অঙ্গন দ্বিতীয় বছৰ ১২তম (১৫-৩০ নবেম্বৰ)সংখ্যা


পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 নবেম্বৰ, 2021.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

পৃষ্ঠাঃ ৩
নীলা খামৰ চিঠি লিখা প্ৰতিযোগিতা

অঙ্গনৰ উদ্যোগত আয়োজন কৰা নীলাখামৰ প্ৰতিযোগিতাৰ ফলাফল আমি ১ ডিচেম্বৰ সংখ্যাত ঘোষণা কৰিম। প্ৰতিযোগী সকলে ২৫ নবেম্বৰলৈ তেওঁলোকৰ চিঠি সমূহ চেয়াৰ কৰিব পাৰিব। ২৬ ডিচেম্বৰৰ পৰা আমি পাঠকৰ সংখ্যাৰ গণনা বন্ধ কৰিম।

ধন্যবাদ
অঙ্গনৰ সম্পাদনা সমিতি

পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৬
প্ৰৱন্ধ : পৃষ্ঠা ৭-৯
ধাৰাবাহিক : পৃষ্ঠা ১০
অণুগল্প : পৃষ্ঠা ১১-১২
এক মিনিটৰ গল্প : পৃষ্ঠা ১৩
অনুবাদ কবিতা : পৃষ্ঠা ১৪-১৭
কবিতা : পৃষ্ঠা ১৮-২৮
স্বাস্থ্য বিশেষ : পৃষ্ঠা ২৯-৩১
নীলা খামৰ চিঠি : পৃষ্ঠা ৩২-৩৩
গল্প : পৃষ্ঠা ৩৪-৩৭
গ্ৰন্থ পৰ্যালোচনা পৃষ্ঠা ৩৮
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৩৯

পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
ফুলমা বৰ্মন
গোপালবজাৰ, নলবাৰী

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।

পৃষ্ঠা ৬
সম্পাদকীয়ঃ

গ্ৰন্থ আৰু গ্ৰন্থমেলা

একে আষাৰে ক’বলৈ গলে গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ কথা অস্বীকাৰ কৰাৰ মানসিকতা কাৰোৱেই নাই। কিয়নো যিকোনো এজন সচেতন ব্যক্তিয়ে জানে যে বৰ্তমানৰ আধুনিক বিশ্বৰ নিৰ্মাণত যিবোৰ কাৰকে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তাৰ ভিতৰত কিতাপেই অন্যতম। যদিও আমি প্ৰায় প্ৰতিজন ব্যক্তিয়েই সামাজিক, ইলেকট্ৰ’নিক মাধ্যমৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিছোঁ, তথাপিও কিতাপৰ স্থান সদায়েই সুকীয়া। কিতাপে আমাক কেৱল জ্ঞান আৰু আনন্দই নিদিয়ে, কিতাপে আমাৰ মানসিক জগতখনক পৰ্যায়ক্ৰমে গঢ়ে। কিতাপ পঢ়া কাৰবাৰটো ধ্যান বা তপস্যা কৰাৰ দৰেই।
কিতাপক জনমুখী কৰাৰ উদ্দেশ্যে বিশ্বত ইতিমধ্যে বিভিন্ন ব্যৱস্থাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা হৈছে। ইয়াৰ ভিতৰত পুথিভঁড়াল, গ্ৰন্থ উন্মোচনী অনুষ্ঠান, গ্ৰন্থ বিপনি, গ্ৰন্থমেলা আদি উল্লেখযোগ্য। সম্ভৱতঃ ১৯৭২ চনত নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হোৱা New Delhi World Book Fair খনেই ভাৰতবৰ্ষৰ প্ৰথমখন গ্ৰন্থমেলা। উল্লেখ্য যে এই গ্ৰন্থমেলাত ২০০ ৰো অধিক বিপনিয়ে অংশগ্ৰহণ কৰিছিল আৰু পঢ়ুৱৈৰ পৰাও বিপুল সমাদৰ লাভ কৰিছিল। ইয়াৰ পাছৰে পৰা কলিকতাকে ধৰি দেশৰ সৰু বৰ বিভিন্ন অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত হ’বলৈ ধৰে।
             বৰ্তমান অসমতো বিভিন্ন স্থানত গ্ৰন্থমেলা চলি আছে আৰু বিভিন্ন অঞ্চলত গ্ৰন্থমেলাৰ প্ৰস্তুতি চলি আছে। মূল বিষয়টো হৈছে, উদ্যোক্তাসকলে গ্ৰন্থমেলাৰ লগতে প্ৰায়ে বাণিজ্য মেলাও একেলগে পাতিবলগীয়া হ’ল। এটাই আশা, ‘কাপোৰসাজ কিনাৰ লগতে কিতাপ এখনো কিনক।‘ এয়া বাৰু আমাৰ জাতিটোৰ বাবে শুভ লক্ষণ নে ?
এইখিনিতে আৰু এটি কথা উল্লেখ কৰিব বিচাৰিছোঁ। একাংশ অসমীয়া মানুহে আটাইতকৈ কম মূল্যত বিচৰা বস্তুটোৱেই হৈছে ‘কিতাপ’। তেওঁলোকৰ ধাৰণা, ‘কিতাপ কিনি পঢ়াৰ প্ৰয়োজন কিহৰ ?’ বিচাৰিলেই কিতাপ এখন বন্ধু-বান্ধৱীৰ পৰা বিনামূলীয়াকৈ পোৱা যায়। কিন্তু তেওঁলোকে এবাৰলৈও ভাবি নাচায় যে জাতিটোৰ সুস্থ মানসিকতাৰ বাবে এচাম লোকে নিয়মীয়াকৈ অতি কষ্ট স্বীকাৰ কৰি লেখা-মেলা কৰি আছে আৰু এচাম লোকে তেওঁলোকৰ চিন্তা-চৰ্চাক আমাৰ ওচৰলৈ লৈ আহিছে। এই কাৰবাৰটোত যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়। নিতৌ অন্যান্য বয়-বস্তুৰ লগতে কাগজ-চিঞাহীৰো মূল্য বৃদ্ধি হৈ আছে আৰু একাংশ পাঠকৰ সদায়ে ওজৰ আপত্তি যে কিতাপখনৰ মূল্য বেছি হৈছে!
আমাৰ অনুৰোধ, কিতাপক অন্য বস্তুৰ লগত তুলনা নকৰিব। একমাত্ৰ কিতাপৰ বাবেই আমি আজিৰ পৃথিৱীখনৰ এই সুন্দৰ ৰূপটো দেখিবলৈ পাইছোঁ। আমি কিতাপক সন্মান জনাব লাগিব আৰু বিনামূলীয়াকৈ কিতাপ দিয়া প্ৰথাটো বন্ধ কৰিব লাগিব। যাৰ কিতাপ কিনাৰ সঁচাকৈয়ে সামৰ্থ নাই তেওঁৰ বাবে আমিয়েই পুথিভঁড়ালৰ ব্যৱস্থা কৰিব লাগিব অথবা পুথিভঁড়ালৰ লগত তেওঁলোকে যোগাযোগ কৰিব লাগিব।
আমি আশাবাদী, এনে পদক্ষেপৰ জৰিয়তে আমি প্ৰতিজন লেখক-লেখিকাক উপযুক্ত সন্মান দিব পাৰিম আৰু গ্ৰন্থমেলাৰ লগতে কিতাপৰ লগত জড়িত থকা লোকসকলো উপকৃত হ’ব।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন।
ভ্ৰাম্যভাষঃ 9678696861

পৃষ্ঠা ৭
প্ৰৱন্ধঃ

স্বাধীন দেশত শিশুৰ সুৰক্ষা

কৰবী বৰ্মন কলিতা 
 গুৱাহাটী 

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম দিনটোৰ লগত সঙ্গতি ৰাখি ১৪ নৱেম্বৰ দিনটো শিশু দিৱস ৰূপে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয় ।
শিশু সকল হৈছে দেশৰ ভবিষ্যতৰ নাগৰিক আৰু শিশু সকলৰ উন্নয়নক অত্যন্ত অগ্ৰাধিকাৰ দিয়াটো দেশৰ প্ৰধান কৰ্তব্য। 


নৱেম্বৰ মাহৰ ১৪ তাৰিখ । এটি বিশেষ দিন প্ৰতিজন শিশুৰ বাবে । হয় ১৪ তাৰিখ অৰ্থাৎ শিশু দিৱস , সমগ্ৰ দেশজুৰি পালন কৰা এক পৰ্ব । শিশু দিৱসৰ তাৎপৰ্যই হ’ল -  দেশৰ শিশু সকলক বাট দেখুৱাই এটা সুন্দৰ স্বাস্থ্যকৰ ভবিষ্যত গঢ়ি  শিক্ষা-দীক্ষাত উন্নত কৰি তোলা । মই হ’ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল, মই হ’ম জৱাহৰলাল”— স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম দিনটোৰ লগত সঙ্গতি ৰাখি ১৪ নৱেম্বৰ দিনটো শিশু দিৱস ৰূপে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয় ।
শিশু সকল হৈছে দেশৰ ভবিষ্যতৰ নাগৰিক আৰু শিশু সকলৰ উন্নয়নক অত্যন্ত অগ্ৰাধিকাৰ দিয়াটো দেশৰ প্ৰধান কৰ্তব্য। দুৰ্ভাগ্যবশত সমগ্ৰ পৃথিৱীখনত অৰ্দ্ধ শতাংশই শিশু শ্ৰমিকৰ সমস্যাই দেখা দি আহিছে। বৰ্তমান গোলকীকৰণ আৰু আধুনিকীকৰণৰ যুগটো শিশু শ্ৰমিক সকলৰ সমস্যা আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰতিবন্ধকতা সমূহক লৈ ৰজাঘৰীয়া মুৰব্বী সকলে সমাধান আগবঢ়াবলৈ সক্ষম হোৱা নাই। বৰ্তমানৰ শিক্ষত সমাজ খনতো বহু শিশু এতিয়াও সমাজৰ অজ্ঞাতে শিশু শ্ৰমিক হিচাপে নিজৰ জীৱনতো অন্ধকাৰ পথলৈ আগবঢ়াই নিছে। বিশ্বৰ এক তৃতীয়াংশ শিশুৱেও আনকি চাৰি বছৰীয়া নূন্যতম শিক্ষা অৰ্হতাৰ পৰা বঞ্চিত হৈ আছে। ভাৰতৰ মুঠ জনসংখ্যাৰ ১৭.৫ মিলিয়ন শিশু এতিয়াও বিভিন্ন ধৰণৰ উদ্যোগত কাম কৰি আছে।

শিশু শ্রমিক সকলৰ দ্বাৰা কৰোৱা কামবোৰে মানসিক, শাৰীৰিক, সামাজিক অথবা নৈতিক দিশবোৰ বিপদাপন্ন কৰিছে আৰু নানা ধৰণৰ অপকাৰ সাধন কৰিছে। তেওঁলোকক শৈক্ষিক দিশটোৰ পৰা আঁতৰাই আনি ক্ষুদ্ৰ উদ্যোগ অথবা ঘৰুৱা কাম কাজত নিয়োজিত কৰা প্ৰবৃত্তি বৰ্তমান সমাজত গঢ় লৈ উঠিছে। তাৰেই কিছুমান উদ্যোগ যিবোৰ সম্পূৰ্ণ প্রায় শিশু শ্রমিক সকলৰ ওপৰতে নিৰ্ভৰ হৈ গঢ় লৈ উঠিছে যেনে খাৰু, বস্ত্ৰ নিৰ্মান উদ্যোগ ইত্যাদি। ইয়াৰ উপৰিও শিশু শ্রমিক সকলক অসৎমূলক কাৰ্যটো নিয়োজিত কৰা দেখা যায়। তেওঁলোকক এনে কামত নিয়োজিত কৰাটো সমাজৰ বাবে অপৰাধ জনক। কেতিয়াবা দেখা যায় শিশু শ্রমিক সকলক কোনো কাৰণ নোহোৱাকৈ মানসিক আৰু শাৰীৰিক ভাবে কষ্ট দিয়ে, ইয়াৰ পৰিণতিত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটে। কিছুমান ঘৰুৱা সমস্যাৰ বাবেও সৰুতেই ঘৰৰ পৰা ওলাই গৈ প্ৰাথমিক শিক্ষা গ্ৰহণৰ সলনি হোটেল অথবা অন্য কোনো ব্যৱসায়িক কাম-কাজত লিপ্ত হোৱা দেখা যায়। দৰিদ্ৰতা হৈছে "শিশু- শ্রমিক" সমস্যাৰ গুৰুত্বপূৰ্ণ কাৰণ।
        চৰকাৰে চৰকাৰী বিভাগ সমূহ বা বিষয়ববীয়া সকলক সুৰক্ষা প্ৰদান কৰিবলৈ কিছু দায়িত্ব অৰ্পন কৰিছে। এক বৃহৎ সংখ্যাক শিশুৱে বিভিন্ন সমস্যা যেনে অপৰিপুষ্টি, স্বাস্থ্য যতন নোপোৱা, বিভিন্ন ৰোগ, শ্ৰমিক, লিঙ্গ বৈষম্য, বৰ্ণ বৈষম্য, জাতি ধৰ্মৰ বৈষম্য আদিৰ বলি হৈছে। তাৰোপৰি শিশুসকলে শাৰীৰিক মানসিক উৎপীড়নৰ বলি হয়। লগতে যৌন শোষণৰো বলি হয় তেওঁলোকৰ ঘৰত, স্কুলত, হোষ্টেল, শিশুগৃহ আনকি ৰাজহুৱা স্থান সমূহতো।

যিসকল শিশুক অপসৰণ কৰি চালান দিয়া বা বিক্ৰী কৰা হয়- তেনেক্ষেত্ৰত দেখা যায় শিশুসকলৰ চাৰিওফালে থকা আত্মীয় স্বজন সকলে তেওঁলোকৰ দায়িত্বসমূহ সূচাৰুৰূপে পালন নকৰে।

যদি শিশুসকলৰ কোনোধৰণৰ হিংসা বা নিৰ্য্যাতনৰ বলি হয় এই ঘটনাই সমগ্ৰ সমাজখনত বিৰূপ প্ৰভাৱ পেলায়। সেইকাৰণে এনেধৰণৰ হিংসাৰ কৱলৰ পৰা শিশুক সুৰক্ষা প্ৰদান কৰা মানেই হৈছে এখন বৃহৎ সমাজক সুৰক্ষা প্ৰদান কৰা। আৰু শিশুৰ অধিকাৰ সমূহক সুৰক্ষা দিয়াৰ এয়েই ‘শিশু অধিকাৰ সুৰক্ষা আয়োগ আইন’ ২০০৫’ অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য সমূহত শিশু অধিকাৰ সুৰক্ষা আয়োগ গঠন কৰা হৈছে। একোজন অধ্যক্ষ আৰু ছয়জন সদস্যৰে একোখন আয়োগ গঠন হয়। এই আয়োগে শিশু অধিকাৰৰ লগত জড়িত কাৰ্যসূচী সমূহ সূচাৰুৰূপে পালন হৈছে নে নাই তাক চোৱা চিতা কৰে। শিশু অধিকাৰ খৰ্ব সম্পৰ্কীয় যিকোনো গোচৰ এই আয়োগ সমূহে ল’ব পাৰে আৰু স্বতন্ত্ৰভাৱে গোচৰ ৰুজু কৰি তদন্ত কৰিব পাৰে লগতে প্ৰয়োজনীয় দিহা পৰামৰ্শ চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক দিব পাৰি ।

