’ৰা এটাও আছে। সি ঘৰৰ বজাৰ সমাৰ কৰাৰ উপৰিও পঢ়েও, এইবাৰ দশম শ্ৰেণী পাইছে।
প্ৰতি দেওবাৰে আবেলি ৰূপা আৰু ৰুবুল এই আইতাকৰ ঘৰলৈ যায় গল্প শুনিবৰ কাৰনে। আইতাকেও সিহঁতক বৰ মৰম কৰে আৰু দেওবাৰটো কেতিয়া আহিব বাট চাই থাকে। প্ৰায় তিনিটামান বজাত মাক-দেউতাকে খৰধৰকৈ কৰবাত যাবলৈ ওলালে আৰু ৰূপাক মাতি ক’লে-
: আমি অলপ ওলাই যাওঁ। তহঁত দুটা আমি আহি নোপোৱালৈকে ঘৰৰপৰা নোলাবি। ভালকৈ দুৱাৰ-খিৰিকি বন্ধ কৰি থবি, বৰষুণ আহিব।"
আজি আৰু গল্প শুনা নহ’ব বুলি দুয়োৰে মন সেমেকি গ’ল। বতৰেও মাক-দেউতাক ওলাই যোৱাটোহে যেন বাট চাই আছিল। লগে লগে বতাহ-বৰষুণ আৰম্ভ হ’ল, চাৰিওপিনে এন্ধাৰ হৈ পৰিল। ৰূপাই চাৰিওপিনে লাইটবোৰ জ্বলাই দিলে। দুয়োটাই ড্ৰইংৰুমতে বহি থাকিল জানোচা মাকহঁত আহি পায়েই। ৰুবুলে ভয়তে আহি বায়েকৰ ওচৰ চাপি বহিল। কাৰেন্ট যাব পাৰে বুলি ৰূপাই টৰ্চ,কেণ্ডেল, দেচলাই যোগাৰ কৰি থলে। ৰুবুলে মনতে ভাবিলে আজি আইতাৰ পৰা সাধু শুনাও নহ’ল আৰু আইতাকে সিহঁতৰ কাৰনে আনি থোৱা কেডবেৰীজো খোৱা নহ’ল। অলপ পিছতে কাৰেন্টো গ’ল। ৰূপাই কেণ্ডেল এডাল জ্বলাই গোটেই ৰুমটো পোহৰ হোৱাকৈ মাজৰ টেবুলখনত থলে।
এনেতে কলিং বেলটো বাজি উঠিল। মাকহঁত অহা বুলি ৰূপাই দৰজা খুলি দেখিলে সন্মুখত ৰুমী আইতা থিয় হৈ আছে। তাইৰ কাষেৰে আইতা ভিতৰলৈ সোমাই আহিল আৰু তাইক ক’লে-দুৱাৰখন বন্ধ কৰি দে নহ’লে ভিতৰলৈ পানী সোমাব। তাইৰ কাষেৰে আইতাক আহোঁতে তাই আচৰিত হ’ল, ইমান বৰষুণৰ মাজেৰে অহা স্বত্তেও আইতা অলপো ভিজা নাই। হাতত চাটিও নাই কেৱল এখন হাতত কেডবেৰীজ চকলেট দুটাহে আছে। তাই কিবা এটা সুধিব খোজাত আইতাকে ক’লে-
: কি হ’ল, আহ বহ। বতৰ বেয়া দেখি তহঁত যাব নোৱাৰিবি কাৰনে মইয়ে গুচি আহিলো। বেছিদিন থাকিলে চকলেট দুটা বেয়া হৈ যাব, হোঁ ল দুয়োটাই খা। মাৰহঁত আহোতে দেৰী হ’ব চাগে। মই নবহো দে, আমাৰ ঘৰত মানুহ কেইজনমানে কিবা কথা পাতি বস্তু বাহানি যোগাৰ কৰি আছে। মই চাওঁগৈ কি কৰে। দৰজাখন ভালকৈ বন্ধ কৰি ল, ভয় কৰিব নালাগে। এইবুলি ৰূপাৰ হাতত চকলেট দুটা দিয়াৰ সময়ত আইতাৰ চেচা হাতখন তাইৰ হাতত লাগি গা শিৰশিৰাই গ’ল।
আইতা যোৱাৰ পিছত দুৱাৰখন বন্ধ কৰি দুয়োটাই চকলেট খাই বহি থাকিল। প্ৰায় এঘন্টা মানৰ পিছত মাক-দেউতাক আহি পালে। তেতিয়া বতাহ-বৰষুণ নাছিল, কাৰেন্টো আহিল। মাকে লাইট জ্বলাই সিহঁতৰ কাষত পৰি থকা চকলেটৰ কাগজ দেখি সুধিলে-
: তহঁতে চকলেট ক'ত পালি ?
