১৫) নীলা খামৰ চিঠি



     মৰমৰ 
         বন্ধু
              আদিত্য 
     
        পত্ৰৰ দ্বাৰা মোৰ দূৰণিবটীয়া মৰমবোৰ ল'বা।তোমাৰ মা-দেউতাক মোৰ সেৱা আৰু শ্ৰদ্ধা জনাবা। আশা কৰো তোমাৰ তথা ঘৰৰ সকলোৰে মংগল। তোমালৈ বুলি চিঠি এখন লিখো বুলি আজি বহু দিন ভাবি আছিলো যদিও ব্যস্ততাৰ বাবে চিঠি খন লিখা হোৱা নাছিল যদিও আজি তোমালৈ বুলি চিঠি এখন লিখিবলৈ কলম তুলি লৈছো। তুমি হয়তো ভাবিছা  ফোনত দেখোন দৈনিক আমাৰ যোগাযোগ হৈয়ে থাকে। তেনে স্থলত চিঠি লিখাৰ প্ৰয়োজনেই বা কি? হয় , তুমি ঠিকেই ভাবিছা। কিন্তু হাতেৰে লিখা চিঠি খনৰ মাদকতা জানো ম'বাইলত পোৱা যায়? নিশ্চয় পোৱা নাযায়? আজি-কালি চিঠি লিখাৰ নিয়মটো প্ৰায় নোহোৱাৰ নিচিনাই। সেয়ে ভাবিলো কলমৰো কচৰৎ হওঁক আৰু তোমাকো  হাতেৰে লিখা চিঠি পঢ়াৰ মজা আৰু সুখ খিনি এই চিঠিৰ জৰিয়তে অলপ হ'লেও প্ৰদান কৰো। কলেজীয়া দিনত পঢ়ি থাকোতেই যি চিঠি লিখা হৈছিল।আজি বহু বছৰেই হ'ল চিঠি নিলিখা।আকৌ পুৰণি চখটোৱে এবাৰ ভুমুকি মাৰিলেহি। সেয়ে তোমালৈ বুলিয়ে পত্ৰ খন লিখিবলৈ সিদ্ধান্ত ল'লো। মোৰ বন্ধুৰ তালিকা খনত তোমাৰ নামেই শীৰ্ষত। আজি ২০ বছৰে সেই স্থান একেই আছে আৰু আজীৱন থাকিব। 
   আদিত্য, তোমাৰ লগত বন্ধুত্ব হোৱাৰে পৰা মনলৈ অহা কথাবোৰ তোমাৰ আগতেই বেছি ভাগ প্ৰকাশ কৰিছিলো। নিতৌ নতুন -নতুন কথাৰে আমাৰ আড্ডা জমি উঠিছিল। পঢ়া বিষয়ৰ উপৰিও  সাম্প্ৰতিক সময়ৰ বিভিন্ন ঘটনা , সাহিত্য-সংস্কৃতি আদিৰ ওপৰতো আমাৰ চৰ্চা হৈছিল। আমাৰ বন্ধুত্বৰ মাজত কোনো কলুষতা নাছিল। কোনো দিনেই বেয়া দৃষ্টিৰে নোচোৱা বাবেই হয়তো আজিও নিঃসংকোচে তোমাক মোৰ বন্ধু বুলি ক'ব পাৰো বা ক'ব পাৰিছো। কিন্তু  আজি যেন সেই ৰামো নাই,অযোধ্যাও নাই। তুমি বাৰু মন কৰিছানে ? আজি যেন সেই নিভাজ বন্ধুত্ব কিম্বা নিঃস্বাৰ্থ প্ৰেম কোনোটোৱেই নাই। থাকিলেও সংখ্যাত খুবেই তাকৰ। প্ৰেমত অসফল হ'লেই পোতক তোলা,প্ৰতিশোধ লোৱা আনকি হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰা, প্ৰেমিকাৰ লগত কটোৱা নিবিৰ মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ,বন্ধু মহলত এৰি দিয়া আদি কথাবোৰ খুব সঘনাই ঘটিব ধৰিছে।এনে কাৰ্যই কাৰ কি দৰে ক্ষতি কৰিব পাৰে সেই কথা ভাবি চোৱাৰ অৱকাশ যেন কাৰো নাই। কেৱল সেয়ে নহয়,নাৰী নিৰ্যাতন আৰু নাৰীৰ নিৰাপত্তা আজিৰ যুগত একে বাৰেই নাই বুলি ক'ব পাৰি। ঘৰ বা বাহিৰত আনকি আপোন মানুহ খিনিৰ ওচৰতো যেন নাৰী সুৰক্ষিত নহয়। পুৰুষৰ কামুক দৃষ্টি,কামনাৰ পৰা কনমানি জনীও সাৰি নোযোৱা হৈছে। আনফালে উঠি অহা প্ৰজন্মৰ বহুতৰ কথা-কাণ্ড দেখিলে চকু কপালত উঠে। আগতে পঢ়া-শুনাৰ লগতে   মাক-দেউতাকক ঘৰুৱা কামত  সহায় কৰাটোও প্ৰায় নিয়মেই আছিল।কিন্তু আজি-কালি সেই দৃশ্য দুৰ্লভ। ধনী ঘৰৰ সন্তানৰ যি বিপথ গামিতা আৰু বিচৰা বস্তু যোগাৰ দিব নোৱাৰা বাবে দুৰ্বল অভিভাৱকক নিজ সন্তানে কৰা যি ৰ্দু-ব্যৱহাৰ সেইবোৰ দেখি শুনি  মনলৈ এটা কথাই আহে সন্তানৰ এনে অৱক্ষয় ৰোধ নকৰিলে বা  এই ক্ষেত্ৰত অভিভাৱক বা সমাজৰ লোক সকল সজাগ আৰু সচেতন নহ'লে  উঠি অহা প্ৰজন্মৰ পৰা আমি বাৰু কি আশা কৰিম? কথাবোৰ ভাবিলে মনটো ভাৰাক্ৰান্ত হে হৈ উঠে। সস্তীয়া জনপ্ৰিয়তা আৰু সহজে ধন ঘটাৰ যি প্ৰৱণতা  সেই প্ৰৱণতাই বহুতৰ জীৱনলৈ সংশয় আৰু শংকা নমাই আনিছে। 
