অঙ্গনঃ দ্বিতীয় বছৰ (১৬ সংখ্যা)



পৃষ্ঠাঃ ২
অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
28 জানুৱাৰী, 2022.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।


পৃষ্ঠাঃ ৩
বিশেষ ঘোষণা

প্ৰিয় পাঠক বৃন্দলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই পষেকীয়া ই-আলোচনী অঙ্গনৰ সম্পাদনা সমিতিয়ে আপোনালোকক বিনম্ৰতাৰে জনাওঁ যে, আমি আলোচনীখনৰ বেটুপাতত যি ম'ডেলৰ ফটো প্ৰকাশ কৰি আহিছিলো, এই পষেকৰ পৰা আৰু সেই ফটো প্ৰকাশ কৰা নহ'ব। গতিকে ইচ্ছুক ম'ডেল সকলৰ জ্ঞাতাৰ্থে জনাওঁ যে তেওঁলোকে যদি আলোচনীলৈ ফটো পঠিয়াব বিচাৰে তেন্তে আমি সেই ফটো আলোচনীখনৰ ভিতৰচৰাত ম'ডেল পৃষ্ঠা হিচাবেহে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।

ধন্যবাদেৰে----

সম্পাদনা সমিতি
পষেকীয়া ই-আলোচনী অঙ্গন

পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-৯
পৰিচয় শিতান: ১০
ধাৰাবাহিক : পৃষ্ঠা ১১
অণুগল্প : পৃষ্ঠা ১২-১৪
এক মিনিটৰ গল্প : পৃষ্ঠা ১৫-১৬
অনুবাদ কবিতা : পৃষ্ঠা ১৭-২০
কবিতা : পৃষ্ঠা ২১-৩১
নীলা খামৰ চিঠি : পৃষ্ঠা ৩২
গ্ৰন্থ পৰ্যালোচনা:৩৩
যোগাসন: ৩৪
গল্প : পৃষ্ঠা ৩৫-৩৭
অনুভৱ: পৃষ্ঠা ৩৮
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৩৯


পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা


প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।


পৃষ্ঠা ৬
সম্পাদকীয়ঃ

মাঘ বিহু আৰু এই সময়

চাওঁতে চাওঁতে মাঘ বিহু আহিল, মানুহে উৰুকাৰ নিশা ভোজভাত খালে, মাঘ বিহুৰ সেই আনন্দ উল্লাসৰো প্ৰায় অন্ত পৰিল। মাঘ বিহু মানেই ভোগৰ উৎসৱ, আটাইয়ে মিলি এসাঁজ ভালদৰে খোৱাৰ উৎসৱ। ই মূলত: কৃষিৰ লগত জৰিত এটি উৎসৱ য'ত গোটেই বছৰটো খেতিয়কসকলে তেজক পানী কৰি, কপালৰ ঘাম মাটিত পেলাই খেতি কৰি পোৱা ফচলেৰে আনন্দেৰে এসাঁজ খায়। এটা কথা নকৈ নোৱাৰি যে প্ৰকৃতাৰ্থত পথাৰত যিজনে খেতি কৰিছে, কষ্ট কৰিছে তেওঁৰ বাবে এই উৎসৱ হৃদয় জুৰাব পৰাকৈ সুন্দৰ আৰু আনন্দৰ। সেই দিনটোত যিবোৰ ব্যঞ্জনেৰে তেওঁলোকে অতি আনন্দ উল্লাসেৰে এসাঁজ খায় সেয়া হয়তো কাৰোবাৰ বাবে দৈনিক খাদ্য তালিকাৰ অন্তৰ্গত উপাদান হ'ব পাৰে, কিন্তু পথাৰত খেতি কৰি, অতি কষ্টেৰে উপাৰ্জন কৰা সকলৰ সেই বিশেষ দিনটোৰ আনন্দ অতুলনীয়।
অসম এখন কৃষিপ্ৰধান ৰাজ্য। ৰাজ্যখনৰ ৭০ শতাংশ লোকেই কৃষিজীৱী। অসমৰ অৰ্থনীতিত কৃষকসকলৰ অৱদান লেখত ল'বলগীয়া। ইয়াৰ পিছতো ৰাজ্যখনত কৃষকসকলেই সৰ্বাধিক ক্ষতিৰ মুখামুখি হয়। খেতি কৰিবলৈ উন্নত মানৰ বীজৰ পৰা আৰম্ভ কৰি জলসিঞ্চন ব্যৱস্থা, উপযুক্ত বজাৰৰ ব্যৱস্থা আদি সকলো দিশতেই কৃষকসকলে সদায়ে জটিলতাৰ মুখামুখি হৈ আহিছে। খেতিপথাৰত খৰচ কৰা মূলধনৰ এটি সামান্য অংশও কেতিয়াবা খেতিয়কে ঘূৰাই নাপায়। তাৰ পাছতো কিন্তু তেওঁলোকে খেতি কৰে। খেতি নকৰিলে যে তেওঁলোকৰ মাটিড'ৰা চন পৰিব, গাঁৱৰ আনবোৰ মানুহে খেতি ছপোৱাৰ সময়ত তেওঁলোকৰ বুকুত শোকে খুন্দা মাৰি ধৰিব। গতিকে কেৱল হৃদয়ৰ তাগিদাতে বহুতে খেতি কৰে, পথাৰত সোণগুটি দেখি তেওঁলোকে সুখৰ হাঁহি মাৰে। এইদৰেই বছৰটোৰ শেষৰ ফালে তেওঁলোকৰ জীৱনলৈ আহে আনন্দৰ বিহু ভোগালী।
আজিকালি সততে শুনা যায় যে মাঘ বিহুৰ আনন্দ আগতকৈ বহু পৰিমানে ম্লান পৰিছে, গাঁৱৰ ডেকাবোৰেও আজিকালি ভোগালিক আদৰাত যেন কৃপণালী কৰিবলৈ লৈছে। কিন্তু কথাষাৰ কিমান দূৰ সঁচা, আমি বিচাৰ কৰি চোৱা উচিত। প্ৰথম কথা হ'ল, আজিকালি মানুহৰ খেতিৰ প্ৰতি থকা এক প্ৰকাৰৰ অনীহাই এই ক্ষেত্ৰত ইন্ধনৰ কাম কৰিছে। ভাবি আচৰিত লাগে যে আজিও আমাৰ সমাজত এনে এচাম মানুহ আছে যিয়ে খেতি পথাৰত খেতি কৰি জীৱিকা নিৰ্বাহ কৰাজনক মানুহৰ শাৰীত ধৰিব নোখোজে। তেওঁলোকৰ মনোভাৱ এনেকুৱা যেন যিয়ে পঢ়া-শুনা কৰিব নোৱাৰিলে, চাকৰি এটা জোগাৰ কৰিব নোৱাৰিলে তেওঁহে খেতি কৰে। এনে মানসিকতাত মাঘ বিহুৰ আনন্দ ম্লান পৰাতোৱেই স্বাভাৱিক, নহয়নে। আনহাতে গাঁওসমূহত বাস কৰা এচাম তথাকথিত ধনীলোকৰ কিছু অদূৰদৰ্শী চিন্তা। যেনে ধৰক, মাঘ বিহুৰ প্ৰায় এমাহ আগৰে পৰাই গাঁৱৰ ডেকাহঁতে পথাৰত নৰা কাটিবলৈ যো-জা চলাইছে। তেনে সময়তে ধনী সদাগৰ এজনে ঘোষণা কৰিলে যে ডেকাহঁতে এইবাৰ নৰা কটাৰ কোনো প্ৰয়োজন নাই। কিয়নো, নৰা কটাৰ সলনি নৰা কিনি অনাৰ খৰচটো তেখেতেই বহন কৰিব। লগে লগেই এটা পৰম্পৰাৰ মৃত্যু হ'ল, ডেকাহঁতে পথাৰত গৈ হাঁহি-স্ফুৰ্তিৰে নৰা কাটি, গল্প-গুজৱ কৰা আনন্দৰ পৰা বঞ্চিত হ'ল। এনেকৈয়ে মাঘ বিহুৱে কিছু পৰিমানে নিজৰ ঐতিহ্য হেৰুৱাইছে সঁচা, কিন্তু লগতে এয়াও সঁচা যে যি প্ৰকৃত খেতিয়ক, যি গোটেই বছৰটো পথাৰত কষ্ট কৰি শস্য উৎপাদন কৰিছে তেওঁৰ বাবে মাঘ বিহু সদায়ে সুন্দৰ আৰু হৃদয় জুৰাব পৰাকৈ ধুনীয়া।
এইখিনিতে এষাৰ কথা নকৈ নোৱাৰিলোঁ। আজিকালি চহৰাঞ্চলৰ লৰা-ছোৱালীয়ে মাঘ বিহু মানে কি, মাঘ বিহুৰ পৰম্পৰা সম্পৰ্কে ভালদৰে নাজানে। আমি ডাঙৰসকলেও 'তেওঁলোকে ক'ত এই চহৰৰ মাজত মেজি দেখিব' জাতীয় কথাবোৰ কৈ দায়িত্ব সামৰো, যিটো উচিত নহয়। এটা কথা মন কৰিব যে আমি প্ৰত্যেকেই কোনো এখন গাঁৱৰ পৰাহে চহৰীয়া হৈছোঁ। গতিকে মূলৰ লগত সম্পৰ্ক ছেদ নকৰিব। অকণিহঁতক আমিয়েই শুদ্ধ ধাৰণা দিব লাগিব, তেওঁলোকক স্বচক্ষে দেখুৱাব লাগিব মাঘ বিহুৰ প্ৰস্তুতি, কিদৰে ইয়াক পালন কৰা হয় ইত্যাদি ইত্যাদি। তেতিয়াহে প্ৰকৃতাৰ্থত আমি অসমীয়া হিচাপে এই উৎসৱ আনন্দেৰে পাৰ পৰিব পাৰিম।


হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন।
ভ্ৰাম্যভাষঃ 9678696861


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

ভোগালী বিহু আৰু অসমীয়াৰ আবেগ

হিৰোচিমা বৰা পাঠক

         অসমীয়া সমাজত আমাৰ বাপতি সাহোন বিহুৰ সুকীয়া আদৰ আছে। দুখীয়া, ধনী নিৰ্বিশেষে আছে এক মন পৰশা আমেজ। অসমত পালন কৰা তিনিটি বিহু সকলোৰে অতি হেঁপাহৰ। পুৰণিক বিদায় দি ন উদ্যমেৰে নতুন বছৰক আদৰাৰ সময়তেই সমান্তৰাল ভাৱে  নৱবৰ্ষৰ দ্বিতীয় সপ্তাহতে মাঘৰ সংক্ৰান্তিত অসমত 'ভোগালী বিহু' বা 'মাঘবিহু' পালন কৰা হয়। নৱবৰ্ষৰ ন দিগন্তত সকলোৰে মনবোৰ উপচি পৰে নৱ প্ৰত্যাশাৰে । সৰুয়েই হওঁক বা ডাঙৰেই হওঁক সকলোয়েই নৱ সপোন ৰছে। সেয়া হয় আনন্দৰ সময়। পৰিয়ালৰ লোক সকলৰ লগত একেলগে বহি এসাঁজ খোৱাৰ বতৰ।

        আঘোণৰ শেষত পথাৰৰ সোণগুটিক কৃষকে নিজ নিজ গৃহলৈ আমন্ত্ৰণ জনায়। ঘৰে ঘৰে ন উদ্যমত ধান কটা, মৰনা মৰা, ধান চপোৱা, নৰা চিঙা কামত ব্যস্ত হৈ পৰে অসমীয়া চহা জীৱন। খেতিৰ কাম সকলো শেষ কৰি আজৰি হৈ ভোগালীক আদৰৰ প্ৰস্তুতি চলাই গ্রাম্য সমাজত। কৰ্মসূত্ৰে চহৰ মহানগত বাস কৰা লোক সকলেও ভোগালীক আদৰিবলৈ ঢাপলি মেলে হেঁপাহৰ গাওঁ খনলৈ। উৰুকাৰ নিশা সকলোৱে লগে ভাগে ভেলাঘৰ নাইবা মেজিৰ তলত এসাঁজ খোৱাৰ পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে। অৱশ্যে চহৰ অঞ্চলত ভেলাঘৰ , মেজি দেখিবলৈ কম যদিও চহৰৰ নিগাজি সকলে নিজৰ নিজৰ ঘৰতেই হওক নাইবা পৰিয়ালৰ লগত হওক ফুৰ্তিৰে এসাঁজ খোৱা পৰিলক্ষিত হয়।

ভেলাঘৰ আৰু অসমীয়াৰ আবেগ:- 
অসমৰ চুকে কোনে প্ৰায় সকলো গাওঁতেই সমজুৱাকৈ মাঘ বিহুত ভেলাঘৰ বা মেজি সজা পৰম্পৰা অতীজৰে পৰা চলি আহিছে। উৰুকাৰ তিনি চাৰিদিন আগৰে পৰাই প্ৰস্তুতি চলে ভেলাঘৰ নিৰ্মাণ কার্যৰ। ডেকা আদহীয়া সকলোৱে মিলি উৎসাহেৰে পথাৰত নাইবা কোনো ৰাজহুৱা ঠাইত ঘৰৰ আকৃতিৰ ভেলাঘৰ বা মেজি সাজি উলিয়ায়। অসমৰ গাওঁ সমূহত দেখিবলৈ পোৱা যায় সকলোৰে ঘৰে প্ৰতি একোডালকৈ বাঁহ আনি ভেলাঘৰ সজাৰ বাবে ৰাইজে আগবঢ়াই আৰু ধান কটাৰ পিছত পথাৰত ৰৈ যোৱা নৰাসমূহ কাটি আনি ভেলাঘৰৰ চাৰিওফালে সুন্দৰকৈ সজায়। উৰুকাৰ ৰাতি আৰম্ভণিতে ভেলাঘৰত ভকতৰ নাম প্ৰসংগ হয়  আৰু তাৰ পিছত গাওঁৰ সকলো ৰাইজে মিলি ভোজ ভাত খায়। গোটেই ৰাতি ভেলাঘৰত আনন্দ উল্লাস চলে, কুঁৱলীয়ে সেমেকা ৰাতি ভেলাঘৰত জুই পুৱাই হাত ভৰি তপতায় গাওঁৰ ডেকা আদহীয়া সকলে। বিহুৰ দিনা পুৱাই সকলোৱে গা পা ধুই অগ্নিদেৱতাক পূজা কৰি বছৰটোলৈ অপায় অমংগল দূৰ হোৱাৰ হকে প্ৰাৰ্থনা জনায়। কোনো কোনো ঠাইত ভেলাঘৰ সমূহ জ্বলাই দিয়া হয় আৰু কিছুমান ঠাইত মাঘৰ মাহটোৰ বাবে ৰাখিও থোৱা হয়।

ভোগালীৰ মাছ ধৰা পৰ্ব:- 
ভোগালী বিহু বুলিলেই মনলৈ আহে ডাঙৰ মাছেৰে খোৱা উৰুকাৰ ভাত সাঁজৰ কথা। ধনী দুখীয়া সকলোৱেই নিজৰ সামৰ্থ অনুযায়ী কম বেছি পৰিমানে উৰুকাৰ ভাত সাঁজৰ যোগাৰ কৰে। পৰম্পৰা অনুসৰি গাওঁৰ সমজুৱা পুখুৰীত পুহা মাছ ভোগালী বিহুলৈ বুলি সাঁচি ৰাখে। উৰুকাৰ আগদিনা বা উৰুকাৰ দিনা গাওঁৰ ডেকা সকলে পুখুৰীত নামি লগে ভাগে মাছ ধৰে। ঘৰে ঘৰে সকলো ওলাই আহে মাছ মৰা চাবলৈ। আনন্দ উল্লাস দেখা দিয়ে লোক সকলৰ মাজত। শেষত সকলোৰে ঘৰে ঘৰে মাছবোৰ ভগাই দিয়া হয়। খেতিৰ নতুন চাউল, পুখুৰীৰ মাছেৰে লগে ভাগে উৰুকাৰ ভাতসাঁজ খোৱা হয়। ব্যৱসায়ৰ ভিত্তিত মাছ পুহা ব্যৱসায়ী সকলেও ডাঙৰ মাছবোৰ ভোগালী বিহুৰ বাবেই সাঁচি ৰাখে। উৰুকাৰ আগদিনা মাছ মাৰি চহৰ মহানগৰলৈ দুপইচা লাভৰ হকে বিক্ৰীৰ বাবে আনে। উৰুকাৰ বজাৰত বৃদ্ধি পায় চিতল, ৰৌ, ভকুৱা, শ'ল আদি মাছৰ চাহিদা।

ভোগালীৰ জা-জলপান আৰু পিঠা পনা:-
মাঘ বিহু বা ভোগালী বিহু হৈছে ভোগৰ বিহু। সকলোৰে ঘৰে ঘৰে জা জলপান পিঠা পনাৰ আয়োজন সপ্তাহজুৰী চলে। তিল পিঠা, বৰ পিঠা বা তেল পিঠা, ঘিলা পিঠা, মুঠিয়া পিঠা, সুতুলি পিঠা, ফেনী পিঠা, পাটিচেপ্তা পিঠা আদিৰ লগতে, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, চুজিৰ লাড়ু, মুৰীৰ লাড়ু আদি যুগ যুগ ধৰি অসমীয়া মহিলা সকলে প্ৰস্তুত কৰি আহিছে। তাৰোপৰি দৈ, ক্ৰীম, চিৰা, গুৰ, আখৈ, সান্দহ আদিৰো যোগাৰ কৰা হয়। বিহুৰ দিনা পুৱা অগ্নি পূজা কৰাৰ পিছত ঘৰৰ সকলোৱে একেলগে বহি পিঠা, লাড়ু, চিৰা দৈ গুৰেৰে বিহুৰ জলপান খোৱা হয়। 

       অতীজৰে পৰা চলি অহা পৰম্পৰা সমূহ জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা কৰা উচিত। উঠি অহা প্ৰজন্মক এই পৰম্পৰা সমূহ শিকাই বুজাই লোৱাটো মাক দেউতাকৰ কৰ্তব্য। উৎসৱ পাৰ্বনত ধনী অসমীয়া জাতিৰ বিহু আমাৰ আবেগ। আবেগ থাকিলেহে জাতি থাকিব। বছৰ বছৰ চলি অহা নিয়ম নীতি তথা খদ্যাভ্যাসে অসমীয়া জনমানসত এক সুকীয়া স্থান দখল কৰিছে।

                 অতিমাৰীৰ বাবে ভাৰতবৰ্ষৰ আন আন ঠাই সমূহৰ লগতে অসমতো যোৱা দুটা বৰ্ষ সকলোৰে বাবে অতিকৈ দুখজনক আৰু ভয়াবহতাৰ মাজেৰে পাৰ হৈছে। বহু লোকৰ ব্যৱসায় প্ৰায় ধ্বংস হোৱাৰ দৰেই হৈছে আৰু বহুতৰ চাকৰি গৈছে। ক্ষুদ্ৰ ব্যৱসায়ী সকলৰো ব্যৱসায় প্ৰায় পানীময় হোৱা দেখিবলৈ পোৱা গৈছে। নতুন বছৰক আদৰৰ প্ৰাকক্ষণত আমাৰ এটাই আশা নৱবৰ্ষ ন দিগন্তই সকলো বেয়া শক্তিৰ অৱসান ঘটাই সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আৰু আশাৰ বতৰা কঢ়িয়াই আনক। বেমাৰ ব্যাধি নোহোৱা হওঁক, সকলোৰে ব্যৱসায় বাণিজ্য আগৰ দৰে প্ৰস্ফুটিত হৈ উঠক লগতে খেতিয়ক সকলৰ বাবেও আহক সুখৰ দিন। কি ঠিক এইবাৰ মাঘ বিহুৰ মেজিৰ জুয়ে কিজানি পুৰি ছাই কৰেই সকলো বেয়া শক্তিক !