আয়োগৰ কাৰ্য্যাৱলী আৰু ক্ষমতাৰ সম্পূৰ্ণ বিৱৰণ
আইনমতে শিশু সকলে সুৰক্ষা আৰু সংবিধানৰ বিভিন্ন শিশু সম্পৰ্কীয় দফা অনুসৰি নিৰাপত্তা পাইছেনে নাই পৰীক্ষা কৰা। শিশু সকলৰ বাবে ৰাজ্য চৰকাৰে উন্নত নিৰাপত্তাৰ ব্যৱস্থা কৰা।
শিশু অধিকাৰ উলংঘন সম্পৰ্কে অনুসন্ধান কৰা।
সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক হিংসাত্মক কাৰ্য্য, বিদ্ৰোহ, প্ৰাকৃতিক দুৰ্যোগ, ঘৰুৱা হিংসা, এইচ. আই. ভি., এইড্‌চ, মানৱ ব্যৱসায়, দুব্যৱহাৰ উৎপীডন, শোষণ, পৰ্ণগ্ৰাফী আৰু বেশ্যাবৃত্তি আদি যিবোৰ শিশুৰ অধিকাৰক বাধাগ্ৰস্থ কৰা সকলো কাৰণ তথা উপাদান সমূহ পৰীক্ষা কৰা আৰু যথাৰ্থ নিৰাময়ক ব্যৱস্থাৱলীৰ নিৰ্দেশ কৰা।
        শিশু অধিকাৰ সম্পৰ্কীয় আইন সমূহ কাৰ্যকৰী কৰিবলৈ চুক্তি কৰা।
শিশুৰ বিভিন্ন ধৰণৰ অধীকাৰ সমূহৰ ক্ষেত্ৰত ভালকৈ গৱেষণা হৈছেনে নাই নিৰীক্ষণ কৰা। বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমৰ দ্বাৰা সমাজক সজাগ কৰি তোলা। শিশুৰ আবাসিক গৃহ সমূহত শিশুবোৰৰ ভালদৰে যতন লৈছেনে নাই তাক পৰিদৰ্শন কৰা।
ৰাষ্ট্ৰীয় আয়োগ আৰু ৰাজ্যিক বা প্ৰাদেশিক আয়োগে বছৰেকীয়া প্ৰতিবেদন কেন্দ্ৰ বা ৰাজ্য চৰকাৰক দাখিল কৰিব লাগে আৰু যদি বিশেষ কিবা প্ৰতিবেদন থাকে প্ৰয়োজন সাপেক্ষে দাখিল কৰিব পাৰে , শিশুৰ অধিকাৰ সম্পৰ্কীয় সকলো ধৰণৰ গোচৰ, চৰকাৰৰ ব্যৰ্থতা বা মানৱ অধিকাৰ উলংঘন নকৰিবলৈ তদন্ত কৰা।

  শিশুসকল দেশৰ  ভৱিষ্যত । সেয়ে দেশৰ ভৱিষ্যত সুৰক্ষাৰ বাবে শিশুসকলৰ সুৰক্ষাৰ প্ৰতি মনোনিবেশ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় ।

পৃষ্ঠা ৮

সুখৰ সাধনা

তেজস্বিতা কৰবী
সেউজপুৰ, মৰাণ

সুখ-দুখ, উত্থান-পতন, পোৱা নোপোৱাৰ  মাজেৰেই জীৱনে গতি কৰে। ঠেক অৰ্থত আমি সেইজনক সুখী বুলি ক'ব পাৰো যিজনে অত্যাধিক সমস্যাৰ সন্মুখীন হৈয়ো নিজৰ জীৱনটো সুকলমে আগুৱাই নিবলৈ সক্ষম হৈছে।


  আমাৰ মনত অজানিতে প্ৰশ্ন হয় সুখ ক'ত পাম ? বৰ্তমান আমি সুখী নে ? আমি সুখী নহয় অৰ্থাৎ সুখী বুলি দাবী কৰিব নোৱাৰো। পোহৰৰ সৈতে এন্ধাৰ, যন্ত্ৰণাৰ সৈতে জীৱন, দুখৰ সৈতে সুখ একাকাৰ হৈ থাকে। দুখ আছে বাবেইতো সুখৰ মূল্য আছে।
  সুখ-দুখ, উত্থান-পতন, পোৱা নোপোৱাৰ  মাজেৰেই জীৱনে গতি কৰে। ঠেক অৰ্থত আমি সেইজনক সুখী বুলি ক'ব পাৰো যিজনে অত্যাধিক সমস্যাৰ সন্মুখীন হৈয়ো নিজৰ জীৱনটো সুকলমে আগুৱাই নিবলৈ সক্ষম হৈছে।
  আমি যিদৰে প্ৰতি মুহুূৰ্ততে সুখ লাভ কৰিবলৈ আগ্ৰহী হৈ থাকো ঠিক সেইদৰে আমাৰ জীৱনলৈ জাননী নিদিয়াকৈ অহা দুখবোৰৰ লগত সাহসেৰে সন্মুখীন হ'বৰ বাবে মানসিকভাৱে সদা প্ৰস্তুত থাকিব লাগে।
 সুখ-দুখৰ মূল কাৰণ আমাৰ মনটো। কেতিয়াবা আমাৰ মনে এনে কিছুমান বস্তুৰ অভাৱ অনুভৱ কৰে যে আমি সেই অভাৱ পূৰণ হ'লেহে সুখী হ'ম। কিন্তু বাহ্যিক বস্তুৰে দিয়া সুখ স্থায়ী নহয়। অতি সোনকালেই তাৰ পৰিসমাপ্তি ঘটে।
         অভাৱ অন্তহীন বুলি জানিও আমি সুখৰ সন্ধানত অবিৰত যাত্ৰা কৰোঁ। সুখ বিচাৰি দৌৰি ফুৰাটোৱেই ডাঙৰ কথা নহয়, বিচাৰিবও জানিব লাগিব। আমি যিকোনো দুখকে বহন কৰিব পৰা এটি মন গঢ়ি তুলিব লাগিব।
  নিজক সুখী ৰখাৰ কেইটামান উপায়--

• সদায় ইতিবাচক চিন্তাৰে দিনটোৰ আৰম্ভণি কৰিব লাগে। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰাশিক উপভোগ কৰিবলৈ শিকিব লাগে। চিন্তা উদ্ৰেক কৰিব পৰা কিতাপ পঢ়িব লাগে। অধ্যয়নৰ দ্বাৰা জ্ঞান বৃদ্ধি হোৱাৰ লগতে মানসিক তৃপ্তিও পোৱা যায়। ছ'চিয়েল মিডিয়াৰ যোগেদি গঠনমূলক বহু কথা, কাম হৈ আছে। সেইবোৰ চাব লাগে। সকলো কথা সদৰ্থক দৃষ্টিৰে চাবলৈ শিকিলে ই ইতিবাচক চিন্তাৰ বাহক হৈ পৰিব।
•  অবাস্তৱ চিন্তা আৰু তাৰ পিছত দৌৰাৰ কথা নাভাবিৱ। আপোনাৰ যিখিনি সামৰ্থ আছে সেইদৰে ফল লাভ কৰিব। সদায় মনত ৰাখিব অনেক পৰিকল্পনা অনেক সপোন থাকিলেও ভৱিষ্যৎ সদায় অনিশ্চিত। গতিকে ভৱিষ্যতৰ কথা নাভাৱি বৰ্তমান কি পাইছে তাৰ প্ৰতি গুৰুত্ব দিয়ক।
• নিজক হীন বুলি ভৱাটো অসুখী হোৱাৰ মূল কাৰণ।সকলো আছে কিন্তু সুখী নহয়। নিজক হীন প্ৰতিপন্ন কৰি আমি হীনমন্যতাত ভোগো। নোপোৱাৰ হিচাপ নাৰাখি প্ৰাপ্তিখিনিক লৈ সুখী হ'লেই জীৱনটো হৈ পৰিব অনুপম। 
• কম-বেছি পৰিমাণে সকলোৰে এটা দুখময় অতীত থাকে। সেই স্মৃতিক বৰ্তমানলৈ আজুৰি আনিবলৈ চেষ্টা নকৰিব। তাৰ পৰিৱৰ্তে অতীতৰ  সুখখিনি ৰোমন্থন কৰক। মন-মগজুত দুখ বেদনাই অস্থিৰ কৰিলে অন্তৰঙ্গ বন্ধু-বান্ধৱীৰ সৈতে প্ৰাণ খুলি কথা পাতক, মন খুলি হাঁহক, ভাৱৰ আদান প্ৰদান কৰক। এনে কৰিলে মনটো সজীৱ হৈ পৰিব।
• ঘৰুৱা কাম-বনৰ উপৰিও নিজৰ ভাল পোৱা কামবোৰ যেনে-- ফুলনি বাগিছা পতা, সংগীত শুনা, ছবি অঁকা, লেখা-মেলা কৰা আদি যি ভাল পাই সেই কামটোত সময় দিব। এনে কৰ্মই সুখী কৰাৰ উপৰিও সময়ৰো সদ্ব্যৱহাৰ কৰায়।
 • আমি আমাৰ আৱেগবোৰ যিমানেই নিয়ন্ত্ৰণ কৰিম, সিমানেই সুখী হ'ব পাৰিম। আৱেগৰ বশৱৰ্তী হৈ বহু ক্ষেত্ৰত ভুল সিদ্ধান্ত লোৱাৰ ফলত হা-হুমুনিয়াহ কাঢ়ি জীৱন অতিবাহিত কৰিব লগীয়া হয়। আবেগতকৈ বিবেকত প্ৰাধান্য দিয়ক। সুস্থ মগজুৰে সুস্থ চিন্তা কৰি কাম কৰিলে জীৱনটো সুন্দৰ হৈ পৰিব।
• নিজক সদায় গ্ৰহণ কৰিবলৈ শিকিব লাগে। অন্যৰ লগত নিজক তুলনা কৰিব নালাগে।জীৱনটো সুচাৰুৰূপে গঢ়িবলৈ আনক সমালোচনা নকৰি আত্মসমালোচনা কৰি আত্মসংশোধন কৰাৰ নিতান্তই প্ৰয়োজন।
• জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিবলৈ ব্যস্ততাক জীৱনৰ লগৰী কৰি লওক। কৰ্মব্যস্ততাই মানুহক আঁতৰাই ৰাখিব পাৰে যিকোনো অনাহক চিন্তাৰ পৰা। গঠনমূলক কামৰ মাজতেই নিহিত হৈ থাকে জীৱনৰ প্ৰকৃত সুখ। এনেদৰে আমি নিজ প্ৰচেষ্টাত, নিজ চিন্তা, কৰ্ম আৰু অভ্যাসৰ জৰিয়তে নিজক সুখী কৰি ৰাখিব পাৰোঁ।


পৃষ্ঠাঃ ৯

প্রাথমিক শিক্ষাত নাটকৰ তাৎপৰ্য

ৰিণ্টু টায়ে

আধুনিকোত্তৰ কালত শিক্ষকে শিক্ষাৰ্থীসকলৰ সংস্কাৰৰ বাবে প্ৰযত্ন কৰিব লাগে ৷ শিক্ষাই হ'ল মানুহৰ মানবীয় প্ৰমূল্যবোধ জগাই তোলাৰ মূল চাবি-কাঠী ৷
শংকৰদেৱৰ ভক্তিবাদ আন্দোলনত সাফল্য লাভৰ ক্ষেত্ৰত অপৰিসীম অৱদান যোগোৱা দিশটো হ'ল -তেখেতৰ দ্বাৰা ৰচিত নাটকসমূহ ৷ এই নাটকসমূহৰ সঠিক উপস্থাপনে দৰ্শকৰ মনত কৃষ্ণৰ চৰিত্ৰ আৰু মাহাত্ম্যৰ মূল কথাবোৰৰ বিষয়ে দকৈ সাঁচ বহাব পাৰিছিল ৷

প্ৰস্তাৱনা: প্ৰাথমিক শিক্ষাত নাটকৰ তাৎপৰ্য সন্দৰ্ভত আলোচনাৰ পূৰ্বে  নাটকৰ ঐতিহাসিক পটভূমিত এক চমু আলোচনা কৰিব বিচাৰোঁ ৷ অসমৰ নাট্যসাহিত্যৰ ইতিহাস অধ্যয়ন কৰিলে আমি জানিব পাৰোঁ যে অসমৰ প্ৰথম নাট্যকাৰজন হৈছে শংকৰদেৱ ৷ বৈষ্ণৱ যুগৰ অসমীয়া নাট্য সাহিত্য শংকৰদেৱৰ সৃজনী প্ৰতিভাৰ ফলশ্ৰুতি ৷ শংকৰদেৱে ছখন নাটক ৰচনা কৰিছিল ৷ নাটকেইখন হ'ল - পত্নীপ্ৰসাদ, কলি দমন, কেলি-গোপাল, পাৰিজাত হৰণ, ৰুক্মিণী হৰণ আৰু ৰামবিজয় ৷ মহাপুৰুষ  শংকৰদেৱক এজন শিক্ষাবিদ বুলি কোৱাতকৈ এচামে "জগতগুৰু" বুলি আখ্যা দিব বিচাৰে ৷ জগতৰ সকলো মানুহে তেখেতৰ পৰা বহু শিকিব লগা সদায়ে থাকিব ৷  
শংকৰদেৱে নাটক ৰচনা কৰাৰ অন্তৰালত নিহিত হৈ থকা কাৰণ বিলাক পৰ্যালোচনা কৰিলে এটা কথা স্পষ্ট হয় যে, শংকৰদেৱে জীৱনৰ শেষৰফালে উপলব্ধি কৰিছিল ৷ নাটক হৈছে শক্তিশালী মাধ্যম যাৰ যোগেদি দৰ্শকবৃন্দক ভক্তিবাদৰ কথা অধিক ফলপ্ৰসুভাৱে জনাব পৰা যায় ৷ কাব্যতকৈ গদ্যৰ ভাষা সংলাপৰ যোগেদি মানুহৰ হৃদয় জগতত প্ৰৱেশ কৰিবলৈ যেন অলপ সহজ ৷ সংলাপৰ যোগেদি কৃষ্ণ চৰিত্ৰৰ মাহাত্ম্য দৰ্শকৰ আগত স্পষ্ট আৰু অধিক উজ্জ্বল ৰূপত ৰাম বিজয়, পাৰিজাত হৰণ, ৰুক্মিণী হৰণ নাটকবিলাকত প্ৰকাশ পাইছে ৷ গতিকে কাব্যত কোৱা কথাখিনিকে পুনৰ সংলাপৰ দ্বাৰা কথাসূত্ৰৰ মাজেদি, নাটত ব্যৱহাৰ কৰা পত্ৰৰ যোগেদি সত্ৰ-সভাৰ শ্ৰোতামণ্ডল বা ভক্তমণ্ডলীৰ আগত শক্তিশালী ৰূপত প্ৰকাশ কৰিব পাৰি কাৰণেই একে বিষয়বস্তুকে লৈ নাটক ৰচনা কৰিছিল ৷
শংকৰীযুগত শংকৰদেৱে সমাজ-সংস্কাৰৰ মুখ্য ভূমিকা পালন কৰিছিল ৷ আধুনিক কালত গুৰুসকলক শিক্ষক হিচাপে বিভূষিত কৰা হ'ল ৷ গতিকে আধুনিক কালৰ শিক্ষকসকলৰ ভূমিকা ঠিক গুৰুসকলৰ সমাৰ্থক ৷ গুৰুসকলে তাহানি মানুহবোৰক অন্ধ বিশ্বাস, কু-সংস্কাৰৰ প্ৰভাৱৰ পৰা মুক্ত কৰি ভক্তি ভাৱৰ বিকাশৰ দ্বাৰা মানৱ কল্যাণ, মানবীয় প্ৰমূল্যবোধ, আধ্যাত্মিক জ্ঞানৰ বিকাশ আদিত গুৰুত্ব দিছিল ৷ আধুনিকোত্তৰ কালত শিক্ষকে শিক্ষাৰ্থীসকলৰ সংস্কাৰৰ বাবে প্ৰযত্ন কৰিব লাগে ৷ শিক্ষাই হ'ল মানুহৰ মানবীয় প্ৰমূল্যবোধ জগাই তোলাৰ মূল চাবি-কাঠী ৷
শংকৰদেৱৰ ভক্তিবাদ আন্দোলনত সাফল্য লাভৰ ক্ষেত্ৰত অপৰিসীম অৱদান যোগোৱা দিশটো হ'ল -তেখেতৰ দ্বাৰা ৰচিত নাটকসমূহ ৷ এই নাটকসমূহৰ সঠিক উপস্থাপনে দৰ্শকৰ মনত কৃষ্ণৰ চৰিত্ৰ আৰু মাহাত্ম্যৰ মূল কথাবোৰৰ বিষয়ে দকৈ সাঁচ বহাব পাৰিছিল ৷ মহাপুৰুষজনাই এই ক্ষেত্ৰত আদৰ্শ দেখুৱাইছে যে জটিল তাত্বিক কথা বা বিষয়কো নাটকৰ দ্বাৰা শ্ৰোতা বা দৰ্শকৰ মনত গভীৰ ৰেখাপাত হোৱাকৈ উপস্থাপন কৰিব পাৰে ৷ প্ৰাথমিক শিক্ষাত নাটকীয় ভংগীমাত শিক্ষণীয় বিষয়বোৰ ছাত্ৰ-ছাত্ৰীৰ আগত উপস্থাপন কৰিলে নিশ্চয় সুফল লাভ কৰিব পাৰিব তাকে আধুনিক কালৰ শিক্ষাবিদসকলে মত পোষণ কৰে ৷ 

