মৰমৰ
বাখৰ,
হৃদয়ৰ গোপন কোণত সাঁচি ৰখা মৰমবোৰ উকা পৃষ্ঠাটোত ৰঙীন কৰি ভৰাই দিলোঁ, প্ৰথমে আকোঁৱালি ল'বা বুলি আশা থাকিল।
আজি তোমালৈ বৰকৈ মনত পৰিছে। শীতৰ এসন্ধ্যা তোমাৰ হাতত হাত ধৰি সপোনৰ পথাৰখনত কল্পনা ওপচাই তোলা তোমাৰ বাৰু মনত পৰেনে? মনত পৰেনে বাখৰ, সেই যে তুমি মই আমি হোৱাৰ প্ৰতিশ্ৰুতিবোৰ মোৰ দুচকুত বেছি গভীৰ দেখিছিলা তুমি। ক'ত হেৰাই গ'ল সেই মায়াসনা দিনবোৰ....? উভতিব নোৱাৰেনে দুচকুৰ লোতক বোৱাই যোৱা বাটেৰে গুছি যোৱা দিনবোৰ সুখৰ পদূলিত আশাৰ ৰেঙণি কঢ়িয়াই তুলিবলৈ। চোৱাচোন এবাৰ আহি, জপনাখনৰ কাষত কৃষ্ণচূড়া জোপাই সুৰসুৰীয়া আলিটোলৈ চকু থৰকৈ ৰৈ আছে তোমালৈ, যেন তোমাৰ আগমনেই খিলখিলাই হাঁহিব। অযুত হেপাঁহৰ স্মৃতি বুকুত ৰোমন্থন কৰি বাট চাই থকাৰ যন্ত্ৰনা কিমান কঠিন তুমি নুবুজিবা ও বাখৰ, বুজি পালে তোমাৰ অনুভৱ গভীৰৰ পৰা গভীৰতালৈ পৰিণত হ'ল হয় আৰু এদিন মোৰ ওচৰত উভতি আহিলা হয় তুমি....
অপেক্ষাবোৰ আজিও কঁহুৱাৰ দৰে কোমল হৈ আছে মোৰ। তোমাৰ উমান পালেই যেন চঞ্চল হৈ উথলিব মোৰ নিঃস্বাৰ্থ ভালপোৱা। প্ৰেমৰ বিশ্বাস, প্ৰেৰণাৰ স্ৰোত, হৃদয়ৰ সমস্ত সাহস আজিও নিকা হৈ ৰৈ আছে তোমাৰ অপেক্ষাত....
এসাগৰ ভালপোৱাৰ আশা লৈ ৰৈ থাকিম আজীৱন তোমালৈ।
ইতি
তোমাৰ
মৰম
0 Comments