মৰমৰ
     স্পন্দন ,
                     প্ৰথমে মোৰ হিয়াৰ কোণত নিভৃত হৈ থকা বুকুভৰা মৰম বোৰ লʼবা । বহুদিনেই হ'ল তোমাক নেদেখা । আজি কালি ক'ত থাকা জনাবাচোন । ফাগুনৰ ৰক্তিম আভাই উদ্ভাসিত কৰি তোলাৰ দৰে এদিন মোৰ হৃদয়ত ফুলিছিলা প্ৰেমৰ ৰজনীগন্ধা হৈ । তোমাৰ সানিধ্যত প্ৰাণ পাই উঠিছিল মোৰ সমগ্ৰ সত্ত্বা । যি সত্ত্বাক স্বাগতম জনাই পাৰ কৰিছো স্বপ্নশীল আশা বোৰ । মই ৰৈ আছো ফাগুনৰ আবেলিত তোমাৰ বাবে পদূলিমুখত । ফাগুনৰ আবেলি আবেলি যেতিয়া পলাশ ফুলে মোৰ তোমালৈ  মনত পৰে । পদূলি মুখৰ সোণাৰু জোপালৈ চালে মোৰ অতীতলৈ মনত পৰে । তোমাৰ বাৰু মোলৈ মনত পৰেনে ?
     ‌‌     জানানে স্পন্দন বৰ্তমান মহামাৰী কৰুণাৰ আতংকৰ সময়ত তোমালৈ বহুত মনত পৰিছে তুমি বাৰু সাৱধানে আছানে ? তুমি খুব ভালকৈ থাকা । তুমি মোৰ কথা কি ভাবা নাজানো ? অথবা পাহৰি পেলাইছা চাগৈ ..... । মই কিন্তু আজিও তোমাক পাহৰিব পৰা নাই ? সেয়েহে আজিও বহুত দিনৰ মূৰত কলম তুলি লৈছোঁ ।
          আজিকালি জানা মোৰ ভাৱনাবোৰ কিছুমান আধৰুৱা কবিতা  , হয়তো এই কবিতা অন্তহীন আৰু অপূৰ্ণ চিৰদিন । জিৰ জিৰ ফাগুনৰ গান গোৱা গছবোৰ শুকাই যোৱা গছবোৰৰ মলয়া জাকৰ পৰশত চঞ্চলা হৈ পৰো মই । হৃদয়ত সোমাই থকা গোপন কথাবোৰ কাকোযে ক'ব নোৱাৰো জানা । সেইবাবে তোমালৈ একলম লিখিলো ভুল হ'লে ক্ষমা কৰিবা । বুকুত জীয়া যন্ত্ৰনা লৈ ওৰে জীৱন বাট চাই ৰʼম তোমাৰ বাবেই ..... । তুমি আহিবা বুলি আশাৰে বাট চাই ৰʼলো । সুখেৰে থাকিবা বুলি আশা কৰিলো । তাৰেই কামনাৰে চিঠিখন সামৰণি মাৰিলো ।
                       ইতি
                তোমাৰ মই