অণুগল্প প্ৰতিযোগী ১১


মই নাৰী

বহাগৰ ২১ তাৰিখে তাইৰ বিয়া । বিয়ালৈ মাজত আৰু ১৩ দিন বাকী আছে। এইকেইটা দিন বিয়াৰ বজাৰ কৰাত ব্যস্ত তাই । যিহেতু দেউতাক নোহোৱা ছোৱালী তাই।
নিশা দহমান বাজিছে , সম্পৰ্কীয় মানুহ এঘৰলৈ ভাত খোৱাকৈ নিমন্ত্ৰণ আছিল । থাকিম বুলিয়েই গৈছিল তাই । বিশেষ কাৰণ বশত উভতি আহিব লগা হল । স্কুটি লৈ আহিছে তাই , সাহসী ছোৱালী ভয়ৰ কোনো কাৰণো নাই । নিতৌ অহা-যোৱা কৰি থকা চিনাকি পথ। ৰাষ্টাত এজাক মাতাল যুৱকৰ দল দেখি তাই সংকিত হৈ উঠিল । জনশূণ্য ৰাজপথত ভয়ে ভয়ে আগবাঢ়িল তাই । তাইৰ বাট আগভেটি ধৰিলে যুৱকৰ দলটোৱে । স্কুটিৰ পৰা তাইক চোঁচৰাই আনিলে দুটা লৰাই । 
স্কুটিৰ পৰা মাটিত পৰি চেদেলি ভেদেলি হৈ থাকিল তাইৰ বিয়াৰ বাবে কৰা বজাৰৰ টোপোলাবোৰ ।

গৌৰী শংকৰ বৰা
ঠিকনা:লক্ষীমপুৰ

Post a Comment

0 Comments