    সমাজত শিক্ষিত লোকৰ সংখ্যা ঠিকেই বাঢ়িছে। কিন্তু  সেই হিচাপে বঢ়া নাই  চিন্তাৰ পৰিধি। আত্মকেন্দ্ৰিক,স্বাৰ্থপৰ,অ-বিবেচক কাৰ্য-কলাপে সমাজ ,দেশ তথা ব্যক্তিগত ভাবেও অপকাৰ আৰু লোকচান কৰা কাৰ্যবোৰ দেখি এনে লাগে ইয়াতকৈ যেন আগৰ দিনবোৰেই ভাল আছিল!প্ৰতিযোগিতাৰ দৌৰত,নিজেই আগবাঢ়ি যোৱাৰ প্ৰৱণতাই বহু সময়ত বহুতক মানুহৰ পৰা অ-মানুহ কৰি তোলা নাইনে বাৰু? ব্যস্ততাৰ দোহাই দি আপোন জনৰ খবৰ এটা ল'বলৈও সময় নোহোৱাৰ দৰে হৈছে। ফলত হেৰাই গৈছে,নোহোৱা হৈছে মৰমৰ উম। বহুতৰ বাবে এইবোৰ সৰু আৰু সাধাৰণ কথা। কিন্তু কোৱাচোন আদিত্য সকলোৱেই যদি কথাবোৰ এনেদৰে চিন্তা কৰে তেন্তে চকুত পৰা সামাজিক বিসংগতি,অৱক্ষয় সমূহ ৰোধৰ বাবে চিন্তা কৰা, ব্যৱস্থা গ্ৰহণ কৰা লোক এজনো নোলাব। সমাজ খন অভিভাৱকহীন হৈ পৰিলে কেনে অৱস্থা হ'ব ভাবাচোন? আদিত্য মোৰ মনলৈ অহা চিন্তাবোৰ, চকুত পৰা কিছুমান অকল্পনীয় , ভয় লগা অথচ বাস্তৱত ঘটি থকা,সঘনে ঘটিব ধৰা কিছুমান অসামাজিক কথাৰ বিষয়ে তোমাক মাত্ৰ অৱগত হে কৰালো। হয়তো এই কথাবোৰ,ঘটি থকা অসামাজিক,লজ্জাজনক ,অমানৱীয় কথাবোৰ তুমিও লক্ষ্য নকৰা নহয়!তোমালৈ মাত্ৰ এটি অনুৰোধ - আহাচোন আমি সকলোৱে বেয়া,অমানৱীয় কাৰ্য সমূহৰ বিৰোধিতাকৰো।হয়তো আমাৰ এই প্ৰয়াসে দিনক -দিনে বৃদ্ধি পাব ধৰা অসামাজিক কাৰ্য, সামাজিক অৱক্ষয় আদি ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ভাবে নহ'লেও অন্তঃত আংশিক ভাবে হ'লেও সফল হ'ব পাৰো। তোমাৰ -মোৰ দৰে আৰু দহ জনক যদি এই চিন্তা সমূহে ব্যথিত কৰে তেন্তে নিশ্চয়কৈ  এই সমূহ ৰোধৰ উপায়ো ওলাব। সকলোৰে ভালৰ বাবে আমি এইখিনি কৰিব পাৰিলে কিমান যে ভাল হ'ব নহয়নে?                     
আদিত্য,চাৰিও ফালৰ পৰিৱেশ,পৰিস্থিতি সমূহ দেখি -শুনি  মনত  প্ৰায়ে উদয় হোৱা কথা ও চিন্তাবোৰকেই তোমালৈ চিঠি আকাৰে লিখিলো।  মোৰ মনত উদ্ৰেগৰ সৃষ্টি কৰি থকা চিন্তা আৰু কথাবোৰৰ সমাধান সূত্ৰ পৰৱৰ্তী সময়ত চিঠিৰ উত্তৰ সমন্বিতে তোমাৰ পৰা লাভ কৰিম বুলি আশাৰে বাট চাই ৰ'লো। সদাই নতুন চিন্তাৰে বন্ধু মহলত চমকৰ সৃষ্টি কৰা ,সকলো সমস্যাৰে এক মনঃপুত সমাধান উলিয়াব পৰা বুলি একালত সুনাম থকা মোৰ বন্ধুৰ পৰা এই খিনি সহায় নিশ্চয় কৈ আশা কৰিব পাৰো! 
    বন্ধু,বহু দিনৰ বিৰতিৰ পিছত লিখাবাবেই হয়তো পত্ৰ খন যথেষ্ট দীঘলীয়া হ'ল। তথাপি বন্ধুত্বৰ খাটিৰত পত্ৰখন পঢ়িবলৈ ব্যস্ততাৰ মাজতে সময় উলিয়াবা বুলি আৰু মোলৈও একলম লিখিবা বুলি আজিলৈ ইমানতে সামৰিলো।
               ইতি
      তোমাৰ বান্ধৱী 
          উত্তৰা।

Post a Comment

0 Comments