অঙ্গন দ্বিতীয় বছৰ ১৫ (১-১৫) জানুৱাৰী সংখ্যা


পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভৱ বিভাগীয় কৰ্তিপক্ষক ফোন বা মেছেজ কৰি ব্যতিবস্ত নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 জানুৱাৰী, 2021.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।


পৃষ্ঠাঃ ৩
অঙ্গনলৈ পঢ়ুৱৈৰ চিঠি   

প্ৰতি
       সম্পাদক মহোদয়
       পষেকীয়া ই-আলোচনী
       অঙ্গন

      জয় জয়তে মই " অঙ্গন "  ই আলোচনীখনৰ মূখ্য সম্পাদক মহোদয়কে আদি কৰি আলোচনীখনৰ লগত জড়িত সমূহ বিষয়ববীয়াকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ অফুৰন্ত শুভেচ্ছা যাচিলোঁ ।

    মই এগৰাকী পঢ়ুৱৈ হিচাপে কওঁ আলোচনীখনৰ প্ৰৱন্ধ,  গল্প, কবিতা আদিৰ শিতানবোৰ উন্নত মানদণ্ডৰ আৰু মনোগ্ৰাহী । পঢ়ি খুবেই ভাল লাগে । মিনাৰা হুইছেনৰ ' সমাধিস্থ সপোনত অংকুৰিত পোহৰ " ধাৰাবাহিকখনে হৃদয় চুই গ'ল । 

     ই আলোচনীখন জুন মাহত ছপা ৰূপত প্ৰকাশ পাব বুলি জানি সুখী হ'লোঁ । শুভ কামনা যাচিলোঁ আগতীয়াকৈ । শেষত আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।

চন্দ্ৰলেখা বৰুৱা                                          
চেপন, শিৱসাগৰ


পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-১০
ধাৰাবাহিক : পৃষ্ঠা ১১
অণুগল্প : পৃষ্ঠা ১১-১২
এক মিনিটৰ গল্প : পৃষ্ঠা ১৩-১৪
পৰিচয় শিতান: ১৫
অনুবাদ কবিতা : পৃষ্ঠা ১৬-১৭
কবিতা : পৃষ্ঠা ১৮-৩১
নীলা খামৰ চিঠি : পৃষ্ঠা ৩২-৩৩
যোগাসন: ৩৪
পৰিচয় শিতান:৩৫
গল্প : পৃষ্ঠা ৩৬-৩৮
শিশু বিশেষ: পৃষ্ঠা ৩৯
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪০


পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ অনামিকা শইকীয়া, যোৰহাট


প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।


পৃষ্ঠা ৬
সম্পাদকীয়ঃ

নৱবৰ্ষ আৰু আমাৰ আনন্দ-উল্লাসবোৰ

নৈখন যিদৰে বৈ যায়, কেৱল বৈ যায় একেদৰে সময়ো কেৱল নিজ দিশত গতি কৰে। সময়ৰ এই চিৰপ্ৰৱাহমান গতিক কোনেও বাধা দিব নোৱাৰে। আমাৰ ভাললগা, বেয়া লগাবোৰ এই ক্ষেত্ৰত গৌণ হৈ পৰে। অথচ আমি ‘মোৰ বেয়া লাগিছে, মোৰ ক্ষেত্ৰতহে এনে হয়’ জাতীয় ভাবনাবোৰেৰে নিজকে দিনক দিনে পিছুৱাই লৈ গৈ থাকোঁ।
সময়ৰ এই গতিক মানুহে হিচাপৰ বাবে বিভিন্ন নামেৰে নামকৰণ কৰি আহিছে। যেনে মিনিট, ঘণ্টা, দিন, সপ্তাহ, মাহ, বছৰ ইত্যাদি ইত্যাদি। ১২ মাহ অতিক্ৰম কৰাৰ পাছতে আমি সময়ক জোখাৰ সুবিধাৰ বাবে নতুন বছৰ আহিল বুলি অভিহিত কৰিছোঁ। কিন্তু সময়ে নাজানে এয়া ৩১ ডিচেম্বৰ নে ১ জানুৱাৰী যিদৰে বেলিটোৱে গম নাপায় যে এয়া দিন নে ৰাতি। বেলি স্থিতপ্ৰজ্ঞ, একেটা স্থানতে একেদৰেই আছে। পৃথিৱীয়ে লুটি বাগৰ মাৰি আছে, আমাৰ বাবে দিন ৰাতি হৈছে। কথাবোৰ ঠিক তেনেধৰণৰ।
নতুন বছৰ আহিলেই আমি আনন্দ উল্লাস কৰোঁ, এটা বছৰ কিদৰে অতিক্ৰম কৰিলো, নতুন বছৰৰ পৰিকল্পনা আদি কথাবোৰে আমাৰ মন ভৰাই তোলে। বজাৰত নতুন নতুন ডায়েৰী, প্লেনাৰ, কেলেণ্ডাৰ, উপহাৰৰ পয়োভৰ হয়। চমুকৈ ব্যৱসায়ীসকলৰ চকুত হাঁহি বিৰিঙি উঠে।
এই নতুন বছৰত আনন্দ উল্লাসৰ অজুহাতত আমাৰ মাজত গঢ় লৈ উঠা এটি অঘোষিত প্ৰতিযোগিতাৰ কথা আজি উল্লেখ কৰিব বিচাৰিছোঁ। অৱশ্যে নতুন বছৰ বুলিয়েই নহয়, মানুহৰ যিকোনো আনন্দ উল্লাসৰ মাজতে এনে এক পৈশাচিক মনোবৃত্তিয়ে স্থান পায় যিটো নকৈ নোৱাৰি। মানুহে আনন্দ উল্লাসত মত্ত হলেই লাখ লাখ জীৱ-জন্তুৱে মৃত্যুক আঁকোৱালী লবলগীয়া হয়। কেৱল ৩১ ডিচেম্বৰ, ১ জানুৱাৰী বুলিয়েই নহয়, পিকনিক, মাঘৰ বিহু, অন্যান্য উত্সৱ পাৰ্বন, বিয়া-সবাহ আদিতো মানুহে এইদৰে খাদ্যৰ নামত (মানুহ মাংসভোজী প্ৰাণী হয়নে) জীৱহত্যা কৰি আহিছে। কেতিয়াবা প্ৰশ্ন হয়, ছোৱালীজনীক ঘৰখনৰ পৰা উলিয়াই দিয়াৰ সময়ত বিয়াঘৰৰ পিছফালে ১০-১২ টা ছাগলী বান্ধি থোৱা হয়, লক্ষ্য দৰা পাৰ্টি আহিলেই সিহঁত কেইটাক হত্যা কৰি সেই মাংসৰে তেওঁলোকক সন্তুষ্ট কৰা হব। এই প্ৰথা পূৰ্বৰে পৰাই চলি আহিছে। কেতিয়াবা প্ৰশ্ন হয়, এনেদৰে জীৱ হত্যা কৰি মানুহৰ পৰা আশীৰ্বাদ পালেও ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব পাৰিনে। একেদৰে ছাগলী, কুকুৰা, হাঁহ, পাৰ আদি নিধৰ কৰি ভোজ ভাত খাই, পিকনিক কৰি, পাৰ্টি কৰি নতুন বছৰটো ভালে কুশলে যাবলৈ কোনোবাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰেনে।
ঈশ্বৰে দুষ্টক দমন, শান্তক পালন কৰিছিল। আমি কোনো দিনেই আমাৰ একো ক্ষতি নকৰা শান্ত নিৰীহ প্ৰাণীক হত্যা কৰি ভাল দিনৰ আশা কৰাতো কিমান যুক্তিসংগত এয়া পাঠকে বিচাৰ কৰক।
আমি সৰুতেই পঢ়িছিলোঁ, আমাৰ সুখৰ বাবে আনৰ ক্ষতি কেতিয়াও কৰিব নালাগে। অথচ নিতৌ এচাম মানুহে ৰং-ধেমালীৰ নামত কেৱল নীৰিহ প্ৰাণীকেই বধ কৰি আহিছে।
আমাৰ অনুৰোধ, অন্ততঃ নৱবৰ্ষৰ পহিলা পষেকটোত আমি কোনেও জীৱ হত্যা নকৰোঁ আহক। আমাৰ অকণমান সংযমে লাখ লাখ জীৱৰ প্ৰাণ ৰক্ষা কৰিব, তেওঁলোকে আমি নজনাকৈয়ে আমাক আশীৰ্বাদ দিব, আমাৰ নতুন বছৰটো তেতিয়াহে সৰ্বাঙ্গসুন্দৰ হৈ পৰিব।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন।
ভ্ৰাম্যভাষঃ 9678696861


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

সংসাৰৰ চাকনৈয়াত হেৰাই নাযাব 

নিবেদিতা হাজৰিকা

নিজৰ  প্ৰতিভা সমূহ পুনৰুদ্ধাৰ কৰি সময়ৰ চাকনৈয়াত হেৰাই যোৱাৰ পৰা উদ্ধাৰ পাওক। জীপাল কৰি তোলক নিজৰ জীৱনটো।পৰিয়ালটোৰ বাবে যিদৰে কৰি আহিছে , সেইদৰে নিজৰ বাবেও অলপ চিন্তা কৰক। দেখিব আপোনাৰ অলপ মান সচেতনতাই আপোনাৰ বাবে সঞ্জীৱনী  হৈ ৰ'ব।


     বিবাহৰ পাছত  প্ৰতিগৰাকী নাৰীয়ে কিছুপৰিমানে এৰা ধৰা কৰিব লগা হয়। বহুতে সংসাৰৰ চাকনৈয়াত পাহৰি যায় নিজৰ ভাল লগা, পচন্দ-অপচন্দ। পাহৰি যায় নিজৰ মনৰ ,দেহৰ যত্ন ল'বলৈ। জন্মগত ভাবে লৈ অহা প্ৰতিভা সমূহৰো অপমৃত্যু ঘটে  সংসাৰৰ বিভিন্ন বোজাৰ বাবে। আজন্ম পুহি ৰখা সোণোৱালী সপোনবোৰ অনভ্যাসৰ বাবেই হওক বা অৱহেলাৰ বাবেই হওক অকালতে মৰহি যোৱাৰ উদাহৰণ আমাৰ সখী সকলৰ মাজতেই বহুত ওলাব। সংসাৰ যজ্ঞত আহুতি দিবলৈ ওলোৱা, সংসাৰৰ ব্যস্ততা বা বাধাৰ অজুহাত দেখুৱাই  আমাৰ সখী সকলৰ বহুতেই  মনৰ বহুবোৰ সপোন পুৰি বা ধূলিৎসাত কৰি পেলাইছো। 
     সংসাৰৰ মেৰপাকত বা ব্যস্ততাৰ দোহাই দি আমি যে কৰি ভাল পোৱা ,মনে বিচৰা ,এসময়ত নিজৰ দখল থকা, প্ৰতিভা দেখুৱাবলৈ সক্ষম হোৱা কথাবোৰ সম্পূৰ্ণ পাহৰি পেলাওঁ বা পেলাইছো এইবোৰে  আমাক  বাৰু  কেনেদৰে ক্ষতি কৰিছে এবাৰ ভাবি চাইছেনে? উত্তৰত নিশ্চয় ক'ব - মোৰ ভৰা সংসাৰখনৰ কথা চিন্তা কৰাটোৱেই মোৰ কাম বা হয়তো দেখুৱাব বা ক'ব  দায়িত্বৰ দীঘলীয়া তালিকা খনৰ কথা। হয় সংসাৰ এখন আৰম্ভ কৰাৰ পাছত বহুতো দায়িত্ব -কৰ্তব্যৰ মাজত  বান্ধ খাই পৰিব লগা হয় অজানিতে। এই সমূহ  আওকাণ বা অৱহেলাও কৰিব পৰা নাযায়। কিন্তু সেই বুলিয়ে জানো  আপোনাৰ সপোনবোৰ  এনেদৰে হেৰাই যাব দিব পাৰি ?
     আঙুলিৰ ফাঁকেৰে আপোনাৰ অজানিতে  সৰি পৰা সৰু -সৰু সপোনবোৰ সংসাৰৰ নামতেই জলাঞ্জলি দিয়াটো কিমান সমীচিন এবাৰ ভাবি চাওক। ক'ত হেৰাই গ'ল আপুনি, ক'ত হেৰাই গ'ল সেই সপোনবোৰ যাৰ লগত আপুনি হৈ পৰিছিল একাত্ম। সংসাৰৰ চাকনৈয়াত হেৰাই যোৱাৰ আগতেই  নিজক লৈ অলপ সচেতন হওক। অন্যথা আপুনি হৈ পৰিব মৰহি যোৱা এপাহ ৰজনীগন্ধা ফুলৰ দৰে। 
    যি জীৱন বা প্ৰতিভা আপুনি লগত লৈ আহিছে সেই  প্ৰতিভাক অনাদৰ নকৰিব। ব্যস্ততাৰ দোহাই দি আঁতৰি নাথাকিব সেই খিনিৰ পৰা। কিয়নো সেইখিনি সুখৰ অনুভূতিয়েই হৈছে বা হ'ব পাৰে আপোনাৰ জীৱনৰ বাবে প্ৰেৰণা। মনত ৰাখিব- যি হেৰাই যায় চিৰ দিনৰ বাবে সি আৰু কোনো দিন কোনো মূল্যৰ বিনিময়ত উভতি নাহে।সেয়ে সজাগ হওক আপুনি। সংসাৰৰ দায়িত্ব কৰ্তব্য পালনৰ সমান্তৰালকৈ অব্যাহত ৰাখক নিজৰ  প্ৰতিভা সমূহ প্ৰকাশ আৰু বিকাশত।
    অসমীয়াত এষাৰ কথা আছে- মন কৰিলেই ছন। বাকৰি মাটিতো ধন।  আপুনিনো তেন্তে কিয় নিজৰ ভাল লগা খিনি কৰিবলৈ , প্ৰতিভা বিকাশ কৰিবলৈ এৰি দিব ? সংসাৰৰ অজুহাত, ব্যস্ততাৰ অজুহাত দেখুৱাই নিজক পাহৰি যোৱাতকৈ নিজক নতুনকৈ গঢ়ি তোলাৰ প্ৰয়াস কৰাটোৱে হ'ব বুদ্ধিমানৰ কাম। ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ'ব অলপ মান সাহস আৰু কিছু পৰিকল্পনাৰ। সকলো ঋণাত্মক চিন্তা পৰিহাৰ কৰি মন কৰিলেই আপুনি আকাশ চুবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপুনি আৰ্থিক ভাবে বিশেষ শক্তিশালী  নহ'লেও ইয়াৰ দ্বাৰা যি মানসিক সন্তুষ্টি আৰু উৎসাহ লাভ কৰিব তাক ধনৰ লগত তুলনা কৰিব নোৱাৰি। হেৰাই যোৱা জীৱনৰ ৰংবোৰ পুনৰ ঘূৰাই আনিবলৈ আপুনি নিজেই সচেতন হ'ব লাগিব। নিজক নিজেই ৰঙেৰে বোলাব লাগিব।
     এটা কথা ঠিক যে সংসাৰ খনৰ বহু কথাৰ লগত আপুনি জড়িত বা সংপৃক্ত। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সংসাৰৰ বোজা কঢ়িয়াই -কঢ়িয়াই নিজক পাহৰি যাব বা নিজৰ পচন্দ-অ-পচন্দ সমূহৰ প্ৰতি পিঠি দিব।আপোনাৰ বহুমূলীয়া প্ৰতিভা ,দক্ষতা সমূহ বিকাশৰ বাবে পূৰ্বৰ দৰে আপোনাৰ মা-দেউতাই বিবাহৰ পাছত হয়তো সহায় কৰিব নোৱাৰিব পাৰে। কিন্তু যদিহে স্বামী গৃহত স্বামী বা পৰিয়ালৰ আন সকলেও সেই  প্ৰতিভা সমূহ প্ৰকাশৰ তথা বিকাশৰ ক্ষেত্ৰত আপোনাক সহায় -সহযোগ আগবঢ়ায়, তেন্তে আপোনাৰ দৰে ভাগ্যবান হয়তো আন কোনো নোলাব। বহুতো  মহিলাৰ জীৱনত তেখেত সকলৰ স্বামীৰ পৰিয়ালে আগবঢ়োৱা অৱদান বা সহযোগিতাৰ বিষয়ে জানিবলৈ পোৱা যায়। আমাৰ সমাজত এনে উদাহৰণ হয়তো আৰু ওলাব।
    আপোনাৰ সংসাৰ, আপোনাৰ পৰিয়াল। গতিকে  দায়িত্ব -কৰ্তব্য পালন কৰিবলৈ আপুনি বাধ্য। সেই সমূহৰ পৰা ফালৰি কাটি যাবও নোৱাৰি।কিন্তু তাৰ মাজতে নিজৰ বাবেও চিন্তা কৰিব লাগিব। নিজৰ  প্ৰতিভা সমূহ পুনৰুদ্ধাৰ কৰি সময়ৰ চাকনৈয়াত হেৰাই যোৱাৰ পৰা উদ্ধাৰ পাওক। জীপাল কৰি তোলক নিজৰ জীৱনটো।পৰিয়ালটোৰ বাবে যিদৰে কৰি আহিছে , সেইদৰে নিজৰ বাবেও অলপ চিন্তা কৰক। দেখিব আপোনাৰ অলপ মান সচেতনতাই আপোনাৰ বাবে সঞ্জীৱনী  হৈ ৰ'ব।
   শেষত, সংসাৰৰ চাকনৈয়া বা বিবাহ আমাৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বাধা একে বাৰেই নহয়। হয় ইয়াৰ বাবে কিছু এৰা-ধৰা, ত্যাগ কৰিবই লাগিব। কিন্তু সেই বুলিয়ে  আপুনি হাৰমানিলে নহ'ব।সময়ৰ লগত খোজ মিলাই চলিবই লাগিব। কিন্তু সেই বুলিয়ে আপুনি পূৰ্বৰ সেই ৰং, প্ৰতিভা হেৰুৱাই নিস্তেজ-নিস্প্ৰভ হ'লে নহ'ব ।অন্যথা নিজৰ বুলিবলৈ একোৱেই নাথাকিব। সংসাৰৰ চাকনৈয়াত বন্দী হৈ আপোনাৰ সপোনবোৰ  হেৰুৱাই পেলালে আপোনাৰ নিজৰ অমূল্য সম্পদ বহু খিনিয়েই হেৰাই যাব। সেয়েহে সকলো সমস্যা, অসুবিধা আঁতৰাই দৃঢ়তাৰে আগবাঢ়ি যাওক। সংসাৰৰ চাকনৈয়াত , অনভ্যাসত স্থবিৰ হৈ পৰা প্ৰতিভা খিনিৰে আপুনি উজ্জ্বলি উঠক।আপোনাৰ সফলতা আৱশ্যম্ভাৱী। মুঠতে পৰিৱেশ, পৰিস্থিতি যিয়েই নহওঁক নিজক পাহৰি নাযাব। মনত ৰাখিব -কৰো বুলিলেই আপুনি হাজাৰটা কাম কৰিব পাৰে। তেন্তে কিয় সংসাৰৰ ব্যস্ততা বা সময়ৰ অভাৱৰ অচিলা লৈ নিজৰ প্ৰতিভা সমূহক নিজেই ভৰিৰে মোহাৰি পেলাইছে ? অলপ নিজৰ বাবেও ভাবক। কিয়নো  নিজেই নিজৰ বাবে ভাবিব লাগিব। তেতিয়া উপায় নিজে-নিজেই ওলাব। অলপ ব্যতিক্ৰম হ'বলৈ চেষ্টা কৰিলে সন্মুখত আহি পৰা হাজাৰ অসুবিধা জয় কৰিও আপুনি নিজক প্ৰকাশ কৰিব পাৰিব ।প্ৰয়োজন মাথোঁ আপোনাৰ সচেতনতা ।জীৱনৰ প্ৰতিটো দিন উদ্‌যাপন কৰিবলৈ শিকক আৰু শিকক অসুবিধা সমূহক সুবিধালৈ পৰিণত কৰিবলৈ। তেতিয়া আৰু জীৱনৰ ,সংসাৰৰ চাকনৈয়াত আপুনি হেৰাই যোৱাৰ ভয় নাথাকে।
     
    ঠিকনা -গুৱাল গাওঁ।
   ডাকঘৰ-মৰনৈ খ'ৰা।
  জিলা-লখিমপুৰ।
পিন-৭৮৭০৫৪
যোগাযোগ নং-৯৩৬৫০১৮৭৫০

পৃষ্ঠা ৮

জীৱনত জীয়াই থকাৰ তাড়না

দীপাঞ্জলী তালুকদাৰ
গুৱাহাটী

প্ৰশাসনিক বিষয়া 'আনচাৰ চেইখ্‌' তেখেতে ইউ.পি.এচ.চি পৰীক্ষাত অৱতীৰ্ণ হোৱা সময়ত নিজৰ খৰছ উলিয়াবলৈ এটা গেৰেজত কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ পৰীক্ষাত দক্ষতাৰে উত্তীৰ্ণ হৈ দেশৰ সৰ্বপ্ৰথম কনিষ্ঠ প্ৰশাসনিক বিষয়াৰূপে সকলোকে চমক দেখুৱাইছিল।


  সকলোৰে জীৱনৰ মূল্য আছে। 'কৰ্ময়ে ধৰ্ম' বুলি  কোৱা কথাষাৰ সৰুৰে পৰা শুনিছোঁ কিয়নো কম-বেছি পৰিমাণে সকলোৱে ভাত মুঠিৰ যোগাৰৰ বাবে কাম কৰি আছে। এই কামৰ ধৰণহে বেলেগ কিন্তু কোনো কামে সৰু নহয়।
        এদিন চিনাকী বাইদেউ এজনীক লগ পোৱাত তেওঁ ক'লে,"আমি দুখীয়া মানুহ!দোকানৰ বিক্ৰী ভাল নহ'লে ছোৱালীজনীৰ টিউচনৰ মাচুল দিবলৈ কেতিয়াবা বৰ অসুবিধা হয়।" তথাপিও তেওঁ ছোৱালীজনীৰ ভৱিষ্যত ভাল হওক বুলি কষ্ট কৰি মাচুল যোগাৰ কৰিছে। কেতিয়াবা টি.ভিৰ স্ক্ৰিন নাইবা চ'চিয়েল মিডিয়াত বেমাৰৰ সহায় বিচাৰি বেংক একাউণ্টৰ তথ্য দিয়া দেখিবলৈ পাওঁ। প্ৰশাসনিক বিষয়া 'আনচাৰ চেইখ্‌' তেখেতে ইউ.পি.এচ.চি পৰীক্ষাত অৱতীৰ্ণ হোৱা সময়ত নিজৰ খৰছ উলিয়াবলৈ এটা গেৰেজত কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ পৰীক্ষাত দক্ষতাৰে উত্তীৰ্ণ হৈ দেশৰ সৰ্বপ্ৰথম কনিষ্ঠ প্ৰশাসনিক বিষয়াৰূপে সকলোকে চমক দেখুৱাইছিল।
       এই ঘটনাবোৰৰ যোগেদিয়ে বুজিব পাৰি যে জীৱনটো জীয়াবলৈ সকলোৰে কিমান যে ইচ্ছা।   কিন্তু কিছুমান মানুহে জীৱনত সমস্যা আহিলেই হীনমন্যতাত ভূগি মানসিকভাৱে দূৰ্বল হৈ পৰা নাইবা আত্মহত্যাৰ দৰে চৰম পথ বাছি লোৱা দেখিবলৈ পোৱা যায়। সমস্যা থাকিলে সমাধানৰ পথ নিশ্চয় থাকিব। যদি গেৰেজত কাম কৰি প্ৰশাসনিক বিষয়া হ'ব পাৰে ,স্বামীহাৰা মহিলা গৰাকীয়ে দোকান দি ছোৱালীৰ মাচুল যোগাৰ কৰিব পাৰে! তেন্তে আমি কিয় নোৱাৰিম ? দৃঢ় মনোবল, কৰ্তব্যৰ প্ৰতি হেঁপাহ থকা মানুহে নিশ্চয় পাৰিব।
          গতিকে আহক আমি অধিক মনোবলেৰে " কৰ্মকে ধৰ্ম" বুলি লৈ জীৱনৰ অনাগত দিনবোৰত আগুৱাই যাওঁ। এষাৰ কথা আছে " বোলে যি নিজক সহায় কৰে। তেওঁক হে ভগৱানেও সহায় কৰে।" সেয়ে কথাষাৰৰ তাৎপৰ্য বুলি নিজেই নিজৰ সহায়ক হৈ আগুৱাই যাওঁ আহক।