লক্ষ্য আৰু উদ্দেশ্য ·

শিশুৰ আচৰণবিলাক সংশোধন কৰি বাঞ্ছিত দিশত আচৰণ গঢ় দিয়াটোৱে শিক্ষণৰ উদ্দেশ্য ৷ প্ৰাথমিক শিক্ষাত শিশুৱে যি শিক্ষা লাভ কৰে অনাগত ওৰেটো জীৱনত এই শিক্ষাকে মূলধন হিচাপে লৈ জীৱনটো যাপন কৰিবলগীয়া হয় ৷ গতিকে প্ৰাথমিক শিক্ষাক শিক্ষাৰ মূল ভেঁটি অথবা বুনিয়াদ বুলি গণ্য কৰা হয় ৷ শিশুৰ কোমল মনত গভীৰভাৱে সাঁচ বহাব পৰা অভিজ্ঞতাবোৰ নাটকৰ মাধ্যমেদি দিব পৰা যায়, যাক উপলব্ধি কৰোৱাটো এই অধ্যয়ন অথবা আলোচনাৰ আন এটা উল্লেখযোগ্য উদ্দেশ্য ৷

ক্ৰমশঃ

পৃষ্ঠা ১০
ধাৰাবাহিকঃ

সমাধিস্থ সপোনত
অংকুৰিত পোহৰ

মিনাৰা হুছেইন, নগাঁও

যোৱা সংখ্যাৰ পিছৰ পৰা

(অষ্টম)

      টিকলীদুজনীৰ হিয়া ভগা কান্দোনে সকলোকে কন্দোৱালে। পৃথিৱীলৈ অহা এই নৱজাতক দুটিয়েও যেন অনুভৱ কৰিছে। নিজৰ জন্মদাত্ৰী মাতৃক হেৰুৱাই যেন বাউলি হৈ পৰিছে। মই দুয়োজনীকে বুকুৰ মাজত লৈ শুব ওলাইছোঁ। শোকে আৱৰি থকা  আবেগৰ মাজত মই সাৰ পাই উঠিলোঁ। এইয়া কি ? মাইনা এজনীয়ে  মোৰ বুকুৰ মাজত যেন কিবা বিচাৰিছে। আনজনীয়েও চিঞৰি উঠিল।  ঠিকেই ধৰিব পাৰিছোঁ। ইহঁত দুজনীৰ ভোক লাগিছে। কি কৰিম মই ? তপত লোতকেৰে গাৰু তিতিল। অনূভৱ কৰিছোঁ। হয় ! মাতৃত্বৰ উমাল পৰশেৰে দুয়োজনীকে দুটা চুমা আঁকি দিলোঁ। লাহেকৈ চাদৰৰ তলেৰে ব্লাউজৰ হুক খুলি প্ৰথমবাৰৰ বাবে দুয়োজনীকে দুয়োফালে কাষ চপাই ল'লোঁ। মোৰ এই অনুভূতি , মোৰ এই সিদ্ধান্ত নাই নাই আজি কাৰো কথা  নুশুনোঁ। প্ৰতিগৰাকী নাৰীৰ মাজতে এগৰাকী মাতৃ লুপ্ত হৈ থাকে। আজি  বাৰুকৈয়ে উপলব্ধি কৰিছোঁ। কি আচৰিত! মাইনা দুজনী কন্দা বন্ধ কৰি শুই পৰিল।  
    "ৰাধা এইয়া চোৱা। আমাৰ মাইনাদুজনীলৈ চোৱা"
             ৰাধাৰ ৰুমত থকা ৰাধাৰ ফটোখনলৈ চাই ৰ'লোঁ।

     ৰুবুল আৰু মাক আহিছিল। সৌজন্যতাৰ খাতিৰত দুই এটা কথা পাতিলে‌। কিন্তু এবাৰো ছোৱালী দুজনীক নল'লে। এবাৰো সিহঁতক লৈ যোৱাৰ কথা নক'লে। এই কেইদিনমানতে মাইনাদুজনীয়ে বহুত মৰম পাইছে অনুৰাগৰ পৰা। অনুৰাগেও দহ দিনৰ চুটি ল'লে। মালতীবায়ে সকলো দুখ কাতি কৰি ইহঁতদুজনীৰ লগতে লাগি আছে। কেতিয়া নান খাবলৈ দিব, ডাইপাৰ চেঞ্জ  কৰা, ধুনীয়া ধুনীয়া ৰঙ বিৰঙী কাপোৰবোৰ পিন্ধাই খুব খেলিছে ইহঁতদুজনীৰ লগত নিমিশা আৰু মালতীবায়ে। ৰাধাৰ মৃত্যুৰ পিছৰে পৰা শহুৰ দেউতা বিৰেন বৰকটকী যেন হঠাৎ পৰিবৰ্তন হৈ পৰিল। হাস্য মুখী বিৰেন বৰকটকীয়ে মন মাৰি থকা হ'ল। হয়তো মনোকষ্ট ,হয়তো হতাশাত ভুগিছে। ৰাধাক তাইৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে। মাইনাদুজনীক বোকোচাত লৈ শাহু মা শহুৰ দেউতাৰ ওচৰলৈ গ'ল।
   "কিয় এনেদৰে আছে ? যি হ'ব লগা আছিল, সেইয়া হৈ গ'ল। চাওকচোন এবাৰ ইহঁত দুজনীলৈ। "
      
"তুমি এইটো কথা কৈছা ? মই আচৰিত। এইটো কথা যদি তুমি নিজে বুজি পালা হয়, আমি নিশ্চয় ৰাধাক এনেদৰে হেৰোৱাব লগীয়া নহ'ল হয়"
 দেউতা উঠি গুচি গ'ল।
  
    সকলো দেখি আছোঁ। বুজিও আছোঁ। কিন্তু কেনেদৰে আগবঢ়াই নিম ? কেনেদৰে জনাম মোৰ সিদ্ধান্তৰ কথা ?

   ৰাধাৰ শ্ৰাদ্ধ হৈ গ'ল। লাহে লাহে সকলোৱে নিজৰ কক্ষপথত অৱস্থান লৈছিল। 
   "ৰুবুলহঁতে কোনো খবৰ নোলোৱা হৈছে। ইহঁত দুজনীক আমি দি আহিব লাগিছিল"
      ৰাতি ভাত খাই থাকোতে ডাইনিঙত বহি  শাহুয়ে ক'লে।
   মোৰ বৰ খঙ উঠিছিল। কেনেকৈ এনেদৰে ক'ব পাৰে ? যিজন পিতৃয়ে নিজৰ সন্তান দুটিক এবাৰ নিজৰ বুলি আঁকোৱালি নল'লে, সেইজনৰ হাতত কি দৰে গতাব?
    "তোমালোকে যি ভাল দেখা"
             দেউতাকে মাত দিলে।
    "মা কথা এটা নহয়।  ইহঁতদুজনীৰ নামটো দিয়া নহ'ল। বাৰ্থ চাৰ্টিফিকেট খনো ওলোৱা নহ'ল।"
     "নিমিশা তুমি ঠিকেই কৈছা। ধুনীয়া নাম দুটা দিয়া মাইনাদুজনীক।"
      মালতীবাইৰ কোলাৰ পৰা দুয়োজনীক ল'লোঁ। 
   "আজিৰ পৰা ইহঁত ৰাধা আৰু গৌৰী।"
     "বোৱাৰী নামটো সলাই দিয়া।"
  "কিয় মা ? অনুৰাধাৰ অংশ সেয়ে ৰাধা আৰু..."
   "আৰু কি...?"
         শাহুয়েকে গৰজি উঠিল।
     "ৰাধাৰ লগত গৌৰী নামটো মিলে। সেয়ে আনজনী গৌৰী"
     লাহেকৈ ক'লোঁ। আহিবলগীয়া ধুমুহাৰ উমান পাই মালতীবায়ে মাইনাদুজনীক ভিতৰৰ ৰুমলৈ লৈ গ'ল।
      "আপুনি শুনিছেনে আকৌ গৌৰী। নোৱাৰোঁ মই সহ্য কৰিব। "
       শাহুয়ে কান্দি দিলে।
অনুৰাগ আৰু দেউতাই সকলো চাই আছে। কিন্তু যেতিয়া হৃদয়ত বা মাৰলী আহে, আমিবোৰ যেন শব্দহীন হৈ পৰোঁ। দেউতা চোফাখনত বহিল।

     "নিমিশা তুমি সকলো নিশ্চিয় জানিলা । মোৰেই ভুল আছিল। মই এতিয়া কিদৰে প্ৰায়চিত্ত কৰোঁ। ইহঁত দুজনীক মই ক'ত ঠেলি দিম ? আৰু এই অনুৰাগৰ মাক ? তেওঁক মই কি ক'ম ? "
     শহুৰ দেউতাই মোৰ হাতত ধৰি কান্দি দিলে।
    কি ক'ম  মই ? পিতৃসম ব্যক্তি, যি গৰাকীয়ে নিজৰ ভুলৰ প্ৰায়চিত্ত কৰিব বিচাৰে তেওঁক কি বুলি শান্তনা দিম ?

আগলৈ..

পৃষ্ঠা ১১
অণুগল্পঃ

ক/ কন্যা সন্তান

ত্ৰিবেনী তালুকদা
 ধেমাজি

         তৃতীয়টো সন্তান "ছোৱালী হলে ল'ৰাক আকৌ বেলেগ এজনী আনি দিম"   শাহুৱেকে কোৱা কথাষাৰ কানত টিং টিং কৈ বাজি আছে মৰমীৰ অপাৰেচন ৰূমৰ বিছনাত।
           যোৱা ৰাতি গোটেই কথাখিনি অৱগত হোৱা অবিবাহিতা নাৰ্চজনীয়ে, প্ৰসৱ যন্ত্ৰণাৰ অলপ পিছতে মৰমীৰ হাতত তুলি দিলে এটি ল'ৰা সন্তান। যাক আজি পুৱতি নিশা হস্পিতালৰ দুৱাৰদলিত কোনোৱাই এৰি থৈ গৈছিল।এতিয়াৰ মৰমীৰ কন্যা সন্তানটি হ'ব নাৰ্চজনীৰ জীয়াই থকাৰ প্ৰেৰণা।

খ/ মূল্য

মনস্বিনী শৰ্মা

            বিশ হাজাৰটকীয়া ম'বাইল ফ'নটো ঠাচ্‌কৈ মাটিত দলিয়াই অলংকৃতা চিঞৰি উঠিল "উস্‌ ! এই ফ'নটো আজিকালি ইমান হেং মাৰে নহয়। মেচেজ এটা শান্তিৰে কৰিব নোৱাৰি। এইটো দলিয়াই থাকিলেও নাভাঙে।এইটো ভঙা হ'লে নতুন মডেলৰ ফ'ন এটা ল'ব পাৰিলোহেঁতেন। 
            ৰূমমেট অলংকৃতাৰ বিলাসী স্বভাৱটো পৰিস্মিতাই ভালদৰে বুজি পায়। অভিযন্তা পিতৃ-মাতৃৰ একমাত্ৰ জীয়ৰী অলংকৃতাই অভাৱৰ সন্মুখীন হ'বলৈ নাপায় বাবে বস্তুৰ উচিত মূল্যক বোধগম্য কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে পৰিস্মিতা গাঁৱৰ খেতিয়ক পৰিয়ালৰ জীয়ৰী।অলংকৃতাৰ কথা-কাণ্ড দেখি পৰিস্মিতাই নিজৰ সৰু এনড্ৰয়ড ফ'নটোলৈ চকু দিলে। তাইৰ ফ'নটোৱে আজি কিমান দিন ধৰি হেং মাৰি তাইক অসুবিধা দি আছে।অথচ যোগাযোগৰ মাধ্যম এই ফ'নটোক তাই আলফুলে ৰাখে। কাৰণ এই ফ'নটোতে লুকাই আছে তাইৰ দেউতাকৰ কষ্টৰ ধনকেইটা। দেউতাকৰ কষ্টৰ মূল্যক তাই উচিত মৰ্যদা দিব জানে।             
              
স্নাতক পঞ্চম ষাণ্মাসিক অৰ্থনীতি বিভাগ
শিৱসাগৰ ছোৱালী কলেজ


পৃষ্ঠা ১২
গ/ দুই অধ্যায় 
              
মীনাক্ষি ৰায় ডাকুৱা,                              
গোলকগঞ্জ, ধুবুৰী 

          ৰাতি কিমান হ'ল নাজানে সৰ্বেশ্বৰে । কিমান সময় ধৰি যে তেওঁ বহি আছে এই বাৰাণ্ডাত ! ক্লান্তিৰ নিশ্বাস এৰি উঠি থিয় হ'ল তেওঁ । হঠাৎ সমস্ত শিৰাত তেজ চঞ্চল হৈ উঠিল—এয়া কি দেখিছে তেওঁ ? অৰুণাৰ ঘৰৰ পৰা সেই সাংকেতিক পোহৰৰ খেল ! অৰুণা জাগি আছে নে নাই তাক জনাৰ বাবে সৰ্বেশ্বৰে নিজৰ বাৰাণ্ডাৰ পোহৰ জ্বলাইছিল, নুমাইছিল । অৰুণাও জাগি থাকিলে একেদৰেই পোহৰ জ্বলাই-নুমাই সংকেত দিছিল । সেই একেই খেল ! তেনেহলে সঁচাকৈয়ে এনে কিবা আছেনে, বুদ্ধিৰে যাৰ ব্যাখ্যা নিমিলে ? সৰ্বেশ্বৰে জানে এনেকুৱা একো নাই যাৰ ব্যাখ্যা দিব পৰা নাযায় । বৰঞ্চ এনে বহু কথা আছে যাৰ ব্যাখ্যা মাত্ৰ প্ৰেমেইহে দিব পাৰে । প্ৰায় বত্ৰিছ বছৰ আগৰ পুৰণি খেলটো আকৌ নতুনকৈ ঘূৰি আহিছে । মাথোন সৰ্বেশ্বৰৰ হৈ উদয়ন আৰু অৰুণাৰ হৈ খেলিছে নন্দিতা ।
          বাৰাণ্ডাৰ পৰা শোৱনি কোঠালৈ উঠি আহিল সৰ্বেশ্বৰ । বয়সে আঁচুৰিছে তেওঁক । চুলিত ৰূপালী ৰং সানিছে, মুখত বলিৰেখা । কিন্তু অৰুণাক চোন বয়সে চুব পৰা নাই  । একে ঠাইতে থিয় হৈ আছে তাই, সেয়ে খেলটোও একেদৰে খেলিছে । অৰুণাই সংকেত দিছে তাই শোৱা নাই । সৰ্বেশ্বৰৰ শিৰাই শিৰাই, নিশ্বাস-প্ৰশ্বাসত, সেমেকা বতাহৰ আৰ্দ্ৰতাত, সেউতীৰ সুবাসত, দীঘল চুলিৰ আভাসত, মায়াময় গভীৰ দুচকুত যি নকৈও বহু কথা কয়—অৰুণা জাগি আছে, জাগিয়েই আছে ।


পৃষ্ঠা ১৩
এক মিনিটৰ গল্পঃ

হাঁহিচম্পাৰ হাঁহি

আদৃতা শিৱম

“তোমাৰ হাঁহি থকা ফটোবোৰ মোৰ ভাল নালাগে ৷ ভাল লাগে বিষণ্ণতা পিন্ধা গহীন ছোৱালীজনী ৷ উদাস চকুহাল , গম্ভীৰ মুখাৱয়ব  আৰু কৰ্তৃত্ব সনা মাতষাৰ ৷ তুমি কেতিয়াও সলনি নহ’বা ;  কেতিয়াও ৷” 
এনেকৈ ক’ব পৰা কাৰোবাক লগ নোপোৱাটো মোৰ জীৱনৰ এক বৃহৎ ট্ৰেজেদি ৷ 

