মৰমৰ
পিকু,
কাচিয়লী ৰ'দজাকে কোবাই গল মনত । এতিয়া মাথো মোৰ বুকুত বৰফ গলাৰ সময় আৰু তোমাৰ হেপাঁহ বোৰ বুটলাৰ সময়।কোবাল ধুমুহাৰ পৰশটো মোৰ হেপাঁহ অলিন্দত মই তোমাকে দেখোঁ।বুকুৰ পথাৰৰ সৰিয়হ ডৰা তোমাৰ নামতে সিচো।
শিমলু ফুলাৰ দিনতে দেখিছিলোঁ এদিন তোমাক।নীলা সাজজোৰেৰে তুমি উজ্জ্বলি আছিলা,,,,।মোৰ বুকুত যেন সিদিনাই বৰনামঘৰৰ ডবাটো বাজিছিল ।মই মৌন বধিৰ হৈ বহুদেৰি চাই ৰৈছিলো তুমি যোৱা বাটলৈ,,,,।তুমি এবাৰো উভতি চোৱা নাছিলা ।শুনা,অলপ অভিমান কৰি কও-ইমান ধুনীয়া নহবা তুমি।বতাহে চুই যোৱা তোমাৰ চুলিটাৰি দেখি বতাহলৈ মোৰ ঈৰ্ষা হয়!
শেষত, প্ৰেম মানেইটো প্ৰাপ্তি;বিবাহ মাথোঁ ইয়াৰ স্বীকাৰুক্তিহে।আনক দেখুৱাই নিজৰ কৰিবলৈ নকৰো অনুৰোধ তোমাক মোৰ সৈতে বিয়াত বহিবলৈ। মাথোঁ যদি পাৰা এবাৰ ভালপাওঁ বুলিয়ে কোৱা; য'ত বিচাৰি পাম মই মোৰ জীৱনৰ সেউজ ঠিকনা ।
1 Comments