৮)নীলা খমৰ চিঠি


   
মৰমৰ মা -
    মা তুমি আমাৰ বুকুৰ আমঠূ ।তুমি আমাক বৰ সোনকালে এৰি থৈ গ'লা ।তোমাৰ অনুপস্থিতিত আমিযে পগলাৰ দৰে হৈ পৰিছিলো ।তোমাৰ সমাধিৰ কাষত বহি দেউতাই কিমান দিন যে প্ৰাৰ্থনা কৰিছিল !আমি গমকে নাপাওঁ ।আমাৰ গাঁৱৰ আন কোনোবাই আনিহে দেউতাক ঘৰত থৈ গৈছিলহি ।যাহওঁক মা তুমি য'তেই আছা কুশলে থাকা ।
    মা তোমাৰ অনুপস্থিতিত আমি দিশহাৰা হৈ পৰিলো ।তুমিযে ঘৰখন ইমান সুন্দৰকৈ পৰিচলনা কৰিছিলা ,আমিএতিয়া কামবোৰৰ আঁত হেৰুৱাই পেলাইছো।গাঁৱলীয়া বোৱাৰীহৈ নগৰ চহৰৰ আলহী অতিথিকে ধৰি সবাকে সন্তুষ দিব পাৰিছিলা ।দেউতাৰ সম্পৰ্কীয় মানুহ বোৰেও তোমাকহে বেছিকৈ ভাল পাইছিল আৰু প্ৰশংসা কৰিছিল ।ওলগুঠা,চিলাই কৰা,কাপোৰ বোৱাকে আদি কৰি কোনো কামতেই তুমি পিছ পৰি থকা নাছিলা ।মিতিৰ কুটুম সকলো মানুহেই তোমাৰ আদৰ্শক স্বীকাৰ কৰিছিল ।গাঁৱত বোৱাৰীহঁতে তোমাৰ পৰাই চিৰা খুন্দা ,মুৰী ভজা,নাৰিকলৰ লাৰু বনোৱা শিকিব পাৰিছিল ।খান্দহ পিঠাটো বাদেই ।তুমি যে চাৰিটা গৰকাৰে আঠবাতি 'ব' তুলি শালত দিজাইন কাপোৰ বৈছিলা ,সেইয়া আজিকালি আমি ক'তো দেখা পোৱা নাই ।আমি তেতিয়া সৰু যে সেইবোৰ শিকাই নহ'ল ।তোমাৰ হাতৰ দিজাইন চলখন বহুদিনলৈ সাঁচি থৈছিলো ।তেনেকৈ বোৱা গাৰুৰ টাৱেল বোৰতো ধুনীয়াকৈ ফুল উঠি গৈছিল ।তুমিযে বাহৰ শলা চাচি ওলৰ চুৱেটাৰ বনাই আমাক দিছিলা  ;মানুহবোৰে লিৰিকি বিদাৰি চাই তোমাক বৰ পাকৈত বুলি কৈছিল ।আমিহে তোমাৰ দৰে হব নোৱাৰিলো মা ।মোৰ বা আৰু ভনীয়ে তোমাৰ ওলৰ আদৰ্শ এতিয়াও জীয়াই ৰাখিছে ।আৰু মা দেউতাই আনি দিয়া ফুলাম কাপোৰেৰে তুমিযে আমাক হাতেৰে ফ্ৰকবোৰ চিলাই দিছিলা ,সেইবোৰ পিন্ধি আমি বৰ আনন্দ পাইছিলো ।তোমাৰ হাতেচিলোৱা ফ্ৰককেইটালৈ মোৰ এতিয়াও মনত পৰে ।আকৌ চিধা কাপোৰত চাৰিঘৰ এৰি সুতা ওলিয়াই পূৰণ চিলাই কৰিছিলা সেইকথাও মনত আছে ।চেইন চিলাই মিহি চিলাই কৰি ধুনীয়াকৈ পদুম ফুল হৰিণ গুঠি ফটো বান্ধি থৈছিলা ।তোমাৰ হাতৰ হৰিণটো মই এতিয়াও যতন কৰি ৰাখিছো ।দেউতাৰ ফটা মিহি ধুতীবোৰ ফালি ফালি কেঠা বৈছিলা সেইবোৰ এতিয়া বেয়া হৈ গ'ল ।তুমি পুৰণা কাপোৰে চিলোৱা কেঠাখন মই সামৰি থৈছো ।তোমাৰ হাতৰ বেজীৰ সুতা কেইডালযে এতিয়াও জীয়াই আছে ।
  দেউতাৰ চাকৰি ।সময় নাই ।তুমিযে পাকঘৰত খৰি ঠেলি ঠেলি আমাক মজিয়াত বহুৱাই পঢ়াইছিলা সেই কথালৈ কেতিয়াবা বৰকৈ মনত পৰে ।আবেলি ককাৰ লগত বহা আতৈজনলৈকো যে তুমি জলপান যতনাই ৰাখিছিলা ।ঘৰৰ হালোৱা কেইটাও তোমিৰ আপদালতে কলৈকো আঁতৰি নগৈছিল মা ।মা আজি তোমালৈ বৰকৈ মনত পৰিছে ।বুকখন বিষাই গৈছে  মা তুমিযে এতিয়া নাই ।মা আজিলৈ আঁহো দেই ।তুমি কুশলে থাকা ।
          মৰমৰ তোমাৰ 
                   --মামনী-

Post a Comment

0 Comments