পৃষ্ঠাঃ ৯

প্রাথমিক শিক্ষাত নাটকৰ তাৎপৰ্য

ৰিণ্টু টায়ে

 যোৱা সংখ্যাৰ পিছৰ পৰা

সমনীয়াসকলৰ লগত সহযোগিতা কৰি দলীয়ভাৱে নাটক এখন মঞ্চস্থ কৰিব পাৰিলে শিশুসকলৰ মাজত সামাজিক দক্ষতাৰ বিকাশ ঘটিব ইয়াত কাৰোৰে সন্দেহ নাই ৷ শিক্ষাৰ্থীসকলৰ মাজত শান্তি, মিলা-প্ৰীতি, ভ্ৰাতৃত্ববোধ জগাই বিশ্বশান্তিৰ ধাৰণা গঢ়ি তুলিবলৈ  প্ৰাথমিক পৰ্যায়ৰ পৰাই নাটকৰ জৰিয়তে প্ৰযত্ন কৰিব পাৰে ৷ অদূৰ ভৱিষ্যতে হ'ব পৰা এচাম যুৱ উচ্ছৃংখলতাৰ সমস্যাক প্ৰাথমিক পৰ্যায়তে চিনাক্ত কৰি নাটকৰ জৰিয়তে শিক্ষকসকলে শিশু অৱস্থাতে সামাজিক হোৱাৰ মূলমন্ত্ৰ দিব পাৰে ৷ 

কিতাপৰ পৰিৱৰ্তে হাতত তুলি দিয়া হ'ল এনদ্ৰইড  মোবাইল ফোন ৷ অনলাইন ক্লাছ ৷ দৃশ্য-শ্ৰাব্য সঁজুলি হিচাপে মোবাইল ফোনৰ বৰঙণি অসীম ৷ শিক্ষাৰ্থীয়ে নিজে অভিনয় কৰিবলৈ সুযোগ লোৱাৰ পৰিৱেশ আজি হয়তু দিব পৰা নাই । তথাপি ইণ্টাৰনেটত উপলব্ধ বিভিন্ন কাহিনীৰ দৃশ্য-শ্ৰাব্য অভিনয় বিলাক চাই নাটকৰ অন্য এটা অনুভূতি বা অভিজ্ঞতা লাভ কৰিছে ৷
সামাজিক গুণৰাজি শিক্ষাৰ্থীসকলে আয়ত্ব কৰিব  লাগে ৷ আত্মকেন্দ্ৰিক মানসিকতাক পৰাভূত কৰি শিশুসকলে বিদ্যালয় পৰ্যায়তে সামাজিক হ'বলৈ শিকিব লাগে ৷ সমনীয়াসকলৰ লগত সহযোগিতা কৰি দলীয়ভাৱে নাটক এখন মঞ্চস্থ কৰিব পাৰিলে শিশুসকলৰ মাজত সামাজিক দক্ষতাৰ বিকাশ ঘটিব ইয়াত কাৰোৰে সন্দেহ নাই ৷ শিক্ষাৰ্থীসকলৰ মাজত শান্তি, মিলা-প্ৰীতি, ভ্ৰাতৃত্ববোধ জগাই বিশ্বশান্তিৰ ধাৰণা গঢ়ি তুলিবলৈ  প্ৰাথমিক পৰ্যায়ৰ পৰাই নাটকৰ জৰিয়তে প্ৰযত্ন কৰিব পাৰে ৷ অদূৰ ভৱিষ্যতে হ'ব পৰা এচাম যুৱ উচ্ছৃংখলতাৰ সমস্যাক প্ৰাথমিক পৰ্যায়তে চিনাক্ত কৰি নাটকৰ জৰিয়তে শিক্ষকসকলে শিশু অৱস্থাতে সামাজিক হোৱাৰ মূলমন্ত্ৰ দিব পাৰে ৷ গতিকে প্ৰাথমিক পৰ্যায়ত নাটকে এক তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত গুণৰাজিৰ বিকাশ -প্ৰকাশত শিক্ষকৰ সঠিক পৰিচালনাত নাটকে মুখ্য ভূমিকা ল'ব পাৰে ৷
শিক্ষা হ'ল আমাৰ ঐতিহ্য তথা সংস্কৃতিৰো ধাকৰ আৰু বাহক ৷ আমাৰ ঐতিহ্য আৰু সংস্কৃতিৰ উপাদানক লৈ লিখা নাটক বিলাক যেনে -জয়মতী, শোণিত কুঁৱৰী  আদি নাটকৰ পৰা শিক্ষাৰ্থীয়ে ত্যাগ , স্বদেশ-প্ৰেম আৰু সংস্কৃতিৱান আহোম ৰাজপৰিয়ালৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে ৷ বিদ্যালয়ত মঞ্চস্থ কৰা জয়া দিৱসৰ জয়া পদ্ধতিয়ে কণ কণ শিশুৰ মনত গভীৰ ৰেখাপাত কৰে ৷ সেয়েহে ১৯৬৪-৬৬ চনৰ কোঠাৰি আয়োগে মত পোষণ কৰিছিল যে -"ভাৰতৰ ভাগ্য বিধাতা  ইয়াৰ বিদ্যালয়ৰ প্ৰতি শ্ৰেণীকোঠাতে নিৰ্মাণ হৈ আছে ৷ " শ্ৰেণীকোঠাতে দেশৰ ভৱিষ্যত গঢ়োতা নাগৰিকসকলক তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ বাবে প্ৰচেষ্টা চলোৱা হয় ৷ 

ক্ৰমশঃ

পৃষ্ঠা ১০

জেৰুজালেমত ধৰ্ম যুদ্ধ কিয় হয় ? 

হজৰত আলী
৮৬৩৮৬২৩১২০

এই পৱিত্ৰ ঠাইখন বৰ্তমানলৈ মুছলমান, খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ ফালৰ পৰা নিজ নিজ ধৰ্মৰ এখন মহা পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ ঠাই ৷ জেৰুজালেম ! এই ঠাইখনক এই তিনি ধৰ্মৰ ধৰ্ম যোদ্ধাসকলে স্মৰণিকা কৰি ৰাখিব বিচাৰে, এটা ধৰ্মই চেষ্টা কৰিলে  বাকী দুটাই  যে নাচৰ বান্দা; হাৰ মানিব নিবিচাৰে ৷


       মই যদি কওঁ, মই আজি পাগল মানুহ এগৰাকীক তিনিটা কাণতলীয়া চৰ সোধাইছোঁ ৷ এতিয়া  নিশ্চয় আপোনাৰ মনত প্ৰশ্ন জাগিছে, আপুনি কিয় বা পাগল মানুহগৰাকীক চৰ মাৰিলে ? যদি পাগল মানুহজনক চৰ মাৰিছোৱেই তেন্তে নিশ্চয় তাত ফুটা ছিঙা যিকোনো কাৰণ এটা থকাটো স্বাভাৱিক, ঠিক তেনেদৰে জেৰুজালেমত দুই ধৰ্ম ইহুদী আৰু ইছলাম ধৰ্মৰ মাজত যে সময়ে অসময়ে যুদ্ধ হৈ থাকে তাৰ নিশ্চয় এশ এবুৰি কাৰণ আছেই আৰু যিটোৱে আমাৰ মগজুত অস্থিৰতাৰ সৃষ্টি কৰে ৷ এই ধৰ্ম দুটাৰ বিবাদ পুৰণিকলীয়া আৰু অদূৰ ভবিষ্যত পৰ্যন্ত থকাৰ পূৰ্ণ সম্ভাৱনা আছে। যিটো পৱিত্ৰ আল কোৰানত স্পষ্ট বৰ্ণনা আছে। ইয়াৰ  উপৰিও ইয়াৰ বৰ্ণনা বাইবেল আৰু তোৰাহতো আছে ৷ 
       কথাত আছে নহয়, "পুৰুষ মানুহ নষ্ট হয় বজাৰত, ছোৱালী বা মহিলা মানুহ নষ্ট হয় ঘাটত ৷" ঠিক তেনেদৰে মানুহৰ বিবেক নষ্ট হয় টকা পইছাত আৰু মানুহৰ মানৱীয় গুণ নষ্ট হয় ধৰ্মীয় সংঘৰ্ষত ৷ এতিয়া কথা হ’ল এই মন্ত্ৰটো বুকুত বান্ধি আগবাঢ়িছে প্ৰতিখন শক্তিশালী দেশে ৷ সংঘৰ্ষ কৰিছে আৰু বিৰোধী ধৰ্মক হাতৰ মুঠিৰে চেপি চেপি খুন্দিয়াই খুন্দিয়াই মাৰিবলৈ চেষ্টা কৰিছে আৰু সেয়াই ঘটি আছে আধুনিক দুই কল্যাণকামী দেশৰ মাজত ৷ হয়তো ইজৰাইলক উন্নত দেশৰ শাৰীত বহুৱাব পাৰি। ইজৰাইল ভাৰতবৰ্ষতকৈ বহু ওপৰত আছে উন্নত দেশৰ তালিকাত, কিন্তু পেলেষ্টাইন এখন উন্নয়নশীল দেশ। 
         এখন উন্নত দেশ ইজৰাইল আৰু এখন উন্নয়নশীল দেশ পেলেষ্টাইনৰ মাজত কিয় বাৰম্বাৰ যুদ্ধ বিগ্ৰহ চলি থাকে তাৰ কাৰণটো জানিবলৈ প্ৰতিজন ব্যক্তিৰেই তীব্ৰ আগ্ৰহ থাকে আৰু সেই আগ্ৰহটোক সাৰ পানী দি সাৰ্থক কৰি তুলিবলৈ ইচ্ছা থাকে প্ৰতিজন প্ৰৱন্ধ লেখকৰ ৷ যেতিয়া পঢ়ুৱৈয়ে প্ৰৱন্ধ লেখকৰ টুটা-ফুটা লিখনি পঢ়ি পঢ়াৰ আমেজ পোৱাৰ সমান্তৰালকৈ কিবা যদি শিকিব পাৰে তেতিয়াই ন-লেখাৰু, অভিজ্ঞ লেখাৰু আৰু বগলী লেখাৰুসকলেও আত্মতৃপ্তি উপলব্ধি কৰে ৷ নজনা কথা জনাৰ আমাৰ যি হেঁপাহ আৰু হাবিয়াস তাক আমি কোনো পধ্যেই ভঙা-টুটা কৰা উচিত নহয় ৷ 
        জীৱনটো এধানমান সময়েৰে সীমিত, গতিকে এই এধানমান সময়ক আমি ৰহস্যময় কৰি তুলিবলৈ আৰু নজনা কথা জানিবলৈ উদগ্ৰীৱ কৰি তুলিব লাগে ৷ কিন্তু আজি মানুহে হত্যা-হত্যি আৰু সংঘৰ্ষতহে প্ৰতিনিয়ত ব্যস্ত হৈ থাকে ৷ ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষক বিশ্ববাসীয়ে ধৰ্মক ইছু হিচাপে লৈ নিজৰ মাজত তৰ্কত লিপ্ত কৰি ৰাখে আৰু জীৱনৰ মূল্যৱান সময়ক চেপি চেপি খুন্দিয়াই খুন্দিয়াই মাৰে ৷ আমি তেনে কৰা উচিত নহয় ৷ পাৰিলে আমি আনৰ কাজিয়াক মষিমূৰ কৰিবলৈ চেষ্টা কৰা উচিত ৷ 
        মই পেলেষ্টাইন আৰু ইজৰাইলত গৈ পোৱা নাই, গতিকে সিহঁতৰ বিষয়ে, সিহঁতৰ ভৌগোলিক অৱস্থিতিৰ বিষয়ে আৰু সিহঁতৰ বিবাদ সম্পৰ্কে ভালকৈ আৰু বিতংকৈ উল্লেখ কৰাটো মোৰ দুৰ্বল কলমৰ পক্ষ্যে সম্ভৱ নহয় ৷ 
       ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ সংঘৰ্ষ যে নিস্পান হৈয়েই থাকিব; ই যে কেতিয়াও মীমাংসাৰ আওঁতালৈ নাহিব তাক অত্যুক্তি কৰিব নালাগে৷ কোনেও জেৰুজালেমৰ পৱিত্ৰ ভূমিক আৰু পৱিত্ৰ ধূলিক এৰি দিব নিবিচাৰে ৷ এই পৱিত্ৰ ঠাইখন বৰ্তমানলৈ মুছলমান, খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ ফালৰ পৰা নিজ নিজ ধৰ্মৰ এখন মহা পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ ঠাই ৷ জেৰুজালেম ! এই ঠাইখনক এই তিনি ধৰ্মৰ ধৰ্ম যোদ্ধাসকলে স্মৰণিকা কৰি ৰাখিব বিচাৰে, এটা ধৰ্মই চেষ্টা কৰিলে  বাকী দুটাই  যে নাচৰ বান্দা; হাৰ মানিব নিবিচাৰে ৷ ফলত চলিয়ে থাকে সংঘৰ্ষ আৰু মীমাংসা নোহোৱালৈকে চলিয়েই থাকিব ৷ ৰাষ্ট্ৰ সংঘ বা অন্য আন্তৰ্জাতিক সন্থাই ইয়াৰ মীমাংসা যে কৰিব নোৱাৰিব সেয়া ধূৰুপ, কিয়নো আজিলৈকে ৰাষ্ট্ৰ সংঘই কোনো ডাঙৰ সমস্যাক ভালকৈ সমাধান কৰিব পৰা নাই; মাত্ৰ সৰু- সুৰা সমস্যাবোৰকহে ৷ সমস্যা সমাধান কৰিবলৈ পৰিশীলিত হ’ব লাগিব অন্তকৰণ হৃদয় আৰু বিবেকেৰে অন্যথা কঠিন ভয়ংকৰ আৰু বিপৰ্যয় আহিব মানৱ সমাজলৈ ৷ 
       যেনে কাশ্মীৰৰ সমস্যাক ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ ঠেলি দিয়া হৈছিল, কিন্তু এতিয়ালৈকে সমাধানৰ শুং সূত্ৰ উলিয়াব নোৱাৰিলে ইউ এন য়েই ৷ 
       দ্বিতীয়তে, সন্ত্ৰাসবাদ দমন : আজিলৈকে ৰাষ্ট্ৰসংঘই দুধ কা দুধ, পানী কা পানী হিচাপত সন্ত্ৰাসবাদ দমন কৰিব পৰা নাই ৷ সন্ত্ৰাসৰ দপদপনিত আজিৰ পৃথিৱীখনে ভাৰসাম্য হেৰুৱাই পেলাইছে, গতিকে ইয়াক কঠোৰ আৰু বুজনি প্ৰক্ৰিয়াৰে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে ৷ 
         তৃতীয়তে, ছিৰিয়াৰ অসামৰিক বিদ্ৰোহ : এই বিদ্ৰোহত আমেৰিকা, ৰাছিয়া, তুৰ্কী আদি দেশ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু মাজে মাজে বিশ্বই দুটা ভাগত ভাগ হৈ বিদ্ৰোহটোক জ্বলা জুইত ঘী ঢালি দিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰে আৰু ভৱিষ্যতলৈ সৃষ্টি কৰিয়েই থাকিব ৷ ইহুদী আৰু খ্ৰীষ্টান দুটা বেলেগ বেলেগ জাতি কিন্তু এক শ্ৰেণীৰ খ্ৰীষ্টান আৰু ইহুদী আছে যিসকলে এজন আনজনৰ নলে গলে লগা বন্ধু আৰু ইহঁতক কোৰানৰ কোনো এটা আয়াতত বন্ধু হিচাপত গ্ৰহণ কৰিবলৈ হাক দিছে; কিয়নো সিহঁত বিপৰ্যয় সৃষ্টিকাৰী ৷ মুছলমানৰ কোনোবাই যদি সেই শ্ৰেণীৰ লোকৰ লগত বন্ধুত্ব কৰে তেতিয়াহ’লে তেওঁ মুছলমানৰ অন্তৰ্ভুক্ত নহয়; সেই শ্ৰেণীৰ লোকৰহে অন্তৰ্ভুক্ত হ’ব ৷ এই শ্ৰেণীৰ লোকে পৃথিৱীখনক অস্থিৰ কৰি ৰাখিব বিচাৰে আৰু পৃথিৱীখনত মহা ৰাজত্ব কৰিব বিচাৰে আৰু ইহঁতে মুছলমানক ইহঁতৰ ঘোৰ শত্ৰু হিচাপে ভাবে আৰু ইহঁতে মধ্য প্ৰাচ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাই হিচাপে বিবেচিত জেৰুজালেমক ইজৰাইলৰ ৰাজধানী তথা ইহুদী ধৰ্মৰ পৱিত্ৰ ঠাই হিচাপে সাবটিব বিচাৰে ৷ এই ক্ষেত্ৰত কিছুমানে ইজৰাইলৰ হৈ ভৃত্য হিচাপে কাম কৰে ৷ 
        ইহুদীসকল কেতিয়াও খ্ৰীষ্টানসকলৰ লগত মত-বিবাদত লিপ্ত নহ’ব, কাৰণ সিহঁতে খ্ৰীষ্টানসকলৰ পৰা পাৰ্যমানে সহায় পাই থাকে ৷ গতিকে ইহঁতে পৱিত্ৰ ঠাই জেৰুজালেমক আন ধৰ্মৰ লোকৰ হাতত কেতিয়াও গতাই দিব নোৱাৰে ৷ পৃথিৱীৰ আন আন ঠাইত মুছলমান আৰু ইহুদী সকলৰ মাজত প্ৰায় সংঘৰ্ষ নহয়েই, মাথোঁ ইহুদীসকলৰ পৱিত্ৰ ঠাই আৰু মুছলিমসকলৰ পৱিত্ৰ আৰু অতি গুৰুত্বপূৰ্ণ ঠাই জেৰুজালেমক লৈহে কাজিয়া আৰু সময়ে অসময়ে যুদ্ধ-বিগ্ৰহ চলি থাকে ৷ 
       এইখন পৱিত্ৰ ভূমিত আছে মুছলমানৰ পৱিত্ৰ মছজিদ আল্‌ আকছা ৷ যি আক্‌ছাৰ  নাম শুনিলে বিশ্ব মুছলমানে শান্তি অনুভৱ কৰে আৰু নিজকে এজন আল্লাহৰ ভৃত্য অনুভৱ কৰে আৰু আল্লাহৰ ইমানদাৰী বান্দাইহে আল্লাহৰ নৈকট্য লাভ কৰে ৷ এইখন ভূমিতেই আকৌ ইহুদী ধৰ্মৰ মুখ্য পয়গম্বৰ মোছিয়ে ওপজিছিল ৷
      মুছলমানসকলৰ শেষ নবী হজৰত মহম্মদ ( ছঃ ) য়ে এই জেৰুজালেমৰ আল্‌ আক্‌ছা মছজিদৰ পৰাই মহাকাশৰ উৰ্দ্ধতম স্থানলৈ ভ্ৰমণ কৰিছিল ৷ ইছলামী ভাষাত এই ভ্ৰমনক মেৰাজ বুলি কয় ৷ নবীৰ এই ভ্ৰমণ আছিল সশৰীৰেৰে ভ্ৰমণ; সপোনৰ ভ্ৰমণ নহয় ৷ আৰু নবীয়ে এই জেৰুজালেমৰ পৱিত্ৰ ভূমিত ফেৰেস্তাসকলক লৈ নামাজ পঢ়িছিল ৷ গতিকে এই দৃষ্টিকোণৰ পৰা জেৰুজালেম মুছলমানসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ ঠাই, সেই গতিকে, এই ঠাইখন মুছলমানসকলে কেতিয়াও এৰি দিব নোৱাৰে ৷ 
       জেৰুজালেম ইহুদী, খ্ৰীষ্টান আৰু মুছলমানসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ ঠাই, গতিকে ইয়াক তিনিৰ এক বুলি অভিহিত কৰিব পাৰি, কাৰণ হিচাপে তিনিটা বিশ্বাস এখন জেৰুজালেমত বা এখন পৱিত্ৰ ঠাইত ৷ 
       জেৰুজালেম কিয় গুৰুত্বপূৰ্ণ মুছলমান আৰু ইহুদীসকলৰ বাবে সেই বিষয়ে চমুকৈ আলোচনা কৰিলো ৷ এতিয়া খ্ৰীষ্টানসকলৰ বাবে কিয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ল জেৰুজালেম তাক অলপ নহলেও অলপৰ অলপ আলোচনা কৰিবই লাগিব ৷ এই পৱিত্ৰ ঠাইতেই আব্ৰাহামে তাৰ পুত্ৰক উছৰ্গা কৰাৰ বাবে প্ৰস্তুত হৈছিল, এই ঠাইতেই যীশুখ্ৰীষ্টই তাৰ শিষ্যসকলৰ লগত নানা কথা পাতিছিল আৰু এই ঠাইতেই যীশুক ক্ৰুছ বিদ্ধ কৰা হৈছিল ৷ এইবোৰ দৃষ্টিকোণৰ পৰা জেৰুজালেম খ্ৰীষ্টানধৰ্মৰ বাবে গুৰুত্বপূৰ্ণ ঠাই ৷ 
       এতিয়া কথা হ’ল এই ঠাইখন যিহেতু তিনিটা ধৰ্ম বিশ্বাসৰ পৱিত্ৰতম স্থান, গতিকে সেই ঠাইখনকলৈ কাজিয়া-বিবাদ হোৱাটো তেনেই স্বাভাৱিক আৰু এই সমস্যা যে ৰাষ্ট্ৰ সংঘই মীমাংসা কৰিব পাৰিব তাক বিশ্বাস কৰিব নোৱাৰি আৰু সময়ে সময়ে সিহঁতৰ মাজত থকা সংঘৰ্ষই মূৰ দাঙি উঠিব ৷ দেৱ শিশুকে ধৰি নিৰীহ জনতাৰ জীৱন কাঢ়ি লৈ থাকিব এনেবোৰ সংঘৰ্ষই ৷



পৃষ্ঠা ১১
ধাৰাবাহিকঃ

শুকুলা মেঘৰ ছাঁ

পৰিণীতা কলিতা
সহ সম্পাদিকা  অঙ্গন

 ( প্ৰথম খণ্ড) …

এই যে দিনবোৰ-ৰাতিবোৰ যেন নাযায় নুপুৱায় তাইৰ বাবে তাই মানে ছায়াজনীৰ, হ'ল বুলিনো কিমান আৰু এখন বিছনাতে গধূৰ উশাহবোৰ গণি ৰবগৈ তাই ! আজি এমাহেই হ'বৰ হ'ল। না বাস্তৱৰ খবৰ আছে, না বাস্তৱৰ পৰিয়ালৰ।সেইখন ঘৰততো তাই মাত্ৰ দুমাহৰ আগতেহে ভৰি থৈছিল। তাইৰ নিজৰ ঘৰখনে নো ইমানদিন কি কৰিলে তাইৰ কাৰণে ?,
দিনে দিনে অসাৰ হৈ অহা শৰীৰৰ নিন্মাংশক লৈ তাই বাৰুকৈয়ে উদাসীন হৈ পৰে। পাৰিবনে আৰু তাই খোজকাঢ়িব কোনোবাদিনা ?

হতাশা আৰু শৰীৰৰ যন্ত্ৰণাই গোটেই মানুহজনীকে এফালৰ পৰা কোঙা কৰি আনিছে। তাৰ পিছতো তাইৰ এটাই মাত্ৰ আশা আহিব, এদিন হ'লেও আহিব তাইৰ বাস্তৱ। তাইক দেখিব নোৱাৰা মানুহজনক তাই হৃদয়ৰ সমস্ত মৰমেৰে যে আৱৰিছিল। তাই মনত পৰিব এদিন হলেও, মানুহজন আহিব, তাইক লৈ যাব বাহিৰলৈ
  সিদিনাখন যে তাইৰ খবৰ ল'বলৈ আহি মোমায়েকে কৈছিল দেউতাকক, 
: তাইক বাহিৰলে লৈ যাব পাৰিলেই হয়তো তাই ভাল হ'ব। মুখত ক্ষীণ হাঁহি এটিয়ে বাহ বান্ধিছিল তাইৰ ৷ তাই ভাল হ'ব ৷ সম্পূৰ্ণকৈ বাস্তৱক বুকুত সামৰি ল'বলৈ। বাস্তৱৰ লগত যি হৈছিল, সেয়াতো তাইৰ কাৰণে হোৱা নাছিল। সি বুজিব, আহিব তাইক নিবলৈ । আহিবনে বাস্তৱ ? বেঙা হাঁহিৰ ৰেঙনি এটিয়ে ওৰে নিশা কঁপি কঁপি বিৰিঙি ৰ'ল এন্ধাৰৰে আৱৰি ছায়াজনীক…

আগলৈ...