হাঁহি থকাটো জৰুৰী নেকি ! মই নিজক সুধিছিলোঁ ৷ মোৰ একেবাৰে মন নাযায় হাঁহি থাকিবলৈ ৷ যেতিয়াই হাঁহিব খোজো হাঁহিটো হৈ উঠে বৰণহীন ৷ মোক হাঁহিবৰ বাবে লগা কাৰণবোৰ মোৰ ওচৰতহে মূল্যৱান মই জানো ৷  উকা আকাশ এখন , উদাস পৃথিৱীখন মোৰ অতিকে আপোন আছিল ৷ আছিল একান্তই নিজা ৷ নিজৰ সতে থাকিলে মানুহ জানো নিসংগ হয় ! কথাটো ভাবিলে মোৰ হাঁহি উঠে ৷ 

মাজে মাজে মোৰ পুৰণি সপোনটো চুই চাওঁ ৷ তিব্ৰ হেঁপাহ জাগে সপোনটো আপোন কৰি লোৱাৰ ৷ এটা সৰু কোঠা ৷ কিতাপভৰ্তি আলমিৰা ৷ খিৰিকিৰ কাষত এখন টেবুল ৷ আৰু মই ৷ কেৱল মই ৷ মানুহে খোৱাবস্তু বান্ধি দিয়া কাগজৰ টুকুৰাবোৰ মোৰ আলমিৰাৰ কিতাপ কৰি সজাও ৷ হাঁহি উঠে মোৰ ৷ ভীষণ ৷

জীৱনটোনো কিমান দিনৰ ! জীয়াই থকা মানে সুখৰ সন্ধান কৰি থকাতকৈ আছেনে কিবা ? হয়তো কাইলৈ ৰঙীন হ’বও পাৰে মোৰ জীৱন এলবাম ৷ মানুহ আশাত ভজে ৷ অথচ ভাব হৈছে  কি প্ৰয়োজন এই ৰঙীনতাৰ ? ক্ষন্তেকৰ বাবে ! লাহে লাহে অনুভৱ কৰিছো জীৱনৰ মোহ যিদৰে মোৰ একেবাৰেই নাই ; জীৱনৰ ৰূপ-ৰসবোৰৰ প্ৰতিও বাঢ়ি আহিছে চৰম অনীহা ৷ সিদ্ধাৰ্থ গৌতমৰ বাটেৰে যাব পৰা হ’লে ! অস্বীকাৰ নকৰো এই বাটৰ প্ৰতি মোৰ দুৰ্বাৰ ভালপোৱা ৷ ভিক্ষা পাত্ৰ লোৱা মানুহবোৰ দেখিলে মই ৰ’ লাগি চাও ৷ বৈদ্য হাঁহি উঠে ৷ তথাগতই জৰা-ব্যাধি-মৃত্যুৰ পৰিত্ৰাণৰ উপায় বিচাৰি পালেগৈ ত্যাগৰ ওচৰত ৷  লোভ-মোহ সকলো এৰা বৈৰাগীবোৰ সুখীনে ? সুখ জোখা মেচিন এটা ক’ত পায় ? এ.টি.এম লিখা ঘৰবোৰ সুখৰ ঘৰ নি মানুহৰ ? হাঁহি নুঠেনি কিবা ! ক’ত ত্যাগ ক’ত টকা ! হাঁহিমেই মই ৷ হিঃ হিঃ হিঃ ৷

উপসংহাৰ : তাই গহীন হৈ গৈ আছিল কোনেও নোকোৱাকৈ ৷  কোনেও নজনাকৈ নিজৰ মাজত সাঁচি গৈ আছিল সপোনবোৰ ৷ তাৰপাচত এদিন তাই হাঁহিবলৈ ধৰিলে ৷ ভয়ংকৰভাৱে ৷ তাই আচলতে জনা নাছিল মানুহ কিমানলৈ গহীন হ’লে ভাৰসাম্যতা ৰাখিব পাৰে মগজুৱে ৷


পৃষ্ঠা ১৪
অনুবাদ কবিতা ঃ

ECHO
( By Christina Rossetti)


Come to me in the silence of the night;
Come in the spaking silence of a dream;
Come with soft rounded cheeks and eyes as bright 
As sunlight on a stream;
Come back in tears,
O memory, hope, love of finished years.

Oh dream how sweet, too sweet, to bitter sweet,
Whose wakening should have been in paradish,
Where souls brimful of love abide and meet;
Where thirsting, longing eyes watch the slow door
That opening, letting in, lets out no more.

Yet come to me in dreams, that I may live
My very life again tho' cold in death:
Come back to me in dreams, that I may give
Pulse for pulse, breath for breath:
Speak low, lean low,
As long ago, my love, how long ago.

প্রতিধ্বনি 

 মূল:  ECHO by Christina Rossetti
অনুবাদ: প্রাণ কৃষ্ণ গোস্বামী

ৰাতিৰ নিস্তব্ধতাত আহাঁ মোৰ কাষলৈ;
আহাঁ নিস্তব্ধতাৰ কথন হৈ সপোনৰ;
আহাঁ কোমল গোলাকাৰ গাল আৰু চকুৰ উজ্জ্বলতা লৈ
যেন ঝৰণাত উপচি পৰা পোহৰ সূৰুযৰ;
লোতক ভৰা চকুৰে ঘূৰি আহাঁ,
হে' অতীত হোৱা বছৰবোৰৰ স্মৃতি, আশা, ভালপোৱা ৷

অ: সপোন কেনে মধুৰ, ইমান যে মধুৰ, ইমান তিক্ত মধুৰ,
যাৰ জাগৰণ হ'ব লাগিছিল সৰগত,
য'ত পাৰ ওপচা ভালপোৱাৰে বাস কৰে আৰু লগ হয় আত্মাবোৰ;
য'ত ধীৰ গতিৰ দুৱাৰখন চাই থাকে পিপাসী, হেঁপেহুৱী চকুবোৰে
যি খোল খায়, সোমাব দিয়ে, কোনোয়েই ওলাব নোৱাৰে ৷

তথাপি মোৰ সপোনত আহিবা, যাতে মই পুনৰ জীৱ পাৰিম
মোৰ সেই জীৱনটো-যদিওবা মৃত্যুৰ শীতলতাত:
ঘূৰি আহিবা মোৰ সপোনবোৰত, যাতে মই দিব পাৰিম 
স্পন্দনৰ বাবে স্পন্দন, উশাহৰ বাবে উশাহ:
সৰুকৈ কথা কোৱাঁ, তললৈ হাউলি লোৱাঁ,
বহুদিনৰ আগৰ দৰে, মোৰ সোণ,
কিমান দিনৰ যে আগৰ কথা ৷

( খ্ৰীষ্টিনা জৰ্জিনা ৰ'চ্চেট্টি (Chrstina Georgina Rossetti,1830-1894) এগৰাকী বৃটিশ কবি আছিল ৷ তেওঁৰ দেউতাকো এগৰাকী কবি আছিল আৰু পৰিয়ালৰ আনবোৰক দেখি তেওঁ বাৰ বছৰমানৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰি ছদ্মমানত প্ৰকাশ কৰিছিল যদিও ২৬ বছৰ বয়সত ' In the Artist's Studio' শীর্ষক নিজ নামৰ কবিতাৰ পৰাহে কবি হিচাপে বিশেষভাবে জনাজাত হৈছিল ৷ তেওঁ ৰোমাণ্টিক, ভক্তিমূলক আৰু শিশুকবিতাৰ উপৰিও পৰলোক বিশ্বাসী কবিতা লিখিছিল ৷ ১৮৬২ ত প্ৰকাশিত "গ'বলিন মাৰ্কেট আৰু অন্যান্য কবিতা" তেওঁৰ এক বিশেষ কবিতা সংকলন)


পৃষ্ঠা ১৫

ছন্দৰীতি

 মূল বাংলাঃ মহাদেব সাহাৰ
ভাবানুবাদ: অৰুণিমা শৰ্মা মহাপাত্ৰ 
নতুন দিল্লী।

তোমালোকৰ কথা-বতৰাত ইমান যে ব্যাকৰণ!
তোমালোকৰ উঠা-বহাত ইমান যে অভিধান !
চঞ্চল নিজৰাৰ নাই পিছে কোনো ব্যাকৰণ,
আকাশৰো অভিধান নাই, নাই পিছে সাগৰৰ ।
হৃদয়তকৈ ডাঙৰ আছে জানো কোনো সংবিধান ?
হৃদয়ে যি পাৰে জাতিসংঘই সেয়া নোৱাৰে,
গোলাপ ফুল  ফুলে জানো  বুজি  কিবা ব্যাকৰণ,
প্ৰেমিকে  কৰে  জানো  ছন্দ মিলাই সম্বোধন ?
চৰাইয়ে জানো গীত গায় বুজি পাই ব্যাকৰণ ?
নদী সদায়েই চিৰ ছন্দময় নোহোৱাকৈয়ে একো  ছন্দজ্ঞান 
ভাবি মৰা তোমালোকে ক'ত পাম ব্যকৰণ-অভিধান ? 
বানান নহ'ল শুদ্ধ ! ভুল হ'ল যে ব্যাকৰণ !
প্ৰেমৰ শুদ্ধ কিতাপ দেখিছানে কোনোবাই ?
ব্যাকৰণ-অভিধান মেলি লেখা হয় জানো প্ৰেম পত্র ?
ৰাখে জানো কোনোবাই মাত্রা- স্বৰৰ হিচাপ দুৰন্ত প্ৰেমগীতিত ?
নীৰৱ চুম্বনকেই শ্রেষ্ঠ মানিলো পৃথিৱীৰ ছন্দ ৰীতিত।


পৃষ্ঠা ১৬


এছিয়া 

মূল বাংলাঃ নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী 
অনুবাদঃ সপ্তৰ্ষি বৰ্ধন

এতিয়া অস্পষ্ট পোহৰ। অস্পষ্ট এন্ধাৰত
অৰণ্য, সাগৰ, হ্ৰদ, নিশাৰ শিশিৰ- সিক্ত পথাৰ 
অস্থিৰ আগ্ৰহেৰে কঁপি, আহে দিন, কঠিন দ্বাৰ
ভাঙি যায়। দুর্বিনীত দুৰন্ত আদেশ শুনি কোনোবাৰ
দীঘল নিশা মৰি যায়, খহি পৰে শীৰ্ণ ৰাজপাট,
নিৰ্ভয় জনতা খোজ কাঢ়ে পোহৰৰ বলিষ্ঠ অভিসাৰত।
হে এছিয়া ! নিশা শেষ, 'ভস্ম অপমান শয্যা এৰি দিয়া,
উজ্জীবিত হওক ৰূঢ় অসংকোচ ৰৌদ্ৰৰ প্ৰহাৰত।

নগৰত, বন্দৰত, চহৰত, গ্ৰামাঞ্চলত, পথাৰত আৰু পাম'ত
জাগে প্ৰাণ, দ্বীপত - দ্বীপত আহবান পঠায়,
অসংখ্য  মানৱ শিশু সেই ক্ষিপ্র অনিবাৰ্য মাত
দুৰ্জয় আশ্বাসত শুনে, দৃঢ় ভৰিৰে খোজ কাঢ়ে। তাৰ পিছত 
ভাৰতত, সিংহলত, ব্ৰহ্মত, ইন্দোচীনত, ইন্দোনেছিয়াত
বিনিদ্ৰ জনসমুদ্ৰ বিদ্যুত উল্লাসে লয় পাক


পৃষ্ঠা ১৭

জীয়াই থকা

মূল বাংলাঃ শঙ্খ ঘোষ
অসমীয়া অনুবাদ-বাসুদেব দাস

দুনিয়াৰ যদি কিবা লাভ হ'ল হেঁতেন মই নথকাত
মোৰ নথকা সহজ হ'ল হেঁতেন-
কিন্তু সেয়া কি হ'ব বুলি তুমি ভাবা ?

কিছু জঞ্জাল জমি আছে আজিও মূৰৰ ভিতৰত
ৰক্তবীজৰ বংশধৰ সকল
বাঢ়ি চলে অকাতৰে।

ভাবিছা নে তাৰ বাবে কোনোবাৰ কিবা আহে যায় নে ?
বহু চাই চিন্তি শিকিছো বাপা হে
মোটামুটি কৈ জীয়াই থকাতোও ভাল।

পৃষ্ঠা ১৮

কবিতাঃ
চমক

গজেন মিলি

গচকত বোকা চিটিকি যোৱা বাট
চকুৰ টৰ্ছে কাম নকৰা অৱস্থা
সহায়ৰ হাত মেলাৰ বাবে
ছেলাম তৰা-জোন

সমুখত চমকি উঠিছে
পিতাইৰ পিতল ৰঙী পিঠি
উটি গৈছে নৈৰ বুকুত 
নৈপৰীয়া তিৰোতাৰ চিৎকাৰ
বুৰ গৈছে টঙীঘৰ

হো-হোৱাই চাহাবী গাড়ীবোৰ সোমাইছিল ভোটৰ আগত
লানি নিচাগা দীঘল শাৰী
বুকুত নমস্কাৰ লাগি অহা 
বগা পাইজামা পিন্ধা মানুহজনে 
নৈৰ গঢ়া খহা দেখি
ঘৰিয়ালৰ চকুলো টুকি
ওখ মটাউৰি দিয়াৰ প্ৰতিশ্ৰুতিত পতিয়ন গৈ
বিছনাৰ পৰা নমাই ককা-আইতাহঁতকো ভোট দিয়াবলৈ নিছিল, গঞালোকৰ
আশা আছিল নামঘৰৰ টিন জোনৰ দৰে জিলিকিব

এয়া চোৱা,
গচকত আঁঠুলৈকে
ভৰি সোমোৱা বাট
ভয়াল ৰাতিৰ এয়া কবিতা নহয়
গাৱৰ মানুহে ভোগা সঁচা মালিতা

পৃষ্ঠাঃ ১৯
কাউৰীজাক এনেই বদনামি হ'ল!

নিহাল গগৈ

এটুকুৰা মাংস আৰু
কাউৰীজাকৰ অৰিয়া অৰি 
সিহঁতে নুবুজে চতুৰালি 
শেষ কৰিব খোজে 
কেৱল ভোকাতুৰ পেটৰ ইননি-বিননি। 

সিহঁতজাক অমংগলীয়া বদনামী
কেৱল চিঞৰিব জানে 
সিহঁতৰ চিঞৰত কাৰোবাৰ চকী কঁপিলে
দলিয়াই দিয়ে এটুকুৰা মাংস 
সিহঁত হৈ পৰে তাতেই ব্যস্ত।

কাউৰীজাকে ঘৰ সাজিব জানে
বিনা সন্দেহে কাৰোবাক তুলি তালি 
ডাঙৰ কৰিব পাৰে
কিন্তু সিহঁতে নাজানে আশ্ৰয়দাতাৰ হোৱাৰ পৰিণাম,
হেলাৰঙে নিজৰ ঘৰ ত্যাগ কৰি দিয়ে।
সিহঁত নিৰুপায়!
জন্মতেই সিহঁতৰ যে চকুত কাপোৰ বন্ধা থাকে।

আচলতে কাউৰীজাকে তাতেই চিঞৰে
য'ত এচামৰ কু-কৰ্মৰে চহৰখন লেতেৰা কৰে। 
সেইচামৰ মিঠা মাতত
কৰ্কশ মাতৰ কাউৰীজাক অসহায় হয়।
সেইচামে সিহঁতৰ অৱস্থাক লৈ নিষ্ঠুৰ খেল খেলে
য'ত এটুকুৰা মাংসৰ বাবে কাউৰীজাক বদনামী হৈ পৰে।


পৃষ্ঠা ২০
অহংকাৰ

ৰুমী চাংমাই

তোমাৰ অহংকাৰ আছে
লগতেই ৰাখা
আনৰ স্বাভিমানত আঘাত হানিবলৈ
ব্যৱহাৰ নকৰিবা

কাৰোবাৰ আবেগ আৰু আন্তৰিকতাক
ধনেৰে জুখিবলৈ নিবিচাৰিবা

ধন দৌলতৰ চূড়াত উঠিও
তুমি আকাশখন চুব নোৱাৰা
তললৈ চাবই লাগিব

তোমাৰ যাত্ৰা পথত তুমি ভাবিছা নিজকে অক্লান্ত বুলি---
কিন্তু এদিন ভাগৰি পৰিবা
ভাগৰত আতুৰ হৈ 
যিদিনা তুমি তললৈ চাবা
সেইদিনাই বুজিবা হেঁপাহৰ তীব্ৰতা ---

এতিয়া তোমাৰ গৰ্বই তোমাক লৈ যাব বাট দেখুৱাই
যি বাটে তোমাক অন্ধ কৰি তুলিব,
অহংকাৰী আত্মাভিমানত তোমাক সৰু হ'বলৈ নিদিয়ে
য'ত সম্পৰ্কৰ মান্যতা তেনেই তুচ্ছ !