পৃষ্ঠা ৮

আজীম প্ৰেমজীঃ ৰাষ্ট্ৰহিত যাৰ প্ৰথম প্ৰাথমিকতা 

জাকিৰ হুছেইন সৰকাৰ
                   মোবাইল:- ৮৪৮৬৫৯৯৮১৯                   
      
মহম্মদ হাছিম প্ৰেমজী তেওঁৰ পৰিয়ালটো বৃটিছৰ শাসন কালত ব্ৰহ্মদেশৰ পৰা আহি গুজৰাটত থিতাপি লৈছিল । তেওঁ সেই সময়ত চাউলৰ ব্যবসায়ত জৰিত আছিল সেয়ে তেওঁক সকলোকে জানিছিল "ৰাইছ কিং অফ ম্যানমাৰ " বুলি । হাছিম জী পাকিস্তানৰ জনক জিন্নাৰ পৰম মিত্ৰ আছিল ,দেশভাগৰ পিছত জিন্নাই তেখেতক পাকিস্তানত বাস কৰিবলৈ অনুৰোধ কৰিছিল । এনেকি পাকিস্তানৰ  বিত্ত মন্ত্ৰীৰ পদো যাচিছিল। কিন্তু হাছিম প্ৰেমজীয়ে হেলাৰঙে জিন্নাৰ এই লোভনীয় অফাৰ প্ৰত্যাখান কৰিছিল । ভাৰতৰ স্থায়ী বাসিন্দা হৈ ভাৰতৰ ব্যৱসায় বানিজ্যত মনোনিবেশ কৰিছিল । তেখেত চৰকাৰ আৰু জনগণৰ বাবে দানবীৰ হিচাপে পৰিচিত আছিল ।  এই হাছিম জীৰ সুযোগ্য পুত্ৰ হ'ল আজীম প্ৰেমজী । দেউতাকৰ পদাংক অনুসৰণ কৰি প্ৰথমতে পৈত্ৰিক ব্যৱসায়ত মন দিয়ে। পিছলৈ  দেউতাকৰ ব্যৱসায়ৰ ৰূপৰেখা সলনি কৰি আজীম জীয়ে আইটি ছেক্টৰত মনোনিবেশ কৰে। ফলত গঠন হয় উইপ্ৰৰোৰ দৰে বিশ্বমানৰ কোম্পানীৰ । প্ৰেমজীৰ কষ্ট সাধনাৰ ফলত লাহে লাহে ই বিশ্বৰ অন্যতম আই টি কোম্পানী হিচাপে পৰিণত হয় । ভাৰতৰ চতুৰ্থজন ধনী মানুহৰ তালিকাত স্থান পোৱা আজীম প্ৰেম জীয়ে দেউতাকৰ পদাংক অনুসৰণ কৰি সময়ে সময়ে দেশৰ শিক্ষা, স্বাস্থ্য, উদ্যোগ ক্ষেত্ৰত বৃহৎ পৰিমানৰ কষ্টোপাৰ্জিত ধন  দান হিছাপে আগবঢ়াই আহিছে। দূৰ্যোগ মহামাৰী যি সংকট দেশত নহওক কিয় প্ৰেমজীৰ পৰিয়াল সদাতপ্ৰস্তুত। এই বেলিও ব্যতিক্ৰম নহ'ল । সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ'না মহামাৰীয়ে মানুহৰ জীৱন সংকটাপূৰ্ণ কৰি তুলিছে । চৰকাৰ আৰ্থিক মন্দাবস্থাত পৰিছে তেনে সময়ত আন সকলৰ লগতে দানবীৰ হিচাপে পৰিচিত আজীম প্ৰেমজীও আগবাঢ়ি আহিল । মহানুভবতাৰ পৰিচয় দি চৰকাৰক ১২২৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য দি সকাহ দিছে । দেশ আৰু জনগণৰ প্ৰতি ইয়াৰ আগতেও যেতিয়াই সংকট আহিছে তেতিয়াই আগবাঢ়ি আহিছে প্ৰেমজীৰ পৰিয়ালে । এখেত নিশ্চিত ভাবে এজন মহান ভাৰতীয় লগতে এজন গৰ্বিত মুছলমান । আজিৰ মুছলমানে আজীম প্ৰেমজীৰ দৰে মুছলমানৰ আদৰ্শ অনুসৰণ কৰি ৰাষ্ট্ৰনিৰ্মাণৰ কামত মনোনিবেশ কৰক কাৰণ ৰাষ্ট্ৰভক্তি প্ৰকৃত ইমানৰ অংগ।


পৃষ্ঠাঃ ৯

প্ৰাথমিক শিক্ষাত নাটকৰ তাৎপৰ্য
ৰণ্টু টায়ে

(যোৱা সংখ্যাৰ পিছৰ পৰা)

কিতাপৰ পৰিৱৰ্তে হাতত তুলি দিয়া হ'ল এনদ্ৰইদ মোবাইল ফোন ৷ অনলাইন ক্লাছ ৷ দৃশ্য-শ্ৰাব্য সঁজুলি হিচাপে মোবাইল ফোনৰ বৰঙণি অসীম ৷ শিক্ষাৰ্থীয়ে নিজে অভিনয় কৰিবলৈ সুযোগ লোৱাৰ পৰিৱেশ আজি হয়তু দিব পৰা নাই তথাপি ইণ্টাৰনেটত উপলব্ধ বিভিন্ন কাহিনীৰ দৃশ্য-শ্ৰাব্য  অভিনয়বিলাক চাই নাটকৰ অন্য এটা অনুভূতি বা অভিজ্ঞতা লাভ কৰিছে ৷

সামাজিক গুণৰাজি শিক্ষাৰ্থীসকলে আয়ত্ব কৰিব লাগে ৷ আত্মকেন্দ্ৰিক মানসিকতাক পৰাভূত কৰি শিশুসকলে বিদ্যালয় পৰ্যায়তে সামাজিক হ'বলৈ শিকিব লাগে ৷ সমনীয়াসকলৰ লগত সহযোগিতা কৰি, দলীয়ভাৱে নাটক এখন মঞ্চস্থ কৰিব পাৰিলে শিশুসকলৰ মাজত সামাজিক দক্ষতাৰ বিকাশ ঘটিব ইয়াত কাৰোৰে সন্দেহ নাই ৷ শিক্ষাৰ্থীসকলৰ মাজত শান্তি , মিলা-প্ৰীতি, ভ্ৰাতৃত্ববোধ জগাই বিশ্বশান্তিৰ ধাৰণা গঢ়ি তুলিবলৈ প্ৰাথমিক পৰ্যায়ৰ পৰাই নাটকৰ জৰিয়তে প্ৰযত্ন কৰিব পাৰে ৷ অদূৰ ভৱিষ্যতে হ'ব পৰা এচাম যুৱউচ্ছৃংখলতাৰ সমস্যাক প্ৰাথমিক পৰ্যায়তে চিনাক্ত কৰি নাটকৰ জৰিয়তে শিক্ষকসকলে শিশু অৱস্থাতে  সামাজিক হোৱাৰ মূলমন্ত্ৰ দিব পাৰে ৷ গতিকে প্ৰাথমিক পৰ্যায়ত নাটকে এক তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত গুণৰাজিৰ বিকাশ-প্ৰকাশত শিক্ষকৰ সঠিক পৰিচালনাত নাটকে মুখ্য ভূমিকা ল'ব পাৰে ৷


উপসংহাৰ : 
নাটকীয় ভংগীমাৰে শ্ৰেণীকোঠাত শিক্ষকে শিকণীয় বিষয় উপস্থাপন কৰিলে ছাত্ৰ-ছাত্ৰীয়ে অধিক বিষয়টোৰ প্ৰতি আগ্ৰহী হয় ৷ কৌতুহল উপজে ৷ এক আনন্দ দায়ক শৈক্ষিক পৰিৱেশ ৰচনা কৰিব পাৰে ৷ নাটক দৃশ্য -শ্ৰব্য হোৱা হেতুকে শিশুসকলৰ বাবে আনন্দদায়ক হয় ৷ ই শিশুৰ কথন, শ্ৰৱণ দক্ষতাৰ বিকাশ হোৱাত সহায় কৰে ৷ তদুপৰি নাটকৰ যোগেদি নীতি শিক্ষা দিব পাৰি ৷ নাটকীয় ভংগীত পাঠদান কৰিলে শিশুসকলে যিকোনো বিষয় সহজে আয়ত্ব কৰিব পাৰে ৷

সমাপ্ত


পৃষ্ঠা ১০
পৰিচয় শিতানঃ

কবিঃ ৰীতা বৰুৱা


পৰিচয়ঃ-

কেতিয়াৰ পৰা জানো কবিতা মোৰ জীৱনৰ এৰাব নোৱৰা অংগ হৈ পৰিল । এতিয়া কবিতাক বাদ দি মই মোৰ কথা ভাবিব নোৱাৰোঁ । এতিয়া কবিতা মোৰ জীৱন, যৌৱন ।সৰুৰে পৰা আবৃত্তি কৰি ভাল পাইছিলোঁ । কবিতা এটা আবৃত্তি কৰিবলৈ লৈ কবিতাটোৰ সৈতে একাত্ম হৈছিলোঁ । নলিনীবালা দেৱীৰ জন্মভূমি, স্বদেশপ্ৰেম, অসমীয়া ছোৱালীৰ উক্তি, মমতাৰ চিঠি, স্বাধীনতা আদি কবিতাবোৰ মুখস্থ কৰিছিলোঁ । আৰু এনেকৈয়ে হয়তো কবিতাৰ প্ৰতি মোৰ এক আকৰ্ষণ গঢ়ি উঠিছিল ।  অৱশ্যে নিজৰ কবিতাক লৈ কেতিয়াও সন্তুষ্টি অহা নাই । বৰং প্ৰতিটো কবিতা লিখাৰ পিছত সংশয়ত ভোগোঁ । কাকত, আলোচনীত  প্ৰকাশ হ'লে সেই সংশয় কিছু পৰিমাণে দূৰ হয় । তথাপিও লিখি আছোঁ, লিখি থাকিম । কাৰণ কবিতা আত্মাৰ গান । হৃদয়ৰ ভাষা । সুখৰে হওক কিম্বা দুখৰ কবিতাত খুলি থ'ব পাৰি হৃদয়খন।

        মোৰ জন্ম হৈছিল শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ১৯৬৫ চনত ।
শিক্ষা : কটন কলেজৰ পৰা পৰিসংখ্যা বিজ্ঞানত সন্মানসহ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ।
কৰ্ম- অসম চৰকাৰৰ জোখ-মাখ বিভাগত ১৯৮৬ চনৰ পৰা ১৯৮৮ চনলৈকে ষ্টেটিছ্টিকেল এছিষ্টেন্ট , কেন্দ্ৰীয় বিদ্যালয়, দুলীয়াজানত ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে  শিক্ষকতা আৰু  ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে পৰিসংখ্যা বিজ্ঞান বিভাগত অধ্যাপনা কৰাৰ পিছত সাংসাৰিক সমস্যাৰ বাবে চাকৰী ত্যাগ ।

অনুৰাগ : কবিতা, গল্প, প্ৰৱন্ধ, চুটি ছবিৰ কাহিনী আৰু চিত্ৰনাট্য আদি ৰচনা কৰাৰ লগতে কবিতা আবৃত্তি, নাটক আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান-কাৰ্যসূচীৰ পৰিকল্পনা তথা পৰিচালনা কৰাৰ লগতে আঁত ধৰা ।
প্রকাশিত কাব্যগ্রন্থ : 
১) জন্মৰ নিজস্ব গান, ২০০৫
২ ) কেনে এইজাক বৰষুণ, ২০১১, ২০১৬ (দ্বিতীয় সংস্কৰণ)  
 ৩)প্রেম আৰু বিষাদৰ কবিতা, ২০১৩
৪) শিল যেতিয়া ঈশ্বৰ হ’ল, ২০১৪
  ৫) আৰু কোনো নাৰী গান্ধাৰী নহওক, ২০১৭
৬) ৰীতা বৰুৱাৰ নিৰ্বাচিত কবিতাৰ সংকলন , ২০২১ 
৭) ঐদেহে-বৈদেহে, ২০১৭ ( ভ্রমণ সম্পৰ্কীয় লেখাৰ সংকলন )  
৮) মৃণালজ্যোতি আৰু অন্যান্য গদ্য, ২০২১
৯) গুণ ভূঞাৰ পাঁচখন নাটকৰ সংকলন , সম্পাদনা গ্ৰন্থ, ২০২১
৭)‘আৰু কোনো নাৰী গান্ধাৰী নহ’বা’ শীৰ্ষক কবিতাৰ  একে নামৰ এখন ভি চি ডি  নিৰ্মাণ, ২০১৮, (পৰিচালনা অৰিন্দম বৰুৱা) ।
চুটি ছবি : ১) আকাংক্ষা, কাহিনী আৰু চিত্রনাট্য
            ২) ভ্রান্তি (পুৰস্কাৰ প্রাপ্ত ), কাহিনী আৰু চিত্রনাট্য
             ৩) বোধ ( বিচাৰকৰ বিশেষ উল্লেখ বঁটা, আন্তৰ্জাতিক গুৱাহাটী চলচ্চিত্র মহোৎসৱ, ২০১৮ ), চিত্রনাট্য
             ৪) অৱশেষত (বিচাৰকৰ বিশেষ উল্লেখ বঁটা, সপ্তম দাদা চাহেব ফাল্কে আন্তৰ্জাতিক চলচ্চিত্র মহোৎসৱ-২০১৭) , চিত্রনাট্য
৫) প্রত্যুষ, কাহিনী আৰু চিত্রনাট্য (বিচাৰকৰ বিশেষ বঁটা, নৱম দাদা চাহেব ফাল্কে আন্তৰ্জাতিক চলচিত্ৰ মসোৎসৱ ) আদি ।
              ২০১৭ বৰ্ষত মণিপুৰৰ ইম্ফলত সাহিত্য অকাদেমীয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ লেখক সন্মিলনত অংশগ্রহণ ।
              ২০১৮ বৰ্ষত ত্রিপুৰাৰ আগৰতলাত সাম্যবাদী পদাতিক কবি সুভাষ মুখোপাধ্যায় জন্ম শতবৰ্ষ উদ্‌যাপন উপলক্ষে আয়োজিত আন্তৰ্জাতিক কবি সন্মিলনত অংশগ্রহণ আৰু সম্বৰ্দ্ধনা গ্রহণ । 
              ২০১৮ বৰ্ষত বাংলাদেশ-ভাৰত-নেপাল ইতিহাস মঞ্চ আৰু চট্টগ্রাম ইতিহাস চৰ্চা কেন্দ্রৰ যৌথ উদ্যোগত বাংলাদেশৰ কক্সবজাৰত অনুষ্ঠিত হোৱা ‘আন্তৰ্জাতিক ইতিহাস ও সাহিত্য সন্মেলন-২০১৮’ ত ‘বিশেষ অতিথি’ হিচাপে যোগদানৰ বাবে আমন্ত্রণ ।
          ২০১৯ বৰ্ষত দুলীয়াজানত অনুষ্ঠিত হোৱা সাহিত্য অকাদেমীৰ মহিলা লেখকৰ অনুষ্ঠান "অস্মিতা"ত লেখক হিচাপে অংশগ্ৰহণ ।
             বঁটা : কাব্য-হৃদয় বঁটা, ২০১৬-১৮-প্রদান কৰোঁতা ডিব্রুগড় জিলা কবি সন্মিলন
       সমন্বয় কবি বঁটা, ২০১৬- প্রদান কৰোঁতা উত্তৰ পূৰ্বাঞ্চল প্রেৰণা সমন্বয় উন্নয়ন চেৰিটেবল্ ট্রাষ্টে 
   ধনেশ্বৰী দেৱী সোঁৱৰণী গজালি কাব্য বঁটা-২০২০-প্ৰদান কৰোঁতা -জেপ আলোচনী "গজালি"
     শ্ৰেষ্ঠ কবি বঁটা-২০২০, প্ৰদান কৰোঁতা-দুলীয়াজান সাহিত্য সভা ।
     ন-দিহিং কাব্য বঁটা-২০২১-প্ৰদান কৰোঁতা-ন-দিহিং কাব্যালোচনী, তিনিচুকীয়া
     পূণ্যপ্ৰভা ফুকন সোঁৱৰণী অনুৰাগ কাব্য বঁটা-২০২১ প্ৰদান কৰোঁতা অনুৰাগ কাব্যগোষ্ঠী, ডিব্ৰুগড় ।

             পুৰস্কাৰ: ১)  ২০১৩ বৰ্ষত অসম লেখিকা সংস্থাৰ দ্বাৰা অসম ভিত্তিত আয়োজিত দীপা বৰুৱা  সোঁৱৰণী কুৰিটা কবিতাৰ পাণ্ডুলিপি প্রতিযোগিতাত প্রথম পুৰস্কাৰ । 
            ২) ২০১৩ বৰ্ষত অসম লেখিকা সংস্থাৰ দ্বাৰা অসম ভিত্তিত আয়োজিত দিব্য জ্যোতি গগৈ সোঁৱৰণী কবিতা প্রতিযোগিতাত প্রথম পুৰস্কাৰ ।   
             ৩)২০১৩ বৰ্ষত যোৰহাট জিলা সাহিত্য সভাৰ দ্বাৰা সদৌ অসম ভিত্তিত আয়োজিত শ্রমিক নেতা গজেন তাঁতী সোঁৱৰণী কবিতা প্রতিযোগিতাত দ্বিতীয় পুৰস্কাৰ ।       
             প্রান্তিক, গৰীয়সী, আমাৰ অসম, অসমীয়া প্রতিদিন, দৈনিক জনমভূমি, জনমভূমি, নিয়মীয়া বাৰ্তা, সাদিন, প্রিয় সখী, নন্দিনী আদি অসমৰ প্রায়বোৰ আগশাৰীৰ কাকত- আলোচনীতে কবিতা তথা লেখা প্রকাশ ।   
             ডিব্রুগড় অনাতাৰ কেন্দ্রৰ ‘সাহিত্য কানন’  অনুষ্ঠানত স্বৰচিত কবিতা পাঠ ।                           
            জড়িত অনুষ্ঠান: ১) কাৰ্যনিৰ্বাহক সদস্য, ২০১৫-২০১৭, কবি সন্মিলন (উপ সমিতি), অসম সাহিত্য সভা।
১) সভাপতি, দুলীয়াজান লেখিকা সংস্থা (২০১৮-২০২০) 
২) সভাপতি, উত্তৰণ কবিচক্র, দুলীয়াজান (২০১৮-২০২০)     
৩) উপদেষ্টা, ডিব্রুগড় জিলা কবি সন্মিলন (২০১৮-২০২০)
৪) উপদেষ্টা, দুলীয়াজান সাহিত্য সভা ( ২০১৮-২০২০)
২)উপ সভানেত্রী, শিল্পীঘৰ (সামাজিক –সাংস্কৃতিক অনুষ্ঠান ), দুলীয়াজান ।
                   ইয়াৰ উপৰিও সদৌ অসম কবি সন্মিলন , মৃণালজ্যোতি পুনৰ্বাস কেন্দ্র, জালনী লেডিজ ক্লাৱ আদি  কেইবাটাও  সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্রোত ভাবে জড়িত ।                                                                                                                                    
 চাদৰ

ৰীতা বৰুৱা

পিতায়ে হাটৰ পৰা আনি দিয়া
হেজাৰ পকোৱা সূতা 
উঘাই বাটি কৰি
আয়ে তোক বৈছিল
তাঁতত

আইৰ সেওঁতাৰ সেন্দূৰ যেন
ৰঙা পাৰি
কেঁচ বছা আঁচল আৰু 
দেহত আকাশৰ তৰা বাছি
আয়ে তোক পিন্ধোতে
পিতায়ে আইলৈ
ৰ' লাগি চাইছিল

নিশালৈ বৰষুণ নামিছিল 

পিতাই আজি আৰু নাই !
গুচি গ’ল হ’বলৈ আকাশৰ তৰা
আৰু সিদিনাই ওচৰৰে 
খুৰী বৰমাহঁতে খুলি পেলালে তোক
আইৰ দেহৰ পৰা 

তেতিয়াৰে পৰা তই আছগৈ
আইৰ পেৰাৰ তলিত
বুকুৰ ভাঁজে ভাঁজে সামৰি
আই আৰু পিতাইৰ
সুখৰ  সুৰীয়া দিনবোৰ ।

তলাবন্ধ

 ৰীতা বৰুৱা

হঠাৎ তোমালোকে ক'লা
'তলাবন্ধ'

আমি মানি ল'লোঁ

আমি আমাৰ ভৰিবোৰ বন্ধ কৰিলোঁ
আমি আমাৰ হাতবোৰ বন্ধ কৰিলোঁ
আমি আমাৰ চকুবোৰ বন্ধ কৰিলোঁ
আমি আমাৰ মুখবোৰ 
মুখবোৰনো আমাৰ খোলা আছিল কেতিয়া ! 
আমি আমাৰ কাণবোৰ
কাণবোৰ কাণিদুৱৰীকৈ ৰাখিলোঁ তোমালোকৰ বাবে 
বন্ধ কৰিলোঁ আমাৰ আশা, আকাংক্ষা
হেঁপাহৰ সকলো দুৱাৰ...