: তোমালোক যোৱাৰ পিছত আইতাই আহি দি গ’ল।
তাইৰ কথা শুনি মাক দেউতাক উচপ খাই উঠিল, দুয়ো দুয়োৰে মুখলৈ চালে। এইটো কেনেকৈ সম্ভৱ ? কাৰণ আবেলি ৩ টা মান বজাত হাৰ্টফেল কৰি আইতাক ঢুকাইছে। সিহঁত দুটাই ভয় খাব বুলি মাকহঁতে সিহঁতক কথাটো নক’লে। পিছদিনা হে আইতাক ঢুকোৱা খবৰটো পাই ৰূপাই মাকক ক’লে-
: অ’ সেই কাৰণে ইমান বৰষুণত অহা স্বত্তেও আইতা ভিজা নাছিল। অশৰীৰি আত্মাৰ ৰ’দ বৰষুণৰ একো তফাৎ নাই । কিন্তু সম্ভৱত মৰমৰ টান এটা থাকে।
এই সৰু ছোৱালীজনীৰ মুখত এনে গুৰু-গম্ভীৰ কথা শুনি মাকে অবাক হৈ তাইৰ মুখলৈ চাই থাকিল।
পৃষ্ঠা ৩৮
ভেলেণ্টাইন বিশেষঃ
ইউ আৰ মাই ভেলেণ্টাইন...
প্রীতিৰেখা দাস
কটাম বুলি ভাবিছোঁ তোমাৰ স’তে হেঁপাহৰ এটি দিন ৷
হেৰাই যাম সিদিনা তোমাৰ সুনীল চকুৰ গভীৰতাত ৷
নাইবা তোমাৰ পুৰঠ ওঁঠত আঁকি দিম।
মোৰ কোমল ওঁঠৰে এটি দীঘল চুমা
সংগোপনে ওমলি থাকিব তোমাৰ আঙুলিৰ ফাঁকত
মোৰ লিহিৰি আঙুলিবোৰ ৷
এক মায়াময় সুখানুভূতিত
উচ্ছাখিত হৈ পৰিব চৌপাশৰ সময়বোৰ ।
তুমি মোলৈ উপহাৰ হিছাপে কি আনিবা ?
সোণৰ আঙুঠি ? কাঁচৰ তাজমহল ? নে অন্য কিবা ?
