চেনেহৰ প্ৰিয়তম,

ভালে আছানে তুমি এই মুহূৰ্তত?হয়তো মোৰ দৰেই নিশাৰ আকাশখনলৈ তধা লাগি চাই ৰৈছা | হয়তো মোৰ দৰেই হাতেৰে খেপিয়াই বিচাৰিছা মোক,কিজানি তোমাৰ কাষত আছোৱেই!!! এদিন এনেকুৱা জোনাকী ৰাতি এটিতে দুয়ো যে হাতত হাত থৈ মুকুতা মুকুতা লগা কথাৰে ভৱিষ্যতৰ সপোনবোৰৰ মালা গাঁঠিছিলো....মনত আছে ন সোণ? মনত যে আছে তোমাৰ  জানো মই, কাৰণ আমি অভিন্ন হৈ আছো এতিয়াও,এই সময়তো..এই সময় আকৌ সেই সময় হোৱা হ'লে কিমান যে সুখী হ'লোহেতেন দুয়ো..মোৰ অন্তৰাত্মা চুই যোৱা এক অবিনাশী সত্বা তুমি মোৰ,হেপেহুৱা মনটোৱেযে মাথো তোমাৰ অনুভৱৰ মাজেৰেই সকলো হেঁপাহ সেইখনি আকাশৰ মাজতেই বিচাৰি লৈছিল য'ত মাথো তোমাৰ আৰু মোৰ প্ৰিয় অনুভৱবোৰ,সপোনবোৰ ওমলি ফুৰিছিল..এই অনুভৱৰ শেষ নাই, মাথো বৈ যায়..তোমাক নিজৰ কৰি ৰাখি থোৱাৰ হেঁপাহ বুকুৰ কোণ এটাত হয়তো আজিও আছে,সেইবাবেই অজানিতে ছাগে চকুলো বৈ আহিছে..তোমাৰ এষাৰি মাতত,এটি মিঠা শব্দতে সেই সকলো পাওঁ যি মঙহেৰে হিচাপ কৰা মৰমৰ মাজত পোৱা নাযায়..কাইলৈ মই ন-জীৱন এটাত প্ৰথমটো খোজ পেলাম..কথা দিছো তোমাক,আমাৰ মৰমৰ অনুভৱী শক্তিতে মই পাৰ কৰিম মোৰ সমগ্ৰ জীৱন, মই জানো তুমি আঁতৰৰ পৰাই মোলৈ শুভাশীষ পঠিয়াইছা | আকোৱালী ল'ম মই..জীৱনৰ প্ৰতিটো দায়িত্ব সুচাৰুৰূপে পালন কৰিম,ৰাধা বা মীৰাবাঈ হৈ তোমাক মনত নাৰাখো,মোৰ অনুভৱৰ জোনাকী আকাশখনত তোমাক জিলিকাই ৰাখিম চিৰদিন,প্ৰতিটো পল..একেখন আকাশতে থাকিম দুয়ো,ক'তনো দূৰ হ'ম..কোনোদিন দূৰত নাথাকো..

               সুখী হ'ম মই,তুমিও কিন্তু তাৰপৰাই মোক আশীষ যাছিবা | আমাৰ মা-দেউতাই তোমাৰ ফটোখনৰ ওচৰত বহি মোৰ কথাই হয়তো কৈ আছে..বকুলৰ ফুলবোৰ সৰিছে,পুৱতি তৰাটোও কালিতকৈ আজি বেছি জিলিকিছে,মই বকুলফুল বুটলোগৈ দেই,পুৱাই মালাধাৰি তোমাৰ ফটোখনিত আঁৰি দিব লাগিব যে..

                                    তোমাৰ হেঁপাহৰ
                                            মইজনী