বন্ধ কৰিলোঁ আমি আনকি
আমাৰ পেটবোৰো
এদিন 
দুদিন
তিনিদিন
....
....
তাৰপাছত ?

তাৰপাছত
আমাৰ ভৰিবোৰে
তলা ভাঙিলে !



পৃষ্ঠা ১১
ধাৰাবাহিকঃ

শুকুলা মেঘৰ ছাঁ

পৰিণীতা কলিতা
সহ সম্পাদিকা  অঙ্গন

দ্বিতীয় খণ্ড

বিষাদ গধুৰ দেহটোত গোটেই ৰাতিটো  হাঁহিৰ ৰেঙনি এটিত ডুলি থাকিল… দিনবোৰ-নিশাবোৰ গৈ থাকিল, না বাস্তৱ আহিল, না তাই ভাল হৈ আহিল। তাইৰ লাহে লাহে দিনবোৰ ৰাতিবোৰ  গধুৰ হৈ আহে ,বিষবোৰ বেছি হয় …
মাজে  মাজে তাই জীৱনটো  জুখি মাখি চায়, কি পালে তাই ? এই বিষবোৰে কোঙা কৰি অনা শৰীৰটো, গধুৰ বিষাদৰে ভৰপূৰ মনটো…

কাল আউঁসীৰ দৰে বৰণটো লৈ জন্ম হৈ তাই কাৰো মুখত হাঁহি জিলিকাব নোৱাৰিলে…ডাঙৰ সন্তানটো ল'ৰা হ'ব বুলি আশা  কৰা দেউতাকৰ কোলাত তাই কোনোদিন খেলি নেপালে। জনা হোৱাৰ পিছত কেৱল তাইক যিকোনো কথাতে মনাব নোৱাৰিলে মাকক কৈছিল। এঙাৰ খাই জন্ম দিছিলি তাইক, নিজে চাই থাকগৈ। তাইৰ মনটোক নুবুজিলে কোনেও। মাকেও নুবুজিলে। ঠিক নুবুজিলে বুলি কলে হয়তো নহ'ব, বুজাৰ সময়হে নাপালে। এজনী এজনীকৈ চাৰিজনী ছোৱালী জন্ম দিয়া মাকৰ তাইৰ মনটো বুজিবলৈ সময়ে বা ক'ত আছিল ?

জীৱনটোও তাইৰ গাৰ ৰংটোৰ দৰেহে হৈ পৰিল: অন্ধকাৰময়… 

 অৱশ্য আইতাক থকালৈকে তাই উমলিছিল কোলাই বোকোচাই; ভনীয়েকজনী জন্ম হোৱাৰ পিছতেই তাই আইতাকৰ লগত গুচি গৈছিল মোমায়েকৰ ঘৰলৈ। তাই উমলিছিল তাতেই, ঘূৰিছিল আইতাকৰ পাছে পাছে ইঘৰৰ পৰা সিঘৰলৈকে। কেতিয়াবা মাকলৈ মনত পৰিছিল তাইৰ চেৰেং চেৰেংকৈ, পিছে দেউতাকৰ মুখখন মনত পৰিলেই সেই ইচ্ছা তাইৰ মনতে অৱদমিত হৈছিল।
দিনবোৰ বাগৰি বাগৰি গৈছিল। তাই নৱম  শ্ৰেণীলৈ পাছ কৰি উঠিছিল। শীতৰ আগমণ ঘটিছিল, সেই তেনেকুৱা এটি সন্ধিয়াতে দেউতাক আহিছিল মোমায়েকৰ ঘৰলৈ… …


আগলৈ...


পৃষ্ঠা ১২
অণুগল্পঃ

অনুতাপ 

বিনি গগৈ
যোৰহাট

গাওঁখনৰ সকলো মানুহে সমীহ কৰা প্ৰথম শ্ৰেণী ঠিকাদাৰ সমীৰণ শইকীয়া এতিয়া সত্তৰো উদ্ধৰ এজন বৃদ্ধ । পুত্ৰ- বোৱাৰী, নাতি - নাতিনীৰে ভৰা সংসাৰত পত্নী ঢুকোৱা পিছৰ পৰাই তেনেই অকলশৰীয়া। নাতি ইমনে সৰুৱে পৰা একো বস্তুৰে অভাৱত পৰা নাই যদিও হাত লৰ স্বভাৱৰ বাবেই ককাৰ আলমাৰীৰ টকা , আইতাকৰ সোণৰ গহনা কেতিয়াবাই হৰলুকীত । ডাঙৰ হৈ অহা লগে লগে এনেধৰণৰ অত্যাচাৰ বাঢ়িব ধৰিলে। সমাজত সমীৰণে মুখ উলিয়াব নোৱাৰা হ'ল । আজিকালি আগফালৰ বাৰাণ্ডাত বহি সমীৰণে ভাবি থাকে অতীতৰ কথা । ঠিকাটো পোৱা পাছত মাজনিশা ঘৰত গোট খোৱা শিল , বালি, ইটাৰ ডমেৰে সজা ঘৰটো এতিয়া অশান্তিৰ বাহ ।

পৃষ্ঠা ১৩

বিতৰণ

পিকু শইকীয়া, 
নিতাইপুখুৰী, শিৱসাগৰ ৷

           সন্মুখত বহি থকা দুয়ো পুতেকক উদ্দেশ্য কৰি দেউতাকে ক’লে "পোণাহঁত, মাৰক বিয়া কৰোৱাৰ দিনাই আমি দুয়ো প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ যে মৃত্যুৰ অবিহনে আমি কেতিয়াও এৰা-এৰি নহওঁ ৷ সুখে- দুখে প্ৰতিটো ক্ষণত দুয়ো দুয়োৰ সাৰথি হৈ ৰ’ম ৷ এতিয়া আমাৰ জীৱনৰ অন্তিম সময় ৷ আমি এজনে আনজনক সংগ দিয়াৰ সময় ৷ আৰু তহঁতে আমাক সম্পত্তিৰ দৰে দুভাগ কৰিব বিচাৰিছ ৷ বাৰু তহঁতেই ক’চোন- উশাহৰ অবিহনে দেহৰ জানো কিবা অৰ্থ থাকিব পাৰে ? গোটেই জীৱন সুখে-দুখে একেলগেই জীৱন পাৰ কৰিলোঁ ৷ আৰুনো কিমান দিন, আমাক একেলগে থাকিবলৈ দে অ’ ৷"


পৃষ্ঠা ১৪

দূৰদৰ্শী

অংশুমান ভূঞা
চামতা, নলবাৰী
৬০০২৯৯৪৯৮০

      "অ' শৰ্মা, আকৌ বোলে ঘৰ সাজিবলৈ লৈছে। ল'ৰা দেখোন নায়েই নে জোৱাইহঁ‌তৰ বাবে সাজি থ'ব খুজিছে?" কোনোজনৰ ৰগৰ কোনোজনৰ ঠাট্টাৰ সুৰবোৰ এটা মিচিকিয়া হাঁহিৰে গজেন শৰ্মাই সামৰি থৈছিল। আনকি ঘৈণীয়েকেও আচৰিত হৈ প্ৰশ্ন কৰিলে গহীনভাৱে কৈ উঠিছিল,"এদিন ঘৰবোৰে তোমাক আৱৰি থাকিব।"
      অহা বাটে শৰ্মা এদিন গ'লগৈ। ছোৱালীহঁ‌তৰো সংসাৰ হ'ল।
      ভাৰাতীয়াৰে গিজগিজাই থকা চৌহদটোত শৰ্মানীক নিঃসংগতাই চুব পৰা নাছিল।


পৃষ্ঠা ১৫
এক মিনিটৰ গল্পঃ

নামনিত এনিশা 

ভাস্কৰ জ্যোতি গগৈ
ভ্ৰাম্যভাষঃ ৭০০২৬০২৭১৪

আজি বহু দিনৰ পিছত বন্ধু বিনয়ৰ ঘৰলৈ আহিলো । বহু দিনৰ পিছত কৰা যাত্ৰাৰ বাবে গাটো বৰ অৱস অৱস লাগিছিল। বিছনাতে বাগৰ দিলো । বৰ পৰিপাটিকৈ সজোৱা এখন ঘৰ ,যেন সৰু এখন পৃথিৱী। নাজানো খিৰিকীখন ভালদৰে বন্ধ কৰা হৈছিল নে নাই। হঠাৎ এচাটি মায়াবী বতাহে খুলি দিলে মোৰ ৰোমৰ খিৰিকীখন । মই ভয়ে ভয়ে খিৰিকী কাষলৈ উঠি গ'লো।  ৰাতি বহুত হৈছে। চৌপাশ নিজান আৰু নিৰৱতাই বিৰাজ কৰিছে। শুভ্ৰ জোনাকে পোহৰাই তুলিব পৰা নাই  শীতৰ ঘন কুঁৱলী। চিলমিলকৈ দেখিছো… শুভ্ৰ সাজেৰে দুজনী ৰূপহী গাভৰুৱে খেলি আছে । সিহঁতে যেন মোৰ ফালে চাইছে  আৰু যেন হাঁহিব ধৰিছে। ৰুন-জুন নুপুৰৰ শব্দ আহি মোৰ কাণত যিমানে পৰিছে , মোৰ বুকুৰ ধপ-ধপনি সিমানে বাঢ়িছে। মুখেৰে কথা ক'ব নোৱাৰা হৈ পৰিলো মই। খিৰিকী জপাই দিলো । হয়তো অলপ সময়ৰ পিছত বন্ধ হ'ব পাৰে মোৰ কলিজা স্পন্দন ।

শেষত নষ্ট বতাহে মোৰ ৰোমৰ দৰজা খুলিলে। হিম চেঁচা বতাহে ৰোমৰ পৰদা উৰাইছে। বন্ধ খিৰিকী খুলি জোনাক আৰু কুঁৱলী বাগৰিছে হঠাৎ মোৰ কাষতে থিয় দিলে দুজনী ৰূপহী গাভৰো । টানি নিলে মোক হিম চেঁচা বতাহৰ মেলালৈ । হাঁহিছে ,গাইছে আৰু নাচিছে । কত গাভৰুৱে মেলা পাতিছে । সাক্ষী কৰি ৰাখিছে দুজনী ৰূপহী গাভৰো আৰু মোক। জীৱনত প্ৰথম বাৰ ৰাজকীয় সন্মান আৰু সুখৰে চুই নিলে মোক । হিম চেঁচা বতাহৰ মেলাত আনন্দ উল্লাহ । আছিলো কি এৰাতিতে হৈ পৰিলো কি ? হয়তো ৰাতি নোপোৱাওঁতেই যাবগৈ লাগিব সিঁহতৰ দেশলৈ । দুখ লাগিছিল মোৰ, পাৰ ভাঙিছিল দুচকুৱে। মোৰ ঘৰলৈ ওভটি যোৱা নহ'ব। 

হঠাৎ মৱাইলটো ৰিং কৰিল  মাই ফোন কৰিছে " বাবা উঠিলিনে ? পূৱে ধলফাট দিলে" ।

চকুদুটা মোহাৰি মোহাৰি ঘড়ীটোলৈ চালো। ঘড়ীত তেতিয়া ন বাজিছিল ...।

পৃষ্ঠা ১৬

আধালেখা কাহিনী 

তীৰ্থ ডেকা, 
ৰঙিয়া 

   মনালিছাই চশমাযোৰ খুলি চকুহাল মোহাৰি ডায়েৰীখনৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ বাৰে বাৰে চেষ্টা কৰিছে। জীৱনত ঘটি যোৱা ঘটনাবোৰৰ বাবে এতিয়া আৰু মনোকষ্ট পাবলৈ তাই নিবিচাৰে। অতীতৰ অভিশপ্ত দিনবোৰৰ মাজত সোমাই থাকি বৰ্তমান আৰু ভৱিষ্যতটো অন্ধকাৰ হোৱাটো তাই বিচৰা নাই। ডায়েৰীখন ওচৰতে থকা মেজখনত থৈ লাইটটো বন্ধ কৰি মনালিছা শুই পৰিল। 

   ৰাতিপুৱা সোনকালে শুই উঠি নিবিড় মানে তাইৰ কণমানি ল'ৰাটোৰ কাৰণে টিফিন আৰু তাইৰ কাৰণে বেলেগকৈ ৰান্ধি খাই অফিচৰ বাবে সাজু হ'ল। আজি অফিচত তাইৰ প্রথম দিন। এটা নতুন জীৱনৰ এয়া আৰম্ভণি। 

   নিবিড়ে স্কুলৰ পৰা আহি ভাত-পানী খাই মাক অহালৈ বাট চাই ৰ'ল। কিছুসময়ৰ পিছত মাক আহি পালেহি।খোৱা-লোৱা কৰি তাই কিছুসময় সংগ দিলে। কেৱল অফিচৰ কামতে  ব্যস্ত থাকিলে অৰ্থ উপাৰ্জন হ'ব ঠিকেই, কিন্তু সন্তান বিপথে পৰিচালিত হ'ব পাৰে, যিটো তাই কেতিয়াও নিবিচাৰে। 

   গধূলি নিবিড়ে পঢ়া- শুনা কৰা সময়খিনিত মনালিছাই অফিচৰ কামখিনি কৰি লয়। যিহেতু তাই এজনী যথেষ্ট চোকা ছোৱালী, সেয়েহে অফিচৰ কামবোৰৰ সহজে সমাধান উলিয়াব পাৰে। তাইৰ কাৰণে এটা কামেই কঠিন আছিল৷ সেয়া আছিল নিজক পৰিবৰ্তন কৰা। কিন্তু সেয়াও আজি সম্ভৱৰ পথত। কিন্তু আজিও তাইক তাইৰ ডায়েৰীখনে বাৰে বাৰে আমনি কৰে। ডায়েৰীখন দেখিলেই তাইৰ জীৱনৰ অতীত বুৰঞ্জীলৈ মনত পৰে। গুচি যায় তাই অতীতৰ অভিশপ্ত দিনবোৰলৈ ।

   বিয়াৰ পিছৰে পৰা স্বামী আৰু স্বামীৰ পৰিয়ালে কৰা শাৰীৰিক- মানসিক নিৰ্যাতনৰ সম্পূৰ্ণ বিৱৰণ মনালিছাই এখন ডায়েৰীত লিপিবদ্ধ কৰিছিল। যিখন ঘৰৰ বোৱাৰী হ'বলৈ তাই নিজৰ সমস্ত ত্যাগ কৰি আহিছিল, সেইখন ঘৰৰ মানুহে তাইৰ ওপৰত চলাই আছিল অকথ‌্য অত্যাচাৰ। স্বামীয়ে  প্ৰতিদিনে দিছিল তাইক তাইৰ  নিষ্পাপ সৰলতাৰ আসুৰিক পুৰস্কাৰ।যাৰ অন্ত পৰিল বিবাহ বিচ্ছেদত। 

  নাৰীক দুৰ্বল বুলি ভবা ধাৰণা কেতিয়া সলনি হ'ব আমাৰ সমাজখনত ? ইতিহাসেও কোৱা নাই নাৰীক দুৰ্বল বুলি। নাৰীক দুৰ্বল বুলি ভবাসকলে হয়তো শুনা নাই কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী ,দাৰিকী দাসী বৰুৱা ,ৰেৱতী লাহন, কুমলী দেৱীৰ বিপ্লৱী ইতিহাস। হয়তো কল্পনা কৰিব পৰা নাই নৰমুণ্ড পৰিহিতা মা কালীৰ সংহাৰী ৰূপ। হয়তো অনুধাৱন কৰিব পৰা নাই আই বসুমতীৰ সহনশীলতা। 

  নাৰী কেতিয়াও দুৰ্বল নাছিল আৰু ভবিষ্যতেও নহয়। নাৰীৰ বাবে সৃষ্টি আৰু বিনাশ দুয়োটাই সম্ভৱ। নাৰীৰ বাবে পুৰুষে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰে। বৰ্তমানৰ নাৰীয়ে দেশ আৰু কালৰ পৰিধি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। পৰাধীনতাৰ শিকলি দুহাতেৰে ছিঙিবলৈ সক্ষম হৈছে। ভৰিৰে মোহাৰি পেলাইছে অতীজৰ কলংকক। 

   নিজাকৈ থাকিবলৈ লোৱাৰ পিছৰ পৰা মনালিছাই ডায়েৰীখনত এটা শব্দও লিখা নাই। পূৰ্বৰ নিৰ্যাতিত জীৱন আৰু বৰ্তমানৰ প্রতিষ্টিত জীৱনক তাই সংলগ্ন কৰিব বিচৰা নাই। তাই আৰু অতীতলৈ উভতি নাযায়, নিবিড়ৰ খাতিৰত। তাই তাইৰ জীৱন কাহিনী আধৰুৱা, অসম্পূৰ্ণ আৰু অসংলগ্ন হৈ থকাটো বিচাৰিছে।


পৃষ্ঠা ১৭
অনুবাদ কবিতাঃ

The Rival

By Sylvia Plath


If the moon smiled, she would resemble you.
You leave the same impression
Of something beautiful, but annihilating.
Both of you are great light borrowers.
Her O-mouth grieves at thr world; yours is unaffected.