যদি তুমি আনিলা হেঁতেন মোলৈ এপাহ শুভ্ৰ খৰিকাজাই
মই বৰ সুখী হ'লো হেঁতেন জানা…
মই কিন্তু লৈ যাম তোমালৈ দুহাতৰ কুঁকিত ভৰাই
প্রেম আৰু কবিতাৰ আকাশ ৷
সেই দিনটো আমাৰ একান্তয়ে নিজৰ ৷
ইজনে সিজনক আকৌ এবাৰ বুজাৰ ,নতুনকৈ অনুভৱ কৰাৰ ,
আগতকৈ বেছি আকুল হোৱাৰ ৷
তুমি ভালপোৱা ৰঙৰ কাপোৰ সাঁজ পিন্ধি যোৱা বাবে
তুমি হয়তো বাৰে বাৰে কবা আজি তোমাক ধুনীয়া লাগিছে.. ৷
পুলকিত হৈ পৰিব মোৰ মন ৷
প্ৰিয় পুৰুষজনৰ মুখত সেই কথাষাৰি শুনিবলৈ
সকলো নাৰীৰে অসীম হেঁপাহ।
পাৰিলে তুমি মবাইলটো অফ কৰি থবা হা ৷
বাৰে বাৰে তোমাৰ কামৰ ফোনবোৰে
আমাৰ মৌ মিঠা সময়বোৰ বিৰক্ত কৰিব ।
সেই দিনটো আমাৰ হেঁপাহৰ ৷
সৰু সৰু কথাতে মই সিদিনা অভিমান কৰিম দেই ৷
মোৰ অভিমান ভাঙিবলৈ তুমি যে কেনেখন কাঁও বাঁও কৰা
মোৰ বহুত ভাল লাগে জানা ৷
আমি সিদিনা বহুত কথা পাতিম ৷
প্রেমৰ…জীৱনৰ…কিম্বা আমাৰ সোণালী ভবিষ্যতৰ ৷
দুঃখ লাগিলে তোমাৰ বুকুত সোমাই
মই উচুপি উচুপিও কান্দিম ।
দুহাতৰ তলুৱাৰে তুমি মোৰ চকুপানী মচি দিবা ৷
পাৰ ভাঙি বৈ অহা অশ্রুকণাবোৰ
তোমাৰ আঙুলিৰ পৰশত
হৈ পৰিব একো একোটা ৰূপোৱালী তৰা ৷
যিয়ে ক্ষণিকতে পোহৰাই পেলাব
মোৰ কলিজাৰ অমানিশা ৷
মই আওৰাম কবিতা ৷ তুমি গুণগুনাই শুনাবা প্ৰিয় গীত ৷
সেই দিনায়ে মই তোমাৰ নতুনকৈ প্রেমত পৰিম ৷
চকুত চকু থৈ আকৌ এবাৰ তুমি কবা
মই তোমাক ভালপাঁও বুলি ৷
মই কম তোমাক ইউ আৰ মাই ভেলেণ্টাইন ।
সেই দিনটো আমাৰ প্রেমৰ দিন। আকাংক্ষাৰ দিন ৷
মই অধিৰ হৈ পৰিম, আতুৰ হৈ উঠিম,
প্ৰেমময় দিনটোত বিলীন হ'বলৈ তোমাৰ সতে প্ৰেমৰ মোহনাত ।
হেল্লো….হেল্লো…. তুমি শুনি আছানে ?
১৪ ফেব্রুৱাৰি…ভেলেণ্টাইন ডে...
ক’ত লগ পাম তোমাক ?
ঠিকনাঃ
বাংগালোৰ
ফোন _৮১০৫২৫২৩৫০
পৃষ্ঠা ৩৯
ৰেচিপিঃ
খেজুৰ আৰু বিলাহীৰ কেৰামেল হালোৱা
উপকৰণ-
১/ খেজুৰ ১০টা
২/ ডাঙৰ পকা বিলাহী ৩টা
গাখীৰ একাপ
৩/ চুজি ১ চাহচামুচ, চেনী একাপ, গৰু ঘিউ ডাঙৰ চামুচৰ ২ চামুচ, অলপ ড্ৰাই ফ্ৰুইটচ।
প্ৰণালী- প্ৰথমে খেজুৰ কেইটা একাপ গৰম পানীত আধাঘণ্টা তিয়াই ৰাখিব লাগিব। তাৰপাছত মিক্চিত দি ভালকৈ পেষ্ট বনাই লওক, সেই পেষ্ট বনাওঁতে অলপ গাখীৰ দিব। বিলাহী কেইটাও অলপ সিজাই পেষ্ট কৰি লওক, পেষ্ট কৰোতে ১চামুচ চেনী দিব।
