১২)নীলা খামৰ চিঠি




প্ৰতি 
        প্ৰস্ত্ততি                                    
                                                  

     শৰতৰ এই সেমেকা সন্ধিয়াত তোমালৈ বুলি চিঠি এখন লিখিবলৈ লৈছে‍াঁ । তুমি জানানে এয়া কেৱল নীলা ছিয়াঁহীৰে লিখা আখৰৰ সমাহাৰ নহয় , মোৰ হৃদয়ত তােমাৰ প্ৰতি থকা অজস্ৰ মৰমৰ প্ৰতিফলন এয়া । ডাকোৱালে চিঠিখন কেতিয়া তোমাৰ হাতত গুঁজি দিবগৈ সেয়া মই নাজানােঁ , কিন্ত্ত এটা কথা কি জানাঁ ইমানদিনৰ পৰা ক'ম বুলি ভাৱি থকা কথাবোৰ লিখিত আকাৰে তোমালৈ পঠিয়াওঁতে মনটো পাতল পাতল লাগিছে যদিও অচিন আশংকাত হৃদয় কঁপি উঠিছে । অনুভূতিবোৰেও তোলপাৰ লগাইছে , কোনটো কথা আগত লিখিম ভাৱিকে পোৱা নাই । আচলতে  আজিকালি তোমাৰ কথাই মোক বৰকৈ আমনি কৰে । নাজানোঁ কি আছিল তোমাৰ কাজলসণা দুচকুত যিয়ে মোক প্ৰথম চাৱনিতেই সন্মোহিত কৰিছিল । এতিয়া যে সুদূৰৰ পাহাৰৰ সেউজীয়াৰ মাজতো মোৰ মনটোৱে তোমাক বিচাৰি যায় । বাগিছাৰ প্ৰতিপাহ ফুলৰ মাজত তোমাক বিচাৰি হাবাথুৰি খাওঁ । প্ৰতিপল হৃদয়ত বাজি থাকে আচুৰ্য্য দাৰ সেই প্ৰিয় গীতটি -- " পাৰা যদি হোৱানা মোৰ , শিৰে শিৰে বোঁৱাহিছোন । " তোমাৰ বাৰু মনত আছেনে ? যেতিয়া আমাৰ প্ৰথম দেখাদেখি হৈছিল , এজাক বৰষুণ অহাৰ উমান পাই তুমি ঘৰলৈ যাবলৈ খৰখেদা কৰিছিলা । আৰু মই বৰষুণত তিতি তিতি তুমি যোৱা বাটটোলৈ বাৰে বাৰে চাইছিলোঁ । তেতিয়াৰ পৰা তুমি মোৰ সপোনপ্ৰিয়া । সন্মুখত গৈ প্ৰেমৰ প্ৰস্তাব দিবলৈ সাহস গোটাব নোৱাৰিলো , চিধাচিধিকৈ কৈ দিবও নোৱাৰোঁ ; তাৰবাবে দুখিত: । আশকৰোঁ তুমি মোৰ কথাবোৰ বুজি পাবা । 

সময়ৰ সোঁতত তোমাক লগ পালোঁ আৰু এতিয়াছোন তোমাক আনৰ বুলি ভাৱিবই নোৱাৰোঁ , প্ৰেম বাৰু এনেকুৱাই নেকি ? নাজানোঁ কিয় তোমাৰ প্ৰতি মোৰ তীব্ৰ হাৱিয়াস । তুমি বাৰু উষা - অনিৰুদ্ধৰ দৰে , মমতাজ আৰু চাহজাহানৰ দৰে অমৰ প্ৰেমৰ সাক্ষী হৈ নতুন কাহিনী ৰচিবলৈ মোৰ জীৱনলৈ  আহিবানে ? তোমাৰ স'তে আবেলিৰ হেঙুলীয়া বেলিৰ কিৰণ চাবলৈ , নিয়ৰৰ দলিছাত খোজ থৈ সপোন ৰচিবলৈ মোৰ যে অদম্য হেঁপাহ । আহাঁ সহযাত্রী হৃদয়েৰে আমি যাওঁ সপোনৰ দেশলৈ । তোমাৰ কথা ভাৱিলেই জানাঁ জোনাক উপচি পৰে , বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে । 

পোৱা নোপােৱাৰ হিচাপবোৰ এলাগী কৰি শেষহীন আকাঙ্ক্ষাৰে তোমালৈ অলেখ মৰম যাছিলোঁ । যাযাবৰী মনৰ কথাবোৰে আমনি কৰি আছিল সেইবাবে সপোনৰ নদীত মেলি দিলোঁ আশাৰ পানচৈ । প্ৰান্তত তোমাক একাঁজলি আন্তৰিকতা যাছিলোঁ । মোৰ মনত ইতিমধ্যেই ৰঙা আবিৰেৰে তোমাৰ কঁপাল ৰাঙলী কৰাৰ অদম্য হেঁপাহ জাগিছে , জীৱনৰ ৰামধেনু আঁকিলে আদিম জীৱনে , প্ৰস্ত্ততি ভালে থাকা । 


                                         ইতি 
                                তোমাৰ   সান্নিধ্য

Post a Comment

0 Comments