৪) নীলা খমৰ চিঠি



মৰমৰ সাগৰ‌ দা,
এসাগৰ হিয়াভৰা মৰম যাছিলোঁ এই শাৰদীয় বতৰত। গ্ৰহণ কৰিবা। বিশেষ খবৰ এটা দিও বুলিয়েই কলম ধৰিছোঁ। পৰহিলৈ মোৰ‌ জন্মদিনটো তোমাৰ মনত আছে নিশ্চয়। মনত আছে নিশ্চয় ৮ বছৰৰ আগতে আমাৰ মাজত প্ৰেমৰ সম্বন্ধ গঢ়ি উঠাৰ পিছত তুমি মোৰ জন্মদিনটোত এটা তৰুৱা কদমৰ পুলি মোক উপহাৰ হিচাপে দি কৈছিলা- "যমুনাৰ পাৰৰ সেই কদম জুপিয়ে কৃষ্ণৰ প্ৰতি গোপীসকলৰ যি সপ্ৰেম ভকতি আজিও সোঁৱৰাই আছে আমাৰ প্ৰেমো আজীৱন তেনেদৰেই থাকিব লাগিব।" এইবুলি কৈ তুমি ৰাতিৰ ট্ৰেইনত কৰ্মস্থলীলৈ গুচি গৈছিলা। সেইদিন ধৰি আজিলৈকে পুলিটিৰ আপ-দাল কৰি আছোঁ। কাৰণ সেই পুলিটোতেই মই তোমাৰ অস্তিত্ব বিচাৰি পাওঁ। জানা! আজি তোমাক  নতুন খবৰ এটা দিওঁ। তোমাৰ সেই কদমজুপিত এটি-দুটিকৈ ফুলৰ কলি দেখিবলৈ পাইছোঁ। অহা বছৰলৈ হয়তো ডাল ভৰি ফুল ফুলিব। এবুকু আশা আৰু এসাগৰ মৰমেৰে আজিলৈ সামৰিলোঁ।

তোমাৰ অনামিকা

Post a Comment

0 Comments