মৰমেৰে তোমালৈ,
আশাকৰোঁ কুশলে আছা। মই ও ভালে আছোঁ বাওঁহাতৰ অনামিকা আঙুলিটোৰ উশাহত।সেইযে আয়তীৰ উৰুলিৰে মোৰ জীৱন সজোৱাৰ সপোন এটা পিন্ধাই দিছিলা মোৰ অনামিকা আঙুলিত,আজি ডেৰবছৰে সেই সপোনেৰে মোৰ সহবাস। পৃথিৱী খন নৰীয়াত পৰাৰে পৰা মোৰ যৌৱনৰ ৰঙবোৰ ক্ৰমে নোহোৱা হৈ পৰিল, দিন-ৰাতি,পুৱা -গধুলি সকলো একাকাৰ হৈ পৰিল।
আজি কালি তোমাৰ মা ভন্তীহতেও মোৰ খবৰ নকৰা হ'ল হয়তু ভাবি ললে আঙুঠি পিন্ধোৱাতেই আমাৰ সম্বন্ধ শেষ। তুমি ওভতি অহাৰ আশা বুকুত এতিয়াও পুহি ৰাখিছোঁ।মহামাৰীৰ কবলৰ পৰা মুক্ত হলেই আমি দুয়ো জীৱনটো সজাই লম নিজাকৈ।
কেতিয়াবা ভাবো আমাৰ দৰে কিমানৰ প্ৰেম ভালপোৱা বুকুতে সামৰ খাইছে, কিমানৰ সেন্দুৰ মচ খাইছে,, কিমান পিতৃ-মাতৃ হাৰাই অকলেই জীৱন যুঁজত অৱতীৰ্ণ হৈছে আৰ।এই কথাবোৰে মোকো নিসঙ্গতাক সঙ্গী কৰাৰ সাহস নিদিয়া নহয় তথাপিও বৰ বিপাঙত পৰো কেতিয়াবা।
তোমাৰ বাৰু মনট আছেনে দুবছৰৰ আগতে শেৱালীৰ সুবাসেৰে আমোল মোলাই থকা এনে এটা সন্ধিয়া দুয়ো দুয়োৰে বুকুৰ আপোন হৈ থকাৰ কথা দিছিলোঁ। শাৰদীয় পূৰ্ণিমা ওচৰ চাপি অহাৰ লগে লগে বুকুখন কিবা গধুৰ হৈ আহিছে, উচপিচ ভাৱ এটাই বুকুত খুন্দিয়াই ঘুণীয়া কৰিছে মন। এইবাৰ ৰাসত ৰাধা হৈ বৃন্দাবন উতলা নকৰোঁ তুমি নোহোৱা শাৰদীয় নিশাবোৰ তেনেই উকা উকা লাগিব।
বিশেষ নিলিখো। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে অতি সোনকালেই পৃথিৱীখন সুস্হ হৈ উঠক,সকলোৰে বাবে সোণালী সু দিন আহক আৰু আমিও উৰুলি ধ্বনিৰ মাজেৰে বৰমাল্য পিন্ধাই আজিৱন দুয়ো দুয়োৰে বুকুৰ আপোন হৈ থকাৰ শপথ লব পাৰোঁ।
পুনৰ:মোৰ কথা ভাবি দেশমাতৃৰ সেৱাত কৃপনালি নকৰিবা স্ব দেশ প্ৰেম মোৰো আছে আৰু মইও বিছাৰো বীৰ সৈনিকৰ পত্নী হৈ থাকিবলৈ।
অনামিকা আঙুলিটোৰ শপথ তুমি নাপাহৰা নহয়?মৰম আৰু ভালপোৱাৰে----,
তোমাৰ প্ৰিয়তমা
0 Comments