And your first gift is making stone out of everything.
I wake to a mausoleum; you are here,
Ticking your fingers on the marble table ,looking for cigarettes,
Spiteful as a women ,but not so nervous,
And dying to say something unanswerable.

The moon, too, abuses her subjects,
But in the daytime she is ridiculous.
Your dissatifactions, on the other hand,
Arrive through the mail slot with loving regularity,
Whiter and blank ,expansive as carbon monoxide.

No day is safe from news of you,
Walking about in Africa may be, but thinking of me .

 প্রতিদ্বন্দী 

( মূল: The Rival by Sylvia Plath
অনুবাদ : প্রাণ কৃষ্ণ গোস্বামী )

চন্দ্রমাই যদি হাঁহে, তেওঁক তোমাৰ দৰেই লাগিল হেঁতেন ৷
তুমি এৰি যোৱা সাঁচ কোনো সুন্দৰ বস্তুৰ
দৰে একেই, কিন্তু সমূলে বিধবস্তকাৰী ৷
তোমালোক দুয়ো মহা পোহৰ-ধৰুৱা ৷
তেওঁৰ সুগোল মুখ পৃথিৱীৰ দুখত দুখী; তোমাৰ পৰিৱৰ্তনহীন ,

আৰু তোমাৰ প্ৰথম দানে সকলোবোৰকে শিল কৰিছে ৷
মই এক স্মৃতিসৌধত সাৰ পাইছোঁ; দেখোঁ তুমি ইয়াতেই,
মাৰ্বলৰ মেজখনত আঙুলিৰ শব্দ কৰি, তুমি ছিগাৰেট বিচাৰিছা,
খিয়লিয়া নাৰী, কিন্তু সিমান বিতত নোহোৱা ,
আৰু উত্তৰবিহীন কিবা এষাৰ ক'বলৈ উদ্বাউল হৈ আছাঁ ৷

চন্দ্ৰমাইও তেওঁৰ অনুগতবোৰক হেয় কৰে,
কিন্তু দিনৰ পোহৰত হৈ পৰে তেওঁ হাস্যাস্পদ ৷
আনহাতে, তোমাৰ অসন্তুষ্টি ডাকৰ সুৰুঙাৰে অহাদি 
ভাল লগা নিয়মীয়া গতিৰে আহি থাকে,
ৰঙহীন আৰু খালী, কাৰ্বন মন'ক্সাইডৰ দৰে বিস্তাৰিত ৷

কোনো এটা দিনেই তোমাৰ খবৰৰ পৰা নিস্তাৰ নাই,
হয়তো আফ্ৰিকাত খোজকাঢ়ি আছা, কিন্তু ভাবি আছা মোৰেই কথা ৷

(চিলভিয়ী প্লেথৰ চিনাকি আৰু প্ৰিয় কোনোবা এগৰাকীয়ে প্লেথে ভালপোৱাজনক তেওঁৰ পৰা আঁতৰাই নিয়াৰ পৰিপ্ৰেক্ষিতত ওপৰোক্ত কবিতাটো লিখিছিল বুলি বহুতে ক'ব খোজে ৷

চিলভিয়া প্লেথৰ ( ২৭/১০/১৯৩২-১১/০২/১৯৬৩) ১৯৩২ চনত আমেৰিকাৰ বষ্টন চহৰত জন্ম হৈছিল ৷ যদিও তেওঁ আঠবছৰ বয়সৰে পৰাই কবিতা লিখিছিল, ডাঙৰ হৈ তেওঁ মানসিক ৰোগ (ডিপ্ৰেচন)ত ভুগিছিল ৷ চিকিৎসাৰ পিচত তেওঁ ইংলেণ্ডৰ কবি টেড হিউজ ( Ted Hughes) ৰ লগত ১৯৫৬ চনত বিবাহ পাশত আৱদ্ধ হয় ৷ কিন্তু মনোমালিন্যৰ ফলত ১৯৬২ চনৰ পৰা দুই সন্তানক লগত লৈ প্লেথ বেলেগে থাকি বিবাহ বিচ্ছেদৰ বাবে ন্যায়ালয়ৰো কাষ চাপে ৷ সম্ভৱত: অত্যধিক মানসিক চাপত ১৯৬৩ চনৰ এঘাৰ ফেব্ৰুৱাৰীত প্লেথে আত্মহননৰ পথ বাচি লয় ৷ জীৱন কালত তেওঁৰ মাত্ৰ ' দি বে'ল জাৰ ' নামৰ এখন উপন্যাস আৰু 'দি কল'ছাছ' নামৰ এখন কাব্য সংকলন প্ৰকাশ হৈছিল ৷ মৃত্যুৰ পিচত তেওঁৰ স্বামীয়ে প্ৰকাশ কৰা ' এৰিয়েল'( Ariel ) নামৰ বহু চৰ্চিত কাব্য সংকলনখনৰ কবিতাসমূহ তেওঁ মৃত্যুৰ কেইমাহমানৰ আগতহে ৰচনা কৰিছিল ৷ তেওঁৰ মুঠতে সাতখন কাব্য সংকলন, চাৰিখন শিশুগ্ৰন্থ আৰু উপন্যাসকে ধৰি আঠখন অন্যান্য সংকলন প্ৰকাশ পাইছে ৷ ১৯৮২ চনত মৰোণোত্তৰভাৱে তেওঁক পুলিৎজাৰ পুৰস্কাৰ দিয়া হয় ৷ তেৱেঁই এনে প্ৰথম গৰাকী ব্যক্তি ৷ ২০০০ চনৰ এক সমীক্ষা মতে চিলভিয়া প্লেথৰ ৰচনাৱলীৰ ওপৰত তেতিয়ালৈ আন লেখকসকলে লিখা ১০৪ খন গ্ৰন্থ প্ৰকাশ পাইছে ৷

পৃষ্ঠা ১৮

জননী জনমভূমি 

মূল বাংলাঃ সুভাষ মুখোপাধ্যায়
 অনুবাদঃ সপ্তর্ষি বর্ধন 

মই ভীষণ ভালপাইছিলোঁ মোৰ আইক 
কাহানিও নিজৰ মুখেৰে কোৱা নাই।
টিফিনৰ পইচা বচাই 
কেতিয়াবা কেতিয়াবা কিনি আনিছিলোঁ কমলা নেমু
  
–শুই শুই আইৰ চকুত পানী আহিছিল
মোৰ ভালপোৱাৰ 
আইক কেতিয়াও মই স্পষ্ট কৈ ক'ব পৰা নাই।  হে দেশ, হে মোৰ জননী 
কেনেকৈ মই তোমাক কম!

যি মাটিত ভৰ দি মই থিয় হৈছো - 
মোৰ দুই হাতৰ
দহ অঙুলিয়ে 
তেওঁৰ স্মৃতি ।

মই যি বস্তুখিনিই স্পৰ্শ কৰো
তাতেই 
 হে জননী
তুমি ।
মোৰ হৃদয় বীনা 
তোমাৰ হাতেৰেই বাজে ।

হে জননী, 
আমি ভয় খোৱা নাই ।
যিবোৰ মানুহে তোমাৰ মাটিত নিষ্ঠুৰ হাতুৰা আগবঢ়াইছে।
আমি তেওঁলোকক কান্ধ ধৰি 
সীমান্ত পাৰ কৰি দিম।
আমি জীৱনক নিজৰ দৰে 
সজাই লৈছিলো -
আমি সজাই থাকিম ।

হে জননী, 
আমি ভয় খোৱা নাই ।
যজ্ঞে ব্যাঘাত ঘটিছে বুলিয়ে
আমি বিৰক্ত ।
মুখ বন্ধ কৰি ,
অক্লান্ত হাতেৰে -
হে জননী, 
আমি ভালপোৱাৰ কথা কই যাম।


পৃষ্ঠাঃ ১৯

মই সুভাষে কৈছোঁ                

মূল বাংলা—শুভ দাশগুপ্ত ।
অসমীয়া অনুবাদ—মীনাক্ষি ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী 
ফোন নং—৮৭৬১৮৬৫৮৮৫

তোমাৰ শিলাত দিছোঁ মালা
ইমান মালা, ইমান ফুল,
তুমিয়েই ঢাক খাই গৈছা
তুমি শিলা নোহোৱা হ'লে খং কৰিলা হেঁতেন
ছাপ্পন বছৰ আগৰ এক মাজৰাতিত
এলগিন ৰোডৰ তিনিমহলীয়া এটি ঘৰত 
পোহৰ জ্বলি আছিল 
গাত আলোৱান উৰি এটি ছায়ামূৰ্তি 
পায়চাৰি কৰি আছিল অবিৰাম
বাহিৰত বাটত ইংৰাজ পুলিচৰ চোৰাংচোৱা
সতৰ্ক সজাগ চকুৰে চাই আছিল
তাৰ সকলো সতৰ্কতাক ইতিকিং কৰি
তুমি তেতিয়া আন্ধাৰ ফালি
ধাপলি মেলিছা পোহৰৰ পথত
দেশৰ মানুহ, চৰাই-চিৰিকটি
কোনেও গম পোৱা নাছিল ।

তুমি গুচি যোৱাৰ পিছত
ছাপ্পনটো শীত, বৰ্ষা, গ্ৰীষ্ম অন্তৰ্হিত,
তুমিও তেতিয়াৰ পৰাই প্ৰতিটো জানুৱাৰীত
পৃথিৱীৰ ইখন চুবুৰী, সেইখন চুবুৰী 
সকলো মাটিত
তোমাৰ অনশ্বৰ ভৰিৰ চিহ্ন
সকলো ৰাইফেলত তোমাৰ বুকুৰ বাৰুদ
সকলো কুচকাৱাজত তোমাৰ স্বপ্নৰ ছন্দ
পৰশমণিৰ দৰে স্বাধীনতাক সন্ধান কৰিছে
তোমাৰ অন্তৰত লুকাই থকা অন্বেষক
তোমাৰ গন্তব্য আছিল স্বাধীনতা
তোমাৰ পথ আছিল স্বাধীনতা
তোমাৰ স্বপ্ন আছিল স্বাধীনতা
তোমাৰ প্ৰেম আছিল স্বাধীনতা ।
তুমি তেজ বিচাৰিছিলা স্বাধীনতাৰ বাবে,
সেয়ে তুমি শিলাময়
যিসকলে স্বাধীনতাৰ অন্তৰালত 
বিচাৰিছিল গাদী,
বিচাৰিছিল সিংহাসন
ইংৰাজৰ এৰি যোৱা লুণ্ঠনৰ ৰাজপাট,
সিহঁত সুখেৰে থাকিল ।
ভাৰতবৰ্ষৰ টকাত সিহঁতৰ সুখ,
তোমাৰ নহয়
ভাৰতবৰ্ষৰ অফিচ, আদালতত 
সিহঁতৰ ছৱি,
তোমাৰ নহয়
ভাৰতবৰ্ষৰ সংবিধানত সিহঁতৰ স্বাক্ষৰ
তোমাৰ নহয় ।

ইংৰাজে দুখীয়া মানুহক 
ভৰিৰ তলত ৰাখিছিল
আমি বিত্তৱানসকলক মূৰত তুলি ৰাখিছোঁ
স্মাগলাৰ অথবা ডকাইতক হাতযোৰ কৰি
সভাপতিৰ আসনত আহ্বান কৰিছোঁ ।
ইংৰাজে এইদেশৰ ধন-সম্পত্তি 
লুণ্ঠন কৰিছিল
আমি দেশখনক বিক্ৰী কৰি আছোঁ ।
ইংৰাজে দিছে চাবুক, লাঠি, গুলি
আমি দিছোঁ মস্তান, মাফিয়া,
নেতা আৰু বচন
ইংৰাজে দিছে কলীয়াপানী, চেলুলাৰ জেল
আমি দিছোঁ টিভিত চুপাৰহিট মোকাবিলা
আৰু আইনসভাত 
আয়াৰাম, গয়াৰামৰ খেল ।

ছাপ্পন বছৰ আগৰ এক মাজৰাতি
পৰাধীন এই দেশ এৰি তুমি গুচি গৈছিলা 
স্বাধীন এখন স্বদেশত ঘূৰি অহাৰ সপোন লৈ
তুমি ঘূৰি অহা নাই
স্বাধীনতা আহিছে,
নিজৰ কান্ধত মোনা ভৰাই লৈ আহিছে
ভোট নামৰ ৰাজসূয় যজ্ঞ
গণতন্ত্ৰ নামৰ চিৰায়ত মৎস্যন্যায়
প্ৰগতি নামৰ 
মানুহক আঁভূৱা ভৰাৰ ষ্টেটিচটিক্স
সংহতি নামৰ বিস্ফোৰণৰ চুৰমাৰ
ঐতিহ্য নামৰ মন্দিৰ-মচজিদৰ কন্দল
আৰু আসমুদ্ৰ হিমাচল বিয়পাই দিয়া
ভাষণ, ভাষণ আৰু ভাষণ ।

ছাপ্পন বছৰ ধৰি তুমি শিলা হৈ আছা
ছাপ্পন বছৰ ধৰি ভাৰতবৰ্ষ
অধীৰ অপেক্ষাত উৎকৰ্ণ হৈ আছে
ইথাৰ-তৰঙ্গত কেতিয়া হঠাৎ শুনা যাব
স্বাধীনতাৰ নিজস্ব কণ্ঠস্বৰ

মই সুভাষে কৈছোঁ ।



পৃষ্ঠা ২০

বয়স ২

  মূল বাংলাঃ  নীৰেন্দ্রনাথ চক্রৱর্তী 
 অনুবাদঃ বাসুদেৱ দাস

‘দিনবোৰ এতিয়া 
তলমুৱা হৈ
ৰাতিৰ ফালে আগবাঢ়ি যায়।
বেদনা আগবাঢ়ি যায় 
বিষাদৰ ফালে।
যোৱা বছৰও
দিন আৰু ৰাতিৰ এই সন্ধিলগ্নত 
আকাশৰ ফালে চাই মই 
পাঁচটা নক্ষত্র চাইছিলোঁ।
এইবাৰ
এটা কম চাইছোঁ।
বয়স আৰু এক বছৰ বাঢ়ি গ'ল।’

বুঢ়া মানুহজনে কলে,
‘মোৰ মুঠিৰ মাজত
ধূলা এদিন সোণ হৈ গৈছিল।
আৰু, এই চোৱা,
সকলো সোণ পাছত পেলাই 
তলমুৱা হৈ
মই আকৌ সেই ধূলাৰ ফালে গৈ আছোঁ।’


পৃষ্ঠা ২১
কবিতাঃ

ঝংকাৰ

 অনুভৱ প্ৰিয়ম মিৰি

ঝংকাৰ 
পোহৰ আন্ধাৰৰ আঁৰে আঁৰে

ঝংকাৰ 
নদী সাগৰ মহাসাগৰৰ ঢৌৱে ঢৌৱে

ঝংকাৰ 
আকাশ গ্ৰহ নক্ষেত্ৰৰ গতিপথে গতিপথে

ঝংকাৰ
বতাহৰ ঢৌৱে ঢৌৱে

ঝংকাৰ 
নাঙলৰ সীৰলুৱে সীৰলুৱে 

ঝংকাৰ 
সৰাপাতৰ চহৰে চহৰে

ঝংকাৰ 
নির্জনতাৰ ইপাৰে-সিপাৰে

ঝংকাৰ
পৰ্বত পাহাৰৰ আঁৰে আঁৰে

ঝংকাৰ
মনৰ আঁৰে আঁৰে

ঝংকাৰ 
সেউজীয়া  বাহিৰে-ভিতৰে

ঝংকাৰ
উৰন্ত পখীৰ ডেউকাৰে ডেউকাৰে


পৃষ্ঠা ২২

আমন্ত্ৰণ

অসমা তুংখুঙীয়া
নামতি 

হৃদয় জুৰুৱা গানটো গাবলৈ
এদিন আহিবাচোন
অকলে ।
নীড়মুখী পক্ষীজাক
নীলাকাশত উৰে যেতিয়া ।
পুখুৰীলৈ হাউলি থকা
দীঘল বাঁহ ডালত
ৰূপালী চৰাইটো  পৰি থাকোতে
তালৈ এবাৰ চাবা চোন
কোন বাঁহনিত এৰি আহিল
তাৰ নিভাঁজ প্ৰেম ! 
ডেউকা কোবোৱা শব্দত তাৰ
তিতে বা তোমাৰ উমাল বুকু ।
তোমাৰ বুকুৰ বহাগৰ
বানপানীত এদিন মোৰ ভালপোৱা
উটি গৈ কাঠ হৈছিল ।
এতিয়া 
সোঁৱৰণীৰ জয়াল কোঠাত
শূন্যতাৰ মকৰাজালত 
ওলমি আছে 
সুবাসিত চকুলোৰ গান ।
সেই গানৰ কলি
নিঃশেষ হ'বলৈ
নিদিবা ।
বগুৱা বাই যাওক দিয়া 
খিৰিকীৰ আপোনভোলা পথেৰে 
সংগোপনে ----।


পৃষ্ঠা ২৩

সেউজীয়া হৃদয়

মনচুমী কলিতা নাথ 
যোৰহাট

পৃথিৱীৰ দুখবোৰ পি 
নদীখন নীলা হৈ পৰিছিল 
বেদনাবোৰ ঢাকবলৈ কাষত থিয় হৈ আছিল 
শাৰী শাৰী সেউজীয়া 

জীৱনৰ ৰং 
ডালে ডালে পাতে পাতে 
বগাই ফুৰিছে সেউজীয়া বতাহ 
বতাহত খিলখিল হাঁহি 
বনফুলৰ চঞ্চল নাচোন 
পখীকুলৰ সুমধুৰ সুৰ

অজানিতে খুলি দিলোঁ 
হৃদয়খন 
সোমাই আহক বুলি চঞ্চল বতাহৰ
বনৰীয়া পৰশ
উপচি পৰক বুকুত
ৰ'দালিৰ চেনেহ চুম্বন
এতিয়া মোৰ বুকুতো থাকে বৈ 
এখন খিলখিল নৈ  
বিবিধ বনফুলৰ বন্য সুবাস  
অৰণ্যক পখীৰ বনৰীয়া সুৰ 
মিঠা মিঠা প্ৰেমৰ গুণগুণ গান 
হৃদয়খন এতিয়া সেউজীয়া
চিৰসেউজীয়া 
চিৰদিনলৈ ।


পৃষ্ঠা ২৪

মই লেখক

প্ৰিয়ংকা চমুৱা, 
ঢকুৱাখনা, লখিমপুৰ, 
ভ্ৰাম্যভাষ: ৬০০১৪৮১৪০৮

বুকুৰ মাজত বৈ থকা 
নিৰৱধি নৈ খন
কোনেও নেদেখে...
বুকুৰ কেচা ঘা-টুকুৰা
কোনেও অনুভৱ নকৰে!
উজাগৰী ৰাতিৰ অশান্ত হুমুনিয়াহ
কোনে বাৰু বুজিব পাৰে
কাৰণ, মই লেখক !

