৯)নীলা খামৰ চিঠি



ওঁঠত তিল থকা নীলাজনী মোৰ 
-----------------------------------------------------------------

মৰমৰ ,
মৰমৰ বুলিয়ে প্ৰথমে লিখিলোঁ ।বেয়া নাপাবা । মৰমৰ আছিলা আৰু আজিও মৰমৰ , সেইবাবেই ...। জানা , আজি তালৈ গৈছিলোঁ ,তালৈ মানে বুজিছা নহয় , নাহৰৰ দেশলৈ । তোমাৰ কথা সুধিছিল নাহৰৰ পাতে , নাহৰৰ বতাহে । মই কলোঁ তুমি ভালেই আছা আৰু কুশলে আছা । সুধিছিল তোমাৰ গুলপীয়া ৰঙৰ দুপাট্টা খনৰ কথা । সুধিছিল তোমাৰ - মোৰ বিয়াৰ কথা । আমাৰ বিয়া দুটা বছৰ পাৰ হ'ল এই বুলি কলোঁ । আমিযে কৈছিলোঁ গর্বৰে আমাৰ বিয়াৰ কথা যুগ্ম জীৱনৰ পাতনিৰ কথা । জলজ্বলিয়া দুচকু দেখি সুধিলে - কি হ'ল ? মই কলোঁ , অতীততে ৰিঙিয়াইছে মোক সোঁৱৰণী বুকুলৈ । জানা , আমাৰ সকলো কথোপকথন নাহৰৰ লিহিৰি পাতবোৰত ওলমি আছে আজিও সোঁৱৰণী হৈ । তোমাৰ কোলাত খেলাব নোৱাৰিলোঁ আমি নাম দিয়া সন্তানটিক(তনয়) । কথাবোৰ মনত পৰিলে দেহটো জ্বলি-পুৰি মৰে অ' । তনয় আজি বেলেগৰ উপহাৰ তোমাৰ কোলাত । একমাত্ৰ অৰ্থ উলঙ্গতাৰ বাবেই । দুটা বছৰৰ আগৰ কথা । চাকৰিটো আজিও হওঁ হওঁ অৱস্থা । ভাবিছোঁ তোমাৰ দৰে ময়ো বিয়াখন কৰাও । যিদৰে তুমি মাতৃৰ আজ্ঞা পালন কৰিলা । তোমাৰ দৰে মোৰো এগৰাকী মা' আছে , মাৰয়ো মোৰ বাবে চিন্তা , মাৰ শেষ আশা জীৱনৰ মোৰ বিয়া । চাকৰি হ'ব হ'ব বুলি জানো ৰৈ থাকিলে হ'ব । মায়ে ছোৱালী চাইছে । ঘৰ শিৱসাগৰত । তেওঁলোকক চাকৰি কৰা দৰা নালাগে । এখন ভাল ঘৰ লাগে , সামাজিক ৰীতি - নীতিৰ মাজেৰে । য'ত ছোৱালী জনী মুকলি আকাশৰ তলত শান্তিৰে জিৰাই । হাঁহিৰ মাজত , মৰমৰ বুকুত জিৰাই । এজন ভাল পতিৰ লাগে । হয় ,আৰুণো কি লাগে মানুহৰ জীৱনত । সেইবাবে ভাবিছোঁ ....।
অ' আৰু এটা কথা ,তাইৰ নামো তোমাৰ নামেৰেই  নীলা । তোমাক যে কওঁ তোমাৰ ওঁঠৰ তিলটো মই বুলি( হাঃহা...) ।এতিয়া ভাবো সেয়া মই নাছিলো অন্যজনহে । শুনা , তোমাৰ দৰে তাইৰো ওঁঠত এটি ক'লা তিল আছে । এইবাবেই নাহৰক নীলাৰ কথা কওঁতে একো ধৰিবই নোৱাৰিলে । তোমাৰ থকা ৰংবোৰো যে আজিৰ নীলাৰো আছে , সেইবাবেই ।
তোমাৰ মনত পৰেনে - 
" চুলিৰ মেঘত লাহী আঙুলিৰ বহুতো জোন "ৰ কথা । এৰা  !
                  মই জানিছিলোঁয়ে , নাহৰৰ দেশত তোমাৰ কথা সুধিবই । নাহৰজোপাই সুধিছিল নাহৰলৈ কি দি পঠাইছা তুমি ? মই ক'লোঁ  তোমালৈ গল্প এটি পঠাইছে । অৱশ্যে নাহৰে গল্পটি নুবুজিলে ।গল্পৰ ভাষা আছিল তোমাৰ প্রিয় ভাষাৰে । ভালেই হ'ল নুবুজিলে । আচলতে গল্পটি তোমাৰ বাবেহে নিছিলোঁ মই । মিছিং ভাষাৰে ।এদিন আহিবা নাহৰৰ দেশলৈ । নাহৰৰ প্ৰতিখিলা পাতত গল্পটি লিখি আহিছোঁ । পঢ়িবা তুমি । তাতেই মোৰ বিয়াৰ নিমন্ত্ৰনী পত্ৰখনি পাবা লগতে মোৰ নতুন ঠিকনাটি । সেউজীয়া আখৰৰ । চিন্তা নকৰিবা , তুমি আহিলেই হাত বাউলি মাতিব নাহৰৰ প্ৰতিটো শব্দই । তোমাৰ নামেৰে । তোমালৈ বুলি ..



                                 তোমাৰ
        দুচকুত কাজল ল'লে ভাল পোৱা ল'ৰাজন

পুনৰ : নাহৰৰ পাতত তোমাৰ ঠিকনাটি আজিও ওলমি আছে সোণালী ৰঙেৰে । তাৰ পৰাই তোমাৰ ঠিকনাটি তুলি ল'লোঁ ।


Post a Comment

2 Comments

Ankush said…
ধন্যবাদ জনালোঁ ।
Unknown said…
ভাল লাগিল পঢ়ি...🙂