অহংকাৰবোৰ লগতেই ৰাখা
নিদিবা আনৰ স্বাভিমানত আঘাত হানিবলৈ,

সিংহকো এদিন প্ৰয়োজন হৈছিল নিগনিৰ
হাঃ হাঃ হাঃ সাধুকথাৰ উক্তি নহয়নে ?


পৃষ্ঠা ২১

মৃগাংকৰ  জ্যোতি

মৃগাংক জ্যোতি দাস

সুপ্ৰভ মৃগাংকৰ জ্যোতিত
নীলকমলে অংকিত কৰিছে
এক নীলাশ্ৰীৰ নিশা
য'ত প্ৰিয়মৰ 
স্নিগ্ধা ধ্বনিৰ অৰ্ণৱত
প্ৰশান্ত হৈছে কোলাহলৰ দিশা।
মনীষাৰ নয়নজ্যোতিত
ভৰুণ বৃক্ষৰ শিপাবোৰে
পায় পীয়ুষৰ উদ্ভাৱনা
বিষাদৰ ৰাজ্যই সামৰণি
মাৰে আকাংক্ষাৰ বাতৰি আৰু
সুদীপ্ত তৃষ্ণাৰ সম্ভাৱনা।
মৌনতাৰ বিবেকেও
চিঞৰ মাৰিছে 
এক প্ৰাঞ্জল ঋতিত,
“অনিৰুদ্ধ কৃষ্ণৰ জিজ্ঞাসা
সাৰ্থক হৈছে , এই
সুপ্ৰভ মৃগাংকৰ জ্যোতিত।”

         
          মালিগাঁৱ, 
          গুৱাহাটী-১১

পৃষ্ঠা ২২

নিশিগন্ধা

কংকণ শৰ্মা

নিশিগন্ধা,
তুমি মোৰ বুকুত
শেৱালিহৈ ফুলিছা বাবেই
এইবেলি, মোৰ চহৰত 
নামিছে হেঁপাহৰ শৰৎ।

উজাগৰী ৰাতি
মোৰ উশাহত, তোমাৰ 
মেঘালী চুলিটাৰীৰ অনামী সুবাস।

গাভৰু ৰাতি, মোৰ ওঁঠত
তোমাৰ ওঁঠৰ মিঠা পৰশ।
তোমাৰ বাদামি হাতৰ আঙুলিত 
জেতুকা জেতুকা গোন্ধ।

জোনাকী ৰাতি দুবৰিৰ বুকুত
নিয়ৰৰ সুকোমল দলিছা
ফৰকাল আকাশত যেন 
তোমাৰ নামেৰে লিখি থোৱা
এটি প্ৰেমৰ কবিতা।

পৃষ্ঠা ২৩

তিনিটা স্তৱক

প্ৰীতিস্মিতা কাশ্যপ

( ১ )

নিষ্ফল চকুপানী‌ৰে তিতা 
গাৰুটোৱেই একমাত্ৰ জানে
এটা ৰাতিত কিমানবাৰ তিতে সি
বিষাদৰ বৰষুণ‌ত।

  (২)

ভাৰাক্ৰান্ত গাৰুটোৱে প্ৰায়ে মোক প্ৰশ্ন কৰে
ৰাতিবোৰত নৈশব্দৰ কোলাত উচুপি
পুৱা কেনেকৈ পিন্ধি লোৱা বাৰু হাঁহি ?

  (৩)

তেওঁ নুবুজাবোৰ 
গাৰু‌টোৱে বুজে
অপ্ৰকাশ্যে
সেয়ে সি শুৱ দিয়ে 
তাৰ বুকুত মূৰ থৈ
বিনিময় অবিহনে।

পৃষ্ঠা ২৪

মই আজন্ম অসমীয়া

সীতা দেৱী, 
বিহপুৰীয়া, 
লখিমপুৰ,অসম

আমৰণ মই অসমীয়া,
গাই যাম অসম সংগীত।
মোৰ অস্তিত্ব, মোৰ চিনাকি
অমিয়া ভাষা অসমীয়া।
মোৰ শিৰা উপশিৰাত,
প্ৰতিটো উশাহ-নিশাহত,
চিৰ কলোল্লিত ,মই অসমীয়া।
মোৰ দেশৰ সেউজীয়া,
কুন্দত কটা, বুকুৰ কুটুম।
প্ৰজ্বলিত প্ৰজ্ঞাৰ,
অৰ্দম্য শলিতা।
দিগন্ত প্ৰসাৰী চিৰস্মৰণীয়,
স্বতন্ত্ৰ সন্তোষৰ কীৰ্তিকলাপ।
মই অসমীয়া,
মোৰ চিনাকি শাশ্বত।
স্বাধীনতাৰ আনন্দ, চিৰজ্যোতিষ্মান।
অনুপমা মোৰ অসম।
বিশ্ব ব্ৰহ্মাণ্ডত বিকশিত,
যথাৰ্থ শক্তিৰ অনুভূতি,
মই অসমীয়া।
জ্ঞানৰ পোহৰত আলোকিত,
মোৰ দেশ বিশ্ব দৰবাৰত।
মই সঁচাকৈয়ে গৌৰৱান্বিত,
কিয়নো মই আজন্ম অসমীয়া।

পৃষ্ঠা ২৫

ভাললগাবোৰ

কৰবী গগৈ

ভাললগাবোৰ থাকক দিয়া ভাললগা হৈয়ে,
তুমি দিয়া আঘাতৰ পৰিমাণ জানিব খুজি
কলুষিত নকৰিবা অনুভৱবোৰ,

বেথাবোৰ হাঁহিৰ আঁৰত লুপ্ত হৈয়েই থাকক দিয়া, নালাগে যন্ত্ৰণাবোৰ খুচৰি হৃদয়ৰ টুকুৰাবোৰ জোৰা লগাব 
মৰমবোৰে ঠেহ্‌ পাতিব!

স্নেহবোৰ শেৱালি হৈয়ে সৰিব  দিয়া,
নালাগে ৰঙা গোলাপ ফুলাব৷
হেৰোৱা সপোনবোৰে অভিযোগ কৰিব !

প্ৰেমৰ নৈখন পবিত্ৰতাৰে বৈ যাব দিয়া,
মিলনৰ সাঁকোৰে নালাগে বান্ধিব৷
বিষাদবোৰে অধিকাৰ বিচাৰিব!

জীৱনটো সৰলতাৰ মাজেৰে জীয়াব দিয়া,
নালাগে ত্যাগৰ পৰিসীমা গণি মোক মহান সজাব৷
ভাৱনাবোৰত জঁট্‌ লাগিব!

ভালপোৱাবোৰ ভালপোৱা হৈয়েই থাকক দিয়া,
নালাগে উভতিব৷
বহু উত্তৰ নোপোৱা প্ৰশ্নই আগুৰি ধৰিব!


ডিব্ৰুগড়
৯৯৫৭০৪৯০১৯

পৃষ্ঠা ২৬

১৭ নবেম্বৰ

তোমাৰ জন্মদিনত  আকৌ এবাৰ উভটিছোঁ তোমাৰ কাষলৈ
ভালপোৱাৰ দুহাতত তুলি তোমাক লিৰিকি-বিদাৰি চাইছোঁ

কি বিচাৰিছিলা তুমি তোমাৰ প্ৰেমিকৰ আভ্যন্তৰত ?
যাৰ অনুপস্থিতিত
মই ছেকনীৰে ছাকি পেলোৱা উতলা চাহপাত 
ৰং হেৰুৱাই বেৰং হোৱা অৱশিষ্ট 

মোৰ দুনীয়াত উদ্‌যাপিত  বিষণ্ণতাৰ  উৎসৱত
পৈশাচিক উল্লাস
পাশবিক প্ৰেমৰ নিদাৰুণ আলিঙ্গন
তথাপিও মই আজন্ম প্ৰেমিক তোমাৰ

আজি ১৭ নবেম্বৰ তোমাৰ জন্মদিন
হৰ্ষ-উল্লাসৰ মহোৎসৱ 
মোৰ ব্যথিত হৃদয়ৰ প্ৰাৰ্থনা মাথোঁ
তুমি মনৰ জোখাৰে সুখী হোৱা।।

কঙ্কন বৰুৱা
যোৰহাট

পৃষ্ঠা ২৭

চন্দন কাঠ

আকাশ দাস, 
নলবাৰী 

আপুনি ভাৱেনে নিচা কি?
জীয়াই থকাৰ নিচা!
চন্দন কাঠৰ চিতাতো
আপুনি বিচাৰি পাব জীৱনৰ গোন্ধ।
তেওঁৰ বা কিমান ৰ'ল জীয়াৰ ইচ্ছা!

আপুনি নাজানে মই কেনেকৈ
শুবলৈ যাওঁ,
কিমান ৰাতি মই সাৰ পাওঁ
বুকুৰ বিষত।
আপুনি শুই থাকোতে
মই তিতা লাড়ু বনাই,
পেলাই দিওঁ চৰাইজাকলৈ।
সেই চৰাই না মই দেখো,
নে দেখিব আপুনি।

আপুনি খবৰ সুধিলে
মই ভাল বুলি কম,
আপুনি বেয়া পাব বুলি।
মই প্ৰায়েই ভাবো চন্দন কাঠে,
ঢাকিব পাৰিব নে দুৰ্গন্ধ ?
এনেওতো আমাৰ ভাগত পৰিব,
বাৰীৰ এজোপা কঠাল বা আম,
আৰু দুই-নম্বৰি ঘী।

মই নিজেই নাজানো,
কিমানবাৰ সুধিলো নিজকে,
কিমানটা প্ৰশ্ন!
কিছু প্ৰশ্ন মোক,
আপুনি বুজাব পাৰিব নে?

পৃষ্ঠা ২৮

ঋণ বিচাৰোঁ      
      
ছাইফুদ্দিন আহমেদ

মই ঋণ বিচাৰোঁ
তোমাৰ পৰা 
তোমাকেই ধাৰত 
নিব খোজোঁ ৷
তোমাতকৈও
দুগুণ বেছি 
ভালপায়
তোমাক মই 
সুতেমূলে ঘুৰাই 
দিব নিবিচাৰোঁ ৷
লাগিলে হওক
মোৰ জেল জৰিমনা,
বিনাদ্বিধাই মই 
তোমাৰ কাৰণে 
জেল খাটিব পাৰোঁ,
লাগিলে মই 
বন্দীত্ব জীৱন যাপন কৰিম
তথাপিও তোমাক 
ঘুৰাই দিব নোৱাৰিম ৷


পৃষ্ঠা ২৯
মানৱ শৰীৰ আৰু যোগ সম্পৰ্কীয়ঃ

থাইৰইডৰ সমস্যাত যোগাসন

চিন্ময়ী দাস
কামৰূপ, অসম

সাধাৰণতে ডিঙিত থকা থাইৰয়ড গ্ৰন্থিয়ে সঠিকভাৱে থাইৰক্সিন হৰমোন উৎপন্ন নকৰিলে থাইৰয়ডৰ সমস্যা হয়। কেতিয়াবা থাইৰক্সিন হৰমোন প্ৰয়োজনতকৈ কম বা বেছি পৰিমাণে উৎপন্ন কৰিলেও সমস্যা হয়। থাইৰয়ড সমস্যাৰ পৰা কোনো ঔষধ ব্যৱহাৰ নকৰাকৈয়ে কেৱল মাত্ৰ যোগাভ্যাস কৰিও পৰিত্ৰাণ পাব পাৰি। আজি কেইটামান যোগাসনৰ বিষয়ে কোৱা হৈছে যিয়ে থাইৰয়ডৰ সমস্যাৰ পৰা হাত সাৰি থাকিবলৈও সহায় কৰে। যোগাসন কেইটা এটা কৰাৰ পিছত এক মিনিট সময় শৱাসনত থাকি আনটো আসন কৰিব । এনেদৰে শৰীৰে কষ্ট নাপায় আৰু প্ৰত্যেকটো আসনৰ সুফল সুন্দৰকৈ দিয়ে । 

১) উষ্ট্ৰাসন
সময়ঃ ৩০ ৰ পৰা দুই মিনিট পৰ্যন্ত কৰিব পাৰে।
প্ৰণালীঃ প্ৰথমে বজ্ৰাসনত বহিলৈ আঁঠুৰ ওপৰত থিয় হ'ব। ভৰি দুখন লগ লাগি থাকিব । উশাহ লৈ পিছফালে হালি যাব । (ধ্যান দিব, যাতে ডিঙি অংশত কোনো অসুবিধা নহয়।) উশাহ এৰি এৰি সোঁহাত সোঁভৰিত আৰু বাওঁহাত বাওঁভৰিৰ তলুৱাঁত স্থাপন কৰিব । পূৰ্ণ অৱস্থাত উৰু লম্বভাৱে থাকিব আৰু মূৰ অংশ সমৰ্থ অনুসৰি পিছলৈ হালি যাব। দেহৰ ভাৰসাম্যতা হাত আৰু ভৰিৰ ওপৰত থাকিব।
সাৱধানতাঃ উচ্চৰক্তচাপ, হৃদৰোগ আৰু হাৰ্ণিয়া ৰোগীয়ে এই আসন কৰিব নালাগে।
উপকাৰিতাঃ এই আসনৰ অভ্যাসে  থাইৰয়ড গ্ৰন্থিত তেজ চলাচল বঢ়াই এয়া সুস্থ ৰাখে।

২) শীৰ্ষাসন
সময়ঃ ২০ ছেকেণ্ডৰ পৰা ১/২ মিনিটলৈ কৰিব পাৰে। 
প্ৰণালীঃ আঁঠু দুটা ভাজ কৰি তলমূৰ কৰি বহিব । এতিয়া মূৰ মাটিত ঠেকাই দুহাতৰ আঙুলি পৰস্পৰ লগলগাই মূৰৰ পিছফালে ৰাখিব । মূৰ, তালু আৰু কিলাকুটিৰ ওপৰত ভৰ দি ভৰি দুখন ওপৰৰ ফালে দাঙি লৈ পোন কৰিব । শীৰ্ষাসন কৰাৰ সময়ত উশাহ নিশাহ স্বাভাৱিক ৰাখিব । 
সাৱধানতাঃ ৰক্তচাপ আৰু চকুৰ অসুখৰ ৰোগীয়ে শীৰ্ষাসন কৰিব নালাগে।
উপকাৰিতাঃ শীৰ্ষাসন কৰিলে শৰীৰৰ সকলো তেজ মূৰৰ ফালে প্ৰৱাহিত হয়  বাবে মগজুৰ স্নায়ুবোৰ সতেজ হোৱাৰ লগতে শৰীৰৰ আন আন গ্ৰন্থিবোৰ অধিক কাৰ্য্যক্ষম হৈ উঠে।

৩) বিপৰীতকৰণী মুদ্ৰা
সময়ঃ ৩০ ছেকেণ্ডৰ পৰা ২/৩ মিনিট 
প্ৰণালীঃ চিৎ হৈ শৱাসনত শুই দুহাত শৰীৰৰ দুকাষে ৰাখিব । আঁঠু দুটা ভাঁজ কৰি পেটৰ ওচৰলৈ লৈ আহিব আৰু ভৰি দুখন পোন কৰি লাহে লাহে ওপৰলৈ তুলিব । দুহাতৰ কিলাকুটিৰে শৰীৰৰ দুকাষে মাটিত ঠেকা দি হাতৰ তলুৱাৰে চিত্ৰৰ দৰে কঁকাল ওপৰৰ ফালে ঠেলি ধৰিব  যাতে ভৰি দুখন পোন হয় ।
সাৱধানতাঃ  মহিলা সকলে মাহেকীয়াৰ সময়ত, চকুৰ ৰোগত এই আসন কৰিব নালাগে।
উপকাৰিতাঃ শৰীৰৰ প্ৰায়বোৰ গ্ৰন্থিবোৰ সুস্থ ৰখাত এই আসনে যথেষ্ট সহায় কৰে।