মোৰ ব্যস্ততাৰ অজুহাতত মই
আঁতৰাই কাকো নপঠাওঁ
মোৰ হৃদয়ৰ আবিল ৰাগত
আপোনত্বক জুকিয়াওঁ
তথাপি মই একাকী, অঘৰী আত্মা
অকলশৰীয়া হৈয়ে ৰৈ যাওঁ।

এনে নহয় যে মোৰ কাষত 
কোনো কেতিয়াও নাছিল
মোৰ আশে-পাশে চৌপাশে
প্ৰেমিক প্ৰৱৰো মুখৰ হৈছিল
আত্মাৰ চিৰন্তন ধ্বনি হে কাৰো 
হৃদয়ংগম নাছিল
আছিল কেৱল জ্বলন্ত ৰাগৰ
অবুজ অজান যুক্তিৰ স্ফুলিংগ
য'ত মই বিচৰা 
মৰমৰ সাগৰখন নাছিল
বিঢৌত আৰু উৎথিত হৈছিল
অভিমান নুবুজা আৱেগহীন 
ব্যৱসায়িক কলিজা
ভালপোৱাৰ সুকোমলতা নাছিল
নাজানো মই নে তেওঁ
অবুজ আছিল!!!


পৃষ্ঠা ২৫

অনুভৱত 'তুমি'

তুলুমণি বৰুৱা
ইটানগৰ, অৰুণাচল প্ৰদেশ
 
দুৰ্বাৰ হেপাঁহেৰে গতি মোৰ
এবাৰ তোমাক লগ পোৱাৰ ।

আছেনে বাৰু মনত তোমাৰ ?
প্ৰথম লগ পোৱাৰ সেই মধুৰ ক্ষণটি !

এটি মিচিকিয়া হাঁহিৰে
লাজ-লাজকৈ কৰা সম্ভাষণ...
চাওঁ-নাচাওঁকৈ চোৱা
সেই মিঠা চাৱনি...
কওঁ-নকওঁকৈ কোৱা তোমাৰ
সেই ৰাগীলগা শব্দবোৰ ...।

আৰু মই ?
মই মূক হৈ পৰিছিলোঁ ....
শব্দহীন ... বাকৰূদ্ধ ।

দুপৰৰ প্ৰচণ্ড গৰমতো
অনুভৱ কৰিছিলোঁ শীতলতা...
মই জীয়ন গৈছিলোঁ 
সুখৰ অনুভৱত , আদৰুৱা হেঁপাহত।

যেন ৰৈ যাওক এই সময়…
চিৰদিন চিৰকাল ...
বৈ যাওক এই ভালপোৱা...
এখনি নৈৰ দৰে প্ৰবহমান।


পৃষ্ঠা ২৬

ব্যস্ত পৃথিৱী

ৰাজশ্ৰী সেনাপতি গগৈ 
         ডিব্ৰুগড় 
    ৮০১১৬১১৫১৩

নৱতম চিন্তাৰ পথৰে 
তেজৰ ধমনী ভেদি 
তুমি নিৰগম পথেদি 
এডেও দুডেও কৈ 
আগুৱাই যোৱা |
সৰল সহজ ভাবে 
সমসাজ পিন্ধি 
মুখামুখি হোৱা |
এই  ব্যস্ততা ভৰা জগতত 
মনৰ বাঞ্ছাৰ জানো 
এটি দিন পোৱা |
সুখবোৰ চোন যায় পলাই 
ব্যাকুল বুকুৰ ব্যথিত 
গোপন হৃদয় কক্ষত 
যায় চোন হেৰাই |
পাহাৰ যেন এই ৰাস্তা 
তথাপিও সেই পথেৰে 
ওলাই এটি বাট | 
ক'ত যে হেৰাল জীৱনৰ মাদকতা 
ভটিয়াই চাইছো আজি প্ৰতিটো ক্ষণ |


পৃষ্ঠা ২৭

ৰোমণ্ঠন

নীলাঞ্জনা গগৈ
যোৰহাট

আঘোণৰ হিম চেঁচা বতাহজাক
দেহত মেৰিয়াই 
মই উভটি যাব খোজোঁ মোৰ অতীতলৈ
অতীতৰ মধুৰ ক্ষণত মই বিলীন হ'ব খোজোঁ

কিজানি বিচাৰি পাওঁ 
হেৰাই যোৱা মোৰ জীৱনৰ চিনাকি ছন্দ

কিজানি ঘূৰাই পাওঁ
দেউতাৰ ঘামাক্ত দেহ সুবাস
আঙুলিত ধৰি পাৰ কৰা সুমধুৰ দিনৰ 
সোণালী কবিতাবোৰ

দেউতাৰ জীৱন সম্পৰ্কীয় সাৰগৰ্ভ কথাবোৰত
লুকাই আছিল স্নিগ্ধ ৰজনীৰ এখন বুটাবচা আকাশ
হাতৰ মুঠিত মুঠিয়াই থোৱা সুখৰ আকৰ

সময়ৰ বেত্ৰাঘাতত 
আঙুলিৰ ফাঁকেৰে সৰি পৰিল
ছন্দময় জীৱনৰ ৰূপ কথা
ওঁঠৰ অমিয়া সুৰ

হে সময়
তোমাৰ অনিৰুদ্ধ গতিক অৱৰূদ্ধ কৰি
ঘূৰাই আনিব পৰা হ'লে
সেই সুমধুৰ  ক্ষণবোৰ !


পৃষ্ঠা ২৮

তিনিটা স্তৱক

মালবিকা শৰ্মা
ভুবনেশ্বৰ


যুগে যুগে জনমো মই
কেৱল তোমাক চাবলৈ,
মাথোঁ তোমাক পাবলৈ,
আৰু কবিতা লিখিবলৈ।

প্ৰথম দেখাতে তোমাৰ
পৰিছিলো চকুযুৰিৰ প্ৰেমত,
পিছলৈ তোমাৰ ব্যৱহাৰত,
শেষলৈ তোমাৰ মৰমত।
        
কৈছো তোমাক মনে মনে
মোৰেই যে তুমি,
শুনি থোৱা তুমি ভালদৰে
মোৰ বাবেই তুমি।
গাইছো মোৰ গানে গানে
মোৰ আশা তুমি,
কৈছো অন্তৰৰ ভাষাৰে
মোৰ যে সকলো তুমি।


পৃষ্ঠা ২৯

নতুন দিগন্ত

সীতা দেৱী, 
বিহপুৰীয়া
                     

আবিৰ্ভাৱৰ প্ৰতিক্ষাত নতুন দিগন্ত,
কালৰাত্ৰিৰ অলেখ ক্ষণৰ অন্ত।
মাজনিশাৰ তিমিৰ ভেদি,
নতুন প্ৰভাতৰ পম খেদি।
আজন্ম উত্ৰাৱল হৈ ঘূৰি ফুৰিছোঁ,
ৰামধেনুৰ সাতোৰং সাবটি ধৰিছোঁ।
জীৱনৰ কক্ষপথৰ অস্তিত্বৰ সন্ধানত,
সাঙোৰ খাই পৰিছোঁ ঐক্যৰ বান্ধোনত।
মানৱতাৰ জয়গানৰ বিশালতা,
নি:সংগতা , জঠৰতা আঁতৰাই সংকীৰ্ণতা।
নি:শব্দ কোমল বৰ্ণালী,
বিশ্বত শান্তি আৰু নিৰাপত্তাৰ জোনালী।
দীপ্ত যৌৱনৰ উত্তাল তৰংগ চিৰন্তন,
আত্মহাৰা, বিচিত্ৰ গৌৰৱ জীৱন।
বিস্ময় জ্যোতিষ্মান আলোক,
বিয়পি উজ্বলি উঠক গোলক।
মৃত্যু ঘন্টাৰ বিভীষিকা মাৰি মৰক
আতংক, ভয়, শংকা আঁতৰক।
নতুন সূৰ্য জ্বলি উঠক,
সন্ধিয়া ডবা কাঁহ মংগল ধ্বনি বাজি উঠক।
শান্তিৰ নিজৰা বৈ আহক,
অনাবিল প্ৰেম সৌৰভ ফুলি উঠক।।



পৃষ্ঠা ৩০

লিলি ফুল

                   জাহ্নৱী কাকতি

কঁপি উঠা আঙুলিয়ে লিখিব নোৱাৰে শব্দ
পাক খোৱা জিভাই আওৰাব নোৱাৰে ভাষা
ফাট মেলা ওঁঠে গাব নোৱাৰে গান
ক'ব নোৱাৰে জীৱনৰ কথা

ভীৰবোৰ কমি যায়, অনুৰাগী হেৰায়
সোতোৰা পৰা ছালে কয় 
জীৱনৰ সঁচা কাহিনী

সংগী এতিয়া
নিৰ্জন কোঠাৰ বিছনাখন,
ভেকুৰ লগা সময়ে কঙাল কৰা বুকু

হঠাৎ কোনে বাৰু মনত পেলায়
মোৰ কবিতা
মোক লৈ যায় গঙ্গাতীৰলৈ
মুখে মুখে গুঞ্জৰিত হয়
কবিতাৰ কলি

সম্প্ৰতি মই
এপাহ লিলি ফুল হৈ গজি উঠিছোঁ।।


পৃষ্ঠা ৩১

কেতিয়া তোমাক লগ পাম

বুলবুলি বৰা      
পহুমৰা, মাজুলী

নাজানো কেতিয়া তোমাক লগ পাম
লগ পাবলৈচোন বহুত মন যায়
কিন্তু, সময়ৰ সোঁতত তুমি সলনি হ'ব লৈছা।
লাহে লাহে কৰ্মত অধিক ব্যস্ত হৈ পৰিছা,
চহৰৰ যান্ত্ৰিকতাৰ মাজত থাকি
তুমি কেৱল একোটা যন্ত্ৰ হৈ পৰিছা।
তথাপিও মোৰ মনটোৱে
বাৰে বাৰে তোমাৰ কথাকে কয়চোন,
মই তোমাৰ তুমি মোৰ।
কথা এষাৰ আছে নহয়,
"ফুল মৰহি যায় সুবাস বিলাই
অতীত হেৰাই যায় চকুলো বোৱাই"
যেতিয়া জীৱন নদীত আগুৱাই যাবা
খবৰ লবানে মই আছো নে জীয়াই ?


পৃষ্ঠা ৩২

নীলাখামৰ চিঠিঃ

মৰমৰ

         নীলাঞ্জনা
              
               তোমাৰ নীল নয়নৰ নীলা সাগৰত মই দিশহাৰা নাবিক। প্ৰেমৰ পানছৈ মেলি নীলাৰ বুকুত উটি যাওঁ মাথোঁ উটি যাওঁ। শেষ ক'ত এই অবিৰাম যাত্ৰাৰ ! তোমাৰ নীল সমূদ্ৰৰ অতল তলিত মই যেন হেৰাই যাম যুগ যুগান্তৰ বাবে। প্ৰেমৰো যে কি অমিয়া তান, ভাল লগা চকুযুৰিক কোনো ক্ষণতে পাহৰিব নোৱাৰি চোন। আজি কালি মই টোপনিতে কথা পাতো, চকু মেলি সপোন দেখোঁ, অকাৰণে হাঁহো, আকাশলৈ চাই চাই কি জানো ভাবি থাকো, পটককৈ ফুটি উঠা গীতৰ কলিটি, হঠাৎ জিলিকি উঠা ওঁঠৰ হাঁহিটি, কবি নহওঁ কিন্তু কবিতা লিখোঁ, শব্দৰ মাজত প্ৰেমক খেপিয়াই ফুৰোঁ। বৰ অদ্ভুদ এই প্ৰেম জীৱলৈও নিদিয়ে মৰিবলৈও। হয়নেকি বাৰু কেতিয়াবা তোমাৰো এনেকোৱা ? 
              প্ৰেমত পৰিলোঁ। তোমাৰ মৌসনা মাতৰ প্ৰেমত, তোমাৰ সৰলতাৰ প্ৰেমত, তোমাৰ চঞ্চলতাৰ প্ৰেমত, তোমাৰ বিজুলী বিজুলী হাঁহিৰ প্ৰেমত, তোমাৰ গোলাপী ওঁঠৰ প্ৰেমত, তোমাৰ লাৱনী খোজৰ প্ৰেমত, তোমাৰ লাহী দেহৰ প্ৰেমত। মাতলামি কৰিছোঁ বুলি নক'বা, নক'বা ই বয়সৰ ভুল। এইয়া সঁচা অন্তৰৰ নিভাঁজ ভালপোৱা। প্ৰথম প্ৰেমৰ আকোলতা। 
          কথাবোৰ কওঁ বুলিও ক'ব নোৱাৰাৰ বাবে চিঠিকে লিখিলোঁ। উত্তৰত তুমি যিয়েই নিলিখা মোৰ আক্ষেপ নাই। কিন্তু উত্তৰ নিদিয়াকৈ নেথাকিবা। তোমাৰ হাতৰ পৰশত মোৰ চিঠিয়ে অন্তিম যাত্ৰা কৰিলেও কৰক। কিন্তু দুটি শব্দ লিখিবা। প্ৰেমত জয়ী হ'বই লাগিব বুলিও কোনো কথা নাই। মই তোমাক ভালপাওঁ মোৰ মনৰ কথা ক'লো। মোৰ শাশ্বত প্ৰেমৰ শাব্দিক ব্যাখ্যাৰে হৃদয় ফালি দেখুৱালোঁ। এতিয়া তুমি জানা মোৰ প্ৰেমক আদৰি লোৱা নে উপেক্ষা কৰা !
            তোমাৰ উত্তৰৰ বাবে বাটচাই ৰ'লো।

                                               ইতি
                                      তোমাৰ প্ৰেমিক কবি

বিষাদ ৰঞ্জন বৰবৰা
যোৰহাট


পৃষ্ঠা ৩৩

গ্ৰন্থ পৰ্যালোচনাঃ


 কৰবী গগৈ

গ্ৰন্থ- “মোৰো এটা সপোন আছে”
লেখক- ড° ৰুবুল মাউত
প্ৰথম প্ৰকাশ- অক্টোবৰ, ২০১৭
প্ৰকাশক- পূৰ্বায়ণ প্ৰকাশন 
যশৱন্ত পথ, পাণবজাৰ                           
আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ               
সমীপত পাণবজাৰ, গুৱাহাটী-১, অসম
মূল্য- ১৮০ টকা

গ্ৰন্থখনৰ পৰিচয়- “মোৰো এটা সপোন আছে” গ্ৰন্থখন ড° ৰুবুল মাউতৰ দ্বাৰা ৰচিত আত্মজীৱনীমূলক গ্ৰন্থ৷ ১৫৭ পৃষ্ঠা জুৰি থকা গ্ৰন্থখন শৈশৱ, সংগ্ৰাম, সুযোগ, দেউতাৰ অসুখ নামেৰে চাৰিটা খণ্ডত বিভক্ত৷ চাৰিওটা খণ্ডক লেখকে একসত্তৰটা ভাগত ভাগ কৰিছে৷

গ্ৰন্থৰ বিষয়বস্তু- ড° ৰুবুল মাউতৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ মূল বিষয়বস্তু হ'ল এটা সপোন৷ যিটো সপোন লেখকে অহৰহ মনৰ মাজত কঢ়িয়াই লৈ ফুৰিছিল৷ দৰিদ্ৰতাৰ সীমা অতিক্ৰম কৰি লেখকে আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ যোৱাৰ কাহিনীক বিষয় ৰূপে লৈ গ্ৰন্থখন ৰচনা কৰিছে আৰু প্ৰতিবন্ধকতাৰ মাজৰে সপোন দেখা প্ৰতিজন ব্যক্তিৰ হাতত গ্ৰন্থখন উছৰ্গা কৰিছে৷

লেখকৰ পৰিচয়- “মোৰো এটা সপোন আছে” গ্ৰন্থৰ লেখক হৈছে বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত গৱেষণাৰত গৱেষক বিজ্ঞানী তথা ইন’ভেশ্যন ফেল’ ড° ৰুবুল মাউত৷ “মোৰো এটা সপোন আছে” ড° মাউতৰ দ্বিতীয়খন গ্ৰন্থ, তেখেতৰ প্ৰথম গ্ৰন্থ আছিল 'ধূসৰতাত সংহত শ্ৰৱণ’৷ ড° ৰুবুল মাউতৰ গৱেষণাৰ বিষয় হৈছে প্ৰ’টিন আৰু জেনেটিক ইঞ্জিনিয়াৰিং৷ মানৱ কোষৰ ভিতৰত থকা কোষীয় উপাংগ 'প্ৰটিয়জম’ৰ পুনৰ্নিৰ্মাণৰ (অভিযন্ত্ৰনৰ) যোগেদি বিভিন্ন জেনেটিক ৰোগ (যেনে পাৰকিনচনৰ ৰোগ) নিৰ্মূল কৰাৰ অৰ্থে তেওঁ গৱেষণাৰত৷ ইয়াৰ পূৰ্বে নেন’প্ৰযুক্তিৰ প্ৰয়োগেৰে কোষৰ ভিতৰৰ জিন সম্পাদনাৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰি ড° মাউতে খ্যাতি লাভ কৰিছিল৷ 
উল্লেখনীয়, Nature nanotechnology, Nature chemistry, ACS nano আদি জাৰ্নেলত ত্ৰিশৰো অধিক গৱেষণাপত্ৰ প্ৰকাশৰ উপৰি তেওঁৰ গৱেষণাই আন্তৰাষ্ট্ৰীয় বিজ্ঞান মাধ্যম যেনে American Chemical Society (ACS) feature video, Lab TV studio documentary আদিৰ যোগেদি প্ৰচাৰ লাভ কৰিছে৷ 

আলোচনা- জীৱনৰ অন্য এক নাম সংগ্ৰাম৷ জীৱন পথত কম বেছি পৰিমাণে সকলোৱে সংগ্ৰামৰ মুখামুখি হ'ব লগা হয়৷ কিন্তু সেই সংগ্ৰামৰ ফলত কিছু লোক দুৰ্বল হৈ পৰে আৰু কিছু লোক অধিক শক্তিশালী হৈ উঠে৷ ড° মাউতৰ গ্ৰন্থখনত আমি জীৱন সংগ্ৰামৰ এক সুন্দৰ ছবি দেখিবলৈ পাওঁ৷ য'ত লেখকে দৰিদ্ৰতাৰ সৈতে যুদ্ধ কৰি নিজৰ লক্ষ্যৰ দিশে আগুৱাই গৈছে৷ আমি প্ৰত্যেকেই সপোন দেখোঁ সঁচা কিন্তু সেই সপোনক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কৰ্ম কৰা লোকৰ সংখ্যা নিচেই তাকৰ৷ অৱশ্যে তাৰ মাজতো সপোনৰ পম খেদি অশেষ কষ্ট, সাধনাৰ মাজেৰে সমাজত প্ৰতিষ্ঠিত হোৱা মহা মহা ব্যক্তিৰ জীৱন কাহিনী নুশুনা নহয়৷ সেইদৰেই নানা সমস্যা, কষ্ট, যন্ত্ৰণাৰ পাছতো ড° মাউতে নিজৰ সপোনটো জীয়াই ৰাখি বাস্তৱ কৰিলে৷ দৰিদ্ৰতাৰ সৈতে যুদ্ধ কৰি আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা মাউতে বহুত ত্যাগ কৰিব লগা হৈছিল যদিও ক্ষণিকৰ বাবেও নিজক দুৰ্বল হ'বলৈ দিয়া নাছিল৷ আনকি নিজৰ একমাত্ৰ সপোনটোক পূৰ্ণ কৰিবৰ বাবে ড° মাউতে চোৰ পৰ্যন্ত কৰিব লগা হৈছিল৷ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা, আনকি চাকৰি কৰি থকা সময়ছোৱাত মাউতে ইংৰাজী শিকিবৰ বাবেও বহু কষ্টভোগ কৰিছিল৷ কোনো পৰিস্থিতিতে হাৰ নমনা মাউতে নিজৰ একাগ্ৰতা, ত্যাগ, সাধনা, শিক্ষা গ্ৰহণৰ প্ৰতি থকা একাগ্ৰতা, ধৈৰ্য্য আৰু অনুসন্ধিৎসু মনটোৰ বাবেই নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হৈছিল৷ অৱশ্যে ড° মাউতৰ পঢ়াৰ প্ৰতি থকা ধাউতিক আগবঢ়াই নিয়াত মাতৃ-পিতৃ তথা পৰিয়ালও গাওঁবাসীৰ প্ৰচেষ্টা শলাগিবলগীয়া৷ সঁচাকৈয়ে ড° মাউতৰ গ্ৰন্থখনে পাঠকৰ মন চুই যোৱাৰ লগতে প্ৰতিবন্ধকতাৰ মাজতো সপোন দেখিবলৈ আৰু সপোনক বাস্তৱায়িত কৰিবলৈ অনুপ্ৰেৰণা যোগায়৷ 

