অণুগল্পঃ প্ৰতিযোগী ১২

নাৰী নিৰ্যাতন

বৰ্তমান সময়ত সততে দেখা চিন্তনীয় সমস্যাটোৱে হৈছে নাৰী নিৰ্য্যাতন। ধৰ্ষণ, যৌন নিৰ্য্যাতন, যৌতুক প্ৰথা, শাৰীৰিক-মানসিক নিৰ্য্যাতন দৈনন্দিনভাবে বাঢ়ি গৈ আছে।নাৰী নিৰ্য্যাতনৰ ক্ষেত্ৰত আইন ব‍্যৱস্থা কঠোৰতম হ'লে সঘনে দেখি-শুনি থকা ঘটনাৰ প্ৰকোপ হ্ৰাস হৈ এক ইতিবাচক প্ৰভাৱেৰে জনজীৱনৰ আস্থা বঢ়াব বুলি বিশ্বাস। তাতোকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ এই যে প্ৰত‍্যেক ঘৰেই যদি উঠি অহা প্ৰজন্মক নৈতিকতা, মূল্যবোধৰ শিক্ষা, সুস্থ মন-মানসিকতা, বাতাবৰণ বজাই ৰখাৰ উচিত পৰামৰ্শ আৰু সহযোগৰ লগতে প্ৰচলিত অলাগতিয়াল জীৱনশৈলী পৰিত্যাগ কৰে, তেন্তে নাৰী নিৰ্য্যাতন কিয় সকলোবিধ অপৰাধেই অৱশ‍্যম্ভাৱীৰূপত হ্ৰাস হৈ একোখন সমাজ আদৰ্শৱান সমাজৰ দিশে গতি কৰিব।

তন্ময়ী বৰগোঁহাই,শিৱসাগৰ

Post a Comment

0 Comments