এতিয়া গেচত পেনখন পাতি লৈ ২ চামুচ ঘিউ গৰম কৰি তাতে চেনীকাপ বাকি দি ঘন ঘন কৈ লৰাই থাকক, যেতিয়া চেনীখিনি লাহে লাহে গলি কেৰামেল কৰাৰ দৰে হ'ব তেতিয়া আগতেই গাখীৰত তিয়াই থোৱা চুজি চামুচে সৈতে গাখীৰ কাপ এই ঘিউ চেনীৰ মিশ্ৰণটোত ঢালি দি বিৰতি নোহোৱাকৈ ঘন ঘন কৈ লৰাই থাকক আৰু তাতে এই খেজুৰ, বিলাহীৰ পেষ্টখিনিও ঢালি দি খুব ঘনকৈ লৰাই থাকক, চাব যাতে কেৰামেল কৰা চেনীখিনি গোট মাৰি লাগি নধৰে। তাৰপাছত যেতিয়া এই গোটেই মিশ্ৰণটো লাহে লাহে ডাঠ হৈ আহিব। তেতিয়া গেছ অফ কৰি মিশ্ৰণটো সুন্দৰকৈ ড্ৰাই ফ্ৰুইটচ আদিৰে সজাই পৰিৱেশন কৰক।
এই হালোৱাবিধত কোনো অন্য ইলাচী, ডালচেনি, গোলাপজল আদি ব্যৱহাৰ নকৰিব, এইবোৰৰ ব্যৱহাৰে কেৰামেলৰ সুন্দৰ গোন্ধটো নোহোৱা কৰিহে পেলাব পাৰে।
শিখা অধ্যাপক,
চোলাধৰা, যোৰহাট
পৃষ্ঠা ৪০
শেষ পৃষ্ঠাৰ লেখাঃ
প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে' আৰু কিছু কথা
১৪ ফেব্ৰুৱাৰী দিনটো প্ৰেমিক যুগলৰ বাবে বিশেষ দিন। কাৰণ এই দিনটোতে প্ৰেমৰ দিৱস হিচাপে উদ্যাপন কৰা হয় ভেলেণ্টাইন ডে'। প্ৰেমাস্পদে পৰস্পৰে পৰস্পৰক উপহাৰ প্ৰদানেৰে বহিপ্ৰকাশ কৰে অন্তৰৰ মৰম ভালপোৱা। এটি নিৰিবিলি পৰিবেশত মন ভাৱ প্ৰকাশ কৰি উজাৰি দিয়ে হৃদয়ৰ আবেগ । পৰস্পৰে পৰস্পৰৰ আকৰ্ষণত মুগ্ধ হৈ পাৰ কৰিব বিচাৰে মন্ত্ৰমুগ্ধ কিছু ক্ষণ।
এই ভেলেণ্টাইন ডে'ৰ প্ৰভাৱ আমাৰ অসমত বহু পুৰণি নহয়। প্ৰায় ১৯৯০-৯১ মানৰ পৰাহে ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে আৰু ২০১৩-১৪ মানৰ পৰা ক্ৰমাত বৃদ্ধি হৈ বৰ্তমানৰ অৱস্থা পাইছেগৈ। সম্প্ৰতি ভেলেণ্টাইন ডে'ৰ দিনা পাৰ্ক, ৰেষ্টোৰা, পৰ্যটন স্থলি আদিত ভেলেণ্টাইন ডে'ৰ উপলক্ষে একত্ৰিত হোৱা প্ৰেমিক যুগল অনেক দেখিবৱৈ পোৱা যায়।
১৪ ফেব্ৰুৱাৰীত উদ্যাপন কৰা এই ভেলেণ্টাইন ডে' মূলতঃ ছেণ্ট ভেলেণ্টাইন নামৰ এজন সৈনিকৰ নামত উদ্যাপন কৰা হয়। ভেলেণ্টাইনক ৪৯৮ খৃষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীত সম্ৰাট ক্লাউডিয়াছে মৃত্যু দণ্ড বিহিছিল।
