১৪) নীলা খামৰ চিঠি

জিত
  মৰমৰ....                             তাং_০৯/১১/২০২১
    আজি বহুদিনৰ পিছত তোমালৈ বুলি কলমটো হাতত তুলি  লৈছোঁ ৷ কলমটো বাৰে বাৰে থমকি ৰ’ব খোজে _কিমান দিন যে হ’ল তোমাৰ স’তে ভাৱ বিনিময় কৰাৰ  ? ? সুদীৰ্ঘ ১৭_১৮ বছৰে হ’ল তোমাৰ স’তে  দেখা_দেখি নোহোৱাৰ ৷মাথোন বুকুৰ মাজত অহৰহ কঢ়িয়াই লৈ ফুৰিছোঁ   অনুভৱবোৰ ৷বুকু খন যেনএখন উপন্যাস  ৷অব্যক্ত ভাৱৰ ভৰত দোদুল্যমান ৷ক’ত আৰম্ভ কৰি ক’ত শেষ কৰিম সেইয়া যেন এক ডাঙৰ প্ৰশ্ন ৷কোন কাহানিবাই তুমি এৰি থৈ যোৱা পদচিহ্নবোৰআজিয়ো  মোহাৰিব পৰা নাই মোৰ পজাঁঘৰত ৷আজিয়ো চোন তুমি ছটিয়াই যোৱা  গোন্ধটো  নাকত লাগিয়ে  আছে ৷৷ উশাহবোৰ উশাহত  লাগি ৰ’ল আৰু নিশাহবোৰ শেৱালী হৈ ভৰি ৰ’ল  আৰু প্ৰতিটো ঋতুয়ে কঢ়িয়াই আনে তোমাৰ সুৱাস ৷ মাজে মাজে বিষাদৰ এজাক প্ৰচণ্ড বতাহে  বৰকৈ কোবাইছিল তথাপিও কিন্ত মই হালি নপৰিলোঁ ৷ অনুভৱৰ উপজিপুৱাতে গজি উঠা হেঁপাহবোৰ অ’ত ত’ত সিঁচৰিত হৈ পৰিছিল  , দিকভ্ৰান্ত পথিকৰ দৰে ৷
মনৰ মাজত গুপুতে গুপুতে আলাপ কৰিছিলোঁ ৷কি শুদ্ধ কি অশুদ্ধ___নানা প্ৰশ্নৰ থকা সৰকা বাণত শৰবিদ্ধ হৈছিলোঁ ৷বিবেকৰে জয় নিশ্চিত হৈছিল । য’ত মোৰ  গুৰুত্ব নাথাকে তাত থকাতো উচিত নহয়  সেইয়া ঘৰে হওক কিম্বা হৃদয়ে হওক  তথাপিও  অনুভৱবোৰ দলিয়াই পেলাব নোৱাৰিলোঁ ৷  কোনোবা কোণত খোদিত হৈ ৰ’ল ৷নিজৰ স’তে যুঁজ কৰি কৰি এটা সিদ্ধান্তলৈ অহাতো  কাৰেোৰে বাবে বৰ সহজ নহয়। মোৰ দৰে মানুহৰ বাবে আৰু  দুৰূহ ৷কিয়নো তুমিতো জানাই  মই বৰ আৱেগিক  সৰু সৰু কিছুমান কথাই মোক অলপতে ছুই যায় ৷ সচাঁটো উদঙাই”০ দেখাবলৈ তোমাৰ ওচৰত অলপো কুণ্ঠাবোধ নকৰোঁ ৷
   যিসময়ত সমস্ত জগতত  নিজতকৈও  বেছি ভালপাোৱা গানবোৰ( যদিওবা মই গায়িকা নহয়) তোমাৰ অভিনয়বোৰ  বুকুত সাৱটি সপোন দেখিছিলোঁ  ,তোমাক সফলতা ৰ  শিখৰত থিয় হোৱাৰ সপোন দেখিছিলোঁ  আৰু সেইয়াই মোৰ জীৱন  হৈ পৰিছিল ৷ মই যিজোপা বৰগছৰ তলত  বহি ক্ষন্তেক জিৰণি লৈছিলোঁ সেইজোপা বৰগছ এদিন  নাইকিয়া হ’ল  _তেতিয়া ছাঁলোৱাজনৰ অৱস্থা কি হ’ব পাৰে বাৰু ?? কল্পনাতীত এক অৱস্থাই কোবাই যায়  ৷সচাঁ কি মিছা কি _তাৰ সঠিকতাই হেৰাই যায় জীৱনৰ পৰা ! সন্মুখত মাথো ৰৈ যায় এটা বিৰাট প্ৰশ্নবোধকৰ ? যি প্ৰশ্নৰ উত্তৰ বিছাৰি আজিয়ো হাহাকাৰ কৰে হৃদয়ে  কিন্ত সঠিক উত্তৰ পাব নোৱাৰিলোঁ ৷ প্ৰিয় গ্ৰন্থ “ন হন্যতে” 'ত উল্লেখিত  _“জীৱনৰ পৰিণতি একান্ত বিস্মৃতিৰ মাজেদি নহয় ,বেদনাক দিনে দিনে বোধনাৰ মাজলৈ লৈ গৈ কঠোৰক ললিতলৈ,অম্লতাক মাধুৰ্যলৈ পৰিপক্ব কৰি তোলাটোৱেই হ’ল পৰিণতি ”_কথাষাৰে জীৱন জীয়াৰ  দৰৱ হৈ পৰিল৷  
   মহামাৰীয়ে বহুতৰেআত্মীয়ৰ প্ৰাণ কাঢ়ি  নিলে _ চকুলো বোৱালে ৷  এনে সময়ত মনটো হাহাকাৰ  কৰি  উঠে আত্মীয়ৰ বাবে  ৷ তুমি কুশলে থাকি  তোমাৰ বাটত সুখী হৈ থাকা ৷ময়ো নিজবাটে বাট বুলিছোঁ ৷ ৷

“ কোনবা কাৰ  চকুৰ চিনাকি
   মাথো দুদিনৰ 
এদিনৰ চিনাকিও হয় চিৰস্থায়ী
  বহি লয় যেতিয়া
     হৃদয়ত  নিগাজী কৰি ” ৷৷

   শেষত তুমি  ভালে থাকা,কুশলে থাকা  ৷


                                তোমাৰ
                                মনা



Post a Comment

0 Comments