পৃষ্ঠা ১২
অণুগল্পঃ

ক/ এমুঠি ভালপোৱা 

পৰীস্মিতা গগৈ দত্ত
 শিৱসাগৰ

যদিও তাই শাৰীৰিক ভাবে অসমৰ্থ তাইয়ো মন যায় নীলা আকাশ খনৰ তলতে ৰৈ জীৱনটোক উপভোগ 
কৰিবলৈ, কিন্তু তাইক দেওলগা জীৱনটোৱে যেন অতহাস্য কৰে ৷ 
 সকলো জানিও তাইক আদৰি ল’লে জোনাকে চিৰ জীৱনৰ কাৰণে জীৱন লগৰী কৰি ৷ 
  তাইৰ দেওলগা জীৱনটোক এমুঠি ভালপোৱাই জোনাকে জিলিকাই তুলিলে এমুঠি স্নিগ্ধ জোনাক হৈ ৷


খ/ কুকুৰ হোৱা হ'লে ভালেই আছিল 

মনচুমী কলিতা নাথ

      অত্যাধুনিকভাবে সুসজ্জিত এখন সম্ভ্ৰান্ত ঘৰত অনলাইন অৰ্ডাৰৰ পাৰ্চেল দিবলৈ যোৱা ল'ৰাজনে দেখিলে পাতলীয়া ফ্ৰগ পিন্ধি  উদং ভৰিৰে ঠাণ্ডাত কঁপি থকা সৰু ছোৱালী এজনীয়ে বাওঁ হাতেৰে মালিকৰ ঘৰৰ পোহনীয়া কুকুৰ টোক মৰম কৰাৰ চলেৰে ইফালে সিফালে চাই সোঁহাতেৰে কুকুৰটোৰ ভাগৰ মাংস একণ দুকণকৈ মুখত ভৰাইছে ।  ঘৰত মানুহ আছেনে বুলি ল’ৰাজনে  মাত লগোৱাত চকু চকুৱে পৰাত তাই যেন লাজ পালে । ভিতৰৰ পৰা মালিকনীয়ে চিঞৰা শুনা গ'ল -ঐ মৰতী বাহিৰত ইমান সময় কি কৰিছগে, কুক্কুৰচব এই চব । 
তাই কন্দনামুৱা হৈ মুখৰ ভিতৰতে কৈ গ'ল - কুকুৰ হোৱা  হ’লে ভালেই আছিল ।


পৃষ্ঠা ১৩

  গ/ কেন্দ্ৰবিন্দু    
   
 মীনাক্ষি ৰায় ডাকুৱা,
 গোলকগঞ্জ, ধুবুৰী 

            মৃদুলাৰ চকুত এতিয়া মাথোন শীতকালৰ ৰুক্ষতা । নিবিড়ভাৱে শেষবেলাৰ সৰাপাতৰ গান শুনে তাই গছৰ পাতে পাতে । নিজৰ ঘৰ-দুৱাৰ, আত্মীয়স্বজন, গছ-গছনি, নদ-নদী, পশু-পক্ষী, প্ৰকৃতি সকলো ঠিকেই আছে । কিন্তু বিদায় দিব নুখুজিলেও এজন গুচি গৈছে এই চলমান বেগবান জীৱনৰ পৰা, এই সংসাৰৰ পৰা কোনোদিনেই ঘূৰি নহাৰ অসীম বেদনা তাইলৈ এৰি থৈ । এই জগৎ, এই জীৱনৰ সকলো তাইৰ ভালপোৱাৰ ধন । একো হেৰুৱাব নিবিচাৰে তাই মুহূৰ্তৰ বাবেও । মৃত্যু যেন তীৰৰ পৰা প্ৰবাহত ভাঁহি যোৱা—এই গভীৰ বেদনাবোধেৰে মৃত্যুবিলাসী ভাৱনাই যে তাইক এইদৰে সলনি কৰি দিব, সেয়া তাই সপোনতো ভবা নাছিল । নীলিম গুচি গৈছে এই মায়াময় জগৎ এৰি কেতিয়াবাই । কিন্তু হেৰাই যোৱা কিশোৰীবেলাৰ গোন্ধ চুই চিন্তা, চেতনা আৰু অনুভৱত তেওঁৰ স্মৃতি ইমান বেছি পৰিমাণে সজীৱ আৰু জাগৰূক হৈ আছে যে, মৃদুলাৰ প্ৰতিটো ক্ষণেই হৈ উঠিছে নীলিমময় ।


ঘ/ সমিধান

অংশুমান ভূঞা

      "তোমাক একেটা কথাকে কিমানবাৰ ক'ব লাগে আৰাধনা ? কৈছোঁ‌ নহয় তুমি উপাৰ্জন কৰিবলৈ ক'লৈকো যাব নালাগে। মই ঘটিম, তুমি কেৱল ঘৰ চম্ভালা আৰু কৰিবলৈ একো কাম নাথাকিলে ম'বাইলকে টিপি থাকিবা।" 
      মনটোক বুজিবলৈ প্ৰয়াস নকৰা গিৰীয়েকৰ ক্ৰোধান্বিত উত্তৰত আৰাধনাই সমস্যাৰ সমিধানো পাই গ'ল। অলপো বিলম্ব নকৰি টেবুলত থকা ম'বাইলটো হাতত তুলি লৈ এটা বিশেষ নম্বৰ ডায়েল কৰিলে । "বাইদেউ, মই আপুনি কোৱা অনলাইন ব্যৱসায়টোত সোমাব বিচাৰোঁ‌।"

ঠিকনাঃ
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০


পৃষ্ঠা ১৪
এক মিনিটৰ গল্পঃ

বিশ্বাসঘাট

পল্লৱীকা বৰুৱা
 টেনপুৰ(গোলাঘাট)


বাজি উঠা ফোনটো বেগৰ পৰা উলিয়াই লৈ ৰিচিভ বুটামটো টিপি অনন্যাই হেল্ল’ হেল্ল’ বুলি বাৰে বাৰে মাত দিয়াৰ পিছতো সিমূৰৰ পৰা একো সঁহাৰি নহা দেখি ফোন কলটো কাটিবলৈ লৈ অনন্যা ৰৈ গ’ল ৷

নামটো বাৰু ভুলকৈ দেখিলোঁ নেকি ! পুনৰবাৰ তাই স্কিনত নামটো ভালকৈ চালে ৷ হয় , এইটো দেখোন অনিমেষৰ নম্বৰেই ৷ 

পিছে অনিমেষৰ মোবাইলৰ পৰা ভাঁহি অহা এই মহিলা গৰাকী কোন ! মাতটো চিনাকি চিনাকি লাগিছে দেখোন ৷ 

হয়, তাই ভৈৰৱীয়ে হয়  ৷ সেইদিনা বজাৰত লগ পাই অনিমেষে তাইক চিনাকী কৰাই দিছিল অনন্যাৰ লগত ৷

   কিন্তু ! অনিমেষেতো কৈ গৈছিল আজি অফিচত বহুত কাম আছে আহোঁতে পলম হ’ব ৷ অনন্যাই মোবাইলৰ ভলিউমটো বঢ়াই ল’লে ৷ 
  গাড়ীৰ কুৰকুৰ মাতৰ লগতে অনন্যাই শুনিবলৈ পালে অনিমেষ আৰু মহিলা গৰাকীৰ হাঁহিৰ কল্লোলৰ মাজে মাজে বাৰ্তালাপ ৷
   :অনিমেষ, তোমাৰ আৰু মোৰ সম্বন্ধটো তোমাৰ পত্নীয়ে বাৰু গম পায় নেকি ?  ভৈৰৱীয়ে সুধিলে ৷
: সিদিনা তাই মোক সুধিছিল ৷ হয়তো কোনোবাই কৈছিল তাইক। কিন্তু মই একেষাৰতে নহয় বুলি কৈ থলোঁ ৷ এনেও তাই মোৰ বাদে আনৰ কথা বিশ্বাস নকৰে অনিমেষে হাঁহি হাঁহি ক’লে ৷

কথাবোৰ শুনি অনন্যাৰ মূৰত যেন সৰগখন ভাগি পৰিল ৷ ইমান বিশ্বাসঘাট ! যি জন স্বামীক তাই চকুমুদি বিশ্বাস কৰি আহিছে ৷ তেওঁ আজি...

    অজানিতে লাগি যোৱা ফোনকলটোৱে অনন্যাৰ জীৱনলৈ দুখৰ পাহাৰ কাঢ়িয়াই আনিলে ৷

পৃষ্ঠা ১৫

বিবাহ বন্ধন

নিতুমনি দাস
ঢকুৱাখনা

বিছনাত শুই থকা চুমিৰ কাষতে বহি মূৰত হাতবুলাই মাক অপৰূপাই কলে' 'মাজনী' 'আনৰ ঘৰ এখন আপোন কৰিবলৈ সময় লাগিব, এৰা ধৰাৰ মাজেৰে পৰিয়ালৰ লোকসকলৰ লগত মিলিবলৈ চেষ্টা কৰিবলৈ যাওঁতে বহু সময়ত মানসিক ভাৱে প্রস্তুত হ'ব লাগিব, ভিন্ন জনৰ ভিন্ন আচৰণৰ মতে সুন্দৰ ব্যবহাৰ কৰিবলৈ । কিন্তু সকলোবোৰ কথাৰ মাজত এটা কথা সদায় মনত ৰাখিবা, তোমাৰ প্ৰতিটো সুখ-দুখত মই আৰু তোমাৰ দেউতা সদায় কাষত আছো। আত্মীয় জনক সন্মান কৰাৰ লগতে  নিজৰ আত্মসন্মানবোধত কাকো আঘাত কৰিবলৈ সুবিধা নিদিবা। কোনোভাবেই নিজস্বতা নেহেৰুৱাবা।
 আমি তোমাক বিয়াহে  দিছো, গতিকে এইখন ঘৰ তোমাৰ আছিল আৰু সদায় তোমাৰ হৈ থাকিব। সুখে -দুখে তোমাৰ বাবে ঘৰৰ দুৱাৰ  খোলা থাকিব। নিজৰ সকলো শেষ কৰি সম্পর্ক ৰক্ষা কৰিবলৈ মই উপদেশ নিদিওঁ, জীৱনটো এবাৰ হে পায়, জীৱনটোতকৈ আৰু একো মূল্যবান সম্পদ নাই। গতিকে নিজৰ অধিকাৰ, আত্মসন্মান আৰু নিজস্বতাক ৰক্ষা কৰিহে সম্বন্ধ ৰক্ষা কৰিবা। সমাজত বদনাম হ'ব বুলি ভয়ত অন্যায় সহি নিজকে নিঃশেষ কৰা নাৰী দুৰ্বল মনৰ বুলি ভাৱো। তুমি শিক্ষিত আৰু আধুনিক যুগৰ নাৰী, পৰিয়ালৰ সকলোকে  মৰম, ভালপোৱা  দিয়া , জ্যেষ্ঠজনক সন্মান  কৰাৰ লগতে নিজৰ আত্মসন্মানো ৰক্ষা কৰি সংসাৰ চলাই যাবা।" 

           মাকৰ কথা শুনি চুমিয়ে এবাৰ মাকক ভালকৈ চালে আৰু এজনী সৰু ছোৱালীৰ দৰে কুচিমুচিকৈ মাকৰ কোলাত শুই পৰিল।



পৃষ্ঠা ১৬
পৰিচয় শিতানঃ
নাম : প্ৰাণ কৃষ্ণ গোস্বামী
জন্ম : ১৯৪৬ চন
জন্মস্থান : ঢাপকটা সত্ৰ, 
                 যোৰহাট, অসম।
 বাসিন্দা : কাহিলিপাৰা, গুৱাহাটী। (দীঘলীয়া সময় গুৰুগ্ৰাম, হাৰিয়ানাতো থকা হয়)।
ৰুচি : কিতাপ পঢ়া, ভ্ৰমণ আৰু মাজে সময়ে গল্প-কবিতা-ভ্ৰমণকাহিনী আদি লিখাৰ লগতে অনুবাদ কৰা।
পেচা : অৱসৰী জীৱন। (২০০৩ চনত ভাৰতীয় বায়ুসেনাৰ এয়াৰ'নটিকেল ইঞ্জিনীয়াৰিং শাখাৰ উইং কমাণ্ডাৰ হিচাপে অৱসৰ প্ৰাপ্ত)।
শিক্ষাগত অৰ্হতা : স্নাতক, (ইলেকট্ৰনিক্স এণ্ড টেলিকমিউনিকেচন ইঞ্জিনীয়াৰিং)।
জড়িত অনুস্থান : কাহিলিপাৰা শাখা সাহিত্য সভা (প্ৰাক্তন সম্পাদক, ২০১১-১২; আজীৱন সদস্য); কাহিলিপাৰা সাহিত্য সমাজ।
প্ৰকাশিত গ্ৰন্থ : অপৰাহ্নৰ মালিতা (গল্প সংকলন- ২০১৬), অৰণ্য, তুমি এতিয়া টোপনি যোৱা (কবিতা সংকলন -২০১৬)।

কবিৰ দুটি অনুবাদ কবিতাঃ

HYACINTH

(By Luise Gluck)

1
Is that an attitude for a flower, to stand
like a club at the walk; poor slain boy,
is that a way to show
gratitude to the gods? White
with colored hearts, the tall flowers
sway around you, all the other boys,
in the cold spring, as the violets open.

2
There were no flowers in antiquity
but boys’ bodies, pale, perfectly imagined.
So the gods sank to human shape with longing.
In the field, in the willow grove,
Apollo sent the courtiers away.
3
And from the blood of the wound
a flower sprang, lilylike, more brilliant
than the purples of Tyre.
Then the god wept: his vital grief
flooded the earth.
4
Beauty dies: that is the source
of creation. Outside the ring of trees
the courtiers could hear
the dove’s call transmit
its uniform, its inborn sorrow—
They stood listening, among the rustling willows.
Was this the god’s lament?
They listened carefully. And for a short time
all sound was sad.
5
There is no other immortality:
in the cold spring, the purple violets open.
And yet, the heart is black,
there is its violence frankly exposed.
Or is it not the heart at the center
but some other word?
And now someone is bending over them,
meaning to gather them—
6
They could not wait
in exile forever.
Through the glittering grove
the courtiers ran
calling the name
of their companion
over the birds’ noise,
over the willows’ aimless sadness.
Well into the night they wept,
their clear tears
altering no earthly color.
 
মেটেকাফুল

(অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী
মূল: Hyacinth by Luise Gluck)

সেইটোনো ফুলৰ ভংগী হ’ল নে, পথৰ কাষত 
লাখুটিৰ দৰে থিয় হৈ থকাটো; 
বেচেৰা মাৰি পেলোৱা ল’ৰাটো,
তেনেকৈ বাৰু ভগৱানক কৃতজ্ঞতা দেখুৱাই নে ?
ৰঙীন কলিজাৰে বগা, ওখ ফুলবোৰ 
তোমাৰ চৌপাশে হালে জালে, বাকী ল’ৰাবোৰৰো-
শীতল বসন্তত, বেঙুনীয়া পাহিবোৰ খোল খাওঁতে।

অতীতত তাত কোনো ফুল নাছিল 
ল’ৰাটোৰ শৰীৰৰ বাদে, নিস্তেজ, নিঁখুত কল্পনা।
সেয়ে আকৰ্ষিত হৈ মানৱ ৰূপেৰে নামি আহিল ভগৱান। 
পথাৰখনত, উইল’ গছৰ জোপোহা শাৰীৰ মাজত,
এপল’ ভগৱানে পঠিওৱা তেওঁৰ পাৰিষদবোৰ।

আৰু সেই আঘাতৰ পৰা নিৰ্গত ৰক্তেৰে জন্ম হ’ল
এপাহ ফুলৰ, ভেঁটফুলৰ দৰে, টায়ৰৰ(*) গাঢ় 
তেজৰঙী বেঙুনীয়াতকৈও অধিক উজ্বল।
তাৰ পিচতে ভগৱানে কান্দিলে: তেওঁৰ 
মৰ্মন্তুদ বেদনাই পৃথিৱী বুৰালে।

সৌন্দৰ্যৰ মৃত্যু হয়: সেয়ে হ’ল
সৃষ্টিৰ মূল। জোপোহা গছবোৰৰ বেষ্টনীৰ বাহিৰত
পাৰিষদ বৃন্দই শুনিলে কপৌজাকৰ মাতত
ওলোৱা সহজাত দুখৰ ঐক্যতান –
খচমচোৱা গছপাতৰ মাজতে, থিয় হৈ তেওঁলোকে শুনি থাকিল।
এয়া বাৰু ভগৱানৰ বিননি নে কি ?
তেওঁলোকে মনোযোগেৰে শুনিলে আৰু ক্ষন্তেকৰ বাবে
সকলো শব্দই দুখৰ হৈ পৰিল।

তাত আন একো অমৰত্ব নাই:
শীতল বসন্তত গাঢ় বেঙুনীয়াই পাহি মেলিলে।
আৰু, তথাপিও কলিজাটো ক’লা,
যি তাৰ প্ৰতি হোৱা অত্যাচাৰ খোলাখুলিকৈ উদঙালে।
কিম্বা, কেন্দ্ৰস্থলত এইটো কলিজা নহৈ,
আন কিবাহে হ’ব নে কি ?
আৰু এতিয়া কোনোবাই সেইবোৰৰ ওপৰত হাউলি চাইছে,
অৰ্থাৎ সেইবোৰ গোটোৱাৰ কথা ভাবিছে-

তেওঁলোক চিৰকাল 
নিৰ্বাসনতে থাকিব নোৱাৰে।
জকমকীয়া উইল’ গছৰ শাৰীৰ মাজেদি
পাৰিষদবোৰ দৌৰি থাকিল 
লগৰীয়াবোৰৰ নাম চিঞৰি চিঞৰি,
তল পেলাই চৰাইবোৰৰ কোলাহল,
তল পেলাই উইল’গছৰ দিশাহীন বেজাৰবোৰ।
দুপৰ ৰাতিলৈকে তেওঁলোকে কান্দিলে,
তেওঁলোকৰ নিৰ্মল চকুলোৱে
নোৱাৰিলে সলাব পৃথিৱীৰ মটিয়া বৰণ।

(*)Tyreৰ উচ্চাৰণ ‘টায়াৰ’ৰ পৰা পৃথক বুজাবলৈ অসমীয়াত ‘টায়ৰ’ বোলা হৈছে।
[২০২০ চনৰ নোবেল বিজেতা, আমেৰিকান কবি-সাহিত্যিক লুই গ্লুকৰ জন্ম ১৯৪৩ চনত।তেওঁৰ উপৰোক্ত কবিতাটোৰ পৃষ্ঠভূমি হৈছে এক প্ৰাচীন গ্ৰীক কাহিনী। গ্ৰীক আৰু ৰোমানসকলে এপ’ল’ক ধনুৰ্বিদ্যা, শৰীৰ চৰ্চা, সঙ্গীত, দুৰ্যোগ উপশম আৰু পোহৰৰ দেৱতা জ্ঞান কৰে। এবাৰ মৰ্ত্ত্যৰ ‘হায়াচিন্থ’ নামৰ এজন সুঠাম যুবকৰ প্ৰতি মৰম লাগি, এপ’ল’ই তেওঁক নানা ধৰণৰ খেলৰ প্ৰশিক্ষণ দিছিল। এদিন দুয়ো ‘ডিছকাছ’ দলিওৱাৰ প্ৰতিযোগিতাত নামিল।এপ’ল’ই ইমান জোৰেৰে ‘ডিছকাছ’ দলিয়ালে যে ই ডাৱৰ ভেদ কৰি ঘুৰি আহি পৃথিৱীৰ পৰা উফৰি গৈ হায়াচিন্থৰ মুৰত আঘাত কৰাত, তেওঁৰ মৃত্যু হয়।হায়াচিন্থক পুনৰ্জীৱিত কৰিব নোৱাৰি এপ'ল’ই তেওঁৰ পাৰিষদ সকলৰ হতুৱাই ‘হায়াচিন্থক’ মৰ্ত্ত্যত সমাধিস্থ কৰাই, এজুপি সুন্দৰ ফুললৈ ৰূপান্তৰিত কৰে বুলি কাহিনীটো প্ৰচলিত হৈ আহিছে।]
Purple of Tyreৰ বিষয়ে:-  প্ৰাচীন কালত লেবাননৰ দক্ষিণভাগত, ভূমধ্যসাগৰৰ তীৰত টায়ৰ’(Tyre) নামৰ এটা সৰু দ্বীপত এখন, সমৃদ্ধিশালী চহৰ আছিল।খ্ৰী:পূ: ২০০০ মানৰ পৰাই ই এক বিখ্যাত বাণিজ্যিক বন্দৰ হৈ পৰিছিল। খ্ৰী: পূ: ৩২২ত বীৰ আলেকজেণ্ডাৰে এই ক্ষুদ্ৰ চহৰখন জয় কৰিবলৈ অসমৰ্থ হৈছিল, কাৰণ দ্বীপটোৰ পূৱদিশৰ সমুদ্ৰ তটৰ ফালটো প্ৰায় ১৫০ ফুট ওখ দেৱালেৰে ঘেৰি ৰাখিছিল। তেওঁৰ বিশাল সেনানীয়ে প্ৰায় সাতমাহ কাল দ্বীপটো ঘেৰাও কৰি থাকি, সমুদ্ৰ তীৰৰ পৰা দ্বীপটোলৈ এক কিল’মিটাৰ দীঘল আৰু ৫০ মিটাৰ বহল শিলৰ পথ নিৰ্মান কৰি, সেই দ্বীপটো দখল কৰিছিল। যুদ্ধ জয়ৰ পিচত খঙতে আলেকজেণ্ডাৰে প্ৰায় ৮০০০ সাধাৰণ লোকক হত্যা আৰু ৩০০০০ পুৰুষ-তিৰুতা-কিশোৰক দাস বনাইছিল। বৰ্তমানৰ একেই নামৰ নতুন চহৰখনৰ ওচৰতে সমুদ্ৰীজলত ডুবি থকা ভগ্নাংশসমূহৰ অঞ্চলটোক ইউনেস্ক’ই ১৯৮৪ চনত বিশ্ব ঐতিয্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়ে। প্ৰাচীন কালত, এই অঞ্চলত বসবাস কৰা লোকসকলে ‘মুৰেক্স’(Murex)নামৰ এবিধ সাগৰীয় শামুকৰ লেলাৱতী(Secration)ৰ পৰা এবিধ গাঢ় ৰঙা বা বেঙুনীযা ৰং(Dye) তৈয়াৰ কৰিছিল, যাক ‘টাইৰিয়ান পাৰ্পল্ (Tyrian Purple)বোলাৰ উপৰিও, অতীজত ফিনিচিয়ান সকলে ইয়াক প্ৰস্তুত কৰা বাবে এই ৰঙক ফিনিচীয়ান ৰঙা বা পাৰ্পল্(Phoenician red বা Phoenician purple) বুলিও কোৱা হয়। ইয়াক বনাওতে হাজাৰ-বিজাৰ শামুক মাৰিব লগা হোৱাৰ উপৰিও অসংখ্য শ্ৰমিকৰ প্ৰয়োজন হৈছিল। সেয়ে, ইয়াৰ উৎপাদন নিচেই কম আৰু দাম বহু বেছি হোৱাত ৰাজপৰিয়াল আৰু মন্ত্ৰী-পাৰিষদসকলেহে এই ৰঙৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰিছিল। চাৰিশ খ্ৰীষ্টাব্দৰ আৰম্ভনিৰ পৰা মাত্ৰ ৰোমান সম্ৰাটেহে এই ৰং তেওঁৰ পোছাক আৰু মুকুট আদিত ব্যৱহাৰ কৰিছিল। তেতিয়াৰ পৰা এই ৰং ‘ইম্পেৰিয়েল ডাই’ নামেও জনাজাত। [(বেঙুনীয়া হৈছে সূৰ্যৰ সাত ৰঙৰ এটা মূল ৰং, আনহাতে  পাৰ্পল্ (Purple) হৈছে ৰঙা, নীলা আৰু বেঙুনীয়া মিলাই বনোৱা ৰং। নিচেই কম অনুপাতৰ বেঙুনীয়াৰ লগত নীলা প্ৰায় নোহোৱাকৈয়ে, অধিক অনুপাতৰ ৰঙা মিলালে ডাঠ তেজৰঙী বেঙুনীয়া (Purple Violet) উৎপন্ন হয়। সেয়ে অনুবাদত ‘Purple of Tyre’ক ‘গাঢ় তেজৰঙী বেঙুনীয়া’ বোলা হৈছে।]

Song of a Citizen

CZESLAW MILOSZ

A stone from the bottom, who has seen the seas dry up
And a million white fish leaping in torture,
I – poor man, see swarms of white denuded people
Without freedom, I see the crab which feeds on their flesh.
I have seen the fall of states and the destruction of peoples,
The flight of kings and emperors, the power of tyrants,
I can say now, in this hour,
That I – am, although everything perishes,
That it is better to be a dead lion than a live dog  
As Scripture says.
I am a poor man, sitting on a cold chair, with eyelids pressed,
I sigh and think about the starry sky,
About non- euclidean space, the amoeba and its pseudopodia,
About the tall mounds of termites.
When I walk I am asleep, when I sleep I am awake,
I run, hunted and covered with sweat,
On city squares which the dawn paints garish colours,
Beneath the marble remnant of smashed gates,
I deal in vodka and gold.
And yet I was often so near,
I reached into the heart of metal, 
the soul of earth and fire, and of water,
And the unknown unveiled its face
As the quiet night reveals it self, mirrored in a stream
I was greeted by lustrous copper-leaved gardens.