৪) মৎস্যাসন
সময়ঃ ২০ ছেকেণ্ডৰ পৰা ২/৩ মিনিটকৈ কৰিব পাৰে।
প্ৰণালীঃ প্ৰথমে বাঁওভৰি আঠুত ভাজ কৰি সোঁ উৰুৰ ওপৰত ৰাখিব । এতিয়া সোঁভৰি আঠুত ভাজ কৰি বাঁও উৰুৰ ওপৰত ৰাখিব । দুই হাতৰ সহায় লৈ কিলাকুটিত ভাজ কৰি কান্ধ ওপৰলৈ তুলিব । ডিঙি পিছলৈ ভাজ কৰি তল অংশ মাটিত ৰাখিব । দুইখন হাতেৰে বিপৰীত ভৰিৰ বুঢ়া আঙুলিত ধৰি উশাহ- নিশাহ স্বাভাবিকভাৱে ল'ব ।
সাৱধানতাঃ হাৰ্ণিয়া, উচ্চ ৰক্তচাপ, মাহেকীয়া আৰু গৰ্ভাৱস্থাত মহিলা সকলে এই আসন কৰিব নালাগে।
উপকাৰিতাঃ এই আসনটো কৰিলে ডিঙিৰ ওপৰত হেঁচা পৰে যাৰ ফলত ডিঙিত থকা থাইৰয়ড গ্ৰন্থিয়ে সঠিকৰূপত কাম  কৰে।


পৃষ্ঠা ৩০
         হলাসন
        শৱাসন

ধনুৰাসন



পৃষ্ঠা ৩১

ভূজংগআসন


অৰ্ধ মৎসেন্দ্ৰাসন

সেতুবন্ধাসন


পৃষ্ঠা ৩২
নীলাখামৰ চিঠিঃ

মৰমৰ,

আহিনৰ আবেলিটোত তোমালৈ আবেগৰ টোপোলাটো মৰমেৰে যাচিলোঁ । আহিনৰ বোকোছাত উঠি শৰতৰ এতিয়া মিঠা আলোড়ন।কুৱলিৰ আচ্ছাদনত সেউজীয়া বোৰে ৰং সানে ।লুইতত মতলীয়া পচোৱাজাকে ঢৌ তুলিছে নীবিড়ে । তোমাৰ বাৰু মনত পৰেনে ! জোনঢলা মায়াবী ৰাতিৰ আমাৰ‌ সপোনৰ বৰষুণজাক, হয়তো অনামী হৃদয়ত ৰৌদ্ৰোজ্বল পুৱাবোৰৰ জলকেলি কৰা সেইয়াও এক আৰম্ভণি। আজি আহিনৰ প্ৰথমজাক বৰষুণত তোমাৰ নামত তিতিছো জুৰুলি-জুপুৰিকৈ। আনমনা হৈ পৰিছে মন প্ৰজাপতিৰ প্ৰাংগন। ভালপোৱা সাগৰৰ এটা পাৰত‌ তুমি আনটো পাৰত মই । ইমান বিশালতা মৰমৰ তান, প্ৰেম চাগে এনেকুৱাই শূন্যতাৰ পৰা জীৱনৰ মাদকতা উপলব্ধি কৰাই। তোমাৰ আৰু মোৰ প্ৰিয় ঋতু শৰৎ। আহিনৰ নিবীড় আবেলি এটাত তুমি সুধিছিলা মৰহা সৰা শেৱালিত কি বিচাৰো মই ? কোনোদিনেই উওৰ দিয়া‌ ন’হলোঁ, আজি কওঁ শুনা ,মৰহা ফুলবোৰত‌‌ জীৱনক‌ নকৈ সজাই লোৱা সান্নিধ্য পাইছিলো। আহিন মাহতো অতি প্ৰিয় কাৰণ মেঘমল্লাৰ ৰাগিত নীলাবোৰে দিকচৌ বনত মেলা পাতে। তুমি শৰতৰ শেৱালীত‌ উশাহ লৈ ভাল পোৱা আৰু মই সেই শেৱালিত শৰালিজাকৰ কলৰৱ শুনো। মৌনতাৰ গানবোৰ এতিয়া সুৰীয়া হৈ পৰিল। মোৰ চহৰত প্ৰতিজাক বৰষুণত হালধীয়া চৰাইজাকে ভিন্ন সুৰীয়া গীত জুৰে।

      সময়ে গতি লয়, নিজস্বতাৰে। পাৰ হৈ যোৱা প্ৰতিটো ঋতুৰ অনুভূতিত আমি বিলীন হৈ যাওঁ।প্ৰেম হেনো শাশ্বত, চিৰসেউজ, কিন্তু আমাৰ সেই‌ প্ৰেমৰ স্মৃতিসৌধৰ সংজ্ঞা এতিয়া থুনুকা। ভালপোৱা যেন এতিয়া বিনিময় ! তুমি অনুভৱ কৰানে ? শৰতৰ মাদকতা এতিয়া নিস্তেজ।জোনাকৰ অবিৰত সেই হেঁপাহ‌ নাই। যি হেঁপাহত আমি মাজনিশা জোনাকী  পৰুৱাৰ ৰং খেলিছিলো। পাৰভঙা জোৱাৰ বোৰে এতিয়া অপেক্ষা নকৰে।

      আজি বগা ৰঙৰ সাজজোৰ মেৰাই তোমালৈ একলম লিখিলো। তোমাৰ প্ৰিয় সাজজোৰ এতিয়া মোৰ অতি চিনাকী। আগচোতালৰ শেৱালীজোপা শুভ্ৰ হৈ ফুলিছে। তুমি নোহোৱাকৈ শৰতৰ প্ৰথমটো অনুভৱক জোঁকাৰি চাম। হয়তো বাস্তৱক আজুৰি অনা অহৰহ প্ৰচেষ্টা। কাঁচিৱলী জোনে ৰঙীন কৰিছে মোৰ শুভ্ৰতাক।আজিলৈ সামৰি ৰাখোঁ মোৰ মৰমৰ একাজলি।আদৰি ল’বা মৰমবোৰ আলফুলে।

      (পুনশ্চঃ এইবাৰ শৰতৰ কুৱলীবোৰে সেউজীয়া পথাৰখন ৰঙীন কৰিছে। গেঁৰমেলা সপোনটো তোমাৰ নামত আঁকি লৈছো কপালত, এটি বেলিৰ আভা কৰি/ৰ’দঘাই আকাশত বুকুৰ বেথা )

প্ৰান্তত,
তোমাৰ ৰ’দ কাচিৱলী,

 কৰবী ভুঞা
 মুৰফুলনী বাগান গাঁও, 
গোলাঘাট


পৃষ্ঠা ৩৩

নীলাখামৰ চিঠিঃ
      
প্ৰতি,
        নীলাঞ্জনা
                  
                   শৰতৰ স্নিগ্ধ ৰজনীত ওঁঠত কলম গুজি মানসপতত আঁকিছো তোমাৰেই প্ৰতিছবি। ভালপোৱাৰ দাপোনত তোমাক চাই চাই  হেঁপাহেই চোন নপলাই। তুমি মোৰ অশান্ত হৃদয়ৰ প্ৰশান্ত সমীৰণ। বিনিদ্ৰ ৰজনীৰ নিচুকনি । তুমি ওঁঠৰ হাঁহি, মুখৰ ভাষা, তোমাৰ অনামিকা আঙুলিত গাঁথি জীৱনৰ অনাবিল আকাংক্ষা। 
            নীলাঞ্জনা, তোমাৰ অবিহনে মোৰ জীৱনটো যেন অজন্তা ইলোৰাৰ ভগ্নাৱশেষ। যাৰ প্ৰতিটো ভগ্নাংশত খোদিত প্ৰেমৰ জীৱন্ত কাহিনীত লিখা থাকিব কেৱল তোমাৰ নাম। জানো তুমি হেৰাই নোযোৱা সময়ৰ সোঁতত। তুমি মোৰ মাথোঁ মোৰ। তথাপি কেতিয়াবা ভয় লাগে। এই যে কয়, জন্ম, মৃত্যু, বিবাহ ভাগ্যৰ খেলা। যদি ভাগ্যই আঁতৰাই আনে আমাক ! আচলতে প্ৰেমৰ গভীৰতা যিমানেই বেছি হয় হেৰোৱাৰ ভয়ো সিমানেই বেছি হয়। সেই বাবেই হয়তু বহু প্ৰেমিকৰ প্ৰেম গাথা অব্যক্ত হৈ ৰয়। 
             কেনে আছা নীলাঞ্জনা ? প্ৰেমৰ পেখম মেলি বহিছানে চোতালত ৰ'দালী বুটলি ? মই আপোন পাহৰা হৈ আজি আকৌ নিশাৰ নিয়ম ভঙ্গ কৰি টেবুলত বহিছোঁ। তোমালৈ লিখোঁ বুলি প্ৰেমিক হৃদয়ৰ প্ৰেমৰ একলম। নীলাঞ্জনা, তোমাৰ  লাজুকী মনৰ ভিজা শব্দবোৰত বসন্তৰ সুবাস সানি মোৰ চিঠিৰ উত্তৰ দিছিলা তুমি। মই উশাহ নসলোৱাকৈ পান কৰিছিলোঁ প্ৰেমৰ মদিৰা। মত্ত হৈছিলোঁ তোমাৰ প্ৰেমৰ ৰাগিত। তুমি যে কৈছিলা "তোমাৰ বুকুত মূৰ গুজি আঁতৰাম ক্লান্ত দেহৰ ক্লান্তি। পাহৰিম জীৱনৰ দেওলগা সময়ৰ কথা।" আচলতে তেনে এটা দিনৰ বাবে ময়ো অধিৰ আগ্ৰহেৰে বাট চাই আছো জানা। তোমাক বুকুৰ মাজত লৈ অনুভৱ কৰিবৰ মন অম্ৰাৱতীৰ অমৃতময় সুখ। পৃথিৱীৰ পৰিধি পাৰ হৈ বিলীন হ'বৰ মন তোমাতে। তোমাক একান্তই মোৰ বুলি ক'ব পৰা এটা দিনৰ বাবে কত যে ভাঙিছোঁ বাধাৰ প্ৰাচীৰ। তৰ্ক-বিতৰ্ক, যুক্তি-প্ৰতিযুক্তিৰে মোকলাইছোঁ মিলনৰ বাট। 
            নীলাঞ্জনা বিশ্বাস কৰা, দৰিদ্ৰতাৰ নাগপাশত আৰু বেছিদিন বন্দী হৈ নেথাকোঁ। এইবাৰ মোৰ লক্ষ্যত উপনিত হৈছোঁ। সেনাবাহিনীত যোগদানৰ সকলো পৰীক্ষা সুকলমে পাৰ  হোৱাৰ পিছত। সিদিনা মেৰিটলিষ্টখন ডিক্লিয়াৰ কৰিছে । তাত প্ৰথম এশজনৰ ভিতৰতে আছে মোৰ ৰোলনম্বৰটো। খুব সোনকালেই এপইণ্টমেণ্ট লেটাৰ হাতত পৰিবহি। চাকৰিত জইন কৰাৰ পিছতে তোমাৰ ঘৰলৈ মোৰ আই-বোপাইক পঠিয়াম আমাৰ কথা পাতিবলৈ। তেতিয়ালৈ তোমাৰ মা-দেউতাক বুজাবা। 
           বহুত বেছিকৈ নিলিখোঁ জানাই নহয় সদায় তোমালৈ একলম নিলিখাকৈ থাকিব নোৱাৰোঁ। গতিকে আজি আৰু কবিতাৰ কথা নকওঁ দিয়া। পিছত কেতিয়াবা কম। আজি ইমানতে সামৰিছোঁ। চিঠিৰ উত্তৰ দিবা। তোমাৰ আজন্ম প্ৰেমিকে তোমাৰ উত্তৰৰ বাবে অধিৰ হৈ বাট চাই আছে। 
            
          
ইতি
তোমাৰ 
প্ৰেমিক কবি

বিষাদ ৰঞ্জন বৰবৰা
যোৰহাট


পৃষ্ঠা ৩৫
গল্পঃ

অভিজাত 

ইভা দহোতীয়া,
কাকপথাৰ, তিনিচুকীয়া

মঞ্জুষাৰ কাৰণে ঘৰত ল’ৰা চাইছে। যেনে ধৰণৰ ল’ৰা হ’লে তাই সকলোফালৰ পৰা সুখী হ’ব, ঠিক তেনেকুৱা।হাইলি এডুকেটেড্, স্মাৰ্ট, হেণ্ডচাম ল’ৰা, ধনী, ছ’ছাইটিত ভাল ষ্টেটাছ থকা ফেমিলিৰ।তাৰোপৰি বুঢ়া শহুৰ-শাহুৰ আৰু পঢ়াবলগা ভাই-ভনী থাকিব নেলাগিব। থাকিলেও দেওৰ-ননদক শহুৰ-শাহুৰে পঢ়ুৱাই থকা আৰু ছেপাৰেট হ’ব লাগিব। পিছৰ কণ্ডিশ্যন দুটা অৱশ্যে ফুটাই ক’বলে অলপমান অসুবিধা হয়। গতিকে সে‌য়া অলপ ভিতৰুৱাকে মা-পাপাকহঁতে চোৱা-চিতা কৰিছে। তাইৰ হ’লে আৰু এটা কণ্ডিশ্যন আছে। যাৰ লগত তাইৰ বিয়া হ’ব তেওঁ ঘৰৰ সৰু সন্তান হ’ব লাগিব। এজন ঘৰতে থকা বিয়া-বাৰু পতা ককায়েক থাকিব লাগিব। জা জনী হাউচ ৱাইফ হ’ব লাগিব। এনেকুৱা হ’লে ঘৰুৱা টাউন এৰি বুঢ়া-বুঢ়ী কেতিয়াও বাহিৰত থকা পুতেকৰ লগত একেবাৰে নেথাকে। অৱশ্যে জা জনী টিচাৰ হ’লে ইমান আপত্তি নাই। টে’ট টিচাৰ হ’লে কিন্তু নহ’ব।

বয়ফ্ৰেইণ্ড ? হেই। নোহোৱা নহয়। আছিল। এতিয়াও আছে। বাদ দিয়া বয়ফ্ৰেইণ্ড তয়ফ্ৰেইণ্ড। গ’ল্ডেন কেৰিয়াৰৰ ল’ৰা এটা বিয়া নকৰাই কোনে আধামৰা জেপখালী ল’ৰাৰ লগত লাইফ টাইম চাফাৰ কৰে !জোৰোণৰ পাঁচদিন আগতে লাথ মাৰি গুচি যাব। বৰ কায়দাৰে নিজক বচাই এতিয়ালৈকে কেইবাটাও মক্কেলক ভাল নচুৱাই এৰি দিছে তাই।

এতিয়া আৰু সেইবোৰ কথাৰে মূৰটো গৰম কৰাৰ টাইম নহয়। কেইবাটাও প্ৰস্তাৱ আহিছে ইটোৰ পিছত সিটোকৈ। চিলেক্ট কৰাৰ দায়িত্ব তাইৰ। তাইৰ চিলেকশ্যনকে মাকহঁতে ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব। পাপাক ষ্টেট গভৰ্ণমেণ্টৰ এটা কমিছনৰ  চেয়াৰমেন। চেণ্ট্ৰেলৰ মানুহৰ লগতো ভাল। গতিকেই ভাল ভাল অফাৰ আহিছে। গৈ থৈ এতিয়া তাইহে প্ৰব্লেমত পৰিছে। কাক চিলেক্ট কৰে !কাক বাদ দিয়ে ! মানে চিলেক্টটো মাত্ৰ এজনকহে কৰিব পাৰিব, বাকী আটাইবোৰ কেনচেল।

