৭)নীলা খমৰ চিঠি


--------------------
মৰমেৰে তোমালৈ,
।।।। মোৰ ভালপোৱাৰে ভৰা মৰমবোৰ ল’বা ৷ তোমাৰ সকলোফালৰ পৰা মঙ্গল কামনা কৰিলো ৷
।।। যোৱাকালি হঠাৎ ৰাতি
এটা সপোন দেখিলো সেয়েহে আজি লৰালৰিকৈ তোমালৈ এখন চিঠি লিখি পঠাবলৈ
মন কৰিলো ৷ সপোন টো দেখাৰ  পৰাই মনটো কিবা লাগি আছে ৷ মোবাইল টিভি বাতৰিকাকত সকলোতে
এতিয়া তুমি থকা ঠাইখনৰ কথা ৷ ইমান যে
তাত হিংসাত্মক ঘটনা ঘটিব লাগিছে তাত ৷ মইয়ো এইখিনি পঢ়াৰ পিছত থিৰেৰে থাকিব পৰা নাই জানা ৷ কিবা
এটা কৈ পাৰিলে চুটি এমাহমান লৈ গুচি আহিবা ৷ মোৰ  বৰ
ভয় হৈছে ৷যোৱাকালি
সপোনটোৰ পৰা বেছি ভয়
হৈছে ৷ কি দেখিছো তোমাৰ আগত ক’ব নোৱাৰিম ৷ভগৱানক শত শত নমস্কাৰ কৰিছো এনেকুৱা সপোনত বা
বাস্তৱত কাৰো যাতে নহয় ৷ সপোনটোৰ কথা ক’ব নোৱাৰিম ৷ মুঠতে ভালদৰে থাকিবা ৷ বৰ চিন্তা হৈছে ৷
হ’ব দিয়া আজিলৈ ইমানতে সামৰো নিজৰ
প্ৰতি সাৱধান হ’বা তোমাৰ
হাজাৰ ব্যস্ততাৰ মাজতো ৷
আই জননী লৈ সাদৰ প্ৰণাম ৷
।।।।। শেষত
তোমাৰ 
মই’

Post a Comment

0 Comments