ভেলেণ্টাইন ডে' উদ্যাপনৰ কাৰণ যদি আমি ব্যাখ্যা কৰিবলৈ যাওঁ তেতিয়া হ'লে দেখিম যে এসময়ত ইউৰোপত এজন পুৰুষে বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে তাতোধিক নাৰীৰ লগত দৈহিক সম্বন্ধ ৰাখিব পাৰিছিল। যি পৰম্পৰা সেই সময়ত খুব কম সংখ্যক লোকৰ বাহিৰে বাকী সকলোৱে মানি চলিছিল। কিন্তু সেই কম সংখ্যক লোকৰ ভিতৰত ভেলেণ্টাইনেই ৪৭৮ খ্ৰীষ্টাব্দত এই নিয়মৰ বিৰোধীতা কৰিছিল। তেখেতে কৈছিল " আমি ইউৰোপবাসীয়ে পশু প্ৰবৃত্তিৰে যি শাৰীৰিক সম্পৰ্ক ৰাখি আহিছো এইয়া কু-প্ৰবৃত্তি। ইয়াৰ ফলত যৌন ৰোগ হ'ব পাৰে। বহুগামিতাক আমি বৰ্জন কৰিব লাগে আৰু বিবাহ ব্যৱস্থাক গ্ৰহণ কৰিব লাগে। তাৰ পাছত হে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা উচিত আৰু এজন জীৱন-সংগীৰ ধাৰণাত বিশ্বাসী হোৱা উচিত।" ভেলেণ্টাইনে এই কথা ইউৰোপৰ টাৰ্নি চহৰৰ অলিয়ে-গলিয়ে ঘূৰি প্ৰচাৰ কৰিছিল আৰু পিছলৈ তেওঁ গিৰ্জাৰ পাদুৰী হৈছিল। তেখেত গিৰ্জাৰ পাদুৰী হৈ থাকোতেই তেখেতৰ বিচাৰ লোক সকলক জনাবলৈ ধৰিলে আৰু বহু লোকক বিয়াও পাতি দিছিল। তেখেতৰ এই বিচাৰৰ সম্পৰ্কত তেখেতে সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ দৰ্শনৰ কথা কৈছিল আৰু এই দৰ্শন শুদ্ধ বুলি কৈ তেখেতে লোক সকলক তাক অনুসৰণ কৰিবলৈও কৈছিল। ইয়াৰোপৰি আন কিছু লেখনিত পোৱা যায় যে সেই সময়ত ইউৰোপৰ শাসন ব্যৱস্থাত এটা নিয়ম আছিল যে দেশৰ প্ৰতিৰক্ষাৰ বাবে ইউৰোপৰ প্ৰতিঘৰ মানুহৰে এজনকৈ যুৱক সৈন্যবাহিনীত যোগদান কৰিব লাগিছিল আৰু তেওঁলোকক বিবাহৰ অনুমতি দিয়া নহৈছিল। বিবাহ পাশত আৱদ্ধ হ'লে দেশৰ বাবে নিস্বাৰ্থ ভাৱে কাম কৰিব নোৱাৰে বুলি সেই সময়ত ইউৰোপত বিশ্বাস কৰা হৈছিল। কিন্তু ভেলেণ্টাইনে এই নিয়ম ভঙ্গ কৰি প্ৰেম তথা বিবাহ কাৰ্যক সমৰ্থন কৰিছিল। ফলত ভেলেণ্টাইনে ইউৰোপৰ নিয়ম ভংগ কৰাৰ অপৰাধত সেই সময়ৰ সম্ৰাট ক্ল'ডিয়াছে তেওঁক আটক কৰাই জেললৈ প্ৰেৰণ কৰে আৰু ৪৯৮ খ্ৰীষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইনক ফাঁচি দিয়ে।