এজন নাগৰিকৰ গান

(মূল: ‘Song Of a Citizen’ by Czeslaw Milosz
অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী)

তলিত পৰি থকা এটা শিল-
যিয়ে দেখিছিল সাগৰখন শুকাই যোৱা
আৰু যন্ত্ৰণাত জঁপিওৱা নিযুত বগা মাছ,
এক নিমাখিত নাগৰিক মই, দেখিছোঁ অলেখ 
স্বাধীনতাহীন, শেঁতা, নাঙঠ মানুহৰ জাক,
মই দেখিছোঁ, সিহঁতৰ মঙহেৰে পুষ্ট কেঁকোৰাৰ দল।

মই দেখিলোঁ বহু সাম্ৰাজ্যৰ পতন আৰু বিধ্বস্ত মানুহ,
ৰজা-মহাৰজাৰ পলায়ন, অত্যাচাৰী শাসকৰ ক্ষমতা,
এতিয়া- এই মুহুৰ্ততো মই কওঁ,
যদিওবা এই সংসাৰত সকলো অনিত্য-
ধৰ্মগ্ৰন্থত কোৱাৰ দৰে-
জীয়া কুকুৰতকৈ মৃত সিংহ হোৱা ভাল।

মই এক নিমাখিত নাগৰিক, চকু জপাই, 
হুমুনিয়াহ কাঢ়ি, এখন চেঁচা চকীত বহি 
মই ভাবোঁ তৰা ভৰা আকাশৰ কথা,
অ-জ্যামিতিক মহাশূন্যৰ কথা, 
ক্ষণে ৰং সলোৱা অণুকীট আৰু তাৰ
বাঢ়ি থকা শুংৰ কথা
আৰু, ওখ ওখ উঁই হাফলুৰ কথা।

খোজ কাঢ়োতে মই নিদ্ৰিত, নিদ্ৰাৱস্থাত মই জাগৃত,
খেদাত ঘৰ্মাক্ত হৈ দৌৰোঁ মই,
প্ৰভাতী কিৰণে সোণালী ৰহণ সনা 
চহৰৰ ভাঙি পেলোৱা মাৰ্বল-তোড়ণৰ তলত
সুৰা আৰু সোণৰ বেহা পাতোঁ মই।

আৰু, তথাপি মই ইমান কাষ চাপিছিলোঁ,
মই লোহাৰ অন্তৰ স্পৰ্শ কৰিছিলোঁ,
পৃথিৱী আৰু জুইৰ আত্মা, আৰু পানীৰো,
আৰু অজানাইও খুলিলে মুখৰ আৱৰণ
নিজম নিশাই নিজকে প্ৰকাশ কৰোঁতে, 
ঝৰণাত প্ৰতিফলিত তামবৰণীয়া পাতৰ 
জকমকীয়া উদ্যানখনে মোক সম্ভাষণ জনালে।
 
(পোলেণ্ডীয় কবি চেছল’ মিল’জৰ জন্ম ১৯১১ চনৰ ৩০ জুন  আৰু তেওঁৰ মৃত্যু হয় ২০০৪ চনৰ ১৪ আগষ্টত। তেওঁ একেৰাহে কবি, প্ৰৱন্ধকাৰ অনুবাদক আৰু এজন ডিপ্ল’মেট আছিল।দ্বিতীয় মহাযুদ্ধৰ ওপৰত লিখা ‘The World’ তেওঁৰ একুৰি কবিতাৰ এখন বিখ্যাত সংকলন। মহাযুদ্ধৰ পিচত তেওঁ পেৰিচ আৰু আমেৰিকাত পোলেণ্ডৰ সাংস্কৃতিক প্ৰতিনিধি আছিল আৰু ১৯৫১ত তেওঁ পোলেণ্ড ত্যাগ কৰি আমেৰিকাৰ শৰণাপন্ন হয়। ১৯৫৩ চনত প্ৰকাশিত তেওঁৰ প্ৰৱন্ধ সংকলন ‘The Captive Mind’ ষ্টেলিনবাদৰ বিৰুদ্ধে এক মহৎ গ্ৰন্থ ৰূপে পৰিগণিত হয়। পশ্চিমীয়া দেশত সাহিত্যৰ অনেক সন্মান লাভ কৰাৰ উপৰিও ১৯৮০ চনত তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰে।)

        শ্ৰদ্ধা গোস্বামী দেৱে অঙ্গনৰ জন্মলগ্নৰ পৰাই অনুবাদ কবিতাৰে অঙ্গনৰ শোভা বৃদ্ধি কৰি আহিছে। যাৰ বাবে আমি অঙ্গনৰ পৰিয়ালটি তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ'ম। অঙ্গনৰ এই নৱতম শিতানৰ জৰিয়তে আমি অঙ্গনৰ পৰিয়ালটিয়ে তেখেতলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁৰ সৃষ্টিয়ে অসমীয়া অনুবাদ সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰক। তেওঁৰ কষ্টৰ সাৰ্থক সমাপনে আমাক সৰগীয় সুখ প্ৰদান কৰিব।  আজি এই মজিয়াৰ পৰাই কবি, গল্পকাৰ গোস্বামী দেৱৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেখেতৰ সাহিত্যৰাজিৰ বিশেষ পৰিচয়ৰ কামনাৰে আমি যাচিলোঁ শত সহস্ৰ শুভকামনা।



পৃষ্ঠা ১৭
অনুবাদ কবিতাঃ

PARENT’S HOUSE

 By Khalil  Gibran

It's the only house where you can go to dozens of times without an invitation. 

The only house where you can put the key in the door and enter directly. 

The house that has loving eyes that stare at the Door  until they see you.

The house which reminds you of your care free days, stability and your happiness during your Childhood .

The house in which your presence and look at your mother’s and father’s faces is for you a bliss and your conversation with them is a reward.

The house that if you do not go, the hearts of its owners will shrink.

The house in which two candles were burnt to light up the world and fill your life with happiness and joy.

The house where the dining table is pure for you and has no hypocrisy. 

The house that if the food time arrives and you don't eat, the hearts of its owners will be broken and annoyed.

The house that offers you all the laughs & Happiness.

Oh Children, find out the value of these houses before it's too late. 

Lucky are those who have their parents house to go to.

পিতা-মাতাৰ ঘৰ

 (মূল: "Parents" House 
লেবাননৰ কবি খলিল গিব্ৰান
অনুবাদ: প্ৰণৱ ফুকন)


আছে এখনেই ঘৰ বহুবাৰ যাবলৈও নালাগে কোনো আমন্ত্ৰণ,

দুৱাৰৰ চাবি-কাঠি ঘূৰাই যাবলৈ সোমাই নালাগে কোনো নিমন্ত্ৰণ ৷


যি ঘৰত আছে মৰমী চকু তোমাৰেই অপেক্ষাত দুৱাৰমুখলৈ চাই,

ল’ৰালিৰ আপোনপাহৰা আনন্দৰ দিনবোৰ যিখন ঘৰে দিয়ে সোঁৱৰাই ৷


কঢ়িয়াই অনাবিল আনন্দ সেই ঘৰলৈ তোমাৰ আগমনে,

উপহাৰ য’ত প্ৰতিটো কথা, আশীৰ্বাদ পিতা-মাতাৰ  মুখ দৰ্শনে ৷


যি গৃহবাসীৰ হৃদয়ে খায় মোচৰ তোমাৰ অবিহনে,

যিখন ঘৰ সদা পোহৰাই তোলে দুগছি বন্তিয়ে,

উজলি উঠিবলৈ তোমাৰ জীৱন,

উপচাই আনন্দেৰে হৃদয়-মন ৷


খোৱামেজ য’ত বিশুদ্ধ, নাই কোনো কপট,

জগাই তোলে মাথোঁ পৱিত্ৰতা তোমাৰ মনত ৷


তুমি বিনে পিতা-মাতাৰ পেটলৈ নাযায় ভাত, অন্তৰ যায় ভাগি,

যিখন ঘৰে তোমাৰ জীৱনত দিয়ে মাথোঁ আনন্দ আৰু হাঁহি ৷


হে সন্তান, বুজি লোৱা মূল্য থাকোঁতেই সময় সেইখন ঘৰৰ,

ভাগ্যবান তেওঁ যাবলৈ যিজনৰ আছে পিতা- মাতাৰ ঘৰ।


পৃষ্ঠা ১৮

সাৱধান

মূল বাংলাঃ  সুনীল গঙ্গোপাধ্যায় 
অনুবাদঃ বাসুদেব দাস 

মই সেইজন মানুহ, মোক চাই লোৱা
মই উভতি আহিছোঁ
মোৰ কপালত তেজ;
বাষ্প-জমা হৈ থকা ডিঙিত বাছ-লুটি খাই যোৱা ভঙা পথেৰে
উভতি আহিলোঁ -
মই মাছ বিহীন ভাতৰ কাঁহীৰ ওচৰত বহিছোঁ
মই থিয় হৈছোঁ চাউলৰ দোকানৰ লাইনত 
মোৰ চুলিত ভেজাল তেলৰ গোন্ধ
মোৰ নিশ্বাস -।
বাটত সৰু ল’ৰা এটাই বমি কৰিলে 
মই তেওঁৰ মৃত্যুৰ বাবে দায়ী -
পাছৰ দুৱাৰত বস্তাভর্তি টকা ঘোচ লৈছিল যি মানুহটোয়ে
মই তেওঁৰ হত্যাৰ বাবে দায়ী 
মই পুলিচৰ নিৰ্বুদ্ধিতা চাই প্রকাশ্যে হাঁহি ধেমালি কৰিম
মই নেহৰুৰ উইল সম্পর্কে শুনিম ৷ ট্রামৰ মানুহবোৰৰ চুপতি 
কমিউনিস্ট সকলৰ শ্লোগানৰ শৱযাত্রা চাই মোৰ দয়াও নোপজিব;
মই ভয়ৰ মাজত টোপনি গৈ সাৰ পাই উঠিম মৰমত 
মই ছোৱালীজনীৰ কাষলৈ গৈ নিঃশব্দে মুখত চুমা খাম 
সোশৰীৰে বিছনাত শুই দুয়ো কান্দিম বিভিন্ন ধৰণে
পাছৰদিনা ঠিকে-ঠাকে বাচি উঠিব লাগিব, তাকে ভাবি।

মোৰ ডিঙিটো পৰিষ্কাৰ, মই স্পষ্ট কৈ কথা পাতিম
গোটেই পৃথিৱীৰ মেঘালী আকাশৰ তলত থিয় হৈ 
এজন মানুহ
খং আৰু কন্দাৰ পাছত গা ধুই শুদ্ধ ভাৱে
মই আজি উচ্চাৰণ কৰিম সেই পৰম মন্ত্র
মোক জীয়াই থাকিব নিদিলে এই পৃথিৱীও আৰু জীয়াই নাথাকে।


পৃষ্ঠাঃ ১৯
কবিতাঃ

কবিতা

জিতেন নৰহ

(১)

তেওঁৰ ঠিকনা
ব্ৰহ্ম শব্দ‌ই ঢৌছিৰা আকাশ।
কৃষ্ণ গহ্বৰৰ অতল তলিত 
মোৰ নিবাস।

(২)

তেওঁৰ অন্তিম ইচ্ছা শুনিলোঁ,
আৰু ফাঁচি দিলোঁ। 
তেওঁ কিন্তু জীয়াই আছে
মোতকৈয়ো মহা সুখত !!

(৩)

তেওঁ লালুকীৰ পৰা ভেকুলী হ'ল
নে পলুৰ পৰা লেটা ?
ৰূপান্তৰ‌ৰ কোনো সূত্ৰ মই নাজানো।
মোৰ হৃদয় হৰিৎ প্রান্তৰৰ 
তেওঁ চিৰযৌৱনা পূৰ্ণাংগ প্ৰজাপতি।

(৪)

তেওঁ স্বপ্নচাৰিণী ।
বিনিময় বিহীন স্বপ্নাৱেশ।
মই স্বপ্নাতুৰ 
প্ৰেমিক পৰিব্ৰাজক।


পৃষ্ঠা ২০

জীৱন বিষয়ক

ড০ দীপমণি দাস

মই যদি অপৰাজিত
তুমি অপৰাজিতা!
মই যদি অপৰাজিতা
তুমি হৈ ৰোৱা অপৰাজিত!

জীৱন যুদ্ধত!

লক্ষ্য একেটাই!
যুদ্ধও একেখনেই যেতিয়া বিনিময় কৰোঁ আহাঁ
নিজৰ বৰণ
প্ৰয়োজনত
ঠিক পানীৰ দৰেই !


পৃষ্ঠা ২১

বৃদ্ধত্ব

ৰাজেন অসমীয়া

মৌপিয়া দুচকুত এতিয়া মায়’পিয়াৰ বাহ
দেহদেউল বগাই খহে মায়’দিয়া
জোনাকী মেলালৈ কেনেকৈনো যাওঁ
অত্যোজ্জ্বলতাত চাৎমাৰি ধৰে চকু
ধমহাই উঠে বুকু
থাকি থাকি এন্ধাৰত 
এন্ধাৰকে ভাল পাওঁ
এন্ধাৰতে খেপিয়াওঁ
চিমায়ংদং...



পৃষ্ঠা ২২

সময়

ঝৰ্নালী শৰ্মা বৰকটকী

উত্তৰ বিহীন আৰু এটি প্ৰশ্ন
কালৰ বুকুত জাহ যায়
অজানিতে প্ৰকট হয় 
কপালত দুডাল বলিৰেখা
বুৰঞ্জীৰ পাতত খোদিত হয়
আহত বিহঙ্গৰ আধালেখা দস্তাবেজ। 
জীৱনৰ  গ্ৰাফত জিলিকি উঠে
প্ৰাপ্তি-অপ্ৰাপ্তি, সুখ-দুখৰ জটিল পৰিসংখ্যা।
তথাপি ক্ষণিক সুখৰ সন্ধিক্ষণত
নাচিছো গাইছো পাতিছো ৰঙৰমেলা
এনেকৈয়ে দিন যায় বছৰ বাগৰে।
ঘূৰ্ণায়মান  সময়ৰ গতিত ঘূৰি থাকে
আশাৰে উজ্জীৱিত জীৱন
যুগে যুগে স্বপ্নদ্ৰষ্টাৰ গৰ্ভত 
জনম লয় এটি নতুন দিগন্তৰ।


তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং ৯১০১৮৬০৩৫৯


পৃষ্ঠা ২৩

ঘূণে ধৰা আত্মা

মালবিকা শৰ্মা,
ভুবনেশ্বৰ

জানা, বহুদিন হ’ল প্ৰাণ খুলি হঁহা নাই
হঁহা নাই মানে সঁচাকৈ হাঁহিবই পৰা নাই,
মুকলিকৈ হাঁহিব খুজিলেই দেখোন 
ডিঙিটো কিহবাই সোপা মাৰি ধৰে,
বুকুখনো কিহে জানো হেচা মাৰি ধৰি থাকে,
কিবা এটা অস্বস্তিয়ে ঘেৰি ধৰা যেন লাগে।

অব্যৱহৃত হৃদয়খন আৱৰি থৈছে 
অমাৱস্যাৰ অন্ধকাৰৰ অদৃশ্য জালে,
হৃদয় উজাৰি ভাল পাব বিচাৰিলেও দেখোন
হৃদয়খন খুলিব নোৱাৰা হৈ আহে,
জোৰে টানি খুলিব খুজিলেও হৃদয়ৰ
মামৰে ধৰা দেৱাল ভাঙি পৰিব খোজে।

ঘূণে ধৰা আত্মাটো মেৰামতি কৰো কেনেকৈ
সত্য আৰু সুন্দৰেৰে সজাই তোলো কেনেকৈ
অন্ধকাৰৰ ৰাজত্বক পোহৰাই দিবানে ভগৱান,
নহ’লে অকলে অকলে ইমান যন্ত্ৰণা সহি যাওঁ কেনেকৈ ?


পৃষ্ঠা ২৪

দিশহাৰা সময়

নিহাল গগৈ
শিৱসাগৰ

জীৱন মদিৰাত
এটুকুৰা এটুকুৰা কৈ
বৰফবোৰ ঢালি দিয়া তুমি
এঘোট এঘোটকৈ গিলি থাকো মই

নিচা লাগি 
ঢলং-পলং খোজ 
পথভ্ৰষ্ট চিন্তা, অৱচেতন মন
নাজানা তুমি, নাজানো মই
আমি আজি ক'ত ?


পৃষ্ঠা ২৫

ফেহুজালি

পৰিস্মিতা পৰাশৰ

সমস্যাৰ সমাধান ক'ত ?
ফেহুজালি মৰা সপোনবোৰত সমস্যাৰ বৰভোজ...!

বাস্তৱৰ গাড়ীখনত
আশাবোৰ এক অচিনাকী পেচেঞ্জাৰ
চিনাকীবোৰ হ'ল নিৰবতা, হতাশ, আৰু বিষাদ...!

সমাধান বিচাৰিম
বুকু উদং কৰি
ববচা বনত বহিম
বতাহ বলিব
এপাহ দুপাহ  শ্মশানৰ মৃত পাপৰি বুতলিম...

কোনে হিচাব লয় ?
বেদনাবোৰে কোঙা কৰা মোৰ দিনবোৰৰ।

কোনে হিচাব লয় ?
অপৈনত গছৰ পৰা সৰা ফুল পাহৰ।


পৃষ্ঠা ২৬

চাইকেল আৰোহী কেইগৰাকীমানৰ কথা

ৰমেশ চন্দ্ৰ ৰায়, 
বঙাইগাঁও 

চাইকেল আৰোহী কেইগৰাকীমানৰ  কথা
বৰকৈ মনত পৰিছে আজি
চাইকেল আৰোহী কিয়
খোজ-কাঢ়ি যোৱা সকলৰ কথা যে নপৰিল মনত
বাছেৰে অথবা কাৰেৰে যোৱা সকলৰ কথা
আকাশীযান অথবা ৰে'ল-যাত্ৰীসকল কথা
কিয় নাহিল মনত
নাজানোঁ মই নাজানোঁ 
মই ইয়াকো নাজানোঁ কিয় আজি মোৰ কবিতাত
আহিল চাইকেল
শিল দিয়া গড়কাপ্তানী পথৰ শাৰী শাৰী  চাইকেলবোৰত  উঠি
কোন কোন গৈছিল 
প্ৰথমে দেউতাকেই দেখোন পাওঁ লগ
ধুতি অথবা ঘৰতে বৈ উলিওৱা দহ-হতীয়া চুৰিয়া আৰু পাঞ্জাবীখন পিন্ধি 
সৌৱা দেউতা আহিল দেওবৰীয়া বজাৰৰ পৰা 
কি কি আনিছে ক'তনো থাকে মনত
কেৱল মনত আছে দেউতাই আনিছে এটোপোলা লিলি বিস্কুট অথবা মুৰিৰ লাৰু
(শব্দটো বেয়াকৈ মনত থাকি গ'ল লাডুৰা-মুৰি) 
দেউতাৰ পিছে পিছে 
কাকনো নাপাওঁ লগ 
জেঠা, খুৰা, মোমাইদেউ, গাঁৱৰ চিনাকী মানুহবোৰ 
কাকনো নাপাওঁ লগ
চাইকেলখনৰ সৈতে
হেন্দেলত আঁৰি লোৱা 
কাঁচৰ বটলে বটলে টিং টিংকৈ ঠেকা খোৱাৰ শব্দ
যাওঁতে খালি বটল আৰু উভতি আহোঁতে 
মিঠাতেল নাৰিকল তেল কেৰাচিন তেল ভৰা বটলৰ শব্দবোৰ 
একেবাৰে মন গলেই শুনিব পৰাকৈ থৈ দিয়া আছে হিয়াৰ মাজত
এখন চাইকেল আছিল আমাৰ ছাৰৰ 
চাইকেলখনত এবাৰ উঠিবলৈ বৰ মন
কেতিয়াও চাবি নিদিয়াকৈ ৰখা চাইকেলখনত
সঁচাকৈয়ে উঠিলো এদিন
হেলনীয়া ৰাস্তাটোত চাইকেলখন হুৰহুৰাই নামি গ'ল
আৰু কাষৰ বাঁহনিত গৈ খালো খুন্দা 
কপালত তাৰে চিন এটা থাকি গ'ল
পৰিচয়ৰ চিন
এজন আছিল চাইকেল আৰোহী
প্ৰায়ে দেখা যায় স্কুলৰ কাষেৰে অহা যোৱা কৰা 
কেৰীয়াৰ আৰু হেন্দেলত ডাঙৰ ডাঙৰ
খাকী ৰঙী বোজা
ডাকোৱাল তেওঁ 
নীলা খামৰ চিঠি আৰু হালধীয়া পোষ্টকাৰ্ডবোৰ লৈ 
এতিয়াও কেতিয়াবা মনৰ আছুতীয়া পথেৰে
চাইকেলখন লৈ অহা যোৱা কৰে
গাঁৱৰ স্কুলখন পাৰ হৈ চহৰৰ স্কুলখন 
যেতিয়া পাওঁ তেতিয়া আমাৰ লগৰ কাৰোৰে নাছিল চাইকেল 
মাথোন আমাতকৈ ডাঙৰ এজন ছাত্ৰৰ আছিল 
এখন হাৰকিউলিছ চাইকেল 
সেইখনলৈ আমাৰ কিন্তু অলপো নাছিল আগ্ৰহ 
ইমান লাহে লাহে চলাইছিল তেওঁ চাইকেল 
কেতিয়াবা দৌৰি সিখনক পাৰ হৈ গৈছিলোঁ আমি
চাইকেলখনক আমি মনে মনে জোকাইছিলোঁ 
গান্ধীজীয়ে সদায় পাৰ হ'লহেতেন এই চাইকেল
বিহুৰ দিনবোৰ আহিলেহে 
চাইকেলবোৰৰ ৰং চ'ৰে
বিহুৱা ডেকাহঁতে  কান্ধত ঢোলটো অথবা পেঁপাৰ ৰঙা মোনাখন লৈ
বিহুৱতী একোজনী উঠাই
শাৰী শাৰীকৈ চাইকেলৰ টিলিঙা বজাই
ক'লৈনো যায়
চাই চাই ভাবোঁ ক'তনো আছে আজি বিহু
গড়কাপ্তানী পথটোৰ কাষৰ খেলপথাৰখনত বহি আচলতে আমি চাইকেল লৈ ওলাই অহা মানুহবোৰকেই চাই থাকিছিলোঁ নেকি 
নহ'লেনো ইমানবোৰ লোকৰ কথা থাকেনে মনত 
এগৰাকী ভদ্ৰলোক আছিল 
নাজানোঁ তেওঁৰ চাইকেলখনৰ বিজুতি আছিল নে বিশেষত্ব
তেওঁক এনে লাগিছিল যেন আৰামী চকী এখনত বহিহে তেওঁ চাইকেলখন চলাই আহিছে 
বৰ আনন্দ পাইছিলো আমি তেওঁক দেখিলে 
তেওঁৰ চাইকেলৰ কেৰীয়াৰত থাকিছিল কাঠৰ এটি সৰু বাকচ
তেওঁক দেখিলে আনন্দতে আমি চিঞৰিছিলোঁ
আৰাম আৰাম 
মানুহজনে সাধাৰণতে আমাৰ ফালে ঘূৰিকে  নাচাইছিল 
পিছে এদিনাখন দেখোন মানুহজনে কৈ কৈ গ'ল
আৰাম নে কি মইহে বুজিছোঁ বাছাহঁত 
সিদিনাৰ পাছত মই কেতিয়াও তেওঁক দেখি 
চিঞৰা নাই
পাছত গ'ম পাইছিলোঁ মানুহজনৰ কাঠৰ বাকচটোত থাকিছিল কিছু দৰবপাতি
বজাৰৰ কাষত বহি বেচিছিল সেইবোৰ 
আৰু উলিয়াইছিল জীৱিকা