বিয়া কৰাওঁৱেই বুলি ধৰি ল’লে কাৰোবাক ইজিলি কৰাব পাৰি। আচল খেল আৰম্ভ হয় বিয়াৰ পিছতহে। আৰুনো কি! মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ কথাও আছে। এডজাষ্ট আৰু কম্প্ৰমাইজ কৰিব পৰা নাই।ছ’ ডাইভ’ৰ্চ ? না বাবা না। এইবোৰ তাইৰ একদম্ পছন্দ নহয়। বাৰ বাৰ ভঙা গঢ়া!এবাৰতে ঠিকমতে সকলো হ’ব লাগে।

টোক্কৰ মাৰি মাৰি অভিষেকক ঠিক কৰি পেলাইছে। এৰেইঞ্জ কাম লাভ। লণ্ডন স্কুল অৱ  ইক’নমিক্সৰ ডিগ্ৰীধাৰী। চাকৰি ডেৰাডুনত। তাইৰ ফেভাৰেইট্ প্লেচ। তাইৰ কেৰিয়াৰৰো ভাল চাঞ্চ আছে।দাদাক যোৰহাটৰ পুৰণি ঘৰত থাকে। মাক-দেউতাক দুয়োজনে যোৱাবছৰ ৰিটায়াৰ কৰিছে। বেচ তজবজীয়া হৈ আছে এতিয়াও। ইটছ্ অ’কে।মাকে অভিষেক সম্বন্ধে  তাইৰ চকুলৈ প্ৰশ্নসূচক চাৱনিৰে চালে।‘অঁ মা অঁ অঁ।‘ লাজত তাই গাৰুত মুখ লুকুৱালে।

ৰাহুলৰ কিবা এটা কৰিব লাগিব। লাষ্ট ম’মেণ্ট। একেবাৰে ইউজ এণ্ড থ্ৰু টাইপ কৰিবৰ মন যোৱা নাই।অভিষেকৰ লগত সোণালী ভৱিষ্যতৰ সপোনে  তাইৰ দুচকুত লুকা-ভাকু খেলিছে।ৰাহুলক তাই কথাটো সি না কৰিব নোৱাৰা ধৰণেৰে ইতিমধ্যে জনাইছে। সি মনটো মাৰি পেলাইছে। কিন্তু একো বাধা দিয়া নাই। কৈছে "যোৱা।অল দ্য বেষ্ট।" উপায় নাই।লাইফৰ কথা আছে।

কাইলে তাৰ এটা ফ্ৰেইণ্ডৰ বিয়া। ক’ৰ্ট মেৰেইজ। তাক উইটনেছ মাতিছে। তাইকো লগ ধৰিছে ৰাহুলে "ব’লা। সিহঁতৰ বিয়াৰে সাক্ষী হওঁগৈ। অন্ততঃ একপি ফ’টো থাকি যাব।" হাৰ্ট কৰিবলে মন নগ’ল। মনে মনে ভয়ো লাগিল। সি যদি ক’ৰ্টত তাইক জোৰ কৰে! না তেনেকুৱা সি নকৰে। তাইৰ বিশ্বাস আছে।

তথাপি পিছদিনা মনে মনে দৰকাৰ হ’লে চম্ভালিবৰ বাবে সাজু হৈ গ’ল। পিছে একোৰে প্ৰয়োজন নহ’ল। বন্ধুক সহায় কৰাতে সি মন-প্ৰাণ ঢালি দিলে। মৃণালিনী। অভিজাত নামৰ নিতান্ত সাধাৰণ চেহেৰাৰ ছোৱালীজনীয়ে কাগজখনত খচখচ্ চহী কৰিছিল। এবাৰলৈয়ো হাত কঁপা নাছিল তাইৰ। ইমানেই দৃঢ় আছিল নে তাইৰ মন ? অতিশয় সাধাৰণ আছিল তাইৰ কঁপাহী মেখেলা-চাদৰযোৰো।হাতে-কাণে তেনেই উকা।ল’ৰাটোৰ ঘৰত বোলে এজাকমান ভায়েক-ভনীয়েক।লগতে বুঢ়া-বুঢ়ী। তাই জিকাৰ খাই উঠিল। ইমপছিবল্ !

ঘৰলে ঘূৰি আহি বিছনাখনত তাই এনেয়ে বহু পৰ বাগৰ মাৰি ৰ’ল। মনটো বৰ এটা ভাল লগা নাছিল। বহুদেৰিৰ পিছত জুৱেলাৰী বক্সটো খুলি  চালে তাই। মন গৈছিল।চিকমিক্ সোণৰ ধুনীয়া অসমীয়া গহনা। ৰুমৰ দুৱাৰখন লাহেকে জপাই দিলে তাই। তাৰপিছত পিন্ধি ল’লে অঙ্গে অঙ্গে এপদ এপদকৈ স্বৰ্ণ অলংকাৰ কাণত, ডিঙিত, হাতত, আঙুলিত । ড্ৰেছিং আয়নাত ঘূৰি ঘূৰি চালে নিজকে, বাঃ কেনে অপূৰ্ব সুন্দৰী লাগিছে !

সিহঁত দুটা বৰ দৰিদ্ৰ চাগে।মঞ্জুষাই মনে মনে ভাৱিলে।

পৃষ্ঠাঃ ৩৬

কাঞ্চন

চন্দনা হীৰা

      "বেটী কুলক্ষণী সৰুতে মাৰ বাপেৰৰ মূৰ খাই হেঁপাহ নপলাল। এবছৰ নৌহওঁতেই মোৰ ল'ৰাটোৰ মূৰটোও খালি।‌ তোৰ নিচিনা বোৱাৰী এজনীক ৰাখিলে মোৰ কিবা লাভ হ'ব নে ? তই অতি সোনকালে এই ঘৰ এৰি গুচি যাবি। তোৰ এইখন মুখ চাবলৈ মোৰ আৰু  মন নাই।" এইদৰে শাহুৱেকে প্ৰায়ে তাইক গালি শপনি পাৰি ককৰ্থনা কৰি আহিছে। গিৰীয়েক ঢুকোৱাৰ পিছদিনাৰ পৰাই তাই শাহুৱেকৰ ককৰ্থনাৰ পাত্ৰী হ'ব লগা হৈছে। কৰ'না মহামাৰীয়ে  চাৰি দিনৰ জ্বৰতে তাইৰ গিৰিয়েকক ইহ সংসাৰৰ পৰা আঁতৰাই নিলে। সুস্থ মানুহজন হঠাৎ নাইকীয়া হৈ গ'ল ।  প্ৰথমতে কাঁহ-চৰ্দি , তাৰপিছত জ্বৰ । লাহে লাহে উশাহ নিশাহত কষ্ট। আৰু এদিন সকলোকে আচৰিত কৰি থৈ কাঞ্চনৰ গিৰিয়েক বিপুলে তাইক  এৰি চিৰদিনৰ বাবে গুচি গ'ল। এৰি থৈ গ'ল মাথোঁ সহিব নোৱাৰা এক দুখৰ বোজা। তাই  অকলশৰীয়া হৈ পৰিল । তাই গৰ্ভত ধাৰণ কৰা বিপুলৰ সন্তানৰ  ভৱিষ্যতৰ কথা ভাবি তাই হিয়াঢাকুৰী কান্দিলে । শাহুৱেকে কিন্তু তাইক ওলোটা গালি শপনিহে পাৰিলে । তাই মাথোঁ নিৰৱে সহ্য কৰি গ'ল। শাহুৱেকৰ গালি শুনি বহুত দিন তাই উপবাসেও থাকিব লগা হৈছে। বিপুলৰ অনুপস্থিতিত শাহুৱেকৰ কাৰণে তাই বৰ বিহৰ পাত্ৰ হৈ পৰিল।
           এদিনৰ কথা। শাহুৱেক ভাদ মহীয়া নাম প্ৰসংগৰ কাৰণে নামঘৰলৈ গৈছিল। তাই দুপৰীয়া ভাত -পানী খাই উঠি তাইৰ জীৱনত ঘটি যোৱা ঘটনাৰ যোগ বিয়োগ কৰি বিছনাত বাগৰি আছিল। ঠিক তেতিয়াই সিহঁতৰ দমৰা গৰুটো এৰাল ছিঙি আহি বাৰীত সোমাই কল গছ, পাণ, উৰহী, বেঙেনা এফালৰ পৰা  সকলোবোৰ তহিলং কৰিলে। ঘৰলৈ আহি শাহৱেকে দেখা পাই খঙত অগ্নিশৰ্মা হৈ তাইক অবাইচ্ গালি পাৰিব ধৰিলে। আৰু গালি পাৰিয়েই শান্ত নাথাকিল। খঙৰ কোবতে তাইক চুলিত ধৰি টানি নি ঘৰৰ পৰা বাহিৰ কৰি দিলে। তাই কান্দি কান্দি পদূলি মূৰ পালেগৈ । তাই ফেঁকুৰি ফেঁকুৰি ক'ব ধৰিলে, "তুমি তোমাৰ লগতে মোকো লৈ নগলা কিয় ? মই এতিয়া ক'ত যাম ? হে ভগৱান, তুমি আৰু মোক কিমান দুখ দিবা ? পূৰ্ব জন্মত মই কিবা পাপ কৰিছিলো নেকি প্ৰভূ ?"... তাই এবাৰ ভাবিলে -তাই নিজকে শেষ কৰি দিব নেকি (!) লগতে তাইৰ গৰ্ভজাত সন্তানটোক (!) ঠিক তেনেতে তাই ৰে'লৰ উকি শুনিবলৈ পালে। তাইৰ মগজুটোৱে কাম নকৰা হ'ল। তাই ৰে'লৰ উকিক অনুকৰণ কৰি দৌৰিব ধৰিলে । এটা সময়ত তাই গাঁৱৰ মাজত থকা ৰে'ল লাইনটো পালে। দেখিলে তীব্ৰ গতিত ৰে'ল গাড়ী এখন আহি আছে। ৰে'ল গাড়ীখন দহ মিটাৰমান আঁতৰত থাকোতে তাই ৰে'লৰ আগত জপিয়াবলৈ উদ্যত হ'ল। ঠিক তেতিয়াই কোনোবাই যেন বজ্ৰ বেগেৰে তাইক পিছ ফালৰ পৰা টানি আনি এটা চৰ সোধালে আৰু তাইক সাৱটি ধৰিলে। তাই হতভম্ব হ'ল। কোনে তাইক টানি আনিলে তাই তৰ্কিবই নোৱাৰিলে। তাই চকুলৈ চাব লওঁতে নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে। সেয়া আন কোনো নহয়, তাইৰ অতি চিনাকি বসন্ত। যিজনে তাইক জীৱন লগৰী কৰাৰ পণ কৰি বহুত দিন বিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু ঘাত- মাউৰা কাঞ্চনৰ খুৰাক -খুৰীয়েকৰ বিপক্ষে যাবলৈ তিলমানো সাহস নাছিল। কাৰণ মাক-দেউতাকৰ মৃত্যুৰ পিছত খুৰাক - খুৰীয়েকে তাইৰ সম্পূৰ্ণ  দায়িত্ব লৈছিল। সেয়ে মন থাকিলেও তাই নিমাত হৈ আছিল। খুৰাক- খুৰীয়েকৰ মন নোহোৱাৰ এটাই কাৰণ‌ আছিল যে এটা মটৰ দূৰ্ঘটনাত বসন্তই সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলাইছিল। খুৰাক খুৰীয়েকৰ পচন্দ মতে সিহঁতৰ গাঁৱতে লাগি থকা আনখন গাঁৱৰ কোম্পানীত চাকৰি কৰা নম্ৰ, ভদ্ৰ , অমায়িক ল'ৰা বিপুল লৈ বিয়া দিছিল।
         বসন্তই কৈ উঠিল,- " মই তোৰ সন্তানটোক নিজৰ সন্তান বুলি ভাবিব নোৱাৰোনে কাঞ্চন ? সেই অধিকাৰ কণ মোক দিবি নে ?" বসন্তৰ কথা শুনি কাঞ্চন পুনৰ বাৰ তাৰ ওচৰ চাপি আহিল। অশ্ৰুসিক্ত নয়নেৰে দুয়ো দুয়োকে সাৱটি ধৰিলে।
      জন্ম হ'ল এটি নতুন প্ৰভাতৰ।
                    
       মালিগাঁৱ, গুৱাহাটী-১১
     ফোন নং-7002785923

পৃষ্ঠাঃ ৩৭

ভুল বিচাৰ

 মালবিকা শৰ্মা, 
ভুবনেশ্বৰ

সোণালী ভবিষ্যতৰ সপোন চকুত লৈ ঘৰৰপৰা পচন্দ কৰা পাত্ৰৰ সৈতে পূজাই বিবাহপাশত আবদ্ধ হৈছিল। আঢ্যৱন্ত ঘৰৰ ল’ৰা ৰোহন, দেখাই শুনাই ভালেই আছিল, বাপেকৰ ব্যৱসায়ৰ কামত সহায় কৰিছিল। প্ৰথম অৱস্থাত সকলো ভাল যেন লাগিলেও লাহে লাহে ৰোহনৰ চৰিত্ৰৰ বাজে দিশটো পূজাৰ আগত প্ৰকাশ পাব ধৰিছিল। জুৱা খেলা, মদ খোৱা, অন্য নাৰীৰ সৈতে অবৈধ সম্পৰ্ক ৰখা আদি ৰোহনৰ সকলো ধৰণৰ কুকৰ্মৰ বাবে দুয়ো পতি-পত্নীৰ ভিতৰত অশান্তি হ’বলৈ আৰম্ভ কৰিছিল। আৰু এনেকৈয়ে এদিন ধৈৰ্য্যৰ বান্ধ ভাঙি যোৱাত অসহ্য ক্ৰোধত পূজাই লাঠিৰে ৰোহনৰ পিছ মূৰত কোব মাৰি দিয়াত বেয়াকৈ লাগি থিতাতে ৰোহনৰ মৃত্যু হৈছিল।
     পতিক হত্যা কৰাৰ অভিযোগত পূজাৰ চৈধ্য বছৰৰ বাবে কাৰাদণ্ড হৈছিল। জেইলত যোৱাৰ সময়ত তাই অন্তঃসত্বা আছিল। কেইমাহমানৰ পিছত জেইলৰ ভিতৰতে তাই এটি পুত্ৰ সন্তানৰ জন্ম দিছিল। পুতেকৰ জন্মৰ পিছত তাক জেইলৰ ভিতৰত কেনেকৈ ডাঙৰ দীঘল কৰিব চিন্তাত পৰি পূজাই তাইৰ ভনীয়েকক বিশেষভাৱে অনুৰোধ কৰিছিল। পতিক হত্যা কৰা বাবে নিজৰ ঘৰখনৰ মানুহখিনিয়েও তাইক দেখিব নোৱাৰা হৈছিল যদিও কণমানিটোৰ প্ৰতি কৰুনাবশত মাহীয়েকে আহি তাক লগত লৈ গৈছিল। পূজাৰ পুতেক প্ৰীতমৰ জীৱনটো আৰম্ভ হৈছিল মাহীয়েকৰ ঘৰত। প্ৰীতমক মাহীয়েকে মৰম কৰিছিল যদিও তাৰ মাকৰ বিষয়ে কেতিয়াও একো কথা উল্লেখ কৰা নাছিল। মাকে কি কাৰনে জেইলত আছে বুলি সুধিলেও মাহীয়েকৰপৰা একো উত্তৰ পোৱা নাছিল। লাহে লাহে প্ৰীতমৰ মনত মাকৰ প্ৰতি এক বেয়া ভাৱ জন্মিছিল।
    প্ৰীতমে হাইস্কুলত পঢ়ি থকা সময়তে পূজাই জেইলৰপৰা কাৰাদণ্ড শেষ কৰি ওলাই আহিছিল আৰু তাক মাহীয়েকৰ ঘৰৰপৰা লৈ গৈ বেলেগ এটা ঘৰত থাকিব লৈছিল। মাকৰ লগত থাকিলেও প্ৰীতমে মাকৰ লগত সদায় এক ধৰণৰ দুৰত্ব ৰাখি চলিছিল। মাকে প্ৰীতমক বৰ ভাল পাইছিল যদিও প্ৰীতমৰ বাবে মাক কেৱল দেউতাকৰ হত্যাকাৰীহে আছিল। দিনটোৰ বেছি ভাগ সময় সি নিজকে পঢ়া-শুনাৰ মাজতে আবদ্ধ কৰি থৈছিল। এটা সময়ত পঢ়া সমাপ্ত কৰি সি এজন নামকৰা উকিল হৈছিল। চাকৰি কৰাৰ অজুহাত দি প্ৰীতমে মাকৰপৰা বেলেগকৈ থাকিব লৈছিল। প্ৰত্যেক মাহত মাকলৈ টকা পঠিয়ালেও ঘৰলৈ যোৱাটো সি একেবাৰে কমাই দিছিল।
     কৌতুহলবশত  প্ৰীতমে দেউতাকৰ হত্যাকাণ্ডৰ কেচটো আকৌ নতুনকৈ অধ্যয়ন, অনুসন্ধান কৰিবলৈ লৈছিল। লাহে লাহে প্ৰকৃত ঘটনাটো তাৰ আগত পৰিস্কাৰ হৈ উঠিছিল। এটা সময়ত সি বুজি পাইছিল মাকে কি পৰিবেশত দেউতাকক হত্যা কৰিবলগীয়া হৈছিল। বিভিন্ন তথ্যৰপৰা দেউতাকৰ কুচৰিত্ৰৰ বিষয়ে ভালদৰে জানিব পাৰি প্ৰীতমৰ মনটো মাকৰ বাবে সমবেদনাৰে ভৰি পৰিছিল আৰু ইমান বছৰে মাকক উপেক্ষা কৰি অহা বাবে নিজকে দোষী অনুভৱ কৰিছিল। অতি দুখ মনেৰে ক্ষমা খুজিবলৈ যেতিয়া প্ৰীতমে মাকৰ ঘৰত উপস্থিত হৈছিল সেই সময়ত মাক পূজাই মৃত্যুশয্যাত পৰি আছিল। পুতেকৰ ক্ষমা প্ৰাৰ্থনা স্বীকাৰ কৰি পুতেকৰ কোলাতে মূৰ থৈ পূজাই চিৰদিনৰ বাবে টোপনি গৈছিল।