সামৰণি- কঠোৰ জীৱন সংগ্ৰামৰ  মাজেৰে শৈশৱ-কৈশোৰ, জীৱনৰ ঘাত-প্ৰতিঘাত আদিবোৰ পাৰ কৰি ড° ৰুবুল মাউতে নিজক গঢ়ি তুলিছিল৷ পিতৃ-মাতৃৰ গৌৰৱ হৈ থিয় দিছিল৷ সাহিত্যৰ ক্ষেত্ৰখনত বোধ হয় ড° মাউতৰ গ্ৰন্থখন অনন্য আৰু ব্যতিক্ৰম৷ আমি সকলোৱে সপোন দেখাৰ লগতে সেই সপোনটো বাস্তৱ নোহোৱালৈকে বুকুত কঢ়িয়াই লৈ সপোনটোৰ হকে কাম কৰি যোৱাৰ সাহস ৰাখিব লাগে৷ মনত যদি স্থিৰতা আৰু আত্মবিশ্বাস থাকে কোনো ধৰণৰ বাধা আমাৰ সপোনৰ আগত বাধাৰ প্ৰাচীৰ হৈ থিয় দিব নোৱাৰে৷ ড° মাউতৰ গ্ৰন্থখনে এনে এক বাৰ্তা বহন কৰি পাঠক সমাজত ধনাত্মক চিন্তাধাৰা বিয়পাবলৈ সক্ষম হৈছে যেন মোৰ অনুমান হয়৷ “মোৰো এটা সপোন আছে” আত্মজীৱনীমূলক গ্ৰন্থৰ জৰিয়তে ড° ৰুবল মাউতে অসমীয়া সাহিত্যৰ জগতলৈ এক অতুলনীয় অৱদান আগবঢ়ালে৷
                                            

পৃষ্ঠা ৩৪
মাৱন শৰীৰৰ বাবে যোগাসনঃ

কিডনী সুস্থ কৰি ৰাখিবলৈ যোগাসন

চিন্ময়ী দাস
কামৰূপ, অসম

কিডনী মানৱ শৰীৰৰ এটা অতিকৈ গুৰুতত্বপূৰ্ন অংগ। কিন্তু শাৰিৰীক পৰিশ্ৰমৰ অভাৱ আৰু বৰ্দ্ধিত মচলাযুক্ত আহাৰৰ প্ৰচলনে এই অংগ বিধলৈ বিবিধ প্ৰকাৰৰ সমস্যা লৈ আনিছে। যাৰ বাবে কিডনী সুস্থ কৰি ৰাখিবলৈ কেইটামান যোগ আসন সাধাৰণতে কৰা হয়। যেনে - শশংকাসন, মন্দুকাসন, বক্রাসন, গৌমুখাসন, যোগমুদ্ৰসান,  অৰ্ধমৎস্যেন্দ্ৰচন, পৱন্মুক্তাসন, উত্তানপাদাসন, নৌকাসন, ভূজাংগাসন আদি। এই আসনবোৰে কিডনীৰ পৰা অলাগতিয়াল ফেটি এচিদ তথা আন আন টেক্সিনবোৰ ওলাই যোৱাত সহায় কৰে। ইয়াৰে কেইটামান  আসনৰ পদ্ধতি ইয়াতে দিয়া হ'ল -

শশাঙ্কসনৰ প্ৰণালীঃ প্ৰথমে বজ্ৰাসনত বহি ল'ব। আঁঠু দুটা যিমান পাৰি বহলাই আৰু বুঢ়াআঙুলি দুয়োটা লগ লগাই ৰাখিব । হাত দুখন আঁঠুৰ মাজত থ'ব। এতিয়া উশাহ এৰি হাত দুখন যিমান পাৰি আগলৈ দি হালিব আৰু থুঁতৰি মাটিত লগাব । বাহুদুটা সমন্তৰালকৈ ৰাখিব । সন্মুখলৈ চাই আসনত থাকিব । উশাহ লৈ আগৰ অৱস্থালৈ আহি,  উশাহ এৰি বজ্ৰাসনত আহি বিশ্ৰাম কৰিব। প্ৰক্ৰিয়াটো পাঁচ মিনিটমান কৰিব। 

 অৰ্ধমৎস্যেন্দ্ৰচন পদ্ধতি : এই আসনটো কৰিবলৈ বাঁওভৰিখন আঠুত ভাজ কৰি সোঁভৰিৰ ওপৰেদি আনি সোঁভৰিৰ সোঁকাষে আঠুৰ ওচৰত ৰাখিব। এতিয়া সোঁভৰিখন কোচাই বাঁও তপিনাৰ ওচৰত  সোঁভৰিৰ পতা মাটিত ৰাখিব । সোঁহাতেৰে বাঁওআঠু বেকা কৰি বাঁওভৰিৰ বুঢ়া আঙুলিত ধৰিব । কান্ধ আৰু ডিঙি যিমান পাৰি সিমান বাঁওপিনে ঘূৰাব । বাঁও হাতখন বাঁওপিনেৰে পিছলৈ হাতৰ তলুৱা বাহিৰ ফাললৈ ৰাখি সোঁ উৰুৰ ওচৰলৈ লৈ যাব। চকুৰ দৃষ্টি বাঁওপিনেৰে পিছফালে ঘূৰাই নিৰ্দিষ্ট বিন্দু এটাত স্থিৰে ৰাখিব । শ্বাস-প্ৰশ্বাস স্বাভাৱিক ৰাখিব।  বিপৰীত দিশতো অনুশীলন কৰিব

ভূজংগাসন প্ৰণালীঃ এই আসনটো কৰিবলৈ দুয়োখন হাত বুকুৰ দুয়োফালে ৰাখিব । হাতৰ কিলাকুটি দুটা গাৰ কাষলৈ চপাই লৈ কপাল মাটিত লগাই উশাহ এৰিব । এতিয়া উশাহ লৈ লাহে লাহে ককালৰ পৰা মূৰলৈ যিমান পাৰি ওপৰলৈ তুলিব । দুয়োখন হাতৰ কিলাকুটি সম্পূৰ্ণ পোন হোৱালৈকে বুকু ওপৰলৈ তুলি মূৰ যিমান পাৰি পিছফালে নি স্থিৰে ৰাখিব । এই স্থিতিত উশাহ নিশাহ স্বাভাবিক ৰখা প্ৰয়োজনীয়।

নৌকাসন পদ্ধতি : নৌকা মানে নাও, এই আসনত শৰীৰৰ আকৃতি প্ৰায় নাওৰ দৰে দেখি। এই আসন কৰিবলৈ পেট তলফালে ৰাখি শুই ল'ব । হাত দুখন সমুখৰ ফালে মেলি ৰাখিব।  এতিয়া লাহে লাহে দুয়োখন ভৰি আৰু হাত ওপৰলৈ উঠাই দিব। যিমান সময় পাৰে থাকি আগৰ অৱস্থালৈ যাব , আকৌ প্ৰক্ৰিয়াটো কৰিব। এই আসন দৈনিক ৫ মিনিটকৈ কৰিব পাৰিলে ভাল।


পৃষ্ঠাঃ ৩৫

গল্পঃ

আধালেখা কাহিনী 

তীৰ্থ ডেকা, 
ৰঙিয়া 

   মনালিছাই চশমাযোৰ খুলি চকুহাল মোহাৰি ডায়েৰীখনৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ বাৰে বাৰে চেষ্টা কৰিছে। জীৱনত ঘটি যোৱা ঘটনাবোৰৰ বাবে এতিয়া আৰু মনোকষ্ট পাবলৈ তাই নিবিচাৰে। অতীতৰ অভিশপ্ত দিনবোৰৰ মাজত সোমাই থাকি বৰ্তমান আৰু ভৱিষ্যতটো অন্ধকাৰ হোৱাটো তাই বিচৰা নাই। ডায়েৰীখন ওচৰতে থকা মেজখনত থৈ লাইটটো বন্ধ কৰি মনালিছা শুই পৰিল। 

   ৰাতিপুৱা সোনকালে শুই উঠি নিবিড় মানে তাইৰ কণমানি ল'ৰাটোৰ কাৰণে টিফিন আৰু তাইৰ কাৰণে বেলেগকৈ ৰান্ধি খাই অফিচৰ বাবে সাজু হ'ল। আজি অফিচত তাইৰ প্রথম দিন। এটা নতুন জীৱনৰ এয়া আৰম্ভণি। 

   নিবিড়ে স্কুলৰ পৰা আহি ভাত-পানী খাই মাক অহালৈ বাট চাই ৰ'ল। কিছুসময়ৰ পিছত মাক আহি পালেহি।খোৱা-লোৱা কৰি তাই কিছুসময় সংগ দিলে। কেৱল অফিচৰ কামতে  ব্যস্ত থাকিলে অৰ্থ উপাৰ্জন হ'ব ঠিকেই, কিন্তু সন্তান বিপথে পৰিচালিত হ'ব পাৰে, যিটো তাই কেতিয়াও নিবিচাৰে। 

   গধূলি নিবিড়ে পঢ়া- শুনা কৰা সময়খিনিত মনালিছাই অফিচৰ কামখিনি কৰি লয়। যিহেতু তাই এজনী যথেষ্ট চোকা ছোৱালী, সেয়েহে অফিচৰ কামবোৰৰ সহজে সমাধান উলিয়াব পাৰে। তাইৰ কাৰণে এটা কামেই কঠিন আছিল৷ সেয়া আছিল নিজক পৰিবৰ্তন কৰা। কিন্তু সেয়াও আজি সম্ভৱৰ পথত। কিন্তু আজিও তাইক তাইৰ ডায়েৰীখনে বাৰে বাৰে আমনি কৰে। ডায়েৰীখন দেখিলেই তাইৰ জীৱনৰ অতীত বুৰঞ্জীলৈ মনত পৰে। গুচি যায় তাই অতীতৰ অভিশপ্ত দিনবোৰলৈ ।

   বিয়াৰ পিছৰে পৰা স্বামী আৰু স্বামীৰ পৰিয়ালে কৰা শাৰীৰিক- মানসিক নিৰ্যাতনৰ সম্পূৰ্ণ বিৱৰণ মনালিছাই এখন ডায়েৰীত লিপিবদ্ধ কৰিছিল। যিখন ঘৰৰ বোৱাৰী হ'বলৈ তাই নিজৰ সমস্ত ত্যাগ কৰি আহিছিল, সেইখন ঘৰৰ মানুহে তাইৰ ওপৰত চলাই আছিল অকথ‌্য অত্যাচাৰ। স্বামীয়ে  প্ৰতিদিনে দিছিল তাইক তাইৰ  নিষ্পাপ সৰলতাৰ আসুৰিক পুৰস্কাৰ।যাৰ অন্ত পৰিল বিবাহ বিচ্ছেদত। 

  নাৰীক দুৰ্বল বুলি ভবা ধাৰণা কেতিয়া সলনি হ'ব আমাৰ সমাজখনত ? ইতিহাসেও কোৱা নাই নাৰীক দুৰ্বল বুলি। নাৰীক দুৰ্বল বুলি ভবাসকলে হয়তো শুনা নাই কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী ,দাৰিকী দাসী বৰুৱা ,ৰেৱতী লাহন, কুমলী দেৱীৰ বিপ্লৱী ইতিহাস। হয়তো কল্পনা কৰিব পৰা নাই নৰমুণ্ড পৰিহিতা মা কালীৰ সংহাৰী ৰূপ। হয়তো অনুধাৱন কৰিব পৰা নাই আই বসুমতীৰ সহনশীলতা। 

  নাৰী কেতিয়াও দুৰ্বল নাছিল আৰু ভবিষ্যতেও নহয়। নাৰীৰ বাবে সৃষ্টি আৰু বিনাশ দুয়োটাই সম্ভৱ। নাৰীৰ বাবে পুৰুষে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰে। বৰ্তমানৰ নাৰীয়ে দেশ আৰু কালৰ পৰিধি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। পৰাধীনতাৰ শিকলি দুহাতেৰে ছিঙিবলৈ সক্ষম হৈছে। ভৰিৰে মোহাৰি পেলাইছে অতীজৰ কলংকক। 

   নিজাকৈ থাকিবলৈ লোৱাৰ পিছৰ পৰা মনালিছাই ডায়েৰীখনত এটা শব্দও লিখা নাই। পূৰ্বৰ নিৰ্যাতিত জীৱন আৰু বৰ্তমানৰ প্রতিষ্টিত জীৱনক তাই সংলগ্ন কৰিব বিচৰা নাই। তাই আৰু অতীতলৈ উভতি নাযায়, নিবিড়ৰ খাতিৰত। তাই তাইৰ জীৱন কাহিনী আধৰুৱা, অসম্পূৰ্ণ আৰু অসংলগ্ন হৈ থকাটো বিচাৰিছে।


