১) নীলা খামৰ চিঠি



মৰমৰ...
  কুশলে আছানে তুমি? মৰমৰ বুলি লিখাৰ অধিকাৰ এতিয়া হয়তো মোৰ নাই তথাপিও...৷ আজি বহু দিনৰ পিছত তোমালৈ একলম লিখো বুলি হাতত কলমটো লৈছো৷ আঙুলিৰ ফাঁকত কলমটো পকাই পকাই ৰৈ গৈছো জানা৷ আজি যেন মোৰ শব্দৰ পৃথিৱীখনত শব্দৰ অভাৱ৷ কি লিখো কি নিলিখো একো ভাৱি পোৱা নাই কি ক’লেনো তুমি ভাল পাবা একো বুজিও পোৱা নাই৷ এনেইটো মোৰ শব্দৰ অভাৱ নাই৷ তোমাৰ নামত কিয় জানো সিহঁতে লুকাভাকু খেলিছে৷ বুকুৰ ঢপঢপনিবোৰ বৰকৈ বাঢ়িছে৷ হাতখনৰো যেন কঁপি উঠিছে৷ আগৰদৰেই... ৷ তোমাৰো বাৰু বুকু এতিয়াও কপেনে মোৰ কথা ভাবিলে৷ কেতিয়াবা জানিবৰ খুউব আগ্ৰহ হয় জানা তোমাৰ মনৰ ভিতৰখন৷ মোৰ দৰে তুমিও ৰাখিছানে আমাৰ স্মৃতিবোৰ সময়ৰ সোঁতত উটি ভাঁহি নোযোৱাকৈ৷ বুকুত হাত দি দীঘলকৈ উশাহত এতিয়াও পাৰানে মোক অনুভৱ কৰিব৷ কেতিয়াবা খুউব মন যায় জানিবলৈ৷ মই আৰু আগৰদৰে জোনাকত নবহো জানা৷ নিবিচাৰো মোৰ প্ৰেমৰ সংজ্ঞা মোৰ চাৰিওকাষৰ সেউজীয়াবোৰত৷ আজিকালি বাৰে বাৰে পদূলিলৈ বুলি নাচাওঁ৷ দ্ৰয়িং ৰুমটোতো ঘনাই নোসোমাওঁ বাঁহীটো লৈ এতিয়া যে আৰু তুমি তাত নবহা৷ তথাপিও কিয় জানো তোমাৰ স্মৃতি মনত সদায়ে সজীৱ৷ সদায়ে বাঢ়িহে যায় অনুভৱবোৰ৷ তোমাৰ অভাৱে কেতিয়াবা বৰকৈ জুৰুলা কৰে মোক৷ তথাপিও মুখত এটি হাঁহিৰে পাৰ কৰো দিনবোৰ৷ তুমিয়েইটো কৈছিলা প্ৰাপ্তিয়েইটো প্ৰেম নহয়, দূৰে দূৰে থাকিও গোটেই জীৱন ইজন আনজনৰ মনত থকাটোৱেই সছা প্ৰেমৰ আমেজ৷ তুমি কোৱাৰ দৰেই মোৰ মনটোক মই এতিয়াও তাতেই ৰাখিছো আৰু তুমি? বিদায় পৰৰ তোমাৰ সেই চকুযুৰিয়ে সদায়ে মোৰ নিশাবোৰ উজাগৰী কৰে৷ ক’বলগীয়া সকলোবোৰ যেন আহি ওঁঠত গোট মাৰিছিল৷ 
বহুতেই লিখিলো চাগে তোমাৰ বা ইমানবোৰ পঢ়াৰ আহৰিয়ে হ’বনে নহয়৷ পঢ়িবলৈ মন নহলে তোমাৰ সেই পাগলীজনী বুলি ভাৱিয়ে হাঁহি এটা মাৰি চিঠিখন একাষৰীয়া কৰি থৈ দিবা৷ আজিলৈ সামৰো৷ কথাৰ শেষ নাই কিন্তু...!

Post a Comment

0 Comments