পৃষ্ঠা ৩৮

উঁৱলি যোৱা এটা কামিজ

পিকু শইকীয়া

               আজি বহুদিনেই হ’ল পমিলাই গোঁসাই ঘৰত নোসোমোৱা ৷ হঠাৎ স্বামীৰ মৃত্যুৰ পিছত ভগৱানৰ ওপৰত যেন তাইৰ আস্থা হেৰাই গ’ল ৷ একমাত্ৰ পুত্ৰই প্ৰতিদিনে পুৱা -গধূলি গোঁসাই ঘৰটো পৰিস্কাৰ কৰি ধূপ-বন্তি জ্বলাই ।
             আজি কিয় জানো পমিলাৰ মনত পুনৰ গোঁসাই ঘৰত সোমোৱাৰ প্ৰৱণতা জাগি উঠিল ৷ সেইয়ে প্ৰতিদিনৰ দৰে পুৱাই সোনকালে গাটো ধুই গোঁসাই ঘৰত সোমাল ৷ ঈশ্বৰ আৰাধনাৰ পিছত গোঁসাই ঘৰৰ পৰা বাহিৰলৈ খোজ লওঁতেই হঠাৎ একাষৰীয়াকৈ থকা বাকচটোৰ ওপৰত পমিলাৰ চকু নিবদ্ধ হৈ ৰ’ল ৷ তাইৰ এইটো আগতে দেখা মনত পৰা নাই ৷ কি থাকিব পাৰে বাকচটোত ?   কিয় জানো বাকচটোৰ ভিতৰত কিনো আছে জানিবৰ বাবে মনটো কৌতূহলেৰে ভৰি পৰিল ৷ তাই বেছি দেৰি মনৰ কৌতূহলক ধৰি ৰাখিব নোৱাৰিলে ৷ এখোজ-দুখোজকৈ তাই বাকচটোৰ ওচৰ পালেগৈ ৷ বাকচটো খুলি তাই যেন শিল পৰা কপৌৰ দৰে হ’ল ৷ এইয়া কি ? তাই জোৰেৰে পুতেকক চিঞৰিবলৈ ধৰিলে - পোনা....পোনা ৷
মাকৰ চিঞৰ শুনি পুতেকে বাহিৰৰ পৰা উধাতু খাই দৌৰি আহিল ৷ 
: কি হ’ল মা, কি হ’ল তোমাৰ ?
: বাকচত এইয়া কি পোনা ? তই এইবোৰ ইয়াত কিয় ভৰাই থৈছ  ? দেউতাৰৰ মৃতদেহ সৎকাৰৰ দিনাই এইবোৰ পুৰি নিঃশেষ নকৰিলি কিয় ?কিয়, কিয় এনেদৰে ভৰাই থৈছ পোনা ?
: মা, তুমি শান্ত হোৱাচোন ৷ তুমি ইমান চিঞৰ- বাখৰ নকৰিবা ৷ তুমিয়েই কোৱা মা, কিদৰে নিঃশেষ হ’বলৈ দিওঁ দেউতাৰ এই স্মৃতি ৷ এই ফটা উঁৱলি যোৱা কামিজটোতেই নিহিত হৈ আছে দেউতাৰ আমাৰ প্ৰতি থকা অজস্ৰ মৰম- ভালপোৱা, দায়িত্ব, কৰ্তব্য আৰু বিশ্বাস অ’ মা ৷ যাক পৰিধান কৰি দেউতাই ৰ’দ- বৰষুণক আওকাণ কৰি, বহু দুখ - কষ্ট, হতাশা, যন্ত্ৰণা নেওচি সপোন ৰচিছিল আমাক মানুহ কৰাৰ ৷ সেইয়ে মা, দেউতাৰ এই কামিজটো মোৰ বাবে পূজ্য ৷ তাক নিঃশেষ কৰিব নোৱাৰোঁ অ’ মা ৷

পৃষ্ঠা ৩৯
গ্ৰন্থ পৰ্যালোচনাঃ

কৰবী গগৈ

গ্ৰন্থ - কেঁচা পাতৰ কঁপনি
লেখক - প্ৰফুল্লদত্ত গোস্বামী 
প্ৰকাশক - ভাস্কৰ দত্তবৰুৱা 
              লয়াৰ্ছ বুক ষ্টল 
পাণবজাৰ, 
গুৱাহাটী - ৭৮১০০১
মূল্য - ৬০.০০ টকা 

১৯৫০ চনতে গোস্বামীদেৱে লিখি উলিওৱা "কেঁচা পাতৰ কঁপনি" উপন্যাসখনে উপন্যাস সাহিত্যৰ পৃথিৱীত এক নতুনত্বৰ সূচনা কৰিছিল৷ অৱশ্যে লিখাৰ দুবছৰ পাছতহে উপন্যাসখন ছপা হৈ উলাইছিল৷ 

উল্লেখ্য যে উপন্যাসখনত চৰিত্ৰৰ ওপৰত গুৰুত্ব দি সমাজৰ এক বাস্তৱ চিত্ৰ উপস্থাপন কৰা হৈছে৷ গ্ৰন্থখনত আধুনিক শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ প্ৰতীক ৰূপে উৎপলৰ চৰিত্ৰটো ঔপন্যাসিকে সফলতাৰে 
চিত্ৰিত কৰিছে৷ 

উৎপলৰ চৰিত্ৰটোৰ সহায়ত গোস্বামীদেৱে 
লক্ষ্য বিহীন জীৱন কিমান আমনিদায়ক তথা কষ্টকৰ হ'ব পাৰে সেই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে ৷ নিজৰ মনটো স্থিৰ কৰিব নোৱাৰা উৎপলে শিক্ষিত হোৱাৰ পাছতো ব্যৱসায়, চাকৰি, প্ৰেম আদি জীৱনৰ কোনো দিশতে সফল হ'ব পৰা নাছিল ৷ গ্ৰন্থখনৰ সহায়ত ঔপন্যাসিকে জীৱন সম্পৰ্কীয় এক সাৱলীল বাৰ্তা জনসমাজলৈ প্ৰেৰণ কৰাৰ যি চেষ্টা কৰিছে সেয়া নিশ্চয় প্ৰশংসনীয়৷ 

উপন্যাসখনত লেখকে নীলিমাৰ চৰিত্ৰটোৰ সহায়ত সুন্দৰ, শান্ত প্ৰকৃতিৰ অথচ পৰিস্থিতিৰ দোমোজাত পৰি নিজৰ স্বপ্ন, প্ৰেম বিসৰ্জন দি জীৱনৰ পথত আগুৱাই যোৱা সহনশীল নাৰীৰ এখন সফল ছবি অংকন কৰিছে৷ একেসময়তে আকৌ মিনতিৰ চৰিত্ৰটোৰ সহায়ত জীৱনৰ প্ৰতি সচেতন, নিজৰ প্ৰাপ্য খিনিৰ বাবে সকলো কৰিব পৰা৷ শিক্ষিত, কৰ্মী, স্বাভিমানী তথা বাস্তৱবাদী নাৰীৰ চিত্ৰ এখনো গ্ৰন্থখনত তুলি ধৰি জনসমাজক জাগ্ৰত কৰাৰ প্ৰয়াস কৰিছে৷

গ্ৰন্থখনত বহাগীৰ দৰে এচাম লোকে আজীৱন ভুগি থকা দুখ-যন্ত্ৰণা, কা-ড্ৰপৰ দৰে জীৱনৰ সৈতে সংগ্ৰাম কৰি ৰঙীন সপোন দেখা, প্ৰবীণৰ দৰে উচ্চাকাংক্ষা আৰু প্ৰলোভন মাপকাঠিৰে জীৱন জুখিব খোজা চৰিত্ৰৰ সমাহাৰে গ্ৰন্থখন অধিক আকৰ্ষণীয় কৰি তুলিছে৷ 

আজিৰ লোকসকলে আধুনিকতাৰ কৱলত পৰি নিজস্ব কৃষ্টিসংস্কৃতি, ভাষা, সাজপাৰ আদিৰ ক্ষেত্ৰত পৰিৱৰ্তনক আঁকোৱালি লোৱাৰ ফলত ভৱিষ্যতৰ প্ৰতি আহিব পৰা ভয়াৱহতাৰ  ইঙ্গীতো লেখকে গ্ৰন্থখনৰ সহায়ত আঙুলিয়াই দিয়া পৰিলক্ষিত হয়৷ 

গ্ৰন্থখনত খেতিয়ক সকলৰ খাজনা, কৰ আদি সমন্ধীয় বিভিন্ন সমস্যা, ৰাজনীতিত যোগদান কৰি জীৱনৰ প্ৰতি অনিশ্চয়তা মাতি অনা একাংশৰ কথাও গ্ৰন্থখনত উল্লেখ আছে৷ সঁচা অৰ্থত "কেঁচা পাতৰ কঁপনি"
গোস্বামীদেৱৰ এক অনন্য আৰু ব্যতিক্ৰম সৃষ্টি৷

পৃষ্ঠা ৪০
শেষ পৃষ্ঠাৰ লেখাঃ

চৰকাৰৰ আঁচনী বনাম মূল্যবৃদ্ধি 

             স্বাধীনোত্তৰ কালৰ পৰা চৰকাৰে দৰিদ্ৰ জনসাধাৰণক সাহায্য প্ৰদানৰ অৰ্থে বিভিন্ন প্ৰকাৰৰ আঁচনী সমূহ ৰূপায়ন কৰি আহিছে। তাৰ ভিতৰত আমি গৃহহীনৰ গৃহ নিৰ্মাণ আঁচনী, অন্ন আঁচনী, অৰুনোদয় আঁচনী ইত্যাদিৰ দৰে অনেক আঁচনীৰ নাম ল'ব পাৰোঁ। যাৰ দ্বাৰা দীন দৰিদ্ৰ পৰিয়ালক সাহায্য প্ৰদানৰ জৰিয়তে দেশত সমতা স্থাপনৰ ব্যৱস্থা কৰিবলৈ প্ৰয়াস কৰা হৈছে আৰু ইয়াৰ দ্বাৰা বহুতো হিতাধিকাৰী উপকৃতো হৈছে। ফলত ৰাইজে চৰকাৰক ভূইয়সী প্ৰশংসাও কৰিছে। কিন্তু সমান্তৰাল ভাৱে অত্যধিক মূল্যবৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ সোধোৱা কাৰ্যক লৈ চৰকাৰ কঠোৰ সমালোচনাৰ সন্মুখিনো হৈছে। দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ আকাশলঙ্ঘি মূল্যবৃদ্ধিয়ে ৰাইজক জলা-কলা খোৱাইছে। দেশৰ তিনিশ্ৰেণী লোক এই মূল্যবৃদ্ধিৰ ফলত অধিক প্ৰভান্বিত হোৱা দেখা যায়। ফলত আন্দোলন, অন্নশন আদি কাৰ্যই ৰাস্তা ঘাট , সভাস্থল আদি উত্তাল হৈ পৰিছে। 
               কথা হ'ল, যদি আমি মূল্যবৃদ্ধিৰ প্ৰকৃত কাৰণ সমূহ বিশ্লেষণ কৰি চাওঁ তেন্তে তাৰ বহু কাৰক আমাৰ দৃষ্টি গোচৰ হ'ব। তাৰ ভিতৰত সামগ্ৰীৰ যোগান প্ৰক্ৰিয়াৰ বিশৃংখলতা, মধ্যভোগীৰ লাভাংশ, ব্যৱসায়ীৰ ময়মতালিকে আদি কৰি চৰকাৰে ৰূপায়ন কৰা আঁচনী সমূহকো আমি সাঙুৰি ল'ব পাৰোঁ। কিয়নো চৰকাৰে ( কেন্দ্ৰ বা ৰাজ্য) ৰূপায়ন কৰা আঁচনী সমূহৰ সফল প্ৰয়োগত চৰকাৰে অৰ্থ সংগ্ৰহ কৰিব লগা হয়। অৰ্থৰ অবিহনে কোনো এখন আঁচনীয়ে ৰূপায়ন কৰাটো সম্ভৱ নহয়। সেয়েহে এই আঁচনী সমূহৰ বাবে প্ৰয়োজনীয় অৰ্থও চৰকাৰে আমাৰ পৰাই প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে সংগ্ৰহ কৰে। ফলত দেশৰ বাণিজ্যিক কৰ, প্ৰৰ্যটন স্থল, যাতায়ত বিভাগৰ লগতে বিভিন্ন দিশত অধিক কৰ কাতলৰ ব্যৱস্থা কৰি অৰ্থ সংগ্ৰহৰ ব্যৱস্থা কৰে। মুঠতে চৰকাৰে জনসাধাৰণৰ হিতৰ বাবে প্ৰয়োগ কৰা আঁচনীৰ ধন আওপকীয়াকৈ আমিয়ে পৰিশোধ কৰোঁ।
              যিহেতু চৰকাৰৰ আঁচনীৰ ধন জনসাধাৰণেই পৰিশোধ কৰিব লগা হয়। সেয়ে এই আঁচনী সমূহৰ সঠিক ৰূপায়ন হোৱাটো অতি আৱশ্যক। কিয়নো অনাবশ্যকীয় হিতাধিকাৰীয়ে আঁচনীৰ লাভ লৈ থাকিলে সেই হিতাধিকাৰীৰ বাবে খৰচ হোৱা ধন অৰ্থহীন ভাবে খৰচ হয় আৰু জনসাধাৰণৰ ওপৰত অত্যধিক বোজা আহি পৰে। গতিকে চৰকাৰে আঁচনী ৰূপায়নৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়মৰ প্ৰয়োগ কৰিব লাগে আৰু এই আঁচনীত অন্তভোক্ত নোহোৱা কোনো হিতাধিকাৰীয়ে আঁচনীৰ লাভ ল'লে তেওঁক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে।
                  আঁচনীৰ জৰিয়তে দেশৰ কিছু সংখ্যক জনতা লাভান্বিত হয় ঠিকেই কিন্তু ইয়াৰ দ্বাৰা প্ৰভাবিত হয় দেশৰ সমগ্ৰ জনতা। গতিকে আঁচনী সমূহৰ বিকল্প ভাবে চৰকাৰে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি জনসাধাৰণক আত্মনিৰ্ভশীল হোৱাত অধিক গুৰুত্ব দিলেহে দেশৰ উন্নতি সম্ভৱ। 

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
৬০০০৭০৯০৯৬


পৃষ্ঠা ৪১


Post a Comment

0 Comments