২) নীলা খামৰ চিঠি



প্ৰতি,

অনুৰাগ
মোৰ বুকুৰ কুটুম

বৰ্ষাসিক্ত এই মধুৰ দুপৰত ডাৱৰৰ বোকোচাত গুজি দিছোঁ তোমালৈ এমুঠি মৰম। তোমাৰ চোতালত টোপাল টোপাল হৈ সৰিবগৈ। দুহাত মেলি আলিঙ্গিবা, অনুভৱ কৰিবা মোৰ চেনেহ নদীৰ প্ৰান্তৰ। 

ৰাগ, ব'হাগৰ সেই ভৰুণ বেলাতে তোমাক দেখা। জেঠুৱা ৰ'দে খৰাং কৰা মোৰ বুকুৰ পথাৰত এই শাওণত মৰমৰ ধল আকাংক্ষাৰে তোমালৈ গাঁঠিছোঁ এই শব্দৰ মালা। হিয়াৰ সুৱাস সিঁচি সুগন্ধিত কৰা এই শব্দগুচ্ছ সুকোমল অন্তৰত ঠাই দিবা বুলি আশাবাদী। 

তলাবন্ধৰ অচিলাৰে আমি আজি গৃহবন্দী। তোমাক নেদেখা এই দাৰুণ ক্ষণত তোমাৰ প্ৰিয়তম কৰ্মৰে জীৱনৰ পদ্য আওঁৰাইছোঁ। তুমিও ধৰিছানে তুলিকা? কেনভাছত আঁকিছানে বাঙ্ময় কবিতা? পঢ়িছানে জীৱন জীয়াৰ মন্ত্ৰ?

পৰিস্থিতিৰ দোহাই দি দিনবোৰ গতানুগতিক কৰি নিজক কষ্ট দিওঁ কিয়! গৃহবন্দীত্বৰ এই আমোদহীন মুহূৰ্তবোৰ কিদৰে মধুৰময় কৰিছোঁ জানা? কেঁচা সূৰুযৰ কোমল ছাঁ দেহাত লৈ পুৱাবোৰত যদি ভ্ৰমি ফুৰো প্ৰিয় লিখকৰ চহৰত; তেজগোৰা বেলিৰ উত্তাপত ধূসৰ বিয়লিত তুলিকাত আঁকিব খোজো আকাশত ৰামধেনুৰ ৰক্ত চুম্বন। 

ৰাগ, দোহাৰিবলৈ মন গৈছে দুটা শাৰী। "সৃষ্টিশীলতাৰ বাবে নিসংগতাৰ দৰকাৰ।" তুমি বিহীন দুটি মাহত নিজৰ মাজত অনুসন্ধান কৰিছোঁ তোমাৰ নামৰ পৃথিৱী। নিসংগতাৰ শীতল কোলাত জীৰাই হয়তো আঁকিছোঁ আহিনৰ তেজাল এটি আবেলি। "ভাগ্যই মানুহক যে কিমান বিচিত্ৰ উপায়েৰে ঠাট্টা কৰিব পাৰে তাৰ সীমা-সংখ্যা নাই।" তথাপি জীৱনটো উপহাস হ'বলৈ নিদিওঁ কদাপি। হিয়াৰ গভীৰত ৰুই থোৱা 'তুমি' নামৰ ফুল কলিটি জীয়াই তুলিম। ছাঁ দিম, পানী দিম, দিম তোমাৰ স্মৃতিৰ সুৰভি। এই যে লিখিলোঁ দুশাৰী, নাভাবিবা হিয়াৰ দুৱাৰ ভেদি ওলোৱা ই বাণী। তোমাৰ অবৰ্তমানত আপোন কৰি লোৱা গ্ৰন্থৰ পৃথিৱীখনত নিজক বিচাৰি ফুৰোঁতে 'নিষিদ্ধ'ৰ পাতে বুজালে নিসংগতাৰ যে কিমান প্ৰয়োজন! 'সুবালা' পঢ়ি বুকু ডাঠ কৰি কৈ উঠিছোঁ; ভাগ্য, মোক কদাপি উপহাস কৰিব নোৱাৰিবি।