চাইকেলৰ মানুহবোৰ শাৰী পাতি মোৰ কবিতাত সোমাবলৈ ৰৈ থাকিল 
কবিতাটো দীঘল হোৱাৰ বাবে  
বাছনিৰ জপনা এখন ময়ো খুলিলোঁ 
কেৱল চাইকেল চলালেই তাত সোমাব নোৱাৰি।


পৃষ্ঠা ২৭

শীতৰ বতৰ

পাৰ্থ প্ৰতিম শইকীয়া

এয়া শীতৰ বতৰ 
কুঁৱলীৰ আৱৰণেৰে চৌপাশ ঢাকি ৰখাৰ বতৰ । 
হিমচেঁচা বতাহজাকৰ পৰা পৰিত্রাণ পাবলৈ 
এৰীয়া কাপোৰখন গাত আঁৰি লোৱাৰ বতৰ । 
চৌদিশে চোন শুষ্কতাৰ লয়লাস 
ধূলিয়ৰি পথত দিকভ্ৰান্ত পথিকৰ হুমুনিয়াহ । 

পৰিভ্ৰমী মুক্ত বিহংগমৰ কলকলনিবোৰে
হেঁপাহ ৰছিচে , জীৱনৰ নতুন ক্ষণত । 
উচ্চতাৰ পৰিধি বিচাৰি জিলিকি উঠিছে
তুষাৰে আৱৰা পৰ্বতবোৰ , 
সৌন্দৰ্য্যতাৰ ৰহণ সানি প্ৰকৃতিৰ বুকুত 
ফুলি উঠিছে সুগন্ধি কুসুম । 
কুলু - কুলুকৈ নিজৰাবোৰো 
আপোন সুৰত বৈ আহিছে হৈ এটি স্বৰগম । 

জুহালৰ পকা আঙঠাৰ সেক লোৱাৰ বতৰ এইয়া 
ফিকা চাহ এবাটি খাই ভাগৰ মৰাৰ দিন এইয়া , 
সোণগুটি লখিমীবোৰ চপাই আনি ভঁৰাল উপচাই তোলা সুদিন এইয়া । 
বিবাহৰ উপযুক্ত সেউতী - মালতীহঁতৰ 
যুগ্ম জীৱন আৰম্ভ কৰাৰো বতৰ এইয়া । 


ঠেঁটুৱৈ লগা জাৰত আশাবোৰ বুকুত সামৰি 
মথাউৰিবােৰ নতুনকৈ সজাৰো বতৰ এইয়া , 
বানে গৰকা সপোনবোৰ বাস্তৱ কৰাৰ সময় এইয়া 
শীতে যেন কঢ়িয়াই আনে এমুঠি সম্ভাৱনা 
সফলতা আৰু আনন্দৰ । 

বাটৰুৱাই খৰ খোজ দিছে 
ঘৰলৈ বুলি , 
শীতকালি 
দিনবোৰো যে চুটি চুটি...

ঠিকনাঃ
তিতাবৰ 
মোৱাইল নং - 7099523029

পৃষ্ঠা ২৮

মহাকাল

অংকুৰিতা ফুকন

নিৰ্জীৱ মুখবোৰত বিলাপ 
জন্ম ইমান নিষ্ঠুৰ কিয় ?

একলা দুকলাকৈ বাঢ়ে মৃত্যু
 সহোদৰৰ...

হত্যা !
চৰম শাস্তি
শাস্তি জন্মৰ অপৰাধত

জন্মৰ আগতেই মৃত্যু পিতৃ আত্মাৰ
স্পৰ্শত জননীও নিৰ্বিকাৰ

প্ৰসৱ যাতনাত ৰ'দে পাহৰে
প্ৰাসাদৰ বাট

সহোদৰৰ মৃত শৰীৰত
ভুলবোৰ ফুল হৈ সৰে
মাটিত পোতা সময়ৰ তেজ
অশৰীৰীৰ মুখেৰে নিগৰি আহে

ৰূপকথা নহয় বাস্তৱ
 অন্ধকাৰ শোৱনি কোঠাত
বিদ্ৰোহ মাথোঁ ৰূপক… 

বিঃদ্ৰঃ-ফ্ৰানচিস্কো গ'য়াৰ চেটাৰ্ণ ডিভ'ৰিং হিজ চান ছবিৰ আধাৰত ৰচিত 


       ফোন নং-৮০১১৭৪৮১৪৩


পৃষ্ঠা ২৯

পৰিবৰ্তন

অনিতা মেধি মিশ্র
বঙাইগাঁও

ক'ৰ পৰা আৰম্ভ হ'ব নতুন সময়
সময়ৰ প্ৰতাৰণা সহিব নোৱাৰি
ভূমিপুত্রই বাচি লৈছে
আত্মহননৰ পথ। 

বিচাৰিলেই আঁকিব নোৱাৰি
ঘৃণাৰ সীমাহীন ছবি, 
নিবিচাৰিও প্ৰতিখিলা পাত
বিষাদত কাতৰে পৰি যায় সৰি । 

নভবাকৈয়ে ঘটি যায় ঘটনাবোৰ... 
ঘটনাই সাজে অধিকাৰৰ নতুন ইতিহাস
নজনাকৈ থাকি যায়
মগজুৰ এচকুত যুগৰ সাঁচ 

তুঁহৰ যাগটোৰ দৰেই উমি উমি জ্বলি থাকে
শকুনিক সময়ে শিকোৱা প্ৰতিশোধ। 

ঘটনাবোৰ এনেদৰেই ঘটিয়েই থাকে
প্ৰতিবাৰেই জোকাৰি এৰি থৈ যায়
মৌন নিৱেদন.. 

স্বাধীনতা বুলি ক'লেই
যিদৰে একাত্ম হৈ পৰোঁ, 
পৰিবৰ্তন শব্দটো শুনিলেই
স্বাধীনতাক হেৰাই যাব নিদিওঁ... 

সহি থাকিব পৰালৈকে জীৱন
সহিব নোৱাৰিলে বান্ধোন। 

নিজৰ ক্ষুদ্র অস্তিত্ব পৰিবৰ্তনৰ ধুমুহাত
হেৰুৱাই পেলোৱাতকৈ
নাদৰ ভেকুলী হৈ থকাই শ্ৰেয়  ! 



পৃষ্ঠা ৩০

আঘোণৰ কুঁৱলী

ৰাহুল জ্যোতি বৰা

আঘোণৰ কুঁৱলীয়ে মোৰ অকলশৰীয়া কোঠাটোৰ
ভগ্ন খিৰিকি ভেদি সোমাই অাহি
শুভ্ৰ কুণ্ডলী পকাই পকাই
স্তূপাকাৰলৈ ৰূপান্তৰিত কৰিছে ।।

কুঁৱলী নথকা হ'লে খিৰিকিয়েদি দেখিলো হেঁতেন
সোণবৰণীয়া ধানৰ আঁচল,
দেখিলো হেঁতেন লাৱনী হাতত নচা
শাণ দিয়া কাচিৰ চিক্‌মিকনি।

মোৰ দেহা স্পৰ্শী
ডাঠ কুঁৱলীবোৰে শৰীৰক শীতল কৰে,
কুঁৱলীৱে সকীয়াই থৈ যায় 
আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ ব্যস্ততাৰ কথা ।

কুঁৱলীৰ আৱৰণ ফালি দাৱনি জাকে
নতশিৰে পান কৰে সোণালী আঘোণৰ সুখ
মুকলি আকাশৰ তলত মুঠি মুঠি বান্ধি ধানৰ মুঠি
ঢাকি পেলাই সিহঁতৰ সৰু সৰু জীৱনৰ গুহা,  খোৰোঙ ।

হঠাৎ এজাক চৰাইৰ কোলাহল সোমাই আহিল মোৰ খিৰিকিয়েদি, 
চৰাইৰ কোলাহলত ক্ষুণ্ণ কুঁৱলীবোৰ
এটোপ এটোপকৈ সৰি পৰি
এজোপা বটবৃক্ষৰ পাতবোৰ সৰাই পেলালে ।

আঘোণৰ ৰ'দ এটাত হেৰাই যায়
কুঁৱলীৰে আৱৰা সুবিশাল বগা চাদৰখন
সূৰুযৰ সোণালী কিৰণৰ দৰে নিৰ্মল 
অথচ নিৰ্মল যদিও হেয় হয় প্ৰতি পল ।।


মঙ্গলদৈ, দৰং
ফোন:: ৯৯৫৪৯১১৫২৮


পৃষ্ঠা ৩১

আঁতৰি থকাৰ অভিনয়

অপূৰ্ব শৰ্মা 

তাক তাই ভালপায়
জোনাকৰ দৰে
নিজম-নিৰিবিলি কৈ
কিন্তু অভিনয় কৰে
এন্ধাৰৰ দৰে অভিমানী হৈ
তাই হৃদয়ত কঢ়িয়াই ফুৰে
তাৰ সৈতে কটোৱা 
নষ্টালজিক সময়ৰ ঠিকনাবোৰ
তথাপি কিন্তু তাই নিলিখে
ভালপোৱাৰ কোনো দষ্টাবেজ 
কিয়নো তাইৰ শব্দ‌বোৰ নিতাল
আবেগৰ ভঁৰালত
বিবেকৰ কাঠগড়াত।

তাই সমদলত ঘুৰি ফুৰে
পাগলীৰ দৰে
নিজকে অকলশৰীয়া কৰি
এতিয়া তাই অভ্যষ্ট
আঁতৰি থকাৰ অভিনয়ত।
সেয়ে শূন্যতাৰে আৱৰিছে তাই নিজকে নিজে
এই জনসমুদ্ৰৰ বিশালতাৰ মাজতো‌।

দৰং
ফ'ন - ৮৬৩৮২৭২৬১২


পৃষ্ঠা ৩২

নীলাখামৰ চিঠিঃ

মৰমৰ
        নীলাঞ্জনা

"শেষ বুলিলেই শেষ হৈ যায় নে এটি সম্বন্ধ
হিয়াৰ আমঠুত খোদিত অজন্তা-ইলোৰাৰ দৰে ভাস্কৰ্যৰ সৌন্দৰ্য

তুমি মোৰ নহ'লা তাত মোৰ কোনো আক্ষেপ নাই
মোৰ আক্ষেপ মই তোমাক পাহৰিব নোৱাৰাটোহে"

         কবি হোৱাৰ হাবিয়াস নাছিল । হীৰুদাই কোৱাৰ দৰে সত্যক সহজে ল'বলৈ শিকিহে কবি হ'লো। এন্ধাৰবোৰ কেতিয়াবা বৰ গভীৰ হয় জানা, ৰাতিবোৰো অস্ত নেযায়। নিশাচৰ প্ৰাণীৰ দৰে বিচৰণ কৰি ফুৰো স্মৃতিৰ সীমাহীন পৰিধি ভেদী। আজিকালি কবিতাজনীয়ে বৰ সহায় কৰে মোক। দুখবোৰ পি খাই, যন্ত্ৰণাবোৰ ধাৰণ কৰে নীলকণ্ঠৰ দৰে। মই মোৰ সৈতে কৰা তুমুল সংঘৰ্ষত কবিতা হয় মধ্যস্থতাকাৰী। শান্তিৰ দূত হৈ নিগৰাই যায় হিমপ্ৰৱাহ। তুমি দূৰণিৰ নিহাৰীকা হৈ দয়া কৰি যদি মোক মনত ৰাখিছা। মই তাতেই সুখৰ চাদৰ মেলি এঘুমতি মাৰিম। আমৃত্যু কঢ়িয়াই ফুৰিবলৈ সাজু হোৱা ৰোগীয়া প্ৰেমৰ পঙ্গু দেহাটি পেলাই।

        কেনে আছা নীলাঞ্জনা ? ভালে আছা নিশ্চয় ? ধেৎ ময়ো যে আৰু প্ৰশ্ন সোধো ! ভালে নাথাকিবা কিয় বাৰু ? তুমি যে তোমাৰ প্ৰেমাস্পদৰ তেনেই কাষত এতিয়া। জানা, "জাকপাতি শৰালি বিলতে পৰে
এই মাতাল প্ৰেমিকৰ ওঁঠত
কেৱল তোমাৰ নাম হে ফুটে"
 এইদৰে ক'বলৈ সাহ নোহোৱা হৈছে আজি কালি । কাৰণ তুমি যদি বেয়া পোৱা ! এই যে বেয়া পোৱা, আঁতৰি যোৱা, এই শব্দবোৰ। এই শব্দবোৰেই মোক মৌন কৰি ৰাখিলে সুদীৰ্ঘ কাল। এতিয়া তোমাক হেৰুৱাই মই মত্ত মাতাল। বলিয়া বুলি নক'বা ঠিক বলিয়া নহয় কিন্তু একেবাৰে সুস্থও নহয়। অৰ্ধচেতন এটি সত্তাৰে জীয়াই আছো নিয়তিৰ নিয়ম মানি ।

           ধেৎ কি যে লিখিছোঁ। বেয়া নেপাবা দেই। আচলতে কিছুমান কথা ক'লে কৈ শেষেই নহয়। বোৱতী নদীৰ দৰে বৈয়ে থাকে অনুভৱৰ বিষাদিত নীল নদী। বাৰু বাদ সেইবোৰ। নতুন সংসাৰৰ নতুন নীতি-নিয়মৰ মাজত খাপ খাব পাৰিছানে ? পাৰিছানে উজাৰি দিব মন প্ৰাণ মুক্ত মনে ? পাৰিছানে সহবাস কৰিব সোণৰ পালেঙত নৱতম স্বপ্নৰ সৈতে ? এটি চিদ্ৰহীন মনে আঁকিব পাৰিছানে কপালত সূৰ্য ? প্ৰশ্নবোৰ তোমাক ব্যতিবস্ত কৰিবলৈ সোধা নাই। সুধিছোঁ যদি কৰবাত কেনেবাকৈ বিন্দু মাত্ৰও অতীতে তোমাক আমনি কৰে এটি দুস্বপ্নৰ দৰেই পাহৰি যাবা। অতীতক তোমাৰ নৱতম জীৱনত কাহানিও স্থান নিদিবা। সদায় সুখত থাকা।সমস্যাৰ সৈতে পৰাক্ৰমেৰে যুঁজিবলৈ ভগৱানে তোমাক শক্তি দিয়ক।
           বাৰু বিশেষ নিলিখোঁ। এখনি নিৰ্মল হৃদয়ে স্বাৰ্থহীন প্ৰেমক আগকৰি ভগৱানৰ ওচৰত তোমাৰ সুখৰ বাবে কাতৰ প্ৰাৰ্থনা জনাই শব্দৰ সূতিক আজিলৈ ভেটাদি ৰাখিলো অনাগত দিনৰ বাবে। 
        চিঠিৰ উত্তৰ নিবিচাৰো। কাৰণ তুমি জানা। 

                                  ইতি
                            তোমাৰ  প্ৰেমিক কবি


বিষাদ ৰঞ্জন বৰবৰা
যোৰহাট


পৃষ্ঠা ৩৩

নীলাখামৰ চিঠিঃ
                                            
    মোৰ           
            মৰমৰ ,   
  
                           
           প্ৰথমেই তোমালৈ যাচিছোঁ মোৰ হিয়াৰ অজস্ৰ মৰম ৷ হয়তো তুমি কুশলেই আছা ৷ মোক নুসুধিবা তুমি  কেনে আছো বুলি ৷ তুমি যোৱা বহুদিন হ’ল ৷ আহিবা আহিবা বুলি সদায়েই বাটলৈ চাই থাকোঁ  ৷ তুমি জানা ? তোমাৰ -মোৰ ভালপোৱাৰ সাক্ষী আমাৰ মৰমৰ মাইনাজনী এতিয়া বহুত ডাঙৰ হ’ল৷ আজিকালি তাই মোক
তোমাৰ বিষয়ে বিভিন্ন প্ৰশ্নবোৰ কৰি মোক ব্যতিবস্ত কৰি তোলে ৷ আকৌ শুনা চোন ,তুমি যে কিনিছিলা সেই কজলা গাইজনী ,দুটা পোৱালী হোৱাৰ পাছতে তাই দামুৰি দুটাক এৰি গুচি গ’ল সংসাৰৰ পৰা ৷ দামুৰি দুটাক দেখিলে মোৰ মনটো সেমেকি উঠে ৷ আকৌ তুমি পদূলি মূৰত লগোৱা মৰমৰ শেৱালি জোপাত শৰত কালত ফুলা শুভ্ৰ  ফুলবোৰে স্নিগ্ধ জোনাকৰ লগত কথা পাতি পুৱা তোমাৰ বাবে পদূলিত এখনি বগা চাদৰ পাৰি তোমালৈ অপেক্ষা কৰে আৰু জানা ,আমাৰ বাৰীৰ পাছফালে থকা পুখুৰীটোৰ মাছবোৰে পানীৰ মাজত খলখলাই তোমাৰ কথা পাতে৷
    এইবোৰ খবৰ মোক কোনে দিয়ে জানা ? তোমাৰেই মৰমৰ মাইনাজনীয়ে ৷ তাই হেনো মাছ, ফুল আৰু দামুৰী দুটাৰ লগত কথা পাতে, তুমি আহিবৰ দিনা তোমাক কেনেকৈ আদৰি আনিব পদূলিৰ পৰা !
      মই জানো ,তুমি আমাৰ দেশ ৰক্ষাৰ কাৰনেই ইমানদিন ঘৰৰ পৰা দূৰত আছাগৈ ৷ কিন্তু ময়ো যে আজি বৰ স্বাৰ্থপৰ হৈ পৰিছো৷ উপায় নাই ,আমাৰ মাইনাজনী যে বৰ ধুনীয়া চকুত লগাজনী হৈছে ৷
তোমাৰ অবিহনে পাৰিমজানো মই তাইক মানৱ ৰূপী কিছুমান দানৱৰ পৰা ৰক্ষা কৰিব !
      হ’ব দিয়া ৷ আজি বহুদিনৰ মূৰত তোমালৈ বুলি পঠোৱা নীলাখামৰ এই চিঠিখনৰ লগতে মোৰ হিয়াৰ এসোপামান মৰম, ভালপোৱাক এবাৰ তুমি অনুভৱ কৰিবা ৷ যদি সময় পোৱা অলপ মৰম পঠাবলৈ নাপাহৰিবা ৷ 

                   তোমাৰ মৰমৰ
                                   
                        “মইজনী ”

সপোন কুমাৰ
প্ৰজাপতি নগৰ


পৃষ্ঠা ৩৫

মাৱন শৰীৰৰ বাবে যোগাসনঃ

পিঠিৰ বিষৰ বাবে যোগাসন

চিন্ময়ী দাস
কামৰূপ, অসম 

বৰ্তমান সময়ত প্ৰায় সকলো মানুহেই কেতিয়াবা নহয় কেতিয়াবা পিঠিৰ বিষত ভোগা দেখা পোৱা যায় ।  বেছি সময় বহি থাকিবলগীয়া হোৱাৰ বাবে বহুতেই এই সমস্যাৰ সৈতে মোকাবিলা কৰিব লগা হয়। অৱশ্যে দৈনিক কেইটামান যোগ আসন অভ্যাসৰ জৰিয়তে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পৰা যায়। সেইকেইটা হৈছে -

১) বিড়াল আসন : এই আসন কৰিবলৈ আঁঠু কাঢ়ি বহি লৈ সমুখৰ ফালে হাত দুখন থৈ বিড়াল বা মেকুৰীৰ দৰে পিঠিখন এবাৰ তললৈ আৰু এবাৰ ওপৰলৈ তুলি দিব। এই প্ৰক্ৰিয়াটো কিমান পাৰে কৰিব। 

২) ত্ৰিকোণ আসন : এই আসন কৰিবলৈ থিয় হৈ লৈ দুইখন ভৰি মেলি দিব। এইবাৰ সোঁহাত বাওঁভৰিৰ পতাৰ কাষত ৰাখিব । যিমান সময় পাৰে থাকি আগৰ অৱস্থালৈ যাব। এতিয়া বাওঁহাতখন সোঁভৰিৰ ওচৰত ৰাখিব। ৪ ৰ পৰা ৫ মিনিট পৰ্যন্ত এই আসন কৰিব পাৰি। 

৩) নৌকাসন : নৌকা মানে নাও, এই আসনত শৰীৰৰ আকৃতি প্ৰায় নাওৰ দৰে দেখি। এই আসন কৰিবলৈ পেট তলফালে ৰাখি শুই ল'ব । হাত দুখন সমুখৰ ফালে মেলি ৰাখিব।  এতিয়া লাহে লাহে দুয়োখন ভৰি আৰু হাত ওপৰলৈ উঠাই দিব। যিমান সময় পাৰে থাকি আগৰ অৱস্থালৈ যাব , আকৌ প্ৰক্ৰিয়াটো কৰিব। এই আসন দৈনিক ৫ মিনিটকৈ কৰিব পাৰিলে ভাল।

৪) ভূজংগ আসন : এই আসন কৰিবলৈ পেট তলফালে ৰাখি শুই ল'ব। হাত দুখন কোঁচাই বুকুৰ ওচৰত ৰাখিব। লাহে লাহে দুয়োখন হাতত ভৰ দি পেটৰ পৰা বুকু উঠাই দিব। যিমান পাৰে পিছফালে চাবলৈ চেষ্টা কৰিব। পেটত ভৰ ৰাখিব। দৈনিক ৪/৫ মিনিতকৈ কৰিব পাৰে। 

৫) বালাসন : এই আসন শৰীৰৰ বাবে বহুতেই উপকাৰী । ই শৰীৰক তাৎক্ষণিক সকাহ দিবলৈ খুব সহায়ক। আঁঠু কাঢ়ি বহি লৈ হালি আহি দুইখন হাত যিমান পাৰি সমুখলৈ আগবঢ়ায় নিব। একেদৰেই থাকি উশাহ-নিশাহ লৈ থাকিব। যিমান সময় পাৰে এই আসনত থাকি আগৰ অৱস্থালৈ আহিব। 

 আগলৈ ...