পৃষ্ঠাঃ ৩৬


মূল্যবৃদ্ধি

         মনস্বিনী শৰ্মা     


           ডিচেম্বৰ মাহৰ ৰাতিপুৱা ধৰাৰ বুকুত কুঁৱলীৰ চাদৰখন ডাঠকৈ পৰি থাকিলেও বৰুৱাই কিন্তু শোৱাপাটি এৰাৰ বেলিকা কেতিয়াও পাঁচ বজাতকৈ পলম নকৰে। ডম্বুধৰ বৰুৱা পেছাত এজন হাইস্কুলৰ শিক্ষক। অৱসৰ ল'বলৈ এবছৰ সময় বাকী।অঞ্চলটোত বৰুৱা এজন সমাজকৰ্মী হিচাপেও পৰিচিত। সমাজৰ প্ৰতিটো সৰু-বৰ ঘটনাৰ প্ৰতি তেওঁ সষ্টম হৈ থাকে। তেখেতৰ একমাত্ৰ পুত্ৰই গুৱাহাটীত অভিযান্ত্ৰিক পাঠ্যক্ৰম গ্ৰহন কৰি আছে। বৰ জীয়ৰী -জোঁৱায় বিদেশত কৰ্মৰত।সহধৰ্মিনী মনালিছা বৰুৱাও এগৰাকী শিক্ষয়িত্ৰী। বৰুৱাৰ পৰিয়ালটোৱে বৰ্তমান সুখেৰে দিন পাৰ কৰি আছে। 
 কিন্তু আজি কেইদিনমানৰ পৰা বৰুৱাৰ মনটো গোমোঠা। কিবা ভাবুক হৈ থাকে। পত্নী মনালিছাই বৰুৱাৰ স্বভাৱৰ পৰিৱৰ্তন দেখি কেইবাবাৰো বৰুৱাক ইয়াৰ কাৰণ সুধিছে যদিও বৰুৱাই মুখ খুলি একো ক'ব বিচৰা নাই। হাঁহি-ধেমালি কৰি ভাল পোৱা বৰুৱাৰ এই নতুনকৈ সৃষ্টি হোৱা গহীন স্বভাৱটো দেখি মনালিছাৰ ভিতৰি চিন্তা হৈছে।পুতেক-জীয়েকক দেউতাকৰ পৰিৱৰ্তিত স্বভাৱৰ কথা কওঁতে তেওঁলোকে মাকক দেউতাকৰ শাৰীৰিক চেক্‌আপ এটা কৰিবলৈ ক'লে। ল'ৰা-ছোৱালীহালৰ কথামতে মনালিছা বৰুৱাই গিৰিয়েকৰ প্ৰেচাৰ, চুগাৰ আদি ভালেকেইটা পৰীক্ষা কৰোৱাৰ অন্তত: জনা গ'ল যে বৰুৱাৰ স্বাস্থ্যৰ কোনো অৱনতি ঘটা নাই। বৰুৱাৰ স্বাস্থ্য সৱল হৈয়ে আছে।আচলতে বৰুৱাৰ শৰীৰত নহয় মনতহে বেমাৰৰ সৃষ্টি হৈছে সেয়ে ডাক্তৰে বৰুৱাক মনোৰোগ বিশেষজ্ঞ এজনক দেখুৱাবলৈ ক'লে। কিন্তু বৰুৱা নাচোৰবান্দা। তেওঁ কোনো ডাক্তৰৰ ওচৰলৈ নাযায়।তেওঁৰ মতে তেওঁ সম্পূৰ্ণ সুস্থ।একো বেমাৰ-আজাৰ হোৱা নাই তেওঁৰ। উপায়ন্তৰ হৈ বৰুৱানীয়ে মনোৰোগ বিশেষজ্ঞৰ পাঠ্যক্ৰম গ্ৰহন কৰি থকা তেওঁৰ ভতিজাক মদনকে মাতি আনি বৰুৱাৰ মনতনো কি চলি আছে জানিবলৈ চেষ্টা চলালে। সেই মতে পেহীয়েকৰ মুখেৰে পেহাকৰ বিষয়ে সকলো কথা জানি-বুজি যোৱাকালি মদন আহি পেহাকৰ ঘৰ পালেহি।
        আজি ৰবিবাৰ যদিও বৰুৱাই গতানুগতিক ধৰণে পুৱা পাঁচ বজাতে শোৱাপাটি এৰিলে। মনালিছাক অকণো অসুবিধা নিদিয়াকৈ সন্তঃপৰ্ণে গেটৰ তলাটো খুলি বৰুৱাই প্ৰাত:ভ্ৰমণ কৰিবলৈ ওলাই গ'ল। প্ৰায় সাতমান বজাত প্ৰাত:ভ্ৰমণ সামৰি বৰুৱাই ঘৰলৈ উভতি আহি মনালিছাই যতনাই দিয়া লাল চাহকাপ খাই আগফালৰ বাৰাণ্ডাখনৰ চকীখনতে বহি হাতত বাতৰি কাকতখন লৈ এফালৰ পৰা খবৰসমূহ পঢ়ি যাবলৈ ধৰিলে। এনে সময়তে মদনেও শোৱাপাটি এৰি মুখ-হাতকেইটা ধুই পেহাকৰ কাষতে বহিলহি। পেহাকৰ মনৰ কথা জানিবলৈ মদনে চেষ্টা কৰিবলৈ ধৰিলে। তাতে মনোৰোগ বিশেষজ্ঞ পঢ়ি থকা ছাত্ৰ। মানুহৰ মনৰ ভিতৰৰ অপ্ৰকাশিত কথা জানিবলৈ মদনৰ মনটো ছৌবিশ ঘণ্টাই উৎসুক হৈ থাকে। 
          মদনে লাহেকৈ পেহাকক মাত ল'গালে, "পেহা,সুপ্ৰভাত।" "সুপ্ৰভাত"।-বাতৰি কাকতখনৰ পৰা চকু নোতোলাকৈ বৰুৱাই মাত দিলে। "পেহা, আজিৰ বাতৰিখনৰ মুখ্য বাতৰিবোৰ কি কি দিছে ?" 
"কিনো আৰু দিব। সদায় দি থকাবোৰেই। পেট্ৰলৰ আকৌ মূল্যবৃদ্ধি হৈছে।"
 "হুমম্‌। বস্তু-বাহানিৰ মূল্যবৃদ্ধি ঠিকেই হৈছে। মানৱীয়তাৰহে মূল্যবৃদ্ধি হোৱা নাই"।-পেহাকৰ পৰা এনেধৰণৰ কিবা এটা উত্তৰ পাব বুলি মদন প্ৰস্তুত নাছিল।
সি পেহাকৰ চকুলৈ চাই ক'লে,"মানৱীয়তাৰ মূল্যবৃদ্ধি!মানে কি ক'ব বিচাৰিছে পেহা?"    
"মোৰ কথা শুনি আচৰিত হৈছ ন তই ? তাতে মই পাগল-ছাগল হৈছো বুলি ভাবিয়েই পেহীয়েৰাই তোক আমাৰ ঘৰলৈ মাতি অনা নাই জানো। মই সকলোবোৰ গম পাইছো দে।"-বৰুৱাৰ কথাত মদনে সেমেনা সেমেনি হৈ ক'লে,
"নহয় মানে পেহা। আপোনাৰ কিবা সমস্যা হৈছে বুলিহে পেহীয়ে চিন্তা কৰিছে।"
        বৰুৱাই চকুৰ পৰা চশ্‌মাযোৰ খুলি আঠুমূৰলৈকে পিন্ধি থকা চুৰীয়াখনৰ আগটোৰে চশ্‌মাযোৰৰ গ্লাচকেইখন মচি পুনৰ পিন্ধি লৈ মদনৰ মূখলৈ চাই ক'বলৈ আৰম্ভ কৰিলে " আচলতে মোৰ বিশেষ একো বেমাৰ হোৱা নাই অ'। কিছুমান কথা-বতৰাইহে মনটো গধূৰ কৰি ৰাখিছে। পেপাৰে-পত্ৰই হত্যা, লুণ্ঠন, দুনীৰ্তি, ধৰ্ষণ আদি ঘটনাৰ কথা ওৰ নপৰোঁতেই নিৰীহৰ ওপৰত চলা অত্যাচাৰৰ খবৰবোৰও বাঢ়ি আহিবলৈ ধৰিছে।সৌসিদিনাখন যোৰহাটৰ ৰাজপথত ঘটা ঘটনাটোৰ বিষয়েটো তই-মই সকলোৱে শুনিছো। তালিকাখন দীঘলীয়া হৈ গৈ আছে। নিৰীহৰ ওপৰত অত্যাচাৰ বাঢ়ি গৈছে। জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। ইয়াৰ কাৰণ হৈছে মানুহবোৰৰ মানৱীয়তা কমি গৈছে। মোৰ ল'ৰাটো বাহিৰত পঢ়ি আছে। এনেবোৰ ঘটনাই মোক তাৰ প্ৰতি চিন্তিত কৰি তোলে। কোন সময়ত কি হ'ব একো নিশ্চিয়তা নোহোৱা হৈছে। সেয়ে মই কৈছো বস্তু-বাহানিৰ মূল্যবৃদ্ধিৰ দৰে আমাৰ মানুহবোৰৰ মানৱীয়তাৰ মূল্যবৃদ্ধি হ'ব লাগে। মানৱীয়তা অবিহনে মানুহ হ'ব নোৱাৰি। আজি অলপ দিনৰ পৰা বাঢ়ি অহা এনেবোৰ ঘটনাই মনটো গধূৰ কৰি ৰাখিছিল। কাকো একো ক'বলৈ মন নাযায়। মই বুজিছো শ্ৰীমতীকো মন খুলি কথাবোৰ কোৱা নাই কাৰণে তেওঁ চিন্তিত হৈ পৰিছে।সকলোৱে দেখা-শুনা কথা।কাকনো কি কৈ ফুৰিবি ?" বৰুৱাই অনৰ্গলভাৱে কথাখিনি মদনক কৈ মনটো পাতল অনুভৱ কৰিলে।        "পেহা, আপুনি কোৱা কথাবোৰ মিছা নহয়। সমাজৰ কলুষিত ঘটনাই সকলোকে চিন্তিত কৰিছে। মানৱীয়তা থকালৈকে সমাজখন সুস্থ অৱস্থাত বৰ্তি থাকিব পাৰিব।মানৱীয়তাৰ মূল্যবৃদ্ধি আমি সকলোৱে কৰিব লাগিব।" 
মদনৰ কথা শুনি বৰুৱাৰ মুখত পাতলীয়াকৈ হাঁহি এটি বিৰিঙিল। বৰুৱাই পুনৰ ক'বলৈ ল'লে,"মই এটা কথা ভাবিছোঁ। আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি মানৱতাৰ পাঠ পঢ়ুৱাব লাগে। সৰুৰে পৰা শিশুসকলক মানৱতাৰ উচিত মূল্যৰ কথা বুজাব লাগে। শিশুসকলেই আমাৰ ভৱিষ্যতৰ নাগৰিক।মানৱীয়তাৰ ওপৰত মই শিশু তথা নতুন প্ৰজন্মক উদ্দেশ্যি বিভিন্ন  ধৰণৰ সজাগতামূলক সভা আদিৰ আয়োজন কৰিম। সমাজৰ হিতৰ হকে বিভিন্ন ধৰণৰ কাম কৰি আহিছো আৰু নমৰালৈকে কৰি যাম।" -বৰুৱাৰ সমাজপ্ৰেমী স্বভাৱৰ কথা সকলোৱে জানে আৰু বৰুৱাৰ এই স্বভাৱক সন্মানো জনায়। 
সমাজকৰ্মী পেহাকৰ কথাত মদনেও উৎসাহিত হৈ ক'লে" পেহা, এই ক্ষেত্ৰত ময়ো আপোনাৰ লগত আছো।মানৱীয়তাৰ মূল্যবৃদ্ধি আমি কৰিবই লাগিব। তেহে এখন সুসমাজ গঠন হ'ব।" 
"নিশ্চয়। একতাই পৰম বল।এতিয়া ছাগৈ তোৰ ৰিচাৰ্ছৰ ফল পালি যে তোৰ পেহা পাগল হোৱা নাই। হেঃ হেঃ হেঃ।" - আজি বহুদিনৰ মূৰত বৰুৱাৰ হাঁহিৰ শব্দ শুনি ঘৰৰ আনটো কোঠাৰ পৰা বৰুৱা আৰু মদনৰ কথোপকথন শুনি থকা মনালিছা বৰুৱাই ডম্বুধৰ বৰুৱাৰ মনৰ কথাখিনি গ'ম পাই বৰুৱানীৰো মনটো অলপ হ'লেও মুকলি হ'ল। ইমানদিনে বৰুৱাৰ হঠাতে সৃষ্টি হোৱা গহীন স্বভাৱটোৰ বিষয়ে তেওঁ অনেক কথা ভাবিবলৈ বাধ্য হৈছিল। সৰল মনৰ সদায় হাঁহি-ধেমালি কৰা মানুহজনৰ মনত উন্দোলাই থকা বিষাদৰ টোপোলাটিৰ কথা অনুভৱ কৰি মনালিছাৰ চকুযুৰি সেমেকি উঠিল। মানৱীয়তাৰ মূল্যবৃদ্ধি হোৱাটো বৰুৱাৰ আৰু তেওঁৰ লগতে সহৃদয় প্ৰতিজন ব্যক্তিৰ কাম্য।
             
     ঠিকনাঃ                      
  স্নাতক পঞ্চম ষাণ্মাসিক।
  অৰ্থনীতি বিভাগ।
  শিৱসাগৰ ছোৱালী কলেজ।
           

পৃষ্ঠা ৩৭

অজ্ঞতা 

হিৰণ ভূঞা
মুম্বাই

লোভে পাপ, পাপেই মৃত্যু। এই বাক্যশাৰী মৰ্মে মৰ্মে উপলব্ধি কৰিছে বিপ্লৱে । দেউতাকে ক'ৰ্টত কেৰাণী চাকৰি কৰি বহু কষ্টেৰে গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চলত মাটি কিনি অলপ অলপকৈ  ঘৰটো বান্ধি সিহঁতৰ মূৰৰ ওপৰত ছাতি এটিৰ দিহা কৰিছিল। মাকে দেউতাক নথকা সময়ত তাক আৰু ভনীয়েক তাপসীক  কথাবোৰ  কৈ থাকে। কেনেকৈ দেউতাক - মাকে পথাৰৰ মাজৰ ঠাইকণত ঘৰটো সাজিবলৈ কিমান যাতনাৰ সন্মুখীন হ'ব লগীয়া হৈছিল। সিহঁতে দেখা ধুনীয়াকৈ সজা আটোমটোকাৰিকৈ ৰখা ঘৰটো সজাবলৈ কিমান পৰিশ্ৰম কৰিবলগীয়া হৈছিল দুয়ো স্বামী - স্ত্ৰীৰ। নলবাৰীৰ এখন ভিতৰুৱা গাঁৱৰ বামুণ পৰিয়ালৰ ল' ৰা প্ৰদীপে , কলিতা ঘৰৰ নীলাক্ষীক ঘৰৰ অমতত শুক্ৰেশ্বৰ মন্দিৰত বিয়া পাতি এই আওহতীয়া ঠাই খনত থাকিবলৈ লৈছিল, প্ৰদীপৰ চিনাকি উকিল এজনৰ সহায়ত। সেই যে আহিল, কিবা এটা মোহত ঠাইখন  এৰিব নোৱাৰা হ'ল। অলপ জমা টকা, অলপ ধাৰ লৈ মাটি দুকঠা কিনিল। মাটি কিনাৰ পিছত পাঁচ বছৰমান এনেই পৰি থাকিল। কাৰণ সিহঁতৰ প্লটটো মাজত। তালৈ ঘৰ সাজিবলৈ বস্তু বাহিনী নিয়া ট্ৰাক, মাটি - বালি কঢ়িওৱা গাড়ী যাবলৈ ৰাস্তা নাছিল আৰু কোনোবাই ঘৰ সজালৈ বাট চাবলগীয়া হৈছিল। মাটি ডোখৰৰ কাষতে ভাড়া কৰি থকা বাবে অলপ পলস মাটি পেলাই ওখ কৰি লৈছিল। মাটি পেলাবৰ দিনা ঘটা এটা ঘটনা মাকে কৈছিল। সেইদিনা ৰবিবাৰ আছিল। খৰালি কাল বাবে পথাৰৰ মাজেৰে মাটিৰ গাড়ীয়ে  তিনি ট্ৰাক  মাটি পেলাইছিল। দুপৰীয়া সময়ত দেউতাক মাকে মাটি ক'ত পেলালে চাবলৈ যোৱাত সেই বাইলেণ্ডৰ প্ৰথম ঘৰ মানুহ সপৰিয়ালে ওলাই আহি তৰ্জন গৰ্জন কৰিবলৈ ধৰিলে। সিহঁতে একো ধৰিব নোৱাৰি দেউতাকে ক'লে খান চাহাব কিনো কথা ধৰিবই পৰা নাই  কথাটো বুজাই দিয়কচোন। তেতিয়া খান বোলা ঠিকাদাৰ জনে কলে ৰাস্তাত মাটি নিদিয়াকৈ মাটি পেলাবলৈ কেনেকৈ সাহস কৰিলা হে তুমি ? মই দহ বছৰ আগতে আহি সেই চকৰ পৰা মোৰ ঘৰলৈ মাটি পেলাই পেলাই ৰাস্তা বান্ধিহে ঘৰ বনাইছোঁ। প্ৰদীপে কৈছিল হয় খান চাহাব প্ৰথমে কাম কৰা মানুহজনৰ কষ্ট হয়ে। মই এতিয়াই  ঘৰ সাজিম বুলি ভবা নাই। এনেই জাম মাটি অলপ পেলাই সীমাটোত লাগনি গছ লগাম বুলিহে মাটি তিনি ট্ৰাক পেলাব দিলোঁ। ঘৰ সাজিলে ৰাস্তা ব্যৱহাৰ কৰিলে টকা পইচা যি লাগে দিম দিয়ক। প্ৰদীপৰ মুখৰ পৰা শব্দ কেইটা ওলালহে, খান বোলাজনে এটা গটা মাৰি দি মাটিৰ ওপৰতে পেলাই দি চিঞৰি চিঞৰি ক'বলৈ ধৰিলে  "ৰাস্তাৰ বাবত বিশ হাজাৰ টকা দিহে প্লটত ভৰি দিবি নহ'লে ভৰি ভাঙি দিম।" লাজে অপমানে দুয়ো আহি ভাড়াঘৰ পালেহি। তাৰ পিছত সিহঁতে শুনিছিল মানুহ লগাই মাটি. তিনি ট্ৰাক খানে নিজৰ ভেটিত লগাইছিল। 
                এই সুন্দৰ পৃথিৱীত ইমান সৰুমনৰ  মানুহো আছে তাকে ভাবি আচৰিত হৈছিল। সেই ঘটনাৰ পিছত সিহঁতে পাঁচ বছৰ ৰাখিবলগীয়া হৈছিল। পাঁচ বছৰৰ ভিতৰত তাত তিনিঘৰ নতুন মানুহ আহিল। শেষৰ মানুহ ঘৰৰ পৰা দুইঘৰ মানুহৰ পদুলি প্ৰদীপে নিজে ফিলাপ কৰি ঘৰৰ কাম আৰম্ভ কৰিছিল। খান চাহাবক বিশ হাজাৰ, কলিতা বোলাজনক পোন্ধৰ হাজাৰ আৰু ডেকা বোলাজনক দহ হাজাৰ টকা ঘৰ সজাৰ লগতে অলপ অলপকৈ দি আছিল। বিনন্দীয়া পৃথিৱীৰ অসুৰ প্ৰকৃতিৰ মানুহৰে ভৰি পৰিছে।জোৰ যাৰ মূলুক তাৰ হৈছে। পুলিচ প্ৰশাসন ধনীৰ পেকেটত । সাধাৰণ মানুহ লাহে লাহে পণ্য হ'বলৈ ধৰিছে। মাকে কৈছিল সিহঁতৰ ঘৰটো আৰম্ভ কৰোতে আম্বুজা  চিমেন্টৰ দাম  ১৫০/-টকা আছিল। আৰু শেষ কৰালৈ, দুবছৰত দাম বাঢ়ি ৫০০/- হৈছিল। সকলো বস্তুৰে চৰাদামৰ কোবত সাধাৰণ মানুহে নিত্য প্ৰয়োজনীয় বস্তু বাসস্থানটো সাজিবলৈও তেজক পানী কৰিবলগীয়া হৈছিল। সিহঁতক সুখত ৰাখিবলৈ উচ্চ শিক্ষিত কৰিলৈ সকলো সুবিধা দিবলৈ মাক - দেউতাক সদায় প্ৰস্তুত আছিল। তাতকৈ ভনীয়েক পঢ়াত ভাল। মাক - দেউতাকৰ চিন্তা এটাই, ডাঙৰৰ আশীৰ্বাদ নলোৱাকৈ সংসাৰ আৰম্ভ কৰিছে যদি ল'ৰা ছোৱালীৰ  কিবা অপকাৰ হয় ! সদায় সাৱধান বানী শুনাই থাকে। 
               সময়ৰ গতি নিজৰ পথেৰে গৈ আছিল। সি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানত এম এ পঢ়ি আছিল। ভনীয়েক নীলাক্ষীয়ে  বি' এ পঢ়ি আছিল মাদ্ৰাজ ইঞ্জিনিয়াৰিং কলেজৰ পৰা। সেই সময়ত টকাৰ নাটনি হৈছিল। চাৰিটাকৈ প্ৰাণী গুৱাহাটী মহানগৰীত থাকিবলৈ যেন সিহঁতে  চিন্তা কৰিব লগীয়া হৈছিল। অভাৱগ্ৰস্ত পৰিস্থিতিতে বিপ্লৱৰ বন্ধু দিগন্তই খবৰটো দিলে। সি পেটে পেটে ভালেই পালে, যি হয় ভালৰ বাবে হয়  বুলি মাককো সন্মত কৰিলে। দুদিন ঘৰতে বন্দী হৈ অনশন কৰাৰ পিছত ডেকা পুত্ৰৰ কথাত সন্মত হৈছিল প্ৰদীপ। উপায় নাই, সিহঁতৰ ভৱিষ্যত পুতেকৰ হাতত। এতিয়া তাৰ কথা মানিবলগীয়া হৈছে। সিহঁতৰ লাগনি গছৰ মাজত এদিন বহুজাতিক কোম্পানীৰ  টাৱাৰ এটা বহুৱালে। ২৫ বছৰীয়া চুক্তি। তাৰ বিনিময়ত শকত ধনৰ টোপোলা। যি ধনেৰে সিহঁতৰ বহু অভাৱ পূৰ্ণ হ'ব। টকা বেংকলৈ অহাত দেউতাক মাকেও বেয়া নাপালে । ল'ৰা ডাঙৰ হ'ল, ঘৰৰ মংগলৰ বাবে চিন্তা কৰিব পৰা হ'ল ! তাকে ভাবি ভগৱানক ধন্যবাদ জনালে । এবছৰৰ ভিতৰত  তামোল দুজোপা মৰিল। আন আন লাগনি গছৰো ফল কমিলে। কাৰণটো ধৰিব পৰা নাছিল। এদিন প্ৰদীপৰ চিনাকি উকিলজন সিহঁতৰ ঘৰলৈ আহিছিল। তেখেতে চৌহদত ভৰি দিয়ে সিহঁতৰ জকমকাই থকা ফুলনিখনৰ লেৰেলা অৱস্থা লগতে মৰিবলৈ লোৱা গছ কেইজোপা দেখি প্ৰদীপৰ উদ্দেশ্যে কৈছিল, "শৰ্মা আপোনাৰ ইমান সুন্দৰ সজীৱ ফুলনিখন আৰু বাৰীখনৰ কিয় এই অৱস্থা হৈছে কিবা বুজি পাইছেনে ? প্ৰদীপে ক'লে, নাই পোৱা, কিনো হ'ল ধৰিবই পৰা নাই হে শৰ্মা।" তেতিয়া উকিল বন্ধুৱে ক'লে "এই যে বহুজাতিক কোম্পানীৰ টাৱাৰটো আপোনাৰ বাৰীত পাতিব দিলে সিয়ে এই বিনাশৰ মূল। তেখেতে আকৌ কৈছিল যে, এই বিনাশ কি তাতকৈও ভয়ানক পৰিস্থিতি হ'ব পাৰে। এই টাৱাৰৰ পৰা বিকিৰিত ৰশ্মিৰ পৰা। গছ গছনিয়ে নহয় জীৱ জন্তুৰো বিস্তৰ ক্ষতি হয়। টাৱাৰৰ পৰা বিচ্ছুৰিত ৰশ্মিয়ে হেনো মানুহ আৰু পোহনীয়া জন্তুৰ শৰীৰত কেঞ্চাৰৰ দৰে মাৰাত্মক দুৰাৰোগ্য ৰোগৰ বিজানু বিয়পাব পাৰে।" তেখেতৰ কথা শুনি দেউতাকে তাক টাৱাৰটো উঠাই নিবলৈ দৰ্খাস্ত কৰিব কলে, সি কৰিলেও। তাৰো এতিয়াহে হুচ আহিছে। সিহঁতৰ অভাৱৰ আগত এনেকুৱা কথা মনলৈ অহা নাহিল । ডেকা ল'ৰা চলাহী কথাত ভোল গৈ কি সৰ্বনাশ মাতি আনিছে সেই সময়ত জনা নাছিল। তাৰ দৰ্খাস্তৰ উত্তৰত কোম্পানীৰ তৰফৰ কৈছিল "সিহঁতে ২৫ বছৰৰ বাবে এই অনুমতি কোম্পানীক দিছে।" সিঁহতে মূৰে কপালে হাত দিলে। হৰি হৰি কি কাম কৰিলো.? বিপদ নিজৰে নহয় জীৱ জন্তুলৈও মাতিলোঁ। এইবাৰো বিপ্লৱে মাক দেউতাকক পতিয়ন নিয়ালে। তোমালোকে বেছিকৈ চিন্তা নকৰিবা। কথা এষাৰ আছে নহয়, যি হয় ভালৰ বাবে হয়। এতিয়া খং, দুখ কৰি একো লাভ নাই। নিলাক্ষীয়ে ভগৱানক প্ৰাৰ্থনা কৰে, প্ৰভু আমি অন্ধ জ্ঞানশূন্য সেইবাবে ইমান ডাঙৰ ভুলটো কৰিলোঁ, সকলো দায় - দোষ মৰিষণ কৰিবা প্ৰভু। তোমাক সাৰথি কৰি এই সংসাৰখন পাতিলোঁ। জন্ম দাতা পিতা মাতা, আত্মীয় স্বজনৰ পৰা আতৰি আছোঁ। অনাগত দিনবোৰ যেন সুখেৰে পাৰ হয় প্ৰভু। আৰু কিবা শাস্তি দিবও বিচৰা যদি মোকে দিবা প্ৰভু। মোৰ মৰমৰ মানুহজন আৰু ল'ৰা ছোৱালী হালক নিৰাপদে ৰাখিবা প্ৰভু। আজি এটা বছৰে নিলাক্ষীয়ে একেখিনি প্ৰাৰ্থনা কৰি আহিছে। এতিয়ালৈ একো অপায় - অমংগল হোৱা নাই। দিন যায় মাহ বাগৰে। হ'ব লগাক কোনে ৰোধিব পাৰে ! মানুহে পাঙে ঈশ্বৰে ভাঙে। নিয়তিৰ আগত আমি মানুহ অসহায়, বৰ অসহায় । প্ৰদীপৰ কাহ এটাই ধৰিছে। শুকান কাহ। কাহি কাহি কেতিয়াবা বিতত হৈ যায়। ডাক্তৰৰ কাষলৈ নিয়া হ'ল। ডাক্তৰে কাহৰ ঔষধ দিলে। সময় মতে খাই থাকিল কিন্তু প্ৰদীপৰ কাহ নকমা হ'ল। পতঞ্জলিৰ পৰাও ঔষধ আনি খালে তাতো ভাল নাপালে। প্ৰদীপৰ বায়েকৰ কথামতে হোমিঅ' ডাক্তৰ সুকৰ ঔষধ খালে। দুদিনমান কমা যেন হৈছিল। কিন্তু আকৌ কাহ আহিব ধৰিলে। ঘৰৰ কাষৰে ডাক্তৰ গোস্বামীক কথাটো কোৱাত তেওঁ এখন এস্ক - ৰে 
কৰিব দিলে। এস্ক-ৰে চাই গোস্বামী ডাক্তৰে এবাৰ  গুৱাহাটী বি বৰুৱা হস্পিতালত যাব ক'লে। পৰিয়ালৰ চাৰিওটা প্ৰাণীৰ চকুৰ টোপনি নাইকিয়া হৈছিল। বিপ্লৱে নীৰৱে কান্দে তাৰ বাবে দেউতাকৰ শৰীৰলৈ সংকট আহিল নেকি ? সিহঁতে গুৱাহাটীত নেদেখাই মুম্বাই টাটা মেনোৰিয়েল হস্পিতালত চিকিৎসাৰ বাবে যোৱাৰ সিদ্ধান্ত কৰিলে। নৱি মুম্বাইৰ অসম - ভৱনৰ শৰ্মা ডাঙৰীয়াই  থকা - খোৱা চিকিৎসাৰ সকলো সহায় কৰি দিলে। সেই বিপদৰ  সময়ত শৰ্মা ডাঙৰীয়া সিহঁতৰ বাবে ভগৱানৰ দৰে লাগিছিল। অসমৰ পৰা আহি মুম্বাইৰ দৰে অচিনাকি মহানগৰীত কি যে অৱস্থা হ'ল হয় ! কিন্তু বিপ্লৱে প্ৰথম দিনা কথা পাতোতে সকলো পৰিস্থিতি ইমান সুন্দৰকৈ স্বম্ভালি লৈছিল সি আপ্লুত হৈ কান্দি দিছিলে। কিবা পূণ্যৰ ফলতহে শৰ্মাৰ লগত যোগাযোগ হৈছিল। যথা সময়ত সিহঁতে মুম্বাইলৈ আহিছিল। প্ৰদীপৰ চিকিৎসা আৰম্ভ হৈছিল। গলত কেঞ্চাৰৰ লক্ষণ দেখা দিছিল। 

