অঙ্গনলৈ লেখা আহ্বান




অঙ্গনৰ নৱবৰ্ষ বিশেষ সংখ্যালৈ লেখা বিচাৰি

            সমগ্ৰ লেখক/লেখিকা সমাজক অঙ্গনৰ পৰিয়ালে শ্ৰদ্ধাৰে স্বাগতম জনাইছোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে প্ৰায় তিনি লাখ পঢ়ুৱৈৰ মাজত থাকি অঙ্গনে বৰ্তমান পাঠকৰ হৃদয়ত এটি নিদিষ্ট স্থান দখল কৰিছে। যাৰ বাবে আপোনালোকক আমি সহৃদয়তাৰে ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ আপোনালোকৰ অৱদানৰ অবিহনে এই কাম সহজ নহয়।  আমি অঙ্গনৰ দ্বিতীয় বছৰৰ ১৪ নং সংখ্যা ইতিমধ্যে প্ৰকাশ কৰিছো। অঙ্গনৰ আগন্তুক ১৫ নং সংখ্যাটি নৱবৰ্ষ বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰাৰ সিদ্ধান্ত অঙ্গনৰ সম্পাদনা সমিতিয়ে গ্ৰহণ কৰিছে। সেয়ে সন্মানীয় লেখক/ লেখিকা সকল এই সংখ্যাটিলৈ আপোনালোকৰ মূল্যবান লেখা সমূহ প্ৰদান কৰি আমাক এই বাটত আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলো‍। আমাৰ অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, গল্প, একমিনিটৰ গল্প, অণুগল্প, অনুভৱ, গ্ৰন্থ প্ৰৰ্যালোচনা, ৰেচিপি, লিমাৰিক, হাইকু, নীলাখামৰ চিঠি, অনুবাদ কবিতা/ গল্প আদি প্ৰেৰণ কৰিব পাৰিব। লেখা সমূহ 27 ডিচেম্বৰৰ ভিতৰত দিবলৈ অনুৰোধ জনালোঁ।

লেখা প্ৰেৰণৰ ঠিকনা
6000709096 হোৱাটচ্‌ এপ নম্বৰ অথবা monjitmonjit444@gmail.com

( লেখা সমূহ অসমীয়াত শুদ্ধকৈ টাইপ কৰি দিয়ে যেন)

ধন্যবাদ
সম্পাদনা সমিতি অঙ্গন

Post a Comment

0 Comments