পৃষ্ঠাঃ ৩৬

গল্পঃ

ধেৎতেৰি

নিৰুপমা ডেকা

কিন্তু সেইজনী ৰিব্লীয়ে কি কৰিলে ! উচ্চ শিক্ষিতা আৰু একেবাৰতে পৰীক্ষা দি এটা চৰকাৰী উচ্চ পদত নিযুক্তি পোৱাৰ পিছত তাই ট্ৰেনিং পিৰিয়ডত লগ পোৱা অনিৰ্বাণ চহৰীয়াৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত লৈ ল’লে মাত্ৰ তিনিমাহৰ ভিতৰত ৷ অনিৰ্বাণ ভাল মানুহ ৷ পৰিয়ালৰ সকলোৱে লগ পাইছে ৷ সিহঁতৰ বিভাগৰে উচ্চ পদস্থ বিষয়া ৷ সেই কথাটোত কাৰো আপত্তি কৰিব লগীয়া এনে নাছিল, কিন্তু আপত্তি এইবাবেই হৈছিল যে তেওঁ এটা সন্তানৰ পিতৃ আৰু তেওঁৰ বয়স প্ৰায় ৪০ ৷ 

  “ধেত্তেৰি আৰু নক’বি না মোৰ ভয় লাগিছে ৷ তহঁতৰ লগত থাকিবলৈ এইকাৰণেই বেয়া পাওঁ ৷ কেৱল ভূতৰ কথা তহঁতৰ ৷ মায়ে কৈছিল নে এইবোৰ শোৱাৰ সময়ত নাপাতিবলৈ ৷”

ৰিব্লীয়ে থেনথেনাই থাকিল ৷ তাইৰ কথাত কোনেও ভ্ৰূক্ষেপ নকৰি নতুন নতুন কাহিনী সংযোজন কৰিয়ে থাকিলে ৷

“ ঐ আমাৰ যে মাজগাঁৱৰ সৰু ককা আছে, ককাই কৈছিল ককাহঁত মাছ মাৰিবলৈ যাওঁতে প্ৰায়েই ভূত-পিশাচৰ পাল্লাত পৰি লটিঘটি হ’ব লগীয়া হৈছিল ৷ এতিয়া কিন্তু এনে কাহিনীবোৰ শুনিলে বিৰাট ফানি লাগে ৷ কিয় জান ককাই কৈছিল যশবোৰে ককাহঁতক মাছ খুজি কুনকুনাই কান্দি থাকে হেনো ৷ দিলে বিপদ, নিদিয়ে, বকি বকি আহি থাকে বোলে--“ ৰহ তহঁতক ভালকৈ খুৱাম, আহি থাক ৷” বাটত আহি থাকোঁতে হেনো বিৰাবোৰে বাঁহ পেলাই দিয়ে আৰু ককাহঁতে তাৰ পৰা ঠাপ মাৰি বাঁহৰ পাত চিঙি লয় আৰু গপচত আহি থাকে ৷ পিছে পিছে ভূত-পিশাচে পাতটো খুজি কান্দি কান্দি আহি থাকে ৷ সেই পাতত প্ৰস্বাৱ কৰি দিলে সিহঁতে পিছ এৰে হেনো ৷”

   “:থ’ পায়, এইবোৰ মনে সজা কথা ৷ ককাহঁতে চাগে সাধু কৰি কৈছিল এইবোৰ তহঁতক ৷” এইবোৰ কথা কৈ থকাৰ মাজতে সিহঁত ল’ৰাজাকৰ মাজৰ দুজনৰ লাগিল সৰু পানী চুবলৈ যোৱা ৷ মানে প্ৰস্বাৱ কৰিবলৈ লাগিল ৷ এতিয়াহে আচল খেলখন জমি উঠিল ৷ সিহঁত আছে ককাক-আইতাকৰ ঘৰত ৷ ককাক ঢুকুৱা সেইদিনা তিনিদিনৰ তিলনি গৈছে ৷ ককাকহঁতৰ গাঁৱৰ ঘৰখনত বাহিৰত হে টয়লেটৰ ব্যৱস্থা ৷ ৰাতি বিয়লি কোনো তালৈ নাযায় বাৰু ৷ হ’লেও চোতাললৈ বা নঙলাৰ কাষলৈ যাবই লাগিব ৷ কথা পাতি পাতি সিহঁতে ৰাতি এপৰ কৰিলে ৷ তেতিয়ালৈ ঘৰৰ সকলো শুই পৰিল ৷ মানুহ বহুখিনি আছে ৷ যিয়ে য’তে পাইছে শুই পৰিছে ৷ স্কুল ঘৰৰ দৰে এল টাইপৰ ককাকৰ পুৰণি ঘৰখন ৷ কোঠালিবোৰৰ দুৱাৰ খুলিলেই আগচোতাল পাব পাৰি ৷ তথাপি কাৰো ওলাই যাবলৈ সাহ নহ’ল ৷ ডাঙৰবোৰৰো এতিয়া কেঁচা টোপনি ভাঙিব নোৱাৰি ৷ ভাঙিলে এই ৰাতিখন দিব গালি ৷ অৱশেষত ঠিক কৰা হ’ল, মুধচৰ ফালৰ খিৰিকীখনেৰে কাম হৈ যাব ৷ পুৱাই উঠি পানী মাৰি দিলেই হ’ল ৷ কথা মতেই কাম ৷ ওখ খিৰিকীৰ তলত একেলগে তিনিটাই সুৰীয়া সঙ্গীত গাবলৈ আৰম্ভ কৰি দিলে ৷ চেৰ... চেৰ... তলৰ মাটিত পৰা শব্দ । সেই শব্দ শুনি ৰিব্লীয়ে চিঞৰি উঠিল-- 

“ধেত্তেৰি ইহঁতৰ পৰা শান্তি নাই ৷ কিয় যে আহিছিলোঁ ইহঁতৰ লগত শুবলৈ ৷ ৰাতিপুৱা কমখন গালি খাব লাগিব নে ইহঁত মখাৰ বাবে ।” 

    এইবাৰো তাইৰ কথাক একো পাত্তা নিদিলে কোনেও ৷ সকলোবোৰে খুকখুকীয়া হাঁহিৰে কোঠাটোত গুমগুমনিৰ সৃষ্টিহে কৰিলে ৷ 

    গোটেই ঘৰখনৰ নয়নৰ মণি ৰিব্লী ৷ ককাকে তাইক গোঁসানী বুলি মাতিছিল ৷ তাইৰ জন্মৰ দিনা হস্পিতালত মাকৰ বিছনাখনৰ কাষত চকী এখন পাৰি আধাঘণ্টাতকৈও বেছি সময় হেনো থৰ লাগি তাইলৈ চাই আছিল একে থিৰে ৷ মাকে তাইক কৈছিল কিমান আগ্ৰহ তাইলৈ ককাক-আইতাকৰ ৷ অৱশ্যে তায়ো বুজা হোৱাৰে পৰা সেই মৰম অনুভৱ কৰিয়েই ডাঙৰ হৈছে ৷ এতিয়া তাই আঠ বছৰীয়া হ’ল আৰু তাইক ডাঙৰ হোৱা চাবলৈ হেঁপাহ কৰি থকা ককাকটোৱে তাইক হঠাৎ এৰি গুচি গ’ল ৷ হঠাৎ তাইৰ ককাকলৈ মনত পৰি কান্দোন ওলাই আহিল আৰু তাই উচুপি উচুপি কান্দিবলৈ আৰম্ভ কৰি দিলে ৷ তাইৰ কান্দোন লগতে শুই থকা মামাকৰ ল’ৰা নীলৰ কাণত পৰিল আৰু সি জাপ মাৰি উঠি সকলোৱে শুনাকৈ ক’লে--

“ ঐ মনে মনে থাক তহঁতে ৷ তাইক লগত ৰাখি এই যি টি কথাবোৰ পাতি আছ আৰু তাই ভয়তে কান্দিব ধৰিছে ৷”

    লাইট জ্বলাই গোটেইকেইটা ককায়েকে তাইক আগুৰি ধৰিলে আৰু মৰমেৰে ডাঙৰ জেঠায়েকৰ ডাঙৰ ককায়েক জিন্তুৱে তাইক কোঁচত বহুৱাই ভয় নকৰিবলৈ বুজাবলৈ ধৰিলে ৷ তাই লাহে লাহে শান্ত হৈ ক’লে--

“ মই ভয়ত কন্দা নাই নহয়, মোৰ ককালৈহে মনত পৰিছে বেছিকৈ, সেয়ে কান্দিছোঁ ৷”

   তাইৰ কথাত আটাইৰে মনবোৰ মলিন হৈ পৰিল ৷ তাইক বুকুলৈ টানি আনি ডাঙৰ মামাকৰ ডাঙৰ ককায়েক ৰোহনে সকলোকে ক’লে এতিয়া সকলোৱে মুখ বন্ধ কৰি শুই যা ৷ বহুত হ’ল তহঁতৰ মেল মৰা ৷ 
তাই কওঁ নকওঁ কৈ ক’লে--
“ৰোহন দা, মোক মাৰ ওচৰত থৈ আহিবা গৈ নে ? মোৰ ইয়াত টোপনি নাহে আৰু ৷”

 তাইৰ কথাত মৰম লাগি সি তাইক কোঁচত উঠাই মাজৰ দুৱাৰখন খুলি পেহীয়েকে অকমানিটোক লৈ শুই থকা বিছনাৰ ওচৰলৈ গৈ মাতিলে--

“ পেহী মাইনাৰ আমাৰ লগত টোপনি নাহে হেনো, তোমাৰ লগতে শুৱাই লোৱা ৷”

“ ক’ত টোপনি আহিব, তহঁতৰ যিহে মেল মই শুনিহে আছোঁ আৰু এইজনীকো লগত নল’বলৈ তহঁতক কৈছিলোঁ, নুশুনিলি ৷ মৰমতে লৈ গলি ৷ মই জানো তাই মই বা দেউতাক নহ’লে শুৱ নোৱাৰে ৷”

     সেইজনী ৰিব্লী আজি ২৫ বছৰীয়া হ’ল ৷ আগতকৈ কিমান যে সাহসী হ’ল ৷ তাইলৈ ঘৰ আৰু মামাকৰ ঘৰৰ সকলোৰে সেই একেই মৰমৰ বন্যা ৷ সকলোৰে সপোন তাইক লৈ ৷ তাইৰ বিয়াত সিহঁতে মানে ককায়েক এঘাৰটাই তাইক ঘৰৰ দুৱাৰ দলিৰ পৰা ৰভাতলীলৈ ইখন কোঁচৰ পৰা সিখন কোঁচেৰে আনিব আৰু দৰাৰ কাষত বহুৱাব ৷ তাই হাঁহি হাঁহি কয়---

“ধেত্তেৰি, তহঁতৰ পৰা কাৰোবাক ভাল পাবলৈও দহবাৰ চিন্তা কৰিব লাগিব ৷ কিবা কাৰণত তহঁতৰ পছন্দৰ ল’ৰা নহ’লে মইচোন পলাই যাবও নোৱাৰিম ৷”

    সকলোৱে তাইক হাঁহি হাঁহিয়েই কয় ধেত্তেৰি বাই, তোৰ কপালত পলাবলৈ লিখা নাই ৷ তই আমাক ফাকি দিয়াৰ সাহসেই নাপাবি ৷ আমাৰ মৰমৰ বান্ধোনে তোক বান্ধি থ’ব অ’ আকৰীজনী ৷ 

    কিন্তু সেইজনী ৰিব্লীয়ে কি কৰিলে ! উচ্চ শিক্ষিতা আৰু একেবাৰতে পৰীক্ষা দি এটা চৰকাৰী উচ্চ পদত নিযুক্তি পোৱাৰ পিছত তাই ট্ৰেনিং পিৰিয়ডত লগ পোৱা অনিৰ্বাণ চহৰীয়াৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত লৈ ল’লে মাত্ৰ তিনিমাহৰ ভিতৰত ৷ অনিৰ্বাণ ভাল মানুহ ৷ পৰিয়ালৰ সকলোৱে লগ পাইছে ৷ সিহঁতৰ বিভাগৰে উচ্চ পদস্থ বিষয়া ৷ সেই কথাটোত কাৰো আপত্তি কৰিব লগীয়া এনে নাছিল, কিন্তু আপত্তি এইবাবেই হৈছিল যে তেওঁ এটা সন্তানৰ পিতৃ আৰু তেওঁৰ বয়স প্ৰায় ৪০ ৷ পত্নীৰ দুৰাৰোগ্য ৰোগত মৃত্যু হোৱাৰ সময়ত ছোৱালীজনীৰ বয়স আছিল তিনি বছৰ  আৰু বৰ্তমান তাইৰ বয়স পাঁচ বছৰ ৷ অৰ্থাৎ পত্নী ঢুকুৱাৰ দুবছৰ পিছত ৰিব্লীৰ লগত তেওঁৰ বিয়া হ’ব ৷ তেওঁ আৰু তেওঁৰ ছোৱালীৰ বাবে এইটো এটা বৰ ভাল খবৰ, কিন্তু ৰিব্লীৰ পৰিয়ালৰ  বাবে এইটো এটা মানি ল’বলৈ টান পোৱা সিদ্ধান্ত  ৷ মাকে কান্দি কান্দি তাইক বুজাবলৈ যত্ন কৰিছে ৷ তাইৰ ইমান সুন্দৰ চাকৰি যি কোনো ল’ৰাই তাইক পছন্দ কৰিব বা বহু ভাল ফ্ৰেচ ল’ৰাই সুধিও আহে ৷ এনেক্ষেত্ৰত তাই কিয় এই সিদ্ধান্ত ল’লে কোনেও সেই কথা বুজি পোৱা নাই ৷ সকলোৱে তাইৰ সেই ডাঙৰ ব্ৰেকআপৰ কাহিনীটো জানে ৷ কিন্তু সেই ব্ৰকআপত তাইৰ একো দোষ নাছিল, সেয়াও সকলোৱে জানে ৷ সি তাইক প্ৰথম চিনাকিতে ফাকি দিছিল এজন ডাক্তৰ বুলি ৷ পিছত বিয়াৰ কথা আগবঢ়াবলৈ লওঁতেহে সকলো ওলাই পৰিল ৷ সি দিয়া ঠিকনাৰ হস্পিতালখনত তাৰ নামৰ কোনো ডাক্তৰ নাছিল। আছিল এজন কম্পাউণ্ডাৰহে ৷ তাই সি কি কৰে তাক লৈ বেয়া পোৱা নাছিল তাক, বেয়া পাইছিল সি মিছাকৈ কোৱা কথাটোতহে ৷ তাৰ পিছৰ পৰা কোনো ল’ৰাক তাই বিশ্বাসত লোৱা নাছিল  আৰু এইবাৰ বিশ্বাসত লোৱাজন হ’ল এজন পুৰুষ যাৰ কাহিনী তাইৰ সন্মুখত জলজলপটপট ৷ তাই বুজিছে তাৰ জেদতে এইটো সিদ্ধান্ত লোৱা বুলি সকলোৱে তাইক ভুল বুজিবলৈ আৰম্ভ কৰিছে ৷ তাই অধিক মৰমত কাৰো কথা নুশুনা হৈ থাকিল বুলি সকলোৱে আলোচনাও কৰিছে ৷ কিন্তু তাইৰ আত্মাক চুই যোৱা অনুভৱটোক কোনেও এতিয়ালৈ বুজি উঠা নাই ৷ আচলতে বুজাতো কঠিনো হ’ব আনৰ, তাইৰ এই সম্বন্ধ স্বীকাৰ কৰাৰ অন্তৰালৰ কাহিনী নজনালৈকে তাইক সকলোৱে ভুল বুজিব, বা অনিৰ্বাণৰ প্ৰেমত বলিয়া হোৱা বুলি হাঁহিব ৷ কিন্তু তাইৰ বিশ্বাস তাইৰ এই সিদ্ধান্তৰ কাৰণ জনাৰ পিছত সকলোৱে তাইক পূৰ্বতকৈও মৰম বেছি দিব ৷

    এই সকলোবোৰ কথাৰ মাজত ঘৰৰ সকলোৱে একো উৱাদিহ নোপোৱাৰ দৰে হ’ল ৷ অৱশেষত তাইৰ স্কুলীয়া আৰু কলেজীয়া দিনৰ একান্ত বান্ধৱী স্নেহাক তাইৰ লগত কথাটো সম্পৰ্কে আলোচনা কৰিবলৈ আৰু তাইক বুজাবলৈ দায়িত্ব অৰ্পণ কৰিবলৈ ওলাল ৷ কাৰণ সিহঁত দুজনীয়ে দুজনীক একো কথাই লুকঢাক নকৰাকৈ কয় বুলি সকলোৱে জানে ৷ ইজনীৰ কথাক সিজনীয়ে মানে আৰু সন্মানো কৰে ৷ কিন্তু ইতিমধ্যে স্নেহাই জানিছে সকলো, কাৰণ ৰিব্লীয়ে সিদ্ধান্ত লোৱাৰ পূৰ্বে তাইক কৈছিল মই এনে এটা সিদ্ধান্ত ল’বলৈ ওলাইছোঁ, তই বাৰু মোক বেয়া পাবি নেকি বুলি ৷ স্নেহাই তাইৰ এই সিদ্ধান্তক সন্মান জনাই কৈছিল যে এগৰাকী মাতৃহীন ছোৱালীৰ মাক হ’বলৈ তই আগবাঢ়িছ, ইয়াতকৈ ভাল সিদ্ধান্ত আৰু কি হ’ব পাৰে ৷ সেয়ে স্নেহাই সকলোকে বহুৱাই লৈ ক’লে---

“তাইৰ সেই সিদ্ধান্তত ময়ো হয়ভৰ দিছোঁ, গতিকে তাইক বুজোৱাৰ দৰে কাম মই কৰিব নোৱাৰিম খুৰা আৰু খুৰী  আৰু মোৰ বিশ্বাস মই যেতিয়া তাই কিয় এই সিদ্ধান্ত ল’লে কম তেতিয়া আপোনালোকৰো তাইক লৈ গৰ্ব কৰিবলৈ মন যাব ৷”

“ কোৱাচোন শুনোঁ তাই কি এনে মহান কাম কৰিলে যে তাইক লৈ আমি গৰ্ব কৰিম ৷ দুয়োটা পৰিয়ালৰ চকুৰ মণি আছিল তাই ৷ এবাৰ জীৱনত লোৱা এটা বেয়া সিদ্ধান্তই তাইক কিমান জ্বলালে তাক পলকতে পাহৰি আকৌ এটা জটিল সম্পৰ্কলৈ তাই কোন সতে ভৰি আগবঢ়াইছে মই হ’লে বুজা নাই ৷”

     বৰদেউতাকে স্নেহাৰ কথাকেইষাৰ শুনি তাইৰ কথাৰ মাজতে ধৰি কৈ উঠিল ৷ 

ৰিব্লীৰ মাকে ক’লে---
“ক’ চোন কি এনে ঘটিল যে তাই আমাক সকলোকে কন্দুৱাবলৈও কুণ্ঠাবোধ নকৰিলে ৷ তাইৰ চকুপানীক ভেটা বন্ধা মথাউৰিবোৰক তাই ভাঙি যাবলৈ এৰি দিছে ।”

    দেউতাকৰ মাক আইতাকে ক’লে ৷ তেওঁ তাইৰ অন্তৰঙ্গ বান্ধৱী ৷ আইতাকৰ ভাষাত মই তোৰ জীৱনৰ প্ৰথম প্ৰিয় বান্ধৱী আৰু তই মোৰ জীৱনৰ শেষ প্ৰিয় বান্ধৱী ৷ এনে বান্ধৱীয়ে আজি তেওঁকো একো নক’লে ৷ সকলো খুব আচৰিত, কাৰণ দাঁতত ভাত এটা লাগিলেও যাৰ ওচৰত তাই ঠেন ঠেনাইছিল, সেই গৰাকী আইতাককো তাই একো নক’লে ।

“ খুৰী আপোনাৰ মনত আছে নে ৰিব্লী আপুনি নহ’লে হোষ্টেলত যোৱাৰ আগতে এৰাতিও শুব নোৱাৰিছিলে ৷ এবাৰহেনো তাই নৱম মানৰ পৰীক্ষাৰ আগে আগে আপুনি মামাহঁতৰ ঘৰলৈ যাবলগীয়া হৈছিল থকাকৈ আৰু তাইৰ কান্দোনত বোলে গোটেই ঘৰৰ মানুহৰ টোপনি হেৰাইছিল ৷ তাইৰ আজিৰ সিদ্ধান্তটো এনে কিছু আৱেগৰ ফলশ্ৰুতিতে লোৱা ৷”

“মানে নুবুজিলোঁ স্নেহা ?”

“তাই ট্ৰেইনিং কৰিবলৈ যোৱা সময়ত নতুন চহৰৰ আওভাও নুবুজিব বুলিয়েই তাইক প্ৰশিক্ষক অনিৰ্বাণ চহৰীয়াৰ তত্ত্বাৱধানত থাকক বুলি তেখেতসকলৰ ভাৰাঘৰতে থকাৰ ব্যৱস্থা কৰি দি আহিছিল, নহয় জানো ?”

“হয়, কিন্তু তাতে থাকিল বুলিয়েই তাই এনে এটা সিদ্ধান্ত লৈ ল’ব যে আমি কেনেকৈ ভাবিব পাৰোঁ কোৱাচোন ?”

“হয়, তাই তাতে থকা বাবেই এই সিদ্ধান্ত ল’লে সঁচা ৷ কিন্তু এই সিদ্ধান্ত লোৱাৰ আঁৰৰ বেদনাদায়ক কাহিনীটো আপোনালোকে নাজানে ৷ এটা কথা নিশ্চয় জানে তাই সৰু ল’ৰা-ছোৱালীৰ লগত সাংঘাতিক আত্মীয়তা গঢ়ে ৷ তাত থকাৰ পিছত অনিৰ্বাণ দাৰ কণমানি ছোৱালীজনী তাইৰ ৰূমলৈ আহি থকা হ’ল সুবিধা পালেই ৷ তাইৰ অকলশৰীয়া সময়ৰ সঙ্গী হৈ পৰিল ৰিহা নামৰ মাতৃহাৰা পাঁচবছৰীয়া ছোৱালীজনী ৷ আৰু লাহে লাহে দুয়ো হৈ পৰিল ভাল বান্ধৱীৰ দৰে ৷ আইতাকেও তাইক নিজৰ ছোৱালীৰ দৰেই মৰম কৰি ইটো-সিটো ৰান্ধি বাঢ়ি খুৱায় ৷ দেওবাৰ বোৰত একলগে ফুৰিবলৈ ওলাই যায় বা কিবা ৰান্ধি একেলগে খায় । বিশ্বাস কৰক অনিৰ্বাণ দাৰ লগত তাইৰ একো ব্যক্তিগত কথাৰ বাবে তাইৰ সম্পৰ্ক আগবঢ়া নাই ৷  বৰং তাইৰ এই সিদ্ধান্তত আটাইতকৈ আপত্তি কৰা মানুহজন অনিৰ্বাণ দা ৷ কিন্তু অনিৰ্বাণ দাৰ মাক আৰু ৰিহাৰ জেদত অৱশেষত তেওঁ মান্তি হৈছে ৷”

“অৰ্থাৎ মোৰ ছোৱালীজনী বাধ্য হ’ব লগীয়া হ’ল মৰম আৰু জেদৰ বাবে ?”