ভেলেণ্টাইনৰ মৃত্যুৰ বহু বছৰৰ পিছত ইউৰোপত বিবাহে ৰাজহুৱা মৰ্যদা লাভ কৰিলে। ইয়াৰ পিছৰ পৰ্যায়ত ইউৰোপ আৰু আমেৰিকাৰ বিবাহ প্ৰাৰ্থীসকলে ভেলেণ্টাইনৰ মৃত্যুৰ দিনটোক ( ১৪ ফেব্ৰুৱাৰী) ভেলেণ্টাইন ডে' হিচাপে উদ্যাপন কৰিবলৈ ল'লে।
কিন্তু সম্প্ৰতি ভেলেণ্টাইন ডে' উদ্যাপনৰ নামত যি অশালিন কৰ্ম কাণ্ড দেখিবলৈ পোৱা যায় সেইয়া আমাৰ ৰাজ্য তথা দেশৰ নীতি নিয়মৰ সম্পূৰ্ণ বাহিৰৰ কথা। গতিকে ভেলেণ্টাইন ডে'ৰ নামত কৰা এই কৰ্ম কাণ্ডক আমি সহযে গ্ৰহণ কৰিব নোৱাৰো। নিজৰ বাপতি-সাহোন উৎসৱ-প্ৰৱন থকাৰ পিছতো আনৰ পৰা বুটলি আনি অপসংস্কৃতিৰে দেশৰ পৰিবেশ বিনষ্ট কৰা কথাটো কোনো সচেতন ব্যক্তিয়েই সহজে ল'ব নোৱাৰে। সেয়ে এই ভেলেণ্টাইন ডে' উদ্যাপনৰ সম্পৰ্কত নৱপ্ৰজন্ম সচেতন হোৱা ভাল।
অসমত ভেলেণ্টাইন ডে' উদ্যাপনৰ কাৰণ যদি আমি বিচাৰ কৰি চাওঁ তেন্তে তেনে কোনো বিশেষ কাৰণো দেখিবলৈ পোৱা নেযায়। যিহেতু ইউৰোপৰ সেই সময়ৰ পৰিবেশ আমাৰ ইয়াত নাছিল। গতিকে আমাৰ ইয়াত ছেণ্ট ভেলেণ্টাইনৰ দৰে লোকৰ প্ৰয়োজনো নাছিল। তেনে স্থলত তেখেতৰ নামত দিৱস উদ্যাপন কৰি অনাসকত অৰ্থ ব্যয় বা পৰিবেশ নষ্ট কৰাৰ দৰে কাৰ্যকলাপ সমূহ কোনো কাৰণতে গ্ৰহণ যোগ্য নহয়।
সময় পৰিবৰ্তনশীল, পৰিবৰ্তনৰ ধামমুখীয়াত আমি গোটেই পৃথিৱীখনকে হাতৰ মুঠিত পাব পৰা হ'লো। এনে ক্ষেত্ৰত পাশ্চাত্যকৰণৰ প্ৰভাৱে প্ৰাচ্য বা পাশ্চাত্য কৃষ্টি সংস্কৃতিৰ প্ৰতি আমাক আকৰ্ষণ কৰাটো স্বাভাৱিক। সেই বুলি নিজস্বতাক হেৰুৱাই নীতি নিয়মক ভৰিৰে গচকি দিৱস উদ্যাপনৰ নামত বহুৱালি কৰাতো অসহনীয়। গতিকে অনুকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা গ্ৰহণ কৰিব লগা যোগ্য কথা খিনিক গ্ৰহণ কৰিলেহে প্ৰকৃত অনুকৰণ কৰাক বুজাব।
সেয়ে আহক চোন এইবাৰৰ ভেলেণ্টাইন ডে'ৰ পৰা আমি প্ৰেমক অন্য এক দৃষ্টিৰে চাবলৈ শিকো। স্বৰ্গীয় অনুভূতি প্ৰেমক উৎচিত মৰ্যদা প্ৰদানেৰে, দেশৰ নীতি নিয়মৰ প্ৰতি লক্ষ্য ৰখি আহক আমি দৃষ্টিকতো নহৈ দৃষ্টিনন্দন ভাৱে উদ্যাপন কৰোঁ অনুকৰণীয় উৎসৱ সমূহ।
মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
নকছাৰি
যোৰহাট
785635
মোবাইল নং 6000709096
পৃষ্ঠা ৪১
0 Comments