গদ্যৰ প্ৰিয় পৃথিৱীখনত ঘূৰি তুমি যে কিমান ক'লা মোক; তথাপি নপঢ়িলোঁ। কিতাপৰ ক'লা-বগা পৃষ্ঠাতকৈ মই ভাল পাইছিলোঁ মানুহৰ বিচিত্ৰ জীৱন। কেনভাছত ৰং সানিবলৈ বুটলিছিলোঁ চৌপাশৰ অলেখ জীৱন্ত গদ্য। আজি অনুভৱ কৰোঁ ক'লা-বগা পৃষ্ঠাত লিখা আছে যি সিওঁ জানো নহয় জীৱন্ত ছাঁয়াৰে প্ৰতিবিম্ব। 

অলপ আগতে এখন ছবি সম্পূৰ্ণ কৰি তোমাক কথাখিনি জনাওঁ বুলি বহিলোঁ। 'সুবালা'ৰ 'নিষিদ্ধ' জগত এখনৰ ছবি। জীৱনৰ চক্ৰবেহুত যুঁজি যুঁজি নাভাগৰা অভিমন্যুৰ ছবি। নকৈ দেখা কান্তি নামৰ ভ্ৰম স্বপ্ন এটিৰ ছবি। 

অনুৰাগ, সপোন আমাৰো আছিল। হাতৰ মুঠিত খামুচিব খুজিছিলোঁ আমাৰ আশৈশৱ ধেমালিবোৰ। সমাজে 'নিষিদ্ধ' বুলি কোৱাৰ পিছতো তুমি-মই যুঁজিব খুজিছিলোঁ জীৱনৰ চক্ৰবেহুত। অথচ সপোনৰো অগোচৰ আছিল ভৱিষ্যতৰ অদেখা পৃথিৱীত ভাগ্যই যে কিদৰে ঠাট্টা কৰিব পাৰে। তুমি আঁতৰি গ'লা এচাটি শীতল বা হৈ; মোৰ শৰীৰত আহি লাগিল তাৰ উষ্ণ মায়া। 

আৰু নো কি লিখোঁ কোৱা? অশান্ত পৃথিৱীত শান্ত এটি মন লৈ কিদৰে পাৰ কৰোঁ দুখৰ বিনিদ্ৰ ৰজনী। বৰ্ষা এতিয়া মোৰ প্ৰিয় ঋতু। মেঘে যে বতৰা আনে আকাশৰ। বিয়লিত সাতোৰঙ সিঁচে হেঁপাহৰ। 

এইবেলি আহিন আহিলে আকৌ কঁহুৱা ফুলাৰ বতৰা দিম। নিয়ৰৰ টোপালত গুজি দিম তোমালৈ এধাৰি শেৱালি গোন্ধোৱা শব্দমালা। মহামাৰীৰ সিপাৰৰ পৃথিৱীখনত কুশলে থাকা। তোমাৰ স্মৃতিকে ধীয়াই কুশলে থাকিম মই। জীৱন নামৰ বৃত্তটোৰ কেন্দ্ৰ বিচাৰি পৰিধিত ঘূৰ্মুটিয়ালে জানো পাম? 

মাথোঁ নীৰৱে লিখি যাম -

'শূন্য পৰিধিৰ মাজত মায়াময় জীৱন
সেই পৰিধি ভাঙি ওলোৱা বাট শূন্য
সেই পৰিধিৰ মাজত পোহৰ শূন্য
আশাৰ জোৱাৰ শূন্য...'

বুকুত হেন্দোলনি তোলা ভাৱনাৰ কিয়দংশহে এয়া। আকৌ লিখিম... আজিলৈ কলমত যতি পেলালোঁ।

প্ৰান্তত
তোমাৰ মৰমৰ 
ঋতু

___________________________

(হোমেন বৰগোহাঞিৰ 'সুবালা' আৰু আকাশীতৰাৰ 'নিষিদ্ধ' উপন্যাসলৈ কৃতজ্ঞতাৰে)

Post a Comment

0 Comments