“মুঠেই নহয়, তাই আনন্দৰে আগভাগ লৈছে এই কথাৰ আৰু সিহঁতে কোৱাৰ আগতে সন্মতি দি দিছে নিজক আৰু সিহঁতক ৷ তাই কোৱা মতে তাইক লগ পোৱাৰ পিছৰ পৰা ৰিহাই অলপ পাহৰিবলৈ লোৱা মাকক পুনৰ বহুত মনত কৰা হ’ল ৷ মাজৰাতি কেতিয়াবা তাই মাকলৈ মনত কৰি কান্দি থাকে আৰু এই কথা জনাৰ পিছত ৰিব্লীৰ নিজৰ সৰুৰ কথা মনলৈ আহে ৷ তাই যে কিমান ডাঙৰলৈ মাক লগত নাথাকিলে টোপনি নগৈছিল ৷ অথচ সেই কণমানি জনীয়ে মাকৰ বুকুখনত সোমাই থকাৰ হেঁপাহতে ৰাতি টোপনি যাব নোৱাৰে ৷ তাইক ৰিব্লীয়ে মৰমতে লগত ৰাখিবলৈ ল’লে ৷ দেউতাকে ৰিহা আৰু আইতাকক দঢ়াই দঢ়াই কৈ আছিল ৰিব্লীৰ ইমান ওচৰ চাপি নাযাবলৈ। কাৰণ ৰিব্লী গুচি গ’লে তাইৰ ডাঠ হ’বলৈ আৰম্ভ কৰা মনটো পুনৰ ভাঙি পাতল হৈ পৰিব ৷ ৰিব্লীয়ে প্ৰথমতে কি কৰোঁ ভাবি আছিল, তাইক ইমান আপোন কৰি ল’ব নে নল’ব, কাৰণ তাই গঢ়ি তোলা আত্মীয়তাৰ বাবে ফুলকুমলীয়া ছোৱালীজনীয়ে মনোকষ্ট পাব ৷ তাইৰ মনটোৱেহেনো ৰিহাৰ জীৱনৰ আধাৰ হৈ ৰ’বলৈ তাইক বাৰ বাৰ জোৰ দি আছিল আৰু তাই ৰিহাক নিজৰ পৰা আঁতৰত ৰাখি চলিবলৈ নিজকে মনাব পৰা নাছিল ৷ কিন্তু কথাবোৰ ইমান সহজো নাছিল ৷ ইয়াৰ মাজত আপোনালোক আছিল, ৰিহাৰ দেউতাক আছিল ৷ ৰিহাৰ দেউতাকে জানো নিজৰ ছোৱালীজনীক পিছলৈ কষ্ট পাবলৈ এৰি দিব ? যদি ৰিহাক লগত ৰাখিবলৈ হয় তাই এটা সম্পৰ্কৰ মাজলৈ আহিব লাগিব, যিটো গ্ৰহণ কৰা বৰ কঠিন হ’ব সকলোলৈ ৷

   এই সিদ্ধান্ত এদিনতে লোৱা হোৱা নাছিল, লোৱা হৈছিল খুব লাহে লাহে, বহু ভাবিচিন্তি ৷ মানে তাই তাত থকাৰ দুমাহ পাৰ হোৱাৰ পিছত এদিন ৰিহাই তাইৰ লগত স্থানীয় পাৰ্ক এখনলৈ ফুৰিবলৈ গৈছিল ৷ তাত মাক-দেউতাক বোৰৰ লগত বহুত ল’ৰা-ছোৱালীয়ে খেলি থকা দেখি তাই মনটো মাৰি পেলালে আৰু চকু পানী মচি মচি বেঞ্চ এখনত বহি থাকিল ৷ তাই নেখেলি মন মাৰি বহি থকা দেখি ৰিব্লীয়ে তাইৰ মনটো ভাল কৰিবলৈ কৈ দিলে মোকে মা বুলি ধৰি খেলাচোন আৰু আনৰ আগত মোক মা বুলিয়ে মাতিবা ৰিহা মাইনা ৷ মই তোমাৰ মা হৈ থাকিম ৷ হ’ব নে ? বচ সিদিনাৰ পৰা ৰিহাৰ আনন্দৰ সীমা নাই ৷ লগৰবোৰকো কয় মোৰ মা এজনী আনিলোঁ নহয় ৷ তাইৰ সুখী সুখী হাঁহিবোৰ, নিৰ্ভেজাল মনটো সুকলমে ৰাখিবলৈ অৱশেষত ৰিব্লীয়ে  সিদ্ধান্তটো নিজৰ ফালৰ পৰা ল’লে আৰু অনিৰ্বাণৰ লগত আলোচনা কৰিলে ৷ অনিৰ্বাণে কোনো পধ্যেই মানি লোৱা নাছিল ৷ বাৰে বাৰে কৈছিল মই ইমান স্বাৰ্থপৰ হ’ব নোৱাৰোঁ ৷ তোমাৰ জীৱনটো মোৰ এই ভগনীয়া মনৰ লগত সাঙোৰ খাই নষ্ট হ’ব ৰিব্লী ৷ কিন্তু ৰিব্লী নিজৰ সিদ্ধান্তত অলৰ হৈ থাকিল আৰু পিছত তেওঁৰ মাক আৰু জীয়েকৰ শপতৰ ওচৰত হাৰ মানি তেওঁ সন্মতি দিলে ৷”

      সকলোৱে কথাবোৰ শুনি মৌন হৈ পৰিল ৷ সেই আলসুৱা ছোৱালীজনেয়ে ইমান কঠিন এটা সম্বন্ধ গঢ়াত আগভাগ ল’ব পাৰিছে ৷ মাতৃ স্নেহৰ বিৰল উদাহৰণ হ’ব ওলাইছে মাতৃ নোহোৱাকৈয়ে ৷ সঁচাকৈয়ে তাই কোৱাৰ দৰে কথাবোৰ সহজ কৰি ল’লেই সহজ আচলতে ৷ তাই যে কয়---

“ধেত্তেৰি, মানুহবোৰে কিয় ইমান টেনচন লয় বাৰু জীৱনত ৷ সহজকৈ জীৱনটোক গ্ৰহণ কৰিলেই হয় চোন ৷ সত্যবোৰ স্বীকাৰ কৰাত বাদে জীৱনৰ আন সুখৰ বাট নাই ৷”

       আইতাকে তাইলৈ ফোনটো সংযোগ কৰিলে আৰু লাউড্স্পীকাৰ অন কৰি চিধাই ক’লে---

“ধেত্তেৰি বাইজনী মোৰ, ইমান ভাল কাম এটা কৰিবলৈ ওলাই বেষ্ট ফ্ৰেইণ্ডকো জনাবলৈ টান পাব লাগে নে ?”

“নাই নাই, লুকুৱাৰ কথা মই ভবাই নাই, ক’বলৈ হে সময় আৰু সুবিধা হোৱা নাই বিএফ(বেষ্ট ফ্ৰেইণ্ড) ৷ কালিলৈ গৈ আছোঁ ঘৰলৈ মোৰ কণমানিজনী আৰু পৰিয়ালটো লৈ ৷ তোমালোকে আদৰিবলৈ ৰৈ থাকিবা আইতা মা ৷ মোতকৈও বেছি মৰম মোৰ ৰিহাক দিবা ৷ মই তাতেই সুখী হ’ম বেছি ৷ দাদাহঁতক মোক লোৱাৰ দৰে তাইকো এখন কোঁচৰ পৰা মাটিত ননমোৱাকৈ লৈ ফুৰিবলৈ দিবা গ’লে ৷ তাই যে তেনে মৰম পোৱাই নাই ৷ মাকৰ বুকুৰ উম তাইক দিবলৈ মোৰ মনে মোক উচতাই দিলে, কাৰণ মই মৰমৰ আঁচলত থকা প্ৰশান্তিৰ উপলব্ধিতেই নিজে ডাঙৰ হৈছোঁ বাবে কেৱল মৰমৰ মহত্ত্বহে বুজোঁ, জীৱনৰ আন কথাবোৰৰ জটিলতা মই বুজি দুখী হ’ব নোখোজোঁ ৷”

“কিন্তু তোৰ বিয়াখন আমাৰ সপোন ৷”

মাকে উচুপি উচুপি ক’লে ৷

“সেয়া পুৰা কৰিম মা, দাদাহঁতে সিহঁতৰ কোঁচত উঠাই বিবাহ মণ্ডপলৈ নিয়াৰ সপোন কেৱল দাদাহঁতৰে নহয় মোৰো সৰুৰে পৰা আছে মা ৷ তুমি মা যেতিয়া বুজিবা মাতৃত্বৰ অনুভৱ কি ৷ আচলতে তোমাৰ দৰে বলিষ্ঠ মাৰ ছোৱালী বাবেই চাগে মই কোনো দ্বিধা নোহোৱাকৈ এই মাতৃত্বৰ সম্বন্ধক আগুৱাই নিবলৈ সাহস পাইছোঁ ৷”

     সুখ আৰু দুখৰ সংমিশ্ৰণ এটাত গোটেই ঘৰখনে প্ৰতীক্ষা কৰিলে ৰিব্লীহঁত অহালৈ ৷ পিছদিনা দিনৰ এঘাৰ বজাত সিহঁত আহি পালে ৷ দুয়োখন ঘৰৰ সকলোবোৰ মানুহে পদূলিতে ৰিব্লীক আদৰি চকু পানী বোৱাব আৰম্ভ কৰা দেখি দেউতাকৰ কোঁচৰ পৰা ৰিহাই চিঞৰি ক’লে---

“ধেত্তেৰি ইমান কান্দুৰা নে মা তোমাৰ ঘৰৰ মানুহবোৰ ? আমি আহিবই নালাগিছিল ইয়ালৈ ৷”

    তাইৰ সৰল মৰম লগা কথা কেইটাত আৰু তাতে লাগি থকা ধেত্তেৰিটোৱে সকলোকে তাইক আপোন বুলি ভাবিবলৈ বাধ্য কৰালে ৷ কাৰণ ৰিব্লীৰ ককায়েকহঁতৰ বাবে ৰিব্লী হ’ল ধেত্তেৰি বাই ৷ তাই সৰুৰে পৰা কথাই কথাই ধেত্তেৰি বুলি কয় আৰু সকলোৱে খুব আনন্দ পায় এই কথাষাৰ শুনি ৷ সঁচাকৈয়ে ৰিহা যেন ৰিব্লীৰ গৰ্ভতে জন্ম পাইছে আৰু তাইৰে স্বভাৱবোৰেৰে পৰিস্ফুট হৈ পৰিছে সকলোৰে এনে লাগিল আৰু পদূলিৰ মূৰৰ পৰা সেইদিনা চোতাললৈ ৰিব্লীৰ ঠাইত ৰিহা এখন কোঁচৰ পৰা আনখন কোঁচত উঠি ভিতৰ পালে ৷


পৃষ্ঠাঃ ৩৭

বিৰিণা বনৰ জুই 

ৰশ্মি ৰেখা বৰা হাজৰিকা 
যোৰহাট  

জ্যোতিয়ে আজিকালি হমৱৰ্ক লৈ কুশললৈ ৰৈ নাথাকে । তাইৰ দুচকুত এক বিষণ্ণতা, কিবা এটা হেৰোৱাৰ দুখ দেউতাক হিচাপে মই প্ৰত্যক্ষ নকৰাকৈ নাথাকিলো । কুশলৰ প্ৰতি থকা অসন্তোষ খঙলৈ পৰ্য্যবসিত হ'ল । নহয়, কেৱল খং নহয়, মই আজিকালি ঘিণ কৰো কুশলক ।  

গেট খুলি কুশল সোমাই আহিল ।
"খুড়া বহিছে ? জ্যোতি আছেনে  ? কিবা দেখুৱাই দিব লাগে বোলে ।"
কুশল আমাৰ সৰু চহৰখনৰ এটা ভাল ল'ৰা । কোনো বদ অভ্যাস নথকা, অমায়িক, পঢ়াই শুনাই আগবঢ়া ল'ৰা । জানো, জ্যোতিৰ প্ৰতি তাৰ দুৰ্বলতা থকাৰ কথা । নজনা ভাও ধৰিয়েই থাকোঁ । হওঁতে কুশলক জোঁৱাই হিচাপে পালে মই ভালেই পাম । সি সোমাই থকা কলেজখন প্ৰাদেশিকীকৰণ হ'লেই মই নিজেই জোঁৱাই খুজিমগৈ । জ্যোতিয়ে ৰাজধানী চহৰৰ কলেজ এখনত বি এ পঢ়ি আছে, ইংৰাজীত মেজৰ । বন্ধত ঘৰলৈ আহিলে তাই কুশললৈ এচাইনমেণ্ট এসোপা লৈ আহে । তাইৰ কলেজৰ ছাৰে বুজালে হেনো তাই একো বুজিয়েই নাপায় । কুশলে পানী পানীকৈ বুজাই দিব পাৰে । সিহঁতৰ মিলা-মিচা মোৰ আৰু  পত্নীৰ সন্মুখতে । মই জানো জ্যোতিৰ মাকেও কুশলক লৈয়ে সপোন দেখে । 
    কুশলে শেহতীয়াকৈ গল্পকাৰ হিচাপেও নাম কৰিছে । অসমৰ প্ৰায়বোৰ নামী দামী 
আলোচনীতে কুশলৰ গল্প প্ৰকাশ হয় । মই তাৰ গল্পৰ আগ্ৰহী পাঠক । সেয়ে সি তাৰ প্ৰতিটো গল্প মোলৈ ফৰৱাৰ্ড কৰে । কি যে এক জীৱনবোধ, আৰ্তজনৰ প্ৰতি সহমৰ্মিতা, সূক্ষ্ম দৃষ্টিকোণ । যিমানে পঢ়োঁ সিমানে শ্ৰদ্ধা বাঢ়ি যায় কুশলৰ প্ৰতি । মোৰ একমাত্ৰ কন্যা জ্যোতিষ্ণাৰ কাৰণে কুশলতকৈ যোগ্য বৰ নোলাব ।
     নিৰ্মলা মানে মোৰ পত্নীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ আনিলে । চুবুৰীয়া বৰঠাকুৰৰ জীয়েক বিৰিণা গিৰিয়েকৰ অত্যাচাৰ সহিব নোৱাৰি ঘৰলৈ গুচি আহিল । বিৰিণাৰ গিৰিয়েকে মদ এসোপা খাই আহি সদায় ৰাতি তাইক অত্যাচাৰ কৰে । তাৰ মাৰ-পিটৰ কাৰণে আনকি তাইৰ গৰ্ভপাতো হ'ল । গোটেই পিঠিখনত সিৰলা সিৰলি দাগ । কথাখিনি কওঁতে নিৰ্মলাৰ মাত থোকাথুকি হৈ পৰিল । মোৰো দুখ লাগিল । চকুৰ আগত ডাঙৰ হোৱা ছোৱালী । তেজৰ সম্পৰ্ক নাথাকিলেও সিহঁতৰ ঘৰখনৰ লগত আমাৰ বৰ ভাল সম্পৰ্ক । বিৰিণাৰ মাক জীয়াই থাকোতে অহা-যোৱাও সঘনাই চলিছিল । বিৰিণাও বৰ অমায়িক, ভদ্ৰ ছোৱালী । দেখাতো ধুনীয়া, অপেশ্বৰীৰ নিচিনা চেহেৰা । পঢ়া-শুনাতো চোকা আছিল । কিনো উকহে খাইছিল জানো বৰঠাকুৰক । হঠাতে ধনী দৰা পাই বিয়া দি দিলে তাইক । স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰিবলৈকে নাপালে । দৰাঘৰে বিয়াৰ পাছত তাইক পঢ়ুৱাব বুলি কৈছিল । কিন্তু গিৰিয়েকৰ বেমাৰ বেলেগ । সন্দেহ । অতীব সুন্দৰী বিৰিণা আন কাৰোবাৰ প্ৰেমত পৰে বুলি ভয় । সেই সন্দেহৰ মাত্ৰা ইমানলৈকে গ'ল যে চাৰিমাহৰ অন্তঃসত্বা বিৰিণাক লোকৰ সন্তানৰ মাতৃ হ'বলৈ ওলোৱা বুলি এদিন সি পেটতে গোৰ মাৰি দিলে । হস্পিটেলৰ পৰা বৰঠাকুৰে নিজেই বিৰিণাক ঘৰলৈ লৈ আহিল একেবাৰে । কন্যাদায়গ্ৰস্ত পিতৃয়ে মাতৃহীনা বিৰিণাৰ প্ৰতি অন্যায় কৰা হ'ল বুলি আত্মগ্লানিত দগ্ধ  হ'ল । সংগোপনে হৃদৰোগে লগ ল'লে আৰু এদিন হঠাতে বৰঠাকুৰ ঢুকাই থাকিল । বিৰিণা এতিয়া একেবাৰে অকলশৰীয়া ।
    নিৰ্মলা আৰু মই অহা-যোৱা কৰি বিৰিণাৰ খবৰ-খাতি ৰাখি থাকোঁ । এদিন আমি দুয়ো যাওঁতে কুশল তাইৰ ঘৰত বহি আছিল । আমি কুশলক জানোঁ । ভাল ল'ৰা ।
    নিৰ্মলাই এদিন গোমোঠা মুখেৰে জনালে কুশল আজিকালি প্ৰায়ে বিৰিণাৰ ওচৰলৈ যায় । "মই তাক এনেকুৱা ল'ৰা বুলি ভবা নাছিলোঁ ।"
     "এহ ৰ'বাচোন, কিনো কথাবোৰ কোৱা  ? কুশল দেখোন বিৰিণাতকৈ সৰুৱেই হ'ব দুবছৰ মান । কথাবোৰ অকণমান ভালকৈ ভাবি চাবাচোন । এনেয়েই আঙুলি নোটোৱাবা ।"
     শ্ৰীমতীক তেনেকৈ ক'লো যদিও মনটো বৰ মুকলি নালাগিল । এই কবি-সাহিত্যিক বোৰ বৰ খেয়ালী মনৰ হয় । কি বিশ্বাস আছে ? অলপ চকু ৰাখিব লাগিব ।
     জ্যোতি হোষ্টেলৰ পৰা ঘৰলৈ আহিলে আগৰ দৰেই কুশল আমাৰ ঘৰলৈ আহে । কুশলৰ ব্লগত আগৰ দৰেই গল্প । এতিয়া মই কুশলৰ গল্পবোৰ খুচৰি খুচৰি পঢ়োঁ, কেনেবাকৈ কৰবাত বিৰিণাৰ প্ৰতি প্ৰেম জগাৰ শুংসুত্ৰ আৱিষ্কাৰ কৰিব পাৰো কিজানি ! সন্ধিয়া গেটৰ মুখত ৰৈ কুশল আমাৰ ঘৰ পাৰ হৈ বিৰিণাৰ ঘৰলৈ যায় নেকি লক্ষ্য কৰোঁ । কুশল যায়, মোকো মাত এষাৰ লগাই যায় । কেতিয়াবা তাৰ বাইকত বিৰিণাও উঠি আহে বজাৰৰ মোনা হাতত লৈ । কেতিয়াবা মোৰ সন্মুখেৰে দুয়ো বাইকত উঠি কৰবালৈ ওলাই যায় ।
     কুশলে কাম কৰি থকা মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণ হ'ল । তাৰ নেট, পি এইচ ডি সব আছিল কাৰণে চাকৰিটোও নিয়মীয়াকৰণ হৈ গ'ল । কিন্তু মই পাঙি থকা কামটো কৰিবলৈহে বৰ দোধোৰ মোধোৰত পৰিলোঁ । সি বিৰিণাৰ লগত ইমান হলিগলি কৰিবলৈ লোৱাৰ পাছত কোন সতেৰে মোৰ প্ৰাণৰ পুতলীজনীক বিৰিণা বনৰ জুইকুৰাত পুৰিবলৈ আগবঢ়াই দিওঁ । থাকক । মোৰ ছোৱালী ধুনীয়া । পঢ়া-শুনাতো ভাল । ভাল দৰা বিচাৰিম । এনেকৈ ব্যভিচাৰী ল'ৰা এটাৰ হাতত কিয় গতাম ? লাহে লাহে কুশলৰ গল্পবোৰ মোৰ ভাল নলগা হৈ আহিল । সি এটা বেয়া ল'ৰা । এটা সুবিধাবাদী ল'ৰা । এজনী অকলশৰীয়া , স্বামী পৰিত্যক্তা মহিলাৰ সুবিধা লোৱা এটা কু চৰিত্ৰৰ ল'ৰা । 
     লাহে লাহে গোটেই চুবুৰীতে কথাবোৰ আলোচনা হ'বলৈ ধৰিলে । নিৰ্মলাৰ দৰে বহু কেইজনী মহিলাই বিৰিণাকে দোষ দিলে । হয়, তাইৰে স্বভাৱ বেয়া । সেয়েহে গিৰিয়েকে সন্দেহ কৰি মাৰ-পিট কৰিছিল । এতিয়া দেখা নাই সৰু ল'ৰাটোক কেনেকৈ নচুৱাই ফুৰিছে !
    কুশল-বিৰিণাৰ কাহিনী এতিয়া ঘৰে ঘৰে ডেইলী চ'পৰ দৰে হ'ল । কোনে, কেতিয়া, ক'ত সিহঁত দুটাক একেলগে দেখি আহিল তাৰ সৰস আলোচনা চলিবলৈ ধৰিলে । জ্যোতিয়ে আজিকালি হমৱৰ্ক লৈ কুশললৈ ৰৈ নাথাকে । তাইৰ দুচকুত এক বিষণ্ণতা, কিবা এটা হেৰোৱাৰ দুখ দেউতাক হিচাপে মই প্ৰত্যক্ষ নকৰাকৈ নাথাকিলো । কুশলৰ প্ৰতি থকা অসন্তোষ খঙলৈ পৰ্য্যবসিত হ'ল । নহয়, কেৱল খং নহয়, মই আজিকালি ঘিণ কৰো কুশলক ।  সি মুঠেই যোগ্য নহয় জ্যোতিৰ কাৰণে । সি এটা বেয়া ল'ৰা, অসভ্য ল'ৰা । সমাজত অপসংস্কৃতি বিয়পাব পৰা ল'ৰা । সি আচলতে কলেজৰ প্ৰফেছৰ হোৱাৰো উপযুক্ত নহয় । তাৰ নিচিনা ল'ৰা আমাৰ উঠি অহা ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে বেয়া উদাহৰণ । তাৰ নিচিনা শিক্ষকে কি শিক্ষা দিব নতুন চামক ! সি নিজেই ভ্ৰষ্টাচাৰী । 
     আজিকালি কুশলৰ মুখামুখি নহ'বলৈ যত্ন কৰোঁ । কাচিৎ কেতিয়াবা বাটে-পথে লগ পালেও মই নেদেখা ভাও জোৰোঁ । তথাপিও সি উপযাচি আগবাঢ়ি আহি যেতিয়া জ্যোতিৰ খবৰ লয় মোৰ ভিতৰৰ দায়িত্বশীল দেউতাকজন শুকান খৰি জ্বলাদি জ্বলোঁ । মোৰ হাত দুখনত বাহুবলীৰ পৰাক্ৰম আহি ৰৈ থাকে, যি মোৰ এটা ইংগিতত কুশলৰ ভৰিত ধৰি দেৱালত আচাৰি আচাৰি তাক এসেকা দিবৰ মন কৰে । তথাপিও মই নিৰুদ্বেগ চিত্তে তাৰ প্ৰশ্নৰ উত্তৰ দিওঁ । ঘৰলৈ গৈ তাৰ ব্লগ খুচৰি তাৰ নতুন গল্প পঢ়োঁ । বিৰিণা বনৰ জুইকুৰাত দগ্ধ হওঁ । দগ্ধ হয় নিৰ্মলাও । আৰু জ্যোতি ? খুব খং উঠে কুশললৈ । কি দোষ জ্যোতিৰ ?
     তথাপিও মাজে মাজে ভাব হয় সেয়া নিতান্তই ডেকা বয়সৰ ভুল । হয়তো শাৰীৰিক আকৰ্ষণ । দিন যোৱাৰ লগে লগে হেঁপাহ হেৰাব । বিৰিণাক সি বিয়াও নাপাতে । অহুকাণে-পহুকাণে শুনিবলৈও পাইছোঁ কুশলৰ মাক-দেউতাকে তালৈ কইনা চাইছে বুলি । বিয়া পাতি দিলেই সি বিৰিণাৰ মোহ এৰিব পাৰিব বুলিয়েই ভাবিছে ছাগে । পাতক বিয়া । আমাৰ জ্যোতিক হ'লে তালৈ দিবলৈ নাই । কিন্তু জ্যোতিৰ মুখখনেও বহুত কথাই কয় । তাই এতিয়াও অপেক্ষাৰত তাইৰ প্ৰথম প্ৰেমৰ কাৰণে । কিবা এটা আশা কুশল এদিন ঘূৰি আহিব । তাইৰ খং-ঘৃণাৰ কেন্দ্ৰবিন্দু বিৰিণা । বিৰিণাই কুশলৰ চকুত পট্টী বান্ধিছে ।
    নিৰ্মলায়ো বিৰিণাৰ গতিবিধি সম্পূৰ্ণ নজৰত ৰাখে । আজিকালি চচিয়েল মিডিয়াবোৰ হোৱাৰ পৰা কোনেও কাকো পুৰণিকলীয়া চোৰাংচোৱাৰ দৰে সোঁশৰীৰে অনুসৰণ কৰাৰ প্ৰয়োজন নাই। ফেচবুক, ইনষ্টাগ্ৰামত চিচিটিভি হৈ থাকিলেই হ'ল। তাৰ ভাগ মোকো দিয়ে নিৰ্মলাই। বিৰিণাই আজিকালি কবিতা লিখে, কবি হিচাপে সামাজিক মাধ্যমৰ নানানটা অনুষ্ঠানৰ পৰা পুৰস্কাৰো লাভ কৰিছে। ৱাটচএপৰ ষ্টেটাছত কোনোবা বিশেষ এজনৰ প্ৰতি সদায়েই কৃতজ্ঞতা, যি তাইৰ জীৱনলৈ ঈশ্বৰপুত্ৰৰ দৰে আহি তাইৰ অভিশপ্ত জীৱনটো গোলাপৰ বাগিছাত পৰিণত কৰিছেহি, যাৰ অমৃতময় দুহাতে তাইক তুলি ধৰিছে আৰু তাই ধাৱমান হৈছে এক স্বৰ্গীয় এষণাত। 
     কথাবোৰে মোক ভবাই তুলিলে। কৰবাত কিবা এটা খালী ঠাই পৰিছে। প্ৰকৃততে কুশল বিৰিণাৰ সম্পৰ্ক আমি ভবাৰ দৰে ব্যভিচাৰী, সমাজ বহিৰ্ভূত নহয় নেকি! এইবাৰ কুশলৰ ফেচবুক একাউণ্টত চিচিটিভি হওঁ। পূৰ্বৰ দৰেই নৰ্মেল তাৰ আপডেটবোৰ। নাই কোনো তাৎক্ষণিক প্ৰেমৰ উচ্ছাস। গভীৰ মমত্ববোধ তাৰ প্ৰতিটো লেখাত, সজা খুলি পখী উৰুওৱাৰ হাবিয়াস, এন্ধাৰক আবিৰ সনাৰ প্ৰয়াস, মুমূৰ্ষুক জীৱনমুখী কৰাৰ আশা। এনে ল'ৰা ব্যভিচাৰী হ'ব পাৰে জানোঁ! পিতৃৰ মনটোৱে কয় 'পাৰে, পাৰে। সাহিত্যিকবোৰৰ একো বিশ্বাস নাই। দুমুখীয়া চৰিত্ৰ।'
    মাজতে শুনিলোঁ কুশলৰ বিয়া ঠিক হৈছে নলবাৰীৰ ছোৱালী এজনীৰ লগত । আশ্বৰ্যজনকভাবে সেইদিনা ৰাতিয়েই বিৰিণাৰ ঘৰত জুই লাগিল । গেছৰ চিলিণ্ডাৰ ফুটি গোটেই ঘৰটো জুয়ে আবৰি ধৰিলে। প্ৰায় সত্তৰ শতাংশ অগ্নিদগ্ধ বিৰিণাক মুমূৰ্ষু অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হ'ল। দুখ মোৰো লাগিল । ছোৱালীজনীৰ কপালত সুখ নিলিখিলেই নেকি ভগৱানে! পিছে সমান্তৰালভাবে আন এটা কাহানিও ভাইৰেল হ'ল। কুশলে অন্য ছোৱালী এজনী বিয়া পাতিব বুলি শুনিয়েই বিৰিণাই জুই লগাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল । এইবোৰৰ মাজতে নিৰ্মলাই ক'লে, "বেয়া লাগিছে । হ'লেও আপদটো আঁতৰিল। এতিয়া অন্ততঃ কুশল মুক্ত হ'ব । কোৱা শুনিছোঁ অৱস্থা বেয়া, মৰিবই ছাগে।"
    পিছে বিৰিণা নমৰিল। ঈশ্বৰপুত্ৰৰ দুহাতে তাইক আকৌ তুলি ধৰিলে। হস্পিটেলত বিৰিণাই পৰ্যাপ্ত শুশ্ৰূষা নাই পোৱা বুলি কুশলে বিৰিণাক নিজৰ ঘৰলৈ লৈ আহিল মাক-দেউতাকৰ তীব্ৰ আপত্তি স্বত্ত্বেও । বিৰিণাৰ ঘৰটো বাসোপযোগী হৈ থকা নাছিল । অন্যহাতে কুশলৰ ঘৰতো কোঠাৰ অভাৱ নাছিল ।
     চুবুৰীৰ মানুহবোৰৰ চকু কপালত উঠিল । নিৰ্মলায়ো ক্ষোভ উজাৰিলে, "সুবিধাহে পালে সি তাইক ঘৰলৈ লৈ যাবলৈ ।"
    সকলোৱে ভবাৰ দৰে মই কিন্তু ভাবিব নোৱাৰিলোঁ । এয়াতো অপৰিপক্ক মনৰ আবেগ নহয় । এয়াতো চুড়ান্ত দায়িত্বশীলতা। মানসিক সংগদান। এয়াতো শৰীৰ সুখৰ উৰ্দ্ধৰ একাত্মীয়তা। তথাপিও ক'ব নোৱাৰি, নিতান্তই পুতৌৰ বশবৰ্ত্তী হৈয়ো কুশলে এই কাম কৰিব পাৰে ।
  গ'লো এদিন মনে নমনা কাৰণে চাই আহোঁগৈ বুলি । এখন আঠুৱাৰ ভিতৰত ৰখা হৈছে বিৰিণাক । চুলিলৈকে পুৰি যোৱা বিৰিণাৰ বীভৎস ৰূপ দেখি শিয়ৰি উঠিলোঁ ।এনে যন্ত্ৰণা কাকো নিদিয়ক প্ৰভু। বিৰিণাৰ ঢেলা চকুত তথাপিও যেন এক প্ৰাপ্তিৰ ৰেশ, শৰীৰী যন্ত্ৰণাৰ বহু উৰ্দ্ধত এক অনাবিল সুখৰ আবেশ। প্ৰেম নিশ্চয় এনেকুৱাই .....। বিৰিণাৰ তেজ-পূজ পৰিস্কাৰ কৰি দিনে ৰাতিয়ে শুশ্ৰূষা কৰি থকা কুশল নামৰ প্ৰেমিকজনৰ চকুতো নেদেখিলোঁ হতাশা, নেদেখিলোঁ পুতৌ। চকুত পৰিল প্ৰিয়জনৰ বাবে কিবা কৰাৰ হেঁপাহ, এধানি সুখ দিয়াৰ দুৰ্বাৰ আকাংক্ষা ।
     "খুড়া, ডাক্তৰে হাত দাঙি দিলে । সেয়ে লৈ আহিলোঁ । যি কেইটাদিন থাকে মই যৎপৰোনাস্তি শুশ্ৰূষা কৰোঁ । জীৱনত কি পালে, কি নাপালে, অন্ততঃ শেষৰ দিন কেইটা সামান্য প্ৰাপ্তিৰে অতিবাহিত হওঁক ।"
    "কুশল, কথা এটা কওঁ। কোৱা উচিত হয়নে নহয় নাজানোঁ । তথাপিও ইমানখিনি কৰিছাই যদি চকু মুদাৰ আগতে শিৰত সেন্দুৰকণো দি দিয়া। কিজানি তালৈকে ৰৈ আছে। প্ৰাপ্তিৰ আনন্দত মুক্ত হ'বলৈ।"
    কুশলে থৰ লাগি মোলৈ চাই ৰ'ল। মই ইতস্ততঃ কৰি চকু ঘূৰালোঁ। সি কৈ গ'ল, 
"আপোনাক দোষ নিদিওঁ । ভুল বুজাতো স্বাভাৱিক । আমাৰ সমাজ ব্যৱস্থাই এনেকুৱা । ল'ৰা-ছোৱালীৰ মিলামিচাৰ অন্তৰালত এটাই কাৰণ প্ৰেম। বিৰিণাৰ প্ৰতি মোৰ প্ৰেম নিশ্চয় আছে । কিন্তু পতি-পত্নীৰ দৰে আমি কেতিয়াও ইজনে সিজনক বিচৰা নাই। বন্ধু আমি, খুব ভাল বন্ধু । ইমান ভাল বন্ধু যে শেষ সময়তো সমাজে কি কয় তালৈ পৰোৱা নকৰি মোৰ ঘৰত আশ্ৰয় দিছোঁ । বিৰিণাৰ নিজা ঘৰখন জুইত ভষ্মীভূত নোহোৱা হ'লে মই তাইক তাতে ৰাখিলোঁ হেঁতেন । মই নিজে তাত থাকি লৈ তাইৰ পৰিচৰ্যা কৰিলোঁ হেঁতেন ।"
    সৰু ল'ৰাটোৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁ খাই গ'ল মোৰ । দুদিনৰ পিছতে বিৰিণা ইহ সংসাৰৰ বন্ধনৰ পৰা মুক্ত হ'ল। কুশলো মুক্ত হ'ল বন্ধুত্বৰ দায়িত্ব পালনৰ পৰা । মই মুক্ত হ'লো মোৰ মনৰ জুইকুৰাৰ পৰা । নিৰ্মলা আৰু জ্যোতিও মুক্ত হ'ল বিৰিণা বনৰ জুইকুৰাৰ পৰা ।
           

