মৰমৰ
ৰাধা ,
বহুদিন হ'ল ভাৱবোৰ তোমাৰ লগত নিগৰি যোৱা নাই । ভালে আছা চাগে । ভালকৈ থাকা । মোৰ ভালেই । তুমালৈ বুলি লিখা হোৱাই নাই । সেইয়ে উকা কাগজত আজি তোমাৰ ছবিতি মনলে কেনেকৈ আহি আছে ধৰিব পৰা নাই । লিখোঁ বুলিয়ে কলম টো ডাঙি ললো।
দিনটোৰ ব্যস্ততা , আৰু মাজ নিশা হলে এখন উকা হৃদয় । প্ৰতিটো নিশা তোমাৰ চায়াৰ লগতে উচুপো । আজি সেই শেৱালী ফুল পাহ নহৰে। “ মন নাযায় আৰু ফুলিবলে , মন নাযায় আৰু সৰাবলে। সৰা ফুল বুটলি লম তোমাৰ স্মৃতিত । কি আছে আজিও নাজানিলো তোমাৰ মিছিকিয়া হাঁহিটিত ।” ভাবিছা চাগে আজি আকৌ কবিতা লিখি চা যে । এনেই মন গল ছন্দ মিলাবলৈ । তোমাৰ লগতো চাইছিলো ছন্দ মিহলি কৰি । নাই নিমিলিল। হাঁহি উঠিছে চাগে , বৰ ধুনীয়া লাগে জানা তোমাৰ হাঁহিৰ মাজৰ উঠৰ তিলটো। মই দিয়া সেই হালধীয়া ফুল পাহ । চেহ ! নামটো কি আছিল । অহ ! কৰবি । খোপাত যে গুজি লৈছিলা । কপালৰ আবেগৰ চুলি কেইডাল চেঁচা বতাহ যাকে বৰকৈ আমনি কৰিছিল । তুমি ঠেলি আঁতৰাই দিছিলা । সাৱটি বহি লৈছিলো গোপনে তোমাৰ স্মৃতিবোৰ। হয়টো আজি সেইবাবেই তুমি আমনি কৰিছা ,মানে তোমাৰ ... । নাই মোৰ আমনি লগা নাছিল তোমাক লৈ । আছিল নীৰৱতাৰ মাজতো ভাল পোৱা । আছিল মৌনতা , চকুৰে বুজিব পৰা তোমাৰ - মোৰ শব্দহীন ভাষা । পিঠিত খামুচি ধৰি থকা বেগটোৱে তোমাৰ জাননী মোক পিছফালৰ পৰাই দি দিয়ে ।
আজি সেই চাওনি ও নাই , তোমাৰ চকু পানী মূচি দিবলৈ তুমি ও নাই । আছে মাথোঁ কাৰোবাৰ পানীৰে উপচি পৰা আবেগৰ চকু হাল । কষ্ট হৈছে , নিজকে বুজাই ৰাখোঁ । কিজানি দেখা দিবা সপোনতে , কিজানি আহি বহিবা মোৰ কাষতে । তুমি আহিলে স্বপ্ন দেশলৈ হে আহিব পাৰা । দিথকত তোমাৰ অস্তিত্ব নাই । কান্দি কান্দি চিৰদিনলৈ শুই পৰিছিলা মোৰ কুচতে । মনৰ হেঁপাহেৰে আকুৱালি লৈচিলোঁ তোমাক । নিজেই ও কান্দিলা সিদিনা আজিও মোক .... । যতেই আছা কুশলে থাকা । থাকা মোৰ কাষতে । ৰাধা হৈ ।
ইতি
তোমাৰ নিলোঁ
0 Comments