       একেলেথাৰিয়ে কথাখিনি কৈ বিপ্লৱে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। বৰ অসহায় অনুভৱ হয় ! যেতিয়া এনেকুৱা পৰিস্থিতিৰ সম্মুখীন হ'ব লগীয়া হয়। সিহঁতক হস্পিতালত অহাযোৱা কৰাত বা হস্পিতালৰ কামবোৰ কৰাত  সহায়ৰ ভাৰ মোৰ ওপৰত পৰিছিল বাবে মই অসম ভৱনলৈ গৈ বিপ্লৱ হঁতক লগ কৰিছিলোঁ। বিপ্লৱে কৈছিল বাইদেউ, মই  বৰ অনুশোচনাত দগ্ধ । মোৰ ভুল সিদ্ধান্তৰ বাবে কিজানি দেউতাৰ এই অৱস্থা হ'ল! কাৰণ দেউতাই বিড়ি, চিগাৰেট নালাগে তামোলেই নাখায়। কি কৰিব পাৰোঁ! তাৰ কান্ধত হাত ৰাখি ভৰষা দিলোঁ  "ভগৱানৰ ওপৰত বিশ্বাস ৰাখা আৰু  প্ৰাৰ্থনা কৰা। প্ৰাৰ্থনা আৰু আশীৰ্বাদ নেদেখা বস্তু কিন্তু শক্তি অপাৰ । তুমি হতাশ হ'লে দেউতাৰা ভাগি পৰিব। তুমি সাহস দেখুৱাব লাগিব। তুমি যিমান পৰা সিমান সেৱা - শুশ্ৰূষা কৰা। অনুশোচনাত দগ্ধ হৈ নিজকে দুৰ্বল নকৰিবা। সি  মোৰ লগত বাহিৰলৈ আহি হেঁপাহ পলুৱাই কান্দিলে । ময়ো নিজকে সংযত কৰি ৰাখিব পৰা নাছিলোঁ। কালিলৈ লগ পাম বুলি আতৰি আহিলোঁ...।।

পৃষ্ঠা ৩৮
অনুভৱঃ

বনভোজ

প্ৰণামী দেৱী
মিছামৰা, গোলাঘাট, ৯৮৫৪১০০৪২২

বনভোজৰ আনন্দই বেলেগ, কৃত্ৰিমতাৰ বাহিৰত মুকলি আকাশৰ তলত পথাৰত মিলিজুলি এসাজ খোৱাৰ আনন্দ, মানসিক অৱসাদ আৰু শাৰীৰিক কষ্টৰ দূৰ কৰাৰ অন্যতম সাধন।
কিন্তু আজিকালি এচাম লোকে বনভোজৰ নামত কি কি নকৰে সকলোৱে দেখিছোঁ।
আমি গঁঞা সকলে আঘোণৰ পথাৰৰ পৰা সোণগুটি ঘৰলৈ নিয়া পাছত পথাৰখন মুকলি হয়, ইফালে ভঁৰালত ধান সুমুৱাই "ন- চাউলৰ" ভাত সাজ  চুবুৰীয়া সকলৰ সৈতে মিলিজুলি খাবলৈও মন যায়। এই সময়ত প্ৰকৃতিৰো মনোমোহা ৰূপ, ফৰকাল বতৰ নাইবা কুঁৱলীৰ আৱৰণ, বতাহৰ ভুমুকিত গাত মৃদু কঁপনি অনুভৱ। কনমানি কেইটা ব্যস্ত পথাৰখনৰ নৰা  উঘালি চাফা কৰাত, বোৱাৰী কেইজনীযে শাক-পাচলি কুটি-বাচি যোগাৰ কৰি দিয়েই, জ্যেষ্ঠ জনে চৌকা খান্দি লাগনি খৰি দুডাল ভৰাই , কেৰাহিত হেতা ধৰোতেই আনন্দৰ বন্যা বয়। খুহুতীয়া কথাৰে, নাচি-গাই পাৰ কৰা সময়কণ কেনেকৈ যায় ধৰিবই নোৱাৰি।
তেনেস্থলত  আজিৰ দিনত হাজাৰ টকা খৰচ
 কৰি মাইল  মাইল দূৰত গৈ বিপদৰ শংকা বুকুত লৈ বনভোজৰ আনন্দ লোৱাৰ কি প্ৰয়োজন ? নদী, দলং সদায় একে ঠাইতে থাকিব। এদিন চাবলৈ গ'লেই হ'ল। ইচ্ছা থাকিলেও ঘৰৰ সকলোবোৰ দূৰণিলৈ যাবও নোৱাৰে। কেতিয়াবা , এজন বা দুজন যাব বাকীকেইজন ঘৰত থাকি যায়। বনভোজৰ নাম লৈ কিবা বেলেগ কৰা হে দেখা যায়। সেয়ে আমি চুবুৰীয়া আৰু পৰিয়ালৰ সৈতেই অকৃত্ৰিম বনভোজৰ আনন্দ ল'ব নোৱাৰো নে ?


পৃষ্ঠা ৩৯

শেষ পৃষ্ঠাৰ লেখাঃ

 পৰিবৰ্তনৰ ধামমুখীয়াত ভোগালী বিহু

               কৃষিভিত্তত অসমীয়া ৰাইজে উদ্‌যাপন কৰা তিনিটি বিহুৰ ভিতৰত মাঘ বিহু বা ভোগালী বিহুও হৈছে অসমীয়া জাতিৰ অতি আদৰৰ বিহু। জেঠৰ পৰা আঘোণলৈ হাড় ভগা শ্ৰম কৰি পথাৰত উৎপাদন কৰা বছৰৰ ধান মুঠি চপাই অনাৰ আনন্দতেই এই ভোগালীৰ আয়োজন। কাতিৰ কঁঙাল ভঁৰাল যেতিয়া সোণগুটিৰে উপচি পৰে তেতিয়া কৃষকৰ মন আনন্দত নাচি উঠে। ফলত ভোগৰ আয়োজন কৰি আনন্দ উল্লাস কৰা হয় আৰু ইয়ে ভোগালী বিহু। অসমীয়া ৰাইজে পুহৰ দুমাহিৰ আগনিশা ভেলাঘৰ সাজি তাতে সকলোৱে মিলি ভোজ ভাত খোৱাৰ উপৰিও খৰিৰে এটি মেজি সাজে। পিছ দিনা ঢলপুৱাই গা ধুই গাওঁৰ বয়োজ্যেষ্ঠ সকলক লৈ এই মেজি জ্বলোৱা হয়। প্ৰবাদ আছে যে এই মেজিৰ জুইতে পুহৰ ঠেটুৱৈ ধৰা জাৰ জাহ যোৱাৰ লগতে সেই সময়ত অহা বিভিন্ন বেমাৰ আজাৰো জাহ যায়। সেই দিনাই মেজি জ্বলাই ঘৰত কাঠ আলু, মিঠা আলু, মূঢ়া আলু আদি উতলাই খাই। অসমীয়াত প্ৰচলিত প্ৰবাদনুসৰি সেই দিনা আলু নেখালে বোলে পিছৰ জনমত গহৰি হৈ জন্মিব লাগিব। পুৱাৰ এই কৰ্মভাগ কৰি দুমাহি বুলি নামঘৰত নামৰ আয়োজন কৰা হয়। য'ত গাওঁৰ বয়োজ্যেষ্ঠ সকলে সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰে।
           অতীতত এই ভোগালী বিহুৰ আয়োজনৰ বাবে প্ৰায় ১০/১২ দিনৰ পৰাই গাওঁৰ তিৰোতা সকলৰ লগতে পুৰুষ সকলো বিভিন্ন কামত ব্যস্ত হৈ পৰা দেখা গৈছিল। বিভিন্ন প্ৰকাৰৰ জলপানৰ প্ৰস্তুতিত এই তিৰোতাসকল ইমান ব্যস্ত হৈ পৰিছিল যে সময় কেনেকৈ অতিবাহিত হৈছিল গমকে পোৱা নগৈছিল। আকৌ মাহেকৰ বাবে চাউল পাত যোগাৰ কৰাৰ পৰা আৰম্ভ কৰি ভোজৰ আয়োজনলৈকে সকলো কাম পুৰুষ তথা ডেকাহঁতে নিয়াৰিকৈ কৰি গৈছিল। কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ এক আমোল পৰিবৰ্তন ঘটিছে। বৰ্তমান সময়ত ভেলাঘৰৰ স্বৰূপ সলনি হোৱাৰ উপৰিও সলনি হৈছে বিহু উদ্‌যাপনৰ প্ৰক্ৰিয়া। আজিকালি মাঘ বিহুতো বিভিন্ন স্থানত ৰঙালী বিহুৰ দৰে গীত মাতৰ অনুস্থানৰ আয়োজন কৰা দেখা যায়। যিটো শুভ লক্ষণ বুলি ক'ব নোৱাৰি। ভোগালীৰ এটা স্বকীয় বৈশিষ্ট্য আছে। কেৱল ভোগালী কিয় অসমীয়াৰ তিনিওটি বিহুৰে স্বকীয় বৈশিষ্ট্য আছে। যেনে কাতি বিহুত তুলসী তলত বন্তি জলাই পূজা অৰ্চনা কৰা হয়। মাঘ বা ভোগালী বিহুত ভেলাঘৰত এখন গাওঁৰ সমূহ ৰাইজ মিলি ভোজৰ আয়োজন কৰাৰ লগতে পিছ দিনা কণ কণ মইনা সকলৰ মাজত বিভিন্ন খেল ধেমালীৰ আয়োজন কৰা হয়। ( আগতে ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিও আছিল)। ব'হাগ বিহুত কৃষিকৰ্ম আৰম্ভ কৰাৰ আগতে আনন্দন উল্লাসেৰে ৰঙালী বিহু পতা হয়।
           যিহেতু আমাৰ তিনিওটি বিহুৰে নিজ নিজ বৈশিষ্ট্য আছে । গতিকে সেই স্বকীয় বৈশিষ্ট্যৰ পৰা ফালৰি কাটি বিহুটিক নতুনত্ব প্ৰদান কৰিবলৈ যোৱাটো কিমান সমিচিন হৈছে তাক এবাৰ সময় থাকোতেই ভাৱি চোৱা ভাল। ওপৰত উল্লেখ কৰি আহিছোঁ যে অতীতৰ ভেলাঘৰ আৰু বৰ্তমানৰ ভেলাঘৰৰ মাজত যথেষ্ট পাৰ্থক্য আহি পৰিছে। কিন্তু ই কিমান গ্ৰহণযোগ্য ? আমি ভেলাঘৰৰ নামত বিভিন্ন মঠ-মন্দিৰ, ৰংঘৰ, কাৰেংঘৰ, তলাতলঘৰ, তাজমহল, লালকিল্লা ইত্যাদি বনাই এনিশাৰ পিছতে জ্বলাই দিয়াটো কিমান গ্ৰহণ যোগ্য। ই সুদূৰ ভৱিষ্যতে মাঘ বা ভোগালী বিহুৰ ওপৰত বিৰোপ প্ৰভাৱ পেলাব নেকি ? এই সম্পৰ্কে এবাৰ ভাবি চোৱাটো ভাল। আকৌ যিহেতু আমাৰ ৰং-ধেমালীৰ বাবে ৰঙালী বিহুটি আছেই গতিকে ভোগালী বিহুত সাংস্কৃতিক অনুস্থানৰ আয়োজন কিমান গ্ৰহণ যোগ্য কথাটো ভাবি চাবলৈ অসমীয়া ৰাইজক অনুৰোধ জনালোঁ।
              সময় গতিশীল, এই গতিশীল সময়ৰ গতিত পৰম্পৰা, বিচাৰ-বিবেচনা, উৎসৱ-প্ৰৱন উদ্‌যাপনৰ প্ৰক্ৰিয়া আদি সকলোতে পৰিবৰ্তন আহিছে আৰু অহাটোও স্বাভাবিক। পৰিবৰ্তনেহে নতুন চামৰ মাজত আগ্ৰহৰ বৃদ্ধি কৰে আৰু পৰম্পৰা ৰক্ষাত সহায় কৰে। কিন্তু পৰিবৰ্তনৰ ধামমুখীয়াত আমি তাৰ বৈশিষ্ট্য পাহৰি যাব নেলাগে। নিজস্ব স্বকীয় বৈশিষ্ট্য অটুত ৰাখি পৰিবৰ্তনৰ মাজেৰে নতুনত্ব আনি উৎসৱ পালন কৰাটোহে হ'ব লাগে আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য।
            আকৌ ভোগালী বিহু উদ্‌যাপনৰ প্ৰক্ৰিয়া পৰিবৰ্তন হ'ল কিন্তু বহু ঠাইত আজিও চোৰ কৰা (বিহু বুলি) প্ৰবৃত্তিৰ সলনি হোৱা নাই। সময়ৰ গতি আৰু ক্ৰমাৎ বৃদ্ধি হোৱা মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ এই প্ৰবৃত্তিৰো পৰিবৰ্তন কৰিব লাগে। অৱশ্যে অসমৰ নিদিষ্ট কিছুমান স্থানৰ বাহিৰে বহুততে ইয়াৰ পৰিবৰ্তন ঘটিছে যিটো অতি সু-লক্ষণ। 
           সি যি হওক কৰ'না আৰু অমিক্ৰণৰ প্ৰকোপৰ মাজতে আৰু চৰকাৰৰ SOP মানি আমি বহু বাধা বিঘিনিৰ মাজেৰে এইবাৰো ভোগালী বিহুটি উলহ-মালহেৰে উদ্‌যাপন কৰিলো। এনেদৰেই মাঘ বিহু বা ভোগালী বিহুৰ স্বকীয় বৈশিষ্ট্য অটুত ৰাখি আমি অনাগত দিনবোৰতো পালন কৰি যাম আমাৰ বাপতি-সাহোন ভোগালী বিহুতি।
           শেষত সমূহ অসমীয়া ৰাইজলৈ আমি অঙ্গনৰ পৰিয়ালে মাঘ বা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। সুখত থাকক, কুশলে থাকক, সাৱধানে থাকক। ভগৱানে সকলোৰে মংগল কৰক তাৰেই কামনাৰে ভোগালীৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
৬০০০৭০৯০৯৬


পৃষ্ঠা ৪০


Post a Comment

0 Comments