পৃষ্ঠা ৩৮

পৰিৱৰ্তন

মমী বৰঠাকুৰ

:  সম্পূৰ্ণকৈ নজনাকৈ কাৰো কথা এনেদৰে আলোচনা নকৰিবা বিভাষ , তুমি আৰু মায়ে ভবাৰ দৰে তেওঁ ইমান বেয়া মানুহ নহয়। কাকো মুখেৰে নামাতে সেইটো তেওঁৰ নিজৰ কথা। কিন্তু আনৰ চৰিত্ৰত ধৰি কথা ন'কবা বিশেষকৈ তুমি একোৱেই নাজানা তেওঁৰ বিষয়ে। 
          ইমান সময়ে ফুচফুচাই কথা পাতি থকা বিভাষ আৰু মাকৰ মুখৰ মাত হৰিল । নিশাদ্ৰী বিয়া হৈ অহা এমাহ হৈছেহে মাথোন। কিন্তু বিয়া হোৱাৰ দিন ধৰি তাই দেখি আহিছে শাহুৱেক আৰু তাইৰ স্বামী বিভাষে আনৰ‌ কথা খুব পাতি থাকে যেনে - কাৰ ঘৰলৈ কোন আহিছে ,কাষৰ মানুহ জন বেয়া ,কাকো মুখেৰে নামাতে কিবা চৰিত্ৰত দোষ আছে চাগে ইত্যাদি ইত্যাদি।
     নিশাদ্ৰীয়ে এইবোৰ আলোচনা বৰ বেয়া পায় ,সেয়ে কিবা এটা তেওঁ লোকক পৰিৱৰ্তন কৰিব পাৰি নেকি মনতে ভাবি কথাখিনি ক'লে ।     
             নিশাদ্ৰীয়ে সন্ধিয়াৰ চাকি গছ জ্বলাবলৈ গোঁসাই ঘৰত সোমাইছিল নামঘৰত ডবাটো  নামঘৰীয়াই বজাইছিল সেই সময়তেই  তাই ক'লে 
    :  পুৱা , গধূলি গোঁসাইৰ নাম লোৱাৰ সময় , কাৰ ঘৰলৈ কোন‌ গ'ল ,কাৰ ঘৰলৈ কোন আহিল , কাৰ ঘৰত কোন কিমান সময় বহিল এইবোৰ কথা নাপাতিব চোন মা , বিশেষকৈ আপুনি যদি এনেকুৱা আলোচনা কৰে। বেলেগ মানুহে তেতিয়া আমাৰ ঘৰলৈ মানুহ আহিলে জুমি থাকিলে‌ আপুনি জানো‌ ভাল পাব ?  আপুনি আপোনাৰ ল'ৰাৰ লগত বেলেগ ভাল কথা পাতক , কিতাপৰ কথা পাতক , পৰিয়ালৰ মানুহবোৰৰ কথা পাতক , পৰিয়ালৰ মানুহবোৰৰ খবৰ লওক । তেতিয়া তেওঁ পৰিয়ালৰ মানুহবোৰৰ সৈতে একাত্ম হ'ব। কথাবোৰ বহলকৈ ভাবক চোন ,ঠেক মনোবৃত্তি ত্যাগ কৰক আজিয়েই ।
    নিশাদ্ৰীৰ কথা তেওঁলোকে বুজিলেনে নাই তাই নাজানে কিন্তু  কম কম বুলি ভাবি থকা কথাখিনি কৈ তাইৰ মনটো মুকলি হ'ল‌ ।
     আজিকালি শাহুৱেক আৰু বিভাষ কিছু সলনি হৈছে। বহি থাকিলেও পৰচৰ্চা কৰা নিশাদ্ৰীয়ে শুনা নাই , পৰিৱৰ্তনবোৰ এনেদৰেই হয়। মাথোঁ আমি অলপ চেষ্টা কৰিব লাগিব । "ভাল পৰিৱৰ্তন এটা আনিবলৈ আমি টানকৈও কেতিয়াবা ক'ব লাগিব , ঘৰখনেই প্ৰধান ঠাই য'ত আমাৰ ভাল - বেয়া , দোষ ,গুণ মুকলিকৈ আমাক আঙুলিয়াই দি বেয়াবোৰকো ভাললৈ‌ পৰিৱৰ্তন কৰিব পাৰি।" কথাষাৰ ভাবি নিশাদ্ৰীৰ মনটো পাতল হৈ পৰিল।


ঠিকনাঃ
গুৱাহাটী 
ভেটাপাৰা নন্দন পথ 
দূৰভাষ - ৮৩৯৯৯৮৬৬১৭


পৃষ্ঠা ৩৯

শিশু বিশেষঃ

আমাৰ শিশু সকল আৰু কৰ'না মহামাৰী সময়

মিতালী শৰ্মা

         মানৱ জীৱনৰ আদি স্তৰৰ পৰাই বয়স অনুসৰি আবেগ, অনুভূতিৰ প্ৰাবল্য কমি গৈ যুক্তি, চিন্তা, বিচাৰ বুদ্ধি আদিয়ে তাৰ ঠাই দখল কৰে আৰু তেতিয়াই প্ৰকৃত মানুহ ৰূপে পৰিচিত হয়। গতিকে প্ৰতিজন অভিভাৱক , শিক্ষক আৰু শিক্ষাবিদৰেই শিশু সকলৰ আবেগিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ উপযুক্ত বিকাশৰ পৰিবেশ সৃষ্টি কৰাৰ দায়িত্ব অপৰিসীম।

         শিশুটিৰ বাবেহে শিক্ষা, শিক্ষাৰ বাবে শিশু নহয়। মনোবিজ্ঞানী সকলে শিশু সকলৰ ভিন্নতা ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকক উপযুক্ত শিক্ষা প্ৰদানেৰে বিকশিত কৰাৰ পদক্ষেপ লৈছে। 
         
       ‌‌  মাক-দেউতাকে সন্তানৰ প্ৰতি কৰা আচৰণৰ ওপৰত সন্তানৰ ব্যৱহাৰ বহু পৰিমাণে নিৰ্ভৰশীল। পৰিয়ালত শিশু সকলে প্ৰদৰ্শন কৰা আচৰণ সমূহ লক্ষ্য কৰিলে শিশু বিকাশৰ ক্ষেত্ৰত জন্ম ক্ৰমৰো (order of birth) গুৰুত্বপূৰ্ণ ভূমিকা আছে।

         ‌‌ যুগৰ পৰিবৰ্তনে শিক্ষাৰ ক্ষেত্ৰতো পৰিবৰ্তন আনিলে। শিক্ষাৰ এক নতুন ধাৰাৰ সৃষ্টি হ'ল। শ্ৰেণীকক্ষৰ চাৰিবেৰ ফালি শিক্ষা ওলাই আহিল বহিৰ্জগতলৈ। অনাবৃত বিদ্যালয় (uncovered school) ৰ ধাৰণা গঢ় লৈ উঠি গোটেই পৃথিৱীখনকে বিদ্যালয় শিক্ষাৰ কেন্দ্ৰস্থল বুলি গ্ৰাহ্য কৰা হ'ল। শিশু সকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ ওপৰত সমানে গুৰুত্ব আৰোপ কৰা হ'ল। শিক্ষা লাভৰ  ক্ষেত্ৰত শিশু মন স্বতঃস্ফূততাৰ গুৰুত্ব উপলব্ধি কৰি সৃষ্টি হ'ল শিক্ষাত স্বাধীনতা প্ৰদানৰ নতুন ধাৰণা। শ্ৰেণীকোঠাৰ কৃত্ৰিমতা আৰু বন্ধ পৰিবেশৰ মাজত শিশু প্ৰতিভাৰ বৌদ্ধিক বিকাশ প্ৰস্ফুটিত নহয়। শিক্ষাবিদ সকলে অনুভৱ কৰিলে শিক্ষাৰ পথাৰত খেলৰ প্ৰয়োজনীয়তাৰ কথা। জন্মগত ভাবে ক্ৰীড়াপ্ৰবণ শিশু সকলে খেল ধেমালিৰ মাজেৰেহে সিহঁতৰ প্ৰতিভা মুকলি প্ৰকাশ কৰি বৌদ্ধিক বিকাশ লাভ কৰিব পাৰে। খেল ধেমালি, তৰ্ক, বক্তৃতা, কুইজ, সংগীত, নাটক আদি অন্তৰ্ভুক্তিৰে সহঃ পাঠ্যক্ৰম নাম ধৰি এই পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰী সকলৰ যোগ্যতা আৰু সামৰ্থ্য অনুযায়ী তেওঁলোকৰ বহুমুখী প্ৰতিভাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই।

          বৰ্তমান যুগত অভিভাৱক সকল শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট   সচেতন ।  বিদ্যালয় সমাজখনৰ বা দেশখনৰ এটা অপৰিহাৰ্য অংগ। সেইয়েহে আমি অভিভাৱক আৰু শিক্ষক সকলে আমাৰ শিশু সকলক এটা সুন্দৰ পৰিবেশৰ মাজৰে তেওঁলোকৰ মনস্তাত্বিক দিশটোৰ প্ৰতিও  লক্ষ্য ৰাখি সজাগতাৰে আগুৱাই নিব লাগিব।

             অতিৰিক্ত শক্তিৰ অধিকাৰী শিশু সকলে খেল ধেমালিৰ মাধ্যমেৰে নিজৰ প্ৰ‌য়োজনাধিক শক্তি ব্যৱহাৰ কৰি সজীৱ কৰি ৰাখে।আজৰি সম‌য়ৰ সদ্‌ব্যৱহাৰৰ ওপৰত বৌদ্ধিক বিকাশ বহু পৰিমাণে নিৰ্ভৰশীল।

              কৰʼণা মহামাৰীৰ প্ৰকোপ যথেষ্ট কম হৈছে যদিও সকলো অভিভাবকে তেওঁলোকৰ শিশুসকলক স্কুল পঠিওৱাৰ পৰা বিৰত আছে। ফলত ঘৰতেই আবদ্ধ থাকিব লগীয়া হোৱাত তেওঁলোকৰ মানসিক শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট বাধা আহি পৰিছে। হঠাতে বহু শিশুৱে তেওঁলোকৰ পিতৃ-মাতৃ আৰু নিকটতম আত্মীয়ক হেৰুৱাই যথেষ্ট শিশু অনাথ হৈছে। এনে ক্ষেত্ৰত আমি সকলো অভিভাৱক আৰু শিক্ষক  সকলে শিশু সকলৰ ক্ষেত্ৰত বহু সচেতনতা অবলম্বন কৰিব লাগিব। তেওঁলোকৰ মনলৈ হতাশা যাতে নাহে সেই বিষয় লক্ষ্য ৰাখি ভাল পৰিবেশ আৰু স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব লাগিব। অনলাইন পাঠদানত শিক্ষক সকলে সহায় সহানুভূতি আৰু সহযোগিতাৰে আগবঢ়াই তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত খু-দুৱনি মাৰি তেওঁলোকৰ আত্মবিশ্বাস গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। শিশু সকল যি কোনো দেশ বা জাতিৰ অমূল্য সম্পদ আৰু মানৱ জাতিৰ ভালৰো ভালখিনি তেওঁলোকে পোৱাৰ যোগ্য। এনে উদ্দেশ্য আগত ৰাখি আমি সকলোৱে শিশু সকলক আগুৱাই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব।

ঠিকনাঃ
উলুবাৰী গুৱাহাটী
ফ'ন নং-- ৯০৪৫৩১০৩৫৫


পৃষ্ঠা ৪০

শেষ পৃষ্ঠাৰ লেখাঃ

নৱবৰ্ষৰ শুভেচ্ছাৰে

" সময় গতিশীল
নতুন সিও হয় যে
নতুন সিও হয় যে
অতীত পুৰণি"

  গতিশীল সময়ৰ দুৰন্ত গতিত আকৌ অতীত হ'ল সৌ সিদিনা উলহ-মালহেৰে আদৰি অনা 2021 বৰ্ষটি। পুৰণি হ'ল নৱবৰ্ষৰ প্ৰীতি ভৰা শুভেচ্ছা বাণী সমূহ। কিছু আশা পূৰণ হ'ল, কিছু নহ'ল। কিছু স্পৰ্শহীন ভাৱেই ৰৈ গ'ল অনাগত দিনৰ বাবে। আচলতে আশা আছে বাবেই জীৱনটো সুন্দৰ । আশাৰ পম খেদি সুন্দৰৰ আৰাধনাৰে কৰ্মৰ আঙুলিত ধৰি আগুৱাই যাওঁ খোজ প্ৰতি খোজ। আশাহীন জীৱনত কি ৰং ? নিৰ্লিপ্ত, উদাসীন হৰ্ষ-বিষাদতো নিৰ্বিকাৰ প্ৰতিক্ৰিয়াহীন জীৱনৰ আছেনে গতি ?  আশাহীন, সপোনহীন এটা জীৱন পানীৰ দৰে বৰণহীন। সেইয়ে আমি আশাৰ কাৰাগাৰত বন্দী হৈ থাকো প্ৰতিনিয়ত।          
            আশাবোৰ বুকুত সাৱটি আকৌ এটি নৱবৰ্ষত ভৰি দিবলৈ ওলাইছো আমি। বিগত সময়ত ৰৈ যোৱা আশাৰ নুফুলা পাহিবোৰক ফুলাই তোলাৰ নতুন আশা বুকুত সাৱটি। মুঠতে আশা কেৱল আশা । আশাৰ মাজতেই জীৱনৰ ৰূপৰেখা।
           বিগত বৰ্ষটিত কৰ'নাৰ বাবেই স্থবিৰ হৈ ৰ'ল আমাৰ গতি। যদিও আশা আছিল 2021 বৰ্ষটিয়ে সুখৰ সন্ধান দিব। কৰ'না প্ৰতিৰোধৰ বাতৰি  কঢ়িয়াই আনিব। পিছে তেনে নহ'ল।  2020 বৰ্ষটিৰ দৰেই 2021 বৰ্ষটিটো উদিগ্নতা, অস্থিৰতা আৰু যন্ত্ৰণাদায়ক ভাৱেই শেষ হ'ল। যদিও বছৰৰ শেষৰ ফালে পৰিস্থিতি কিছু অনুকূল হৈছিল, তথাপিও কামিহাড় ভগা দেশৰ অৰ্থনীতিয়ে গা কৰি উঠিব নোৱাৰিলে। ফলত আমাৰ বহুতৰে সপোনবোৰো সপোন হৈয়ে থাকিল। ভোকৰ জুই জ্বলিয়ে থাকিল নিঃকিনৰ  পেটত। আপোনজনক হেৰোৱা অসহনীয় যন্ত্ৰণাত দগ্ধ হৈ ছাই হৈয়ে থাকিল লক্ষ লক্ষ লোকৰ কোমল কলিজা।
          আগন্তুক 2022 বৰ্ষটি বগত বছৰ দুটিৰ দৰে নহওক।  নেদেখা জনে দয়া কৰক মানৱ সমাজক। প্ৰভুৰ দয়া দৃষ্টিত জাহ যাওক অপায়-অমংগল। শান্ত আৰু সুস্থিৰ বাতাবৰণত ফুলক আশাৰ পাহি। নৱবৰ্ষটি হওক  সুখ, শান্তি আৰু সমৃদ্ধিৰ আকৰ। সৃষ্টিৰ কঠীয়াই জীপাল হওক ধৰণীৰ বুকু।
         নৱবৰ্ষটিয়ে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক আশাভৰা প্ৰভাতৰ সোণালী আভা। দিনবোৰ হৈ পৰক বিশ্বাস আৰু প্ৰীতিৰে ভৰা। প্ৰেমৰ অমিয়া গুঞ্জনেৰে জীপাল হওক হৃদয়ৰ প্ৰতিটো কোঠা। সপোনবোৰ দিথক হওক, বাস্তৱ  শিথিল হওক, প্ৰাপ্তিয়ে পৰিপুষ্ট হওক প্ৰতিটো পল অনুপল। সুখ হওক সহযাত্ৰী, হাঁহি হওক ওঁঠৰ আভূষণ। অঙ্গনৰ পৰিয়ালটিয়ে আন্তৰিকতাৰে সমূহ ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ হাৰ্দিক শুভেচ্ছা জনাই তাকেই কামনা কৰিলোঁ।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
৬০০০৭০৯০৯৬


পৃষ্ঠা ৪১


Post a Comment

0 Comments